doc_id
stringlengths
64
64
text
stringlengths
127
172k
cdeb21c37e661443fb437fce4127afb1dcdaaff98ecd774561c4a31f9ce87ecc
দেশৰ সেনা বাহিনীৰ শীৰ্ষ স্থানত এদিন কোনো মহিলা অধিষ্ঠিত হ'ব- এই আশা দেশৰ বৰ্তমানৰ সেনা প্ৰধান নাৰাভানেৰ। ভাৰতীয় সেনা প্ৰধান মনোজ মুকুন্দ নাৰাভানে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত(NDA) মহিলা কেডাৰৰ নিযুক্তিক লৈ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুক্ৰবাৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পাছিং আউট পেৰেডত উপস্থিত থাকি ভৱিষ্যতে এগৰাকী মহিলাই তেওঁৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। যোৱা ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিছিল যে যুৱতী সকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত ভৰ্তি কৰিব লাগে। পূৰ্বে যুৱতী সকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু সেনা বিদ্যালয়ত অধ্যয়ন কৰাৰ সুযোগ দিয়া হোৱা নাছিল। আনকি মহিলাক এতিয়ালৈকে আৰ্মি একাডেমীত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুমতি দিয়া হোৱা নাছিল। শীৰ্ষ ন্যায়ালয়ে পূৰ্বৰ শুনানিত কেন্দ্ৰক এই বিষয়ত তীব্ৰ ভৎসৰ্না কৰিছিল। তেতিয়াই সেনা সেৱাৰ মুৰব্বীসকলে এই বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। উল্লেখযোগ্য যে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে ভাৰতীয় সেনাত লিংগ বৈষম্য দূৰ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ ৰায় দিছিল। শীৰ্ষ ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে মহিলাসকলক স্থায়ী আয়োগ দিয়া উচিত। তাৰ আগতে সেনাবাহিনীৰ মহিলাসকলে স্থায়ী কমিছনো পোৱা নাছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
4961a2610eb0273baf5ffd207fdf87c078f66f9a8430f3a42ed6a629cee296d3
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে, চতুৰ্থউদ্যোগ বিপ্লৱত দেশৰ যুৱ প্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ দেশৰঅৰ্থব্যৱস্থাক এটা নতুন শিখৰলৈ লৈ যোৱাৰ লগতে এখন আত্মনিৰ্ভৰশীল, সৱল, সমৃদ্ধিশালীআৰু নিৰাপদ ভাৰত গঢ়ি তোলা আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালিআয়োজিত চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সভাত ভাষণ দিশ্ৰীমোডীয়ে এইদৰে প্ৰকাশ কৰে। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত তেওঁ কয় যে চৰকাৰেঐতিহাসিক অন্যায়ৰ শুধৰণি আৰু ধৰ্মীয় আতিশয্যৰ বলি হৈ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰাঅহা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ অৰ্থে আইনখন প্ৰণয়নকৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, স্বাধীনতাৰ সময়ৰ পৰাই জন্মু-কাশ্মীৰৰ সমস্যাঅব্যাহত আছিল আৰু ৰাজ্যখনত সন্ত্ৰাসবাদে দকৈ পোখা মেলিছিল। তেওঁ লগতে কয় যে, ভাৰতেএতিয়া এটা যুৱ দৃষ্টিভংগীৰে আগবাঢ়িছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ অৰ্থেছাৰ্জিকেল ষ্ট্ৰাইক আৰু বিমান আক্ৰমণ কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰচৰকাৰে দশক দশক ধৰি অৱহেলিত হৈ অহা উত্তৰ-পূৰ্বাঞ্চলৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈসক্ষম হৈছে।
af879aae41b4467d71249391766b9393fc135e39a3646b0144dfb6a400c0f8eb
পুৱাই নগাঁৱৰ হয়বৰগাঁৱৰ গোটলাইপট্টিত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ (Woman body recovered)। আয়েছা ছিদ্দিকি নামৰ প্ৰায় ৫০ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰতে পোৱা গৈছিল । হাত ভৰি বন্ধা অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল (Nagaon murder case)। ঘৰৰ ভিতৰত সকলো সামগ্ৰী ছেদেলিভেদেলি হৈ থকা অৱস্থাত পোৱা গৈছিল । যাৰ বাবে আত্মীয় আৰু স্থানীয় লোকে এয়া ডকাইতি ঘটনা বুলি সন্দেহ কৰিছিল । কিন্তু আৰক্ষীৰ প্ৰাথমিক তদন্তত নতুন তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰীয়ে মহিলাগৰাকীৰ জিভাখন কাটিছিল । আৰক্ষীয়ে সন্দেহ কৰা মতে এয়া ডকাইতি ঘটনা নহয় (woman brutally killed in Nagaon) । কিয়নো মহিলাগৰাকীৰ ঘৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গৰ্ভনিৰোধক সামগ্ৰীও উদ্ধাৰ কৰিছে (Contraceptive item found at murder victim house)। ঘৰটোত অসামাজিক কাৰ্যকলাপ চলি থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । বৰ্তমানলৈকে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ অহা নাই যদিও বিগত ৬ বছৰৰ পৰা ঘৰটোত অকলেই থকা মহিলাগৰাকীক কোনে, কিয় হত্যা কৰিলে তাক লৈ চাঞ্চল্য অব্যাহত আছে । ইফালে ঘৰটোৰ পৰা গৰ্ভনিৰোধক সামগ্ৰী উদ্ধাৰ হোৱাক লৈও ৰহস্যৰ সৃষ্টি হৈছে ।
f633535dfc6f46deff5ffe90b6c1a5ebf65d47fe8d04834ce1aef22fa95f1719
বৰ্তমান ৰাজ্যৰ চৌদিশে মহামাৰী ক'ৰনাই ভয়ংকৰ ৰূপ ধাৰণ কৰি থকাৰ সমান্তৰালভাৱে বানৰ সংহাৰী ৰূপে জনসাধাৰনক জুৰুলা কৰি তুলিবলৈ যেন উঠিপৰি লাগিছে । ঠিক সেই সময়তে এখন গাঁৱৰ পথৰ মাজমজিয়াত সৃষ্টি হৈছে এটা অচল পুখুৰী । ৰাইজক ঘটিয়ে ঘটিয়ে পানী খুৱাইছে পথটিয়ে। নগাঁও জিলাৰ কটহগুৰি গাঁও পঞ্চায়তৰ মৈৰাধ্বজ গাঁও আৰু ৰৌ মাৰী গাঁৱৰ পৰা কটহগুৰি বজাৰলৈ যোৱা একমাত্ৰ সংযোগী পথটিৰ দুখন গাওঁৰ মাজৰ চাৰিআলিত সৃষ্টি হৈছে এটা অচল পুখুৰী। যাক লৈ চকুলো টুকিছে গাওঁৰ মানুহে। পঞ্চায়তৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া পথটিৰ কাম আঞ্চলিক সদস্যই সম্পূৰ্ণ কৰাৰ ৩ মাহ নৌহওঁতেই পথটিৰ মাজ মজিয়াত সৃষ্টি হৈছে এই পুখুৰিটো । এই ৰাস্তাৰে সদায় শ শ মানুহে চলাচল কৰাৰ ওপৰিও অঞ্চলটো মীনপালনৰ লগত জড়িত হোৱাৰ বাবে মৎস্যপালকসকল লোকচানৰ পথত আগবাঢ়ি গৈছে। অঞ্চলবাসীয়ে পঞ্চায়ত সচিবকে ধৰি ৰাজনৈতিক নেতাৰ ওচৰলৈ গৈয়ো কোনো সু-ফল নাপালে। অৱশেষত তেওঁলোকে সংবাদ মাধ্যমৰ জড়িয়তে চৰকাৰক অনুৰোধ কৰিছে যাতে অতি সোনকালে পথটিৰ কাম সম্পূৰ্ণ কৰি যাতায়তৰ সমস্যা নাইকীয়া কৰি দিবলৈ ।
9d01e481d0aa828a1187413fd742b8cac4db6b26a0f99808ec25825e77d436b9
২৬ মাৰ্চৰ দিনৰ দুটা বজাৰ পৰা ৪৫ দিনলৈ ইণ্টাৰনেট বন্ধ হৈ পৰিব নেকি? - Factcrescendo Assamese\nMarch 26, 2020 March 26, 2020 Manjori BorkotokyLeaveaComment on ২৬ মাৰ্চৰ দিনৰ দুটা বজাৰ পৰা ৪৫ দিনলৈ ইণ্টাৰনেট বন্ধ হৈ পৰিব নেকি?\nচীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৯ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।\nবিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক'ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।\nএনে এক হোৱাটচ এপ্প ফৰৱাৰ্ড সম্প্ৰতি অসমত ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে শ্বেয়াৰ কৰি আছে । ফেচবুকটো উক্ত ফটোখন ভাইৰেল হৈ পৰিছে । ফটোখনত দাবী কৰা হৈছে যে ২৬ মাৰ্চৰ দিনৰ দুটা বজাৰ পৰা ৪৫ দিনলৈ ইণ্টাৰনেট বন্ধ হৈ পৰিব ।\nপ্ৰথমে আমি ভাইৰেল ফটোখন ভালকৈ লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে ইয়াত অসমৰ নিউজ চেনেল নিউজ লাইভৰ ল'গ' লাগি আছে আৰু ফটোখন আচলতে নিউজ লাইভৰ নিউজ ভিডিঅ'ৰ এক স্ক্ৰীনশ্বট হয় ।\nইয়াৰ পাছত আমি নিউজ লাইভৰ ফেচবুক পেজলৈ গ'লো আৰু দেখিলোঁ যে তাত এইবিষয়ে তেওঁলোকে এক স্পষ্টীকৰণ দি থৈছে যে উক্ত ফটোখন ভুৱা হয় আৰু তেওঁলোকৰ ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট তুলি এডিত কৰি এই ভুৱা ফটোখন বনোৱা হৈছে । তাত আৰু লিখা আছে যে এনে ধৰণৰ কোনো ইণ্টাৰনেট বন্ধ দিয়া হোৱা নাই আৰু তেওঁলোকে এই ভুৱা ফটোখনৰ বিৰুদ্ধে ৰাইজক পুলিচৰ ওচৰত ৰিপৰ্ট দাখিল কৰিবলৈ অনুৰোধ জনাইছে । নিউজ লাইভৰ ফালৰ পৰা এক এফআইআৰ ইতিমধ্যে দাখিল কৰা হৈছে বুলি তেওঁলোকে স্পষ্ট কৰিছে ।\nইয়াৰ উপৰিয়ো আমি এই বিষয়ে আন লোকেল মিডিয়াত বিচাৰিলোঁ আৰু পালোঁ যে নিয়মীয়া বাৰ্তা নামৰ অসমৰ দৈনিক বাতৰি কাকতখনে এই বিষয়ে ইতিমধ্যে নিউজ কৰিছে । এই বিষয়ে পঢ়ক ইয়াত ।\nঅসমত কোনো ইণ্টাৰনেট বন্ধ ঘোষণা কৰা নাই । ভাইৰেল ফটোখন ভুৱা হয় আৰু জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰিছে ।\nTitle:২৬ মাৰ্চৰ দিনৰ দুটা বজাৰ পৰা ৪৫ দিনলৈ ইণ্টাৰনেট বন্ধ হৈ পৰিব নেকি?\nTagged AssamInternet ShutdownLockdownNet Ban\nক'ৰনা ভাইৰাছ ৰোগৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পৰ্ণচাইটৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে বুলি 'এএনআই'য়ে টুইট কৰিছে নেকি?\nFact Check: এই ভাইৰেল ফটোকেইখন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অৰ্ণৱ গোস্বামীক মাৰধৰ কৰা ফটো নহয়!\nNovember 5, 2020 November 5, 2020 Manjori Borkotoky\nদিল্লী পাব্লিক স্কুলে শিক্ষাৰ্থীৰ বাবে এনে ধৰণৰ ৪০০ টকীয়া মাস্ক প্ৰৱৰ্তন কৰিছে নেকি?\nJune 9, 2020 June 9, 2020 Manjori Borkotoky\nনেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হোৱা নাই!\nJuly 8, 2020 July 8, 2020 Manjori Borkotoky\nFACT CHECK: বাংলাদেশৰ ২০২০চনৰ ফেৰী দুৰ্ঘটনাৰ ফটো নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ ফটো বুলি প্ৰচাৰ! যোৱা বুধবাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ কমলাবাৰীৰ... by Manjori Borkotoky\nকুকুৰ হত্যা কৰি মাংস ভক্ষণৰ বাবে কাটি থকা এই ফটোবোৰ অসমৰ নহয়! ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ কেইখ... by Manjori Borkotoky\nFACT CHECK: ভাইৰেল হোৱা ফটোখনত থকা ছোৱালীজনী অলিম্পিক পদক প্ৰাপক লাভলীনা বৰগোহাঁই নহয়! অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ট'কিঅ' অলিম্পিকত প... by Manjori Borkotoky\nFACT CHECK: এই 'জীৱ'টো বিহাৰৰ আকাশৰ পৰা সৰি পৰা নাই! শেহতীয়াভাৱে অসমত ফেচবুকত এটা সৰু ভিডিঅ' ক্লিপ ভাই... by Manjori Borkotoky\nCategories Select Category Altered (10) Business (1) Coronavirus (72) Covid-19 (5) Disaster (1) Economy (6) Explainer (2) False (277) False Headline (5) International (52) Medical (43) Misleading (11) Missing Context (7) Partly-False (14) Political (63) Politics (5) Satire (3) Science (2) Social (165) Technology (1) Telecom (1) Wildlife (5)
d7dd18a1ede03294f57041a934c142008b1cb6986f5c5955fc930756a6ef3a22
যদি সময়মতে চিকিৎসা কৰা নহয়, দুয়োটাই হৃদযন্ত্ৰৰ গুৰুতৰ জটিলতা সৃষ্টি কৰে আৰু জীৱন লৈ যাব পাৰে। অৱশ্যে, বিজ্ঞানীসকলৰ ক্ষেত্ৰত, অধ্যয়নত দেখা গৈছে যে এনে এক ফল আছে যি দুয়োটা পৰিস্থিতিত লাভান্বিত হয় আৰু উচ্চ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাত সহায়ক হয়। এইবোৰ হৈছে ফল, আপেল যি বেয়া কলেষ্টেৰল অৰ্থাৎ এল.ডি.এল. স্তৰ হ্ৰাস কৰাত সহায় কৰে। উচ্চ কলেষ্টেৰলৰ ফলত প্ৰদাহ হয় আৰু বিভিন্ন ধৰণৰ হৰমন মুকলি হয়, যাৰ ফলত ৰক্ত নলীবোৰ সংকুচিত হয়। ই ৰক্তচাপ বৃদ্ধি কৰে, যাৰ ফলত আপোনাৰ ষ্ট্ৰোক আৰু হৃদআক্ৰমণৰ আশংকা থাকে। কিন্তু শেহতীয়া এক অধ্যয়ন অনুসৰি, এই দুয়োটা স্থিতিয়ে ফল, অৰ্থাৎ আপেলৰ সৈতে উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰলৰ স্তৰ বিপৰীত কৰিব পাৰে। ই কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্য উন্নত কৰে। অধ্যয়নঅনুসৰি, শৰীৰৰ অত্যাধিক চৰ্বি হৈছে ৰক্তচাপ বৃদ্ধি হোৱাৰ মুখ্য কাৰণ। সেয়েহে যদি আপুনি সম্পূৰ্ণ শস্য, ফল, পাচলি আৰু কম চৰ্বিযুক্ত দুগ্ধজাত খাদ্য গ্ৰহণ কৰে, ই আপোনাক লাভান্বিত কৰে। ই আপোনাৰ ৰক্তচাপৰ স্তৰ হ্ৰাস কৰে। অধ্যয়নটোৱে কৈছে যে এলডিএলৰ স্তৰ হ্ৰাস কৰাত আপেল সহায়ক। আপেলত পটাছিয়াম নামৰ এটা উপাদান থাকে যেনে খনিজ আৰু ফ্লেভোনইড যি ৰক্তচাপৰ স্তৰ প্ৰভাৱিত কৰে। 2020 চনত খাদ্য বিজ্ঞান আৰু পুষ্টিত ক্ৰিটিকেল ৰিভিউত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, দৈনিক 1000 ৰ পৰা 150 গ্ৰাম আপেল খোৱাৰ ফলত কাৰ্ডিওভাস্কুলাৰ বিপদাশংকা আৰু উচ্চ ৰক্তচাপৰ স্তৰৰ আশংকা হ্ৰাস হয়। উচ্চ কলেষ্টেৰল, যাক এলডিএল বা বেয়া কলেষ্টেৰল বুলিও কোৱা হয়, ধমনী বেৰত জমা হয় আৰু প্ৰদাহজনক উপাদান মুকলি কৰে যি হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰে। আপেলত যথেষ্ট পৰিমাণৰ দ্ৰৱণীয় আঁহ থাকে, যি শৰীৰত এলডিএল কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। অধ্যয়নঅনুসৰি, দৈনিক দুইৰ পৰা তিনিটা মজলীয়া আকাৰৰ আপেল খোৱাটোৱে কলেষ্টেৰল 10 শতাংশ হ্ৰাস কৰাত সহায় কৰে আৰু লগতে ভাল এইচডিএল কলেষ্টেৰল 10 শতাংশ বৃদ্ধি কৰে। আপেলত পেকটিন আৰু পলিফেনল থাকে, যি কলেষ্টেৰলৰ স্তৰ উন্নত কৰাত সহায় কৰে। আপেলত থকা পলিফেনলবোৰে এলডিএল কলেষ্টেৰলৰ জাৰণ হ্ৰাস কৰে। কলেষ্টেৰলজাৰণৰ ফলত ধমনীত এথেৰোস্ক্লেৰোচিছ নামৰ ৰোগ হয়।
28157938db86dc92ea374fc6bd0878744ef976e5e616763b6a05ba7be07596f5
ক'ল'নত অনুষ্ঠিত হৈ থকা বক্সিং বিশ্বকাপ (Cologne Boxing World Cup)ৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ হৈ পদক নিশ্চিত কৰিছে অসমৰ প্ৰতিভাসম্পন্ন মহিলা বক্সাৰ ফাইলাও বসুমতাৰীয়ে। এই খবৰে স্বাভাৱিকতে অসমৰ ক্ৰীড়া সমাজক উৎফুল্লিত কৰি তুলিছে। ৬৪ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফাইলাওৱে প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰা সূত্ৰে তেওঁ ৰূপ নাইবা ব্ৰঞ্জৰ পদক লাভ কৰাতো নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে চলিত বছৰৰ ফেব্ৰুৱাৰি মাহত বুলগেৰিয়াৰ ছ'ফিয়াত অনুষ্ঠিত হোৱা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত ফাইলাও বসুমতাৰীয়ে ইটালীৰ প্ৰতিপক্ষ খেলুৱৈক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ইফালে অহা ১৬ এপ্ৰিলৰ পৰা বেংককত অনুষ্ঠিত হ'ব লগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবেও অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰ ফাইলু বসুমতাৰীক ৬৪ কেজি শাখাৰ বাবে ৰিজাৰ্ভত ৰখা হৈছে। আনহাতে অহা ২৭ এপ্ৰিলত অন্ত পৰিব লগীয়া এছিয়ান বক্সিং প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ আন এগৰাকী প্ৰতিভাশালী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
fe6786cff3a9e6f027e4b90c8e9161348ffda1f4d0ec1453b02334a55ceef323
ছাত্ৰৰ কৰ্তব্য বিষয়ে ৰচনা । Duties of Student Assamese Essay - Assam Bed Help\nThis is an essay on the Duties of students in the Assamese language which is written in 300 words. Since the words used in this Assamese essay on Duties of students are very easy to understand, this essay will be very useful for class 5, class, and class7students of Assamese medium. ইয়াত ছাত্ৰৰ কৰ্তব্য বিষয়ে লিখা এখন ৰচনা লিখা হৈছে। ৰচনাখন ৩০০ শব্দৰ ভিতৰত লিখা হৈছে। ৰচনাখন সকলো শ্ৰেণীৰ ছাত্ৰ-ছত্ৰীৰ বাবে উপযোগী হ'ব।\nছাত্ৰৰ কৰ্তব্য বিষয়ে ৰচনা । Essay On Duties of Students in Assamese\nThe subtopic of this Assamese essay on Student's Duties is given below. You will be able to have quick look of the content of this essay. ছাত্ৰৰ কৰ্তব্য বিষয়ে লিখা অসমীয়া ৰচনাখন সহজ ভাষাত সকলো ছাত্ৰ-ছাত্ৰীয়ে বুজি পোৱাকৈ সুন্দৰ্কৈ লিখা হৈছে। ৰচনাখনত উল্লেখ কৰা বিষয়বস্তু বোৰ তলত দিয়া হ'ল।\nছাত্ৰৰ কৰ্তব্য - Duties of Students\nবিদ্যা-শিক্ষা লাভৰ বাবে যিসকল ল'ৰা-ছোৱালী বিদ্যালয়লৈ অহা-যোৱা কৰে সেইসকলেই ছাত্ৰ-ছাত্ৰী। ছাত্ৰৰ কৰ্তব্য সম্পৰ্কে সংস্কৃত ভাষাত এষাৰ নীতি-বচন আছে-ছাত্ৰানাং অধ্যয়নং তপঃ। অধ্যয়ন ছাত্ৰসকলৰ বাবে তপস্যা অৰ্থাৎ ছাত্ৰৰ কৰ্তব্য অধ্যয়ন কৰা ।\nছাত্ৰৰ অধ্যয়ন আৰু পৰিবেশঃ\nছাত্ৰসকলৰ প্ৰাথমিক বা ঘাই কৰ্তব্য অধ্যয়নৰদবৰা জ্ঞান আহৰণ কৰা। এই অধ্যয়নৰ বাবে ছাত্ৰসকলক এটা সুস্থ, শান্তিময় পৰিৱেশ লাগে। পৰিৱেশ শব্দই বিদ্যালয় ঘৰ, সমাজ আৰু দেশৰ চাৰিওফালৰ অৱস্থাক বুজায়।\nবিদ্যালয়ৰ পৰিৱেশ মানে বিদ্যালয়ৰ ঘৰ-দুৱাৰ, শিক্ষা লাভৰ সা-সঁজুলি, শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা, নিয়মানুৱৰ্তিতা, পাঠ্যপুথি আদি সকলোকে সামৰে। বিদ্যালয় নাম দি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা একোটা নামমাত্ৰ ঘৰ হ'লেই বিদ্যালয় নহয়। আমাৰ দেশত থকা সৰহভাগ বিদ্যালয়ৰ পৰিৱেশ সন্তোষজনক নহয়। ঘৰ-দুৱাৰ, সা-সঁজুলি, শিক্ষক-শিক্ষয়িত্ৰী, পাঠ্যপুথি সকলোৰে অভাৱ-অনাটন। এনে পৰিৱেশ বিদ্যা আহৰণৰ পৰিৱেশ নহয়। বিদ্যালয়খনৰ আকৰ্ষণীয় পৰিৱেশ নহ'লে ছাত্ৰ-ছাত্ৰী অধ্যয়নবিমুখ হোৱাৰ আশংকা থাকে।\nছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন বা শিক্ষা লাভৰ বাবে শান্ত, সুস্থিৰ এটা ঘৰুৱা পৰিৱেশ লাগে। শিক্ষাৰ মোল নুবুজা, সকলো সময়তে হৈ-চৈ লাগি থকা, দুবেলা দুসাঁজ পেট পূৰাই আহাৰ খাব নোপোৱা ঘৰ এখন অধ্যয়নৰ পৰিৱেশ থকা ঘৰ সমূলি নহয়।\nসামাজিক বা দেশীয় পৰিৱেশঃ\nসমাজ বা দেশৰ অস্থিৰ পৰিৱেশে সকলোৰে মনত উদ্বিগ্নতাৰ সৃষ্টি কৰে। এনে পৰিৱেশ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ পৰিৱেশ নহয়।\nপ্ৰতিখন বিদ্যালয়, প্ৰতিখন ঘৰ আৰু প্ৰতিখন সমাজে যথাসম্ভৱ এটা পৰিৱেশৰ সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়াৰ যত্ন কৰে। ছাত্ৰ-ছাত্তীসকলে নোপোৱাৰ মাজতে পোৱা এই পৰিৱেশত থাকিয়েই নিজ কৰ্তব্য অধ্যয়ন অটুট ৰখা উচিত। দেশত বা সমাজত যিবোৰ সুবিধা নাই সেইবোৰ সুবিধা ভৱিষ্যতে কৰাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণৰ বাবে যৎপৰোনাস্তি যত্ন কৰা উচিত। পৰিতাপৰ কথা যে আমাৰ দেশত শিক্ষাৰ পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বহু সময়ত আন্দোলন কৰিব লগা হয়।.\nছাত্রৰ আন কৰ্তব্যঃ\nএখন মাৰ্জিত সমাজ ৰচনাত ছাত্ৰ-ছাত্ৰীসকলে অৰিহণা যোগাব পাৰে। অধ্যয়নৰ উপৰি ছাত্ৰসকলে নিজৰ আচৰণ ভদ্ৰ-মাৰ্জিত কৰাৰ বাহিৰেও সমাজৰপৰা অমাজিত আচৰণ ৰহিত কৰাত সহযোগ কৰিব পাৰে। নিবক্ষৰ লোকসকলক সাক্ষৰ কৰাত সহীয় সহযোগ আগবঢ়াব পাৰে। কিন্তু ছাত্ৰসকলে কোনো ৰাজনৈতিক আদৰ্শেৰে কাম কৰিব নালাগে। কোনো ৰাজনৈতিক নেতাৰ ফুচুলনিত কাম কৰিব নালাগে। অৰাজনৈতিকভাৱে সম্ভাৰ বয়া কামবোৰ দূৰ কৰাৰ বাবে ছাত্ৰসকলে যত্ন কৰিব পাৰে। ছাত্ৰ শক্তি বৃহৎ শক্তি। এই শক্তি'ৰ সজ উদ্দেশ্যৰে কাম কৰিলে সকলোৰে মংগল সাধন হ'ব।\nছাত্ৰসকলক অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰি দিয়াত দেশৰ প্ৰতিজন বয়স্ক, বিজ্ঞ প্াত্ডিয়ে যতুপৰ হ'লে ছাত্ৰসকলৰ লগতে দেশৰ ভৱিষ্যৎ মংগল হ'ব।\n(ৰচনাখন আন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে)\nTags:Essay in Assamese\n4 thoughts on "ছাত্ৰৰ কৰ্তব্য বিষয়ে ৰচনা । Duties of Student Assamese Essay"\nBhaskar nath December 16, 2021 at 4:22 pm\nMousom Sonowal December 18, 2021 at 8:38 am\nTg vamer February 7, 2022 at 1:38 am\n*THANK YOU* 🙂🙂\nSubhash April 18, 2022 at 12:58 am\nThanks u forawonderful note....
60c1fe671385c460fcceea08c8bdec86c1869a5b42f445fcab4f08d9a565d664
Share this: নিউজ ডেস্কঃ অসম মিজোৰাম সীমান্তত যোৱা ২৬ জুলাইত মিজো আৰক্ষীৰ বৰ্বৰ কান্ডৰ পিছতো মিজোৰামৰ আগ্ৰাসন কমা নাই । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে দুয়োখন ৰাজ্যৰ মুখ্যসচিব আৰু আৰক্ষী সঞ্চালকৰ বৈঠকত বিবাদমান এলেকা সদ্যহতে কেন্দ্ৰীয় সুৰক্ষা বাহিনীক দায়িত্ব দিয়াত সহমত পোষণ কৰে দুয়োখন ৰাজ্য চৰকাৰে । উক্ত অঞ্চলৰ পৰা অসম আৰক্ষী আতৰি আহিল যদিও মিজো আৰক্ষী এতিয়াও অবস্থান কৰি আছে । চিআৰপিএফ বাহিনী আছে যদিও মিজো আৰক্ষীক তাৰ পৰা আতৰাই পঠোৱাত ব্যৰ্থ তেওলোক । এতিয়াও অশান্ত অসম-মিজোৰাম সীমান্তত যুদ্ধসদৃশ পৰিৱেশ বিৰাজ কৰি আছে । আজি ধলাই থানাৰ পৰা আৰমাৰ্ড বাহন লৈ লাইলাপুৰৰ ঘন জংঘললৈ ৰাওনা SP ৰমণদ্বীপ কৌৰ আৰু DC কিৰ্ট্টি জলি । অসম চৰকাৰৰ গৃহ বিভাগৰ ফালৰ পৰা সতৰ্ক বাণী দিয়া হৈছে অসমবাসীৰ বাবে। মিজোৰামত কৰ্মৰত হৈ থকা অসমৰ লোকসকলক সতৰ্ক হোৱাৰ আহ্বান জনাইছে অসম চৰকাৰ গৃহ বিভাগে। এই সময়চোৱাত অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান। অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা ঘটনাৰ পাছতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুয়ো ৰাজ্যৰ মাজত উত্তেজনা। অসমৰ নাগৰিকক মিজোৰামত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ আশংকাতে এই নিৰ্দেশনা দিয়া হৈছে । মিজোৰাম চৰকাৰ, আৰক্ষী, দল, সংগঠনে ধাৰাবাহিকভাৱে অসমৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকাৰ অভিযোগ কৰিছে অসম চৰকাৰে। অসম চৰকাৰৰ এই নিৰ্দেশৰ পিছতে সমালোচনা কৰিছে তথাকথিত মেইনষ্টীম ভাৰতীয়ই । ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "অসমৰ মানুহ মিজোৰামলৈ যোৱা বন্ধ কৰা নাই ৰাজ্য চৰকাৰে। 'খোলা আছে ৰাস্তা। অহা যোৱা কৰিলে কৰিব পাৰে।" অৱশ্যে শান্তিৰ পৰিৱেশ উভতি আহিলেহে মিজোৰাম ভ্ৰমণ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে । ৰাজ্যত থকা মিজোৰাম হাউচ আৰু মিজোলোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যবস্থা লবলৈ ৰাজ্য চৰকাৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিছে । অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে দুৰ্বৃত্তৰ সহায়ত অসম আৰক্ষীলৈ গুলী চালনা কৰি ৬ জনকৈ আৰক্ষীৰ লোকক হত্যা কৰাৰ পাছতেই বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনা এতিয়া পলাই ফুৰিছে।সীমান্তলৈ অসম আৰক্ষী গ'লে আকৌ গুলীয়াই মাৰিম বুলি কৈ দুয়ো ৰাজ্যৰ মাজত উত্তেজনা বৃদ্ধি কৰিছিল সাংসদজনে। বিতৰ্কিত মন্তব্য কৰা মিজোৰামৰ ৰাজ্যসভাৰ সাংসদক সোধাপোছাৰ বাবে দিল্লীত উপস্থিত হৈছেগৈ অসম আৰক্ষীৰ চি আই ডিৰ এটা দল। অসম আৰক্ষীৰ এছ এছ পি বিবেকানন্দ দাসৰ নেতৃত্বত গৈছে দলটো । জানিবলৈ দিয়া মতে, সাংসদগৰাকীৰ বিগত ৩০ দিনৰ কল ডিটেইলছ সংগ্ৰহ কৰিব দলটোৱে । অসম-মিজোৰাম সীমান্তৰ গুলীচালনা ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ যিসকলৰ সৈতে যোগাযোগ ৰাখিছিল তেওঁলোককো তদন্তৰ মাজলৈ আনিব অসম আৰক্ষীয়ে। এই বিতৰ্কিত মন্তব্য কৰা সাংসদজনৰ বিৰুদ্ধে সন্দেহজনক নথি লাভ কৰিলেই গ্ৰেপ্তাৰৰ বাবে ৰাজ্যসভাৰ সচিবালয়ৰ পৰা অনুমতি বিচাৰিব অসম আৰক্ষীৰ দলটোৱে। সাংসদগৰাকীয়ে অসম আৰক্ষী দলটো যোৱাৰ আগতেই নিজৰ নামত আবন্টিত ঘৰটোৰ পৰা আতৰি মিজোৰাম হাউচত বাহৰ পাতিছেগৈ । Search for:
e0d36190e3f819cdcce6cf3c49331a68c1ae63e3d4f7fa2fc6efbda21c978d91
নতুন দিল্লীঃ ইংলেণ্ড ক্ৰিকেটৰ মক্কা বুলি আমি সকলোৱে অৱগত। আৰম্ভণিৰ পৰাই প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰা খেলবিধেই হৈছে ক্ৰিকেট। কিন্তু আমি সচৰাচৰ দেখি থকা শীৰ্ষ কেইটামান দলৰ উপৰি আমাৰ অগোচৰে এনে কিছুমান দল আছে, যিবোৰ দেশত ক্ৰিকেট খেলা হয়। শেহতীয়াকৈ তেনে এখন দেশৰে কথা পোহৰলৈ আহিছে। দেশখন হৈছে পৰ্তুগাল। আচৰিত হ'লেও সত্য যে, পৰ্তুগালে ক্ৰিকেট খেলে। উল্লেখ্য যে, ১৯৯৬ চনৰ পৰা আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) সদস্য হৈ আছে পৰ্তুগাল। আইচিচিৰ ৯৯খন সহযোগী সদস্য দেশ আছে, যাৰ ভিতৰত পৰ্তুগাল ৬৬সংখ্যক স্থানত আছে। আজহাৰ আন্দানীয়ে এখন আন্তঃৰাষ্ট্ৰীয় খেলত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰা প্ৰথম পৰ্তুগাল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল। শেহতীয়াকৈ পৰ্তুগাল, মাল্টা আৰু জিব্ৰাল্টাৰে পৰ্তুগালৰ আলজেৰিয়াত ত্ৰিদেশীয় শৃংখলাত অংশগ্ৰহণ কৰিছে। শনিবাৰে জিব্ৰাল্টাৰৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰা নিৰ্ধাৰিত ২০ অভাৰত পৰ্তুগালে ৮ উইকেটত ২১৭ ৰাণ কৰিছিল। আজহাৰ আন্দানীয়ে দলটোৰ হৈ অভিষেক খেলতে শতক অৰ্জন কৰিছে। সোঁহতীয়া বেটছমেনজনে ৫১টা বলত ৭টা চাৰি আৰু ৫টা ছয়েৰে ১০০ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল। পৰ্তুগালে তেওঁৰ বেটেৰে আন্তৰ্জাতিক ক্ৰিকেটত তেওঁলোকৰ প্ৰথম শতকৰ সোৱাদ লৈছিল। জয়ৰ বাবে ২১৮ ৰাণৰ বিশাল লক্ষ্যৰ পাছে পাছে জিব্ৰাল্টাৰে ৮ উইকেট হেৰুৱাই মাত্ৰ ১২১ৰাণ সংগ্ৰহ কৰে আৰু পৰ্তুগাল ৯৬ ৰাণত বিজয়ী হয়। Share : Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
3a36a2946da207164992eddbad81ea71cbc7d9e20dbf68d7fad4661f94bf4ba7
সৌমাৰ প্ৰহৰী, শিৱসাগৰৰ প্ৰতিবেদক, ১২ এপ্ৰিলঃ ৰাজ্যত লক ডাউন ঘোষণা কৰা পাছৰ পৰাই বহুজনে আৰ্তজনক বিভিন্ন ধৰণেৰে সহায় কৰি আহিছে । শিৱসাগৰ লখীমি নগৰ বাসিন্দা, বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী লাবণ্য বৰা গোহাঁয়ে আৰ্ত জনক যথেষ্ট সংখ্যক সামগ্ৰী বিতৰণ কৰে । এনে বিপদৰ সময়ত পিছ পৰি ৰোৱা নাই "শিৱসাগৰ স্বচ্ছ ভাৰত অভিযানো"। আজি সমগ্ৰ বিশ্বৰে কৰ'না ভাইৰাচৰ কৰাল গ্ৰাসত পৰি নতশিৰ হোৱা উন্নয়নশীল দেশসমূহৰ লগতে ভাৰততো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা। লকডাউনেই এই মহামাৰীৰ পৰা বাচিব পৰা অন্যতম নিৰ্ভৰযোগ্য উপায় বাবে গোটেই বিশ্বৰ লগতে অসমতো আজি তেনে প্ৰক্ৰিয়া চলি আছে। এই স্থবিৰ প্ৰায় দিনত মানুহে সন্মুখীন হ'বলগিয়া হৈছে বিভিন্ন সমস্যাৰ । এনে বাস্তৱিক দৃশ্যৰ সন্মুখীন হৈ "শিৱসাগৰ স্বচ্ছ ভাৰত অভিযান"ৰ গুৰি ধৰোঁতা, সমাজহিতৈষী তথা "শিৱসাগৰ স্বচ্ছ ভাৰত অভিযান"ৰ ব্ৰেণ্ড এম্বেচাদৰ পুলিন হাজৰিকা আৰু সহযোগীসকল আগবাঢ়ি আহিছে । ইতিমধ্যে বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী সম্পাদন কৰি জনসাধাৰণৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এই অভিযানৰ সদস্যসকলে ৰূপহীমুখ পথলিয়াল গাঁৱত ১২০ ঘৰ, দেৱালয় কৈৱৰ্ত গাঁৱত ৮৫ ঘৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাত ৭৬ ঘৰকৈ সমাজৰ সকলো স্তৰৰ মানুহকে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে সংক্ৰমণ প্ৰতিৰোধকো বিতৰণ কৰিছে। এই বিতৰণ অনুষ্ঠানত স্বচ্ছ ভাৰত অভিযানৰ কেইবাজনো সমাজহিতৈষী ব্যক্তিয়ে সহায় সহযোগ আগবঢ়োৱাৰ লগতে কেইবাজনো ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাৰ সংগী হোৱাৰ সুবাদত প্ৰাথমিকৰ তৰফৰ পৰা শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ যোগেদি অসম চৰকাৰৰ আৰোগ্য নিধিলৈ কৰ'না ভাইৰাচৰ প্ৰতিৰোধী সংগ্ৰামখনৰ অংশীদাৰ হবলৈ ১০,০০০ (দহহাজাৰ) টকাৰ অনুদান আগবঢ়ায়। লগতে অনাগত দিনতো "শিৱসাগৰ স্বচ্ছ ভাৰত অভিযানে" নিজৰ সাধ্য অনুসৰি প্ৰয়োজনসাপেক্ষে সমাজৰ কামত নিজকে নিয়োজিত কৰি যাব বুলি ব্ৰেণ্ড এম্বেচাদৰ পুলিন হাজৰিকাই জানিবলৈ দিয়ে ।
f6b13cb8f1b068d2641d1b690de23fcc3bb334aaaf076332eabba2c301cc5e19
অৰ্মেক্স মিডিয়াই শেহতীয়াকৈ এখন তালিকা প্ৰকাশ কৰিছে, য'ত শীৰ্ষ ৫ জনপ্ৰিয় টিভি চৰিত্ৰৰ নাম দিয়া হৈছে। অৰ্মেক্স মিডিয়াই শেহতীয়াকৈ এখন তালিকা প্ৰকাশ কৰিছে। তালিকাখনত বৰ্ণনা কৰা হৈছে যে টিভি উদ্যোগত কোনটো কল্পকাহিনীৰ চৰিত্ৰ আটাইতকৈ জনপ্ৰিয়। কোনটো চৰিত্ৰক সমগ্ৰ ভাৰতে ভাল পায়। ইয়াত 'তাৰক মেহতা কা উল্টা চশমা'ৰ জেঠালাল, 'অনুপমা'ৰ অনুপমা, 'ইয়ে ৰিস্তা কা ক্যা কেহলাতা হে'ৰ নাইৰা/সীৰট, 'কুণ্ডলী ভাগ্য'ৰ প্ৰীতা আৰু 'গুম হে কোই কে প্যাৰ মে'ৰ জেঠালাল আছে। জনপ্ৰিয়তাৰ ৫ম স্থানত থকা এই চৰিত্ৰবোৰ কি? (ফটো সৌজন্যঃ Instagram @sarya12/Tarakmehrafandom/sshivangijoshi18) জেঠালাল 'তাৰক মেহতা কা উল্টা চশমা'ৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ। জেঠালাল এই তালিকাত এক নম্বৰত আছে। জেঠালালৰ চৰিত্ৰত অভিনয় কৰিছে দিলীপ যোশীয়ে। তেওঁৰ অভিনয় আৰু কমিক টাইমিং আশ্চৰ্যজনক। 'তাৰক মেহতা কা উল্টা চশমা' যোৱা ১২ বছৰ ধৰি চলি আছে। অনুষ্ঠানটোৰ সম্পূৰ্ণ কেন্দ্ৰবিন্দু হৈছে জেঠালাল আৰু তেওঁৰ পৰিয়াল, যি প্ৰায়ে জেঠালালৰ বাবে সমস্যাত পৰে। (ফটো সৌজন্যঃ Instagram @smaakasamdilipjoshi) দ্বিতীয় জনপ্ৰিয় চৰিত্ৰটো হ'ল টিভি শ্ব' 'অনুপমা'ৰ জনপ্ৰিয় চৰিত্ৰ 'অনুপমা'। চৰিত্ৰটোত ৰূপালী গাংগুলীয়ে অভিনয় কৰিছে। এই শ্ব'টো প্ৰায়ে টিভিৰ টিআৰপি তালিকাত এক নম্বৰত থাকে। 'অনুপমা' অনুষ্ঠানটো মহিলা সবলীকৰণৰ ওপৰত আধাৰিত এটা অনুষ্ঠান। (ফটো সৌজন্যঃ Instagram @srupaliganguly) তালিকাৰ তৃতীয় স্থানত আছে 'য়ে ৰিস্তা কিয়া কহলাতা হে'ৰ নাইৰা। নাইৰাৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী শিৱাংগী যোশীয়ে। নাইৰাক দৰ্শকে ভাল পায়। তেওঁৰ সৰলতাই অনুৰাগীসকলৰ হৃদয় জয় কৰে। (ফটো সৌজন্যঃ Instagram @sshivangijoshi18) 'কুণ্ডলী ভাগ্য'ৰ প্ৰীতাই আটাইতকৈ জনপ্ৰিয় চৰিত্ৰৰ তালিকাত চতুৰ্থ স্থানত আছে। শ্ৰদ্ধা আৰ্যই এই চৰিত্ৰটো ৰূপায়ণ কৰিছে। (ফটো সৌজন্যঃ Instagram @sarya12) পঞ্চম স্থানত আছে 'গুম হে কিচি কে পিয়াৰ মে'ৰ সাই। সাইৰ চৰিত্ৰত অভিনয় কৰিছে আয়েশা সিঙে। এই চৰিত্ৰটো সৰল আৰু আৱেগিক ছোৱালীৰ চৰিত্ৰ। (ফটো সৌজন্যঃInstagram @sayesha.singh19) CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
d76cb4f89252fd8adc9a171782cb38ab96139a7695631de8aee2ce04e864a904
সত্তা..... এক অবিৰত যাত্ৰা.....: January 2016\n"চহৰীয়া ডেকাৰ লগত বিয়াত নবহোঁ মই\nমোল্লা শকুৰ চুবুৰীৰ "হৃদয়ত স্থান দিওঁ, আহক" অনুষ্ঠানটোক কাৰ্যকৰী কৰিবলৈ সমিতিয়ে কেইবাটাও প্ৰভাত-ফেৰী উলিয়ালে। পুৱা চাৰি-পাঁচ বজাৰ সময়খিনি ইয়াৰ বাবে আটাইতকৈ উপযুক্ত সময় আছিল। কোনো হৈ-হাল্লা নাই, যান-বাহনৰ শব্দ নাই। আনকি গোটেই ৰাতি পহৰা দিয়া কুকুৰকেইটায়ো ৰুটি সেকা চৌকাৰ কাষতে মূৰ পেলাই পৰি থাকে। সমদলটোৰ গীত শুনি নিজৰ নিজৰ বিচনাত টোপনিৰ আলি-জালিত মানুহবোৰে কেৱল কয়, "ও, সেই মণ্ডলীটো!" মানুহবোৰে সুন্দৰলালৰ প্ৰচাৰমূলক ভাষণ কেতিয়াবা শান্তিৰে আৰু কেতিয়াবা বিৰক্তিৰে শুনে। যিবোৰ তিৰোতা সুৰক্ষিতভাবে এই পাৰলৈ আহিবলৈ সক্ষম হ'ল সিহঁতে বিচনাত ফুলকবিৰ ফুলবোৰৰ দৰে হাত-ভৰি প্ৰসাৰিত কৰি পৰি থাকে আৰু সিহঁতৰ গিৰিয়েক বা সম্বন্ধীয় মানুহবোৰে নিৰ্লিপ্তভাবে প্ৰভাত-ফেৰীৰ গান-বাজানৰ শব্দত ভোৰভোৰাই উঠে নাইবা সিহঁতৰ সন্তানবোৰৰ কিছুসময়ৰ বাবে চকু মেল খালেও "হৃদয়ত স্থান দিওঁ, আহক"ৰ কৰুণ বক্তব্য আৰু প্ৰচাৰক মাথোঁ এটা গীত বুলি ভাবি পুনৰ শুই পৰে।\nএদিন সমিতিৰ সদস্যসকলে সন্ধিয়া বেলিকা প্ৰচাৰৰ বাবে গৈ গৈ পুৰাণপন্থীসকলৰ দুৰ্গ পালেগৈ। মন্দিৰৰ বাহিৰত আঁহতজোপাৰ ওচৰৰ চিমেণ্টেৰে সজা ভেটিটোত ভক্তিত নিমজ্জিত ভক্তগণে বহি ৰামায়ণৰ কাহিনী শুনি আছিল। নাৰায়ণ বাবাই ৰামায়ণৰ লৱ-কুশ কাণ্ডৰ সেই অংশটো শুনাই আছিল য'ত এজন ধোবাই তাৰ ধুবুনী ঘৈণীয়েকক ঘৰৰ পৰা খেদি দি কৈছিল, "মই ৰামচন্দ্ৰ নহওঁ যিয়ে ইমান বছৰ ৰাৱণৰ লগত থাকি অহাৰ পিছতো সীতাক স্থান দিয়ে!" এই কথা শুনাৰ পাছত ৰজা ৰামচন্দ্ৰই সীতাক নিজৰ ৰাজপ্ৰসাদৰ পৰা উলিয়াই দিলে; তাকো তেতিয়া, যেতিয়া সীতা গৰ্ভৱতী আছিল। "ইয়াতকৈয়ো উত্তম ৰামৰাজ্যৰ উদাহৰণ পোৱা যাব নে?" -নাৰায়ণ বাবাই ক'লে-"এয়াই আছিল ৰামৰাজ্য, য'ত এজন ধোবাৰ কথাও সমানে গুৰুত্বসহকাৰে লোৱা হৈছিল..."\nসুন্দৰলালে উচ্চস্বৰত ক'লে, "মোক কথা কোৱাত কোনেও বাধা দিব নোৱাৰে।"\nসন্মিলিত স্বৰত সকলোৱে চিঞৰি উঠিল, "মনে মনে থাকা। আমি ক'বলৈ নিদিওঁ।"\nএটা কোণৰ পৰা কোনোবাই চিঞৰিলে, "মাৰি পেলাম।"\nনাৰায়ণ বাবাই বৰ কোমল-মিঠা মাতেৰে ক'লে, "তুমি শাস্ত্ৰৰ মান-মৰ্য্যদা বুজি নোপোৱা সুন্দৰলাল।"\nসুন্দৰলালে ক'লে, "মই এটা কথা ঠিকেই বুজি পাওঁ যে ৰামায়ণত ধোবাৰো কথা শুনা হয় কিন্তু ৰামৰাজ্যৰ আকাংক্ষা কৰাসকলে সুন্দৰলালৰ কথাও নুশুনে।"\nযিসকল মানুহে এইমাত্ৰ মাৰ-ধৰৰ কথা কৈ আছিল সেইসকলে নিজৰ নখে মাটি লেখি পুনৰ বহি কৈ উঠিল, "শুনা, শুনা, সকলোৱে শুনা।"\nৰসালু আৰু নেকীৰামে সুন্দৰলালক উৎসাহ দিলে। সুন্দৰলালে ক'বলৈ আৰম্ভ কৰিলে, "শ্ৰী ৰামচন্দ্ৰ আমাৰ নেতা আছিল। কিন্তু এয়া কি কথা হ'ল বাবা যে তেওঁ ধোবাৰ কথাটোকে সঁচা বুলি ভাবি ল'লে অথচ সতী সীতাৰ সতীত্বক বিশ্বাস কৰিব নোৱাৰিলে?"\nনাৰায়ণ বাবাই নিজৰ দাড়িৰ জঁট ভাঙি ভাঙি ক'লে, "সীতা তেওঁৰ নিজৰ ঘৈণীয়েক আছিল, সুন্দৰলাল। তুমি এই কথাৰ গূঢ়াৰ্থ নুবুজিবা।"\n"হয়, বাবা!" সুন্দৰলালে ক'বলৈ আৰম্ভ কৰিলে, "এই সংসাৰত এনেকুৱা বহুতো কথা আছে যিবোৰ মই বুজি নাপাওঁ। কিন্তু মই সেইখনকহে প্ৰকৃত ৰামৰাজ্য বুলি কল্পনা কৰোঁ য'ত মানুহে নিজেও নিজৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। আনৰ অন্যায় কৰাটো যিদৰে দোষণীয় নিজে নিজৰ অন্যায় কৰাটোও সমানে দোষণীয়। আৰু আজিও ভগবান ৰামে সীতাক ঘৰৰ পৰা বাহিৰ কৰি দিলে...কাৰণ তেওঁ ৰাৱণৰ ওচৰত বন্দী আছিল, পিছে ইয়াত সীতাৰ কি দোষ? তেৱোঁ আমাৰ বহুতো আই-বাই-ভনীৰ দৰে ছল-কপটতাৰ চিকাৰ হোৱা নাছিলনে? ইয়াত সীতাৰ শুদ্ধতা-অশুদ্ধতা, সততা-অসততাৰ প্ৰশ্ন উত্থাপন হ'ব লাগে নে ৰাক্ষস ৰাৱণৰ অত্যাচাৰৰ প্ৰশ্ন! যি ৰাৱণৰ মানুহৰ মূৰৰ দৰে দহটা মূৰেই আছিল কিন্তু সকলোতকৈ ডাঙৰটো কিজানি গাধৰ মূৰৰ দৰেহে আছিল। আজি আমাৰ সীতাকো ঘৰৰ পৰা নিৰ্বাসিত কৰা হৈছে... সীতা... লাজৱন্তী..." কৈ কৈ সুন্দৰলাল শোকত ভাগি পৰিল। বিদ্যালয়ৰ ছাত্ৰবোৰে শ্লোগান লিখি আঠা লগাই যোৱা পোষ্টাৰবোৰ ৰসালু আৰু নেকীৰামে গুচাই পেলালে আৰু তাৰপাছত সকলোৱে "সুন্দৰলাল বাবু জিন্দাবাদ" ধ্বনি দিবলৈ ধৰিলে। সমদলৰ মাজৰ পৰা কোনোবা এজনে চিঞৰিলে, "মহাৰাণী সীতা জিন্দাবাদ।"\nআৰু এটা ধ্বনি আহিল, "শ্ৰী ৰামচন্দ্ৰ..."\nতাৰপাছত একেমুখে বহুকেইজনে কৈ উঠিল, "চুপ! চুপ!"\nনাৰায়ণ বাবাৰ কথাবোৰ অসাৰ হৈ পৰিল। বহুতো মানুহে সমদলত অংশগ্ৰহণ কৰিলে। সমদলটোৰ সন্মুখত উকিল কালিকাপ্ৰসাদ আৰু মহৰী হুকুম সিঙে নিজৰ নিজৰ লাখুটিৰে মাটিত টুকুৰিয়াই খট্-খট্ কৈ সৰুকৈ একোটা শব্দ কৰি গৈ আছিল। সুন্দৰলালো সমদলটোৰ লগত গৈ আছিল। তেওঁৰ দুগালৰ অশ্ৰু তেতিয়াও শুকোৱা নাছিল। তেওঁ হৃদয়ত নিদাৰুণ আঘাত পাইছিল। সমদলত ভাগ লোৱা ৰাইজে বৰ উৎসাহেৰে ইজনে আনজনৰ কণ্ঠত কণ্ঠ মিলাই সুৰত সুৰ মিলাই গাই গৈছিল, "চুই দিলেই মৰহি যায় লাজুকীলতাৰ পুলি"।\nসুন্দৰলালে চিলিম টানিবলৈ ধপাতত গুৰ মিহলাই মিহলাই ক'লে, "কি কথাৰ বাবে অভিনন্দন, লালচন্দ?"\nসুন্দৰলালে লালচন্দক এৰি দি ক'লে, "অইন কোনোবা হ'ব চাগৈ!"\nলালচন্দে তেওঁক পতিয়ন নিয়াবলৈ ক'লে, "নহয় ককাইদেউ, সেয়া লাজোৱে আছিল, লাজো!"\n"তুমি তাইক চিনি পোৱা জানো?" -সুন্দৰলালে মজিয়াৰ পৰা গুৰ মিহলোৱা ধপাতখিনি বুটলি হাতৰ তলুৱাত মলি মলি সুধিলে। ধপাত মলি মলিয়ে তেওঁ ৰসালুৰ চিলিমটো হোকাৰ পৰা উলিয়াই লৈ আকৌ সুধিলে- "তাইক চিনি উলিয়াবলৈ তাইৰ কি বিশেষত্ব আছে?"