doc_id
stringlengths
64
64
text
stringlengths
127
172k
275e1efed12f02813911f1f3fd62c68890db0bb2b275c3c156e78b0dc4c9e50e
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিন শালমাৰা মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ অয়ডোবাত শনিবাৰে পুৱা কেঁচা সামগ্ৰী ভৰ্তি এটা বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত দুজন ক্ষুদ্ৰ ব্যৱসায়ী থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো ব্যৱসায়ী গুৰুতৰভাৱে আহত হৈ মানকাচৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হ'ব লগা হয়।ইয়াৰে কেবাজনৰো অৱস্থা সংকটজনক। জানিব পৰা মতে, দুৰ্ঘটনাত মানকাচৰ থানাৰ অন্তৰ্গত জোৰডাঙ্গা গাওঁৰ ৰফিক মিয়া আৰু কুচনীমাৰা গাঁৱৰ পেকে মিয়া নামৰ ক্ষুদ্ৰ ব্যৱসায়ী দুজন নিহত হৈছে । আনহাতে মবিন মিঞা, নুৰ বক্ত, ছাকিৰুল ইছলাম, ইলিয়াছ আলী, জহিৰুল ইছলাম আৰু বাবু মিঞা নামৰ ক্ষুদ্ৰ পাচলিৰ ব্যাৱসায়ী কেইজন কম-বেছি পৰিমানে আহত হৈছে। ইয়াৰে মবিন মিঞাৰ অৱস্থা সংকটজনক বুলি জনা গৈছে । ইতিমধ্যে নিহত হোৱা ক্ষুদ্ৰ ব্যৱসায়ী দুজনৰ মৃত্যুদেহ মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজ্য খনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ লৈ যায়।
284519a5e73c240c3135eafb8d7ca02301cbda11ca9b1a27a17bab5d734ece69
দুৰ্নীতিৰ দৰ্পণ সেৱা , ছামচুল হক সেখ , ধুবুৰী , ৭ ফেব্ৰুৱাৰী : গৌৰীপুৰ সমষ্টিৰ আলমগঞ্জ শিলাইৰপাৰ গাঁৱৰ পৰা শ্যামচৰনেৰকুটি ৰাস্তাৰ মাজমজিয়াত থকা ঠাইত আৰ চি চি ব্লকৰ ৰাস্তা আৰু পকী বক্স কালবাৰ্ড নিৰ্মাণ কামৰ শুভ উদ্বোধন কৰে সমষ্টি খনৰ বিধায়ক নিজানুৰ ৰহমানে। উল্লেখ্য যে,ধুবুৰী জিলাৰ গড়কাপ্তানি বিভাগৰ ধুবুৰী মহকুমাৰ অধীনত এছ অ পি ডি-জি আঁচনিৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ অধীনস্থ আলমগঞ্জ শিলাইৰপাৰৰ ৰাস্তাৰ পৰা শ্যামচৰনেৰকুটি ৰাস্তাৰ মাজমজিয়াত ১ কোটি ১২ লাখ ২১ হাজাৰ ৪ শ ৯৬ টকা ব্যয় সাপেক্ষে এখন পকী বক্স কালবাৰ্ডৰ লগতে আৰ চি চি ব্লকৰ ৰাস্তা নিৰ্মাণ কামৰ শুভ উদ্বোধন কৰে সমষ্টি খনৰ বিধায়ক নিজানুৰ ৰহমানে । ভাৰতবৰ্ষ ৭৭ বছৰ পূৰ্বে স্বাধীনতা লাভ কৰিছে যদিও উক্ত ৰাস্তাটোৰ প্ৰতি কোনো এজন মন্ত্রী, সাংসদ, বিধায়কে অকণো কাণসাৰ নিদিয়াৰ ফলত অত্রাঞ্চলৰ ৰাইজে যমৰ যাতনা ভুগিব লগীয়া হৈছিল যদিও আজি ৰাস্তা খনৰ নিৰ্মাণ কামৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত ৰাইজৰ মাজত উৎফুল্লিত হোৱা পৰিলক্ষিত হয় । কিয়নো দীৰ্ঘদিনীয়া যাতায়ত ব্যৱস্থাৰ সমস্যা স্থায়ী সমাধান হোৱাত উক্ত অঞ্চলৰ ৰাইজে বিধায়ক নিজানুৰ ৰহমানক ভূয়সী প্ৰশংসা কৰিছে । উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলাৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা, ঠিকাদাৰ আনোৱাৰুজ্জামান, আলমগঞ্জ সমবায় সমিতিৰ সভাপতি মহিজুৰ ৰহমান, প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য পিয়াৰ বক্স ।
d7a1dbc4de0a44e98ea18a5251d88463d8e5d9beccb8defe818c6525b06752f8
অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব লগা অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা পুৱা ৬.১৫ বজাত চানমাৰিৰ আনন্দৰাম বৰুৱা সেঁতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সমূহীয়া দৌৰৰ আয়োজন কৰা হৈছে। মণিপুৰৰ বিধানসভাৰ অধ্যক্ষ ৱাই ক্ষেমচান্দ সমূহীয়া দৌৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলত আয়োজক কমিটীৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে জানিব দিয়ে যে এইবাৰ অভিৰুচি ক্ৰীড়া দিৱস তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া অনুসৰি অহা ৮ ছেপ্টেম্বৰৰ দিনৰ ১০.৩০ বজাৰ পৰা লেণ্ডমাৰ্ক হোটেলত শাৰীৰিক শিক্ষা, ক্ৰীড়া বিজ্ঞান আৰু যোগক বিদ্যালয়ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা সম্পৰ্কত এক আলোচনাচক্ৰ অনু্ষ্ঠিত হ'ব। সমান্তৰালভাৱে একে সময়তে তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান স্প'ৰ্টছ কুইজ আৰু ৯ ছেপ্টেম্বৰৰ দিনৰ ১ বজাৰ পৰা ইনড'ৰ ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান সামূহিক ব্যায়াম আৰু গ্ৰুপ ডেন্স প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেইদিনা বিয়লি ৫ বজাত একেটা স্থানতে খেলুৱৈৰ সম্বৰ্ধনা, বঁটা বিতৰণ আৰু ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। উল্লেখ্য যে অইল ইণ্ডিয়া, অ' এন জি চি, ভাৰতীয় ষ্টেট বেংক, নুমনীগড় শোধনাগাৰ, আই অ' চি, আছাম ৰুফিং, এন এইচ পি চি, এন এইচ এম, নীপকো আদিয়ে অভিৰুচি ক্ৰীড়া দিৱস স্পনছৰ কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
89038d29b86cd5b862b96f7dba9b8164c5ec9fc62437112d7300c51dddf946ce
ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডৰ তদন্ত কৰি থকা আৰক্ষীয়ে আজি এগৰাকী মহিলাকে ধৰি আৰু তিনিজনক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীৰ নাম পূজা দাস আৰু আন দুজনৰ নাম ক্ৰমে অৰূপ দাস আৰু অজন্ত কলিতা। আৰক্ষীৰ সূত্ৰমতে এই তিনিজনক ঘটনাটোত ছুপাৰি কিলাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তিনিওজনকে আজি ভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৰূপক নলবাৰী জিলাৰ টিহুৰ পৰা, অজন্তক হাজোৰ পৰা আৰু পূজাক কামৰূপ কুলহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে। "আমি তদন্তটো সম্পূৰ্ণ বিজ্ঞানসন্মত পথেৰে নিব লগীয়া হৈছিল। কিছুমান কাৰণৰ বাবে আমি এওঁলোকক গ্ৰেপ্তাৰৰ বাবে কিছুদিন ৰ'ব লগীয়া হ'ল।" তদন্তকাৰী আৰক্ষী বিষয়াই কয়। "আদালতত হাজিৰ কৰোৱাৰ পিছত আমি তেওঁলোকক জিম্মাত ল'ম।" বিষয়াজনে কয়। উল্লেখযোগ্য যে যোৱা ১০ অক্টোবৰত ষ্টেইট বেংক অব ইণ্ডিয়াৰ দদৰা শাখাৰ পৰা নিজৰ ঘৰলৈ আহি থকা অৱস্থাত গুৱাহাটীৰ সীমান্তৱৰ্তী এলেকা আগিয়াথুৰিৰ ৰাজপথত গুলীয়াই হত্যা কৰা হৈছিল বিষয়া জুনু শৰ্মাক। হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিপূৰ্বে আৰক্ষীয়ে পুতুল আলী, সুনীল কুমাৰ মিশ্ৰ আৰু প্ৰণৱ কলিতা নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
00d9a224cc0efbb2d20740901b4303113522f6e768b515e1717fb2ce4ba36a25
২০১২ চনত সংঘটিত স্কুল চকীদাৰ তপন ডেকাৰ হত্যাত দোষী সাব্যস্ত কৰি পাপু শইকীয়া নামৰ এজনক মঙলবাৰে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে তেজপুৰৰ ফাস্ত ত্ৰেক আদালতে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰমেন বৰুৱাই এই ৰায় প্ৰদান কৰিছে, জনায় চৰকাৰী অধিবক্তা অনুজ বৰাই। দীৰ্ঘ ৭ বছৰৰ বিচাৰৰ অন্তত আদালতে শইকীয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০হাজাৰ টকাৰ জৰিমনাও বিহিছে। ২০১২ চনৰ ৫ মে'ৰ নিশা তেজপুৰ কলেজিয়েট স্কুল খেলপথাৰত অনুষ্ঠিত ৰঙালী বিহু অনুষ্ঠান চলি থকাৰ মাজতে শইকীয়াই ডেকাক চুৰীৰে আঘাত কৰি হত্যা কৰিছিল। নিহত ডেকাৰ পৰিয়ালে তেজপুৰ থানাত ৬০৯/২০১২ নং এক গোচৰ ৰুজু কৰিছিল। শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পিছত জে'ললৈ প্ৰেৰণ কৰিছিল। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ef72fafd6696dc9b26046878e4359675935284e17c65bd3cfb4dda9bd180f92b
নলবাৰী : নলবাৰী (Nalbari) জিলাৰ চামতা কৃষিচক্ৰৰ অন্তৰ্গত বনগাঁও গাঁও পঞ্চায়ৰ শিমলিয়া গাঁৱৰ পথাৰত কম্বাইন হাৰ্ভেষ্টাৰেৰে ধান কটা পৰ্ব আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। নলবাৰী জিলা কৃষি বিষয়া যোগেশ্বৰ ৰজমেধিয়ে শালিধানৰ পথাৰত নামি অত্যাধুনিক সঁজুলিবিধেৰে ধান কটাৰ শুভাৰম্ভণি কৰে। ধান কটা পৰ্বৰ অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ মনোজ কুমাৰ ভূঞা, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া হবিবুল হক, মহকুমা কৃষি বিষয়া ৰমেশ শৰ্মা, মহকুমা কৃষি বিষয়া উমেশ ডেকা, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ৰমেন ডেকা আৰু কৃষি সম্প্ৰাৰণ সহায়িকা উৎপলা দত্ত হালৈ উপস্থিত থাকে। উল্লেখ্য যে কৃষক কল্যাণ কো অপাৰেটিভ চ'ছাইটি লিমিটেডে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অধীনত ৯০ শতাংশ ৰাজসাহাৰ্যযুক্ত কম্বাইন হাৰ্ভেষ্টাৰখন লাভ কৰিছে। অসম চৰকাৰৰ এই পদক্ষেপক অঞ্চলটোৰ কৃষক সকলে শলাগ লয়। ধান কটা পৰ্বৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত কৃষক সকলক উদ্দেশ্যি কৃষি বিভাগৰ বিষয়া সকলে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধিয়ে বিভাগীয় আঁচনি সমূহ যেনে পি এম কিষাণ, পি এম কে এছ ৱাই, প্ৰধামন্ত্ৰীৰ ফচল বীমা যোজনা আদি আঁচনিসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। কৃষি বিষয়াজনে এই আঁচনি সমূহ যি সকলে গ্ৰহণ কৰা নাই তেওঁলোকক অতি সোনকালে আঁচনি সমূহ গ্ৰহণ কৰি অধিক লাভবান হ'বলৈ আহ্বান জনায়। উল্লেখ্য যে কিছুদিন পূৰ্বে জিলা কৃষি বিভাগে কৃষক সকলক সৰিয়হৰ বৈজ্ঞানিক উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিছিল। You may also read!
4e1d87733d98a39b00e719c76c3e2782830183d603e234c6210085a89e857925
পুত্ৰলৈ বাট চাই কোটিটকীয়া ফ্লেটত কংকাল হ'ল মাতৃ । News Next One\nডিজিটেল ডেস্কঃ এগৰাকী কোটিপতি মহিলা। তেওঁৰ কোটিপতি পুত্ৰ আমেৰিকা নিবাসী প্ৰবাসী ভাৰতীয়। যোৱা দহ মাহেই ৭ কোটি টকীয়া ফ্লেটত বন্ধ কোঠাত কংকাল হৈ পৰি ৰৈছে আশা সাহানী নামৰ কোটিপতি মহিলাগৰাকী। নিসংগতাই তেওঁকএনেকৈ তিলতিলকৈ লৈ গৈছিল মৃত্যুৰ কাষলৈ। অৱশেষত এদিন বন্ধ কোঠাত অকলশৰে ছোফাত বহি থাকোতেই চিৰদিনৰ বাবে ঢলি পৰিছিল শেষবাৰৰ বাবে পুত্ৰক এবাৰ চোৱাৰ আশা পুহি ৰখা ষাঠি উৰ্ধৰ আশাই।\nযোৱা দেওবাৰে আমেৰিকা নিবাসী ছফটৱেৰ ইঞ্জিনীয়াৰ ঋতুৰাজ সাহানীয়ে সুদীৰ্ঘ দিনৰ বিৰতিৰ অন্তত যেতিয়া মুম্বাইৰ নিজৰ ঘৰলৈ আহে, তেতিয়া তেঁওৰ মুখামুখি কোনো জীৱিত আত্মীয়ৰ সৈতে হোৱা নাছিল। তেওঁ মুখামুখি হৈছিল মাতৃ আশা সাহানীৰ কংকালৰ সৈতে। মুম্বাইত অকলশৰে বাস কৰা তেওঁৰ মৰমৰ মাতৃ যে নীৰৱে শুই আছে সেয়া জনাই নাছিল আমেৰিকাৰ পৰা মাতৃক লগ কৰিবলৈ অহা পুত্ৰই।\nআশা সাহানীৰ বাৰ্ধক্যৰ আশা-ভৰসা একমাত্ৰ পুত্ৰ ঋতুৰাজে জনোৱা মতে, মাতৃৰ সৈতে তেওঁৰ শেষ কথা-বতৰা হৈছিল বিগত বৰ্ষৰ এপ্ৰিল মাহত।যোৱা বছৰৰ ২৩ এপ্ৰিলৰ কোনো এক ক্ষণত কঁপা কঁপা মাতেৰে কাণত মোবাইল গুজি নিসংগ হৈ পৰা মাতৃয়ে ঋতুৰাজক কৈছিল, 'বাবা আৰু অকলে থাকিব নোৱাৰা হৈছো। তুমি মোক তোমাৰ ওচৰলৈ লৈ যোৱা, নহ'লে ইয়াতে কোনো এখন বৃদ্ধাশ্ৰমত মোক থকাৰ ব্যৱস্থা কৰি দিয়া।'\nমাকৰ কথা শুনি পুত্ৰ ঋতুৰাজে কৈছিল, "মা, তুমি মাত্ৰ কেইদিনমান ধৈৰ্য্য ধৰা। মই অতি সোনকালে তোমাৰ লগত একেলগে থাকিবলৈ যাম।"\nপুত্ৰ ঋতুৰাজে 'অতি সোনকালে' প্ৰায় ডেৰ বছৰ পিছত মাকক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ ভাৰতলৈ আহিল। কিন্তু পুত্ৰৰ লগত জীৱন কটাবলৈ মাক জীয়াই নাথাকিল। বিদেশত ডাঙৰ মানুহ হোৱা ল'ৰাৰ মাক আশা সাহানীৰ কেতিয়া কেনেকৈ মৃত্যু হ'ল সেয়া পৰুৱা এটায়ো গমকে নাপালে।\nযোৱা ৬ আগষ্টৰ পুৱা পুত্ৰ ঋতুৰাজে বিমানবন্দৰৰ পৰা শৈশৱ-কৈশোৰ পাৰ কৰা ঘৰটোৰ সমুখ পোৱাৰ পিছতে অতীতলৈ উভতি যায়। তেওঁৰ দুচকুত ভাহি উঠে মাতৃয়ে স্কুললৈ হাতত ধৰি লৈ যোৱাৰ দৃশ্য। মনত ভাহি উঠে আমেৰিকালৈ ডাঙৰ মানুহ হ'বলৈ যাওতে শেষবাৰৰ বাবে বিমান বন্দৰত থৈ আহি মাকে বহুসময় ধৰি জোকাৰি থকা হাতখনলৈ।\nঅতীত স্মৃতি ৰোমন্থন কৰি কোন মুহূৰ্তত তেওঁ সেই হেঁপাহৰ কোঠাটোৰ দুৱাৰমুখত ভৰি থৈছিল গমকে পোৱা নাছিল। বন্ধ দুৱাৰখনৰ সমুখত থকা কলিং বেলটো দেখিহে তেওঁৰ সম্বিৎ ঘূৰি আহে। কলিং বেল টিপি মাকক সাবতি ধৰিবলৈ বুলি দুৱাৰমুখতে থিয় হৈ ৰ'ল ঋতুৰাজ। ৫ মিনিট, ১০ মিনটকৈ কেবা মিনিটো পাৰ হৈ গ'ল যদিও মাকে দুৱাৰখন খুলি নিদিলে। অৱশেষত লৰা-ঢপৰাকৈ আন মানুহৰ সহায় লৈ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে তেওঁ। ভিতৰত প্ৰৱেশ কৰিয়েই চিনাকি ছোফাখনত বহি থকা এটি কংকাল প্ৰত্যক্ষ কৰি তেওঁ বুজি উঠে যে মাকক লগ কৰিবলৈ অহাতো বহু সোনকাল হ'ল।\nদহ মহলীয়া অট্টালিকাটোৰ একেবাৰে ওপৰত থকা বৃহৎ ফ্লেটত অকলশৰে বাস কৰিছিল আশা সাহানী। যিহেতু অট্টালিকাটোৰ দহ মহলাত থকা দুয়োটা ফ্লেটেই সাহানী পৰিয়ালৰেই আছিল সেয়ে আশা সাহানীৰ মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধ কোনেও পোৱা নাছিল। কিন্তু কোনো ঘৰুৱা কামকৰা মানুহ নাইবা ওচৰ-চুবুৰীয়াইয়ো আশা সাহানীয়ে যে ইমান দিন বাহিৰলৈ ওলোৱা নাছিল সেই কথাটো কিয় এবাৰলৈও মন কৰা নাছিল তাক লৈ বিমোৰত পৰা আৰক্ষীয়ে ঘটনাটোত ৰহস্য থাকিব পাৰে বুলি মন্তব্য কৰিছে।\nপুত্ৰই ২০১৬ চনৰ এপ্ৰিলত শেষবাৰৰ বাবে কথা পতা বুলি কোৱাৰ পৰাই স্পষ্ট হৈ পৰে যে তেওঁ মাতৃৰ সৈতে কিমান সম্পৰ্ক বজাই ৰাখিছিল। মাক আশা সাহানীয়ে পুত্ৰ ঋতুৰাজক অকলে চলা-ফুৰা কৰিব নোৱাৰো আৰু অকলে থাকিব নোৱাৰো বুলিও কৈছিল। কোটি ডলাৰ উপাৰ্জন কৰা সন্তানৰ মাতৃ আৰু ৭ কোটি টকা মূল্যৰ ফ্লেটত বাস কৰা আশা সাহানীয়ে কি পৰিস্থিতিত অতি অসহায়ভাৱে আৰু অতি অকলশৰীয়াকৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল? কংকালটো প্ৰত্যক্ষ কৰা লোকসকলে ৬৩ বছৰীয়া এই মহিলাগৰাকীৰ মৃত্যু ভোক আৰু পিয়াহৰ কাৰণেই হোৱা বুলি ক'ব খোজে।\nমুম্বাইৰ আন্ধেৰী অঞ্চলৰ লোখন্দৱালা এলেকাৰ মহিলাগৰাকীৰ এই কৰুণ মৃত্যুৰ পিছত বহুতেই পশ্চিমীয়া সভ্যতাৰ কিছুমান কু-ফলে ভাৰতীয় সভ্যতাৰ দুৱাৰতো টুকুৰিয়াইছে বুলি মন্তব্য কৰিছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ এক সমীক্ষা অনুযায়ী অকলশৰে নিজৰ মৃত্যুলৈ অপেক্ষা কৰাটোৱেই হৈছে এই শতিকাৰ আটাইতকৈ ভয়াৱহ ৰোগ তথা অত্যাধুনিক জীৱনশৈলীৰ অন্যতম ট্ৰেজেডী। যদি ৰুগীয়া, বৃদ্ধা মাতৃৰ কৰুণ আহ্বান শুনিও গম্ভীৰ ভাৱে নোলোৱাজনো নিজৰেই একমাত্ৰ পুত্ৰই হয় তেন্তে এনে ভোগবাদী সমাজ এখনৰ পৰা আমিনো আৰু কি আশা কৰিব পাৰো?\nআশা সাহানীৰ মৃত্যুৱে আমাক সকীয়াই থৈ গ'ল যে আমাৰ দেশতো সামাজিক সম্পৰ্কবোৰ লাহে লাহে শিথিল হৈ গৈ আছে। এতিয়া জোৰ পুৰি হাত পালে। ভাৰতীয় সংস্কৃতি বুলি এতিয়া আৰু একো বাকী নাই। সকলোৱে যেন ভোগৱাদী জীৱনশৈলীৰ ওচৰত অসহায়ভাৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈ পৰিছে।\nশেহতীয়া সংযোজনঃ indianexpress.comত প্ৰকাশিত শেহতীয়া এক বাতৰিত আৰক্ষীৰ অনুসন্ধানৰ উধৃতি দি কোৱা হৈছে যে, আশা সাহানী আছিল অতি সন্দেহপৰায়ণ মহিলা। স্বামীৰ মৃত্যুৰ পিছত নিসংগ হৈ হৈ তেওঁ ইমানেই সন্দেহপৰায়ণ হৈ উঠিছিল যে কাম কৰা লোকসকলক তেওঁ সন্দেহৰ চকুৰে চাইছিল। সেয়ে আগতে কাম কৰা সকলোৱে ঘৰটোলৈ আহিবলৈ বন্ধ কৰি দিছল। ওচৰ-চুবুৰীয়াৰ সৈতেও তেওঁৰ আছিল তিক্ততাপূৰ্ণ সম্পৰ্ক। অসামাজিক মানুহগৰাকীয়ে কোনো লোককে ভালকৈ মাত-বোল কৰা নাছিল। যাৰ বাবে ওচৰ-চুবুৰীয়াসকলে খবৰ লোৱাৰ প্ৰয়োজনীয়তাবোধ কৰা নাছিল।\nঅট্টালিকাটোৰ পৰিচালনা সমিতিও মহিলাগৰাকীক লৈ অসন্তুষ্ট আছিল। বহুদিন ধৰি মহিলাগৰাকীক নেদেখি বিগত বৰ্ষতে পুত্ৰৰ সৈতে যোগাযোগ কৰি কোনো বৃদ্ধাশ্ৰমত আছে নেকি বুলি সুধিছিল। পুত্ৰই নাজানো বুলি কোৱাত নিৰুদ্দেশ হোৱা বুলি ধৰি লৈছিল। পুত্ৰয়ো সোনকালৈ গৈ আছো বুলি কোৱাত তেওঁলোকে আৰক্ষীক মহিলাগৰাকী নিৰুদ্দেশ হোৱা বুলি অৱগত কৰি বিষয়টো বাদ দিছিল।\nআৰক্ষীয়ে বিল্ডিংটোত উপস্থিত হৈ ছিকিউৰিটি গাৰ্ডৰ ভাষ্য লৈয়েই দায়িত্ব সামৰিছিল। ছিকিউৰিটি গাৰ্ডজনে বৃদ্ধা মহিলাগৰাকী কোনো বৃদ্ধাশ্ৰমলৈ গুচি যোৱা বুলি জনোৱাৰ পিছতে অনুসন্ধান সিমানতে সামৰিছিল। বিজুলী বিল সময়মতে নিদিয়া বাবেও বিগত বৰ্ষতে পৰিচালনা সমিতিয়ে কৰ্তন কৰিছিল মহিলাগৰাকীৰ বিদ্যুতত সংযোগ। ইফালে তালাচী চলাই মহিলাগৰাকীৰ কোঠাত তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় বুলি লিখি থোৱা নোট এটা উদ্ধাৰৰ পিছত ঘটনাটো আত্মহত্যা বুলি নিশ্চিত কৰিছে মুম্বাই আৰক্ষীয়ে। পৰিচালনা সমিতিয়ে তেওঁলোকক পূৰ্বতে নিৰুদ্দেশ সম্পৰ্কীয় কোনো ঘটনাৰ বিষয়ে অৱগত কৰোৱাৰ কথাটোও অস্বীকাৰ কৰে।
b3ab1d42d61351b76beec44c4d9aed39872dad91411e704ff650be73f5f099b0
দীর্ঘকাল এনেদৰে সম্পৰ্ক কৰাত মেনকা গর্ভবতী হয়। মেনকাই জন্ম দিয়ে এটি কন্যা সন্তানৰ। আনহাতে কন্যাসন্তান জন্মৰ পিছতে ধ্যান ভংগৰ পূণ্যফল ক্ষয় হোৱাত ক্রুদ্ধ হৈ বিশ্বামিত্রই মেনকাক এৰি গুচি যায়। মেনকাই উপায়বিহীন হৈ কন্যাক বনত এৰি আহে। ঋষি কন্বই বনৰ চৰায়ে আৱৰি থকা অৱস্থাত মেনকাৰ কন্যাক উদ্ধাৰ কৰে। ঋষি কন্বই কন্যাৰ নামকৰণ কৰে শকুন্তলা বুলি। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.
f34b13cd6ad1bfaa6f99f0099a454f0d78f412e9b765d8a925a3186db08a4ea7
Share this: সোণাৰিঃ প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা চৰাইদেউ জিলাৰ নাহৰহাবি চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হিংৰিজান চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি, সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই। মন্ত্ৰী বৰাই কয় যে- আজিৰে পৰা তিনিদিনৰ ভিতৰত এই ৯৬ খন চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভাৰম্ভ কৰা হ'ব। তেওঁ কয় যে, চৰাইদেউ জিলাৰ ৪ খন চাহ-বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় হৈছে ক্ৰমে- নাহৰহাবি, হিংৰিজান, টাউকাক আৰু বৰহাট চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। মন্ত্ৰী গৰাকীয়ে নিজ ভাষণত চাহ বাগিছা বিদ্যালয় সমুহত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলক ছাত্ৰ-ছাত্ৰী সকলক নিয়মিতভাৱে বিদ্যালয়লৈ পঠাবলৈ বিশেষভাৱে আহ্বান জনায়। তেওঁ কয় যে, ৰাজ্য চৰকাৰে চাহ বাগিছাৰ ল'ৰা-ছোৱালীয়ে যাতে উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰি ভৱিষ্যতে সুনাগৰিক আৰু একোগৰাকী সুদক্ষ বিষয়া হৈ ৰাজ্যখনলৈ সেৱা আগবঢ়াব পাৰে তাৰ বাবে বিভিন্ন উন্নয়নকামী কার্যসূচী গ্ৰহণ কৰি আহিছে। ৰাজ্যখনৰ চাহ বাগিছাসমুহৰ কোনো শ্ৰমিক যাতে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি নাথাকে তাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ দৃষ্টি ৰাখি আহিছে বুলিও তেওঁ উল্লেখ কৰে। সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন, খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী যোগেন মহনে ছাত্ৰ-ছাত্ৰীসকল "মানৱ সম্পদ" বুলি উল্লেখ কৰি এই সম্পদৰ বিকাশ আৰু ভৱিষ্যতৰ সুনাগৰিক ৰূপে গঢ়ি তুলি দেশ আৰু জাতিটোক সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি কয়। চাহ বাগিছাত বাস কৰা লোকসকলৰ ল'ৰা-ছোৱালীয়ে আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণৰ ফলত ঘৰৰ কাষতে বিদ্যা লাভৰ সুন্দৰ সুযোগ লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ নতুন শিক্ষা নীতিৰ বিষয়েও বিতংভাৱে অৱগত কৰে। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজ বক্তব্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা সুবিধাসমূহ গ্ৰহণ কৰি শিক্ষাৰ জেউতিৰে আলোকিত হৈ ভৱিষ্যত গঢ়াৰ বাবে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আগবঢ়োৱা আদৰণি ভাষণত আদর্শ বিদ্যালয় দুয়োখনৰ সু-পৰিচালনা সুনিশ্চিত কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজক উদ্যোগী আৰু সচেতন ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ বিদ্যালয় দুখন নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱাৰ বাবে দুয়োখন বাগিছাৰ সাধাৰণ প্ৰবন্ধক আৰু লোকনিৰ্মান (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তাক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়েও বক্তব্য প্ৰদান কৰে। অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানৰ লগতে ভালেসংখ্যক বিশিষ্ট অতিথি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। Search for:
d750906f835d9181b39f56d73a0b5212344f92093cb1aced6fac4e73f4c3897c
কোল ইণ্ডিয়া লিমিটেডে চিআইএল আৰু ইয়াৰ আঠটা সহায়ক কোম্পানীত কাম কৰিবলৈ ২২ টা উদ্যোগী, ডাইনামিক আৰু অভিজ্ঞ কোম্পানী সচিবৰ পদ খালী কৰাৰ বাবে এটা জাননী মুকলি কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰে। 1. জেনেৰেল মেনেজাৰ (CS) 2. Ch. মেনেজাৰ (CS) 3. Sr. মেনেজাৰ (CS) 5. Dy. মেনেজাৰ (CS) 6. Asst. মেনেজাৰ (CS) শিক্ষাগত যোগ্যতাঃ অত্যাৱশ্যকীয়ঃ আইচিএছআইৰ সহযোগী/সহসদস্য সদস্যতাৰ সৈতে কোম্পানী সচিবযোগ্যতা অৰ্জন কৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা যিকোনো অনুশাসনত স্নাতক। বাঞ্ছনীয়ঃ আইনত সম্পূৰ্ণ সময়ৰ ইউজি/পিজি ডিগ্ৰী। অভিজ্ঞতাঃ পদ/সকলৰ গ্ৰেডৰ ওপৰত নিৰ্ভৰ কৰি, বিজ্ঞাপনৰ বিৱৰণত উল্লেখ কৰা অনুসৰি প্ৰাৰ্থী এজনৰ নিম্নতম সংখ্যক অভিজ্ঞতা থাকিব লাগিব। বাছনি যোগ্যতা, প্ৰাসঙ্গিক যোগ্যতাৰ পিছত অভিজ্ঞতা আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ আধাৰত হ'ব। যোগ্য আবেদনকাৰীসকলে ৱেব ছাইট www.coalindia.in ৰ পৰা ডাউনলোড কৰা ফৰ্মেটত তেওঁলোকৰ আবেদন (হাৰ্ড কপি) দাখিল কৰিব লাগিব আৰু স্পীড পোষ্টৰ জৰিয়তে জেনেৰেল মেনেজাৰ (কৰ্মচাৰী/নিয়োগ), কোল ইণ্ডিয়া লিমিটেড, কয়লা ভৱন, পেৰিচ নং-04-1111, এএফ-111, একচন এলেকা-1A, নিউ টাউন, ৰাজাৰহাট, কলকাতা- 700156লৈ প্ৰেৰণ কৰিব লাগিব। এপ্লিকেচনৰ উপৰিও, বেষ্টনীবোৰৰ সৈতে এপ্লিকেচনৰ এটা আগবঢ়ীয়া প্ৰতিলিপি প্ৰেৰণ কৰা হ'ব csrecruitment.cil@coalindia.in। আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ হ'ব 19.04.2021 (বিভাগীয় প্ৰাৰ্থীসহ)। d. ফটো পৰিচয় প্ৰমাণৰ যিকোনো এটা যেনে পেন কাৰ্ড/বৈধ ড্ৰাইভিং লাইচেঞ্চ/ ভোটাৰ আইডি/চৰকাৰে আইডি জাৰী কৰিছে। উ. বৰ্তমাননিয়োগকৰ্তাৰ এনঅ'চি, গ্ৰেডৰ লগতে পৃথকে বেতনৰ স্কেল উল্লেখ কৰা, যদি প্ৰযোজ্য হয়, যদি কেন্দ্ৰীয়/ৰাজ্য চৰকাৰ/পিএছইউ/সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠান ইত্যাদিত কাম কৰে। চ। ব্যক্তিগত খণ্ডৰ প্ৰাৰ্থীসকলৰ বাবে- পৰিশোধ কৰা মূলধন আৰু বাৰ্ষিক লেনদেনৰ বিষয়ে তাৎক্ষণিক যোৱা 3 বছৰধৰি নিৰীক্ষণ কৰা বাৰ্ষিক বিত্তীয় বিবৃতিৰ প্ৰতিলিপি। g. E7/E8 গ্ৰেডৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে, তালিকাভুক্ত কোম্পানীত কাম কৰাৰ অভিজ্ঞতা আৰু কাম কৰাৰ সময়। h. প্ৰাৰ্থীসকলক স্ক্ৰীণিং পৰ্যায়ত অস্বীকাৰ পৰিহাৰ কৰিবলৈ স্পষ্ট আৰু লেজিবল নথিপত্ৰ/প্ৰমাণপত্ৰ বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই নথিপত্ৰবোৰ সাক্ষাৎকাৰৰ সময়ত মূল নথিপত্ৰৰ সৈতে অধিক প্ৰমাণীকৰণ কৰা হ'ব, যদি মাতি লোৱা হয়। বিজ্ঞাপনৰ বিৱৰণঃ Click Here . এপ্লিকেচন প্ৰপত্ৰঃ Click Here .
ee7961f243878783ba341c8588ac16f68299b772a8e98a0c918983612de09f0d
গুৱাহাটীক দেখা যাব এতিয়া নতুন ৰূপত। গুৱাহাটীত আজি আনুষ্ঠানিক ভাৱে মুকলি হয় দুখন পদসেঁতু। এই সেঁতু দুখন উদ্বোধন কৰে বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।উল্লেখযোগ্য যে আজি উদ্বোধন কৰা সেঁতু দুখন জি এছ ৰোডৰ মিজোৰাম ভৱনৰ সমীপত আৰু মহিন্দ্ৰ শ্ব'ৰুমৰ সমীপত অৱস্থিত।মিজোৰাম ভৱনৰ সমীপত থকা পদসেঁতু খনৰ নিৰ্মাণত ব্যয় হৈছে ১০ কোটি ৬ লাখ ৭১ হাজাৰ টকা।আনহাতে মহিন্দ্ৰ শ্ব'ৰুমৰ সমীপত নিৰ্মাণ কৰা পদপথ পদসেঁতু খনত ব্যয় হৈছে মুঠ ৯ কোটি ৮৮ লাখ টকা। সেঁতু দুখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মন্ত্ৰী শৰ্মাই কয় যে এই গুৱাহাটী ক্লাৱৰ পৰা নুমমাটিলৈ প্ৰায় ৫.৩০ কিলোমিটাৰ দৈৰ্ঘ্য ৪ লেন উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ'ব। আনহাতে জু-ৰোড সংলগ্ন উৰণীয়া সেঁতু নির্মানো কৰা হ'ব।উল্লেখযোগ্য যে সমগ্র অসমতে প্ৰায় ৫২ খন উৰণীয়া সেঁতু কৰাৰ কথা তেখেতে ঘোষণা কৰে।এই সেঁতু দুখনৰ পৰা পদপথৰ যাত্ৰী সকলে পদপথ অতিক্ৰম কৰিবলৈ অসুবিধা নহ'ব বুলি তেখেতে আশা প্ৰকাশ কৰে।
d378e195f2f6d60234529a45451033a309fd44ef7d4ed939608d1eb45d5819fe
Share this: মানকাচৰ : মানকাচৰৰ সুখচৰ, মলাখোৱা, গোটাবাৰী গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। সপ্তাহৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল ১৭ টা পৰিয়ালৰ মাটি-ভেটি, শ শ বিঘা কৃষিভূমি, চৰকাৰী প্লেটফৰ্ম আৰু কোটি টকীয়া জিঅ' বেগৰ বান্ধ। ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, পশু চিকিৎসালয়, ডাকঘৰ, পঞ্চায়ত কাৰ্যালয় আৰু বিদ্যালয় খহনীয়াৰ কবলত। খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, বিধায়কৰ। খহনীয়া ৰোধ নহ'লে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা বিধায়কৰ। ব্ৰহ্মপুত্ৰ নদীৰ পানী যিমানেই বৃদ্ধি পাবলৈ ধৰিছে সিমানেই নদীৰ পাৰ চপৰা-চপৰে খহিবলৈ ধৰিছে। কৰবাত যদি নদীৰ বুকুত জাহ গৈছে সাধাৰণ লোকৰ মাটি-ভেটি, কৰবাত আকৌ চকুৰ পলকতে শ শ বিঘা কৃষি ভূমি নদীলৈ ৰূপান্তৰিত হৈছে। ভয়াবহ খহনীয়াৰ কবলৰ পৰা বাদ পৰা নাই চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভন্ন ঠাইত এতিয়া নদীৰ পাৰত আৰম্ভ হৈছে গৰাখহনীয়াৰ তৰ্জন-গৰ্জন শব্দ। বিশেষকৈ জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাওঁ পঞ্চায়ত এলেকাত ভয়াবহ বাবে বৃদ্ধি পাইছে বহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। সপ্তাহৰ ভিতৰত সুখচৰ আৰু মলাখোৱা গাঁও পঞ্চায়ত এলেকাত মুঠ ১৭ টা পৰিয়ালৰ ঘৰ-দুৱাৰ খহনীয়াৰ কবলত পৰাত পৰিয়াল কেইটা নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। পৰিয়াল কেইটাৰ মাটি-ভেটি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। সুখচৰত কেইবাবছৰ পূৰ্বে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জিঅ' বেগৰ এখন বান্ধ মাত্ৰ কেইটামান দিনৰ ভিতৰত সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ লগতে বান্ধৰ কাষতে থকা এখন চৰকাৰী প্লেটফৰ্ম জাহ যোৱাত প্লেটফৰ্মত আশ্ৰয় লোৱা পৰিয়াল কেইটাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। চকুৰ পলকতে এফালৰ পৰা কৃষকৰ খেতি-পথাৰ নদীৰ বুকুত জাহ গৈ পথাৰ হৈ পৰিছে নদী। ইফালে সুখচৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, সুখচৰ পশু চিকিৎসালয়, সুখচৰ গাঁও পঞ্চায়ত কাৰ্যালয়, সুখচৰ ডাকঘৰ আৰু ডাকুৱামাৰী প্ৰাথমিক বিদ্যালয় গৰাখহনীয়াৰ কবলত পৰিছে। যিকোনো মহুৰ্তত নদীৰ বুকুত জাহ যাব পাৰে উক্ত চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। উল্লেখযোগ্য যে সুখচৰ এলেকাৰ গৰাখহনীয়াৰ ভয়াবহতা বৃদ্ধি পোৱাৰ বাবে জিলা উপায়ুক্ত পল্লবী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, এগৰাকী জিলা অতিৰিক্ত উপায়ুক্ত, ফেকমাৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতাসহ কেইবাজনীয়া চৰকাৰী বিষয়াই সুখচৰত উপস্থিত হৈ এখন যন্ত্ৰ চালিত নাওযোগে সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰে। সুখচৰৰ এই গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এটা সময়ত জিলাৰ সদৰ হাটশিঙিমাৰী তথা জিলা উপায়ুক্তৰ কাৰ্যালয় ভাবুকিত পৰাৰ সম্ভাবনা আছে বুলি মানকাচৰৰ বিধায়ক গৰাকীয়ে মন্তব্য কৰে। একেদৰে নদীৰ ভয়াবহতাৰ ফলত ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতিও চৰম ভাবুকি অহাৰ সম্ভাৱনা আছে। বিধায়ক গৰাকীয়ে খহনীয়া পৰিদৰ্শন কৰি কয় যে অতি সোনকালে খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা নকৰিলে ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ নদীৰ বুকুত জাহ গৈ আন্তৰাষ্ট্ৰীয় সীমান্ত উন্মক্ত হৈ পৰিব। ফলত সীমান্তয়েদি অপৰাধমুলক ঘটনা বৃদ্ধি পোৱাৰ লগতে দেশৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি আহিব। এই ক্ষেত্ৰত জিলা প্ৰশাসনে খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰি খহননীয়া ৰোধ কৰাৰ বাবে কেনে পদক্ষেপ হাতত লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব। Search for:
838dbb9ad36a81b2620e629628e33243fa2c9ca01b2986ad740bc14091b8fab4
নিউজ ব্যুৰ',নগাঁওঃ মই নাহোঁ / মই নাহোঁ / একেবাৰেই আহি গুচি গ'লো মই / উভতি অহাৰ কথা নাই / মই জানো মই নাহোঁ / মই জানো কোনো নাহে - পৃথিৱী তোমাক ভাল পাই গ'লোগৈ তথাপি মই নাহোঁ । বিশিষ্ট কবি তথা অসমীয়া ভাষা সাহিত্যত "এখুদ ককাইদেউ" ৰূপে খ্যাত নৱকান্ত বৰুৱাৰ ধ্বজাপ্ৰসূত আত্মবেদতেই যেন লিপিবদ্ধ কৰি গ'ল স্ৰষ্টাৰ দৰে এই নিটোল নিভাঁজ শাৰীকেইটা । কবিৰ এই ফিনিক্সৰ দৰে মৃত্যুহীন চেতনাক সঞ্জীৱিত কৰি বৃহস্পতিবাৰে (১৪ জুলাই) নগাঁৱত সমবেত হ'ল কাব্যপ্ৰেমী এজাক মানুহ আৰু বন্দিত হ'ল বহুজনৰ শব্দ-সুৰ- ছন্দৰে । গ্ৰীষ্মৰ প্ৰখৰ উত্তাপকো আওকাণ কৰি নগঞা কবি-শিল্পীসকলে নৱকান্ত বৰুৱাকে ধৰি প্ৰয়াত কবিসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদি কলঙৰ বুকুত পুষ্পাঞ্জলি অৰ্পণ কৰে । শিশুৰ প্ৰাণৰ "এখুদ ককাইদেউ" কলঙৰ বাকৰিত যেন শাশ্বত,সুমিষ্ট হাঁহিৰে খুপি খুপি আহিছিল যেতিয়া অসমৰ জনপ্ৰিয় কবি তথা নৱকান্ত বৰুৱাৰ লগত একপ্ৰকাৰ আত্মিক সম্পৰ্ক ৰঞ্জিত দেশ-বিদেশৰ কবিতা,মিচক'খ্যাত কবি ডাঃ প্ৰয়াগ শইকীয়াই নৱকান্ত বৰুৱাৰ কালজয়ী কেইবাটাও কবিতা অন্তভেদী যোৱাকৈ আবৃত্তি কৰে । কাব্যনুৰাগী পুলকানন্দ কৌশিকে যান্ত্ৰিকতাৰ গ্ৰাসত পৰা আমাৰ সমাজখনত গোপন ব্যাধিয়ে মানুহৰ মনৰ সমস্ত সেউজীয়া গ্ৰাস কৰাৰ ফলত পৃথিৱীখন ফুটছাই বৰণীয়া হৈ পৰা,এই বাস্তৱ ছবিক প্ৰতিফলিত কৰি নৱকান্ত বৰুৱাই লিখা "গোপন ব্যাধিৰ দৰে" লাহে লাহে মচি নিয়ে । নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ "লাভাৰ ব্ৰীজ" ৰূপে পৰিচিত ৰত্নকান্ত বৰকাকতি সেঁতুত আয়োজিত স্মৃতি দিৱসত সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ মোহন হাজৰিকা,জ্যেষ্ঠ কবি অশোকৰাম ভট্টাচাৰ্য,নগেন চন্দ্ৰ খাউণ্ড, আতিকুৰ ৰহমান,অঞ্জলি মহন্ত, কুমকুম বৰুৱা,দেৱযানী শৰ্মা পাঠক,দুলাল বৰা,বন্দনা নাথ, দেৱানন্দ মহন্ত,সুকন্যা শইকীয়া, স্তুতিনন্দা শইকীয়া,অজিত প্ৰীতম দাস আদি বহুজন উপস্থিত থকাৰ লগতে কবিতা পাঠ কৰি দুঃসময়ৰ অনাহুত পাৰিপাশ্বিকতাৰ একপ্ৰকাৰ প্ৰত্যাহ্বান জনাইছিল । উল্লেখ্য যে যিসময়ত জীৱিকাৰ তাগিদাত আমি হেৰুৱাই পেলাইছোঁ কোমল অনুভূতি, কঢ়িয়াই লৈ ফুৰিছোঁ এক ৰুগ্ন মন, নিস্তেজ জীৱন অথবা হৃদয়ত সংগোপনে বাঢ়ি আহিছে এখন মৰুভূমি । ঠিক নৱকান্ত বৰুৱাই কোৱাৰ দৰেই "মৰুভূমি এইদৰ আহে" লাহে লাহে মাহে মাহে বছৰে বছৰে ঠিক তেনেদৰে নগাঁৱৰ ৰত্নকান্ত বৰকাকতি সেতু "লাভাৰ ব্ৰীজ"ত অনুষ্ঠিত "দলঙত কবিতা" অনুষ্ঠানে আমাৰ হৃদয়েদি বোৱাওক পলসুৱা কৰা কৰা এখন সতেজ "কলং" । উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা । ঠিক এনেদৰেই যেন কবি সম্ৰাট নৱকান্ত বৰুৱাৰ সোঁৱৰণি দিনটোৱে বহু কথাই সোঁৱৰাই থৈ গ'ল । Like this: Check out other tags:
c27caa44c39212fe4361e473e32e3a13047fa6a9016d8851ceecaef00f98081d
বিদ্যালয় এটি অনুষ্ঠান য'ত বিদ্যা আহৰণ কৰা হয়। [1] ই সাধাৰণতে মহাবিদ্যালয়লৈ যোৱাৰ আগৰ শিক্ষাদানৰ কথাহে বুজায় [2] "বিদ্যা" (জ্ঞান) আৰু "আলয়" (স্থান) শব্দ দুটাৰ সংযোগ হৈ বিদ্যালয় শব্দটিৰ উৎপত্তি হৈছে যি বিদ্যা বিতৰণ আৰু গ্ৰহণৰ স্থান হিচাপে পৰিচিত। সাধাৰণতে বিদ্যালয়ৰ এক বা একাধিক ভৱন থাকে। আনাহতে ভৱনবিহীন অনেক বিদ্যালয় ভাৰত, বাংলাদেশসহ আফ্ৰিকাৰ অনেক দেশত পৰিলক্ষিত হয়। ভৱনসমৃদ্ধ বিদ্যালয়ত যিসমূহ বিষয় পৰিলক্ষিত হয় সেয়া মুলতঃঃ
55d118c752f0a173c420938cc06391d43e5c0f0a0c9e62e8d0a39aeecc42a06a
