doc_id
stringlengths
64
64
text
stringlengths
127
172k
df98b5801a8dca0c9b4ab3a22e4467034fc5e67d42603efba42a7443fab043fb
সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানো বৰ্তমান সময়ত ক'ৰ'না ভাইৰাছত জৰ্জৰিত হৈ পৰিছে। পাকিস্তানত ক'ৰ'নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ তথা বেগী বলাৰ ছোৱেইব আখতাৰে এই ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানক একেলগে আগবাঢ়ি আহিবলৈ আহ্বান জনায় পৰস্পৰে পৰস্পৰক সহায় কৰিবলৈ কয়। "যদি ভাৰতে পাকিস্তানৰ বাবে ১০,০০০ ভেণ্টিলেটৰ প্ৰস্তুত কৰে তেনেহ'লে পাকিস্তানে ভাৰতৰ এই মহানুভৱতা চিৰদিন স্মৰণ কৰিব," আখাতাৰে কয়। আনহাতে, ছোৱেইব আখতাৰে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাছত ক'ৰ'না সাহায্য পুজিৰ বাবে ভাৰত-পাকিস্তানৰ মাজত তিনিখন ম্যেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত কৰাৰো পোষকতা কৰে। তদুপৰি, ছোৱেইব আখতাৰে ভাৰতীয় ক্ৰিকেটাৰ সকলে ক'ৰ'নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দিয়া সাহায্যৰো শলাগ লয়। উল্লেখযোগ্য যে, ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্ক ৰাষ্ট্ৰ সমূহৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিংঙৰ সহায়ত বৈঠক অনুষ্ঠিত কৰি ক'ৰ'না প্ৰতিৰোধৰ বাবে সকলো ছাৰ্ক ৰাষ্ট্ৰই একেলগে আগবাঢ়ি অহাৰ বাবে অনুৰোধ জনাইছিল। বৰ্তমান পাকিস্তানত ক'ৰ'না ভাইৰাছত ৪০০০ কৈ অধিক লোক আক্ৰান্ত হৈছে আৰু ৮০ গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ'ল নতুন নেতা? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
144d78a0ce0b97d950b3468749ab4559b6cbb043c71db397b496cf6c4634e271
এ এল জিটোৰ পুনৰ সক্ৰিয়কৰণ সংবেদনশীল আৰু পথ যোগাযোগ-দুৰ্গম ম্যানমাৰ আৰু চীন সীমান্তলৈ ভাৰতীয় সৈন্য আৰু অস্ত্ৰ পৰিবহণত সহায়ক হ'ব। এ এল জিটোৰ মুকলিয়ে দুৰ্গম অঞ্চলটোলৈ অসামৰিক সা-সামগ্ৰী পৰিবহণ, অসামৰিক প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীৰ যাতায়াতো সুচল হ'ব। বিজয়নগৰ এ এল জিৰ ৰানৱে'টো মুকলি কৰে বায়ু সেনাৰ ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ এ অ' চি-ইন-চি এয়াৰ মাৰ্শ্বাল আৰ দি মাথুৰ আৰু ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ জি অ' চি-ইন-চি লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে। বিযয়নগৰ এ এল জিত অৱতৰণ কৰা এ এন ৩২ এয়াৰক্ৰাফ্ট। বিজয়নগৰ এ এল জিৰ মেৰামতিৰ কাম এয়াৰ ফ'ৰ্চ ষ্টে'চন যোৰহাটৰ অধীনত সম্পন্ন হৈছে, অনুষ্ঠানটোত উপস্থিত প্ৰতিৰক্ষা জন সম্পৰ্কৰক্ষী বিষয়া লেফটেনেণ্ট কৰ্নেল পি খ'নছাই জনায়। "কামটো কঠিন আছিল। কাৰণ সকলো সামগ্ৰী হেলিকপ্তাৰেৰে কঢ়িওৱা হৈছিল," খ'নছাই কয়। বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
fa01eb7fe33121808a2b7ca319c9755dd06a7e3137c67b2d000abf1d638af362
মথি 21 - पवित्र बाइबिल [ইণ্ডিয়ান ৰিভাইচ ভাৰচন] - (মথি 21)\nযীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ বৈৎফগী গাওঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,\n"তোমালোক সন্মুখৰ গাওঁখন লৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালিয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ।\nযদি তোমালোকক কোনোবাই কিবা কয়, তেনেহলে তোমালোকে কবা, 'প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব'।"\nযি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওক,\n"তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি।"\nসেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকল গ'ল আৰু যীচুৱে দিয়া আদেশ অনুসৰি কৰিলে,\nগাধজনী আৰু পোৱালিটো আনিলে, আৰু সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে; তাৰ পাছত তেওঁ তাৰ ওপৰত বহিল।\nতেতিয়া লোক সকলৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আৰু কিছুমান লোকে গছৰ ডালবোৰকে কাটি আনি বাটত পাৰি দিলে;\nআৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক'লে, "হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান। যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!"\nযেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, তেতিয়া লোক সকলে পুণৰ উৎফুল্লিত হৈ কব ধৰিলে "এই জন কোন?"\nতাতে লোক সকলে ক'লে, "এওঁ গালীল প্ৰদেশৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।"\nপাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে।\nযীচুৱে তেওঁলোকক ক'লে, "এইটো লিখা আছে, 'মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ'ব', কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।"\nতেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।\nকিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল'ৰাবোৰে মন্দিৰত চিঞৰি "জয়! জয়! দায়ুদৰ বংশৰ সন্তান", বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ'ল।\nতেতিয়া তেওঁলোকে যীচুক ক'লে, "লোক সকলে কি কৈছে তুমি শুনিছা নে?" যীচুৱে তেওঁলোকক ক'লে, "হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, 'তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা'?"\nপাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ'ল আৰু ৰাতিতো তাতেই থাকিল।\nৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল।\nএনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ'ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক'লে, "এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক"। লগে লগেই সেই ডিমৰু জোপা শুকাই গ'ল।\nযেতিয়া শিষ্য সকলে সেই গছজোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক'লে, "এই ডিমৰু গছজোপা অকস্মাৎ কেনেকৈ শুকাই গ'ল?"\nযীচুৱে উত্তৰ দি তেওঁলোকক ক'লে, "মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ'ব।\nতোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।"\nযীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, "তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই অধিকাৰ তোমাক কোনে দিলে?"\nযীচুৱে উত্তৰ দি তেওঁলোকক ক'লে, "ময়ো আপোনালোকক এই কথা সুধো; যদি আপোনালোকে মোক কয়, তেনেহলে ময়ো কি অধিকাৰেৰে এইবোৰ কৰিছোঁ, সেই বিষয়ে আপোনালোকক কম। কওকচোন-\nবাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰাজ্যৰ পৰা নে মানুহৰ পৰা?" তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক'লে, "আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক'ব, তেনেহলে কিয় তেওঁত বিশ্বাস নকৰিলা?\nকিন্তু আমি যদি কওঁ 'মানুহৰ পৰা', তেনেহলে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাববাদী বুলি মানে।"\nপাছত তেওঁলোকে যীচুক উত্তৰ দি ক'লে, "আমি নাজানো"। তেতিয়া তেৱোঁ তেওঁলোকক ক'লে, "তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।"\n"কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক'লে, 'বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ'।\nতাতে সি পিতাকক উত্তৰ দিলে, 'মই নাযাওঁ'; কিন্তু পাছত মনত অনুশোচনা কৰি গ'ল।\nদ্বিতীয় জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক'লে। তাতে তেওঁ উত্তৰ দিলে, 'মই যাম পিতা'; কিন্তু তেওঁ নগ'ল।\nএই দুয়োজনৰ মাজত পিতাকৰ ইচ্ছা কোন জনে পালন কৰিলে?" তেওঁলোকে ক'লে, "প্ৰথম জনে"। যীচুৱে তেওঁলোকক ক'লে, "মই আপোনালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে আপোনালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।\nকিয়নো যোহন আপোনালোকৰ ওচৰলৈ ধাৰ্মিকতাৰ পথেৰে আহিল, তথাপি আপোনালোকে তেওঁত বিশ্বাস নকৰিলে; কিন্তু কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; আপোনালোকে এইবোৰ দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলে।"\n"আৰু এটা দৃষ্টান্ত শুনক। এজন মানুহ আছিল; তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে, আৰু তাৰ চাৰিওফালে বেৰা দি, তাৰ মাজত পেৰাশাল পাতিলে। তাৰ পাছত টঙি সাজিলে, আৰু খেতিয়ক সকলৰ হাতত গতাই দি, তেওঁ আন দেশলৈ গ'ল।\nযেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ'ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।\nকিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰিলে; এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।\nপুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।\nপাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে 'পুত্ৰক আদৰ কৰিব বুলি', সিহঁতৰ ওচৰলৈ পঠালে।\nকিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক'লে, 'এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ'ব'।\nএই বুলি সিহঁতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।\nএনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?"\nলোক সকলে তেওঁক ক'লে, "তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।"\nযীচুৱে তেওঁলোকক ক'লে, "এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, 'ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল; এয়ে প্ৰভুৰ পৰা হ'ল, আৰু আমাৰ দেখাত আচৰিত'?\nএই হেতুকে মই আপোনালোকক কওঁ, আপোনালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ'ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ'ব।\nএই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।"\nতেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।\nকিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰিলে, কাৰণ লোক সকলক ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।
629cd158f4e2ba26d7b2422aacc4c1fab851fe2654ca5834492ae1bd41afb38f
১৯৬২ - চীনা পিপলছ লিবাৰেচন আৰ্মীয়ে ভাৰত-চীন যুদ্ধত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে। ভাৰত-চীন সীমান্ত বিবাদৰ বাবে চীন আৰু ভাৰতৰ মাজত ১৯৬২ চনৰ অক্টোবৰৰ পৰা নৱেম্বৰ লৈকে চীন-ভাৰত যুদ্ধ সংঘটিত হৈছিল। ১৯৭১ - মুক্তি বাহিনী (বঙালী গেৰিলা)ৰ আংশিক সহায়ত ভাৰতীয় সৈন্যই গৰীবপুৰ যুদ্ধত পাকিস্তানৰ সেনাক পৰাস্ত কৰে। ২০০২ - নাটো(North Atlantic Treaty Organization)ৱে বুলগেৰিয়া, এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া, ৰোমানিয়া, স্লোভাকিয়া আৰু স্লোভেনিয়াক সদস্য হ'বলৈ আমন্ত্ৰণ জনায়। ১৬৯৪ - ভল্টেয়াৰ, ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু কবি। তেওঁ জীৱনকালত ২০,০০০ তকৈও অধিক চিঠি আৰু ২,০০০ কিতাপ আৰু পত্ৰিকা লিখিছিল। ভল্টেয়াৰ আন্তৰ্জাতিক ভাৱে প্ৰসিদ্ধ আৰু বাণিজ্যিকভাৱে সফল হোৱা প্ৰথমশ্ৰেণীৰ লেখকসকলৰ ভিতৰত এজন আছিল। এইজন মহান দাৰ্শনিকৰ মৃত্যু হৈছিল ১৭৭৮ চনৰ ৩০ মে'ত। ১৯৩৮ - হেলেন, ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী। ১৯৪৮ - ৰামন পৰিমালা, ভাৰতীয় গণিতজ্ঞ। ১৯৭০ - জিণ্টু গগৈ, কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসমৰ সেনা জোৱান। ১৯৮৭ - ঈশা কাৰাৱাদে, ২০১১ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰমণ্ডল দবা চেম্পিয়নশ্বিপ(Commonwealth Chess Championship) ত স্বৰ্ণ পদক বিজয়ী খেলুৱৈ। তেওঁ ইতিমধ্যে ইণ্টাৰনেচনেল মাষ্টাৰ (আইএম) আৰু ৱুমেন গ্ৰেণ্ডমাষ্টাৰ (ডব্লিউজিএম)ৰ খিতাপ দখল কৰিছে। ঈশা কাৰৱাদেই ২০১০, ২০১২ আৰু ২০১৪ চনৰ দবা অলিম্পিয়াডত ভাৰতৰ হৈ খেলিছিল। ১৯৭০ - চাৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমণ চমুকৈ চি ভি ৰমণ, ভাৰতীয় পদাৰ্থবিজ্ঞানী। চাৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমণে পদাৰ্থ বিজ্ঞানৰ ১৯৩০ চনৰ ন'বেল বঁটা লাভ কৰিছিল আৰু বিজ্ঞানৰ যিকোনো শাখাত ন'বেল বঁটা লাভ কৰা প্ৰথমগৰাকী এছিয়া মহাদেশৰ ব্যক্তি আছিল। চাৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমণে তেওঁৰ ৰমন পৰিঘটনা ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত আৱিষ্কাৰ কৰিছিল। সেই দিনটোৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে প্ৰতি বছৰে এই দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি আহিছে। ১৯৫৪ চনত, ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰথম ভাৰতৰত্ন প্ৰদান কৰে। চি ভি ৰমণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৭ নৱেম্বৰত।
8fe9525da072e5d149722f6f49a1b635ef40ad45b6759ee6c528978ceefe42be
Class9Assamese Medium । নৱম মান শ্ৰেণী » Assamese Medium\nBoard of Secondary Education ৰ অন্তৰ্গত Class9Assamese Medium ৰ সম্পূৰ্ণ Course আজি আমি ইয়াত আলোচনা কৰিব প্ৰয়াস কৰিছোঁ। Assamese Medium Class9ত ইংৰাজী আৰু অসমীয়া বাধ্যতামূলক হোৱাৰ ওপৰিও সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু ঐচ্ছিক বিষয় হিচাপে হিন্দী, আৰবী, ঐচ্ছিক গণিত ইত্যাদিৰ ওপৰিও বহুত বিষয় আছে।\nবাধ্যতামূলক বিষয় বাছনি কৰাৰ ওপৰিও আপুনি Class9ত পৰীক্ষাৰ বাবে আপুনি সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু এটা ঐচ্ছিক বিষয় লৈ অধ্যায়ন কৰিব লাগে। যদিওঁ শিক্ষাগুৰু সকলে প্ৰতিটো বিষয় যথেষ্ট চেষ্টা কৰে কিন্তু প্ৰকৃতপক্ষে সম্ভৱ নহয়।\nআৰ্থিকভাৱে সবল সকলে ব্যক্তিগত টিউচন লৈ সম্পূৰ্ণ Class9Syllabus ৰ বিষয় সমূহ নিয়াৰিকৈ শিকি লব পাৰে। কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলে কি কৰিব? এবাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে চিন্তা কৰিছেনে?\nইয়াত আমি Class9Assamese Medium ৰ বাবে গোটেই Syllabus ৰ PDF Notes আৰু প্ৰয়োজনীয় বহু প্ৰশ্ন উত্তৰ যোগান ধৰা হৈছে। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলৰ তালিকাখনৰ পৰা পঢ়িব পাৰে।\nClass9Assamese Medium ৰ গোটেই Syllabus\nGeneral Science Class 9\nওপৰত আলোচনা কৰা বিষয়সমূহত যদি আপুনি কিবা অসুবিধা পাইছে তেন্তে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি জনাব পাৰে, আমি যথা সময়ত তাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম।
8973ea105161202b459aea06e62d79fdb029fc94744cbd0d9d1bb135f14abf2f
প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২৯ মেঃ ক'ৰ'ণা ভাইৰাছে সমগ্র বিশ্বতে আতংক অব্যাহত ৰখাৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অহৰ্নিশে ৰাইজৰ বাবে বাতৰি পৰিবেশন কৰি অহা সাংবাদিক সকলৰ মাজত ছেনিটাইজাৰ লগতে কিছু পৰিমানৰ খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় Mr India বিজিৎ গগৈয়ে। বিজিৎ গগৈ ফ্ৰেণ্ড ক্লাৱ আৰু দীনদয়াল উজনি ভৱন তৰফৰ পৰা মাধুৰ্য্য বৰগোহাঁই বিজেপি জিলা বিষয়া লগতে মানস বৰপাত্ৰগোহাঁই সহ কেইবাজনো কৰ্মকৰ্তা শিৱসাগৰ জিলাৰ হাঁহচৰা প্ৰেছ ক্লাৱত উপস্থিত হৈ হাঁহচৰা প্ৰেছ ক্লাৱৰ উপদেষ্টা, সভাপতি, সম্পাদক আৰু সাংবাদিক সকলৰ মাজত এইসমূহ সামগ্ৰী বিতৰণ কৰে। লগতে Mr India বিজিৎ গগৈয়ে সাংবাদিকসকলক কোনো কাৰণতে লঘোণে নাথাকি নিজ কৰ্মত ব্ৰতী হৈ থাকিবলৈ অনুৰোধ কৰে।
9661f6015f6d29653266055807f7a9ac6a4348c24c63f4fb27467160eaab5265
আজিৰ খবৰ, গুৱাহাটী, ২৯ মে' ২০২২ঃ বিল্ডাৰ আৰু স্থপতিবিদসকলক সন্মান জনোৱাৰ উদ্দেশ্যেৰে হাফেলে গুৱাহাটীত দ্য এছ'চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসমৰ সৈতে সহযোগিতাৰে এক বঁটা প্ৰদান কাৰ্যসূচী আয়োজন কৰে। এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে ভাৰত চৰকাৰৰ স্থাপত্য পৰিষদৰ সভাপতি স্থপতিবিদ হাবীব খান, স্থপতিবিদ প্ৰকাশ শাণ্ডিল্য, আৰু স্থপতিবিদ অমিতাভ শৰ্মা আদিকে ধৰি বহু বিশিষ্ট লোক। অনুষ্ঠানৰ আৰম্ভণিতে সন্মানীয় অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়, তাৰ পিছত হাফেলৰ দক্ষিণ এছিয়াৰ পৰিচালন সঞ্চালক জুৰ্গেন উলফে ভাষণ আগবঢ়াই। ইয়াৰ পিছতে এক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়, য'ত একাধিক ডিজাইনাৰ আৰু স্থপতিবিদক ক্ষেত্ৰখনত কৰা উল্লেখযোগ্য কামৰ বাবে বঁটা প্ৰদান কৰা হয়। ডিজাইনাৰ গিল্ডৰ স্থপতিবিদ দেৱাশিশ চক্ৰৱৰ্তী, ক্লিন শ্লেট ডিজাইনৰ স্থপতিবিদ মানস ৰাজকুমাৰ আৰু আৰতি ঠাক্কৰ, এবিডিএছৰ স্থপতিবিদ অৰবিন্দ বাৱৰী, ড্ৰিম স্পেচৰ স্থপতিবিদ কৌশিক দাস, আভাণ্ট-গাৰ্ডেৰ স্থপতিবিদ সুমীত বাগ্ৰী আৰু মমতা বগ্ৰী, বাংকা এণ্ড এছ'চিয়েটছৰ স্থপতিবিদ সন্তোষ বাংকা। উল্লেখ্য যে বৃত্তিটোৰ সম্ভাৱনা, মৰ্যাদা আৰু নৈতিকতা উন্নত কৰাৰ লগতে স্থাপত্যত জনচেতনা অনাৰ লক্ষ্য ৰাখিছে এছ'চিয়েশ্যন অৱ আৰ্কিটেক্টছ আছামে। ১৯৮১ চনত প্ৰতিষ্ঠা হোৱাৰ পৰাই দ্য এছ'চিয়েশ্যন অৱ আৰ্কিটেক্টছ, অসম (AAA) কৰ্মশালা, আলোচনা চক্ৰ, প্ৰদৰ্শনীৰ ব্যৱস্থা আৰু অংশগ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ আহিছে আৰু সমাজৰ সকলো সংশ্লিষ্ট শ্ৰেণীলৈ ক্ষেত্ৰখনৰ তথ্য, ধাৰা আৰু প্ৰযুক্তিগত উন্নতি প্ৰদানৰ দিশত নিৰ্দেশিত। Dance is that one state which actually gives you an outlet for your emotional, physical, mental and sub conscious stress.
8823b64e922d912afbd879885ff986a44ccf40bb39e22e54dfaaebfa2c422c43
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ এখন গাওঁ, বাৰমুখীয়া। এই গাৱৰে এগৰাকী জিয়াৰী , একেই পানী, একেই বতাহ, জীৱন ধাৰণৰ শৈলীও সাধাৰণ অসমীয়া ছোৱালীৰ দৰেই। বাৰিষা পথাৰত ভূঁই ৰুৱে, আঘোণৰ পথাৰত ধান দাৱলৈ যায়। ঘৰত মাকৰ লগত ৰান্ধনি ঘৰত হাত উজান দিয়ে, দেউতাকৰ কামতো ইটো সিটো সহায় কৰি দিয়ে। এই গৰাকী কন্যাই আজি অসমৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম সোণালী আখৰৰে জিলিকাবলৈ সক্ষম হৈছে । যোৱাবছৰৰ মাৰ্চ মাহতেই অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে সুনিশ্চিত কৰিছিল অলিম্পিকত নিজৰ স্থান। ২০২০ চনৰ মাৰ্চ মাহতেই জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়া এণ্ড ওছেনিয়া বক্সিং অলিম্পিক কোৱালফিকেচন টুৰ্ণামেণ্টখনত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মাফটুনাখন মেলেইভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগে লগেই গোলাঘাটৰ বাৰমুখীয়াৰ জীয়ৰী লাভলীনাৰ টকিঅ' যাত্ৰা নিশ্চিত হৈ পৰিছিল। লাভলীনা হৈ পৰে অসমৰ পৰা অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা খেলুৱৈ। অসমৰ তাৰকা বক্সাৰগৰাকীয়ে অলিম্পিকত স্থান লাভ কৰা আজি এবছৰতকৈ অধিক সময় পাৰ হৈ গ'ল। যোৱা এবছৰে অলিম্পিকলৈ নিৰ্বাচিত অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাবে লাভলীনাৰ যিমান চর্চা হ'ব লাগিছিল, সিমান চর্চা নহ'ল অসমত । লাভলিনাৰ খবৰে বাতৰি কাকতৰো বেনাৰ হেডলাইনত স্থান নাপালে, সামাজিক মাধ্যমত ট্রেণ্ডিং হোৱা নাছিল লাভলীনাৰ ফটোসম্বলিত খবৰ। লাভলীনাৰ সাফল্যক লৈ সংবাদ মাধ্যম, সামাজিক মাধ্যম যিমান ব্যস্ত হ'ব লাগিছিল, সিমান ব্যস্ত হৈছিল অসমৰ আন এগৰাকী তাৰকা খেলুৱৈ হিমা দাসৰ অলিম্পিক অনিশ্চয়তাক লৈহে। যেতিয়া হিমা দাসৰ আশা শেষ হ'ল তেতিয়া পুনৰ চর্চা লাভ কৰিছে লাভলীনাৰ অলিম্পিক যাত্ৰাৰ খবৰে। যি গৰাকী খেলুৱৈক লৈ দেশৰ ক্ৰীড়াজগত খনে সম্ভাব্য পদক লাভ কৰাৰ তালিকাত ৰাখিছে তেনে এগৰাকী খেলুৱৈক লৈ ইমান পলমকৈ অসমত চৰ্চাৰ আঁৰৰ কাহিনী কি ? লাভলিনাক লৈ যোৱা এবছৰে আওকণীয়া মনোভাৱৰ পিছত হঠাৎ যেন সাৰ পালে অসমীয়াই। এটা পুৰণি খবৰক লৈ এতিয়া সকলো ব্যস্ত হৈ পৰিছে । অসমৰ তাৰকা বক্সাৰগৰাকী অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ সময়তে এনে হৈ ছৈ হোৱা উচিত আছিল। সি যি কি নহওঁক, পলমকৈ হ'লেও একাংশ অসমীয়াই যে সাৰ পালে সেয়াও এক আশাৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ক্রীড়ামন্ত্ৰী বিমল বৰা, কৃষিমন্ত্ৰী অতুল বৰা, আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্য, অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈকে ধৰি বিভিন্নজনে টুইটাৰৰ জৰিয়তে শুভেচ্ছা জনাইছে লাভলীনাক। লাভলীনায়ো ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শুভেচ্ছা জনোৱাসকলক।উল্লেখযোগ্য যে সৰুতে মুৱাথাই খেলিবলৈ লোৱা লাভলীনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত হাতত তুলিছিল বক্সিং গ্লোভচ। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত এই পৰ্যন্ত দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰা লাভলীনাই এছিয়ান চেম্পিয়নশ্বিপতো দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ডুবাইত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লাভলীনাই । টকিঅ' অলিম্পিকত বক্সিংৰ ৬৯ কেজি শাখাত দেশক প্ৰতিনিধত্ব কৰিব লাভলীনাই। এই শাখাত লাভলীনাৰ স্থান বিশ্ব ক্ৰমত ৩। আনহাতে লাভলীনাই দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে। লাভলীনাই টকিঅ'ত অংশগ্ৰহণৰ পূৰ্বেই সুখবৰ কঢ়িয়াই আনিছে এক সমীক্ষাই। অলিম্পিক বিশ্লেষক সংগঠন গ্ৰেছনোটে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে টকিঅ' অলিম্পিকত পদক জয় কৰিব লাভলীনাই। গ্ৰেছনোটৰ সমীক্ষা মতে টকিঅ' অলিম্পিকত ভাৰতে ৪ টা স্বৰ্ণ পদকসহ ১৭ টাকৈ পদক লাভ কৰাৰ সম্ভাৱনা আছে। এই ১৭ টাকৈ পদকৰ ভিতৰত বক্সিংৰ পৰা আহিব পাৰে ৪ টা পদক। উৎসাহিত কৰিছিল । কিন্তু লাভলিনাৰ ক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতহে সকলো সাৰ পাইছে । তাকো সেই স্তৰত এতিয়াও হৈ নুঠিল । খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে নীতি সঁচাকৈয়ে শুভ লক্ষন কেতিয়াও হ'ব নোৱাৰে। Search for: হিমন্ত মন্ত্ৰীসভাৰ প্ৰধান সেনাপতি কোন? হঠাৎ দূৰত্ব বাঢ়িছে নেকি হিমন্ত-পীয়ুষৰ?
1ef261038ddf20cfa71d3efc46e2bb9b7fcdadf75426b525d2273587a135dd93
পোন প্ৰথমে মুক্ত আকাশৰ সৈতে জড়িত সকলো কৰ্মকৰ্তালৈ মই সম্ভাষণ জ্ঞাপন কৰিছোঁ। এই সংখ্যাত বিভিন্ন জিলাৰ সমস্যা সমূহক লৈ বাতৰি কাকতখন প্ৰস্তুত কৰা হৈছে। "১৪ নং লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা দেৱৰ সৈতে হোৱা সাক্ষাৎকাৰটি", শীৰ্ষক প্ৰতিবেদনটি প্ৰদান সংবাদ। এই সাক্ষাৎকাৰৰ মূল বিষয়বস্তু আছিল, "কৰোনা মহামাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ" ইয়াৰ উপৰিও বহুতো মইনা পাৰিজাত আৰু যুৱ সাংবাদিকৰ কলমৰ যাদুৰে বহুতো প্ৰতিবেদন প্ৰকাশ পাইছে। আমি জানো যে পঢ়াৰ লগতে শিশুসকলৰ বাবে অন্য কাম, যেনে- খেলা-ধুলা, শৰীৰ চৰ্চা আদি নিতান্তই প্ৰয়োজনীয়। মুক্ত আকাশৰ যোগেদি শিশুসকলৰ মাজত থকা সাংবাদিকতাৰ গুণটো সকলোৰে আগত মুকলি কৰি দিয়া হৈছে। আশা কৰোঁ সকলোৱে আদৰি ল'ব। সদৌ শেষত, মুক্ত আকাশ খন সম্পূৰ্ণ কৰি তোলাত সহায় কৰা ১৪ নং লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত প্ৰদান বৰুৱা দেৱ, জিলা সমন্বয়ক শ্ৰদ্দাৰ শ্ৰীযুত ধ্ৰুৱজ্যোতি দত্ত ডাঙৰীয়া, সদৌ অসম মইনা পাৰিজাতৰ সদস্য সদস্যা সকল আৰু বিভিন্ন জিলাৰ যুৱ সাংবাদিক সকললৈ পুনৰ মৰম আৰু শ্ৰদ্ধা জনাই মোৰ সম্পাদকীয় প্ৰতিবেদনৰ সামৰণি মাৰিছো। ধন্যবাদ। নামৰূপ, ১৫ আগষ্ট, যোৱা ২ আগষ্ট তাৰিখে দিনৰ ১২ বজাৰ পৰা ২ বজালৈ ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ উদ্যোগত ইয়াৰ সকলো শাখা আৰু আঞ্চলিকক সামৰি ৩৫ গৰাকী মইনা আৰু চেমনীয়াৰ উপস্থিতিত ৱেবিনাৰৰ জৰিয়তে দেওবৰীয়া মইনামেল সম্পন্ন হয়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা। চেমনীয়া জ্যোতিকা মহন্তৰ এটি সুন্দৰ বৰগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিত প্ৰায় সকলো শাখাৰ মইনা আৰু চেমনীয়াসকলে গীত-মাত, কবিতা আবৃত্তি পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। হোম কোৱাৰেণ্টাইনত থকা কেইগৰাকীমান মইনা তথা চেমনীয়াই তেওঁলোকৰ অভিজ্ঞতাৰ কথাও ব্যক্ত কৰে। উপায়ুক্ত ঝাই তেখেতৰ চমু ভাষণত বৰ্তমান কৰোণা মহামাৰীৰ এই বিভীষিকাময় পৰিৱেশত আমি কেনেদৰে সচেতন হৈ থাকিব লাগিব আৰু ওচৰ-পাজৰৰ এলেকাত কেনেদৰে আমি সজাগতা সৃষ্টি কৰিব পাৰি, সেই বিষয়ে সবিশেষ উল্লেখ কৰে। ইয়াৰোপৰি লকডাউনৰ সময়ছোৱা অন্তৰ্মুখী লোকৰ বাবে আনন্দদায়ক বুলিও ধেমেলীয়া সুৰেৰে উল্লেখ কৰে। অনুষ্ঠানটিত উপস্থিত আছিল ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সভাপতি বিশেশ্বৰ গগৈ আৰু সাধাৰণ সম্পাদক হৰেন ডেকা, মইনা পাৰিজাতৰ আজীৱন সদস্যা পাপৰি শইকীয়া। সাধাৰণ সম্পাদক হৰেন ডেকাই আঁত ধৰা অনুষ্ঠানটিত বৰ্তমান পৰিস্থিতিত ৱেবিনাৰৰ জৰিয়তে দেওবৰীয়া মইনামেল আগুৱাই নিয়াৰ পোষকতা কৰে। মুকলি বাৰ্তালাপত অংশগ্ৰহণকাৰী মইনা আৰু চেমনীয়াসকলে ইতিমধ্যে মইনা পাৰিজাতৰ উদ্যোগত এনে ধৰণৰ অনুষ্ঠানৰ জৰিয়তে হেমৰাজ ৰাভা, চেতনা দাস, শশীকান্ত শইকীয়া, সত্যকাম বৰঠাকুৰ, জয়দ্বীপ বৰুৱা আদিৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ লগত মত বিনিময়ৰ সুবিধা লাভ কৰি সকলোৱে উপকৃত হৈছে বুলি ব্যক্ত কৰে। ইয়াৰ লগতে ৱেবিনাৰৰ জৰিয়তে হোৱা যুৱ-সাংবাদিকতাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিও উপকৃত হৈছে বুলিও চেমনীয়া সকলে ব্যক্ত কৰে। উল্লেখযোগ্য যে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে অনুষ্ঠানসমূহ এনেদৰে ৱেবিনাৰৰ জৰিয়তে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে বুলিও জিলা মইনা পাৰিজাতৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে । সাক্ষ্যাৎ গ্ৰহণকাৰী যুৱ সাংবাদিকসকলৰ নাম- ১) প্ৰিয়াক্ষী মৰাণ, ২) সমীক্ষা সাৰদী ভাজনী, ৩) হিমণ ৰঞ্জন বৰুৱা, ৪) তন্ময়ী সোনোৱাল আৰু ৫) শিৱাংগী সোনোৱাল। উপস্থাপন- প্ৰণাম মহাশয়, আমি তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ চেমনীয়া তথা ইউনিচেফৰ উদ্যোগত অসমৰ দহখন জিলাত মইনা পাৰিজাত আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগত ৰূপায়িত হৈ থকা "যুৱ সাংবাদিক গোট" (Young Reporters Network) প্ৰকল্পৰ অধীনৰ যুৱ সাংবাদিক। আমি কৰোনা অতিমাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সম্পৰ্কে আপোনাৰ মতামত জানিবৰ বাবে আপোনাৰ কাষ চাপিছো। শিৱাংগী- মহাশয়, বৰ্তমান কৰোনা অতিমাৰীৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ লগতে আমাৰ দেশতো তলাবন্ধৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰিবলগা হ'ল। তলাবন্ধৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল। এইক্ষেত্ৰত আপোনাৰ অভিমত কি ? প্ৰদান বৰুৱা- ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে গোটেই বিশ্বই প্ৰথমাৱস্থাত লকডাউনৰ ব্যৱস্থা কৰিছিল। মই ভাবোঁ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ই সহায় কৰিছে। যিটো লকডাউন ব্যৱস্থাৰ এটা ধনাত্মক দিশ। কিন্তু এইটো ক'লে ভূল হ'ব যে লকডাউন কভিড-১৯ ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা। ই প্ৰস্তুতিমূলক ব্যৱস্থাহে। লকডাউনৰ প্ৰভাৱ সমাজৰ সকলো ক্ষেত্ৰতে পৰিছে, শিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিছে। ইয়াৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো শিক্ষা গ্ৰহণত যাতে যতি নপৰে তাৰ উদ্যেশ্যে অনলাই পাঠদান ব্যৱস্থাৰ প্ৰচলন কৰা হৈছে। অৱশ্যে অনলাই ব্যৱস্থাটোৰ বাবে যিবোৰ আন্তঃগাঠনি লাগে, সেইবোৰ ইমান হঠাতে পূৰ কৰিব পৰাটো সম্ভৱ নহয়। ইয়াৰ উপৰিও দেশত ইন্টাৰনেটৰ যি ব্যৱস্থা কৰিব লাগে সেইটোও আমি কৰিব পৰা নাই। তাৰ মাজতো কিছু পৰিমাণে হ'লেও এই ব্যৱস্থাৰে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলিয়েই মই ভাবোঁ। আকৌ লকডাউনৰ বাবে বজাৰত স্মাৰ্টফোনৰো অভাৱ ঘটিছে যিহেতু কল কাৰখানা বন্ধ ৰখা হৈছে, আন্তৰাষ্ট্ৰীয়, আন্তঃৰাজ্যিক বা আন্তঃজিলা যোগাযোগ বন্ধ কৰি দিয়া হৈছে। সেইবাবে ব্যৱসায় বানিজ্য বা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব বিচাৰিলেও আমি সক্ষম হোৱা নাই। শিৱাংগী- অনলাইন শিক্ষাৰ ব্যৱস্থা আৰম্ভ হ'ল। আপুনি নাভাবেনে দুখীয়া ছাত্ৰ-ছাত্ৰী সকলেও শিক্ষাৰ ক্ষেত্ৰত সমানে আগবাঢ়ি যাওক ? সেইসকল ছাত্ৰ-ছাত্ৰী যাৰ অভিভাৱকৰ এণ্ড্ৰইড ফোন ক্ৰয় কৰিব পৰাৰ সামৰ্থ্য নাই বা নেট পেক ক্ৰয় কৰাৰ অসুবিধা, তেওঁলোকৰ বাবে চৰকাৰে কি কৰিব পাৰে ? প্ৰদান বৰুৱা- নিশ্চয় ভাবোঁ। চৰকাৰে এইক্ষেত্ৰত দৃষ্টি ৰাখিছে। কেনেদৰে সকলো ছাত্ৰ-ছাত্ৰীকে এনেধৰণৰ সুবিধা দি পাঠদান আৰু পাঠগ্ৰহণ কৰাব পাৰে তাৰ চিন্তা চৰ্চা কৰিছে। ণই ইতিমধ্যে কৈছোৱেই যে বৰ্তমান স্মাৰ্টফোন বা তেনেজাতীয় সংসাধনৰ অভাৱ ঘটি আছে। তদুপৰি যদি আমি তেওঁলোকক স্মাৰ্টফোন কিনিও দিওঁ, তথাপি তেওঁলোকে সেই ব্যৱস্থাৰ লাভ উথাব নোৱাৰিব যিহেতু প্ৰত্যন্ত এলেকাত এতিয়াও ইন্টাৰনেটৰ সংযোগ ব্যৱস্থাই ধুকগি পোৱা নাই। কিন্তু আমি যদি এতিয়াৰ পৰাই চেষ্টা কৰোঁ অতি কম দিনৰ ভিতৰতে সকলোখিনি আন্তঃগাঠনি আমি গঢ়ি তুলিব পাৰিম আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ধাৰাবাহিকতা ৰাখিব পাৰিম। শিৱাংগী- ধন্যবাদ মহাশয়। হিমন ৰঞ্জন- মহাশয়, চৰকাৰে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিলে। আপুনিন ভাৱেনে অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰিছে ? প্ৰদান বৰুৱা- উপকৃত হৈছে বুলি ভবা নাই। তথাপি, ছাত্ৰ-ছাত্ৰীসকলৰ কিছু হ'লেও লাভ হৈছে বুলি মই অনুভৱ কৰোঁ। চৰকাৰে এইটো চিন্তা আগত ৰাখিয়েই আগবাঢ়িছে যে পৰম্পৰাগত শিক্ষাৰ বিকল্প ব্যৱস্থা হিচাপে অনলাইন শিক্ষা ব্যৱস্থাটোও আগুৱাই নিয়া হওক। ইয়াৰ বাবে বহুখিনি আন্তঃগাঠনি গঢ়ি তুলিবলগীয়া হ'ব যেনে, ধৰা সকলো ঠাইতে ইন্টাৰনেটৰ সুবিধা কৰিব লাগিব, সকলোৰে বাবে স্মাৰ্টফোনৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ যিসকল শিক্ষক আছে, বিশেষকৈ চৰকাৰী মাধ্যমৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব কাৰণ তেওঁলোকে এইধৰণৰ মাধ্যম কেতিয়াওঁ ব্যৱহাৰ কগৰা নাই। আনহাতে কিছুমান কলেজত ডিজিটেল শ্ৰেণীকোঠাৰ ব্যৱস্থা আছে, যিবোৰৰ পৰা সহজে শিক্ষা প্ৰদান কৰিব পৰা যায়। এনে ধৰণৰ ডিজিটেল শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিবলৈ সময় লাগে, কিন্তু যদি কৰা হয়, তেন্তে সি ভৱিষ্যতলৈ কামত অহা এটা ব্যৱস্থা হ'ব আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যাব বুলি মই ভাবোঁ। হিমন ৰঞ্জন- মোৰ আন এটা প্ৰশ্ন মহাশয়, আমাৰ দেশত বাল্য-বিবাহ বা শিশু শ্ৰমিক নিয়োগ কৰাটো এটা অপৰাধ বুলি সকলোৱে জানে। তথাপি বাল্য-বিবাহ হৈয়েই আছে অথবা শিশু শ্ৰমিকৰো নিয়োগ হৈয়েই আছে। এনে হোৱাৰ কাৰণ কি বুলি ভাবে আপুনি ? প্ৰদান বৰুৱা- নহয়, এইক্ষেত্ৰত চৰকাৰৰ বিভাগ আছে, আয়োগ গঠন কৰি দিছে আৰু আয়োগেও সজাগতামূলক কাম কগৰি আছে। তথাপি এনে ঘটনা ঘটি আছে আমাৰ সমাজৰ সজাগতাৰ অভাৱৰ বাবে। আমাৰ সমাজৰ লোকসকলক আৰু বেছি সজাগতাৰ প্ৰদানৰ লগতে আইনৰ জৰিয়তে আমি এই ব্যাধি দূৰ কৰিব পাৰিম। হিমন ৰঞ্জন- মহাশয়, বিদ্যালয় সমূহ খোলাৰ যোজা চলিছে। কিন্তু যি-সমূহ বিদ্যালয়ত কভিড-১৯ ৰোগী ৰখাৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি থকা হৈছে, যেনে- ৰঙাজানস্থিত নৱোদয় বিদ্যালয়। সেইসমূহ বিদ্যালয় খুলিব নে নুখুলে ? প্ৰদান বৰুৱা- কভিড কেন্দ্ৰবোৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমি ইয়াৰ সংক্ৰমণ অন্ত পেলাব নোৱাৰোঁ। সংক্ৰমণৰ অন্ত পৰিলেই সেই কেন্দ্ৰবোৰ নোহোৱা হ'ব আৰু শীঘ্ৰেই হ'ব। গতিকে, বিদ্যালয় খুলিলে সকলোবোৰ একেলগে খুলিব। নৱোদয়ো খুলিব। হিমন ৰঞ্জন- ধন্যবাদ মহাশয়। তন্ময়ী- অসমত (আচলতে সমগ্ৰ ভাৰততে) দুই ধৰণৰ শিক্ষানুষ্ঠন আছে। চৰকাৰী আৰু বেচৰকাৰী। বেচৰকাৰী বিদ্যালয়সমূহত অনলাইন শিক্ষা হৈ আছে যদিও বেছি সংখ্যক চৰকাৰী বিদ্যালয়ত অনলাইন পাঠদানৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই। ইয়াৰ কাৰণ আপোনাৰ নিশ্চয় জ্ঞাত ? প্ৰদান বৰুৱা- এই কথাখিনি আমি গম পাই আছোঁ। কিছুমান বিশেষ বিশেষ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনলাই পাঠদান নিয়াৰিকৈ চলাই নিছে, চৰকাৰী বিদ্যালয় সমূহত চেষ্টা কৰিলেও সেয়া ভালদৰে হৈ উঠা নাই। ইয়াৰ বিভিন্ন কাৰণ আছে, গোটেইখিনি মই বিশ্লেষণ কৰিব বিচৰা নাই। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা প্ৰস্তুতি লোৱা হৈছে যাতে অনলাইন পদ্ধতিটো বিদ্যালয় সমূহত দিব পৰা যায়। ক'ভিড-১৯ ৰ দুঃসময়ৰ আগতেও কিছুমান চৰকাৰী সংস্থা যেনে ইউ.জি.চি বা বিশ্ববিদ্যালয় সমূহ বা কিছুমান বিশেষ শিক্ষানুষ্ঠানত ডিজিটেল ব্যৱস্থাটো চৰকাৰে ইতিমধ্যে কৰিছেই। কিন্তু সেই গোটেই ব্যৱস্থাটো কৰিবলৈ চৰকাৰক যথেষ্ট সময় লাগিব। চৰকাৰে অৱশ্যে যোগাত্মক দৃষ্টিভংগীৰে এইক্ষেত্ৰত আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে যাতে এই ব্যৱস্থাটো ছাত্ৰ-ছ্ত্ৰীৰ বাবে সদায় ব্যৱহাৰোপযোগী হয়। তন্ময়ী- কৰোনা মহামাৰীৰ চিকিৎসাৰ ব্যৱস্থা চৰকাৰে কিদৰে কৰিছে ? প্ৰদান বৰুৱা- এইক্ষেত্ৰত চৰকাৰে কিছুমান প্ৰট'কলৰ ব্যৱস্থা কৰিছে। কেনেকৈ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি তাৰ কিছুমান নীতি নিৰ্দেশনা দিছে। তাৰোপৰি ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা চৰকাৰে চৰকাৰী খৰচত কৰিছে। খোৱা বোৱাৰ পৰা আদি কৰি সকলো ব্যৱস্থা লৈছে। ইয়াৰ উপৰিও কভিড-১৯ প্ৰতিৰোধী ছিটা উদ্ভাৱনৰ বাবে সমগ্ৰ বিশ্বৰ লগতে ভাৰতেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভাৰতৰ তিনিটা বিশেষ প্ৰতিষ্ঠানে এই ক্ষেত্ৰত কাম কৰি আছে। অক্সফ'ৰ্ডৰ পৰাও বিশেষজ্ঞ আহিছে। ৰাছিয়াই ইতিমধ্যে ছিটা উদ্ভাৱনৰ লগতে প্ৰয়োগো কৰিছে। কিন্তু তৃতীয় পৰ্যায়ৰ পৰীক্ষা নকৰাকৈয়ে তেওঁলোকে ছিটা প্ৰয়োগ কৰাৰ বাবে বিতৰ্কও হৈছে বা আন দেশে ক্ৰয় কৰাৰ প্ৰতি আকৰ্ষিত হোৱা নাই। মই ভাবোঁ আমাৰ ভাৰতেও এই ক্ষেত্ৰত শীঘ্ৰে সফলতা লাভ কৰিব। তন্ময়ী- ধন্যবাদ মহাশয়। প্ৰিয়াক্ষী- মহাশয়, লকডাউনৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা বিদ্যালয় বন্ধ হৈ আছে। কেতিয়ালৈ বিদ্যালয় খুলিব ? আমাৰ দৰে ছাত্ৰ-ছাত্ৰীসকলে পুনৰ কেতিয়াৰ পৰা নিৰ্ভয়ে বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰিব পাৰিম ? প্ৰদান বৰা- এইক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে খুউব ভালদৰে চিন্তা কৰিছে। কভিড-১৯ ৰ মাজতো কেনেকৈ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ উপায় হিচাপেই ডিজিটেল শিক্ষাৰ ব্যৱস্থাটো চৰকাৰে কৰিছে যদিওবা আমি সকলোকে সামৰি ল'ব পাৰে। কম কমকৈ ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয়ৰ শ্ৰেণীসমূহ আৰম্ভ কৰিব পাৰি নেকি সেইটোও চিন্তা চৰ্চা কৰিছে। কিন্তু কম বয়সীয়া শিশুৰ বাবে যিহেতু এই ৰোগবিধ অতি মাৰাত্মক সেই বাবে কম বয়সীয়া শিশু সকলক এতিয়াই বিদ্যালয়লৈ পঠিওৱাৰ কথা ভবা হোৱা নাই যদিও যিমান সোনকালে সম্ভৱ হয় বিদ্যালয় শিক্ষা মুকলি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰিয়াক্ষী- আমি আমাৰ অভিজ্ঞতাৰ পৰা শিকিছো যে শ্ৰেণীকোঠাৰ শিক্ষা আৰু অনলাইন শিক্ষাৰ বহুত পাৰ্থক্য আছে। শ্ৰেণীকোঠাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আমাৰ বহুত লোকচান হৈছে। এই লোকচান কেনেকৈ পূৰ কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব ? প্ৰদান বৰুৱা- ইতিমধ্যে প্ৰায় এটা শিক্ষাবৰ্ষৰ ক্ষতি হৈছে বুলিয়েই সকলোৱে বিবেচনা কৰে। সেইবাবে শিক্ষাবৰ্ষৰ আৰম্ভনি জানুৱাৰীৰ পৰিৱৰ্ত্তে মাৰ্চলৈ নি শিক্ষাবৰ্ষটোৰ ক্ষতি পূৰাব পাৰি নেকি তাৰ চিন্তা চৰ্চা হৈ আছে। দ্বিতীয় কথাটো হ'ল যদিও ভাৰ্চুৱেল ব্যৱস্থাটোত বৰ্তমানলৈ সকলোৱে মিলি যাব পৰা নাই, লাহে লাহে অভ্যাসত পৰিণত হোৱাৰ লগে লগে এই ব্যৱস্থাটোও সকলোৱে আকোঁৱালি ল'ব। প্ৰিয়াক্ষী- ধন্যবাদ মহাশয়। সমীক্ষা শাৰদী- মহাশয়, এতিয়ালৈকে আমি অনিৰ্দিষ্টতাৰ মাজতেই আছো যে এইবছৰ আমাৰ বছৰেকীয়া পৰীক্ষা হ'ব নে নহয় ? যদি হ'ব তেন্তে কিমানখিনি পাঠ্যক্ৰমৰ ওপৰত হ'ব আৰু যদি নহয় আমি পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ হ'ম নে নহ'ম ? এই বিষয়ে কিবা ক'ব নেকি ? প্ৰদান বৰুৱা- এই ক্ষেত্ৰত দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণী আদিত কিছু অসুবিধা আহি পৰিছে। কিয়নো সেই দুটা শ্ৰেণীৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ সলনি হয়। দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত কিছুমানে বিজ্ঞান শাখা, কিছুমানে কলা বা বানিজ্য শাখা লৈ পঢ়িব বিচাৰে। ঠিক তেনেকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত কিছুমানে বিশেষ ক্ষেত্ৰৰ মাজলৈ যাব বিচাৰে। গতিকে তেওঁলোকে যাতে তাৰবাবে পাবলগীয়া উপযুক্ত শিক্ষাখিনি পাব পাৰে, তাৰ ব্যৱস্থা কৰিবৰ বাবে চৰকাৰৰ শিক্ষাবিভাগে বিভিন্ন উপায় উলিয়াবলৈ চেষ্টা কৰি আছে আৰু তেওঁলোকৰ বাবে শিক্ষানুষ্ঠানত পাঠদান কৰিবৰ বাবেও শীঘ্ৰে ব্যৱস্থা কৰিব। বাকী যিবিলাক শ্ৰেণী আছে সেইবিলাকত ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ কৃতিত্ব বা দক্ষতা আদিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্ত্তী শ্ৰেণীলৈ উন্নীত কৰিব পৰা যায় নেকি সেই বিষয়ে শিক্ষা বিভাগে চিন্তা-চৰ্চা কৰিছে যাতে তেওঁলোকৰ লোকচানো নহয় আৰু সঠিকভাৱে অৰ্হতাৰ নিৰূপণো হয়। সমীক্ষা শাৰদী- ধন্যবাদ মহাশয়। কৃতজ্ঞতা- উপৰুক্ত সাক্ষাতকাৰটোৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আমি তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক, তথা "যুৱ-সাংবাদিক গোট" (Young Reporters Network) প্ৰকল্পৰ জিলা সমন্বয়ক মাননীয় জিতুল সোনোৱাল আৰু হাপজান খণ্ড উন্নয়ণ সমন্বয়ক তথা চিৰসেউজ মইনা পাৰিজাতৰ সম্পাদিকা মাননীয়া মৃনালী বৰা মৰাণ বাইদেউলৈ শ্ৰদ্ধাভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নাম- প্ৰিয়াক্ষী মৰাণ, সমীক্ষা শাৰদী ভাজনী, হিমন ৰঞ্জন বৰুৱা, তন্ময়ী সোনোৱাল, শিৱাংগী সোনোৱাল। নামৰূপ, ২৮ আগষ্ট, ডিব্ৰুগড় জিলাৰ নামৰূপ এখনি সৰু ঔদ্যোগিক চহৰ। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, অসম পেট্ৰ'ৰাসায়নিক প্ৰকল্প, নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰকে ধৰি তিনিটা উদ্যোগ, উদ্যোগসমূহৰ আবাসিক এলেকা আৰু নিকটৱৰ্তী গাওঁসমূহক সামৰি ১৩.