title
stringlengths 13
148
| header
stringlengths 0
3.13k
| footer
stringlengths 0
2.16k
| body
stringlengths 0
46k
| quality
stringclasses 2
values | url
stringlengths 58
1.01k

পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১ |
{{overfloat image
| image = [[File:AMAR CHINAKI TASADDUK (page 1 crop).jpg|center|350px]]
| width = 350
| item1 =
{{Xxxx-larger|'''আমাৰ চিনাকি'''}}

| x1 = 0
| y1 = 20
| item2 =
{{Xxxx-larger|'''তচদ্দুক'''}}

| x2 = 0
| y2 = 55
}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২ | {{Block center|{{Dhr|10em}}
{{Right|{{larger|'''''আমাৰ চিনাকি তচদ্দুক'''''}}}}
{{Dhr|10em}}
{{right|বিস্ময় প্ৰকাশন}}
{{right|{{smaller|হেদায়েৎপুৰ : গুৱাহাটী : ৭৮১০০৩}}}}
{{Dhr|1em}}}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩ | {{Block center|{{dhr|6em}}
<poem>{{larger|'''‘আমাৰ চিনাকি তচদ্দুক’'''}}
তচদ্দুক ইউছুফৰ বিয়োগত
তেখেতৰ ঘনিষ্ঠ ব্যক্তি কেইগৰাকীমানৰ
শ্ৰদ্ধাজ্ঞাপক লিখনিৰ সংকলন
সম্পাদক : উৎপল দত্ত
প্ৰকাশক : বিস্ময় প্ৰকাশন
হেদায়েৎপুৰ, গুৱাহাটী, ৭৮১০০৩
প্ৰচ্ছদপট: বেণু মিশ্ৰ
প্ৰচ্ছদপটৰ আলোকচিত্ৰ : উৎপল দত্ত
প্ৰথম প্ৰকাশ: নবেম্বৰ’ ৮২
মুদ্ৰক: পূৰ্বাঞ্চল প্ৰিণ্টাৰ্ছ
গোপীনাথ বৰদলৈ পথ ॥ গুৱাহাটী ৭৮১০০৩
মূল্য : পাঁচ টকা মাত্ৰ
</poem>
{{dhr}}}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪ | {{dhr|10em}}
{{Block center|{{Right|'''এখেতসকলে সুঁৱৰিছে'''}}
{{dhr|1em}}
{{Right|॥ [[আমাৰ চিনাকি তচদ্দুক/এটি সোঁৱৰণ এটুপি চকুলো|বিবেকানন্দ ভট্টাচাৰ্য্য]] ॥ [[আমাৰ চিনাকি তচদ্দুক/হৃদয়ত লিখি থোৱা এটি নাম|বাদল দাস]] ॥ [[আমাৰ চিনাকি তচদ্দুক/এজন মহান অভিনেতাৰ মৃত্যুৰ বাতৰিৰে|প্ৰণব বৰুৱা]] ॥}}
{{Right|॥ [[আমাৰ চিনাকি তচদ্দুক/মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা!|সমৰেন্দ্ৰনাৰায়ণ দেৱ]] ॥ [[আমাৰ চিনাকি তচদ্দুক/‘ৰক্তিম বাসনা’ৰ অতৃপ্ত বাসনাৰে তচদ্দুক গ’লগৈ|ডা॰ নগেন দত্ত]] ॥}}
{{Right|॥ [[আমাৰ চিনাকি তচদ্দুক/এজন অভিনেতা-শিল্পীৰ হৃদয়ৰ সন্ধানত|দেৱকুমাৰ শইকীয়া]] ॥ [[আমাৰ চিনাকি তচদ্দুক/শিল্পী বন্ধু তচদ্দুক|জে. ডি. বাভেজা]] ॥ [[আমাৰ চিনাকি তচদ্দুক/ট্ৰেজিক ৰাজকোঁৱৰ তচদ্দুক|নব শৰ্মা]] ॥}}}}
{{dhr|10em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫ | {{dhr}}
{{larger|'''প্ৰচ্ছদৰ আলোকচিত্ৰৰ কথাৰে……'''}}
{{dhr}}
কেইবছৰমানৰ আগৰ কথা।
তচদ্দুক ইউছুফৰ ফটো কেইখনমান তুলিছিলোঁ।
তাৰে একোটিকৈ কপি তেখেতক দিওঁ বুলি গৈ
থাকোঁতে বাটতে পালোঁ প্ৰবীণ সংগীতজ্ঞ শ্ৰীযুত
বিবেকানন্দ ভট্টাচাৰ্য্যদেৱক। শ্ৰীযুত ভট্টাচাৰ্য্য বাপুদা
মানে তচদ্দুক ইউছুফৰ ভাল বন্ধু। তেখেতে ফটোকেইখন
চালে। এই কিতাপখনৰ প্ৰচ্ছদত ব্যৱহাৰ
কৰা ফটোখন চাই তেখেতে মন্তব্য দিছিল: এই
ফটোখন মই বেয়া পাইছোঁ। বাপুক বৰ ৰাফ্
যেন দেখা হৈছে। বাপু আচলতে বৰ কোমলহে।
বাপুদাই কিন্তু আকৌ সেই ফটোখনহে বৰ ভাল
পাইছিল। কৈছিল: ফটোখনত মোৰ চৰিত্ৰটি
আছে। I am not what I am. ছেক্সপিয়েৰৰ
এই সংলাপটি তুমি জানা? মই বাহিৰত যি আচলতে
ভিতৰত তেনে নহয়।
তাৰ পিছত বাপুদাই মোৰ লগত কেইবা ঘণ্টাও
একেৰাহে কথা পাতিছিল। সঁচা কথাত কথা পতা
নাছিল, বাপুদাই কেৱল কৈ গৈছিল। তেখেতৰ
মনৰ গহীন কোঠাৰ দুৱাৰবোৰ এখন এখনকৈ খোল
খাই গৈছিল।

| VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬ | I am not what I am.
ছেক্সপিয়েৰৰ অত্যন্ত নিষ্ঠুৰ অথচ বাহিৰত অতি
ভদ্ৰ মানুহ হিচাপে থকা ইয়াগো চৰিত্ৰটিয়ে এই
{{SIC|সংলাটি|সংলাপটি}} যিটো অৰ্থত কৈছিল— কোৱা বাহুল্য বাপুদাৰ
ক্ষেত্ৰত এই সংলাপটিৰ অৰ্থ আছিল সম্পূৰ্ণ বিপৰীত
মেৰুৰ। অথচ দুয়োজন মানুহৰ মাজত কি
এক ‘বৈসাদৃশ্যৰ মাজৰ সাদৃশ্য’!
<poem>সোণালীখিনি মচি নিদিবা,
বুকুজুৰি বৈ থাকক…</poem>
হীৰেন ভট্টাচাৰ্য্যৰ এই কবিতাটি আবৃত্তি বাপুদাৰ
(যিটো বাপুদাৰ খুব প্ৰিয় আছিল) বহুবাৰ শুনিছোঁ—
কেতিয়াবা বন্ধ কোঠাৰ খিৰিকীৰ মাজেৰে বৈ
অহা জোনাকত, কেতিয়াবা জোনাকি ধবল নিশা।
কলঙৰ দলঙত থিয় হৈ হৈ।
বাপুদাৰ জীৱনৰ ‘সোণালীখিনি’ তেওঁৰ গুণমুগ্ধ সকলৰ
মনৰ পৰা কোনেও মচি দিব নোৱাৰে; ই
বুকুজুৰি বৈয়েই থাকিব আৰু তাৰেই এক অকিঞ্চনমূৰ্ত
প্ৰকাশ ‘আমাৰ চিনাকি তচদ্দুক।’ শিক্ষাৰ
পূৰ্ণতাত বিশ্বাসী, বহু প্ৰতিভাৰ অভিজাত গৰাকী
তচদ্দুক ইউছুফৰ গুণমুগ্ধ ‘বিস্ময়’ আৰু ‘ৰংঘৰ’ৰ
লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে বাপুদাৰ
প্ৰতি সম্মান জনোৱাৰ এক নম্ৰ প্ৰয়াস এই | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭ | সামান্য পুথিখন। বাপুদাৰ জীৱন, হৃদয় আৰু প্ৰতিভাৰ
এটি সাধাৰণ ধাৰণা আংশিকভাৱে হলেও এই
পুথিখনে দিব পাৰিলেই আমাৰ আটাইৰে শ্ৰম
সাৰ্থক হোৱা বুলি আমি ভাবিম।
তিনিটা প্ৰৱন্ধ সংগ্ৰহৰ ক্ষেত্ৰত সহায় কৰি দিয়া
বাবে হেমন্তকুমাৰ দাস, কুমাৰ ৰাঘবেন্দ্ৰনাৰায়ণ
দেৱ আৰু ব্ৰহ্মপুত্ৰ নিউজ এণ্ড ফিচাৰছ্ ছাৰ্ভিছৰ
ওচৰত আমি কৃতজ্ঞ। ‘মানুহৰ জীৱনটো ভগৱানে
সোণালী আঙুলিৰে লিখা সাধুকথা মাথোন।’
বাপুদাৰ অকাল বিয়োগত আমি সিক্ত হৃদয় আৰু
শুকান চকুৰে এই বুলিয়েই সান্ত্বনা লভিছোঁ।
উৎপল দত্ত ॥ ১০ অক্টোবৰ ’৮২ ॥
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮ | {{Dhr|5em}}
{{Block center|<poem>{{larger|ৰূপালী ৰং চুলিত লাগিছে
বেয়া নেদেখি লাগক;
সোণালীখিনি মচি নিদিবা
বুকুজুৰি বৈ থাকক।}}
{{Right|— হীৰেন ভট্টাচাৰ্য্য}}</poem>}}
{{Dhr|5em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৯ | {{dhr}}
{{larger|'''এটি সোঁৱৰণ এটুপি চকুলো'''}}

শ্ৰীবিবেকানন্দ ভট্টাচাৰ্য্য
{{dhr}}
কিছু পোৱা আৰু বহুতো নোপোৱাৰ সমষ্টিয়েই
জীৱন। বহুতো নোপোৱাৰ মাজতে শিল্পীয়ে পোৱাখিনিৰেই
সুন্দৰৰ আৰধনা কৰি জীৱন মধুময় কৰিবলৈ
প্ৰয়াস কৰে। আমাৰ মাজৰপৰা অভাৱনীয়
ভাবে হঠাতে আঁতৰি যোৱা শিল্পী বন্ধু
তচদ্দুক ইউছুফৰ শিল্পী জীৱনৰ এই শেষৰ সময়খিনিও
যেন বহুতো নোপোৱাৰ বেদনাৰে ভৰা।
মনলৈ প্ৰশ্ন আহে— কিয় এনে হয়? ইয়াৰ জানো
একো প্ৰতিকাৰ নাই? কিন্তু উত্তৰ কোনে দিব?
তিক্ততাৰে জীৱন ভৰি পৰিলে— সাংসাৰিক জ্বালা
যন্ত্ৰণাই মানুহক চেপি ধৰিলে— নিৰুপায় হৈ মানুহে
পৰমেশ্বৰৰ কৰুণা ভিক্ষা কৰে। কিন্তু পায় জানো?
আজিৰপৰা ৬ মাহ মানৰ আগতে তেওঁৰ নুমলীয়া
ভায়েক আচাদ আৰু ভাই বোৱাৰী এমিলৈ দিয়া
চিঠিত তেওঁ এইদৰে লেখিছিল।
……………All the beautiful things of
life fade away. I am like a ship tossed | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১০ |

১০ | in the ocean of life's storm. Sometimes
I feel like going away.
ইউছুফৰ ঘৰত এমিয়ে এই কথাষাৰ কৈ কৈ চকুলো
টুকিছিল।
ইউছুফৰ পুৰণি ডায়েৰিৰ পাতত কেইটিমান কবিতাৰ
অংশ দেখা পাই টুকি আনিলোঁ। উদাস মনৰ
উদাস ভাববোৰে ইউছুফৰ চিনাকি মুখখনৰ প্ৰতিটো
অংগিভংগৰে মোৰ চকুৰ আগত ধৰা দিয়েহি।
{{Block center|<poem>“তোমাকে হাৰাতে পাৰি
{{gap|6em}}এই তীক্ষ্ণ সৰ্বনাশা ভয় থেকে
{{gap|12em}}মুক্তি দাও আমাকে
কোথাও কোনো কালে যেওনা যেওনা তুমি
{{gap|3em}}যদি যাও মন বাচবে না তোমাকে হাৰালে
{{gap|6em}}এ ভয় তোমাৰো
আৰ তোমাৰো শয্যাই তাই ঘুম নামবে না,
{{gap|3em}}তোমাকে মনে মনে হাৰাই
{{gap|6em}}এই ভয় ৰাত্ৰি দিন।
তাই যত দুৰে যাও তুমি
{{gap|3em}}তবু শতছলে— আবাৰও ফিৰতে হয়
{{gap|6em}}তাই তীব্ৰ ক্ৰোধেৰ কুমকুম
মুছে যায় বাৰ বাৰ কান্নাৰ কাজলে।”</poem>}} | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১১ |

{{Right|১১}} | আকউ এঠাইত লেখা আছে—
{{Block center|<poem>‘তোমাৰ চোখেৰ পানে তাকিয়ে
{{gap|2em}}আজ আমাৰ মনে হচ্ছে তুমিই
{{gap|4em}}আমাৰ মাৰ্বেলে তৈৰী সমাধি স্তম্ভ।
তোমাৰ চোখে লেখা আছে আমাৰ শেষ কবিতা”।</poem>}}
আন এঠাইত হিন্দী ছিনেমাৰ এটা বিখ্যাত গানৰ
কলি “চলো একবাৰ ফিৰচে অজনবী বনজায়ে
হম দোনো।”
ইউছুফৰ ডায়েৰিৰ পাতত লেখা এই কথাখিনিয়ে
তেওঁৰ মনোবেদনাৰ এটি স্পষ্ট ইংগিত দিয়ে। সেয়ে
মনেমনে ভাবোঁ— এই পৃথিবীত কত মানুহৰ কত
যে দুখ!
১৯৩১ চনত জন্ম লাভ কৰা ইউছুফে ১৯৮২ চনৰ
১০ আগষ্ট তাৰিখে ধৰাৰ মায়া ত্যাগ কৰি শান্তি
ৰাজ্যলৈ গুচি গ’ল। চিৰ শান্তিময়, মংগলময় পৰমেশ্বৰে
তেওঁৰ আত্মাক যেন শান্তি দিয়ক— আমি
এই প্ৰাৰ্থনা কৰোঁ।
তচদ্দুকৰ পিতৃ ৺জিয়াউদ্দিন ইউছুফ। ১৯৫৯
চনৰ জুন মাহৰ ২৫ তাৰিখে জিয়াউদ্দিন ইউছুফৰ
মৃত্যু হৈছিল ব্ৰহ্মপুত্ৰ নদীত। পিতাৰ, শোকত
মৰ্মাহত হৈ তচদ্দুকৰ নুমলীয়া ভনী নাজনীনে
আহাৰ আৰু নিদ্ৰা ত্যাগ কৰিছিল। মাত্ৰ ৭ দিন
পিছতে জ্বৰত ভুগি, অন্তৰত বেদনাৰ একুৰা জ্বলা | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১২ |

১২ | জুই লৈ অকণমানি নাজনীনে পিতাৰ কথা সুৱঁৰি
সুৱঁৰি পৃথিবীৰ মায়া ত্যাগ কৰি— পৰম পিতাৰ
ওচৰলৈ গুচি গৈছিল। সেইদিনা আছিল ২
জুলাই, ১৯৫৯।
তচদ্দুকে কৈছিল, “বাবাৰ কথা ভাবি ভাবিয়েই
তাই গুচি গ’ল— বুজিছা।” তেওঁৰ চকুলৈ মই
চাব পৰা নাছিলোঁ।
তচদ্দুকৰ ২ জন ভাই। এজন দিলু, আনজন
আচাদ। তচদ্দুকৰ মাতৃৰপৰা জানিলোঁ, যে
এইবাৰ ঘৰলৈ আহি তেওঁ প্ৰায় একোয়েই খোৱা
নাছিল। কেতিয়াবা মন গলে অকণমান চৰবত,
খাইছিল। সেইদিনা ১০ আগষ্ট তাৰিখেও পুৱা
৯ মান বজাত অলপ চৰবত, খাই তেওঁ ওলাই
গৈছিল। সেই যোৱাই শেষ যোৱা— আৰু উভতি
নাহিল। পিছদিনা ১১ তাৰিখে তেওঁৰ মৃতদেহ
কলং নদীত পোৱা গৈছিল। কোনোবাই কয়
আত্মহত্যা, কোনোবাই কয় এইটো এটা দুৰ্ঘটনাহে।
মোৰ বাবে ই এটা সাথৰ হৈয়ে ৰ’ল।
কলাৰ সেৱক তচদ্দুকে ইউছুফৰ শিল্পী জীৱনৰ
আৰম্ভণিতে, তেওঁলোক লক্ষীপুৰত (গোৱালপাৰা)
থকা সময়ত ‘চন্দ্ৰগুপ্ত’ নাটকত চানক্যৰ ভাও লৈ
কৃতিত্ব অৰ্জন কৰিছিল। তেতিয়া তেওঁ স্কুলীয়া | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৩ | ছাত্ৰ। পিছৰ জীৱনত অসমীয়া মঞ্চ, অনাতাঁৰ
আৰু চলচিত্ৰ জগতলৈ আহি ইউছুফে দৰ্শকৰ
প্ৰশংসা অৰ্জন কৰি গ’ল। নগাঁৱত শাস্ত্ৰীয় সংগীতৰ
অনুষ্ঠান বিলাকত ইউছুফক সদায়েই, সমঝদাৰ
শ্ৰোতা হিচাবে পাইছিলোঁ। তেওঁ আমাক সকলো
প্ৰকাৰে দিহা পৰামৰ্শ আদি দি, অনুষ্ঠানৰ প্ৰাৰম্ভিক
ঘোষণাৰ কামখিনিও নিজে কৰি দি শ্ৰোতা আৰু
শিল্পী সকলোৰে প্ৰশংসা অৰ্জন কৰিছিল। বিনিময়ত
আমি তেওঁক একোৱেই দিব নোৱাৰিলোঁ—।
আজি তচদ্দুক ইউছুফৰ প্ৰতি এটুপি চকুলোৰে
অঞ্জলি যাচিলোঁ।
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৪ | {{dhr}}
{{larger|'''হৃদয়ত লিখি থোৱা এটি নাম'''}}

বাদল দাস
{{dhr}}
১৯৪৩ চনৰ গুৱাহাটী। চেনীকুঠী এল. পি স্কুল।
তেতিয়া স্কুলঘৰটো ঠিক এতিয়াৰ ঠাইত নাছিল।
এতিয়া স্কুল মানিকচন্দ্ৰ ৰোডৰ দাঁতিত, কামৰূপ
একাডেমিৰ গাতে লগা। কিন্তু তেতিয়া
কমলাকান্ত ভট্টাচাৰ্য্য গলিটো পশ্চিমমূৰে যি ঠাইত
মাণিকচন্দ্ৰ বৰুৱা পথত লগ লাগি তিনি আলিৰ
সৃষ্টি কৰিছে তাৰ বিপৰীত ফালে ৺পমপু সিংহৰ
ঘৰৰ দক্ষিণ সীমাত আছিল স্কুলখন। আজিতকৈ
দুকুৰি বছৰৰো ওপৰৰ কথা।
'''শৈশবৰ সোঁৱৰণ'''
আমি তেতিয়া দ্বিতীয়মান শ্ৰেণীত। পিছৰ বছৰতে
এল. পি. বৃত্তি পৰীক্ষা দিব লাগিব। সেইবাবে
৺চণ্ডীচৰণ শৰ্মা (প্ৰধান শিক্ষক) তেতিয়াৰপৰাই
আমাক লৈ ব্যস্ত। ঠিক সেইবছৰতে আমাৰ শ্ৰেণীলৈ
আহিল এজন নতুন ল’ৰা। দেউতাক মাটিৰ বৰ
হাকিম এ-ডি-এল-আৰ (ADLR)। ফিটফাট সাজপাৰ
পিন্ধা ল’ৰাজনক আদিত্য ছাৰে প্ৰথম {{hws|দিনা|দিনাখনেই}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৫ |