মেষ ৰাশি- মেষ ৰাশিৰ লোকসকলে এই সপ্তাহৰ আৰম্ভণিতে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ বক্তব্য আৰু আচৰণত আপোনাৰ যথেষ্ট নিয়ন্ত্ৰণ থাকিব লাগিব। কেৰিয়াৰ, ব্যৱসায়ৰ কিছুমান অসুবিধাই মনটো অলপ দুখী কৰি তুলিব। অবাঞ্ছিত স্থানলৈ স্থানান্তৰ বা বৰ্ধিত কামৰ বোজাই মনটোক অসন্তুষ্ট কৰি তুলিব। ব্যৱসায়ত আবদ্ধ হৈ থকা ধন ওলাই আহিবলৈ আপুনি যথেষ্ট সংগ্ৰাম কৰিব লাগিব। উদ্যোগৰ বিষয়বোৰ সাৱধানে স্পৰ্শ কৰক। যদি সম্ভৱ হয়, আদালতৰ বাহিৰত বিবাদবোৰ নিষ্পত্তি কৰক। শাৰীৰিক প্ৰয়োজনীয়তাৰ বাবে পকেটতকৈ অধিক টকা ব্যয় হ'ব পাৰে। সপ্তাহৰ দ্বিতীয়াৰ্ধত সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰ থাকিব পাৰে। ঘৰত প্ৰিয়জনৰ আগমনে সুখৰ পৰিৱেশ সৃষ্টি কৰিব। এই সপ্তাহত প্ৰেমৰ সম্পৰ্কত কিছুমান ভুল বুজাবুজি হ'ব পাৰে। যিটো এটা বিষয় হৈ পৰিব। যদি আপুনি বিবাদৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে, তেন্তে ভাল হ'ব। কঠিন সময়ত পত্নীৰ সমৰ্থন অব্যাহত থাকিব। বৃষ ৰাশি- এই সপ্তাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'ব। সপ্তাহৰ প্ৰথমাৰ্ধ সময় অনুকূল। বন্ধুসকলৰ সহায়ত গুৰুত্বপূৰ্ণ কামবোৰ সফল হ'ব। হঠাতে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাবোৰো সংক্ষিপ্ত কৰা হ'ব। যাত্ৰা মনোৰম আৰু লাভজনক হ'ব। চাকৰিয়াল সকল তেওঁলোকৰ বিষয়াসকলৰ ওচৰত থাকিব আৰু তেওঁলোকৰ সম্পূৰ্ণ সুবিধা ল'বলৈ সক্ষম হ'ব। কিন্তু দ্বিতীয়াৰ্ধত আপুনি কামৰ ক্ষেত্ৰত অধিক সতৰ্ক হ'ব লাগিব। কিয়নো আপোনাৰ বিৰোধীসকল এই সময়ত সক্ৰিয় হ'ব পাৰে আৰু আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। এগৰাকী মহিলাৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ত আপুনি ব্যস্ত থাকিব। কিন্তু এই সকলোবোৰৰ মাজত আপোনাৰ স্বাস্থ্যৰ সমস্যাবোৰ উপেক্ষা নকৰিব। প্ৰেম বা বৈবাহিক সম্পৰ্কৰ সৈতে সৎ হ'ব, অন্যথা ই আপোনাৰ সংগীৰ সৈতে এক ডাঙৰ বিবাদৰ সৃষ্টি কৰিব পাৰে। অবিবাহিত লোকৰ বিয়া হ'ব পাৰে। মিথুন ৰাশি- মিথুন ৰাশিৰ লোকসকলে এই সপ্তাহত শৰীৰৰ গুৰুত্ব ৰাখিব লাগিব। সেয়েহে আপুনি আপোনাৰ ব্যস্ত কামৰ সময়সূচীৰ মাজত শৰীৰৰ বাবে কিছু সময় উলিয়াব লাগিব। স্বাস্থ্যৰ সমস্যাবোৰ উপেক্ষা নকৰিব। নিবনুৱাসকল জীৱিকাৰ বিষয়ে চিন্তিত হ'ব। যাৰ বাবে তেওঁলোকে অলপ অপেক্ষা কৰিব লাগিব। ডাঙৰ ব্যৱসায়ীসকলৰ তুলনাত ক্ষুদ্ৰ ব্যৱসায়ীসকলে কিছুমান বাধাৰ পৰা লাভান্বিত হ'ব। অংশীদাৰীত্বত ব্যৱসায় কৰা সকলে ধনৰ বিষয়ত সক্ৰিয় পদক্ষেপ লোৱা উচিত। যুৱকসকলৰ বেছিভাগ সময় আনন্দ কৰি অতিবাহিত হ'ব। সপ্তাহটোৰ শেষত ডাঙৰ সিদ্ধান্ত লওঁতে আপুনি আপোনাৰ ভাতৃ-ভগ্নী বা পৰিয়ালৰ সদস্যসকলৰ সম্পূৰ্ণ সমৰ্থন পাব। সপ্তাহটোৰ শেষত আপুনি আপোনাৰ প্ৰেম সংগীৰ পৰা এটা ডাঙৰ আচৰিত উপহাৰ পাব পাৰে। আপোনাৰ প্ৰেমসংগী কঠিন সময়ত আপোনাৰ বাবে যথেষ্ট সহায়ক হ'ব। কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ লোকসকলে এই সপ্তাহত তেওঁলোকৰ মন স্থিৰ কৰি সিদ্ধান্ত লোৱা উচিত। বিবেচনা কৰি কামৰ সম্পূৰ্ণ কৌশল ব্যৱহাৰ কৰিব। বিশেষকৈ ধনৰ লেনদেন কৰোঁতে সাৱধান হ'ব, অন্যথা আপুনি পিছত অনুশোচনা কৰিব লগীয়া হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে কাৰোবাৰ কবলত পৰাৰ সলনি আপুনি আপোনাৰ কাম নিজে কৰিব লাগিব। অন্যথা আপুনি মন আৰু ধন দুয়োটাতে ভুগিব লগীয়া হ'ব পাৰে। তাৰ মাজতে মনত কিবা অজ্ঞাত ভয় থাকিব পাৰে। চাকৰিয়াল সকলৰ বাবে সময় মধ্যম। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে কেৱল কঠোৰ পৰিশ্ৰম কৰিহে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ইফাল সিফাল বস্তুবোৰত জড়িত হোৱাৰ পৰিৱৰ্তে, যদি আপুনি আপোনাৰ লক্ষ্যত মনোনিৱেশ কৰে, সফলতা নিশ্চিতভাৱে আহিব। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিৱৰ্তিত হ'ব পাৰে। বৈবাহিক জীৱন সুখকৰ হ'ব আৰু কঠিন সময়ত পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন থাকিব। মাতৃৰ স্বাস্থ্যক লৈ মনটো চিন্তিত হ'ব। সিংহ ৰাশি- এই সপ্তাহটো সিংহ ৰাশিৰ লোকসকলৰ বাবে এটা প্ৰত্যাহ্বানমূলক সপ্তাহ হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে মনটো প্ৰিয়জনৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব। এই ক্ষেত্ৰত অত্যাধিক দৌৰাৰ বাবে আপুনি মন আৰু শৰীৰ দুয়োটাৰে পৰা ভাগৰ অনুভৱ কৰিব। অৱশ্যে, এই সকলোবোৰৰ মাজত আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ নাপাহৰিব। কামৰ ক্ষেত্ৰত নতুন দায়িত্ব পোৱাটোৱে কামৰ বোজা বৃদ্ধি কৰিব পাৰে। অৱশ্যে, আপোনাৰ সহকৰ্মীৰ সহায়ত আপুনি ইয়াক সম্পূৰ্ণ কৰিব পাৰিব। সপ্তাহৰ দ্বিতীয়াৰ্ধত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা সকলে কিছুমান ভাল খবৰ শুনিব পাৰে। বিদেশত কাম কৰা সকলে বহুত লাভ কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত যিকোনো ভুল বুজাবুজি পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব, অন্যথা সম্পৰ্ক নষ্ট হ'ব পাৰে। আপুনি প্ৰেম সংগীৰ অনুভূতি আৰু বাধ্যবাধকতা বুজিবলৈ চেষ্টা কৰিব লাগিব। পত্নীৰ সৈতে কাজিয়া হ'ব পাৰে। কন্যা ৰাশি- এই সপ্তাহটো কন্যা ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'ব। এটা ডাঙৰ কাম সৰ্বশ্ৰেষ্ঠ বন্ধুৰ সহায়ত সফল হ'ব। স্বাস্থ্য সমস্যাৰ বিষয়ে মন বিচলিত হ'ব। নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ বা দীৰ্ঘম্যাদী ৰোগৰ উদ্ভৱ হোৱাৰ বাবে আপুনি কষ্ট অনুভৱ কৰিব পাৰে। এই সময়ছোৱাত খাদ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন ল'ব। অৱশ্যে, এই সময়ছোৱাত উপাৰ্জনৰ নতুন উৎস সৃষ্টি হ'ব আৰু ধনো লাভজনক হ'ব। কেৰিয়াৰ, ব্যৱসায়ত আকাংক্ষিত প্ৰগতি হ'ব। উপাৰ্জনৰ তুলনাত ব্যয়ৰ পৰিমাণ অতিৰিক্ত হ'ব। সুবিধাসমূহৰ বাবে অধিক ধন ব্যয় হ'ব। জীৱন সম্পৰ্কীয় যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। প্ৰেম সংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ থাকিব। প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব। তুলা ৰাশি- তুলা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোৱে সুখ কঢ়িয়াই আনিছে। সপ্তাহটোৰ আৰম্ভণিতে কেৰিয়াৰ, ব্যৱসায়ত এক ডাঙৰ সফলতা থাকিব পাৰে। আপুনি ভৱিষ্যতে এজন কাৰ্যকৰী ব্যক্তিৰ জৰিয়তে লাভৰ পৰিকল্পনাৰ ওপৰত কাম কৰাৰ সুযোগ পাব। যেতিয়া উদ্যোগ সম্বন্ধীয় বিষয়ত বিবাদ নিষ্পত্তি হ'ব, তেতিয়া যথেষ্ট সকাহ পাব। কামৰ ক্ষেত্ৰত জ্যেষ্ঠ আৰু কনিষ্ঠ দুয়োৰে পৰা সহযোগিতা থাকিব। ব্যৱসায়ীসকলে ব্যৱসায়ত আকাংক্ষিত লাভ কৰিব। ৰঙীন ৰাসায়নিক পদাৰ্থ আৰু ঔষধৰ ব্যৱসায় কৰা সকলৰ সময় অনুকূল। যিকোনো কামত খৰখেদা কৰা পৰিহাৰ কৰিব। প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব। অৱশ্যে, এই দিশত এক সচেতন পদক্ষেপ লওক আৰু যিকোনো খৰখেদা পৰিহাৰ কৰক। সপ্তাহৰ শেষত দীঘলীয়া বা কম দূৰত্বৰ ভ্ৰমণ সম্ভৱ। বৃশ্চিক ৰাশি- এই সপ্তাহটোৱে বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিবলৈ গৈ আছে। আনকি এই সময়ছোৱাত আপোনাৰ জীৱনত কোনো অসুবিধা বা সমস্যা থাকিলেও নিশ্চিত হ'ব যে আপুনি ইয়াতো কিছু লাভা পাব। সপ্তাহটোৰ আৰম্ভণিতে ব্যৱসায়ত কিছু ব্যস্ততা থাকিব। যেতিয়া বজাৰত আৱদ্ধ ধন ওলাই আহিব, তেতিয়া আপুনি স্বস্তিৰ নিশ্বাস পেলাব। চাকৰিয়াল সকলে প্ৰগতিৰ বাবে নতুন সুযোগ পাব। ভূমি, ভৱন ক্ৰয় আৰু বিক্ৰীৰ পৰা লাভান্বিত হ'ব। মহিলাসকলৰ বেছিভাগ সময় ঘৰৰ সজ্জা তৈয়াৰত অতিবাহিত হ'ব। ঘৰৰ এজন মৰমৰ সদস্যৰ বিয়া ঠিক হোৱাৰ বাবে সুখৰ পৰিৱেশ থাকিব। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবি আছিল, তেন্তে এগৰাকী মহিলা বন্ধুৰ সহায়ত এই সপ্তাহত আপোনাৰ সেই কাৰ্যত সফল হ'ব। বেছিভাগ সময়তে মহিলাসকলে ধৰ্মীয় কাম কৰিব লাগিব। ঋতুগত ৰোগৰ বিষয়ে সজাগ হ'ব। ধনু ৰাশি- আশা কৰা অনুসৰি কষ্টৰ ফল নোপোৱাৰ বাবে ধনু ৰাশিৰ লোকসকল এই সপ্তাহত দুখী হ'ব। চাকৰিয়াল লোকসকলৰ কামৰ বোজা বৃদ্ধি হ'ব। আপুনি সময়মতে ভাল বন্ধুৰ সহায় ল'ব নোৱাৰিব। আপুনি সময়মতে কাম কৰিবলৈ আৰু সফলতা প্ৰাপ্ত কৰিবলৈ অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়ত ধন বিনিয়োগ কৰোতে সাৱধান হ'ব আৰু ওচৰৰ লাভৰ বাবে দূৰ-দূৰণিৰ লোকচান পৰিহাৰ কৰিব। লাহে লাহে গাড়ী চলাওক আৰু কামৰ বাবে যোৱাৰ সময়ত আপোনাৰ সামগ্ৰীৰ যত্ন লওক, অন্যথা আপুনি বৃথা কষ্টত ভুগিব লগা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক হওক বা পাৰিবাৰিক বিষয় হওক, সৰু সৰু কথাৰ বিবাদ পৰিহাৰ কৰক। স্বাস্থ্যজনিত সমস্যাবোৰো উপেক্ষা কৰা পৰিহাৰ কৰিব। ব্যস্ত কামৰ সময়ৰ মাজত আপোনাৰ শৰীৰ সুস্থ ৰাখিবলৈ ধ্যান, যোগ আৰু ব্যায়াম কৰিব। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। মকৰ ৰাশি- এই সপ্তাহত মকৰ ৰাশিৰ লোকে জীৱিকাৰ দিশত আকাংক্ষিত সফলতা লাভ কৰিব। যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহটোৱে কামত সফলতা আৰু কেৰিয়াৰ, ব্যৱসায়ৰ প্ৰগতি কঢ়িয়াই আনিছে। আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ আপোনাৰ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰা উচিত। দলীয় কাম-কাজত সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। আৱদ্ধ কামবোৰ এজন কাৰ্যকৰী ব্যক্তিৰ সহায়ত সম্পূৰ্ণ কৰা হ'ব। কৰ্মৰত মহিলাসকলৰ বাবে সময় অনুকূল। আপুনি আদালতৰ গোচৰত সকাহ পাব। সপ্তাহৰ দ্বিতীয়াৰ্ধত উৎসৱ আদিৰ প্ৰস্তুতিৰ বিষয়ে ব্যস্ততা আৰু শাৰীৰিক ভাগৰ থাকিব। এই সময়ছোৱাত হাড় সম্পৰ্কীয় ৰোগ উদ্ভৱ হ'ব পাৰে। সেয়েহে অতি সাৱধানে কাম কৰক আৰু আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। ঋতুগত ৰোগৰ বিষয়ে বিশেষভাৱে সজাগ হ'ব। প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু প্ৰেম সংগী সকলক সম্পূৰ্ণ সমৰ্থন কৰা হ'ব। বৈবাহিক জীৱনত সুখী হ'ব। কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ লোকসকল সপ্তাহটোৰ আৰম্ভণিতে কিবা এটাৰ দ্বাৰা বিচলিত হ'ব। ব্যৱসায়ত কোনো মন নাথাকিব। দীঘলীয়া বা কম দূৰত্বৰ ভ্ৰমণ হ'ব পাৰে। যাত্ৰাৰ সময়ত আপোনাৰ স্বাস্থ্য আৰু সামগ্ৰীৰ যত্ন ল'ব, অন্যথা আপুনি অপ্ৰয়োজনীয়ভাৱে ভুগিব লগা হ'ব পাৰে। কাগজ এখনত স্বাক্ষৰ কৰোতে খৰখেদা পৰিহাৰ কৰিব। সাৱধানে ডাঙৰ সিদ্ধান্ত ল'ব। যদি আপুনি কিবা এটাৰ বিষয়ে বিভ্ৰান্ত হয়, তেন্তে সেই সিদ্ধান্ত কেইদিনমান পিছুৱাই দিয়া ভাল। ব্যৱসায়ীসকলে বজাৰত আৱদ্ধ থকা ধন উলিওৱাত কিছু অসুবিধাৰ সন্মুখীন হ'ব। বিপণন, কলচেণ্টাৰ আদিত কাম কৰা লোকসকলৰ ওপৰত অতিৰিক্ত চাপ থাকিব। প্ৰেমৰ সম্পৰ্কত এটা সৰু কথা ডাঙৰ বিষয় হ'ব পাৰে। শান্ত মনেৰে যোগাযোগ কৰিলে বিষয়টো সমাধান হ'ব। মন পতি/পত্নীৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব। মীন ৰাশি- এই সপ্তাহত যিকোনো কাম কৰোতে মীন ৰাশিৰ লোকসকলে খৰখেদা পৰিহাৰ কৰিব। অন্যথা কৰা কামবোৰো নষ্ট হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে ক্ষুদ্ৰ ব্যৱসায়বোৰে ব্যৱসায়ত আকাংক্ষিত লাভ কৰিব। অৱশ্যে, ব্যৱসায়ীসকলে বিপদাশংকা পৰিহাৰ কৰিব লাগিব। চাকৰিয়াল সকলৰ সুবিধা বৃদ্ধি হ'ব। নতুন ঠাইত কাম আগবঢ়াব পাৰে, কিন্তু এই দিশত অতি সাৱধানে পদক্ষেপ ল'ব। বিদেশত কাম কৰা লোকসকলে লাভৰ সুযোগ পাব। কৰ্মৰত মহিলাসকলৰ বাবে সময় অনুকূল। পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন থাকিব। সপ্তাহৰ শেষৰ ফালে পৰিয়ালত কিছুমান শুভ কাম সম্ভৱ। প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব। পৰিয়ালৰ সদস্যসকলে আপোনাৰ প্ৰেম গ্ৰহণ কৰিব পাৰে আৰু ই বিবাহলৈ পৰিৱৰ্তিত হ'ব পাৰে। ঋতুগত ৰোগৰ বিষয়ে সজাগ হোৱাৰ প্ৰয়োজন হ'ব।
9b4be5b77f205961e39e0fbc1fdfdffd9d0b2a1bb1c43261dbbd0de3ca1fab3f
নহৰুঃ - Vikaspedia\nকেনেদৰে নহৰু খাব-\nনহৰুৰ গন্ধ দূৰ কৰাৰ উপায়-\nবিভিন্ন ৰোগত নহৰুৰ ব্যৱহাৰঃ\nমানুহৰ শৰীৰৰ কাৰণে অতি উপকাৰী। নহৰু দুই প্ৰকাৰৰ- (১) এককোষী নহৰু (২)বহুমুখী নহৰু। এককোষী নহৰু বেছি উপকাৰী।\nনহৰুত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, কেলছিয়াম, ফছফৰাছ, আইৰন, আয়ডিন আৰু উগ্ৰ শক্তিৰ জীৱাণুনাশক শক্তি আছে। কেলিফৰ্নিয়া চহৰত কেইবছৰমান আগতে বিশ্বৰ নহৰু বিশেষজ্ঞসকলৰ মাজত এখন আলোচনা চক্ৰ হৈছিল। বিশেষজ্ঞসকলে একো একোটি ৰোগৰ ওপৰত চলোৱা পৰীক্ষা-নিৰীক্ষাৰ পৰা জনা গৈছে যে বাহ্য প্ৰয়োগত, যেনে- বিছাৰ কামোৰ, বৰলৰ কামোৰ আৰু ফোঁহাত নহৰু প্ৰয়োগ কৰি ভাল ফল পোৱা গৈছে। আভ্যন্তৰীণ প্ৰযোগ, যেনে- কোষ্ঠবদ্ধতা, হাত-ভৰিত শিলামূৰী ধৰা, ইনফ্লুয়েঞ্জা, ধমনীৰ সংকোচন, পানীলগা কাহ, হাঁপানী, ডিঙি বুকু জ্বলা কৰা, অগ্নিমান্দ্য, অন্ত্ৰপ্ৰদাহ, পিত্তমোনাৰ পাথৰি, উচ্চ ৰক্তচাপ, অৰ্শ, যকৃতৰ ৰোগ, স্নায়ৱিক দুৰ্বলতা, ফেৰেনজাইটিছ, ডিপথেৰিয়া, নানা ধৰণৰ চৰ্মৰোগ, ক্ষয়ৰোগ, গলগণ্ড, ক্ৰিমি, হুপিং কাহ, বমি, বুকু ধৰফৰণিত নহৰু ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।\n(১) তেল বা ঘিউত ভাজি শাক বা তৰকাৰীৰ সৈতে খাব পাৰে।\n(২) আটা বা ময়দাৰ ভিতৰত নহৰু বটি দি তাৰে ৰুটি বা লুচি তৈয়াৰ কৰি খাব পাৰে।\n(৩) ছাটুৰ সৈতে নহৰু বটি খাব পাৰে।\n(৪) গৰম গাখীৰৰ সৈতে নহৰু বটা মিহলাই লৈ খাব পাৰে।\n(৫) কেঁচা নহৰু বা নহৰু সিদ্ধ কৰি ভাতৰ প্ৰথম গ্ৰাসৰ সৈতে খাব পাৰে।\nনহৰুৰ বাকলি গুচাই টুকুৰা টুকুৰা কৰি লৈ ৰাতি দৈ গাখীৰত তিয়াই ৰাখিব। পিছদিনা খোৱাৰ আগতে পানীত ধুই খাব, তেতিয়াহ'লে নহৰুৰ গন্ধ নাথাকিব আৰু খাদ্যগুণও বজাই থাকিব।\n(১) যৌৱনশক্তি বৃদ্ধি- নাৰী আৰু পুৰুষ প্ৰত্যেকে যদি প্ৰতিদিন ২ চামুচ আমলখিৰ ৰসৰ সৈতে ২ কোঁহ নহৰু বটি খায়, তেতিয়া যৌৱনশক্তি বৃদ্ধি হ'ব।\n(২) বাতৰ বেদনাঃ প্ৰতিদিন এক কোঁহকৈ নহৰু গৰম ভাতৰ সৈতে চোবাই খালে বা ১০০ গ্ৰাম তেলত ২০ কোঁহ নহৰু ভাজি সেই তেল মালিচ কৰিলে বাত বেদনা কমে।\n(৩) পেটৰ বায়ুঃ এক কাপ ঠাণ্ডা পানীত ৪-৫ টোপা নহৰুৰ ৰস মিহলাই প্ৰতিদিন ৰাতিপুৱা ৭ দিন খালে পেটৰ বায়ু জমা বন্ধ হ'ব।\n(৪) অকাল বাৰ্দ্ধক্য ৰোধঃ প্ৰতিদিন ৪ কোঁহকৈ নহৰু ভাজি বা বটি তৰকাৰী, আটা, ময়দা বা ছাটুৰ সৈতে খালে অকাল বাৰ্দ্ধক্য দূৰ হ'ব।\n(৫) দেহৰ ক্ষয়ঃ এক কাপ গাখীৰৰ সৈতে ২-৩ কোঁহ নহৰু সিদ্ধ কৰি মিহলাই খালে শৰীৰৰ ওজন বৃদ্ধি পাব আৰু ক্ষয় ৰোধ হ'ব।\n(৬) গৰু-ম'হৰ ঘা বা পোকঃ ৮-১০ কোঁহ নহৰু বটি ঘা হোৱা ঠাইত লগালে ঘা শুকাই যাব। অন্ততঃ ৭ দিন লগাব লাগিব।\n(৭) পুৰণি ঘাঃ ৪-৫ কোঁহ নহৰু বটি ঘা হোৱা ঠাইত লগালে সাত দিনতে ঘা শুকাই যাব।\n(৮) ভৰিৰ তলুৱাৰ শালচকুৱাঃ এক কোঁহ নহৰু দুটুকুৰা কৰি এটুকুৰা শালচকুৱাৰ ওপৰত লগাই লৈ লিউকোপ্লাষ্টেৰে বান্ধি ৰাখিব। এইদৰে তিনিদিন লগালে ৰোগ নিৰাময় হ'ব।\n(৯) শুক্ৰতাৰল্যঃ এক কাপ গৰম গাখীৰৰ সৈতে ২-৩ কোঁহ নহৰু সিদ্ধ কৰি মিহলাই খালে শুক্ৰতাৰল্য নহ'ব, হাড়ৰ শক্তি বাঢ়িব আৰু ক্ষয় ৰোধ হ'ব।\n(১০) মদ খোৱাৰ কাৰণে পেটৰ বিষ হ'লেঃ মদ খোৱাৰ কাৰণে পেটৰ বিষ হ'লে দুই কোঁহকৈ নহৰু দৈনিক খালে মদ খোৱাৰ অভ্যাসেই দূৰ হ'ব।\n(১১) মূৰৰ বিষঃ মূৰৰ বিষ হ'লে ১-২ টোপা নহৰুৰ ৰস নাকেৰে উজাই নিলে মূৰৰ বিষ বা মূৰ কামোৰণি ভাল হ'ব।\n(১২) এমফাইচিচাঃ এইটো এক ধৰণৰ হাঁপানি ৰোগ। এই ৰোগ হ'লে ৰোগীয়ে নিঃশ্বাস এৰাত কষ্ট হয়। এই ৰোগত ৫-৬ কোঁহ নহৰুৰ ৰস গাখীৰ গৰম কৰি ঠাণ্ডা হ'লে তাৰ সৈতে মিলাই খালে উপকাৰ পোৱা যায়।\n(১৩) টি.বি. প্ৰতিৰোধঃ প্ৰতিদিন এক কোঁহ নহৰু বটি গৰম গাখীৰৰ সৈতে খালে টি.বি. ৰোগ নিৰাময় হয়।\n(১৪) পুৰণি জ্বৰঃ জ্বৰ হৈছে, সেয়া বাঢ়িছে আৰু কমিছে, কিন্তু সম্পূৰ্ণৰূপে ভাল হোৱা নাই। এনেকুৱা হ'লে ৫-৬ কোঁহ নহৰুৰ ৰস ঘিউৰ সৈতে মিহলাই ৩-৪ দিন খালে জ্বৰ কমি যাব।\n(১৫) ক্ষীণ শিশুৰ কাৰণেঃ বহুত শিশু আছে যিয়ে খোৱা আহাৰ খোৱাৰ পিছতো স্বাস্থ্যৰ উন্নতি হোৱা নাই। এনে ক্ষেত্ৰত আধা কোঁহ নহৰু ঘোলৰ সৈতে মিহলাই খালে শিশুৰ পুষ্টি বাঢ়িব।\n(১৬) আৰ্টাৰি আৰু স্কেলেৰোচিচঃ বয়স বৃদ্ধিৰ লগে লগে সূক্ষ্ম ধমনীৰ স্থিতিস্থাপকতা কম হোৱা কাৰণে ৰক্তৰ চাপ বাঢ়ে। এনে অৱস্থাত দৈনিক এক কোঁহ নহৰু ভাতৰ লগত খালে ভাল ফল পোৱা যায়।\n(১৭) কুকুৰে কামোৰাঃ প্ৰতিদিন ৫-৬ কোঁহ নহৰুৰ ৰস গৰম গাখীৰৰ সৈতে খালে কুকুৰে কামোৰা বিষ নাশ হয়।
3813df7590dba53d46011bd38def8651ecf9563dc4e3315368a08f369a94c264
The fact behind every news! Search for: অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা বিশেষ ভিডিঅ' ফ'ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ'টোত দেখা গৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে মানুহক PhonePe, Google Pay, PayTM আদি পেমেণ্ট এপ্লিকেচন জালিয়াতিৰ পৰা সুৰক্ষা সম্পৰ্কে পৰামৰ্শ দিছে। কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই ভিডিঅ' আৰু অডিঅ'ৰ মাজত সামঞ্জস্য নাই। আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ। প্ৰথমে আমি এই সংক্ৰান্তীয় নিউজ ৰিপ'ৰ্ট বিচাৰিবলৈ গুগলত কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে অনলাইন পেমেণ্ট এপ্লিকেচন সন্দৰ্ভত দিয়া কোনোধৰণৰ সতৰ্কবাণী আমি বিচাৰি নাপালোঁ। আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ গুগল আৰু ইউটিউবত। তেতিয়া আমি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ এক ৰাজহুৱা বিবৃতিৰ ভিডিঅ' পালোঁ। "Address by Shri Shaktikanta Das, RBI Governor" এই শিৰোনামেৰে ভিডিঅ'টো আপলোড কৰা হৈছিল ২০২১ চনৰ মে' মাহৰ ৪ তাৰিখে। সেই ভিডিঅ'টোত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে পিন্ধা পোছাক আছিল আমালৈ অহা ভিডিঅ'টোৰ স'তে সাইলাখ একেই। কিন্তু আমি দেখিলোঁ যে ২০২১ চনত লাইভত প্ৰচাৰিত হোৱা ভিডিঅ'টোত তেওঁ ডিজিটেল ৱালেট বা বিত্তীয় জালিয়াতিৰ পৰা সুৰক্ষাৰ কথা কোৱা নাছিল। মূলতঃ আৰ বি আইৰ ৰাজ্যপালগৰাকীয়ে ক'ভিড-১৯ মহামাৰীৰ বিষয়ে, আৰু ইয়াৰ জৰিয়তে ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে কৈছিল। ক'ভিড-১৯ আক্ৰান্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে আৰ্থিক সকাহ প্ৰদানৰ বাবে আৰ বি আইয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তেওঁ কৈছিল। আমি পুনৰ কীৱৰ্ড চাৰ্চ কৰিলোঁ আৰু এই বছৰৰ আগষ্ট মাহত মৌছাম নাগপাল নামৰ এজন কন্টেন্ট ক্ৰিয়েটৰৰ দ্বাৰা আপলোড কৰা এটা ৰীল পালোঁ । আমি দেখিলোঁ যে এই ভিডিঅ'টোৰ পৰা অডিঅ'টো সম্পাদনা কৰি ২০২১ চনত আপলোড হোৱা আৰ বি আইৰ গৱৰ্ণৰৰ ভিডিঅ'ত সংযোগ কৰা হৈছে। ফেক্ট ক্ৰেচেণ্ডোৱে আৰ বি আইৰ চৰকাৰী মুখপাত্ৰ যোগেশ দয়ালৰ সৈতে কথা পতাত তেওঁ আমাক জনায় যে ভাইৰেল ভিডিঅ'টো সম্পাদনা কৰা আৰু ভুৱা। এইটো এটা ভুৱা বাৰ্তা আৰু এয়া আৰ বি আইৰ ৰাজ্যপালৰ কণ্ঠ নহয়। এই ভিডিঅ'টোক ভুৱা বুলি অভিহিত কৰি PIB Fact Check য়েও এটা টুইট কৰিছে। सोशल मीडिया पर @RBI गवर्नर शक्तिकांत दास के एक वीडियो को गलत संदर्भ में साझा किया जा रहा है।#PIBFactCheck: ▶️ यह वीडियो भ्रामक है। আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'ত দেখুওৱাৰ নিচিনাকৈ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ডিজিটেল ৱালেট বা বিত্তীয় জালিয়াতিৰ পৰা সূৰক্ষাৰ কথা কোৱা নাছিল। এই ভিডিঅ'টো সম্পাদনা কৰা হৈছে আৰু সেয়া আৰ বি আইৰ গৱৰ্ণৰৰ কণ্ঠ নহয়। ভাইৰেল ভিডিঅ'টো সম্পাদনা কৰা হৈছে আৰু সেয়া আৰ বি আইৰ গৱৰ্ণৰৰ কণ্ঠ নহয়। যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ' প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক। যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰেঃ পথাৰত এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকৰ মৃত্যু হৈছে নেকি? মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ছবি অংকন কৰিছিল নেকি? FACT CHECK: ইণ্ডিয়ান অইল কৰ্প'ৰেশ্বন লিমিটেডে মোবাইল ফোন,টিভি আদি বিনামূলীয়া উপহাৰ সহিতে কোনো ধৰণৰ লাকী ড্ৰ ঘোষণা কৰা নাই। পুৰণি ভিডিঅ' প্ৰচাৰ কৰি ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত সামাজিক দূৰত্বৰ নিয়ম মানি চলা নাছিল বুলি দাবী কৰা হৈছে! Save my name, email, and website in this browser for the next time I comment. Legalizing Cannabis in Sri Lanka? Pros, Cons & Impacts on Climate Change! Categories Select Category Altered (16) Business (1) Communal (5) Coronavirus (72) Covid-19 (6) Disaster (1) Economy (11) Environment (1) Explainer (4) False (349) False Headline (5) Health (1) International (72) Medical (44) Misleading (16) Missing Context (14) National (5) Partly-False (20) Political (73) Politics (5) Religious (1) Satire (4) Science (2) Security (1) Social (215) Technology (1) Telecom (1) Uncategorized (2) Wildlife (8)
4b816c1e744a4f28494e7e3d093f4db75c6451cab45b6503aa1c991e6749a9dd
xukhdukh.com July 22, 2014\nপূৱলৈ চোৱা নীতিৰে অৰ্থনৈতিক ক'ৰিডৰঃ\nউত্তৰ-পূৱলৈ আহিব নেকি অশনি সংকেত!\nদুখত বুকু ফাটি যোৱা মানে কি, আজিতকৈ হয়তো ভালকৈ মোৰ বুজি পোৱা নহ'ব। সিদিনা মহানগৰীৰে এখন বিলাসী হোটেলত কেইটামান সংগঠনে উত্তৰ-পূৰ্বাঞ্চলৰ মাজেদি এটা অৰ্থনৈতিক ক'ৰিডৰ নিৰ্মানৰ এখন আঁচনিৰ বিষয়ে আলোচনা কৰিছিল। কিবা ভাগ্যৰ বলত ময়ো তাৰ মাজত সোমালোগৈ। আলোচনাৰ দিশ দেখি মোৰ অবাক হোৱাৰ বাহিৰে উপায় নাছিল। সেই অনুভৱখিনিকে ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিব খুজিছো।\nআলোচনা মানে তেওঁলোকে নিৰ্মাণ কৰিবলৈ লোৱা ক'ৰিডৰটোৰ বাবে কিমান টকাৰ দৰ্কাৰ, কিমান ব্যৱসায়ৰ সম্ভাৱনা আছে ইত্যাদি আঁচনিহে। ক'তো কিন্তু এই ক'ৰিডৰটোৰ বাবে এই অঞ্চলটোত কি ধৰণৰ সুপ্ৰভাৱ পৰিব বা তাৰ ফলত অঞ্চলটোত কি ধৰণৰ মানৱ বা প্ৰাকৃতিক দাম দিব লাগিব তাৰ কোনো উল্লেখ নাই।\nউত্তৰ-পূবৰ পৰা আমিনো কি সামগ্ৰী ৰপ্তানি কৰিম? এজনে জনোৱা মতে ইতিমধ্যে ম'ৰে সীমান্তত আমদানি-ৰপ্তানিৰ অনুপাত ১০ঃ১। বক্তা প্ৰায়কেইজনেই অসমৰ বাসিন্দা নহয় আৰু গোটেই ক'ৰিডৰটোৰ জড়িয়তে কেনেকৈ মূল ভাৰতীয় ভূখণ্ডত উৎপাদিত সামগ্ৰী দক্ষিণ-পূব এছিয়াৰ বজাৰলৈ লৈ যোৱা হ'ব তাৰেই চলিছিল কল্পনা। অৰ্থাৎ অসম বা উত্তৰ-পূব এই প্ৰক্ৰিয়াটোৰ বাহকহে মাত্ৰ।\nতাৰ বাদে এই প্ৰক্ৰিয়াটোত অসম বা উত্তৰ পূবৰ বাসিন্দাৰ কোনো ৰকমে ইয়াত কোনো কাম নাই। তাকে কৰোতে কিমান জনগোষ্ঠী সংকটাপন্ন হ'ব, কিমান হাবি-বননি উছন হ'ব সেয়া তেওঁলোকৰৰ বিচাৰ্য্য নহয়। তেওলোকৰ লক্ষ্য মাত্ৰ আমাক ব্যৱহাৰ কৰা। বক্তৃতাটোৰ অন্তত বক্তা গৰাকীয়ে মাত্ৰ উনুকিয়ায় যে তেওলোকৰ এই আচনি বাস্তৱায়িত কৰিবলৈ কিছুমান সৰু সৰু বাধা আছে "যেনে, ভূমি অধিগ্ৰহণ, ইত্যাদি ইত্যাদি"।\nইত্যাদি ইত্যাদি? ভাবিবলৈ বাধ্য হ'লো এই ইত্যাদি ইত্যাদিৰ আওতাত কি কি পৰিব পাৰে? হয়তো উত্তৰ পূবৰ ভঙ্গুৰ পৰিবেশতন্ত্ৰ, হয়তো উত্তৰ-পূবৰ ভঙ্গুৰ সংস্কৃতি? আমি জানোৱেই ইতিমধ্যে হিন্দীভাষী সূতা ব্যৱসায়ীগোষ্ঠীৰ মইমতালিত ধ্বস্ত মহিলাকেন্দ্ৰিক সাতামপুৰুষীয়া মণিপুৰী বোৱন শিল্প। আমি জানোৱেই অসমৰ মূগা-পাট উদ্যোগ বিপদাপন্ন আমদানিকৃত কাপোৰৰ হাতত।\nআমি আৰু জানো, ম'ৰে সীমান্তত এতিয়া টাংখুল, নগা আৰু মেইতেৰ মাজত ভীষণ হিংসা অঞ্চলটোৰ অধিকাৰক লৈ। এনেবোৰ জনগোষ্ঠীগত, সাংস্কৃতিক, পৰিবেশতান্ত্ৰিক প্ৰশ্নক বক্তাগৰাকীয়ে পৰ্যৱসিত কৰিলে 'ইত্যাদি ইত্যাদি' লৈ?\nপ্ৰশ্ন হয় তেওঁলোকে কি কৰা উচিত আছিল? এই প্ৰশ্নটোৰ উত্তৰ হয়তো দিব পাৰিব অঞ্চলটোৰ বিষয়ে অধ্যয়ন কৰি থকা সমাজ/পৰিবেশ বৈজ্ঞানিক সকলে। হয়তো এনে আঁচনিবোৰ কৰোতে সাঙুৰিব লাগিব অঞ্চলটোৰ প্ৰভাৱিত জনগোষ্ঠীসমূহৰ মতামতক। অঞ্চলটোৰ লগত কোনোদিনে কোনো আবেগিক সম্বন্ধ নথকা লোকে অঞ্চলটোৰ ভৱিষ্যতত পৰিব পৰা সু অথবা কু-প্ৰভাৱ বা কি ভাল কি বেয়া সেয়া নিৰ্ধাৰণ নকৰাই ভাল। এই কথাখিনিকে খুব স্পষ্টকৈ এজন অসমীয়া সচেতন ব্যক্তি হিচাবে সভাখনত তুলি ধৰিলো।\nআজি যিবোৰ কথাক হয়তো 'ইত্যাদি ইত্যাদি' বুলি উলাই কৰা হৈছে, সেই ইত্যাদিবোৰ হ'ব পাৰে আপুৰুগীয়া কোনো সংস্কৃতিৰ মৃত্যুবাণী, কাৰোবাৰ সাতামপুৰুষীয়া ঘৰৰ উচ্ছেদৰ চমন। কিন্তু সকলোবোৰ উলাই কৰি আজি যি প্ৰগতিৰ সপোন দেখুউৱা হ'ল, তাকে ভাবি মোৰ দুখত বুকু ফাটি যায়। অনুভৱ কৰিছো, কথাবোৰ জাতীয় সংগঠন সমূহেও ভাবিবৰ হ'ল।
f311b317b27c3a78c7b07e24bfdee5063a3bb3bd759741ec0cf63137013b6869
জানিব পৰা মতে, এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ এখন আওৰা বাহন আৰু ইউ পি ৩৭ এ টি ২৭৬৫ নম্বৰৰ মালবাহী ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত চাৰিচকীয়া বাহন খনত থকা পাঁচ জনকৈ যুৱকে কৰুণ মৃত্যুক সাৱটি লয়। ঘটনাস্থলীত চুলুং আৰু উলুৱনী আৰক্ষী উপস্থিত হৈ নিহত লোক কেইজনক উদ্ধাৰৰ ব্যৱস্থা অব্যাহত ৰাখিছে। ঘটনা সংঘটিত কৰাৰ পিছতেই অৱশ্যে ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমান পলাই গৈছে বুলি জানিব পৰা গৈছে।
bc41f95fb47a639587c65b8321cc9fb9d358f41fdd7c86b73f1035dcb8b3e275
গৰমৰ মৰম আৰু স্বাস্থ্য - Vikaspedia\nএষাৰ কথা সত্য যে সমগ্ৰ বিশ্বতে গৰমৰ প্রকোপ বেছিকৈ অনুভূত হৈছে। অর্থাৎ আজিৰ পৰা দুটামান দশকৰ আগলৈকে গৰমৰ দিনবোৰত যিমানখিনি উষ্ণতা অনুভূত হৈছিল, আজিৰ তাৰিখত তাৰ মাত্রা যেন বহু বেছি। এই বিষয়ে সম্প্রতি চলি থকা বৈজ্ঞানিক সমীক্ষাৰ বিষয়ে উল্লেখ কৰাৰ পূর্বে উল্লেখ কৰিম ব্ৰিটিছসকলৰ মাজত প্রচলিত এটা চিৰাচৰিত প্ৰথাৰ বিষয়ে। দুজন ব্রিটিছ ভদ্রলোকে বহু দিনৰ মূৰত দেখা সাক্ষাৎ হ'লে সৌজন্যতামূলক বার্তালাপ কৰাৰ পাছত অন্য বিষয় এৰি সেইদিনাখনৰ বতৰৰ বিষয়ে আলোচনা কৰিহে তেওঁলোকৰ কথোপকথন অন্য দিশলৈ নিয়ে। এই নিবন্ধটোত অত্যধিক গৰমৰ হেতুকে মানৱ স্বাস্থ্যৰ ওপৰত সৃষ্টি হোৱা প্ৰভাৱৰ বিষয়েহে আলোচনা কৰিম।\n'গোলোকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি থকা বিশ্বাসৰ ভেটি অত্যধিক জহৰ দিনবোৰে কেনেদৰে বৃদ্ধি কৰিছে।" (অসমীয়া অনুবাদ) - শীর্ষক এখন আন্তঃৰাষ্ট্ৰীয় গৱেষণাপত্ৰৰ এক সমীক্ষাত কেতবোৰ নতুন দিশ উন্মোচন হৈছে। এই সমীক্ষাৰ প্রতি সঁহাৰি জনোৱা ব্যক্তিসকলে সর্বান্তিঃকৰণেৰে বিশ্বাস কৰে যে আজিৰ তাৰিখত বছৰৰ প্ৰতিটো দিনৰে গড় উষ্ণতা পূৰ্বতকৈ বহু বেছি আৰু ফলত ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ এক কাৰক হৈছে। তদুপৰি এই সমস্যা গৱেষণাৰ জৰিয়তে সমাধানৰ উপায় নির্ণয় কৰিবলৈকে এইসকলে নিজৰ গাঁঠিৰ ধন আগবঢ়াইছে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ ব্যয়ৰ অৰ্থে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পুনেত থকা গৱেষণাগাৰৰ বিজ্ঞানী এ কে জয়ছোৱালে ১৯৬৯ চনৰ পৰা ২০১৩ চনলৈকে ভাৰতত গ্রীষ্মকালিন (মার্চৰ পৰা মে' মাহলৈকে) উষ্ণতা বৃদ্ধিৰ পৰিঘটনাটোৰ ওপৰত জলবায়ুবিজ্ঞান বিষয়ৰ ব্যাখ্যাৰ বিষয়ে এখন গৱেষণা পত্র প্রকাশ কৰিছে। এই মাহকেইটাত দেশৰ ১৭৬খন মহানগৰত যিকেইটা দিনত তাপমাত্ৰা ৩৭° চেটিগ্ৰেডতকৈ বাঢ়িছিল তাৰ হিচাপ লোৱা হৈছিল। আমাৰ শৰীৰৰ গড় উষ্ণতা ৩৭° চেঃ গ্রেঃ হোৱা বাবেই এই পৰিসীমা গ্রহণ কৰা হৈছিল। গতিকেই চৌদিশৰ উষ্ণতা ইয়াতকৈ বেছি হ'লেই অস্বস্তিদায়ক অনুভূতিৰ সৃষ্টি হয়। বিগত শতিকাৰ নব্বৈৰ দশকৰ পৰাই গ্রীষ্মকালত গড় উষ্ণতাৰ মাত্রা বৃদ্ধি হোৱা বুলি উপৰিউক্ত সমীক্ষাৰ জৰিয়তে প্রতীয়মান হৈছে। তদুপৰি দেশৰ ২৫খন "মেগাচিটিত" উষ্ণতা বৃদ্ধিৰ মাত্রা সবাতোকৈ বেছি। এনেবোৰ মেগাচিটিৰ ভিতৰত উল্লেখনীয় হৈছে - নতুন দিল্লী, চেন্নাই, মুম্বাই আৰু জয়পুৰ। এইবোৰ মহানগৰীত গৰমৰ প্ৰকোপ অত্যধিক বেছি। এনেকি চৌপাশে আগুৰি থকা অঞ্চলবোৰৰ তুলনাত মহানগৰীসমূহৰ মাজ মজিয়াত যেন গৰমৰ অত্যাচাৰ মাত্ৰাধিক। ইয়াৰ ফলতে UHI (আর্বান হিট আইলেণ্ড বা নগৰীয়া উষ্ণ দ্বীপ) শীর্ষক ধাৰণাৰ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হৈছে এনেকুৱা মানুহক বিভিন্ন ধৰণৰ কার্যকলাপৰ হেতুকে সৃষ্টি হোৱা প্ৰদূষণৰ হেতুকে ডাঙৰ ডাঙৰ মহানগৰবোৰৰ মাজভাগত উষ্ণতা বৃদ্ধিৰ মাত্রা বেছি। চৌদিশৰ অঞ্চলবোৰৰ উষ্ণতা তুলনামূলকভাৱে সামান্য হ'লেও কম হয়। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতেই এই কথাষাৰ প্ৰযোজ্য। শিলপুখুৰী বা ফাঁচিবজাৰ আদি অঞ্চলৰ তুলনাত মির্জা, সোণাপুৰ বা এনেকি জালুকবাৰীতো পৰিৱেশজনিত উষ্ণতা বৃদ্ধি কমকৈ অনুভূত হয়।\nঅত্যধিক উষ্ণতা বৃদ্ধিৰ হেতুকে মানৱ দেহত নানা ধৰণৰ পৰিৱর্তন দেখা দিব পাৰে। ইয়াৰে ভিতৰত উল্লেখনীয় হৈছে তাপজনিত চাপ (HEAT STRESS)। ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয়ৰ অধ্যাপক টম মেথিউজৰ মতে ভাৰতীয় উপমহাদেশখনৰ প্ৰায় আটাইবোৰ ডাঙৰ মহানগৰীৰ বাসিন্দাসকল এই অৱস্থাত আক্রান্ত হোৱাৰ শঙ্কা বিৰাজমান। ইয়াৰ ফলত নির্জলী ভৱন (DEHYDRATION) অৱস্থাৰ সৃষ্টি হয় আৰু আক্রান্ত ব্যক্তিগৰাকী বাৰুকৈ নিশকটীয়া হৈ পৰে। এনে পৰিস্থিতিত গ্রীষ্মকালি শৰীৰ-মন সুস্থ হৈ থাকিবলৈ আৰু হিট্ষ্ট্ৰ'ক আদিকে ধৰি নানা ধৰণৰ ৰোগ-ব্যাধিৰ বিপক্ষে প্রতিষেধকমূলক ব্যৱস্থা গ্রহণ হৈছে স্বাস্থ্য সচেতনতাৰ চানেকি। গ্রীষ্মকালিৰ উৎকট গৰমৰ দিনকেইটাৰ মাজতে আগমন ঘটে বাৰিষাৰ। এনে সময়ত চৌপাশৰ পৰিৱেশ (বিশেষকৈ বায়ু) অতি বেছিকৈ প্ৰদূষিত হয়। তদুপৰি পানী আৰু মাটিৰো প্ৰদূষণ ঘটে। সেয়েহে শৰীৰত ৰোগৰ আক্ৰমণৰ বিপক্ষে সতর্ক হোৱা উচিত।\nগতিকে অৱধাৰিতভাৱেই গ্ৰীষ্মকালি মাছৰ জোলৰ উপৰি অমৰাৰে গৰৈ খাদ্যকে ধৰি জীৱন ধাৰণৰ শৈলীৰ নানা অবিচ্ছেদ্য অংগবোৰৰ ক্ষেত্ৰত স্বাস্থ্যসন্মত বিধি মানি চলা উচিত। আহাৰ গ্ৰহণৰ বিষয়টো প্রথমেই উল্লেখ কৰিব পাৰি।\nগ্ৰীষ্মকালি যিকোনো ব্যক্তিৰে হজম ক্ষমতা সামান্যভাৱে হ'লেও টুটি যায়। ই হৈছে এক স্বাভাৱিক শৰীৰতাত্ত্বিক বিক্রিয়া? তদুপৰি পানী গ্ৰহণৰ ক্ষেত্ৰত এইবাবেই সতর্ক হোৱা উচিত যে নানা কাৰকৰ প্ৰভাৱত প্ৰদূষণৰ মাত্রা বৃদ্ধিৰ শংকা বিৰাজমান।\nখাদ্যৰ ভিতৰত ফল-মূল আৰু শাক-পাচলিৰ ৰস সৰহীয়া মাত্ৰাত গ্রহণ কৰাটো বাঞ্ছনীয়। এইদিনবোৰত এনে ধৰণৰ শাক-পাচলি গ্রহণ কৰা উচিত- ৰঙালাওৰ আগ, কলমৌ, কলডিল, কল পচলা, ভাত কেৰেলা, জিকা, কুন্দুলী, পটল আদি।\nতিতা, টেঙা, খাৰৰ আঞ্জাও হৈছে স্বাস্থ্যৰ বাবে উপকাৰী।\nগৰমৰ দিনকেইটাত থেকেৰা টেঙাৰে গৰৈ মাছৰ আঞ্জা, কুমলীয়া ঔ টেঙাৰে পুঠি মাছৰ আঞ্জা, টেঙেচী টেঙাৰে মাছৰ জোল বৰ উপাদেয় হয়।\nসহৃদয় পঢুৱৈসকলৰ মনত এইখিনিতে এটা প্রশ্ন নিশ্চয়কৈ জাগ্রত হ'ব যে স্বাস্থ্য বিষয়ক নিৱন্ধ এটাত জুতি-বুধিৰ সম্বন্ধেহে কিয়নো কৰ্ণনা কৰিছে। প্রকৃততে এই দিশটো সম্বন্ধে প্রাসংগিকতা আছে বাবেহে উল্লেখ কৰা হৈছে। অসমীয়া মানুহে বিশেষকৈ উঠি অহা প্রজন্মই নিজৰ খোৱা-বোৱাৰ ৰুচি পৰিৱর্তন কৰি আমাৰ জলবায়ুৰ সৈতে খাপ নোখোৱা বিধৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছে। দেৱভাষা সংস্কৃতত এষাৰ উক্তি আছে যে - 'যস্য দেশস্য যে মগুস্তস্য এজৌ ষধং হিতং। অর্থাৎ যিদেশৰ যি প্রাণী সেই দেশৰ থলুৱা আহাৰ সেই প্ৰাণীৰ বাবে উপযোগী। স্বাস্থ্য বিজ্ঞানীসকলেও গৱেষণাৰ জৰিয়তে এই উক্তিষাৰ সমৰ্থন কৰিছে। আমেৰিকাৰ কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ত এক বৈজ্ঞানিক সমীক্ষা চলোৱা হৈছিল। ইয়াৰ ফলাফলৰ জৰিয়তে জনা গৈছিল যে কোনো এটা অঞ্চলৰ মানুহে সুস্বাস্থ্য অটুট ৰখাৰ উদ্দেশ্যে বোপা-ককাৰ দিনৰেপৰা সেই অঞ্চলত প্রচলিত খাদ্যহে খাব লাগে। অর্থাৎ মই ইয়াকে ক'ব খুজিছোঁ যে থলুৱা পদ্ধতিৰে ৰন্ধা খাদ্য হৈছে মানৱ দেহৰ বাবে সর্বোত্তম। হট ডগ, ফ্রাইড কাবাব বা চিকেন চাওমিন আদিকে ধৰি আহাৰবোৰ (আধুনিক!) ভক্ষণৰ ফলত গৰমৰ দিনত দৈহিক উষ্ণতা বাঢ়ি এক অস্বস্তিদায়ক পৰিস্থিতিৰ সৃষ্টি কৰে। পাছে আধুনিকতাৰ কোবাল কৃত্রিম বানৰ একঘেয়ামি সোঁতত যেন সুষম খাদ্য, থলুৱা আহাৰ, আটিল শৰীৰ আদি শব্দবোৰেও যেন চিকিৎসা বিজ্ঞানত স্বকীয় স্থান হেৰুৱাই উটি-ভাঁহি যায়।\nআহাৰৰ বিষয়ে ইমানখিনি আলোচনা কৰাৰ পাছত মই এনে কেতবোৰ ব্যৱস্থাৱলীৰ বিষয়ে চমুকৈ ক'ব খুজিছে - যাৰ জৰিয়তে দেই পুৰি যোৱা গৰমৰ পৰা কিছু মাত্ৰাত সকাহ লভিব আৰু লগতে সুস্বাস্থ্য অটুট ৰাখিব পাৰি।\nসৰহীয়া মাত্ৰাত পানী খালে ভালেখিনি সকাহ পোৱা যায় আৰু সুস্বাস্থ্য ৰক্ষা হয়।\nঊষ্ণতা বৃদ্ধিৰ আনুষংগিকভাৱে শৰীৰৰ পৰা ঘামৰ নিৰ্গমণ ঘটি তৰলৰ মাত্রা টুটি যায়। পানী খাই থাকিলে নির্জলীভৱন ৰোধ হোৱাৰ লগতে বাষ্পীভৱনৰ জৰিয়তে দৈহিক তাপ। কমাৰ বাবে শৰীৰটো শীতল হয়।\nযিকোনো ব্যক্তিয়ে লগত এটা এক লিটাৰৰ পানীৰ বটল লৈ ফুৰিব লাগে আৰু তৃষ্ণাতুৰ নহ'লেও মাজে সময়ে পানী খাব লাগে।\nপানীৰ বিকল্প হিচাপে শীতল পানীয়, সুৰা, চাহ বা কফি স্বাস্থ্যগত দিশৰ পৰা গ্রহণযোগ্য নহয়। এনেবোৰ দ্রব্য গ্ৰহণৰ জৰিয়তে নির্জলীভৱনৰ মাত্রা বাঢ়ে আৰু মাত্ৰাধিক কেলৰিযুক্ত হোৱা বাবে দৈহিক উত্তাপ বাঢ়ে।\nআমাৰ জীৱনশৈলীৰ আন এক অপৰিহার্য উপাদান হৈছে সাজ-পোছাক। ইয়াৰ কৌশলগত পৰিৱর্তনে দেহ-মনত আৰামদায়ক অনুভূতিৰ সৃষ্টি কৰে। জোতাৰ পৰিৱর্তে খুলিব পৰা ছেণ্ডেল পিন্ধিব লাগে। ইয়াৰ ফলত ছালৰ ভেঁকুৰজনিত ৰোগত আক্রান্ত হোৱাৰ শংকা কমে আৰু বাস্পীভৱনৰ জৰিয়তে তাপৰ বহিৰ্গমন ঘটে। তদুপৰি ভৰিৰ ছাল আৰু সিৰৰ মাজেদি প্রবাহিত তেজ শীতল হয়। এই শীতলীকৃত তেজ দৈহিক ৰক্ত প্ৰবাহৰ জৰিয়তে নানা অংগলৈ গৈ এক শীতল অনুভূতিৰ সৃষ্টি কৰে।\nগৰমৰ দিনত অন্যান্য বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। সময় সাপেক্ষে উৎকট গৰমৰ হেতুকে নিদ্ৰাহীনতাৰ সমস্যাই দেখা দিয়ে। এনে পৰিস্থিতিত নিদ্রাদায়ক শ্রেণীভুক্ত দৰবৰ সহায় পৰাপক্ষত ল'ব নালাগে। নিশাৰ বিছনাত পৰাৰ পূর্বে এগিলাছ গৰম গাখীৰ পান বা SELF HYPNOSIS ৰ দৰে মনোবৈজ্ঞানিক পদ্ধতিবোৰহে প্রথমে প্রয়াস কৰিব লাগে। এনে ধৰণৰ NON PHARMACOLOGICAL পদ্ধতি ফলপ্রসূ নহ'লে চিকিৎসকৰ পৰামর্শ ল'ব লাগে।\nশেহত HEAT EXHAUSTION বা উত্তাপজনিত অৱসাদগ্ৰস্ততাৰ বিষয়ে চমুকৈ হ'লেও উল্লেখ কৰা একান্তই বাঞ্ছনীয়। দেহাৰ অন্তৰ্ভাগৰ পৰা নানা অত্যাৱশ্যকীয় ইলেক্ট্র'লাইটৰ (ছডিয়াম, পটাছিয়াম) বহিৰ্গমণ ঘটিলে মানুহজন দুর্বল হৈ অনৱৰতে ভাগৰুৱা অনুভৱ কৰে। অত্যধিকভাৱে ঘামিলে এনে হয়। গতিকেই সতর্কতামূলক ব্যৱস্থা হিচাপে ইতিমধ্যে উল্লেখ কৰা ধৰণে নিয়মীয়াভাৱে পানী আৰু অন্যান্য তৰল দ্রব্য গ্রহণ কৰিব লাগিব।\nলেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী, দৈনিক জনমভূমি।
dd1ec78279b24ee526e6a1b3960379c41517a0f7e89ab603f4bd6e93b6f51f32
অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পল্লব লোচন দাস সঞ্জয় কিচান আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা। বাগানতকৈ ভাল অসমীয়া ক'তো নাই বুলি হিমন্তই উল্লেখ কৰে। পৰেশ বৰুৱাকো তেওঁ প্ৰত্যাহ্বান জনায়। চাহ বাগিচাৰ লোকৰ কষ্ট-পৰিশ্ৰমৰ বাবেই অসমক সমগ্ৰ বিশ্বই জানে বুলি হিমন্তই তেওঁৰ ভাষণত কয়। বিমুদ্ৰাকৰণৰ সময়ত চাহ শ্ৰমিকৰ বেংক একাউন্ট খোলা হৈছিল। ৭০ বছৰে কংগ্ৰেছে চাহ বাগিচাত বেংক একাউণ্ট খুলিব নোৱাৰিলে। তিনিমাহত ৬,৩৩,৪১১ টা বেংক একাউণ্ট খোলা হৈছিল বুলি তেওঁ কয়। কেৱল বেংক একাউণ্ট খোলাই নহয়, ধন পুৰস্কাৰ মেলাৰ জৰিয়তে ৭,১৫,৯৭৯ টা একাউণ্টলৈ বৃদ্ধি দুৱাৰত ২৫০০ কৈ টকা দিয়া হৈছিল। অৰুণোদয় আঁচনিৰ দৰে প্ৰত্যেক মাহত চাহ শ্ৰমিকৰ বেংক একাউন্টত ধন ভৰাই দিয়া হ'ব যাতে শ্ৰমিকে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব পাৰে বুলি তেওঁ মন্তব্য কৰে।
e16a8b06d6c6d674d12d5478995d26ab73f12316c8a5383735ebd0f9e45485d2
কিন্তু দীৰ্ঘদিন ধৰি পকীখুটা অবিহনেই বৰ্তমানলৈ বাঁহৰ খুটাৰেই চলিছে বিদ্যুত যোগান। এক প্ৰকাৰ মৰণফান্দত পৰিণত হৈছে এই বিদ্যুৎ সংযোগ। Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
80fd8c9a0b754acdff73e0d18ce5fe16d57e4ed6a54f356cb252c53a665239e4
মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰেও সদৌ অসম ছাত্ৰ সন্থা ৰাজপথত। ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। শিৱসাগৰৰ ৰাজপথত মূল্যবৃদ্ধি ৰোধৰ দাবীত হাতে হাতে কাঁহী-বাতি লৈ আছু কৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদ। সমগ্ৰ ৰাজ্য এতিয়া নিতৌ ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে। প্ৰতিদিনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈ আছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখন সম্পূৰ্ণৰূপে বিফল হৈছে। বিগত কিছুদিন ধৰি আছুয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। শনিবাৰেও সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নিতৌ ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ পাছতো চৰকাৰে জনসাধাৰণক সকাহ প্ৰদান নকৰাৰ প্ৰতিবাদ উত্তাল হৈ পৰে শিৱসাগৰ। প্ৰতিবাদকাৰী আছু কৰ্মী সকলে মূল্যবৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত আলু, পিয়াঁজ আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সন্মুখত ৰাখি কাঁহী-বাতি বজাই নগৰৰ ব্যস্ততম দলমুখ চাৰিআলিত বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদস্থলীত অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মূর্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, আদি চৰকাৰ বিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। ৰাজ্য চৰকাৰে অতি শীঘ্ৰে যদি নিত্য ব্যৱহাৰ্য্য অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য হ্ৰাস নকৰে তেন্তে অনাগত দিনত চৰকাৰখনে ইয়াতকৈ আৰু ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি ছাত্ৰ সন্থাই হুংকাৰ প্ৰদান কৰে। শনিবাৰে আছুয়ে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
b62690981c7ed2d424d5a860a14fe1a7fcc79d105be62c2cb940821a0e72f1dd
ক্ৰীড়া ক্ষেত্ৰত এজনৰ পাছত আন এজন খেলুৱৈৰ সফলতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিবলৈ সক্ষম হৈছে অসমৰ নাম। ঠিক সেইদৰে বুলগেৰিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্ব উশ্বু চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে অসমৰ চানমা ব্ৰহ্ম । ২৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ বুলগেৰিয়াৰ বুৰগাছত অনুষ্ঠিত হৈ থকা ৩য় বিশ্ব টাইজিকোৱান উশ্বু চেম্পিয়নশ্বিপত অংশ লোৱাৰ উদ্দেশ্য ইতিমধ্যে বুলগেৰিয়াত উপস্থিত হৈছে উশ্বু এছ'চিয়েশ্যন অব অসমক প্ৰতিনিধিত্ব কৰা কোকৰাঝাৰৰ খেলুৱৈ চানমা ব্ৰহ্ম। উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষৰ অল ইণ্ডিয়া ইণ্টাৰ য়ুনিভাৰ্ছিটি উশ্বু টাইজি গ্ৰুপত স্বৰ্ণ জয়েৰে সুখ্যাতি অৰ্জন কৰিছিল চানমা ব্ৰহ্মই। বিশ্ব এথলেটিকছ আৰু এছিয়ান গেইমছ অভূতপূৰ্ব সফলতা লাভ কৰা ট্ৰেক ৰাণী হিমা, আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰা হৃদয় হাজৰিকাৰ পাছত এইবাৰ যাতে ছানমাই অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ তৌধুৰী আৰু সম্পাদক ৰঞ্জিৎ বড়োৱে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
6011095048d2e4a66db21b4dbb992272edf19a9eeaee32a5513ccd5ea1a4d745
অসমৰ পাট-মুগাক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস অসমৰ এগৰাকী যুৱ ফেশ্বন ডিজাইনাৰ পৰিস্মিতা দাসৰ। গুৱাহাটী মহানগৰীৰ বৰঝাৰস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত 'হৃদয়'ৰ উদ্যাগত যুৱ ফেশ্বন ডিজাইনাৰ পৰিস্মিতা দাসৰ বিশেষ ফেশ্বন শ্ব। পৰিদৰ্শন কৰা হ'ল এটাৰ পিছত আনটো অসমৰ শিপিনীসকলে হাতে বোৱা পাট-মুগাৰ সাজ-পাৰ। 'হৃদয়'ৰ উদ্যোগত অসমৰ এগৰাকী অতিকৈ প্ৰতিভা সম্পন্ন যুৱ ফেশ্বন ডিজাইনাৰ পৰিস্মিতা দাসৰ নেতৃত্বত বৰঝাৰস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হয় অসমৰ শিপিনীসকলে হাতে বোৱা পাট-মুগাৰ বিভিন্ন সাজ-পাৰৰ এক বিশেষ ফেশ্বন শ্ব। 'হৃদয়'ৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ ফেশ্বন শ্ব'ত বিশ্বব্যাপী মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত কোঙা হৈ পৰা ফেশ্বন উদ্যোগখনক পুনৰ এক সঠিক মাত্ৰা প্ৰদান কৰা দেখিবলৈ পোৱা যায়। অসমৰ পাট-মুগাক বিশ্বৰ দৰবাৰত উজ্বলাই তোলাৰ সমান্তৰালে কৰ'ণাৰ কুপ্ৰভাৱৰ পৰা টেক্সলাইন ইণ্ডাষ্টিক পুনৰ নতুন ৰূপত গঢ়ি তুলিবলৈ কটনলাইন আৰু হেণ্ডলুমৰ চিল্ক লাইনৰ দুটাকৈ কালেকচনৰ সাজ-পাৰ সমূহ নৰূপত প্ৰদৰ্শন কৰে মডেল সকলে। কৰ'ণাৰ পিছত প্ৰায় সাত মাহ পিছত অনুস্থিতি হোৱা এই মেগা ফেশ্বন শ্ব'ত উপস্থিত থাকে অভিনেত্ৰী নিশিতা গোস্বামী, ৰিম্পী দাস, প্ৰীতি কংকনাৰ লগতে অসমীয়া ছবি জগতৰ ভালে সংখ্যক কলা-কুশলী। "হৃদয়' হৈছে স্মাৰ্ট আৰু সময়হীন ডিজাইনৰ প্ৰয়োজনীয়তাৰ বাবে জন্ম হোৱা এক কলাকুশলী ৰেচম ব্ৰেণ্ড। 'হৃদয়'ৰ প্ৰতিষ্ঠাপক মিছ পৰীস্মিতা দাসে ২০১৯ চনত হৃদয় আৰম্ভ কৰিছিল। অনুষ্ঠানত তেওঁ কয় যে "আমি অসমৰ ৰেচম সংৰক্ষণ কৰা আৰু ইয়াক সমকালীন ধৰণে পুনৰ ব্যাখ্যা কৰাৰ লক্ষ্য ৰাখি আহুৱাই যাব বিচাৰো। ব্ৰেণ্ড হিচাপে আমি লাভৰ ওপৰত দৃঢ়ভাৱে বিশ্বাস কৰো আৰু স্থানীয় সম্প্ৰদায়ৰ উৰ্ধতসহায় কৰো"। You may also read!
