doc_id
stringlengths
64
64
text
stringlengths
127
172k
d6d2ebc4f3f8915cee04afdd25477aa1ab58b802301c147f0c0c463191d8986b
ডিজিটেল ডেস্ক : অসমীয়া সাহিত্যত এইবাৰ মাদলৰ মাতৰ প্ৰতিধ্বনি। এই প্ৰতিধ্বনি গুঞ্জৰিত হৈছে এগৰাকী আৰক্ষী বিষয়াৰ কলমেৰে। অসম আৰক্ষী সেৱাৰ এগৰাকী সুদক্ষ বিষয়া নোমল মাহাত্তাই আজি আত্মপ্ৰকাশ কৰিলে নতুন ৰূপেৰে। সোমবাৰে একেলগে দুখনকৈ গ্ৰন্থ উন্মোচনেৰে তেওঁ আত্মপ্ৰকাশ কৰিলে এগৰাকী দায়িত্বশীল সাহিত্য সমালোচক আৰু এগৰাকী সংবেদনশীল কবিৰ ৰূপেৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ল নোমল মাহাত্তাৰ প্ৰবন্ধ সংকলন 'মনন আৰু বীক্ষণ' আৰু ঝুমুৰ গীতৰ অনুপ্ৰেৰণাৰে ৰচিত তেওঁক কবিতাৰ সংকলন 'থমকি নৰয় মাদলৰ মাত'। তেওঁ প্ৰবন্ধ সংকলনখন উন্মোচন কৰি বিশিষ্ট সাহিত্য সমালোচক প্ৰদীপ আচাৰ্য্যই ক'লে, 'নোমল মাহাত্তাই গভীৰ অধ্যয়ন আৰু অনুসন্ধিৎসাৰ মাজেৰে সাহিত্য চৰ্চা আৰম্ভ কৰিছে। জীবনানন্দ, নৱকান্ত বৰুৱাৰ পৰা অতি সাম্প্ৰতিক সাহিত্যৰ ধাৰা আৰু সৃষ্টিলৈকে তেওঁ দৃষ্টি প্ৰসাৰিত কৰিছে। সাহিত্যত সুবাসৰ দৰে বিষয়ৰ ওপৰত তেওঁ সংবেদনশীল আলোকপাত চমক লগা।' তেওঁৰ কাব্যগ্ৰন্থ 'থমকি নৰয় মাদলৰ মাত' উন্মোচন কৰে লেখক, সমালোচক অৰিন্দম বৰকটকীয়ে। চাহ জনজাতিৰ লোকসকলৰ আপুৰুগীয়া সাংস্কৃতিক সম্পদ ঝুমুৰৰ অনুসৃষ্টিমূলক এই কাব্যগ্ৰন্থখন উন্মোচন কৰি অৰিন্দম বৰকটকীয়ে কয়, 'বিভিন্ন দিশৰ পৰা এই কিতাপখন অতি গুৰুত্বপূৰ্ণ। চাহ জনজাতীয় কবিতাৰ অসমীয়া অনুবাদ হোৱা নাই। তেওঁলোকৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ এটা নতুন সোৱাদ এই মৌলিক ৰচনাৰ সমতুল্য অনুবাদে দিব পাৰিব বুলি আশা কৰিব পাৰি। মাহাত্তাই ঝুমুৰবোৰৰ সুৰ আৰু আৱেগক আত্মস্থ কৰি মৌলিক কবিতাৰ দৰে সাৱলীল আৰু অকপট ৰূপত এই গ্ৰন্থত তুলি ধৰিছে।' অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া তথা কবি পাৰ্থ সাৰথি মহন্ত। মহন্তই নোমল মাহাত্তাৰ দুয়োখন গ্ৰন্থই অসমীয়া সাহিত্যৰ বাবে গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি উল্লেখ কৰি লেখকগৰাকীয়ে সাহিত্যক লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা বুলি মন্তব্য কৰে। আঁক-বাক আয়োজিত আনু্ষ্ঠানটোৰ আঁত ধৰে 'গৰীয়সী'ৰ উপ-সম্পাদক অংকুৰ ডেকাই। অনুষ্ঠানত নিজৰ সাহিত্য যাত্ৰা সম্পৰ্কে কিছু কথা কোৱাৰ লগতে ছপা আখৰৰ ভৱিষ্যতক লৈ আশা ব্যক্ত কৰে লেখক তথা অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া নোমল মাহাত্তাই। উল্লেখ্য যে, সাহিত্য আলোচনা, কবিতা তথা অনুবাদ সাহিত্যত বিচক্ষণতাৰে বিচৰণ কৰি আহিছে নোমল মাহাত্তাই। স্কুলীয়া জীৱনৰ পৰা সাহিত্যচৰ্চা আৰম্ভ কৰা মহাত্তাই সাহিত্যৰ সৈতে তেওঁৰ অবিচ্ছেদ্য সম্পৰ্ক অটুত ৰাখে মহাবিদ্যালয় আৰু বিশ্ববিদ্যলয় পৰ্যায়তো। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা নোমল মাহাত্তাই মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ আলোচনীৰ পাতত নিয়মীয়া অনুশীলন কৰাৰ পাছত অসম সাহিত্য সভাৰ পত্ৰিকা, আগান, প্ৰত্যয়, বুধবাৰ, দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, গৰীয়সী, প্ৰকাশ আদি প্ৰায়বোৰ আগশাৰীৰ কাকত আলোচনীতে সাহিত্য চৰ্চা কৰি আহিছে। তাত্ত্বিক তথা বিদ্যায়তনিক কৰ্ষণ আৰু সৃষ্টিশীলতাৰ অনুশীলনে তেওঁৰ সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছে। মাহাত্তা এতিয়া অসম আৰক্ষীৰ অপৰাধ শাখাৰ এডিচিপিৰ দায়িত্বত কৰ্মৰত হৈ আছে। আইৰ মুখৰ ভাষাটো হেৰাই যাব, মাটিডোখৰ নাইকিয়া হ'ব...অসহায় হৈ এদিন কিয় উচুপি উঠিছিল কবি? Please enter your comment! You have entered an incorrect email address! Save my name, email, and website in this browser for the next time I comment. গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ক'লৈ নিলে ৰিতুৰাজক? ডিব্ৰুগড়ৰৰ পূৰ্বে ক'ত ক'ত সংঘটিত কৰিছিল এনে কু-কৰ্ম? Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
8e18c699a8b0b2d2c3e1de840898460e83b6323e7942ad36543c12de8b91619d
চলিত বৰ্ষত ভাৰতৰ বিভিন্ন স্থানৰ লগতে বিশেষকৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বিপুল মাত্ৰাত বিদেশী উৎসৰ চোৰাং সোণ ধৰা পৰাটো যেন সাধাৰণ ঘটনা হৈ পৰিছে। উক্ত ৰাজ্যকেইখনৰ শুল্ক চোৰাংচোৱা বিভাগ আৰু আৰক্ষীৰ হাতত বিভিন্ন সময়ত চোৰাং সোণ জব্দ হৈ আহিছে। শেহতীয়াভাৱে মিজোৰামৰ শুল্ক চোৰাংচোৱা সঞ্চালকালয়ে আইজলৰ সমীপৱৰ্তী এলেকাৰ পৰা ১১৪ টুকুৰা সোণ জব্দ কৰিছে। ২২ আগষ্টত ৰাজধানী আইজলৰ নিকটৱৰ্তী এখন স্থানৰ পৰা জব্দ কৰা সোণখিনিৰ ওজন ১৮.৯৬৭ কিঃগ্ৰা বুলি শুল্ক চোৰাংচোৱা বিভাগটোৱে জনাইছে। এই চোৰাং সোণখিনিৰ মূল্য ৫.৮৫ কোটি টকা বুলি ঠাৱৰ কৰা হৈছে। ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত ভাফাই নামৰ গাঁওখনৰ পৰা এই সোণখনি এখন মেক্সি কেব গাড়ীৰে উক্ত লোক কেইজনে কঢ়িয়াই লৈ আনিছিল। ধৃত লোককেইজনে মোনাত গোপনে ভৰাই উক্ত সোণখিনি লৈ আহিছিল। চোৰাং সোণখিনিৰ সৈতে হাতে-লোতে ধৰা পৰা লোক তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b6b1995ffff3aa9d79dfe4faafc48f1cbe2fd69ada834d2a8e0eb87eb870f74b
বলীউডৰ অভিনেতা অজয় দেৱগনে আজি ঘোষণা কৰে যে অজয় দেৱগনৰ সদ্য মুক্তি প্ৰাপ্ত ছবি ট'টেল ধামাল পাকিস্তানত মুক্তি নিদিয়ে । জম্মু কাশ্মীৰৰ পুলৱামাত আত্ম ঘাটী বোমা বিষ্ফোৰণত ৪০ তকৈ অধিক বীৰ জোৱানৰ মৃত্যু হোৱাৰ পিছত অভিনেতা অজয় দেৱগনে এই সিদ্ধান্ত লয় । অজয় দেৱগনে এই সন্দৰ্ভত টুইট কৰে যে, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ট'টেল ধামালৰ কৰ্মকৰ্তা সকলে ছবিখন পাকিস্তানত মুক্তি নিদিয়াৰ সিদ্ধান্ত লৈছে। The Sentinel Building, © 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
e491d6b0a5a094858cd560a11590050ce5dfa4e5a753a1418faf6e793b5b9fc6
W7S News September 26, 2021 গুৱাহাটী, W7S News: কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰই ( কে ভি কে) ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি আগ্ৰহী কৃষক , যুৱক - যুৱতীসকলে ছাগলী , গৰু , গাহৰি , হাঁহ , মুৰ্গী , বিভিন্ন চৰাইকে ধৰি পশুপালনক জীৱিকাৰ বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । বিশেষকৈ উঠি অহা যুৱক - যুৱতী সকলে যাতে চৰকাৰী চাকৰিৰ পাছত দৌৰি সময় নষ্ট নকৰি কম মূলধন , কম সময় , কম খৰচ , কম ঠাইত বিজ্ঞান সন্মত ভাবে উন্নত মানৰ ছাগলী , গাহৰি , হাঁহ , মুৰ্গী আদি পালন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰে তাৰ বাবে কে ভি কেৰ পশু চিকিৎসা বিভাগৰ বিশেষজ্ঞা ডঃ ইলাক্ষী ডেকাই বিগত সময়চোৱাত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বহু নিবনুৱা যুৱক -- যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । আনকি ডঃ ডেকাৰ নেতৃত্বত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰ কুৰিজন নিৰ্বাচিত নিবনুৱা যুৱকক বিজ্ঞান সন্মতভাৱে ছাগলী পালন কৰি কম সময়ৰ ভিতৰত কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ দুদিনীয়া প্ৰশিক্ষণ দিছিল । ইয়াৰে এদিন কে ভি কে চৌহদত আৰু এদিন গুৱাহাটীৰ কাষৰীয়া বৰ্ণিহাটত থকা অসম চৰকাৰৰ ছাগলী গৱেষণা কেন্দ্ৰত তেওঁলোকক নি প্ৰশিক্ষণ দিয়া হৈছিল । প্ৰশিক্ষণৰ অন্তত তেওঁলোকক গাইপতি বিভিন্ন উন্নত জাতৰ কেবাটাকৈ ছাগলী নিজ ঘৰত পালনৰ বাবে দিয়া হৈছিল । প্ৰায় ডেৰ বছৰৰ পাছত কুৰিজনৰ ভিতৰত পশ্চিম গুৱাহাটীৰ তিনিজন ছাগলী পালক ক্ৰমে ৰাণী বিক্ৰমপুৰৰ জোন ৰাভা , আগছিয়াৰ উজ্বল ভূঞা এৰি মাজিৰগাঁওৰ পংকজ শৰ্মাই বহুখিনী সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে । আনহাতে ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ মাজতো ডঃ ইলাক্ষী ডেকাই আটাইকেইজন ছাগলী পালকৰ সৈতে ভাৰ্চুৱেলি ছাগলী পালন সন্দৰ্ভত দিহা পৰামৰ্শ দি আহিছিল । ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ২৫ ছেপ্টেম্বৰত ডঃ ইলাক্ষী ডেকাই নিজে কৰা কষ্ট আৰু প্ৰশিক্ষণত লাভ কৰা অভিজ্ঞতাৰে সফলতাৰ মুখ দেখা তিনিওজন ছাগলী পালকৰ ঘৰলৈ গৈ তেওঁলোকৰ ছাগলী পালন কার্য পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত ডঃ ডেকাই তেওঁলোকক ছাগলী পালন সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শৰ লগতে ছাগলী সমূহক কিদৰে নিৰোগী কৰি ৰাখি মাংস বেছিকৈ উৎপাদনৰে দু পইচা বেছিকৈ পাব পাৰি তাৰ কৌশল সমূহ শিকাই দিয়ে । তিনিওজনৰ ভিতৰত জোন ৰাভাই অধিক সাফল্য লাভ কৰা বাবে ডঃ ইলাক্ষী ডেকাই তেওঁৰ উচ্চ প্ৰশংসা কৰে । উল্লেখযোগ্য যে কে ভি কেৰ প্ৰধান বিজ্ঞানী ডঃ ধীৰেন্দ্ৰনাথ কলিতায়ো জোন ৰাভাক ফোন যোগে শুভেচ্ছা জ্ঞাপন কৰিছে । No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
875b9147bf742e4285e0575d6e33c4224ed5ae025a6f91f761d4b77325947947
যোৱা মে' মাহৰ ৪ তাৰিখতে আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত গুলী লাগি প্ৰাণ আহুতি দিয়া বীৰ চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ প্ৰায় ৪ মাহ পাছত আজি উক্ত সংঘৰ্ষটোত লিপ্ত থকা আলফা স্বাধীনৰ দুজন লিংক মেনক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ সোণোৱাল, উপ-আৰক্ষী অধীক্ষক ভাৰ্গৱ গোস্বামী আৰু চক্ৰ আৰক্ষী বিষয়া প্ৰতিম গগৈৰ নেতৃত্বত যোৱা চাৰিদিন ধৰি চলা অভিযানৰ অন্তত আজি অসম-অৰুণাচল সীমান্তৰ পেঙেৰী-বৰডুমচা অঞ্চলৰ পৰা লিংক মেন দুজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন আলফা স্বাধীনতাৰ সদস্য দুজন দিপাংকৰ বৰা আৰু মামন দিহিঙীয়া বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে ধৃত উগ্ৰপন্থী লিংক মেন দুজনক মাৰাথন জেৰা চলাই সকলো তথ্য ফাদিল কৰাৰ লগতে দুটা মোবাইল ফোনো জব্দ কৰে। উল্লেখযোগ্য যে যোৱা ৪ মে'ৰ বিয়লি প্ৰায় ৩ বজাত তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অৰ্ন্তগত খজুৱা পথাৰত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ চহিদ হয় বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতা। আলফা স্বাধীনৰ সদস্য উদয় অসমৰ নেতৃত্বত বাহৰ পাতি থকা দলৰ সৈতে মুখামুখি সংঘৰ্ষৰ পৰিণতিত মৃত্যুক আকোঁৱালি লৈছিল ভাস্কৰ কলিতাই। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a56052b6c156882a62dec366e73782790f688596f71d64890a30a9b364d4419e
ৰছিত - ৱিকিউৎস\nকেহোঁকলি (গ্ৰন্থ)ৰ দশম গল্প\nকমললোচন বৰুৱা ডাল বা পাবত গজা বৰুৱা নহয়; শিৰফুটা বৰুৱাৰ ঘৰৰ। শিৱসাগৰ জিলাত প্ৰথমতে তেওঁ "আদৰ্শ বঙ্গ বিদ্যালয়ত" নাম লগাই এবছৰ বঙলা "বোধোদয়" কিতাপ পঢ়ি, তাৰ পিচত "গৱৰ্ণমেন্ট হাইস্কুলত" সোমালগৈ। ইংৰাজী স্কুলেৰে সৈতেও তেওঁৰ সম্বন্ধটো সৰহকাল নিটিকিল। তেওঁ তৃতীয় শ্ৰেণী পোৱাৰ পিছতে এনে এটা ঘটনা ঘটিল, যাৰ পাকত পৰি সেইখিনিতে তেওঁ ইংৰাজী বিদ্যাত ইতি কৰিবলগীয়া হল। যি নহওক, কমললোচন স্কুলৰপৰা নিস্কৃতি লভি, বাপেকৰ মাটি-বাৰীতে খেতিবাতি কৰি জীৱিকা নিৰ্ব্বাহ কৰিবৰ মন কৰিলত বহুতে তেওঁক সেই কাৰ্য্যত নধৰি কাছাৰীত প্ৰথমতে ছটকা দৰ্ম্মহা বা জলপানীতে উমেদাৰী কামত সোমাই, ভৱিষ্যতত ডাঙৰ আমোলা ফয়চলা নবীচ হবলৈ চেষ্টা কৰিবলৈ বুজনি দিছিল। কমললোচনে কিন্তু কাৰো কথাত কাণ নিদি চাকৰৰ ভাততকৈ স্বাধীন ভাৱে খেতি-পথাৰ কৰি অৰ্জ্জা ভাতগাল সোৱাদ বুলি কৈ, তেওঁৰ মনেপতা কামত একাণপতীয়াকৈ লাগি গল।\nকমললোচনে হেঁপাহৰ ইংৰাজী স্কুলটোক তৎকালত কিয় কুটা ছিঙি এৰিলে তাৰো ইতিবৃত্তি আছে। সেইটো এইখিনিতে কোৱা যাওক। কমললোচন মানুহটো এচঁহীয়া স্বভাৱৰ। কামৰ সৰুবৰ যি ফালকে তেওঁ ধৰিছিল, সেই ফালৰেপৰা সহজে তেওঁৰ হাত একোৱে এৰুৱাব নোৱাৰিছিল। সকলো কাৰ্য্যতে কমললোচন একাচেকা। কালৈকো তোচ কৰি চলাটো তেওঁৰ সোঁৱৰণীত লেখাই নাছিল। যি কামেই হওক, সি ভাবুকি দি তেওঁক ভয় খুৱাব নোৱাৰিছিল। যিমানকে টান অৱস্থাত পৰক, তাতে কমললোচনে নিজৰ বাউসীৰ বলেৰে সাঁতুৰি উঠিছিল। সেইদেখি সকলোৱে কমললোচনৰ উপলুঙা নাম থৈছিল " একাচেকা বৰুৱা"। তেওঁৰ দিনত শিৱসাগৰৰ ইংৰাজী স্কুলৰ হেডমাষ্টৰ আছিল এজন এংলো ইণ্ডিয়ান বা ইঙ্গ ভাৰতীয়। হেডমাষ্টৰজনৰ নামটো এঞ্জেল। নামত এঞ্জেল হলেও কামত এঞ্জেল ওভোতা কোল আছিল। কঠোৰ শাসন, বেত্ৰাঘাত আৰু ন-ন শাস্তিৰ উদ্ভাৱনাৰ নিমিত্তে তেওঁৰ মূৰটো অতি সাৰুৱা আছিল। "Spare the rod and spoil the child"অৰ্থাৎ আমাৰ ভাষাত কবলৈ গলে "চেকনিৰ আগত বিদ্যা" এই প্ৰচলিত নীতিবচন বা দুৰ্নীতি বচনত তেওঁৰ অগাধ বিশ্বাস আছিল। পঢ়া মুখস্থ কৰিব নোৱাৰা লৰাৰ পিঠিত বেত্ৰাঘাতৰ তেওঁ প্ৰায়ে পৃষ্ঠপোষক, অৰ্থদণ্ডৰ অদম্য সমৰ্থক, আৰু বেঞ্চৰ ওপৰত দণ্ডায়মান নীতিৰ যমদণ্ডধাৰক। অপৰাধৰ গুৰুত্ব আৰু লঘুত্ব হিচাপে, বেঞ্চৰ ওপৰত থিয় কৰি দিয়া ছাতৰৰ দুই হাতত দুখন ইটা আৰু মূৰত এখন ইটা তুলি দিয়াৰ ব্যৱস্থা তেওঁ সততে কৰিছিল। অঙ্কশাস্ত্ৰৰ Least common multiple আৰুgreatest common measure অৰ্থাৎলঘিষ্ঠসাধাৰণগুণনীয়কআৰুগৰিষ্ঠসাধাৰণগুণনীয়কগুণীতক "কছি" হেডমাষ্টৰচাহাবেতেওঁৰ দ্বাৰাই ৰচিত দণ্ডবিধিৰ হীন-ডেঢ়িকৰিছিল। দৈবাৎ দণ্ডিত ছাতৰৰ হস্তধৃত আৰু মুণ্ডস্থিত ইটা পদস্খলিত হৈ ভূমিষ্ঠ হলেই তৎক্ষণাৎ তেওঁৰ দণ্ডবিধি আইনৰ ধাৰা অনুযায়ী দণ্ডিতৰ পৃষ্ঠদেশেৰে সৈতে বেতৰ সন্মিলন ঘটিছিল। অৱশ্যে সিও হিচাপ মতেহে। হেডমাষ্টৰ এঞ্জেলৰ সাৰুৱা মূৰত আৰু এদিন অপৰাধী ছাতৰৰ প্ৰতি শাস্তি বিধানৰ নিমিত্তে এটা অভিনৱ সংশোধক প্ৰস্তাৱে গাজ মেলিলে। যথা, দণ্ডবিধিৰ অন্তৰ্গত হোৱা ছাতৰক স্কুলৰ চকিদাৰৰ হতুৱাই ঠৈলা বা টোম এটাত সুমুৱাই স্কুল ঘৰৰ কাঠৰ চতিৰ পৰা এঘণ্টা বা আদঘণ্টা অৰাই থোৱা। এই শাস্তিটো এঞ্জেলৰ উৰ্ব্বৰ মস্তিষ্কপ্ৰসূত অনেক সতি-সন্ততিৰ ভিতৰত দ'লৰ কলচী। এদিন আমাৰ কমললোচনৰ ভাগ্যত এই দণ্ড লাভ হল। প্ৰথম অধ্যায়ত আধাঘণ্টাৰ নিমিত্তেকমললোচনৰ প্ৰতি এই দণ্ড বিহিত হৈছিল। কিন্তু দ্বিতীয় অধ্যায়ত কমললোচনে টোমত বহি ওলমি যেতিয়া সুহুৰিয়াবলৈ আৰু টকলিয়াবলৈ ধৰিলে, আৰু সেইবোৰ শুনি স্কুলৰ ছাতৰ আৰু আন আন মাষ্টৰবিলাকে সংযমৰ অভাৱত নিজক চম্ভালিব নোৱাৰি যেতিয়া গিৰ্জ্জনি মাৰি হাঁহিবলৈ ধৰিলে, তেতিয়া এঞ্জেলৰ ধৈৰ্য্যচ্যুতি ঘটিল। এইবোৰৰ ওপৰঞ্চি, স্কুলঘৰৰ বেৰত আঁৰি থোৱা বৰঘড়ীটোলৈ কলমলোচনে চাই তাৰ পেণ্ডুলম বা ওলোম ডালেৰে সৈতে সমানে গাৰ হেন্দোলনি দি লৰিবলৈ ধৰি, মুখেৰে টিক্ টিক্ কৰিবলৈ ধৰিলে,- তেতিয়া অৱস্থা সান্নিক হৈ উঠিল। স্কুল ঘৰত হাঁহি কোঢ়ালৰ গিৰ্জ্জনি উঠিল। ঠিক যেন ৰাজহুৱা বৰ সবাহত ভকতসকলৰ হৈ-ধ্বনি। হেড মাষ্টৰে গতি বিষম দেখি কমললোচনক বেত দিবৰ সংকল্প কৰি নমাই অনালে। টোমৰ পৰা কমললোচন ওলাল। কিন্তু ওলায়েই হেডমাষ্টৰ এঞ্জেলক দুই হাতৰ দুইটা বুঢ়া আঙুলি থিয়কৈ বুকু ফিন্দাই দেখুৱাই দি,-" আজিৰপৰা তোৰ স্কুলত মই নপঢ়ো, পঢ়োঁ যদি মই চণ্ডাল-" এই বুলি ক্ষণেকতে বিম্বাশবদে তাৰপৰা গুচি গল। এঞ্জেল গৰ্জ্জি উঠিল-"ধৰ ! ধৰ ! পাকৰ ! পাকৰ !" এঞ্জেলৰ গৰ্জ্জনত স্কুলঘৰ খলক লাগিল। কিন্তু কোনে কাক ধৰে? কাকস্য পৰিবেদনা । কমললোচন মুহূৰ্ত্ততে লৰি চকুৰ আঁৰ হৈ পৰিল। সেই যে কমললোচন অদৃশ্য হল, তাৰ পিছত জীৱিত কালৰ ভিতৰত কমললোচনে স্কুলৰ ফালে মুখকে নকৰিলে। আনকি স্কুলঘৰৰ কাষৰ বাটেদিও কেতিয়াবা কমললোচন গৈছিল বুলি কোনেও কব নোৱাৰে। কতই ইয়াৰ পিছত ভৱিষ্যতৰ ভীষণ বিভীষিকা প্ৰদৰ্শন কৰি কমললোচনক হেডমাষ্টৰৰ ওচৰত ক্ষমা মাগি আকৌ স্কুলত ভৰ্ত্তি হবলৈ পৰামৰ্শ দিছিল; কিন্তু কমললোচন অটল অচল হৈ ৰ'ল।\nকমললোচনে এইদৰে স্কুল পৰিত্যাগ কৰাৰ কথা শুনি বুঢ়া বাপেক মৰ্ম্মান্তিক হল। পুতেকক ধৰাই-বুজাই বাপেকে অনেক কৈ শেহত কলে-"বোপা ! ইংৰাজী পঢ়ি শুনি কাছাৰীত আমোলা মহৰী নহলে আজিকালি মান সম্ভ্ৰম একো নাথাকে। এতেকে মই তোক লগত লৈ হেডমাষ্টৰৰ কাষলৈ যাওঁ, তই দোষ স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰিলে হেডমাষ্টৰে ক্ষমা কৰিব।"\nএই কথা শুনি কমললোচনে বাপেকৰ ভৰিত দীঘল দি পৰি কলে, "দেউতা, মোক আপুনি স্কুললৈ যাবলৈ আৰু নকব। য'ত মানুহৰ আত্মসন্মান নাথাকে, তালৈ মই প্ৰাণ গলেও যাব নোৱাৰোঁ। আপুনি চিন্তা নকৰিব, মই যেনেতেনে মতে পেটৰ ভাত এগাল মোকোলাই খামেই। মানুহ ৰঙালাও বা চালকোমোৰা নহয় যে, তাক ধৰি টোমত ভৰাই চতিত আঁৰি থবৰ ক্ষমতা কোনোৱে পাব পাৰে।"\nস্কুল পৰিত্যাগত কমললোচনৰ বয়স সোতৰ বছৰ। সেই কাল আজিৰ কালৰ নিচিনা নাছিল। তেতিয়া চতুৰ্থৰ পৰা পঞ্চম শ্ৰেণীলৈকে এনেকুৱা ছাতৰ দু-অৰা চাৰি-অৰা স্কুলত আছিল যে, যিবোৰে কুৰি বাইশত গজগজীয়া দি বহি স্কুলখন গৰকি লৈছিল। কন কণ গুৰপৰুৱা ল'ৰাৰ মাজত ডাঙৰ ডাঙৰ টোকা পৰুৱা যেন ডেকা একেখন বেঞ্চতে শাৰীপাতি বহি স্কুলখন 'চিৰিয়াখানা' যেন কৰি শুৱাই থোৱা দৃশ্যৰ আটক নাছিল। নগৰীয়া মানুহে বিলাতী কোৰেৰে ঘৰৰ আগচোতালখন চুৰুকি চিকুণাই থোৱাৰ দৰে আজিকালি গোফ থুতিৱা বা নুথুতিৱা ডেকালৰাই বিলাতী খুৰেৰে মুখখন চিকুণাই ৰখাটো দস্তুৰ। তেতিয়া কিন্তু এনে দস্তুৰ নাছিল। বৰং লিংলিঙীয়া বা ভোবোকাৰ ডাঢ়িয়ে মুখৰ শোভা বৰ্দ্ধন কৰিছে বুলি ভবাটোহে সেইকলীয়া ফেছন আছিল। আজিকালিৰ চাহাবী গঢ়েৰে চলা বৰমানুহৰ ঘৰৰ 'বাৰান্দা' বা আগচালিৰ পিৰালিৰ কাষে কাষে, 'এৰিকা পাম' বা নানা বিধৰ 'ফাৰ্ণেৰে' (যাক আমাৰ খেৰনিয়ে বননিয়ে হোৱা ঢেকীয়া আৰু বিহলঙনিৰ জাতৰ বুলিলে মহাপাতকত পৰা নহয়) সুশোভিত 'পট'(Pot)অৰ্থাৎ থিয় চৰিয়াৰ দৰে, সেইকালৰ ডঢ়ীয়া ডেকালৰাৰে স্কুলঘৰৰ শ্ৰেণীবোৰ ৰজিতা খাই থকাটো নিয়মৰ ব্যতিক্ৰম নাছিল।\nকমললোচনে স্কুল এৰাৰ তিনি মাহৰ পিছত তেওঁৰ বাপেক ঢুকায়। বাপেকৰ মৃত্যুৰ পিছত কমললোচনে দহগুণ উৎসাহেৰে খেতি-বাতিৰ মন নিয়োগ কৰিলে। কোঁৱৰপুৰৰ গাঁৱত এখন ঘৰ, আৰু নগৰত এখন ঘৰ, এই দুখন ঘৰ কমললোচনে পাতি সমানে চলাই অচিৰতে সৰবৰহী কৰি তুলি জয়জয় ময়ময় কৰি তুলিলে।\nবাপেকৰ মৃত্যুৰ এবছৰৰ পিছতে মাতৃ আজ্ঞা শিৰোধাৰ্য্য কৰি কমললোচনে এগৰাকী ৰূপৱতী কন্যা "পৃষ্ঠোধাৰ্য্য" কৰিলে। ঘৈণীয়েক ঘৰলৈ অহাৰ দুবছৰৰ পিছতো পুত্ৰৱতী নোহোৱা দেখি, নাতিৰ মুখদৰ্শন পিপাসী মাক ইফালে সিফালে খা-খবৰ কৰি দ্বিতীয় ভাৰ্য্যা এটি কমললোচনলৈ থিৰ কৰি কমললোচনক সেই কাৰ্য্যত প্ৰবৃত্ত কৰাবলৈ গলত কমলে হাতযোৰকৈ মাকক কলে-"আই, তুমি এনে কামলৈ মোক অনুৰোধ নকৰিবা, আদেশো নকৰিবা। মই তোমাৰ এই আদেশ অনুৰোধৰ বাহিৰে সকলো আজ্ঞা শিৰ পাতি লম, কিন্তু এইটো নোৱাৰোঁ। মোৰ বিয়া এই পৃথিৱীত এবাৰহে, আৰু সিয়ো হৈ গল।" মাকে কমলৰ স্বভাৱৰ দৃঢ়তাৰ বিষয়ে ভালকৈ জানিছিল দেখি নিজে চপাই লোৱা মনৰ দুখ মনতে টোপোলা বান্ধি লৈ মনে মনে থাকিল।\nঈশ্বৰৰ ইচ্ছাত ইয়াৰ পিছত কমলৰ ভাৰ্য্যাই একাদিক্ৰমে তিনিটী কন্যা আৰু এটি পুত্ৰৰ মাক হৈ নিজৰ অপযশ দূৰ কৰি আনৰো আনন্দ বিধান কৰিলে। খেতিবাতি ইত্যাদিতো কমলে লক্ষ্মীক বশ কৰি দিনকদিনে শ্ৰীমন্ত হৈ আহিল। নগৰৰ ভিতৰত কমললোচন এজন সম্পত্তিশালী আৰু লেখৰ মানুহ হৈ উঠিল। তেওঁৰ প্ৰথম দুজনী ছোৱালী চহকী গৃহস্থৰ ঘৰৰ ভাল মানুহত পৰিল। সৰুজনীৰ সৰুৰেপৰা লিখাপঢ়াত ধাউতি দেখি ভালকৈ পঢ়াশুনা কৰিবৰ সকলো সুবিধা কৰি দি কমললোচনে তাইক বিদূষী আৰু গুণৱতী কৰি তুলিলে। ঘৈণীয়েকে এদিন কমললোচনক কলে-" মোৰ এই পেটমচা ছোৱালীজনীক ইমানকৈ লিখা-পঢ়া শিকাই গুণাকৰ কৰিলোঁ; ছোৱালী জনীও দেখনিয়াৰ, এতেকে এইক মই এজন হাকিম বা বৰ উকীললৈহে বিয়া দিম; যাকে তাকে নিদিও। আগৰ দুজনী আমাৰ পুৰণি গঢ়েৰেই বিয়া দিয়া হ'ল। তথাপি সন্তোষৰ কথা, যে সিহঁতে সুখেৰে ঘৰ সংসাৰ কৰি চলিছে। এইবাৰ আজিকালিৰ হিচাপত ভাল ডাঙৰ মানুহ দৰা এটাত হে এইক বিয়া দিম বুলি ভাবিছোঁ।" কমলে ঘৈণীয়েকৰ কথা শুনি মূৰ দুপিয়াই সন্মতি জ্ঞাপন কৰিলে।\nচেষ্টাৰ ফলত বৃন্দাৰ (সৰুজনী ছোৱালীৰ নাম) বিয়া মিষ্টৰ জে-আৰ বৰুৱা, ই-এ-চিৰে সৈতে সম্পাদিত হ'ল। ডেকা জে-আৰ বৰুৱা ৰংপুৰৰ গায়ন গাঁৱৰ মোলোকা গায়নৰ পুতেক। ল'ৰাটো সৰুৰে পৰা চোকা বুধীয়া আছিল দেখি গায়ন মোলোকাই মুঠিয়ে মুঠিয়ে ধন ভাঙি তাক পঢ়াইছিল আৰু লৰায়ো দোপতদোপে পৰীক্ষাৰ মহলাত উঠি এম-এ, বি-এল পৰ্য্যন্ত "পাছ" কৰি বাপেকৰ ধনৰ ব্যয় সাৰ্থক কৰিলে। ইফালে মোলোকাৰ টকাৰ মোনা যিমান দীঘল আছিল, সিফালে পুতেকৰ বুধিৰ চুঙাটোও তেনেকুৱাই দীঘল আছিল। গতিকে দুইটাৰ ভিতৰত আউল নালাগিল, আৰু দুইটাৰ সংযোগত জন্মলাভ কৰা সিন্ধি নামৰ ঘুৰীজনী কাৰো নঙলাৰ মুখত নোৰোৱাকৈয়েই পোন বাটেদিয়েই চেকুৰি গৈ নিজৰ ঘোঁৰাশালত সোমালগৈ। মোলোকাৰ পুতেক গায়নৰ ঘৰৰ লৰা। কথাতে কয় বোলে "গায়নৰ ঘৰৰ বোন্দায়ো ৰাগ দিয়ে।" পুতেকো আজিকালিৰ প্ৰচলিত গান-বাজনা, ৰাগ-ৰাগিনীত সহজতে ভক্ত হৈ পৰিছিল।\nল'ৰাজন এইখিনিলৈকে বাপেক মাকৰ বাধ্য আছিল, আৰু তেওঁৰ স্বভাৱতো মলি নপৰিছিল। ইয়াৰ পিছত মোলোকা বৰ গায়নৰ ল'ৰা জিনাৰাম সৰু গায়নে কপালৰ বলত একষ্ট্ৰা-এছিষ্টেণ্টৰ বিষয়খন লাভ কৰিলে। কপালৰ বলত এইবাবে বুলিছোঁ যে, কতই এনে 'পাছ' কৰিও, এনে ডাঙৰ বিষয় এখন একেবাৰেই নাপায় । শাস্ত্ৰত কৈছে- দৈৱং ফলতি সৰ্ব্বত্ৰ ন বিদ্যা ন চ পৌৰষঃ । কবলৈ পাহৰিছোঁ, যে বি-এ 'পাছ' কৰাৰ পিছতে জিনাৰামে কিবা সূতা এডালৰ আগত ধৰি, কোনোবা সূতাৰ সূত আৰু কোনোবা পুতাৰ পুত হৈ পম ধৰি ধৰি ওলাই বৰুৱাৰূপে শিৱসাগৰত অৱতাৰ হ'ল। এম-এ 'পাছ' কৰাৰ পিছতে নামে অলপকৈ কলেৱৰ বদলাই জিনা-আৰ বৰুৱাৰূপে দেখা দিলে। বি-এল 'পাছ' কৰাৰ পিছত সেইটো পূৰ্ণৰূপে বদলি হৈ "জে-আৰ বৰুৱা" আকৃতি ধৰিলে। শুনিছোঁ, ই-এ-চি হোৱাৰ পিছত গৱৰ্ণমেন্টৰ ঘৰৰপৰা এতদৰ্থে এখন চাৰ্টিফিকেটো তেওঁ উলিয়াই লৈ তেওঁৰ উপাধিৰে সৈতে এই নতুন নামটো নিস্পিখেৰাজভুক্ত কৰি চিৰস্থায়ী কৰি পেলালে। এই ঘটনাটো আমাৰ উপাখ্যানৰ পাদপূৰণ স্বৰূপেহে ইয়াত উল্লেখ কৰিলোঁ; নতুবা বাস্তৱিকতে তেওঁৰ এই কাৰ্য্যত হৰণ-ভগন কাৰো একো নাছিল।\nমিষ্টৰ জে-আৰ বৰুৱা হাকিম বাহাদুৰে সৈতে মিছ বৃন্দাৰ বিয়া মহা সমাৰোহেৰে হৈ গল। বিয়াৰ দিনা জে-আৰ ঠেঙা আৰু "ফ্ৰক্কোট" পিন্ধি "বিষ্ণু স্বৰূপায় বৰায় নমঃ" হৈ আহি হোমৰ গুৰিত বহিবলৈকে হেনো ঠিক কৰিছিল; কিন্তু জনচেৰেক তেওঁৰ অন্তৰঙ্গ আৰু বহিৰঙ্গ বন্ধু-বান্ধৱৰ বিশেষ অনুৰোধতহে তেওঁ সেই ভীষণ সংকল্প পৰিত্যাগ কৰিলে। শেষত আমাৰ দেশৰ দস্তুৰ মতে তেওঁ পাগ জামা পিন্ধি আহিছিল যদিও, কিন্তু ওৰে দিনটো হবিষ্যে থাকি তেওঁৰ টুপটুপীয়া হোৱা মুখৰপৰা ভক্ভক্ কৰে ওলোৱা চিগাৰেটৰ ধোঁৱাই ৰভাৰ তলৰ সভাসদসকলৰ মনত বিনোদ মিলাইছিল। শহুৰেক-শাহুৱেকক সেৱা কৰিবৰ সময়ত জে-আৰে পাহৰি "ছেকহেণ্ড" অৰ্থাৎ কৰমৰ্দ্দন কৰিবলৈ হাত আগবঢ়াই দিওঁতেই, তেওঁৰ কোনোবা হিতৈষী বন্ধুৱে পিছফালৰ পৰা হাতখনত ধৰি কোঁচাই দি তেওঁক হেচুকি বহুৱাই দি আঠু কাঢ়িবলৈ মনত পেলাই দিহে সেই সামৰণিৰ ঘেটা সন্তোষজনককৈ মাৰিলে। আমাৰ বৰ্ণনাৰ পৰা পাঠকে ভাবিব পাৰে যে, জে-আৰ বিলাত ঘূৰি অহা ডেকা। তেনে নহয়, তেওঁ বিলাত দৰ্শন কৰা নাছিল। বিলাতৰ কথা কাণৰ ভিতৰেদি মৰমত পশি হে তেওঁক তেনেকুৱা উৎকট প্ৰেমিক চাহাব কৰি তুলিছিল। সূৰ্য্যতকৈ সূৰ্য্যৰ তাপত তপত হোৱা বালিৰ তাপ বেছি বুলি কয়।\nবিয়া ভাগি যোৱাৰ পিছত জোঁৱায়েকৰ গঢ়-গতি দেখি কমললোচন বৰুৱাই ঘৈণীয়েকক গোপনে কলে,-"হাকিম জোঁৱাই বিচাৰিছিলা, পালা, লোৱাঁ এতিয়া। পেট ভৰিব পায়।" বৰুৱানী নিমাত হৈ ৰল।\nকমললোচনে আকৌ কলে-"সুপ্ৰসিদ্ধ ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰে তেওঁৰ 'কঠিন শব্দৰ ৰহস্য ব্যাখ্যা' নামৰ কিতাপত হাকিমৰ ব্যাখ্যা দিছিল-'হা ! কিম্ পদাৰ্থম ! ' এতিয়া এই কিম্ পদাৰ্থটি লাভ কৰিলা যেতিয়া তোমাৰ আৰু দুখ গুচিল। বোলো, জপাত ভৰাই থোঁৱা গৈ।"\nবৰুৱানীয়ে এইবাৰো একো নামাতিলে। মাথোন তেওঁ ইয়াকে ভাবিলে যে গিৰিয়েকে ইমান আগৰেপৰা জোঁৱায়েকক বিচাৰৰ আদালতত তুলি দি ন্যায় কৰা নাই।\nইয়াৰ পিছত নানা কাৰ্য্য আৰু নানা বিচিত্ৰ ঘটনা সংঘটিত হ'ল। সেইবোৰ এই সৰু গল্পৰ ভুৰুকাৰ ভিতৰত সুমাবলৈ নাটে। সেইদেখি সামৰণি ডোখৰৰ ফালৰ পৰাই অলপ আভাস দি গল্পটোৰ মুদা মাৰি থম।\nবৃন্দা শিক্ষিতা, বিনীতা, আৰু অনিন্দিতা সুন্দৰী। অচিৰতে দেখা গল যে জিনাৰাম ওৰফে জে-আৰ বৰুৱাই ই-এ-চি হাকিম বৃন্দাৰ কেঁয়া আঙুলি এটাৰো যোগ্য নহয়। জিনাৰ মানত তেওঁৰ ওপৰৱালা বিষয়াসকলৰ বাহিৰে, মনুষ্য সমাজ ইমান তল-খাপ নিবাসী যে ঠেঙাৰে সৈতে তেওঁৰ ভৰি এটা তললৈ নমাই দিলেই, সেই খাপৰ মানুহে তাক ছুবলৈ ঢুকি নাপায়। কথাই কথাই তেওঁ ফিৰিঙিৰ ভাও দিবলৈ ধৰিলে, আৰু কুসংসৰ্গত পৰি অচিৰতে কেউটা "মকাৰৰ" অনুৰক্ত হৈ পৰিল।\nএবছৰৰ পিছতে বৃন্দাৰ এটি ল'ৰা হ'ল। কিন্তু মতলীয়া দুশ্চৰিত্ৰ স্বামীৰ ব্যৱহাৰত বৃন্দাৰ মনৰ সুখ চিৰকাললৈ অন্তৰ্হিত হ'ল। বৃন্দাৰ বুজনি কাকুতিয়ে গিৰিয়েকৰ মনত কোনো গুণ ধৰাব নোৱাৰিলেও শেহত বৃন্দাই বাপেকলৈ এইখন চিঠি লেখিলেঃ\nমোৰ কপাল ভাগিল। ইমানদিনে আপোনাক একো কোৱা নাছিলোঁ, ললাটৰ লিখনকে ভুঞ্জি থাকিভাবিছিলোঁ, ঈশ্বৰে কিজানি অন্তত কৃপা কৰেই। সেই আশা গেলিল। সহনৰ সীমা পাৰ হ'ল। দিনৌ ৰাতি তেওঁ মতলীয়া হৈ আহি মোক গালি-শপনি মাৰধৰ কৰিছিল, সেইবোৰে মই এই পৰিমিত সহি আছিলোঁ। কিন্তু কালি কৰবাৰ পৰা এজনী ধেমনী লগত লৈ আহি তাইৰ আগত মোক কুকুৰে-কাঁইট নোখোৱাকৈ ককৰ্থনা কৰি, শেহত মোৰ কোলাৰপৰা এই কেচুৱা পোণাকণক বলেৰে কাঢ়ি নি তাইৰ কোলাত দি মোক ঘৰৰপৰা ওলাই যাবলৈ কলে। ময়ো ভাবিলোঁ, ওলাই যাম। আৰু যথেষ্ট হৈছে। এতেকে তুমি আজিয়েই মোক লৈ যাবলৈ কাৰবাক পঠিয়াই দিবা। তুমি নিজে নাহিবা। তোমাৰ হতভাগিনী জী,\nইয়াৰ পিছত কোলাৰ কেচুৱাৰে সৈতে বৃন্দা পিতৃগৃহ পালেগৈ। মিষ্টৰ জে-আৰে আদালতত গোচৰ কৰি বৃন্দা আৰু লৰাটোক দখল লব বুলি ভাবুকি দি লিখা চিঠি এখনৰ উত্তৰত কমললোচন বৰুৱাই জে-আৰলৈ লিখিছিল-\n"মিষ্টৰ জে-আৰ বৰুৱা হাকিমক এতদ্বাৰা জনোৱা যায় যে, তেওঁৰ অমুক তাৰিখৰ চিঠি পাই সমাচাৰ অৱগত হলোঁ। তেওঁৰ দাবী আদালতত ডিক্ৰী হবৰ সহায়ক স্বৰূপে এখন ইংৰাজী ৰছিত ষ্টাম্প লগাই ইয়াৰ লগতে তেওঁলৈ পঠিয়ালোঁ-\nএক অনীয়া ৰিছিড ষ্টাম্প\nভূতকালত শহুৰ, বৰ্ত্তমানত খেতিয়ক।\n"https://as.wikisource.org/w/index.php?title=ৰছিত&oldid=9627"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ৬ মে' ২০১৬ তাৰিখে ০৯ঃ৩০ বজাত সলনি কৰা হৈছিল।
e54416b30f4b0cdad56fb4c6b1268911cc8ef6eac928ef7b8ed1b6358fedcd35
অসমৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠান বনলতাৰ স্বত্বাধিকাৰী মাখন হাজৰিকা(৭৪)ই শনিবাৰে ডিব্ৰুগড়ৰ পূৱ মিলন নগৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। কিছুদিনৰে পৰা স্বাস্থ্যজনিত কাৰণত নিজ ঘৰতে চিকিৎসাধীন হৈ থকা মাখন হাজৰিকাই শুকুৰবাৰে নিশা দুগৰাকীমান সাহিত্যিকৰ সৈতে আলাপ আলোচনা কৰি থাকোতেই হঠাৎ ঢলি পৰে আৰু লগে লগে মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত পত্নী,পুত্ৰ আৰু ভাতৃসহ ভালেসংখ্যক আত্মীয় স্বজনক এৰি থৈ যায়। সুৰ্দীৰ্ঘকাল গ্ৰন্থ প্ৰকাশ আৰু বিক্ৰীৰ সৈতে জড়িত প্ৰয়াত সৰ্ব্বেশ্বৰ হাজৰিকা তথা ফুল হাজৰিকাৰ পুত্ৰ মাখন হাজৰিকাই ১৯৪৭ চনত মাজুলীত জন্ম গ্ৰহণ কৰি খুৰাক চন্দ্ৰ কান্ত হাজৰিকাৰ সৈতে ডিব্ৰুগড়লৈ আহে আৰু ১৯৭২ চনত ডিব্ৰুগড়ত বনলতা নামেৰে এখন গ্ৰন্থৰ বিপনী চহৰৰ নতুন বজাৰত স্থাপন কৰে। তাৰ পিছৰ পৰাই সমগ্ৰ অসমত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল মাখন হাজৰিকা।মৃত্যুৰ সময়ত পত্নী ৰুলী হাজৰিকা,পুত্ৰ প্ৰদ্যুৎ হাজৰিকা,বোৱাৰী বিদিশা হাজৰিকাকে ধৰি অনেক গুণমুগ্ধক এৰি থৈ যায়। তেখেতৰ মৃত্যুত সমগ্ৰ ডিব্ৰুগড়তে গভীৰ শোকৰ ছাঁ পৰিছে।
e23a92f155fc11f6e978f56933675ce30ee08fb3dce073b1aa56e1a97e24f249
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও, ২৮ জানুৱাৰী : অসম কৌশল বিকাশ মিছনৰ উদ্যোগত আৰু জিলা দক্ষতা বিকাশ সমিতিৰ সহযোগত নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ এলফিনষ্টন বিবাহ ভৱনত আজি এক কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নিৱনুৱা যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে । উক্ত কৰ্মশালাখনতে যুৱক-যুৱতীসকলক বিভিন্ন আঁচনি আৰু কেনেকৈ দক্ষতা বিকাশৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় । কৰ্মশালাত আলোচনা আগবঢ়াই ক্ৰমে নগাঁও জিলাৰ উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা আৰু অতিৰিক্ত উপায়ুক্ত দুতিভা বৰা,ৰাজ্যিক প্ৰকল্প বিষয়া ধীৰাজ সিনহা,জ্যেষ্ঠ প্ৰকল্প বিষয়া দীপাংকৰ বৰ্মন,জিলা প্ৰকল্প বিষয়া জ্যোতিময় কলিতাই ।
bf5fbf9c7b05fc2d86d4aec8ec2920cf2f40ce903875302a2b7152c9f9ae7d9b
পুনৰ চৰ্চাত সুৰংগপথ ! ব্ৰহ্মপুত্ৰৰ তলেৰে কৰিব নিৰ্মাণ Prag News : Best Assamese News Channel, Latest Assam News Live Today , North East Breaking News\nপুনৰ চৰ্চাত সুৰংগপথ ! ব্ৰহ্মপুত্ৰৰ তলেৰে কৰিব নিৰ্মাণ\nগুৱাহাটী : ব্ৰহ্মপুত্ৰৰ তলেৰে দ্বৈত সুৰংগপথ নিৰ্মাণ কৰাৰ দিশে আগবাঢ়িছে নৰেন্দ্ৰ মোদী চৰকাৰ। প্ৰতিবেশী দেশ চীনে ভাৰতৰ সৈতে থকা ২০০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ সীমান্ত অঞ্চলত অৰুণাচললৈ চকু দি থকা অৱস্থাত মোদী চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা সেই সুৰংগপথটো চীনৰ বিৰুদ্ধে ভাৰতৰ উচিত উত্তৰ হ'ব বুলি ধাৰণা কৰা হৈছে।\nএকেসময়তে এই সুৰংগপথে কাজিৰঙাৰ বন্যপ্ৰাণীক যান-বাহনৰ আমনিৰ পৰা সুৰক্ষা প্ৰদান কৰিব আৰু উজনি অসমলৈ যোৱা পথৰ দূৰত্ব হ্ৰাস কৰিব। এই দ্বৈত সুৰংগপথে দক্ষিণপাৰৰ নুমলীগড় আৰু উত্তৰপাৰৰ গহপুৰক সংযোগ কৰিব। মুঠ ১২ হাজাৰ ৮০৭ কোটি টকা ব্যয় সাপেক্ষ এই সুৰংগপথৰ মূল সুৰংগ দুটা হ'ব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ। সুৰংগপথক প্ৰৱেশদ্বাৰলৈকে নিৰ্মাণ কৰিবলগীয়া সম্পূৰ্ণ প্ৰৱেশপথৰ দূৰত্ব হ'ব ১৮ কিলোমিটাৰ আৰু সুৰংগ তথা প্ৰৱেশপথৰ মিলিত দৈৰ্ঘ্য হ'ব ৩৩ কিলোমিটাৰ।\nব্ৰহ্মপুত্ৰ নদীৰ ২২ কিলোমিটাৰ তলেৰে এই সুৰংগপথ নিৰ্মাণ কৰা হ'ব। এই দ্বৈত সুৰংগপথে নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ স'তে গহপুৰৰ ৫২ নং ৰাষ্ট্রীয় ঘাইপথক সংযোগ কৰিব। উল্লেখযোগ্য যে নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাৰ পাছতে মাজুলী সংযোগী দলঙক লৈ পুনৰ চৰ্চা চলিছে। ইয়াৰ মাজতে মোদী চৰকাৰে ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে।
d0f40395728f9d051460e8c0860bc289b00b2f53facc2685f156d0b646ae24b5
সুধা চন্দ্ৰন এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁৰ জন্ম হৈছিল চেন্নাইৰ এটা পৰিয়ালত । ১৯৮১ চনত তেওঁ মুম্বাইৰ মিঠিভাই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰুপে জনা গৈছিল। কিন্ত এদিন তেওঁ মুম্বাইৰ পৰা চেন্নাইলৈ উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈ সোঁভৰি হেৰুৱাবলগীয়া হয়। কিছুদিনৰ সফল পৰিচৰ্যাৰ পাছত তেওঁক এটা কৃত্ৰিম ভৰি সংস্থাপিত কৰোৱা হয়। তেওঁ নিজৰ শাৰীৰিক অক্ষমতাক নেওচি ভাৰতৰ সাংস্কৃতিক জগতত এক অনন্য প্ৰতিভাৰ নৃত্যাঙ্গনা ৰূপে খ্যাতি লাভ কৰে। সুধা চন্দ্ৰন (Sudha Chandran) সুধা চন্দ্ৰনে তেলেগু চলচ্চিত্ৰ "ময়ুৰী"ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলে। এই ছবিখন তেওঁৰ জীৱনৰ ওপৰত আধাৰিত আছিল। পাছলৈ চলচ্চিত্ৰখন তামিল আৰু মালায়ালম ভাষালৈও ডাব্ হৈছিল। চিনেমাখন "নাছে ময়ুৰী" নামেৰে হিন্দীত পুনৰ নিৰ্মিত হৈছিল। তেওঁক উক্ত চলচ্চিত্ৰখনৰ কাৰণে ১৯৮৬ চনত বিশেষ জুৰী বঁটাৰে ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানিত কৰা হৈছিল। এই পৃষ্ঠাখন 27 মে' 2020 তাৰিখে ১১ঃ৫৯ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
b80585b8d5ff8a62f4ecace4adfcced4acd523bb7392fcb6bd848b04fb564720
১ আগষ্ট, ১৯৪২ৰ দিনা ভাৰতৰ অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ মিচিং সম্প্ৰদায়ৰ এখন সৰু গাঁও ঘূণাসুতি আয়েঙ্গিয়াত টাবু ৰাম টাইডৰ জন্ম হয়। তেখেতৰ পিতৃ স্বৰ্গীয় উবাং টাইড। ঘূণাসুতি সেই সময়ত যাতায়তৰ ভাল সুবিধাৰ পৰা বঞ্চিত এখন ভিতৰুৱা গাঁও আছিল। টাবু টাইডৰ পিতৃ ঊবাং টাইড আছিল এজন ক্ষুদ্ৰ খেতিয়ক। পাঁচজন পুত্ৰ আৰু দুজনী জীয়ৰী সহ এটা নজনীয়া পৰিয়ালক তেওঁ পোহপাল দিবলগীয়া হৈছিল। জ্ঞানাৰ্জনৰ প্ৰতি প্ৰবল আগ্ৰহ থকা এই সহজ-সৰল জনজাতীয় খেতিয়কজনে ডাঙৰ সন্তানটোৰ বাদে আটাইকেইটা সন্তানকে পঢ়াশালিলৈ পঠিয়াইছিল। ইয়াৰে দুজনে হাইস্কুলত পঢ়িবলৈ উত্তৰ লক্ষীমপুৰ নগৰলৈকেয়ো গৈছিল। এই দুজনৰ ভিতৰত টাবু টাইডো আছিল। টাবু টাইড সপ্তম শ্ৰেণীত থাকোঁতেই তেখেতৰ পিতৃৰ মৃত্যু হৈছিল। '৫০ ৰ ভূমিকম্পৰ পাছত সঘনাই হোৱা বানপানী আৰু গৰাখহনীয়াই ঘূণাসুতিৰ অন্যান্য মানুহৰ দৰে তেখেতসকলৰ ঘৰখনৰো চূড়ান্ত আৰ্থিক বিপৰ্যয় ঘটাইছিল। টাবু টাইডে 'তামনচুক প্ৰাথমিক বিদ্যালয়'ত প্ৰাথমিক শিক্ষা লোৱাৰ পাছত ১৯৫১-৫৭ চনলৈ 'উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়'ত শিক্ষাগ্ৰহণ কৰে।[2] হাইস্কুলৰ শিক্ষা সাং কৰি টাবু টাইড উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। আৰ্থিক সমৰ্থনৰ বাবে তেখেতে কলকাতাৰ উপকণ্ঠীয় অঞ্চল নৰেন্দ্ৰপুৰত অৱস্থিত ৰামকৃষ্ণ মিচন আশ্ৰমৰ ওচৰ চাপিছিল। ছাত্ৰবৃত্তিৰ বাবদ পাবলগীয়া ধন সমৰ্পন কৰাৰ চৰ্তত ৰামকৃষ্ণ মিচনে তেখেতক সহায়ৰ হাত আগবঢ়ায়। ১৯৬৩ চনত তেখেতে কলকাতা বিদ্যালয়ৰ অধীনস্থ ৰামকৃষ্ণ মিচন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত এবছৰতকৈয়ো অধিকঁকাল শিক্ষকতা কৰি টকা-পইচা গোটাই ১৯৬৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৬৬ চনত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৭ চনত টাবু টাইডে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত প্ৰবক্তাৰ চাকৰিত সোমায়।[3] কটন মহাবিদ্যালয়ত চাকৰি কৰি থকা অৱস্থাতে তেখেতে বিদেশত শিক্ষা গ্ৰহণৰ বাবে এটা জলপানী লাভ কৰে। ইয়াৰে সুবিধা লৈ তেখেতে বৃটেইনৰ 'ইউনিভাৰচিটি অৱ ৰিডিঙ'ৰ (১৯৭৩-৭৪) পৰা প্ৰায়োগিক ভাষাতত্ত্বত পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লয়। তদুপৰি তেখেতে ব্ৰিটিছ কাউঞ্চিল ফেলোশ্বিপ কাৰ্যসূচীৰ অধীনত ১৯৮২ চনত 'ইউনিভাৰচিটি অৱ লণ্ডন ইন্সিটিউট অৱ এডুকেচন'ৰ পৰা দূৰৱৰ্তী শিক্ষা (distance education) বিষয়ক এক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰে। ১৯৭০ চনত টাবু টাইড কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বনসেৱাৰ বাবে বাছনিভূক্ত হয়। এনে পৰ্যায়ৰ সেৱাৰ বাবে বাছনিভূক্ত হোৱা তেখেতেই আছিল অসমৰ প্ৰথম জনজাতীয় যুৱক। কিন্তু স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি তেখেতে সেই পদবী নাপালে। কটন মহাবিদ্যালয়খনত চৈধ্য বছৰ (১৯৬৭-৮১) সেৱা আগবঢ়োৱাৰ অন্তত শিক্ষা বিভাগৰ উপ-সঞ্চালকৰ (Public Instruction) দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী কালত তেখেতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন ওপৰখাপৰ পদবীত, যেনে SCERTৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, উচ্চশিক্ষা বিভাগৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ চেয়াৰমেন, ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ চেয়াৰমেন আদি পদবীত কাৰ্যনিৰ্বাহ কৰে। তেখেতক অসম চৰকাৰৰ অধীনস্থ আনন্দৰাম বৰুৱা ভাষা,কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে নিয়োগ কৰা হয়। খিলঞ্জীয়া ভাষা, কলা, সংস্কৃতি সম্পৰ্কীয় গৱেষণা আৰু প্ৰকাশনৰ উদ্দেশ্যে স্থাপিত এই প্ৰতিষ্ঠানটিৰ দায়িত্ব তেখেতে দক্ষতাৰে বহন কৰে। তেখেতে ২০০০ চনত চাকৰিৰ পৰা অবসৰ গ্ৰহণ কৰে যদিও ২০০৪ চনৰ ফেব্ৰুৱাৰীলৈ ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ চেয়াৰমেনৰ দায়িত্বত থাকে। টাবু ৰাম টাইড আৰু নহেন্দ্ৰ পাদুনৰ নেতৃত্বত ১৯৬৮ চনত 'গুৱাহাটী মিচিং কেবাং' নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়ে।[5] এই অনুষ্ঠানেই মিচিং ভাষা লিখাৰ বাবে বিজ্ঞানসন্মত লিপি ব্যৱহাৰ কৰাত আগভাগ লয়। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ উদ্দেশ্যে ১৯৭২ চনত মিচিং আগম কেবাং (মিচিং সাহিত্য সভা) নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়া হয়। 'মিচিং আগম কেবাঙ'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল টাবু ৰাম টাইড। ১৯৮০ চনলৈ তেখেত এই অনুষ্ঠানৰ সভাপতি হৈ থাকে। মিচিং আগম কেবাঙৰ চেষ্টাৰ বলতে প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হয়। টাবু ৰাম টাইডে মিচিং ভাষাৰ বিষয়ে বহুকেইখন গৱেষণা পত্ৰ লিখি উলিওৱাৰ উপৰিও মিচিং ভাষাৰ অভিধান আৰু ব্যাকৰণ প্ৰণয়ন কৰে। তেখেতে বহুতো মিচিং সাধু সম্পাদনা কৰি উলিয়ায়। মিচিং ভাষা সম্পৰ্কীয় তেখেতৰ কৰ্মৰাজি মিচিং তথা বৃহত্তৰ অসমীয়া সমাজলৈ এক মূল্যবান অবদান। ইংৰাজী, অসমীয়া আৰু মিচিং ভাষাত লিখা তেখেতৰ অসংখ্য প্ৰবন্ধ কাকতে-পত্ৰে সিঁচৰতি হৈ আছে। তেখেতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 'ইংৰাজী ভাষা শিক্ষা'ৰ এলানি অনাতাঁৰ পাঠ্যক্ৰম প্ৰস্তুত কৰে। তদুপৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাবে তেখেতে 'মিচিং ভাষা শিক্ষা'ৰ এটা পাঠ্যক্ৰমো প্ৰস্তুত কৰি দিছিল।