৫ বৰ্গকিল'মিটাৰ সামৰি এই অঞ্চলটি গঠিত হৈছে। প্ৰথম অৱস্থাত গাওঁ পঞ্চায়তে সামৰি লোৱা অঞ্চলটিত ২০১৫ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখে আঠটি ৱাৰ্ড সামৰি শ্ৰীমতী নিতু সোণোৱাল বাইদেউৰ সভপতিত্বত এখনি নগৰ সমিতি গঠন হয়। নগৰ স্বচ্ছতাক মূল লক্ষ্য কৰি এই সমিতিখনে নগৰখনৰ উন্নতিৰ দিশত যথেষ্ট কাম কৰা পৰিলক্ষিত হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পুৰস্কাৰো পাইছে। নগৰ সমিতিখনে ঠাইখনৰ উন্নতিৰ দিশত কেনেধৰণৰ পৰিকল্পনা লৈছে বা ভৱিষ্যতে ল'বলগীয়া পৰিকল্পনাবোৰৰ বিষয়ে আৰু শিশুসকলৰ উন্নয়নৰ বাবে বিশেষ পৰিকল্পনা কিবা হাতত লৈছে নেকি, জানিবৰ বাবে সভাপতি নিতু সোণোৱাল বাইদেউৰ এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ। বৰ্তমান পৰিস্থিতিত কাৰ্য্যালয়লৈ গৈ লগ কৰা সম্ভৱ নহয় বাবে টেলিফোনিক ভাৱেই সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ। তেখেতে জানিবলৈ দিয়ামতে নগৰখনত High-mast light, Solar light ৰ জৰিয়তে পোহৰৰ ব্যৱস্থা কৰাৰ লগতে ৰাজহুৱা পকী শৌচাগাৰ, দৰিদ্ৰলোকৰ বাবে পকী শৌচাগাৰৰ ব্যৱস্থা কৰি দিছে বুলি কয়। সমিতিখনে আৰম্ভ কৰা জৈৱ শৌচাগাৰ ব্যৱস্থাই ৰাইজৰ আদৰ পাইছে বুলি সভাপতি গৰাকীয়ে ব্যক্ত কৰে। জাবৰ পেলাবৰ বাবে ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ লগতে, নিষ্কাষণৰ বাবেও বিশেষ গাড়ী, ট্ৰলীৰ ব্যৱস্থা কৰি নগৰখনক সুন্দৰ কৰি ৰখাৰ যত্ন কৰিছে। ইতিমধ্যে গেছ ভিত্তিক উন্নত শ্মশান খনিৰ কামত যথেষ্ট আগবাঢ়িছে বুলি বক্তব্য ডাঙি ধৰে। নগৰ সমিতি এলেকাৰ অধীনত ৰাস্তা-পদূলিসমূহ বনোৱাৰ লগতে পোহৰৰ যথাযথ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে। বিশেষভাৱে শিশুসকলৰ ক্ষেত্ৰত কিবা আঁচনি লোৱা হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেখেতে বৰ্তমানলৈকে একো প্ৰকল্প হাতত লোৱা নাই বুলি জানিবলৈ দিয়ে। অৱশ্যে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে সময়ে সময়ে চিত্ৰাংকণৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে। কিন্তু ঔদ্যোগিক চহৰখনত শিশুসকলৰ মনোৰঞ্জনৰ বাবে এখনি শিশু উদ্যান, লগতে এটি সাঁতোৰ ক্লাবৰ প্ৰয়োজনীয়তা আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ বাবে এই কাকতৰ জৰিয়তে তেখেতলোকক আহ্বান জনালোঁ। ২৬ আগষ্টৰ দিনৰ ১১ বজাত ৰূপাই চাইডিং ত অৱস্থিত কিডজী বিদ্যালয়ত ইউনিচেফ আৰু তিনিচুকীয়া জিলা মইনা পাৰিজাত তথা কৃষ্নকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগত ৰূপায়িত হৈ থকা যুৱ সাংবাদিক গোট (Young Reporters Network)ৰ সাম্প্ৰতিক শিক্ষা আৰু বাল্যবিবাহৰ ওপৰত লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱাদেৱৰ লগত যুৱ সাংবাদিক শিৱাংগী সোনোৱাল, তন্ময়ী সোনোৱাল, হিমন ৰঞ্জন বৰুৱা, প্ৰিয়াক্ষী মৰাণ আৰু সমীক্ষা শাৰদী ভাজনীৰ বাৰ্তালাপ হয়। এই অনুষ্ঠানটিৰ আঁত ধৰে তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক শ্ৰীযুত জিতুল সোনোৱাল দেৱে লগতে সহযোগিতা আগবঢ়াই খণ্ড সমন্বয়ক শ্ৰীযুতা মৃনালিনী বৰা মৰাণ বাইদেউৱে। উক্ত অনুষ্ঠানত মাননীয় সাংসদ মহোদয়ে বৰ্তমান সময়ত চৰকাৰে শিক্ষাৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত আলোকপাঠ কৰে। তেখেতে ব্যক্ত কৰে এই ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপসমূহ কিছু পৰিমাণে হ'লেও সফল হৈছে। লগতে তেওঁ কয়, প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ আৰু একাদশ শ্ৰেণীটো পূৰ্বৰ শিক্ষাৰ ক্ষতিয়ণ টাই আগবঢ়াই নিব পাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষা বিভাগে বিশেষ ব্যৱস্থা লোৱাৰ চিন্তা চৰ্চা কৰিছে। উচ্চ শিক্ষাৰ সম্পৰ্কে তেওঁ কোনো মন্তব্য দাঙি ধৰা নাই। আমাৰ সতীৰ্থ হিমন ৰঞ্জন বৰুৱাই বাল্য বিবাহৰ বিষয়ে সোধাত সাংসদ মহোদয়ে ব্যক্ত কৰে যে অসমৰ কোনো কোনো অঞ্চলত শিক্ষাৰ উন্নত মানদণ্ড নথকাৰ বাবে এই সমস্যাই দেখা দিয়ে। লগতে এই সমস্যা ৰোধৰ বাবে চৰকাৰে উন্নত পদক্ষেপ লোৱাৰ কথাও তেওঁ ব্যক্ত কৰে। যোৱা ইংৰাজী ১৬ আগষ্ট, দেওবাৰে আবেলি ৩ বজাত গুগল মিট এপৰ জৰিয়তে বৰ্তমান পঞ্চায়তীৰাজ ব্যৱস্থাত গাওঁ পঞ্চায়তৰ কাৰ্য্যাৱলী আৰু আচঁনি ৰূপায়ণ সম্পৰ্কে এক বিশ্লেষণ আগবঢ়াই বিশিষ্ট ব্যক্তি শ্ৰীযুতা জ্যোতি সোনোৱাল বাইদেউৱে যুৱ সাংবাদিক সকলে কৰা বিভিন্ন প্ৰশ্নৰ যথাযথ ভাবে উত্তৰ দি সাংবাদিক সকলৰ বহুতো নজনা কথাৰ সম্ভেদ দি উপকৃত কৰে। উক্ত অনুষ্ঠানটোত ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদক হৰেন ডেকা দেৱ আৰু অন্ন্যান্য বিশিষ্ট ব্যক্তি আৰু লগতে অভিভাৱক সকলো উপস্থিত থাকে। ইয়াৰ পিছতে জিলা সম্পাদক ডাঙৰীয়াই গাওঁ পঞ্চায়তৰ বিভিন্ন দিশ আৰু আচঁনি কাৰ্য্যকৰী সম্পাদন সম্পৰ্কে যুৱ সাংবাদিক সকলক অৱগত কৰায়, লগতে যুৱ সাংবাদিক সকলৰ আসোৱাহ সমূহ দূৰ কৰিবলৈ সক্ষম হয়। উক্ত অনুস্থানত উপস্থিত থকা বিশিষ্ট ব্যক্তি জ্যোতি সোনোৱাল বাইদেউ খেৰমীয়া গাওঁ পঞ্চায়তৰ এগৰাকী বিষয়া। অনুস্থানৰ শেষত সম্পাদক ডাঙৰীয়াই অনুস্থানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনায় অনুস্থানটোৰ সামৰণি মাৰে। বিভাগীয় কতৃপক্ষৰ সমাধানৰ আশ্বাস দুলিয়াজান বিধান সভা সমষ্টিৰ বকুলনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কাটনি গাওঁৰ ৰাইজে আজিও এটুপি বিশুদ্ব খোৱা পানীৰ বাবে দুৰ্ভোগ ভূগি আহিছে। পানীত যথেষ্ঠ পৰিমাণে আইৰণ থকা বাবে খাবলৈ অনুপযোগী হোৱাৰ লগতে কাপোৰ কানি বা গা-পা ধোৱাৰো অসুবিধা। অধিকাংশ ৰাইজে পুখুৰী বা নাদৰ পানী খোৱা বোৱা বা অন্যান্য কামত ব্যৱহাৰ কৰি আহিছে। ফলস্বৰূপে শ্ৰেষ্ঠ্য সকলৰ লগতে শিশু সকলেও বহুতো বেমাৰত আক্ৰান্ত হব লগা হয়। দুৰ্বলতা, ছালৰ বেমাৰ, পুষ্টিহীনতা আদি। ৰাইজে সমস্যাটি সমাধানৰ বাবে স্থানীয় বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগক আবেদন নিবেদন কৰা পাছত বিভাগীয় কতৃপক্ষই দাতি কাষৰীয়া ১নং কঠালগুৰী গাওঁত অৱস্থিত অসম চৰকাৰৰ নগাজান খোৱা পানী যোগান আচঁনিৰ পৰা পাইপ লাইন সংযোগ কৰি কাটনি গাওঁৰ লগতে ১নং কঠালগুৰি ৱাৰ্ডৰ দুটা মান চুবুৰীত শীঘ্ৰে বিশুদ্ব খোৱা পানীৰ ব্যৱস্থাও কৰি দিব বুলি জনায়। উপস্থাপন- নমস্কাৰ মহাশয়, মোৰ নাম শ্ৰীমতী মৌ-মীতা ফুকন, মই শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰূপালী মইনা পাৰিজাতৰ এগৰাকী যুৱ সাংবাদিক। আজি মই আপোনাৰ ওচৰত পঞ্চায়তৰ উন্নয়নৰ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছো। আশাকৰোঁ আপুনি সেই প্ৰশ্নকেইটাৰ উত্তৰ খুব চমুকৈ দিয়ে যেন। প্ৰথম প্ৰশ্ন- আপুনি ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হওঁতে আপোনাৰ ৱাৰ্ডৰ অৱস্থা কেনেকুৱা আছিল ? উত্তৰ- মই ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হওঁতে এই ৱাৰ্ডত বহুতো সমস্যা আছিল। যেনে, দৰিদ্ৰ শ্ৰেণীৰ ঘৰৰ অৱস্থা, ৰেচন কাৰ্ড নোপোৱা, লগতে ৰাজহুৱা অনুস্থানত খোৱা পানীৰ অভাৱৰ লগতে ৰাস্তা ঘাট বোৰ বৰ ভাল নাছিল। অৱশ্যে এতিয়া সেই অভাৱবোৰ প্ৰায় মই নাইকীয়া কৰিব চেষ্টা কৰি সফলো হৈছো। ৰাস্তা ঘাট প্ৰায়বোৰ ভাল কৰি শেষ হৈছে আৰু দুই এটা কাম তলাবন্ধৰ বাবে আধৰুৱা হৈ আছে। এতিয়া তলাবন্ধ যিহেতু লাহে লাহে খুলিবলৈ ধৰিছে মই সেই আধৰুৱা কামবোৰ শেষ কৰিবলৈ মিষ্ট্ৰীসকলক অনুৰোধ কৰিম। দ্বিতীয় প্ৰশ্ন- আপুনি ৱাৰ্ড মেম্বাৰ ৰূপে নিৰ্বাচিত হৈ আহোতে ৱাৰ্ডত অবিবাহিত, বিধৱা আৰু বৃদ্ধ সকলে চৰকাৰি অনুদান পাইছিলনে ? উত্তৰ- মই নিৰ্বাচিত হোৱাৰ আগতে ১০০ ভাগৰ প্ৰায় ৪০/৫০ শতাংশ মানুহে বৃদ্ধ পেঞ্চন পাইছিল। তাৰ পিছত মই বাকী শতাংশ লোকক পোৱাৰ সুবিধা কৰি দিছোঁ। নিৰ্বাচিত হোৱাৰ পিছত মই অবিবাহিত আৰু বিধৱা সকলক চৰকাৰী অনুদান পোৱাত যিমান পাৰো সহায় কৰিছো। তৃতীয় প্ৰশ্ন- বৰ্তমান সময়ত যি মহামাৰী কৰোনাই দেখা দিছে, তাৰ বাবে আপুনি ৱাৰ্ডত কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে ? উত্তৰ- এই ক্ষেত্ৰত মই নিজেও বহুত বহুত সতৰ্ক হৈছো। লগতে ৱাৰ্ডত চেনিটাইজিং আৰু মাস্ক বিতৰণ কৰিছো। পিছত সজাগতা সভা অনুষ্ঠিত কৰি সকলোকে সজাগ আৰু সচেতন কৰি তুলিছো। চতুৰ্থ প্ৰশ্ন- হৈ যোৱা তলাবন্ধ আৰু বানপানীৰ সময়ত পঞ্চায়তৰ ফালৰ পৰা কেনদৰে সহায়ৰ হাত আগবঢ়াইছিল ? উত্তৰ- হৈ যোৱা তলাবন্ধৰ সময়ত মই পঞ্চায়তৰ ফালৰ পৰা দৰিদ্ৰ শ্ৰেণীৰ লোকক খাদ্য সামগ্ৰীৰ যোগান ধৰিছিলো আৰু বানপানীৰ সময়ত মই পঞ্চায়তৰ পৰা অহা ৰেচন, দাইল, তেল, বানপীড়িত ৰাইজক যোগান ধৰিছো। লগতে মই মোৰ ফালৰ পৰা যিমান পাৰো ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছিলো। পঞ্চম প্ৰশ্ন- আপোনাৰ কাৰ্যকালত পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ ৱাৰ্ডত আৰু কি কি উন্নতি হৈছে বুলি আপুনি ভাবে ? উত্তৰ- মই অতি গৌৰৱেৰে ক'ব পাৰো যে আগতে পিছপৰা এই ৱাৰ্ড এতিয়া সকলো ফালৰ পৰা আগবাঢ়ি গৈছে। মই আগতে উল্লেখ কৰিছো যে প্ৰায় সকলো ৰাস্তা ঘাট পকী হৈছে। তাৰে প্ৰায় এটি বা দুটি ৰাস্তা তলাবন্ধৰ বাবে আধৰুৱা হৈ আহে। এতিয়া সেই কামবোৰ সম্পূৰ্ণ কৰিম। ৱাৰ্ডত অৱস্থিত এটা পুৰণি পুখুৰী আছে, সেই পুখুৰীৰ বেৰা আগতে স্থায়ী নাছিল, এতিয়া সেই পুখুৰীৰ বেৰা স্থায়ী হৈছে। লগতে পুখুৰীৰ কাষত এটি সৌৰ শক্তিৰ লাইট আৰু এটি নামঘৰৰ কাষত দিয়া হৈছে। কৰোনাৰ কাৰণে মই আশা নাৰ্চসকলক কাৰোবাৰ কিবা অসুখ হৈছে নেকি চাবলৈ পঠিওৱা হয়। শেষত কওঁ মই ৱাৰ্ডক লৈ বৰ্তমান বহুত গৌৰাম্বিত। তোমাক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো, কাৰণ তুমি আহি মোৰ ওচৰত পঞ্চায়ত আৰু মোৰ ৱাৰ্ডৰ উন্নয়ণৰ বিষয়ে কবলৈ সুযোগ দিলা। কৃতজ্ঞতা- ধন্যবাদ মহাশয়, আপুনি আপোনাৰ বহুমূলীয়া সময় মোক দিয়াৰ বাবে, লগতে আপুনি ৱাৰ্ডৰ বাবে যথেষ্ট কষ্ট কৰি ৱাৰডখন সকলো ক্ষেত্ৰতে আগবঢ়াই নিছে। আৰু শেষত, মোক সাক্ষাৎকাৰৰ সুবিধা কৰি দিয়াৰ বাবে ধ্ৰূৱজ্যোতি দত্ত ছাৰ আৰু গৌতম বড়া ছাৰক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
9947aa2d753502db09675494a9c696492d2abcd81d1cfe5f89dfae0d1ed9365c
দিল্লীৰ পৰা ছিডনীলৈ আৰম্ভ হ'ব এয়াৰ ইণ্ডিয়াৰ অতিৰিক্ত বিমানৰ উৰণ : কিন্তু কেতিয়াৰ পৰা ?\nদিল্লীৰ পৰা ছিডনীলৈ আৰম্ভ হ'ব এয়াৰ ইণ্ডিয়াৰ অতিৰিক্ত বিমানৰ উৰণ : কিন্তু কেতিয়াৰ পৰা ?\nভাৰতীয় বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই দিল্লীৰ আৰু অষ্ট্ৰেলিয়াৰ ছিডনীৰ মাজত অতিৰিক্ত বিমান সেৱা আৰম্ভ কৰিব।\nবুধবাৰে নিশা সংস্থাটোৱে নিজা টুইটাৰ একাউন্টত এই কথা ঘোষণা কৰিছে।\n"এয়াৰ ইণ্ডিয়াই অহা ১০ৰপৰা ১৪ অক্টোবৰলৈ দিল্লীৰ পৰা ছিডনীলৈ অতিৰিক্ত বিমান সেৱা আগবঢ়াব।" টুইটাৰ এইদৰে কয় সংস্থাটোৱে।\nসংস্থাটোৱে লগতে আৰু কয় যে অষ্ট্ৰেলিয়াৰ চৰকাৰে বলৱৎ কৰা কোভিড-১৯ প্ৰটোকলৰ বাবে এনে বিমান উৰণত সীমিত সংখ্যক যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব।\n"অষ্ট্ৰেলিয়া চৰকাৰৰ কোৱাৰেন্টাইন সীমাৱদ্ধতা মানি আজি দিনৰ ১৬.০০ বজা(আন্তৰ্জাতিক সময়মান অনুসৰি)ৰপৰা এয়াৰ ইণ্ডিয়াৰ বেৱচাইট, বুকিং কাৰ্যায়ল আৰু কল চেন্টাৰৰ যোগেদি যাত্ৰীসকলে টিকট বুকিং কৰিব পাৰিব।" বিমান পৰিবহণ সংস্থাটোৱে লগতে কয়।\nইফালে ২০ জানুৱাৰীৰ পৰা দিল্লী-পেৰিচৰ মাজত এয়াৰ ইণ্ডিয়াই সপ্তাহত দুদিনকৈ বিমান উৰণ আৰম্ভ কৰিব। সপ্তাহৰ বৃহস্পতি আৰু দেওবাৰে দিল্লীৰ পৰা পেৰচিলৈ আৰু প্ৰতি সোম আৰু শুকুৰবাৰে পেৰিচৰ পৰা দিল্লীলৈ বিমান চলাচল কৰিব।\nইফালে এয়াৰ ইণ্ডিয়াই বিশ্বৰ কেবাখনো দেশৰ সৈতে সীমিত সংখ্যক বিমান উৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।\nউল্লেখ্য যে ভাৰত চৰকাৰে মহামাৰী ক'ৰ'ণাৰ প্ৰতিৰোধৰ বাবে যোৱা ২৫ মাৰ্চৰ পৰা যাত্ৰীবাহী আন্তৰ্জাতিক বিমান উৰণ স্থগিত ৰাখিছিল।\nঅৱশ্যে যোৱা মে' মাহত বিশ্বৰ কেবাখনো দেশত আৱদ্ধ ভাৰতীয় নাগৰিক আৰু শিক্ষাৰ্থীসকলক দেশলৈ ওভতাই আনিবলৈ 'বন্দে ভাৰত অভিযান' শীৰ্ষক এলানি বিমান সেৱা আৰম্ভ কৰিছিল।\nইফালে যোৱা ২৫ মে'ৰ পৰা ঘৰুৱা বিমানৰ উৰণ পুনৰ আৰম্ভ কৰা হৈছিল।
3eef0b1474a11b9a0e27aa235c9c6b0b5089d14031b9eb68abcbdf460af46046
খৰাং বতৰত বৰষুণৰ কামনাৰে অসমীয়া লোকসমাজত প্রচলিত এক জনপ্ৰিয় লোকাচাৰ হ'ল ভেকুলী বিয়া। আমাৰ সমাজত এক বিশ্বাস আছে যে ভেকুলীৰ বিয়া পাতিলে আৰু ভেকুলীয়ে টোৰ-টোৰালে বৰষুণ দিয়ে। এই বিশ্বাসক আধাৰ কৰিয়েই ভেকুলী বিয়া পতা হয়। সাধাৰণতে ফাগুন-চ'ত মাহৰ অনাবৃষ্টিৰ সময়ত অথবা খৰাংপীড়িত সময়ত বছৰৰ যিকোনো সময়ত ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। ভেকুলী বিয়া কৃষি উৎসৱ হিচাপেও গণ্য কৰিব পাৰি। কাৰণ কৃষকক পথাৰত পানী প্রয়োজন হোৱাৰ সময়ত বৰষুণ নাহিলে ভেকুলী বিয়া পতা হয়। একপ্ৰকাৰ মানুহে পতা বিয়াৰ দৰেই ভেকুলী বিয়া পতা হয়। সাধাৰণতে দুখন গাঁৱৰ ৰাইজ একগোট হৈ ভেকুলী বিয়া পাতে। এখন গাঁৱত দৰা আৰু আন এখন গাঁৱত কইনা সজাই লোৱা হয়। কেতিয়াবা একেখন গাঁৱৰে পুখুৰী অথবা ঘৰৰ চুকৰ দুটা ভেকুলী ধৰি আনি দুঘৰ মানুহত দৰা আৰু কইনাৰূপে থৈ ভেকুলী বিয়া পতা হয়। ভেকুলী বিয়াৰ নিৰ্দিষ্ট দিনটো ধার্য কৰাৰ লগে লগে দুয়োখন গাঁৱৰ ডেকা-গাভৰুৱে ভেকুলী বিচৰাৰ কামত লাগি যায়। দুটা ভেকুলী যোগাৰ হ'লেই বিয়াৰ পৰ্ব আৰম্ভ হয়। অসমীয়া সমাজৰ পৰম্পৰাগত বিবাহ পদ্ধতিৰ সকলো নীতি-নিয়ম ভেকুলী বিয়াত মানিবলৈ চেষ্টা কৰা হয় । জোৰণ দিয়া পৰ্বৰেই ভেকুলী বিয়াৰ কাৰ্যসূচী আৰম্ভ হয়। নাৰিকলৰ টুকুৰাৰে কাণফুলি, শামুকৰ খোলাৰে নেক্লেছ্, কাউৰী মণিৰে চেইন, খাৰু, আঁহত গছৰ পাতেৰে মেখেলা-চাদৰ আদি জোৰণ হিচাপে দিয়া হয়। ঠিক তেনেদৰে কইনা ঘৰৰ পৰাও গছৰ পাতেৰে তৈয়াৰ কৰা দৰাৰ সাজ দিয়া হয়। পানী তোলা পৰম্পৰাও ভেকুলী বিয়াৰ লগত জড়িত। ভগা বাল্টি, টিন আদি বজাই ডেকা-গাভৰুৱে ওচৰৰ নদী, বিল নাইবা ৰাজহুৱা পুখুৰীৰ পৰা পানী তোলে। কইনা আৰু দৰা দুয়োটা ভেকুলীকে দৰা-কইনাৰ সাজেৰে সজায়। তাৰ পাছত দৰা কইনাৰ ঘৰলৈ যায়। কইনাঘৰৰ চোতালত দৰাক আদৰণি জনোৱা হয়। কইনা ঘৰত দুয়োকে কাঠৰ চালপীৰাত বহুৱাই বিবাহ কাৰ্য আৰম্ভ কৰা হয় । দৰা-কইনাক উপহাৰ দিয়া পৰ্বও তাতেই আৰম্ভ হয়। নাৰিকলৰ টুকুৰা, কলপটুৱাৰ দোং আদি বস্তু উপহাৰ হিচাপে দিয়া হয়। বিয়াৰ অন্তত দৰা আৰু কইনাক কলৰ দোনাৰে সজা দোলাত লৈ ঢোল-পেঁপা বজাই দৰা-কইনাক দুয়োখন গাঁও ফুৰাই নদীত এৰি দিয়া হয়। দৰাৰূপী ভেকুলীটোক কাপোৰ পিন্ধোৱাৰ দৰে কইনাৰূপী ভেকু লীটোকো কাপোৰ পিন্ধোৱা হয়। এনেকৈয়ে জাত জাত বিয়া নাম গাই দুয়োটা ভেকুলীৰ মাজত বিয়া পাতি দিয়া হয়। বিশেষকৈ ৰাতি অনুষ্ঠিত ভেকুলী বিয়াত বৰ্তমান ভোজ-ভাত খোৱাও দেখিবলৈ পোৱা যায় আৰু মানুহে অতি আনন্দ-উল্লাসেৰে এই বিয়া উপভোগ কৰে। 'ৰাম ৰাম, ভেকুলীৰ বিয়ালৈ, ৰাম ৰাম, বতাহ বৰষুণত তিতিহে,
ed63162cb3a927c2421e20edb41d44bc691496ba82e39e9b8ab165ce685b75cb
Share this: আজি চলিত অসম বিধানসভাৰ অন্তিম খন অধিৱেশনৰ অন্তিমটো দিন। আজিৰ অন্তিম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে অসম বিধানসভাৰ নতুন ভৱনত। শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ চৰকাৰৰ যোৱা ৫ বছৰীয়া কাৰ্যকালৰ তুলনামূলক খতিয়ান দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'মই মোৰ চৰকাৰৰ গুণানুকীৰ্তন কৰিবলৈ উঠা নাই । কaভিড১৯ৰ বাবে আমি ২০২০ৰ মাৰ্চৰ পৰা ডিচেম্বৰলৈ কাম কৰিব নোৱাৰিলো । আমি সঁচা অৰ্থত চাৰে তিনিবছৰহে কাম কৰিবলৈ পাৰিলো।' মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'ৰাজ্যৰ কোনো এখন জিলাকেই মই মোৰ ভ্ৰমণসূচীৰ পৰা আঁতৰাই ৰখা নাছিলো । মুখ্যমন্ত্ৰী সকলোলৈ যাব লাগে । দক্ষিণ শালমৰাৰ- মানকাছাৰলৈ মই বহুবাৰ গৈছো। মানকাছাৰতো মই নিশা কটাইছো। এই চৰকাৰৰ দিনত বৰাক-ব্ৰহ্মপুত্ৰৰ সকলো লেকেই সম মৰ্যাদা পাইছে । আগৰ কথা বেলেগ আছিল । এতিয়া মোৰ কাষলৈ আহিলে কোনো এজন বিধায়কে ক'ব নোৱাৰে যে, মই কোনো বিধায়কক অৱহেলা কৰিছো।' দুৰ্নীতিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'দুৰ্নীতিমুক্ত অসম কেৱল শ্লোগান হ'ব নোৱাৰে, তাৰ বাবে নিৰন্তৰ কাম কৰিব লাগিব। কোনোৱে শুকুৰবাৰে কৈছিল SI পৰীক্ষাৰ প্ৰশ্নকাকত লিক্ হোৱাৰ কথা । মই প্ৰশ্নকাকত লিক্ হোৱাৰ ১৫ মিনিটৰ ভিতৰত পৰীক্ষা বন্ধ কৰিছিলো । তদন্তৰ নিৰ্দেশ দিছিলো । ৮৭ৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰিছিল।' এই চৰকাৰৰ দিনত বৰাক-ব্ৰহ্মপুত্ৰ সকলোৱে সম মৰ্যাদা পাইছে । আপোনালোকে বেজাৰ কৰিব নালাগে, অহাবাৰো আমাৰেই চৰকাৰ হ'ব। বিশ্ব বিনিয়োগ সন্মিলন আয়োজনৰ ফলত আমি লাভান্বিত হৈছো। কৃষিখণ্ডত আজি উচ্চ শিক্ষিতসকল আহিছে আগুৱাই । কৃষিখণ্ডক শক্তিশালী কৰিছেকৃষকসকলে ধৰ্মঘট কৰিছে । তেওঁলোকক ক'ব বিচাৰিছোঁ যে, তেওঁলোকে চিন্তা কৰিব নালাগে। কুৱালিটী এড্যুকেছন আমাক লাগিব । কোভিড১৯ৰ সময়ত আমি বহু কথা শিকিলো । ফল-ফুল-ঔষধি আমাক লাগিব । বনাঞ্চল আমি বৃদ্ধি কৰিব লাগিব। অভিভাৱকসকলক মই অনুৰোধ কৰিছো যে, আপোনালোকৰ সন্তানৰ জন্মদিনতএকোজোপাকৈ গছ পুলি উপহাৰ দিয়ক। আমাৰ চৰকাৰৰ দিনত বনাঞ্চলৰ সংখ্যা বৃদ্ধি পাইছে। BTAD অঞ্চলত সমগ্ৰ বিশ্বই জানিছিল বোমা বিস্ফোৰণ, অপহৰণ, হত্যাকাণ্ড হয় বুলি । আমি BTR চুক্তি কৰাৰ পিছত পৰিৱেশ সলনি হৈছে। আমি কেৱল আঁচনি লৈ, হিতাধিকাৰীক লৈ চৰকাৰ চলাবলৈ অহা নাই, আমি সকলোৰে উন্নয়ন কৰাৰ বাবে চৰকাৰ কৰিছো। মূল্যবোধৰ ৰাজনীতি কৰিছো। কাৰণ মূল্যবোধেহে সমাজ শক্তিশালী কৰে। অৰুণাচলৰ মেচুকাত হঠাৎ অসুস্থ বলীউদৰ অভিনেতা সঞ্জয় দত্ত, কিয় অৰুণাচললৈ আহিছিল 'মুন্নাভাই'? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
f0170bebf1c93c1bda78e75aaab8f8d69465b4eef2ec3cd6454156515cb9f0ad
ICC T-20 World Cup কোৱালিফাইং ৰাউণ্ডৰ মেচেৰে আৰম্ভ হোৱা টী-২০ বিশ্বকাপৰ প্ৰথম দিনাই বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিব উল হাছানে বিশ্বৰেকৰ্ড গঢ়ে যদিও খেলখনত স্কটলেণ্ডৰ হাতত পৰাজিত হয় বাংলাদেশ। শিহৰণকাৰী মেচখনত বাংলাদেশক ৬ৰাণত পৰাজিত কৰে স্কটলেণ্ডে। ফলত বিশ্ব ৰেকৰ্ড গঢ়াৰ পাছতো দেশৰ পৰাজয়ে যেন ম্লান কৰি তুলিলে ছাকিবৰ কৃতিত্ব। দেওবাৰে প্ৰথমে বেটিং কৰি স্কটলেণ্ডে তেওঁৰ নিৰ্দ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৪০ ৰাণ কৰে। স্কটলেণ্ডৰ মিডল অৰ্ডাৰ বেটছমেন ক্ৰিছ গ্ৰীয়েভছে ২৮টা বলত বিস্ফোৰক ৪৫ৰাণৰ ইনিংছ খেলে। তদুপৰি, মাৰ্ক ওৱাটে ১৭টা বলত কৰে ২২ৰাণ। ছাকিবে মেচখনত দুটা উইকেট দখল কৰে। ইয়াৰ লগে লগে টী-২০ ক্ৰিকেটত বিৰল বিশ্বৰেকৰ্ড গঢ়ে ছাকিব উল হাছানে। Also Read: কিয় গ্ৰেপ্তাৰ কৰি জামিনত মুকলি কৰি দিলে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙক? ছাকিবে শ্ৰীলংকাৰ প্ৰাক্তন পেচাৰ লাচিথ মালিংগাক অতিক্ৰমি টী-২০ৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে নিজৰ স্থান অংকিত কৰে। মালিংগাই ৮৪খন মেচ খেলি ১০৭টা উইকেট দখল কৰিছিল। আনহাতে, দেওবাৰে দুটা উইকেট দখল কৰাৰ পাছত ছাকিবৰ টী-২০ আন্তৰ্জাতিকত উইকেটৰ সংখ্যা হ'ল ১০৮টা। ইপিনে, ১৪১ৰাণৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশৰ দুয়োগৰাকী অপেনাৰ লিটন দাস আৰু সৌম্য সৰকাৰে ৫ৰাণকৈ কৰি আউট হয়। ছাকিবেও মাত্ৰ ২০ ৰাণ কৰিয়েই আউট হয়। শেষৰ পিনে অধিনায়ক মাহমুদুল্লাহে চেষ্টা চলালেও ২২ৰাণহে কৰিবলৈ সক্ষম হয়। বাংলাদেশে নিৰ্দ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৪ৰাণত ইনিংছ সামৰে। ফলত ৬ৰাণত পৰাজয় বৰণ কৰে বাংলাদেশ। স্কটলেণ্ডৰ হৈ ব্ৰেডলি হুৱেলে ৩টা উইকেট দখল কৰে। Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে? Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ'ল কোভিডত; মৃত্যু কিমানৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
0a81550048a73a810fd1f37125a4d80e6b5d3ca34c64a0ccd720942888125f1d
অৱশেষত ভাৰত কেশ্বলেচ হ'লগৈ! টুইটাৰত ৰোল উঠিল ট্ৰ'লৰ । News Next One\nঅৱশেষত ভাৰত কেশ্বলেচ হ'লগৈ! টুইটাৰত ৰোল উঠিল ট্ৰ'লৰ\nডিজিটেল ডেস্কঃ দেশৰ ছখনকৈ ৰাজ্যত এটিএমত টকা নোহোৱা হোৱাক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে দিয়া উত্তৰত সন্তুষ্ট হ'ব পৰা নাই জনসাধাৰণ। বিমুদ্ৰাকৰণৰ দিনৰ এটিএমৰ আগৰ সেই দীঘলীয়া শাৰীৰ দিন ঘুৰি আহিব বুলি ভাবি একাংশ নাগৰিক, ব্যৱসায়ীয়ে শংকাত সময় কটোৱাৰ বিপৰীতে এচামে ফেচবুক, টুইটাৰত আৰম্ভ কৰিছে কেন্দ্ৰ চৰকাৰৰ সমালোচনা।\nকিয় নোহোৱা হ'ল কেশ্ব, পঢ়ক এই বাতৰিঃ\nএচামে তাতোকৈ আগবাঢ়ি আৰম্ভ কৰিছে ব্যংগ। এনেদৰে বৃহৎ হাৰত নগদ ধনৰ অভাৱ ঘটা বিষয়টোক কেন্দ্ৰ কৰি ভাৰত চৰকাৰৰ 'কেশ্বলেচ ইণ্ডিয়া'ক কটাক্ষ কৰি বহুতেই লিখিছে টুইটাৰত। এনেদৰেই ট্ৰলৰ সোঁত বৈছে টুইটাৰত।\nআগতে ড্ৰাই ডে আছিল সুৰাৰ। আজিকালি নগদ ধনৰো ড্ৰাই ডে পৰিল। এনেদৰে টুইটাৰত কেশ্ববিহীন এটিএমক লৈ আমোদজনক পোষ্ট চেতন ভগতৰ।
7b0c6869b13f032faa6b6148e901bc177e58616965e6a6d7632011b16c78528f
কেটৰিনাৰ বিয়াৰ গুঞ্জন, ছলমানে গাব 'চান্না মেৰেয়া' ! Prag News : Best Assamese News Channel, Latest Assam News Live Today , North East Breaking News\nকেটৰিনাৰ বিয়াৰ গুঞ্জন, ছলমানে গাব 'চান্না মেৰেয়া' !\nমুম্বাইঃ বলীউডৰ হৃদস্পন্দন কেটৰিনাৰ বিয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। একাংশৰ মতে, ছলমান খানৰ প্ৰাক্তন প্ৰেমিকা বিবাহিত। আকৌ, বলীউড এৰিণাত কেটৰিনাই শীঘ্ৰেই আনুষ্ঠানিকভাৱে হোমৰ জুইকুৰাত বহিবলৈ প্ৰস্তুতি চলোৱা বুলি গুজৱ উঠিছে। জানিবলৈ পোৱা মতে, কেটৰিনাৰ পাণী গ্ৰহণ কৰিব বলীউড অভিনেতা বিকি কৌশলে। মিম-নিৰ্মাতাসকলে ইতিমধ্যে ছলমান খানে তেওঁলোকৰ বিয়াত কেনেদৰে 'চান্না মেৰেয়া' গাব তাৰ ওপৰত মিম সৃষ্টি কৰিছে। ডাবাং খানৰ সৈতে দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত কেটৰিনাই ৰণবীৰ কাপুৰৰ প্ৰেমত পৰিছিল। এই সম্পৰ্কৰ শিহৰণো স্থায়ী নহ'ল। ৰণবীৰে কেটৰিনাক এৰি আলিয়া ভট্টৰ পাণী গ্ৰহণ কৰা বুলিও গুজৱ শুনিবলৈ পোৱা গৈছিল।\nশেহতীয়াকৈ কেটৰিনাৰ-বিকিৰ বিবাহৰ প্ৰসংগৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন মহলৰ মত অনুসৰি, কৰ'নাসৃষ্ট পৰিৱেশৰ সাম কাটিলেই বিকি আৰু কেটৰিনা 'মিষ্টাৰ এণ্ড মিছেছ' হ'ব। উল্লেখ্য যে, কেটৰিনা আৰু বিকি প্ৰথমবাৰৰ বাবে এটা টক শ্ব'ত লগ পাইছিল। তাৰ পাছত তেওঁলোকৰ কেইবাবাৰো সাক্ষাত হয়। লাহে লাহে সম্পৰ্কত সাঙোৰ খাই পৰে দুয়ো। তেওঁলোকক অলপতে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ 'শ্বেৰশ্বাহ'ৰ প্ৰিমিয়াৰত একেলগে দেখিবলৈ পোৱা গৈছিল। কেটৰিনা আৰু বিকিয়ে এতিয়াও বলীউডত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে আনুষ্ঠানিক মন্তব্য প্ৰদানৰ পৰা বিৰত আছে।
2e828ea69cea9df30bbb12ba9c258e52a5ad3df8f9e3a72c52ea6ec2af1749d1
আজি পুৱা ইউক্ৰেইনৰ দক্ষিণ-পূবত থকা ইউৰোপৰ সৰ্ববৃহৎ জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ কৰাৰ পিছত ৰাছিয়ান সৈন্যই জব্দ কৰিছে পাৰমাণৱিক শক্তি প্ৰকল্পটো। আঞ্চলিক ৰাজ্য প্ৰশাসনে কিছুসময় পূৰ্বে এই কথা নিশ্চিত কৰিছে। বৰ্তমান কাৰ্যকৰী কৰ্মচাৰীসকলে শক্তি প্ৰকল্পটোৰ অৱস্থা নিৰীক্ষণ কৰি আছে বুলি ইউক্ৰেইনৰ পাৰমাণৱিক পৰিদৰ্শকে সদৰি কৰিছে। আজি পুৱতি নিশা ৰাছিয়ান সেনা বাহিনীয়ে প্ৰকল্পটোত আক্ৰমণ কৰাৰ কথা ৰাজহুৱা কৰিছিল ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই। তেওঁ লগতে আক্ৰমণৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত এই স্থানত তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী জনাইছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
856d2ed2aa64cee692392c4ed48af36801417242336f0325804a7c524a7ad425
Search for: তলাতল ঘৰ অসমৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো আহোম স্থাপত্যকলাৰ এক অপৰূপ আৰু আশ্চৰ্যকৰ নিদৰ্শন।[এই ঐতিহ্যপূৰ্ণ ৰাজপ্ৰসাদটি আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (খ্ৰীষ্টাব্দ ১৭৫১-৬৯) তেওঁৰ ৰাজত্ব কালত সজাইছিল। এই ৰাজপ্ৰসাদটিৰ কোঠালীবোৰ সমান্তৰাল আৰু ইমান সুন্দৰ কৈ সজোৱা যে ইয়াৰ কাৰুকাৰ্য মোগল শিল্প শৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন। ইয়াৰ প্ৰথম মহলৰ ওপৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিন্যাস আৰ্হিৰে সজোৱা। এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ। শেহতীয়া প্ৰত্নতাত্বিক খনন কাৰ্য্যৰ দ্বাৰা জুইয়ে পোৰা কাঠৰ স্তম্ভ, স্তম্ভৰ গাঁতৰ চিহ্ন, পোৰা ইটাৰ তিনিস্তম্ভৰ যুক্ত ভগ্নাৱশেষৰ লগতে উত্তৰ আৰু পশ্চিম দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে। কাঠৰ স্তম্ভৰ অৱশেষ আৰু গাঁতৰ চিহ্নই এই পকী ৰাজপ্ৰসাদৰ স্থানত পূৰ্বতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কাঠেৰে নিৰ্মাণ কৰা ৰাজকীয় আবাস আছিল বুলি প্ৰমাণ কৰে। ১৭০২-০৩ চনত স্বৰ্গদেউৰুদ্ৰ সিংহইআহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰে। প্ৰায় এক শতিকা ধৰি ৰংপুৰ ৰাজধানী হিচাপে আছিল। এই ঠাইখন শিৱসাগৰ চহৰৰ পশ্চিম অংশত অৱস্থিত। এই ৰাজমহলটো সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত সাজি উলিয়াইছিল। ৰংপুৰ আহোম ৰাজ্যৰ ৰাজধানীৰ উপৰিও কেন্দ্ৰীয় সৈনিক বাহৰ আছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত মহলটোৰ বহুখিনি সালসলনি কৰা হয় আৰু ইয়াৰ আকৃতি অনিয়মিত হৈ পৰে। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল। পূবৰ পৰা পশ্চিমলৈ দীঘলীয়া কৰিড'ৰ থকা কেইবাটাও কোঠালী আছে আৰু উত্তৰৰ পৰা দক্ষিণলৈ কেইবাটাও সৰু লানি আছে। প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে। তলৰ মহলটো আস্তাবল, ভঁৰাল আৰু লগুৱাৰ কোঠা হিচাপে ব্যৱহৃত হৈছিল। ৰাজকীয় কোঠালীবোৰ ওপৰৰ মহলাত আছিল। উত্তৰফালৰ ফালৰ লানিৰ আঠকোণীয়া 'পূজা ঘৰ'ৰ ওচৰত থকা ৰাজকীয় কোঠাকেইটাৰ বাহিৰে আনবোৰ বৰ্তমান দেখা নাযায়। দক্ষিণফালে থকা অকলশৰীয়া কোঠাটো ৰানীয়ে ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হয়। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰসাদটোত মাটিৰ তলত তলাতল ঘৰ নামৰ তিনিটা মহল যোগ দিয়ে। এইকেইটা ইটা আৰু এবিধ থলুৱা চিমেণ্টেৰে সজা হৈছিল। ইয়াৰ স্থাপত্যৰ সমসাময়িক মোগলসকলৰ মিল আছে। লগত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনৰ আন চাৰিটা মহল কাঠেৰে নিৰ্মিত আছিল যিবোৰ সম্পূৰ্ণভাৱে ধ্বংস হয়। তলাতল ঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগই তলাতল ঘৰক গড়গাঁৱৰ কাৰেং ঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবেএইকেইটা নিৰ্মাণ কৰা হৈছিল। বৰ্তমান দৰ্শনাৰ্থীয়ে মাটিৰ ওপৰৰ দুটা মহলৰ লগতে আৰু তৃতীয় আৰু চতুৰ্থ মহলৰ বাকী ৰোৱা অংশ চাব পাৰে। মাটিৰ তলৰ মহলাকেইটা বন্ধ কৰি দিয়া হৈছে আৰু প্ৰসাদটোৰ কাঠেৰে নিৰ্মিত গঠনো ধ্বংস হৈছে। তলাতল ঘৰৰ চাৰিওফালে ইটাৰ দেৱাল আৰু পানীৰে আৱৰি থকা মাটিৰ গড় আছিল। প্ৰসাদটোৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ জমা ৰখা 'খাৰ ঘ'ৰ এটা আছে। শিৱসাগৰৰ তালাতল ঘৰ ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হ'ব মাৰ্চ আৰু এপ্ৰিলৰ মাজত। এই সময়ছোৱাত তাপমাত্ৰা ৮ ডিগ্ৰী চেলচিয়াছৰ নিম্ন আৰু উচ্চ ২৮ ডিগ্ৰী চেলচিয়াছৰ মাজত থাকে। আপুনি জানি আচৰিত হ'ব যে শিৱসাগৰে গ্ৰীষ্মকালত বতৰৰ বৰষুণ অনুভৱ কৰে! এই বৰষুণবোৰে আৰ্দ্ৰ তাপমাত্ৰা শীতল কৰে আৰু ইয়াক যথেষ্ট মনোৰম কৰি তোলে। ইয়াত শীতকাল অতি ঠাণ্ডা আৰু তাপমাত্ৰা নিম্ন -6 ডিগ্ৰী চেলচিয়াছ আৰু 10 ডিগ্ৰী চেলচিয়াছৰ পৰা আৰম্ভ হয়। বাৰিষাৰ সময়ত, তাপমাত্ৰা যথেষ্ট মনোৰম হয় আৰু 11 ডিগ্ৰী চেলচিয়াছ ৰ পৰা 20 ডিগ্ৰী চেলচিয়াছৰ মাজত উঠা-নমা হৈ থাকে, কিন্তু সঘনাই হোৱা বৰষুণে আপোনাক ঠাইখন সম্পূৰ্ণৰূপে অন্বেষণ কৰিবলৈ অনুমতি নিদিব পাৰে। সূৰ্য উজ্জ্বল হ'লে দিনৰ ভাগত তালাতল ঘৰ লৈ যোৱাটো উত্তম। সন্ধিয়া আৰু ৰাতিএই গাঁথনিৰ চৌহদটো খুব ভালদৰে পোহৰনহয় যাৰ ফলত আপুনি আন্ধাৰত তালাতল ঘৰৰ সঠিক প্ৰশংসা কৰিব নোৱাৰে। শিৱসাগৰ ৰেল ষ্টেচন টো মাত্ৰ ৪.৭ কিলোমিটাৰ দূৰত্বত তালাতল ঘৰৰ আটাইতকৈ ওচৰত। এই ৰেলহেডখন ৰাজ্যখনৰ আৰু ইয়াৰ চাৰিওফালৰ সকলো মুখ্য চহৰৰ সৈতে ভালদৰে সংযুক্ত আৰু তালাতল ঘৰৰ পৰা মাত্ৰ ১৭ মিনিটৰ ড্ৰাইভ। আপুনি ষ্টেচনৰ পৰা নামি যোৱাৰ পিছত এখন কেব বা অটো ৰিক্সা কঢ়িয়াই আনিব পাৰে আৰু তেওঁলোকে আপোনাক নিমিষতে আৰু সুলভ মূল্যত তালতাল ঘৰলৈ লৈ যাব। শিৱসাগৰ বাছ ষ্টেণ্ডৰ পৰা বহুতো বাছ সঘনাই চলাচল কৰে যিয়ে আপোনাক অতি কম মূল্যত গোটেই চহৰখনৰ চাৰিওফালে লৈ যায়। বহুতো আন্তঃৰাজ্যিক বাছইয়াত ৰয়, যাৰ ভিতৰত আছে বিলাসী বাছ আৰু নিশাৰ যাত্ৰা বাছ। এই বাছ ষ্টেণ্ডটো চিবসাগৰ ৰেল ষ্টেচনৰ খুব ওচৰত অৱস্থিত। Who is the founder of Talatal Ghar? What is the secret of Talatal Ghar? তালতাল ঘৰৰ ঠাইখনত দুটা গোপন সুৰংগ আছিল। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 3 কিলোমিটাৰ, যি তালতাল ঘৰক দিখৌ নদীৰ সৈতে সংযোগ কৰে, আনহাতে 16 কিলোমিটাৰ দীঘল আনটো গড়গাঁও প্ৰাসাদলৈ যায়, যাক শত্ৰুৰ আক্ৰমণৰ ক্ষেত্ৰত পলায়নৰ পথ হিচাপে ব্যৱহাৰ কৰা হৈছিল। Which Ahom king built the Talatal Ghar? Why Talatal Ghar was built? দৰাচলতে, এই সুন্দৰ গাঁথনিটোত দুটা সুৰংগ আৰু তিনিটা ভূগৰ্ভস্থ মজিয়া আছে যিবোৰ সংকটৰ সময়ত ৰজা আৰু তেওঁৰ সৈন্যবাহিনীৰ বাবে জৰুৰীকালীন স্থানান্তৰৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল। আলিবোৰ গোলকধাৰাৰ দৰে নিৰ্মাণ কৰা হৈছে, যাতে শত্ৰুৱে চৌহদত প্ৰৱেশ কৰিলেও, সেইবোৰ সম্পূৰ্ণৰূপে হেৰাই যাব!
a25e662fa4599dc64ad82d8f249f0ceb8b0da1cb796f1aaf3389753a5f1c1aa5
১. অসমত আকৌ ৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০৯৯জনলৈ পাইছে বৃদ্ধি। ২. বুধবাৰে অসমত সুস্থ হয় ১৫জন লোক। অসমত কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১৫২৭৭জনলৈ বৃদ্ধি পাইছে। ৪. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে বিষ্ণুপুৰত এক নিৰ্বাচনী সভাত তীব্ৰ সমালোচনা কৰে বিজেপিক। মমতা বেনাৰ্জীয়ে কয় যে, বিজেপিয়ে বাহিৰৰ পৰা গুণ্ডা লৈ আহি পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ৫. প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা দিন বাকী। বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। ৬. দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বুধবাৰে 'কা' বাতিলৰ দাবীত আছুৱে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰে। ৭. বিহপুৰীয়াৰ বিশাল জনসভাত পুনৰ অসমবাসীক সম্বোধন প্ৰধান.. ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ আঞ্চলিক গণ মৰ্চা নেতৃত্বাধীন মহাজোঁটৰ বোকাখাতৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ শেহতীয়াকৈ স্থিতি শক্তিশালী হৈ আহিছে সমষ্টিটোত। সমষ্টিটোৰ যুৱ প্ৰজন্মৰ ভোটাৰৰ উপৰিও গ্ৰামাঞ্চলৰ সাধাৰণ ভোটাৰৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে প্ৰণৱ দলে। ফলত সমষ্টিটোত প্ৰণৱ দলেৰ প্ৰতিপক্ষ ভিতিগ্ৰস্থ হৈ নামি পৰিছে নানান অপপ্ৰচাৰত, এই অভিযোগ আঞ্চলিক গণ মৰ্চা, জীপাল কৃষক শ্ৰমিক সংঘ, ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ বোকাখাত শাখা আৰু বোকাখাত ব্লক কংগ্ৰেছৰ। এই প্ৰসংগত বুধবাৰে বিয়লি বোকাখাত কংগ্ৰেছ ভৱনত এক সংবাদমেল সন্মোধন কৰে মহাজোঁটৰ কৰ্মকৰ্তা সকলে। সংবাদমেলখনত উত্থাপন কৰা অভিযোগ অনুসৰি বোকাখাত বিধান সভা সমষ্টিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ সমষ্টিটোত ক্ৰমান্বয়ে বাঢ়ি অহা গণভিত্তিৰ প্ৰতি ভিতিগ্ৰস্থ হৈ প্ৰতিপক্ষই আৰম্ভ কৰিছে ব্যাপক অপপ্ৰচাৰ। উল্লেখযোগ্য যে, মহাজোঁটৰ কৰ্মকৰ্তা সকলে বুধবাৰে সংবাদমেলখনত প্ৰণৱ দলেৰ বিৰুদ্ধে অপপ্ৰচাৰ প্ৰমান হিচাপে প্ৰতিপক্ষই বিকৃত কৰা এখন পোষ্টাৰ দাঙি ধৰি প্ৰতিপক্ষৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে মঙলবাৰৰ পৰা উক্ত পোষ্টাৰখন সমষ্টিটোত ব্যাপক ভাবে প্ৰতিপক্.. ডিজিটেল ডেস্কঃ ল'কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে এখন ৰাজ্যত। বুধবাৰৰ দিনা এতিয়ালৈকে ৫১৮৫জনৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড-১৯। তাতোকৈ ভয়াৱহ খবৰটো হ'ল বুধবাৰে ৬জন লোকৰ মৃত্যু হৈছে কোভিডত। মহাৰাষ্ট্ৰত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডে। কেৱল মুম্বাইতে ইমান বৃহৎ সংখ্যক লোকৰ কোভিড পজিটিভ হোৱাৰ খবৰে। চিন্তিত কৰি তুলিছে মায়ানগৰী মুম্বাইক। উল্লেখযোগ্য যে, বলিউডতো ইজনৰ পাছত সিজনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। আমিৰ খানৰ দেহতো কোভিড পজিটিভ ধৰা পৰিছে। যিকোনো মুহূৰ্ততে মহাৰাষ্ট্ৰত এতিয়া সম্পূৰ্ণ ল'কডাউন দিয়াৰ সম্ভাৱনাই দেখা দিছে। উল্লেখযোগ্য যে, গুজৰাটতো নতুনকৈ ১৭৯০জনৰ দেহত বুধবাৰে কোভিড-১৯ ধৰা পৰে। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৮জন লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ। কেৰালাতো লাহে লাহে কোৰোনাই সংহাৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘন্টাত কেৰালাত ২৪৫৬জনৰ দেহত কোভিড ধৰা পৰে। ৰাজ্যখনত বুধবাৰৰ দিনা কোভিডত আক্ৰান্ত হৈ ১০জন লোকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে। ৰাজস্থানত ৬৬৯জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনত বুধবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা এজন। মণিপুৰত বুধবাৰৰ দিনা ১০জন লোকৰ দেহত কোভিডৰ উপস.. প্ৰধানমন্ত্ৰী গৰাকীয়ে বৰ্তমান চৰকাৰৰ সময়ত বিভিন্ন উন্নয়নৰ খতিয়ান দাঙি ধৰি কংগ্ৰেছৰ দূৰ্নীতি ভষ্টা.. ডিজিটেল সংবাদ, নলবাৰীঃ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে তেওঁৰ পুত্ৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদঘাটন কৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পিচতে যোৱা ৯ মাৰ্চত অসম সাহিত্য সভাই সভাৰ কোনো বিষয়ববীয়া যাতে অসম বিধানসভা নিৰ্বাচনৰ সময়ত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ হৈ সক্ৰিয়ভাবে জড়িত নহয় তাৰ বাবে পত্ৰযোগে নিৰ্দেশনা দিছিল। ইমানৰ পিচতো পুনৰ আজি অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাক লৈ ৰাইজৰ মাজত নানান প্ৰশ্নৰ উদ্বেগ হৈছে। বুধবাৰে নলবাৰী চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ ধমধমা বাছ আস্থানত নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ হৈ অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী তথা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে প্ৰচাৰ চলায়। তেওঁ জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত নিৰ্বাচনী কাৰ্যালয় উদঘাটন কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে- মাতৃ হিচাবে তেওঁ অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিজেপিক আশীৰ্বাদ দিছে আৰু ৰাইজকো দলটোক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছে। সাহিত্য সভাৰ উপ সভাপতিগৰাকীয়ে কয় যে তেওঁ অকল হিমন্তবিশ্ব শৰ্মাৰে মাতৃ নহয় অসমবাসীৰে মাতৃ, সেইবাবে.. কংগ্ৰেছৰ মহাজোঁটক 'মহাঝুথ' আখ্যা দি অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব বুলি দাবী কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। বিহপুৰীয়া সমষ্টিত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপৰি কাজিৰঙাক ৰক্ষা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। এক কথাত ক'বলৈ গ'লে প্ৰধানমন্ত্ৰী গৰাকীয় বুধবাৰে প্ৰদান কৰিলে নতুনত্বহীন এক ভাষণ। বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰীগৰাকী নাৰায়ণপুৰলৈ আহিছিল যদিও এবাৰো অমিয় কুমাৰ ভূঞাৰ নাম উচ্চাৰণ নকৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে । তদুপৰি লক্ষাধিক লোকৰ সমাৱেশৰ আশা কৰিছিল যদিও দুই শতাধিক বাছ আৰু দুখনকৈ ৰেলেৰে সভাস্থলীলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা লোক অনা হৈছিল যদিও সফলত.. ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা দিন বাকী। বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। নিবনুৱা সমস্যা সমাধান, অৰ্থনৈতিক উন্নয়ন, কৃষি উন্নয়ন, অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতিৰে অগপই মুকলি কৰে এই নিৰ্বাচনী ইস্তাহাৰখন। লক্ষণীয় যে, বিজেপিৰ মিত্ৰজোঁটত থকা অগপই দলটোৰ ইস্তাহাৰত উল্লেখ কৰা নাই নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ 'কা'ৰ বিষয়ে। আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ শীৰ্ষ নেতৃত্বই বুধবাৰে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ। ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , কুমাৰ দীপক দাস, মনোজ শইকীয়াকে ধৰি কেইবাজনো নেতা। অসম গণ পৰিষদে লগতে আমাৰ পথাৰ আমাৰ বজাৰ, পৰিৱেশ সংৰক্ষণ, অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু খিলঞ্জীয়া মুছলমানৰ বাবে বিশেষ আঁচনি, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ উন্নয়ন, চাহ জনগোষ্ঠীৰ বাবে কাৰ্যসূচী, চৰ এলেকাৰ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়ন, শিশু আৰু মহিলাৰ বাবে বিশেষ আঁচনি, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে আঁচনি, ছাত্ৰ আৰু যুৱ কল্যাণ, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচী, উদ.. আকৌ এবাৰ কোৰোনাৰ সংহাৰ । ২০২০ বৰ্ষত কোৰোনাৰ বাবে লকডাউন ঘোষণা কৰিছিল । এবছৰৰ পিছত পুনৰ আহিছে কোৰোনা সংক্ৰমণৰ দুখবৰ । ভয়াবহ ৰূপত সমগ্ৰ দেশ জুৰি সংক্ৰমিত হৈছে কোৰোনা ভাইৰাছ । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পত্নী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে । বলিউদৰ চুপাৰষ্টাৰ আমিক খানৰ দেহতো কোভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে । ৰাজ্য খনত ২৬ মাৰ্চৰ পৰা পুনৰ লকডাউন দিয়াৰ সম্ভাবনাই দেখা দিছে । গুজৰাটৰ চৰকাৰে মহাৰাষ্ট্ৰৰ পৰা ৰাজ্য খনলৈ অহা যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ২৪ মাৰ্চ ২০২১ত । এতিয়াৰ পৰা মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ অহা লোক সকলে লগত কোভিড নিগেটিভৰ ৰিপ'ৰ্ট আনিব লাগিব । আৰু এই ৰিপ'ৰ্ট ৭২ ঘন্টাৰ পুৰনি হ'ব নোৱাৰিব । ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নিৰ্দেশ । সকলোৱে ভাবিছিল কোৰোনাৰ পৰা পৰিত্ৰান পালো । আবিস্কাৰ হ'ল কোৰোনাৰ ভেকক্সিন । ছাত্ৰ-ছাত্ৰী সকলে এবছৰ জোৰা অনলাইন ক্লাছৰ অন্তত শ্ৰেণী কোঠালৈ যাবলৈ সাজু হৈছিল । কোৰোনাৰ বাবেই স্মাৰ্ট ফোনৰ ক্লাছ ৰুম,ৱাটছএপ পৰীক্ষা,জুমৰ ভিডিঅ' কনফাৰেণ্স আদি আন্ত পৰিব বুলি ভবা হৈছিল ।