518dffbe767b2d896b15cc25e6346a4aad8b9f1997e2f82ea9b3ddb773ad7f92
আজি পুৱতি নিশা হোজাইৰ বৰবহাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত ১৪ খনকৈ দোকান জ্বলি ভস্মীভূত হোৱাৰ লগতে প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয়। প্ৰাপ্ত তথ্য অনুসৰি এখন দোকানত হোৱা বিস্ফোৰণৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু নিমিষতে জুইয়ে বিস্তৃত এটা এলেকা আগুৰি ধৰে। ইফালে নিশাৰ ভাগত নিদ্ৰাত থকা স্থানীয় লোকে অগ্নিকাণ্ডৰ খবৰ তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনীক দিয়ে যদিও তেতিয়ালৈ ১৪ খনকৈ দোকান জুইত ভস্মীভূত হয়। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰে যদিও তেতিয়ালৈ ১৪ খন দোকানৰ লগতে প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হয় বুলি জানিব পৰা গৈছে। ইফালে সংঘটিত হোৱা অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b0feadf2201ae17bfbd3d64d25ab175b039cd4ab4eb45d4aa44cb6361a6c92ac
থাইলেণ্ড ত দেখিবলৈ পোৱা গৈছে প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন । ক'ৰনা ভাইৰাছৰ সংকটকালত বন্ধ হৈ থকা কেব বাহনসমূহৰ চালত সৰু পাচলিৰ খেতি কৰি প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমৰ সুন্দৰ নিদর্শন দাঙি ধৰিছে। থাইলেণ্ডৰ টেক্সি ফ্লীটে "ৰুফটপ গাৰ্ডেন" শব্দটোক নতুন অৰ্থ প্ৰদান কৰিছে । টেক্সি চালকসকলে বিলাহী, তিয়ঁহ, বীনকে ধৰি বিভিন্ন ধৰণৰ শস্য বাহনৰ চালত ৰোপণ কৰিছে বাহন সমূহত। ক'ভিডৰ সংকটকালত বহুটো টেক্সিচালকৰ কৰ্মজীৱনৰ অন্ত পৰিছে, আৰু বহুটো চালক আৰ্থিকভাৱে জুৰুলা হৈ পৰাত তেওঁলোকৰ বাহনসমূহ সমৰ্পণ কৰি গ্ৰামাঞ্চলৰ ঘৰলৈ উভতি গৈছিল। আৰু ইয়াৰ পিছতে এতিয়া বাহন সমূহত বিভিন্ন শাক পাচলি খেতি কৰা দেখা গৈছে । টেক্সিৰ ওপৰভাগত কৰা বাগিচাবোৰে এক প্ৰতিবাদৰ ছবিত পৰিণত হৈছে। কিয়নো, থাইলেণ্ড বহু বছৰ ধৰি ৰাজনৈতিক অস্থিৰতাৰ মাজেৰে পাৰ হৈ গৈছে আৰু ২০১১ চনত এক বৃহৎ বানপানীৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু দেশখনৰ ইতিহাসত ব্যৱসায় দিশটো কেতিয়াও ইমান ভয়ংকৰ দূৰ্যোগত পৰা নাছিল। সেয়েহে, কঠিন সময়ত টেক্সি চালকে জীৱন নিৰ্বাহ কৰাৰ এইটো একমাত্ৰ উপায়।
ba38637286a92c60ce155b9c6507db3f46c29796a7a69c743794d6382851539e
সংবাদমেলত ৰকিবুল হুছেইনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও যথেষ্ট সৰৱ হোৱা দেখা যায়। সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাটো বিজেপি দলৰ এক বৃহৎ বিফলতা বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে। ৰাজ্য চৰকাৰখনে অসম বিৰোধী কাৰ্যকলাপ অব্যাহত ৰখাৰ বাবেই সমাগত পঞ্চায়ত নিৰ্বাচনত অসমবাসীয়ে বিজেপি দলক আৰু ভোট নিদিয়ে বুলিও কয় হুছেইনে । সংবাদমেলত কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতা উপস্থিত থাকে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
6a33aee83b95933774fbf23e2d709342437199bd38fcdefd7a328640dc832df1
প্ৰাগজ্যোতিষ বাৰ্তা,তেজপুৰ, ১৩ ছেপ্টেম্বৰঃ তেজপুৰ ডেকাৰগাঁওস্থিত ৰাজ্যখনৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰত ১২ ছেপ্টেম্বৰ তাৰিখে এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়। 'উদ্ভাৱনী আৰু উদ্যমীতা' বিষয়ক কৰ্মশালাখন অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা হৈছিল। মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা অংকিতা পাটোৱাৰীয়ে আঁতধৰা কৰ্মশালাখন বন্তি প্ৰজ্বলনেৰে শুভ-উদ্বোধন কৰে অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে। কৰ্মশালাৰ প্ৰথমাৰ্দ্ধত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ডিজিটেল জগতৰ বিশিষ্ট উদ্যমী তথা লেখিকা পুষ্পাঞ্জলি দাস দত্তই। বৰ্তমানৰ ডিজিটেল জগতখনৰ বহুকেইগৰাকী অভিযন্তা উদ্যমীৰ উদাহৰণেৰে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্যমীতাৰ দিশে ধাৱমান হ'বলৈ উৎসাহিত কৰে । কৰ্মশালাৰ দ্বিতীয়াৰ্দ্ধত সমল ব্যক্তি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট উদ্ভাৱক ড° উদ্ধৱ কুমাৰ ভৰালী। লগতে নিজৰ উদ্ভাৱনী শক্তিৰে সমাজৰ সাধাৰণ শ্ৰেণীৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি দায়িত্ব পালনৰ বাবে তেওঁ ছাত্ৰসমাজক আহ্বান জনায়। মূলতঃ উদ্ভাৱন, স্ব-নিয়োজন আৰু উদ্যমীতা বিকাশৰ লক্ষ্যৰে আয়োজিত মনোগ্ৰাহী কৰ্মশালাখন সহকাৰী অধ্যাপক বিশ্বজিৎ ভাগৱতীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সামৰণি ঘোষণা কৰে।
8238b3f0f90e0a3c13bd74e898f7f4d455e8057cc73f4a00fba0416707b81080
W7s News ষ্টাফৰিপোৰ্টাৰঃ আজি বিশ্ব নদী দিৱস। গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নদীৰ পুনৰুজ্জীৱনৰ বাবে আত্মপ্ৰকাশ কৰা ছেভ ভৰলূ অভিযান গোটে জনসচেতনতাৰ কাৰ্যসূচী হিচাবে আজি এক বিশাল চাইকেল ৰেলীৰে নদী দিৱস উদযাপন কৰে। এই উদ্দেশ্যে ভৰলু নৈ আৰম্ভ হোৱা জোনালীৰ পৰা টিলিঙা স্প'ৰ্ট্চ ক্লাবৰ সহযোগত ক্লাবৰ ৫০ (পন্চাশ) জনীয়া সদস্য-সদস্যাৰ ৰেলী শংখ, তাল, টিলিঙাৰ মাংগলিক ধ্বনিৰ মাজেৰে ্পতাকা জোকাৰি শুভ উদ্বোধন কৰে বিশিষ্টা সাহিত্যিক আৰু সাংবাদিক অনুৰাধা শৰ্মা পুজাৰী আৰু পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। ইয়াৰ পিছত ৰেলী আগবাঢ়ে ভৰলুৰ পাৰে পাৰে আৰু কিছু অংশত ৰাস্তা বন্ধ কৰি ঘৰ সজোৱাৰ বাবে তৰুণ নগৰৰ আৱাসিক এলেকাৰ মাজেৰে গৈ ভৰলু সাঁকোৰে নদী পাৰ হৈ একেবাৰে ৰাজগড় ওলায়গৈ। তাৰ পৰা গুৱাহাটী শ্বিলং পথ পাৰ হৈ মাঝাৰ পথেৰে আকৌ ভৰলূৰ পাৰে পাৰে ৰেলী আগবাঢ়ি গৈ কুমাৰপাৰা নামঘৰত সমিতিৰ আমন্ত্ৰণ ক্ৰমে জিৰণি লবলৈ ৰয়। তাত মাহ প্ৰসাদ বিতৰণৰ পিছত অনুষ্ঠিত এখন চমু সজাগতা সভাত উদ্যোক্তা সকলৰ ফালৰ পৰা ডাঃৰবীন মজুমদাৰ আৰু ডঃবলেন দাস আৰু ৰেলীত চাইকেল চলাই অংশগ্ৰহণ কৰা শ্ৰীদেৱাশীষ শৰ্মাই এই ৰেলী তথা ছেভ ভৰলু আভিযান গোটৰ উদ্দেশ্যৰ লগতে পৌৰ নিগমৰ সদিচ্ছাৰ কথাৰে চমু বক্তব্য দাঙি ধৰে । ৰেলীৰ সামৰণি পৰে প্ৰাগজ্যোতিষ কলেজ প্ৰাংগনত। গুৱাহাটী চিটি আৰু গুৱাহাটী লুইত ৰ'টাৰী ক্লাবে আদৰণি জনাই সকলোকে আপ্যায়িত কৰাৰ অন্তত চমু সামৰণি সভাত ডাঃ মজুমদাৰ, দেৱাশীষ শৰ্মা আৰু টিলিঙা ক্লাবৰ হৈ ৰত্নমালা শৰ্মাই চমু ভাষণেৰে সকলো অংশগ্ৰহণকাৰী তথা আয়োজক গোটক ধন্যবাদ জ্ঞাপন কৰে। No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive November (55) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
1b1e312d902e237e17b0c2265f91f5c1148ffabb918e425010e6d553e2e1defb
শুকুৰবাৰে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে কিয়েভত গুলীবিদ্ধ হোৱা এজন ভাৰতীয় ছাত্ৰ আজি ভাৰতলৈ উভতি আহিব। অপাৰেচন গংগাৰ অধীনত কঢ়িয়াই অনা আন ২০০ জন ভাৰতীয়ৰ সৈতে হৰজ্যোত সিং নামৰ ছাত্ৰজন আজি সন্ধিয়া দিল্লীৰ ওচৰৰ হিন্দন বিমান বন্দৰত অৱতৰণ কৰিব। তেওঁলোকক যুদ্ধবিধস্ত ইউক্ৰেইনৰ চুবুৰীয়া দেশ পোলেণ্ডৰ পৰা দেশলৈ ঘূৰাই অনা হৈছে। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, গুলীবিদ্ধ সিঙ পোলেণ্ড ৰেডক্ৰছ এম্বুলেন্সৰ সহযোগত সীমান্ত অতিক্ৰম কৰি পোলেণ্ডত প্ৰৱেশ কৰিছিল। উল্লেখ্য যে কিয়েভ এৰি যাবলৈ চেষ্টা কৰাৰ সময়ত হৰজ্যোত আঘাতপ্ৰাপ্ত হৈছিল। ইউক্ৰেইনত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ ইউক্ৰেইনস্থিত দূতাবাসৰ পৰা কোনো সহায় লাভ কৰা নাই বুলি দাবী কৰিছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
28e7cfc9d03ff876029630ae2b18c7a22a040e84a4299e47769232e9577868d5
প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। এই লেখাটো ১ জানুৱাৰী ১৯২৬ তাৰিখৰ পূৰ্বে প্ৰকাশিত হৈছে, আৰু সেয়ে ই বিশ্বজুৰী পাবলিক ড'মেইন বা ৰাজহুৱা ক্ষেত্ৰৰ আওতাভুক্ত হয় কিয়নো লেখকৰ মৃত্যু অতিকমেও ১০০ বছৰ পূৰ্বে হৈছে।
5f4c1c63f32fe72d89aa88ac1eaee74b3cf6e2a0f62cd4287bbc825e49c4eb6e
ডিপ্ৰেছন বা গভীৰ দুখানুভূতিঃ মুক্তিৰ উপায় কি? - Vikaspedia\nআজিৰ সময়ত মানুহৰ ব্যস্ত জীৱনযাত্ৰাত প্ৰায়ে শুনিবলৈ পোৱা এটা শব্দ হ'ল 'ডিপ্ৰেছন'। পৰিসংখ্যা মতে সমগ্ৰ বিশ্বত প্ৰায় ১২১ নিযুত লোক 'ডিপ্ৰেছন'ত ভূগি আছে। অৱশ্যে এই সংখ্যা আৰু বেছি হ'ব পাৰে, কাৰণ নিজে ক'ব নোৱাৰাকৈয়ে বহুতে 'ডিপ্ৰেছন'ৰ চিকাৰ হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত 'ডিপ্ৰেছন' তৃতীয় ঘাতক ৰোগ হিছাপে পৰিগণিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান মতে ২০২০ চনত 'ডিপ্ৰেছন' সমগ্ৰ বিশ্বতে দ্বিতীয় ঘাতক ব্যাধি বুলি পৰিগণিত হ'ব। বৰ্তমান সমগ্ৰ বিশ্বতে ডিপ্ৰেছনে এক মহামাৰীৰ ৰূপত ধৰা দিছে। পৰিসংখ্যা মতে ভাৰতত প্ৰায় ৩৬% মানুহ 'ডিপ্ৰেছন'ৰ ভুক্তভোগী। 'ডিপ্ৰেছন'ৰ অসমীয়া প্ৰতিশব্দ হিছাপে বিষাদগ্ৰস্থতা, বিষন্নতা আদি বিভিন্ন সময়ত ব্যৱহাৰ হৈ আহিছে যদিও মই 'ডিপ্ৰেছন'ৰ প্ৰতিশব্দ হিছাপে 'গভীৰ দুখানুভূতি' শব্দটো ব্যৱহাৰ কৰিব বিচাৰিছোঁ।\nমানুহৰ এক স্বাভাৱিক ধৰ্ম হ'ল যে প্ৰতিজন মানুহে এটা সুখী জীৱন বিচাৰে। এই সুখানুভূতি অৱশ্যে আমাৰ প্ৰতিজন মানুহৰে নিজস্ব, স্বকীয় বৈশিষ্ট। কোনো এজন মানুহে খেতি কৰি, মাছ মাৰি পেটে ভাতে খাই থাকিও সুখানুভূতি পাব পাৰে, সেইদৰে কোনো এজন মানুহে কোটি কোটি টকাৰ সম্পত্তি আহৰণ কৰি সুখানুভূতি পোৱা বুলি ভাবিব পাৰে। সাধাৰণতে এই সুখানুভূতিৰ অভাৱ বা সুখানুভূতিৰ অপ্ৰাপ্তিৰ কাৰণে আমাৰ মনত দুখানুভূতি আহে। হেনৰী লংফেলোৱে ঊনৈশ শতিকাতে তেওঁৰ কবিতাত কৈছিল, 'সকলো মানুহৰে বুকুৰ মাজত কিছুমান গোপন দুখানুভূতি থাকে যিবোৰে বহু সময়ত মানুহ এজনৰ জীৱন আনন্দহীন কৰি তোলে'। ("Every man has his secret sorrows which the world knows not; and often times we callaman cold when he is only sad."-Longfellow) এনে অনুভূতি সমুহে সঘনে, প্ৰবল ৰূপত আত্মপ্ৰকাশ কৰিলে আমাৰ মনত সৃষ্টি হোৱা গভীৰ দুখানুভূতিকে ডিপ্ৰেছন বুলি ক'ব পৰা যায়।\nসাধাৰণতে দেখা যায় যে মানুহে বাহ্যিক জগতৰ কোনো ব্যক্তি বা অৱস্থাক নিজৰ সুখানুভূতিৰ কাৰক হিছাপে গণ্য কৰে। এজন ছাত্ৰৰ বাবে পৰীক্ষাত প্ৰথম হোৱাটো, এজন যুৱকৰ বাবে এগৰাকী যুৱতীৰ প্ৰেম লাভ কৰাটো, এজন লেখকৰ কাৰণে এখন গ্ৰন্থ সম্পূৰ্ণ কৰাটো, এজন চাকৰিয়ালৰ বাবে পদোন্নতি লাভ কৰাটো বা এগৰাকী নাৰীৰ বাবে সন্তান লাভ কৰাটো পৰম সুখানুভূতিৰ কাৰণ হ'ব পাৰে। প্ৰায়বোৰ ক্ষেত্ৰতে মানুহৰ মনত কিবা নহয় কিবা এক প্ৰাপ্তিৰ বাসনাৰ লগত সুখানুভূতি জড়িত হৈ থকা দেখা যায়। সেয়ে সেই প্ৰাপ্তিৰ বাসনা কিবা কাৰণত নিৰ্বাপিত হ'লে অপ্ৰাপ্তিৰ বেদনা জাগে। এই অপ্ৰাপ্তিৰ বেদনা বা আশা ভংগৰ যাতনাই মানুহৰ দুখানুভূতিৰ সৃষ্টি কৰে। প্ৰায় প্ৰতিজন মানুহে নিজৰ পাৰিবাৰিক বা সামাজিক জীৱনতো নিজৰ বাবে সুখানুভূতিৰ সংজ্ঞা নিৰূপন কৰি লয়। প্ৰত্যেকৰে সুখানুভূতিৰ পূৰ্ব চৰ্ত হিছাপে কিছুমান অপূৰ্ণ আশা আকাংক্ষা থাকে। এই আশা আকাংক্ষাবোৰ পূৰণ নহ'লে মানুহৰ দুখানুভূতি জাগি উঠে।\nপ্ৰতিজন মানুহৰ জীৱনতে আশা ভংগ আৰু অপ্ৰাপ্তিৰ বেদনাই সময়ে সময়ে দুখানুভূতিৰ সৃষ্টি কৰাটো স্বাভাৱিক। পিছে এনে দুখানুভূতি সঘনে হ'বলৈ ধৰিলে মানুহ এজনৰ মানসিক ভাৱে কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰে। লাহে লাহে তেওঁ দুখানুভূতিত অভ্যস্ত হ'বলৈ ধৰে আৰু দুখানুভূতিকে এক স্বাভাৱিক জীৱন যাপনৰ প্ৰক্ৰিয়া হিছাপে গ্ৰহণ কৰি লয়। এনে অৱস্থালৈ যোৱা মানুহে বাহ্যিক কোনো আনন্দ দিব পৰা কাৰকৰ পৰাও সুখানুভূতি আহৰন কৰিব নোৱাৰা হয়। উদাহৰণ স্বৰূপে কোনো সামাজিক আনন্দ, উত্সৱৰ অনুস্থানত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ ইচ্ছা নকৰা হয়, কোনো কথাতে ৰস নোপোৱা হয়, বন্ধু বান্ধৱৰ পৰা আতৰি থাকে, নিজৰ শুভ চিন্তক সকলকো কেতিয়াবা শত্ৰু জ্ঞান কৰিবলৈ লয়। স্বাভাৱিক দৈনন্দিন কাম কাজৰ প্ৰতিও তেওঁলোকৰ চৰম অনীহা আৰম্ভ হয়। টেলিভিচনৰ আগত অন্যমনস্ক ভাৱে বহি সময় পাৰ কৰিবলৈ লয়, খোৱা বোৱা আৰু টোপনি অনিয়মীয়া হয়, কথা বতৰাত উদাসীন হৈ পৰে। এনে অৱস্থাকে 'গভীৰ দুখানুভূতি' বা 'ডিপ্ৰেছন' বুলি ক'ব পৰা যায়।\nগৱেষণাৰ পৰা এই কথা পোহৰলৈ আহিছে যে এনে গভীৰ দুখানুভূতিয়ে মানুহৰ শৰীৰতো কিছুমান বিষাক্ত ৰাসায়নিক প্ৰক্ৰিয়াৰ সূচনা কৰে। শৰীৰত হৰমোনৰ সন্তুলনতো বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়। ফলত হৃদৰোগ, উচ্চ ৰক্তচাপ, বহুমূত্ৰ, নিদ্ৰাহীনতা, ওজন হ্ৰাস আদি ঘাতক ৰোগ সমূহে সোনকালেই নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ধৰে। পৰীক্ষাৰ দ্বাৰা জানিব পৰা গৈছে যে গভীৰ দুখানুভূতিয়ে মানুহৰ মগজুৰ কাম কাজত ব্যাঘাত জন্মায়। মগজুত হোৱা এনে বিসংগতিয়ে শাৰীৰিক ভাৱেও ক্ষতি কৰে। মগজুৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ প্ৰবাহিত হোৱা নিউৰো ট্ৰান্সমিটাৰ বোৰৰ সন্তুলন ব্যাঘাতপ্ৰাপ্ত যোৱাৰ কাৰণে শৰীৰৰ বিভিন্ন অংগত বিষৰ অনুভূতি হ'ব পাৰে, টোপনি আৰু যৌন আসক্তি একেবাৰে কমি যাব পাৰে, শৰীৰ অত্যাধিক ভাগৰুৱা হৈ পৰিব পাৰে। গভীৰ দুখানুভূতিয়ে মানুহৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস কৰে বুলিও গৱেষণাৰ পৰা জানিব পৰা গৈছে।\nআনহাতে বহুতো মানুহ শাৰীৰিক ভাৱে ৰোগাগ্ৰস্থ হ'লে বা শাৰীৰিক ভাৱে অক্ষম হৈ পৰিলে এনে গভীৰ দুখানুভূতিত আক্ৰান্ত হয়। যিবোৰ মানুহে মনস্তাত্বিক ভাৱে গভীৰ দুখানুভূতিলৈ গতি কৰে তেওঁলোকৰ আৰোগ্য হ'বলৈ বেছি সময়ৰ প্ৰয়োজন হয়। মানসিক শক্তিৰ অভাৱত এনে পৰিস্থিতিত কিছুমান মানুহে জীয়াই থকাৰ ইচ্ছাও হেৰুৱাই পেলায়। কোনো কাৰণত আনৰ পৰা ঠগ প্ৰৱঞ্চনাৰ চিকাৰ হ'বলগীয়া হ'লেও মানুহৰ মনত গভীৰ নৈৰাশ্য আৰু দুখানুভূতিয়ে ক্ৰিয়া কৰে। নিসঙ্গতায়ো কিছুমান মানুহৰ জীৱনলৈ 'দুখানুভূতি' লৈ আহে। মানুহ সামাজিক প্ৰাণী হোৱা হেতুকে আত্মীয় স্বজন, বন্ধু- বান্ধৱ, শুভাকাংক্ষীৰ অভাৱ হ'লে দুখানুভূতিৰ চিকাৰ হয়। সকলো মানুহেই নিজৰ এক পাৰিবাৰিক তথা সামাজিক গ্ৰহণযোগ্যতা আৰু জীয়াই থকাৰ কাৰণে এক অৰ্থ বিচাৰে। এই দুই বিধৰ অভাৱেও মানুহক দুখানুভূতিৰ পিনে লৈ যাব পাৰে।\nদুখানুভূতি গভীৰ হৈ পৰিবলৈ আৰম্ভ কৰিলে মানুহে সকলো সময়তে এখন দুখৰ সাগৰত ওপঙি থকা যেন অনুভৱ কৰিবলৈ লয়। আচৰিত কথা এয়ে যে বহুতো মানুহে তেনে অৱস্থাৰ পৰা ওলাই আহিবলৈ নিজাববীয়াকৈ একো চেষ্টা নকৰে। বৰং তেনে পৰিস্থিতিত বাস কৰিয়েই এক ধৰণৰ সন্তুষ্টি লাভ কৰে। এটা সময়ত তেওঁলোকে দুখানুভূতি উপভোগ কৰিবলৈও আৰম্ভ কৰে। তেনে অৱস্থালৈ যোৱা মানুহ এজনে তেওঁৰ তেনে অৱস্থাৰ কাৰণে আনৰ পৰা পোৱা সহানুভূতি হেৰোৱাৰ আশংকাতো তেনে পৰিস্থিতিৰ পৰা বাহিৰ ওলাই আহিব নিবিছাৰে। তেনে মানুহৰ মনত পলায়নবাদী মনোভাৱে গা কৰি উঠিব পাৰে। এটা সময়ত তেওঁলোকৰ কোনো কথাই ভাল নলগা হৈ পৰে। সকলো কথাতে গভীৰ অসন্তুষ্টি আৰু গভীৰ দুখবোধে মানুহ এজনৰ জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে। এনে পৰিস্থিতিত অসহনীয় মানসিক যাতনাৰ পৰা পৰিত্ৰাণ বিচাৰি মানুহজন আত্মহননৰ বাবেও আকৃষ্ট হ'ব পাৰে। সমীক্ষাত পোৱা গৈছে যে আত্ম হত্যাৰ পথ বাচি লোৱা সৰহ সংখ্যক লোকেই এনে গভীৰ দুখানুভূতিৰ চিকাৰ হয়।\nএতিয়া প্ৰশ্ন হয়, এনে অৱস্থাৰ পৰা মুক্তি পোৱাৰ উপায় কি? গভীৰ দুখানুভূতিত ভোগা মানুহ এজনক স্বাভাৱিক অৱস্থালৈ ঘুৰাই অনাটো সম্ভৱ নে? বৰ্তমান সময়ত গভীৰ দুখানুভূতিৰ অৱস্থাত উপনীত হোৱা ব্যক্তি এজনক আকৌ স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিবলৈ উন্নত চিকিত্সাৰ ব্যৱস্থা আছে। চিকিত্সকৰ পৰামৰ্শ মতে 'এণ্টি ডিপ্ৰেছেণ্ট' বা দুখানুভূতি দুৰকাৰী দৰৱ নিয়মিত ভাৱে গ্ৰহণ কৰি থাকিলে এই দুখানুভূতিৰ পৰা সাময়িক ভাৱে সকাহ পোৱা যায়। এই দৰৱ বোৰে মগজুত থকা নিউৰো ট্ৰান্সমিটাৰ বোৰৰ সন্তুলন ৰক্ষা কৰি দুখানুভূতিৰ পৰা সকাহ পোৱাত সহায় কৰে। পিছে এনে দৰৱৰ কিছুমান পাৰ্শ্ব ক্ৰিয়া বা ছাইড এফেক্ট থাকে। এই পাৰ্শ্ব ক্ৰিয়া সমুহে আকৌ বেলেগ কিছুমান শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে। এনে দৰৱৰ পৰিমাণ সঠিক পৰিমিত পৰিমাণৰ নহ'লে বিপৰীতমুখী প্ৰতিক্ৰিয়া হোৱাৰো সম্ভাৱনা থাকে। তথাপিও অতি গভীৰ দুখানুভূতিৰ পৰা পৰিত্ৰাণ পাবলৈ বহু সময়ত দৰৱৰ সহায় লোৱাৰ বাহিৰে গত্যন্তৰ নাথাকে। অৱশ্যে এই কথাও প্ৰমাণিত হৈছে যে দৃঢ় আত্মবিশ্বাস আৰু মানসিক শক্তি থাকিলে চিকিত্সাৰ সহায় নোলোৱাকৈও দুখানুভূতিৰ অৱস্থাৰ পৰা মুক্তি পাব পাৰি। বহু ক্ষেত্ৰত দেখা যায় যে মুকলি ভাৱে কথা পাতি মনত বাহ লোৱা চিন্তা সমুহ উন্মোচন কৰিব পাৰিলেই বহুতো সমস্যাৰ সমাধান পোৱা যায়। নোকোৱাকৈ থকা বহুতো অব্যক্ত কথাই মানুহৰ মনত সৃষ্টি হোৱা চৰম হতাশা অধিক গভীৰ কৰি তুলিব পাৰে। সেয়ে কোনো সহৃদয় ব্যক্তি বা প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শদাতাৰ (Counselor) লগত সুস্থ কথোপকথনে সমস্যা সমাধানৰ বাট বিচৰাত সহায় কৰিব পাৰে।\nজীৱনত সাময়িক দুখানুভূতিৰ সন্মুখীন হোৱা সকলো মানুহেই গভীৰ দুখানুভূতিৰ অৱস্থালৈ গমন নকৰে। মানসিক ভাৱে সুস্থিৰ লোক সকলে জীৱনৰ সৰু বৰ অপ্ৰাপ্তিৰ বেদনা বা আশা ভংগত হতাশ হৈ নপৰে। সেয়ে এই কথা প্ৰতীয়মান হৈছে যে গভীৰ দুখানুভূতিৰ অৱস্থালৈ যোৱাত বাধা দিবলৈ হ'লে মানুহে মানসিক ভাৱে নিজকে সবল কৰি তোলাটো প্ৰয়োজনীয়। হয়তো জীৱনৰ পোৱা নোপোৱাৰ হিচাপ বোৰ বা জীৱনটোকে অলপ বেলেগ দৃষ্টিৰে চোৱাটো এই ক্ষেত্ৰত আৱশ্যকীয় হৈ পৰে।\nআগতে কৈ অহাৰ দৰে সাধাৰণতে আমাৰ সুখানুভূতি সমুহৰ কাৰণে কিছুমান কাৰক আমি মানসিক ভাৱে সৃষ্টি কৰি লওঁ। উদাহৰন স্বৰূপে এজন মানুহে কোনো এটা লক্ষ্য প্ৰাপ্তিকে জীৱনৰ চৰম সাফল্য বা সুখানুভূতিৰ কাৰক হিচাপে ভাবিব পাৰে। এই লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়োতে তেওঁ দৈনন্দিন সুখানুভূতিৰ প্ৰতি সচেতন হ'বলৈ পাহৰি যায়। প্ৰতিটো মূহুৰ্তই তেওঁৰ কাৰণে লক্ষ্য প্ৰাপ্তিৰ কাৰণে কৰা ত্যাগ আৰু ব্যক্তিগত স্বাৰ্থ বলিদানত পৰিণত হ'ব পাৰে। থোৰতে ক'বলৈ হ'লে তেওঁ লক্ষ্যপ্ৰাপ্তিৰ দিশত কৰা যাত্ৰা উপভোগ নকৰে, বৰং চৰম লক্ষ্যত উপনীত হোৱাটোকে জীৱনৰ চৰম সুখানুভূতিৰ উত্স বুলি গন্য কৰে। সেয়ে কিবা কাৰণত লক্ষ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হ'লে তেনে এজন লোকক চৰম হতাশাই আগুৰি ধৰে। আনহাতে লক্ষ্য প্ৰাপ্তিৰ বাবে হোৱা তেওঁৰ সুখানুভূতিও ক্ষণস্থায়ী হয়, কাৰণ এসময়ত সেই লক্ষ্য প্ৰাপ্তিৰ সুখানুভূতিও নিৰ্বাপিত হয়। সেই কাৰণে এটা লক্ষ্য প্ৰাপ্তিৰ পিছত সুখানুভূতিৰ কাৰণে তেওঁ আন এক লক্ষ্য নিৰ্ধাৰণ কৰি লয়। এনেদৰেই সুখানুভূতিৰ প্ৰাপ্তি তেওঁ নিজেই ভৱিষ্যতৰ কোনোবা এটা দিনলৈ স্থগিত কৰি ৰাখে আৰু ভৱিষ্যতৰ সেই দিনটোৰ অপেক্ষাত সুখানুভূতি প্ৰাপ্তিৰ পৰা নিজকে বঞ্চিত কৰি ৰাখে। গতিকে দেখা যায় যে বাহ্যিক জগতৰ পৰা পোৱা বস্তু বা কোনো পৰিস্থিতিৰ ওপৰত আমি আমাৰ সুখানুভূতিৰ মাপকাঠী নিৰ্ধাৰণ কৰিলে সেয়া ক্ষণস্থায়ী হয় আৰু সেয়াও কেতিয়াবা দুখানুভূতিৰ কাৰণ হৈ পৰিব পাৰে।\nদুখানুভূতিৰ অৱস্থাৰ পৰা মুক্তি পাবলৈ সৰ্ব প্ৰথম চৰ্ত হ'ল বৰ্তমানৰ পৰিস্থিতি যেনেকুৱাই নহওক, সেই পৰিস্থিতিক কায়মনোবাক্যে স্বীকাৰ কৰাটো। প্ৰতিকুল পৰিস্থিতিকো মুকলি মনেৰে গ্ৰহণ কৰিব পাৰিলেহে তেনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাট চকুত পৰে। সেইদৰে কোনো ব্যক্তিৰ আচৰণে মনত দুখানুভূতিৰ সৃষ্টি কৰিলেও সামগ্ৰিক পৰিস্থিতি আৰু ব্যক্তিজনৰ আচৰণক এক অনাহুত সত্য আৰু তেনে পৰিস্থিতিয়ে দীৰ্ঘ সময়ৰ বাবে নিজকে একো ক্ষতি কৰিব নোৱাৰে বুলি নিজকে প্ৰবোধ দিব পাৰিলে দুখানুভূতিৰ পৰা ওলাই অহাৰ বাট মুকলি হয়। নিজকে নিজে সকলো পৰিস্থিতিতে গ্ৰহণ কৰি নিজৰ চিন্তা ধাৰাক নিয়ন্ত্ৰণ কৰিব পাৰিলে মনলৈ দুখানুভূতি অহাত বাধা দিব পাৰি। আনৰ আচৰণ বা বাহ্যিক পৰিস্থিতিৰ নিয়ন্ত্ৰণ মানুহৰ নিজৰ হাতত নাথাকে, কিন্তু নিজৰ চিন্তাধাৰাৰ নিয়ন্ত্ৰণ নিজৰ হাততে থাকে। অবাঞ্চনীয় পৰিস্থিতিৰ সন্মুখীন হ'লেও ইতিবাচক চিন্তাৰে সেই পৰিস্থিতিয়ে মনত সৃষ্টি কৰিব পৰা কুফলৰ পৰা হাত সাৰিব পাৰি। এনে ইতিবাচক চিন্তাৰ বাবে মানসিক অনুশীলনীৰ প্ৰয়োজন। নিজকে নিজে বুজিবলৈ চেষ্টা কৰাটো এনে মানসিক অনুশীলনীৰ প্ৰথম পদক্ষেপ বুলি ক'ব পৰা যায়। নিজৰ মনোজগত আৰু নিজৰ চিন্তাধাৰাক সজাগতাৰে লক্ষ্য কৰিবলৈ অভ্যাস কৰিলে নিজকে বুজি পোৱাত সহায়ক হয়। নিজকে পৰীক্ষা কৰি নেতিবাচক চিন্তা সমুহ সজাগতাৰে মনৰ পৰা পৰিহাৰ কৰি মনক ইতিবাচক চিন্তাৰে ভৰাই তোলাটো সম্ভৱ।\nদুখানুভূতিৰ পৰিস্থিতিৰ পৰা নিজকে মুকলি কৰিবলৈ দুৰ্বাৰ আগ্ৰহ এই দিশত অতি প্ৰয়োজনীয়। দুখানুভূতিৰ পৰিস্থিতিত নিজকে সংকুচিত কৰি বৰ্হিজগতৰ পৰা নিজকে সংযোগহীন নকৰি সামাজিক ভাৱে নিজকে সক্ৰিয় কৰি ৰাখিবলৈ যতন কৰা উচিত। নিজৰ আগ্ৰহৰ কোনো বিষয়, সঙ্গীত, কলা আদিত মনোনিবেশ কৰিব পাৰিলে নিজকে সংকুচিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। এটা কথা অনুধাৱন কৰাটো অতি আৱশ্যকীয় যে দুখানুভূতি মানুহৰ মনত নেতিবাচক চিন্তাৰ পৰা সৃষ্টি হোৱা এক সাময়িক পৰিস্থিতি। প্ৰায় প্ৰতিজন মানুহেই জীৱনৰ কোনোবা নহয় কোনোবা সময়ত এনে পৰিস্থিতিৰ সন্মুখীন হয়। পিছে প্ৰৱল ইচ্ছাশক্তি আৰু ইতিবাচক চিন্তাৰে মানুহে এই পৰিস্থিতিৰ নেতিবাচক পৰিণামৰ পৰা নিজকে মুক্ত কৰিব পাৰে। নেতিবাচক চিন্তাৰ পৰা মন মুকলি কৰি ইতিবাচক ভাৱধাৰা গ্ৰহণ কৰিব পৰাটোৱেই দুখানুভূতি আঁতৰ কৰাৰ আটাইতকৈ কাৰ্য্যকৰী উপায়। এই ক্ষেত্ৰত মেডিটেচন বা ধ্যানে বিশেষভাৱে সহায় কৰিব পাৰে। ধ্যান, প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্ৱাৰা মানসিক ভাৱে শক্তি সঞ্চয় কৰিব পাৰিলে এনে অৱস্থাৰ পৰা মুক্তি পোৱাটো আৰু সুচল হৈ পৰে।
3ee197f85633f49a95cc3df5ab5bcd32a26be253e479d7a4b3fe24cef67f0aac
নৰেন্দ্ৰ মোদী এজন বিশুদ্ধ নিৰামিষভোজী। খাদ্যৰ ক্ষেত্ৰত তেওঁ সাধাৰণতে সাধাৰণ গুজৰাটী বা দক্ষিণ ভাৰতীয় খাদ্য, ফল-মূল আৰু শাক-পাচলি খাই ভাল পায়। দেশৰ প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব লোৱাৰ পিছৰে পৰা দেশৰ জনতাৰ মাজত বিশেষ ভাবমূৰ্তি গঢ় দিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰত। ভাষণ আৰু জীৱনশৈলীৰে সুকীয়া পৰিচয় বহন কৰা প্ৰধানমন্ত্ৰী মোদীয়ে ৭২ বছৰীয়া হ'বলৈ গৈ আছে। সদায়ে সপ্ৰতিভ আৰু সবল ৰূপত প্ৰত্যক্ষ কৰা প্ৰধানমন্ত্ৰীগৰাকীক লৈ সাধাৰণতে এটা কৌতূহল থাকে যে তেওঁ কেনেদৰে নিজকে পুৱাৰ পৰা নিশালৈ ফিট কৰি ৰাখে। প্ৰধানমন্ত্ৰী মোদী অতি ফিট আৰু এনাৰ্জেটিক হৈ থকাৰ ৰহস্য হ'ল তেওঁৰ খাদ্যাভ্যাস। মোদীৰ খাদ্যাভ্যাস সদায়ে বাতৰিৰ শিৰোনামত আছিল। তেওঁ কৈছিল যে খিচিৰী তেওঁৰ প্ৰিয় খাদ্য। কেৱল সেয়াই নহয়, তেওঁ ফিট হৈ থাকিবলৈ বহু প্ৰচেষ্টা চলায়। খাদ্যক লৈ মোদী অতিশয় সচেতন। যদি আপুনি ভাবে যে অধিক ৰেলী আৰু ভাষণ দিবলৈ তেওঁ নিশ্চয় বেছিকৈ খাইছে বা বহুত জুচ খাইছে, তেন্তে সেয়া একেবাৰেই নহয়। মোদীৰ ৰুটিনৰ কথা কওঁতে তেওঁৰ ৰান্ধনী বদ্ৰী মীনাই কয় যে তেওঁৰ প্ৰিয় তালিকাত আছে গুজৰাটী ভাকৰী আৰু দাইল খিচিৰী। মোদীয়ে ৰাতিপুৱা পোহা, খাখৰা, ভাখৰি (ৰুটী) আৰু আদা দিয়া চাহৰ দৰে লঘু ব্ৰেকফাষ্ট কৰে। আদা দিয়া চাহ মোদীৰ অতি প্ৰিয়। অৱশ্যে সমগ্ৰ দেশতে এনে চাহপ্ৰেমীৰ সংখ্যা অতি বেছি। পি এম মোদীয়ে দিনটোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে চাউল, দাইল, শাক-পাচলি আৰু দৈ। শুনিলে হয়তো আচৰিত হ'ব পাৰে যে তেওঁ ডিঙিৰ বিশেষ যত্ন লয়, যাৰ বাবে তেওঁ সদায় কুহুমিয়া গৰম পানী খায়। বছৰৰ ১২ মাহ তেওঁ এই পানীহে খায়, যাৰ ফলত হজম ঠিকেই থাকে, ডিঙিৰ বিষৰ কোনো সমস্যা নাই আৰু ঠাণ্ডা পানীৰ ফলত হোৱা নানা অসুবিধাৰ পৰা মুক্ত থাকে। মোদীয়ে দুপৰীয়া বা গধূলি ফল-মূল খায়। এবাৰত বেছি খাদ্য নাখায়, বৰঞ্চ কম সময়ৰ মূৰে মূৰে লঘু আহাৰ খায়। নৱৰাত্ৰিৰ দিনত নৰেন্দ্ৰ মোদীয়ে ৯ দিন আৰু ইয়াৰ বাহিৰেও আন সময়ত উপবাসে থাকে। এই সময়ছোৱাত তেওঁ কেৱল নেমুপানী গ্ৰহণ কৰে। শৰীৰত শক্তিৰ মাত্ৰা বজাই ৰাখে। উপবাসৰ দিনা তেওঁ দিনটোত মাত্ৰ ১টা ফলহে খায়। সকলোৱে জনা কথা যে ফিট হৈ থাকিবলৈ কেৱল ডায়েটেই নহয়, ব্যায়ামো প্ৰয়োজনীয়। ফিটনেছৰ কথা ক'বলৈ গ'লে মোদীয়ে কেতিয়াও যোগাসন আৰু ৰাতিপুৱা দৈনিক খোজ কাঢ়িবলৈ নাপাহৰে। প্ৰতিদিনে কৰে ধ্যান। ৰাতি মোদী যিমানেই দেৰিকৈ নুশুৱক কিয়, ৰাতিপুৱা ৪-৫ বজাত সাৰ পাই যোগাসন কৰিবলৈ নাপাহৰে। সূৰ্য নমস্কাৰ, প্ৰাণায়াম আৰু যোগাসন হৈছে তেওঁৰ শক্তি আৰু ফিটনেছৰ মূল আধাৰ। নৰেন্দ্ৰ মোদী এজন বিশুদ্ধ নিৰামিষভোজী। খাদ্যৰ ক্ষেত্ৰত তেওঁ সাধাৰণতে সাধাৰণ গুজৰাটী বা দক্ষিণ ভাৰতীয় খাদ্য, ফল-মূল আৰু শাক-পাচলি খাই ভাল পায়। ইয়াৰ ফলত গধুৰতা আৰু ক্লান্তি নহয়। নৰেন্দ্ৰ মোদীয়ে ধূমপান নকৰে, সুৰাও নাখায়। এইটোৱেই তেওঁৰ স্বাস্থ্য আৰু ফিটনেছৰ আঁৰৰ মূল কাৰণ। নৰেন্দ্ৰ মোদীয়ে ২৪ ঘণ্টাত মাত্ৰ ৩-৪ ঘণ্টা শুৱে আৰু সাৰ পাই উঠি তেওঁ সদায়ে সতেজতা অনুভৱ কৰে। শ্বাহৰুখ খানৰ সৈতে কাম কৰা এই অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বতে খলকনি তুলিছে ? অভিনেত্ৰীগৰাকীক চিনি পাইছেনে ? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
59994a6e186c01a88049dff0c87052ce6886b6b8e303b1ed94b93bd65e5892e1
কিয়নো ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ যে বিদ্যালয় মুকলি কৰিব পৰা অৱস্থা নোহোৱা পৰ্য্যন্ত অনলাইন মাধ্যমেৰে শিক্ষকসকলে পাঠদান প্ৰক্ৰিয়া চলাব লাগিব। চৰকাৰী-বেচৰকাৰী সকলো প্ৰাথমিক-মাধ্যমিক পৰ্য্যায়ৰ বিদ্যালয়তে অনলাইন মাধ্যমেৰে পাঠদান প্ৰক্ৰিয়া চলাবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত কোভিড পৰিস্থিতি উন্নত নোহোৱাৰ বাবেই বন্ধ ৰখা হৈছে বিদ্যালসমূহ। অসমৰ সন্তানেই নহয় বৰাকক অসমৰ পৰা পৃথক কৰিব খোজা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
06e0a60fe4256c308653e085029fdc8224b0c1de4b3b2e19a53ca8c36997ebc4
বুধবাৰে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তৱ্য কৰে যুটীয়া সংসদীয় কমিটিৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় সমিতিৰ সদস্য হৈয়ো কোনোদিনে সংবাদ মাধ্যমত নিজৰ মতামত প্রকাশ নকৰা সাংসদ ভুৱনেশ্বৰ কলিতাই আজি নৰ্থ ইষ্ট নাওৰ সন্মুখত এই বিধেয়কখনৰ সম্পূৰ্ণ বিৰুদ্ধে তেওঁৰ স্থিতি থকা বুলি কোৱাৰ উপৰিও যুটীয়া সংসদীয় কমিটিত থাকিলেও এই বিলৰ বিৰুদ্ধে যুঁজি যাব বুলি কয়। উল্লেখযোগ্য যে সত্ৰ মহাসভাই নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰাৰ বিষয়টো কলিতাৰ জৰিয়তেই প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছিল। আনহাতে, যুটীয়া সংসদীয় কমিটিত বিধেয়কখনৰ বিৰোধিতা কৰা সদস্যৰ সংখ্যা কম হ'লেও বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত তেওঁলোকে আপত্তি কৰিব বুলিও আমাৰ আগত জানিবলৈ দিয়ে। 'বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শোৱা সদস্যৰ সংখ্যা বৰ্তমান সঠিক ৰূপত ক'ব নোৱাৰি,'-এইবুলি কৈ তেওঁ লগতে কয়, 'বৰ্তমানলৈকে বিধেয়কখনক লৈ যুটীয়া সংসদীয় কমিটিত বিতৰ্ক হোৱা নাই। শেষৰ প্ৰতিবেদন প্ৰস্তুতিৰ কাম যেতিয়া আৰম্ভ হ'ব তেতিয়া এই বিতৰ্ক অনুষ্ঠিত হ'ব। তদুপৰি, তথ্য-পাতি সংগ্ৰহৰ পিছত প্ৰতিবেদন কি আকাৰত যুটীয়া সংসদীয় কমিটিত পৰে, সেইটো চাই লৈ বিৰোধিতা কৰাসকলে কি ভূমিকা ল'ব সেই বিষয়ে ঠিক কৰা হ'ব বুলিও কলিতাই আমাক অৱগত কৰে। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কখনক কেন্দ্ৰ কৰি বৰ্তমালৈকে যুটীয়া সংসদীয় কমিটিৰৰ আলোচনা সম্পূৰ্ণ হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে বিধেয়কখনক লৈ এতিয়াও বিভিন্ন দিশ অধ্যয়ন কৰিবলৈ বাকী আছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ba43a061a7f0e79a20907766d0deeb557839144b0ac71c84600eb3ab0c4357e8
বাদুংদ্যুপ্পা-ৰঞ্জিত কুমাৰ শৰ্মা - ফটাঢোল\nDecember 1, 2020 শিল্পী পৰিচিতি\t4 Comments\nবাদুংদ্যুপ্পা-ৰঞ্জিত কুমাৰ শৰ্মা\nপাঠকসকল, আপোনালোকে নিশ্চয় ভ্ৰাম্যমাণ থিয়েটাৰৰ অস্থায়ী প্ৰেক্ষাগৃহ বা কোনো স্থায়ী প্ৰেক্ষাগৃহত বহি নাটক চাইছে। মেলা-উৎসৱ আদিতো নাটক চাই পাইছে। কিন্তু এই লেখাত অসমৰ এখন গাঁৱত হোৱা ব্যতিক্ৰমী নাট পৰিৱেশনৰ বিষয়ে লিখিবলৈ বিচাৰিছোঁ। ব্যতিক্ৰমী আৰু সুকীয়া শৈলীৰে নাট পৰিৱেশন কৰি এই গাঁওখনৰ এজাক নাট্যশিল্পীয়ে গাঁওখনৰ নাম বিশ্বৰ দৰবাৰলৈ নিবলৈ সক্ষম হৈছে। এবাৰ ভাবকচোন, মঞ্চ-লাইট, লাউডস্পীকাৰ, চকুত লগা মঞ্চসজ্জা আৰু এইবোৰৰ উপৰি প্ৰধানকৈ স্থায়ীয়েই হওক বা অস্থায়ীয়েই এটা প্ৰেক্ষাগৃহ আৰু এখন ওখ মঞ্চ - এইবোৰ ব্যৱস্থা নোহোৱাকৈও নাট প্ৰদৰ্শন হ'ব পাৰেনে? সেয়াও বনাঞ্চলৰ মাজত? এয়া কিমানখিনি সম্ভৱ? কিন্তু এয়া সম্ভৱ কৰি তুলিছে এদল নাট্যশিল্পৰ সাধকে। এই ব্যতিক্ৰমী শৈলীৰ সফল প্ৰয়োগ কৰি অনন্য নিদৰ্শন দাঙি ধৰিছে অসমৰে এখন গাঁৱৰ এটা অনুষ্ঠানে। এই অনুষ্ঠানটো গঢ় দিয়া আৰু নাট্যচৰ্চাৰ অভিনৱ শৈলী আৰু পৰিৱেশৰ সৃষ্টি কৰা মানুহজন আজি নাই। নিয়তিয়ে সেই প্ৰতিভাক অকালতে আমাৰ মাজৰপৰা চিৰদিনৰ বাবে কাঢ়ি লৈ গৈছে। কিন্তু তেওঁৰ স্মৃতি সুঁৱৰি তেওঁৰ পত্নী আৰু এজাক অপেচাদাৰী নাট্যশিল্পী তথা নাট্যপ্ৰেমীয়ে আজিও জীয়াই ৰাখিছে অনুষ্ঠানটো, জীয়াই ৰাখিছে সেই অগতানুগতিক নাট্যশৈলীক।\nপশ্চিম অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ নিকটৱৰ্তী এখন সৰু গাঁও। গাঁওখনৰ নাম ৰামপুৰ। এই গাঁওখনৰে এটি ৰত্নৰ নাম শুক্ৰাচাৰ্য ৰাভা। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যপুৰুষ পদ্মভূষণ এইচ কানহাইলালৰ সুযোগ্য শিষ্য তথা অভিনেতা, নাট্যকাৰ, নাট পৰিচালক শুক্ৰাচাৰ্য ৰাভাই ১৯৯৮ চনত ৰামপুৰত জন্ম দিছিল এটা অনুষ্ঠানৰ। এই অনুষ্ঠানৰ নাম 'বাদুংদ্যুপ্পা কলা কেন্দ্ৰ'। বাদুংদ্যুপ্পা হ'ল ৰাভা জনগোষ্ঠীৰ বাঁহেৰে সজা এবিধ বাদ্যযন্ত্ৰ। শুক্ৰাচাৰ্য ৰাভাই পদ্মভূষণ এইচ কানহাইলাল আৰু তেওঁৰ পত্নী পদ্মশ্ৰী এইচ সাবিত্ৰী কানহাইলালৰ ওচৰত মণিপুৰৰ ইম্ফলত থকা কলাক্ষেত্ৰত নাট্যকলাৰ প্ৰশিক্ষণ লৈছিল। ২০০৪ চনত ৰামপুৰলৈ অহা এইচ কানহাইলালে তেওঁৰ ব্যতিক্ৰমী প্ৰকল্প 'Nature Lore'ৰ অধীনত ২০০৮ চনত মণিপুৰ কলাক্ষেত্ৰ আৰু বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ সহযোগত ৰামপুৰত শাল গছৰ তলত নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। গাঁওখনত অগণন শালগছেৰে ভৰি থকা সংৰক্ষিত বনাঞ্চল এখনত এইচ কানহাইলালে লেডী মেকবেথ নাটৰ আখৰাও কৰিছিল। তেনেদৰেই বনাঞ্চলখনৰ নাম দিয়া হৈছিল 'মেকবেথ জংঘল'। ইয়াৰ পিছৰপৰাই শুক্ৰাচাৰ্য ৰাভাৰ নেতৃত্বত বাদুংদ্যুপ্পা কলা কেন্দ্ৰই এই বনাঞ্চলখনত নাট প্ৰদৰ্শনৰ অভিনৱ পদ্ধতি গঢ়ি তোলে। ২০০৯ চনৰপৰা প্ৰতিবছৰে (মাজতে এবছৰ বাদ দি) ডিচেম্বৰ মাহত বাদুংদ্যুপ্পা কলা কেন্দ্ৰই নিজাববীয়াকৈ 'মেকবেথ জংঘল'ত নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে। ইয়াৰ বাবে প্ৰতিবছৰে শালগছৰ তলৰ বন-জংঘল আঁতৰাই গছৰ মাজে মাজে বাঁহেৰে দৰ্শকৰ বাবে গেলাৰী সজা হয়। সন্মুখত মাটিতেই সজা হয় মঞ্চ। নল-খাগৰি, খেৰেৰে সজা হয় মঞ্চৰ 'বেকগ্ৰাউণ্ড স্ক্ৰীণ'। এই নাট সমাৰোহৰ নাম দিয়া হৈছে 'আণ্ডাৰ দি শাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল'। দেশ-বিদেশৰ বহু নাট্যপ্ৰেমী, নাট্যকলাৰ কলা-কুশলী, দৰ্শকৰ হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হৈছে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ এই নাট সমাৰোহে। আধুনিক নাটত ব্যৱহাৰ হোৱা কৃত্ৰিম পোহৰ, লাউডস্পীকাৰ বা কৃত্ৰিম শব্দ, অত্যাধুনিক বাদ্যযন্ত্ৰ, কৃত্ৰিম আৰু জাক-জমকতাভৰা দৃশ্যসজ্জা 'আণ্ডাৰ দি শাল ট্ৰি'ৰ নাট মহোৎসৱত নাথাকে। লোকসাহিত্য, লোককৃষ্টি, লোকসংস্কৃতি, সমাজ আৰু প্ৰকৃতিয়েই এই নাট সমাৰোহৰ প্ৰধান বৈশিষ্ট্য। দিনৰ পোহৰত, অগণন শালগছৰ মাজত প্ৰকৃতিৰ আৱৰণ, সৌম্য-শান্ত পৰিবেশত নাট উপস্থাপনৰ এই ব্যতিক্ৰমী শৈলী সমগ্ৰ বিশ্বতে বিৰল। বিশ্বৰ বিভিন্ন ঠাইত প্ৰাকৃতিক পৰিবেশত মুকলি মঞ্চ আছে আৰু তেনে মঞ্চত নাট মঞ্চস্থও কৰা হয়। তেনে স্থানত অৱশ্যে কাঠ-মাটি আদিৰে কিছু ওখকৈ মঞ্চ সজা হয়। ঠায়ে ঠায়ে স্থায়ী মঞ্চও আছে। কিন্তু এইক্ষেত্ৰত বহু পৃথক বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ 'আণ্ডাৰ দি শাল ট্ৰি' নাট সমাৰোহ। আন মুকলি থিয়েটাৰত কাঠৰ মঞ্চ, স্থায়ী বা শিল-চিমেণ্টৰ পৰশ পোৱা কাঠৰ গেলাৰীহে আছে। কিন্তু বাদুংদ্যুপ্পাৰ 'মেকবেথ জংঘল'ত সকলো অস্থায়ী, সকলো প্ৰাকৃতিক। আধুনিক নিৰ্মাণ সামগ্ৰীৰ ইয়াত স্থান নাই। বছৰৰ আন সময়ত বনাঞ্চলখন দেখিলে তাতো যে নাটক কৰিব পাৰি সেই কথা মনলৈয়ে নাহিব। কিন্তু নাট সমাৰোহৰ সময়ত সেই বনাঞ্চলতে নাট্যকলাই প্ৰাণ পাই উঠে। শাল গছৰ তলবোৰ চিকুনাই দৰ্শকৰ বাবে বাঁহেৰে অৰ্ধচন্দ্ৰাকাৰত গেলাৰী সজা হয়। আনহাতে সন্মুখভাগক মঞ্চৰ ৰূপ দি নাট মঞ্চস্থৰ বাবে সাজু কৰা হয়। মাইক্ৰফোন নাথাকিলেও মেকবেথ জংঘলত শাল গছৰ তলত হোৱা নাটকৰ প্ৰতিটো সংলাপ আৰু সংগীত প্ৰতিজন দৰ্শকে শুনিবলৈ পায়, অভিনয়ো চায়। ম'বাইল ফোনৰ চুইচ মৌন কৰি ৰাখি কাহ পৰি জীণ যোৱা পৰিবেশ সৃষ্টিৰে দৰ্শকে ইয়াত নাট উপভোগ কৰে। সঁচাকৈয়ে অনন্য এই পৰিবেশ। অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰি বিদেশৰ নাট্যদলেও নাট পৰিৱেশন কৰিছে 'আণ্ডাৰ দি শাল ট্ৰি'ত।\nবনাঞ্চলখনৰপৰা নাতিদূৰৈত আছে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ কাৰ্যালয়। প্ৰতিবছৰে নাট সমাৰোহত অংশ লোৱা শিল্পী, কলা-কুশলী, অতিথিক ৰখাৰ বাবে এই কাৰ্যালয়ৰ চৌহদতে বাঁহ-খেৰ আদিৰে সজা হয় অতিথিশালা। এই স্থানত আছে কলা কেন্দ্ৰৰ কাৰ্যালয়, আখৰা গৃহ আৰু গছৰ মাজে মাজে সজাই ৰখা এখন সৰু মুকলি নাট্যক্ষেত্ৰও। যেন এইখনো এখন ক্ষুদ্ৰ মেকবেথ জংঘল। এইখন নাট্যক্ষেত্ৰ বছৰৰ সকলো সময়তে নাটক কৰিব পৰাকৈ সাজু কৰি ৰখা হয়। ইয়াত নাটকৰ কৰ্মশালা, শিশু নাট সমাৰোহৰো আয়োজন কৰা হয়। অকল সেয়ে নহয়, ইয়াত হয় নাটকৰ আলোচনা, পৰিকল্পনা, গৱেষণাও। দেশী-বিদেশী নাট্যশিল্পী, নাটকৰ শিক্ষাৰ্থীয়ে বাদুংদ্যুপ্পা কলা কেন্দ্ৰলৈ গৱেষণাৰ সমল বিচাৰি অহাও উদাহৰণ আছে। এইচ কানহাইলালৰ আৱক্ষ মূৰ্তি এটাও ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। যি সময়ত নানা কাৰিকৰী কৌশল, কৃত্ৰিমতাই নাটকক চিনেমাৰ কাষ চপাই নিছে তেনে সময়ত 'আণ্ডাৰ দি শাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল'-এ নাট্যজগতত নৱৰসৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি। অপেচাদাৰী নাট্যজগতত শুক্ৰাচাৰ্য ৰাভাৰ প্ৰতিভা আৰু এই প্ৰচেষ্টাৰ স্বীকৃতিৰূপে তেওঁ লাভ কৰিছিল বিছমিল্লা খা যুৱ পুৰস্কাৰ, আদিত্য বিক্ৰম বিৰলা কলা কিৰণ পুৰস্কাৰ, প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, মহেন্দ্ৰ বৰঠাকুৰ বঁটা, যুগল কিশোৰ চৌধুৰী সোঁৱৰণী বঁটা, পাটলিপুত্ৰ বঁটা, শেঁৰ চৌধুৰী সোঁৱৰণী বঁটাকে ধৰি বিভিন্ন বঁটা আৰু সন্মান।\nসময় আৰু নিয়মানুবৰ্তিতাৰ ক্ষেত্ৰতো আদৰ্শ দেখুৱাই আহিছে 'আণ্ডাৰ দি শাল ট্ৰি' নাট সমাৰোহে। বাদুংদ্যুপ্পা কলা কেন্দ্ৰই ডিচেম্বৰ মাহৰ দ্বিতীয় পষেকত এই নাট সমাৰোহ অনুষ্ঠিত কৰে। এক মিনিটো পলম নকৰাকৈ প্ৰতিখন নাট, সমাৰোহৰ প্ৰতিটো কাৰ্যসূচীয়েই ৰূপায়ন কৰি আহিছে তেওঁলোকে। মন কৰিবলগা যে এই নাট সমাৰোহত দেশী-বিদেশী নাট্যদল, নাট্যশিল্পী, নাট্যপ্ৰেমীৰ উপৰি সাংবাদিকৰো আগমন ঘটে।\nনাই কোনো কোটি টকা পাৰিশ্ৰমিক লোৱা ব্ৰেণ্ড অম্বেছাদৰ। নাই কোনো হলিউড-বলিউডৰ চেলিব্ৰেটীও। জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা দৈনন্দিন সকলো কামৰ লগতে নাটক, কলা-কৃষ্টিৰ সাধনা কৰাটোকো দায়িত্ব বুলি ভবা এজাক শিল্পী-সেনানী আৰু শুভাকাংক্ষীক লৈয়েই নিজৰ গাঁৱৰপৰাই বিশ্বৰ দৰবাৰত স্থান লভিবৰ সক্ষম হৈছে নাট্যাচাৰ্য শুক্ৰাচাৰ্য ৰাভা আৰু তেওঁ গঢ় দিয়া এটা অনুষ্ঠান। 'থিয়েটাৰ অলিম্পিক'লৈও আমন্ত্ৰিত হৈছিল বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ নাট্যদল।\nনাট সমাৰোহৰ দিনকেইটাত নিজ নিজ কৰ্মক্ষেত্ৰৰপৰা ছুটী লৈ হ'লেও ৰামপুৰত উপস্থিত হয় বহুজন। ফলত দুগুণ উৎসাহেৰে কাম কৰাৰ প্ৰেৰণা পাইছে আয়োজকসকলে। এই প্ৰসংগত শুক্ৰাচাৰ্য ৰাভাই জীয়াই থাকোঁতে এদিন এই লেখকক কৈছিল, "যদিওবা আমি কেইজনমান লোকে ইয়াত কাম কৰি আছোঁ, কিন্তু আমাৰ শুভাকাংক্ষী ইমান বৃদ্ধি হৈ গৈ আছে যে সেয়া বেলেগ গ্ৰুপবোৰত আছে নে নাই নাজানো। এইক্ষেত্ৰত আমি সৌভাগ্যবান। 'বাদুংদ্যুপ্পা'ৰ ইমান বেছি শুভাকাংক্ষী আছে যিসকলে নিজে বাদুংদ্যুপ্পাৰ সদস্য হৈ থাকি বাহিৰৰপৰা বিভিন্ন প্ৰকাৰে সহায়-সহযোগ কৰি টীমটোক শক্তিশালী কৰিছে। তেওঁলোকে বাদুংদ্যুপ্পাৰেই একোজন বুলি ভাবি কাম কৰে। এই সদিচ্ছা সঁচাকৈয়ে প্ৰেৰণাদায়ক। ভাল কামলৈ মানুহৰ সদিচ্ছা আৰু সহযোগ যে আগৰ নিচিনাই আছে এয়াই তাৰ প্ৰমাণ।" মন কৰিবলগা যে বিভিন্ন ভাষা-ভাষী, জাতি-ধৰ্মৰ মানুহে বাদুংদ্যুপ্পাৰ নাট সমাৰোহত উবুৰি খাই পৰে। শুক্ৰাচাৰ্যদেৱে কৈছিল, "এই নাট সমাৰোহত মানুহ প্ৰকৃত 'মানুহ'ৰ শাৰীলৈ উপনীত হয়। ইয়াত কাৰো ইগ' নাথাকে, সকলোৱে একেলগে মানুহ হিচাপে থিয় হয়।"\n২০১৮ চনৰ ৮ জুনত মাত্ৰ ৪১ বছৰ বয়সতে হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শুক্ৰাচাৰ্য ৰাভাৰ অকাল বিয়োগ ঘটে। ৰাভাদেৱৰ আকস্মিক মৃত্যু তেওঁৰ পৰিয়াল আৰু বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ বাবে অভাৱনীয় আছিল। শোকত ম্ৰীয়মান হৈ পৰিছিল সকলো। স্তব্ধ হৈ পৰিছিল ৰামপুৰ গাঁও, মেকবেথ জংঘল। তেওঁৰ মৃত্যুৰ বাতৰিয়ে শত-সহস্ৰজনক ব্যথিত কৰিছে। শুক্ৰাচাৰ্যৰ তৎপৰতাতে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ কাৰ্যালয় চৌহদত 'গুৰু' এইচ কানহাইলালৰ আবক্ষ মূৰ্তি এটা স্থাপন কৰা হৈছিল। গুৰুৰ সেই আবক্ষ মূৰ্তিৰ কাষতে অকালতে স্থাপন কৰিবলগা হ'ল শিষ্য শুক্ৰাচাৰ্যৰো আবক্ষ মূৰ্তি। এই দুখৰ মাজতো ভাল খবৰটো হ'ল যে শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যুৰ পিছতো বাদুংদ্যুপ্পা কলা কেন্দ্ৰই নাট্যচৰ্চা, নাট সমাৰোহ এৰি দিয়া নাই। শালগছৰ দৰেই মজবুত, দৃঢ় আছিল শুক্ৰাচাৰ্য ৰাভা। প্ৰকৃতিৰ মাজত নাটক, কলা-কৃষ্টিৰ সাধনা কৰি শিপাক মজবুত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা এজাক শিল্পী-সেনানীৰ সেনাপতি আছিল শুক্ৰাচাৰ্য ৰাভা। তেওঁৰ সেই সেনানী থমকি ৰোৱা নাই। শুক্ৰাচাৰ্য ৰাভাৰ আদৰ্শ আৰু স্মৃতিক বুকুত সাবটি আৰু তেওঁৰ পত্নীক সন্মুখত লৈ বাদুংদ্যুপ্পা কলা কেন্দ্ৰ আগবাঢ়িছে। শেহতীয়াকৈ চৰকাৰেও কিছু পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। এয়াও ভাল খবৰ।\n« আই-লেচ-নিৰ্মালী বৰমুদৈ\nজীৱন এনেকৈয়ে-অগ্নিভ দত্ত »\nবাদুংদুপ্পাৰ বিষয়ে বহুত শুনি আছিলো। নজনা কথা জানিলো। ভাল লাগিল।\nপঢ়াৰ বাবে ধন্যবাদ জনালোঁ।\nনজনা কথা জানিব পাৰিলো। ভাল লাগিল।
7f0634c4d309aac428132f60e4e4e1711d87ed5d5cb3867f3a8bc1f05908424e
"সেই মহান ব্যক্তি সকলৰ উপৰত কৃতজ্ঞ জ্ঞাপন কৰিছোঁ যিসকলে নিজৰ জীৱন মৃত্যুৰ মুখত ৰাখি আনক নতুন জীৱন দিবলৈ দিনে ৰাতি যুঁজি আছে" আজি 1 July, Doctor's Days, আজি সেইসকল মহান ব্যক্তসকলৰ দিন যিসকলে আমাক এটা সুন্দৰ জীৱন দিবলৈ Corona মহামাৰীৰ লগত যুঁজি আছে। আমি সকলোয়ে তেওঁলোকৰ মহান কৰ্মৰ কাৰনে খুবেই কৃতজ্ঞ। 5 July কিয় Doctor's Day হিচাপে পালন কৰা হয় ? West Bangle ৰ মুখ্য মন্ত্ৰী তথা Dr. Bidhan Chandra Roy ৰ জন্ম তথা মৃত্যু দিৱস হিচাপে প্ৰতি বছৰৰ 1 July তাৰিখে Doctor's Day হিচাপে পালন কৰা হয়। আজি কালি ভাল doctor পোৱা টান। কিন্তু তেনেকুৱা এজন সৎ চৰিত্ৰৰ মানু্হ আছিল Bidhan Chandra Roy. তেওঁ 1 July 1882 চনত জন্ম গ্ৰহণ কৰিছিল আৰু 1962 চনৰ 1 July তাৰিখে এই পৃথিৱীৰ পৰা চিৰ বিদাই মাগে। তেওঁৰ বিদেশী আত্মাৰ শান্তি কামনা কৰিয়ে, 1 July তাৰিখে ডক্তৰ দিৱস পালন কৰা হয়। Bidhan Chandra Roy এ, "ভিক্টোৰিয়া ইনষ্টিটিউট, চিত্তৰঞ্জন কেন্সাৰ হস্পিটাল, যাদৱপুৰ TB হস্পিটাল, চিত্তৰঞ্জন সেৱা সাদন, আৰু মহিলা আৰু শিশু সকলৰ বাবে চিত্তৰঞ্জন সেৱা সাদন"। এনেকুৱা ধৰণৰ বহুতো মেডিকেলত কাম কৰিছিল। তেঁও এজন সত্যবাদী আৰু কৰ্মনিষ্ঠ ডক্তৰ আছিল। ভাৰত বৰ্ষত প্ৰতি বছৰে The Indian medical association ৰ দ্বাৰা Doctors Day পালন কৰা হয়। প্ৰতি বছৰৰ ডক্টৰ দিৱসৰ মূল বিষয় বেলেগ বেলেগ হয়। 2021 চনৰ মূল বিষয় হল " Be save From the Corona Virus" ডক্তৰ দিৱসৰ দিনটোত ডক্তৰ সকলৰ নিয়ম নীতিৰ বিষয়ে আলোচনা কৰা হয়। ডক্তৰ সকলে কেতিয়াও ৰোগীক থৈ বহি থাকিব নোৱাৰে। ডক্তৰৰ বাবে ৰোগীয়ে মেইন। ৰোগীক সুস্থ কৰি তুলটোৱে ডাক্তৰৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য। বৰ্তমান এই Corona মহামাৰীৰ সময়ত ভাৰতৰ লগতে গোটেই বিশ্বৰ ডক্তৰ সকলে দিনে নিশাই টোপনি নামাৰি কষ্ট কৰি গৈ আছে। নিজৰ স্বাস্থ্যৰ কথা নাভাবি, নিজৰ পৰিয়ালৰ কথা নাভাবি অকল সাধাৰত জনতাক এই মহামাৰীৰ পৰা বচাবলৈ না খাই নি পিন্ধি Duty কৰি আছে। Corona Virus ত 748 জন ডাক্তৰৰ মৃত্যু হৈছিল। আৰু তাৰপিছত দ্বিতীয় Corona Virus ৰ প্ৰভাৱত 798 জন ডাক্তৰৰ মৃত্যু ঘটে। ইমান বোৰ ত্যাগৰ বিনিময়ত আমি তেওলোকক অশেষ কৃতকাৰ্যতা জ্ঞাপন কৰিছো। ভগৱানে যাতে সকলোকে মঙ্গল কৰে, আৰু এই Corona মহামাৰী ৰোগ আৰু সকলো ধৰণৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰে। আজি 1 July ডক্তৰ দিৱস উপলক্ষে পৃথিৱীৰ সকলো ডক্তৰলৈ Doctor দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ভগৱানে সকলো ডক্টৰৰ মঙ্গল কৰক, Hi, মই Hokib, আপোনালোকে এই Article পঢ়ি নিশ্চয় ডক্টৰ দিৱসৰ বিষয়ে বহুতো কথা গম পালে। কিয় ডক্টৰ দিৱস পালন কৰা হয়, Bidhan Chandra Roy কোন হয় ইত্যাদি ধৰণৰ বহুতো কথা শিকিলে। গতিকে এতিয়া WhatsApp ত আপোনাৰ Friend ৰ লগত share কৰক। সকলোকে ডক্টৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। Affirmation (1) Book (1) education (23) Films (1) Free Fire (4) money (4) Redeem Code (5) Technology (6) Trending (5) YouTube (4)
35f6cb541bca8f08425d8eb7b4abe3fbd322db62de4778fc7197ccdf153ded7e
প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২০ জানুৱাৰী ২১ঃ সংবাদ মেল এখন সম্বোধন কৰিব আহি হিন্দি চিনেমাৰ পৰিচালক নামধাৰী দুই ব্যক্তিয়ে কৰ্তব্যৰত মহিলা সাংবাদিকৰ ওপৰত কৰা দুৰ্ব্যৱহাৰৰ ওপৰত ক্ষোভ উজাৰি আজি এক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে জাৰ্নেলিষ্ট ইউনিয়ন অব জেণ্ডাৰ কাউন্সিলে। উল্লেখযোগ্য যে ১৬ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত চিৰাঙৰ উমা শংকৰ শ্বাহ আৰু গুৱাহাটী মহানগৰীৰ দিছ্পুৰ চুপাৰ মাৰ্কেটৰ প্ৰাঞ্জল কুমাৰ গগৈয়ে এক সংবাদ মেল সম্বোধন কৰিছিল। উক্ত সংবাদ মেলখনলৈ সংবাদ সংগ্ৰহ কৰিব অহা আমাৰ অসমৰ কাকতৰ সাংবাদিক নিপা কাকতি উপস্থিত থাকি চিনেমা সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল। ঘটনা সন্দৰ্ভত নিপা কাকতিয়ে প্ৰেছ ক্লাব কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে পানবজাৰ মহিলা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। ইপিনে পানবজাৰ আৰক্ষীয়ে এই দুই ব্যক্তিক আটক কৰে যদিও জামিনত মুক্তি দিয়ে। আৰক্ষীৰ এনে নিৰ্লিপ্ত ঘটনাক গৰিহণা দিয়াৰ লগতে মহিলা সাংবাদিক তথা সাংবাদিকৰ ওপৰত হোৱা এনে দুৰ্ব্যৱহাৰ বিৰুদ্ধে সাংবাদিকৰ সুৰক্ষা বিচাৰি আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত জেণ্ডাৰ কাউন্সিল আৰু জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। কাৰ্যসূচীত উপস্থিত থাকি জেণ্ডাৰ কাউন্সিল অসমৰ সভাপতি চেমিম চুলতানা আহমেদে কয় যে কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা সাংবাদিকৰ ওপৰত হোৱা শাৰীৰিক মানসিক অত্যাচাৰ কোনো কাৰণতে মানি লোৱা নহ'ব। আৰক্ষীয়ে এই বিষয়ত উচিত তদন্ত কৰক। তেওঁ কয়, " কৰ্তব্যৰত অৱস্থাত সাংবাদিক নিগ্ৰহৰ ঘটনা অতি দুৰ্ভাগ্যজনক। এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছো।' কৰ্মক্ষেত্ৰত সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ তেওঁ দাবী জনায় আৰু সাংবাদিকসকলক এক্যবদ্ধ হ'বলৈ আহ্বান জনায়। আনহাতে প্ৰতিবাদ স্থলীত উপস্থিত থাকি ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সম্পাদক গীতাৰ্থ পাঠকে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।ইপিনে অনুষ্ঠানটোত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাই ৰাজ্যত ক্ৰমাগতভাৱে হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কয় যে সাংবাদিকে কঠোৰ প্ৰশ্ন কৰাটো সাংবাদিকৰ ধৰ্ম। তাৰবাবে সাংবাদিকক আক্ৰমণ কৰাটো সাংবাদিকতাৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ লেখীয়া। তেওঁ সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ উপসভাপতি পলাশ ৰঞ্জন বৰা, জেণ্ডাৰ কাউন্সিলৰ সাধাৰণ সম্পাদক সুস্মিতা গস্বামীকে ধৰি কেইবাগৰাকী সাংবাদিকক উপস্থিত আছিল।
9c5a1f294ae5101aadf32bb07b056293fad5a8dc2cb002ab10b655dd4663c0a1
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাস তথা বৰ্বৰতাৰ কাহিনী দেশৰ ভিতৰতে ৰৈ বৈ যোৱা। সাধাৰণ সোধ-পোচৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা লোকো বহুসময়ত সোশৰীৰে উভতি আহিব নোৱৰাৰ ঘটনা ঘটিছে একাধিকবাৰ। বহু ভুৱা এনকাউণ্টাৰৰ ঘটনায়ো কলংকিত কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীক। এইবাৰ তাৰো এখোপ ওপৰলৈ গৈছে উত্তৰ প্ৰদেশ আৰক্ষীৰ 'পৰাক্ৰম'। তালাচী চলাওতেই নিহত হ'ল এগৰাকী যুৱ ব্যৱসায়ী। ৰাজ্যখনৰ গোৰখপুৰত সংঘটিত হৈছে এই ঘটনা। এখন হোটেলৰ কোঠাত মাজনিশা তালাচী চলাবলৈ গৈ আৰক্ষীৰ এটা দলে এজন ব্যৱসায়ীক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। সোমবাৰে নিশা সংঘটিত হোৱা এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সৈতে জড়িত ছজন আৰক্ষীৰ লোকক ইতিমধ্যে নিলম্বিত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে গোৰখপুৰ আৰক্ষীয়ে। নিহত ব্যৱসায়ীগৰাকীৰ পত্নীৰ অভিযোগৰ আধাৰত ৰুজু কৰা হৈছে গোচৰ। আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে, মুখ্যমন্ত্ৰী আদিত্যনাথৰ নিৰ্দেশ অনুসৰি নিহত ব্যৱসায়ীগৰাকীৰ পৰিয়াললৈ ১০লাখ টকাৰ ক্ষতিপূৰণো আগবঢ়োৱা হৈছে। ইফালে, এই ঘটনাই ইতিমধ্যে ৰাজনৈতিক জগতকো প্ৰভাৱিত কৰিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা অখিলেশ যাদৱে ইয়াক উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে জন্ম দিয়া 'এনকাউণ্টাৰ সংস্কৃতি'ৰ কুপৰিণাম আখ্যা দিয়ে। মৃত ব্যৱসায়ীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীয়ে বৰ্বৰভাৱে তেওঁক হত্যা কৰা বুলি অভিযোগ কৰিছে। তাৰ বিপৰীয়ে আৰক্ষীয়ে ইয়াক দুৰ্ঘটনা বুলি কৈ দায় সৰাৰ চেষ্টা কৰিছে। মৃত লোকজনক মনীষ কুমাৰ গুপ্ত বুলি চিনাক্ত কৰা হৈছে। উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা লোকজন আন দুজন ব্যৱসায়িক সহযোগীৰ সৈতে হোটেলখনত আছিল। গুপ্তৰ আন দুজন ব্যৱসায়ী বন্ধুৱে দিয়া বিৱৰণ অনুসৰি নিশা ১২.৩০বজা মানত তেওঁলোকৰ হোটেলৰ কোঠাত আৰক্ষীৰ লোক প্ৰৱেশ কৰিছিল। সুৰামত্ত অৱস্থাত থকা আৰক্ষীৰ লোককেইজনে লোককেইজনক বিভিন্ন ভয়-ভাবুকি দেখুওৱাৰ লগতে তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰি তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি কৰে। হৰবীৰ সিং নামৰ লোকজনে দিয়া সাক্ষ্য অনুসৰি আৰক্ষীয়ে তেওঁকো শাৰীৰিকভাৱে অপদস্ত কৰিছিল আৰু তেওঁক কোঠাৰ পৰা বাহিৰ কৰি দিছিল। তাৰ অলপ পাছতে তেওঁ দেখা পায় যে, মনীষক হোটেলৰ কোঠাৰ পৰা চোঁচৰাই নিছে আৰক্ষীৰ লোককেইজনে। মনীষৰ মুখমণ্ডল তেজেৰে লুটুৰি পুতুৰি হৈ আছিল। আৰক্ষীয়ে হোটেলৰ কোঠাত সন্দেহজনক লোক থকাৰ তথ্য লাভ কৰি তালাচীৰ বাবে আহিছিল আৰু সেই সময়তে দুৰ্ঘটনাক্ৰমে লোকজনৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। ইয়াৰ বিপৰীতে মনীষ গুপ্তাৰ পৰিয়ালৰ লোকে এই ঘটনাৰ মাত্ৰ দহ মিনিট আগতে তেওঁ পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিল বুলি উল্লেখ কৰে। আনকি আৰক্ষীৰ লোক কোঠাত প্ৰৱেশ কৰি তেওঁক ভাবুকি দিয়াৰ কথাও তেওঁ পৰিয়ালৰ লোকক অৱগত কৰিছিল বুলি তেওঁলোকে দাবী কৰিছে। এনে পৰিপ্ৰেক্ষিতত হঠাতে কি দুৰ্ঘটনাত লোকজনৰ মৃত্যু হ'ল সেয়া সহজেই অনুমান কৰিব পাৰি। উত্তৰ প্ৰদেশ আৰক্ষীৰ বৰ্বৰতা নতুন কথা নহয় যদিও তালাচী চলোৱাৰ সময়তে এনেদৰে এজন যুৱ ব্যৱসায়ীৰ মৃত্যু হোৱাৰ ঘটনাই ৰাজ্যখনৰ আৰক্ষীৰ চৰম দায়িত্বহীনতা আৰু বৰ্বৰ মানসিকতাকো উদঙাই দিছে। Share : Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
27468b68d95850e5ea1adc2bc7167555dfb5effdd95de0a5572393efc951ab34
প্ৰাইম নাও, বটদ্ৰৱাৰ প্ৰতিবেদক, ২০ আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫২ সংখ্যক তিৰোভাৱ তিথি। মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱাত উলহ-মালহেৰে ৪৫২ সংখ্যক তিৰোভাৱ তিথি উদযাপন কৰা হয়।পূৰ্বতে এই দিনটোত বটদ্ৰৱা থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। কিন্তু এইবাৰ মহামাৰী ক'ৰণাৰ সন্ত্ৰাসৰ বাবে দেখা গল ভক্তৰ সীমিত সংখ্যা। এই মহামাৰী ক'ৰণাৰ সন্ত্ৰাসৰ সময়ত পঞ্জাৱ নেশ্যনেল বেংকে এই মহামাৰী ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বটদ্ৰৱা থানত প্ৰায় ১০০০ জন ভক্ত আৰু থান পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি স্বাস্থ্যবিধি মানি চলিবলৈ সকলোকে আহ্বান জনায়।সামাজিক দায়বদ্ধতাৰ অংশৰূপে বিত্তীয় প্ৰতিষ্ঠানটোৱে মৰিগাঁও, হোজাই, বিশ্বনাথ, শোণিতপুৰ, আদি জিলাটো মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি আহিছে। প্ৰাইম নাও,সাংস্কৃতিক শিতান,২০আগষ্টঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত। ধৰ্ম প্ৰচাৰৰ লগতে একেধাৰে এগৰাকী সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি তথা চিত্ৰকৰ আছিল শংকৰদেৱ।সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰাত বিশেষ অৰিহণা আছিল মহাপুৰুষজনাৰ।অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। তেনেই সৰু অৱস্থাতে পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন পালন কৰিছিল। সৰুতে তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে।বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা 'কৰতল কমল' ৰচনা কৰি সকলোকে অভিভূত কৰিছিল। ইয়াৰ পিছতে অধ্যাপক কন্দলিয়ে শঙ্কৰক 'দেৱ' উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত ছবছৰ পঢ়ি চাৰিবেদ, চৈধ্যশাস্ত্ৰ আৰু ওঠৰ পুৰাণ , নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়ায়। তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে বিদগ্ধ পণ্ডিত হৈ পৰে। প্ৰায় ১৭ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে।সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰেই আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামে ভাষাত ৰচনা কৰিছিল। কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন আকৃষ্ট কৰাত সহায় কৰিছিল। শ্ৰীশ্ৰীশঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাভাগত ভগাব পাৰি, যেনেঃ হৰিশ্চন্দ্ৰ উপাখ্যান,অজামিল উপাখ্যান,ৰুক্মিণী হৰণ কাব্য,বলিছলন,অমৃত মন্থন,গজেন্দ্ৰ উপাখ্যান,কুৰুক্ষেত্ৰ,গোপী-উদ্ধৱ সংবাদ,কৃষ্ণ প্ৰয়াণ - পাণ্ডব,নিৰ্বাৰণ,ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ সম্পাদনা কৰক,ভক্তি প্ৰদীপ,ভক্তি ৰত্নাকৰ ,নিমি-নৱসিদ্ধ সংবাদ,অনাদি পাতন,অনুবাদমূলক গ্ৰন্থ যেনে-ভাগৱত প্ৰথম, দ্বিতীয়,দশম স্কন্ধৰ আদিছোৱা,দ্বাদশ,স্কন্ধ, ৰামায়ণৰ উত্তৰা কাণ্ড,অঙ্কীয়া নাট যেনে-পত্নী প্ৰসাদ,কালিয়দমন,কেলিগোপাল,ৰুক্মিণী হৰণ,পাৰিজাত হৰণ,ৰাম বিজয়। গীত সম্পাদনা যেনে-বৰগীত,ভটিমা ,টোটয়,চপয়।নাম-প্ৰসঙ্গৰ গ্ৰন্থ যেনে-কীৰ্তন,গুণমালা আদি। শ্ৰীশ্ৰীশঙ্কৰদেৱ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল বুলি কোৱা হয়। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল-বীৰ্য্যৰ পৰিচয় দিছিল।প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। আজিৰ পৰা পাঁচশ ৫০০ বছৰৰ আগতে শঙ্কৰদেৱে উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁ বৈকুণ্ঠ গমন কৰে। প্ৰাইম নাও,নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্ত,২০আগষ্টঃ প্ৰাইম নাও,সাংস্কৃতিক শিতান,১৯আগষ্টঃ পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ১৯ আগষ্ট, ১৯০৪চনত,শিৱসাগৰ জিলাত। একেধাৰে কবি, গীতিকাৰ তথা নাট্যকলাৰ বিদগ্ধ পণ্ডিত পাৰ্বতিপ্ৰসাদ বৰুৱা আছিল অসমৰ সাংস্কৃতিক জগতখনৰ এগৰাকী পুৰোধা ব্যক্তি।ইয়াৰ উপৰিও অসমীয়া কথাছবি জগতৰ বাটকটীয়া সকলৰ এজন আছিল এইগৰাকী বৰেণ্য লোক। University of Calcuttaৰ অন্তৰ্গত কলকাতাৰ স্কটিছ ছাৰ্ছ কলেজৰ পৰা ফিলছফি বিষয়ত গ্ৰেজুৱেছন সম্পন্ন কৰিছিল পাৰ্বতী প্ৰসাদ বৰুৱাই। দহ বছৰ বয়সতে স্থানীয় এটি নাট্যদলে আয়োজন কৰা নাটকত জয়মতীৰ ভাও লৈ অভিনয় জগতত প্ৰথম খোজ পেলাইছিল তেওঁ।জুপিতৰা নামৰ এখন হাতেলিখা মাহেকীয়া আলোচনীও উলিয়াইছিল পাৰ্বতী প্ৰসাদ বৰুৱাই।তেখেতে অসমৰ চতুৰ্থখন অসমীয়া ছবি,'ৰূপহী' পৰিচালনা কৰিছিল, যিখন ১৯৪১ চনত ছবিঘৰলৈ গৈছিল। এইবোৰৰ উপৰিও গীত,কবিতা, নাটক তথা বনগীত আদি ৰচনাৰে পাৰ্বতী প্ৰসাদ বৰুৱাই অসমৰ সাহিত্যজগত খন চহকী কৰি থৈ গৈছে।৭জুন ১৯৬৪ চনত এইগৰাকী অসমীয়া মণিষীৰ বৈকুণ্ঠ প্ৰয়াণ হয়। প্ৰাইম নাও, জুৰীয়াৰ প্ৰতিবেদক, ১৮ আগষ্টঃ প্ৰাইম নাও, ওৰাঙৰ প্ৰতিবেদক, ১৮ আগষ্টঃ ৰঞ্জিত কুমাৰ দাসৰ অংক নিমিলিব এইবাৰ সৰভোগত। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক প্ৰত্যাহ্বান আমিলুন ইছলামৰ। ২০২১ত সৰভোগৰ পৰা বিধায়ক হৈ আহিব নোৱাৰে ৰঞ্জিত দাস। কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাৰ বাবেই ২০২১ ত পৰাজিত হ'ব ৰঞ্জিত দাসৰ। কংগ্ৰেছ- এ আই ইউ ডি এফৰ ৰ মিত্ৰতাত শংকিত হৈছে ৰঞ্জিত দাস।যৌথ মিত্ৰতাৰ ভয়তেই সমষ্টি সলনি কৰিব বিচাৰিছে ৰঞ্জিত দাসে। বিজেপিৰ মিচন ১০০+ বিপৰীতে ৰাজনৈতিক পথাৰত নামিব কংগ্ৰেছ- এ আই ই ডি এফ। কংগ্ৰেছ এ আই ইউ ডি এফ ৰ মিত্ৰতাৰ বাবে ২০২১ ত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ'ব। কংগ্ৰেছ এ আই ইউ ডি এফে মিত্ৰতা কৰিলে দোষ। বিজেপি অগপই মিত্ৰতা কৰিলে দোষ নাই। এই গুৰুত্বপূৰ্ণ মন্তব্য এ আই ইউ ডি এফৰ নেতা আমিনুল ইছলামৰ।কংগ্ৰেছ এ আই ইউ ডি এফৰ বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাত সাংবাদিক আগত এই মন্তব্য আমিনুল ইছলামৰ। লগতে কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ গুৰুত্বপূৰ্ণ মন্তব্য- ৰাজ্য সভাৰ নিৰ্বাচন কংগ্ৰেছ এ আই ইউ ডি এফৰ বাবে আছিল কোৱাৰ্টাৰ ফাইনেল।আৰু বিটিচি নিৰ্বাচন কংগ্ৰেছ এ আই ইউ ডি এফৰ বাবে ছেমি ফাইনেল । বিটিচিত ১২-১৫ খন আসন লাভ কৰিব কংগ্ৰেছ এ আই ইউ ডি এফে। প্ৰাইম নাও, তিনিচুকীয়াৰ পৰা যোগমায়া সোণোৱালৰ ৰিপৰ্ট, ১৭ আগষ্টঃ ১/প্ৰাক প্ৰৱেশিকা জলপাণিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত দুই কোটি টকা ধাৰ্য্য কৰা হৈছে । ২/চাইমন সিংহৰ প্ৰৱেশিকোত্তৰ বিশেষ জলপাণি আঁচনিৰ বাবে ২০২১ বিত্তীয় বৰ্ষত ৭ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৩/ প্ৰৱেশিকোত্তৰ জলপানিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ৬ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৪/ উচ্চ শিক্ষাৰ বাবে বিত্তীয় অনুদান আঁচনিৰ আধিনত ২০২১ বিত্তীয় বৰ্ষত ২ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৫/ এই এন এম ,জি এন এম নাৰ্ছ আৰু পেৰামেডিকেল কাৰিকৰী শিক্ষা বিত্তীয় অনুদান আঁচনিৰ অধীনত ২০-২১ বিত্তীয় বৰ্ষত ৪ কোটি টকা ধাৰ্য্য কৰা হৈছে । ৬/ উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ আঁচনিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ১ কোটি টকা ধাৰ্য্য কৰা হৈছে । ৭/ শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজন আঁচনিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ৪০ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৮/ মহিলা আত্মসহায়ক গোটলৈ আৰ্থিক অনুদান আঁচনিৰ অধীনত ২০-২১ বিত্তীয় বৰ্ষত ১ কোটি টকা ধাৰ্য্য কৰা হৈছে । মন্ত্ৰীজনে এই ৮ টা আঁচনিৰ বাবে অনলাইন মাধ্যমেৰে আবেদনপত্ৰ গ্ৰহণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে আৰু অধিক তথ্যৰ বাবে অসম চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বেৱছাইট www ttwd.assam.gov.in ৰ জৰিয়তে যোগাযোগ কৰি অনলাইন প্ৰ-প্ৰত্ৰ দাখিলৰ বাবে URL Https://sirish.ttwonlineapplication ত লগইন কৰিব পৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব দিয়ে। প্ৰাইম নাও, সৰুপথাৰৰ প্ৰতিবেদক, ১৭ আগষ্টঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ গৰু ব্যৱসায়ী ইফটিকাৰ আহমেদৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ লগত জড়িত ৩ অভিযুক্তক আটক কৰা হৈছে।ধৃত কেইজন হ'ল বিকাশ তাতী,অনন্ত তাতী,সৰু কৰ্মকাৰ। বিকাশ আৰু অনন্ত তাতীৰ ঘৰ পাভজান বাগানত । সৰু কৰ্মকাৰৰ ঘৰ ভগবান বাগানত। এতিয়াও পলাতক হৈ আছে মুল অভিযুক্ত চেইনপুৰৰ হেম বৰুৱা।অসম-নগালেণ্ড সীমান্তৰ চেইনপুৰৰ পৰা আনলা আৰু আমছুৰ সদস্যই আটক কৰিছে অভিযুক্ত তিনিজনক।গৰু ব্যৱসায়ী ইফটিকাৰ আহমেদক হত্যাকৰী ভগবান বাগানত মৃতদেহ পুতি থোৱা হৈছে বুলি স্বীকাৰ কৰিছে ধৃত অভিযুক্ত তিনিটাই।বৰপথাৰ আৰক্ষী থানাত ৰখা হৈছে ধৃত কেইজনক।ধৃত অপহৰণকাৰী কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত পাভজানত হাত-ভৰি বন্ধা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে।থানাখনত বিৰাজ কৰিছে উত্তেজনাময় পৰিস্থিতি। প্ৰাইম নাও, বোকাজানৰ পৰা সীমান্ত লাহনৰ ৰিপৰ্ট,১৭ আগষ্টঃ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতিৰ সংবাদমেল।বিজেপিত যোগদান নকৰে ক্লেংডুন ইংতিয়ে।বোকাজানস্থিত নিজ গৃহত সংবাদমেলযোগে এই কথা সদৰী কৰে বিধায়ক গৰাকীয়ে।বিজেপিত যোগদান কৰাৰ চৰ্চা হৈছিল কংগ্ৰেছী বিধায়ক গৰাকীৰ।সেই কথা সম্পূৰ্ণ মিছা বুলি অভিহিত কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে।বিজেপিয়ে টিকট দিলেও বিজেপিলৈ যোৱাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে ক্লেংডুন ইংতিয়ে।আহিবলগীয়া নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দাবী কৰিব কংগ্ৰেছী বিধায়ক গৰাকীয়ে।
4e5da09b9bf52a9300c16e20020edc53befeb1e8c966c30a22c5ac127a551b7f
শিশুৰ বাবে কিমান ভয়াৱহ ডেল্টা ? -\nHomeআন্তঃৰাষ্ট্ৰীয়শিশুৰ বাবে কিমান ভয়াৱহ ডেল্টা ?\n, শিশুসকলক "ডেল্টা"ই জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিব\nডিজিটেল ডেস্কঃ কৰ'না ভাইৰাছে কেনেদৰে সমগ্ৰ বিশ্ববাসীকে আতংকিত কৰি তুলিছে সেয়া সকলোৰে অৱগত। এই মহামাৰীয়ে মানুহৰ জীৱনশৈলী সম্পূৰ্ণ সলনি কৰিবলৈ বাধ্য কৰাইছে। লাখ লাখ লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱালে। আনহাতে, সঘনাই সলনি হোৱা কৰ'না ভাইৰাছৰ প্ৰকাৰেও আতংকিত কৰিছে সকলোকে। বিশেষকৈ কৰ'না ভাইৰাছৰ 'ডেল্টা' প্ৰকাৰক লৈ চিন্তা বৃদ্ধি পাইছে। কিয়নো, 'ডেল্টা'ই শিশুসকলক অধিক অসুস্থ কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ বিশেষজ্ঞসকলে জনাইছে যে, কৰ'না ভাইৰাছৰ আন প্ৰকাৰতকৈ 'ডেল্টা'ই শিশু আৰু কিশোৰ-কিশোৰীসকলক অধিক অসুস্থ কৰিব বুলি চৰ্চিত খবৰৰ কোনো প্ৰমাণ নাই।\nঅৱশ্যে, 'ডেল্টা'ৰ বাবে শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি পাইছে। ফ্লৰিডাৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ জনছ হপকিন্স অল চিলড্ৰেনছ হাস্পতালৰ শিশুৰ সংক্ৰামক ৰোগৰ চিকিৎসক ডাঃ জুয়ান ডুম'ইছে কয় যে, অতি সহজে সংক্ৰমণ ঘটাব পৰা ক্ষমতা থকা বাবে 'ডেল্টা' শিশুসকলৰ বাবে এক বিপদ সদৃশ হৈ পৰিছে। সেয়ে, বিদ্যালয়ত মাস্ক পৰিধান কৰা আৰু টিকাকৰণৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব আৰোপ কৰা হৈছে। আমেৰিকান একাডেমী অব্ পেডিয়াট্ৰিক্স এণ্ড চিলড্ৰেনছ হাস্পতাল এছ'চিয়েশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত মাহৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰত মাত্ৰ এটা সপ্তাহত ২,৫০,০০০গৰাকী শিশু মহামাৰীত আক্ৰান্ত হৈছিল। মহামাৰী আৰম্ভ হোৱাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ নিযুতৰো অধিক শিশুৰ দেহত কৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।\nবিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে, বিশ্বৰ প্ৰায় ১৮০খন দেশত 'ডেল্টা'ৰ দ্বাৰা সংক্ৰমিত ৰোগী চিনাক্ত কৰা হৈছে। এওঁলোকৰ ভিতৰত অধিকাংশ কণ কণ শিশু আৰু কিশোৰ-কিশোৰীৰ । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত আগষ্ট মাহৰ শেষৰ ফালে আৰু ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে মহামাৰীত আক্ৰান্ত শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও কোনো শিশুৰ স্বাস্থ্যৰ অৱস্থা জটিল হোৱা নাই। ডেল্টাৰ পৰা হোৱা সংক্ৰমণৰ বাবে শিশু আক্ৰান্ত হোৱাৰ সংখ্যা বৃ্দ্ধি পাইছে যদিও অধিকাংশ শিশুৰ দেহত ৰোগৰ সাধাৰণ লক্ষণহে দেখা পোৱা গৈছে। গতিকে, অধিক শিশু আক্ৰান্ত হোৱাটোৱে এয়া প্ৰমাণিত নকৰে যে, শিশুসকলক 'ডেল্টা'ই জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিব।\nPrevious articleগৰুখুঁটিৰ কাণ্ড : জিএমচিএইচত ভৰ্তি ৩ আৰক্ষী, ৮ বেদখলকাৰী\nNext articleঅশান্ত দৰঙত বন্ধ হ'ব নেকি উচ্ছেদ! শুকুৰবাৰে কিয় নচলিল অভিযান?