524e55cefbfee9f1fb3ac082f01af5829ace84f798bd030a30a6a053b6f05af6
বোকাখাত মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকীয়ে আঁত ধৰা অনুষ্ঠানত সমল ব্যক্তিৰ সৈতে এক মত বিনিময়ো অনুষ্ঠিত হয়। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
4a7728e95829c028b7e0adb65538192226c30af48d885f9b7f36684cdac08248
শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় - অসমীয়া ৱিকিপিডিয়া\nডুবি দেৱালয়, পৰিহৰেশ্বৰ দেৱালয়, বুঢ়া গোঁসাইৰ ঘৰ\nশিৱ গোঁসাইৰ বিগ্ৰহ, লিংগপীঠ, গৌৰীপীঠ, দুৰ্গামূৰ্ত্তি, বলৰাম, বিষ্ণু, শিৱ-পঞ্চাননৰ মূৰ্ত্তি, তাম্ৰপত্ৰ\nশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।\n2.1 বিগ্ৰহৰ অৱস্থিতি\n2.2 মঠ আৰু বৰচ'ৰা\n2.4 পুষ্পভদ্ৰা নদী\n2.5 পুৰণি তালগছ\n3 ঐতিহাসিক পটভূমি\n3.1 ডুবি নামৰ উৎপত্তি\n3.2 ডুবিৰ তাম্ৰপত্ৰ\n3.3 পৰিহৰেশ্বৰত দেৱদাসী\n4.1 বিগ্ৰহৰ আৱিষ্কাৰ\n4.2 পৰিহৰেশ্বৰ দেৱালয়ৰ সৃষ্টি\n4.3 পাইক প্ৰথা\n6 পৰিচালনা পদ্ধতি\nঅসমৰ বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বজালী মহকুমাৰ অন্তৰ্গত পাঠশালা নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণে ডুবি গাঁৱত ২৬ ডিগ্ৰী ২৯ মিনিট (২৬°২৯') উত্তৰ অক্ষাংশ আৰু ৯১ ডিগ্ৰী ৯ মিনিট ৪৫ চেকেণ্ড (৯১°৯'৪৫') পূৱ দ্ৰাঘিমাংশ সংযোগস্থলত এই দেৱালয় অৱস্থিত। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়াৰ দূৰত্ব ৪ কিলোমিটাৰ আৰু উত্তৰ পূৱ সীমান্ত ৰেলপথৰ পৰা ইয়াৰ দূৰত্ব ৩ কিলোমিটাৰ। গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ১০৩ কিলোমিটাৰ পশ্চিমে আৰু বৰপেটা নগৰৰ পৰা ৩৭ কিলোমিটাৰ পূৱত। নিকটৱৰ্তী ৰাষ্ট্ৰ ভূটানৰ নাংলমৰ পৰা ইয়াৰ দূৰত্ব ৫৩ কিলোমিটাৰ দক্ষিণে।\nনিকটৱৰ্তী বিমানকোঠ গুৱাহাটী। দূৰত্ব ১০৩ কিলোমিটাৰ।\nনিকটৱৰ্তী ৰেলষ্টেচন পাঠশালা। দূৰত্ব ৩ কিলোমিটাৰ।\nনিকটৱৰ্তী বাছ আস্থান পাঠশালা। দূৰত্ব ৪ কিলোমিটাৰ।\nপাঠশালা নগৰৰ পৰা দেৱালয়লৈ ৰিস্কা, অটোৰিস্কা, টেম্প' আদিৰে যাতায়তৰ সুবিধা আছে।\nবিগ্ৰহৰ অৱস্থিতি[সম্পাদনা কৰক]\nপৰিহৰেশ্বৰ দেৱালয়ৰ মূল বিগ্ৰহটো হৈছে শিৱ গোসাঁইৰ। প্ৰায় ২১০ বৰ্গফুট আয়তনৰ গহ্বৰৰ ভিতৰত এচটা শিলৰ ওপৰত সংলগ্ন হৈ বিগ্ৰহটো আছে। ভূপৃষ্ঠৰ পৰা প্ৰায় ১২ ফুটমান তলত এই বিগ্ৰহ অৱস্থিত। লিংগপীঠটো উত্তৰফালে আৰু যোনিপীঠ বা গৌৰীপীঠটো তাৰে তলত অৱস্থিত। শিৱ লিংগত দিয়া পদ্য অৰ্ঘ্য যোনিপীঠেৰে গৈ মন্দিৰ সংলগ্ন কুণ্ডত পৰাৰ ব্যৱস্থা আছে। পূজাৰ সময়ত দিয়া সকলো জলপুষ্প শিলেৰে নিৰ্মিত নলাৰে গৈ উত্তৰ ফালে থকা পুখুৰীত পৰাৰ ব্যৱস্থা আছে।\nমঠ আৰু বৰচ'ৰা[সম্পাদনা কৰক]\nপৰিহৰেশ্বৰ দেৱালয়ৰ বিগ্ৰহৰ ওপৰত এটি ওখ মঠ বা দ'ল আছে। সেই মঠটো শিৱসাগৰৰ শিৱদ'লৰ আৰ্হিত সজোৱা। ১৯৬২ চনত এই মঠটো আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ হৈছিল ১৯৮০ চনত। এই মঠৰ উচ্চতা ৫৫ ফুট আৰু ব্যাস ২৪ ফুট। ১২ ফুট ব্যাসাৰ্দ্ধৰ প্ৰায় ৭৫। ৫ ফুট বৃত্তীয় পৰিসীমাযুক্ত মঠটোৱে ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১৪ ফুট তলত থকা বিগ্ৰহটো আৱৰি আছে। মঠৰ লগতে এটি আহল-বহল বৰচ'ৰা সংলগ্ন হৈ আছে। বৰচ'ৰাটো ডাঙৰ ডাঙৰ শালৰ খুটাৰ ওপৰত টিনৰ চালিৰে সজোৱা। বৰচ'ৰাটোৰ দীঘল ৯০ ফুট আৰু বহল ৪০ ফুট। মন্দিৰৰ পূৱপিনে ভোগ-মণ্ডপ আছে। ইয়াত গোসাঁইৰ ভোগ ৰন্ধা হয়। ভোগ-মণ্ডপৰ উত্তৰপিনে ভোগ-ঘৰ। ইয়াত যাত্ৰীসকলে ভোগ গ্ৰহণ কৰিব পাৰে। ভোগ-মণ্ডপৰ দক্ষিণফালে যাত্ৰীৰ জিৰণী ঘৰ, ভঁড়াল ঘৰ আৰু দেৱালয়ৰ কাৰ্যালয়।\nপৰিহৰেশ্বৰ দেৱালয়ৰ পিছপিনে প্ৰায় দুবিঘা মাটি জুৰি এখন কেতেকীবাৰী আছে। এই কেতেকীবাৰীৰ লগত এক জনশ্ৰুতি জড়িত হৈ আছে। কোনোবা দেৱদাসীয়ে শিৱৰ আগত নৃত্য প্ৰদৰ্শন কৰোঁতে বাৰে বাৰে তাল ভংগ হৈছিল আৰু খোপা সুলকি পৰিছিল। সেই দেৱদাসীক শিৱই অভিশাপ দিছিল যে তেওঁ মৰ্ত্যত আহি কেতেকী ফুল হৈ ফুলি থাকি দহি দহি আনক সুগন্ধি বিলাই থাকিব। পৰিহৰেশ্বৰ দেৱালয়ৰ এই কেতেকীবাৰীখন অঞ্চলবাসীৰ বাবেও এক গৌৰৱৰ সম্পদ। অতি প্ৰাচীন পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্যৰ নাচনীসমূহে খোপাৰ কেতেকী ফুল গুজি নৃত্য প্ৰদৰ্শন কৰিছিল।\nপুষ্পভদ্ৰা নদী[সম্পাদনা কৰক]\nখ্ৰীষ্টীয় সপ্তদশ শতিকাত কালদিয়া নদীৰ এটি সুঁতি গোবিন্দপুৰ, বামুণকুছি, ডুবি আদি গাঁৱৰ মাজেৰে গৈ পুনৰ উপৰনৈত কালদিয়া নদীৰ লগত মিলিছিলগৈ। বৰ্তমান এই সুঁতি নাই, মৰা সুঁতিৰ ৰূপতহে অ'ত-ত'ত অলপ আছে। ১৮৮৪ চনৰ আগৰ পিয়লৰ নক্সাত এই নদীৰ অৱস্থিতিৰ কথা লিপিৱদ্ধ কৰা আছে। এই সুঁতিটোক পুষ্পভদ্ৰা নামে জনা গৈছিল।\nপুৰণি তালগছ[সম্পাদনা কৰক]\nপৰিহৰেশ্বৰ দেৱালয়ৰ চৌহদৰ একেবাৰে পশ্চিম ফালে এডাল অতি পুৰণি তালগছ আছে। বজালীৰ জনসাধাৰণৰ মাজত এই তালডালক কেন্দ্ৰ কৰি এটি প্ৰবাদ আছে "হাজোৰ শাল ডুবিৰ তাল যেতিয়া দেখাদেখি হব পুষ্পভদ্ৰা নদী তেতিয়া মুক্তি পাব। " হাজোৰ হয়গ্ৰীব-মাধৱ মন্দিৰত থকা শালগছ আৰু ডুবিৰ এই তালগছ বহুত ওখ বাবে, আৰু ওখ হৈ দেখা দেখি হ'লেই বৰ্তমান মৰি যোৱা পুষ্পভদ্ৰা নদীখন পুনৰ ববলৈ ধৰিব বুলি বজালীবাসীয়ে এই প্ৰবাদমতে বিশ্বাস কৰে।\nডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা ভাস্কৰ বৰ্মাৰ তাম্ৰলিপিৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়। দেৱালয়ৰ মূল মন্দিৰৰ নিৰ্মাণ সামগ্ৰী আৰু আন্তঃগাঁথনিলৈ চাই ইয়াৰ নিৰ্মাণকাল ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মাণ হোৱা বুলি ধাৰণা কৰিব পাৰি। এই মন্দিৰত পূজা-অৰ্চনা কৰা পুৰোহিত সকললৈ কুমাৰ ভাস্কৰ বৰ্মাই ভূমিদান দিয়াৰ কথা তাম্ৰলিপিত পোৱা যায়। অৱশ্যে কিবা কাৰণত মাজতে এই মন্দিৰৰ অস্তিত্ব বিলুপ্ত হৈছিল আৰু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো আৱিষকাৰ কৰে। আহোম ৰজা শিৱসিংহৰ ৰাজত্ব কালত ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ হয় আৰু ৰজা লক্ষমী সিংহৰ দিনত ১৭৭০ খ্ৰীষ্টাব্দত মন্দিৰটি নতুনকৈ সজোৱা হয়। \nডুবি নামৰ উৎপত্তি[সম্পাদনা কৰক]\nডুবি নামৰ উৎপত্তি সম্পৰ্কে দুটা জনশ্ৰুতি আছে। ১/ পৰিহৰেশ্বৰ দেৱালয়ৰ বিগ্ৰহ খোদিত অঞ্চল দুৰ্বলা নামৰ এখন সৰু পাহাৰেৰে আবৃত আছিল। কালক্ৰমত সেই পাহাৰ কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহি যায়। গোটেই অঞ্চলটো ডুবি যোৱা বাবে এই অঞ্চলৰ নাম ডুবি নামেৰে জনাজাত হয়। ২/ ডুবি শব্দৰ আভিধানিক অৰ্থ হ'ল নৈ বা বিলৰ মাজৰ দ-ঠাই। ডুবি গাঁৱৰ ওচৰেদি পুষ্পভদ্ৰা নামেৰে এখন নদী বৈ যোৱাৰ চিন পোৱা যায়। জনশ্ৰুতিমতে, ডুবি অঞ্চলটো সেই পুষ্পভদ্ৰা নদীৰে কোনোবা এটুকুৰা দ-ঠাই।\nডুবিৰ তাম্ৰপত্ৰ[সম্পাদনা কৰক]\n১৯৫১ চনত ডুবিৰ ওচৰৰ গাড়ীসত্ৰ গাঁৱৰ লোকনাথ শৰ্মাৰ ঘৰৰ ভেঁটি খন্দাৰ সময়ত ছয়খন ফলি উদ্ধাৰ হয়। ছয় নম্বৰ ফলিখন মামৰ ধৰা হেতুকে টুকুৰা টুকুৰ হৈছিল আৰু পিছলৈ হেৰাইছিল। বাকী পাঁচখন ফলি এতিয়াও অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগৃহীত হৈ আছে। এই ফলিসমূহ কামৰূপ ৰজাসকলৰ উদ্ধাৰ হোৱা তাম্ৰপত্ৰসমূহৰ ভিতৰত প্ৰাচীনতম। বৰ্তমানে সংৰক্ষিত এই ফলিসমূহত মুঠতে ৭৬টা শ্লোক আছে। লিপিখন গদ্য আৰু পদ্য উভয়তে লিখা। কামৰূপ ৰজা ভাস্কৰ বৰ্মাৰ দিনৰ উদ্ধাৰ হোৱা এই ফলিসমূহ ৰজাৰ মোহৰযুক্ত ঘূৰণীয়া হেতা আকৃতিৰ এখন ব্ৰঞ্জৰ পাতৰ লগত এডাল তামৰ তাঁৰেৰে বন্ধা আছিল। মোহৰটোত এটা হাতীৰ মূৰ্তি আৰু এঘাৰ শাৰী আখৰ আছে। ভাস্কৰ বৰ্মাৰ পূৰ্বপুৰুষ নৰকাসুৰ, ভগদত্তৰ পৰা বৰ্মন ৰজাসকলৰ আৰু কেইবাগৰাকী ৰাণীৰো নাম তাত উল্লেখ আছে। লিখিত ভাষা সংস্কৃত আৰু হৰফ উত্তৰ ভাৰতীয় ব্ৰাহ্মী। আটাইকেইখন (৫ খন) ফলিত মুঠ ১১৭ শাৰী আখৰ আছে। আকৃতি দীঘে ৯.৩ ইঞ্চি আৰু পথালীয়ে ৪.৬ ইঞ্চি। অৱশ্যে মামৰ ধৰা অৱস্থাত উদ্ধাৰ হোৱা বাবে ফলিসমূহ অলপ সংকুচিত আছিল। এই পত্ৰসমূহ প্ৰকৃততে এজন ব্ৰাহ্মণক ভূমি দান দিয়াৰ পত্ৰহে। ষষ্ঠ ফলিখন নথকা হেতুকে কাক এই ভূমি দান দিয়া হৈছিল, সেয়া জনা নাযায়। আখৰৰ গঠনমতে এই ফলিসমূহ খ্ৰীষ্টীয় সপ্তম শতিকাৰ বুলি ধাৰণা কৰা হয়। এই তাম্ৰপত্ৰত আৰম্ভণিতে শিৱক প্ৰণাম কৰা হৈছে। এই তাম্ৰপত্ৰত ভাস্কৰ বৰ্মণৰ পূৰ্বপুৰুষ সকলৰ নাম তথা ৰাণী কেইগৰাকীমানৰ নামো উল্লেখ আছে। ইয়াত ৰজাসকলৰ গুণ-গৰিমা আৰু ৰাণীসকলৰ ৰূপ-লাবণ্যৰ বৰ্ণনা কৰা আছে। তাম্ৰপত্ৰত ভাস্কৰ বৰ্মণক সু-প্ৰতিষ্ঠিত বৰ্মণৰ ভ্ৰাতৃ হয় বুলিও উল্লেখ আছে।\nপৰিহৰেশ্বৰ দেৱালয়ৰ সম্পৰ্কত অন্য এখন তাম্ৰপত্ৰ আছে। এই তাম্ৰপত্ৰখন আহোম ৰজা শিৱসিংহই দান দিছিল। ১৬৬০ শক বা ১৭৩৮ খীঃত এই তাম্ৰপত্ৰখন শিৱসিংহ ৰজাৰ হকে মন্ত্ৰী তৰুণ দুৱৰা বৰফুকনে কোনোবা এজন দলৈক দিছিল। এই দানপত্ৰত বৰদেউৰী, দলৈ, পাঠক, সুপকাৰ, আঠপৰীয়া, মালীয়া(মালাকৰ), ভড়ালী, ভোগঘৰীয়া, ঢুলীয়া-ডগৰীয়া, কালীয়া, গায়ন-বায়ন, কুমাৰসাৰা (পিয়ন), ঠাকুৰীয়া, মজুমদাৰ আদি ২৮ বিধ পাইকৰ কথা উল্লেখ আছে। এই তাম্ৰপত্ৰৰ আকৃতি দীঘে ৩৩ ছেঃমিঃ আৰু বহলে ১৬ ছেঃমিঃ। ফলিখনৰ প্ৰথম ছৰশাৰীৰ ভাষা সংস্কৃত আৰু বাকী তিনিটা স্তম্ভত থকা মুঠ ৭২ শাৰীৰ ভাষা অসমীয়া। আটাইবোৰ কথাই অসমীয়া ভাষাত লিখা। ফলিখনৰ প্ৰথম স্তম্ভত ২৩ শাৰী, দ্বিতীয় স্তম্ভত ২৩ শাৰী আৰু তৃতীয় বা শেষ স্তম্ভত ২৬ শাৰী আখৰ আছে। এই তাম্ৰপত্ৰমতে ৰজাই মুঠতে ৩৫৯ পূৰা মাটি দেৱালয়ৰ নামত দান দিয়ে। এই মাটি ডুবিত ১১৯ পূৰা, হিৰমল সোণকহাত ৮ পূৰা, বাসুদেৱ গুণৰিত ১২ পূৰা, বামুণকুছি আৰু কটহকুছিত ১১০ পূৰা, তিতকা চতুৰ্ভূজত ৩৪ পূৰা, দেৱৰ গোবিন্দপুৰত ৩৭ পূৰা আৰু ঔকুছিত ২১ পূৰা আছে। এই সকলোখিনিৰ ভিতৰত ১৩০ পূৰা খাজনামুক্ত আৰু বাকীখিনিত পূৰাত বছৰি চাৰি অনাকৈ খাজনাযুক্ত।\nপৰিহৰেশ্বৰত দেৱদাসী[সম্পাদনা কৰক]\nশ্ৰীশ্ৰী পৰিহৰেশ্বৰ দেৱালয়ৰ পাইক প্ৰথা অনুসৰি স্বৰ্গদেউ শিৱসিংহৰ দিনৰে পৰা এই দেৱালয়ত তিনি প্ৰহৰে দেৱদাসী নৃত্য প্ৰদৰ্শন কৰা হৈছিল। অৱশ্যে এই পূৰ্বৰে পৰা চলি অহা জনপ্ৰবাদ মতে, ডুবি দেৱালয়ত দেৱদাসী নৃত্য এই সময়ছোৱাৰ বহু আগৰেপৰা প্ৰচলিত হৈ আছিল। ডুবিত দেৱদাসী নৃত্যৰ প্ৰচলন কৰাবলৈ কনৌজৰ পৰা ব্ৰাহ্মণ বা পূজাৰী, হাজোৰ পৰা মালাকৰ আৰু দেৰগাঁও নেঘেৰিটিঙৰ পৰা গায়ন-বায়ন আৰু দেৱদাসী অনা হৈছিল। প্ৰতিদিনে মন্দিৰত নৃত্য আৰম্ভ হোৱাৰ আগতে দবাত কোব দিয়া হৈছিল। ৰাতিপুৱা বজোৱা দবাৰ শব্দক বাহিদবা, মধ্যাহ্ণ পৰত বজোৱা দবাক হাউ দবা আৰু সন্ধিয়া আৰতিৰ পৰত বজোৱা দবাক আৰতি দবা বুলি কোৱা হৈছিল। বাহিদবাৰ কোব শুনিলেই দেৱদাসীসকল পুখুৰীত গা-ধুবলৈ নামিছিল। গা-ধুই আহি সাজ-পোছাক, আ-অলংকাৰ পিন্ধি আহি মন্দিৰৰ সন্মুখত উপস্থিত হৈছিলহি। পূজাৰীয়ে মন্দিৰত পূজা আৰম্ভ কৰাৰ লগে লগে দেৱদাসীসকলে উপাস্য দেৱতাক স্তুতি কৰিছিল আৰু পূজা শেষ হোৱাৰ লগে লগে গায়ন-বায়নৰ বাজনাত দেৱদাসীসকলে নৃত্য আৰম্ভ কৰিছিল। খোলৰ বাজনা অনুসাৰে নাচৰ মুদ্ৰা প্ৰয়োগ কৰি নাচনীসকলে নাচিছিল। দুলিয়ান দিয়া, ওলোটাখৰ দিয়া আদি ভিন্ন ভংগীৰে শিৱৰ সন্তুষ্টিৰ বাবে অংগৰে পূজা কৰি নৰ্তকীসকল ভাগৰি পৰে আৰু প্ৰভুৰ চৰণত পৰি বন্দনা কৰে। এইদৰে তিনিও ক্ষণতে দেৱদাসীসকলে নৃত্য কৰিছিল। অৱশ্যে কোনো অজ্ঞাত কাৰণত পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য বন্ধ হৈ যায়।\nবৰ্তমান সময়ত পৰিহৰেশ্বৰ দেৱালয়ত প্ৰচলিত দেৱদাসী নৃত্যৰ ২২টা নৃত্যৰ ভংগীমা আৰু ১২টা তালৰ বোল পুনৰুদ্ধাৰ কৰিব পৰা গৈছে।\nদেৱদাসী নৃত্য পৰিৱেশিত কলাৰ ভিতৰত অন্যতম। এই কলা শিৱসাধনাৰ বাবে পৰিৱেশন কৰা হৈছিল। প্ৰাচীন কালত এই নৃত্য মন্দিৰ নৃত্য ৰূপেহে খ্যাত আছিল। বৰ্তমান অসমত পৰিৱেশিত দেৱদাসী নৃত্যৰ আৰ্হি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্যৰ আলমতেই প্ৰাণ পাই উঠা।\nবিগ্ৰহৰ আৱিষ্কাৰ[সম্পাদনা কৰক]\nবৰ্তমানে মন্দিৰ থকা ঠাইৰ ওচৰৰে কোনো এখন গাঁৱৰ (ডুবি অথবা কটহকুছি) ধৰ্মবৰ নামেৰে এজন ব্ৰাহ্মণে বাস কৰিছিল। সেই ব্ৰাহ্মণৰ এজনী কজলা কপিলী গাই আছিল। ঘৰত খীৰাবলৈ নিদিয়া গাইজনীয়ে সদায় গৈ পুষ্পভদ্ৰা নদীৰ পাৰত নল-খাগৰী বিৰিণাৰে ভৰি থকা নিৰ্দিষ্ট জাৰণি এডৰাত গাখীৰ দিয়েগৈ। এই কথা ধৰ্মবৰে গম পাই জাৰণিডৰাত কি আছে জানিবলৈ যেতিয়া খান্দিলে, তাত এডোখৰ শিল দেখা পালে। ইতিমধ্যে শিলডোখৰ কোৰ ঘাপ লাগি এডোখৰ কটা গৈছিলেই। শিলডোখৰ দেখি ধৰ্মবৰ ভয় খাই গুছি আহিল আৰু গাঁৱৰ ৰাইজক কথাটো ক'লেগৈ। গাঁৱৰ ৰাইজেও বহু চেষ্টা কৰিও শিলচটা উলিয়াব নোৱাৰিলে। বৰং, যিমানেই চেষ্টা কৰিলে, শিলচটা তললৈহে গ'ল। অৱশেষত বিফল হৈ সকলো ঘূৰি আহিল যদিও ধৰ্মবৰে সপোন দেখিলে যে ভগৱান শিৱই তেওঁক শিলচটা থকা ঠাইত এটি মন্দিৰ সজাবলৈ আদেশ দিছে। লগতে এই মন্দিৰ সজালে সকলোৰে মঙ্গল হব বুলিও আশ্বাস দিলে। এয়ে মন্দিৰৰ বিগ্ৰহৰ আৱিষ্কাৰৰ কাহিনী।\nপৰিহৰেশ্বৰ দেৱালয়ৰ সৃষ্টি[সম্পাদনা কৰক]\nভাৰতবৰ্ষৰ সকলো ঠাইতে থকা শক্তিপীঠ আৰু শিৱধাম সমূহৰ প্ৰতিষ্ঠাৰ একো-একোটা পৌৰাণিক কাহিনী বা জনশ্ৰুতি আছে। সতীৰ দেহত্যাগৰ পিছত শিৱই সতীৰ শৰীৰ কান্ধত তুলি যেতিয়া ঘূৰি ফুৰিছিল, তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহটো কাটি কাটি মাটিত পেলাইছিল। সতীৰ দেহৰ অংগ পৰা সেই ঠাইসমূহত শক্তিপীঠ আৰু শিৱই জিৰোৱা ঠাইসমূহত শৱধাম গঢ়ি উঠিছিল। ডুবিৰ দুৰ্বলা গিৰিত শৱই জিৰাইছিল বাবে পৰিহৰেশ্বৰ দেৱালয় গঢ়ি উঠিছিল বুলি জনশ্ৰুতি আছে।\nপৰিহৰেশ্বৰ দেৱালয়লৈ স্বৰ্গদেউ শিৱসিংহৰ ৰজত্বকালত মন্ত্ৰী তৰুণ দুৱৰা বৰফুকনে দান কৰা তাম্ৰপত্ৰত ২৮ বিধ পাইকৰ কথা উল্লেখ আছে যদিও বাস্তৱত এই পাইকসমূহৰ কৰ্ম প্ৰযোজ্য হোৱা নাছিল। ডুবি দেৱালয়ত প্ৰচলিত পাইক বা পদবীসমূহ হ'ল-\nব্ৰাহ্মণৰ ফৈদ দুটা। বৰদেউৰী আৰু সু-পকাৰ।\nবৰদেউৰীআছিল চাৰিজন। এওঁলোক আছিল মন্দিৰৰ সৰ্বেসৰ্বা। বংশানুক্ৰমে এওঁলোকে মন্দিৰৰ মূল পূজাৰী হিচাপে সেৱা আগবঢ়াই আহিছিল।\nসু-পকাৰহৈছে মন্দিৰৰ বিগ্ৰহৰ নামত অৰ্পিত ভোগ ৰান্ধনিসকল।\nদলৈয়ে মন্দিৰৰ মাটিবাৰীৰ তত্ত্বৱধান কৰিছিল। মাটিৰ খাজনা দিয়া, ভোগ আদি আদায় কৰি পূজা-পাৰ্বন পৰিচালনা কৰাৰ দায়িত্বও আছিল দলৈৰ ওপৰতে। দেৱালয়ৰ মুখ্য পৰিচালক হ'ল দলৈ। দলৈক নিৰ্বাচিত কৰা হয় দৰদেউৰী ফৈদৰ পৰা।\nআঠপৰীয়াহৈছে দেৱালয়ত পূজা সেৱা বা অন্যান্য কামত দিন-ৰাতিৰ আঠ প্ৰহৰৰ এক প্ৰহৰ খটা মানুহ। তিনি ঘণ্টাক এক প্ৰহৰ বুলি ধৰা হয়।\nভঁৰালীমন্দিৰৰ উৎসৱ পাৰ্বনৰ বাবে ভোগৰ সামগ্ৰী ভগধনী মাটি দখলকাৰী প্ৰজাৰ পৰা আদায় কৰি আনি জমা ৰখা বা দেৱালয়লৈ দান দিয়া বয়-বস্তুবোৰ জমা ৰখা পাইক।\nমলীয়া বা মালাকৰমন্দিৰৰ পূজা দেৱাৰ বাবে নিতৌ প্ৰয়োজনীয় ফুল আৰু মালাৰ যোগান ধৰা পাইক।\nগায়ন-বায়নমন্দিৰত প্ৰচলিত দেৱদাসী নৃত্যৰ গীতৰ লগতে বাদ্য সংগত কৰা লোকসকল হৈছে গায়ন-বায়ন। এওঁলোকক নট বুলিও জনা যায়। আহোম ৰজাসকলে এওঁলোকক উচ্চ জাতৰ শূদ্ৰ (নট-কলিতা) হিচাপে গণ্য কৰিছিল। এওঁলোকৰ মাজৰ কিছুমান কুমাৰী ছোৱালীক দেৱদাসী হিচাপে নিয়োগ কৰিছিল।\nসাৰাভঁৰালীয়ে যিসকল লোকক চৌকিদাৰৰ লেখীয়াকৈ দেৱালয়ৰ কামৰ বাবে খটুৱাইছিল, তেওঁলোকেই সাৰা।\nঠাকুৰীয়া মন্দিৰত দৈনন্দিন পূজা-সেৱাত অৰ্পিত বা পৰ্ব বিশেষে অৰ্পিত ভোগ-প্ৰসাদ আদি বিতৰণ কৰা ব্যক্তিসকল হৈছে ঠাকুৰীয়া। এওঁলোকে দেৱালয়লৈ দিবলগীয়া কৰ বা খাজনা আদি আদায় কৰা কামতো দলৈক সহায় কৰিছিল।\nচিকদাৰএওঁলোক দলৈৰ সহায়কাৰী বিষয়া।\nপৰিহৰেশ্বৰ দেৱালয়ত দৈনন্দিনভাৱে শিৱ পূজা আৰু দুৰ্গা পূজা আৰু বিষ্ণু পূজা বেলেগে বেলেগে কৰা হয়। দুৰ্গাপূজাৰ সময়ত ইয়াত বলি দিয়াৰ প্ৰথাও আছে। ইয়াত এক বিশেষ ধৰণৰ বলি অৰ্ধৰাত্ৰিৰ বলি দিয়াৰ প্ৰথা আছে। দেৱালয়ত ভোগ দিয়াৰ ব্যৱস্থাও আছে। বিষ্ণুপূজাৰ বাবে নিৰামিষ আৰু শিৱ আৰু দুৰ্গাপূজাৰ বাবে আমিষ ভোগ দিয়াৰ ব্যৱস্থা আছে। উক্ত তিনি পূজাৰ উপৰিও ডুবি দেৱালয়ত দৌলযাত্ৰা, জন্মাষ্টমী, পূৰ্ণিমা তিথি, বিহু উৎসৱ, লক্ষ্মীপূজা আদিও পালন কৰা হয়। মাঘ মাহত এই দেৱালয়ত ডাঙৰ মেলা বহে। ব'হাগ মাহত দেৱালয়ত পাৰসুঁৱেৰী উৎসৱ পালন কৰা হয়। বছৰৰ প্ৰায় সকলো সময়তে এই দেৱালয়লৈ ভক্তৰ সমাগম দেখা যায়।\nপৰিচালনা পদ্ধতি[সম্পাদনা কৰক]\nপৰিহৰেশ্বৰ দেৱালয়ত পূৰ্ব-প্ৰচলিত ৰজাদিনীয়া ভূমি নীতিৰ ব্যৱস্থা স্বাধীনতাৰ পূৰ্বোত্তৰ কালত সলনি হয়। ১৯৬০ চনৰে পৰা চৰকাৰী নীতি-নিৰ্দেশনাৰে গঠিত এখন পৰিচালনা সমিতিয়ে দেৱালয়ৰ কাম-কাজ পৰিচালনা কৰে। এই সমিতিৰ গঠনৰ ফলত পূৰ্বৰ পাইক প্ৰথাৰ অৱসান ঘটে। পৰিচালনা সমিতিৰ উপৰিও দেৱালয়ৰ পূজাৰ বাবে এজন স্থায়ী পুৰোহিত, পূজাৰ জা-যোগাৰ, আলপৈচান ধৰাৰ বাবে এজন আঠপৰীয়া আছে। পৰিচালনা সমিতিৰ তৰফৰ পৰা এই সকলক বেতন দিয়াৰ ব্যৱস্থা আছে।\n↑ 1.0 1.1 টিকেন্দ্ৰনাথ কলিতা (১২ ডিচেম্বৰ ২০০৮). শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান.\n↑ আদ্য শৰ্মা. শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান. pp. অভিমত.\n"https://as.wikipedia.org/w/index.php?title=শ্ৰীশ্ৰীপৰিহৰেশ্বৰ_দেৱালয়&oldid=271332"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ১৬ এপ্ৰিল, ২০২১ তাৰিখে ১৬ঃ০৬ বজাত অন্তিম সংশোধন কৰা হৈছিল।
8a615c557f362ec7cb17f8ae74bcfd0dfb3821ba53c06d449c39c05814294e6e
সৌৰজগতৰ প্ৰাণ সূৰ্যকে ধৰি আঠটা গ্ৰহ, সমস্ত উপগ্ৰহ, ধুমকেতু আদি সকলোবোৰ মহাজাগতিক পদাৰ্থৰ ভিতৰত সম্ভৱত পৃথিৱীয়েই আটাইতকৈ সুন্দৰ, কিয়নো এই পৃথিৱীতেই সৃষ্টি হৈছে জীৱন নামৰ আপুৰুগীয়া সম্পদ বিধ। একমাত্ৰ এই পৃথিৱী নামৰ গ্ৰহটোৰ বুকুতেই পোৱা যায় সেউজীয়া পৰিস্থিতি তন্ত্ৰ। প্ৰকৃতিয়ে পৃথিৱীখন নিপুণ হাতেৰে গঢ় দিয়া ত অকণমানো কৃপণালি কৰা নাই। শিল্পীৰ ভাষাত ক'বলৈ - "সেউজী সেউজী সেউজী অ, সেউজী ধৰণী ধুনীয়া...." পিছে সভ্যতাৰ জখলা বগাই আধুনিক মানবে যান্ত্ৰিকতাৰ যি প্ৰতিযোগিতা পাতিছে, সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত সেউজী ধৰণী ক্ৰমান্বয়ে কংক্ৰিটৰ পৃথিৱীলৈ সলনি হ'ল। হেৰাই যাবলৈ ধৰিলে প্ৰাকৃতিক সৌন্দৰ্য, গছ-লতা, বিভিন্ন জীৱ আৰু বহুতো। বাঢ়ি আহিল প্ৰদূষণ, গোলকীয় উষ্ণতাৰ লগতে মেৰু অঞ্চলৰ অজ'ন গহ্বৰ কেইটাও। পৰ্বতে পাহাৰে থকা বৰফবোৰ গলি ধৰাৰ বুকুত বৰ্ধিত পানীৰ স্তৰে কেতবোৰ বিশেষ ভৌগোলিক অঞ্চললৈ কঢ়িয়াই আনিলে ভয়াবহ সমস্যা। বতৰৰ পৰিবৰ্তন, অতিবৃষ্টি, অনাবৃষ্টি, ভূমি স্খলন আদিবোৰ নৈমিত্তিক একোটা পৰিঘটনালৈ পৰিবৰ্তিত হ'ল। যি হাৰত এই পৰিবৰ্তন সমূহে পৃথিৱীক জোকাৰি গৈছে, এয়া যদি ধাৰাবাহিক ভাবে চলি থাকে তেন্তে পৃথিৱীখন আমাৰ বাবে কেতিয়াও বাসোপযোগী হৈ থাকিব নোৱাৰিব। এনেবোৰ কথা অনুধাৱন কৰিয়েই 1970 চনত পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গেইলৰ্ড নেলচন নামৰ এজন চিনেটৰে ধৰিত্ৰী দিৱসৰ ধাৰণাটো দাঙি ধৰে। এই ধাৰণাটোৰ েআৰতহজৰিয়তে বৰ্তমান সময়ত পৃথিৱীখনে মুখামুখি হোৱাৰ এনে সমস্যাৰাজিৰ বিষয়ে সৰ্বসাধাৰণৰ মাজত জাগৰণ সৃষ্টিৰ কৰাৰ লগতে আমাৰ প্ৰকৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মানুহৰ কৰণীয় বা দায়বদ্ধতা সম্বন্ধে জ্ঞাত কৰোৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় আৰু মহৎ।
a18453746e19be3461efb55ddc338fb5662ebd6cb561ac5fdde210619a1c2db6
আহমেদাবাদত তেওঁ আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ সৈতে মিলিত হ'ব আৰু বাণিজ্য সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰিব। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধি, দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) সন্দৰ্ভত জনছনে এই ভ্ৰমণকালতে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য প্ৰথমবাৰৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী এজনে ভাৰতৰ পঞ্চম বৃহত্তম ৰাজ্য গুজৰাট ভ্ৰমণ কৰিছে। শুকুৰবাৰে পুৱা জনছনে ৰাষ্ট্ৰপতি ভৱনত এক আনুষ্ঠানিক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব । জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিৰতো তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ২২ এপ্ৰিলত জনছনে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে। ভাৰত আৰু ব্ৰিটেইনৰ তৰফৰ পৰা হায়দৰাবাদ ভৱনত ২২ এপ্ৰিলৰ দুপৰীয়া প্ৰায় ১ বজাত এক যুটীয়া বিবৃতি প্ৰকাশ কৰা হ'ব। উল্লেখ্য ভাৰতৰ সৈতে ব্ৰিটেইনে কৰা বাণিজ্যিক চুক্তিৰ ফলত ২০৩৫ চনৰ ভিতৰত ব্ৰিটেইনৰ মুঠ বাণিজ্য বাৰ্ষিক ২৮ বিলিয়ন পাউণ্ডলৈ বৃদ্ধি হ'ব বুলি ধাৰণা কৰা হৈছে। বিগত বৰ্ষত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইনত ভাৰতে ৫৩০ নিযুত পাউণ্ডতকৈও অধিক ধন বিনিয়োগৰ কথা ঘোষণা কৰিছিল । ভাৰত আৰু ব্ৰিটেইনে ২০৩০ চনৰ ভিতৰত দ্বি-পাক্ষিক বাণিজ্য দুগুণ কৰিবলৈ পৰিকল্পনা কৰিছে। জনছনৰ শেহতীয়া ভাৰত ভ্ৰমণ তেনে পৰিকল্পনাৰেই এক অংশ বিশেষ বুলি ধাৰণা কৰা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b947a183eb3a92338300c26f7e2ab049b095772c1cc6bc50c6ccd2795932941e
তেওঁ নিজৰ দাস সকলক ক'লে, "এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে। কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপৰ ভার্যা হেৰোদিয়াক ভাৰ্যা ৰাখিছিল আৰু তেওঁৰ কাৰণে এইদৰে বন্দী কৰিছিল। সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে যোহনক এজন ভাববাদীৰূপে মান্য কৰিছিল। তাতে ৰজা অতিশয় দুঃখিত হ'ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে। তাৰ পাছত যোহনৰ শিষ্য সকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীচুক জনালে। যোহনৰ মৃত্যুৰ কথা শুনি যীচু অকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ'ল। কিন্তু লোক সকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল'লে। তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে। পাছত তেওঁ লোক সকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ দিলে। ইয়াৰ পাছতে, যীচুৱে শিষ্য সকলক আদেশ দিলে, তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু লোক সকলক তেওঁ নিজে বিদায় দিলে। লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ'ল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপি তেওঁ অকলশৰে তাতে আছিল। ইতিমধ্যে নাও খনে মাটি ভাগৰ পৰা আহি সাগৰৰ মাজ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাও খনে প্রায় নিয়ন্ত্রণ হেৰুৱাই ঢৌৰ কোবত ঢলং-পলং হবলৈ ধৰিলে। তাতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পোৱাত, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠিয়াই দিলে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে। তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ'ল।
4a5e98d6523bbf4659b22f2ee063903290302af338829c8e392f13e47b509b69
ডিজিটেল সংবাদ শিৱসাগৰঃ 'শিৱসাগৰ জিলাৰ তিনিওটা পৰিষদীয় সমষ্টিত বিজেপি - অগপৰ মিত্ৰজোঁটেই জয়ী হ'ব। এইবাৰ দেউৰী ৰাইজে অসমৰ ২২ টা সমষ্টিৰ ২২ টাতে জয়ী কৰাব বিজেপি অগপ মিত্ৰজোঁটক।' দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে আজি শিৱসাগৰত উপস্থিত হৈ এই মন্তব্য কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয়, আজিৰ তাৰিখত যি নিৰ্বাচনেই নহওঁক কিয় , অসমৰ খিলঞ্জীয়া মানুহৰ ওচৰত বিজেপি অগপ মিত্ৰদলৰ বাহিৰে আন কোনো দল যাব পৰা পৰিৱেশ নাই। ইয়াৰ উপৰিও কংগ্ৰেছৰ ভাৰত জোড়া যাত্ৰাক সমালোচনা কৰি তেওঁ কয়, যেতিয়া অসমত মিঞা মিউজিয়াম নিৰ্মাণ হয়, তেতিয়া কংগ্ৰেছে ,এ আই ইউ ডি এফে সমৰ্থন জনাই। খিলঞ্জীয়াৰ ওচৰত যোৱাৰ সাহস নাই। কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা দলসমূহে সেয়ে বৰ্তমান খিলঞ্জীয়া মানুহৰ ওচৰত থিয় দিব নোৱাৰে। মিঞা অধ্যুষিত এলেকাতহে সেয়ে ঘূৰি ফুৰিছে। লোকসভা নিৰ্বাচনতো এনে পৰিৱেশেই দেখিবলৈ পাব। মিঞা অধ্যুষিত এলেকাতে ঘূৰি ফুৰিব। স্বাধীনতাৰ ৭৫ বছৰে কংগ্ৰেছে ভাৰত জোড়ো কৰিব নোৱাৰিলে। কাক জোড়ো কৰিবলৈ আহিছে নাজানো। যদি মিঞাক জোড়ো কৰিবলৈ অসমত আহিছে কৰি থাকক, আগৰে পৰা জোড়িয়েই আছে। এ আই ইউ ডি এফ আৰু বিজেপিৰ গোপন মিত্ৰতা চলি থকা বুলি কংগ্ৰেছ বিধায়কে উত্থাপন কৰা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ জয়ন্ত মল্ল বৰুৱাৰ। কংগ্ৰেছৰ ঔৰসতে এই আই ইউ ডি এফৰ জন্ম। গতিকে কংগ্ৰেছৰ লগত মিত্ৰতা নকৰি কাৰ লগত কৰিব। কংগ্ৰেছ এই আই ইউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি।
dc625723903a7396ef87e67634879463c1d0bf8d262c4c97f98d47dd549a964a
যোৰহাট অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু যোৰহাট জিলাৰ সদৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া আহোম ৰাজবংশই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই চহৰখনৰ নাম 'যোৰহাট' হয়।[1] আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ ৰজা মৈদাম, লাচিত বৰফুকনৰ মৈদাম, ৰাজমাও পুখুৰী, বঙাল পুখুৰীকে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।[উদ্ধৃতিৰ প্ৰয়োজন] অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট। ৰৰৈয়াত যোৰহাটৰ বিমান বন্দৰ আছে; আনহাতে ৰেলৱে ষ্টেচনটো যোৰহাট টাউন ষ্টেচন আৰু ৰে'লৱে জংচন মৰিয়নি। অসম কৃষি বিশ্ববিদ্যালয়, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আদি যোৰহাটৰ অন্যতম উল্লেখযোগ্য প্ৰতিষ্ঠান। সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫ঃ৩০) ২০০১ চনৰ লোকপিয়ল অনুসৰি যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬৬,৪৫০ আৰু ঘনবসতি ২,৮৫১ [1]। পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৩৬,৩৬৬ আৰু ৩০,০৮৪ জন। ১৯৯১ চনৰ লোকপিয়লতকৈ এই সংখ্যা ১৮.৬৯ শতাংশ বেছি। বৰ্তমান যোৰহাট চহৰৰ মুঠ জনসংখ্যা প্ৰায় ১.৪৫ লাখ। 'যোৰহাট' শব্দটোৰ অৰ্থ হৈছে 'দুখন বজাৰ' (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "চকীহাট" আৰু "মাছৰহাট"ৰ পৰাই এই নাম আহে। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজ্যৰ ৰাজধানী শিৱসাগৰ( পূৰ্বৰ ৰংপুৰ) ৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে।[1] আহোম ৰজাসকলে নগৰখনত ৰাজমাও পুখুৰী বা বৰপুখুৰী, বুঢ়াগোঁহাই পুখুৰী, বলিয়া গোঁহাই পুখুৰী, বঙাল পুখুৰী, কটকী পুখুৰী, মিঠাপুখুৰী আদি খন্দাইছিল। কিন্তু ১৮১৭ চনৰ পিছত হোৱা উপৰ্যুপৰি মানৰ অসম আক্ৰমণত যোৰহাট নগৰ প্ৰায় সম্পূৰ্ণ ৰূপে ধ্বংস হয়। তাৰ পৰৱৰ্তী কালত যোৰহাট ব্ৰিটিছৰ দখললৈ আহে আৰু ডেভিদ স্কট, কেপ্তেইন ৰিচাৰ্দ আদি চাহাবৰ নেতৃত্বত চহৰখনৰ পুনৰ নিৰ্মাণ আৰম্ভ হয়। ১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়[1]। ১৮৮৫ চনত ব্ৰিটিছে স্থাপন কৰা নেৰ' গজ ৰেল সেৱা যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱেৰ জৰিয়তে যোৰহাটলৈ ৰেলসেৱাৰ সূচনা হয়[5]। ১৯০৯ চনত যোৰহাট পৌৰসভা গঠন কৰা হয়। যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। যোৰহাটৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ নীৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত চহৰখনত এতিয়াও পুৰণি ঐতিহ্যৰ স্বাক্ষৰ দেখিবলৈ পোৱা যায়। নাটক তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৮৯৬ চনত যোৰহাটৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ তত্ত্বাৱধানত 'যোৰহাট থিয়েটাৰ'ৰ জন্ম হয়[6]। ১৯১৫ চনত 'যোৰহাট সাহিত্য সভা' স্থাপিত হয়। অসম সাহিত্য সভাৰ এক মুখ্য কাৰ্য্যালয় ৰাধাকান্ত সন্দিকৈয়ে দান দিয়া "চন্দ্ৰকান্ত সন্দিকৈ ভৱন" ইয়াতে অৱস্থিত। যোৰহাট জিলা অসমৰ কেইবাজনো বিখ্যাত মণিষীৰ জন্মস্থান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ, জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন আদিকে ধৰি বহুতো কবি, সাহিত্যিক, গৱেষক পণ্ডিত, কাৰিকৰী বিশাৰদ, সাংবাদিকে যোৰহাটত জন্মগ্ৰহণ কৰিছিল। যোৰহাটৰ পৰা কেইবাখনো দৈনিক আৰু সাপ্তাহিক বাতৰি কাকত প্ৰকাশ হয়- ইংৰাজীত 'The North East Times' আৰু 'The Telegraph', অসমীয়াত 'সাপ্তাহিক জনমভূমি', 'দৈনিক জনমভূমি', 'আমাৰ অসম', 'অসমীয়া খবৰ' আৰু 'দৈনিক অগ্ৰদূত', হিন্দীত 'পূৰ্বাঞ্চল প্ৰহৰী'[1]। 'City Guide of Jorhat' নামৰে ১৯৮৭ চনত যোৰহাটৰ প্ৰথমখন নিৰ্দেশিকা প্ৰকাশ পায়। যোৰহাটৰ আকাশবাণী ৰেডিঅ' কেন্দ্ৰটো চহৰখনৰ গড়মূৰ অঞ্চলত অৱস্থিত। যোৰহাট চহৰ যোৰহাট (লোকসভা সমষ্টি)ৰ অন্তৰ্গত[7]। ভাৰতীয় জনতা পাৰ্টিৰ তপন কুমাৰ গগৈ যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ। আনহাতে যোৰহাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে ভাৰতীয় জনতা পাৰ্টিৰ হিতেন্দ্ৰ নাথ গোস্বামী। "যোৰহাট বিমান বন্দৰ"ক "ৰৰৈয়া বিমানবন্দৰ" বুলিও কোৱা হয়। চহৰৰ ৰৰৈয়া অঞ্চলত ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে কলকাতা, গুৱাহাটী আৰু নতুন দিল্লী লৈ ইণ্ডিগ' বিমান সেৱাৰ বিমান চলাচল কৰে। যাত্ৰীৰ সংখ্যাৰ ফালৰ পৰা ই অসমৰ ৪ৰ্থ ব্যস্ত বিমানবন্দৰ। ই পূব ভাৰতৰ প্ৰথমটো বায়ুসেনাৰ বিমানঘাটি। যোৰহাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ অন্তৰ্গত। চহৰৰ ভিতৰত যোৰহাট টাউন ৰেল ষ্টেচন আৰু কিছু আঁতৰৰ মৰিয়নিত মৰিয়নি জংচন আছে। গুৱাহাটী-যোৰহাট জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে টাউন ষ্টেচনৰ প্ৰধান ৰেল সংযোগ। উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ স্থলপথেৰে সু-সংযোগ আছে। তৰাজানৰ কটকীপুখুৰীস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ চৰকাৰী আৰু বেচৰকাৰী বাছ চলাচল কৰে। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। ১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা এই জিমখানা ক্লাবটো স্থাপন কৰা হৈছিল। স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে 'যোৰহাট জিমখানা খেলপথাৰ'ও আছে। নগৰৰ পৰা ক্লাবলৈ যোৱা পথটো ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত যোৰহাটৰ প্ৰথম পকী পথ। ৰাধাকান্ত সন্দিকৈয়ে দান কৰা চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। ১৯২৬ চনত ইয়াক সজা হৈছিল। যোৰহাটৰ পৰা চন্দ্ৰধৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত আদি ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল। যোৰহাট চহৰৰ দক্ষিণফালে ন-আলিৰ কাষত অৱস্থিত। ১৭৩৯ চনত বদন বৰফুকনে গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে তেওঁক হত্যা কৰিছিল। তাৰ বাবে তেওঁ লাভ কৰা পুৰস্কাৰ ধনেৰে এই পুখুৰী খন্দোৱায়। মানুহ মাৰি পোৱা ধনেৰে নিৰ্মাণ কৰোৱা বাবে স্থানীয় ৰাইজে ইয়াৰ পানী ব্যৱহাৰ নকৰে। বুঢ়ীগোসানী দেৱালয় হৈছে যোৰহাট চহৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।[8] মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল। ১৮৯৪ চনৰ ১ অক্টোবৰত মৃত্যু হোৱা আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধিক্ষেত্ৰ। ই টোকোলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত। যোৰহাট চহৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত ই অৱস্থিত। বিজ্ঞান কেন্দ্ৰৰ প্ৰথম মহলাত পেট্ৰ'লিয়াম (বিশেষকৈ তেল)ৰ উৎপাদনৰ সম্বন্ধীয় গেলেৰী, বালিত আঁকিব পৰা নানা ধৰণৰ আহিলা আছে। আনহাতে দ্বিতীয় মহলাত বিজ্ঞানৰ নানা ধৰণৰ আহিলা, প্ৰাকৃতিক দুৰ্যোগ সম্বন্ধীয় এটা গেলেৰী পাঁচ বছৰৰ অনূৰ্ধ্ব শিশুৰ বাবে খেলিব পৰাকৈ সুবিধা আছে। শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত "জগন্নাথ বৰুৱা মহাবিদ্যালয়" ১৯৩০ চনত যোৰহাট চহৰত প্ৰতিষ্ঠা কৰা হয়। পৰৱৰ্তী কালত চহৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠে। উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology, NEIST) টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Tea Research Institute) বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, RFRI) ভাৰতীয় শস্য সঞ্চয় ব্যৱস্থাপনা আৰু গৱেষণা প্ৰতিষ্ঠান (Indian Grain Storage Management and Research Institute) কেন্দ্ৰীয় মুগা এৰী গৱেষণা তথা প্ৰশিক্ষণ প্ৰতিষ্ঠান (Central Muga Eri Research & Training Institute) অসম কৃষি বিশ্ববিদ্যালয় (১৯৬৯ চনত স্থাপিত) উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (Industrial Training Institute) মেডিকেল ইনষ্টিটিউট, যোৰহাট (Medical Institute, Jorhat) কেন্দ্ৰীয় বিদ্যালয় (বায়ু সেনা আস্থান) কেন্দ্ৰীয় বিদ্যালয় (NEIST) কেন্দ্ৰীয় বিদ্যালয় (ONGC) যোৰহাট (লোকসভা সমষ্টি) ↑ 1.0 1.1 1.2 1.3 "About the Place". Jorhat.nic.in. http://jorhat.nic.in/about-the-place.html। আহৰণ কৰা হৈছেঃ 23 Nov 2011. ↑ "পৌৰপতিৰ একলম". Jorhat municipal board. http://www.jorhatmunicipalboard.org/as/index.php। আহৰণ কৰা হৈছেঃ April 28, 2012. ↑ "History". Jorhat.nic.in. http://jorhat.nic.in/history.html। আহৰণ কৰা হৈছেঃ 23 Nov 2011. ↑ "NFR History". NF Railway. http://www.nfr.railnet.gov.in/engir/History1.htm। আহৰণ কৰা হৈছেঃ 12 চেপ্তেম্বৰ 2020. ↑ "Jorhat District, Assam". jorhat.gov.in. http://jorhat.gov.in/history-of-jorhat.html। আহৰণ কৰা হৈছেঃ 2020-03-22. ↑ [http://www.mpmla.in/mp.php?stcode=S03&pcno=12 "M.P Jorhat, Assam, India"]. Assam. Election Commission of India. http://www.mpmla.in/mp.php?stcode=S03&pcno=12। আহৰণ কৰা হৈছেঃ ২০১১-১১-২৬.
691fced08b5067a5815a5c0fd37d21459e9ca7502d4d7c7e1815e04ee6d47fd0
নতুন দিল্লীঃ এতিয়াই তিহাৰ জেললৈ যাব নালাগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম। সোমবাৰে উচ্চতম ন্যায়ালয়ে চিবিআইৰ জিম্মাৰ ম্যাদ বৃহস্পতিবাৰলৈ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত সাময়কিভাৱে এই সকাহ লাভ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে। এই সময় সাংবাদিকতাৰ বাবে এক কঠিন সময়। সৰ্বত্ৰে ৰাজনীতিবিদ আৰু বৃহৎ বণিকগোষ্ঠীৰ হাতোৰাত বন্দী হৈ পৰিছে সংবাদ মাধ্যম। যাৰ বাবে এতিয়া সূদুৰ পৰাহত আপোচহীন সাংবাদিকতা। জীৱন ধাৰণৰ বাবে সাংবাদিকে ৰাজনৈতিক নেতা অথবা বণিকগোষ্ঠীৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে চিন্তা আৰু বিবেক। এনে এক কঠিন সময়তো সাংবাদিকসকলে যাতে মূৰ দাঙি সাংবাদিকতা কৰিব পাৰে তাৰ বাবেই বিশ্বৰ সৰ্বত্ৰে আৰম্ভ হৈছে এক নীৰৱ আন্দোলন- স্বতন্ত্ৰ আৰু নন-প্ৰফিট সাংবাদিকতা। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.