{{Right|১৫}} | {{hwe|খনেই|দিনাখনেই}} আগবেঞ্চত মোৰ কাষতে বহিব দিলে।
বহিল। নামটো ক’বলৈ দিয়াত তপৰাই কলে—
“তচদ্দুক ইউছুফ”। আদিত্য ছাৰৰ পিছৰ হুকুমটো
হ’ল— “ব’ৰ্ডলৈ আহা আৰু বনানটো লিখা।”
সম্ভবতঃ ছাৰে নামৰ বানানটো কি লিখিব ধৰিব
পৰা নাছিল। সিদিনা ল’ৰাজনে ব’ৰ্ডত লিখা
নামটো ছাৰৰ হাজিৰা বহীত নিৰ্ভুলভাবে উঠিল।
আৰু প্ৰায় লগে লগেই নামটো আমাৰ শ্ৰেণীৰ
ডেৰকুৰিৰো ওপৰ ল’ৰা-ছোৱালীৰ মনৰ ফলিত
লিখা হৈ ৰ’ল। মাত্ৰ এবছৰ আমাৰ শ্ৰেণীত
আছিল তচদ্দুক। কিন্তু আমাৰ হৃদয়ৰ আসন
অধিকাৰ কৰি লৈছিল তেওঁ। কাৰণটো কওঁ।
'''দাদাগিৰি'''
কেবল সাজ-পাৰত ফিট্ফাট্ হলেই কথা নাছিল,
কথাই বতৰাই কামে-কাজে সকলোতে ফিট্ফাট্।
আনকি সমনীয়াৰ লগত বাদবিসম্বাদতো। দাম্ভিক
দুৰ্দান্ত দলনেতা দমন কৰাত ‘বাপু’ (তচদ্দুকৰ ঘৰত
মতা নাম) আছিল সিদ্ধহস্ত। ইয়াৰ আগলৈকে
শাৰিৰীক সক্ষমতাৰ বলত নেতা বোলাই থকা ল’ৰাই
ৰণভংগ দি ‘বাপু’ক নেতৃত্বৰ ভাৰ এৰি দিলে।
আজিকালি ইয়াকেই সম্ভৱ ‘দাদাগিৰি’ বোলে।
আমাৰ লগত থকা সময়খিনি চেনীকুঠী স্কুলৰ {{hws|সম|সমনীয়াৰ}} | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৬ |

১৬ | {{hwe|নীয়াৰ|সমনীয়াৰ}} মাজত ‘তচদ্দুক’ ‘দাদা’ হৈ থাকিল।
আনহাতে আকৌ তেতিয়া মোৰ দৰে কৃশকায় ল’ৰাৰ
প্ৰতি ‘বাপু’ৰ আছিল অপৰিসীম কৰুণা, গভীৰ
সহানুভূতি। ফলত কোনো বাদবিসম্বাদতে আমাৰ
ওপৰত কোনোৱে জুলুম কৰিবলৈ সাহ কৰা নাছিল।
একমাত্ৰ ‘দলপতি’ৰ কৰুণাৰ বাবে। আজিও কথাষাৰ
যেতিয়া চিন্তা কৰোঁ− তেতিয়াই মনলৈ প্ৰশ্ন
আহে− দুৰ্বলৰ প্ৰতি এই পক্ষপাতিত্ব সেই ল’ৰাজনৰ
কৰুণা নে পুতৌৰ চানেকি? হয়তো দুয়োটাই।
স্বাভাৱিকতে নেতৃত্ব ল’ব পৰা গুণৰ অধিকাৰী
হৈয়ো ‘তচদ্দুক’− শিল্পী তচদ্দুকে আনক
নেতৃত্ব দিয়াৰ কথা বাদেই, নিজকেই ঠিকমতে
পৰিচালিত কৰিব নোৱাৰিলে কিয়? বহু সৃষ্টিৰ
সম্ভাৱনা লৈয়ো সৃষ্টিবিমুখ হৈ তেওঁ আঁতৰি গ’ল
কিয়? হয়তো তেওঁৰ বাবে এই পৰিণতিয়েই
নিৰ্ধাৰিত আছিল।
'''চিলঠৰ ‘উড়ন্ত চাকি' আৰু ‘বুমেৰাং’'''
এদিনাখনৰ কথা। মোৰ চিলঠখনত কাঠৰ ‘বাও’
(ফ্ৰেম)প্ৰায় নাছিলেই। বাওকিডল প্ৰায়ে খুলি হাতত
তুলি লওঁ। স্কেলৰ অভাৱত আঁক মাৰিবলৈ ব্যৱহাৰ
কৰোঁ আৰু দৰকাৰ হলে (সমনীয়াৰ লগত বাদানুবাদত
আত্মৰক্ষাৰ বাবে) প্ৰায়ে কাঠৰ তৰোৱালৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৭ |

{{Right|১৭}} | কাম কৰে। নগেন ছাৰৰ উপাধি আছিল শৰ্মা।
তাতে আকৌ ‘বাও’ নথকা চিলেঠ দেখিলে ‘টিপটপ’
ছাৰ খঙত আৰু ‘অগ্নিশৰ্মা’ হয়। এনেতে এদিন
শ্ৰুতলিপি লিখাৰ সময়ত এইজন শৰ্মাৰ হাতত পৰিলোঁ
ধৰা! নগেন ছাৰে আবিষ্কাৰ কৰিলে— মোৰ
চিলঠখন টিনৰ যদিও ‘বাও’ নাই। ছাৰ খঙত
টিঙিৰিতুলা হ’ল। কিয় জানো মোৰ ওপৰত দৈহিক
শাস্তি নহ’ল যদিও হ’লগৈ চিলঠখনৰ ওপৰত।
খঙতে দিলে দলিয়াই চিলঠ খিৰিকীয়েদি। উৰন্ত
চাকিৰ দৰে দুৰন্ত গতিত উৰি গৈ টিঙৰ চিলেঠখন
চকোৱাৰ সিদাঁতিৰ ‘জাৰ্মানী’ বনৰ মাজত
হেৰাই গ’ল। সকাহ লৈ নগেন ছাৰৰ অসমাপ্ত
শ্ৰুতলিপি দিয়াৰ কাম আকৌ আৰম্ভ হল। কিন্তু
‘হা হতোম্মি’। ছাৰে পিছমুহূৰ্ততে দেখিলে উৰন্ত
চাকি হৈ গুচি যোৱা চিলঠখন ‘বুমেৰাং’ হৈ আকৌ
মোৰ সন্মুখত। অৰ্থাৎ সেই বাওবিহীন চিলেঠ
খনকে লৈ নিৰ্বিকাৰভাবে মই শ্ৰুতলিপি লিখি
আছোঁ। চাৰ কাষ ছাপি আহিল। আচৰিত হৈ
মোলৈ চালে। তাৰ পিছত হঠাৎ যেন কিবা
এটা আবিষ্কাৰ কৰাৰ ভাৰ লৈ তচদ্দুকলৈ চকু গ’ল
দৃষ্টিৰ অৰ্থ যেনিবা “তোমাৰ বাহিৰে আৰু কোনে
এই অসাধ্য সাধন কৰিব পাৰে? এই কঠিন কাম | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৮ |

১৮ | বাদলৰ সাধ্যৰ বাহিৰত। “গতিকে এই ‘মিৰাকল’ৰ
একমাত্ৰ সম্ভাব্য গুৰু তচদ্দুকেই, ঠিকেই অনুমান
কৰিছিল। নাটৰ গুৰু যে তচদ্দুক— ওলাই
পৰিল। লগে লগে ওলাই পৰিল ব’ৰ্ড এখনেৰে
ঢাকি থোৱা পিছফালৰ বেৰত এটা গাঁত। এই গাঁতৰ
খনিকৰ তথা মালিক একাধাৰে তচদ্দুক ইউছুফ।
একমাত্ৰ তেৱেঁই অইনৰ অতৰ্কিতে ওলোৱা সোমোৱা
কৰে আৰু তেৱেঁই আনে গম নোপোৱাকৈয়ে চিলঠখন
বাহিৰৰপৰা আনি মোক পুনৰ হস্তান্তৰ
কৰিছিল। মৌলিক চিন্তাৰ গৰাকী দুঃসাহসী অভিযানৰ
আবিষ্কৰ্তা এইজনেই এসময়ৰ কিশোৰ
কালৰ গৰ্ভত তেওঁৰ মৌলিক চিন্তাই
খোপনি নাপালে। দুঃসাহসী অভিযানেও ভবিষ্যতত
সম্ভাৱনাৰ চানেকী ৰাখিব নোৱাৰিলে। এটা
সম্ভাৱনাময় প্ৰতিশ্ৰুতিৰ অংকুৰটো কোনোবা এক
অশুভ মুহূৰ্তত এক অশুভ কীটৰ দংশনত দগ্ধ হ’ল।
'''এটা চকু হেৰাল'''
এক কৰুণ কাহিনীৰে তেওঁৰ শৈশৱ কৈশোৰৰ
অধ্যায়টো সামৰিম। ধেনু-কাঁড় লৈ দুয়োজন ল’ৰাই
খেলি আছে। ককায়েক ‘বাপু’ আৰু ভায়েক
‘দীলু’। খেলি থকা অবস্থাতে হঠাতে কাঁড়
ডাল ওপৰলৈ মাৰি পঠিয়ালে ভায়েক দীলুৱে আৰু | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৯ |

{{Right|১৯}} | একান্ত আগ্ৰহেৰে ওপৰলৈ চাই ৰ’ল ককায়েক
বাপুৱে— কাঁড়ডাল উভতি অহা। কাঁড়ডাল ঠিকেই
উভতি আহিল। কিন্তু ভাগ্যৰ কি পৰিহাস!
সেই কাঁড়ডালেই উভতি আহি পোনচাটেই সোমাল
বাপুৰ চকুত। এটা চকু চিৰকাললৈ ঘূণীয়া হৈ
গ’ল। সেয়েহে পাথৰৰ চকুৰ মণি লগোৱা তচদ্দুকে
সদায় ডাঠ ৰঙীন চচমাৰে চকু আৱৰি ৰাখিব
লগীয়া হ’ল— আজীৱন, আমৃত্যু, আৰু আমিও
শৈশৱতে খেলৰ লামলাকটু সামগ্ৰীৰপৰা আমাৰ
প্ৰিয় ‘ধেনু-কাঁড়’ চিৰকালৰ বাবে হেৰুৱাব লগীয়া
হলোঁ। অভিভাবকৰ কঠোৰ শাসনত ধেনু-কাঁড় লৈ
খেলাৰো মুদা মৰি থাকিল।
'''ডেকাবয়সত'''
ইয়াৰ পিছত তচদ্দুক ইউছুফক ডেকা বয়সত আমি
আকৌ লগ পাওঁ গুৱাহাটীত। তেওঁ তেতিয়া
কলেজীয়া চফল ডেকা। কটন কলেজত সম্ভবতঃ
তেওঁ দুবছমানহে পঢ়িছিল। ইতিমধ্যে তেওঁৰ কণ্ঠস্বৰত
আহি পৰিছে এক সুগভীৰ স্বৰমাধুৰ্য্য আৰু
বচনভংগীত থিতাপি লৈছে এক নিজস্ব বৈশিষ্ট—
স্বকীয় ষ্টাইল। এই অননুকৰণীয় সম্পদেৰে বলীয়ান
হৈ তেওঁ পদাৰ্পণ কৰিলে মঞ্চৰ লগতে ৰেডিঅ’ত।
স্বৰগ্ৰামৰ আৰোহণ অবৰোহণৰ নিজা খেল {{hws|দেখুৱা|দেখুৱাবৰ}} | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২০ |

২০ | বৰ সুযোগ ওস্তাদ তচদ্দুক ৰেডিঅ’ নাটকত হৈ
পৰিল এক বিশিষ্ট শিল্পী। প্ৰায় তিনি দশকৰো
ওপৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বহু নাটকত,
বহুতো বৈচিত্ৰময় চৰিত্ৰ ৰূপায়ণ কৰিছে তেওঁ।
সুনাম আৰু প্ৰশংসাও অৰ্জন কৰিছে ইয়াৰ বাবে।
'''যুৱমহোৎসৱত সাফল্য'''
১৯৫৪-৫৫ চনৰ কথা। সেইবাৰ প্ৰথম সৰ্বভাৰতীয়
আন্তঃবিশ্ববিদ্যালয় যুব মহোৎসব অনুষ্ঠিত হয় নতুন
দিল্লীত মৌলানা আজাদৰ পৌৰুহিত্যত, পণ্ডিত
নেহৰুৰ সাক্ষাতত। মহোৎসৱত যোগ দিয়া গুৱাহাটী
বিশ্ববিদ্যালয় আৰু অনাতাঁৰ কেন্দ্ৰ দুয়োটাই ৬
বছৰীয়া চালুকীয়া অনুষ্ঠান। নাটকৰ নাম ‘এৰা
বাটৰ সুৰ’। ৰচনা, প্ৰযোজনা আৰু সংগীত
বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ভূপেন হাজৰিকাৰ।
সহশিল্পী সকল (সৰ্বশ্ৰী) শৈল বৰুৱা, লিলি দাস
(পিছত মালিক), দুৰ্গেশ্বৰ বৰঠাকুৰ, অঞ্জলী মেছ
আৰু এই নিবন্ধৰ নিবন্ধকাৰ। লগতে গীতাংশত
(সৰ্বশ্ৰী) বীৰেন দত্ত, জ্যোতিৰ্ময় কাকতি, তফজ্জুল
আলি, শেৱালী দেবী আৰু যন্ত্ৰ সংগীতত বিজয়শংকৰ
দাস (বেহেলা)
সেইবাৰেই ভাৰতৰ বিভিন্ন প্ৰান্ত বিভিন্ন বিশ্ববিদ্যালয়ক
প্ৰতিনিধিত্ব কৰি দিল্লী পাইছিলগৈ বহুতো | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২১ |

{{Right|২১}} | খ্যাতনামা অভিনেতা-শিল্পীসকল। তাৰে ভিতৰত
দুই-তিনিজনৰ নাম কলেই যথেষ্ট হ’ব। তেওঁলোক
আছিল সৰ্বশ্ৰী সৌমিত্ৰ চেটাৰ্জী (কলিকতা),
বিজয় আনন্দ (বোম্বাই), সংগীতাংশত মংগেশকৰ
ভগ্নীদ্বয় মীণা আৰু উষা। কিন্তু তথাপিতো এনে
মানদণ্ডৰ শিল্পীৰ লগত প্ৰতিদ্বন্দিতা কৰিও গৌৰবৰ
বিজয় মুকুট কঢ়িয়াই আনিলে। ৰেডিঅ’ নাটকৰ
এই সৰ্বভাৰতীয় সাফল্যত এক বুজন পৰিমাণৰ
অৰিহণা যোগাইছিল তচদ্দুক ইউছুফৰ প্ৰাণবন্ত
অভিনয়ে।
'''চলচিত্ৰত অভিনয়'''
চলচিত্ৰ অভিনয় তচদ্দুক ইউছুফৰ শিল্পী জীৱনৰ
এক উল্লেখযোগ্য মাইলৰ খুটা। সংখ্যাৰে নহলেও
গুণগতভাবে তেওঁ অভিনয় কৰা প্ৰতিখন ছবিত
নিজৰ প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সঁচা;
কিন্তু পূৰ্ণভাবে প্ৰতিভাৰ বিকাশ আটাইকেইখনত
সমানে হোৱা নাই। কোনো কোনোখনততো
একেবাৰেই হোৱা নাই। উদাহৰণ স্বৰূপে ক’ব
পাৰি ‘এৰাবাটৰ সুৰ’। যুব মহোৎসবৰ সফল
ৰেডিঅ’ নাটক ‘এৰাবাটৰ সুৰ’ক যেতিয়া ভূপেন
হাজৰিকাই চিত্ৰনাট্য কৰি ছবি তুলিবৰ আয়োজন
কৰিলে— তেতিয়া স্বাভাবিকতেই শিল্পী নিৰ্বাচন | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২২ |

২২ | কৰিলে তচদ্দুক ইউছুফকো। আৰম্ভ’কলহ তেওঁৰ
চলচিত্ৰত জয় যাত্ৰা। ‘এৰাবাটৰ সুৰ’ৰ পিছৰ ছবিখনত
বিশেষকৈ ‘ধুমুহা’, ‘পূবেৰুণ’, ‘কাঁচঘৰ’,
‘পূৱতি নিশাৰ সপোন’, ‘নিয়তি’ আদিত তেওঁৰ
অভিনয়ে পূৰ্ণ উৎকৰ্ষ লাভ কৰিব নোৱাৰিলে।
হয়তো সেই চলচিত্ৰ সমূহত তেওঁ পোৱা সীমিত
সুযোগৰ বাবেই হওক বা অন্য কাৰণতেই হওক।
‘পাপ আৰু প্ৰায়শ্চিত্ত’ ‘কাজিৰঙাৰ কাহিনী’ আদি
চৰিত্ৰৰ অভিনয়তো একপ্ৰকাৰ মেনাৰিজিম্ৰ প্ৰভাব
সুস্পষ্ট। অৱশ্যে কাঁচঘৰ, অৰণ্য আৰু দূৰণিৰ
ৰঙত তেওঁৰ অভিনয়ৰ বলিষ্ঠতাৰ ছাপ প্ৰতিফলিত
হৈছে।
কিন্তু তাতোকৈ দুভাৰ্গ্যৰ কথা, পিছলৈ প্ৰযোজক
পৰিচালকৰ কাৰণে তেওঁ নিতান্ত দুষ্প্ৰাপ্য দুৰ্বোধ্য
শিল্পী হিচাপে পৰিগণিত হ’বলৈ ধৰিলে। ইংৰাজীতে
যাক ‘Hot potato’ বোলা হয়। বিশেষকৈ
তেওঁৰ {{SIC|Steriotyped|Stereotyped}} mannerism আৰু ইউনিটত
দুৰ্বোধ্য, অসংবৰণীয় আচৰণৰ কাৰণে বহু
চলচিত্ৰত অভিনয় কৰিবলগীয়া হোৱা সত্বেও শেষ
মুহূৰ্তত হৈ নুঠিলগৈ। অথচ সেইবোৰ চলচিত্ৰ
তেওঁৰ বাবে যোগ্য ভাও আছিল যাৰ যোগেদিও
তেওঁৰ প্ৰতিভা বিকশিত হোৱা পৰ্য্যাপ্ত সুযোগ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৩ | {{Right|২৩}} | আছিল। সি যি কি নহওক, তেওঁ শিল্পী জীৱনৰ
সাফল্যৰ ওলোটা ফালে থকা ব্যৰ্থতাৰ এয়া এক
কৰুণ পৰিণতি।
'''মঞ্চত এপিটাফ'''
তেওঁ মঞ্চৰ লগতো জড়িত আছিল। নগাঁৱত
থকা কালত কেবাখন নাটক প্ৰযোজনা কৰিছিল;
লগতে অভিনয়ো। তাৰ ভিতৰত কোনো এখনৰ
নাম বিশেষভাবে উল্লেখ কৰিবলগীয়া নহয়। তেওঁৰ
‘মঞ্চৰ এপিটাফ’ হ’ল Six characters in
search of a dramatist— ‘নাট্যকাৰৰ সন্ধানত
ছটি চৰিত্ৰ’। আমাৰ বিশ্বাস এই নাটখনৰ প্ৰযোজনা,
পৰিচালনা আৰু অভিনয়েই আমাক মঞ্চত
তেওঁৰ নাম সুৱঁৰি থাকিবলৈ সকিয়াই দিব।
জীৱনৰ শেষৰ পিনে মাত্ৰ সৌ সিদিনাখন তেওঁ
ভ্ৰাম্যমান নাট্যজগতত প্ৰবেশ কৰিছিল। {{SIC|ব্যাবসায়িক|ব্যৱসায়িক}}
নাট্য গোষ্ঠী এটিত যোগদান কৰি নিজে ৰচা ‘প্ৰেম
যমুনা’ নামৰ নাটখন পৰিচালনা কৰি লগতে এটি
বিশিষ্ট চৰিত্ৰ ৰূপায়নৰ মানসেৰে আখৰাতো অংশ
গ্ৰহণ কৰিছিল। তেওঁৰ সেই কাম অসম্পূৰ্ণ হৈয়ে
ৰ’ল। কলঙৰ হাত ধৰি কালে তেওঁক লৈ গ’ল।
কোনে জানে হয়তো তাতেই তেওঁ শিল্পী সত্ত্বাৰ
বিকাশৰ বাবে শেষ চেষ্টাত ব্ৰতী হ’লহেঁতেন নে নাই!
{{Dhr|1em}} | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৪ |