67d332891907350706d8c348497b320807a2618d0ee0fae6368c1d8a0ba5e54d
টি-২০ বিশ্বকাপত ভাৰতীয় মহিলা দলটোৱে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছতে ভাৰতৰ মহান ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে মহিলা ক্ৰিকেটাৰৰ প্ৰতিভা সন্ধানৰ বাবে মহিলাৰ আই পি এল আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৫ ৰানত পৰাস্ত হৈছে। এই প্ৰসংগত গাভাস্কাৰে কয় যে এখন মেচতো পৰাস্ত নোহোৱাকৈ ভাৰতে ফাইনেলত প্ৰৱেশ কৰাটোৱে প্ৰমাণ কৰিছে যে মহিলা ক্ৰিকেট সঠিক দিশত আগবাঢ়িছে। ইণ্ডিয়া টুডেত দিয়া এটা সাক্ষাতত গাভাস্কাৰে কয়, 'মই সৌৰভ গাংগুলী আৰু বি চি চি আইক ক'ব বিচাৰো যে অহা বছৰৰ পৰা মহিলাৰ আই পি এল আৰম্ভ হওক যাতে প্ৰতিভাবোৰ ওলাই আহে। ভাৰতত প্ৰতিভাৰ অভাৱ নাই'। তেওঁ লগতে কয়, 'বি চি চি আইয়ে মহিলা ক্ৰিকেটক বিশেষভাৱে গুৰুত্ব দিছে আৰু সেয়ে মহিলা ক্ৰিকেটৰ উত্তৰণ ঘটিছে। বিশ্বকাপ আৰম্ভ হোৱাৰ এমাহ আগতেই ভাৰতীয় দল অষ্ট্ৰেলিয়াত উপস্থিত হৈ শৃংখলাত অংশ লৈছে'। ইফালে গাভাস্কাৰে স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীত কৌৰৰ উদাহৰণ দাঙি ধৰি কয়, 'স্মৃতি আৰু হৰমনে বিগ বেশ্ব খেলিছে, যিয়ে তেওঁলোকক বহুত সহায় কৰিছে। যেনেদৰে আই পি এলে ভাৰতৰ পুৰুষ ক্ৰিকেটাৰক সহায় কৰিছে'। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ec3dad450b423d562b718f7951587ef6164ed07bdd93452ed7ba61740dd5f7cb
উত্তৰ প্ৰদেশৰ ঝান্সিত 'ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্ব'ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ\nPosted On: 19 NOV 2021 9:07PM by PIB Guwahati\nযি ভূমিৰ পৰা আমাৰ ৰাণী লক্ষ্মীবায়ে স্বাধীনতাৰ বাবে আত্মবলিদান দিলে, সেই ভূমিৰ জনসাধাৰণক প্ৰতি মই হাতযোৰ কৰি প্ৰণাম জনাইছো। ঝান্সিয়ে স্বাধীনতা যুঁজক উজ্জীৱিত কৰিছিল। এই ভূমিৰ প্ৰতিটো অনু-পৰমাণুত সাহস আৰু দেশপ্ৰেম নিহিত হৈ আছে। মই সাহসী ঝান্সি ৰাণী লক্ষ্মীবাইক অভিবাদন জনাইছো।\nঅনুষ্ঠানত উপস্থিত উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, উত্তৰপ্ৰদেশৰ কৰ্যযোগী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা এই ৰাজ্যৰ যশস্বী প্ৰতিনিধি তথা মোৰ জ্যেষ্ঠ সহযোগী শ্ৰীমান ৰাজনাথ সিং জী, প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ভট্ৰ জী, এমএছএমইৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভানুপ্ৰতাপ বাৰ্মা জী, অন্যান্য বিশিষ্ট বিষয়াসকল, এনচিচি কেডেড আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত বন্ধু-বান্ধৱীসকল।\nঝান্সিৰ এই শৌৰ্য ভূমিত ভৰি থলেই এনে কোনো ব্যক্তি ওলাবনে যাৰ শৰীৰ শিহৰিত হৈ নুঠে! এনে কোনো ব্যক্তি ওলাবনে, যাৰ কাণত 'মোৰ ঝান্সি নিদিও' গৰ্জন গুঞ্জৰিত নহয়! এনে কোনো ব্যক্তি ওলাবনে, যি ইয়াৰ আকাশত 'ৰণচণ্ডী' প্ৰত্যক্ষ নকৰে! আজি আমাৰ শৌৰ্য আৰু পৰাক্ৰমৰ অধিকাৰী আমাৰ ৰাণী লক্ষ্মীবাঈৰ জন্ম দিন। আজি ঝান্সিৰ এই ভূমি স্বাধীনতা অমৃত মহোৎসৱৰ সাক্ষী হৈছে। এই ভূমিখণ্ডই এক নতুন শক্তিশালী আৰু সামৰ্থশালী ভাৰতৰ আকৃতি দিছে। সঁচা অৰ্থত আজি ঝান্সিলৈ আহি কেনে অনুভৱ হৈছে, তাক ভাষাৰে প্ৰকাশ কৰাটো সহজ নহয়। কিন্তু মই দেখিছো, ৰাষ্ট্ৰভক্তিৰ জী জোৱাৰ, 'মোৰ ঝান্সি'ৰ যি মনোভাৱ মোৰ মনত জাগ্ৰত হৈছে, সেয়া বুণ্ডেলখণ্ডৰ প্ৰতিজন ব্যক্তিৰ শক্তি, তেওঁলোকৰ প্ৰেৰণা। মই এই জাগৃত চেতনা অনুভৱ কৰিছো আৰু ঝান্সিয়ে কোৱাটো শুনি আছো। এই ঝান্সি ৰাণী লক্ষ্মীবাঈৰ এই ভূমিয়ে কৈ আছে - মই তীৰ্থ স্থানৰ বীৰ, মই স্বাধীনতা সংগ্ৰামী কাশী, মই হৈছো ঝান্সি, মই হৈছো ঝান্সি, মই হৈছো ঝান্সি, মই হৈছো ঝান্সি,, মোৰ ওপৰত মা ধৰিত্ৰীৰ অনন্ত আশীৰ্বাদ আছে, যিহেতু স্বাধীনতা সংগ্ৰামীৰ এই কাশী-ঝান্সিৰ অপৰিসীম মৰম মই পাইছো আৰু মোৰ সৌভাগ্য এই যে ঝান্সিৰ ৰাণীৰ জন্মস্থলী, কাশীৰ প্ৰতিনিধিত্ব কৰিবলৈ পাইছো, কাশীক সেৱা কৰাৰ সুযোগ পাইছো। সেইবাবে এই ভূমিলৈ আহি মোৰ এক বিশেষ কৃতজ্ঞতা অনুভৱ হৈছে, এক বিশেষ আপোন অনুভৱ হৈছে। এই কৃতজ্ঞ ভাৱেৰে মই ঝান্সিক প্ৰণিপাত জনাইছো, বুণ্ডেলখণ্ডৰ বীৰ-বীৰংগনাসকলক শিৰণত কৰি প্ৰণাম জনাইছো।\nআজি গুৰুনানক দেৱৰো জয়ন্তী, কাৰ্তিক পূৰ্ণিমাৰ লগতে দেৱ-দীপাৱলীও। মই গুৰুনানক দেৱ জীক প্ৰণিপাত জনাই, সমগ্ৰ দেশবাসীক এই পূন্য তিথি উপলক্ষে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। দেৱ দীপাৱলী উপলক্ষে কাশীক এক অভূতপূৰ্ব দিব্য প্ৰকাশেৰে সজাই তোলা হৈছে। আমাৰ শ্বহীদসকলৰ বাবে গংগাৰ ঘাটসমূহত বন্তি প্ৰজ্বলন কৰা হয়। বিগত বৰ্ষত দেৱ-দীপাৱলী উপলক্ষে কাশীতে আছিলো আৰু আজি ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্ব উপলক্ষে ঝান্সিত আছো। মই ঝান্সিৰ পৰাই মোৰ কাশীবাসীক আন্তৰিক অভিনন্দন জনাইছো।\nএই ভূমি ৰাণী লক্ষ্মীবাঈৰ অন্যতম সহযোগী বীৰাংগনা ঝলকাৰী বাঈৰ বীৰত্ব আৰু যুদ্ধ কৌশলৰো সাক্ষী। ১৮৫৭ চনৰ স্বাধীনতা সংগ্ৰামৰ সেই অমৰ বীৰাংগনাৰ চৰণত মই সন্মানসহকাৰে প্ৰণিপাত জনাইছো, শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। এই ভূমিৰ ভাৰতীৰ শৌৰ্য আৰু সংস্কৃতিৰ অমৰ গাঁথা লিখা চন্দেলা আৰু বুণ্ডেলা, যিসকল ভাৰতৰ বীৰত্বক মই প্ৰণিপাত জনাইছো, যিসকলে ভাৰতৰ বীৰত্বক অমৰত্ব দিলে। মই প্ৰণিপাত জনাইছো বুণ্ডেলখণ্ডৰ গৌৰৱ সেইসকল বীৰ আহ্লা-উদলক, যি আজিও মাতৃভূমিৰ ৰক্ষাৰ বাবে ত্যাগ আৰু বলিদানৰ প্ৰতীক। এনে কিমান অমৰ সেনানী, মহান বীৰ, যুগনায়ক আৰু যুগনায়িকা আছে, যিসকলে ঝান্সিৰ সৈতে বিশেষ সম্পৰ্ক আছে। যিসকলে ইয়াৰ পৰা প্ৰেৰণা পাইছে, মই সেই সকলো মহান ব্যক্তিক আদৰপূৰ্ব্বক শ্ৰদ্ধাঞ্জলি জনাইছো।\nৰাণী লক্ষ্মীবাঈৰ সেনাত তেওঁৰ সৈতে যুঁজ দিয়াৰ বাবে, আত্মবলিদান দিয়াসকল আপোনালোকৰে পূৰ্বজ আছিল। এই ভূমিৰ আপোনালোকৰ দৰে সন্তানৰ জৰিয়তে সেই আত্মবলিদান দিয়া সকলোকে প্ৰণিপাত জনাইছো, বন্দনা কৰিছো।\nআজি ঝান্সিৰ আন এগৰাকী সুপুত্ৰ মেজৰ ধ্যানচাঁদজীকো স্মৰণ কৰিব বিচাৰিছো, যিগৰাকীয়ে ভাৰতৰ খেল জগতক বিশ্বৰ সন্মুখত চিনাকী কৰি দিছিল। কিছু দিনৰ পূৰ্বে আমাৰ চৰকাৰে দেশৰ খেলৰত্ন সন্মান মেজৰ ধ্যানচাঁদ জীৰ নামত ৰখাৰ কথা ঘোষণা কৰে। ঝান্সিৰ সন্তান, ঝান্সিৰ এই সন্মানে আমাক সকলোকে গৌৰৱান্বিত কৰে।\nইয়ালৈ অহাৰ পূৰ্বে মই মহোবাত আছিলো, য'ত বুণ্ডেলখণ্ডৰ পানীৰ সমস্যাৰ সমাধানৰ বাবে পানীৰ সৈতে জড়িত আঁচনিৰ লগতে আন কেতবোৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। এতিয়া ঝান্সিত 'ৰাষ্ট্ৰনিৰ্মাণ সমৰ্পন' পৰ্বত অংশগ্ৰহণ কৰিছো। এই অনুষ্ঠানে আজি ঝান্সিৰ পৰা দেশৰ প্ৰতিৰক্ষা খণ্ডত এক নতুন অধ্যায়ৰ সুচনা কৰিছে। এতিয়া ইয়াত ৪০০ কোটি টকাৰ ভাৰতৰ ডাইনেমিক লিমিটেডৰ এটা নতুন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে উত্তৰপ্ৰদেশৰ ডিফেন্স কৰিড'ৰৰ ঝান্সি নোডে নতুন পৰিচয় লাভ কৰিব। ঝান্সিত এণ্টি টেংক মিছাইলৰ বাবে উপাদান প্ৰস্তুত কৰা হ'ব, যাৰদ্বাৰা সীমান্তত থকা আমাৰ জোৱানসকলে নতুন শক্তি, নতুন বিশ্বাস লাভ কৰিব আৰু ইয়াৰ পোনপটীয়া পৰিণাম এই যে দেশৰ সীমাসমূহ আৰু অধিক সুৰক্ষিত হ'ব।\nইয়াৰ সমান্তৰাভাৱে আজি ভাৰতত নিৰ্মিত স্বদেশী লাইট কম্বেট হেলিকপ্টাৰ্ছ, দ্ৰোণ আৰু ইলেক্ট্ৰনিকছ ৱাৰফেয়াৰ ছিষ্টেমো আমাৰ সেনাসকলক সমৰ্পন কৰা হৈছে। এইখন এনেধৰণ লাইট কম্বেট হেলিকপ্টাৰ, যি প্ৰায় ১৬হাজাৰ ফুট উচ্চতাত উৰিব পাৰে। এয়া নতুন ভাৰতৰ শক্তি, আত্মনিৰ্ভৰ ভাৰতৰ অভিজ্ঞতা, যাৰ সাক্ষী হৈছে বীৰ ঝান্সি।\nআজি এফালে আমাৰ সেনা বাহিনীৰ শক্তি বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে ভৱিষ্যতে দেশৰ ৰক্ষাৰ বাবে সক্ষম যুৱক-যুৱতীসকলৰ বাবে সুযোগো সৃষ্টি হৈছে। এই ১০০ সৈনিক স্কুলত যিসকলে শিক্ষাজীৱন আৰম্ভ কৰিব, সেইবোৰে অনাগত দিনত দেশৰ ভৱিষ্যত শক্তিশালী হাতত দিয়াৰ কাম কৰিব। আমাৰ চৰকাৰে সৈনিক বিদ্যালয়সমূহত কন্যাৰ নামভৰ্তি আৰম্ভ কৰিছে। ৩৩ সৈনিক স্কুলত এই বৰ্ষৰ পৰা ছোৱালীৰ নামভৰ্তিৰ আৰম্ভ হৈছে। অৰ্থাৎ এতিয়া সৈনিক স্কূলৰ পৰা ৰাণী লক্ষ্মীবাঈৰ দৰে কন্যাও ওলাব, যি দেশৰ ৰক্ষা-সুৰক্ষা আৰু বিকাশৰ দায়িত্ব নিজৰ কান্ধত উঠাব পাৰিব। এই সকলো প্ৰচেষ্টাৰ সমান্তৰালভাৱে এনচিচি এলুননি এছ'চিয়েশ্যন আৰু এনচিচি কেডেটৰ বাবে 'নেচনেল প্ৰগেম অফ ছিমুলেশ্যন ট্ৰেণিং' এই 'ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্ব'ৰ ভাৱনা বাস্তৱ ৰূপ দিব আৰু মোৰ বাবে সুখৰ কথা এই যে আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে, এনচিচিয়ে মোৰ ল'ৰালিৰ দিনবোৰ মনত পেলাই দিলে। মোৰ পুনৰবাৰ এনচিচিক সেই ৰুবাব, এনচিচিৰ এক মেজাজৰ সৈতে জড়িত কৰিলে। মইও সমগ্ৰ দেশৰ সেই সকলোকে আহ্বান কৰিম যে আপোনালোকেও যদি কেতিয়াবা এনচিচি কেডেট হিচাপে থাকে, তেতিয়া আপোনালোকে নিশ্চয় এই এলুমনি এছ'চিয়েশ্যনৰ অংশীদাৰ হ'ব আৰু আহক আমি সকলোৱে পুৰণি এনচিচি কেডেটৰ বাবে আজি য'ত আছে, যেনেকুৱাই কাম নকৰক কিয়, দেশৰ বাবে কিবা এটা কাম কৰাৰ সংকল্প লওক, মিলিজুলি কম কৰক। যি এনচিচিয়ে আমাক ধৈৰ্য শিকালে, যি এনচিচিয়ে আমাৰ সাহস শিকালে, যি এনচিচিয়ে আমাক ৰাষ্ট্ৰৰ স্বাভিমানৰ বাবে কাম কৰাৰ জীয়াই থকাৰ শিক্ষা দিয়ে, এনে সংস্কাৰসমূহে দেশৰ বাবে আমি অৰ্পণ কৰো। এনচিচিৰ কেডেটসকলৰ আৱেগ, তেওঁলোকৰ সমৰ্পনৰ লাভ এতিয়া দেশৰ সীমা আৰু উপকূলীয় এলেকাতো ইয়াৰ সুফল পাব। আজি প্ৰথমটো এনচিচি এলুমনি কাৰ্ড মোক দিয়াৰ বাবে আপোনালোকৰ ওচৰত বহুত বহুত কৃতজ্ঞতা জনাইছো। মোৰ বাবে এয়া গৌৰৱৰ বিষয়।\nআজি আন এক গুৰুত্বূপূ্ৰ্ণ শুভাৰম্ভণি ঝান্সিৰ এই ত্যাগ ভূমিত হৈছে। আজি 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ত ডিজিটেল কিঅ'স্কো শুভাৰম্ভ কৰা হৈছে। এতিয়া দেশবাসীয়ে আমাৰ শ্বহীদক, বীৰ যোদ্ধাসকলক মোবাইল এপৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাব পাৰে, সমগ্ৰ দেশে একেটা মঞ্চত সমবেত এই কাম কৰিব পাৰিব। এই সকলোবোৰক লৈয়ে আজি উত্তৰপ্ৰদেশৰ চৰকাৰৰ দ্বাৰা অটল একতা পাৰ্ক আৰু ৬০০ মেগাৱাটৰ অল্টামেগা সৌৰ শক্তি পাৰ্কো ঝান্সিবাসীৰ নামত উচৰ্গা কৰা হৈছে। আজি যিসময়ত বিশ্বই প্ৰদূষণ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিছে, সেই সময়ত সৌৰ শক্তিৰ অভিজ্ঞতাই দেশ আৰু ৰাজ্যসমূহ দূৰদৰ্শী সপোনৰ উদাহৰণ। মই বিকাশৰ সেই অভিজ্ঞতাৰ বাবে নিৰৱচ্ছিন্নভাৱে চলি থকা কাম-কাজৰ বাবে আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছো।\nমোৰ পিছফালে থকা ঐতিহাসিক ঝান্সিৰ কিলা এই কথাৰ জীৱন্ত প্ৰমাণ কৰিছে যে ভাৰতে কেতিয়াও কোনো যুঁজতে শৌৰ্য আৰু বীৰত্বৰ অভাৱত হাৰ মনা নাই। ৰাণী লক্ষ্মীবাঈৰ হাতত ইংৰাজৰ দৰে সম্পদ আৰু আধুনিক অস্ত্ৰ-শস্ত্ৰ থকা হ'লে, তেতিয়া দেশৰ স্বাধীনতাৰ ইতিহাস কিছু পৃথক হ'লহেতেন। যেতিয়া আমি স্বাধীনতা লাভ কৰিলো, তেতিয়া আমাৰ কাষত সুযোগো আছিল, অভিজ্ঞতাও আছিল। দেশৰ চৰ্দাৰ পেটেলৰ সপোনৰ ভাৰত গঢ় দিয়া, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাটো আমাৰ দায়িত্ব। এয়াই স্বাধীনতাৰ অমৃতকালত দেশৰ সংকল্প, দেশৰ লক্ষ্য। বুণ্ডেলখণ্ডত উত্তৰপ্ৰদেশ প্ৰতিৰক্ষা উদ্যোগ কৰিডৰৰ এই অভিযানে সাৰথিৰ দৰে ভূমিকা পালন কৰিব। যি বুণ্ডেলখণ্ডক কেতিয়াও ভাৰতৰ শৌৰ্য আৰু সাহসৰ বাবে জনা গৈছিল, তাৰ পৰিচয় এতিয়া ভাৰতৰ সামৰিক সামৰ্থৰ মুখ্য কেন্দ্ৰ হিচাপেও পৰিচিত হ'ব। বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেই এই খণ্ডৰ বাবে বিকাশ এক্সপ্ৰেছত পৰিণত হ'ব, সেয়া মোৰ বিশ্বাস। আজি ইয়াত মিছাইল প্ৰযুক্তিৰ সৈতে জড়িত এক কোম্পানীৰ আধাৰশিলা স্থাপন কৰা হৈছে, অনাগত দিনত এনেধৰণৰ আৰু বহুত কোম্পানী স্থাপন হ'ব।\nদীৰ্ঘদিন ধৰি ভাৰত বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা দেশত পৰিণত হৈ আছিল। আমাৰ গণনা তাতে আছিল। কিন্তু আজি দেশৰ মন্ত্ৰ হৈছে মেক ইন ইণ্ডিয়া, মেক ফৰ ৱৰ্ল্ড। আজি ভাৰতে, ইয়াৰ সেনাসকলক আত্মনিৰ্ভৰ কৰাৰ কাম কৰি আহিছে। আমি দেশৰ প্ৰতিৰক্ষা খণ্ডত দেশৰ ব্যক্তিগত খণ্ডৰ প্ৰতিভাও জড়িত কৰিছো। নতুন ষ্টাৰ্টআপক এতিয়া এই ক্ষেত্ৰতো নিজৰ প্ৰতিভা দেখুওৱাৰ সুবিধা পাইছে। এইবোৰত উত্তৰপ্ৰদেশ প্ৰতিৰক্ষা কৰিড'ৰৰ ঝান্সি নোডে ডাঙৰ ভূমিকা পালন কৰিব। ইয়াৰ অৰ্থ এই যে ইয়াৰ এমএছএমই উদ্যোগৰ বাবে সৰু সৰু উদ্যোগৰ বাবে নতুন সম্ভাৱনা গঢ় লৈ উঠিব। ইয়াৰ যুৱক-যুৱতীসকলে সংস্থাপনৰ নতুন সুযোগ লাভ কৰিব। ইয়াৰ অৰ্থ এই যে কিছু বছৰ আগলৈকে ভুল নীতিসমূহৰ বাবে পলায়নবাদী মনোভাৱ থকা উদ্যোগীয়ে এতিয়া নতুন সম্ভাৱনাৰ বাবে বিনিয়োগৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বলৈ গৈ আছে। দেশ-বিদেশৰ লোকসকল বুণ্ডেলখণ্ডলৈ আহিব। বুণ্ডেলখণ্ডৰ যি স্থান কেতিয়াবা কম বৰষুণ হৈছিল আৰু খৰাঙৰ বাবে কৃষিকৰ্ম হোৱা নাছিল, সেই স্থানত আজি প্ৰগতিৰ বীজ অংকুৰিত হৈছে।\nদেশে এইটোও সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰতিৰক্ষা বাজেটৰ জৰিয়তে যিসমূহ অস্ত্ৰ-শস্ত্ৰৰ সঁজুলি ক্ৰয় কৰা হৈছে, তাৰ অধিকাংশ মেক ইন ইণ্ডিয়া সঁজুলিত ব্যয় হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে দুই শতাধিক এনে সঁজুলিৰ তালিকা প্ৰস্তুত কৰিছে, যি এতিয়া দেশতে কিনিব পৰা যাব, বাহিৰৰ পৰা আমদানি কৰিবলগীয়া নহয়। সেইবোৰ বিদেশৰ পৰা ক্ৰয় কৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে।\nআমাৰ আদৰ্শ ৰাণী লক্ষ্মীবাঈ, ঝলকাৰী বাঈ, অৱন্তী বাঈ, উদা দেৱীৰ দৰে বহু বীৰাংগনা আছে। আমাৰ আদৰ্শ লৌহপুৰুষ চৰ্দাৰ পেটেল, চন্দ্ৰশেখৰ আজাদ, ভগত সিঙৰ দৰে মহান আত্মা আছে। সেইবাবে আজি অমৃত মহোৎসৱত আমি একেলগে হ'ব লাগিব, একেলগে আগুৱাই আহি দেশৰ অখণ্ডতাৰ বাবে আমাৰ সকলোৰে একতাৰ বাবে সংকল্প গ্ৰহণ কৰিব লাগিব। আমি বিকাশ আৰু প্ৰগতিৰ সংকল্প গ্ৰহণ কৰিব লাগিব। যিদৰে আজি অমৃত মহোৎসৱত আজি ৰাণী লক্ষ্মীবাঈক দেশে সন্মানেৰে স্মৰণ কৰিছে, এনেদৰে বুণ্ডেলখণ্ডত বহু সন্তান-সন্ততি আছে। মই ইয়াৰ যুৱক-যুৱতীসকলক আহ্বান জনাও, অমৃত মহোৎসৱত এই শ্বহীদসকলৰ ইতিহাস, এই ভূমিৰ প্ৰতাপক দেশ তথা বিশ্ববাসীৰ সন্মুখলৈ আনক। মোৰ বিশ্বাস এই যে আমি সকলোৱে মিলি এই অমৰ বীৰভূমিৰ তেওঁলোকৰ গৌৰৱ ঘূৰাই আনো। মই আনন্দিত হৈছো কিয়নো সংসদত মোৰ সতীৰ্থ ভাই অনুৰাগ জী একেৰাহে এই বিষয়সমূহত কিবা নহয় কিবা এটা কৰি আহিছে। মই দেখি আছে যে ৰাষ্ট্ৰ ৰক্ষাৰ এই সাপ্তাহিক পৰ্বক যিধৰণে তেওঁলোকে স্থানীয় লোকসকলক সক্ৰিয় কৰিছে, চৰকাৰ আৰু জনসাধাৰণে মিলি কেনে অদ্ভূত কাম কৰিব পাৰে, সেয়া আমাৰ সাংসদ আৰু তেওঁলোকৰ বন্ধু-বান্ধৱীসকলে কৰি দেখুৱালে। মই তেওঁলোকক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। এই সুন্দৰ সমাৰোহ সফল কৰাৰ বাবে আদৰণীয় ৰাজনাথ সিং জীৰ নেতৃত্বত সমগ্ৰ টিমে যিদৰে কাম-কাজ কৰিছে, প্ৰতিৰক্ষা কৰিডৰ বাবে উত্তৰপ্ৰদেশৰ ৰাষ্ট্ৰ ৰক্ষাৰ বাবে বিবিধ সামগ্ৰী প্ৰস্তুত কৰাৰ ভূমিত পৰিণত হ'ল, সেইবাবে আজি এই অনুষ্ঠানে দীৰ্ঘ সময় ধৰি প্ৰভাৱ বিস্তাৰ কৰিব। সেইবাবে ৰাজনাথ সিং জী আৰু তেওঁৰ সমগ্ৰ টিমক বহুত অভিনন্দন জ্ঞাপন কৰিছো। যোগী জীয়েও উত্তৰপ্ৰদেশৰ বিকাশৰ এক নতুন শক্তি প্ৰদান কৰিছে, নতুন গতি দিছে, কিন্তু প্ৰতিৰক্ষা কৰিডৰ আৰু বুণ্ডেলখণ্ডৰ এই ভূমিক শৌৰ্য আৰু সামৰ্থৰ বাবে পুনৰবাৰ ৰাষ্ট্ৰ ৰক্ষাৰ উৰ্বল ভূমিৰ হিচাপে গঢ় দিয়াটো বহু দুৰদৃষ্টিসম্পন্ন কাম হৈছে। মই তেওঁলোককো অভিনন্দন জ্ঞাপন কৰিছো।\nআজিৰ এই পবিত্ৰ উৎসৱৰ ক্ষণত আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো।\nআপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।\n(Release ID: 1787895) Visitor Counter : 50\n(Release ID: 1787895)
019141f416949d3dd9112bfd6d3797e0ce49c8506fc8b58dc79d65b8f7b4ecf2
যান্ত্ৰিকতাৰ পৰা আঁতৰি শৰীৰ সুস্থ আৰু সৱল কৰি ৰখা তথা শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ বিশ্ববাসীৰ ওচৰত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে শিৱসাগৰ চাইক্লিং কমিটিয়ে আজি এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লয়। শিৱসাগৰ চাইক্লিং কমিটিয়ে আজি চাইকেল চলাই শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ পৰিদৰ্শনৰ এক কাৰ্যসূচী গ্ৰহণ কৰে। লগতে পঢ়কঃ গোলৰ সৰ্বোচ্চ অভিলেখ! ৮০৭টা গোলেৰে অপ্ৰতিৰোধ্য ৰোনাল্ডো; কেৰিয়াৰত কিমানটা হেট্ৰিক? শিৱসাগৰৰ ঐতিহাসিক শিৱ'দলৰ পৰা আৰম্ভ কৰা হয় এই চাইকেল ৰেলী। ফটোঃ নৰ্থইষ্ট নাও। প্ৰায় তিনি শতাধিক চাইক্লিষ্টে অংশ গ্ৰহণ কৰা দ্য ৰয়েল হেৰিটেজ চাইক্ল'থন (The Royal Heritage Cyclothon) কাৰ্যসূচীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দহালে। এই চাইকেল ৰেলীত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচন, এভাৰেষ্ট আৰোহী মনিষ ডেকা, পৰ্বতাৰোহী নৱ ফুকনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্ট সংখ্যক চাইক্লিষ্টে অংশ গ্ৰহণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
792f8fc40862c55d1dede38a9d21239ae865c3b70efaed74ac6a18d24b82e3f4
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ডিব্ৰুগড় , ১৭ ফেব্ৰুৱাৰী : অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ হৈছে আলি আঃয়ে লৃগাং । প্ৰত্যেক বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা দেখা যায । এই উৎসৱক মিচিং সম্পদায লোক সকলে শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় । এই কঠিয়া সিঁচাৰ উৎসৱৰ সমান্তৰালকৈ জেষ্ঠ জনক সন্মান জনোৱাৰ লগতে ডেকা গাভৰু সকলে একটিত হৈ আলি আযে লৃগৎত পৰম্পৰা ধৰ্মীয় উৎসৱ অৰ্থাত হাতত শস্যৰ বীজ লৈ বছৰৰ কৃষি কৰ্ম আৰম্ভণি কৰে । লগতে গুমৰাগ নৃত্য ,গীত-মাতৰ মাজেৰে শস্য পথাৰ খন সোনোৱালী হৈ পৰাত কামনা কৰাৰ লগতে সকলোৱে মিলি জুলি পৰম্পৰাগত ভাৱে থলুৱা খাদ্য এসাঁজ খোৱা দেখা যায জিলাখনৰ বিভিন্ন প্ৰান্তত থকা মিচিং সম্পদায লোক সকলে ।
4e08474a84bab2abdba789a224a2b635fe0dfce67b258e15eac36639fa4c4d11
অন্তিমখন মেচত অবিশ্বসনীয় বিজয়েৰে দৰ্শকক চমক দিয়া নৰ্থ-ইষ্ট য়ুনাইটেড দলে আজি আই এছ এলৰ আন এখন মেচত এফ চি পুনে চিটীৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পুনেৰ শ্ৰীশিৱ ছত্ৰপতি ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আজিৰ মেচখন ঘৰুৱা দলটোৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো এই পৰ্যন্ত পুনে চিটিয়ে আঠখন মেচৰ পৰা সংগ্ৰহ কৰিছে মাত্ৰ পাঁচ পইণ্ট। সেয়ে লীগত নিজৰ নৱমখন মেচত অংশ ল'বলগীয়া ঘৰুৱা দল পুনেৰ বাবে জয় অপৰিহাৰ্য। আনহাতে লীগত আজি অষ্টমখন মেচত ভাগ ল'ব নৰ্থ-ইষ্ট য়ুনাইটেডে। দলটোৱে এতিয়ালৈকে সাতখন মেচৰ পৰা ১৪ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। যোৱা মেচখনৰ সফলতাৰ পৰা অত্যন্ত আত্মবিশ্বাসী হৈ থকা নৰ্থ-ইষ্টৰ শিৱিৰ তথা খেলুৱৈয়ে আজিৰ মেচখনৰ পৰাও সম্পূৰ্ণ পইণ্ট অৰ্জনৰ বাবে আপ্ৰাণ চেষ্টা চলাব। চলিত চিজনত পুনে এফ চিয়ে হতাশাজনক প্ৰদৰ্শন কৰি আছে যদিও আজিৰ মেচখন কোনো পধ্যে সহজভাৱে নলয় বুলি দলটোৰ প্ৰশিক্ষক এলকো চছাই'ৰিয়ে জনায়। আনহাতে ঘৰুৱা দল পুনেৰ প্ৰশিক্ষকে আজিৰ মেচখনৰ বাবে সকলো ধৰণৰ ৰণনীতি প্ৰস্তুত কৰা হৈছে বুলি সংবাদ মাধ্যমত জনায়। তদুপৰি পুনেৰ বাবে প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ বুলি প্ৰশিক্ষকে মন্তব্য কৰে। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ba73bc6bd7b3f4015395c65f04b9529b30f781bac7521d29f06f9594a7e08dbe
ৰসায়ন বিজ্ঞানৰ এই শাখাত ৰাসায়নিক সূত্ৰসমূহ আৰু পদাৰ্থৰ ওপৰত তাপ, পোহৰ, বিদ্যুৎ আদিৰ ক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হয় । এই বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। পোখালি (বিজ্ঞান) এই পৃষ্ঠাখন ২৫ অক্টোবৰ, ২০২২ তাৰিখে ১৯ঃ৫২ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
5d3f77ae1f0a074c1d799ed0668813902dd966055402946acacaf71207ff343c
দেহটো সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য খাব? - বিকাশপেডিয়া\nমূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দেহটো সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য খাব?\nদেহটো সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য খাব? তাৰ বিষয়ে লিখা হৈছে ।\nদেহটো সচল কৰি ৰাখিবলৈ আমি দিনত কেইবাবাৰো আহাৰ গ্ৰহণ কৰিব লগা হয়। সেয়ে এনেবোৰ আহাৰত দৰাচলতে কিনো থাকে অথবা খোৱাৰ পিছত শৰীৰলৈ গৈ কি কৰে, এইবিলাক কথা আমি সকলোৱে জনা উচিত। তাৰোপৰি প্ৰয়োজনীয় মাত্ৰাত আহাৰ গ্ৰহণ নকৰিলে শৰীৰত কেনেধৰণৰ বিপৰ্যয় হ'ব পাৰে সেইটোও জনা উচিত। এনেবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ আমাৰ দেহৰ বাবে ভাল বা উপযুক্ত খাদ্য নিৰ্বাচন কৰাত সহায় হয়। মনত ৰখা ভাল যে, আমাৰ ভাৰতীয় খাদ্য সম্ভাৰ প্ৰয়োজনীয়ভাৱে অতি ভাল খাদ্য। ঘেঁহু, চাউল, বিভিন্ন ধৰণৰ দাইল, শাক-পাচলিৰে ভাৰতীয় খাদ্য পুষ্টি গুণসম্পন্ন।\nখাদ্যৰ পুষ্টিগুণ -\nযিবোৰ খাদ্য আমি খাওঁ, সেই খাদ্যবোৰত থকা পুষ্টিকৰ উপাদানকে খাদ্যৰ পুষ্টিগুণ বোলা হয়। সাধাৰণতে আমি পাঁচধৰণৰ পুষ্টিগুণ থকা খাদ্য খাওঁ- কাৰ্বোহাইড্ৰেট, প্ৰোটিন, ফেট বা চৰ্বি, ভিটামিন আৰু খনিজ। যেনে- চাউলত কাৰ্বোহাইড্ৰেট, দাইলত প্ৰোটিন ৰন্ধন তেলত চৰ্বি ইত্যাদি। কিছুমান খাদ্য বস্তুত আকৌ কেবাটাও পুষ্টিগুণ থাকে। যেনে- গাখীৰ। দেহৰ শক্তিৰ যোগান ধৰিবলৈ কাৰ্বোহাইড্ৰেট, প্ৰোটিন আৰু চৰ্বি বেছি পৰিমাণে প্ৰয়োজন হয়। ভিটামিন আৰু খনিজৰ আৱশ্যকতা ইয়াৰ তুলনাত কম। ইহঁতে দেহক শক্তিৰ যোগান নধৰে যদিও দেহৰ ভিতৰত সচল হৈ থকা বহুতো কাৰ্য প্ৰক্ৰিয়া সুচাৰুৰূপে চলিবলৈ এইবিলাকে সহায় কৰে।\nগাড়ী এখনে পেট্ৰলৰ পৰা শক্তি আহৰণ কৰাৰ দৰে আমিও খাদ্যৰ পৰা শক্তি পাওঁ। কাৰ্বোহাইড্ৰেট বা শৰ্কৰাজাতীয় খাদ্য আমাৰ পৰিপাক প্ৰণালীৰ ভিতৰত গ্লুকোজলৈ ৰূপান্তৰিত হৈ শৰীৰক শক্তি যোগায়। প্ৰয়োজনীয় অতিৰিক্ত শৰ্কৰা লিভাৰ আৰু মাংসপেশীৰ গ্লাইকোজেনৰ ৰূপত সঞ্চিত হৈ থাকে। বাহিৰৰ পৰা সময়মতে খাদ্যৰ যোগান নাপালে তেনেদৰে জমা হোৱা গ্লাইকোজেন পুনৰ গ্লুকোজলৈ ৰূপান্তৰিত হঈ কোষবোৰলৈ যায় আৰু শৰীৰে একেৰাহে প্ৰয়োজনীয় শক্তি উৎপাদন কৰি থাকিবলৈ সক্ষম হয়। প্ৰোটিন জাতীয় খাদ্যৰ প্ৰথম আৰু প্ৰধান কাম হ'ল- শৰীৰৰ গঠন সঠিকভাৱে ৰক্ষা কৰা। অৱশ্যে দীঘলীয়াকৈ উপবাসে থাকিলে খাদ্যৰ পৰা আহৰণ সঞ্চয় কৰি ৰখা প্ৰোটিন ভাঙি শৰীৰে এমিনো এচিড তৈয়াৰ কৰে আৰু এই এমিনো এচিড লিভাৰলৈ গৈ গ্লুকোজলৈ ৰূপান্তৰিত হৈ দেহত শক্তিৰ যোগান ধৰে। ফেট বা চৰ্বিজাতীয় খাদ্যও শৰীৰত সঞ্চিত হৈ থাকে আৰু প্ৰয়োজনত এই চৰ্বি ভাঙি শৰীৰে গ্লুকোজলৈ পৰিৱৰ্তন কৰি লয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা চৰ্বিও শৰীৰৰ শক্তি উৎপাদন কাৰ্যত ব্যৱহৃত হয়।\nএই শক্তি আমি কেনেকৈ জুখিম? কাপোৰ যেনেদৰে মিটাৰ, সময় যেনেদৰে ঘন্টা, মিনিট হিচাবে জোখা হয়, তেনেদৰে এই শক্তি জোখাৰ একক হ'ল- কিলো কেলৰি। সাধাৰণভাবে বুলিয়েই কোৱা হয়। এজন বয়স্ক লোক বহি বা জিৰণি লৈ থকা অৱস্থাত আধাৰ শক্তিৰ প্ৰয়োজনীয় পৰিমাণ হ'ল ১৫০০ কেলৰি। কাম কৰা বা শাৰীৰিক সক্ৰিয়তাৰ বাবে অতিৰিক্ত ১২০০ বা ১৪০০ কেলৰিৰ দৰকাৰ। গতিকে এজন স্বাভাৱিক মানুহৰ প্ৰয়োজনীয় মুঠ কেলৰিৰ পৰিমাণ হ'ল- ২৭০০ৰ পৰা ২৯০০। মহিলাসকলক ইয়াতকৈ কম কেলৰিৰ দৰকাৰ গৰ্ভাৱস্থা আৰু দুগ্ধপানৰ সময়ছোৱাত তেওঁলোকক অতিৰিক্ত কেলৰিৰ আৱশ্যক হয়।\nএতিয়া আমি জানিলো যে, কাৰ্বোহাইড্ৰেট, প্ৰোটিন আৰু ফেটৰ জৰিয়তে দেহলৈ শক্তিৰ সঞ্চাৰ হয়। কিন্তু এইবাৰনো দৰচলতে কি- সেই কথাও আমি জনা দৰকাৰ।\nসমগ্ৰ পৃথিৱীৰ মানুহৰে শক্তিৰ প্ৰধান উৎস হ'ল কাৰ্বোহাইড্ৰেট। চাউল, ঘেঁহু, বজ্ৰা, জোৱাৰ(Pearl milet), ৰাগী(Finger miler বা Nachni)আদিত প্ৰচুৰ পৰিমাণে মগু ৰূপত শ্বেতসাৰ(Starch, কাৰ্বোহাইড্ৰেট) থাকে। আলু, কল, চেনি, গুড় আদি এনে ধৰণৰ খাদ্য। চেনি আৰু গুড়ত কাৰ্বোহাইড্ৰেট কেন্দ্ৰীভূত হৈ থাকে আৰু এনেবিলাক দ্ৰব্য অতি সহজতে হজম হৈ দৈহিক শক্তিৰ যোগান ধৰে। বীনজাতীয় শস্য(cereal) আৰু চেনী বা গুড় খোৱাৰ পৰা আমি খোৱাৰ আনন্দ বা সন্তুষ্টি আৰু শক্তি দুয়োটাই লাভ কৰো। সেয়ে আমাৰ খাদ্যৰ বাবে এইবিলাক অতি গুৰুত্বপূৰ্ণ। এক গ্ৰাম কাৰ্বোহাইড্ৰেটে আমাৰ শৰীৰত চাৰি গ্ৰাম কেলৰি শক্তিৰ যোগান ধৰে।\nশাক-পাচলিত শ্বেতসাৰ(Starch) -\nকিছুমান শাক-পাচলিত এবিধ জটিল ধৰণৰ কাৰ্বোহাইড্ৰেট থাকে যাক 'ডায়েটাৰি ফাইবাৰ' বোলা হয়। ইয়াক মানুহে হজম কৰিব নোৱাৰে কিন্তু জন্তুৱে পাৰে। এনে ফাইবাৰত কম পৰিমাণে থকা কঠিন অংশই(Roughage) খাদ্যক পাচক অংগলৈ সৰবৰাহ কৰাত সহায় কৰে। সেয়ে পাচলিত থকা কঠিন অংশই সোৱাদৰ বিভিন্নতা অনাৰ উপৰিও ভিটামিন আৰু খনিজৰো যোগান ধৰে। চোকোৰা থকা চাউল, ঘেঁহু আদিতো ডায়েটাৰি ফাইবাৰ থাকে।\nতিনিটা মুখ্য পুষ্টি গুণসম্পন্ন খাদ্যৰ ভিতৰত প্ৰোটিন অন্যতম, যিটো আমাৰ দেহৰ বাবে অতি আৱশ্যক। আমাৰ দেহৰ মাংসপেশী, হাড়, তেজ, মস্তিষ্ক, ছাল ইত্যাদি সকলো কোষতে প্ৰোটিন থাকে। ঘৰ এটাৰ সজাৰ বাবে যেনেকৈ ইটাৰ গাঁথনি দিয়া হয়, ঠিক তেনেকৈ প্ৰোটিনেও দেহৰ গাঁথনি নিৰ্মাণ কৰে। যেতিয়া দেহৰ কোনো কোষ ভাঙি পৰে বা তাৰ ব্যৱহাৰ শেষ হয়, প্ৰোটিনে তাৰ জোৰা-তাপলি মৰা বা কোষ সলনি কৰাৰ কাম কৰে। অতিৰিক্তভাৱে দেহৰ ভিতৰৰ বিভিন্ন ক্ৰিয়া সুচাৰুৰূপে চলাত প্ৰোটিনে এটা মুখ্য ভূমিকা লয়। প্ৰোটিনৰ অভাৱত দেহৰ এনেবোৰ প্ৰক্ৰিয়া বন্ধ হৈ জীৱনটোকে স্তব্ধ কৰি দিব পাৰে।\nআগতেই কোৱা হৈছে যে কাৰ্বোহাইড্ৰেটৰ দৰে প্ৰোটিনকো দেহটোৱে শক্তিৰ উৎস হিচাবে ব্যৱহাৰ কৰে। একগ্ৰাম প্ৰোটিনক এনেদৰে ব্যৱহাৰ কৰি চাৰি কেলৰি শক্তি পোৱা যায়। কিন্তু প্ৰোটিনক এনেকৈ কেলৰিলৈ দহন কৰাটো এক এক প্ৰকাৰৰ অপচয়। সেয়ে প্ৰয়োজনীয় শক্তিৰ বাবে যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট খাব লাগে আৰু প্ৰোটিনে সম্পন্ন কৰা নিৰ্দিষ্ট কামৰ বাবেহে প্ৰোটিন মজুত ৰাখিব লাগে।\nআমাৰ খোৱা খাদ্যত প্ৰোটিনৰ পৰিমাণ আৰু ইয়াৰ গুণাগুণ কেনে ধৰণৰ সেই সম্পৰ্কেও জনা উচিত। প্ৰোটিনক এনিমেল, ভেজিটেবল, মিল্ক আদি আহাৰৰ তালিকা অনুসৰি ভগাই লোৱা হয়। এনিমেল প্ৰোটিন হ'ল মাছ, মাংস, কণী, গাখীৰ আদি। এইবোৰ অতি উচ্চ প্ৰোটিন সমৃদ্ধ খাদ্য। যদি কণীৰ পুষ্টিমূল্য ৯০ দিয়া হয়, তেন্তে গাখীৰ, আৰু মাংসৰ পুষ্টি মূল্য ৭০ দিয়া হ'ব। অৱশ্যে ভেজিটেবল প্ৰোটিনৰ নম্বৰ কম। দাইল আৰু দানাজাতীয় শস্যৰ প্ৰোটিনমূল্য ৫০ৰ পৰা ৫৫। ঘেঁহুৰ ৪৫। কিন্তু এককভাৱে ব্যৱহাৰ কৰাতকৈ দুবিধ প্ৰোটিন সংযুক্তভাৱে ব্যৱহাৰ কৰিলে তাৰ পুষ্টিমূল্য অধিক হ'ব। যেনে দাইলৰ সৈতে ভাত বা দাইলৰ সৈতে ৰুটি খালে মুঠ প্ৰোটিনৰ পৰিমাণ অধিক হয়। আকৌ দাইলৰ সৈতে ভাত বা ৰুটিৰ লগতে গাখীৰ বা দৈ খালে অধিক প্ৰোটিন পোৱা যায়।\nভাৰতবৰ্ষত বা অসমতো বৰ দৰকাৰী প্ৰোটিনৰ এটা মুখ্য উৎস হ'ল- দাইল। আমি বিভিন্ন ধৰণৰ দাইল খাওঁ- মগু, মচুৰ, ৰহৰ, বুট, মাটিমাহ আদি। এই আটাইবোৰতে দৰকাৰী প্ৰোটিন পোৱা যায়। দ্বিতীয় গুৰুত্বপূৰ্ণ উৎস হ'ল- বিভিন্ন ধৰণৰ বাদাম, যেনে- কাজুবাদাম, চীনাবাদাম, নাৰিকল আৰু তিল, উৰুহী, লেচেৰা মাহ আদি পাচলি। কাঠফুলা আৰু ছয়াবিন প্ৰোটিনৰ উৎকৃষ্ট উৎস। চয়াবিনত থকা প্ৰোটিনৰ পৰিমাণ হৈছে শতকাৰ ৪২.৩ ভাগ। চাউল, আটা বা এনে ধৰণৰ ধানজাতীয় শস্যক(মিলত খুন্দা) প্ৰোটিন সমৃদ্ধ খাদ্য হিচাবে গণ্য কৰা নহয়। যিহেতু এইবোৰত ৬ৰ পৰা ৯ শতাংশহে প্ৰোটিন থাকে। কিন্তু যিহেতু আমি দৈনিক যথেষ্ট পৰিমাণে এনে খাদ্য খাওঁ, সেয়ে ইয়াৰ পৰা দেহলৈ কিছু পৰিমাণে প্ৰোটিন সৰবৰাহ নোহোৱাকৈ নাথাকে। এনে খাদ্য আৰু দাইলৰ জৰিয়তে ভাৰতীয় মানুহৰ দেহলৈ প্ৰোটিন সৰবৰাহ হয়।\nচৰ্বি আমাৰ দেহৰ বাবে তৃতীয় প্ৰয়োজনীয় উপাদান। সাধাৰণভাৱে আমি ৰন্ধন তেল, বনস্পতি বা ঘিউৰপৰা এই চৰ্বি পাওঁ। যেনেদৰে চেনি মানেই হ'ল কাৰ্বোহাইড্ৰেট, তেনেদৰে তেল বা ঘিউ মানেই হ'ল চৰ্বি। গাখীৰ, বাদাম, তৈলবীজৰ পৰাও চৰ্বি পাওঁ। এনেবোৰ খাদ্যত প্ৰোটিনৰ লগতে চৰ্বিও থাকে। চৰ্বি দেহত ইন্ধন হিচাবে শোষিত হয় আৰু কাৰ্বোহাইড্ৰেট বা প্ৰোটিনতকৈ বেছি শক্তি উৎপন্ন কৰে। চলিড ফেট যেনে- ঘিউ, বনস্পতি, বাদাম, তিল, সৰিয়হ তেল, এই আটাইবোৰে আমাক সম পৰিমাণৰ শক্তিৰ যোগান ধৰে। দেশৰ বিভিন্ন ঠাইত বিভিন্ন তেলৰ ব্যৱহাৰ হোৱাৰ মূলতে হ'ল ইয়াৰ গোন্ধ আৰু স্বাদ। এইবোৰে আঞ্চলিক বৈশিষ্ট্য কিছুমানো দাঙি ধৰে। যেন- নাৰিকল তেল কেৰালাত, সৰিয়হ তেল অসম আৰু পশ্চিমবঙ্গত বেছিকৈ ব্যৱহাৰ হয়। যদিও সকলোধৰণৰ তেলৰে এনেধৰণৰ পুষ্টগুণ আছে, তথাপিও বাঢ়ি অহা কিছামন ৰোগৰ বাবে বৰ্তমান সময়ত চালফ্লাৱাৰ বা সূৰ্যমুখী, কপাহবীজ, বাদাম, তিল আদি তেলৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হ'ল এনেবোৰ তেলত প্ৰয়োজনীয় ফেটি এচিড(essential fatty acids)বা EFA উচ্চ হাৰত পোৱা যায়। আনহাতে সৰিয়হ বা নাৰিকল তেল আৰু ঘিঁউত ইয়াৰ পৰিমাণ কম। বৰ্তমান সময়ত জনা গৈছে যে যিহেতু আধুনিক জীৱনত পৰিশ্ৰম বা শ্ৰমসাধ্য্ কামৰ পৰিমাণ কম সেয়ে এনেধৰণৰ চলিড ফেট খোৱাৰ পৰা দেহত কলেষ্টেৰল জমা হোৱাৰ সম্ভাৱনা বাঢ়ে। ইয়ে ৰক্তবাহিনীত চাপ সৃষ্টি কৰি হৃদযন্ত্ৰৰ কাৰ্য ব্যাহত কৰি তোলে। EFA সমৃদ্ধ তেল খোৱাৰ পৰা হৃদযন্ত্ৰৰ এনে আশংকা হ্ৰাস পায়।\nআমাৰ বহুতৰে মনত ভিটামিনৰ সৈতে এটা যাদুকৰী সম্পৰ্ক আছে। এইটো সঁচা যে অতি কম পৰিমাণৰ ভিটামিনেও আমাৰ শৰীৰৰ কোনো ৰোগত নাটকীয়া প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে ভিটামিনে দেহৰ সঠিক কাৰ্যক্ষমতা চলাই থাকিবলৈ বিশেষ ভূমিকা লয়। দেহৰ সকলো অংগৰ কাৰ্যকুশলতাৰ বাবে ভিটামিনৰ প্ৰয়োজন অপৰিহাৰ্য।\nবেছিভাগ ভিটামিনকে ইংৰাজী বৰ্ণমালাৰ আখৰ যেনে A, B,(ইয়াৰ আকৌ কেইবাটাও ভাগ) C, D, আদিৰে নামকৰণ কৰাৰ কোনো বিশেষ কাৰণ নাই। প্ৰথম আৱিষ্কাৰৰ সময়ত ইয়াক এনেদৰে চিহ্নিত কৰা হৈছিল। মুঠতে প্ৰায় একডজনমান ভিটামিন আছে। বিভিন্ন ভিটামিনে বিভিন্ন ধৰণে কাম কৰে। ভিটামিন 'এ'য়ে কৰা এটা নিৰ্দিষ্ট কাম হ'ল চকুৰ দৃষ্টিশক্তি অটুট ৰখা কামটো। অৱশ্যে চকুৰ লেন্স বা আনুসংগিক গঠন শৰীৰবৃত্তীয় ৰচনা। কিন্তু ইয়াৰ দৃষ্টি শক্তিৰ ৰসায়নিক ক্ৰিয়া চলে ভিটামিন 'এ'ৰ সহায়ত। সেয়ে, 'এ' ভিটামিন কম হোৱাৰ অৰ্থই হ'ল দৃষ্টিশক্তিৰ সমস্যা সৃষ্টি হোৱা- বিশেষকৈ কম পোহৰত। যদি কোনো শিশুৱে খাদ্যত প্ৰয়োজনীয় ভিটামিন 'এ' নাপায়, তেন্তে সম্পূৰ্ণ দৃষ্টিহীন হৈ পৰাৰ সম্ভাৱনা থাকে। আমাৰ দেশত এইটো এটা অতি দুখৰ কথা যে, হাজাৰ হাজাৰ শিশু অন্ধ হৈ পৰাৰ এটা মুখ্য কাৰণ হ'ল- তেওঁলোকে সঠিক পৰিমাণৰ খাদ্য খাবলৈ নাপায়। ভিটামিন 'এ' থকা খাদ্যবোৰ হ'ল- ঘিঁউ, গাখীৰ, দৈ, কণীৰ কুহুম আৰু জন্তু বা চৰাই জাতীয় প্ৰাণীৰ লিভাৰ। এনেবিলাক খাদ্যৰ জৰিয়তে লাভ কৰা প্ৰোটিনবোৰক 'এনিমেল প্ৰোটিন' বোলা হয়। তাৰোপৰি হালধীয়া ৰঙৰ বেছিভাগ ফল-মূল বা পাচলিত এই ভিটামিন বেছিকৈ থাকে। কেৰোটিন শব্দটো ইংৰাজী carrot শব্দৰ পৰা আহিছে। কেৰোটিন সমৃদ্ধ খাদ্যবোৰ আমাৰ পাচনতন্ত্ৰত ভিটামিন 'এ'লৈ পৰিৱৰ্তিত হয়। সেয়ে আমাৰ খাদ্যত যাতে যথেষ্ট পৰিমাণে কেৰোটিন সমৃদ্ধ খাদ্য থাকে, তাৰ প্ৰতি চকু দিব লাগে। পালেং শাক, ধনিয়াপাত, পদিনা, ৰঙালাউ, পকা অমিতা, আম, বিলাহী, গাজৰ আদি এনেধৰণৰ কেৰোটিন সমৃদ্ধ খাদ্য।\nভিটামিন 'বি' হ'ল এটা গ্ৰুপ বা শ্ৰেণী য'ত B1, B2, B3, B6, B12 আদি বিভিন্ন ভাগ থাকে। কিছুমান ক্ষেত্ৰত এনে ভিটামিনক সাধাৰণ নাম দিয়া ফয়। যেনে B1ক থায়মিন, B2ক ৰিবোফ্লেবিন, B6ক পাইৰিডক্সিন, B12ক চাইন' কবালামিন ইত্যাদি। নিয়াচিন, ফলিক এচিড,ৰ্বায়োটিন পেন্টোথেনিক এচিড আদি ভিটামিনক এইবোৰ নামেৰেই জনা যায়। B শ্ৰেণীভুক্ত প্ৰতিটো ভিটামিনৰে দেহৰ কাৰ্যকলাপত নিৰ্দিষ্ট ভূমিকা আছে। যেনে- মস্তিষ্কৰ কাম-কাজ, চুলিৰ বাঢ়ন, জিভা, ছালৰ মসৃণতা, তেজৰ লোহিত ৰক্তকণিকা সৃষ্টি, কোষৰ উপযুক্ত বৃদ্ধি ইত্যাদি। গৰ্ভৱতী মাতৃ আৰু দুগ্ধদাত্ৰী মাতৃক ফলিক এচিড আৰু ভিটামিন বি১২ ৰ বিশেষভাৱে প্ৰয়োজন হয়। কাৰণ ইয়ে ৰক্তাল্পতা প্ৰতিৰোধ কৰে। বি শ্ৰেণীযুক্ত ভিটামিন- দাইল, গাখীৰ, দুগ্ধজাত সামগ্ৰী, কণী, শাক-পাচলি, মাংস, বাদামজাতীয় শস্যৰ পৰা পোৱা যায়।\nভিটামিন 'চি'ক টেঙা ভিটামিন বুলিবও পাৰি। ইয়াৰ উৎস সম্পৰ্কেও সাধাৰণলোকে জানে। আমলখি, জলফাই, মধুৰি আম, জামু, বন্ধাকবি আদিত প্ৰচুৰ পৰিমাণে এই ভিটামিন থাকে। ঠাণ্ডাৰ পৰা হোৱা সংক্ৰমণ ৰোধ কৰা আৰু দাঁত, হাড়ৰ শক্তিশালী বৃদ্ধিৰ বাবে ভিটামিন 'চি'ৰ আৱশ্যক। হাড়ৰ গঠনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ ভিটামিন হ'ল 'ডি'। কেলচিয়াম হাড়লৈ সৰবৰাহ হোৱাটো এই ভিটামিনে নিশ্চিত কৰে। মাখন, ঘিঁউ, মাছৰ তেলত এই ভিটামিন পোৱা যায়। দৈনিক কিছু সময় ৰ'দত থিয় হৈ বা বহি থাকিলে একো নকৰাকৈয়ে দেহে এই ভিটামিন লাভ কৰে। ঘৰৰ বাহিৰত খেলা-ধূলা কৰিলে শৰীৰে এই বিধ ভিটামিন পাব পাৰে। মূৰত ওৰণি বা গোৰ্খা পিন্ধি ঘৰৰ ভিতৰত সোমাই থকা মহিলাসকলে আৰু যিসকলে দেহটো বা ছালখন অনবৰতে ঢাকি ৰাখে, তেওঁলোকে প্ৰাকৃতিকভাৱে পোৱা এই ভিটামিনৰ পৰা বঞ্চিত হয়। অৱশ্যে এনেদৰে ভিটামিন 'ডি' সৰবৰাহ হ'বলৈ দেহত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু ফচফৰাছ থকা দৰকাৰ।\nআমাৰ দেহৰ বাবে প্ৰয়োজনীয় সৰ্বশেষ পুষ্টি হ'ল মিনাৰেল বা খনিজ। সাধাৰণ নিমখ বা চডিয়াম ক্ল'ৰাইড খনিজৰ আটাইতকৈ ডাঙৰ উৎস। খনিজ উপাদানৰ ভাণ্ডাৰ স্বৰূপ এইবিধ দ্ৰব্যও দেহৰ বাবে প্ৰয়োজনীয়। আন কামৰ বাহিৰেও তেজৰ চাপ নিয়ন্ত্ৰণৰ বাবে ই আৱশ্যকীয়। বিভিন্ন ধৰণৰ খনিজ পদাৰ্থই শৰীৰৰ পোষণ তন্ত্ৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ছডিয়াম, পটাছিয়াম, মেগনেচিয়াম, কেলচিয়াম, লো, তাম, দস্তা আদি খনিজ পদাৰ্থ শৰীৰৰ উপযুক্ত কৰ্যক্ষমতাৰ বাবে দৰকাৰ। আমি খোৱা বিভিন্ন ফল-মূল, শাক-পাচলি, মাছ-মঙহৰ জৰিয়তে এনে খনিজ দেহলৈ সৰবৰাহ হয়। অসমৰ মানুহৰ খাদ্য তালিকাত এনেবোৰ বস্তুৰ অভাৱ কমেইহে দেখা যায়। নিয়মিতভাৱে প্ৰতিদিনৰ খাদ্যত এইবোৰ কিছুপৰিমাণে খাই থাকিব পাৰিলে আমাৰ শৰীৰত পৰিপুষ্টিৰ অভাৱ নহয়।\nএনেধৰণৰ পুষ্টিগুণ সম্পন্ন খাদ্য খোৱাৰ উপৰিও প্ৰতিদিনে প্ৰচুৰ পানী খাব লাগে। দেহৰ বিভিন্ন অংগৰ কাম-কাজ সূচাৰুৰূপে চলিবলৈ পানীৰ দৰকাৰ। পানীয়ে দেহৰ তাপ স্বাভাৱিক অৱস্থাত ৰাখে। 'বি' ভিটামিন দেহত সৰবৰাহ হ'বলৈ পানীৰ দৰকাৰ। তেনেকৈ দেহৰ ভিতৰত কিছুমান প্ৰয়োজনীয় ৰসায়নিক প্ৰক্ৰিয়াৰ বাবেও পানীৰ দৰকাৰ। খোৱাপানী আৰু খাদ্যত থকা পানীৰ জৰিয়তে দেহৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হয়। গাখীৰত ৮০ৰ পৰা ৯০ শতাংশ; মাংস, কণী আৰু আলুত ৭০ শতাংশ পানী থাকে। তেনেকৈ বেছিভাগ ফল-মূল আৰু পাচলিতো যথেষ্ট পৰিমাণে পানীয়েই থাকে। আমাৰ শৰীৰৰো মুঠ ওজনৰ ৭০ শতাংশই পানী।