388732e8d246a30c8db44864aa6880d28c3acb68f78308dbff5c5c6e75395476
ডিজিটেল ডেস্কঃ সমাগত লোকসভাৰ নিৰ্বাচন। ইতিমধ্যে লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰৰ মাজত আৰম্ভ হৈছে প্ৰস্তুতি। অসমত কংগ্ৰেছে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক ছেমি ফাইনেল হিচাপে লৈ লোকসভালৈ সাজু হোৱাৰ কথা ঘোষণা কৰিছে ভূপেন বৰাই। আনহাতে ৰাইজৰ দলৰ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফক বাদ দি সকলো বিৰোধী ৰাজনৈতিক দলক একেখন মঞ্চৰ তললৈ আনি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বিৰোধীৰ এনে ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে বিজেপিৰ সভাপতি ভৱেশ কলিতাই এখোজ আগুৱাই গৈ কোন কেইটা সমষ্টিত নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই বিষয়ে ঘোষণা কৰিছে। বিজেপি সভাপতিগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি লোকসভাৰ নিৰ্বাচনত মুঠ ১৪ খন আসনৰ বিপৰীতে তেওঁলোকে ১২ খনতে প্ৰতিদ্বন্দিত আগবঢ়াব। দুখন আসন তেওঁলোকে মিত্ৰদলক এৰি দিব। সেই অনুসৰি আঞ্চলিকাতবাদী দল অসম গণ পৰিষদক ধুবুৰী সমষ্টি এৰি দিয়াৰ বিপৰীতে ইউ পি পি এলক কোকৰাঝাৰ সমষ্টি এৰি দিয়াৰ কথা প্ৰকাশ পাইছে। উল্লেখ্য যে ধুবুৰী সমষ্টি বৰ্তমান এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ দখলত থকাৰ বিপৰীতে কোকৰাঝাৰ সমষ্টি সমষ্টি আছে নৱ শৰণীয়াৰ দখলত। বিজেপিয়ে ধুবুৰী সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে জয়ী সম্ভাৱনা প্ৰায় শূন্য। এ আই ইউ ডি এফৰ শক্তিশালী ভেঁটি থকা ধুবুৰীত অগপয়ো যে ভাল ফল লাভ কৰিব পাৰিব সেয়া আজিৰ তাৰিখত কোনোৱেই ক'ব নোৱাৰে। এক কথাত পৰাজয় নিশ্চিত বুলি জানিয়েই বিজেপিয়ে ধুবুৰীক অগপলৈ এৰি দিছে বুলি চৰ্চা চলিছে। আনহাতে বি টি আৰত চলি থকা বড়ো, অবড়ো যুঁজখনৰ বাবেই নৱ শৰণীয়া দুবাৰকৈ সাংসদ হ'বলৈ সক্ষম হৈছে। ইউ পি পি এলক এই সমষ্টি এৰি দিলেও বি পি এফৰ সৈতে ইউ পি পি এলৰ ৰাজনৈতিক সংঘাতৰ বাবেই বেকফুটত পৰাৰ সম্ভাৱনা আছে।
8752c30e7c85cd0cd77d2b8a48c97b01e7730213dfd3adb05689ff4499ee641c
Ranveer-Deepika: লকডাউনতে গৰ্ভৱতী হ'ল নেকি দীপিকা পাডুকন? অভিনেত্ৰীৰ 'এই' মন্তব্যকলৈ ব্যাপক জল্পনা-কল্পনা- News18 assam\nHome » photogallery » lifestyle »Ranveer-Deepika: লকডাউনতে গৰ্ভৱতী হ'ল নেকি দীপিকা পাডুকন? অভিনেত্ৰীৰ 'এই' মন্তব্যকলৈ ব্যাপক জল্পনা-কল্পনা\nRanveer-Deepika: লকডাউনতে গৰ্ভৱতী হ'ল নেকি দীপিকা পাডুকন? অভিনেত্ৰীৰ 'এই' মন্তব্যকলৈ ব্যাপক জল্পনা-কল্পনা\nবিয়াৰ পূৰ্বে ৰণবীৰ দীপিকাৰ অনুৰাগী আছিল। এই কথা এটা কমেডী শ্বুত জনাইছিল ৰণবীৰে।\n। May 20, 2021, 22:02 IST\n২০১৩ চনৰ কথা। দীপিকা পাডুকনৰ হাতত তেতিয়া ইখনৰ পিছত সিখন ছবি। এক নম্বৰৰ নায়িকাৰ আসন দখল কৰি সিংহাসনত বহি আছিল অভিনেত্ৰীগৰাকী ! ঠিক তেতিয়াই এক আচৰিত মন্তব্য কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে, অহা ১০ বছৰত তেওঁ সন্তানৰ মাতৃ হ'ব খোজে।\nকেৱল ইমানেই নহয়। সন্তান নিজৰ মতে ডাঙৰ দীঘল কৰিব। শ্বুটিঙলৈও লৈ যাব নিজৰ সন্তানক। এই সকলো কথা দীপিকাই আগতীয়াকৈয়ে ঠিক কৰি ৰাখিছিল। ২০১৩ ত এই মন্তব্য কৰা দীপিকা এতিয়া ৰণবীৰৰ পত্নী। ঘৰলৈ নতুন আলহী অহাৰ সম্ভাৱনা!\n২০১৩ চনত ৰণবীৰ সিঙৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে দীপিকাৰ।\n২০১৩ চনতে চাৰিখন উল্লেখনীয় ছবিয়ে মুক্তিলাভ কৰে দীপিকাৰ। যাৰ ভিতৰত অন্যতম আছিল Goliyon Ki Raasleela Ram-Leela। ছবিখন মুক্তিৰ ৫ বছৰৰ পিছত, ২০১৮ চনত ৰণবীৰ আৰু দীপিকা বিবাহপাশত আবদ্ধ হয়।
dcc8f39ecc860f5200b3e2c2c1a1b193757210c4955681600cb4b5209da1c1b4
সংখ্যা বিজ্ঞানত সংখ্যাৰ গুৰুত্ব অপৰিসীম। সংখ্যা বিজ্ঞানে এজন ব্যক্তিৰ জন্ম তাৰিখ চাই তেওঁৰ প্ৰকৃতি আৰু ভৱিষ্যতৰ কথা ক'ব পাৰে। স্কেল ১ৰ পৰা ৯লৈকে। যদি কাৰোবাৰ জন্ম মাহৰ ১৮ তাৰিখে হয় তেন্তে ১ আৰু ৮ ৰ যোগফল ৯ হ'ব। মাহৰ ৩, ১২, ২১ বা ৩০ তাৰিখে জন্ম হ'লে অনুপাত ৩। Numerology অনুসৰি এই ৰাশিৰ প্ৰভু হৈছে বৃহস্পতি। জন্ম তাৰিখ অনুসৰি ৩ নম্বৰ জাতক-জাতিকা থকা সকলৰ কেৰিয়াৰ খৰখেদাকৈ আৰম্ভ হয়। স্বভাৱতে অতি নিৰ্ভীক। আন কাৰোবাৰ তলত কাম কৰি ভাল নাপায়। ৩ মুলংকা লোকে জীৱনত বহুত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে। বিবাহিত জীৱন সুখৰ। বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ লগত ভাল সম্পৰ্ক থাকে। বিয়াৰ পিছত তেওঁলোকৰ পত্নীৰ সৈতে এক সুন্দৰ বিবাহিত জীৱন পাৰ কৰে। মাপকাঠী ৩ ব্যক্তিত্ব, এই লোকসকল সৃষ্টিশীল। নিজৰ জীৱনত সন্তুষ্ট হয়। জীৱনৰ প্ৰতি অতি ইতিবাচক দৃষ্টিভংগী ৰাখে। মানুহৰ লগত সামাজিকভাৱে মিলিব পাৰে। বন্ধু-বান্ধৱীৰ লগত ভাল পৰামৰ্শ থাকে। জীৱনত বৈচিত্ৰ্যৰ সন্ধান কৰে। ভাল জীৱন সংগী, ৩ ৰাশিৰ জাতক-জাতিকা ভাল জীৱন সংগী হয়। কেতিয়াও সংগীক নিৰুৎসাহিত নকৰে। সিহঁত সদায় কাষতে থাকে। সংগীক বিপদত এৰি নাযায়। অতি বিশ্বাসযোগ্য হয়। ৫, ৬ আৰু ৯ এই দিশৰ লোকৰ সৈতে ভাল মিল। অৰ্থাৎ মাহৰ ৫, ৬, ৯, ১৪, ১৫, ১৮, ২৩, ২৪, ২৭ তাৰিখে জন্ম হোৱা লোকসকল।
b64f7500842e64d16228c5a12ba78c8206f0c7507a46d6ccb3d71ac58aa2a689
ডাঙৰ আবেগ-উদ্বিগ্নতাৰ অৱসান ঘটাই আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হবলৈ গৈছে। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন উদ্দীপনাৰ সৃষ্টি হব আৰু আপুনি নতুন সংগীৰ সংগ উপভোগ কৰিব। চন্দ্ৰৰ অনুকূল অৱস্থানে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। আজি আপুনি কিছু সুখকৰ খবৰ লাভ কৰিব। ইয়ে আপোনাক দায়িত্ব পালনত সহায় কৰিব।
db6df253e61151e8a9a59753ef7a9cb0a93aea59263f26a591b992cc05621e60
প্ৰথম খবৰ,ৰঙিয়াঃ ৰঙিয়া আৰক্ষী আৰু সেনাৰ ২১ নং মহাৰাজ ৰেজিমেন্টে যুটীয়া অভিযান চলাই আজি আটক কৰে দুই দুৰ্বৃত্ত। আটকাধীন দুৰ্বৃত্ত দুজনৰ জিম্মাৰ পৰা এটা ৯ এম এম পিস্তল সহ চাৰিজাই সক্ৰিয় গুলী উদ্ধাৰ হয়। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰমানন্দ কলিতাই জানিবলৈ দিয়ামতে, ৰঙিয়াৰ সমীপৰ চেপ্তিত দুৰ্বৃত্ত দুজনে আন তিনিজন সতীৰ্থৰ লগত ডকাইতি কৰাৰ পৰিকল্পনাৰে ৰৈ আছিল। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ডকাইত দুজনৰ সন্ধানত নামি পৰে। আৰক্ষীৰ এটি অভিযানকাৰী দল চেপ্তি চকত উপস্থিত হোৱাৰ লগে লগে একে সময়তে নলবাৰীস্থিত সেনাৰ ২১ নং মহাৰ ৰেজিমেন্টৰ দলটিয়েও চেপ্তিত উপস্থিত হয়। লগে লগে সেনা আৰু আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তলাচী চলোৱাত দুজন যুৱক আটক কৰে। ডকাইত দুজনৰ এজনক দক্ষিণ শালমাৰাৰ ফিকামাৰী গাঁৱৰ জাকিৰ হুছেইন, আৰু আনজনক নগৰবেৰাৰ বাদলা বজাৰৰ ইব্ৰাহিম আলী বুলি চিনাক্ত কৰা হয়। তেওঁলোকে আন তিনিজন সহযোগীৰ সৈতে ট্ৰাকত ডকাইতি কৰাৰ বাবে পৰিকল্পনা কৰি সহযোগী তিনিজনৰ অপেক্ষাত চেপ্তিৰ চকত ৰৈ আছিল বুলি স্বীকাৰোক্তি দিয়ে। আজি আবেলি ৰঙিয়া সদৰ থানাৰ টাউন উপ-পৰিদৰ্শক তথা তদন্তকাৰী বিষয়া কৃষ্ণেন্দু পাঠকে ডকাইত দুয়োজনকে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰে। আদালতে তেওঁলোকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আটকাধীন দুৰ্বৃত্ত দুজনে অস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সম্ভাৱনা নুই কৰা নাই ৰাইজে।
6947c2169baed2f17c3e0bdb5c299dd021a7c263b012bf78d696b21b6be8589f
পৰিষদে ৰাষ্ট্ৰীয় অখণ্ডতাৰ লক্ষ্যৰে বহুতো প্ৰকল্প হাতত লৈছে । তদুপৰি সামাজিক দায়িত্ব বোধেৰে বিভিন্ন অৰ্থ-সামাজিক সমস্যা তথা অন্যান্য সমস্যাৰ সমাধানৰ লক্ষ্যৰে বহুতো প্ৰকল্প হাতত লৈছে ।পৰিষদে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহ হ'ল[উদ্ধৃতিৰ প্ৰয়োজন]: ইয়াৰ উপৰিও পৰিষদে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি আহিছে । [13] বিভিন্ন বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা জৰিয়তেও এই সমস্যাবোৰ সমাধানত গুৰুত্ব আৰোপ কৰিছে।
42295cda563b61255deae169d75b1bd8be730ddc7182a396c57063f788ee6e07
এই নীতি নিয়মসমূহ ৱিকিপিডিয়ানসকলৰ সৰ্বসন্মত আলোচনাযোগে ঠিৰাং কৰা হৈছে। অনুগ্ৰহ কৰি ইয়াত একো সালসলনি নকৰিব। যদি আপুনি নিয়মসমূহৰ ক্ষেত্ৰত কিবা প্ৰয়োজনীয় সংশোধন কৰিব বিচাৰিছে তেন্তে প্ৰথমেই আলোচনা পৃষ্ঠাত আপোনাৰ মতামত ব্যক্ত কৰিব পাৰে। ধন্যবাদ। অসমীয়া ৱিকিপিডিয়াত অসম বিষয়ক উন্নত মানৰ আলোকচিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ আলোকচিত্ৰক উদগনি দি তথ্যসমৃদ্ধ আলোকচিত্ৰ বিষয়ক জাগৰণ সৃষ্টি কৰা। গোলকীয়ভাৱে অসমৰ যিকোনো বিষয়ৰে চিত্ৰসমূহ যিহেতু এতিয়াও সহজলভ্য নহয়, সেই অভাৱ দূৰ কৰি অসমৰ বিভিন্ন দিশ সম্পৰ্কে বিশ্ববাসীক অৱগত কৰোৱাতো এই প্ৰতিযোগিতাৰ ঘাই লক্ষ্য। আলোকচিত্ৰসমূহ অসম সংক্ৰান্তীয় তথ্য প্ৰকাশ কৰা বিধৰ হ'ব লাগিব। অসমৰ লগত জড়িত যিকোনো বিষয়ৰ অলোকচিত্ৰ হ'ব পাৰে। (মুগা-পলুৰপৰা আৰম্ভ কৰি বিভিন্ন পৰ্যটন স্থলসমূহলৈ, দীপ বাহন ৰিক্সাৰপৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ মুদ্ৰালৈ, বাহ্কা তিতাৰ পাতৰপৰা আৰম্ভ কৰি পৰশুৰাম কুণ্ডলৈ, চাং-গোহালিৰপৰা আৰম্ভ কৰি তলাতল ঘৰলৈ - মুঠতে অসম বিষয়ক তথ্য থকা যিকোনো ছবি।) আলোকচিত্ৰসমূহ নিজে তোলা হ'ব লাগিব। ছবিখন প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা মানেই ছবিখন প্ৰতিযোগীয়ে নিজে তোলা বুলি ধৰি লোৱা হ'ব। নকল কৰা ছবি বা আনৰ ছবি নিজৰ বুলি উল্লেখ কৰাটো দৃষ্টিগোচৰ হ'লে ছবিখনক প্ৰতিযোগিতাৰপৰা আঁতৰাই দিয়া হ'ব। ছবিত সম্বলিত বিষয়টোৰ ওপৰত চমু টোকা বা সাৰাংশ দিলে কিছুমান ক্ষেত্ৰত তথ্যৰ গুৰুত্ব বুজাত সহায়ক হয়। কিন্তু এইটো বাধ্যতামূলক নহয়। মূল উদ্দেশ্য (তথ্য প্ৰকাশ) অক্ষুণ্ণ ৰাখি প্ৰতিযোগীসকলে নিজৰ সৃজনীশীলতা আৰোপ কৰাত কোনো বাধা নাই। প্ৰতিযোগিতাৰ বিচাৰত ঘাইকৈ কলাত্মক দিশটোৰহে বিচাৰ কৰা হ'ব। একোজন প্ৰতিযোগীয়ে ইচ্ছানুসাৰে আলোকচিত্ৰ দিব পাৰিব। লগতে ছবিসমূহক একোটা ছিৰিজত ভাগ কৰা, এটা বিষয়ক পূৰ্ণ ভাৱে ছবিৰে প্ৰকাশ কৰা বা আন যিকোনো নিজস্ব উদ্ভাৱনী কৌশল প্ৰয়োগ কৰি প্ৰতিযোগীয়ে ভাগ ল'ব পাৰে। ইতিকিং কৰা বিধৰ, যৌনতা সম্বলিত, গ্লেমাৰ ছবি, বিষয়ৰ ওপৰত পক্ষপাতী মত বহন কৰা ছবি বা সামাজিক ভাৱে অগ্ৰহণযোগ্য বিষয়ৰ ছবি দিব নোৱাৰিব। এনে ক্ষেত্ৰত মতান্তৰ হ'লে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গ্ৰহন কৰা হ'ব। চিত্ৰসমূহৰ আকাৰ কমেও ৬৪০ পিক্সেল (দীঘ বা প্ৰস্থ) হ'ব লাগিব। ৰিজ'লিউছনৰ বাবে বিশেষ বাধ্য-বাধকতা নাই যদিও কমেও ৭২ পিক্সেল/ইঞ্চি হ'ব লাগিব। প্ৰয়োজনতকৈ ডাঙৰ আকাৰৰ ফাইল আপলোড নকৰিব। ভাল ৰিজ'লিউছনৰ ছবি বিচাৰৰ বাবে সুবিধা হয় হেতুকে প্ৰতিযোগীয়ে যিমানে ভাল ৰিজ'লিউছনৰ ছবি আপলোড কৰে, সিমানে ভাল। চিত্ৰৰ আপলোডৰ বাবে png, gif, jpg, jpeg, xcf, pdf, svg, djvu, tiff, tif এইকেইটাৰ ভিতৰত যিকোনো এটা এক্সটেনছনৰ ফাইল ব্যৱহাৰ কৰিব পাৰিব। ছবি ৰঙীন অথবা ক'লা-বগা হ'ব লাগিব। চকুত পৰা ধৰণে ডিজিটেল এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব। ছবিসমূহৰ দৃশ্যমান অংশত কোনো ৱাটাৰমাৰ্ক, কপিৰাইট মাৰ্ক, শিল্পীৰ নাম বা আন যিকোনো পোষ্ট-প্ৰডাকছ্নৰ সময়ত যোগ দিয়া অংশ থাকিব নোৱাৰিব। ছবিত থকা তাৰিখ আৰু সময়টোও আতৰাই দিব লাগিব। চিত্ৰখন কম্প্ৰেছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব, যাতে প্ৰয়োজনীয় ডিটেইল্ছ কমি নাযায়। ছবিসমূহ ডিজিটেল কেমেৰাৰে তুলি আপলোড কৰিব পাৰে বা তোলা ফটোৰ স্কেন কৰিও দিব পাৰে। স্কেন কৰি দিলে প্ৰতিযোগীয়ে উল্লেখ কৰিলে ভাল হয়। স্কেনিঙৰ সময়ত হোৱা কিছুমান অসুবিধা তেতিয়া বিচাৰৰ সময়ত গ্ৰাহ্য কৰিব পৰা যায়। প্ৰতিযোগীয়ে ভাগ ল'বলৈ আগবঢ়োৱা সকলো ছবি (creative commons attribution share alike) অনুজ্ঞাৰ অন্তৰ্ভুক্ত হ'ব। আৰু এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল'ব নোৱাৰিব। চিত্ৰসমূহ ৱিকিপিডিয়াৰ চিত্ৰ ভঁৰালত থাকিব আৰু প্ৰয়োজন বোধে অসমীয়াৰ লগতে যিকোনো ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰ হ'ব পাৰিব। (Creative Commons Share alike অনুজ্ঞাৰ অন্তৰ্গত কৰ্ম অইন ব্যক্তিয়ে বিতৰণ আৰু ব্যৱহাৰ কৰিব পাৰে। কিন্তু মূল স্ৰষ্টাৰ (অৰ্থাৎ আপোনাৰ) কথা বা কোন উৎসৰপৰা লোৱা হৈছে সেইটো উল্লেখ কৰাটো বাধ্যতামূলক। লগতে আপোনাৰ কৰ্মক অইন কাৰ্যত ব্যৱহাৰ কৰিলেও তাক একে অনুজ্ঞাৰ (Creative Commons Attribution Share Alike) আধাৰত বিতৰণ কৰিব লাগিব। অৰ্থাৎ অইন ব্যক্তিয়ে আপোনাৰ কৰ্মক নিজৰ বুলি বা অৰ্থ লাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। অৱশ্যে স্ৰষ্টাই নিজৰ ইচ্ছা মতে তৃতীয় ব্যৱহাৰকাৰীক অইন স্বত্ব দিব পাৰে।) তলৰ ই-মেইল ঠিকনালৈ ই-মেইল কৰি পঠিয়াব পাৰিব। মেইলৰ subject অংশত Assamese Wikipedia Photo Contest বুলি উল্লেখ কৰিব। আলোকচিত্ৰ দাখিলৰ বাবে ই-মেইল ঠিকনাঃ (assamesewikipedia@yahoo.com) আলোকচিত্ৰ দাখিলৰ শেষ সময় ৩১-মে', ২০১২। প্ৰৱেশ (Log in) কৰাৰ পাছত অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত পৃষ্ঠাত বাওঁফালে 'ফাইল আপলোড' বুলি এটা ক্লিক কৰিব পৰা লিংক পাব। ফাইল আপলোডত ক্লিক কৰিলে ছবি আপলোড কৰা পৃষ্ঠাটো দেখুৱাব। তাৰে 'choose file' বুটামত ক্লিক কৰি ওলোৱা ফাইল-বক্সত আপুনি নিজৰ কম্পিউটাৰৰপৰা ছবিখন বাচি লওঁক, লক্ষ্য ফাইলৰ নামটো ছবিখনৰ বিষয়ৰ লগত মিলি যোৱা কিন্তু চুটি নাম এটা দিয়ক (ইংৰাজীত দিব, তেতিয়াহ'লে আন ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰৰ সুবিধা হ'ব), সাৰাংশ অংশত ছবিখনৰ বিষয়, আৰু কি তথ্য বুজোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে উল্লেখ কৰক। বিঃদ্ৰঃ - অনুজ্ঞাপত্ৰৰ সঠিক নিৰ্বাচন কৰিব নাইবা সাৰাংশ অংশৰ একেবাৰে আৰম্ভণিতে বন্ধনীৰ মাজত 'অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে' বুলি লিখি দিব। অন্যথা আপোনাৰ ছবিখন প্ৰতিযোগিতাৰ বাবে অন্তৰ্ভুক্ত কৰা নহ'বও পাৰে। ৱিকিপিডিয়াত আপলোড কৰাটোৱেই প্ৰথম পছন্দ যদিও অসুবিধা পালে আপুনি (assamesewikipedia@yahoo.com) এই মেইলৰ ঠিকনালৈ ছবিসমূহ সংযুক্ত কৰি পঠিয়াব পাৰে। ছবি পঠিয়ালে মেইলৰ subject অংশত Assamese Wikipedia Photography competition বুলি উল্লেখ কৰি দিব। মেইলৰ ভিতৰত ছবিখনৰ বিষয় আৰু আপোনাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ উল্লেখ কৰিব। কেবাখনে ছবি পঠিয়ালে প্ৰতিখনৰ ফাইল নামৰ বিপৰীতে বিষয় বেলেগে বেলেগে উল্লেখ কৰিবলৈ নাপাহৰিব। শ্ৰেষ্ঠ ছবিৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বঁটা আৰু মানপত্ৰ আগবঢ়োৱা হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন শিতান সাপেক্ষে শ্ৰেষ্ঠ ছবি নিৰ্বাচন কৰা হ'ব। সৰ্ব্বোচ্চ সংখ্যক তথ্যসমৃদ্ধ আৰু মান বিশিষ্ট ছবি জমা দিওঁতাৰ প্ৰতিও বিশেষ উপহাৰ থাকিব। দুষ্প্ৰাপ্য বিষয়ৰ ছবি, দুৰ্গম স্থানৰ ছবি আদিৰ বাবে প্ৰতিযোগীক বেলেগে সন্মানিত কৰা হ'ব। আলোকচিত্ৰ প্ৰতিযোগিতা সম্বন্ধীয় সকলো ক্ষেত্ৰত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ'ব। অসমীয়া ৱিকিপিডিয়াত নতুন সদস্যৰদ্বাৰা প্ৰবন্ধ লিখাৰ উৎসাহ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতাৰ নামতে অন্ততঃ কেইটামান ভাল প্ৰবন্ধ যোগ দিয়া। লগতে নিৰপেক্ষ আৰু যুক্তিশীল তথ্যসাহিত্য ৰচনাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰা। অসমীয়া ৱিকিপিডিয়া সমাজ গোটত আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে সহায় বিচাৰিব পাৰে। ৱিকিপিডিয়াৰ ভিতৰতে লিখা প্ৰবন্ধ মাজে মাজে সম্পাদনা কৰি যাব পাৰি। সেয়ে এবাৰতে প্ৰবন্ধ এটা শেষ নকৰিলেও কোনো কথা নাই। কিন্তু ৩১ মে' তাৰিখৰ পাছত আৰু সম্পাদনা কৰিব নোৱাৰিব। প্ৰবন্ধৰ শিৰোনামাত প্ৰবন্ধৰ নামটোৰ লগতে বন্ধনীৰ ভিতৰত "প্ৰতিযোগিতাৰ প্ৰবন্ধ" বুলি উল্লেখ কৰক, উদাহৰণঃ "প্ৰবন্ধৰ নাম (প্ৰতিযোগিতাৰ বাবে)"। ৱিকিপিডিয়াৰ ভিতৰতে লিখাটো প্ৰথম পছন্দ। কিন্তু ৱিকিপিডিয়াত লিখিবলৈ অসুবিধা পালে, প্ৰবন্ধটো অসমীয়া ইউনিকোডত লিখি doc, odt, rtf বা txt যিকোনো এটা ফৰ্মেটত তলৰ ই-মেইল ঠিকনালৈ পঠিয়াই দিব পাৰে। মেইল পঠিওৱাৰ অন্তিম তাৰিখঃ ৩১-মে', ২০১২. মেইলত পঠিয়ালে subject হিচাপে, 'Article for Assamese Wikipedia competition' বুলি উল্লেখ কৰিব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ই-মেইল ঠিকনা (assamesewikipedia@yahoo.com) অসমীয়া ইউনিকোডত লিখিবলৈ অসুবিধা পালে টাইপ কৰা বা হাতে লিখা প্ৰবন্ধ তলৰ ঠিকনালৈ ডাক-যোগে পঠিয়াব পাৰিব। ডাকযোগে পঠিওৱা প্ৰবন্ধ ৩১-মে', ২০১২-ৰ আগতেই আহি পোৱাকৈ পঠিয়াব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ডাক-যোগে প্ৰবন্ধ পঠিওৱাৰ ঠিকনাঃ (Jyoti Prakash Nath, Simmtronics Semiconductors Ltd. / H.No: 1 / K.C. Das Path / P.P. Road / Rehabari/ Guwahati-8/ Phone:9864917706) প্ৰবন্ধসমূহ বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। বিশ্বকোষীয় ধাৰণাৰ প্ৰতিটো আলোচিত বিষয়ৰ সম্যক আৰু সম্পূৰ্ণ ধাৰণা দিয়াৰ প্ৰয়াস কৰা হয়। লিখিব খোজা বিষয়টোৰ ওপৰত বস্তনিষ্ঠ তথ্যৰ উল্লেখেৰে নিৰপেক্ষ ভাৱে দিশসমূহ আলোচনা কৰা হয়। এনে প্ৰবন্ধত লিখকে ভাল বা বেয়া কোনো ধৰণে নিজৰ মন্তব্য নিদিয়ে। লগতে নিজা মতবাদ আদিও আগ নবঢ়ায়। অইন তথ্যৰ আধাৰতো লেখকে নিজৰ ফালৰপৰা এইটোৱেই শুদ্ধ জাতীয় মন্তব্যও আগবঢ়াব নালাগে। প্ৰবন্ধত উল্লেখিত তথ্যসমূহ মূল কোন উৎসৰপৰা লোৱা হৈছে তাৰ উল্লেখ থকাটো বাধ্যতামূলক। কোনো ক্ষেত্ৰত নিজে জনা কিন্তু অইন উৎসত নোপোৱা কথা (উদ্ধৃতি লাগিব) বুলি উল্লেখ কৰি থ'ব পাৰে। কিন্তু এই উৎসবিহীন তথ্য যিমান পাৰি সিমান কম হোৱা উচিত। এই বিষয়ে লগত সন্নিবিষ্ট 'আৰ্হি প্ৰবন্ধ' চাওক। ৱিকিপিডিয়াৰ প্ৰবন্ধবোৰৰ এটা নিজস্ব চানেকী আছে। সেইটো 'প্ৰবন্ধ আৰ্হি'ত দেখুওৱা হৈছে। অৱশ্যে বিষয়ভেদে প্ৰবন্ধ আৰ্হি সলনি হ'ব পাৰে। এই বিষয়ে বিতংকৈ জানিবলৈ ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ এবাৰ চাই ল'ব পাৰে। প্ৰবন্ধ প্ৰতিযোগিতা ৱিকিপিডিয়া লিখিত প্ৰবন্ধ বা প্ৰতিযোগিতাৰ বাবে বেলেগে পঠিওৱা প্ৰবন্ধক একেলগ কৰি অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ৱিকিপিডিয়াৰ অভিজ্ঞ সদস্যসকলে (এবছৰতকৈ পুৰণি!!!) যোগ দিব নোৱাৰিব। প্ৰবন্ধৰ ভাষা অসমীয়া হ'ব লাগিব। প্ৰয়োজন বোধে ইংৰাজী সংজ্ঞাবাচক শব্দ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু তেনে শব্দবোৰ অসমীয়া আখেৰেৰে লিখিব লাগিব আৰু বন্ধনীৰ ভিতৰত ইংৰাজী বানানটো যোগ কৰি দিব লাগিব। সচৰাচৰ ব্যৱহাৰ নোহোৱা অসমীয়া সংজ্ঞাবাচক শব্দৰ বাবে মূল ইংৰাজী শব্দটো বন্ধনীৰ ভিতৰত উল্লেখ কৰি দিলে ভাল। প্ৰতিযোগিতাৰ বাবে জমা দিয়া যিকোনো হাতে-লিখা প্ৰবন্ধও ৱিকিপিডিয়াৰ অংশ বুলি বিবেচিত হ'ব আৰু তাক সম্পাদনা কৰি ৱিকিপিডিয়াত যোগ দিয়া হ'ব। একোটা প্ৰবন্ধ লিখাত এজনতকৈ বেছি প্ৰতিযোগী মিলি এটা গোট হিচাপে যোগদান কৰিব পাৰিব। ৱিকিপিডিয়াত লিখা প্ৰবন্ধৰ বাবে আটাইকেইজন প্ৰতিযোগীৰ নাম প্ৰবন্ধটো আৰম্ভ কৰাৰ সময়তে উল্লেখ কৰিব লাগিব। এবাৰ প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰাৰ পাছত নতুন সদস্য প্ৰতিযোগী গোটত যোগ দিব নোৱাৰিব। প্ৰবন্ধৰ বিষয়বস্তু নিৰ্দিষ্ট নহয়। মাত্ৰ লিখাৰ আগতে সেই বিষয়ক প্ৰবন্ধ ৱিকিপিডিয়াত ইতিমধ্যে আছে নেকি নিশ্চিত কৰি ল'ব, অসুবিধা পালে কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰি নিশ্চিত হওঁক। আগতে থকা দীঘল প্ৰবন্ধ আকৌ লিখিব নোৱাৰিব। কিন্তু 'পোখালি' বুলি উল্লেখ কৰি থোৱা প্ৰবন্ধ হাতত ল'ব পাৰে। প্ৰবন্ধবোৰ সম্পূৰ্ণৰূপে বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। অৰ্থাৎ নিৰপেক্ষ, সম্যক ধাৰণা দিব পৰা, আৰু তথ্য-উৎসৰ উল্লেখ (reference) থাকিব লাগিব। ৱিকিপিডিয়াৰ সম্পাদনাৰ কাৰিকৰী খুঁতিনাটি ঠিক কৰিবলৈ প্ৰতিযোগীয়ে অভিজ্ঞ সদস্যৰ সহায় ল'ব পাৰিব। কিন্তু তেনে সদস্যই মাত্ৰ টেবুল সজাই দিয়া, ৰেফাৰেন্স সঠিক স্থানত বহুওৱা, তথ্য-পেৰা কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া, ছবি কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া আদিৰ দৰে কাৰিকৰী কামত সহায়হে কৰিব পাৰিব। অভিজ্ঞ সদস্যই মূল লিখিত অংশত কোনো ধৰণৰ সালসলনি কৰিব নোৱাৰিব। হাতে-লিখা প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ সদস্যই ৱিকিপিডিয়াত সংযোগ কৰি দিব। হাতে লিখা/কাগজত লিখা প্ৰবন্ধত ৰেফাৰেন্স দিয়া অংশত নম্বৰ দি ৰেফাৰেন্সটো তলত উল্লেখ কৰিব লাগিব। উদাহৰণৰ বাবে সংযোগী 'আৰ্হি' (sample) চাওক। (sample খন বেলেগে সন্নিবিষ্ট কৰিব লাগিব।) প্ৰবন্ধ লিখোঁতাসকলে ইতিপূৰ্বে থকা যিকোনো ছবি ব্যৱহাৰ কৰিব পাৰিব। প্ৰয়োজন বোধে নিজে তোলা ছবি বা অঁকা ৰেখা-চিত্ৰ আদি আপলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। নিজে তুলি দিয়া তেনে ছবি ছবি প্ৰতিযোগিতাৰ বাবেও মান্য হ'ব। অইন উৎসৰপৰা অনা ছবি যেনে বাতৰি-কাকত, আলোচনী আদিৰপৰা কটা ছবি ব্যৱহাৰ কৰিব নোৱাৰিব। ৩১-মে' ২০১২ তাৰিখৰ পাছত আৰু বিচাৰকে চাই নিজৰ মন্তব্য নিদিয়া পৰ্যন্ত প্ৰবন্ধটো সম্পাদনা কৰিব নোৱাৰিব। অৱশ্যে তাৰ পাছত প্ৰবন্ধটো ৱিকিপিডিয়াৰ অইন প্ৰবন্ধৰ দৰে একেই বুলি বিবেচিত হ'ব আৰু সম্পাদনা আদি আন প্ৰবন্ধৰ দৰেই চলি থাকিব। সকলো প্ৰবন্ধ ৱিকিপিডিয়াৰ নিয়ম অনুসৰি Creative Commons Attribution-Share Alike অনুজ্ঞাপত্ৰৰ অধীন হ'ব আৰু প্ৰতিযোগিতাৰ পাছতো ৱিকিপিডিয়াত জমা কৰি ৰখা হ'ব। প্ৰবন্ধ এটা সম্পূৰ্ণ ৰূপে বা একোটা অংশ অইন উৎসৰপৰা নকল কৰা বা মুকলি অনুবাদ কৰা বুলি প্ৰমাণিত হ'লে প্ৰবন্ধটো প্ৰতিযোগিতাৰপৰা বাহিৰ কৰাৰ উপৰিও ৱিকিপিডিয়াৰপৰা গুচাই দিয়া হ'ব। শ্ৰেষ্ঠ ছবিৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বঁটা আৰু মানপত্ৰ আগবঢ়োৱা হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন শিতান সাপেক্ষে শ্ৰেষ্ঠ প্ৰবন্ধ নিৰ্বাচন কৰা হ'ব। পুৰস্কাৰ প্ৰদান অনুষ্ঠানটো অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি নিম্নোক্ত স্থান আৰু সময়ৰ পৰা আৰম্ভ হ'ব। স্থানঃ- কটন কলেজ, ছুডমাৰ্চন হ;ল, গুৱাহাটী, অসম। সময়ঃ- দিনৰ ১.০০ বজাৰ পৰা ৪.০০ বজালৈ। সকলো সিদ্ধান্তৰ ক্ষেত্ৰত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গ্ৰাহ্য হ'ব।
19cd63acb00d34862fb42839663ab40d585f0454f18f205c6b0d52825b58edaf
জ্ঞান-মালা/ঈশ্বৰ - ৱিকিউৎস\n←মাক আরু জিয়েক\nঈশ্বৰক মানুহে চকুৰে দেখা নেপায় কিন্তু চাৰিও ফালৰ সকলো বস্তুয়ে তেওঁ যে আছে তাৰ উজ্জ্বলভাৱে প্ৰমাণ দিব লাগিছে। কাৰ আজ্ঞাত চন্দ্ৰ সূৰ্যই আকাশত নিতৌ উদয় হই আমাক কিৰণ যোগাব লাগিছে? এই যে পৰ্ব্বত বিদাৰি নৈ ওলাই আমাক পিয়াহত পানী যোগাইছে; আমাক বিদেশলৈ অহা [ ৬১ ] যোৱা কৰাৰ সুচল কৰি দিছে, এইয়ানো কাৰ দান? ইয়াৰ স্ৰজোঁতা নো কোন? এটা ঘট দেখিলে এই ভাৰ আপোনা আপুনি মনলৈ আহে যে নিশ্চয় ইয়াৰ এজন কৰোঁতা আছে। এটা সামান্য ঘট যেতিয়া কৰোঁতা নোহোৱাকৈ হব নোৱাৰে এই অসীম ব্ৰহ্মাণ্ডও যে আপুনি হোৱা নাই এইটো নিশ্চয়।\nঈশ্বৰ প্ৰেমময়; পাতকী-পুণ্যৱান, ধনী-নিৰ্ধনী সকলোৱে তেওঁৰ সন্তান, কোনো পৰ নহয়। যি সূৰ্য্যৰ তাপ ও বতাহৰ দ্বাৰা আমি প্ৰাণ ৰক্ষা কৰিছোঁ জগতৰ পিতাই পাতকী বা নীহ বুলি কাকো তাৰ পৰা বঞ্চিত কৰা নাই। মানুহে যাক নীহ বুলি ঘিণায় পৰমেশ্বৰে তাক [ ৬২ ] তেওঁৰ বুকলৈ টানি লয়। পাপী বুলি মানুহে ঘিণত যাৰ কাষ চাপিব নোখোজে জগতৰ পিতা পৰমেশ্বৰে তেওঁৰ স্নেহময় কোলা সিহতৰ কাৰণে সদায় পাতি থৈছে। আহা আমিও জগৎপিতাৰ খোজে খোজে খোজ লবলৈ চেষ্টা কৰোঁ । তেওঁৰ প্ৰেমময় প্ৰকৃতিৰ অনুকৰণ কৰি জগতৰ সকলোকে প্ৰেম বিলাই তেওঁৰ সন্তোষ সাধন কৰোঁ।\nআমাৰ পিতৃ-মাতৃৰ পৰা এটি নতুন পোষাক, এখনি নতুন পুথি পালে আমাৰ মন আনন্দত যেনেকৈ নাচি উঠে। সেই পোষাক আৰু পুথিত যাতে অলপো চেক নেলাগে তাৰ কাৰণে আমি বৰ যত্ন কৰোঁ ।সেইদৰে আহা ঈশ্বৰৰ দান এই মানবজীৱনত যাতে অলপো অসৎকামৰ কলঙ্ক নপৰে তাৰ কাৰণে চেষ্টা কৰোঁ। দাতাই তেওঁৰ বস্তুৰ সদ্ব্যৱহাৰ হোৱা দেখিলে যেনে ৰঙ্গ পায় সেই বস্তুৰ অসদ্ব্যবহাৰে তেওঁৰ মনত তেনে কষ্ট দিয়ে। এই আমাৰ মানৱ জীৱন যদি সকলো প্ৰকাৰ সৎকামেৰে অলঙ্কৃত কৰিব পাৰোঁ তেনেহলে ঈশ্বৰে তেওঁৰ দানৰ সদ্ব্যৱহাৰ হোৱা দেখি যেনে সন্তোষ পাব তেনে সন্তোষ আমি একোৰে আৰু তেওঁক দিব নোৱাৰোঁ।\n"https://as.wikisource.org/w/index.php?title=জ্ঞান-মালা/ঈশ্বৰ&oldid=27369"ৰ পৰা অনা হৈছে\nLast edited on ২৫ মে' ২০১৯, at ০০ঃ০২\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ২৫ মে' ২০১৯ তাৰিখে ০০ঃ০২ বজাত সলনি কৰা হৈছিল।
3984f78356baafaa7a6c9317cff85ca220f89174d21352608573eb4017a06bae
আগন্তুক বৰ্ষত জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে জম্মুৰ উপায়ুক্তই জাৰি কৰিছে বিশেষ নিৰ্দেশনা। Published on : ডিজিটেল ডেস্কঃ আগন্তুক বৰ্ষত জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু অহা এমাহৰ ভিতৰত ভোটাৰ তালিকাৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে জম্মুৰ উপায়ুক্ত অৱনী লাভাছাই ভোটাৰ পঞ্জীয়নৰ বাবে নতুন নিৰ্দেশ জাৰি কৰিছে। মঙলবাৰে জাৰি কৰা এই নিৰ্দেশ অনুসৰি, এবছৰতকৈ অধিক সময় ধৰি জম্মুত বাস কৰি থকা লোক সকলক নতুন ভোটাৰ হিচাপে পঞ্জীয়ন কৰা হ'ব । অৰ্থাত যদি এজন বাহিৰৰ লোকও এবছৰতকৈ অধিক সময় জম্মুত বাস কৰে, তেন্তে তেওঁ ভোটদানৰ অধিকাৰ লাভ কৰিব পাৰে। উপাযুক্তৰ নিৰ্দেশৰ পাছতেই বহুতে ইয়াৰ বিৰোধিতা কৰিছে। নেশ্যনেল কনফাৰেন্সে ইয়াৰ বিৰোধিতা কৰি কয় যে বিজেপিয়ে ২৫ লাখ অস্থানীয় লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ এই ষড়যন্ত্ৰ কৰিছে।
389fa6886c415d00ac3ee95efc0c4ec1db6430ae761419e22787cc8f14f3d1b9
অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলাবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন স্থানৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কামকাজৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইবিলৰ মথাউৰিত দিহিং নৈৰ আৰু কোঁৱৰগাঁৱৰ মথাউৰিত দিচাং নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাংমুখ অঞ্চলৰ অফলাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে বান তথা গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে গ্রহণ কৰা ব্যৱস্থাৱলীৰো বুজ লয়। মন্ত্ৰী গৰাকীয়ে প্ৰয়োজন সাপেক্ষে অধিক শ্ৰমিক নিয়োগ কৰি খহনীয়া প্ৰতিৰোধী কাম খৰতকীয় কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ কামৰ গুণগত মানদণ্ড বজাই ৰখাৰ লগতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।কোঁৱৰগাঁৱৰ মথাউৰিৰ খহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে জলসম্পদ আৰু জলসিঞ্চন বিভাগে আলোচনা মৰ্মে মথাউৰিৰ কাষৰ পৰা দিচাং নৈত থকা জলসিঞ্চন বিভাগৰ বার্জ টো নিৰাপদ স্থানত আঁতৰাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। অফলাৰ খহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ প্ৰয়োজন সাপেক্ষে অধিক জিঅ' বেগ ব্যৱহাৰ কৰিবলৈ কয়। জিলাখনৰ যিবোৰ স্থান অধিকভাৱে খহনীয়াৰ কবলত পৰিছে তেনে স্থান সমূহত যুদ্ধকালীন ক্ষিপ্রতাৰে খহনীয়া প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ মন্ত্রী পীযুষ হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।আগন্তুক বাৰিষাৰ সময়ত অঞ্চলটোত যাতে বানপানীয়ে অধিক ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবেও উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ লগতে বিভাগীয় আন বিষয়াসকল উপস্থিত থাকে। You may also read!
7d0e6b13facacc04f91e38dda562b69aef016cb194181b70b7b5fead5bcb474f
অস্ত্ৰও আহে বিএমডব্লিউতহে : ব্যৱসায়ী, ঠিকাদাৰক লুটি বিলাসী জীৱনৰ সোৱাদ! -\nHomeৰাষ্ট্ৰীয়অস্ত্ৰও আহে বিএমডব্লিউতহে : ব্যৱসায়ী, ঠিকাদাৰক লুটি বিলাসী জীৱনৰ সোৱাদ!\nঅস্ত্ৰও আহে বিএমডব্লিউতহে : ব্যৱসায়ী, ঠিকাদাৰক লুটি বিলাসী জীৱনৰ সোৱাদ!\nডিজিটেল ডেস্ক : বিলাসীতাৰ পৰিচয় যেন বাহনতে! বহু প্ৰভাৱশালী তথা ধৰ্নাঢ্য ব্যক্তিৰ ঘৰত প্ৰায়ে দেখা যায় একো একোখন বিলাসী বাহন। কিন্তু এইবাৰ নিজৰ চখ পূৰাবলৈ নহয় মাৰণাস্ত্ৰৰ কঢ়িয়াবলৈহে ব্যৱহাৰ কৰিছে ব্যয়বহুল বাহন।\nজানিব পৰা মতে ঝাৰখণ্ডৰ মাওবাদীসকলে ব্যৱসায়ী আৰু ঠিকাদাৰৰ পৰা সংগ্ৰহ কৰা ধনেৰে ক্ৰয় কৰিছে বিলাসী বাহন। শেহতীয়াকৈ ৰাঁচীৰ পিপলছ লিবাৰেচন ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএলএফআই) কেডাৰসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰকাশ পাইছে এই তথ্য। ৰাজ্যখনৰ বাওঁপন্থী উগ্ৰপন্থীসকলৰ বিলাসী জীৱন কটাই অহাৰ উপৰি শীৰ্ষ মাওবাদীসকলে ১.৫ কোটি টকালৈকে অতি ব্যয়বহুল বাহন ব্যৱহাৰ কৰি অহা পোহৰলৈ আহিছে।\nলক্ষ্যণীয়ভাৱে, এই বাহনবোৰ বিদ্ৰোহীসকলে স্থানীয় ব্যৱসায়ীসকলৰ পৰা শুল্ক সংগ্ৰহ আৰু ইয়াৰ কেডাৰসকলক অস্ত্ৰ যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে। ৰাঁচী আৰক্ষীয়ে জাৰি কৰা এক চৰকাৰী তথ্য অনুসৰি, এছএছপিয়ে এক গোপন সূত্ৰ লাভ কৰে যে ধুৰৱাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ যোগান ধৰাৰ সৈতে জড়িত কিছুমান লোকক দেখা গৈছে। বৃহস্পতিবাৰে ৰাঁচীৰ ৰিং ৰোডৰ ওচৰৰ এটা পথৰ কাষৰ ধাবাত এটা অভিযান চলোৱা হৈছিল য'ত আৰ্য কুমাৰ সিং আৰু উজ্জ্বল কুমাৰ চাহুক আমিৰচান্দ কুমাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল। যিসকলে পিএলএফআই কেডাৰৰ বাবে চিমকাৰ্ড প্ৰাপ্ত কৰিবলৈ আহিছিল।\nইপিনে আন তিনিজন মাওবাদী নিবেশ কুমাৰ, শুভম কুমাৰ আৰু ধ্ৰুৱ কুমাৰে এখন বিএমডব্লিউ গাড়ী আৰু থাৰ জীপত পলাই যোৱাৰো খবৰ লাভ কৰিছে। খবৰ অনুসৰি তেওঁলোক পিএলএফআইৰ মুৰব্বী দিনেশ গোপেৰ দলৰ অন্তৰ্ভুক্ত। পাছলৈ আমিৰচান্দৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত, কেইবাটাও উচ্চমানৰ তাঁবু, শ্লিপিং বেগ আৰু মাওবাদী পত্ৰিকাৰ লগতে নগদ ৩.২৫ লাখ টকা উদ্ধাৰ কৰা হয়। পলায়নৰ বাবে বাকী তিনিজনে ব্যৱহাৰ কৰা গাড়ী আৰু জীপখনো আৰক্ষীয়ে জব্দ কৰিছিল।\nতেওঁলোকৰ জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা মাওবাদীকেইটাই আৰক্ষীক কৈছিল যে তেওঁলোকে গোপৰ বাবে কাম কৰে। লগতে কৈছিল যে সামগ্ৰী তথা মাৰণাস্ত্ৰসমূহ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ বিলাসী বাহন ব্যৱহাৰ কৰা হয় আৰু ধ্ৰুৱ আৰু শুভম একেটা দলৰ।\nPrevious articleদুৰ্ভাগ্যজনক! মাঘ বিহুৰ আনন্দৰ মাজতে খেৰণিত ৰান্ধনী সন্থাৰ প্ৰতিবাদ\nNext articleবিশেষজ্ঞৰ সকীয়নি-এই ভুলৰ বাবে পুনৰ বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ! কি ভুল?
b1286c034dbdfdb59fab8cd6caf993197ba5e46882b25132abe4fec491e08e7c
পূৰবী বৰুৱা এগৰাকী ওডিচি আৰু সত্ৰীয়া নৃত্য শিল্পী। দেওধানী নৃত্য বিষয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছে নৃত্যশিল্পীগৰাকীয়ে। কিন্তু এইগৰাকী প্ৰতিভাশালী শিল্পীৰ জীৱনলৈ এদিন নামি আহিছিল বিভীষিকা। চেপ্তিচেমিয়াত ভোগা নৃত্য শিল্পী পূৰবী বৰুৱাই নিজৰ জীৱনটোক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে। নৃত্যৰ প্ৰতি তেওঁৰ সমৰ্পিত প্ৰাণ। সেয়েহে নৃত্যৰ জৰিয়তে পুনৰ কৰ্মজীৱন আৰম্ভ কৰিব বিচাৰিছে পূৰবী বৰুৱাই। গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰিছে নৃত্যশিল্পীগৰাকীয়ে। পূৰবী বৰুৱাই যথাৰ্থভাৱেই প্ৰতিভাৰ স্বীকৃতিও লাভ কৰিছিল। ২০১২ চনত ইষ্ট'নিয়াৰ টাৰ্টু বিশ্ববিদ্যালয়ৰ এগৰাকী ভিজিটিং পি এইচ ডি পণ্ডিত হিচাপে গৱেষণাৰ বাবে ডৰা গৱেষণা ফেল'শ্বিপ লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা। এই ছেগতে সমূহ অসমবাসী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে নৃত্যশিল্পী গৰাকীয়ে। নৃত্যৰ জৰিয়তে মানুহক সহায় কৰাৰ পৰিকল্পনা হাতত লৈছে পূৰবী বৰুৱাই। ইতিমধ্যে তেওঁ নৃত্যৰ এখন বিদ্যালয়ো আৰম্ভ কৰিছে। লাচিতলৈ সন্মান, নে অপমান? খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
9062bd5321069b4ec04efb952dbdee8c79a4fa70fb49a0d81ff95eab76c6ee49
পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে। যেতিয়া পলেষ্টীয়া অধিপতিসকলে হাজাৰ হাজাৰ সৈন্য লৈ ক্ৰমে আগবাঢ়ি গ'ল, তেতিয়া সকলোৰে শেষত আখীচৰ লগত দায়ুদ আৰু তেওঁৰ লোকসকলো গ'ল। কিন্তু তেওঁৰ ওপৰত পলেষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক'লে, "তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ'ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে? তেতিয়া আখীচে দায়ূদক মাতি আনিলে আৰু তেওঁক ক'লে, "যিহোৱাৰ জীৱনৰ শপত, তুমি সৰল লোক, আৰু সৈন্যসামন্তৰ মাজত তুমি যে মোৰ লগত আহিছা, সেয়া মই ভাল দেখিছোঁ; কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দোষ পোৱা নাই; তথাপি অধিপতিসকল তোমাক লৈ সন্তুষ্ট নহয়। তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টীয়া সকলৰ দেশলৈ উভটি গ'ল। কিন্তু পলেষ্টীয়া সকল যিজ্ৰিয়েললৈ গ'ল।
d00a8482beea624bb72011380237d78450cdcfe78e7de2f8a6c10201d595ae94
গুৱাহাটী : ভাৰতৰ প্ৰথম এগ্ৰিগেতেড ৰিয়েল লাইফ এন্টাৰটেইনমেন্ট ষ্ট্ৰীমিং এপ ডিস্কভাৰী+য়ে 'দঙ্গলছ অফ ক্ৰাইম-দ্য আন্টোল্ড ষ্টৰি এবাউট ইন্ডিয়ান ৰেচলিং' নামৰ এক তথ্যপূৰ্ণ আৰু অনুসন্ধানমূলক চিৰিজ মুকলি কৰে। কেৱল ডিস্কভাৰী+ত প্ৰচাৰিত হ'বলগীয়া ডকুচিৰিজটোৱে কেৱল দৰ্শক আৰু অনুৰাগীসকলক ভাৰতত অলিম্পিক ক্ৰীড়া কুস্তিৰ উত্থানৰ যাত্ৰাৰ বিষয়ে অৱগত কৰাই নহয়, লগতে ক্ৰীড়াবিধ কেনেদৰে অপৰাধৰ সৈতে সম্পৰ্কিত সেই বিষয়ে এক গভীৰ অন্বেষণও কৰিব। প্ৰাক্তন মল্লযোদ্ধা আৰু প্ৰশিক্ষক, বিশিষ্ট ক্ৰীড়া সাংবাদিকৰ লগতে আইন প্ৰৱৰ্তনকাৰী বিষয়াসকলে তেওঁলোকৰ অভিজ্ঞতা, অন্তৰ্দৃষ্টি আৰু ক্ৰীড়াৰ সৈতে সম্পৰ্কিত স্মৃতিৰ সৈতে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দুটা খণ্ডৰ 'দঙ্গলছ অফ ক্ৰাইম' চিৰিজটো ক্ৰীড়া, অপৰাধ আৰু ইতিহাস শৈলীৰ দৰ্শকৰ বাবে এক ৰোমাঞ্চকৰ ডকুচিৰিজ। গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে এতিয়ালৈকে জিকা পদকৰ ক্ষেত্ৰত সাতটা পদকেৰে আটাইতকৈ সফল ব্যক্তিগত ক্ৰীড়া, কুস্তিৰ জনপ্ৰিয়তা শীৰ্ষত উপনীত হৈছিল যেতিয়া দুয়োজন প্ৰতিষ্ঠিত মল্লযোদ্ধা সুশীল কুমাৰ আৰু যোগেশ্বৰ দত্তই একেৰাহে দুখন অলিম্পিক গেমছত তিনিটা পদক জিকিছিল (বেইজিং ২০০৮ আৰু লণ্ডন ২০১২)। ভাইচ ষ্টুডিঅ' প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত আৰু পুৰস্কাৰ প্ৰাপ্ত পৰিচালক নিয়ান্থা শেখৰৰ দ্বাৰা পৰিচালিত এই তথ্যচিত্ৰখনে এজন সফল মল্লযোদ্ধাৰ সফলতাৰ যাত্ৰা প্ৰদৰ্শন কৰাৰ উপৰিও তেওঁৰ আখৰা সংস্কৃতি, কঠোৰ অনুশাসন আৰু অতুলনীয় আনুগত্যৰ ওপৰত আলোকপাত কৰিছে। ইঙ্ক'ৰ পৰিচালনা সঞ্চালক গৰাকীয়ে আৰু কয় "তথ্যচিত্ৰখনে কেৱল ডিস্কভাৰী+ত ক্ৰমান্বয়ে বাঢ়ি অহা কন্টেন্টৰ তালিকাতেই মূল্য যোগ নকৰে, লগতে আমাৰ প্লেটফৰ্মত বিষয়-সম্পৰ্কীয় অৱদানো আগবঢ়ায়। ই নিশ্চিতভাৱে এক আকৰ্ষণীয় অনুষ্ঠান হ'ব।" তথ্যচিত্ৰখনত প্ৰতিফলিত হোৱা উল্লেখযোগ্য প্ৰাক্তন প্ৰশিক্ষক আৰু মল্লযোদ্ধাসকলৰ ভিতৰত সতবীৰ সিং, বীৰেন্দ্ৰ কুমাৰ, অনিল মান আৰু ৰামফল মান আদিৰ দৰে নাম আছে। চিৰিজটোৱে কাহিনীটোৰ গভীৰতালৈ যায় যি কেৱল সাময়িকেই নহয়, লগতে ই বিভিন্ন দৃষ্টিভংগী, অন্তৰ্দৃষ্টিৰে দৰ্শক আৰু উৎসাহী ডিস্কভাৰী অনুসৰণকাৰীসকলৰ বাবে কাহিনীপ্ৰবাহটো উন্মোচন কৰে।দঙ্গলছ অফ ক্ৰাইম-দ্য আন্টোল্ড ষ্টৰি এবাউট ইন্ডিয়ান ৰেচলিং' আজিৰ পৰা কেৱল ডিস্কভাৰী+ এপত প্ৰচাৰিত হৈছে। You may also read!
1c0229c2c560982252cc1292634b55088114161e8000723eef3f6e31af1eaa01
ৱেব মিডিয়া বা নিউজ পৰ্টেল কি? গণতন্ত্ৰ চতুৰ্থ স্তম্ভ ৰূপে ই কাম কৰিছেনে? । বিতৰ্ক\nৱেব মিডিয়া বা নিউজ পৰ্টেল কি? গণতন্ত্ৰ চতুৰ্থ স্তম্ভ ৰূপে ই কাম কৰিছেনে?\nJuly 22, 2020 July 22, 2020 Editor\t0 Comments\nৱেব মিডিয়া বা নিউজ পৰ্টেল! আজিৰ দিনত সংবাদ মাধ্যমৰ ক্ষেত্ৰত সততে শুনিবলৈ পোৱা এটা শব্দ। সংবাদ মাধ্যম কোন দিশে গতি কৰিছে আজিৰ দিনত?\nআজিৰ যুগক সাধাৰণ ভাৱে কবলৈ গলে ডিজিটেল যুগ বুলিও অভিহিত কৰা হয়। ভাৰতত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। কাৰণ এখন গণতান্ত্ৰিক দেশত কিদৰে গণতন্ত্ৰ ৰক্ষা হৈ আছে, দেশৰ সকলো প্ৰকৃত খবৰ সাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বাবে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে খ্যাতি দিছে সংবিধানে। সংবাদ মাধ্যমে আৰম্ভণি ভাৰতত সৰ্বপ্ৰথমে বাতৰি কাকত ৰূপে আত্মপ্ৰকাশ কৰিছিল। এই বাতৰি কাকত সমূহে ভাৰতৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত আহে টেলিভিচনত প্ৰচাৰ হোৱা দূৰদৰ্শনৰ বাতৰি। ইয়াৰ পাছত আহে ছেটেলাইট চেনেল। ইয়াৰ মাজতে অল ইণ্ডিয়া ৰেডিঅয়ে পূৰ্বৰেপৰা আজিলৈকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু বৰ্তমান যুগৰ লগতে পৰিবতৰ্ন হৈছে সংবাদ মাধ্যমৰ ধাৰাও। এতিয়া ডিজিটেল যুগ। যুগৰ লগত সলনি হৈ বৰ্তমান সংবাদ মাধ্যম সমূহে ৱেবচাইটৰ ৰূপেও আত্মপ্ৰকাশ কৰিছে। এই ৱেবছাইটত কোনো বাতৰি প্ৰকাশ কৰি যদি ইয়াক ফেচবুক, ইউটিউব বা হুৱাতচ্ আপত শ্বেয়াৰ বা বিতৰণ কৰা নহয় তেন্তে এই বাতৰি সাধাৰণ ৰাইজৰ মাজত অধিক বিতৰণ হোৱাত যথেষ্ট কষ্ট হয়। যাৰ বাবে কোনো এটা বাতৰি পৰিবেশন হোৱাৰ পাছত এই চছিয়েল মাধ্যম সমূহত বিতৰণ কৰা হয়। যিহেতু আজিৰ দিনত এইসমূহৰ ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আহিছে। দেশত বৰ্তমান জনসংখ্যাৰ প্ৰায় ৭০%-৭৫% নাগৰিকে এনড্ৰইড মোবাইল ব্যৱহাৰ কৰে। সেই হেতুকে প্ৰায় সকলোৱে মোবাইলত ফেচবুক, হুৱাতচ্ আপ আদি ব্যৱহাৰ কৰে। এতিয়া সকলো ধৰণৰ বাতৰি টিভিতকৈ এই নিউজ পৰ্টেল সমূহত আগতীয়াকৈ পোৱাৰ বাবে ৰাইজে আজিৰ দিনত নিউজ পৰ্টেলত বাতৰি পঢ়া বা চোৱাটো বেছি পছন্দ কৰে।\nকিন্তু এইখিনিতে এটা মন কৰিবলগীয়া কথা হল যে ফেচবুকত আমি সকলোৱে বিভিন্ন ধৰণৰ নিউজ চেনেলৰ পেজ সততে দেখিবলৈ পাওঁ। ৱেব পৰ্টেল আৰু ফেচবুক নিউজ পেজৰ মাজত পাৰ্থক্য আছে। আজিৰ যুগটো যিহেতু ডিজিটেল যুগ গতিকে ফেচবুক সাংবাদিকৰ সংখ্যা দিনক দিনে বাঢ়ি যোৱাটোৱেই স্বাভাৱিক। তদুপৰি পূৰ্বৰ একমুখী সাংবাদিকতাৰ চৰিত্ৰ যিহেতু সামাজিক মাধ্যমৰ প্ৰভাৱত উভমুখী হ'ল, সেয়ে সামাজিক মাধ্যম যোগে সম্প্ৰচাৰ কৰা সংবাদ অধিক জনপ্ৰিয়। আনহাতে ফেচবুকত পৰিচালিত হোৱা নিউজ পেইজসমূহৰ কিন্তু সৰহ সংখ্যকৰেই নাই কোনো ৱেবছাইট। সাধাৰণতে ৱেব পৰ্টেল বা নিউজ পৰ্টেল হবলৈ হলে ৱেবছাইট থকাতো একান্তই বাঞ্ছনীয়। কিন্তু আজিৰ দিনত ফেচবুকত একাংশই নিউজৰ পেজ খুলি সংবাদ মাধ্যমৰ মান নিম্নগামী হোৱাত হাত উজান দিয়া পৰিলক্ষিত হৈছে। সাধাৰণভাৱে চাবলৈ গলে এইসমূহ পেজৰ বা-বাতৰি দিয়াৰ ধৰণ একেবাৰে ৱেব পৰ্টেলৰ দৰেই, কিন্তু এইসমূহ ৱেব পৰ্টেলৰ শাৰীত নপৰে বা সৰহভাগৰেই নাথাকে যাৱতীয় নথিপত্ৰ। আনহাতে একাংশ ৱেব মিডিয়াই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে মনেসজা সংবাদ বা পেইড নিউজ পৰিৱেশন কৰাৰ বিষয়েও সততে অভিযোগ উত্থাপন হৈ আহিছে। এইসমূহে সংবাদ মাধ্যমৰ কোনোধৰণৰ নিতী নিয়ম মনা আজিকোপতি পৰিলক্ষিত হোৱা নাই। এইক্ষেত্ৰত চৰকাৰৰ বিভাগীয় কতৃপক্ষই সকলো ৱেব পৰ্টেল বা এই ফেচবুকৰ নিউজ পেইজসমূহৰ ওপৰত চকু দিয়া বৰ্তমান সময়ত একান্তই প্ৰয়োজনীয় হৈ পৰিছে।\nআজিকালি কিছু কিছু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ একাংশ জনপ্ৰিয় সাংবাদিক মালিক পক্ষৰ তলত থাকি নিজৰ স্বতন্ত্ৰতা বজাই ৰাখিব নোৱাৰি বা মালিকপক্ষৰ হেচাঁৰ বাবে একপক্ষীয় বাতৰি পৰিৱেশন কৰিব লগাত পৰাৰ বাবে নিজাকৈ এটা ৱেব পৰ্টেল বা নিউজ পৰ্টেলৰ আৰম্ভ কৰি নিৰপেক্ষভাৱে নিজৰ কাৰ্য সম্পাদন কৰা দেখা যায়। এইক্ষেত্ৰত নিউজ পৰ্টেল পৰিচালনা কৰা সাংবাদিক সকলে নিৰপেক্ষ বা স্বতন্ত্ৰ হৈ সংবাদ পৰিৱেশন কৰিবলৈ অন্য কোনো মালিকানাধীন সংবাদমাধ্যমতকৈ আজিৰ দিনত নিউজ পৰ্টেল সমূহত যথেষ্ট সুবিধা পোৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত সকলো নিউজ পৰ্টেলে গণতন্ত্ৰৰ প্ৰহৰী ৰূপে সঠিকভাৱে কাম কৰিছেনে নাইকৰা সেই বিষয়টো আমি সাধাৰণ জনতাৰ কাঠগড়াত বিচাৰৰ বাবে আগবঢ়াই দিলো।\nযদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত 'লাইক' কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক 'চাবস্ক্ৰাইব' কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।\n← শিৱসাগৰত ১৪৪ ধাৰা জাৰিঃ\n৫ বা তাতোধিক লোকৰ সমাবেশ নিষিদ্ধ\nএজাক বৰষুণে উদঙালে শিৱসাগৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ →\nলকডাউনত দৰিদ্ৰজনৰ কাষত মিছাজানৰ বিশিষ্ট ব্যৱসায়ী ৰাজাউদ্দিন আহমেদ\nApril 6, 2020 Editor\t0\nশিৱসাগৰত মন্ত্ৰী অতুল বৰা আৰু ফণীভূষণ চৌধুৰীৰ বিভাগীয় বৈঠক\nঅসমত ক'ৰনা আক্ৰান্তৰ সংখ্যা পালেগৈ ৭৯ জনলৈঃ গুৱাহাটীত নতুনকৈ আক্ৰান্ত ১৫ ব্যক্তি কোন?