২৪ |
'''খেলপথাৰৰ পৰা'''
বৰদলৈ ট্ৰফি, স্বাধীনতা দিবস কাপ, ডুগৰ ছিল্ড,
এ টি পি এ ছিল্ড ফুটবল প্ৰতিযোগিতা আদিত
গুৱাহাটী, নগাওঁ, তেজপুৰ, যোৰহাট আদিত বিভিন্ন
খেল পথাৰৰপৰা আকাশবাণীৰ যোগেদি ধাৰা-বিবৰণী
দিয়া তচদ্দুক ইউছুফৰ উদাত্ত কণ্ঠস্বৰ আমি
আৰু শুনিবলৈ নাপাওঁ। “এয়া মই তচদ্দুক ইউছুফে
কৈছোঁ” বুলি কৰা সেই বলিষ্ঠ ঘোষণা
চিৰকালৰ কাৰণে ৰূদ্ধ হৈ গ’ল। খেল সমূহৰ
উত্তেজনাপূৰ্ণ মুহূৰ্তবোৰৰ নাটকীয় আৰু আবেগিক
বৰ্ণনাৰ যি আকৰ্ষণীয় বৈশিষ্ট আছিল সিও সময়ৰ
বুকুত হেৰাই গ’ল।
'''কোন দায়ী'''
কোনে জানে তেওঁৰ মনৰ ক্লান্তি নে বিভ্ৰান্তি ইয়াৰ
বাবে দায়ী। তেওঁৰ জীৱনৰ সকৰুণ পৰিণতিৰ
বাবে ফ্ৰাষ্টেচনেই দায়ী নে অন্য কিবা কাৰণ
হ’ব পাৰে? এই কথাৰ উত্তৰ আমি আজি বিচাৰি
পোৱা নাই যদিও অনুসন্ধান কৰিলে এদিন নিশ্চয়
ওলাব। তেওঁ স্বইচ্ছাই কলঙৰ বুকুত আশ্ৰয় ললে
নে দুৰ্ঘটনাৰ সুযোগ লৈ কলঙেই তেওঁক বুকুত চপাই
ললে এই কথাৰ উত্তৰো সিদিনাই পোৱা যাব
পাৰে। অৱশ্যে আমি দুখেৰে সুঁৱৰিম বহুদিনৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৫ | আগেয়ে দেউতাক জিয়াউদ্দিন ইউছুফেও এদিন
তেজপুৰ-শিলঘাট ফেৰিৰপৰা জঁপিয়াই ব্ৰহ্মপুত্ৰৰ
বুকুত জাহ গৈছিল। পানীত পৰি হোৱা মৃত্যু
বা অপমৃত্যুৰ উৎস, কাৰণ আৰু প্ৰতিক্ৰিয়াক লৈ
এইহাল পিতাপুত্ৰই মৃত্যুৰ সিপাৰৰ জগতখনত পাৰস্পৰিক
তথ্যানুসন্ধানত মিলিত হ’ব জানো? তথাপিতো
তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰাৰ
দায়িত্ব আমাৰ বুলিয়ে গ্ৰহণ কৰিছোঁ। সেই দায়িত্ব
আমি পালনো কৰিছোঁ। তেওঁলোকৰ আত্মাই
চিৰশান্তি লভক।
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৬ | {{dhr}}
{{larger|'''মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা!'''}}

সমৰেন্দ্ৰনাৰায়ণ দেৱ
{{dhr}}
‘মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা।’—
এয়া এজন কলংপৰীয়া কবিৰ জীৱনৰ গভীৰ
উপলব্ধি। কলঙৰ পাৰত জন্ম আছে, কলঙৰ পাৰত
শৈশৱ আছে, কলঙৰ পৰত কৈশোৰ আছে, কলঙৰ
পাৰত যৌৱন আছে, কলঙৰ পাৰত প্ৰেম আছে,
বিৰহ আছে, মিলন আছে, কলঙৰ পাৰত বাৰ্ধক্য
আছে, মৃত্যু আছে। কিন্তু কলঙে অকালতে কাৰোবাক
সাবতি লোৱাৰ বুৰঞ্জী আছে জানো? হয়তো
আছে কোনোবাই কলঙৰ বুকুতেই চিৰশান্তি লোৱাৰ,
জীৱনতকৈও মৃত্যুকেই শ্ৰেয় বুলি ভবাৰ। এয়া
এক কৰুণ উপলব্ধি, এয়া মানৱ জীৱনৰ এক কৰুণ
সমাপ্তি।
বাপুদা— বাপুদায়ে হয়তো কলঙ পাৰত থিয় হৈ
আকৌ এবাৰ কলং পনীয়া কবিৰ কবিতাটো আবৃত্তি
কৰিছিল— ‘মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ
কথা।’ বহুদিন বাপুদাৰ কাষত বহি শুনিছিলোঁ
অসমীয়া, বঙালী, উৰ্দু শ্বায়েৰ, ইংৰাজী নাটকৰ | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৭ |

{{Right|২৭}} | সংলাপ আৰু কবিতা। বাপুদাৰ কণ্ঠৰ দৰে খুব
কমৰেই ইমান মধুৰ আবৃত্তিৰ কণ্ঠ আছিল। বাপুদাৰ
কণ্ঠ অসমৰ সকলোৰে বৰ চিনাকি, বৰ মৰমৰ;
সেয়া নাটকৰ সংলাপেই হওক বা ফুটবলৰ চলন্ত
ধাৰা বিবৰণীয়েই হওক। কিন্তু এই কণ্ঠ হঠাতে
স্তব্ধ হৈ গ’ল, মৃত্যুৰ গভীৰ শীতে সোণালী কণ্ঠ
সাৱতি ধৰিলে।
ভাতৃসম ল’ৰাজনে বৰ বিষন্ন মনে মোক সুধিছিল
কথাটো সচাঁনে? মই উচপ্ খাই উঠিছিলোঁ।
কি? কি ক’লা? কলঙৰ বুকুৰ পৰা তচদ্দুক
ইউছুফৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই নিৰ্মম
কথাটো তোমাক কোনে ক’লে? এৰা বহুতেই
কৈছে, ৰেডিঅ’ই কৈছে, বাতৰি কাকতে কৈছে।
মুহূৰ্ততে মোৰ মনৰ মাজত বহুতো স্মৃতি ভাঁহি
উঠিল। টুকুৰা টুকুৰ কিছুমান দ্ৰুত ধাৱমান ছবি—
যাক ফিল্মৰ ভাষাত কোৱা হয় ‘মন্টাজ’। বাপুদা
মানে তচদ্দুক ইউছুফৰ সতে মোৰ সম্বন্ধ ফিল্মৰ।
ফিল্মৰ মাজেদিয়েই তচদ্দুক ইউছুফৰ সতে মোৰ
গভীৰ সম্পক গঢ়ি উঠিছিল। ফিল্ম যিদৰে মোৰ
প্ৰাণৰ বন্ধু, বাপুদাও আছিল মোৰ তেজৰ সম্বন্ধ
থকা এজন আত্মীয়তকৈও বেছি অপোনজন।
তিনিটা বিশেষ ঘটনাৰ বাবেই তচদ্দুক ইউছুফ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৮ |

২৮ | মোৰ জীৱনৰ স্মতিপটত এজন বিশেষ ব্যক্তি
হিচাপে সদায় জিলিকি থাকিব।
এক— জীৱনত মই প্ৰথম ছিনেমাৰ ছুটিং (দৃশ্য গ্ৰহণ)
দেখোঁ তেজপুৰৰ আমাৰ ভিনদেউহ’তৰ ঘৰত স্বৰ্গীয়
ফণী শৰ্মাদেৱৰ ‘পুৱতি নিশাৰ সপোন’ৰ। ছবিখনৰ
নায়ক আছিল বাপুদা। তচদ্দুক ইউছুফক
মই জীৱনত প্ৰথম দেখিছিলোঁ মুখত মেক্আপৰে
এজন ফিল্মৰ অভিনেতা হিচাপে তেজপুৰতেই।
সিদিনা।
দুই— মোৰ পৰিচালিত প্ৰথম তিনিখন ছবি অৰণ্য,
কাজিৰঙাৰ কাহিনী (মুক্তি অৱশ্যে বহুত পিচত
হৈছে), পুতলা ঘৰত একাদিক্ৰমে তেখেতে অভিনয়
কৰিছে। অৰণ্য আৰু পুতলা ঘৰত তেওঁ যি
আন্তৰিকতাৰে অভিনয় কৰিছিল, সিয়ে মোক ছুটিং
কৰি থাকোঁতে এখন ভাল ছবি কৰাৰ মানসিকতাৰ
সৃষ্টি কৰি দিছিল। তাৰ বাবে তেখেতৰ ওচৰত
মই কৃতজ্ঞ।
তিনি— তেখেতৰ ওচৰত মোৰ আটাইতকৈ বেছি
শ্ৰদ্ধা উপজিছিল এটা বিশষে কাৰণতহে। এসময়ত
গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনটো ‘জাতীয় নাট্যশালা’
হ’ব লাগে বুলি বৰকৈ দাবী উঠিছিল। হঠাতে
চৰকাৰেও ঘোষণা কৰিলে ৰবীন্দ্ৰ ভৱনটো ‘জাতীয় | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৯ |

{{Right|২৯}} | নাট্যশালা’লৈ ৰূপান্তৰিত কৰা হ’ব। শিল্পী সাহিত্যিক
সকলৰ গাত তত্ নোহোৱা হৈ পৰিল—
আমাৰ এটা ‘জাতীয় নাট্যশালা’ হ’ব— তাত ভাগ
ল’বলৈ উখল-মাখল লাগি পৰিল। তাৰ মাজতে
কিছুমানে অৱশ্যে প্ৰশ্ন কৰিলে ‘জাতীয় নাট্যশালা’
মানেনো কি? তাৰ উত্তৰখিনি ৰান্ধনি ঘৰৰ
শিকিয়াত তুলি থোৱা হ’ল। মাথোন কমিটি
কৰিব লাগে আৰু তাত ভাগ ল’ব লাগে। অসমৰ
ইমূৰৰপৰা সিমূৰৰ স্বনামধন্য ব্যক্তি সকলেৰে এখন
কমিটিও গঠন কৰা হ’ল; কিন্তু দুখৰ বিষয়, শেষত
দেখা গ’ল কমিটিখনত এজনো মুছলমান লোক লোৱা
ন’হল। গতিকে লৰালৰি কৰি তচদ্দুক ইউছুফৰ
নামটো কমিটিত লোৱা হ’ল। হায়! সংস্কৃতিৰ কি
কৰুণ প্ৰকাশ! তচদ্দুক ইউছুফে তাৰ প্ৰতিবাদ
কৰিলে— মই যদি সংস্কৃতিৰ মানুহ নহওঁ, সংস্কৃতিৰ
ক্ষেত্ৰত অসমত যদি মোৰ কোনো বৰঙণি নাই,
তেনেহলে ‘জাতীয় নাট্যশালা’ৰ কমিটিত এজন মুছলমান
প্ৰতিনিধি হিচাপে মই নাথাকোঁ। এক তীব্ৰ
প্ৰতিবাদ। লগতে তেওঁ প্ৰশ্নও কৰিলে ‘জাতীয় নাট্যশালা’
মানেনো আপোনালোকে কি বুজিছে? উত্তৰ
শূন্য। টেঙৰ বুদ্ধিজীবীসকল আজিও নিমাত।
সেয়েহে সংস্কৃতিক ভালাপোৱা, জ্ঞানক ভালপোৱা
নতুন পুৰুষ এজনেও আজি শিক্ষা-সংস্কৃতিৰ কমিটি | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩০ | এখন গঠন কৰিবলৈ গৈ ঘৃণনীয় সাম্প্ৰদায়িকতাৰ
আশ্ৰয় লয়। আজিৰ অসমৰ এই পৰিবেশৰ মাজত
তচদ্দুক ইউছুফে, মোৰ অগ্ৰজ বাপুদাই সেয়েহে কলং
পাৰত থিয়হৈ কলংপাৰৰ কবিৰ উক্তিকেই পুনৰ
আবৃত্তি কৰিলে— “মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ
কথা’। ইয়াতকৈ দুখৰ, ইয়াতকৈ মৰ্মান্তিক আৰু
একোৱেই হ’ব নোৱাৰে, যদিহে সংস্কৃতিক উপলব্ধি
কাৰোবাৰ আছে।
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩১ | {{dhr}}
{{larger|'''এজন মহান অভিনেতাৰ মৃত্যুৰ বাতৰিৰে…'''}}

প্ৰণৱ বৰুৱা
তচদ্দুক ইউছুফৰ মৃত্যুৰ বাতৰি পালোঁ পাঠশালাত
কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিব ওলোৱা ‘ক্লিওপেট্ৰা’ৰ
ক’লা-নিৰ্দেশনাৰ ব্যস্ততাৰ মাজত। ব্যথিত
মনেৰে অলপ সময় কামৰপৰা বিৰতি লৈ সেই
দিনবোৰলৈ উভতি গলোঁ। তচদ্দুকদাক ওচৰৰ
পৰা ভালদৰে নাজানিলেও অভিনেতা, পৰিচালক
হিচাপে তেখেতক মই নিচেই ওচৰতে পাইছিলোঁ।
তেখেতে ‘হোল ট্ৰুথ’ৰ মঞ্চসজ্জাৰ ভাৰ মোৰ ওপৰত
দিয়াত মই অবাক হৈছিলোঁ, কাৰণ সেই ক্ষেত্ৰত
মই তেতিয়া অনভিজ্ঞ; নিম্নতম প্ৰয়োজনীয় খিনিৰে
মই একমাত্ৰ ছেটটো সম্পূৰ্ণ কৰাত তেখেতে মোক
প্ৰশংসা কৰিছিল। মই উৎসাহ পাইছিলোঁ। অভিনয়ৰ
সম্পূৰ্ণ প্ৰস্তুতি লৈহে তেখেতে ৰিহাৰ্ছেললৈ
আহিছিল। দুৰ্বল পৰিচালকৰ সঘনে হোৱা চিন্তাৰ
বিজুতিত অভিনেতা-অভিনেত্ৰীসকলে হেৰোৱা আত্মবিশ্বাসক
তেখেতে পুনৰ জন্ম দিছিল। একেবাৰে
অভিনয় নজনা মানুহকো অভিনেতা পৰ্য্যায়লৈ অনাৰ
দক্ষতা তচদ্দুকৰ আছিল। ই সম্ভৱ কেৱল সুস্থ | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩২ |

৩২ | পৰিচালকৰ বাবেহে। মঞ্চ-কলা সম্বন্ধে তেখেতৰ
জ্ঞান আছিল অতুলনীয়। ‘নাট্যকাৰ সন্ধানত ছটি
চৰিত্ৰ’ নাটকত এই স্বাক্ষৰ বহন কৰিছে। এটি
বলিষ্ঠ কণ্ঠৰ ৰোধ হ’ল সঁচা, কিন্তু তাৰ প্ৰতিধ্বনি
দৰ্শক হৃদয়ে হৃদয়ে প্ৰতিধ্বনিত হৈ ৰ’ব। অসমৰ
নাট্য-জগতলৈ নব-জাগৰণ অনাসকলৰ ভিতৰত
ইউছুফ চাহাব অন্যতম। গতানুগতিকাৰ বিৰুদ্ধে
কৰা প্ৰতিবাদত তেখেতে সঁহাৰি পাইছিল। বক্তব্যৰ
ফালপৰা নহলেও কলাগত গুণৰ বাবে তেখেতৰ
নাটসমূহে এটা উচ্চ পৰ্য্যায় লাভ কৰিছিল।
মনত পৰে, তেখেতৰ লগত প্ৰথম চিনাকী হোৱা
দিনটোৰ কথা। মই তেতিয়া কলেজৰ প্ৰথম
বাৰ্ষিকত। চফল ডেকা। ধীৰে-সুস্থিৰে জোখা-জোখা
খোজেৰে তচদ্দুকদাক ৰাষ্টাৰে গৈ থকা দেখি
মাতিবলৈ মন গ’ল। মোৰ সম্ভাষণৰ প্ৰত্যুত্তৰ দি
তেখেতে দুই-এটা কথা কৈ কৈ মোক ঘৰলৈ লৈ
গ’ল। সুৰুচিসম্পন্ন ব্যক্তিৰ প্ৰতিফলন ঘৰখনতো
দেখিলোঁ। মই চিত্ৰশিল্পী হোৱাৰ ইচ্ছা প্ৰকাশ
কৰিলত ঘৰ বাহিৰে তেখেতেই উৎসাহ দিয়াত
মনতে প্ৰফুল্লিত হৈছিলোঁ। তেখেতৰ মতে শিল্পী
বহুমুখী হ’ব লাগে। মই যেন আশীৰ্বাদ পালোঁ।
ছবি অঁকাৰ উপৰিও শিল্পসন্মত কঠিন কামত হাত | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৩ | দিবলৈ মই তেখেতৰপৰাই শিকিলোঁ। কহিনুৰৰ
‘ক্লিওপেট্ৰা'ৰ কলা নিৰ্দেশনাৰ বাবে নিমন্ত্ৰণ গ্ৰহণ
কৰোঁতে তেখেতৰ কথাই মনত পৰিছিল আৰু
তেখেতৰ নাটকৰপৰা পোৱা অভিজ্ঞতাক মূলধন
হিচাপে লৈ মই পাঠশালালৈ ৰাওনা হৈছিলোঁ।
‘ক্লিওপেট্ৰা’ৰ সফলতাত মোৰ সামান্য অৰিহনাই
যদি সহায় কৰে, মই তচদ্দুকদাৰ ওচৰত কৃতজ্ঞ
হৈ ৰ’ম। 'একাগ্ৰতাৰে কৰা কাম কেতিয়াও নিস্ফল
নহয়— তেখেতৰ এই কথাষাৰে মোৰ মনলৈ দৃঢ়তা
আনে। চেষ্টাত কাৰ্পন্যতা দূৰ হয়। বাহুল্য
বৰ্জিত শিল্পকৰ্মক তেখেতে শ্ৰদ্ধা কৰিছিল।
তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ।
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৪ | {{dhr}}
{{larger|'''‘ৰক্তিম বাসনা’ৰ অতৃপ্ত বাসনাৰে
তচদ্দুক গ’লগৈ'''}}

ডা॰ নগেন দত্ত
{{dhr}}
{{gap}}মানুহ আৰু মানুহৰ আবেগৰ সূক্ষ্মমূহূৰ্ত একোটা
বিচাৰি তাৰেই চেলুলয়ডত নকল কৰিব খোজা
এজন পৰিচালকৰ মতে— “The world represented
in the screen is a new
creation— but just the copy of reality.”
এই কথাৰ সুৰতে মানুহজনৰ মুখত
বাৰে বাৰে কেবাবাৰো একাষাৰ কথা শুনিছিলোঁ—
“দত্ত, আইভৰ মণ্টাজে কি কয় জানে?
Reality is not to be so easily caught.”
সেইজন আছিল অসমীয়া চলচিত্ৰ জগতত
সুপৰিচিত— তচদ্দুক ইউছুফ।
{{gap}}মনত পৰে তাৰ পাছৰ এটা বিশেষ দিন—
মাৰ্চ মাহৰ চৌবিছ তাৰিখ, উনৈছ শ উনাশী চনৰ,
কলঙৰ পাৰত মোৰ বাসভৱনত।— “দত্ত, অভিনয় | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৫ |

{{Right|৩৫}} | বহুত কৰিলোঁ, এইবাৰ পৰিচালক হওচোন
আৰু নিজৰ পৰিচালনাত অভিনয় কৰি কেনে
লাগে চাওঁ”— সন্ধিয়াপৰত মোৰ ঘৰৰ ড্ৰইংৰুমত
বহি হাতত এখন স্ক্ৰিপ্ট লৈ মুখত এটা ছিগাৰেট
লৈ কৈছিল। তেতিয়া কোনো নাই, আমি মাত্ৰ
দুজনহে। তেজপুৰৰ পৰা ৰঞ্জু হাজৰিকা, ৰমণী
কেওঁত, হিৰণ্য মহন্ত আহি পোৱাহি নাই। নগাৱঁৰ
তজমল হুছেইন আৰু ৰঞ্জিত দেলৈকো বাটচাই
আছিলোঁ। তেওঁলোক কিন্তু অহাটো খাটাং। আজি
পূৰ্বাঞ্চল চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ ‘ৰক্তিম বাসনা’ৰ
‘ফাইনেল দিছিচন’ হ'ব। প্ৰতিষ্ঠানৰ সভাপতি মই।
{{gap}}—“অভিনয় তো বহুত কৰিলে; কিন্তু
পৰিচালক হ’বলৈ আপোনাৰ পৰিকল্পনা কেনে?”
আগন্তুক সকললৈ অপেক্ষা কৰি মইয়ে কথাৰ
মালিহা মুকলি কৰিলোঁ।
{{gap}}‘উইলছ্ ফিল্টাৰ' ছিগাৰেটটোত দীঘলকৈ
হোঁপা এটা মাৰি অভিনয় কৰাৰ সুৰতে তচদ্দুকে
ক’বলৈ আৰম্ভ কৰিলে— “দত্ত, অভিনয়ৰ খাতিৰত
অভিনয় কৰাটো মই কাহানিও নিবিচাৰিছিলোঁ—
I feel A good actor never tried to
act. আৰু যদি কেতিয়াবা সচাঁকৈয়ে মই পৰিচালক
হওঁ, এই ধৰক, ৰক্তিম বাসনাত হওক | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৬ |

