doc_id
stringlengths
64
64
text
stringlengths
127
172k
ee25c49b6064d6dcb06b549ca9541292fd5f9cbeb661217d6957b74fc912234b
আয়ুশ(Ayurveda, Yoga and Naturopathy, Unani, Siddha and Homoeopathy, AYUSH)ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে শুক্ৰবাৰে মহানগৰীৰ বৰসজাইত আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান, Regional Ayurveda Research Institute for Gastro Intestinal Disorder (RARIGID)ৰ এটা নতুন ভৱন উদ্বোধন কৰে। ভৱনটো উদ্বোধন কৰি উঠি নাইকে ইণ্ডিয়ান ইন্সটিটিউট অব অণ্ট্ৰপ্ৰেনাৰ্শ্বিপত অনুষ্ঠিত চি চি আৰ এ এছৰ ৰাষ্ট্ৰীয় কৰ্মশালাক সম্বোধন কৰে। ভাষণ প্ৰসংগত তেওঁ ভাৰতীয় পৰম্পৰাগত ঔষধৰ চহকি ঐতিহ্যৰ কথা উল্লেখ কৰি সমগ্ৰ বিশ্বজুৰি উক্ত পৰম্পৰাগত চিকিৎসা সেৱা পদ্ধতিয়ে এক বিশেষ সমাদৰ লাভ কৰিছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম, অৰুণাচল প্ৰদেশ আৰু ছিকিমকে ধৰি উত্তৰ-পূবৰ আন-আন স্থানতো ২০টা নতুন চিকিৎসা সেৱা কেন্দ্ৰ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰি নাইকে তেওঁৰ ভাষণত কৃষকসকলক অাৰ্থিক তথা সমাজৰ উপকাৰৰ বাবে বেছিকৈ ব্যৱহৃত ঔষধি উদ্ভিদৰ খেতি কৰিবলৈ আহ্বান জনায়। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
cf26e328814775b5bb07f107214e6b076c97ed14c02986355a6313ab107b3d03
W7S News May 26, 2021 অসম, W7s News, ষ্টাফৰিপোৰ্টাৰ : ২৬ মে'ৰ দেশজোৰা কলা দিৱস অসমতো চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি (AIDWA), ভাৰতৰ ছাত্র ফেডাৰেচন ( এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডি ৱাই এফ আই)ৰ উদ্যোগত পালন কৰা হয় । উল্লেখযোগ্য ২৬ মেত দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনৰ ছমাহ সম্পূৰ্ণ হোৱাৰ লগতে এই দিনটোতে শ্ৰমিক সংগঠন সমূহে আহ্বান জনোৱা সাধাৰণ ধৰ্মঘটৰ ছমাহ হৈছে । তদুপৰি উক্ত দিনটোতে নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰৰ ৭ বছৰীয়া কাৰ্যকাল পূৰ্ণ হৈছে। বিজেপি চৰকাৰৰ সাত বছৰ পূৰ্তিৰ বিজয় উৎসৱৰ প্ৰত্যুত্তৰ হিচাপে এই ক'লা দিৱস পালন কৰা হৈছে। এই ৭ বছৰত মোদী চৰকাৰে দেশখনক এনেকুৱাকৈ পিছুৱাই নিলে যে ভাৰতৰ আৰ্থিক অৱস্থা আজি বাংলাদেশতকৈও তললৈ গ'ল । দেশৰ অন্নদাতা কৃষক, দেশৰ সম্পদ সৃষ্টি কৰা শ্ৰমিক আৰু সাধাৰণ জনগণৰ স্বাস্থ্যৰ দৰে মৌলিক অধিকাৰৰ ওপৰত এই চৰকাৰৰ আঘাত কৰিছে। দিল্লীৰ কৃষক আন্দোলনত আজিলৈকে ৩৮৭ কৃষক শ্বহীদ হ'ল কিন্তু এই চৰকাৰ নিৰ্বিকাৰ । গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি তেওঁলোকৰ কোনো ভ্ৰূক্ষেপ নাই । এই কথা অসমৰ মানুহে ভালদৰেই জানে কেনেকৈ বিজেপি চৰকাৰে আজি পৰ্যন্ত দেবাঙ্গনা কলিতা, অখিল গগৈকে ধৰি বিভিনজনক কাৰাৰুদ্ধ কৰি ৰাখিছে । অন্যহাতেদি, শ্ৰম আইন সংস্কাৰ কৰি দেশৰ ৪৭ কোটি শ্ৰমিকৰ জীৱন বিপদাপন্ন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। যোৱাসময়ত কোভিড নিয়ন্ত্ৰণ কৰিবলৈ বিশেষজ্ঞসকলে প্ৰদান কৰা পৰামৰ্শ আওকাণ কৰাৰ ফল ইতিমধ্যে ভাৰতৰ জনগণে ভুগিব লগাত পৰিছে। কোভিডৰ দ্বিতীয় ঢৌৱে ভাৰতৰ জৰাজীৰ্ণ স্বাস্থ্য ব্যৱস্থাটো স্পষ্ট ৰূপত দাঙি ধৰিলে। ইমানখিনিৰ পিছতো দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ গৃহ নিৰ্মানতহে ব্যস্ত। পূৰ্বৰ অভিজ্ঞতা থকাৰ পিছতো সঠিক সময়ত কোভিড চিকিৎসাৰ বাবে বিনিয়োগ নকৰা, ভেকচিন উৎপাদন হোৱা স্বত্বেও আগতীয়াকৈ ভেকচিনৰ বাবে আবেদন নকৰা, পৰ্যায়ত চিকিৎসা কৰ্মীক নিয়োগ নকৰা আৰু এক ত্ৰুটিপূৰ্ণ ভেকচিন নীতিৰ ফলত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে । দেশৰ অন্য দেশৰ নিচিনাকৈ মোদী চৰকাৰে সকলো ভেকচিন কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰি ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত হস্পিতালৰ জৰিয়তে সাৰ্বজনীন বিনামূলীয়া ভেকচিন দিয়াৰ সলনি ভেকচিন ক্ৰয়ৰ বোজা ৰাজ্য চৰকাৰসমূহৰ ওপৰত জাপি দিছে তথা ব্যক্তিগত কোম্পানীক মুনাফা অর্জনৰ পথ মুকলি কৰি দিছে। ভেকচিনৰ নাটনিয়ে ইণ্টাৰনেটৰ জৰিয়তে গ্ৰহণ কৰিব পৰা ব্যৱস্থাকো এক প্ৰহসনত পৰিণত কৰিছে । দেশৰ বৃহৎ অংশৰ জনতাক ভেকচিন প্ৰদান কৰিব নোৱাৰিলে কোভিডৰ বিৰুদ্ধে কৰা সংগ্ৰামখন জয় কৰিব পৰা নাযাব । এতিয়া দেখা গৈছে যে পূৰ্বৰ বাৰতকৈ এইবাৰৰ কোভিড পৰিস্থিতি যথেষ্ট উদ্বেগজনক । ব্যক্তিগত হস্পিতেলসমূহৰ মাচুলে মধ্যবিত্তকো কোঙা কৰি পেলাইছে কিন্তু নিয়ন্ত্ৰণ কৰাৰ কোনো চৰকাৰী পদক্ষেপ দেখা নাই। দ্ৰুত গতিত কোভিড গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহলৈ বিয়পিছে। ইযাৰ পৰিনাম অধিক ভয়ংকৰ হ'ব । প্ৰথম ঢৌৰ পিছত পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ সহায়ত আন্তঃগাঁঠনি তৈয়াৰ কৰি তথা চিকিৎসা কৰ্মী নিয়োগ কৰি ইয়াক টনকিয়াল কৰিব পৰা গ'লহেঁতেন কিন্তু নতুনকৈ নিযুক্তি দূৰৈৰ কথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লগত জড়িত কোভিড যোদ্ধাসকলৰ চাকৰি স্থায়ী কৰা নহ'ল । জিলাসমূহত নাই পৰ্যাপ্ত আই চি ইউ, ভেন্টিলেটৰৰ ব্যৱস্থা । আনকি গুৱাহাটীৰ কোন হস্পিতালত কিমান বিচনা খালী হৈছে, কিমান আই চি ইউ, ভেন্টিলেটৰ আছে, সেই সম্পৰ্কে জনাটো সহজ নহয়, নাই কোনো ৱেবচাইট । এনে এক প্ৰেক্ষাপটত চি আই টি ইউ, কৰ্ষক সভা, গণতান্ত্ৰিক মহিলা সমিতি,এছ এফ আই, ডি ৱাই এফ আইয়ে পিএম কেয়াৰৰ বৃহৎ জমা ধন অক্সিজেন, ভেণ্টিলেটৰ, ঔষধ, আৰু চিকিৎসালয়ৰ বিচনা বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰ কৰা, কোভিড সম্পৰ্কীয় সকলো স্বাস্থ্যসেৱা সকলোৰে বাবে বিনামূলীয়া কৰক, সকলোকে অতি শীঘ্ৰে বিনামূলীয়া সাৰ্বজনীন টিকাকৰণ কৰাৰ ব্যৱস্থা কৰা, ব্যক্তিগত খণ্ডৰ চিকিৎসা লয় সমূহ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা, কৃষক বিৰোধী ক'লা আইন তিনিখন বাতিল কৰক, কৃষকৰ উৎপাদিত ফচল চৰকাৰে ন্যায্য দৰত ক্ৰয় কৰি জনসাধাৰণৰ মাজত সুলভমূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা, শ্ৰমিক বিৰোধী ৪খন শ্ৰম সংহিতা বাতিল কৰা, আয়কৰৰ আওতাৰ বাহিৰৰ সকলো পৰিয়ালক ৭৫০০ টকাকৈ যোগান ধৰা, সকলো দুখীয়া পৰিয়াল লৈ মাহিলী ১০ কেজি চাউল, তথা প্ৰয়োজন অনুসৰি দাইল, মিঠাতেল, চেনী আদি যোগন ধৰা, ব্যক্তিগত খণ্ডত কৰ্মসংস্থানহীন হোৱা সকলো লোকক প্ৰয়োজনীয় ক্ষতিপূৰণ প্ৰদান কৰা আৰু কৰ্মহীন সকলো যুৱলৈ বেকাৰ ভাট্টা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ। আজি গুৱাহাটীৰ গুৱাহাটী ক্লাব বাছ আস্থানত দিনৰ ১০ঃ৩০ বজাৰ পৰা ১১ বজালৈ শাৰীৰিক দূৰত্ব ৰাখি বেনাৰ, পোষ্টাৰ, শ্লোগান আদিৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ লগতে ৰাজ্যখনৰ শতাধিক ঠাইত ক'লা দিৱস পালন কৰা হয় । No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive December (22) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
a631ed24e1bf00501a3b2bfca66a5f0ff3b831e78ae5009b4f1b8cd980d16d01
চলিত বছৰৰ শেষৰ ফালে ত্ৰিপুৰা মুকলিত মলত্যাগ মুক্ত (ODF) ৰাজ্য হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। ২ অক্টোবৰত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰে দেবে এই কথা ঘোষণা কৰি হৈছে যে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত ত্ৰিপুৰাক মুকলিত মলত্যাগ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰা হ'ব। মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু জনাইছে যে এই একেই লক্ষ্য আগত ৰাখি ৰাজ্য চৰকাৰে ৫০ টা 'স্মাৰ্ট টয়লেট' নিৰ্মাণ কৰা হ'ব। ইয়াৰে ২৫ টা গাঁও এলেকাত আৰু ২৫টা নগৰীয়া বস্তি অঞ্চলত নিৰ্মাণ কৰা হ'ব বুলি মুখ্য মন্ত্ৰী বিপ্লব দেবে জনাইছে। মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু জনাইছে যে প্ৰতিটো টয়লেটত সৰ্বমুঠ ১৪ লাখ টকা ব্যয় হ'ব আৰু কেন্দ্ৰই প্ৰতিটো টয়লেটৰ বাবদ ৪ লাখ টকা যোগান ধৰিব আৰু আৰু ৰাজ্য চৰকাৰে বাকী ১০ লাখ টকাৰ ব্যয় বহন কৰিব। তাৰোপৰি, সমগ্ৰ ত্ৰিপুৰাক মুকলিত মলত্যাগ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ বিত্তীয় সাহায্যত কেইবা শ টয়লেট নিৰ্মাণ কৰা হৈছে বুলি মুখ্য মন্ত্ৰীজনে জনায়। স্থানীয় বাসিন্দাসকলে মুখ্য মন্ত্ৰীয়ে তেওঋঁলোকৰ এলেকাটোলৈ অহাত আনন্দ প্ৰকাশ কৰি কৈছে যে চৰকাৰে টয়লেট নিৰ্মাণত সহায় কৰিলে তেওঁলোক যথেষ্ট উপকৃত হ'ব। উল্লেখ্য যে স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত মুঠতে ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাক মুকলিত মলত্যাগ মুক্ত এলেকা হিচাপে ঘোষণা কৰা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
26adba0e6ca4a21773a2b97b271adfacb50526ea8d719b3e97f1f19779860e08