9481782321326e013743e08357e55021c97fce804c92003ac797f967cac5f656
চিকিৎসক দিৱস : চিকিৎসক দিৱস : ৰোগ যন্ত্ৰণাত ছটফটাই থকা ৰোগীসকলৰ বাবে চিকিৎসকসকল হ'ল দেৱতা বা ভগৱানৰ লেখীয়া। এই চিকিৎসকসকলে মানৱ জাতিলৈ আগবঢ়োৱা মানৱীয় সেৱাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে এটা বিশেষ দিন উদযাপন কৰা হয়। প্ৰতি বছৰৰ ১ জুলাই দিনটো এই দিৱস অৰ্থাৎ 'চিকিৎসক দিৱস'(Doctors Day) হিচাপে পালন কৰি অহা হৈছে, যিটো প্ৰতিজন চিকিৎসকৰ বাবে এটা বিশেষ দিন। চিকিৎসাৰ লগত জড়িত প্ৰতিজন চিকিৎসককে চিকিৎসা বৃত্তিটোৰ ভিতৰত ধৰা হয়। চিকিৎসক দিৱসে এই সকলো চিকিৎসককে সামৰি লয়। ভাৰতত চিকিৎসক দিৱসৰ সূচনাৰ কাহিনীটো অতি আকৰ্ষণীয়। এই দিৱস ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পালন কৰা হয়। এই বিখ্যাত চিকিৎসকজনৰ জন্ম হৈছিল ১৮৮২ চনৰ ১ জুলাইত আৰু মৃত্যুও হৈছিল ১৯৬২ চনৰ ১ জুলাইত। তেখেতে বহুতো অনুষ্ঠান, চিকিৎসালয় প্ৰতিষ্ঠাৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল আৰু ভাৰতীয় সমাজখনক আগুৱাই নিবলৈ নিজকে সম্পূৰ্ণ উৰ্চগা কৰিছিল। ৰঙা কাৰনেচন(Carnation, Dianthus caryiphylle) ফুলক চিকিৎসক দিৱসৰ আনুষ্ঠানিক প্ৰতীক হিচাপে নিৰ্বাচিত কৰা হৈছে। এই ফুলবি[ধৰ ৰঙা ৰংটোৱে চিকিৎসক বৃত্তিটোৰ উদ্যমক সূচায়। ই শ্ৰদ্ধা, সেৱাৰ মনোভাৱ, ত্যাগ, সাহস আৰু সুবিবেচনাক প্ৰতিনিধিত্ব কৰে। আমাৰ জীৱনত চিকিৎসকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সোঁৱৰাই দিয়াৰ বাবে এই দিনটো উৎসৰ্গিত। চিকিৎসকসকলে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এক তীব্ৰ প্ৰত্যাহ্বান লৈ থাকে, য'ত এটা সামান্য ভুলেই এজন ৰোগীৰ জীৱন বন্তি নিৰ্বাপিত কৰিব পাৰে। তেওঁলোকে নিজৰ সৰ্ব সামৰ্থৰে ৰোগীক সুস্থ কৰি তোলাৰ বাবে সেৱা আগবঢ়োৱাৰ সংকল্প লৈ থাকে। চিকিৎসক দিৱসটোত মানুহে এই বৃত্তিটোত লাগি থকা চিকিৎসকসকলৰ মানসিক চাপক স্বীকৃতি ধন্যবাদ জনোৱা আৰু তেওঁলোকৰ ৰোগ আৰোগ্যৰ সামৰ্থৰ বাবে কৃতজ্ঞতা জনোৱাৰ এটা সঠিক সুযোগ পায়। আমেৰিকা আৰু আন পশ্চিমীয়া দেশবোৰে চিকিৎসক দিৱস মাৰ্চ মাহৰ ৩০ তাৰিখে উদযাপন কৰে। এই দিনটোত ডাঃ ক্ৰফোৰ্ড ডব্লিউ লঙে বিশ্বত পোন প্ৰথমবাৰৰ বাবে এনাস্থেচিয়া প্ৰয়োগ কৰি জৰ্জিয়াত এজন ৰোগীৰ ডিঙিৰ পৰা এটা টিউমাৰ অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলাইছিল। ডাঃ লঙৰ এই ঐতিহাসিক সাফল্যৰ স্বীকৃতি স্বৰূপে ৩০ মাৰ্চ তাৰিখটো 'চিকিৎসক দিৱস' ৰূপে আমেৰিকা আৰু পশ্চিমীয়া দেশবিলাকে পালন কৰে। কিউবাত আকৌ ৩ ডিচেম্বৰৰ দিনটো চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। কিউবাৰ বিশিষ্ট চিকিৎসা বিজ্ঞানী তথা 'ইয়েলো ফিভাৰ'ৰ(Yellow Fever) গৱেষক কাৰ্লোচ জুৱান ফিনলেৰ জন্ম দিনটো হৈছে ৩ ডিচেম্বৰ। তেওঁলৈ সন্মাই জনাই উক্ত দিনা সমগ্ৰ কিউবাত 'চিকিৎসক দিৱস' পালন কৰা হয়। ১৮৮১ চনত তেওঁ প্ৰমাণ কৰিছিল যে এবিধ মহে কামোৰাৰ বাবে ইয়েলো ফিভাৰ হয়। ইয়াৰ এবছৰ পিছত 'এডিছ' প্ৰজাতিৰ মহে কামোৰা বাবে ইয়েলো ফিভাৰ হোৱা বুলি জানিব পৰা গ'ল। চিকিৎসক ফিনলিয়ে দিয়া পৰামৰ্শ অনুসৰি এই মহবিধৰ বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰি ৰোগ বিয়পাত বাধা দিব পৰা গ'ল। ভিয়েটনামত 'চিকিৎসক দিৱস'টো ২৭ ফেব্ৰুৱাৰী বা তাৰ আশে-পাশে যিকোনো সুবিধাজনক দিন এটাত পালন কৰা হয়। তাত ১৯৫৫ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰাই এই দিৱস পালন কৰি অহা হৈছে। ইৰাণত এভিচেন্নাৰ জন্ম দিনটো(ইৰাণৰ শ্বাহৰিভাৰ মাহৰ পহিলা তাৰিখ, ইংৰাজী ২৩ আগষ্ট) ৰাষ্ট্ৰীয় চিকিৎসক দিৱসস্বৰূপে পালন কৰা হয়। চিকিৎসকসকলৰ সেৱাৰ স্বীকৃতি স্বৰূপে কৃতজ্ঞতা আৰু সন্মান জনোৱাৰ বাবে এটা বিশেষ দিন আছুতীয়াকৈ ৰখাৰ ধাৰণাটো প্ৰথমে এণ্ডোৰা ব্ৰাউন আলমণ্ডে প্ৰকাশ কৰিছিল। তেওঁ আছিল ডাঃ চাৰ্লচ বি আলমণ্ডৰ পত্নী। ডাঃ ক্ৰফৰ্ড ডব্লিউ লঙে বিশ্বত পোন প্ৰথমবাৰৰ বাবে এনাস্থেচিয়া প্ৰয়োগ কৰি অস্ত্ৰোপচাৰ কৰাৰ বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠান পালন কৰি সেই ধাৰণাটোক স্বীকৃতি দিয়া হয়। Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
3032534556afb851bf234c7266b4458bf451a5d5c87649bd1c77443180c126e7
2Sa 19 । AsmULB । STEP । যোৱাবক কোৱা হ'ল, "চাওক, ৰজাই অবচালোমৰ বাবে ক্ৰন্দন আৰু শোক কৰিছে।"\nদায়ূদ উলটি অহা আৰু পুনৰাই তেওঁ ৰাজত্ব পোৱা।\n1যোৱাবক কোৱা হ'ল, "চাওক, ৰজাই অবচালোমৰ বাবে ক্ৰন্দন আৰু শোক কৰিছে।" 2সেই দিনাখনৰ জয় সকলো সৈন্যৰ পক্ষে শোক হৈ পৰিল, কাৰণ সেইদিনা লোকসকলে, "ৰজাই নিজ পুত্ৰৰ বিষয়ে বেজাৰ কৰিছে বুলি শুনিলে।"\n3যুদ্ধৰ পৰা পলাই যোৱা লোকসকলে যিদৰে লাজ পাই চোৰৰ নিচিনাকৈ লুকাই লুকাই যায়, তেনেকৈ লোকসকলে সেই দিনাখন চোৰৰ দৰে নগৰত সোমাল। 4ৰজাই নিজ মুখ ঢাকি, বৰ মাতেৰে চিঞৰি কান্দি কান্দি কবলৈ ধৰিলে, "হায়, মোৰ পুত্ৰ অবচালোম! হায়, অবচালোম! হায়, মোৰ পুত্ৰ! মোৰ পুত্ৰ!"\n5পাছে যোৱাবে ঘৰৰ ভিতৰত সোমাই ৰজাৰ ওচৰলৈ গৈ ক'লে, "যিসকলে আপোনাৰ প্ৰাণ, আপোনাৰ পো-জী সকলৰ প্ৰাণ আপোনাৰ ভাৰ্য্যাসকলৰ আৰু উপপত্নী সকলৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ সেই দাসসকলক লাজত পেলালে, 6কিয়নো আপোনাক ঘিণাওঁতা সকলক আপুনি প্ৰেম কৰে আৰু আপোনাক প্ৰেম কৰোঁতা সকলক আপুনি ঘিণ কৰে। কিয়নো আজি আপুনি প্ৰকাশ কৰিলে, যে, অধ্যক্ষ আৰু দাসসকল আপোনাৰ আগত একোৱেই নহয়। কাৰণ আজি মোৰ এনে বিশ্বাস হৈছে, যে, যদি অবচালোম জীয়াই থাকিলহেঁতেন আৰু আমি সকলোৱে মৰিলোঁহেঁতেন, তেতিয়া বোধহয় আপুনি ভাল পালেহেঁতেন।\n7এই হেতুকে এতিয়া আপুনি উঠি বাহিৰলৈ গৈ, আপোনাৰ সৈন্যসকলক শান্ত্বনাৰ কথা কওঁক, কিয়নো মই যিহোৱাৰ নামেৰে শপত খাই কৈছোঁ, যদি আপুনি বাহিৰলৈ গৈ তেওঁলোকক নকয়, তেন্তে এই ৰাতি আপোনাৰ লগত আৰু এজনো লোক নাথাকিব। আৰু আপোনাৰ যৌৱন কালৰে পৰা এতিয়ালৈকে আপোনালৈ যিমান অমঙ্গল ঘটিছে, সেই আটাইবোৰতকৈ আপোনাৰ এই অমঙ্গল অতি গুৰুতৰ হ'ব।" 8তাতে ৰজা উঠি নগৰৰ দুৱাৰৰ মুখতে বহি থাকিল। তেতিয়া, ৰজা নগৰৰ দুৱাৰত বহি আছে বুলি সকলো লোকক কোৱা হ'ল বোলে, "চোৱা, ৰজা দেখোন দোৱাৰ মুখত বহি আছে।" তেতিয়া সকলো লোক ৰজাৰ ওচৰলৈ আহিল।\nইতিমধ্যে ইস্ৰায়েলত থকা প্ৰতিজন লোক নিজ নিজ তম্বুলৈ পলাই গ'ল।\n9ইস্ৰায়েলৰ সকলো জনগোষ্ঠীৰ মাজত সকলো লোকে পৰস্পৰে বিবাদ কৰি ক'লে, "ৰজাই শত্ৰুবোৰৰ হাতৰ পৰা আমাক নিস্তাৰ কৰিছিল। ফিলিষ্টীয়া সকলৰ হাতৰ পৰাও আমাক উদ্ধাৰ কৰিছিল আৰু এতিয়া তেওঁ অবচালোমৰ ভয়ত দেশৰ পৰা পলাই গ'ল। 10আৰু অবচালোম, আমি যিজনক আমাৰ ওপৰত ৰজা অভিষেক কৰিছিলোঁ, তেওঁৰো ৰণত মৃত্যু হ'ল। গতিকে, এতিয়া তোমালোকে কিয় ৰজাক ওভোটাই অনাৰ বিষয়ে একো নোকোৱা?"\n11পাছত দায়ূদ ৰজাই চাদোক আৰু অবীয়াথৰ পুৰোহিতৰ গুৰিলৈ দূত পঠাই কোৱালে, বোলে, "তোমালোকে যিহূদাৰ বৃদ্ধসকলক কোৱা, 'ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ তোমালোক কিয় সকলোতকৈ পাছ পৰিছাহঁক, যিহেতু ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ, গোটেই ইস্ৰায়েলৰ নিবেদন ৰজাৰ গুৰিত উপস্থিত হ'ল? 12তোমালোকেই মোৰ ভাই, মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ। তেন্তে তোমালোকে ৰজাক ওভোটাই নিবলৈ কিয় সকলোতকৈ পিচ পৰিছাহঁক?'\n13আৰু তোমালোকে অমাচাকো ক'বা, 'তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা? তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক আনকি তাতোধিক দণ্ড দিয়ক'।" 14আৰু এইদৰে তেওঁ যিহূদাৰ সকলো লোকৰ মন জিকিলে, যেন সকলোৰে মন এজনৰহে হ'ল। তাতে তেওঁলোকে ৰজালৈ এই কথা কৈ পঠালে, বোলে, "আপুনি আৰু আপোনাৰ দাসসকল পুনৰায় উভটি আহক।" 15তেতিয়া ৰজাই উভটি যৰ্দ্দনলৈ আহিল। সেই সময়তে যিহূদাৰ লোকসকলে ৰজাক যৰ্দ্দন পাৰ কৰি আগ বঢ়াই লৈ যাবলৈ গিল্গললৈ আহিল।\n16তেতিয়া দায়ূদ ৰজাক আগ বঢ়াবৰ বাবে, বহূৰীম-নিবাসী গেৰাৰ পুত্ৰ বিন্যামীনীয়া চিমিয়ীয়ে খৰখেদাকৈ যিহূদাৰ লোকসকলৰ লগত গ'ল। 17আৰু তেওঁৰ লগত বিন্যামীনীয়া এক হাজাৰ লোক আৰু চৌলৰ বংশৰ দাস চীবা আৰু লগত তেওঁৰ পোন্ধৰজন পুত্ৰ আৰু বিশজন দাস আছিল। তেওঁলোকে ৰজাৰ সাক্ষাতে যৰ্দ্দনৰ মাজেৰে পাৰ হৈছিল। 18তেতিয়া তেওঁলোকে ৰজাৰ পৰিয়ালসমূহক পাৰ কৰিবৰ কাৰণে আৰু তেওঁ যি ভাল দেখে, তাকে কৰিবৰ বাবে সিপাৰলৈ লৈ গৈছিল। ৰজাই যৰ্দ্দন পাৰ হোৱাৰ পিচত গেবাৰ পুত্ৰ সেই চিমিয়ীই ৰজাৰ আগত দীঘল দি পৰি প্ৰণাম জনালে।\n19আৰু চিমিয়ীই ৰজাক ক'লে, "মোৰ প্ৰভুৱে মোক অপৰাধী বুলি গণনা নকৰিব, মোৰ প্ৰভু মহাৰাজ যিৰূচালেমৰ পৰা ওলাই অহা দিনা আপোনাৰ এই দাসে যি অকৰ্ম্ম কৰিছিল, তাক আপুনি সোঁৱৰণ কৰি মনত নাৰাখিব। 20কিয়নো মই যে পাপ কৰিলোঁ, তাক আপোনাৰ এই দাসে জানে। চাওঁক, এই হেতুকে মোৰ প্ৰভু মহাৰাজক আগ বঢ়াই নিবলৈ যোচেফৰ সকলো বংশৰ মাজত প্ৰথমে ময়েই আজি নামি আহিছোঁ।"\n21কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে উত্তৰ দি ক'লে, "সেই বাবেই জানো চিমিয়ীৰ প্ৰাণদণ্ড হোৱাটো উচিত নহ'ব নে? কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত জনক শাও দিছিল।" 22তাতে দায়ূদে ক'লে, "হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক আছে, যে, আজি তোমালোক মোৰ বিৰোধিতা কৰিছা? আজি ইস্ৰায়েলৰ মাজত জানো কোনো লোকৰ প্ৰাণদণ্ড হোৱা উচিত? কিয়নো আজি যে মই ইস্ৰায়েলৰ ওপৰত ৰজা হলোঁ, ইয়াক জানো মই নাজানো?" 23পাছত ৰজাই চিমিয়ীক ক'লে, "তোমাৰ প্ৰাণদণ্ড নহ'ব; এই বুলি ৰজাই শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিলে।\n24তেতিয়া চৌলৰ পুত্ৰ মফীবোচতে ৰজাৰে সৈতে সাক্ষাৎ হবলৈ নামি আহিল। ৰজা ওলাই যোৱা দিনৰে পৰা শান্তিৰে ঘৰলৈ উলটি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই, তেওঁৰ গোফ ছটা নাই আৰু কাপোৰো ধোৱা নাই। 25তেওঁ ৰজাক দেখা কৰিবলৈ যিৰূচালেমলৈ আহোতে, ৰজাই তেওঁক ক'লে, "হে মফীবোচৎ, তুমি মোৰ লগত কিয় নগ'লা?"\n26তাতে তেওঁ উত্তৰ দি ক'লে, "হে মোৰ প্ৰভু মহাৰাজ, মোৰ দাসে মোক প্ৰবঞ্চনা কৰিলে; কাৰণ আপোনাৰ এই দাসে কৈছিল, 'মই গাধটি সজোৱাই তাৰ ওপৰত উঠি, মহাৰাজৰ লগত যাম; কিয়নো আপোনাৰ এই দাস খোৰা।' 27মোৰ দাস চীবায়ে, মোৰ প্ৰভু মহাৰাজৰ আগত, আপোনাৰ এই দাসৰ বদনাম কৰিলে। কিন্তু মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য। এতেকে আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি তাকে কৰক। 28কিয়নো মোৰ প্ৰভু মহাৰাজৰ সাক্ষাতে মোৰ সকলো পিতৃ-বংশ কেৱল মৃত্যুৰ যোগ্য আছিল, তথাপি আপুনি আপোনাৰ মেজত ভোজন কৰোঁতা সকলৰ মাজত আপোনাৰ এই দাসক বহুৱালে। এই হেতুকে ৰজাৰ আগত কাতৰোক্তি কৰিবলৈ মোৰ নো আৰু কি অধিকাৰ আছে?"\n29তেতিয়া ৰজাই তেওঁক ক'লে, "তুমি এতিয়াও আৰু নিজৰ কথাকে কিয় কৈ আছা? মই সিদ্ধান্ত ল'লো যে, তুমি আৰু চীবা, দুয়োয়ে সেই মাটি ভাগ বাঁটি লোৱা।" 30তেতিয়া মফীবোচতে ৰজাক ক'লে, "হয়, তেওঁ সকলোকে লওঁক; কাৰণ মোৰ প্ৰভু মহাৰাজ শান্তিৰে নিজ গৃহলৈ উলটি আহিল।"\n31পাছে গিলিয়দীয়া বৰ্জ্জিলয়ে ৰোগেলীমৰ পৰা আহি, যৰ্দ্দনৰ সিপাৰে ৰজাক আগবঢ়াই থবলৈ তেওঁৰ লগত যৰ্দ্দন পাৰ হ'ল। 32সেই বৰ্জ্জিলয় অতি বুঢ়া, আশী বছৰ বয়সীয়া, ৰজা মহনয়িমত থকা কালত তেওঁ ৰজাক আহাৰ যোগাইছিল; কাৰণ তেওঁ অতিশয় প্ৰতিপত্তিশালীলোক আছিল। 33পাছে ৰজাই বৰ্জ্জিলয়ক ক'লে, "তুমি মোৰ লগত পাৰ হৈ আহা, মই তোমাক যিৰূচালেমত মোৰ লগত থাকিবলৈ ব্যৱস্হা কৰি দিম।"\n34কিন্তু বৰ্জ্জিলয়ে ৰজাক ক'লে, "মোৰ আয়ুসৰ নো আৰু কিমান দিন আছে, যে, মই মহাৰাজৰ লগত যিৰূচালেমলৈ উঠি যাম? 35এতিয়া মোৰ আশী বছৰ বয়স। মই জানো ভাল-বেয়া ভেদ কৰিব পাৰোঁ? বা যি ভোজন কৰোঁ আৰু যি পান কৰোঁ, আপোনাৰ দাসে মই জানো তাৰ কিবা সোৱাদ বুজিব পাৰোঁ? বা এতিয়াও গায়ক আৰু গায়িকাসকলৰ গীতৰ সুৰ জানো শুনি পাওঁ? এনে স্থলত আপোনাৰ দাস, মোৰ প্ৰভু মহাৰাজৰ ভাৰ মই কিয় নো হম, কওঁকচোন? 36আপোনাৰ দাস মই কেৱল মহাৰাজক যৰ্দ্দন পাৰ কৰি লৈ আহিম। ৰজাই ইয়াৰ সলনি কেলেই নো এনে অনুগ্ৰহ কৰিব লাগে?\n37কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত, নিজ পিতৃ-মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিমহাম। ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি ইয়ালৈ তাকেই কৰক।"\n38ৰজাই উত্তৰ দি ক'লে, "কিমহম মোৰ লগত পাৰ হৈ যাব, তুমি যিহকে ভাল দেখা মই ইয়ালৈ তাকে কৰিম আৰু তুমি মোক যি কৰিবলৈ কোৱা, মই তোমালৈ চাই তাকেই কৰিম।" 39পাছে সকলো মানুহে যৰ্দ্দন পাৰ হ'ল আৰু ৰজায়ো পাৰ হ'ল; পাছত ৰজাই বৰ্জ্জিল্লয়ক চুমা খাই বিদায় দিলে। তেওঁ নিজ ঠাইলৈ উভটি গ'ল।\nইস্ৰায়েলৰ মাজত বিবাদ আৰু চেবাৰ বিদ্ৰোহ।\n40এইদৰে ৰজাই গিলগললৈ পাৰ হৈ গ'ল আৰু কিমহমেও তেওঁৰ লগত পাৰ হৈ গ'ল। যিহূদাৰ সকলো লোক আৰু ইস্ৰায়েলৰ অৰ্দ্ধেক লোকে ৰজাক পাৰ কৰি নিলে। 41পাছে চোৱা, ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি ৰজাক ক'লে, "আমাৰ ভাই যিহূদাৰ লোকসকলে আপোনাক চুৰ কৰি, মহাৰাজক, আপোনাৰ পৰিয়ালক, আৰু দায়ূদৰ লগত তেওঁৰ সকলো লোকক, কিয় যৰ্দ্দন পাৰ কৰি আনিলে?"\n42তাতে যিহূদাৰ সকলো লোকে ইস্ৰায়েলৰ লোকসকলক উত্তৰ দি ক'লে, "কাৰণ ৰজা আমাৰ ওচৰ-সম্বন্ধীয়া। তেন্তে এই কথাতে তোমালোকৰ কিয় খং উঠিছে? আমি জানো ৰজাৰ কিবা খাইছোঁ নাইবা ৰজাই জানো কিবা খৰচ দিব লগীয়া হৈছে?" পাছে ইস্ৰায়েল লোকসকলে যিহূদাৰ লোকসকলক উত্তৰ দি ক'লে, "ৰজাৰ লগত আমাৰ সম্বন্ধত দহ ভাগ জনগোষ্ঠী আছে, গতিকে দায়ূদত তোমালোকতকৈ আমাৰো ততোধিক স্বত্ব আছে। এই হেতুকে আমাক কিয় হেয়জ্ঞান কৰিলাহঁক? আৰু আমাৰ ৰজাক ওভোটাই অনাৰ কথা জানো প্ৰথমে আমি কোৱা নাছিলো?" এতিয়া ইস্ৰায়েল লোকসকলৰ কথাতকৈ যিহূদাৰ লোকসকলৰ কথাবোৰ বৰ কৰ্কশহে হৈ উঠিল।
e2c79955b6f777dee38cb92395d9acfb74be39562402037a62a6a92bdc0a2617
এই বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। জৈৱ ৰসায়নত এলকেন (ইংৰাজীঃ Alkane) হ'ল সংপৃক্ত মুক্ত শৃংখলযুক্ত হাইড্ৰ'কাৰ্বন। এটা এলকেন হাইড্ৰ'জেন আৰু কাৰ্বন পৰমাণুৰ দ্বাৰা গঠিত য'ত কাৰ্বন পৰমাণুবোৰ এক বান্ধনিৰে যুক্ত হৈ থাকে। এলকেনসমূহৰ সাধাৰণ সংকেত হল CnH2n+2। উদাহৰণস্বৰূপে, n=1 ৰ ক্ষেত্ৰত CH4, যাৰ নাম মিথেন। মিথেন হৈছে এলকেন পৰিয়ালৰ প্ৰথম সদস্য। এলকেনৰ পুৰণি নাম হল পেৰাফিন। এলকেনসমূহৰ কোনো ৰং নাই।[1][2] কম আণৱিক ভৰযুক্ত এলকেনসমূহ গেছ, মধ্যমীয়া আণৱিক ভৰযুক্ত এলকেনসমূহ তৰল আৰু বেছি আণৱিক ভৰযুক্ত এলকেনসমূহ কঠিন।
315956dbd1a3cdbbbb2f28e762c24896b895a926c8f33dfc9e74bae10402ecf2
স্বাস্থ্যকৰ্মীৰ মৰ্জিত 'নিগেটিভ' লোকো হয় 'পজিটিভ' : কি ক'লে যুৱতীয়ে ?\nদলীয় নেতৃত্বৰে সংঘাত : এইবাৰ টিকট নাপায় প্ৰফুল্ল কুমাৰ মহন্তই!\n'এজেপি'ক কপি, পেষ্ট কৰা দল আখ্যা পিযুষ হাজৰিকাৰ\nৰাজ্যত অপৰিবৰ্তীত ৰূপত কৰ'নাৰ স্থিতি : পজিটিভিটিৰ হাৰ ৭.৩৮\nনগা শান্তিচুক্তি : পৃথক পতাকা, সংবিধানৰ দাবীত অটল এনএছচিএন\nদৰঙৰ জলজলীত স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণ গোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন\nদক্ষিণ কামৰূপৰ সাতখন গাঁও শীঘ্ৰে সন্নিবিষ্ট হ'ব মেঘালয়ত\nমৰিগাঁৱত টকাসহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ\nটকা নিদিয়াৰ বাবে উজানবজাৰত হত্যাৰ বলি হ'ল এজন যুৱক\nকৃষক মুক্তি সংগ্ৰাম সমিতিৰ হ'ব নতুন ৰাজনৈতিক দল\nচোৰাং কাঠৰ অবৈধ বেহা : সৰৱ বন বিভাগ\nHome/আঞ্চলিক/স্বাস্থ্যকৰ্মীৰ মৰ্জিত 'নিগেটিভ' লোকো হয় 'পজিটিভ' : কি ক'লে যুৱতীয়ে ?\nDigital Desk Send an email June 29, 2020\nগুৱাহাটী : স্বাস্থ্য বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড সংঘটিত হৈছে ৰাজ্যখনত। কৰ'না নিগেটিভ বুলি ৰিপ'ৰ্ট অহা যুৱতীক পজিটিভ সজালে স্বাস্থ্য বিভাগে। ২১ জুনত দিল্লীৰ পৰা আহিছিল অঞ্জলি গুপ্তা নামৰ যুৱতীগৰাকী। ছয়মাইলৰ 'হোটেল লীলী'ত কোৱাৰাণ্টাইনত ৰখা হৈছিল অঞ্জলিক।\nআৰু পঢ়িব পাৰিব : ৫১লাখটকীয়া বাইকত দেশৰ মুখ্য ন্যায়াধীশ, আলোকচিত্ৰ ভাইৰেল\n২৭ জুনত যুৱতীগৰাকীৰ নমুনা পৰীক্ষাৰ ফলাফলত নিগেটিভ আহিছিল। লগে লগে যুৱতীগৰাকীক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিছিল স্বাস্থ্য বিভাগে। লামডিঙত ঘৰ হোৱা বাবে সন্ধিয়া ঘৰলৈ যাবলৈ অমান্তি হৈছিল অঞ্জলি। সেই কথাক লৈ স্বাস্থ্যকৰ্মীৰে তৰ্কযুদ্ধত লিপ্ত হৈছিল অঞ্জলি।\nআৰু পঢ়িব পাৰিব : এ এছ টি চি বাছৰ পিক্আপ পইণ্ট ঘোষণা ! যাত্ৰাৰ বাবে পঞ্জীয়নৰ সুবিধা গুৱাহাটীবাসীলৈ\nৰহস্যজনকভাৱে দুঘণ্টাৰ পাছত অঞ্জলিক ক'ভিড পজিটিভ বুলি কৈছিল স্বাস্থ্যকৰ্মীয়ে। বলপূৰ্বকভাৱে অঞ্জলিক লৈ যোৱা হৈছিল জিএমচিএইচৰ ক'ভিড ৱাৰ্ডলৈ। দুটাকৈ নিশা জিএমচিএইচত ৰাখি সোমবাৰে যাবলৈ দিয়ে অঞ্জলিক। উপৰোক্ত ঘটনা সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী অঞ্জলিয়ে।\nছ'চিয়েল মিডিয়াত যুৱতীৰ অশ্লীল ফটো প্ৰকাশ, আৰক্ষীৰ জালত দুই অপৰাধী\nকাশ্মীৰৰ বিচ্ছিন্নতাবাদী ৰাজনীতিৰ শিবিৰত ফাট! হুৰিয়তৰপৰা পদত্যাগ গিলানীৰ\n'এটা কঁঠাল লৈ আহা...' হাস্পতাললৈ যোৱাৰ পূ্ৰ্বে প্ৰণৱ মুখাৰ্জীৰ ইচ্ছা পূৰাইছিল পুত্ৰই\nবিজ্ঞান আৰু প্ৰযুক্তি (13)\nব্ৰেকিং নিউজ (757)
80c238ec523a79f1e5b1c694b68486a3144c59e6299baeba21727c8e2de1849a
চীনৰ হুইছেল ব্লোৱাৰ চিকিৎসকজনে চাহ খালে ক'ৰণা নহয় বুলি দাবী কৰিছে নেকি? - Factcrescendo Assamese\nচীনৰ হুইছেল ব্লোৱাৰ চিকিৎসকজনে চাহ খালে ক'ৰণা নহয় বুলি দাবী কৰিছে নেকি?\nCoronavirus False Headline Medical\nMarch 25, 2020 March 25, 2020 Manjori BorkotokyLeaveaComment on চীনৰ হুইছেল ব্লোৱাৰ চিকিৎসকজনে চাহ খালে ক'ৰণা নহয় বুলি দাবী কৰিছে নেকি?\nফেচবুক লিংক । সংৰক্ষিত লিংক\nচীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৮ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।\nবিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক'ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । বিশেষকৈ ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ঘৰুৱা দিহা বিভিন্নজনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি ভাইৰেল কৰি তুলিছে ।\nএনে এক পোষ্ট বৰ্তমান ফেচবুকত ভাইৰেল হৈ পৰিছে য'ত কোৱা হৈছে যে চীনৰ হুইছেল ব্লৱাৰ চিকিৎসকে দাবী কৰিছে যে চাহ খালে ক'ৰণা ভাল হয় । "চীনৰ উইথছ ব্লোৱাৰৰ চিকিত্সকৰ দাবী চাহ খালে ভাল হয় কৰ'ণা", বুলি শিৰোনামা দি ঈশান নিউজ নামৰ ৱেব পৰ্টেলটোয়ে এক নিউজ ভিডিঅ' প্ৰকাশ কৰিছে আৰু নিজৰ ফেচবুক পেজৰ পৰা আপলোড কৰিছে । উক্ত ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু ফেচবুকত ৯.৫ হাজাৰবাৰ শ্বেয়াৰ হৈছে আৰু ১৬০ হাজাৰবাৰ দৰ্শন কৰা হৈছে । উক্ত ভিডিঅ'টোত "চাহ খালে নহয় কো'ভিড-১৯!", বুলি গ্ৰাফিক্স ব্যৱহাৰ কৰাও দেখা গৈছে ।\nসঁচাকৈ চীনৰ হুইছেল ব্লৱাৰ চিকিৎসকজনে চাহ খালে ক'ৰণা নহয় বুলি দাবী কৰিছে নেকি? সত্য কি? জানোঁ আহক ।\nপ্ৰথমে আমি ফেচবুকত উক্ত বাতৰিটো যি ফেচবুক পোষ্টৰ ভিত্তিত কৰা হৈছে সেই পোষ্টটো বিচাৰি উলিয়ালোঁ । পোষ্টটো পঢ়ি আমি দেখিলোঁ যে ইয়াত দাবী কৰা হৈছে যে যিজন চীনা ডাক্তৰে প্ৰথমে এই ৰোগবিধৰ কথা ৰাজহুৱা কৰিছিলে তেওঁ কেইটামান কেচ ফাইল ৰাখি থৈছিল আৰু ইয়াৰ ভিত্তিত এক চিকিৎসা পদ্ধতিৰ কথা প্ৰপজ কৰিছিল । কো'ভিড-১৯ৰ পৰা পৰিত্ৰাণ পাবলৈ যি কেমিকেল কম্পাউণ্ড লাগে সেইয়া চাহত পোৱা যায় বুলি ডাক্তৰজনে কৈছিল বুলি উক্ত পোষ্টটোত লিখা আছে । পোষ্টটোত আৰু লিখা আছে যে উক্ত নিউজটো প্ৰথমে বিশ্বৰ আগশাৰীৰ নিউজ গোষ্ঠী 'চিএনএন'য়ে প্ৰকাশ কৰিছিল । ভাইৰেল ভিডিঅ'টোত উক্ত পোষ্টটো মাৰিয়া চেলিয়া জুনিঅ' ফাৰনানডেজ নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা আপলোড হোৱা দেখা গৈছে ।\nআমি (CNN) চিএনএন'ৰ ৱেবচাইটত এই সম্পৰ্কে বিচাৰিলোঁ কিন্তু এনে কোনো বাতৰি প্ৰকাশ হোৱা আমাৰ চকুত নপৰিল । আমি তেওঁলোকৰ টুইটাৰ হেণ্ডেলত এই বিষয়ে কিবা ব্ৰেকিং নিউজ পাওঁ নেকি চালোঁ কিন্তু এনে কোনো বাতৰি আমি নেদেখিলোঁ ।\nইয়াৰ পাছত আমি চীনৰ হুইছেল ব্লৱাৰ চিকিৎসকজনৰ সম্পৰ্কে চিএনএন'ত প্ৰকাশিত এক ৰিপৰ্ট বিচাৰি পালোঁ কিন্তু ইয়াত এই ৰোগৰ দৰৱৰ বিষয়ে চিকিৎসকজনে কিবা কোৱা আমাৰ চকুত নপৰিল । তেওঁৰ চাহত থকা কেমিকেল বোৰৰ গুণাগুণ সম্পৰ্কে একো কোৱাও আমাৰ চকুত নপৰিল ।\nগুগলত আমি এই বিষয়ে কোনো ৰিপৰ্ট দেখা নাপালোঁ যি উক্ত দাবীটোৰ সমৰ্থন কৰে । চীনত ক'ৰনা ভাইৰাছৰ ৰোগীক চাহ খাবলৈ দিয়া হৈছে বুলি কোনো নিউজ ৰিপৰ্ট আমাৰ চকুত নপৰিল ।\nআমি চাইনা ডেইলিত এই বিষয়টোৰ সৈতে সম্পৰ্ক থকা এক নিউজ ৰিপৰ্ট দেখিলোঁ । ৰিপৰ্টটোৰ মতে ঝেজিয়াঙ প্ৰভিন্সিয়েল চেণ্টাৰ ফৰ ডিজিজ কনট্ৰলৰ গৱেষক সকলে গৱেষণা কৰি পাইছে যে চাহত থকা কেমিকেলবোৰৰ কাৰণে ই ন'ভেল ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰে । কিন্তু পাছত উক্ত লিখনিটো আঁতৰাই পেলোৱা হয় বুলি বুলি চীনা ডেইলিয়ে ৰিপৰ্ট কৰিছে ।\nবিশ্ব স্বাস্থ্য সংস্থায়েও কোনো নিৰ্দিষ্ট দৰৱ এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই । গতিকে উক্ত ভাইৰেল ভিডিঅ'টোত দাবী কৰাৰ দৰে উক্ত পোষ্টটোৰ কোনো গ্ৰহণযোগ্যতা বৰ্তমান নাই ।\nউক্ত নিউজ ভিডিঅ'টোত দাবী কৰাৰ দৰে ভাইৰেল পোষ্টটোৰ কোনো গ্ৰহণযোগ্যতা বৰ্তমান নাই । ই জনসাধাৰণৰ মাজত ভুল ধাৰণা বিয়পাইছে যি বৰ্তমান পৰিস্থিতিত মাৰাত্মক হব পাৰে ।\nTitle:চীনৰ হুইছেল ব্লোৱাৰ চিকিৎসকজনে চাহ খালে ক'ৰণা নহয় বুলি দাবী কৰিছে নেকি?\nTagged CoronavirusCOVID 19Tea\nএইয়া ক'ৰনা ভাইৰাছৰ ভেকচিন হয় নেকি?\n২৬ মাৰ্চৰ দিনৰ দুটা বজাৰ পৰা ৪৫ দিনলৈ ইণ্টাৰনেট বন্ধ হৈ পৰিব নেকি?\nপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক ডাউন ৪ মে' পৰ্যন্ত বঢ়াই দিছে নেকি?\nApril 3, 2020 April 3, 2020 Manjori Borkotoky\nভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে পিপিই কিটৰ বিষয়ে এই অতিৰিক্ত নিৰ্দেশাৱলী জাহিৰ কৰিছে নেকি?\nApril 11, 2020 April 11, 2020 Manjori Borkotoky\nক'ৰনা ভাইৰাছ আচলতে এটা মনে সজা কাহিনী হয় আৰু এক গোপনে সজা বায়'ৱেপনৰ দুৰ্ঘটনাৰ পাছত ইয়াক গাপ দিবলৈ উক্ত কাহিনীটো ৰচা হৈছিল নেকি?\nMarch 20, 2020 March 23, 2020 Manjori Borkotoky\nFACT CHECK: এই চিকিৎসকজন ক'ভিড ৰোগীৰ কিডনী বিক্ৰী কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা নাছিল! ফেচবুক লিংক । সংৰক্ষিত লিংক আব্দুল হাছিব না... by Manjori Borkotoky\nFACT CHECK: চিকিৎসা-শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে আইজি ন'বেল বঁটা মোদীলৈ আগবঢ়োৱা নাই! ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰত... by Manjori Borkotoky\nঅসম পুলিচৰ এছ আই পদৰ চাকৰি ধন দিলে পোৱা যাই বুলি ভুৱা অডিঅ' ক্লিপ ভাইৰেল! ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত ছ'চ... by Manjori Borkotoky\nFACT CHECK: এইবাৰ ইউজিচি নেট পৰীক্ষাত নিগেটিভ মার্কিং থাকিব নেকি? সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাতৰি বা... by Manjori Borkotoky\nCategories Select Category Coronavirus (66) Economy (6) False (176) False Headline (5) International (27) Medical (33) Misleading (2) Partly-False (6) Political (35) Politics (3) Science (1) Social (97) Telecom (1) Wildlife (4)
ca9f6b267367729ba6a08056537aaa222bc77fe5a1d389d02ca6390abc5cf990
সভাই সমিতিয়ে কৃষক ৰাইজৰ হিতাৰ্থে অধিক ফচল উৎপাদনৰ বাবে ৰাজ সাহায্য যুক্ত ৰাসায়নিক সাৰ উপলব্ধ কৰাৰ ডাংকোব মাৰি অহা কৃষি মন্ত্ৰী অতুল বৰাৰ এনে আস্ফালনৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে ঢকুৱাখনাত। Published on : ডিজিটেল সংবাদ,ঢকুৱাখনা; সভাই সমিতিয়ে কৃষক ৰাইজৰ হিতাৰ্থে অধিক ফচল উৎপাদনৰ বাবে ৰাজ সাহায্য যুক্ত ৰাসায়নিক সাৰ উপলব্ধ কৰাৰ ডাংকোব মাৰি অহা কৃষি মন্ত্ৰী অতুল বৰাৰ এনে আস্ফালনৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে ঢকুৱাখনাত। লখিমপুৰ জিলাখনৰ অভিভাৱক মন্ত্ৰীৰো দায়িত্ব প্ৰাপ্ত কৃষিমন্ত্ৰী অতুল বৰাৰ বিভাগৰ অদূৰদৰ্শী নীতিৰ বলি হৈ এই চৰকাৰী সুবিধা বিচাৰি হাঁহাকাৰ কৰিব লগীয়া হৈছে ঢকুৱাখনা মহকুমাৰ হাজাৰ বিজাৰ খেতিয়কে। কৃষি নিৰ্ভৰ ঢকুৱাখনা মহকুমাৰ চহা শ্ৰমজীৱীৰ বাবে চলিত সময় চোৱা সৰিয়হ আৰু আনুসংগিক খেতিৰ বাবে অতি উপযুক্ত সময় হিচাপে পৰিগণিত হৈ আহিছে । মহকুমাটোৰ কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ ঢকুৱাখনা ,ঘিলামৰা আৰু সোনাৰী চাপৰি কৃষি খণ্ডৰ অন্তৰ্গত হাজাৰ বিজাৰ চহা পৰিয়ালে পৰম্পৰাগত ভাবে ব্যৱসায়িক ভিত্তিত সৰিয়হ খেতি কৰাৰ বাবে মাটি চহাই ৰাসায়নিক সাৰ চতিওৱাৰ বাবে উপযোগী কৰি ৰাখিছে । কিন্তু চৰকাৰী ক্ৰুটিপূৰ্ণ কৰ্মপন্থাৰ বাবে কৃষকৰ আশাত এতিয়া পানী পৰাৰ উপক্ৰম ঘটিছে। কেৱল ৰাজসাহায্য যুক্ত ৰাসায়নিক সাৰ ইউৰিয়া সহজলভ্য যোগান ধৰাত চৰকাৰী ব্যৰ্থতাৰ বাবেই এইবাৰ কৃষকৰ মূৰত মাধমাৰ পৰিছে। সংগৃহীত তথ্য মতে মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাত কৃষি বিভাগে মুঠ ২৯ খন ৰাসায়নিক সাৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। সেই অনুজ্ঞাপত্ৰৰ ভিত্তিত খুচুৰা সাৰ বিক্রেতা সকলৰ ওচৰত ডি এ পি , এম অ পি, এছ এছ পি, চইল আদি সৰিয়হ খেতিৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক সাৰ উপলব্ধ আছে । কিন্তু ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰ এনেবোৰ কেন্দ্ৰৰ জৰিয়তে বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাত উদ্ভৱ হৈছে অনাহুত পৰিস্থিতি। ইপিনে বিভাগীয় ভাবে চাহিদা অনুসৰি ইউৰিয়া যোগান ধৰাত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত কৃষক সকল চিন্তিত হৈ পৰিছে। সংগৃহীত তথ্য মতে মহকুমাটোৰ ঢকুৱাখনাৰ প্ৰগতি এণ্টাৰপ্ৰাইজ আৰু বৰ্মন বীজ ভাণ্ডাৰ আৰু ঘিলামৰাৰ কৃষক সাৰথি নামৰ তিনিটা বিতৰক প্ৰতিষ্ঠানৰ জৰিয়তে এই ইউৰিয়া সাৰ যোগানৰ ব্যৱস্থা চলিছে। কিন্তু কৃষকৰ চাহিদা অনুপাতে যথা সময়ত এই সাৰ যোগান ধৰাত ব্যৰ্থ হৈছে প্ৰধানকৈ ঢকুৱাখনাৰ দুই প্ৰতিষ্ঠান। চৰকাৰী বিতৰকৰ কৰ্তৃত্ব প্ৰাপ্ত এই দুই প্ৰতিষ্ঠানে বিধি অনুযায়ী নিজে সাৰ বিতৰণৰ ব্যৱস্থা কৰাৰ পৰিপ্ৰেক্ষিতত বহু দূৰ দূৰণিৰ পৰা কৃষক ৰাইজে পুৱাই তাঁত বাতি কৰি দিনটো শাৰী পাতি এক অবৰ্ণনীয় যন্ত্ৰণাৰ মাজেৰে সাৰ সংগ্ৰহ কৰিব লগীয়া জটিল পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। দৈনিক পুৱাই সাৰ সংগ্ৰহ কৰিবলৈ ঢকুৱাখনা নগৰলৈ মালবাহী গাড়ী ঢাপলি মেলি অহা কৃষক সকলে বিয়লি পৰ্যন্ত সাৰ সংগ্ৰহ কৰিবলৈ সক্ষম নোহোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দেওবাৰে পুৱাও অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয় ঢকুৱাখনা নগৰৰ প্ৰগতি এণ্টাৰপ্ৰাইজৰ লগতে বৰ্মন বীজ ভাণ্ডাৰৰ সন্মুখত। পুৱতি নিশাই আহি ইউৰিয়া সাৰ ক্ৰয়ৰ বাবে সমাগম ঘটা শ শ কৃষক ৰাইজে প্ৰতিষ্ঠানৰ সন্মুখত বোন্দা পৰ দি ৰোৱাৰ পাছতো কৰ্তৃপক্ষৰ পৰা সঁহাৰি নাপাই অতিষ্ঠ হৈ পৰে । ক্ষুব্ধ আৰু অতিষ্ঠ ৰাইজৰ চিঞৰৰ পাছত বহু পলমকৈ কৰ্তৃপক্ষই আৰক্ষীৰ সহযোগত সাৰ যোগান ধৰে যদিও ইয়াতো বৈষম্য হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰতি বেগ ইউৰিয়া ৩০৫ টকা দৰত ,প্ৰতি বেগ চইলৰ বেগত ২৫০ টকা আৰু প্ৰতি বেগ ডি এ পিৰ দৰ ১ হাজাৰ ৫০০টকা দৰত বিক্ৰী কৰা বুলি একাংশ ক্রেতা কৃষকে জানিবলৈ দিলে। জনা মতে কৃষি বিভাগৰ শেহতীয়া নিৰ্দেশ মতে খুচুৰা সাৰ বিক্রেতা সকলক সাৰ বিক্ৰীৰ বাবে বাৰণ কৰি বিতৰক সকলৰ জৰিয়তেহে ইউৰিয়া বিতৰণ ব্যৱসায় চলোৱাৰ দিয়া নিৰ্দেশৰ বাবে গঞা ক্ষুদ্ৰ ক্ষুদ্র কৃষক সকলে ২০-৩০ কিলোমিটাৰ দূৰ অতিক্ৰম কৰি এই সাৰ সংগ্ৰহ কৰিব পৰা নাই। যাৰ বাবে এইসকল গঞা ক্ষুদ্ৰ কৃষক এইবাৰ এই সৰিয়হৰ খেতিৰ লগতে সংযুক্ত বিভিন্ন খেতি যেনে আলু ,ৰঙালাও আদি খেতিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে। এনেবোৰ বিতৰক প্ৰতিষ্ঠানে কম পৰিমাণৰ ইউৰিয়া বিক্ৰী কৰাত মনোনিবেশ নকৰাৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ চহা পৰিয়াল সমূহ ব্যাপক ভাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰবল আশংকাই দেখা দিছে । ইপিনে এনেবোৰ গঞা কৃষকৰ প্ৰতি এনে অবিচাৰ হোৱাৰ সমান্তৰাল ভাৱে ৰাসায়নিক সাৰৰ নাটনিৰ অচিলাৰে অত্যাধিক মূল্য বৃদ্ধি হোৱাৰো এক অভিযোগ উত্থাপিত হৈছে । ক্ষুব্ধ ক্রেতা কৃষক সকলে অভিযোগ কৰা মতে খুচুৰা অনুজ্ঞাপত্ৰ প্ৰাপ্ত বিক্রেতা সকলৰ জৰিয়তে এই সাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হলে কৃষক সকল যথেষ্ট পৰিমাণে উপকৃত হোৱাৰ সম্ভাৱনা আছিল। কিন্তু তাকে নকৰি বেপৰোৱা আৰু অকমন্য কৃষি বিভাগে কেৱল বিতৰক সকলৰ জৰিয়তেহে বিক্ৰীৰ ব্যৱস্থা কৰি একপ্ৰকাৰৰ ছিণ্ডিকেট সদৃশ পৰিবেশৰ সূত্ৰপাত ঘটাত উদগনি দিয়া বুলি সৰ্বত্ৰ সমালোচিত হৈছে । ইপিনে মহকুমাটোৰ গৰিষ্ঠ সংখ্যক খুচুৰা অনুজ্ঞাপত্ৰ প্ৰাপ্ত বিক্রেতাৰ খবৰ লোৱা কালত জনা মতে সাম্প্ৰতিক সময়ত প্ৰচুৰ চাহিদা থকা ইউৰিয়া সাৰ খুচুৰা কেন্দ্ৰ সমূহত উপলব্ধ নোহোৱাত অন্য সাৰ যেনে ডি এ পি , এম অ পি, এছ এছ পি,চইল আদি বিক্ৰী বন্ধ সদৃশ হৈ পৰা বুলি আক্ষেপৰে জনালে। এহাতে চৰকাৰী ৰাজ সাহায্য যুক্ত ইউৰিয়া বিচাৰি কৃষকৰ হাঁহাকাৰৰ বিপৰীতে এচাম খুচুৰা বিক্রেতাই গ্ৰাহক বিচাৰি হাঁহাকাৰ কৰা পৰিস্থিতিয়ে অনাগত সময়ত মহকুমাটোৰ কৃষি খণ্ডত ব্যাপক নেতিবাচক প্ৰভাৱ যে পেলাব সেয়া নিশ্চিত হৈ পৰিছে। বিপৰীতে ঢকুৱাখনাৰ কৃষিজীৱী ৰাইজক চৰকাৰী ৰাসায়নিক সাৰ প্ৰদানৰ বেলিকা মহকুমাটোত উদ্ভৱ হোৱা এনে কৃত্ৰিম নাটনি আৰু জটিল পৰিস্থিতিৰ নীৰৱ দৰ্শক হৈ উপভোগ কৰিছে সততে কৃষি খণ্ডৰ উন্নয়নৰ দম্ভালি মৰা কৃষি।মন্ত্ৰী অতুল বৰা আৰু কৃষি ভৱনে ।
f5754f40f69251201d5a4638b143c4413ba8f771e15c82aa389b133d5d9a615a
গুৱাহাটীঃ গুৱাহাটী মহানগৰীত মহিলাক দলবদ্ধ ধৰ্ষণৰ ঘটনা। হাতীগাঁও নীলকমল পথৰ ২৪নং ভাড়াঘৰত এই জঘন্য ঘটনা সংঘটিত হৈছে। ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে ধৰ্ষণকাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছে। আটকাধীন তিনি ধৰ্ষণকাৰী আশ্ৰাফুল আলী, নাইমুদ্দিন আলী, মুকুল ইছলাম। জানিব পৰা মতে, অভিযুক্ত কেইজনে ভাত খাবলৈ মাতি নি কাৰ্বি মহিলা গৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, তিনিও জন অভিযুক্তই একেটা কোম্পানীত কাম কৰে, য'ত কিছুদিন পূৰ্বে মহিলা গৰাকীয়েও যোগদান কৰিছিল। বুধবাৰে এই মহিলা গৰাকীক ভাত খাবলৈ মাতি নি এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে, অভিযুক্ত যুৱক কেইজনক আটক কৰি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পাছত হাতীগাঁও থানালৈ লৈ অনা হৈছে। আনহাতে, অভিযুক্ত কেইজনে বিপৰীত ভাষ্য দিছে। তেওঁলোকে স্পষ্টকৈ কৈছে যে- মহিলাগৰাকীৰ সৈতে তেওঁলোকৰ পূৰ্বৰে পৰা চিনাকি আছিল। আৰু মহিলাগৰাকীয়ে তেওঁলোকৰ পৰা ৫ হাজাৰকৈ টকা দাবী কৰিছিল। আৰু ৫ হাজাৰকৈ টকা দিবলৈ অমান্তি হোৱাৰ বাবেই মহিলা গৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। Search for:
e2b80dbe8e677cbf308e8f7dfd3ecc0a0d0424fe9c89727a00b734c8554aae5a
অপাৰেচন বজৰঙ - অসমীয়া ৱিকিপিডিয়া\n(অপাৰেচন বজৰংৰ পৰা পুনঃনিৰ্দেশিত)\nঅপাৰেচন বজৰঙ হৈছে ১৯৯০ চনৰ ২৮ নৱেম্বৰত ভাৰতীয় সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে চলোৱা এটা অভিযান। লক্ষীপথাৰৰ লাংকাচি আৰু দিমৰুহোলা গাঁৱত সেনাৰ এই অভিযান চলিছিল।সেই সময়ত অসমত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিল। যদিও অপাৰেচনৰ আগে আগে চৰকাৰখন ভাঙি দি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্ত্তন কৰা হৈছিল।\nআঁৰৰ কাহিনী[সম্পাদনা কৰক]\nআলফাই সেইসময়ত ধনদাবী, হত্যা, অপহৰণ আদি বিভিন্ন সন্ত্ৰাসমূলক কাৰ্যকলাপ চলাই গৈছিল। আলফাই ডুমডুমাত সাতখন চাহবাগিছা থকা ইউনিলিভাৰ কোম্পানী আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা বছৰি বিক্ৰী হোৱা মুঠ চাহৰ ৬০% চাহ ক্ৰয় কৰা ব্ৰুকলেণ্ড আৰু লিপ্টন কোম্পানীক চাৰে তিনি কোটি টকা দিবলৈ আদেশ দিয়ে। ইউনিলিভাৰ কোম্পানীৰ ভাৰতৰ শাখা হিন্দুস্তান ইউনিলিভাৰে তেওঁলোকৰ লণ্ডনৰ কাৰ্য্যালয়ক এই বিষয়ে অৱগত কৰে। লণ্ডনৰ কাৰ্য্যালয়ৰ ভাৰতৰ সেইসময়ৰ উচ্চায়ুক্ত কুলদীপ নায়াৰৰ সৈতে সুসম্পৰ্ক আছিল। গতিকে এই বিষয়টো কুলদীপ নায়াৰক জনোৱাত তেওঁ ভাৰত চৰকাৰক আলফাৰ ওপৰত কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনায়।সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে অসমত অপাৰেচন বজৰঙ চলাবলৈ সিদ্ধান্ত কৰে।\nতদুপৰি আলফাই ১৯৮৯-৯০ৰ ভিতৰত বহুকেইটা হত্যাকাণ্ড সংঘটিত কৰিছিল। তাৰ ভিতৰত আছিল উদ্যোগপত স্বৰাজ পালৰ ভায়েক সুৰেন্দ্ৰ পাল, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী, অইল ইণ্ডিয়াৰ প্ৰৱন্ধক পি কে ডি ৰামামূৰ্তী, কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ জি এল হৰলালকা আৰু হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্প'ৰেচনৰ প্ৰৱন্ধক ডি চলিহা। তদুপৰি আলফাই গুৱাহাটী শোধনাগাৰৰ সাধাৰণ প্ৰৱন্ধক এইচ কে এল দাসক অপহৰণ কৰিছিল যদিও পিছত এৰি দিয়ে।\nৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং, ইণ্টেলিজেন্স ব্যুৰ' আৰু ভাৰতীয় সেনাৰ চোৰাচোৱাং সংস্থাই একেলগে মিলিত হৈ ডুমডুমাত থকা চাহবাগানৰ কৰ্মীসকল উলিয়াই আনিবলৈ পৰিকল্পনা প্ৰস্তুত কৰে। লণ্ডন, কলকাতা আৰু ডুমডুমাৰ মাজত ক্ষীপ্ৰ যোগাযোগৰ বাবে দিল্লীত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ'ল। ৮ নৱেম্বৰৰ দিনা এখন বয়িং বিমানেৰে চাহবাগানৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালসকলক ডুমডুমাৰ পৰা উলিয়াই অনা হ'ল।\n৯ জুন, ১৯৯০ত ধৰা পৰা তিনিজন আলফা সদস্যৰ পৰা সেনাই ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আলফা শিবিৰৰ সম্ভেদ পাইছিল। ২৮ নৱেম্বৰৰ পুৱতি নিশা প্ৰায় ডেৰ বজাত ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ত প্ৰথমটো আক্ৰমণ চলে। অৱশ্যে আগতীয়া উমান পোৱা বাবে তাৰে সদস্যসকলে আক্ৰমণটো ভেটা দিবলৈ সক্ষম হয়। দুজনমান সদস্য আহত হয় যদিও কোনো নিহত নহ'ল। শিবিৰত থকা ৭০ জন সদস্যই কেইবাটাও ভাগত ভাগ হৈ পলাই সাৰিবলৈ সক্ষম হয়। তাৰে ৭ দিন পিছত চৰাইপুঙত থকা দ্বিতীয়টো শিবিৰত আক্ৰমণ চলিছিল যদিও তাত থকা সদস্যসকল পলাই সাৰিবলৈ সক্ষম হৈছিল। সেনাই আলফাৰ শিবিৰসমূহ ধ্বংস কৰিছিল। ৪ ডিচেম্বৰৰ দিনা তিনিচুকীয়াৰ কাষৰ লক্ষীপথাৰত এটা গণকবৰ উদ্ধাৰ হৈছিল য'ত ১৫ টা গলিত মৃতদেহ পোৱা হৈছিল। সেই মৃতদেহকেইটা আলফাই অপহৰণ কৰা চাহবাগানৰ কোনোবা কৰ্মচাৰীৰ মৃতদেহ বুলি সন্দেহ কৰা হৈছিল।\nপিছৰ ঘটনা[সম্পাদনা কৰক]\n২৮ জানুৱাৰী, ১৯৯১ত আলফাই যিকোনো মধ্যস্থতাকাৰীৰ যোগেদি অভিযান সমাপ্ত কৰাব বিচাৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে আলফাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখে। ৪ মাৰ্চ, ১৯৯১ত আলফাই একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে।লগতে মে'ত হবলগীয়া বিধানসভা নিৰ্বাচনত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পূৰ্বৰ ভুলৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা মাগে। ২০ এপ্ৰিলৰ দিনা অপাৰেচন বজৰঙৰ সামৰণি মৰা হয়।\n↑ 2.0 2.1 28 years of Operation Bajrang, ULFA leaders share the memories of the operation.. Interview with Time8 Reporter. 28 novembar, 2018.\n"https://as.wikipedia.org/w/index.php?title=অপাৰেচন_বজৰঙ&oldid=194859"ৰ পৰা সংকলিত\nএই পৃষ্ঠাখন ০৭ মে', ২০১৯ তাৰিখে ০৮ঃ৫৯ বজাত অন্তিম সংশোধন কৰা হৈছিল।
1f978a1a4ab2abd867729f2e92feb697a5ed2329d4854a649e023c62eeb5a3b7