৩৬ | কিম্বা অন্য কিবা বাসনাতেই হওক, I want to be a Director— not to direct only— পৰিচালকৰ খাতিৰত মই পৰিচালক হ’ব নোখোজোঁ”।
{{gap}}— “তাৰমানে—?” বুজি নোপোৱাৰ সুৰত মই আকৌ সুধিলোঁ।
{{gap}}— “সত্যজিত ৰয়, ডেভিডলিন মোৰ বাবে, ছবি পৰিচালনাৰ বাবে মোৰ মনৰ মাজৰ টিউটৰ। অধ্যয়নহে কৰিছোঁ, পৰীক্ষা দিম কোনোবা ছবিৰ পৰিচালনাৰে।”
{{gap}}— “ৰক্তিম বাসনাতে তেন্তে সেই কোৰ্ছৰ প্ৰথম পৰীক্ষা?”
{{gap}}— “ক’ব নোৱাৰোঁ— চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ মানুহখিনি যে আহিয়ে পোৱাহি নাই। সভা নোহোৱাকৈ আপুনি সভাপতি হৈ বহি আছে; বাজেটৰ কথা নাজানোৱেই। এইয়া মোৰ পৰিচালনাৰ প্ৰথম পৰীক্ষা বুলি কেনেকৈ ক’ম?
{{gap}}সময়বোৰ চুটি হৈ আহিল। ৰঞ্জু, অবনী, ৰমণী, তজমলহঁত আহি পালে।
{{gap}}—“দাদা, আমি কিছু টকা সংগ্ৰহ কৰিছোঁ। ছবিৰ মুহূৰৎ হৈ গ’লে আৰু টকা গোট খাব। কিবা এটা আৰম্ভণি দেখিলেহে মানুহৰ টকাৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৭ |

{{Right|৩৭}} | বেগ মুকলি হয়।”— তেওঁলোকৰ মাজৰ কোনোবা
এজনে ক’লে। — “তেন্তে আমি সপোন দেখাই নাই,
শুবলৈহে ধৰিছোঁ।”— ঢেকঢককৈ হাঁহি মোৰ
পিঠিত ঢাকা এটা মাৰি তচদ্দুকে ক’লে। লগে
লগে পেকেটৰপৰা আৰু এটা চুৰট উলিয়াই লৈ
পেকেটতে টুকুৰিয়ালে। — “ভয় নকৰিব দাদা,
আমাৰ সংগঠন শক্তিশালী। অহা বহাগ বিহুতে
বছৰৰ প্ৰথম দিনাই তেজপুৰৰ হলেশ্বৰ মন্দিৰত
আমাৰ ‘ৰক্তিম বাসনা’ৰ শুভ মুহূৰৎ কৰিম।
তাৰ পাছত ধন সংগ্ৰহৰ বাবে উঠিপৰি লাগিম আমি
সকলোৱে।”— তেওঁলোকৰে কোনোবা এজনে ক’লে।
{{gap}}সেইটো দিন ১৯৭৯ চনৰ ১৫ এপ্ৰিল।
অসমীয়া মাহৰ প্ৰথম বহাগ। তেজপুৰৰ হলেশ্বৰ
মন্দিৰত পূৰ্বাঞ্চল চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ সভ্যসকলৰ
লগত বহুত মানুহৰ সমাগম। ঘনাই টেক্সি অহা
যোৱা কৰিছে। নগাঁৱৰ মানুহো বহুত আহিছে
মুহূৰৎ চাবলৈ।
{{gap}}—“মন্দিৰৰ ভগৱানে আমাক আশীৰ্বাদ কৰিব,
আমাৰ আজিৰ কাম সুকলমে হৈ গলেই হয়।”—
শিল্পী মনেৰে ধৰ্মনিৰপেক্ষ তচদ্দুক ইউছুফৰ সেই
কথাষাৰ আজিও মনত পৰে। লগতে আৰু মনত
পৰে— “প্ৰথমতে প্ৰবল বাধা, কিন্তু কৃতকাৰ্য্য | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৮ |

৩৮ | হবাগৈহঁক”— মন্দিৰৰ পূজাৰীজন বোলে ‘সৰবজান’,
তেওঁৰ কথা সেইষাৰ।
{{gap}}নায়িকা মৃদুলা আহিল; কেমেৰামান ইন্দুকল্প
হাজৰিকাই মন্দিৰৰ কাষত তিনিঠেঙীয়া পেঙত
কেমেৰা ফিট্ কৰিলে! প্ৰাক্তন মন্ত্ৰী কোষেশ্বৰ
বৰাই কেমেৰাৰ ছুইচ্ টিপিলে। মই ক্লেপষ্টিক
দিলোঁ। তচদ্দুক ইউছুফ আজি কিন্তু কেমেৰাৰ
সমুখত নাই, দীঘল পঞ্জাবী কুৰ্টা আৰু পায়জামাৰে
কেমেৰাৰ কাষতহে; পৰিচালকৰ তীক্ষতৰ
দৃষ্টিৰে— দৃশ্যপট মনৰ মাজত অংকিত কৰিছে।
{{gap}}পৰিচালক তচদ্দুক আৰু অভিনেত্ৰী মৃদুলা
আজি নতুন ৰূপত, পৰিবেশত— মুখামুখি, ভেটা-ভেটি।
চিত্ৰামোদী ৰাইজ বাট চাই ৰ’ল কিবা
এটা নতুন উপভোগৰ আশাৰে। অসমৰ খ্যাতনামা
অভিনেতা তচদ্দুক ইউছুফ পোনপ্ৰথমবাৰৰ বাবে
ছবিৰ পৰিচালক হোৱাৰ বতৰা অসমৰ কাগজে
পত্ৰে ৰজন্জনাই গ’ল।
{{gap}}অসমৰ আকাশত নতুন আন্দোলনৰ ঢৌ উঠিল
নগৰে চহৰে। ছবিৰ পুঁজিৰ টকা সংগ্ৰহৰ বহীত
আৰু পাত নফটা হ’ল। নিৰুপায় হৈ চলচিত্ৰ
প্ৰতিষ্ঠানে সমবায়ৰ আশ্ৰয় ললে— ধনী, পুঁজিপতি
আৰু বাগানৰ বনুৱাৰ ‘চেয়াৰ’ গ্ৰহণৰ আশাৰে। | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৯ | {{Right|৩৯}} | আন্দোলনৰ ধুমুহাত, সমবায়ৰ আশ্ৰয়ত চলিব
খোজা ‘ৰক্তিম বাসনা’ৰ কেমেৰাৰ চকৰী হঠাৎ থাকি
ৰৈ গ’ল।
{{gap}}তচদ্দুকৰ আধা দেখা সপোন আধাতে বিস্মৃতিত
অস্পষ্ট আৰু লাহে লাহে লীন হৈ গ’ল।
{{gap}}বহুতদিনৰ পাছত মানে জীৱনাস্তৰ বছেৰেক
মান আগত এদিন আকৌ কলংপাৰৰ মোৰ ঘৰলৈ
আহিছিল। “—দত্ত, ‘ৰক্তিম বাসনা’ মোৰ হেৰাইছে।
এটা নতুন বাটত বাট বুলিব লাগিব। হোজাইলৈ
যাম ওলাব, হোজাইত বোলে বহুত ধনী আতৰ
ব্যৱসায়ী আছে। তেওঁলোকক লৈ আমি নতুনকৈ
কৰিম। পৰিচালক হোৱাৰ বাসনা মই এদিন পূৰামেই।
{{gap}}‘ৰজা হৰিশ্চন্দ্ৰ’ ছবিখন নগাঁৱলৈ অহাৰ
পাছত কিন্তু তচদ্দুক আৰু মোৰ ওচৰলৈ অহা
নাছিল। এদিন বাটত ভেটাভেটি হওঁতে চুটিকৈ
কৈ গ’ল— “দত্ত, মোৰ ওপৰত ষ্টাৰৰ অশুভ দৃষ্টি।”
{{gap}}অসমৰ আন্দোলনৰ পৰিস্থিতিয়ে হোজাইত
চহকী মানুহ বিচাৰি যাবলৈ ক্লিয়াৰেঞ্চ নিদিলে।
পৰিস্থিতিয়ে নতুন ৰূপ ললে। আমি বাট চাই
ৰলোঁ। বতৰ মুকলি হ’বলৈ।
{{gap}}কিন্তু কিয় হঠাৎ তচদ্দুক গুচি গ’ল? মনত
মাত্ৰ অতৃপ্ত বাসনা লৈ কিহৰ বাবে? হতাশা,
বিৰক্তি নে আমনি লাগি?
{{gap}}তচদ্দুকৰ অতৃপ্ত বাসনাৰ বাবে আত্মাক পিণ্ড
যাচিবলৈ ‘ৰক্তিম বাসনা’ এদিন চেলুলয়ডৰ পৰ্দাত
জিলিকিবনে?
{{Dhr|1em}} | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪০ | {{dhr}}
{{larger|'''এজন অভিনেতা-শিল্পীৰ হৃদয়ৰ সন্ধানত…'''}}

দেবকুমাৰ শইকীয়া
{{dhr}}
'''এজন ছলেছমেনৰ মৃত্যু'''—
{{gap}}মঞ্চ অনাতাঁৰ আৰু চলচ্চিত্ৰৰ ‘সুন্দৰ পুৰুষ
সুলভ’ কণ্ঠস্বৰৰ বিখ্যাত শিল্পী— নাম যাৰ তচদ্দুক
ইউছুফ যাৰ আছিল অফুৰন্ত উৎসাহ, সূক্ষ্ম
অনুভূতি, পোনপটীয়া আৰু একাগ্ৰতাবোধ। কিন্তু
আনুষংগিক কথা আৰু কাৰ্য্যবিলাক বিচাৰ কৰি,
তেখেত শেষৰ ফাললৈ নিজৰ দৃঢ় আত্মবিশ্বাস
কিবা ‘অজান’ কাৰণত হেৰুৱাই জীয়াই থকাৰ
বৃথা চেষ্টা চলাই আছিল যেন অনুমান কৰিবলগা
হয়। ১৯৮২ চনৰ জানুৱাৰি মাহত Arthur
Milierৰ ‘Death of a Salesman’ৰ কথা
ওলাওঁতে তেখেতে এদিন কৈছিল, “তুমি নাটকখন
অনুবাদ কৰা। ‘গতিৰ নাম পয়গম্বৰ’ আৰু
‘দহন’ৰ পিচত আমি ‘ছেলছমেনৰ মৃত্যু’ কৰিম।
মই উইলি লুমেনৰ চৰিত্ৰটোৰ অভিনয় কৰিম।
{{gap}}……আচলতে আমি জীৱনৰ একোটা সময়ত
প্ৰত্যেকেই উইলি লুমেন।” অলপ সময় {{hws|ছিগা|ছিগাৰেট}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪১ |

{{Right|৩৩}} | {{hwe|ৰেট|ছিগাৰেট}} খাই আকৌ কৈছিল, “ইয়াতে পাবা……
When a man does not have a grip
on the forces of life…… তেতিয়া কিয়
আত্মহত্যা কৰে,” মই চিন্তা কৰিছিলোঁ এৰা
লুমেনে এটা সুন্দৰ আৰু ডাঙৰ সপোন দেখিছিল;
কিন্তু বাস্তৱত ৰূপ দিব নোৱাৰিলে। সেইকাৰণেই
এখন গাড়ী জোৰেৰে চলাই নি আত্মহত্যা কৰিলে।
কিন্তু এই ঘটনাটো জানো ‘আত্মহত্যা’ আছিল?
নে এইয়া আছিল নিজৰ সমাজৰ এটা অংশই
কৰা হত্যা? এই নাটকখনে সামাজিক আৰু
ব্যক্তিগত ট্ৰেজেডি দাঙি ধৰিছে। লুমেনৰ ট্ৰেজেডি
হৈছে জীৱনত বৰ বেচি উচ্চ আশা কৰাটোৱেই।
লুমেনৰ পৰাজয় অকল এজন মানুহৰ পৰাজয়েই
নহয়— জীৱনৰ এটা পথৰো পৰাজয়। কিন্তু
উইলি লুমেনক কেইজন মানুহে বুজিব পাৰিলে?
{{gap}}তচদ্দুক ইউছুফক আমি ‘বাপুদাদা’ বুলি
মাতোঁ। তেখেতে মোৰ নাটকত ‘মঞ্চ’ত অভিনয়
আৰু মোৰ নাটক পৰিচালনাও কৰিছিল।
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰপৰা প্ৰচাৰ হোৱা
মোৰ নাটকতো অভিনয় কৰিছিল। বিভিন্ন নাটক,
চলচ্চিত্ৰ আদিৰ বিষয়ে আলোচনা কৰিবলৈ তেখেতে
প্ৰায়েই মোক মাতিছিল আৰু মই নিজেও | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪২ |

৩৪ | গৈছিলোঁ। কাৰণ আমি গতিশীল জীৱনৰ বিভিন্ন
চৰিত্ৰক গভিৰভাবে লক্ষ্য কৰোঁ সৃষ্টিৰ সমল
হিচাবে। সেইকাৰণেই আমি প্ৰায়েই বিশেষ
বিশেষজনক (চৰিত্ৰ ৰূপে) ওচৰৰ পৰা নিৰীক্ষণ
কৰিবলগীয়া হয়। বাপুদাদাৰ লগত কৰা আলোচনা
বিলাকৰ মাজেৰে বাহিৰে বুজিব নোৱাৰা
‘তচদ্দুক ইউছুফ’ৰ শিল্পী মনৰ ব্যথাতুৰ হিয়াখনৰ
কিছুকথা মই বুজি পাইছিলোঁ।
{{dhr}}
'''মৃত্যুৰ পাচত মোৰ চকু দুটা ঢাকি থবা'''
{{gap}}অদম্য উৎসাহী আৰু কিছু আত্মাভিমানী বুলি
মানুহে ভবা শিল্পী তচদ্দুক ইউছুফে এদিন মোক
তেওঁৰ নিদাৰুণ ব্যথাৰ কথা এটা দিয়াত মই
নিৰ্বাক হৈ গৈছিলোঁ। তেওঁ প্ৰায়েই মোক
সুবোধ ঘোষৰ ‘চোখ গেল’ নামৰ গল্পটোক পূৰ্ণাংগ
নাট্যৰূপ দিয়াৰ কথা কৈ থাকে। ‘চোখ গেল’
হৈছে এজন সুন্দৰ কান্তিৰ কিন্তু অন্ধ ডেকাৰ
প্ৰণয়ৰ কাহিনী। সেইদিনা আছিল ১৯৮২ চনৰ
জুলাই মাহৰ ৮ তাৰিখ। সেইদিনা বাপুদা
সুস্থিৰ অৱস্থাত যেন নাছিল; মানসিক ভাৰসাম্য
যেন কিছু হেৰুৱাই পেলাইছিল। ‘চোখ গেল’ৰ
কথা আলোচনা কৰি থাকোঁতে হঠাৎ লৰ্ড বায়ৰণৰ
কথা ওলায়ছিল। তেওঁ কৈছিল— “আজন্ম খঞ্জ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৩ |

{{Right|৩৫}} | সুন্দৰ ডেকা বায়ৰণৰ শেষ ইচ্ছা আছিল যে
তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ খঞ্জ ভৰিটো যেন
আনে নেদেখাকৈ ঢাকি ৰাখিয়েই কবৰ দিয়া
হয়।…… আৰু মোৰো এটা ইচ্ছা আছে বকুল।
অলপ সময় ৰৈ আকৌ ছিগাৰেট খাব ধৰিছিল। কিন্তু
একো নোকোৱাকৈ বৰ গহীনভাবে ৰৈ কৈছিল—
“মোৰ মৃত্যুৰ পাচত মোৰ চকু দুটা যাতে ঢাকি ৰখা
হয়।……” মই আচৰিত হৈ এটা প্ৰশ্নৰ ভাবেৰে
চাইছিলোঁ। ‘অসম্ভব আত্ম-সচেতন এই শিল্পী গৰাকীৰ
ব্যথাতুৰ অন্তৰৰ কথাখিনি মই বুজি পাইছিলোঁ।
{{gap}}তেওঁৰ এটা চকু কিন্তু ঢাকি দিব লগা
নহ’ল। কাৰণ তেওঁৰ চকু নিজেই জাপ খাই
তেতিয়া চিৰ নিদ্ৰাত আছিল।
{{dhr}}
'''আশা নকৰাটো পাপ'''
১৯৬১ চনৰ ১৫ ছেপ্টেম্বৰ মোৰ কাৰণে এটা উল্লেখযোগ্য
দিন। কপিলী নৈত বান আৰু ‘খৰ’ বতৰৰ
লগত কপিলীপাৰৰ ৰাইজৰ সংগ্ৰামক লৈ ‘মৰ
সুঁতিৰ জীয়া সাকোঁ’ নামেৰে এখন একাংক নাটক
লিখিছিলোঁ। নাটকখনত গাঁৱে গাঁৱে আশাৰ বাণী
দি ফুৰা ঔপন্যাসিক কাঞ্চন নামৰ চৰিত্ৰটিৰ মুখত
এটা সংলাপ দিছিলোঁ “আশা নকৰাটো পাপ।…
মানুহক ধ্বংস কৰিব পাৰি, হত্যা কৰিব পাৰি | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৪ |

৩৬ | কিন্তু নিজে পৰাজয় বৰণ কৰি ন’ললে পৰাজিত
কৰিব নোৱাৰি…”
{{gap}}শ্ৰীপবিত্ৰকুমাৰ ডেকা (ৰূপকাৰ), শ্ৰীসদানন্দ
শৰ্মা, শ্ৰীজ্ঞানদা বৰা আৰু মঃ কামাল আদিয়ে
এই নাটকত অভিনয় কৰিছিল। নাটকখনে প্ৰথমে
সদৌ নগাওঁ একাংক নাট প্ৰতিযোগিতাত আন
বহুতো পুৰস্কাৰৰ লগতে শ্ৰেষ্ঠ দল আৰু শ্ৰেষ্ঠ
নাটক ৰূপে পুৰস্কাৰ পাইছিল।
{{gap}}পিচদিনা ৰাতিপুৱা ৰিক্সা এখনত বাপুদা আহি
আমাৰ ঘৰ পালেহি। মোক কৈছিল “তোমাৰ
নাটকখন এখন শ্ৰেষ্ঠ নাটক হৈছে। তোমাৰ গতিশীল
সংলাপৰ ভিতৰতে এটা সংলাপ মই বৰ
ভাল পাইছোঁ। ঠিক কথা আশা নকৰাটো পাপ।”
মই কৈছিলোঁ, “ভাবটো মই আৰ্নেষ্ট হেমিংওৱেৰ
পৰা পাইছোঁ।” এনে এজন মহৎ শিল্পীয়ে মোক
তেনেকৈ কোৱাত মই লিখিবলৈ প্ৰেৰণা পাইছিলোঁ।
{{gap}}সেই প্ৰতিযোগিতাৰ বিভিন্ন বিচাৰক মণ্ডলীৰ
ভিতৰত তেখেতো এজন আছিল। ইয়াৰ পিচত
তেখেতে যথেষ্ট কষ্ট কৰি নাটকখন পৰিচালনা কৰি
গুৱাহাটীত হোৱা সদৌ অসম একাংক নাট প্ৰতিযোগিতালৈ
নিজে লৈ গৈছিল। এই নাটকে
গুৱাহাটীত প্ৰচুৰ অভিনন্দন লাভ কৰিব পাৰিছিল। | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৫ |

{{Right|৩৭}} | মানুহৰ প্ৰশংসা শুনি শুনি আমি অভিভূত হৈ
পৰিছিলোঁ।
{{gap}}কিন্তু এই বাপুদায়েই ১৯৮১ চনৰ ছেপ্টেম্বৰ
মাহত মোক কৈছিল— “আশা কৰি কৰি যেতিয়া
মানুহৰ শেষ আশাকণো মনৰ পৰা মচখাই যায়
তেতিয়া আশা নকৰাতো পাপ নহয়!” ইতিমধ্যে
মই নাটকখন পূৰ্ণাংগ নাটৰূপে লিখি পেলাইছিলোঁ।
মই সুধিছিলোঁ “আপোনাৰ জীৱনদৰ্শনৰ পৰিবৰ্তন
হ’লনেকি?” তেওঁ সামান্যভাৱে হাঁহি কৈছিল—
— Hope says to us constantly ‘go on—
go on’— and thus leads us to the grave.”
{{dhr}}
'''নাটক নাটক'''
{{gap}}১৯৬৩ চনত মই অনুবাদ কৰা ‘ফিংগাৰ প্ৰিণ্ট’
নাটকখন বাপুদাই মূল ভূমিকাত অভিনয় কৰাৰ
উপৰিও পৰিচালনা কৰিছিল। অসমত বিভিন্ন মঞ্চত
এই নাটকখন আৰু তেখেতে অনুবাদ কৰা ‘নাট্যকাৰৰ
সন্ধানত ছটি চৰিত্ৰ’ আৰু ড॰ ভবেন্দ্ৰনাথ শইকীয়াই
অনুবাদ কৰা ‘থানাৰ পৰা আহিছো’ নাটক কেইখনে
এটা আলোড়ণ আনিছিল। তেতিয়া তেখেতৰ
আৰু সান্নিধ্যলৈ আহিছিলোঁ। সুস্থ চিন্তাধাৰৰ
নাটক কৰাৰ কথা আলোচনা কৰিছিলো। বিভিন্ন
ধাৰাৰ চলচ্চিত্ৰও আমাৰ আলোচনাৰ বিষয় আছিল।
{{gap}}এদিন তেওঁ ‘Cannes ত grand prize | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৬ |