8e2bc4879364f383713a669e757b7bdf479a60371872d41f9f61412bbf1f45f2
অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন ২০১৯ চনৰ ১ ফেব্ৰুৱাৰিৰ পৰা ৰহাত অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। অসম সাহিত্য সভাৰ চলিত কাৰ্যনিৰ্বাহকৰ দ্বিতীয়খন সভা দিনজোৰা কাৰ্যসূচীৰে ডিফুত শনিবাৰে অনুষ্ঠিত হয়।ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যনিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ডিফু সাহিত্য সভাৰ উদ্যোগত পুৱা দহ বজাৰ পৰা ডিফুৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে। মুখ্য কাৰ্যবাহীগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে অসম সাহিত্য সভাই সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙতো ঐক্য-শান্তিৰ বাবে কাম কৰি যাব। তেওঁ এইক্ষেত্ৰত পৰিষদৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ'ব বুলি আশ্বাস দিয়ে। কাৰ্যনিৰ্বাহকৰ অন্তত সাংবাদিকেৰে হোৱা বাৰ্তালাপত সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬, এন আৰ চি সন্দৰ্ভত সভাই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে। সভাপতিগাকীয়ে লগতে কয় যে সভাই এই সকলো দিশ বিতংভাৱে আলোচনা কৰি অহা ২৩ জুলাইত গুৱাহাটীত এখন সংবাদমেলৰ জৰিয়তে সভাৰ স্থিতি আনুষ্ঠানিকভাৱে সদৰী কৰিব। আনহাতে, শুকুৰবাৰে সাহিত্য সভাৰ ডিফুৰ কাৰ্যালয় ৰাংছিনা ভৱনত ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ড০ দিলীপ কলিতাক জয়ছিং হান্সে সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। উক্ত বঁটাত আছে ১০ হেজাৰ টকা আৰু এখন প্ৰশস্তিপত্ৰ। কাৰ্বি ভাষা-সাহিত্য সন্দৰ্ভত কেইবাখনো গৱেষণামূলক গ্ৰন্থ ৰচনা কৰা ড০ কলিতা গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক। জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
4237f61c60df0eeec135e7525ae4d17e9b25c65a097c45218102d1f280fa46bf
নতুন দিল্লী : অসমত হাফপেণ্ট বিতৰ্কই খলকনি তোলাৰ সময়তে এইবাৰ ছ'চিয়েল মিডিয়া গৰম হৈছে শাড়ী বিতৰ্কই। দিল্লীৰ ৰেস্তোঁৰাত শাড়ী পিন্ধা মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এই বিতৰ্কৰ সৃষ্টি হয়। দৰাচলতে এগৰাকী শাড়ী পৰিধান কৰি সাংবাদিক অনিতা চৌধুৰীয়ে 'অক্কিলা দিল্লী' নামৰ ৰেস্তোঁৰালৈ গৈছিল। কিন্তু প্ৰৱেশদ্বাৰতেৰেস্তোঁৰাৰ কৰ্মচাৰীয়ে তেওঁক শাড়ী পিন্ধি যোৱাৰ বাবেই ৰেস্তোঁৰাত প্ৰৱেশৰ অনুমতি নিদিলে। কৰ্মচাৰীজনে ক'লে, "আমি কেৱল স্মাৰ্ট কাপোৰ পিন্ধা লোককহে প্ৰৱেশৰ অনুমতি দিও।" তেতিয়া সাংবাদিকগৰাকীয়ে মন্তব্য কৰে, "অনুগ্ৰহ কৰি আপুনি স্মাৰ্ট কাপোৰ কি হয় জনাওক।" সাংবাদিক অনিতা আৰু ৰেস্তোঁৰাৰ কৰ্মচাৰীজনৰ বাৰ্তালাপৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম ফেচবুকত। ফেচবুকত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ভিডিঅ'টোৱে। তেজপুৰত হাফপেণ্ট পৰিধান কৰা যুৱতীক পৰীক্ষা হলত প্ৰৱেশ কৰিব নিদিয়াত অসমত সামাজিক মাধ্যমত বিপৰীত দৃষ্টিভংগীৰ দুই পক্ষৰ মাজত প্ৰৱল বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া দিল্লীৰ এই ঘটনাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে একে ধৰণৰ বিতৰ্কৰ। সাংবাদিক অনিতাই ফেচবুকত ভিডিঅ'টো পোষ্ট কৰি মন্তব্য কৰিছিল, "শাড়ী পিন্ধাৰ বাবেই মোক দিল্লীৰ এখন ৰেস্তোঁৰাত প্ৰৱেশৰ অনুমতি দিয়া নহ'ল। কাৰণ ভাৰতত শাড়ী স্মাৰ্ট পোচাক নহয়! দিল্লীৰ ৰেস্তোঁৰাখনত হোৱা অপমান মই জীৱনকালত সন্মুখীন হোৱা সবাতোকৈ তীব্ৰ অপমান। 'মই দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰী, দিল্লী আৰক্ষী আৰু ৰাষ্ট্রীয় মহিলা আয়োগক আহ্বান জনাইছো তেওঁলোকে যাতে স্মাৰ্ট পোচাকৰ প্ৰকৃত সংজ্ঞা সন্দৰ্ভত মোক অৱগত কৰে।" ইয়াৰ পাছতেই বিষয়টোক লৈ সামাজিক মাধ্যমত বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যথেষ্ট সংখ্যক লোকে ইয়াক ভাৰতীয় সাজ-পোচাকৰ বাবে চৰম অপমানজনক আখ্যা দিছে। ইফালে, সাংবাদিক অনিতা চৌধুৰীয়ে ৰাষ্ট্রীয় মহিলা আয়োগক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনোৱাৰ পাছতে তত্পৰ হয় মহিলা আয়োগ। মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই ৰেস্তোৰাঁখনত সাংবাদিকগৰাকী অপমানিত হোৱাৰ ঘটনাক নিন্দা কৰে। ইপিনে শাড়ী বিতৰ্কক লৈ এতিয়া মুখ খুলিছে অক্কিলা ৰেস্তোঁৰাই। অক্কিলা দিল্লী ৰেস্তোঁৰা অক্কিলাই নিজকে ভাৰতীয় কোম্পানী বুলি উল্লেখ কৰি ইনষ্টাগ্ৰাম একাউণ্টত স্পষ্টীকৰণ দি কয় যে ৰেস্তোঁৰাখন ভাৰতীয় সংস্কৃতিৰ সদায় শ্ৰদ্ধা কৰে । অক্কিলাই আধুনিক আৰু পৰম্পৰাগত দুয়োধৰণৰ পোচাক পৰিধানকে আদৰণি জনায়। ৰেস্তোৰাঁখনৰ কৰ্তৃপক্ষই ইয়াৰ যুক্তিত ৰেস্তোৰাঁখনত পূৰ্বে উপস্থিত থকা পৰম্পৰাগত পোচাক পৰিহিত লোকৰ আলোকচিত্ৰ আপলোড কৰে। সমগ্ৰ ঘটনাক্ৰম সন্দৰ্ভত সাংবাদিক অনিতা চৌধুৰীকে দোষাৰোপ কৰে অকিলা ৰেস্তোৰাঁই। ৰেস্তোৰাঁখনৰ স্বত্বাধিকাৰীয়ে কয় যে- অনিমা চৌধুৰীৰ নামত সংৰক্ষণ নাছিল। সেইবাবে ৰেস্তোৰাঁৰ কৰ্মচাৰীয়ে তেওঁক বাহিৰত অপেক্ষা কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছিল। কিন্তু সাংবাদিকগৰাকীয়ে ৰেস্তোৰাঁৰ ভিতৰলৈ গৈ তৰ্ক-বিতৰ্কত লিপ্ত হয়। ৰেস্তোৰাঁ কৰ্তৃপক্ষই আনকি সাংবাদিক অনিতাই অক্কিলাৰ পৰিচালককো চৰিওৱাৰ অভিযোগ তোলে। Share : Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
05178d57236f407be58ef440cfe293b579c4e22a831c363c465c02bedb254ca8
মাও জেদঙে ১৯৬৬ চনৰ মে' মাহত এই আন্দোলন আৰম্ভ কৰে। তেওঁ তৰুণ প্ৰজন্মক "সদৰস্থানসমূহত বোমাবৰ্ষণ" কৰাৰ আহ্বান জনাছিল আৰু "বিদ্ৰোহী হোৱা ন্যায়সঙ্গত" বুলি ঘোষণা কৰিছিল। মাওৱে অভিযোগ কৰিছিল যে বুৰ্জোৱা উপাদানসমূহে পুঁজিবাদী পুনৰুদ্ধাৰ কৰাৰ স্বাৰ্থত চৰকাৰ আৰু সমাজত অনুপ্ৰবেশ কৰিছেহি। পিপলছ লিবাৰেশ্বন আৰ্মিৰ (পিএলএ) প্ৰধান লিন বিয়াও (Lin Biao)-ক মাওৰ উত্তৰসূৰি হিচাপে সংবিধানত লিখা হৈছিল। লিনে "লিটল ৰেড বুক" নামৰ কিতাপ এখনত মাওৰ নিৰ্বাচিত উক্তিবোৰ সংকলিত কৰিছিল, যি পাছলৈ গৈ মাওৰ ব্যক্তিত্বৰ অনুগামীসকলৰ মাজত এক পবিত্ৰ গ্ৰন্থ ৰূপে স্থান লাভ কৰিছিল। চীনৰ কমিউনিষ্ট দল (চিপিচি)-ৰ ভিৰতৰ প্ৰতিদ্বন্দ্বীবোৰৰ লগতে স্কুল, কাৰখানা আৰু চৰকাৰী প্ৰতিষ্ঠানবোৰৰ পৰা প্ৰতিদ্বন্দ্বীবোৰক নিৰ্মূল কৰাৰ হৈছিল। চীনৰ যুৱ প্ৰজন্মই দেশজুৰি ৰেড গাৰ্ড গ্ৰুপ গঠন কৰে প্ৰতিক্ৰিয়া জনায়ছিল, তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বী দলৰ সৃষ্টি হৈছিল আৰু এই দলবোৰে উন্মুক্ত যুদ্ধত লিপ্ত হয়। শিক্ষানুষ্ঠানসমূহ বন্ধ আছিল। নগৰকৰ্মীসকলেও একেদৰেই উপদলত বিভক্ত হৈ পৰিছিল আৰু আইনা-শৃঙ্খলা পুণৰুদ্ধাৰৰ বাবে পিএলএ-ক নিয়োজিত কৰিব লগা হৈছিল। উচ্চপদস্থ বিষয়া-কৰ্মচাৰীসকলক নিৰ্বাসিত কৰা হৈছিল। লাখ-লাখ লোকক সোঁপন্থী হোৱাৰ অভিযোগ কৰা হৈছিল আৰু তেওঁলোকৰ ওপৰত নিৰ্যাতন কৰা হৈছিল। তেওঁলোক ৰাজহুৱা মনাহানি, কাৰাবন্দী, নিৰ্যাতন, কঠোৰ পৰিশ্ৰম, সম্পত্তি দখল, মৃত্যুদণ্ড নাইবা আত্মহত্যা কৰিবৰ বাধ্য কৰোৱা হৈছিল। চহৰৰ বুদ্ধিজীবী যুৱকসকলক গ্ৰামাঞ্চলৈ প্ৰেৰণ কৰা হৈছিল। ৰেড গাৰ্ডসকলে ঐতিহাসিক স্থান আৰু বস্তুবোৰৰ লগতে সাংস্কৃতিক আৰু ধৰ্মীয় স্থানসমূহ ধ্বংস কৰিছিল। ↑ "A Brief Overview of China's Cultural Revolution". Encyclopedia Britannica. https://www.britannica.com/story/chinas-cultural-revolution। আহৰণ কৰা হৈছেঃ 12 June 2019. ↑ "Resolution on Certain Questions in the History of Our Party Since the Founding of the People's Republic of China," adopted by the Sixth Plenary Session of the Eleventh Central Committee of the Communist Party of China on June 27, 1981 Resolution on CPC History (1949-81). (Beijing: Foreign Languages Press, 1981). p. 32. অদৃশ্য শ্ৰেণীঃ এই পৃষ্ঠাখন ১৯ জানুৱাৰী, ২০২১ তাৰিখে ১০ঃ১৫ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
79fe095b9096e1a0838c6365c299dab60786c8f9f89c1ff9ce9786d2066bd43a
ভুল ঢাকিবলৈ আৰু কি ভুল কৰিলে টেৰছ গোৱালাই... - Asomiya Pratidin - অসমীয়া প্ৰতিদিন । Highest Circulated Assamese News Paper & News Portal\nভুল ঢাকিবলৈ আৰু কি ভুল কৰিলে টেৰছ গোৱালাই...\nভুল হৈ যায়! ভুল স্বীকাৰ কৰি তেনে ভুল নকৰাৰ সংকল্প ল'লে মানুহ সৰু হৈ নাযায়। কিন্তু তাকে নকৰি এটা ভুল ঢাকিবলৈ আন এটা ভুল কৰিলে কথাবোৰ বাঢ়ি যায়। ২৫ ফেব্ৰুৱাৰী, ২০২০ত দুপৰীয়া সময়ত চানমাৰী গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখৰ ন' পাৰ্কিং চাইন বোৰ্ড আঁৰি থোৱা স্থানত এজন বিধায়কে গাড়ী পাৰ্কিং কৰি থৈ যোৱাক লৈ কিছু অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল।\nন' পাৰ্কিং জ'নত এএছ০১ বিভি ০০০৫ নম্বৰৰ হুণ্ডাই ক্ৰেটা গাড়ীখন দীৰ্ঘ সময় ধৰি ৰখাই থোৱাৰ বাবে যান বাহন শাখাৰ আৰক্ষীয়ে নিয়ম অনুসৰিয়েই গাড়ীখনত হুইল ক্লেম লক লগাই দিছিল। যান বাহন শাখাৰ আৰক্ষীৰ এই কাৰ্যত ক্ষোভিত হৈ পৰি এগৰাকী জনপ্ৰতিনিধিয়ে আৰক্ষী গৰাকীক দুৰ্ব্যৱহাৰ কৰা আৰু শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছিল।\nগাড়ীখনত ৩জনকৈ শাসকীয় দলৰ বিধায়ক ক্ৰমে- সুৰেন ফুকন, টেৰছ গোৱালা আৰু চক্ৰ গগৈ আছিল। যান বাহন শাখাৰ আৰক্ষীৰ এজন কনিষ্টবলে মোবাইলেৰে ফটো তোলাত আপত্তি দৰ্শাই বিধায়ক টেৰছ গোৱালাই তেওঁক বাধা দিয়া বুলি উল্লেখ কৰিছে ইতিমধ্যে।\nসাধাৰণতে এনেধৰণে যান বাহনত হুইল ক্লেম লক লগালে একোখন ফটো তুলি থয়। এই কাৰ্যত আৰক্ষীক বাধা দি শাৰিৰীকভাৱে অপদস্থ কৰাৰ দৃশ্য কিছু উপস্থিত লোকে প্ৰত্যক্ষ কৰাৰ পাছত বিধায়কৰ গাড়ীখনক বাধা দি কিয় আৰক্ষীৰ লগত এনে ব্যৱহাৰ কৰা হৈছে বুলি প্ৰশ্ন কৰিছিল।\nইতিমধ্যে চৰ্চিত হৈ পৰা এই খবৰৰ পাছত দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালাই অভিযোগ কৰিছে যে সেইদিনা আচলতে তেওঁ আৰক্ষীক অপদস্থ কৰা নাছিল। ইয়াৰ বিপৰীতে যান বাহন শাখাৰ আৰক্ষীয়েহে তেওঁক অশ্ৰাব্য ভাষাত গালি গালাজ কৰা বুলি অভিযোগ তুলি যান বাহন শাখাৰ কৰ্তব্য পালন কৰা বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে উৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিলে।\nএই ঘটনা সন্দৰ্ভত টেৰছ গোৱালাই কয়, 'অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত বিধায়িনী দলৰ বৈঠক হৈছিল, এই বৈঠক শেষ কৰাৰ পাছত আমি যিবোৰ সমষ্টিত ৰাস্তাৰ কাম চলি আছে, সেই সম্পৰ্কে কথা পাতিবলৈ মই, ডিগবৈৰ বিধায়্ক সুৰেন ফুকন আৰু মৰান সমষ্টিৰ বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াই একেখন গাড়ীৰে আমি চানমাৰীত থকা পি ডব্লিউ ডিৰ ছীফ ইঞ্জিনিয়াৰক লগ পাবলৈ গৈছিলো। লগ পাবলৈ যাওতে আমি দেখিলো কেম্পাছত যথেষ্ট গাড়ী সোমাই আছে, সেইবাবে আমাৰ ড্ৰাইভাৰে অন্যান্য গাড়ী যিদৰে ৰখাই থোৱা আছিল, তাৰ পিছফালে গাড়ীখন ৰখাই দিলে।'\nএইখিনিলৈকে ঠিকেই আছে। কিবা কাৰণত গাড়ীখন তাতে ৰখালে আৰু নৰখাব লগা ঠাইত গাড়ীখন ৰখোৱাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে। যান বাহন শাখাৰ আৰক্ষীৰ এয়া দায়িত্ব। এখন গাড়ীৰ বাবে সেই পথেৰে অহা যোৱা কৰা আন সাধাৰণ কিমান লোক সমস্যাত ভূগিব পাৰে, সেই কথা তথাকথিত এইসকল ভিভিআইপিয়ে বুজি নাপাবও পাৰে।\nস্পষ্টীকৰণ দি টেৰছ গোৱালাই কৈছিল- 'কাম কৰি আহি আমাৰ গাড়ীৰ চকাটোত তলা মৰা দেখা পাই সোধপোছ কৰি গম পালো, পুলিছে লগাইছে। পিছফালে দেখা পালো এখন পুলিছৰ গাড়ী আছিল। আমি বিষয়াগৰাকীক আমাৰ ড্ৰাইভাৰ আৰু সুৰেন দাই ক'লে যে গাড়ীটো আমাৰ হয়, আমি বিধায়ক হয়, কি কৰিব এতিয়া? যদি ফাইন কাটিলে কাটক, নহ'লে গাড়ীৰ চকাটো খুলি দিয়ক আমি যাও। বিষয়াগৰাকীয়ে এইটো ব্যৱস্থা গ্ৰহণ কৰি থাকোতেই অন্য এগৰাকী কনিষ্টবল হয় নেকি নাজানো, তেওঁৰ নাম বিষ্ণু বৰাই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰে। আমি মানা কৰিলো, ভিডিঅ' কেলেই কৰিব লাগে, যি পেনাল্টি আছে আমি দিম। সেই কথাটো চেটেল হোৱাৰ পিছত আমাক খুলি দিলে আৰু ...'\nঘটনাস্থলীত সেইদিনা বিধায়ক সুৰেন ফুকন...\nটেৰছ গোৱালাই কোৱাৰ দৰে সেইদিনা কনিষ্টবলজনে কোনো ভিডিঅ' কৰা নাছিল। তেওঁ কেৱল গাড়ীখন খুলি দিয়াৰ পূৰ্বে এখন ফটো তুলিব বিচাৰিছিল। কিন্তু তাতেই খং খাই শাৰিৰীকভাৱে সেই কনিষ্টবলজনক গতা মাৰি দি ৰাজপথত দাদাগিৰি দেখুওৱা বুলি অভিযোগ তুলিছিল টেৰছ গোৱালাৰ বিৰুদ্ধে।\nসেই স্থানত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীৰ মতে, আৰক্ষীয়ে বিধায়কৰ গাড়ী বুলি জানিব পাৰি গাড়ীখন এৰি দিব বিচাৰিছিল। কিন্তু এখন ফটো ৰখাব বিচাৰিছিল। তাত ভুল ক'ত? কিহৰ বাবে তেওঁক এই বাধা দিলে টেৰছ গোৱালাই? ফটো এখন তোলাটো অপৰাধ নে গাড়ীখন ন' পাৰ্কিঙত প্ৰায় এঘণ্টা ধৰি ৰখাই থোৱাটো প্ৰকৃততে অপৰাধ আছিল?\nযান বাহন শাখাৰ যিজন কনিষ্টবলক বিধায়ক গোৱালাই অপদস্থ কৰিছিল, তেওঁৰ ভাষ্য আছিল এনেধৰণৰ- 'প্ৰায় এঘণ্টা সময়ধৰি গাড়ীখন ৰখাই থোৱা আছিল। কাৰ গাড়ী আমি জনা নাছিলো। তাৰ পাছত বিধায়কৰ পৰিচয় দি তেওঁলোকে গাড়ীখন লৈ যাব বিচাৰিলে। খুলি দিয়া হৈছিল। এখন ফটো তুলিছিলো। তেওঁ আহি মোক শাৰিৰীকভাৱে অপদস্থ কৰিলে আৰু ইমান অবাইচ ভাষাৰে গালি গালাজ কৰিলে যে পাব্লিকেই গাড়ীখন সেই স্থানৰ পৰা নিয়াত বাধা দি জৰিমণা বিহিবলৈ বাধ্য কৰালে।'\nসেইদিনা কৰ্তব্যত যান বাহন শাখাৰ কনিষ্টবল বিষ্ণু বৰা...\nটেৰছ গোৱালাৰ মতে, 'কথাটো চেটেল হোৱাৰ পাছত আমাক খুলি দিলে, আমি ঘূৰি আহোতে খেদি আহিলে ৪ গৰাকী পুলিছ কনিষ্টবলে। আমাক আগুচি ধৰি আমাৰ চকাত পুনৰ লক লগাই দিলে। আমাক তাৰ পাছত বিভিন্ন অসমীয়া অশ্লীল জাতীয় শব্দৰে আমাক সম্বোধন কৰিছে আৰু মিডিয়াক মাতিছে...।'\nটেৰছ গোৱালা ডাঙৰীয়াই এই কথা ঠিকেই ক'লে যে কথাটো চেটেল হোৱাৰ পিছত আমাক খুলি দিলে। কিন্তু আমি ঘূৰি আহোতে পুনৰ আমাৰ চকাত লক কৰি দিলে। এয়া তেওঁৰ কথা। যদি সমস্যাটোৰ সমাধান হৈছিলেই তেনেহ'লে ট্ৰেফিক আৰক্ষী কেইগৰাকীয়ে ৩জন শাসকীয় দলৰ বিধায়কক পুনৰ খেদি গৈ চকাটো লক কৰি দিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি সাধাৰণ লোকে মানি ল'ব পাৰেনে?\nস্থানীয় প্ৰত্যক্ষদৰ্শীক এই সন্দৰ্ভত সোধপোছ কৰি জানিব পৰা গৈছিল যে আৰক্ষী কনিষ্টবলজনক ফটো তোলাৰ বাবে যথেষ্ট গালি গালাজ কৰা হৈছিল। সেই সময়ত দ্বিতীয়বাৰৰ বাবে গাড়ীখন লক কৰি দিয়াৰ পাছত কিহৰ বাবে টেৰছ গোৱালাই গাড়ীৰ ভিতৰত বহি আত্মগোপন কৰিবলগা হৈছিল? এগৰাকী বিধায়ক হিচাপে তেওঁ এই কথা স্বীকাৰ কৰক যে আৰক্ষীৰ কৰ্তব্যত বাধা দিয়াৰ বাবে তেওঁ এই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ'ল।\nঘটনাস্থলীৰ পৰা তেওঁলোকৰ বাহন যোৱালৈকে প্ৰায় ডেৰ ঘণ্টাৰো অধিক সময় সেই স্থানত কোনো সাংবাদিকেই উপস্থিত নাছিল। কাকতালিয়ভাৱে এজন প্ৰত্যক্ষদৰ্শীয়েহে সেই স্থানত এনে এক ঘটনা সংঘটিত হৈ থকা বুলি খবৰ দিয়াত সেই সময়ত খৰ খেদাকৈ তাত উপস্থিত হৈ টেৰছ গোৱালা ডাঙৰীয়াক কি হৈছে বুলি জানিব বিচৰা হৈছিল। কিন্তু তেখেতে গাড়ীৰ দুৱাৰ বন্ধ কৰি ভিতৰতে বহি থাকিল। সংবাদ মাধ্যমক পুলিছে মতা কথাটো এটা মনে সজা কথা আৰু আৰক্ষীয়ে কোনো ভিডিঅ' কৰা নাছিল। দুখনমান ফটোহে মাৰিছিল।\nটেৰছ গোৱালাই ইয়াৰ পাছত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, ক'লা গ্লাছ লগোৱা গাড়ীৰ ভিতৰত বহি থাকি কেনেদৰে গম পাইছিল? তেওঁৰ চালকজনে 'এমএলএয়ে চাই আছে সব' বুলি ট্ৰেফিকৰ কনিষ্টবল-বিষয়াকহে হুমকি দিয়াৰ চেষ্টা চলাইছিল। কিন্তু অতি ভদ্ৰভাৱে যান বাহন শাখাৰ আৰক্ষীয়ে পালন কৰিছিল নিজৰ দায়িত্ব, কাটিছিল জৰিমণা।\nযান বাহন শাখাৰ আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ টেৰছ গোৱালাই পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল- '...আৰু যি সকল পথচাৰী আছিল, তেওঁলোকক ৰখাই কৈছিল যে আজি বিধায়কসকলৰ আমি খেল দেখাম। সোনকালে সোনকালে আহিব লাগে বুলি চিঞৰি আছিল। আৰু তেতিয়া সুৰেন ফুকন ডাঙৰীয়াই গাড়ীৰ পৰা নামিলে আৰু ক'লে ভাই মিডিয়াক কেলেই মাতিব লাগে। এগৰাকী দীঘল দাঢ়ি থকা লোকে মই কৈছো এইটো ইছলামিক গোটৰ কোনোবা হয়, মোৰ ফালে হেলমেট দেখুৱাইছে আৰু কৈছে যে- এই বিজেপি বিধায়কসকলক মাৰি পেলাব লাগে, তেওঁলোকৰ গুণ্ডাগিৰি বেছি হৈছে, তেওঁলোকক আজি সুযোগ পাইছো, কিবা এটা কৰিব লাগে...।'\nক'ৰ পৰা নি ঘটনাক ক'ৰ সৈতে সংযোগ ঘটালে বিধায়কগৰাকীয়ে। যান বাহন সম্পৰ্কীয় এটা ঘটনাক তেওঁ মৌলবাদী শক্তিৰ সৈতে সংযুক্ত কৰি এজন সাধাৰণ নাগৰিকক সাঙুৰি কোৱা এই কথাবোৰ অতি হাস্যকৰ। নিজক বচাবলৈ ট্ৰেফিক আৰক্ষীৰ সন্মুখত তৰ্জন গৰ্জন কৰাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া ঢাকিবলৈ কৰা এয়া এখন নাটকৰ বাহিৰে আন কি হ'ব পাৰে?\nসেই সময়ত ক'লা গ্লাচৰ গাড়ীৰ ভিতৰত সোমাই আছিল বিধায়কগৰাকী। তেওঁ কোৱাৰ দৰে আমি সমগ্ৰ ভিডিঅ'টো পৰীক্ষা কৰি এজনেই তাত দীঘল দাঢ়ি থকা লোকক দেখা পাইছিলো। কিন্তু তেওঁৰ হাতত হেলমেট নাছিল আৰু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়াই দিয়া নাছিল।\nএজন জন প্ৰতিনিধিৰ মুখত এনে কথা...\nএই কথাটো হেনো গম পায়েই বিধায়ক টেৰছ গোৱালাই মুখ্যমন্ত্ৰীৰ অ' এছ ডিলৈ ফোন কৰিছিল। 'মুকুল দাক ফোন কৰিলো, তেওঁ লগে লগে ডিপাৰ্টমেন্টক কথাটো জনাই দিলে, মই প্ৰকাশ কাশ্যপক ফোন কৰিছো, নাই পোৱা। চন্দ্ৰ মোহন পাটোৱাৰীৰ অ'এছডিকো ফোন কৰিছো। আমি ভয় খালো, কিবা কাৰণত যদি পূৰ্ব পৰিকল্পিত প্লেন কৰি থৈছে, তেনেহ'লে আমাৰ যিকোনো ঘটনা ঘটিব পাৰে। সেইকাৰণে আমি লগে লগে যাক যেনেকৈ পাৰো যোগাযোগ কৰিছো। অলপ পাছতে কিবা এটা খবৰ আহিল চাগে, তাৰে দুজনমান বিষয়া আহি আমাৰ লকটো খুলি দিলে...।'\nখবৰ একো অহা নাছিল। নিয়ম অনুসৰি আৰক্ষীয়ে জৰিমণা বিহি আদালতত সেই জৰিমণা দিবলৈ কৈ যাবলৈ দিছিল বাহনখনক। আৰু তেতিয়া আপুনি বহি আছিল গাড়ীৰ ভিতৰত। আপোনাৰ গাড়ী চালকে বাহিৰত তৰ্জন গৰ্জন কৰি আছিল।\nআৰক্ষীয়ে এনেদৰে বিহিছিল জৰিমণা...\nএই ঘটনাৰ পাছতে কি হৈছিল জানিবলৈ যোগাযোগ কৰা হৈছিল টেৰছ গোৱালাক। তেওঁ কৈছিল- ৩ গৰাকী বিধায়ক গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়লৈ অহাৰ কথা। পৰিস্থিতি সন্দৰ্ভত আৰক্ষীকেই জগৰীয়া কৰিছিল যদিও কোৱা নাছিল কোনো লোকে তেওঁক হত্যাৰ ভাবুকি দিয়াৰ কথা। কেৱল কৈছিল- পুলিছেহে তেওঁক বেয়া ব্যৱহাৰ কৰিছে। সৰ্বদিশে এই ঘটনাক ধিক্কাৰ দিয়াৰ পাছত এনে অপবাদেৰে নিজক ৰক্ষা কৰাৰ চেষ্টা কিয় চলালে আপুনি?\nবিধায়কগৰাকীয়ে লগতে জনাইছিল, এই পৰিস্থিতিৰ মাজতে আন এখন গাড়ীৰে সেই ঠাই ত্যাগ কৰিছিল বিধায়ক চক্ৰ গগৈয়ে। গাড়ীৰ পৰা নামি বাহিৰত আছিল সুৰেন ফুকন। কিন্তু বিধায়ক টেৰছ গোৱালাই গাড়ীৰ ভিতৰত কিয় আত্মগোপন কৰিব লগা হৈছিল?\nমুখ্যমন্ত্ৰীৰ কৰ্তব্যৰত বিষয়াকে ধৰি বহু বিষয়াৰ সৈতে বিধায়কগৰাকীয়ে যোগাযোগ কৰাৰ কথা কৈছে। আচলতে সেই সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল এই বিধায়কগৰাকীয়ে। বিধায়কসকলৰ বাবে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা থাকে। কিয় অনা নাছিল লগত নিৰাপত্তাৰক্ষীয়ে? ৩জন বিধায়কে একেলগে গড়কাপ্তানী বিভাগৰ কাৰ্যালয়লৈ সঘন আহ যাহ কৰাৰ কাহিনী কি?\nইয়ালৈকে আহিছিল ৩ বিধায়ক...\nআমি খবৰ লৈছিলো গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত। কিয় গৈছিল তেওঁলোক তালৈ? মুখ খুলি কোনেও একো নক'লেও যি ইংগিত দিলে তাতেই বুজি পোৱা বহু কথা লুকাই থাকিল। সেইদিনা বাট পথৰ কথা ক'বলৈ গড়কাপ্তানী বিভাগৰ বিল্ডিঙৰ মুখ্য অভিযন্তাক কিয় সাক্ষাৎ কৰিছিল তেওঁলোকে? বিধায়কগৰাকীয়ে কৈছিল- গড়কাপ্তানী বিভাগৰ কাৰ্যালয়লৈ তেওঁলোকে বাট পথৰ কথা ক'বলৈ গৈছিল।\nএই তৎপৰতা ৰাইজৰ বাবে নে ব্যক্তিগত স্বাৰ্থত, সেয়াও এক বিচাৰ্য্য বিষয়। মুখ্যমন্ত্ৰীয়ে বিচাৰ কৰক, বিধায়কসকলে কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ৰাইজৰ কাম কৰে নে আন কোনো বিষয়া কৰ্মচাৰীক হেঁচা প্ৰয়োগৰ বাবে এইদৰে তাঁতবাতি কাঢ়ে।\nএইগৰাকী বিষয়াক লগ কৰিবলৈ তেওঁলোক গৈছিল সেইদিনা...\nপ্ৰায়ে হেনো কিছু কিছু বিধায়ক অহা যোৱা কৰে সেই কাৰ্যালয়লৈ। অনিচ্ছাকৃত ভাৱেও এই কথা যাতে মিছা বুলি ক'ব নোৱাৰে, সেয়েহে এগৰাকী গড়কাপ্তানী বিভাগৰ বিল্ডিং শাখাৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সহায়কৰ ভাষ্য এয়া। তেওঁ কৈছিল বিধায়ককেইজন যোৱাৰ কথা। কিয় আহিছিল, তেওঁ সেয়া নাজানে। কিন্তু যোৱাৰ কথা স্বীকাৰ কৰিছিল। টেৰছ গোৱালাই কোৱাৰ দৰে তেওঁলোকে বাট পথৰ কথা ক'বলৈ এইগৰাকী বিষয়াক লগ কৰাৰ প্ৰয়োজন আছিলনে? কিয়নো গড়কাপ্তানী বিভাগৰ এগৰাকী পৃথক মুখ্য অভিযন্তা থাকে।\nএয়াই হৈছে সত্য। টেৰছ গোৱালা আৰু বিধায়কসকলে আৰু এটা কথা হয়তো মন নকৰিলে, তেওঁলোকে এতিয়াও চাই লওঁক, ক'ত তেওঁলোকে গাড়ীখন ৰখাইছিল। এনেয়েও সেই স্থানত যান বাহন ৰখোৱাৰ অনুমতি দিয়া হোৱা নাই। তাৰ উপৰিও সেই স্থানত চলি আছে নৰ্দমা নিৰ্মাণৰ কাম। তেনেস্থলত সেই স্থানত এখন বাহন ৰখাই থলে কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, সেই কথা বুজাৰ অৱকাশ কিয় টেৰছ গোৱালাসহ ৩ বিধায়কৰ নহ'ল?\nযি স্থানত বাহনখন ৰাখিছিল, তাৰ সমীপতে চলি আছে কাম...\nট্ৰেফিক কনিষ্টবল তথা বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি মৌলবাদী শক্তিক এই ঘটনাৰ সৈতে সংযোগ কৰি টেৰছ গোৱালাই জানো মানুহৰ মনৰ পৰা মচি দিব পাৰিব- সেয়া তেওঁ ভুল কৰা নাছিল? যান বাহন শাখাৰ এগৰাকী কনিষ্টবলক শাৰিৰীকভাৱে অপদস্থ কৰি নিজৰ দোষ ঢাকিবলৈ তেওঁ এনে এখন নতুন নাটক ৰচাতকৈ ভুল স্বীকাৰ কৰি লোৱা হ'লে অন্ততঃ ৰাইজে বুজি পালেহেঁতেন- ভুল হৈ যায়। ভুলৰ শুধৰণি আছে।\nচাইকেল লৈ বিধানসভালৈ অহা যোৱা কৰা আৰু মানুহে অতি সহজ সৰল বুলি ভৱা টেৰছ গোৱালাই আচলতে নিজৰ পৰিচয় নিজেই দি দিলে। লগতে নিৰাপত্তা নোলোৱাকৈ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি এচাম বিধায়কে কি কৰে, সেই কথাও বুজাৰ অৱকাশ ৰাইজক দি গ'ল। ইমানৰ পাছতো তেওঁ কেনেকৈ ভাৱিব- খোল খাই পৰা নাই এইসকল জন প্ৰতিনিধিৰ মুখা...।\nওদালগুৰিত চলন্ত ৰেললৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ, নিৰাপত্তাহীনতাত ৰেলযাত্ৰী..
17e77821852df8d44bc4f342c2fd4775850971dd3ced0ae89fec42da40c0777a
এই যাত্ৰা, চৰিত্ৰটোৰ কাৰণে কৰা প্ৰস্তুষ্টি কোনো দীঘলীয়া যাত্ৰাতকৈ কম নহয় । নৱাজুদ্দীন ছিদ্দীকীৰ দৰে অভিনেতাৰ লগত অভিনয় কৰিবলৈ পায় অত্যন্ত উৎসাহী মৌনি ৰয় । এই সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয় যে মোৰ বিশ্বাসেই হোৱা নাই যে মই মোৰ কেৰিয়াৰত সীমিত সময়ৰ ভিতৰতে নৱাজুদ্দীন চিদ্দীকীৰ দৰে অভিনেতাৰ লগত কাম কৰিবলৈ পাইছো । মোৰ ভয় লাগি আছে । কিন্তু মোৰ বিশ্বাস যে নৱাজুদ্দীন চিদ্দীকীৰ পৰা মই বহুত শিকিবলৈ পাম । চলিত বৰ্ষৰ মে'ৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা দৃশ্য গ্ৰহণ প্ৰায় ৪৫ দিনৰ ভিতৰতে শেষ হ'ব। ছবিখনে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ২৫ অক্টোবৰত। The Sentinel Building, © 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
397a10176e175ed76f7299b87b58ec3aa0c484d8cb13e2372108d7d3d0a966a4
চিদাম্বৰমৰ প্ৰত্যুত্তৰ, "মমতা বেনাৰ্জীয়ে কেৱল 'বংগ লেঞ্চেৰে' দেশখন চাইছে"!\nNovember 1, 2021 8:08 pm\nকংগ্ৰেছৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অধিক শক্তিশালী হ'ব বুলি মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছৰ জেষ্ঠ নেতা পি চিদাম্বৰমে।\nউল্লেখ্য যে মমতা বেনাৰ্জীয়ে দেশৰ ৰাজনীতিৰ ক্ষেত্ৰতপুৰণি দলটো গুৰুত্বপূৰ্ণ নহয় বুলিও কংগ্ৰেছক কটাক্ষ কৰিছিল।\nজ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ইয়াৰ প্ৰত্যুত্তৰত কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে "বেংগল লেন্স"ৰ জৰিয়তে দেশখনলৈ চাই আছে।\n"কংগ্ৰেছ হৈছে একমাত্ৰ দল যি সমগ্ৰ ভাৰততে শ্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে যুঁজ দি আছে। মই সমগ্ৰ ভাৰতকে ৰেখাঙ্কিত কৰিছো। মই অস্বীকাৰ নকৰোঁ যে শ্ৰীমতী মমতা বেনাৰ্জীয়ে বংগত কঠিন যুঁজত যুঁজি জয়ী হৈছিল। কিন্তু পঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু, কেৰালা, কৰ্ণাটক, অসমত শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কোনে যুঁজ দি আছে? এইয়া কেৱল কংগ্ৰেছ দলে কৰি আছে। তেওঁ দেশৰ ৰাজনীতিক 'বেংগল লেন্সৰ' দ্বৰা চাই আছে।"- গোৱা বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ বিশেষ পৰ্যবেক্ষকৰ দায়িত্বত থকা চিদাম্বৰমে কয়।\nতেওঁ লগতে কয়, "কিন্তু যদি বংগতকৈ সৰ্বভাৰতীয় পৰ্যায়লৈ চাই, ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতিদিনে শ্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যুঁজ দি থকা দলটোলৈ লক্ষ্য কৰে এয়া কেৱল কংগ্ৰেছ দল।"\nতৃণমূল কংগ্ৰেছৰ আগমনে গোৱাত কংগ্ৰেছৰ সম্ভাৱনাক ক্ষতি কৰিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মই নাজানো তেওঁলোকৰ উদ্দেশ্য কি কিন্তু মই নিশ্চিত যে গোৱাৰ ৰাইজে জানে যে কংগ্ৰেছে অকলে গোৱাত পৰিৱৰ্তন আনিব পাৰে।"\nতেওঁ লগতে কয় যে কংগ্ৰেছ দলে ৩ নৱেম্বৰত উত্তৰ গোৱাৰ মাপুচাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিব।\nবিজেপি চৰকাৰে দেওবাৰে অভূতপূৰ্ব স্তৰত উপনীত হোৱা ইন্ধনৰ মূল্য আৰু অধিক বৃদ্ধি কৰি দেশৰ জনসাধাৰণক এক অসাধাৰণ দেৱালী উপহাৰ প্ৰদান কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ শীৰ্ষ নেতাজনে।
d8ad4008dc647d50bdd878b799ff41f051171d34d33cf29e1f5131bc82fd75f4
ৰাস উৎসৱৰ উখল-মাখলৰ সময়তেই বৰপেটাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত কালজাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ১ ডিচেম্বৰ শনিবাৰে নিশা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় সৰ্থেবাৰীৰ এৰাগাঁও নিবাসী উদয় মণ্ডল আৰু অৰুপ মণ্ডল নামৰ দুজন যুৱক । জানিব পৰা মতে হাউলী ৰাস মহোৎসৱ উপভোগ কৰি ঘৰলৈ উভতি গৈ থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি AS 15 M 4878 নম্বৰত পঞ্জীয়নভুক্ত মটৰ চাইকেলখনত তিনিজন যুৱক উঠি আহিছিল । তীব্ৰবেগত আহি থকা মটৰ চাইকেলখনৰ পাছৰ ছিটত বহি অহা উদয় মণ্ডল আৰু অৰুপ মণ্ডল অকস্মাতে ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথত পৰি যায়। লগে লগে পিছ পিনৰ পৰা আহি থকা এখন ট্ৰাকে দুয়োকে মহতিয়াই নিয়ে। ফলত যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে । দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই হাউলী আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনৰ মৃতদেহ থানালৈ লৈ যায় । ইফালে, দুৰ্ঘটনাত সংঘটিত কৰা ট্ৰাকখন পলাই যাবলৈ সক্ষম হয়। লাচিতলৈ সন্মান, নে অপমান? খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
26f040a721033257d2f4403ac17a7a0f07a26c87c426bf5a178956cf3c453116
ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ ডিমৰীয়াত অঘটন। কলং নৈত পৰি সলিল সমাধি কিশোৰৰ। মৃত কিশোৰজন ১৫ বছৰীয়া বিপ্লৱ দাস বুলি চিনাক্ত। নৈৰ পাৰৰ বাঁহ কাটিবলৈ যাওঁতেই পিছলি নৈত পৰি মৃত্যু হয় কিশোৰজনৰ। পিছত ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰজনৰ নিথৰ দেহl নৱম শ্ৰেণীত অধ্যয়নৰত আছিল কিশোৰজন। অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?
f561e672286bcaf1671a5e7718377cdf7a646b18d5c470c181fc49d88bf71b9e
এটি সপোন দিঠকত পৰিণত হোৱাৰ পূৰ্বেই হেৰাই গ'ল! ভাৰতীয় সেনাত যোগদান কৰাৰ বাবে ১৭বছৰীয়া কিশোৰ জনে প্ৰতিদিনে কৰি আছিল কঠোৰ অনুশীলন। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, কালি সলিল সমাধি ঘটে কিশোৰজনৰ। ষষ্ঠী পূজাৰ দিনা গোলোকগঞ্জৰ বিচনদৈৰ সত্যেন ৰায়ৰ পুত্ৰ ৰাহুল ৰায়ে চাপৰ থানাৰ অন্তৰ্গত শালকোচাৰ হাতীপোতাৰ ৰাভাপাৰাত থকা মোমায়েকৰ ঘৰত ফুৰিবলৈ আহিছিল। মোমায়েকৰ ঘৰৰ পৰা কালি নিজ গৃহলৈ উভটাৰ কথা আছিল ৰাহুলৰ। কিন্তু নিয়তিৰ কৰাল গ্ৰাসত অকাল মৃত্যুক সাবটিলে কিশোৰজনে। জানিব পৰা মতে শনিবাৰে দুপৰীয়া ৮/১০ জন লগৰীয়াৰ সৈতে মোমায়েকৰ ঘৰৰ সমীপতে থকা এটা পুখুৰীত গা-ধুবুলৈ গৈছিল ৰাহুল। কিন্তু দূৰ্ভাগ্যবশতঃ পুখুৰীত গা ধুই থাকোতে সলিল সমাধি ঘটে ৰাহুলৰ। ইপিনে লগৰীয়া কেইজনেও ভয়ত বিহ্বল হৈ কথাটো গোপন কৰি ৰাখে। বহু সময় ধৰি ৰাহুল মোমায়েকৰ ঘৰলৈ উভতি নহাত স্থানীয় ৰাইজে সন্ধান কৰে যদিও বিফল হোৱাৰ পিছত আৰক্ষীক খবৰ দিয়াত শালকোচা আৰক্ষী আৰু এছ, ডি, আৰ, এফ বাহিনীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ পুখুৰীটোত অভিযান চলাই শনিবাৰে বিয়লি কিশোৰজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে কান্দোনত ভাঙি পৰে পৰিয়াল লোক আৰু স্থানীয় ৰাইজ।কিশোৰজনৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
3a34b53976ca3fe95b134807a2c2f8d8d0b196ff73431339999629a0e828a698
মঙলদৈ চহৰৰৰ সমীপৱৰ্তী চাপাই নেহেৰু ময়দানত আজিৰ পৰা আৰম্ভ হয় ১৭ সংখ্যক অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী আন্তঃক্লাব প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা। আজি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া নাছিৰউদ্দিন আহমেদে। ইয়াৰ পাছতে চাপাই যুৱ কল্যাণ কেন্দ্ৰ আৰু ৰামহৰি যুৱ মঞ্চৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ। চাপাই নেহেৰু ময়দানত অনুষ্ঠিত হোৱা উদ্বোধনী মেচখনত ঘৰুৱা দল চাপাই যুৱ কল্যাণ কেন্দ্ৰই ৰামহৰি যুৱ মঞ্চক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। মইনুল ইছলাম, মহেশ বড়ো আৰু দেৱজিৎ বড়োৰ গ'লৰ সহায়ত ঘৰুৱা দলটোৱে সহজে জয়ী হৈ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। উল্লেখ্য যে সাংবাদিক গণেশ দত্তই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া নাছিৰউদ্দিন আহমেদ, প্ৰতিযোগিতাখনৰ ট্ৰফী দাঁতা প্ৰভাত নাৰায়ণ চৌধুৰীৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে আয়োজকে জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাৰ দ্বিতীয়খন মেচত সোমবাৰে হাজৰিকাপাৰাৰ ৰাইজিং ক্লাবে জলজলী আঞ্চলিক ক্ৰীড়া সংঘৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
d15df2714f8bc24985c626170ef232ff5a698f10d27140401320f0c5aa0e1d3a
ডিজিটেল ডেস্কঃ বলিউডৰ সুন্দৰী দীপিকা পাডুকনে ৰাণী পদ্মাৱতী হৈ সোনকালেই দৰ্শকৰ হৃদয় জিনিবলৈ সাজু হৈ আছে। ১ ডিচেম্বৰত মুক্তি পাব পদ্মাৱতী বোলছবি খনে। কিন্তু এই বোলছবিখনৰ বাবে নহয়, অন্য কাৰণত হে চৰ্চিত হৈ পৰিছে অভিনেত্ৰী দীপিকা। দৰাচলতে, সাক্ষাৎকাৰ অনুষ্ঠানটোত দীপিকাক তেওঁৰ প্ৰেম জীৱনৰ বিষয়ে সোধা হৈ আছিল। তেনে পৰিস্থিতিয়েই তেওঁক সোধা হয় তেওঁৰ জীৱনৰ সকলোতকৈ স্মৰণীয় ৰোমান্টিক মূহুৰ্ত। আৰু তেতিয়াই দীপিকাই ৰণবীৰ সিঙৰ সলনি ৰণবীৰ কাপুৰৰ নাম লৈ লয়। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.