\n"ও হয় হয়!" -সুন্দৰলালে নিজে কৈ পেলালে, "তৃতীয়াটো কপালত।" যিকোনো সন্দেহ ৰৈ যোৱাটো তেওঁ বিচৰা নাছিল। হঠাৎ যেন লাজৱন্তীয়ে শৈশৱতে কৰোৱা শৰীৰৰ সকলোবোৰ চিনাকি-অচিনাকি কলান্যাস তেওঁৰ দুচকুত ভাহি উঠিল। লাজুকীলতাৰ পাতত থকা পাতল সেউজীয়া ফোঁটবোৰৰ দৰে লাজৱন্তীৰ সেই কলান্যাস বা শ্যামকলাবোৰলৈ চাই কোনোবাই ইংগিত কৰিলেই তাই আটাইবোৰ গোপনীয়তা ভেদি সাঁচতীয়া সম্পদবোৰ কাঢ়ি নিয়াত সৰ্বশ্ৰান্তৰ হোৱাৰ দৰে হৈ পৰে আৰু লাজুকীলতাৰ দৰে লাজত মুঁছকছ যায়। সুন্দৰলালৰ শৰীৰটো এক অজান প্ৰেম আৰু সেই অনুভূতিৰ পবিত্ৰতাত শিঁহৰিত হ'ল। তেওঁ পুনৰ লালচন্দক হাতত খামোচ মাৰি ধৰি সুধিলে, "লাজো বাঘা কেনেকৈ পালেগৈ?"\nলালচন্দে ক'লে, "ভাৰত আৰু পাকিস্তানৰ তিৰোতাবোৰ সাল-সলনি কৰি থকা হৈছিল নহয়..."\nৰসালুও নিজৰ খাটখনতে উঠি বহিল আৰু তাংখু-ধঁপাত খোৱা মানুহবোৰৰ দৰে কাঁহি কাঁহিয়ে সুধিলে, "সঁচাকৈয়ে লাজো নবৌ আহিছে নেকি?"\nলালচন্দে নিজৰ কথাখিনি বিৰামহীনভাবে কৈ গ'ল, "বাঘাৰ সীমান্তত ষোল্লজনী তিৰোতা পাকিস্তানলৈ ওভতাই দিয়াৰ বিনিময়ত ষোল্লজনী ভাৰতলৈয়ো ওভতাই লোৱা হৈছিল। কিন্তু তাৰমাজতে এখন কাজিয়া লাগিল। আমাৰ ভলেণ্টিয়াৰহঁতে প্ৰতিবাদ কৰি ক'লে যে তোমালোকে যিবোৰ তিৰোতা ঘূৰাই দিছা তাত আদ্বয়সীয়া আৰু বুঢ়ীৰ সংখ্যা বেছি। কাজিয়া লগাত বহুতো মানুহ তাত জমা হ'ল। সেই সময়তে সিটো পাৰৰ ভলেণ্টিয়াৰহঁতে লাজো নবৌক দেখুৱাই ক'লে- "তোমালোকে এইক বুঢ়ী বুলি ক'বা নেকি?... চোৱা, ভালকৈ চোৱা, তোমালোকে যিকেইজনী ছোৱালী-তিৰোতা ঘূৰাই দিছা সিহঁতৰ এজনীও এইৰ সমান হ'ব নেকি?" আৰু তাত লাজো নবৌৱে সকলোৰে চকুৰ আগত নিজৰ শ্যামকলাবোৰ লুকুৱাবলৈ চেষ্টা কৰিছিল। তাৰপাছত কাজিয়া বাঢ়ি গ'ল। দুয়ো পক্ষই নিজৰ নিজৰ "মালবোৰ" ঘূৰাই লৈ যোৱাৰ সিদ্ধান্ত ল'লে। মই চিঞৰি চিঞৰি মাতিলোঁ, "লাজো নবৌ, আহা!" কিন্তু চিঞৰ-বাখৰ কৰা বাবে আমাৰ ফৌজৰ চিপাহীবোৰে আমাক মাৰি-পিতি তাৰ পৰা খেদি দিলে।" -লালচন্দে পুলিচৰ লাঠিৰ কোব খোৱা তাৰ কিলাকুটিটো দেখুৱাবলৈ ধৰিলে।\nৰসালু আৰু নেকীৰাম মৌন হৈ বহি থাকিল। সুন্দৰলালে বহু নিলগৰ ক'ৰবালৈ চাই থাকিল; হয়তো কিবা চিন্তা কৰি আছিল- "লাজো আহিল, কিন্তু আহিও নাহিল..." সুন্দৰলালৰ শুকাই যোৱা মুখখন দেখি এনে অনুভৱ হৈছে যেন তেওঁ বিকানেৰৰ বহু হাজাৰ মাইল বিস্তৃত মৰুভূমি জপিয়াই জপিয়াই পাৰ হৈ আহি এতিয়া ক'ৰবাত গছৰ ছাঁয়াত জিভাখন বাহিৰলৈ উলিয়াই হেফাই-ফোপাই বহি আছে অথচ 'পানী অলপ দে' বুলি ক'বলৈয়ো মুখৰ পৰা মাত ওলোৱা নাই। তেওঁ অনুভৱ কৰিলে যেন বিভাজনৰ আগৰ আৰু পাছৰ হিংসাবোৰ এতিয়াও একে হৈয়ে আছে, বৰং আৰু বেছিহে হৈছে। কাৰোবাক কথা-প্ৰসংগত যদি সোধা হয়, "সম্ভৰৱালত লাহনা সিঙৰ ঘৰ আছিল নহয় আৰু তেওঁৰ নবৌৱেক বন্তো..." তেন্তে তেওঁ তপৰাই ক'ব, "মৰিল।" আৰু তাৰপাছত মৃত্যু আৰু তাৰ অৰ্থৰ প্ৰতি উদাসীন ভাব প্ৰদৰ্শন কৰি সম্পূৰ্ণ অন্যমনস্ক হৈ আগবাঢ়িব। ইয়াতকৈয়ো এখোজ আগবাঢ়ি শীতল মগজু আৰু অনুভূতিহীন হৃদয়েৰে মানৱতাৰ জননীৰ সদাগৰসকলে মানৱতাৰ তেজ আৰু মঙহৰ বেহা আৰু লেন-দেন কৰিবলৈ আৰম্ভ কৰিলে। সিহঁতে হাটত গৰু-ছাগলী কিনা গ্ৰাহকবোৰে গৰু-ম'হৰ দাঁতৰ পাৰি উলিয়াই দাঁতৰ সংখ্যা গন্তি কৰি বয়সৰ অনুমান কৰাৰ দৰে গাভৰু তিৰোতাহঁতৰ ৰূপ, সিহঁতৰ প্ৰেমেৰে পূৰ্ণ ভৰা যৌৱনৰ প্ৰাচুৰ্য, সিহঁতৰ গোপনীয়তা আৰু কলান্যাসবোৰ খোলা-খুলিকৈ প্ৰদৰ্শন কৰিবলৈ ধৰিলে আৰু এই ৰীতি সিহঁতৰ সিৰাই সিৰাই বিয়পি গ'ল। আগতেও বজাৰত "মাল-চাল" বিক্ৰী হৈছিল আৰু দাম-দৰ কৰা হাতবোৰ ঊৰ্মাল এখনেৰে ঢাকি তাৰ তলত আঙুলিৰে ইংগিত দি লেন-দেনৰ মান ঠিৰাং কৰিছিল। এতিয়া যেন সেই ঊৰ্মালখনো আঁতৰি গ'ল। মানুহবোৰে যেন বনিজৰ পৰম্পৰাও পাহৰি গ'ল। সেই আটাইবোৰ লেন-দেন, আটাইবোৰ কাম-কাজ যেন শ্ৰেণীবিভাজনৰ কাহিনীহে; য'ত নাৰী কিনা-বেচাৰ কাহিনী মুকলিকৈ কোৱা হয়; য'ত মন্দবুদ্ধিৰ মানুহবোৰে মুখ মেলি সিহঁতৰ সন্মুখতে থকা অসংখ্য নগ্ন তিৰোতাৰ শৰীৰবোৰ খুঁটি খুঁটি চায়। যেতিয়াই সিহঁতে কোনোবা তিৰোতাৰ গাত আঙুলিৰে চুই হেঁচি দিয়ে তেতিয়া তাত এটা ৰঙা-গুলপীয়া দাগৰ সৃষ্টি হয় আৰু তাৰ পৰিবৃত্তত এটা শেঁতা পৰিধি দেখা যায়; আৰু এটা মুহূৰ্তৰ পাছতে ৰঙচুৱা দাগটো আৰু শেঁতা পৰিধিটোৱে ইটোৱে-সিটোৰ স্থান দখল কৰিবলৈ লৰা-ঢপৰা কৰে। অনুভূতিহীন মানুহবোৰ আগবাঢ়ে আৰু উলিয়াই থোৱা তিৰোতাবোৰে হৃদয়ত পৰাজয়ৰ বোজা কঢ়িয়াই এখন হাতেৰে পায়জামাৰ জৰীডাল ধৰি আৰু আনখন হাতেৰে লোকচক্ষুৰ পৰা নিজৰ মুখখন লুকুৱাই হুমুনিয়াহ কাঢ়ি গুচি যায়। কিছুদূৰ আগুৱাই যোৱাৰ পাছত সেই পৰাজয়ৰ ভাৱনাটোও সিহঁতৰ মনৰ পৰা হেৰাই যায়। সিহঁতে সমানে নগ্ন চিকন্দৰীহঁতৰ বজাৰৰ মাজেৰে পাৰ হৈ যায় আৰু তাৰপিছত ৰঘূমলাৰূপী সখীয়েকক কয়, "সৈসো, এয়া কোন নিষ্ঠুৰ বিদূষক ওলাল যিয়ে সন্মুখৰ বেৰত লিখিছে-\nতাৰ পাছত তাই কয়, "দুঅনাত?"\nতেতিয়া সৈসোয়ে কয়, "মতামানুহবোৰৰ এইদৰে আমাক ঠাট্টা কৰাৰ, উপহাস কৰাৰ অনুমতি থাকিব নালাগে। যদি ৱাকিচৰ ঠাইত মই থাকিলোঁহেঁতেন তেন্তে নিশ্চয় প্ৰশ্ন কৰিলোঁহেঁতেন...!!" ইয়াৰ ঠিক দুখোজমান যোৱাৰ পাছতে বেৰত লিখি থোৱা কথাখিনি সৈসোৰ চকুত পৰিল-\nলাজো সুন্দৰলালৰ সন্মুখত কিবা অজান আশংকাত কঁপি কঁপি থিয় হৈ আছিল। তাই সুন্দৰলালক বুজি পায়, তাইত বাদে অইনে তেওঁক বুজি নাপায়। তাই ভাবি আছিল, আগতেই তেওঁ ইমান ৰুক্ষ ব্যৱহাৰ কৰে; এতিয়া আকৌ তাই পৰপুৰুষৰ সৈতে জীৱনৰ কিমান দিন যে অতিবাহিত কৰি আহিছে; এতিয়া সুন্দৰলালে কি কৰে ঠিক নাই! সুন্দৰলালে লাজোৰ ফালে চালে। তাই সম্পূৰ্ণ ইছলামী ধৰণে ক'লা দোপাট্টা উৰি আছিল আৰু ওৰণিখন বাওঁফালে লৈ আছিল... অভ্যাস, মাত্ৰ অভ্যাস... এই অভ্যাসৰ বাবে তাইৰ অইন তিৰোতাবোৰৰ লগত মিলি যাবলৈ আৰু নিজৰ পিঞ্জৰাৰ পৰা পলাই যাবলৈ সুবিধা হৈছিল। কিন্তু তাই সুন্দৰলালৰ কথা ইমান বেছিকৈ ভাবি আছিল যে কাপোৰ সলাবলৈ আৰু দোপট্টাখন ঠিক কৰিবলৈয়ো মনত পৰা নাছিল। তাই হিন্দু আৰু মুছলমান তিৰোতাৰ বস্ত্ৰ পৰিধানৰ মূল পাৰ্থক্য "বাৱেঁ আঁচল, সোঁৱে আঁচল"ৰ গুণ-দোষ নিৰীক্ষণ কৰিবলৈয়ো অসমৰ্থ আছিল। এতিয়া তাই সুন্দৰলালৰ সন্মুখত আশা-নিৰাশাৰ দোমোজাত ভয়ত কঁপি কঁপি থিয় হৈ আছে।\nসুন্দৰলাল সচকিত হৈ উঠিল। তেওঁ দেখিলে যে লাজৱন্তীৰ গাৰ ৰংটো আগতকৈ উজ্জ্বল হৈছে আৰু আগৰ তুলনাত স্বাস্থ্যটোও সুগঢ়ী হৈ উঠিছে। নহয় নহয়, তাই শকতেই হৈছে। তেওঁ ভাবিছিল যে শোকে-তাপে জৰ্জৰিত লাজোৰ চেহেৰাটো চাগৈ একেবাৰে মৰহি গৈছে আৰু সেইবাবে তাই মুখেৰে টু-শব্দ এটাও উলিয়াব নোৱাৰা হৈ পৰিছে। সুন্দৰলালে লাজোৰ বিষয়ে যিবোৰ কথা ভাবি আছিল সেই সকলোবোৰ ভুল বুলি প্ৰমাণিত হ'ল। তাই পাকিস্তানত বৰ সুখেৰে আছিল বুলি কৰা ধাৰণাটোৱে তেওঁক ক্ষুণ্ণ কৰিছিল। যদি ইমানেই সুখী আছিল তেন্তে ঘূৰি কিয় আহিল- এই কথাৰ উত্তৰ নাপালেও কিন্তু তেওঁ মৌন হৈ ৰ'ল, কাৰণ তেওঁ নিৰবে থাকিব বুলি শপত খাই আহিছে। তেওঁ ভাবিলে, ভাৰত চৰকাৰৰ হেঁচাত পৰি নিজৰ ইচ্ছাৰ বিৰুদ্ধে তাই আহিবলগীয়া হ'ল কিজানি! কিন্তু তেওঁ এটা কথা বুজি পোৱা নাছিল যে লাজৱন্তীৰ শ্যামবৰণীয়া চেহেৰা শেঁতা পৰি আছিল; আৰু যাতনা মাথোঁ যাতনাৰ বাবেহে এসময়ত তাইৰ শৰীৰত মঙহ ধৰা নাছিল। এতিয়া তাইক কেৱল সন্তাপৰ প্ৰকোপতহে শকত আৰু স্বাস্থ্যৱতী যেন দেখা হৈছে। কিন্তু এই মেদবহুলতা এনেকুৱা আছিল য'ত দুখোজ গ'লেই মানুহে ঘন ঘনকৈ উশাহ ল'বলগীয়া হয়। লাজোৰ মুখলৈ চাই হোৱা প্ৰথম প্ৰতিক্ৰিয়াটো অলপ অদ্ভূত আছিল যদিও সুন্দৰলালে নিজৰ সকলো ধ্যান-ধাৰণা তৎক্ষণাত সামৰি থ'লে। তাত আৰু মানুহ উপস্থিত আছিল। তেওঁলোকে ক'বলৈ ধৰিলে-\nকিন্তু সুন্দৰলাল লাজোৰ সেই কথাবোৰ শুনিবলৈ আগ্ৰহী নাছিল। সেইবাবে লাজো সহজ অৱস্থাতো সংকুচিত হৈ পৰে আৰু সংকুচিত হৈ সুন্দৰলালৰ ওচৰত ধৰা পৰি যায়। যেতিয়া সুন্দৰলালে ইয়াৰ কাৰণ সোধে তেতিয়া তাই "কোনো কাৰণ নাই", "এনেয়ে", "ওহো"-ৰ বাদে আৰু আন একো নকয়; আৰু গোটেই দিনটোৰ ভাগৰত সুন্দৰলাল টোপনিত লালকাল দিয়ে।\nও, আৰম্ভণিতে সুন্দৰলালে লাজৱন্তীৰ সেই "বিবৰ্ণ দিনবোৰ"ৰ বিষয়ে মাথোঁ সুধিছিল- "সি কোন আছিল?"\nলাজৱন্তীয়ে অৱনত শিৰেৰে কৈছিল, "জুম্মা!" তাৰপাছত তাই সুন্দৰলালৰ মুখলৈ চাই কিবা এষাৰ ক'বলৈ বিচাৰিছিল, কিন্তু সুন্দৰলালে তাইৰ চুলিবোৰ সামৰি এক অদ্ভূত দৃষ্টিৰে লাজৱন্তীৰ মুখলৈ চাই আছিল। লাজৱন্তীয়ে পুনৰ তলমূৰ কৰিলে। সুন্দৰলালে সুধিলে, "সি ভাল ব্যৱহাৰ কৰিছিল নে?"\nলাজৱন্তীয়ে তাইৰ মূৰটো সুন্দৰলালৰ বুকুত থৈ ক'লে, "নাই...।" তাৰপাছত আকৌ ক'লে, "সি মোক একো কোৱা নাছিল, যদিও সি মাৰ-পিত কৰা নাছিল তথাপিও তালৈ মোৰ ভয় লাগিছিল। তুমি মোক মাৰ-পিত কৰিছিলা, কিন্তু মই তোমাক ভয় কৰা নাছিলোঁ... এতিয়া আৰু নামাৰা নহয়?"\nতাৰপাছত লাজৱন্তীয়ে সকলোবোৰ কৈ পেলাব বিচাৰিছিল। কিন্তু সুন্দৰলালে ক'লে, "যোৱা কথাবোৰ যাবলৈ দিয়া। তাত তোমাৰ কি দোষ? তাত আমাৰ সমাজখনৰহে দোষ যিয়ে তোমাৰ দৰে দেৱীসকলক তেওঁলোকৰ প্ৰাপ্য মৰ্য্যদা প্ৰদান নকৰে। ইয়াৰদ্বাৰা সমাজখনে কেৱল তোমালোকৰে নহয় নিজৰো অন্যায় কৰে!"\nবহুদিন পাৰ হৈ যোৱাৰ পাছত সুখৰ ঠাই দুখে অধিকাৰ কৰি ল'লে। ইয়াৰ কাৰণ সুন্দৰলাল বাবুৱে যে আকৌ আগৰদৰে পশুসম নিৰ্মম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল এনে নহয়; বৰং এই কাৰণেহে যে লাজোক তেওঁ খুব ভাল ব্যৱহাৰ কৰিবলৈ লৈছিল, যাৰ লগত লাজো অনভ্যস্ত আছিল। তাই সুন্দৰলালৰ পুৰণি লাজোজনী হ'বলৈ বিচাৰিছিল; যিয়ে সৰু সৰু কথাত কাজিয়া কৰিছিল; যিয়ে এটা গাজৰৰ বাবেও কাজিয়া কৰে আৰু এটা মূলাৰেও সৈমান হয়। কিন্তু এতিয়া কাজিয়া কৰাৰ প্ৰশ্নই নুঠে। সুন্দৰলালে তাইক এনে অনুভৱ কৰালে যেন লাজৱন্তী কাঁচৰহে কিবা সামগ্ৰী, যাক চুই দিলেই ভাগি যাব। লাজোৱে দাপোণত মূৰৰ পৰা ভৰিলৈ নিজকে নিৰীক্ষণ কৰে আৰু শেষত তাই এই সিদ্ধান্তত উপনীত হয় যে তাই আন সকলো হ'ব পাৰিব, কিন্তু লাজো হ'ব নোৱাৰিব। ...সংসাৰখন তাইৰ হ'ল, কিন্তু তাই সংসাৰখনৰ হ'ব নোৱাৰিলে।\n(সাহিত্য ডট অৰ্গৰ ছেপ্টেম্বৰ, ২০১৫ সংখ্যাত প্ৰকাশিত\nPosted by Mitali at 1:50 AM No comments:\nসত্তাৰ বিষয়ে একলম.....\n© Mitali Barman. Watermark theme. Powered by Blogger.
71a70096846a02aaf82dfba76fe9f861f71c7c50f7e09249ea7ec17dc444099c
ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰাৰ লগে লগে বিশ্বজুৰি খাৰুৱা তেলৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনলৈ সৈন্য পঠিওৱাৰ পিছতে, ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতি বেৰেল তেলৰ দাম ১০০ ডলাৰকৈ বৃদ্ধি পাইছে। উল্লেখ্য যোৱা নিশাৰে পৰা ৰাছিয়াই ইউক্ৰেইনত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ আৰম্ভ কৰিছে। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই এক টুইটযোগে ইউক্ৰেইন আক্ৰমণৰ কথা স্বীকাৰ কৰাৰ লগতে এই আক্ৰমণ আৰু অধিক ভয়াৱহ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে। এই যুদ্ধৰ ফলত বিশ্বৰ তেলৰ বজাৰ খনত ব্যাপক প্ৰভাৱ পৰিছে। কিয়নো ইউক্ৰেইন হৈছে বিশ্বৰ তৈল আৰু গেছৰ ভাণ্ডাৰত চহকী দেশ সমূহৰ মাজৰে এখন অন্যতম দেশ। এছিয়াৰ লগতে ইউৰোপৰ বহু কেইখন দেশলৈ ইউক্ৰেইনৰ পৰাই তেল ৰপ্তানি কৰা হয়। ৰাছিয়াই যোৱা নিশাৰে পৰা ইউক্ৰেইনৰ তৈল আৰু গেছৰ ভাণ্ডাৰ থকা সীমান্তৱৰ্তী অঞ্চলসমূহতে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ফলত বন্ধ হৈ পৰিছে তেলৰ খাদ সমূহ। এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম হঠাতে বেৰেলে প্ৰতি ১০০ ডলাৰকৈ বৃদ্ধি পাইছে। উল্লেখ্য ৰাছিয়া হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ তেল উৎপাদক দেশ। দেশ খনে মুখ্যতঃ ইউৰোপীয় শোধনাগাৰসমূহক অশোধিত তেল বিক্ৰী কৰে। ৰাছিয়াই ইউৰোপৰ দেশসমূহলৈ প্ৰায় ৩৫ শতাংশ প্ৰাকৃতিক গেছ যোগান ধৰি আহিছে। ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বহু কেইখন দেশে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰাৰ পিছত বিশ্বৰ বহু ঠাইত খাৰুৱা তেলৰ নাটনি হোৱাটো নিশ্চিত হৈ পৰিছে। ইয়াৰ প্ৰভাৱ ভাৰততো নিশ্চিত ভাবে পৰিব বুলি ধাৰণা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
748fab0bdbe28f6b290e35eb425eef989c9e00f6afe09c5542123fc39b459a2e
পৌৰসভাৰ চফাইকৰ্মীৰ সহায়ত কেন্দ্ৰীয় বজাৰৰ ভিতৰত থকা জাবৰ জোথৰ সমূহ বাহিৰ কৰি বজাৰৰ ভিতৰচোৱাত অগ্নি নিৰ্বাপক গাড়ীৰ জৰিয়তে পানীৰ লগত ডেটল, ফেনাইল চটিয়াই চেনিটাইজ কৰা হয়। শিৱসাগৰ পৌৰসভাৰ অধীনৰ স্বচ্চ ভাৰত মিছন (নগৰ) আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে কৰা এই চেনিটাইজিং কাৰ্যৰ তদাৰক কৰে শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া তথা শিৱসাগৰ পৌৰসভাৰ কাৰ্যকৰী বিষয়া মনোৰমা মৰাং আৰু স্বচ্চ ভাৰত মিচনৰ নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথে। স্বচ্চ ভাৰত মিচনৰ অধীনত শিৱসাগৰ পৌৰসভাই অনাগত দিনতো চহৰখনৰ বিভিন্ন স্থান এইদৰে চেনিটাইজ কৰি যাব বুলি নগৰ প্ৰকল্প বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি শিৱসাগৰ পৌৰসভাই চহৰৰ সকলো ৱাৰ্ডত মাইক যোগে ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি সেই বিষয়ে ৰাইজৰ মাজত সজাগতা আনিবলৈ প্ৰচাৰ চলায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
05464170b0284cd599f5e17a5f0e424f459acf6a7c52eb5b51ed6b38494ce603
অসমৰ জীয়াৰী প্ৰিয়ংকাই চন্দ্ৰলৈ প্ৰেৰণ কৰিব উচ্চপ্ৰযুক্তিৰ বৈজ্ঞানিক পেইণ্টিং : আজি সকলোৰে মুখত তেওঁৰ নাম। প্ৰিয়ংকা দাস ৰাজকাকতীৰ কথা প্ৰতিজন লোকৰ মুখে মুখে। কাৰণ ফ্ৰান্সৰ অন্তৰীপ অভিযন্তা হিচাপে কৰ্মৰত প্ৰিয়ংকাই সমগ্ৰ দেশবাসীকে গৌৰাম্বিত কৰিছে। ফ'ৰ্বছ আলোচনীত ত্ৰিশোৰ্ধৰ ত্ৰিশ প্ৰতিভাৱান সফল ভাৰতীয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী অসম কন্যা। বৰ্তমান তেওঁ ইউৰোপিয়ান স্পেচ এজেন্সিৰ মহাকাশ বিজ্ঞানী। মহাকাশক লৈ এইগৰাকী ২৯ বছৰীয়া বিজ্ঞানীয়ে অংকন কৰা এলানী উচ্চ প্ৰযুক্তিৰ বৈজ্ঞানিক পেইন্টিঙৰ বাবেই তেওঁ ফ'ৰ্বছ আলোচনীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, তেওঁৰ এইসমূহ কাম নিৰ্বাচিত কৰা হৈছে এটা বিশেষ প্ৰকল্পৰ বাবে। যিটোক কোৱা হয় আন্তৰ্জাতিক চন্দ্ৰ বীথিকা প্ৰকল্প। তেওঁৰ চিত্ৰসমূহৰ চিপ লৈ চন্দ্ৰলৈ যাব ইউৰোপিয়ান মহাকাশ সংস্থাৰ মহাকাশ যান। যিসমূহ মহাকাশযানে চন্দ্ৰত এৰি থৈ আহিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, প্ৰিয়ংকা দাস ৰাজকাকতী হৈছে দিল্লীত কৰ্মৰত চিকিৎসক ডাঃ অজন্তা বি দাস আৰু নেডফিৰ প্ৰবন্ধক মনোজ দাসৰ সন্তান। তেওঁ দিল্লীৰ ছেন্ট ষ্টিফেন কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি পেৰিছৰ ইকল পলিটেকনিকত নামভৰ্তি কৰিছিল। এইগৰাকী সফল অসম কন্যাৰ এই সু-খবৰে সকলো লোকৰে মুখত হাঁহি বিৰিঙাইছে।
f014899659512b39cb369a3aed10f4a690e30d0b460021e000ba17697a56db89
ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সভাপতি দীপাংক কুমাৰ নাথে দিল্লীলৈ গৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ বাবে পদক্ষেপ হাতত লৈছে। নতুন দিল্লীত কে চি ত্যাগীক সাক্ষাৎকালত ভট্টাচাৰ্য্য আৰু নাথ। বুধবাৰৰ ছবি- ইউ বি। পুনৰ শাসনলৈ আহিলেই বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি আসন্ন লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে ৰাষ্ট্ৰীয় সংকল্প লোৱাৰ পাছতে ইয়াৰ বিৰুদ্ধে নতুন দিল্লীত তৎপৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূব ছাত্ৰ সংগঠন। ইয়াৰ পাছতেই ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সভাপতি দীপাংক কুমাৰ নাথে দিল্লীলৈ গৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ বাবে পদক্ষেপ হাতত লৈছে। ভট্টাচাৰ্য্য আৰু নাথে সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ'ৰ হৈ বুধবাৰে নতুন দিল্লীত বিহাৰৰ শাসনাধিষ্ঠ জনতা দল (য়ুনাইটেড)ৰ মুখ্য সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ কে চি ত্যাগীক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতাৰ বাবে দলটোৰ সহায় বিচাৰে। উল্লেখ্য যে জে ডি (য়ু)এ পূৰ্বৰে পৰা বিধেয়কবিৰোধী স্থিতিত অটল আছে। আছু তথা নেছ'ৰ প্ৰতিনিধিৰে হোৱা সাক্ষাতত কে চি ত্যাগীয়ে জে ডি (য়ু)এ পূৰ্বৰ দৰেই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰাৰ কথা আছুৰ উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে। ভট্টাচাৰ্য্যই লগতে কয় 'জে ডি (য়ু)এ ৰাজপথৰ পৰা সংসদলৈ বিধেয়কবিৰোধী আন্দোলন লৈ যোৱাত ভূমিকা ল'ব বুলি কে চি ত্যাগীয়ে আমাৰ আগত কথা দিছে'। ইপিনে দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে অহা ১৪ এপ্ৰিলত প্ৰকাশ কৰিবলগীয়া দলৰ ৰাষ্ট্ৰীয় ইস্তাহাৰতো বিধেয়কৰ বিৰোধিতাৰ প্ৰসংগ উত্থাপন কৰিব বুলিও আছু-নেছ'ৰ নেতৃত্বক আশ্বাস দিয়ে। ইয়াৰ পূৰ্বেও দলটোৱে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। কোনো কাৰণতেই বিধেয়কখন গৃহীত হ'বলৈ দিয়া নহ'ব বুলি দলৰ মুৰব্বী তথা বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰেও স্পষ্ট ঘোষণা কৰিছিল। এতিয়া বিজেপিৰ নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ পক্ষত দৃঢ় স্থিতিৰ বিপৰীতে 'অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া বিৰোধী' বিধেয়কখন প্ৰতিহত কৰিবলৈ আছু-নেছ'ই লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f3ce0f190c71f1b52b1200ba527b23e0edc65aa306d60c36926399212b07ec93
নিজৰ জীয়েকৰ নাম এ পি এছ চিৰ কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পিছত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই আজি সংবাদমেলত চাফাই গোৱাৰ চেষ্টা কৰে। তেওঁৰ জীয়েক পল্লৱী শৰ্মাক হস্তাক্ষৰ নমুনাৰ বাবে এ পি এছ চিৰ কেলেংকাৰিটোৰ তদন্তকাৰী আৰক্ষীয়ে চমন জাৰি কৰাটোক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বুলি দাবী কৰে। তেওঁৰ বিৰুদ্ধে অসম বিজেপিত এজন-দুজন অতি প্ৰভাৱশালী নেতাই যোৱা কিছু দিনৰ পৰা ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে বুলি জানিবলৈ দিয়ে। কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই ষড়যন্ত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল নাই বুলিও স্বীকাৰ কৰে। কেৱল সেয়ে নহয়, মুখ্য মন্ত্ৰীৰ মংগল কামনাৰে প্ৰতিদিনে পুৱা ভগৱানৰ ওচৰত এপাহ ফুল দিয়ে সাংসদগৰাকীয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
d63c58f0f7b1c4f17f5d3a54a733e448c5b15b67a617c24f70bf838671033fdc
অভিযান্ত্ৰিক শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে পৰিচিত গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'ল'জী, গুৱাহাটীৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহযোগত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে আয়োজন কৰা মেটলেব আৰু ছিমলিংক শীৰ্ষক কৰ্মশালাখনৰ যোৱা ২৩ মাৰ্চত সামৰণি পৰে। উল্লেখযোগ্য যে এসপ্তাহযোৰা এই কৰ্মশালাখনত অসমৰ কেইবাখনো আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনৰ সামৰণী অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিৰ লগতে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় চমুকৈ এএছটিয়ুৰ পঞ্জীয়ক ড০ নৃপেণ দাস উপস্থিত থাকে।দাসে কৰ্মশালাখনৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে এনেধৰণৰ কৰ্মশালাই শিক্ষাৰ্থী সকলক অনুপ্ৰণিত কৰিব বুলি প্ৰকাশ কৰে। তেওঁ ভৱিষ্যতেও এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ প্ৰতিষ্ঠানটোৰ লগতে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'ল'জী, গুৱাহাটীত অনুষ্ঠিত এনে ধৰণৰ কৰ্মশালাই শিক্ষাৰ্থী সকলক চিন্তাৰ নতুন সমল যোগাই আহিছে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
6ca76141ba9cc21d1b6c215e3c798220c4e6cb7f2ec133820cecd03357d78086
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে কয় যে ভাৰতীয় সভ্যতাত সকলো ধৰ্মক সমান দৃষ্টিৰে চোৱা হয় বাবেই ভাৰত এখন ধৰ্ম নিৰেপক্ষ দেশ হিচাপে গণ্য হৈ আহিছে। ভাৰত কেতিয়াও পাকিস্তানৰ দৰে ধৰ্মশাসিত দেশ হ'ব নোৱাৰে বুলিও মন্তব্য কৰে ৰাজনাথ সিঙে। গণতন্ত্ৰ দিৱস উপলক্ষ্যে দিল্লীত এনচিচিয়ে আয়োজন কৰা শিৱিৰত উপস্থিত থাকি ৰাজনাথ সিঙে কয়, 'আমি ধৰ্মৰ মাজত ভেদভাৱ নকৰো। তেন্তে আমি কি কৰিম? আমাৰ চুবুৰীয়া দেশে ইতিমধ্যে নিজকে এক ধৰ্মৰ দেশ বুলি ঘোষণা কৰিছে। আমি তেনে ঘোষণা কৰা নাই। আনকি আমেৰিকাও এখন ধৰ্মশাসিত ৰাষ্ট্ৰ। কিন্তু ভাৰত এক ধৰ্মশাসিত ৰাষ্ট্ৰ নহয়। কিন্তু কিয়? কিয়নো আমাৰ সাধু-সন্যাসী সকলে কেৱল আমাৰ সীমাৰ ভিতৰতে বাস কৰা সকলকে নহয়, সমগ্ৰ বিশ্বৰে লোককে নিজৰ পৰিয়ালৰ সদস্য বুলি মানি লৈছিল।' ভাষণৰ মাজত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বসুদেৱ কুটুম্বকমৰ এশাৰী বাক্য উদ্ধৃত কৰে। যাৰ অৰ্থ হৈছে- সমগ্ৰ বিশ্বই এটা পৰিয়াল। তেওঁ কয়, 'ভাৰত কোনো নিৰ্দিষ্ট ধৰ্মৰ দেশ নহয়। এই দেশত সকলো ধৰ্মৰ লোকেই বাস কৰিব পাৰে। ধৰ্ম নিৰপেক্ষাতৰ এই বাৰ্তা সমগ্ৰ বিশ্বই লাভ কৰা উচিত।'
a87989d74b48735710a2bbd5675f8158c2adca1404029fe207d24ca97c40c2dd
ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ বিশিষ্ট সমাজকর্মী, শিক্ষাবিদ তথা জ্যেষ্ঠ সাংবাদিক ৰেৱতীমোহন বৰঠাকুৰৰ বিয়োগ। বৰঠাকুৰে বুধবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত উচ্চ ৰক্তচাপজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। বৰঠাকুৰে মৃত্যুৰ আগমুহূৰ্তলৈকে কামপুৰৰ সমাজিক কাম কাজত যথেষ্ঠ পৰিমানে অৰিহণা যোগাইছিল। বৈঠালাংচু উচ্চতৰ মাধ্যমিকত শিক্ষকতা আৰম্ভ কৰি এটা সময়ত বিদ্যালয়খনৰ অধ্যক্ষ পদ অলংকৃত কৰা বৰঠাকুৰে আৰু ডিফুৰ এখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহন কৰে। বৰঠাকুৰে দুয়োটা অঞ্চলৰ শৈক্ষিক উন্নতিৰ বাবে যথেষ্টখিনি কাম কৰি গৈছে। বৰঠাকুৰ কামপুৰৰ এজন জ্যেষ্ঠ সাংবাদিক। "আছাম ট্ৰিবিউন" কাকতত কামপুৰৰ সংবাদদাতা হিচাপে নিয়োজিত আছিল বৰঠাকুৰ। তেখেতৰ মৃত্যুত সমগ্ৰ কামপুৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰৰ পিতৃ ৰেৱতীমোহন বৰঠাকুৰ মৃত্যুত কামপুৰ উন্নতি সাধনি সভা, কামপুৰ জেষ্ঠ্য নাগৰিক সন্থা, কামপুৰ সাংবাদিক সন্থা, কামপুৰ প্রেছ ক্লাবকে আদি কৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।৭৯ বছৰীয়া ৰেৱতি মোহন বৰঠাকুৰে মৃত্যুৰ সময়ত নিজ পত্নিৰ লগতে দুই পুত্ৰ আৰু এগৰাকী কণ্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।
81c10b166de106e5ab62b8229df375d7c12b489d6545fbb894ebcb05135acbeb
মঙলবাৰে মনোহৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত আছুৰ সদস্যই এবিভিপিৰ নেতাক শাৰীৰিকভাৱে অপদস্ত কৰাৰ প্ৰতিবাদত এবিভিপিৰ সদস্যসকলে থানা চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। জানিব পৰা মতে বিদ্যালয়খনৰ ছাত্ৰীসকলে বিকাশ ৰোডত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অধীনত বিদ্যালয়খনৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলৰ মাজত সংঘাতৰ সৃষ্টি হয়। দুই পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে আছুৰ সদস্যই এবিভিপিৰ নেতা ৰোহিত বৰুৱাক মাৰধৰ কৰে। এবিভিপিৰ সদস্যসকলে আছুৰ বিৰুদ্ধে গাব্ৰুপথাৰ আৰক্ষী চকীত এটা অভিযোগ দাখিল কৰে। এজাহাৰখনৰ মতে মনোহৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে তেওঁলোকৰ মহাবিদ্যালয়ৰ নিৰ্বাচনৰ বাবে ব্যস্ত হৈ থকা সময়ত নিশা প্ৰায় ৮-০০ মান বজাত ৰূপজ্যোতি বৰঠাকুৰ, খগেন দত্ত, মনোজ বুঢ়াগোহাঞি, ৰাজা গগৈ আৰু আন ৪জন আছুৰ সদস্যই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা ৰোহিত বৰুৱাক বেয়াকৈ মাৰধৰ কৰে। এজাহাৰখনত উল্লেখ থকা মতে আছুৰ সদস্যকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ছাত্ৰীসকলক হাৰাশাস্তি কৰাৰ অশ্লীল ভাষাৰে তেওঁলোকক অপদস্ত কৰিছিল। এজাহাৰখনত আৰু কোৱা হৈছে যে আছুৰ সদস্যসকলে এবিভিপিৰ সদস্যসকলক তেওঁলোকৰ মহাবিদ্যালয় আৰু বিকাশ ৰোডক নিজৰ এলেকা বুলি দাবী কৰি প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল আৰু এবিভিপিৰ নেতাগৰাকীক বেয়াকৈ মাৰধৰ কৰে। এবিভিপিৰ প্ৰতিবাদৰ পাছত গাব্ৰুপথাৰ আৰক্ষীয়ে আছুৰ ৪জন সদস্যক আটক কৰে আৰু তেওঁলোকক কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজত ৰাখে। আনহাতে আছুৰ সদস্যসকলে এই অভিযোগ অস্বীকাৰ কৰি কৈছে যে এয়া আছুক হেয় প্ৰতিপন্ন কৰাৰ বাবে এবিভিপি আৰএছএছৰ ষড়যন্ত্ৰ। উল্লেখ্য যে আহা ৩০ আগষ্টত মনোহৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b9e1be440cf36ed9acbdfd043f12bd3cfab1aaa2ef79b8388e5abe9c397822c3
নিৰ্বাচনী চমক! : অসমীয়া ভাষাত মেডিকেল কলেজৰ পাঠ্যক্রম কেনেকৈ সম্ভৱ?\nপ্ৰধান মন্ত্ৰীৰ ভাষণৰ পৰা বহুকেইটা বিষয় আঁতৰাই পুনৰবাৰ পিন্ধাই থৈ গ'ল নেকি ৰঙীণ চশমা?\nগুৱাহাটী , February 7, 2021 8:48 pm\nৰাজ্যত মাতৃভাষাত হ'ব মেডিকেল কলেজ। অৰ্থ্যাৎ মাতৃভাষাতে অধ্যয়ন কৰিব পাৰিব চিকিৎসা বিজ্ঞানৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে। ঢেকিয়াজুলিত অসমমালা আঁচনি শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছে।\nতেওঁ কয় যে ৰাজ্যত অসমীয়া ভাষাতে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰাকৈ এখন মেডিকেল কলেজ থাকিব।ইয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে অসমীয়া মাধ্যমত অধ্যয়ন কৰিব পৰাকৈ এখন প্ৰযুক্তিবিদ্যা মহাবিদ্যালয় স্থাপনৰ কথাও ঘোষণা কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে।\nএইখিনিতে প্ৰশ্ন উঠিছে, অসমীয়া ভাষাত কেনেকৈ সম্ভৱ হ'ব মেডিকেল কলেজত অধ্যয়ন? নে নিৰ্বাচনৰ পূৰ্বে এয়া একপ্ৰকাৰৰ চমক সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে? ইয়াৰোপৰি, বহিঃৰাজ্যৰ পৰা অহা অধ্যাপকসকলে কিদৰে অসমীয়া বিষয়ত শিক্ষাদান কৰিব ছাত্ৰ-ছাত্ৰীসকলক?\nবিভিন্ন গৱেষণামূলক গ্ৰন্থ বা বিষয়সমূহ অসমীয়া ভাষাত উপলব্ধ হোৱাটো সহজলভ্য হ'ব নে? নে পূৰ্বে দেখুৱাই যোৱা বহু স্বপ্নৰ দৰেই এয়াও অসমবাসীৰ বাবে হ'ব নেকি এটা সপোন? বাস্তৱত অসমীয়া ভাষাত মেডিকেল কলেজ কিমান দূৰ সম্ভৱ তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ সাংসদ গৌৰৱ গগৈয়ে।\nতেওঁ কয় 'মোদীৰ এই ঘোষণা ফুলজাৰিৰ দৰে। এক ৰাতিৰ ভিতৰতে পাহৰি যাব। মানুহে ৰাতি শোৱাৰ সময়ত চিন্তা কৰিব, যিমানখিনি আয় মানুহৰ হ'ব লাগিছিল সেইখিনি এতিয়ালৈকে হোৱা নাই বা নিৱনুৱা সমস্যাও সমাধান হোৱা নাই। কোভিডৰ ভেকচিনৰ ক্ষেত্ৰত অসমৰ মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কি কি গৱেষণা চলি আছে সেই কথা জানিব লাগে। যদি প্ৰধান মন্ত্ৰীৰ ঘোষণা ৰূপায়ণ হয় তেনেহ'লে হায়দৰাবাদৰ অধ্যাপকে ছাত্ৰ-ছাত্ৰীক অসমত আহি অসমীয়াত কেনেকৈ পঢ়াব সেইখিনি আগতীয়াকৈ জনাব লাগিছিল। তেওঁৰ এয়া নিৰ্বাচনী চমক তথা কথাৰ ফুলজাৰি।'\nইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বক্তব্যৰ পৰা বহুকেইটা বিষয় এৰাই চলা বুলি গুৰুতৰ অভিযোগ তোলে যুৱ সাংসদগৰাকীয়ে। প্ৰধানতঃ বান গৰাখহনীয়া সমস্যাৰ কথা, নিযুক্তি কেলেংকাৰিৰ তদন্ত, চিণ্ডিকেটৰ প্ৰসংগ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ইত্যাদি প্ৰসংগ এৰাই চলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।\nতেওঁ কয় 'প্ৰধানমন্ত্ৰীগৰাকীয়ে ঢেকিয়াজুলি শোণিতপুৰ জিলাত গৈ বান-গৰাখহনীয়া সমস্যাক লৈ যিখিনি কথা ক'ব লাগিছিল সেইখিনি নক'লে। ঢেকিয়াজুলি, চতিয়া, তেজপুৰ, বৰচলাত বহুত বানপানীৰ সমস্যা আছে। তেওঁ না খাওঙ্গা, না খানে দুঙ্গা কোৱাৰ পাছতো কেনেদৰে কয়লা চিণ্ডিকেট, গৰু চিণ্ডিকেট, SI, APSC কেলেংকাৰিৰ চলি আছে সেই বিষয়েহে উল্লেখ কৰিব লাগিছিল।'\nএইবোৰ কথা উল্লেখ নকৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ মানুহক ৰঙীন চশমা পিন্ধাই থৈ গ'ল বুলিও গগৈয়ে কটাক্ষ কৰে।\nমাতৃভাষাক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যেৰে মেডিকেল পাঠ্যক্ৰম অসমীয়াত আৰম্ভ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব বিজেপি চৰকাৰৰ। কিন্তু অসমীয়া মাধ্যমত মেডিকেল পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ চৰকাৰে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব? তথা এয়া কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ ৰ'ব নেকি? সেয়া সময়ত লক্ষণীয় হ'ব।
f80aaf8b02b4ce94474f969563be3330f853af3df54f8bec4d68e3d5f2411172
২০১৮ চনৰ ২৩ মাৰ্চ তাৰিখে বটদ্ৰৱাৰ লালুং গাৱঁত সংঘটিত হৈছিল গাৰ নোম শিয়ৰি উঠা এক পৈশাচিক অমানৱীয় ঘটনা । যত এগৰাকী নাৱালিকা ছাত্ৰীক দলবদ্ধ ধৰ্ষন কৰি জ্বলাই দিয়া হৈছিল । সেই হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য হত্যাকাণ্ড । স্থান একেটাই ।বটদ্ৰৱাৰ লালুং গাওঁ । এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগত অৱৈধ সম্পৰ্ক নিজা ভিনিহিয়েক বাহাৰুল ইছলামে। যাৰ পৰিনতিত অন্তঃসত্বা হৈছিল নাৱালিকা গৰাকী । অন্তঃসত্বা নাৱালিকা গৰাকীক গৰ্ভপাত কৰাবলৈ লৈ আনিছিল মৰিগাওঁ জিলাৰ লাহৰিঘাটৰ এখন ফাৰ্মাচীত । ফাৰ্মাচীখনৰ মালিক তথা স্বয়ম্ভূ চিকিৎসক দিলজাৰ হুছেইন ওৰফে পাগলা ডাক্তৰে গৰ্ভপাত কৰাৰ নামত নাৱালিকা গৰাকীক হত্যা কৰে ।মৃতদেহটো নাৱালিকা গৰাকীৰ পৰিয়ালে লোকলজ্জাৰ ভয়ত লালুং গাৱলৈ নানি জুৰীয়াৰ দ গাওঁ কৱৰ স্থানত কৱৰ দিয়ে এই বছৰৰ ২৩ জানুৱাৰীত ।কিন্তু কৱৰস্থানত অচিনাক্ত লোকৰ কৱৰ দেখি অঞ্চলটোৰ লোকৰ মাজত কৌতুহলৰ সৃষ্টি হয় । ঘটনাৰ ন্যায় বিচাৰি বটদ্ৰৱা সংখ্যালঘূ গনতান্ত্ৰিক ছাত্ৰ ফেডাৰেচনে মৃত ছাত্ৰী গৰাকীৰ পিতৃ- মাতৃ , ভিনিহিয়েক আৰু স্বয়ম্ভূ চিকিৎসকৰ নামত হত্যাৰ অভিযোগ তুলি মৰিগাওঁ জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক আৰু অসমৰ মুখ্যমন্ত্ৰীকো লিখিত আৱেদন জনায় ।ইয়াৰ পিছতেই বৃহস্পতি বাৰে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কৱৰ খান্দি মৃতদেহ আকৌ পোষ্ট মৰ্টেমৰ বাবে প্ৰেৰন কৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত ।
33bc8be24aa9679f222ed8d032ea5d0096a1d7d514e7ef27cdfed12e5270eb80
ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান প্ৰতিষ্ঠান চমুকৈ ইছৰোৱে চলিত বৰ্ষৰ ৭ নৱেম্বৰত এটা উপগ্ৰহ মুকলি কৰিব।জানিব পৰা মতে ৭ নৱেম্বৰৰ ৩.২ মিনিটত অন্ধপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ভৱনত স্পেচ চেণ্টাৰত এই উপগ্ৰহটো আনুষ্ঠানিক ভাৱে মুকলি কৰিব। এই উপগ্ৰহ ভাৰতীয় সেনাৰ বাবে বহু সহায়ক হ'ব। শত্ৰুৰ অৱস্থিতিৰ পৰা আৰম্ভ কৰি বতৰৰ দুৰ্যোগৰ সম্পৰ্কেও উমান পাব পাৰিব।
7907c5aacd75e9d8789986c7ee33a53443cea74dc30bbd9c01851c9574c33062
তিনিমহলীয়া ঘৰ আৰু কোটি টকাৰ সম্পত্তি ৰিক্সাচালকক দান কৰিলে মহিলাই! কিন্তু কিয়? -\nHomeৰাষ্ট্ৰীয়তিনিমহলীয়া ঘৰ আৰু কোটি টকাৰ সম্পত্তি ৰিক্সাচালকক দান কৰিলে মহিলাই! কিন্তু কিয়?\nতিনিমহলীয়া ঘৰ আৰু কোটি টকাৰ সম্পত্তি ৰিক্সাচালকক দান কৰিলে মহিলাই! কিন্তু কিয়?\nতিনিমহলীয়া ঘৰকে ধৰি ১ কোটি টকাৰ সা-সম্পত্তি ৰিক্সাচালকক দান কৰিলে মহিলাই! কিন্তু কিয়?\nডিজিটেল ডেস্কঃ সম্পত্তিৰ লোভত আমাৰ সমাজত যে কিমান যে জঘন্যতম কাণ্ড সংঘটিত হৈছে তাৰ হিচাপ নাই। মাটি-বাৰী, সম্পত্তিৰ লোভত পৰি আপোনজনেও আপোনজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। এইখিনিতে ওড়িশাৰ কটকৰ এগৰাকী মহিলাই তেওঁৰ সকলো সম্পত্তি এগৰাকী ৰিক্সাচালকক দান কৰি সমাজত এক অনন্য উদাহৰণ দাঙি ধৰিছে।\nমিনতি পাটনায়ক নামৰ ৬৩ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ তিনিমহলীয়া ঘৰ, সোণৰ অলংকাৰ আৰু সকলো সা-সম্পত্তি ৰিক্সাচালক বুধা চামালক দান কৰিছে। মিনতিয়ে যোৱা বছৰ তেওঁৰ স্বামীক হেৰুৱাইছিল। যদিও মিনতিয়ে তেওঁৰ জীৱনৰ বাকী কালচোৱা জীয়েকৰ সৈতে কটোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু নিয়তিয়ে সেয়া হ'বলৈ নিদিলে। স্বামীৰ মৃত্যুৰ ছয় মাহৰ পাছত মিনতিৰ কন্যা কোমলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মিনতি পাটনায়ক একেবাৰে অকলশৰীয়া হৈ পৰিল। আনকি মিনতিৰ আত্মীয়সকলেও তেওঁৰ ফালে পিঠি দিছিল আৰু জীৱনৰ এই জটিল সন্ধিক্ষণত তেওঁৰ এষাৰ খবৰো লোৱা নাছিল।\nআৰু পঢ়কঃ কংগনাই পদ্মশ্ৰী পালে, আপুনি কিয় নাপালে? এই প্ৰশ্নৰ উত্তৰত কি ক'লে চনু সুদে?\nএনে সময়তে ৰিক্সাচালক বুধা চামালে মিনতিৰ কাষত থিয় দিছিল আৰু তেওঁক সকলো ধৰণে সহায় কৰিছিল। বুধা আৰু তেওঁৰ পৰিয়ালে মিনতিক চিকিৎসালয়লৈ লৈ যোৱা বা তেওঁৰ আন সমস্যাবোৰ চোৱাচিতা কৰাৰ পৰা আদি কৰি সকলো ধৰণৰ সেৱা আগবঢ়াইছিল। অকলশৰীয়া মিনতিৰ সেৱাত তেওঁলোকে নিজকে সমৰ্পিত কৰিছিল। মিনতি পাটনায়ক বুধা চামাল আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছিল। কৃতজ্ঞতাৰ চিন স্বৰূপে মিনতিয়ে তেওঁৰ সকলো সা-সম্পত্তি বুধা চামালৰ নামত কৰাৰ সিদ্ধান্ত লয়। এই সন্দৰ্ভত তেওঁ কয়, "মই এটা অভাৱগ্ৰস্ত পৰিয়ালক সহায় কৰিব বিচাৰিছোঁ। মই বুধা আৰু তেওঁৰ পৰিয়ালক আইনীভাৱে সকলো দান কৰাৰ সিদ্ধান্ত ল'লো। মোৰ মৃত্যুৰ পাছত তেওঁলোকক যাতে কোনেও হাৰাশাস্তি নকৰে।মোৰ ভগ্নীসকলে মোৰ সম্পত্তি ৰিক্সাচালকক দান কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। মোৰ ছোৱালী কোমলৰ মৃত্যুৰ পাছত কোনেও মোক ফোন কৰা নাছিল বা মোৰ ফোনৰ সঁহাৰি দিয়া নাছিল। যোৱা ২৫ বছৰ ধৰি বুধা আৰু তেওঁৰ পৰিয়াল মোৰ কাষত নিজৰ মানুহৰ দৰে থিয় দিছে। বুধা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে মোক সদায় সন্মান জনাই আহিছে আৰু মোৰ যত্ন লৈছে, গতিকে মোৰ যি আছে সেয়া তেওঁলোকেহে পোৱাৰ যোগ্য।"\nবুধা আৰু তেওঁৰ পৰিয়ালে মিনতিৰ উদাৰতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। বুধা চামালে এই সন্দৰ্ভত কয়, "মই কেতিয়াও সম্পত্তিৰ সপোন দেখা নাছিলোঁ। মই আৰু মোৰ পৰিয়ালে সদায় মিনতিৰ কাষত নিঃস্বাৰ্থভাবে থিয় দি আছোঁ। তেওঁ জীয়াই থকালৈকে আমি তেওঁৰ চোৱাচিতা অব্যাহত ৰাখিম।"\nPrevious articleস্বামী-পুত্ৰৰ অকাল মৃত্যু, দুৰ্ঘটনাত ভাঙিছিল কঁকাল, তথাপি কিদৰে চলিছে শতায়ু পদুমী আইতাৰ সংগ্ৰাম ?\nNext articleবিকি-কেটৰিনাৰ হনীমুন ট্ৰিপ এক্সক্লুছিভ...! ক'ত, কেতিয়া, কেইদিনৰ বাবে কেলেণ্ডাৰ বুকিং কৰিলে কেটৰিনাই?