৩৮ | পোৱা বিখ্যাত ফৰাচী চলচ্চিত্ৰ পৰিচালক Henry
Georges Clouzot ৰ ‘The wages of Fear’
ছবিখন মোক চাবলৈ কৈছিল। তেখেতে karel
Reisz ৰ দৰে কৈছিল— A load of nitroglycerine
is to be taken by lorry to
the barning well— a dangerous mission
since the slightest jolt will send the
whole load into the air…” আৰু
কৈছিল— “বুজিছা? আমাৰ জীৱনতো তেনেকুৱা
দুখ-যন্ত্ৰণাৰ আৰু মানসিক দুঃচিন্তাৰ বোজাৰে
আমি দৈনন্দিক জীৱনত গৈ থাকোঁ— কোন মুহূৰ্তত
‘Explosion’ হব পাৰে ঠিক নাই।
{{gap}}তেতিয়া এনেয়ে সহজভাৱে কোৱা কথাটোৱেই
কেনেকৈ একেজন ব্যক্তিৰ জীৱনতে মিলি গ’ল।
{{dhr}}
'''মোক ভাল নাপালে মই শেষ হৈ যাম'''
{{gap}}তচদ্দুক ইউছুফৰ বিবাহৰ পিচত এদিন তেওঁ
Erich Maria Remorque ৰ ‘Arch of
Triumph’ খন মোক পঢ়িবলৈ দি কৈছিল, ‘Ioan
নামৰ আত্মহত্যা কৰিবলৈ যোৱা ছোৱালী এজনীক
আত্মহত্যাৰ আগমুহূৰ্তত Ravic নামৰ মানুহ
এজনে মৰম আৰু স্নেহেৰে কেনেকৈ ঘূৰাই আনিছিল—
ইয়াতে পাবা। নভেলখনৰ এটা বাক্য মনত | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৭ |

{{Right|৩৯}} | ৰাখিবা “…with you I am happy: I
wake up with you and I go to sleep
with you. I do not know anything
else. I love you, you must love me—
beloved! you must love me… otherwise
I am lost…” মই মনত ৰাখিছিলোঁ।
এই গহীন গম্ভীৰ মানুহজনৰ ভিতৰত থকা প্ৰেমৰ
অনুভূতি দেখা পাই ভাল লাগিছিল। সেই কিতাপ
খন পঢ়োঁতে তেওঁ চিন দি থোৱা বাক্য কেইটামান
পাই মই লিখি ৰাখিছিলোঁ। তাৰে এটা বাক্য
“…Strange that one can die— when
one loves” আন এঠাইত “you have made
me live. I was nothing but stone,
you have made me live—”
{{dhr}}
'''দহন আৰু হৃদয়হীনা নাৰীৰ প্ৰতাৰণা'''
{{gap}}তচদ্দুক ইউছুফে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ চুটি
গল্প বৰ ভাল পাইছিল। মই ড॰ ভবেন্দ্ৰনাথ
শইকীয়াৰ ‘বালিভোজ’ নামৰ চুটিগল্পটোৰ অবলম্বনত
‘দহন’ নামেৰে এখন পূৰ্ণাংগ নাটক লিখিছিলোঁ।
নাটকখন বাপুদাক পঢ়ি চাবলৈ দিছিলোঁ।
নাটকখন পঢ়ি তেওঁ বৰ ভাল পাইছিল বুলি কৈছিল।
তেখেতৰ এই নাটকত অভিনয় আৰু পৰিচালনা | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৮ |

{{Right|৪০}} | কৰিবলৈ বৰ মন আছিল। ‘ৰূপকাৰ’ৰ পবিত্ৰ
কুমাৰ ডেকাৰ পৰা আবহ সংগীত, অ’ পি ৰ লাইট
আৰু স্মৃতিৰেখা শইকীয়া (বেবী)ক মূল নায়িকা
চৰিত্ৰত লৈ নাটকখন মঞ্চস্থ কৰাৰ কথা আছিল।
তেওঁ এই হাবিয়াসৰ কথা মুকুট ভূঞা, ৰাজেন শৰ্মা
আৰু মোৰ আগত কৈ আছিল। কিন্তু তেওঁৰ
এই ইচ্ছা পূৰ্ণ নহ’লগৈ। এই নাটকখনৰ কাহিনীত
প্ৰসংগক্ৰমে মদ খোৱাৰ কথা আহি পৰে।
মদৰ কথা আলোচনা কৰি থাকোঁতে তেওঁৰপৰা
এটা কথা জানিবলৈ প্ৰশ্ন কৰিছিলোঁ।
মই: বাৰু বাপুদা, মানুহে কিয় আফিং খায়? কিয় মৰফিয়া লয়? আৰু মদ খায় কিয়?
তেওঁ অলপ হাঁহি কৈছিল—
বাপুদা: human existence ৰ কাৰণে প্ৰয়োজন।
মই এইবাৰ ইচ্ছা কৰিয়েই সুধিছিলোঁ।
মই: তেন্তে— Why do most educated and cultured people all over the world in drinking? বাপুদা ৰৈ গৈছিল। ছিগাৰেট খাই খাই কৈছিল
বাপুদা: To forget his worries, his cares and anxieties, his sorrows and miseries and pains— দুঃচিন্তা আঁতৰাবলৈ, দুখ {{hws|পাতলা|পাতলাবলৈ}} | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৯ |

{{Right|৪১}} | {{hwe|বলৈ|পাতলাবলৈ}} নিচাৰ প্ৰয়োজন আছে। এই কথাখিনি
কওঁতে তেওঁক অত্যন্ত বিমৰ্ষ দেখা গৈছিল। তেখেতৰ
সেই দৰ্শন মই মানি লোৱা নাছিলোঁ। এই ‘দহন’
নাটকৰ সম্পৰ্কতে মই তেখেতৰ জীৱনৰ কিছু সংঘাত
আৰু মানসিক দ্বন্দৰ কথা জানিব পাৰিছিলোঁ।
‘দহন'ত স্বামী-স্ত্ৰীৰ মদখোৱাক লৈ কিছু মতান্তৰ
ঘটাৰ কথা আছে। লগৰ সকলোবিলাক অধ্যাপক
পিক্-নিক্ খাবলৈ গৈছিল। কিন্তু অমিতাভ নগ’ল।
আগতে তেওঁৰ স্ত্ৰী মৈত্ৰেয়ীৰ সন্তান এটা হোৱাৰ
পিচত ডাক্টৰৰ পৰামৰ্শমতে মৈত্ৰেয়ীক টনিকৰ দৰে
খুৱাবলৈ ব্ৰাণ্ডিৰ বটল এটা আনি থোৱা আছিল।
অমিতাভে সেইটো উলিয়াই আনি অলপ খাই
চাবলৈ মন কৰে। স্ত্ৰীৰ অভিমানৰ সংঘাটপূৰ্ণ
মুহূৰ্তৰ সংলাপ এটাত ৰৈ বাপুদাই মোক সুধিছিল—
“বাৰু কোৱাচোন, নিজৰ মৰমৰ স্ত্ৰীক স্বামীয়ে
অতিকৈ মৰমেৰে কি বুলি সম্বোধন কৰিব পাৰে?”
{{gap}}মই মনতে ভাবি আছিলোঁ। মই লগত নিয়া
বহীখনৰ এটা পাতত তেওঁ লিখি দিছিল ‘মোৰ
মৰমৰ মানুহজনী’।
{{gap}}তেতিয়া তেওঁ নগাঁৱৰ ঘৰত অকলশৰে থাকে।
তেওঁৰ মৰমৰ মানুহজনী ছিলঙত!
{{gap}}অমিতাভে বাৰে বাৰে তেওঁৰ স্ত্ৰীক অকণমান | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫০ |

৪২ | ব্ৰাণ্ডি খালে যে একো নহয় সেই কথা বিভিন্ন
উদাহৰণ দি বুজাই থাকোঁতে নাটকখনত অমিতাভৰ
মুখত এটা সংলাপ দিছিলোঁ— অমিতাভ:
এই সাধাৰণ ব্ৰাণ্ডিকণলৈ তুমি ভয় কৰিছা? কিন্তু
এসময়ত ইউৰোপত ‘আঁব্সাঁত’ বুলি এবিধ মদ
আছিল; সেউজীয়া ৰঙৰ কাৰণে কিছুমানে ইয়াক
‘green Devil’ বুলিও কৈছিল। এই ‘Prohibited
drink’ কোনে খাইছিল জানা? ভেনগোগ,
পলগগাঁ ইত্যাদি বিখ্যাত শিল্পীসকলে। এবছৰলৈ
এই মদ খালে মানুহজন হয় পাগল হয়— ডেলিৰিয়াম
ট্ৰেমনস্ত মৃত্যু হয়; নহ’লে Suicide কৰে—
বাপুদাই এই সংলাপটো পঢ়ি কিছুসময় বহি আছিল।
মোৰ বহীৰ এটা পাতত লিখিছিল আৰু চাৰিওফালে
লাইন দি দিছিল—
আঁবাসাঁত = green Devil = Prohibited drink—
এইটো এবছৰ {{SIC|Continualy|Continually}} খালে হয় মানুহজন
পাগল হ’ব, নহ’লে Suicide কৰিব।
মানৱ জীৱনৰ বিচিত্ৰ ভাব চিন্তা আৰু কাৰ্য্যবোৰ
চিত্ৰিত কৰাই আমাৰ কাম; কিন্তু চৰিত্ৰৰ অনুসন্ধানত
যাওঁতে দেখিছিলোঁ অসমীয়া মানুহ মানুহৰ
ব্যক্তিত্বৰ প্ৰতি যেন উদাসীন। অলপ বেলেগ আচাৰ
ব্যবহাৰ আৰু বেলেগ ব্যক্তিত্বৰ মানুহক আমি | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫১ |

{{Right|৪৩}} | অমানুহৰ শ্ৰেণীতহে থব বিচাৰোঁ। পৃথিৱীৰ কিছু
শিল্পীৰ জীৱনৰ কথা পঢ়োঁতে জানিছিলোঁ তেওঁলোকৰ
‘নিয়ম অলপ বেলেগ’, তেওঁলোকৰ দৃষ্টি
বিৰাটৰ পিনে, ক্ষুদ্ৰত ৰৈ যাব নোৱাৰে। পল
গঁগা, ভেনগোগ আদি শিল্পী সকলে কিছু অসামাজিক
জীৱন-যাপন কৰিছিল, তেওঁলোকৰ সকলো
বিলাক কাৰ্য্যই শৃংখলাময় নাছিল; কিন্তু তেওঁলোক
আছিল মহৎ শিল্পী। যেতিয়া এখন সমাজৰ এক
অংশই প্ৰতিহিংসা হিচাবেই বা আন কোনো উদ্দেশ্যৰে
এজন শিল্পীক সকলো সৃষ্টিমূলক কৰ্মৰপৰা
কৌশলেৰে বাধা দি ৰাখে— অৱজ্ঞা কৰে— তেওঁ
হেৰাই যায়। তেওঁৰ মৃত্যুৰ পিচত তেওঁলোকেই
ডাঙৰ অনুষ্ঠান পাতি সাধুবাদ লয়।
{{gap}}ইংৰাজ কবি শ্যেলী, যাৰ চকুত আছিল সপোনৰ
কাজল, ‘এলাষ্টৰ’ নামৰ কবিতা এটাত মৃত্যু
কাহিনীৰ কথা লিখি সাগৰৰ মাজত হেৰাই গৈছিল
আৰু এনেকৈয়ে এই স্কাইলাৰ্ক পখীটি কোনো
অসীম অনন্তলৈ গতি কৰিছিল। তেওঁ লিখিছিল—
{{gap}}“In solitude or in that deserted
state when we are surrounded by
human beings and yet sympathise
not with us; we love the flowers, | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫২ | {{Right|৪৪}} | the grass, the waters and the sky”
(“নিজনতাৰ মাজত অথবা কোনো পৰিত্যক্ত পৰিবেশত
যেতিয়া আমাক মানুহে বেঢ়ি থয় অথচ
সিহঁতে আমাৰ প্ৰতি কোনো সহানুভূতিয়েই
প্ৰকাশ নকৰে, তেতিয়া আমি ফুল, ঘঁহনি,
জলাধাৰ আৰু আকাশক ভাল পাওঁ…”)
{{gap}}আমাৰ সমাজত শিল্পকলা সকলোতে “স্বাৰ্থৰ
লগত স্বাৰ্থৰ হৈছে সংঘাত— লোভৰ লগত লোভৰ
সংগ্ৰাম নহয়, যুদ্ধ হয়— আদৰ্শৰ লগত আদৰ্শৰ
তেতিয়া সেই সংঘাত হয় দীৰ্ঘস্থায়ী আৰু প্ৰাণঘাতকী।
কাৰণ খাতি মানুহে অনায়াসে স্বাৰ্থ
ত্যাগ কৰিবলৈ প্ৰস্তুত হয়, কিন্তু আদৰ্শ বৰ্জন
কৰিবলৈ কোনোপধ্যে মান্তি নহয়। এই সংগ্ৰামত
সন্ধি নাই— কম্প্ৰমাইজ হ’বই নোৱাৰে।” তাৰ
বলি হৈছে কিছু শিল্পী।
তচদ্দুক ইউছুফে সংলাপ ভাল পালেই বাক্যটোৰ
গুৰুত্ব দিবলৈ তলত আঁচ টানি দিছিল। ‘দহন’ত
অমিতাভেই নিজৰ মনৰ ভাব ‘দৃষ্টিপাত’ৰ ভাবেৰে
বুজাবলৈ যাওঁতে কৈছিল—
অমিতাভ: প্ৰেমে জীৱনক দিয়ে ঐশ্চৰ্য্য, মৃত্যুক
দিয়ে মহিমা; কিন্তু প্ৰবঞ্চিতক দিয়ে কি? কোৱা?

| VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৩ | {{playscript/e}}
{{Right|৪৫}} | {{playscript|gap=4|মৈত্ৰেয়ী:|দুখ।}}
{{playscript|gap=4|অমিতাভ:|নহয়! দহন—। যি জুইয়ে পোহৰ নিদিয়ে— অথচ দিয়ে আনৰ্গল দহন। এই দহনৰ পৰা মুক্তি পাবলৈ কোনোৱে লয় হাঁহিৰ আশ্ৰয়; কোনোৱে লয় মদৰ!}}
এই সংলাপ কেইটা আৰু তলত লিখা কেইটাও
তেওঁৰ কোঠাৰ ভিতৰত কেনেকৈ ডাঙৰ ডাঙৰকৈ
মঞ্চত অভিনয় কৰাৰ দৰে বুকুৰ ভিতৰৰ পৰা যেন
পঢ়িছিল, মোৰ সদায় মনত থাকিব।
{{playscript|gap=4|অমিতাভ:|হৃদয়হীনা নাৰীৰ ছলনাকেই সত্য বুলি বিভ্ৰান্ত হয় কোনো পুৰুষ। পৰিহাসক ভাবে প্ৰেম— অভিনয়ক ভাবে সৰল সত্য।}}
{{gap}}চিঞৰি উঠিছিল বাপুদাই “বকুল– good.”
{{playscript/s|gap=4|অমিতাভ:|“প্ৰেম নাৰীৰ প্ৰয়োজন এখন সস্তীয়া চাদৰ মেখেলাৰ দৰেই। নিতান্ত সাধাৰণ। তাত উল্লাস, বিস্ময় আৰু উচ্ছলতা নাথাকে; কিন্তু পুৰুষৰ কাৰণে প্ৰেম হৈছে জীৱনৰ দুৰ্লভ বিলাস। দুখীয়াৰ ঘৰৰ ছোৱালী এজনীয়ে পোৱা দামী বেনাৰসী শাড়ীৰ দৰেই ঐশ্চৰ্য্যময়।— যি সেই প্ৰেম পায় অনেক}} | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৪ | {{playscript/s}} |

৪৬ | {{playscript/e|দাম দিহে পায়। সেই কাৰণেই পুৰুষেই কৰিব যুগে যুগে ছেক্ৰিফাইছ!”}}
বাপুদা উঠি গৈ বাহিৰত চছমাযেৰ মচি অলপ
সময় ছিগাৰেট খাই আকৌ আহি বহিছিলহি।
মৰিবৰ সময়ত যেন কাৰোবাৰ এটোপাল চকুলো
দেখি মৰিব পাৰো
{{gap}}আমি নাটক লিখোঁ। কাহিনীয়ে যি বিচাৰে
হৃদয়ৰ উম দি চৰিত্ৰৰ মাজেৰে তাকে লিখোঁ। ‘দহন’ত
মই শৰৎ চাটাৰ্জীৰ ‘দেবদাস’ৰ দেবদাসে চন্দ্ৰমুখীৰ
ঘৰত মদ খোৱা এটা অংশ দিছিলোঁ। বাপুদাই কিন্তু
‘দেৱদাস’ৰ প্ৰমথেশ বৰুৱাই লিখা চিত্ৰনাট্যৰ অংশটোহে
দিবলৈ কৈছিল। তেওঁ মুখস্থ মাতি গৈছিল।
যিহেতু চিত্ৰনাট্যৰ কথাখিনি মূলতকৈ অলপ বেলেগ
আছিল মই মই সেইদৰে লিখা নাছিলোঁ। পিচদিনা
বহীখন লৈ যাওঁতে বাপুদাই লিখি থোৱা পাইছিলোঁ—
‘তবু যদি কখনও দেৱদাসেৰ মত এমন হতভাগ্য
অসংযমী পাপিষ্ঠেৰ সহিত পৰিচয় ঘটে, তাহাৰ জন্য
একটু প্ৰাৰ্থনা কৰিও। মৰিবাৰ সময় যেন কাহাৰও
একফোঁটা চোখেৰ জল দেখিয়া সে মৰিতে পাৰে।’
তেখেতৰ দিনে দিনে ক্ষয় যোৱা মনৰ কথা বুজি
মোৰ অন্তৰখন হাহাকাৰ কৰি উঠিছিল। ১৯৮১ | VALIDATED | |
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৫ |

{{Right|৪৭}} | চনৰে পৰা অবস্থাৰ মেৰপাকত পৰি মনৰ ভাৰসাম্য
মাজে মাজে হেৰুৱাই পেলোৱাৰ ইংগিত বুজি
মই যি পাৰোঁ আশাৰ কথা কৈছিলোঁ। নাটক আৰু
চলচ্চিত্ৰৰ মাজত অন্ততঃ শিল্পীজনক সক্ৰিয় কৰি
ৰাখিবলৈ চেষ্টা কৰিছিলোঁ।
{{dhr}}
'''লেডি মেফিষ্টফিলিছ'''
{{gap}}যেতিয়া মই নাটকত চৰিত্ৰৰ প্ৰয়োজনত এগৰাকী
নাৰী সম্বন্ধে নিৰাশাজনক সংলাপ দিছিলোঁ তেতিয়াই
জীৱনৰ শেষৰ ফাললৈ তেওঁ চকু মুখ উজ্জ্বল কৰে
“ঠিক কথা, গুড ডাইলগ্’ বুলি কৈছিল;
{{gap}}মোৰ ‘গতিৰ নাম পয়গম্বৰ’ নাটকখন সম্পৰ্কে
তেখেতে খুউব উচ্চ ধাৰণা কৰিছিল। গুৱাহাটীৰ
‘ঐক্যতান’ৰ পবিত্ৰকুমাৰ ডেকাৰ লগত আলোচনা
কৰি ‘মিউজিক’ আৰু লাইট ঠিক কৰাৰ কথা
পাতিছিলোঁ। নাটকৰ প্ৰথম পাতটোত সেই কথা
লিখি থৈ গৈছে। শ্ৰীমুকুট ভূঞা, শ্ৰীচুনী ভট্টাচাৰ্য্য,
শ্ৰীৰাজেন শৰ্মা আৰু শ্ৰবিনিত বৰাই এই নাটকখন
তেখেতৰদ্বাৰা কৰাবলৈ চেষ্টা কৰিছিল। তেওঁ
নিজেও মূল ভূমিকাত অভিনয় কৰাৰ উপৰিও
পৰিচালনা কৰিব বুলি কৈছিল। মূল নায়িকাৰ
চৰিত্ৰটোত স্মৃতিৰেখা শইকীয়া (বেবী)ই অভিনয়
কৰাৰ কথা আছিল। পূবেৰুণ থিয়েটাৰৰ পৰা ঘূৰি | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৬ | ৪৮ | আহি এই আগষ্ট মাহৰ শেষৰ ফালৰ পৰা ৰিহাৰ্ছেল
কৰাৰ কথা আছিল। এই নাটকৰো কেইটামান
সংলাপ তলত আঁচ পাৰি দিয়াৰ উপৰিও ঘেৰি
দিছে ৰঙা বলপেনেৰে।
{{playscript|gap=4|ভাস্কৰ:|…“জীৱনত পদে পদে এই ধৰণৰ পুৰুষক নাৰীয়ে মহৎ আৰু অসাধাৰণ হোৱাৰ পৰা বিচলিত কৰিছে। সেই কাৰণে মই প্ৰত্যেকজন দুৰাকাংক্ষী পণ্ডিত বা শিল্পীক বিপথে নি ধ্বংস কৰিবৰ কাৰণে তেওঁৰ ঠিক পিচতে এটি নাৰীৰূপী মেফিষ্টফিলিছ চয়তানৰ আবিৰ্ভাৱ দেখোঁ।”}}
গ্যেটেৰ ‘ফাউষ্ট’খনত আছে বিদগ্ধ পণ্ডিত ফাউষ্টক
ধ্বংসৰ পথলৈ লৈ যাবলৈ ‘ডেভিল’ বা চয়তানে
মেফিষ্টফিলিছৰ ছদ্মবেশত আহি প্ৰতাৰণা কৰে।
সাধাৰণ মানুহৰ জীৱনতো এনে মেফিষ্টফিলিছৰ
অভাৱ নহয়। বাপুদাক মই কৈছিলোঁ— চয়তানক
চয়তানৰূপে জনাৰ পিচত প্ৰকৃত পুৰুষে ডেভিলৰ
ওচৰত আত্মসমৰ্পণ কৰিব নালাগে। মই ভাবিছিলোঁ
মঞ্চৰ মানুহজনক মঞ্চৰ মাজেৰে জীয়াই
থাকিবলৈ দিব লাগে।
{{dhr}} | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৭ |