50c1f59aa11a3ff9e057719af07ea43510f6b53525c4767761558eb63575752a
Assam in National level water polo ক্ৰীড়াক্ষেত্ৰত ৰাজ্যবাসীৰ বাবে এক সুখৱৰ। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱাটাৰ প'ল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ লব অসমে। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া ৱাটাৰ প'ল প্ৰতিযোগিতাত অসমৰ তিনিটা দলে তিনিটা শাখাত অংশ গ্ৰহণ কৰিব। অসমৰ দলটোত শিৱসাগৰৰ ৮ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব। দুমাহ ধৰি পথাৰৰ পুখুৰীত প্ৰশিক্ষণ লৈ এই আঠ যুৱক-যুৱতীয়ে শিৱসাগৰলৈ আনিছে সফলতা। প্ৰশিক্ষণৰ বাবে উন্নত মানৰ চুইমিংপুল নিৰ্মাণ কৰি অসমৰ যুৱক-যুৱতীৰ মাজত জলপৃষ্ঠৰ এই ক্ৰীড়া বিধৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে ক্ৰীড়াবিদসকলে। অসমত এই ক্ৰীড়াবিধৰ জনপ্ৰিয়তা বৃদ্ধি পালে বহু প্ৰতিভাৱান ক্ৰীড়াবিদে অসমৰ নাম উজলাবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ'ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত? অসমৰ সন্তানেই নহয় বৰাকক অসমৰ পৰা পৃথক কৰিব খোজা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
7957cbda8b068a7a3363f2fecf39c32fdcf7bd8a305f1bcadaacf59501cd4dd9
এন আৰ চিৰ খচৰাৰ পৰা ৪০ লাখ লোকক নিৰ্বিচাৰে বিদেশী বুলি অভিহিত কৰা বিজেপিৰ নেতাৰ অভাৱ নাছিল বিজেপি দলত। কিন্তু এতিয়া ওলোটা খৰ মাৰি ৰাজ্যিক বিজেপিয়ে লাখ লাখ ভাৰতীয়ৰ নাম খচৰাৰ পৰা বাদ পৰা বুলি অভিযোগ কৰিছে। আৰু ইয়াৰ বাবে এন আৰ চি কৰ্তৃপক্ষৰ ভুলক জগৰীয়া কৰিছে। ৪ ছেপ্তেম্বৰত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰিলে অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে। সংবাদমেলত গোহাঁয়ে কয় যে ১৯৭১ চনৰ পূৰ্বৰ বৈধ প্ৰমাণ-পত্ৰ থকা সত্ত্বেও এই নথিসমূহ গ্ৰহণ নকৰাৰ ফলত লাখ লাখ ভাৰতীয় নাগৰিক আৰু অসমৰ খিলঞ্জীয়া লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা নাই। তদুপৰি, অভিভাৱক তথা আত্মীয়ৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছে যদিও 'লিংকেজ'ৰ উপযুক্ত প্ৰমাণ-পত্ৰৰ অভাৱত তেওঁলোকৰ সতি-সন্ততি, বহু মহিলা আৰু শিশুৰ নাম তালিকাৰ পৰা বাদ পৰিছে বুলিও তেওঁ দাবী কৰে। আনহাতে গোহাঁয়ে কয় যে অভিভাৱক 'ডি' ভোটাৰ হোৱা বাবে তেওঁলোকৰ সতি-সন্ততিৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ দিয়া হৈছে। তেওঁৰ মতে, পিতৃ-মাতৃ 'ডি' ভোটাৰ হ'লেও ১৯৮৬ চনৰ নাগৰিকত্ব সংশোধনী আইন অনুসৰি ১৯৮৭ চনৰ পহিলা জুলাইৰ পূৰ্বে জন্ম হোৱা তেওঁলোকৰ সন্তানে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। যিহেতু পূৰ্বতে প্ৰায়বোৰ লোকৰে জন্মৰ প্ৰমাণ-পত্ৰ নাছিল, গতিকে ১৯৫০ চনৰপৰা ১৯৮৭ চন পৰ্যন্ত বিদ্যালয়ৰ প্ৰমাণ-পত্ৰত উল্লেখ কৰা জন্মৰ তাৰিখ গ্ৰহণ কৰিবলৈ বিজেপিয়ে দাবী জনাইছে। সংবাদমেলত জনোৱামতে, এন আৰ চিৰ উন্নীতকৰণত ১৩বিধ নথি গ্ৰহণ কৰিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্বান জনাই ৪ ছেপ্তেম্বৰত এন আৰ চি অসমৰ সমন্বয়ক প্ৰতীক হাজেলাক স্মাৰক পত্ৰ প্ৰদান কৰে। এই নথিসমূহ হ'ল - অনুপ্ৰৱেশকাৰী প্ৰমাণ-পত্ৰ, নাগৰিকত্ব প্ৰমাণ-পত্ৰ, সকলো প্ৰকাৰৰ ভগনীয়া কাৰ্ড, শিবিৰৰ আশ্ৰয় গ্ৰহণকাৰী পত্ৰ, ভগনীয়া যোগ্যতা প্ৰমাণ-পত্ৰ, ১৯৭১ চন পৰ্যন্ত ঘূৰিব পৰা অনুমতি-পত্ৰ, ১৯৭১ চন পৰ্যন্ত খুঁটি অনুমতি-পত্ৰ, ১৯৭১ চন পৰ্যন্ত তৌজি ৰাজহ আদায়ৰ নথি, ১৯৭১ চন পৰ্যন্ত পশুধন আৰু ৰাজহ আদায়ৰ নথি, ১৯৭১ চন পৰ্যন্ত দেৱালয় আৰু আন ধৰ্মীয় অনুষ্ঠানে প্ৰদান কৰা ৰাজহ সংগ্ৰহৰ নথি, ১৯৭১ চন পৰ্যন্ত বিদ্যালয়ে দিয়া প্ৰমাণ-পত্ৰ, সৈন্য বাহিনীত মকৰল প্ৰমাণ-পত্ৰ আৰু বন বিভাগ বা আন কৰ্তৃপক্ষই দিয়া ৰাজহ আদায়ৰ নথি। বিজেপিৰ মতে, ৰাজ্যৰ খিলঞ্জীয়া, অনুসূচিত জাতি, অনুসূচিত জনজাতি, আদিবাসী, অন্যান্য পিছপৰা শ্ৰেণী, কোচ ৰাজবংশীকে ধৰি বিভিন্ন সম্প্ৰদায়, জাতি-জনগোষ্ঠীৰো বহু সংখ্যক লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a6ba711660cc8347e12f9371e8fed36675fcc59decb1459d5194c1a353764b99
মিতালী ৰাজৰ নেতৃত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে প্ৰতিদ্বন্দ্বি পাকিস্তানৰ বিৰুদ্ধে ১০৭ ৰাণৰ বিশাল বিজয়েৰে বিশ্বকাপ অভিযান আৰম্ভ কৰিলে। ভাৰতে বান্ধি দিয়া জয়ৰ লক্ষ্য ২৪৫ ৰানৰ বিপৰীতে পাকিস্তানে ৪৩ অভাৰত ১০টা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ ৰাজেশ্বৰী কায়কোৱাৰৰ বিধ্বংসী বলিঙত বিধ্বস্ত হৈ পৰে পাক মহিলা দলটো। ৰাজেশ্বৰী ৪/৩১ ৰে পাক দলটোৰ গতি ৰুদ্ধ কৰি দিয়ে। ঝুলন গোস্বামী, স্নেহ ৰানাই দুটাকৈ উইকেট লাভ কৰে। নিউজীলেণ্ডৰ মাউণ্ট মাউনগানুইত অনুষ্ঠিত হোৱা প্ৰথম খেলত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । তিনিগৰাকী খেলুৱৈৰ অৰ্ধশতকেৰে দলটোৱে ২৪৪/৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তৃতীয় অভাৰত অপেনাৰ শ্বাফালী বাৰ্মা (০)ক পাকিস্তানৰ চিমাৰ ডায়েনা বেগে আউট কৰাৰ লগে লগে ভাৰতে শক্তি কিছু পৰি আহে যদিও স্মৃতি মান্ধানা আৰু দীপ্তি শৰ্মাই ৯২ ৰাণৰ অৱদানেৰে দলটোক পুনৰ নতুন গতি দিবলৈ সক্ষম হয়। পাকিস্তানৰ ছিদৰা আমিনে ৩০ ৰান কৰাৰ বিপৰীতে বাকী খেলুৱৈসকলে ২০ ৰানৰ ঘৰ পাৰ কৰিবলৈ সমৰ্থ হোৱা পৰিলক্ষিত নহ'ল। ভাৰতৰ অধিনায়ক মিতালীয়ে ৯ ৰান ,হৰমনপ্ৰীতে ৫ ৰান ,স্মৃতি মান্ধনাই ৫২ ৰান, দীপ্তিয়ে ৪০ ৰান, স্নেহে ৫৩ ৰান পূজাই ৬৭ ৰান কৰে। বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
3704ea0d3b1f7dfd3a4c0ecdf2a5c8a30459557c6c4d973617ceef051ee95129
Bank Holiday: নৱেম্বৰত ১৭দিন দেশত বন্ধ থাকিব বেংক ! সোনকালে কৰক জৰুৰী কাম...- News18 assam\nHome » photogallery » lifestyle »Bank Holiday: নৱেম্বৰ মাহত ১৭ দিন দেশত বন্ধ থাকিব বেংক ! বেংকৰ বন্ধ তালিকা জানি লওক, সোনকালে সমাধা কৰক জৰুৰী কাম...\nBank Holiday: বেংকৰ কিবা জৰুৰী কাম আছে যদি আপুনি সোনকালে সমাধা কৰক। কাৰণ দেশত নৱেম্বৰ মাহত বেংক বন্ধ থাকিব মুঠ ১৭ দিন। অৱশ্যেই ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ।\n। October 25, 2021, 19:27 IST\nভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বন্ধৰ সূচী অনুসৰি সমগ্ৰ দেসত মুঠ ১৭ দিন বেংক বন্ধ থাকিব নৱেম্বৰ মাহত। ইয়াৰ ভিতৰত আছে ৪ দিন দেওবাৰ আৰু এদিন দ্বিতীয় শনিবাৰ আৰু এদিন চতুৰ্থ শনিবাৰ।\nবেঙ্কৰ গ্ৰাহকসকলে এই মাহতেই শাখা সম্পৰ্কীয় প্ৰয়োজনীয় কাম নিষ্পত্তি কৰিব লাগে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ১,৩,৪,৫,৬,১০,১১,১২,১৯,২২,২৩ নৱেম্বৰত নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট আইনৰ অধীনত ছুটি ঘোষণা কৰিছে।\nএতিয়া বেঙ্ক শাখাৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ কামনিষ্পত্তি কৰক ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে জাৰী কৰা বেঙ্ক বন্ধৰ তালিকা অনুসৰি, আপুনি আপোনাৰ বেঙ্ক সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰা উচিত। ই আপোনাক শাখালৈ যোৱা আৰু ঘূৰি অহা আৰু কাম কৰাৰ দৰে সমস্যা পৰিহাৰ কৰাত সহায় কৰিব পাৰে।\nনৱেম্বৰ মাহটো কানাড়া ৰাজ্যিক উৎসৱৰ পৰা আৰম্ভ হয়। সেয়েহে, ১ নৱেম্বৰ, ২০২১ তাৰিখে বেংগালুৰু আৰু ইম্ফলত বেংকসমূহ বন্ধ থাকিব। ইয়াৰ পিছত ৩ নৱেম্বৰত কেৱল বেংগালুৰুত বেংকৰ স্বাভাৱিক কাৰ্যকলাপ নৰক চতুৰ্দশীত বন্ধ থাকিব। বেংকবোৰে সমগ্ৰ দেশত ৭,১৪,২১ আৰু ২৮ নৱেম্বৰত দেওবাৰে বন্ধ পালন কৰিব। সমগ্ৰ দেশৰ বেংকসমূহ বন্ধ থাকিব কিয়নো ১৩ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ২৭ নৱেম্বৰ চতুৰ্থ শনিবাৰ।
63f196c8b8b224c9e6133c7ea6bddc32c8cf7de12f10c3f0dd367e0b0eab1ffe
মণি ৰত্নমৰ বহু প্ৰতীক্ষিত ছবি 'প'ন্নিয়িন চেলৱন ১'এ ৩০ ছেপ্টেম্বৰ, শুক্ৰবাৰে মুক্তি লাভ কৰিব ।সেয়েহে সমগ্ৰ দেশৰ চলচ্চিত্ৰ প্ৰেমীসকল চলচ্চিত্ৰখন চাবলৈ ব্যাকুল হৈ পৰিছে, কিয়নো মণি ৰত্নমৰ বহু চলচ্চিত্ৰই অতীতত পৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। ইফালে মুক্তিৰ আগতেই ছবিখনক লৈ সমস্যাত পৰিছে থিয়েটাৰ মালিক সকল । তথ্য অনুসৰি, 'প'ন্নিয়িন চেলৱন ১'ৰ মুক্তিৰ আগতেই সমস্যাৰ সন্মুখীন হৈছে কানাডাৰ হেমিল্টন, কিচনাৰ আৰু লণ্ডনৰ দৰে ভাৰতৰ বাহিৰৰ চহৰৰ থিয়েটাৰ মালিকসকল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, 'কে ডব্লিউ টকিজ'ৰ বিদেশী বিতৰণকাৰী সকলে টুইটাৰযোগে প্ৰকাশ কৰিছে যে "প'ন্নিয়িন চেলৱন ১'ৰ' স্ক্ৰীণিঙৰ ক্ষেত্ৰত তেওঁলোকে ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছে। আনহাতে ভাবুকিপূৰ্ণ ইমেইলটোৱে দেশত মণি ৰত্নমৰ চলচ্চিত্ৰ মুক্তিক লৈ ছবিগৃহত হুলস্থূলৰ সৃষ্টি কৰিব বুলিও দাবী কৰিছে তেওঁলোকে। 'কে ডব্লিউ টকিজ'ৰ এটি টুইটত কোৱা হৈছে যে ,'মোৰ ওচৰত হেমিল্টন,কিচনৰ আৰু লণ্ডনৰ পৰা পোৱা আপদেট আছে । সকলো থিয়েটাৰ মালিককে ধমকি দিয়া হৈছে যে যদি তেওঁলোকে 'পিএছ১ 'তামিল বা 'কে ডব্লিউ টকিজ'ৰ এখনো চলচ্চিত্ৰ চলাই তেন্তে আক্ৰমণ কৰা হ'ব । অৱশ্যে তামিল ছবিৰ ক্ষেত্ৰত কানাডাৰ কিছু গোটৰ ভাবূকি একেবাৰে নতুন কথা নহয় । কাৰণ যোৱা বছৰ নৱেম্বৰত অণ্টাৰিঅ'ত দুলকুৱেৰ চলমান অভিনীত মালায়ালম চলচ্চিত্ৰ 'কুৰুপ' প্ৰদৰ্শিত হৈছিল। সেই সময়ত 'কুৰুপ' প্ৰদৰ্শিত হোৱা ৰিচমণ্ড হিল আৰু ওকভিলৰ দুটাকৈ চিনেপ্লেক্সত চলচ্চিত্ৰৰ পৰ্দা কাটি দিয়া হৈছিল । সেইবাৰ ছবিগৃহৰ চাৰিখনকৈ পৰ্দা ক্ষতিগ্ৰস্ত হৈছিল। জানিব পৰ মতে ছবিখনত দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰিছে ঐশ্বৰ্য ৰায়ে । তামিল ভাষাৰ মহাকাব্যিক চলচ্চিত্ৰখনৰ কাহিনী ঔপন্যাসিক কল্কি কৃষ্ণমূৰ্তিৰ একে নামৰ তামিল উপন্যাসৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনত ঐশ্বৰ্য ৰায় বচ্চনৰ ওপৰিও চিয়ান বিক্ৰম, তৃষা কৃষ্ণন, কাৰ্তি, জয়ম ৰবি, পাৰ্থীবান, সোভিতা ধুলিপালা আদি অভিনয় শিল্পী সকলে সুন্দৰ অভিনয় কৰিছে। মণি ৰত্নম পৰিচালিত ছবিখনে শুক্ৰবাৰে মুক্তি লাভ কৰিব। 'মাদ্ৰাজ টকিজ'ৰ দ্বাৰা নিৰ্মিত , 'প'ন্নিয়িন চেলৱন ১'ৰ জৰিয়তে প্ৰায় এটা দশকৰ পিছত তামিল চলচ্চিত্ৰলৈ উভতি আহিছে জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। চলচ্চিত্ৰখনত, অভিনেত্ৰীগৰাকীক নন্দনী আৰু তেওঁৰ মূক মাতৃ মন্দাকিনী দেৱীৰ দ্বৈত চৰিত্ৰত দেখিবলৈ পাব দৰ্শকে।গুৰুত্বপূৰ্ণ যে ছবিখন দুটা ভাগত মুক্তি দিয়া হ'ব আৰু ইয়াৰ ব্যয় ৫০০ কোটি টকা। কপিল শর্মাৰ শ্ব'ৰ অভিনেতাসকলে কিমান পায় পাৰিতোষিক !! প্ৰতিটো খণ্ডত কপিল শর্মাই লয় ১ কোটি টকা ?? শেহতীয়াকৈ কাৰ বিয়াৰ অতিথি হিচাপে দেখা গ'ল কৰীনা কাপুৰ খানক ? ৰাকুল-ভূমিৰ সৈতে পৰৱর্তী ছবিত দেখা যাব অর্জুন কাপুৰক, ইনষ্টাগ্ৰামত ঘোষণা কৰি কি লখিলে অর্জুনে !! "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
2bc1e4e533dbca39a25a4a96705ec58b40920375a951de7c2e979bcf0c4b2361
চীনত ক'ৰ'না ভাইৰাছৰ ২০১৯ চনৰ আগষ্ট মাহৰ পৰাই সংক্ৰমণ ঘটিছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি আগবঢ়াইছে হাভাৰ্ড মেডিকেল স্কুল ৰিচাৰ্ছৰ গৱেষকৰ এটা দলে। হাভাৰ্ডৰ গৱেষকৰ দলটোৱে উচ্চ ক্ষমতাযুক্ত চেটেলাইট আলোকচিত্ৰ ব্যৱহাৰ কৰি য়ুহানৰ লগতে বিভিন্ন চিকিৎসালয়ৰ চৌহদৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰিছে। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি স্পেইন, জাপান, অষ্ট্ৰেলিয়া আদি শক্তিশালী দেশে চীনক ক'ৰ'নাৰ সংক্ৰমণৰ বাবে দোষাৰোপ কৰিছে।
1037e787a6b22b9c92f3e605b33e95a9027e75f408ebcaf60bba723b994801db
ইউক্ৰেইন যুদ্ধৰ গইনালৈ পশ্চিমীয়া দেশসমূহে এতিয়া তেলৰ দাম হ্ৰাস কৰিবলৈ ৰাছিয়াৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে। কিন্তু পশ্চিমীয়া দেশৰ তেনে হেঁচাত সেওঁ মানিবলৈ সন্মত হোৱা নাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে ইউৰোপৰ প্ৰায়ভাগ দেশেই ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছিল। বিশ্বৰ পেট্ৰ'লজাত সামগ্ৰী উৎপাদন কৰা অন্যতম দেশ ৰাছিয়াৰ পৰা বিশ্বৰ বহু দেশে তেল আমদানি কৰি আহিছিল। কিন্তু ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাৰ পিছৰে পৰা বহু দেশে ৰাছিয়াৰ পৰা তেল আমদানি কৰা বন্ধ কৰিছে। এনে পৰিস্থিতিত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাছিয়া। বিষম পৰিস্থিতিৰ মাজতো সেওঁ মানিব বিচৰা নাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। উল্লেখ্য পশ্চিমীয়া দেশবোৰে ৰাছিয়াক দেশ খনৰ ৰাজহৰ মুখ্য উৎস 'তেল'ৰ ক্ষেত্ৰত আমদানি বন্ধ কৰি চাপৰ সৃষ্টি কৰিব বিচাৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি বিডেন আৰু ইউৰোপীয় নেতাসকলে গেছ'লিনৰ মূল্য হ্ৰাস কৰিবলৈ ৰাছিয়াৰ ওপৰত চাপ দি আহিছে। তেওঁলোকে ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে ৰাছিয়াক শাস্তি দিবলৈ আন দেশসমূহক তেলৰ উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
718194afe8b62f26975fe32d9d634ef7dfbe73f27b5cc4c5c1acc236752edaae
অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাৰ্ধাত অলপতে অনুষ্ঠিত হৈ যোৱা লেনিন-ভল্গা সোঁৱৰণি ১৪ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত বোকাখাতৰ বিশাল চাংমাই নামৰ কিশোৰ গৰাকীয়ে কৃৰ্তিত্ব অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে যোৱা ২৩ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে অনুষ্ঠিত উক্ত ৰাষ্ট্ৰীয় আৰ্চাৰীত অংশগ্ৰহণ কৰি বিশাল চাংমায়ে ডাবল ৫০ মিটাৰত ৰূপৰ, অলিম্পিক ৰাউণ্ডত ৰূপৰ আৰু দলীয় শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। বিশালৰ এই সফলতাত বোকাখাতৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। বোকাখাত নিৱাসী শান্তনু চাংমাই আৰু মমী চাংমাইৰ কনিষ্ঠ পুত্ৰ বিশাল চাংমাই পুনেৰ আৰ্মি স্পৰ্টচ ইনষ্টিটিউটৰ ছাত্ৰ। ইয়াৰ পূৰ্বেও বিশালে বিভিন্ন ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
7ce737083ed94643bf777ca31a391e10bb23afa49815a59ab8a98c733eb161dd
অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ বনাঞ্চলত হোৱা বনজুইয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বনজুইৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫০ কোটি বন্যজন্তু। মৃত্যু সৈতে বহু লোকৰ। ইউনিভাৰ্চিটী অৱ চিডনীয়ে অনুমান কৰিছে, ৫০ কোটি বন্য জীৱ-জন্তু মৃত্যু হৈছে। কেংগেৰু, স্তন্যপায়ী প্ৰাণী, ৰেংগন আৰু বিভিন্ন প্ৰজাতীৰ পক্ষী পৰিছে মৃত্যু মুখত। ইতিমধ্যে বহু সংস্থাই জীৱ জন্তুৰ উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ এই বনাঞ্চলখন ১৫ মিলিয়ন একৰ ক্ষেত্ৰফলৰ। ইতিমধ্যে সমগ্ৰ অঞ্চলতে অষ্ট্ৰেলিয়াৰ চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে। চৰকাৰ তথা বেচৰকাৰী সংস্থাৰ উদ্যোগত স্থানীয় আৱাসী, পৰ্যটক সকলকো নিৰাপদ স্থানলৈ নিবলৈ চেষ্টা কৰি থকা হৈছে।
301e8ea6984025ffa7c75a19fcbbffe9d622dd7718eaacc1e3731a57d763185e
যদি আপুনিও থিয় হৈ থকা অৱস্থাত মূৰ ঘূৰোৱা অনুভৱ কৰে বা কেতিয়াবা হঠাতে মূৰ্চ্ছা যায়। আৰু ইয়াৰ আঁৰৰ কাৰণ বুজিব বিছাৰে, তেন্তে এই বাতৰিটোত আমি আপোনাক ক'ম যে কিয় এনেকুৱা হয় আৰু ইয়াৰ দ্বাৰা শৰীৰত কি প্ৰভাৱ পৰিব পাৰে। আচলতে অৰ্থষ্টেটিক আৰু পষ্টুৰেল হাইপ'টেনচনৰ ফলত হঠাতে ভেৰ্টিগো হ'ব পাৰে যিটো নিম্ন ৰক্তচাপৰ অৱস্থা। কেতিয়াবা আপোনাৰ ভংগীমাৰ পৰিৱৰ্তনৰ বাবেও এনে হ'ব পাৰে। কিন্তু ক্লিনিকস্পটছ হোলিষ্টিক হেল্থকেয়াৰৰ মেডিকেল হেড ডাঃ হৰিকিৰণ চেকুৰিয়ে কয় যে, "কেইছেকেণ্ডতকৈ বেছি সময় মূৰ ঘূৰোৱাটো গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে।" ভাৰ্টিগো যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে, কিন্তু বয়সৰ লগে লগে ৰক্তবাহী নলীবোৰ দুৰ্বল হোৱাৰ বাবে ৬৫ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত ই অতি সাধাৰণ কথা। দুৰ্বল ৰক্তবাহী নলীৰ অৰ্থ হ'ল আপোনাৰ মগজুৰ কোষবোৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায় আৰু এই অৱস্থাৰ ফলত মূৰ ঘূৰোৱা আৰু মূৰ্চ্ছা যোৱা হ'ব পাৰে। ইয়াত আমি আপোনাক থিয় হৈ থকাৰ সময়ত মূৰ ঘূৰোৱাৰ সাতটা কাৰণ কৈছো, লগতে কোনটো পৰিস্থিতিত আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে তাৰ তথ্যও দিম। ১/ গৰম বা পানীলগাৰ অৱস্থা, বিশেষকৈ অতি গৰম হ'লে পৰ্যাপ্ত পৰিমাণে পানী নাখালে শৰীৰটোও গৰম হৈ পৰে। যেতিয়া আপোনাৰ চৌপাশৰ পৰিৱেশৰ উষ্ণতা বৃদ্ধি পায়, তেতিয়া আপোনাৰ ৰক্তচাপ স্বাভাৱিকতে কমি যায়, যাৰ ফলত আপোনাৰ মূৰ ঘূৰোৱা হয়। হাইড্ৰেটেড হৈ থাকিলে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু লগতে মূৰ ঘূৰোৱাৰ সম্ভাৱনাও কমায়। ২/ মদ্যপান কৰা, মদ্যপানে আপোনাৰ ৰক্তবাহী নলীৰ ক্ষতি কৰে আৰু সংকুচিত কৰে। ইয়াৰ ফলত তেজৰ সোঁততো প্ৰভাৱ পৰে আৰু ৰক্তচাপ স্বাভাৱিক কৰি ৰাখিবলৈ আপোনাৰ শৰীৰে অধিক কষ্ট কৰিবলগীয়া হয়। ফলত থিয় হৈ থাকিলে অলপ মূৰ ঘূৰোৱা যেন অনুভৱ হ'ব পাৰে। কফি খাই আপুনি এই সমস্যা দূৰ কৰিব পাৰে। একে সময়তে যদি আপোনাৰ লগত বাৰে বাৰে এনেকুৱা হয়, তেন্তে খালী পেটত মদ নাখাবলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ ফলত আপোনাৰ শৰীৰত বেছি বেয়া প্ৰভাৱ পৰিব পাৰে। যদি আপুনি মদৰ পৰিমাণ কমাই দিয়ে বা একেবাৰে এৰি দিয়ে, তেন্তে আপুনি এই পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰে। ৩/ ৱৰ্কআউট, আপুনি ব্যায়াম কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আপোনাৰ পেশীবোৰে আপোনাৰ হৃদযন্ত্ৰলৈ তেজৰ সোঁত দ্ৰুত কৰে। যেতিয়া আপুনি অলপ সময় ৰৈ যায় তেতিয়া আপোনাৰ তেজে নিজৰ ঠাইলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আপোনাৰ হাওঁফাওঁত হেঁচা পৰে আৰু থিয় হৈ বা ব্যায়াম কৰাৰ পিছত অলপ মূৰ ঘূৰোৱা অনুভৱ কৰিব পাৰে। অত্যধিক ব্যায়াম কৰিলে চকুৰ আগত মূৰ ঘূৰোৱা, বমি ভাব বা দৃষ্টিশক্তি অস্পষ্ট হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই অৱস্থাত আপুনি কিছু সময় ক'ৰবাত বহি হৃদস্পন্দন স্বাভাৱিক হ'বলৈ দিয়ে। ব্যায়াম কৰাৰ আগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু মাজত কিছু পানী খাই থাকিব লাগে। ৪/ ঔষধ, কিছুমান ঔষধে থিয় হৈ থকাৰ সময়ত মূৰ ঘূৰোৱাও কৰিব পাৰে কাৰণ ই আপোনাৰ ৰক্তচাপ সলনি কৰে। ইয়াৰ ভিতৰত প্ৰস্ৰাৱ বৃদ্ধি কৰা প্ৰস্ৰাৱৰ ঔষধ, হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীৰ ৰোগত ব্যৱহাৰ কৰা বিটা ব্লকাৰ, ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা এচিই ইনহিবিটাৰ আদি উল্লেখযোগ্য। থিয় হৈ থকাৰ সময়ত আপোনাৰ মূৰ ঘূৰোৱাৰ কাৰণ আপুনি গ্ৰহণ কৰা ঔষধৰ বাবে হৈছে বুলি ভাবিলে লগে লগে চিকিৎসকৰ সৈতে কথা পাতক কিন্তু চিকিৎসকে বন্ধ কৰিবলৈ কোৱালৈকে খাই থাকিব। কোনো ৰোগ হ'লে হঠাতে ঔষধ সেৱন বন্ধ কৰিলে শৰীৰৰ ক্ষতি হ'ব পাৰে। >> এই ৬টা কাৰণেই ছাল ক'লা হয় ! >> ৩টা খাদ্য, ৰাতি অনিদ্ৰাৰ কাৰণ হ'ব পাৰে ! ৫/ স্বাস্থ্যৰ অৱস্থা, ৰক্তচাপৰ লগত জড়িত কিছুমান বিশেষ অৱস্থা যেনে গেষ্ট্ৰাইটিছ (GI) ৰোগ, কাণৰ ভিতৰৰ ৰোগ আৰু হৰম'নৰ পৰিৱৰ্তনে থিয় হৈ থাকিলে আপোনাৰ মূৰ ঘূৰোৱা বা অজ্ঞান হৈ পৰিব পাৰে। ইয়াৰ বাহিৰেও হৃদযন্ত্ৰ, থাইৰয়ড, ডায়েবেটিছ, ডিমেনচিয়া, পাৰ্কিনছন ৰোগ আদি ৰোগত থিয় হৈ থাকিলেও মূৰ ঘূৰিব পাৰে কাৰণ এইবোৰ ৰোগত ৰক্তচাপ কমি যায়। এনে অৱস্থাত আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। ৬/ এনে অৱস্থাত চিকিৎসকৰ ওচৰলৈ যাওক, আমেৰিকাৰ মিচিগানৰ ইয়াৰ ইনষ্টিটিউটৰ এমি ছাৰ'ই কৈছে, "যদি আপুনি দীৰ্ঘ সময় থিয় হৈ থকাৰ পিছত মূৰ ঘূৰোৱাত অসুবিধা পায় আৰু ই আপোনাৰ স্বাস্থ্য বা দৈনন্দিন জীৱনত প্ৰভাৱ পেলাইছে, তেন্তে আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।" একে সময়তে যিকোনো ৰোগ বা ঔষধ খোৱাৰ পিছত মূৰ ঘূৰোৱাৰ বিষয়েও চিকিৎসকক জনাব লাগে। যদি আপোনাৰ কোনো স্বাস্থ্যজনিত অৱস্থা নাই কিন্তু থিয় হৈ থকাৰ পিছত অজ্ঞান হৈ পৰে, মূৰৰ বিষ হয় বা আপুনি সদায় বেৰ বা বস্তুত হেলান দিব লাগে, তেন্তে আপুনি ইয়াক সহজভাৱে ল'ব নালাগে আৰু লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে। ইয়াৰ বাহিৰেও এই অৱস্থাত সদায় প্ৰচুৰ পৰিমাণে পানী আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগে য'ত প্ৰচুৰ পৰিমাণে ফল-মূল, শাক-পাচলি আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰা হয়। লগতে দিনটোত কমেও ১৫ মিনিট খোজ কাঢ়ি, দৌৰিব বা যিকোনো ব্যায়াম কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ তেজৰ সোঁত ভাল হ'ব আৰু সঘনাই মূৰ ঘূৰোৱাৰ সমস্যাৰ পৰাও সকাহ পাব। বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।
9fedf664b172e9ea19bbfd18f016f6e5a6e1091b47c942fe7ff6711dbcef0c39
বুৰঞ্জীবোধ/আহোমৰ দিনৰ সামৰণি - ৱিকিউৎস\nবুৰঞ্জীবোধ/আহোমৰ দিনৰ সামৰণি\n←আহোমৰ দিনৰ অৱনতি\n11020বুৰঞ্জীবোধপদ্মনাথ গোহাঞি বৰুৱা১৯২৯\nআহোমৰ দিনৰ সামৰণি।\nমোৱাঁমৰীয়াৰ বিদ্ৰোহ মাৰ যোৱাৰ পাচত, ৰংপুৰৰপৰা যোৰহাটলৈ ৰাজধানী তুলি নিয়া হয়। তাৰ এবছৰৰ পাচতে [ ৫৮ ] স্বৰ্গদেৱ গৌৰীনাথসিংহ স্বৰ্গী হল। তেওঁৰ পাচত, ১৭৯৫ খ্ৰীষ্টাব্দত, ৰূদ্ৰসিংহ মহাৰজাৰ ভায়েক নামৰূপীয়া ৰজা লেচাই গোহাঞিদেৱৰ নাতিৰ-নাতি কিণাৰাম গোহাঞিদেৱক ৰজা পতা হয়। ৰজা হোৱাৰ পাচত, তেওঁ কমলেশ্বৰসিংহ নাম লয়। তেওঁৰ দিনত নগৰ শাত আছিল যদিও, ভিতৰি ৰাজ্যত সুখ-শান্তি নাছিল। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া আৰু কলিয়া-ভোমোৰা বৰফুকনৰ বলত মাথোন তেওঁ নিৰাপদে ১৬ বছৰ ৰাজপাট খাইছিল। তেওঁ স্বৰ্গী হোৱাত, তেওঁৰ ভায়েক চন্দ্ৰকান্তসিংহক ৰজা পতা হয়। ৰাজপাটত উঠোঁতে তেওঁৰ বয়স মুঠেই ১২ বছৰ হৈছিল। সেই কাৰণে, তেওঁ নামত হে ৰজা আছিল, ৰাজ্য চলাইছিল পুৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই।\nলৰাকালত চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে সাধাৰণ লৰা-ছোৱালীৰ লগত উমলিয়েই দিন নিয়াইছিল। সেই ছেগতে গোটাদিয়েক সামান্য মানুহৰ লৰাই স্বৰ্গদেৱৰ বৰকৈ আশৈ পাই উঠিছিল। তাৰ ভিতৰত ভুত নামেৰে কুকুৰাচোৱা বৰা এজনৰ পুতেক শতৰাম ঘাই। শতৰামে ৰজাৰ লাই পাই ভেম্ ধৰি উঠিলে। পাচলৈ সি কাকো গণিতাকে নকৰা হল। আন কি, ৰাজ্যৰ ধৰণী যেন পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰে সৈতেও সি ফেৰ পতা হল। এই কথা অসহনীয় হোৱাত ডাঙ্গৰীয়াই তাৰ উচিত বিধান কৰিবলৈ মন দিলে। তাৰ গম্ পাই, ইফালে শতৰামেও আগৰ লগৰীয়া ভালেমান ডাঙ্গৰীয়া-বিষয়াৰ লৰাৰে সৈতে গোট খাই ডাঙ্গৰীয়াৰ অপকাৰ কৰিবলৈ আলচ পাতিলে। আন কি, [ ৫৯ ] সেই বিষয়ত গুৱাহাটীৰপৰা বদনচন্দ্ৰ বৰফুকনেও তলে তলে শতৰামক উদ্গাই টিপ দিছিল। কাৰণ, পূৰ্ণানন্দ ডাঙ্গৰীয়াৰে সৈতে বদনচন্দ্ৰ বৰফুকনৰ পেটে পেটে ভাল নাছিল। পিছে, যথাসময়ত বৰমুৰীয়া বিষয়াসকলৰে সৈতে তিনিওজনা ডাঙ্গৰীয়া চৰাত বহিল। তিনিওজনা ডাঙ্গৰীয়া একেলগে চৰাত বহিলে ৰজাকো ভাঙ্গিব পাৰে। সেই কাৰণে, স্বৰ্গদেৱ চৰালৈ নোলাল। বিচাৰত শতৰামক নগৰৰ বাজকৈ আঁতৰাই বন্দী কৰিবলৈ স্থিৰ হল। শতৰামৰ লগত ভালেমান ডাঙ্গৰীয়া-বিষয়াৰ লৰাও যোগ আছিল। সেই কাৰণে, সেই কথা লৈ উজনি অসমত তোলপাৰ লাগি পৰিছিল। ইয়াকে "কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ" বোলে।\n"কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ" যেতিয়া গুৱাহাটী পালেগৈ, তেতিয়া বদনচন্দ্ৰ বৰফুকন ভয়ত অস্থিৰ হৈ পৰিল। কাৰণ, সেই সময়ত তেওঁ কামৰূপীয়া প্ৰজাৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল; আৰু নগৰত ডাঙ্গৰীয়াই তাৰ সম্ভেদ পাই আছিল। তাতে শতৰামৰ লগত বৰফুকন ভিতৰি যোগ থকা কথাও ওলাই পৰিল। এনেতে, পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই নগৰৰ ভিতৰৰ উৎপাত, গুচাই লৈ কামৰূপৰ ফালে মন দিলে। বদনচন্দ্ৰ বৰফুকনক ধৰি আনিবৰ নিমিত্তে মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক গুৱাহাটীলৈ পঠিওৱা হল। কিন্তু, এই কথাৰ সম্ভেদ বদনচন্দ্ৰই আগধৰিয়েই পালে। বৰফুকনৰ জীয়েক পিজৌ গাভৰু বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ বোৱাৰীয়েক। তেওঁৰ দেউতাকৰ বিৰুদ্ধে নগৰত যি আয়োজন হৈছিল, তাৰ বিষয়ে তেওঁ গোপনে [ ৬০ ] গুৱাহাটীলৈ লিখি পঠিয়ালে। সেই কাৰণে, মহেশ্বৰ ফুকন গৈ গুৱাহাটী নৌ পাওঁতেই বদনচন্দ্ৰ ফুকন পলাই কলিকতালৈ গুচি গল। তাৰ পাচত, তেওঁৰ ঠাইত ঘনশ্যামক বৰফুকন পতা হল।\nমানৰ ১ম, আক্ৰমণ। - বদনচন্দ্ৰ কলিকতাত গৈ বহি থকা নাছিল। তেওঁ সহায় বিচাৰি সেই কালৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মেয়োৰ কাষ চাপিলগৈ। কিন্তু, বদনচন্দ্ৰক সহায় কৰিবলৈ গৱৰ্ণৰ জেনেৰেল চাহাব মান্তি নহল। গতিকে, তেওঁ হতাশ হৈ উলটিবলৈ ধৰিছিল। এনেতে, বৰ্ম্মা দেশৰ ৰজাৰ এজেণ্ট এজনৰে সৈতে তেওঁৰ সাক্ষাৎ হয়। এজেণ্টৰ আগত তেওঁ সকলো কথা বিবৰি কলে। তাৰ পাচত, সেই এজেন্ট জনে বদনচন্দ্ৰক তেওঁৰ লগতে লৈ গৈ বৰ্ম্মা ৰজাৰ ওচৰত ভেঁটালেগৈ। এজেণ্টৰ কথা মতে বদনচন্দ্ৰক সহায় কৰিবলৈ ৰজা মান্তি হল। সেই মতে বদনচন্দ্ৰই ছহেজাৰ মানসেনা লগত লৈ, মণিপুৰে দি ঘুৰি, নামৰূপত সোমাই, ১৮১৬ খ্ৰীষ্টাব্দত আহোমৰাজ্য আক্ৰমণ কৰিলেহি। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ সেই সময়ত টান নৰিয়া। তথাপি, নৰিয়া-গাৰেই ডাঙ্গৰীয়াই এজাক ৰণুৱা পঠিয়াই ঘিলাধাৰী নামে ঠাইতে বদনচন্দ্ৰক ভেটা দি ৰখালে। কিন্তু, ৰণত ৰজাঘৰীয়া সেনা ঘাটিল। সেই ছেগতে মান-সেনাৰে সৈতে বদনচন্দ্ৰ নগৰ সোমালহি। ডাঙ্গৰীয়াই নৰিয়া-গাৰেই আকৌ ভালকৈ ৰণ দিবলৈ যোযা কৰিছিল, এনেতে নৰিয়া টান হোৱাত তেখেত ঢুকাল। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া ঢুকালত ৰজাৰ ফলীয়া সকলো মানুহ হতাশ হল। তাৰ পাচত, [ ৬১ ] ডাঙ্গৰীয়াৰ পুতেক ৰুচিনাথ গোহাঞিদেৱে দেউতাকৰ বিষয়-বাব লৈ লৰালৰিকৈ আকৌ ৰণৰ দিহা কৰিবলৈ ধৰিলে। কিন্তু, ইতিমধ্যত মানহঁতে নগৰৰ ভিতৰ সোমাই ভালকৈ খোপনি পিটি লোৱাত তেওঁৰ সকলো যত্ন বিফল হল। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গাৰীয়া নিৰুপায় হৈ আঁতৰি গুৱাহাটী পালেগৈ। তাৰ পাচত; চন্দ্ৰকান্তসিংহ শৰণাগত হোৱাত, তেওঁকে ৰজা ৰাখি বদনচন্দ্ৰই "মন্ত্ৰীফুকন" নাম লৈ ৰাজ্য চলাবলৈ স্থিৰ কৰিলে। এই দৰে, বদনচন্দ্ৰৰ উদ্দেশ্য সিদ্ধি হোৱাত, তেওঁ তুঙ্গখুঙ্গীয়া ফৈদৰ বগা কোৱঁৰৰ আইদেও এগৰাকীক বৰ্ম্মা ৰজাত বিয়া দিবলৈ পঠিয়াই সেই ৰজাৰে সৈতে মিতিৰ পাতিলে। তাৰ পাচত, তেওঁ ভালেমান ধন-বস্তু দি মানহঁতক সন্তুষ্টকৈ বিদায় দিলে। এয়ে অসমত মানৰ প্ৰথম আক্ৰমণ।\nমানৰ ২য়, আক্ৰমণ। - মান উলটি যোৱাৰ পাচত, বদনচন্দ্ৰ বৰফুকন আহোম ৰাজ্যৰ আচল গৰাকী হৈ বহিল। চন্দ্ৰকান্তসিংহ নামত মাথোন ৰজা, কিন্তু ৰজাৰ ক্ষমতা বদনচন্দ্ৰই হে চলায়। পিচে, ক্ষমতা বঢ়াৰ লগে লগে তেওঁৰ অত্যাচাৰো বাঢ়িবলৈ ধৰিলে। তেওঁৰ অত্যাচাৰত প্ৰজাৰ শান্তি নোহোৱা হল। শেহান্তৰত সেই অত্যাচাৰ অসহনীয় হোৱাত, আন-আন ডাঙ্গৰীয়া-বিষয়াসকলে মিলি বদনচন্দ্ৰক ছলেৰে বধ কৰালে। তাৰ পাচত, ৰাজমাও দেউতাই ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াক নগৰলৈ মাতি পঠিয়ায়। কিন্তু, ডাঙ্গৰীয়াই চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ ওপৰত সন্দেহ কৰি ততালিকে আহিবলৈ আগ [ ৬২ ] নাবাঢ়িলে। তাৰ পাচত, তেওঁ ইফালৰ আলেখ-লেখ বুজি লৈ, ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ বংশৰ পুৰন্দৰসিংহ কোৱঁৰক লগত লৈ, সতৰ্কভাৱে পুনঃ নগৰলৈ আহিল। সিবিলাক নগৰ সোমালত চন্দ্ৰকান্তসিংহ ভয়ত পলাই ৰংপুৰলৈ গুচি গল। তেওঁৰ ঠাইত ১৮৯৭ খ্ৰীষ্টাব্দত পুৰন্দৰসিংহ কোঁৱৰক ৰজা পতা হল। তাৰ পাচত, চন্দ্ৰকান্তসিংহই আকৌ ৰজা হবৰ মনেৰে বিদ্ৰোহ ঘটায় বুলি, তেওঁৰ কাণ এখনত ঘুণ্ লগাই তেওঁক ৰজাৰ অযোগ্য কৰোৱা হল। এই কথাত তেওঁ বৰ বেজাৰ পালে। সেই বেজাৰতে চন্দ্ৰকান্তসিংহই গোপনে কটকী দুজন পঠিয়াই বৰ্ম্মা ৰজাত তেওঁৰ দুৰ্গতিৰ কৰা জনাই সহায় খুজিলে। এই বাতৰি পাই বৰ্ম্মা ৰজা খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে ৩০,০০০ ডেৰকুৰি হাজাৰ সেনাৰে সৈতে আলুংমিঙ্গি নামে এজন সেনাপতিক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ালে। ১৮১৯ খ্ৰীষ্টাব্দত মান-সেনাপতি আহোম ৰাজ্যত সোমালহি, আৰু নাজিৰাৰ ওচৰতে আহোম ৰজাৰ ৰণুৱাৰ লগত তেওঁৰ এখন ৰণ লাগিল। কিন্তু, ৰজাৰ ৰণুৱাই ঠাৱৰিব নোৱাৰি বাট এৰি দিলে, - মান-সেনাপতি নগৰ সোমালহি। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই পুৰন্দৰসিংহ স্বৰ্গদেৱক লগত লৈ আকৌ গুৱাহাটীলৈ গুচি গল। ইফালে মানে নগৰ দখল কৰি লৈ, অসমীয়া প্ৰজাৰ ওপৰত নানা তৰহৰ অত্যাচাৰ কৰিবলৈ ধৰিলে। তাৰ পাচত, আলুংমিঙ্গি সেনাপতিয়ে চন্দ্ৰকান্তসিংহক আকৌ বৰ্ম্মাৰজাৰ তলতীয়াকৈ আহোম ৰাজ্যত ৰজা পাতিলে। আৰু, তেওঁৰ লগত অনা সৈন্যৰ এভাগ আহোম ৰাজ্যত [ ৬৩ ] ৰখীয়া থৈ, বাকীবিলাকৰে সৈতে তেওঁ নিজ দেশলৈ উলটি গল। এয়ে অসমত মানৰ দ্বিতীয় আক্ৰমণ।\nমানৰ ৩, আক্ৰমণ। - অসম আক্ৰমণত দুবাৰকৈ জিকি মানহঁতৰ নটা লাগিল। তাতে আহোম ৰাজ্যৰ ভিতৰুৱা দুৰৱস্থা দেখি গৈ সিহঁতৰ মন আৰু বাঢ়িল। তাৰ উপৰি, অসম দেশৰ বহুমূলীয়া বস্তু-বেহানি আদি দেখি গৈ সিহঁতৰ বৰকৈ লোভ লাগিল। সেই কাৰণে, মানে এইবাৰ আপোন মনেৰে অসমদেশ আক্ৰমণ কৰিবলৈ আগ বাঢ়িলে। এনে সময়তে ইফালে চন্দ্ৰকান্ত- সিংহ স্বৰ্গদেৱেও আগলৈ মান আহিব নোৱাৰা কৰিবৰ মনেৰে উজনিৰ জয়পুৰত এটা গড় মৰাবলৈ স্থিৰ কৰিলে। পতাল বৰবৰুৱাৰ গাত সেই কামৰ ভাৰ পৰিল। গড় মৰাওঁতে বৰবৰুৱাৰ লগত মানদেশী বনুৱা মানুহো কিছুমান আছিল। সেই বনুৱাবিলাকে গড় মৰাৰ আচল উদ্দেশ্য বুজিব পাৰিলে। সেই কাৰণে, সিহঁতে বৰবৰুৱাক তাতে বধ কৰি নিজ দেশলৈ পলাই গুচি গল। তাৰ পাচত, সিহঁতে বৰ্ম্মা ৰজাৰ আগত ইফালৰ সকলো কথা বিবৰি কলেগৈ। বৰ্ম্মাৰ ৰজা খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে অসম দেশ আকৌ আক্ৰমণ কৰিবলৈ আজ্ঞা দিলে। সেই মতে, ভালেমান সৈন্য লগত লৈ মিঙ্গিমাহা তিলোৱা নামেৰে এজন মান-সেনাপতিয়ে অসমলৈ যাত্ৰা কৰিলে। মান অহা শুনি চন্দ্ৰকান্তসিংহ পলাই গুৱাহাটী পালেগৈ। গতিকে, মানে কোনো হকা-বধা নোপোৱাকৈয়ে আহোম ৰজাৰ নগৰ দখল কৰিলেহি। তাৰ পাচত, মিঙ্গিমাহা তিলোৱাই নিজৰ ৰজাৰ জেঠেৱীয়েক, বগা [ ৬৪ ] কোৱঁৰৰ পুতেক, যোগেশ্বৰ কোঁৱৰক বৰ্ম্মা ৰজাৰ তলীয়াকৈ ৰজা পাতি লৈ নিজে ৰাজ্য চলাবলৈ ধৰিলে। এয়ে অসমত মানৰ তৃতীয় আক্ৰমণ।\nমহগড়ৰ ৰণ। - এইবাৰ আহোম কোৱঁৰক নামত মাথোন ৰজা পতা হল। আচলতে ৰজাৰ ক্ষমতা মান-সেনাপতিয়ে হে চলাইছিল। এই ভাৱেই বছৰদিয়েক পাৰ হল। পিচে, পৰৰ ৰাজ্য পৰে চলোৱাত প্ৰজাৰ দুখ-দুৰ্গতি বাঢ়িবলৈ ধৰিলে। পাচলৈ ৰজাঘৰত সহায় কৰক ছাৰি প্ৰজা নিজে তৰিব নোৱাৰাত পৰিল। মিঙ্গিমাহা তিলোৱাৰ লগত যি দহ হাজাৰ মানসেনা ৰাখিছিল, সিহঁতক পুহিবলৈ উপায় নোহোৱা হল। গতিকে, সেনাপতিৰ সঙ্কেত পাই সিহঁতে নিজে লুটপাট কৰি খাবলৈ ধৰিলে। সেই উদ্দেশ্যে মান-সেনাবিলাক দুভাগ হল। এভাগে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু ইভাগে দক্ষিণ পাৰে অসমীয়া প্ৰজাক লুটি খাবলৈ ধৰিলে। যি ফালেই মানসেনা যায়, সেইফালেই গাওঁ-ভুই উছন যোৱাৰ নিচিনা হয়। প্ৰজাৰ দুৰ্গতি দেখিব নোৱাৰি চন্দ্ৰকান্ত সিংহ, পুৰন্দৰসিংহ আৰু ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই বেজিনী, ভোটান আৰু ইফাল-সিফালৰপৰা গোটাই লৈ এজাক বৰবৰণীয়া ৰণুৱাৰে সৈতে, ১৮২১ খ্ৰীষ্টাব্দত মহগড় নামে ঠাইত মানক আক্ৰমণ কৰিলেগৈ। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে মনৰ বেজাৰত প্ৰাণটাকি খুঁজিবলৈ ধৰিলে। পাচলৈ মান-সেনাপতি তিলোৱা বিবুদ্ধি হৈছিলগৈ। এনেতে, বৰ্ম্মাদেশৰপৰা ভালেমান সৈন্যৰে সৈতে মিঙ্গিমাহা বন্দুলা নামেৰে আন এজন [ ৬৫ ] মান-সেনাপতিয়ে যোগ দিলেহি। গতিকে, ৰণত মান জিকিল। চন্দ্ৰকান্তসিংহ হুহকি পৰিল। ইয়াকে "মহগড়ৰ ৰণ" বোলে।\n"মহগড়ৰ ৰণ"ত মান জিকিল হয়, কিন্তু চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ হাতত সিহঁতে ভালকৈয়ে এসেকা পালে। সেই খঙ্গতে সিহঁত মতলীয়া হৈ উঠিল। সিহঁত নেগুৰত গছা সাপৰ দৰে হল। সিহঁতে নিৰ্জ্জু অসমীয়া প্ৰজাৰ ওপৰত তাৰ হোৰ তুলিবলৈ ধৰিলে। সিহঁতৰ উৎপাত আৰু অত্যাচাৰৰ কথা কবলৈ কথা নোলায়। নিঠুৰ মানতে সৰু সৰু লৰা-ছোৱালীক ফৰ্ম্মুটিয়াই গছৰ গুটী পাৰি খাইছিল। পাষণ্ডহঁতে গৰ্ব্ভাৱতী নাৰীৰ গৰ্ব্ভ ছিৰি ৰং চাইছিল। কিমান লৰা-ছোৱালীক পিচলৈ হাত জঁপাই শলা মাৰি থৈ এৰি গৈছিল। কুমলীয়া বাঁহগাজেৰে মৰিয়াই তাৰ সুং লগাই কিমানক লেলাত ভূঞ্জাইছিল। লৰা, ছোৱালী, মুনিহ, তিৰোতা ভালেমান মানুহ গোটাই একেটা ঘৰৰ ভিতৰত সুমুৱাই লৈ তাত জুই লগাই দি ৰং চাইছিল। বাঁহৰ ছাং পাতি তাৰ ওপৰত কেঁচুৱা লৰা-মাইকী, বুঢ়া, বুঢ়ী, লৰা ছোৱালী জাকৰুৱাকৈ তুলি তলত ধোঁৱা দি শাস্তি দি বধিছিল! এনে আৰু বিবিধ অত্যাচাৰৰ কথা কবলৈ গলে হিয়া বিদৰে! মানৰ এনে অসহনীয় উৎপাতৰ লগতে ছেগ ধৰি অসমৰ দাঁতি-কাষৰীয়া পৰ্ব্বতীয়া জাতিৰ মানুহেও অসমীয়া প্ৰজাৰ ওপৰত ডকাইতি কৰিবলৈ ধৰিলে। আন কি, পেটৰ পোৰণিত পৰি অসমীয়া মানুহেও মানৰ বেশ ধৰি গাওঁৱে-ভূইয়ে ডকাইতি কৰিবলৈ বাকী এৰা নাছিল। এনে মহা আপদত অসমীয়া প্ৰজাৰ মাজত হাহাকাৰ [ ৬৬ ] লাগি উঠিল। চাৰিওফালে "মানৰ দিন" বুলি বিপদৰ ঢৌ বিয়াপি পৰিল!\nঅসম দেশত মানৰ এদনীয়া এক্তিয়াৰ চলিল। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে আকৌ ৰজা হবৰ আশা কৰি মানৰ শৰণাগত হৈছিলগৈ। কিন্তু, তেওঁৰ সেই আশা নফলিয়ালে। মান-সেনাপতিয়ে তেওঁক ক্ষমা নকৰি, ৰংপুৰতে বন্দী কৰাই থলে। ইয়াৰ পাচত, মানৰ মন দোপত্দোপে বাঢ়িবলৈ ধৰিলে। অসমৰ লগত চামিল কৰি লবৰ মনেৰে মান-সেনাপতিয়ে কাছাৰ ৰাজ্য আক্ৰমণ কৰিলেগৈ। কাছাৰৰ ৰজা চৰজিতসিংহই বৃটিচ্, গৱৰ্ণমেণ্টৰ ওচৰত সহায় ভিক্ষা কৰিলেগৈ। সেইমতে, কাছাৰ আক্ৰমণ নকৰিবলৈ মান-সেনাপতিক বৃটিচ, গৱৰ্ণমেন্টে অনুৰোধ কৰিলে। কিন্তু, মানে তালৈ যে কটাহি নকৰিলেই, চাহপুৰ নামে বৃটিচৰ দখলৰ ঠাই এডোখৰ বলেৰে দখল কৰিলেগৈ। সেই কথাত অপমান পাই লৰ্ড আমহাৰ্ষ্ট্ গৱৰ্ণৰ জেনেৰেলে মানৰ লগত ৰণ দিবলৈ স্থিৰ কৰিলে। সেই অনুসৰি, ১৮২৪ খ্ৰীষ্টাব্দত, স্কট আৰু মেক্মৰিণ্, চাহাবে দুদল বৃটিচ্ সৈন্য লৈ দুফালৰপৰা মানক বেৰি ধৰিলেগৈ। চাহপুৰত মানৰ লগত বৃটিচৰ এখন ৰণ লাগিল। সেই ৰাত মানহঁতে ঠাৱৰিব নোৱাৰি উজাই পলাবলৈ ধৰিলে, আৰু বৃটিচে পিচে-পিচে খেদি আনিলে। সেই ছেগতে, অসমীয়া প্ৰজাবিলাকেও ইফালৰপৰা হাটবৰ নামে ঠাইত মানহঁতক আগচি ধৰিলেগৈ। ইয়াতে আকৌ এখন ৰণ লাগিল। ৰণত মান উঠিব নোৱাৰাকৈ পৰিল; শেহান্তৰত সিহঁতৰ দুভাগ ৰণত পৰিল, এভাগ উধাতু খাই পাৰ হওঁতে [ ৬৭ ] ব্ৰহ্মপুত্ৰত বুৰি মৰিল, এভাগে পলাই ফাট্ মাৰিলে। মান- সেনাপতিয়ে অগত্যা সন্ধিৰ প্ৰস্তাৱ কৰিলে। ইফালে বৃটিচৰো খাৰ-বাৰুদ আদি অন্ত পৰি অহা দেখি, স্কট্ চাহাবে সেই প্ৰস্তাব গ্ৰহণ কৰিলে। ১৮২৫ খ্ৰীষ্টাব্দত সেই সন্ধি মতে এই স্থিৰ হল যে, ইয়াৰ পাচত আৰু মানে অসমত কোনো উৎপাত লগাব নোৱাৰিব। যিবিলাক মান অসমত ৰৈ যাব, সিবিলাকে শান্তভাৱে বসতি কৰি থাকিব। অসম দেশত বৃটিচ, গৱৰ্ণমেণ্টৰ সম্পূৰ্ণ এক্তিয়াৰ চলিব। চন্দ্ৰকান্তসিংহ আৰু পুৰন্দৰসিংহ দুয়োজনা স্বৰ্গদেৱে বৃটিচ্ গৱৰ্ণমেণ্টৰপৰা পেন্চন্ পাব। এইদৰেই "মানৰ দিনৰ" উৎপাতে ৬ বছৰীয়া আহোমৰ দিনৰ সামৰণি পেলালে।\nকিন্তু, লৰ্ড আমহাৰ্ষ্ট সিমানতে সন্তুষ্ট নহল। তেওঁ চাৰ আৰ্চিবল কেম্বেল চাহাবক ভালেমান বৃটিচ্ সৈন্য দি বৰ্ম্মাদেশ আক্ৰমণ কৰিবলৈ পঠিয়ালে। চাৰ আৰ্চিবলে পোনেই ডনাৰু নামে বৰ্ম্মা দেশৰ এখন ঠাই দখল কৰেগৈ। তাতে অসমলৈ অহা মিঙ্গিমাহা তিলোৱা ৰণত পৰিল। তাৰ পাচত, বৃটিচ্ ফৌজ ক্ৰমাৎ বৰ্ম্মা দেশৰ ভিতৰলৈ আগ বাঢ়িল। পিছে, সিমানতে বৰ্ম্মা-- ৰজাই ভয় খাই সন্ধিৰ প্ৰস্তাব কৰাত, চাৰ আৰ্চিবলে সেই প্ৰস্তাব গ্ৰহণ কৰিলে। ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নামে ঠাইত বৃটিচ্ আৰু বৰ্ম্মা ৰজাৰ মাজত সন্ধি কৰা হল। সেই সন্ধিমতে বৃটিচ্ গৱৰ্ণমেন্ট বৰ্মা ৰজাৰপৰা আৰাকান, মাৰ্টবান আৰু টেনাচিৰিম এই কেইখন ৰাজ্য লাভ কৰিলে। [ ৬৮ ] সেই একে সময়তে আহোম ৰজাৰ হাতৰপৰাও অসম দেশ বৃটিচ, গৱৰ্ণমেণ্টৰ হাতলৈ লাচতে পাৰ হল। ইয়াকে "ইয়াণ্ডাবু সন্ধি" বোলে।\nমুঠ্-কথা। - আগৰ দিনত বৰ্ম্মাদেশৰ মানুহক মান বোলা হৈছিল। সেই মানে অসম দেশ তিনিবাৰ আক্ৰমণ কৰেহি। সেই আক্ৰমণতে অসম দেশ জুৰুলা হয়। সেই সময়ত অসমীয়া প্ৰজাৰ দুখ-দুৰ্গতিৰ সীমা নাছিল। পাচলৈ "মানৰ দিন" বুলি অসম দেশত অত্যাচাৰৰ ঢৌ উঠিছিল। সেই "মানৰ দিনেই" "আহোমৰ দিনৰ" সামৰণি পেলায়। শেহান্তৰত বৃটিচ্ ৰাজৰ আগমনে অসমক মানৰ উৎপাতৰপৰা ৰক্ষা কৰিলে। ১৮২৫ খ্ৰীষ্টাব্দৰ সন্ধিমতে আহোম ৰজাক বৃটিচ্ ৰাজৰ পেঞ্চনভোগী কৰা হয়। ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হয়। সেই সন্ধিমতে বৰ্ম্মা ৰজাৰপৰা আৰাকান, মাৰ্টাবান আৰু টেনাচেৰিম এই কেইখন ৰাজ্য বৃটিচ্ৰাজে লাভ কৰে। আৰু, সেই ছেগতে অসম দেশো বৃটিচৰ হাতলৈ পাৰ হয়।\n"https://as.wikisource.org/w/index.php?title=বুৰঞ্জীবোধ/আহোমৰ_দিনৰ_সামৰণি&oldid=27853"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ২৮ মে' ২০১৯ তাৰিখে ২০ঃ২৬ বজাত সলনি কৰা হৈছিল।
fb86fd1d8a2fde3255c1c09468dbefa7e0493900bc0f4bd04835f35190bad10d
মেষ : আনৰ কথাত প্ৰভাৱিত হোৱাতকৈ নিজৰ বিচাৰ বুদ্ধিৰ ওপৰত আস্থা ৰখাই ভাল। শ্ৰেষ্ঠ সিদ্ধান্ত লোৱা সম্ভৱ হ'ব। বৃষ : কঠোৰ পৰিশ্ৰম কৰাৰ বাবে প্ৰস্তুত থাকিব লাগিব। নিজৰ ইতিবাচক শক্তিৰ দ্বাৰা আনকো প্ৰভাৱিত কৰা সম্ভৱ হ'ব। মিথুন : নিজৰ দায়িত্বৰ লগতে স্বাধীনতা পোৱা সম্ভৱ হ'ব। উদ্বেগ, মানসিক চাপ, শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কৰ্কট : কঠোৰ পৰিশ্ৰমৰ সুফল পাব। আৰ্থিক উন্নতি সম্ভৱ। স্বীকৃতি আৰু সন্মান পাব পাৰে। কামৰ বাবে প্ৰশংসা পাব। সিংহ : সফলতা আহিব। একেলগে অব্যাহত থাকিব আবেগৰ প্ৰবাহ। যিকোনো সমস্যাৰ মোকাবিলা কৰিব লাগিব। কন্যা : আত্মদৰ্শন, নীতি পুনৰমূল্যায়নৰ সময় এয়া। অতীতৰ সিদ্ধান্তৰ বাবে নিজকে বা সংগীক প্ৰশ্ন কৰা হ'ব পাৰে। তুলা : আয়, ব্যয় পৰিচালনাৰ ক্ষেত্ৰত আৰু মনোযোগ প্ৰয়োজন। সতৰ্ক ন'হলে অপ্ৰত্যাশিত ব্যয়ৰ কাৰণে বিপদ আহিব পাৰে। বৃশ্চিক : অতিৰিক্ত খাদ্য গ্ৰহণৰ বাবে শাৰীৰিক অসুস্থতা দেখা দিব পাৰে। নিয়মিত ব্যায়াম প্ৰয়োজন। ধনু : অতীতৰ ভিত্তিত হয়তো কোনো দুৰ্ঘটনাৰ কাৰণ লুকাই আছে। ইয়াৰ বাবে খ্যাতি হ্ৰাস পাব পাৰে। সতৰ্ক থাকিব লাগিব। মকৰ : কোনো কাৰণত আঘাত পোৱাৰ আশংকা আছে। সতৰ্ক হৈ থাকিব লাগিব। ব্যক্তিগত সম্পৰ্কৰ বাবে শুভ দিন। কিন্তু বিভ্ৰান্তি থাকিব পাৰে, কথা ক'ব লাগিব। কুম্ভ : কোনো আনন্দৰ অনুষ্ঠানত যোগ দিয়াৰ সম্ভাৱনা। কেৰিয়াৰৰ ক্ষেত্ৰত সকলো বাধা অতিক্ৰম কৰিব। কিন্তু অতিৰিক্ত আত্মবিশ্বাস ভাল নহয়। মীন : কৰ্মক্ষেত্ৰত কোনোৱে ষড়যন্ত্ৰ কৰিব পাৰে। কোনে পিছফালৰ পৰা ছুৰী মাৰিছে সেয়াও জানিব পাৰিব। শান্তভাৱে মোকাবিলা কৰিব লাগিব। ৰেগিং কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ, বিগত ৯ দিন ধৰি ক'ত আছিল ৰাহুল? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
708b1a9bb78038830d4bc7184b259e4bba2a2762e64afb473aa35024e9a952d4
ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ উদ্যোগত নামৰূপৰ বিভিপিএলত আৰম্ভ হৈছে স্বচ্ছতা পাখৱাড়া অৰ্থাৎ স্বচ্ছতা পষেক। বিভিপিএলৰ প্ৰশাসনিক ভৱনত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি) শ্যাম দেউ সিঙৰ উপস্থিত এটা শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই শপত লোৱা হয় যে বিভিপিএলৰ সকলোকেইটা কাৰমখানা আৰু বিভাগতে স্বচ্ছতা বজাই ৰখা হ'ব। এই উপলক্ষে এটা বিভিপিএলৰ দৈনিক বজাৰ চৌহদত এটা সজাগতামূলক কাৰ্যসূচীৰো আয়োজন কৰা হয়। প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰীসকলে দৈনন্দিন জীৱনত স্বচ্ছতা বজাই ৰখাৰ বাবে জনসাধাৰণলৈ আহ্বান জনায়। বিভিপিএলৰ অধীনত এই স্বচ্ছতা অভিযানৰ প্ৰতিষ্ঠানটোৱে ডাষ্টবিন যোগান ধৰা, স্বচ্ছতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বেনাৰ, চাইনবোৰ্ড, শ্লোগান দিয়া, কাৰখানা, কাৰ্যালয় আৰু আন আন ঠাইত স্বচ্ছতা সম্পৰ্কে সজাগ কৰোৱাৰ অভিযান চলোৱা ইত্যাদি আছে। এই স্বচ্ছতা পাখৱাৰা সপ্তাহ ছেপ্টাম্বৰৰ ১৫ তাৰিখলৈ চলি থাকিব। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
7d1b6ed375c9307d2743a4e2da297ee2b11b92c75cf1df899bff16dc980c2713
ধাতু (ইংৰাজীঃ Metal) হৈছে খুব দ্ৰুত গতিত আয়ন সৃষ্টি কৰিব পৰা কিছুমান মৌলিক পদাৰ্থ। ধাতুৰ ৰাসায়নিক বন্ধনক ধাতব বন্ধন বোলে। সংকৰ ধাতু হ'ল দুই বা ততোধিক উপাদানৰ মিশ্ৰণ, যাৰ মূল উপাদান হ'ল ধাতু। বেছিভাগ বিশুদ্ধ ধাতু কোমল, ভংগুৰ বা ব্যৱহাৰিক কাৰ্যৰ বাবে ৰাসায়নিকভাৱে প্ৰতিক্ৰিয়াশীল। সংকৰ ধাতু গঠনৰ মুখ্য উদ্দেশ্য হ'ল ধাতুটিক কম ভঙ্গুৰ আৰু কঠিন আৰু ক্ষয় প্ৰতিৰোধক, বা আৰু ৰঙীণ বা উজ্জ্বল কৰি তোলা। বৰ্তমান ব্যৱহৃত সকলো সংকৰ ধাতুৰ ভিতৰত লোৰ সংকৰৰ (তীখা, নিস্কলংক তীখা, সংকৰ তীখা) পৰিমাণ আৰু বাণিজ্যিক মান উভয় দিশৰ পৰা বেছি। ৰসায়ন বিজ্ঞানত মৌলিক ধাতু বুলিলে সেইবোৰ ধাতুক বুজায় যিবোৰ সহজে জাৰিত বা ভাঙিব পৰা যায় আৰু হাইড্ৰোক্ল'ৰিক এচিডৰ সৈতে বিক্ৰিয়া ঘটি ধাতৱ ক্ল'ৰাইড আৰু হাইড্ৰ'জেন গঠন কৰিব পাৰে। উদাহৰণ স্বৰূপে - লো, নিকেল, তাম আৰু দস্তা আদি। গধুৰ ধাতু হ'ল তুলনামূলকভাৱে গাঢ় ধাতু।[2]ধাতুৰ ইয়াতকৈও অধিক সুনিৰ্দিষ্ট সংজ্ঞাৰ প্ৰস্তাৱ কৰা হৈছিল, কিন্তু কোনোটোৱেই সৰ্বজনীনভাৱে গৃহীত হোৱা নাই।
9d823c9c35da593454dcf6662bb72500635cd20d8aa03aec89b4050f31a78884