d14777b558ae41cc198af71e29ff46e45c287b5120dfad0de2fa0e2f2ce2c0f7
প্ৰবীণ বৰুৱা, মঙলদৈঃ 'সাহিত্য হৈছে এটা জাতিৰ দাপোন। জাতি, ভাষা, কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিব কেৱল সাহিত্যইহে। সাহিত্যই আমাৰ অঞ্চলটোক, আমাৰ দেশখনক বিশ্বত চিনাকি কৰাই দিব।'- এইদৰে কয় দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ পৃথুৰাম বৰুৱাই। মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত মঙলদৈ সাহিত্য চ'ৰখৰ ২৪৪তম বৈঠকত প্ৰবন্ধ পাঠ কৰি বৰুৱাই সাহিত্য চ'ৰাত ভাষণবাজৰ বিপৰীতে সাহিত্য চৰ্চা , সাহিত্য পাঠে নতুন নতুন সাহিত্য সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, গীত-কবিতা, গল্প, প্ৰবন্ধ পাঠ আৰু সাহিত্য আলাপৰে মুখৰিত হৈ পৰে মঙলদৈ চহৰৰ বেগা নদীৰ পাৰ। বসন্তৰ মধুৰতম সময় হৈছে এই বহাগ। বহাগৰ আবেলি অৰ্ধশতাধিক সাহিত্যিকৰ উপস্থিতিত অধিক মধুময় হৈ পৰে সাহিত্য চ'ৰাৰ বৈঠক। মানৱ সমাজক কাক বেছি প্ৰয়োজন― পাৰিবাৰীক সুখ-শান্তি লাভ কৰা এজন সফল পতি আৰু পিতৃ ছক্ৰেটিছক নে মহাদাৰ্শনিক ছক্ৰেটিছক? সুখৰ সাগৰত সাঁতুৰী-নাদুৰি থকা লিংকনক নে নতুন আমেৰিকা নিৰ্মাণ কৰা মহানায়ক লিংকনক?- বৈঠকত আৰম্ভণিতে বিশিষ্ট সাহিত্যিক তথা নিবন্ধকাৰ মুনিন্দ্ৰ বৈশ্যই এইদৰে কয়। উদীয়মান শিল্পী তাৰা শংকৰ শইকীয়াই বকুলৰ সুগন্ধি গীতেৰে আৰম্ভণি কৰা আৰু সাহিত্যিক তথা সাহিত্য চ'ৰাৰ সভাপতি তৰুণ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুস্থিত বৈঠকত বিন্দু ৰাজবংশী কলিতাই কান্ধত মোনাখন নামৰ প্ৰবন্ধ পাঠৰ জৰিয়তে অসমত ১৪খনকৈ কেন্সাৰ চিকিৎসালয় উপহাৰ দিয়া ৰতন টাটাক কৃতজ্ঞতা জনাই মোনাখনৰ আক্ষৰিক গুৰুত্ব বাখ্যা কৰে। সেইদৰে লিলি বৈশ্য কলিতাৰ 'কথাটো গুপুতে থাকক' নামৰ কবিতাই জীৱনৰ চন্দ্ৰ দাঙি ধৰে। কলাইগাওঁ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক শ্বাশ্বতী শৰ্মাৰ 'কবিতা এৰি যাব নোৱাৰো', পপী চহৰীয়াৰ চিগাৰেট, দ্বীপেন বৰুৱাৰ বহাগীলৈ চিঠি, মামনি গোস্বামীৰ এটি ৰাতি পুৱাল, অৰুণ বৰুৱাৰ কবিতা , চপাই সাহিত্য সভাৰ সভাপতি কৈলাশ শৰ্মাৰ কৰুণা বিষয়ক গল্প, প্ৰবীন বৰুৱাৰ এধানী মৰমৰ বুলনী, আনিমা চহৰীয়াৰ বসন্তৰ আগমন, আদিয়ে সকলোকে আপ্লুত কৰে। সাহিত্য চ'ৰাৰ সম্পাদক পদ্মেশ্বৰ চহৰীয়াই আঁত ধৰা সভাখনত অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা , মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা , সম্পাদক লক্ষীনন্দন কলিতা , আছুৰ বিত্ত সম্পাদক খনিন্দ ৰাজবংশী , অন্যান্য পিছপৰা উন্নয়ন বৰ্ডৰ অধ্যক্ষ জিন্তু মনি বৰুৱা , সাংবাদিক মকচেদ আলী , লোকেশ্বৰ বৰুৱা, উজ্জ্বল জোতি ডেকা আদিয়ে অংশগ্ৰহণ কৰে। Search for:
11ac6cc286874f91cdfbed3b491ee031cb5af515b92905fcbd50fc8a1dbde7a8
প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত 'মিছ শ্ৰীলংকা নিউয়ৰ্ক' প্ৰতিযোগিতাত নিজৰ মাজতে কাজিয়াত লিপ্ত হোৱা দেখা গ'ল। অনুষ্ঠানটো যোৱা শুকুৰবাৰে অনুষ্ঠিত হৈছিল। কিন্তু এতিয়া সেই যুঁজখনৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছত এতিয়া চৰ্চা লাভ কৰিছে। জানিব পৰা গৈছে যে 'মিছ শ্ৰীলংকা নিউয়ৰ্ক' প্ৰতিযোগিতাৰ পাৰ্টিৰ পিছতে যুঁজখন সংঘটিত হৈছিল। ভাইৰেল ভিডিঅ'টোত অনুষ্ঠানটোৰ এটা পৰ্যায়ত তাত উপস্থিত মহিলা আৰু পুৰুষসকলে ইজনে সিজনক চৰ-ভুকু, গোৰ আৰু আনকি মাটিত পেলাই লৈ মাৰপিটত লিপ্ত হোৱাও দেখা গৈছে। বাতৰি অনুসৰি, ৩০০ ৰো অধিক অতিথিয়ে সৌন্দৰ্য প্ৰতিযোগিতাৰ এই আয়োজনত অংশগ্ৰহণ কৰিছিল। কিন্তু অতিথিসকলৰ মাজত কিহৰ বাবে কাজিয়া আৰম্ভ হৈছিল সেইটো স্পষ্ট নহয়। তাত কিছুমান সামগ্ৰীও ক্ষতিগ্ৰস্ত হৈছিল। সংঘৰ্ষৰ সন্দৰ্ভত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে কঠিন অৰ্থনৈতিক পৰিস্থিতিৰ সন্মুখীন হোৱা শ্ৰীলংকাক সহায় কৰিবলৈ নিউয়ৰ্কত 'মিছ শ্ৰীলংকা' প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b2389e591646c6d393998768e363158a99bdb6b8ea7713a4cf66f58ae26283c1
চিতাৰা - দ্য ৱেলনেছ ষ্টুডিঅ'ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক (Daily Horoscopes)। মেষ (Aries ): মাৰ্চ 21-এপ্ৰিল 19 : বিপদত পৰা আনৰ কাষত থিয় হোৱাৰ ফলত কষ্ট হ'ব পাৰে। এই মুহূৰ্তত এইটো এটা অতি গতিশীল দিন। অৱশ্যে, যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে, আপুনি উন্নত ফলাফল পাব। বৃষ (Taurus) : এপ্ৰিল 20-মে 20 পৰিৱৰ্তনশীল পৰিৱেশ স্বত্বেও পৰিস্থিতি অনুকূল হ'বলৈ গৈ আছে। এজন নতুন বন্ধুৱে জীৱনত অতি প্ৰয়োজনীয় ইতিবাচকতা আনিব পাৰে। মিথুন (Gemini ) : মে 21- জুন 21: আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। মানুহে পৰিয়ালত অধিক সময় অতিবাহিত কৰিব বিচাৰে। কৰ্কট (Cancer ): জুন 22- জুলাই 22 : যিসকলে আগতে প্ৰশংসা কৰিছিল তেওঁলোকে আজি ও কৰিব। কিন্তু আপুনি আপোনাৰ অনুভূতিবোৰ ইজনে সিজনৰ সৈতে ভাগ বতৰা কৰিব লাগিব। সিংহ (Leo): জুলাই 23- আগষ্ট 22 : ভয়, উদ্বিগ্নতা, নিদ্ৰাহীনতা, এইবোৰ অস্থায়ী সময়ৰ বাবে থাকিব। প্ৰয়োজনতকৈ বেছি চিন্তা কৰাৰ কোনো কাৰণ নাই। ভাৰসাম্য ৰখাটো অলপ কঠিন হ'ব পাৰে কিয়নো বহুতো ঘটনা কম সময়ত ঘটিছে। কন্যা (Virgo): আগষ্ট 23-ছেপ্টেম্বৰ 22 : আনকি আপুনি অতীতৰ এটা ঘটনাৰ ওপৰত বিশ্বাস হেৰুৱালেও, ই এতিয়া লাহে লাহে ঘূৰি আহিব। ৰুটিন অনুসৰি কাম কৰিলে জীৱনত আশ্চৰ্যজনক বস্তু হ'ব পাৰে। তুলা (Libra ): ছেপ্টেম্বৰ 23- অক্টোবৰ 23: কেতিয়াবা আনকি সৰল বস্তুবোৰেও জটিল সমস্যা সমাধান কৰে। ইয়াক চেষ্টা কৰি চাব পাৰি। বৃশ্চিক (Scorpio): অক্টোবৰ 24 - নৱেম্বৰ 21: এজনে নিজৰ ভাগ্যক ধন্যবাদ জনাব লাগে কিয়নো এজনে আনৰ অধীনত থাকিব নালাগে। যদি কোনো বিষয়ত মানসিক অসন্তুষ্টি থাকে, তেন্তে হঠাতে এজন জ্যেষ্ঠই সহায় পাব পাৰে। ধনু (Sagittarius ): নৱেম্বৰ 22 - ডিচেম্বৰ 21 যদি কোনোবাই অতীতত প্ৰতিভাৰ ওপৰত সন্দেহ কৰিছে, তেওঁলোকে এতিয়া আপোনাৰ মূল্যৰ বিষয়ে অৱগত হ'ব। কামৰ সৈতে আৱেগ মিহলি কৰাটো কেতিয়াও উচিত নহয়। মকৰ (Capricorn) : ডিচেম্বৰ 22 - জানুৱাৰী 19 : বাস্তৱবাদী চিন্তাৰ বাবে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা সহজ হ'ব। এই মনোভাৱেই জীৱনত যথেষ্ট সুযোগ দিব। কুম্ভ (Aquarius): জানুৱাৰী 20- ফেব্ৰুৱাৰী 18: দীঘলীয়া অপেক্ষাৰ পিছত, বিচাৰৰ ৰায় সফল হ'ব। অত্যাধিক চিন্তা কৰিলে স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। মীন (Pisces ): ফেব্ৰুৱাৰী 19 - মাৰ্চ 20: সকলো বস্তু আপোনাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনি অধিক ধৈৰ্য্যশীল হ'ব লাগিব, তেতিয়াহে সফলতা আহিব। পিতৃ-মাতৃৰ পৰিচিত যিকোনো বন্ধুৱে অনন্য সুযোগ প্ৰদান কৰিব পাৰে। শ্বাহৰুখ খানৰ সৈতে কাম কৰা এই অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বতে খলকনি তুলিছে ? অভিনেত্ৰীগৰাকীক চিনি পাইছেনে ? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
13562ae9e47e3e6314d05542e5f81249171e8dbed96a63cef288061b39131259
আজিৰ খবৰ, গুৱাহাটী, ১৬ ডিচেম্বৰ : বিশিষ্টা লেখিকা , অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লনী দত্তৰ প্ৰথমখন কবিতা পুথি " জীৱন এক বোৱতী নৈ , এক নষ্টালজিয়া " আজি গুৱাহাটীৰ ৰাজগড় লিংক ৰোডস্থিত সৈনিক ভৱনৰ সভাগৃহত উন্মোচন কৰা হয় । এশৰো অধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক বেদব্ৰত মিশ্ৰই । এই উপলক্ষে প্ৰণীতা শৰ্মাই আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসঙ্গত বেদব্ৰত মিশ্ৰই কবিতা পুথিখনত থকা কেবাটাও কবিতাৰ মাজেৰে কবি লনী দত্তৰ সাহিত্যিক প্ৰতিভা সুন্দৰকৈ ফুটি উঠিছে বুলি ব্যক্ত কৰে আৰু পাঠক ৰাইজে আদৰি লব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ , বিশিষ্ট লেখক ঐশ্বৰ্য কাকতি আৰু ডাঃ নীলিমা ঠাকুৰীয়া হকে ভাষণত পুথিখনত কবিয়ে শৈশৱৰ পৰা বাৰ্ধক্যলৈ নাৰীৰ জীৱনৰ কেতবোৰ অনুভৱ , অভিজ্ঞতা দাঙি ধৰিবলৈ কৰা প্ৰয়াসৰ শলাগ লয় । আনহাতে বিশিষ্টা লেখিকা , গীতিকাৰ জীমনি চৌধুৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানত কবি লনী দত্তই পুথিখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে । অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰদ্বয় বলীন দত্ত আৰু ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ , ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম'ডৰ কমলেশ চন্দ্ৰ চৌধুৰীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখযোগ্য যে পাণবজাৰৰ এম আৰ পাব্লিকেশনে প্ৰকাশ কৰা কবিতা পুথিখনত ৪৫ টা কবিতা সন্নিৱিষ্ট কৰা হৈছে ।
b11618483c48e9fb65a712d264f87dab58e1a9f1e6185fd88870236b1564d95b
ডিজিটেল ডেস্কঃ বেংগালুৰুৰ পৰা আৰম্ভ হৈ সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয় হৈ পৰা ইকমাৰ্চ চাইট ফ্লিপকাৰ্ট আমেৰিকাৰ বৃহৎ ইকমাৰ্চ কোম্পানী ৱালমাৰ্ট ইংকে ক্ৰয় কৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে। ১ লাখ কোটিৰো অধিক দৰ উঠিব লগা ফ্লিপকাৰ্টৰ ৬০ ৰপৰা ৮০ শতাংশ শ্বেয়াৰ ক্ৰয় কৰি বৃহত্তৰ খুচুৰ বিক্ৰেতা কোম্পানীটোৱে প্ৰতিদ্বণ্ডী এমেজন আৰু আলিবাবাৰ সৈতে ভাৰতীয় বজাৰত ফেৰ মাৰিবলৈ চেষ্টা চলাব। ফ্লিপকাৰ্টৰ ক্ৰয় প্ৰায় চুড়ান্ত পৰ্যায়লৈ আহিব পৰা বুলি জানিব পৰা গৈছে আৰু ইয়ে হ'ব ভাৰতীয় ইকমাৰ্চ চাইটত এতিয়ালৈকে হোৱা সৰ্বাধিক বিনিয়োগ। উল্লেখ্য যে ফ্লিপকাৰ্ট প্ৰতিষ্ঠা কৰা শচীন বাঞ্চাল আৰু বিন্নী বাঞ্চাল প্ৰথমে এমেজনৰে কৰ্মচাৰী আছিল। দ্ৰুত গতিত বৃদ্ধি পোৱা ভাৰতৰ অনলাইন ক্ৰয়ৰ ক্ষেত্ৰখনত ৱালমাৰ্ট, এমেজন আৰু আলিবাবাৰ প্ৰতিযোগীতামূলক দখলৰ চেষ্টাত গ্ৰাহক লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। Thank you for contacting us! © News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.
756a0311cf0c6ba2e32d82e2a3f3ab32ec2547e15677811d43ed40c4d32fde8d
আজি দিনদুপৰতে বৰপেটা জিলাৰ পাঠশালা নগৰত সংঘটিত এক চুৰিকাৰ্যৰ ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, পাঠলাশা নগৰৰ ৩ নং ৱাৰ্ড ৰমেশ নগৰৰ এঘৰ লোকৰ পৰা আজি চোৰে বৃহৎ পৰিমাণৰ ধনৰ লগতে সোণৰ আ-অলংকাৰ আৰু মূল্যবান সাজ-পোচাক লুটি নিয়ে। ঘটনাৰ বিৱৰণি অনুসৰি এছ ডি অ' কাৰ্যালয়ৰ কৰ্মচাৰী চিত্ৰ বৰুৱা নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ আজি দিনৰ প্ৰায় ১১ঃ৩০ পৰা ১ বজাৰ ভিতৰত চোৰে এই অভিযান চলায়। পিছত এই কথা গম পাই তেওঁলোকে পাঠশালা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমক জনোৱা মতে পিছফালৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰা চোৰে তেওঁলোকৰ ঘৰৰ পৰা নগদ ৩৪,০০০ টকা, প্ৰায় ৭ তোলাৰ সোণৰ আ-অলংকাৰ, মূল্যবান সাজ-পোচাক তথা এখন এ টি এম কাৰ্ডৰ লগতে অন্যান্য কেইবাবিধ সামগ্ৰী লুটি নিয়ে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b6ad7d09477950333f6673cb7e9795c60b348f501447105fe8669e8c7c01da50
(Child Development & Pedagogy) ব্যক্তি বিভিন্নতা হৈছে, পৃথিৱীত বসবাস কৰা প্ৰতিজন ব্যক্তিয়েই এজন আনজনৰ পৰা পৃথক। এই বিভিন্নতা আমি সকলো দিশতে দেখা পাওঁ। যেনে- শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি ক্ষেত্ৰত ব্যক্তি বিশেষে পাৰ্থক্য পৰিলক্ষিত হয়। সেয়ে শিক্ষাৰ মূল লক্ষ্য হৈছে শিশুৰ অন্তৰ্নিহিত শক্তিসমূহৰ বিকাশ সাধন কৰা। সেয়েহে ব্যক্তিক নিজ নিজ মনো-দৈহিক ক্ষমতা আৰু অৱস্থাৰ বুজ লোৱা আৰু সেই অনুপাতে শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত মনোবিজ্ঞানীসকলে বৰ্তমান গুৰুত্ব আৰোপ কৰা দেখা যায়। ইয়াৰ হ্বাবে ব্যক্তি স্বাধীনতা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় কথা। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই বিশেষভাৱে ব্যক্তি বিভিন্নতাৰ ওপৰত গুৰুত্ব দিছে। ব্যক্তি বিভিন্নতাৰ কাৰণ বংশগত আৰু পৰিবেশজনিত দুয়োটাই হ'ব পাৰে। মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা ব্যক্তি বিভিন্নতাৰ যথেষ্ট গুৰুত্ব আছে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচি তথা যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে শিক্ষা প্ৰদান কৰা উচিত। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত শক্তিৰ বিকাশ সাধন সম্ভৱ হয়। সেয়েহে প্ৰত্যেকজন শিক্ষকৰে ব্যক্তি বিভিন্নতাৰ ধাৰণা স্পষ্ট হ'ব লাগে। ইয়াৰ বাবে শিক্ষকসকলে নিজৰ শিক্ষণ পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচিৰ ওপৰত লক্ষ্য ৰাখি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও পাঠ্যক্ৰম গতিশীল হোৱা উচিত। ইয়াত বিভাজিত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিলে যথেষ্ট সুবিধা হয়। 'আগ্ৰহ'ৰ অৰ্থই কোনো বিষয়ৰ লগত ব্যক্তি 'জড়িত থকা' বা 'সম্বন্ধ থকা' কথাকে বুজায়। গতিকে যি বস্তু বা বিষয়ে ব্যক্তিমনৰ লগত একাত্মিক সম্বন্ধ গঢ়ি তোলে, সিয়েই তেওঁৰ বাবে আগ্ৰহৰ বিষয় হৈ উঠে। আনহাতে যি ব্যক্তিৰ মন স্পৰ্শ কৰিব নোৱাৰে, তেনে বস্তু বা বিষয়েই হয় অগ্ৰহবিহীন। গতিকে ইয়াৰ পৰা ক'ব পাৰি যে আগ্ৰ্হ হৈছে মনৰ এক অন্তৰ্নিহিত অৱস্থা। ব্যক্তিমনৰ এই অন্তৰ্নিহিত আগ্ৰহৰ কেতবোৰ উৎস জন্মলব্ধভাৱে পোৱা হয়। প্ৰবৃত্তি, আবেগ, অনুভূতি, কামনা, প্ৰেৰণা আদি সহজাত জৈৱিক প্ৰৱণতাসমূহ এই প্ৰসংগত উল্লেখযোগ্য। এই মানসিক অৱস্থাবোৰেই মানুহৰ মনত আগ্ৰহৰ জন্ম দিয়ে। পুনৰাবৃত্তিৰ ফলত যিকোনো কামৰ সম্পাদন ঐচ্ছিক পৰ্যায়ৰ পৰা নিশ্চেষ্ট পৰ্য্যায়লৈ পৰিণত কৰাকেই অভ্যাস গঠন বুলি কোৱা হয়। স্বাভাৱিকতে, অভ্যাস হৈছে অনুশীলনৰ ফল। প্ৰথমে যি কাম কৰিবৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন হয়, অভ্যাস গঠন হোৱাৰ পাছত সেই কাম বিনা আয়াসতে যান্ত্ৰিকভাৱে কৰিব পৰা হয়। ক)অভ্যাসত পৰিণত হ'লে যি কোনো কামৰ সম্পাদন নিখুত হয়। খ)অভ্যাসত পৰিণত হোৱা যিকোনো কামৰ সম্পাদনাত চিন্তাশক্তি, মনোযোগ, ইচ্ছাশক্তি আদি উচ্চ মানসিক প্ৰক্ৰিয়াসমূহৰ প্ৰয়োগ প্ৰায় নোহোৱা হয়গৈ। গ)অভ্যাসত পৰিণত হোৱা কাম কৰোঁতে দৈহিক শক্তিৰ ব্যৱহাৰ নিম্নতম পৰিমাণত হয়। ঘ)যিকোনো কাৰ্য অভ্যাসত পৰিণত হ'লে তাক সহজে পৰিত্যাগ কৰা টান। ঙ)অভ্যাসে মানুহৰ বুদ্ধি বৃত্তি, যুক্তি ক্ষমতা, কল্পনা শক্তি, সৃজনী শক্তি, চিন্তাশক্তি আদি বিকাশ হোৱাত সহায় নকৰে। বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণেৰে প্ৰৱণতাৰ অৰ্থ দাঙি ধৰিছে। কিছুমানৰ মতে প্ৰৱণতা হৈছে এবিধ জন্মগত সামৰ্থ্য আৰু আন কিছুমানৰ মতে প্ৰৱণতা হ'ল শিকাৰ সুথিলতা। এই বিলাক সাঙুৰি প্ৰৱণতাৰ সংজ্ঞা এইদৰে দিব পাৰি- "কোনো কাৰ্য্য বা বিষয় বা বৃত্তি আয়ত্ত্ব কৰিবৰ বাবে থকা প্ৰৱল স্বাভাৱিক ক্ষমতাকে প্ৰৱণতা বোলে"। শিক্ষাৰ্থীয়ে জীৱনত উপযুক্ত পাঠ্যক্ৰম বাছি লওঁতে বা সেইদৰে কৰ্মজীৱনত জীৱিকাৰ পথ বাছি ল'লে পাছত অসুখী আৰু অকৃতকাৰ্য্য হোৱাৰ সম্ভৱনাই সৰহ। বিভিন্ন ধৰণৰ কামৰ বাবে বিভিন্ন ক্ষমতাৰ প্ৰয়োজন। মটৰ গাড়ী মেৰামতি কৰা মিস্ত্ৰী এজন যান্ত্ৰিক সামৰ্থ্য থকা প্ৰয়োজন। তেওঁৰ কাৰণে বাক শক্তিৰ বিশেষ প্ৰয়োজন নাই। আনহাতে, উকীল এজনৰ কাৰণে প্ৰখৰ বাক শক্তিৰ প্ৰয়োজন, যান্ত্ৰিক সামৰ্থ্যই তেওঁৰ বৃত্তিত বিশেষ সহায়তা নকৰে। সেইদৰে হিচাপ পত্ৰ ৰখা এজন কৰ্মচাৰী সংখ্যাৰ লেনদেনৰ ক্ষেত্ৰত পাকৈত হোৱা প্ৰয়োজন। সেয়েহে সকলো ব্যক্তিৰে প্ৰৱণতা পৰিমাপ কৰা প্ৰয়োজন। মনোবিদসকলে উপযুক্তভাৱে প্ৰৱণতা জুখিব পৰা অভীক্ষা তৈয়াৰ কৰিবৰ বাবে বিভিন্ন কামৰ প্ৰয়োজনীয় ক্ষমতা খুটি নাটি মাৰি বিশ্লেষণ কৰি বুজিবলৈ চেষ্টা কৰে। ইয়াকে বৃত্তি বিশ্লেষণ বোলে। শিক্ষাৰ ক্ষেত্ৰত প্ৰৱণতাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ছাত্ৰ-ছাত্ৰীৰ সহজাত আৰু আৰ্জিত প্ৰৱণতাৰ ওপৰত তেওঁলোকৰ ভৱিষ্যতৰ কৃতকাৰ্য্যতা বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে প্ৰৱণতাৰ পৰিমাপন বিদ্যালয়ৰ কাৰণে এক অতি প্ৰয়োজনীয় দায়িত্ব। বুদ্ধি হৈছে ব্যক্তিৰ সহজাত এক বিশিষ্ট গুণ বা ক্ষমতা যাৰ যোগেদি পৰিবেশৰ পৰা অভিজ্ঞতা আহৰণ কৰিব আৰু তাৰ উপযুক্ত প্ৰয়োগ কৰিব পাৰি। ই এনে এবিধ বহল পৰিসৰৰ সাধাৰণ গুণ যি এজন লোকৰ দেহ মানসিক গাঁথনি শক্তিশালী আৰু কৰ্মক্ষম কৰি তোলে, ব্যক্তিগত ক্ষমতা বা যোগ্যতা এক বিশিষ্ট ৰূপত গঢ় দি তোলে। ই ব্যক্তি পাৰ্থক্যৰ মূল কাৰণ বা উৎসস্বৰূপ। এই গুণ আপেক্ষিকভাৱে স্থায়ী আৰু ই ব্যক্তিৰ সকলোবোৰ দেহ-মানসিক ক্ৰিয়া আচৰণ নিৰ্ধাৰণ, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। সেইবাবে ব্যক্তিয়ে কৰা আচৰণত বুদ্ধি প্ৰতিফলিত হৈ উঠে। ক)বুদ্ধি হৈছে ব্যক্তিৰ এক জন্মগত বা বংশগত স্বাভাৱিক ক্ষমতা যি সচৰাচৰ স্থায়ীভাৱে লাভ কৰা হয়। গ)ব্যক্তিৰ শিক্ষণ ক্ষমতা, যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল। ঘ)শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল হ'লেও বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়। ঙ)ব্যক্তিৰ বিমূৰ্ত চিন্তন ক্ষমতা বুদ্ধিৰ পৰিচায়ক। ঘ)বহুকাৰক বা অৰাজক তত্ত্ব। (Click here for Previous Part) (Click here for Next Part) Subscribe to: Post Comments ( Atom ) facebook count=51.5K; youtube count=2.8M; twitter count=31.7K; instagram count=17.4K;
01db016d00e68b698ee75c46f59b959a42b002e5e93a8ae7d99bdbfb0b1d3e31
ডিজিটেল ডেস্কঃ ৩১ আগষ্টত অন্তিমগৰাকী আমেৰিকান সেনাই আফগানিস্তানৰ ভূমি ত্যাগ কৰাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত। ইতিমধ্যেই তালিবানীয়ে বন্ধ কৰি দিছে কাবুল বিমানবন্দৰ। সন্ত্ৰস্ত লোকসকলৰ যেন বন্ধ হৈ পৰিল বহিঃজগতৰ সৈতে সকলোধৰণৰ সংযোগ। পলায়নৰ সকলো পথ হেৰুৱাই পেলোৱা এইসকল লোকে এতিয়া ঢাপলি মেৰিছে আফগানিস্তান সীমান্তৰ পিনে। দেশখনৰ পাকিস্তান অথবা ইৰাণ সীমান্তত এতিয়া হাজাৰ-বিজাৰ মানুহে শাৰী-পাতি ৰৈছে। সকলোৰে উদ্দেশ্য এটাই-যিকোনো উপায়েৰে এৰিব লাগে সেই দেশৰ ভূমি। খাইবাৰ পাছৰ সমীপৰ তোৰখামত কৰ্মৰত এগৰাকী পাকিস্তানী বিষয়ই কয় যে, 'বৃহৎ সংখ্যক আফগান লোকে এতিয়া পাকিস্তান সীমান্তত মাথোঁ এবাৰ দ্বাৰ খোলাৰ বাবে অপেক্ষা কৰি আছে'। হাজাৰ হাজাৰ লোকে আকৌ বাহৰ পাতিছে ইৰান সীমান্তৰ ইছলাম কালা পোষ্টত। উল্লেখ্য যে, কাবুলৰ পৰা আমেৰিকান সেনাই ৩১ আগষ্টত দেশত্যাগ কৰাৰ পূৰ্বে মুঠ ১২,৩০০০গৰাকী ব্যক্তিক উদ্ধাৰ কৰিছিল। তথাপি আফগানিস্তানত প্ৰায় লক্ষাধিক ব্যক্তিয়ে এতিয়াও দেশত্যাগৰ বাবে উদ্বাউল হৈ ৰৈছে। এইক্ষেত্ৰত জাৰ্মানীৰ দৰে দেশে দুৰ্গত আফগান নাগৰিকক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিছে। জাৰ্মান চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে, বিভিন্ন উন্নয়নমূলক সংগঠনৰ সৈতে কাম কৰি অহা ১০,০০০ৰ পৰা ৪০,০০০ গৰাকী আফগান নাগৰিকক আশ্ৰয় প্ৰদান কৰিবলৈ তেওঁলোক সাজু। আনহাতে উজবেকিস্তানৰ ভূ-সীমান্ত এতিয়া বন্ধ হৈ আছে যদিও দেশখনেও জাৰ্মানীলৈ আফগান লোকসকলক প্ৰেৰণ কৰাৰ কামত সহায়ৰ হাত আগবঢ়বলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সোমবাৰে এক প্ৰস্তাৱযোগে তালিবানক দেশত্যাগ কৰিব বিচৰা লোকসকলক এক নিৰাপদ প্ৰস্থানৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছে। তালিবানেও বিদেশী শক্তিৰ বাবে কাম কৰি অহা সকলো আফগান লোককে ক্ষমাদান কৰাৰ কথা ঘোষণা কৰিছে। তেওঁলোকে সকলো আফগান লোকক নিজ দেশলৈ উভতি আহি দেশখনৰ পুনঃৰ্নিমাণৰ কামত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। তথাপি কিন্তু তালিবানী অত্যাচাৰৰ প্ৰত্যক্ষ অভিজ্ঞতা থকা আফগান লোকসকল যেন শংকামুক্ত হ'ব পৰা নাই। সেই শংকাৰেই প্ৰমাণ সীমান্তত শাৰী পতা দেশ ত্যাগৰ বাবে উদ্বাউল হাজাৰ হাজাৰ নাগৰিক! Share : Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
36a507fbaf15e6220d346d55e43465396067d4adf9b0255f63122dd777c41c9b
Android : বিশ্বশান্তিৰ বাবে সৰ্থেবাৰীৰ নসত্ৰত আয়োজিত সাদিনীয়া কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তনৰ ধৰ্মালোচনী সভাত উপস্থিত থাকি ধন্য হৈছোঁ। Android : গুৰুজনাৰ মহান আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক চেতনাক আদৰ্শ হিচাপে লৈ সমন্বয় আৰু ভাতৃত্ববোধৰ এখন শক্তিশালী সমাজ গঢ়িবলৈ সকলোকে আহ্বান জনালোঁ। আজি ভকত-বৈষ্ণৱসকলৰ সৈতে একেলগে প্ৰসাদ গ্ৰহণ কৰি পৰম তৃপ্তি লভিছোঁ। জামুগুৰিহাটৰ পৱিত্ৰ পাঞ্চজন্য ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, অসমৰ সাংস্কৃতিক সমন্বয় যাত্ৰাৰ লগতে ৰাজ্যিক যুৱ আৰু শোণিতপুৰ জিলা আই মাতৃ সমাৰোহত ভক্তিপ্ৰাণ ৰাইজৰ মাজত উপস্থিত থাকিবলৈ পাই ধন্য হৈছোঁ। Android : সহজ বেংকিং ব্যৱস্থা, সহজলভ্য ঋণ ব্যৱস্থা, উদ্যমীসকললৈ সহযোগিতা আদি গুৰুত্বপূৰ্ণ পদক্ষেপে অসমৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে আত্মনিৰ্ভৰ অসমৰ সপোনক আগুৱাই লৈ গৈছে। মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়া, আত্মনিৰ্ভৰ অসমৰ যাত্ৰাক নতুন গতি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।
abac8c177318e51ff55e9bfe5fd96f4c3c76b5c426467dd7aecf16ec757a6ab7
W7s news গুৱাহাটীঃ ৰ'টাৰী ক্লাব গুৱাহাটী লুইটৰ উদ্যোগত ৰাষ্ট্ৰীয় চিপিআৰ দিৱস উপলক্ষে ১৭-২৪ জুলাইলৈ এক সাপ্তাহজোৰা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। জিএছ ৰোডৰ চেন্ট্ৰেল মল কমপ্লেক্সত বোটাৰী ক্লাব গুৱাহাটী লুইট আৰু ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্রিক্স, গুৱাহাটী শাখাৰ সহযোগত আজি ৰাইজৰ বাবে এক কার্ডিঅ' পালমোনাৰী ৰিচাচিটেচন (চিপিআৰ) সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। বোটাৰী লুইটৰ সভাপতি ৰাজীৱ জৈনে কয় যে ৰাজহুৱা স্থানত চিপিআৰ সজাগতা কার্যসূচী আয়োজন কৰাৰ আঁৰত থকা ক্লাবটোৰ মুখ্য উদ্দেশ্য হৈছে অধিকসংখ্যক লোকক সজাগ আৰু প্ৰশিক্ষণ দিয়া। তেওঁ আৰু কয় যে ১০ জনৰো অধিক চিকিৎসক আৰু স্বেচ্ছাসেৱকৰ এটা দলে সাধাৰণ ৰাইজক কাৰ্ডিঅ' পালমোনারী ৰিচাচিটেচন (চিপিআৰ) সম্পৰ্কে অৱগত কৰে, আৰু কয় যে চিপিআৰে জৰুৰীকালীন অৱস্থাত জীৱন ৰক্ষাৰ কৌশল প্ৰদান কৰে যেনে উশাহ লোৱা বা হৃদস্পন্দন বন্ধ কৰা। চিকিৎসকসকলে ৰাইজক পৰামৰ্শ আগবঢ়াই কয় যে চিপিআৰে এজন ব্যক্তিক তেজ চলাচল কৰাত সহায় কৰিব পাৰে। জৰুৰীকালীন ঔষধ চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে গুৰুত্বপূৰ্ণ সেৱা নোপোৱালৈকে মগজু আৰু অন্যান্য গুৰুত্বপূৰ্ণ অঙ্গবোৰলৈ প্ৰবাহিত হোৱা। চিপিআৰৰ জৰিয়তে ৰাইজে তাৎক্ষণিকভাৱে ৩ টা লাভালাভৰ সন্মুখীন হ'ব। বিশেষকৈ প্ৰথমটো হ'ল জীৱন ৰক্ষা কৰা, কার্ডিয়াক এৰেষ্ট মাৰাত্মক যদি লগে লগে চিকিৎসা কৰা নহয়, ৰোগীৰ পাৰে। দ্বিতীয়টো আত্মবিশ্বাস অৰ্জন কৰা, দক্ষতাৰ বিষয়ে জানিলে নিজৰ আত্মবিশ্বাস বৃদ্ধি হ'ব পাৰে। চিপিআৰ জনা ব্যক্তি এজন সমাজৰ এজন গুৰুত্বপূৰ্ণ সদস্য আৰু তেওঁ ঘৰত থাকক বা ৰাজহুৱা স্থানত থাকক যিকোনো লোকক যিকোনো সময়তে তেওঁৰ সেৱা প্ৰদান কৰিব পাৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ চলচ্চিত্ৰৰ এগৰাকী প্ৰখ্যাত অভিনেত্রী জাৰিফা ৱাহিদ। তেওঁ গুৱাহাটী লুইটৰ ৰ'টাৰী ক্লাব আৰু ইণ্ডিয়ান একাডেমী অব পেডিয়াট্রিক্স, গুৱাহাটী শাখাৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ কয় যে বোটাৰী গুৱাহাটী লুইটৰ দ্বাৰা ৰাজহুৱা স্থানত চিপিআৰ প্ৰশিক্ষণ লাভ কৰিলে জীৱন ৰক্ষা কৰিব পাৰে। তেওঁ কয় যে এনে ধৰণৰ আৰু প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা উচিত। হৃদযন্ত্ৰৰ আক্ৰমণৰ পিছত চিকিৎসালয়ত উপস্থিত হোৱাৰ মাজতে, সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি মানুহৰ মূল্যবান জীৱন ৰক্ষা কৰিব পাৰি। চিকিৎসকসকলে গুৰুত্ব প্ৰদান কৰে যে চিপিআৰ প্ৰশিক্ষণে অক্সিজেনযুক্ত তেজ ৰখাত সহায় কৰে। মগজু আৰু অন্যান্য গুৰুত্বপূৰ্ণ অঙ্গবোৰলৈ প্ৰবাহিত হোৱাটো স্বাভাবিক হৃদযন্ত্ৰৰ ছন্দলৈ পুনৰুদ্ধাৰ কৰা হয়। চিপিআৰ প্ৰশিক্ষণত আপোনাৰ সময় বিনিয়োগ কৰাটো অত্যন্ত লাভজনক। কার্ডিও পালমোনাৰী ৰিচাচিটেচন, যাক অধিক জনা যায়। ৰ'টাৰী গুৱাহাটী লুইতৰ অধ্যক্ষ জৈনে প্ৰশিক্ষণ প্ৰদান কৰা চিকিৎসকৰ দল আৰু চেণ্ট্ৰেল মলৰ পৰিচালনাকে ধৰি সাধাৰণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। চিপিআৰ প্ৰশিক্ষণ কাৰ্যসূচীত বহু সংখ্যক লোক আৰু ক্লাবৰ সদস্যই অংশগ্ৰহণ কৰে। No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
3f9f53177c13409246b0eaa864f32647e9e569cad84999ebbb8bb267efd9f1a2
ভাৰতৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিব পাৰিব বুলি অষ্ট্ৰেলিয়াৰ প্ৰাক্তন লেগ স্পীনাৰ ব্ৰেড হগে তাৎপৰ্যপূ্ৰ্ণ মন্তব্য কৰিছে। হগে টুইটাৰযোগে কয়, 'বৰ্তমান সময়ত ৰোহিত শৰ্মাই একমাত্ৰ ক্ৰিকেটাৰ যিয়ে এই কামটো কৰিবলৈ সক্ষম হ'ব। তেওঁৰ ষ্ট্ৰাইকৰেট ভাল, সুন্দৰ টাইমিং আৰু ফিল্ডৰ চাৰিওফালে শ্বট খেলিব পৰা ক্ষমতা আছে'। উল্লেখ্য যে ২০০৭ চনৰ ছেপ্তেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল ৰোহিত শৰ্মাৰ। ৰোহিতে এই পৰ্যন্ত ৯৪ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৩২.৩৭ গড়ে ২৩৩১ ৰান সংগ্ৰহ কৰিছে। ১৩৭.৬৮ ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰা ৰোহিতে এই পৰ্যন্ত চাৰিটা শতক আৰু ১৬টা অৰ্ধশতক অৰ্জন কৰিছে। উল্লেখ্য যে সীমিত অভাৰৰ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিন্সে দ্বিশতক অৰ্জনৰ কাষ চাপিছিল। তেওঁ ২০১৮ চনত জিম্বাৱে বিৰুদ্ধে ৭৬ টা বলত ১৭২ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইটোৱে সৰ্বাধিক ব্যক্তিগত স্ক'ৰ। ইফালে টি-২০ত ৰোহিতৰ সৰ্বোচ্চ স্ক'ৰ হ'ল ১১৮। এদিনীয়াত ব্যক্তিগত সৰ্বোচ্চ স্ক'ৰৰ ৰেকৰ্ড ৰোহিত শৰ্মাৰ নামতেই আছে। ২০২৪ত শ্ৰীলংকাৰ বিৰুদ্ধে ২৬৪ ৰানৰ অভূতপূৰ্ব ইনিংছ খেলিছিল। তেওঁ এদিনীয়াত তিনিটা দ্বিশতক অৰ্জন কৰা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ ক্ৰিকেটাৰ। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
0311ddaaa54137ae6f7bf21d7e451d3b7f7923eb6babdc56a3adbfb52b11f0ae
ক'ভিদ মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰিয়াই সকলোৰে বাবে লকডাউন আৰোপ কৰিব আৰু টিকাকৰণ বাধ্যতামূলক কৰিব। আজি এই কথা ঘোষণা কৰিছে চেঞ্চেলৰ আলেকজেণ্ডাৰ শ্বালেনবাৰ্গে। "অষ্ট্ৰীয়াই অহা বছৰৰ ১ ফেব্ৰুৱাৰীৰ পৰা কোভিড-১৯ টিকাকৰণ বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে সোমবাৰৰ পৰা লকডাউন পুনৰ আৰম্ভ হ'ব আৰু ১০ দিনৰ পিছত মূল্যাঙ্কন কৰা হ'ব।" - শ্বালেনবাৰ্গে কয়। "কেইবা মাহধৰি অনুৰোধ জনোৱা স্বত্বেও আমি পৰ্যাপ্ত লোকক টিকাকৰণ কৰাৰ বাবে সৈমান কৰাত সফল হোৱা নাই" বুলি উল্লেখ কৰি শ্বালেনবাৰ্গে দেশখনৰ স্বাস্থ্য প্ৰণালীৰ ওপৰত আক্ৰমণৰ বাবে টিকাকৰণ কৰিবলৈ অস্বীকাৰ কৰা সকলক দোষাৰোপ কৰিছিল। এই সপ্তাহৰ আৰম্ভণিতে অষ্ট্ৰিয়াই ইতিমধ্যে টিকাকৰণ নকৰা বা শেহতীয়াকৈ আৰোগ্য নোহোৱা সকলৰ বাবে লকডাউন আৰম্ভ কৰিছে। ক'ভিদ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা প্ৰথম ইউৰোপীয় ইউনিয়নৰ দেশ হৈ পৰিছে অষ্ট্ৰিয়া। অন্যান্য ইউৰোপীয় দেশসমূহেও সমগ্ৰ মহাদেশত ঘটনাবৃদ্ধি হোৱাৰ লগে লগে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ'ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত? অসমৰ সন্তানেই নহয় বৰাকক অসমৰ পৰা পৃথক কৰিব খোজা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
21b26596e0b1ce469ee494956503aefd37cc6ef6978846b7cccd11848a3a5000
পশ্চিমবংগত যোৱা ২৪ ঘণ্টাত ক'ভিড -১৯ত নতুনকৈ ৮৫৩ জন ৰোগী আক্ৰান্ত হয়। ক'ভিড আক্ৰান্ত সকলৰ ভিতৰৰ ১৫ জন মৃত্যু হৈছে বুলি বুধবাৰে ৰাজ্যৰ স্বাস্থ বিভাগে জনায়। ৰাজ্যিক স্বাস্থ বুলেটিন অনুসৰি ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৭৯৪৫ জন। পশ্চিমবংগত এতিয়ালৈকে ক'ৰণা ভাইৰাছ সংক্ৰমণৰ পৰা মুঠ ১৫, ৭৩, ৫২০ জন লোক আৰোগ্য হয়। ৰাজ্যখনত সম্প্ৰতি মৃত্যুৰ সংখ্যা হৈছে ১৯,২৬৭ জন, তাৰ ভিতৰত ১৫ জন ৰোগী নতুনকৈ মৃত্যু হৈছে। ৰাজ্যখনত সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.৩৪ শতাংশত উপনীত হৈছে আৰু মৃত্যুৰ হাৰ হৈছে ১.২০ শতাংশ। পশ্চিমবংগত যোৱা ২৪ ঘণ্টাত সাত লাখৰো অধিক ভেকচিন প্ৰদান কৰা হৈছে। মঙলবাৰৰ পৰা বংগত ক'ভিড-১৯ ৰ বাবে ৪২,১১৩ টা নমুনা পৰীক্ষা কৰা হৈছিল। বুধবাৰে মুঠ ৪,২৯,৬৩, ৪২৪ জন লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে। MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
50f119e5b218e1da25c901a39556666c7aecc0d3ac342c90943381661295816d
স্তন্যপায়ী মহিলাৰ ক্ষেত্ৰত Information about safety of Insugen ৰ সুৰক্ষাৰ বিষয়ে কোনো তথ্য উপলব্ধ নহয় কাৰণ এইটো বিষয়ৰ ওপৰত এতিয়ালৈকে কোনো বৈজ্ঞানিক গৱেষনা কৰা হোৱা নাই। Insugen লোৱাৰ সময়ত মদ্যপানৰ পাৰ্শ্চক্ৰিয়াই দেখা দিব পৰাৰ সম্ভাৱনা কম। আপুনি যদি কোনো বিৰূপ প্ৰতিক্ৰিয়া দেখা পায়, আনুগ্ৰহ কৰি যথাসম্ভৱ সোনকালে চিকিত্সা পৰামৰ্শ লওক।
25a5121326f5d879508e3293ed03901d16a1e5555ea150de97112674dd1dff18
ডিজিটেল ডেস্ক : ১১ মহীয়া কঠোৰ পৰিশ্ৰমৰ পাছত ভাৰতীয় স্থল সেনাৰ বিষয়া হ'লগৈ লেফটেনেন্ট ৰিগজিন শ্বোৰোল । ইয়াৰ সৈতেই পূৰণ হ'ল লেফটেনেন্ট গৰাকীৰ প্ৰয়াত স্বামী তথা ভাৰতীয় সেনাৰ ৰাইফলমেন ৰিগজিন খাণ্ডাপৰ সপোন । ভাৰতীয় সেনাৰ ১১ মহীয়া প্ৰশিক্ষণৰ অন্তত সুদীৰ্ঘ সময়ৰ মূৰত নিজৰ সন্তানক বোকোছাত তুলি অনুভৱ ব্যক্ত কৰে লেফটেনেন্ট গৰাকীয়ে । লেফটেনেন্ট পদবী লাভ কৰি আনন্দত উৎফুল্লিত হৈ এই সফলতাৰ কৃতিত্ব আগবঢ়াই প্ৰয়াত স্বামীলৈ । এই সন্দৰ্ভত লেফটেনেন্ট গৰাকীয়ে প্ৰদান কৰা ভাষ্য অনুসৰি, তেখেতে প্ৰয়াত স্বামীৰ সপোনটো পূৰণ কৰিলে । সুদীৰ্ঘ ১১ মহীয়া হাড়ভঙা পৰিশ্ৰমৰ অন্তত স্বামীয়ে তেখেতক ভাৰতীয় সেনাৰ বিষয়া ৰূপত চাবলৈ বিচৰা সপোনটো পূৰণ কৰি অত্যন্ত সুখী ৰিগজিন শ্বোৰোল । ২০২১ চনৰ ডিছেম্বৰ মাহত প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰি ২০২২ বৰ্ষৰ ২৮ অক্টোবৰত সমাপ্ত কৰে প্ৰশিক্ষণ । উল্লেখ্য যে, তেখেতৰ স্বামী ৰিগজিন খাণ্ডাপ আছিল লাডাখৰ জেদাং চুম্পা বেটেলিয়েনৰ ৰাইফলমেন যি কৰ্তব্যৰত অৱস্থাত দেশৰ হৈ প্ৰাণ আহুতি দিছিল । ইয়াৰ ওপৰিও, কেৱল ৰিগজিনেই নহয় বৰং কেডেট হাৰভীন কৌৰেও প্ৰয়াত স্বামীৰ সপোন পূৰণ কৰি ভাৰতীয় সেনাত যোগদান কৰে একেই ১১ মহীয়া কঠোৰ পৰিশ্ৰমৰ অন্তত । হাৰভীন কৌৰৰ স্বামীয়ে সেনাৰ হৈ আত্মবলিদান দিয়াৰ সময়ত জলন্ধৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষয়ত্ৰী ৰূপে কৰ্মৰত আছিল কৌৰ । স্বামীৰ ত্যাগৰ পাছতেই সেনাত নামভৰ্তি কৰিছিল হাৰভীনে । হাৰভীনৰ স্বামীয়ে মেজৰ ৰূপে সেনাত কাৰ্যনিৰ্বাহ কৰি ২০১৯ চনত দেশৰ হৈ ত্যাগ কৰিছিল নিজৰ প্ৰাণ ।
aaa4c210c7c0b54aa9119c5a8199a4ffa580927cc5642a5d58f1707cc4f56db0
৯০ ৰ দশকৰ কথা - চাকৰি নেপাই ব্যৱসায় কৰি আছিলো ।গুৱাহাটী বিশ্ববিদ্যালয়ত এটা ৫০ লাখ টকাৰ ঘৰৰ নিৰ্মান কাৰ্য্যত নিবিদা দাখিল কৰিলো ।যথাবিহিত নিয়মনীতিৰ মাজেৰে কামটো পালো । আৰাম্ভনিৰ পৰাই কামটোৰ দায়িত্বত থকা জনে মোক মানসিক নিৰ্যাতন আৰম্ভ কৰিলে - পইচা বিচাৰি । মানসিক নিৰ্যাতন সহি সহি ৪ মাহত প্ৰায় ৮ লাখ টকাৰ কাম শেয কৰিলো । পইচা বিচাৰি নিৰ্যাতন কৰি আছে যদিও মই এপইচাও দিয়া নাই । এদিন ৰাতিপুৱা ৮ বজাতে লেণ্ড - লাইন ফোনত মোৰ তলত কাম কৰি থকা হেড-মিস্ত্ৰী জনে জনালে যে বিশ্ববিদ্যালয়ৰ এই কৰ্মচাৰী জনে অলপ আগতে ডাবি-ধমকি মাৰি প্ৰ্জেক্ট চাইটত থকা মোৰ ভঁড়াল ঘৰটোৰ পৰা লোহা - চিমেন্ট যাৰ মূল্য প্ৰায় ২৫ হাজাৰ টকা হ'ব - উঠাই লৈ গৈছে । নিমিষতে মোৰ সহকৰ্মী এজনক লগত লৈ জালুকবাৰীত উপস্থিত হলো । কাৰ্য্যবাহী অভিযন্তাৰ ৰুমত সোমাই চিঞৰি চিঞৰি সুধিলো ' এইবোৰ কি হৈছে ?' তেখেতে ৫ জন মান অইন কৰ্মচাৰীক লৈ য'ত অভিযুক্ত জনো আছে এখন মিটিং কৰিলে - মই মিটিঙত অভিযুক্ত জনক সুধিলো যে মোৰ ২৫ হাজাৰ টকাৰ লোহা-চিমেন্ট কিয় চোৰ কৰিলে - অভিযুক্ত জনে কলে যে চোৰ কৰা নাই - ধাৰলৈ বুলি নিছে । ময়ো মাত দিলো - ' ধাৰলৈ বুলি নিয়োতে কাক সুধিছিল - মালিক মইহে , ধাৰলৈ নিবলৈ ডাবি-ধমকি মৰাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম নেকি ?' আৰু অলপ কথা হোৱাৰ পিচতেই মই ওলাই গুছি আহিলো । নিৰ্মাণৰত বিশ্ববিদ্যালয়ৰ ঘৰটোৰ কাষতে থকা পানদোকানী এজন আৰু মিস্ত্ৰী চাৰিজন - যি সকল ৰাতিপুৱা কৰা চুৰি কাৰ্য্যটোৰ প্ৰত্যক্ষদৰ্শী আছিল , তেওঁলোকক মোৰ গাড়ীত লৈ চিধাই কাছাৰী ঘাটৰ উকীল বহা ঠাই খিনিলৈ ধাৱমান হ'লো -বায়ুবেগে আহি থাকোতে ৰাস্তাত চাৰ্টৰ ওপৰ পকেটত থকা চ'নীৰ মাইক্ৰ টেপ ৰেকৰ্ডাৰটো চলাই চালো - দুৰাত্মা সকলৰ স্বীকাৰোক্তি খিনি ঠিক মতে বানীবদ্ধ হৈছে নে নাই ।বৰ সুন্দৰ ভাৱে ৰেকৰ্ডিং হৈছে । ঘৰৰ পৰা জালুকবাৰীলৈ ওলাওতেই মই "ফুললী গীয়াৰ আপ" হৈ ওলাইছ , আজি হয় ইপাৰ-নহয় সিপাৰ মনোভাৱ লৈ -নিৰ্যাতন কিমান সহিম !বৰ ডাঙৰ অন্যায় কি কৰিব - ৮ লাখ টকাহে - দৰকাৰ হ'লে দিন - হাজিৰা কৰি খাব পৰা সক্ষমতা মোৰ আছে । কাছাৰী ঘাটৰ উকীল বহা ঘৰটোত মোৰ চিনাকী উকীল এজনৰ কাষত হাজিৰ হলো । এইজন উকীল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ এম.এ. আৰু তাৰ পৰাই আইনৰ স্নাতক ।তেওক সবিশেষ ক'লো আৰু ৫ খন এফিদেভিটৰ দিহা কৰিব ক'লো । ২ ঘন্টা মানৰ ভিতৰতে কাৰ্য্যবাহী দন্দাধীশৰ চীল-মোহোৰ মৰা এফিদেভিট ৫ খন হাতত পৰিল য'ত লিখা থাকিল যে ৰাতিপুৱাৰ চুৰি কাৰ্য্যৰ এওঁলোক হৈছে প্ৰত্যক্ষদৰ্শী আৰু এই কথা পিচত মিচা প্ৰমানিত হ'লে বা অস্বীকাৰ কৰিলে আইন মতে দন্দ বিহা হ'ব । মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইসময়ৰ মাননীয় উপাচাৰ্যলৈ মোৰ পেডত এখন দুপটীয়া পত্ৰ লিখি তৰিৎ গতিত আহি উপাচাৰ্য্যৰ কক্ষত হাজিৰ হ'লো । তেখেতক নিজ হাতে এফিদেভিট সহিতে মোৰ পত্ৰ খন দিলো ।গুৰুজন সকলে বহিব নোকোৱালৈ মই নবহো -পত্ৰ খনৰ হেড-লাইনটো চাই উপাচাৰ্যই মোক বহিব ক'লে ।১০ মিনিট পত্ৰ খন বিত্ং ভাৱে চাই উঠি মোক চাৰে ক'লে - তুমি এইখনৰ ৰিচিপ্ত এখন লৈ ঘৰলৈ যোৱা । ৰিচিপ্ত লৈ মই ঘৰলৈ গুছি আহিলো । সেইদিনা সদ্ধিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩ টা মান শাখা-কাৰ্যালয় আৰু অভিযুক্ত কৰ্মচাৰী জন বাস কৰা গাড়ীগাওঁ নামৰ ঠাই খন উত্তপ্ত হৈ উঠিল । ঘৰত মই মগজটো ঠান্দা কৰিবলৈ ভূপেন হাজৰিকাৰ - মানুহে মানুহৰ বাবে .... গানটো বজাই বহি থাকিলো । পিছদিনাখন বিশ্ববিদ্যালয়ৰ অভিযন্তা জনৰ চিঠি এখন ঘৰতে পালো - চিঠিত নিবিদাৰ চুক্তিপত্ৰৰ বিভিন্ন নিয়ম মতে মোৰ ওপৰত শীঘ্ৰে ব্যবস্থা ল'ব - ভাবুকি সম্বলিত চিঠি খন পাই মনতো ভাল লাগিল তেখেতৰ অজ্ঞানতা দেখি - সহজ সৰল মানুহ দেখি তেও হয়তো ভাবিছিল -এই দৰিকনাটোক মোহাৰি মাৰো -বপুৰাই গমেই পোৱা নাই যে কামটো সক্ৰান্ত চুক্তি পত্ৰ খন বৃটিছৰ যুগৰেই এফ -২ ফৰ্মত হৈছে । মই সাধাৰন ঠিকাদাৰ - মোৰ ভুল ভ্ৰান্টি হ'ব পাৰে - কিন্তু অ'থৰিটি হিচাপে তেও ভুল কৰিলে কোনো আদালতে তেওক ক্ষমা নকৰিব । এফ -২ ফৰ্মৰ সৰহ ভাগ নিয়মেই ঠিকাদাৰক দিব পৰা শাস্তি সম্পৰ্কে - কিন্তু এই খনত এটা বিশেষ নিয়ম আছিলে মোৰ সপক্ষে - আৰু এই নিয়মটোৰেই অ'থৰিটিক আদালতত তলমুৰ কৰিবলৈ মই বাধ্য কৰিব পাৰিম - মোৰ সপক্ষে থকা নিয়মটো হৈছে -অ'থৰিটিয়ে মোক মাহিলি বিলৰ ধন হিচাপ কৰি মাহে মাহে দিব লাগিব । মোক তেওলোকে ইমানেই নগুৰ-নাকতি কৰিছিল যে মইয়ো প্ৰ্ত্যাক্ৰমৰ বাবে এটা সু-সংঘবধ্ব আঁচনি তৈয়াৰ কৰি পেলাইছিলো - এনে কৰিলে তেনে কৰিম আৰু তেনে কৰিলে এনে কৰিম । অভিযন্তা জনৰ চিঠিৰ উত্তৰ হিচাপে মই মোৰ প্ৰাপ্য বিল বিছাৰি দুশাৰী বাক্যতে তেওলৈ পত্ৰ প্ৰেৰন কৰিলো ।১৫ দিনৰ ভিতৰত ৭ খন ভাবুকি থকা চিঠি -অ'থৰিটিৰ পৰা সংগ্ৰহ হ'ল , মই প্ৰতি খন চিঠিৰ উত্তৰ হিচাপে মাত্ৰ বিল খুজি চিঠি দিলো । সকলো চিঠিৰে ৰিচিপ্ট ৰাখিলো ।প্ৰ্ত্যাক্ৰমনৰ কাৰনে সকলো হাতত মজুত কৰি মই উকীল জনক প্লীডাৰ ন'টিচ চাৰ্ভ কৰিবলৈ সকলো কাগজ পত্ৰ তেওৰ হাতত জমা দিলো । ২) তেও পাব লগা ৮ লাখ টকাৰ লগতে তেওক কৰা মানসিক নিৰ্যাতন আদিৰ কাৰনে ৫ লাখ টকা ক্ষতি পুৰন আদায় দিব লাগিব । ৩)অহা ১৫ দিনৰ ভিতৰত এই প্লীডাৰ ন'টিচৰ সমুচিত উত্তৰ নাপালে ৰেচপণ্ডেণ্ট সকলৰ বিৰুদ্ধে অমুক আদালতত আইনৰ অমুক ধাৰা মতে আপোনালোকৰ বিৰুদ্ধে যথাবিহিত কেচ ৰুজু কৰা হ'ব । দুদিন পিছতেই -অ'থৰিটিয়ে মোৰ মৰম-চেনেহ বিচাৰি মোৰ ঘৰৰ পদূলিত থিয় হ'ল ।মইও তেওঁলোকক প্ৰায় ১০ দিন বিনিদ্ৰ ৰজনী যাপন কৰি জীৱনৰ সোৱাদ বিচাৰিব দিলো ।মুল অভিযুক্তজন চাকৰিৰ পৰা চাচপেণ্ড হ'ল - ন'টিচ চাৰ্ভ কৰাৰ ৭ দিন পিছতেই । বাতৰি-কাকতৰ শিৰোনামা দখল কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে - সেই সময়তে - বিভিন্ন কৌটি-টকীয়া বিত্তীয় অনিয়মৰ দ্বাৰা । ভাল শিৰোনামা দখল কেতিয়া কৰিব নাজানো -কিন্তু মাননীয় নৱ-নিযুক্ত উপাচাৰ্য্যদেৱে যাতে 'লুইতৰ পাৰ জিলিকাব পৰাকৈ -গুৱাহাটী বিশ্ববিদ্যালয়ক গঢ়িব পাৰে তাৰ আশা ৰাখিলো ।
dee0658a77ed5735c8e9cd70e4ca503ecb11af2fd630f4ee1d43c9b739ec788a
ভেলেণ্টাইন ডে'ৰ সৈতে জৰিত হৈ থাকে উপহাৰৰ কথা। প্ৰেমিক-প্ৰেমিকাই নানান উপহাৰৰ আদান-প্ৰদানেৰে মৰমৰ বিনিময় কৰে। শৰীৰৰ দুয়োটা কিডনিয়েই বিকল হৈ পৰাৰ উপক্ৰম ঘটিছিল ৰীতাবেনৰ। চিকিৎসকৰ মতেও এনেদৰে থাকিলে ৰীতাবেনৰ জীয়াই থকাৰ আশা তেনেই কম। এনে বিষম পৰিস্থিতিত স্বামী বিনোদে পত্নীৰ বাবে ল'লে এক বিশেষ সিদ্ধান্ত।বিনোদে ৰোগগ্ৰস্ত পত্নীক তেওঁৰ এটা কিডনি দান কৰাৰ সিদ্ধান্ত লয় আৰু সেই মৰ্মে আজিৰ এই প্ৰেমৰ দিনটোতে তেওঁ পত্নী ৰীতাবেনৰ বাবে কিডনি দান কৰে। আজি পুৱাই চিকিৎসকে অস্ত্ৰোপচাৰ কৰি বিনোদৰ কিডনি এটা ৰীতাবেনৰ দেহত সংৰোপন কৰাৰ দিহা কৰে। প্ৰেমৰ দিনটোতে পত্নীক কিডনি দান কৰিবলৈ পাই অতিকৈ সুখী বিনোদ। অস্ত্ৰোপচাৰ কক্ষলৈ যোৱাৰ পূৰ্বে বিনোদে কৈ গ'ল - প্ৰেমৰ দিনত পত্নীক দিব পৰা ইয়াতকৈ আৰু মূল্যৱান কিবা উপহাৰ থাকিব পাৰে বুলি তেওঁ নাভাবে।
0650b46d6f85c5eb5de760dec21cee717d274f0a3955a1e2b5abd355f171c6ea
Price Rise কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়ত মূল্যবৃদ্ধিক লৈ মঙ্গলবাৰে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস। বৈঠকত উপস্থিত আছিল বিভাগৰ বহু কেইজন শীৰ্ষ পৰ্যায়ৰ বিষয়া। ৰাজ্যত মূল্য বৃদ্ধিয়ে আকাশ স্পৰ্শ কৰাৰ সমান্তৰালকৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে। এনে পৰিস্থিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উচ্চপদস্থ বিষয়া আৰু জিলা উপায়ুক্তৰ সৈতে মন্ত্ৰী ৰঞ্জিত দাস বৈঠকত মিলিত হৈছে। বৰ্তমান ৰাজ্যত কিমান খাদ্য সামগ্ৰী মজুত আছে সেই বিষয়েও আলোচনা হৈছে এই বৈঠকত। লগতে, কামৰূপ মহানগৰ জিলা তথা ৰাজ্যখনত চলি থকা চাউল, দাইল, আটা, মিঠাতেল, আলু, পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পাচলিৰ পাইকাৰী আৰু খুচুৰা মূল্যৰ সৈতে জড়িত বিভিন্ন বিষয়ত উপস্থিত বিষয়া তথা প্ৰতিনিধিৰ সৈতে আলোচনা কৰা হয়। আজিৰ এই এই বৈঠকত উপস্থিত থাকে বিভাগীয় শীৰ্ষ বিষয়া, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া তথা চেম্বাৰচ অৱ কমাৰ্চকে ধৰি বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধি সকল। ইপিনে, খুচুৰা ব্যৱসায়ীয়ে যাতে অধিক দাম ল'ব নোৱাৰে তাৰ বাবে যোগান বিভাগ কঠোৰ হ'ব বুলি জানিব দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে। ইয়াৰ বাবে গঠন কৰা হ'ব টাস্ক ফৰ্চ আৰু প্ৰতিখন বজাৰত দামৰ পাৰ্থক্যৰ বুজ ল'ব এই টাস্ক ফৰ্চে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
277190dcf353851ea2c9d8700ec57b13791bbc1ab5cfd6c88f90c48937e373ba
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা, কামৰূপ অসমৰ যৌথ উদ্যোগত জিলা শৈক্ষিক অন্তঃকৰণ গোটৰ দ্বাৰা প্ৰকাশিত অনলাইন শৈক্ষিক পত্ৰিকা "গুৰুবাৰ্তা"ৰ ইতিমধ্যে দুটা সংখ্যা প্ৰকাশ হৈছে । প্ৰথম দৃষ্টিতেই দেখিবলৈ পাইছো তিনিমহীয়া শৈক্ষিক আলোচনীখনে শিক্ষা জগতৰ নানান বা-বাতৰি আৰু আলোচনাৰ লগতে গল্প, কবিতা, জ্ঞান-বিজ্ঞান, সংস্কৃতি, ক্ৰীড়া, পৰিৱেশ, ৰং-তুলিকা আদি সকলো ক্ষেত্ৰকে অগ্ৰাধিকাৰ দিছে । আলোচনী খনৰ সম্পাদনাৰ দায়িত্বত শিক্ষাখণ্ডৰ লোকসকল জড়িত হৈ থকাৰ সুবাদত শিক্ষা বিষয়ক লেখাবোৰ উচ্চমানৰ আৰু সময় উপযোগী হৈছে । বিশেষকৈ ক'ভিড সংক্ৰমণৰ জটিল পৰিস্থিতিত সময়ে বিচৰা ধৰণে অনলাইন মাধ্যমেৰে আলোচনী এখনৰ আৰম্ভণি প্ৰশংসনীয় । ইয়াৰ মূলতেই আলোচনী খনৰ লগত জড়িত শিক্ষা বিষয়া, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা সমাজৰ ভিন্নজন ধন্যবাদৰ পাত্ৰ । শিক্ষক-শিক্ষয়িত্ৰী সকল যিদৰে আলোচনীখনৰ লগত জড়িত হৈছে তেনেদৰেই 'অকণিৰ আকাশ' শীৰ্ষক শিতানটিৰ জড়িয়তে অনাগত দিনত বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক কেনেকৈ জড়িত কৰিব পৰা যায় তাৰ ব্যৱস্থা হাতত ল'ব বুলি আশা কৰিছোঁ । ছপা আলোচনী বা অনলাইন আলোচনী দুয়োৰে ক্ষেত্ৰত মনোগ্ৰাহী আৰু জনপ্ৰিয় হোৱাৰ মূল চালিকা শক্তিয়েই হৈছে আলোচনীখনৰ মানদণ্ড আৰু প্ৰকাশৰ সঠিক সময় । মানদণ্ড অবিহনে যিদৰে আলোচনী এখনক পাঠকে আদৰি নলয় একেদৰে প্ৰকাশৰ সময় অনিয়মীয়া হ'লেও পাঠক মোহভংগ হয় । এই দুয়োটা দিশকে সম্পাদনা সমিটিয়ে গুৰুত্বসহকাৰে লোৱাৰ লগতে অনলাইন আলোচনীৰ ক্ষেত্ৰত পাঠক যিহেতু পৃথিৱীব্যাপি থাকে, সেয়ে বিষয়বস্তুবোৰো সৰ্বব্যাপী প্ৰভাৱিত হোৱাতো প্ৰয়োজন । ছপা আলোচনীৰ ক্ষেত্ৰত প্ৰতিটো সংখ্যাৰ বাবে নিৰ্দ্দিষ্ট পৃষ্ঠা সংখ্যা থকাৰ বিপৰীতে ইতিমধ্যে প্ৰকাশিত বহু অনলাইন আলোচনীত প্ৰতিটো সংখ্যাৰ বাবে সুনিৰ্দ্দিষ্ট কলেবৰ নাথাকে যাৰ ফলত লেখকে যিটো সংখ্যাত বেছিকৈ লেখা পঠিয়ায় সেই সংখ্যাৰ কলেবৰ বৃদ্ধি হোৱাৰ বিপৰীতে কিছু কিছু সংখ্যা তেনেই সৰু কলেবৰৰ হয় । যাৰ ফলস্বৰূপে, মানদণ্ডও নিম্নমানৰ হয় । মই ভাৱো, গুৰুবাৰ্তাই এইবোৰ সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ দিশত নজৰ ৰাখি এক সুস্থ শৈক্ষিক জাগৰণ সৃষ্টি কৰিব । সদৌশেষত, গুৰুবাৰ্তালৈ অভিনন্দন আৰু আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
03d9100e9ff309f2611f53c4fae5610c5c2ded7c4a85a9f367d06d6673c16a18
উত্তৰ প্ৰদেশৰ মথুৰাস্থিত বৃন্দাবন গাৰ্ডেন হোটেলত আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। এই ভয়াৱহ অগ্নিকাণ্ডত হোটেলখনৰ দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। আনহাতে আন দুগৰাকী ব্যক্তি এই অগ্নিকাণ্ডত গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে। দুয়োগৰাকী ব্যক্তিকে লগে লগে স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰকাশিত খবৰ অনুসৰি, হোটেলখনৰ ওপৰৰ মহলাত অকস্মাতে জুই লাগে। জুইৰ উৎপত্তি হোৱা কোঠাটোত হোটেলখনৰ দুগৰাকী কৰ্মচাৰী আৱদ্ধ হৈ আছিল। অগ্নিকাণ্ডৰ পিছতে তাৎক্ষণিকভাৱে ঘটনাস্থলীলৈ ৩ খন অগ্নি নিৰ্বাপক গাড়ী প্ৰেৰণ কৰা হয়। অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰীৰ দলে লগে লগে উদ্ধাৰ অভিযান চলাই হোটেলখনৰ দ্বিতীয় মহলাৰ পৰা প্ৰায় ৭০ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। অগ্নিকাণ্ডত নিহত হোৱা হোটেলখনৰ কৰ্মচাৰী দুগৰাকীক উমেশ আৰু বীৰ সিং বুলি চিনাক্ত কৰা হৈছে। আনহাতে এইপৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই বুলি হোটেল কৰ্তৃপক্ষই জানিবলৈ দিছে। ইফালে হোটেলখনত অগ্নি প্ৰতিৰোধৰ কোনো ব্যৱস্থা নাছিল বুলিও অভিযোগ উত্থাপিত হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
9f9f6316eedef1fa2748261db935bec347855115a6f0ab67ce1e874d47bcee71
১৯৮৭ চনৰ জুলাই মাহত 'গণিত বিকাশ' নামৰ দ্বিভাষীক (অসমীয়া আৰু ইংৰাজী) ছমহীয়া আলোচনীখনে আত্ম-প্ৰকাশ কৰে। আলোচনীখনে ইতিমধ্যে ২৫ বছৰ অতিক্ৰম কৰিছে। আলোচনীখনৰ প্ৰথম সম্পাদক ড° অমলা বেজবৰুৱা ('অমলা বাইদেউ')। অসম গণিত শিক্ষায়তনে ২০১০ চনৰ পৰা প্ৰকাশ কৰা গণিত বিষয়ক জাৰ্নেলখন হ'লঃ- Journal of the Assam Academy of Mathematics (JAAM), ISSN No. 2229-3884. শিক্ষায়তনে বৰ্তমান প্ৰতি বছৰৰ মে' মাহত মেথলেটিক্স প্ৰতিযোগিতা আৰু ছেপ্তেম্বৰ মাহত গণিত অলিম্পিয়াদ (Regional Mathematical Olympiad, RMO) অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাসমূহ বৰ্তমান প্ৰায় ৪৬ টা পৰীক্ষা-কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। ১৯৮৭ চনৰ ১১ জুন তাৰিখে মুঠ আঠটা কেন্দ্ৰত প্ৰথমবাৰৰ বাবে Regional Mathematical Olympiad (RMO) পতা হৈছিল; তেতিয়া মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩৭২ জন। সেই প্ৰতিযোগিতা পাতিবৰ বাবে বহু বাধা-বিঘিনি অতিক্ৰম কৰিব লগা হৈছিল; কোনো মহাবিদ্যালয়ৰ অধ্যক্ষই তেওঁৰ মহাবিদ্যালয়ত প্ৰতিযোগিতা পতিবলৈও দিয়া নাছিল। শিক্ষায়তনে পতা গণিত অলিম্পিয়াদৰ চতুৰ্থ কেটেগ'ৰিত (একাদশ-দ্বাদশ শ্ৰেণী) প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক ড° সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদকেৰে পুৰস্কৃত কৰা হয়। গণিত আলিম্পিয়াদৰ তৃতীয় কেটেগ'ৰিত (নৱম-দশম শ্ৰেণী) প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক ৰাজেন দাস স্মাৰক বঁটা আৰু দ্বিতীয় স্থান পোৱা প্ৰতিযোগীগৰাকীক প্ৰাঞ্জল তালুকদাৰ স্মাৰক বঁটাৰে পুৰস্কৃত কৰা হয়। গণিত আলিম্পিয়াদৰ প্ৰতিটো কেটেগ'ৰিত প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক দুৰ্গেশ্বৰ দাস স্মৰক বঁটাৰে পুৰস্কৃত কৰা হয়। ৰাজ্যিক ভিত্তিক কুইজ প্ৰতিযোগিতাৰ তৃতীয় কেটেগ'ৰিত (নৱম-দশম শ্ৰেণী) প্ৰথম হোৱা দলটোক ড° অমলা বেজবৰুৱা স্মাৰক বঁটা প্ৰদান কৰা হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হোৱা দ্বদশ শ্ৰেণীৰ (বিজ্ঞান আৰু কলা শাখা) পৰীক্ষাত গণিতত সৰ্বোচ্চ নম্বৰ পোৱাৰ লগতে সৰ্বোচ্চ গড় নম্বৰ পোৱাজনক হলিৰাম দত্ত স্মাৰক স্বৰ্ণ-পদক প্ৰদান কৰা হয়। শিক্ষায়াতনে ৰাঁচীৰ বিৰলা ইন্সটিটিউট অৱ টেকন'ল'জিৰ ভূতপূৰ্ব অধ্যাপক ড° ৰাধাচৰণ গুপ্তাৰ পৰা পোৱা অনুদানেৰে গণিত ইতিহাসৰ সম্বন্ধে R C Gupta Endowment বক্তৃতা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। টোকাঃ- ওপৰৰ তথ্যখিনি প্ৰধানকৈ "অনুক্ৰম", "গণিত বিকাশ"ৰ কেইটামান সংখ্যা আৰু বিভিন্ন উৎসৰ পৰা গোটোৱা হৈছে। উল্লেখযোগ্য যে এই তথ্যখিনিয়ে অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) ৰ সম্পৰ্কে সামান্য ধৰণাহে প্ৰকাশ কৰিছে।
30465174acc9e15925e53322262d0d19ac5a6f53b424900a7943babade21f865
মানুহে নিজৰ মস্তিস্কটোৰ মাত্ৰ ১০ শতাংশহে ব্যৱহাৰ কৰে নেকি? - বিকাশপেডিয়া\nমূল পৃষ্ঠা / স্বাস্থ্য / জীৱনৰ সত্যসমূহ / মানুহে নিজৰ মস্তিস্কটোৰ মাত্ৰ ১০ শতাংশহে ব্যৱহাৰ কৰে নেকি?\nমানুহে নিজৰ মস্তিস্কটোৰ মাত্ৰ ১০ শতাংশহে ব্যৱহাৰ কৰে নেকি বাৰু সেই বিষয়ে ইয়াত বহলভাৱে দিয়া হৈছে।\nমানুহে নিজৰ মস্কিটোৰ মাত্ৰ ১০ শতাংশহে ব্যৱহাৰ কৰে নেকি? তেতিয়াহ'লে বাকী ৯০ শতাংশৰ আৰু কিছুও ব্যৱহাৰ কৰিব পাৰিলে দেখোন আমাৰ বুদ্ধি, জ্ঞান, মানসিক শক্তি আৰু বহুখিনি বঢ়াই তুলিব পাৰিম। তেনেকৈ মস্তিস্কটোৰ অব্যৱহৃত অংশৰ ব্যৱহাৰ কৰিব পাৰিলে আমাৰ গতিশক্তি বহুখিনি বাঢ়ি যাব আৰু তেতিয়া পৰীক্ষাত ভাল কৰি, কর্মক্ষেত্ৰত নাম কৰি আমি অধিক প্রতিষ্ঠাও লাভ কৰিব পাৰিম।\nকিন্তু আমি আমাৰ মস্তিষ্কৰ মাত্ৰ ১০ শতাংশহে ব্যৱহাৰ কৰা বোলা কথাটো একেবাৰে মিছা কথাহে। চিকিৎসা বিজ্ঞানৰ নানা কথাৰেই এনে মিছা বিশ্বাস চলি আহিছে। অৱশ্যে আমাৰ চিন্তাৰ যন্ত্ৰ আৰু স্মৃতিৰ ভঁৰাল মস্তিস্কটোৰ বিষয়ে আমাৰ ভ্রান্ত বিশ্বাসৰ সীমা-সংখ্যা নাই।\nমস্তিষ্কৰ আমি মাত্র ১০ শতাংশহে ব্যৱহাৰ কৰোঁ বোলা বৈজ্ঞানিক সত্য যেন লগা ধাৰণাটো ক'ৰবাৰ পৰা কেনেবাকৈ এই কাৰণেই ইমানকৈ প্ৰচাৰ হৈছিল যে কথাটোৰ এটা সুন্দৰ আৱেদন আছে। সেয়া হ'ল ১০ শতাংশ মস্তিষ্ক ব্যৱহাৰ কৰিয়ে যদি আমি ইমানখিনি বুদ্ধিমান হ'লোঁ, তেনেহ'লে বাকী ৯০ শতাংশৰো যিমানেই বেছি অংশ ব্যৱহাৰ কৰিব পাৰিম, সিমানেই বেছি বুদ্ধিমান, সৃষ্টিশীল আৰু সফল হ'ব পাৰিম। তাৰ বাবে নানা উপায়-পৰামৰ্শ বহুতে দিছে যদিও সেই সমস্ত কথা সম্পূর্ণ ভিত্তিহীন।\nপ্ৰথমতেই এই কথা পৰিষ্কাৰ কৰি লোৱাৰ প্রয়োজন হয় - ১০ শতাংশৰ কথা যে কোৱা হয়, কিহৰ দহ শতাংশ? যদি মস্তিষ্কটোৰ অঞ্চলবোৰৰ ১০ শতাংশৰ কথা বুজোৱা হৈছে, তেনেহ'লে এই ধাৰণা বৰ সহজেই নাকচ কৰিব পাৰি। ফাংছনেল মেগনেটিক ৰিজ'নেন্স ইমেজিং (এফএম আৰ আই) নামৰ এটা পদ্ধতি ব্যৱহাৰ কৰি কয় বিজ্ঞানীসকলে কোনো ব্যক্তিক এটা স্কেনিং মেচিনত সুমুৱাই দি সেই ব্যক্তিয়ে কিবা এটা কাম কৰিলে বা কিবা এটা চিন্তা কৰিলে তেওঁৰ মস্তিষ্কটোৰ কোন অংশ সক্ৰিয় হৈ উঠে, সেইটো চাব পাৰে। আপোনাৰ হাতখন মুঠি মাৰি ধৰা বা মুঠিটো খোলা, নাইবা কেইটামান শব্দ কোৱাৰ নিচিনা কাম এটা কৰোঁতেও আপোনাৰ মস্তিষ্কটোৰ দহ শতাংশতকৈ বেছি অংশ ব্যৱহৃত হয়। আনকি, আপুনি যেতিয়া একো কৰি থকা নাই বুলি ভাবে, সেইখিনি সময়তো আপোনাৰ মস্তিস্কটোৱে নানা কাম কৰি থাকে, সেয়া হয়তো আপোনাৰ উশাহ-নিশাহ লোৱাৰ দৰে কাম নিয়ন্ত্ৰণ কৰা বা হৃদযন্ত্ৰৰ চলনৰ হাৰ নিয়ন্ত্ৰণ কৰা, নাইবা আপোনাৰ কৰিবলগীয়া কামৰ তালিকাখনৰ কথা ভবাও হ'ব পাৰে। মুঠৰ ওপৰত, আপোনাৰ মস্তিষ্কটোৰ কামেই কাম, তাৰ মুঠেই আহৰি নাই।\nআমাৰ খৰচী মস্তিষ্ক\nআনহাতে, যদি ১০ শতাংশ বোলোঁতে মস্তিষ্কৰ অঞ্চলবোৰৰ ১০ শতাংশৰ কথা নুবুজাই 'মস্তিষ্ক কোষ'ৰ ১০ শতাংশৰ কথা বুজোৱা হৈছে, তেনেহ'লে সেইটোও নচলে। মস্তিষ্কটোৰ স্নায়ু কোষ নিউৰনবোৰৰ কিছুমান যেতিয়া এলাগি হৈ থাকে, সিহঁতৰ বিভংগন আৰম্ভ হয়, তেতিয়া সিহঁতৰ মৃত্যু হয়। নাইবা ওচৰৰ কোনো অঞ্চলে সিহঁতক আগুৰি লয়। মস্তিষ্কৰ কোনো কোষেই সেইবাবে একেবাৰে অকৰ্মণ্য হৈ থাকিবলৈ দিয়া নহয়, সিহঁতক তেনেকৈ বহুৱাই ৰাখিব নোৱাৰি কাৰণ সিহঁত বৰ মূল্যৱান। আচলতে আমাৰ মস্তিষ্কৰ বাবে আমাৰ যথেষ্ট সম্পদৰ খৰচ হয়। ছাজিঅ'ডেলা ছেলা নাম সজ্ঞনতা-স্নায়ু বিজ্ঞানীগৰাকীৰ মতে আমাৰ মস্তিষ্কটোৰ কলাবোৰ জীৱিত অৱস্থাত ৰাখিবৰ বাবে আমি উশাহ লোৱা অক্সিজেনৰ ২০ শতাংশ খৰচ হয়।\nআমেৰিকাৰ বাল্টিম'ৰৰ জন হুপকিন্ছ স্কুল অৱ মেডিচিনৰ স্নায়ু বিজ্ঞানী বেৰি গর্ডনে কৈছে যে এই ১০ শতাংশৰ বিশ্বাসটো বৰ আকর্ষণীয়। কিন্তু বৰ হাস্যকৰো। কোনেনো ক'ত এই ভুল বিশ্বাসটো আৰম্ভ কৰি দিলে কোৱাটো বৰ টান। কিন্তু বহুতে ইয়াৰ জনক হিচাপে আমেৰিকাৰ মনোবিজ্ঞানী আৰু লেখক উইলিয়াম জেম্ছলৈ আঙুলি টোৱায়। তেওঁ ১৯০৮ চনত প্ৰকাশিত তেওঁৰ পুথি 'দ্য এনার্জিজ অৱ মেন"ত মন্তব্য কৰিছিল যে 'আমি আমাৰ সম্ভৱপৰ মানসিক আৰু শাৰীৰিক সম্পদ অতি ক্ষুদ্ৰ অংশ এটাহে ব্যৱহাৰ কৰোঁ।' বহুতে আকৌ আইনষ্টাইনলৈও আঙুলিয়াই দিয়ে- কাৰণ তেওঁ তেওঁৰ মহাজাগতিক চূড়াসদৃশ বুদ্ধিদীপ্ততাৰ ব্যাখ্যা দিবলৈ এই বুলি উল্লেখ কৰিছিল বুলি কোৱা হয়। কিন্তু আইনষ্টাইনৰ নথি-পত্ৰৰ গৱেষকসকলে ইয়াৰ কোনো প্ৰমাণ পোৱা নাই।\n১০ শতাংশৰ এই ভ্রান্ত বিশ্বাসটো যে ইমান দিন ধৰি সমাজত চলি আহিছে, তাৰ কাৰণ হ'ল মানুহৰ নিজৰ মস্তিষ্কৰ বিষয়ে গঢ়ি উঠা ধাৰণা। তেওঁলোকে নিজৰ চকুত পৰা অদক্ষতা বা ভুল-ত্ৰুটিবোৰকে মস্তিষ্ক বা মগজুৰ বহু অংশ ব্যৱহৃত নোহোৱাৰ সাক্ষ্য বুলি ভাবে। এয়া হ'ল এক অশুদ্ধ ধাৰণা। শুদ্ধ কথাটো হৈছে এয়ে যে আমাৰ জীৱনৰ কোনো কোনো মূহুর্ত, যেনে আমি জিৰণি লৈ কিবাকিবি ভাবি-চিন্তি থকা অৱস্থাত আমি আমাৰ মস্তিষ্কৰ মাত্র ১০ শতাংশহে ব্যৱহাৰ কৰিব পাৰোঁ।\nসমস্ত মস্তিষ্ক ব্যস্ত\nপৰীক্ষাত ওলাই পৰে যে আমি আমাৰ মস্তিস্কৰ প্রায় সমস্ত অংশই ব্যৱহাৰ কৰোঁ। তদুপৰি প্ৰায় সকলো সময়তে আমাৰ মস্তিষ্কটোৰ প্ৰায় গোটেইটোৱেই সক্ৰিয় হৈ থাকে। এইখিনি কথা কৈছে স্নায়ু বিজ্ঞানী বেৰি গর্ডনে। তেওঁ কৈছে আমি এনেকৈহে ক'ব পাৰোঁঃ আমাৰ মস্তিষ্কটো আমাৰ শৰীৰৰ ওজনৰ তিনি শতাংশ আৰু ই শৰীৰৰ শক্তিৰ ২০ শতাংশ ব্যৱহাৰ কৰে।\nমানুহৰ মস্তিষ্কটোৰ গড় ওজন প্রায় ১৩০০ গ্রাম। ইয়াৰ চেৰিব্ৰাম নামৰ ডাঠ, ডাঙৰ অংশটোত উচ্চ পৰ্যায়ৰ সমস্ত সজ্ঞানতামূলক কার্য সম্পাদন হয়। সজ্ঞানতামূলক শব্দৰ অৰ্থ হ'ল অজ্ঞান আহৰণ আৰু বোধ-সৃষ্টি সম্বন্ধীয়। মস্তিষ্কৰ আন এক গুৰুত্বপূর্ণ অংশ হ'ল ছেৰিবেলাম-ই আহ-যাহ, অংগ সঞ্চালন আৰু ভাৰসাম্য ৰক্ষা আদিৰ দৰে ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে। তাৰ বাহিৰেও থাকে মস্তিষ্কৰ ঠাৰিডাল ইয়াৰ কাম হ'ল মানুহজনে নিজে চেষ্টা নকৰাকৈ সহজাতভাৱে চলি থকা কামবোৰ, যেনে - উশাহ-নিশাহ লোৱা কাম আদি চলাই ৰখা।\nমস্তিষ্কটোৱে খৰচ কৰা শক্তিৰ অধিকাংশ খৰচ হয় তাৰ কোটি কোটি স্নায়ুকোষ নিউৰন সক্ৰিয় কৰি তোলাত বা 'জ্বলাই তোলাত। এই নিউৰনবোৰে ইটোৱে সিটোৰ লগত বার্তা বিনিময় কৰাৰ বাবে এনেদৰে "জ্বলি উঠা'ৰ প্ৰয়োজন হয়। বিজ্ঞানীসকলে ভাবে যে নিউৰনবোৰে এনেকৈ সক্ৰিয় হৈ উঠা আৰু সংযোগ স্থাপন কৰা বাবেই উচ্চ পৰ্যায়ৰ কামবোৰ সম্ভৱ হৈ উঠে। বাকী অংশ শক্তি অন্য কার্যকলাপবোৰ, যেনে- হৃদযন্ত্ৰৰ ধপ্ধপনিৰ হাৰৰ দৰে অসজাগভাৱে কৰা কাম আৰু গাড়ী চলোৱাৰ দৰে সজাগভাৱে কৰা কাম, নিয়ন্ত্ৰণ কৰাত ব্যৱহৃত হয়।\nএই কথা সঁচা যে মস্তিষ্কটোৰ সকলো অঞ্চল একেখিনি সময়তে সক্ৰিয় হৈ নাথাকে। কিন্তু মস্তিষ্কৰ গৱেষকসকলে ফটো তুলি পৰীক্ষা কৰি দেখিছে যে শৰীৰৰ অংগসমূহৰ দৰে আমাৰ মস্তিষ্কৰো প্ৰায় সকলো অঞ্চলেই ২৪ ঘণ্টীয়া সময় এছোৱাত চালে সদায় সক্ৰিয় হৈ থাকে। আমেৰিকাৰ মিনেছ'টাৰ ৰ'চেষ্টাৰৰ মেয়ো ক্লিনিকৰ স্নায়ু বিজ্ঞানী জন হেনলিয়ে কয় - 'পৰীক্ষাত প্রমাণিত হৈছে যে দিনটোত আমাৰ মস্তিস্কটোৰ ১৫০ শতাংশই আমি ব্যৱহাৰ কৰোঁ। ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে আনকি টোপনিটো আমাৰ মস্তিষ্কৰ ফ্ৰণ্টেল কর্টেক্স আদি অঞ্চল সক্ৰিয় হৈ থাকে। ফ্রন্টেল কর্টেক্সে আমাৰ চিন্তাৰ উচ্চ পর্যায় আৰু আত্মসজাগতা নিয়ন্ত্ৰণ কৰে। তাৰ ফলতে টোপনিতো আমি আমাৰ পৰিৱেশ বা চৌপাশৰ বিষয়ে অৱগত হৈ থাকে।\nনিউৰনৰ সামগ্রিক কার্য\nৰাতিপুৱা কেতিয়াবা চাহকাপ নিজে কৰি খায়নে? যদি কৰে, চাহ কৰা বাচনটোৰ ফালে আগবাঢ়ি যোৱা, সেইটো ঢুকি পোৱা আৰু ধৰি ঠিক ঠাইলৈ অনা, কেট্লিটোৰ পৰা পানী বাকিতাত চাহ কৰা, আনকি সময়ত সিদ্ধান্ত লৈ তাত গাখীৰ ঢালিবলৈ ঠাই ৰখা এইবোৰ কথাত আপোনাৰ মস্তিষ্কৰ অক্সিপিটেল আৰু পেৰায়েটেল ল'ব, মটৰ ছেন্সৰি আৰু ছেন্সৰি মটৰ কটিক্সবোৰ, বেছেল গেংলিয়া, ছেৰিবেলাম আৰু ফ্ৰণ্টেল ল'ব নামৰ অঞ্চলবোৰ সক্ৰিয় হৈ উঠে। সেইখিনি সময়তে আপোনাৰ মস্তিষ্কটোৰ ভিতৰত নিউৰনবোৰৰ কার্যকলাপৰ এক বিজুলী-ধুমুহা চলি যায় সি সমগ্র মস্তিষ্কটোতেই চলে। এই কাম কেইছেকেণ্ডমান সময়ৰ ভিতৰতে হ'ব পাৰে। নাইবা, কেইমিনিটমানতে।\nতেনেহ'লে কোনো মানুহৰ মস্তিষ্কৰ কোনো অংশ নষ্ট হ'লে বা কোনো ৰোগৰ বাবে ৰোগীৰ মস্তিস্ক কিছু অংশ আঁতৰাই দিব লগা হ'লে তেওঁৰ কি হ'ব? হেনলি আৰু আন বিশেষজ্ঞসকলে পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিছে যে তেনে মানুহৰ মস্তিষ্কৰ সুস্থ বা অৱশিষ্ট অঞ্চলবোৰ হেৰোৱা অংশবোৰৰ দায়িত্ব গ্রহণ কৰে। তেতিয়া মানুহজনৰ বাবে কোনো অসুবিধা নোহোৱাকৈ কার্য ৰূপায়ণ সম্ভৱ হয়।\nবিশেষজ্ঞসকলে জানে যে একে একে ধৰণৰ কাম কৰা নিউৰনবোৰ একেলগে থাকে। স্নায়ু শল্য চিকিৎসকসকলে সেইবাবে অস্ত্ৰোপচাৰ কৰোঁতে দৃষ্টি, শ্ৰৱণ আৰু গতি বা সঞ্চালনৰ নিউৰন গোটবোৰ নষ্ট নোহোৱাকৈ ৰাখিবলৈ যত্ন কৰে যাতে মস্তিষ্কটোৱে তাৰ কাৰ্যৰ যিমান বেছি পাৰে সিমান স্বাভাবিক কৰি ৰাখিব পাৰে।\nকিন্তু মস্তিষ্কটোৰ বিভিন্ন অঞ্চলৰ নিউৰনৰ গোট বা সমষ্টিবোৰে কিদৰেনো সহযোগ কৰি সচেতনতা সৃষ্টি কৰে, সেই কথা বুজা যোৱা নাই। সচেতনতাৰ বাবে কোনো নির্দিষ্ট অঞ্চল আছে বুলিও বুজা যোৱা নাই। গতিকে বিশেষজ্ঞসকলে ভাবে যে সচেতন হ'ল নিউৰনবোৰৰ এক সামগ্রিক কার্য।\nবাকলি গুচোৱা আথৰোটটোৰ দৰে দেখা যোৱা আমাৰ মস্তিষ্কটোৰ আন এটা ৰহস্য হ'ল মস্তিষ্কটোৰ আটাইবোৰ কোষৰ ভিতৰত মাত্ৰ ১০ শতাংশহে নিউৰন। মস্তিষ্কটোৰ ৯০ শতাংশই হ'ল গ্নিয়েল কোষ। এইবোৰে নিউৰনবোৰক আৱৰি ৰাখি সিহঁতক সহায় কৰি থাকে। কিন্তু গ্লিয়েল কোষবোৰৰ প্ৰকৃত কামনো কি সেই কথা জনা হোৱা নাই। গতিকে, আমি আমাৰ মস্তিষ্কটোৰ ১০ শতাংশহে ব্যৱহাৰ কৰোঁ বোলা কথাটো শুদ্ধ নহয়, শুদ্ধ কথাটো হ'ল এয়ে যে আমি আমাৰ মস্তিষ্কটোৰ কোষবোৰৰ ১০ শতাংশৰহে কাম-কাজৰ বিষয়ে জানো।\nআপোনাৰ বা আপোনাৰ সন্তানৰ বুদ্ধিবৃত্তি বা দক্ষতা (সন্তানৰ পৰীক্ষাৰ নম্বৰ) বঢ়াবলৈ গাড়ীৰ অধিকা চকাটোৰ দৰে মৰি কোনো অব্যৱহৃত অংশ নাই। কিন্তু হতাশ নহ'ব, দক্ষতা (নম্বৰ?) বঢ়োৱাৰ আন উপায় আছে। তাৰ বাবে শৰীৰ আৰু মন সুস্থ সবল সক্ৰিয় কৰি ৰাখক আৰু উপযুক্ত শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু জিৰণিৰ প্ৰতি মনোযোগ দিয়ক। স্পেয়াৰ টায়াৰৰ দৰে আপোনাৰ মস্তিষ্কৰো অব্যৱহৃত অংশ আছে বুলি তালৈ আশা কৰি নাথাকিব।
f87faf70c9ffc0f71714127687f058140c8ee241d235d9e4b8ce9549f52531e6
ডিজিটেল ডেস্ক : ভাৰতীয় অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত মেন অফ দা মেচ লাভ কৰে । দ্বিতীয় টেষ্ঠ খনত অশ্বিনে বলিং নহয় বেটিঙতো বিভিন্ন ভাৰ প্ৰদৰ্শন অব্যাহত ৰাখে। ভাৰতীয় ক্ৰিকেট অধিনায়ক বিৰাট কোহলীয়ে আৰ অশ্বিনৰ সৈতে এক বাৰ্তালাপত মিলিত হয় । য'ত অশ্বিনে তেওঁৰ অলৰাউণ্ডাৰ প্ৰদৰ্শনৰ বিষয়ে কেইবাটাও কথা উল্লেখ কৰে । তেওঁ কয় যে লকডাউনৰ সময়ত কোভিডে কেনেদৰে তেওঁৰ দক্ষতাৰ বৃদ্ধিৰ কাম কৰিছিল। অশ্বিনে কৈছিল, গোটেই মহামাৰীৰ সময়ত হোৱা ঘটনাবোৰ সকলো বন্ধ আছিল, মই ভাবি আছিলো কি ঘটিছে? ভাবিচিলো খেল যদি মোৰ পৰা আতৰি যায় তেন্তে মই সম্পূৰ্ণৰূপে হেৰাই যাম। আনকি যেতিয়া মই খেলৰ আন ফৰ্মেটত খেলি নাথাকোঁ, মই টিভিত পুৰনি খেল বোৰ চাই থাকো । বিচিচিআইৰ ৱেবছাইটত পোষ্ট কৰা ভিডিঅ'ত বিৰাট কোহলীয়ে সোধা প্ৰশ্নৰ ওপৰত অশ্বিনে এনেদৰে কয়।
8af33f76dcc6a5fb862186869a699f898f5b05ff8bac29c8691cc367cd0da28d
ধৰ্ষণকাৰীক ধৰি কৰা হ'ব এনকাউণ্টাৰঃ ধৰ্ষণকাৰীক হুংকাৰ দিয়া কোন এই কেবিনেট মন্ত্ৰী? - The Cross Current\nধৰ্ষণকাৰীক ধৰি কৰা হ'ব এনকাউণ্টাৰঃ ধৰ্ষণকাৰীক হুংকাৰ দিয়া কোন এই কেবিনেট মন্ত্ৰী?\nদেশত ক'ভিডে তাণ্ডৱ চলাই থকাৰ মাজতে এটা জঘন্য ধৰ্ষণকাণ্ডই জোকাৰি গৈছে তেলেংগনা। ৬ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা কৰিলে দুৰ্বৃত্তই। যাৰ ফলত তেলেংগানাত এতিয়াও অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে ধৰ্ষণকাৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰাজ্যখনৰ এগৰাকী কেবিনেট মন্ত্ৰী। ধৰ্ষণকাৰীক ধৰি এনকাউণ্টাৰ কৰা হব বুলি কঠোৰ মন্তব্য কৰিছে তেলেংগানাৰ শ্ৰম মন্ত্ৰী মল্লা ৰেড্ডীয়ে। ধৰ্ষণকাৰীক বিচাৰি উলিওৱাৰ বাবে তেলেংগানা আৰক্ষীৰ ১০টাকৈ দল নিয়োগ কৰা হৈছে। আনকি ধৰ্ষণকাৰীৰ সন্ধান দিব পাৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে তেলেংগানা প্ৰশাসনে। উল্লেখ্য যে তেলেংগানাৰ শ্ৰম মন্ত্ৰী মল্লা ৰেড্ডীয়ে অতিশীঘ্ৰে ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিব।
e4b035d5a1b76a660e7b3387ee2ce671e0513591fe4ea48a83062a87edbf8c29
জ্ঞানদাভিৰাম বৰুৱা - অসমীয়া ৱিকিপিডিয়া\nঅসমৰ এজন লেখক, শিক্ষাবিদ তথা অভিনেতা\nজ্ঞানদাভিৰাম বৰুৱা (ইংৰাজীঃ Gyandabhiram Baruah) অসমৰ এজন লেখক, শিক্ষাবিদ আৰু অভিনেতা। ভেনিচৰ সাউদ, পঞ্চৰত্ন, দদাইৰ পঁজা আদি বিভিন্ন গ্ৰন্থেৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়াই গৈছে। ১৯১৪ চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত তেখেতে তাৰ অধ্যক্ষ নিযুক্ত হৈছিল। বৰুৱাই ১৯৩৩ চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিবেশনৰ সভাপতিত্ব কৰিছিল।\n১৯ আগষ্ট ১৮৮০\nফৌজদাৰীপট্টী, নগাঁও, অসম\n২৭ জানুৱাৰী ১৯৫৫\nশিক্ষক, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ\nজ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হয় ১৮৮০ চনৰ ১৯ আগষ্টত নগাঁৱৰ ফৌজদাৰীপট্টীত। তেখেতৰ শিশুকাল নগাঁৱত, চেমনীয়া কাল কলিকতাত আৰু যৌৱন কালছোৱা লণ্ডনত আতিবাহিত কৰিছিল। জ্ঞানদাভিৰাম বৰুৱাৰ পিতৃৰ নাম আছিল গুণাভিৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল বিষ্ণুপ্ৰিয়া দেৱী। স্বৰ্ণলতা বৰুৱা আৰু কৰুণাভিৰাম বৰুৱাৰ কনিষ্ঠ ভাতৃ জ্ঞানদাভিৰাম বৰুৱাৰ পত্নীৰ নাম আছিল লতিকা দেৱী। তেখেতৰ তিনিপুত্ৰ আৰু এগৰাকী জীয়াৰী আছিল, তেওঁলোক ক্ৰমে--মনোভিৰাম,নয়নাভিৰাম, চিত্তাভিৰাম আৰু জীয়াৰী শ্ৰীমতী ইৰা। জ্ঞানদাভিৰাম বৰুৱাৰ এগৰাকী জীয়েকক ঠাকুৰ পৰিয়ালৰ এজন ইঞ্জিনিয়াৰৰ সৈতে বিয়া দিছিল। তেওঁলোকৰে সন্তান বিখ্যাত চলচ্চিত্ৰাভিনেত্ৰী শৰ্ম্মিলা টেগৰ।\nজ্ঞানদাভিৰাম বৰুৱাৰ বয়স মাথোঁ ১৪ বছৰ হওঁতেই পিতৃ গুণাভিৰাম বৰুৱাৰ মৃত্যু হয় আৰু তাৰ আগতেই মাতৃ বিষ্ণুপ্ৰিয়াৰো মৃত্যু হৈছিল। সেয়েহে তেওঁৰ শিক্ষা-দীক্ষাৰ দায়িত্ব পিতৃৰ বন্ধু আৰু আত্মীয়ই মুৰপাতি লৈছিল। এই দায়িত্ব লোৱা সকলৰ ভিতৰত ১৮৯৮ চনত মাদ্ৰাজত বহা কংগ্ৰেছ অধিবেশনৰ সভাপতি আনন্দমোহন বসুও এগৰাকী আছিল। নগাঁও চৰকাৰী হাইস্কুলত সপ্তম মানলৈকে পঢ়াৰ পাছত তেওঁক ১৮৯৬ চনত মাত্ৰ ১৬ বছৰ বয়সতে বিলাতলৈ পঢ়িবলৈ পঠোৱা হয়। কলিকতাত স্কুলীয়া শিক্ষা পৰবৰ্তী শ্ৰেণীসমূহ শেষ কৰি উচ্চশিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল আৰু তাৰ পৰাই বেৰিষ্টাৰী পৰীক্ষাত উৰ্ত্তীন হৈছিল। তেখেত কাশীত থকা কালত অসমীয়া ছাত্ৰসকলৰ মাজত বেৰিষ্টাৰ জে বৰুৱা ৰূপে জনপ্ৰিয় আছিল আৰু অসমীয়া ছাত্ৰসকলে প্ৰায়ে তেওঁক দেখা কৰিবলৈ গৈছিল।\nজ্ঞানদাভিৰাম বৰুৱাই অসমীয়া, ইংৰাজী আৰু বাংলা এই তিনিওটা ভাষা নিখুঁত আৰু বিশুদ্ধৰূপত ক'ব পাৰিছিল। তেখেতে মিহলি ভাষা কোৱাটো বেয়া পাইছিল।\nলণ্ডনৰ পৰা ঘূৰি আহি কিছুদিন কলিকতাত ওকালতি কৰিছিল যদিও ১৯০১ চনত অসমত প্ৰথম উচ্চ শিক্ষানুষ্ঠান কটন কলেজ স্থাপন কৰাৰ পাছত দ্বিতীয়খন উচ্চ শিক্ষাৰ অনুষ্ঠান তথা নতুনকৈ প্ৰতিষ্ঠা হোৱা প্ৰথমখন আইন শিক্ষাৰ কেন্দ্ৰ আৰ্ল ল কলেজৰ অধ্যক্ষৰূপে যোগদান কৰে। ১৯১৪ চনত গুৱাহাটীলৈ আহে আৰু তাৰ পাছত গুৱাহাটীলৈ আহি অসম চিভিল ছাৰ্ভিচৰ চাকৰিত যোগদান কৰি পাছত হাকিম হয়গৈ। কুখ্যাত কাৰ্ণিংহাম চাৰ্কুলাৰ প্ৰস্তুত কৰা এই গৰাকী ব্যক্তিয়ে অসমৰ শিক্ষাজগতলৈ যথেষ্ট বৰঙনি যোগাই থৈ গৈছে।\n১৯৫৩ চনত জ্ঞানদাভিৰাম বৰুৱাৰ টান নৰিয়া (গ্ৰহণী ৰোগত আক্ৰান্ত) হয়। একেৰাহে তেওঁ ১০মাহ নৰিয়া পাটীত পৰি থাকি শেষত ১৯৫৫ চনৰ ২৭ জানুৱাৰীত ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায়।\nজ্ঞানদাভিৰাম বৰুৱাই ১৯৩৩ চনত অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল। নগাঁৱত অনুষ্ঠিত হোৱা অষ্টম সাহিত্য সভাৰ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপেও কাৰ্য-নিৰ্বাহ কৰিছিল জ্ঞানদাভিৰাম বৰুৱাই।। .\nআসাম আইৰ সুসন্তান,\nস্বৰ্গীয় ৰামানুজম এফ আৰ এছ,\nসুখীয়া হৱৰ উপায়,\nঅসমীয়া-উৰিয়া আৰু মহাৰাষ্ট্ৰীয়,\nস্বৰ্গীয় বিদ্যানন্দ দুৱৰা,\nমোৰ নিজৰ আসাম,\nস্বদেশ আৰু স্বজনপ্ৰীতি\nমোৰ কথা সাহিত্য কথা,\nবুঢ়ী আইৰ সাধু (ইংৰাজী অনুবাদ)\nইমিটেচন অফ খ্ৰীষ্ট (অসমীয়া অনুবাদ)\nমাৰ্চেণ্ট অৱ ভেনিচ (অসমীয়া অনুবাদ)\n↑ সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটীঃ ষ্টুডেণ্টচ্ ষ্ট'ৰচ্.\n↑ 2.0 2.1 গ্ৰন্থ :এহেজাৰ বছৰৰ এশ গৰাকী অসমীয়া, লিখক :হেমন্ত কুমাৰ ভৰালী, প্ৰকাশক : অনন্ত হাজৰিকা, বনলতা,পৃষ্ঠাঃ২৫৩-২৫৭,\n↑ 3.0 3.1 3.2 বিপিনলাল দাস (২০১৬). জীৱনৰ বাটে বাটে. মেডিয়াহাইপ. ISBN ৯৭৮-৮১-২০২-৮৮২৮-৭.\nগ্ৰন্থ :পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ, লিখক :ত্ৰিদিপ গোস্বামী, প্ৰকাশক : অনন্ত হাজৰীকা, বনলতা,পৃষ্ঠাঃ৫০,৫১,৫২,৫৩।\n"https://as.wikipedia.org/w/index.php?title=জ্ঞানদাভিৰাম_বৰুৱা&oldid=234981"ৰ পৰা অনা হৈছে\nআন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। এই পৃষ্ঠাটোৰ সংক্ষিপ্ত ইউ.আৰ.এল. : https://as.wikipedia.org/?curid=26175।