5d247a21b3c2f44ac2b84918b06ccc56b7d5a5f3827990762d2cc8c350cfece6
আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'বলৈ এগৰাকী প্ৰাৰ্থীৰ প্ৰয়োজন ২৭০টা ইলেক্ট'ৰিয়েল কলেজ ভোটৰ। সেই অনুসৰি ট্ৰাম্পতকৈ বাইডেন বহু ভোটেৰে আগুৱাই আছে। আনহাতে পেনছিলভেনিয়াতো বাইডেন বহু ভোটেৰে ট্ৰাম্পতকৈ আগুৱাই আছে। ট্ৰাম্পে জৰ্জিয়া, এৰিজ'না, পেনছিলভেনিয়া ৰাজ্যত জয়লাভ কৰিলেহে দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব। তাৰ বিপৰীতে জো বাইডেনক প্ৰয়োজন মাথোঁ পেনছিলভেনিয়াৰ ইলেক্ট'ৰিয়েল কলেজ ভোটৰ। উল্লেখ্য যে ড'নাল্ড ট্ৰাম্পে পেনছিলভেনিয়াকে ধৰি জৰ্জিয়া আদি ৰাজ্যৰ ভোট গণনা আধাতে সামৰি দুনাই ভোট গণনা কৰাৰ দাবী জনাই আছে। কিয়নো এই ৰাজ্যকেইখনত ড'নাল্ড ট্ৰাম্প বহু ভোটেৰে বাইডেনতকৈ পিছপৰি ৰৈছে। সেইবাবেই তেওঁ এনে দাবী জনাবলৈ ধৰিছে। পেনছিলভেনিয়া, এৰিজ'না, নাবাডা, জৰ্জিয়া আদি ৰাজ্যত বাইডেন ট্ৰাম্পতকৈ আগুৱাই আছে। সেই অনুসৰি আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি বাইডেন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কিন্তু আনুষ্ঠানিক ফলাফল ঘোষণালৈ এতিয়াও বহু বাকী আছে। এনে এক পৰিস্থিতিৰ মাজতেই ৰিপাব্লিকান নেতা মেক্কানেলে প্ৰকাশ কৰিছে যে যদিহে তেওঁলোক এইবাৰৰ নিৰ্বাচনত পৰাস্ত হয়, তেন্তে ক্ষমতা শান্তিপূৰ্ণভাৱে হস্তান্তৰ কৰা হ'ব। ড'নাল্ড ট্ৰাম্পে এইবাৰৰ নিৰ্বাচনত বহু বিসংগতি হোৱাৰ দাবী তুলি আছে। তেওঁলোকৰ দলৰ নেতাই ড'নাল্ড ট্ৰাম্পৰ এনে দাবীক পোনছাটে নাকচ কৰিছে। তেওঁলোকৰ দলৰ নেতাই ড'নাল্ড ট্ৰাম্পৰ এনে দাবীক সমৰ্থন জনোৱা নাই। তাৰ বিপৰীতে ৰিপাব্লিকান দলৰ নেতাই ক'বলৈ ধৰিছে যে যদিহে তেওঁলোক পৰাস্ত হয়, তেন্তে ক্ষমতা শান্তিপূৰ্ণভাৱে হস্তান্তৰ কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই ফিজিৰ প্ৰধানমন্ত্ৰীয়ে জো বাইডেনক অভিনন্দন জনাইছে। ফিজিৰ প্ৰধানমন্ত্ৰী ফ্ৰেঙ্ক বেনিমাৰামাই আমেৰিকাৰ ডেমক্ৰেটিক প্ৰাৰ্থী জো বাইডেনক অভিনন্দন জনাইছে। যি সময়ত জো বাইডেনক ফিজিৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিনন্দন জনাইছে। ইয়াৰ দ্বাৰা এইটো কথা প্ৰতিপন্ন হৈছে যে এইবাৰৰ নিৰ্বাচনত বাইডেন জিকিব। উল্লেখ্য যে বিগত নিৰ্বাচনত ড'নাল্ড ট্ৰাম্পে ৩০৪টা ইলেক্ট'ৰিয়েল কলেজ ভোটেৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী হিলাৰী ক্লিণ্টনে ২২৭টা ইলেক্ট'ৰিয়েল কলেজ ভোট লাভ কৰিছিল।
0e74a2503a9995f6fb938e138119920a8c931382bf50d256964a210b20c374e2
ইজৰাইলৰ ৰাজধানী জেৰুজালেমত আজি দুটাকৈ বিস্ফোৰণে আতংকৰ সৃষ্টি কৰিছে। চহৰখনৰ দুটা পৃথক বাছ ষ্টপত সংঘটিত এই বিস্ফোৰণত এগৰাকী লোক নিহত হোৱাৰ লগতে ১৪ জন আহত হয় বুলি স্থানীয় প্ৰশাসনে সদৰী কৰিছে। জেৰুজালেমৰ পশ্চিম দিশৰ এটা বাছ ষ্টপত সংঘটিত প্ৰথমটো বিস্ফোৰণত এগৰাকী লোকৰ মৃত্যু হয় আৰু ১১ গৰাকী আহত হয়। ইয়াৰ পিছতে কিছু দূৰৈৰ আন এটা ষ্টপেজত হোৱা পৃথক বিস্ফোৰণত এখন বাছ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে তিনিগৰাকী লোক আহত হয়। আধা ঘণ্টাৰ ব্যৱধানত এই দুয়োটা বিস্ফোৰণ সংঘটিত হোৱা বুলি উল্লেখ কৰি আৰক্ষীয়ে বিস্ফোৰণত জড়িত থকা সকলৰ সন্ধানত অঞ্চলটো ঘেৰাও কৰি অনুসন্ধান চলোৱা হৈছে বুলি উল্লেখ কৰে। জেৰুজালেমৰ শ্বাৰে জেডেক হাস্পতালৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, প্ৰথমটো বিস্ফোৰণৰ ফলত হোৱা আঘাতত এগৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে সংকটজনক অৱস্থাত থকা আন তিনিগৰাকী ব্যক্তিৰ লগতে সামান্যভাৱে আঘাতপ্ৰাপ্ত আন দুগৰাকী লোকৰ চিকিৎসা চলাই থকা হৈছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে। ইফালে স্থানীয় আন এক চিকিৎসালয় হাদাছা চিকিৎসা কেন্দ্ৰই জানিবলৈ দিয়া মতে, প্ৰথমটো বিস্ফোৰণত আহত ছয়গৰাকী আৰু দ্বিতীয়টো বিস্ফোৰণত লঘুভাৱে আহত হোৱা আন তিনিগৰাকী লোকৰ চিকিৎসা কৰি থকা হৈছে। ইফালে দেশখনৰ জন সুৰক্ষা মন্ত্ৰী ওমেৰ বাৰ-লেভে এই বিস্ফোৰণৰ নিন্দা কৰি বিস্ফোৰণক এক আক্ৰমণ আখ্যা দিছে। এই মুহূৰ্তলৈকে কোনো গোটে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
607527a9901133cdab9b4a1f3b4f465274391b66fcda0a3c6d6c42922aa5c40d
পুৰণি গ্ৰন্থৰ সুবাস- অভিনিবেশ শৰ্মা - সাহিত্য ডট অৰ্গ\n"সখীৰ বিয়াত উত্তৰ গুৱাহাটীলৈ গৈছোঁ জোৰণৰ দিনাই। কাৰণ আমি দুয়ো নোওৱা-ধুওৱা সখী। নাৱৰ পাৰ-ঘাট আছিল বৰ্তমানৰ জাহাজ ঘাটৰ কাষতে। আমি আগবাঢ়িছোঁ নামঘৰৰ বাটেৰে খোজ কাঢ়ি। তেতিয়াৰ দিনত বৰ্তমান ফটিক কুটীৰৰ পাহাৰটোৰ কাষত কিছুমান সমাজৰ বেয়া মানুহে বাস কৰিছিল। সেইপিনে যোৱা আমাৰ মানা। ডাঙৰ মানুহে কয়, সেইপিনে সমাজৰ পাপী মানুহ বাস কৰে; সৰু ল'ৰা-ছোৱালী যাব নাপায়। সেইদিনা বুঢ়ী বায়ে আমাক সেইপিনে নিয়ে। বাধা পোৱা বাটে গৈ বেয়া ঘৰবোৰৰ পিনেই চকু গ'ল। দেখিলোঁ কেইজনীমান ধুনীয়া শাৰী পিন্ধা তিৰোতা বাহিৰত বহি আছে। এজনীক এটা মানুহে বাউসিত ধৰি ভিতৰলৈ টানি আনি লৈ গ'ল। এই দৃশ্যটো দেখি মোৰ মনটো আতঙ্কত কঁপি উঠিল। মনতে ভাবিছিলোঁ, কিয় আহিছিলোঁ এই পিনে। সদায় পাপৰ কথা শুনি পাপৰ ভয়ত কঁপি উঠিল। পাপীৰ ঘৰলৈ চাই পাপ দৃশ্য দেখিলোঁ, মোৰো গাত পাপ লাগিছে। এই কথা ভাবি ভাবি মনত শান্তি নাপাওঁ। যিমানেই সেই দৃশ্যৰ কথা পাহৰিবলৈ বিচাৰোঁ সিমানেই মনলৈ আহে। মনৰ অশান্তি লৈয়েই সখীৰ বিয়ালৈ গ'লোঁ। সখীক নোৱাই-ধোৱাই বিয়াৰ শেষত ঘৰলৈ উভতিলোঁ। কিন্তু মনৰ পৰা মোৰ সেই অশান্তি দূৰ নহ'ল। শেষত উপায় নাপাই আইতাক সকলো কথা কৈ সুধিলোঁ, 'আইতা! মোৰ পাপ লাগিছে নেকি? ' মোৰ মনৰ দেখোন সেই দৃশ্যটো নুগুচে। কি কৰোঁ? আইতাই ক'লে, 'কিয় পাপ লাগিব? নিজে পাপ নকৰিলে তোক কোনো পাপে চুব নোৱাৰে। ঈশ্বৰক প্ৰাৰ্থনা কৰিবি, ঈশ্বৰে যেন তোক সকলো পাপৰ পৰা আঁতৰাই ৰাখে। এয়া আছিল ১৯০৯ চনৰ কথা। "\n(গ্ৰন্থ - এৰি অহা দিনবোৰ\nৰচয়িত্ৰী - নলিনীবালা দেৱী)\nনলিনীবালা দেৱীয়ে উক্ত মন্তব্য আগবঢ়াইছিল গুৱাহাটীৰ প্ৰথমখন চৰকাৰী অনুমোদন পোৱা গণিকালয়ৰ (brothel) বিষয়ে। উজান বজাৰৰ অধুনা বিলুপ্ত Red Light Area বা নিষিদ্ধ এলেকাৰো এক ইতিহাস আছে। তাত বসবাস কৰা 'the underbelly of urban life and the outcastes of society' - বেশ্যাসকলৰ আশা-আকাংক্ষা, জিলিক-মিলিক সাজে ঢাকি ৰখা অবুজ বেদনাই দুই-এজন গল্পকাৰৰ বাহিৰে সৃজনী-প্ৰতিভাৰ গৰাকী আন লোকক আজিলৈকে আকৃষ্ট কৰিব পৰা নাই। গুৱাহাটীৰ ইতিহাস প্ৰণয়ন কৰিবলৈ হ'লে কিন্তু এই নিষিদ্ধ এলেকাৰ বিষয়ে উল্লেখ থকাটো বাঞ্ছনীয়। মই গল্পকাৰ নহয়, বুৰঞ্জীৰ ছাত্ৰ হিচাপে মোৰ ভাষা খহটা। সেয়েহে তেনে এক প্ৰচেষ্টা হাতত লোৱাৰ পৰা বিৰত থাকি নিষিদ্ধ এলেকাটোৰ ইতিহাসৰ বিষয়ে মাথোঁ আভাস দিয়াৰ যত্ন কৰিম।\nপ্ৰয়াত কুমুদেশ্বৰ হাজৰিকাই মোক কোৱা মতে এই বেশ্যা পট্টি স্থাপিত হৈছিল চৰকাৰী পৃষ্ঠপোষকতাত - দীৰ্ঘদিন নিজৰ পৰিয়ালৰ পৰা নিলগত থকা জাহাজৰ খালাচী সকলৰ বাবে। উনবিংশ শতিকাৰ শেহৰ ফালে স্থাপন হোৱা গণিকালয় সমূহলৈ আহিছিল অবিভক্ত বংগ প্ৰদেশৰ মৈমনসিং জিলাৰ পৰা অহা লোক। খালাচী সকলক বহুতে দস্যু প্ৰকৃতিৰ মানুহ বুলিয়েই গণ্য কৰিছিল। তেওঁলোকৰ কাণ্ড-কাৰখানাও আছিল ঠিক তেনেকুৱাই। পৰিয়ালৰ পৰা দূৰত থকাৰ গইনা লৈ তেওঁলোকে ৰাতিৰ সময়ত নিচাসক্ত অৱস্থাত লতাশিল-উজান বজাৰ এলেকাত অৰাজকতাৰ সৃষ্টি কৰিছিল। তিৰোতাসকলৰ চিঞৰ-বাখৰ, কিৰিলি পৰাই উজান বজাৰৰ বাসিন্দাসকলক ব্যতিব্যস্ত কৰি তুলিছিল। ইয়াকে লৈ মিউনিচিপেলিটিৰ চেয়াৰমেন মাণিক চন্দ্ৰ বৰুৱাৰ ওচৰত উজান বজাৰৰ সমীপত থকা বাসিন্দাসকলৰ নানা ওজৰ-আপত্তি। সকলোৱে একে সুৰতে ক'লে যে সেই ঠাইৰ পৰা গণিকালয় উঠাই দিব লাগে। কিন্তু সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি সহৃদয় মাণিক বৰুৱাই প্ৰথমে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কৈছিল - 'নহয়, এওঁলোক থাকক, কিছুমান লোকৰ বাবে এওঁলোক অপৰিহাৰ্য। আনহাতে এওঁলোকক আঁতৰাই দিলে সেই শ্ৰেণীৰ লোকে নিৰুপায় হৈ ভদ্ৰ ঘৰৰ নৈতিকতাতো আঘাত কৰিব পাৰে' ('মাণিক চন্দ্ৰ বৰুৱা', ড° প্ৰফুল্লদত্ত গোস্বামী)। কিন্তু অধিক কোলাহল হোৱাত বৰুৱাই বিকল্প ব্যৱস্থা এটাৰ চিন্তা-চৰ্চা কৰিলে, আৰু কেইদিনমান পিছতেই সেই গণিকালয় পুলিচ ৰিজাৰ্ভ আৰু লাখটকীয়াৰ ৰে'ল লাইনৰ ৩নং গে'টৰ কাষলৈ স্থানান্তৰিত কৰা হ'ল ('যুগ সন্ধিক্ষণৰ গুৱাহাটী', ড° ভূপেন্দ্ৰ ৰায়চৌধুৰী)।\nবুৰঞ্জী গৱেষক এজনৰ দায়িত্ব হ'ল নিৰপেক্ষ দৃষ্টিৰে অতীতৰ বিষয় এটা চালি-জাৰি চাই তাক উপস্থাপন কৰা - in all its complexities। ক'লা-বগা হিচাপে নহয়, উপস্থাপনৰ উদ্দেশ্য হ'ব লাগিব to bring out the infinite shades of gray. And, learn how to infer what drives and motivates human behavior. সেয়েহে হয়তো কোনোবাই কৈছিল - History is not something to be judged, but to be understood contextually. নলিনীবালা দেৱীৰ মন্তব্যটোও আমি ঠিক তেনেদৰেই বিশ্লেষণ কৰি চাব লাগিব, আৰু লগতে গণিকালয়ৰ তিৰোতাসকলক। অৱশ্যে এটা কথা মনত ৰাখিব লাগিব যে উজান বজাৰৰ তথাকথিত ভদ্ৰলোকে দুৰ্ব্যৱহাৰ কৰা সাধাৰণ লোকক 'সমাজৰ বেয়া মানুহ' এই তিৰোতাসকলেই আদৰ-সাদৰ কৰি ৰাখিছিল - তেওঁলোকৰ 'বেয়া ঘৰবোৰত'; হৈছিল দুখৰ সমভাগী। অনাথ বুলি 'ভদ্ৰ সমাজৰ' তুচ্ছ-তাচ্ছিল্যৰ ভুক্তভোগী হোৱা কেইটামান কণমানি ল'ৰাক 'পাপী মনৰ' বেশ্যাইহে আশ্ৰয় দিছিল। নিজেই এক অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ'লেও ল'ৰাকেইটাৰ ফুল- কুমলীয়া মনত তেওঁলোকে আশাৰ সঞ্চাৰ কৰিছিল। লক্ষ্ণৌৰ ফালৰ এগৰাকী ইছলামধৰ্মী তিৰোতাই মাক-দেউতাক নথকা অসমীয়া ব্ৰাহ্মণ ল'ৰা এটাক তুলি-তালি, ডাঙৰ-দীঘল কৰাৰ কথা উজান বজাৰৰ জনদিয়েক বয়োজ্যেষ্ঠ ব্যক্তিয়ে জানে। ল'ৰাজন পিছলৈ গুৱাহাটীৰ এজন নামজ্বলা ব্যক্তি হয়গৈ। কলিকতা, পাটনা, লক্ষ্ণৌ আদি ঠাইৰ পৰা অহা তিৰোতাসকলৰ প্ৰভাৱ উজান বজাৰৰ বাসিন্দাসকলৰ কথা-বতৰাটো পৰিছিল। নিজস্ব কথনশৈলী আৰু শব্দ সম্ভাৰেৰে পৰিপুষ্ট উজান বজাৰৰ ভাষা পৰৱৰ্তী সময়ত বেছ জনপ্ৰিয় হৈ পৰিলে। তচনচ, নিহিলাবি, কোলাত লোৱা, ৰুকণ-ৰুকণ, চাৰু-পাৰু-নিৰু, ইদিকে ব'ল ইত্যাদি তিৰোতা আৰু খালাচী সকলৰে দান।\nমোৰ মনত পৰিছিল মেৰি এলেন মাৰ্কে তোলা মুম্বাইৰ ফ'ক লেণ্ড ৰ'ড বেশ্যা পট্টিৰ পোহৰ ছবিকেইখনলৈ। তেখেতৰ দৃষ্টিভংগীয়ে মোক মোহাচ্ছন্ন কৰিছিল - she looked through the lens of absolute empathy and concern। সত্যজিত ৰায়ৰ ভাষাত ক'বলৈ গ'লে - She invests them (photographs) withapalpable humanism.\nলেখাটিৰ লগত সংলগ্ন আলোকচিত্ৰখন তুলিছিল প্ৰখ্যাত মাৰ্কিন সাংবাদিক, অগ্ৰণী মহিলা ফট'গ্ৰাফাৰ - মাৰ্গাৰেট বুৰ্ক হোৱাইটে; লাহোৰৰ এখন গণিকালয়, ১৯৪৬ চন।\nসৈনিক নবীন (প্ৰতিম প্ৰতাপ বৰুৱা)\nচিঠি (ধ্ৰুৱজ্যোতি শৰ্মা)\nমোৰ জীৱনৰ স্মৰণীয় ঘটনা (অঞ্জল বৰা)
d0a22db59034571c57bcab281fff5c690a5a6d2a9fe7882b5785ee3cf293222a
সাক্ষাৎকাৰঃ ড০ আক্কাই পদ্মশালীৰ সাক্ষাৎকাৰ\nHomeinterviewসাক্ষাৎকাৰঃ ড০ আক্কাই পদ্মশালীৰ সাক্ষাৎকাৰ\nড০ আক্কাই পদ্মশালীৰ সাক্ষাৎকাৰ -\nঅনুবাদঃ কোকিল শইকীয়া\n(ড০ আক্কাই পদ্মশালী হৈছে কৰ্ণাটকৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ সক্ৰিয়কৰ্মী আৰু অনুপ্ৰেৰক বক্তা । জীৱনত নানা ঘাত প্ৰতিঘাতৰ মাজেৰে তেওঁ কেনেকৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিছে ; হিজৰা সমুদায়ৰ পৰা পৰা ৰাষ্ট্ৰপতি ভৱনলৈ , যৌন কৰ্মীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰালৈ তেখেতৰ এই অনুপ্ৰেৰণা যোগাব পৰা সংগ্ৰামী জীৱন যাত্ৰাৰ বিষয়ে তেখেতে লক্ষ্মী ৰেবেক্কাই ২০১২ লোৱা এই সাক্ষাৎকাৰটোত কৈছে । পদ্মশালীয়ে এই সাক্ষাৎকাৰত কোৱা কথাখিনি কেৱল ট্ৰান্সজেণ্ডাৰ সকলৰ বাবেই নহয় সমাজত বৈষম্যৰ বলি হোৱা প্ৰত্যেকজন মানুহৰ বাবে প্ৰেৰণদায়ক)\nলক্ষ্মী ৰেবেক্কা : আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনী অতি গুৰুত্বপূৰ্ণ । মই আপোনাৰ জীৱনৰ পৰা খুব অনুপ্ৰাণিত হও । গতিকে আপুনি আজি আমাৰ আগত আপোনাৰ জীৱনৰ বিষয়ে ক'বলৈ অনুৰোধ জনাম । যাতে সকলোৱে জানিব পাৰে । মোক কওকচোন যে আপুনি কেতিয়া আৰু কেনেদৰে এই কথা অনুভৱ কৰিলে যে আপুনি এটি পৃথক (?) লিংগৰ ব্যক্তি । আপুনি নিজকে আৱিস্কাৰ কৰা এই যাত্ৰাটোৰ বিষয়ে কওকচোন-\nপদ্মশালী : মই এটি খাটি-খোৱা মধ্যবিত্তীয় পৰিয়ালত জন্ম হৈছোঁ । ঠিক ৫/৬ বছৰ বয়সৰ পৰাই মোৰ নাৰীসুলভ আচৰণবোৰে ফুটি উঠিছিল। মই ছোৱালীৰ দৰে কথা ক'বলৈ, অংগাভূষণ কৰিবলৈ, প্ৰসাধন সানিবলৈ, দীঘলকৈ চুলি ৰাখিবলৈ মন কৰিছিলোঁ। এই কথাটোক লৈ মোৰ মা খুব কৌতূহলী আৰু উদ্বিগ্ন হৈ পৰিছিল। মায়ে কৈছিল- তই পুৰুষ হৈ জন্ম হৈছ, গতিকে পুৰুষৰ দৰে আচৰণ কৰা উচিত। মই যথেষ্ট বিভ্ৰান্তিত পৰিছিলোঁ। মই ভাবিছিলোঁ, মায়ে ঠিক কথাই কৈছে। কিয়নো মোৰ পুৰুষাংগ আছে আৰু মই সেয়ে পুৰুষৰ দৰেই হ'ব লাগিব।\n৮ ৰ পৰা ১৬ বছৰমান বয়সলৈকে মই মোৰ পৰিচয়টো খুব কষ্টেৰে লুকুৱাই থ'বলগীয়া হৈছিল। মই যেতিয়া ঘৰত অকলে আছিলোঁ তেতিয়া মই মনে মনে মা আৰু ভন্টিৰ কাপোৰবোৰ উলিয়াই পিন্ধি চাইছিলোঁ। মই মোৰ ঘৰৰ চাৰিবেৰৰ মাজতহে এগৰাকী নাৰী হৈ থাকিছিলোঁ। মই তেতিয়া খুব আচৰিত হৈছিলোঁ যেতিয়া সমাজে মোৰ আচল পৰিচয়টো লাভ কৰিছিল।\nলক্ষ্মী ৰেবেক্কা : আপুনি তেতিয়া মুকলিকৈ ওলাই আহিছিল ?\nপদ্মশালী : উম । সেইটো আছিল হঠাৎ আৰম্ভ হৈ যোৱা এটি সংগ্ৰামৰ যাত্ৰা। মই যেতিয়া ১২ বছৰীয়া আছিলোঁ , তেতিয়া মোৰ মায়ে মোক জোৰ-জবৰদস্তিকৈ ডাক্টৰ আৰু তান্ত্ৰিকৰ ওচৰলৈ, মন্দিৰ আদিলৈ লৈ গৈছিল । মায়ে ভাবিছিল, হয়তো মোৰ গাত কোনো অপদেৱতা লম্ভিছে । মই মা-দেউতাক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে মোৰ জন্মই হৈছে এনেকৈ। কিন্তু তেওঁলোকে মোৰ কথাটো স্বাভাৱিক কথা বুলি মানি ল'বলৈ কোনোপধ্যেই ৰাজী নাছিল । মই যেতিয়া ছোৱালীবোৰৰ লগত খেলা-ধুলা কৰিছিলোঁ, তেতিয়া দেউতাই মোক জোৰ কৰি ল'ৰাবোৰৰ লগত খেলিবলৈ দিছিল। ল'ৰাবোৰে সাধাৰণতে ক্ৰিকেট, কাবাডী আদি খেলবোৰ খেলি ভাল পায়।\nমই খুব চক্ হৈছিলোঁ - এদিন দেউতাই মোক ঘৰলৈ লৈ আনিছিল আৰু মোৰ ভৰিত গৰম পানী ঢালি দিছিল । এই শাস্তিৰ কাৰণ আছিল - মোৰ নাৰীসুলভ আচৰণ আৰু ছোৱালীৰ লগত খেলা-ধূলা কৰা। মোক মোৰ পৰিয়ালে কৈছিল - এইখন সমাজৰ কিছু নিয়ম আছে, সংস্কাৰ আছে । গতিকে তুমি সমাজৰ নিয়ম ভংগ কৰিব নোৱাৰা । যদি তুমি সমাজৰ নিয়ম উলংঘন কৰা তেন্তে তুমি সমাজ ত্যাগ কৰিব লাগিব। তাৰপিছত মই তিনিমাহ মানলৈ ঘৰতে সোমাই থাকিলোঁ। মোৰ স্কুল যোৱা বন্ধ হ'ল । মানুহৰ লগত মিলা-মিছা কৰা বন্ধ হৈ পৰিল।\nযেতিয়া মই ১৫ বছৰমান বয়সত ভৰি দিছিলোঁ, তেতিয়া মই ভাইটিক ক'লো যে -"মই আচলতে ল'ৰা নহয় । মই ছোৱালীহে।" তেতিয়া ভাইটিয়ে ঠাট্টাৰ সুৰত ডাঙৰকৈ হাঁহি দিছিল আৰু কৈছিল যে মই হেনো পাগল । মই চিকিৎসাৰ বাবে NIMHANS (বাংগালোৰত অৱস্থিত এখন মানসিক চিকিৎসালয়)লৈ যোৱা উচিত।\nমই কৈছিলোঁ যে প্লিজ এনেকুৱা নকৰিবা। মোক মোৰ আত্মীয়সকলে আৰু মা দেউতাই উপহাস আৰু বিদ্ৰুপ কৰিবলৈ লাগিছিল। মোৰ কুটুম্বসকলে মোক 'চাংগা', 'আম্বাটু' আদি নামেৰে মাতিছিল। এই উপনামবোৰে মোক যথেষ্ট আঘাত দিছিল। তাৰপিছত মই লাহে লাহে বিয়া-সবাহ, পৰিয়ালৰ অনুষ্ঠান আদিৰ পৰা আতৰি থাকিবলৈ ল'লোঁ।\nলক্ষ্মী ৰেবেক্কা : ক'লৈকো যোৱা নাছিল ?\nপদ্মশালী : কেতিয়াবা মা-দেউতাৰ জোৰত কিছুমান অনুষ্ঠানলৈ যাব লগা হৈছিল। মই তাত কাকো মাত-বোল কৰা নাছিলোঁ। মই কথা পাতিলে সেই মানুহবোৰে মোৰ মাতটো আৰু মোৰ কথনভংগীক লৈ ফিচিঙা-ফিচিং কৰিছিল।\nসেই সময়ত, যেতিয়া মই দশম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া মই গণিতত ফেইল কৰিছিলোঁ। তেতিয়া মই ব্যৱহাৰিক আৰু প্ৰযুক্তিবিদ্যাৰ কোৰ্চ এটাৰ বাবে এটি বেলেগ শিক্ষানুষ্ঠানত নাম লগাইছিলোঁ। এই কোৰ্চটো আছিল তিনি বছৰীয়া। কিন্তু মই ছমাহতে এৰি দিছিলোঁ।\nলক্ষ্মী ৰেবেক্কা : কিয়?\nপদ্মশালী : মোৰ নাৰীসুলভ আচৰণৰ বাবে তাত মোৰ কোনো সহপাঠী আৰু শিক্ষকে মোক সহজভাবে আদৰি লোৱা নাছিল। এদিনাখন মোৰ কিছু সহপাঠীয়ে মোক জোৰ-জবৰদস্তিকৈ টয়লেটলৈ নি মোৰ ওপৰত যৌন উৎপীড়ন কৰিছিল। তেওঁলোকে মোৰ মুখ আৰু শৰীৰত বীৰ্যপাত কৰিছিল। মই তেনেকৈয়ে গৈ শিক্ষানুষ্ঠানটোৰ অধ্যক্ষৰ ওচৰলৈ গৈ মোৰ শৰীৰত লাগি থকা বীৰ্যৰ দাগবোৰ দেখুৱাই গোচৰ দিছিলোঁ আৰু ন্যায় বিচাৰিছিলোঁ। কিন্তু মোক ন্যায় প্ৰদান কৰাতো দূৰৈৰে কথা, তেওঁ মোক কৈছিল- "তুমি মহিলাৰ দৰে আচৰণ কৰাৰ বাবেহে তোমাৰ সহপাঠীসকলে এনে কাম কৰিবলৈ সুবিধা পাইছে । প্ৰথমে নিজকে ঠিক কৰা , তাৰপিছত বেলেগৰ ওপৰত গোচৰ দিবা।" গতিকে মই সেই শিক্ষানুষ্ঠান এৰাৰ সিদ্ধান্ত ল'লোঁ।\nএতিয়া কথাটো হ'ল যে মই শিক্ষানুষ্ঠান এৰিলোঁ বুলি দেউতাক কওঁ কেনেকৈ ? মই দেউতাক কেনেকৈ কওঁ যে মোৰ ওপৰত তেওঁলোকে যৌন উৎপীড়ন চলাইছিল। যদি মই কওঁ , তেতিয়া তেওঁলোকৰ পৰাও একেই উত্তৰ পাম যে - মোৰ নাৰীসুলভ প্ৰকৃতিৰ বাবেহে মই যৌন উৎপীড়নৰ সমুখীন হ'বলগা হ'ল। গতিকে মই দেউতাক ক'লোঁ যে মোৰ পঢ়াত মন বহা নাই সেয়ে মই কাম কৰিব বিচাৰোঁ। তেতিয়া দেউতাই ক'লে যে - ঠিক আছে । এইটো তোমাৰ ওপৰত এৰিলোঁ । যি মন যায় কৰা।\nমই প্ৰথমতে চেন্ট মাৰ্ক ৰোডত থকা ৰাম চেৰামিকছত কাম কৰিছিলোঁ। মই অতি সোনকালেই অনুভৱ কৰিলোঁ যে ইয়াত কাম কৰা মানুহখিনিও একেই । মোৰ সহকৰ্মী সকলে মোক তুচ্ছ-তাচিল্য কৰিবলৈ ধৰিলে। গতিকে মই মূলসুঁতিৰ কাম নকৰাৰ সিদ্ধান্ত ল'লোঁ। মই ভাবিলোঁ যে যিহেতু সকলোতে মানুহে মোক কেৱল এটি 'চেক্সুৱেল কন্টেক্স'ৰ দৃষ্টিৰেই চায় সেয়ে মই যৌন কৰ্মী হিচাপে কাম কৰাই ভাল।\nএদিন মই মাইচোৰৰ পৰা ইন্দ্ৰনগৰলৈ গৈ থাকোতে ৰাস্তাৰ কিনাৰত কিছুমান ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ লোকক ৰৈ থকা দেখা পালোঁ । মই তেওঁলোকক কুব্বন পাৰ্কৰ ওচৰৰ কৰ্পোৰেচন চাৰ্কোলত দেখিবিলৈ পাইছিলোঁ। তাতে তেওঁলোকৰ যথেষ্ট লোক আছিল। তেতিয়া তেওঁলোকৰ সৈতে কথা পাতিম বুলি মই বাছৰ পৰা নামি আহিলোঁ। মই তেওঁলোক লগ পাই যথেষ্ট সুখী হৈছিলোঁ। মোৰ চকুপানী ওলাই আহিছিল । মই তেওঁলোকক ক'লোঁ যে মই তেওঁলোকৰ দৰে হ'ব বিচাৰোঁ । তেতিয়া তেওঁলোকে ক'লে -" নহয় । ট্ৰান্সজেণ্ডাৰ হোৱাৰ বাবে আমি সমাজত যথেষ্ট বৈষম্যৰ সন্মুখীন হ'বলগীয়া হৈছে। তুমি কিয় আমাৰ দৰে হ'ব বিচাৰিছা ? তুমি আমাৰ দৰে হ'ব নালাগে । তুমি পঢ়া শুনা কৰা আৰু পৰিয়ালৰ লগত থাকা। " মোক তেওঁলোকে এনেদৰে উৎসাহ দিছিল । মই তেওঁলোকক ক'লোঁ - মোৰ নাৰীসুলভ আচৰণ মোৰ পৰিয়ালে গ্ৰহণ কৰিব নোখোজে আনকি মোৰ কলেজতো সহপাঠীসকলে সহজভাবে নলয়। গতিকে মই তোমালোকৰ লগত থাকিব খোজো। তেওঁলোকে তেতিয়া ক'লে যে যদি তুমি আমাৰ লগত চামিল হ'ব খোজা তেন্তে তুমি যৌনকৰ্মী হিচাপে কাম কৰিব লাগিব অথবা ভিক্ষা আদায় কৰিব লাগিব। তুমি আমাৰ লগত থাকিবলৈ হ'লে এই দুটা কামৰ বাহিৰে বেলেগ বিকল্প নাই। এই দুটাৰ ভিতৰতে তুমি যিকোনো এটা কাম ঠিক কৰি লোৱা।\nমই যৌন কৰ্মী হিচাপে কাম কৰিবলৈ সিদ্ধান্ত ল'লোঁ। মই চাৰি বছৰ দেহ ব্যৱসায়ী হিচাপে কাম কৰিলোঁ। কিন্তু মই দেউতাক চাৰি বছৰে মিছা মাতি থাকিলো যে মই এটা কোম্পানীত অফিচ সহযোগী হিচাপে কাম কৰোঁ।\nলক্ষ্মী ৰেবেক্কা : আপুনি দেহ ব্যৱসায় বাংগালোৰত কৰিছিল নে ?\nপদ্মশালী : হয় । বাংগালোৰৰ কুব্বন পাৰ্কৰ ওচৰত । আৰু চাৰি বছৰে মই দেহ ব্যৱসায় কৰি উপাৰ্জন কৰা ধন মই মোৰ পৰিয়াললৈকো পঠাইছিলোঁ। ( এইখিনি কথা কৈ কৈ পদ্মশালী উচুপি উঠিছে)\nলক্ষ্মী ৰেবেক্কা : নাকান্দিব । মই বৰকৈ নাজানিলেও সমস্যাবোৰ বুজি পাওঁ । আপুনি এটি পুৰুষ শৰীৰত এটি মহিলাৰ মন লৈ জন্ম হৈছে । তাৰপিছত আপুনি যৌন কৰ্মত সোমাই পৰিছে । কিন্তু এটা পুৰুষ শৰীৰত মহিলাৰ মন এটি লৈ আপুনি কেনেকৈ যৌন কৰ্ম কৰিছিল ? সেই সময়ত আপোনাৰ মানসিক আৰু শাৰীৰিক আৱেগ অনুভূতিখিনিয়ে কেনেদৰে ক্ৰিয়া কৰিছিল ?\nপদ্মশালী : লিঙ্গিয় সংখ্যালঘু (Sexual Minorities) ব্যক্তিসকলে গোপনীয়তাৰ খাতিৰত এই বিষয়ে বৰকৈ ক'ব নোখোজে। কিন্তু মই এই বিষয়ে খুলি ক'বলৈ সংকোচ নকৰোঁ। মই বিভিন্ন সামাজিক প্লেটফৰ্মত এই বিষয়ে কওঁ । কাৰণ মই সমাজ খন সলনি কৰিব খোজো।\nএজন ব্যক্তি যেতিয়া এটা পুৰুষ শৰীৰত মহিলাৰ মন লৈ জন্ম গ্ৰহণ কৰে আৰু সহবাস কৰে । তেতিয়া তেওঁ সহবাসত মহিলাৰ ভূমিকা গ্ৰহণ কৰে। বেছিভাগ পুৰুষ পৰা মহিলালৈ ৰূপান্তৰিত ট্ৰান্সজেণ্ডাৰে গ্ৰহণশীল (Receptive) অথবা নিষ্ক্ৰিয় (Passive) ভূমিকা গ্ৰহণ কৰে। আকৌ কিছুমান ট্ৰান্সজেণ্ডাৰে সক্ৰিয় (Active) ভূমিকাও গ্ৰহণ কৰে । এই দুয়োটাই হ'ব পাৰে ।\nযৌন সমন্ধ মানে কেৱল সোমোৱাই দিয়া বা সোমোৱাবলৈ দিয়াই নহয়। যৌন সমন্ধ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে যৌন আবেদনৰ আনন্দ উপভোগ।\nগ্ৰাহক সকল আহিছিল Oral sex, thing sex আৰু anal sex কৰিবলৈ। কিছুমান গ্ৰাহক আহিছিল শৰীৰ মালিছ কৰাবলৈ। আমি গ্ৰাহকৰ লগত উদ্যানৰ গছ আৰু জোপোহানিৰ মাজত সোমাই কামত লিপ্ত হৈ পৰোঁ।\nলক্ষ্মী ৰেবেক্কা : এইটো কিমান সুৰক্ষিত আছিল ?\nপদ্মশালী : মুঠেও সুৰক্ষিত নাছিল । তাত সাপ-বেঙ, পোক পৰুৱাৰে ভৰি থাকে।\nলক্ষ্মী ৰেবেক্কা : সেই অসুৰক্ষিত পৰিৱেশত হয়তো প্ৰতিবাৰতেই নিৰোধজাতীয় সুৰক্ষা সামগ্ৰী ব্যৱহাৰ কৰা নাছিল ?\nপদ্মশালী : নাই । মইতো তেতিয়া HIV, safe sex , কণ্ডমৰ ব্যৱহাৰ আদিৰ বিষয়ে শুনাই নাছিলোঁ। তদুপৰি তাত আমাক পুলিচ আৰু লোকেল গুণ্ডাবোৰে বিভিন্ন ধৰণে উৎপীড়ন চলাইছিল। পুলিচবোৰে আমাৰ লগত জোৰকৈ যৌন সম্পৰ্ক কৰিবলৈ আহিছিল আৰু টকা নিদিয়াকৈ কৰিবলৈ বিচাৰিছিল। লোকেল গুণ্ডাবোৰেও আমাৰ লগত বিনামূলীয়াকৈ যৌন সম্পৰ্ক কৰিবলৈ আহিছিল। আনকি তেওঁলোকক আমি আমাৰ উপাৰ্জনৰ পৰা পইচাও দিব লগা হৈছিল। আমি প্ৰতিনিয়ত আমাৰ পৰিচয়, চেক্সুৱেলিটি আৰু জীৱিকাটোৰ বাবে বৈষম্য আৰু নিপীড়নৰ বলি হ'বলগীয়া হৈছিল। সেয়ে মই পিছলৈ এই কাম এৰি দিছিলোঁ। তাৰপিছত মই পুনৰ মূলসুঁতিৰ চাকৰি কৰিম বুলি সিদ্ধান্ত ল'লোঁ। মই চাকৰি বিচাৰিলৈ আৰম্ভ কৰিলোঁ।\nতেনেকুৱাতে মই সংগামাত কিছুমান মানুহ লগ পালোঁ। তেওঁলোক উদ্যানলৈ আহিছিল আৰু মোক মোৰ অধিকাৰৰ বিষয়ে শিকাইছিল। তেওঁলোকে মোক তেওঁলোকৰ সহযোগৰ হাতখন গ্ৰহণ কৰিবলৈ উৎসাহী কৰি তুলিছিল।\nলক্ষ্মী ৰেবেক্কা : আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে সংগামা হৈছে এটি স্বেচ্ছাসেৱী অনুষ্ঠান যি সমকামী, উভয়কামী আৰু ট্ৰান্সজেণ্ডাৰ আৰু যৌনকৰ্মী সকলৰ অধিকাৰৰ বাবে কাম কৰে।\nপদ্মশালী : সেই সময়ত আমাৰ দৰে মানুহৰ বাবেও কাম কৰি থকা কোনোবা সংগঠন আছে বুলি গ'ম পাই মই আচৰিতেই হৈ গৈছিলোঁ । মই তেওঁলোকৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিছিলোঁ। মই যেতিয়া তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ , তাত মোৰ দৰে ১০০ গৰাকীমান ট্ৰান্সজেণ্ডাৰ আছিল। মই অভিভূত হৈ পৰিছিলোঁ। মই আৱেগিক হৈ পৰিছিলোঁ। মই গ'ম পালোঁ যে তেওঁলোকো মোৰ দৰেই আছিল। তেওঁলোকে উষ্ম আদৰণি জনালে। তেওঁলোকে মোক আদৰি লোৱাত মই খুব সুখী হ'লোঁ। মোক আগতে কোনেও ইমান আদৰ-সাদৰেৰে গ্ৰহণ কৰা নাছিল । মই তালৈ যোৱাৰ দিনাই কুমাৰীক ক'লোঁ যে মই তাত কাম কৰিব খোজোঁ। তেওঁ ক'লে - "নিশ্চয় । তোমাক আমি ইয়াত কাম কৰিবলৈ সুবিধা দিম।" তেতিয়াই মোৰ মনলৈ আহিল যে মই মোৰ সমুদায়ৰ মানুহখিনিক সহায় কৰিম আৰু সমাজখন সলনি কৰিবলৈ কাম কৰিম।\nলক্ষ্মী ৰেবেক্কা : আপুনি এইখন সমাজক লগ পোৱাৰ পিছত সমাজৰ সক্ৰিয়কৰ্মী হিচাপে কাম কৰাৰ সিদ্ধান্ত ল'লে আৰু যাত্ৰা আৰম্ভ কৰিলে ।\nপদ্মশালী : হয় । মোৰ পৰিয়ালে ২০০৪ চনতে মোক বৰ্জন কৰিছিল। তেওঁলোকে মোক কাম কৰাত বাধা দিছিল, শৰীৰ ৰূপান্তৰকৰণৰ অস্ত্ৰোপচাৰ কৰিবলৈ বাধা দিছিল, শাৰী পিন্ধিবলৈ নিদিছিল। কিন্তু পিছত সেই পৰিয়ালেই মোক অস্ত্ৰোপচাৰ কৰিবলৈ সমৰ্থন দিলে, যিটো মই যোৱা ৫ অক্টোবৰত (২০১২) কৰিলোঁ। ময়েই কৰ্ণাতকৰ প্ৰথম ব্যক্তি যি শৰীৰ সলনিৰ সম্পূৰ্ণ অস্ত্ৰোপচাৰ কৰি সলনি হৈছোঁ । আজি মোৰ পৰিয়ালে মোক সমৰ্থন কৰে , মোক এই পীড়িত মানুহখিনিৰ বাবে কথা ক'বলৈ প্ৰেৰণা দিয়ে।\nমই এটা সম্পৰ্কতো আছোঁ । সেই কথাটো মোৰ ১৩ বছৰ বয়সৰ পৰাই মোৰ পৰিয়ালে জানে।\nলক্ষ্মী ৰেবেক্কা : অ' ... অভিনন্দন । আপোনাৰ জীৱনৰ সেই বিশেষ ব্যক্তিগৰাকীৰ কথা কওকচোন ।\nপদ্মশালী : তেওঁৰ কথা ক'বলৈ পালে মই বিৰাট সুখী হও । মই বেনু গোপালৰ লগত সম্পৰ্কত আছোঁ। মোৰ যেতিয়া বয়স ১৩ বছৰ আছিল , তেতিয়া তেওঁ মোক প্ৰেম প্ৰস্তাৱ দিছিল। তেতিয়া তেওঁ ১৯ বছৰীয়া আছিল। তেওঁ যেতিয়া মোলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল তেতিয়া মই আচৰিত হৈ গৈছিলোঁ। তেওঁক মই কৈছিলোঁ যে, "মই এটা ল'ৰা, আমি কেনেকৈ সম্পৰ্কত থাকিব পাৰোঁ ?" তেতিয়া তেওঁ ক'লে যে - " তাতে কি হ'ল ? মোৰ বাবে তুমি এজনী ছোৱালীহে।" গতিকে মই সন্মতি প্ৰকাশ কৰিছিলোঁ। মই প্ৰেমৰ অভিজ্ঞতা লৈ চাব খুজিছিলোঁ আৰু তেওঁৰ লগত থাকি সুখী হৈছিলোঁ।\nলক্ষ্মী ৰেবেক্কা : এইটো খুব গুৰুত্বপূৰ্ণ কথা যে আপুনি আপোনাক ভালপোৱা, আপোনাৰ লগত মিলা ব্যক্তি এজনক আপুনি সহজতে আৰু সৰুতেই পালে । যি আজিলৈকে আপোনাৰ লগত আছে । জীৱনত আপোনাৰ লগত কোনো নথকা সময়খিনিত তেখেত আছে আপোনাৰ লগত । বাৰু , এতিয়া সংগামা আৰু আপোনাৰ কামৰ কথা কওক । আপুনি এগৰাকী ভুক্তভুগী আছিল অথচ এতিয়া আন ভুক্তভুগীসকলৰ বাবে যুঁজি আছে। যোৱা দহ বছৰত সমাজখন যথেষ্ট সলনি হৈছে । আমি যথেষ্ট পৰিবৰ্তন দেখা পাইছোঁ। আপুনি আপোনাৰ কামৰ কথা কওক- সংগামাত গৈ আপুনি কি পালে , কেনেধৰণৰ কাম কৰিলে , কি আহৰণ কৰিলে ?\nপদ্মশালী : মই যে এতিয়া আপোনাৰ লগত কেমেৰাৰ সমুখত সলসলীয়াকৈ ইংৰাজীত কথা পাতি আছোঁ সেয়া সংগামাৰ বাবে সম্ভৱ হৈছে। মই আগতে ইংৰাজীত লিখিব, পঢ়িব, কথা ক'ব নাজানিছিলোঁ । কেনেকৈ কথা ক'ব লাগে, কি কথা ক'ব লাগে, এইবোৰ মই সংগামাৰ পৰা শিকিলোঁ। মই সংগামাত যোগদান কৰাৰ পিছত সমাজ এখনৰ আগত থিয় হৈ কথা ক'বলৈ শিকিলোঁ। এতিয়া মই Gender, Sexuality , Sex Work আদিৰ বিষয়ে আলোচনা কৰোঁ। মই তাত প্ৰথমে ছয় মাহৰ বাবে খণ্ডকালীন কৰ্মী হিচাপে কাম কৰিছিলোঁ । ছমাহৰ পিছৰ পৰা সম্পূৰ্ণকালীন কৰ্মী হিচাপে যোগদান কৰিলোঁ। সংগামাই মোৰ ওপৰত যথেষ্ট দায়িত্ব অৰ্পণ কৰিছিল আৰু মই সেইবোৰ সফলভাবে সম্পন্ন কৰিছিলোঁ।\nপ্ৰথম চাৰি বছৰত মোৰ কাম আছিল তথ্য সংগ্ৰহ কৰা আৰু ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ লোকসকলক শিক্ষাদান কৰা, সজাগতাৰ বাবে শিক্ষা দিয়া । শেষৰ চাৰি বছৰত মই আইনৰ লগত জড়িত কাম কিছুমান কৰিছিলোঁ। এইটো কাম যৌন কৰ্মী আৰু ট্ৰান্সজেণ্ডাৰসকলৰ সাংবিধানিক অধিকাৰ সম্পৰ্কীয় আছিল। মই ন্যায়াধীশৰ আগত কিছুমান কথা ক'বলগীয়া হৈছিল । কথাবোৰ ক'বলৈ যাওঁতে যথেষ্ট নীতি-নিয়ম অনুসৰণ কৰিব লগা হয়। ৰাইজ, সামাজিক মাধ্যম আৰু ৰাজনৈতিক নেতাসকলৰ লগত এই বিষয়বোৰ আলোচনা কৰাতো যথেষ্ট প্ৰত্যাহ্বানজন কাম আছিল। মোক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ত বিবাদত মাননীয় ন্যায়াধীশ আলতামাছ কবিৰ মহোদয়ৰ আগত মত প্ৰকাশ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল । এইটো মোৰ বাবে ডাঙৰ কথা আছিল। মই সুখী হৈছিলোঁ।\nৰাষ্ট্ৰপতি ভৱনত মই ন্যায়াধীশকে ধৰি চুনীয়া গান্ধী, মনমোহন সিং আৰু বহুতো নেতাক লগ পাইছিলোঁ। সেইখন এনে এখন ঠাই য'ত আপুনি বৈষম্যৰ বলি নহয়। তেওঁলোকে তাত মোক সমভাবাপন্নতাৰে গ্ৰহণ কৰিছিল। তাত উপস্থিত থকা ৰাজনৈতিক নেতাসকলে মোক যথেষ্ট উৎসাহ দিছিল আৰু কৈছিল - "আপোনাৰ দৰে মানুহ ৰাষ্ট্ৰপতি ভৱনলৈ অহা উচিত।" তেতিয়া মই খুব সুখী হৈছিলোঁ যেতিয়া কৰ্ণাতক উচ্চ ন্যায়ালয়ে অনুক নিয়োগ কৰিলে ।\nলক্ষ্মী ৰেবেক্কা : অনু হৈছে উচ্চ ন্যায়ালয়ত কাম কৰা ভাৰতৰ প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি ।\nএইটো এটা সাংঘাতিক কথা যে, আপোনাৰ অভিজ্ঞতাখিনি, আপোনাৰ সংগ্ৰামখিনিৰ বাবে আজি আপুনি ইমানখিনি পাইছেহি । আজি আপুনি খুব ভাল পৰ্যায়ত আছে। আপুনি কেৱল নিজকে প্ৰতিষ্ঠিত কৰি ক্ষান্ত থকা নাই , যিসকলে আপোনাৰ দৰে বৈষম্যৰ লগত যুঁজি যুঁজি পিছ পৰি আছে , তেওঁলোকৰ বাবেও কাম কৰি আছে। আপুনি ভাবেনে যে আপোনাৰ জীৱনৰ শেষলৈকে আপুনি আপুনি এনেদৰেই জীৱনৰ মূল মন্ত্ৰ হিচাপে তেওঁলোকৰ বাবে কাম কৰি যাব ?\nপদ্মশালী : হয় । মোৰ জীৱনটো মোৰ দৰে বৈষম্যৰ বলি হৈ থকা সকলৰ বাবে মই উৎসৰ্গা কৰিব খোজোঁ। মই কেৱল Sexual আৰু Gender Minorities বা যৌন কৰ্মী সকলৰ বাবেই নহয় ; ইয়াৰ উপৰিও যিসকল অসমৰ্থ, মহিলা, দৰিদ্ৰ আৰু দলিত আছে , তেওঁলোকৰ বাবেও মই কাম কৰি যাম। যোৱা দহ বছৰত কোনো দলিত গোটে Sexuality ৰ ইছ্যুক লৈ মাত মতা নাছিল। কিন্তু এতিয়া সেই গোটবোৰেই Sexuality ৰ ইছ্যুক লৈ মাত মতা আৰম্ভ কৰিছে। কিন্তু মই চিন্তিত হওঁ এই ভাবি যে মোৰ পিছত এই দায়িত্ববোৰ কোনে ল'ব । কিমান দিনলৈ আক্কাই পদ্মশালীয়ে এই সমুদায়টোক প্ৰতিনিধিত্ব কৰি থাকিব? গতিকে ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ যথেষ্ট সংখ্যক লোক মোৰ দৰে ওলাই আহিব লাগিব। এই দায়িত্ববোৰ মূৰ পাতি ল'ব লাগিব।\nলক্ষ্মী ৰেবেক্কা : তাৰমানে আপুনি ট্ৰান্সজেণ্ডাৰৰ এটি আগবঢ়া প্ৰজন্ম ওলাই অহাটো বিচাৰে আৰু তেওঁলোকে কৰা পৰিবৰ্তনবোৰ চাবলৈ বিচাৰে।\nবাৰু , মোক আপোনাৰ কথাখিনিয়ে চুই গ'ল , আপোনাৰ কথাবোৰে মোক যথেষ্ট অনুপ্ৰাণিত কৰিলে আৰু আপোনাৰ দৃঢ়তা দেখি মোৰ খুবেই ভাল লাগিছে। মই আপোনালৈ হিয়াভৰা শুভেচ্ছা জনাইছোঁ।\nপদ্মশালী : মোক ইয়ালৈ মাতি আনি ক'বলৈ সুযোগ প্ৰদান কৰাৰ বাবে বহুত ধন্যবাদ ।\nnirjonninad June 1, 2020 at 9:15 AM\nUnknown June 2, 2020 at 6:22 AM\nVl lgel .mjt Tumi abr hangbadik buli likhila Laxmi rebbeka nilikhi.