ৰাজ্যখনত বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত কিমান পৰ্য্যায়লৈকে গৈছে তাৰ এটা নমুনা পোৱা গ'ল আজি গোলাঘাটত সংঘটিত এটা অপ্ৰত্যাশিত ঘটনাত। আজি আবেলি এই বাতৰি লিখাৰ কেইমুহূৰ্তমানৰ আগেয়ে নামবৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ৩৯ নং ৰাষ্ট্ৰীয় পথত এখন যাত্ৰীবাহী বাছত হঠাতে আক্ৰমণ কৰে। ঘটনাৰ বিষয়ে জানিব পৰা মতে AS 09C 6699 নম্বৰৰ বাছখন ২৫ জন যাত্ৰী লৈ ডিফুৰ পৰা গোলাঘাট হৈ কাৰ্বি আংলঙৰ দলামৰালৈ গৈ আছিল। তেনেকুৱাতে হঠাতে কাষৰ হাবিৰ পৰা এটা বনৰীয়া হাতী ওলাই আহি বাছখনত আক্ৰমণ কৰে। ফলত বাছখনৰ ড্ৰাইভাৰজন আহত হয়। হাবিৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ এই আকস্মিক আক্ৰমণে যাত্ৰীসকলৰ মাজত এক ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰে। উল্লেখযোগ্য যে যোৱা কেইদিন মানত ৰাজ্যখনত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ঘটনা ইমানেই বৃদ্ধি পাইছে যে প্ৰকৃতিপ্ৰেমী তথা সাধাৰণ লোকো উদ্বিগ্ন হৈ পৰিছে। তথ্য অনুসৰি যোৱা ১০০ দিনত ৰাজ্যত মুঠ ৪০ টা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে। আনহাতে কেইবা ঠাইতো মানুহেও হাতীৰ আক্ৰমণ প্ৰাণ হেৰুৱাইছে। লগতে কৃষকৰ বছৰৰ শ্ৰমৰ ফচল খাই শেষ কৰিছে বনৰীয়া হাতীয়ে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a10d794064756bd0f4056006ce8a028a1beb5697f33ac4a3e1275781b0f3173e
গুৱাহাটী,২২ নৱেম্বৰঃ শিল-বালিৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে নতুন পদক্ষেপ লােৱাৰ পাছতাে অনিয়ম-দুর্নীতি অঞ্চলবিশেষে এতিয়াও অব্যাহত আছে। বিশেষকৈ বৰাক উপত্যকা আৰু কাৰ্বি আংলঙত এতিয়াও অনিয়মেই নিয়ম হৈ আছে। উল্লেখযােগ্য বন বিভাগৰ অধীনত থকা শিল-বালি আদিৰ ব্যাৱসায়িক প্রক্রিয়াটো ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে খনি আৰু খনিজাত সামগ্রী বিভাগৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। বিভাগ সলনি কৰি শিল-বালিৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ১৮০০ কোটি টকাৰ পৰা ৫০০০ কোটি টকালৈ বছৰি ৰাজহ সংগ্রহ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছিল। এই সিদ্ধান্ত গ্রহণৰ দীর্ঘ সময় অতিক্রম হােৱাৰ পাছতাে কিন্তু শিল-বালিৰ ব্যৱসায়ৰ নামত অনিয়ম সংঘটিত হৈ থকাৰ অভিযােগ উঠিছে। চৰকাৰক নির্ধাৰিত হাৰত ৰাজহ আদায় নিদিয়াকৈ একাংশ ব্যৱসায়ীয়ে কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা নগালেণ্ডলৈ দিনে-নিশাই শিল-বালি কঢ়িয়াই আছে। কার্বি স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াৰ বুজাবুজি কৰি একাংশ ব্যৱসায়ীয়ে নীতিবহির্ভূতভাৱে শিল-বালিৰ ব্যৱসায় চলাই আছে। এই ব্যৱসায়ত কাৰ্বি আংলঙৰ একালৰ সশস্ত্র বিপ্লৱীৰ লগতে নগালেণ্ডৰ এন এছ চি এন জড়িত থকাৰ অভিযােগ উঠি আহিছে। জানিব পৰা মতে কাৰ্বি আংলঙৰ পৰা চলি থকা শিল-বালিৰ ব্যৱসায়ত এন এছ চি এনে বুজন পৰিমাণৰ ধন বিনিয়ােগ কৰিছে। যিহেতু ডিমাপুৰকে ধৰি নগালেণ্ডৰ পার্শ্ববর্তী অঞ্চলসমূহ কাৰ্বি আংলঙৰ শিল-বালিৰ ওপৰত নিৰ্ভৰশীল, সেয়ে ইয়াক লৈ এন এছ চি এনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ একাংশ বিষয়ববীয়াৰ লগত বুজাবুজি কৰি ব্যৱসায় চলাই আছে। য'ত নীতিবহির্ভূতভাবে চলি থকা এই ব্যৱসায়ৰ ফলত অসম চৰকাৰে বুজন পৰিমাণৰ ৰাজহ হেৰুৱাই আহিছে। পাহাৰীয়া জিলাখনত কেৱল শিল-বালিৰ নামত অবৈধভাৱে ব্যৱসায় চলি থকাই নহয়, অবৈধভাৱে কাঠৰ ব্যৱসায়ো চলি আছে। ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰখনে এই সকলাে দেখিও এতিয়া অঞ্চলবিশেষে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে। কাৰ্বি আংলঙৰ লগতে বৰাক উপত্যকাতাে খনিজাত সামগ্ৰীৰ ব্যৱসায়ৰ নামত ব্যাপক লুণ্ঠন অব্যাহত আছে। বৰাক উপত্যকা হৈ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশলৈ দিনে-নিশাই গৈ আছে চূণশিলৰ ট্রাক। প্রতিদিনে এশৰ পৰা প্ৰায় ডেৰশখন চূণশিলৰ ট্রাক কৰিমগঞ্জ সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰে। বৰাকত পূর্বতে কয়লাৰ ব্যৱসায়ত জড়িত লােকসকল এতিয়া এই চুণশিলৰ ব্যৱসায়ত জড়িত হৈছে। জানিব পৰা মতে, মেঘালয়ৰ পৰা অসমৰ মাজেৰে সৰবৰাহ চূণশিলৰ নামত অসমে কোনাে ধৰণৰ ৰাজহ লাভ নকৰে। আনকি গে'টসমূহতাে বিশেষ তালাচী অবিহনে চূণশিলৰ ট্রাকসমূহ পাৰ হ'বলৈ সুযােগ দিয়া হৈছে। প্ৰাপ্ত তথ্য মতে চলিত মাহত পৰা কয়লাৰ ক'লা ব্যৱসায় আৰম্ভ কৰিবৰ বাবেও বৰাকত কুচকাবাজ আৰম্ভ হৈছে। এজন সাংসদ আৰু এজন বিধায়কে কয়লা ছিণ্ডিকেটৰ নেতৃত্ব লােৱাৰ অভিযােগ উঠিছে আৰু শাসক পক্ষৰ ৰাজনৈতিক নেতা এই ছিণ্ডিকেটত জড়িত হােৱাত বৰাকত ন ৰূপত অবৈধ ব্যৱসায় গঢ় লােৱাটো স্পষ্ট হৈছে। Save my name, email, and website in this browser for the next time I comment. গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে 'হৰ ঘৰ দস্তক'ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে। দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত 'হৰ ঘৰ দস্তক'ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক'ভিড প্ৰতিষেধক ল'বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক'ভিড প্ৰতিষেধক প্ৰদান কৰোৱায়। হেঙেৰাবাৰী ক'ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক'ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰত গৈ দীৱাংগসহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। অনুৰূপ ধৰণে জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে 'হৰ ঘৰ দস্তক' কাৰ্যসূচীৰ তদাৰক কৰে। গুৱাহাটী,১ ডিচেম্বৰঃ ৰাজ্য কঁপোৱা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক'লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হয় ক'লা লৰাৰ। যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল এই ক'লা লৰা। জে এম চি এইছত চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে এই ঘটনাত আহত হয় আন ৩ জন আৰক্ষী। উল্লেখ্য যে সোমবাৰে বিয়লি যোৰহাটৰ মাজমজিয়াত উদিয়মান ছাত্ৰ নেতা অনিমেষ ভূঞাৰ লগতে আন দুজনক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল ক'লা লৰাৰ নেতৃত্বত প্ৰায় ৫০ জন ব্যক্তিয়ে। ক'লা লৰাৰ মাতাল পিতৃক সহায় কৰিবলৈ গৈ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছিল অনিমেষ ভূঞাৰ লগতে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় বৰুৱা। এই ঘটনাত প্ৰাণ হেৰুৱালে অনিমেষে। ইয়াৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি ক'লা লৰাৰ সৈতে মুঠ ১৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। এই ১৪ জনৰে ৭ জনক মঙ্গলবাৰে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে ৬ গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। তাৎপৰ্যপূৰ্ণ ভাৱে ক'লা লৰাক যোৰহাট আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱা নাছিল। সমগ্ৰ ৰাজ্যজুৰি ক'লা লৰাৰ ফাঁচীৰ দাবী উত্থাপন হৈছিল। এই ক'লা লৰাৰ বিৰুদ্ধে পূৰ্বেৰে পৰা আছে ৯০ টা অভিযোগ। ড্ৰাগছ সৰবৰাহৰ দৰে গোচৰো আছে তাৰ বিৰুদ্ধে। আনহাতে এই ঘটনাৰ পিছতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ এটা টুইট ভাইৰেল হৈ পৰিছে। তেওঁ নিশা ২ বাজি ২৯ মিনিটত টুইটাৰত লিখিছে প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। গুৱাহাটী,৩০ নবেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে মাজুলীৰ দক্ষিণপাটত ৮.২৫ কিল'মিটাৰ দৈর্ঘ্যৰ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। লক্ষ্ণৌৰ 'ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকচন কৰ্প'ৰেচন লিমিটেডে' নিৰ্মাণ কৰিব লগীয়া দলংখনৰ বাবে কেন্দ্রীয় চৰকাৰে ৯২৫.৪৭ কোটি টকা মঞ্জুৰ কৰিছে। প্রকল্পটি সম্পূর্ণকৰণৰ বাবে সময়সীমা নির্ধাৰণ কৰা হৈছে ৪৮ মাহ। উদ্বোধনী অনুষ্ঠানত প্ৰকল্পটো অনুমোদন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পথ, যাতায়াত আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিলৈ কৃতজ্ঞতা প্রকাশৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অৱদানৰ কথা স্মৰণ কৰে। এই দলংখন মাজুলীৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু সম্পূৰ্ণ হোৱাৰ পাছত ই যোৰহাট আৰু মাজুলীৰ মাজত যোগাযোগৰ ক্ষেত্ৰত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সূচনা কৰাৰ উপৰি নদীদ্বীপ জিলাখনৰ দ্ৰুত বিকাশ ঘটাব বুলিও মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে। তদুপৰি অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰা মাজুলী-লখিমপুৰ সংযোগী ধূনাগুৰিত এখন নতুন দলং ৭৫০ কোটি টকাৰ নিজা ব্যয়ৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলিও মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই কাৰ্যসূচীৰ লগতে দক্ষিণপাটত অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ আঁচনি, ২০২১ৰ অধীনত মাজুলীৰ ৫৩৩ গৰাকী হিতাধিকাৰীৰ লগতে ভূমি অধিগ্ৰহণ ক্ষতিপূৰণৰ ৫ টা ক্ষতিগ্ৰস্ত পৰিয়ালক মুখ্যমন্ত্রীৰ দ্বাৰা চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক নৱ কুমাৰ দলেও উপস্থিত আছিল।
2a0b79c338626f129075fa4a91f2de7fa85658cfc8720e1d9ef6369da87633a7