e0230c9b9e18e3e792497d7cac12f384520ee882b385ef5fca518cc8e53e9d3b
পৰিস্থিতি জটিলতৰ ! বিজেপি সাংসদৰ ঘৰলৈ বোমা নিক্ষেপ Prag News : Best Assamese News Channel, Latest Assam News Live Today , North East Breaking News\nপৰিস্থিতি জটিলতৰ ! বিজেপি সাংসদৰ ঘৰলৈ বোমা নিক্ষেপ\nকলকাতা : অধিক অৱনতি ঘটিছে পশ্চিমবংগৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ। শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণে উত্তপ্ত কৰি ৰখা পশ্চিমবংগত এইবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিকৃষ্টতাৰ সকলো সীমা চেৰাই এইবাৰ বিজেপি সাংসদৰ ঘৰত সংঘটিত হৈছে বোমা আক্ৰমণ।\nবুধবাৰে পুৱা প্ৰায় ৬.৩০ বজাত ৰাজ্যখনৰ উত্তৰ ২৪ পৰগণা জিলাত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ অৰ্জুন সিঙৰ বাসগৃহত পেট্ৰ'ল বোমা নিক্ষেপ কৰে দুষ্কৃতিকাৰীয়ে। ঘটনাটোৰ সময়ত সাংসদজন দিল্লীত আছিল যদিও তেওঁৰ পৰিয়ালৰ সদস্যসকল জগতদলত অৱস্থিত ঘৰত আছিল। তেওঁৰ ঘৰলৈ লক্ষ্য কৰি তিনিটাকৈ বোমা নিক্ষেপ কৰা হয় বুলি জানিব পৰা গৈছে। সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰে আৰু একাধিক লোক আহত হোৱা বুলিও দাবী কৰিছে।\nইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বংগ বিজেপিৰ মুৰব্বী দিলীপ ঘোষে আক্ৰমণকাৰী বংগৰ শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছৰ সমৰ্থক বুলি সন্দেহ কৰিছে। সমগ্ৰ ঘটনাক লৈ ৰাজ্যপাল জগদীপ ধনখৰে উদ্বেগ প্ৰকাশ কৰিছে। টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, সাংসদৰ বাসগৃহত আক্ৰমণ সংঘটিত হোৱাৰ ঘটনাই প্ৰমাণ কৰিছে যে বংগত অবাঞ্চিত হিংসাৰ অৱসান হোৱাৰ কোনো লক্ষণ নাই। উল্লেখ্য যে, ৰাজ্যখনত নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হোৱা হিংসাই অতি শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। তৃণমূল-বিজেপি উভয়েই ব্যাপক সংঘাতত লিপ্ত হোৱাৰ ফলত পৰিস্থিতিৰ তীব্ৰ অৱনতি ঘটিছিল। চিবিআই-এ এই হিংসাৰ তদন্ত চলাই থকাৰ সময়তে পুনৰ বিক্ষিপ্তভাৱে সংঘটিত হৈ থকা এনে হিংসাত্মক ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে।
4b68128dc8909d6f2e9d0ea2301b80f9adc1c414267ebb8709e1119e70ad9b04
চ'চিয়েল মেডিয়াৰ জড়িয়তে চিনাকী হোৱা এটি সামাজিক গোট প্ৰীতে আজি এটা বছৰ সম্পূৰ্ণ কৰে।অসমৰ কেইগৰাকীমান সমাজ সচেতন যুৱক যুৱতীৰ প্ৰচেষ্টাত সৃষ্টি হোৱা এই গ্ৰুপটোৱে জন্মলগ্নৰে পৰা অসমৰ বিভিন্ন ঠাইত ইতিবাচক কাম কৰি সচেতন মহলৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰীতৰ সদস্য সকলে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত গছপুলি ৰোপন কাৰ্যসূচীৰ হাতত লোৱা পৰিলক্ষিত হৈছে।অসমৰ কেইবাখনো জিলাত সিঁচৰিত হৈ থকা প্ৰীতৰ সদস্য সকলে বানপানীৰ সময়ত বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে পদপথত আশ্ৰয় লৈ থকা ব্যক্তি সকলকো বস্ত্ৰ বিতৰণৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে। গ্ৰন্থ আন্দোলন গঢ়ি তোলাৰ প্ৰচেষ্টাৰে বিভিন্ন অঞ্চলত গ্ৰন্থ দান কাৰ্যসূচী হাতত লোৱাৰ লগতে টীয়কত অৱস্থিত কেন্দ্ৰীয় পুথিভঁৰালৰ পৰিচালনাৰ দায়িত্ব হাতত লৈ প্ৰীতে বিগত দিনত পুথিভঁৰালটি পৰিচালনা কৰি আহিছে।অনাগত দিনটো প্ৰীতে সমাজৰ ইতিবাচক কাম কৰি এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰিব বুলি প্ৰীতৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।
90972ecb8ab0d37d241c87a2d10fa0df5a12ec1fdcf1ac0c91bd39546fafa786
Stag Beetle Price: এইটো পৃথিৱীৰ আটাইতকৈ মূল্যৱান পতংগ ! বহুলোকে পোক-পতংগবোৰক পুহিবলৈ ১ কোটি টকা খৰচ কৰে ...- News18 assam\nHome » photogallery » lifestyle »Stag Beetle Price: এইটো পৃথিৱীৰ আটাইতকৈ মূল্যৱান পতংগ ! বহুলোকে ইয়াক পুহিবলৈ কোটি টকা খৰছ কৰে ...\nStag Beetle Price: এইটো পৃথিৱীৰ আটাইতকৈ মূল্যৱান পতংগ ! বহুলোকে ইয়াক পুহিবলৈ কোটি টকা খৰছ কৰে ...\nMost Costly Insect: ষ্টেগ বিটলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল যে এই পতংগটোৱে শৰীৰৰ ৰং সলনি কৰিব পাৰে।\n। April 16, 2022, 19:11 IST\nপোহনীয়া জন্তুৰ সৈতে সময় কটাব বিচৰা লোকৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। বহুলোকে তেওঁলোকৰ প্ৰিয় পোহনীয়া জন্তু কিনিবলৈ লাখ লাখ টকা খৰচ কৰে। কিন্তু, পোহনীয়া জন্তু হিচাপে পোক-পতংগ কিনিবলৈ আপুনি কিমান টকা খৰচ কৰিবলৈ ইচ্ছুক?\nযদিও এইটো আচৰিত যেন লাগিছে, বহুতো লোক পোক-পতংগৰ প্ৰতি আসক্ত। আনকি পোহনীয়া পতংগৰ মূল্যকো কোটি টকাৰ ওচৰত হ'ব পাৰে। উদাহৰণ স্বৰূপে, এই পতংগটো। সাধাৰণতে ষ্টেগ বিটল (Stag Beetle) বুলি জনা যায়। ষ্টেগ বিটল হৈছে পতংগৰ এনে এক প্ৰজাতি, যাক ক্ৰয় কৰিবলৈ মানুহে কোটি কোটি টকা লৈকে ব্যয় কৰিবলৈ কুণ্ঠাবোধ নকৰে।\nদৰাচলতে, ষ্টেগ বিটল হৈছে এক বিৰল প্ৰজাতিৰ পতংগ যাৰ শৰীৰৰ দৈৰ্ঘ্য মাত্ৰ ২ ৰ পৰা ৩ ইঞ্চি। সেই কাৰণে, ষ্টেগ বিটলক পৃথিৱীৰ আটাইতকৈ অনন্য, আচহুৱা আৰু আটাইতকৈ সৰু পতংগ প্ৰজাতি হিচাপে গণ্য কৰা হয়।\nসমগ্ৰ বিশ্বত ১,২০০ তকৈও অধিক জ্ঞাত প্ৰজাতিৰ ষ্টেগ বিটল আছে। অৱশ্যে, তেওঁলোকৰ মাত্ৰ কেইটামান প্ৰজাতি আকৰ্ষণীয় আৰু মূল্যৱান। এইটোও জানিব পৰা গৈছে যে উৎসাহী লোকসকলে এই পতংগটো কিনিবলৈ ১ কোটি টকালৈকে ব্যয় কৰিবলৈ সাজু হৈছে।\nষ্টেগ বিটলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল যে এই পতংগটোৱে শৰীৰৰ ৰং সলনি কৰিব পাৰে। এই প্ৰজাতিৰ সকলো পতংগৰ মূৰৰ ৰঙক ক'লা আৰু শিং থাকে। ষ্টেগ বিটল এটাৰ গড় দৈৰ্ঘ্য ২ৰ পৰা ৩ ইঞ্চি, অৱশ্যে জাপানৰ ষ্টেগ বিটলৰ দৈৰ্ঘ্য ৮ৰ পৰা ১২ ইঞ্চিলৈকে হ'ব পাৰে। এইকাৰণেই জাপানকে ধৰি আন্তৰ্জাতিক বজাৰত এই পতংগটোৰ চাহিদা যথেষ্ট। বহুলোকে এই প্ৰজাতিৰ আটাইতকৈ ডাঙৰ পোক-পতংগক এটা শখ হিচাপে পুহিব বিচাৰে। ষ্টেগ বিটলৰ মূল্য ৬৫ লাখ টকাৰ পৰা আৰম্ভ হয়।।\nএই পতংগটোৰ পৰা বহু প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰা হয় বুলিও জনা যায়। বহুতে বিশ্বাস কৰে যে এই পতংগটো ঘৰত ৰখাটো অতি গৌৰৱৰ বিষয়। এইবোৰ যথেষ্ট আকৰ্ষণীয় দেখায় কিয়নো পতংগবোৰৰ ওপৰৰ ছাল অত্যন্ত চকচকীয়া আৰু পোক-পতংগবোৰ ৰ'দত জিলিকি উঠে।\nষ্টেগ বিটলটো প্ৰাপ্তবয়স্ক পতংগলৈ পৰিৱৰ্তন হ'বলৈ মাত্ৰ কেইসপ্তাহমান সময় লাগে। এই পতংগটো গৰম ঠাইত দ্ৰুতগতিত বৃদ্ধি হয়। এই পতংগটো অতি ঠাণ্ডা ঠাইত বেছি দিন জীয়াই থাকিব নোৱাৰে। ঠাণ্ডা ঠাইত জীয়াই থাকিবলৈ, এই পতংগবোৰ গোবৰ বা পচন সাৰৰ স্তূপৰ ভিতৰত লুকাই থাকে যাতে মিলাবলৈ পৰ্যাপ্ত তাপ থাকে। এই পতংগটো প্ৰায় ৭ ৰ পৰা ৮ বছৰ জীয়াই থাকিব পাৰে।
7fbf22762124b11a5c22387d052cc99fc36c42d44b131b4ad2f35485e213865e
বিশ্বৰ ক্ৰীড়া জগতখনত নগঞা দৌৰবিদ হিমা দাসে কঢ়িওৱা ঈৰ্ষণীয় সাফল্যৰ পাছত এইবাৰ অন্য ৮ গৰাকী নগঞা ক্ৰীড়াবিদে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰি দেশ, ৰাজ্যৰ লগতে গৃহ জিলা নগাঁৱলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় সমৰকলাত ভাৰতৰ হৈ খেলি সাফল্য অৰ্জন কৰা খেলুৱৈ কেই গৰাকী হৈছে ক্ৰমে- মৃণাল কুমাৰ মহন্ত, ৰিপুঞ্জয় কলিতা, আদ্ৰিক শইকীয়া, হেপ্পী দাস, অনুৰাগ লস্কৰ, প্ৰাচুৰ্য বৰা, মন মাধুৰ্য গোস্বামী আৰু গৌৰৱ শৰ্মা। হিমাচল প্ৰদেশৰ পালমপুৰত ২১-২২ জুলাইলৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ইউনিফাইড সমৰকলা চেম্পিয়ন শ্বিপ ২০১৮' ত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি ৭০-৭৪ কেজি (পুৰুষ) শাখাত মৃণাল কুমাৰ মহন্তই স্বৰ্ণ, ৭৫-৭৯ কেজি( পুৰুষ) শাখাত ৰিপুঞ্জয় কলিতাই স্বৰ্ণ, ৪০-৪৪ কেজি শাখাত আদ্ৰিক শইকীয়াই স্বৰ্ণ, ৩০-৩৪ কেজি শাখাত হেপ্পী দাসে স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, ৩০-৩৪ কেজি শাখাত অনুৰাগ লস্কৰ আৰু ৫০-৫৫ কেজি শাখাত প্ৰাচুৰ্য বৰাই ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ৫৫-৫৯ কেজি শাখাত মন মাধুৰ্য গোস্বামী, ৪৫-৪৯ কেজি শাখাত গৌৰৱ শৰ্মাই ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, এই খেলুৱৈগৰাকীয়ে বৰ্তমান নগাঁৱৰ 'নাইটছ সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰ'ৰ মুখ্য প্ৰশিক্ষক মিন্টু গোস্বামীৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ইপিনে, ক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এজনৰ পাছত আন এজন নগঞা সু-সন্তানে কঢ়িয়াই অনা সফলতাই নগাঁওবাসীক উৎফুল্লিত কৰি তুলিছে। কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? Oxford English Dictionary: ২০২২ চনৰ 'বছৰটোৰ শব্দ' ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
936738ba43b784c0f423db0b7b98c6d8e7d41b2776d7a7a316482584dbfb2f62
নৰহত্যা, ধৰ্ষণ, ডকাইতি, ভয় ভাবুকিৰে ধন দাবী, কৰ্তব্যৰত আৰক্ষীক প্ৰাণনাশী আক্ৰমণ আদি অগণন গোচৰৰ কুখ্যাত পলাতক আচামী, অসম আৰক্ষীৰ নিদ্ৰাহৰণকাৰী অপৰাধী গেৰজাই বৰুৱা(৩৪) অৱশেষত আৰক্ষীৰ জালত পৰিল। শুক্ৰবাৰে নিশা ঢকুৱাখনা সদৰ থানা আৰক্ষী, সোনাৰী চাপৰি আৰক্ষীৰ যুটীয়া অভিযান কালত জালত পৰে লখিমপুৰ, ধেমাজি জিলাত সন্ত্ৰাস সৃষ্টিকাৰী গেৰজাই। ঢকুৱাখনা সগোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগৰা অঞ্চলত প্ৰায় ৬ মাহ পূৰ্বে লখিমপুৰৰ তুল দত্তৰ হত্যাকাণ্ডৰ সতে জড়িত আছিল ঢকুৱাখনা জালভাৰী গেৰজাই। ঢকুৱাখনা থানাৰ অন্তৰ্গত কপহুৱা গাঁৱত অভিযান চলাই গেৰজাইক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। নিশাৰ ভাগত চলা এই অভিযানত পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ ৰবৰ গুলীত গুৰুতৰভাৱে আহত হয়। অহত অৱস্থাত নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় অপৰাধীটোক। উল্লখ্য যে, অভিযান কালত হাতত দুখন চোকা খুকুৰী লৈ এঘৰ মানুহৰ কোঠাৰ ভিতৰত সোমাই তাণ্ডৱ সৃষ্টি কৰা উন্মত্ত গেৰজাইক এই অভিযানৰ নেতৃত্ব দিয়া অচি নিৰঞ্জন বৰুৱাই আটক কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষী বিষয়া গৰাকীকো ঘপিয়াই আহত কৰে। প্ৰায় দুঘণ্টা ধৰি চোকা অস্ত্ৰ পেলাই আত্মসমৰ্পণৰ বাবে জনোৱা আহ্বানলৈ গুৰুত্ব নিদি আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই। পাছত উপায়ন্তৰ হৈ আৰক্ষীয়ে দুই ৰাউণ্ড গুলি চলাই ভৰি আৰু গুপ্তাঙ্গত আহত কৰে অপৰাধীটোক।
2e65cb688fed4987526bdfe7ee5dc0c55e4550fd8e549bdcfc8081f76cb1719c
ভাৰতীয় দলিত সাহিত্য অকাডেমিয়ে আগবঢ়োৱা ' বাবা চাহেব ড০ আম্বেদকাৰ ৰাষ্ট্ৰীয় সেৱাশ্ৰী বঁটা ২০১৭' ৰ বাবে নিৰ্বাচিত হৈছে দৰং জিলাৰ আঠিয়াবাৰীৰ নিবাসী সুশীল সূত্ৰধৰ। সম্প্ৰতি সুশীল সূত্ৰধৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। অহা ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব লগীয়া ৩৩ সংখ্যক অধিৱেশনত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব। লক্ষণীয় যে পৰিতোল সূত্ৰধৰ আৰু পুষ্পা সূত্ৰধৰৰ সু-পুত্ৰ সুশীলে সুদীৰ্ঘ ৮ বছৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজন সক্ৰিয় কৰ্মী হিচাপে থাকি নিজ জাতিটোৰ উন্নতিৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আছে। উল্লেখিত কাৰণতে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই সু-খবৰ অহাৰ লগে লগে অঞ্চলবাসীৰ মাজত আনন্দৰ লহৰ উঠিছে। লগতে সুশীলক বিভিন্ন দল-সংগঠনে শুভেচ্ছা বাৰ্তা জ্ঞাপন কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a32cd34184be7473cec33467bc4f567166ba4d13aa6da2984d49e1db4070a9c1
বোকাখাতৰ নুমলীগড়ত ৩৭নং ৰাষ্ট্ৰীয় পথতে বৃহস্পতিবাৰে সন্ধিয়া দপদপাই জ্বলি উঠে এখন তেল পৰিবাহী খালী টেংকাৰ। আকস্মিকভাৱে টেংকাৰখন (নং AS-05B-7471) জ্বলি উঠাত নুমলীগড়ত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে বোকাখাত আৰক্ষীৰ হস্তক্ষেপত অগ্নিনিৰ্বাপক বাহিনীয়ে কম সময়ৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ৰাজপথতে টেংকাৰখন জ্বলি উঠাত ৰাইজৰ মাজত হুৱা-দুৱা লগাৰ লগতে কিছুসময়ৰ বাবে বন্ধ হৈ পৰে উজনি-নামনিৰ যোগাযোগ। নুমলীগড়ৰ লাডুলাল জৈন এণ্ড চানজ নামৰ তেল ডিপোটোৰ কাষতে টেংকাৰখন ৰাখি থোৱা আছিল। টেংকাৰখন ডিপোটোৰ তেল কঢ়িওৱা কামতে ব্যৱহৃত হৈছিল। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
68b016039008e108ad1c9a3441da1a3fc8a9d45b620e07ff7acab64e9c61b919
জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আক্ৰাছুয়ে ইতিমধ্যে বহুকেইটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। ১৯ জুলাইত প্ৰত্যেকখন জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ লগত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান। ইয়াৰ লগে লগে ২৯ জুলাইত প্ৰতিষ্ঠা দিৱসৰ দিনা অসমৰ প্ৰতিটো অঞ্চলৰ পৰাই কোচ ৰাজবংশী সকলৰ সমস্যা সমাধান নামত চূড়ান্ত প্ৰতাৰণা কৰাৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিব সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জড়িয়তে। ২ আগষ্টত প্ৰতিখন জিলা আৰু মহকুমা সদৰত ৬ ঘন্টীয়া অনশন কাৰ্যসূচী। তাৰ পাছতে ১৭ আগষ্টত গুৱাহাটীত পুনৰ ৩৬ ঘন্টীয়া অনশন কাৰ্যসূচী। ২৫ আগষ্টৰ পৰা গুৱাহাটীত আমৰণ অনশন কাৰ্যসূচী। উক্ত কাৰ্যসূচী সমূহত সকলোৱে যাতে জাতি উদ্ধাৰৰ মানসিকতাৰে অধিক শক্তিশালী ৰূপে সফল কৰে তাৰ বাবে কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়া, আঞ্চলিক, জিলা, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ সমূহ বিষয়ববীয়া তথা কোচ ৰাইজলৈ বিনম্ৰ অনুৰোধ জনায় আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুৰেন ৰায় সম্পাদক দিব্যজ্যোতি ডেকা সুনাধৰ ৰায়ে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
a64db7b6d9b68af8edc26d6e613547ace5032c15a148bf3f2d7482d99f75732d
হাইলাকান্দিত বিধায়কে আয়োজন কৰিলে বিশাল ফুটবল প্ৰতিযোগতা। কোভিড SOPক বুঢ়া আঙুলি দেখুৱাই ফুটবল খেল চাবলৈ উপস্থিত হাজাৰ হাজাৰ দৰ্শক। নিৰ্বিকাৰ আৰক্ষী, নিশ্চুপ হাইলাকান্দি জিলা প্ৰশাসন। কোভিড মহামাৰীক ৰুধিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা। বৰ্তমানে ৰাজ্যত কোভিডৰ বাবে দিয়া সান্ধ্য আইনৰ সময়সীমা কিছুমান হ্ৰাস হলেও ধাৰ্মিক, সামাজিক অনুষ্ঠান তথা সভা সমিতি আয়োজনত বান্ধি দিয়া হৈছে কিছু বিশেষ নীতি-নিয়ম। স্বল্পসংখ্যকৰ উপস্থিতিত সভা-সমিতিৰ আয়োজনৰ অনুমতি দিলেও বন্ধ আছে খেল-ধেমালিৰ সকলো আয়োজন। কিন্তু ৰাজ্য চৰকাৰৰ এই নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি ফুটবল টুৰ্ণামেণ্টৰ আয়োজন হ'ল আলগাপুৰ সমষ্টিৰ পাচঁগ্ৰাম অঞ্চলত। ইমানে নহয়, এই টুৰ্ণামেণ্টৰ মুখ্য উদ্যোক্তা আকৌ এই অঞ্চলৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী। তেওঁৰ নাম অনুসৰি "হাজি নিজাম উদ্দিন ট্ৰফী" বুলি আয়োজিত হৈছে এই প্ৰতিযোগিতাখন। পাচঁগ্ৰামৰ ইনটাক গ্ৰাউণ্ডত আয়োজন কৰা এই টুৰ্ণামেণ্টত অংশ লৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈ আলফ্ৰেড লালৰুতসাঙকে ধৰি বহু নামী-দামী ফুটবলাৰে। পাচঁগ্ৰাম আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত আয়োজিত এই প্ৰতিযোগিতাৰ প্ৰতিখন মেচ চাবলৈ মাস্ক অবিহনে উপস্থিত হয় ১০ হাজাৰৰো অধিক দৰ্শক। বিধায়ক নিজাম উদ্দিন নিজেও উপস্থিত থাকে প্ৰায়বোৰ প্ৰতিযোগিতা চাবলৈ। কিন্তু ইমানৰ পিছতো এই বিষয়ত ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰিছে হাইলাকান্দি আৰক্ষী তথা জিলা প্ৰশাসনে। ইপিনে, এই বিষয়টোকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰে কয়, তেওঁ বিষয়টো হাইলাকান্দিৰ আৰক্ষী অধীক্ষকক অৱগত কৰাইছে। লগতে তেওঁ বিধায়ক নিজাম উদ্দিনক এইবোৰ বাদ দি অলিয়ে-গলিয়ে কোভিড সচেতনতা আনিবলৈ আহ্বান জনায়।
f1dc96deda657a2716bf67ea87e3e7774dda052c7ae82c68492c6b3b76ff319f
i অজিৎ বৰুৱা এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক .. অজিৎ বৰুৱাৰ জন্ম ১৯২৬ চনৰ ১৯ আগষ্টত অসমৰ গুৱাহাটীত। তেওঁৰ পিতৃ চান্দকুছিৰ মল্ল বুজৰবৰুৱা বংশৰ প্ৰয়াত চিত্ৰমল্ল বৰুৱা। এই বংশৰ এটা ঠালৰপৰাই ১৭৯৫ চনৰ দন্দুৱা দ্ৰোহৰ নায়ক হৰদত্ত আৰু বীৰদত্তৰ জন্ম হৈছিল। তেওঁলোক বৰুৱাৰ অষ্টম পূৰ্বপুৰুষ কল্যাণমল্ল বৰুৱাৰ ভায়েক ছত্ৰপতি বৰুৱাৰ নাতি। চিত্ৰমল্ল বৰুৱা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আছিল। মাতৃ আছিল উত্তৰ গুৱাহাটীৰ মজিন্দাৰ বৰুৱাৰ বংশৰ পাছলৈ ডিব্ৰুগড়ৰ পদ্মলতা বৰুৱা। তেখেত মহাপণ্ডিত আনন্দৰাম বৰুৱাৰ ভতিজা জীয়ৰী আছিল। স্কুল পৰিদৰ্শক দেউতাকৰ চাকৰিৰ হেতু অজিৎ বৰুৱাৰ কৈশোৰকাল অবিভক্ত অসমৰ বিভিন্ন ঠাইত অতিবাহিত হৈছিল। ১৯৩৩ চনত চান্দকুছি মজলীয়া বিদ্যালয়ত তেওঁ শৈক্ষিক জীৱনৰ পাতনি মেলে। ইয়াৰ পাছত নলবাৰী প্ৰাথমিক বিদ্যালয়, যোৰহাট গৱৰ্নমেণ্ট হাইস্কুল, বৰপেটা গৱৰ্নমেণ্ট হাইস্কুল, গোৱালপাৰা গৱৰ্নমেণ্ট হাইস্কুল, শ্বিলং গৱৰ্নমেণ্ট হাইস্কুল আৰু নলবাৰী গৰ্ডন হাইস্কুলত প্ৰাথমিক, মজলীয়া আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি ১৯৪৩ চনত কটন কলেজিয়েট হাইস্কুলৰপৰা ষ্টাৰ মাৰ্কসহ অসমৰ ভিতৰত তৃতীয় স্থানেৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। সেই বছৰতে তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ কটন কলেজত আই.এছ-চি.ত নামভৰ্তি কৰি ১৯৪৫ চনত কটন কলেজৰপৰাই আই.এছ-চি. পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পাছত কটন কলেজতে স্নাতক মহলাত ইংৰাজী বিষয়ত নামভৰ্তি কৰি ১৯৪৭ চনত অনাৰ্ছসহ বি.এ. পাছ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে দ্বিতীয় শ্ৰেণীৰ তৃতীয় বিভাগ লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ কৰ্মজীৱনৰ মাজতো ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত ফ্ৰান্স চৰকাৰৰ জলপানি লাভ কৰি দুবছৰৰ বাব পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় লোক প্ৰশাসন বিদ্যালয়ত I.I.A.P অধ্যয়নৰ সুবিধা লাভ কৰি ১৯৭৫ চনত লোক প্ৰশাসন বিষয়ত ডিগ্ৰী লাভ কৰে। কলিকতাত অসম চৰকাৰৰ বাণিজ্য উপদেষ্টাৰূপে কৰ্মৰত হৈ থাকোঁতে ১৯৬৮-৭১ চন তেওঁ কলিকতাৰে আলিয়াঁচ ফঁচেজত ফৰাচী ভাষা অধ্যয়নো কৰিছিল। ১৯৫০ চনত নগাঁও মহাবিদ্যালয়ত অধ্যাপক হিচাপে অজিৎ বৰুৱাই কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পাছতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে যদিও ১৯৫২ চনত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত কলেজৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰে আৰু সেই বছৰতে এ.চি.এছ.প্ৰথম শ্ৰেণী বিষয়াৰূপে নিৰ্বাচিত আৰু নিযুক্ত হয়। একে বছৰতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাতো উত্তীৰ্ণ হৈ তেওঁ ভাৰতীয় ৰাজস্ব সেৱা আই.আৰ.এছত প্ৰথম অসমীয়া হিচাপে নিযুক্তি লাভ কৰে। ১৯৫৮ চনত অজিৎ বৰুৱাই ভাৰতীয় ৰাজস্ব সেৱাৰ পদ ত্যাগ কৰি পুনৰ অসম প্ৰশাসনীয় সেৱাৰ প্ৰথম শ্ৰেণীৰ বিষয়াৰূপে যোগদান কৰে। এ.চি.এছ. বিষয়াৰূপেই তেওঁ ১৯৬৩ চনত উদ্যোগ বিভাগৰ উপ-সচিব আৰু ১৯৬৮ চনত অসম চৰকাৰৰ কলিকতাৰ কাৰ্যালয়ত বাণিজ্য উপদেষ্টাৰূপে নিয়োজিত হয়। ১৯৭১ চনত অজিৎ বৰুৱাক ভাৰতীয় প্ৰশাসনীয় সেৱা আই.এ.এছ.লৈ পদোন্নতি দিয়া হয়। তাৰ পাছত তেওঁ ক্ৰমে অসম চৰকাৰৰ উদ্যোগ বিভাগৰ নিৰ্দেশক, উদ্যোগ বিভাগৰ সচিব, ৰাজস্ব বিভাগৰ সচিবৰূপে নিযুক্ত হৈ ১৯৮৪ চনত ৰাজস্ব বিভাগৰ আয়ুক্ত-সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৮৪ চনত সাময়িকভাৱে অসম ৰাজস্ব বৰ্ডৰ অধ্যক্ষ হিচাপেও তেওঁক দায়িত্বভাৰ দিয়া হৈছিল। সমান্তৰালভাৱে ১৯৮৩ চনত নামনি অসমৰ আয়ুক্ত হিচাপে তেওঁ যোগদান কৰে আৰু এই পদতে থাকি ১৯৮৬ চনৰ ৩০ নৱেম্বৰত চৰকাৰী চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। ১৯৫৬ চনত ডিব্ৰুগড়ৰ মদন মোহন দাসৰ জীয়ৰী কৃষ্ণা দাসৰ সতে অজিৎ বৰুৱা বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান - পুত্ৰ পৰ্জন্যৰ জন্ম ১৯৫৭ চনত আৰু কন্যা পাৰমিতাৰ জন্ম ১৯৫৮ চনত হয়। পুত্ৰ পৰ্জন্য বৰুৱা কটন কলেজৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক পদত অধিষ্ঠিত আছিল যদিও ২০০৯ চনত আকস্মিকভাৱে দেহাৱসান ঘটে। ১৯৭৬ চনত কৃষ্ণা দাসৰে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ ঘটে অজিৎ বৰুৱাৰ। চল্লিশৰ দশকত প্ৰায় তেৰ বছৰ বয়সতে লিখা 'মন মোৰ নাথাকে ইয়াত' কবিতাৰে অজিৎ বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তাৰ পাছত ১৯৪২ চনত ধীৰেন্দ্ৰ নাথ দত্ত সম্পাদিত 'অভিযান' আলোচনীত তেওঁৰ কবিতা 'তাজমহল' প্ৰকাশ পায়। সংখ্যাত কবিতা তাকৰ আছিল যদিও বহু চৰ্চিত আৰু পঠিত 'ব্ৰহ্মপুত্ৰ', জেংৰাই ১৯৬৩, চেনৰ পাৰত আদি কবিতাই তেওঁক অসমীয়া সাহিত্যৰ জগতত প্ৰতিষ্ঠা কৰে। ১৯৬০ চনৰপৰা ১৯৮৯ চনলৈকে সুদীৰ্ঘ ২৯ বছৰ কাল সাধনা কৰি তেওঁ তেওঁৰ প্ৰখ্যাত ব্ৰহ্মপুত্ৰ কবিতাটো সম্পূৰ্ণ কৰিছিল। কবিতাটোত তেওঁ ব্ৰহ্মপুত্ৰকেন্দ্ৰিক অসমীয়া জাতীয় জীৱনৰ ইতিহাস ৰূপায়ণ কৰিছে। তেওঁৰ সাহিত্যিক অৱদানসমূহ তলত উল্লেখ কৰা হলঃ গছ প্ৰেমৰ পদ্য ৰাজ কুমাৰ মজিন্দাৰৰ চিত্ৰ সম্বলিত প্ৰথম প্ৰকাশঃ ২০০০ চন, অজিৎ বৰুৱা। আৰু কিছুমান পদ্য আৰু গান প্ৰথম প্ৰকাশঃ ২০০১ চন, ষ্টুডেণ্ট ষ্টৰ্ছ। Essays on T.S. Eliot প্ৰথম প্ৰকাশঃ ২০০২ চন, আৰ্কাইভ। পদ্যৰ পাছৰ কাব্য প্ৰথম প্ৰকাশঃ ডিচেম্বৰ ১৯৯৪ চন, ষ্টুডেণ্ট ষ্টৰ্ছ। সাহিত্যৰ বিষয়ে প্ৰথম প্ৰকাশঃ ১৯৯১ চন, হীৰেন ভট্টাচাৰ্য। কাব্য আৰু অন্যান্য প্ৰথম প্ৰকাশঃ ১৯৯৩ চন, কথা পাব্লিশ্বাৰ্জ। বিভিন্ন প্ৰবন্ধ প্ৰথম প্ৰকাশঃ ১৯৯৯ চন, শৰাইঘাট প্ৰকাশন। অজিৎ বৰুৱাৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হলঃ ১৯৯৩ চনত সাহিত্যৰ বিষয়ৰ বাবে অসম সাহিত্য সভা প্ৰদত্ত অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, ২০১৫ চনৰ ১২ মাৰ্চত নিউমনিয়া ৰোগৰ বাবে অজিৎ বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এসপ্তাহৰ পিছত স্বাস্থ্যৰ কিছু উন্নতি হোৱাত তেওঁ ঘৰলৈ যায়। কিন্তু ২ এপ্ৰিলৰপৰা পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ৩ এপ্ৰিলৰ নিশা গুৱাহাটীৰ যোৰপুখুৰীৰ নিজা বাসভৱনত তেওঁ দেহাৱসান ঘটে। অজিৎ বৰুৱাৰ জীৱন দৰ্শন অত্যন্ত সৰল আছিল। তেওঁ নিজেই উল্লেখ কৰি গৈছে - 'যি আইনসিদ্ধ, সি নৈতিকতাসিদ্ধও। সদাবিজ্ঞানমনস্ক লেখকজনাৰ ব্ৰহ্মাণ্ডৰ কোনো সৰ্বোচ্চ ঐশ্বৰিক শক্তিত বিশ্বাস আছিল নে নাছিল সেয়া স্পষ্টকৈ জনা নাযায়; কিন্তু জন্মান্তৰবাদত তেওঁৰ বিশ্বাস নাছিল। অজিৎ বৰুৱাই কৈছিল - "সকলো লেখাই আত্মজীৱনীৰ অংশ। সাহিত্যৰ নৈৰ্ব্যক্তিকতা এটা বাগাড়ম্বৰ। ভাষাৰ বিষয়ে ভাষিক অৱধাৰণ।" নিজৰ সৃষ্টি সম্বন্ধে তেওঁৰ আছিল 'চিৰ-অসন্তুষ্টি! ' ব'দলেৰৰ ভাষাৰে তেওঁ কৈছিল - 'Sad Non Satiata'। জীৱনৰ কীৰ্তিস্তম্ভ 'ব্ৰহ্মপুত্ৰ' কবিতাটো সম্পূৰ্ণ কৰিবলৈ তেওঁ ২৯টাকৈ বছৰ সাধনা কৰিছিল। সৃষ্টিৰ স্থাপত্যসিদ্ধ শিল্পৰূপৰ বাবে সাধনাৰ বিকল্প নাই বুলিয়ে তেওঁ বিশ্বাস কৰিছিল। তেওঁৰ সাহিত্য-দশৰ্নত সেই সাধনাৰ অন্যতম মাৰ্গ আছিল অধ্যয়ন। অনুবাদ সম্বন্ধে স্বকীয় ধাৰণা পোষণ কৰিছিল অজিৎ বৰুৱাই। তেওঁৰ মতে লক্ষ্যভাষালৈ অনুবাদ হ'ব লাগিব সদায় মূল ভাষাৰপৰা - দ্বিতীয় বা তৃতীয় ভাষাৰ জৰিয়তে নহয়। অভিধান, হাঁহিৰ গল্প, এলিয়টৰ কবিতা, ফৰাচী ভাষা আৰু সাহিত্যৰ অধ্যয়ন সৰ্বাধুনিক মননৰ এই লেখকগৰাকীৰ সাহিত্য-দৰ্শনৰ বিশিষ্ট অংগ আছিল। অজিৎ বৰুৱাৰ অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনা অসমীয়া তথা ভাৰতীয় সাহিত্যত একক আৰু অনন্য। Publication Date: Article Source: © as.google-info.org 2020 । This website uses cookies. Cookies remember you so we can give you a better online experience.
16847a9d75163f3935a919bdefd14df91396f728de494418b2fe6985dddc5138
ফটা প্ৰেম - হিতেশ বি বৰুৱা - ফটাঢোল\nফটা প্ৰেম - হিতেশ বি বৰুৱা\nমই তেতিয়া নৱম শ্ৰেণীত পঢ়ি আছোঁ।\nআমাৰ গাঁৱৰে ছোৱালী এজনী তেতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছিলে। তেতিয়া তাইৰ লগত মোৰ অলপ লিলিমাই চলি আছে, প্ৰেম নামৰ নাটকখনৰ। তাইৰ ঘৰৰ মানুহৰ লগত মোৰ মাত-বোল নাই। কাৰণ এবাৰ উৰুকাৰ দিনা মোৰ বন্ধু এজনে সিহঁতৰ ঘৰৰ পদূলিত দিয়া বেৰখন ডাঙি আনি জুইত জাঁপি দিছিল। তেতিয়া তাইৰ খুৰাক আহি মোৰ লগতে দুজন বন্ধুক দম দিলে যে আমি হেনো আনিছোঁ বেৰকেইখন। আচলতে মই বেৰ অনাৰ সময়ত নাছিলোঁ, জুই জ্বলোৱা সময়ত জুইত দেখি আহিছিলোঁ। কিন্তু কোনে আনিছে বেৰকেইখন মই গম পাইছোঁ। তথাপি মই বন্ধু বুলি সিহঁতে অনা বুলি কোৱা নাই। কিন্তু আন এজনে কথাটো কৈ দিলে যে,\n: হিতেশে বেৰ অনা নাই, সি এতিয়া আহিছে।\nবাকী দুজনৰ নাম কৈ দিলে, যিয়ে বেৰ আনিছিল। মই নকোৱাৰ বাবে তাইৰ খুৰাকে ভাবিলে, মই হেনো লগাই দিয়াৰ বাবে বেৰকেইখন আনিছে বুলি ক'লে। এনেকৈ কাজিয়া লগাৰ বাবে মই সিহঁতৰ ঘৰলৈ যোৱা নাছিলোঁ।\nমোৰ দাদাৰ আমাৰ ৰাস্তাৰ কাষত তেতিয়া পাণ দোকান এখন আছিল। তাতেই বাঁহৰ চাং এখন বনাই বহি থাকোঁ আবেলি আবেলি। মাজে মাজে সিহঁতৰ ঘৰৰ ফালে চাই থাকোঁ, তাই কেতিয়া ঘৰৰ পৰা ওলাই বুলি। তাই যেতিয়া ঘৰৰ পৰা ওলাই আহে, তেতিয়া আমাৰ মাজত আকাৰে ইংগিতে কথা হৈছিল।\nগধূলি সময়ত খুৰাকৰ দুবছৰীয়া পোৱালিটো লগত লৈ আহে মোৰ দোকানলৈ। তেনেকৈ মই কথা পাতোঁ তাইৰ লগত। যেতিয়া কোনোবা বন্ধু আহি পায়, সেই সময়ত মই তাইক চানা খাবলৈ দিওঁ। লগৰ কেইজনমানে সন্দেহ কৰিছে যদিও মোক কথাটো সোধা নাই।\n: তই দেখোন তাই আহিলে এটকাত চানা ভাজা দিয়া। আমাক দেখোন এটকাত চানা ভাজা নাপাই বুলি কোৱা, কথাটো কি? আমি দুটকাত চানা ভাজা কিনিলে তোৰ চামোচখনত উঠি নাহে, কিন্তু তাই এটকাৰ চানা কিনিলে তই দেখোন ভাগৰ নধৰালৈ ঢালি দিয়েই থাকিব খোজা। কিবা লিলিমাই চলিছে নেকি তহঁতৰ মাজত।\nমই তেতিয়া তাক ক'লোঁ,\n: শুন তই, গাঁঁৱৰে ছোৱালী এজনীক তহঁতে এনেকৈ ভাবা! বেলেগ হ'লে আৰু কি যে নকলি হয়।\nসি তেতিয়া কয়,\n: লাজ কৰিব নালাগে, মই কাৰো আগত নকওঁ, লাগিলে কিবা সহায় কৰি দিম দে। ক'লেই হ'ল মোক।\nদুপৰীয়াৰ সময়ত তাই পথাৰত গৰুক পানী খুৱাবলৈ আহে আৰু মই সেই সময়খিনিৰ অনুমান কৰি পথাৰলৈ যাওঁ। তাতেই গৈ গৰুৰ নেজত চিঠিখন ওলোমাই থৈ আহোঁ। তাই পানী খুৱাবলৈ আহিলে চিঠিখন লৈ যায়। আকৌ গধূলি মোৰ দোকানত চানা কিনাৰ চলেৰে আহি চিঠিৰ উত্তৰ দিয়ে। এনেকৈ চিঠিৰ আদান প্ৰদান চলি আছিল। কিন্তু এদিন মাকে পানী খুৱাবলৈ আহিলে আৰু চিঠিখন পঢ়ি চালে হেনো।\nচিঠিত লিখা আছিল এনেদৰে,\nতোমাৰ ঘৰলৈ যাব নোৱাৰোঁ বাবে ভালকৈ কথা পাতিবলৈ নাপাওঁ। তাতেই আকৌ দোকানলৈ আহিলে মোৰ লগৰ বন্ধুবোৰ থাকে। তুমি আকৌ চিঠি লিখিবলৈ ভয় কৰা ঘৰৰ মানুহৰ ভয়ত। ভূঁই ৰুব নোৱাৰা তুমি জোকৰ ভয়ত, চিঠি লিখিব নোৱাৰা তুমি দেউতাৰ ভয়ত। তুলসীৰ তলে তলে মৃগ পহু চৰে, তোমালৈ মোৰ মনত পৰিলে বুকুৰ ঢপঢপনি বাঢ়ে। পাণ খালে ধৰিব\nচূণ খালে ডাঁকিব। মোলৈ যদি মৰম আছে চিঠিৰ উত্তৰ আহিব।\nচিঠিখন মাকে পাই তাইক সুধিলে যে,\n: এইখন চিঠি কোনে লিখিছে আৰু আমাৰ গৰুৰ নেজত বান্ধি থৈ গৈছে। তই কোন আপাক ভাল পা নু, কুনি দিয়ে তোক চিঠি, চিঠিত নাম নাই, কেৱল তোমাক বহুত ভাল পোৱা ল'ৰাজন বুলি আছে দেখুন।\nতাই মাকক কৈছে,\n: যদি চিঠিত নাম নাই, মই কেনে জানিম কুন আপাই চিঠি লিখছি, কুনবাই এনাই ফাল্টুমি কৰছি বধয়।\nমই কাকো ভাল নাপাওঁ।\nএনেকৈ আমাৰ লিলিমাই চলি আছিল। কিন্তু মই দ্বাদশ শ্ৰেণী পাছ কৰাৰ পাছত গুৱাহাটীলৈ আহিলোঁ। তাৰ পাছত বেলেগ ল'ৰা এজনক তাই মই নজনাকৈ ভাল পাই আছিল। এদিন তাই মোক এৰি সেই ল'ৰাজনৰ লগত পলাই গ'ল দূৰ্গা পূজাৰ দশমীৰ দিনাই। সিহঁতেহেনো তিনিখন গাড়ী সলনি কৰি গুৱাহাটীৰ নুনমাটি পালে পলাই আহি।\nমোৰনো কি আৰু, এনেকৈয়ে ফটাপ্ৰেমৰ সামৰণি মাৰিলোঁ।\n« জ্যোতিষীৰ এদিন (মূলঃ আৰ কে নাৰায়ণ) - অনুবাদঃ অনুৰূপ মহন্ত\nইয়াতকৈ বেদনা.... - বিজয় মহন্ত »\nহাঃ হাঃ ।বৰ বিষাদ\nহা হা হা। বৰ দূখ লাগিল। দূখতে হাঁহি দিলো।\nবৰ শোক লাগিল ,তাই মৰতী ক আজিও যদি লগ পাও মই সুধিম ,কিয় ঠগিলে তোমাক ।
59302a42171ef8f1816649289b859d7cdd4d6f80ba0beb86bbd352182285b097
গুৱাহাটী : বিকী আলীৰ এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ আদালতৰ। গাড়ীগাঁও কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলীৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছিল। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিকী আলীক লক্ষ্য কৰি গুলী চালনা কৰোতে মৃত্যু হৈছিল বিকী আলীৰ। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক তদন্তৰ দায়িত্ব অৰ্পণ। সমগ্ৰ ৰাজ্য কঁপাই যোৱা মহানগৰী গুৱাহাটীৰ গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলীৰ কিছুদিন পুর্বে আৰক্ষীৰ গুলীত মৃত্যু হৈছিল। আৰক্ষীয়ে দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা বিকী আলীয়ে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিকী আলীক লক্ষ্য কৰি গুলী চালনা কৰাত থিতাতে নিহত হৈছিল বিকী আলী। ইয়াৰ পিছতে এই এনকাউণ্টাৰৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ধৰ্ষণৰ অভিযুক্ত বিকী আলীৰ পৰিয়ালে দাবী কৰিছিল যে বিকী আলীয়ে আত্মসমৰ্পণ কৰিছিল গতিকে আত্মসমৰ্পণ কৰাৰ পিছত বিকী আলী পলায়ন কৰা নাছিল। আৰক্ষীয়ে বিকী আলীক হত্যা কৰিছিল বুলিও পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল। অৱশেষত কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলীৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে। আদালতে বিকী আলীৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক। অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসে ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক তদন্তৰ প্ৰতিবেদন ১৫ দিনৰ ভিতৰত দাখিল কৰিব লাগিব অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসে। উল্লেখ্য যে গাড়ীগাঁৱৰ এগৰাকী কিশোৰীক পাঁচজনকৈ যুৱকে ধর্ষণ কৰিছিল। হোটেলৰ কোঠাত পাঁচ যুৱকে ধর্ষণ কৰিছিল কিশোৰী গৰাকীক। এই ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত আছিল বিকী আলী। বিকী আলী কিশোৰী গৰাকীৰ প্ৰেমিক আছিল। ধর্ষণকাণ্ডৰ পিছত বিকী আলীসহ আন চাৰি অভিযুক্ত পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত কামৰূপ জিলাৰ দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিকী আলীক। ১৬ মাৰ্চত আৰক্ষীয়ে দামপুৰৰ পৰা বিকী আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত বিকী আলী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। আৰক্ষীয়ে বিকী আলীক লক্ষ্য কৰি গুলী চালনা কৰাত থিতাতে নিহত হৈছিল বিকী আলী। এই ধর্ষণকাণ্ডৰ আন দুজন অভিযুক্ত গ্ৰেপ্তাৰ হৈছে যদিও দুজন অভিযুক্ত বর্তমানেও পলাতক অৱস্থাত আছে। পলাতক দুজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। You may also read!