977d16995954f05aaabc695ed9a98ff27486a07b7127a0ba1a984246130e80aa
২৪ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা ড০ টি আও গল্ড কাপ চেম্পিয়নচিপ ফুটবল ট্ৰফীৰ ফাইনেলত আজি নাগালেণ্ডে অসমক ১-০ গ'লত পৰাস্ত কৰে। নাগালেণ্ডৰ হৈ ৭ নং জাৰ্চিৰ খেলুৱৈ ডংগেহেংলেও আই চেঙে খেলৰ ৩১ মিনিটত দিয়া একমাত্ৰ গ'লটোৰে নাগালেণ্ডে আজিৰ খেলখনত জয়লাভ কৰিবলৈ সক্ষম হয়। ড০ টি আওৰ জন্মদিন উপলক্ষে আয়োজিত এই টুৰ্ণামেণ্টত নাগালেণ্ডৰ বিজয়ী দলটোক ট্ৰফীসহ ৩,০০০০০ টকাৰ চেক প্ৰদান কৰা হয়। আনহাতে প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা অসমে ট্ৰফীসহ ২,০০,০০০ লাখ টকাৰ চেক লাভ কৰে। তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান মেঘালয়ে লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোককো ট্ৰফীসহ ১,০০,০০০ লাখ টকাৰ চেক প্ৰদান কৰা হয়। আজি আয়োজিত চুড়ান্ত খেলখনত মেন অব দা মেচ আৰু মেন অব দা চিৰিজ সন্মান লাভ কৰিবলৈ সক্ষম হয় নাগালেণ্ড দলৰ ২১ নং জাৰ্চিৰ নেইথ'ভিলি চিলিঅ' নামৰ খেলুৱৈ জনে। আজিৰ খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক মণিপুৰৰ ৰেনেডি সিঙে নৰ্থ ইষ্ট নাওক জনাই যে এনেধৰণৰ টুৰ্নামেন্ট সমূহে নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব। খেলৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত ৰেনেডি সিঙকে ধৰি ড০ টি আওৰ ডাঙৰ পুত্ৰ আকক টেল্লী আও, জীয়াৰী বি টি পেংগাৰ, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ভবেশ গোস্বামী, অলিম্পিয়ান আৰ্চাৰ চক্ৰভেলু চুৰু, এন ই চি ৰ সম্পাদক ৰাম মুইভাহ, ডি কে ডিংল' লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খেলৰ শেষত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে গীত পৰিবেশন কৰাৰ লগতে তেজপুৰৰ পৰা অহা ফেষ্টিডিচান সাংস্কৃতিক গোষ্ঠীয়ে লোকবাদ্য আৰু নৃত্য পৰিবেশন কৰে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
d2bffbbd02064d84421fc918cc0cae9c16ade01241885da8779fbb50b34a52f4
চিৰাং জিলাৰ এংকৰবাৰী গাঁৱৰ অন্নবালা ৰায়ক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি ঘৰৰ পৰা চোঁচৰাই নিয়া ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ জৰিয়তে দোষীক শাস্তি দিয়াৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাই এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত বিদেশী ন্যায়াধিকৰণ আৰু আৰক্ষীৰ ভূমিকাক লৈও সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে। মহিলাগৰাকীক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ 'পিছদিনাখনেই' তেওঁ যে বিদেশী নহয় সেই কথা প্ৰমাণ হোৱাৰ ঘটনাক 'গৰিহণাযোগ্য' আৰু ই ন্যায়াধিকৰণৰ বিশ্বাসযোগ্যতাক লৈয়ো প্ৰশ্ন উঠাইছে বুলি আছুৱে দাবী কৰিছে। 'নিশ্চিত নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা কাৰ্য্য গৰিহণাৰ যোগ্য। এগৰাকী অসমীয়া মহিলাক বিদেশী বুলি ন্যায়াধিকৰণে ভুলকৈ ৰায় দিছে। এয়া চূড়ান্ত অবিচাৰ,' ন্যায়াধিকৰণ সন্দৰ্ভত আছুৰ মন্তব্য। কেইবাখনো বিদেশী ন্যায়াধিকৰণে 'ভালকৈ কাম নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কাম-কাজত পুনৰীক্ষণ কৰাৰ বাতৰি'ৰ প্ৰসংগও আছুৱে উত্থাপন কৰিছে। জিলা বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত যোৱা ২৩ জুনত সীমান্ত আৰক্ষীয়ে অন্নদাবালা ৰায়ক ঘৰৰ পৰাই চোঁচৰাই নিয়াৰ ভিডিঅ' চ'চিয়েল মীডিয়াত ভাইৰেল হৈছিল। এবাৰ বিদেশী বুলি ঘোষণা কৰাৰ পিছত যোৱা ৪ জুলাইত মহিলাগৰাকীক পুনৰ বিদেশী নহয় বুলি ডিটেনশ্যন কেম্পৰ পৰা চিৰাং বিদেশী ন্যায়াধীকৰণে মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল। আক্ৰছু আৰু খিলঞ্জীয়া মঞ্চই কোঁচ-ৰাজবংশী সম্প্ৰদায়ৰ মহিলাগৰাকীক এইদৰে অন্যায়ভাৱে বিদেশী বুলি ৰায় দিয়াক লৈ তীব্ৰ প্ৰতিবাদ জনাইছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
028d3d28edfcc62b16ceb9f6085048138cbc5db3324c04b66f80cd8894b3784c
W7S News September 03, 2021 ব্যবসায়-বাণিজ্য, W7s News ষ্টাফৰিপোৰ্টাৰ; : স্নাতক আৰু উচ্চ শিক্ষাৰ বাবে দেশখনৰ এখন শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় কেএল ডীমড-টু-বি ইউনিভাৰ্ছিটিয়ে কেম্পাছ নিয়োগৰ ক্ষেত্ৰত পুনৰ এবাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। অৰ্থনৈতিক সীমাবদ্ধতা সত্বেও, ২০২১ ৰ আগষ্ট মাহৰ মাত্ৰ ১৪ দিনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীলৈ ২১২ নিয়োগৰ সুযোগ নিশ্চিতিৰে বিশিষ্ট কোম্পানীসমূহে বিশ্ববিদ্যালয়খনৰ প্ৰতিভাসমূহক নিয়োগ কৰে। এনালগ ডিভাইচসমূহে বছৰি ২০ লাখ টকা (এল পি এ) ৰ সৰ্বাধিক পে' পেকেজ আগবঢ়োৱাৰ বিপৰীতে, ১০৪ নিয়োগৰ সুযোগেৰে নিয়োগৰ দৌৰৰ আগত থাকে ডেলয়েট। বিশিষ্ট ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সপোনৰ আৰু অত্যধিক সপোনৰ কোম্পানীসমূহত নিয়োগৰ সুযোগ প্ৰদান কৰিবলৈ তেওঁলোকৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে। প্ৰসিদ্ধ নিয়োগকৰ্তাসকলৰ ভিতৰত আছে এমাজন, ডেলয়েট, মট'ৰ'লা চলুশ্যন, হেকউইথইনফি, এনালগ ডিভাইচ, এড'ব ইণ্ডিয়া (ইন্টাৰ্ণৰ সুযোগ), জ'ছ টেকন'লজি, মেন্টৰ গ্ৰাফিক্স, ইনৰ্ফৰমেটিকা, এজাইল চলুশ্যন, মেট্ৰিক ষ্ট্ৰীম, চিডিকে গ্ল'বেল এক'লাইট ডিজিটেল, কিউঅ'টিয়েন্ট টেকন'লজি, প্ৰভিডেন্স গ্ল'বেল ছফ্টৱেৰ, টেক চিষ্টেম, ইউএছআই। এই কোম্পানীসমূহে বিশ্ববিদ্যালয়খনৰপৰা নিয়োগৰ অৰ্থে ভাৰ্চুৱেল সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে।"ক'ভিড-১৯ সৃষ্ট প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰি, আমাৰ ছাত্ৰ-ছাত্ৰীয়ে কেইবাটাও বিশিষ্ট কোম্পানীৰপৰা প্ৰি-প্লেচমেন্ট অ'ফাৰ লাভ কৰিছে। এয়া হৈছে আমি আগবঢ়োৱা শৈক্ষিক আৰু দক্ষতা প্ৰশিক্ষণৰ মানদণ্ডৰ সাক্ষ্য। আমি ২০২১-২২ নিয়োগ বৰ্ষৰ এই উৎসাহজনক আৰম্ভণিত সফলতা লাভৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ প্ৰদানৰ প্ৰচেষ্টা গ্ৰহণৰ বাবে বিভাগীয় মুৰব্বী, ফেকাল্টী আৰু সমূহ ষ্টাফৰ শলাগ লৈছো। চলিত নিয়োগ বৰ্ষৰ ২ সপ্তাহত ২১০+ নিয়োগৰ সুযোগ লাভ কৰা হৈছে", এইদৰে কয় কেএল ডীমড-টু-বি ইউনিভাৰ্ছিটিৰ অধ্যক্ষ ইঞ্জিনিয়াৰ কোনেৰু সত্যনাৰায়ণে। এই প্ৰসংগত, কেএল ডীমড টু বি ইউনিভাৰ্ছিটিৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ডঃ জি পি সাৰধি বাৰ্মাই কয়, "অলপতে অনলাইন মাধ্যমেৰে অনুষ্ঠিত ড্ৰাইভৰ জৰিয়তে নিয়োগৰ সুযোগ প্ৰদান কৰিবলৈ ১৮ টাকৈ বিশিষ্ট কোম্পানী আগবাঢ়ি অহাটো আমাৰ বাবে সন্তোষৰ বতৰা। কোম্পানী আৰু গ্ৰেজুৱেটসকলৰ মাজৰ যোগাযোগ সহজতৰ কৰিবলৈ আমাৰ প্লেচমেন্ট চেলে গোটেই বছৰটো প্ৰচেষ্টা অব্যাহত ৰাখে। কেম্পাছ ইন্টাৰভিউ/নিয়োগ অভিযানৰ জৰিয়তে সংস্থাপিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অবিৰামভাৱে বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তুলিবলৈ, বিশেষীকৃত দক্ষতা প্ৰদানৰ অৰ্থে প্ৰশিক্ষণ সত্ৰৰ আয়োজন কৰা হৈছে আৰু অত্যাধুনিক প্ৰযুক্তিৰ জ্ঞানে ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহত নিয়োগ লাভত সহায় কৰিব।"ট্ৰেইনিং আৰু প্ৰগ্ৰেশ্যন ডিভিজনে ছাত্ৰ-ছাত্ৰীক চি, চি++, পিঠুন, জাভাকে ধৰি প্ৰগ্ৰেমসমূহৰ ভাৰ্বেল, কোৱান্ট, এপটিটিউড, ৰিজনিং ও লজিকৰ প্ৰশিক্ষণ আগবঢ়োৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ দক্ষতা বিকাশ ডিভিজনে ছেলছফ'ৰ্চ, ছাৰ্ভিচনাও, পেগা, অট'মেশ্যন এনিহুৱেৰ, টেছ'ল্ভ, বাইটএক্সএল, হুয়াওয়ে, এনআই, চিচক', এডব্লিউএছ আৰু মাইক্ৰ'ছফ্ট এজিউৰ সন্দৰ্ভত উদ্যোগৰ সৈতে স্কিল চাৰ্টিফিকেশ্যন আৰু দক্ষতা বিকাশ কাৰ্য্যক্ৰম অনুষ্ঠিত কৰিছে। ১৪ দিনত, ৪ ছাত্ৰই বছৰি ২০ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ নিশ্চিত কৰিছে, ১৮ ছাত্ৰই বছৰি ১৫ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ লাভ কৰিছে, ৪৪ ছাত্ৰই বছৰি ১২ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ পাইছে, ১৭০ ছাত্ৰই বছৰি ৭.৫ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ নিশ্চিত কৰিছে আৰু ২১২ ছাত্ৰই বছৰি ৫ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ লাভ কৰে। No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
5f3b2308f760273dfe67deda96ec02204692f0ce96176fe8b079d231c06ebfe0
নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত দেওবাৰে হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি নগাঁও আৰক্ষীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰে। নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত ৰাইজে পথ অৱৰোধ কৰি আৰক্ষীৰ বিৰুদ্ধে শ্ল'গান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত ৰাইজে মৃতদেহ ৰাস্তাত লৈ পথ অৱৰোধ কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কদমনি গাঁৱৰ প্ৰয়াত আব্দুল কাসেম আলীৰ ৪০ বছৰীয়া পুত্ৰ এমৰান হুছেইনৰ শনিবাৰে বিয়লি ৰহস্যজনকভাৱে ধিং আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱত মৃতদেহ উদ্ধাৰ হৈছিল। পৰিয়ালৰ লোকে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে হত্যাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ লোকে শনিবাৰে পুৱা একে গাঁৱৰে বন্ধু বাবুল ইছলাম আৰু নুৰুদ্দিনে এমৰান হুছেইনক ঘৰৰ পৰা মাতি নিয়াৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে দেওবাৰে বিয়লি প্ৰায় ৫ বজাত স্থানীয় ৰাইজে এমৰানৰ মৃতদেহ নগাঁও-ধিং গড়কাপ্তানি পথত থৈ পথ অৱৰোধ কৰে আৰু এমৰানৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ৰাইজে চাৰি কণ কণ সন্তানৰ পোহ-পালৰ দায়িত্ব পিতৃৰ মৃত্যুৰ পিছত কোনে গ্ৰহণ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে। পথ অৱৰোধৰ ফলত গড়কাপ্তানি পথটোত যান-জঁটৰ সৃষ্টি হয়। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হয় যদিও বহু সময়লৈকে ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখে। ৰাইজে হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নাই কৰা বুলিও অভিযোগ উত্থাপন কৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
96f3ec0808b0c77fcb7d68ad2e3528aa6cff493942a3c4a2ebf7a0f1cefd7db0
চৰাইদেউত এখন মটৰচাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। আৰক্ষীয়ে জানিবলৈ দিয়ে যে যুৱকজনে নিশা পলমকৈ মটৰচাইকেল চলাই আহিছিল আৰু তেওঁৰ লগত আন এজন যুৱকো আছিল। আনজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক বৰ্তমান চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এএমচিএইচত ভৰ্তি কৰোৱা আছে। মৃত যুৱকজনক বৰহাটৰ সুভ্ৰজিত গগৈ বুলি চিনাক্ত কৰা হৈছে। আহত যুৱকজন অৰুণ বুঢ়াগোহাঁই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লগতে কয় যে ঘটনাৰ সময়ত মটৰচাইকেলখন অতি তীব্ৰ বেগত থকাৰ সন্দেহ কৰা হৈছে। মটৰচাইকেলখনে এডাল গছ আৰু তাৰপিছত এটা পোষ্টত খুন্দা মাৰি খাৱৈ এটাত পৰি যায়। বুঢ়াগোঁহাইক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰাৰ সময়ত ঘটনাস্থলীতে গগৈৰ মৃত্যু ঘটিছিল। এজন আৰক্ষী বিষয়াই কয় যে তেওঁলোকে দুৰ্ঘটনাটো কেনেকৈ ঘটিছিল সেয়া এতিয়াও জানিব পৰা নাই কিয়নো যুৱক দুজনে সুৰাপান কৰা নাছিল আৰু দুৰ্ঘটনাটোত আন কোনো বাহন জড়িত থকাৰ প্ৰমান নাই। আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে অধিক অনুসন্ধান অব্যাহত ৰাখিছে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a146bf0511ddf8ad1465f0e3083c22be9e06e697cfb7d63f8700ef6c4300ab40
সামৰিক পোছাক পিন্ধা এজন কিশোৰ বন্দুকধাৰীয়ে নিউয়ৰ্কৰ বাফেলো, চুপাৰমাৰ্কেটত ধাৰাসাৰ গুলীচালনা কৰাৰ ফলত ১০ জন লোকৰ থিতাতে মৃত্যু ঘটে। আৰক্ষীয়ে এই আক্ৰমণৰ ঘটনাৰ আঁৰত বৰ্ণ বৈষম্যৰ ধাৰণাই ক্ৰিয়া কৰা বুলি সন্দেহ কৰিছে। গুলীচালনাৰ ঘটনাটোত আন তিনিজন লোক গুৰুতৰভাবে আহত হয়। ১৮ বছৰীয়া শ্বেতাংগ বন্দুকধাৰী কিশোৰ জনে সামৰিক পোছাক পিন্ধি টপছ ফ্ৰেণ্ডলী মাৰ্কেটত প্ৰৱেশ কৰিছিল আৰু কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে তাত উপস্থিত থকা লোকসকলৰ ওপৰত গুলী চলাবলৈ ধৰিছিল। নিউয়ৰ্কৰ আৰক্ষী আয়ুক্ত যোচেফ গ্ৰামাগ্লিয়াই সংবাদমাধ্যমক জনোৱা অনুসৰি আক্ৰমণকাৰী কিশোৰ জনে আক্ৰমণৰ সমগ্ৰ ঘটনা পিন্ধি থকা হেলমেটত লগাই ৰখা কেমেৰাৰে লাইভ কৰি গৈছিল। চুপাৰ মাৰ্কেট খনৰ নিৰাপত্তৰাক্ষীয়ে আক্ৰমণকাৰী কিশোৰ জনক লক্ষ্য কৰি গুলীচালনা কৰে যদিও কিশোৰ জনে পিন্ধি অহা বুলেটপ্ৰুফ জেকেটত লাগি গুলী উফৰি পৰে। আক্ৰমণকাৰী কিশোৰ জনৰ গুলীত চুপাৰ মাৰ্কেট খনৰ এগৰাকী নিৰাপত্তাৰক্ষীৰো মৃত্যু ঘটে। উল্লেখ্য চুপাৰ মাৰ্কেটখন ডাউনটাউন বাফেলোৰ পৰা কেইকিলোমিটাৰ উত্তৰে অৱস্থিত। আক্ৰমণ সংঘটিত কৰাৰ কিছুসময় পিছতে আক্ৰমণকাৰী কিশোৰ জনে হাতৰ পৰা বন্দুক পেলাই দি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। আৰক্ষীয়ে আক্ৰমণকাৰী কিশোৰ জনৰ নাম পেটন গেন্দ্ৰন বুলি প্ৰকাশ কৰিছে।চুপাৰ মাৰ্কেটত বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনাই পুনৰ জোকাৰি গৈছে সমগ্ৰ আমেৰিকাকে। দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ'ল নতুন নেতা? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
bda1474d7e3e125f2aff0ac5dcd1ec9ef3a85cc6b2f24b3fda7c779d9b67f47c
হিন্দু ধৰ্মীয় মহাকাব্য, আখ্যান আৰু উপাখ্যান সমূহৰ পুৰাতন কিছু চৰিত্ৰ যাক মুল কাহিনীত সাধাৰণতে অত্যধিক গুৰুত্ব আৰোপ কৰা নাযায়, তেনে চৰিত্ৰক লৈ বহু কেইখন ভাৰতীয় উপন্যাস লিখা হৈছে। নিতান্তই কাহিনীৰ প্ৰয়োজনত বা অধ্যায় বিশেষে ভুমুকি মাৰি যোৱা এনে বহু চৰিত্ৰ থাকে যাক অন্য দৃষ্টিকোনেৰে অৱলোকন কৰাৰ বহু অৱকাশ থাকি যায়। হিন্দু ধৰ্মীয় মহাকাব্যিক চৰিত্ৰসমুহৰ বাহিৰৰ আন এক বহু চৰ্চিত বিশ্বমানৱ চৰিত্ৰ বৌদ্ধধৰ্মৰ প্ৰৱৰ্ত্তক গৌতম বুদ্ধৰ জীৱন সৰ্বদা চৰ্চিত কিন্তু বিপৰীতে গৌতম বুদ্ধৰ পত্নী গোপাৰ জীৱন কাহিনী সমানেই উপেক্ষিত। এই স্বল্পচৰ্চিত, উপেক্ষিত চৰিত্ৰ গোপাৰ জীৱনগাথাৰ এক অগতানুগতিক অৱলোকন -গীতালি বৰাৰ প্ৰথমখন উপন্যাস "বুদ্ধজায়া"। সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত গল্পকাৰ গীতালি বৰাৰ প্ৰথমখন উপন্যাস "বুদ্ধজায়া" এক অগতানুগতিক বিষয়বস্তু আৰু স্বকীয় উপস্থাপন শৈলীৰ বাবে সুখপাঠ্য হৈ উঠিছে। কাহিনীৰ ব্যাপ্তি আৰু সময়ৰাজিৰ বিশালতাই কাহিনীভাগ আগুৰি ৰাখিছে। এক ধ্ৰুপদ সত্যক কিছু উপেক্ষিত চৰিত্ৰৰ দ্বাৰা পুণঃঅৱলোকন কৰোঁতে উপন্যাসৰ স্ৰষ্টা গৰাকী পুৰামাত্ৰাই সফল হৈছে । কাহিনীৰ মুখ্য চৰিত্ৰ গোপাৰ অন্তৰ্দ্বন্দ, মানসিক জগতৰ এক পৰিমাত্ৰিক ছৱিৰ স'তে লেখিকাই খুউব সচেতন ভাৱে পাঠকক মুখামুখি কৰি দিছে। শাক্যবংশীয় নাৰীসকলৰ জীৱনগাথাক এক ভিন্ন দৃষ্টিভঙ্গীৰে অৱলোকিত কৰাৰ বিপৰীতে যুগপুৰুষ বুদ্ধদেৱক এক সন্দেহৰ আৱৰ্ত্তৰ মাজলৈ লেখিকাই আনি তাৰ প্ৰভাৱ পাঠকৰ মাজলৈ এৰি দিছে। এক যুগদ্ৰষ্ট্ৰা, যুগনায়ক শাক্যবংশীয় ৰাজকুমাৰ গৌতমেই অৱশেষত শাক্যবংশ পতনৰ খলনায়ক হৈ উঠা নাইনে? শাক্যবংশৰ শেষ আশা গৌতম তনয় ৰাহুলক প্ৰব্ৰজা গ্ৰহনেৰে ভিক্ষুলৈ ৰূপান্তৰ কৰাৰ পাছতে শাক্যবংশৰ অন্তিম কিৰণখিনিও স্তিমিত হৈ পৰা নাইনে ?তাৰ বাবে তেওঁয়েই দায়বদ্ধ নহয়নে?এনে কিছু প্ৰশ্নই পাঠকৰ মনত হেন্দুলনি নোতোলাকৈ নাথাকে। কাহিনীৰ গতি অতি সাৱলীল। কাহিনী উপস্থাপনৰ এক সুকীয়া ধাৰা আছে লেখিকাৰ। পৰিৱেশ সৃষ্টি আৰু বৰ্ণনৰ ক্ষেত্ৰত লেখিকাৰ দখল অনবদ্য। বৰ্ণনাৰ জৰিয়তে কাল্পনিক এক পৰিৱেশক সযত্নে পাঠকৰ মানসপটত তুলি ধৰে লেখিকাই। শেষৰ দুটামান অধ্যায়ত কাহিনীভাগ সামৰাৰ তাড়নাত কিছু চমুৱাই অনা যেন অনুভৱ হ'ল। আভিধানিক শব্দৰ অধিক প্ৰয়োগৰ বাবে কেতিয়াবা পঠনত সাময়িক ব্যাঘাত জন্মিলেও কাহিনীৰ পটভুমিয়ে সেয়া দাবী কৰে বুলি লেখিকাই আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ আছে। কিছুমান শব্দক ঠাই ব্যতিৰেকে ভিন্ন ৰূপে ব্যৱহাৰ কৰা হৈছে, যিটো এৰাই চলিব পৰা গ'লহেতেন। বুৰঞ্জী অথবা বাস্তৱ চৰিত্ৰৰ আলমত গঢ় দিয়া এটা কাহিনীত লেখকৰ বহু সীমাৱদ্ধতা থাকে। কল্পনাৰ পৰিধি কাহিনীৰ প্ৰয়োজনৰ অনুপাতে অথবা নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰতে বান্ধি ৰাখিব লগা হ'য়। কাল্পনিক কাহিনী বা কাল্পনিক চৰিত্ৰ ক্ষেত্ৰত ই শিথিল। সেয়ে বুৰঞ্জী অথবা বাস্তৱ চৰিত্ৰৰ আলমত গঢ় দিয়া এটা কাহিনীৰ ক্ষেত্ৰত প্ৰয়োজন হ'য় প্ৰচুৰ অধ্যয়ন আৰু মানসিক প্ৰস্তুতি। বুদ্ধজায়াৰ জৰিয়তে লেখিকাৰ সেই অধ্যয়ন আৰু চৰিত্ৰৰ মাজত তেওঁৰ বিচৰণ প্ৰস্ফুটিত হৈছে। একেআষাৰে কব পাৰি -"বুদ্ধজায়া"ক এক অগতানুগতিক বিষয়বস্তু আৰু স্বকীয় উপস্থাপন শৈলীৰ সুখপাঠ্য উপন্যাস ৰূপে গঢ়ি তোলাত লেখিকা গীতালি বৰা পুৰামাত্ৰাই সফল। এখন উপন্যাস অথবা কিতাপৰ জৰিয়তে লেখকৰ মনোজগততো বহু পৰিমানে বিচৰণ কৰিব পৰা যায়, "বুদ্ধজায়া"ত লেখিকাই তেওঁৰ অভিজ্ঞ মনোজগতত পাঠকক বিচৰণ কৰোৱাৰ ওপৰিও এক অনন্য পঠন অভিজ্ঞতা উপহাৰ দিছে।
e5db91928054d77df8fa8aa359f926d6b7b282368c53a3bed6e901b1fc05da26
মধুৰিআম হৈছে এক জনপ্রিয় ফল। যদিও সকলো ফলৰ স্বাস্থ্যৰ লাভালাভ আছে, মধুৰিআমৰ লাভালাভ এক সুকীয়া। দিনত ভাগত মধুৰিআম খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল। কেৱল মধুৰি আমেই নহয়, মধুৰিআমৰ পাতো ঔষধি গুনেৰে পৰিপুষ্ট বুলি জনা যায়। 2.মধুমেহ ৰোগীৰ বাবে মধুৰিআম আৰু মধুৰিআমৰ পাত অত্যাৱশ্যকীয়। শুকান মধুৰিআমৰ পাতৰ পাউডাৰ আৰু মধুৰিআম ফল সেৱনে তেজৰ গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায় হৈছে মধুৰিআমৰ পাত শুকুৱাই পানীত মিহলাই সেৱন কৰা। 3.বিশেষজ্ঞসকলৰ মতে ই আমাৰ শৰীৰত ৰেডিকেলৰ বিকাশ বন্ধ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ এণ্টিঅক্সিডেণ্টে কৰ্কট কোষৰ বিকাশত বাধা দিয়ে। লাইকোপেন আৰু ভিটামিন C -ৰ দৰে উপাদানবোৰেও কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়া বুলি জনা যায়। 4.বেয়া কলেষ্টেৰল হ্ৰাস কৰাৰ সামৰ্থ্যৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধুৰি আমৰ ভূমিকা উল্লেখনীয়। ইয়াৰ উপৰিও, ই ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। উচ্চ ৰক্তচাপ থকা লোকৰ বাবেও ই উপকাৰী। 5.মধুৰিআমে কোষ্ঠকাঠিন্য নিৰাময় কৰিব পাৰে। ইয়াৰ ফলত যথেষ্ট পৰিমাণে আঁহ থাকে। সেয়েহে, খালে শৌচ ত্বৰান্বিত কৰে। ই হজম প্রক্রিয়া উন্নত কৰে বুলিও কোৱা হয়। 6.ই ভিটামিন A ৰে সমৃদ্ধ যি চকুৰ বাবে ভাল। ইয়াক কুকুৰী কণা আৰু অন্যান্য ৰোগৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াক গাজৰতকৈ অধিক পুষ্টিকৰ ফল বুলি কোৱা হয়। 8.মধুৰিআমৰ নিয়মীয়া ব্যৱহাৰে কেৱল দাঁত আৰু আলুৰ ভাল স্বাস্থ্যৰ বাবে নহয় বৰং বেয়া উশাহ আৰু দাঁতৰ ৰোগো হ্ৰাস কৰে। মধুৰিআমৰ থকা মেগনেছিয়ামে চাপ আৰু পেশী আৰু স্নায়ুক আৰাম দিয়ে। মধুৰিআমত প্রচুৰ B3 B6 থাকে যি মস্তিষ্কৰ কাৰ্য উন্নত কৰে। মধুৰিআমৰ মগজুৰ স্নায়ুবোৰ উত্তেজিত কৰাৰ এক বিশেষ সামৰ্থ্য আছে।
433317dd1a3d9db36ce7c03381e01d8645bc7a4af173247aa445ee8690f9e10d
মহামন্দাৰ কাৰণৰ দুটা প্ৰধান প্ৰতিযোগী অৰ্থনৈতিক তত্ত্ব হৈছে কেইনচিয়ান (Keynesian; চাহিদা-চালিত) আৰু মুদ্ৰাবিদ ব্যাখ্যা (monetarist explanation)। এনে আন কিছু তত্বও আছে যিবোৰে কেইনচিয়ান আৰু মুদ্ৰাবিদ ব্যাখ্যাবোৰক অস্বীকাৰ কৰে। দাবী-চালিত তত্ববোৰৰ মাজত সহমত আছে যে এক বৃহৎ পৰিমাণৰ আত্মবিশ্বাস হেৰুওৱাৰ ফলত হঠাৎ ব্যৱহাৰ আৰু বিনিয়োগ ব্যয় হ্ৰাস হৈছিল। এবাৰ আতংক আৰু বিমুদ্ৰাস্ফীতি আৰম্ভ হোৱাৰ পিছত, বহু লোকে বিশ্বাস কৰিছিল যে তেওঁলোকে বজাৰৰ পৰা আঁতৰত কৰি অধিক ক্ষতি পৰিহাৰ কৰিব পাৰিব। দাম হ্ৰাস হোৱাৰ ফলত ধন ধৰি ৰখাটো লাভজনক হৈছিল আৰু নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বাবদ অধিক সামগ্ৰী ক্ৰয় কৰা কৰিব পাৰিছিল, যাৰ ফলত চাহিদা হ্ৰাস হয়। মুদ্ৰাবিদসকলে বিশ্বাস কৰে যে মহামন্দা এক সাধাৰণ মন্দা হিচাপে আৰম্ভ হৈছিল, কিন্তু ধন যোগান সংকুচিত হোৱাৰ ফলত অৰ্থনৈতিক পৰিস্থিতি অধিক বেয়া কৰিছিল, যাৰ ফলত এই মন্দাৱস্থা মহামন্দালৈ পৰিণত হৈছিল। বিশ্বৰ বেছিভাগ দেশে ১৯৩৩ চনত মহামন্দাৰ পৰা পুনৰুদ্ধাৰ হ'বলৈ আৰম্ভ হৈছিল।[11] আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৩৩ চনৰ আৰম্ভণিতে পুনৰুদ্ধাৰ আৰম্ভ হয়,[11] কিন্তু এক দশকৰ অধিক কাল ধৰি ১৯২৯ চনৰ মুঠ ৰাষ্ট্ৰীয় পণ্য (জিএনপি)-লৈ অস্থালৈ ঘূৰি অহা নাছিল আৰু তেতিয়াও ১৯৪০ চনত প্ৰায় ১৫% নিবনুৱাৰ হাৰ আছিল, যদিও ই ১৯৩৩ চনত ২৫% উচ্চ হাৰৰ পৰা তললৈ নামিছিল। বেছিভাগ দেশে ৰিলিফ কাৰ্য্যসূচী স্থাপন কৰিছিল আৰু কিছু ধৰণৰ ৰাজনৈতিক অভ্যুত্থান হৈছিল, যি তেওঁলোকক সোঁফাপন্থালৈ ঠেলি দিছিল। ইউৰোপ আৰু লেটিন আমেৰিকাৰ বহুতো গণতান্ত্ৰীক দেশত গণতন্ত্ৰৰ পতন ঘটিছিল আৰু একনায়কত্বৰ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ উল্লেখযোগ্য উদাহৰণ হৈছে ১৯৩৩ চনত জাৰ্মানী প্ৰতিষ্ঠা হোৱা একনায়কত্ববাদ। আনহাতে, ডম'নিয়'ন অৱ নিউফাউণ্ডলেণ্ডে স্বেচ্ছাই গণতন্ত্ৰ এৰি দিছিল।
f5ba4065f5214322ab1994544ed2d0064977f98182d990bbd1442df7b2c7a109
delhi-fire-in-cloth-godown-in-kirari-kills-9-people-many-are-injured-admitted-to-hospital- News18 Assam\nকাপোৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৯জনৰ\nCovid 19 india: কোৰোণাক কেনেকৈ পৰাভূত কৰিলে বিকি কৌশলে? ছচিয়েল মিডিয়াত ফটো ছেয়াৰ কৰি কি ক'লে অভিনেতাগৰাকীয়ে?\nCovid 19: তেলেগু ছুপাৰষ্টাৰ পৱন কল্যাণ আক্ৰান্ত হ'ল কোৰোণাত। শীঘ্ৰে আৰোগ্যৰ কামনা কৰি অনুৰাগীৰ প্ৰাৰ্থনা।\nCovid 19 : কোৰোণাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন ৰাজনৈতিক নেতা। কেন্দ্ৰীয় বনমন্ত্ৰী প্ৰকাশ জাভেদকাৰো হ'ল আক্ৰান্ত। আৰু কোন কোন আছে তালিকাত?\nকোৰোণাৰ মহা সংক্ৰমণ! চৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থকাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ\nUpdated:December 23, 2019, 8:06 AM IST\nঅগ্নিকাণ্ডৰ সময়ত শুই আছিল অট্টালিকাটোত থকা লোকসকল। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে।\nদিল্লীৰ কিৰাৰী অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড। এটা কাপোৰৰ গুদামত সংঘটিত এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লয় ৯জন লোকে। আন কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় এই অগ্নিকাণ্ডৰ ঘটনাত। মাজনিশা এটা অট্টালিকাৰ প্ৰথম মহলাত সূত্ৰপাত হয় জুইৰ।\nঅগ্নিকাণ্ডৰ সময়ত শুই আছিল অট্টালিকাটোত থকা লোকসকল। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে চাৰি মহলীয়া অট্টালিকাটোৰ তলৰ অংশত থকা গুদামত সংঘটিত হয় অগ্নিকাণ্ডৰ। এটা চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।
20c9af7a3018c31dca950c147984755f3a7c5d28c0fa1e753211a80250396913
অর্থনৈতিক উন্নয়ন class 10 দশম শ্ৰেণী সামাজ বিজ্ঞান প্ৰশ্ন উত্তৰ\nঅর্থনৈতিক উন্নয়ন class 10\nঅর্থনৈতিক উন্নয়ন প্ৰশ্ন উত্তৰ\nবিষয় (Subject) সামাজ বিজ্ঞান\nকিতাপখনৰ নাম অৰ্থনীতি\nপাঠৰ নাম অর্থনৈতিক উন্নয়ন\n১। ব্যাখ্যা কৰা\n(ক) অর্থনৈতিক বিকাশ (খ)অর্থনৈতিক উন্নয়ন (গ) মানব উন্নয়ন। (ঘ) অর্থনৈতিক পৰিকল্পনা। (৪) গণতান্ত্রিক পৰিকল্পনা (চ) উদাৰীকৰণ (ছ) ব্যক্তিগতকৰণ (জ) গােলকীকৰণ বা বিশ্বায়ন\n(ক) অর্থনৈতিক বিকাশ : অর্থনৈতিক বিকাশ হল দেশ এখনৰ জাতীয় আয় আৰু জনমূবি আয় বৃদ্ধি।\n(খ) অর্থনৈতিক উন্নয়নঃ দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ মাধ্যমেৰে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি জীৱন ধাৰণৰ সাধাৰণ মানদণ্ড উন্নত কৰাকে অর্থনৈতিক উন্নয়ন বােলে।\n(গ) মানৱ উন্নয়নঃ যি উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হােৱাটো বুজায় তাকেই মানব উন্নয়ন বােলে।\n(ঘ) অর্থনৈতিক পৰিকল্পনা : নির্ধাৰিত এছােৱা সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্য এক কেন্দ্রীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ আৰু দিগদর্শনেই হ'ল অর্থনৈতিক পৰিকল্পনা।\nগণতান্ত্রিক পৰিকল্পনা ঃ যি পৰিকল্পনাৰ যুগতকৰণৰ বিভিন্ন পর্যায়ত ৰাইজৰ অংশগ্রহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ'ল গণতান্ত্রিক পৰিকল্পনা।\nউদাৰীকৰণঃ দেশৰ আর্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ৰ শিথিলকৰা হ'ল উদাৰীকৰণ।\n(ছ) ব্যক্তিগতকৰণঃ চৰকাৰী নিয়ন্ত্রণ আৰু ব্যৱস্থাপনৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া। নীতিয়েই হ'ল ব্যক্তিগতকৰণ।।\n(জ) গােলকীকৰণ বা বিশ্বায়নঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্ব অর্থনীতিৰ সংযােগ স্থাপন বা সংহতি সাধন কৰাটোৱেই\nহ'ল গােলকীকৰণ বা বিশ্বায়ন।\nলগতে পঢ়কঃ মুদ্ৰা আৰু বেংক ব্যবস্থা\nচমু উত্তৰৰ প্ৰশ্ন\n২। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্মানৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।\nউত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উায়নৰ দুটা প্রধান পার্থক্য হল-~-\n(ক) অর্থনৈতিক বিকাশৰ অৰ্থসীমিত; কিন্তু অর্থনৈতিক উন্নয়ন অর্থ বহল। অর্থনৈতিক বিকাশ হলেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নােৱাৰি কিন্তু অর্থনৈতিক উন্নয়ন হ'ব লাগিলে অর্থনৈতিক বিকাশ হব লাগিব।\n৩া মানব উন্নয়নৰ তিনিটা সূচক কি কি?\nউত্তৰঃ মানব উন্নয়নৰ তিনিটা সূচক হ'ল-\n(ক) প্রত্যাশিত আয়ুস, (খ) শিক্ষা আৰু (গ) জীৱন-যাত্ৰাৰ মান।\n81 সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?\nউত্তৰঃ মানৱ উন্নয়নৰ ধাৰণাটোৰ লগত সমষ্টিগত পছন্দৰ সম্পর্ক ওতঃপ্রোত ভাবে জড়িত। মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে। এই সমষ্টিগত পছন্দই অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে। দেশ এখনৰ প্ৰকৃত সম্পদ হ'ল দেশখনৰ জনসাধাৰণ আৰু সেয়ে মানুহৰ সামাজিক, সামূহিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাত্ৰাৰ মান বৃদ্ধি হ'ব লাগে।\n৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।\nউত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হল-\n(ক) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্রতৰ কৰা,\n(খ) আর্থ-সামাজিক বৈষম্য দূৰ কৰা,\n(গ) দৰিদ্ৰতা নির্মূল কৰা আৰু নিয়ােগৰ সা-সুবিধা সমূহ বৃদ্ধি কৰা।\nNITI আয়োগৰ সদস্যসকল কোন কোন?\nউত্তৰঃ NITI আয়ােগৰ অধ্যক্ষ হ'ল প্রধানমন্ত্রী। এই আয়ােগৰ অন্যান্য সদস্যসকল হ'ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, চাৰিগৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।\n(গ) দীঘল উত্তৰপ্রশ্নঃ\n৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছােৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছােৱা (১৯৯১ ৰ পৰা বর্তমানলৈ)ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা।\nউত্তৰ ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নক ব্যাখ্যা দুটা ভাগত ভাগ কৰিব পাৰি - প্রথমে ১৯৫০-৫১চনৰ পৰা ১৯৯০-৯১ চনলৈ আৰু দ্বিতীয়তে ১৯৯০-৯১ চনৰ পৰা বৰ্তমানলৈ। ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছােৱাত ভাৰতীয় অর্থনীতিৰ গুৰি ধৰোঁতা আছিল ৰাজহুৱা খণ্ড।ব্যক্তিগত খণ্ডৰ\nভূমিকা আছিল গৌণ। ভাৰতবৰ্ষৰ আর্থিক ব্যবস্থা হৈছে মিশ্রিত আর্থিক ব্যৱস্থা। যি আর্থিক ব্যৱস্থাত ৰাজহুৱা বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আর্থিক ব্যবস্থাই হ'ল মিশ্রিত আর্থিক ব্যবস্থা। ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছােৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতবৰ্ষক ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্রতিষ্ঠা কৰাটো এক প্রধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সময়ছােৱাত ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্য সমূহ আছিল - \n(i) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তােলা।\n(ii) আধুনিক প্রযুক্তিবিদ্যা প্রয়ােগৰ ওপৰত গুৰুত্ব প্রদান ।\n(iii) আত্মনিৰ্ভৰশীলতা অর্জন কৰা।\n(iv) সামাজিক ন্যায় প্রতিষ্ঠা কৰা।\nএই সময়ছােৱাত বেংক, বীমা, পৰিবহণ, ব্যৱসায়, কৃষি আদিৰ কিছু উন্নতি হ'ল।। আনহাতে 'ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ দ্বিতীয়ছােৱাই ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছােৱাত 'ভাৰতীয় অর্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ল। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পালে। এই তাৎপর্যপূর্ণ পৰিবৰ্তনৰ তিনিটা মূল কাৰণ। প্ৰথমতে, চৰকাৰী ব্যয় বৃদ্ধিৰ হাতকৈ চৰকাৰী আয় বৃদ্ধি কম হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। দ্বিতীয়তে, প্রধানকৈসীমিত উৎপাদনৰ ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিলে। তৃতীয়তে ১৯৯০-৯১ চনত ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহিগৰ্ম হৈছিল। সেয়েহে বিশ্ব বেংকৰ পৰামর্শ অনুসৰি ভাৰতত অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিলে যিয়ে উদাৰীৰণ,ব্যক্তিগতকৰণ আৰু গোলকীকৰণ অৰ্যসূচীক উদগনি যােগাইছিল।\n৮। ভাৰতবৰ্ষতঅর্থনৈতিক সংস্কাৰপ্ৰৱর্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।\nউত্তৰ। ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় অর্থনীতি এক গুৰুত্বপূর্ণ পবির্তন সাধিত হ'ল।উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণ বা বিশ্বায়ণেৰ গুৰুত্ব বৃদ্ধি পালে আৰুৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পালে। এই তাৎপর্যপূর্ণ পৰিবৰ্তনৰ তিনিটা মূল কাৰণ তলত দিয়া হল-\n(ক) চৰকৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লােকচান ভৰিবলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টাৰাজহ্বা খণ্ডৰ লােকচান ভৰা উদ্যোগৰ ভিতৰত ৫৮ টাইৰুগ্ন হৈ পৰিছিল।\n(খ) দ্বিতীয়তে প্রধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিলে।\n(গ) তৃতীয়তে, ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। সেই সময়ছােৱাত নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহির্গমন হৈছিল। ইয়াৰ ফলত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। সেই সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অর্থনীতিৰ গাঁথনিমূলক পৰিবৰ্তন হ'ব লাগে। তাৰ পিছত অর্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী গ্রহণ কৰিলে।\nঅর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।\nউত্তৰঃ বিশ্ব বেংকৰ পৰামর্শ অনুসৰি পি. ভি.নৰসিংহৰাও নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্রবর্তন কৰিলে। এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণ বা বিশ্বায়নৰ কাৰ্যসূচীক উনি যােগাইছিল। এই অর্থনৈতিক সংস্কাৰৰ কিছুমান সুফল দেখা যায়। সেইবােৰ হ'ল - \n(ক) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। প্ৰকৃততে ২০০৫-২০০৬, ২০০৬-২০০৭ আৰু ২০০৭-২০০৮ চনত বার্ষিক উন্নয়নৰ হাৰ আছিল যথাক্রমে ১,৫ শতাংশ, ৯.৭ শতাংশ, আৰু ৯.২ শতাংশ। ইয়াৰ পিছৰ বৰ্ষত অর্থাৎ ২০০৯- ২০১০ চনৰ পৰা ২০১২ ক পৰা ২০১৩ চনলৈ গড় হিচাপত বার্ষিক উন্নয়নৰ হাৰ আছিল ৬.৭ শতাংশ। শেহতীয়া অর্থনৈতিক সমীক্ষা অনুসৰি ২০১৩-২০১৪ চনত বার্ষিক উন্নয়নৰ হাৰ আছিল ৭.২ শতাংশ।\n(খ) পাইকাৰী মূল্যসূচী পূর্বৰ তুলনাত হ্রাস হৈছে। অৱশ্যে খুচুৰা মূল্যসূচী সেই একে হাৰত কমি অহা নাই। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হােৱা বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই\n(গ) পৰিমাণ বর্তমান ৩২৮.৭ বিলিয়ন ডলাৰ হৈছে। এই জমাৰ পৰিমাণে ভাৰতৰ অহা ৭ মাহৰ আমদানিৰ মূল্য সামৰি লব।\n১০। অর্থনৈতিক সংস্কাৰ প্ৰৱর্তনৰ ফলত সৃষ্টি হােৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।।\nউত্তৰঃ অর্থনৈতিক সংস্কাৰৰ প্ৰবৰ্তনৰ বাবে কিছু সুফল ভাৰতবৰ্ষৰ অৰ্থনীতিত দেখা যায়।কিন্তু এই নীতিৰ ফলত কেতবােৰ সমস্যাৰাে সৃষ্টি কৰিছে। এই সংস্কাৰনীতিয়ে প্রতিযােগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়ােটাই বৃদ্ধি কৰিছে। বিভিন্ন সামগ্রী বজাৰত বিক্ৰী কৰা হ'ল। এই প্রতিযােগিতা সুস্থ হ'ব লাগিলে জনসাধাৰণৰ ক্রয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ'ব লাগিব। জনসাধাৰণে আয় অনুসৰি ব্যয় কৰিব লাগিব। সেই স্থলত যদি আয় অনুপাতে যদি ব্যয় বেছি হয় তেন্তে জনসাধাৰণে বহুতাে সমস্যাৰ সন্মুখীন হ'ব পাৰে বজাৰকেন্দ্রিক অর্থনীতিৰ প্ৰভাৱ দৰিদ্ৰ শ্ৰেণীৰ লােকৰ ওপৰত যথেষ্ট পৰিমাণে হােৱা দেখা যায়। এই অর্থনীতিৰ ফলত ধনী লােকসকল ক্রমান্বয়ে ধনী আৰু দুখীয়াসকল ক্রমান্বয়ে দুখীয়া হৈ যাব ধৰিছে। সেয়েহে বজাৰকেন্দ্রিক অর্থনীতিয়ে যাতে দৰিদ্ৰসকলক বঞ্চিত কৰিব নােৱাৰে সেইটো নিশ্চিত কৰিবলৈ হ'লে সুপ্রশাসন ব্যৱস্থা এটা বাহাল । থকাটো প্রয়ােজনীয়। বর্তমান ভাৰতবৰ্ষত অর্থনৈতিক উন্নয়নৰ সুফলবােৰৰ পৰা সমাজৰ কোনাে শ্ৰেণীৰ লােক যাতে বঞ্চিত নহয় তাৰ বাবে অন্তর্ভুক্তিকৰণৰ প্ৰক্ৰিয়াৰ ওপৰত যথেষ্ট গুৰুত্ব আৰােপ কৰিছে।\n১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।\nউত্তৰঃ অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনা অর্থাৎ দ্বাদশ পৰিকল্পনা ২০১২ চনৰ পৰা ২০১৭ চনলৈ যুগুত কৰা হয়। এই পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ হ'ল-\n(ক) দেশৰ উমতি উন্নত ৰাজ্যসমূহৰ সম পর্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।\n(খ) দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰা।।\n(গ) শেহতীয়া প্রযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা।\n(ঘ) কৃষি খণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা।\n(৪) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অর্জনকৰা আৰুশক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্রযুক্তিবিদ্যা। প্রয়ােগ কৰা।\n(চ) ৰাজ্য চৰকাৰ, পঞ্চায়ত, নগৰীয়া নিকায়, জিলা পৰিষদ আৰু জনজাতি উন্নয়ন সুপ্রশাস ৱিস্থা নিশ্চিত কৰিবলৈ কেতবােৰ আঁচনি গ্ৰহণ কৰা।\n১। অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা?\nউত্তৰঃ ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্ধাৰিত নীতি অনুযায়ী অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰি জীৱন নির্বাহৰ মান উন্নয়নৰ কাৰনে যি সুনির্দিষ্ট পৰিকল্পনা হাতত লােৱা হয় তাকেই অর্থনৈতিক পৰিকল্পনা বােলে। বজাৰকেন্দ্রিক অর্থনীতিৰ প্ৰভাৱ দৰিদ্ৰ শ্ৰেণীৰ লােকৰ ওপৰত যথেষ্ট পৰিমাণে হােৱা দেখা যায়। এই অর্থনীতিৰ ফলত ধনী লােকসকল ক্রমান্বয়ে ধনী আৰু দুখীয়াসকল ক্রমান্বয়ে দুখীয়া হৈ যাব ধৰিছে। সেয়েহে বজাৰকেন্দ্রিক অর্থনীতিয়ে যাতে দৰিদ্ৰসকলক বঞ্চিত কৰিব নােৱাৰে সেইটো নিশ্চিত কৰিবলৈ হ'লে সুপ্রশাসন ব্যৱস্থা এটা বাহাল । থকাটো প্রয়ােজনীয়। বর্তমান ভাৰতবৰ্ষত অর্থনৈতিক উন্নয়নৰ সুফলবােৰৰ পৰা সমাজৰ কোনাে শ্ৰেণীৰ লােক যাতে বঞ্চিত নহয় তাৰ বাবে অন্তর্ভুক্তিকৰণৰ প্ৰক্ৰিয়াৰ ওপৰত যথেষ্ট গুৰুত্ব আৰােপ কৰিছে।\nউত্তৰ অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনা অর্থাৎ দ্বাদশ পৰিকল্পনা ২০১২ চনৰ পৰা ২০১৭ চনলৈ যুগুত কৰা হয়। এই পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ হ'ল-\n(খ) দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ।\n(গ) শেহতীয়া প্রযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা\n(ঘ) কৃষি খণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি করা।\n(৪) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অর্জনকৰা আৰুশক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্রযুক্তিবিদ্যা প্রয়ােগ কৰা। ৰাজ্য চৰকাৰ, পঞ্চায়ত, নগৰীয়া নিকায়, জিলা পৰিষদ আৰু জনজাতি উন্নয়ন সুপ্রশাস ৱিস্থা নিশ্চিত কৰিবলৈ কেতবােৰ আঁচনি গ্ৰহণ কৰা।\nউত্তৰঃ ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্ধাৰিত নীতি অনুযায়ী অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰি জীৱন নির্বাহৰ মান উন্নয়নৰ কাৰনে যি সুনির্দিষ্ট পৰিকল্পনা হাতত লােৱা হয় তাকেই অর্থনৈতিক পৰিকল্পনা বােলে।\nজনমুৰি আয় কি?\nউত্তৰঃ জনমূৰি আয় হ'ল এখন দেশৰ সমূহ জনসাধাৰণৰ গড় আয়। দেশৰ জাতীয় আয় বা ৰাষ্ট্ৰীয় আয়ক, দেশৰ মুঠ জনসংখ্যাৰ মাজত ভাগ কৰি দিলে জনমুৰি আয় পােৱা যায়।\nঅথাৎ জনমুৰি আয় =\nমুঠ ৰাষ্ট্ৰীয় আয়\n৩া ঋতুজ নিবনুবা কি?\nউত্তৰঃ ভাৰতবৰ্ষৰ কৃষি সমাজত ঋতুজ নিবনুৱা এটা স্বাভাৱিক অৱস্থা। জলবায়ু আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি থকা পৰম্পৰাগত কৃষিখণ্ডইবছৰৰ সকলাে সময়ত নিয়মিত ভাৱেকর্মসংস্থানৰ সুবিধা আগবঢ়াৰ নােৱাৰে। গতিকে খেতিয়কসকলে নিচ্ছাকৃতভাৱেবচৰৰ কেইমাহমান এনেয়ে ঘৰত বহিবলগীয়া হয়। এনে কর্মহীন খেতিয়ক সকলক ঋতুজ নিবনুৱা বােলে।\n8। বজাৰ অর্থনৈতিক ব্যৱস্থাত চৰকাৰৰ ভুমিকা কেনে ধৰণৰ?\nউত্তৰঃবজাৰ অর্থনৈতিকব্যৱস্থাত চৰকাৰৰ সক্রিয় প্রচেষ্ঠাতহে অর্থনৈতিক উন্নয়ন সম্ভৱ হৈ উঠে।সেয়েহেবজাৰঅর্থনৈতিক ব্যৱস্থাৰ সামাজিক আৰু অর্থনৈতিক দ্রুত পৰিবৰ্তনৰ ক্ষেত্ৰত দক্ষ আৰু দায়িত্বশীল চৰকাৰৰ প্রয়ােজন। এখন চৰকাৰে সেই দেশ নাইবা অঞ্চলৰ মুখ্য অর্থনৈতিক উৎপাদনক প্রভাতি আৰু নিয়ন্ত্রণ কৰিব পৰা ভূমিকা পালন কৰ্বি লাগে।\n৫। বজাৰ অর্থনীতি বুলিলে কি বুজা?\nউত্তৰঃ বজাৰ অর্থনীতি হ'লয'ত বজাৰ দুটা প্রধান শক্তি চাহিদা আৰু যােগানৰ, ক্রিয়া-প্রক্রিয়াৰ ফলত বজাৰ এখন পৰিচালিত হয়। অর্থাৎ, ইয়াৰ হিচাপত বস্তুৰ দাম, উৎপাদন, ভােগকাৰ্য্য, সঞ্চয়, বিনিয়ােগ ইত্যাদি নিয়ন্ত্রিত হয়।\nদাৰিদ্ৰ চক্ৰৰ মূল কাৰণ কি?\nউত্তৰ দাৰিদ্ৰ চক্ৰৰ মূল কাৰণ হ'ল - মূলধন বিনিয়ােগৰ অভাৱ।\nমিশ্র অর্থনীতি কি?\nউত্তৰঃ যি অর্থনীতিত উৎপাদন ব্যৱস্থা, কিছুমান ৰাজহুৱা খণ্ড (চৰকাৰৰ হাতত)ৰ তাত থাকে আৰু বাকীখিনি ব্যক্তিগত খণ্ডৰ হাতত থাকে, সেই অর্থনৈতিক ব্যবস্থাক মিশ্র অর্থনীতি বােলে। যেনেঃ- ভাৰতবর্ষ।\n৮। উন্নয়নশীল ৰাষ্ট্রৰ নিম্ন মূলধন গঠনৰ এটা কাৰণ আঙুলিয়াই দিয়া।\nউত্তৰঃ এটা কাৰণ হ'ল - নিম্নমানৰ সঞ্চয় আৰু বিনিয়ােগৰ পৰিমাণ।\n৯। ভাৰত্ৰৰ পৰিকল্পনা আয়ােগ কোন চনত গঠন কৰা হৈছিল?\nউত্তরঃ ১৯৫০ চনত।।\n১০। ভাৰতৰ দশম পঞ্চবার্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল ?\nউত্তৰঃ ১ এপ্রিল ২০০২ নিত।
d5cc01ea46eb4d95a367c8e15a00359c14f315ae3042ad2e4b0310ae55fa6372
অসমীয়া ভাষা ৰক্ষাৰ\nআলোচনা-বিতৰ্ক আৰু কিমান দিনলৈ?\nখৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা বৰ্তমান সময়লৈকে অসমীয়া ভাষাই বহু বছৰ আগুৱাই আহিল। সাহিত্যৰ বুৰঞ্জীয়েও কেইবাটাও স্তৰ অতিক্ৰম কৰিলে। অনেক সাহিত্য সৃষ্টি হ'ল। সাঁচিপাতৰ পৰা কাগজ, কাগজৰ পৰা ইণ্টাৰনেটলৈকে অসমীয়া ভাষা-সাহিত্যই এতিয়া বিস্তাৰ লাভ কৰিছে। অনেক সুষম ভাষা চৰ্চ্চাৰ সঁজুলি নিৰ্মাণ হৈছে। অৰ্থাৎ প্ৰযুক্তিৰ লগত খোজত খোজ মিলাই অসমীয়া ভাষা সমানেই আগুৱাই গৈছে। কিন্তু তথাপি সদায় এটাই বিতৰ্ক, এটাই আলোচনা অ'ত অসমীয়া ভাষা ব্যৱহাৰ হোৱা নাই, ত'ত অসমীয়া ভাষা অশুদ্ধ ৰূপত প্ৰকাশ পাইছে ইত্যাদি ইত্যাদি।\nসম্ভৱ ভাৰতবৰ্ষত অসমীয়াই এনে এটা ভাষা যাক ৰক্ষা কৰিবলৈ অনেক ৰক্তপাতৰ মাজেৰে সংগ্ৰাম কৰিব লগা হৈছিল। ১৯৬০ চনত ভাষা আন্দোলন, ১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন আদি আন্দোলন, বাদ-প্ৰতিবাদৰ পিছতো এতিয়াও দেখা পোৱা গৈছে 'ৰাজপথত বেনাৰ-পোষ্টাৰত ক'লা ৰং সানি' অসমীয়া ভাষা ৰক্ষাৰ আন্দোলন (!!)।\nবাস্তৱিকতে ১৯৬০ চনত ভাষা আন্দোলনত অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ, ১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন মানি শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ পিছটো আজিলৈকে অসমত চৰকাৰী কাৰ্যলয় আদিত অসমীয়া ভাষা প্ৰয়োগ হোৱা দেখা নগ'ল। ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নগ'ল।\nএই নিৰ্লিপ্ততাৰ প্ৰকৃত কাৰণ কি? কিয় বাৰে বাৰে আমি দেখি থাকিব লগা হৈছে অসমীয়া ভাষা ৰক্ষাৰ ন ন বিতৰ্ক-আলোচনা? ভাবিবলৈ বাধ্য হৈছোঁ অসমীয়া মানুহৰ জাতীয় আৱেগবোৰ অতি দুৰ্বল, ক্ষণস্থায়ী হৈ পৰিছে নেকি? অত্যাধিক অসমীয়া মানুহ স্বাৰ্থপৰ, ভোগবাদী হৈ পৰিছে নেকি? জাতি-জনজাতীৰ বিভেদ, ৰাজনৈতিক চক্ৰান্ত আদিয়ে অসমীয়া ভাষাটোৰ পুৰণি বান্ধোন সোলোক-ঢোলোক কৰি পেলাইছে নেকি? এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসমীয়া ভাষাটো এচাম নতুন যুৱক-যুৱতীৰ হাতত অতি সুৰক্ষিত। শেহতীয়াভাৱে ফে'চবুক, ই-আলোচনী আদিৰ মাধ্যমেৰে এটা নতুন জাগৰণ আৰম্ভ হৈছে বুলিও ক'ব পাৰি।\nশেহতীয়াভাৱে বেনাৰ-পোষ্টাৰত অসমীয়া ভাষা ব্যৱহাৰ নকৰাৰ বাবে বা কাৰ্যলয়সমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰাৰ বাবে অসম সাহিত্য সভা সৰৱ হৈ উঠিছে। ৰাজপথত নামি বেনাৰ-পোষ্টাৰত ক'লা ৰং সানিছে। আমি সাহিত্য-সভাৰ সেই কামৰ বিষয়ে কোনো মন্তব্য দিবলৈ নাযাওঁ। কিন্তু আমাৰ মনত প্ৰশ্ন হয় এই দায়িত্বও অসম সাহিত্য সভাৰনে? অসম চৰকাৰৰনে? কিয় সাহিত্য সভা, চৰকাৰে অসমীয়া মানুহক নিজৰ ভাষাটো ব্যৱহাৰ কৰিবলৈকে বাধ্য কৰাব লগা পৰিৱেশ সৃষ্টি হৈছে? যদি কোনো মানুহৰ মনৰ ভিতৰত ভাষিক জাতীয়তাবাদী আৱেগ নাথাকে, নিজেই অনুভৱ নকৰে তেন্তে তেওঁক বাধ্য কৰিব পৰা হ'বনে? কাৰ্যলয়সমূহলৈ যাওঁতে যদি আমি নিজেই হাতত অসমীয়াত লিখা দৰ্খাস্তখন লৈ নাযাওঁ তেন্তে কোনে কাক বাধ্য কৰিব পাৰিব। দেখা যায় কলেজ, বিশ্ববিদ্যালয়কেইখনৰো বিভাগীয় কামবোৰ অসমীয়া ভাষাত নহয়। কিয়? আচলতে অসমত অসমীয়া ভাষাত দৰ্খাস্ত এখন বা টোকা এটা লিখি কাৰোবাক দিয়াৰ পৰিৱেশ গঢ় লৈ উঠা নাই। তাৰ মাজতে কিছু সংখ্যকে চলাই আছে।\nএই সকলোবোৰ বাৰু আমাৰ শিক্ষাৰ মাধ্যমে সলনি কৰিছে নেকি? চাবলৈ গ'লে আমি ইংৰাজী মাধ্যমৰ স্কুলবিলাকক জগৰীয়া কৰি থাকিলেও অসমীয়া মাধ্যমৰ স্কুলবিলাকতো অসমীয়া ভাষা কেৱল দশম শ্ৰেণীলৈকেহে বাধ্যতামূলক হৈ থাকে। তাৰ পিছত বিজ্ঞান শ্ৰেণীত নাম ভৰ্তি কৰা এজন ছাত্ৰই গোটেই জীৱন (বাহিৰা কিতাপ বাদ দি) ইংৰাজীৰ লেখা-মেলাতে অধ্যয়ন কৰে। নামমাত্ৰ অসমীয়া ভাষাক প্ৰধান বিষয় হিচাপে লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাহিৰে কলেজ-বিশ্ববিদ্যালয়ৰো মাধ্যম ইংৰাজী। সেই বাবেই অসমীয়া লিখাৰ ক্ষেত্ৰত লাহে লাহে এটা এলাগী মনোভাৱ গঢ় লৈ উঠিছে নেকি? এনে কাৰণতে অসমীয়া ভাষাত এখন দৰ্খাস্ত লিখা, বিভাগীয় কামবোৰ অসমীয়াত কৰা আদিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে নেকি? কিন্তু এই কথা স্বীকাৰ কৰিবই লাগিব যে এনেদৰে শিক্ষা গ্ৰহণ কৰিয়েই বহু সংখ্যক লোকে অসমীয়া ভাষা-সাহিত্যলৈ অনেক বৰঙণি আগবঢ়াই আহিছে। বিভিন্ন কালজয়ী সাহিত্যৰো সৃষ্টি কৰিছে। শেহতীয়াভাৱে ফে'চবুক, ই-সাহিত্য আদিৰ মাধ্যমেৰেও সাহিত্য চৰ্চ্চা কৰাসকল এনে ইংৰাজী শিক্ষাৰ শিক্ষিত নতুন প্ৰজন্মই। তেন্তে সমস্যাটো ক'ত হৈছে যে এতিয়াও অসমত অসমীয়া ভাষা ৰক্ষাৰ অলোচনা-বিতৰ্ক আদি শেষ হোৱা নাই। ভাৰতৰ অন্য ঠাইত এনে সমস্যা হৈছে নে নাই ক'ব পৰা নাই। কিন্তু অসমৰ এই সমস্যা যেন কেতিয়াও অন্ত নহ'ব !!\nযেতিয়ালৈকে নিজৰ মনৰ ভিতৰৰ পৰা মানুহে ভাষাটোৰ ব্যৱহাৰৰ তাগিদা অনুভৱ নকৰিব, তেতিয়ালৈকে কেৱল আলোচনা, তৰ্ক-বিতৰ্ক কৰি থাকি একো ফল নধৰে। সাহিত্য সভাৰ ক'লা ৰঙে কিমানৰ চকু মুকলি কৰিলে নাজানোঁ, কিন্তু এটা কথা অনুভৱ কৰিছোঁ অসমীয়া ভাষা ৰক্ষাৰ অলোচনা-বিতৰ্ক আদি অন্ত পৰক। যেনেদৰে আছে গৈ থাকিবলৈ দিয়ক। সকলো সজাগ হৈ নিজেই নিজৰ পৰা নিৰৱভাৱে ভাষা ৰক্ষাৰ আন্দোলন আৰম্ভ কৰক। ৰাজপথত চিঞৰি ভাষা ৰক্ষাৰ সজাগত সভা পাতিবলৈ অসমীয়া ভাষা এটা নতুন ভাষা নহয়। বাহিৰৰ মানুহৰ চকুত নিজৰে ভাষাটোৰ মৰ্যদা হানি নকৰিব। কিন্তু অসমীয়া ভাষা চৰকাৰী কাৰ্যলয়ত, বেনাৰ-পোষ্টাৰ আদিত ব্যৱহাৰ নকৰিলে বা বিজ্ঞাপনত অশুদ্ধভাৱে ব্যৱহাৰ কৰিলে যদি কিবা আইনগত শাস্তি দিব পাৰি তেন্তে চৰকাৰে তাক কাৰ্যকৰী কৰক। অন্যথা অসমীয়া ভাষাৰ ঐতিহ্যৰ স্বাৰ্থতে সকলো বিতৰ্ক বন্ধ হওক !!