ডঃভীমৰাও ৰামজী আম্বেদকাৰ (ইংৰাজীঃ Bhimrao Ramji Ambedkar; মাৰাঠীঃ भीमराव रामजी आंबेडकर) (১৮৯১-১৯৫৬) এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনত প্ৰথম ঘূৰণীয়া মেজমেলত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। বোম্বাই বিধান সভাৰ সদস্য নিৰ্বাচিত হৈছিল। ব্ৰিটিছ চৰকাৰে তেওঁ যুটীয়া সংসদী কমিটীৰ সদস্য নিযুক্ত কৰিছিল। তেওঁ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাঠ গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী নিযুক্ত হৈছিল। ভাৰতীয় সংবিধান সভাৰ সদস্য আছিল আৰু ১৯৪৭ চনত তেওঁ সংবিধান খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি হৈছিল আৰু ভাৰতীয় সংবিধান ৰচনা কৰিছিল।\nভীমৰাও ৰামজী আম্বেদকাৰ ১৮৯১ চনৰ চৈধ্য এপ্ৰিলৰ তাৰিখে নিঃকুলীয়া বংশত জন্ম হৈছিল । তেওঁৰ জন্ম হয় অবিভক্ত বোম্বাই প্ৰদেশৰ ৰত্নগিৰি জিলাত। তেওঁলোকৰ পৰিয়ালটি আছিল মহৰ সম্প্ৰদায়ৰ আৰু এই মহৰ সম্প্ৰদায়েই আছিল ৰত্নগিৰিত একেবাৰে পিছপৰা ঘৃণনীয়। মহৰ কুলটো হিন্দু ধৰ্মৰ তথা চতুৰ বৰ্ণ সমাজৰ শূদ্ৰ জাতিৰ ভিতৰত আটাইতকৈ নিম্ন শ্ৰেণীৰ আৰু এই শ্ৰেণীবোৰ সেইকালত অন্তজ, পেৰিয়া আৰু অতি শূদ্ৰ বুলি জনাজাত হৈছিল। পিছপৰা এনে শ্ৰেণীক অচ্যুত, মহাত্মা গান্ধীয়ে নাম দিছিল হৰিজন, সাংবিধানিক ভাবে কোৱা হৈছিল অনুসূচীত জাতি। ব্ৰিটিছ সকলে তেওঁলোকক Depressed Class বুলি কৈছিল। ভাৰতত থকা ৪২৯টা অনুন্নত শ্ৰেণীৰ ভিতৰত মহৰ শ্ৰেণীয়ে সবাতোকৈ পিছপৰা আৰু হীন আছিল। তেওঁৰ পিতাক ৰামজী মালোজী চকপাল সৈন্য বাহিনীৰ চুবেদাৰ মেজৰ আছিল। তেওঁ ৰমাবাই নামৰ এঘাৰ বছৰীয়া ছোৱালী এজনীৰ সৈতে বিবাহ পাশত আবন্ধ হৈছিল।\nবি.আৰ. আম্বেদকাৰৰ প্ৰাইমেৰী শিক্ষা নিজৰ জন্মস্থানতেই আৰম্ভ হৈছিল। তাৰ পিছত তেওঁ পিতাকে বোম্বাই নগৰীলৈ লৈ গল মাধ্যমিক শিক্ষা লাভৰ কাৰণে। বোম্বাই এল ফিন ষ্টোন নামৰ হাইস্কুল খনত নাম ভৰ্তি কৰালে। কিন্তু বিদ্যালয়ত নীচ জাতিকুলৰ হোৱা বাবে ঘৃণা-অবহেলাৰ পাত্ৰ হৈছিল।তেওঁৰ সংস্কৃত শিকাৰ আগ্ৰহ আছিল যদিও শিক্ষকে তেওঁক সেই অনুমতি প্ৰদান নকৰিলে বৰঞ্চ তেওঁক পাৰ্চীহে পঢ়িবলৈ অনুমতি দিছিল। পিছত তেওঁ সংস্কৃতৰ শিক্ষা নিজে লৈছিল। ইংৰাজীৰ জ্ঞান লাভিছিল পিতাকৰ পৰা। তেওঁৰ এনেকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ বোম্বাই এলফিনষ্টোন কলেজত ভৰ্তি হয়। ১৯১২ খৃষ্টাব্দত তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হল। ইয়াৰ পিছত তেওঁ কিছুদিন চাকৰি কৰি পৰিয়ালটিক তনকীয়াল কৰি ১৯১৩ খৃষ্টাব্দত তেওঁ আমেৰিকাৰ নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰিলে। তেওঁ বুৰঞ্জী, নৃতত্ত্ব, সমাজবিদ্যা, মনোবিজ্ঞান,অৰ্থনীতি আদি বিষয়ত অধ্যয়ন কৰিছিল। ১৯১৫ খৃষ্টাব্দত তেওঁ এনচিয়েণ্ট ইণ্ডিয়ান কমাৰ্ছ মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তাৰপিছত তেওঁ দি ইভলিউচন অৱ প্ৰভিন্সিয়েল ফাইনেন্স ইন ব্ৰিটিছ-ইণ্ডিয়া সম্পৰ্কত গভীৰ অধ্যয়ন চলাই, ফিল'চফি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত তেওঁ ১৯১৬ খৃষ্টাব্দত অধ্যয়নৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ'ল। তাতে তেওঁ লণ্ডন স্কুল অৱ ইকন'মিক্স এণ্ড পলিটিকেল চায়েন্স নামৰ বিদ্যালয়ত ভৰ্তি হল আৰু ডি. এছ. চি. ডিগ্ৰী লাভৰ বাবে আৰু গ্ৰেইজইনত আইন বিষয়ৰ ডিগ্ৰী লাভৰ উদ্দেশ্যে অধ্যয়নত লাগে। কিন্তু তেওঁৰ সেই অধ্যয়ন আধৰুৱা কৰিয়েই ভাৰতলৈ উভতি আহে।\nবি. আৰ আম্বেদকাৰে শিক্ষা সমাপ্ত কৰি ভাৰতলৈ উভতি আহি বৰোদাৰ সৈনিক বিভাগৰ ছেক্ৰেটৰী পদত নিযুক্তি পালে। কিন্তু উচ্চ হিন্দুসকলে নীচ জাতিকুলৰ বুলি এইবাৰো এই বিদেশত শিক্ষিত লোকজনৰ শিক্ষাৰ অকণো আদৰ আৰু সহানুভূতি নেদেখুৱালে, কাৰ্যালয়ত তেওঁক এডোখৰ চুকত বহিবলৈ দিলে আৰু কোঠাটোত আগৰে পৰা পাৰি থোৱা কাৰ্পেটখন আঁতৰাই পেলাইছিল। অফিচৰ কাগজ পত্ৰ দুৰৰে পৰা দলিয়াহে তেওঁলৈ দিয়া হৈছিল। তেওঁ হিন্দু সমাজৰ এই বৈষম্য আঁতৰ কৰিবলৈ সংকল্প লৈ বোম্বাইত এডাইচাৰ টু ডিলাৰ এণ্ড চেয়াৰচ নামে এখন ফাৰ্ম আৰম্ভ কৰিলে। তাৰপিছতে তেওঁ চিডেন হাম বাণিজ্য কলেজত অস্থায়ী ভাৱে ৰাজনীতি-অৰ্থনীতি প্ৰৱক্তা পদত নিযুক্তি পালে। ইয়াতো তেওঁ জাত-কুলৰ কু-প্ৰভাৱত তিষ্টিব নোৱাৰিলে। ১৯১৭ খৃষ্টাব্দত তেওঁ অস্পৃশ্য সকলৰ হৈ টাইথ বেৰ কমিছনৰ আগত সাক্ষ্য দিছিল, ১৯১৮ খৃষ্টাব্দত নাগপুৰত অস্পৃশ্য সন্মিলন পাতিছিল। ইয়াৰ পিছতে তেওঁ অসমাপ্ত শিক্ষা শেষ কৰিবলৈ দৃঢ় সংকল্প লৈ লণ্ডনলৈ পুনৰ যাত্ৰা কৰে। ১৯২১ খৃষ্টাব্দত প্ৰভিন্সিয়েল দি চেট্ৰেলাইজেচন অৱ ইম্পোৰিয়েল ফাইনেন্স ইন ব্ৰিটিছ ইণ্ডিয়া শীৰ্ষক অধ্যয়নৰ বাবে এম. এছ. ছি. ডিগ্ৰী লাভ কৰিলে। ১৯২২ খৃষ্টাব্দত তেওঁ আইন বিষয়ত উত্তীৰ্ন হয়। ১৯২৩ খৃষ্টাব্দত তেওঁ ডি. এচ. চি ডিগ্ৰীও সমাপ্ত কৰিলে। তাৰ পিছত তেওঁ এল. এল ডি, আৰু ডি লিট উপাধি আৰ্জন কৰিলে। আধৰুৱা শিক্ষা সমাপ্ত কৰি তেওঁ এইবাৰ ভাৰতলৈ আহি বোম্বাই হাইকোৰ্টতে বেৰিষ্টাৰ হিচাপে স্বাধীন ব্যৱসায় ওকালতি কৰিবলৈ ললে। ইয়াতো তেওঁক জাতিকুলৰ ভেদভাবে পিছ এৰা নাছিল। বৰং মানুহে তেওঁক উপহাস কৰি গৰীবৰ ব্যাৰিষ্টাৰ ৰ হে বুলিছিল। ১৯২৪ খৃষ্টাব্দত বঞ্চিত সকলক তেওঁলোকৰ পাপ্য স্বাস্থ্য, সম্পদ, সংস্কৃতি , সন্মান আদিৰ বাবে সংগ্ৰামত ব্ৰতী হল। ১৯২৬ খৃষ্টাব্দত তেওঁ এম. এল. এৰ বাবে মনোনয়ন দিছিল। ১৯২৭ খৃষ্টাব্দত তেওঁ মহাৰ পৰিষদ গঠন কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। ১৯৩০ খৃষ্টাব্দৰ ৩ মাৰ্চত মন্দিৰত সোমোৱাৰ অধিকাৰ বিচাৰি কলাৰাব মন্দিৰৰ সন্মুখত সত্যাগ্ৰহ কৰিছিল। ১৯৩৬ চনত তেওঁ স্বতন্ত্ৰ শ্ৰমিক পাৰ্টি গঠন কৰি, ১৯৩৭ চনত বম্বে বিধান সবাৰ এম. এল.এ নিৰ্বাচিত হয়। ১৯৪২ খৃষ্টাব্দত তেওঁ সৰ্বভাৰতীয় অনুসূচীত জাতি ফেডাৰেছন গঠন কৰিছিল আৰু পিছলৈ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাট গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী নিযুক্ত হয়। ১৯৪৫ খৃষ্টাব্দত তেওঁ মানৱ শিক্ষা সমাজ গঠন কৰিলে। ১৯৪৬ চনত ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ১৯৪৭ খৃষ্টাব্দৰ ২৯ আগষ্টত সংবিধানৰ খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি নিৰ্বাচিত হৈ স্বাধীন ভাৰতৰ নতুন সংবিধান ৰচনা কৰিছিল। ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেওঁ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম আইন মন্ত্ৰী নিযুক্ত হৈছিল। ১৯৫২ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ১৯৫৫ চনত তেওঁ বুদ্ধিষ্ট ছোচাইটি অৱ ইণ্ডিয়া গঠন কৰে। ১৯৫৬ চনত তেওঁ নাগপুৰত ৰাজহুৱা বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।\nWho were the Shudras And how come to be the fourth Varna in the Indo-Aryan Society.\nThe Buddha and His Dharma.\nThe ICCU id TO0V670314 is not valid.\n"https://as.wikipedia.org/w/index.php?title=ভীমৰাও_ৰামজী_আম্বেদকাৰ&oldid=271047"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ১৪ এপ্ৰিল, ২০২১ তাৰিখে ০৭ঃ০৬ বজাত অন্তিম সংশোধন কৰা হৈছিল।
63a52e3589a1ad4442e15186a48b70c5c6882eaf0e35136f8bd3990962444c49
চিকিৎসক থকাৰ পিছোতো চিকিৎসা অবিহনে ৰোগীক ওভতাই পঠোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আহত লোকজনক লৈ অহা লোকেজনে চিকিৎসক বিচাৰ খোচাৰ কৰাত এজন স্বাস্থ্য কৰ্মীয়ে কোৱাটাৰত চিকিৎসকজন থকা বুলি জানিবলৈ দিয়ে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
18e8d270dd653e66098ed7e4111073d80cb7679caadc8f101076ee721483c22a
অসমবাসীৰ বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তথা চূড়ান্ত খচৰা আজি প্ৰকাশ পালে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আয়োজন কৰা সংবাদমেলত দেশৰ মহাপঞ্জীয়ক ড০ শৈলেশ আৰু উত্তৰ-পূবৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ উপস্থিতিত চূড়ান্ত খচৰা প্ৰকাশৰ কথা ঘোষণা কৰা হয়। দেশৰ মহা পঞ্জীয়ক ড০ শৈলেশে সংবাদমেল সম্বোধন কৰি অসমবাসীক ধন্যবাদ জনায়। তেওঁ লগতে এন আৰ চিৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰীকো তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনায়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে সৰ্বমুঠ ৩ কোটি ২৯ লাখ ৯১হাজাৰ ৩৮৪ জন লোকে আবেদন কৰিছিল। ইয়াৰে ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জন লোকৰ নাম পূৰ্ণাংগ খচৰাত অন্তৰ্ভুক্ত হৈছে। আনহাতে, পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০ লাখ ৭ হাজাৰ ৭০৭ জনৰ নাম। ইয়াৰ ভিতৰত ২ লাখ ৪৮ হাজাৰ আছে ডি-ভোটাৰ। 'অ মোৰ আপোনাৰ দেশ' জাতীয় সংগীতেৰে আৰম্ভ কৰা সংবাদমেলখনত মহাপঞ্জীয়কে প্ৰকাশ কৰিছে যে এই তালিকাৰ ভিত্তিত কাকো ডিটেনশ্যন কেম্পলৈ পঠিওৱা নহয় অথৱা ইয়াৰ ভিত্তিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। তদুপৰি, যিসকলৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক ব্যক্তিগতভাৱে পত্ৰ দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে। আনহাতে, ভিডিঅ' কনফাৰিন্সিঙৰ জৰিয়তে আজি অসমৰ বিভিন্ন জিলাত খচৰা প্ৰকাশ কৰা হয়। এন আৰ চি প্ৰস্তুতৰ প্ৰক্ৰিয়াটোত ১২২০ কোটি টকা ব্যয় কৰা হৈছে বুলিও সদৰী কৰা হৈছে সংবাদমেলত। ইপিনে কচৰাত নাম নথকাসকলে অহা ৭ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰলৈ এন আৰ চি সেৱা কেন্দ্ৰ সমূহত ওজৰ আপত্তি দৰ্শাব পাৰিব। আনহাতে, যিসকলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰিলে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব সেয়া পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে মহাপঞ্জীয়কগৰাকীয়ে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f2d500d981a310ab43b646d274f9f84136e633042998703b6fcf96bc5e9291e6
আজিৰ খবৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ : ড্ৰাইভিং লাইচেঞ্চ নথকা সকলৰ বাবে সুখবৰ । লাইচেঞ্চ বিচাৰি এতিয়াৰ পৰা ডি টি অ অফিচলৈ তাঁত বাতি কৰিব নালাগে । এতিয়াৰে পৰা ঘৰতে পৰীক্ষা দি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ। ঘৰতে বহি কৰিব পাৰিব ড্ৰাইভিং লাইছেঞ্চৰ সকলো কাম। অসম চৰকাৰৰ পৰিৱহণ নিগমৰ অধীনত 'অনলাইন লার্ণার্চ লাইচেন্স প্রাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেছ এপ'ৰ উন্মোচন কৰি এই কথা সদৰি কৰিছে পৰিৱহণ নিগমে । সাধাৰণ মানুহে কোনো দালাল শ্ৰেণীৰ জৰিয়তে লাইচেঞ্চৰ কাম কৰিব নালাগে তাৰ বাবে পৰিবহণ বিভাগে এই বিশেষ সুবিধা কৰা হৈছে। আজিৰে পৰা লাভ কৰিব এই বিশেষ সেৱা। ডি টি অ অফিচ নোযোৱাকৈ ঘৰৰে পৰা পৰীক্ষা দি লাভ কৰিব পাৰিব অনলাইন লাইচেঞ্চ। এপৰ জৰিয়তে ড্ৰাইভিং লাইচেঞ্চৰ বাবে ঘৰৰ পৰাই মোবাইলতে কৰিব পাৰিব আৱেদন। যিকোনো জিলা পৰিবহন কার্যালয়তে বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণ কৰিব পাৰিব।অন্যহাতে অসমত পঞ্জীয়ন কৰা যান-বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণৰ বাবে লোৱা হৈছে এই ব্যৱস্থা। ইতিমধ্যে এনে পদক্ষেপৰ বাবে বিভিন্নজনে পৰিবহণ বিভাগ শলাগ লৈছে ।
0bc6acedf9ce8a05a8d8abf5ff2c599d8fe34467796a884bd572755f5d6ed5bd
প্ৰকৃত যীশু গীৰ্জা বা সত্য যীশু গীৰ্জা (The True Jesus Church) ১৯১৭ চনত চীন দেশত প্ৰতিষ্ঠা হোৱা এটি স্বাধীন প্ৰটেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহান বাণীসমূহ প্ৰচাৰ কৰা। পদ প্ৰক্ষালন - পদপ্ৰক্ষালন কাৰ্য্যৰ জৰীয়তে ব্যক্তি প্ৰভু যীশুৰ লগত একাত্ম হয়। লগতে ই মানুহৰ থাকিবলগীয়া প্ৰেম, পৱিত্ৰতা, নম্ৰতা, দয়া আৰু সেৱাৰ ভাৱৰো নিৰন্তৰ স্মাৰক। জলদীক্ষাত দীক্ষিত ব্যক্তিয়ে প্ৰভু যীশুখৃষ্টক স্মৰণ কৰি পদপ্ৰক্ষালন কৰা বাঞ্ছনীয়। উপযুক্ত ক্ষেত্ৰত পাৰস্পৰীক পাদ্যাৰ্ঘদান কাৰ্যও যথাসম্ভৱ পালনীয়। চাবাথ বা প্ৰাৰ্থণা দিৱস - সপ্তাহৰ সপ্তম দিনটো অৰ্থাৎ শণিবাৰক, পবিত্ৰ দিন বুলি গণ্য কৰা হয়। এই দিনা ভগবানৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰা হয়। ভগবানৰ বিপুল সৃষ্টিৰ কাৰণে সন্মান আৰু ধন্যবাদ জনাই আৰু মোক্ষলাভ আৰু মহাপৰিনিৰ্বানৰ আগ্ৰহ কৰি এই উপাসনা কৰা হয়। যীশু খ্ৰীষ্ট - যীশু খ্ৰীষ্ট, যি ভগৱানৰ ৰক্ত-মাংসৰ অৱতাৰস্বৰূপ, যি পাপীৰ পৰিত্ৰাণৰ কাৰণে কাৰণে ক্ৰচবিদ্ধ হৈ জীৱন উচৰ্গিলে, তৃতীয় দিনা যাৰ পুনৰোত্থান হ'ল আৰু মহাপৰিনিৰ্বান লভিলে। তেওঁৱেই মানবৰ একমাত্ৰ ত্ৰাতা, পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টিকৰ্তা আৰু পৰম বিদ্যমান ভগবান। পবিত্ৰ বাইবেল - নতুন আৰু পুৰণি- দুই স্কন্ধত সংকলিত এই পবিত্ৰ বাইবেল গ্ৰন্থ ভগৱৎ-প্ৰণীত অদ্ৱৈত সত্য আৰু খ্ৰীষ্টীয় পন্থাৰ জীৱন যাপনৰ বিধান। পৰিত্ৰাণ - ভগৱৎ বিশ্বাসে পাপৰ পৰা পৰিত্ৰাণ কৰে। আস্থাবানজনে ভগৱৎপ্ৰাপ্তিৰ উদ্দেশ্যে পৰমাত্মাত আশ্ৰয় লয়, ভগবানক সন্মান কৰে আৰু মানুহক ভাল পায়। গীৰ্জা - অধৰ্ম নাশ কৰাৰ উদ্দেশ্যে ভগৱান যিশু খ্ৰীষ্টই স্থাপন কৰা এপষ্টিলিক সময়ৰ প্ৰকৃত পুনৰুজ্জীৱিত গীৰ্জা। চূড়ান্ত বিচাৰ - পৃথিবীক বিচাৰ কৰিবলৈ ভগৱানে দ্ৱিতীয় অৱতাৰ ধাৰণ কৰিব - দুষ্টক দমন আৰু শান্তক পালনৰ উদ্দেশ্যে। ↑ 'Repent, and be baptized every one of you in the name of Jesus Christ for the forgiveness of your sins' (Acts 2:38) ৱিকিমিডিয়া কমন্সত True Jesus Church সম্পৰ্কীয় মিডিয়া ফাইল আছে। এই পৃষ্ঠাখন ২৩ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে ১৬ঃ৫১ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
50dbc0f95c1a27d8eb275f0d55d346bac3e0cb4553b335cac2f0020753e9d6c7
কালি জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰ পিছত আজি কোকৰাঝাৰত উপস্থিত হয় বিজেপিৰ আনগৰাকী শীৰ্ষ নেতা গৃহমন্ত্ৰী অমিত শ্বাহ। ভীষণ কুঁৱলীৰ হেলিকপ্টাৰৰ অৱতৰণত অসুবিধা থকা বাবে মন্ত্ৰীগৰাকী নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ উপস্থিত হয় কোকৰাঝাৰৰৰ গ্ৰীন ফিল্ডত। জনগণৰ বিপুল আদৰণিৰ মাজেৰে মঞ্চলৈ আগবঢ়াই অনা অমিত শ্বাহক আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি আন ৰাজ্যিক নেতাবৃন্দই। বিটিআৰ চুক্তিৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰত আজিৰে পৰা ২৭ জানুৱাৰীলৈ অনুষ্ঠিতব্য কাৰ্যসূচীত দেশৰ গৃহমন্ত্ৰীৰ উপস্থিতিয়ে আনন্দিত কৰে বিটিআৰ বাসীক। ভাষণ প্ৰসংগত অমিত শ্বাহে উল্লেখ কৰে যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰচেষ্টাতে বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু ই চিৰদিন প্ৰৱাহিত হৈ থাকিব।
9a9c9b26a734eae9b9c926a5da7e54940b5544de72939de1b8ba206e165ed34c
দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্য্যালয়ত এখন কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। সভাত সভাপতি অতুল বৰাৰ লগতে অসম যুৱ পৰিষদ আৰু মহিলা পৰিষদৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। সভাত সমাগত পৌৰ সভাৰ নিৰ্বাচন আৰু বিধান সভা নিৰ্বাচনৰ বাবে ভবিষ্যত কৰ্মপন্থাৰ লগতে কিদৰে অগপৰ ভেটি সুদৃঢ় কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়। সভাত সভাপতিত্ব কৰি অতুল বৰাই অসমৰ ৮৪ টা সমষ্টিত অগপৰ শিপা আছে আৰু সেই শিপাক মজবুত কৰাৰ বাবে প্ৰতিটো সমষ্টিত ক্ষীপ্ৰতাৰে কাম কৰা হ'ব বুলি মত প্ৰকাশ কৰে। বৰাই দলীয় প্ৰতিনিধি সকলক ৮৪ টা সমষ্টিত সাংগঠনিক ভেটি টনকিয়াল কৰাৰ উদ্দেশ্যে এই সভা আহ্বান কৰা হৈছে বুলি উল্লেখ কৰি কি জটিল পৰিস্থিতিত দলৰ দায়িত্ব মূৰ পাতি লব লগা হৈছে এয়া ৰাইজে জানে বুলি কয়। "নিষ্ঠাবান কৰ্মীসকলৰ বাবে মুকলি আকাশত উৰি আছে অগপৰ পতাকা তেখেত সকলৈ চ্যেলুট" অতুল বৰাই কয়। "অসম উপকৃত হৈছে, বহুতে অসম নামৰ ৰাজ্য খনৰ কথা গম পাইছে," অগপৰ সভাপতি গৰাকীয়ে লগতে কয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a13191f0a0005eb3d1009c50e07d9eda71945e69b08df8d87c8643f3bcacbdd2
অসমৰ মাছ - অসমীয়া ৱিকিপিডিয়া\nঅসমৰ নদ-নদী, খাল-বিল, পুখুৰী, জলাশয় আদি বিভিন্ন ধৰণৰ সৰু বৰ মাছেৰে ভৰপূৰ।\n1 মাছৰ প্ৰকাৰ\n2 মাছৰ অৱস্থিতি, প্ৰৱজন আৰু প্ৰজনন\n3 উৎপাদন আৰু বিতৰণ\n5 মাছ ধৰা থলুৱা সঁজুলিসমূহঃ\n5.1 খেৱালি জাল (আচ্ ৰা)\n5.2 টঙি জাল\n5.3 ফাঁচি জাল\nমাছৰ প্ৰকাৰ[সম্পাদনা কৰক]\nবাকলি থকা ডাঙৰ মাছৰ ভিতৰত সচৰাচৰ পোৱা মাছবোৰ হ'ল- ৰৌ, বাহু, মিৰিকা, চিতল, মালি, ইলিচ, খৰীয়া, পিঠিয়া, শ'ল, শাল, শিলঘৰীয়া, নাদনী আদি। অলপ মজলীয়া আকাৰৰ মাছবোৰ হ'ল-ভাঙন, গৰৈ, চেঙা,চেঙেলী, বামী, তোৰা, গেদগেদী, কুচীয়া, বৰলীয়া, কলীয়াজৰা, কুঢ়ি, গঙাটোপ, কাৱৈ, মিছা, কান্ধূলি আদি। বাকলি নথকা ডাঙৰ মাছবোৰৰ ভিতৰত বৰালি, লিঠা, আৰি, কচ, নেৰীয়া আদি দেখিবলৈ পোৱা যায়। মজলীয়া আকাৰৰ বাকলি নথকা মাছবোৰ হ'ল-মাগুৰ, শিঙি, শিঙৰা, পাভ, আদি। সৰু আকাৰৰ মাছবোৰ হ'ল পুঠি, খলিহনা, মোৱা, বটীয়া, চন্দা, পাটিমুতুৰা, মিছা মাছ , খালৈভাঙী, দনিকণা, চেলকণা, গেঠু, ৰাণী, আদি। বাকলি থকা মাছবোৰৰ কিছুমানৰ বাকলি ডাঙৰ ডাঙৰ আৰু কিছুমানৰ সৰু সৰু। বাকলি থকা মাছবোৰৰ ভিতৰত সৰু বাকলি থকা মাছবোৰৰ কাঁইট ডাঙৰ বাকলি থকা মাছতকৈ বেছি। বাকলি নথকা মাছৰ কাঁইট সাধাৰণতে কম। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ 'কাৰ্প' (carp)- কমন কাৰ্প, গল্ডেন কাৰ্প, গ্ৰাছ কাৰ্প, বিগ হেড ক্ৰাপ, আদি মাছো বৰ্তমান অসমৰ পুখুৰীসমূহত দেখিবলৈ পোৱা যায়।\nঅসমত পোৱা কিছুমান মাছৰ পোনা অৱস্থাৰপৰা প্ৰাপ্তবসয়স্ক হোৱালৈকে একেটা মাছৰে বিভিন্ন ধৰণৰ নাম দেখা যায়। যেনে- মৰঠী> বান্দৰহতীয়া চেনি> চেনি; শ'লপোনা> শ'লঠাৰি> পকা শ'ল; কান্ধূলি ফৰিঙা> কান্ধূলি; খৰিয়া> চিতল; বৰালি চিটিকা> ম'হৰশিঙীয়া বৰালি> বৰালি> ৰাঘ বৰালি আদি।\nমাছৰ অৱস্থিতি, প্ৰৱজন আৰু প্ৰজনন[সম্পাদনা কৰক]\nউৎপাদন আৰু বিতৰণ[সম্পাদনা কৰক]\nঅসমত মীন পালনৰ প্ৰচুৰ সম্ভাবনা থকা সত্ত্বেও অসমৰ মাছৰ উত্পাদন চাহিদা অনুসাৰে পৰ্যাপ্ত নহয়। অসমৰ নদী-বিল, ফিচাৰী, পুখুৰী আদিৰে মুঠতে প্ৰায় ৩.৯১ লাখ হেক্টৰ পানীৰে আৱৰি আছে। বৰ্ষিয় গণনা মতে ২০০৯-১০ বৰ্ষত মাছৰ মুঠ উৎপাদন আছিল ২১৮ হাজাৰ টন। উৎপাদিত মাছসমূহ সাধাৰণতে থলুৱা বজাৰতে বিক্ৰী কৰা হয়। বৰ্তমান বিভিন্ন থলুৱা মাছৰ সংখ্যা দিনে দিনে কমি আহিছে। ইয়াৰ প্ৰধান কাৰণ হিচাপে কব পাৰি যে খৰালি সৰু সৰু নদীসমূহৰ পানী কমি যোৱাৰ পাছত বহুতে নদীত বিহ দি মাছ ধৰে। ইয়াৰ ফলত বহুত মাছ অযথা মৃত্যুমুখত পৰি নষ্ট হয়। তদুপৰি চৰকাৰে কণী পাৰিবৰ সময়ত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিলেও চোৰাংকৈ এই কাম চলি থাকে। বৰ্তমান সেয়ে মাছৰ আমদানিৰ বাবে অসম অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আদি ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল।\nমাছবোৰৰ আকাৰৰ ধাৰণাটো ছবি তোলা মাছটোৰ আকাৰৰ আধাৰত দিয়া হৈছে। এই ধাৰণাটো সেই শ্ৰেণীটোৰ এটা গড় ধাৰণা বুলিব পাৰি।\nবৰালি, দৈঘ্য প্ৰায় ৩৫ ইঞ্চি\nমিৰিকা, দৈঘ্য প্ৰায় ২৫ ইঞ্চি\nকাঁচিতোৰা,কাই-বাই,কেঠাশিয়া, দৈঘ্য প্ৰায় ৯/১০ ইঞ্চি\nবাঁহপতীয়া বা কাজলি পাভ, দৈঘ্য প্ৰায় ১০/১১ ইঞ্চি\nৰান্ধনি, দৈঘ্য প্ৰায় ৪/৫ ইঞ্চি\nবটীয়া, দৈঘ্য প্ৰায় ৬/৭ ইঞ্চি\nবাহু, দৈঘ্য প্ৰায় ২৭ ইঞ্চি\nবগী ভাঙন, দৈঘ্য প্ৰায়১১/১২ইঞ্চি\nকুঢ়ি, প্ৰায় ১৩/১৪ ইঞ্চি\nচিতল, দৈঘ্য প্ৰায় ৩৫ ইঞ্চি\nপুঠি, দৈঘ্য প্ৰায় ৪/৫ ইঞ্চি\nনেৰীয়া দৈঘ্য প্ৰায় ১৭ ইঞ্চি\nনাদনী, দৈঘ্য প্ৰায় ২২ ইঞ্চি\nমালি, দৈঘ্য প্ৰায় ২০ ইঞ্চি\nশিঙৰা, দৈঘ্য প্ৰায় ৫/৬ ইঞ্চি\nখলিহনা, দৈঘ্য প্ৰায় ৪/৫ ইঞ্চি\nচন্দা, দৈঘ্য প্ৰায় ৩/৪ ইঞ্চি\nমোৱা, দৈঘ্য প্ৰায় ২/৩ ইঞ্চি\nকান্ধূলি, দৈঘ্য প্ৰায় ৯/১০ ইঞ্চি\nকলিয়াজৰা, দৈঘ্য প্ৰায় ১০ ইঞ্চি\nপাটিমুটুৰা, দৈঘ্য প্ৰায় ৩/৪ ইঞ্চি\nমাগুৰ, দৈঘ্য প্ৰায় ১০/১১ ইঞ্চি\nকুচিয়া, দৈঘ্য প্ৰায় ২৬/২৭ ইঞ্চি\nবিগহেড, দৈঘ্য প্ৰায় ২২ ইঞ্চি\nবৰলিয়া, দৈঘ্য প্ৰায় ৫/৬ ইঞ্চি\nচেলকণা, দৈঘ্য প্ৰায় ৭/৮ ইঞ্চি\nগ্ৰাছ কাৰ্প, দৈঘ্য প্ৰায় ২৭ ইঞ্চি\nচেং/চেঙা, দৈঘ্য প্ৰায় ১০/১১ ইঞ্চি\nচেনিপুঠি, দৈঘ্য প্ৰায় ৯/১০ ইঞ্চি\nমিছা মাছ- অৰ্থাৎ মাছ নহয়, মিছা মাছ মাছৰ শ্ৰেণীত নপৰে বাবে মিছা মাছ বোলা হয়, অসমীয়া খাদ্য তালিকাত ই মিছা মাছ হিচাবেই অন্তৰ্ভুক্ত\nমাছ ধৰা থলুৱা সঁজুলিসমূহঃ[সম্পাদনা কৰক]\nব্ৰহ্মপুত্ৰৰ বুকুত মাছমৰীয়াৰ নাও, মাছঘাট, উজান বজাৰ\nখেৱালি জাল (আচ্ ৰা)[সম্পাদনা কৰক]\nমাছ ধৰিবৰ বাবে পানীলৈ দলিয়াই দিয়া এখন খেৱালি জাল\nহাতেৰে বহলকৈ মেলি পানীলৈ দলিয়াই দিয়া হয়। পিছত লাহেকৈ পাৰলৈ চপাই আনোতে জালৰ মূৰত থকা সৰু সৰু জেপবোৰত মাছবোৰ লাগি ধৰে।\nটঙি জাল[সম্পাদনা কৰক]\nজালখন টঙিৰে বহলকৈ মেলি পানীত পাতি থোৱা হয়। মাজে মাজে পানীৰপৰা দাঙি জালত উঠা মাছবোৰ ধৰা হয়। কেতিয়াবা এনে জালত তুঁহগুৰিৰ লাৰু একোটাও দিয়া হয়।\nফাঁচি জাল[সম্পাদনা কৰক]\nপানীৰ সোঁত বৈ থকা অঞ্চলত পাতি থোৱা হয়। জালত মাছবোৰ ফাঁচ খাই লাগি ধৰে।\nতিনিকোণীয়া মাছ ধৰা বাঁহৰ সঁজুলি। বিশেষকৈ তিৰোতা আৰু গাভৰুসকলে ইয়াৰ ব্যৱহাৰ বেচিকৈ কৰে। পানীৰ মাজেদি চলাই চলাই ওপৰলৈ দাঙি দাঙি মাছ ধৰা হয়।\nক্ষুদ্ৰ প্ৰতিকৃতি সৃষ্টি কৰাত অসুবিধা হৈছেঃ\nপানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়।\nবাঁহৰ সঁজুলি। জুলুকিতকৈ বহল। ওখ প্ৰায় ২ ফুট। পল সাজিৰ বাবে প্ৰথমে বাঁহৰ কাঠি গোল গোলকৈ চাঁচি লোৱা হয়। তাৰ পাছত কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয়। এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয়। ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ৯ ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ৩৫ ছে.মি.। ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয়। পলৰে সাধাৰণতে ডাঙৰ মাছ চাব মাৰি মাছ ধৰা হয়। পলৰে মাছ ধৰিবৰ বাবে বহুতো লোক একেলগে নদী বা বিলত নামে আৰু পলৰে ইফালে সিফালে চাব মাৰে। এনেদৰে চাব মাৰি ফুৰোতে কোনোবা পাকত ডাঙৰ মাছ পলটোৰ মাজত সুমুৱাই পৰে।\nমাছ থোৱা বাঁহৰ সঁজুলি। দেখিবলৈ কলহটোৰ দৰে, পেটটো পেতুৱা আৰু মুখখন সৰু।\nলো-ৰ আঁকুটা লগা মাছ ধৰা সঁজুলি।\nদীঘল মাছ ধৰা বাঁহৰ সঁজুলি। মুখখন বহল পিছলৈ ঠেক, দীঘল(১০০/১১০ ছে.মি.) আৰু বন্ধ। পানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়। মাছবোৰ সোঁতৰ কোবত খোকাৰ বহল মুখখনৰে সুমুৱাই পিছৰ ঠেক অংশত লাগি ধৰেগৈ।\nবাঁহৰ কাঠিৰে এবিধ ঠেক মাছ ধৰা যতন।\nৱিকিমিডিয়া কমন্সত অসমৰ মাছ সম্পৰ্কীয় মিডিয়া ফাইল আছে।\nৱিকিমিডিয়া কমন্সত অসমৰ মাছধৰা সঁজুলি সম্পৰ্কীয় মিডিয়া ফাইল আছে।\n"https://as.wikipedia.org/w/index.php?title=অসমৰ_মাছ&oldid=258208"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ০৭ জানুৱাৰী, ২০২১ তাৰিখে ২২ঃ৫০ বজাত অন্তিম সংশোধন কৰা হৈছিল।
36a11ce31778898dcb19a8cc8cd79d9195d0291a9eb23fc06e2569662c01c24c
চহিদ আকাশ বৰুৱা সমাধিক্ষেত্ৰৰ পৰা ডিমৌলৈ প্ৰায় ৬ কিলোমিটাৰজোৰা পথত হোৱা প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচীত সদৌ টাই আহোম ছাত্র সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আদিবাসী ছাত্র সন্থা, আৰু অসমীয়া যুৱ মঞ্চৰ বহু নেতা কৰ্মীয়ে এই বিতৰ্কিত বিধেয়কৰ বিৰোধিতাৰে ৰাজপথ উত্তাল কৰি তোলে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
3d9adf8f2aded6632da319f862cfa5450aaf6ab9bf21ba57bb7ad8d93ef90d11
২০২১-২২ বৰ্ষত সমগ্ৰ দেশতে ন্যায়িক জিম্মাত ২,১৫২ জন লোকৰ মৃত্যু হৈছে। সেইদৰে আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে ১৫৫ জন লোকৰ। এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। মানৱ অধিকাৰ আয়োগৰ এই তথ্য মঙলবাৰে লোকসভাত অৱগত কৰা হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে উত্তৰ প্ৰদেশত ২০২১-২২ বৰ্ষত ফেব্ৰুৱাৰী লৈকে ন্যায়িক জিম্মাত সৰ্বাধিক ৪৪৮ জন লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে। আনহাতে মহাৰাষ্ট্ৰত বিগত বৰ্ষত আৰক্ষীৰ জিম্মাত সৰ্বাধিক ২৯ জন লোকৰ মৃত্যু হৈছে বুলি সংসদত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ২০২১-২২ বৰ্ষত এনেদৰে জিম্মাত মৃত্যুৰ ১৩৭ টা গোচৰৰ ক্ষেত্ৰত মুঠ ৪.৫৩ কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছিল বুলি মন্ত্ৰী ৰায়ে এক লিখিত প্ৰশ্নৰ উত্তৰত কয়। মন্ত্ৰী গৰাকীয়ে কয় যে, ২০২১-২২ বৰ্ষত ন্যায়িক জিম্মাত ২,১৫২ টা মৃত্যুৰ ঘটনা ঘটিছিল। যোৱা পাঁচ বছৰত জিম্মাত মৃত্যু হোৱা মাত্ৰ ২১ টা গোচৰৰ ক্ষেত্ৰত অনুশাসনমূলক ব্যৱস্থা লোৱা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। গৃহ মন্ত্ৰালয়ে সদৰি কৰা আয়োগৰ তথ্য অনুসৰি ২০২০-২১ বৰ্ষত সমগ্ৰ দেশত ন্যায়িক জিম্মাত ১,৮৪০ টা, ২০১৯-২০ বৰ্ষত ১,৫৮৪ টা, ২০১৮-১৯ বৰ্ষত ১,৭৯৭ টা, ২০১৭-১৮ বৰ্ষত ১,৬৩৬ টা আৰু ২০১৬-১৭ বৰ্ষত ১,৬১৬ টা মৃত্যুৰ ঘটনা ঘটিছিল। সেইদৰে ২০২০-২১ বৰ্ষত আৰক্ষীৰ জিম্মাত মৃত্যুৰ ঘটনাৰ সংখ্যা আছিল ১০০, ২০১৯-২০ বৰ্ষত ১১২ টা, ২০১৮-১৯ বৰ্ষত ১৩৬ টা, ২০১৭-১৮ বৰ্ষত ১৪৬ টা আৰু ২০১৬-১৭ বৰ্ষত ১৪৫ টা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
83a9090f3b37424a89dcdb466573ed2814ecaca63b5974c036fcf9b84d94cdf1
ইজৰাইলত বেঞ্জামিন নেতান্যাহুৰ ১২ বছৰীয়া শাসন পৰিক্ৰমাৰ অন্ত পৰিল। দেওবাৰে ইজৰাইলৰ সংসদে নতুন মৰ্চা চৰকাৰত অনুমোদন জনালে। দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ৪৯বছৰীয়া নাফতলি বেনেটে। নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা বেনেটৰ সন্মুখৰ পথ মসৃন নহয়। কিয়নো তেওঁ ৰাজনৈতিকভাৱে সোঁপন্থী, বাঁওপন্থী তথা মধ্যমপন্থী দলক লৈ গঠিত মৰ্চা চৰকাৰখনক বৰ্তাই ৰখাৰ আছে বৃহৎ প্ৰত্যাহ্বান। দেওবাৰেই বেনেটৰ সন্মুখত যে কঠিন প্ৰত্যাহ্বান আছে সেয়া স্পষ্ট হৈ পৰিছে। সংসদত ৬০-৫৯টা ভোটৰ ব্যৱধানত বিজয়ী হৈ প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ সুযোগ পাইছে নেতান্যাহুৰ পূৰ্বৰ চীফ অফ ষ্টাফগৰাকীয়ে। তেওঁৰ দলটো ইহুদীসকলৰ লগতে ৱেষ্ট বেংকৰ বাসিন্দাসকলৰ মাজত বহু জনপ্ৰিয়। আনহাতে, দেওবাৰে দুবছৰীয়া ৰাজনৈতিক সংকটৰ সাময়িকভাৱে অৱসান ঘটিল। এই সময়ছোৱাৰ ভিতৰত ইজৰাইলত মুঠ চাৰিবাৰ ভোট হৈছে। প্ৰধানকৈ নেতান্যাহুৰ বিভাজনকামী শাসন তথা দুৰ্নীতিৰ অভিযোগৰ মাজত চৰকাৰ চলোৱাৰ নৈতিক অধিকাৰক লৈ সেই ভোট হৈছিল। ইপিনে, দেওবাৰে ক্ষমতাৰ পৰা আঁতৰিল যদিও ৭১ বছৰীয়া নেতান্যাহুৱে স্পষ্ট কৰি দিছে যে তেওঁ ক্ষমতা হেৰুৱালেও ৰাজনীতি ত্যাগ কৰাৰ কোনো সম্ভাৱনা নাই। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
9ae1f1b8adeee09df7ba26885ed9f6179243399b93addc84093a2c91c8e1b7a5
বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বিচাৰ কৰে যে বিবাহৰ প্ৰতিশ্ৰুতিৰে দীঘলীয়া সময় ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰা কাৰ্যই বলাৎকাৰ নুবুজায়। বিবাহৰ প্ৰতিশ্ৰুতিৰে দীঘলীয়া সময় যৌন সম্পৰ্ক স্থাপন কৰা কাৰ্যই বলাৎকাৰ নুবুজায়। এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত বলাৎকাৰৰ অভিযোগ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে এই ৰায় দিয়ে। দিল্লী উচ্চ ন্যায়ালয়ৰ বিবেচনা মতে, "অনিৰ্দিষ্টকাললৈ চলি থকা যৌন সম্পৰ্কৰ ক্ষেত্ৰত বিবাহক লক্ষ্যপ্ৰাপ্তি হিচাপে ল'ব নোৱাৰি।" ন্যায়াধীশ বিভু বখৰুৱে কয় যে, কিছু ক্ষেত্ৰত বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত মানুহে যৌন কাৰ্যত লিপ্ত হয়। অৱশ্যে এই ধাৰণা দীঘলীয়া সময় ধৰি চলি থকা নিবিড়তাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব নোৱাৰি। আদালতে কয়,"কিছু ক্ষেত্ৰত বিবাহৰ প্ৰতিশ্ৰুতিয়ে কোনো পক্ষক যৌন সম্পৰ্ক অনিচ্ছাস্বত্তেও প্ৰতিষ্ঠা কৰিবলৈ বাধ্য কৰিব পাৰে। অস্বীকাৰ কৰিবলৈ মন থকাৰ পিছতো কোনো ব্যক্তিয়ে এনে প্ৰতিশ্ৰুতিৰ কাৰণে ক্ষন্তেকীয়া সম্পৰ্কত লিপ্ত হ'ব পাৰে।" বলাৎকাৰৰ গোচৰৰ পৰা ব্যক্তিজনক ৰেহাই দি ক'ৰ্টে এই ৰায় দিয়ে। উচ্চ ন্যায়ালয়ে লগতে কয় যে... in cases of false promise to marry, the other party may "vitiate consent and, thus, constitute an offence of rape under Indian Penal Code section 375" (বিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে সম্পৰ্ক স্থাপন কৰিলে এটা পক্ষই ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ধাৰাৰ অধীনত বলাৎকাৰৰ গোচৰ ৰুজু কৰিব পাৰে। অৱশ্যে দীঘলীয়া সময়ৰ কাৰণে নিবিড় সম্পৰ্কক বলাৎকাৰ আখ্যা দিব পৰা নাযায়।) টাইমছ ইণ্ডিয়াত প্ৰকাশ পায় এই বাতৰি। উল্লেখ্য যে দিল্লী হাইক'ৰ্টৰ সেই বলাৎকাৰৰ গোচৰটোত ব্যক্তিজনৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ কৰিছিল। তেওঁ ক'ৰ্টত কৈচিল যে ২০০৮চনত ব্যক্তিজনৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক হৈছিল আৰু ইয়াৰ চাৰি মাহ পিছত মানুহজনে বিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে তেওঁৰ সৈতে পলাই গৈছিল। ইয়াৰ পিছত প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কাৰণে মহিলাগৰাকীয়ে ব্যক্তিজনৰ বিৰুদ্ধে বলাৎকাৰৰ গোচৰ তৰে কিন্তু আদালতে তেওঁক নিৰ্দোষ ঘোষণা কৰে।
0f8842231487bc244366d4117feb78c02524a4b78987f9beca3c185db2e90133
কৰিমগঞ্জ জিলাত থকা সীমান্ত সুৰক্ষা বল (বি এছ এফ)ৰ শিবিৰত দেওবাৰে এজন জোৱানে আত্মহত্যা কৰাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাটো সংঘটিত হৈছে কৰিমগঞ্জস্থিত বি এছ এফৰ ৭ নং বেটেলিয়নৰ শিবিৰত। আত্মহত্যা কৰা জোৱানজন উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বিনোদ কুমাৰ গুপ্তা (৪০) বুলি জানিব পৰা গৈছে। জোৱানজন ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত হৈ আছিল। ঘটনা সন্দৰ্ভত শিবিৰটোৰ ডেপুটি কমান্ডেণ্টে জানিবলৈ দি কয় যে জোৱানজনে এডাল গছত চিপ লৈ আত্মহত্যা কৰা বুলি জনাৰ পিছতেই স্থানীয় আৰক্ষীক খবৰ দিয়া হয়। ঘটনাৰ খবৰ পোৱাৰ পিছতেই কৰিমগঞ্জ আৰক্ষী থানাৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা যায়। এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে আমি কোনো ধৰণৰ চুইচাইড নোট উদ্ধাৰ কৰা নাই আৰু তদন্ত অব্যাহত আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
c4f4ace9fbdf33e2ba3e90898c427989b72083c2e92dd3a60272a4bab81dc477
নিত্য ব্যৱহাৰ্য অত্যাৱকীয় খাদ্য সামগ্ৰীৰ ক্ৰমাৎ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল এজাক উচ্চ শিক্ষিত যুৱক।কিন্তু এই শিক্ষিত যুৱক সকল চৰকাৰৰ বিৰুদ্ধে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ নহয়,তেওঁলোক ওলাই আহিছে কৃষি কৰ্মৰ দ্বাৰা মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিবলৈ। উল্লেখ যে ৰাজ্যত প্ৰতিদিনে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা ইন্ধনজাত সামগ্ৰীৰ প্ৰতিদিনে আচৰ্যজনকভাৱে মূল্যবৃদ্ধি হ'বলৈ ধৰিছে।যাৰ বাবে ৰাজ্যৰ জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। Covid Update অ'মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ'ল কোভিডত; মৃত্যু কিমানৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
c68c0c029ea572974bbc9987386f7b2022bbcacfa351bf4a6a141b62e4b3c757
তেতিয়া প্ৰায় নিশা দুইমান বাজিছে , নিৰ্জন নিতাল পৰিৱেশ, হঠাৎ হুলস্থুল লাগিল । বট গছৰ(Banyan tree) তলত হেনো ভূত ওলাইছে ! গছজোপাৰ তলত শুই থকা ৪-৫ জনৰ কাৰোবাৰ ডিঙিত, কাৰোবাৰ বুকুত হেছি ধৰিছে .....। জেঠ মহীয়া গৰমৰ দিন, নিশা পহৰাৰ দায়িত্বত থকা গাওঁৰক্ষী বাহিনীৰ জোৱান কেইজনে চুবুৰিটোত কেইবা পাক মান ঘুৰি বাটৰ দাঁতিতে থকা প্ৰকাণ্ড বট গছজোপাৰ তলত জিৰণি লওঁতে টোপনি আহিল আৰু আটাইকেইজনে শুই পৰিল । সপোনত তেওঁলোকে দেখিলে যে তেওঁলোকৰ কাৰোবাৰ ডিঙিত চেপি ধৰিছে কাৰোবাৰ বুকুত হেছি ধৰিছে আৰু তেওঁলোকৰ উশাহ ল'ব নোৱাৰা অৱস্থা; সাৰপাই চিঞৰ বা বাখৰ কৰি আটাইকেইজনে ঘৰলৈ দৌৰ দিলে । সেই দিনাৰ পৰা নিশা বট গছজোপাৰ তললৈ মানুহ যোৱাৰ কাৰণে ভয় কৰা হ'ল আৰু বিভিন্ন উৰা বাতৰিৰ ফলত ঠাইখিনিৰ পৰিবেশ জয়াল হৈ পৰিল। জেউতি - দেউতা, এই ৰাতিখন কলৈ যোৱা, বট গছডালৰ ফালে নাযাব দেই ! দেউতা - কিয়, ঐ মাজনী ? জেউতি- তাত বোলে ভূত ওলায় ডিঙিত চেপি ধৰে ! দেউতা- হয় নেকি ? মইতো আজিলৈ ভূত দেখা নাই ! ভয়য়েই ভূত নেকি ? জিজ্ঞাস- নহয় দেউতা, ককাই কৈছে, খুৰাইও কৈছে তেওঁলোকে হেনো সঁচাকৈয়ে ভূত দেখিছে । দেউতা- নহয় ঐ , এইবোৰ একো একোটা অন্ধবিশ্বাস । জিজ্ঞাস - অন্ধবিশ্বাস নো কি ঐ দেউতা ,অন্ধ মানুহে কৰা বিশ্বাস নেকি ? দেউতা- নহয় ঐ, অন্ধৰ বিশ্বাস নহয় অন্ধবিশ্বাস, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক ,ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস । যেনে- ডাইনী হত্যা , ভুত-প্ৰেত ইত্যাদিৰ ওপৰত বিশ্বাস ..........। এতিয়া বৰগছজোপাৰ প্ৰকৃত ভূতটোৰ বিষয়ে কওঁ শুনা ।তোমালোকে বিজ্ঞানত পাইছানে যে গছ-গছনিবোৰেও উশাহ-নিশাহ লয় আৰু উশাহত অক্সিজেন গ্ৰহণ কৰি কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে ? জিজ্ঞাস- নহয়, দেউতা গছে কাৰ্বন-ডাই- অক্সাইড গ্ৰহণ কৰি অক্সিজেনহে এৰি দিয়ে । দেউতা- সেইটোও হয় । আচলতে উদ্ভিদে সালোক সংশ্লেষণ(Photosynthesis)ত কাৰ্বন-ডাই-অক্সাইড(Carbon dioxide) গ্ৰহণ কৰি শিপাৰ জৰিয়তে পোৱা পানী লৈ সূৰ্য্যৰ পৰা পোৱা পোহৰৰ সহায়ত পাতত আহাৰ প্ৰস্তুত কৰে আৰু ইয়াৰ লগতে উত্পাদন হোৱা অক্সিজেন বায়ুলৈ এৰি দিয়ে । কিন্তু গছডালো এবিধ জীৱহে সেয়ে সিহঁতে জীয়াই থাকিবৰ বাবে উশাহ নিশাহো লয় । তোমাৰ কিতাপত এইখিনিও পাবা ভালদৰে পঢ়ি ল'বা । জেউতি - হয়, দেউতা মই কিতাপত উদ্ভিদৰ শ্বসন(Respiration)ৰ বিষয়ে পাইছোঁ ।ভাইটিয়েই, কিতাপ মনোযোগেৰে নপঢ়ে ! দেউতা- তোমালোকে নিশ্চয় জানা যে সালোক-সংশ্লেষণৰ কাৰনে সূৰ্য্যৰ পোহৰৰ আৱশ্যক সেয়েহে ৰাতি সালোক-সংশ্লেষণ নহয় আৰু অক্সিজেনৰ উত্পাদনো বন্ধ হয় । কিন্তু অন্য জীৱৰ দৰে গছডালৰ উশাহ-নিশাহ চলি থাকে আৰু প্ৰকাণ্ড গছডালৰ উশাহ- নিশাহৰ কাৰনে অক্সিজেনৰ পৰিমাণো কমি গৈ থাকে আৰু নিশাৰ পিছফালে গছডালৰ তলত অক্সিজেনৰ অভাৱ হয় । জিজ্ঞাস - উদ্ভিদৰ সালোক-সংশ্লেষণ আৰু শ্বসনৰ লগত ভূতৰ কি সম্পৰ্ক,দেউতা ? দেউতা- সম্পৰ্কে আছে , কওঁ শুনা । যেতিয়া ৰাতি হৈছিল বট গছজোপাৰ তলতো অক্সিজেনৰ অভাৱ হৈছিল আৰু সেয়েহে শুই থকা মানুহ কেইজনে উশাহ নিশাহত কষ্ট পায় ভূতৰ উপস্থিতি অনুভৱ কৰিছিল । জেউতি- দেউতা, তেওঁলোকে ভূতৰ সপোন কিয় দেখিছিল ? দেউতা - তোমালোকে কেতিয়াবা অনুভৱ কৰিছানে যেতিয়া বুকত হাতখন থৈ আমি শুই থাকো আমি প্ৰায়ে কোনোবাই আমাক বুকুত হেঁচামাৰি ধৰা নাইবা ডিঙিত চেপি ধৰা কাৰনে উশাহ নিশাহ ল'ব নোৱাৰা হোৱাৰ সপোন দেখোঁ আৰু ঠিক তেনেদৰে ভৰি দুখন যেতিয়া কোচ খুৱাই শুই থাকো সপোনত কিবা জন্তু বা ভূতৰ পৰা পলাওঁতে বাৰে মুখ ঠেকাছা খাই পৰো আৰু পলাব বিচাৰিলেও পলাবলৈ অসমৰ্থ হওঁ ; হাতখন কোচ খাই থাকিলেও আমি সপোনত শক্ৰ পক্ষৰ আক্ৰমণ ৰোধ নাইবা অন্যক আক্ৰমণ কৰিবলৈ অসুবিধা পাওঁ । এনেদৰে শুই থকাৰ ভঙ্গি নাইবা শোৱা ঠাইৰ পৰিবেশৰ বা অতীতৰ কিছুমান অভিজ্ঞতাৰ স্মৃতি বিকৃত ৰূপত আমাৰ সপোনত প্ৰতিফলিত হোৱা দেখা যায় । ঠিক তেনেকৈ গছৰ তলত শুই থকা মানুহ কেইজনৰো একে অৱস্থাই হৈছিল । যেতিয়া পিছ ৰাতি গছডালৰ তলত অক্সিজেনৰ অভাৱ হৈছিল মানুহ কেইজনে উশাহ লোৱাত কষ্ট পাইছিল আৰু সেই খিনিয়ে আমাৰ সপোনত ভুত বা অশৰীৰী আত্মাৰ প্ৰতীকী ৰূপত প্ৰতিফলিত হৈছিল যাৰ ফলত বিভিন্নজনে বিভিন্ন সপোন দেখিছিল যদিও সকলোৱে বুকত বা ডিঙিত হেঁচি ধৰি উশাহ ল'ব নোৱাৰা হোৱাৰ সপোন দেখিছিল । জিজ্ঞাস - অ' মানুহ কেইজনে মিছাতে ভূতৰ ভয় খাইছিল ! জেউতি- কিন্তু দেউতা খুৰাই বোলে 'আলা বৈ' পাহাৰৰ দাঁতিত থকা পিটনিৰ ওচৰত নিশা গৰু বিচাৰি যাওঁতে নিজে নিজে জুই জ্বলি উঠা দেখিছিল আৰু জুইখিনিয়ে দৌৰোঁতে হেনো খেদিও আহিছিল ! দেউতা - ঐ সেই জুই ভূতটো(আধা-মূৰী ভূত) ! তোমালোকে বিজ্ঞানৰ কিতাপত পাইছাই দেখোন "ধন-গুলৈৰ(Jack-o'-lantern)" কথা । এয়া এবিধ "মিথেন (Mithen)" বা মাৰ্ছ(Marsh) বা ফ'ছফিন(Phosphin) নামৰ গেছৰ জ্বলনৰ কাৰণে হয় । সচৰাচৰ মৰা জীৱ জন্তু পেলোৱা ঠাইত মৰা জীৱ জন্তুবোৰে গেলি-পচি এই গেছটোৰ উত্পত্তি হয় আৰু বায়ুৰ লগত সংস্পৰ্শলৈ আহিলে/ মিহলি হলেই জ্বলি উঠে আৰু এই গেছটো পাতল হোৱাৰ কাৰনে বতাহ বলিলেই বা সেই ঠাইৰ পৰা কোনোবা আঁতৰি গলে জুই কুৰাই খেদি যোৱা যেন লাগে । জিজ্ঞাস- অহ ! মিথেন গেছ জ্বলা কাৰণেহে খুৰাই জুই ভূতটো( আধা-মূৰী ভূত) দেখিছিল দৌৰা কাৰণেহে পিছে পিছে খেদি অহা যেন লাগিছিল ! দেউতা - এনেদৰে আমি সন্মুখীন হোৱা ঘটনা পৰিঘটনাবোৰৰ বিষয়ে নজনা কাৰণে মানুহৰ মাজত ভুত বা আন অন্ধবিশ্বাসৰ জন্ম হয় আৰু মানুহে ভয় খায় কিছুমান নকৰিবলগীয়া কাম কৰি সমাজত অশান্ত,অস্থিৰ , উদ্বেগপূৰ্ণ বা ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। জিজ্ঞাস- তেনেহ'লে আমি কিবা অদ্ভুত বস্তু বা পৰিঘটনা দেখিলে বিজ্ঞানৰ কিতাপৰ সহায়ত কাৰণ জানিব পাৰিম ! দেউতা- নিশ্চয় ! কিন্তু মনোযোগেৰে অধ্যয়ন কৰিলেহে !
02c397c31d9605d43f38b71e9e4486fc1664d0532562f0788a9c4716086e5657
আমিনগাঁও : ৬ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰতিনিধি দলটি কামৰূপ জিলাত উপস্থিত হয়। বাংলাদেশ, মালদ্বীপ, ভিয়েটনাম, দক্ষিণ আফ্ৰিকা, টাঞ্জানিয়া আদি বিভিন্ন দেশৰ সদস্যৰে গঠিত ১৫ জনীয়া এই প্ৰতিনিধি দলটোক জিলা প্ৰশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।দলটিয়ে কামৰূপ জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। বুধবাৰেও জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিব দলটিয়ে। মঙলবাৰে পুৱাৰ ভাগত আমিনগাঁৱত থকা কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এক অনুষ্ঠানত প্ৰতিনিধি দলটিক আদৰণি সম্ভাষণ জনোৱাৰ লগতে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে প্ৰশাসনীয় ব্যৱস্থা আৰু জিলাখন সন্দৰ্ভত এক চমু অৱলোকন দাঙি ধৰে। আনুষ্ঠানিক সভাখনৰ পিছতে দলটিক উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (আই আই টি), গুৱাহাটী আৰু চাংসাৰিত নিৰ্মীয়মাণ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰোৱা হয়। আনহাতে সন্ধিয়াৰ ভাগত দলটিক হাজো খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, পোৱা মক্কা দৰগাহ শ্বৰীফ, হয়গ্ৰীৱ মাধব মন্দিৰ আৰু শুৱালকুছি পৰিদৰ্শনৰ ব্যৱস্থা কৰা হয়। বুধবাৰে প্ৰতিনিধি দলটিয়ে ছয়গাঁৱৰ বাঁহ প্ৰযুক্তি উদ্যান, পলাশবাৰীস্থিত বানপানী আৰু নদী গৰাখহনীয়া ব্যৱস্থাপনা এজেন্সি অসম, উপৰহালী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, বনগাঁও ষ্ট্ৰ'বেৰী কৃষি কেন্দ্ৰ আৰু আই টি চি লিমিটেডকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰিব। দলটিয়ে নগৰবেৰা দকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মতবিনিময় কৰিব। You may also read!
4340f94edc0e721c5b0ddf59285b1d963507f41332ffbb52806f02dfbe236e75
বটদ্ৰৱা থানত ওলাইছে তোলাই-তোলাই সোণ, পৰিচালনা সমিতিৰ অজ্ঞাতে থানত কোনে এৰি গ'ল ৪০ তোলা সোণ? - Pratham Khabar\nঘৰ/অসম/বটদ্ৰৱা থানত ওলাইছে তোলাই-তোলাই সোণ, পৰিচালনা সমিতিৰ অজ্ঞাতে থানত কোনে এৰি গ'ল ৪০ তোলা সোণ?\nকোনো অজ্ঞাত ভক্তই থানৰ বাবে এই সোণ এৰি গৈছে যদিও কাগজত লিখা নাই কোনো নাম।\n0 643 1 মিনিট পঢ়া\nবটদ্ৰৱা থানত উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ প্ৰণামী বাকচৰ ধন গণনা কাৰ্যসূচীত উদ্ধাৰ হৈছে ৪০ তোলা সোণ।\nথানৰ পৰিচালনা সমিতিৰ সদস্য আৰু ভকতসকলে ধন গণনা কৰি থকাৰ সময়তে ধনৰ লগতে প্ৰত্যক্ষ কৰে এটা মাণিবেগ। যাৰ ভিতৰত আছিল ৪০ তোলা সোণৰ বিস্কুট আৰু এখন কাগজ। কোনো অজ্ঞাত ভক্তই থানৰ বাবে এই সোণ এৰি গৈছে যদিও কাগজত লিখা নাই কোনো নাম। কাগজখনত ভক্তগৰাকীয়ে লিখিছে যে,\nমাননীয়, সভাপতি/ সম্পাদক\nইয়াত থকা ৪০ তোলা সোণেৰে থানৰ মূল আসনৰ চাৰিটা খউঁটাত দহ(১০) তোলাকৈ বন্ধাই দিলে পৰম সুখ পাম।\nথানৰ এজন একান্ত সেৱক\nএই ৪০ তোলা সোণৰ মূল্য হৈছে প্ৰায় ২৬ লাখ টকা। যি সময়ত একাংশ লোকে ধৰ্মীয় স্থানত কোনো সামগ্ৰী দান কৰিলে নিজৰ নাম প্ৰকাশ কৰিব বিচাৰে, সেই সময়ত এইজন ভক্তৰ মহানুভৱতা সঁচায়ে শলাগিবলগীয়া।\nAssam Batadrava Than Contribution Gold\nদুই কণমানিসহ থিতাতে নিহত তিনিজন! কেনেদৰে সংঘটিত হ'ল এই ভয়ংকৰ পথ দূৰ্ঘটনা!