8f826acf7deddc46df6e45d5e3ad8ec4988e97a9d7ab31628033db027129cc72
বুধবাৰে আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ গৌতম আদানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক পিছলৈ ঠেলি ভাৰতৰ লগতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়। প্ৰতিবেদন অনুসৰি এপ্ৰিল ২০২০-ৰ পৰা আদানিৰ মুঠ সম্পত্তি যথেষ্ট বৃদ্ধি পাইছে। ২০২০ চনৰ ১৮ মাৰ্চত তেওঁৰ মুঠ সম্পত্তি আছিল ৪.৯১ বিলিয়ন আমেৰিকান ডলাৰ। যোৱা ২০ মাহত গৌতম আদানিৰ মুঠ সম্পত্তি ১৮০৮ শতাংশ বৃদ্ধি হৈ ৮৩.৮৯ বিলিয়ন আমেৰিকান ডলাৰ হৈছেগৈ। একে সময়তে মুকেশ আম্বানীৰ মুঠ সম্পত্তি ২৫০ শতাংশ অৰ্থাৎ ৫৪.৭ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি হৈছে। ইয়াৰ পূৰ্বে ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সে প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে আদানিৰ বৰ্তমানৰ মুঠ সম্পত্তি হৈছে ৮৮.৮ বিলিয়ন আমেৰিকান ডলাৰ যি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ মুঠ মূল্যতকৈ মাত্ৰ ২.২ বিলিয়ন আমেৰিকান ডলাৰ কম। ET-ৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ O2C চুক্তি বাতিল কৰাৰ পিছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ চাপত আছিল আৰু ১.০৭ শতাংশ হ্ৰাস হৈ ২,৩৬০.৭০ টকাত আছিল। আনহাতে আদানি গোটৰ ষ্টকবোৰে এই সময়ছোৱাত অধিক ব্যৱসায় কৰি আছিল। আদানি এণ্টাৰপ্ৰাইজেছ ২.৯৪ শতাংশ বৃদ্ধি হৈ ১৭৫৭.৭০ টকাত আছিল। আদানি বন্দৰ ৪.৮৭ শতাংশ বৃদ্ধি হৈ ৭৬৪.৭৫ টকালৈ বৃদ্ধি পাইছে। আদানি ট্ৰেন্সমিছনে ০.৫০ শতাংশ লাভ কৰি ১,৯৫০.৭৫ টকালৈ বৃদ্ধি কৰিছে। আনহাতে আদানি পাৱাৰৰ শ্বেয়াৰসমূহেও ০.৩৩ শতাংশ যোগ কৰি ১০৬.২৫ টকা কৰিছে। উল্লেখ্য যে, প্ৰধান মন্ত্ৰী মোদীৰ ঘনিষ্ঠ হিচাপে পৰিচিত আদানীৰ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা ব্যৱসায়ত চমকপ্ৰদ উত্থান হয়। আদানী দেশৰ আটাইতকৈ ধনৱন্ত ব্যক্তি হিচাপে পৰিগণিত হোৱাৰ পাছত এইয়া মোদীৰে ঘনিষ্ঠতাৰ ফচল হিচাপেই অভিহিত কৰিছে বিভিন্নজনে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
d924484ed7f86cd1ee19f77c24cda7203443ea253f8173093d1499c7688a3d70
টি এন ছেছানৰ দৰে মুখ্য নির্বাচনী আয়ুক্ত এবাৰহে পাও, বাস্তৱ পৰিস্থিতি উদ্বেগজনকঃ নির্বাচনী আয়োগক লৈ কি কি মন্তব্য উচ্চতম ন্যায়ালয়ৰ ? দেশৰ নির্বাচনী আয়োগত ব্যাপক সংশোধনৰ পক্ষত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে । সংবিধানে মুখ্য নিৰ্বাচন আয়ুক্তৰ "কান্ধ"ত বিপুল ক্ষমতা প্ৰদান কৰিছে আৰু এই পদত "শক্তিশালী কোনোবা ব্যক্তিক" নিযুক্তি দিয়াটো গুৰুত্বপূৰ্ণ বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। চৰকাৰৰ অধিবক্তাই কয় যে চৰকাৰে শ্ৰেষ্ঠ ব্যক্তি নিযুক্তিৰ বিৰোধিতা নকৰে । কিন্তু প্ৰশ্ন হয় যে কেনেকৈ তেনে ব্যক্তি বাচনি কৰিব পাৰি। সংবিধানত কোনো সুৰুঙা নাই । বৰ্তমান মন্ত্ৰী পৰিষদৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়ে। বিচাৰপীঠখনে কয় যে ১৯৯০ চনৰ পৰা বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীকে ধৰি কেইবাটাও দল-সংগঠনে নিৰ্বাচন আয়োগকে ধৰি সাংবিধানিক সংস্থাসমূহত নিযুক্তিৰ বাবে কলেজিয়ামৰ দৰে ব্যৱস্থাৰ আহ্বান জনাইছে। "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
c4bc97081f2526833a38b5ef4682ef087ad928b5cf8c6b23de299a7f5b499591
চৰম শাৰীৰিক-মানসিক নিৰ্যাতন সহিব নোৱাৰিয়েই আত্মহত্যাৰ পথ বাচি ল'লে মণিতাই। ফেচবুকক পোষ্টত কৈ গ'ল সমস্ত কাহিনী। চৰম শাৰীৰিক-মানসিক নিৰ্যাতন সহিব নোৱাৰিয়েই আত্মহত্যাৰ পথ বাচি ল'লে মণিতাই। ফেচবুকক পোষ্টত কৈ গ'ল সমস্ত কাহিনী। Share this: বিবাহপাশত আবদ্ধ হোৱাৰ মাথোঁ চাৰি বছৰ হৈছে। সংসাৰত আছে এটি ৩ বছৰীয়া কণমানি।'এজন সৎ আৰু বিশ্বাসী স্বামী লাভ কৰিবলৈ মই ইমান সৌভাগ্যৱতী নহ'লো, প্ৰতিদিনেই ইমান ঘৰুৱা হিংসা, মানসিক নিৰ্যাতন সহ্য কৰিব পৰাকৈ মই শক্তিশালী নহয়' বুলি ফেচবুকত পোষ্ট দি জীৱনৰ চৰম সিদ্ধান্ত বাচি ল'লে এগৰাকী বোৱাৰীয়ে। ১ ডিচেম্বৰৰ নিশা পৃথিৱীৰ সকলো মায়া-মোহ এৰি এই পৃথিৱীৰ পৰা গুচি গ'ল জাগীৰোডৰ কন্যা মণিতা ছেত্ৰীয়ে। ঘটনাৰ স্থান দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া আবাসিক এলেকাৰ D+98 নং বাসগৃহ। ২০১৬ চনৰ ১ ডিচেম্বৰত অইলৰ গাণনিক শাখাৰ বিষয়া কিৰণ ছেত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মণিতা। উচ্চশিক্ষিত মণিতা বিবাহৰ পূৰ্বে ভাল চাকৰি কৰিছিল। কিন্তু অইলত চাকৰি দিয়াৰ প্ৰলোভনেৰে অৰুণাচলৰ পাচিঘাটৰ বাসিন্দা কিৰণে বিয়া কৰাইছিল মণিতাক। বিয়াৰ পিছৰে পৰা মণিতাৰ ওপৰত আৰম্ভ হয় শাৰীৰিক-মানসিক নিৰ্যাতন। চৰম শাৰীৰিক-মানসিক নিৰ্যাতন সহিব নোৱাৰিয়েই আত্মহত্যাৰ পথ বাচি ল'লে মণিতাই। ফেচবুকক পোষ্টত কৈ গ'ল সমস্ত কাহিনী। মই এজন সৎ আৰু বিশ্বাসী লাভ কৰিব পৰাকৈ ইমান ভাগ্যৱান নহয়। প্ৰতিদিনে ঘৰুৱা হিংসা আৰু মানসিক নিৰ্যাতন সহ্য কৰিব পৰাকৈ সম্ভৱত মই ইমান শক্তিশালী নহয়। মোৰ বিয়াৰ বহু বছৰ হৈছে। মই এজন মৃত মানুহৰ দৰে জীয়াই আছো। আৰু এতিয়া মই ভাগৰুৱা। মই কোনো আশা দেখা নাই। এটি কণমানি নিস্পাপ শিশু এৰি যোৱাটো কিমান কঠিন সেয়া কোনেও অনুভৱ কৰিব নোৱাৰে। সেয়ে মোৰ ভগৱানলৈ অনুৰোধ - 'অনুগ্ৰহ কৰি মোৰ শিশুটিক সুৰক্ষা দিয়াৰ লগতে সদাই তাৰ লগত থাকিবা, মই যোৱাৰ পিছত সি অকলশৰীয়া হৈ পৰিব।' আৰু যদি সম্ভৱ, মোক ক্ষমা কৰি দিবা, মোৰ কণমানি পুত্ৰ। তোমাৰ মাই তোমাক সদায় বহু ভাল পায়। ঘটনাৰ পিছতে কিৰণ ছেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে মণিতাৰ পিতৃয়ে। উক্ত এজাহাৰমৰ্মে কিৰণ ছেত্ৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। প্ৰায় ৩০০০ কোটি টকাৰ সম্পত্তি! নাই স্ত্ৰী-সন্তান, জানেনে কোন হ'ব ছলমান খানৰ এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী! Amul গাখীৰৰ মূল্য পুনৰ বাঢ়িব নেকি ? কোম্পানীৰ এমডি আৰ এছ সোধীয়ে কি ক'লে ? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
f159113aec512b25870ba8992729b116d1937fbbaa0e57fec470049f16be5f43
'শিক্ষক অবিহনে ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধন হোৱাতো অসম্ভৱ। শিক্ষকেই ছাত্ৰ-ছাত্ৰীৰ মূল হোতা। একোটা শিক্ষানুষ্ঠানে এটা সভ্যতা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।' নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ আজি তৃতীয় দিনৰ অন্যতম অনুষ্ঠান সদৌ অসম ভিত্তিত শুকদেৱ গোস্বামী সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই মন্তব্য কৰে। 'নাগৰিকপঞ্জীয়েই খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ উপায়' শীৰ্ষক তৰ্ক প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে উপস্থিত থাকি মহন্তই কয় যো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অবিহনে অসমীয়া মানুহৰ অস্তিত্ব বিপন্ন। সেয়ে এইক্ষেত্ৰত সকলো মানুহ সজাগ হোৱাটো নিতান্তই প্ৰয়োজন বুলি তেওঁ কয়। নাগৰিক পঞ্জী প্ৰস্তুতৰ মূল কামত দক্ষ আৰু সাহসী বিষয়া নিয়োগ কৰিব লাগে বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীৰ অধ্যক্ষতাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাখনিত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজা, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতী, প্ৰাক্তন ছাত্ৰ তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা দেৱ কুমাৰ শইকীয়া, প্ৰাক্তন ছাত্ৰ তথা ইতিহাসবিদ ড০ ৰাজেন শইকীয়াকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানৰ সমান্তৰালকৈ মহাবিদ্যালয়খনৰ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 'ফটোগ্ৰাফী' শীৰ্ষক এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহ জন্মাবলৈ বিশিষ্ট ফটোগ্ৰাফাৰ তথা চিত্ৰ পৰিচালক আৰূপ মান্না, সঞ্জীৱ গোহাঁই বৰুৱা, মুৰুলী সেনাপতি, উৎপল বৰুৱা আৰু প্ৰশান্ত বৰদলৈয়ে বিভিন্ন বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ddaa4aa7e1f1e15c42961bd3f86f84634785d6e2278581ebc2890f7b771030fc
১৯৬৮ চনৰ ১ মাৰ্চ তাৰিখে মণিপুৰৰ ইম্ফলৰ মায়াই লেইকাইত কুঞ্জৰাণী দেৱীৰ জন্ম হৈছিল। তেওঁ ১৯৭৮ চনত ইম্ফলৰ চিন্দাম চিংচাং অবাসিক উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থাকোঁতে ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল। ইম্ফলৰ মহাৰাজ বুদ্ধ চন্দ্ৰ কলেজত পঢ়ি থাকোঁতে ভাৰোত্তলন তেওঁৰ প্ৰিয় ক্ৰীড়াত পৰিগণিত হৈছিল। তেওঁ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলত যোগদান কৰে। তেওঁ ভাৰতীয় পুলিচ দলৰ ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ কেপ্তেইন আছিল। তেওঁ ১৯৮৫ চনৰ পৰা ৰাষ্ট্ৰীয় ভাৰোত্তলন চেম্পিয়নশ্বিপৰ ৪৪ কেজি, ৪৬ কেজি আৰু ৪৮ কেজি শাখাত পদক লাভ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ১৯৮৭ চনত ত্ৰিভান্দ্ৰমত দুটা নতুন ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিছিল। তেওঁ ৪৬ কেজি শাখালৈ আহি পুনেত ১৯৯৪ চনত সোণৰ পদক লাভ কৰিছিল। আকৌ তেওঁ চাৰিবছৰ পিছত ৪৮ কেজি শাখালৈ মণিপুৰত অৱতীৰ্ণ হৈ ৰূপৰ পদক অৰ্জন কৰিছিল। ১৯৮৯ চনত তেওঁ পোনপ্ৰথম বাৰৰ বাবে মানচেষ্টাৰত অনুষ্ঠিত মহিলাৰ বিশ্ব ভাৰোত্তলন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ ক্ৰুছিল। ইয়াত তেওঁ তিনিটা ৰূপৰ পদক লাভ কৰিছিল। তাৰ পিছত তেওঁ ১৯৯৩ চনৰ মেলবৰ্ণ সংস্কৰণৰ বাহিৰে একেৰাহে সাতবাৰ বিশ্ব ভাৰোত্তলন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ প্ৰতিবাৰেই তেওঁ ৰূপৰ পদক অৰ্জন কৰিছিল। তেওঁ ১৯৯০ চনৰ বেইজিং আৰু ১৯৯৪ চনৰ হিৰোশ্বিমা এছিয়ান গেমছত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ১৯৯৮ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ কোনো পদক অৰ্জন কৰিব নোৱাৰিলে। তেওঁ ১৯৮৯ চনত চীনৰ চাংঘাইত অনুষ্ঠিত এছিয়ান ভাৰত্তোলন চেম্পিয়নশ্বিপত এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ১৯৯১ চনৰ ইণ্ডোনেছিয়াত অনুষ্ঠিত এছিয়ান ভাৰত্তোলন চেম্পিয়নশ্বিপৰ সংস্কৰণত তেওঁ ৪৪ কেজি শাখাত তিনিটা ৰূপৰ পদক অৰ্জন কৰে। আকৌ ১৯৯২ চনত থাইলেণ্ড আৰু ১৯৯৩ চনত চীনত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ সংস্কৰণত দ্বিতীয় স্থান লাভ কৰিছিল। ১৯৯৫ ত দক্ষিণ কোৰিয়াত অনুষ্ঠিত একে প্ৰতিযোগিতাত তেওঁ ৪৬ কেজি শাখাত দুটা সোণৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ১৯৯৬ চনত জাপানত অনুষ্ঠিত একে প্ৰতিযোগিতাত দুটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। তেওঁ ২০০৬ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল। ↑ 1.0 1.1 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 November 2014. https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছেঃ 21 July 2015. হ'মী মতিৱালা আৰু পুষ্পেন্দ্ৰ কুমাৰ গাৰ্গ (১৯৯৩-১৯৯৪) জ্যোতিৰ্ময়ী শিকদাৰ (১৯৯৮-১৯৯৯) পুল্লেলা গোপীচান্দ (২০০০-২০০১) অভিনৱ বিন্দ্ৰা (২০০১) কে. এম. বীণামোল আৰু অঞ্জলী ভাগৱত (২০০২) অঞ্জু ববী জৰ্জ (২০০৩) ৰাজ্যৱৰ্ধন সিং ৰাথোড় (২০০৪) পঙ্কজ আদৱানী (২০০৫) মনৱীত সিং সান্ধু (২০০৬) মহেন্দ্ৰ সিং ধোনি (২০০৭) বঁটা প্ৰদান কৰা হোৱা নাই (২০০৮) মেৰী কম, বিজেন্দৰ সিং আৰু সুশীল কুমাৰ (২০০৯) ছাইনা নেহৱাল (২০১০) বিজয় কুমাৰ আৰু যোগেশ্বৰ দত্ত (২০১২) ৰঞ্জন সোধী (২০১৩) বঁটা প্ৰদান কৰা হোৱা নাই (২০১৪) ছানিয়া মিৰ্জা (২০১৫) পি. ভি. সিন্ধু, দীপা কৰ্মকাৰ, জিতু ৰায় আৰু সাক্ষী মালিক (২০১৬) দেৱেন্দ্ৰ ঝাঝাৰীয়া আৰু চৰদাৰা সিং (২০১৭) সাইখোম মীৰাবাই চানু আৰু বিৰাট কোহলি (২০১৮) দীপা মালিক আৰু বজৰং পুনিয়া (২০১৯) ৰোহিত শৰ্মা, মাৰীয়াপ্পান থানগাভেলু, মণিকা বাত্ৰা, বিনেশ ফোগাট আৰু ৰাণী ৰামপাল (২০২০) নীৰজ চোপ্ৰা, ৰবি কুমাৰ দাহিয়া, লাভলীনা বৰগোহাঁই, পি. আৰ. শ্ৰীজেশ, অৱনী লেখাৰা, সুমিত আন্তিল, প্ৰমোদ ভগত, কৃষ্ণা নাগৰ, মনীষ নাৰৱাল, মিতালী ৰাজ, সুনীল ছেত্ৰী আৰু মনপ্ৰীত সিং (২০২১) এই পৃষ্ঠাখন ২৬ আগষ্ট, ২০২১ তাৰিখে ১৮ঃ০৯ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
3fdce82b1f0b342055a36fc0d46b6e02c73b34b902498e1705eb99f3a9242127
আলম আৰা (১৯৩১ চলচ্চিত্ৰ) - অসমীয়া ৱিকিপিডিয়া\n১৯৩১ filmসাঁচঃSHORTDESC:১৯৩১ film\nমুঞ্চী জাহীৰ (উৰ্দু)\nআদি এম. ইৰাণী\nফিৰোজশ্বাহ এম. মিষ্ট্ৰী\n১৪ মাৰ্চ ১৯৩১\nব্ৰিটিছ ভাৰত (বৰ্তমানৰ ভাৰত আৰু পাকিস্তান)\n₹৩৯০ নিযুত (৫.৪৭ মিলিয়ন ডলাৰ) (Adjusted)\n₹২.৮৯ শ কোটি (৪০.৫২ মিলিয়ন ডলাৰ) (Adjusted)\nআলম আৰা (অৰ্থঃ বিশ্বৰ অলংকাৰ) হ'ল ১৯৩১ চনত নিৰ্মিত হিন্দী ভাষিক তথা ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালক আছিল অৰ্দেশিৰ ইৰাণী। অৰ্দেশিৰ ইৰাণীয়ে চলচ্চিত্ৰত শব্দৰ মহত্ব বুজিয়ে আলম আৰাক আৰু বহুতো সমকালীন সবাক চলচ্চিত্ৰৰ আগতে পূৰ্ণ কৰিছিল। আলম আৰাৰ প্ৰথম প্ৰদৰ্শন ১৯৩১ চনৰ ১৪ মাৰ্চত মুম্বাই (তেতিয়াৰ বোম্বে)ৰ মেজিস্তিক চিনেমাত কৰা হৈছিল। এই প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰখন ইমানেই লোকপ্ৰিয় হৈ পৰে যে মানুহৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুলিচৰ সহায় ল'ব লগা হৈছিল।\n4 মুখ্য কলাকাৰ\nআলম আৰা হ'ল এজন ৰাজকুমাৰ আৰু এজনী অনাই-বনাই ঘূৰি ফুৰা ছোৱালীৰ প্ৰেম কাহিনী। আলম আৰা জোছেফ ডেভিদৰ এখন পাৰ্চী নাটকৰ ওপৰত আধাৰিত। জোছেফ ডেভিদে পাছলৈ ইৰাণীৰ ফিল্ম কোম্পানীত লেখক হিচাপে কাম কৰিবলৈ লয়। চলচ্চিত্ৰখনৰ কাহিনী এটা কাল্পনিক, ঐতিহাসিক কুমাৰপুৰ নগৰৰ ৰাজপৰিয়ালৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ হ'ল এজন ৰজা আৰু তেঁওৰ দুজনী দন্দুৰি পত্নী দিলবহাৰ আৰু নৌবহাৰ। দুয়োৰে মাজত যুদ্ধ তেতিয়া আৰু বাঢ়ি যায় যেতিয়া এজন ফকীৰে (ৱাজিৰ মহম্মদ খান) ভৱিষ্যতবাণী কৰে যে ৰজাৰ উত্তৰাধিকাৰীক নৌবহাৰে জন্ম দিব। খঙাল দিলবহাৰে প্ৰতিশোধ ল'বৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী আদিলক (পৃথ্বীৰাজ কাপুৰ) প্ৰেমৰ প্ৰস্তাব দিয়ে, কিন্তু আদিলে সেই প্ৰস্বাব নাকচ কৰে। খঙতে দিলবহাৰে আদিলক কাৰাগাৰত বন্দী কৰি দিয়ে আৰু তেঁওৰ জীয়ৰী আলম আৰাক (জুবেইদা) নিৰ্বাসিত কৰে। আলম আৰাক অনাই-বনাই ঘূৰি ফুৰা এটা মানৱ জাতিয়ে লালন পালন কৰে। যৌৱনত ভৰি দিয়াৰ পাছত আলম আৰাই পুনৰ ৰাজমহললৈ উভতি যায় আৰু ৰাজকুমাৰৰ (মাষ্টৰ ৱিট্থল) সৈতে প্ৰেমত লিপ্ত হয়। অৱশেষত দিলবহাৰে নিজৰ শাস্তি লাভ কৰিলে, ৰাজকুমাৰ আৰু আলম আৰাৰ বিয়া হয় আৰু আদিল কাৰাগাৰৰ পৰা মুক্ত হয়।\nএই চলচ্চিত্ৰখন নিৰ্মাণ কৰিবলৈ অৰ্দেশিৰ ইৰাণীয়ে এখন ইংৰাজী চলচ্চিত্ৰ "শ্ব' বোট" (Show Boat, 1929)ৰ পৰা অনুপ্ৰেৰণা পাইছিল।\nচলচ্চিত্ৰ আৰু ইয়াৰ সংগীত দুয়োক্ষেত্ৰতে ব্যাপকৰূপে সফলতা প্ৰাপ্ত হৈছিল। চলচ্চিত্ৰখনৰ গীত "দে দে খুদা কে নাম পৰ" ভাৰতীয় চিনেমাৰ প্ৰথমটো গীত আছিল যিটো অভিনেতা ৱাজিৰ মহম্মদ খানে গাইছিল। চলচ্চিত্ৰখনৰ সেই গানটো লোকৰ মাজত বহুত জনপ্ৰিয় হৈ পৰিছিল। সেই সময়ত ভাৰতীয় চলচ্চিত্ৰত পাৰ্শ্ব গায়ন পদ্ধতি আৰম্ভ হোৱা নাছিল, সেইকাৰণে এই গীতটোক হাৰম'নিয়াম আৰু তবলাৰ সংগীতৰে সৈতে বাণীবদ্ধ কৰা হৈছিল।\nচলচ্চিত্ৰখনে ভাৰতীয় চলচ্চিত্ৰত ফিল্মী সংগীত আৰম্ভণি কৰিছিল। চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালে চলচ্চিত্ৰখন চৰ্চা কৰি কৈছে, "এইখন কেৱল এখন সবাক চলচ্চিত্ৰই নাছিল বৰং এইখন আছিল এখন কথা ক'ব পৰা আৰু গাব পৰা এখন চলচ্চিত্ৰ য'ত ক'ব কম লাগে কিন্তু গাব অধিক লাগে। এই চলচ্চিত্ৰখনত বহুতো গীত আছিল আৰু এইখনে চলচ্চিত্ৰত গানৰ দ্বাৰা কাহিনী কোৱা আৰু বঢ়োৱা পৰম্পৰাৰ সুত্ৰপাত কৰিছে।"\nটানাৰ ধ্বনি প্ৰণালী প্ৰয়োগ কৰি, অৰ্দেশিৰ ইৰাণীয়ে শব্দ ৰেকৰ্ডিং বিভাগ নিজেই নিয়ন্ত্ৰণ কৰিছিল। চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ টানাৰ একাকী-প্ৰণালী কেমেৰাৰ দ্বাৰা কৰা হৈছিল যিয়ে শব্দবোৰ প্ৰত্যক্ষভাৱে ফিল্মত ৰেক'ৰ্ড কৰা হৈছিল। কিয়নো সেইসময়ত ছাউণ্ডপ্ৰুফ ষ্টুডিঅ' উপলব্ধ নাছিল, এইকাৰণে হূলস্থূলৰ পৰা ৰক্ষা পাবলৈ বেছিভাগ চিত্ৰগ্ৰহণৰ কাম ৰাতি কৰা হৈছিল। চিত্ৰগ্ৰহণৰ সময়ত মাইক্ৰ'ফোন অভিনেতাবোৰৰ লগত লুকাই ৰখা হৈছিল। \nমুখ্য কলাকাৰ[সম্পাদনা কৰক]\nআলম আৰাৰ এটি দৃশ্য\nআলম আৰাৰ অন্য এটি দৃশ্য\n"আলম আৰা"ত মাষ্টৰ ৱিট্থল আৰু জুবেইদা, ১৯৩১\nঅৰ্দেশিৰ ইৰাণীয়ে "আলম আৰা"ৰ ৰেক'ৰ্ডিঙ কৰি থকা সময়ত, ১৯৩১\nবাতৰিকাকতত "আলম আৰা"ৰ বিজ্ঞাপন, ১৯৩১\n↑ The 'First' talkies film www.indiamarks.com.\n↑ 3.0 3.1 Talking images, 75 years of cinema The Tribune, March 26, 2006, Retrieved:2008-08-04\n↑ Alam Ara- first song Archives, www.saregama.com.\nৱিকিমিডিয়া কমন্সত আলম আৰা সম্পৰ্কীয় মিডিয়া ফাইল আছে।\nআলম আৰা (১৯৩১ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।\n"https://as.wikipedia.org/w/index.php?title=আলম_আৰা_(১৯৩১_চলচ্চিত্ৰ)&oldid=310692"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ১১ জানুৱাৰী, ২০২২ তাৰিখে ১৯ঃ৫৩ বজাত অন্তিম সংশোধন কৰা হৈছিল।
b04c76a562fbc2da86b3ec8e49a8a3389f08410306d5ac0ba77c9fc57527bf4f
দধীচি (বা দধ্যাংশ বা দধ্যাঙ্গ) প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। ঋষি দধীচি আত্মবলিদান আৰু আত্মোৎসৰ্গৰ বাবে প্ৰসিদ্ধ। পুৰাণ বৰ্ণিত কাহিনী অনুসৰি ঋষি দধীচিয়ে নিজৰ দেহ ত্যাগ কৰি দেৱৰাজ ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰ তৈয়াৰ কৰিবলৈ সহায় কৰিছিল। স্বৰ্গ অধিকাৰ কৰি দেৱতাসকলক স্বৰ্গৰ পৰা বহিস্কৃত কৰা বৃত্ৰ নামৰ অসুৰক বধ কৰিবলৈ দেৱতাসকলক এক শক্তিশালী অস্ত্ৰৰ প্ৰয়োজন হৈছিল। সেই সময়ত ঋষি দধীচিয়ে নিজৰ দেহদান কৰি দেৱতাসকলক সহায় কৰিছিল বুলি জনা যায়। দধীচি বা দধ্যাংশ সংস্কৃতৰ দধ্য(দৈ) আৰু অংশ(ভাগ) শব্দ মিলিত হৈ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ'ল 'যাৰ দেহে দৈৰ পৰা শক্তি আহৰণ কৰিছে'। ঋষি দধীচিৰ নামটো দধ্যাঙ্গ বা দধ্যাংশ শব্দৰ পৰা আহিছে বুলি বিখ্যাত সংস্কৃত পণ্ডিত পানিনিয়ে তেওঁৰ অস্ত্যাধ্যায়ী গ্ৰন্থত উল্লেখ কৰিছে। ঋষি দধীচি শিৱভক্ত হিচাপে প্ৰখ্যাত। শিৱ আৰু শক্তি(সতী)ৰ বিচ্ছেদ হোৱাৰ পিছত, শিৱ কিছুদিন অৰণ্যত বাস কৰিছিল বুলি জনা যায়। ঋষি হিচাপে শিৱ বনত আবিৰ্ভাৱ হোৱা দিনটোকে বাৰ্ষিক মহা শিৱৰাত্ৰি হিচাপে উদযাপন কৰা হয়। বনত থকা কালছোৱাত দধীচি আদি ঋষিগণে মহাদেৱৰ আৰাধনা কৰাৰ কথা পুৰাণত উল্লেখ পোৱা যায়। ভাগৱত পুৰাণ অনুসৰি ঋষি দধীচি 'অথৰ্বন মুনি' আৰু তেওঁৰ পত্নী 'চিত্তি'ৰ পুত্ৰ। ঋষি অথৰ্বনক হিন্দু ধৰ্মশাস্ত্ৰ চাৰিবেদৰ অন্যতম অথৰ্ব বেদৰ ৰচয়িতা হিচাপে জনা যায়। তেওঁৰ পত্নী চিত্তি ঋষি 'কৰ্দম'ৰ পুত্ৰী আছিল। ঋষি দধীচিৰ পত্নীৰ নাম স্বৰ্চা আৰু পুত্ৰ পিপ্পালাড়া। ঋষি পিপ্পালাড়া প্ৰশ্ন উপনিষদৰ ৰচয়িতা হিচাপে জনা যায়। দধীচিয়ে মুনিয়ে নৈমিশাৰণ্যৰ মিশ্ৰিখ নামে ঠাইত নিজৰ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ আছে। বৰ্তমান এই ঠাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত। [1] বৰ্তমান ৰাজস্থান ৰাজ্যত প্ৰধানকৈ বসবাস কৰা দধীচ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকল ঋষি দধীচিৰ বংশধৰ বুলি বিশ্বাস প্ৰচলিত আছে। ঋষি দধীচিৰ সৈতে জড়িত বিভিন্ন উপাখ্যান পুৰাণসমূহত পোৱা যায়। প্ৰজাপতি দক্ষই আয়োজন কৰা যজ্ঞলৈ মহাদেৱক আমন্ত্ৰণ নকৰাৰ কথা জানিব পাৰি সেই যজ্ঞ ত্যাগ কৰা প্ৰথম ব্যক্তি হিচাপে ঋষি দধীচিক জনা যায়। [2] তদুপৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলে জপ কৰা 'নাৰায়ণ কৱচ' মন্ত্ৰৰ ৰচনা ঋষি দধীচিয়ে কৰিছিল। দেৱী হিঙ্গলাজক উদ্দেশ্যি আৰাধিত মন্ত্ৰসমূহ দধীচিয়ে ৰচনা কৰিছিল বুলি প্ৰবাদ আছে। পুৰাণ বৰ্ণিত আখ্যান অনুসৰি পৰশুৰামে এসময়ত সকলো ক্ষত্ৰিয়ৰ নিধন কৰিছিল। সেই সময়ত ঋষি দধীচিয়ে কিছু ক্ষত্ৰিয় সন্তানক হিঙ্গলাজ দেৱীৰ মন্দিৰত লুকুৱাই ৰাখিছিল আৰু দেৱীৰ আৰাধনা কৰি তেওঁলোকক সুৰক্ষিত কৰিছিল। ↑ "The Great Sage Dadhichi". Archived from the original on 2007-04-21. https://web.archive.org/web/20070421195923/http://www.urday.com/dadichi.html। আহৰণ কৰা হৈছেঃ 2009-09-20. অদৃশ্য শ্ৰেণীঃ এই পৃষ্ঠাখন ১৮ জানুৱাৰী, ২০১৮ তাৰিখে ১৬ঃ২৩ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
b0ebef0d8fef007745ad7c0a798f97954d4296197310d220cc614a231e3f67dc
হল্মষ্ট্ৰম ফিনলেণ্ডৰ হেলচিংকিত চুইডিছ ভাষী সংখ্যালঘূ সম্প্ৰদায়ত জন্ম হৈছিল। তেওঁ হেলচিংকি বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৫ চনত তেওঁ অপেৰেচনাল গৱেষণাত স্নাতক আৰু পিছলৈ গ্ৰেজুৱেট স্কুল অফ বিছনেছৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ১৯৯৪ চনৰ পৰা এমআইটিৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ কিছুদিন নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেলগজ গ্ৰেজুৱেট স্কুল অফ মেনেজমেণ্টত সহকাৰী অধ্যাপক (১৯৭৯-১৯৮২) আৰু য়ালে বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ এডৱিন জে. বেইনেকে আসনৰ অধ্যাপক হিচাপে (১৯৮৩-১৯৯৪) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১০ চনৰ হেলচিংকি বিশ্ববিদ্যালয় প্ৰাপ্তন ছাত্ৰ সন্থাৰ বৰ্ষশ্ৰেষ্ঠ প্ৰাপ্তন ছাত্ৰ হিচাপে সন্মানিত হয়। হল্মষ্ট্ৰম সাধাৰণতে তেওঁৰ এজেণ্ট সূত্ৰৰ নীতিৰ বাবে জনাজাত। তেওঁ চুক্তিৰ নীতিসমূহ ঘাইকৈ ফাৰ্ম, সমবায় আদিত ব্যৱহাৰ কৰি অৰ্থনৈতিক সংকটৰ সময়ত ভাল ফল পোৱা গৈছে। হল্মষ্ট্ৰম আমেৰিকান বিজ্ঞান আৰু কলা একাডেমীৰ ফেল', ইক'মেট্ৰিক ছোচাইটি আৰু আমেৰিকান বিত্ত সংস্থা, ৰয়েল চুইডিছ একাডেমী অফ চাইন্স আৰু ফিনিছ একাডেমী অফ চাইন্স এণ্ড লেটাৰ্ছৰ বৈদেশিক ফেল'। ২০১১ চনত তেওঁ ইক'মেট্ৰিক ছোচাইটিৰ সভাপতি আছিল। তেওঁ ষ্টকহম স্কুল অফ ইকনোমিক্স, ছুইডেন, ৱাচা বিশ্ববিদ্যালয় আৰু হানকেন স্কুল অফ ইকনোমিক্স, ফিণ্ডলেণ্ডৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। ২০১২ চনত তেওঁ মনেতাৰী অৰ্থনীতিত বানকুৱে ডে ফ্ৰান্স-টিএছই ছিনিয়ৰ পুৰস্কাৰ, ২০২৩ চনত বিত্তীয় অৰ্থনীতিত ষ্টিফেন এ. ৰজ পুৰস্কাৰ আৰু কুৱাণ্টিটিভ এপ্লিকেচনত কৰা উদ্ভাৱনৰ বাবে চিকাগ' মাৰ্চেন্টাইল এক্সচেঞ্জ-এমএছআৰআই পুৰস্কাৰ লাভ কৰে।
f9b54b7a7cb570d84b6e70d5ab00e055a53701e743d05b55ab67759a0fa5c27b
সোণাৰিঃ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ চমৎকাৰী উদ্ভাৱনে মানৱ সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও ইয়াৰ বহুল ব্যৱহাৰে সকলোকে যেন যন্ত্ৰ নিৰ্ভৰশীল কৰি তুলিছে । মানৱ সমাজেও সময়ৰ নাটনিৰ দোহাই দি বিজ্ঞানৰ ন-ন আৱিস্কাৰক আঁকোৱালি লোৱাৰ ফলত পুৰণিকলীয়া বহু পৰম্পৰা হ্ৰাস পাবলৈ ধৰিছে । তেনে দৃশ্য এতিয়া দেখা পোৱা গৈছে আঘোণৰ পথাৰত। যুগ সলনি হ'ল, সময় সলনি হ'ল , লগে লগে সমাজৰো পৰিবর্তন হ'ল । নগৰৰ উন্নতিৰ লগে লগে গাঁৱসমূহতো প্ৰভাৱ পৰিল উন্নয়নৰ । তেনে এক দৃশ্য এতিয়া দেখা গৈছে সোণাৰিৰ পথাৰত। সোণাৰিৰ ধাননি পথাৰত চমক সৃষ্টি কৰিছে এখন অত্যাধুনিক বাহনে। হাল বোৱা, কঠিয়া ৰোৱা, ধান কটা, মৰণা মৰা আদি সকলো কাম কৰিব পাৰি এই বাহনখনৰ সহায়ত। অসমৰ ধাননি পথাৰত পূৰ্বে ব্যৱহাৰ নোহোৱা এই বাহনখন অনা হৈছে পঞ্জাৱৰ পৰা। সোণাৰিৰ এজন উদ্যমী যুৱকে ব্যক্তিগত উদ্যোগত ক্ৰয় কৰি অনা এই বাহনখন বৰ্তমান ব্যৱহৃত হৈ আছে সোণাৰিৰ পথাৰত। কম খৰছৰ দিনটোত প্ৰায় ৪০ বিঘা পৰ্যন্ত পথাৰৰ ধান দাই, মৰণা মাৰিব পৰা এই বাহন খন এতিয়া হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। Search for: বাজেট ২০২২-২৩ঃ কি কি আছে এইবাৰৰ বাটেজত?
373898e9bbac119d9cd310a1d51f2d2725759983138a1c00e7ad444e3df6ef51
শিৱসাগৰৰ ই-ৰিক্সা চালকসকলৰ ওপৰত অত্যাধিক কৰ, জৰিমণা বৃদ্ধি কৰাৰ লগতে বহু ই-ৰিক্সা জব্দ কৰাৰ পিছত বৃহস্পতিবাৰে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ই-ৰিক্সাৰ পৰা ১০ৰ পৰা ৫০ হেজাৰ টকা পৰ্যন্ত জৰিমণা বিহাৰ লগতে বহু ই-ৰিক্সা জব্দ কৰাত উপায়হীন হৈ কেইবাশতাধিক চালকে আজি কামকাজ বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। পৰিবহণ বিভাগৰ বিৰুদ্ধে বৰ্ডিং খেলপথাৰত সমবেত হৈ ক্ষোভ প্ৰকাশ কৰে ই-ৰিক্সা চালকসকলে । ইপিনে, পৰিবহণ বিভাগে অত্যাধিক জৰিমণা বিহা কাৰ্যক ৰাইজৰ দলেও গৰিহণা দিয়াৰ লগতে ই-ৰিক্সা চালকসকলৰ পক্ষত থাকি তেওঁলোকৰ প্ৰতিবাদক সমৰ্থন জনায়। জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
5422f72b52aa0084fdb378feacbbf102c122a32ed81dcb6dfab180336209bbfd
উল্লেখ্য যে অসম আৰক্ষীয়ে বিভিন্ন ঠাইত পদপথৰ বাসিন্দাকে ধৰি ভোকাতুৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে। ২০ এপ্ৰিললৈকে কঠোৰভাৱে পালন হ'ব লগা লকডাউনৰ ফলত সমগ্ৰ দোকান-পোহাৰ বন্ধ হৈ পৰিছে। ৰাজপথবোৰো হৈ পৰিছে জনশূন্য। যাৰ ফলত অনাহাৰে কটাবলগীয়া হৈছে একাংশ ভিক্ষাৰীয়ে।
f1b511fe1fff62b612cf60d7d5c16f857259dcdb2e76830fd380527c08620ac1
নদী দ্বীপ মাজুলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাজুলীত আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে এজন লোকে। বাবুল হাজৰিকা নামৰ এজন লোকে দাৰে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাত গুৰুত্বৰভাৱে আহত হয় চাৰিজনকৈ আৰক্ষীৰ লোক। মাজুলীৰ দেওদিয়াতি গাঁৱত সংঘটিত হৈছে আৰক্ষীৰ ওপৰত এই আক্ৰমণৰ ঘটনা। জানিব পৰা মতে, মাজুলীৰ দেওদিয়াটি গাঁৱৰ বাসিন্দা বাবুল হাজৰিকাৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত শুকুৰবাৰে নিশা আৰক্ষীৰ এটা দল দেওদিয়াটি গাঁৱত বাবুল হাজৰিকাৰ ঘৰত উপস্থিত হৈছিল। আৰক্ষীৰ দলটোৱে বাবুল হাজৰিকাক আটক কৰিবলৈ লোৱাত বাবুল হাজৰিকাই দাৰে আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায়। বাবুল হাজৰিকাৰ দাৰ আক্ৰমণত চাৰি জনকৈ আৰক্ষীৰ লোক গুৰুত্বৰভাৱে আহত হয়। দাৰ আক্ৰমণত আহত হোৱা আৰক্ষীৰ লোক কেইজন ৰাজেন মিলি, ৰূপম মিলি, মৃদুল দাস আৰু উৎপল দাস বুলি জানিব পৰা গৈছে। আহত আৰক্ষীৰ লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে আক্ৰমণকাৰী বাবুল বাবুল হাজৰিকা পলাতক অৱস্থাত আছে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
358aabe0457fe51c475d607276580267e86bd71bfa76c4a02c1ac59f20aebfb3
ভেকুলীৰ বিয়া ৰাজহুৱাভাৱে অনুষ্ঠিত হয়, জ্যোতিষীৰ দ্বাৰা বিয়াৰ বাবে নিদিৰ্ষ্ট দিন ধাৰ্য্য কৰা দেখা যায়। বিয়ালৈ ২/৩ দিন থাকোতেই দুটা খহুৱা ভেকুলী ধৰি এজনী কন্যা আৰু এটাক দৰা পাতি দুঘৰ মানুহত থয়। মানুহৰ বিয়াৰ দৰে বিবাহ মণ্ডপ প্ৰস্তুত কৰে। তাৰ পাছত নিদিৰ্ষ্ট কৰি থোৱা দিনটোত যথা নিয়মে পানী তুলি, কইনাক কলৰ দোলাৰে সজা দোলাত লৈ পেঁপা, ঢোল, তাল আদি বজাই গাঁও ফুৰায়। শেষত ভেকুলী কেইটা নদী বা পুখুৰীৰ পানীত এৰি দিয়ে। ↑ 1.0 1.1 1.2 ড০ ৰাজশ্ৰী হাজৰিকা (৭ আগষ্ট ২০১১). "অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী 'বসুন্ধৰা': ৬,৭ পৃষ্ঠা.
347cee66098d9b8076c4683fa55f0552470832045461c03efd5a7ca12939925b
আই এছ এলত উজলি উঠিছে অসমৰ প্ৰতিভাৱান মিডফিল্ডাৰ বিনীত ৰায়। সোমবাৰে খেলা এখন খেলত ফুটবলাৰগৰাকীয়ে প্ৰদান কৰিছিল এটা দুৰ্দান্ত গ'ল। সেয়ে তেওঁক এতিয়া বিশেষজ্ঞ তথা দৰ্শকে উপচাই পেলাইছে প্ৰশংসাৰে। ওড়িশা এফ চিৰ হৈ খেলা বিনীত ৰায়ে সোমবাৰে অনুষ্ঠিত হৈ যোৱা চেন্নাইন এফ চিৰ বিৰুদ্ধে ৪১ মিনিটত দুৰ্দান্ত গ'লটো প্ৰদান কৰিছিল। সতীৰ্থ খেলুৱৈৰ পৰা লাভ কৰা পাছৰ সহায়ত বিনীতে পেনাল্টি বক্সৰ বাহিৰৰ পৰা তীব্ৰ বেগী শ্বটৰ জৰিয়তে গ'লটো প্ৰদান কৰে। এই আকৰ্ষণীয় গ'লটো হোৱাৰ লগে লগে ষ্টেডিয়ামত উপস্থিত দৰ্শকৰ লগতে আশ্চৰ্যকৰ হৈ পৰে মেচখনৰ ধাৰাভাষ্যকাৰ। বিশেষজ্ঞৰ মতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ খেলুৱৈ সকলে এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা গ'ল কৰিবলৈ যি কৌশল অৱলম্বন কৰে সেই কৌশল বা কলাত্মক ভংগী বিনীতৰো আছে। উল্লেখ্য যে সোমবাৰে নিশা ভুবনেশ্বৰৰ কালিংগা ষ্টেডিয়ামত অনুষ্ঠিত গুৰুত্বপূৰ্ণ মেচখনত ওড়িশা এফ চিয়ে ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে চেন্নাইন এফ চিক। বিনীত ৰায়ৰ উপৰি ওড়িশাৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয় উত্তৰ-পূবৰ আন এগৰাকী খেলুৱৈ মিজোৰামৰ জেৰী মাৱিমিংঠাংগা (Jerry Mawihmingthanga) ই। জেৰীয়ে ৩৭ মিনিটত প্ৰথমটো অগ্ৰগতি প্ৰদান কৰিছিল। ভাৰতীয় দলৰ নিয়মীয়া সদস্য বিনীত ৰায়ে চলিত বছৰৰ বাবে আই এছ এলত প্ৰথমবাৰ আত্মপ্ৰকাশ ঘটা ওড়িশা এফ চিৰ সৈতে চুক্তিবদ্ধ হৈছিল।
1a5f6cdff39b804f75c58e877e6ca25c4ad4804ecc11f6dd4a0e39cd102e5a69
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত চুৰিকাণ্ড সংঘটিত হোৱাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ১ নং মাকুম পথাৰস্থিত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ছাত্ৰ মুক্তি সংগ্ৰমা সমিতিৰ আঞ্চলিক কাৰ্যালয়টো ২১ জুনৰ পৰা সাংগঠনিক কামত সদস্য সকল ব্যস্ত থকাৰ বাবে বন্ধ আছিল। আনহাতে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকল কাৰ্যালয়টোত উপস্থিত হোৱাত এই চুৰিকাণ্ড ঘটনা পোহৰলৈ আহে। কাৰ্যালয়টোত ব্যৱহিত বহু আচবাবৰ লগতে বহু যাৱতীয় কাগজপত্ৰও চোৰে চুৰি কৰি নিয়ে। ইতিমধ্যে সংগঠনটোৱে মাৰ্ঘেৰিটা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে চুৰিকাণ্ডৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ত কৰি চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈও দাবী জনায়। সগংঠনটোৰ কৰ্মী সকলে জানিবলৈ দিয়া মতে পূৰ্বতেও কোনো দুৰ্বৃত্তই কাৰ্যালয়টোৰ তলা ভাঙিবলৈ চেষ্টা কৰিছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
130203be20a2b1135fcafec492e8b41933077c1a5667ee1b599a794eae827cf8
শিলচৰঃ ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন কৰি সামাজিক মাধ্যমত 'আপত্তিজনক' মন্তব্য দিয়াৰ অভিযোগত বৃহস্পতিবাৰে অসম আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজনক চামছুল লস্কৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, বৃহস্পতিবাৰে হাইলাকান্দিৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি মিলন দাসে লস্কৰৰ বিৰুদ্ধে হাইলাকান্দি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। আৰক্ষীক দিয়া এজাহাৰত দাসে কয় যে চামছুলে আবু চৌধুৰী নামৰ এজন ব্যক্তিৰ এটা পোষ্টত কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন কৰি মন্তব্য দিছিল। "চামছুলে কৰা এই কাৰ্য্য উক্ত হত্যাকাণ্ডৰ আঁৰত থকা সন্ত্ৰাসবাদী সংগঠনটোক সমৰ্থন কৰাৰ সমতুল্য, ইয়াৰ ফলত সমগ্ৰ জিলাখনৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত হৈছে," দাসে কয়। তেওঁ লগতে বিষয়টোক অতি গুৰুত্বসহকাৰে লৈ চামছুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে চামছুল লস্কৰে তেওঁৰ ফে'চবুক প্ৰফাইলত নিজকে কাটলিচেৰাৰ এছ কে ৰয় মহাবিদ্যালয়ত কাম কৰা পৰিচয় দিয়া আছে। চামছুলে কানহাইয়া লালৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আবু চৌধুৰী নামৰ এজন লোকে দিয়া এটা ফে'চবুক পোষ্টত বাংলাত, "হত্যা করেছে ভালোই করেছে - এত বড় এক অপরাধীকে কেনো সমর্থন করলো!" বুলি মন্তব্য কৰিছিল। আবু চৌধুৰীয়ে নিজৰ পোষ্টটোত কানহাইয়া লালৰ হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে হত্যাকাণ্ডৰ সৈতে জড়িত দোষীক মৃত্যুদণ্ডৰ দাবী জনাইছিল। আনহাতে, এছ কে ৰয় মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা এক বিবৃতিত চামছুল মহাবিদ্যালয়খনৰ সৈতে বৰ্তমান বা পূৰ্বতে কেতিয়াও জড়িত জড়িত নাছিল বুলি উল্লেখ কৰি তেওঁৰ ফেচবুক প্ৰফাইলত মহাবিদ্যালখনত কাম কৰা বুলি দিয়া থকা সম্পূৰ্ণ মিছা বুলি কয়। মিলন দাসে দিয়া এজাহাৰৰ ভিত্তিত চামছুলক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰ), ১৫৩ এ (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষাৰ ভিত্তিত বিভিন্ন গোটৰ মাজত বিদ্বেষৰ বাতাবৰণ সৃষ্টি কৰা আৰু সামাজিক সম্প্ৰীতি বজাত ৰখাৰ ক্ষেত্ৰত ক্ষতিকাৰক কাৰ্য কৰা), ৫০৫ (১) (চি) (কোনো শ্ৰেণী বা সম্প্ৰদায়ক আন কোনো শ্ৰেণী বা সম্প্ৰদায়ৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিবলৈ উচতনি দিয়াৰ উদ্দেশ্য বা উচতনি দিয়াৰ সম্ভাৱনা থকা বক্তব্য) আৰু ৫০৫ (২) (শ্ৰেণীৰ মাজত শত্ৰুতা, ঘৃণা বা বেয়া ভাৱ সৃষ্টি কৰা)-ৰ অধীনত আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭-ৰ ধাৰা ৩৯ (সন্ত্ৰাসবাদী সংগঠনক জনোৱাৰ সৈতে জড়িত অপৰাধ)-ৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়। এই সন্দৰ্ভত হাইলাকান্দি আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি ছামছুলক গ্ৰেপ্তাৰ কৰাৰ বাবে মিলন দাসে প্ৰশংসা কৰে। ধৃত ব্যক্তিজনৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে ইষ্টম'জ'ক জনোৱা মতে বৃহস্পতিবাৰে ছামছুলক আটক কৰা হয় আৰু পৰৱৰ্তী তদন্ত চলি আছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কানহাইয়া লালৰ হত্যাকাণ্ডৰ তদন্ত এন আই এক অৰ্পণ কৰিছে। ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান এম এল লেথাৰে সংবাদ মাধ্যমৰ আগত কানহাইয়াৰ হত্যাকাণ্ডক এটা পৰিকল্পিত সন্ত্ৰাসবাদী কাৰ্য বুলি মন্তব্য কৰিছিল। বৃহস্পতিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট কানহাইয়া লালৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ লগতে এখন ৫০ লাখ টকাৰ চেক প্ৰদান কৰে। Search for: হিমন্ত মন্ত্ৰীসভাৰ প্ৰধান সেনাপতি কোন? হঠাৎ দূৰত্ব বাঢ়িছে নেকি হিমন্ত-পীয়ুষৰ?