ক্ৰমাৎ সাম্প্ৰদায়িক উত্তেজনা বিয়পি পৰিছে বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাত। এই সম্পৰ্কে ত্ৰিপুৰা আৰক্ষীয়ে ৰাজ্যখনত কাঢ়া নিৰ্দেশনা জাৰি কৰিছে। আৰক্ষীয়ে জনায় যে সামাজিক মাধ্যমযোগে সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তদুপৰি সাম্প্ৰদায়িক উত্তেজনালৈ লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যজুৰি কঠোৰ নিৰাপত্তা ব্যৱস্থাৰো গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে মঙলবাৰে আবেলি ৰাজ্যখনৰ উত্তৰ অঞ্চলৰ পানীসাগৰ উপসংমণ্ডলত বিশ্ব হিন্দু পৰিষদৰ এটা সমদল বাহিৰ কৰা হয়। বাংলাদেশত হিন্দু নিগ্ৰহৰ প্ৰতিবাদত বাহিৰ কৰা উক্ত সমদলটো চলি থকা অৱস্থাতে চামটিল্লা অঞ্চলৰ এটা মছজিদৰ ক্ষতিসাধন কৰা হয়। মছজিদৰ উপৰিও দুখন দোকান আৰু তিনিটাকৈ আবাসগৃহতো দুষ্কৃতিকাৰীসকলে অগ্নিসংযোগ কৰে। তাৰপাছৰে পৰা সাম্প্ৰদায়িক উত্তেজনা বিয়পি পৰিছে ত্ৰিপুৰাত। ত্ৰিপুৰা আৰক্ষীয়ে এই সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছে। ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিলৈ লক্ষ্য ৰাখি স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে বুলি আৰক্ষী বিষয়া সকলে জানিবলৈ দিছে। Covid Update অ'মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ'ল কোভিডত; মৃত্যু কিমানৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
76cb5eb26215fa1413343372df8be1b54628ef9f5c9fcc4927e79e0534b726cc
এপিনে দিল্লীত কৃষক আন্দোলন, আনফালে চাৰি ৰাজ্য তথা এটি কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট! মাজতে আকৌ হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলাত লক্ষ লক্ষ পূণ্যার্থীৰ সমাৱেশ। অনস্বীকাৰ্য যে- এই সময়ৰ পৰাই কিন্তু দেশত কৰ'না সংক্ৰমণৰ গ্রাফ ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছিল। প্রায়বোৰ বিৰোধী দলৰ লগতে মাদ্রাজ হাইক'র্টেও ইয়াৰ বাবে কাঠগড়াত তোলে নির্বাচন কমিছন তথা নৰেন্দ্ৰ মোদীক। ল্যানছেটে ভাৰতৰ এই ভয়াৱহ পৰিস্থিতিৰ বাবে সমস্ত দোষ মোদীৰ ওপৰত জাপি দিয়াৰ সনান্তৰালকৈ দেশত এতিয়া দৈনিক সংক্রমণ হৈছে ৪ লক্ষাধিক লোক। বিগত বছৰৰ পৰা আৰম্ভ কৰি চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে ২ লাখ ৩৮ হাজাৰ লোকৰ। ল্যানছেটত প্রকাশিত সম্পাদকীয়ত দাবী কৰা হৈছে যে- '১ আগষ্টৰ মাজভাগত দেশত কৰ'নাত মৃতকৰ সংখ্যা ১০ লাখৰ দিশে অগ্ৰসৰ হ'ব। এইক্ষেত্রত এই 'জাতীয় বিপর্যয়' মাতি অনাৰ বাবে দ্বায়িত্ব ল'ব লাগিব নৰেন্দ্ৰ মোদীয়েই। প্ৰখ্যাত অৰ্থনীতিবিদ প্ৰণৱ সেনৰ ঘোষণা, কি হ'ব আপোনাৰ-মোৰ ভবিষ্যত? গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ক'লৈ নিলে ৰিতুৰাজক? ডিব্ৰুগড়ৰৰ পূৰ্বে ক'ত ক'ত সংঘটিত কৰিছিল এনে কু-কৰ্ম? Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
3a7cd0a39414a5bc09e56651c8fc9ab8061c82d2ec0e351bf698cf3954ad9af2
ইছলামৰ আল্লাহু চিহ্ন (ওপৰত), ইহুদিসকলৰ ডেভিড বা দাউদৰ তৰা (তলৰ সোঁফালে), খ্ৰীষ্টানৰ ক্ৰুচ (তলৰ বাওঁফালে) ইহুদী ধৰ্ম অনুসৰি সকলে নিজক ইব্ৰাহিমৰ পুত্ৰ জ্যাকব (বা ইয়াকুব)-ৰ উত্তৰপুৰুষ বুলি ভাবে। এই ধৰ্ম কঠোৰভাৱে একেশ্বৰবাদত বিশ্বাসী। সিহঁতৰ মূল ধৰ্মীয় বিধান অনুসৰি এই ধৰ্মৰ অন্তৰ্গত সকলো শাখাৰ মূলগত ধৰ্মগ্ৰন্থ এটাই- তোৰাহ বা তানাখ বা তাওৰাত বা হিব্ৰু বাইবেল। ইহুদীসকলৰ ইতিহাসজুৰি বিভিন্ন ধৰ্ম সংশ্লিষ্ট পন্ডিত ব্যক্তি ইহুদী ধৰ্মৰ মূল মত নিৰ্দিষ্ট কৰাৰ বাবে বিভিন্ন ব্যৱস প্ৰস্তাৱ কৰে, যিবোৰৰ সকলো বোৰেই বিভিন্ন আলোচনা-সমালোচনাৰ মাজেদি যায়। আটাইতকৈ গ্ৰহণযোগ্য ব্যৱস্থা বুলি Maimonides প্ৰদত্ত "বিশ্বাসৰ তেৰটা নীতি" স্বীকৃত, যিটো দ্বাদশ শতকত প্ৰদত্ত হয়। অৰ্থোডক্স ইহুদী আৰু ৰক্ষণশীল ইহুদীৰ মতে, মুছা বা মোজেছ সম্পৰ্কিত ভৱিষ্যতবাণী সত্য; তেখেত পূৰ্ৱ বা পৰৱৰ্ত্তী সকলো নবী তথা প্ৰেৰিত পুৰুষৰ নেতৃত্বস্থানীয়। খ্ৰীষ্টান ধৰ্ম সূচিত হয় ইহুদী ধৰ্মৰ এটা শাখা হিচাপে। ইয়াৰ উৎপত্তি ভূমধ্যসাগৰীয় খ্ৰিষ্টীয় প্ৰথম শতকত। পৰৱৰ্তীত এটা পৃথক বিশ্বাস আৰু ধৰ্মাচাৰণ যুক্ত বেলেগ ধৰ্ম হিচাপে বিস্তৃত হয়। খ্ৰীষ্টানধৰ্মৰ কেন্দ্ৰীয় চৰিত্ৰৰ নাম যিশু বা জিযাছ বা ঈছা- প্ৰায় সকলোৰৰ বিশ্বাস যে তেখেত ঐশ্বৰিক আছিল। খ্ৰিষ্টিয় ত্ৰিত্ব বা ট্ৰিনিটি মতানুযায়ী যিশু ঐশ্বৰিক তিনিটা চৰিত্ৰৰ এজন। খ্ৰিষ্টিয় বাইবেল খ্ৰীষ্টান ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ হিচাপে বিবেচিত; কিন্তু এইক্ষেত্ৰত ঐতিহ্যগত কিছু মতপাৰ্থক্য পৰিলক্ষিত হয়, যেনেকৈঃ- লোমান ক্যাথলিকৰ মত আৰু পূৰ্ৱস্থিতি অৰ্থোডক্স মত। পৃথিৱীৰ প্ৰথম মানৱ হজৰত আদম আঃ ৰ পৰাই ইছলাম ধৰ্মত আৰম্ভনি। হজৰত আদম (এডাম) ইছলামৰ প্ৰথম নবী আৰু 570 খ্ৰিষ্টাব্দত জন্ম লয় এই ধৰ্মৰ সৰ্ৱশেষ নবী হজৰত মুহাম্মাদ (ছাঃ), পূৰ্ৱৰ সকলী ধৰ্মপ্ৰচাৰক আল্লাহ (ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সতৰ্ককাৰী হিচাপে মানি লয় আৰু মুহাম্মদ(ছাঃ)য়েই সতৰ্ককাৰী ৰূপে ইছলাম ধৰ্ম প্ৰচাৰ কৰে বুলি মুছলিম সকলে বিশ্বাস কৰে। ইছলাম ধৰ্মৰ মূল বিশ্বাস হ'লঃ- আল্লাহ'ৰ কোনো অংশীদাৰ নাই আৰু মুহাম্মাদ (ছাঃ) আল্লাহৰ বাৰ্তাবাহক। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ কোৰআন, আৰু কোৰআন ব্যাখ্যাত সহায় ল'ব লগা হয় হাদিছ সংকলন সমূহৰ উপৰত। এই ধৰ্মৰ উল্লেখযোগ্য দিশ হ'ল, জীৱনযাত্ৰাৰ সৰ্ৱত্ৰ, যেনেকৈঃ ৰাজনীতি, সমাজনীতি, পোছাক, খাদ্য, মিলাপ্ৰীতি ইত্যাদিত এই ধৰ্মই নিজেক জৰিত কৰি আত্মপ্ৰকাশ কৰে। এই ধৰ্মই মুছলিম জাতিৰ পূৰ্ৱপুৰুষ হিচাপে ইব্ৰাহিম (আঃ) ক উল্লেখ কৰি থাকে। ইয়াৰ উপৰিও অন্যান্য নবীসকলকোও আল্লাহ'ৰ প্ৰেৰিত পুৰুষ হিচাপে স্বীকাৰ আৰু সম্মান কৰে। ইছলাম শব্দৰ অৰ্থ আত্মসমৰ্পণ কৰা।
9162e346f1544afb38b8bbf35caaf0d84d07225383d662412deae64dac9ab7f9
কেউজনকে বোকাখাতৰ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যলয়লৈ প্ৰেৰণ কৰা হয়। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
bd85792435d618923c2f341d37a7d1c64389ae65f9f84ad2981f2f3d7f5bbf34
সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ। "ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ'ব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ'ব পাৰে? তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব! প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।
51307f2f6e7b23a669b9291b3bfe79cb98faf33dadfbed22a831f239912e2263
বাতৰি । Page 59 । News Next One\nCoronaক লৈ 'বি ছিৰিয়াছ'! ১৩০ কোটি ভাৰতীয়ৰ বাবে মাত্ৰ ৪০ হাজাৰ ভেণ্টিলেটৰ\nনতুন দিল্লী/গুৱাহাটীঃ কৰ'নাক ৰুধিবলৈ দেশৰ কেবাখনো ৰাজ্যই ঘোষণা কৰিছে লকডাউন। চীনৰ পিছত ইটালীত ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছবিধে। কৰ'নাৰ ফলত ইটালীৰ দৰে উন্নত দেশৰ চিকিৎসালয়ত দেখা গৈছে হাহাকাৰ পৰিস্থিতি। এনে পৰিপ্ৰেক্ষিতত ভাৰতত কৰ'নাই ভয়াৱহ গণসংক্ৰমণৰ ৰূপ ল'লে কেনে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ'ব সেয়া সহজেই অনুমেয়।\nভাৰতত ভেণ্টিলেটৰ কিমান আছে?\nলকডাউন নামানিলেই জেললৈ প্ৰেৰণ! এইবাৰ আৰু কঠোৰ কেন্দ্ৰ চৰকাৰ\nনতুন দিল্লীঃ কৰ'না ভাইৰাছক লৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ দেশসমূহৰ লগতে উদ্বিগ্ন হৈ পৰিছে ভাৰতো। কিন্তু এতিয়াও বহুতেই 'লকডাউন'ক গুৰুত্ব সহকাৰে লোৱা নাই বুলি ধাৰণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ'ত ঠায়ে ঠায়ে উদ্ভৱ হোৱা পৰিস্থিতিৰ কথা জানিব পাৰি এতিয়া লকডাউনক লৈ অধিক কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।\nমুম্বাইত Coronaত আক্ৰান্ত ফিলিপাইনছৰ নাগৰিকৰ মৃত্যু\nমুম্বাইঃ কৰ'না ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হ'ল আন এজন লোকৰ। অৱশ্যে মৃত্যু হোৱা লোকজন ফিলিপাইনছৰহে নাগৰিক। বিদেশী লোকসহ এই পৰ্যন্ত ভাৰতত কৰ'নাৰ ফলত নিহত লোকৰ সংখ্যা হৈছেগৈ ৯জন। ইয়াৰে ৭ জন ভাৰতীয়।\nফিলিপাইনছৰ নাগৰিকজন কিছুদিন পূৰ্বে ভাৰতলৈ আহি মুম্বাইত ভৰি থৈছিল। যোৱা ১৩ মাৰ্চত শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰথমে তেওঁক মুম্বাইৰ কস্তুৰবা হাস্পতলাত ভৰ্তি কৰোৱা হয় আৰু পিছলৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰে।\nফুটিল ফটকা, ওলাল সমদল! 'জনতা কাৰ্ফিউ' হ'লনে ১০০ শতাংশ সফল?\nগুৱাহাটীঃ জনতা কাৰ্ফিউ। ঠিকেঠাকেই আগবাঢ়িছিল সকলো। দিনটোৰ পৰিৱেশ ইমানেই নিমাওমাও হৈ পৰিছিল যে সেয়া দেখা পালে হয়তো কৰ'না ভাইৰাছেও নিজৰ অস্তিত্বক লৈ আতংকিত হৈ পৰিবলৈ বাধ্য হ'লহেতেন। কিন্তু সন্ধিয়া ঠিক ৫ বজাৰ লগে লগে সলনি হৈ পৰে সমগ্ৰ দৃশ্যপট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ অৰ্থ ওলোটাকৈ বুজি দেশৰ ভিন্ন প্ৰান্তৰ বহুতেই পাহৰি পেলালে যে দিনটোৰ 'জনতা কাৰ্ফিউ'ৰ মূল উদ্দেশ্যই আছিল সামাজিক দূৰত্ব বৰ্তাই ৰখা।\nকৰ'নাক ৰুধিবলৈ জনতা কাৰ্ফিউলৈ পূৰ্ণ সহাৰি কাৰ্বি আংলংবাসীৰ\nকেৱল নিগেটিভেই নে? Corona ভাইৰাছৰো আছে এইসমূহ 'পজিটিভ দিশ'...