7af0d39e7ce335923efa028c563ab230434c47821f69f12e0cd107cc207e50b0
ইতিহাস (গ্ৰীকঃ ἱστορία - historia, অৰ্থ "অনুসন্ধান, বিচাৰ-খোচাৰ কৰি পোৱা জ্ঞান") হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন। ইতিহাস লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। ইতিহাসৰ বিষয়ে লিখা পণ্ডিতসকলক ইতিহাসবিদ বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ য'ত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ কৰা হয় বা কেতিয়াবা বস্তুনিষ্ঠভাৱে সেই ঘটনাৰ কাৰণ আৰু চানেকি ফঁহিয়াই চোৱা হয়।[2][3] ইতিহাসবিদসকলৰ মাজত ইতিহাসৰ প্ৰকৃতি আৰু উপকাৰিতা লৈ তৰ্ক চলি আহিছে। ইয়াৰ ভিতৰত বিষয়টোৰ অধ্যয়ন তাৰ মাজতে সীমাবদ্ধ কৰি ৰখা আৰু বৰ্তমানৰ সমস্যাৰাজীক ইতিহাসমূলক দৃষ্টিকোণৰ পৰা চোৱাও আছে।[2][4][5][6] একো বাহ্যিক উৎসৰে সমৰ্থিত নোহোৱা কোনো সংস্কৃতিত প্ৰচলিত কাহিনীক সাধাৰণতে ইতিহাসৰ নাম দিয়াৰ সলনি সাংস্কৃতিক ঐতিহ্য বুলি শ্ৰেণীবদ্ধ কৰা হয়।[7][8] লিখিত নমুনা থকাৰ আগৰ ঘটনাক প্ৰাক-ইতিহাস বুলি কোৱা হয়। পশ্চিমীয়া সংস্কৃতিত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক ইতিহাসবিদ হিৰ'ড'টাছক "ইতিহাসৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ সমসাময়িক থুচিডাইডিছৰ সৈতে ইতিহাসৰ আধুনিক অধ্যয়নৰ ভেঁটি গঢ়ি তুলিছিল। বিশ্বৰ আন ঠাইৰ ইতিহাসমূলক পৰম্পৰাসমূহ আৰু তেওঁলোকৰ প্ৰভাৱ ইতিহাসৰ প্ৰকৃতিৰ বিভিন্ন ব্যাখ্যাত সাঙোৰ খাই আছে আৰু সেইবোৰ সদায় সলনি হৈ আছে। ইতিহাসৰ আধুনিক অধ্যয়নৰ বিভিন্ন ভাগ আছে; যেনে- কোনো নিৰ্দিষ্ট অঞ্চলক গুৰুত্ব দিয়া অধ্যয়ন, কোনো নিৰ্দিষ্ট বিষয় প্ৰসঙ্গ বিচাৰ কৰা অধ্যয়ন আদি। প্ৰাথমিক অৰু মাধ্যমিক শিক্ষাৰ অংশ হিচাপে বিদ্যালয়সমূহত ইতিহাস পঢ়োৱা হয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াক এটা মূল বিষয়ৰূপে বিবেচনা কৰা হয়।
e9790288b3508d99bab30f6ce0e60da8a9fde5ce7a02f80ceb887cd2f5a4d3eb
জেচিবি নামৰ বহুজাতিক প্ৰতিষ্ঠানটোত কৰ্মৰত হৈ থাকোতে বহুবাৰ মই ৰাজতান্ত্ৰিক ভূটানৰ বিভিন্ন ভিতৰুৱা অঞ্চল ভ্ৰমণ কৰিবলৈ সুযোগ লাভ কৰিছিলোঁ। এবাৰ কামৰ অচিলা লৈ মধ্য ভুটানৰ ট্ৰংছা জিলাৰ নাবজী নামৰ এখন গাঁওত উপস্থিত হৈছিলোঁ। সেই যাত্ৰাৰ সময়ত থিম্ফুৰ পৰা প্ৰায় তিনিশ কিলোমিটাৰ দূৰৈৰ নাবজী গাওঁখনৰ পথাৰৰ মাজত থকা এটা আচৰিত মন্দিৰ দৰ্শন কৰিবলৈ সুযোগ পাইছিলো। সেই মন্দিৰটোৰ স্থাপনৰ আৰঁত অসমৰ পৰা নিৰ্বাসিত হোৱা কিৰাট ৰাজকোঁৱৰৰ কথা জানিব পাৰি সচাঁই আচৰিত হৈছিলোঁ। কিয়নো সেইজন কিৰাট কোঁৱৰৰ বিষয়ে কেতিয়াও ক'তো পঢ়া বা শুনা মনত নপৰে। আপোনালোকক অৱগত কৰাব বিচাৰিম। প্ৰাক্ঐতিহাসিকবিদ সকলৰ মতে এশৰ পৰা ছশ খ্ৰীষ্টাব্দলৈ ভূটানৰ উত্তৰ আৰু মধ্যভাগ ভোট অৰ্থাত তিব্বতৰ অন্তৰ্ভুক্ত আছিল। তিব্বত সাম্ৰাজ্যৰ এই সৰু অংশটোৰ নাম আছিল মনিয়ূল আৰু ইয়াত বাস কৰিছিল মনপা নামৰ এটা জনগোষ্ঠীয়ে। বাকী উত্তৰ আৰু মধ্যভাগৰ আছিল কোঁচবিহাৰৰ ৰজা সঙ্গলদ্বীপৰ অধীনত। সেই সূত্ৰে মনিয়ূলত তিব্বতৰ বন নামৰ চামানিজম ধৰ্ম আৰু বাকী অংশত হিন্দু ধৰ্মৰ প্ৰভাৱ বিস্তাৰ হৈছিল। তিব্বতৰ সম্ৰাট চংট্ চান গাম্পোৱে বৌদ্ধধৰ্ম প্ৰচাৰ নকৰালৈকে প্ৰায় সাতশ খ্ৰীষ্টাব্দ মানলৈ সমগ্ৰ ভূটানতে স্থানীয় বন ধৰ্মৰ গভীৰ প্ৰভাৱ বৃদ্ধি পাইছিল। পাছে ছশ ত্রিশ শতিকা মানত তিব্বতৰ এই সম্ৰাটজনে মধ্য ভূটানৰ বৌম থান আৰু পাৰো ভেলীৰ ক্যিচুত দুটা বৌদ্ধ মঠ সাজি ভূটানৰ ভূমিত বৌদ্ধ ধৰ্মৰ পাতনি মেলিছিল। লাহে লাহে বৌদ্ধধৰ্মৰ দৰ্শনে স্থানীয় বন ধৰ্মালম্বী সকলকো আকৰ্ষণ কৰিব ধৰিছিল আৰু বৌদ্ধ ধৰ্মৰ ভেটিটো দিনক দিনে সবল হৈ পৰিব ধৰিছিল। ইয়াৰ ঠিক এবছৰ পাছত সাতশ পঞ্চাশ খ্ৰীষ্টাব্দ মানত ভূটানৰ শাসন ব্যৱস্থা একে সময়তে ভাৰতীয় মুলৰ দুজন হিন্দু ৰজাৰ হাতলৈ হস্তান্তৰ হৈছিল। তাৰে এজন আছিল কোচবিহাৰৰ ৰজা সঙ্গলাৰ দেশান্তৰিত ৰাজকোঁৱৰ সিন্ধু। সিন্ধুৰাজা তথা কুনজমেই শাসন কৰিছিল উত্তৰ আৰু মধ্য ভূটান। বৌম থানত ৰাজধানী পাতিছিল তেওঁ চাখৰ গুথো ৰাজমহল প্ৰতিষ্ঠা কৰিছিল। আনজন ৰজা আছিল অসমৰ পৰা দেশান্তৰিত হোৱা কিৰাট ৰাজবংশৰ এজন ৰাজ কোঁৱৰ নওচে। তেওঁ শাসন কৰিছিল মনিয়ূল অৰ্থাত তিব্বতৰ ভাষাত এন্ধাৰৰ ৰাজ্য। তিব্বতৰ কাষৰীয়া ভূটানৰ উত্তৰ অংশ ঘন জংঘলৰে আৱৰা এই অঞ্চল মনপা জনগোষ্ঠীৰ বাসভূমি আছিল। ঘন জংঘলৰ বাবে এই ঠাইখনক এন্ধাৰৰ ৰাজ্য বুলি কোৱা হৈছিল। পাছে ভাৰতীয় মূলৰ দুয়োজন ৰজা সিন্ধু আৰু নওচেৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক নাছিল। এজন আনজনৰ বাবে চকুৰ কুটা দাঁতৰ খালৰ দৰে হৈ পৰিছিল। তেওঁলোক দুয়োজনৰ মাজৰ অহি নকুল সম্পৰ্কৰ বাবে দুয়োখন ৰাজ্যৰ মাজত সঘনাই যুদ্ধ-বিগ্ৰহ ঘটিছিল। এবাৰ তেনে এখন যুদ্ধতে মনিয়ূলৰ ৰজা নওচেই ৰজা সিন্ধু ওৰফে কুনজমৰ পুত্র টেগ্লাহ মেবাৰক বধ কৰিছিল। মেবাৰ যুদ্ধলৈ যোৱাৰ আগতে ৰজাই দেশ আৰু পুত্রৰ ৰক্ষাৰ বাবে বন ধৰ্মত বিশ্বাস কৰা বৌম থানৰ ৰক্ষক দেৱতা চেলগিং কাৰ্পোক বিশেষ পূজা সেৱাও আগবঢ়াইছিল ।পাছে সেই যুদ্ধত একমাত্র পুত্রৰ অকাল মৃত্যু হোৱাত ৰজা সিন্ধুৱে ৰাজ্যখনৰ সকলোবোৰ বনপো দেৱ-দেৱীৰ মন্দিৰত পুজা পাৰ্বন কৰা নিষিদ্ধ কৰি দিছিল। তাৰেই অচিলা লৈ ৰক্ষক দেৱতা চেলগিং কাৰ্পোই প্ৰতিশোধ পূৰণৰ বাবে ৰজা সিন্ধুক মানসিক আৰু শাৰীৰিক ভাৱে ৰুগীয়া কৰি পেলাইছিল। ৰজাৰ অৱস্থা দিনক দিনে বেয়ালৈ ঢাল খাবলৈ ধৰাত ভীতি-বিহ্বল হৈ ৰজা সিন্ধু এজন সাধাৰণ খেতিয়কৰ পৰামৰ্শ মতে দ্বিতীয় বুদ্ধ খ্যাত ভাৰতৰ বৌদ্ধ গুৰু পদ্মচম্ভৱা ওৰফে ৰিনপোচেক কাতৰ অনুৰোধ কৰি মাতি পঠিয়াইছিল। ৰজা সিন্ধুৰ অনুৰোধ ৰক্ষা কৰি প্ৰভু ৰিনপোচে আহি বৌমথানৰ চাখৰ গুথো ৰাজকাৰেঙত উপস্থিত হৈছিল। গুৰুজনাই ৰজা সিন্ধুক অভয় দি কাৰেঙৰ পৰা কিছু আতঁৰত থকা পাহাৰখনৰ গুহাত তিনিমাহ কাল ধ্যানত বহিছিল। সেই তিনিমাহ তপস্যা কৰি থাকোঁতে প্ৰভু পদ্মচম্ভৱাৰ শৰীৰৰ আকাৰ সেই গুহাৰ বেৰত চাপ বহি গৈছিল। জংখা ভাষাত কুৰ্জে মানে হৈছে শৰীৰৰ চাপ। পাছলৈ প্ৰভূ পদ্মচম্ভৱাই ধ্যান কৰা সেই গুহাটো কুৰ্জে লাখাঙ নামে এটা মঠলৈ পৰিণত হৈ পৰিছিল। তিনিমাহৰ তপস্যাৰ অন্তত গুৰু পদ্মচম্ভৱাই সিন্ধু ৰজাক বৌমথানৰ ভূমিত আধিপত্য চলাই থকা দৈত্য, উপদেৱতা আৰু অসুৰবোৰক দমন কৰিবলৈ তেওঁক এজনী তান্ত্ৰিক পত্নী (জুংমা) ৰ প্ৰয়োজন হ'ব বুলি জনাইছিল। তেতিয়া ৰজাই তেওঁৰ কন্যা লাচিগ বুমডেন ট্শ্বোমো ওৰফে মেনমো তাছি কিডেনৰ পানিগ্ৰহণ কৰিবলৈ গুৰু পদ্মচম্ভৱাক অনুৰোধ কৰিছিল। তিলোত্তমা ৰাজদুহিতা তাছি কিডেন দৈব্য শক্তিৰ অধিকাৰী আছিল আৰু তেওঁৰ হাতত ডাকিনিৰ একবিংশটা চিহ্ন আছিল। নৱবিবাহিতা স্ত্ৰী তাছি কিডেনৰ সৈতে সহবাস কৰা প্ৰথম ৰাতিৰ পাচৰ দিনাই গুৰু ৰিনপোচে স্থানীয় ৰক্ষক দেৱতা শ্বেলগিং কাৰ্পোৰ সৈতে মুখামুখি হ'বলৈ প্ৰত্যাহ্বান জনাইছিল। প্ৰত্যাহ্বান উপেক্ষা কৰি শ্বেলগিং কাৰ্পো নহাত গুৰু পদ্মচম্ভৱাই এক বিশেষ ভংগীত নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল। গুৰুজনৰ তাণ্ডব নৃত্য দেখি বৌমথানৰ পৰা দৈত্য,অসুৰ, দেৱতা, উপদেৱতা আৰু অশৰীৰি আত্মা পলাই ফাঁট মাৰিছিল।গুৰু ৰিনপোচেৰ সেই তাণ্ডব উলংগ নৃত্যক টাৰচেম নৃত্য বুলি কোৱা হৈছিল। অৱশেষত শ্বেলগিং কাৰ্পোই বগা সিংহৰ ৰূপ ধৰি গুৰু ৰিনপোচেৰ মুখামুখি হৈছিল। তেতিয়া প্ৰভূ পদ্মচম্ভৱাইয়ো গৰুড়ৰ ৰূপ ধাৰণ কৰি শ্বেলগিং কাৰ্পোৰ ওপৰত জপিয়াই পৰিছিল । সেই যুদ্ধত গুৰু ৰিনপোচেই জয়লাভ কৰি শ্বেলগিং কাৰ্পোক বৌদ্ধ ধৰ্মৰ বাবে ৰক্ষক দেৱতা হিচাপে দায়িত্বভাৰ পালন কৰিব দিছিল। গুৰু পদ্মচম্ভৱাৰ এই বিজয়গাথাঁ সুৱঁৰি তেওঁ সৃষ্টি কৰা আঠ প্ৰকাৰৰ নৃত্য প্ৰদৰ্শনৰে আজিও ভূটানত ট্চেচু উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ মুখ্য আকৰ্ষণ ৰঙ বিৰঙৰ ভয়ানক মুখা পিন্ধি কৰা নৃত্য চাবলৈ দেশী বিদেশী পৰ্যটকে ভৰি পৰে। শ্বেলগিং কৰ্পো পৰাজিত হোৱাৰ লগে লগে সিন্ধু ৰাজা সুস্থ হৈ উঠিছিল আৰু বৌদ্ধ ধৰ্মত শৰণ লৈছিল । ইয়াৰ পাছত সিন্ধুৰজাই ভূটানৰ চুকে-কোণে বৌদ্ধধৰ্ম প্ৰতিষ্ঠাপনৰ বাবে ব্ৰতী কৰিছিল। গুৰু পদ্মচম্ভৱাই দুষ্ট আত্মাক বশ কৰি সিন্ধু ৰজাক ৰোগমুক্ত কৰাৰ পাছতেই ভূটানত বৌদ্ধ ধৰ্মৰ আগমনৰ সূচনা হৈছিল । ৰজা সিন্ধু সুস্থ হৈ উঠাৰ পাছত গুৰু ৰিনপোচেই মনিয়ূলৰ ৰজা নওচেক ভাৰতৰ সীমান্তৰ কাষৰ মন( এতিয়াৰ নাবজী)লৈ মাতি পঠিয়াইছিল। ৰজা নওচেও আছিল গুৰু ৰিনপোচেৰ পৰম ভক্ত। গুৰু পদ্মচম্ভৱাই ৰজা সিন্ধু আৰু নওচেক মনৰ উপকন্ঠৰ এখন অতি পবিত্ৰ স্থানলৈ লৈ গৈ বুজাই বঢ়াই চিৰদিনৰ বাবে ইজনে সিজনৰ প্ৰতি বৈৰী ভাৱ ত্যাগ কৰি মিলা-প্ৰীতিৰে থাকিবলৈ উপদেশ দিছিল। গুৰুবাক্য মানি দুয়োজন ৰজাই সম্প্ৰীতিৰে ৰাজশাসনত মনোযোগ দিব বুলি প্ৰতিজ্ঞা কৰিছিল। সেই প্ৰতিজ্ঞাৰ স্মৰণীয় মূহুৰ্ত্তক সাক্ষী স্বৰূপে ৰাখিবলৈ প্ৰভূ পদ্মচম্ভৱাই এটা দীঘল শিলৰ খুটি পুতি তৰোৱালেৰে তাত দুয়োজন ৰজাৰ হাতৰ চাপ খোদিত কৰিছিল। পদ্মচম্ভৱা বৌমথানৰ পৰা ওভতি যোৱাৰ পাছত গুৰুমাতা টাছি কিডেন গুৰুজনাই তপস্যা কৰা গুহাটোত থাকিব লৈছিল আৰু মাচি বুমডেন ( একক মাতৃ) নামে খ্যাতি লাভ কৰিছিল। তেওঁৰ নাঙঠ তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিল। গুৰুজনৰ তাণ্ডৱ নৃত্য দেখি বনপো দৈত্য আৰু অসুৰ বোৰ আঁতৰি গৈছিল আৰু তেতিয়াই গুৰুমাতা টাছি কিডেনে ডাকিনী সকলৰ সহায় লৈ মনৰ সেই পবিত্ৰ স্থানত নাবজী লাখাঙ অৰ্থাত প্ৰতিজ্ঞা মন্দিৰটো সাজি উলিয়াইছিল। নাবজী লাখাঙ নামটোৰ উৎপত্তি হৈছিল নাবোইদ জংখা শব্দটোৰ পৰা । নাবোইদ শব্দৰ অৰ্থ হৈছে প্ৰতিজ্ঞাবদ্ধ হোৱা । সম্প্ৰতি নাবজী লাখাঙৰ চোতালখনৰ এমুৰত থকা চাইপ্ৰাছ গছ ডাল প্ৰভু ৰিনপোচেৰ লাখুঁটিডালৰ পৰা গঁজালি মেলি হোৱা বুলি বিশ্বাস কৰা হয় । লাখাঙটোৰ সন্মুখত থকা প্ৰভূ পদ্মচম্ভৱাই তাণ্ডৱ নৃত্য কৰা যুৰীয়া শিল দুটাৰ ওপৰ ফালে থকা শিলটোক য়াব অৰ্থাত পিতৃ আৰু তলৰ ফালে থকা শিলটোক ইয়ুম অৰ্থাত মাতৃ বুলি বিশ্বাস কৰা হয়। এই শিল দুটা যৌন সম্ভোগত লিপ্ত হৈ থকা দৰাচলতে এহাল ডাক- ডাকিনী বুলিও কিম্বদন্তিত আছে। তিব্বতীয় বৌদ্ধধৰ্মত ডাক-ডাকিনীক মানুহৰ কেচাঁ মাংসখোৱা অসুৰ বুলি বিশ্বাস কৰা হয়। কিম্বদন্তিত আছে যে এবাৰ এজন নৰমাংসভোজী ৰজাই এজনী সিংহিনীৰ সৈতে সহবাস কৰি এটা আচহুৱা সন্তান জন্ম দিছিল। সেই সন্তানটোৱেই কালক্ৰমত কালমাচাপদ নামৰ এজন ৰজা হৈছিল। ৰজা কালমাচাপদৰ সতি-সন্ততি বোৰকে ডাক-ডাকিনী বোলা হৈছিল। ডাকিনী অৰ্থাত নাৰী অসুৰবোৰ নৃত্য গীতত পটিয়সী আৰু অধিকাংশই সুন্দৰ দেহবল্লৰীৰ হয়। সাধাৰণতে ডাকিনীবোৰে অৰ্ধ উলংগ হৈ অথবা সম্পুৰ্ণ উলংগ হৈ নিজৰ কমনীয়তা আৰু যৌন আবেদনময় নৃত্যৰ দ্বাৰা সকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে । লাহে লাহে ডাকিনীৰ উৎপাত বাঢ়ি গৈছিল আৰু পৃথিৱীত মানুহৰ সংখ্যা হ্ৰাস হ'বলৈ ধৰিছিল । তেতিয়া মহাপ্ৰভূ বুদ্ধ ভৈৰোচানা ( মহাযান আৰু ব্ৰজায়ণ বৌদ্ধ ধৰ্মৰ এজন বুদ্ধৰ অৱতাৰ) বুদ্ধই মহাকালৰ ৰূপ ধাৰণ কৰি সমস্ত ডাকিনীকে গিলি থৈছিল। বহুতো অনুনয় বিজয়ৰ পাছত মহাকালে মাত্র এটা স্বৰ্তত ডাকিনীবোৰক পুনৰ জীৱন দান দিব বুলি জনাইছিল। স্বৰ্ত মতে ডাকিনীৰবোৰে মানুহ খোৱা বন্ধ কৰিব লাগিব বুলি কৈছিল । তেতিয়া ডাকিনীবোৰে মানুহ খাবলৈ নেপালে কেনেদৰে জীয়াই থাকিব বুলি প্ৰভু মহাকালক ওলোটাই প্ৰশ্ন কৰিছিল। তেতিয়া ডাকিনীবোৰে কেৱল মৃত মানুহৰ গুৰুত্বপূৰ্ণ জীৱ সাৰ খিনি খাব পাৰিব বুলি অনুমতি দি প্ৰভূই তেওঁলোকক মুক্তি দিছিল। ওপৰত থকা মতা শিলটোৰ কোচত থকা মাইকী শিলটোৰ গাত ডাকিনী ভাষাত গুৰুমাতা টাছি কিডেনে খোদিত কৰা গুৰু ৰিনপোচেৰ লীলা আৰু মাহাত্ম্যৰ কথা আজিও দেখিবলৈ পোৱ যায়। তিব্বতীয় তান্ত্ৰিক বৌদ্ধধৰ্ম ( ব্ৰজায়ণ শাখা) নৰ-নাৰীৰ নগ্ন সৌন্দৰ্য্যক অধিক প্ৰাধান্য দিয়া হৈছে। এই শাখাত নগ্নতাৰ মাজত ঈশ্বৰৰ অৱস্থিতিক বিশ্বাসকৰা হয় । সনাতন ধৰ্মৰ লগতে বৌদ্ধধৰ্মতো কেতিয়াও নগ্নতাক ঈশ্বৰবাদ তথা পবিত্ৰতাৰ পৰা পৃথক কৰি অশ্লীলতাৰ শাৰীত ৰখা হোৱা নাই । নগ্নতা আমাৰ জীৱনৰ এক অভিন্ন চিত্ৰ । তমভভ ব্ৰজায়ণ বৌদ্ধধৰ্মৰ অনুত্তৰাযোগ তন্ত্ৰত উল্লেখ থকা য়াব-ইয়ুম অৰ্থাত সম্ভোগত লিপ্ত হৈ থকা পুৰুষ আৰু নাৰীৰ মুৰ্তিটোৱে জৰিয়তে প্ৰজ্ঞা আৰু দয়াৰ আদিম মিলনক প্ৰতিনিধিত্ব কৰে । ইন্দ্ৰৰ জালৰ ৰচনা কৰি স্ত্ৰীৰ সৈতে যৌনমিলন ব্যস্ত হৈ থকা পুৰুষ দেৱতাজনে দয়া আৰু দক্ষ উপায়ক প্ৰতিনিধিত্ব কৰে, আনহাতে মহিলা সংগীয়ে অন্তৰ্দৃষ্টি ( প্ৰজ্ঞা)ক প্ৰতিনিধিত্ব কৰে। নৰ দেবতাৰ জনৰ কোলাত নাৰীজনী যৌন সম্ভোগৰ মূদ্ৰাত বহি থকা য়াব-য়ুমত প্ৰতিমূৰ্তিটোৱে দৰাচলতে দয়া আৰু দক্ষতাৰে প্ৰজ্ঞাৰ সহায়লৈ ইশ্বৰ প্ৰাপ্তিৰ অনুশীলন কৰা বুজায়। ভূটান ভ্ৰমণৰ পৰা এটা কথা বুজিছিলো যে প্ৰত্যেকজন ভূটীয়া নাগৰিকে ইতিহাসক দেশখনৰ ভবিষ্যতৰ আধাৰ আৰু তেওঁলোকৰ জাতিটোৰ মেৰুদণ্ড বুলি বিশ্বাস কৰে। কালৰ কুতিল গতিত হেৰাই যাবলৈ ধৰা আমাৰ ইতিহাস, দৰ্শন আৰু আমাৰ পৰম্পৰাবোৰ আমিও সংৰক্ষণ কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে । অন্যথাই আমাৰ ভবিষ্যতপ্ৰজন্মই আমাৰ স্বৰ্ণিল ইতিহাস জনাৰ পৰা বঞ্চিত হ'ব। সাহিত্য অভিযন্তা । নয়ডা, উত্তৰ প্ৰদেশ। Post a Comment (0)
ebe1c2a5cb6d713fbf7258f67ceabd2fa853d84e65308d3b2303e79a02667105
মণিপুৰী সকল Class 10 - (প্রশ্নোত্তৰ) বৈচিত্র্যময় অসম দশম শ্ৰেণী - Sebahslc.In\nমণিপুৰী সকল Class 10\n১। কেতিয়াৰ পৰা মণিপুৰীসকলে অসমত স্থায়ীভাবে বসবাস কৰিব আহিছে?\nউঃ ১৮১৯ চনত মান সেনাই মণিপুৰ আক্ৰমণ কৰাৰ সময়ত মান সেনাৰ বৰ্বৰ অত্যাচাৰ তথা উৎপীড়ন সহ্য কৰিব নােৱাৰি বহুতাে মণিপুৰী লােকে কাছাৰ, ছিলেট (বর্তমান বাংলাদেশ) আদি ঠাইলৈ আঁতৰি আহিছিল। পিছলৈ তেওঁলােক উভতি নগৈ বর্তমান অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত স্থায়ীৰূপে থাকিবলৈ লৈছিল।\n২। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তর্ভুক্ত হয় ?\nউঃ ১৯৯২ চনত ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষাক অন্তর্ভুক্ত কৰা হয়।\n৩। মণিপুৰী মীতৈ/ মৈতৈসকলৰ সমাজত সাতটা য়েক-ছালাই (সমষ্টি)ৰ নাম কি কি?\nউঃ মণিপুৰী মীতৈ মৈতৈ সমাজৰ সাতটা য়েক-ছালাইৰ নাম হৈছে। (নিংথৌজা), লুৱাং, খুমন, মােইৰাং, অঙোম, খাবা-ঙানবা আৰু চেংলৈ।\n8। মণিপুৰী মীতৈ/ মৈতৈ সকলৰ নিজা ঘৰত পূজা-অর্চনা কৰা দেৱ-দেৱীসকলৰ নাম কি কি ?\nউঃ মণিপুৰী মীতৈ লােকসকলৰ ঘৰত পূজা-অর্চনা কৰা দেৱ-দেৱীসকলৰ নাম হ'ল - য়ুমলাই, লাইনিংথৌ ছানামহী,ইমা লৈমৰেন শিদবী আদি।\n৫। লাই হৰাওবা কি? বছৰৰ কি মাহত লাই হৰাওবা উৎসৱ পালন কৰা হয়? লাই হওবা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্রৰ নাম লিখা।\nউঃ লাই হৰাওবা হৈছে মণিপুৰীসকলৰ এটা কৃষিভিত্তিক উৎসৱ।ই মণিপুৰী লােকাচাৰৰ সৈতেও জড়িত, সেয়েহে ইয়াক মণিপুৰী সংস্কৃতিৰ দৰ্পণ বুলি কোৱা হয়। "লাই হৰাবাৰ" অৰ্থ হৈছে "অদৃশ্য আৰাধ্যজনক সন্তুষ্ট কৰা"। এই উৎসৱ ব'হাগ মাহত পালন কৰা হয়। এই উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্র হৈছে পেনা।\n৬। মণিপুৰী মীতৈ মৈতৈসকলৰ কিছুমান নাচৰ নৃত্যৰ নাম লিখা।\nউঃ মণিপুৰী মীতৈ মৈতৈসকলৰ কিছুমান নাচৰ নাম হৈছে - থাবল চোংবি, মাইবী জগােই (লাই হৰাওবা নৃত্য) আদি।\nRelated Post: মিচিং সকল Class 10\n৭। চমুটোকা লিখা।\n(ক) নাওৰিয়া ফুলােঃ নাওৰিয়া ফুলাে হৈছে আধুনিক মণিপুৰী সাহিত্যৰ বাট কাটোতা। ঘৰুৱা নাম 'ফুন্দ্রেই। অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ 'লাইশ্রম খুন' গাঁৱত ১৮৮৮ চনত নাওৰিয়া ফুলােৰ জন্ম। পাছলৈ শিক্ষকতা বৃত্তিক আঁকোৱালি লােৱা ফুলােৱে ১৯১৮-১৯ বৰ্ষত হিন্দু উপাখ্যানৰ কাহিনীৰ আধাৰত পাঁচখন নাটক লিখে। উল্লেখ্য যে সেই সময়ছােৱা অর্থাৎ ১৯২০-৩০ চনলৈকে মণিপুৰী সাহিত্যৰ বাবে আছিল আধুনিক অৰুণােদয়ৰ দশক। পৰৱৰ্তী দশকটোৰ ১৯ খন কাব্যসংকলন আৰু নিবন্ধ গ্রন্থ ফুলােৱে ৰচনা কৰে। প্রাচীন ঐতিহ্যৰ গৰিমা কীর্তন, বিলুপ্ত মীতৈ দেৱ-দেৱীৰ স্রোত, স্তুতি, মন্ত্র, গীত আদি তেওঁৰ কবিতাৰ অন্তর্ভুক্ত।\nসাহিত্য চর্চাতে ব্ৰতী নাথাকি নিজ মতাদর্শ প্রচাৰ আৰু প্ৰসাৰৰ বাবে ফুলােৱে মাত্র ১২ গৰাকী অনুৰাগীক লৈ গঠন কৰে অপােকপা সমাজ' নামৰ এক মঞ্চ গঠন কৰে। পুনৰুত্থানবাদী' নায়কৰূপে জনসাধাৰণৰ মাজত তেওঁ পৰিচিত হ'ল। এইগৰাকী বহুমুখী প্রতিভাৰ গৰাকীৰ ১৯৪১ চনত মৃত্যু হয়।\n(খ) নৃত্যগুৰু কে যতীন্দ্র সিংহঃ এগৰাকী বৰেণ্য নৃত্যগুৰু আৰু শিক্ষাবিদ কে. যতীন্দ্র সিংহ বিশ্বভাৰতী শান্তিনিকেতন সংগীত ভৱনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। ১৯৪৩ চনত অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত তেওঁৰ জন্ম। নৃত্য যেন উত্তৰাধিকাৰ সূত্রেই তেওঁ পাইছিল পিতৃ প্রসিদ্ধ মণিপুৰী নট সংকীর্তন গুৰু কে. কামিনী সিংহৰ পৰা। ল'ৰালিতেই তেওঁ পিতৃৰ পৰা আহৰণ কৰিছিল নট-সংকীর্তন তথা নৃত্যৰ আদিপাঠ।\nপাছলৈ মণিপুৰৰ প্ৰখ্যাত নৃত্যগুৰু গুৰু লােকেশ্বৰ, গুৰু অমুবী আৰু গুৰু অতোন্বাৰ পৰা নৃত্যৰ তেওঁ শিক্ষাগ্রহণ কৰিছিল। শান্তিনিকেতনৰ পৰা নৃত্য বিষয়ত উচ্চশিক্ষা গ্রহণ কৰি তেওঁ তাতেই নৃত্য আৰু সংগীত বিভাগত অধ্যাপনা কৰিবলৈ লয়। লগে লগে অব্যাহত ৰাখে নৃত্যৰ সাধনা। নিজে নতুন নৃত্যশৈলী উদ্ভাৱন কৰি, ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজে নৃত্য প্রদর্শন তথা বক্তৃতা প্রদান কৰি তেওঁ দৰ্শকৰ মন মুহিছিল। ন আৰু বিনয়ী যতীন্দ্র সিংহৰ তত্ত্বাৱধান আৰু নির্দেশনাত তেওঁৰ ছাত্র- ছাত্ৰীয়ে বিশ্বৰ বিভিন্ন ঠাইত মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্য নাচি বিপুল প্রশংসা লাভ কৰিছিল। ২০১০ চনত তেওঁ অধ্যাপনা তথা অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও নৃত্যচর্চা বা সাধনা জীৱনৰ শেষ মুহূৰ্তলৈকে কৰি গৈছিল। 'ত্রিধাৰ' আৰু 'মীৰাজিনসা' শীর্ষক টেলিফিল্ম দুখনত তেওঁ অভিনয় কৰিছিল। তেওঁৰ কৰ্মৰ স্বীকৃতিস্বৰূপে ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে নৃত্যগুৰু', ২০১০ চনত ত্ৰিপুৰাৰ ৰাজকুমাৰ বুদ্ধিমন্ত মেমৰিয়েল ডান্স একাডেমিয়ে ৰাজকুমাৰ মেমােৰিয়েল এৱাৰ্ড'আৰু ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ,ইম্ফলে তেওঁলৈ আগবঢ়ায় 'নৃত্যৰত্ন' উপাধি। এইগৰাকী প্রতিভাৱান, বৰেণ্য নৃত্যশিল্পীয়ে ২০১৮ চনত মৃত্যুবৰণ কৰে।\n(গ) সমাজসেবিকা সৰস্বতী সিংহাঃ অধিবক্তা তথা অসম আন্দোলনৰ এগৰাকী নেত্রী আছিল সৰস্বতী সিংহা। ১৯৫৮ চনত হােজাই জিলাৰ লংকাৰ আমপুখুৰী গাঁৱত সৰস্বতী সিংহাৰ জন্ম হৈছিল। কৃষক পৰিয়ালৰ সন্তান সৰস্বতীয়ে নিজ গাঁৱতে প্রাথমিক শিক্ষা গ্রহণ কৰি পাছলৈ নগাঁও আইন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লয়। কর্মজীৱন আৰম্ভ কৰে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অঙ্গনৱাড়ী কর্মী হিচাপে। তাৰ পাছত শিক্ষকতাও কৰে যদিও পাছলৈ তেওঁ অধিবক্তা হিচাপে নিজকে প্রতিষ্ঠিত কৰে। তেৱেই হৈছে ব্ৰহ্মপুত্র উপত্যকাৰ প্ৰথমগৰাকী মণিপুৰী মহিলা অধিবক্তা। নাৰী সমাজৰ চেতনা জাগৰণ, সমাজৰ কু-সংস্কাৰ নিমূলৰ হকে তেওঁ একাধিক মহিলা সংগঠনাে প্রতিষ্ঠা কৰিছিল। ২০০৫ চনত তেওঁৰ উদ্যোগত প্রতিষ্ঠা হৈছিল 'পান মণিপুৰ লিটাৰেৰী ফ'ৰাম' নামৰ ভাষা-সাহিত্যৰ অনুষ্ঠান। মণিপুৰী ভাষা- সাহিত্যৰ উন্নতিৰ হকে তেওঁ আজীৱন কাম কৰি গৈছিল । তেওঁৰ সমাজসেৱাৰ স্বীকৃতিস্বৰূপে মণিপুৰী সাহিত্য পৰিষদ, অসমে তেওঁক ২০১২ চনত 'সমাজসেৱিকা' উপাধি আৰু বঁটাৰে সন্মানিত কৰে। ২০১২ চনতসৰস্বতী সিংহাই মৃত্যুবৰণ কৰে।\n(ঘ) নােহথােম্বম বিদ্যাপতি সিংহ : সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক দিশত নেতৃত্ব বহন কৰা এগৰাকী মণিপুৰৰ বাহিৰত থকা মণিপুৰীব্যক্তি হৈছে নােংথােম্বম বিদ্যাপতি সিংহ। বর্তমান হাইলাকান্দি জিলাৰ লালা চহৰত ১৯১২ চনত তেওঁ জন্মগ্রহণ কৰিছিল। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক ডিগ্রী লৈ সিংহই ইংৰাজীৰ শিক্ষকৰূপেহে কৰ্মজীৱন আৰম্ভ কৰে কাছাৰ জিলাত। সেই অঞ্চলত তেওঁৰ প্রচেষ্টাতে হাইস্কুল স্থাপন হয় প্রথমবাৰলৈ। সাংস্কৃতিক দিশৰাে বহু কামত তেওঁ জড়িত আছিল। কাছাৰ মণিপুৰী যুৱ সংঘ' নামৰ অনুষ্ঠানটোৰ দ্বাৰা তেওঁ স্বজাতিৰ যুৱকসকলক জাগ্রত কৰিছিল। ১৯৪৬ চনত তেওঁ অসম বিধানসভা নির্বাচনত দক্ষিণ হাইলাকান্দিৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল। তেওঁৰ প্ৰচেষ্টাতেই অসম চৰকাৰে মণিপুৰী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল। ১৯৫৪ চনত এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যু ঘটে।\n(ক) প্ৰধানকৈ অসমৰ কোনকেইখন জিলাত মণিপুৰী লােকসকলে বাস কৰে?\nউঃ বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত।\n(খ) মানসকলে কেতিয়া মণিপুৰ আক্ৰমণ কৰিছিল ?\nউঃ ১৮১৯ চনত মানসকলে মণিপুৰ আক্ৰমণ কৰিছিল।\n(গ) মণিপুৰী বা মীতৈসকলৰ ভাষাটোক কি বুলি কোৱা হয়।\nউঃ মণিপুৰী বা মীতৈসকলৰ ভাষাটোক মীতৈলােন বা মৈতৈলােন বুলি কোৱা হয়।\n(ঘ) মণিপুৰীসকলৰ নিজস্ব লিপিটোৰ নাম কি?\nউঃ মণিপুৰীসকলৰ নিজস্ব লিপিটোৰ নাম মীতৈ ময়েক।\n(ঙ) অসম চৰকাৰে কেতিয়া মণিপুৰী বহুল অঞ্চলত মণিপুৰী ভাষাটোক প্রাথমিক তথা হাইস্কুল পর্যায়ত শিক্ষাৰ মাধ্যমৰূপে প্রচলন কৰে?\nউঃ অসম চৰকাৰে ১৯৫৬ চনত প্রাথমিক পর্যায়ত আৰু ১৯৮৪ চনত হাইস্কুল পর্যায়ত মণিপুৰী ভাষাটোক মণিপুৰী জনবহুল অঞ্চলত শিক্ষাৰ মাধ্যম হিচাপে প্রচলন কৰে।\n(চ) মণিপুৰী সমাজক একগােট কৰি ৰখা সমাজ ব্যৱস্থাটোৰ নাম কি?\nউঃ মণিপুৰী সমাজক একগােট কৰি ৰখা সমাজ ব্যৱস্থাটোৰ নাম য়েক-ছালাই।\n(ছ) মণিপুৰী সমাজৰ উপগোটসমূহক কি বুলি কোৱা হয়?\nউঃ মণিপুৰী সমাজৰ উপগােটসমূহক যুমনাক বা শাগৈ বুলি কোৱা হয়।\n(জ) "পীবা" কি?\nউঃ 'পীবা' হৈছে মণিপুৰী সমাজ ব্যৱস্থাত থকা এটা উত্তৰাধিকাৰী স্বৰূপ পদবী। মণিপুৰী সমাজৰ প্ৰতিটো য়ুমনাক' বা 'শাগৈ'ত বংশানুক্রমিকভাৱে জ্যেষ্ঠ পুত্ৰসকলক 'পীবা' পদবী প্ৰদান কৰা হয়।\n(ঝ) কিহক লৈপন তাখৎপা বুলি কোৱা হয় ?\nউঃ মণিপুৰী লােকসকলে নিজ গৃহৰ চৌহদৰ বেৰত মাটিৰে ঢাপদিয়ে। ইয়াকে লৈপন তাখৎপা বুলি জনা যায়।\n(ঞ) মণিপুৰী সমাজত গাঁৱৰ মুখিয়ালজনক কি বুলি কোৱা হয়?\nউঃ মণিপুৰী সমাজত গাঁৱৰ মুখিয়ালজনক খুন অহন বুলি কোৱা হয়।\n(ট) মণিপুৰী লােকসকলৰ প্ৰধান জীবিকা কি?\nউঃ মণিপুৰী লােকসকলৰ প্ৰধান জীৱিকা কৃষি।\n(ঠ) 'লাই হৰাওবা'ৰ অর্থ কি ?\nউঃ 'লাই হৰাওবা'ৰ অৰ্থ হৈছে নেদেখাজনৰ সন্তোষ সাধন।\n(ড) উমংলাই' কোন?\nউঃ 'উমংলাই' হৈছে মণিপুৰীসকলৰ আদিম জড় দেৱতা।\n(ঢ) 'লাই হত্যা' নৃত্যৰ প্ৰধান শিল্পী কোন?\nউঃ 'লাই হৰাওবা'নৃত্যৰ প্ৰধান শিল্পী হৈছে মাইবা-মাইবী।\n(ক) ক'ত ক'ত মণিপুৰী ভাষাৰ প্ৰচলন থকা দেখা যায় ?\nউঃ মণিপুৰৰ লগতে অসম, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, নগালেণ্ডৰ উপৰি দক্ষিণ-পূর্ব এছিয়াৰ ম্যানমাৰ আৰু বাংলাদেশ মণিপুৰী ভাষাৰ প্ৰচলন থকা দেখা যায় ।\n(খ) মণিপুৰী সমাজ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।\nউঃ মণিপুৰী সমাজ ব্যৱস্থা যথেষ্ট প্রণালীৱদ্ধ। মণিপুৰী সমাজক মিতৈ বা মীতৈ নামেৰেও জনাজাত। এই সমাজক সাতটা খেল বা ফৈদত ভাগ কৰা হয়, মণিপুৰী ভাষাত যাক জনা যায় 'য়েক-ছালাই'নামেৰে।'য়েক-ছালাই' আকৌ যুমনাক' বা 'শাগৈ' নামৰ কিছুমান উপখেলত বিভক্ত। এই সমগ্র সমাজ ব্যৱস্থাই মণিপুৰ সমাজক একগােট কৰি ৰাখিছে। এই সমাজ ব্যৱস্থাত প্ৰতিটো শাগৈৰ বংশগতভাৱে অহা জ্যেষ্ঠ পুত্ৰক মুখিয়ালৰ দায়িত্ব দিয়া হয়, তেওঁ পীবা'নামেৰে পৰিচিত। মণিপুৰীসকলে ঘৰৰ বাৰীৰ চৌহদত মাটিৰে ঢাপ দিয়ে যাক 'লৈপন তাখৎপা' বুলি জনা যায়, এয়া মণিপুৰী সমাজৰ পৰিচিত দৃশ্য। খুন অহন' বা গাঁওবুঢ়াই গাঁও একোখন পৰিচালনা কৰে। ইয়াৰ উপৰি গাঁৱৰ শান্তি-শৃংখলা আৰু আত্মীয়তা অটুট ৰাখিবলৈ প্রত্যেক গাঁৱতে থাকে "গােপাল হনজবা' আৰু 'গােপাল হিদং' নামেৰে সামাজিক সংগঠন।\n(গ) মণিপুৰীসকলৰ ধৰ্মীয় ৰীতিনীতি, আচাৰ-অনুষ্ঠান আদিৰ বিষয়ে চমুকৈ লিখা।\nউঃ মণিপুৰীসকল বৈষ্ণৱ ধৰ্মৰ উপাসক হ'লেও লােকাচাৰ মানি কেতবােৰ দেৱ-দেৱীৰ পূজা কৰে। তাৰ ভিতৰত য়ুমলাই, লাইনিংথৌ ছানামহী, ইমা লৈমৰেন শিদী আদি দেৱ-দেৱী প্রধান। আদিম জড়দেৱতা উমংলাইৰ পূজা প্রতি বছৰে মণিপুৰীসকলে পালন কৰে। মণিপুৰী সমাজত যিকোনাে ধর্মীয় সকাম বা সামাজিক অনুষ্ঠানৰ শুভাৰম্ভত নাৰী অপৰিহার্য অংগ। মণিপুৰীসকল মুখ্যতঃ কৃষিজীৱি হােৱা হেতুকে তেওঁলােকে পালন কৰা আচাৰ অনুষ্ঠানো কৃষিৰ লগত সম্পর্কিত। তেওঁলােকৰ মুখ্য উৎসৱ 'লাই হৰাওবা' কৃষিভিত্তিক অথচ লােকাচাৰ জড়িত। তদুপৰি উমংলাই পূজা প্রাংগনত তেওঁলােকে উদ্যাপন কৰে 'লাই হাৰাউফম'। মণিপুৰীসকলৰ ধৰ্মীয় ৰীতিনীতি, আচাৰ-অনুষ্ঠান আদিয়ে বহন কৰি আহিছে স্বকীয় বৈশিষ্ট্য।
79296b382869224d80d7214dfc51b1ca3bb96de2ea6908c4b907f6d38b450911
ভেণ্ডিৰ বহুমুখী গুণাৱলী : - Vikaspedia\nকি কি উপাদান ভেণ্ডিত থাকে?\nলোক বিশ্বাসমতে ভেণ্ডিৰ ঔষধীয় প্ৰয়োগ -\nভেণ্ডি কাৰ বাবে অহিতকাৰী?\nআপোনালোকৰ বহুতৰে প্ৰিয় খাদ্য ভেণ্ডিৰ বিষয়ে কিমান কথা আপুনি জানে বাৰু? সদায় দেখি থকা ভেণ্ডিৰ বৰণ সেউজীয়াৰ উপৰি ৰঙচুৱাও হ'ব পাৰে বুলি আপুনি জানেনে?\nভেণ্ডি ডায়েবেটিছ উপকাৰী বুলি হয়তো আপুনি শুনিছে। কিন্তু ভেণ্ডিৰ আৰু কি কি ঔষধি মাহাত্ম্য আছে জানেনে? ভেণ্ডিৰ কেতিয়াবা আচাৰ বা ছুপ বনাই খাইছেনে?\nভেণ্ডিৰ বৈজ্ঞানিক নাম হ'ল- Abelmoschus Esculentus Moench/Hibiscus Esculentis Linn.\nবুৰঞ্জীত ভেণ্ডিৰ বিষয়ে পোৱা তথ্যঃ আজিকালি বিশ্বৰ প্ৰায়বোৰ ঠাইতেই উৎপাদন হোৱা ভেণ্ডিৰ প্ৰাথমিক উৎপত্তিস্থল সম্বন্ধে ঐকমত্য পোৱা নাযায়। কোনোৰ মতে দক্ষিণ আফ্ৰিকা, ইথিঅ'পিয়া, কোনোৰ মতে দক্ষিণ এছিয়া। আকৌ ১২১৬ চনত স্পেইনৰ পৰিব্ৰাজকে ইজিপ্ত আৰু ভুমধ্য সাগৰৰ পাৰৰ লোকসকলে ভেণ্ডিৰ খেতি কৰিছিল বুলি লিপিবদ্ধ কৰি থৈ গৈছে। ব্ৰাজিল, ৱেষ্টইণ্ডিজ, মেক্সিকো , আমেৰিকাৰ উত্তৰ অঞ্চললৈ কিছু পলমকৈ ভেণ্ডিৰ সঁচ যায়।\n১০০ গ্ৰাম ভেণ্ডিত থাকে- শক্তি ৩০ কেলৰি, ডায়েটেৰী ফাইবাৰ ৩ গ্ৰাম, কাৰ্বোহাইড্ৰেট ৭ গ্ৰাম, প্ৰটিন ২ গ্ৰাম, ফেট ১০০ মিলিগ্ৰাম। পটাছিয়াম থাকে ২৯৯ মিলিগ্ৰাম, ছ'ডিয়াম ৭ মিলিগ্ৰাম, মেগনেছিয়াম ৫৭ মিলিগ্ৰাম, কেলচিয়াম ৮১ মিলিগ্ৰাম, ভিটামিন- কে ৫৩ মিলিগ্ৰাম, ভিটামিন চি ২১ মিলিগ্ৰাম। আন আন তত্ত্বসমুহ হ'ল-আইৰন, জিংক, মেংগানিজ, ফছফৰাছ, ভিটামিন-বি-৬, ভিটামিন-বি ১২, ভিটামিন এ, ভিটামিন-ডি আৰু ভিটামিন -ই। ইয়াত থকা এণ্টিঅক্সিডেণ্টসমুহ হ'ল-Quercetin, Catechin, Epicatechin, Procyanidin আৰু Rutin। ঘুলনশীল আৰু অঘুলনশীল (Insoluble) দুয়ো প্ৰকাৰৰ ডায়েটেৰী ফাইবাৰ ভেণ্ডিত থাকে। খাদ্য বিশেষজ্ঞসকলে সেয়ে ভেণ্ডিক পাক প্ৰণালীৰ বাবে অত্যন্ত লাগতিয়াল বুলি গণ্য কৰে। ভেণ্ডি কাটিলে বা কাটি পানীত অলপ সময় ডুবাই থ'লে ইয়াৰ পৰা আঠাৰ দৰে বিজলুৱা পিছল পানী (Mucilage) নিৰ্গত হয়। এই মিউচিলেজৰ বাবে পাক প্ৰণালী পিছলুৱা (Lubricated) হৈ থাকে, যাৰ ফলত মল নিষ্কাশন সহজ হয়।\nপ্ৰাচীন কালৰ পৰা নানান দেশত লোক বিশ্বাসমতে বিভিন্ন ৰোগৰ ক্ষেত্ৰত ভেণ্ডিক চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে। তাৰে কিয়দাংশ তলত উল্লেখ কৰিলোঁ-\n*ভাৰতবৰ্ষত হিন্দুসকলে এই সুগন্ধিযুক্ত ফলক শৰীৰ শীতল কৰা, পেটৰ বায়ু আঁতৰ কৰা আৰু শক্তিবৰ্ধক টনিক হিচাপে ব্যৱহাৰ কৰি আহিছে।\n*ভিয়েটনামৰ আন্নান অঞ্চলত, দক্ষিণ আমেৰিকাৰ গুৱেনা আৰু কেৰিবিয়ান সাগৰৰ এণ্টিলিচ দ্বীপপুঞ্জত ভেণ্ডিক এণ্টিস্পাচম'ডিক্ আৰু শক্তিপ্ৰদ দ্ৰব্য বুলি গণ্য কৰা হয়।\n*শ্বাস প্ৰণালীৰ ইনফ্লমেচন কমোৱাৰ ক্ষেত্ৰত ভেণ্ডিৰ ভুমিকাৰ হেতু ইয়াক ব্ৰ্ংকাইটিছ, ডিঙিৰ বিষ, কাহ আদিত দেশে দেশে প্ৰাচীন কালৰ পৰা ব্যৱহাৰ কৰা হৈ আহিছে।\n*পাত আৰু ভেণ্ডি উতলাই শীতল কৰা ঘোল ব্যৱহৃত হৈ আহিছে জ্বৰ, বাত বিষ, ভেৰিক'জ ভেইন, প্ৰস্ৰাৱৰ সংক্ৰমণত।\n*গনোৰিয়া, ছিফিলিছ আদি যৌন ব্যাধিৰ চিকিৎসাত প্ৰয়োগ কৰি অহা হৈছে।\n*পাত আৰু সিদ্ধ কৰা গুটি মাংসপেশীৰ সংকোচন কমাবলৈ ব্যৱহৃত হয়।\n*শিপা আৰু পাতৰ ৰস ঘাঁত প্ৰলেপ দি চিকিৎসা কৰা হয়।\n*ভেণ্ডিৰ ৰস ডায়েৰীয়া, পেটৰ বিষ আৰু শৌচ কচাৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে।\n*ছালৰ ৰোগ আৰু খজুৱতিত ভেণ্ডিৰ গুটি পিচি গাখীৰৰ সৈতে মিহলাই প্ৰয়োগ কৰি অহা হৈছে।\n*বহুমুত্ৰৰ উপশম ঘটাবলৈ ভেণ্ডিৰ প্ৰয়োগ প্ৰাচীনকালৰ পৰা কৰি অহা হৈছে।\n*প্ৰস্ৰাৱৰ সৈতে 'ধাতু' নিৰ্গত হোৱা ৰোগত কুমলীয়া ভেণ্ডি আৰু ভেণ্ডিৰ গুটি সেৱন কৰাৰ পৰামৰ্শ দিয়া হয়।\n*শালমন, ঘামচিৰ চিকিৎসাত ভেণ্ডিৰ প্ৰয়োগ কৰি অহা হৈছে।\n২০১১ চনৰ (Journal of Pharmacy $ Bioallied Sciences) ত প্ৰকাশিত তথ্য মতে ভেণ্ডিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে আৰু তেজৰ অপকাৰী কলেষ্টেৰল হ্ৰাস কৰে। ভেণ্ডিৰ গ্লাইচেমিক ইনডেক্স কম। সেইবাবেও ডায়েবেটিছ ৰোগীৰ বাবে ই নিৰাপদ খাদ্য। (দৈনিক দুটা ভেণ্ডি ডোখৰ ডোখৰ কৰি এটা আইনাৰ গিলাচৰ পানীত ৰাতিটো ডুবাই ৰাখক। গিলাচটো ঢাকি থ'ব। পুৱা চেকি লোৱা পানীখিনি খালি পেটত খাব। এনে কৰিলে দুসপ্তাহৰ পৰা সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। ভেণ্ডিত থকা ফাইবাৰ আৰু মিউচিলেজৰ বাবে পাক প্ৰণালীৰ পৰা কাৰ্বোহাইড্ৰেটৰ শোষণ ধীৰ গতিৰে হয়।\n*ভেণ্ডিয়ে পাকস্থলীত হেলিকবেক্টৰ পাইলৰি বেক্টেৰিয়াক ক্ৰিয়া কৰাত বাধা প্ৰদান কৰে আৰু এইদৰে গেষ্ট্ৰাইটিছ ৰোধ কৰে।\n*ভেণ্ডিয়ে কিডনীক সুৰক্ষা প্ৰদান কৰে। (Jiltin Medical Journel 2005)।\n*ভেণ্ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ ইমিউনিটী বঢ়ায়।\n*গৰ্ভৱতী মহিলাৰ সন্তানৰ জন্মগত বিসংগতি (যেনে স্পাইনা বাইফিডা) ফলিক এচিডে ৰোধ কৰে।\n*গৰ্ভৱতী মহিলাৰ শৌচ খোলোচা কৰিবৰ বাবে ভেণ্ডি হ'ল নিৰাপদ খাদ্য।\n*ভেণ্ডিৰ এণ্টিঅক্সিডেণ্টসমুহে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। ভেণ্ডিয়ে অপকাৰী কলেষ্টেৰল কমাই শৰীৰক ষ্ট্ৰ'কৰ পৰা সুৰক্ষা দিয়ে।\n*ভেণ্ডিয়ে হজম শক্তি বঢ়ায়।\n*ভেণ্ডিয়ে দৃষ্টিশক্তি বঢ়ায়।\n*ভেণ্ডিয়ে উফি আঁতৰায়। চুলিৰ ৰং উজ্জ্বল কৰে।\n*ভেণ্ডিত থকা ভিটামিন-চিয়ে ছালৰ উজ্জ্বলতা বঢ়ায়।\n*ছাল আৰু চুলিৰ শুষ্কতা আঁতৰায়। ছানবাৰ্নত সুৰক্ষা দিয়ে।\n*ভেণ্ডি হাঁপানী ৰোগ কম কৰাত সহায়ক।\n*ভিটামিন-কেৰ উপস্থিতিয়ে হাড় শক্তিশালী কৰে আৰু তেজ গোট মৰা ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে।\n*কল'নৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।\n*নিয়মীয়াকৈ ভেণ্ডি খালে মেদবহুলতা হ্ৰাস হয়।\n*এনিমিয়া ৰোধ কৰা কেইবাবিধো তত্ত্ব ভেণ্ডিত থাকে।\n*লিউকোৰিয়াৰ ঘৰুৱা চিকিৎসাত ভেণ্ডি ডোখৰ ডোখৰকৈ কাটি ভালদৰে সিজাই মৌজোল মিহলাই খাবৰ পৰামৰ্শ দিয়া হয়।\nমোখনিত এটি সৰু কথা ভেণ্ডিৰ সৰ্বোচ্চ গুণ পাবলৈ হ'লে ৰন্ধন যিমানে কমকৈ কৰে সিমানে ভাল।\nভেণ্ডি এবিধ নিৰাপদ পাচলি- শিশু আৰু গৰ্ভৱতী মহিলায়ো নিৰ্ভয়ে খাব পাৰে। থাইৰয়ডৰ অসুখত ভোগা ৰোগীয়ে পৰিহাৰ কৰা ভাল। ২০০৯ চনত প্ৰকাশিত 'Journal of Phytology' ৰ এটি প্ৰবন্ধত উল্লেখ কৰিছে যে প্ৰয়োগশালত মতা এন্দুৰৰ উৰ্বৰতা ভেণ্ডিয়ে সামান্য হ্ৰাস কৰা দেখা গৈছে।\nলেখকঃ ডাঃ ভুপেন শইকীয়া (নিয়মীয়া বাৰ্তা )
12b03ef66256d0fefaa5163c49c644f9fa663251b9f0f80f4331aa447825c37d
গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত অহা ১৯-২১ জুলাইত দ্বিতীয় ফেডাৰেচন কাপ ৰোলবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। অসম ৰোলবল সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হ'ব। এই উদ্দেশ্যে ইতিমধ্যে ৰাজ্যিক সন্থাই সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই মেগা ইভেণ্টটোৰ বাবে জনপ্ৰিয় গায়ক শিল্পী জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে লোৱা হৈছে। সন্থাৰ ৰাজ্যিক সম্পাদক ভূমিধৰ বৰ্মনে জনোৱা মতে, অংশগ্ৰহণকাৰী দলবোৰৰ ভিতৰত আছে- ল'ৰাৰ শাখাত অসম, মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, ৰাজস্থান, জম্মু-কাশ্মীৰ, দিল্লী, ছট্টিশগড়, ঝাৰখণ্ড আৰু ছোৱালীৰ শাখাত অসম, মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, ছট্টিশগড়, ৰাজস্থান, জম্মু-কাশ্মীৰ, হাৰিয়ানা, তামিলনাডু আৰু মধ্যপ্ৰদেশ। প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে অসম ৰোলবল সন্থাই সমূহ ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে। পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
d84d12eb5c1d35a8fc60943ad4fbf23804c6faa474527776cda169e2bbdde574
تفسير الفرقان - الترجمة الأسامية الموسوعة القرآنية\nঅতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) সৃষ্টিজগতৰ বাবে সতৰ্ককাৰী হ'ব পাৰে।\nযিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌমত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেয়া নিৰ্ধাৰণ কৰিছে যথাযথ অনুপাতত।\nআৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে বৰং সিহঁত নিজেই সৃষ্ট, আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰো ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।\nআৰু কাফিৰসকলে কয়, 'এইটো মিছা কথাৰ বাহিৰে আন একো নহয়, এইটো তেওঁ নিজেই ৰচনা কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ে সহায় কৰিছে'। এইদৰে কাফিৰসকলে যুলুম আৰু মিছা অপবাদ লৈ আহিছে।\nসিহঁতে আৰু কয়, 'এইবোৰ প্ৰাচীনকালৰ উপকথা, যিবোৰ তেওঁ লিখোৱাই লৈছে; তাৰ পিছত এইবোৰ পুৱা-গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়'।\nকোৱা, 'এইটো সেই সত্তাই অৱতীৰ্ণ কৰিছে যিজনে আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য জানে; নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু'।\nসিহঁতে আৰু কয়, 'এওঁ কেনেকুৱা ৰাছুল, যিয়ে খোৱা-বোৱা কৰে আকৌ হাট-বজাৰতো চলাফুৰা কৰে; তেওঁৰ ওচৰত কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহ'ল, যিয়ে তেওঁৰ লগত সতৰ্ককাৰীৰূপে থাকিলেহেঁতেন?\n'অথবা তেওঁৰ ওচৰত কোনো ধনভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এটা বাগান নহয় কিয়, য'ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন?' যালিমসকলে আৰু কয়, 'তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিৰহে অনুসৰণ কৰি আছা'।\nচোৱা, সিহঁতে তোমাৰ বাবে কেনেকুৱা (যুক্তিহীন) উপমা দাঙি ধৰিছে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, এতেকে সিহঁতে সুপথ পাবলৈ কেতিয়াও সক্ষম নহয়।\nতেওঁ অতি বৰকতময়, তেওঁ ইচ্ছা কৰিলে তোমাক ইয়াতকৈয়ো উৎকৃষ্ট বস্তু প্ৰদান কৰিব পাৰে - উদ্যানসমূহ যাৰ তলত নদীসমূহ প্ৰবাহিত লগতে তেওঁ তোমাক দিব পাৰে প্ৰসাদসমূহ!\nবৰং সিহঁতে কিয়ামত অস্বীকাৰ কৰিছে। এতেকে যিয়ে কিয়ামতক অস্বীকাৰ কৰে আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জলন্ত জুই।\nদূৰৰ পৰা জুইয়ে যেতিয়া সিহঁতক দেখিব তেতিয়া সিহঁতে তাৰ ক্ৰুদ্ধ তৰ্জন-গৰ্জন আৰু প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব।\nআৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত তাৰ (জাহান্নামৰ) কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ'ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব।\n(কোৱা হ'ব) 'আজি তোমালোকে এটা ধ্বংসক নহয়, বৰং বহু ধ্বংসক আহ্বান কৰা'।\nকোৱা, 'এইটোৱে ভাল নে সেই স্থায়ী জান্নাত ভাল, যাৰ প্ৰতিশ্ৰুতি মুত্তাক্বীসকলক দিয়া হৈছে'? সেইটো হ'ব তেওঁলোকৰ প্ৰতিদান আৰু প্ৰত্যাৱৰ্তনস্থল।\nতাত তেওঁলোক চিৰকাল বসবাসৰত অৱস্থাত যি বিচাৰিব সেইটোৱে পাব; এই প্ৰতিশ্ৰুতি পূৰণ কৰা তোমাৰ প্ৰতিপালকৰ দায়িত্ব।\nআৰু সেইদিনা তেওঁ সিহঁতক (কাফিৰসকলক) আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব, তাৰ পিছত তেওঁ প্ৰশ্ন কৰিব, 'তোমালোকেই মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল'?\nসিহঁতে ক'ব, 'তুমি পৱিত্ৰ আৰু মহান! তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱকৰূপে গ্ৰহণ কৰা আমাৰ বাবে কেতিয়াও উচিত নহয়, বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে (তোমাৰ) স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল'।\n(আল্লাহে মুশ্বৰিকসকলক ক'ব) 'এতেকে তোমালোকে যি কৈছিলা সেয়া সিহঁতে মিছা সাব্যস্ত কৰিছে। সেয়ে তোমালোকে এতিয়া শাস্তি প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু সহায়ো নাপাবা। তোমালোকৰ মাজৰ যিয়ে যুলুম তথা শ্বিৰ্ক কৰে আমি তাক মহাশাস্তিৰ স্বাদ উপভোগ কৰাম'।\nআৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছুল প্ৰেৰণ কৰিছো তেওঁলোক আটায়ে খোৱা-বোৱা কৰিছিল আৰু হাট-বজাৰত চলা-ফুৰাও কৰিছিল। (হে মানৱ!) আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষাস্বৰূপ কৰি দিছো। তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? আৰু তোমাৰ ৰব সৰ্ব দ্ৰষ্টা।\nআৰু যিসকলে আমাৰ সাক্ষাতৰ প্ৰত্যাশা নকৰে সিহঁতে কয়, 'আমাৰ ওচৰত ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়'? অৱশ্যে সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমালংঘন কৰিছে।\nযিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সুসংবাদ নাথাকিব আৰু সিহঁতে ক'ব, 'ৰক্ষা কৰা, ৰক্ষা কৰা'।\nআৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰিম।\nসেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ'ব মনোৰম।\nআৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ'ব।\nসেইদিনা চূড়ান্ত কৰ্তৃত্ব হ'ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেইদিন হ'ব অত্যন্ত কঠিন।\nসেইদিনা যালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক'ব, 'হায়, মই যদি ৰাছুলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোহেঁতেন!'\nহায়, দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোহেঁতেন!\nঅৱশ্যে সিয়ে মোক উপদেশ বাণীৰ পৰা বিভ্ৰান্ত কৰিছিল, অথচ মোৰ ওচৰত সেয়া আহিছিল; আৰু চয়তানতো মানুহৰ বাবে মহাপ্ৰতাৰক।\nআৰু ৰাছুলে ক'লে, 'হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে'।\n(আল্লাহে ক'লে) 'এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছো। তোমাৰ প্ৰতিপালকেই পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে যথেষ্ট'।\nআৰু কাফিৰসকলে কয়, 'সম্পূৰ্ণ কোৰআনখন তেওঁৰ ওচৰত একেলগে অৱতীৰ্ণ কৰা নহ'ল কিয়'? এই দৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰো সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছো।\nআৰু সিহঁতে তোমাৰ ওচৰত যিকোনো বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰত লৈ আহিছো।\nযিসকলক উবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ'ব, সিহঁত মৰ্যাদাত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট।\nআৰু আমিয়েই মুছাক কিতাব প্ৰদান কৰিছিলো আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী কৰি দিছিলো।\nতাৰ পিছত আমি কৈছিলো, 'তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰত যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে'। ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলো;\nআৰু নূহৰ সম্প্ৰদায়কো, যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিলো আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শনস্বৰূপ বনাই দিলো। আৰু আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো যন্ত্ৰণাদায়ক শাস্তি।\nআৰু আমি ধ্বংস কৰিছিলো আদ, ছামূদ, ৰাছ'ৰ অধিবাসীবিলাকক, আৰু সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।\nআমি সিহঁতৰ প্ৰত্যেকৰ বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলো আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো।\nঅৱশ্যে এই কাফিৰবিলাকেও সেই জনপদৰ মাজেৰেই অহা-যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে? আচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই কৰা নাছিল।\nআৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, কয়, 'এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে'?\n'এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন, যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোহেঁতেন'। কিন্তু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট।\nতুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে?\nঅথবা তুমি ভাবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত পশুৰ দৰে; বৰং সিহঁত তাতোকৈ অধিক পথভ্ৰষ্ট।\nতুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য নকৰা নেকি, চোৱাচোন তেওঁ কেনেকৈ ছাঁ সম্প্ৰসাৰিত কৰে? তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ ৰাখিব পাৰিলেহেঁতেন; পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছো।\nতাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো।\nআৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু নিদ্ৰা প্ৰদান কৰিছে বিশ্ৰামৰ বাবে লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।\nআৰু তেৱেঁই তেওঁৰ ৰহমতৰ বৰষুণৰ আগতে সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে; আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰো,\nযাতে তাৰ দ্বাৰা আমি মৃত ভূ-খণ্ডক সঞ্জীৱিত কৰিব পাৰো, আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছো, তাৰ মাজৰ বহুতকে আমি সেয়া পান কৰাওঁ,\nআৰু অৱশ্যে আমি সেয়া সিহঁতৰ মাজত বন্টন কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতাই প্ৰকাশ কৰে।\nআৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই এজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোহেঁতেন।\nএতেকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ লগত কঠোৰ সংগ্ৰাম চলাই যোৱা।\nআৰু তেৱেঁই দুটা সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।\nআৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ ৰব প্ৰভূত ক্ষমতাবান।\nআৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানৰ ইবাদত কৰে যিবোৰে সিহঁতৰ উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতৰ অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী।\nআৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছো।\nকোৱা, 'মই তোমালোকৰ ওচৰত ইয়াৰ বিপৰীতে কোনো বিনিময় নিবিচাৰো, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক (এইটোৱে মোৰ কামনা)'।\nআৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব, আৰু তেওঁৰেই সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।\nতেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।\nআৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ৰহমানৰ প্ৰতি ছাজদাহ কৰা', তেতিয়া সিহঁতে কয়, 'ৰহমান আকৌ কি? তুমি কাৰোবাক ছাজদাহ কৰিব ক'লেই আমি তাক ছাজদাহ কৰিমনে'? (এনে আহ্বানে) কেৱল সিহঁতৰ পলায়নপৰতাই বৃদ্ধি কৰে।\nঅতি বৰকতময় সেই সত্তা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ আৰু আলো বিকিৰণকাৰী চন্দ্ৰ।\nআৰু তেৱেঁই দিন ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে, তাৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে।\nআৰু ৰহমানৰ বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, 'ছালাম';\nআৰু যিসকলে নিজ প্ৰতিপালকক ছাজদাহ কৰে আৰু থিয় হৈ (ইবাদত কৰি) থকা অৱস্থাত উজাগৰে ৰাতি কটায়;\nআৰু তেওঁলোকে কয়, 'হে আমাৰ ৰব! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।\n'নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট'।\nআৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং (তেওঁলোকে) এই দুয়োৰ মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।\nআৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।\nকিয়ামতৰ দিনা তাৰ শাস্তি বৰ্ধিতভাৱে প্ৰদান কৰা হ'ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ'ব।\nকিন্তু যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, ইয়াৰ ফলত আল্লাহে তেওঁলোকৰ গুণাহসমূহ পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।\nআৰু যিয়ে তাওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়।\nআৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নহয় আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ'লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।\nআৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে।\nআৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, 'হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া'।\nতেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ'ব। যিহেতু তেওঁলোক আছিল ধৈৰ্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা কৰা হ'ব।\nতাত তেওঁলোক স্থায়ী হ'ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট!\nকোৱা, 'যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ'ব শাস্তি'।