5d3839ff14c8477a71407c3139afb82002f4a9b0b5db4fe0c0179736ecaa472f
সানমিহলি-সোমকান্ত শইকীয়া - ফটাঢোল\nDecember 1, 2020 ভিন্নস্বাদ\tOne comment\nদুগাৰাকী বান্ধৱী আছিল। একেলগে পঢ়া, একেলগে থকা, নলে গলে লগা। দুয়োগৰাকীৰে বিয়া বাৰু হৈ যোৱাৰো ১০-১২ বছৰ হ'ল, বেলেগ বেলেগ চহৰলৈ। ফোনত কথা বতৰা পতাৰ বাহিৰে বা ফে'চবুকৰ প্ৰফাইল ছবিকেইখন দেখাৰ বাহিৰে ইজনীয়ে সিজনীক লগ নোপোৱাও বহু বছৰ হ'ল।\nএবাৰ দুয়োজনীৰে উমৈহতীয়া বান্ধৱী এগৰাকীৰ ঘৰত কিবা এটা অনুষ্ঠান উপলক্ষে দুয়োজনীৰ দেখা দেখি হ'ল। বহুত দিনৰ মূৰত লগ পাই দুয়ো হেঁপাহ পলুৱাই কথা পাতিলে। কথা বতৰা পাতি একেলগে ভিতৰলৈ গৈ খোৱা-বোৱাও কৰি আহিলগৈ।\nৰ'ব, নাম দুটা কোৱাই নাই নহয়; এজনীৰ নাম মায়া আৰু আনজনীৰ নাম ছায়া। বিয়াৰ আগলৈকে ছায়াৰ সোঁফালৰ গালতে এটা তিল - মানে বিউটি স্পট সদায় দেখা গৈছিল। খোৱা বোৱা কৰি আহি মায়া আৰু ছায়াই আকৌ কথা পতাত লাগিলহি।\nছায়া : তুমি কিন্তু একেই আছা, জানা! অলপ শকত হৈছা। পিছে বোৱাৰী মানুহ অলপ শকত হ'লেহে ভাল লাগে নহয় জানো?\n- কথাকেইটা ছায়াই বৰ আন্তৰিকতাৰে ক'লে।\nমায়া : তুমিও সঁচাকৈ বৰ ধুনীয়া হৈ আছা। একো সলনি হোৱা নাই; মাথোন... মাথোন...\n- এইবুলি ঘেঁহাই থকা দেখি ছায়াই ক'লে - "কোৱা আক' মাথোন কি?"\nমায়া : তোমাৰ সোঁগালত থকা তিলটো আজিকালি বাওঁগাললৈ আহিল।\nআপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়\nবৃদ্ধজন বহু সময়ৰপৰা বাছৰ কাৰণে ৰৈ আছে। বাছ আহি আছে, গৈ আছে, কিন্তু বাছৰ ভিতৰত মানুহৰ ভিৰ দেখি তেওঁ উঠিবলৈ সাহস কৰা নাই। গাত বল শক্তিও নাই সেই মানুহবোৰৰ লগত হেঁচা ঠেলা কৰি বাছত উঠিবলৈ।\nতেনেকুৱাতে এখন বাছ আহি ৰ'লহি। বৃদ্ধই জুমি চাই ভিতৰত অলপ খালি ঠাই থকা যেন দেখিলে আৰু লাখুটিত ভৰ দি বাছৰ ভিতৰলৈ উঠি গ'ল।\n"ককা এইফালে আহক, পিছলৈ; পিছত চীট আছে।"\n- কণ্ডাক্টৰ ল'ৰাটোৱে মাত লগালে।\nবৃদ্ধই মানুহৰ মাজে মাজে পিছৰ চীটটোৰ ফালে হাতত লাখুটিডাল লৈ আগবাঢ়ি গ'ল। বাছখনৰ তৃতীয় শাৰীত এগৰাকী ভদ্ৰ মহিলা অত্যাধুনিক সাজ পোছাক পিন্ধি হাতৰ মোবাইলটোত কাৰোবাৰ লগত হাঁহি হাঁহি কথা পাতি ভৰি এখন অলপ মাজৰ খালি ঠাইকণৰ ফালে উলিয়াই বহি আছিল। বৃদ্ধই ক'ব নোৱাৰাকৈয়ে হাতৰ লাখুটিডালেৰে মহিলাৰ ভৰিটোত খুন্দা মাৰি দিলে।\nতেনেতে কণ্ডাক্টৰজন আগবাঢ়ি আহিল আৰু ভদ্ৰমহিলাক বুজনি দি ক'লেহি - "বাইদেউ, বেয়া নাপাব; নেদেখাকৈহে লাখুটিডাল লাগিল। বুঢ়া মানুহ যে!"\nমহিলাই কিবাকিবি ভোৰভোৰাই থকাৰ মাজতে পিছফালৰপৰা বৃদ্ধই মাত লগালে - "আই অ', আগলৈ চোৱাচোন বাছখনৰ ভিতৰত কি লিখা আছে - আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।"\nবাছৰ সকলো যাত্ৰীয়ে বৃদ্ধৰ ফালে চাই প্ৰশংসাসূচক মিচিকিয়া হাঁহি মাৰিলে।\n[এটা সঁচা ঘটনাৰ আলমলৈ লিখা হ'ল]\nভগৱানে যেতিয়া প্ৰথম জীৱৰ স্ৰজন কৰিছিল, সেই সময়ৰ কথা। এবাৰ তেওঁ মানুহ, বলধ আৰু ফেঁচা - একেলগে এই তিনিটা প্ৰাণী স্ৰজন কৰিলে আৰু আটাইকেইটা জন্তুকে সমান পৰমায়ু দিলে। সকলোকে চল্লিশ বছৰকৈ পৰমায়ু দি তেওঁ বুজাই ক'লে - "তহঁত সকলো এতিয়া পৃথিৱীলৈ যা। তাত গৈ তহঁতৰ নিজৰ নিজৰ ভাগৰ অায়ুসখিনি প্ৰথমে জী লগৈ। ৪০ বছৰ পাৰ হৈ যোৱাৰ পিছত আকৌ মোৰ ওচৰলৈ আহি তহঁতৰ কিবা ওজৰ আপত্তি থাকিলে মোক ক'বিহি। এতিয়া তহঁত যা। মই অলপ অনন্ত শয্যাত জিৰণি লওঁ।" - এইবুলি কৈ ভগৱান অনন্ত শয্যাত নিদ্ৰামগ্ন হ'ল।\nইফালে পৃথিৱীলৈ গৈ সকলো প্ৰাণীয়ে নিজৰ নিজৰ ভাগৰ আয়ুস কটাবলৈ লাগিলে। মানুহ নামৰ প্ৰাণীটোৱে ৪০ বছৰ জীয়াই থকাৰ পাছতো জীৱনটো বৰ ছুটি ছুটি যেন পালে। ইমান ভোগ বিলাস চাৰিওফালে; মনতে ভাবিলে - আৰু চল্লিশ বছৰমান জী থাকিবলৈ পোৱা হ'লে! ৪০ বছৰত হেঁপাহেই নপলালে। সি মনতে ভাবিলে - এইবাৰ ভগৱানৰ ওচৰলৈ গৈ আয়ুস আৰু কেইবছৰমান বঢ়াই ল'ব লাগিব।\nবলধ গৰু নামৰ জন্তুটোৰ ১০ বছৰমান জীয়াই থকাৰ পিছতে আমনি লাগিল। দিনটো কামেই কাম। অলপো জিৰণি নাই। প্ৰখৰ ৰ'দত গৰম দিনত দিনটো হাল টানি টানি তাৰ জীৱনৰ প্ৰতি মোহ নোহোৱা হ'ল। সি মনতে ভাবিলে - "ভগৱানৰ ওচৰলৈ গৈ মোৰ আয়ুসটো ২০ বছৰ মান কমাই ল'ব লাগিব। টানিব নোৱৰা হৈছোঁ আৰু।"\nইফালে ফেঁচাইও ২০ বছৰমান জীয়াই থাকিয়েই আমনি পালে। দিনৰ দিনটো ঘৰত শুই থাকিব লাগে। ৰাতি হ'লেহে চিকাৰ কৰি কিবা এটা খাবলৈ পায়। দিনটো পেটে কলমলাই থাকিলেও একো এটা খাবলৈ নাপায়। তাৰো ইমান দীঘলীয়া জীৱন তিতা-কেঁহা লগা হ'ল। সিও ভাবিলে - এইবাৰ ভগৱানৰ ওচৰলৈ গৈ আয়ুসটো কমাবই লাগিব।\nপৃথিৱীত তিনিওটা প্ৰাণীৰে ৪০ বছৰ পৰমায়ু শেষ হোৱাৰ পাছত সিহঁত ভগৱানৰ ওচৰলৈ ঘূৰি গ'ল।\nপ্ৰথমে মানুহে ক'লে - "সেৱাহে জনালোঁ প্ৰভু! মোৰ ৪০ বছৰ কেনেকৈনো পাৰ হ'ল গমকে নাপালোঁ। জীৱনটো উপভোগ কৰিবলৈ নাপাওঁতেই শেষেই হ'ল। প্ৰভু দয়া কৰি মোৰ পৰমায়ু আৰু ৪০ বছৰমান বঢ়াই দিবলৈ অনুৰোধ জনালোঁ।"\nভগৱানে মিচিকিয়া হাঁহি মাৰি অলপ অপেক্ষা কৰিবলৈ হাতেৰে ইঙ্গিত দি বলধৰ ফালে মূৰ কৰিলে।\nবলধে সেই সুযোগতে সেৱা এটা জনাই তাৰ আৰ্জি পেছ কৰিলে - "প্ৰভু, মোক ইমান দীঘলীয়া পৰমায়ু কিয় দিলে? কাম কৰি কৰি লঘোণে ভোকে মোৰ দেহা ঘূণীয়া হ'ল প্ৰভু। মোৰ পৰমায়ু আধা কমাই দি মোক দয়া কৰক প্ৰভু।"\nশেষত ভগৱানে ফেঁচাৰ ফালে চাই তাৰ বক্তব্য আগবঢ়াবলৈ ইঙ্গিত দিলে। ভগৱানৰ ইঙ্গিত পাই ফেঁচাই কাওবাওকৈ ক'বলৈ ধৰিলে - "প্ৰভু, মোকো ইমান দীঘলীয়া আয়ুস নালাগে। দিনটো ভোকত থাকি ৰাতি হ'লেহে পেটত কিবা এটা পৰে - এনেকৈ ইমান দীঘলীয়া জীৱন জীয়াই থাকিবলৈ মন নাই প্ৰভু; মোৰো আয়ুস আধা কমাই দিয়ক দয়া কৰি।"\nভগৱানে নিজৰ আসনতে গাটো এবাৰ লৰাই মানুহৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে। মানুহে পৰম আশাৰে ভগৱানৰ ফয়চলা শুনিবলৈ উদ্গ্ৰীৱ হৈ ৰ'ল। ভগৱানে ভুৱন ভুলোৱা হাঁহিটো মাৰি মানুহক ক'লে - "ওঁ, তোৰ পৰমায়ু কম হৈছে নহয়? বাৰু বলধৰ ৪০ বছৰৰপৰা ২০ বছৰ কাটি আনি তোক দিলোঁ। তোৰ নিজৰ ৪০ বছৰ জীয়াৰ পাছত বলধৰ ২০ বছৰ জীব পাৰিবি। ফেঁচাৰপৰাও ২০ বছৰ আয়ুস কাটি আনি তোকে দিলোঁ; বলধৰ ২০ বছৰ জী লোৱাৰ পাছত ফেঁচাৰ ২০ বছৰ জীব লাগিব। অৰ্থাৎ এতিয়াৰপৰা মানুহৰ ৮০ বছৰ, বলধ আৰু ফেঁচাৰ প্ৰত্যেকৰে ২০ বছৰকৈ পৰমায়ু হ'ল। তহঁত সন্তুষ্ট নে?" আটাইকেইটাই পৰম সন্তোষেৰে "হয় প্ৰভু, হয় প্ৰভু" বুলি বিদায় লৈ পৃথিৱীলৈ ঘূৰি আহিল।\nসেই তেতিয়াৰপৰা মানুহৰ জীৱনৰ পৰিৱৰ্তন হ'বলৈ ধৰিলে। মানুহে প্ৰথম ৪০ বছৰ নিজৰ জীৱন জীবলৈ পায়। তাৰ পিছৰ ২০ বছৰ - মানে ৪১ৰ পৰা ৬০ লৈকে বলধ গৰুৰ জীৱন জীব লগা হয়। বলধ গৰুৰ দৰে মাথোন আনৰ কাৰণে - ল'ৰা, ছোৱালী, পৰিবাৰ, পৰিয়াল - এইবোৰৰ ইচ্ছা মতে জীব লগা হয়। নিজৰ ভাল লগা বেয়া লগা বুলিবলৈ একো নাথাকে। ৬০ বছৰৰপৰা ৮০ বছৰলৈকে বাৰ্ধক্যৰ কাৰণে ফেঁচাৰ দৰে দিনটো ঘৰতে সোমাই থাকি সন্ধিয়া বাকী সদস্যবোৰ ঘৰ সোমোৱালৈ বাট চাই থাকিব লগা হয়।\nএয়েই জীৱনৰ ৰং!\n« ফটা প্ৰেম-ৰিকুমণি বৰুৱা ফুকন\nফেলিচ্ কেটাচৰ আত্ম কথা-ৰণেন শৰ্মা »\nভাল লাগিল কাহিনী কেইটা।
7fc532838f4f8fd07fdd6cc27495ec38cd3c10b64e8d3f22d9f92a7248c8f987
ডিব্ৰুগড় জিলাৰ লেপেতকটা ভয়াবহ পথ দুৰ্ঘটনা। ধেমাজি পৰা কন্যা লৈ আহোতে সংঘটিত হয় পথ দুৰ্ঘটনা। থিতাতে নিহত হয় পাঁচ জনকৈ বৰযাত্ৰী। ধেমাজি জিলাৰ চিচি বৰগাঁৱৰ ধুনাগুৰি কলিতাগাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ লেপেতকটাৰ ভগামুৰ লৈ কন্যা লৈ আহি থকা ভকতৰ বৰযাত্ৰী কঢ়িওৱা এখন বলেৰঅ' গাড়ীৰ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় পাঁচ জনকৈ বৰযাত্ৰী। ডিব্ৰুগড়ৰ লেপেটকটাত ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত বৰযাত্ৰী কঢ়িয়াই অনা বলেৰঅ' গাডীখনে খুন্দা মৰাত বলেৰঅ' খনত উঠি অহা পাঁচজনকৈ লোক নিহত হয। নিহত লোক সকল হেম বৰা, মদন বৰা, জীৱক শইকীয়া, প্ৰকাশ দাস আৰু কনপাই ভূঞা বুলি জানিব পৰা গৈছে। বাহনখনত থকা আন তিনি জন লোকৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ কূটোহা অভিমুখে আহি থাকোঁতেই কেপেতকটাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছ মুহূৰ্ত্ততে অসম চিকিৎসা মহাবিদ্যালয়লৈ যাত্ৰী কেইজনক লৈ যোৱা হৈছিল যদিও চিকিৎসকে পাঁচ জনকৈ লোকক মৃত বুলি ঘোষণা কৰে । নিহত সকলৰ ঘৰ ডিব্ৰুগড়ৰ ভগামূৰত। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
c035a55f501e65938d9537c1985dd2ca1ee11c0464f10a4e8d41b0291c71d706
সদায় বিতৰ্কিত মন্তব্য কৰি ভাল পোৱা জুবিন গাৰ্গে শনিবাৰে এখন সংবাদমেলত হিমা দাস সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য় দিয়ে ।জুবিনে কয় যে গোমাংস খালেহে হিমাৰ দৌৰাৰ শক্তি বৃদ্ধি পাব। গোমাংসই অধিক শক্তিৰ যোগান ধৰে।ক্ৰীড়াবিদসকলে ধৰ্ম, জাতি আদিৰ উৰ্ধলৈ গৈ কেবল খেলতহে মনঃসংযোগ কৰিব লাগে বুলি জুবিনে কয়। ইফালে চৰকাৰেকে ধৰি অান কিছুমান প্ৰতিষ্ঠানে হিমাক নিয়োজিত কৰাৰ বিষয়টোত জুবিনে কয় যে চাকৰি কৰিবলৈ ১৯ বছৰীয়া হিমা এতিয়াও সৰু হৈ আছে আৰু ২৫ বছৰ বয়সলৈকে তেওঁ এগৰাকী এথলিট হিচাপে সক্ৰিয় হৈ থাকিব পাৰিব।চাকৰি কৰাৰ কথাটো এতিয়া উঠিব নালাগে বুলিও তেওঁ কয়।জুবিনে হিমাক ৰাষ্ট্ৰৰ বাবে দৌৰি যোৱাৰ বাবে আহ্বান জনায়। জুবিনে আৰু কয় যে ট্ৰেকৰ আন্তঃজাতিক ইভেন্ট এটাত সোণৰ পদক লাভ কৰা একমাত্ৰ এথলিট হিচাপে বিৰল কৃতিত্বৰ অধিকাৰী হৈ ভাৰতক বিশ্বৰ মানচিত্ৰত স্থান দিয়া হিমাই এতিয়া কেবল খেলত মনোযোগ দিব লাগে। ২৫ বছৰ বয়সত অৱসৰ গ্ৰহণৰ পাছত তেওঁ চাকৰিত যোগ দিবলৈ অফুৰন্ত সময় পাব। অসমৰ সূত্ৰ ধৰি জুবিনে কয় যে ভোগেশ্বৰ বৰুৱা আছিল প্ৰথম এথলিট যিয়ে আন্তঃজাতিক ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।ভোগেশ্বৰ বৰুৱাৰ পাছতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা দ্বিতীয়গৰাকী ক্ৰীড়াবিদৰ জন্ম দিব পৰাটো অসমৰ বাবে অতি গৌৰৱৰ বিষয়।
c308d28e3ff33c5c3eb249dd60d090c8c375bf2d6ab788e81e7537b34871ac60
W7s news গুৱাহাটীঃ ক'ভিড সৃষ্ট পৰিৱেশৰ মাজত যি সময়ত কাকত-আলোচনীৰ জগতখনলৈ তীব্ৰ প্ৰত্যাহ্বান নামি আহিছিল সেই সময়তে আত্ম প্ৰকাশ কৰিছিল গ্ৰন্থ বিষয়ক আলোচনাৰ অসমীয়া ভাষাৰ একমাত্ৰ মাহেকীয়া আলোচনী গ্ৰন্থালাপে। প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনাই ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰকাশ আৰম্ভ হোৱা আলোচনী খনৰ বৰ্ষপূৰ্তিৰ সতে সংগতি ৰাখি গ্ৰন্থালাপে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। মননশীল আলোচনী খনে এটি বিশেষ সংখ্যাৰ জৰিয়তে চলিত বছৰত প্ৰকাশিত গ্ৰন্থ সমূহৰ এখন বিস্তৃত আৰু একত্ৰ তালিকা প্ৰকাশৰ উদ্যোগ হাতত লৈছে। গ্ৰন্থালাপৰ এই বিশেষ সংখ্যাটিত ২০২২ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ সম্পৰ্কীয় তথ্য সন্নিৱিষ্ট কৰা হ'ব। এই তালিকাত সন্নিৱিষ্ট কৰাৰ বাবে উল্লিখিত সময়ছোৱাত প্ৰকাশিত গ্ৰন্থৰ একোটাকৈ কপি কাৰ্যালয়, গ্ৰন্থালাপ, গৃহ নং ৩৯, জনপথ, হাতীগাঁও, গুৱাহাটী-৭৮১০৩৮ ঠিকনালৈ প্ৰেৰণ কৰিবলৈ গ্ৰন্থালাপৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি দাস আৰু কাৰ্যবাহী সম্পাদক আজিজুৰ ৰহমান শইকীয়াই লেখক আৰু প্ৰকাশ সকললৈ আহ্বান জনাইছে। ইচ্ছুক সকলে এই বিষয়ে বিতং জানিবলৈ ৯৮৬৪১২৭০৮৮ বা ৮৬৩৮০৩৫০৭৬ নং ম'বাইলত যোগাযোগ কৰিব পাৰিব। ক'ভিডোত্তৰ পৰিস্থিতিৰ জটিলতা তথা ছপা সামগ্ৰীৰ অত্যধিক দামবৃদ্ধিৰ মাজতো প্ৰকাশৰ মুখ দেখা বছৰটোৰ গ্ৰন্থবোৰৰ লেখক আৰু প্ৰকাশক গোষ্ঠীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ আৰু তথ্য সংৰক্ষণৰ উদ্দেশ্যৰে এই উদ্যোগ হাতত লোৱা বুলি গ্ৰন্থালাপ পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। ক'ভিডোত্তৰ পৰিস্থিতিৰ বাবে সকলো ষ্টলতে যিহেঁতু আলোচনীখন উপলব্ধ নহয় গতিকে ইচ্ছুক সকলে ওপৰোক্ত ঠিকনাত যোগাযোগ কৰিও আলোচনীখন ডাক যোগে সংগ্ৰহ কৰিব পাৰিব। No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
11e4f10905f5e2cb179b1d46006f1d5655b9a55535d4aec00b7bce2400aac247
হাফলং এন এল দাউলাগুপু স্প'ৰ্টছ কমপ্লেক্সত দেওবাৰে অৰ্থাৎ ২৪ এপ্ৰলিত নৱ নিৰ্মিত ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম চলি থকা অৱস্থাত মাটিৰ চেপাত দুগৰাকীকৈ শ্ৰমিকৰ মৃত্যু হয়। ঘটনাৰ বিৱৰণি মতে কমপ্লেক্সটোত কৰ্মৰত শ্ৰমিক সকলে ষ্টেডিয়ামৰ পাইলিঙৰ কাম কৰি আছিল। আৰু দুৰ্ভাগ্যবশত দুজন শ্ৰমিক ওপৰৰ পৰা গাঁতত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয়। নিহত দুয়োজন শ্ৰমিকক ক্ৰমে ধুবুৰী জিলাৰ ডুৰাহাটি গাঁৱৰ নিৱাসী চাহ আলম শ্বেখ (২৮) আৰু মনোৱাৰ আলী (২৪) বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে হাফলং সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে। দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰে। নৰ্থ ইষ্ট নাওক জনায় হাফলং সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিচন্দ্ৰ পাঠকে। উল্লেখযোগ্য যে গুৱাহাটী ভিত্তিক নিৰ্মাণ সংস্থা আশীৰ্বাদ এণ্টাৰপ্ৰাইজ নামৰ সংস্থাই যোৱা প্ৰায় ৬ মাহ ধৰি উক্ত কমপ্লেক্সটোৰ নিৰ্মাণৰ কাম কৰি আহিছে। কিন্তু হাফলং পি ডব্লিউ ডি বিল্ডিং ডিভিজনৰ অধীনত চলি থকা নিৰ্মাণ কাৰ্যত ঠিকাদাৰী সংস্থা আশীৰ্বাদে শ্ৰমিক সকলোক ন্যূনতম সুৰক্ষাও দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে। স্থানীয় একাংশ ৰাইজ তথা সচেতন লোকে নিৰ্মাণ কৰ্তৃপক্ষৰ উদাসীনতাৰ কাৰণে এনেদৰে দুয়ো শ্ৰমিকে কৰুণ মৃত্যুক সাবটি ল'ব লগীয়া হ'ল বুলি অভিযোগ উত্থাপন কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
c6f561269895b9c21e64465d49edc6479bd7285dba6cb1465bcf68b2a2b1cc0c
Share this: গুৱাহাটী : কম বয়সীয়া লোক সকলৰ মাজত হৃদৰোগ সম্পৰ্কীয় বিভিন্ন সজাগতামূলক সভাই গুৰুত্ব লাভ কৰি আহিছে যদিও এক বৃহৎ সংখ্যক বয়োজ্যেষ্ঠ লোককো এইক্ষেত্ৰত তাৎক্ষণিক মনোযোগ আৰু যত্নৰ প্ৰয়োজন হৈ পৰিছে। বৃদ্ধ সকলৰ মাজত হৃদৰোগৰ বৰ্ধিত ঘটনাৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ বাবে, সময়মতে হস্তক্ষেপ আৰু আগতীয়াকৈ চিনাক্তকৰণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ অতিমাত্ৰা প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি, নতুন দিল্লীৰ চাকেটস্থিত মেক্স চুপাৰ স্পেচিয়েলিটি হস্পিটালে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত এক জনসজাগতা সভাৰ আয়োজন কৰে। মেক্স হস্পিটাল, চাকেটৰ কাৰ্ডিয়াক চাইন্সেছৰ এইচ ও ডি ডাঃ বলবীৰ সিঙে অন্যান্য সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই সভাখন সঞ্চালিত কৰে। "হৃদযন্ত্ৰ বিজ্ঞানৰ ক্ষেত্ৰত হোৱা প্ৰগতিৰ লগতে, অধিক উন্নত আৰু নিম্ন বিস্তাৰমুখী প্ৰক্ৰিয়াই বিভিন্ন প্ৰকাৰৰ হৃদৰোগী সকলক উপকৃত কৰিছে। মুখ্যতঃ ন্যূনতম অভিগমনমূলক অস্ত্ৰোপচাৰৰ পৰ্যবেক্ষিত লাভালাভৰ বাবে, কষ্মেটিক লাভালাভ, বিষ হ্ৰাস আৰু অস্ত্ৰোপচাৰৰ আঘাত হ্ৰাসৰ লগতে চিকিৎসাধীন সময় হ্ৰাস হোৱাৰ বাবে নিম্ন বিস্তাৰমুখী হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (এম আই চি এছ) বা কীহোল অস্ত্ৰোপচাৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে" বুলি ডাঃ বলবীৰ সিঙে কয়। এই প্ৰক্ৰিয়াটো সংক্ৰমণবোৰৰ বিৰুদ্ধে দুৰ্বল প্ৰতিৰোধ ক্ষমতা থকা বৃদ্ধ আৰু ডায়েবেটিক ৰোগীসকলৰ বাবে আদৰ্শগতভাৱে সৰ্বশ্ৰেষ্ঠ কিয়নো এই প্ৰক্ৰিয়াৰে হোৱা অস্ত্ৰোপচাৰৰ পিছত হাঁওফাঁওৰ সংক্ৰমণ বা আঘাতৰ ফলত সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাইকিয়া হয়। এই প্ৰক্ৰিয়াটোৱে পূৰ্বতে পৰম্পৰাগত অস্ত্ৰোপচাৰৰ বাবে অত্যাধিক বিপদসংকুল বুলি গণ্য কৰা বৃদ্ধ অথবা পূৰ্বৱৰ্তী ৰোগগ্ৰস্তসকলৰ বাবেও হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্ভৱ কৰি তোলে বুলিও কয় ডাঃ বলবীৰ সিঙে। মানুহে কেনেকৈ হৃদৰোগগ্ৰস্ত হৈ পৰে সেই বিষয়ে জ্ঞান তথা সজাগতা বিয়পাবলৈ এই মঞ্চখন চাকেটস্থিত মেক্স হস্পিটালে এক প্ৰচেষ্টা হিচাপে ব্যৱহাৰ কৰে। বিশেষজ্ঞ সকলে হৃদৰোগ যিকোনো প্ৰাৰম্ভিক লক্ষণ প্ৰত্যক্ষ কৰাৰ আৰু চিকিৎসামূলক সাহায্যৰ বাবে নিকটতম চিকিৎসালয়লৈ যোৱাৰ উপায় সম্পৰ্কেও আলোচনা কৰে। Search for:
8d8728413cce4fc963d13241d9ceb2eca1c6bef0928e593d843e09da96687fd6
एक साल में बाइबल - ইণ্ডিয়ান ৰিভাইচ ভাৰচন - नवंबर 7\n1. "আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছত এখন তৰ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা।\n2. নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ'লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।\n3. কিন্তু তুমি অলপ সংখ্যক চুলি ল'বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।\n4. তাৰ পাছত তাৰে অধিক চুলি ল'বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।\n5. প্ৰভু যিহোৱাই এই কথা কৈছেঃ "এয়ে যিৰূচালেম; মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালে আন জাতি সমূহ আছে।\n6. কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ'ল, সেইবোৰত তেওঁলোক নচলিল।\n7. এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছেঃ "তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা।\n8. এই কাৰণে" প্ৰভু যিহোৱাই এই কথা কৈছে, "চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।\n9. যিহক মই কেতিয়াও কৰা নাই আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্যবোৰৰ কাৰণে তাকেই তোমাৰ মাজত কৰিম।\n10. এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম!\n11. এই হেতুকে প্ৰভু যিহোৱাই কৈছে, "মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম।\n12. তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ'ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ'ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।\n13. এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ'ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ'ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।\n14. ইয়াৰ বাহিৰে, আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।\n15. তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলোঁ। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ'ব; মই যিহোৱাই এই কথা কলোঁ।\n16. "মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।\n17. মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!"\n1. যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু তেওঁ ক'লে,\n2. "হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।\n3. আৰু কোৱা, 'হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।\n4. তাতে তোমালোকৰ যজ্ঞবেদীবোৰ ধ্বংস কৰা হ'ব আৰু তোমালোকৰ সূৰ্যমূর্তিবোৰ ভঙা হ'ব আৰু মই তোমালোকৰ হত লোকসকলক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম।\n5. আৰু মই ইস্ৰায়েলৰ সন্তান সকলৰ শৱ তেওঁলোকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচঁৰিত কৰিম।\n6. তোমালোকৰ যজ্ঞবেদীবোৰ উচ্ছন্ন আৰু ধ্বংস হ'বৰ কাৰণে আৰু তোমালোকৰ হাতৰ কাৰ্যবোৰ লোপ পাবৰ কাৰণে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ'ব।\n7. আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।\n8. তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ'বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ'ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম।\n9. আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।\n10. আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব। মই যে তেওঁলোকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই।\n11. প্ৰভু যিহোৱাই এই কথা কৈছেঃ তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাবে "হায় হায়" কৰা! কিয়নো তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ'ব।\n12. দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ'ব আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।\n13. য'ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!\n14. আৰু মই তেওঁলোকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, তাক তেওঁলোকে জানিব!"\n169. হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।\n170. মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।\n171. মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক; কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা।\n172. মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।\n173. তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।\n174. হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ; তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয়\n175. মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।\n176. হেৰোৱা মেৰ-ছাগৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।\n14. যিজনে সদায় গভীৰ ভক্তিৰে জীৱন যাপন কৰে, সেই জন সুখী হয়; কিন্তু যিকোনোৱে নিজৰ হৃদয় কঠিন কৰে, সেই জন সমস্যাত পৰে।\n1. এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত।\n2. ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোক সকলৰ প্রতি মোচি যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীচু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্রতি বিশ্বসী আছিল।\n3. কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে, ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে\n4. কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ।\n5. মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ'ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল\n6. কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কর্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ।\n7. এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছেঃ "আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা,\n8. তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা- যেনেকৈ ইস্ৰায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল, মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা।\n9. তাত তোমালোকৰ ওপৰ-পুৰুষ সকলে চল্লিশ বছৰ ধৰি মোৰ কার্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্রোহ কৰিছিল,\n10. গতিকে, মই এই জাতিত বিৰক্ত হ'লো, মই ক'লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক; তেওঁলোকে মোৰ পথ নাজানিলে;\n11. তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ, 'এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।"'\n12. ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়।\n13. যি সময়লৈকে 'আজি' বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।\n14. আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী;\n15. এই বিষয়ে ইয়াকে কোৱা হৈছে, "আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।"\n16. কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল? তেওঁলোক সেই সকল লোকেই নহয় নে, যি সকলক মোচিয়ে মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল?\n17. ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰতেই বা ক্রুদ্ধ আছিল, সেই লোক সকলৰ ওপৰতে নহয় নে, যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল?\n18. ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, "এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব?" যি সকল অবাধ্য, তেওঁলোকৰ বিৰুদ্ধে নহয় নে?\n19. ইয়াতে আমি দেখো যে, অবিশ্বাসৰ কাৰণেই তেওঁলোক সোমাব নোৱাৰিলে।
6cb52fe56c6f409fba7a3c087e16aea3884e374c031161104a5963cafc057e77
মুছলপুৰ বিভাগৰ সহ বন সংৰক্ষক আব্বাছ দেৱান আৰু বন বিষয়া বৰিছ বৰকাকতীৰ নেতৃত্বত তামুলপুৰ বন বিভাগ আৰু এছ এছ বিৰ সহযোগত কাউৰবাহ নামৰ ঠাইত তিনিটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰে। বন বিভাগৰ লোকে জনোৱা মতে মিলৰ গৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখি মিলৰ গৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তামুলপুৰ মহকুমাৰ বিভিন্ন স্থানত এনেদৰে গঢ়ি উঠা অবৈধ কাঠ মিল সমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হ'ব বুলি জানিব দিয়ে সহকাৰী বন বিষয়া আব্বাছ দেৱানে। বন বিভাগে অবৈধ কাঠফলা মিল কেইটাৰ পৰা জেনেৰেটৰ, মটৰ, কাঠফলা বিভিন্ন যান্ত্ৰিক সজুলি জব্দ কৰি তামুলপুৰ বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে।
1e1b0a825eb3e52dd5c693b2e6ed489ae080c8d0269dc5612474b3762a8a7cbe
ধঁপাতৰ নিক'টিন নিচা (addiction) সৃষ্টিকাৰী হোৱা বাবে ইয়াক এৰা টান। পানীয়ে এই অভ্যাস আঁতৰ কৰাত সহায় কৰিব পাৰে। ধূমপান এৰাৰ বাবে চেষ্টা কৰোতে সন্মুখীন হোৱা অসুবিধা দূৰ কৰাৰ বাবে আপুনি আদা খাব পাৰে। আদাই পেটৰ সমস্যাও দূৰ কৰে আৰু ইয়াক চাহৰ লগতো খাব পাৰি। আঙুৰৰ ৰসে নিক'টিনৰ নিচা আঁতৰ কৰাত সহায় কৰে। মৌৱেও আপোনাক ধূমপান এৰাত সহায় কৰিব পাৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
2b7a42fe7165ad19d3fa5cdfbef27dece2125990599105c9925fe0dae64f77cc
বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা ৰিপোৰ্ট অনুসৰি বিগত ২৪ ঘন্টাত দেশত ২৯,৪২৯ জনলোক আক্ৰান্ত হয় এই মহামাৰীত লগতে মৃত্যু মুখত পৰে ৫৮২ জন লোক । ইয়াৰ ফলত দেশত কৰ'ণা আক্ৰান্তৰ মুঠ সংখ্যা হয়গৈ ৯,৩৬,১৮১ আৰু মৃতকৰ সংখ্যা ২৪,৩০৯ জন । তথ্য অনুসৰি জানিব পৰা মতে এতিয়ালৈকে দেশত ৬৩.২৪% লোক এই মহামাৰীৰ পৰা সুস্থ হৈ উঠিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সময়ত থকা ৯.৩৬ লাখ লোকৰ ভিতৰত ৫.৯২ লাখ লোক সুস্থ হৈ উঠিছে। ইয়াৰ ভিতৰত সকলোতকৈ বেছি সক্ৰিয় ঘটনা আছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত এক লাখতকৈ অধিক লোকৰ দেহত এতিয়াও আছে কৰ'ণাৰ অৱস্থিতি। তাৰ পিছতেই ক্ৰমানুসাৰে তামিলনাডু, দিল্লী, গুজৰাট, আৰু পশ্চিম বংগত সৰ্বাধিক কৰ'ণা আক্ৰান্ত ব্যক্তি আছে । এই পাঁচ খন ৰাজ্যত দেশৰ সৰ্বাধিক সক্ৰিয় কৰ'ণা ৰোগী আছে । সক্ৰিয় ঘটনাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বত ভাৰতবৰ্ষ চতুৰ্থ স্থানত আছে। ইয়াৰ লগে লগে অসমতো দৈনিক শতাধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত। বৰ্তমান ৰাজ্যত কৰ'ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৮,৬৬৬ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে সুস্থ হৈ উঠিছে ১২,১৭৩ জন লোক। আনহাতে চিকিৎসাধীন হৈ আছে ৬,৪৪৪ জন ৰোগী।
0b870230ffe5d94218e26c77d860c84e1d6dd0385439dcec427ed802ae360c7b
বিজেপিৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই দুই-এদিনতে কংগ্ৰেছত যোগদান কৰিব। আজি নিজমুখে নৰ্থ-ইষ্ট নাওক এই কথা জনাই সৌ সিদিনালৈকে অসমৰ অন্যতম পুৰণি বিজেপি নেতাজনে কয়, "'মই কংগ্ৰেছত যোগদান কৰাৰ কথা ভাবিছো। আলোচনা চলি আছে। মই পোনপটীয়াকৈ নকৰিলেও বেলেগ মানুহে কংগ্ৰেছৰ লীডাৰৰ লগত কথা পাতি আছে। দুই এদিনতে মই যোগদান কৰিম"। তাৰোপৰি সাংসদজনে "২১-ত কংগ্ৰেছক জিকাইহে এৰিম" বুলি প্ৰত্যাহ্বান প্ৰকাশ কৰে। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত শেষ মুহূৰ্তত দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত যোৱা বৰ্ষৰ ১৭ আগষ্টত তেওঁ বিজেপি দল ত্যাগ কৰিছিল। আজি নেতাজনে কয় যে বিজেপিৰ প্ৰতি জনসাধাৰণৰ আস্থা নাইকিয়া হৈছে। শৰ্মাই যোৱা বছৰ সংবাদ মাধ্যমৰ আগত তেওঁ 'নতুন ঘৰ'ৰ সন্ধানত থকা বুলি মন্তব্য কৰিছিল আৰু তৃণমূল কংগ্ৰেছকে ধৰি আন কোনো ৰাজনৈতিক দলত যোগদানৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। ২০২১-ত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে প্ৰাক্তন সাংসদজনে। "যদি ৰাজস্থানত কংগ্ৰেছ আহিব পাৰে, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব পাৰে, তেন্তে অসমত কি নোৱাৰিব? অসমতো ২১-ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। কংগ্ৰেছক জিকাবই লাগিব। আমি যুঁজ দিম।", উল্লেখযোগ্য যে হাৰিয়ানাত বিজেপি চৰকাৰ থকাৰ কথাটো পাহৰি শৰ্মাৰ মন্তব্য। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
35d4c12f4e4ee58a7bc7df3069cc73009f376e02b9ab1ac7baebc0f4f8a0631e
বঁটা বিতৰণী অনুষ্ঠানতে 'আমাৰ প্ৰয়াস' নামৰ এখন আলোচনীও উন্মোচন কৰা হয় । আলোচনীখন উন্মোচন কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
fa2a38a512c73acc0d7abd949c4465d7a44e9475128929404f61e4aaac96f083
W7S News October 07, 2022 গুৱাহাটী, W7s news গুৱাহাটী : ভোগ , প্ৰাচুৰ্য , স্বাৰ্থপৰাতা , কপটতা , আত্মকেন্দ্ৰিকতাৰে ভৰা পৃথিৱীখনত এতিয়াও কিছু ভাল মানুহ আছে বাবেই সমাজখন আৰু মানৱতা বৰ্তি আছে । আনকি একাংশ লোকে নীৰৱে সমাজ , মানৱতাৰ উত্তৰণৰ হকে কৰা ত্যাগৰ বাবে একো একোটা মহৎ অনুষ্ঠান গঢ় লৈ উঠে । তেনে এজন লোকৰ মহানুভৱতাৰ বাবেই পশ্চিম গুৱাহাটীৰ ৰাণীত প্ৰথম বাৰৰ বাবে নিৰ্মিত হ'ব এটা বৃদ্ধাবাস । অসমীয়া কবিতা সাহিত্যৰ ক্ষেত্ৰখনত এটা চিনাকি নাম হিচাপে পৰিচিত পশ্চিম গুৱাহাটীৰ ৰাণীৰ অসম - মেঘালয় সীমান্তৰ পুৰাণ শুকুৰবৰীয়াৰ বাসিন্দা , ৰাণী মেকুৰীকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক চবিন চন্দ্ৰ নাথে এটা বৃদ্ধাবাস নিৰ্মাণ কৰাৰ বাবে দান কৰিছে নিজ ঘৰৰ ওচৰত মৈৰাপুৰ গাওঁত নিজৰ নামত কিছুদিন আগতে ক্ৰয় কৰা এবিঘা মাটি । পলাশবাৰী ৰাজহ চক্ৰৰ মৈৰাপুৰ গাওঁৰ ৫৮৮ , ৫৭২ আৰু ৪২১ নম্বৰ দাগৰ মাটিত নিৰ্মাণ কৰা হ'ব বহু আকাংক্ষিত বৃদ্ধাবাসটো । আনহাতে বৃদ্ধাবাসটো নিৰ্মাণ কৰাৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম কবি সাহিত্য চক্ৰ আৰু কলঙৰ পাৰত সাহিত্য সাংস্কৃতিক সমন্বয় মঞ্চ , অসম । উল্লেখযোগ্য যে মঞ্চৰ মুখ্য প্ৰশাসকৰো দায়িত্বত আছে চবিন চন্দ্ৰ নাথ । আনহাতে আজি মঞ্চৰ সভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ প্ৰশাসনিক বিষয়া ধনেশ্বৰ মালাকাৰ , সদৌ অসম কবি সাহিত্য চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ , প্ৰধান সম্পাদক বিতুমণি গোস্বামী , কৰ্মকর্তা ক্ৰমে ডঃ প্ৰশান্ত গোস্বামী , প্ৰণীতা গোস্বামী , মামণি পাটোৱাৰীয়ে ৰাণীৰ মৈৰাপুৰত চবিন চন্দ্ৰ নাথে দান দিয়া মাটিত তেওঁক লগত লৈ নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত স্থানখিন পৰিদৰ্শন কৰে । ইয়াৰ পূৰ্বে দলটোৱে নিজ বাসগৃহত চবিন চন্দ্ৰ নাথ আৰু তেওঁৰ ককায়েক দীনেশ নাথক বিপুল ভাবে সম্বৰ্ধনা জনায় । ইতিমধ্যে মঞ্চ আৰু সাহিত্য চক্ৰই অহা কেইদিনত যুটীয়াভাবে এটা ট্ৰাষ্ট বা ন্যাস গঠন কৰি যাবতীয় আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছতে বৃদ্ধাবাস নিৰ্মাণৰ কাম আৰম্ভ কৰিব । ইফালে চবিন চন্দ্ৰ নাথৰ মহানুভৱতাৰ বাবে সেই ন্যাসৰ ন্যাসৰক্ষী হিচাপে তেওঁকে মূল দায়িত্ব অৰ্পণ কৰা হব । আনহাতে সামাজিক মাধ্যমত বৃদ্ধাবাস নিৰ্মাণ কৰাৰ বাবে চবিন চন্দ্ৰ নাথে এবিঘা মাটি দান কৰা খবৰ বিয়পি পৰাৰ পাছতে বহু লোকে তেওঁৰ মহানুভৱতাক উচ্চ প্ৰশংসা কৰা পৰিলক্ষিত হোৱা । উল্লেখযোগ্য যে বিগত কেবা বছৰ ধৰি চবিন চন্দ্ৰ নাথে ঘৰৰ ওচৰত থকা মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ত বৃহত্তৰ ৰাণী অঞ্চলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰী সকলক বিনামূলীয়াকৈ পাঠদান কৰি আহিছে । আনকি লকডাউনত বিদ্যালয় বন্ধ থকাৰ সময়ত অঞ্চলটোৰ দশম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰ - ছাত্ৰী সকলক ইংৰাজী বিষয়ত বিনামূলীয়াকৈ পাঠদান কৰি সকলোৰে প্ৰশংসা লাভ কৰিছিল । No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
da67d9a00860531003d32e1247f1f2366bf26c226cc18455bacfcd5086afa2ec
১. আজি আৰু কাইলৈ দুদিনীয়াকৈ পালিত হব কালী পূজা আৰু দীপাৱলী। অশুভ শক্তিৰ নাশ আৰু সমাজক পোহৰৰ আলোকেৰে আলোকিত কৰাৰ কামনাৰে পালিত এই উৎসৱত অসমীয়াৰ সুখ-দুখৰ পৰিয়ালৰ ফালৰ পৰাও যাচিছো শুভ ও সুৰক্ষিত দীপান্বিতাৰ বাবে আন্তৰিক শুভেচ্ছা। ২. বিশিষ্ট শিল্পী, শিক্ষাবিদ, সাহিত্যিক তথা অসমীয়া সাহিত্য সন্মিলনীৰ সভানেত্ৰী ডঃ লক্ষ্যহীৰা দাসক কালি যোৰহাট জিলা পুথিভঁৰালত অনুষ্ঠিত সদৌ অসম উন্নয়ন পৰিষদৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত প্ৰৱৰ্তিত 'গণশিল্পী বঁটা' প্ৰদান কৰে। ৩. অসমৰ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে ঋণ প্ৰদান কৰিব। অসম সহ ছট্টিশগড়, মধ্যপ্ৰেদশ, উৰিষ্য আৰু পশ্চিম বংগক ২৭৩মিলিয়ন ডলাৰ ঋণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বেংকটোৱে চুক্তি স্বাক্ষৰ কৰিছে। এই ধন ২০১৭চনৰ ভিতৰতে কামত খটুৱাব লাগিব বুলিও জানিব পৰা গৈছে। ইউ.পি.এ চৰকাৰৰ দিনতে হোৱা ৮০০কোটিৰ ঋণৰে এয়া তৃতীয় কিস্তি বুলিও বাতৰি প্ৰকাশ পাইছে। ৪. কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলি থকা দেশৰ বিভিন্ন প্ৰান্তৰ আন্তঃগাঁথনিমূলক প্ৰকল্পবোৰ পৰ্যালোচনা কৰি অগ্ৰগতিৰ খতিয়ান ল'লে প্ৰধানমন্ত্ৰীয়ে। তেখেতে এই সভাতে উত্তৰ-পূৱৰ কেন্দ্ৰীয় প্ৰকল্প সমূহৰ কাম ক্ষীপ্ৰ কৰিবলৈকো নিৰ্দেশ জাৰি কৰা বুলিও সুখবৰ পোৱা গৈছে। ৫. নলবাৰীৰ দাহুদীত বৰ্ণাঢ্য কাৰ্যসূচীৰে লোকসংগীতৰ শব্দৰে ৰজনজনাই অনুষ্ঠিত হৈছে সপ্তাহজোৰা কাৰ্যসূচীৰে সংগীত নাটক একাদেমি বঁটাপ্ৰাপক মোহন ভাইৰা সাংস্কৃতিক সমাৰোহ। দাহুদি গাঁও উন্নয়ন সমিতিয়ে শ্ৰীশ্ৰী শ্যামা পূজাৰ সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখিয়ে এই আয়োজন কৰিছে। ৬. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নামৰূপত আয়োজন কৰা শ্বহীদ বিপুল মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাৰ সফল সামৰণি। শ্ৰেষ্ঠ নাট ৰূপে বিবেচিত হয় শোণিতপুৰৰ জামুগুৰিহাটৰ কলাজ নাট্যগোষ্ঠীৰ নাটক 'ৰজা-ৰাণী আহিছে, অলং দলং খেলিছে' নামৰ নাটখনিয়ে। শ্ৰেষ্ঠ অভিনেতা কলাজৰে তৰুণ শইকীয়া, পৰিচালক ৰনেল হুছেইন, শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে বোকাখাতৰ অংকিতা কাশ্যপে। ৭. কীটনাশক মুক্ত চাহ উৎপাদনৰে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ বাগিচা থকা কৃষক সকললৈ সুখবৰ কঢ়িয়াই আনিছে সঞ্জীৱ গগৈৰ সঞ্জীৱ টী ইণ্ড্ৰাষ্টিয়ে। ১২টা চাহ খেতিয়ক গোটৰ সহযোগত এই উদ্যোগটোৱে কীটনাশকমুক্ত চাহ উৎপাদন কৰি চাহৰ গুণগত মান পৰীক্ষা কৰা সংস্থাৰ পৰাও মান্যতা লাভ কৰিবলৈ সক্ষম হৈছে। ৮. সাংবাদিক ৰবীন ভূঞাৰ গ্ৰন্থ 'বুথ মেথেমেটিচিয়াল লক্ষেশ্বৰ বৰঠাকুৰঃ এক বিৰল ব্যতিক্ৰম'ৰ মেঘনা চৌধুৰীয়ে কৰা ইংৰাজী অনুবাদ গ্ৰন্থখন পৰহি গুৱাহাটীত উন্মোচিত হয়। ৯. কালচাৰেল টেলেণ্ট চাৰ্ছ-২০১৫ৰ অধীনত অসমত পুতলা নাচৰ শিল্পী-নিৰ্মাতা বিনীতা দেৱীৰ প্ৰশিক্ষণ আৰু তত্ত্বাৱধানত চাংসাৰি বালিকা বিদ্যাপীঠৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মনোমতী বড়োৱে লাভ কৰিছে ৰাষ্ট্ৰীয় জলপানি বঁটা। মনোমতী পুতলা নাচৰ অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পীও। ১০. তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত শীঘ্ৰেই প্ৰতিষ্ঠা হব 'মহাত্মা গান্ধী আসন' আৰু 'উদ্যোগ আসন'। ভাৰতীয় দাৰ্শনিক গৱেষণা পৰিষদে প্ৰথম তিনিবছৰৰ বাবে মহাত্মা গান্ধী আসনৰ বাবে পুঁজিৰ যোগান ধৰিব। আনহাতে বিনাটি অৰ্গেনিক লিমিটিডে ৰসায়ন বিজ্ঞান, উদ্যোগ আসনৰ বাবে সহযোগিতা আগবঢ়াব।
47936e04e8f23fe3578dd6b738336ab4c90b613d0b983527f4c84d1ecb30d151
বিশ্ব জল দিৱস উপলক্ষে 'ভইচ অব এনভাইৰ'মেণ্ট' নামৰ এটা স্বীকৃতি প্ৰাপ্ত স্বেচ্ছাসেৱী সংস্থাই বিশ্বৰ ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দক প্লাষ্টিক মুক্ত কৰি এটা প্ৰকৃতি অনুকূল নদী দ্বীপ হিচাপে গঢ় দিয়াৰ বাবে প্ৰচাৰ চলায়। ২৪ মাৰ্চ অৰ্থাৎ দেওবাৰে ঐতিহ্যক্ষেত্ৰটোক পৰিস্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে সংস্থাটোৰ তৰফৰ পৰা সজাগতা অভিযান মুকলি কৰা হয়। প্ৰাকৃতিক উদ্ভিদ আৰু প্ৰাণীৰে উমানন্দ জৈৱ বৈচিত্ৰতাৰ ভড়াল। নদী দ্বীপটোত পোৱা লুপ্তপ্ৰায় প্ৰজাতিৰ সোণালী বান্দৰৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ আটাইতকৈ দৰকাৰী কথা হিচাপে অভিহিত কৰে এন জি অ'টোৰ এজন কৰ্মীয়ে। প্ৰতিবছৰে সৌন্দৰ্য্য উপভোগ আৰু উপাসনাৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে নদী দ্বীপটোত। দৰ্শনাৰ্থী সকলে প্লাষ্টিকৰ পানীৰ বটল, বেগ আদি বস্তু কঢ়িয়াই আনি নদী দ্বীপটোত যেনি-তেনি পেলাই দিয়াটো এক সহজলভ্য দৃশ্যত পৰিণত হৈছে যাৰ বাবে উমানন্দৰ প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্যতাত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। আনহাতে, জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ সন্মুখত প্লাষ্টিকৰ বৰ্জনীয় সামগ্ৰী পৰিস্কাৰ কৰা কামটো ডাঙৰ প্ৰত্যাহবান হিচাপে দেখা দিছে। এনেবোৰ প্ৰত্যাহবান আৰু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি 'ভইচ অব এনভাইৰ'মেণ্ট' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে উমানন্দ ফেৰী ঘাটত পৰ্যটক সকলৰ বাবে সজাগতা কাৰ্য্যসূচী মুকলি কৰিছে। জিলা প্ৰশাসন আৰু উমানন্দ মন্দিৰ পৰিচালনা সমিতি আৰু আভ্যন্তৰীণ জলপৰিবহন বিভাগে সংস্থাটোৰ প্ৰতি সহযোগিতা আগবঢ়াইছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a2d76545523a6db11f4b2ec3bf07f657d397d53172e5e6f5dddd64282b804fea
পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভ'লেপমেন্ট অথ'ৰিটি(PFRDA) ৰ অধীনত এই যোজনাই ১৮ বছৰৰ পৰা ৪০ বছৰৰ নাগৰিকৰ বাবে বীমা সম্পৰ্কীয় কিছুমান বিশেষ সুবিধা আগবঢ়াইছে। সামাজিক নিৰাপত্তা আঁচনি হিচাপে মুকলি কৰা এই আঁচনিৰ অধীনত ৬০ বয়স হোৱাৰ লগে লগে পৰা ১,০০০ পৰা ৫,০০০ টকালৈকে পেন্সন লাভ কৰিব পাৰিব। ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ ভাৰতীয় নাগৰিকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আঁচনিৰ চাইক্ৰাইবাৰে মাহিলি, তিনিমহীয়া আৰু ছমহীয়া কিষ্টিত প্ৰিমিয়াম দিব পাৰিব। আঁচনিৰ অধীনত প্ৰিমিয়াম হিচাপে জমা কৰা ধনৰ পৰা পলিচি হ'ল্ডাৰে ৬০ বছৰৰ পৰা পেন্সন লাভ কৰিব। পলিচি হ'ল্ডাৰে প্ৰিমিয়াম হিচাপে জমা কৰা ধনৰ ওপৰত ভিত্তি কৰি পেন্সনৰ পৰিমাণ নিৰূপন কৰা হ'ব। APYৰ আঁচনিত জমাকৰ্তাই ২ লাখ টকালৈকে 80CCD (1) আয়কৰ এক্ট ১৯৬১ৰ অধীনত আয়কৰ সম্বন্ধীয় কিছুমান সুবিধাও লাভ কৰিব। মাহে ১,০০০ ৰ পৰা ৫,০০০ টকাৰ পেন্সন লাভ কৰিব পাৰিব এই আঁচনিৰ হিতাধিকাৰীয়ে। ১৮ বছৰ পৰা আৰম্ভ কৰা ব্যক্তিয়ে ৪২ টকাৰ পৰা ২১০ টকাকৈ মাহিলি জমা কৰিব লাগিব। আনহাতে ৪০ বছৰৰ ব্যক্তিয়ে মাহিলি ২৯১ টকাৰ পৰা ১,৪৫৪ টকাকৈ জমা থব লাগিব। প্ৰিমিয়ামক ইয়াত অৰিহণা বুলি কোৱা হৈছে। ১৮ৰ পৰা ৩৯ বছৰৰ ভিতৰত মাহিলি ১২৬ টকাৰ পৰা ৭৯২ টকাকৈ জমা কৰিলে ন্যূনতম পেন্সনৰ গ্যাৰাণ্টি হৈছে ৩,০০০ টকা। ডেথ বেনিফিট হিচাপে পৰিয়ালে লাভ কৰিব ৫.১ লাখ টকা। ১৮ৰ পৰা ৩৯ বছৰৰ ভিতৰত মাহিলি ১৬৮ টকৰা পৰা ১০৫৪ টকা জমা কৰিলে পেন্সনৰ গ্যাৰাণ্টি হৈছে ৪,০০০ টকা। ইয়াৰ ডেথ বেনিফিট ৬.৮ লাখ টকা। ৫,০০০ টকাৰ মাহিলি পেন্সনৰ ন্যূনতম গ্যাৰাণ্টিৰ বাবে বয়সৰ উক্ত সময় সীমাৰ ভিতৰত প্ৰিমিয়ামৰ পৰিমাণ হ'ব ২১০ টকাৰ পৰা ১৩১৮ টকা। যাৰ ডেথ বেনিফিট হ'ব ৮.৫ লাখ টকা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
e5c77ea71075087b2901c9472d527b7e6928370c87dea2d38ba8c66da1d2e3ad
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক। এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই। অনুগ্ৰহ কৰি HTML markupৰ যোগেদি প্ৰযোজ্য অংশত নকলৰ পুৰীয়া চিহ্নসমূহ যোগ কৰক। ৱিকি চিহ্নসমূহ যোগ দিয়ক (সহায়) প্ৰয়োজন অনুসৰি, অন্য প্ৰবন্ধসমূহলৈ "[[" আৰু "]]" সম্পৰ্কীয় শব্দৰ দুয়োকাষে যোগ কৰাৰ (অধিক জানিবৰ বাবে সহায়ঃসংযোগ পৃষ্ঠা চাওক) লগতে পৰীক্ষা কৰক যে আপুনি দিয়া সংযোগসমূহ ৱিকিপিডিয়াত বিচৰাধৰণে হয়। অনুগ্ৰহ কৰি সংযোগসমূহ পাঠকৰ সহায়ৰ বাবে, যেনেঃ বিখ্যাত ব্যক্তিৰ নাম, বিখ্যাত ঠাই, সাধাৰণ জীৱিকাকে আদি ধৰি নিত্য ব্যৱহৃত প্ৰয়োজনীয় শব্দসমূহ যিবোৰ ৱিকিপিডিয়াত প্ৰবন্ধ হিচাপে সংযোগ কৰিব পাৰি। প্ৰবন্ধৰ পৰিচিতি অংশটো সুন্দৰভাৱে গঢ় দিয়ক, লক্ষ্য ৰাখিব যে ই অতি চমু বা বেছি দীঘল হৈ নাথাকে। যদি সম্ভৱ হয় তেন্তে প্ৰবন্ধটোত এটা সঠিক তথ্যপেৰা যোগ দিয়ক। ওপৰত দিয়া চৰ্তসমূহ পূৰণ হোৱাৰ পাছত সাঁচটো আঁতৰাই দিয়ক। এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য'ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। অমূল্য কাকতি (ইংৰাজীঃ Amulya Kakati; ১১ জুন ১৯৫০-২৫ জানুৱাৰী ২০০২) এগৰাকী নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক। তেওঁ বহাগৰ দুপৰীয়া, হালধীয়া চৰায়ে বাওধান খায় আদি ছবিত অভিনয় কৰিছে। তেওঁ মুনীন বৰুৱাৰ সৈতে পিতা-পুত্ৰ আৰু প্ৰভাতী পখীৰ গানৰ যুটীয়া ভাবে চিত্ৰনাট্য ৰচনা কৰিছে। ১৯৫০ চনৰ ১১জুন তাৰিখে গুৱাহাটীৰ পাণবজাৰত অমূল্য কাকতিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোলোক নাথ কাকতি আৰু মাতৃৰ নাম হেমলতা কাকতি। ৰিহাবাৰীৰ আৰ্য বিদ্যাপীঠ পাঠশালাত প্ৰাথমিক শিক্ষা শেষ কৰি গুৱাহাটীৰ ডনবস্ক' হাইস্কুলত নামভৰ্তি কৰে। উচ্চশিক্ষা গ্ৰহণ কৰে ভোলানাথ বৰুৱা মহাবিদ্যালয়ত। তেওঁ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত আইনৰ শ্ৰেণীত ভৰ্তি হয় যদিও আইনৰ শিক্ষা তেওঁৰ আধৰুৱা হৈ ৰয়। তেজপুৰৰ অঞ্জলি দাসৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান তন্বী (তুষ্টি) আৰু ৰোহন। চতুৰ্থমানত পঢ়ি থকা অৱস্থাতে কাকতিয়ে শিল্পীজীৱনৰ পাতনি মেলে। ১৯৭৪ চনত তেওঁ ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে। প্ৰযোজনা সংস্থা অনুভৱ ফিল্মছৰ প্ৰতিষ্ঠা কৰে ১৯৮৯ চনত। তেওঁ ৰচনা কৰা কেইখনমান নাটক হ'ল- মিছা ভূত, আমি এক্টৰ, নাটক, ৰং, অ- আ আদি। ইয়াৰে আমি এক্টৰ নাটখন অষ্টম শ্ৰেণীত থাকোঁতে ৰচনা কৰা। সেই বাটে', 'কুহিৰামৰ প্ৰেম',' অজ্ঞান এন্ধাৰ বিনাশী'। 'অল এল'ন ইফ নিড বি '(শৰৎ সিংহৰ জীৱন ভিত্তিক আৰু ১৯৯৬ চনৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা প্ৰাপ্ত),'ঢোলে - ডগৰে'(পৰম্পৰাগত অসমীয়া লোক বাদ্য বিষয়ক),' আশাৰ ৰেঙনি'(পৰিৱেশ প্ৰদূষণক কেন্দ্ৰ কৰি নিৰ্মিত)। 'পাপু-নিকুৰ সংবাদ', 'জিতু- নিকুৰ অভিযান', ' ব'হাগতে শীত', 'শাহু আই'(একাংশ) 'অংকুৰ' গল্পৰ আধাৰত 'পিতা-পুত্ৰ', 'অপ্ৰকাশ' গল্পৰ আধাৰত 'প্ৰভাতী পখীৰ গান', 'ভাই- ভাই', 'তুমি মোৰ মাথোঁ মোৰ,' মোহমুক্তি', ' গুণ গুণ গানে গানে', 'পূৰ্ণিমাৰ আকাশ'। ' ৰজনীগন্ধা', ' মেঘমুক্তি', 'পূজা,দেৱী,পাপৰি', ' ব'হাগৰ দুপৰীয়া',' এই দেশ মোৰ দেশ', ' ৰঙা নদী,' হালধীয়া চৰায়ে বাওধান খায়', 'জীৱন সুৰভি'। ↑ "স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান, নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাক বঁটা প্ৰদান". assam.news18.com. https://assam.news18.com/news/assam/guwahati-aasu-awarded-dramatist-jitendra-nath-borah-with-amulya-kakati-memorial-award-2022-ghy-balen-manju-b-195293.html। আহৰণ কৰা হৈছেঃ 13 February 2022.