ডিজিটেল ডেস্কঃ অগপ-বিজেপি-কংগ্ৰেছ সকলোৰে দুৰ্গ বিচিত্ৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ৰহা সমষ্টিত এইবাৰ আকৰ্ষণীয় হ'ব নিৰ্বাচনী যুঁজ। এসময়ত অগপৰ দখলত থকা সমষ্টিতো পৰৱৰ্তীসময়ত এবাৰ AIUDFৰ দখললৈ গলেও যোৱা নিৰ্বাচনত বিজেপিৰ ডিম্বেশ্বৰ দাসে দখল কৰিবলৈ সক্ষম হৈছিল। ডিম্বেশ্বৰ দাস আছিল আকৌ অগপৰে প্ৰাক্তন নেতা। আনহাতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আনন্দ কুমাৰ বৰুৱাৰ কান্ধত উঠি ভতিজা পীষুয হাজৰিকাই কংগ্ৰেছী যুৱ নেতা হিচাপে প্ৰথমবাৰৰ বাবে দখল দিছিল ৰহা সমষ্টি। কিন্তু ২০১৬ত এই সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত সন্দিহান হৈয়েই নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুগামীৰূপে পৰিচিত কংগ্ৰেছী পীয়ুষ হাজৰিকা হ'লগৈ জাগীৰোড সমষ্টিৰ বিজেপিৰ প্ৰতিনিধি। পত্নীগৃহ ৰহা সমষ্টিত বিজেপিৰ পতাকা উৰুৱাই ৰখা বাবে ৰাজনৈতিক গুৰু হিমন্ত বিশ্ব শৰ্মাক লৈ প্ৰচেষ্টা চলালেও বিজেপিৰ বিজয়ক লৈ তেওঁ নিশ্চিত হ'ব নোৱাৰিলে। সেয়েহে ২০২১ৰ নিৰ্বাচনৰ বাবে তেওঁৰ বাব তেওঁৰ পত্নীও এই সমষ্টিত নিৰ্বাচনত অৱৰ্তীণ নহল। ইয়াৰ পৰিৱৰ্তে অগপৰ বিষ্ণু প্ৰসাদ দাসক প্ৰক্ষেপ কৰা হল মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে। আনহাতে সমষ্টিটোত প্ৰথমবাৰৰ AIUDFআৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সন্মিলিত প্ৰাৰ্থী শশী দাস। ইয়াৰ বাহিৰেও পূৰ্বৰ বিধায়ক গুণেশ্বৰ দাসে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ উপৰি অজাপ-ৰাইজৰ দলৰো দুগৰাকী প্ৰাৰ্থী সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হৈছে। উল্লেখ কৰা প্ৰয়োজন যে ২লাখ ১৭হাজাৰ ৬৪০টা ভোট থকা সমষ্টিটোত ধৰ্মীয় সংখ্যলঘু ভোটাৰৰ সংখ্যা প্ৰায় ৮২হাজাৰ। ইয়াৰ বিপৰীতে হিন্দু-বঙালী ভোটাৰ আছে ২৮হাজাৰৰো অধিক। সেইদৰে সমষ্টিটো এছ চিৰ বাবে সংৰক্ষিত হলেও অ বি চি ভোটাৰৰ সংখ্যা সমষ্টিটোত ৪৭হাজাৰ। পিছে ৰাজনৈতিক সমীকৰণত বহু সময়ত এনেবোৰ ফেক্টৰে কিছুমান সমষ্টিত কাম নিদিয়ে। ৰহাও তেনে এক সমষ্টিয়েই। সেইবাবেই এই সমষ্টিৰ পৰা দুবাৰকৈ বিজেপিৰ প্ৰাৰ্থী জয়ী হবও পাৰিছিল। একেদৰে জয়ী হৈছে AIUDFৰ প্ৰাৰ্থীও। এইবাৰ পিছে খেল অলপ বেলেগ। এইবাৰ পোণপতীয়া যুঁজ মিত্ৰজোঁট-মহাজোঁটৰ। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৮৪হাজাৰৰো অধিক ভোট পোৱাৰ বিপৰীতে ১৬০০ভোট কমকৈ পাইছিল নগাঁও সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই। এনে প্ৰেক্ষাপটতে বিধানসভা নিৰ্বাচনত সমষ্টিতো এৰি দিয়া হৈছে অগপ দলক। অগপৰ প্ৰাৰ্থীগৰাকী আকৌ এক হৰণ ভাগৱতী সমাজৰ অথাত শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী নেতা।যাৰ প্ৰভাৱ ধৰ্মীয় সংখ্যালঘুৰ মাজতো আছে। ইয়াৰ বিপৰীতে শশী দাসৰ দখলো সমষ্টিটোত কম নহয় যদিও আত্মভিমানী বুলি অভিযোগ থকা মহাজোঁটৰ প্ৰাৰ্থী শশী দাসৰ পুৰণি কংগ্ৰেছ কৰ্মী অথবা ৰহাৰ ভাষিক অসমীয়া ভোটাৰৰ জ্যেষ্ঠ সকলে বৰ আগ্ৰহেৰে লোৱা নাই। হলেও লোকসভা নিৰ্বাচনৰ দুবছৰৰ পিছতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মহাজোঁটৰ শক্তিক কিমান প্ৰত্যাহ্বান জনাবলৈ শশী দাস কিমান সক্ষম হব সেয়া সময়তহে পৰিষ্কাৰ হব। লক্ষ্যণীয় কথাতো হ'ল, সৌ সিদিনা লৈকে টোল গেট, এইমছ আদিয়ে তোলপাৰ লগাই থকা প্ৰতিবাদ আন্দোলনৰ প্ৰভাৱ নিৰ্বাচনটোত পৰিলক্ষিত হোৱা নাই। ইয়াৰ বিপৰীতে ধৰ্মীয় সংখ্যালঘু ভোট যিদৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীলৈ আহিব, সেইদৰে কচুৱাৰ পৰা বৈঠালাংছুৰ পৰ্যন্ত কপিলীপৰীয়া হিন্দু-বঙালী লোকসকলৰ ওপৰত ধৰ্মীয় সংখ্যালঘুৰ মাজত সোমাই থকা অত্যাচাৰী বাহিনীৰ পৰা পৰিত্ৰাণৰ স্বাৰ্থতে অগপ প্ৰাৰ্থীগৰাকীক হিন্দু ভোটাৰ সকলে আদৰি লোৱাৰ সম্ভাৱনা আছে।কচুৱাত থকা হিন্দু শৰনাৰ্থীসকলৰ ভোট যে নিশ্চিত ভাৱে মিত্ৰজোঁটে পাব সেয়া দোহৰাৰ প্ৰয়োজন নাই। আনহাতে ৰহা সমষ্টিত বিজেপি, অগপ, কংগ্ৰেছ, AIUDFৰ বিধায়ক মন্ত্ৰী বহু হ'ল।কিন্তু এসময়ত গোপীনাথ বৰদলৈ বা লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ৰহাত ৰাইজৰ বহু প্ৰত্যাশিত দলং খনৰ বাৰে বাৰে আধাৰশিলা স্থাপন কৰিও নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল।
60a7b8832934ce231f1cd3208d3df9c3ae14d65ec3db4757dd62898a21fb80cd
'মই অলপ শাক-পাচলি বিক্ৰী কৰিলো, বিশেষ লাভ নহ'ল। আমি ঘৰত কাম নোহোৱাকৈ এনেয়ে বেছিভাগ সময় কটাইছো। ওচৰৰ চিমেণ্ট কাৰখানা চলি আছে, কিন্তু আমি কাম কৰিবলৈ যোৱা নাই।' কচ্চ জিলাৰ লাখপট তালুকৰ মৰি গাঁৱৰ পৰা কৰিম জাঠে মোক ক'লে। ফকিৰাণী জাঠ সম্প্ৰদায়ৰ কৰিম জাঠ এজন মালধাৰী (পশুপালক)। কচ্চৰ স্থানীয় ভাষাত 'মাল' মানে পশু আৰু 'ধাৰী' মানে গৰাকী বা মালিক। গোটেই কচ্চত মালধাৰীসকলে গৰু-ম'হ, উট, ঘোৰা, ভেড়া ছাগলী আৰু ছাগলী চৰায়। কৰিমে উল্লেখ কৰা শাক-পাচলি আচলতে ওচৰৰ বজাৰৰ পৰা কিনি আনিছিল যদিও তেওঁ কোৱা মতে বিক্ৰী কৰি ভাল দাম নাপালে। কেইকিলোমিটাৰমান দূৰৰ নগৰত এটা চিমেণ্টৰ কাৰখানা আছে, কিন্তু তলাবন্ধৰ কাৰণে কৰিম বা আন ফকিৰাণী জাঠসকলৰ বাবে ঘৰৰ পৰা ওলোৱা টান হৈ পৰিছে। তদুপৰি কাৰখানাটোত ইতিমধ্যে যথেষ্ট শ্ৰমিক আছে, বেছিসংখ্যক পশ্চিমবংগ আৰু আন ঠাইৰ প্ৰব্ৰজনকাৰী শ্ৰমিক, এতিয়াও বহুত ইয়াত আছে, ঘৰলৈ উভতি যাব নোৱাৰিলে। স্থানীয় লোক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মাজৰ সম্পৰ্ক কেতিয়াও ভাল নাছিল। লাখপট তালুকৰ এগৰাকী মহিলা আছিল কচ্চৰ প্ৰথম ক"ভিড-১৯ত সংক্ৰমিত ৰোগী, তেওঁ বিদেশৰ পৰা আহিছিল। মাৰ্চত তেওঁক ভূজলৈ লৈ গৈ পৰীক্ষা কৰাৰ পিছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। লাখপট হৈছে অধিকাংশ উটপালকৰ স্থান। ২৪ মাৰ্চত যেতিয়া তলাবন্ধৰ ঘোষণা হ'ল, তাৰ পিছত কচ্চৰ সকলো কাম-কাজ স্থবিৰ হৈ পৰিল। উটপালকসকল গভীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'ল। কিয়নো নিজৰ ঘৰৰ পৰা যথেষ্ট দূৰত তেওঁলোক থাকে আৰু উটবিলাক চৰায়। তেওঁলোক থকা আৰু উট চৰোৱা ঠাইবিলাক সীমান্তৰ একেবাৰে কাষত বা সীমান্তত, সেয়ে অতি স্পৰ্শকাতৰ অঞ্চলৰূপে চিহ্নিত, অতি কঠোৰ নিৰাপত্তাৰ নিয়ম-নীতিৰ মাজত চলিব লাগে। হঠাতে ঘোষণা কৰা তলাবন্ধৰ বাবে বহুতো মালধাৰী ঘৰলৈ উভতি অহাৰ সময় নাপালে বা তাত থকা তেওঁলোকৰ পৰিয়ালৰ বাবে যথেষ্ট পৰিমাণৰ খোৱাবস্তু সংগ্ৰহ কৰিবও নোৱাৰিলে। চৰণীয়া পথাৰ এৰি দিয়াৰ পিছত তেওঁলোকৰ উটবিলাকৰ খাদ্যৰ অভাৱ হোৱা নাই বুলি তেওঁলোকে কয়। যদি তলাবন্ধৰ ম্যাদ পুনৰ বৃদ্ধি কৰে, তেন্তে উটবিলাকক খুওৱাই থকা সমস্যা হ'ব। ইফালে তীব্ৰগতিত গ্ৰীষ্মৰ উত্তাপ বাঢ়ি আহিছে। নসত্ৰানা ব্লকত চৰণীয়া পথাৰৰ কাষত থকা কিছুমান পশুপালকৰ ওচৰলৈ আৰক্ষী আহিছিল আৰু ঘূৰি নুফুৰিবলৈ তেওঁলোকক পৰামৰ্শ দিয়া বুলি স্থানীয় মানুহে আমাক ফোনত ক'লে। পশুপালকসকলে ইফালে-সিফালে যাবলৈ চেষ্টা কৰিব পাৰে, ৰেচনৰ বাবে বা আন কামৰ বাবে নিজৰ গাঁৱলৈ যোৱাৰ চেষ্টা কৰিব পাৰে, কিন্তু এতিয়া সেয়াও কঠিন হৈ পৰিছে। ৰাবাৰি, জাঠ আৰু সামাচৰ দৰে কচ্চৰ বিভিন্ন মালধাৰী (পশুপালক)সকলৰ জীৱন আৰু সাংস্কৃতিক ৰীতি তেওঁলোকৰ পালিত পশুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তেওঁলোকৰ গীতসমূহ। কিছুমান লোক বছৰৰ বিশেষ ঋতুত প্ৰব্ৰজিত (মে'-জুনৰ পৰা ছেপ্তেম্বৰৰ শেষলৈকে) হয়, আৰু কিছুমান লোকে নিজৰ তালুকৰ ভিতৰতে গোটেই বছৰ প্ৰব্ৰজিত হয়। তলাবন্ধৰ ফলত তেওঁলোকৰ ঋতুকালীন প্ৰব্ৰজনত ব্যাঘাত জন্মিছে। গুলমমদ জাঠৰ দৰে আন বহুতো লাখপটৰ পশুপালকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিপণীৰ পৰা খাদ্য-সামগ্ৰী তথা আন অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত সমস্যাত ভূগিছে। 'পৰিচয়ৰ প্ৰমাণ হিচাপে ৰেচন কাৰ্ডবিলাক আমি লগত লৈ ফুৰো, কিন্তু ইয়াৰ ফলত ৰেচনৰ দোকানৰ পৰা বস্তু লোৱাৰ ক্ষেত্ৰত একো লাভ নহয়, আৰু বহুতো পৰিয়ালৰ এই সমস্যা হয়,' তেওঁ কয়। এনে পৰিস্থিতিত আচল সমস্যা দুৰ্ভিক্ষ। চৰকাৰে সহজভাৱে যি ঘোষণা কৰিছে, সেয়া যথেষ্ট নহয়। 'আঠজন সদস্য থকা এটা পৰিয়ালে যদি ১০ কিলোগ্ৰাম আটা পায়, তেওঁলোকে কিমান দিন খাব,' তেওঁ কয়। জাঠ আয়ুব আমীন ফকিৰাণী জাঠ সম্প্ৰদায়ৰ এজন জ্যেষ্ঠ নাগৰিক, তেওঁ গোটেই বছৰ ভাচাউ তালুকত খাৰাই উট চৰাই জীৱিকা উপাৰ্জন কৰে। সাম্প্ৰতিক বছৰবোৰত অৰণ্য ধ্বংসৰ বাবে চৰণীয়া পথাৰ নোহোৱা হৈছে, পশুৰ পালবোৰ সৰু হৈ আহিছে আৰু আন কাৰণত তেওঁৰ উপাৰ্জনৰ পতন ঘটিছে। তেওঁ ভাৱে ক'ভিড-১৯ তলাবন্ধৰ ফলত তেওঁৰ উটৰ গাখীৰ বিক্ৰী আৰু ৩০ শতাংশ হ্ৰাস পাই উপাৰ্জন সংকুচিত হৈ পৰিব। যোৱা কেইবছৰমানৰ ভিতৰত উপকুলীয় কচ্চত চিমেণ্টৰ উদ্যোগৰ লক্ষণীয় হাৰত বাঢ়ি অহা দেখা গৈছে। ডাঙৰ ডাঙৰ চিমেণ্ট কাৰখানাবোৰত মৰি, তাহেৰা তথা আন সীমান্তৱৰ্তী গাঁৱৰ ফকিৰাণী জাঠ সম্প্ৰদায়ৰ ডেকাচামে দিন মজদুৰৰ কাম পাইছিল। এতিয়া তলাবন্ধৰ সময়ত কাৰখানাবিলাক বন্ধ হৈ পৰিছে। উট চৰাই ঘূৰি ফুৰাৰ সময়ত পুৰুষসকলে গাখীৰ আৰু ৰুটি খায়, কিন্তু গাঁৱত থকা মহিলা আৰু শিশুসকলক ৰুটি, চাউল আৰু দাইলৰ দৰকাৰ হয়। আকস্মিক তলাবন্ধৰ ফলত সীমান্তত থকা অকলশৰীয়া এই গাওঁবিলাক অসুবিধাত পৰিছে। পশু লৈ ঘৰৰ পৰা ওলাই যোৱা যিসকলে ৰেচন কাৰ্ড ঘৰত এৰি থৈ গৈছে, তেওঁলোকেও ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানৰ পৰা খাদ্য-সামগ্ৰী পোৱা নাই। বহুতো ফকিৰাণী জাঠ লোকৰ বিড়ি হোপাৰ অভ্যাস আছে। তলাবন্ধৰ বাবে ধঁপাতজাতীয় সামগ্ৰী পোৱা টান হৈ পৰিছে। জাঠ আয়ুব আমীনে কয় যে তেওঁৰ বাবে এয়া বৰ কষ্টদায়ক। বাওঁফালেঃ কচ্চ মালধাৰী উটপালক সংগঠনৰ সভাপতি ভিখাভাই ৱাঘাভাই ৰাবাৰিৰ পৰা পশুপালক পৰিয়ালে ৰেচনৰ মোনা লৈছে। সোঁফালেঃ মালধাৰীসকলৰ অধিকাৰৰ বাবে কাম কৰা ভূজৰ সংগঠন এটাই দিয়া ৰেচনৰ মোনা বহুতো ফকিৰাণী জাঠ পৰিয়ালে গ্ৰহণ কৰিছে। মোনাত আটা, চাউল, মচুৰ দাইল, কপাহ তেল, হালধি, মচলা, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰী থাকে। ইয়াৰ ফলত তেওঁলোকৰ খাদ্যৰ অভাৱ বহুখিনি হ্ৰাস পাইছে।
fd1a07fb2662b47c9affbe0f5ae89fc9149c677edf1449a672992c0cae6c9dce
তিনিচুকীয়াৰ ধলাত বৃহস্পতিবাৰে সন্ধিয়া হোৱা অপ্ৰৰোচিত গুলীচালনাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঘটনাস্থলীলৈ যাবলৈ মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈক নিৰ্দেশ দিয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক জৰুৰীভাৱে গৈ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে নিৰ্দেশ দিছে। অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ লগতে ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সস্তম হৈ থকাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
7b6beccb167a7c40ff319d17a2416843af382202bdd29f1f4e45478bdb9b7792
পৰিৱৰ্তনৰ স্বপ্ন দেখুওৱা সোণোৱাল চৰকাৰৰ দুটা বছৰ পাৰ হোৱাৰ পিছতো বিহালীৰ টেলেঙনীয়া অঞ্চলৰ স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা এখন দলঙৰ সমস্যাত ভূগিব লগা হোৱাৰ উপৰি অঞ্চলটোত নাই উন্নত যাতায়াত ব্যৱস্থা। উল্লেখযোগ্য যে বৰ্তমান যমৰ যন্ত্ৰণাত ভূগিব লগা হৈছে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টিৰ বিহালীৰ টেলেঙনীয়াবাসীয়ে। পৰিৱৰ্তনৰ সপোন দেখুওৱা চৰকাৰৰ এগৰাকী প্ৰভাৱশালী বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ নিজ বাসগৃহৰ কাষতে থকা বাঁহৰ দলংখন বৰ্তমানলৈকে উন্নত কৰিব নোৱাৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আনকি স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল নাপালে। আনহাতে এই অঞ্চলৰ বাট-পথ এজাক বৰষুণ দিলে পথাৰ সদৃশ হয়। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি এই জৰাজীৰ্ণ পথটিৰ বাবে আবণ্টিত ৪,৮৪,৫০০ টকাৰে বিজেপিৰ একাংশ দালালে পথটিৰ নিৰ্মাণকাৰ্য আধাতে সামৰি আবণ্টিত ধন আত্মসাৎ কৰি পথটিৰ আজিলৈও নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰিলে। আনকি পথটিৰ জৰাজীৰ্ণ ৰূপৰ বাবে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
92d18453aab2230024cd80baadd621fc29928a069d78ab9eed6ac09873998598
গুৱাহাটী,৮ ছেপ্তেম্বৰঃ গুৱাহাটীত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য ৰাইজে উপভোগ কৰিবৰ বাবে স্থানান্তৰিত হ'ব উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। সলনি হ'ব কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা। গুৱাহাটীৰ পাণবজাৰৰ কাছাৰীঘাটস্থিত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়টো ভঙাগড়ৰ সমীপৰ ৰূপনগৰত নিৰ্মাণ কৰা হ'ব আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা হ'ব খানাপাৰা। ৰূপনগৰৰ 'অসম চৰকাৰৰ নিৰ্মাণ নিগম (পৰিসীমিত)'ৰ পূৰ্বৰ কাৰ্যালয় আঁতৰাই ১০ বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব উপায়ুক্তৰ নতুন কাৰ্যালয়। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ বৰ্ত্তমানৰ কাৰ্যালয় স্থানৰ উপৰি ৰূপনগৰ আৰু খানাপাৰাৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে। ৰূপনগৰৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এই কথা অবগত কৰে। তেওঁ কয় যে বৰ্তমান অতি ঠেক পৰিসৰত থকা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ লগতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়া আৰু জ্যেষ্ঠ উপ পঞ্জীয়কৰ কাৰ্য্যালয়টো ৰূপনগৰলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰ্যন্ত নিৰ্মাণ কাৰ্যৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হোৱা নাই যদিও অহা তিনি বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুন কাৰ্যালয় চৌহদত ২০০ খন গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থাও থাকিব। আনহাতে পুৰণি উপায়ুক্ত কাৰ্যালয় চৌপাশ মুকলি কৰি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বৰ্ধন কৰা হ'ব আৰু ৰাইজে ব্ৰক্ষ্মপুত্রৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। তদুপৰি ৰাজ্যত নিৰ্মাণ হ'ব ১০টা নতুন উপায়ুক্তৰ কাৰ্যালয়। আনহাতে খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠান পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত নিৰ্মাণ হ'ব নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো। আজি পুৱাই খানাপাৰৰ সেই স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো তিনি বিঘা মাটিত নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইফালে নতুনকৈ নিৰ্মাণ হ'ব লগীয়া আৰক্ষী আয়ুক্তৰ কার্যালয়টো ৯ মহলীয়া অট্টালিকা হ'ব বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়-' নতুন বিল্ডিঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে পাৰ্কিঙৰ সু-ব্যৱস্থা থাকিব। সকলো ডিচিপি বহাৰ সুবিধা থাকিব। অসমৰ কাৰেংঘৰৰ আৰ্হিত নিৰ্মান হ'ব নতুন কাৰ্যালয়টো।' উল্লেখ যে দুই মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ'বলগীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হ'ব। মুখ্যমন্ত্ৰীৰ ভূমি পৰিদৰ্শনৰ সময়ত মন্ত্ৰী অশোক সিংঘালৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল। Related Topics: Save my name, email, and website in this browser for the next time I comment. গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে 'হৰ ঘৰ দস্তক'ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে। দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত 'হৰ ঘৰ দস্তক'ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক'ভিড প্ৰতিষেধক ল'বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক'ভিড প্ৰতিষেধক প্ৰদান কৰোৱায়। হেঙেৰাবাৰী ক'ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক'ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰত গৈ দীৱাংগসহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। অনুৰূপ ধৰণে জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে 'হৰ ঘৰ দস্তক' কাৰ্যসূচীৰ তদাৰক কৰে। গুৱাহাটী,২৭ নৱেম্বৰঃ চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ অসমতো তথ্য-প্ৰযুক্তিৰ সুৰক্ষা কবচ শক্তিশালী কৰাৰ লগতে চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ দল বিকশিত কৰাৰ ভৱিষ্যদৰ্শী উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লৈছে এটা 'ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স'। তথ্য-প্ৰযুক্তি আধাৰিত বিত্তীয় তথা ব্যৱসায়িক সেৱা সুনিশ্চিতকাৰী বিশ্বৰ অগ্ৰণী বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠান 'মাষ্টাৰকাৰ্ড এচিয়া পেচিফিক' আৰু চাইবাৰ সুৰক্ষা পৰীক্ষণকাৰী সংস্থা 'আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড'ৰ কাৰিকৰী সহযোগিতাত অসম চৰকাৰৰ অধীনৰ 'আছাম ইলেকট্ৰনিকছ ডেভেল'পমেণ্ট ক'ৰ্পোৰেচন লিমিটেড' (এমট্ৰন)-এ টেক চিটীত এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰটো বিকশিত কৰিব। এই সন্দৰ্ভত গুৱাহাটীত আজি ৰাজ্যৰ তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত তিনিওটা পক্ষৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদিত হয়। এমট্ৰনৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব তথা গুৱাহাটী বায়'টেক পাৰ্কৰ সঞ্চালক আকাশদীপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এমট্ৰনৰ হৈ পৰিচালন সঞ্চালক এম কে যাদৱ, মাষ্টাৰকাৰ্ড এছিয়া পেচিফিকৰ হৈ কোম্পানীটোৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী নিখিল চাহানী আৰু আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজৰ হৈ সঞ্চালিকা অমৃতা সিঙে বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে। এই ত্ৰিপাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লোৱা অত্যাধুনিক তথা বিশ্বমানৰ চাইবাৰ ছিকিউৰিটী চেণ্টাৰটোৰ দ্বাৰা ভৱিষ্যতে অসম তথা দেশৰ চাইবাৰ ছিকিৰিটী এক্সপাৰ্টাইজৰ চাহিদা পূৰাব পৰাকৈ চাইবাৰ সুৰক্ষা প্ৰযুক্তি বিকাশৰ লগতে উপযুক্ত মানৱসম্পদ (চাইবাৰ ছিকিউৰিটী স্পেচিয়েলিষ্ট) গঢ়ি তোলাৰ উপৰি ইয়াক দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাবেও নিৰ্ভৰযোগ্য চাইবাৰ ছিকিউৰিটী এক্সপাৰ্টাইজৰ হাব ৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে বুলি অনুষ্ঠানত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই উল্লেখ কৰে। বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাতিদূৰৰ বঙৰাত ইতিমধ্যে ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগে স্থাপন কৰা টেক চিটীত এই চাইবাৰ ছিকিউৰিটীৰ চেণ্টাৰ অব এক্সেলেন্সৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি সাজু হৈ থকা বুলিও তেওঁ প্ৰকাশ কৰে। মন্ত্ৰী মহন্তই কয় যে চাইবাৰ নিৰাপত্তাৰ দিশত দিনে দিনে বিপদাশংকা-ভাবুকি বৃদ্ধি পাইছে। গতিকে আগন্তুক দিনত অসমেও এনে ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ পূৰ্ণ কাৰিকৰী সামৰ্থ আৰু বিশেষজ্ঞ মানৱসম্পদেৰে সাজু হৈ উঠিব পাৰিবই লাগিব। এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰে আগন্তুক দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগতে দেশৰ আন ৰাজ্য চৰকাৰসমূহ, ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ভাৰতীয় কৰ্পোৰেট গোষ্ঠীক ক্ৰমবৰ্ধমান চাইবাৰ ছিকিউৰিটীৰ ভাবুকি প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় চাইবাৰ ইণ্টেলিজেন্স সেৱা উপলব্ধ কৰিব। গুৱাহাটী,২৬ নবেম্বৰঃ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কেবিনেটৰ এই সিদ্ধন্তক চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ কেবিনেটৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছে। লগতে জাতিদ্ৰোহী এই সিদ্ধান্ত গ্ৰহণৰ বাবে মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছে। সংবাদমেলত ভৰত নৰহে কয় যে বঙাইগাঁৱত চৰকাৰে কেবিনেট পাতি বহু সিদ্ধান্ত ল'লে । তাৰে এ পি এছ চিৰ পৰীক্ষাৰ পৰা ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক। ইয়াৰ দ্বাৰা অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা হৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া ক'ব নাজানিলে চাকৰি কৰিব নোৱাৰিব বুলি কৈছিল। কিন্তু এতিয়া এ পি এছ চি পৰীক্ষাৰ পৰা ভাষাই প্ৰত্যাহাৰ কৰিলে। কি কাৰনে চৰকাৰে এই হঠকাৰী আৰু ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা ৰাইজক জনাওক। কাক সন্তুষ্ট কৰাৰ বাবে তথা কাৰ নিৰ্দেশত চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে কয় যে ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব। সংবাদমেলত দলৰ কেইবাজনো নেতা উপস্থিত আছিল।
f3fb6e1385a4940bc953935a77fa75abb42f134a9878b649b5757bc812953901
কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন গাঞ্জা সৰবৰাহকাৰীৰ ভিতৰৰে এজন আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত হৈছে। অভিযুক্ত তিনিজনক লগত লৈ আৰক্ষীয়ে তদন্তৰ বাবে যোৱাৰ সময়তে মুকেশ কুমাৰে হঠাতে এজন কনিষ্টবলৰ অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা চলায়। আৰক্ষীয়ে মুকেশ কুমাৰক ৰখাবলৈ শূন্যতে এটা ৰাউণ্ড গুলীচালনা কৰে ।কিন্তু অভিযুক্ত জনে ৰৈ নোযোৱাত আৰক্ষীয়ে তেওঁৰ ভৰিলৈ লক্ষ্য কৰি এটা ৰাউণ্ড গুলীচালনা কৰে। ফলত মুকেশ কুমাৰ আহত হয়। আহত অৱস্থাত লোক জনক তৎক্ষণাৎ চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ'ল নতুন নেতা? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
6d44c4fbbd065ec8a98225aaca208df675869746136d052f3da4ae6deeaaef1c
হাজো : পুখুৰীত বিহ ঢালি ২০ লাখ টকাৰ মাছ নিধন কৰিলে দুৰ্বৃত্তই। কামৰূপ জিলাৰ হাজোত সংঘটিত হৈছে পুখুৰীত বিহ ঢালি মাছ নিধনৰ এই নিকৃষ্ট কাণ্ড। বৃহস্পতিবাৰে নিশাৰ ভাগত কোনো দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড। কামৰূপ জিলাৰ হাজোৰ নতুন দিহিনাৰ দক্ষিণ শিংৰাত দুৰ্বৃত্তই পুখুৰীত বহি ঢালি প্ৰায় ২০ লাখ টকাৰ মাছ নিধন কৰিছে। দক্ষিণ শিংৰাৰ নুৰ মহম্মদ নামৰ এজন মীন পালকৰ পুখুৰীত দুৰ্বৃত্তই বহি ঢালি ২০ লাখ টকাৰ মাছ নিধন কৰে। নুৰ মহম্মদে বেংকৰ পৰা ঋণলৈ ৬ বিঘা ভূমিত পুখুৰী খান্দি মাছ পালন কৰিছিল। শুকুৰবাৰে পুৱাৰ ভাগত পুখুৰীত হাজাৰ হাজাৰ মৃত মাছ ওপঙি থাকে প্ৰত্যক্ষ কৰে মীন পালক নুৰ মহম্মদে। বেংকৰ ঋণ লৈ মাছ পালন কৰা নুৰ মহম্মদে পুখুৰীত মৃত মাছ ওপঙি থকা দেখি কান্দোনত ভাঙি পৰে। ঘটনা সন্দৰ্ভত নুৰ মহম্মদে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
f0c3f6b53c83d250c5e846b84abb191ed343107b822bf7a482da15bd7f347ab6
নাহৰকটীয়াৰ জয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড। এফালৰ পৰা জ্বলি শেষ হ'ল বহু বিঘা পকা ধান। উল্লেখযোগ্য যে যোৱা কেইমাহমানৰ পূৰ্বে জয়পুৰৰ পৰা দুলীয়াজান সংযোগী মূল পাইপডাল ফাটি জয়পুৰৰ নগা পথাৰ খাৰুৱা তেলেৰে ভৰি পৰিছিল। কিন্তু অইল ইণ্ডিয়াই পথাৰৰ পৰা খাৰুৱা তেলসমূহ উঠাই নিয়াত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ বাবে পথাৰত দাৱনীয়ে ধান কাটি থকা অৱস্থাত হঠাতে জ্বলি উঠে সমগ্ৰ পথাৰ। ইফালে এই অগ্নিকাণ্ডৰ ফলত কৃষকে বছৰটোৰ বাবে গোটোৱা সমগ্ৰ ধান জুইত জাহ যায়। অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
864f9f5386af0e56ae2cbea3dc7d187a4f4fa7882be770d84017b25c09793587
বিকল্প সংবাদ মাধ্যম লাগে কিয়? ( মৃদুল কুমাৰ সন্দিকৈ ) - বৌদ্ধিক বিচাৰ\nচ'ৰাঘৰ / অতিথি সম্পাদকৰ চ'ৰা / বিকল্প সংবাদ মাধ্যম লাগে কিয়? ( মৃদুল কুমাৰ সন্দিকৈ )\nবিকল্প সংবাদ মাধ্যম লাগে কিয়? ( মৃদুল কুমাৰ সন্দিকৈ )\nজানুৱাৰী 31, 2017\tঅতিথি সম্পাদকৰ চ'ৰা, বিকল্প গণমাধ্যম বিশেষ মন্তব্য কৰক 274 দৰ্শন\nসকলোতে সন্ধান কৰা হয় বিকল্প। তথাকথিত ব্যৱস্থা, ব্যক্তি বা মাধ্যমৰ ওপৰত আস্থা হেৰুৱালে বিকল্পৰ সন্ধান কৰাটো নিয়ম। শেহতীয়াকৈ অসমতো বিকল্পৰ সন্ধান আৰম্ভ হৈছে বিভিন্ন ক্ষেত্ৰত। ৰাজনীতি, সমাজ, সাহিত্য, সংবাদ মাধ্যম- সকলোতে বিকল্পৰ সন্ধান চলিছে। এই ক্ষেত্ৰত এক প্লেটফৰ্ম ৰূপে ধৰা দিছে ছ'চিয়েল মিডিয়াই। Social Media is not about the exploitation of technology but service to community হৈ পৰিছে। ইয়াৰ সু আৰু কু ব্যৱহাৰ- দুয়োটাই থাকিলেও অতিশেহতীয়াকৈ ব্যৱস্থাগত আৰু সুসংগঠিত সংবাদ মাধ্যমৰ বিৰুদ্ধে থিয় দিবলৈ বিকল্প সংবাদ মাধ্যমৰ আত্মপ্ৰকাশ ডাঙৰ কথা। যিটো প্ৰয়োজন আছিল বুলি ক'ব পাৰি। Social Media isaultimate equalizer. It givesavoice and plateform to any one willing to engage. তথাকথিত সংবাদ মাধ্যম ৰক্ষণশীল, সংবাদ তথা বা-বাতৰিত থকা পক্ষপাতিত্ব আৰু এক নিৰ্দিষ্ট শ্ৰেণীৰ দ্বাৰাই পৰিচালিত হোৱাৰ অভিযোগ আজিৰ নহয়। বাতৰি চেনেল বা কাকতে যি দেখুৱাব বা লিখিব সেয়াই কেৱল বাতৰি বুলি ভবাটো ভুল। এনেবোৰ চিন্তা-চৰ্চাৰ বিৰুদ্ধে বিকল্প সংবাদ মাধ্যম হ'ব বৃহত্ প্ৰত্যাহ্বান। আজি নহ'লেও এদিন অসমত এই মাধ্যমবোৰে সঠিক অৰ্থত জনসচেতনতা আৰু জনজাগৰণ সৃষ্টিৰে সংবাদ মাধ্যমৰ ন্যায় আৰু নিষ্ঠাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আনুষ্ঠানিকভাবে অসমত সংবাদ মাধ্যমৰ বিকল্প ৰূপত NewsNext আৰু Voice.Com নামৰ দুটা বিকল্প সংবাদ মাধ্যমে আত্মপ্ৰকাশ কৰাটো আশাৰ লক্ষণ। পাঠক, দৰ্শক আৰু এই মাধ্যমৰ সৈতে জড়িত লোকসকলৰ মাজত প্ৰত্যক্ষ আৰু সমান অংশগ্ৰহণেৰে ইয়াক সঠিক পথত আগুৱাই যোৱাত সহায় কৰিব। এই মাধ্যম হ'ব অতি দ্ৰুত আৰু ইয়াত প্ৰতিজন লোকেই সমানে অংশীদাৰ হোৱাৰ বাবে সঠিক সত্য যিকোনো প্ৰকাৰে পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা থাকিব।\nসাধাৰণতে দেখা পোৱা যায়, বাতৰি চেনেলবোৰে যিবোৰ কথা বাতৰিৰ দৰে সম্প্ৰচাৰ কৰে সেইবোৰতকৈ গুৰুত্বপূৰ্ণ বহু বাতৰিয়ে বাতৰিৰ ৰূপত স্থান লাভ নকৰে। অথচ সমাজ আৰু দহৰ বাবে এই বাতৰিবোৰৰ প্ৰয়োজন অধিক। দৰ্শক তথা পাঠকৰ ৰুচি সলনি কৰিবলৈ সংবাদ মাধ্যমত যি প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতাৰ বিপৰীতে এই মাধ্যমে সঠিক দিক নিৰ্ণয়েৰে সঠিক বাতৰি তথা খবৰ পাঠকৰ মাজলৈ কম সময়ৰ ভিতৰতে লৈ যাব পাৰিব। সেয়েহে এই বিকল্প সংবাদ মাধ্যমৰ উত্তৰণ তথা আত্মপ্ৰকাশ আমাৰ বাবে এক আশাব্যঞ্জক খবৰ। কিয়নো এতিয়া বাতৰিৰ মাজত, বাতৰিৰ ভিৰত হেৰাই যায় 'খবৰ' হ'বলগা বহু খবৰ ...\nকুকুৰে মানুহ কামুৰিলে এতিয়া খবৰ নহয়। কিন্তু মানুহে কুকুৰ কামুৰিলে একাংশ সংবাদ মাধ্যমৰ বাবে হয় ডাঙৰ খবৰ। বাতৰি চেনেলবোৰে টি আৰ পিৰ দৌৰত অৱতীৰ্ণ হোৱাৰ লগে লগে এনে কিছু বাতৰিয়ে স্থান লাভ কৰিছে, যিবোৰ বাতৰি হোৱাটো কোনো কাৰণতে মানি ল'ব নোৱাৰি। অথচ এইবোৰ বাতৰি, বাতৰি চেনেলবোৰৰ বাবে টি আৰ পি থকা ভাল বাতৰি! সেয়েহে সংবাদ মাধ্যমৰ এনে ভূমিকাই সচেতন লোকসকলক বিভিন্ন সময়ত ব্যথিত কৰে। লক্ষণীয় কথাটো হ'ল- বাতৰি এটাৰ প্ৰকৃত উদ্দেশ্যৰ পৰা আঁতৰি আহি কোনো নিৰ্দিষ্ট পক্ষই যুক্তি তথা মতবাদ সেই বাতৰিৰ মাজত প্ৰকাশ কৰাৰ প্ৰৱণতা অতি অধিক হৈ পৰিছে। যাৰ বাবে NEWSবোৰ এতিয়া NEWS হৈ থকাৰ সলনি VIEWSলৈ পৰিণত হৈছে। আচল আৰ্থত বাতৰি এটাত থাকিব লাগে কেইটামান প্ৰশ্নৰ উত্তৰ। সেইকেইটা হ'ল- কি, কোনে, কেতিয়া, ক'ত আৰু কিয়? ইয়াত কাৰোবাৰ যুক্তি তথা বাতৰিটোৰ সপক্ষে-বিপক্ষে মত দাঙি ধৰাৰ প্ৰয়োজন নাই। বিশ্বৰ সংবাদ জগতৰ এক প্ৰতিষ্ঠিত সংস্থা BBC। BBCৰ বাতৰিসমূহত আজিও সেই পৰম্পৰা অব্যাহত আছে। বাতৰিক লৈ তেওঁলোকে আলোচনা কৰে। কিন্তু সেয়া বাতৰিৰ মাজত নহয়। বাতৰিত কেৱল তেওঁলোকে বাতৰিহে দিয়ে। বাতৰিৰ মাজত যাতে এনে দৃষ্টিভংগীয়ে দৰ্শকক বিপথে পৰিচালিত নকৰে, তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখে। এনে কাহিনীও শুনিবলৈ পোৱা যায় যে, এনে প্ৰতিষ্ঠিত সংবাদ মাধ্যমে বাতৰি নথকাৰ বাবে বাতৰিৰ বুলেটিনো বাতিল কৰি দিছিল। তাৰ সলনি দৰ্শকক সম্বোধি জনাইছিল যে বাতৰি বুলেটিনৰ বাবে তেওঁলোকে বাতৰি বুলি ভবা বিশেষ বাতৰি নথকাৰ বাবে বাতৰিৰ সলনি এক সংগীতানুষ্ঠান আগবঢ়াইছে দৰ্শকৰ বাবে। এই সততা এতিয়া অসমৰ বা ভাৰতৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা নাযায়। নিঃসন্দেহে সংবাদ মাধ্যম থাকিব লাগে জনতাৰ পক্ষত। জনতাৰ সুখ-দুখ-সমস্যা তথা মনৰ কথাৰ প্ৰতিফলন ঘটিব লাগে সংবাদ মাধ্যমত। সেই প্ৰৱণতা সংবাদ মাধ্যমে কেতিয়াবাই হেৰুৱাই পেলাইছে। কোনো এক পক্ষক সহায় কৰিবলৈ বাতৰিসমূহ এনেদৰে পৰিৱেশন আৰু প্ৰকাশ কৰা হয় যে সকলো বাতৰিৰ অন্তৰালত থাকে আন এক কাহিনী। জনসাধাৰণক প্ৰভাৱান্বিত কৰি এক কৃত্ৰিম জনমত গঠনেৰে বহুসময়ত প্ৰকৃত সত্যক ঢাকি ৰাখিবলৈ চেষ্টা কৰা হয়। এই প্ৰচেষ্টাবোৰৰ বাবেই ব্যতিব্যস্ত হৈ উঠা মানুহৰ বাবে শেষ সম্বল হৈ থিয় দিছে বিকল্প গণমাধ্যমসমূহ। য'ত প্ৰতিজন লোকৰে নিজৰ ভাৱ-প্ৰতিক্ৰিয়া প্ৰকাশৰ বাবে সুবিধা থাকে। তাৰ সুযোগ গ্ৰহণ কৰাৰ বাবেই বিকল্প গণমাধ্যমসমূহ অধিক জনপ্ৰিয় হৈ পৰিছে। আনুষ্ঠানিকভাবে এই গণমাধ্যমসমূহ কোনো নিৰ্দিষ্ট লোকৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। লগতে এই মাধ্যমসমূহৰ আন এক সুবিধা হ'ল সত্যক ঢাকি ৰাখিবলৈ আন সংগঠিত সংবাদ মাধ্যমে কৰাৰ দৰে ইয়াত পক্ষপাতৰ স্থান নাই। যিকোনো প্ৰকাৰে এই বিকল্প গণমাধ্যমসমূহৰ জৰিয়তে সত্যক ৰাইজৰ মাজলৈ লৈ যাব পাৰি। কাশ্মীৰত এজন বি এছ এফৰ জোৱানে কৰ্তব্যৰ সময়ত বিভাগীয়ভাবে যোগান ধৰা খাদ্যৰ নমুনা তুলি ধৰি ছ'চিয়েল মিডিয়াত এক ভিডিঅ' সম্প্ৰচাৰ কৰিছিল। যি ভিডিঅ'ৱে কঁপাই তুলিছিল দেশ। আনকি সেই ভিডিঅ' ৰাজহুৱা হোৱাৰ পাছত সংগঠিত সংবাদ মাধ্যমসমূহেও ইয়াক লৈ বাতৰি সম্প্ৰচাৰ কৰিবলৈ বাধ্য হৈছিল। খোদ গৃহমন্ত্ৰীয়ে সমগ্ৰ খাদ্য কেলেংকাৰীৰ নিৰ্দেশ দিছিল। এয়াই হ'ল বিকল্প গণমাধ্যমৰ শক্তি। সঠিকভাবে ইয়াক ব্যৱহাৰ কৰিব পাৰিলে এদিন ই মূল সংবাদ মাধ্যমৰ বিকল্প ৰূপে থিয় দিব। ইয়াৰ বাবে অৱশ্যে লাগিব এই মাধ্যমৰ সৈতে জড়িত লোকসকলৰ সততা আৰু ৰাইজৰ সচেতনতা।\nপূৰ্বৱৰ্তী লেখা "নিজৰ জীৱনটোক লৈ মই সুখী"__ চিত্ৰশিল্পী দেবানন্দ উলুপ (সাক্ষাৎগ্ৰহণঃ প্ৰাণজ্যোতি নাথ)\nপৰৱৰ্তী লেখা ফেইচবুকঃ গণমাধ্যমৰ দাপোণ (ডঃ ছবি গগৈ)
4dd529c7c5f3b3f69343c5b9703b074f9ec9ce471b40b44f94d16fd2528be111
সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ। দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক ক'ভিডত আক্রান্ত হৈ থকাৰ সময়তে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ ক'ভিড ৰোগী। এফালে চিকিৎসালয় সমূহত ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে ঠাইৰ অভাৱ আনফালে অক্সিজেনৰ নাটনিয়ে পৰিস্থিতি অধিক বেয়াৰ ফালে লৈ গৈছে। দেশৰ অন্যান্য প্ৰান্তৰ তুলনা ক'ভিডৰ সংক্ৰমণৰ হাৰ অসমত কম যদিও অসমৰ পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটা পৰিলক্ষিত হৈছে। অসমৰ বিশ্বনাথ জিলাতো প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে সমগ্ৰ জিলাখনতে প্ৰায় পোন্ধৰশ লোক মাৰাত্মক ক'ভিডত আক্রান্ত হৈছে। আনহাতে বর্তমানলৈকে বিশ্বনাথ জিলাত বিশজনকৈ ক'ভিড ৰোগীদৰে প্ৰাণ হেৰুৱাইছে যদিও আচৰিত বিষয় এইটোয়ে যে দহ লাখতকৈ অধিক জনসাধাৰণ বসৱাস কৰা এই বিশ্বনাথ জিলাখনত জৰুৰী কালিন সময়ৰ বাবে নাই ভেণ্টিলেটৰৰ বিশেষ ব্যবস্থা। জৰুৰীকালীন সময়ত বিশ্বনাথ জিলাৰ জনসাধাৰণৰ ভেণ্টিলেটৰ আৰু আই চি ইউৰ প্ৰয়োজন হ'লে প্ৰেৰণ কৰিব লগে শোণিতপুৰ জিলালৈ। এই সমস্ত বিষয় সন্দৰ্ভত বিশ্বনাথ জিলাৰ স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালকক সাংবাদিকে প্ৰশ্ন কৰাত সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে যে জিলাখনত যোৱা বছৰে বিশ্বনাথ মহকুমা চিকিৎসালয়ৰ দুখত বেডত ভেণ্টিলেটৰ লগোৱা হৈছিল যদিও অন্যান্য কাৰণত সেই বেড দুখনও কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱা নাই জিলা স্বাস্থ্য বিভাগে। এতিয়া প্ৰশ্ন হ'ল মাৰাত্মক ক'ভিডৰ এই সংকটজনক অৱস্থাতো কেৱল অক্সিজেন চিলিণ্ডাৰৰেই চিকিৎসা সেৱা আগবঢ়াই যাব নেকী বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে ? পূৰ্ণ পৰ্যায়ৰ জিলা এখনত স্বাস্থ্য বিভাগত পৰ্যাপ্ত সুবিধা নথকাৰ বাবেই প্ৰতি দিনে নিজৰ আত্মীয়ক হেৰুৱাব লগিয়া হ'ব নেকী বিশ্বনাথবাসী ৰাইজে। ক'ভিড সংকটৰ এই ভয়াবহ সময়ছোৱাত নতুন চৰকাৰত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা মন্ত্ৰী কেশৱ মহন্তই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে এইয়া লক্ষ্যণীয় হ'ব। You may also read!
82351f0de13f72993ddce9c7c5a5bda461be7d0ecdf8ff093b867f986fbcda88
অখিলৰ বিষয়ক লৈ দিছপুৰত শীৰ্ষ পৰ্যালোচনা বৈঠকঃ মুখ্য সচিব, আৰক্ষী সঞ্চালকৰ সৈতে বহিল মুখ্যমন্ত্ৰী... - Asomiya Pratidin - অসমীয়া প্ৰতিদিন । Highest Circulated Assamese News Paper & News Portal\nঅখিল গগৈৰ কোৰোনা পজিটিভ নে নিগেটিভ। দুই সৰ্তীথ ধৈৰ্য কোৱঁৰ আৰু বিতু সোণোৱালৰ কোৰোনা পৰীক্ষা পজিটিভ আহিল যদিও তেওঁলোকৰ পূৰ্বে স্বাৱ সংগ্ৰহ কৰা অখিলৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ এক ধূসৰ পৰিস্থিতি বৰ্তাই ৰখা হৈছে। আক্ৰোশমূলক ভাৱে চৰকাৰে কোৰোনাৰ দৰে ভয়াৱহ ভাইৰাছৰ বিষয় এটা আৰু অখিলৰ জীৱনক লৈ হেতালি খেলা বুলি অভিযোগ উঠিছে। নিৰ্বাচনৰ প্ৰাককালীন সময়ত সৃষ্ট এই পৰিস্থিতিয়ে বিজেপি দল আৰু চৰকাৰকো বাৰুকৈয়ে সংকটত পেলাইছে। এনে পৰিস্থিতিতে অখিলৰ জামিন আবেদনৰ সন্দৰ্ভত চৰকাৰে কৌশলপূৰ্ণ স্থিতি লব নেকি! সেই বিষয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ এক অনুসন্ধানমূলক প্ৰতিবেদন...\nসকলো ঠিকে থাকিলে মুকলি আকাশৰ তললৈ অচিৰেই ওলাব অখিল গগৈ। তেনে সম্ভাৱনাৰে ইংগিত পোৱা গৈছে। এন আই এৰ দুটা গোচৰ আৰু অসম চৰকাৰে জাপি দিয়া ইটোৰ পিছত সিটো গোচৰৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান বন্দী হৈ আছে ৰুগীয়া অখিল গগৈ।\nঅখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰত বন্দী কৰি থোৱাক লৈ কেৱল অসমতে নহয় ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়তো তূমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে অখিল গগৈক কাৰাবন্দী কৰি থোৱা বিষয়টোৱেও ব্যাপক চৰ্চা লাভ কৰিছে।\nসংবাদ মাধ্যম আৰু সামাজিক মাধ্যমতো ইয়াক লৈ সমালোচনাৰ জোঁৱাৰ উঠিছে,ঠায়ে ঠায়ে ৰাজপথত প্ৰতিবাদো সাব্যস্ত হৈছে। কৃষক মুক্তিয়ে নহয় বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে পূৰ্বে বিপৰীত মেৰুত অৱস্থান কৰা সদৌ অসম ছাত্ৰ সন্থাও অখিল গগৈৰ ওপৰত চৰকাৰে চলোৱা আক্ৰোশমূলক পদক্ষেপৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ কৰিছে।\nঅতি লক্ষ্যণীয় ভাৱে বৃহস্পতিবাৰে আছুৰ সভাপতি-সম্পাদক দিপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈয়ে কৃষক নেতা অখিল মুক্তিৰ দাবী উত্থাপন কৰাৰ পিছত আজি অখিল গগৈৰ মুক্তিৰ দাবী জনাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যইও এক টুইটযোগে শীঘ্ৰে ৰোগাক্ৰান্ত কৃষক নেতাগৰাকীক মুক্তিৰ দাবী জনাইছে।\nএনে পৰিস্থিতিয়ে স্বাভাৱিকভাৱে চৰকাৰৰ ভাৱমূৰ্তিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাইছে। সেয়েহে নিৰ্বাচনৰ প্ৰাকক্ষণত এই বিষয়টো গুৰুত্বসহকাৰে লবলৈ বাধ্য হৈছে চৰকাৰ। এক ভিতৰুৱা সূত্ৰ অনুসৰি, গগৈৰ মুক্তিৰ সন্দৰ্ভত চৰকাৰৰ পৰৱৰ্তী স্থিতি কি হ'ব সেই সন্দৰ্ভত শীৰ্ষ পৰ্যায়ত সঘন আলোচনাও হৈছে।\nসূত্ৰটোৱে শেহতীয়াকৈ জানিবলৈ দিয়া মতে. অখিল গগৈক আদালতে জামিন দিলে এইবাৰ অসম চৰকাৰৰ পৰা কোনো নতুনকৈ গোচৰ জাপি দিয়াৰ ক্ষেত্ৰত কৌশলপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। সেই পদক্ষেপৰ অংশ হিচাপেই জামিন আবেদনৰ পৰৱৰ্তী শুনানিত চৰকাৰ পক্ষই অখিলৰ জামিনৰ বিৰোধিতা কৰাৰ পৰা বিৰত থকাৰ সম্ভাৱনা আছে।\nসূত্ৰটোৰ মতে, বৃহস্পতিবাৰ(৯জুলাই,২০২০) মুখ্যমন্ত্ৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে। জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ সৈতে এই দুই উচ্চপদস্থ বিষয়াই অখিল গগৈৰ মুক্তিৰ সন্দৰ্ভত আলোচনা কৰিছিল।\nউল্লেখ্য যে, অখিল গগৈৰ বিৰুদ্ধে থকা এন আই এৰ দুটা গোচৰ একেলগ কৰিবলৈ জনোৱা আবেদনৰ শুনানি ১৩জুলাই,২০২০ত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইফালে ১৭জুলাই, ২০২০ত অখিল গগৈৰ জামিনৰ সন্দৰ্ভত তেওঁৰ অধিবক্তাই জনোৱা এক আবেদনৰ শুনানি গ্ৰহণ কৰিব নিয়াৰ বিশেষ আদালতে।\nঅখিল গগৈৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত উদ্বিগ্ন ৰাজ্যবাসীৰ লগতে তেওঁৰ পত্নী গীতাশ্ৰী তামুলী তথা মাতৃও। ইতিমধ্যে মাতৃয়ে এনেদৰে নিৰ্যাতন চলোৱাতকৈ অখিলক মাৰি পেলাইবলৈও চৰকাৰক জনোৱা ক্ষোভযুক্ত আবেদনে অসমৰ সকলো স্তৰৰ ৰাইজৰ অন্তৰ স্পৰ্শ কৰিছে।\nআনহাতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক গীতাশ্ৰী তামুলীয়ে জানিবলৈ দিয়া মতে, অখিল গগৈ কি অৱস্থাত আছে আৰু কেনেকৈ ক'ত ৰখোৱা হৈছে সেই বিষয়ে তেওঁক একো জানিবলৈ দিয়া হোৱা নাই।\nসংবাদ মাধ্যমৰ জৰিয়তেহে অখিল গগৈ প্ৰথমো কোৰোনাত আক্ৰান্ত হোৱা আৰু তাৰপিছত আক্ৰান্ত নাই হোৱা বুলি তেওঁ খবৰ লাভ কৰিছে। এই খবৰবোৰৰ সত্যত্যাক লৈও তেওঁ বিবুধিত পৰিছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মানৱিকাৰ আয়োগ এনে এক বিষয়ক লৈ নীৰৱে থকা বিষয়ক লৈ তেওঁ আক্ষেপ প্ৰকাশ কৰে।লগতে গীতাশ্ৰী তামুলীয়ে জানিবলৈ দিয়ে যে, আৰক্ষী বিভাগৰ দুজন লোক তেওঁৰ ওচৰলৈ আহিছিল। আৰু সেই লোক দুজনে তেওঁৰ মোবাইল নম্বৰটো লৈ গৈছিল।\nতাৰ পিছত কোনেও অখিল গগৈৰ সন্দৰ্ভত তেওঁৰ সৈতে যোগাযোগ কৰা নাই। উল্লেখযোগ্য যে, অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা চাবুৱা থানাৰ গোচৰ নম্বৰ ২৯২/১৯ত বৃহস্পতি বাৰে জামিন প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। নিয়াৰ দুই গোচৰত জামিন লাভ কৰিলে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে।
bca76d33088fef78903d2e2834ef3ac765a1f1a837914a373d9eee9834e179bd
অসমত বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কাম কৰা সকলৰ ভিতৰত এজন হ'ল বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্রতিষ্ঠাপক মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্রহণ কৰা ক্ষীৰধৰ বৰুৱা । তেখেতে প্রাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ মাজত বিজ্ঞান শিক্ষাৰ প্রচাৰ আৰু জনপ্রিয়কৰণৰ বাবে 'আকাশ শিশু বিজ্ঞান অনুষ্ঠান' নামৰ অনুষ্ঠান প্রতিষ্ঠা কৰিছে আৰু এই অনুষ্ঠানৰ আৰম্ভণিৰে পৰা সভাপতি দায়িত্ব বহন কৰি আহিছে। এই অনুষ্ঠানৰ উদ্যোগতে 'আকাশ পৰিৱেশ আৰু বিজ্ঞান শিক্ষা কেন্দ্র' ( http://akashorg.in )নামৰ এটা বিজ্ঞান শিক্ষা কেন্দ্র আৰু প্রয়োগশালা প্রতিষ্ঠা কৰি শিশুসকলক হাতে-কামে শিকা পদ্ধতিৰে বিজ্ঞানৰ শিক্ষাদান কৰিছে । তেখেতৰ প্রকাশিত গ্রন্থবোৰৰ কেইখনমান হ'ল - বিশ্ববিখ্যাত মহিলা বিজ্ঞানী (বিজ্ঞান সাহিত্য প্রকাশন, বিশ্বনাথ চাৰিআলি ,১৯৮৯), বিজ্ঞানৰ ৰেঙণি (চন্দ্ৰ প্ৰকাশ,গুৱাহাটী ১৯৯০), অকণিৰ মহিলা বিজ্ঞানী (পুথিতীৰ্থ প্রকাশন , গোলাঘাট, ১৯৯৫), বিজ্ঞানৰ ৰ'দালি (অভিযাত্রী প্রকাশন , গুৱাহাটী , ১৯৯৬) , বিজ্ঞানৰ সৰু-বৰ কথা (লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী ,১৯৯৭) , ৰসায়নৰ ৰসাল কথা (অসম বিজ্ঞান সমিতি , গুৱাহাটী ,১৯৯৭) , পানীয়েই জীৱন (জ্ঞান-বিজ্ঞান সমিতি , অসম,গুৱাহাটী ,১৯৯৭) , ৰসায়নৰ পঞ্চৰত্ন (ৰসায়ন শিক্ষা সমাজ, ১৯৯৮),অসমীয়া বিজ্ঞানী (বুক হাইভ্, ১৯৯৯ ) আদি। তদুপৰি বিভিন্ন পৰ্যায়ৰ পাঠ্যপুথিও লিখিছে। তেখেতে বিজ্ঞান জেউতি, প্রান্তিক, গৰীয়সীকে আদি কৰি অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়াকৈ বিজ্ঞান বিষয়ক প্ৰবন্ধ লিখে। তেখেতক অসমৰ বিজ্ঞান-কাৰ্টুনৰ বাটকটীয়া বুলিব পাৰি। তেখেত 'অসম বিজ্ঞান সমিতি' আৰু মুম্বাই 'নেশ্যনেল চেণ্টাৰ ফৰ ছায়েঞ্চ কমিনিউকেচন'ৰ আজীৱন সদস্য । অসমৰ বিজ্ঞান জগত তথা অসমীয়া বিজ্ঞান-সাহিত্যলৈ আগবঢ়াই অহা অৰিহণা বাবে 'ঘনশ্যাম গোস্বামী স্মাৰক বঁটা' আৰু অসম সাহিত্য সভাই 'অনিল শৰ্মা স্মাৰক বঁটা' তেখেতলৈ আগবঢ়াইছে । সামাজিক দিশত প্ৰশংসনীয় অৰিহণাৰ লগতে উল্লেখ কৰিব লাগিব যে, ব্যক্তিগত জীৱনত তেখেত এগৰাকী আদৰ্শ পিতৃও। তেখেতে পৰিবাৰৰ সৈতে গঢ় দিছিল দুই সু-সন্তানক। তেওঁলোক হ'ল কাৰ্টুনেৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ অবিৰত চেষ্টা চলোৱা তথা পেশাত অভিযন্তা সুমন্ত বৰুৱা আৰু দৈনিক জনমভূমিক উপ-সম্পাদক ৰূপে কৰ্মৰত বন্যা বৰুৱা। আশা কৰিছোঁ ক্ষীৰধৰ বৰুৱাৰ বিভিন্ন দিশ আলোকপাত কৰি এখন অভিনন্দন গ্রন্থ প্রকাশ কৰিবলৈ কোনো অনুষ্ঠান-প্রতিষ্ঠান বা দল-সংগঠন আগবাঢ়ি আহিব।
edcb1ee1bb7ee1de32d3fa0d3ca1df46898dd6fd7277c32eb2656838f597c87f
ডিজিটেল সংবাদ, ফৰকাটিং : গোলাঘাটত অৱস্থিত ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৫ নৱেম্বৰ দিনা ড° ভূপেন হাজৰিকা দেৱৰ ১১ তম মৃত্যু তিথি উদযাপন কৰে। মৃত্যু তিথি উপলক্ষে বিদ্যালয়ৰ পৰিচালন সঞ্চালক ড° লাচিত বৰুৱাই বন্তি প্রজ্বলন কৰে আৰু সুধাকণ্ঠ দেৱৰ সম্পর্কে কিছু বক্তব্য আগবঢ়াই। এই বিশেষ দিনটোতে মহেন বৰুৱা ফাউণ্ডেশ্যন দ্ধাৰা "পলি বৰুৱা পৰিৱেশ্য কলা মহাবিদ্যালয়" উদ্ধোধন কৰে।মহাবিদ্যালয় খনিৰ শুভাৰম্ভনিৰ বাবে বিশিষ্ট লোকসংগীতৰ সাধক মন্টু বৰপাত্ৰ গোহাঁই ডাঙৰীয়াক আমন্ত্রণ জনায়। গোঁহাই ডাঙৰীয়াই বিদ্যালয় খনিক উদ্দেশ্যে উদ্ধোধনি ভাষন আগবঢ়াই লগতে বিদ্যালয় খনিত আৰম্ভ কৰিবলৈ যোৱা নতুন সংযোজনকো শলাগ লয় আৰু ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উত্তৰৰোত্তৰ কামনা কৰে। ইয়াৰোপৰি বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে সুধাকণ্ঠৰ প্রতি সন্মান জনায় সমবেত সংগীত, গীত, তথা আলেখ্যৰ আয়োজন কৰে। ইয়াৰোপৰি বিদ্যালয়ৰ ছাত্র কিৰন শইকীয়াই গীত পৰিৱেশন কৰে, লগতে বিদ্যালয়ৰ শিক্ষক বেদান্ত তামূলী আৰু দ্বিকিৰন হাজৰিকাইও গীত পৰিৱেশন কৰে। সম্পূর্ণ অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ বাবে তথা নতুন এক প্রতিষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আগবঢ়া বাবে মহাবিদ্যালয় খনিৰ অধ্যক্ষা ড° মণিষা কোৱৰে সমূহ শিক্ষক - শিক্ষয়িত্ৰীক শুভেচ্ছা আগবঢ়াই। বিদ্যালয়ৰ এনে সংযোজন আৰু পদক্ষেপত স্হানীয় লোকে ভূয়সী প্রশংসা কৰে, লগতে এনে ধৰনৰ ব্যৱস্থাই ছাত্র - ছাত্রীৰ প্রতিভা বিকাশত যথেষ্ট সহায় কৰিব বুলি মতামত প্রকাশ কৰে।
76a9c189406a5c238913cc1989059b6f6e97e25432612c20ce63b3e4c75487cd
পুনৰ সৰুসজাইত হ'ব এটা ক'ভিড পৰীক্ষা কেন্দ্ৰ ! -\nHomeআঞ্চলিকপুনৰ সৰুসজাইত হ'ব এটা ক'ভিড পৰীক্ষা কেন্দ্ৰ !\nপুনৰ সৰুসজাইত হ'ব এটা ক'ভিড পৰীক্ষা কেন্দ্ৰ !\nএপ্ৰিল 10, 2021\nগুৱাহাটী : গুৱাহাটী মহানগৰীত পুনৰ কৰ'না ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাক লৈ সতৰ্কতা জাৰি কৰিছে কামৰূপ মেট্ৰ'ৰ জিলা উপায়ুক্তই। বিগত কিছুদিনত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱা হেতুকে এতিয়াৰ পৰা ১০,৫০০টা দৈনিক টেষ্ট কৰা হ'ব বুলি জানিবলৈ দিয়ে।\nআৰু পঢ়িব পাৰিব : গছত ওলমি থকা অৱস্থাত যুৱকৰ মৃতদেহ! অঞ্চলজুৰি চাঞ্চল্য\nইয়াৰ লগতে তেওঁ কয়, "পজিটিভ হ'লে সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰা হ'ব। সোণাপুৰ, MMCH, কালাপাহাৰ হাস্পতাল সাজু হৈছে। লগতে হোম আইলেশ্যনত থকাসকলৰ ওচৰলৈ দৈনিক স্বাস্থ্যকৰ্মী যাব।\nমহানগৰীত ১৪৪ ধাৰাৰ কথা চিন্তা কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে। মাস্ক নিপিন্ধিলে জৰিমনা হ'ব ৫০০ টকালৈ। ষ্টেচন আৰু এয়াৰপোৰ্টত যাত্ৰীৰ টেষ্টিং চলি আছে। সৰুসজাইত পুনৰ এটা টেষ্টিং চেণ্টাৰ হোৱাৰ কথাও উল্লেখ কৰে।\nআৰু পঢ়িব পাৰিব : বঙাইগাঁৱত গাঁজাসহ সৰবৰাহৰকাৰী আটক\nইপিনে বিহুৰ গাইডলাইন সকলোৱে মানিব লাগিব। অভিভাৱকসকলেও কণ কণ শিক্ষাৰ্থীক সুৰক্ষা দিব লাগিব। কাইলৈ বা পৰহিৰ পৰা চিটী বাছৰ ড্ৰাইভাৰ, হেণ্ডিমেনক ভেকচিন দিয়া হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে।\nPrevious articleগছত ওলমি থকা অৱস্থাত যুৱকৰ মৃতদেহ! অঞ্চলজুৰি চাঞ্চল্য\nNext articleমহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ডঃ লুটিলে ২লাখ ৫০হাজাৰ\nএম আই ভি-৫; কিহত বিশেষ আছিল ৰাৱটৰ মৃত্যুদূত হেলিকপ্টাৰ?