{{Right|৪৯}} | '''ট্ৰেজেডি'''—
{{gap}}খণ্ড ঘটনাৰ সমষ্টিয়েই অখণ্ড একোটি জীৱন।
পৃথিৱীত আটাইতকৈ ভাল আৰু সৎ মানুহজনেও
কেতিয়াবা খণ্ড ঘটনা এটাত সামান্য ভুল ত্ৰুটি
কৰিব পাৰে। নায়কৰ জীৱনলৈ নামি আহে নানা
বিপৰ্য্যয়। এটা ভুলে আৰু এটা ভুললৈ মানুহক
টানি লৈ যায়। শেষত মৃত্যু পৰ্য্যন্ত হয়। ছেক্সপিয়েৰে
বহু নাটকত এনে ট্ৰেজেডিৰ কথা কৈ
গৈছে। তচদ্দুক ইউছুফে কিন্তু প্ৰায়েই কৈছিল,
নাটকত এনে ট্ৰেজেডি হ’বলৈ মানুহৰ মৃত্যু নহলেও
হয়। এসময়ত আশাৰ কথা, জীৱনৰ কথা আৰু
প্ৰেমৰ কথা ভালপোৱা নাটকৰ নায়ক তচদ্দুক
ইউছুফ মানুহজনৰ জীৱন শেষত এটা বাস্তৱ ট্ৰেজেডিত
কেনেকৈ যে অন্ত হ’ল! সেইখিনিতে মোৰ
উত্তৰ হেৰাই যায়।
এসময়ত, কিছুমান মানুহে মোক নাটক মঞ্চস্থ কৰিবলৈ
যাওঁতে মিছা কথাৰে মিছা অভিযোগেৰে
মোক বিপৰ্য্যয়ত পেলাবলৈ অহৰহ চেষ্টা চলাই
থকা কথাবোৰ মুকুট ভূঞা, ডঃ কমল লস্কৰহঁতৰ
পৰা জানি তেওঁ মোক কৈছিল— “কোনো চিন্তা
নকৰিবা, নিজৰ কাম কৰি যোৱা— “The strongest
man in the world is he, who | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৮ | stands most alone.” কিন্তু তেওঁতো নিজে
অকলশৰীয়া হৈ দৃঢ়ভাবে থিয় হৈ থাকিব নোৱাৰিলে!
{{dhr}}
'''আব্বা…… বলানা'''—
{{gap}}তচদ্দুক ইউছুকে সকলোকে এৰিলেও তেওঁৰ
প্ৰায় সাত বছৰীয়া একমাত্ৰ সন্তান ‘তাব্ৰিজ’ক
এৰিব নোৱাৰিছিল। ৰাতি অকলশৰে শুই থাকোঁতে
হঠাৎ যেন তাব্ৰিজৰ মাত শুনি উঠি বহিছিল আৰু
উজাগৰী নিশা কটাই দিছিল। তেতিয়া তেওঁৰ
নিচাৰ প্ৰয়োজন হৈছিল। ছিগাৰেটৰ পিছত ছিগাৰেট
খাই খাই বেলি ওলোৱালৈ বাট চাইছিল।
আগতে, মোৰ মনত আছে বাপুদা আহি মুকুট ভূঞাৰ
ঘৰত বহি বাতৰি কাকত এখন হাতত ল’লেই
তাব্ৰিজ দৌৰি আহি কৈছিল— ‘আব্বা?… ব’লানা!
বাপুদাই মৰমেৰে কৈছিল— “অলপ পিছত যাম”।
তাব্ৰিজে আকৌ কৈছিল— “ব—লা—না আব্বা?…
আব্বা, মুকুট দাদাই এইয়া ছবি আঁকি দিছে—
এখন গাড়ী— এটা ঘৰ!… আব্বা… বলানা…”
বাপুদাৰ চকুত পিতৃত্বৰ গভীৰ চেনেহ উপচি পৰিছিল।
তাব্ৰিজক হাতত ধৰি ঘৰলৈ লাহে লাহে
আগবাঢ়িছিল। এহাতে পিতৃত্বৰ মৰমৰ পৰা বঞ্ছিত
হৃদয়, আনহাতে বাপুদাই বিচাৰে নিজৰ কাষত
নিজ পুত্ৰক! এটা দোমাজা! এই মৰমৰ আকৰ্ষণ | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৯ |

{{Right|৫১}} | ছিঙিব নোৱৰাৰ কাৰণেই সেই মৰম বা আকৰ্ষণেই
বাপুদাক মৃত্যুৰ মুখলৈ লৈ গ’লনেকি?
{{dhr}}
'''হে ভগৱান অতীত পাহৰিব দিয়া'''
জীৱনত বহুত অঘাত পাইছোঁ। স্মৃতিৰ অন্তৰালত
সেইবোৰ কথা ঢাকি থব খোজোঁ; কিন্তু সেই
চৰম আঘাতৰ কথাবোৰ কিয় বাৰে বাৰে দিনে
ৰাতিয়ে উভতি আহি মোক ভীষণ আঘাত দিয়ে?
কিয়? জীৱনত যাকে বুজি উঠিছোঁ তেৱেঁই আঁতৰি
যাব কিয়? তেওঁক দিয়া প্ৰতিশ্ৰুতি মই ৰক্ষা
কৰিব নোৱাৰোঁ কিয়? বেদনাত মন কঁপি উঠাৰ
বাহিৰে মোৰ কৰিবলৈকো একো নাথাকে। যিজনক
মই জীৱনলৈ ঘূৰাই আনিবলৈ বিচাৰিছিলোঁ
যিজনক মই বচাবলৈ চেষ্টা কৰিছিলোঁ, তেৱেঁই
মৃত্যুৰে মোক নিজে বাচি থাকিবলৈ যুদ্ধত নমাব
বুলি মই বুজা নাছিলোঁ। এৰা, পাহৰিব খুজিলেই
সকলো কথাই পাহৰিব নোৱাৰি!
{{gap}}যেতিয়াই দুখত মই ভাঙি গৈছোঁ, আদৰ্শৰ
কাৰণে অবিৰাম সংগ্ৰাম কৰি ভাগৰি গৈছোঁ তেতিয়াই
কৈছিল “Don’t be sentimental my
boy”– মুকুট ভূঞাহঁতে মোক অনবৰত প্ৰেৰণা
দিছে। জীৱনত জীয়াই থাকি সংগ্ৰাম কৰাৰ
কথা কৈছে। বাপুদায়ো কৈছিল— “if you are | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬০ | ৫২ | not optimistic and bring hope to
people no one will welcome you.”
কিন্তু তেতিয়া তেওঁৰ মনৰ স্থিৰতা নাছিল।
আমাৰ নিজৰ ভঙা অন্তৰ লৈ মুকুটক প্ৰেৰণা
দিছিলোঁ। ধেমালি কৰিছিলোঁ। চলচ্চিত্ৰৰ লাইনত
বম্বেলৈ সকলো সুবিধা থকা সত্বেও নোযোৱাৰ
কাৰণে এদিন বাপুদাৰ ঘৰত মই আৰু বাপুদাই
এটা plan কৰি মুকুটক স্বামী ‘মুকুটানন্দ’ নাম
দি ‘স্বামীজী’ হ’বলৈ ধেমালি কৰিছিলোঁ। মুকুটৰ
ঘৰৰ আগত ‘স্বামী মুকুটানন্দ’ নামে ছাইনবৰ্ড
দিবলৈ বাপুদাই মুকুট ভূঞাক কৈছিল। কিন্তু কি
Irony of fate— হায় Destiny ভাগ্য!—
নিজেই জীৱনৰ সকলো আশা আকাংক্ষা বাদ দি
মুক্ত হৈ উৰি গুচি গ’ল। ১০ আগষ্টত কলংখনলৈ
চাই থাকোঁতে কিয় বাৰে বাৰে বাপুদাদাৰ সেই
কথাটো মনত পৰে?
“মুঝে ইয়ে কচফ অজীজ হ্যায়, ইহা জিতো লুংগা কৰাৰ চে।

মুঝে অব চমন মে না চলো, ম্যয় ঘাবৰা জায় হুঁ বহাৰ চে॥”
(এই বন্দীত্বই মোৰ ভাল লাগে,
ইয়াতে শান্তিতে থাকিব পাৰিম। মোক আকৌ
ফুলৰ বাগিছালৈ লৈ নাযাবা, মুকলি সৌন্দৰ্য্য মোৰ
আৰু সহ্য নহয়)।

| VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬১ |

{{Right|৫৩}} | তেওঁ যেন মাজে মাজে ক’ব বিচাৰিছিল—
“গোটেৰ জীৱনত পোৱাৰ দৰে এনে এগৰাকী
জ্যোতিৰ্ময়ী নাৰীৰ স্থিতি মোৰ জীৱনত বিচাৰিছিলোঁ
যি মোক বাহুৰ বন্ধনত লৈ মোৰ আত্মাৰ
জ্যোতিত ঝংকাৰ তুলিব পাৰিলেহেঁতেন।……
মোৰ দৃষ্টিত নাৰী সুন্দৰ আৰু সত্যৰ এটি মহিয়সী।
বহ্নিশিখা। বিশ্বৰ চিৰ প্ৰবাহিকা শক্তিৰ এক সুৰীয়া
তৰংগ।… পুৰুষ যদি মধ্য আকাশৰ দুৰ্জয় স্থিৰ
শক্তি, নাৰী তাৰেই এক অবিচ্ছেদ গতিৰ বিদুৎ-প্ৰবাহ”—
কিন্তু বাপুদাই কি পালে? সময়ে তাৰ
উত্তৰ দিব। এইটো ঠিক, সূক্ষ্ম অনুভূতিশীল
শিল্পীসকল হৃদয়ৰ একাগ্ৰ বাসনাৰে এগৰাকী
আত্মাৰ সহোদৰো বিচাৰে। পিচে বিচাৰিলেই
পায়নে? শিল্পীসকলে মানুহৰপৰাও অকণমান
মৰম, অকণমান সহানুভূতি বিচাৰে; কিন্তু পায়
কেইজনে? সুন্দৰৰ উপাসক মহান কবি কিটছ এপ
জীৱন কালত কোনো স্বীকৃতি পোৱা নাছিল। সেই
কাৰণে তেওঁ সমাধিত লিখি থবৰ কাৰণে এষাৰ
কথা মৃত্যুৰ আগতেই ৰচনা কৰি থৈ গৈছিল।
কথাষাৰ আছিল— Here lies one whose
name was {{SIC|writen|written}} in water. “যাৰ নাম পানীৰ
ওপৰত লেখা হৈছিল তেওঁ ইয়াতে শুই আছে”। | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬২ | ৫৪ | ঘোষক হিচাৰে তেখেতৰ যিমান অপূৰ্ব দক্ষতা
অছিল— তাৰ স্বীকৃতি বা সেইয়া সম্পূৰ্ণ প্ৰকাশ
কৰিবলৈ সুবিধা তেওঁ পাইছিলনে? অশ্ৰু অঞ্জলি
দি সমাধি চাই চাই আকৌ মনত পৰিছিল তেওঁ
মাজে মাজে কোৱা এটা কবিতা—
“অকেলা হুঁ, পৰ আবাদ কৰ দেতা হু বিৰনা
বহোত্ ৰোয়েগী মেৰে বাদ্ ইয়ে শামে—তনহাই।”
— (“মই অকলে, কিন্তু নিৰ্জনতাক মই ভৰাই
ৰাখোঁ। মোৰ পিচত এই নিৰ্জন সন্ধ্যাই মোৰ
কাৰণে কান্দিব”)
{{dhr}}
'''মানবতাৰ কংকাল'''—
মই নাজানো তেওঁ এতিয়া ক’ত আছে! তথাপি
মই তেওঁক আকৌ এবাৰ শুনাইছোঁ— যতে আছে
তাতে শুনক— It silly got to hope— আশা
কৰাতো পাপ।
“I am the guest of no one at the end of my day…

The long night is before me— and I am tired.”

| VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৩ | মই এইবোৰ শুনিবলৈ বিচৰা নাই—
সেই ‘দি ওল্ড মেন এণ্ড দি ছিৰ’ বৃদ্ধৰ দৰে
যুগৰ সৰ্বগ্ৰাসী হাঙৰৰ কবলৰ পবা মানবতাৰ
কংকাল উদ্ধাৰ কৰোঁতেই ক্ষান্ত নাথাকি সেই কংকালত
আমি প্ৰাণ সঞ্চাৰ কৰি নতুন সৃষ্টি কৰিব
লাগিব। আমাৰ কাম বহুত— সময় বৰ কম।
সেই কাৰণেই শিল্পী তচদ্দুক ইউছুফ— আমাৰ
‘বাপুদা’ গুচি যোৱাত মোৰ খং উঠিছে।
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৪ |

৫৬ | {{dhr}}
{{center|{{larger|'''শিল্পী বন্ধু তচদ্দুক'''}}}}
{{center|জে. ডি. বাভেজা}}
{{dhr}}
জীৱনৰ এক অখণ্ড অংশ আৰু ঘনিষ্ট বন্ধু হৈ
থকা ব্যক্তি এজনৰ বিষয়ে লিখাটো স্বাভাবিকতেই
বৰ কষ্ট সাধ্য কাম। মোৰ বন্ধু তচদ্দুক ইউছুফে
কৰুণ ভাবে ইহলীলা সম্বৰণ কৰাৰ বাতৰি যোৱা
দহ আগষ্টত (১৯৮২) শুনাৰে পৰা তেওঁৰ বিষয়ে
লিখাৰ কথা চিন্তা কৰি আছিলোঁ। কিন্তু এই
কামটো মোৰ বাবে বৰ সহজ নাছিল।
{{gap}}তচদ্দুকৰ লগত মোৰ ডেৰ কুৰি বছৰীয়া
পুৰণি সম্পৰ্ক আছিল। যোৱা কেইবছৰমান মই
অসমৰ বাহিৰত থকা সময়ছোৱাৰ বাহিৰে বাকী
কালছোৱা আমি ইজনে সিজনৰ লগত সম্পৰ্ক
ৰক্ষা কৰি চলিছিলোঁ। তচদ্দুকৰ লগত
প্ৰথম চিনাকী ১৯৫০ চনত। আকাশবাণীৰ গুৱাহাটী
কেন্দ্ৰ তেতিয়া উজান বজাৰত আছিল। তাৰে কোঠাৰ
এটা চুকত বহি প্ৰচাৰ কৰিবলগীয়া কথাখিনি
লিখি থকাটো তচদ্দুকৰ এটা অভ্যাস আছিল।
কি কি লিখিছিল সেইকথা সঠিক ভাবে মনত
নপৰিলেও এইকথা মোৰ আজিও মনত পৰে যে | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৫ |

{{Right|৫৭}} | প্ৰচাৰ হবলগীয়া অনুষ্ঠান সমূহৰ ঘোষণাবোৰ তেওঁ
লিখি লৈছিল। তেওঁৰ লিখনিৰ ধৰণে মোৰ মনত
তেতিয়া বাৰুকৈয়ে ৰেখাপাত কৰিছিল। এটুকুৰা
কাগজতে তেওঁ ঘোষণা লিখিবলৈ বহিছিল, নিজেই
পঢ়ি চাইছিল। মনঃপুত হ’লে বাকী অংশ
লিখিবলৈ আৰম্ভ কৰিছিল। মনঃপুত নহলে কাটি
পেলাইছিল। ভাবি ভাবি আকৌ নকৈ লিখিছিল।
১৯৪৪ চনৰ ছাত্ৰ অবস্থাৰপৰাই ময়ো
এজন ঘোষক আছিলোঁ। তেতিয়াই মই বহু
বলিষ্ঠ ঘোষকক দেখিছিলোঁ। তেওঁলোকে ঘোষণা
কৰিবলগীয়া কথাখিনি লিখে আৰু আঙুলিৰে নিজ
কাণৰ ফুটা বন্ধ কৰি ডাঙৰ ডাঙৰকৈ পঢ়ে। ইয়াৰ
ফলত তেওঁলোকৰ পক্ষে নিজৰ মাতৰ গুণা-গুণ
পৰীক্ষা কৰা আৰু নিজৰ কণ্ঠ অনাতাঁৰ প্ৰচাৰৰ
উপযোগী কৰি তোলাত সহায় হৈছিল। তচদ্দুকে
ঘোষণা কৰা কথাখিনি স্বাভাৱিক ভাবেই বাৰে
বাৰে পঢ়িছিল। যে কোনোবাই আহি তেওঁক
চিঞৰি ক’বলীয়া হৈছিল— ষ্টুডিঅ’ত সোমোৱাৰ
সময় হ’ল। তেওঁৰ গভীৰ কণ্ঠৰ ঘোষণা প্ৰথম
বাৰ শুনিয়েই মই ভীষণ ভাবে প্ৰভাবাণ্বিত হৈছিলোঁ।
মাইক্ৰোফনৰ ধ্বনি অতুলনীয় ভাবে
সজাই তোলা তেওঁৰ সেই কণ্ঠ উপযুক্ত সুৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৬ |

৫৮ | বন্ধনৰ সমষ্টি আছিল। উৰ্বৰ কণ্ঠৰ ওখপাখ আৰু
সুদৰ্শন তচদ্দুকৰ মাজত এক বিৰল অভিজাত
অভিনয় প্ৰতিভা আছিল। মাইক্ৰোফনৰ অভিজ্ঞতাৰ
মাজেৰে তচদ্দুকে অনতাঁৰ আৰু মঞ্চ
নাটেৰে জীৱনৰ অধ্যায় মুকলি কৰিছিল। এইখিনিতে
{{SIC|এটকথা|এটা কথা}} উল্লেখ নকৰিলে তচদ্দুকৰ কণ্ঠৰ
দিশৰ বৰ্ণনা সম্পূৰ্ণ নহ’ব; ঘোষণাসমূহৰ এক
নিয়ন্ত্ৰিত স্তৰৰ মাজেৰে ইমান সুন্দৰভাবে তেওঁৰ
কণ্ঠেৰে ধ্বনিত হৈছিল যে আকাশবাণীৰ অভিযন্ত
সকলে ক’ণ্ট্ৰল ৰূমত বহি তেওঁৰ মাত নিয়ন্ত্ৰণ
কৰিবলগীয়া নহৈছিল। অতি সোনকালে আমি
বন্ধু হৈ পৰিছিলোঁ। তচদ্দুকে প্ৰায়েই মোৰ লগত
অনাতাঁৰ, মঞ্চ আৰু চলচিত্ৰ সম্পৰ্কীয় বিষয়লৈ
আলোচনা কৰিছিল।
{{gap}}তচদ্দুকৰ অনাতাঁৰ প্ৰচাৰ নাট প্ৰযোজনাৰ
ক্ষেত্ৰত অতুলনীয় ভাবে প্ৰকাশ পাইছিল। মঞ্চ
প্ৰযোজনাসমূহৰ ক্ষেত্ৰতো তেওঁ সমান নিষ্ঠাৰে কাম
কৰিছিল। অভিনয় কৰিবলগীয়া চৰিত্ৰৰ বিষয়ে
তেওঁ প্ৰায়েই গুৱাহাটীৰ বিভিন্ন মঞ্চ গোষ্ঠীৰ লগত
আলোচনা কৰিছিল। জীৱনৰ প্ৰতি থকা অনুৰাগেৰে
তচদ্দুকে প্ৰথম অৱস্থাত অনাতাঁৰ প্ৰচাৰ আৰু
পিছলৈ চলচিত্ৰ জগতত আত্মোৎসৰ্গ কৰিছিল। | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৭ |