6d84b0ec882d5c26a958cb95a3f3b998b4fec8bdfa3fc076d401b8eecb78daa1
দিল্লী কা লাড্ডু : সমুজ্জল কাশ্যপ - ফটাঢোল\nDecember 1, 2019 লটিঘটি\t10 Comments\nদিল্লী কা লাড্ডু : সমুজ্জল কাশ্যপ\nজীৱনৰ প্ৰথম চাকৰি। তাতে আকৌ দিল্লীত। মনত এসোপামান হেঁপাহ লৈ, ৰাজধানী চহৰলৈ ওলালোঁ। নতুন ঠাই, নতুন মানুহৰ সান্নিধ্য। মনটো উগুল-থুগুল।\n২০০৫ চনৰ কথা। পোষ্ট গ্ৰেজুৱেচনৰ হেঁপাহ মনতে সামৰি চাকৰি কৰাৰ সিদ্ধান্ত লৈছিলোঁ। তেনেই সৰু ল'ৰা মই; পঢ়িবলৈ বয়স আছে, ইচ্ছাও আছে। পঢ়া-শুনা পিছে পৰেও হ'ব কেতিয়াবা।\n"দেউতাই দুয়োটাকে সমানে পঢ়া খৰছ ক'ৰ পৰা দিব? ভাইটিয়ে ভালদৰে পঢ়ক, মই কিজানিবা দুপইচা উপাৰ্জন কৰি নিজেই চলিব পাৰোঁ!"\nপল্টনবজাৰত ৰত্ন কুবেৰৰ ওপৰৰ কনচাল্টেন্সি এখনত ইণ্টাৰভিউ দিলোঁ। সৌভাগ্যক্ৰমে উইপ্ৰ'ত চাকৰিটো হৈ গ'ল। তিনিদিনৰ ভিতৰত জইন কৰিব লাগে। আহি পৰিল দিল্লীলৈ যোৱাৰ সমস্যা। ৰে'ল, উৰাজাহাজত উঠি নোপোৱা ল'ৰা। কেনেকৈ যাম?\nডাঙৰ মাহীয়ে ক'লে,\n: তোৰ দিল্লী যোৱা টিকটটো মই কৰি দিম দে।\nকথামতে মহাই উৰাজাহাজৰ টিকট বিচাৰিলে,\n: ল'ৰাটো ফ্লাইটতে যাওক, বেছি কষ্ট নাপাব।\nসেই সময়ত 'এয়াৰ ডেক্কান' নামেৰে এটা এয়াৰলাইঞ্চ আছিল। মহাই বহুতো বিচাৰি খোচাৰিও পিছে কম দামত টিকট এটা নাপালে। তেতিয়া ইণ্টাৰনেটৰ ব্যৱহাৰ অকল নেটকাফেবোৰতেই সীমিত আছিল, এয়াৰপৰ্টলৈ গৈ বা এজেণ্টৰ যোগেদিহে টিকট ল'ব লাগিছিল।\nৰেলৱেত কামকৰা মানুহ এজনৰ পৰা ৰাজধানী এক্সপ্ৰেছৰ তৎকালীন টিকট পালোঁ। গুৱাহাটীৰ পৰা মোগলচঢ়াইলৈ এটা আৰু তাৰ পৰা দিল্লী। একেখনেই ট্ৰেইন, কিন্তু মোগলচঢ়াই জংচনত ডবাটো সলাব লাগিব। ৰে'ল, উৰাজাহাজৰ বিষয়ে একো নাজানো; অসমৰ বাহিৰলৈ আগতে কেতিয়াও যোৱা নাই। কেনেদৰে যাম, কি কৰিম ভাবি থাকোঁতেই যোৱাৰ সময় আহি পালে।\nপল্টনবজাৰ ৰেলষ্টেচনৰ এক নং প্লেটফৰ্মৰ পৰা প্ৰেয়সীৰ কপালত চুমা আঁকি দি ৰাজধানী এক্সপ্ৰেছৰ ভিতৰত সোমাই পৰিলোঁ। ২৮ ঘণ্টীয়া আমনিদায়ক যাত্ৰাৰ অন্তত পিছদিনা নতুন দিল্লী ৰেলষ্টেচন আহি পালোঁ। সমস্যা হ'ল যাম ক'লৈ, একোৱেই চিনি নাপাওঁ। অহাৰ আগতে কাকো একো সোধাও নহ'ল। নিজৰ ওপৰতেই খং উঠিল। এটকীয়া কইন বুথ এটাৰ পৰা বন্ধু এজনলৈ ফোন লগালোঁ, সি দিল্লীত থাকে বুলি জানো। ফোনটো পাই সিফালৰ পৰা সি গৰজি উঠিল,\n: তইনো এনেদৰে গুচি আহিব লাগেনে?\nসি ফৰিদাবাদত থাকে, দিল্লীৰ পৰা ৪৮ কিলোমিটাৰ আঁতৰৰ হাৰিয়ানা ব'ৰ্ডাৰত। আজি শনিবাৰ, অফিচৰ পৰা ওলাওঁতে দেৰি হ'ব। কালি দেওবাৰ, অফিচ নাই যেতিয়া পুৱাই আহি মোক লৈ যাব। তাৰ কথামতেই ষ্টেচনৰ ওচৰৰ হোটেল এখনত সোমালোঁ।\nহোটেল ৰজনীগন্ধাৰ কোঠাত কম্বলেৰে দেহটো মেৰিয়াই টিভি চাইছোঁ। অক্টোবৰ মাহ, দিল্লীত অলপ শীতৰ অনুভৱ আৰম্ভ হৈছে। সন্ধিয়া ৫ - ৬ মান বাজিছে, হঠাতে এটা বিৰাট জোকাৰণীয়ে ঠাইখন কঁপাই তুলিলে। ভূমিকম্প নে আন কিবা গম লওঁ বুলি টিভিটো অফ কৰি শুনিবলৈ চেষ্টা কৰিলোঁ। দুদিন পিছতে দেৱালী। কোনোবাই বোমা ফুটাইছে বুলি আহি আকৌ শুই পৰিলোঁ। ঠিক তেনেতে দুৱাৰত কোনোবাই জোৰেৰে ঢকিয়াবলৈ ধৰিলে। দুৱাৰ খুলি দেখিলোঁ - সৰু ল'ৰা এজন, নিশ্চয় হোটেলৰ কৰ্মচাৰী হ'ব।\n: বোমা ফুটিছে বাহিৰত, ৰূমৰ পৰা একদম নোলাব দাদা।\n: ক'ত? মানুহ মৰিল নেকি?\n: ও, চাৰিজন। আমাৰ হোটেলৰ কাষতে।\n: অ' .....তাৰমানে দেৱালীৰ বোমা নহয়, আচলটোৱেই।\nভয়তে পেপুৱা লাগি কম্বলৰ তলত আশ্ৰয় ল'লোঁ। কিবা হ'ল, কোনেবা ফুটালে? আলফা নহয়তো? কিন্তু আলফাই দিল্লীত কিয় বোমা ফুটাব..!!\nহোটেলতে কামকৰা মৰমলগা ল'ৰাটোৱে আহি টোপনিৰ পৰা জগাই দিলে। সময় কিমান হৈছিল গম নাপাওঁ। দুৱাৰ খুলি বুকুখন চিৰিংকৈ গ'ল। ল'ৰাটোৰ লগত দুজন পুলিচ থিয় হৈ আছে। বুকুখন ঢেঁকিটোৰ দৰে ঢপ-ঢপাব ধৰিলে।\nক'ত ফঁচিলো, ইহঁতে মোকেই বোমা দিয়া সন্ত্ৰাসবাদী বুলি সন্দেহ কৰা নাইতো? ৰাতি বাতৰিত পাইছোঁ বোমা ফুটা ঘটনাটো। ল'ৰাটোৱে মোৰ ফালে চাই আছে, তাৰ চকুদুটাই যেন কৈছে "পলাওক দাদা, সোনকালে ইয়াৰপৰা পলাওক।"\n"মইটো একো অপৰাধ কৰা নাই...কিয় ভয় কৰিছোঁ..!"\nমনটো ডাঠ কৰিবলৈ চেষ্টা কৰিলোঁ।\nসম্মুখৰ পুলিচ অফিচাৰজনৰ মাতত ঘূৰি চালোঁ।\n: হয়, আজি পুৱা আহি পাইছোঁ।\nভয় লাগিছিল মনত।\n: আজি? কিন্তু....হোটেলৰ মানুহৰ মতে আপুনি ইয়াত দুদিন আগৰ পৰাই আছে।\nএইবাৰ মোৰ আচৰিত হোৱাৰ পাল। কঁপনিটো সৰ্বশৰীৰলৈ বিয়পি পৰিল। সাম্ভাব্য বিপদৰ কথা ভাবি হাড় কঁপোৱা ঠাণ্ডাৰ মাজতো ঘামি উঠিলোঁ।\n: নহয়.....মই আজি পুৱাহে আহিছোঁ, এয়া টিকট চাওক।\nপেণ্টৰ পকেটৰ পৰা পাৰ্চটো উলিয়াই টিকটটো বিছাৰিলোঁ। কিন্তু ক'ত গ'ল, টিকটটো নাইচোন!!\n"হে হৰি, কি হ'ব এতিয়া মোৰ।"\nইতিমধ্যে পুলিচ দুজন ৰুমৰ ভিতৰলৈ সোমাই আহিছিল।\n: বিচাৰক, টিকট বিচাৰক।\nপুলিচ এজনে ধমকিয়াই ক'লে।\n: অ... অ ....হয় ....বিচাৰিছোঁ। এ.....এক মিনিট, এক মিনিট ৰ'ব, ক'ত ৰাখিলোঁ মনত পৰা নাই।\n: মনত পৰা নাই নে মিছা কৈছে?\n: কিয় মিছা ক'ম মই?..... আৰু আপোনালোকে এইবোৰ কিয় সুধি আছে? মই আজি আহোঁ বা দুদিনৰ আগতেই আহোঁ, আ....আ.... আপোনালোকক কিয় লাগে?\n: কাৰণ ৰাতিপুৱা হোৱা বোমা বিস্ফোৰণৰ ঘটনাটোত আমি আপোনাক সন্দেহ কৰিছোঁ।\nপুলিচৰ গপছ কথা।\n: সেইটো কেনেকুৱা কথা! এই ল'ৰাজনক সোধক, হোটেলৰ ৰেজিষ্টাৰত চাওক, মই ৰাতিপুৱা ইয়াত সোমাইছোঁ।\nঅলপ সাহসেৰে সৰু ল'ৰাজনক দেখুৱাই নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা কৰিলোঁ।\n: সেই ল'ৰাটোৱেই কৈছে আপুনি দুদিন আগৰপৰাই ইয়াত আছে।\n: এইবোৰ কি হৈছে? মই দুদিনৰ আগতে কেনেকৈ আহিলোঁ, এ... এই... পোৱালি.....কি.... হৈছে....এই...বো..ৰ?\nল'ৰাটোৰ পিনে চাওঁতেই সি বাহিৰলৈ দৌৰ দিলে। ইতিমধ্যে দুই এজনকৈ হোটেলৰ আন আবাসী কেইজনমানো তাত উপস্থিত হৈছিল। সকলোৱে উৎকণ্ঠা ভৰা চাৱনিৰে মোলৈ চাই নিজৰ মাজতে আলোচনা কৰিছে।\n: অ'...বোমা ফুটুৱাটো আমাৰ হোটেলতে সোমাই আছিল। ....অসমৰ বোলে, উলফা নেকি...!!\nএকো বুজি পোৱাৰ আগতেই পুলিচ বিষয়াজনে হাতত দীঘল হেণ্ডকাফডাল লগাই দিলে। আনজনে ৰূমত সিঁচৰতি কৰি পেলোৱা বস্তুবোৰ সামৰি বেগত ভৰালে আৰু মোক ৰূমৰ পৰা বাহিৰলৈ লৈ অনা হ'ল।\nবাহিৰত ৰৈ থকা টাটা চুম'খনত উঠি কোনোবা চিনাকি মুখৰ সন্ধানত ইফাল সিফাল চাবলৈ চেষ্টা কৰিলোঁ। নাই....এই অচিনাকি ঠাইত কোন আছে, তাতে পুলিচৰ হাতত ফচিছোঁ। মানুহবোৰে ভিৰৰ মাজৰপৰাই ডিঙি মেলি মোক চাবলৈ চেষ্টা কৰিছে। কেইজনমানে হাতচাপৰি বজাই পুলিচৰ দলটোক অভিনন্দন জনাইছে।\n"দ্বীপ আহিছে নেকি, তাক জনাব লাগিছিল। সিয়েই একমাত্ৰ আশা। দ্বীপে ক'ব পাৰিব মই এইবোৰত জড়িত নহয় বুলি। মাৰ্ডাৰ কেচত ফঁচি গৈছোঁ, চাৰিজন মানুহৰ মাৰ্ডাৰ, তাকো বোমা ফুটাই।"\nভিৰৰ মাজেৰে পুলিচৰ টাটা চুম'খন আগুৱাই গ'ল। পিছফালে অচিনাকি ৰাস্তাবোৰ চাই বিভিন্ন কথাবোৰ ভাবিব ধৰিলোঁ।\n"দ্বীপে কথাবোৰ গম পাবনে? হোটেলখনৰ নামটো তাক কৈছিলোনে ফোনত? আহিম বুলি কৈছিলচোন সি...!! দ্বীপৰ ফোন নম্বৰটো কি আছিল...?? মনত পৰা নাই!! ৰে'লৰ টিকটটো নোহোৱা হোৱাৰ দৰে, তাৰ ফোন নম্বৰ লিখা নোটবুকখনো হেৰাল নেকি?"\nআন্ধাৰ নামিছে। পিছফালে হোটেলখনৰ নামটো ক্ৰমান্বয়ে নেদেখা হৈ আহিছোঁ। ৰাস্তাৰ লাইটবোৰ লাহে লাহে জ্বলিবলৈ ধৰিছে। হোটেলখন পাৰহৈ ৰাস্তাৰ দুয়োকাষে শাৰী শাৰীকৈ থকা বৃহৎ অট্টালিকাবোৰে যেন মোকেই হাঁহিছে। বিশাল ৰাস্তাবোৰত ইফাল সিফাল দৌৰি ফুৰা ক'লা-বগা টেক্সীবোৰ দেখি দ্বীপৰ কথা ভাবিছোঁ, কোনোবা এখনত হয়তো সি বহি আছে!\n"কিযে বিপদত সোমালোঁ, ঘৰত গম পালে কি হ'ব! অসমৰ বাতৰি কাকতত হয়তো ওলাই যাব কথাটো। দেউতা...? কম লাজ পাবনে? মোক সন্ত্ৰাসবাদী বুলি তেওঁ মানি নলয়, কিন্তু ওচৰ-চুবুৰীয়াৰ কথাত তেওঁ জানো আঘাট নাপাব..? পুলিচষ্টেচনৰ পৰা কাৰোবালৈ ফোন কৰিব পাৰিমনে? ইয়াৰপৰা কেনেকৈ ওলাই আহিম? চাকৰিটো মোৰ থাকিবনে?"\nকথাবোৰ ভাবি ভাবি চুম'খনৰ পিছফালেৰে ৰাস্তাৰ কাষৰ গ্লোচাইনবোৰত চকু ফুৰাই গ'লোঁ। তাৰে এখনত লিখা আছিল - \nদিল্লী মে আপকা স্বাগত হে।\n২৯ অক্টোবৰ, ২০০৫ চন।\nদিল্লীৰ ইতিহাসত এটা ক'লা দিন। তিনিটাকৈ বোমা বিস্ফোৰণৰ শব্দই ৰাজধানী চহৰখন কঁপাই তুলিলে। চৰকাৰী হিচাপ মতে ৬৫ জন লোকৰ মৃত্যু হ'ল আৰু ৩০০ তকৈও বেছি আঘাতপ্ৰাপ্ত হ'ল।\nদুদিন পিছত, ৩১ তাৰিখে দ্বীপাৱালী। বজাৰত যঠেষ্ট মানুহে ভিৰ কৰিছে আৰু তাৰ সুযোগ লৈ কূটাঘাটকাৰীয়ে তিনিটাকৈ বোমা ফুটাই ৰাজধানীখন ৰক্তাক্ত কৰি পেলালে।\n৫ বাজি ৩৮ মিনিটত প্ৰথমটো বোমা ফুটে ৰেলৱেষ্টেচনৰ বাহিৰৰ 'পাহাৰগঞ্জ' অঞ্চলত। ঠিক মই থকা হোটেলখনৰ কাষতে। দ্বিতীয়টো ৬ বজাত গোবিন্দপুৰি অঞ্চলত এখন বাছৰ ভিতৰত আৰু তৃতীয় বোমাটো দিয়া হয় সৰোজিনী নগৰৰ ব্যস্ত বজাৰৰ মাজত। সময় তেতিয়া প্ৰায় ৬ঃ০৫ সন্ধিয়া।\nহোটেলৰ কোঠাত বহি সকলোবোৰ টিভিত চাই আছোঁ। চাৰিওফালে মৃত্যুৰ কিৰিলি, চিঞৰ বাখৰ। পুলিচ আৰু ফায়াৰ ব্ৰিগেডৰ চাইৰেণৰ শব্দ। দিল্লীৰ লোকেল চেনেলবোৰত সকলোবোৰ লাইভ দেখুৱাই আছে। দৃশ্যবোৰ কিছু পৰিমানে ব্লাৰ কৰি দিছে যদিও ভালদৰেই সকলো ধৰিব পাৰিছোঁ।\n"ফায়াৰ ব্ৰিগেডৰ শব্দটো সৰুৰে পৰাই ভয় কৰোঁ, কিয় জানো বুকুখন কঁপি উঠে।"\nসৰোজিনী নগৰত হোৱা ব্লাষ্টটোত মাৰুটি ভেন এখন চিন্ন-ভিন্ন হৈ থকা দেখিছোঁ, বহুদূৰলৈ আইনাৰ টুকুৰাবোৰ পৰি আছে। বিস্ফোৰণৰ ফলত কাষৰে দোকান এখনত চিলিণ্ডাৰ ফাটি জুই লাগিছে, জুই ক্ৰমান্বয়ে আন দোকানবোৰলৈও বিয়পিছে। ফায়াৰ ব্ৰিগেডৰ গাড়ীকেইখন বজাৰৰ মাজত সোমাবলৈ চেষ্টা কৰিছে, ৰাস্তাটো ঠেক হোৱাৰ বাবে অসুবিধা হৈছে।\nআপোনজনক হেৰুৱাই চিঞৰি চিঞৰি কন্দা দৃশ্যবোৰ হৃদয়বিদাৰক। ৰিমোটেৰে চেনেল সলাবলৈ চেষ্টা কৰিলোঁ, পিছে সকলোতে একেবোৰেই দেখুৱাই আছে।\nআন এটা চেনেলত গোবিন্দপুৰী অঞ্চলত বাছৰ ভিতৰত হোৱা ব্লাষ্টটো দেখুৱাইছে। তিনিটা শিশুৰ মৃতদেহ এতিয়াও বাছখনৰ ভিতৰতেই আছে। ড্ৰাইভাৰজনে বোমাটোৰ বিষয়ে গম পাই মানুহখিনিক বাছখনৰ পৰা উলিয়াবলৈ চেষ্টা কৰি থাকোঁতে হেনো বোমাটো ফুটিছে। কেইজনমানে সিচৰিত হৈ পৰা মৃতদেহৰ টুকুৰাবোৰ সামৰি পলিথিনৰ বেগত ভৰাবলৈ চেষ্টা কৰিছে।\nঅলপ আগতে দ্বীপে হোটেললৈ ফোন কৰিছিল। বাহিৰলৈ ওলাবলৈ মানা কৰিছে। পৰিস্থিতি বেয়া, সি হয়তো পুৱাই আহিব নোৱাৰিব। আবেলি আহি মোক লৈ যাব।\n"মই অহাৰ দিনাই এইবোৰ হ'ব লগা আছিল। কেনেকৈ ওলাম ইয়াৰ পৰা? বাহিৰত চাৰিওফালে পুলিচ, কাৰফিউ। ওলাই গৈ দুটামান ফোন কৰিব লাগিছিল, ঘৰত নিশ্চয় ঘটনাটো গম পাইছে। সকলোৱে চিন্তা কৰি থাকিব।"\nমনৰ মাজতে ভোৰভোৰাই থাকোঁতে দুৱাৰত কোনোবা ৰৈ থকাৰ উমান পাই খুলি দিলোঁ। সম্মুখত কাঁহী এখনত ভাত দুটামান সজাই সৰু ল'ৰা এজন ৰৈ আছিল। ওপৰলৈকে আনিবলৈ দিছিলোঁ ভাতকেইটা। সি ভিতৰলৈ সোমাই টেবুলৰ ওপৰতে ভাতকেইটা সজাই থ'লে।\n: কি নাম তোমাৰ?\n: নাজানো, হোটেলতে থাকোঁ।\n: ভাত কেতিয়া খোৱা তোমালোকে?\n: আমি ৰুটি খাওঁ, ভাত নাখাওঁ।\n: নাই, দেৰিকৈ খাম।\nতেৰ চৈধ্য বছৰীয়া মৰমলগা ল'ৰাটো। ৰূমতে চকীএখনত বহি মোৰ ৱাকমেনটো কাণত লৈ গান শুনিবলৈ ধৰিলে। মোৰ খোৱা হ'লে কাঁহীখন লৈ যাব।\n: ফোন কৰিব লাগে, ওচৰত এছ. টি. ডি. বুথ ক'ত আছে?\n: হোটেলৰ বাহিৰতে আছে, কিন্তু বাহিৰত কাৰফিউ। সব বন্ধ।\n: বেলেগ কিবা ব্যৱস্থা হ'ব নেকি?\nকিছুসময় চিন্তা কৰি সি ক'লে যে ৰাতি ১০ঃ৩০ ৰ পিছত হোটেলৰ ৰিচেপচনৰ পৰা ফোন কৰিব পাৰিম। ভাতকেইটা খাই পাৰ্চৰ পৰা ১০ টকা এটা হাতত দি মোক ৰাতি মাতি দিবলৈ ক'লোঁ। সিও হ'ব বুলি কৈ ওলাই গ'ল। টিভিটো অন কৰি আকৌ বাতৰিত মন দিলোঁ।\n: ভাতকেইটা খোৱাৰ পিছত মূৰটো বেয়া লাগি আহিছিল। মূৰৰ পিছফালে খুব বিষ অনুভৱ কৰিছিলোঁ। আৰু তেনেদৰে থাকি কেতিয়া টোপনি আহিল গম নাপাওঁ।\n: তই সঁচাকৈ কৈছনে এইবোৰ?\n: ১০০% সত্য ছাৰ।\nঘটনাটো পুলিচ অফিচাৰজনৰ সম্মুখত অনৰ্গল বকি গ'লোঁ। পাহাৰগঞ্জত হোৱা বোমা বিস্ফোৰণৰ ঘটনাটোৰ পিছত মোক এৰেষ্ট কৰি আনিছে। লক্ আপত সোমাই আছোঁ, টুল এখনত বহি অফিচাৰজনে বিভিন্ন প্ৰশ্ন সুধি আছে।\n: ভাত খাই উঠি তই সম্পূৰ্ণ দুদিন হোটেলৰ কোঠাত পৰি থাকিলি? ভাতৰ লগত কি খাইছিলি?\n: কি কৈছে ছাৰ? দুদিন মানে? মই আজিহে দিল্লী আহি পাইছোঁ।\n: বাৰে বাৰে একেটা কথাতে কিয় লাগি আছ? তই পৰহিয়েই দিল্লী আহিছিলি।\n: বোপাই, আজি ৩১ অক্টোবৰ। বোমা ফুটিছিল, ২৯ তাৰিখে আবেলি।\n: এয়া কেনেকৈ সম্ভৱ?\n: তাকেইতো কৈ আছোঁ। পৰহি ৰাতি হোটেলৰ ভাত খোৱাৰ পিছত আজি সন্ধিয়া আমি তোক উঠাই অনালৈ তই শুই আছিলি!!\n: মই এইবিলাক একো বুজা নায়।\n: বুজিবি ৰ। গোটেই ৰাতিটো পৰি আছে। লাহে লাহে সব বুজি পাবি।\n"হেপ্পী দীৱালী" বুলি কৈ অফিচাৰজন ওলাই গ'ল। সঁচাকৈয়ে একো বুজা নাই। পৰহি সন্ধিয়াৰ পৰা আজি আবেলিলৈ মই শুই থাকিলোঁ, এয়া কেনেকৈ সম্ভৱ? তাৰমানে কিবা নিচা খাইছিলোঁ নেকি? দ্বীপে কথাবোৰ গম পাইছেনে?\nভিতৰলৈ হাবিলদাৰ এজন সোমাই আহিল। লক্ আপত মই অকলে। তেওঁৰ পৰা গম পালোঁ আই আৰ এফ নামৰ কোনোবা এটা ইছলামিক সংগঠনে বোমা বিস্ফোৰণৰ ঘটনাটো গাত পাতি লৈছে। মোৰ লগতে ধৰি অনা সন্দেহজনক ল'ৰাকেইজনক হয়তো মুকলি কৰি দিব।\n: মোক কেতিয়া এৰিব?\n: তোক এৰাটো দিকদাৰ আছে।\n: তোৰ ব্লাডত ড্ৰাগছ পোৱা গৈছে।\n: হোমমমম.....তই অসমৰ পৰা অহা নাই জানো? কোন ঠাইৰপৰা ড্ৰাগছ আনিছিলি? নাগালেণ্ড নে মিজোৰাম? ক'ত লুকুৱাই থৈছ কৈ দে, তাৰ পিছত তোৰ ব্যৱস্থা হ'ব।\nহে হৰি, কি কয় এওঁ? বুকুখন আকৌ এবাৰ চিৰিংকৈ গ'ল। এইবাৰহে ভাল ফচিলোঁ। হয়তো ইয়াৰ পৰা কোনোদিনে ওলাব নোৱাৰিম।\n: মোৰ তেজত ড্ৰাগছ ক'ৰ পৰা আহিল? মই চাকৰি কৰিবলৈ আহিছোঁ, মোৰ ওচৰত উইপ্ৰ'ৰ অফাৰ লেটাৰ আছে।\n: উইপ্ৰ'? সেইটো কি বস্তু?\nএকো বুজোৱাৰ ইচ্ছা নাছিল এওঁক। অফিচাৰজন আহিলে ভালদৰে কাকুতি মিনতি কৰিব লাগিব। তেওঁক কৈ দ্বীপৰ লগত কথা হ'ব লাগিব। লক্ আপৰ ভিতৰত অসংখ্য মহ। গোটেইসোপা তেজ খাই শেষ কৰিলে। বাহিৰফালে বেৰত ওলোমাই থোৱা ঘড়ীটোত এতিয়া ৰাতি ২টা বজাৰ সংকেট দিছে। ঘড়ীটোৰ কাষতে লিখি থোৱা শ্লোগানটোৱে মোলৈ চাই যেন হাঁহিবলৈ ধৰিছে - তাত লিখা আছিল\n: দিল্লী পুলিচ :\n🙏 সদা আপকে সাথ.....আপকে লিএ 🙏\n'পাহাৰগঞ্জ' পুলিচ ষ্টেচনৰ অ'চি দীপক চড্ডা আৰু হাবিলদাৰ সাহেব সিঙৰ সম্মুখত ৰেজিষ্টাৰ এখনত চহী কৰি ওলাই আহিলোঁ। দ্বীপৰ কান্ধত ধৰি টেক্সীখনত বহাৰ আগতে অ'চিজনে সোঁৱৰাই দিছিল পুনৰ যেন দেখা সাক্ষাৎ নহয়। লগত অহা উকীলজনে গাড়ীখনৰ ভিতৰলৈ বহিবলৈ সহায় কৰি দিলে। সৰোজিনী নগৰ মাৰ্কেটৰ ওচৰত তেওঁক নমাই আমাৰ টেক্সী ফৰিদাবাদলৈ আগবাঢ়িল।\nৰাস্তাৰ কাষৰ বিভিন্ন অট্টালিকাবোৰ দেখুৱাই দ্বীপে সেইবোৰৰ কোনটো কি অফিচ বৰ্ণনা দি গ'ল। মোৰহে সেইবোৰ চোৱাত একেবাৰে মন বহা নাই। কেনেকৈ কি হ'ল তাকেই মনত খেলাই আছে। মোৰ মনৰ ভাৱ হয়তো বুজি পালে সি -\n: বাদ দে এইবোৰ.... চিন্তা কৰি নাথাকিবি। দিল্লীয়ে এটা ডাঙৰ 'ৱেলকাম' দিলে বুলি ভাবি ল।\n: কেনেকৈ বাদ দিওঁ, কথাটো ওলাইছে যদি অসমত!\n: নোলাই দে। বাছি গলি তই।\n: নোলাই মানে? কেনেকৈ মানিলে পুলিচে?\n: মানিব? দিল্লীৰ পুলিচে মানিব? মেনেজ কৰা হৈছে সিহঁতক।\n: মেনেজ? মানে টকা ল'লে? কিমান?\n: হ'ব দে, এতিয়া থাকক সেইবোৰ। প্ৰথমতে আমি হস্পিটাল যাম, তাৰ পৰা ৰূম। মূৰটো পেলাই অলপ শুই ল। ফৰিদাবাদ পাবলৈ দেৰি আছে।\nমোক আৰু একো কোৱাৰ সুযোগ নিদি সি মোবাইলত ব্যস্ত হ'ল। গোটেই ৰাতি পুলিচ ষ্টেচনত যিখিনি যন্ত্ৰণা পালোঁ, দেহ-মন সকলো বিষাই আছে। মূৰটো লাহেকৈ চিটত এৰি দি যোৱা তিনিটা দিনৰ কথাবোৰ এফালৰপৰা ভাবিবলৈ ধৰিলোঁ।\n"কিমান টকাত ই পুলিচক মেনেজ কৰিলে? মই নিৰ্দোষী প্ৰমাণ নহ'লোঁ নেকি? ঘৰত কথাবোৰ ক'মনে নাই? ড্ৰাগছ লৈ দুদিন হোটেলৰ কোঠাত পৰি থকা কথাটো যদি বাতৰি কাকতত ওলাই যায়?"\nদ্বীপ বৰপেটাৰ ল'ৰা। সম্পূৰ্ণ নাম দ্বীপজ্যোতি বায়ন। হাইস্কুলত একেলগে পঢ়া, দেউতাক ঢুকুৱাৰ পিছত সি দিল্লীলৈ গুচি আহিছিল। এতিয়া গুড়গাঁৱত এটা চফ্টৱেৰ কম্পেনীত কাম কৰে। আজি সি মোৰ বাবে ভগৱানতকৈ কম নহয়। সি নহ'লে হয়তো জেলত পৰি থাকিলোঁহেঁতেন। গালেৰে বাগৰি অহা কৃতজ্ঞতাৰ দুটোপাল চকুপানী নিৰৱে মচি থ'লোঁ।\nপ্ৰাথমিক চিকিৎসাৰ অন্তত দ্বীপৰ ৰূমলৈ লৈ গ'ল। সিহঁত চাৰিজন ল'ৰা মেচ কৰি থাকে। আটাইকেইজন অসমীয়া, বেলেগে বেলেগে কাম কৰে। বিছনা এখনত বহুৱাই দ্বীপে মোক আনকেইজনৰ লগত চিনাকি কৰাই দিলে।\n: এইখন নৱদাৰ বিছনা। সি বৰ্তমান নাই, বঙাইগাঁও গৈছে। পোন্ধৰ দিন পিছত আহিব। তেতিয়ালৈ তই আমাৰ লগতে থাকিব পাৰিবি। সি অহাৰ পিছত বেলেগ ব্যৱস্থা কৰিব লাগিব।\nদ্বীপৰ কথাত সন্মতি জনাই, বিছনাখনত বাগৰি দিলোঁ।\nউইপ্ৰ'ত জইন কৰোঁতে এসপ্তাহ দেৰি হ'ল। ট্ৰেইনিং আৰম্ভ হোৱাৰ দুদিন পিছত ম'বাইল এটা ললোঁ। পিচে ঘৰত কথাবোৰ জনোৱা নহ'ল। মা-দেউতাই মনত কষ্ট পাব বুলিয়েই লুকুৱাই ৰাখিলোঁ। গীতাকো একো নক'লোঁ, তাই আৰু বেছি চিন্তা কৰিব। দিল্লী অহা কথাটোৱেই তাই মানি লোৱা নাছিল। ব্ৰহ্মপুত্ৰৰ পাৰত বহি থাকোঁতে সেইদিনা হাতদুখন খামুচি ধৰি সুধিছিল -\n: গুৱাহাটীত চাকৰি নাই নেকি? মই ইয়াত অকলে কেনেকৈ থাকিম?\n: তইচোন জানই, যোৱা ডেৰ বছৰৰ পৰা চাকৰিয়েই বিছাৰি আছোঁ। দোকানে দোকানে, মানুহৰ ঘৰে ঘৰে গৈ ডিক্সনাৰি বিক্ৰী কৰিব নোৱাৰোঁ। কম্পিউটাৰ চায়েন্সৰ ডিগ্ৰীটো লৈ যদি এইবোৰেই কৰিবলৈ আছে, তাতকৈ এনেই বহি থাকিম।\n: প্লীজ ইগোবোৰ এৰ। কামৰ সৰু-ডাঙৰ একো নাই। কম্পিউটাৰ চায়েন্সৰ ডিগ্ৰী কৰিলে মাৰ্কেটিঙৰ কাম কৰিব নোৱাৰি বুলি ক'ত লিখা আছে? অন্ততঃ একো নোপোৱালৈ কৰি থাক। সকলোৱে চোন কৰি আছে! গুৱাহাটীত ক'ত চফ্টৱেৰৰ চাকৰি পাবি?\n: সেইকাৰণেইটো যাব খুজিছোঁ।\n: যি কৰ তাকেই কৰ, হোষ্টেলত থাকিমনে ঘৰলৈ গুচি যাম সোনকালে কবি মাত্ৰ মোক।\n: মানে আৰু কি! তই যদি দিল্লী যাৱ, ময়ো ঘৰলৈ যাম। মাষ্টাৰ ডিগ্ৰীটো তাতেই কৰিম। এনেই হোষ্টেলত কিয় থাকোঁ!\nআমি দুয়োটা সমবয়সীয়া যদিও তাই সৰু ছোৱালীজনী হৈয়েই থাকিল। অভিমানত তাইৰ নাকটো ফুলি উঠিছিল, চকু দুটাও চলচলীয়া হৈছিল আৰু শেষত খং কৰি গুচি গৈছিল। মই দিল্লী অহাটো মুঠেই বিচৰা নাছিল। বহুতো বুজোৱাৰ পিছত যেনিবা মান্তি হ'ল; চৰ্ত আছিল দিল্লীত মই কোনো ছোৱালীৰ লগত বন্ধুত্ব কৰিব নোৱাৰিম। কথাবোৰ ভাবি কেতিয়াবা হাঁহি উঠে যদিও এয়াই হয়তো মৰমৰ পৰিভাষা।\nআজিকালি মূল দিল্লী চহৰত থাকোঁ। ফৰিদাবাদৰ পৰা নিতৌ অহা-যোৱা অসুবিধা হয় বাবে দ্বীপে দিল্লীতে থাকিব কৈছে। দিল্লীত ৰূম ল'লোঁ যদিও ফৰিদাবাদ এৰিব পৰা নাই। শুক্ৰবাৰে ৰাতি অফিচৰ পৰা ফৰিদাবাদ যাওঁ আৰু সোমবাৰে পুৱা তাৰপৰাই অফিচ কৰোঁ। দিল্লীতকৈ প্ৰদূষণৰ মাত্ৰাটো কম হোৱা বাবে অসমৰ ল'ৰাবোৰ ফৰিদাবাদতে থাকিবলৈ বিছাৰে। তাত অসমৰ দৰে পৰিবেশ এটা এতিয়াও আছে। ৰাস্তাবোৰ সৰু, জনবসতি কম, গাড়ী মটৰৰ সংখ্যাও দিল্লীতকৈ তুলনামূলকভাৱে যঠেষ্ট কম। ৰিক্সাত উঠিয়েই আমি বজাৰ-সমাৰ কৰোঁ। একমাত্ৰ অসুবিধা হৈছে দূৰত্ব। ফৰিদাবাদত থকাকেইটাৰ বাবে দিল্লীলৈ অহা-যোৱা কৰা আমনিদায়ক।\nট্ৰেইনিং শেষ কৰি কামত জইন কৰিলোঁ। আজিকালি অফিচত দেৰি হয়। পুৱা আঠবজাৰ পৰা কেতিয়াবা নিশা দুটা তিনিটাও বাজে। ৰাতি বেছি হ'লে অফিচৰ বাংকাৰত শুই পৰোঁ, পুৱাই অনলাইন হ'ব লাগে। কাম শেষ হোৱাৰ নিৰ্দিষ্ট সময় নাই।\nমনতে ভাবোঁ, অসমৰ চৰকাৰী চাকৰিয়াল কেইজনমানক আনি ইয়াত সুমুৱাই দিলে কেনে হ'ব বাৰু! দিনৰ এঘাৰ বজাত অফিচ সোমাই আবেলি চাৰিবজাৰ আগতেই ঘৰত উপস্থিত হোৱাকেইজন হয়তো বেমাৰি হৈ যাব। পিছমুহূৰ্ত্ততে আকৌ ভাবোঁ, তেওঁলোকো হয়তো মোৰ দৰেই 'এডজাষ্ট' হৈ যাব।\nদিল্লীখন ফুৰা হোৱাই নাই, সময় মিলাব নোৱাৰোঁ। গীতাৰ লগতো কথা নহয় বেছি। তাই হোষ্টেলৰ পৰা ঘৰলৈ গুচি গৈছে। ৰাতি অফিচৰ পৰা ওলাই সিহঁতৰ লেন্দলাইনত ফোন কৰিবলৈ ভাল নালাগে। দিনত ফোনটো অফিচৰ ভিতৰলৈ নিব নোৱাৰোঁ। গতিকে সাপ্তাহিক বন্ধৰ দিনা গোটেই দিনটো তাইৰ লগত কথা পাতি কটাই দিওঁ। ফৰিদাবাদ যোৱাও কমিছে।\nফৰিদাবাদত লগ পোৱা আটাইকেইজন বন্ধুৰ লগত মেচেঞ্জাৰেৰে কথা হওঁ। বহুদিন হ'ল একো খবৰ পোৱা নাই। সিহঁতেও আজিকালি খবৰ নলয়। দ্বীপৰ মেইল এটা দেখি খুলি চালোঁ। সাতদিন আগতেই পঠোৱা, মইহে দেখা নাছিলোঁ। নিজৰ ওপৰতে খং উঠিল-\n: মইতো মেইলটো খুলিব লাগে অন্ততঃ!\nদ্বীপে লিখিছিল -\nচা ভাই, কথা দুটামান কওঁ, বেয়া নাপাবি। তোক লক্ আপৰ পৰা উলিয়াই আনোতে মোৰ যঠেষ্ট খৰচ হৈছিল। বন্ধু বুলি কোৱা নাছিলোঁ যদিও এতিয়া ক'বলৈ বাধ্য হৈছোঁ। ভাবিছিলোঁ একো নোকোৱাকৈ এদিন নিজেই পইছাখিনি দিবি। কিন্তু আজি ১০ মাহ পাৰ হ'ল, তই এবাৰো কথাটো নুলিয়ালি। ঘৰত ভণ্টিৰ বিয়া পাতিছে, দেউতা নাই যেতিয়া সমস্ত দ্বায়িত্ব মোৰ। পইচাখিনি ওভতাই মোক সহায় কৰিবি বুলি আশা কৰিলোঁ। তোৰ সেই পোন্ধৰ দিনৰ খৰচবোৰৰ লিষ্ট এখন পঠিয়াইছোঁ, ভালদৰে চাই ল'বি। মেচত থাকোঁ যে, দিয়াশলাইৰ কাঠিডালৰ পৰা এটা এটা টকা হিচাপ হয়। তইতো আৰামত থাকি মেলি গুচি গ'লি, মোক লগৰকেইটাই সদায় সুধি থাকে টকাকেইটা কেতিয়া ঘূৰাবি। এইখন চাবিচোন-\nপাহাৰগঞ্জ পুলিচ ষ্টেচনঃ ৪৫০০০\nহস্পিটেলৰ বিলঃ ২০০০\nদিল্লীৰ পৰা ফৰিদাবাদ টেক্সীঃ ৫০০\nখোৱা (১৫ দিন) : ১৮০০\nঘৰ ভাড়াঃ ১০০০\nবাচন ধোৱা মৌসীৰ : ৪০০\nতোৰ মেডিচিনঃ ২৮০০\nমোবাইলৰ ৰিচাৰ্জঃ ৫০০\nএইখিনি এটা ৰাফ্ হিচাপ, আৰু কিবা থাকিলে নিজেই মনত পেলাই লিখি দিবি। বেয়া নাপাবি ভাই, বুজইতো দিল্লীত কিমান খৰচ। ...আৰু শুন, অহা শনিবাৰে নৱদাৰ জন্মদিন। পাৰ্টি দিব বোলে সি, নহাকৈ নাথাকিবি। সোমবাৰে ইয়াৰ পৰা অফিচ কৰিবি।\nইমেইলটো পঢ়ি অন্যমনষ্ক হৈ থকা দেখি সহকৰ্মী এজনে কি হৈছে সোধিলে। তাক সেইটো দেখুৱালোঁ। মেইলটো পঢ়ি মোলৈ চাই হাঁহি মাৰি সি গুচি গ'ল। ৰূমৰ পৰা ওলাই যাওঁতে কৈ যোৱা কথাকেইটা মোৰ কাণত বহুদেৰি বাজি থাকিল।\nয়ে দিল্লী হে মেৰে য়াৰ\nয়হা না দোষ্ট মহব্বত প্যাৰ।\nদিল্লী হে মেৰে য়াৰ।\n« চিকটা পুৰাণ - দেবজিত শইকীয়া\nএইটো কিন্তু তামাম লিখিছে। প্ৰতিটো খণ্ড পঢ়িছোঁ।\nধন্যবাদ জনাইছোঁ 🙏।\nসাংঘাটিক কাহিনী এটা পঢ়িলো । সপোন হব বুলি ভাৱিছোলো । ভাল লাগিল ।\nদস্তি য়াৰী চব মিচা পইচাৰ আগত।ভাল লাগিল পঢ়ি।\nচুপাৰ্ব লিখনী ।
3c813ccb5e5bc3fb03241bf8767679e75572f94486ad94ac31ca33368e193e57
বৃহস্পতিবাৰৰ নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ ইটানগৰত সংঘটিত হৈছে ভয়ংকৰ বান। জানিব পৰা মতে চহৰখনত হোৱা প্ৰলংকৰী বানত এই পৰ্যন্ত এজন লোকৰ মৃত্যু হোৱাৰ উপৰি সন্ধানহীন হৈ আছে চাৰিজন লোক। উল্লেখ্য যে বৰষুণৰ ফলত কালি নিশা হঠাতে হোৱা অস্বাভাৱিক বানত ইটানগৰৰ পাপ্পু নাল্লা নৈৰ বাঢ়নী পানীয়ে ১৫টাৰো অধিক ঘৰ উটুৱাই লৈ যায়। চহৰখনত ৰুদ্ৰমূৰ্তি ধাৰণ কৰা বানে নিশা বড'নি পলো কলনিত শুই থকা অৱস্থাতে দুটা পৰিয়ালৰ ৬জন লোকক উটুৱাই লৈ যায় বুলি খবৰ লাভ কৰা গৈছে। নিশা উটি যোৱা এজন লোকক উদ্ধাৰকাৰী দলে জোলাং অঞ্চলৰ পৰা উদ্ধাৰ কৰে বুলি জানিব পৰা যায়। আনহাতে, নৈৰ পাৰত ৰখাই থোৱা এখন i-20 বাহন আৰু চাৰিখন মটৰ চাইকেলো উক্ত প্ৰলংকৰী বানত উটি যায়। ইফালে নিশাৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে চেংকী নৈৰ জলপৃষ্ঠ। নৈখনৰ পাৰত বসবাস কৰা বহু পৰিয়ালে এতিয়া আশ্ৰয় লৈছে সুৰক্ষিত স্থানত। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
6036e72bc9c043ba53a55af1c8ffa3cc08e3ec2288ebf901fa5647bf9e1d5f3d
Manchester United in IPL বিশ্বৰ শ্ৰেষ্ঠ ফুটবল দলসমূহৰ ভিতৰত অন্যতম মাঞ্চেষ্টাৰ ইউনাইটেড। এই দলৰ তাৰকা খেলুৱৈ ক্ৰিশ্চিয়ানো ৰোনাল্ডো সাম্প্ৰতিক সময়ত আটাইতকৈ জনপ্ৰিয় ফুটবলাৰ। ক্ৰিশ্চিয়ানো ৰোনাল্ডোৰ এই দলটোৰ মালিক হ'ল গ্লেজাৰ পৰিয়াল। তেওঁলোকে এইবাৰ আইপিএলত দল ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। নতুন দলৰ বাবে তেওঁলোকে বিড সংগ্ৰহো কৰিছে। আইপিএলৰ নতুন দল ক্ৰয়ৰ বিড সংগ্ৰহ কৰাৰ অন্তিম তাৰিখ আছিল ২০ অক্টোবৰ। বাতৰি অনুসৰি, মাঞ্চেষ্টাৰ ইউনাইটেডৰ মালিকে এইবাৰ ভাৰতৰ জনপ্ৰিয় টী-২০ লীগৰ অংশ হ'ব বিচাৰিছে। বিচিচিআইয়ে ইতিমধ্যে কেনে ধৰণৰ সংস্থাই বিড দাখিল কৰিব পাৰে তাক লৈ বহু নিয়ম প্ৰস্তুত কৰিছে। সেই অনুসৰি, কোনো সংস্থাই দল ক্ৰয় কৰিব বিচাৰিলে তেওঁলোকৰ তিনি হাজাৰ কোটি টকাৰ বাৰ্ষিক লেনদেন থাকিব লাগিব। আনহাতে, কোনো ব্যক্তিয়ে দল ক্ৰয় কৰিব বিচাৰিলে তেওঁৰ কমেও আঢ়ৈ হাজাৰ কোটি টকাৰ সম্পত্তি থাকিব লাগিব। একেদৰে কোনো বিদেশী সংস্থাই আইপিএলৰ দল কিনিব পাৰিব যদিও তেওঁলোকে ভাৰতত ব্যৱসায় আৰম্ভ কৰিব লাগিব। এইবাৰ নতুন দল ক্ৰয় কৰাৰ বাবে মানচেষ্টাৰ ইউনাইটেডৰ উপৰি বিড সংগ্ৰহ কৰিছে আদানী গ্ৰুপ, টৰেন্ট ফাৰ্মা, অৰবিন্দ ফাৰ্মা, আৰপি-সঞ্জীৱ গোয়েংকা গ্ৰুপ আৰু হিন্দুস্তান টাইমছ মিডিয়াইয়ো। ইপিনে, গুৱাহাটী, লক্ষ্ণৌ, কটক, আহমেদাবাদ, ইন্দোৰ আৰু ধৰ্মশালাৰ মাজৰ যিকোনো দুখন চহৰৰ পৰা আইপিএলৰ নতুন দল আহিব পাৰে বুলি চৰ্চা চলিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
c94c37d6ff989f93bec88fcd0c6bf2d5d01ceb4daed6755f19298703e55a63cd
গুৱাহাটী মহানগৰস্থিত অসম ৰাজ্যিক চিৰিয়াখনালৈ সুদূৰ ৰাঁচিৰ পৰা জীৱ-জন্তুৰ বিনিময় ব্যৱস্থাৰ মাজেৰে এযোৰ উট পখী আৰু দুটাকৈ লাফিং হায়না অনা হৈছে। উল্লেখযোগ্য যে ৰাজ্যিক চিৰিয়াখানাখনে জীৱ-জন্তুৰ বিনিময় ব্যৱস্থাৰ মাধ্যমেৰে এটা ঘোং আৰু তিনিটা নাহৰফুটুকীৰ বিনিময়ত ৰাঁচিৰ ভগৱান বিৰচা জ'ল'জিকেল উদ্যানৰ পৰা উট পখী আৰু লাফিং হায়না আনে বুলি চিৰিয়াখানাৰ এগৰাকী বিষয়াই মন্তব্য কৰে। তাৰোপৰি বিষয়াগৰাকীয় উট পখী যোৰৰ মাইকী উট পখীটো ডেৰ বছৰীয়া আৰু আনটো দুবছৰীয়া হোৱাৰ উপৰি লাফিং হায়না কেইটা প্ৰায় ডেৰবছৰীয়া বয়সৰ হ'ব বুলি জানিবলৈ দিয়ে। অসম ৰাজ্যিক চিৰিয়াখানাৰ জিলা বন বিষয়া টেজাছ মৰিস্বামীয়ে ৮ বছৰীয়া এটা ঘোং আৰু তিনিটা নাহৰফুটুকী বিৰচা চিৰিয়াখানালৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। লগতে এতিয়াৰে পৰা চিৰিয়াখানালৈ অহা দৰ্শনাৰ্থীয়ে উট পখী আৰু লাফিং হায়না দেখিবলৈ পাব বুলিও সাংবাদিকৰ আগত বিষয়া গৰাকীয়ে মন্তব্য কৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।