861cd505d91e22e275873d50f5e72bd6d9df5543b318cb1d709b239ed392d578
'ৱিকি' (wiki) হৈছে এক ধৰণৰ 'ৱেবচাইট' য'ত 'ইণ্টাৰনেট' দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা 'ব্ৰাউজাৰ'ৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি।[1][2][3] 'ৱিকি'সমূহক সাধাৰণেতে 'ৱিকি ছফ্টৱেৰ'-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূহিক ভাৱে ব্যৱহাৰ কৰে। কিছুমান উদাহৰণঃ সামাজিক ৱেবছাইটসমূহ (community websites), কোম্পানীৰ অন্তঃজাল (corporate intranets), জ্ঞান পৰিচালনা প্ৰণালী (knowledge management systems), আৰু টোকা-সেৱা (note services)। ব্যক্তিগত টোকা-ৰখাৰ বাবেও ৱিকি ব্যৱহাৰ কৰিব পাৰি। অৱস্থা ভেদে ৱিকি এটাৰ সম্পাদনা ক্ষমতা সীমিত কৰি ৰাখিব পাৰি। প্ৰথম 'ৱিকি ছফ্টৱেৰ', 'ৱিকিৱিকিৱেব'-ৰ (WikiWikiWeb) স্ৰষ্টা আছিল 'ৱাৰ্ড কানিংহাম' (Ward Cunningham)। তেখেতে ইয়াক "সৰলতম আন্তঃজাল তথ্যসূচী, সম্ভৱতঃ ব্যৱহাৰযোগ্য" (the simplest online databse that could possible work) বুলি উল্লেখ কৰিছিল। হনলুলু (হাৱাই) আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সন্মুখত "ৱিকি ৱিকি চাটল" (Wiki Wiki Shuttle) ৱিকি আহিছে 'হাৱাই' দেশীয় শব্দ, 'ৱিকি'ৰপৰা (উচ্চাৰণঃ ৱিটি)। যাৰ অৰ্থঃ তৎক্ষণাৎ। এই পৃষ্ঠাখন ১১ জুন, ২০২০ তাৰিখে ০৯ঃ৩৮ বজাত অন্তিম সংশোধন কৰা হৈছিল। আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। এই পৃষ্ঠাটোৰ সংক্ষিপ্ত ইউ.আৰ.এল. : https://as.wikipedia.org/?curid=4840।
26f1d1c90a76c6a10a2531afe28a30d4afff8b32a83e029d5651acc1b3c5f9a8
"প্ৰব্ৰজনকাৰী মুছলমানৰ ওচৰত আঁঠু ল'লে লুৰিণে"- মমিনুল আৱাল - sangbad365.com\n"প্ৰব্ৰজনকাৰী মুছলমানৰ ওচৰত আঁঠু ল'লে লুৰিণে"- মমিনুল আৱাল\nগুৱাহাটী, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থা সংগ্ৰামৰ এক অবিৰত যাত্ৰা। অসমীয়া জাতিৰ প্ৰতিটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত জাতিক একত্ৰিত কৰি বজ্ৰ-কঠিন স্থিতিৰে জাতিৰ স্বাৰ্থত সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিছে। ছাত্ৰ সন্থাৰ মঞ্চখনৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে। শত শত ছহিদৰ ত্যাগৰ বলিদানেৰে ছাত্ৰ সন্থাৰ মজিয়াখনক জনতাৰ হিয়াৰ আমঠুত পৰিণত কৰিছে। এই মন্তব্য প্ৰকাশ কৰি একালৰ আছু নেতা আৰু বৰ্তমানৰ বিজেপি নেতা মুমিনুল আৱালে কয় যে বৰ্তমানৰ আছুৰ নেতৃত্ব পৰাজিত সৈনিক। তেওঁলোকে অতি লজ্জাজনকভাৱে বাংলাদেশী প্ৰব্ৰজিত মুছলমানৰ ওচৰত নতশিৰে আঠু লৈছে।\nআছুৰ সম্পাদকগৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পৰ্কত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত আছুৰ নেতৃত্ব সম্পৰ্কত এই মত ব্যক্ত কৰে আৱালে। আৱালে আৰু কয় যে আছুৰ নেতাই কিছুদিনৰ আগতে কৈছিল, ৰাহুল গান্ধী বোলে অসমৰ বাবে ত্ৰাণকৰ্তা। আছু আৰু কংগ্ৰেছৰ সুৰ আজি একেই। কংগ্ৰেছ আৰু আছুৰ বৰ্তমানৰ নেতৃত্ব এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।\nৰাহুল গান্ধীৰ লগত একেলগে বহি ফটোৰ বাবে প'জ দি ফটো উঠা আছুৰ নেতাকেইগৰাকীক আৱালে সমালোচনা কৰি কয় যে তেওঁলোকে যাক অসমৰ ত্ৰাণকৰ্তা বুলি ঘোষণা কৰিছিল এতিয়া এনআৰচিত লাখ লাখ প্ৰব্ৰজিত মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো তেওঁলোক মৌন কিয়? অসমৰ ৰাইজে এই কথাবিলাকত দৃষ্টি ৰাখিছে। এনআৰচিৰ খচৰা প্ৰকাশ হওতে আছুৱে মিঠাই খাইছিল। তেওঁলোকে এনআৰচিত বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্তিত সন্তোষ প্ৰকাশ কৰিছিল নেকি? এনআৰচিৰ পৰা লাখ লাখ কোচ-ৰাজবংশী, তিৱা, ৰাভা, কাৰ্বি, হাজং, চুতীয়া, আহোম, কোচ-কছাৰী ভূমিপুত্ৰৰ উপৰিও গৰীয়া-মৰীয়া-দেশী ভাৰতীয় হিন্দীভাষী, গোৰ্খা, বঙালীসকলৰ নাম বাদ পৰিছে। এই সম্পৰ্কত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি? আছুৱে তৰুণ গগৈৰ লগত বহি এনআৰচিত কি কি নথি গ্ৰহণ কৰা হব সেই সিদ্ধান্ত লৈছিল। আৰু সুৰুঙা থাকি যোৱাকৈ নথিসমূহ গ্ৰহণ কৰাৰ ফলত প্ৰব্ৰজনকাৰীয়ে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ সুযোগ পাইছে। আৰু এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে পথ মুকলি কৰি দিয়া আছুৰ নেতৃত্বক অসমৰ ৰাইজে তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি আছে।\nএন আৰ চি প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াত প্ৰব্ৰজিত মুছলমানৰ স্বাৰ্থতে বৰ্তমানৰ অসম চৰকাৰখনক প্ৰক্ৰিয়াৰ পৰা বাহিৰত ৰখা হৈছিল। উচ্চতম ন্যায়ালয়ে অসম চৰকাৰৰ সম্পৰ্কত গ্ৰহণ কৰা এনে স্থিতিত আছুৰ তিনি নেতাই আদৰণি জনাইছিল। আজি আছুৰ এই তিনি নেতাৰ আকোৰগোজ ব্যক্তিস্বাৰ্থ আৰু দূৰদৰ্শী চিন্তাৰ অভাৱৰ বাবেই এনআৰচিত লাখ লাখ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হল আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লাখ লাখ মানুহৰ নাম এনআৰচিৰ পৰা বাদ পৰিল।\nআছুৰ নেতাৰ বৰ্তমানৰ স্থিতিয়ে অসমৰ সমাজ জীৱনক চিন্তিত কৰি তুলিছে। অসমৰ ছাত্ৰ সমাজৰ মাজত আছুৰ গ্ৰহণযোগ্যতা ক্ৰমে হ্ৰাস পাব ধৰিছে। আৱালে আৰু কয় যে শীৰ্ষ নেতৃত্বৰ ব্যক্তিগত অভিপ্ৰায় ত্যাগ কৰি নিকা আৰু স্বচ্ছতাৰে জাতিৰ স্বাৰ্থত অৱস্থান গ্ৰহণ কৰিলে আছু পূৰ্বৰ দৰে ছাত্ৰ-ছাত্ৰী আৰু সমাজ জীৱনৰ বাবে এক আদৰণীয় সংগঠন হিচাপে চিহ্নিত হৈ থাকিব। আৱালে আৰু কয় যে অসম চুক্তিৰ ৬নং দফা অনুসৰি জাতিক সুৰক্ষা প্ৰদানৰ বাবে যি পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে তাত বিধি প্ৰস্তুতৰ দায়িত্ব আপোনালোককো দিয়া হৈছে।\nআছুৱে আত্ম সমালোচনাৰ যোগেদি আত্মশুদ্ধিৰ বাবে পথৰ সন্ধান কৰক। বৰ্তমানৰ চৰকাৰখনে জাতিৰ স্বাৰ্থত এটা এটাকৈ কাম কৰি আছে। ছহিদ স্মাৰক, আন্দোলনত গুলীৱিদ্ধ ছহিদ পৰিয়াল, আন্দোলনত নিৰ্যাতিতসকলৰ উপৰিও বিশেষভাৱে ভূমিৰ অধিকাৰ সম্পৰ্কত কাম কৰি আছে। খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে।
4171935b96edee26acb252fb2ca885da3685b051f2ae692607d56b9c1e4ef91c
পৰিৱেশবিদ তথা বিভিন্ন দল-সংগঠনৰ বিৰোধিতা সত্ত্বেও চলি আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম (lower Subansiri hydropower project) । ইয়াৰ বিৰুদ্ধে সোমবাৰে বিয়লি নগৰখনৰ আদালত ভৱনৰ সন্মুখত বিধায়ক ভুবন পেগু, মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে সিঙৰ পুত্তলিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে । লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ কেইদিনমানৰ পৰা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কেতবোৰ অঘটনে বাতৰিৰ শিৰোনাম দখল কৰি আছে । এনে সময়তে প্ৰকল্পটো বন্ধ ৰ দাবীত তীব্র প্রতিবাদে কঁপাই তোলে লখিমপুৰ নগৰ । উক্ত প্ৰকল্পটোৰ শেহতীয়া ভয়াৱহ দৃশ্যপট সৃষ্টি হোৱাৰ সময়তে বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদত সোমবাৰে পুনৰ উত্তাল হ'ল লখিমপুৰ । গেৰুকামুখৰ নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱা কেইদিনমানৰ পৰা ভয়াৱহ ৰূপত অথন্তৰ ঘটিছে । ভয়ংকৰ ৰূপত প্ৰকল্পৰ জলৰাশি বাগৰি অহাৰ উপৰি গাৰ্ড ৱাল খহা, টানেল খহি পৰা, ভিউ পইন্টলৈ যোৱা পথ খহি পৰা আদি সঘনেই ঘটিবলৈ ধৰিছে । পূৰ্বতে কেৱল নিৰ্মাণৰ প্ৰসংগত বিতর্কৰ আৱৰ্তত সোমাই থকা প্ৰকল্পটো এতিয়া ভয়াৱহ ভবিষ্যতৰ আগজাননী দিয়াৰ বাবে চৰ্চা হৈছে । সোমবাৰে বিয়লি নগৰখনৰ আদালত ভৱনৰ সন্মুখত বিধায়ক ভুবন পেগু, মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে সিঙৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (AJyP protest at Lakhimpur) লখিমপুৰ আঞ্চলিক সমিতিয়ে । বিজেপি বিৰোধী শ্ল'গান দি বৃহৎ নদীবান্ধ বন্ধ কৰিবই লাগিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলে বিধায়ক ভুবন পেগুৰ কাম নাই, ভুবন পেগু লেই লেই চেই চেই, এনএইচ পিচি গ' বেক,বিজেপি হুচিয়াৰ, বৃহৎ নদীবান্ধ বন্ধ কৰক, ৰণোজ পেগু হায় হায়, বৃহৎ নদীবান্ধ বন্ধ হ'বই লাগিব আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰে । বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন কৰি মন্ত্রী বিধায়ক হোৱা ডাঃ ৰণোজ পেগু আৰু ভুবন পেগুৰ লগতে কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে সিঙকো কঠোৰ সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে । এই প্ৰতিবাদী কাৰ্যসূচীত মনোজ কলিতা, মোবিন আহমেদ আদি পৰিষদৰ নেতৃত্বই অংশগ্রহণ কৰে । উল্লেখ্য় যে, নিৰ্মাণৰ সময়ৰে পৰাই বিভিন্ন দুৰ্যোগ সংঘটিত হৈ আহিছে নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পস্থলীত । এইবাৰ পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত (landslide at Subansiri hydropower project site) । প্ৰকল্পস্থলীৰ বাঁও পাৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা । উক্ত ভূমিস্খলনৰ পিছত ২ নং টানেলৰ ওপৰৰ বৃহৎ অংশ খহি পৰে । উল্লেখ্য যে,যোৱা ১৬ ছেপ্টেম্বৰত ২ নং টানেলৰ ওপৰৰ বৃহৎ অংশটো ভাঙি পৰাৰ পিছত ২৪ ছেপ্টেম্বৰতো পুনৰ উক্ত স্থানতে পাহাৰ খহি পৰে ।
6ab50ebfb4c27af414068e2d1da2af0916e2e9d1752d59bced829faa4c175fbc
অসম বিধান সভাৰ মজিয়াত আজি ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৮ চনলৈ সংশোধিত হোৱা 'শিক্ষকৰ সেৱাৰ অসম শিক্ষা প্ৰাদেশীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন,২০১৭' আইনৰ অধীনত ৰাজ্যৰ মুঠ ৫,৬৫১ খন শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। এই প্ৰাদেশীকৰণ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে বাজেটত ৩৭২ কোটি টকা ব্যয় নিৰ্দ্ধাৰণ কৰে। এই শিক্ষানুষ্ঠান সমূহ প্ৰাদেশীকৰণৰ দ্বাৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত মুঠ ২০,২৮৮ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। বিত্ত মন্ত্ৰী গৰাকীয়ে কৰা ঘোষণা অনুসৰি ৰাজ্যত ৩২ খন মহাবিদ্যালয়, ৩৫৮ খন হাইস্কুল, ১৫৪ খন জুনিয়ৰ কলেজ, ১১৪ খন হায়াৰ ছেকেণ্ডাৰী স্কুল, ২২৯৮ খন এম ই স্কুল আৰু ২৬৯৫ খন প্ৰাথমিক বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ'ব। বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ব্যয় কৰিব লাগিব বুলি উল্লেখ কৰি ৰাজ্যৰ জনসাধাৰণৰ মংগলৰ বাবে তেওঁলোকে সদায় কাম কৰি যোৱাৰ হকে প্ৰস্তু বুলি কয়। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a8c47a6435d2c6c6e6378acd5da4f43188224aeea605fdbd60d393e631284b89
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বৰমুগাৰ প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰ বৃহত্তৰ ঢকুৱাখনাৰ চহা ৰেচম পালক সকলক সু সংগঠিত কৰি অসমীয়া জাতিৰ স্বকীয় সম্পদ বৰমুগা শিল্পক অধিক উজ্জীৱিত কৰাৰ মানসেৰে বুধবাৰে ঢকুৱাখনাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় । মহকুমাটোৰ উপান্ত ৰেচম পালক সকলৰ অংশগ্ৰহনেৰে এই গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয় জামুগুৰি ৰাজহুৱা ভৱন প্ৰাংগণত । গ্ৰাম্য অৰ্থনীতি সবলীকৰণত গঞা চহা ৰেচম পৰিয়াল সমূহে পৰম্পৰাগত ভাবে নিজস্ব প্ৰচেষ্টা আৰু পুঁজিৰে আগবঢ়াই অহা ৰেচম বিপ্লৱৰ একনিষ্ঠ শ্ৰমজীৱী সৈনিক সকলক একেখন মঞ্চত সম্পৃক্ত কৰা আৰু পৰম্পৰাগত ৰেচম খেতিলৈ নামি অহা ভয়ংকৰ প্ৰত্যাহ্বান সমুহ দূৰীকৰণৰ পন্থা গ্ৰহণৰ লক্ষ্যৰে অনুষ্ঠিত এইখন সভাত সভাপতিত্ব কৰে বিশিষ্ট ৰেচম পালক অমিয় বৰুৱাই । জাতীয় ৰেচম সভা অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বিশিষ্ট ৰেচম গৱেষক জিতুল শইকীয়া, সাধাৰণ সম্পাদক ডঃ লব কৃষ্ণ ৰাজখোৱা, সদস্য দিলীপ কোঁচ আদি গৰিষ্ঠ সংখ্যক ৰেচম পালক উপস্থিত থকা সভাত সাম্প্ৰতিক সময়ত অসমীয়া সভ্যতা সংস্কৃতিৰ মূল স্তম্ভ স্বৰূপ এই ৰেচম শিল্পলৈ নামি অহা মানৱ সৃষ্ট ভয়ংকৰ প্ৰত্যাহ্বান সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় । নিষিদ্ধ বিষাক্ত কীটনাশকৰ নিৰ্বিচাৰ প্ৰয়োগ, পৰিবেশ প্ৰদূষণ, চৰকাৰী পৃষ্ঠ পোষকতাত ৰেচম শিল্পৰ উৎকৰ্ষ সাধনৰ নামত আঁচনি প্ৰস্তুত কৰি সংঘটিত কৰা দুৰ্নীতি অনিয়ম সন্দৰ্ভত সভাত আলোচনা কৰি কেৱল ৰেচম পালকৰ নিজস্ব প্ৰয়াসৰ বাবেহে জীয়াই থকা এই ৰেচম শিল্পৰ প্ৰণালীবদ্ধ উত্তৰণ, উৎপাদন আৰু বাণিজ্যিকীকৰণ সন্দৰ্ভত কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই বক্তব্য আগবঢ়াই । সভাতেই সোণালী সূতাৰ উৰ্বৰ ভূমি ঢকুৱাখনাৰ পৰাই ৰাজ্যৰ ৰেচম পালক সকলক একত্ৰিত কৰিবলৈ গঠন কৰা জাতীয় ৰেচম সভা, অসমৰ জিলা শাখা গঠন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয় । সেই অনুক্ৰমে ৰেচম পালক অমিয় বৰুৱাক সভাপতি ,উমা গগৈক উপ সভাপতি, ৰঞ্জিত গগৈক সম্পাদক, সুনীল শইকীয়া, হোমেন গোহাঁইক সহকাৰী সম্পাদক হিচাবে লৈ ২১ জনীয়া লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয় । সভাত ৰেচম শিল্পৰ প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখনাৰ ৰেচম পালক সকলৰ প্ৰয়োজনীয়তা আৰু উপযোগিতালৈ লক্ষ্য ৰাখি চৰকাৰী পতিত ভূমিত ৰেচম বাগান স্থাপন কৰা, ৰেচম শিল্পৰ উন্নয়নৰ নামত আবন্তিত চৰকাৰী পুঁজিৰ বিপৰীতে সংঘটিত সীমাহীন দুৰ্নীতি অনিয়ম ৰোধ কৰি প্ৰকৃত ৰেচম পালকক উপকৃতকৰণ কৰি ৰেচম উৎপাদন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণৰ বাবে চৰকাৰ বিভাগক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
24d81e2701795350e85b1d2ad90c2c4a8db6de892c48a8f82e6fd2b63a69e4cc
২০১৯ চনৰ শেষৰ ফালে IPO বা প্ৰাৰম্ভিক সাৰ্ব্বজনীন প্ৰস্তাবৰ বাবে আছিল এটা বিশেষ সময়। এই সময়ছোৱাতে LICৰ প্ৰাৰম্ভিক সাৰ্ব্বজনীন প্ৰস্তাবৰো ঘোষণা কৰে ভাৰত চৰকাৰে। উল্লেখনীয় যে LIC হ'ল ভাৰতৰ ভিতৰতে এটা সৰ্ববৃহৎ বিত্তীয় প্ৰতিষ্ঠান। ২০১৯ বিত্তীয় বৰ্ষত LICৰ বজাৰত নতুন পলিচিৰ ক্ষেত্ৰত দখল (বা market share) আছিল প্ৰায় ৭৫%, প্ৰথম বছৰৰ প্ৰিমিয়ামৰ ক্ষেত্ৰত এই দখল আছিল প্ৰায় ৬৬% আৰু ২০১৯ বিত্তীয় বৰ্ষত LICয়ে মুঠ লাভালাভ কৰিছিল প্ৰায় ২.৬ লাখ কোটি টকাৰ। ফৰ্বছ আলোছনীখনে অলপতে প্ৰচাৰ কৰা এটি লেখনিৰ মতে দেশৰ আগশাৰীৰ বিত্তীয় অনুষ্ঠান ম'তিলাল অ'ছৱালে ব্যক্ত কৰে যে LICৰ IPOই দেশত প্ৰায় ২০ কোটি নতুন বিনিয়োগকাৰী সংযোজন কৰিব। এইটো নিঃসন্দেহে এটা ভাল খবৰ আৰু ই এক আশাৰ বতৰাও আনে যে LIC ভৱিষ্যতে আৰু অধিক সৱল বিত্তিয় প্ৰতিষ্ঠান ৰুপে গঢ় লৈ উঠিব আৰু দেশৰ উন্নতিত আৰু অৱদান আগবঢ়াব। এতিয়া একমাত্ৰ চিন্তা হ'ল যে চৰকাৰে যাতে নিজৰ ভাগৰ অংশ কোনো বেচৰকাৰী প্ৰতিষ্ঠানক বিক্ৰি কৰি LICক যাতে এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান স্বৰুপ কৰি নুতোলে। ১৯৫৬ চনৰ এক বিশেষ অধিনিয়ম মতে LICৰ গঠন কৰা হৈছিল। আৰু কেন্দ্ৰীয় চৰকাৰৰ LICত অংশ হ'ল ১০০%। এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে ব্যক্তিগত খণ্ডত হোৱা উন্নয়ণে দেশৰ প্ৰত্যক্ষ উন্নতি নুবুজাই । দেশৰ উন্নতিৰ বাবে দেশৰ সম্পদসমূহৰ লগতে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানসমূহো চৰকাৰে এক সাৰ্ব্বজনীক দৃষ্টিভঙ্গীৰে চৰকাৰী খণ্ডতে ৰাখি লাভজনক কৰি তোলাহে সকলোৰে কাম্য।
033870942ba9b8df5ca7eb21a338d96718356c334fd96b6d14347c9f2aa7a5f4
বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক'ই (UNESCO, The United Nations Educational, Scientific and Cultural Organization) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। ইউনেস্ক'ৰ ঘোষণাত কোৱা হৈছে "এই দিনটো বিশ্বৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কবিতা আন্দোলনসমূহক উৎসাহ যোগাবলৈ পালন কৰা হওক"। এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। ↑ 41 countries observed World Poetry Day on 15 October 1951. Ref. cited: The International Who's Who in Poetry 1978-79. Ernest Kay, Ed. International Biographical Council, Cambridge, England. এই পৃষ্ঠাখন ১১ অক্টোবৰ, ২০১৬ তাৰিখে ১১ঃ৩৯ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
68bc61be7bbeaf0af6185c91f21e57f21885dd8758ae2d13e9af3a4739d62a88
নিমখ আৰু স্বাস্থ্যঃ - Vikaspedia\nআমাৰ চিৰ চেনেহী ভাষা জননীৰ এষাৰ আপ্তবাক্য হৈছে- 'শাকত নাখায় লোণ, পিটিকাত দিয়ে তিনিগুণ'। খাদ্যাভ্যাসৰ ওপৰত আধাৰিত উক্ত আপ্তবাক্যৰ বাদেও অন্য কেতবোৰ শব্দৰ সৈতে অংগাংগীভাৱে জড়িত হৈ আছে নিমখ। উদাহৰণস্বৰূপে খাই পাত ফলাৰ সমতুল্য বা সমাৰ্থক হৈছে 'নিমখ হাৰাম'।\nঅসমীয়া তথা ভাৰতীয় মানুহৰ আহাৰৰ এক অন্যতম উপকৰণ হৈছে লোণ বা নিমখ। যিসকল ব্যক্তিৰ খাদ্যৰ জুতি-বুধি সম্বন্ধে সচেতনতা বেছি তেওঁলোকৰ বাবে খাদ্যত উপযুক্ত মাত্ৰাত লোণৰ উপস্থিতি একান্তই বাঞ্ছনীয়। বুৰঞ্জীৰ পাত লুটিয়ালে দেখা যায় যে তাহানিখনৰে পৰাই আহাৰৰ প্ৰস্তুতি তথা সংৰক্ষণ প্ৰক্ৰিয়াত নিমখৰ ব্যৱহাৰ কৰি আহিছে। ৰসায়ন বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা লোণ বা নিমখ হৈছে ছ'ডিয়াম ক্ল'ৰাইড। আমাৰ শৰীৰৰ এক অন্যতম উল্লেখনীয় উপাদান হৈছে ছ'ডিয়াম। দেহত ইয়াৰ মাত্ৰাৰ স্বাভাৱিকতাৰ তাৰতম্য ঘটিলে নানা ধৰণৰ অসুস্থতাই দেখা দিয়ে। জীৱন ধাৰণৰ বাবে ক্ল'ৰাইডৰ ভূমিকাও অপৰিহাৰ্য। মানৱ স্বাস্থ্যৰ ওপৰত নিমখৰ প্ৰভাৱ সম্বন্ধে দুআষাৰ লিখাৰ পূৰ্বে ছ'ডিয়ামৰ কাম-কাজৰ বিষয়ে পঢ়ুৱৈসকলক অৱগত কৰাটো সমীচীন হ'ব বুলি মই বিবেচনা কৰিছো। শৰীৰৰ তৰল দ্ৰব্যবোৰৰ ভাৰসাম্য অটুট ৰখাত ছ'ডিয়ামৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। লোণকে ধৰি বিভিন্ন তৰহৰ আহাৰৰ জৰিয়তে আহৰণ কৰা ছ'ডিয়ামৰ শোষণ পাচনতন্ত্ৰত অতি দ্ৰুতগতিত হয় আৰু ই শৰীৰত ধনাত্মক ধৰণৰ ভাৰসাম্য স্থাপন কৰে যদিহে এক ন্যূনতম প্ৰয়োজনীয় সীমা শৰীৰত থকা ছ'ডিয়ামে অতিক্ৰম কৰে। মানৱ দেহৰ বাবে প্ৰয়োজনীয় ছ'ডিয়ামৰ দৈনন্দিন মাত্ৰা নিৰ্ভৰ কৰে এইবিধ মৌলৰ এনেবোৰ মাধ্যমেদি ঘটি বহিৰ্গমনৰ মাত্ৰাৰ ওপৰত- ঘাম, প্ৰস্ৰাৱ আৰু শৌচ। অৱশ্যে এষাৰ কথা অনস্বীকাৰ্য যে জলবায়ু আৰু বতৰৰ ভিন্নতা অনুযায়ী ঘামৰ নিৰ্গমনৰ মাত্ৰাৰ তাৰতম্য থাকিব পাৰে।\nনিমখৰ বাদেও সৰহীয়া মাত্ৰাত ছ'ডিয়াম থকা খাদ্য-\nএতিয়া প্ৰশ্ন উঠিব পাৰে যে নিমখৰ বাদেও এনে কি ধৰণৰ খাদ্য আছে যিবোৰত সৰহীয়া মাত্ৰাত ছ'ডিয়াম থাকে ? সাগৰীয় মাছ, জন্তুজাত মাংস (পক্ষী মাংস নহয়) হৈছে ছ'ডিয়ামৰ গুৰুত্বপূৰ্ণ উৎস। তুলনামূলকভাৱে যিকোনো ধৰণৰ ভাৰতীয় শৈলীৰ আহাৰত থকা ছ'ডিয়ামৰ মাত্ৰা অন্য দেশ বা সমাজৰ পৰম্পৰাগত আহাৰতকৈ বেছি। ভাৰতীয় মানুহবোৰে গড় হিচাপে নিতৌ ৫-৩০ গ্ৰামলৈকে নিমখ খায়। নক'লেও হ'ব যে এই নিমখৰ এক উল্লেখনীয় অংশ হৈছে ছ'ডিয়াম। সমীক্ষাত প্ৰাপ্ত তথ্য অনুযায়ী প্ৰায় ৪০ শতাংশ ভাৰতীয় লোকে নিতৌ ৩০ গ্ৰাম নিমখ খায়। প্ৰকৃততে স্বাস্থ্যসন্মত বিধিটো হৈছে যে আহাৰৰ জৰিয়তে আমি গ্ৰহণ কৰা নিমখৰ মাত্ৰা নিচেই যৎসামান্য হ'ব লাগে। এইটো আকৌ সংশ্লিষ্ট ব্যক্তিগৰাকীৰ ইচ্ছা শক্তিৰ ওপৰত বাৰুকৈয়েই নিৰ্ভৰশীল।\nনিম্নোক্ত উপায়বোৰৰ জৰিয়তে আমাৰ শৰীৰত নিতৌ প্ৰৱেশ কৰা নিমখৰ পৰিমাণ হ্ৰাস কৰিব পাৰে-\n(১) বাল্যাৱস্থাৰ পৰাই তাকৰীয়া মাত্ৰাত নিমখ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে আৰু এইক্ষেত্ৰত পিতৃ-মাতৃ আৰু অভিভাৱকৰ ভূমিকা অপৰিসীম।\n(২) ভাতৰ কাঁহীখনৰ এটা চুকত কাহানিও কেঁচা নিমখ লৈ খোৱাৰ অভ্যাস কৰিব নালাগে।\n(৩) এনে কেতবোৰ খাদ্য গ্ৰহণ কৰা অনুচিত যিবোৰৰ জৰিয়তে উল্লেখনীয় মাত্ৰাত নিমখ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে। এনেবোৰ খাদ্য হৈছে- পাপৰ, আচাৰ, নিমখীয়া বিস্কুট, চিপ্ছ আদি।\n(৪) নিমখৰ বিকল্প হিচাপে ল'না (Lona- ল' ছ'ডিয়াম) লৱণ বজাৰত পোৱা যায়। ইয়াৰ সোৱাদ নিমখীয়া যদিও ছ'ডিয়ামৰ মাত্ৰা তাকৰীয়া হোৱা হেতুকে শৰীৰৰ বাবে ই তুলনামূলকভাৱে কম অপকাৰী।\n(৫) সৰহীয়া মাত্ৰাত শাক-পাচলি আৰু ফলমূল খাব লাগে। ইয়াৰে ভিতৰত শাক-পাচলি সিজাই আৰু ফলমূল কেঁচাই খাব লাগে। প্ৰাসংগিকভাৱে উল্লিখিব পাৰি DASH (Diet Aiming to Stop Hypertension) নামৰ খাদ্য তালিকাখনৰ বিষয়ে। ইয়াত শাক-পাচলি আৰু ফলমূলৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়।\nমাত্ৰাধিক পৰিমাণত গ্ৰহণ কৰা নিমখে আমাৰ শৰীৰৰ পৰা কেলছিয়ামৰ বহিৰ্গমনত অৰিহণা যোগায়। শৰীৰত কেলছিয়ামৰ মাত্ৰা টুটিলে হাড়ৰ ঘনত্ব (বি.এম.ডি.) কমে আৰু ফলত হাড়বোৰ লেহুকা হৈ পৰে। অৱধাৰিতভাৱেই প্ৰশ্ন উঠিব পাৰে যে মাত্ৰাধিক বুলিলে কিমান পৰিমাণৰ নিমখ ভক্ষণ কৰা বুজায়। নিতৌ ৮ গ্ৰামতকৈ বেছি নিমখ ভক্ষণ কৰাটো স্বাস্থ্যৰ বাবে সমীচীন নহয় বুলি বিবেচিত হৈছে।\nবিগত কেইটামান দশকজুৰি আয়োডিনযুক্ত নিমখ ভক্ষণৰ বাবে চিকিৎসকসকলৰ পিনৰ পৰা আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগবোৰৰ তৰফৰ পৰা অতিশয় গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰকৃততে আয়োডিন হৈছে মানৱ দেহৰ বাবে এক অতিকৈ প্ৰয়োজনীয় উপাদান যিটো নেকি নিতৌ অতি তাকৰীয়া পৰিমাণত শৰীৰৰ নানা কাম-কাজৰ বাবে ব্যৱহৃত হয়। মানৱ শৰীৰৰ বৃদ্ধি, বিকাশ তথা অন্যান্য কাম-কাজৰ বাবে অতিকৈ প্ৰয়োজনীয় থাইৰয়েড হৰম'নৰ গঠনৰ বাবে আয়োডিন হৈছে অপৰিহাৰ্য উপাদান। শিশুকে ধৰি বিভিন্ন বয়সৰ তথা উভয় লিংগৰে ব্যক্তি আয়োডিনৰ অভাৱজনিত অৱস্থাত আক্ৰান্ত হৈ দৈহিকভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে। যিহেতুকে ভাৰতীয় মানুহে কম-বেছি মাত্ৰাত সাৰ্বজনীনভাৱে নিমখ গ্ৰহণ কৰে। গতিকে সমৃদ্ধিকৃত খাদ্যৰূপে ইয়াৰ সৈতে আয়োডিন মিহলোৱা হয়। (আয়োডাইজড ছ'ল্ট)। আজিকালি এনেধৰণৰ নিমখ নিয়মীয়াভাৱে গ্ৰহণ কৰা হেতুকে গৰলকে ধৰি থাইৰয়েড গ্ৰন্থিৰ নানা ৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে কমি গৈছে।\nনিমখত ছ'ডিয়ামৰ উপৰি থকা ক্ল'ৰাইড নামৰ অংশটি হৈছে পাকস্থলীৰ পৰা নিঃসৰিত বিভিন্ন ৰসৰ এক অপৰিহাৰ্য অংগ। বিভিন্ন ধৰণৰ দৈহিক তৰলৰ মাজত ই ভাৰসাম্য বজাই ৰাখে। ইতিমধ্যে উল্লিখিত ল'না হৈছে পটাছিয়াম ক্ল'ৰাইড। বিভিন্ন ধৰণৰ আহাৰত এইবিধ যৌগ থাকে। আমাৰ শৰীৰত থকা তৰল দ্ৰব্যবোৰৰ বহিৰ্গমন ঘটিলে ক্ল'ৰাইডৰ মাত্ৰা বাৰুকৈয়ে টুটি যায়। তদুপৰি কিডনীৰ ৰোগত থকা তথা উচ্চ ৰক্তচাপ হ্ৰাসকৰূপে ব্যৱহাৰ কৰা ডাই ইউৰেটিক (মূত্ৰবৰ্ধক) শ্ৰেণীভুক্ত দৰবৰ ব্যৱহাৰৰ হেতুকে শৰীৰত ক্ল'ৰাইডৰ মাত্ৰা টুটে। নিমখ বা ছ'ডিয়াম ক্ল'ৰাইডৰ অবিচ্ছেদ্য অংশস্বৰূপ এই ক্ল'ৰাইডে আকৌ ৰক্তচাপ বঢ়াব পাৰে। তদুপৰি কিডনী বা লিভাৰ বা কলিজাৰ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ ক্ষেত্ৰত এইবিধ উপাদানৰ ব্যৱহাৰৰ হেতুকে দৈহিক তৰলৰ মাত্ৰা বাঢ়ি নানা সমস্যাৰ সৃষ্টি কৰে।\nনিবন্ধটি সামৰিব খুজিছো নিমখ বা ছ'ডিয়াম ক্ল'ৰাইডৰ চিকিৎসাৰ ক্ষেত্ৰখনত হোৱা কেতবোৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰি। সিৰাইদি প্ৰয়োগ কৰা কেতবোৰ ছেলাইনত (সকলোবোৰ নহয়) এইবিধ দ্ৰব্য থাকে আৰু নিৰ্জলীভৱনৰ (ডিহাইড্ৰেচন) লেখীয়া অৱস্থাৰ প্ৰতিকাৰৰ বাবে এনে ছেলাইন ব্যৱহাৰ কৰা হয়। কেথেটাৰ বা ৰাইল্ছ টিউবৰ লেখীয়া কেতবোৰ মাধ্যমৰ জৰিয়তে ছ'ডিয়াম ক্ল'ৰাইডযুক্ত তৰল দ্ৰব্য শৰীৰৰ কেতবোৰ অংশত সুমুৱাই পৰিষ্কাৰ কৰা হয় বা নমুনা সংগ্ৰহ কৰা হয়। ছালৰ ঘাৰ চৌদিশ পৰিষ্কাৰ কৰিবলৈ একে ধৰণৰ দ্ৰৱণ ব্যৱহাৰ কৰিব পাৰি। চকুৰ শুষ্কাৱস্থা, ৰঙচুৱা অৱস্থা আৰু মাত্ৰাধিক অশ্ৰু নিৰ্গমন ঘটিলে ছ'ডিয়াম ক্ল'ৰাইডযুক্ত দ্ৰৱণৰ ব্যৱহাৰৰ ফলত সুফল প্ৰাপ্তি হয়। আনহাতে একেধৰণৰ তপত দ্ৰৱণৰ ভাপ নাকেদি শুঙিলে কাঁহ বা শ্বাসতন্ত্ৰৰ অন্যান্য উপসৰ্গৰ প্ৰশমনত অৰিহণা যোগায়।
b53cc712e7b77cb00678c10aea3dc1f4c3fb37aeb38d544b413f0baa64ebcff4
চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি দ্বিতীয় দিনা সাধাৰণ গণিতৰ পৰীক্ষা চলি থকা সময়তে অসৎ উপায় অৱলম্বন কৰাৰ অপৰাধত ৭ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাত ৰোল-বি১৮-৬১৭ নং-৪০৮ আৰু ৰোল-বি১৮-৬১৭ নং-৪২৯ নম্বৰৰ দুজন ছাত্ৰক বহিষ্কাৰ কৰা হয় বুলি বিদ্যালয়খনৰ অধ্যক্ষই জানিবলৈ দিয়ে। আনহাতে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাৰ বাবে পাঁচ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয় বুলি উক্ত বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
36d3a86841ebb6559cca16975d57506052497a12a29482e9fe8cfa3bba2143d0
অসমতো এতিয়া ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। ইতিমধ্যে ৰাজ্যজুৰি দিনৰ ১২ বজাৰ পৰা ঘোষণা কৰা হৈছে সান্ধ্য আইন। শুকুৰবাৰৰ পৰা বন্ধ হৈ পৰিব আন্তঃজিল যাতায়ত। মুঠতে লকডাউন নহ'লেও ৰাজ্যত এতিয়া অৰ্ধ-লকডাউনৰ পৰিৱেশ আৰু এই অৰ্ধ-লকডাউন তথা সান্ধ্য আইনৰ বাবেই পথাৰতে বিঘাই বিঘাই গেলিব ধৰিছে কুইন্টলে কুইন্টলে তৰমুজ। ফলত মূৰে-কপালে হাত দিব লগা অৱস্থা হৈ পৰিছে দৰিদ্ৰ কৃষক সকলৰ। খেতি কৰা উদ্যমখিনি শেষ হৈ যোৱা যেন অনুভৱ হৈছে কৃষক ভাতৃদ্বয়ৰ। সকলো ধৰণৰ খেতি যেনে কবি, জলকীয়া, বিলাহী, ফল, ষ্ট-বেৰী, উচ্চ জাতৰ বগৰী আদি খেতি কৰা এই দুই কৃষকে চৰকাৰী সকলো আঁচনি আৰু সুবিধাৰ পৰাও বঞ্চিত হৈ আহিছে বুলি অভিযোগ কৰে। গ্ৰাম সেৱকৰ পৰা কৃষি বিভাগৰ দুৱাৰত টুকুৰিয়াইও এই দুই কৃষকে কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে । এতিয়া মাথোঁ আশা, চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিব যাতে অদূৰ ভৱিষ্যতে দুই কৃষক ভাতৃয়ে পুনৰোদ্যমেৰে কৃষি কৰ্মত নিয়োজিত হৈ নিজৰ লগতে আন দহজনকো সংস্থাপিত কৰিব পাৰে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
52245b327642060da9be10dfc9725d4a718c20fce1fb04ceef3b69a0430b10f5
ফাইল আপল'ড প্ৰক্ৰিয়ালৈ আদৰণি জনাইছোঁ। এই পৃষ্ঠাখন ৱিকিপিডিয়াত কোনো চিত্ৰ বা আন মিডিয়া ফাইল আপল'ড কৰিবলৈ ব্যৱহাৰ কৰা হয়। আপুনি তলৰ "আৰম্ভ কৰক" লিংকটোত ক্লিক কৰিলে ই আপোনাক এখন প্ৰপত্ৰলৈ লৈ যাব য'ত আপোনাক প্ৰতিটো ফাইলৰ কপিৰাইট আৰু উৎস তথ্য সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। ক্ষমা কৰিব, এই আপল'ড প্ৰপত্ৰ ব্যৱহাৰ কৰি ফাইল আপল'ড কৰিবলৈ আপুনি আপোনাৰ একাউণ্টৰ জৰিয়তে প্ৰৱেশ কৰিব লাগিব। অনুগ্ৰহ কৰি লগ্ ইন কৰক আৰু পুনৰ চেষ্টা কৰক। ক্ষমা কৰিব, অসমীয়া ৱিকিপিডিয়াত ফাইল আপল'ড কৰিবলৈ আপোনাৰ এটা নিশ্চিত একাউণ্ট থাকিব লাগিব। সাধাৰণতে আপুনি ১০টা সম্পাদনা কৰাৰ পিছত আৰু সৃষ্টিৰ চাৰি দিন পিছত একাউণ্টটো স্বয়ংক্ৰিয়ভাৱে নিশ্চিত হয়। আপুনি হয়তো ৱিকিমিডিয়া কমন্সত ফাইল আপল'ড কৰিব পাৰিব, কিন্তু অসমীয়া ৱিকিপিডিয়াত এতিয়াই কৰিব নোৱাৰিব। কিন্তু আপুনি এই প্ৰপত্ৰ ব্যৱহাৰ কৰিয়েই কমন্সত ফাইল আপল'ড কৰিব পাৰিব। যদি আপুনি স্বয়ংনিশ্চিত হোৱালৈ অপেক্ষা কৰিব খোজা নাই, তেন্তে আপুনি আন কাৰোবাক আপোনাৰ হৈ ৱিকিপিডিয়াঃআপল'ড কৰিবলগীয়া ফাইলত ফাইলটো আপল'ড কৰিবলৈ ক'ব পাৰে। বা আপুনি এজন প্ৰশাসকক ৱিকিপিডিয়াঃRequests for permissions/Confirmedত আপোনাৰ একাউণ্টটো মেনুৱেলী নিশ্চিত কৰিবলৈ অনুৰোধ জনাব পাৰে। এই নামটো সকলো ৱিকিপিডিয়াৰ ভিতৰত অদ্বিতীয় হ'ব লাগিব। গতিকে অনুগ্ৰহ কৰি ইয়াক তথ্যপূৰ্ণ আৰু সহজে বিচাৰিব পৰা কৰক। ভালঃ "গুৱাহাটী নগৰ, নীলাচল পাহাৰৰ ওপৰৰ পৰা বৃহংগম দৃষ্টিৰে, অক্টোবৰ ২০১১ আৰু ~~~। এইবোৰ আঁতৰাবলৈ আপোনাৰ ফাইলনামটো সংশোধন কৰা হৈছে। নামটো শুদ্ধ হৈছেনে অনুগ্ৰহ কৰি চাওক। ব্যক্তি এজনৰ প্ৰথম বা দ্বিতীয় নাম, যিবোৰ আন বহুত মানুহৰ লগত একে হ'ব পাৰে (যেনে- "অখিল} টেগ্টো ব্যৱহাৰ কৰাৰ কথা বিবেচনা কৰক। এই ফাইলটো ওপৰত দিয়া ব্যৱহাৰৰ এটাও শ্ৰেণীত নপৰে বা মই ইয়াৰ অৱস্থা সম্পৰ্কে নিশ্চিত নহয়। মই এই ফাইলটো ক'ৰবাত পালোঁ, কিন্তু এইটো কোনে তৈয়াৰ কৰিলে বা ইয়াৰ স্বত্বাধিকাৰ কোন সেয়া নাজানো। আমি দুঃখিত, কিন্তু যদি আপুনি ফাইলটোৰ কপিৰাইট সম্পৰ্কে একো নাজানে বা এইটো ওপৰৰ এটাও শ্ৰেণীত খাপ নাখায় তেন্তেঃ আমি অনুৰোধ কৰিছোঁ, সঁচাই এনে নকৰিব। এই কাৰ্যই প্ৰবন্ধটোৰ মান উচ্চ কৰিব বুলি আপুনি ভাবিলেও আমি ৱিকিপিডিয়াত কপিৰাইট নিয়মসমূহ ঢিলাই দিবলৈ নিবিচাৰোঁ। ক'ৰবাত পোৱা কিবা ফাইল, স্বতাধিকাৰীয়ে যিটো ব্যৱহাৰত একো আপত্তি নকৰে বুলি আপুনি ভাবিছে কিন্তু এই সম্পৰ্কে আপোনাৰ ওচৰত একো অনুজ্ঞাপত্ৰৰ নমুনা নাই। ৰাজহুৱা অভিপ্ৰায়ত স্বত্বাধিকাৰীয়ে মুকলি কৰা কোনো ফাইল যিটোৰ সম্পূৰ্ণ মুক্ত অনুজ্ঞাপত্ৰ বা সকলো ব্যৱহাৰৰ বাবে মুক্ত পুনৰ্ব্যৱহাৰৰ অনুমতি নাই। ব্যৱসায়িক চিত্ৰ এজেন্সী যেনে ৰয়টাৰ্জ, এপি বা গেট্টী ইমেজৰ হাতত থকা কোনো ফাইল। কোনো বিৰল কাৰণৰ বাহিৰে "ভাল ব্যৱহাৰ" নীতিৰ আধাৰত সেইবোৰ সাধাৰণতে ব্যৱহাৰ কৰিব নোৱাৰি। আপোনাৰ যদি কিবা সন্দেহ আছে, অনুগ্ৰহ কৰি আপল'ড কৰাৰ আগতে কোনো অভিজ্ঞ সম্পাদকক সুধি লওক। ৱিকিপিডিয়াঃমিডিয়া কপিৰাইট প্ৰশ্ন (ইংৰাজী)ত সদস্যসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। ধন্যবাদ। অনুগ্ৰহ কৰি লিংকটো খোলক আৰু চিত্ৰ বিৱৰণ পৃষ্ঠাত আপুনি অন্তৰ্ভুক্ত কৰিব খোজা সকলো তথ্য আছেনে নাই পৰীক্ষা কৰক। যদি আপুনি বৰ্ণনাখিনি সলাবলৈ বিচাৰিছে, তেন্তে পৃষ্ঠাখনৰ ওপৰৰ "সম্পাদনা" টেব্টোত ক্লিক কৰক আৰু আন পৃষ্ঠাত কৰাৰ দৰেই সম্পাদনা কৰক। আপল'ড কৰা ফাইলটো নতুন সংস্কৰণ এটাৰে সলাবলৈ নিবিচাৰিলে এই আপল'ড প্ৰপত্ৰ দুনাই পূৰণ নকৰিব। যদি আপুনি ছবিখন নেদেখুৱাকৈ পাঠ্যত ফাইলটোৰ এটা লিংক দিব খুজিছে (যেনে- ছবিখনৰ বিষয়ে আলোচনা পৃষ্ঠাত কথা পাতোঁতে), আপুনি তলত দিয়াৰ দৰে সংকেত ব্যৱহাৰ কৰিব পাৰে (আৰম্ভণিৰ বন্ধনীৰ পিছত ":" মন কৰিব!):
6bc630af1d8d4a4acd42b4422e330a6634817d4f9fd3446ec95059358d299718
ডিব্ৰুগড় জিলাৰ চুতীয়া ছাত্ৰ সন্থাই অহা ১৩ ছেপ্তেম্বৰত জিলাখনত নেটৱৰ্ক বাছ বন্ধ ঘোষণা কৰিছে। অহা ১১ ছেপ্তেম্বৰত গুৱাহাটীত হ'ব লগা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসলৈ কোম্পানিটোৱে ২খন বাছ যোগান ধৰিব বুলি আশ্বাস দি কথা নৰখা বুলি অভিযোগ তুলি নেটৱৰ্কৰ বিৰুদ্ধে এই ব্যৱস্থা লৈছে সংগঠনটোৱে। নেটৱৰ্কৰ অধীনত তিনিচুকীয়া, ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দৈনিক প্ৰায় ২০-২৫খন বাছ চলাচল কৰে। বাছ যদি দিবই নোৱাৰে তেন্তে আমাক প্ৰতিশ্ৰুতি দিছিল কেলেই বুলি শইকীয়াই প্ৰশ্ন উত্থাপন কৰিছে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
9827af097f2beb11cc6bba2c02a61039ff757b941f56449fbe48ee395d35a07a
জনস্বাস্থৰ বাবে অপকাৰী সংৰক্ষক দ্ৰব্য ব্যৱহাৰ কৰা আমদানিকৃত সামগ্ৰী, বিশেষকৈ মাছৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ সাজু হৈছে মেঘালয় চৰকাৰ। আজি মেঘালয় স্বাস্থ্য বিভাগৰ এটা চৰকাৰী সূত্ৰত প্ৰকাশ যে কেই দিনমান আগেয়ে অসমৰ পৰীক্ষাগাৰলৈ মাছৰ দ্বিতীয়টো নমুনা প্ৰেৰণ কৰা হৈছে যদিও এতিয়াও তাৰ প্ৰতিৱেদন আহি পোৱা নাই। উল্লেখ্য যে ৰাজ্যখনৰ বাহিৰৰ পৰা মেঘালয়লৈ আমদানি কৰা মাছত বিষাক্ত ফৰ্মেলিন প্ৰয়োগ কৰি সংৰক্ষণ কৰা হৈছে নে নাই সেই কথা নিশ্চিত হোৱাৰ বাবে ৰাজ্যখনৰ খাদ্য সুৰক্ষা আয়োগৰ কাৰ্যালয়ে মাছৰ নমুনাখিনি সংগ্ৰহ কৰিছিল। উল্লেখ্য যে গেলি যোৱা মাছ ভজাৰ এটা ভিডিঅ' এটাও ইতিমধ্যে ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। সূত্ৰৰ পৰা জানিব পৰা গৈছে যে যোগানকাৰীসকলে বাহিৰৰ পৰা অনা মাছৰ প্ৰথমটো চামৰ নমুনা অসমৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও ইয়াৰ প্ৰতিৱেদনত ফৰ্মেলিন ব্যৱহাৰৰ প্ৰমাণ পোৱা নাই। বিষয়াগৰাকীয়ে আৰু কৈছে যে যদিহে আমদানি কৰা মাছত ফৰ্মেলিন ধৰা পৰে কাৰো দ্বিতীয় মতলৈ অপেক্ষা নকৰাকৈ বাহিৰৰ পৰা আমদানি কৰা মাছৰ ওপৰত প্ৰতিবন্ধকতা লগোৱা হ'ব। উল্লেখ্য যে অধিক সময়ৰ বাবে খাদ্য সামগ্ৰীৰ সোৱাদ অবিকল ৰাখিবলৈ সংৰক্ষক ব্যৱহাৰ কৰা হয়। মাংস, মাছ, শাক-পাছলি, ফল, আদি বহু হাজাৰ মাইল দূৰলৈ পঠোৱা আৰু কেইবা দিন বা সপ্তাহলৈকে ভালে ৰাখিবলৈ সংৰক্ষক ব্যৱহাৰ কৰা হয়। সূত্ৰটোৱে অৱশ্যে কৈছে যে সকলো সংৰক্ষক অপকাৰী নহয় আৰু জনস্বাস্থ্যত খাদ্য সংৰক্ষকৰ কুপ্ৰভাৱ যাতে নপৰে তাত চৰকাৰে চকু ৰাখিব। উল্লেখ্য যে বিগত সপ্তাহত কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পাছত ১০ দিনৰ বাবে অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা অহা মাছৰ আমদানি আৰু বিক্ৰিৰ ওপৰত অসম চৰকাৰে প্ৰতিবন্ধতা আৰোপ কৰিছিল। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f8e6e79d0affcfec0302521be2510f91b1344e268d73744f4fbd2086e3386e01
আজিৰ খবৰ,৪ জুলাই : যি সময়ত যোৰহাট জিলাত ক'ভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ লৈছে তেনে এক জটিল সময়ত খোদ শাসকীয় চৰকাৰৰ মন্ত্ৰী-বিধায়কে মৰিয়নিত অনুষ্ঠিত কৰিলে বিজেপিৰ যোগদান সমাৰোহ। বিজেপিয়ে ক'ভিড বিধি উলংঘা কৰাৰ অভিযোগ কৰিছে বিভিন্নজনে। ছচিয়েল মিডিয়াতো ব্যাপক সমালোচনা কৰা দেখা গৈছে শাসকীয় বিজেপি দলক। অন্যহাতে জিলা খনত ক'ভিডৰ সংক্ৰমণ ৰোধ নোহোৱাত লকডাউন ঘোষণা কৰাৰ চিন্তা চৰ্চা কৰিছে জিলা প্ৰশাসনে। তাৰ মাজতে আজি এই যোগদান সমাৰোহত মৰিয়নিত কংগ্ৰেছৰ দখলত থকা দুখন জিলা পৰিষদ আৰু পাঁচখন পঞ্চায়তৰ প্ৰতিনিধি সকলে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। ইয়াৰ উপৰি মৰিয়নিৰ বহুকেইগৰাকী যুৱ কংগ্ৰেছীয়েও আজি গেৰুৱা বসন পিন্ধে। উল্লেখ্য যে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপিৰ অসম প্ৰদেশৰ মুখপত্ৰ সুৰঞ্জন দত্ত, বিজেপি যোৰহাট জিলা সভাপতি কামাখ্যা মোহন দাসকে প্ৰমুখ্য কৰি জিলা আৰু মৰিয়নি সমষ্টিৰ দুয়োটা ব্লকৰ নেতা আৰু কৰ্মী আজি যোগদান সমাৰোহত উবুৰি খাই পৰে। জিলা প্ৰশাসনে ৰাজহুৱা সভা সমিতি অনুষ্ঠিত কৰাক লৈ কঠোৰ হৈছিল যদিও বিজেপিৰ এই যোগদান সমাৰোহ অনুষ্ঠিত কৰাত বিজেপি দলে বিভিন্ন জনৰ চোকা সমালোচনাৰ সন্মুখীন হোৱাৰো দেখা গৈছে । জানিব পৰা মতে জিলা প্ৰশাসনে যোগদান সমাৰোহৰ বাবে বিজেপিক লিখিত ভাৱে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাছিল ।
0b3c3c4d29ef7a5c2de75a076249d081c389fbe5b4caafcc909d0cceaf5c99f9
1. পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ'ল ইলীহূ, ইলীহূৰ পিতৃ হ'ল তহূৰ, তহূৰৰ পিতৃ হ'ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল। 2. তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল। 3. এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল। 4. প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে। 5. যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে। 6. যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল। 7. বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল। 9. এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ'ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল। 10. তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে। 12. এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল। 15. হান্নাই উত্তৰ দি তেওঁক ক'লে, "নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ। 18. তেতিয়া তেওঁ ক'লে, "আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।" তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ'ল। 19. পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ'ল। পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে। 21. আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ'ল। 24. সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ'ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল। 25. তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ'ল। 26. হান্নাই এলীক ক'লে, "হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই। 27. এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে। 28. সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ'ল।" ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে। 1. হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক'লে, "মোৰ মনে যিহোৱাত আনন্দ কৰিছে; মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক'ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ। 2. যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই। 3. তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক'বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক। কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়। 4. বীৰসকলৰ ধনু ভঙা হ'ল, উজুটি খোৱা সকলক বলৰূপ টঙালিৰে বন্ধা হ'ল। 8. তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ'মৰ পৰা দৰিদ্র জনক উঠায়। তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে। কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে। 9. তেওঁৰ বিশ্বস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব। আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব। 11. তাৰ পাছত ইলকানা নিজৰ ঘৰ ৰামালৈ গ'ল। কিন্তু তেওঁৰ সন্তান চমূৱেলে এলী পুৰোহিতৰ সাক্ষাতে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ ধৰিলে। 12. এলীৰ পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল। 13. এইদৰে পুৰোহিতসকলে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, কোনো মানুহে যেতিয়া বলিদান কৰে, তেতিয়া মঙহ সিজাওঁতে, পুৰোহিতৰ দাসে এডাল ত্ৰিশূল হাতত লৈ আহে; 14. আৰু লোহাৰ পাত্ৰত, বা কেৰাহীত, বা কেটলিত, খোঁচ মাৰি দিয়ে, তাতে সেই ত্ৰিশূলত যিবোৰ মঙহ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই ত্ৰিশূল ডালেৰে সৈতে লৈ যায়। ইস্ৰায়েলৰ যিমান লোক চীলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে। 17. সেয়েহে যিহোৱাৰ দৃ্ষ্টিত সেই ডেকাসকলৰ পাপ অতিশয় বৃদ্ধি হ'ল, কিয়নো সেই ডেকাসকলে যিহোৱাৰ নৈবেদ্য হেয়জ্ঞান কৰিছিল। 18. সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল; 19. তাৰ ওপৰিও তেওঁৰ মাকে তেওঁৰ কাৰণে সৰু পোছাক যুগুত কৰি তেওঁৰ স্বামীৰ লগত বছেৰেকীয়া বলিদান উৎসৰ্গ কৰিবলৈ অহাৰ সময়ত প্ৰতি বছৰে তেওঁক দিছিল। 20. এলীয়ে ইলকানাক আৰু তেওঁৰ ভাৰ্যাকো আশীৰ্ব্বাদ কৰি ক'লে, "যিহোৱাৰ অনুগ্ৰহত পোৱা সন্তানটিক যিহোৱালৈ উৎসৰ্গ কৰাৰ বাবে এই সন্তানৰ সলনি যিহোৱাই তোমাক এই ভাৰ্যাৰ পৰা পুনৰ সন্তান দিয়ক।" তাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি গ'ল। 21. যিহোৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল'ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমূৱেল যিহোৱাৰ সাক্ষাতে বৃদ্ধি হ'ল। 22. সেই সময়ত এলী অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইস্ৰায়েললৈ কৰা তেওঁৰ পুতেকহঁতৰ কু-ব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰমুখত পৰিচৰ্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে। 23. তেতিয়া তেওঁ সিহঁতক ক'লে, "তোমালোকে এনে কৰ্ম কিয় কৰিছাহঁক? কিয়নো আটাই মানুহৰ মুখে মুখে মই তোমালোকৰ কুকৰ্মৰ কথা শুনিছোঁ। 24. হে মোৰ বোপাহঁত, তোমালোকে শুনা তোমালোকে এনে কৰ্ম নকৰিবা; কিয়নো মই যি কথা শুনিছোঁ, সেয়ে ভাল নহয়। তোমালোকে যিহোৱাৰ লোকসকলক আজ্ঞা লঙ্ঘন কৰাইছাহঁক। 25. কোনো এজন মানুহে যদি মানুহৰ অহিতে দোষ কৰে, তেন্তে ঈশ্বৰে তাৰ বিচাৰ কৰিব; কিন্তু কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তেওঁৰ পক্ষে কোনে অনুৰোধ কৰিব?" তথাপি তেওঁলোকে নিজ পিতৃৰ কথালৈ মন নিদিলে; কিয়নো যিহোৱাই সিহঁতক মৃত্যুদণ্ড দিবলৈ ইচ্ছা কৰিলে। 26. কিন্তু চমূৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ'ল; যিহোৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহ প্ৰাপ্ত হ'ল। 27. তাৰ পাছত ঈশ্বৰৰ এজন ব্যক্তিয়ে এলীৰ ওচৰলৈ আহি তেওঁক ক'লে, "যিহোৱাই এই বাৰ্তা দিছে, যি সময়ত তোমাৰ পিতৃ মিচৰত ফৰৌণৰ বংশৰ অধীনত আছিল, সেই সময়ত মই তেওঁলোকক দৰ্শন দিয়া নাছিলোঁ নে? 28. তাৰ উপৰিও মোৰ পুৰোহিত হ'বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে? 29. সেয়েহে মই মোৰ নিবাসৰ ঠাইত আজ্ঞা কৰা মোৰ বলি আৰু নৈবেদ্যৰ ওপৰত তোমালোকে কিয় অৱজ্ঞা কৰিছা? আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলৰ সকলো উপহাৰৰ আগ ভাগৰ দ্বাৰাই তোমালোক হৃষ্টপুষ্ট হোৱা, সেই বাবে তুমি মোতকৈ, নিজ সন্তান সকলক কিয় অধিক আদৰ কৰিছা? 30. সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, 'তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব'; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ'ব। 31. চোৱা, মই যি সময়ত তোমাৰ শক্তি আৰু তোমাৰ পিতৃবংশৰ শক্তি নোহোৱা কৰিম, তেতিয়া তোমাৰ বংশত এজনো বৃদ্ধলোক নাথাকিব, এনে সময় আহিছে। 32. মই যি ঠাইত বাস কৰোঁ, তুমি সেই ঠাইত অমঙ্গল দেখিবা। কিন্তু ঈশ্বৰে ইস্ৰায়েলক দিয়া মঙ্গলৰ অৰ্থে তোমাৰ বংশত কেতিয়াও কোনো বৃদ্ধ নহ'ব। 33. আৰু মই মোৰ যজ্ঞ-বেদীৰ পৰা তোমাৰ বংশৰ কেৱল এজনক দূৰ নকৰিম, সি তোমাৰ চকু দুৰ্ব্বল কৰিবলৈ আৰু তোমাৰ মনত বেজাৰ জন্মাবলৈহে থাকিব আৰু তোমাৰ বংশত জন্ম গ্ৰহণ কৰা সকলো লোকৰ যৌৱন অৱস্থাতে মৃত্যু হ'ব। 34. ইয়াৰ চিন স্বৰূপে তোমাৰ দুজন পুত্ৰ হফনী আৰু পীনহচলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একে দিনাই মৃত্যু হ'ব। 35. আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম; তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য কৰিব; আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম; তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা-যোৱা কৰিব। 1. চমূৱেলে এলীৰ তত্ত্বাৱধানত যিহোৱাৰ পৰিচৰ্যা কৰি আছিল। সেই সময়ত যিহোৱাৰ বাক্য দুৰ্ল্লভ আছিল; আৰু সঘনাই যিহোৱাৰ দৰ্শন পোৱা সম্ভৱ নাছিল। 2. সেই সময়ত এলীৰ চকু দুৰ্ব্বল হোৱাত, তেওঁ ভালদৰে মনিব নোৱাৰিছিল; সেয়ে তেওঁ নিজৰ বিচনাত শুই থাকিছিল। 5. মাত শুনাৰ লগে লগে, তেওঁ এলীৰ ওচৰলৈ দৌৰি গৈ ক'লে, "আপুনি মোক মাতিছিল, সেয়ে মই ইয়াতে আছোঁ।" তেতিয়া তেওঁ ক'লে, "মই মতা নাই; তুমি শুই থাকা গৈ;" তেতিয়া তেওঁ গৈ শুই থাকিল। 7. সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল। 9. তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক'লে, "তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক'বা, 'হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে'।" তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল। 11. তেতিয়া যিহোৱাই চমূৱেলক ক'লে, "চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব। 12. মই এলী আৰু তেওঁৰ বংশৰ বিষয়ে যি যি কৈছিলোঁ, সেই সকলোকে প্ৰথমৰ পৰা শেষলৈকে সিদ্ধ কৰিম। 13. কাৰণ মই তেওঁক ক'লোঁ, 'তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই'। 15. তাৰ পাছত চমূৱেলে ৰাতিপুৱালৈকে শুই থাকিল, আৰু পুৱা উঠি যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলীৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে। 19. চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ'ল, আৰু যিহোৱা ৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে। 20. তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ'বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে। 21. যিহোৱাই পুনৰ তেওঁক চীলোত দৰ্শন দিলে; কিয়নো যিহোৱাই চীলোত চমূৱেলৰ আগত বাক্যৰ দ্বাৰাই নিজকে প্ৰকাশ কৰিছিল। আৰু গোটেই ইস্ৰায়েলৰ ওচৰলৈ চমূৱেলৰ বাক্য আহিছিল। 1. নির্বোধে নিজৰ মনতে ক'লে, "ঈশ্বৰ বুলি কোনো নাই।" তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই। 2. ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই। 3. তেওঁলোক সকলোৱেই আঁতৰি গ'ল, সকলোৱেই একেলগে অপবিত্র হ'ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই। 4. "যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে । তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে। 5. আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ'ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে । সেয়ে তেওঁলোকক লাজত পেলোৱা হ'ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে । 6. ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ'ব। 8. দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়। 9. দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে। 10. যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে; আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ'ব। 11. চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ'লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে। 27. পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকলৰ কোনো কোনোৱে তেওঁৰ ওচৰলৈ আহি সুধিলে, 28. "হে গুৰু, ককাই-ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেনেহলে, তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে। 29. বাৰু, কোনো সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া পাতি নিঃসন্তান হৈ মৰিল। 31. তৃতীয় জনেও তাইকেই বিয়া কৰিলে; সেইদৰে সাত জনেই সন্তান নথকাকৈ মৰিল। 32. অৱশেষত সেই পত্নীও ঢুকাল। 34. তেতিয়া যীচুৱে তেওঁলোকক ক'লে, "এই যুগৰ সন্তান সকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়; 35. কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি গণ্য হয়, তেওঁলোকে বিয়া নকৰাই আৰু বিয়া দিয়াও নহয়। 36. তেওঁলোকৰ মৃত্যু হ'ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়। 37. মোচিয়ে জোপোহাৰ আঁৰত থকা প্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল। 40. কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহস নহ'ল। 41. যীচুৱে তেওঁলোকক ক'লে, "খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক কেনেকৈ কয়? 42. কিয়নো দায়ুদে নিজে গীতমালা পুস্তকত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, 'মোৰ সোঁ হাতে বহি থাকা, 45. পাছে সকলো লোকে শুনাকৈ, তেওঁ তেওঁৰ শিষ্য সকলক ক'লে, 46. "এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নাম-ঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভালপায়;