\nকৰ'না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে দেখা দিছে এক অভাৱনীয় পৰিৱেশ। প্ৰতিজন লোকেই সন্মুখীন হৈছে সমস্যাৰ। বহুতেই প্ৰিয়জনক হেৰুৱাবলগীয়াত পৰিছে। বহুতে ৰোগত আক্ৰান্ত হৈ কটাবলগীয়া হৈছে শংকাময় সময়। কেৱল চহৰেই নহয়, বহুকেইখন দেশো সম্পূৰ্ণৰূপে লকডাউন হৈ থাকিবলগীয়াত পৰিছে। কোৱাৰেণ্টাইনত আছে লাখ লাখ লোক। শোচনীয় হৈ পৰিছে অৰ্থব্যৱস্থা। সংস্থাপন হেৰুৱাইছে অগণন লোকে।\nনিলাক্ষী হাজৰিকা। প্ৰবাসী অসমীয়া। কৰ্মসূত্ৰে বৰ্তমান লণ্ডনৰ বাসিন্দা। ঘৰ লখিমপুৰৰ মইনাপাৰাত। গ্ৰেট ব্ৰিটেইনত কৰ'নাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ চাক্ষুষ অভিজ্ঞতা বিৱৰি লখিমপুৰত থকা ভাতৃলৈ তেওঁ প্ৰেৰণ কৰিছে অডিঅ' মেছেজ। প্ৰবাসী এইগৰাকী অসমীয়াই কোনোপধ্যেই বিচৰা নাই যে অসমতো চীন-ইউৰোপৰ দৰে অৱস্থা হওক। কিয়নো তেওঁ ভালকৈয়ে জানে যে ইয়াৰ চিকিৎসা ব্যৱস্থাৰ সবিশেষ। সেই তেওঁ ভাতৃক বাৰম্বাৰ কৈছে যাতে নিজে সাৱধান হৈ থকাৰ লগতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে সজাগ কৰি তোলাৰ চেষ্টা চলায়।
84650da6aab9da3247c2ff105439d5b625f876908a9ef98f394b9fd255a1516f
পবিতৰা অভয়াৰণ্যত এশিঙীয়া গঁড়\nপবিতৰা নামটোৰ উৎপত্তি সম্পৰ্কে কেবাটাও ব্যাখ্যা পোৱা যায়। প্ৰথমটো কিম্বদন্তি অনুসৰি পুৰণি কালত মায়ং ৰাজ্য নামে এখন ৰাজ্য আছিল। এই ৰাজ্যৰ প্ৰথমজন ৰজা আছিল শূইনত সিংহ। ১৫২৯ শকাব্দ(১৬০৭) এইজন ৰজাই ৰাজপাটত বহি ২০ বছৰ ৰাজত্ব কৰিছিল। ৰজাৰ বৰ জীয়াৰীৰ নাম আছিল "ৰাজকুমাৰী পবিত্ৰা সিংহা"। এই পবিত্ৰা ৰজাৰ বৰ মৰমৰ আছিল। কিন্তু মৰমৰ জীয়াৰী পবিত্ৰাৰ অকাল মৃত্যু হয়। ৰজাই পবিত্ৰাৰ নাম চিৰযুগমীয়া কৰিবৰ বাবে এই বনাঞ্চলৰ নাম পবিত্ৰা ৰাখিছিল। কালক্ৰমত মানুহৰ মুখবাগৰি এই পবিত্ৰা, পবিতৰা হয়। আন এটা প্ৰবাদমতে এই বনাঞ্চলত পাতিদৈয়া আৰু তৰা আদি উদ্ভিদৰে ভৰপুৰ আছিল। পাতিদৈ আৰু তৰাৰ প্ৰাচুৰ্য্যতাৰ বাবে এই হাবিডৰাক পাতিতৰা বুলিছিল। পাতিতৰাৰ পৰাই পিছলৈ "পবিতৰা" হোৱা বুলি কয়। হাদুগ নামৰ বিল খনৰ উত্তৰ পাৰৰ হাদুগপাৰ গাঁৱৰ মানুহে বিলৰ দক্ষিণপাৰে থকা হাবি কাটি চাফা কৰি খেতিৰ বাবে মাটি উলিয়াই লৈছিল। ৰাইজে হালবাবলৈ বহুদুৰ বাট যাব লগা হৈছিল। সেয়ে পুৱতি তৰা ওলোৱাৰ সময়ত ৰাইজ একেলগে হাল বাবলৈ গৈছিল। পুৱতি তৰা ওলোৱাৰ সময়ত সকলো লগ লোৱাৰ বাবে এই খেতিপথাৰ খনৰ নাম "পুৱতি তৰা" ৰাখিছিল। কালক্ৰমত পুৱতি তৰাৰ পৰাই পবিতৰা হোৱা বুলি শুনা যায়। ইয়াৰ বাহিৰে কোনো প্ৰামাণিক তথ্য নাই।\nঅবিভক্ত নগাঁও আৰু বৰ্তমান মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰৰ মায়ং মৌজাত ব্ৰহ্মপুত্ৰনদী আৰু কলং সুঁতিয়ে সৃষ্টি কৰা ভূমিখণ্ডৰ মাজত এই পবিতৰা অভয়াৰণ্য অৱস্থিত। ই নগাঁও সদৰৰ পৰা ৮৩ কিঃ মিঃ দূৰত্বত আৰু মৰিগাওঁ সদৰৰ পৰা ৩৮ কিঃমিঃ দূৰত্বত অৱস্থিত। ৰাজধানী দিশপুৰৰ পৰা ইয়াৰ দূৰত্ব ৪০ কিঃমিঃ। পবিতৰা অভয়াৰণ্যৰ অক্ষাংশ (উত্তৰ) ২৬.২৪৩-ৰপৰা ২৬.২২০-লৈ আৰু দ্ৰাঘিমাংশ (পূৱ) ৯২.০৩৯-ৰপৰা ৯২.০৬৯-লৈ বিস্তৃত।\n১৯৭১ চনৰ ১৮ নবেম্বৰ তাৰিখে Govt. Notification No/4Settlement/542/65/54 Memo No মৰ্মে অসম চৰকাৰে গেজেট নটিফিকেচন যোগে সীমা নিৰূপণ কৰি পবিতৰাক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। ইয়াৰ মাটিকালি আছিল ১৫৮৪.৭৬ হেক্টৰ বা ১২, ০০০ বিঘা। অসম চৰকাৰে পবিতৰা পি. জি আৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰি হাদুগা খুটিৰ খুটিয়াল সকলক তাৰপৰা উচ্ছেদ কৰি হাতীগড় ভি.জি.আৰৰ উত্তৰ ফালে ১৫০ বিঘা মাটি সংস্থাপনৰ বাবে আবণ্টন কৰিছিল।\nএই অভয়াৰণ্যত সাধাৰণতে এশিঙীয়া গঁড়, গাহৰি, বনৰীয়া ম'হ, হৰিণ, নাহৰফুটুকী বাঘ, উলুম'ৰা, কাছ, সাপ ইত্যাদি পোৱা যায়। আহিন মাহৰ পৰা পবিতৰালৈ সুদুৰ চাইবেৰীয়াৰ অঞ্চলৰ পৰা বহুতো পৰিভ্ৰমী চৰাই( বিশেষকৈ হাঁহ) আহে। পবিতৰাৰ পশ্চিম সীমাত থকা দলনি (তামোলীডোবা)-লৈও বহুতো পৰিভ্ৰমী হাঁহ অহা দেখা যায়। লগতে গাহৰি, গঁড়, বনৰীয়া ম'হ আদিও চৰি ফুৰা দেখা যায়। এইবাবেই পবিতৰা অভয়াৰণ্য দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থল হৈ পৰিছে।\nপৰ্যটকৰ জীপ ছাফাৰীৰ বাবে ৰাখি থোৱা জিপ, পবিতৰাৰ প্ৰৱেশ-দ্বাৰত\nগুৱাহাটীৰপৰা চন্দ্ৰপুৰ হৈ আহিলে এই অভয়াৰণ্য ৩৫ কিঃমিঃ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সোণাপুৰ হৈ আহিলে ৫২ কি.মি. দূৰত্বত অৱস্থিত। দৰ্শনাৰ্থী সকলৰ থকা খোৱাৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ ৪টা কোঠা যুক্ত "'মায়ং অতিথিশালা'" (Mayang Tourist Lodge under Tourism Department) আৰু বন বিভাগৰ অধীনৰ দুটা কোঠাৰ "'মায়ং পৰিদৰ্শন বঙলা'" (Forest Department Inspection Bungalow) আছে। পৰ্যটকৰ সুবিধাৰ বাবে অৰণ্য দৰ্শনৰ হেতু জীপ চাফাৰী আৰু হাতীৰ ব্যৱস্থা আছে। ইয়াৰ গৰঙা বিলৰ আশে-পাশে পিকনিকৰ বাবে অতি সুন্দৰ ঠাই আছে।\n↑ +92.054615&num=1&vpsrc=0&ie=UTF8&t=m&z=13&iwloc=A গুগল মেপত পবিতৰাৰ স্থানাংক আৰু মানচিত্ৰ. আহৰণ কৰা তাৰিখঃ ০৩-০৭-২০১২\nৱিকিমিডিয়া কমন্সত পবিতৰা অভয়াৰণ্য সম্পৰ্কীয় মিডিয়া ফাইল আছে।\n"https://as.wikipedia.org/w/index.php?title=পবিতৰা_অভয়াৰণ্য&oldid=298797"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ১৯ ছেপ্টেম্বৰ, ২০২১ তাৰিখে ০৯ঃ২৮ বজাত অন্তিম সংশোধন কৰা হৈছিল।