4e5eb8c69c7ee4607d534b09209c8abab500789ddd920fcb4b12ba90a5f456a6
যষ্টিমধু (ইংৰাজীঃ Liquorice) হৈছে Glycyrrhiza glabraৰ সাধাৰণ নাম। ই হৈছে বীনৰ পৰিয়াল Fabaceaeৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ, যাৰ মূলৰ পৰা এটা মিঠা, সুগন্ধি নিষ্কাশন কৰিব পাৰি। যষ্টিমধু উদ্ভিদ হৈছে পশ্চিম এছিয়া আৰু দক্ষিণ ইউৰোপৰ এক ভেষজ বহুবৰ্ষী উদ্ভিদ। ই একে ধৰণৰ সুগন্ধি যৌগৰ উৎস এনিছ, ষ্টাৰ এনিছ বা ছফৰ সৈতে সম্পৰ্কিত নহয়। কেণ্ডি আৰু ধপাতৰ ফ্লেভাৰিং হিচাপে যষ্টিমধু ব্যৱহাৰ কৰা হয়, বিশেষকৈ কিছুমান ইউৰোপীয় আৰু পশ্চিম এছিয়াৰ দেশত। ভেষজ আৰু পাৰম্পৰিক ঔষধত যষ্টিমধুৰ নিষ্কাশন ব্যৱহাৰ কৰা হৈছে। যষ্টিমধুৰ অত্যাধিক সেৱনৰ (বিশুদ্ধ গ্লাইচাইৰিজিনিক এচিড, এক লিকাৰ উপাদানৰ ২ মিগ্ৰা/কেজি/দিনতকৈ অধিক) বিৰূপ প্ৰভাৱ পৰিব পাৰে, যেনে হাইপোকেলিমিয়া, উচ্চ ৰক্তচাপ, আৰু পেশীৰ দুৰ্বলতা।
07692d00f507ba89b7eb6d551c865eb09045325da2109415b32b7c029a36863f
অসমৰ চাহ উদ্যোগ ব্ৰিটিছ সকলে আৰম্ভ কৰাৰ পৰাই অসমৰ কৃষি খণ্ডৰ এক অভিন্ন অংশ হৈ পৰিছে। ১৯৭৮ চনত তেতিয়াৰ কৃষি মন্ত্রী প্ৰয়াত সোনেশ্ৱৰ বৰা দেৱে ক্ষূদ্ৰ চাহ খেতিৰ পোষকতাৰে অসমৰ নিবনুৱা যুৱক সকলক উৎসাহিত কৰিছিল আৰু এই সুদূৰ প্ৰসাৰী চিন্তাই বৰ্ত্তমান মূঠ চাহ উৎপাদনৰ ৫০ শতাংশই ক্ষূদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত পাতৰ পৰা তৈয়াৰ হয়। বহু সহায়ক সংস্থা যেনে ভাৰতীয় চাহ বৰ্ড, টোকলাই চাহ ৰিচাৰ্চ চেন্টাৰ, ক্ষূদ্ৰ চাহ খেতিয়ক সংস্থা আদিয়ে ক্ষূদ্ৰ চাহ খেতিয়ক সকলক সকলো দিশত সহায় কৰি আহিছে। আমি চাহনিৰ পৰা বিশ্বাস কৰো যে আমাৰ প্ৰচেষ্টাত চাহ খেতিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জৰিত অসমৰ ২৫ লক্ষ্যাধিক লোক উপকৃত হব। ক্ষূদ্ৰ চাহ খেতি খণ্ডৰ উৎপাদন বৃদ্ধি, গুণগত মান উন্নত কৰা আৰু খেতিয়ক সকলক মৰ্যাদা দিয়াই আমাৰ লক্ষ্য। প্ৰযুক্তি বিজ্ঞানৰ জ্ঞান, কীট পতংগ নিয়ন্ত্ৰণ, ৰাসায়নিক আৰু জৈৱিক সাৰৰ উচিৎ ব্যৱহাৰ ইত্যাদিয়ে কৃষক সকলক অধিক উৎপাদনত সহায় কৰিব আৰু চাহ খেতিৰ প্ৰসাৰতা বাহিব। ই প্ৰত্যক্ষ বা পৰোক্ষভাবে নিয়োজনৰ পথ মুকলি কৰাৰ লগতে স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিব। অপৰিকল্পিত ভাৱে গঢ়লৈ উঠা ক্ষূদ্ৰ চাহ খেতিৰ ক্ষেত্ৰ খনক এক উমৈহতীয়া বাণিজ্যিক ক্ষেত্ৰলৈ পৰিণত কৰিলে প্ৰতিজন খেতিয়কেই উপকৃত হোৱাৰ লগতে উৎপাদন, যোগাযোগ আৰু আৰ্থিক ভাৱে লাভাম্বিত হব। এনে তথ্য আৰু প্ৰযুক্তিৰ যুগত এনে সেৱাৰ জৰিয়তে অসমৰ গ্রামাঞ্চলৰ চাহ খেতিৰ জগত খনলৈ পৰিৱৰ্তনৰ সূচনা আনিব। উৎকৃষ্ট মানদন্দৰ কেচাপাতৰ উৎপাদনেই আমাৰ লক্ষ্য আৰু ইয়াৰ বাবে খেতিয়ক সকলৰ লগত চাহনিয়ে সেৱা আগবঢ়াই যাব।
0c4ccf2cf8ceb17c248a75e62070dd713b9dbdbb3fe1c248fa85c1db326c7f8f
মায়াৱতী - অসমীয়া ৱিকিপিডিয়া\nএখন সংবাদমেলত অংশগ্ৰহণ কৰা মূহুৰ্তত মায়াৱতী\n১৮ চেপ্তেম্বৰ ২০০৩\nউত্তৰ প্ৰদেশত ৰাজ্যসভাৰ সাংসদ\n৩ এপ্ৰিল ২০১২\nউত্তৰ প্ৰদেশৰ ১৭ম মুখ্যমন্ত্ৰী\n৩ জুন ১৯৯৫ - ১৮ অক্টোবৰ ১৯৯৫\n২১ মাৰ্চ ১৯৯৭ - ২১ চেপ্তেম্বৰ ১৯৯৭\n৩ মে ২০০২ - ২৯ আগষ্ট ২০০৩\n১৩ মে ২০০৭ - ৭ মে ২০১২\nমায়াৱতী প্ৰভু দাস\n১৫ জানুৱাৰী, ১৯৫৬ (৬৬ বছৰ)\nবহুজন সমাজ পাৰ্টী\nমায়াৱতী হ'ল ভাৰতৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও বহুজন সমাজ পাৰ্টী (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী দলিত মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।\n১৯৫৬ চনৰ ১৫ জানুৱাৰীত নতুন দিল্লীৰ এটা দলিত পৰিয়ালত মায়াৱতীৰ জন্ম হৈছিল। মায়াৱতীৰ সম্পূৰ্ণ নাম হ'ল মায়াৱতী প্ৰভু দাস। তেঁওৰ পিতৃৰ নাম প্ৰভু দয়াল আৰু মাতৃৰ নাম ৰামৰতী। তেঁওৰ পিতৃ আছিল এজন ভাৰতীয় ডাক বিভাগৰ এজন কৰ্মচাৰী। মায়াৱতীৰ ছজন ভাতৃ আৰু দুজনী ভনীয়েক আছিল। তেঁওৰ পৈতৃক গাঁও হ'ল বাদলপুৰ যি উত্তৰ প্ৰদেশৰ গৌতমবুদ্ধ নগৰ জিলাত অৱস্থিত। বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে দিল্লীৰ কালিন্দী কলেজৰ পৰা এল.এল.বি. উপাধি গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেখেতে বি.এড. ডিগ্ৰী গ্ৰহণ কৰে। ৰাজনীতিলৈ অহাৰ আগতে তেঁও দিল্লীৰ এখন বিদ্যালয়ত শিক্ষিকা হিচাপে কাম কৰিছিল। মায়াৱতীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবেও অধ্যয়ন কৰিছিল, কিন্তু ১৯৭৭ চনত দলিত ৰাজনৈতিক নেতা কাঞ্চীৰামক লগ পোৱাৰ পাছত তেখেতে সম্পূৰ্ণ ৰাজনীতিজ্ঞ হোৱাৰ নিৰ্ণয় লয়।\nমায়াৱতীয়ে নিজৰ প্ৰথম নিৰ্বাচনৰ পাতনি মেলিছিল উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ কৈৰানা লোকসভাত। তেঁও অবিবাহিত আৰু নিজৰ সমৰ্থকবোৰৰ মাজত তেঁও 'বহনজী' নামেৰে পৰিচিত। ২০০৭ চনৰ ১৩ মে'ত তেঁও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ৰূপত চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰে।\nমায়াৱতীৰ ফেচবুক পৃষ্ঠা\n"https://as.wikipedia.org/w/index.php?title=মায়াৱতী&oldid=213323"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ১৯ জানুৱাৰী, ২০২০ তাৰিখে ১২ঃ২৮ বজাত অন্তিম সংশোধন কৰা হৈছিল।
ffc61df9c810c6a3620817a39fa4224847b34e88c401a816a5ed31e40a473980
এন আৰ চিত জালিয়াতিৰে নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱাৰ অপৰাধত ৰঙিয়াৰ ধুহিত দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। মহম্মদ ৰিজোৱান (২৪) আৰু আতিকুৰ ৰহমান (২৬) নামৰ যুৱক দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে বহু বছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা আহি ধুহিত এঘৰ লোকৰ তাত নিগাজিকৈ থাকিবলৈ লোৱা মহম্মদ ৰিজোৱান নামৰ যুৱকজনে এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন জনাইছিল। কিন্তু এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে যুৱকজনৰ কোনো প্ৰামাণিক নথি নথকাত ৰিজোৱানে ধুহিৰ আতিকুৰ ৰহমান নামৰ যুৱকজনৰ সহায় বিচাৰে। আতিকুৰে ধুহিৰ মিলন মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক ঘনশ্যাম কুমাৰৰ স্বাক্ষৰ জাল কৰি কম্পিউটাৰৰ সহায়ত এখন ভুৱা বিদ্যালয়ৰ প্ৰমাণ-পত্ৰ তৈয়াৰ কৰি ৰিজোৱানক দিয়ে। ৰিজোৱানে নিজৰ আবেদনৰ লগত প্ৰামাণিক নথি হিচাপে বিদ্যালয়ৰ উক্ত ভুৱা প্ৰমাণ-পত্ৰখন গাঁঠি দিয়ে। ৰিজোৱানৰ প্ৰমাণ-পত্ৰখনৰ ওপৰত ধুহিৰ এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়াগৰাকীৰ সন্দেহ ওপজাত বৃহস্পতিবাৰে বিষয়াগৰাকীয়ে মিলন মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীক প্ৰমাণ-পত্ৰখন পুনৰীক্ষণৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰলৈ তলব কৰে। প্ৰধান শিক্ষক ঘনশ্যাম কুমাৰে প্ৰমাণ-পত্ৰখন পুনৰীক্ষণ কৰি সেইখন ভুৱা বুলি নিশ্চিত কৰে। প্ৰধান শিক্ষক কুমাৰে ঘটনা সম্পৰ্কত কঞা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কুমাৰৰ এজাহাৰৰ ভিত্তিত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেশ্বৰ চুতীয়াই ধুহিৰ পৰা মহম্মদ ৰিজোৱান আৰু আতিকুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৬৮/৪২০/৮৭১ ধাৰাৰ অধীনত এটা গোচৰ (২৮/২০১৮) ৰুজু কৰি শুকুৰবাৰে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। আদালতে দুয়োজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
47691949fcb48df0b56b1b42e57e44f6416806fe97b3c2392f87945ce04439aa
ডিজিটেল সংবাদ, নগাঁওঃনৱ প্ৰজন্মৰ মাজত বুৰঞ্জীৰ জ্ঞান প্ৰসাৰৰ লক্ষ্যৰে বিগত বছৰৰ দৰে এইবছৰো নগাঁৱত হ'ব কুইজ প্ৰতিযোগিতা। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত কলং কপিলী বিদ্যাপীঠৰ সহযোগত চতুৰ্দশ বাৰ্ষিক ধ্ৰুৱজ্যোতি বৰা সোঁৱৰণী সদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা খন ১ডিচেম্বৰত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেবাৰ্শীষ দাসে এক বিবৃতি যোগে জনাই যে কেৱলমাত্ৰ বুৰঞ্জীৰ ওপৰতহে কুইজ প্ৰতিযোগিতা খন অনুষ্ঠিত হ'ব।প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।প্ৰতিযোগিতা প্ৰতিটো দলত ২ জনতকৈ অধিক প্ৰতিযোগী হব নোৱাৰিব।প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১০০টকা।ইচ্ছুক প্ৰতিযোগী দলক নামভৰ্তি কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনায়। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৭০০১টকা,দ্বিতীয় পুৰস্কাৰ ৫০০১,তৃতীয় পুৰস্কাৰ ৩০০১ টকাৰ লগতে চলন্ত বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হব।ইয়াৰ উপৰি চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ বিজেতাক ১০০০টকাৰ লগতে মানপত্ৰ আগবঢ়োৱা হ'ব।ইচ্ছুক প্ৰতিযোগী দলসমূহে সবিশেষ জানিবৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ নতুন বজাৰস্থিত কাৰ্যালয়ত অথবা ৭০০২৭৬৮৮৬৩,৯৭০৭৫১২৭৫৭,৬০০১৬৫১১৩২ নম্বৰত যোগাযোগ কৰিবলৈ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে অনুৰোধ জনাইছে।
16531b007faf4f1e89fb07a83194501c9841309aba51497fea7d599a58042e09
মেষ ৰাশি- বুদ্ধিমত্তাৰে কৰা কামত সফলতা লাভ কৰিব। আপোনাৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব, যি কাম সফল কৰিব। পাবলৈ বাকী থকা ধন প্ৰাপ্ত কৰাৰ প্ৰচেষ্টাত সফল হোৱাৰ সম্ভাৱনা আছে। বৃষ ৰাশি- দিনটো ব্যৱসায়ৰ উন্নতিৰ বাবে অনুকূল। আপুনি বৈবাহিক সুখ পাব। নিৰ্মাণ কাৰ্যত পলম হ'লে উদ্বেগ বৃদ্ধি পাব। নিকটতম কাৰোবাৰ সৈতে বিবাদ হ'ব পাৰে। মিথুন ৰাশি- ব্যৱসায়ৰ বাবে সময় ভাল। আপুনি সাহস আৰু বীৰত্বৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। স্তব্ধ নিৰ্মাণ কাৰ্যই গতি লাভ কৰিব। অংশীদাৰী কাৰ্যকলাপত বিশেষ লাভালাভ থাকিব। কৰ্কট ৰাশি- দিনটো নতুন শক্তিৰে আৰম্ভ হ'ব। আপুনি ভূমি, নিৰ্মাণত বিনিয়োগ কৰিব পাৰে। ঘৰুৱা কামৰ বাবে আপুনি ব্যস্ত থাকিব। কৰ্মক্ষেত্ৰত সেৱকসকলৰ সমস্যা অব্যাহত থাকিব। সিংহ ৰাশি- আপোনাৰ কথাবোৰে গুৰুত্ব পাব। বিবাহৰ বাধা আঁতৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা সাক্ষাৎ হ'ব। পছন্দৰ খাদ্য গ্ৰহণ কৰিবলৈ পাব। ৰাজনীতিৰ সৈতে জড়িত লোকসকল বিশ্বাসঘাতকতাৰ ভুক্তভোগী হ'ব পাৰে। কন্যা ৰাশি- আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু জ্ঞানে প্ৰগতিৰ সুযোগ লৈ আনিব। সন্মান বৃদ্ধি হ'ব। শুভ আৰু অনুকূল ফলৰ বাবে সময় ভাল। ভাতৃ-ভগ্নী আৰু বন্ধুবৰ্গৰ সহায়ত কাম সম্পূৰ্ণ হ'ব। তুলা ৰাশি- কৰ্মস্থানত আগ্ৰহ বৃদ্ধি হ'ব। সাহস বৃদ্ধি হ'ব। স্বাস্থ্য ভাল হোৱাৰ লগে লগে মনত সুখ থাকিব। আন লোক আপোনাৰ জীৱনশৈলীৰ দ্বাৰা প্ৰভাৱিত হ'ব। বৃশ্চিক ৰাশি- আপুনি আকাংক্ষিত সফলতা প্ৰাপ্ত কৰিব। পিতৃ বা জ্যেষ্ঠ কাৰোবাৰ সমৰ্থন থাকিব। প্ৰয়োজনীয় নথিপত্ৰবোৰ সময়মতে নিয়ন্ত্ৰণ কৰক। ধনৰ অপচয় সম্ভৱ। পাৰিবাৰিক সুখ আৰু সহযোগিতা বৃদ্ধি পাব। ধনু ৰাশি- দম্পতীৰ সম্পৰ্ক উন্নত হ'ব। ব্যৱসায়িক পৰিস্থিতিত আগতীয়াকৈ সকাহ পাব। এখন নতুন আঁচনি প্ৰস্তুত হ'ব। পৰিয়ালৰ সুখ বাঢ়িব। আপুনি পিতৃৰ সৈতে অসংলগ্ন হ'ব পাৰে। আপুনি আজি অবাঞ্ছিত কাম কৰিব লাগিব। মকৰ ৰাশি- নতুন ডমেইনত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক বিষয়ত এজন অভিজ্ঞ ব্যক্তিৰ মতামত লোৱা ভাল হ'ব। সন্তানৰ কামৰ ওপৰত নজৰ ৰখাটো গুৰুত্বপূৰ্ণ। দুৰ্বল ৰণনীতিয়ে আকাংক্ষিত সফলতালৈ যাব নোৱাৰিব। কুম্ভ ৰাশি- আইনী সমস্যাবোৰত সকাহ পাব। মোকৰ্দমা আদিত আপোনাৰ বিজয়ৰ সৈতে ভাল কামবোৰ সম্পূৰ্ণ হ'ব। জ্ঞান চিত্ৰকলাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। পৰিয়ালত শুভ অনুষ্ঠান থাকিব। মীন ৰাশি- আজিৰ দিনটো অনুকূল। স্বাস্থ্য উন্নত হ'ব। মনোবল বৃদ্ধি হ'ব। মনত হতাশা আৰু দুখৰ অনুভূতিৰ অন্ত পৰিব। কাকো আপোনাৰ গোপন কথা নক'ব অন্যথা বদহজম হ'ব পাৰে। সাৱধান হওক।
6f1ccaad1a352e0481c9fbd61f16ba8a63793a81464c4fb7e11929c81e0dece2
আজি ৰামলীলা ময়দানত বৃহৎ ৰাজহুৱা অনুষ্ঠানত শপতগ্ৰহণ কৰাৰ পিছত দিল্লীৰ তৃতীয় বাৰৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ উন্নয়নৰ বাবে প্ৰধান মন্ত্ৰী মোদীৰ আশীৰ্বাদ কামনা কৰে। নিমন্ত্ৰিত মোদী আজি অনুষ্ঠানটোত উপস্থিত নাছিল। দিল্লীৰ উন্নতিৰ বাবে কেন্দ্ৰৰ সৈতে সমিলমিলেৰে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি কেজৰিৱালে কয়, "মই প্ৰধান মন্ত্ৰী মোদীজীলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰিছিলো। কিন্তু তেওঁ নাহিল, হয়তো আন ক'ৰবাত ব্যস্ত থাকিব পাৰে। মই দিল্লীৰ সুশাসন আৰু উন্নয়নৰ বাবে প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদ বিচাৰিছো", কেজৰিৱালে কয়। আনহাতে কেজৰিৱালে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক নিৰ্বাচনৰ সময়ত কৰা বিৰূপ মন্তব্যৰ বাবে ক্ষমা কৰি দিয়া বুলিও কয়। নিজৰ জয়ক প্ৰতিজন দিল্লীবাসীৰ জয় আখ্যা দি তিনিবাৰৰ মুখ্য মন্ত্ৰীজনে কয়, "নিৰ্বাচন শেষ হ'ল। কোনে আপোনাক ভোট দিলে সেইটো ডাঙৰ কথা নহয়। এতিয়া সকলো দিল্লীবাসী মোৰ পৰিয়াল। মই প্ৰতিজনৰ বাবে কাম কৰিম, তেওঁ যি দল, যি ধৰ্ম, যি জাতি বা সমাজৰ যি স্তৰৰে নহওক"। উল্লেখ কৰিব পাৰি যে পূৰ্বৰ মুখ্য মন্ত্ৰীসকলৰ দৰে কেজৰিৱালে ৰাজ নিৱাসত শপতগ্ৰহণ অনুষ্ঠান নাপাতি ৰামলীলা ময়দানক বাছি লয়। তেওঁ শপতগ্ৰহণ অনুষ্ঠানটোলৈ ৫০জন ৰাজনৈতিকভাৱে "অবিশিষ্ট" লোকক নিমন্ত্ৰণ কৰে, যাৰ মাজত আছে শিক্ষক, চিকিৎসক, পৰীক্ষাত শীৰ্ষস্থানপ্ৰাপ্ত, অট' ড্ৰাইভাৰ, কেয়াৰটেকাৰ আৰু অনাময় কৰ্মচাৰী আদি। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
8cb064e65eca4c6d69d2410f50020cd940fb9c8a207feecd497c9f8fb2823e22
দেশী-বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে অহা বছৰৰ ফেব্ৰুৱাৰি ৩ আৰু ৪ তাৰিখত আছাম গ্ল'বেল ইনভেষ্টৰছ ছামিট অনুষ্ঠিত হ'ব। এই কথা প্ৰশাক কৰিছে মুখ্য মন্ত্ৰীৰ জনসংযোগ কোষে এটা বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কালি কলকাতাত অনুষ্ঠিত ইণ্ডিয়া টুডেই কনক্লেভ ইষ্ট ২০১৭ ত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰু উত্তৰ-পূবৰ আন আন ৰাজ্যকেইখনক দক্ষিণ-পূব এছিয়াৰ ১০ খন দেশৰ দুৱাৰমুখ হিচাপে ক্ৰমে প্ৰতিষ্ঠিত হৈছে আৰু ভাৰতৰ অৰ্থনীতিৰ এক উদিত অঞ্চলৰূপে মূৰ দাঙি উঠিছে। শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
d54248cfbf073f39c4d46717e5a464a2c2f7e359f1bd499a25c43971d1700a29
মনিং ৱাকঃ জোৰেৰে খোজ কাঢ়ক : - বিকাশপেডিয়া\nমূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মনিং ৱাকঃ জোৰেৰে খোজ কাঢ়ক :\nমনিং ৱাকঃ জোৰেৰে খোজ কঢ়াৰ বিষয়ে লিখা হৈছে ।\nবৰ্তমান মনিং ৱাক স্বাস্থ্য সচেতন লোকসকলৰ বাবে অৱশ্যে পালনীয় কৰ্তব্য হৈ পৰিছে। সময় অতিবাহিত হোৱাৰ লগে লগে মনিং ৱাক কৰা মানুহৰ সংখ্যা বাঢ়িছে। গাঁৱতকৈ চহৰৰ মানুহক বেছি মৰ্নিং ৱাক সচেতন বুলিব পাৰি। অৱশ্যে গাঁৱৰ লোকসকলে শাৰীৰিক পৰিশ্ৰম থকা কাম-কাজ বাবে মৰ্নিং ৱাকৰ প্ৰয়োজনীয়তা সিমান নাথাকে। কিন্তু শাৰীৰিক পৰিশ্ৰম নথকা উপায় নাই। কিছুদিনৰ আগলৈকে মৰ্নিং ৱাক অভ্যাসৰ প্ৰয়োজনীয়তা পুৰুষেহে অনুভৱ কৰিছিল। পুৱাৰ বাত-পথত মৰ্নিং ৱাক কৰি থকা পুৰুষকহে বেছিকৈ দেখিবলৈ পোৱা গৈছিল।\nআজিকালি দিন-কল সলনি হ'ল। সকলোতে নাৰীৰে স্থান। বৰ্তমান মৰ্নিং ৱাক কৰা পুৰুষ যিদৰে দেখিবলৈ পোৱা যায় সেইদৰে বয়সিয়াল যুৱক-মহিলাসকলকো অতি সচেতনভাৱে মৰ্নিং ৱাক কৰা দেখা যায়। এতিয়া আহো মৰ্নিং ৱাকৰ নিয়মলৈ। মৰ্নিং ৱাক কৰা বেছিসংখ্যকেই গুৰুত্ব দিয়ে পথৰ দৈৰ্ঘ্যক। অৰ্থাৎ প্ৰতিদিনে খোজ কিমান পথ অতিক্ৰম কৰিছে তিনি-চাৰি নে পাঁচ কিলোমিটাৰ। বৰ্তমান বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে দৈৰ্ঘ্যৰ ধাৰণাতো ভুল।\nখোজ কঢ়াৰ দূৰত্ব নহয়, গুৰুত্বপূৰ্ণ হ'ল খোজ কঢ়াৰ স্পীড বা গতি। আমেৰিকাৰ লৰেণ্ডা বাৰ্কালে নেচনেল লেবৰেটৰীৰ গৱেষকসকলে ৮,০০০ এথলেটিক অৰ্থাৎ খেলুৱৈৰ ওপৰত এই গৱেষণা কৰি এই সিদ্ধান্তলৈ আহিছে। গৱেষকসকলে দেখা পাইছিল যিসকল খেলুৱৈৰ ভৰি দ্ৰুততৰ তেওঁলোকৰ হাৰ্ট সিমানেই শক্তিশালী। যিসকল লোকে ধীৰে ধীৰে খোজ কাঢ়ে কিন্তু অতিক্ৰম কৰে বেছি পথ সেইসকলৰো ভাল দিশ নাই তেনে নহয়?\nগৱেষকসকলে দেখিছে সেইসকলৰ শৰীৰৰ ঘন লিপ'প্ৰোটিনৰ পৰিমাণ বেছি। লিপ'প্ৰোটিন উপকাৰী ক'লেষ্টেৰল। এই দিশটো ভাল হ'লেও অন্য এটা দিশৰ অপকাৰ থাকি যায়। কি সেইটো? যিসকলে লাহে লাহে খোজ কাঢ়ে তেওঁলোকৰ ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰিত হৈ থকাৰ ক্ষেত্ৰত সিমান উপকাৰ নাপাব।\nশৰীৰ চৰ্চাকাৰীসকলে কয়- জোৰেৰে খোজ কাঢ়ক। অকলে খোজ কাঢ়ক। লগে-ভাগে কথা পাতি খোজ নাকাঢ়িব। তেতিয়া খোজৰ গতি ধীৰ হ'ব। খোজ কাঢ়োতে মুখ বন্ধ ৰাখিব। উশাহৰ গতি নিজৰ নিয়ন্ত্ৰণত ৰাখিব। উদ্বেগ-হতাশা খং ভাব লৈ খোজ কঢ়াৰ পৰা উপকাৰ নাপাব। সম্পূৰ্ণ এটা সুস্থ মন লৈহে মৰ্নিং ৱাক কৰক।
3eaa37240b5617bf689be2b3fc4c7d0b09e31071841a60b7827608ae06af85ec
আচাৰ্য চাণক্যই মানৱ জীৱনৰ বিষয়ে বহু কথা কৈছে। তেওঁৰ কথা 'চাণক্য নীতি শাস্ত্ৰ'ত সংকলিত হৈছে। এজন ব্যক্তিৰ জীৱনটো কেনেকৈ সুখী কৰি তুলিব পাৰি তেওঁ নৈতিকতাৰ ওপৰত বহু উপদেশ দিছে। সেইবোৰ অনুসৰণ কৰি এজন ব্যক্তিয়ে নিজৰ জীৱনটো সহজ কৰি তুলিব পাৰে। আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰি বহু লোকে যশ আৰু গৌৰৱ অৰ্জন কৰিছে। নৈতিকতাত এনে বহু নীতিৰ সংকলন আছে, য'ত জীৱন যাপনৰ সঠিক পদ্ধতিৰ কথা উল্লেখ আছে। যদি কোনো ব্যক্তিয়ে জীৱনত এই নীতিসমূহ পালন কৰে তেন্তে তেওঁ কেতিয়াও হতাশা আৰু বিমুখতাৰ সন্মুখীন হ'ব নালাগে। যদি আপুনিও নিজৰ বাবে জীৱনসংগী বিচাৰিছে, তেন্তে চাণক্য নীতিত দিয়া কিছুমান কথাৰ বিশেষ গুৰুত্ব দিয়া উচিত। যদি জীৱন সংগী বাছনি কৰাৰ সময়ত সামান্য ভুল হয়, তেন্তে গোটেই জীৱন দুখৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 4 Share this: যদি আপুনি জীৱন সংগীৰ কথা ভাবিছে তেন্তে কোনো ধৰণৰ হেঁচাত এই সিদ্ধান্ত গ্ৰহণ নকৰিব। কাৰণ ই গোটেই জীৱনৰ প্ৰশ্ন, আৰু এই সিদ্ধান্ত লোৱাৰ সময়ত বিশেষ গুৰুত্ব প্ৰদান কৰক। হেঁচাত লোৱা কোনো সিদ্ধান্তই পাছলৈ আপোনাৰ বাবে দুখৰ কাৰণ হৈ পৰিব পাৰে। প্ৰায়ে বহু লোকে জীৱনসংগী নিৰ্বাচনৰ সময়ত বাহ্যিক সৌন্দৰ্য্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। কিন্তু চাণক্য নীতিৰ মতে এজন ব্যক্তি বাহ্যিক সৌন্দৰ্য্যৰ লগতে আভ্যন্তৰীণভাৱে ভাল হোৱা উচিত। এজন ব্যক্তিৰ সৌন্দৰ্য্যক বিবাহৰ পৰিমাপ বুলি গণ্য কৰা নহয়। বৰঞ্চ বিবাহৰ বাবে এগৰাকী নাৰী বা পুৰুষৰ মাজত গুণ আৰু মূল্যবোধ থকাটো অতি প্ৰয়োজনীয়। গতিকে জীৱনসংগী বাছনি কৰাৰ সময়ত গুণবোৰৰ বিশেষ গুৰুত্ব দিয়ক। এজন ব্যক্তিৰ লগত জীৱনটো কটাবলৈ টকা, সৌন্দৰ্য্যৰ প্ৰয়োজন নাই, কিন্তু ব্যক্তিজনৰ আচৰণ অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত যদি আপুনি জীৱনসংগী বাছি লৈছে তেন্তে মনত ৰাখিব যে ব্যক্তিজন ধৈৰ্য্যৱান হ'ব লাগে। কোৱা হয় যে ধৈৰ্য্যশীল ব্যক্তিয়ে জীৱনৰ উত্থান-পতন সহজেই অতিক্ৰম কৰে। ইয়াৰ লগতে ব্যক্তিজনৰ বক্তৃতা মধুৰ হোৱাটোও আৱশ্যক। এনে লোকে পৰিয়াল সঠিকভাৱে পৰিচালনা কৰে।
6cc674cf1a25b92e71375172fb378509c128ca31d5fddb1a1cea2412e13c274a
অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ্মিট ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীৰ দীঘলিপুখুৰীত এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘত কাৰ্যসূচী পালন কৰে। অনুপ্ৰৱেশৰ সমস্যই ইতিমধ্যে ৰাজ্যখনৰ জনগাঁঠনি সলনি কৰি বিভিন্ন ক্ষুদ্ৰ সম্প্ৰদায়সমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও তেওঁ মন্তব্য কৰে। অসমত আন্তঃৰাজ্যিক পাৰ্মিট প্ৰবৰ্তন কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ইয়াক বলৱৎ নকৰা পৰ্যন্ত তেওঁলোকে আন্দোলন চলাই যাব। আজিৰ উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ গুৱাহাটী সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰো বহুসংখ্যক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
5b64ef9d5ae22619b14ae437628589a2b457b5ff03d26b34eda1e3c4094b7284
আমেৰিকা আৰু মেক্সিকোৰ মাজত আৱদ্ধ শৰণাৰ্থীসকলৰ মৰ্মন্তুদ জীৱন কাহিনী বৰ্ণাইছে এই ছবিয়ে। উত্তৰ আমেৰিকাৰ সীমান্তৱৰ্তী ৰিঅ' গ্ৰেণ্ড নদীৰ পাৰত উদ্ধাৰ হৈছে পিতা-পুত্ৰীৰ মৃতদেহ। আমেৰিকা আৰু মেক্সিকোৰ মাজত আৱদ্ধ শৰণাৰ্থীসকলৰ অৱস্থা দিনক দিনে শোচনীয় হৈ গৈ আছে। এখন দেশৰ পৰা আন এখন দেশলৈ যোৱাৰ সময়ত এনে বহুতো কৰুণ দৃশ্যই শিৰোনাম দখল কৰিছে। বুকু কঁপিছে অলেখজনৰ। (ফটোঃAP) এই ঘটনাটো তেনেকুৱাই। উত্তৰ আমেৰিকাৰ সীমাৰ সৈতে সংলগ্ন ৰিঅ' গ্ৰাণ্ড নদীৰ পাৰত এজন পিতা আৰু তেওঁৰ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ছবিখনে তিনিবছৰৰ আগৰ আয়লান কুৰ্দীৰ সেই ছবিলৈ মনত পেলায় য'ত এজন তিনি বছৰীয়া শিশুৰ মৃতদেহ সমদ্ৰ পাৰত ওপৰমুৱাকৈ উদ্ধাৰ কৰা হৈছিল। (ফটোঃAP) ছবিত দেখা গৈছে ২বছৰীয়া কন্যাগৰাকীৰ মুৰটো পিতৃৰ টি-শ্বাৰ্টৰ ভিতৰত আছে। হয়তো জীৱনৰ অন্তিম মুহূৰ্তকেইটাত পিতা-পুত্ৰীয়ে পৰস্পৰক সাৱটি ধৰিছিল। (ফটোঃAP) লা জৰ্নাডা নামৰ বাতৰি কাকতখনত প্ৰকাশিত খবৰ অনুসৰি ২৩বছৰীয়া অস্কাৰ আলবাৰ্ট' মাৰ্টিজ ৰমিৰেজ এইকাৰণে হতাশ হৈ পৰিছিল যে তেওঁৰ পৰিয়ালে শৰণ লাভ কৰিবলৈ আমেৰিকাৰ বিষয়াসকলৰ ওচৰত হাজিৰ হ'বলৈ অসমৰ্থ। এনেকুৱা হতাশা, দোমোজাৰ মাজতেই তেওঁ নিজৰ কন্যা ভেলেৰিয়াৰ সৈতে দেওবাৰে নদীৰ ফালে আগুৱাই গৈছিল। (ফটোঃAP) এলবাৰ্ট'ই কন্যাক নদীৰ ওচৰত আমেৰিকাৰ তটত থিয় কৰাই পত্নী তানিয়া ভেনেচা অবলচক আনিবলৈ ঘুৰি যাবলৈ লৈছিল। কিন্তু দূৰৈৰ পৰাই তেওঁ দেখা পাইছিল কণমানিজনীয়ে পানীত জপিয়াই দিছে। তেওঁ দৌৰি আহি ভেলেৰিয়াক থাপ মাৰি ধৰে কিন্তু পানীৰ সোঁতে তেওঁলোকক বহুদূৰলৈ উটুৱাই নিয়ে। (ফটোঃAP) বাতৰি এজেন্সী এপিৰ মতে অলবাৰ্ট'ৰ মাতৃ ৰমিৰেজে কয়, মই সকলোকে যাবলৈ মানা কৰিছিলো কিন্তু তেওঁলোকে নুশুনিলে। ছোৱালীজনীয়ে জাপ মাৰি অলবাৰ্ট'ক ধৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেতিয়ালৈ তাই বহু দূৰলৈ উটি গৈছিল। বাহিৰলৈ ওলাই আহিব নোৱাৰিলে। অলবাৰ্ট'ই তাইক নিজৰ টি-শ্বাৰ্টৰ ভিতৰত ভৰাই ল'লে, মোৰ লাগিছে তেওঁ হয়তো নিজকে কৈছিল আমি এতিয়া একেলগে যাবগৈ লাগিব! (নাতিনীয়েকৰ পুতলা দেখুৱাই অলবাৰ্ট'ৰ মাতৃ, ফটোঃAP) মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেচ মেনুৱেল লৌপেজ অবৰাডৰে মঙলবাৰে এক প্ৰেছ বাৰ্তাত এনেধৰনৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰতীয় মূলৰ ৭বছৰীয়া এগৰাকী কন্যা এৰিজ'নাৰ মৰুভূমিত মৃত্যু। (ফটোঃAP) CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
14377c6881785e7e0dc7d133ebe78d991d80b84db64185a945b1445b458df0d5
আনুমানিক ১৭৯৭-৯৮ চনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল[3]। কেনেকৈ ইয়াৰ সূত্ৰপাত হয় তাৰ লিখিত সমল নাই। কিন্তু বাৰেচহৰীয়া ভাওনাৰ পাতনিত কলিয়াবৰৰ "হেজাৰী ভাওনা", কামপুৰৰ "বাৰেগঞা ভাওনা" আদিৰ প্ৰভাৱ থকাটো অনুমান কৰা হয়[3]। ১৮৯৭ চনৰ পৰা মুঠ ২৪ বাৰ এই মহোৎসৱ অনুষ্ঠিত হৈছে। দক্ষিণ জামুগুৰিৰ অন্তৰ্গত পাছিগাঁৱৰ পশ্চিমে থকা 'ৰঘুদলনি' পথাৰত প্ৰথম ২১খন ভাওনাৰে ইয়াৰ আৰম্ভ হৈছিল। ১৮০৭ চনত সেই গাঁৱৰে বৰ্তমানৰ নামঘৰ থকা ঠাইৰ খুনখোৱাহাটৰ কাষত, ১৮১২ চনত বৰভগীয়া গাঁৱৰ পশ্চিমৰ 'ফাকুৱা পথাৰ'ত, ১৮১৭ চনত পুনৰ 'ৰঘুদলনি'ত, ১৮৯৫ চনত শলগুৰি গাঁৱৰ পশ্চিমে থকা 'ডোমৰ বাকৰি'ত এই বাৰচহৰীয়া ভাওনা অনুস্থিত হৈছিল। ১৯০০ চনত কাঠবাৰী গাঁৱৰ উত্তৰে থকা ঢাকৰি পথাৰত ১৮খন খলাত ১৮খন ভাওনাৰে বাৰেচহৰীয়া ভাওনা উদ্যাপন হয়। ১৯০৫ চনত ২১খন খলাৰে ডেকাসুন্দৰ গাঁৱৰ 'পকামূৰা পথাৰ'ত বৃহৎ মণ্ডপ সাজি এই ভাওনা উদ্যাপন কৰা হয়।[4] তাৰ পাছত ১৯১০ চনত বৰহমপুৰ-সৰুভগীয়া গাঁৱৰ মাজৰ বালিপৰা পথাৰত এই ভাওনা পতা হয়। ১৯১৭চনৰ পৰা ২০০৭ চনলৈ চৈধ্যবাৰ পকামূৰা পথাৰতে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছে। মাজতে এবাৰ ১৯৫৩চনত পাতলৰ চুক গাঁৱৰ উত্তৰে থকা 'ফুটুকাতলি' পথাৰত এই অনুষ্ঠান উদ্যাপিত হয়। এইবছৰ অৰ্থাৎ ২০১৩ চনত পকামূৰা পথাৰতে ২৪-২৭ ফেব্ৰুৱাৰীত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছে[5]। বাৰেচহৰীয়া ভাওনাৰ প্ৰসাৰ আৰু স্বীকৃতিৰ ক্ষেত্ৰত 'শোনিতকোঁৱৰ' গজেন বৰুৱাই আগভাগ লৈছিল[1][6]। বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপটো পদুম ফুলৰ চকাৰ আৰ্হিত নিৰ্মাণ কৰা হয়। পদুমৰ প্ৰতিটো পাহত একোখনকৈ 'খলা' নিৰ্মাণ কৰা হয়। একোখন খলাত সাতযোৰকৈ খুঁটা থাকে। বাঁহৰ কামিৰে নিৰ্মাণ কৰা চালৰ ওপৰত ন-খেৰেৰে চাঁৱনি দিয়া হয়। মণ্ডপৰ সোঁমাজত গম্বুজ সাজি তাৰ ওপৰত স্বৰ্ণাভ কলচী প্ৰতিষ্ঠা কৰা হয়। প্ৰতিখন খলাৰ কেন্দ্ৰস্থল দৌলত সিংহাসন প্ৰতিষ্ঠা কৰা হয়। খলাবোৰৰ সন্মুখত একোটাকৈ বাটচ'ৰা থাকে আৰু তাৰ কাষতে একোটা ছোঁঘৰ থাকে। প্ৰত্যেক খলা, বাটচ'ৰা আৰু ছোঁঘৰৰ আৰ্হি সম্পূৰ্ণ একে[3]। গম্বুজৰ সৈতে ৰভাখন আৰু খলাসমূহক সাতটা ভাগত বিভক্ত কৰা হয়। সেইকেইটা হৈছে[3]: জাতি,ধৰ্ম,বৰ্ণ নিবিৰ্শেষে সাৰ্বজনীনভাৱে উদযাপন কৰা শংকৰী কলা-কৃষ্টিৰ এনে ধৰ্মীয়-সাংস্কৃতিক ৰংগানুষ্ঠান খুবেই জনপ্ৰিয় আৰু কেবা লক্ষ্য দৰ্শকে উপভোগ কৰিব পৰাটো ইয়াৰ মূল বৈশিষ্ট্য। কোনো আনুস্থানিক কাৰিকৰী প্ৰশিক্ষণ নথকা গাঁৱলীয়া ৰাইজে কোনো বিশেষজ্ঞ কিম্বা অভিযন্তাৰ সহায় নোলোৱাকৈ নিজৰ সহায় আৰু বুদ্ধি-অভিজ্ঞতাৰে এটি সৰ্ব্বাংগ সুন্দৰ সুবৃহত মণ্ডপ পৰিকল্পনা কৰি তাক বাস্তৱত ৰূপদান কৰে[5]। কোনে প্ৰথম এনে ৰংগমঞ্চ উদ্ভাৱন কৰিছিল, কাৰো সুকীয়াকৈ নাম জনা নাযায়। এই ভাওনাৰ মূল বৈশিষ্ট্য হ'ল ১৪ ৰ পৰা ২১ খন বেলেগ বেলেগ খলাত একে সময়তে অনুষ্ঠিত নাট ভাওনা। মূলমণ্ডপক কেন্দ্ৰ কৰি চাৰিওদিশে তৈয়াৰ কৰা ১৪ ৰ পৰা ২১ খন খলাই এক বৃত্তাকাৰ ৰূপ ধাৰণ কৰে। সিংহাসন প্ৰতিষ্ঠিত মণ্ডপৰ পশ্চিম দিশৰ খলা খনক মূল খলা হিচাপে গণ্য কৰি বাকীবোৰ খলাৰ নাম দিয়া হয়। প্ৰতিখনি খলাকে গছ-লতা-ফুলেৰে সুদৃশ্য কৰি তাৰ সন্মুখত একোটাকৈ তোৰণ সাজি মঞ্চসমূহক আৰু অধিক সুন্দৰ কৰি তুলিবলৈ যত্ন কৰা হয়। এই সকলো খলাতে একে সময়তে ডবা, বৰকাঁহ বাজি ভাওনা আৰম্ভ কৰা হয়। প্ৰথম খলাৰ পৰাই গায়ন-বায়নে ঢেৰাপাক দিয়া আৰম্ভ কৰে। লগে লগে সকলো খলাৰপৰাই সোঁহাতেদি প্ৰথম খলাৰ গায়ন-বায়নে ক অনুসৰণ কৰি সম্পূৰ্ণ কলাসমূহত তিনি পাক দিয়াৰ পিছত নিজ নিজ খলাত গণিকাৰ কাম শেষ কৰে। গায়ন-বায়নেৰ ঢেৰাপাকৰ এই দৃশ্যটো বাৰে চহৰীয়া ভাওনাৰ এক অন্যতম দৃশ্য[5]। ইয়াৰ পিছত প্ৰতিখন খলাতে সুকীয়া ভাওনা হয়। প্ৰতিখন খলাত গায়ন বায়ন, সূত্ৰধাৰ, নাট আদি ভিন ভিন। ↑ 1.0 1.1 Syed Zarir Hussain. "Dance-drama extravaganza in Assam with 2,500 actors (FEATURE)". india-forums.com. http://www.india-forums.com/news/art-culture/25765-dance-drama-extravaganza-in-assam-with-2-500-actors-feature.htm। আহৰণ কৰা হৈছেঃ February 19, 2013. ↑ শাক্য সৌমিক. "Baresohoriya Bhaona". এনাজৰী ডট কম. http://enajori.com/baresohoriya-bhaona/। আহৰণ কৰা হৈছেঃ ডিচেম্বৰ ১৭, ২০১২. ↑ 3.0 3.1 3.2 3.3 কিশোৰ কুমাৰ ভূঞা (২৪ ফেব্ৰুৱাৰী, ২০১৩). "বাৰেচহৰীয়া ভাওনা- অনন্য সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন". আমাৰ অসম- পূৰ্বাচল. পৃষ্ঠা ৮-১১. ↑ শোভাকৃষ্ণা ফুকন (২০১৫). বাৰেচহৰীয়া ভাওনা. নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন. পৃষ্ঠা. ৭১. ↑ 5.0 5.1 5.2 ড০ প্ৰদীপ ভূঞা (ফেব্ৰুৱাৰী ২০১৩). "বাৰেচহৰীয়া ভাওনাৰ ঐতিহ্য আৰু মহত্ত্ব". অসমীয়া খবৰ (দ্বাদশ বছৰ সংখ্যা ১০৩ দেওবাৰ): পৃঃ৪. এই পৃষ্ঠাখন ১১ জুলাই, ২০২১ তাৰিখে ২০ঃ৪০ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
b82c21607094fbb017d942731efa3e15b1a7dec00188f21423a5d9a5b1b261aa
ঘোঁৰা (ইংৰাজীঃ Horse; Equus ferus caballus)[2][3] হৈছে এক প্ৰকাৰৰ তৃণভোজী প্ৰাণী। প্ৰায় ৪৫ৰ পৰা ৫৫ নিযুত বছৰ আগতেই ঘোঁৰাৰ বিৱৰ্তন আজিৰ ৰূপ পাইছে বুলি বিজ্ঞানীসকলে কয়। প্ৰায় ৪০০০ খ্ৰীষ্ট পূৰ্ৱতেই মানুহে ঘোঁৰাক পোহনীয়া কৰিছিল। উপ-প্ৰজাতি caballusৰ অন্তৰগত সদস্যবোৰ পোহনীয়া, যদিও কিছুমান পোহনীয়া ঘোঁৰা অৰণ্যত feral horse হিচাপে বাস কৰে। এই ঘোঁৰাবোৰ প্ৰকৃততে বন্য ঘোঁৰা নহয়, কিয়নো বন্য ঘোঁৰাক কেতিয়াও পোহনীয়া কৰিব নোৱাৰি। বৰ্তমানে জীৱিত একমাত্ৰ বন্য ঘোঁৰাৰ উপ-প্ৰজাতিটো হৈছে, বিপন্ন Przewalski's horse।
84c30fc83748546fd995d4f7fd8a85ce7f16e0bf4ceab076e63e4ef299d26876
১৯০৯ চনৰ ৩১ জানুৱাৰীত ,তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয় । তেখেতৰ পিতাৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম গেঠী ৰাভা । বিষ্ণুপ্ৰসাদ ৰাভাক মৰমতে সকলোৱে 'সুটো' বুলি মাতিছিল । বিষ্ণুপ্ৰসাদ ৰাভাক ৫ বছৰ বয়সত পঢ়াশালিত নাম লগাই দিয়ে । বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত আহৰণ কৰিছিল । হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু ১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰত প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰি ' কুইন এমপ্ৰেছ' পদক লাভ কৰিছিল । ইয়াৰ পাছত ৰাভাদেৱে কলেজীয়া শিক্ষা কলিকতাৰ চেণ্টপল কলেজ, ৰিপন কলেজ, কুছবিহাৰৰ ভিক্টৰীয়া কলেজ আদিত আহৰণ কৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কেইবা প্ৰকাৰৰ নৃত্যও কৰিব জানিছিল । ১৯৩৯ চনত তেখেতে কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত ১০৮ বিধ নৃত্য কৰিছিল আৰু তাৰে তাণ্ডৱ নৃত্যত বিমুগ্ধ হৈ সেইসময়ৰ কাশীৰ হিন্দুবিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰাভাদেৱক সোণৰ পদকৰ লগতে 'কলাগুৰু' উপাধি প্ৰদান কৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৩৭ চনত প্ৰিয়লতা দত্তক বিয়া কৰাইছিল । তেখেতৰ মৃত্যুৰ পিছত ১৯৫০ চনত কনকলতা মেধিক বিয়া কৰাইছিল আৰু দুজন পুত্ৰ পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভাৰ পিতৃ হৈছিল ।১৯৬২ চনত আকৌ কনকলতা মেধিৰ মৃত্যু হোৱাত মোহিনীবালা বসুমতাৰীক বিয়া কৰাইছিল আৰু এটি পুত্ৰ সন্তান লাভ কৰিছিল যাৰ নাম আছিল মেণ্ডেলা ৰাভা । ১৯৫৫ চনত তেওঁ ভাৰতীয় কমিউনিষ্ট দলত যোগদান কৰিছিল আৰু তাৰ দুবছৰ পাছত ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰিছিল যদিও তেওঁ আকৌ ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় পাৰ্থিৰূপে বিধান সভা নিৰ্বাচনত নিৰ্বাচন খেলি জয় লাভ কৰিছিল ।তেওঁ বেলতলাৰ কৃষক আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন আদিতো আগভাগ লৈছিল । যাৰ বাবে তেখেত কেইবাবাৰো জেললৈ যাব লগা হৈছিল । 1. বিশ্বৰ ছন্দে ছন্দে .... 2.পৰজনমৰ শুভ লগনত....... 3.লগন উকলি গল....... ইত্যাদি। এই মহান ব্যক্তি গৰাকীৰ মৃত্যু ১৯৬৯ চনৰ ২০ জুন তাৰিখে হয় আৰু তেওঁ মৃত্যুৰ দিনটোত ৰাভা দিৱস হিচাপে পালন কৰা হয় ।
57c357eb8fe9b6936fa8749b29ca9aa53af71daf209487843da801c4f01deac8
ফাৰ্ডিনেণ্ড মেগালান (পৰ্টুগীজ ভাষাত /məˈɡɛlən/[1]) এজন পৰ্টুগীজ অভিযাত্ৰী আছিল যিয়ে ১৫১৯-২২ চনৰ ভিতৰত স্পেনিচ ৰজাৰ অধীনত ইষ্ট ইণ্ডিজলৈ এক অভিযানৰ আয়োজন কৰিছিল, যি আছিল পৃথিৱীৰ সমগ্ৰ বৃত্তাকায় সামৰি লোৱা প্ৰথমটো সফল অভিযান। ১৪৮০ চনত ফাৰ্ডিনেণ্ড মেগালান এক সম্ভ্ৰান্ত পৰ্টুগীজ পৰিয়ালত জন্মগ্ৰহণ কৰে আৰু কালক্ৰমত নিজকে এক নিপুন নাৱিক তথা নৌ বিষয়া হিচাপে প্ৰতিষ্ঠিত কৰে। মালুকু দ্বীপপুঞ্জ (স্পাইচ দ্বীপপুঞ্জ)লৈ এক পশ্চীমমুৱা যাত্ৰাপথ সন্ধানৰ নিমিত্তে তদানীন্তন স্পেইনৰ ৰজা "চাৰ্লচ ১ম"ৰ দ্বাৰা তেওঁ নিৰ্বাচিত হয়। পাঁচখন জাহাজৰ নেতৃত্ব লৈ তেওঁ আটলাণ্টিক মহাসাগৰেদি পাটাগনিয়ালৈ বুলি "ষ্ট্ৰেইট অব মেগালান"হৈ দক্ষিণলৈ যাত্ৰা আৰম্ভ কৰি অন্য এক জলৰাশিত উপস্থিত হয়গৈ যাক তেওঁ শান্ত সাগৰ বুলিছিল (বৰ্তমানৰ প্ৰশান্ত মহাসাগৰ)। কেইবাটাও ধুমুহা আৰু বিদ্ৰোহ অতিক্ৰম কৰি সেই অভিযানকাৰি দলটো ১৫২১ চনত স্পাইচ দ্বীপপুঞ্জত আহি উপস্থিত হৈ ভাৰত মহাসাগৰ হৈ পুনৰ স্পেইনত গৈ উপস্থিত হয়গৈ। ইয়ে আছিল বিশ্বৰ সমগ্ৰ বৃত্ত সামৰি লোৱা প্ৰথমটো মানৱ অভিযান। দুৰ্ভাগ্যবশতঃ অভিযানকালত ১৫২১ চনত ফিলিপাইনচৰ মাক্টান যুদ্ধত মেগালানৰ মৃত্যু ঘটে, সেয়েহে তেওঁ অভিযানটোৰ পৰিসমাপ্তি দেখা নাপালে। ↑ "Magellan" এই পৃষ্ঠাখন ০৫ জুন, ২০২০ তাৰিখে ০৯ঃ৪২ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
a45f935c0ef194b2aa9042e3c883f0cde1551e54bd4b14aa8b0f2be14e8a36f0
আৰম্ভণিঃ চিৰিয়াখানা হ'ল জীৱ-জন্তু, চৰাই-চিৰিকতি আদি প্ৰদৰ্শনৰ বাবে থকা এখন আহল-বহল সুৰক্ষিত ঠাই বা অঞ্চল। ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অনী জীৱ-জন্তু পৰিবেশ অনুযায়ী ৰখা হয়। সেই বাবেই চিৰিয়াখানা চাবলৈ দৰ্শকৰ ভিৰ হয়। ই শিক্ষামূলক স্থানে। কলিকতাৰ চিৰিয়াখানা ভাৰতৰ ভিতৰতে ডাঙৰ। বর্ণনাঃ অসমৰ গুৱাহাটীত চিৰিয়াখানা আছে। সেইখন চাই চিৰিয়াখানা বর্ণনা কৰা হ'ল। গুৱাহাটীৰ চিৰিয়াখানা যাতায়াত সুবিধা থকা, বিস্তত পাহাৰীয়া অঞ্চল জুৰি অৱস্থিত। ইয়াৰ প্রাকৃতিক শােভাও মনােমােহা। নির্দিষ্ট পৰিমানৰ মূল্যৰ (শিশুসকলৰ বাবে ৰেহাই মূল্যত) টিকট কিনি চিৰিয়াখানাত সােমাব পাৰি। ভিতৰ সােমায়েই দেখা এখন ডাঙৰ বােৰ্ডত কেনি গলে কি জন্তু দেখিবলৈ পােৱা যায়, লিখা আছে। একোটা একোটা অঞ্চলত থকা গৰালত সিংহ, বাঘ, ভালুক, বান্দৰ আদি ৰখা হৈছে। সিংহ ৰখা অঞ্চলত শিলেৰে গুহা সঁজা আছে। হাতী, গড়, বিভিন্ন পহু, জিফ, জেব্রা আদি নির্দিষ্ট অঞ্চলত মুকলি ভাবে ৰখা হৈছে। জলহস্তী, উদ, ঘড়িয়াল, বিভিন্ন হাঁহ জাতীয় চৰাই, পেলিকানৰ বাবে পুখুৰী বা জলাশয়ৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন প্রকাৰৰ চৰাইৰ বাবেও সঁজা আছে। ঠিক সেইদৰে সাপৰ বাবে সৰীসৃপ ভৱন' আছে। বৃহৎ আকাৰৰ অজগৰ, ফেঁটীসাপ আদিও দেখিবলৈ পােৱা যায়। মৰা চৰাই, ধনেশ চৰাই, উটপখী, চিম্পাজী আদি নেদেখা প্রাণীও দেখিবলৈ পােৱা যায়। চিৰিয়াখানাৰ লগত থকা কপৌফুলৰ বাগিছাখনাে চাব লগীয়া। তাত বিভিন্ন প্রকাৰৰ উদ্ভিদ বােৰ চিনাক্ত কৰিবলৈ নাম-ফলক আছে। চিৰিয়াখানাত শিশু সকলকৰ বাবে এখন খেলা উদ্যান আৰু ভাগৰত চাহ খাবলৈ চাহৰ দোকানাে আছে। সামৰণিঃ জীৱ-জন্তুবােৰ প্ৰকৃততে আৱদ্ধ কৰি ৰখা উচিত নহয় যদিও শিক্ষাৰ বাবে চিৰিয়াখানাৰ আৱশ্যকতা আছে। আমি নেদেখা জীৱ-জন্তুবােৰ চাই পৃথিৱীৰ জীৱ-জন্তু সম্পর্কে জ্ঞান লাভ কৰিব পাৰােহঁক। চিৰিয়াখানা চাঁওতে আমি যাতে জীৱজন্তুবােৰৰ অযথা শান্তি ভংগ নকৰাে তাৰ বাবে সতর্ক হ'ব লাগে। সেয়েহে এনে ঠাইত নিয়মানুবর্তিতা মানি চলাটো আমাৰ কর্তব্য হােৱা উচিত।
f4f6dda8d9aee2f1961654c9a10c25b1732a7691325639e9413a9364e623488a
ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ ঃ বিজেপি-অগপ-কংগ্ৰেছ-এআইইউডিএফৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বিপৰীতে অসমবাসীক ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে আজি আনুষ্ঠানিকভাৱে দলৰ পতাকা আৰু খচৰা সংবিধান মুকলি কৰে। হোটেল প্ৰাগ কণ্টিনেেণ্টলত অনুষ্ঠিত সংবাদমেলত ৩০ পৃষ্ঠাজোৰা খচৰা সংবিধান মুকলি কৰি অসম জাতীয় পৰিষদে খিলঞ্জীয়াৰ সুৰক্ষা আৰু প্ৰব্ৰজনৰ পৰা অসমক সুৰক্ষা - এই দুটা লক্ষ্য আগত ৰাখি আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে। সভাপতিকেন্দ্ৰিক দলৰ বিপৰীতে একনায়কত্ববাদ প্ৰশমিত কৰিবলৈ অসম জাতীয় পৰিষদৰ মূল কতৃÇত্ব অৰ্পণ কৰা হৈছে সঞ্চালনা সমিতিক। ৯জনীয়া সঞ্চালনা সমিতিয়ে নিৰ্ধাৰণ কৰিব দলৰ নীতি। এই সঞ্চালনা সমিতি দলীয় কাৰ্যনিৰ্বাহকে নিৰ্বাচিত কৰিব। যাৰ ফলত ৰাজ্যত সভাপতিকেন্দ্ৰিক ৰাজনীতি নাশ হ'ব বুলি মত পোষণ কৰিছে এজেপিৰ মুখ্য আহবায়কে। উল্লেখ্য যে হোটেল প্ৰাগ কণ্টিনেেণ্টলত পৰামৰ্শদাতা কমিটীৰ মুখ্য আহ্বায়কদ্বয় ক্ৰমে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু ড০ বসন্ত ডেকাই সংবিধানৰ খচৰা আৰু পতাকা ৰাজহুৱা কৰে। সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি ড০ কৃষ্ণ গোপাল ভট্টাচাৰ্যই কয়, 'সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ থকা দেশৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক কাঠামো শক্তিশালী কৰিবলৈ অসম জাতীয় পৰিষদে অসম আৰু ইয়াৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক-সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিবলৈ কাম কৰিব। অসমত বসবাস কৰা যিসকল লোক দেশৰ নাগৰিক তেওঁলোকৰ সমহাৰত উন্নয়ন আৰু অগ্ৰগতিৰ বাবে দলে কাম কৰিব। খিলঞ্জীয়াৰ মাটিৰ ওপৰত অধিকাৰ ৰক্ষা কৰিবলৈ দল প্ৰতিশ্ৰুতিবদ্ধ, যাতে ভৱিষ্যতে তাৰ পৰাই জনসাধাৰণৰ আৰ্থিক সচ্ছলতা আহিব পাৰে।' অন্যতম লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰি ভট্টাচাৰ্যই এইদৰে কয়। ইয়াৰোপৰি অন্য এক লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰি ভট্টাচাৰ্যই কয়, 'অবৈধ প্ৰব্ৰজনেৰে ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তন আনিব খোজা প্ৰচেষ্টাত বাধা দিবলৈ ৰাজ্যখনৰ আন্তৰ্জাতিক সীমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলে আত্মনিয়োগ কৰিব। ওচৰ-চুবুৰীয়া ৰাজ্যসমূহ আৰু সেইবোৰ ৰাজ্যৰ জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু অৰ্থৱহ সম্পৰ্ক গঢ়ি তুলি দলে দেশৰ একতা আৰু অখণ্ডতা শক্তিশালী কৰিব।' 'প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে দলে কাম কৰিব। প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় তথা গৱেষণা পৰ্যায়লৈকে শিক্ষা ব্যৱস্থাটোৰ উন্নয়নৰ বাবে দলে কাম কৰিব।' ভট্টাচাৰ্যই লগতে কয়। আনহাতে অন্য এগৰাকী মুখ্য আহ্বায়ক ড০ বসন্ত ডেকাই সংবাদ মাধ্যমৰ আগত কয়, 'ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰথম বৈঠকত দল সঞ্চালন সমিতি এগৰাকী সভাপতি আৰু নগৰাকী সদস্যৰে গঠন কৰা হ'ব। সদস্যকেইগৰাকী বিভিন্ন বিষয়ত অভিজ্ঞ হ'ব লাগিব। দলৰ যিকোনো পৰ্যায়ৰ কাৰ্যনিৰ্বাহকৰ তেখেতসকল সদস্য হ'ব নালাগিব আৰু বিভিন্ন বিষয়ত তেখেতসকল প্ৰখ্যাত হ'ব লাগিব।' তদুপৰি এই সঞ্চালন কমিটীয়ে দলৰ নীতি স্থিৰ কৰিব আৰু দল তথা চৰকাৰ হ'লে চৰকাৰৰ কাম-কাজ পৰ্যবেক্ষণ কৰিব বুলি তেওঁ জনায়।
6a236e86abc136b23fcfb2784e700fbe83bdcf8b60bcb4085e29b597f94a653a
৭৪গৰাকী নতুনকৈ চিনাক্ত ক'ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত বুধবাৰে মুঠ আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৮৩০লৈ বৃদ্ধি পাইছে। অসমত চাৰিগৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে। এতিয়ালৈকে ৪১৩গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। আক্ৰান্তসকলৰ ৩০ গৰাকী ডিমা হাছাও, হোজাইৰ ২০ গৰাকী, বিশ্বনাথৰ ১৪ গৰাকী, ১০ গৰাকী কামৰূপ(গ্ৰাম্য), দুগৰাকী কৰিমগঞ্জ, বিমান যাত্ৰী দুগৰাকী, কাছাৰ, ওদালগুৰি আৰু লখিমপুৰ মিলাই তিনিগৰাকী(প্ৰত্যেকৰে এগৰাকীকৈ) আছিল। আক্ৰান্তসকলৰ ২৮ গৰাকী, দৰঙৰ ১৩ গৰাকী, ৫ গৰাকী কৰিমগঞ্জ, শোণিতপুৰ জিলাৰ ৩ গৰাকী, ২ গৰাকী লখিমপুৰৰ আছিল।