a053145d67a7a0a5b3fde30765c851aeb1e98d7650a44c7b44dc31cca78dcd7b
ইতিহাস সৃষ্টি কৰি ষষ্ঠবাৰৰ বাবে মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ পিছতো থমকি ৰ'ব খোজা নাই মেৰী কম। মণিপুৰৰ এইগৰাকী ৩৫ বছৰীয়া বক্সাৰৰ এইবাৰ লক্ষ্য ২০২০ টকিঅ' অলিম্পিকত স্বৰ্ণ জয় কৰা। নতুন দিল্লীত সদ্যসমাপ্ত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ পিছতে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তাৰকা বক্সাৰ মেৰী কমে এইদৰে নিজৰ মনৰ কথা ৰাজহুৱা কৰে। তেওঁ কয় 'মই এতিয়াও ভাগৰা নাই। মোৰ প্ৰধান লক্ষ্য হ'ল টকিঅ' অলিম্পিকত স্বৰ্ণ জয় কৰি ভাৰতবাসীক গৌৰৱান্বিত কৰাৰ আৰু এটা সুযোগ দিয়া'। ষষ্ঠবাৰৰ বাবে বিশ্ব বক্সিঙৰ খিতাপ জয় কৰাটো সহজ নহয় বুলি উল্লেখ কৰি মেৰী কমে কয় যে এই সাফল্য অৰ্জন কৰিব পাৰি তেওঁ যথেষ্ট আনন্দিত। মই ৩৫ বছৰীয়া যদিও অভিজ্ঞতাসম্পন্ন। প্ৰতিটো খোজতে পৰিয়ালৰ প্ৰতিজন সদস্যই মোক সমৰ্থন কৰি আহিছে আৰু অনাগত দিনটো কৰি যাব বুলি তাৰকা বক্সাৰগৰাকীয়ে কয়। উল্লেখ্য যে মেৰীকমে ইয়াৰ পূৰ্বে ২০০২, ২০০৫, ২০০৬, ২০০৮ আৰু ২০১০ চনত বিশ্ব বক্সিঙৰ খিতাপ দখল কৰিছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
0bc99f630e7d925f64f1886676efc9d8718ec6b04f740a9203812d1e24b27671
প্ৰাকৃতিক সম্পদ Class 8 সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১\nপাঠৰ নাম প্ৰাকৃতিক সম্পদ\nপ্ৰাকৃতিক সম্পদ Class 8\nঅনুশীলনীৰ ৰচনাধর্মী প্রশ্নোত্তৰ\nপ্রশ্ন ১। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০ টা মান শব্দৰ ভিতৰত)\nউত্তৰঃ (ক) মাটিৰ গুৰুত্বঃ ভূমি বা মাটি সম্পদ পৃথিৱীৰ জীৱ জগতৰ মূল আধাৰ। জীৱ-জগত আৰু উদ্ভিদ জগতৰ বিশেষকৈ জীৱশ্রেষ্ঠ মানব সমাজৰ উন্নয়ন আৰু বিকাশৰ মূলতে হ'ল ভূমি সম্পদ। এই ভূ-সম্পদৰ ওপৰতে মানৱ সমাজৰ কৃষি, শিল্প-উদ্যোগ, যাতায়াত, যােগাযােগ গঢ় লৈ উঠিছে। মানৱ সভ্যতা-সংস্কৃতি পৰিৱেশ আদি গঢ়ি উঠিছে। মুঠতে ভূ-সম্পদ অবিহনে পৃথিৱীত মানৱ সভ্যতাৰ সৃষ্টি অসম্ভৱ। কিন্তু ভূ-সম্পদ পৃথিৱীত সীমিত। সমগ্র পৃথিৱীৰ মাত্র ২৯ শতাংশ হে মাটি। পৃথিৱীত জনসংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগে ব্যৱহাৰােপযােগী মাটিৰ পৰিমাণ কমি আহিছে।\n(ক) ভূমিৰ ব্যৱহাৰ : পৃথিৱীৰ গুণাগুণ আৰু জলবায়ু ভেদে জনবসতি সমান হয়। পর্বত-পাহাৰৰ জলাশয়, মৰুভূমি, মেৰু অঞ্চল মানুহৰ বাসপােযােগী নহয়। সাধাৰণতে কৃষিকার্য, শিল্প-উদ্যোগ, খনিজ সম্পদ আহৰণ, বনাঞ্চল, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নির্মাণৰ বাবে ভূ-সম্পদ ব্যৱহাৰ কৰা হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ অৱস্থান, জলবায়ু, মাটি শ্রেণী, পানীৰ উৎস, খনিজ সম্পদ, বনজ সম্পদ আদি প্রাকৃতিক কাৰকৰ ওপৰত। সাধাৰণতে সমতল, নদী-উপত্যকা, সমান ঠাইত জনবসতি ঘন হয়। কৃষি, শিল্প উদ্যোগৰ সুবিধাজনক ঠাইত মানুহৰ বসতি বেছি হয়।\nপ্রশ্ন ২। তুমি থকা ঠাইখনৰ ভূমিসম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? (পৰিয়ালৰ জ্যেষ্ঠ লােক বা ওচৰৰ বিজ্ঞলােকৰ পৰা জানি লৈ এটি টোকা যুগুত কৰা।)\nউত্তৰঃ আমাৰ অসমৰ নগৰ-চহৰ আৰু গ্রামাঞ্চলত ভূমি সম্পদৰ ক্ষেত্ৰত আন ঠাইবােৰৰ দৰে প্ৰখৰ গতিৰে উন্নয়ন বা পৰিৱৰ্তন হােৱা নাই। ঠায়ে ঠায়ে চৰকাৰৰ চেষ্টাত ৰাষ্ট্ৰীয় পথ, ৰাজ্যিক পথ কিছু নির্মাণ হৈছে। মই অসমৰ সৰ্ববৃহৎ নগৰ গুৱাহাটীত বাস কৰাে। ছাত্র হিচাপে ভূমি সম্পদৰ সকলাে পৰিৱৰ্তনৰ কথা সঠিকভাৱে নাজানাে যদিও প্রশ্নত কোৱাৰ দৰে আনৰ পৰা জানি লৈ কেইটামান কথা তলত উল্লেখ কৰিলাে। যােৱা বিছটামান বছৰত\nগুৱাহাটীত হােৱা পৰিৱৰ্তন তলত উল্লেখ কৰা হ'ল-\n(ক) গুৱাহাটীৰ সৰুসজাইত এখন ডাঙৰ খেল প্রকল্পৰ বাবে ষ্টেডিয়াম সজাই তােলা হৈছে।\n(খ) গুৱাহাটী-শ্বিলং ৰাস্তাত কেইখনমান ডাঙৰ ফ্লাই অভাৰ দলং সাজি উলিওৱা হৈছে।\n(গ) চন্দ্ৰপুৰ, পলাশবাৰী, দৰং, নলবাৰী আদি ঠাইত বহুতাে ইটা-ভাটা, উদ্যোগ, ফেক্টৰী আদি গঢ়ি উঠিছে।\n(ঘ) গুৱাহাটীৰ বিভিন্ন ঠাইত বহু মহলা ফ্লেট আদি গঢ় লৈ উঠিছে।\nসমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১\nপ্রশ্ন ৩। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লােৱা উচিত ?\nউত্তৰ : (ক) বনজ সম্পদৰ ব্যৱহাৰঃ বনজ সম্পদ সকলাে দেশৰে অতি প্রয়ােজনীয় সম্পদ।এই সম্পদৰ পৰা খাদ্য সম্ভাৰৰ উপৰি নানা ঔষধ, বস্তু , বাসস্থান, আচবাব-পত্র আদি নির্মাণ সম্ভৱ হৈছে । বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণৰ- বাণিজ্যিক আৰু পৰিস্থিতিক।বাণিজ্যিক ব্যৱহাৰ যেনে- বাঁহ, কাঠ খৰি, বিভিন্ন কেঁচাসামগ্রী, খাদ্য, ঔষধী সামগ্রী আদিৰ । পাৰিস্থিতিক ব্যৱহাৰৰ ক্ষেত্ৰত উদ্ভিদে আমাক অক্সিজেনৰ যােগান, বন্যপ্রাণীক আশ্রয়, বাৰিষাৰ সময়ত মাটিৰ সংৰক্ষণ কৰা, বৃষ্টিপাত বৃদ্ধি কৰা, গােলকীয় উষ্ণতা হ্রাস কৰা আদি সাধন কৰে।\n(খ) জলজ সম্পদৰ ব্যৱহাৰঃ পানী সকলাে জীৱৰ জীৱনধাৰণৰ অত্যাৱশ্যকীয় বস্তু । বিভিন্ন যানবাহন আদি নানা কামত পানী ব্যৱহাৰ হয়।\n১। ঘৰুৱা কামত পানীৰ ব্যৱহাৰঃ পানী নহ'লে কোনাে মানুহ জীয়াই নাথাকে। খােৱা, বিভিন্ন আচবাব-পত্ৰ ধােৱা, গা ধােৱা আদিত পানী ব্যৱহাৰ কৰা হয়।\n২। খেতি-পথাৰত পানীৰ ব্যৱহাৰঃ শস্যৰ উৎপাদন বৃদ্ধিৰ বারে বিভিন্ন খেতিত জলসিঞ্চন কৰি খেতি কৰা হয়। পানী নহ'লে কোনাে খেতি ভাল নহয়।\n৩। শক্তি উৎপাদনত পানীৰ ব্যৱহাৰঃ জলশক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়। বিভিন্ন নদী আঁচনিৰ দ্বাৰা জলসিঞ্চনৰ লগতে বিদ্যুৎশক্তি উৎপাদন কৰা হয়।\n৪। জল পৰিবহণত পানীৰ ব্যৱহাৰঃ নৈ, বিল, হ্রদ, খাল আৰু সাগৰৰ পানী জল পৰিবহণত বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয় । এই পৰিবহণৰ দ্বাৰা বিভিন্ন বয়-বস্তু কঢ়িওৱা হয়।\n৫। খাদ্য উৎপাদনত পানীৰ ব্যৱহাৰঃপানীত মাছ-কাছ আৰু পানীত হােৱা কিছুমান খাদ্যৰ বাবে নৈ,বিল, জলাশয়, খাল, সাগৰ আদি ব্যৱহাৰ কৰা হয়।\nপ্রশ্ন ৪। শক্তিসম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে ?\nউত্তৰ : শক্তি সম্পদ মানৱ সমাজৰ উন্নতিৰ বাবে অপৰিহার্য। জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰৰ বাবে ইয়াৰ ভঁৰাল ক্রমান্বয়ে কমি আহিছে। গতিকে ইয়াৰ সংৰক্ষণ অত্যাৱশ্যকীয়। এই সম্পদ ব্যৱহাৰত অতি মিতব্যয়ী হােৱা উচিত। অপচয় ৰােধৰ উপৰি ইয়াক ৰাহি কৰিবলৈহে চেষ্টা কৰিব লাগে। কাৰণ ইনবিকৰণযােগ্য নহয় । গতিকে ইন্ধন ব্যৱহাৰকাৰীসকলে ইয়াৰ বাবে সজাগ সচেতন হ'ব লাগে। এই কাৰণতে মিতব্যয়ী ব্যৱহাৰ আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ অতি আৱশ্যক হৈ পৰিছে। অন্যথা ভূ-গর্ভৰ সঞ্চিত ইন্ধনৰ ভৰাঁল অচিৰেই নিশেষ হৈ পৰিব। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে অপৰম্পৰাগত শক্তি আহৰণ কৰা ব্যৱস্থা কৰা উচিত।\nপ্রশ্ন ৫। বনজ সম্পদসমূহ সংৰক্ষণ আৰু বৃদ্ধি কৰিবৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা।\nউত্তৰঃ বনাঞ্চলৰ প্রধান উৎপন্ন বস্তু হ'ল কাঠ আৰু খৰি। বাঁহ, বেত, লা, তার্পিন,আঠা, খেৰ, ঘাঁহ, ঔষধ, ৰং, তেল, চর্বি, জন্তুৰ চামৰা, হাতীৰ দাঁত, গঁড়ৰ খড়া, চন্দন আদি বিভিন্ন বস্তু বনজ সম্পদৰ উৎপাদন বুলি ধৰা হয় । এইবােৰ সম্পদ উৎপাদনৰ উপৰি বনাঞ্চলৰ সামাজিক উপকাৰিতা বিশেষভাৱে উল্লেখযোগ্য। বনাঞ্চলে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, খৰাং বতৰ, সূৰ্যৰ প্ৰখৰ তাপ,বতাহৰ প্রবল সোঁত, মাটিৰ ক্ষয়, বানপানী আদি প্ৰতিৰােধ কৰাত সহায় কৰে। বনাঞ্চলে বতাহত অক্সিজেনৰ পৰিমাণ, মাটিৰ জৰীপ আৰু সাৰ বৃদ্ধি কৰে । বনাঞ্চলৰ আপুৰুগীয়া জীৱ-জন্তু, পশু-পক্ষী, প্রাকৃতিক শােভাই দেশ-বিদেশৰ পৰা পর্যটকক আকর্ষণ কৰে। গতিকে বনাঞ্চলে পর্যটন উদ্যোগ বিকাশৰ ক্ষেত্ৰতাে যথেষ্ট সহায় কৰে। বনাঞ্চলৰ এই সকলােবােৰ দিশৰ বিকাশ সাধনৰ উদ্দেশ্যে বনাঞ্চল সংৰক্ষণৰ আৱশ্যক।\nClass 8 social Science Lesson 1 Assamese Medium\nপ্রশ্ন ৬। চমুটোকা লিখা ?\nউত্তৰঃ বনজ জীৱ-জন্তু এক আপুৰুগীয়া প্রাকৃতিক সম্পদ। বনৰ জীৱ-জন্তুৰ পৰাও কোনাে এখন দেশে আর্থিক উন্নয়নৰ সহায়তা পাব পাৰে। চিৰিয়াখানা সাজি, জীৱ-জন্তু ৰপ্তানি কৰি, জন্তুৰ চামৰা, দাঁত, খড়, চর্বি আদি মূল্যবান বস্তু পাব পাৰি। ইয়াৰ ওপৰতে পর্যটন উদ্যোগ গঢ়ি উঠে। ঘৰচীয়া জন্তুৰ পৰা গাখীৰ, মাংস, চামৰা, ঊণ আদি পােৱা যায়। মাছ-কণী আদিৰ উৎপাদনাে বনজ সম্পদৰে ভিতৰুৱা। ভাৰতৰ বনাঞ্চলত নানা জীৱ-জন্তু পােৱাৰ উপৰি নানা তৰহৰ চৰাই-চিৰিকটিও পােৱা যায়। এই জীৱ-জন্তুৰ তেল, চর্বি, চামৰা, হাতীৰ দাঁত, গঁড়ৰ খ, চন্দন আদি অনেক মূল্যবান বস্তুৰ পৰা নানা বস্তু উৎপাদন কৰি দেশৰ বাহিৰে-ভিতৰে বিক্ৰী কৰি অৰ্থ আয় কৰা হয়। চিৰিয়াখানাত সংৰক্ষণৰ বাবে বিদেশলৈ নানা জীৱ-জন্তু ৰপ্তানি কৰিও ভাৰতে আর্থিকভাৱে লাভৱান হয়।\n(খ) জীৱষ্ম ইন্ধন\nউত্তৰঃ আধুনিক যুগত মানৱ সমাজৰ পৰম্পৰাগত শক্তি সম্পদৰ ভিতৰত জীৱষ্ম ইন্ধন আৰু প্রাকৃতিক গেছ আদি হ'ল জীবাত্মা ইন্ধন। এই ইন্ধন প্রাকৃতিক সম্পদ,মানব সম্পদ সৃষ্ট নহয়, ইয়াক উন্নত কৰি ব্যৱহাৰহে কৰে। ই অনবিকৰণীয় সম্পদ। ইয়াৰ সংৰক্ষণ অতী প্রয়ােজনীয়।\n(১) কয়লাৰ ব্যৱহাৰ : কয়লা এবিধ জীৱষ্ম ইন্ধন। লাে-তীখা উদ্যোগ, ভাপ ইঞ্জিন তাপ বিদ্যুৎ আদিত প্ৰচুৰ কয়লাৰ আৱশ্যক। ভাৰতৰ ৰাণীগঞ্জ, ঝাৰিয়া, ধানবাদ, অসমৰ লিডু, মাকুম আৰু জয়পুৰত পােৱা যায়।\n(২) পেট্ৰ'লিয়াম : পেট্রলিয়াম ভূ-গর্ভৰ তলত জমা হৈ থকা এবিধ জুলীয়া জীৱাত্ম ইন্ধন। তৈল খাদৰ পৰা যান্ত্রিকভাৱে খাৰুৱা তেল হিচাপে আহৰণ কৰি শােধানাগাৰত শােধন কৰি পেট্রল, গেছােলিন, ডিজেল, কেৰাচিন আদি নানাবিধ সামগ্রী উৎপাদন কৰি ব্যৱহাৰ কৰা হয়। পেট্রলিয়ামক 'পনীয়া সােণ' বুলিও কোৱা হয়। খাৰুৱা তেলৰ খনি - ইৰাক, ইৰাণ, আৰৱ, আমেৰিকা, ৰাছিয়া, ভাৰতৰ অসম, মহাৰাষ্ট, গুজৰাট আদিত পােৱা যায়। খাৰুৱা তেলৰ লগতে প্রাকৃতিক গেছে উদঘাটন হয়। ঘৰুৱা ইন্ধন কার্য আৰু অনবিকৰণযােগ্য সম্পদ হােৱা বাবে ইয়াক সংৰক্ষণ আৰু মিতব্যয়ী ভাৱে ব্যৱহাৰ কৰা উচিত।\n(গ) মৰুকৰণঃ প্রাকৃতিক বা মানুহৰ কার্যকলাপৰ কাৰণত মৰুভূমিৰ প্ৰসাৰণ ঘটাকে নাইবা নতুনকৈ মৰুভূমিৰ সৃষ্টি হােৱাকে 'মৰুকৰণ বুলি কোৱা হয়। মৰুভূমিৰ ওচৰে-পাজৰে থকা মাটিত বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰা শক্তি কমি আহি পানী ধৰি ৰাখিব পৰা শক্তি কমি আহে আৰু শুকান মৰু সদৃশ হৈ পৰে। আনহাতে মৰুভুমিৰ দাঁতিকাষৰীয়া অঞ্চলৰ বনাঞ্চল ধ্বংস আৰু অত্যধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰণ বা বিনাশ ঘটাব পাৰে।\n(ঘ) সৌৰশক্তিঃ অপৰম্পৰাগত শক্তিৰ ভিতৰত সৌৰ শক্তি বিশেষভাৱে উল্লেখযােগ্য।সূর্যৰ অফুৰন্ত আৰু অসীম শক্তিৰ ভৰাঁল। সূৰ্যৰ তাপতে পৃথিৱীত সকলাে জীৱ-জন্তু,উদ্ভিদ-জগতৰ সৃষ্টি হৈছে। এই তাপৰ পৰা শক্তি বিকিৰিত হৈ পােহৰ সৃষ্টি হয়। সূর্যৰ তাপ\nআৰু পােহৰৰ পৰাই বিদ্যুৎ উৎপন্ন হ'ব পাৰে। সূৰ্যৰ তাপ আহৰণ কৰি বিদ্যুৎ শক্তিৰ দ্বাৰা সৌৰ চৌকা, হিটাৰ, সৰু সৰু যন্ত্রপাতি চলাব পৰা যায়। পানী গৰম কৰা, বিজুলী চাকি' জ্বলােৱা, মহাকাশ যান, উপগ্রহ আদিতাে সৌৰ শক্তি ব্যৱহাৰ কৰা হয়।\n(ঙ) ভূমিস্খলনঃ ওখ ঠাই বা পাহাৰৰ এঢলীয়া মাটি বিভিন্ন কাৰণত খহি পৰাকে ভূমিস্খলন বুলি কোৱা হয়। বতাহ,বৰষুণ, উত্তাপৰ তাৰতম্য বা মানুহৰ কার্যকলাপৰ কাৰণত মাটি হঠাতে তললৈ খহি পৰাকে ভূমিস্খলন বােলে। বাৰিষা কালত ভূমিস্খলনৰ প্রকোপ বৃদ্ধি পায়। ভূমিস্খলনৰ প্ৰধান কাৰণ হ'ল- বর্ধিত জনসংখ্যা। জনসংখ্যা অত্যধিক হােৱা বাবে মানুহে সমতল অঞ্চলত বসবাস কৰাৰ বাবে সুবিধাজনক স্থান নাপাই পাহাৰ-পৰ্বতলৈ গতি কৰিব লগা হৈছে। পাহাৰ-পৰ্বতৰ ওখ ঠাই সমান কৰি বসবাস কৰিবলৈ লৈছে। পাহাৰ-পৰ্বতৰ গা কাটি ৰাস্তা-আলিবাট যাতায়াতৰ বাবে বান্ধি লৈছে। ইয়াৰ ফলত বাৰিষাকালত বৰষুণৰ ফলত নতুন মাটি কোমল হৈ তললৈ খহি পৰে। এনেদৰেই মানুহৰ কার্যকলাপে ভূস্খলনৰ সৃষ্টি কৰে।\nপ্রশ্ন ৭। পার্থক্য দেখুওৱা ।\n(ক) গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ।\nগ্রামাঞ্চলৰ ভূমি নগৰীয়া অঞ্চলৰ ভূমি\nগ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ প্ৰধানকৈ কৃষিকাৰ্যৰ বাবেই ব্যৱহাৰ কৰা হয়। কিছুমান ঠাইত ঘাঁহনি-বননি থাকে যদিও বহুতে ইয়াক কৃষি কর্মতে ব্যৱহাৰ কৰিব বিচাৰে। কিছুমান ঠাই মাছ পুহিবৰ বাবে খাল-বিল বা খেল পথাৰ হিচাপেও ব্যৱহাৰ কৰে। গাঁৱৰ মাজেৰে আলিবাট বন্ধা কামতাে মাটি ব্যৱহাৰ কৰা দেখা যায়। আনহাতে আধুনিক যুগত নগৰীকৰণৰ বাবে নগৰত জনসংখ্যা বৃদ্ধিৰ হাৰ বৰকৈ বৃদ্ধি পাইছে। গাঁৱৰ পৰা নগৰলৈ কর্মসংস্থানৰ বাবে মানুহ প্রব্রজিত হৈছে। গতিকে ভূমিৰ প্রয়ােজন বৃদ্ধি পাইছে। নগৰ অঞ্চলত বিভিন্ন উদ্যোগৰ বাবে মাটিৰ প্রয়ােজন হয়। সৰু সৰু নগৰবােৰতাে ইটা-ভাটা, কল-কাৰখানা, দোকান বজাৰৰ বাবে মাটিৰ ব্যৱহাৰ হােৱা দেখা যায়। গতিকে বসতি স্থানৰ উপৰি নানাভাৱে নগৰৰ মাটি ব্যৱহাৰ কৰা দেখা যায়।\n(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি\nউত্তৰ : পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পার্থক্য হল-\nপৰম্পৰাগত শক্তি অপৰম্পৰাগত শক্তি\nপম্পৰাগত শক্তি হ'ল মানুহে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা খৰি আৰু আন জীবাশ্ম ইন্ধনবোৰ যেনে - কয়লা, পেট্রল, প্রাকৃতিক গেছ আদি। পৰম্পৰাগত শক্তি নবীকৰণযোগ্য নহয়। পৰম্পৰাগত শক্তি প্ৰদূষণমুক্ত, অপৰম্পৰাগত শক্তি সম্পদ হ'ল - পম্পৰাগত শক্তিৰ নাটনি হােৱাৰ পাছত মানুহে অনা উৎসৰ পৰা আহৰণ কৰা শক্তি সম্পদ, যেনে - মানুহে সৌৰশক্তি বা জলশক্তিৰ পৰাহে এই অপৰম্পৰাগত শক্তি আহৰণ কৰে। এই শক্তি নবীকৰণযােগ্য, কিন্তু অপৰম্পৰাগত শক্তি কম প্ৰদূষণমুক্ত । ই মানৱ সৃষ্ট ।\nপ্রশ্ন ৮। ভূমি অৱক্ষয় ৰােধ কৰাৰ বাবে দুটা উপায় উল্লেখ কৰা।\nউত্তৰ : ভূমি অৱক্ষয় ৰােধৰ বাবে বিভিন্ন প্রাকৃতিক আৰু মানুহৰ কার্যকলাপ নিয়ন্ত্রণ কৰা আৱশ্যক হয়।\n(১) বাৰিষা কালত ভূস্খলন বা পানীৰ প্রবাহে মাটি খহায় নিয়া ৰােধ কৰিবলৈ ঘাঁহ-বন আদি কটা বন্ধ কৰিব লাগে আৰু স্থান বিশেষে ঘাঁহ-বন গজাব বা বৃক্ষৰােপণ কৰিব লাগে।\n(২) ওখ, পাহাৰ-পৰ্বতৰ মাটি কটা সম্পূর্ণ বন্ধ কৰা উচিত।\n(৩) অৰণ্য ধ্বংস কৰাৰ পৰিৱর্তে প্রত্যেক জন ব্যক্তিয়ে নিজৰ ঘৰুৱা বা ৰাজহুৱা ঠাইত বৃক্ষৰােপণ কৰিব লাগে।\nপ্রশ্ন ৯। পানী সংৰক্ষণৰ চাৰিটা পৰামর্শ দিয়া।\nউত্তৰ : পানীৰ সমস্যা দূৰ কৰাৰ বাবে সকলাে লােকে পানী সংৰক্ষণ কৰিব লাগে। পানী সংৰক্ষণৰ চাৰিটা পৰামর্শ হল - \n(১) পানীৰ প্ৰদূষণৰ সকলাে কাৰক বন্ধ কৰিব লাগে।\n(২) পানীৰ প্রবাহ হ্রাস কৰাৰ বাবে ঘাঁহনি আৰু বৃক্ষৰােপণ কৰিব লাগে।\n(৩) কৃষি কার্যত প্রয়ােজনতকৈ বেছি পানী দিব নালাগে।\n(৪) মুকলি ঠাইত বাষ্পীভৱন কমাবলৈ গছ-গছনি ৰুই দি বাষ্পীভৱন কমাব লাগে। পানীৰ ব্যৱহাৰত সকলাে সচেতন হােৱা উচিত।\nপ্রশ্ন ১০। পানীৰ প্ৰদূষণ কমাবলৈ কি ব্যৱস্থা ল'ব পাৰি?\nউত্তৰঃ সাধাৰণতে মানুহৰ অপৰিকল্পিত, অবিবেচক, অসাবধান কার্যৰ দ্বাৰাই প্রাকৃতিক পৰিৱেশ প্ৰদূষিত হয়। মাটি, পানী বায়ু আদি মানুহে নিজৰ কাৰ্যৰ দ্বাৰা প্ৰদূষিত কৰে। ইয়াৰ দ্বাৰা গােটেই জীৱজগতৰ লগতে মানুহে নিজৰ জীৱনকো বিপদাপন্ন কৰি তুলিছে। গতিকে মানুহেই এই প্রদূষণ কার্য হ্রাস কৰিব, নাইবা পাৰিলে বন্ধ কৰাৰ চেষ্টা কৰিব লাগিব।\nপৰিৱেশ প্ৰদূষণ হ্রাস কৰিবলৈ হ'লে সমাজৰ প্রত্যেকজন নাগৰিকেই ইয়াৰ প্ৰতি সজাগ সচেতন হ'ব লাগিব। তেনে কৰিবলৈ হ'লে এই বিষয়ে এখন পৰিকল্পিত আঁচনি লােৱা উচিত। এই আঁচনিত মানুহক সৰুৰে পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্রতি আকৃষ্ট কৰিব লাগে। এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।\n(১) প্রাইমাৰি স্কুলৰ পৰা মাধ্যমিক স্কুল পর্যন্ত এই শিক্ষা পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা উচিত যাতে সৰুৰে পৰা ল'ৰা-ছােৱালীক এই বিষয়ে শিক্ষা দি প্ৰদূষণ সচেতন নাগৰিক কৰি তুলিব পাৰি।\n(২) চৰকাৰীভাৱে প্ৰদূষণ নিৰাময়ৰ বাবে পৰিকল্পিতভাৱে প্ৰচেষ্টা কৰা উচিত। স্বেচ্ছাসেৱী অনুষ্ঠানবােৰেও প্ৰদূষণ সজাগতা ব্যবস্থা লােৱা উচিত।\n(৩) ঔদ্যোগিক অঞ্চল আৰু নগৰ-চহৰবােৰ নৰ্মাণৰ সময়ত পৰিকল্পনাভাৱে কৰি প্ৰদূষণ ৰােধৰ উপায় উদ্ভাৱন কৰি নিৰাময় কৰাৰ ব্যৱস্থা ৰখা উচিত।\n(৪) নলা-নর্দমাবােৰ অহল-বহল কৰি, তাক চাফা কৰি ৰখাৰ নিয়মীয়া ব্যৱস্থা ৰখা উচিত।\n(৫) অপৰিষ্কাৰ কৰি ৰখা অঞ্চলত ইয়াৰ কাৰণ উদঘাটন কৰাৰ প্রচেষ্টা চলাব লাগে, যাতে অপৰিষ্কাৰ কৰা ব্যক্তিসকলক ধৰিব পৰা যায়। আৱশ্যক হলে তাৰ শাস্তিৰ ব্যৱস্থা কৰা উচিত। জাবৰ-জোথৰ, আৱৰ্জনা আদি পেলাব পৰা ব্যৱস্থা ঠায়ে ঠায়ে ৰাখিব লাগে। এইবােৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগে।\n(৬) পুখুৰীৰ পানী ব্যৱহাৰ কৰিলে তেনে পুখুৰীত কাপােৰ ধােৱা বা গা ধােৱা নিষেধ কৰিব লাগে। নদীনলাত কোনাে পচা বস্তু জাবৰ-জোথৰ, আৱৰ্জনা বা মৰাশ আদি পেলাব নালাগে।\n(৭) ঔদ্যোগিক অঞ্চলত শিল্প-উদ্যোগ, অনুষ্ঠান-প্রতিষ্ঠানবােৰৰ পৰা ওলােৱা, ধোঁৱা, গেছ বা বিভিন্ন ৰাসায়নিক দ্রব্য আৰু বিষাক্ত পানী, তেল জাতীয় বস্তু বিভাগীয়ভাৱে সেইবােৰ প্ৰদূষণ নিয়ন্ত্রণ বা হ্রাস কৰিব পৰা ব্যৱস্থা ল'ব লাগে।\n(৮) চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্রণ বিভাগৰ প্ৰদূষণ হ্রাস কৰাৰ বাবে স্পষ্ট বৈধ নীতি-নিয়ম থাকিব লাগে। তেনে নীতি-নিয়ম ভংগকাৰীক বিহিত শাস্তি বা জৰিমনা কৰা উচিত। এনেবােৰ কাৰ্য হাতত ল'লে ভৱিষ্যতে প্রদূষণ হ্রাস কৰিব পৰা যাব।\nসমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১ অতি চমু প্রশ্নোত্তৰ\nপ্রশ্ন ১। মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনাে দুটা কাৰণ উল্লেখ কৰা।\nউত্তৰ :মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ'ল-\n(ক) জনসংখ্যাৰ অত্যধিক বৃদ্ধি।\n(খ) খাদ্য-শস্য উৎপাদন বৃদ্ধিৰ লগতে বাসস্থান নির্মাণৰ বাবে মাটিৰ চাহিদা বৃদ্ধি।\nপ্রশ্ন ২। কোনাে এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হােৱা কাৰণ কি বুলি ভাবা?\nউত্তৰ :কোনাে এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হােৱাৰ কাৰণ হ'ল-\n(ক) জলবায়ু, মাটিৰ গুণাগুণ, পানীৰ সুবিধা আদি প্রাকৃতিক কাৰণ।\n(খ) কৃষিকার্য আৰু উদ্যোগ যাতায়াত সুবিধা।\nপ্রশ্ন ৩। ভূমি অৱক্ষয়ৰ চাৰিটা কাৰণ উল্লেখ কৰা।\nউত্তৰ ভূমি অৱক্ষয়ৰ চাৰিটা কাৰণ হ'ল- (ক) ভুঙ্খলন (খ) গৰাখহনীয়া (গ) মৰুকৰণ (ঘ) মাটিৰ ক্ষয়ীভৱন আদি।\nপ্রশ্ন ৪। বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ কাৰণ দুটা লিখা।\nউত্তৰ : বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ'ল\n(ক) বনাঞ্চল বা গছ-গছনি কাটি ধ্বংস কৰিলে অঞ্চলটো শুকান মৰুমায় হৈ পৰে ।\n(খ) অধিক উৎপাদনৰ বাবে একেৰা মাটিতে বাৰে বাৰে জলসিঞ্চন, ৰাসায়নিক সাৰ দি খেতি কৰিলে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা লােপ পায় আৰু ভূ-জল নিম্নগামী হয়, কুঁৱা শুকাই যায়, অঞ্চলটো শুকাই মৰুসদৃশ হয়, পানীৰ সংকট হয়।\nপ্রশ্ন ৪। তলৰ প্রশ্নবােৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ\n(ক) তলৰ কোনটোৱে পানী সংৰক্ষণত সহায় কৰে ?\n(১) অবাবতে পানীৰ টেপ খুলি থ'লে।\n(২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে।\n(৩) বৰষুণৰ পানী জমা কৰি থ'লে।\nউত্তৰঃ (৩) বৰষুণৰ পানী জমা কৰি থ'লে।\n(খ) নির্মল পানী পাবলৈ হ'লে - \n(১) আৱৰ্জনাবােৰ নৈত পেলাব লাগে।\n(২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে।\n(৩) পানীৰ উৎস প্রদূষিত নােহােৱাকৈ ৰাখিব লাগে।\nউত্তৰঃ (৩) পানীৰ উৎস প্ৰদূষিত নোহােৱাকৈ ৰাখিব লাগে।\n(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে - \n(১) জীৱাস্ম ইন্ধনত ব্যৱহাৰ অধিক হলে।\n(২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে।\n(৩) শক্তি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হলে।\nউত্তৰঃ (১) জীৱাস্ম ইন্ধনত ব্যৱহাৰ অধিক হলে।
5e7d0e051a4f171a162a32a77de54d65c2c4e9e3dc1a347f4c8f2f4e51d96af8
অসম আৰক্ষী (ইংৰাজীঃ Assam Police) হৈছে অসম ৰাজ্যৰ আইন শংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ ২৭খন জিলাতে সেৱা আগবঢ়ায় আহিছে। অসম আৰক্ষী বিভাগ এজন সঞ্চালক প্ৰধান ৰ অধীনত চালিত হয়। অসম ৰ ৰাজধানী গুৱাহাটী ত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় অৱস্থিত। অসম আৰক্ষী ত বৰ্তমান অনুমূদিত পদ ৭৪,৭৮৮ বিপৰীতে ৬১,৩১০ জন বিষয়া- কৰ্মচাৰী কাৰ্যৰত হৈ আছে[1]। ১৯২৯ ত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটিখন গঠন কৰিছিল। কিন্তু ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পাছত কমিটিখন কাৰ্যকৰী কৰা হয়। কিন্তু কেতবোৰ সিদ্ধান্ত পিছত অসম পুলিচতো ইয়াৰ প্ৰভাব পৰিছিল। অসমৰ ৰাইফলচ্ক অসম পুলিচৰ পৰা পৃথক কৰা হয়। স্বাধীনতাৰ সময়ত অসম পুলিচত ৮০০০ জন পুলিচ কৰ্মী আৰু ৩৩৫০ জন অফিচাৰ আছিল। বৰ্তমান প্ৰায় ৬১,৩১০ জন জন পুলিচ কৰ্মী অসম পুলিচত কাম কৰি আছে। ১৯৫০-৫১ চনত ভাৰতীয় সেনা আৰু অসম ৰাইফলচ্ৰ সৈতে লগ লাগি অসমৰ ভিতৰুৱা অঞ্চলবোৰত কেতবোৰ উগ্ৰপন্থী বিৰোধী অভিযান চলাইছিল, ইয়াৰ লক্ষ্য আছিল ভিতৰুৱা অঞ্চলবোৰত অসম পুলিচৰ প্ৰভাৱ বৃদ্ধি কৰা। অসম আৰক্ষী, অসম চৰকাৰৰ গৃহ বিভাগৰ পোনপটীয়া নিয়ন্ত্ৰণত থকা আইন-শৃংখলা ৰক্ষী বিভাগ। অসম আৰক্ষী এজন সঞ্চালক প্ৰধানৰ অধীনত পৰিচালিত হয়। বৰ্তমান অসম আৰক্ষী সঞ্চালক প্ৰধানজন হৈছে কুলধৰ শইকীয়া, ভাৰতীয় আৰক্ষী সেৱা। আৰক্ষী প্ৰধানজন হৈছে বাহিনীৰ মূল ব্যক্তি। অসম আৰক্ষীৰ বিভিন্ন বিভাগসমূহৰ প্ৰত্যেকতো বিভাগ এজন অতিৰিক্ত সঞ্চালক প্ৰধানৰ অধীনত থাকে। মহাপৰিদৰ্শকজন অধীনস্থ বিভিন্ন বিভাগৰ মুৰব্বী লগতে এক বা ততোধিক আৰক্ষী ক্ষেত্ৰসীমাৰ মুৰব্বী। উপ- মহাপৰিদৰ্শক এক আৰক্ষী ক্ষেত্ৰসীমাৰ মুৰব্বী যিজনৰ অধীনত কেইবাখনো আৰক্ষী জিলা থাকে। আৰক্ষী অধীক্ষক হল জিলা আৰক্ষীৰ মুৰব্বী বা বেটেলিয়নৰ কামাণ্ডেণ্ট(মুখ্য সেনাপতি)। আৰক্ষী অধীক্ষকক কাৰ্য্যত সহায় কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক থাকে। আৰক্ষী জিলা কেইবাটাও মহকুমাত বিভক্ত হৈ থাকে। মহকুমাৰ মূল আৰক্ষী বিষয়া হ'ল মহকুমা আৰক্ষী বিষয়া (উপ আৰক্ষী অধীক্ষক)। 'সেইদৰে এটা মহকুমা কেইবাটাও আৰক্ষী চক্ৰত বিভক্ত। আৰক্ষী চক্ৰ ৰ মূল বিষয়া হ'ল চক্ৰ পৰিদৰ্শক ( পদমৰ্য্যদাঃ আৰক্ষী পৰিদৰ্শক)। আৰক্ষী চক্ৰ ৰ অধীনত কেইবাখনো আৰক্ষী থানা আৰু আৰক্ষী চকী থাকে। সদৰ আৰক্ষী থানা আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলৰ থানাসমূহ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন (পদমৰ্য্যদা : আৰক্ষী পৰিদৰ্শক) তথা গ্ৰাম্যঞ্চল বা কম ঘন জনবসতিপূৰ্ণ অঞ্চলৰ থানাসমূহ এজন উপ পৰিদৰ্শক পদবীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন। তেনেদৰে আৰক্ষী চকীসমূহ এজন উপ পৰিদৰ্শক পদবীৰ বা সহকাৰী উপ পৰিদৰ্শক পদবীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন। লগতে বেটেলিয়ান সমূহ, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, বেটেলয়ান প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ সমূহ একোজন উপ- মহাপৰিদৰ্শকৰ অধীনত থাকে। অসম আৰক্ষীয়ে প্ৰশাসনিক তথা আইন- শৃংখলা কাৰ্য পৰিচালনাৰ বাবে সমগ্ৰ অসম ৰাজ্যক কিছুমান আৰক্ষী ক্ষেত্ৰসীমাত ভগাই লৈছে। প্ৰত্যেক ক্ষেত্ৰসীমা একোজন উপ- মহাপৰিদৰ্শক বা মহাপৰিদৰ্শকৰ অধীন। অসম আৰক্ষীত উপ-আৰক্ষী অধীক্ষক(ৰাজপত্ৰিত বিষয়া), উপ- পৰিদৰ্শক বা সহকাৰী উপ -পৰিদৰ্শক আৰু কনিষ্টবল পৰ্য্যায়ত প্ৰাৰ্থী নিযুক্তি সম্পন্ন হয়। উপ-আৰক্ষী অধীক্ষক(ৰাজপত্ৰিত বিষয়া) পৰ্য্যায়ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা অসম আৰক্ষী সেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। এই পৰীক্ষা প্ৰাৰম্ভিক বাছনি, মূল পৰীক্ষা, বুদ্ধিমত্তা আৰু মৌখিক শাখাত খণ্ডিত। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও অসম-মেঘালয় কেডাৰত মোতায়ন হৈ উপ-আৰক্ষী অধীক্ষক পৰ্য্যায়ত অসম আৰক্ষীত যোগদান কৰে। উপ- পৰিদৰ্শক বা সহকাৰী উপ -পৰিদৰ্শক পদৰ বাবে প্ৰাৰ্থীগৰাকী স্নাতক হোৱাৰ লগতে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা, শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হব লাগে। কনিষ্টবল পদৰ বাবে প্ৰাৰ্থীগৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে জিলা আৰক্ষী নিযুক্তি পৰিষদৰ দ্বাৰা অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা, শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হব লাগে। প্ৰশিক্ষণ কেন্দ্ৰসমূহত পোনপটীয়াকৈ নিযুক্ত হোৱা উপ-আৰক্ষী অধীক্ষক, উপ- পৰিদৰ্শক (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) বা সহকাৰী উপ -পৰিদৰ্শক (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) আৰু কনিষ্টবল (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) পৰ্য্যায়ত প্ৰাৰ্থীৰ প্ৰশিক্ষণ দিয়া হয়। ভাৰতীয় দণ্ডবিধি আইন, অস্ত্ৰ চালনা, শাৰীৰিক কছৰৎ, নিয়মানুৱৰ্তীতা, ন্যায়ালয়িক বিজ্ঞান,অপৰাধ ধাৰা, পুলিচ বিজ্ঞান, জনতাৰ নিৰাপত্তা, বোমা-বাৰুদ, মুক্ত হস্ত চালনা, কৌশলপূৰ্ণ অভিযান, অশ্ব চালন, যান- বাহন নিয়ন্ত্ৰণ,যান- বাহন মেৰামতি, মেপৰ জ্ঞান, লাঠি চালনা, মানৱ সম্পদ তথা জনসংযোগ ইত্যাদি প্ৰশিক্ষণ পদবী অনুসাৰী দিয়া হয়।[4] অৱশ্যে অসম-মেঘালয় কেডাৰত মোতায়ন হোৱা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকল হায়দৰাবাদ স্থিত চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিচ অকাডেমীত (SVPNPA) প্ৰশিক্ষণ গ্ৰহণ কৰে। আৰক্ষী গৱেষণা আৰু উন্নয়ন বিভাগৰ[5] তথ্য অনুসৰি ১ জানুৱাৰী, ২০১২ চন লৈ অসম আৰক্ষীৰ সৰু- ডাঙৰ বাহন মুঠ সংখ্যা ৫২৭৯ খন। ২০১৩ চনত পোনপ্ৰথম বাৰৰ বাবে কীৰ্তিচক্ৰ বঁটা(দেশৰ দ্বিতীয় সৰ্ব্বোচ্চ সাহসীকতাৰ সন্মান) অসম আৰক্ষীৰ পৰিদৰ্শক লোহিত সোণোৱালে দেশৰ বাবে আত্ম বলিদান দি শান্তিৰ সময়ত দেখুওৱা চূড়ান্ত সাহসীকতাৰ কাৰণে মৰোনত্তৰ ভাৱে লাভ কৰে।[9] তেখেত উগ্ৰপন্থী বিৰুদ্ধে অভিযানৰ সময়ত অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত কেইজনমান নিৰীহ জনতাক প্ৰাণ ৰক্ষা কৰিবলৈ যাঁওতে উগ্ৰপন্থীৰ গুলীত থকা সৰকা হৈ মৃত্যুবৰণ কৰিছিল।
8b076e6bb032d67f4dcf0ebf969656e95f3b745f7f61660eb6a889bdca57a10c
W7s news ষ্টাফৰিপোৰ্টাৰঃ ছাত্ৰ সংগঠন এ আই ডি এছ অ'ৰ উদ্যোগত শুকুৰবাৰে ভাৰতীয় নৱজাগৰণৰ অন্যতম পথিকৃৎ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ প্ৰয়াণ দিৱসক সমগ্ৰ দেশৰ লগত সংগতি ৰাখি অসমতো ৰাজ্য ব্যাপী 'ৰাজহুৱা শিক্ষা বচাওঁক দিৱস' হিচাবে পালন কৰা হয় । শুকুৰবাৰে গুৱাহাটী , মঙলদৈ , শিলচৰ , নলবাৰী , উত্তৰ লক্ষীমপুৰ , যোৰহাট , তেজপুৰ , ধুবুৰী সহ ৰাজ্যৰ বিভিন্ন ঠাইত বিদ্যাসাগৰৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শিক্ষাৰ প্ৰাণসত্তা ধ্বংসকাৰী জাতীয় শিক্ষা নীতি -২০২০ ৰ বিৰুদ্ধে তীব্ৰ ছাত্ৰ আন্দোলন গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰা হয় । আজি " ৰাজহুৱা শিক্ষা বচাওঁক দিৱস " উপলক্ষে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত সংগঠনৰ ৰাজ্যিক উপ-সভাপতি পল্লব পেগুৰ পৰিচালনাত আয়োজিত সভাত অংশগ্ৰহণ কৰি এ আই ডি এছ অ'ৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেৱে কয় যে জাতীয় শিক্ষা নীতি - ২০২০ ৰ যোগেদি শিক্ষাৰ ব্যৱসায়ীকৰণ , গেৰুৱাকৰণ আৰু কেন্দ্ৰীয়কৰণৰ প্ৰক্ৰিয়া অভাৱনীয় ভাৱে ত্বৰান্বিত কৰি শিক্ষাৰ প্ৰাণসত্তা ধ্বংস কৰাৰ লগতে চৰকাৰী শিক্ষাব্যৱস্থাৰ যিখিনি অবশিষ্ট আছে সেয়াও ধ্বংস কৰা হ'ব । দেশব্যাপী ঐক্যবদ্ধ তীব্ৰ ছাত্ৰ তথা গণ আন্দোলন গঢ়ি তুলি এই সৰ্বনশীয়া শিক্ষানীতিক প্ৰত্যাহাৰ কৰা আৰু প্ৰকৃতাৰ্থত বৈজ্ঞানিক , ধৰ্মনিৰপেক্ষ , গণতান্ত্ৰিক আৰু সাৰ্বজনীন শিক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ চৰকাৰক বাধ্য কৰিব লাগিব বুলি তেখেতে অভিমত ব্যক্ত কৰে। ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুয়ে শিক্ষাবিৰোধী জনবিৰোধী জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰাৰ দাবীত দেশব্যাপী গঢ়ি উঠা ধাৰাবাহিক আন্দোলনৰ অংশ হিচাবে ১ কোটি স্বাক্ষৰ সংগ্ৰহৰ যি অভিযান চলি আছে তাক সফল কৰাৰ বাবে ছাত্ৰ ছাত্ৰীক আহ্বান জনায় । এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যিক কেবিনেটত গৃহীত ভেন্সাৰ স্কুলসমূহৰ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাই কয় যে এই সিদ্ধান্তৰ লগতে স্কুলসমূহৰ মাৰ্জাৰ আৰু ক্লোজাৰৰ পদক্ষেপে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ৰাজহাড় ভাঙি দিব । তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞান শিক্ষা প্ৰদান কৰাৰ কেবিনেট সিদ্ধান্ত সম্পৰ্কে কোৱা হয় যে ন্যূনতম ভেটি প্ৰস্তুত নকৰাকৈ এই সিদ্ধান্ত কাৰ্যকৰী কৰিলে ইয়াৰ পৰিণাম সৰ্বনশীয়া হ'ব । দুৰ্বল ছাত্ৰ-ছাত্ৰীয়ে বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তোলাৰ বাবে জৰুৰী জটিল বিষয়টো আয়ত্ব কৰিব নোৱাৰাৰ লগতে বিষয় দুটা সম্পৰ্কে ভয়ভীতিৰ সঞ্চাৰ হ'ব । সংগঠনে অভিমত ব্যক্ত কৰে যে মাতৃভাষা মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়ত অধ্যয়ন কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ বাবে সুযোগ মুকলি থকা প্ৰয়োজন । তদুপৰি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে ৰাজ্যৰ শিক্ষাৰ আন্তগাঁথনি কিমানখিনি সাজু , যথেষ্ট সংখ্যক ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞান বিষয়ত পাঠদান কৰিবলৈ শিক্ষক আছে নে নাই , তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত পঢ়িব পৰাকৈ ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰিব পৰা যাব নে নাই আদি দিশসমূহ গভীৰ ভাবে পৰ্যালোচনা কৰাৰ লগতে সক্ৰিয় ছাত্ৰ সংগঠন , শিক্ষক সংগঠন , বিশিষ্ট শিক্ষাবিদসকলৰ লগত আলাপ আলোচনা ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন আছিল অথচ তাকে নকৰি একপক্ষীয়ভাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আমি ৰাজ্য চৰকাৰক ভবিষতে সংশ্লিষ্ট সকলো পক্ষক যুক্ত কৰি ছাত্ৰ ছাত্ৰী ভবিষ্যতৰ বাবে নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰাৰ আহ্বান জনাওঁ । No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive November (55) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
9676315286159cb50933ddbfd5e2ea39c37c263f8adf85ada5086888ea26955e
সি যি নহওক, দুয়োটা অনুষ্ঠানতে বহুত আহোম মানুহ আছে। বড়োসকলৰ মাজত 'ব্ৰহ্ম' উপাধি লোৱাসকলে মদ নাখায়. গাহৰি নাখায় আৰু নোপোহে। কিন্তু তেওঁলোক আৰু মদ-গাহৰিত অভ্যস্ত বড়োৰ মাজত কোনো অসূয়া- অসদ্ভাৱ নাই। তেন্তে দুয়ো পক্ষৰ আহোম মানুহ মিলিজুলি থকাত বাধা কি? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
e336b06affd62992892731f63408efd47a1d2c6af717fa4ee43072fb0c35b543
Roseus গ্ৰহণ কৰাৰ পিছত আপোনাৰ হৃদয় ত পাৰ্শ্ব-প্ৰতিক্ৰিয়া অনুভৱ কৰিব পাৰে। যদি এয়া হয় তেন্তে ইয়াৰ ব্যৱহাৰ বন্ধ কৰিব। আপোনাৰ চিকিতসকৰ পৰামৰ্শ লওক আৰু তেখেতে কোৱা অনুসৰি কৰক। আপুনি Roseus সেৱনৰ সময়ত কেতবোৰ খাদ্য সেৱনৰ ফলত দৰৱে কাম কৰাৰ ক্ষেত্ৰত বেছি সময় ল'ব পাৰে। আপুনি ডাক্তৰৰ পৰামৰ্শ অনুসৰণ কৰক। এই বিষয়ত এতিয়ালৈ কোনো গৱেষণা হোৱা নাই। সেয়ে Roseusৰ সৈতে মদ্যাপন কৰাৰ ক্ষেত্ৰত প্ৰভাৱক লৈ এতিয়ালৈ পাৰ্শ্চক্ৰিয়াৰ বিষয়ে জনা হোৱা নাই।
637c60ac5b6b4ee196c2ee2b90b381c144a2cf48d606675af3dc45e65aa758ec
ওদালগুৰিঃ শিল্পী পেঞ্চন, বৃদ্ধ পেঞ্চনৰ তথা চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বহু শিল্পী! পোন্ধৰ বছৰ বয়সৰ পৰা ব্যাস সংগীতৰ সাধনা কৰি অহা ওদালগুৰি জিলাৰ চাৰি নং ৰজাগড় গাঁৱৰ ব্যাসৰ ওজা পৃথুৰাম নাথে আজিলৈ লাভ কৰা নাই বৃদ্ধ পেঞ্চন, শিল্পী পেঞ্চন! ৮২ বছৰীয়া এইগৰাকী আজন্ম শিল্পীয়ে কেৱল বৃদ্ধ পেঞ্চন এটিৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছে। বাৰ্ধক্য আৰু দাৰিদ্ৰতাই কোঙা কৰা এইগৰাকী লোকশিল্পীৰ দুই বৃদ্ধ পত্নীয়েও নাপালে আজিলৈ বৃদ্ধ পেঞ্চন। উল্লেখ্য যে, আজোককাৰ দিনৰে পৰা বংশানুক্ৰমে এই উচ্চ মাৰ্গীয় লোককলা ব্যাস তথা সভাগোৱা ওজাৰ সাধনা কৰি আহিছে পৃথুৰাম নাথৰ পৰিয়ালে। পৃথুৰাম নাথে প্ৰথমে ব্যাস ওজাৰ এজন 'পালি'ৰূপে অৱতীৰ্ণ হৈ পাছলৈ ২০ বছৰতকৈয়ো অধিক কাল 'ওজা'ৰূপে থাকি সমগ্ৰ অবিভক্ত দৰং জিলাত খ্যাতি অৰ্জন কৰে। সম্প্ৰতি জীৱনৰ বিয়লিবেলাতো এজন ব্যাস সংগীতৰ প্ৰশিক্ষক ৰূপে স্বীকৃত হৈ কেইবাটাও ওজাপালি দলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। এইগৰাকী অনাখৰী লোকশিল্পীয়ে আজিলৈ শিল্পী পেঞ্চনটো বাদেই বৃদ্ধ পেঞ্চন লাভ নকৰাটো চৰম দুৰ্ভাগ্যজনক বুলি সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে। Share : Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
63d624b58e2b67f0095e1167e53213ae4f8a42fd346aaa5e83fa135d64fc5d3d
দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় ,১৯ ফেব্ৰুৱাৰী : প্ৰেমৰ দিৱসৰ দিনাই ডিব্ৰুগড়ত সংঘটিত হৈছিল নিকৃষ্ট কাণ্ড । প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে এগৰাকী যুৱতীৰ শৰীৰত ছটিয়াই দিয়া হৈছিল এচিড । ডিব্ৰুগড় আমোলাপট্টী নাট্য মন্দিৰৰ সন্মুখত ১৪ ফেব্ৰুৱাৰী দিনা সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা । যি ঘটনাই ৰাজ্য খনতে চাঞ্চল্য সৃষ্টি কৰিছিল । এগৰাকী মহিলা দেহত বৌদ্ধদেৱ দাস নামৰ এটা লম্পতে ছটিয়াই দিছিল এচিড । ইফালে , ঘটনা সংঘটিত কৰা দিনাই লম্পত বৌদ্ধদেৱ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । বৰ্তমান এই লম্পত গৰাকী ঘৰৰ আলহী । ইফালে , ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে এচিড আক্ৰমণত বলি হোৱা মহিলা গৰাকী আৰু আজি অসম চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যিক মন্ত্ৰী স্বাস্থ্য পীয়ুষ হাজৰিকা উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁ লগত মত বিনিময় কৰে। লগতে মন্ত্ৰীগৰাকীয়ে যুৱতীগৰাকী সকলো চিকিৎসা বিনামূলীয়া কৰিব বুলি ঘোষণা কৰাৰ লগতে যুৱতীগৰাকীয়ে ইচ্ছা কৰিলে ৰাজ্যৰ বাহিৰলৈ চিকিৎসা কৰিবলৈ নিয়াৰ হব বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
00d2f83e894eaad534b90e9708688bfd154aa68468a2cd3a81d1289a613feaf5
সততে হাতী-মানুহৰ সংঘাত, বন্যপ্ৰাণী নিধন আদি ঘটনাসমূহ বৃদ্ধি পাই আহিছে। এচাম লোকে বন্যপ্ৰাণী সুৰক্ষা আইনক ভেঙুচালি কৰি বনৰীয়া জীৱ-জন্তুসমূহ নিধন কৰি অহাৰ বিপৰীতে মাজুলীৰ শালমৰাৰ কেইজনমান যুৱকে প্ৰকৃত বন্যপ্ৰাণী প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। বান-গড়াখহনীয়াৰ ভয়াৱহতাৰ মাজতে শালমৰা অঞ্চলত প্ৰায় এশজনীয়া হাতীৰ বৃহৎ জাক এটাই বিগত পোন্ধৰ-বিশদিন ধৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছিল। প্ৰৱল বানৰ কবলত পৰি দিশহাৰা হৈ পৰা হাতীৰ জাকটোৱে মূলতঃ খাদ্যৰ অভাৱত পৰিয়েই যোৱানিশাৰ পৰা ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত মৰণকাতৰ আৰ্তনাদ কৰি থকা শুনি শালমৰা গাঁৱৰ চৈতন্য, বুল, প্ৰভাত, প্ৰদীপ, উত্তম, দুলবা, দিলীপ, মাধুৰ্য, বৰুণ, জগত, প্ৰদীপ, পৱন, সত্যই হাতীখিনিয়ে খাদ্য বিচাৰি এনেদৰে চিঞৰি থকাটো নিশ্চিত হোৱাৰ পাছত এখন ভুটভূটী নাৱৰে আজি পুৱা চাপৰিটোলৈ গৈ হাতীৰ জাকটোক খাদ্য যোগান ধৰাৰ মানসেৰ এশজোপা কলগছ, তিনিবস্তা নিমখ, পঞ্চাশটা কঁঠাল আৰু অন্যান্য খাদ্য দি এইসকল যুৱকে বন্যপ্ৰাণী প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে।
2da5c4188194edccfae67895446926e2c8ba8af15f036e22fa905bde87fb5d73
"আজিৰ তাৰিখত বড়োলেণ্ডৰ সম্ভাৱনা একেবাৰেই নাই।" এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে কোকৰাঝাৰৰ সাংসদ তথা প্ৰাক্তন আলফা হীৰা শৰণীয়াই। বড়োলেণ্ডৰ দাবীত অবিৰত আন্দোলন চলি থকাৰ সময়ত শৰণীয়াৰ এই মন্তব্য অতি স্পৰ্শকাতৰ বুলি মত দিছে একাংশ ৰাজনৈতিক বিশ্লেষকে। উল্লেখযোগ্য যে কোকৰাঝাৰৰ পৰা নিৰ্বাচিত লোকসভাৰ সাংসদজনে আজি দুপৰীয়া দিচপুৰ প্ৰেছ ক্লাবত এটা মুখামুখি অনুষ্ঠানত ভাগ লৈছিল। মুখামুখি অনুষ্ঠানটোত আন বহু কথাৰ লগতে তেওঁৰ বিৰুদ্ধে হৈ থকা ষড়যন্ত্ৰৰ কথাও উল্লেখ কৰে। আনহাতে যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ বিপৰীতে ধনবল আৰু অস্ত্ৰবলৰ পয়োভৰ আছিল বুলি কয়। "মোৰ হাতত একো নাছিল। বিৰোধী শিবিৰত অবৈধ অস্ত্ৰৰ পৰা টকালৈ সকলো আছিল।" এইদৰে কয় সাংসদজনে। তদুপৰি শৰণীয়াই কয় যে তেওঁক ৰোধ কৰিবলৈ বিৰোধী শিবিৰৰ লোকক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰও কিনি দিয়া হৈছিল। তাৎপৰ্য্যপূৰ্ণভাৱে শৰণীয়াই অসম স্বাধীন হোৱাৰ আশা ১ শতাংশও নাছিল বুলিও মন্তব্য কৰে। তাৰোপৰি আলোচনা প্ৰক্ৰিয়া চলি থকা সময়ত তেওঁক হত্যাৰ ষড়যন্ত্ৰ চলিছিল বুলিও কয় সাংসদগৰাকীয়ে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
4fe93e7f0f1f3a8df94bc23ed28a6156546a0503c5fab54b118c73c96a6c16a0
নলবাৰী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) ছফিকুল হুছেইনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুধৰ্ষ ডকাইত আবু বক্কাৰ ছিদ্দিকৰ বাসগৃহত অভিযান চলাবলৈ গৈ গৰু চোৰ আবু বক্কাৰ ছিদ্দিকৰ পৰিয়ালৰ আক্ৰমণৰ বলি হ'বলগীয়া হ'ল। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাত দুধৰ্ষ ডকাইত আবু বক্কাৰ ছিদ্দিকৰ বিৰুদ্ধে ৰজু হোৱা ২৯৩, ৩৫১, ৩০৭/২০২০ গোচৰৰ ভিত্তীত আৰক্ষীয়ে অভিযান চলাবলৈ গৈছিল। ডকাইতৰ পৰিয়ালৰ ভয়াবহ আক্ৰমণত মুকালমুৱা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মোকছেদ আলী, চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ জোৱান ক্ৰমে কন্দৰ্প নাথ, তপন দাস, নয়ন তালুকদাৰ আৰু কনিষ্টবল উৎপল দাস আহত হয়। আবু বক্কাৰ ছিদ্দিকৰ পৰিয়ালৰ লোকসকল। আৰক্ষীয়ে দুধৰ্ষ গৰু চোৰজনৰ দুখনকৈ বাহন জব্দ কৰে। দুধৰ্ষ গৰু চোৰ আবু বক্কৰ ছিদ্দিকৰ এ টি এম চুৰিৰ লগতে বহু ডকাইতি কাণ্ডৰ লগতো জড়িত থকা বুলি জানিব পৰা গৈছে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
a16527e000e9322d8f57f471eec2b1a494948b1e277763138daf8d036d6620cb
দক্ষিণ শালমাৰা : বুধবাৰে পুৱা প্ৰায় ৫ বজাত মানকাচৰৰ সুখচৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এজন পুত্ৰই নিজৰ বৃদ্ধ পিতৃক লাঠিৰে কোৱাই হত্যা কৰাৰ লগতে নিজৰ পুত্ৰকো হত্যাৰ চেষ্টা চলোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দ্বিতীয় বিৱহক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল। হত্যাকাৰী পুত্ৰ পলাতক অৱস্থাত আছে। হত্যাকাৰী পুত্ৰত সন্ধানত আৰক্ষীৰ অভিযান আৰম্ভ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত সুখচৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ আব্দুল বতেন ওৰফে ভুট্টো নামৰ লোকজনে দ্বিতীয় বিবাহ কৰাক লৈ প্ৰথম পত্নীৰ সৈতে কিছুদিন ধৰি ঘৰুৱা কন্দল চলি আছিল। ইয়াৰ মাজতে পুৱাৰ ভাগত লোকজনে পত্নীৰ সৈতে মাৰপিটত লিপ্ত হোৱাত তেওঁৰ বৃদ্ধি পিতৃ কৰিম বক্স আৰু পুত্ৰ ইছৰাফিল হকে মাতৃক উদ্ধাৰ কৰিবলৈ যায়। তেনে সময়ত আব্দুল বতেন নিজৰ বৃদ্ধ পিতৃ কৰিম বক্স আৰু পুত্ৰ ইছৰাফিল হকক লাঠিৰে কোৱাই হত্যাৰ অপচেষ্টা কৰে। ইয়াৰ পিছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হোৱাত আব্দুল বতেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ৰাইজে ততাতৈয়াকৈ আহত দুয়োক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসকে দুয়োকৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও গুৰুত্বৰভাৱে আহত বৃদ্ধ পিতৃ কৰিম বক্স মৃত্যু মুখত পৰে। এই ঘটিনাৰ পিছতে মৃতদেহটি সুখচৰ আৰক্ষীয়ে নিজৰ জিম্মাত নি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। You may also read!