ab988ab52808bc752118ba4b19c9e3d2820b4f35c9f4cdd3e51be5cd1fe90d84
পৰৱৰ্তী ২৫ বছৰলৈ দেশত শাসনৰ লক্ষ্য! জয়পুৰৰ কৰ্মীসভাত কি ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে? Prag News : Best Assamese News Channel, Latest Assam News Live Today , North East Breaking News\nপৰৱৰ্তী ২৫ বছৰলৈ দেশত শাসনৰ লক্ষ্য! জয়পুৰৰ কৰ্মীসভাত কি ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে?\nডিজিটেল ডেস্ক : যেন বৈঠকৰ উত্তৰ দিবলৈহে বৈঠক! ৰাজস্থানক কংগ্ৰেছে চিন্তন বৈঠক অনুষ্ঠিত কৰাৰ পাছত এইবাৰ বিজেপিয়েও জয়পুৰত অনুষ্ঠিত কৰিছে কৰ্মীসকলৰ এখন বৈঠক। এই বৈঠকত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি নেতা, কৰ্মীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই এই তথ্য টুইট কৰিছিল, য'ত তেওঁ কৈছিল যে তেওঁ নিশা ১০ বজাত কাৰ্য্যালয়ৰ এই বৈঠকত উপস্থিত থাকিব আৰু তেওঁৰ মতামত প্ৰকাশ কৰিব। বিজেপি কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, 'আমি দেশৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব।'\nভাৰ্চুৱেলী এই বৈঠকত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। বিজেপিৰ কাৰ্যালয়ৰ বিষয়াসকলৰ বৈঠকত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ ভালেসংখ্যক শীৰ্ষ নেতাই অংশ গ্ৰহণ কৰে। এই বিশেষ বৈঠকতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, 'আমি দেখিছোঁ যে আজি কিছুমান দলে তেওঁলোকৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে দেশৰ মূল বিষয়সমূহক বিপথে পৰিচালিত কৰাৰ কামত। আমি কেতিয়াও এনে দলৰ ফান্দত পৰিব নালাগে। আমি কেতিয়াও কোনো শ্বৰ্ট কাট ল'ব নালাগে। আমি ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে সম্পৰ্কিত মৌলিক বিষয়বোৰক লৈ অগ্ৰসৰ হ'ব লাগিব, যিবোৰ হৈছে মূল বিষয়।\nনিজৰ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে যেতিয়া মই এই দলটোৰ ৰূপ আৰু স্বৰূপ দেখা পাওঁ, তেতিয়া মই গৌৰৱান্বিত হৈ উঠোঁ আৰু দলটোৰ প্ৰতিষ্ঠাপক সকলো লোকক প্ৰণাম জনাইছোঁ। তেওঁ লগতে কয় যে, একবিংশ শতিকা ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশ্বই আজি ভাৰতৰ ফালে বহুত আশাৰে বাট চাই আছে। একেদৰে, ভাৰতত বিজেপিৰ প্ৰতি জনসাধাৰণৰ বিশেষ মৰম দেখা যায়। আমি দেশৰ জনসাধাৰণৰ আশা পূৰণ কৰিব লাগিব। দেশখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ, আমি দেশৰ জনসাধাৰণৰ সৈতে একেলগে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব।\nআমাৰ দেশে এনেকুৱা এটা সময় পাৰ কৰিবলগীয়া হৈছিল যে, জনসাধাৰণে কোনোমতে সময়খিনি পাৰ কৰাৰ কথা ভাবিছিল। তেওঁলোকে চৰকাৰ পৰা কোনো আশা কৰা নাছিল বা চৰকাৰেও তেওঁলোকৰ প্ৰতি কোনো দায়বদ্ধতা অনুভৱ কৰা নাছিল। ২০১৪ চনৰ পাছত, বিজেপিয়ে দেশখনক এই চিন্তাধাৰাৰ পৰা বাহিৰ লৈ আহিছে। মই দেশৰ উজ্জ্বল ভৱিষ্যতলৈ এতিয়া দৃষ্টি দি আছোঁ। যেতিয়া মই আত্মবিশ্বাসেৰে ভৰা এখন দেশৰ যুৱক-যুৱতীসকলক দেখা পাওঁ, যেতিয়া মই কিবা এটা কৰাৰ উৎসাহেৰে আগবাঢ়ি অহা ভগ্নী আৰু কন্যাসকললৈ চাওঁ, মোৰ আত্মবিশ্বাসো বহুগুণে বৃদ্ধি পায়।\nপ্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দেশৰ জনসাধাৰণৰ এই আশা আৰু আকাংক্ষাই আমাৰ দায়িত্ব যথেষ্ট বৃদ্ধি কৰে। স্বাধীনতাৰ এই মহৎ কামত দেশখনে পৰৱৰ্তী ২৫ বছৰৰ বাবে নিজৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিজেপিয়ে পৰৱৰ্তী ২৫ বছৰৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰাৰ, তেওঁলোকৰ বাবে নিৰন্তৰভাৱে কাম কৰাৰ সময় আহি পৰিল। আমাৰ দৰ্শন হৈছে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একত্ৰিত মানৱতাবাদ আৰু অন্ত্যোদয়। আমাৰ চিন্তা হৈছে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সাংস্কৃতিক ৰাষ্ট্ৰীয় নীতি। আমাৰ মন্ত্ৰ হৈছে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'।