fc4a47af621a1c2210c3b4f29d2605d613a030786e318e4b2e7fd2ec4cf225c9
২ কৰিন্থীয়া 4:16\nএই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।\nদ্বিতীয় বিবরণ 34:7\nমৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল।\nবৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নুসুধিবা; কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়।\nএই অবস্থা দেখি যিহোৱাই ক'লে, "মোৰ আত্মা ই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।"\nঅব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ'ল।\nআনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।\nডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ'ব।\n বৃদ্ধ লোকসকলৰ সৈতে জ্ঞান আছে, দীৰ্ঘ আয়ুসত বুদ্ধি থাকে। জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাতহে আছে; পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে। চোৱা, তেওঁ ভাঙি পেলালে পুনৰায় তাক সজা নাজায়; তেওঁ মানুহক বন্ধ কৰিলে তাক মুকলি কৰা নাযায়। চোৱা, তেওঁ জল সমূহক আটক কৰে, তাতে সেইবোৰ শুকাই যায়; আকৌ সেইবোৰক উলিয়াই দিয়ে, তাতে সেইবোৰে পৃথিবীখন লণ্ডভণ্ড কৰে। পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে; প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে। তেওঁ মন্ত্ৰী সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু বিচাৰকৰ্ত্তা সকলক হতবুদ্ধি কৰে। তেওঁ ৰজা সকলৰ ক্ষমতা গুচায়, আৰু তেওঁলোকৰ ককালত ডোল লগায়। তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু পৰাক্ৰমী সকলক বিনষ্ট কৰে। তেওঁ বিশ্বাসী সকলৰ বাক-শক্তি দূৰ কৰে, আৰু বৃদ্ধ সকলৰ বিবেচনা-শক্তি কাঢ়ি নিয়ে।\nমই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক, আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক।\nতাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।\nতথাপি মই তোমাক, তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।\nবয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।\nপ্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।\nমোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ'ল; কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি ।\n আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ'ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ। তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান? সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।\nবৃদ্ধসকলৰ নাতি নাতিনী তেওঁলোকৰ কিৰীটি স্বৰূপ; আৰু পিতৃসকল তেওঁলোকৰ নিজৰ সন্তানৰ গৌৰৱ স্বৰূপ।\nযুৱকৰ বলেই তেওঁৰ গৌৰৱ, আৰু পকা চুলিয়ে বৃদ্ধ লোকৰ অভিজ্ঞতা দৰ্শাই।\nতোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।\nযি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।\nসেইদৰে বৃদ্ধ মহিলা সকলেয়ো যেন সকলো সময়তে পবিত্ৰ লোক সকলৰ দৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহয়। যি যি উত্তম, সেই শিক্ষা তেওঁলোকে দিয়ক।\n১ তীমথিয় 5:1-2\n বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা। বৃদ্ধা মহিলা সকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতী সকলক সম্পূর্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা।\n মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ'ব, আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব। বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।\n কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ; তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।\n গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছোঃ সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা। আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।\n ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব। তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ'ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ'ব। তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব; তাতে প্রচাৰিত হ'ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।\n বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; সেই দিনবোৰত তুমি ক'বা, "জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।" সূর্য, চন্দ্র আৰু তৰাবোৰৰ জ্যোতি তোমাৰ ওচৰত অন্ধকাৰ হৈ অহাৰ আগেয়েই, বৰষুণৰ পাছতেই পুনৰায় ক'লা ডাঁৱৰ অহাৰ আগেয়েই তুমি সৃষ্টিকর্তাক সোৱঁৰা। সেই সময়ত তোমাৰ ঘৰৰ প্রহৰী কঁপিব, শক্তিশালী লোক কুঁজা হৈ যাব, যি সকল তিৰোতাই জাঁত পিহে, তেওঁলোক তাকৰ হোৱাৰ বাবে পিহিবলৈ এৰিব আৰু খিড়িকিয়েদি চোৱাজনে স্পষ্টকৈ দেখা নাপাব। সেইসময়ত বাটৰ ফালৰ দুৱাৰ বন্ধ হ'ব, জাঁত পিহাৰ শব্দও বন্ধ হৈ যাব, এটি চৰাইৰ মাততে মানুহ চমকি সাৰ পাব, গায়িকাসকলৰ কণ্ঠৰ সুৰ কমি যাব। সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ'ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়। সেয়ে ৰূপৰ তাঁৰ ছিঙি যোৱাৰ পূর্বেই বা সোনৰ পাত্র ভাঙি যোৱাৰ পূর্বেই, নিজৰাৰ কাষত কলহ চূর্ণ-বিচূর্ণ হোৱাৰ পূর্বেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা। মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
2aa176aa359edb54a1f56973015d39d9fefcd095a5134a544d24412ec8849abc
কোকৰাঝাৰ চহৰৰ সমীপৰ মাহাজনপাৰাত গৌৰাং নৈত মাকৰ সতে গা ধুবলৈ গৈ এটি ৬ বছৰীয়া শিশু পানীত ডুব গৈ এই পৰ্যন্ত সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন শিশুটিক মাহাজনপাৰাৰ আমেজ আলি আৰু ছমৰেন বিবিৰ সন্তান মাহাজনপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আবুল কাছেম বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে মাকৰ সৈতে গৌৰাং নৈত গা ধুবলৈ যোৱা কাছেমে গা ধুই থকা অৱস্থাত হঠাৎ মাকৰ পৰা বিচ্ছিন্ন হয় আৰু নৈৰ গভীৰ পানীত ডুব যায়। ঘটনাৰ পিছতে অঞ্চলটোত মুহুৰ্ততে হুৱাদুৱা লাগে আৰু গৌৰাং নৈত ডুব যোৱা কাছেমক বিচাৰি স্থানীয় ৰাইজে অভিযান চলায়। পিছত ঘটনাৰ খবৰ লাভ কৰি এন ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত সন্ধানহীন হোৱা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নায়। লাচিতলৈ সন্মান, নে অপমান? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
6254356ca988e3f5f42868b63a55f41e924dfd99f7506d6f1c4ef68415bb3ce8
DNLA rebels to surrender arms বিদ্ৰোহী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি (ডিএনএলএ)ৰ সদস্যই শনিবাৰে ডিমা হাছাও জিলাৰ মাইবাঙত অস্ত্ৰ সম্বৰণ কৰিব। যোৱা মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিএএলএ উগ্ৰপন্থী আৰু অসম চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তি অনুসৰি, বিদ্ৰোহী সংগঠনটোৰ সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰি মুলসুঁতিত যোগদান কৰিব। বাতৰি অনুসৰি শনিবাৰে মাইবাঙৰ খেপৰেৰ এখন খেলপথাৰত এক অনুষ্ঠানত সদস্যসকলে তেওঁলোকৰ অস্ত্ৰসমূহ সমপৰ্ণ কৰিব। এই অস্ত্ৰ সম্বৰণ অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ উপস্থিত থাকিব। ডিমা হাছাওৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে কয় যে ৰাজ্য চৰকাৰৰ সৈতে ডিএনএলএ-ই স্বাক্ষৰ কৰা চুক্তি অনুসৰিয়েই শনিবাৰে তেওঁলোকে আনুষ্ঠানিকভাৱে তেওঁলোকৰ অস্ত্ৰসমূহ সমৰ্পন কৰিব। ইপিনে, কিমান সংখ্যক ডিএনএলএ সদস্যই অস্ত্ৰ সম্বৰণ কৰিব সেয়া আজিহে গম পোৱা যাব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। অসম আৰক্ষীত ওলাইছে ২৪৪০ টা পদত চাকৰি, কেতিয়া কিদৰে কৰিব পাৰিব আবেদন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
c106531485034ab4f2ccb23bf4478c7dd5b8be3db79c9219e1c79da7e74b2ec3
আজি পুৱাৰ ভাগত গুৱাহাটীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দুৰ্ঘটনাক্ৰমে নদীত পৰি যোৱাৰ পিছত সন্ধানহীন হৈ পৰিছে দলং নিৰ্মাণত নিয়োজিত হৈ থকা এগৰাকী বনুৱা। প্ৰকাশিত খবৰ অনুসৰি, শ্ৰমিকগৰাকী ভৰালুমুখ অঞ্চলৰ গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণক্ষেত্ৰত নিয়োজিত হৈ আছিল। নিৰ্মাণৰত দলংখনৰ এটা খুটাত উঠি থকাৰ সময়তে পিছলি নদীত পৰি যায় শ্ৰমিকগৰাকী। সন্ধানহীন শ্ৰমিকগৰাকীৰ পৰিচয় এই পৰ্যন্ত প্ৰকাশ কৰা নাই নিৰ্মাণখণ্ডৰ দায়িত্বত থকা বিষয়াসকলে। ইতিমধ্যে সন্ধানহীন শ্ৰমিকগৰাকীৰ সন্ধানৰ বাবে উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
29ba8395f9491900b82b26ea6ca1d5e64ae765e74bf81ebb1c223918cd01452d
অজয় ফুকনে 'কাৰেঙৰ লিগিৰী'ৰ গান কিয় ব্যৱহাৰ কৰিলে 'লভিতা'ত ? কিয় নাৰাজ হৈছিল তৰালী শৰ্মা ? প্ৰযোজকে কিয় নুশুনিলে তৰালীৰ কথা ? অসমৰ সংবাদ জগতত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য্য ফণী শৰ্মা - প্ৰকৃতাৰ্থত এই ত্ৰিমূৰ্তিৰ সৃষ্টিৰাজিক লৈ ধেমালি কৰাটো কম ধৃষ্টতা নহয় । আচলতে তেওঁলোকৰ মূল সৃষ্টিত হাতেই দিব নাপায় । সেয়া কৰা মানে তেওঁলোকক কেৱল অপমান কৰাই নহয়, তেওঁলোকৰ মূল্যবান সৃষ্টিৰাজিক অৱমাননা কৰাও । সাংবাদিক গৰাকীৰ মতে প্ৰতিবাদ, প্ৰতিক্ৰিয়া হোৱাৰ পিছত আবাহনৰ প্ৰেক্ষাগৃহৰ ভিতৰত তেওঁলোকৰ 'লভিতা' নাটকখনক লৈ যিধৰণৰ ঘোষণাই নকৰক কিয়, কিন্তু বাহিৰত অৰ্থাৎ ৰাজহুৱা স্থানত ওলমি থকা নাটকখনৰ প'ষ্টাৰত অশুভনীয়ভাবে বৰ বৰ আখৰত থকা অপমানজনক প্ৰচাৰ নিশ্চয় সকলোৰে দৃষ্টিগোচৰ হৈছে । প্ৰথম কথা প'ষ্টাৰখনত 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ' বুলি লিখা আছে । অৱশ্যে কেৱল ৰূপকোঁৱৰ শব্দটো ব্যৱহাৰ কৰিলেও কথা নাছিল ।তাকে নকৰি 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ'বুলি লিখি মহান শিল্পীগৰাকীক অপমান কৰা সেই ব্যক্তিসকলৰ ওচৰত তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁলোকে কিয় প'ষ্টাৰখনত 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা' বুলি লিখিব নোৱাৰিলে ? দ্বিতীয়তে সৰুকৈ 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ...' বুলি লিখি তাৰ ৫০ গুণ বেছি ডাঙৰকৈ আখৰত 'অভিজিত ভট্টাচাৰ্যৰ লভিতা' বুলি লিখাটোও নিশ্চয়কৈ আন এক ধৃষ্টতা ? লগতে আবাহনৰ 'লভিতা'ৰ আঁৰৰ কিছু কথা ব্যক্ত কৰি তেওঁ কয় যে আবাহনৰ 'লভিতা'ত ৰূপকোঁৱৰৰ মূল 'লভিতা'ৰ বিকৃত ৰূপ উপস্থাপন হৈছে বুলি ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সংলাপ, শ্লোগান আদিৰ উপৰি কোনো কোনো চৰিত্ৰকো মূল 'লভিতা'ত বৰ্ণিত ধৰণে ৰখা নাই বুলিও অভিযোগ উঠিছে । তাতোকৈ ডাঙৰ কথাটো হ'ল ৰূপকোঁৱৰৰ 'লভিতা'ত নথকা এটি গীত আবাহনে তেওঁলোকৰ 'লভিতা'ত সংযোজন ঘটাইছে । আশ্চৰ্যকৰ তথা লজ্জাজনক কথাটো হ'ল যে ৰূপকোঁৱৰৰে আন এক অনুপম সৃষ্টি 'কাৰেঙৰ লিগিৰী'ৰ এটি গীত ধাৰ কৰি 'লভিতা'ত ব্যৱহাৰ কৰা হৈছে । বিতৰ্কত সোমাই পৰা আবাহনৰ 'লভিতা'ত এনেদৰে আন নাটকৰ গীত কিয় ব্যৱহাৰ কৰা হ'ল ? তৰালী শৰ্মাই পৰামৰ্শ দিয়াৰ দৰে নাটকখনৰ গানকেইটাৰ দায়িত্বত থকা অজয় ফুকনে কিয় অনুৰূপ পৰামৰ্শ প্ৰযোজক পক্ষক দিব নোৱাৰিলে ? তেওঁ আজিলৈকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'লভিতা' আৰু 'কাৰেঙৰ লিগিৰী' পঢ়াই নাই নে 'লভিতা'ৰ বাবে গান বাণীবদ্ধ কৰাৰ আগত সেই গানকেইটাৰ সন্দৰ্ভত সবিশেষ জানিবলৈ চেষ্টা নকৰি কেৱল ব্যৱসায়িক দৃষ্টিৰেই কামফেৰা কৰি পেলালে ? সেয়েহে এইক্ষেত্ৰত অজয় ফুকন আৰু নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই তেওঁলোকৰ মতামত মুকলিভাবে ব্যক্ত কৰা উচিত বুলি উল্লেখ কৰিলে সাংবাদিক গৰাকীয়ে । আনহাতে তেওঁ ইয়াকো ক'লে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ তৰফৰ পৰা এক বক্তব্য প্ৰকাশ কৰা হৈছে যে 'লভিতা' নাটকখনৰ অনুমতি পৰিয়ালৰ পৰা লোৱাৰ প্ৰয়োজন নাই, অসম প্ৰকাশন পৰিষদৰ পৰাহে কপিৰাইট ল'ব লাগে । কিন্তু প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা জানিবলৈ দিয়ে যে এগৰাকী লেখকৰ মৃত্যুৰ ৬০ বছৰৰ পিছত তেওঁৰ লেখাৰ কপিৰাইটক লৈ কোনো বিষয় নাথাকে । বিনা অনুমতিত কোনোবাই পুনৰ প্ৰকাশ কৰিব পাৰে বা নাটকো মঞ্চস্থ কৰিব পাৰে । কিন্তু প্ৰশ্ন হ'ল অনুমতি নোলোৱাকৈ সেই অমৰ সৃষ্টিসমূহক মঞ্চলৈ আনিলেও তাক জানো বিকৃত কৰিব পাৰে ? কোনে দিলে এই বিকৃতকৰণৰ অধিকাৰ ? ক'ত কেনেকৈ পালে এই অধিকাৰ ? "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
726e8049f474f8e0fb2003da3d61a46f64ebf8476c79e07c1ceee476350e6de4
একেটা অনুষ্ঠানতে কেবাখনো গ্রন্থ উন্মােচন কৰা হ'ব। দিনৰ ১ বজাত অনুষ্ঠিত হ'ব কবি সন্মিলন। Oxford English Dictionary: ২০২২ চনৰ 'বছৰটোৰ শব্দ' ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
c741e77194465edd7dc48b03bbbf5ca567e3a9016b1d1cd8bc1d6cb213ff935f
'ধাপ্পাবাজী বিজেপি; কংগ্ৰেছক আলফা ব্ৰিটিছে নোৱাৰিলে ৰনজিৎ দাস কোন?' - ৰিপুন বৰা\n'ধাপ্পাবাজী বিজেপি; কংগ্ৰেছক আলফা ব্ৰিটিছে নোৱাৰিলে ৰনজিৎ দাস কোন?' - ৰিপুন বৰা\nবিজেপিৰ সভাপতিক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই\nগুৱাহাটী , August 4, 2020 9:08 pm\n'প্ৰতাৰণাৰ কথা ক'লে কিয় লাজ পায়। এনে ধাপ্পাবাজী বিজেপিৰ চৰিত্ৰ। কংগ্ৰেছৰ মনোবল ইমান দূৰ্বল নহয়। ৰণজিৎ দাসৰ সমালোচনাত কংগ্ৰেছ দল থমকি ৰ'ব। আলফাই নোৱাৰিলে ব্ৰিটিছে নোৱাৰিলে কংগ্ৰেছক থমকাবলৈ তুমি ৰনজিৎ দাস কোন।' ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই তীৰ্যক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।\nঅসম প্ৰদেশ কংগ্ৰেছৰ ৩ আগষ্ঠত হৈ যোৱা প্ৰতাৰণা দিবসৰ ফলত বিজেপি হতাশ হৈছে বুলি উল্লেখ কৰি বৰাই কয়, 'কংগ্ৰেছৰ দিনত বিজেপিয়ে বাংলাদেশক এক ইঞ্চিও মাতি নিদিওঁ বুলি প্ৰতিবাদ কৰিছিল। কোনো বাংলাদেশী অসমত থাকিব নোৱাৰিব। এয়া প্ৰতাৰণা নহয় কি? ইফালে তেওলোকে ওলোটাই কা আইন আনি বাংলাদেশকো মাটি দিলে আৰু বিদেশীকো স্বদেশী কৰাৰ ব্যৱস্থা কৰিলে।'\nআমিতো টুইন টাৱাৰ বনাম বুলি আমি সপোন দেখুৱা নাই তোমালোকে দেখুৱাইছা বুলি উল্লেখ কৰি বৰাই কয় 'এক্সপ্ৰেছ হাইৱেৰ সপোন আমি দেখুৱা নাই। বছৰত দুই কোটি চাকৰি আমিতো দিম কোৱা নাই। এইটো প্ৰতাৰণা বুলি ক'লে লাজ পোৱা কিয়?'\n'বৃহৎ নদী বান্ধ এক বিন্দু তেজ থকালৈ হ'ব নিদিও বুলি প্ৰতিবাদ কৰিছিলা।' কিন্তু এতিয়া তেওঁলোকে নদী বান্ধ নিৰ্মাণ কৰিবলৈ উথপথপ লগোৱা বুলিও বৰাই লগতে কয় ।\nইফালে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰতো চৰকাৰে বৈষম্য কৰিছে বুলি উল্লেখ বৰাই কয়, 'ছাত্ৰ-ছাত্ৰীৰ পঢ়াক লৈ ৰাজনীতি কৰাতো উচিত নহয়। পূৰ্বেই ৭৭৬ খন শিক্ষানুষ্ঠান উপযুক্ত বুলি ঘোষণা কৰিছিল। কিন্তু শেষত ৩৩৫ খনহে বাছনি কৰিলে।'\nকিহৰ ভিত্তিত বাকী ৪২১ খন শিক্ষানুষ্ঠান বঞ্চিত কৰিলে তাৰ উত্তৰ বিচৰাৰ লগতে প্ৰাদেশীকৰণ কৰাৰ আহ্বান জনালে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। যদি নকৰে কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰথমতে প্ৰাদেশীকৰণ কৰাৰ আশ্বাস দিয়ে বৰাই।\nবিৰোধীৰ সমষ্টিত বিজ্ঞান শাখা প্ৰৱৰ্তন নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰে বৰাই। বিৰোধীৰ সমষ্টিত বিজ্ঞান পঢ়া কোনো ছাত্ৰ-ছাত্ৰী নাই নেকি বুলি প্ৰশ্ন বৰাৰ।
27e363fc476c53c97576e993e2e1e62b966e8057598d6bf5ed32e4347fe0d241
মাৰ্ঘেৰিটা মহকুমাবাসীৰ বহুকেইটা ৰাজহুৱা স্বাৰ্থ জৰিত সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি অৱনী চলিহাই আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত এককভাৱে ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে। তেওঁ উত্থাপন কৰা দাবী সমূহৰ ভিতৰত আছে মাৰ্ঘেৰিটাৰ লেখাপানীত প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা, মাৰ্ঘেৰিটাত মহকুমা চিকিৎসালয়লৈ স্থাপন কৰা, মদ, গুটখা, কানি, ড্ৰাগছ, ভাং আদিৰ অবৈধ প্ৰচলন বন্ধ কৰা, ক'ল ইণ্ডিয়াই চলাই অহা অপেন কাষ্ট মাইনিং অৰ্থাত মুক্তখনন পদ্ধতি বন্ধ কৰি বিজ্ঞান সন্মতভাৱে কয়লাখনন আৰম্ভ কৰা, মাৰ্ঘেৰিটাত ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰি বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰাৰ লগতে মহকুমাটোৰ খেতি পথাৰ, ঘৰ-বাৰী বিনস্ত কৰা ৪৫ টাৰো অধিক কেচা কয়লাৰ কোক ভাটাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, জাগুন পৰ্য্যন্ত ৰেলপথৰ ব্যৱস্থা কৰা, ক'ল ইণ্ডিয়াত স্থানীয় প্ৰাৰ্থীক নিযুক্তি দিয়া ইত্যাদি। উক্ত কাৰ্যসূচীতে তেওঁ মাৰ্ঘেৰিটা মহকুমাধীপতিৰ যোগেদি মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তদুপৰি আজিৰ এই অনশনৰ পাছতে এমাহ ধৰি সমগ্ৰ অসমত প্ৰচাৰ পত্ৰিকা বিতাৰণ কৰাৰ লগতে গুৱাহাটীত মুণ্ডন কাৰ্যসূচীৰে এই প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰিব বুলি জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি অৱনী চলিহাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b077cbbe0e36f96c4f83efe933b9b0620f439f691f97af1878c449b03aa50dc6
বৰ লুইতৰ দুয়োপাৰে পৰিবেষ্টিত বৃহত্তৰ অসমীয়া জাতিসত্তাক দেশমাতৃৰ দুৰ্যোগৰ সময়ত একেমুঠি কৰিবলৈ ড॰ ভূপেন হাজৰিকাই বৈপ্লৱিক চিন্তা-চেতনা বিভিন্ন সময়ত বিভিন্ন লেখা প্ৰকাশ পাই আহিছে। বৈপ্লৱিক চিন্তা-চেতনাবোৰক কেৱল গীতেৰেই প্ৰকাশ কৰিছে এনে নহয় - বিভিন্ন সংকটৰ সময়ত তেওঁৰ গদ্যও অতি শক্তিশালী হৈ উঠিছিল। গীতৰ লগতে সমাজ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি ৰচনা কৰা প্ৰবন্ধবোৰৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। কেৱল অসম নহয়, ভাৰতৰো পৰিধি চেৰাই সমগ্ৰ বিশ্বত গ্ৰাস কৰা বিদেশৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যা আৰু সমাধান তথা বাতাবৰণ সম্পৰ্কতো তেওঁ অবিৰাম কলম চলাই গৈছিল।\nবিভিন্ন সামাজিক, সাংস্কৃতিক, বৌদ্ধিক কাৰণত; বিভিন্ন প্ৰৱঞ্চনাৰ প্ৰতিবাদত; নায্য প্ৰাপ্যৰ দাবীত অসমখন বহ্নিমান হৈ উঠিছিল। তেওঁ লুইতৰ দুয়োপাৰে বহ্নিমান হোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰি আৰু সেই বহ্নি নুমুওৱাৰ উপায় সম্পৰ্কে আলোচনা কৰি ৰচনা কৰা বহুতো চিন্তাপ্ৰসুত প্ৰবন্ধপাতি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ হৈছিল। মাতৃভূমিৰ ওপৰত ৰচিত প্ৰবন্ধ সমূহৰ বিষয়ে স্বয়ং ভূপেন হাজৰিকাৰ মন্তব্য এনেধৰণৰ - "লুইতৰ পাৰে পাৰে উমি উমি জ্বলি থকা মনজুইবোৰৰ খবৰ মই ৰাখিছিলোঁ, ৰাখোও। বাস্তৱ স্পৰ্শ কৰি সাংবাদিকৰ দৰেই ঘটনাসমূহ অমৰ কৰিবলৈ চষ্টা কৰিছিলোঁ। মুহূৰ্তবোৰ তপত আছিল। উত্তাপ বোধহয় আজিও আছে।"\nবৰ লুইতৰ দুয়োপাৰে অন্যায়-অনাচাৰ, অবিচাৰ দেখি ড॰ হাজৰিকাৰ কলম শক্তিশালী হৈ নিগৰিছিল। তেওঁৰ জুই! জুই!! জুই!!! নুমুৱাব কোনে?; শৰতত শাৰদীয় ভাব আছে জানো?; অসমৰ বুদ্ধিজীৱী নিমাত কিয়?; অসমত একতাৰ মৃত্যু হ'ল; অসমৰ অৰ্থনীতিত ত্ৰাস; কেন্দ্ৰৰ ৰাজনৈতিক পাশাখেল আদি প্ৰবন্ধই বিপন্ন অসমৰ অৰ্থনীতি, দুৰ্দশাগ্ৰস্ত সমাজনীতি, কেৰোণযুক্ত ৰাজনীতিৰ জীয়া ছবিখনকে মুৰ্ত কৰি তুলিছে। বৰ্তমান দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজ একগোট হোৱাৰ প্ৰচেষ্টা চলিছে, সেই দুৰ্নীতি সমস্যা পুলিয়ে পোখাই নিঃশেষ কৰিবলৈ হাজৰিকাই '৬৭চনতে চিন্তা কৰি 'আমাৰ প্ৰতিনিধি'ত দুৰ্নীতি বন্ধ কৰক; লাচিত সেনা গঠন কৰক শীৰ্ষক প্ৰবন্ধটো ৰচনা কৰিছিল। এনেদৰেই তেওঁ নিজকে এজন চিন্তাশীল আৰু দূৰদৰ্শী লেখক ৰূপে চানেকি দিছিল। তেওঁ কেতিয়াও আশা হেৰুওৱা নাছিল। গীতেৰে যুদ্ধ কৰিবও পাৰি, জিকিবও পাৰি শীৰ্ষক প্ৰবন্ধটো তেওঁৰ দ্বাৰা ৰচিত আন এটা উল্লেখযোগ্য প্ৰবন্ধ।\nড॰ ভূপেন হাজৰিকাৰ প্ৰবন্ধ-পাতিবোৰ ৰচনাৰ প্ৰেক্ষাপট কেৱল অসম বা উত্তৰ-পূৰ্বাঞ্চলেই নাছিল। ভাৰতবৰ্ষৰ লগতে বিদেশৰো বিভিন্ন সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটক লৈ এওঁ কলম চলাই নিছিল। যাযাবৰী শিল্পীজনে বিশ্বৰ প্ৰান্তে প্ৰান্তে ভ্ৰমি ফুৰোঁতে নানা দেশৰ নানা ভেশৰ সৈতে চিনাকি হৈ তাৰ সোৱাদ অতি সাৱলীল আৰু ব্যতিক্ৰমী গদ্যৰে অসমীয়া পাঠকক দিবলৈয়ে বিভিন্ন কাকত-আলোচনীৰ পাতত এই ধাৰাৰ অনেক প্ৰবন্ধ লিখিছিল। যুক্তৰাষ্ট্ৰৰ গাঁও অঞ্চলত পোৱা শিক্ষা প্ৰবন্ধত আমেৰিকাৰ গাঁও অঞ্চলৰ শিক্ষাৰ পদ্ধতি আৰু ইয়াৰ ফলপ্ৰসূতাৰ কথা, মাৰ্কিন গণতন্ত্ৰ কেৰোণ শীৰ্ষক প্ৰবন্ধটোত আমেৰিকাত বিৰাজ কৰা বৈষম্য, অসমতাৰ কথা; গুৱাটেমালা জাগে একলশৰে প্ৰবন্ধত ক্ষুদ্ৰ ৰাষ্ট্ৰ গুৱাটেমালাই যুক্তৰাষ্ট্ৰৰ আক্ৰমণাত্মক নীতি ওফৰাই দিয়াৰ ওফৰাই দিয়াৰ কথা; ৰণাংগনৰ বিষয়ে প্ৰবন্ধত পাক-ভাৰত যুদ্ধ সম্পৰ্কীয় কথা আদিৰ দৰে অনেক এই ধৰণৰ সাময়িক চিন্তা প্ৰকাশ পাইছে। এইবোৰৰ বাহিৰেও বাংলাদেশৰ মুক্তিযুদ্ধ, চীনৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপট, ভাৰতৰ জাতীয় সংহতি, সংসদত হোৱা কেলেংকাৰী, ৰাছিয়াত পেৰেষ্ট্ৰাইকা আৰু গ্ৰাছনষ্টৰ প্ৰভাৱ, তালিবান আদি সম্পৰ্কেও অতি বিচক্ষণতাৰে তেওঁ প্ৰবন্ধসমূহ ৰচনা কৰিছিল। এইবোৰে ড॰ হাজৰিকাক অসমীয়া হৈও এজন ভাল ভাৰতীয় আৰু বিশ্ব নাগৰিক হিচাপে বিশ্বপ্ৰেমিক হিচাপেও প্ৰতিষ্ঠা কৰিছে। এনেদৰে বিশ্বৰ সমস্যাৰ সম্পৰ্কত দূৰদৰ্শিতাৰে চিন্তা কৰিব পৰা বাবেই ড॰ হাজৰিকাৰ বিচৰণ ক্ষেত্ৰ লাইতৰ পৰা গৈ মিছিছিপি পাইছিলগৈ বুলি ভবাৰো অৱকাশ আছে। ইংৰাজীত ৰচিত Meaning For Millions আৰু India of my Dreams শীৰ্ষক লেখা দুটাও উল্লেখযোগ্য প্ৰবন্ধ।\nমই এটি যাযাবৰ[সম্পাদনা কৰক]\nমই এটি যাযাবৰ হ'ল ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনী। ইয়াৰ গদ্য অতি আলফুলীয়া। গোটেই আত্মজীৱনীখনৰ ভাষা এনেকুৱা যে পঢ়ি যাওঁতে ভাব হয় - তেওঁ এটা গান গাই আছে, গানৰ মাজে মাজে কথা কৈ আছে।\nইংৰাজী গ্ৰন্থ সম্ভাৰ[সম্পাদনা কৰক]\nCollections of Dr. Bhupen Hazarika's English Writings, Compiled By Surjya Hazarika\nপ্ৰবন্ধ সংকলন ড॰ ভূপেন হাজৰিকা.\n↑ "গ্ৰন্থ বাৰ্তা - প্ৰবন্ধ সংকলন ড॰ ভূপেন হাজৰিকা". অসম সাহিত্য সভা পত্ৰিকা, ষট্ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যাঃ ২৮০পৃষ্ঠা. ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শকঃ ৫৬৩ শংকৰাব্দ ).\n↑ গোবিন্দ প্ৰসাদ ভূঞা (ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী ২০১২-১২ খ্ৰীষ্টাব্দ (১৯৩৩ শকঃ ৫৬৩ শংকৰাব্দ )). "গদ্যশিল্পী ড॰ ভূপেন হাজৰিকা". অসম সাহিত্য সভা পত্ৰিকা, ষট্ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যাঃ ২২৭, ২২৮ পৃষ্ঠা.\n"https://as.wikipedia.org/w/index.php?title=ভূপেন_হাজৰিকাৰ_সাহিত্য&oldid=290044"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ০৮ আগষ্ট, ২০২১ তাৰিখে ১২ঃ৫২ বজাত অন্তিম সংশোধন কৰা হৈছিল।
52aebe63b14858374726be268e4179ee471faa5acbb364dcd259e66403999169
১৯শ শতিকাৰ শেষৰফালে ইয়াত খাৰুৱা তেলৰ খনি আৱিষ্কাৰ হৈছিল। এছিয়াত প্ৰথম খাৰুৱা তেলৰ খনন কৰা স্থান ডিগবৈক অসমৰ তৈল নগৰ বুলিও অভিহিত কৰা হয়। ১৯০১ চনত ইয়াৰ শোধনাগাৰটো আৰম্ভ কৰা হৈছিল। আটাইতকৈ পুৰণা তেলৰ কূপটো এতিয়াও কাৰ্যক্ষম। স্বাধীনতাৰ পাছৰ দশকলৈকে তেল কোম্পানীত বহু ব্ৰিটিছ লোকে কাম কৰাৰ গুণে নগৰখনৰ পৰিকাথামো যথেষ্ট উন্নত আৰু কেইবাটাও আকৰ্ষণীয় বাংলো আছে। ডিগবৈ নামটোৰ উৎপত্তিক লৈ এটা জনপ্ৰিয় কাহিনী আছে। ১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এডৱিন ড্ৰেকে বিশ্বৰ প্ৰথমটো তেলৰ কুপ খন্দাৰ আঠ বছৰ পাছতে অসমত তেলৰ খনি আৱিষ্কাৰ হয়।[1] আছাম ৰেইলৱে' এণ্ড ট্ৰেডিং কোম্পানীয়ে কেইজনমান ইটালীয়ান অভিযন্তাক ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে ৰেল লাইন বহুৱাবলৈ দায়িত্ব দিছিল। তেওঁকে মাৰ্ঘেৰিটাৰ পৰা দহ মাইল দূৰৰ ডিগবৈত দুৰ্ঘটনাবশতঃ তেলৰ সন্ধান পায়। ঘন হাবিৰ পৰা ভৰিত তেলৰ দাগ লৈ হাতীবোৰ ওলাই অহাৰ পাছত ইংৰাজ অভিযন্তা মিঃ ডব্লিউ এল লে'কে হেনো শ্ৰমিকক 'Dig boy, dig', বুলি চিঞৰিছিল।[2] অৱশ্যে এই মুখৰোচক কাহিনীটোৰ বিষয়ে কোনো বিশ্বাসযোগ্য তথ্য পোৱা নায়ায। নানা ৱেবছাইটত হাতীৰ ভৰিৰ কাহিনীটো সামান্য পৰিৱৰ্তিত ৰূপত পোৱা যায়, কিন্তু সকলোৱে এই কথাত সহমত পোষণ কৰে যে আছাম ৰেইলৱে' এণ্ড ট্ৰেডিং কোম্পানীয়ে (AR&TC) ১৮৮২ চনত ডিব্ৰু-শদিয়া ৰেল পথচোৱা লিডুলৈকে সম্প্ৰসাৰিত কৰা কামত নিয়োজিত অভিযন্তাসকলে কামত হাতী লগাইছিল। আৰু এই হাতীৰে ভৰিত তেলৰ দাগ দেখি উক্ত স্থানত ইংৰাজ ৱিলি লিঅ'ভা লে'কে কোম্পানীক খনন কৰিবলৈ সন্মত কৰায়। অইল ইণ্ডিয়া লিমিটেডৰ ইতিহাসত এই হাতীৰ কাহিনীটোৰ কথা নাই, কিন্তু পূৰ্বৰ ৱেবছাইটত উল্লেখ আছিল যে লে'কে "বৰভিল অঞ্চলত তেল বিৰিঙি ওলোৱা দেখিছিল"। খনন প্ৰকল্প অনুমোদন হোৱাৰ পাছত লে'কে যন্ত্ৰ-পাতি, মানুহ গোটাই কম ১৮৮৯ চনৰ ছেপ্টেম্বৰত কাম আৰম্ভ কৰে। ১৭৮ ফুট (৫৪ মিটাৰ) গভীৰতাত কিছু তেল পোৱা গ'ল। ১৮৯০ চনৰ নৱেম্বৰলৈকে খনন কাৰ্য চলি ৬৬২ ফুট (২০২ মিটাৰ) গভীৰতালৈকে যায়।[1] এই সময়ছোৱাতে লে'কে শ্ৰমিকক "Dig, boy!" বুলি চিঞৰা বুলি কাহিনীটোৰ সৃষ্টি হয়। ১৮৮৯ চনত ডিগবৈতে এছিয়া আৰু ভাৰতৰ সৰ্বপ্ৰথম ব্যৱসায়িক ভিত্তিত তেল উৎপাদন আৰম্ভ হয়। ১৮৯৯ চনত এই কাম-কাজ চালবলৈ আছাম অইল কোম্পানী গঠন কৰা হয়। ১৯০১ চনত ইয়াতে এছিয়া আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইয়াত প্ৰতিদিনে সৰ্বোচ্চ ৭,০০০ বেৰেল (১,১০০ ঘন মিটাৰ/দিন) খাৰুৱা তেল উৎপাদন হৈছিল। তৈলক্ষেত্ৰখনৰ ৰক্ষণাবেক্ষণক আওকাণ কৰি অধিক তেল উৎপাদনৰ চেষ্টা চলোৱা বাবে বিশ্বযুদ্ধৰ পাছতে তেল উৎপাদন কমি আহে। বৰ্তমান ইয়াত প্ৰতিদিনে প্ৰায় ২৪০ বেৰেল (৩৮ ঘন মিটাৰ/দিন) তেল উৎপাদন হয়। ১৮৮৯ চনৰ পৰা এতিয়ালৈকে ডিগবৈতে ১০০০ৰো অধিক কূপ খন্দা হৈছে। ১৯৮৯ চনত ডিগবৈ তৈলক্ষেত্ৰৰ ১০০ বছৰ উপলক্ষে ভাৰতীয় ডাক বিভাগে এটা ডাক টিকট মুকলি কৰে। বৰ্তমান খাৰুৱা তেলৰ উৎপাদন অধিক নহ'লেও ডিগবৈ ভাৰতৰ ভিতৰতে অবিৰত কাৰ্যক্ষম তৈলক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়ান ঐ-অইল কৰ্পৰেচনৰ অন্তৰ্গত ডিগবৈ শোধনাগাৰৰ সক্ষমতা প্ৰায় ০.৬৫ MMTPA। পুৰণি শোধনাগাৰটোৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ ১৯৯৬ চনত বহল পৰিসৰত ডিগবৈ শোধনাগাৰৰ আধুনিকীকৰণ প্ৰণালী হাতত লোৱা হয়। ইয়াৰ পাছত আধুনিকীকৰণৰ বাবে অসম তেল সংমণ্ডলে আন কেইবাটাও প্ৰকল্প ৰূপায়ণ কৰে। ডিগবৈ শোধনাগাৰক ISO-14001 আৰু OHSMC চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। ডিগবৈৰ স্থানাংক 27°22'48.0"N 95°37'48.0"E।[4] সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১৬৫ মিটাৰ (৫৪১ ফুট)। অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ পৰা ই পূবে ৫১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি[5] ডিগবৈৰ জনসংখ্যা ২১,৭৩৬ যাৰ ১০,৯৬৪ জন পুৰুষ আৰু ১০,৭৭২ গৰাকী মহিলা। ০-৬ বছৰীয়া শিশুৰ সংখ্যা ১৭৪৫ বা ডিগবৈৰ মুঠ জনসংখ্যাৰ ৮.০৩%। প্ৰতি ১০০০ হৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮২ গৰাকী। সাক্ষৰতাৰ হাৰ ৯২.০৮ % যি অসমৰ হাৰ ৭২.১৯% তকৈ যথেষ্ট বেছি। পুৰুষৰ সাক্ষৰতাৰ হাৰ প্ৰায় ৯৫.০৯% আৰু মহিলাৰ প্ৰায় ৮৯.০২%। ২০১১ চনৰ লোকপিয়লত ডিগবৈক সুকীয়া লোকপিয়ল চহৰ হিচাপে গণ্য কৰা হৈছিল।[5] অসমীয়া, বঙালী, নেপালী, বিহাৰী, মাৰৱাৰী আদি সকলো লোকে ইয়াত বসবাস কৰে। বড়ো, আদিবাসী, মিছিং আদি জনগোষ্ঠীৰ লোকে ইয়াত বসতি কৰে। ডিগবৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। ভাৰতীয় জনতা পাৰ্টীৰ ৰামেশ্বৰ তেলী ইয়াৰ প্ৰতিনিধি। বিধানসভাত ই ডিগবৈ সমষ্টিৰ অন্তৰ্গত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সুৰেন ফুকনে প্ৰতিনিধিত্ব কৰে। ↑ 1.0 1.1 Acharya, RC (18 May). Financial Express. https://www.financialexpress.com/opinion/here-is-indias-oil-story/1153719/. ↑ "Indian Oil and Gas Industry". http://www.dghindia.org/index.php/page?pageId=56&name=E&P%20Regime। আহৰণ কৰা হৈছেঃ 21 November 2019. ↑ কৌশিক বৰুৱা, শান্তনু (২০১৫). অসম ইয়েৰ বুক ২০১৬. ↑ "Falling Rain Genomics, Inc - Digboi". Archived from the original on 16 March 2007. https://web.archive.org/web/20070316144256/http://www.fallingrain.com/world/IN/3/Digboi.html। আহৰণ কৰা হৈছেঃ 15 January 2007. ↑ 5.0 5.1 "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছেঃ 2008-11-01. অদৃশ্য শ্ৰেণীঃ এই পৃষ্ঠাখন ০২ জুন, ২০২০ তাৰিখে ০০ঃ১৬ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
986a0c076e111a9a5f5054f84b02e3696fa3037982020db0ab688cd96c5bb03a
cogress-suicide-goal-in-lok-sabha- News18 Assam\nসংসদত কংগ্ৰেছৰ আত্মঘাতী গ'ল! অমিত শ্বাহক প্ৰশ্ন - কাশ্মীৰ কেনেকৈ ভাৰতৰ আভ্যন্তৰীণ বিষয় হ'ল?\nঅধীৰ ৰঞ্জন চৌধুৰীৰ এই মন্তব্যই উদঙাই দিছে কাশ্মীৰ প্ৰসংগক কংগ্ৰেছৰ নগ্ন স্বৰূপ।\nUpdated:August 6, 2019, 12:28 PM IST\nPhoto : Lok Sabha TV\nUpdated: August 6, 2019, 12:28 PM IST\nকাশ্মীৰ প্ৰসংগক লৈ লোকসভাত আত্মঘাতী গ'ল খালে কংগ্ৰেছে। জম্মু কাশ্মীৰৰ দ্বিখণ্ডিতকৰণৰ বিৰোধিতা কৰি লোকসভাত বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা বিচাৰিছিল স্পষ্টীকৰণ। ১৯৪৮ চনৰ পৰাই ৰাষ্ট্ৰসংঘৰ বিবদমান কাশ্মীৰ কেনেকৈ ভাৰতৰ আভ্যন্তৰীণ বিষয় হ'ল বুলি অমিত শ্বাহক প্ৰশ্ন কৰিছিল অধীৰ ৰঞ্জন চৌধুৰীয়ে। অধীৰ ৰঞ্জন চৌধুৰীৰ এই মন্তব্যই উদঙাই দিছে কাশ্মীৰ প্ৰসংগক কংগ্ৰেছৰ নগ্ন স্বৰূপ।\nলক্ষ্যণীয় যে মোদী চৰকাৰৰ যিকোনো কামতে সৰৱ বিৰোধ কৰি অহা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে জম্মু-কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ প্ৰসংগত এইপৰ্যন্ত প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া।
e5895f66eb2561ac56ba767e19f8e649c5d5bdc2bab1766e48df64d2cdf5921f
২০১২ চনৰ ১৬ ডিচেম্বৰৰ দিনা দিল্লীৰ ৰাজপথত চলন্ত গাড়ীৰ ভিতৰতে বলাৎকাৰ কৰি গাড়ীৰ পৰা দলিয়াই পেলাই দিয়া হৈছিল নিৰ্ভয়াক। দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰা নিৰ্ভয়া কাণ্ডৰ পিছতে চৰকাৰে দেশৰ মহিলা আৰু শিশুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ১০০০ কোটি টকাৰে আৰম্ভ কৰিছিল নিৰ্ভয়া পুঁজি। কিন্তু সকলোৱে জানি আচৰিত হ'ব যে নিৰ্ভয়া পুঁজিত থকা ধনৰ মাত্ৰ ৭৩ শতাংশ ব্যৱহাৰ হৈছে আৰু সেই ধন নাৰী অথবা শিশুৰ সুৰক্ষাৰ নামত ব্যৱহাৰ কৰা হোৱা নাই। শেহতীয়াকৈ অক্সাম ইণ্ডিয়া নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে ২০১৩ চনত তদনীন্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ উদ্যোগত গঠন কৰা নিৰ্ভয়া পুঁজিৰ ধনেৰে বৰ্তমানৰ চৰকাৰে বাট-পথহে নিৰ্মাণ কৰিছে। অক্সাম ইণ্ডিয়াৰ কাৰ্যবাহী অমৃতা পিত্ৰেই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় গৃহ দপ্তৰেও আনকি ভালদৰে নাজানে এই পুঁজিৰ ধন ক'ত কিদৰে ব্যৱহাৰ কৰা হৈছে।
916238caf2290bf0c2d12335c38c9907cb22e0a01870c347ec6f75d49be8bfeb
পাৰ্ৱতি প্ৰসাদ বৰুৱা - অসমীয়া ৱিকিপিডিয়া\nঅসমৰ কবি, গীতিকাৰ তথা নাট্যকাৰ\n(পাৰ্বতী প্ৰসাদ বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)\nপাৰ্ৱতি প্ৰসাদ বৰুৱা আছিল (ইংৰাজীঃ Parvati Prasad Baruva) অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ। তেখেত পৰিচিত আছিল গীতিকবি ৰূপে।তেখেতে ১৯৪০ চনত ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। ৰূপহী আছিল চতুৰ্থখন অসমীয়া ছবি। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয়ো কৰিছিল। ছাত্ৰাৱস্থাতেই তেখেতে 'থুপিতৰা' নাম দি এখন হাতেলিখা আলোচনী উলিয়াইছিল। 'থুপিতৰা' বন্ধ হ'লত সৰু ভায়েক মোক্ষদা প্ৰসাদৰ সম্পাদনাত 'ঘৰ-জেউতি' লিখি উলিয়াইছিল। পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৯৬১ চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল।\nকবি, গীতিকাৰ, নাট্যকাৰ\n4 নাট্য প্ৰতিভা\n4.1 নৃত্যশিল্পী ৰূপে পাৰ্ৱতি প্ৰসাদ বৰুৱা\nপাৰ্ৱতি প্ৰসাদৰ পূৰ্বপুৰুষ আছিল কৃষ্ণদাস। তেওঁ বৰ বাৰভূঞাৰ লহকৰ ভূঞাৰ ফৈদৰ সন্তান আছিল। চন্দ্ৰকান্ত সিংহৰ দিনত কৃষ্ণদাসে 'ভড়ালী বৰুৱা' আৰু কৃষ্ণদাসৰ পুত্ৰ যাদুৰাম বৰুৱাই 'বৰ ভাণ্ডাৰ বিষয়া' পায়। খীণ-মিন শৰীৰৰ বাবে তেওঁক 'লেৰেলি ডেকা বৰুৱা'ও বোলা হৈছিল। যাদুৰাম ডেকা বৰুৱাই ব্ৰিটিছৰ শাসনকালত 'মনসুপ্' আৰু 'সদৰামিন'ৰ বিষয় খাইছিল। যাদুৰাম ডেকাবৰুৱাৰ পুত্ৰদ্বয় ক্ৰমে কৃষ্ণপ্ৰসাদ আৰু দুৰ্গাপ্ৰসাদ। দুৰ্গাপ্ৰসাদৰ তিনিজন পুত্ৰ ৰাধিকাপ্ৰসাদ, ভৱানীপ্ৰসাদ আৰু তাৰিণীপ্ৰসাদ। এই ৰাধিকাপ্ৰসাদে ১৮৯৮ শকত যোৰহাটৰ বিষ্ণুৰাম বৰুৱাৰ দ্বিতীয়া কন্যা হিমলা বৰুৱাক বিয়া কৰায় আৰু তেওঁলোকৰে সন্তান পাৰ্ৱতি প্ৰসাদ বৰুৱা।\n১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে শিৱসাগৰ জিলাত পাৰ্ৱতি প্ৰসাদৰ জন্ম হয়। তেওঁৰ তিনিজন ককাই-ভাই আৰু এগৰাকী বাইদেৱেক। তেওঁলোক ক্ৰমে ভগৱতীপ্ৰসাদ বৰুৱা, কমলা বৰুৱা, কামাখ্যাপ্ৰসাদ, মোক্ষদপ্ৰসাদ, সুধালতা বৰুৱা আৰু প্ৰতিমা। সুধালতা আৰু প্ৰতিমা পাৰ্ৱতি প্ৰসাদৰ ভনী। পাৰ্ৱতি প্ৰসাদৰ পিতাক ৰাধিকাপ্ৰসাদ অসম কাউন্সিলৰ সদস্য আছিল আৰু তেখেতে 'ৰায় চাহেব' উপাধি লাভ কৰিছিল।\n১৯৩৪ চনত পাৰ্ৱতি প্ৰসাদে পদ্মকুমাৰী বৰুৱানীৰ পাণি গ্ৰহণ কৰে। তেওঁলোকৰ বৰ জীয়ৰী সান্ত্বনা বৰুৱা আৰু পুত্ৰ প্ৰণৱিৰাম বৰুৱা।\nপাৰ্ৱতি প্ৰসাদে শিৱসাগৰৰ ফুলেশ্বৰী ল'ৰা উচ্চ বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰপিছত ১৯২১ চনত তেখেতে কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি কলেজীয়া জীৱনৰ পাতনি মেলে। আই, এছ, চি পৰীক্ষা পাছ কৰাৰ পাছত তেখেতৰ মন বিজ্ঞানৰপৰা কলা শাখালৈ সলনি হয়। ১৯২৫ চনত তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায় আৰু তাতে স্কটিছ চাৰ্চ কলেজত বি.এ শ্ৰেণীত নাম লগায়। বিনন্দ চন্দ্ৰ বৰুৱা, তুলসীনাৰায়ণ শৰ্মা আদি আছিল পাৰ্ৱতি প্ৰসাদৰ সহপাঠী।\nবৈষয়িক জীৱনত পাৰ্ৱতি প্ৰসাদ আছিল চাহ খেতিয়ক। পাৰ্ৱতি প্ৰসাদৰ ককাক দুৰ্গাপ্ৰসাদ আছিল বৃহৎ অভয়াপুৰী মৌজাৰ চাহ-ব্যৱসায়ী। ১৯২৯ চনত মোমায়েকৰ চাহ বাগান 'সৰু-চৰাই'ত কাম শিকি পাৰ্ৱতি বৰুৱাই এপ্ৰেণ্টিছ হৈ বাগিচাত কৰ্মজীৱনৰ পাতনি মেলে। যোৰহাটত পৰ্যায়ক্ৰমে ৩খন বাগিচাৰ মেনেজাৰ পদ চম্ভালি পিছত ৭বছৰ কাল তেওঁ ৰজাবাৰী বাগিচাৰ মেনেজাৰ হৈ থাকে। ১৯৩৯ চনত তেওঁ ৰাইডাং চাহ-বাগিচা কিনি লয় আৰু ৰজাবাৰীৰ কাম এৰি দিয়ে। ১৯৪৭ চনত সোণালি চাহ বাগিচা কিনি লয় আৰু চলোৱাৰ ভাৰ লয়। জীৱনৰ শেহৰ দিনকেইটা তেখেতে সোণাৰিৰ সোণালী পামত কটাইছিল। পাৰ্ৱতি প্ৰসাদ কিছু দিনৰ বাবে লোকেল বৰ্ডৰো সদস্য হৈ আছিল।\nকলেজত পঢ়ি থকা সময়তে পাৰ্ৱতি প্ৰসাদে অসম ছাত্ৰ সন্মিলনত যোগ দিছিল। তেতিয়া অসম ছাত্ৰ সন্মিলনৰ সম্পাদক আছিল ডিম্বেশ্বৰ নেওগ।\n"১৯২৯ চনত, শৰত কালৰ এটি পূৰ্ণিমা ৰাতিত সৰু চৰাই চাহ-বাগিচাৰ বৰ বঙলাৰ আগফালে এজোপা পুলি খাজুৰী গছৰ তলত পাৰ্ৱতি প্ৰসাদে জোনাকী মেলৰ পাতনি মেলে। পিছলৈ এই মেলে অসম সাহিত্য সভাৰ এটা শাখা হৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতি আৰু বিকাশত সহায় কৰে।" জোনাকী মেলৰ উদ্দেশ্য আছিল সাহিত্য চৰ্চা। জোনাকী মেলেৰে অসম সাহিত্য সভাৰ লগত জড়িত হৈ পাৰ্ৱতি প্ৰসাদে মহেশ্বৰ নেওগৰ সভাপতিত্বৰ কালত অসম সাহিত্য সভাৰ এটি ভৱন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰয়াত ককায়েক ভগৱতীপ্ৰসাদ বৰুৱাৰ নামত ভৱনটি নিৰ্মাণৰ বাবে পঞ্চাশ হাজাৰ টকা দান কৰে। পাৰ্ৱতি প্ৰসাদৰ সহায় আৰু কিছু চৰকাৰী অনুদান মিলাই অসম সাহিত্য সভাৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱননিৰ্মাণ হয়।\nঅসমত সংগীতৰ প্ৰসাৰ আৰু বিকাশৰ অৰ্থে অসম সংগীত নাটক একাডেমীয়ে বিশেষ ভূমিকা লোৱাত পাৰ্ৱতি প্ৰসাদে গুৰুত্ব দিছিল। ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত প্ৰতিৰক্ষা কাৰ্যসূচী ৰূপে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ হকে ড॰ ভূপেন হাজৰিকাৰে লগ হৈ পাৰ্ৱতি বৰুৱাই ট্ৰাক এখনত উঠি দেশপ্ৰেমমূলক গীত গাই গুৱাহাটীৰ বাট-পথত ঘূৰি ফুৰিছিল।\nপাৰ্ৱতি প্ৰসাদে কৈছে; "আপুনি যদি আপোনাৰ নিজত্বটো প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে আপোনাৰ আইগৰাকী দুখীয়া নিছলা হ'লেও আই বুলি মাতিবলৈ লাজ পালে নচলিব। আপুনি আমাৰ সকলো বিষয়তে এই নিজৰ ভেটি বিচৰাটোৱেই হৈছে প্ৰথম প্ৰয়োজনৰ কথা- আমাৰ জাতীয়তা ৰক্ষা কৰিবলৈ হ'লে।"\nশিৱসাগৰৰ নাট্যমঞ্চত সঙ্গীত পৰিবেশনৰ সৈতে জড়িত থকা সময়তে তেওঁ নৃত্যনাটিকা 'লখিমী' আৰু গীতি-নাটিকা 'সোণৰ সোলেং' ৰচনা কৰে। অসমীয়া সংগীত-সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্ৱতি প্ৰসাদে 'গুণগুণনি', 'লুইতী', 'শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল' আদি গীতৰ পুথি ৰচিছিল। তেখেতে ৰচনা কৰা গীতসমূহক "পাৰ্ৱতি সংগীত" বুলি কোৱা হয়।\nকবিতা, গীত আৰু সুৰীয়া নাট\nমৌ টোকাৰী (১৮৪৮ শক, অপ্ৰকাশিত)\nলখিমী(৫ আঘোণ, ১৮৫৩)\nখেল ভঙা খেল (নৱেম্বৰ, ১৯৬৯)\nসোণৰ সোলেঙ (ব'হাগ, ১৮৭৭)\nগুণগুণনি (১৮৭৯ শক)\nভঙা টোকাৰীৰ সুৰ (ব'হাগ, ১৮৮১)\nলুইতী (ব'হাগ, ১৮৮১ শক)\nশুকুলা ডাৱৰ ঐ কহুঁৱা ফুল\nময়াপী (অপ্ৰকাশিত গীতৰ সংকলন)\nশিল্প সম্পৰ্কে একাষাৰ\nশিক্ষকসকললৈ বিদায় সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ\nনাট্য প্ৰতিভাসম্পাদনা কৰক\n১৯১৩ চনত ৯ বছৰ বয়সতে পাৰ্ৱতি প্ৰসাদে নাট্য প্ৰতিভাৰ পৰিচয় দিয়ে। ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অনুষ্ঠিত জয়মতী উৎসৱত তেওঁ 'লাই কোঁৱৰ'ৰ ভূমিকাত অৱত্তীৰ্ণ হৈ ৰাইজক চমক খুৱায়। ইয়াৰোপৰি তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিত কুঁৱৰী নাটকত চিত্ৰলেখা, বেজবৰুৱাৰ চক্ৰধ্বজ সিংহ নাটত লাচিত, বিসৰ্জন নাটত ৰাম, ৰাজনটীত পালক আদি ভাও কৰি অভিনেতা ৰূপে প্ৰশংসা বুটলিছিল। 'শোণিত কুঁৱৰী'ত অভিনয় প্ৰসংগত পাৱৰ্তি প্ৰসাদে 'ৰূপকোঁৱৰ কথা'ত উল্লেখ কৰিছে এনেদৰে- "নাটৰ অভিনয়ত গীতৰ সুৰ আৰু নাচৰ ভংগীৰ নতুনত্বই দৰ্শকসকলক ইমান মোহিত কৰিলে যে, তেতিয়াৰ দিনত একে বছৰতে নাটখনি কেইবাবাৰো অভিনীত হৈছিল।" পাৰ্ৱতি বৰুৱাৰ সংবেদনশীল অভিনয় প্ৰতিভাৰ বুজ পাইছিল জ্যোতিপ্ৰসাদেও। সেয়ে জ্যোতিৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ত অভিনয় কৰিবলৈ জ্যোতিয়ে পাৰ্ৱতি প্ৰসাদক মাতি পঠিয়াইছিল। অৱশ্যে সেইসময়ত প্ৰয়াত ককাইদেৱেক ভগৱতীপ্ৰসাদৰ অকাল বিয়োগে পাৰ্ৱতি প্ৰসাদ ইমান শোকাতুৰ কৰি তুলিছিল যে তেওঁ জ্যোতিৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল। ককায়েকৰ মৃত্যুৱে তেওঁৰ মন-প্ৰাণৰ বিস্তৰ ক্ষতি কৰিলতো ক্ষান্ত নহৈ গভীৰ অন্ধকাৰৰ মাজত 'সোণৰ সোলেং' বিচাৰি সু-অভিনেতা পাৰ্ৱতি প্ৰসাদে ১৯৪০ চনত নিৰ্মাণ কৰিবলৈ লয় 'ৰূপহী' চলচ্চিত্ৰ। কেমেৰাৰ কামত খুঁত ৰৈ যোৱা বাবে সফলতাৰ মুখ নেদেখিলে যদিও 'ৰূপহী' হৈছে অসমীয়া ভাষাৰ চতুৰ্থখন চলচ্চিত্ৰ। ৰূপহী ছবিখন সজোৱা হৈছিল সাতোটা গীতেৰে আৰু গোটেইকেইটা গীত লেখিছিল পাৰ্ৱতি প্ৰসাদে নিজে। ইয়াৰে 'হাতৰ হেৰুৱা ধন বাটত হেৰা পায়/বাট পাহৰা বাটৰুৱা ঘৰ বিচাৰি যায়' গীতটিত পাৱৰ্তি প্ৰসাদে কণ্ঠদান কৰিছিল। কমলেশ্বৰ চলিহাৰ 'সাধু'ৰ আধাৰত নিৰ্মিত ৰূপহীৰ প্ৰযোজনা, চিত্ৰনাট্য, গীত, সুৰ আৰু পৰিচালনা পাৰ্ৱতি প্ৰসাদৰ। তেওঁ নিজে এইখন চিনেমাত অভিনয়ো কৰিছিল।\nনৃত্যশিল্পী ৰূপে পাৰ্ৱতি প্ৰসাদ বৰুৱাসম্পাদনা কৰক\nবহুমুখী প্ৰতিভাধৰ পাৰ্ৱতি প্ৰসাদে শোণিত কুঁৱৰী নাটত চিত্ৰলেখাৰ চৰিত্ৰত অভিনয় কৰোঁতে নৃত্য কৰিছিল। তেখেতে সৃষ্টিমূলক নাচৰ আদৰ্শ গ্ৰহণ কৰিছিল সত্ৰীয়া নৃত্যৰপৰা। আনন্দ চন্দ্ৰ বৰুৱালৈ লিখা এখন চিঠিত তেওঁ "কলেজৰ পৰা আহি ১৯২৮ চনত শ্বিলঙত আছাম ক্লাৱত প্ৰথম প্ৰাচ্য নৃত্য লাস্য আৰু তাণ্ডৱ নাচি খুব নাম কৰিছিলোঁ।" বুলি উল্লেখ কৰিছে।\nঅতুল চন্দ্ৰ হাজৰিকাদেৱে লিখিছে- "পাৰ্ৱতি প্ৰসাদে ১৯২৬ চনত সত্ৰীয়া নৃত্যৰ আৰ্হিত প্ৰাচ্য নৃত্য, নিজৰী নাচ (লাস্য) আৰু সৃষ্টি নাচ (তাণ্ডৱ) প্ৰৱৰ্তন কৰি অসমীয়া নৃত্য-জগতত এটি নতুন ধাৰাৰ সৃষ্টি কৰিছিল। পাৰ্ৱতি প্ৰসাদৰ 'চতাই পৰেবতৰ নাগিনী ছোৱালী' নাচটো জ্যোতিপ্ৰসাদৰ 'পদুমকলি' নাচৰ সমপৰ্যায়ৰ।"\n১৯৬৪ চনত দুবাৰকৈ ৰক্তচাপত ভোগাৰ ফলত তেওঁ ৭ জুনৰ দিনা ইহলীলা সম্বৰণ কৰে।\n↑ 1.0 1.1 1.2 সম্পাদকঃ পবনাথ শৰ্মা (মাৰ্চ, ১৯৮১). "ৰচনাৱলী". অসম সাহিত্য সভা.\n↑ প্ৰাণজ্যোতি নাথ (২০ মাৰ্চ, ২০১৬). "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাঃ এক আলোকপাত". দৈনিক অসম. http://www.assamtribune.com/da/2016/mar2016/BigPage15.jpg। আহৰণ কৰা হৈছেঃ ৪ জুন ২০১৯.\n↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 ড॰ বিভা দত্ত নেওগ (১৮ ফেব্ৰুৱাৰী, ২০০৫). "পাৰ্ৱতি প্ৰসাদৰ জীৱন দৰ্শন আৰু সাহিত্য". অসম সাহিত্য সভা. পৃষ্ঠাসমূহঃ ৪, ৬, ৭, ৯, ১১.\n↑ পাৰ্ৱতি প্ৰসাদ বৰুৱা. "পাৰ্ৱতি প্ৰসাদ বৰুৱা ৰচনাৱলী".\n↑ "পাৰ্ৱতি প্ৰসাদ বৰুৱা ৰচনাৱলী". পৃষ্ঠাসমূহঃ ৩৭৮.\n↑ অতুলচন্দ্ৰ হাজৰিকা. "গীতি-কবি পাৰ্ৱতি প্ৰসাদ বৰুৱা স্মৃতিগ্ৰন্থ".\nপাৰ্ৱতী প্ৰসাদ বৰুৱা কেন্দ্ৰিক ৱেৱছাইট\nশুকুলা ডাৱৰ ঐ কঁহুৱা ফুল\n"https://as.wikipedia.org/w/index.php?title=পাৰ্ৱতি_প্ৰসাদ_বৰুৱা&oldid=317520"ৰ পৰা অনা হৈছে\nশেষ সম্পাদনা কৰা হৈছে 25 March 2022 তাৰিখে 09:02 বজাত\nএই পৃষ্ঠাখন ২৫ মাৰ্চ, ২০২২ তাৰিখে ১৪ঃ৩২ বজাত অন্তিম সংশোধন কৰা হৈছিল।
508beb0b5c528d6b169302ec8caabc23d1498d881a8f79075f12910a552db895