{{Right|৫৯}} | ১৯৫০ ৰ সময়ছোৱা তেওঁৰ বাবে অগ্ৰণী সময়
আছিল। ডঃ ভূপেন হাজৰিকা তেতিয়া আমেৰিকাৰ
পৰা ঘূৰি আহি সংগীত আৰু চলচিত্ৰজগতত
মনোনিবেশ কৰিছিল। লক্ষ্যধৰ চৌধুৰীৰ দৰে ব্যক্তিযেও
তেতিয়া অন্যান্যসকলৰ সৈতে অলপ অচৰপ
পইছা যোগাৰ কৰি হয় ছিনেমা কৰাত ব্যস্ত হৈছিল
অথবা ছিনেমা কৰাত আনক অনুপ্ৰাণিত
কৰিছিল। আমাৰ বহু বুজনি আওকাণ কৰি
তচদ্দুকে অনাতাঁৰ প্ৰচাৰৰ কাম এৰি দি ছবি কৰাত
মনোনিবেশ কৰাত লাগিছিল। তেওঁ প্ৰায়েই মোৰ
আগত ক্ষোভ প্ৰকাশ কৰি কৈছিলে যে চলচিত্ৰত
প্ৰতিভা বিকাশ কৰিব পৰাকৈ বোধহয় কোনেও
তেওঁক নায়কৰ চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ নিদিব।
আবেগ প্ৰবণ তচদ্দুকৰ, হাতত লোৱা সকলো
কামৰ প্ৰতি আছিল একাগ্ৰতা। একো একোটা
সময়ত তেওঁ এটাৰ পিছত আন এটা সন্ধিয়া
ভাইটি (বিজয়) ভূঞা আৰু মোৰ সৈতে তেওঁৰ
পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি কটাই দিছিল।
ষাঠি দশকৰ শেষৰ পিনে আমাৰ মাজত যোগাযোগ
কমি আহিছিল। অৱশ্যে গুৱাহাটী-কলিকতা
বিমানত বা বিমানবন্দৰত আমাৰ প্ৰায়েই
দেখা হৈছিল। সেইসময়ত তচদ্দুকে ছবিৰ ছুটিঙৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৮ |

৬০ | কামতেই হওক বা আন কামতেই হওক গুৱাহাটী
কলিকতা পথত অহাযোৱা কৰিছিল। তচদ্দুকৰ
এনে এটা যুবপ্ৰাণ আছিল যে তেওঁ ছবি আক
শৈল্পিক প্ৰকাশৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে দিন অতিবাহিত
কৰিছিল। প্ৰসংগক্ৰমে এইখিনিতে এটা
কথা উল্লেখ কৰা উচিত হ’ব যে মই সেই সময়ত
পোৱাসকলৰ ভিতৰত তচদ্দুকেই সম্ভবতঃ অনাতাঁৰ
নাট্য প্ৰচাৰৰ শ্ৰেষ্ঠ কণ্ঠ আছিল বুলিলে
বোধহয় বহলাই কোৱা তেওঁৰ সংলাপ সমূহ হৃদয়ৰ
নিভৃত কোণৰ পৰা ঐশ্বৰ্য্যময় কণ্ঠেৰে সুশ্ৰাব্য হৈ
নিজৰি ওলাইছিল।
{{gap}}বিবাহ বন্ধনত আবদ্ধ হোৱা বা জীৱনৰ এটা
ঠাইতে স্থিৰ হৈ থকাটো তচদ্দুকৰ মানসিকতাত
নাছিল। মই তেওঁক বুজামতে, ছেলুলয়ডৰ
জগতত এখন স্থায়ী আসন অধিকাৰ কৰিবলৈ
খৰখেদা লগোৱা তচদ্দুক এজন ডেকা মানুহ
আছিল। কিন্তু মাইক্ৰোফোনেই হওক বা কেমেৰাই
হওক, সেইবোৰৰ সমুখত তেওঁ আছিল এজন
স্থিৰ আৰু শৃংখলাবদ্ধ পুৰুষ। এইষাৰ কথা ভুল
নে নিৰ্ভুল হ’ব মই নাজানো, যদিহে কওঁ—
চলচিত্ৰ আৰু অনাতাঁৰ প্ৰচাৰৰ ক্ষেত্ৰত যুগান্তৰৰ
সৃষ্টি কৰা তচদ্দুক পঞ্চাছ আৰু ষাঠি দশকৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৯ | {{Right|৬১}} | এজন খঙাল যুৱক আছিল। মনেবিচৰা লক্ষ্যত
উপনীত হ’ব নোৱাৰিলে ভাঙি পৰা তচদ্দুকক
মই কেতিয়াও দেখা নাছিলোঁ। জীৱনৰ শেষ
পৰলৈকে তেওঁ নিজকে এজন বিদ্ৰোহী ৰূপেই
প্ৰতিপন্ন কৰি গ’ল।
{{gap}}মোৰ আজিও মনত পৰে, তচদ্দুকৰ অনুপস্থিতিৰ
সময়ত এবাৰ তেওঁৰ দেউতাকে মোক
ঘৰলৈ মই নিছিল। মৰমৰ পুতেকৰ বন্ধু হিচাপে
মোকো তেওঁ অসম্ভব মৰম কৰিছিল। তেওঁক
বৰ চিন্তিত যেন দেখিছিলোঁ। তেওঁ মোক পোনপটীয়া
ভাবে কৈছিল— স্বপ্ন মৰিচীকাৰ পিছত
দৌৰি থকাতকৈ বাপুক হয় ভালদৰে পঢ়া শুনা
কৰিবলৈ কোৱা, নহ’লে জীৱনত স্থিৰ ভাবে কিবা
এটা কৰিবলৈ কোৱা।— তচদ্দুকে এই বিষয়ত
মোৰ কোনো কথাই নুশুনিব বুলি জানিও সেইদিনা
মই দেউতাকৰ আগত সেইদৰে ক’ম বুলি
শপত খাই গুচি আহিছিলোঁ। তচদ্দুকে মোক
সেই কথাৰ উত্তৰত কৈছিলে— “মই কি কৰি
আছোঁ মই জানো। মোৰ জীৱনৰ লক্ষ্যত উপনীত
হোৱাত মই অকণো ত্ৰুটি নকৰোঁ। এই
বিষয়ত মোৰ ঘনিষ্ঠ বন্ধুসকলেও মোৰ মনৰ ধাৰা
সলনি কৰিব নোৱাৰে।

| VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭০ |

৬২ | {{gap}}মোৰ অভিযান স্বাভাবিক ভাবেই ব্যৰ্থ হৈছিল।
{{gap}}মোৰ আজিও মনত আছে, তচদ্দুকৰ ভনীয়েক
নাজনীন্ সেই সময়ত আমাৰ লগত আছিল। মোৰ
অনুৰোধক্ৰমে তচদ্দুকৰ পৰিয়াল এৰি নাজনিন্
আমাৰ ঘৰত আছিলেহি। গতিকেই তচদ্দুকে
বেয়াপোৱা কথা ক’বলগা হোৱাত সেইদিনা মোৰো
বেয়া লাগিছিল। সেইদিনাই আমাৰ বন্ধুত্বৰ শেষ
হ’ল বুলি মই ধৰি লৈছিলোঁ। কিন্তু তচদ্দুকৰ
বন্ধুপ্ৰেম আছিল অনন্য। তেওঁ হাঁহি হাঁহি আমাৰ
ঘৰত উপস্থিত হৈছিলহি আৰু নাজনিন্ক আঁকোৱালি
লৈছিল। এই ঘটনাৰ দুসপ্তাহৰ পিছতেই
দহ বছৰীয়া আঁজলী নাজনিন্ৰ মৃত্যু হৈছিল।
{{gap}}তচদ্দুকে মোক যেতিয়াই লগ পাইছিল তেতিয়াই
সাহিত্য-শিল্প আৰু চলচিত্ৰৰ কথা কৈছিল।
মোৰ স্মৃতিত এটা কথাত দকৈ ৰৈ গৈছে—
জীৱনৰ প্ৰতি তচদ্দুকৰ আছিল এক অদমনীয়
ব্যকুলতা; জীৱনৰ প্ৰতিটো ক্ষণ তেওঁ সজীৱ কৰি
ৰাখিব খুজিছিল আৰু বিচাৰিছিল লক্ষ্যৰ অভিযান
পূৰ্ণ কৰিব তেওঁৰ অভিযান আছিল—
শৈল্পিক আৰু নাট্যজগতৰ মাজেৰে নিজৰ প্ৰকাশ
পৰিস্ফুত কৰাৰ! এই অভিযানত তচদ্দুক বহুলাংশে
সফলো হৈছিল। কোনে জানে— অসমীয়া | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭১ | ছবি উদ্যোগ হিন্দি ছবি জগতৰ সমান উন্নত হোৱা
হ’লে তচদ্দুকো হয়তো আন এজন অমিতাভ
হ’লহেঁতেন। সেইখিনি সাহস তচদ্দুকৰ আছিল।
{{gap}}তচদ্দুকে এইদৰে নিজৰ জীৱনটো কিয় শেষ
কৰিলে সেইকথা আজিও মোৰ বাবে ৰহস্য হৈ
থাকিল। বোধহয় সেইয়াই আছিল অদৃষ্টৰ পৰিহাস।
মৃত্যুৰ মাজত বিলীন কৰি দিয়া তচদ্দুক আজি
এক অন্য শ্বেলী। মানসিক ধ্যান-ধাৰণাৰ সীমাত
নিসংগতাৰে শেষ হোৱা তচদ্দুকক একোৱেই মন
জুৰাব নোৱাৰিলে।
{{gap}}জীৱনৰ লক্ষ্য সাধনৰ অভিযানত সফল হোৱা
হ’লে তচদ্দুকে বোধহয় এইদৰে নিজকে শেষ কৰি
নিদিলেহেঁতেন। জীৱনৰ চিৰাচৰিত নিৰ্বোধতাৰ
মাজত আৱদ্ধ থকা লোক নাছিল তচদ্দুক। সেয়েহে
মুক্ত বাসনাকেই চৰিতাৰ্থ কৰিলে তেওঁ। শৃংখল
যেতিয়া অসহনীয় হৈ পৰিল তচদ্দুক তেতিয়াই
কঁপি উঠিল। সম্ভৱপৰ সময়ছোৱাত জীৱনৰ প্ৰেম
আৰু উপাসনা কৰি এগৰাকী মহান শিল্পী আমাৰ
মাজৰপৰা দৈহিকভাৱে নোহোৱা হৈ গ’ল।
{{Dhr|1em}}
{{rule|5em}}
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭২ | ৬৪ | {{dhr}}
{{center|{{larger|'''ট্ৰেজিক ৰাজকোঁৱৰ তচদ্দুক'''}}}}
{{center|নব শৰ্মা}}
{{dhr}}
…All the Perfumes of Arabia will
not sweeten this little hand, Oh!…
{{gap}}হতাশাৰ জন্ম, সাধাৰণতে ভবাৰ, স্বীকৃতিৰ
অভাৱত নহয়। এই হতাশাৰ মূলতে হ’ল সামাজিক
অবিচাৰৰ ফলত উদ্ভৱ হোৱা, জীৱনৰ অভিলাস
(সময়ত সপোন ৰূপ) আৰু বাস্তৱৰ মাজৰ পাৰ্থক্য;
ঠুনুকা অন্তৰৰ শিল্পীৰ জীৱনত এই পাৰ্থক্যই হ’ল
অপূৰ্ণতা।
{{gap}}তচদ্দুক ইউছুফৰ মৃত্যুৰ পিছদিনা পুৱাটো কবি
হীৰু ভট্টৰ সৈতে বহি কটালোঁ। আমি বেছি কথা
পাতিব পৰা নাছিলোঁ। ইউছুফৰ সৈতে কবিৰ
আত্মীয়তা মোতকৈ বহুত বেছি। ইউছুফ গুৱাহাটীলৈ
আহিলে কবিৰ ঘৰলৈ যায়; মোৰ পিচে খবৰহে
লয়। মৃত্যুৰ খবৰটো তেওঁ আগদিনাই পাইছিল—
এখন কবি সন্মিলন চলি আছিল। বাতৰিটো সন্মিলনত
জনাই ভট্টই এটা শোক প্ৰস্তাৱ লোৱাৰ
কথা কৈছিল; পিচে বাকীসকলে “বাৰু, সন্মিলনৰ
কাম হৈ লওকচোন, তাৰ পিচতো…” বুলি
সামৰি থলে।

| VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৩ |

{{Right|৬৫}} | {{gap}}“আত্মহত্যা সমাজ আৰু আইন দুয়ো দিশৰ
পৰাই অমাৰ্জনীয়; যিজনে আত্মহত্যা কৰিব পাৰে
তেওঁ আন এজনকো হত্যা কৰিব পাৰে। এনে
লোকৰ বিষয়ে বিশেষ সোঁৱৰণ বুলিনো ঘপহকৈ
কি লিখা বা কোৱা যায়?”— ইত্যাদি দোমোজাৰ
মাজতে শিল্পী বুদ্ধিজীৱীসকলে ইউছুফৰ বিয়োগত
শোকবাৰ্তা আদি প্ৰকাশ কৰি তোলপাৰ নলগাই
নীৰৱে থকাটো মই আদৰণি জনাইছোঁ, কাৰণ
জীৱন কালত যাৰ সমুখত নীৰৱতা অৱলম্বন কৰা
যায়, তাৰ মৃত্যুত শোক প্ৰস্তাৱ হ’ল প্ৰহসন মাত্ৰ।
{{gap}}অসমত এতিয়ালৈকে ভালেমান প্ৰতিভাবান
শিল্পীয়ে, আত্মহত্যা নহলেও আত্মহত্যা সদৃশ মৃত্যু
বৰণ কৰিছে। অযোগ্যতা আৰু বিদ্বেষেৰে ভৰা
শিল্পী সমাজ ব্যৱস্থাই এই হত্যাকাৰী, যাৰ সমুখত
প্ৰকৃততে প্ৰতিভাবানজনৰো মন এটা সময়ত হতাশা,
অনিশ্চয়তা আৰু অপূৰ্ণতাৰ আন্ধাৰে ঢাকি ধৰিবলৈ
বাধ্য। তাৰ পিচত {{SIC|মৃত্য|মৃত্যু}}; তেতিয়া আৰু সেই মৃত্যু
হত্যাই নে আত্মহত্যা সেইটো অপ্ৰাসংগিক। আচল
কথা হ’ল সেয়া অৱহেলা আৰু অবিচাৰৰ সম্মুখত
প্ৰতিভাৰ কৰুণ পৰাজয়।
{{gap}}সেয়ে এজন পুৰণি গুণমুগ্ধ ৰূপে, তচদ্দুক
ইউছুফৰ অকাল বিয়োগত গভীৰ শোক পাইছোঁ; | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৪ |

৬৬ | কিন্তু অকণো আচৰিত হোৱা নাই— কাৰণ শিল্পী
ইউছুফৰ হত্যা আজি কিছুবছৰ আগতেই আৰম্ভ
হৈছিল বুলি মই সপ্ৰমাণে জানো। কবি হীৰু
ভট্টয়ো অনুভৱ কৰিছিল আৰু ইউছুফে নিজেও
জানিছিল— সেয়ে তেওঁৰ মানসিক মৃত্যু কেইবছৰমান
আগতেই ঘটিছিল।
{{gap}}মঞ্চ, চলচিত্ৰ আৰু অনাতাঁৰ— তিনিওটা মাধ্যমতে
সমানে পাৰদৰ্শী আৰু সৰ্বভাৰতীয় ক্ষেত্ৰত ফেৰ
মাৰিব পৰা শিল্পী ইউছুফৰ প্ৰথম প্ৰেম আছিল
অনাতাঁৰ অভিনয়; কিন্তু তাতেই তেওঁক কিদৰে
পৰাভূত কৰা হৈছিল তাক মই ব্যক্তিগতভাৱে
জানো। ৰেডিঅ’ নাটকৰ অভিনয় কৰি অকল তেওঁ
যে অতি ভাল পাইছিল তেনে নহয়; ৰেডিঅ’
মাধ্যমটোত তেওঁৰ দৰে অসাধাৰণ প্ৰতিভাৰ প্ৰয়োজন
আছিল। তেনেস্থলতো আজি দুবছৰমান আগলৈকে
মই ৰেডিঅ’ত সামান্য চাকৰিয়াল হৈ থাকোঁতে
দেখিছিলোঁ তেওঁৰ প্ৰতি কি অনাদৰ আৰু অবিচাৰ
কৰা হৈছিল। যিজন শিল্পী ৰেডিঅ’ নাটকৰ কাৰণে
অত্যন্ত প্ৰয়োজনীয় আছিল, যিজনৰ ৰেডিঅ’ত
যি কোনো উচ্চ পদ লাভৰ অধিক অৰ্হতা আছিল,
সেইজনক নাটকত বুক কৰাটো প্ৰায় দহবছৰৰ
আগতেই এক প্ৰকাৰ বন্ধ কৰা হৈছিল। এবাৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৫ |

{{Right|৬৭}} | মোৰ এটা অনুষ্ঠানত বুক কৰ বাবে, সেই
সময়ৰ চৰকাৰী শিল্পী বুদ্ধিজীৱীসকলে মুখ বিদৰাই
কেছিল, “ইউছুফ আগতেহে ভাল আছিল। এতিয়া
ভইচ ৰ’ল কৰে। ছেঃ আমাৰ অমুককে দিব
পাৰিলোহেঁতেন…” আজিও, এই অমূকহঁতে পিঠি
খজুৱাই দিয়াৰ পিচত, মাত্ৰ বস্তুৰ বিক্ৰি বঢ়োৱা,
তম্বুৰ তলত দৰ্শকক হহুওঁৱা অথবা ভোজ ৰন্ধাৰহে
যোগ্যতা থকা এদললোকে ইউছুফৰ মৃত্যুৰ দিনা এটা
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আগনবঢ়ালে। অযোগ্য আৰু
অসাধুলোকে সামান্য ক্ষমতা লাভ কৰিলে, স্বজন
প্ৰীতি আৰু দুৰ্নীতিৰ সহায় লৈ, এইদৰে অকৃতজ্ঞতাৰ
চিনাকী দিয়ে। অকল ইউছুফৰ ক্ষেত্ৰতে নহয় এই
কথা মই উপলব্ধি কৰিছিলোঁ। যিদিনা প্ৰতিভাবান
শিল্পী স্বৰ্গীয় সত্যেন চৌধুৰী আৰু শ্ৰীতুলসী দাসক
পুনৰ অডিচন্ দিবলৈ মাতি আনি ষ্টুডিঅ’ৰ বেঞ্চ
এখনত কেবা ঘণ্টাও বহুৱাই ৰখা হৈছিল।
{{gap}}একান্ত নিজা অভিজ্ঞতাৰে এই নিষ্ঠুৰতাৰ
উদাহৰণ বহুবাৰ দেখি, এতিয়া মই মৃণাল সেনৰ
ছবিত পেটৰ ভোকে মানুহক জন্তুলৈ ৰূপান্তৰিত
কৰাৰ দৃশ্যত পতিয়ন নাযাওঁ। অক্ষমতাৰপৰা
জন্ম বিদ্বেষে মানুহক হিংস্ৰ পশু কৰি তোলা
দেখিছোঁ। ক্ষমতাৰ অপপ্ৰয়োগেৰে ইউছুফহঁতৰ দৰে | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৬ |

৬৮ | শিল্পীক আওহেলা কৰিব পৰা যায় কিন্তু তেওঁলোকক
অস্বীকাৰ কৰিব নোৱাৰি। তথাপি বাস্তৱত
হয় কি? বাওনাৰ ছাঁই সময়ত দীঘল হৈ দীঘল
ছাঁকো গিলি থয়। সময় আৰু পৰিস্থিতিত
ইউছুফহঁতকো বাওনাৰ ছাঁই ঢাকি ধৰিলে।
{{gap}}১৯৫৫ চন। দীঘলীপুখুৰীপাৰৰ পাৰ্কভিউ
হোটেলত আমি (মই, নচিউৰ ৰহমান,
নবীন বৰা আৰু কেবাজনো) স্থানীয় বাসিন্দা।
ৰেডিঅ’ৰ কেজুৱেল শিল্পী তচদ্দুক ইউছুফ আমাৰ
হোটেললৈ সদায় গধূলি আহে। যিকোনো
অৱস্থা আৰু পৰিস্থিতিতে তেওঁৰ লগত আমাৰ
কথা-বতৰা মাত্ৰ নাটক আৰু অভিনয়ৰ মাজতে
সীমাবদ্ধ আছিল। আজিলৈকে আছিল। তেতিয়াৰ
পৰা যেতিয়াই য’তে ইমানদিনে লগ পাইছোঁ,
তেওঁৰ সৈতে আন কথা পতা মোৰ মনত নপৰে।
{{gap}}৫০ ৰ দশকৰ আৰম্ভণিতে অসমত অনাতাঁৰ
সু-অভিনয়ৰ দুটা শৈলীৰ সৃষ্টি হয়। এটা শৈল
বৰুৱাৰ আনটো তচদ্দুক ইউছুফৰ। আজিও আমাৰ
যিটো অনাতাঁৰ অভিনয়ৰ ধাৰা চলি আছে সেইটো
হ’ল শৈল বৰুৱাৰ। ইউছুফৰ অভিনয়শৈলী কিন্তু
একক আৰু একপ্ৰকাৰ অননুকৰণীয় আছিল।
বহুতে কয় তেওঁৰ অপূৰ্ব ঐশ্বৰ্য্যশালী কণ্ঠস্বৰৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৭ |