023d6b1d1253a847b41b3d0937e63b301e71e66a203740f5cf6dd6b97fad442f
পাবলো নেৰুদা (Pablo Neruda; স্পেনিছঃ [ˈpaβ̞lo̞ ne̞ˈɾuð̞a]; জুলাই ১২, ১৯০৪ - ছেপ্টেম্বৰ ২৩, ১৯৭৩) চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট'ৰ (Neftali Ricardo Reyes Basoalto) ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক (Czech) কবি জান নেৰুদাৰ (Jan Neruda) নামৰ অনুকৰণত এই নাম লৈছিল। ১৯৭১ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। কিশোৰ অৱস্থাৰপৰাই নেৰুদাই কবি হিচাবে নাম অৰ্জন কৰে। তেখেতে অতিলৌকিকতাকে (surrealist) ধৰি বিভিন্ন ধাৰাৰ (style) কবিতা, বুৰঞ্জীমূলক কাব্য, প্ৰকাশ্য ৰাজনৈতীক ইস্তাহাৰ, গদ্য আত্মজীৱনী আৰু যৌন আবেদনসম্পন্ন প্ৰেমৰ কবিতা যেনে ১৯২৪ চনৰ Twenty Love Poems and a Song of Despair আদি লিখিছিল। তেওঁ প্ৰায়েই সেউজীয়া চিঞাঁহিৰে লিখিছিল। তেওঁৰ মতে সেউজীয়াটো তেওঁৰ ব্যক্তিগত আশা আকাংক্ষাৰ প্ৰতীক। কলম্বিয়ান ঔপন্যাসিক গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ-এ নেৰুদাক বিংশ শতাব্দীৰ সকলো ভাষাৰে ভিতৰত শ্ৰেষ্ঠ কবি আখ্যা দিছিল।[2] হেৰল্ড ব্লুমে তেওঁৰ কিতাপ The Western Canon: The Books and School of the Ages-অত নেৰুদাক মুখ্য ২৬ জনৰ ভিতৰত এজন আখ্যা দিছিল। Augusto Pinochet অৰ কুপ-ডি-আটাটৰ সময়তে কেন্সাৰৰ বাবে নেৰুদাক হস্পিতালত ভৰ্তি কৰোৱা হয়। ২৩ ছেপ্টেম্বৰ ১৯৭৩ চনত প্ৰষ্টেট কেন্সাৰৰ বাবে নিজ ঘৰ Isla Negra অত তেওঁৰ মৃত্যু হয়।[5] তেওঁৰ মৃত্যুৱে সমগ্ৰ পৃথিৱীতে শোকৰ ছাঁ পেলায়। Pinochet -এ নেৰুদাক ৰাজহুৱা সৎকাৰৰ সন্মান দিবলৈ অমান্তি হোৱা সত্বেও সান্ধ্য আইনো উপেক্ষা কৰি হাজাৰ হাজাৰ চিলিৰ নাগৰিক ৰাজপথলৈ ওলাই আহে। ১৯৭০ চনত সেই দেশৰ কমিউনিষ্ট দলে নেৰুদাৰ নাম ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰস্তাৱ কৰিছিল। কিন্তু ছালভাদৰ আলেন্দেনামৰ ব্যক্তি এজনৰ নাম কেইবাটাও দলে সন্মিলিতভাৱে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰস্তাৱ কৰা হেতু নেৰুদাই তেওঁৰ প্ৰতি সমৰ্থন জনাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল। তাৰ পিছত নেৰুদাক পেৰিছৰ ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰা হয়। ১৯৭১ চনত নেৰুদাক সাহিত্যৰ বাবে নোবেল পুৰস্কাৰ দিয়া হয়।
a6b00346badcf92ab58af200f0c48ea4807f062ebb5af0c4746d0d18077b59b2
অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাৰ দাবীত আছুৱে আজি সমগ্ৰ ৰাজ্য জুৰি ক'লা পতাকা প্ৰদৰ্শন কৰিব। জানিব পৰা মতে আজি দিনৰ ১১.৩০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে চিলা পথাৰত আহি উপস্থিত হ'ব। আজিৰ কাৰ্যসূচী অনুসৰি মোদীয়ে ৪৪.৯৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ধেমাজী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শ্ৰেণীৰ শুভাৰম্ভ,৫৪.৭১ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন,বঙাইগাওঁত ইণ্ডিয়ান অইলৰ প্ৰকল্প, মাকুমত বিশেষ প্ৰকল্প আদি আৰম্ভনি কৰিব। তেওঁ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে। প্ৰধান মন্ত্ৰী মোদীয়ে বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল । এই লক্ষ্যত উপনীত হ'বলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জেপি নাড্ডাকে ধৰি আন আন শীৰ্ষ নেতাসকলে অসমলৈ আহি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টাত ব্ৰতী হৈছে। 'কা'ৰ বিৰুদ্ধে অসমৰ প্ৰকৃত জাতীয়তাবাদী মনোভাৱাপন্ন জনতাই কৰা প্ৰতিবাদক মুঠেও গুৰুত্ব নিদিয়া মোদীৰ চৰকাৰে বিগত দিন সমূহত অসমত এমুঠি মান হিতাধিকাৰী সৃষ্টিৰ বাহিৰে গৰিষ্ঠসংখ্যক লোকৰে মৌলিক সমস্যা সমূহ দূৰ কৰাত সফল হোৱা নাই বুলি সচেতন মহলে মন্তব্য কৰিছে। মোদীৰ দিনতে বন্ধ হৈ পৰিছে নগাঁও, কাছাৰৰ কাগজকলকে ধৰি বহু সম্ভাৱনাপূৰ্ণ উদ্যোগ প্ৰতিষ্ঠান।নতুন উদ্যোগ স্থাপনৰ কথাটো বাদেই।অসমত আগৰে পৰা থকা চিকিৎসা মহাবিদ্যালয় কেইখনতে আজিও নাই পূৰ্ণ আন্তঃগাঁথনি। সেইবাবেই মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ দলে পৰিদৰ্শন কৰিবলৈ আহিলে চৰকাৰে ইখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকক সিখনৰ অধ্যাপক হিচাবে দেখুৱাবলগীয়া হয় বুলি তীৰ্যক মন্তব্য কৰিছে বহুতে। সচেতন মহলৰ মতে আন্তঃগাঁথনি নোহোৱাকৈয়ে কেৱল ৰাজনৈতিক চমক সৃষ্টিৰ বাবেই অসমত খোলা হৈছে বা খোলাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ইখনৰ পিছত সিখনকৈ চিকিৎসা, অভিযান্ত্ৰিক মহাবিদ্যালয়।
85927ac6b177436d271c54c30de181e6fe3ff0024e2ffecc4ba2c73d40cf184f
সমগ্ৰ বিশ্বই প্ৰভাৱান্বিত হৈছে কোৰোনা ভাইৰাছত। এই ভাইৰাছৰ প্ৰভাৱ ভাৰততো পৰিছে। প্ৰতিবছৰে ভাৰতত অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলো বাতিল হ'ব পাৰে কোৰোনা ভাইৰাছৰ ফলত। অহা ২৯ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা আই পি এল-২০২০ বাতিল হ'ব পাৰে বুলিও চৰ্চা হোৱা দেখা গৈছে। উল্লেখ্য যে, আইপিএল-২০২০ স্থগিত ৰখাৰ বাবে মাদ্ৰাছ হাই ক'ৰ্টত দাখিল কৰা হৈছে এক আৱেদন। অধিবক্তা জি এলেক্স বেনজীগৰে দাখিল কৰিছে এই আৱেদন। আৰু অহা ১২ মাৰ্চত এই আৱেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ এম এম সুধীন্দ্ৰ আৰু কৃষ্ণণ ৰামাস্বামীয়ে। আৱেদন দাখিল কৰা অধিবক্তাগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে নিজৰ ৱেবছাইটত সদৰী কৰা অনুসৰি বৰ্তমানলৈ কোৰোনা ভাইৰাছৰ কোনো প্ৰতিষেধক উদ্ভাৱন কৰা হোৱা নাই। আৰু সমগ্ৰ দেশতেই এই ভাইৰাছৰ অতি তীব্ৰ গতিত বিয়পিছে। তেওঁ লগতে জনাই যে, বিচিচিআইৰ কৰ্তৃপক্ষক তেওঁ এক প্ৰেজেন্টেশ্যন প্ৰেৰণ কৰিছিল য'ত আইপিএল-২০২০ স্থগিত ৰখাৰ বাবে কোৱা হৈছিল। কিন্তু এই সন্দৰ্ভত কোনো উত্তৰ দিয়া হোৱা নাই বিচিচিআইৰ তৰফৰ পৰা। ইফালে, বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে সাংবাদিকৰ আগত সদৰী কৰা অনুসৰি, আইপিএল স্থগিত ৰখাৰ বাবে কোনো সিদ্ধান্ত লোৱা হোৱা নাই। টুৰ্ণামেন্টৰ সময়চোৱাত কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা পৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ জনায়।
aad268f51407286e542c34698e4e561d2f6c31c33ead3ae4b82613e1b4388052
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ ফেব্ৰুৱাৰীঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়াভৰলী বনভোজ স্থলী পথৰ লগতে বিভিন্ন প্ৰান্তৰ ৬ টা অত্যাধুনিক পথ নিৰ্মাণৰ কাম আজি বুধবাৰে শুভাৰম্ভ কৰে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । "অসম দৰ্শন" আঁচনিৰ অধীনত জীয়াভৰলী বনভোজ স্থলীৰ অত্যাধুনিক পথৰ লগতে বিভিন্ন প্ৰান্তত ৬ টা পথ নিৰ্মাণৰ কাম প্ৰায় ১৯ কোটি টকাৰ ব্যয়ৰে শুভাৰম্ভ কৰা হ'ল বুলি আমাক জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই । লগতে কয় যে মোৰ বিধায়ক হোৱা ২০ বছৰ হ'ল কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ ৰাজ্যখনৰ প্ৰতি থকা শুভ দৃষ্টিত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, দক্ষ পি ডবলিউ ডি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমি চতিয়া সমষ্টিৰ যাতায়ত ব্যৱস্থাতো উন্নত কৰাত মই অতি কম সময়তে সফল হৈছো বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ।
0e68412eee78ac6a92546022932a19f51b97f8768736bef210d161235e24fce7
ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটী, ১১ নৱেম্বৰ ঃ সাংসদ নৱ কুমাৰ শৰণীয়া পুনৰবাৰ নিৰ্বাচিত হোৱাৰ পিছত জনকলাল বসুমতাৰীয়ে নৱ শৰণীয়া জনজাতীয় লোক নহয় বুলি অভিযোগ উত্থাপন কৰাৰ লগতে নৱ কুমাৰ শৰণীয়াৰ এছটি প্ৰমাণ-পত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত অভিযোগ দাখিল কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আজি জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ শুনানিত জনকলাল বসুমতাৰীৰ পৰা অভিযোগ খণ্ডন কৰা হয়। সংবাদমেলত এই কথা জানিবলৈ দি সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে তেওঁৰ জনজাতিৰ প্ৰমাণ-পত্ৰক লৈ একাংশই উত্থাপন কৰা অভিযোগ ইতিমধ্যে ন্যায়ালয়ত খণ্ডন হোৱাৰ লগতে আজি জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগে খাৰিজ কৰিছে। বিটিএডিত বড়ো জনগোষ্ঠীৰ বাহিৰে আন জনজাতিসকলে এতিয়াও প্ৰাপ্য মৰ্যাদাৰ পৰা বাদ পৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে দাস, বৰা, শইকীয়া, বৰ্মন উপাধিৰ জনজাতি লোকক কছাৰী জনজাতিৰ লোক হিচাপে চিহ্নিত কৰি ৰাজ্য চৰকাৰে প্ৰমাণ-পত্ৰ দিবলৈ নিৰ্দেশ দিছে যদিও ওদালগুৰিৰ বিভাগীয় কতৃÇপক্ষক জনকলাল বসুমতাৰী এণ্ড কোম্পানীয়ে এনে প্ৰমাণ-পত্ৰ দিয়াত বাধা দি আহিছে। বিটিএডি অঞ্চলত থকা অন্যান্য জনজাতিৰ এই সমস্যাৰ কথা শীঘ্ৰেই সমাধানৰ পথত বুলি উল্লেখ কৰি জনকলাল বসুমতাৰীয়ে অভিযোগ কৰাৰ পিছত চিআইডিৰ তদন্ততো প্ৰমাণিত হৈছে যে নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ-পত্ৰ ভুৱা নহয়। ৫৯ বছৰ ধৰি বিটিএডি অঞ্চলত অন্যান্য জনজাতিয়ে প্ৰমাণ-পত্ৰৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰিছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে বিচাৰিলে শীঘ্ৰেই এই সমস্যা সমাধান হ'ব বুলি তেওঁ উল্লেখ কৰে। আনহাতে দুবাৰকৈ সাংসদ হোৱাৰ পিছত তেওঁক ব্যক্তিগতভাৱে আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা হৈছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে তেওঁৰ ওপৰত যিমানেই আক্ৰমণ নহওক কিয়, অবড়ো তথা অন্যান্য জনগোষ্ঠীৰ অধিকাৰৰ বাবে তেওঁ সংগ্ৰাম অব্যাহত ৰাখিব। আনহাতে বিটিএডিত এতিয়া বোকা ছটিওৱাৰ ৰাজনীতি চলি আছে বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক চোৰ বুলি কোৱাৰ বিপৰীতে মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক ডকাইত বুলি উল্লেখ কৰা প্ৰসংগত তেওঁ কয় যে ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰিছে যে ১,০০০ কোটিৰ ৪০০ কোটি টকা ৰাজ্য চৰকাৰে শৰাধ কৰিছে। ইয়াৰ ফলত স্পষ্টৰূপে ধৰা পৰে যে কোনোজনেই কম নহয়। বিটিএডিত সম্প্ৰতি বিজেপিয়ে ভূমিৰ সমস্যা সমাধান কৰিম বুলি নিৰ্বাচনী প্ৰচাৰ চলাই আছে যদিও ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ'লে পূৰ্বতেই ভূমিৰ সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। অবড়োক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত শাসনত থকা বিজেপি চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি বৰঞ্চ বিটিআৰ চুক্তি স্বাক্ষৰ কৰি ভূমিৰ ওপৰত কেৱল বড়ো জনগোষ্ঠীক কতৃÇত্ব দিয়াৰ বাবে বাট মুকলি কৰি দিছে। তেনেস্থলত ভূমিৰ অধিকাৰ দিয়াক লৈ চলোৱা শেহতীয়া প্ৰচাৰ কাৰ্য নিৰ্বাচনী টোপৰ বাহিৰে একো নহয়। বিজেপি-বিপিএফ-ইউপিপিএলে সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ নামত লাখ লাখ টকা খৰচ কৰিছে বুলি অভিযোগ উত্থাপন কৰি সাংসদ নৱ শৰণীয়াই কয় যে নিৰ্বাচন আয়োগে প্ৰচাৰ কাৰ্যৰ ক্ষেত্ৰত খৰচৰ ধনৰাশি ধাৰ্য কৰি দিছে যদিও পীষূষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা, হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে এখন নিৰ্বাচনী সভাত ১০-৬০ লাখ টকালৈ খৰচ কৰিছে। বিটিএডিৰ নিৰ্বাচনত ক্ষমতা দখল কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰি সাংসদগৰাকীয়ে কয় যে গণ সুৰক্ষা পাৰ্টীৰ সাংগঠনিক ভেটি মজবুত আৰু সদস্যসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে।
546446afbff6e1e56952c11d0c32c26d00bbf20df389999ef86d078dc103c868
আগন্তুক লোকসভা নিৰ্বাচনত ১২ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে শিৱসাগৰ জিলাত SVEEP (Systematic Voters' Education and Electoral Participation) ৰ অন্তৰ্গত জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে আজি '১ ৰ পৰা ১১' শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰে। উপায়ুক্তগৰাকীয়ে এই অভিযান সম্পৰ্কে প্ৰস্তুত কৰা এটা চুটি ভিডিঅ' অনুষ্ঠানিকভাৱে উন্মোচন কৰে। জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত নিৰ্মিত এই ভিডিঅ'ৰ দৃশ্য-শ্ৰাব্য ৰূপ দিছে প্ৰাঞ্জল প্ৰতীম চেতিয়াই। '১ ৰ পৰা ১১' অভিযানৰ অধীনত ১৮ খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্র-ছাত্ৰী সকলক গণতন্ত্ৰৰ দূত ৰূপে গণ্য কৰি তেওঁলোকৰ সহায়ত ৰাইজৰ মাজত ভোটদান সম্পৰ্কে সজাগতা বৃদ্ধি কৰা হ'ব। ভোটদানৰ দিনা এই ছাত্র-ছাত্ৰী সকলে নিজ নিজ অঞ্চলৰহ গাঁও, চুবুৰীৰ পৰা প্ৰতিজনে অতিকমেইও ১০ গৰাকী ভোটাৰৰ ভোটদান নিশ্চিত কৰিব। '১ ৰ পৰা ১১' আঁচনিখন উদ্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্তগৰাকীয়ে ইয়াৰ জৰিয়তে সমষ্টি কেইটাত ভোটদানৰ হাৰ বহু পৰিমাণে বৃদ্ধি হোৱাৰ লগতে গণতন্ত্ৰৰ দূতস্বৰূপ ছাত্ৰ- ছাত্ৰী সকলো সজাগ আৰু সচেতন হ'ব বুলি আশা প্ৰকাশ কৰে। সভাত নির্বাচনী বিষয়া জগদীশ ব্ৰহ্ম, SVEEP ৰ নডেল বিষয়া অধ্যাপক ডঃ প্ৰতীম শৰ্মা, বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল উপস্থিত থাকে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
2fdb28bc0f98121ef8b08990fb771d0e4e021b01eae67e05f184cfcd38792e50
Dc Fillএ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত সুতীব্ৰ প্ৰভাৱ দেখুৱায়। এইবাবে ইয়াক চিকিতসকৰ পৰামৰ্শৰ পিছতহে গ্ৰহণ কৰিব। আপোনাৰ ইচ্ছা অনুসৰি গ্ৰহণ কৰিলে ই ক্ষতিকাৰক হব পাৰে। Dc Fill প্ৰথমে চিকিতসকৰ পৰামৰ্শ নোলোৱাকৈ গ্ৰহণ কৰা উচিত নহয় কাৰণ ইয়াৰ ফলত স্তন্যপায়ী মহিলাৰ গম্ভীৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া হব পাৰে। Dc Fill গ্ৰহণ কৰাৰ পিছত আপোনাৰ কলিজা ত পাৰ্শ্ব-প্ৰতিক্ৰিয়া অনুভৱ কৰিব পাৰে। যদি এয়া হয় তেন্তে ইয়াৰ ব্যৱহাৰ বন্ধ কৰিব। আপোনাৰ চিকিতসকৰ পৰামৰ্শ লওক আৰু তেখেতে কোৱা অনুসৰি কৰক। Dc Fill য়ে প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত কেতোৰ খাদ্যৰ সেৱনে সময়ৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপুনি এইবিষয়ে ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি লোৱা উচিত। Dc Fill লোৱাৰ সময়ত মদ্যাপন কৰাৰ আগতে আপোনাৰ ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি লওক যিহেতু ইয়ে পাৰ্শ্চক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।
21abc15e79d3fc4cbaf815e1f35cb3662f9ab35093e47b690f82b71e8a586a79
কেনেদৰে এখন সফল মাংসৰ দোকান বা কচাইখানা খুলিব । Dukaan by khatabook\nHome\tবুসিনেশ তিপস\tমাংসৰ ব্যৱসায়\nএটি সফল মাংস ব্যৱসায় আৰম্ভ কৰাৰ টিপচ\nআপোনাৰ ওচৰ-চুবুৰীয়াই দৈনিক প্ৰ'টিনৰ কাৰণে মাংসৰ বজাৰ নহলে কচাইৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি এই মুখ্য সাম্প্ৰদায়িক খাদ্যৰ এটি অংশ হব বিচাৰে, তেনেহলে কিছুমান কাৰকৰ বিষয়ে জানিব লাগিব। কচাইৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে সাধাৰণ জ্ঞান আৰু সদা প্ৰস্তুত হৈ থাকিব লাগিব যাতে আপুনি নিজৰ লক্ষ্যত উপনীত হব পাৰে। আপুনি মাংসৰ ব্যৱসায় কৰাৰ আগতে এই পাচটা পদক্ষেপৰ বিষয়ে জানিব লাগিব।\n১.বজাৰৰ সংজ্ঞা নিৰ্ধাৰণ কৰক আৰু ঠাই নিৰ্বাচন\nএটা প্ৰকৃত মাৰ্কেটিং আৰু বিক্ৰীৰ পৰিকল্পনাই গ্ৰাহকক আকৰ্ষাত কৰে।আপুনি বিক্ৰীৰ কোনো পৰিকল্পনা কৰাৰ আগত প্ৰথমে ভাবি লওক কোনখিনি গ্ৰাহকে আপোনাৰ বস্তু কিনিব। বিশেষধৰণৰ মাংস যদি বিক্ৰী কৰিব বিচাৰিছে তেনেহলে আগ্ৰহী গ্ৰাহক হব সেইবোৰ যিয়ে গ'ৰমেট কুকিং অৰ্থাৎ বিশেষধৰণৰ মাংস বনোৱাত গুৰুত্ব দিয়ে। পৰিয়ালবোৰক গড়ে প্ৰয়োজন হোৱাকৈ আপুনি আন আন মাংসও বিক্ৰী কৰিব পাৰে। আপোনাৰ ওচৰ-চুবুৰীয়াৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ হবলৈ হলে আপোনাৰ দোকানখন চকুত লগা ঠাইত হব লাগিব। আনৰ চকুত পৰাকৈ আপুনি বাটৰ কাষৰ ঠাইত দোকান দিব পাৰিব নেকি চাই লওক। যিয়ে সদায় সেই বাটেৰে নিজৰ কামলৈ যায় তেওঁলোকে বুজিব যে ৰাতিৰ আহাৰৰ বাবে মাংস কিনিবলৈ এইখন দোকানেই ভাল।\n২. এখন সম্পূৰ্ণ তালিকা আৰু যোগানকাৰীৰ লগত সংযোগ স্থাপন\nভাল গুণাগুণৰ মাংসই হ'ল প্ৰধান গুৰুত্বপূৰ্ণ বিষয়। যোগানকাৰীৰ লগত সম্পৰ্কই হল কচাই দোকানৰ জৰুৰী অংগ। আপুনি ফাৰ্মৰ সতেজ বিশেষ মাংস বিচাৰে নেকি? জাতীয় যোগানকাৰী এজনৰ পৰা বিস্তৃতভাৱে নিৰ্বাচন কৰিব বিচাৰে নেকি? আপোনাৰ ব্যৱসায়ৰ লক্ষ্যই এই প্ৰশ্নৰ উত্তৰবোৰ প্ৰভাৱিত কৰিব । প্ৰতিজন যোগানকাৰীৰ তালিকা আৰু দামেও আপোনাৰ পচন্দ নিভৰ কৰিব। কিছুমান যোগানকাৰীয়ে আৰম্ভণিতে বিনামূলীয়া সামগ্ৰী , লেবেল আৰু মেচিনেৰেও সহায় কৰিব।ব্যৱসায় চলি থকা দিনলৈ দোকানী হিচাপে এই ব্যৱসায়িক সম্পৰ্কসমূহ চলি থাকিব। ব্যৱসায়িক সম্পৰ্কসমূহৰ এক বিস্তৃত বিৱৰণে আপোনাক সহায় কৰিব কেতিয়া আপুনি কেতিয়া এজন বিক্ৰীকৰ্তা ৰাখিব বা নতুন এজন বিচাৰিব। এই তথ্যবোৰে আপোনাৰ বাজেটৰ ক্ষেত্ৰটো সহায় কৰিব। কিছুমান চেলচ মেনেজমেণ্ট টুলচে আপোনাৰ খৰচ-পাতিৰো হিচাপ ৰাখিব।\n৩. বিশ্বাসযোগ্য কৰ্মচাৰী নিয়োগ কৰক আৰু অনুসূচী এখন বনাওক\nআপোনাৰ যদি বাজেট আছে তেনেহলে ব্যৱসায় চলাবলৈ কৰ্মচাৰী নিয়োগ কৰিব পাৰে। তেওঁলোকে গ্ৰাহক সেৱা কৰিব আৰু আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰাত মন দিব পাৰে।পাৰ্ট টাইম কৰ্মচাৰীয়েও আপোনাক সহায় কৰিব পাৰে। আপোনাৰ অঞ্চলত গড়ে এটি যুক্তিপূৰ্ণ দাম ধাৰ্য কৰক । এবাৰ আপোনাৰ কৰ্মচাৰীখিনি বিশ্বাসী হৈ উঠাৰ পিছত আপুনি তালিকামতে ব্যস্ত সময়ৰ কামবোৰ ভগাব পাৰিব। প্ৰথমবাৰলৈ কচাই দোকান খোলোতে আপুনি হয়তো গম নাপাব যে কোনখিনি আটাইতকৈ ব্যস্ত সময়। বিক্ৰীৰ তথ্যখিনি মন কৰিলে গম পাব যে কোনখিনি আটাইতকৈ ব্যস্ত সময়। এইখিনি গম পোৱাৰ পিছত অতি ব্যস্ত সময়খিনিত অধিক কৰ্মচাৰী নিয়োগ কৰি ব্যৱসায়িক দাবী পূৰণ কৰিব পাৰে।\nসেইকাৰণে ফুল টাইম আৰু পাৰ্ট টাইম কৰ্মচাৰী দুয়োবিধ দৰকাৰ।\n৪. সঠিক সা-সজুলি আৰু মেচিনাৰী লওক\nহোটেল ৰেষ্টুৰেণ্ট আদিত বিভিন্ন খাদ্যত মাংসৰ বিভিন্ন আকাৰত দিবলগীয়া হয়। কচাইৰ কামটোও এটা কলা আৰু এটি কলাক ৰূপ দিওতে কিছুমান যোগাৰ লাগে। মাংসৰ বজাৰটো কিছুমান চোকা সৰঞ্জামৰ দৰকাৰ। এখন নিৰ্ভেজাল কচাইৰ দোকানত থাকিব লগা বস্তুসমূহ হ'ল-\n-ভাল গুণাগুণৰ চুৰী আৰু চুৰী ধাৰ দিয়া যন্ত্ৰ\n-খুন্দনা আৰু অন্য কাৰ্য সম্পাদন কৰা মেচিন\n-ৰেফ্ৰীজাৰেটৰ আৰু ফ্ৰীজাৰ\n-টেবুল,কাউণ্টাৰ আৰু কাৰ্ট\n-সুৰক্ষা দিয়া গ্ল'ভছ, ক্লথিং আৰু গাডচ\n-সদায় ব্যৱহাৰ হোৱা সামগ্ৰী যেনে ট্ৰে,চাবোন আৰু প্লাষ্টিক আৱৰণ\nআমি আপোনাক আৰু এটা কথাত সমৰ্থন আগবঢ়াম। পইণ্ট অফ চেল হ'ল আপোনাৰ ব্যৱসায়ৰ সকলো ধৰণৰ বিক্ৰী,খৰচ,জমা বস্তুৰ তালিকাৰ হিচাপ ৰখা চিষ্টেম। কিছুমান সৰ্বেসৰ্বা পইণ্ট অফ চেল (পি ও এচ)সৰু ব্যৱসায়ৰ লগত মিলাকৈ পৰিকল্পনা আৰু উচিত দামত পায়। সঠিক পি ও এচ নিৰ্বাচন কৰি আপোনাৰ বাজেটৰ লগত মিলাকৈ ডাঙৰ ব্যৱসায়বোৰৰ দৰে কিনিব পাৰে। এনেকুৱা বিশেষত্বৰ কথা ভাৱক যিটোৱে আপোনাৰ ব্যৱসায়ৰ বাবে অতি সহায়কাৰী। আধুনিক বজাৰৰ লগত মিলাকৈ কাৰ্ড ৰীডাৰ আৰু পেমেণ্টে আপোনাক সহায় কৰিব। আজিকালি প্ৰায়ে কাৰ্ড পেমেণ্ট বা মোবাইল পেমেণ্ট কৰে গতিকে অকল নগদ ধন আৰু চেকৰ ব্যৱহাৰে আপোনাক আনতকৈ পিছত পেলাব। কাৰ্ড মেচিন কিনোতে মন কৰিব যাতে আটাইবোৰ মেজৰ বেংকৰ কাৰ্ড গ্ৰহণ কৰে।\n৫. বিক্ৰীৰ সৈতে পৰীক্ষা আৰু বিশ্বাসৰ অনুষ্ঠান\nকৰ্মৰ পদোন্নতিৰ লগে লগে মাংসৰ ব্যৱসায়ৰ লগত চেষ্টা আৰু ভূলো জড়িত থাকিব। নতুন টেকনলজী প্ৰয়োগেৰে কোনটো আপোনাৰ ব্যৱসায়ৰ লগত আটাইতকৈ ভালকৈ খাপ খাব সেইটো চাওক। পি ও এচ চিষ্টেমে বিক্ৰীৰ তথ্য আৰু পদোন্নতিৰ বিশেষত্বৰে এই কাম সহজ কৰি তোলে। উদাহৰণস্বৰূপে পি ও এচ চিষ্টেমে বি আৰ ক্লাবৰ সৈতে আহে এটি বিশ্বাসৰ অনুষ্ঠান যাক বেলেগকৈ ধন নালাগে।\n৬. ব্যৱসায়িক লোন অথবা আগতীয়াকৈ ধন অনা\nআপোনাৰ জমা ধন খৰচ কৰি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে যদিও আপোনাৰ মাংসৰ ব্যৱসায়ত যদি অত্যাধুনিক প্ৰযুক্তিৰে আনতকৈ আগুৱাই যোৱাৰ সম্ভাৱনা আছে তেনেহলে বিনিয়োগকাৰীয়ে আপোনাৰ ব্যৱসায়ত আগতীয়াকৈ ধন বিনিয়োগ কৰি পিচলৈ সেই ধন ঘূৰাই দিব পাৰে। জীৱনৰ বহুতো প্ৰত্যাহ্বানে লোন এটা পোৱাটো কঠিন কৰি তোলে, আগতীয়া ধনে এই ক্ষেত্ৰত সহায় হব পাৰে।\nকিন্তু আৰম্ভণিৰ ব্যৱসায়ত বেছি ধন খৰচ কৰাতকৈ বুদ্ধিমত্তাৰে খৰচ কৰি চলাটো ভাল। প্ৰতিটো ক্ষেত্ৰত বিনিয়োগৰ সঠিকভাৱে কৰা লিপিবদ্ধতাই পিচলৈ আপোনাক প্ৰতিটো ক্ষেত্ৰত সহায় কৰিব।\nপি ও এচৰ সহায়েৰে মাংসৰ দোকান প্ৰবন্ধন কৰক\nআমাৰ পি ও এচ চিষ্টেমে আপোনাৰ মাংসৰ দোকান প্ৰবন্ধন কৰা আৰু বিক্ৰী কৰাৰ কাৰণে লগা আটাইখিনি সুবিধা লৈ আহে। লাভালাভৰ বাবে সজুলি সমূহ আৰু চফটৱেৰ একেলগে কাম কৰা,প্ৰদানকাৰীৰ লগত আপোনাৰ সম্পৰ্ক নিৰূপণ কৰা আৰু আগতকৈ বেছি ভাল গ্ৰাহক সেৱা দিয়া ইয়াৰ কাম। এই চিষ্টেমটো কিনি আপোনাৰ নতুন ব্যৱসায়ত বিনিয়োগ কৰক অথবা আপোনাৰ নিজৰ মনে মিলাকৈ বনাবলৈ অনুৰোধ জনাওক।
3c5f776781df2472deefa6956848fedfff633c41d5d1c29819ae9383dbd19465
ষ্টাফ ৰিপৰ্টাৰ / গণ বার্তা, যোৰহাট, ১৭ ফেব্ৰুৱাৰীঃ মঙলবাৰে নিশা যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিশা প্ৰায় ১০-১৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাই যোৰহাটস্থিত "প্ৰতিদিন টাইম" নামৰ আগশাৰীৰ বৈদ্যুতিন মাধ্যমৰ কাৰ্য্যালয়ত আক্ৰমণ চলায়। এই আক্ৰমণত জিন্টু শইকীয়া নামৰ এজন সাংবাদিক শাৰীৰিক ভাৱে অপদস্থ হোৱাৰ লগতে প্ৰকাশ কৰ্মকাৰ নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। ঘটনাৰ অনুসৰি নিশা প্ৰায় ৯ঃ৩০ মান বজাত এটা প্ৰায় ১০-১৫ জনীয়া দলে প্ৰতিদিন টাইম নামৰ ব্যক্তিগত বৈদ্যুতিন মাধ্যমটোৰ যোৰহাট স্থিত কাৰ্য্যালয়ত আক্ৰমণ চলাই। এই আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ আঘাত প্ৰাপ্ত হয় প্ৰকাশ কৰ্মকাৰ নামৰ যুৱকজন। আনহাতে কাৰ্য্যালয়টোত সই সময়ত উপস্থিত থকা জিন্টু শইকীয়া নামৰ সাংবাদিকজনো শাৰীৰিক ভাৱে অপদস্থ হয়। ইফালে কাৰ্য্যালয়ত সেই সময়ত উপস্থিত থকা প্ৰতিদিন টাইমৰ সাংবাদিক পৰমানন্দ বৰা দুৰ্বৃত্ত দলটোৰ আক্ৰমণৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে। এই ঘটনাৰ পাচতেই যোৰহাট আৰক্ষীয়ে অতি তৎপৰতাৰে তিনিটা দুৰ্বৃত্তক যোৰহাট থানা ৰোডৰ পৰা আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে এ এচ ০১ এএন ১৬৯৯ নম্বৰৰ এখন ৱেগনৰ গাড়ীও জব্দ কৰে। আৰক্ষীয়ে আটক কৰা দুৰ্বৃত্ত কেইটা হৈছে, ৰাজীৱ বৰা, শ্যামলজ্যোতি বৰা আৰু ভবেন গগৈ। ইফালে প্ৰতিদিন টাইমৰ সাংবাদিক পৰমানন্দ বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে গোচৰ নং ৪৩৪/২১ভাৰতীয় দণ্ডবিধি ১৪৩, ১৪৭, ৩২৪, ৩০৭,৫১১ ধাৰাত তিনিওকে আটক কৰাৰ লগতে পলাতক দুৰ্বৃত্ত কেইটাৰ সন্ধানত যোৰহাট আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ঘটনাক কেন্দ্র কৰি যোৰহাটৰ সচেতন মহলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰণিধানযোগ্য যে আটক হোৱা দুষ্কৃতিকাৰী কেইটা হিন্দু জাগৰণ মঞ্চৰ নামৰ সংগঠনৰ সদস্য বুলি অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰে সুবাদতে বিভিন্ন উচ্চ পৰ্য্যায়ৰ ৰাজনৈতিক নেতাই আটকাধীন দুষ্কৃতিকাৰী কেইটাক মুকলাবৰ বাবেও আৰক্ষীক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে এক ঘটনাৰ পিচত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়াহে এতিয়া লক্ষ্যণীয় হ'ব। আৰক্ষীয়ে এদিনৰ বাবে দুৰ্বৃত্তকেইটাক নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে । আনহাতে এই কাণ্ডৰ প্ৰতিবাদত যোৰহাটত আছু/যোৰহাট ই মিডিয়া, যোৰহাট জিলা সাংবাদিক সন্থাই আজি জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে আজু, সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতি, যোৰহাট প্ৰেছ ক্লাৱ , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , ৰাইজৰ দল আৰু জিলা কংগ্ৰেছৰ তৰফৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বার্তাটো এই ঘটনাক গৰিহণা দিয়াৰ লগতে দুষীক আইনী শাস্তিৰ দাবী জনায় ।
851376be3d613de4441d7bb533a5581c08b0a730d06609619bc8b26d7bfe75f2
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ'ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন। তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল'মিটাৰ উত্তৰ-পশ্চিমত, পালক'ণ্ডা (ইংৰাজীঃ Palkonda) পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলেগু ভাষাত 'তিৰু'ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু 'পতি'ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ'লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত পদুমৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক'লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। ১৯৮৪ চনত ১২ কিলোগ্ৰাম সোণ আৰু ৯০০০ ডোখৰ হীৰাৰে ন-কৈ নিৰ্মিত এই মুকুটটোৰ অৰ্থমূল্য ৫ কোটি টকাৰো অধিক। গোটেই মূৰ্তিটো ফুলৰ মালাৰে ঢকা। কেৱল ভৰিৰ পতা আৰু মুখমণ্ডলহে দৰ্শনাৰ্থীৰ চকুত পৰে। শিলেৰে নিৰ্মিত মূল মন্দিৰটোৰ বেৰৰ কাৰুকাৰ্যও অনন্য আৰু দৃষ্টিনন্দন। এই মন্দিৰৰ চোতাল তথা চৌহদত আছে ১৯৯৫ চনত আঢ়ৈ কোটি টকা ব্যয়ৰে নিৰ্মিত ৭৮০.৭ কিলোগ্ৰাম তামৰ ওপৰত ২৯.৯২২ কিলোগ্ৰাম সোণেৰে মেৰোৱা ২১.৫ ফুট ওখ সোণৰ ৰথ, সোণৰ তালগছ, মূল মন্দিৰৰ গম্বুজৰ ওপৰত সুবিশাল সোণৰ কলচি, সোণৰ সিংহমূৰ্তি, দৃষ্টিনন্দন অগণন দেৱমূৰ্তি আদি। দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। ভৌগোলিকভাৱে তিৰুপতি অন্ধ্ৰপ্ৰদেশৰ (দক্ষিণ প্ৰান্তত) যদিও সমীপবৰ্তী তামিলনাডুৰ চেন্নাইৰ পৰাহে ঘাইকৈ ইয়ালৈ যাতায়তৰ অধিক সুবিধা আছে। (বৰ্তমান গৃহ) Earliest records date to 300 BC (probable) পৌৰাণিক আখ্যানমতে ভগৱান ভেংকটেশ্বৰে হেনো বিয়াৰ সময়ত কুবেৰৰপৰা বহু টকা ধাৰ কৰিছিল। সেই ধাৰ আজিও পৰিশোধ নোহোৱাত ভক্তসকলেই প্ৰণামিৰ ৰূপত ধন দিয়ে। অতীতৰ ৰজা-মহাৰজাৰ দান-বৰঙণিৰে তিৰুপতি মন্দিৰ ভাৰতৰ (সম্ভৱতঃ বিশ্বৰে) আটাইতকৈ সম্পদশালী দেৱ মন্দিৰ। মন্দিৰটোৰ বাৰ্ষিক আয় পাঁচ কোটি টকাৰো অধিক। মন্দিৰৰ উপাৰ্জিত ধনেৰে নানান সেৱামূলক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়। ↑ "Tirumala Tirupati Devastanamulu". Tirumala.org. http://www.tirumala.org/maintemple_main.htm। আহৰণ কৰা হৈছেঃ 17 June 2013.
c0b0bbfab0c3bf4e6e0d24896697ef32332cb7ca94ef41270cb363caf3eb7f3d
লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ অহা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মোহময়ী অভিনেত্ৰী ৰূপা গাংগুলীয়ে শনিবাৰে অসমৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ৰূপা গাংগুলীয়ে হেলিকপ্টাৰযোগে লামডিঙত উপস্থিত হৈ ১০নং নগাঁও লোক সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলায়। বাঙালী অধ্যুষিত লামডিঙত হাজাৰ হাজাৰ সমৰ্থকৰ সন্মুখত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক দলে বলে ভোট দান কৰি বিজয়ী কৰিবলৈ গাংগুলীয়ে আহ্বান জনায়। অসমত বসবাস কৰা বাঙালী লোকসকল পশ্চিম বংগতকৈ বহু সুৰক্ষিত হৈ আছে বুলি মন্তব্য কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কঠোৰভাৱে সমালোচনা কৰে। মমতাই পশ্চিম বংগতেই নহয়, ভাৰতৰ কোনো ৰাজ্যতে স্থান নাপাব বুলি উল্লেখ কৰি 'দিদি'য়ে মমতা হেৰুৱাইছে বুলি কয়। ইপিনে, অসমত বসবাস কৰা বাঙালীসকল অসুৰক্ষিত বুলি মমতাই পশ্চিম বংগত অপপ্ৰচাৰ তলোৱাৰ অভিযোগ তুলি ৰূপা গাংগুলীয়ে অসমত বাঙালী লোকসকল বহুত সুৰক্ষিত অৱস্থাত থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে আকৌ এবাৰ মোদী চৰকাৰ গঠনৰ ক্ষেত্ৰত বাঙালীসকলৰ ভূমিকা আছে। সেইবাবে সকলোকে বিজেপিক ভোট দিবলৈ অভিনেত্ৰীগৰাকীয়ে পুনৰ আহ্বান জনায়। কেন্দ্ৰত চৰকাৰ আমাৰেই হ'ব বুলি উল্লেখ কৰি জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা পূৰ্বতকৈ বহু উন্নত হৈছে আৰু বিজেপিৰ প্ৰাৰ্থীক জিকালে আৰু বহু উন্নতি হ'ব। জিলাখনৰ পাঁচ ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যসভাৰ সাংসদগৰাকীয়ে পশ্চিমবংগতো এন আৰ চি ৰূপায়ন কৰা হ'ব বুলি মন্তব্য কৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
e9ba2b563deab51b176d230f63d9081a67482db96716809b243729b0ea572888
নৱজিৎ শৰ্মা। উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত যান-জটৰ সমস্যা লাঘঁৱ কৰাৰ লক্ষ্যৰে কেবাখনো উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে। আনহাতে, ৰাজ্যৰ অতি ব্যস্ত অঞ্চল হিচাপে পৰিচিত ৰাজধানী দিছপুৰ অঞ্চলক যানজঁটৰ সমস্যাৰ পৰা চিৰদিনৰ বাবে মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেতু নিৰ্মান কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লোকনিৰ্মান বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই জানিবলৈ দিয়া মতে ইতিমধ্যে উৰণীয়া সেঁতুখনৰ নিৰ্মাণকার্য ৯৫ শতাংশতকৈ অধিক সম্পূৰ্ণ হৈছে। অহা ৩ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই ফ্লাইঅভাৰ মুকলি কৰিব। লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৭ অক্টোবৰৰ দিনা নিশা ৯ মান বজাত দিছপুৰ লাষ্টগেটৰ দিশৰ পৰা আকস্মিকভাবে উৰণীয়া সেঁতুত উপস্থিত হয়। Inspected the newly-constructed flyover at Dispur Supermarket, Guwahati. তেওঁৰ কনভয়টো উৰণীয়া সেঁতুৰ ওপৰৰে পাৰ হৈ জি এছ ৰোডেৰে জনতা ভৱনলৈ যায় যদিও মুখ্যমন্ত্ৰীয়ে পদব্ৰজে উৰণীয়া সেঁতুখন পৰিদৰ্শন কৰি জনতা ভৱনলৈ আহে। পৰিদৰ্শন কালত উৰণীয়া সেঁতু নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ অনিল দাস, সেঁতুখনৰ নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয় বিশ্বজিৎ কলিতা আৰু প্ৰাণজিত তালুকদাৰ, সহকাৰী অভিযন্তাদ্বয় ৰূপক ডেকা আৰু আবু চৈয়দ কনিষ্ঠ অভিযন্তা বুৰহান আহমেদকে ধৰি নিৰ্মাণ কার্যৰ তদাৰক তথা পৰ্যবেক্ষণ কৰি থকা সকলোৰে সৈতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰায় আধা ঘন্টাৰো অধিক সময় উৰণীয়া সেঁতুৰ নিৰ্মাণ কার্য সন্দৰ্ভত মত বিনিময় কৰে। ডঃ শৰ্মাই ঠিকাদাৰ অনিল দাস আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তা সকলক এটা টীমৰ দৰে কাম কৰি নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কার্য সম্পূৰ্ণ কৰি তোলা বিষয়টোৰ ভূয়সী প্ৰশংসা কৰে। উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব লাভ কৰা অভিজ্ঞতা সম্পন্ন আৰু গুৱাহাটীৰ কাষৰীয়া মিৰ্জা অঞ্চলৰ অসমীয়া ঠিকাদাৰ অনিল দাসে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি অহা দীপাৱলীৰ আগতে যাতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে দিনে নিশাই কাম কৰি আছে। কার্যবাঁহী অভিযন্তা বুলুৰঞ্জন ডেকাই সদৰি কৰা অনুসৰি দুইলেন যুক্ত সেতুখনৰ মুঠ দৈৰ্ঘ্য হব ১,২০৫ মিটাৰ। ইয়াৰে গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট সংযোগী জি এছ ৰোডৰ অংশখিনীৰ দৈৰ্ঘ্য হব ৮২৫ মিটাৰ। তেনেদৰে ছুপাৰ মাৰ্কেটপৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ্য হব ৩৯৪ মিটাৰ। আনহাতে অহা দীপাৱলীৰ সময়ত উৰণীয়া সেতুখনৰ নিৰ্মাণ যাতে সম্পূৰ্ণ হয় তাৰবাবে দিনে নিশাই তিনি শতাধিক শ্ৰমিকে কাম কৰি আছে। বৰ্তমান প্ৰায় ৯৫ শতাংশৰো অধিক কাম সম্পন্ন হোৱা উৰণীয়া সেঁতুখনৰ নিৰ্ধাৰিত নিৰ্মাণকার্য তিনি বছৰ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। উৰণীয়া সেঁতুখনৰ নিৰ্মাণকার্য নিৰ্ধাৰিত সময়তকৈ প্ৰায় ১৪ মাহ পূৰ্বে সম্পূৰ্ণ হোৱাটো অসমৰ লোকনিৰ্মাণ বিভাগৰ ইতিহাসত এক উল্লেখনীয় ঘটনা হিচাপে পৰিগণিত হ'ব। ইয়াৰ উপৰিও উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্যত প্ৰতিটো খণ্ডতে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি বিভাগৰ মুখ্য অভিযন্তাকে ধৰি বিভাগীয় অভিযন্তা - বিষয়া সকলে নিশাৰ ভাগতো উৰণীয়া সেতুলৈ আহি নিৰ্মাণকার্য তদাৰক কৰি আছে। আনকি ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে বিগত বৰ্ষৰ পৰা মাজে সময়ে চলি থকা লকডাউন, সান্ধ্যআইন আদৰি বাবে কাম কৰাত বহুখিনী সহায়ক হৈছে। বৰ্তমান ওপৰৰ অংশৰে ঠাই বিশেষে বাহন চলাব পৰা হৈছে। মুঠ ২৫ টা স্পান থকা উৰণীয়া সেঁতুখনত সৌন্দৰ্য্য বৰ্ধনৰ বাবে বৰ্তমান পেইণ্টিং, পোহৰৰ বাবে স্ট্ৰীট লাইট আৰু সুৰক্ষাৰ বাবে ফেন্সিং স্থাপনৰ শেহতীয়া কাম চলি আছে। আনকি উৰণীয়া সেঁতুখনৰ আধাতকৈ বেছি অংশত অসমকে ধৰি উত্তৰ পূৱৰ বাৰে ৰহনীয়া কলা - কৃষ্টি , লোক কৃষ্টি, সংস্কৃতি প্ৰতিফলিত হোৱাকৈ চিত্ৰ অংকন কৰা হৈছে। তেনেদৰে সমগ্ৰ সেঁতুখন নিশাৰ ভাগত পোহৰাই ৰাখিবৰ বাবে উচ্চক্ষমতা সম্পন্ন এল ই ডি লাইট স্থাপন কৰা হৈছে। আনহাতে উৰণীয়া সেঁতুখন যাতায়তৰ বাবে মুকলি হলে দিছপুৰ কেন্দ্ৰীক যানজঁটৰ সমস্যাৰ পৰা ৰাইজে সকাহ লাভ কৰাৰ লগতে সময় ৰাহি হোৱাৰ লগতে প্ৰদূষণৰ মাত্ৰাও বহুখিনী কমি যাব বুলি কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই সদৰি কৰিছে ।
64c4b8f51633c3216e337b402fb1d7d81de2ea242467ccff42bd1f799e53c64e
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ৰ তৃতীয়খন শিক্ষানীতি , যি শিক্ষানীতিয়ে শিক্ষা জগতত আমূল পৰিবৰ্তন সাধনৰ কথা উল্লেখ কৰিছে ।ইয়াত কোৱা হৈছে যে সকলো শিশুক পাঠশালাৰ শিক্ষাই সামৰি ল'ব লাগিব আৰু তেনেকৈ শিক্ষাৰ মানদণ্ডও উন্নত কৰি গঢ়ি তোলা হ'ব । সেই কথা সাৰোগত কৰি ১২+২ স্কুলীয়া পাঠ্যক্ৰমৰ সালসলনি ঘটায় নতুন ৰূপত ৫+৩+৩+৪ বছৰীয়া পাঠ্যক্ৰমৰ সংযোজন কৰি শিক্ষা ব্যৱস্থাৰ নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছে। ইয়াত অকল পাঠ্যক্ৰমৰ সাল-সলনিৰ কথাই কোৱা নাই । বয়সৰ মাপ-কাঠীৰ ও সালসলনি ঘটাই ৩-৮,৮-১১,১১-১৪ আৰু ১৪-১৮ বছৰ নিৰ্ধাৰণ কৰিছে য'ত এই স্কুলীয়া শিক্ষাৰ লগত ৩ বছৰীয়া বাধ্যতা মূলক প্ৰাক্ প্ৰাথমিক শিক্ষাৰ কথা বিশেষ ভাবে উল্লেখ কৰা হৈছে । বিভিন্ন প্ৰেক্ষাপটত প্ৰাক্- প্ৰাথমিক শিক্ষাক বিভিন্ন নামেৰে নামাকৰণ কৰা হয় যদিও বিশেষকৈ প্ৰাক্-প্ৰাথমিক বা অংগনবাদী নামৰেই জনাজাত । প্ৰাক প্ৰাথমিক শিক্ষা বুলি কলে সাধাৰণতে শিশুৰ যতন আৰু প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুতকৰণ প্ৰক্ৰিয়াকে বুজা যায় । এই শিক্ষা হ'ল ঘৰ আৰু বিদ্যালয়ৰ যোগসূত্ৰ ,যাক এখন দলঙেৰে সংযোগ বুলি ক'ব পাৰি । ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়েও প্ৰাক্-প্ৰাথমিক শিক্ষাক প্ৰাথমিক শিক্ষাৰ সহায়ক কাৰ্য্যসূচী হিচাপে খেলা ধূলা আৰু ক্ৰিয়াকলাপকে গুৰুত্ব দিয়াৰ কথা ব্যাখ্যা কৰিছিল। লগতে ইয়াকো কৈছিল যে day care centreসমূহে কৰ্মৰত মহিলাসকলক কাম কৰাৰ সুবিধা দিয়াৰ লগতে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাতো গুৰুত্ব আৰোপ কৰিব। কিন্তু ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাক-প্ৰাথমিক শিক্ষাক অধিক সৱল ৰণনীতিৰ জৰিয়তে ৰূপায়ণ কৰাৰ পোষকতা কৰিছে । ইফালে বিভিন্ন মনোবৈজ্ঞানিক আৰু নিউৰ'ল'জিকেল গবেষণায়ো ইয়াকে প্ৰমাণ কৰিছে যে শিশুৰ ৮৫% মগজুৰ বিকাশ ৬ বছৰ বয়সৰ আগতে সম্পূৰ্ণ হয়। লগতে উল্লেখ কৰা প্ৰয়োজন যে শিশুৰ বিকাশত পৰিয়ালৰ দায়িত্বৰ দিশবোৰো বিশেষভাবে সম্পৰ্কিত। যিহেতু শিশুৰ প্ৰাৰম্ভিক শিক্ষা ঘৰৰ পৰাই আৰম্ভ হয় গতিকে পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্য সকলে শিশুৰ বিকাশৰ সকলো প্ৰক্ৰিয়া জনাতো অতিকৈ প্ৰয়োজন ।পিতৃ-মাতৃ বা অভিভাৱক সকলৰ ওপৰতেই শিশুৰ মানসিক স্বাস্থ্য,বৃদ্ধি আৰু বিকাশ নিৰ্ভৰ কৰে । বিশেষকৈ শিশুৰ জন্মৰ পৰা আঠ বছৰ বয়সলৈ এই সময়ছোৱাত দুটা ভাগত ভাগ কৰিব পৰা যায় সেয়া হ'ল ০-৩ আৰু ৩-৮ বছৰ। এই বয়স প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুতকৰণৰ সময় বুলি ধৰা যায় । সেইবাবে এই সময়ছোৱাত শিক্ষা ব্যৱস্থা হ'ব লাগে শিথিল প্ৰকৃতিৰ অথচ উদগনিমূলক। শিশুৰ মনত শিক্ষা গ্ৰহণৰ প্ৰতি কোনোধৰণৰ অহেতুক ভয় নোসোমোৱাকৈ এই পৰ্যায়ৰ শিক্ষা সংগঠিত কৰিব লাগে য'ত খেল-ধেমালী আৰু বহুমুখী শিকণ,প্ৰাক-সাংখ্যিক ধাৰণাৰ জ্ঞান বিশেষকৈ শাৰিৰীক আৰু পেশীৰ বিকাশ, মানসিক বিকাশ, সামাজিক আৰু আবেগিক বিকাশ ,সাংস্কৃতিক বিকাশ ,যোগাযোগ আৰু ভাষাৰ বিকাশ আদি সামৰি ল'ব পৰা যায়। 'In the process of imparting formal education, curriculum plays a very important role. It is a plan of instruction that deals what students are to know, how they are to learn it, what the teachers' role is, and the content in other learning and teaching will take place.' অসমৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা ব্যৱস্থাটো কিছু সুকীয়া । চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত একেধৰণৰ ৫ বছৰ বয়সৰ শিশুৰ বাবে 'ক' শ্ৰেণী পাঠ্যক্ৰমৰ ব্যৱস্থা আছে । আনহাতে সমাজকল্যাণ বিভাগৰ অধীনত ৩ বছৰীয়া অংগনবাদী পাঠ্যক্ৰমৰ ব্যৱস্থা আছে । কিন্তু কথাটো হ'ল প্ৰাক্-প্ৰাথমিক শিক্ষা ব্যৱস্থা 'ক' শ্ৰেণীয়ে হওক বা অংগনবাদীয়েই হওক, এখন বেনাৰৰ তললৈ আহি একে পাঠ্যক্ৰমৰে শিক্ষা গ্ৰহণ কৰিব পৰা হ'ব লাগিব । মাত্ৰ প্ৰয়োজন হ'ব প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক, শিকণ সামগ্ৰী,পুষ্টিকৰ খাদ্যৰ লগতে সঘনে স্বাস্থ্য পৰীক্ষা ইত্যাদি । ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) নতুন নীতিৰ আধাৰত শিক্ষক সকলৰ প্ৰশিক্ষণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । লগতে পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ভিতৰত আখৰ জ্ঞান ,সংখ্যা জ্ঞান(Foundational Literacy and Numeracy) আৰু প্ৰয়োজনীয় দিশসমূহ বিবেচনা কৰিছে । লগতে বৰ্তমান পৰিস্থিতিৰ লগত খাপ খুৱাই প্ৰয়োজনীয় অৰ্হতা আহৰণ কৰিব পৰাকৈ স্মাৰ্ট ফোনৰ জৰিয়তে ডিজিটেল পাঠ্যক্ৰম আৰু 'DTH' চেনেলসমূহত শিক্ষামূলক কাৰ্যসূচী বৃদ্ধি কৰি কেতবোৰ আগতীয়া প্ৰস্তুতি ত্বৰান্বিত কৰিছে । প্ৰথম অৱস্থাত এই পদ্ধতি সমূহ ক্লাচটোৰ ৰিচ্চ কেন্দ্ৰৰ দ্বাৰা পৰ্য্যৱেক্ষণ কৰা হ'ব আৰু নিয়মীয়া পৰীক্ষণৰ বাবে মাহত এবাৰ কৈ হ'লেও সংযোগী পাঠদান অনুষ্ঠিত হ'ব । পৰৱৰ্তী পৰ্যায়ত উন্নত ধৰণৰ সু-ব্যৱস্থাৰ কথা কোৱা হৈছে । প্ৰাক্- প্ৰাথমিক শিক্ষাৰ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সমদৰ্শী বিভাগসমূহৰ লগত এক সমভাৱাপন্ন পৰিৱেশ গঢ়ি তুলিব লাগিব। প্ৰাক্-প্ৰাথমিক শিক্ষাৰ অধীনত থকা পাঠ্যক্ৰম আৰু পদ্ধতিসমূহ পোনপটীয়া ভাৱে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ লগত সম্বন্ধ থকাৰ লগতে পৰিকল্পনা আৰু প্ৰয়োগ কাৰ্য্যৰে সম্পৰ্কিত বিভাগ ,মহিলা আৰু শিশু বিকাশ বিভাগ ,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ ,জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ লগত বিশেষভাবে সংযোগিত হ'ব। লগতে জনগোষ্ঠী অধ্যূষিত এলেকা সমূহৰ ক্ষেত্ৰত শিশুৰ যতন আৰু শিক্ষা বিষয়ক আশ্ৰম স্থাপন কৰি সকলো শিক্ষা পদ্ধতি সংযোগ কৰাৰ পোষকতা কৰা হৈছে। ইয়াৰ উপৰিও বিদ্যালয় শিক্ষাৰ সৈতে সম্বন্ধ স্থাপন কৰিবলৈ এটা যুটীয়া 'টাস্ক ফৰ্চ' গঠনৰ কথাও ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ এ দোহাৰিছে। গতিকে নতুন শিক্ষানীতিৰ উপযুক্ত ৰূপায়ণে আমাৰ শিক্ষা ব্যৱস্থা তথা প্ৰজন্মৰ বিকাশক এক নতুন ৰূপত তুলি ধৰিব বুলি আমি দৃঢ়তাৰে বিশ্বাস কৰো। ইয়াৰ বাবে শিক্ষাৰে জড়িত প্ৰতিগৰাকী ব্যক্তিসত্তাৰ মাজত এক নতুন উদ্যমো পৰিলক্ষিত হৈছে। আশা কৰোঁ এক বাস্তৱমুখী ৰূপায়ণে আমাৰ ৰাজ্যখনতো সাকাৰ ৰূপ পৰিগ্ৰহণ কৰিব।
b0f82becb2757650e54a106a77de8f81807f13a7fa6d62c7e531e58d791196e1
কোকৰাঝাৰৰ ধৃতিৰঞ্জন ৰয়, লখিমপুৰৰ জয়ন্তজিৎ দাস, ডিব্ৰুগড় অল্পনা দেউৰী, মাইবাঙৰ ছেইণ্টজনী ঝাহৰি, ডিফুৰ ৰুখেশ্বৰ তিমুং আৰু তিনচুকীয়াৰ জ্যোতিবন দত্ত। জেৰাকাৰী আৰক্ষী বিষয়া সুজিৎ কুমাৰ শইকীয়াই জনোৱামতে আটাইকেইজনে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ অস্বীকাৰ কৰিছে। উল্লেখযোগ্য যে বেদান্ত বিকাশ নামৰ এজন বঞ্চিত প্ৰাৰ্থীয়ে ভঙাগড় থানাত দিয়া অভিযোগৰ ভিত্তিত কৃষি বিভাগত হোৱা এই বৃহৎ কেলেংকাৰিৰ তদন্ত কৰিছিল আৰক্ষীয়ে। এই তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ দিনত ২০১৩-১৪ চনৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কৃষি বিষয়া হিচাপে নিযুক্ত মুঠ ২৭জন বিষয়াৰ পৰীক্ষাৰ বহী ফৰেনছিক পৰীক্ষা কৰা হৈছিল। এই পৰীক্ষাৰ প্ৰতিবেদনত ১৮জন বিষয়াই জালিয়াতি কৰা বুলি সন্দেহ কৰা হৈছে। এই সন্দেহৰ আৱৰ্তত থকা বিষয়াকেইজনক তদন্তকাৰী আৰক্ষীয়ে পৰ্য্যাক্ৰমে জেৰা কৰি থকা হৈছে। যোৱা ১৪ জুলাইত ৮জন কৃষি উন্নয়ন বিষয়াক জেৰা কৰাৰ পিছত আজি পুনৰ ৮জনক জেৰাৰ বাবে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল। অৱশ্যে ২জন অনুপস্থিত থাকে। অনুপস্থিত দুজন হ'ল মৌচুমী শইকীয়া আৰু বিদ্যুৎ কুমাৰ দাস। ৩.৫ মিনিটৰ ভিতৰত সাজু হৈ নুঠিল ৰন্ধা,পাস্তা কোম্পানীৰ বিৰুদ্ধে ৰুজু ৪০ কোটি টকাৰ গোচৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
06b422ddcbdcea48290fe26f962d1c835c0f35439d4cc5a5580988440b4e6a1c
জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৪.৩০ বজাত শিলিগুৰিৰ পৰা গুৱাহাটীলৈ বুলি গৈ থকা এইচ আৰ ৫৫ এল ৭৬০২ নম্বৰৰ ১২ চকীয়া এখন গাখীৰ ভৰ্তি ট্ৰাকে ৰাষ্ট্ৰীয় ঘাই পথটোৰ মাজৰ ডিভাইডাৰত খুন্দা মাৰি চাংসাৰি আৰ্মি কেম্পৰ সন্মুখৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত লুটি খাই পৰে। ফলত চালক গৰাকী সৌভাগ্য ক্ৰমে ৰক্ষা পৰে যদিও ট্ৰাকখনত থকা ২৪ হাজাৰ লিটাৰ গাখীৰ পথৰ ওপৰত পৰি নষ্ট হয়। ১২ চকীয়া ট্ৰাকখন নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি চালকে জানিবলৈ দিয়ে। উল্লেখ্য যে, ঘাই পথটোৰ ওপৰতে গাখীৰভৰ্তি ট্ৰাকখন বাগৰি পৰাৰ ফলত উক্ত পথটো বন্ধ হৈ পৰে। পিছত চাংসাৰি থানাৰ আৰক্ষীয়ে ট্ৰাকখন উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি পথটো মুকলি কৰে।
3feffccf1899149c9f7f539f59b53a34c5115e92f4fa6c474b62913de8e3edbc