ডিমাছাসকলৰ হাংচেউ-মানাউবাৰ লগত বিভিন্ন লোক-বিশ্বাস জড়িত হৈ আছে। ব'হাগ বিহুৰ প্ৰথম দিনা বাৰবিধ শাকেৰে প্ৰস্তুত কৰা আঞ্জা খালে বিভিন্ন বেমাৰ নিৰ্মূল হয় বুলি বিশ্বাস আছে। ভৈয়াম অঞ্চলত বসবাস কৰা ডিমাছাসকলৰ 'হাংচেউ-মানাউবা' আৰু উত্তৰকাছাৰৰ ডিমাছাসকলে পালন কৰা এই উৎসৱৰ মাজত কিছু পার্থক্য আছে। এই উৎসৱত ম'হ বলি দিয়াৰ পৰম্পৰা আছে। ম'হ বলি দিয়া কার্যক তেওঁলোকে 'ছাটাইবা' বোলে। গাহৰি আৰু কুকুৰাও 'হাংচেউ-মানাউবা' উৎসৱত বলি দিয়া হয়। নৃত্য-গীত কৰি তেওঁলোকে ভোজ ভাত খায়। এই উৎসৱত 'জু' (মদ)ৰ ব্যৱহাৰ আছে। এই উৎসৱত পৰিয়ালৰ মৃত ব্যক্তিসকলৰ আত্মাৰ শান্তিৰ কাৰণে 'জু' উচ্চৰ্গা কৰা হয়। বিভিন্ন প্রতিযোগিতা আয়োজনৰ পৰম্পৰাও আছে। এই উৎসৱৰ শেষৰ দিনা 'গৰবা' (সমূহীয়াকৈ পতা পূজা) অনুষ্ঠান পালন কৰা হয়। এনেদৰেই ডিমাছাসকলে সাতদিনীয়াকৈ 'হাংচেউ-মানাউবা'ৰ সামৰণি মাৰে। বলি দিয়া পশু-পক্ষীৰ মাংস ভোজত ব্যৱহাৰ কৰে। ডিমাছাসকলৰ এই উৎসৱত মদক অপৰিহাৰ্য হিচাপে বিবেচনা কৰে। চুঙাত মদ দিয়াৰ পৰম্পৰা আছে। ভোজ-ভাত খোৱাৰ অন্তত ডিমাছাসকলৰ লোকবাদ্যবোৰৰ ব্যৱহাৰেৰে নৃত্য-গীত কৰাৰ পৰম্পৰা আছে। এই উৎসৱ চলি থকাৰ সময়ত বাহিৰৰ মানুহ গাঁৱত প্ৰৱেশ কৰিলে গাঁও অপৱিত্ৰ হয় বুলি ডিমাছাসকলে বিশ্বাস কৰে। আৰু সেই পৱিত্ৰতা ৰক্ষা কৰিবলৈকে 'গৰৱা পূজা' ('গৰবা' শব্দৰ অৰ্থ হৈছে সমূহীয়াকৈ পূজা আগবঢ়োৱা) পতা হয়। এই পূজা অনুষ্ঠিত কৰাৰ দিনা গাঁৱৰ কোনো মানুহ বাহিৰলৈ যাবলৈ দিয়া নহয়। এই পূজা পতাৰ লগে-লগেই ডিমাছাসকলৰ বসন্ত উৎসৱ 'হাংচেউ-মানউবা'ৰো অন্ত পৰে। ই একপ্ৰকাৰৰ কৃষিভিত্তিক উৎসৱ।
ed660c3dec1557a41570ba4ebcf1105ed5cb33042afa7567ceaf11abc0d62576
কোভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষা ডাঃএম এচ লক্ষ্মী প্ৰিয়াৰ এক নিৰ্দেশনামৰ্মে জিলাখনৰ গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চল উভয়তে মুকলি ঠাইত বা সভাগৃহত পতা সভা নাইবা সমাৱেশ আদিত মানুহৰ উপস্থিতিৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা জাৰি কৰিছে। সেইমৰ্মে ৰাজহুৱা বা ব্যক্তিগত অনুষ্ঠান আদি মুকলি ঠাইত বা সভাগৃহত পতাৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনামৰ্মে ৫০গৰাকী প্ৰথম পালি কোভিড-১৯ প্ৰতিষেধক লোৱা ব্যক্তিয়েহে এনে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব। অৱশ্যে দুয়োপালি কোভিড-১৯ প্ৰতিষেধক লোৱা ২০০গৰাকী ব্যক্তিয়ে উপায়ুক্তৰ আগতীয়া অনুমতি সাপেক্ষে মুকলি ঠাইত বা সভাগৃহত অনুষ্ঠিত ব্যক্তিগত বা ৰাজহুৱা অনুষ্ঠান, বিবাহ আদিত উপস্থিত থাকিব পাৰিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা জিলাখনত বলৱৎ থাকিব। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
708db5f40bd59c96255679745221e194d7e5341c80276c12afc050a3c6e3e5ec
(গুৱাহাটিৰ পৰা পুনঃনিৰ্দেশিত)\nগুৱাহাটী মহানগৰৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে মেঘালয়ৰ পাহাৰ, পশ্চিমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু পূবত নাৰেঙ্গী অৱস্থিত। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও উত্তৰ গুৱাহাটীৰ ৰূপত ইয়াৰ লাহে লাহে পৰিবৰ্ধন হৈছে। গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা অঞ্চল হৈছে ২১৬ বৰ্গ কিঃমিঃ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত ৩৪০ বৰ্গ কিঃমিঃ এলেকা আছে।\nনগৰ সংযোগী পথসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে দক্ষিণৰফালে জি.এছ. ৰোড (নগৰৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৫ কিঃমিঃ)। অৰ্থনৈতিক দিশৰপৰা গুৰুত্বৰ উপৰিও ইয়াৰ আশে-পাশে বহুতো কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু আৰু বসতিস্থল আছে। জি এছ ৰোড এক ৰুচিপুৰ্ণ অভিজাত এলেকা। ইয়াত চাৰিতাৰকাযুক্ত ৰেষ্টোৰেণ্ট, মল, ব্ৰেণ্ডেড ষ্টোৰ, নাইট ক্লাব, বাৰ-ডিস্কো, বুটিক-হোটেলৰে ভৰপূৰ। এই অঞ্চলটো নৈশ জীৱন উদযাপনৰ বাবে প্ৰসিদ্ধ। অসমৰ ৰাজধানী দিশপুৰো ইয়াতে অৱস্থিত। নগৰখনৰ দক্ষিণ অংশত ইয়াৰ ওচৰতে গণেশগুৰিৰ ৰূপত যোৱা কেইদশকমান ধৰি এটা উপ-কেন্দ্ৰ গঢ়ি উঠিছে।\n২০১০ চনত গুৱাহাটী মহানগৰৰ মুঠ উৎপাদন প্ৰায় ১০০ কোটি আমেৰিকান ডলাৰ বুলি ধাৰণা কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] নদী বন্দৰ হিচাপে গুৱাহাটী আগৰেপৰাই এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ ৰূপে বিবেচিত হৈ আহিছে। নগৰৰ উপাৰ্জনৰ হিছাপ পৰম্পৰাগতভাৱে কৰা নহয় বাবে সঠিক সংখ্যা এতিয়াও পোৱা হোৱা নাই। তথাপিও বাণিজ্যিক কাম-কাজ আৰু নিয়োজনলৈ লক্ষ্য কৰিলে মহানগৰখনে অসমৰ উপাৰ্জনৰ এক বুজন অংশ বহন কৰিছে বুলি অনুমান কৰিব পাৰি।\nপ্ৰধান অৰ্থনৈতিক কাম-কাজৰ ভিতৰত বেপাৰ-বাণিজ্য, পৰিবহণ সেৱা, চাকৰি আদি। গুৱাহাটী মহানগৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক কেন্দ্ৰবিন্দু। ই হ'ল মুখ্য পাইকাৰী আৰু খুচুৰা বিতৰণৰ কেন্দ্ৰস্থল। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) পৃথিৱীৰ ভিতৰতে এটি সৰ্ববৃহৎ নিলাম কেন্দ্ৰ। অন্য চহৰবিলাকৰ দৰে বৰ্তমান গুৱাহাটী মহানগৰতো মল (mall) সংস্কৃতি গঢ়ি উঠিছে। উৎপাদন এটা মুখ্য কাৰ্য যদিও ভাৰতৰ অনান্য উদ্যোগিক অঞ্চলৰ লগত ই সমানে আগবাঢ়িব পৰা নাই। ইয়াৰ প্ৰধান উৎপাদন উদ্যোগ হ'ল ভাৰতীয় তেল নিগমৰ (ইংৰাজীঃ Indian Oil Corporation Limited) গুৱাহাটী মহানগৰীৰ নুনমাটিত অৱস্থিত নুনমাটি তেল শোধনাগাৰটো। ইয়াতে বিভিন্ন উৎপাদন কেন্দ্ৰসমূহৰ (যেনে- নুমলীগড় তেল শোধনাগাৰ) মুখ্য কাৰ্যালয় সমূহ অৱস্থিত। ছপাশাল, ছপা মাধ্যম, বৈদ্যুতিক মাধ্যমসমূহৰ লগত জড়িত বিভিন্ন ব্যৱসায় সমৃহেও এক বিশেষ স্থান লাভ কৰিছে। যোৱা দুটা দশকত অন্যান্য ব্যৱসায় যেনে- ৰীয়েল ইষ্টেট, বিত্তীয় ব্যৱসায় আদিও বৃদ্ধি পাইছে। বৰ্তমান সময়ত বিভিন্ন শৃংখল ব্যৱসায়িক বাণিজ্যৰ খুচুৰা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান যেনে- বিশাল মেগা মাৰ্ট, চেণ্ট্ৰেল মল, ৰুদ্ৰাক্ষ মল, বিগ বাজাৰ, পেণ্টালুন্চ, ট্ৰেণ্ড্চ মল, ৱেষ্টছাইড, গুৱাহাটী চেণ্ট্ৰেল আদি প্ৰতিষ্ঠানেও মহানগৰীখনৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। গুৱাহাটীত বৰ্তমান আন্তৰ্জাতিক ব্ৰেণ্ড ৰেডিচন ব্লু, ন'ভ'টেলৰ উপৰিও দেশৰ বিখ্যাত তাজ হোটেল প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মিত ৱিৱান্তা নামৰ তিনিখন পঞ্চতাৰকাযুক্ত হোটেল আছে। অতিশীঘ্ৰে জে দব্লিউ মেৰিয়ট নামৰ এক পঞ্চতাৰকাযুক্ত হোটেল মহানগৰীৰ মাজমজিয়াত পদাৰ্পণ কৰিব। লগতে কেইবাখনো হোটেল নিৰ্মিয়মাণ অৱস্থাত আছে। 'গুৱাহাটী ষ্টক এক্সছেইঞ্জ' (GSE) হ'ল মহানগৰীখনৰ অন্যতম উাল্লেখযোগ্য অৰ্থনৈতিক যোগাযোগৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰোপৰি বিত্তীয় প্ৰতিষ্ঠান নেডফিৰ কাৰ্য্যালয় গুৱাহাটীৰ দিশপুৰত অৱস্থিত। পৰ্যটন, শিক্ষা, গৱেষণা, সাংস্কৃতিক কাৰ্যকলাপ আদিৰ ক্ৰমান্বয়ে হোৱা বৃদ্ধিয়েও মহানগৰীখনৰ অৰ্থনীতিত বিশেষ বৰঙনি যোগাইছে।\nগুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰৈত অৱস্থিত। দেশৰ সকলোবোৰ ঘৰুৱা যেনে ভিষ্টাৰা, স্পাইচ জেট, ইণ্ডিগ', গ' এয়াৰ, জেট এয়াৰ, এয়াৰ এছিয়া, এয়াৰ ইণ্ডিয়া আদি এয়াৰলাইনছ গুৱাহাটীৰ বিমান বন্দৰৰ পৰা চলাচল কৰে। দেশৰ প্ৰায় আটাইকেইটা বিমান বন্দৰৰ সৈতে গুৱাহাটী সংযোগিত। নিয়মীয়া উৰণৰ লগতে টেক্সী সেৱা পোৱা যায়। আন্তৰ্জাতিক উৰণ সপ্তাহত দুবাৰকৈ গুৱাহাটী পৰা বেংককলৈ আৰু ভূটানৰ থিম্ফুলৈ যাতায়ত কৰে। বৰ্তমান ভূটানৰ থিম্ফুৰ পৰা গুৱাহাটী হৈ ছিংগাপুৰলৈ ড্ৰুক এয়াৰৰ বিমান চলাচল কৰে।\n৩১ নং ৰাষ্ট্ৰীয় ঘাই পথে গুৱাহাটী তথা অসমক বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ সৈতে সংযোগ কৰিছে। আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা আৰম্ভ হৈ গুৱাহাটীৰ মাজেদি গৈ উজনি অসমক সংযোগ কৰিছে। গড়চুক স্থিত আন্তঃ ৰাজ্যিক বাছ আস্থানৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ বাছ সেৱা আছে। গুৱাহাটীৰ চিটী বাছ সেৱা অতি সুবিধাজনক। ব্যক্তিগত আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ চিটী বাছৰ উপৰিও ৰাজ্যিক পৰিবহণ নিগমৰ শীত-তাপ নিয়ন্ত্ৰিত চিটী বাছো উপলব্ধ।\nগুৱাহাটীৰ পৰা একাধিক সংবাদপত্ৰ প্ৰকাশিত হয়। ইয়াৰোপৰি ইয়াত কেইবাটাও ইলেকট্ৰনিক সংবাদ মাধ্যম তথা দূৰদৰ্শন কেন্দ্ৰ আৰু ৰেডিঅ' ষ্টেশ্যন আছে। গুৱাহাটীৰ পৰা প্ৰকাশিত জনপ্ৰিয় দৈনিক অসমীয়া বাতৰিকাকত সমূহ হ'ল - অসমীয়া প্ৰতিদিন, দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, গণ অধিকাৰ আৰু দৈনন্দিন বাৰ্তা। জনপ্ৰিয় ইংৰাজী দৈনিক বাতৰিকাকত সমূহ হ'ল - দ্যা আছাম ট্ৰিবিউন, দ্যা ছেণ্টিনেল, দ্যা টেলিগ্ৰাফ, দ্যা টাইমছ্ অব ইণ্ডিয়া ইত্যাদি।\n↑ 15.0 15.1 "Guwahati City Census". Govt. of India. http://www.census2011.co.in/census/city/191-guwahati.html। আহৰণ কৰা হৈছেঃ May 17, 2012.\n"https://as.wikipedia.org/w/index.php?title=গুৱাহাটী&oldid=234650"ৰ পৰা সংকলিত\nএই পৃষ্ঠাখন ০২ জুন, ২০২০ তাৰিখে ২৩ঃ৫৭ বজাত অন্তিম সংশোধন কৰা হৈছিল।
c2e4a83fb6b4d0d1ad00c9a2e0632943e1ba3d1b6cc93da5b16c9b7ac5ae6368
পৃথিৱীত ধনী হ'বলৈ সকলোৱে বিচাৰে। ধন-সম্পত্তি আৰু বিলাসী জীৱন যাপন কৰিবলৈও মানুহে অক্লান্তভাৱে কাম কৰে। কিন্তু কিছুমানহে সফল হয়, আৰু বহুতে অসফল হৈ থাকে। কিন্তু মানুহৰ ভৱিষ্যত কিমান ভাল হ'ব সেয়া নিৰ্ভৰ কৰে তেওঁৰ কৰ্মৰ ওপৰত। আৰু বাকীখিনি ভাগ্য। যিটো পূৰ্বনিৰ্ধাৰিত। কিন্তু ভাগ্য সলনি কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। সমুদ্ৰশাস্ত্ৰৰ মতে মানুহৰ জন্মতে সৌভাগ্য গঢ়ি তোলা বা ভৱিষ্যত গঢ়ি তোলাৰ দৰে কিছুমান বিশেষ বস্তু লৈ থাকে। যাৰ এটা মাধ্যম হ'ল তিল। শৰীৰৰ বিভিন্ন ঠাইত তিলৰ অৱস্থানে আপোনাৰ ভৱিষ্যতৰ বহু ভাল বেয়া কথাৰ ইংগিত দিয়ে। ওঁঠৰ ওপৰত তিল থাকিলে কি হয়, তেনে ঠাইত যদি তিল থাকে তেন্তে তাৰ অৰ্থ হ'ল মহিলা বা পুৰুষজন অতি কম বয়সৰ পৰাই বহুত ধনৰ মালিক হৈ পৰিব। এই অৱস্থাত থকা তিল মানুহবোৰ অলপ জেদী হোৱাৰ প্ৰৱণতা থাকে। নাকৰ সোঁফালে তিল থকা ব্যক্তি ধনী হোৱাৰ সম্ভাৱনা থাকে, ৩০ বছৰ বয়সৰ পৰাই তেওঁলোকে সফলতাৰ জখলা বগাবলৈ আৰম্ভ কৰে। জ্যোতিষীসকলৰ মতে যিসকলৰ কঁকালত তিল থাকে তেওঁলোকৰ ধনী হোৱাৰ সম্ভাৱনা অধিক। বিয়াৰ পিছত বহুতেই বিশাল ধন-সম্পত্তিৰ মালিক হৈ পৰে। এই ক্ষেত্ৰত যিসকলৰ শৰীৰৰ যিকোনো ঠাইতে গাঢ় ৰঙৰ আৰু সৰু আকাৰৰ তিল থাকে, তেতিয়া বুজি পাযব যে মহিলা বা পুৰুষজন বিয়াৰ পিছত ধনী হ'বলৈ গৈ আছে। এই দাবী অ'চেন'গ্ৰাফী বিশেষজ্ঞসকলৰ। >> এই তাৰিখবোৰত জন্ম হোৱা পুৰুষ-মহিলাই শ্ৰেষ্ঠ জীৱন সংগী পায় ! যদি এজনৰ সোঁহাতৰ তালুত তিল থাকে, তেন্তে ব্যক্তিজনে অতি কম বয়সৰ পৰাই ধন-সম্পত্তি লাভ কৰিবলৈ আৰম্ভ কৰে। ফলত তেওঁলোকৰ সহজে ধনী হোৱাৰ সম্ভাৱনা থাকে। সমুদ্ৰশাস্ত্ৰ বিশেষজ্ঞৰ মতে নাভিৰ আশে-পাশে বা চিবুকত তিল থকাটোৰ অৰ্থ হ'ল মানুহ ধনী হোৱাৰ সম্ভাৱনা। বুকুত তিল থাকিলে সেই নাৰী বা পুৰুষ সহজেই ধনী হৈ পৰে। লগতে তেওঁলোকে অতি শান্তিপূৰ্ণ জীৱন কটায়। তাৰোপৰি কাণৰ চাৰিওফালে যদি তিল থাকে তেন্তে তেওঁৰ ধনী হোৱাৰ সম্ভাৱনা বেছি।
bedd07bffb02abaaf498970122ceb2e94cbf5ee4a30018fb2baa7124f0a86493
মুহাম্মদ ইউনুছ (জন্মঃ ২৮ জুন, ১৯৪০) এজন বাংলাদেশী ন'বেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত শান্তিৰ ন'বেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। ইউনুছ 'বিশ্ব খাদ্য বঁটা' সহ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। মুহাম্মদ ইউনুছ ১৯৪০ চনত চট্টগ্ৰাম জিলাৰ হাটহাজাৰী উপ জিলাৰ বাথুয়া গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ চট্টগ্ৰাম কলেজিয়েট স্কুল আৰু চট্টগ্ৰাম কলেজ শিক্ষা গ্ৰহণ কৰে। তেওঁৰ পিতাৰ নাম হাজী দুলা মিয়া সদাগৰ আৰু মাতাৰ নাম চুফিয়া খাতুন। তেওঁৰ প্ৰথম বিদ্যালয় মহাজন ফকিৰৰ স্কুল। সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়ত তেওঁ বয়েজ স্কাউটত যোগ দিয়ে আৰু বয়েজ স্কাউটৰ ফালৰ পৰা মাত্ৰ ১৫ বছৰ বয়সত যুক্তৰাষ্ট্ৰ, কানাডাসহ এছিয়া আৰু ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰে। মুহাম্মদ ইউনুছৰ সহধৰ্মিনী আফৰোজী ইউনুছ। ব্যক্তিগত জীৱনত মুহাম্মদ ইউনুছ দুই কন্যাৰ পিতা। মুহাম্মদ ইউনুছৰ ভায়েক মুহাম্মদ ইব্ৰাহিম ঢাকা বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আৰু সৰু ভায়েক মুহাম্মদ জাহাঙ্গীৰ এজন জনপ্ৰিয় টিভি ব্যক্তিত্ব। চট্টগ্ৰাম কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুহাম্মদ ইউনুছ মেধা তালিকাত ১৬তম স্থান অধিকৰ কৰে আৰু চট্টগ্ৰাম কলেজত নামভৰ্তি কৰে। তাত তেওঁ সাংস্কৃতিক আৰু ৰাজনৈতিক কাম-কাজত আত্মনিয়োগ কৰে। কলেজত তেওঁ নাটকত অভিনয় কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি তেওঁ সাহিত্য পত্ৰিকা সম্পাদনা আৰু আজাদী পত্ৰিকাত লেখা মেলা কৰে। ১৯৭৪ চনত বাংলাদেশত সংঘটিত দুৰ্ভিক্ষৰ সমযত ইউনুছে দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। তেওঁ গম পালে যে স্বল্প পৰিমাণৰ ঋণ দুখীয়া মানুহৰ জীৱন মান উন্নয়নত অত্যন্ত কাৰ্যকৰী হব পাৰে। সেই সময়ত তেওঁ গৱেষণাৰ বাবে গ্ৰামীণ অৰ্থনৈতিক প্ৰকল্প আৰম্ভ কৰে। ১৯৭৪ চনত মুহাম্মদ ইউনুছ তেভাগা খামাৰ প্ততিষ্ঠা কৰে। পিছলৈ বিভিন্ন পেকেজৰ আওঁতাত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰে। মুহাম্মদ ইউনুছে ১৯৭৬ চনত গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা কৰে। দৰিদ্ৰ বাংলাদেশী সকলৰ মাজত ঋণ বিতৰণৰ উদ্দেশ্য এই বেংক প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰে পৰা গ্ৰামীণ বেংকে ৫.৩ মিলিয়ন ঋণগ্ৰহীতাৰ ভিতৰত ৫.১ বিলিয়ন আমেৰিকান ডলাৰ ঋণ প্ৰদান কৰিছে। ঋণৰ টকা ঘূৰাই পোৱা নিশ্চিত কৰাৰ বাবে গ্ৰামীণ বেংকে "সংহতি দল" নামৰ পদ্ধতি ব্যৱহাৰ কৰে। এটি অনানুষ্ঠানিক সৰু দল একত্ৰিত হৈ ঋণৰ বাবে আবেদন কৰে আৰু ইয়াৰ সদস্যবৃন্দ এজনে আনজনৰ জামিনদাৰ হিচাপে থাকে আৰু এজনে আনজনৰ উন্নয়নত সাহায্য কৰে। বেংকৰ পৰিধি বঢ়াৰ লগে লগে দৰিদ্ৰ দূৰীকৰণৰ বাবে অন্যান্য পদ্ধতি প্ৰয়োগ কৰে। ক্ষুদ্ৰঋণৰ লগে লগে যোগ হয় গৃহঋণ, মিনপালন আৰু জলসিঞ্চন ঋণ প্ৰকল্প সহ অন্যান্য বেংকিং ব্যৱস্থা। দুখীয়াৰ অৰ্থনৈতিক উন্নয়নত গ্ৰামীণ বেংকৰ সাফল্য উন্নত বিশ্বৰ দেশ সমূহ যেনে যুক্তৰাষ্ট্ৰ সহ অন্যান্য শিল্পোন্নত দেশসমূহে এই মডেল ব্যৱহাৰ কৰিবলৈ উদ্ভুদ্ধ হয়। মুহাম্মদ ইউনুছ আৰু তেওঁৰ প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত কল্যান অৰ্থনীতিৰ বাবে শান্তিৰ ন'বেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। আন আন বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ উপৰিয়ো তেওঁ প্ৰায় ৪৮ টা সন্মানীয় ডক্টৰেট ডিগ্ৰীলাভ কৰিছে।
4e33b62aa517bd479f38c3f004c41242f7e1fb6ebeea36b48f64a0238c165b5d
'কা'ৰ বিৰুদ্ধে আছুৱে ঘোষণা কৰা তিনি দিনীয়া আন্দোলনৰ কাৰ্যসূচীৰ আজিৰ প্ৰথম দিনটোতে ৰাজ্যজুৰি 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে। তিনিদিনীয়া আন্দোলনৰ কাৰ্যসূচীৰ প্ৰথমটো দিনত আজি আছুৰ কেন্দ্ৰীয় নেতৃত্বই শ্বহীদ ন্যাসৰ পৰা উলিয়ায় এক দীঘলীয়া জোঁৰ সমদল। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে আন শীৰ্ষ নেতাই অংশগ্ৰহণ কৰা জোঁৰ সমদলটো শ্বহীদ ন্যাসৰ পৰা ওলোৱাৰ ক্ষন্তেক সময় পিছতে আৰক্ষীয়ে সমদলটোক বাধা প্ৰদান কৰে। শান্তিপূৰ্ণ ভাবে কৰা জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰে সম্পূৰ্ণ ফেচিষ্ট মনোভাবেৰে আছুৰ জোঁৰ সমদলত বাধা প্ৰদান কৰি জনতাৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিয়া বুলি ভট্টাচাৰ্যই মন্তব্য কৰে। ইপিনে তেজপুৰত আছুৰ আহ্বানত উলিওৱা জোঁৰ সমদলতো আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে সমদালকাৰীৰ ওপৰত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱানে বৰ্বৰোচিত ভাবে লাঠীচালনা কৰে।
7a54df8dc16e4d3d1d30ecdebc706a912eb6f63a547b22e89cbb89f92e83fb23
ধেমাজিৰ কেঁচা ঘাঁ (অজয় লাল দত্ত) - সাহিত্য ডট অৰ্গ\nধেমাজিৰ কেঁচা ঘাঁ (অজয় লাল দত্ত)\nপ্ৰতিবছৰে ১৬ আগষ্টত ৰাজ্যবাসীয়ে উপভোগ কৰে অন্য এক বিশেষ দিন। ২০০৪ চনৰ স্বাধীনতা দিৱসত পতাকা উন্মোচন স্থলী তথা আমি শিক্ষা লাভ কৰা মহাবিদ্যালয় ধেমাজি কলেজৰ খেলপথাৰত হোৱা বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত পালিত হৈছে এই ৰাজ্যজোৰা শোক দিৱস। কাৰোবাৰ বাবে এয়া স্বাধীনতা দিৱসৰ দিনৰ পাছ দিনা, শনি-ৰবিৰ বন্ধ মিলাই পৰা এটা দীঘলীয়া অৱসৰ বিনোদনৰ সুযোগ মাত্ৰ। পিছে আমাৰ কথা সুকীয়া। সুকীয়া হবৰ কথাও। আমাৰ বাসগৃহৰ পৰা মাত্ৰ দুটা ঘৰৰ সিপাৰে সেইদিনা নিহত হোৱা শিশু মণ্টুগগৈৰ ঘৰ। প্ৰতি বছৰেই স্বাধীনতা দিৱসৰ কাষ চাপিলেই সেইখন ঘৰত সৃষ্টি হোৱা হিম-শীতল পৰিবেশ, মাতৃৰ কান্দোনৰ ৰোলে আমাক কেতিয়াও শান্তি অনুভৱ কৰিবলৈ নিদিয়ে। আঠ-দহঘৰৰ ব্যৱধানত বাকী কেইবাজনো নিহত শিশুৰ ঘৰ, শিক্ষয়িত্ৰী দেউৰী বাইদেউৰ ঘৰ। এজন নিহত শিশু আছিল আমাৰ মাতৃৰ ছাত্ৰ, ঘৰলৈ পঢ়িবলৈকো আহে। সেই মনজিতৰ মাকৰ কান্দোনে কেতিয়াও আমাৰ স্মৃতিৰ পৰিসীমা বাহিৰ হৈ যাবই নোৱাৰে। আমি পালন কৰো এটুকুৰা কেঁচা ঘাঁ, কৰুণ স্মৃতিৰ.....\nসেইদিনটো ভালকৈয়ে মনত আছে, মুন বাইৰ ভিনদেউৰ ভায়েকৰ ঘৰলৈ যোৱা। নতুনকৈ বিয়া পাতি নকৈ এটা ভেটিত কেঁচাঘৰ সাজিছে তেওঁ। সেনাবাহিনীত কাম কৰে, সেই সৰু ভিনদেউ জনে। তেখেতৰ ঘৰত ঘৰলোৱা খাবলৈ গৈছো। পেগু উপাধিৰ ভিনিজনৰ পত্নীয়ে আমাক আথে-বেথে আপ্যায়ন কৰিছে। ছাই-মদ বাকি দিছে, গাহৰি আনি দিছে। আমিও পূৰ্ণ তৃপ্তিৰে আশীষ কৰিছে, এই কেঁচা মাটিত পকা হৈ উঠক আপোনাসৱৰ যুগ্ম জীৱনৰ বান্ধোন। পেগুভিনি নিশ্চিন্তে অকলে পত্নীক এৰি এসপ্তাহ পাছতে গুচি গৈছে দেশ ৰক্ষাৰ বাবে সীমান্তলৈ। আৰু ইয়াত স্বাধীনতা দিৱসৰ স্থলীত ছিন্ন-চূড় হৈ উৰি গৈছে বৌ......উৰি গৈছে সকলোবোৰ আশা, কল্পনা, আশীষ....ধোঁৱা হৈ!\nভাবিলেই ভয় লগা পৰিবেশ, আমাৰ আপোন ঘৰৰ পৰা এক কিল'মিটাৰ মানহে দূৰ সেই স্থানলৈ। ঘৰৰ পৰাই মায়ে শুনিছিল সেই ভয় লগা শব্দ। আমাক স্কাউট-গাইডৰ দিনত সেৱাৰ প্ৰশিক্ষণ দিয়া শিক্ষক দীপেন দত্ত ছাৰৰ মুখেদি শুনিছিলো সেই তেজ-ধোৱা সময়ৰ গাঁথা। কিদৰে তেখেতে নেতৃত্ব দিছিল, আহত সকলক চিকিৎসাললৈ নিয়াত। কি অৱস্থা সিদিনা, ধোঁৱা আৰু বাৰুদৰ মাজত আপোন শিশু, পত্নী, মানুহৰ সন্ধানত ব্যাকুল হোৱা মোৰ ধেমাজিবাসীৰ। বৰ্ণনাই চুব নোৱাৰে সেই দিনৰ ইতিহাস...\nতাৰ পাছৰ এমাহমান প্ৰতিবাদী, শান্তি সমদল, বন্ধ, ৰাজহুৱা বিষোদগাৰ, অভিযোগৰ আঙুলি, তদন্ত, ভেকোঁভাওনা.... অসমৰ নিয়মমাফিক পৰিঘটনাৰ সমদল। মমবাতি জ্বলাই শুভবুদ্ধি উদয়ৰ বাবে প্ৰাৰ্থনা, চিৰকালৰ বাবে পৃথিৱী এৰিবলৈ বাধ্য হোৱা সকলৰ বাবে প্ৰাৰ্থনা........ ঘটনাবোৰ পাহৰণিৰ বুকুলৈ নিবলৈ, অনৰ্থক অনৰ্থক অনুভৱ হেন লগা কিছু ৰাজহুৱা নীতি-নিয়ম। দেৱেন তাৱৈদ'ৰ বোৱাৰীয়েকো তাতেই হেৰাল, পুতেকে মাজতে ক্ষতিপূৰণৰ ধনেৰে চিডিৰ দোকান খুলিছিল...এদিন সেইখনো বন্ধ হ'ল, তদন্তৰ ফাইলবোৰ বন্ধ হৈ যোৱাদি! স্থানীয় এজন মন্ত্ৰীলৈ জড়িত থকাৰ অভিযোগৰ আঙুলি উঠিছিল, প্ৰতিবাদ হৈছিল...সময়ত আজি মাৰ গ'ল। বোমা বিস্ফোৰণৰ "নৈতিক দ্বায়িত্ব" স্বীকাৰ কৰা বীৰ-পুৰুষ হেন হত্যাকাৰীৰ দলৰ নেতাক ধেমাজিতে "জাতীয় মঞ্চ"ত গামোচা পিন্ধাই আদৰা হ'ল। তেওঁগৈ ঘৰে ঘৰে খুজিলেগৈ ক্ষমা প্ৰাৰ্থনাও। চৰকাৰে দিলে আৰ্থিক ক্ষতিপূৰণ, স্মূতি ৰক্ষাৰ্থে নিহত সকলৰ মূৰ্তি নিৰ্মাণ, সেই স্থানত এটা লাইব্ৰেৰী আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে কোটি-টকীয়া আবণ্টন। সদৌ অসম ছাত্ৰসন্থাই এটা শ্বহীদ বেদী নিৰ্মাণৰ বাবে প্ৰায় ৮বছৰ ধৰি নিৰ্মাণ চলাই থাকিল আৰু তাৰ নামত চলি থাকিল অৰ্থ সংগ্ৰহ। অৱশেষত এতিয়া সেইটো সম্পূৰ্ণ হ'ল নে নাই আজি খবৰ লবহে লাগিব।\nকিন্তু পৰিয়ালে নাপালে ন্যায় বিচাৰ আজিও, দোষীয়ে নাপালে শাস্তি। এতিয়া প্ৰশ্ন হয় সঁচাই সময়ৰ সৈতে পাহৰণিয়েই হব পাৰেনে একমাত্ৰ মলম, এই কেঁচা ঘাঁ-শুকুৱাৰ বাবে। এই খিনিয়ে আজিৰ দিনৰ সত্য, যি মোৰ বুকুত থকা কেঁচা ঘাঁ-টুকুৰৰ বিষ সজীৱ কৰিছে পুনৰ বাৰ। সজল চকুত বাৰে ভাঁহি আহিছে মণ্টুহঁত, সিদাৰ্থহঁতৰ সতে কৰা ধেমালিৰ ক্ষণবোৰৰ কথা, সিহঁতৰ ঘৰৰ আগত দেউতাহঁতে পতা স্মৃতি সৌধবোৰৰ কথা... এতিয়া চাগৈ আমাৰ চুবুৰীত শুনা গৈছে প্ৰাৰ্থনা সভাৰ ধ্বনিৰ সতে মাতৃৰ কান্দোলৰ ৰোল....\nঅসমৰ তথা-কথিত স্বাধীনতাৰ যুঁজখনলৈ এই নিৰপৰাধ সকলৰ হত্যাই কি অৰিহণা যোগালে আজিও তাৰ উত্তৰ বিচাৰি ফুৰিছো। আৰু স্বাধীনতা দিৱস আহিলেই বিষ অহা এই নিদাৰুণ ঘাঁৰ পৰা কেতিয়ালৈ আমি মুক্তি পাম? দুয়োটাৰ উত্তৰো হয়তো আমি কেতিয়াও নাপাম!!!!!!!!!!!\n← এটা চাৰপ্ৰাইজ (দেৱ প্ৰতিম)\nদলিল (ধ্ৰুৱজ্যোতি শৰ্মা) →\nপিকনিক -(আব্দুছ চাজিদ)
10b75a53bb453c2693fe1b29982a0ca6967c326b84b71b5c14d349ff0cea5818
গুৱাহাটী,২০ ছেপ্তেম্বৰঃ আফগানিস্তানৰ জালালাবাদত দেওবাৰে তালিবান সন্ত্ৰাসবাদী সকলে ব্যাৱহাৰ কৰা এখন বাহনলৈ লক্ষ্য কৰি বোমা বিস্ফোৰণ সংঘটিত কৰা হয়। জালালাবাদত তালিবানলৈ লক্ষ্য কৰি এনেদৰে বোমা বিস্ফৰণৰ এইটো দ্বিতীয়টো ঘটনা। দেওবাৰে সংঘটিত হোৱা বোমা বিস্ফোৰণটোৰ ফলত এগৰাকী শিশুকে ধৰি অন্য দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উল্লেখ যে শনিবাৰে জালালাবাদত তিনিটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল আৰু উক্ত বোমা বিস্ফোৰণৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল। আফগানিস্তানৰ পৰা আমেৰিকান সৈন্য প্ৰত্যাহাৰৰ পাছতে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰিছিল। তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছতে দেশখনত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ সংঘটিত হৈ আহিছে। জালালাবাদৰ পূৰ্বেও দেশখনৰ ৰাজধানী কাবুলত বোমা বিস্ফোৰণ সংঘটিত হৈছিল। Save my name, email, and website in this browser for the next time I comment. গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ'ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ'ব ভাৰতীয় মূলৰ পৰাগ আগৰৱাল। ইয়াৰ পিছতে বিভিন্নজনে পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে। জেক ডাৰ্চিয়ে কৈছে যে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁৰ কাম অত্যন্ত দৰ্শনীয় আছিল। ডৰ্চিয়ে লগতে কৈছে যে তেওঁ পৰাগৰ হৃদয়, ব্যক্তিত্ব আৰু দক্ষতাৰ বিষয়ে নিশ্চিত আৰু অতি কৃতজ্ঞ। এতিয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়। উল্লেখ্য যে পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ') হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ চি ই অ'ৰ দায়িত্ব ল'ব। কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট লাভ কৰা পৰাগ আগৰৱালে আই আই টি বোম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি কৰিছে। আগৰৱালে ২০১১ চনত টুইটাৰত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টুইটাৰত কাম কৰি আছে। তেওঁক ২০১৭ চনত কোম্পানীৰ চি টি অ' হিচাপে দায়িত্ব দিয়া হৈছিল। যিসময়ত পৰাগে টুইটাৰত যোগদান কৰিছিল সেই সময়ত কৰ্মচাৰীৰ সংখ্যা ১০০০ তকৈ কম আছিল। পৰাগে টুইটাৰত যোগদান কৰাৰ আগতে মাইক্ৰছফ্ট আৰু য়াহুতো সেৱা আগবঢ়াইছে। গুৱাহাটী,১৭ নবেম্বৰঃ মহাশক্তিশালী আমেৰিকাক পিছ পেলাই পৃথিৱীৰ সকলোতকৈ সম্পদশালী ধনাঢ়্য দেশ হিচাপে পৰিগণিত হৈছে এছিয়াৰ ছুপাৰ পাৱাৰ চীন। মাত্র দুটা দশকৰ ভিতৰত আমেৰিকাক অতিক্রম কৰি শীর্ষত অৱস্থান কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনে। ৱর্ল্ড ট্রেড অর্গেনাইজেচনৰ এক সমীক্ষা মতে ২০০০ চনত কেৱল ৭ ত্রিলিয়ন ডলাৰৰ সম্পদ থকা চীনে ২০২১ত ১২০ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। সমীক্ষাটোৰ মতে ২০০০ চনত বিশ্বৰ মুঠ সম্পদৰ পৰিমাণ আছিল ১৫৬ ত্রিলিয়ন আৰু এতিয়া এই পৰিমাণ ত্রিগুণতকৈ বেছি বৃদ্ধি হৈ ৫১৪ ত্রিলিয়ন ডলাৰ হৈছেগৈ। গুৱাহাটী,১১ নবেম্বৰঃ ছিংগাপুৰৰ এখন চিৰিয়াখানৰ চাৰিটা সিংহৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে। চিৰিয়াখানাখনৰ ক'ভিড সংক্ৰমিত কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ পাছতে সিংহ চাৰিটা ক'ভিড প'জিটিভ হোৱা বুলি ধাৰণা কৰা হৈছে। ছিংগাপুৰৰ নাইট চাফাৰী চিৰিয়াখানাত থকা সিংহ চাৰিটাৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে। সিংহ চাৰিটাৰ শৰীৰত কাঁহ আৰু চৰ্দিৰ নিচিনা ক'ভিডৰ প্ৰাথমিক লক্ষণ ধৰা পৰাৰ পাছতে পি চি আৰ পৰীক্ষা কৰা হয় আৰু উক্ত পৰীক্ষাত সিংহ চাৰিটা ক'ভিড প'জিটিভ হোৱা বুলি নিশ্চিত হয়। চিৰিয়াখনৰ কৰ্মচাৰীয়ে উল্লেখ কৰা অনুসৰি সিংহ চাৰিটা ক'ভিড প'জিটিভ হ'লেও এতিয়াও ভালদৰে খোৱা-লোৱা কৰি আছে। চিৰিয়াখানা কৰ্তৃপক্ষই সিংহ চাৰিটাৰ স্বাস্থ্যৰ ওপৰত অহৰ্নিশে নজৰ ৰখা বুলিও উল্লেখ কৰে।
deba10d07334f8a98d04f87c7d18ebf87a0b5fd9a0fc2cfae195ec38ffd683f2
অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৪০ লাখৰো অধিক লোকৰ নাম সন্নিৱিষ্ট নোহোৱাক লৈ বিৰোধী তৃণমূল কংগ্ৰেছে আজি ৰাজ্যসভাত অচলাৱস্থাৰ সৃষ্টি কৰে। তৃণমূল কংগ্ৰেছে বিষয়টো লৈ দুপৰীয়ালৈকে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখাৰ বাবে বাধ্য কৰে। প্ৰচণ্ড গণ্ডগোলৰ মাজতে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়ানাইডুৱে ৰাজ্যসভাৰ সদস্যসকলক কয় যে গৃহমন্ত্ৰী ৰাজনাথ সিঙে লোকসভাৰ কাম-কাজ সমাপ্ত কৰি আহি এই অতি সংবেদনশীল আৰু গম্ভীৰ বিষয়টোৰ ওপৰত উত্থাপিত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব। তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ'ব্ৰীয়েনে নিয়ম-২৬৭ৰ অধীনত (অধ্যক্ষৰ সন্মতিক্ৰমে কোনো সদস্যৰ দ্বাৰা এটা নিয়মৰ প্ৰয়োগ অনিৰ্দিষ্ট কাললৈ স্থগিত কৰাৰ বাবে আৱেদন জনোৱাৰ আহ্বান) তেওঁৰ মনোযোগ আকৰ্ষণ কৰাটো বিচাৰিছিল। সোমবাৰে সদনৰ কাম-কাজ বাধাগ্ৰস্ত কৰাটো প্ৰত্যক্ষ কৰা প্ৰতিবাদত আগভাগ লোৱা তৃণমূল কংগ্ৰেছৰ সদস্যসকলে দুই আসনৰ মাজৰ কালি ঠাইসমূহলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। যেতিয়াই সকলো সদস্যই প্ৰতিবাদ সাব্যস্ত কৰিচিল তেতিয়াই নাইডুৱে ৰাজ্যসভাৰ কাম-কাজ দুপৰীয়ালৈকে স্থগিত কৰি দিয়ে। ৰাজ্যসভা স্থগিত কৰাৰ পূৰ্বে তেওঁ আঙুলিয়াই দিয়ে যে তেওঁৰ অনুৰোধত গৃহমন্ত্ৰীয়ে ৰাজ্যসভাৰ মজিয়াত উপস্থিত হৈছিল যদিও তেওঁ বক্তব্য ৰাখিব পৰা নাছিল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণক বিষয়টোৰ ঐতিহাসিক পটভূমি আৰু ই অসম চুক্তিৰ ভিত্তিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ আজি কয় যে গৃহ মন্ত্ৰীক তেওঁ ৰাজ্যসভাত উপস্থিত থকাৰ বাবে অনুৰোধ কৰিছে। ৰাজ্যসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে লোকসভাত প্ৰশ্নোত্তৰ দিয়াৰ পাচত গৃহ মন্ত্ৰীগৰাকী ৰাজ্যসভাত উপস্থিত হ'ব। টাইমছ অব ইণ্ডিয়াৰ প্ৰতিৱেদন অনুসৰি গৃহ মন্ত্ৰীয়ে তেওঁৰ বক্তব্য ৰখাৰ পাছত সদস্যসকলক স্পষ্টিকৰণ বিচৰাৰ সুযোগ দিয়া হ'ব নে নাই বিৰোধী দলৰ নেতা আৰু প্ৰবীণ কংগ্ৰেছ নেতা গুলাম নবী আজাদে প্ৰশ্ন কৰে। নাইডুৱে কয় যে সেই সুযোগ দিয়া হ'ব। উল্লেখ্য যে কালি গুৱাহাটীত প্ৰকাশ কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰাত আৱোদন জনোৱা ৩.২৯ কোটি লোকৰ মাজৰ পৰা ২.৮৯ লোকৰ নাম সন্নিৱিষ্ট হৈছে। অৰ্থাৎ ৪০.০৭ লোকৰ নাম বাদ দিয়া হৈছে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
88a873f501a9a51d42418aacd674cb26493bfccf2e3ba117e99941d545131be3
দেৱালী হিন্দু ধৰ্মৰ এক অন্যতম উৎসৱ। কাতি মাহৰ পূৰ্ণিমাত প্ৰতি বছৰে এই পোহৰৰ উৎসৱ দেৱালী উদযাপন কৰা হয়। এই বছৰো ২৪ অক্টোবৰত সমগ্ৰ দেশতে দেৱালী উদযাপন কৰা হ'ব।এই দেৱালী উপলক্ষে লক্ষ্মী আৰু গণেশক উপাসনা কৰা হয়। ভাৰতত বাস কৰা লোকসকলৰ বাবে, দেৱালীৰ অৰ্থ হৈছে চাকি , ফটকা, পূজা আৰু ব্যঞ্জনৰ আদিৰে এক আনন্দমুখৰ তথা পোহৰমুখী পৰিবেশৰ সৃষ্টি কৰা ।কিন্তু বহুতেই হয়তো নাজানে যে ভাৰতবৰ্ষৰ বাহিৰেও বিশ্বৰ আন দেশতো দেৱালী উৎসৱ উদযাপন কৰা হয় । সেই দেশবোৰে তেওঁলোকৰ নিজা ধৰণে এই দেৱালী উদযাপন কৰে। ভাৰতৰ গাতে লাগি থকা নেপাল তেনে এখন দেশ । নেপালতো দেৱালী উৎসৱ উদযাপন কৰা হয়। নেপালত দীপাৱলী উৎসৱক 'স্বন্তী' বুলি কোৱা হয়। ই এটা পাঁচ দিনীয়া উৎসৱ, য'ত প্ৰথম দিনটোত কাউৰী আৰু দ্বিতীয় দিনটোত কুকুৰক খুউৱা হয় । তৃতীয় দিনা দেৱী লক্ষ্মীক পূজা কৰা হয়। চতুৰ্থ দিনটো নৱবৰ্ষৰ দৰে উদযাপন কৰা হয় আৰু তাৰ পিছত পঞ্চম দিনটোত উদযাপন কৰা হয় ভাই টিকা উৎসৱ হিচাপে যাক ভাৰতত ভাই দুজ বুলিও কোৱা হয়। আনহাতে মালয়েছিয়া আৰু ছিংগাপুৰতো উদযাপিত হয় দেৱালী । ইয়াৰ উপৰিও, ছিংগাপুৰত দেৱালী উপলক্ষে চৰকাৰী বন্ধ দিয়া হয় । লগতে এই উৎসৱ উদযাপনৰ অংশ হিচাপে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। আপুনি জানি আচৰিত হ'ব যে শ্ৰীলংকাতো দেৱালী উদযাপন কৰা হয়। যেতিয়া ভগৱান ৰাম ৰাৱণক হত্যা কৰি অযোধ্যাত উপস্থিত হৈছিল, ৰাজ্যখন লক্ষ লক্ষ চাকিৰে আলোকিত হৈছিল। তামিল সম্প্ৰদায়ৰ লোকসকলে দেৱালীত তেলস্নান কৰে আৰু নতুন কাপোৰ পিন্ধে আৰু 'পোচাই' অৰ্থাৎ উপাসনা কৰে। ফ্লৰিডাত দেৱালী ভাৰতৰ দেৱালীৰ দৰেএকে কিন্তু ইয়াৰ কোনো ধৰ্মীয় সম্পৰ্ক নাই। আমি আপোনাক কওঁ যে প্ৰতি বছৰে ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰৰ ভিতৰত ইয়াত 'সামহাইন উৎসৱ' উদযাপন কৰা হয়, য'ত আতচবাজী কৰাও দেখা যায়। আনহাতে বিশ্বৰ আন এখন অন্যতম ৰাষ্ট্ৰ থাইলেণ্ডতো দেৱালী উদযাপন কৰা হয়। ইয়াত দেৱালীক 'লাম ক্ৰিয়েংঘ' বুলি কোৱা হয়। থাইলেণ্ডত কলপাতৰ সৈতে চাকি বনাই ৰাতি এই চাকিবোৰ জ্বলাই নদীৰ পানীত উটুৱাই দিয়া হয় যাৰ ফলত সমগ্ৰ চহৰখন আলোকিত হৈ পৰে । বাওঁহাতৰ অনামিকা আঙুলিতহে বিয়াৰ আঙঠি কিয় পিন্ধোৱা হয় ? কোন দেশত কি বিশ্বাস কৰা হয় !! "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য। সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?
652a342f02fa539b0da7ecc498bef43ac71f20249741579e063d25a3de89cafd
Published on : ইয়াৰ পাছতে ভাগৱত আনয়ন আৰু ভাগৱত শোভাযাত্ৰা । ১২ বজাত নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণৰ অন্তত সন্ধিয়া বন্তি প্ৰজ্বলন । সন্ধিয়া ৬ বজাত খোলতালৰ যোৰাৰ পাছতে সন্ধিয়া ৮ বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা 'কেলিগোপাল' নাট প্ৰদশৰ্ন । ৯ নৱেম্বৰৰ পুৱা নাম প্ৰসংগ,দুপৰীয়া প্ৰসাদ বিতৰণ,সন্ধিয়া ৬ বজাত খোল তালৰ যোৰাৰ পাছতে ৮ বজাত বালিসৰা গাঁৱৰ মহিলাৰ দ্বাৰা 'গঞা সুৰৰ তীৰ্থ যাত্ৰা ' ভাওঁনা প্ৰদৰ্শন। উল্লেখ্য যে, অন্তিম দিনা নিশা স্থানীয় শিল্পী সকলৰ দ্বাৰা বিশিষ্ট নাট্যকাৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা চম্পক শৰ্মাৰ 'মন তই নাকান্দিবি' শীৰ্ষক সামাজিক নাট মঞ্চস্থ কৰিব। আনহাতে ৰাস মহোৎসৱ উপলক্ষে অঞ্চলটোত অসুৰ বধৰ আখৰা আৰু গোপী সকলৰ নৃত্যৰ আখৰাকে ধৰি অঞ্চলটোত এক উখল-মাখল পৰিবেশৰ সৃষ্টি কৰিছে।
06085519b4da093d874d88e8c3d37ef68693a97db39a4370e9273fce680e4978
শুকুৰবাৰে এঘন্টা ধৰি দিয়া এজাক বৰষুণৰ ফলত জলমগ্ন হৈ পৰে মহানগৰীৰ ডাউন টাউনৰ সমগ্ৰ মটৰীয়া অঞ্চল। ডাউন টাউনৰ কৃষ্ণকান্ত সন্দিকৈ পথটো সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাৰ বাবে যাত্ৰীসকলে বৰ্তমানো হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ ৰিক্সাৱালা কেইজনে এনে পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে। একো একোজন যাত্ৰীৰ পৰা তেওঁলোকে ১০ টকা ভাড়াৰ ঠাইত ১০০ টকাৰ পৰা ১৫০ টকা পৰ্য্যন্ত আদায় কৰিছে। ইফালে এজাক বৰষুণেই টোপনি হৰিছে মটৰীয়াৰ স্থানীয় বাসিন্দাসকলৰ মাজত। ঘৰৰ ভিতৰত এককাঁল পানী সোমোৱাৰ ফলত স্থানীয় একাংশ ৰাইজে নিশাটো অনাহাৰে থাকিবলগীয়া হোৱাৰ লগতে বিনিদ্ৰ ৰজনীৰে কটাবলগীয়া হৈছে। এগৰাকী ভুক্তভোগী অনন্ত বৈৰাগীয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি তেওঁ মাজুলীত অতদিন বাস কৰি আহিছিল, কিন্তু সেই অঞ্চলতো এঘন্টা বৰষুণতে এনেদৰে পানী হোৱা দেখিবলৈ পোৱা নাই। ইয়াৰোপৰি ভুক্তভোগীসকলে পুৱাৰে পৰা বাল্টিৰে পানী সিচিও পানী শেষ কৰিব পৰা নাই। ইপিনে ৰাস্তাবোৰ পানীৰে উপচি পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলো বিদ্যালয়লৈ যোৱাত চৰম অসুবিধাৰ সন্মুখীন হৈছে। লাচিতলৈ সন্মান, নে অপমান? খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
fcd176bd9274b5c8f335c3dedd6f9d1fc86d7248fafcf97e9942da439ccecacc
বৰুণে বৰ্তমান তেওঁৰ নতুন ছবি বেড়িয়াৰ প্ৰচাৰ চলাই আছে। অমৰ কৌশিকৰ পৰিচালনাত নিৰ্মিত বেড়িয়া হৈছে এখন ভৌতিক কমেডী। মেডক ফিল্মছৰ প্ৰযোজনা নির্মিত ছবিখনত কৃতি ছানন, অভিষেক বেনাৰ্জী আৰু দীপক ডোব্ৰিয়াল আদিয়েও অভিনয় কৰিছে। ২৫ নৱেম্বৰত হিন্দী, তেলেগু, আৰু তামিল ভাষাত ছবিখনে মুক্তি পাব। শেহতীয়াকৈ গোৱাত চলি থকা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বৰুণে অনুষ্ঠান পৰিৱেশন কৰিছিল। ২৮ নৱেম্বৰলৈকে চলিবলগীয়া এই মহোৎসৱত বেড়িয়াও প্ৰদৰ্শন কৰা হ'ব। ছবিখনত জানহৱী কাপুৰেও অভিনয় কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ অনিল কাপুৰ, কিয়াৰা আদবানী আৰু নীতু কাপুৰৰ সৈতে জুগজুগ জীয়'ত অভিনয় কৰিছিল। হঠাৎ জিম্বাবুৱেৰ বিৰুদ্ধে শৃংখলাত অধিনায়কৰ দায়িত্ব দিও আতৰোৱা হ'ল শিখৰ ধাৱানক , কি মন্তব্য কৰিলে ধাৱানে ? পেকেজড খোৱা পানীৰ ব্ৰেণ্ড বিছলেৰী বিক্ৰী কৰিবলৈ সিদ্ধান্ত , কিয় মালিকে লৈছে এই সিদ্ধান্ত !! সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ? কলকাতাত প্ৰথম দৰমহা হিচাপে কিমান টকা লাভ কৰিছিল অমিতাভ বচ্চনে ? পেকেজড খোৱা পানীৰ ব্ৰেণ্ড বিছলেৰী বিক্ৰী কৰিবলৈ সিদ্ধান্ত , কিয় মালিকে লৈছে এই সিদ্ধান্ত !! "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য। সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?
124757a8649893635e439a60089f0fa1ecff7f0e809be082c9b9824afedd9fe6
নগাঁও জিলাৰ ইটাচালি আৰক্ষী চকীৰ আন্তৰ্গত উৰিয়াগাঁৱত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলোৱা এক চুৰিকাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ ধীৰেন্দ্ৰনাথ হাজৰিকাৰ তথা লেখিকা জেউতি হাজৰিকাৰ ঘৰত সংঘটিত হয় এই চুৰি কাণ্ড। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি হাজৰিকাৰ পৰিয়ালটো ঘৰত নাছিল। ফলত হাজৰিকাৰ পৰিয়ালটো গুৱাহাটীলৈ যোৱাৰ সুযোগ লৈ চুৰে লুটি নিলে প্ৰায় ১০ লাখ টকাৰ মূল্যৰ সোণ অাৰু নগদ ২২ হাজাৰ টকা। আনহাতে পৰিয়ালৰ লোকে এই চুৰি কাণ্ডত স্থানীয় লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। অৱশ্যে অাৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ অাহিব। উল্লেখ্য যে নগাঁৱত আজি কিছু দিনৰ পৰা সঘনে চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে এই চুৰি কাণ্ড ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b76e71d22634f8cf80ed1f49d6fa09d205f3425e3ea799a9d1faaf63128a5939
1জ্ঞানৱানৰ তুল্য কোন আছে? যি ঘটে, কোনে তাৰ অৰ্থ বুজাব পাৰে? প্রজ্ঞাই মানুহৰ মুখ উজ্জ্বল কৰে, আৰু তেওঁৰ মুখৰ কঠিনতা পৰিৱৰ্ত্তন কৰিব পাৰে। 2মই তোমাক উপদেশ দিওঁ যে ৰজাক প্রতিৰক্ষা দিয়া ঈশ্বৰৰ শপতৰ কাৰণে তুমি ৰজাৰ আজ্ঞা পালন কৰা। 3তেওঁৰ আগৰ পৰা লৰালৰিকৈ গুছি নাযাবা; মন্দ একোৰে লগত যুক্ত নহ'বা; কাৰণ ৰজাই তেওঁৰ ইচ্ছা অনুসাৰে কার্য কৰে। 5যি মানুহে ৰজাৰ আজ্ঞা পালন কৰে, তেওঁৰ কোনো ক্ষতি নহব; জ্ঞানৱান লোকসকলৰ হৃদয়ে কার্যৰ উপযুক্ত সময় আৰু পদ্ধতি জানে। 6প্ৰত্যেক বিষয়ৰে উপযুক্ত সময় আৰু পদ্ধতি আছে; যদিও মানুহে অধিক দুখকষ্ট ভোগ কৰে। 7কিয়নো কোনো মানুহেই যেতিয়া পাছত কি ঘটিব তাক নাজানে, তেতিয়া সেয়ে কিদৰে ঘটিব বুলি তেওঁক কোনে জনাব পাৰে? 8নিজৰ আত্মাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে! তেনেকৈ মৃত্যুৰ দিনৰ ওপৰতো কাৰো হাত নাই। যুদ্ধৰ সময়ত যেনেকৈ কোনো সৈনিক মুক্ত নহয়, তেনেকৈ দুষ্টতাৰ বশত থকা ব্যক্তিৰ দুষ্ট কার্যৰ অভ্যাসৰ পৰা সেই দুষ্টতাই তেওঁক মুক্ত কৰিব নোৱাৰে। 9সূৰ্যৰ তলত কৰা সকলো কার্যলৈ মনোযোগ কৰি মই এই পর্যবেক্ষণ কৰিলোঁ যে, এজন লোকে আন জনৰ ওপৰত কর্তৃত্ব চলাবলৈ অভ্যাস কৰি আন জনক ভীষণ আঘাত দিয়ে। 10তাৰ পাছত মই দেখিলোঁ যে, কেনেকৈ দুষ্ট লোকক সন্মানেৰে মৈদাম দিয়া হৈছিল। এই দুষ্ট লোকসকলে পবিত্ৰ স্থানত অহা-যোৱা কৰিছিল; যি নগৰত তেওঁলোকে দুষ্টতাৰ কার্য কৰিছিল, সেই নগৰৰ লোকসকলে তেওঁলোকক প্রশংসা কৰিলে। ইও অসাৰ। 11অন্যায় কার্যৰ শাস্তি যদি বেগাই কার্যকৰী নহয়, তেন্তে মানুহৰ মনলৈ অন্যায় কার্য কৰাৰ প্রৱণতা আহে। 12পাপী লোকে যদিও এশটা কুকৰ্ম কৰি দীৰ্ঘকাল জীয়াই থাকে, তথাপিও মই হ'লে নিশ্চয়কৈ জানো যে, ঈশ্বৰক যিসকলে ভয় কৰে, তেওঁলোকৰ মঙ্গল হ'ব; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়। 13কিন্তু দুষ্ট লোকৰ হ'লে মঙ্গল নহব; তেওঁলোকৰ আয়ুস বৃদ্ধি নাপাব; তেওঁলোকৰ জীৱনকাল দ্রুতগামী ছাঁ স্বৰূপ; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় নহয়। 14পৃথিবীত ঘটা আন এটা অসাৰ বিষয় হৈছে দুষ্ট লোকে তেওঁলোকৰ কার্য অনুসাৰে পাবলগীয়া দুষ্টতাৰ ফল ধাৰ্মিক লোকে ভোগ কৰে আৰু ধার্মিক লোকে পাবলগীয়া ফল দুষ্ট লোকে ভোগ কৰে। মই ক'লো, ইও অসাৰ। 15সেয়ে মই জীৱনত আমোদ-প্রমোদৰে প্ৰশংসা কৰিছোঁ; কিয়নো সূর্যৰ তলত ভোজন-পান আৰু আনন্দ কৰাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই। তেন্তে সূর্যৰ তলত ঈশ্বৰে দিয়া মানুহৰ জীৱনৰ সকলো দিনবোৰত আনন্দই হ'ব তেওঁৰ পৰিশ্রমত সংগী। 16প্রজ্ঞা পাবলৈ আৰু পৃথিৱীত যি কৰা হয়, তাক জানিবলৈ, দিনে-ৰাতিয়ে কাম কৰি চকুৱে নুশোৱাকৈ থাকে তাক বুজিবৰ কাৰণে যেতিয়া মই মনোযোগ দিলোঁ, 17তেতিয়া মই ঈশ্বৰৰ সকলো কাৰ্য বিবেচনা কৰি বুজিলো যে, সূৰ্যৰ তলত যি কাৰ্য কৰা হয়, মানুহে তাক সম্পূর্ণকৈ বুজিব নোৱাৰে। সেয়ে মানুহে তাৰ উত্তৰ বিচাৰি পাবলৈ সকলো ধৰণৰ পৰিশ্রম কৰিলেও তাক বিচাৰি পাব নোৱাৰে। এনেকি, জ্ঞানৱান লোকেও যদি তাক জানো বুলি বিশ্বাস কৰে, তেওঁ প্রকৃততে সম্পূর্ণকৈ নাজানে। Creating and distributing free Bible translations for the web and mobile phones to every tribe on Earth. Click to learn how you can support this work!
1bc7c1ef2365338b32873a9bf3dfc700ab6ebbb13944b6c7c38484534bab2a93
ভিআৰএ ক্ৰিকেট গ্ৰাউণ্ডত খেলা নেডাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন এদিনীয়াত জছ বাটলাৰে ৭০ টা বলত অপৰাজিত ১৬২ ৰাণ সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত, বাটলাৰে ৭ টা চাৰি আৰু ১৪ টা ছয় মাৰিছিল। বাটলাৰে ২৩১ তকৈ অধিক ষ্ট্ৰাইক ৰেটৰ সৈতে ৰাণ সংগ্ৰহ কৰিছিল। অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?
5aca91cba84684b492fe783935060fab55702c9b1378f668d8858c72c18692fa
দুৰ্নীতিৰ দৰ্পণ,মাণিকপুৰ,১ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক গোষ্ঠী "আকাশ"ৰ উদ্যোগত দেওবাৰে অনুস্থিত প্ৰথম বাৰ্ষিক বিশিষ্ট অভিনেতা গৰ্গেশ্বৰ দাস সোঁৱৰনী 'আংচা নাট্য মেলা'ৰ দিনযোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে । মাণিকপুৰৰ বিশিষ্ঠ অভিনেতা নজৰুল ইছলামে আতধৰা আংচা নাট্যমেলাৰ কাৰ্যসূচী ৰাতিপূৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত ৰায়ে । মঞ্চ মুকলি কৰে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাতুল পাঠকে । মঞ্চ মুকলিৰ পিছতে মঞ্চত উপবিষ্ট বিশিষ্ঠ ব্যক্তি সকলে নাট্যক্ষেত্ৰ আৰু সাংস্কৃতিক দিশৰ বহু গঠনমুলক বক্তব্য আগবঢ়ায় লগতে তেওঁলোকক একোখনকৈ কোচ-ৰাজবংশী জাতীয় আংচাৰে সম্বৰ্ধনা জনায় উদ্যোক্তা সমিতিয়ে । সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে বাৰেৰহনীয়া সাংস্কৃতিক নৃত্য প্ৰদৰ্শন আৰু নাট্য মেলাত অংশগ্ৰহন কৰা নাট্য দল সমুহৰ দ্বাৰা চাৰিখনকৈ ভিন্ন ৰসৰ নাট মঞ্চস্থ কৰা হয় । আজিৰ নাট্য মেলাত মঞ্চস্থ হোৱা আটাইকেইখন নাটকেই দৰ্শকৰ সমাদৰ লাভ কৰাৰ লগতে দৰ্শকৰ মাজত বিশেষ চৰ্চা লাভ কৰে বোকাখাতৰ "দেখহ শুনহ নাট্য দল"ৰ নিবেদন বৃহৎ নদী বান্ধৰ ওপৰত আধাৰিত পবিত্ৰ ৰাজখোৱা ৰচিত/ পৰিচালিত "বন্ধ্যা" নাটক খনে । আজিৰ এই নাট্য মেলাত প্ৰায় দুই শতাধিক দৰ্শক ৰাইজ উপস্থিত থাকে ।
8f2979c1206bf4a483a61e7930a8ada51c5e8e492557a8c9301cbd40ad40978a
চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুৰ্লভ কুমাৰ মহন্তই বিভিন্ন শিক্ষানুষ্ঠানৰ লগত যোগসূত্ৰ ৰাখি নতুন উদ্যমেৰে কাম কৰি যাবলৈ উদ্যোক্তা সকলক আহ্বান জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বৰ্তমান সৃষ্টি হোৱা উশৃংখল পৰিবেশৰ প্ৰতি অভিভাৱক সকলক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
52f9370188f7a1941028108d4042be04458f8e9b366cd6dd824b2b06cee5e8b3
নিউজ ডেস্ক। অপৰাধীক আদালতে সদায় শাস্তি দিয়ে আৰু নিৰ্দোষী জনক ন্যায় প্ৰদান কৰে। কিন্তু এইবাৰ আহিছে আদালতৰ এক আচৰিত ধৰণৰ ৰায়। যিটো শুনিলে আপুনিও আচৰিত হ'ব। জানিব পৰা মতে, বিহাৰৰ এখন স্থানীয় আদালতে এজন ব্যক্তিক জামিন প্ৰদান কৰে। যাৰ বিৰুদ্ধে আছিল মহিলাক এক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ। জামিন দি আদালতে তেওঁক প্ৰদান কৰা শাস্তি হৈছে ছয় মাহৰ সময়ৰ ভিতৰত তেওঁ ২০০০ মহিলাৰ কাপোৰ ধুব লাগিব। এই ঘটনাটো বিহাৰৰ মধুবনী জিলাত সংঘটিত হয়। য'ত জাঞ্জাৰপুৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ অবিনাশ কুমাৰে অভিযুক্ত লালন কুমাৰৰ ওপৰত এই অদ্ভুত চৰ্ত আৰোপ কৰে। অভিযুক্ত লালন কুমাৰ লাউকাহা আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱৰ বাসিন্দা। মধুবনী আদালতে গাঁৱৰ মুৰব্বী নাছিমা খাতুনলৈ আদালতৰ এক আদেশ প্ৰেৰণ কৰিছে। য'ত তেওঁক আদালতৰ দ্বাৰা অভিযুক্ত লোকজনৰ আচৰণ আৰু কামৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে আদালতৰ নিৰ্দেশ অনুসৰি, খাতুনে অভিযুক্তৰ বাবে আৱণ্টিত সেৱাৰ প্ৰতিবেদন আদালতত দাখিল কৰিব লাগিব। যিটো কাম অভিযুক্তই ছয় মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। পৰৱৰ্তী সময়ত অভিযুক্তই আদালতত সেই তথ্য দাখিল কৰিবলৈ গাঁৱৰ মুৰব্বী আৰু স্থানীয় আৰক্ষী থানাৰ পৰা প্ৰমাণপত্ৰ গ্ৰহণ কৰিব লাগিব।