{{Right|৬৯}} | বাবেহে এনে সুঅভিনেতা হ’ব পাৰিছিল। কিন্তু
ই আংশিক সত্য বুলিহে মোৰ ধাৰণা। সঁচা কথা,
উৎকৃষ্ট কণ্ঠস্বৰৰ তিনিওটা উপাদান— ইণ্টেন্ছিটি,
পিচ্ছ আৰু ৰেজনেঞ্চ্ অৰ্থাৎ টেম্বাৰ্ পূৰ্ণ মাত্ৰাই
তেওঁৰ কণ্ঠত আছিল। তাৰ ওপৰত আছিল
অভাৱনীয় নিয়ন্ত্ৰণ। সেয়ে প্ৰতি শব্দ, প্ৰতি উশাহ
আৰু প্ৰতিবাৰৰ নীৰৱতাই তেওঁৰ অভিনয়ত আনি
দিছিল লোভনীয় আভিজাত্য। কিন্তু এই সকলোবোৰ
সম্ভৱ হৈছিল মাত্ৰ কণ্ঠস্বৰৰ কাৰণেই নহয়;
ইয়াৰ মূলতে আছিল তেওঁৰ গভীৰ নিষ্ঠা আৰু
অধ্যয়নপুষ্ট অভিনয় চিন্তা। প্ৰথম দৃষ্টিত তেওঁক
ইমান অসতৰ্ক যেন লাগিলেও, প্ৰতিখন নাটকৰ
বিষয়ে ইমান গভীৰ চিন্তা আৰু গৱেষণা কৰি
অভিনয়ৰ বাবে সাজু হৈ অহা অনাতাঁৰ শিল্পী
তচদ্দুক ইউছুফৰ বাহিৰে হয়তো আৰু দুজনহে
আছিল - ফণী শৰ্ম্মা আৰু {{SIC|জানদা|জ্ঞানদা}} কাকতি।
{{gap}}অভাৱনীয় কণ্ঠস্বৰৰ নিয়ন্ত্ৰণ আৰু নিম্নস্বৰৰ
অভিনয়ৰে অনাতাঁৰ অভিনয়ক কি উচ্চ পৰ্য্যায়লৈ
লৈ যাব পাৰি তাৰ কেতবোৰ বিৰল মুহূৰ্ত
ইউছুফে ৰচনা কৰি গৈছে। ফণী তালুকদাৰে
কৰা ‘হেমলেট’ৰ অসমীয়া অভিযোজনা ইউছুফৰ
নিঃসন্দেহে শ্ৰেষ্ঠ অভিনয়। জ্যোতি শইকীয়াই | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৮ |

৭০ | বডলেয়াৰৰ জীৱনক লৈ লিখা ‘পংকজ’ নাটকখনত
তেওঁ কৰিছিল অন্যতম শ্ৰেষ্ঠ অভিনয়। অসংখ্য
আছে, মোৰ মনত পৰা নাই। মোৰ ‘শৃংগৰ ছাঁ’
নাটকত তেওঁ যি অভিনয় কৰিছিল, সেইটো
তেওঁৰ নিজৰ ভাষাতেই “মোৰ অনাতাঁৰ অভিনয়ৰ
এটা কঠিনতম চৰিত্ৰাভিনয়”। এই নাটকত
বিপ্লৱী গেৰিলা নেতাৰূপী ইউছুফৰ মুখত এটা
সংলাপ আছিল— “মনত ৰাখিব, শত্ৰু যেতিয়া
বন্দী হয়, আমি তাক বন্ধুৰ আচৰণ কৰোঁ; কিন্তু
বন্দী যেতিয়া শত্ৰু হ’ব খোজে, আমি তাক শেষ
কৰি দিওঁ”! ৰেকৰ্ডিং হৈ গ’ল। মোৰ আজিও
স্পষ্টকৈ মনত আছে ডাবিঙৰ সময়ত মই প্ৰযোজকক
ক’বলৈ বাধ্য হ’লোঁ যে ইউছুফৰ সংযত অভিনয়ে
ইমান সফলভাৱে চৰিত্ৰটোৰ মানসিক দৃঢ়তা
প্ৰকাশ কৰিছে যে পিচৰ “আমি তাক শেষ কৰি
দিওঁ” অংশটোৰ আৰু প্ৰয়োজন নাই, সেয়ে কাটি
দয়া হওঁক। অনি এটা সংলাপ— “আপুনি নাজানে
মে’জৰ ৰজাৰিঅ’, লুকাই লুকাই শত্ৰুৰ ওপৰত
জপিয়াই পৰাৰ কি যে আনন্দ।” ইয়াত ইউছুফৰ
সংলাপ ক্ষেপনৰ কৌশল (টাইমিং, পেচিং আৰু
প্লে অন ৱাৰ্দচ– এই ক্ষেত্ৰত “আনন্দ” শব্দৰ
ওপৰত) অতুলনীয়। তেওঁৰ অভিনয়ৰ দ্বাৰা আনন্দ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৯ |

{{Right|৭১}} | শব্দটোৰ অৰ্থ আৰু আক্ষৰিক হৈ থকা নাই;
তাৰ ঠাইত সেই শব্দ উচ্চাৰণ কৰা সময়ছোৱাত
যেন এটা শত্ৰুক টেটুচেপি হত্যা কৰা হৈ গ’ল।
নাটকখনৰ শেষত সৰ্বশ্ৰান্ত আৰু পৰাভূত গেৰিলা
নেতাৰ বিষাদ, বিহ্বলতা আৰু ক্ষোভক তিনিটা
বাক্যৰ এটা সংলাপেৰে একমাত্ৰ ইউছুফেহে যি
ৰূপ দিব পাৰিছিল, সেইটো শ্ৰোতা মাত্ৰৰে মনত
থাকিব। নাটকখনৰ লেখকৰূপে মই প্ৰত্যয় গৈছোঁ
যে তেওঁ অভিনয়েৰে যি প্ৰকাশ কৰিলে সি মই
বিচৰাতকৈ বহু উন্নত স্তৰৰ। সংলাপটো আছিল—
“ৰাক্ষসী এণ্ডীজ্, এতিয়া মই কাক লৈ যুদ্ধ কৰিম!
— পিশাচী, তোক আৰু তেজ লাগে!— বেশ্যা,
এদিন কিয় বুকুত ঠাই দিছিলি!” এই সকলোখিনি
অগতানুগতিক নিম্নস্বৰৰ অভিনয়ৰ ফলত
আদৰ্শ অনাতাঁৰ অভিনয় হৈ থাকিব। অসংখ্য
নাটকত এনে বহুত মূহুৰ্ত্ত আছে, আকাশবাণীত
সেইবোৰ এতিয়া বাণীৱদ্ধ ৰূপত ৰখা হৈছে নে
নাই মই কব নোৱাৰো। মোৰ স্মৃতি শক্তিও সকলো
ক্ষেত্ৰতে প্ৰখৰ নহয়। ইফালে কিছুমান এনে নিদৰ্শন
আকৌ টেইপ্ লাইব্ৰেৰীত বহি শুনি মনত পেলাবলৈও,
ৰেডিঅ’ৰ চৌহদৰ ভিতৰত সোমাৱা এতিয়া
মোৰ বাবে অসুবিধাজনক। সেয়ে সহজে মনত | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮০ |

৭২ | পৰা উদাহৰণ কেইটা মোৰ নিজৰ নাটকৰ পৰা
তুলি দি অশালীন কামেই কৰিছোঁ,— কিন্তু ই
ইচ্ছাকৃত নহয়, বাধ্যত পৰিহে।
{{gap}}খেল পথাৰৰ পৰা চলন্ত টিপ্পনীকাৰ হিচাপে
তেওঁৰ দক্ষতা সম্পৰ্কে মই কবলৈ নাযাওঁ, কাৰণ
এই বিষয়ে মই নিজে অজ্ঞ। মাত্ৰ ৰেডিঅ’ত
থাকোঁতে এই বিষয়ে বিভিন্ন শ্ৰোতাৰ মতামত
যোগাৰ কৰি জানিব পাৰিছিলোঁ যে ইউছুফৰ কমেণ্ট্ৰী
কিছু দোষযুক্ত বুলি যদিও তেওঁৰ সতীৰ্থসকলে
কয় তথাপি তেওঁৰ স্পষ্ট, বলিষ্ঠ আৰু সাৱলীল
কণ্ঠই সৰ্বসাধাৰণ শ্ৰোতাৰ বাবে কমেণ্ট্ৰী ভাল লগা
আৰু গ্ৰহণযোগ্য কৰি তুলিছিল।
{{gap}}তাহানি আনোৱাৰ হুচেইনৰ ‘সৰাপাত’ ছবিতে
আত্মপ্ৰকাশ কৰা তচদ্দুক ইউছুফে এতিয়ালৈকে
বহুতো ছবিত অভিনয় কৰিলে; কিন্তু মনে বিচৰা
ভূমিকা কিমান পাইছিল নাজানোঁ। আজিকালি
অসমীয়া ছবিতো বহুত হৈ থাকে, পিচে জনামতে,
এতিয়া পৰিচালকে ইউছুফক নিবিচৰা হ’ল। ইফালে
তেওঁৰ সীমাহীন কল্পনা আৰু সপোন; আকৌ
কোনো ক্ষেত্ৰতে আপোচো কৰিব নোৱাৰে, কাৰণ
পাৰ্ফেক্শ্যণৰ প্ৰতি তেওঁৰ অতিশয় শ্ৰদ্ধা। তেওঁৰ
সকলো চোৱা নাই যদিও যিবোৰ চাইছোঁ তাৰ | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮১ |

{{Right|৭৩}} | ভিতৰত “পুৱতি নিশাৰ সপোন” আৰু “বৰুৱাৰ
সংসাৰ”ৰ অগতানুগতিক চৰিত্ৰদুটা মনত থাকিব।
বিজু ফুকনে সিদিনা কলে যে ছিনেমাত অভিনেতাৰ
মুখমণ্ডল আৰু চকু দুটাই অভিনয়ৰ প্ৰধান আহিলা;
কিন্তু ইউছুফে নিজে ইমান অসুবিধাগ্ৰস্ত হৈও,
কি অভাৱনীয় প্ৰতিভাৰ ফলত এনে শক্তিশালী
আৰু শ্ৰেষ্ঠ অভিনেতা হ’ব পাৰিছিল, তেওঁ ভাবিব
নোৱাৰে। বৰুৱাৰ সংসাৰ ছবিৰ ইউছুফৰ সহশিল্পী
অনিমায়ো কৈছে— “ইউনিটত তেওঁক পৰিচালকৰ
পৰা আৰম্ভ কৰি সকলো শিল্পী ক’লাকুশলীয়ে
শ্ৰদ্ধা কৰিছিল। নতুন শিল্পীয়ে শিকাৰ আগ্ৰহ
কৰিলে, তেওঁ সময় খৰচ কৰি শিকাই দিয়াত
অকণো কৃপণালি নকৰিছিল।
{{gap}}মঞ্চত তেওঁৰ অসমীয়া, ইংৰাজী আৰু উৰ্দ্দু
ভাষাত সমান পাৰদৰ্শিতা। পিৰাণ্ডেল’ৰ “নাট্যকাৰৰ
সন্ধানত ছটি চৰিত্ৰ” অসমীয়া অভিযোজনা কৰি
অসমৰ বিভিন্ন মঞ্চত তেওঁ পৰিচালনা আৰু অভিনয়ৰ
উৎকৃষ্ট চিনাকী দি থৈছে। উৰ্দ্দু নাটকত
তেওঁৰ অভিনয় চাই তেতিয়াৰ ৰাষ্ট্ৰপতি ডঃ জাকিৰ
হুচেইন অভিভূত হৈ তেওঁক সাৱটি ধৰিছিল।
গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত সপ্তাহত দুদিনকৈ— এদিন
ব্যৱসায়িক আৰু এদিন পৰীক্ষামূলক নাটক কৰাৰ
বিষয়ে তেওঁ প্ৰায়েই কৈছিল, বিজু ফুকনকো কৈছিল। | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮২ | প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও এই দিশতো বেছি
অগ্ৰসৰ হ’ব নোৱাৰিলে, কাৰণ শেষ হিচাপত মঞ্চ
সংগঠন হয়তো ছবিতকৈ বেছি কঠিন।
{{gap}}শিল্পী বহুতো আছে। কিন্তু শিল্পী প্ৰতিভা
আৰু শিল্পী মনৰ মিলনত যিজন প্ৰকৃত শিল্পীৰ
জন্ম হয়— সেইজনহে সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ
আৰু আদৰ্শস্থানীয় হয়।
{{gap}}১৯৭৮ চনৰ কথা, বহুতো অসুবিধা নেওচি
(কৰ্তৃপক্ষৰ বাধা, ঘৰৰ ঘৈণী শয্যাশায়ী, ইফালে
জেপৰ ধন খৰচ কৰি) গুৱাহাটীৰ ৰেডিঅ'ত প্ৰথমবাৰৰ
বাবে পূৰ্ণাঙ্গ ইংৰাজী নাটকৰ প্ৰচাৰ আৰম্ভ
কৰিছিলোঁ— জুলিয়াচ চিজাৰ। চিজাৰৰ ভূমিকাত
ইউছুফক লৈছিলোঁ। কিন্তু বৰকৈ অসুস্থ হোৱাত
শেষত আহিব নোৱাৰিলে। পিচত লগ পাই ক’লে—
“নাটক শুনিলোঁ। বৰ ভাল প্ৰচেষ্টা হৈছে।
আহিব নোৱাৰি নিজে দুখ পাইছোঁ। ভৱিষ্যতে
মাতিব।” পিচৰ বছৰ অথেল’ কৰিলোঁ; কিন্তু এই
বছৰ তেওঁৰ উপযোগী ভূমিকা নাই বুলি নিৰ্ণয়
কৰি ইউছুফক মতা নহ’ল। ইয়াৰ পিচত এবাৰ
নগাওঁত লগ পাই ক’লে যে নাটকখন আগৰ
বছৰতকৈ বেছি সুন্দৰ হৈছে। লগতে ক’লে তেওঁক | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮৩ |

{{Right|৭৫}} | তেওঁক নমতাৰ কাৰণ কেইটা মই চমুকৈ ক’লোঁ।
তাৰ পিচত মই ভবাই নাছিলো— তেওঁ মোৰ গাত
ধৰি অকপটভাৱে ক’লে, “শৰ্মা মই এতিয়া একেবাৰে
কনভিন্সড্। অকণো বেয়া পোৱা নাই।
খুব সুন্দৰ কাম হৈছে। মাত্ৰ এৰি নিদিব। বছৰত
এবাৰ নহয় দুবাৰকৈ ক্লাচিকবোৰ কৰি যাবলৈ
লওক। দৰকাৰ বুলি ভাবিলেই মোক মাতিব—
মই নিশ্চয় যাম। কিং লিয়েৰ আৰু হেমলেট ল’লে
প্ৰডিউচ কৰিবলৈ দিলে আৰু ভাল পাম।” এইদৰে
প্ৰায় আধাঘণ্টা সময় ধৰি শেক্সপীয়েৰৰ বাহিৰেও
অন্যান্য ক্লাচিকৰ ৰেডিঅ’ নাট্যৰূপ হাতত
লোৱাৰ পৰামৰ্শ আগবঢ়ালে। এনে শিল্পীমন আৰু
বিশালতাৰ পৰিচয় যোৱা ৩০ বছৰে মই লগ পোৱা
কোনো শিল্পীৰ পৰাই পোৱা নাই। (ইউছুফৰ
পৰামৰ্শ অৱশ্যে কামত লগাব নোৱাৰিলো। অশুভ
পৰিস্থিতি আৰু অসুস্থ পৰিৱেশত মই ৰেডিঅ’
এৰি অহাৰ পাচতে এই মূল্যৱান অনুষ্ঠানটো বন্ধ
কৰি দিয়া হ’ল।)
{{gap}}প্ৰথমে তেওঁৰ এজন গুণমুগ্ধ ৰূপে আকৰ্ষিত
হৈ তেওঁৰ এখন সৰল আৰু সহানুভূতিশীল অন্তৰৰ
সম্ভেদ পাইছিলো— ১৯৫৭ চনত একেলগে থাকোতে।
নচিউৰ ৰহমান আৰু মোৰ উভয়ৰে এজন অনা | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮৪ |

৭৬ | {{hwe|ৰোধক্ৰমেই|অনুৰোধক্ৰমেই}} ৰেডিঅ’ৰ চাকৰিৰ পৰা ততালিকে
এমাহৰ ছুটী লৈ তেওঁৰ ঠাইত আমাৰ বন্ধুজনক
ইংলিচ কেজুৱেল এনাউন্চাৰ হিচাপে ভৰ্ত্তি কৰাই
১০৯ ধাৰাত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিছিল।
{{gap}}পুনৰাবৃত্তিৰ দোষত দোষী হ’লেও আকৌ ক’ম—
তচদ্দুক ইউছুফ এজন সম্পূৰ্ণ শিল্পী, পাৰফৰ্মিং
আৰ্টত অন্যতম প্ৰতিনিধিত্বমূলক ব্যক্তি, অনাতাঁৰ
অভিনয়ত অদ্বিতীয়। তেওঁৰ অভিজাত অভিনয়ৰ
কথা ভাবিলে, মোৰ নিজৰ কিন্তু মাইক্ৰ’ফনলৈ
যোৱাৰ অধিকাৰ নাই বুলি বিশ্বাস হয়। এয়া মই
বিনয়াচৰণ কৰা নাই, অন্তৰৰ পৰাই কৈছোঁ।
শিল্পী প্ৰতিভা আৰু মানসিকতাৰে তেওঁ অসমৰ
শিল্পীসমাজৰ নক্ষত্ৰৰ দৰে উজ্জ্বল হৈ থাকিব লাগে
যদিও জীৱনকালৰ ঈৰ্ষা আৰু অনাদৰৰ ফলত
হয়তো হৈ ৰ’ব— The most tragic prince
on the rolls of fame.
{{gap}}শেষত স্বীকাৰোক্তিৰ ৰূপত কবলৈ বাধ্য যে
আজি তেওঁৰ মৃত্যুত শোকাকিভূত হৈ তেওঁৰ
স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ হয়; কিন্তু তেওঁ যি | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮৫ | সামাজিক অবিচাৰৰ বলি হ’ল, তাৰবাবে তেওঁৰ
প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’লহেঁতেন যদি তেওঁৰ মৃত্যুৰ
আগমুহূৰ্তত কাণে কাণে কৈ দিব পাৰিলোহেঁতেন—
“ইউছুফ চাহাব, এইখনেই সমাজ, ময়ো তাৰে এজন
ষড়যন্ত্ৰকাৰী। ইউছুফ চাহাব মনত পৰিছে সেই
সংলাপটোলৈ— Away, and mock the time
with fairest show; False face must
hide what the false heart doth
know."
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১ | <poem>{{Xxx-larger|'''A'''}}
{{Xxx-larger|'''DICTIONARY'''}} '''OF''' {{Xxx-larger|'''PHRASES'''}}
'''FROM ASSAMESE AND ENGLISH'''
'''BY'''
'''BENUDHAR RAJKHOWA B. A.'''
{{X-larger|'''অসমীয়া'''}}
{{Xxxx-larger|'''খণ্ডবাক্য-কোষ। '''}}
{{X-larger|'''শ্ৰীবেণুধৰ ৰাজখোৱা বি, এ,ৰ দ্বাৰা সংগৃহীত। '''}}

Published by
The Managing Proprietor of
“The Assam Stores”, P. 0.-Rehabari, Assam.

Printed by
S. D. Rajkhowa at the
“Assam Commercial company" Press, Dibrugarh
১৯১৭
⸺⸺</poem>

|Price-||{{Xxxx-larger|{}}||Cloth Rs. 2/8
Paper Rs. 2/0||{{gap}}||বেচ-||{{Xxxx-larger|{}} ||পকা বন্ধা ২॥ আঢ়ৈ টকা।
কেঁচা বন্ধা ২৲ দুটকা।
|} | VALIDATED |
End of preview. Expand
in Data Studio
Dataset contains page image urls and the corresponding annotations from wikisource. Also has information whether the page has been validated/proofread.
I expect this dataset to be useful for creating OCR models for printed text in Indic languages.
Languages Covered:
- as - Assamese
- bn - Bengali
- gu - Gujarati
- hi - Hindi
- kn - Kannada
- ml - Malayalam
- mr - Marathi
- or - Odiya
- pa - Punjabi
- sa - Sanskrit
- ta - Tamil
- te - Telugu
- Downloads last month
- 82
Data Sourcing report
powered
by
Spawning.aiNo elements in this dataset have been identified as either opted-out, or opted-in, by their creator.