প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১৫ অক্টোবৰ ২০ঃ ওদালগুৰি জিলাৰ মাজবাট নগৰৰ মাজমজীয়াত থকা ৰে'লৱে ক্ৰচিংৰ সমীপত আজি এজন বৃদ্ধ লোকৰ ৰে'লৰ চেপাত মৃত্যু হয়। জানিব পৰা মতে, মাজবাট থানা এলেকাৰ খৰামখা গাঁৱৰ নিবাসী সুৰেন দে ( ৮৭) আজি ৰাতিপুৱা ৭-৩০ বজাত ঘৰৰ পৰা ডাঢ়ি-চুলি কটাবলৈ মাজবাট নগৰলৈ বুলি ওলাই আহিছিল। পিছত নগৰৰ নিকতবৰ্তী এঘৰ মানুহৰ ঘৰলৈ ৰে'লৱে পথেৰে খোজকাৰি গৈ থকাত পিছফালৰ পৰা ৮-১০ বজাত তীব্ৰ বেগেৰে অহা এখন উজনিমুৱা মালবাহি ৰে'লৰ চেপাত বৃদ্ধগৰাকীৰ থিতাতে মৃত্যু হয়। বৃদ্ধগৰাকীৰ শ্ৰৱণ শক্তি প্ৰায় নাইকিয়াৰ দৰে হৈছিল যাৰ বাবে তীব্ৰ বেগেৰে অহা ৰে'লৰ শব্দ নুশুনাত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। পিছত ৰঙাপৰাৰ পৰা ৰে'লৱে পুলিচ আহি মৃতদেহটো ঘটনাস্থলিৰ পৰা উদ্ধাৰ কৰি তেজপুৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ কৰাই আবেলি মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়ে।
2d809ea21534ee5cc822ff8535b81d1074088663747440fb0613ae36fecca31d
ইতিমধ্যে ৰাতিপুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছে আৰু প্ৰথম পৰ্যায়ত প্ৰত্যাশিতভাৱেই আম আদমী পাৰ্টিয়ে অগ্ৰগতি লাভ কৰিছে। দিল্লীৰ মুঠ ৭০ আসনৰ ভিতৰত এতিয়ালৈকে আম আদমী পাৰ্টিয়ে ৫৪খন আসনত অগ্ৰগতি লাভ কৰি আছে। আনহাতে, নিজৰ বিজয়ক লৈ অত্যন্ত দৃঢ়তা প্ৰদৰ্শন কৰি কেন্দ্ৰৰ ক্ষমতাসীন বিজেপি দলে ১৫খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এখন আসনত অগ্ৰগতি লাভ কৰি আছে। দিল্লীৰ আম আদমী পাৰ্টিৰ মূখ্য কাৰ্যালয়ত ইতিমধ্যে উৎসৱৰ পৰিৱেশ গঢ়ি উঠিছে। ইয়াৰ মাজতে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল কাৰ্যালয়ত গৈ উপস্থিত হৈছে। আপৰ নেতাসকলে তেওঁলোকৰ আসনৰ সংখ্যা ৬০খন অতিক্ৰম কৰিব বুলি আশা ব্যক্ত কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
0b44f2703a38e8f7900cac97b9dc130ff23d5de5c8c8bcbeefc31c83057f2de8
মেঘালয় আৰু নাগালেণ্ডত হ'ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে অসমৰ সীমান্তৱৰ্তী জিলা কেইখনত নিৰ্বাচনৰ পূৰ্বে ৪৮ ঘণ্টীয়া ড্ৰাই ডে' ঘোষণা কৰিছে। প্ৰাপ্ত তথ্য মতে অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল বিলাকত ঘোষণা কৰা এই ৪৮ ঘণ্টীয়া ড্ৰাই ডে' ২৫ ফেব্ৰুৱাৰিৰ বিয়লি ৪ বজাৰ পৰা অৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰিৰ নিৰ্বাচন সমাপ্ত হোৱালৈকে অব্যাহত থাকিব। ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ', মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমাহাচাও আৰু কাছাৰ আদি জিলাসমূহত মেঘালয়ত ২৭ ফেব্ৰুৱাৰিত হ'ব লগীয়া বিধানসভা নিৰ্বাচনলৈকে ড্ৰাই ডে' অব্যাহত থাকিব। আনহাতে ৩ মাৰ্চত হ'ব লগীয়া ভোট গণনাৰ সময়ত পুনৰ উক্ত জিলা সমূহত ড্ৰাই ডে' ঘোষণা কৰা হ'ব। সমান্তৰাল ভাৱে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন উপলক্ষে ২৭ ফেব্ৰুৱাৰিৰ দিনটোতে অসমৰ সীমান্তৱৰ্তী জিলা যেনে গোলাঘাট, শিৱসাগৰ, চাৰইদেউ, যোৰহাট, ডিমাহাচাও আৰু কাৰ্বি আংলঙত ড্ৰাই ডে' ঘোষণা কৰা হৈছে। নাগালেণ্ডৰ নিৰ্বাচনৰ বাবেও ঘোষণা কৰা ড্ৰাই ডে'ৰ সময় মেঘালয় নিৰ্বাচনৰ বাবে ঘোষণা কৰা ড্ৰাই ডে'ৰ সময়সূচীৰ সৈতে একে থাকিব। জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ca7898e5afe221beefdb9ec0ade63659df331b9854fc139f66a7a15f7b961758
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বি আৰু চি গ্ৰুপৰ লোকক এসপ্তাহ এৰি এসপ্তাহ কাৰ্য্যালয়লৈ আহিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে বুধবাৰে সদৰী কৰা মতে ভাৰতত কৰ'নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫১ গৰাকীলৈ বৃদ্ধি পাইছে। দেশত চিনাক্ত হোৱা কৰ'নাভাইৰাছ আক্ৰান্ত ৰোগীৰ ভিতৰত ২৫গৰাকী বিদেশী নাগৰিক। অসমত বৰ্তমানলৈকে কোনো লোক কৰ'নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই। ২০১৯ চনৰ শেষৰ ফালে চীনৰ উহান চহৰত এই ৰোগে প্ৰথম দেখা দিছিল। বৰ্তমান গোটেই পৃথিৱীলৈ এই ৰোগ বিয়পি পৰিছে। কৰ'নাভাইৰাছত এতিয়ালৈকে বিশ্বজুৰি দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। আঠ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f1983c25cdb3a5dfedc47cc57e1f154b6f8a888ab9fb40eea9832d5f6e0fe790
তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত পানীগাঁও তিনিঅালিৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰাপ্ত তথ্য মতে তিনিচুকীয়াৰ পৰা অৰুণাচলৰ তেজু অভিমুখী AS-23-AC 9814 নম্বৰৰ উইংগাৰখনে পথৰ ওপৰৰ এটা গৰুক বচাবলৈ যাওঁতে বিপৰীত দিশৰ পৰা অহা AS-06-9637 নম্বৰৰ মটৰচাইকেলখনৰ সৈতে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত মটৰচাইকেল আৰোহী কেইজন বহু দূৰত ছিটিক পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আনহাতে আঘাতপ্ৰাপ্ত যুৱক দুজনক তাৎক্ষণিকভাৱে সমীপৰ স্বাস্থ্য কেন্দ্ৰৈল লৈ যোৱা হয় যদিও চিকিৎসকে আঘাতপ্ৰাপ্ত দুই যুৱককে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আঘাতপ্ৰাপ্ত যুৱক দুজন খেৰজান গাঁৱৰ অবিনাশ মৰাণ (২০) অাৰু উৱন গাঁৱৰ অংকুৰ দহোতীয়া (২১) বুলি জানিব পৰা গৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
95832a5a0e99a82e41e82ab9c07c69d06da394f9bf1f05a1ba6bd3692dcad4df
প্ৰান্তীয় ধমনীৰ ৰোগ : - বিকাশপেডিয়া\nমূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / প্ৰান্তীয় ধমনীৰ ৰোগ :\nপ্ৰান্তীয় ধমনীৰ ৰোগৰ বিষয়ে লিখা হৈছে ।\nপ্ৰান্তীয় ধমনীৰ ৰোগ(PAD বুলিও কোৱা হয়) এটা সচৰাচৰ দেখা পোৱা ৰক্ত সঞ্চালন সম্পৰ্কীয় সমস্যা। এই সমস্যা হ'লে ধমনীৰ ভিতৰৰ নলীৰ পৰিসৰ ঠেক হৈ পৰে আৰু ৰোগীৰ প্ৰান্তীয় অংগলৈ(যেনে- ভৰি আৰু হাত) ৰক্ত সঞ্চালনৰ পৰিমাণ হ্ৰাস পায়। যদি কোনো ব্যক্তিৰ এই বিসংগতি আৰম্ভ হয়, তেনেহ'লে ব্যক্তিজনৰ এমূৰীয়া প্ৰান্তীয় অংগ সাধাৰণতে ভৰি দুখন প্ৰয়োজন মতে তেজৰ যোগান নেপায়। এই অৱস্থা হ'লে কিছুমান আনুষংগিক লক্ষণে দেখা দিয়ে। সেইবিলাকৰ ভিতৰত অন্যতম হ'ল- খোজকাঢ়োতে ভৰিত বিষ অনুভৱ কৰে(Intermittent Claudication)। শাৰীৰিক শ্ৰম বা ব্যায়াম কৰিলে সিৰামুৰি ধৰি ভৰিত বিষ হয় আৰু জিৰণি ল'লে বিষ উপশম হয়। বিষ হোৱা ঠাইৰ পেশীবিলাকলৈ তেজৰ চলাচল পৰ্যাপ্ত নোহোৱাৰ ফলতে এনে ধৰণৰ বিষ হয়। এনে ধৰণৰ বিষ(PAD) ব্যক্তি এজনৰ ধমনীত এক বুজন অংশত চৰ্বি জমা হৈ তেজৰ সঞ্চালনাত বাধাৰ সৃষ্টি কৰাৰো অন্যতম লক্ষণ হ'ব পাৰে। এই অৱস্থা হ'লে ব্যক্তিজনৰ হৃদপিণ্ড, মস্তিষ্ক আৰু ভৰিলৈ তেজৰ সঞ্চালন হ্ৰাস হ'ব পাৰে।\nপ্ৰান্তীয় ধমনীৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধিৰ কাৰকসমূহ -\n*বয়স বৃদ্ধি, বিশেষভাৱে ৫০ বছৰ বয়সত ভৰি দিয়া।\n*প্ৰান্তীয় ধমনীৰ ৰোগ হোৱাৰ বুৰঞ্জী পৰিয়ালত থাকিলে।\n*উচ্চ মাত্ৰাৰ কলেষ্টেৰল।\n*প্ৰান্তীয় ধমনীৰ ৰোগ(Peripheral Artery Disease, PAD) ৰোগটো 'এথেৰোছক্লেৰ'ছিছ' নামৰ বিসংগতিৰ ফলত প্ৰায়ে হোৱা দেখা যায়। এই ৰোগ হ'লে ধমনীৰ ভিতৰত চৰ্বি(Plaques) জমা হয় আৰু ৰক্ত প্ৰবাহ হ্ৰাস পায়।\n*যদি কোনো ব্যক্তিৰ ভৰিৰ অংশত এই ৰোগ আৰম্ভ হয়, তেনেহ'লে তেওঁৰ সমগ্ৰ শৰীৰতে ৰক্তবাহী নলীৰ পৰিসৰ ঠেক হৈ পৰিব পাৰে।\n*অন্যান্য কাৰণবিলাক হ'ল- এই প্ৰান্তীয় অংগবিলাকত যদি আঘাত পায়, ধমনীৰ ভিতৰত ডকা বন্ধা তেজ জমা হয় বা কোনো ৰোগৰ সংক্ৰমণ হয়। কিন্তু এথোৰোছক্লেৰ'ছিছ হ'লে বিশেষভাৱে হৃদযন্ত্ৰৰ ওপৰত পৰা এই ৰোগৰ প্ৰভাৱৰ বিষয়ে চিকিৎসকে গুৰুত্ব দিয়ে। কাৰণ এই ৰোগ হ'লে সমগ্ৰ শৰীৰৰ সকলো ধমনীৰে ক্ষতি হ'ব পাৰে। যেতিয়া শৰীৰৰ প্ৰান্তীয় অংগ-প্ৰত্যংগবিলাকলৈ তেজৰ যোগান ধৰা ধমনীত এই ৰোগ আৰম্ভ হয়, লগে লগে প্ৰান্তীয় ধমনীবিলাককো এই ৰোগে আক্ৰমণ কৰে। প্ৰায়ে ৰক্তবাহী নলীৰ প্ৰদাহ আৰম্ভ হোৱা ভৰি-হাত আদি অংগবিলাকত ঘা হোৱা, ভৰি-হাত আদিৰ পেশীৰ অস্বাভাৱিক গঠন বা তেজস্ক্ৰিয় বিকিৰণৰ বাবে উন্মুক্ত হোৱা আদি লক্ষণবিলাক প্ৰান্তীয় ধমনীৰ ৰোগৰ ফলতে প্ৰায়ে দেখা দিয়ে।\nপ্ৰান্তীয় ধমনীৰ ৰোগৰ লক্ষণবিলাক -\n*মাজে সময়ে তপিনাৰ মাংসপেশীত সিৰামূৰিয়ে ধৰি প্ৰচণ্ড বিষ হোৱা, উৰু বা কলাফুলৰ পেশীত খোজকাঢ়িলে বা চিৰি বগাই উঠিলে তীব্ৰ বিষ সহ টানি ধৰা।\n*ভৰিৰ পেশী জঠৰ হোৱা বা দুৰ্বল হৈ পৰা, শৰীৰৰ অন্য অংশৰ তুলনাত চেঁচা পৰি যোৱা।\n*ভৰিৰ পতাত ঘা বা গভীৰ ক্ষত দেখা দিয়া। ভৰিৰ পতা বা ভৰিত হোৱা এই ঘাবোৰ বৰ লাহে ধীৰে শুকায়।\n*ৰোগীৰ ভৰিৰ ৰং সলনি হয়।\n*ৰোগীৰ ভৰি আৰু ভৰিৰ অংশত নোম সৰি যায় বা নোমৰ বাঢ়ন অতি লাহে লাহে হয়।\n*ৰোগীৰ ভৰিৰ নখো বৰ লাহে লাহে বাঢ়ে।\n*ৰোগীৰ ভৰিৰ ছালখন জিলিকি থকাকৈ মিহি হয়।\n*ভৰিৰ যিকোনো অংশতে স্পন্দনৰ গতি অতি ধীৰে হয় বা স্পন্দন নাইকিয়া হয়।\n*পুৰুষৰ ক্ষেত্ৰত জননাংগৰ উত্থান নাইকিয়া হয়।\nপ্ৰান্তীয় ধমনীৰ ৰোগৰ তীব্ৰতা বৃদ্ধিৰ লগে লগে, ব্যক্তিজনে জিৰণি ল'লে বা বিছনাত বাগৰি থাকিলেও ভৰিত বিষ অনুভৱ কৰি থাকিব। এই ৰোগৰ ফলত হোৱা বিষৰ বাবে টোপনিতো ব্যাঘাত জন্মিব পাৰে। আপুনি শুই থকা বিছনাখনৰ এমূৰত ভৰিকেইটা ওলোমাই ৰাখিলে বা আপুনি শোৱা কোঠাতে অলপমান খোজকাঢ়িলে সাময়িকভাৱে বিষ যন্ত্ৰণাৰ পৰা হাত সাৰি থাকিব পাৰিব।\nৰোগ চিনাক্তকৰণ -\nএই পৰীক্ষাবিলাকৰ দ্বাৰা এডোখৰ ঠেক ধমনীৰ তলফালে তেনেই দুৰ্বল স্পন্দন বা একেবাৰে স্পন্দন নাইকিয়া হোৱা, আপোনাৰ ভৰিত ৰক্তচাপ কমি যোৱা বা ভালদৰে শুকাব নোখোজা ভৰিৰ ঘা আদিয়ে প্ৰান্তীয় ধমনীৰ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰে।\n*এংকল ব্ৰেকিয়েল ইনডেক্স(ABI):\nএই পৰীক্ষাটো প্ৰান্তীয় ধমনীৰ ৰোগৰ বাবে আটাইতকৈ বেছিকৈ কৰা অন্যতম পৰীক্ষা। এই পৰীক্ষাৰ দ্বাৰা আপোনাৰ কিলাকুটিৰ লগত আপোনাৰ বাউসীৰ ৰক্তচাপ তুলনা কৰি চোৱা হয়।\nশৰীৰৰ ৰক্ত সঞ্চলন প্ৰক্ৰিয়া পৰীক্ষা কৰি ৰক্ত সঞ্চালন ব্যৱস্থাটো কিমান দূৰ ক্ষতিগ্ৰস্ত হৈছে আৰু সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা বা ঠেক হৈ পৰা ধমনীবিলাক চিনাক্ত কৰিবলৈ শৰীৰত কোনো সঁজুলি অকণো প্ৰৱেশ কৰাব নলগা একপ্ৰকাৰৰ যন্ত্ৰণাবিহীন পৰীক্ষণ ব্যৱস্থা 'আল্ট্ৰাচনোগ্ৰাফী' কৰা হয়।\nএই পৰীক্ষা কৰিবৰ কাৰণে একপ্ৰকাৰৰ ৰঞ্জক দ্ৰব্যৰ বেজি ব্যৱহাৰ কৰা হয়। আপোনাৰ চিকিৎসকে আপোনাৰ শৰীৰৰ ৰক্ত প্ৰৱাহ ধমনীৰ মাজেৰে কেনেদৰে চলি আছে, চাই থাকিব পাৰিব আৰু সমস্যাযুক্ত অংশটো বিচাৰি উলিয়াব।\nএকপ্ৰকাৰৰ বিশেষ ধৰণৰ এক্স-ৰে' মেচিন(C.T. Scan) ৰোগীৰ শৰীৰৰ চাৰিওফালে ঘূৰি শৰীৰৰ ধমনীবিলাকৰ লগতে সেইবিলাকৰ চৌদিশৰ গঠনবিলাক লক্ষ্য কৰিব।\nচিকিৎসা পদ্ধতিৰ বাছনি -\nভৰিৰ বিষ, সমগ্ৰ শৰীৰত ক্ৰমাগতভাৱে বিয়পিবলৈ ধৰা 'এথেৰোছক্লেৰ'ছিছ'ৰ গতি বন্ধ কৰাটোৱেই হৈছে এই ৰোগৰ চিকিৎসা। এই লক্ষণবিলাকে জীৱনশৈলী পৰিৱৰ্তন কৰিব পাৰে।\nশাৰীৰিক শ্ৰম বা ব্যায়াম -\nব্যায়াম কৰিলে নতুন ৰক্তবাহী নলী সৃষ্টি হ'ব পাৰে বুলি প্ৰমাণ পোৱা গৈছে। লগতে ব্যায়াম ৰোগীৰ ভৰিলৈ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব পাৰে। নিয়মীয়াকৈ শাৰীৰিক শ্ৰম-ব্যায়াম কৰাটো প্ৰান্তীয় ধমনীৰ ৰোগত এটি অন্যতম ফলপ্ৰসূ চিকিৎসা। আপুনি এই ব্যায়াম লাহে-ধীৰে আৰম্ভ কৰিব পাৰে। কিন্তু সাধাৰণভাৱে খোজকঢ়াৰ অভ্যাস, ভৰিৰ ব্যায়াম আৰু ট্ৰেডমিল ব্যায়ামৰ কাৰ্যসূচী সপ্তাহত তিনিবাৰকৈ কৰিলে মাত্ৰ চাৰিৰ পৰা আঠ সপ্তাহৰ ভিতৰতে এই ৰোগৰ লক্ষণবিলাক কম হোৱাৰ দৰে ফলাফল পাব।\nবহুসংখ্যক ভৰি-হাতৰ ধমনীৰ ৰোগীয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। এনে অৱস্থাত বহুক্ষেত্ৰত স্বাস্থ্যসন্মত খাদ্য খালে আপোনাৰ ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা কোনো ধৰণৰ ঔষধ নোখোৱাকৈয়ে কমি আহিব। সংপৃক্ত চৰ্বি একেবাৰে কম থকা খাদ্য, ট্ৰেন্স ফেট আৰু কলেষ্টেৰল কম থকা খাদ্য খাই থাকিলে তেজত কলেষ্টেৰলৰ মাত্ৰা কম কৰাত সহায় কৰিব। কিন্তু শৰীৰত প্ৰয়োজনীয় মাত্ৰাত কলেষ্টেৰল ৰাখিবলৈ কলেষ্টেৰল কম কৰা ঔষধ সেৱনৰ প্ৰয়োজন হ'ব পাৰে।\nধূমপান ত্যাগ কৰক -\nআপোনাৰ শৰীৰত ভৰি-হাতৰ ধমনীৰ ৰোগৰ আশংকা ধঁপাত সেৱনে বৃদ্ধি কৰিব পাৰে। লগতে ধূমপানে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকাও বঢ়াব পাৰে। ধূমপান নকৰা লোকতকৈ ধূমপানত অত্যস্ত লোকৰ প্ৰান্তীয় ধমনীৰ ৰোগ হোৱাৰ আশংকা চাৰিগুণ বেছি। সেয়ে ধূমপান সেৱনৰ অভ্যাস ত্যাগ কৰক। ধূমপানৰ অভ্যাস ত্যাগ কৰিলে ধমনীৰ ৰোগৰ(PAD) লগতে হৃদযন্ত্ৰৰ ৰোগৰ আগ্ৰাসনৰ গতি মন্থৰ হয়।\nঔষধ সেৱন -\n*উচ্চ ৰক্তচাপৰ ঔষধ আৰু কলেষ্টেৰল হ্ৰাস কৰাৰ ঔষধ খাই থাকিব লাগে। আপোনাৰ চিকিৎসকে ঔষধ সেৱনৰ বাবে দিয়া দিহা মতে ঔষধ সেৱন কৰাৰ অভ্যাস নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ কথা।\n*আপোনাৰ চিকিৎসকে দিয়া পৰামৰ্শই আপুনি খোজকঢ়াৰ দূৰত্ব কমোৱা বা বঢ়োৱাত সহায় কৰিব।\n*এইবিলাকৰ উপৰি আপোনাৰ চিকিৎসকে আপোনাৰ তেজ গোট মৰা(Blood clot)প্ৰতিৰোধ কৰিবৰ কাৰণে 'এন্টি-প্লেটলেট' ঔষধ সেৱনৰ পৰামৰ্শ দিব পাৰে।\nচিকিৎসাৰ ব্যৱস্থাবিলাক -\nএণ্ডোভাস্কুলাৰ অস্ত্ৰোপচাৰ হ'ল, অতি কমকৈ কাটি কৰা একপ্ৰকাৰৰ অস্ত্ৰোপচাৰ আৰু প্ৰধান ৰক্তবাহী নলীৰ ভিতৰেদি শৰীৰৰ বিভিন্ন অংশলৈকে ঢুকি পোৱাকৈ এইবিধ অস্ত্ৰোপচাৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে।\nমুক্ত অস্ত্ৰোপচাৰ- এবিধ পৰম্পৰাগতভাৱে চলি অহা মুকলিকৈ কৰা একপ্ৰকাৰ অস্ত্ৰোপচাৰ আৰু এইবিধ অস্ত্ৰোপচাৰৰ বাবে দীঘলকৈ কটা-চিঙা কৰি লোৱা হয়। শল্য চিকিৎসকজনে অস্ত্ৰোপচাৰটো স্পষ্টকৈ দেখা পাবৰ বাবে সঁজুলিবিলাক শৰীৰৰ ভিতৰলৈ সুমুৱাই দিবলগা হয়।\n*প্লাষ্টিক গ্ৰাফটৰ ছেদনঃ\nমুক্ত বাইপাছ, এণ্ডাৰটেৰেক্ট'মি\nচিকিৎসাৰ পৰা লাভ কৰা উপকাৰবিলাক কি কি?\nপ্ৰান্তীয় ধমনীৰ ৰোগৰ চিকিৎসাৰ দ্বাৰা জীৱন ধাৰণৰ মানদণ্ড বহুখিনি উন্নত হয় আৰু গেংগ্ৰিণ(ভৰিৰ গোৰোহা আৰু ভৰি ক'লা পৰা তথা গোৰোহাত সংক্ৰমণ হোৱা ৰোগ) সৃষ্টি আৰু এই অংশত ঘা হোৱা প্ৰতিৰোধ কৰে।\nঅস্ত্ৰোপচাৰৰ পৰা কি ফল আশা কৰিব পাৰি?\nআপুনি চিকিৎসাৰ বাবে কি পদ্ধতি গ্ৰহণ কৰিছে, তাৰ ওপৰতহে আপোনাৰ ফলাফল নিৰ্ভৰ কৰে। এই বিষয়বিলাক জানিবলৈ বিচাৰিলে আপোনাৰ চিকিৎসকে ভালদৰে বুজাই ক'ব। আপোনাৰ শৰীৰৰ শক্তি সামৰ্থৰ ওপৰত ভিত্তি কৰি আপুনি নিজৰ কামত পুনৰ যোগদান কৰিব পাৰিব আৰু আপোনাৰ বিশেষজ্ঞ চিকিৎসকে আপোনাৰ স্বাস্থ্যৰ অৱস্থা চাই কামলৈ উভতি যাবলৈ পৰামৰ্শ দিব পাৰে।\nলেখকঃ ডাঃ নীতিন ভৰদ্বাজ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
2fd4df2f36bd5441fa99cfa785d54527cf27ebfffd5bdf5038e24d2bc667a6f6
ষ্টাফ ৰিপ'ৰ্টাৰ, w7s news: এইচডিএফচি বেংকক গ্লোবেল আলোচনী ফাইনেন্স এছিয়া তৰফৰ পৰা একেৰাহে পঞ্চম বছৰৰ বাবে 'বেষ্ট বেংক' হিচাপে স্বীকৃতি দিয়া হৈছে।এই বেংকক ভাৰতৰ শীৰ্ষস্থানৰ পৰা বেংকৰূপে বিবেচিত কৰা হৈছে। প্ৰকাশনৰ তৰফৰ পৰা এই বেংকক 'উদ্যোগ-নেতৃস্থানীয় ধৰি অন্যান্য দিশৰ' বাবে কাণ্ট্ৰী এৱাৰ্ডছ ফৰ এচিভমেণ্ট ২০২১ আগবঢ়োৱা হৈছে। বেংকৰ ওপৰত ইয়াৰ সম্পাদকীয়ত ফাইনেন্স এছিয়াই লিখিছে, "এইচডিএফচি বেংকে উদ্যোগী প্ৰাপ্ত কৰাটো অব্যাহত ৰাখিছে, ইয়াৰ বাবে পুনৰ এবাৰ বিজয়ী হৈছে।এইচডিএফচি বেংকে এই উদ্যোগৰ লিডাৰ ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ আধা ৰাজহ লাভ কৰে কিন্তু এইটো এক তৃতীয়াংশ অধিক লাভজনক। এইটো ভাৰতৰ আটাইতকৈ লাভজনক বেংক হৈ আছে। সঁচাকৈয়ে ২০২১ বিত্তীয় বৰ্ষত সেই লাভৰ গতি অব্যাহত আছিল।"ইয়াৰ শেহতীয়া সংখ্যাত, আলোচনীখনে লিখিছে- "আচৰিত নহয়, ইয়াৰ অৰ্থ হৈছে যে এইচডিএফচি-য়ে অব্যাহত ৰাখিছে মূল্যাঙ্কন প্ৰিমিয়ামত ব্যৱসায় কৰা, যি কেৱল অতি কম মুষ্টিমেয় এছিয়ান বেংকহে সক্ষম হয় এই ক্ষেত্ৰত। ২০২১ চনৰ বসন্ত ঋতুৰ শেষৰ ফালে ভাৰতত আটাইতকৈ মাৰাত্মক ক'ভিডৰ লহৰ আৰম্ভ হোৱাৰ লগে লগে এইচডিএফচি-য়ে চাৰিগুণতকৈও অধিক বুক মূল্যত আৰামদায়কভাৱে ব্যৱসায় কৰি আছিল। পদ্ধতিঃএছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশবোৰৰ বেংকবোৰক ফাইনেন্স এছিয়াৰ বাৰ্ষিক কাণ্ট্ৰী এৱাৰ্ডছ ফৰ এচিভমেণ্টৰ দ্বাৰা সফলতা লাভৰ স্বীকৃতি দিয়ে। আলোচনীখনে স্বীকৃতি প্ৰদান কৰে বেংকবোৰে তেওঁলোকৰ প্ৰদৰ্শন, দৃষ্টিভঙ্গী আৰু দীৰ্ঘম্যাদী ৰণনীতি বিবেচনা কৰাৰ পিছত। এই বছৰটো বিশেষভাৱে বিশেষ কিয়নো ফাইনেন্স এছিয়াই ২৫ তম বছৰ উদযাপন কৰিছে।ফাইনেন্স এছিয়াৰ সম্পাদকসকলক প্ৰাক্তন উচ্চ পদস্থ জ্যেষ্ঠৰ পৰামৰ্শদাতা পৰিষদে সমৰ্থন কৰে, য'ত আছে বেংকৰ পুঁজি প্ৰৱন্ধক। এই বাহ্যিক পেনেলে কাৰিকৰী নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰে বাছনি প্ৰক্ৰিয়াৰ সময়ত। No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
700d0b36f72278140f7079ca6158d1012bbd62a86656266ffe19733838c63566
যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত টীয়ক পৌৰসভাৰ সভাগৃহত সজাগতা তথা ধঁপাত মুক্ত কৰণৰ ওপৰত সোমবাৰে এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰে টীয়ক পৌৰসভা আৰু টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলে। আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ শিবিৰ মুকলি কৰে পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানে। এই শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মনোবিজ্ঞানী দিপ্তী শইকীয়া আৰু সমাজকৰ্মী দীপক হাজৰিকা। মনোবিজ্ঞানী দিপ্তী শইকীয়াই সাম্প্ৰতিক সময়ত ধঁপাত আমাৰ নীৰৱ ঘাটক বুলি উল্লেখ কৰাৰ লগতে যোৰহাট জিলাখন সম্পূৰ্ণৰূপে ধঁপাতমুক্ত কৰি জিলাখনত সুস্থ পৰিবেশ গঢ়িবৰ বাবে সকলোৰে প্ৰচেষ্টাৰ একান্ত প্ৰয়োজন বুলি কয়। জিলা তথ্য সমন্বয়ক প্ৰশীল কুমাৰ বৰাই আঁত ধৰা এই প্ৰশিক্ষণ শিবিৰত পৌৰসভা উপ-সভানেত্ৰী লোকেশ্বৰী দাস, ৱাৰ্ড কমিছনাৰ মাধৱী হাজৰিকা, ৱাৰ্ড কমিছনাৰ অভিজিৎ বৰুৱা আৰু বেচৰকাৰী সামাজিক সংস্থা 'ৰেঙণি'ৰ সভাপতি বিজু শৰ্মাও উপস্থিত থাকে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
cf46ebef8bf2c1170d297f69d48e466c96e73c0fb047fec7b916d2e895b4419f
Never eat these food items made in china contains posion sankri -চীনৰ খাদ্যদ্ৰব্য ক্ৰয় কৰে নেকি? তেন্তে জানি লওক চীনে বিশ্বত কেনে বিষাক্ত ৰেচন বিক্ৰী আছে, ভুলবশতঃ সেইবোৰ নাখাব!- News18 assam\nHome » photogallery » health-well-being »ভুলবশতঃ চীনা খাদ্যদ্ৰব্য ক্ৰয় কৰে নেকি? তেন্তে জানি লওক চীনে বিশ্বত কেনে বিষাক্ত ৰেচন বিক্ৰী কৰি আছে...\nভুলবশতঃ চীনা খাদ্যদ্ৰব্য ক্ৰয় কৰে নেকি? তেন্তে জানি লওক চীনে বিশ্বত কেনে বিষাক্ত ৰেচন বিক্ৰী কৰি আছে...\nচীনৰ বিৰুদ্ধে বিশ্বলৈ কোৰোনা (Covid19) বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু যেতিয়া চীনা কেটাৰিঙৰ কথা আহে, চীনে ইতিমধ্যে ইয়াৰ কিছুমান খাদ্য সামগ্ৰীৰ বাবে কুখ্যাত। শেহতীয়া প্ৰতিবেদন অনুসৰি, চীনে খাদ্য সামগ্ৰীত বিষাক্ত দ্ৰব্য প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আছে। যদি আপুনিও চীনত তৈয়াৰ কৰা এই বস্তুবোৰো খাই আছে, সাৱধান হ'ব...\n। December 05, 2021, 22:46 IST\nনিমখঃ চীনত তৈয়াৰ কৰা নিমখত ধাতুৰ টুকুৰা পোৱা গৈছে। খাদ্যত মিহলি কৰাৰ পিছতো ই দ্ৰৱীভূত নহয়। ইয়াৰ ফলত পেটৰ বহুতো ৰোগ হ'ব পাৰে। যদি আপুনি এনে নিমখৰ পেকেট ক্ৰয় কৰি আছে, ইয়াৰ পৰীক্ষা কৰাটো নিশ্চিত কৰা উচিত।\nনহৰুঃ পৃথিৱীৰ বহু প্ৰকাৰৰ খাদ্যসামগ্ৰী নহৰু অবিহনে অসম্পূৰ্ণ। চীন দেশেও নহৰু যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে। বিশেষকৈ চীনত মানুহে খাদ্যত নহৰু বোছি পৰিমাণে ব্যৱহাৰ কৰে। চীনে মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিভিন্ন ৰাসায়নিক পদাৰ্থৰ সৈতে নহৰুৰ খেতি কৰে। সেইবোৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।\nশিশু খাদ্যঃ চীনে টকা উপাৰ্জন কৰিবলৈ যিকোনো কৰিব পাৰে। চীনৰ বহুতো কাৰখানাত শিশুৰ বাবে তৈয়াৰ কৰা খাদ্যত অস্বাস্থ্যকৰ দ্ৰব্য পোৱা গৈছে। সেইবোৰ তাত বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, কিন্তু ইয়াৰ পেকেটবোৰ বাহিৰৰ দেশবোৰত বিক্ৰী কৰা হৈছে। সেয়ে শিশু খাদ্য ক্ৰয় কৰাৰ আগতে আপুনিও চোৱা দৰকাৰ যে চীনত তৈয়াৰ কৰা এনে খাদ্য ব্যৱহাৰ কৰে নেকি।\nপেক কৰা গাখীৰঃ কেঁচুৱাৰ খাদ্যৰ দৰে চীনত বিষাক্ত গাখীৰ তৈয়াৰ কৰা হয়। বহুতো চীনা লোকে ইয়াক পান কৰি অসুস্থ হৈ পৰিছে। বৃক্কৰ ওপৰত সেইবোৰৰ বেয়া প্ৰভাৱ পৰে। যদি আপুনি আপোনাৰ পৰিয়ালক ভাল পায়, পৰিয়ালটোক এনেধৰণৰ গাখীৰৰ পৰা আঁতৰাই ৰাখিব।\nৰাইচঃ চীনত প্লাষ্টিকৰ চাউল তৈয়াৰ হোৱাৰ খবৰো পোৱা গৈছিল। চীনা কাৰখানাত তৈয়াৰ কৰা এই চাউলবোৰত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে। সেইবোৰ খোৱাৰ ফলতো কৰ্কট ৰোগ হ'ব পাৰে। চীনৰ পৰা অহা চাউলৰ সলনি দেশী চাউল পছন্দ কৰা উচিত।\nবন্ধাকবিঃ প্ৰতিটো পাচলি আৰু ফলৰ এটা বিশেষ ঋতু থাকে। তেনে ক্ষেত্ৰত যদি আপুনি ঋতুৰ পিছত কোনো ফল এটা দেখে, বুজি ল'ব যে ইয়াত কিবা এটা গোলমাল আছে। চীনত বন্ধাকবি বহুত খোৱা হয়। যেতিয়া ঋতু শেষ হয়, কৃষকসকলে এইক্ষেত্ৰত এটা ব্যৱস্থা প্ৰয়োগ কৰে, যি ইয়াক সতেজ দেখায়, কিন্তু ই স্বাস্থ্যৰ বাবে হানিকাৰক। এনেদৰে অফ ছীজন বন্ধা কবি ক্ৰয় কৰা পৰিহাৰ কৰিব।\nচয়াচছঃ চীনা খাদ্যত চয়াচছ তীব্ৰভাৱে ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জনা উচিত যে সেইবোৰ তৈয়াৰ কৰিবলৈ ব্যৱহৃত ৰাসায়নিক পদাৰ্থবোৰৰ দ্বাৰা কৰ্কট ৰোগ হোৱাৰ আশংকা আছে। চীনৰ পৰা অহা চয়াচছ ব্যৱহাৰ নকৰাই ভাল।\nঅইলঃ চীনৰ পৰা এটা খবৰ আহিছিল যে ৰেষ্টুৰেণ্টত ব্যৱহৃত তেল পুনৰ কাৰখানালৈ ঘূৰাই পঠোৱা হয়। সেইবোৰ তাত পুনৰ পৰিষ্কাৰ কৰা হয় আৰু পিছত পুনৰ পেক কৰে। এনেক্ষেত্ৰত যদি আপুনি চীনত তৈয়াৰ কৰা তেলৰ পেকেট এটা ক্ৰয় কৰি আছে, তেন্তে আপুনি ভুল কৰি আছে।
5de5d14dbd1592778967fe66e2c1f655032e989c534a216a4a9f3fb78dd42eca
২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ'বলগীয়া নাগালেণ্ড আৰু মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ অন্ত পৰিব দেওবাৰে বিয়লি চাৰিবজাত। মেঘালয় নিৰ্বাচনৰ বাবে ৫৯ টা সমষ্টিত ১৪ টা বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় মুঠ ৩৬৯ জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। এইবাৰ মেঘালয় নিৰ্বাচনত অভূতপূৰ্ব তীব্ৰতা দেখা পোৱা গৈছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেডৰিক খাৰকোঙগৰে শুকুৰবাৰে মত ব্যক্ত কৰে। তেওঁ লগতে কয় যে ৱিলিয়ামনগৰৰ নিৰ্দলীয় প্ৰাৰ্থী জনাথন চাংমাৰ হত্যাৰ বাহিৰে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে। ৰাজ্যখনত যোৱা ৩১ জানুৱাৰিৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হোৱাৰ পিছৰে পৰা এতিয়ালৈ নগদ ৬৯ লাখ টকা আৰু ৩০ হাজাৰ লিটাৰ সুৰা বিভিন্ন ঠাইৰ পৰা জব্দ কৰিবলৈ সক্ষম হোৱা বুলি মুখ্য নিৰ্বাচনী বিষয়াজনে জানিবলৈ দিয়ে। ইয়াৰ উপৰি ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে যথেষ্ট হাৰত ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে। 'ৰাজ্যখনৰ ১৮,৪৪,০০০ ভোটাৰৰ ভিতৰত ৮৯,০০০ গৰাকী ১৮-১৯ বছৰীয়া বয়সৰ ভোটাৰে প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব' এই কথা প্ৰকাশ কৰে মুখ্য নিৰ্বাচনী বিষয়াজনে। ইয়াৰ উপৰি মেঘালয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৩২ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি জনায়। আনহাতে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ'ব লগীয়া ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰো নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f8976bc7d419cd260a908d19a45f0921e3c597978a57956098b7bb2b9ac47102
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ধৰা পৰিছে প্ৰথমজন মাংকীপক্সত আক্ৰান্ত ৰোগী। চৰকাৰী সূত্ৰত প্ৰকাশিত খবৰ মতে দিল্লীত এজন ৩১ বছৰীয়া যুৱকৰ দেহত ধৰা পৰিছে মাংকীপক্স। যুৱকজনক বৰ্তমান মৌলানা আজাদ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আশ্চৰ্যজনক কথাটো হ'ল এই যুৱকজনে কৰা নাই বিদেশ ভ্ৰমণ। বৰ্তমানলৈকে সমগ্ৰ দেশজুৰি মুঠ ৪ জন ব্যক্তিৰ দেহত মাংকীপক্সৰ অৱস্থিতি ধৰাা পৰিছে। ইয়াৰ ভিতৰত ৩ জন আক্ৰান্তই কেৰালাৰ। বৰ্তমান দেশত এই ৰোগ চিনাক্ত কৰণৰ বাবে মুঠ ১৬ টা পৰীক্ষাগাৰৰ ব্যৱস্থা আছে। ইয়াৰে ২ টা পৰীক্ষাগাৰ কেৱল কেৰালাৰ বাবে সংৰক্ষিত কৰা হৈছে। মাংকীপক্সকলৈ কেন্দ্ৰীয় চৰকাৰ সতৰ্ক হৈ আছে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি যোৱা মে' মাহত প্ৰতি সপ্তাহত সন্দেহজনক ২/৩ টা নমুনা আহিছিল যদিও এতিয়া এই সংখ্যা প্ৰতি দিনে ২/৩ টালৈ বৃদ্ধি পাইছে। উল্লেখ্য যে শুকুৰবাৰে কেৰালাত তৃতীয়টো মাংকীপক্সৰ ঘটনা পোহৰলৈ আহিছিল। জুলাইৰ আৰম্ভণিতে ইউ এ ইৰ পৰা উভতি অহা এজন ৩৫ বছৰীয়া ব্যক্তিৰ দেহত মাংকীপক্স সংক্ৰমণ হোৱাটো নিশ্চিত কৰা হৈছিল। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এই সন্দৰ্ভত কৈছে যে- মালাপ্পুৰমৰ বাসিন্দা যুৱকজন ৬ জুলাইত নিজৰ ৰাজ্যলৈ উভতি আহিছিল আৰু ১৩ জুলাইৰ পৰা জ্বৰত ভুগিছিল। যুৱকজন তিৰুৱন্তপুৰমৰ মঞ্জেৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰ আগতে, কেৰালাৰ কান্নুৰ জিলাত ভাৰতৰ মাংকীপক্সৰ দ্বিতীয় টো ঘটনা সংঘটিত হৈছিল। ১৩ জুলাইত ডুবাইৰ পৰা কান্নুৰলৈ উভতি অহা এজন ব্যক্তিৰ দেহত এইৰোগ সংক্ৰমণ নিশ্চিত হৈছিল। তেওঁ তিৰুৱন্তপুৰমৰ পৰিয়াৰাম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। একে সময়তে, ভাৰতৰ মাংকীপক্সত আক্ৰান্ত প্ৰথমজন ব্যক্তিও কেৰালাত চিনাক্ত কৰাা হৈছিল। ১২ জুলাইত ইউ এ ইৰ পৰা কোল্লামত উপস্থিত হোৱা লোকজনৰ দেহত সংক্ৰমণৰ লক্ষণ দেখা পোৱা গৈছিল। তেওঁ তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
2989cbb0525f617783d468b3c9452d03f4c1e0249bbff89f6ebf470d8808b24f
লুডৱিগ ৱান বিটহ'ৱেন জাৰ্মানঃ [ˈluːtvɪç fan ˈbeːtˌhoˑfn̩] ( শুনক) (১৭ ডিচেম্বৰ ১৭৭০ত বাপ্টাইজড[1]-২৬ মাৰ্চ ১৮২৭) এগৰাকী জাৰ্মান সুৰকাৰ। পাশ্চাত্য সংগীতৰ শাস্ত্ৰীয় যুগৰ পৰা ৰোমাণ্টিক যুগলৈ পৰিৱৰ্তনৰ কালচোৱাৰ এইগৰাকী সুৰকাৰ বিশ্বৰ অতিকৈ বিখ্যাত আৰু প্ৰভাৱশালী সংগীতজ্ঞৰ অন্যতম। ৯টা চিম্ফণি, ৫টা পিয়ান' কন্সাৰ্ট', ১টা ৱায়'লিন কন্সাৰ্ট', ৩২টা পিয়ান' চ'নাটা, ১৬টা ষ্ট্ৰিং কোৱাৰ্টেট আৰু তেখেতৰ বিখ্যাত মাছ মিছা চ'লেম্নিছ আৰু ফেডেলিঅ' অ'পেৰা তেওঁৰ আটাইতকৈ জনপ্ৰিয় সুৰৰ অন্যতম। ↑ Beethoven was baptised on 17 December. His date of birth was often given as 16 December and his family and associates celebrated his birthday on that date, and most scholars accept that he was born on 16 December; however there is no documentary record of his birth. এই পৃষ্ঠাখন ১১ আগষ্ট, ২০২২ তাৰিখে ১১ঃ০১ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
8f9e3b7b7cfacbe117850795215656632705d334d0df4295babfca876fa25d7b
"); }else{ //document.write(' "); document.write(" "); document.write(" "); }else{ document.write(""); document.write(" "); googletag.cmd.push(); document.write(" বিশ্বাস নিউজৰ অনুসন্ধানত উত্তৰ প্ৰদেশৰ নামত ভাইৰেল হোৱা ভিডিঅ' তথা পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। ২০১৭ চনৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ থকা এটা ভিডিঅ' উত্তৰ প্ৰদেশৰ বুলি কিছুমান লোকে ভাইৰেল কৰিছে। নতুন দিল্লী (Vishvas News)। টি২০ ক্ৰিকেট বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ বিজয়ৰ পিছৰে পৰা কেইবাটাও ভুৱা ভিডিঅ' আৰু ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এতিয়া, এটা ভিডিঅ' ভাইৰেল কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে পাকিস্তান জিন্দাবাদৰ শ্লোগান দিয়া একাংশ লোকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰহাৰ কৰিছে। বিশ্বাস নিউজে এই ভাইৰেল ভিডিঅ'টো পৰীক্ষা কৰিছিল। জানিব পৰা গৈছে যে উত্তৰ প্ৰদেশৰ নামত ভাইৰেল হোৱা ভিডিঅ'টো বহু বছৰ পূৰ্বে জম্মু-কাশ্মীৰৰ নামতো ভাইৰেল হৈ পৰিছিল। ভিডিঅ'টো ২০১৭ চনৰ পৰা ইণ্টাৰনেটত বিভিন্ন দাবীৰে ভাইৰেল হৈ আহিছে। আমাৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্যই এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত কৰিছে। কি এই ভাইৰেল পোষ্ট? ফেচবুক ব্যৱহাৰকাৰী সীমা চৌধুৰীয়ে ২৯ অক্টোবৰত তেওঁৰ একাউণ্টত এটা ভিডিঅ' আপলোড কৰি দাবী কৰিছিলঃ 'Fake Claim : পাকিস্তান জিন্দাবাদৰ শ্ল'গান দিয়াৰ বাবে তেওঁলোকক উত্তৰ প্ৰদেশ চৰকাৰে আটক কৰিছে আৰু উত্তম-মধ্যম শোধাইছে, লগতে একাধিক ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। জয় মাননীয় মুখ্যমন্ত্ৰী উত্তৰ প্ৰদেশ চৰকাৰ, জয় যোগী বাবা জয়, জয় শ্ৰী ৰাম! ফে'চবুক পোষ্টটো ইয়াত হুবহু অনুবাদ কৰা হৈছে। এই ভিডিঅ'টোকেই এতিয়া বু লোকে উত্তৰ প্ৰদেশৰ বুলি বিশ্বাস কৰি ভাইৰেল কৰিবলৈ লৈছে। ফে'চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওক। বিশ্বাস নিউজ সৰ্বপ্ৰথমেই অনলাইনযোগে এই ভিডিঅ' তথা পোষ্টৰ সত্যতা নিৰূপণৰ অনুসন্ধান আৰম্ভ কৰে। প্ৰথমে, ভাইৰেল ভিডিঅ'টো InVID টুলত আপলোড কৰি ইয়াৰ পৰা ভালেমান গ্ৰেব উলিয়াই লোৱা হ'ল। ইয়াৰ পিছতে সেইবোৰ Yandex চাৰ্চ ইঞ্জিনত আপলোড কৰি অনুসন্ধান আৰম্ভ কৰা হ'ল। ইয়াতেই আমি ইউটিউবত থকা আটাইতকৈ পুৰণি ভিডিঅ'টো বিচাৰি পাইছিলো। ১৫ এপ্ৰিল, ২০১৭ তাৰিখে ভিডিঅ'টো আপলোড কৰি ভাৰতীয় সেনাই কাশ্মীৰী ল'ৰাৰ বিৰুদ্ধে পাকিস্তান মুৰ্দাবাদৰ শ্ল'গান বলপূৰ্বক উত্থাপন কৰিছিল বুলি খবৰ পোৱা গৈছিল। সম্পৰ্কিত ভিডিঅ'টো ইয়াত ক্লিক কৰি চাব পাৰিব। চাৰি বছৰ আগতে ইউটিউবত আপলোড কৰা এই ভিডিঅ'টোৱে স্পষ্ট কৰি দিছিল যে কেইদিনমান আগতে ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল আৰু পাকিস্তানৰ বিজয়ৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। একেদৰে, ভিডিঅ'টোৰ সৈতে উত্তৰ প্ৰদেশৰো কোনো সম্পৰ্ক নাই। অনুসন্ধান অব্যাহত ৰাখি, আমি আন প্লেটফৰ্মতো ভিডিঅ'টো বিচাৰি পাইছিলোঁ। মূল ভিডিঅ'টো অল পাৰ্টিজ হুৰিয়ত কনফাৰেন্সৰ অধ্যক্ষ মিৰৱাইজ ওমৰ ফাৰুকৰ টুইটাৰ হেণ্ডেলতো দেখা গৈছিল। ইয়াক ১৫ এপ্ৰিল, ২০১৭ তাৰিখে পোষ্ট কৰা হৈছিল। ইয়াত ক্লিক কৰি সেয়া চাব পাৰিব। অনুসন্ধানৰ সময়ত, আমি কিছুমান পুৰণি বাতৰিতো ভাইৰেল ভিডিঅ'টো দেখিবলৈ পাইছিলো। ১৫ এপ্ৰিল, ২০১৭ তাৰিখে ScoopWhoop ৰ ৱেবছাইটত প্ৰকাশিত এটা প্ৰতিবেদনতো একেটা ভিডিঅ' ব্যৱহাৰ কৰি ইয়াক কাশ্মীৰৰ বুলি উল্লেখ কৰা হৈছিল। বাতৰিটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিব। বিশ্বাস নিউজে স্বতন্ত্ৰভাৱে এই ভিডিঅ'টো নিশ্চিত নকৰে। কিন্তু এটা কথা সত্য যে ভিডিঅ'টো অতিকমেও চাৰি বছৰ পুৰণি। এই ভিডিঅ'টো ২০১৭ চনৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ আহিছে। উল্লেখ্য যে, টি-২০ বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত দেশৰ বহু ঠাইত পাকিস্তানৰ সমৰ্থনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছত আৰক্ষীয়েও গোচৰ ৰুজু কৰিছে। ২৮ অক্টোবৰত আজ টক ৱেবছাইটত এই সন্দৰ্ভত এটা বাতৰিও প্ৰকাশ কৰা হৈছিল। এই বাতৰিটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিৰ। তদন্তটো আগবঢ়াই বিশ্বাস নিউজে কাশ্মীৰৰ দৈনিক জাগৰণৰ জ্যেষ্ঠ সাংবাদিক নবীন নৱাজৰ সৈতে যোগাযোগ কৰে। তেওঁ কয় যে ভাইৰেল ভিডিঅ'টোৰ পাকিস্তানৰ বিজয়ৰ সৈতে কোনো সম্পৰ্ক নাই। ভিডিঅ'টো বহু বছৰ ধৰি ইণ্টাৰনেট মাধ্যমত ভাইৰেল হৈ আছে। অনুসন্ধানৰ শেষত, বিশ্বাস নিউজে ভুৱা পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীজনক পৰীক্ষা কৰিছিল। ফে'চবুক ব্যৱহাৰকাৰী এইগৰাকী সীমা চৌধুৰী দিল্লীৰ বাসিন্দা। তেওঁৰ একাউণ্টৰ সৈতে ৬০০০ ৰো অধিক লোক আছে। নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত উত্তৰ প্ৰদেশৰ নামত ভাইৰেল হোৱা ভিডিঅ' তথা পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। ২০১৭ চনৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ থকা এটা ভিডিঅ' উত্তৰ প্ৰদেশৰ বুলি কিছুমান লোকে ভাইৰেল কৰিছে। Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below. Fact-checking journalism, which holds mirror to power while being free from the ropes of corporate and politics, is possible only with support from public. Help us in our fight against fake news. "); //document.write(" "); }else{ document.write(" "); document.write("
8fbf4a37703b3039f7b02f8a5d3df98aea1c7dba8070ce8868f85d5d1774cace
ডিজিটেল ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সংঘটিত হৈছে অট্টালিকা খহি পৰাৰ ঘটনা। ৰাষ্ট্ৰীয় ৰাজধানীৰ মুস্তাফাবাদস্থিত বাবু নগৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এই ঘটনাত এজন লোকৰ মৃত্যু হৈছে আৰু তিনিজন লোক গুৰুতৰ ভাৱে আহত হৈছে। জানিব পৰা মতে এটা অট্টালিকাৰ ২ মহলা খহি পৰিছে। ঘটনাত আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু ৪ জন লোকক উদ্ধাৰ কৰে। ইয়াৰে এজন লোকৰ পৰৱৰ্তী সময়ত মৃত্যু হয়। ইফালে ধ্বংস্তূপৰ মাজত আন লোক সোমাই আছেনেকি, সেই বিষয়েও অনুসন্ধান চলাই থকা হৈছে। এই আশংকাতে বহু সময় ধৰি চলে উদ্ধাৰ অভিযান। অৱশ্যে ধ্বংস্তূপৰ মাজত আন লোক সোমাই নথকাটো নিশ্চিত হৈছে। সেয়ে উদ্ধাৰ অভিযান সমাপ্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ ফালৰ পৰা কোৱা হৈছে যে- মুস্তফাবাদস্থিত বাবু নগৰৰ এটা গলিত দেওবাৰে পুৱা প্ৰায় ৫ বজাত এটা ঘৰ খহি পৰে। অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। এতিয়ালৈ চাৰিজন লোকক উদ্ধাৰ কৰা হৈছে।
2ae9cb0bb8dcc66bfa75f3f2a1f825ae1a98e4a738268d6e09da673240a2aea0
১৮ জুলাই, গুৱাহাটীঃ অহা ২০ জুলাই, সোমবাৰৰ পৰা গুৱাহাটীত খুলিব সুৰাৰ বিপনীসমূহ।আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সংবাদমেলযোগে আনলক - ১ ৰ সকলো নিৰ্দেশনা ঘোষণা কৰে। মহানগৰী কৰ'ণাৰ বটস্প'টৰূপ পৰিগনিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তিনিসপ্তাহজোৰা লকডাউনৰ ঘোষণা কৰিছিল।
97733e9f17327026fb0cbef95bc5b4d85bba962a83bde3c6b4e7d513802b8630
ডিজিটেল ডেস্কঃ হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিল সত্ৰনগৰী বৰপেটাৰ আকাশ-বতাহ। শনিবাৰৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা সত্ৰত আৰম্ভ হয় শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা। পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে সত্ৰীয়া ৰীতি-নীতিৰে বৰপেটা সত্ৰত পালন কৰা হয় এই দৌল উৎসৱ। উল্লেখ্য যে, মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় এই দৌল উৎসৱ । শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত লোকে লোকাৰণ্য হৈ পৰে সত্ৰ চৌহদ। সত্ৰবাসীয়ে ৰং-বিৰঙী আবিৰ সানি হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ কৃষ্ণ বন্দনাৰে মুখৰিত কৰে। জানিব পৰা মতে, দৌল উৎসৱৰ লগত সংগতি ৰাখি শনিবাৰে বৰপেটাৰ ৰাইজিং ক্লাবে অনুষ্ঠিত কৰে মুকলি পথত হোলী গীত প্ৰতিযোগিতা। এই হোলী গীত প্ৰতিযোগিতাখন উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই। হোলী গীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা দলসমূহে সত্ৰৰ সন্মূখৰ পৰা বাটে বাটে হোলী গীত গাই বৰপেটা প্ৰেছ ক্লাবৰ সন্মূখত উপস্থিত হয়। হোলী গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ সৈতে সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, কন্ঠশিল্পী প্ৰিয়ংকা কলিতা আৰু অভিনেত্ৰী ময়ুৰী গৌতমেও অংশগ্ৰহণ কৰে। কিশোৰ, চেমনীয়া ডেকা সকলে প্ৰাণঢালি হোলী গীতৰ মূৰ্ছনাত মুখৰিত হোৱা সত্ৰ নগৰীৰ এই বৰ্ণিল দৃশ্য উপভোগ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটে। জানিব পৰা মতে, ২৯ মাৰ্চত ৰঙৰ উৎসৱ সুঁৱৰিৰে এই দৌল উৎসৱৰ সামৰণি পৰিব।
cefcb08c9a42f0b76a68310035be8a8e124f7d52b08688eb86d79e6835d143e3
'লোকসংগীত-ফ্যুজন বেণ্ড বোলা' আবিঅ'জেনেছিচ বেণ্ডৰ মূল গায়ক আৰেনলা চুবঙৰ এক নাট সংকলন মুকলি হৈছে। সংকলনটোৰ নাম 'Wings of Passion' (বাসনাৰ ডেউকা)। Lichaba's Daughter, Sojourn of the Ahom Prince in Naga Hills, Big Time Buddies and Adapting to Change শীৰ্ষক চাৰিখন নাট সংকলনটোত অন্তৰ্ভুক্ত কৰা হৈছে। অ'ড়িচাৰ ৰাজ্যপাল এচ চি জমিৰে ৩য় অ'ড়িচা কলা আৰু সাহিত্য উৎসৱত কিতাপখন মুকলি কৰে। নাগালেণ্ডৰ এই জনপ্ৰিয় বেণ্ডটো আৰেনলা, ম'ৱা, আচ' আৰু মেৰেন এই চাৰিজন সদস্যক লৈ গঠিত। বামহাম নামৰ এবিধ সুষিৰ বাদ্য আৰু অনন্য ধ্বনিদায়ী তিকজিক নামৰ এবিধ ঘাত বাদ্য উদ্ভাৱনৰ বাবে তেওঁলোকক কৃতিত্ব দিয়া হয়। দুয়োবিধ বাঁহেৰে নিৰ্মিত বাদ্য। হেৰিটে'জ প্ৰকাশনে প্ৰকাশ কৰা এই কিতাপখনৰ দাম ৩০০ টকা। ডিমাপুৰৰ বিভিন্ন কিতাপৰ দোকানৰ লগতে নিৰ্বাচিত কিছু অনলাইন বিপনীত এই কিতাপখন পোৱা যাব। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
1aef28e57c5dccf940d762c345eebc05f40a701a011555bd769f69fad34546d5
গুৱাহাটী : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। ৰাজ্যৰ ২৯ খনকৈ জিলাৰ মুঠ ২,২৫১ খন গাঁও এতিয়াও ডুব গৈ আছে বাঢ়নী পানীত। বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত বর্তমানলৈকে ১৪ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ন ন অঞ্চল প্লাৱিত হৈছে, ফলত বহু লোক বাঢ়নী পানীত আৱদ্ধ হৈ পৰিছে। ৰাজ্যৰ জলমগ্ন হৈ থকা ২৯ খন জিলাত ৮ লাখৰো অধিক লোক প্ৰভাৱিত হৈছে। আৰক্ষী, সেনা, অৰ্ধ-সামৰিক বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জৰুৰীকালীন সেৱাই বানপানীত আৱদ্ধ হৈ থকা লোক সকলৰ উদ্ধাৰ অভিযানত নিয়োজিত হৈছে আছে। বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি অনা লোক সকলক আশ্ৰয় শিবিৰত ৰখা হৈছে। বান প্ৰভাৱিত অঞ্চল সমূহত স্থাপন কৰা ২৩৪ টা আশ্ৰয় শিবিৰত ৭৪ হাজাৰতকৈও অধিক লোক আশ্ৰয় লৈ আছে। বৰ্তমান কামপুৰ, নগাঁও আৰু ধৰ্মতুলত বিপদ সীমাৰ চিহ্নৰ ওপৰেৰে কপিলী নদী, শিৱসাগৰত দিচাং নদী, নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদী, এ পি ঘাটত বৰাক নদী আৰু কৰিমগঞ্জত কুছিয়াৰা নদী বৈ আছে। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত দিনত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হ'ব বুলি ভৱিষ্যদ্বাণী কৰিছে। বিভাগটোৱে জনোৱা মতে, বর্তমান সাধাৰণতকৈ অধিক বৰষুণ হৈছে আৰু অহা দুদিনমানলৈ অধিক বৰষুণ হ'ব। নেৰানেপেৰা বৰষুণ লগতে ভূমিস্খলনে অধিক বিধ্বস্ত কৰিছে ডিমা হাচাও জিলা। You may also read!
c447d38ea150a44b64a8e1f9988b2a1749f43552531cf126f7f7cb941bfc390c
দণ্ডিনাথ কলিতা - অসমীয়া ৱিকিপিডিয়া\n৩০ জুন, ১৮৯০\n১৫ মে', ১৯৫৫\nনিজা বাসভৱন, তেজপুৰ\nদণ্ডিনাথ কলিতা (ইংৰাজীঃ Dandinath Kalita) এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। 'সাধনা' উপন্যাসৰ বাবে তেখেতে ১৯২৮ চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।\n১৮৯০ চনৰ ৩০ জুনত শোণিতপুৰ জিলাৰ তেজপুৰৰ ওচৰৰ কেতেকীবাৰী গাঁৱত দণ্ডিনাথ কলিতাৰ জন্ম হয়। তেখেতৰ পিতাকৰ নাম আছিল মংগলৰাম আৰু মাকৰ নাম জানকীবালা। তেওঁলোকৰ আদি পুৰুষ আছিল উজনি অসমৰ। মানৰ আক্ৰমণৰ সময়ত তাৰ পৰা আহি কেতেকীবাৰীতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। তেওঁলোকৰ বংশৰ উপাধি পোনতে 'শইকীয়া'হে আছিল বুলি জনা যায়। পিছলৈ 'কলিতা' উপাধি গ্ৰহণ কৰে। দণ্ডিনাথ কলিতাৰ পিতৃদত্ত নাম দণ্ডিৰাম কলিতাহে আছিল।\nদণ্ডিনাথ কলিতাই কাঁহদল প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰে। ১৯০২ চনত তেখেতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ পৰাই ১৯১১ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত পঢ়িবলৈ লয়। কিন্তু পৰীক্ষাৰ সময়ত হাতৰ আঙুলিৰ গাঁঠিৰ পাবত বিষ হোৱা বাবে তেখেতে বি.এ. পৰীক্ষা দিব নোৱাৰিলে আৰু শিক্ষা অসম্পূৰ্ণ হৈ ৰয়। পিছত ঢাকাৰ পৰা এবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এল.টি. উত্তীৰ্ণ হয়।\nহত্যাকাৰী কোন (১৯৪৭)\nঅসম সন্ধ্যা (১৯৪৯)\nবীণাৰ ঝংকাৰ (১৯৫১)\nসংস্কৃত নাটকৰ সাধু (দুটা খণ্ডত)\nসতীৰ তেজ (১৯৩১)\nকীচক বধ (১৯৫০)\nমুক্তিৰ অভিযান (১৯৪১)\nপোহনীয়া কুকুৰ (১৯৪৬)\nনগৰৰ বিহুতলী (১৯৪৬)\nকৰ্মবীৰ চন্দ্ৰনাথ (১৯২৪)\nAnglo Sanskrit Word Book\n১৯৫৫ চনৰ ১৫ মে'ত তেজপুৰৰ লম্বোদৰ বৰা পথৰ নিজা বাসভৱনত দণ্ডিনাথ কলিতাৰ মৃত্যু হয়।\n↑ 1.0 1.1 1.2 1.3 সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটীঃ ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ১০৫-১০৮.\nঅসমীয়া ৱিকিউৎসত দণ্ডিনাথ কলিতাৰ ৰচনা সম্ভাৰ\n"https://as.wikipedia.org/w/index.php?title=দণ্ডিনাথ_কলিতা&oldid=196296"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ০১ জুন, ২০১৯ তাৰিখে ২০ঃ৪৫ বজাত অন্তিম সংশোধন কৰা হৈছিল।
ecf0dbee2993fb966325f507eb945b739fe4b5bd6760a274afb79a2207921400
Share this: গুৱাহাটী : যােগ সঞ্জীৱনীৰ জৰিয়তে সুস্বাস্থ্য ৰক্ষাৰ উদ্দেশ্যে শনিবাৰে যােগ গুৰুকল অসনে অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ সহযােগত গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সজাগতা সভাৰ আয়ােজন কৰে। অনুষ্ঠানত শাৰিৰীক তথা মানসিক স্বাস্থ্যৰ সঠিক যতনৰ দ্বাৰা সুন্দৰ জীৱনশৈলীৰ বাবে যােগাভ্যাসৰ প্ৰয়ােজনীয়তা সম্পর্কে অবগত কৰি যােগ গুৰুকুল অসমৰ কর্মকর্তাসকলে বহুকেইটা প্রাথমিক যােগ আৰু প্ৰাণায়মৰ অভ্যাস কৰােৱায়। আয়ুর্বেদিক চিকিৎসক ডা" জয়ন্ত বর্মনে ঔষধি গুণসম্পন্ন উদ্ভিদৰ ব্যৱহাৰ কৰি ঘৰতে ৰােগ নিৰাময় ক্ৰাৰ বাবে ঔষধি গুণসম্পন্ন উদ্ভিদ সম্পর্কে আলােচনা কৰে আৰু পার্শ্বক্রিয়াহীন আয়ুর্বেদিক চিকিৎসা অবলম্বন কৰিবলৈ আহ্বান জনায়। সভাত অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ সীমান্ত শেখৰে অংশগ্রহণ কৰি সকলােকে যােগ্যভ্যাস গঢ়ি তুলি সুস্বাস্থ্যৰ গৰাকী হ'বলৈ আহ্বান জনায়। Search for: