doc_id
stringlengths
64
64
text
stringlengths
127
172k
7167069b431f24116ff546c54c20ae4c09de0952cbc12380f3021354dbfbb347
ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ সময়ত আৰম্ভণিৰে পৰা এতিয়ালৈকে বিদেশীকে ধৰি মুঠ ১২গৰাকী সাংবাদিক নিহত হৈছে। দেওবাৰে ইউক্ৰেইনৰ মুখ্য ৰাষ্ট্ৰীয় আইন উপদেষ্টা ইৰিনা ভেনেদিকত'ভাই এই তথ্য সদৰী কৰিছে। ইৰিনাই লগতে এই সময়ছোৱাত আন ১০গৰাকী সাংবাদিক আহত হোৱা বুলিও দাবী কৰিছে। তেওঁ জানিবলৈ দিয়া মতে নিহত সাংবাদিকসকলৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰ, আয়াৰলেণ্ড আৰু ৰাছিয়াৰ সাংবাদিকো আছে। লগতে পঢ়কঃ নতুন আইন আনিলে পুটিনে; ভুৱা খবৰ বিয়পালে শাস্তি ১৫ বছৰৰ কাৰাদণ্ড! সেইদৰে আহত সাংবাদিকসকলৰ মাজত ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, চেক গণৰাজ্য, ডেনমাৰ্ক, চুইজাৰলেণ্ড তথা সংযুক্ত আৰৱ এমেৰিটাছৰ সাংবাদিকো আছে বুলি ইৰিনা ভেনেদিকত'ভাই জানিবলৈ দিয়ে। ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান চলোৱা এমাহ অতিক্ৰম কৰিছে আৰু এই অভিযানত ইউক্ৰেইনৰ সেনাৰ লগতে বহু সাধাৰণ নাগৰিকো নিহত হৈছে। আনহাতে, ইউক্ৰেইনে দাবী কৰা মতে এই যুদ্ধত ৰাছিয়াৰো ব্যাপক ক্ষতিসাধন হৈছে। ৰাছিয়াৰ সাতজনকৈ সেনা জেনেৰেলৰ লগতে বহু সেনা এই যুদ্ধত নিহত হোৱাৰ দাবী কৰা হৈছে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
7338736b95e63d8368cc896fe62cda32bda3670b70b8c618ee22c0ee49c285ce
শীতত শৰীৰৰ যতন : শীতত শৰীৰৰ যতন : শীতৰ দিনত আমি নিজকে স্বাস্থ্যৱান কৰি ৰাখিব লাগে। তাৰ বাবে শীতকালি ব্যায়াম, যোগাসন আদি কৰিব লাগে। ব্যায়াম কৰোতে সদায় আৰামদায়ক কাপোৰ পিন্ধিব লাগে। তদুপৰি এনে দিনবোৰত আমাৰ ছাল সতেজ কৰি ৰাখিব লাগে। তাৰ বাবে পুৱা, গধূলি আধা ঘণ্টামান সময়ৰ বাবে বায়াম কৰিব লাগে। ব্যয়ামৰ ফলত শৰীৰটো ঘামে আৰু প্রাকৃতিক তেল ঘামৰ লগত নিৰ্গত হয়। ফলত ছাল সতেজ হৈ থাকে। ব্যায়ামৰ পাছত শৰীৰে প্রয়োজনীয় পানী বিচাৰে। এই পানীয়ে শৰীৰক সতেজ কৰি ৰখাত সহায় কৰে। শীতত যেতিয়া ব্যায়াম কৰো, তেতিয়া যি ঘাম ওলায়, সেই ঘামৰ দ্বাৰা শৰীৰৰ পৰা বিষাক্তখিনি নিৰ্গত হয়, শৰীৰ পাতল আৰু আৰাম লাগে। শৰীৰৰ যৌৱন ধৰি ৰখাত সহায় কৰে। শীতকালি আমাৰ চুলি শুকান আৰু ছিঙি যোৱা হয়। সেইবাবে শীতকালি চুলিৰ কণ্ডিছনাৰ ব্যৱহাৰ বেছিকৈ কৰিব লাগে। ব্যায়ামৰ ফলত আমাৰ চুলিৰ গুৰি ঘামি যায়। সেইবাবে শীতত চিলিকণযুক্ত চুলিৰ কণ্ডিছনাৰ ব্যৱহাৰ কৰিব লাগে। যিয়ে আমাৰ চুলিৰ মইশ্ব'ৰাইজাৰ ধৰি ৰখাত সহায় কৰে। শীতত আমি ব্যায়াম কৰাৰ ফলত চুলিৰ গুৰিত অক্সিজেন প্ৰৱাহিত হয়। ফলত চুলি সোনকালে দীঘল হয়। কিন্তু মৃত কোষ আৰু ঘামৰ ফলত নোমছিদ্র বন্ধ হৈ চুলি সৰাত সহায় কৰে। সেইবাবে চুলি নিতৌ পৰিস্কাৰ কৰাৰ বাবে ব্যায়াম কৰিব লাগে। তদুপৰি চুলিত ছালফেট ফ্রী শ্বেম্পু ব্যৱহাৰ কৰিব লাগে। শুকান চুলি আৰ ছালৰ বাবে সদায় অলিভ অয়ল আৰু তিল তেলৰ মিশ্ৰণৰ তেল ব্যৱহাৰ কৰিব লাগে। বহুতে গাত চাবোন ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰে, তেওঁলোকে চাবোন ব্যৱহাৰ কৰি গা ধুই পুনৰ তেল (মিশ্ৰণৰ তেল) লগাই গা ধুলে ছাল সতেজ আৰু মিহি হৈ থাকে। গতিকে তেলৰ বটলটো গা ধোৱা ঘৰত থৈ দিব। শীতকালি আমাৰ ভৰি খুব ফাটে। ফলত অতি লেতেৰা দেখায়। এনে ক্ষেত্ৰত আনাৰসৰ ৰস আৰু অলিভ অইল কুহুমীয়াকৈ গৰম কৰি দুয়োটা ভৰি ভালদৰে ধুই তিয়াই থ'ব। পাছত মালিচ কৰি সূতাৰ মোজা এযোৰ পিন্ধি থাকিব। নিতৌ ৰাতি শোৱাৰ আগেয়ে কৰিলে ভৰি দুটা চাই থাকিবলৈ মন যাব। দিনটোৰ ভাগৰ নাশ কৰাৰ বাবে ব্যায়াম পুৱা-গধূলি কৰি ৰাতি সময় মতে শুব লাগে। এই টোপনিয়ে ছালক সতেজ কৰে। চুলিৰ স্বাস্থ্য ভাল কৰে। মনকো উৎফুল্লিত কৰি ৰাখে। জীয়াই থকাৰ প্রেৰণা পায়। হতাশা নাহে। শাৰীৰিক আৰু মানসিক হেঁচা নাহে। আমাৰ ছালখনক দাগবিহীন কৰাৰ বাবে আমাৰ লিভাৰটোৰ যত্ন ল'ব লাগে। আমাৰ তেজক বীজাণুমুক্ত কৰি ৰাখিব লাগে। তেজৰ ছুগাৰ লেবেল নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। পুষ্টিৰ ক্ষেত্ৰত চকু ৰাখিব লাগে। ভিটামিন, চর্বি, কলেষ্ট'ৰেলৰ প্ৰতিও মনোযোগ দিব লাগে। আমাৰ হজম শক্তি দুর্বল হ'লে শৰীৰত টক্সিন জমা হয় আৰু আমাৰ শৰীৰত বেমাৰ হয় লগতে আমি নিয়মীয়াকৈ পানী খোৱাৰ প্ৰতিও মন দিব লাগে। ফাইবাৰযুক্ত আহাৰ খাব লাগে। মাছ, শাক-পাচলি, ব্ৰকলি, বন্ধাকবি, সৰিয়হৰ শাক খাব লাগে মাকৈ, চয়াবিন তেল, সূর্যমুখী তেল আদি খাব নালাগে। এইদৰেই আমি আমাৰ স্বাস্থ্যৰ যত্ন লৈছিল, চুলিৰ স্বাস্থ্যও ভালে ৰাখিব লাগে। লেখিকাঃ ভানু শৰ্মা, অসম বাণী। Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
8455239e942c38fd326d4f409767ebc4b6ae90dc4b1ddd5a04b36dc38be8cdcd
এটা লাইভ অনুষ্ঠানত যুদ্ধ বিৰোধী পোষ্টাৰ তুলি ধৰি চৰ্চালৈ অহা ৰাছিয়াৰ মহিলা সাংবাদিক মেৰিনা অ'ভচিয়ানিকোভাক পলাতক ঘোষণা কৰা হৈছে। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম টাছৰ প্ৰতিবেদনত কোৱা হৈছে যে মেৰিনাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ 'ৱান্টেড'ৰ তালিকাত ৰখা হৈছে। বিদেশ মন্ত্ৰালয়ৰ উদ্ধৃতিৰে টাছে প্ৰতিবেদনত কৈছে যে ১৯৭৮ চনৰ ১৯ জুনত প্ৰাক্তন ছোভিয়েট দেশ ইউক্ৰেইনৰ ওডেছা চহৰত মেৰিনা অ'ভচিয়ানিকোভাৰ জন্ম হৈছিল। ৰাছিয়ান ফেডাৰেচনৰ ফৌজদাৰী আইনৰ ব্যৱস্থা অনুসৰি তেওঁক পলাতক হিচাপে তালিকাভুক্ত কৰা হৈছে। আদালতে এই গোচৰটোত চলিত মাহৰ ৯ অক্টোবৰলৈকে মেৰিনাক গৃহবন্দী কৰি ৰখাৰ নিৰ্দেশ দিছিল। মেৰিনাৰ প্ৰাক্তন স্বামী ইগৰ অ'ভিচিয়াননিকভে শনিবাৰে কয় যে মেৰিনাই তেওঁৰ কন্যাৰ সৈতে গৃহবন্দিত্বৰ পৰা পলাই গৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
00a66dc1b7c2b7649468c1fec4aed3076f876d2c02d1c77940f9f8b1e83b7fae
গণ বাৰ্তা, মৰিয়নি,২ ফেব্ৰুৱাৰীঃ আগন্তুক নিৰ্বাচনৰ দিনবাৰ চূড়ান্ত হোৱা নাই যদিও ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । মৰিয়নি সমষ্টিতো সকলো দলেই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে । বিজেপিক পৰাভূত কৰি মৰিয়নি বিধান সভা সমষ্টিতো পুনৰ কংগ্ৰেছৰ হাততেই ৰাখিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ । মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে কেবাখনো দলীয় সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ পৰ্য্যবেক্ষক ব্ৰীজেশ সিং মৰিয়নিত উপস্থিত হৈ একাধিক কৰ্মী সভাত অংশগ্ৰহণ কৰি ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'বলৈ কৰ্মীসকলক আহ্বান জনাইছে । মৰিয়নিৰ সমীপৰ পুখুৰীয়া অশোক ক্লাৱৰ সভাকক্ষক বাঘচোং ব্লক কংগ্ৰেছৰ সভাপতি উত্তম গগৈৰ সভাপতিত্বত আজি অনুষ্ঠিত কৰ্মীসভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক হেমকান্ত বুঢ়াগোঁহাই ( টুন টুন)য়ে । সভাত এ আই চি চি ৰ পৰ্য্যবেক্ষক ব্ৰীজেশ সিঙে অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে । বিজেপিয়ে উন্নয়নৰ নামত সমগ্ৰ দেশৰ জনসাধাৰণক আভুৱা ভাৰি আছে বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে কয়- বিজেপিৰ কোনো নীতি নাই । কেৱল মিছলীয়া নীতিৰেই দলটোৱে অপশাসন চলাই আছে । কিন্তু শেহতীয়াকৈ জনসাধাৰণে সমগ্ৰ কাৰচাজি বুজি উঠিছে আৰু অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত বিজেপিক উফৰাবলৈ জনসাধাৰণ প্ৰস্তুত হৈছে বুলিও তেওঁ উল্লেখ কৰে । দেশৰ জনসাধাৰণৰ মুৰত বিজেপিয়ে ৰামটাঙোন শোধাই আহিছে বুলিও তেওঁ লগতে উল্লেখ কৰে । মৰিয়নি বিধান সভা সমষ্টি যি কোনো প্ৰকাৰে কংগ্ৰেছ দলৰ হাতত ৰাখিবই লাগিব বুলি উল্লেখ কৰি কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় মৰিয়নিৰ জনসাধাৰণে সদায় কংগ্ৰেছ দলক আস্থাত লৈ আহিছে । আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও বিজেপিক তীব্ৰ সমালোচনা কৰি ভাষন প্ৰদান কৰে । প্ৰায় দুই শতাধিক কৰ্মী আৰু ৰাইজে অংশলোৱা সভাখনত পূৱ যোৰহাট ব্লক কংগ্ৰেছৰ সভাপতি মনিৰাম গগৈ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰেৰণা ফুকন, বাঘচোং ব্লক কংগ্ৰেছৰ উপ-সভাপতি প্ৰফুল্ল বড়া, অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁতী, সোমেশ্বৰ শইকীয়া, মহিলা নেত্ৰী কুঞ্জ শইকীয়া আদিৰ লগতে ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, পঞ্চায়ত প্ৰতিনিধি, এন এছ ইউ আই, বুথ কমিটি আদিৰ সদস্যসকলে সভাত অংশগ্ৰহণ কৰে । বহুকেইজন প্ৰবীন কংগ্ৰেছ কৰ্মীয়েও সভাত অংশগ্ৰহণ কৰাতো দলটোৰ বাবে এক উল্লেখনীয় দিশ । সমষ্টিটোত এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ যুঁজ আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে ।
b45497a9961b98d1a29320ecda2c80d9cbafe28d4f7aa57ce2ae0f21241ab5fc
স্পেনিছ গাৰ্ডেনৰ পিছত গুৱাহাটীৰ আঠগাঁৱৰ কবৰস্থান মছজিদ অহা ১৪ দিনৰ বাবে ছীল কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। নিজামুদ্দিনৰ পৰা অহা ৰাজ্যৰ কোৰোণাত আক্ৰান্ত ৰোগী আহিছিল এই মছজিদটোলৈ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও ১০০ জন লোক লগ হৈ এখন বৈঠকতো মিলিত হৈছিল আঠগাঁৱৰ কবৰস্থান মছজিদত। ইতিমধ্যে মছজিদ কমিটিয়ে ৫৮ লোকৰ তালিকা দিছে ৰাজ্য চৰকাৰক। তাৰে ৮ জনলোক জামাতৰ পৰা অহা। তাৰে তিনিজন লোক কোৰোণাত আক্ৰান্ত হৈছে। বাকী কেইজনক এতিয়া কোৱাৰেণ্টাইনত ৰখা হৈছে। ইফালে ক্ৰমাত্ সুস্থ হৈ উঠিছে গুৱাহাটীৰ কোৰোণাত আক্ৰান্ত হোৱা মনীষ তীব্ৰেৱাল নামৰ লোকজন। ইতিমধ্যে ৮ আৰু ৯ তাৰিখৰ স্বাস্থ্য পৰীক্ষাত মনীষৰ দেহত কোৰোণা নিগেটিভ পোৱা গৈছে। কিন্তু তথাপিও কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি তেওঁ ১৪ দিনৰ পিছতহে ঘৰলৈ যাব পাৰিব। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
a4fc9f317c63111f5ec4fd5d5d8f81acd9c1ecb22917a6fee0537231728395f9
কলকাতাৰ কণ্ঠশিল্পী তথা অসম কন্যা মন্দিৰা শৰ্মা লাহিড়ীৰ এক সংগীতানুষ্ঠান ১১ জুলাইৰ সন্ধিয়া ৬-৩০ বজাৰ পৰা গুৱাহাটীৰ সংগীতাচার্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয়। প্ৰতিথযশা কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই উদ্বোধন কৰা সংগীতানুষ্ঠানটোত আকাশবাণীৰ অৱসৰপ্ৰাপ্ত কেন্দ্র সঞ্চালক লুটফুৰ ৰহমান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসমীয়া সংগীতৰ সুস্থ আৰু নান্দনিক মূল্যবোধৰ ধাৰা ৰক্ষাত গুৰুত্ব দি লুটফুৰ ৰহমানে নতুন প্ৰজন্মক শব্দ আৰু সুৰৰ ব্যৱহাৰত সতৰ্ক হ'বলৈ আহ্বান জনায়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আদৰণী ভাষণ আগবঢ়োৱা আৰু অসম সাহিত্য সভাৰ সম্পাদক গুৱাহাটী কাৰ্য্যালয়ৰ ডঃ সঞ্জীৱ শৰ্মাই সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভণি কৰে। অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী বিষয়া শ্যামল শইকীয়া, দিলীপ দাস আৰু নাহিদ আফ্ৰিনেও সংগীত পৰিৱেশন কৰে। আকাশবাণী, গুৱাহাটী কেন্দ্ৰৰ ইন্দ্ৰজিৎ দাসে আঁত ধৰা সংগীতানুষ্ঠানটিত বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞা, মৃণালকান্তি মেধী, পাহাৰী দাস, শাৰদী শইকীয়া, মিৰানন্দা বৰঠাকুৰকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৩.৫ মিনিটৰ ভিতৰত সাজু হৈ নুঠিল ৰন্ধা,পাস্তা কোম্পানীৰ বিৰুদ্ধে ৰুজু ৪০ কোটি টকাৰ গোচৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
e46065f39f7dd0d8ce51c01a37b8c068d46c7b62b5d737edb94d871d8a1c2852
'অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা' আৰু 'কুমাৰ কিশোৰ সোঁৱৰণী বঁটা' লাভ কৰে। 'বলিয়া হাতী' নামৰ গল্পৰ বাবে তেওঁ ১৯৯২ চনত 'কথা' বঁটা লাভ কৰে। 'চেনেহ জৰীৰ গাঁথি' ৰ বাবে ২০০৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁক ২০১৩ চনৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়। অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধাৰ ব্যক্তি গৰাকীয়ে বিগত ৮ বছৰ ধৰি তেওঁ সোমোৱা নাছিল নিজৰ গ্ৰন্থালয়ত। আটোমটোকাৰিকৈ সজোৱা পুঁথিভঁৰালৰ কিতাপবোৰ অতি সজতনে থৈ দিছিল পৰিয়ালৰ লোকে। এইবোৰৰ চাবলৈ বা পঢ়িবলৈ তেওঁৰ গাত নাছিল পূৰ্বৰ বল-বিক্ৰম। ২০১৪চনত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সহধৰ্মীনিয়ে চিৰবিদায় লৈছিল। তাৰপাছতেই তেওঁ পত্নীৰ বেজাৰত কিছু আৱেগিক আৰু চিন্তিত হৈ পৰিছিল। এইগৰাকী বিশিষ্ট কথাশিল্পীৰ এসময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হোৱা অতি জনপ্ৰিয় ধাৰাবাহিক 'নামঘৰীয়া' আছিল তেখেতৰে বহু জনপ্ৰিয় উপন্যাসৰে নাট্য ৰূপ। ১৯৮৯ চনত প্ৰকাশ পাইছিল এইখন জনপ্ৰিয় উপন্যাস। তেওঁ 'হামদৈ পুলৰ জোন', 'চেনেহেৰ জৰীৰ গাঁথি', 'ৰাজপথ', ককাইদেউ আদি গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল। তেওঁ মননশীল বহু গল্প লিখিছিল। 'নামঘৰীয়া' উপন্যাসৰ বাবে তেওঁ অম্বিকাগিৰি ৰায় চৌধুৰী বঁটা, 'বলিয়া হাতী' নামৰ গল্পৰ বাবে ১৯৯২চনত কথা বঁটা লাভ কৰিছিল। বিশিষ্ট সাহিত্যিকজনৰ মৃত্যুত ৰাজ্যৰ সাহিত্য জগতত শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰি বাসগৃহত উপস্থিত হৈ অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই কয়-গল্প,উপন্যাস, আদি সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান তেওঁ যি অৱদান দি গ'ল সেয়া চিৰস্মৰণীয় হৈ ৰ'ব। নতুন প্ৰজন্মৰ লেখকৰ বাবে তেওঁৰ সৃষ্টি ৰাজি পথ প্ৰদৰ্শক হৈ ৰ'ব। নামঘৰীয়াৰ স্ৰষ্টা গোস্বামীয়ে তেওঁৰ গ্ৰন্থ ৰাজিৰ জৰিয়তে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰিব পৰাকৈ যি ধৰণৰ ৰচনা আগবঢ়াইছিল সেয়া চিৰস্মৰণীয় হৈ ৰ'ব। ভাৰতীয় বিভিন্ন ভাষাৰ পৰা অসমীয়া ভাষালৈ তেওঁ অনুবাদ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ কৃতি সংৰক্ষণ হ'ব লাগে। তেওঁৰ মৃত্যুত অসম সাহিত্য সভাই শোক প্ৰকাশ কৰিছোঁ।'আনহাতে কংগ্ৰেছৰ নেতা মনজিৎ মহন্তই বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়-তেওঁ অসমৰ গ্ৰাহক আন্দোলনৰ হোতা আছিল। মোৰ পিতৃ চাৰু মহন্তৰ সৈতে সু-সম্পৰ্ক আছিল।তেওঁলোক দুয়োৱে গ্ৰাহক আন্দোলন আগবঢ়াই নিছিল। তেওঁৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।' তেওঁৰ মৃত্যুত বিশিষ্ট অভিনেতা তথা নামঘৰীয়াৰ ধাৰাবাহিকৰ 'নামঘৰীয়া' চৰিত্ৰ ৰপয়াণ কৰা জয়ন্ত ভাগৱতীয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ কৰিছে। এক শোক বার্তা প্ৰথিতযশা সাহিত্যিক, অসম প্ৰকাশন পৰিষদৰ 'জীৱনজোৰা সাধনা বঁটা প্ৰাপক' অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিতঅসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পৌৰোহিত্যত সকলো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এখন শোক সভাত গোস্বামীৰ মৃত্যুত অসমে এগৰাকী যশস্বী সাহিত্যিকক হেৰুৱালে বুলি অভিহিত কৰে। সভাত মৃতকৰ প্ৰতি। দ্ধাজ্ঞ াপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। সভাই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনাজ্ঞ াপন কৰে। নিউ আৰ্ট প্লেয়াৰ্ছৰ আজীৱন শুভাকাংক্ষী বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ বিয়োগত সংঘৰ সদস্য সকলে গভীৰ শোক প্ৰকাশ সদস্য সকলে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।পূব-গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই বৰণ্য সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত ডি ৱাই এফ আইৰ গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সাহিত্য অকাডেমি বঁটা প্ৰাপক কথা সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে তেওঁ সৃষ্টি কৰা সাহিত্য আৰু সমাজ জীৱনলৈ দি যোৱা অবদানৰ বাবেই গোস্বামীৰ সমাজত স্মৰণীয় হৈ ৰ'ব বুলি কয়। No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
7934266ecf82200d6c6a7e98883943795ae44fcf37295971ac23185683a3daef
আজি ওদালগুৰি জিলাৰ টংলা চহৰ আৰু ইয়াৰ আশ-পাশৰ এলেকাত উষ্ণতাই ৩৬ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিছে। আজি টংলা আৰু ইয়াৰ আশ-পাশৰ এলেকাত উৎকট গৰমে মানুহক বেছিভাগ সময়েই ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য কৰে। গুগলৰ বতৰ সম্পৰ্কীয় এপ একু-ৱেডাৰ অনুসৰি টংলাৰ সৰ্বোচ্চ উষ্ণতা আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ। আজি সমগ্ৰ দিন ধৰি টংলাৰ পথসমূহত মানুহৰ উপস্থিতি অতি সেৰেঙা আছিল। আজিৰ দিনটোত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ উপস্থিতি সেৰেঙা থকাৰ বিপৰীতে ফেন, কুলাৰ, এয়াৰ-কণ্ডিশ্যনাৰ আদিৰ দোকানসমূহত যথেষ্ট বিক্ৰি হোৱা পৰিলক্ষিত হয়। আজিৰ দিনটোত অৱশ্যে ডাব নাৰিকল, ছফ্ট ড্ৰিংক, আইচক্ৰিম, কুঁহিয়াৰৰ ৰস বিক্ৰি কৰা বিপণীত যথেষ্ট বিক্ৰি হোৱাটো পৰিলক্ষিত হয়। এই বিপণীসমূহত মানুহে শীতল শাৰী পাতি থকাটো পৰিলক্ষিত হৈছিল। বুধবাৰে টংলাত আৰ্দ্ৰতাৰ স্তৰ ৫৫ শতাংশৰ পৰা ৭৩ শতাংশৰ মাজত দুলি আছিল। তাৰোপৰি, দিনটোত সঘন বিদ্যুত কৰ্তনে ৰাইজক জ্বলা-কলা খুওৱাটো পৰিলক্ষিত হৈছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
35159ed73393b1aa9a5359ae524c555826eb25d35e924b2c844ffe9028600fbb
'অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্য্যসূচী'ৰ অধীনত আজি বশিষ্ঠ আৰক্ষী থানাত 'প্ৰটেকছন অব চিলড্ৰেন ফ্ৰম অফেনচেছ' আৰু 'জুভেনাইল জাষ্টিছ' আইনৰ অন্তৰ্গত গোচৰসমূহৰ লগত জড়িত অনুসন্ধানকাৰী বিষয়াসকলৰ বাবে এক কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। য়ুনিচেফৰ সহযোগত অসম আৰক্ষী আৰু বেচৰকাৰী সংস্থা 'উৎসাহ'ৰ উদ্যোগত আয়োজিত জিলাভিত্তিক প্ৰথম পৰ্য্যায়ৰ এই কৰ্মশালা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। গুৱাহাটী মহানগৰৰ থানাসমূহৰ অনুসন্ধানকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালা শুভাৰম্ভ কৰি আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই কয় যে শিশুৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে দুয়োখন আইনৰ অধীনত ৰুজু হোৱা গোচৰ সমূহৰ তদন্ত ক্ষিপ্ৰ কৰা আৰু তদন্ত প্ৰক্ৰিয়া সঠিক ৰূপত আগবঢ়াই নিয়াৰ বাবে অসম আৰক্ষীয়ে য়ুনিচেফৰ সহযোগত আৰু বেচৰকাৰী সংস্থা উৎসাহৰ উদ্যোগত ৰাজ্যৰ সকলো জিলাতে এনেধৰণৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ'ব। মহানগৰ আৰক্ষী আয়ুক্ত মুন্নাপ্ৰসাদ গুপ্তা, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আৰু অন্যান্য আৰক্ষী বিষয়াসকলৰ লগতে য়ুনিচেফৰ জেষ্ঠ্য বিষয়া ড০ মাধুলিকা জনাথন, উৎসাহৰ কাৰ্য্যবাহী সঞ্চালক মিগুৱেল দাস কুইয়া আৰু সংস্থাটোৰ কেইবাগৰাকীও কাৰ্য্যবাহী উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
cfd4f05e62401a5c327a71fec34f6fb4e4819c953fc5a8763a54f3fe8e696c60
পত্নী ১.০ ছফ্টৱেৰ (গীতাৰ্থ বৰদলৈ) - সাহিত্য ডট অৰ্গ\nপত্নী ১.০ ছফ্টৱেৰ\nপ্ৰতি কাৰিকৰী সহায়কৰ্তা,\nযোৱা বছৰ মই বান্ধৱী ৭.০ৰ পৰা পত্নী ১.০ লৈ আপগ্ৰে'ড কৰিলোঁ। তাৰ পিছতে মই মন কৰিলোঁ যে নতুন প্ৰ'গ্ৰেমটোৱে হঠাৎ সন্তান প্ৰ'চেছিং আৰম্ভ কৰিলে যাৰ ফলত বহু মূল্যৱান সম্পদ আৰু ঠাই নোহোৱা হ'ল।\nতাৰ লগতে পত্নী ১.০য়ে নিজে নিজে আন প্ৰ'গ্ৰেমসমূহতো কিবা বাগ্ ইন্ষ্টল কৰি এতিয়া গোটেই ছীষ্টেমৰ কাম-কাজত চকু ৰাখে।\nএতিয়া তাচ ১০.৩, মদ্যপান ৫.০, নৈশআড্ডা ৭.৫, ফে'চবুক ৩.৬ আদি এপ্লিকেচনবোৰ নচলে। সেইবোৰ বাছনি কৰিলেই ছীষ্টেম ক্ৰাছ্ হৈ যায়! সেইবোৰ এপ্লিকেচন চলাবলৈ পত্নী ১.০ক বেক্গ্ৰাউণ্ডত ৰাখিবও নোৱাৰোঁ। মই মাজে মাজে পুনৰ বান্ধৱী ৭.০লৈ ঘূৰি যোৱাৰ কথা ভাবোঁ কিন্তু সেইটো কৰিবলৈ পত্নী ১.০ যে আন-ইনষ্টলেই নহয়!\nঅনুগ্ৰহ কৰি সহায় কৰক!\nএজন বিপদত পৰা ব্যৱহাৰকাৰী\nএই সমস্যাটো পুৰুষৰ মাজত প্ৰায়েই দেখা যায়।\nবহু লোকে বান্ধৱী ৭.০ৰ পৰা পত্নী ১.০লৈ আপগ্ৰে'ড কৰি ভাবে যে এইটো কেৱল এটা মনোৰঞ্জক আৰু সৰু-সুৰা কাম কৰিব পৰা প্ৰ'গ্ৰেম।\nপত্নী ১.০ এটা "অ'পাৰেটিং ছীষ্টেম" আৰু ইয়াক উদ্ভাৱকে 'সকলো' বস্তু ৰান্ কৰিবলৈ ডিজাইন কৰিছে! পত্নী ১.০ক ডিলিট কৰি বান্ধৱী ৭.০লৈ ঘূৰি যোৱাটো, বা ইন্ষ্টল কৰাৰ পিছত তাৰ ফাইলবোৰ মচি পেলোৱাটো অসম্ভৱ।\nআপুনি বান্ধৱী ৭.০ লৈ ঘূৰি যাব নোৱাৰে কাৰণ এই অনুমতি দিবলৈ পত্নী ১.০ক ডিজাইন কৰা হোৱা নাই।\nঅপোনাৰ পত্নী ১.০ মেনুৱেলখন খুলি "সতৰ্কবাণী- সহায়/সন্তান সহায়" অনুচ্ছেদটো চাওক। মোৰ মতে আপুনি পত্নী ১.০ক ৰাখি অৱস্থাটো উন্নত কৰিবলৈ চেষ্টা কৰক। আপুনি "হয় সোণজনী" নামৰ বেক্গ্ৰাউণ্ড এপ্লিকেছনটো ইন্ষ্টল কৰি মূল ছফ্টৱেৰটোৰ কাম-কাজ মসৃণ কৰাৰ চেষ্টা চলাব পাৰে।\nআটাইতকৈ ভাল উপায় হ'ল- আপুনি কমাণ্ড "C: ক্ষমা" টাইপ কৰক, কাৰণ ছীষ্টেম সাধাৰণ অৱস্থালৈ আহিবৰ বাবে আপুনি অৱশেষত 'ক্ষমা' কমাণ্ড টিপিবই লাগিব।\nপত্নী ১.০ এটা অতি ভাল প্ৰ'গ্ৰেম। মাত্ৰ ইয়াক খুব ভালকৈ চোৱা-চিতা কৰি থাকিব লাগে। পত্নী ১.০ৰ লগতে কেইবাটাও ছাপ'ৰ্ট প্ৰ'গ্ৰেম থাকে যেনে- ঘৰ সৰা ৩.০, ৰন্ধন ১.৫, শুশ্ৰুষা ৪.২ আদি।\nকিন্তু আপুনি এই প্ৰ'গ্ৰেমবোৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক। ভালদৰে ব্যৱহাৰ নকৰিলে ছীষ্টেমে "গালি-শপনি ৯.৫" প্ৰ'গ্ৰেমটো মুকলি কৰিব। তেতিয়া ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু পত্নী ১.০ৰ দক্ষতা বঢ়াবৰ বাবে কিছুমান অতিৰিক্ত ছফ্টৱেৰ কিনিব লাগিব। তাৰে ভিতৰত উপযুক্ত হ'ব "শাৰী ২.১" বা "গহণা ৫.০"!\nকোনো পৰিস্থিতিতে "চুটি কাপোৰ পিন্ধা ছেক্ৰেটেৰী ৩.৩" এপ্লিকেচনটো ইন্ষ্টল নকৰিব! পত্নী ১.০য়ে এই এপ্লিকেচনটো সমৰ্থন নকৰে আৰু ফলত অ'পাৰেটিং ছীষ্টেমৰ অপূৰণীয় ক্ষতি হ'ব পাৰে।\n(উৎসঃ ইণ্টাৰনেট, লেখকঃ অজ্ঞাত)\n← আপোনাৰ তেখেতৰ পৰা সাৱধানে থাকক (উদ্দীপ তালুকদাৰ)\nমুখা (ৰক্তিম গোস্বামী) →\n'ইন্দ্ৰজাল' (-দিগন্ত ভট্টাচাৰ্য)
2ac28637bc4cde5c26376c3cb2f271f770c6c2f957ec6463789f82cb40dbf237
নিজৰ ৰিজৰ্টত কাম কৰা এগৰাকী ১৯ বছৰীয়া যুৱতীক হত্যা কৰাৰ অভিযোগ উঠিছে উত্তৰাখণ্ডৰ এজন বিজেপি নেতাৰ পুত্ৰৰ বিৰুদ্ধে। ছ'চিয়েল মিডিয়াত বাতৰিটো বিয়পি পৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। বিজেপি নেতাজনৰ পুত্ৰৰ ৰিজৰ্টৰ দুজন কৰ্মীকো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে অভিযুক্তই তেওঁৰ দোষ স্বীকাৰ কৰিছে। সাত দিন পূৰ্বে ঘটনাটোৰ সূত্ৰপাত ঘটিছিল। বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যৰ মালিকানাধীন এটা ৰিজৰ্টত কৰ্মৰত অংকিতা ভাণ্ডাৰী নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী উত্তৰাখণ্ডৰ ঋষিকেশৰ ওচৰত সন্ধানহীন হয়। যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষী চকীত এটা নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। একেদৰে, ৰিজৰ্টৰ মালিক পুলকিতেও এটা নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। কিন্তু তাৰমাজতে বিজেপি নেতাৰ পুত্ৰ পুলকিতে নিজেই যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হয়। পুলকিতে যুৱতীগৰাকীক যৌনতাৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ ইয়াত সন্মত নোহোৱাৰ বাবে তেওঁক হত্যা কৰা হয়। অৱশ্যে, আৰম্ভণিতে পুলকিতৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। লাহে লাহে যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত ছ'চিয়েল মিডিয়াত প্ৰতিবাদ আৰম্ভ হয়। সামাজিক মাধ্যমৰ প্ৰতিবাদৰ হেঁচাত আৰক্ষীয়ে শুকুৰবাৰে পুলকিতক গ্ৰেপ্তাৰ কৰে। একে সময়তে তেওঁৰ ৰিজৰ্টৰ মেনেজাৰ আৰু এজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হয়। উত্তৰাখণ্ড আৰক্ষীয়ে জনোৱা অনুসৰি, পুলকিত আৰু দুয়োজন কৰ্মীয়ে ১৯ বছৰীয়া যুৱতীগৰাকীক হত্যা কৰিছিল। তেওঁলোকেও সেই অপৰাধ স্বীকাৰ কৰিছে। অৱশ্যে, যুৱতীগৰাকীৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ বাবে সন্ধান চলাই আছে। পুলকিতৰ দেউতাক উত্তৰাখণ্ডৰ এজন প্ৰভাৱশালী বিজেপি নেতা। তেওঁ এসময়ত ৰাজ্যখনৰ মন্ত্ৰীও আছিল। স্বাভাৱিকতে ঘটনাটো পোহৰলৈ অহাত বিজেপি অস্বস্তিত পৰিছে। বিৰোধীৰ আক্ৰমণৰো সন্মুখীন হৈছে। বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
3219220733065ac4ef11bb7f304513ad8236ccfe71e39d67861f50f15733ad65
আজি অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে চিত্ৰশিল্পী অগিন নায়ামক সম্বৰ্ধনা জনায়। অৰুণাচলৰ ৰাজ্যিক স্মাৰকটো সৃষ্টি কৰাত থকা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই সন্মান জনোৱা হয়। ২০১৭চনৰ ফেব্ৰুৱাৰিত অৰুণাচল ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ ৩০বছৰ পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ আটাইতকৈ প্ৰতিশ্ৰুতিসম্পন্ন যুৱ শিল্পী অগিনৰ এখন পেইণ্টিং এখন গ্ৰহণ কৰা হৈছিল। কাগজত পানী ৰঙেৰে অংকিত এই পেইণ্টিংখনৰ শিৰোনাম হৈছে 'অৰুণাচল ৰাইজিং'। এই পেইণ্টিংখনত প্ৰতীকাত্মৰ ৰূপত অৰুণাচলৰ উত্থানক আৰু ইয়াৰ গৌৰৱোজ্বল ভৱিতষ্যতক লৈ এটা উড়ন্ত বৰ ধনেশ পখীৰ মাজেৰে প্ৰকাশ কৰা হৈছিল। উল্লেখ্য যে বৰ ধনেশ পখী (Buceros bucornis) হৈছে অৰুণাচলৰ ৰাজ্যিক পখী আৰু চৰকাৰৰ প্ৰতীক চিহ্ন। এই পেইণ্টিংখন অতি উত্তম ছাৰোভস্কি স্ফটিকেৰে পুণৰ সৃষ্টি কৰা হৈছে। উল্লেখ্য যে লেড-বিহীন ছৰোভস্কি স্ফটিক এটা পেটেণ্টেড দ্ৰব্য। এই পেইইণ্টিঙত ব্যৱহৃত স্ফটিকখনি ভাৰতৰ ৰাষ্ট্ৰপতিক উপহাৰ হিচাপে প্ৰদান কৰা হৈছিল। অগিন হৈছে অৰুণাচলৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন শিল্পী। তেওঁ ইটানগৰৰ বাসিন্দা। তেওঁ সাধাৰণতে পানী ৰঙেৰে শিল্প সাধনা কৰে যদিও মাজে মাজে মিশ্ৰ মাধ্যমতো পৰীক্ষা নিৰীক্ষা কৰি আহিছে। তেওঁ হৈছে এগৰাকী স্ব-প্ৰশিক্ষিত চিত্ৰশিল্পী আৰু তেওঁৰ শিল্প সৃষ্টিৰ শৈলী হৈছে এটা মুক্ত আৰু নিজস্ব শৈলী। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
2d024a21601cf160b8b1806d56af10146011e9db52b2b7fe76100372cae109c2
বলীউডৰ জনপ্ৰিয় অভিনেতা পংকজ ত্ৰিপাঠী অভিনীত 'কাগজ' শীৰ্ষক চলচ্চিত্ৰখন নিশ্চয় চাইছে। চৰকাৰী নথি-পত্ৰত মৃত ঘোষিত হোৱাৰ পিছত নিজকে জীৱিত প্ৰমাণ কৰিবলৈ গৈ ত্ৰিপাঠী কেনে এক অভাৱনীয় পৰিস্থিতিৰ সাক্ষী হৈছিল, সেই দৃশ্যাংশ নিশ্চয় পাহৰা নাই। সেই কাগজ নামৰ চিনেমাখনৰ দৰেই আন এক ঘটনা বাস্তৱত দেখিবলৈ পোৱা গৈছে ৰাজধানী চহৰ দিল্লীত। অৱশ্যে এইবাৰ চৰকাৰী বিভাগৰ ভুলৰ বাবে নহয়, গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিবলৈ গৈ চৰকাৰী নথিত নিজকে মৃত ঘোষিত কৰি এগৰাকী ব্যক্তি ২৪ বছৰ পিছত আৰক্ষীৰ ফান্দত পৰিছে। ১৯৯১ চনত চুৰিৰ গোচৰত অভিযুক্ত ব্যক্তিগৰাকীয়ে সকলো চৰকাৰী কাগজত নিজকে 'মৃত' বুলি ঘোষণা কৰি লৈছিল। কিন্তু স্থানীয় আৰক্ষীয়ে শেহতীয়াকৈ অভিযুক্তগৰাকীৰ বিষয়ে খবৰ লাভ কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিছে। এই ব্যক্তিগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পিছত দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১৯৯১ চনত অভিযুক্তগৰাকীৰ বিৰুদ্ধে চুৰিৰ এক গোচৰ ৰুজু কৰা হৈছিল আৰু বিষয়টো আদালতৰ মজিয়া পাইছিল। কিন্তু ১৯৯৮ চনত আদালতত দাখিল কৰা চৰকাৰী নথিপত্ৰত তেওঁক 'মৃত' বুলি ঘোষণা কৰা হৈছিল। অভিযুক্ত মৃত বুলি ধাৰণা কৰিয়ে আদালতে তেওঁৰ ফাইলটো স্থগিত ৰাখিছিল। যোৱা ২৪ বছৰে গ্ৰেপ্তাৰ নোহোৱালৈকে তেওঁ এইদৰেই মৃত পৰিচয়েৰে লুকাই আছিল। অৱশেষত শুকুৰবাৰে এই ব্যক্তিগৰাকী আৰক্ষীৰ হাতত ধৰা পৰে। আৰক্ষীয়ে অভিযুক্ত এই ব্যক্তিগৰাকীক নিজৰ জিম্মাত লোৱাৰ লগতে তেওঁৰ চৰকাৰী নথিপত্ৰ ভুৱাকৈ প্ৰস্তুত কৰা ব্যক্তিগৰাকীৰ সন্ধান উলিওৱাৰ বাবে জেৰা চলাই আছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
78c91ad84672090ef8dc6b321ee554717cbe950eaecff77f567d7c0b8fb5a992
হয় আপোনালোকে ঠিকেই অনুমান কৰিছে, মই অলপতে মুক্তি পোৱা বলিউদৰ চিনেমাখনৰ কথাকেই ক'ব খুজিছোঁ। সকলোৱে জনাৰ দৰে এইখন জীৱন্ত কিংবদন্তি দৌৰ বিদ মিলখা সিঙৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা বোলছবি। ৰাকেশ ঔম প্ৰকাশ মেহৰাৰ নিৰ্দেশনাত এখন অতি মনোমোহা কথাছবি। তেখেতে ইয়াৰ আগতে "ৰং দে বসন্তী" (২০০৬) ছবিখন নিৰ্মাণ কৰি সকলোৰে মনত সাঁচ বহুৱাই থৈছে। এইখিনিতে মোৰ ব্যক্তিগত অভিজ্ঞতা এটা কওঁ, মোৰ গৃহস্থই চিনেমা চাই চকুপানী টোকা কেতিয়াও দেখা নাছিলোঁ। কিন্তু "ৰং দে বসন্তী"খন চাই ইমানেই আৱেগিক হৈ পৰিল যে ক'ব নোৱাৰাকৈ চকুৰ পানী ওলাই আহিছিল। মোৰ নিজৰ কথা ইয়াত উল্লেখ কৰাৰ কাৰণ হ'ল নিৰ্দেশক মেহৰাই ইমানেই নিপুণতাৰে নিৰ্দেশনা কৰিছিল যে ছবি খনত দৰ্শক এগৰাকী নিজেও চৰিত্ৰ বিলাকৰ মাজত হেৰাই যাব পাৰে। তেনেধৰণৰ নিৰ্দেশনাই "ভাগ্ মিলখা ভাগ্" ছবিখনতো দেখিবলৈ পোৱা যায়। কথাছবিখন মুক্তি পোৱাৰ আগতে মিলখা সিঙে এটা সাক্ষাৎকাৰত কৈছিল যে চিনেমাখনক লৈ তেওঁ সন্তুষ্ট, যি কেইটা ঘটনাই তেখেতৰ জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল সেইকেইটা চিনেমাখনত সুন্দৰ ভাৱে দেখুওৱা হৈছে। এইখিনিতে থোৰতে চৰ্দাৰ মিলখা সিঙৰ বিষয়ে জানি লওঁ- "দি ফ্লায়িং শিখ" হিচাপে খ্যাত ভাৰতক প্ৰতিনিধিত্ব কৰা এজন দৌৰ বিদ চৰ্দাৰ মিলখা সিং। তেখেতে ১৯৫৮ চনত ব্ৰিটিছ সাম্ৰাজ্য আৰু কমনৱেলথ গেমছত ১টা, সেই বছৰতে টকিঅ'ত ২টা , আৰু ১৯৬২ চনত জাকাৰ্টাত ২টা সোণৰ মেডেল অৰ্জন কৰিছিল। যদিও ৰোম অলিম্পিকত বিশ্ব ৰেকৰ্ড অতিক্ৰম কৰিছিল তথাপিও দেশৰ বাবে মেডেল আনিব নোৱাৰা দুখ তেখেতৰ মনত এতিয়াও থাকি গ'ল (চতুৰ্থ স্থান লাভ কৰে)। তেখেতে দেশৰ খেল জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৮ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। ২০০১ চনত অৰ্জুন বঁটা আগবঢ়াইছিল যদিও তেখেতে গ্ৰহণ নকৰিলে। তেখেতৰ মতে যুৱ খেলুৱৈহে এই বঁটাৰ যোগ্য। তেখেতে পূৰ্বৰ ভাৰতীয় মহিলা ভলীবল দলৰ কেপ্টেইন নিৰ্মল কৌৰৰ লগত ১৯৬২ চনত বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁলোকৰ তিনিগৰাকী কণ্যা, এজন পুত্ৰ আৰু এজন তোলনীয়া পুত্ৰ আছে। সিং আৰু তেওঁৰ এগৰাকী পুত্ৰী চনিয়া চানৱালকাৰ লগ হৈ তেখেতৰ আত্মজীৱনী "The Race of My Life" খন লিখি উলিয়ায়, তাৰ আধাৰতেই "ভাগ্ মিলখা ভাগ্" চিনেমা খন নিৰ্মাণ কৰা হৈছে। এতিয়া আকৌ চিনেমাখনলৈ ঘূৰি যাওঁ। যদিও এখন কথাছবি নিৰ্মাণ কৰোঁতে নিদেৰ্শক গৰাকীৰ হাততেই বাঘজৰীডাল থাকে, তথাপি কথাছবিখনৰ লগত জড়িত সকলো কলাকুশলীয়ে সহযোগ কৰিলেহে সৰ্বাংগ সুন্দৰ ৰূপটো দিব পৰা যায়। মিলখা সিঙৰ চৰিত্ৰটোত অভিনয় কৰিছে ফাৰহান আখতাৰে। ইয়াৰ বাবে সম্পূৰ্ণ ভাৱে নিজকে এজন দক্ষ খেলুৱৈ হিচাপে উপস্থাপন কৰিবলৈ যি দৈহিক গঠনৰ দৰকাৰ তাৰ বাবে বহুতো শাৰীৰিক শ্ৰম, উচিত খাদ্যাভাস আৰু পেছাদাৰী দৌৰ বিদ সকলে যি ধৰনে ট্ৰেকত দৌৰে গোটেইখিনি আয়ত্ব কৰিছিল। ইয়াতে আৰু এটা কথা উল্লেখনীয় -সকলো মানুহৰে নিজা এটা ষ্টাইল থাকে, তেনেদৰে মিলখা সিঙৰ এটা স্বকীয় ষ্টাইল আছিল। তেও যেতিয়াই দৌৰিছিল তেতিয়া তেও সোঁ-হাতখন অলপ কোঁচ খুৱাই ওপৰলৈ হাতখন কৰি দৌৰিছিল। আন চৰিত্ৰ সমূহ ক্ৰমে সোনম কাপুৰ, দিব্যা দত্ত, দিলীপ টাহিল, প্ৰকাশ ৰাজ আদিয়ে ৰূপায়ণ কৰিছে। সংগীত দিছে শংকৰ-এহচান-লয় আৰু গীত তথা পট কথাৰ লেখক প্ৰসূন যোশী। এই ছবিখনৰ নিৰ্মাণত যি ধৰণৰ টীমৱৰ্ক দেখা পোৱা সেয়া অভূতপূৰ্ব। নিৰ্দেশনা, চিত্ৰন, সংগীত, পট কথা আদি সকলোখিনিয়ে অতুলনীয়। ছবিত আৰম্ভণি দৃশ্য আৰ্মীৰ ট্ৰেইনিং কেম্পৰ পৰা আৰম্ভ কৰে, উচিত সুৰুঙাৰ মাজে মাজে ফ্লেছবেকত এৰি থৈ অহা শৈশৱ-যৌৱনৰ দৃশ্য সংযোজিত হৈছে। পাকিস্তানৰ গোৱিন্দপুৰা গাঁওৰ সাত-আঠ বছৰীয়া লৰা এটাই দেশ বিভাজনৰ সময়ত নিজ চকুৰ আগতে আত্মীয় সকলোকে হেৰুৱাই ভাৰতলৈ পলাই আহে। পিছত বেয়া সংগত পৰি কয়লা চুৰিও কৰিছিল। যৌৱনত প্ৰেমত পৰাত প্ৰেমিকাৰ প্ৰেৰণাতে আৰ্মীত ভৰ্ত্তি হৈছিল। গাখীৰ খাই ভাল পোৱা লৰাটোৱে আৰ্মী কেম্পৰ ট্ৰেইনিঙৰ কালছোৱাত এগিলাচ গাখীৰ আৰু এটা কণীৰ মোহে ক'ব নোৱাৰাকৈ ৰেচিং ট্ৰেকৰ দিশে লৈ যায়। ইয়াৰ পৰাই এটাৰ পাছত আন এটাৰ মোহত বন্দী হল। তাৰ ভিতৰত ভাৰতীয় দলৰ চিহ্ন থকা দলীয় কোট এটা অন্যতম, যিটো তেওঁ সেই সময়ত ভাৰতৰ হৈ খেলা খেলুৱৈৰ গাত দেখা পাইছিল। তেনেকুৱা কোট এটাৰ কাৰণে বহুতো কষ্ট, অপমান সহ্য কৰিব লগা হয়। চিনেমাখনত এই গোটেইখিনি প্ৰভাৱ বিস্তাৰ কৰি দেখুওৱা হৈছে। এজন সংগ্ৰামী মানুহৰ জীৱন গাঁথাক ইমান মনোমোহাকৈ চিত্ৰিত কৰিবলৈ ৰাকেশ ঔম প্ৰকাশ মেহৰা, ফাৰহান আখটাৰ আৰু লগতে গোটেই টীমটোৱে যথেষ্ট শ্ৰম কৰিছে বুলি অনুধাৱন কৰিব পাৰি। ছবিখনে মিলখা সিং ৰোম অলিম্পিকত কেনেকৈ মেডেলৰ পৰা বঞ্চিত হ'ল সেই ৰহস্যও মুকলি কৰে। আনফালে পাকিস্তানত তেওঁ প্ৰথম হোৱাৰ কি মান্যতা আছিল, শৈশৱতে তাৰ পৰা পোৱা কেঁচা-ঘাঁ ডোখৰৰ বিষ কি দৰে অলপ হ'লেও উপশম হ'ল তাৰ বিষয়েও জানিব পৰা গ'ল। পাকিস্তানে যেনেকৈ তেওঁক এটা পাহৰিব নোৱাৰা দুখ দিছিল, সেইদৰেই পাকিস্তানৰ তেতিয়াৰ জেনেৰেল আয়ুব খানে সন্মান হিচাপে আগবঢ়াইছিল বিশ্বৰ আগত নতুন নামকৰণ । সেয়াই তেওঁৰ নতুন পৰিচয় হল- "দি ফ্লায়িং শিখ", উৰন্ত শিখ। প্ৰায় ৩ঃ২০ ঘন্টাৰ চিনেমাখনে দৰ্শকক শেষ মুহূৰ্তলৈকে ধৰি ৰাখিব পৰাটোৰ শলাগ ল'বই লাগিব। চিনেমাৰ দৃশ্যাংশ শেষ হোৱাৰ পিছতো কলাকুশলীৰ নামৰ তালিকা ওলাই শেষ নোহোৱালৈকে দৰ্শক সকল বহি আছিল, একাগ্ৰতাৰে, মোহাচ্ছন্ন হৈ। দ্য লান্স বক্সঃ নিসংগতাৰ এক মনোমোহা পোট্ৰেইট (দিগন্ত কুমাৰ ভট্টাচাৰ্য) পি কে - ভগৱানৰ অস্তিত্বৰ সন্ধান (দীপাংকৰমল্ল বৰুৱা) শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. Theme: ColorMag by ThemeGrill. Powered by WordPress. Copying is Prohibited!
170c94ae78859205ed7707a7006c070b9d8842e9aae42091afe74f65692dc904
জৈৱিক আহাৰ স্বাস্থ্যসন্মত নহয় নেকি? - বিকাশপেডিয়া\nমূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / জৈৱিক আহাৰ স্বাস্থ্যসন্মত নহয় নেকি?\nঅত্যধিক সাৰ আৰু কীটনাশক দিয়া খাদ্যবস্তুৱে আমাৰ শৰীৰৰ ব্যাপক ক্ষতিসাধন কৰে। কিন্তু বজাৰত পোৱা প্ৰায় সকলোবোৰ শাক-পাচলি বা খাদ্যবস্তুতে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয়। ফলত আমাৰ দেহৰ নানান অসুখ-বিসুখ হ'বলৈ ধৰে। ইয়াৰ বিপৰীতে জৈৱিক আহাৰ অৰ্থাত কোনো ধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক আদি প্ৰয়োগ নকৰাকৈ উপাদন কৰা খাদ্য দ্ৰব্য বা শাক-পাচলি আদি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি এটি ধাৰণা বৰ্তমান জনপ্ৰিয় হৈ উঠিছে। এনেধৰণৰ জৈৱিক খাদ্যবিলাক প্ৰকৃততে স্বাস্থ্যসন্মত হয় নে?\nবৰ্তমান জৈৱিক খাদ্যৰ প্ৰতি মনুহৰ আগ্ৰহ বাঢ়িছে। জৈৱিক খদ্যৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই শেহতীয়াকৈ গৱেষকসকলে প্ৰম্পৰাগত ভাৱে ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি উতপদন কৰা খাদ্যবস্তু আৰু জৈৱিক খদ্যবস্তুৰ মাজত বিশেষ প্ৰাৰ্থক্য পোৱা নাই। এই সন্দৰ্ভত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে গৱেষণা চলাইছিল।\nউল্লেখ্য যে জৈৱিক গাখীৰ আৰু পৰম্পৰাগতভাৱে উত্পাদিত গাখীৰৰ মাজত প্ৰোটিন আৰু চৰ্বিৰ কোনো প্ৰাৰ্থক্য নাথাকে। একেদৰে জৈৱিক খাদ্যতো ভিটামিন উপাদানৰ পৰিমাণৰ কোনো পাৰ্থক্য নাথাকে। মাথোঁ ফচফৰাচ সামান্য পৰিমাণে বেছি থাকে। ইয়াৰ উপৰি আন এটি উপাকাৰ হৈছে জৈৱিক খাদ্যত কীটনাশক দ্ৰব্য নাথাকে। 'এনেল্ছ অৱ ইটাৰনেল মেডিচিন'ৰ শেহতীয়া জাৰ্ণেলখনত উল্লেখ কৰা হৈছে যে, পৰম্পৰাগত ভাৱে উতপাদিত ফল-মূল আৰু শাক-পাচলিৰ তুলনাত জৈৱিক খাদ্যত ৩০ শতাংশমান কম পেষ্টিচাইড থাকে। একেদৰে উক্ত গৱেষণাত প্ৰমাণিত হ'ল যে জৈওৱিক খাদ্য ১০০ শতাংশই পেষ্টিচাইড মুক্ত নহয়।\nভাৰতত শেহতীয়াকৈ জৈৱিক খাদ্যৰ বজাৰ খন ক্ৰমশঃ বৃদ্ধি পাব ধৰিছে। বছৰি ২২ শতাংশকৈ জৈৱিক খাদ্যৰ বজাৰখন বৃদ্ধি পাইছে। ভাৰতে বছৰি ১০০ কোটি টকাৰ জৈৱিক খাদ্য অন দেশলৈ ৰপ্তানি কৰে। উল্লেখ্য যে ভাৰতত বছৰি প্ৰায় ৩.৮৮ নিযুত টন জৈৱিক খাদ্য যেনে বাচমতি চাউল, কফি, চাহ, মচল, তেল আদি উতপাদন কৰে। চৰকাৰী তথ্য অনুসৰি ভাৰতত বৰ্তমান ১.০৮ নিযুত হেক্টৰ মাটিত জৈৱিক খাদ্যবস্তুৰ খেতি কৰা হয়। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে প্ৰমাণ পাইছে যে জৈৱিকভাবে উতপাদিত কুকুৰা আৰু গাহৰিৰ মাংসত বেক্টেৰিয়ৰ স্ংক্ৰমণ কমকৈ হোৱাৰ সম্ভাৱনা থাকে। মেক্স হস্পিতালৰ মুখ্য পুষ্টি পৰামৰ্শদাতা ডাঃ ৰিতিকা সোমাদ্দাৰে জৈৱিক খাদ্যবস্তুৰ দাম সন্দৰ্ভত মন্তব্য কৰি কৈছে যে জৈৱিক খাদ্যৰ অত্যধিক দামৰ ববেই সাধৰণ মানুহৰ মাজত জনপ্ৰিয় নহয়।\nউল্লেখ্য যে পুষ্টিগুণৰ ফালৰ পৰা জৈৱিক খাদ্য অৰু পৰম্পৰাগত ভবে উৎপাদিত খাদ্যৰ মাজত কোনো পাৰ্থক্য নই। কিন্তু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি উৎপাদন কৰা খাদ্যত থকা কীটনাশক দ্ৰব্যি কেন্সাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়ে সাধাৰণভাৱে উৎপাদিত খাদ্যবস্তু খোৱাৰ আগতে ভালকৈ ধুই-পখালি লোৱাৰ পৰামৰ্শ দিছে ডাঃ সোমদ্দাৰে। জৈৱিক খাদ্যবস্তুক লৈ বৰ্তমনলৈ ২৩৭ টাৰো অধিক গৱেষণা চলোৱা হৈছে। ইয়াৰে ১৭ টা গৱেষণা জৈৱিক আহাৰ খোৱা লোকৰ মাজত আৰু ২২৩ টা গৱেষণা সাধাৰণভাৱে উৎপাদিত খাদ্য খোৱা লোকৰ মাজত চলোৱা হৈছিল। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি উৎপাদন কৰা আৰু জৈৱিক খাদ্যবস্তুৰ মাজত পুষ্টিগুণ, পেষ্টিচইডৰ পৰিমাণ, বেক্টেৰিয়াৰ পৰিমাণ আদি এই গৱেষণাত সূক্ষ্মভাৱে তুলনা কৰা হৈছিল। উল্লেখযোগ্য যে কোনো কোনোৱে জৈৱিক খাদ্য স্বাস্থ্যকৰ বুলি প্ৰচাৰ চলাইছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ডেনা ব্ৰাভাটাই আশ্চৰ্য প্ৰকাশ কৰি কৈছে যে সাধৰণভাৱে উৎপাদিত খাদ্যতকৈ জৈৱিক খাদ্য কোনোগুণে স্বাস্থ্যকৰ নহয়। কিন্তু সোৱাদ আৰু পেষ্টিচাইডৰ বাবে মানুহে জৈৱিক খাদ্য খাবলৈ লৈছে। তেওঁ মন্তব্য কৰিছে, ভাৰতীয় সকলে প্ৰয়োজনীয় ফল-মূল আৰু শাক-পাচলি নাখায়। প্ৰায় ৫১ শতাংশ পুৰুষ আৰু ৪৮ শতাংশ মহিলাই অত্যধিক চৰ্বি থকা আহাৰ গ্ৰহণ কৰে আৰু এইবিলাক কাৰণতে ভাৰতৰ দৰে উন্নয়নশীল দেশবিলাকত স্ংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।
794c3bf4a607507d4fb21ad0ccca69097232d48c817ddba9bdebe1cd5b98afea
সমাগত উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে আৰম্ভ কৰিছে ৰাজনৈতিক দলৰ ৰাজনৈতিক অংক। কংগ্ৰেছ দলে ৰাজ্যখনৰ নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ ঘোষণা কৰিছে। দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে মঙ্গলবাৰে লক্ষ্ণৌত ঘোষণা কৰিছে যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত দলটোৱে ৪০ শতাংশ আসনত মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব। কেৱল সেয়াই নহয়, উত্তৰ প্ৰদেশৰ মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ স্বাৰ্থত দলটোৱে এক নতুন শ্ল'গানো আৰম্ভ কৰিছে। "লড়কি হু, লড় ছকটি হু" শ্ল'গানেৰে মহিলা ভোটাৰৰ মন যয় কৰাৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰিয়ংকা গান্ধীয়ে মহিলাসকলক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বানো জনাইছে। তেওঁ কৈছে, আমি মহিলাসকলক প্ৰতিখন বিধানসভা আসনৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছো। ১৫ তাৰিখলৈকে এই আবেদন কৰিব পাৰিব। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা মহিলাসকলে সুযোগ লাভ কৰিব। আমি এই ৰাজ্য আৰু দেশ সলনি কৰিম।তেওঁ কয়, যদি তেওঁৰ পক্ষে সম্ভৱ হ'ল হয় তেনে তেওঁ উত্তৰ প্ৰদেশৰ ৫০ শতাংশ বিধানসভাৰ আসন মহিলাৰ বাবে সংৰক্ষিত কৰিলে হয়। ইফালে ৪০ শতাংশ আসনত মহিলা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে ইমান মহিলা প্ৰাৰ্থী লাভ কৰিবনৈ আৰু তেওঁলোকে সেই আসনত জয় লাভ কৰিব পাৰিবনে বুলি কৰা এক প্ৰশ্নত প্ৰিয়ংকা গান্ধীয়ে কয়, আমি প্ৰাৰ্থী বিচাৰি পাম তেওঁলোকে যুঁজ দিব পাৰিব। যদি তেওঁলোক শক্তিশালী নহয় তেনে পৰৱৰ্তী পৰ্যায়ত তেওঁলোক শক্তিশালী হৈ পৰিব। আমি যুঁজ দিব লাগিব। আমি তেওঁলোকক সম্পূৰ্ণ সহায় আৰু সগযোগিতা কৰিম। তেওঁ কয় যে, মহিলা সকলক জাতিৰ ভিত্তিত নহয়, তেওঁলোকৰ সামৰ্থৰ ভত্তিত টিকট দিয়া হ'ব। MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
8a66483b939740c8faaadb9c56dc3c768e95130a297c9d07dbf1bd0d7defcddd
উলূমৰা এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক প্ৰধানতঃ দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়। Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে। ৰজা শগুণ শগুণৰ এটা অন্যতম প্ৰজাতি। শেহতীয়াকৈ হোৱা শগুণৰ অস্বাভাৱিক বিলুপ্তিত ইয়াৰো জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। ইয়াৰ এই মৃত্যুৰ বাবে ডাইক্লফেনেক নামৰ দৰৱবিধকে জগৰীয়া কৰা হয়। অসমীয়া বনৰীয়া চিকা কেৱল উত্তৰ-পূব ভাৰতত দেখা পোৱা এটা চিকাজাতীয় জন্তু। এই জন্তুবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত। কিন্তু জন্তুবিধ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বহুলভাৱে বিস্তৃত বুলি ধাৰণা কৰা হয়। কিকি হাঁহ এবিধ সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই সাধাৰণতে পাকিস্তান, ভাৰত, বাংলাদেশ, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে। কেতেকী কুকুলিফৰমছ বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি। ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া বিধৰ চৰাই। এই চৰাইবিধ এছিয়াৰ পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়। কোকলোঙা দক্ষিণ-পূব এছিয়াত স্থানীয়ভাৱে পোৱা এবিধ চৰাইৰ প্ৰজাতি। ই কাউৰী পৰিয়াল ৰ অন্তৰ্ভুক্ত। ইয়াৰ নেজ অতি দীঘল আৰু ইয়াৰ ডাঙৰ মাতৰ বাবে চকুত পৰা বিধৰ হয়। কোকলোঙা সাধাৰণতে মুকলি কাঠনি, খেতি-পথাৰ, বনাঞ্চল তথা নগৰীয়া অঞ্চলতো দেখিবলৈ পোৱা যায়। খন্তীয়া হাঁহ এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে। । শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ, দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে। চাতক বা টেলটুপী চাতক এইজাতীয় চৰাইসমূহৰ ভিতৰত আটাইতকৈ বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি। ই এবিধ সহজে চিনিব পৰা চৰাই-ইয়াৰ দেহৰ ওপৰভাগ নীল-বৰণীয়া, নেজ জোঙা আৰু দকৈ দুভাগকৈ কটা। ইয়াক প্ৰধানকৈ ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু আমেৰিকাত দেখা পোৱা যায়। ছাগলী পহু এবিধ পহুৰ প্ৰজাতি। ইয়াৰ দেহ চুটি, মটীয়া ৰঙৰ নোমেৰে আৱৰা। ই সৰ্বভক্ষী, ফল-মূল, গছৰ গুটি, কাণ্ডকে আদি কৰি চৰাইৰ কণী, সৰু প্ৰাণী পৰ্য্যন্ত আহাৰ হিচাপে গ্ৰহণ কৰে। ইয়াৰ মূৰত সৰু শিং থাকে। এই চৰাইবিধক চৰাইসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দৰ্জী tailor সমূহৰ ভিতৰত অন্যতম বুলি ধৰা হয়। তথ্য অনুসৰি টিক টিক চৰায়ে বাহটো চুৰ কৰা মকৰাৰ জালেৰে সুন্দৰকৈ চিলাই বান্ধি ৰাখে। টোকোৰা ভাৰতৰ নদীকাষৰীয়া সমতল ভূমিত দেখা পোৱা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ইহঁতক ঘাইকৈ প্ৰজননৰ সময়ত সঁজা চকুত লগা বিশেষধৰণৰ বাহৰ বাবে জনা যায়। দৈকলা, এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি। ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত। এই গোটৰ ভেকুলীবোৰৰ আকাৰ সৰু। ইয়াৰ পৃষ্ঠীয় dorsal অংশত থকা কাঁড়চিনৰ দৰে দাগটোৰ বাবে এই ভেকুলীবিধক সহজে অন্য প্ৰজাতিৰ পৰা পৃথক কৰিব পৰা যায়। ইহঁতৰ বৰণ সাধাৰণতে হালধীয়া হয় আৰু তাতে গাঢ় মটীয়া বৰণৰ দাগ থাকে। বৰবালি বগুৱাই প্ৰধানতঃ ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে। ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰে বুলিও জনা যায়। তদুপৰি অক্টোবৰ আৰু মে মাহত ইয়াক বিভিন্ন প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূ্হতো দেখা পোৱা যায়। হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া .. © as.google-info.org 2020 । This website uses cookies. Cookies remember you so we can give you a better online experience.
42298a289c19fc686f6928a48e08f0cb530690e32831535a5fdea11ba6f41208
Share this: নিউজ ডেস্কঃ যি সপোনে ৰাতি শুবলৈ নিদিয়ে সেইয়াহে সপোন। মানুহে ভিতৰি মানসিক ভাৱে ভাগি গ'লেও ইচ্ছা জীয়াই থাকে, ইচ্ছাই লক্ষ্যত উপনীত কৰিবলৈ সক্ৰিয় কৰি তোলে । লক্ষ্যক আগত ৰাখি জীৱনৰ সকলো কাঁইটীয়া পথ হেলাৰঙে পাৰ কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল উত্তৰ প্ৰদেশৰ শিৱাংগী গোৱেল। স্বামীগৃহৰ অত্যাচাৰ, পিছলৈ বিবাহ বিচ্ছেদ একোৱে ৰোধ কৰিব নোৱাৰিলে শিৱাংগী গোৱেলৰ লক্ষ্য। নিজৰ লক্ষ্যত অটল থকাৰ বাবেই সদ্যঘোষিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ১৭৭ৰেংকত উত্তীৰ্ণ হৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হ'বলৈ সক্ষম হ'ল শিবাংগী। শিৱাংগী উত্তৰ প্ৰদেশৰ হাপুৰৰ পিলখুৱাৰৰ বাসিন্দা। স্কুলত পঢ়ি থকাৰ সময়তে শিৱাংগীয়ে আই পি এছ হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। স্কুলীয়া জীৱনৰ শেষত তেওঁ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ আৰম্ভ কৰে। কলেজত পঢ়ি থাকোতে শিবাংগীয়ে UPSC পৰীক্ষা বহিছিল। প্ৰথমবাৰ পৰীক্ষাত কিন্তু বিফল হয়। কলেজীয়া জীৱনৰ শেষৰ ফালে শিৱাংগীৰ বিবাহ হয়। পিছে বিবাহিত জীৱনটো বৰ সুখদায়ক নহ'ল শিবাংগীৰ। শিবাংগীৰ ওপৰত স্বামীগৃহৰ নিৰ্যাতন চলিবলৈ আৰম্ভ হ'ল। এইদৰেই দিনৰ পিছত দিন নিৰ্যাতন চলি থাকে। শিবাংগীৰ জীৱনলৈ আহিল এগৰাকী কন্যা সন্তান। স্বামীগৃহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত কন্যাক লগত লৈ পিতৃ গৃহলৈ গুচি আহিল শিবাংগী। পিতৃগৃহতে আকৌ শিবাংগীয়ে নিজৰ সপোন বাস্তৱায়িত কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। ২০১৯ চনত পুনৰ ইউ পি এছ চিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও বিফল হ'ল শিবাংগী। ইতিমধ্যে স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰো আৰম্ভ হৈছে। এফালে বিবাহ বিচ্ছেদৰ গোচৰ, আনফালে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা। শিবাংগীৰ বাবে এইয়া এক প্ৰত্যাহ্বান আছিল। কিন্তু তাৰ পিছতো শিবাংগী নিজৰ লক্ষ্যত অটল আছিল। যদি কেতিয়াবা ভাগৰুৱা হৈ পৰিছিল তেওঁৰ কন্যাৰ মুখখনে শিবাংগীত পুনৰ যুঁজিবলৈ শক্তি দিছিল। গতিকে বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো হাৰ নামানি শিবাংগী গোৱেল দেশৰ সদ্যঘোষিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ১৭৭ৰেংকত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। Search for: হিমন্ত মন্ত্ৰীসভাৰ প্ৰধান সেনাপতি কোন? হঠাৎ দূৰত্ব বাঢ়িছে নেকি হিমন্ত-পীয়ুষৰ?
6d37bfcb97b2e74a692f881f9f24c357657f56842841ce90f1dc9515503ded69
নতুন কৌশল! একে-৪৭ এৰি কিয় ধনু-কাঁড় হাতত তুলি ল'লে আনন্দ মিশ্ৰ বাহিনীয়ে? -\nHomeআঞ্চলিকনতুন কৌশল! একে-৪৭ এৰি কিয় ধনু-কাঁড় হাতত তুলি ল'লে আনন্দ মিশ্ৰ বাহিনীয়ে?\nডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি অপৰাধ নিৰ্মূলৰ বাবে উঠি-পৰি লাগিছে অসম আৰক্ষী। বিশেষকৈ অসমৰ চুকে-কোণে শিপাই যোৱা ড্ৰাগছৰ জগতখন যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে অসম আৰক্ষী। আৰক্ষীৰ এনকাউণ্টাৰত ধৰাশায়ী হৈছে বহু দাগী অপৰাধী। ছুপাৰ কপ আনন্দ মিশ্ৰৰ নেতৃত্বত এইবাৰ যেন এক সুকীয়া ৰূপ পাইছে নগাঁও আৰক্ষীয়ে।\nনিজৰ কৰ্মদক্ষতাৰ বাবে জনপ্ৰিয় হোৱা আনন্দ মিশ্ৰই সমুখৰপৰা সবল নেতৃত্ব দিছে নগাঁও আৰক্ষীক। কৰায়ত্ত কৰিছে বহু কুখ্যাত অপৰাধী। হঠাৎ ধনু-কাঁড়, যাঠি-জোং হাতত তুলি ল'লে আনন্দ মিশ্ৰ বাহিনীয়ে। অত্যাধুনিক একে-৪৭, এছএলআৰ ৰাইফল, ছাবমেচিন গান, পিষ্টল আদি অস্ত্ৰ এৰি ধনু-কাঁড় হাতত তুলি ল'লে আৰক্ষীয়ে। নগাঁও আৰক্ষী ছাউনীত এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল আৰক্ষীৰ জোৱানসকলক। পিছে কোনো আইন-শৃংখলা ৰক্ষাৰ বাবে নহয়, অসমীয়া ভাওনাৰ বাবেহে নগাঁও আৰক্ষীৰ এই নতুন ৰূপ। প্ৰতিবছৰে লক্ষী পূজাৰ পিছদিনা নগাঁও আৰক্ষীয়ে অনুষ্ঠিত কৰি আহিছে অসমীয়া ভাওনা। এইবাৰো নগাঁও আৰক্ষীৰ জোৱানসকলে মঞ্চস্থ কৰিলে 'অশ্বকৰ্মা বধ' নামৰ অংকীয়া নাটখন। আৰক্ষীৰ অভিনয় চাবলৈ নগাঁও আৰক্ষী ছাউনীৰ প্ৰেক্ষাগৃহত সমাগম ঘটিল বহু দৰ্শকৰ। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই শুভ উদ্বোধন কৰা অসমীয়া ভাওনাখনত সুন্দৰ অভিনয় প্ৰদৰ্শন কৰে নগাঁও আৰক্ষীৰ বিষয়া তথা জোৱানসকলে। দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে আৰক্ষীৰ অভিনয়ে। সন্ধিয়া ৬ বজাত আৰম্ভ হোৱা নাটখনৰ সামৰণি পৰে নিশা ৯ বজাত।\nPrevious articleজে'লত ভোকে-লঘোণে লেবেজান আৰিয়ান; তথাপি শ্বাহৰুখে কিয় ক'লে এনচিবিয়ে ভাল কাম কৰিছে\nNext articleআদানীক বচাবলৈকে আৰিয়ান! আদানী বন্দৰৰ ৩হাজাৰ কেজি ড্ৰাগছ কি হ'ল? কোন জে'ললৈ গ'ল?
53cf4428987bc84cace800f15b47265f4a5a7a41f4e565053845eb66c205094b
W7S News April 20, 2021 অসম, বেটাৰ লাইফ - হেল্থকেয়াৰ এট দ্য লাষ্ট মাইলৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ডাঃ ভট্টাচাৰ্যই কয় 'পানেৰীৰ কেন্দ্ৰটো মোৰ ষ্টাৰ্টআপ 'বেটাৰ লাইফ - হেল্থকেয়াৰ এট দ্য লাষ্ট মাইল'ৰ ফ্লেগশ্বিপ ইউনিট। আমি চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত নামনি অসমৰ অন্যতম বৃহৎ চাহ বাগিচাৰ কৰিডৰ, আৰু চাহ জনজাতি আৰু অন্যান্য সম্প্ৰদায়ৰ এক বৃহৎ জনসংখ্যাই বাস কৰা পানেৰীত 'বেটাৰ লাইফ মেডিকেল চেণ্টাৰ'ৰ উদ্বোধন কৰিছোঁ। বেটাৰ লাইফ মেডিকেল চেণ্টাৰত এটা মাল্টি-স্পেচিয়েলিটি ফেমিলি ক্লিনিক, ডায়গনষ্টিক চেণ্টাৰ আৰু এখন ফাৰ্মাচী আছে। কেন্দ্ৰটোত প্ৰদান কৰা বিভিন্ন সেৱা, যেনে, চিকিৎসকৰ পৰামৰ্শ, ৰোগ বিজ্ঞান, আল্ট্ৰাচাউণ্ড, ইচিজি, স্বাস্থ্য পৰীক্ষা, ফাৰ্মাচী, নেবুলাইজেচন, বেজী সেৱা, অক্সিজেন, চিকিৎসা কোঠা, টিকাকৰণ, ডায়েটিশিয়ান, ফিজিঅ'থেৰাপী, আইইউডি অন্তৰ্ভুক্তি, পৰিয়াল পৰিকল্পনা আৰু গৰ্ভনিৰোধক সেৱা, ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ ব্যৱস্থাপনা, আৰু প্ৰসৱ-পূৰ্ব পৰীক্ষাৰ দৰে অন্যান্য সেৱা সুলভ হাৰত প্ৰদান কৰা হ'ব। এই স্বাস্থ্য কেন্দ্ৰই চশমাৰ ব্যৱস্থাৰ সৈতে সাপ্তাহিক চকুৰ অ'পিডিও প্ৰদান কৰে। কেন্দ্ৰটোৱে ৰোগীসকলৰ বাবে ঘৰুৱা তেজৰ নমুনা সংগ্ৰহৰ সুবিধাও প্ৰদান কৰে। শেহতীয়াকৈ ই ওদালগুৰিৰ প্ৰথমটো ৱেল ৱমেন হেল্থ চেক-আপ পেকেজ, ৱেল মেন হেল্থ চেক-আপ পেকেজ আৰু সম্পূৰ্ণ ডায়েবেটিক হেল্থকেয়াৰ পেকেজ প্ৰৱৰ্তন কৰিছে। ই গৰ্ভৱতী মহিলাসকলৰ বাবে এক বিশেষ ভ্ৰূণবিসংগতি স্কেনো আৰম্ভ কৰিছে যিটো ওদালগুৰিত এনেধৰণৰ প্ৰথম সুবিধা। চিকিৎসা কেন্দ্ৰটোত সাধাৰণ চিকিৎসকৰ উপৰিও ৰেডিঅ'লজিষ্ট, চকু বিশেষজ্ঞ, ফিজিঅ'থেৰাপিষ্ট, ডায়েটিশিয়ান, শিশু বিশেষজ্ঞৰ সেৱা উপলব্ধ। অদূৰ ভৱিষ্যতত, স্বাস্থ্যসেৱা কেন্দ্ৰটোৱে শিশুৰ স্বাস্থ্য পৰীক্ষা পেকেজ প্ৰদান কৰা, আৰু সকলো বয়সৰ লোকৰ মাজত পুষ্টিগত বিকাৰ পূৰণ কৰাৰ উদ্দেশ্যৰে বেটাৰ লাইফ ফুডছ শীৰ্ষক পুষ্টিগত পৰিপূৰক প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে। লগতে, ই জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পৰামৰ্শ সেৱা আৰু মেডিশ্বপ আগবঢ়াব যি বৰ্তমানৰ ফাৰ্মাচীৰ এক ডাঙৰ আৰু উন্নত সংস্কৰণ হ'ব।' উল্লেখ্য, ডাঃ ভট্টাচাৰ্য এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ, লগতে তেওঁ স্বাস্থ্যসেৱা ব্যৱস্থাপনাত এমবিএ ডিগ্ৰীও লাভ কৰিছে। তেওঁ বিভিন্ন প্ৰকাৰৰ স্বাস্থ্যসেৱা সংগঠনৰ সৈতে ১৭ বছৰ কাম কৰাৰ এক সমৃদ্ধ বহুমুখী অভিজ্ঞতা আছে, তৃণমূল আৰু কৰ্পোৰেট দুয়োটা স্তৰত। তেওঁ পশ্চিম বংগ আৰু অসমৰ বিভিন্ন কৰ্পোৰেট চিকিৎসালয়ত শীৰ্ষ নেতৃত্বৰ পদত আছিল। আংশিকভাৱে নিজস্ব পুঁজি আৰু বেংক ঋণৰ দ্বাৰা পুঁজি যোগান ধৰি কেন্দ্ৰটি স্থাপন কৰা ডাঃ সায়ন্তনী ভট্টাচাৰ্যই উত্তৰ-পূব অঞ্চলত অন্যান্য কেন্দ্ৰ খোলাৰ উপৰিও পানেৰী কেন্দ্ৰৰ সেৱা সমূহ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে। তেওঁ অন্তিম মাইলৰ স্বাস্থ্যসেৱাৰ প্ৰতি অত্যন্ত উৎসাহী আৰু সঁচাকৈয়ে বিশ্বাস কৰে যে সৰু, উদ্ভাৱনী মূলক প্ৰচেষ্টাই এই ক্ষেত্ৰত এক অভূতপূৰ্ব প্ৰভাৱ সৃষ্টি কৰিব পাৰে। 'ইমান দিন ধৰি এই ক্ষেত্ৰত থকাৰ বাবে, মই উপলব্ধি কৰিছিলো যে গ্ৰাম্য অঞ্চলত বাস কৰা লোকসকলে এতিয়াও মানদণ্ডৰ স্বাস্থ্যসেৱা সুবিধা লাভ কৰিব পৰা নাই। 'বেটাৰ লাইফ - হেল্থকেয়াৰ এট দ্য লাষ্ট মাইল'ৰ জৰিয়তে, মই সুবিধাবঞ্চিত গ্ৰাম্য লোকসকলক সেৱা আগবঢ়াব বিচাৰো, বিশেষকৈ বৰ্তমান সময়ত যেতিয়া ভাল স্বাস্থ্যসেৱাৰ অত্যন্ত প্ৰয়োজন। আমি বুজি পোৱা উচিত যে সৰু সৰু প্ৰচেষ্টাই ডাঙৰ প্ৰভাৱ পেলাব পাৰে," তেওঁ কয়। তেওঁ লগতে কয়, "বেটাৰ লাইফে অন্তিম মাইলত সকলোকে সুলভ, সুগম, সুবিধাজনক, বহনক্ষম আৰু মানদণ্ড-চালিত প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰাৰ কল্পনা কৰিছে। এই প্ৰচেষ্টাত, আমি বহু-সুবিধা, প্ৰাথমিক স্বাস্থ্য সেৱা ক্লিনিকৰ এক শৃংখলা স্থাপনৰ বাবে কাম কৰি আছো, যিবোৰ উত্তৰ-পূবৰ অন্তিম মাইল অঞ্চলত সকলোকে সুলভ প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ"। No comments: Subscribe to: Post Comments (Atom) Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. Powered by Blogger. Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
9b0d601a4d3f528cc10b2b4dff5fca02e7de6fa9a807473a42a083a43a7cbf7c
পাণ্ডুত অহা ১৪ মাৰ্চত এন এফ ৰে'লৱে পেঞ্চনাৰ সংস্থাৰ পাণ্ডু শাখাই ইয়াৰ দশম দ্বিবাৰ্ষিক সাধাৰণ অধিবেশন অনুষ্ঠিত কৰিব। এন এফ ৰে'লৱে পেঞ্চনাৰ সংস্থাৰ মুখ্য পৰামৰ্শদাতা অশিত মোহন ৰয়ে অধিবেশনখন মুকলি কৰিব। অধিবেশনখনত ৰে'লৱে পেঞ্চনাৰসকলৰ সলকো বিলাক মুখ্য সমস্যা উত্থাপন কৰাৰ লগতে সমস্যাসমূহৰ সমাধানৰ বাবে ভবিষ্যতে লব লগা কাৰ্যপন্থাৰ ওপৰতো আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে। জানিব পৰা মতে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শবলীৰ ভিত্তিত পেঞ্চনাৰ সকলে নতুনকৈ নিৰ্ধাৰিত পেঞ্চন লাভ নকৰাৰ বাবে তেওঁলোক যথেষ্ট উদ্বিগ্ন হৈ আছে। ইয়াৰ উপৰি চিকিৎসকৰ অভাৱ, বহু পেঞ্চনাৰক নিয়মিতভাৱে প্ৰয়োজন হোৱা ঔষধৰ অভাৱ, পেঞ্চনাৰ সকলৰ অবিবাহিতা/ বিধৱা/বিবাহ বিচ্ছেদ হোৱা কণ্যা সন্তান সকলে জীৱনযোৰা পৰিয়াল পেঞ্চনৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আদিৰ ওপৰত আলোচনা কৰা হ'ব বুলি পেঞ্চনাৰ সংস্থাৰ ফালৰ পৰা জনোৱা হৈছে। পাণ্ডু শাখাৰ সম্পাদক গৰাকীয়ে সকলো ৰে'লৱে পেঞ্চনাৰকে উক্ত অধিবেশনখনত অংশগ্ৰহণ কৰিবলৈ এক প্ৰছ বিবৃতি যোগে আহ্বান জনাইছে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
c72aafa65ea5bfdc662b98cb382db9c3dc5bf0f022e7c83f47e26a0a04ff364e
চলিত বৰ্ষৰ বানপানী শুকুৱাৰ পিছৰে পৰা দেখা দিয়া এনে ৰোগৰ চিকিৎসা প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ এতিয়া পশু চিকিৎসা বিভাগ। চলিত বৰ্ষৰ বানপানী শুকুৱাৰ পিছৰে পৰা দেখা দিয়া এনে ৰোগৰ চিকিৎসা প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ এতিয়া পশু চিকিৎসা বিভাগ। Share this: গাহৰিৰ পাছত এইবাৰ ডিব্ৰুগড়ত অচিন ৰোগত মৃত্যু শ শ গৰু-ম'হৰ। হাহাকাৰ অবস্থা গো পালক, ম'হ পালকৰ। ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত গৰুধৰীয়া মধুপুৰ, লেজাই, কলাখোৱা, বগীবিল আদি অঞ্চলত অচিন ৰোগত মৃত্যু বহু পশুধনৰ। কেৱল বিগত এটা প্ৰষেকত এই অঞ্চলত মৃত্যু হৈছে প্ৰায় ৬০০পৰা ৭০০ পৰ্যন্ত ম'হৰ লগতে কেইবাশ গৰুৰ। যাৰ ফলত দিকবিদিক হেৰুৱাইছে এই অঞ্চলৰ ম'হ খুটিৰ গৰাকীসকলে। চলিত বৰ্ষৰ বানপানী শুকুৱাৰ পিছৰে পৰা দেখা দিয়া এনে ৰোগৰ চিকিৎসা প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ এতিয়া পশু চিকিৎসা বিভাগ। পশু চিকিৎসকে কেৱল গৰু-ম'হৰ পেলুৰ ঔষধ দি নিজৰ দায়িত্ব সামৰিছে বুলিও অভিযোগ গো পালকসকলৰ। উল্লেখ্য যে বানবিধস্ত এই অঞ্চলসমূহত পশুপালন কৰি গাখীৰৰ ব্যৱসায় কৰি অহা গো পালক, ম'হ পালকৰ পশুধন এনেদৰে চকুৰ আগতেই এটাৰ পিছত এটাকৈ তিল-তিলকৈ মৃত্যুক সাবটি লোৱা দেখি ভাগি পৰিছে এই সকল গো পালক, ম'হ খুটিৰ গৰাকী। তেওঁলোকৰ দাবী এই অচিন ৰোগ চিনাক্ত কৰি অতি সোনকালেই পশুধনৰ চিকিৎসাৰ ব্যৱস্থা কৰা লগতে গৰু-ম'হৰ মৃত্যুৰ ফলত হোৱা ব্যাপক লোকচানৰ ক্ষতিপূৰণ প্ৰদান কৰক চৰকাৰে। Beetroot Benefits: স্বাস্থ্যৰ বাবে শীতকালৰ মহৌষধ বীট, ভিন্ন ৰোগৰ পৰা আপোনাক কেনেদৰে দূৰত ৰাখে বীটে? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
4414af90e55993c0755b095d6fa2e61f6026f45a9c0e323606dd057d2b0c2fe4
ছ'চিয়েল মিডিয়া যোগে অপপ্ৰচাৰ কৰাৰ অপৰাধত বিভিন্ন জনে জেলৰ ভাত খাবলগীয়া হোৱাৰ সময়তে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালিৰ এজন যুৱকে হোৱাটছএপ যোগে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক অশ্লীল ভাষাৰে গালি পৰাক কেন্দ্ৰ কৰি জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। দেওবাৰে চামগুৰি আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী সোণাৰিবালিৰ ৰমজান আলীৰ পুত্ৰ জুবেদ আলীক (২০) সোণাৰিবালিৰ বাসগৃহৰ পৰা কৰায়ত্ত কৰে। ইতিমধ্যে বিজেপিৰ কৰ্মী বিক্ৰম বণিকে দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধি আইনৰ ২৯৪/৫০০/৫০৪, আৰ ডব্লিউ ধাৰা ৬৭ আই টি এক্টৰ অধীনৰ ৪৫৭/১৮ নং গোচৰ মৰ্মে আৰক্ষীয়ে জুবেদ আলীক জেল হোজতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে। শেহতীয়াভাৱে ছ'চিয়েল মিডিয়াত একাংশ লোকে উচটনিমূলক মন্তব্য দিয়া, বিভেদকামী তথা অসামাজিক বক্তব্য দাঙি ধৰাৰ লগতে পৰিকল্পিত অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এনে সমাজ বিৰোধী লোকৰ বিৰুদ্ধে আৰক্ষীয়ে চোকা নজৰ ৰখাৰ লগতে ৰাজ্যখনৰ বহুকেইজন লোকক গ্ৰেপ্তাৰো কৰিছে। কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? Oxford English Dictionary: ২০২২ চনৰ 'বছৰটোৰ শব্দ' ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f3f69276dd89068fe9a4e19902bdfede9f2ba946c2ef9be1473c904a9ea1c1d5
বোকাখাত নগৰৰ মাজ মজিয়াত ডিফলু ৰোডৰ তিনিখন দোকানত আজি সন্ধিয়া অগ্নিকাণ্ড সংঘৰ্টিত হয়। ডিফলু ৰোডৰ বিজয় দাস নামৰ যুৱক জনৰ ষ্টেশ্যনাৰী দোকানখনত প্ৰথম অৱস্থা জুই লাগে আৰু পিছত কাষৰ দোকানলৈও জুই প্ৰসাৰিত হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰে। আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজ আৰু বোকাখাত আৰক্ষীৰ সহযোগত অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। কিন্তু অগ্নি নিৰ্বাপন কৰালৈ কেইবালাখ টকাৰ সম্পত্তি বিধ্বংসী অগ্নিকাণ্ডত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে এই অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই বুলিও বাতৰি লিখা পৰলৈকে জানিব পৰা গৈছে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
0a28a8edaed6b595c28f8425f60348af78b9fa9cef515abccc5cf29d4adf0c07
বি এছ এন এলৰ পুনৰজীৱন দানৰ উপলক্ষে কেন্দ্ৰই শেহতীয়াকৈ গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তসমূহ শীঘ্ৰে ৰূপায়ণৰ দাবীৰে এই ধৰ্মঘট আহ্বান কৰা হৈছে। কৰ্মচাৰীসকলৰ সমস্যাৰাজিৰো দ্ৰুত সমাধান সস্থাটোৱে বিচাৰিছে। যোৱা বছৰ কেবিনেটে লোৱা সিদ্ধান্তসমূহৰ ভিতৰত কেৱল স্বেচ্ছামূলক অৱসৰৰ বিষয়টোৱে ৰূপায়িত হোৱাৰ বিপৰীতে বাকীবোৰ এতিয়াও ৰূপায়ণ হোৱা নাই বুলি বাতৰিত প্ৰকাশ। ইফালে কেবিনেট সিদ্ধান্তৰ পিছতো ধন আৰু আবণ্টনত পলমৰ বাবে ৪জি সেৱাৰ মুকলিও এই বছৰৰ শেষভাগ পোৱাৰ সম্ভাৱনা আছে। পুনৰ্জীৱনদানৰ পদক্ষেপৰূপে "নীতিগতভাৱে" বি এচ এন এল আৰু এম টি এন এলৰ একত্ৰীকৰণতো কেবিনেটে অনুমোদন জনাইছিল। দুয়োটা প্ৰতিষ্ঠানকে ৪জি সেৱা আৰম্ভ কৰাৰ বাবে স্পেকট্ৰামৰ প্ৰশাসনিক আবণ্টনৰ বাবে কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৪জি স্পেকট্ৰামৰ বাবে কেন্দ্ৰই প্ৰতিষ্ঠান দুটাত ২০,১৪০ কোটি টকা পুঁজি যোগান ধৰাৰ কথা আছিল। এই স্পেকট্ৰাম মূল্যৰ জি এছ টিৰ বাবদ কেন্দ্ৰই যোগান ধৰিব লাগে অতিৰিক্ত ৩,৬৭৪ কোটি টকা। পুনৰ্জীৱন কাৰ্য্যসূচীৰ অংশৰূপে বি এচ এন এল-এম টি এন এলে ১৫,০০০ কোটি টকাৰ দীৰ্ঘকালীন ব'ন্দ মুকলি কৰিব। আৰু কেন্দ্ৰই তাত "সাৰ্বভৌম নিশ্চিতি (sovereign guarantee)" প্ৰদান কৰিব। কিন্তু, পুনৰ্জীৱনৰ কাৰ্য্যসূচীৰ অংশৰূপে ৫০ বছৰোৰ্ধ্বৰ কৰ্মচাৰীক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটাই স্বেচ্ছামূলক অৱসৰদানৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা আছিল। কেবিনেট সিদ্ধান্তমতে, এই অৱসৰৰ বাবে "আকৰ্ষণীয় স্বেচ্ছামূলক অৱসৰ আঁচনি" (attractive Voluntary Retirement Scheme) থাকিব আৰু তাৰ খৰচ কেন্দ্ৰই বহন কৰিব। এতিয়ালৈকে বাতৰিমতে ৭৮৫৬৯ গৰাকী বি এছ এন এল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে। পুনৰ্জীৱনৰ অনুমোদিত প্ৰস্তাৱত থকা আন এটা কথা হৈছে, বি এচ এন এল-এম টি এন এলে "ধন আয়ত লগাব লাগিব তেওঁলোকৰ সম্পদ (monetise their assets)"। বি এচ এন এল আৰু এম টি এন এল ভাৰত চৰকাৰৰ টেলিকমিউনিকে'চন বিভাগৰ ওচৰত জৱাবদিহি। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ab0c895c3385a1fd543f8d735f48409aa53ba16a7c4dfe7960f4d2c48ad52081
বিহুৰ বতৰতো নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজিৰ এখন সভা বাতিল কৰিব লগীয়া হয় প্ৰকৃতিৰ ৰোষৰ বাবে। হাইলাকান্দিৰ কাটলিচেৰা বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত বৰ্নাপুৰ চাহ বাগিচাত অনুষ্ঠিত হ'ব লগীয়া সভাখনত সোণোৱাল ১০ বজাত উপস্থিত হোৱাৰ আছিল। কি্ন্তু সভাৰ প্ৰাক মুহূৰ্তত অহা এজাক ধুমুহাই সভাৰ বাবে নিৰ্মাণ কৰা মণ্ডপকে ধৰি সমস্তবোৰ তচনচ কৰি পেলায়। প্ৰকৃতিৰ ৰোষৰ পিছত সভাৰ স্থান পৰিদৰ্শন কৰি বিজেপিৰ স্থানীয় আয়োজকসকলে মুখ্য মন্ত্ৰীৰ কাৰ্য্যসূচীৰ দায়িত্বত থকা বিষয়ববীয়াৰ সৈতে আলোচনা কৰে আৰু সভাখন বাতিল কৰে। ইপিনে শিলচৰতো আজি পুৱাই অহা এজাক বিধ্বংসী ধুমুহাৰ ফলত আৰক্ষীৰ এটা অস্থায়ী শিবিৰ ভাগি পৰে। পেৰেড গ্ৰাউণ্ডত স্থাপন কৰা অস্থায়ী শিবিৰটোৰ ভিতৰত সেই সময়ত থকা কেইবাজনো জোৱানৰ প্ৰাণ কথমপি ৰক্ষা পৰে। জানিব পৰামতে, নিৰ্বাচনত নিয়োজিত আৰক্ষী জোৱানসকলক এই শিবিৰত ৰখা হৈছিল। কিন্তু নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি অভিযোগ উঠা শিবিৰটো আজি ভাগি পৰাত ক্ষুভিত হৈছে জোৱানসকল। ঘটনাটোত তেওঁলোকৰ বহুতো সা-সমগ্ৰী নষ্ট হয়। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f10a92d46a48249aa3db549201ed341002ec38431d59cd0f3a855c01437095fe
দেওবাৰে জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে সোমবাৰৰ পৰা দুয়োপালি কোভিড ভেকচিন গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীয়ে নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনীয় বিভাগৰ আয়ুক্ত সচিব এম এছ মনিয়ান্ননে জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে চৰকাৰী কাৰ্যালয়সমূহ সুচাৰুৰূপে কাৰ্যক্ষম কৰি তুলিবলৈ অহা ১৪ জুলাইৰ পৰা দুয়োপালি কোভিড ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰীয়ে কোভিড বিধি মানি কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব। উল্লেখ্য যে ৰাজ্যত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জৰুৰী সেৱাসমূহক বাদ অন্য সকলো চৰকাৰীৰ লগতে ব্যক্তিগতখণ্ডৰ কাৰ্যালয়সমূহত বন্ধ ৰাখিছিল। ৰাজ্যত কোভিড সংক্ৰমণ কিছু হ্ৰাস পোৱাত চৰকাৰে এই নতুন নিৰ্দেশনা জাৰি কৰি অহা সোমবাৰৰ পৰা চৰকাৰী কাৰ্যালয়মূহ পুনৰ আৰম্ভ কৰিব। ইয়াক এক প্ৰকাৰৰ আনলক প্ৰক্ৰিয়াৰ আৰম্ভণি বুলিয়েই ক'ব পাৰি। ইপিনে, অহা ১৬ জুনৰ পৰা সান্ধ্য আইনৰ ক্ষেত্ৰতো কিছু শিথিলতা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
bc4868a234dcb077762dc76fd5d4c6086c55facac937fc7aaa5ba7145bf72220
যদি তেওঁৰ দলটোৱে অন্ধ্ৰ প্ৰদেশৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত জয়ী নহয়, তেন্তে তেওঁ পুনৰ আৰু প্ৰতিদ্বন্দিতা নকৰে। কুৰ্ণুলত এখন ৰাজহুৱা সভাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী চন্দ্ৰবাবু নাইডুৱে এইদৰে কয়। অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে অনুষ্ঠিত হ'ব। বিৰোধী দলৰ নেতা চন্দ্ৰবাবু নাইডুৱে ইতিমধ্যে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছক উৎখাত কৰিবলৈ জিলাই জিলাই জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে। সেইকাৰণে তেওঁ বুধবাৰে নিশা ৰয়ালসীমাৰ কুৰ্ণুললৈ আহিছিল। চন্দ্ৰবাবুয়ে ইতিমধ্যে তেওঁৰ পুত্ৰ নাৰা লোকেশক তেলেগু দেশম পাৰ্টিৰ সাংগঠনিক দায়িত্ব দিছে। এনে পৰিস্থিতিত তেওঁ ২০২৪ চনৰ নিৰ্বাচনৰ কথা কৈ দলৰ পৰৱৰ্তী প্ৰজন্মক সন্মুখলৈ অনাৰ কৌশল লৈছে নেকি তাক লৈ জল্পনা-কল্পনা চলি আছে। শেহতীয়া জনমত সমীক্ষা অনুসৰি, জগনমোহন অন্ধ্ৰ প্ৰদেশত ক্ষমতালৈ ঘূৰি আহিব পাৰে। এই পৰিস্থিতিত চন্দ্ৰবাবুৰ মুখত 'বিৰোধী ঐক্য' সম্পৰ্কেও বক্তৱ্য শুনা গৈছে। সূত্ৰসমূহৰ মতে তেলেগু দেশম পাৰ্টিৰ নেতৃত্বই ৰাজ্যখনৰ আন এটা বিৰোধী দল চলচ্চিত্ৰ তাৰকা পৱন কল্যাণৰ জনসেনাৰ সৈতে আসন ভাগ-বতৰা চুক্তিৰ ওপৰতো আলোচনা আৰম্ভ কৰিছে। অৱশ্যে, পৱনে বিৰোধী মিত্ৰতাত বিজেপিক ল'ব বিচাৰিলেও চন্দ্ৰবাবুৰ আপত্তি আছে বুলি তেলেগু দেশম দলৰ সূত্ৰই জানিবলৈ দিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
5d56999e2a8ff5c3cd4d148534ba987d225c7551a5cc43de0aa066e059c03be4
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে সম্পূৰ্ণ ব্যৰ্থ হৈছে- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ। Published on : ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে সম্পূৰ্ণ ব্যৰ্থ হৈছে- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ। এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে কয় যে প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা উদঙাই দিছে। উল্লেখ্য যে, ১০ অক্টোবৰৰ নিশা ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপত আৰক্ষীয়ে অভিযান চলাই ছিণ্ডিকেট চক্ৰৰ ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছতে প্ৰদেশ কংগ্ৰেছে হিমন্ত বিশ্বৰ বিৰুদ্ধে মন্তব্য কৰি মনজিত মহন্তই এক প্ৰেছ বিবৃতি জাৰি কৰে। এই বিবৃতিত লগতে কয় যে, "গুজৰাট, ৰাজস্থান আদিৰ একাংশ টাইলছ, মানল পৰিবাহী ট্ৰাকৰ কৰ্মকতাই চৰম অসহায় আৰু নিৰুপায় অৱস্থাত পৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ক অসমৰ শ্ৰীৰামপুৰ চকীত ছিণ্ডিকেট চক্ৰৰ অত্যাচাৰ আৰু বলপূর্বক ধন সংগ্ৰহৰ দৈনন্দিন ঘটনা সন্দৰ্ভত লিখিতভাবে অভিযোগ দাখিল কৰি আহিছে। তাৰ পিছতে বাধ্য হৈ প্রধানমন্ত্রীৰ কার্যালয়ে অসম আৰক্ষীক ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিবলগীয়া হয়"। "কিন্তু ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব ৰাজ্যখনৰ চৰকাৰৰ কৰ্তৃত্বাধীন বিষয়। তেনে অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসমৰ আৰক্ষীক অবৈধ ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে ব্যবস্থা ল'বলৈ নির্দেশ দিয়া কথাই অসমৰ গৃহমন্ত্ৰীজনৰ অস্তিত্বহীনতা তথা পূর্ণ ব্যর্থতাকে প্রমাণ কৰি দিলে"। লগতে কয় যে -"ইয়েই প্রমাণ নকৰেনে যে বৰ্তমানৰ অসম চৰকাৰৰ ছত্ৰছায়াতে বলপূর্বক ধন সংগ্ৰহৰ এই সকলো ধৰণৰ ছিণ্ডিকেট চক্ৰ ৰাজ্যখনত সক্ৰিয় হৈ আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইয়াৰ পিছত আপুনি অসমৰ গৃহমন্ত্ৰী বুলি দাবী কৰাৰ নৈতিক অধিকাৰ আপোনাৰ আছে বুলি আপুনি নিজে ভাবেনে"? এই প্রশ্ন উত্থাপন কৰি শ্ৰীমহন্তই কয় যে "ৰাজ্যিক কর্তৃত্বৰ অধীনৰ এটা বিষয়ত স্বয়ং প্রধানমন্ত্ৰীয়ে দিল্লীৰ পৰা হস্তক্ষেপ কৰি অসম আৰক্ষীক নির্দেশ দিবলগীয়া হোৱাটোৱে অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতাৰ কথাকে সূচালে"।
1fb39b1cf41a4ed89fbede3217b5ea370cacd63147189154eada2f45a4d3cd7a
dudhnoi-tragic-road-accident-two-spot-dead-tvarup- News18 Assam\nমৰ্মান্তিক! এজন গৈছিল কন্যাক থবলৈ, এজন গৈছিল ভনীয়েকৰ খবৰ ল'বলৈ, কিন্তু ভয়ংকৰ দুৰ্ঘটনাই চিৰদিনৰ বাবে আঁতৰাই লৈ গ'ল দুয়োকে\nUpdated:June 20, 2020, 8:17 PM IST\nমৃত্যু কেতিয়া আহে কোনেও নাজানে!\nমৃত্যু কেতিয়া আহে কোনেও নাজানে! ইংৰাজী বিষয়ত লেটাৰ নম্বৰসহ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল কৃষ্ণাইৰ নম্ৰতা ৰাভা । মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ পিছত ধনুভাঙাৰ মোমায়েকৰ ঘৰতে থাকি ধূপধৰা কলেজত উচ্চ শিক্ষা লোৱাৰ সিদ্ধান্ত লৈছিল নম্ৰতাই। শণিবাৰে নম্ৰতাক মোমায়েকৰ ঘৰত থবলৈ লৈ আহিছিল দেউতাকে। কিন্তু বাটতে যেন ৰৈ আছিল নিয়তি। সন্মুখৰ ফালৰ পৰা আহি থকা এখন ভাৰ্না গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয় নম্ৰতা আৰু দেউতাক নবকান্ত ৰাভা গৈ থকা থকা মাৰুতী ভেন খনৰ। দুৰ্ঘটনাত থিতাতে নিহত হয় নম্ৰতাৰ দেউতাক নৱকান্ত ৰাভা।\nইফালে ভাৰ্না খনত আছিল নয়নজ্যোতি দাস নামৰ এজন লোক। নিজ ভগ্নীৰ খবৰ ল'বলৈ গুৱাহাটীৰ পৰা গোৱালপাৰা চহৰলৈ গৈ থকা অৱস্থাতে লোকজনৰ গাড়ীখনৰ সৈতে নৱকান্ত ৰাভাৰ গাড়ীখনৰ মুখামুখী সংঘৰ্ষ হয়। দুৰ্ঘটনাত নয়নজ্যোতি দাসো থিতাতে নিহত হয়।\nদুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে নম্ৰতা ৰাভা।নম্ৰতাক সংকটজনক অৱস্থাত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। ইফালে দুৰ্ঘটনাৰ খৱৰ পাই দুয়োটা পৰিয়ালৰ লোক দুধনৈ আৰক্ষী থানাত আহি উপস্থিত হয়। দুৰ্ঘটনাৰ ফলত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।
d1d365dd177ec31a3b883bf237128545a542ae540cbc3f66729aedd40498be92
'নিউ ন'ৰমেল জীৱনৰ তিতা-কেঁহা' » Gana Adhikar\nHome Main Stories 'নিউ ন'ৰমেল জীৱনৰ তিতা-কেঁহা'\nক'ৰোণা ভাইৰাচে মানৱ সমাজলৈ বহুতো নতুন অভিজ্ঞতা আৰু নতুন বিধি-বিধান কঢ়য়াই আনিছে। সেই বিধি-বিধান সমূহ মানি লৈ ক'ৰোণা কালত আমি যি জীৱন যাপন কৰি আছো অথবা ক'ৰোণাৰ পৰবৰ্তী কালত আমি যেনে ধৰণে জীৱন যাপন কৰিম তাকেই সমাজ বিজ্ঞানী সকলে নিউ-ন'ৰমেল জীৱন বুলি অভিহিত কৰিছে। আজিৰ পৃথিবীত বোধকৰো এনেকুৱা কোনো মানুহ নাই যিজনক সাম্প্ৰতিক সময়ৰ ক'ভিড/১৯ অতিমাৰীয়ে কোনো নহয় কোনো প্ৰকাৰে চুঁই যোৱা নাই। সমগ্ৰ বিশ্বতেই এটা অস্বাভাবিক অবস্থা চলি আছে আৰু প্ৰত্যেকজন ব্যক্তিয়েই মনে প্ৰাণে কামনা কৰি আছে যে সোনকালে এই অতিমাৰী শেষ হওঁক। পৃথিবীলৈ স্বাভাবিক অবস্থা ঘূৰি আহক। কিন্তু আহিবনে ঘূৰি আগৰ সেই স্বাভাবিক জীৱন? সমাজ বিজ্ঞানী সকলে ধৰি লৈছে যে আগৰ সেই স্বাধীন ছন্দোময় স্বাভাবিক জীৱন আৰু কেতিয়াও সম্পূৰ্ণ ঘূৰি নাহে। হয়তো কিছু পৰিমানে ঘূৰি আহিব কিন্তু সেয়া হ'ব এক নতুন স্বাভাবিক বা 'নিউ-ন'ৰমেল' জীৱন।\nদৰাচলতে ক'ভিড মহামাৰীয়ে মানৱ ইতিহাসক উলম্ব ভাবে দুভাগ কৰি তাৰ সোমাজেৰে এটা ৰেখা টানি দিলে। এতিয়াৰ পৰা ইতিহাসবিদ বা সমাজ বিজ্ঞানী সকলে ইতিহাস চৰ্চা কৰোতে দুটা নতুন সংজ্ঞা ব্যৱহাৰ কৰিব - এটা হৈছে প্ৰাক্-ক'ভিড (Pre-covid)সমাজ আৰু আন এটা হৈছ ক'ভিড-উত্তৰ সমাজ(post-covid) সমাজ।\nক'ভিডৰ পৰা আহৰণ কৰা তিতা-কেঁহা অভিজ্ঞতাই ইতিমধ্যে সমগ্ৰ মানৱ সমাজক গভীৰ ভাবে প্ৰভাবিত কৰিছে, ইয়ে সমাজ জীৱনলৈ কৰিয়াই আনিছে আমূল পৰিবৰ্তনৰ বাৰ্তা। মানুহৰ জীৱন শৈলীলৈ লৈ আনিছে যুগান্তকাৰী পৰিবৰ্তন। ইমান দিনে যিবোৰ শব্দ কেৱল অভিধানতহে ঠাই পাইছিল বা যিবোৰ শব্দ আমি কাচিতহে মুখেৰে উচ্চাৰণ কৰিছিলো সেই শব্দবোৰ আজি মানুহৰ মুখে মুখে। কি শিক্ষিত বা অশিক্ষিত, কি ধনী বা দুখীয়া সকলোৰে মুখত আখৈ ফুটাদি ফুটিছে সেই শব্দবোৰ। প'জিটিভ, নিগেটিভ, আইচোলেচন বা নিলগীকৰণ, কোৱাৰেন্টাইন, সামাজিক দূৰত্ব, ল'ক-ডাউন, মাস্ক, লক্ষণ থকা আৰু লক্ষণ নথকা (Symptomatic & asymptomatic) ৰুগী, টিকা, টিকা কৰণ ইত্যাদি। কিছুমানৰ আকৌ অসমীয়া প্ৰতিশব্দ পাবলৈ টান যেনে-immunity, co-morbidity, normal, new normal ইত্যাদি। এই শব্দবোৰ আমি কাচিৎহে ব্যৱহাৰ কৰিছিলোঁ। কিন্তু আজি এই শব্দবোৰ সকলো মানুহৰ মূখে মূখে-যেন আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য লগৰী। তুলাৰ দৰে এই শব্দবোৰ সদায় বতাহত উপঙি ফুৰিছে আৰু মানুহক যেন কাণে কাণে ফুচ ফুচাই কৈ আছে, হয় - তোমালোকৰ অসুখ, তোমালোকৰ মৰমৰ পৃথিবীৰ অসুখ।\nমাত্ৰ দুবছৰ আগত আমি বসবাস কৰা পৃথিবীখনৰ পৰা আজিৰ পৃথিবীখন যেন সম্পূৰ্ণ পৃথক। আজিৰ পৃথিবীখন যেন এখন অচিনাকি পৃথিবী, এক অদ্ভূত পৃথিবী। ক'ৰোণা ভাইৰাচে যি অভিজ্ঞতা আৰু পৰিবৰ্তন কঢ়িয়াই লৈ আনিলে সেই পৰিবৰ্তনে আমাৰ জীৱনৰ লগত সম্পৃক্ত সকলো বিষয় আৰু বস্তুকেই সলনি কৰি দিলে। স্বাস্থ্য সেৱা, শিক্ষা খন্ড, ব্যৱসায় বাণিজ্য, সংস্থাপন, টুৰিজিম, সাংস্কৃতিক কাম-কাজ, পৰিসেৱা খন্ড, সামাজিক আৰু ব্যক্তিগত জীৱন, প্ৰাকৃতিক পৰিবেশ - এনেকুৱা এটা ক্ষেত্ৰ নাই যি ক্ষেত্ৰত ক'ৰোণা ভাইৰাচৰ দীঘল হাতোৰাই স্পৰ্স কৰা নাই। প্ৰাক্-ক'ভিড সমাজত সকলোৱে চৰকাৰী বেচৰকাৰী অফিচ-আদালত, বজাৰ-সমাৰত অথবা ৰাজহুৱা স্থানত একেলগে কাম-কাজ কৰিছল। সকলোৱে একেলগে একে ঠাইত কাম কাজ কৰাৰ আনন্দ আৰু অভিজ্ঞতাই আছিল বেলেগ। কিন্তু সেই দিন এতিয়া অতীত। হেজাৰ কাকূতি মিনতি কৰিলেও অফিচৰ যি নিৰ্দয় নিষ্ঠুৰ ব'ছ বোৰে মাত্ৰ এটা দিনৰ বাবে ছুটি মঞ্জুৰ কৰা নাছিল সেই ব'ছবোৰে এতিয়া উপযাচি ছুটি দিয়ে। এটা দিন বা আধা দিনৰ বাবেও অফিচলৈ নগ'লে যি ব'ছে দৰমহা কৰ্তন কৰিছিল সেই ব'ছে এতিয়া অনায়াসেই ঘৰৰ পৰাই কাম কৰিব দিয়ে। কিন্তু ঘৰত কাম কৰি জানো শান্তি আছে? অফিচত কাম কৰাৰ আমেজ আৰু অভিজ্ঞতাই বেলেগ। ঘৰতযে তেওঁ অকলশৰীয়া, খুবেই অকলশৰীয়া। কিন্তু এইয়াইতো নিউ ন'ৰমেল - নতুন স্বাভাবিক জীৱন!\nক'ৰোণা ভাইৰাচে আটাইতকৈ ডাঙৰ বিপৰ্যয় মাতি আনিছে দেশৰ শিক্ষা ক্ষেত্ৰত। সকলো শিক্ষানুষ্ঠান দিনৰ পিছত দিন, মাহৰ পিছত মাহ বন্ধ হৈ আছে। কেতিয়াকৈ খুলিব তাৰ কোনো নিশ্চয়তা নাই। এটাৰ পিছত এটা পৰীক্ষা বাতিল কৰা হৈ আছে। ফলাফলৰ যি পদ্ধতি অৱলম্বন কৰা হৈছে সেই পদ্ধতিত বহুতো মেধাবী ছাত্ৰ ছাত্ৰী আশা কৰা ফলাফলৰ পৰা বঞ্চিত হ'ব। কিন্তু আটাইতকে মূল্যবান যি বস্তুৰ পৰা সিহঁতে চিৰজীৱন বঞ্চিত হৈ থাকিব সেইয়া হৈছে শ্ৰেণী কোঠাৰ অমূল্য অভিজ্ঞতা। শ্ৰেণী কোঠাৰ ভিতৰত বহি শিক্ষক শিক্ষয়ত্ৰীৰ পৰা প্ৰত্যক্ষ ভাবে জ্ঞান আহৰণ কৰাৰ যি আনন্দ আৰু অভিজ্ঞতা তাৰ পৰা সিহঁত বঞ্চিত হ'ব। তাৰ বিপৰীতে এই নিউ ন'ৰমেল পৰিস্থিতিত কণ কণ ল'ৰা ছোৱালীবোৰৰ হাতত একোটাকৈ মোবাইল ফোন দি ঘৰত বহুৱাই ৰখা হৈছে। এই বয়সত সিহঁতে সমনীয়াৰ লগত খেলিব, দৌৰিব, জপিয়াব, ৰং ৰইচ কৰিব। আৰু তাৰ লগতে লিখা পঢ়াও কৰিব। কিন্তু জীৱনৰ এই সোণালী সময় সিহঁতে আৰু ঘূৰাই নাপায়, ঘূৰাই নাপায় ল'ৰালি কালৰ মুকলি মৰীয়া জীৱনৰ সেই অনাবিল আনন্দ। এইয়া সিহঁতৰ জীৱনৰ এটা ডাঙৰ অপ্ৰাপ্তি। শিক্ষা এতিয়া সামাজিক ক্ষেত্ৰৰ পৰা আহি সম্পূৰ্ণ ব্যক্তিগত কুচকাওৱাজ। এইয়াই হৈছে নিউ ন'ৰমেল জীৱনৰ তিতা-কেঁহা।\nএটাৰ পিছত এটা ক'ৰোণা ভাইৰাচৰ লহৰে বিধ্বস্ত কৰিছে দেশৰ সংস্থাপনৰ সকলো সুযোগ সুবিধা। সংস্থাপনহীনতাই ভাঙি চূড়মাৰ কৰি দিছে দেশৰ লক্ষ লক্ষ যুবক যুবতীৰ আশা-আকাংখা আৰু সপোন। সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণী। নিয়োগকাৰী সংস্থা সকলে লাখ লাখ মানুহক কামৰ পৰা অব্যহতি দিছে। যিবোৰ মানুহক কামৰ পৰা অব্যহতি দিয়া হৈছে তেওঁলোকে আকৌ সেই কাম ঘূৰাই পোৱাৰ আশা নাই। বহু আগৰে পৰাই বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই কল-কাৰখানা, উদ্যোগ প্ৰতিষ্ঠান আদিত শ্ৰমিকৰ কৰ্ম সংস্থাপন হ্ৰাস কৰি আনিছিল। ক'ৰোনা ভাইৰাচে সেই প্ৰক্ৰিয়াত শেষ গজালটো মাৰিলে। এতিয়া কৰ্ম সংস্থাপন হেৰোৱা সেই লক্ষ লক্ষ মানুহৰ ভবিস্যত অন্ধকাৰ। মানুহে কৰা সকলো কামেই এতিয়া প্ৰযুক্তি বিদ্যাই কৰিব।কিছুমান বিশেষজ্ঞ আৰু বিশেষ ভাবে কৌশলী মানুহৰ বাহিৰে, বাকীসকল এতিয়া সমাজৰ বোজা। এইয়াই আমাৰ নিউ ন'ৰমেল জীৱন।\nঠিক তেনেদৰে ধ্বংস হৈ গৈছে ক্ষূদ্ৰ আৰু মজলীয়া পৰ্যায়ৰ ব্যৱসায় বানিজ্য। সকলো সংগঠিত পৰিসেৱা বিভাগ এতিয়া অসংগঠিত। কম পৰিমাণৰ মূলধন লৈ যিবিলাক মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত মানুহে সৰু সুৰা ব্যৱসায় কৰি পৰিয়াল পোহপাল দিছিল সেই মানুহবোৰৰ এতিয়া পানীত হাঁহ নচৰা অবস্থা। কাপোৰ দোকান, কেটাৰিং, খাদ্য প্ৰস্তুত কৰণ, কৃষি ফাৰ্ম, ছপাশালৰ ব্যৱসায়, গেলামালৰ দোকান, ষ্টেচনাৰী বস্তুৰ ব্যৱসায় কৰা মানুহ আৰু এনেকুৱা হেজাৰটা ব্যৱসায় বানিজ্য কৰি খোৱা মানুহবোৰৰ ব্যৱসায় বন্ধ হৈ গৈছে। যিবিলাক মানুহে বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিল, সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে সেই ঋণৰ বোজা এতিয়া পৰ্বত সমান। মূলধন আৰু বেংকৰ চক্ৰবৃদ্ধি সুতৰ বোজাত তেওঁলোক এতিয়া জীৱন্তে মৃত। কোনেও ক'ব নোৱাৰে যে পৃথিবীৰ নিউ ন'ৰমেল পৰিবেশে তেওঁলোকক আকৌ মুক্তিৰ পথ দেখুওৱাব নে নাই।\nক'ৰোণা ভাইৰাচে মানুহৰ খাদ্যাভ্যাস আৰু আৰু ব্যক্তিগত জীৱনতো প্ৰভাব পেলাইছে। ইয়ে সলনি কৰি দিছে মানুহৰ মনোভাব। মানুহৰ মনোজগতৰ পৰিবৰ্তনে ব্যক্তিগত সম্পৰ্কৰ ওপৰিও প্ৰায় সকলো বিষয়তেই প্ৰভাব পেলাইছে। আহিবলগীয়া পৃথিবীত মানুহ আৰু অধিক অসামাজিক আৰু ব্যক্তিকেন্দ্ৰিক হৈ পৰিব। মানুহ হৈ পৰিব সম্পূৰ্ণ শাৰিৰীক পৰিশ্ৰম ৰহিত আবেগ অনুভূতি নথকা যন্ত্ৰ সদৃশ। মনোৰঞ্জনৰ প্ৰচলিত ব্যৱস্থাবোৰ নোহোৱা হৈ যাব। সকলো ক্ষেত্ৰতেই অভূতপূৰ্ব মানৱীয় সমস্যাই দেখা দিব। অসমীয়া মানুহৰ হিয়াৰ আমঠু বিহু, চলমান থিয়েটাৰ, গ্ৰন্থ মেলা আদিৰ চৰিত্ৰ সলনি হ'ব। মন্দিৰ, মছজিদত ভক্তৰ ভিৰ কমিব, সামাজিক আৰু ধৰ্মীয় সমাৰোহবোৰ লাহে লাহে নাইকিয়া হ'ব। আমি স্বীকাৰ কৰো বা নকৰো, এইয়াই হৈছে বৰ্তমানৰ বাস্তব, এইয়াই স্বাভাবিক। নতুন স্বাভাবিক জীৱন - নিউ ন'ৰমেল জীৱন।\nঅৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব যে ক'ৰোণা মহামাৰীৰ কাৰণে হোৱা ল'ক ডাউনবোৰে পৰিবেশ আৰু জলবায়ুৰ ক্ষেত্ৰত ভালেখিনি উপকাৰ সাধন কৰিছে। ল'ক ডাউনৰ কাৰণে জল, স্থল আৰু আকাশ মাৰ্গীয় সকলো যোগাযোগ ব্যৱস্থা আধাতকৈ বেছি পৰিমানে হ্ৰাস পাইছে। ইয়াৰ কাৰণে ইন্ধনৰ ব্যৱহাৰ কমিছে আৰু ইন্ধনৰ পৰিমান হ্ৰাস পোৱাৰ কাৰণে বতাহত কাৰ্বন ডাই অক্সাইডৰ পৰিমানো কমিছে। ইয়ে জলবায়ু আৰু পৰিবেশক স্বাভাবিক অবস্থালৈ ঘূৰাই অনাত কিছু পৰিমানণে সহায় কৰিছে।\n[ লেখকৰ ফোন নম্বৰঃ 9954033111 ]\nPrevious articleৰাহুল গান্ধীয়ে নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সংসদলৈ চলালে ট্ৰেক্টৰ\nNext articleঅসম-মিজোৰাম সীমান্তত গুলীচালনাৰ খবৰ : মুখ্যমন্ত্ৰীসকলৰ টুইটাৰ যুঁজ :
c7fa64a9164f6d36acdd5da68dd2168f3bbb10bb9b8801db58d5fd9ddb1f533e
ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (IFFI) ৫২ তম সংস্কৰণত প্ৰখ্যাত চলচিত্ৰ নিৰ্মাতা মাৰ্টিন স্কৰচেজ আৰু ষ্টিভেন জাবোক সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হ'ব। মাৰ্টিন স্কৰচেজক নতুন হলিউড যুগৰ অন্যতম মুখ্য ব্যক্তি হিচাপে জনা যায়। তেওঁক চলচ্চিত্ৰউদ্যোগৰ এজন মহান আৰু প্ৰভাৱশালী পৰিচালক হিচাপে গণ্য কৰা হয়। স্কৰচেচে অস্কাৰ বঁটাৰ বাবে কেইবাবাৰো মনোনয়ন লাভ কৰিছিল। ২০০৭ চনত 'দ্য ডিপাৰ্টেড' পৰিচালনাৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা লাভ কৰিছিল। ইষ্টভান জাবো যোৱা কেইটামান দশকৰ আটাইতকৈ সমালোচকৰ দ্বাৰা প্ৰশংসিত হাংগেৰিয়ান চলচ্চিত্ৰপৰিচালকসকলৰ মাজৰ এজন। তেওঁ ফাদাৰ (১৯৬৬) আৰু মেফিষ্টো (১৯৮১)ৰ দৰে উৎকৃষ্ট কৃতিৰ বাবে জনাজাত। তেওঁ মেফিষ্টো চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ বিদেশী ভাষা শ্ৰেণীত একাডেমী বঁটা লাভ কৰিছিল। ৫২ তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰমহোৎসৱ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ'ব। প্ৰথমবাৰৰ বাবে IFFI- এ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অ'টিটি প্লেটফৰ্মসমূহক আমন্ত্ৰণ জনাইছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
14e13d24c660f6ff1d3d102273c8e4ab7b3fb1d655713f8ea9212152516303e3
১৮২৫ চনৰ এই দিনটোতে ইংৰাজ জীৱবিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখক 'থমাছ হেনৰি হাক্সলি'য়ে জন্ম গ্ৰহণ কৰিছিল। ১৯২৯ চনৰ আদিৰ দিনটোতেই অড্ৰী হেপ্বাৰ্ন (Audrey Hepburn) ৰ জন্ম হয়। এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী আছিল। ১৭৯৯ চনত আজিৰ দিনটোত ব্ৰিটিছৰ লগত মহীশূৰৰ ৰাজপুত টিপু চুলতানৰ লগত সংঘৰ্ষ হয়। এই যুদ্ধত টিপু চুলতানৰ মৃত্যু হয়। ১৯৪২ চনৰ আজিৰ দিনটোতে "এন্দ্ৰিউ গৌড়লে' ক্ল"'ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে'লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে। ১৯৭৯ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ আজিৰ দিনটোতে নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান 'মেগেলান' উৎক্ষেপন কৰা হৈছিল।
7faee628693397bf4081e04d99c424a18af29d2e45105d852a778adcb5118605
আদি ৰোমান যুগত ওপৰত উল্লেখিত ধৰণৰ অনুষ্ঠানত অংশলোৱা লোক সকলক ইংৰাজী ভাষাত Pantomime বুলিছিল। অৰ্থাৎ Pantomime সকল আছিল এক শ্ৰেণীৰ অভিনেতা যি মূকাভিনয় অনুষ্ঠানত অংশগ্ৰহন কৰিছিল। এই সকলৰ উদ্ভৱকাল নিৰ্ণয় কৰা কঠিন। Pantomime শব্দটি গ্ৰীক শব্দ, যাৰ অৰ্থ বিশুদ্ধ অনুকৃতি (ইংৰাজী ভাষাতঃ allmimic)।সকলো অভিনেতায়েই কিছু পৰিমানে মুকাভিনয় কৰিব লগা হয় তেওঁলোকৰ অংগীভঙ্গিৰ জৰিয়তে। Pantomime মাত্ৰ ভাৱ, ক্ৰিয়া আৰু পৰিস্থিতিৰ দেহ ভংগী আৰু পদক্ষেপৰ প্ৰকাশ। সভ্যতাৰ আদি যুগত প্ৰত্যেক দেশৰ ৰণনৃত্য, জীৱজন্তুৰ অনুকৰণ, বলিদান আদি অনুষ্ঠানত Pantomimeৰ অস্তিত্ব পোৱা যায়। ভাৰত আৰু মিচৰৰ সভ্যতাত Pantomime-এ এক ধাৰাবাহিকতা অক্ষুন্ন ৰাখি শিল্পৰ পৰ্য্যায়লৈ উন্নীত হয়। গ্ৰীকসকলে মাজে মাজে মূকাভিনয়ৰ সহায়ৰ হেতু 'কোৰাচ' যুক্ত কৰিছিল।ৰোমান সকলে বিশেষ ভাবে Pantomimeৰ উন্নতি সাধন কৰিছিল।এই উৎকৰ্ষ সাধনৰ বাবে ৰোম সাম্ৰাজ্যত বিদ্যালয়ো প্ৰতিস্থা কৰিছিল। মুকাভিন্যৰ বিভিন্ন চৰিত্ৰৰ পাৰ্থক্য বুজাবলৈ মুখাৰ প্ৰয়োগ কৰিছিল।কেতিয়াবা কেতিয়াবা এই মূকাভিনয়ৰ লগত দৃশ্যসজ্জা, আবাহসঙ্গীত যুক্ত কৰি এক নাট্য মূহুৰ্ত্তৰো সৃষ্টি কৰিছিল। ইংৰাজ সকলৰ "Dumb-Show" প্ৰকৃততে এই Pantomimeৰে এটি আঙ্গিক মাত্ৰ। পুৰণি ৰোমান সম্ৰাট অগাষ্টাচ আছিল Pantomimeৰ পৃষ্ঠপোষক। বহুতে সেয়ে আগাষ্টাচক মূকাভিনয়ৰ জন্মদাতা বুলি ক'ব বিছাৰে।উল্লেখযোগ্য যে সম্ৰাট টিবেৰিয়াচে আকৌ Pantomimeৰ জনপ্ৰিয়তা হ্ৰাস কৰিবৰ বাবে এক নিষেধাজ্ঞা জাৰি কৰিছিল। ফলত সেই সময়ৰ সম্ভ্ৰান্ত ব্যক্তি সকলৰPantomime দলত যোগদান বন্ধ হৈ পৰিছিল।বৰ্তমান যুগত আকৌ Pantomimeৰ চৰ্চা পুনঃআৰম্ভ হয়। স্বয়ং সম্ৰাট 'নিৰো'ৱে হেনো Pantomime হিছাবে অভিনয়ো কৰিছিল। Pantomime সকলে মুখাৰ ব্যৱহাৰ কৰিছিল, সেয়ে মুখৰ অভিব্যক্তি বা অনুকৃতি সম্ভব হোৱা নাছিল। হাত আৰু হাতৰ আঙুলি বোৰেই প্ৰধানতঃ ব্যৱহাৰ হৈছিল। ২০খৃষ্টাব্দৰ পৰা মহিলা সকলে Pantomime হিছাবে আত্মপ্ৰকাশ কৰে। কোনো কোনো সময়ত সেই অভিনেত্ৰী সকলে নগ্ন হৈও অভিনয় কৰিছিল। এই কাৰ্য্যত প্ৰাচীন খৃষ্টান লিখক সকল খৰ্গহস্ত হৈছিল আৰু 'গ্ৰচৱী জুভেনাল' নামৰ দাৰ্শণিকজনে এই অনুষ্ঠান সমুহ অশ্লীল বুলি প্ৰতিবাদ কৰিছিল। কালক্ৰমত বিভিন্ন পৰিবৰ্তনৰ মাজেৰে আহি আধুনিক Pantomime ত মুকাভিনেতাতকৈ অভিনিত বিষয়বস্তুৰ গুৰুত্ব বাঢ়িল। Pantomime বিলাকত আঞ্চলিক ছাপ আৰু সমসাময়িক বিষয় যুক্ত হৈছিল। সেই বিলাকত বিভিন্ন দৃশ্যসজ্জা, অনুকৃতি, নৃত্য, যাদু খেল, স্হূল ৰসৰে পুৰ্ণহৈ পূৰ্বৰ মৰ্য্যদা হেৰুৱাবলৈ আৰম্ভ কৰিছিল।মধ্যযুগত Mystry Playৰ মাজত আকৌ আমি Pantomimeৰ পূৰ্ৱৰ ধাৰা দেখা পাওঁ। Comedia-Del-Arte ৰ এটা আংগিক Pantomimeৰ ৰূপত আভিৰ্ভাব হল।ইয়াৰ মাজতে Harlequinadeৰ জনপ্ৰিয় চৰিত্ৰ সমুহ তথা বহুৱা ইত্যাদিৰ আমদানী হবলৈ ধৰিলে। আনুমানিক ১৭২৩ খৃষ্টাব্দত এনেধৰণৰ বিনোদন ধৰ্মী অনুষ্ঠানে ইংলণ্ডত বেছ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯ শতিকাত 'বেলে' নৃত্যৰ অধঃপতনৰ লগে লগে Pantomimeও মঞ্চৰ পৰা প্ৰায় লুপ্ত হৈ পৰে।কিন্তু কুৰি শতিকাৰ প্ৰথম দশকত 'ৰুডলফ ভন' আৰু 'মেৰী উইগমেন'ৰ প্ৰচেষ্টাত Pantomime এ জাৰ্মেনীত New Dance নামে পুনৰ প্ৰতিস্থা হয়। কালক্ৰমত লাহে লাহে গোটেই বিশ্বতে Pantomime জনপ্ৰিয় হৈ পৰে। ভাৰতীয় নৃত্য শৈলী, বিশেষকৈ ভাৰত নাট্যম আৰু কথাকলিত অতীতকালৰে পৰা মূকাভিনয়ৰ অস্তিত্ব বিদ্যমান। এই দুবিধ শৈলীত প্ৰয়োগ হোৱা বিভিন্ন অংগীভঙ্গি , অভিব্যক্তি(মুখজ অভিনয়) আদিৰ কথা এইখিনিতে উল্লেখ কৰিব পাৰি। যি সমুহ কঠোৰ অনুশীলনী আৰু ব্যাকৰণ সন্মত শিক্ষাৰ দ্বাৰা আয়ত্ত্ব কৰিব পাৰি। মূকাভিনয় কলাৰ কিছুমান আভ্যন্তৰীণ সূত্ৰ আছে।এই সূত্ৰ সমুহৰ সহায়ত এজন মূকাভিনেতাই তেওঁৰ অভিনয়ৰ পূৰ্ণ বিকাশ কৰিব পাৰে আৰু দৰ্শক সকলেও বিষয় বস্তু সম্পুৰ্ণভাৱে উপলব্ধি কৰিব পাৰে। ২) গতিবেগৰ সূত্ৰ (Velocity) :-কোনো এটা গোষ্ঠী বা সমষ্টি অথবা শক্তি যিটো লয় বা চন্দত চলমান হয় তাৰ হাৰকে গতিবেগ বা Velocity বোলা হৈছে। ৩) মনোভাৱ (Attitude):- সক্ৰিয় আবেগ কিদৰে উত্থ্বান হয় আৰু পৰোক্ষ আবেগ কিদৰে পতন হয়, মনোভাৱে তাকেই বুজায়। ভঙ্গীমা আৰু অঙ্গাভিনয় যন্ত্ৰ (Gestures and Gesture Apparatus): মূকাভিনয় শিল্পৰ মূল ভিত্তি হৈছে দেহ আৰু মন। এই দুয়োটাৰ ওপৰত সংযম আৰু পুৰ্ণ দখল থকা অত্যন্ত প্ৰয়োজন। এই দুইটাৰ সন্মিলিত ব্যৱহাৰে মুকাভিনয়ৰ উন্নতি কৰে।ইয়াৰ বাবে মূকাভিনেতাৰ দেহৰ প্ৰতিটো অঙ্গপ্ৰত্যঙ্গ শিঠিল আৰু সংযত কৰিব লাগে। বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা উক্ত গুণ আয়ত্ব কৰা যায়। দেহৰ প্ৰতিটো অঙ্গপ্ৰত্যঙ্গক এনেকুৱাকৈ প্ৰস্তুত কৰিব লাগিব যাতে নিজস্ব ভাব প্ৰকাশ কৰোঁতে এটা কলাসুলভ সৌন্ধৰ্য্য প্ৰকাশ কৰে। ভঙ্গীমা (Gesture): মূকাভিনয়ত অভিনেতাৰ দেহৰ প্ৰতিটো অংগই কথা কয়। অঙ্গী-ভঙ্গীৰ দ্বাৰাই বাক্য, কথা, বক্তিতা আদি যাবতীয় নাট্যবক্তব্য প্ৰকাশ কৰে। Gesture বা ভঙ্গীমাৰ অৰ্থ হ'ল দেহৰ এটা ভঙ্গী যাৰ দ্বাৰা ক'বলগীয়া এটা বাক্য বা বক্তব্য সুস্পষ্টকৈ প্ৰকাশ কৰে। ভঙ্গীমা তিনি প্ৰকাৰঃ ভঙ্গীমা সমুহ প্ৰদৰ্শন কৰিবৰ বাবে "অঙ্গাভিনয় যন্ত্ৰ"ৰ প্ৰয়োজন। যন্ত্ৰ সমুহ হ'লঃ হাত দুখন, মণিবন্ধ, কিলাকুটি আৰু কান্ধ। এই প্ৰতিটো অংগৰ একোটা বিশেষ অৰ্থ প্ৰকাশ ক্ষমতা আছে। মুখমণ্ডলৰ পাছতেই হাতৰ স্থান। কাৰণ হাত দুখন হ'লঃ হাত আৰু নিম্ন বাহুৰ সংযোগস্থলকে 'মণিবন্ধ' বোলা হয়। হাতৰ লগত চিধাচিধি সম্পৰ্ক হ'ল মণিবন্ধৰ। কাৰণ হাতৰ বিভিন্ন ভঙ্গীৰ বাবে কৰা বিভিন্ন স্থান পৰিৱৰ্তনৰ বাবে মণিবন্ধই দায়বদ্ধ। হাতৰ ভঙ্গী নিখুঁত আৰু সূক্ষ্ম কৰাৰ বাবে মণিবন্ধৰ সংযম আৰু নমনীয়তাৰ ব্যায়াম কৰা একান্ত প্ৰয়োজন। মানুহৰ দেহ তিনিটা প্ৰধান ভাগত বিভক্ত।এই বোৰ আকৌ কিছুমান অঞ্চলত বিভক্ত।এই অঞ্চল বিলাকে কোনো অঙ্গাভিনয়ৰ আৰম্ভ আৰু সমাপ্তিবিন্দু সুচায়।প্ৰধান অঙ্গ তিনিটা হলঃ মস্তকৰ উপৰিভাগ কপাল আৰু চকু দুটাৰে গঠিত।এই অঞ্চলটোক মানসিক অঞ্চল বা ইংৰাজীত Frontal Zone বোলে।ইয়াৰ মধ্যাঞ্চল গঠন হৈছে নাক আৰু ওপৰ ওঠৰ দ্বাৰা।মধ্যাঞ্চল আবেগময়তাৰ অঞ্চল বা ইংৰাজীত Buccal Zone বোলে।মস্তকৰ নিম্নাংশ গঠিত হৈছে তল ওঠ আৰু ঠুতৰিটোক লৈ।এই অঞ্চল দৈহিক প্ৰবৃতিৰ দ্বাৰা পৰিপূৰ্ণ।এই অংশক ইংৰাজীত Zenal Zone বোলা হয়। উৰ্দ্ধাংশঃ দেহকাণ্ডৰ উৰ্দ্ধাংশ বুকুৰ দ্বাৰা গঠিত।এই অঞ্চলে সন্মান বা গৌৰৱক প্ৰতিনিধিত্ব কৰে।পুৰূষত্ব বা নাৰীত্বৰ প্ৰকাশক এই অঞ্চল।পৰবৰ্তী অংশ হৃদপিণ্ডৰ দ্বাৰা গঠিত।এই অঞ্চল অনুভুতি অঞ্চল। নিম্নাংশঃ এই অঞ্চল উদৰ বা পেটৰ সমগ্ৰ অংশৰে গঠিত।উদৰাঞ্চল পৰিপুৰ্ণ ভাবে জীৱনী শক্তিৰ পৰিচায়ক।এটা কথা মন কৰিব লগিয়া যে অঙ্গাভিনয় যদি এই অঞ্চলৰ পৰা আৰম্ভ হয় অথবা এই অঞ্চল অভিমুখী হয় তেন্তে সেই অঙ্গভঙ্গী স্থুল আৰু অশ্লীল বুলি পৰিগনিত হব। উপৰোক্ত অঞ্চল বিলাক গোৰোহা,আঁঠু আৰু নিতম্বৰ দ্বাৰা সংযুক্ত। হাত আৰু ভৰিহাল দেহৰ আটাইতকৈ বেছি প্ৰয়োজনীয় অংগ কাৰণ এই দুটাৰ দ্বাৰাই সৰ্বাধিক ক্ৰিয়া কৰ্ম সাধিত হয়।
fce3bd6abf060b1df5d13453a07c62352d1b85eacc0c317a37f70633a026bdfb
एक साल में बाइबल - ইণ্ডিয়ান ৰিভাইচ ভাৰচন - अप्रैल 25\n1. কিছু দিনৰ পাছত ঘেঁহুধান দাবৰ সময়ত চিমচোনে এটা ছাগলী লগত লৈ নিজৰ পত্নীৰে সৈতে সাক্ষাৎ হ'বৰ বাবে গৈ ক'লে, "মই মোৰ পত্নীৰ ওচৰত যাবৰ বাবে ভিতৰ কোঠালিলৈ যাওঁ"; কিন্তু তাইৰ বাপেকে তেওঁক ভিতৰলৈ যাব নিদিলে।\n2. আৰু তাইৰ বাপেকে ক'লে, "সঁচাকৈ তুমি তাইক ঘিণ কৰিলা বুলি ভাবি, মই তাইক তোমাৰ সখীয়েৰাক দিলোঁ; তাইৰ সৰু ভনীয়েক জানো তাইতকৈ সুন্দৰী নহয়? মই নিবেদন কৰোঁ, তাইৰ সলনি তায়ে তোমাৰ পত্নী হওক, তুমি তেওঁকেই লৈ যোৱা।"\n3. তেতিয়া চিমচোনে সিহঁতক ক'লে, "এইবাৰ মই পলেষ্টীয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষী সাব্যস্ত কৰিব নোৱাৰে।"\n4. পাছত চিমচোনে গৈ তিনিশ শিয়াল ধৰি, নেজে নেজে জুঁটি দুডাল দুডাল নেজত এটা এটা আৰিয়া বান্ধিলে।\n5. পাছত সেই আৰিয়াত জুই লগাই পলেষ্টীয়াসকলৰ থিয় হৈ থকা পকা ধাননিৰ মাজত এৰি দিলে; তাতে বন্ধা মুঠি আৰু নোদোৱা থিয় হৈ থকা ধান আৰু জিত গছৰ বাৰীবোৰ পুৰি পেলালে।\n6. তেতিয়া পলেষ্টীয়াসকলে সুধিলে, "এই কাম কোনে কৰিলে?" মানুহে ক'লে, তিম্নায়ীয়াৰ জোঁৱায়েক চিমচোনে এই কাম কৰিলে, কিয়নো তেওঁৰ শহুৰেকে তেওঁৰ ঘৈনীয়েকক তেওঁৰ সখীয়েকক দিলে; তাতে ফীলিস্টীয়াসকলে আহি সেই মহিলা আৰু তাইৰ বাপেকক জুই দি পুৰিলে।\n7. পাছত চিমচোনে সিহঁতক ক'লে, "এয়া তোমালোকে যি কৰি মোৰ ক্ষতি কৰিলা, এতিয়া মই তোমালোকৰ ক্ষতি কৰিম। ইয়াৰ পাছতহে তোমালোকৰ ওপৰত প্ৰতিশোধ লোৱা সমাপ্ত হ'ব।"\n8. ইয়াকে কৈ তেওঁ নিৰ্দ্দয়ৰূপে সিহঁতক প্ৰহাৰ কৰি তেওঁলোকৰ অধিক লোকক বধ কৰিলে, পাছত তেওঁ এটম শিলৰ গুহালৈ গ'ল আৰু তাতেই বাস কৰিলে।\n9. সেই সময়ত পলেষ্টীয়াসকলে যিহূদালৈ গ'ল। লেহী নামৰ ঠাইত তেওঁলোকে বিশ্রাম ল'লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ'ল।\n10. তাতে যিহূদাৰ মানুহবোৰে সুধিলে, "তোমালোকে আমাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিবলৈ উঠি আহিলা?" সিহঁতে ক'লে, "আমি চিমচোনক বান্ধিবলৈ আহিলোঁ, সি আমালৈ যেনে কৰিলে, আমিও তাক তেনে কৰিবলৈ আহিলোঁ।"\n11. তেতিয়া যিহূদাৰ তিনি হাজাৰ লোকে এটম শিলৰ গুহালৈ নামি গৈ চিমচোনক ক'লে, "পলেষ্টীয়াসকল যে আমাৰ শাসনকৰ্ত্তা, সেই বিষয়ে তুমি নাজানা নেকি? তেন্তে আমাৰ বিৰুদ্ধে এইটো কি কাম কৰিলা?" তাতে তেওঁ তেওঁলোকক ক'লে, "সিহঁতে মোলৈ যেনে কৰিলে, ময়ো সিহঁতলৈ তেনে কৰিলোঁ।"\n12. তেওঁলোকে তেওঁক ক'লে, "এতিয়া আমি পলেষ্টীয়াসকলৰ হাতত শোধাই দিবৰ অৰ্থে তোমাক বান্ধি নিবলৈ নামি আহিলোঁ।" চিমচোনে তেওঁলোকক ক'লে, "তোমালোকে মোক বধ নকৰোঁ বুলি শপত খোৱা।"\n13. তেওঁলোকে ক'লে "নহয়, কেৱল আমি তোমাক শকতকৈ বান্ধি নি সিহঁতৰ হাতত শোধাই দিম; আমি নিশ্চয়ে তোমাক বধ নকৰোঁ।" পাছত তেওঁলোকে দুগজ নতুন ৰচীৰে তেওঁক বান্ধি সেই শিলৰ পৰা লৈ গ'ল।\n14. পাছত তেওঁ যেতিয়া লেহী পালে তেতিয়া, পলেষ্টীয়াসকলে তেওঁক পাই বৰকৈ জয় ধ্বনি কৰিলে। তেতিয়া যিহোৱাৰ আত্মা পূর্ণ শক্তিত তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁৰ বাহুত বান্ধি ৰখা ৰচীবোৰ পুৰি যোৱা শণৰ নিচিনা হ'ল আৰু তেওঁৰ হাতৰ পৰা বন্ধন খহি পৰিল।\n15. পাছত তেওঁ গাধৰ গালৰ এডাল কেঁচা হাড় পাই হাত মেলি সেই ডাল ল'লে, তাৰেই এক হাজাৰ লোকক বধ কৰিলে।\n16. তেতিয়া চিমচোনে ক'লে, "গাধৰ গালৰ হাড়ডালেৰে দ'মৰ উপৰি দ'ম কৰিলোঁ; গাধৰ গালৰ হাড়ডালেৰে এক হাজাৰ লোকক বধ কৰিলোঁ।"\n17. পাছত তেওঁৰ কথা কোৱা শেষ হোৱাত, হাতৰ পৰা হাড়ডাল পেলাই দিলে; তাতে সেই ঠাইৰ নাম ৰামৎ-লেহী হ'ল।\n18. পাছত তেওঁৰ বৰকৈ পিয়াহ লগাত, তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, "তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা-নিস্তাৰ কৰিলা; এতিয়া মই পিয়াহত মৰি সেই অচুন্নৎহঁতৰ হাতত পৰিম।"\n19. তাতে যিহোৱাই লেহীত থকা, কুণ্ডৰ নিচিনা দ ঠাইত শিল ফালি বাট উলিওৱাত তাৰ পৰা পানী ওলাল। তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত চেতনা পালে; এই হেতুকে তাৰ নাম অয়িন-হক্কোৰ ৰখা হ'ল; সেই জলৰ ভুমুক এতিয়ালৈকে লেহীত আছে।\n20. পলেষ্টীয়াসকলৰ দিনত তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।\n1. এদিন চিমচোন গাজা লৈ গৈছিল আৰু তাত এজনী বেশ্যা তিৰোতা দেখি তাইৰ ওচৰলৈ গ'ল।\n2. তাতে "চিমচোন এই ঠাইলৈ আহিছে" বুলি ঘচাতীয়াহঁতে যেতিয়া জানিব পাৰিলে, তেতিয়া তেওঁলোকে সেই ঠাইখন বেৰি ধৰি নগৰৰ দুৱাৰত ওৰে ৰাতি তেওঁলৈ খাপ দি লুকাই থাকিল। "আহাঁ আমি ৰাতিপুৱালৈকে থাকো আৰু দিন হ'লে আমি তাক বধ কৰিম এইবুলি কৈ ওৰে ৰাতি মনে মনে থাকিল।"\n3. কিন্তু চিমচোন মাজ নিশালৈকে তাতে থাকি, মাজনিশা উঠি নগৰৰ দুৱাৰৰ দুখলপা আৰু খুঁটা দুটা হাতেৰে ধৰি উঘালি ডাঙেৰে সৈতে কান্ধত তুলি হিব্ৰোণৰ আগত থকা পৰ্ব্বতৰ টিঙলৈ লৈ গ'ল।\n4. তাৰ পাছত চোৰেক উপত্যকাত থকা দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত মোহ গ'ল।\n5. তাতে পলেষ্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক'লে, "তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল ৰূপৰ মুদ্ৰা দিম।"\n6. পাছত দলীলাই চিমচোনক ক'লে, "বিনয় কৰোঁ তোমাৰ এনে মহাবল কিহত আছে আৰু দুৰ্গতি কৰিবলৈ তোমাক কিহেৰে বান্ধিব লাগে সেই বিষয়ে মোক কোৱা।"\n7. তেতিয়া চিমচোনে তাইক ক'লে "নতুন সাত খন ধনুৰ নুশুকুৱা গুণেৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ'ম।"\n8. পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে সাতডাল নুশুকুৱা ধনুৰগুণ আনি সেই মহিলাক দিলে; তেতিয়া তাই তাৰে চিমচোনক বান্ধিলে।\n9. সেই সময়ত তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই চিমচোনক ক'লে, "হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।" তাতে জুইৰ তাপত শণ সূতা যেনেকৈ ছিগে, তেনেকৈ তেওঁ সেই ধনুৰ গুণবোৰ বোৰ ছিঙি পেলালে; এইদৰে তেওঁৰ শক্তিৰ বিষয়ে একো বুজি পোৱা নগ'ল।\n10. পাছত দলীলাই চিমচোনক ক'লে "চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক'লা; এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি কৰ পৰা হয়।"\n11. তেতিয়া তেওঁ তাইক ক'লে, "যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ'ম।"\n12. তাতে দলীলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে; তেতিয়া তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই তেওঁক ক'লে "হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া;" তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে।\n13. পাছত দলীলাই চিমচোনক ক'লে, "তুমি এতিয়াও মোক ঠগিলা আৰু মিছা কথা কৈছা; কিহেৰে তোমাক বান্ধিব পৰা যায় সেই বিষয়ে মোক কোৱা।" চিমচোনে তাইক ক'লে, "তই যদি মোৰ চুলি সাতকোঁচা তাঁতৰ লগত বৱ, তেতিয়া হ'লে মই আন মানুহৰ দৰে হৈ পৰিম।"\n14. তেতিয়া তাই তাঁতৰ খুটিৰ লগত তাক বান্ধি তেওঁক ক'লে, "হেৰা চিমচোন, পলেষ্টীয়াসকলে তোমাক ধৰেহে এতিয়া;" তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই, তাঁতেৰে সৈতে তাঁতৰ খুটি উঘালি পেলালে।\n15. পাছত দলীলাই তেওঁক ক'লে, "তুমি মোক বিশ্বাস কৰা নাই; অথচ তুমি মোক ভাল পাওঁ বুলি কোৱা। তোমাৰ মহাশক্তিৰ গোপন ৰহস্যৰ কথা তুমি মোক নক'লা; কিন্তু এই বিষয়লৈ তুমি মোক তিনিবাৰকৈ ঠগিলা।"\n16. এইদৰে তাই প্রতিদিনে তেওঁক ইমানকৈ ধৰিলে যে, তেওঁৰ নিজ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে।\n17. তেতিয়া তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি-পাতি এইদৰে ক'লে যে, "মোৰ মূৰত কেতিয়াও খুৰ লগোৱা হোৱা নাই, কিয়নো মাৰ গৰ্ভৰে পৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় মানুহ; মুৰ খুৰালেই মোৰ শক্তিয়ে মোক এৰি যাব; তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ'ম।"\n18. এইদৰে তেওঁ মনৰ সকলো কথা ভাঙি ক'লে বুলি দলীলাই বুজি পোৱাৰ পাছত, মানুহ পঠিয়াই পলেষ্টীয়াসকলৰ অধিপতি সকলক মাতি আনি ক'লে, "এইবাৰ আহাঁ কিয়নো তেওঁ মোক নিজৰ মনৰ সকলো কথা ভাঙি-পাতি ক'লে।" তেতিয়া ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ধন হাতত লৈ তাইৰ ওচৰলৈ আহিল।\n19. পাছত তাই নিজৰ কোলাত তেওঁক শুৱাই ল'লে আৰু এটা মানুহ মাতি আনি তেওঁৰ মূৰৰ সাতকোঁচা চুলি খুৰুৱালে; আৰু তেওঁক দুখ দিবলৈ ধৰিলে। তাতে তেওঁৰ শক্তিয়ে তেওঁক এৰি গ'ল।\n20. পাছত তাই ক'লে, "হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।" তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিলে আন আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম; কিন্তু যিহোৱাই যে তেওঁক ত্যাগ কৰিলে সেই বিষয়ে হ'লে তেওঁ নাজানিলে।\n21. পাছত পলেষ্টীয়াহঁতে তেওঁক বন্দী কৰিলে। তাৰ পাছত তেওঁৰ চকু দুটা কাঢ়িলে; তেওঁক গাজালৈ আনি পিতলৰ দুডাল শিকলিৰে বান্ধিলে আৰু তেওঁ কাৰাগাৰত জাঁত পিহিলে।\n22. তথাপি খুৰুৱাৰ পাছত তেওঁৰ মুৰৰ চুলি আকৌ বাঢ়িবলৈ ধৰিলে।\n23. পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে তেওঁলোকৰ দেৱতা দাগোনৰ উদ্দেশ্যে মহা-যজ্ঞ আৰু ৰং ধেমালি কৰিবলৈ গোট খালে; কিয়নো সিহঁতে ক'লে, "আমাৰ দেৱতাই আমাৰ শত্রু চিমচোনক আমাৰ হাতত দিলে।"\n24. আৰু তেওঁক দেখি লোকসকলে তেওঁলোকৰ দেৱতাৰ প্ৰশংসা কৰিলে; কিয়নো তেওঁলোকে ক'লে "আমাৰ অনেকক বধ কৰি, দেশ বিনষ্ট কৰা শত্রুক আমাৰ দেৱতাই আমাৰ হাতত সমৰ্পণ কৰিলে।"\n25. পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক'লে, "চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওঁক।" তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে; পাছত সিহঁতে স্তম্ভ দুটাৰ মাজত তেওঁক থিয় কৰালে।\n26. তেতিয়া চিমচোনে তেওঁৰ হাতত ধৰি থকা ল'ৰাটোক ক'লে, "মোক এৰি দে, যি দুটা স্তম্ভৰ ওপৰত ঘৰৰ ভৰ আছে, সেই দুটা মোক চুবলৈ দে, মই তাত আঁউজি থিয় হওঁ।"\n27. সেই সময়ত পুৰুষ-মহিলাৰে সেই ঘৰ ভৰি আছিল আৰু পলেষ্টীয়াসকলৰ সকলো অধিপতিও তাত আছিল। ঘৰৰ চালৰ ওপৰত প্রায় তিনি হাজাৰ পুৰুষ-মহিলাই চিমচোনে দেখুউৱা ৰং চাই আছিল।\n28. তেতিয়া চিমচোনে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, "হে প্ৰভু যিহোৱা মই যেন মোৰ চকু দুটাৰ কাৰণে পলেষ্টীয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰাঃ হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।"\n29. তাতে মাজত থকা স্তম্ভ দুটাৰ ওপৰত ঘৰৰ ভৰ আছিল, চিমচোনে তাৰ এটাক সোঁহাতেৰে, আনটোক বাওঁ-হাতেৰে ধৰি চাপৰি ক'লে "পলেষ্টীয়াহঁতৰ সৈতে মোৰ প্ৰাণ যাওক।"\n30. এইবুলি কৈ, নিজৰ সকলো বলেৰে তেওঁ ভৰ দিলে; তেতিয়া সেই ঘৰ, তাৰ ভিতৰত থকা অধিপতি আদি সকলো লোকৰ ওপৰত পৰিল; এইদৰে তেওঁ জীৱনৰ কালত বধ কৰা লোকতকৈ মৰণৰ কালত বধ কৰা লোক অধিক হ'ল।\n31. পাছত তেওঁ ভাইসকলৰ লগতে আদি কৰি সকলো পিতৃ-বংশই নামি আহি, তেওঁক লৈ গৈ চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত তেওঁৰ পিতৃ মানোহৰ মৈদামত তেওঁকো মৈদাম দিলে। তেওঁ বিশ বছৰ ইস্ৰায়েলৰ বিচাৰ কৰিছিল।\n1. হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোক কৃপা কৰা, তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা।\n2. মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।\n3. মোৰ পাপবোৰ মই নিজে জানিছোঁ; মোৰ পাপ সদায় মোৰ আগত আছে।\n4. তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ; তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলোঁ; তুমি তোমাৰ বাক্যত ধাৰ্মিক, তোমাৰ বিচাৰ নিখুঁত।\n5. চোৱা, অধৰ্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে।\n6. তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা; সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।\n31. যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।\n32. দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।\n1. নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক'লে,\n2. "এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল।\n3. সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, 'অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক'।\n4. তাতে তেওঁ কিছু দিনলৈ সন্মত নহ'ল; কিন্তু পাছত নিজৰ মনতে ক'লে, 'মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো,\n5. তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুণৰ আহি মোক আমনি দিব'।"\n6. পাছত প্ৰভুৱে ক'লে, "সেই অধাৰ্মিক বিচাৰকে কি কয়, 'শুনা।\n7. তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?'\n8. মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?"\n9. ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।\n10. "দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ'ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।\n11. ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, 'হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।\n12. মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ'।\n13. কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক'লে, 'হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক'।\n14. মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ'ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ'ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ'ব।"\n15. এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে।\n16. তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক'লে, "শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবাঃ কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।"\n17. এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক'লে, "তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।"\n18. এজন ধনী শাসনকর্তাই সুধিলে, "হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম?"\n19. যীচুৱে ক'লে, "কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।\n20. তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।"\n21. তাতে শাসনকর্তাই ক'লে, "ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।"\n22. যীচুৱে এই কথা শুনি তেওঁক ক'লে, "এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা।"\n23. তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ'ল, কিয়নো তেওঁ বৰ ধনী আছিল।
03b825d07ff97abc54857d404d788eb74eda67f49e5b3b900f1ae216cb56b4ec
প্ৰতি বছৰৰ দৰে এইবাৰো ২৭ সংখ্যক ৰাষ্ট্ৰ সংঘৰ জলবায়ু পৰিৱৰ্তন মহাসভা ( COP-27, Countries of Participating) অনুষ্ঠিত হৈছে। যোৱা বছৰত স্কটলেণ্ডৰ গ্লাছগ' চহৰত মহাসভাখন অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ উক্ত সভা অনুষ্ঠিত হৈছে মৰুৰ দেশ ইজিপ্তৰ শাৰ্ম-আল্-শ্বেইখ্ চহৰত। ৬ নৱেম্বৰৰ পৰা চলি থকা মহাসভাখনত সমগ্ৰ বিশ্বৰে ১৯০খন ৰাষ্ট্ৰৰ বিশ্বপ্ৰতিনিধিয়ে ভাগ লৈছে। বিগত কিছু মাহত জলবায়ু পৰিৱৰ্তনজনিত প্ৰভাৱসমূহ আমাৰ ভালদৰে দৃষ্টিগোচৰ হৈছেই। যুদ্ধ তথা অৰ্থনৈতিক অস্থিৰতাত বিপৰ্য্যস্ত বিশ্বৰ ক্ৰমবৰ্ধমান জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ সতে মোকাবিলা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈ অহা এই সন্মিলনৰ সামগ্ৰিক সিদ্ধান্তৰাজিয়ে জলবায়ু সুস্থিৰতাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি বিবেচিত হৈ আহিছে। এইবাৰৰ সন্মিলনখনতো জলবায়ু পৰিৱৰ্তন সংক্ৰান্তীয় গুৰু কাৰণসমূহ, যেনে, পাকিস্তান, নাইজেৰিয়াৰ প্ৰলয়ংকাৰী বানপানী, আফ্ৰিকা, যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ তীব্ৰ খৰাং পৰিস্থিতি, ইউৰোপীয় দেশসমূহত সৃষ্টি হোৱা তীব্ৰ বনজুই, আৰবীয় উপমহাদেশসমূহত সৃষ্ট ঘূৰ্ণী বতাহ, গোলকীয় উষ্ণতা বৃদ্ধি ইত্যাদি বিষয়বোৰৰ সম্পৰ্কে আলোচনা হৈছে। ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধান এন্ট'নিয় গাটেৰেছে চিন্তা প্ৰকাশ কৰি কৈছে যে প্ৰতিবেদনৰাজিৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ এক বৰ অসন্তোষজনক প্ৰতিচ্ছবি স্পষ্ট হৈছে । COP27 সন্মিলনৰ জৰিয়তে এই ক্ষেত্ৰত অতি দ্ৰুত তথা সাহসী পদক্ষেপ গ্ৰহণ কৰিব লাগিব । অন্যথা বিশ্বব্যাপী এই জলবায়ু পৰিৱৰ্তনৰ যুদ্ধত হয়তো আমি জয়ী হ'ম নতুবা আমি নিচিহ্ন হৈ যাম। সঁচাকৈয়ে, সুনিৰ্দিষ্টভাৱে এই যুঁজখনৰ অৰ্থ হৈছে চলিত শতিকাৰ শেষৰফাললৈকে গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী ছেলছিয়াছত সীমিত ৰখাৰ দৰে জটিল প্ৰত্যাহ্বান । কাজেই ২০৩০ বৰ্ষৰ ভিতৰত সেউজগৃহ গেছ নিৰ্গমনৰ পৰিমাণ ৪৫% পৰ্য্যন্ত হ্ৰাস কৰিব লাগিব । বিগত বৰ্ষৰ সন্মিলনতো ( COP26 - Glasgow ) বহু ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।কাৰ্বন নিৰ্গমন হ্ৰাসৰ ক্ষেত্ৰত কয়লাৰ ব্যৱহাৰ হ্ৰাস, ২০৩০ বৰ্ষৰ ভিতৰত বন ধ্বংসযজ্ঞ হ্ৰাসকৰণ, মিথেন গেছ নিৰ্গমন হ্ৰাসকৰণ ইত্যাদি কেতবোৰ উল্লেখযোগ্য সিদ্ধান্ত আছিল। কিন্তু দুখজনকভাৱে বিশ্বৰ দেশবোৰৰ চৰকাৰে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত বৰ বেছি অগ্ৰগতি লাভ কৰিব পৰা নাই। ৰাষ্ট্ৰ সংঘই এই ক্ষেত্ৰত তীব্ৰ সমাধানসূচক চিন্তা-চৰ্চা আগবঢ়াবলৈ সকলো সদস্য দেশসমূহৰ প্ৰতিনিধিবৰ্গক আহ্বান জনাইছে। তথাপি আশা কৰোঁ, বিশ্বৰ সৰ্বোচ্চ তথা সবাতোকৈ প্ৰয়োজনীয় এই বিশ্ব জলবায়ু মহাসভাখনৰ গুৰুত্বই পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন হ্ৰাসৰ দিশত নিতান্তই অৰিহণা যোগাব।।
be45f25f1a39e75d1709e4ec6e264676c483e433ac3119589193d761e9c6f8ed
১. ৰাজ্যত মঙ্গলবাৰৰ দিনটোত নতুনকৈ কোভিড আক্ৰান্ত হ'ল মুঠ ২২৬ জন। আনহাতে একেটা দিনতে কোভিড আক্ৰান্ত হৈ মৃত্যু হ'৩ জনৰ। ২. মঙ্গলবাৰৰ দিনটোত মুঠ ২৮,৯৫৪ গৰাকী ব্যক্তিৰ দেহত কোৰোনাৰ পৰীক্ষা কৰা হৈছিল। সেই সেই অনুসৰি পজিটিভিটিৰ হাৰ ০.৭৮ শতাংশ। ৩. কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭৬, যোৰহাট জিলাত ২০ শোণিতপুৰ জিলাত ১৭, বৰপেটা জিলাত ১৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। একেদৰে বৰপেটা কাচাৰ আৰু দক্ষিণ শালমাৰা জিলাত এজনকৈ ব্যক্তিয়ে প্ৰাণ ত্যাগ কৰিছে। ৪. ২৪ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে এক নিৰ্দেশনা। বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই পৰীক্ষাৰ পুনৰ নিৰ্ধাৰিত সময়সূচী হৈছে ৩১ অক্টোবৰ, ২০২১। ৫. দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ'ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে। ৬. ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুক দিয়া হ'ব। এই সন্দৰ্ভত নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাৰী কৰিব।উল্লেখ্য যে বাৰত বায়টেক আৰু আই চি এম আৰে শিশুৰ বাবে একেলগে ভেকছিন তৈয়াৰ কৰিছে। ৭. হাপুৰুষ শ্ৰীমন্ত শংৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ মনিকাঞ্চন সংযোগৰ ৪৯৯ সংখ্যক দিৱস মঙ্গলবাৰে বৰ্নাঢ্য কাৰ্যসূচীৰে সংযোগস্থলি নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত উদযাপন কৰা হয় । ৮. মহাানন্দ এক্সপ্ৰেছত আৰক্ষীয়ে বাৰাণসীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা দুজন ব্যক্তিৰ পৰা ৩.২০ কোটি টকাৰ নগদ ধন জব্দ কৰিছে।খাণ্ডৱাৰ চৰকাৰী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ববিতা কাথেৰিয়াই এই বিষয়ত কয় যে, নগদ ধন জব্দ কৰাৰ পিছত লোক দুজনক জিম্মাত লোৱা হৈছে। তেওঁ কয়, গোপন সূত্ৰে এই বিষয়ে তথ্য লাভ কৰাৰ পিছত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে জিআৰপি আৰু ৰে'ল সুৰক্ষা বাহিনীৰ সহায়ত মহানন্দ এক্সপ্ৰেছৰ দুটা ডবাত তালাচী চলাইছিল। ৯. দেশত কয়লাৰ নাটনিৰ সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা ৫ দিনত প্ৰতিদিনে কয়লা উৎপাদন ১.৯৪ নিযুত টনৰ পৰা ২ নিযুত টনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। ১১. কেন্দ্ৰীয় কেবিনেটে সৈনিক স্কুল চ'চাইটিৰ অধীনত অনুমোদিত সৈনিক বিদ্যালয় আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই বিদ্যালয়সমূহে এক বিশেষ উলম্ব হিচাপে কাম কৰিব যি বৰ্তমানৰ সৈনিক বিদ্যালয়তকৈ পৃথক হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে। ১২. কোৰোনাকালীন পৰিস্থিতিৰ বাবে দেশৰ বিমান যাত্ৰীৰ ক্ষমতাৰ ওপৰত বাহাল থকা নিশেধাজ্ঞা ১৮ অক্টোবৰত সম্পূৰ্ণৰূপে সমাপ্ত হ'ব। অৰ্থাত ১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমানত যাত্ৰীৰ ক্ষমতাৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা। ১৩. কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ হনুমান মন্দিৰৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ থকা এ এছ-২৫/চিচি-৩২৫৬ নম্বৰৰ টাটা আইৰিছ খনে বিপৰীত দিশৰ পৰা গৈ থকা এ এছ-০১/ই পি-৫১২৯ নম্বৰৰ হোণ্ডা আমেজখনক তীব্ৰ বেগেৰে খুন্দা মাৰে।ফলত টাটা আইৰিছখনত থকা পিতা-পুত্ৰ ক্ৰমে বাবুল ৰাভা (৩৮) আৰু নিতুল ৰাভা (১৬ ) গুৰুতৰ ভাৱে আহত হয় । ১৪. বিশ্ব ক্ৰিকেটক নিয়ন্ত্ৰণ কৰিছে ভাৰতে। এই দাবী উত্থাপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানে। ইমৰান খানৰ মতে আই চি চি এতিয়া বি চি চি আইৰ অধীনত। ক্ৰিকেটত এতিয়া ধনহে আটাইতকৈ ডাঙৰ খেলুৱৈ। ১৫. সমগ্ৰ দেশত কিছু সময়ৰ বাবে গুগ'লৰ ইমেইল সেৱা জিমেইল কিছু সময়ৰ বাবে ডাউন হৈ পৰিছে। ডাউন ডিটেক্টৰৰ মতে দেশত জিমেইল ব্যৱহাৰকাৰীসকলে জিমেইলত কাম কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে। অৱশ্যে গুগ'লৰ ফালৰ পৰা এতিয়ালৈকে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। ১৬. আজি সপ্তমী। দুৰ্গতিনাশিনী শক্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ স্তুতি ,অৰ্চনা আৰাধনাত বুৰ গৈছে সমগ্ৰ দেশ। কোৰোনা বিভীষিকাৰ মাজতে সমগ্ৰ ৰাজ্যত পৰম্পৰাগতভাবে দেৱী বন্দনাৰ মহা আয়োজন চলিছে। পৰম্পৰাগতভাবে মহালয়াৰ পৰা বিভিন্ন তীৰ্থস্থানত আৰম্ভ হৈছে বলি বিধানেৰে দেৱী পূজা। ১৭. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ। চট পূজাৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে। এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি থকা সময়তে আঘাতপ্ৰাপ্ত হয় বিজেপি নেতা গৰাকী। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ১৮. দেশজুৰি দূৰ্গোৎসৱৰ মাজতে ৰাজধানীৰ দিল্লীৰ লক্ষ্মী নগৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা পাকিস্তানী সন্ত্ৰাসবাদীক। বিশেষ আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে ধৃত সন্ত্ৰাসবাদীটোক। দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিছিল ভাৰতীয় নাগৰিকক ভুৱা নথি।তেওঁৰ পৰা এখন আলোচনী আৰু ৬০ ৰাউণ্ড, এটা হেণ্ড গ্ৰেনেড আৰু ৫০ ৰাউণ্ড সহ দুটা অত্যাধুনিক পিষ্টলৰ লগতে এটা একে-৪৭ ৰাইফল জব্দ কৰা হয়। ১৯. শ্বিলঙৰ পাঞ্জাৱী লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰা হব। মেঘালয় কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাঞ্জাৱী লেন সেই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ সন্দৰ্ভত পাঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী চৌখচিন্দৰ সিং ৰান্ধাৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কথা পাতিব। হাৰিয়ানাতো এই সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলিত শিখ পৰিয়াল সকলক মাওলেন অঞ্চলত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে। ২০.কাৰাগাৰত থকাৰ অৱস্থাতে ২০১৭ চনৰ এক দুৰ্ঘটনাৰ গোচৰত পুনৰ গ্রেপ্তাৰ হ'ল ৰাজকন্যা বৰুৱা। সেই দুৰ্ঘটনাত কৰণ জ্যোতি সন্দিকৈৰ ডিঙিৰ হাড় ভাঙিছিল।প্রাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈ।২০১৭ ৰ ২৬ অক্টোবৰ নিশা ৰাজকন্যাই সংঘটিত কৰিছিল সেই দুৰ্ঘটনা।এএছ ০১ এ জি ২১৯৪ নম্বৰৰ বাহখনেৰে সংঘটিত কৰিছিল সেই দুৰ্ঘটনাটো।সেই একেখন বাহনেৰেই পুনৰ ৰাজকন্যাই যোৱা ২ অক্টোবৰত সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা। জন্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পি ডি পি নেত্ৰী মেহবুবা মুফতীৰ বিৰুদ্ধে সাম্প্ৰদায়িক দৃষ্টিভংগী প্ৰকাশ কৰাৰ অভিযোগ উত্থাপনেৰে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে এগৰাকী অধিবক্তাই।বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক তেওঁৰ উপাধি খান হোৱাৰ বাবেই ৰাষ্ট্ৰীয় সংস্থাসমূহৰ লক্ষ্য হৈ পৰিছিল বুলি নিজৰ টুইটাৰ হেণ্ডলত এক টুইট কৰিছিল মেহবুবা মুফতীয়ে। তেওঁ কৈছে যে, বিজেপিয়ে তেওঁলোকৰ মুখ্য ভোটবেংকক সন্তুষ্ট কৰিবলৈ ভাৰতীয় মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি উল্লেখ কৰিছিল। ২২. ভাৰতৰ কোভিড-১৯ টিকাকৰণ কভাৰেজে মঙ্গলবাৰে ৯৬ কোটিৰ সীমা অতিক্ৰম কৰিছে। মঙ্গলবাৰে দিনটোত সন্ধিয়া ৭ বজালৈকে ৪৬,২৩,৮৯২ পালি ভেকচিন প্ৰদান কৰা হৈছে। ২৩. ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আজি গুজৰাটৰ মুন্দ্ৰা বন্দৰত ৩,০০০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে দিল্লীৰ পাঁচটা স্থানত অভিযান চলায়। ২৪. এন আই এয়ে আজি কেৰালা, কৰ্ণাটক আৰু তামিলনাডুৰ একাধিক স্থানত এডাক্কাৰা মাওবাদী গোচৰ প্ৰসংগত তালাচী চলাইছিল। এই গোচৰটো দেশ বিৰোধী কাৰ্যকলাপৰ বাবে সন্ত্ৰাসবাদী সংগঠন চিপিআই (মাওবাদী)ৰ সদস্যসকলৰ ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত। ২৫. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি এলাহাবাদ উচ্চ ন্যায়ালয়, মাদ্ৰাজ উচ্চ ন্যায়ালয় আৰু গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অধিবক্তা আৰু ন্যায়িক বিষয়াসকলক নিযুক্তি দিয়ে।
4c873d8d56665a095e9ec5e87777cc51a124e14f0b469824eb3cdc7e0b3f1795
1. পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ'ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ'ল। 3. তেতিয়া যিহোচূৱাই শিলৰ কটাৰী তৈয়াৰ কৰি, গিবেথ হাৰলোঠ নামেৰে পৰ্বতৰ ওচৰত ইস্ৰায়েলৰ সন্তানসকলৰ চুন্নৎ কৰোৱালে। 4. যিহোচূৱাই তেওঁলোকক চুন্নৎ কৰোঁৱাৰ কাৰণ এই যে, মিচৰ দেশৰ পৰা ওলাই অহা লোকসকলৰ মাজত যিমান যুদ্ধ কৰিব পৰা পুৰুষ আছিল, সেই পুৰুষসকল মিচৰৰ পৰা যাত্রা কৰি আহি থাকোতে মৰুভূমিৰ বাটৰ মাজতে মৰিল। 5. যদিও মিচৰৰ পৰা ওলাই অহা সকলো লোকৰে চুন্নৎ কৰোঁৱা হৈছিল; কিন্তু ওলাই আহোঁতে মৰুভূমিৰ পথত জন্ম হোৱাসকলৰ কোনো এজনৰে চুন্নৎ কৰোঁৱা হোৱা নাছিল। 6. কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তান সকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল। যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল। 7. পাছত তেওঁলোকৰ সলনি তেওঁলোকে পোৱা সন্তান সকলেহে দেখিবলৈ পালে; যিহোচূৱাই তেওঁলোকৰেই চুন্নৎ কৰোৱালে; কিয়নো তেওঁলোক অচুন্নৎ আছিল। আহি থাকোতে বাটত তেওঁলোকৰ চুন্নৎ কৰা হোৱা নাছিল। 8. এইদৰে গোটেই জাতিৰ চুন্নৎ কৰাৰ পাছত, তেওঁলোক সুস্থ নোহোৱালৈকে ছাউনিৰ মাজত নিজ নিজ ঠাইতেই থাকিল। 9. পাছত যিহোৱাই যিহোচূৱাক ক'লে, "আজি মই তোমালোকৰ পৰা মিচৰৰ দুৰ্নাম স্বৰূপ শিল বগৰাই পেলালোঁ।" এই হেতুকে সেই ঠাই গিলগল বুলি আজিলৈকে বিখ্যাত হৈ আছে। 10. ইস্ৰায়েলৰ সন্তানসকলে গিলগলত ছাউনি পাতিলে আৰু মাহৰ চতুৰ্দ্দশ দিনৰ গধূলি বেলা যিৰীহোৰ সমথলত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। 11. সেই নিস্তাৰ-পৰ্ব্বৰ পাছদিনা তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰিলে; সেই দিনাই তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু ভজা শস্য ভোজন কৰিলে। 12. আৰু তাৰ পাছদিনা, তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত তেওঁলোকৰ মাজৰ পৰা মান্না নাইকিয়া হ'ল। তেতিয়াৰে পৰা ইস্ৰায়েলৰ সন্তান সকলে পুনৰ মান্না নাপালে, কিন্তু সেই বছৰৰ পৰা তেওঁলোকে কনান দেশৰ শস্যহে ভোজন কৰিলে। 1. সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল। 2. পাছত যিহোৱাই যিহোচূৱাক ক'লে, "চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ। 3. তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা। এইদৰে তুমি ছদিন কৰিবা। 4. আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা। পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা। 8. এইদৰে যিহোচূৱাই লোকসকলক কোৱাৰ দৰে, মহাশব্দকাৰী শিঙা লৈ যোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে উচ্চ শব্দেৰে শিঙা বজাই বজাই যাবলৈ ধৰিলে আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ পাছে পাছে লৈ গৈ থাকিল। 9. ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ'ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম-চন্দুকৰ পাছে পাছে গ'ল; যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ'ল। 11. এইদৰে তেওঁ নগৰৰ চাৰিওফালে যিহোৱাৰ নিয়ম-চন্দুক এবাৰ প্ৰদক্ষিণ কৰোৱালে আৰু তেওঁলোকে ছাউনিলৈ আহি ৰাতি ছাউনিতে থাকিল। 13. মহাশব্দকাৰী সাতোটা শিঙা লোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ'ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে; পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ'ল। 14. তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদক্ষিণ কৰি ছাউনিলৈ উলটি আহিল। এইদৰে তেওঁলোকে ছয় দিন কৰিলে। কৰিলে। 15. পাছত সপ্তম দিনা সূৰ্য উদয় হোৱা সময়ত তেওঁলোকে সোনকালে উঠিল, আৰু আগেয়ে কৰি অহাৰ দৰে নগৰ খন সাত বাৰ প্ৰদক্ষিণ কৰিলে; কেৱল সেই দিনাহে নগৰখন সাতবাৰ প্ৰদক্ষিণ কৰিলে। 16. সপ্তম-বাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত যিহোচূৱাই লোকসকলক ক'লে, "তোমালোকে মহাধ্বনি কৰা; কিয়নো যিহোৱাই তোমালোকক নগৰখন দিলে। 17. কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ'ব। কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল। 18. তোমালোকে সেই ব্যৱহাৰৰ বাবে যিহোৱাই বৰ্জন কৰা সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাকিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল'লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা। 20. তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে। শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে। তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল'লে। 21. তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে। 23. তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাইৰ বাপেক, মাক আৰু ভাই ককাই আদি কৰি তাইৰ সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি-কুটুম্বক উলিয়াই আনি, ইস্ৰায়েলৰ ছাউনিৰ বাহিৰত হ'ল। 24. আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ'ল। 25. কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে। তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল'বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল। 27. এইদৰে যিহোৱা যিহোচূৱাৰ লগত আছিল আৰু তেওঁৰ যশস্যা গোটেই কনান দেশত বিয়পি গ'ল। 6. মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা তোমাৰ কথা ভাবিছোঁ। 7. তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে; তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে। 8. যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা। 10. মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে "তোমাৰ ঈশ্বৰ ক'ত আছে" তেতিয়া মোৰ এনে হ'য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে। 11. হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ। 19. বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে; কিন্তু অজ্ঞানীলোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে। 20. জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব। 21. দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে; কিন্তু যিসকলে সত্যতাত চলে, তেওঁলোকে উত্তম পুৰস্কাৰ পায়। 21. তেতিয়া এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক সাৱধান কৰি আদেশ দিলে; 23. যীচুৱে সকলোৰে আগত ক'লে, "কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব। 24. কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁহে তাক ৰক্ষা কৰিব। 25. কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো নিজকে নিজে যদি হেৰুৱায় বা হানি কৰে তেনেহলে তেওঁৰ কি লাভ? 26. কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব। 28. এই কথা কোৱাৰ আঠ দিন মানৰ পাছত, তেওঁ পিতৰ, যোহন আৰু যাকোবক লগত লৈ, প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ'ল। 29. তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখমণ্ডলৰ সৌন্দর্য্যই অন্যৰূপ ললে আৰু তেওঁৰ কাপোৰবোৰ বগা আৰু চক্মকীয়া হ'ল। 30. সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্ত্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল; 31. তেওঁলোকক প্ৰতাপযুক্ত দেখা গৈছিল। তেওঁলোকে ঈশ্ৱৰৰ পৰিকল্পনা অনুসাৰে যীচুৱে কেনেদৰে যিৰূচালেমত মৃত্যুবৰণ কৰিব, সেই বিষয়ে কথা পাতি আছিল। 32. তেতিয়া পিতৰ আৰু তেওঁৰ লগত যোৱা কেইজনৰ বৰ টোপনি ধৰিছিল; তথাপি জাগি থাকি, তেওঁৰ মহিমা আৰু তেওঁৰ ওচৰত থকা সেই দুজন মানুহক দেখা পালে। 34. এই কথা কওঁতেই, এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে; তাতে মেঘ চাৰিওফালেদি সোমাওঁতে, তেওঁলোকৰ ভয় লাগিল।
d75c87bb6f8a064a4f0d86a3aa865ab4967510496f977252bcefe667f23a1186
মোদীয়ে কয় যে যেতিয়া সিদ্ধান্ত সঠিক হয় তেতিয়া তাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যায় আৰু মই থাইলেণ্ডতো এই প্ৰতিধ্বনি শুনিবলৈ পাইছো। মোদীয়ে কয় যে যেতিয়া সিদ্ধান্ত সঠিক হয় তেতিয়া তাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যায় আৰু মই থাইলেণ্ডতো এই প্ৰতিধ্বনি শুনিবলৈ পাইছো। Share this: তিনিদিনীয়া ভ্ৰমণসূচীৰে বেংককলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনক সম্বোধন কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ ৰাজধানীত আয়োজিত ভাৰতীয় সম্প্ৰদায়ৰ কাৰ্যসূচীত যেতিয়া কাশ্মীৰ প্ৰসংগ উল্লেখ কৰে, তেতিয়া তাত উপস্থিত থকা প্ৰায় ৫০০০ লোকে থিয় হৈ মোদীক অভিবাদন জনায়। অনুষ্ঠানত মোদীয়ে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ আৰু দুই কেন্দ্ৰীয়শাসিত ৰাজ্যত বিভক্ত কৰাৰ কথা পৰোক্ষভাৱে উল্লেখ কৰি কয় যে ভাৰতে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ আঁৰৰ এক ডাঙৰ কাৰণ নষ্ট কৰি পেলাইছে। মোদীয়ে কয় যে যেতিয়া সিদ্ধান্ত সঠিক হয় তেতিয়া তাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যায় আৰু মই থাইলেণ্ডতো এই প্ৰতিধ্বনি শুনিবলৈ পাইছো। হাজাৰ হাজাৰ লোকে হাত চাপৰি বজোৱাত মোদীয়ে কয় যে এই হাত চাপৰিয়ে ভাৰতৰ সংসদ আৰু তাৰ সাংসদসকলৰ বাবে আৰু তেওঁলোকৰ আশীৰ্বাদে ভাৰতীয় সাংসদসকলক দেশৰ বাবে আৰু অধিক পৰিশ্ৰম কৰিবলৈ শক্তি যোগাব। 'প্ৰদীপ দত্ত ৰয়ৰ নেপথ্যত আছে ISLAMIC FUNDAMENTAL GROUPS'-শিলাদিত্য দেবৰ মতে কিয় ধুলাই দিব লাগে প্ৰদীপ দত্ত ৰয়ক? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
2630e019fd009de95890652f05ed56e334d5d86c670501fcc22a9575dd72bb38
ডিজিটেল ডেস্ক : বিগত দুটা শতিকা ব্ৰিটেইন আৰু আমেৰিকাৰ আধিপত্যৰ পাছত কোৱা হৈছিল এইটো শতিকাত সমগ্ৰ বিশ্বত দেখা যাব এছিয়া মহাদেশৰ আধিপত্য । দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংস লীলাৰ পাছত অতি কষ্টেৰে জাপান, দক্ষিণ কোৰিয়া, টাইৱান, হংকং, চিংগাপুৰ আৰু ভাৰতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছিল । একেই গতি অব্যাহত থাকিলে শতিকাটোৰ শেষত চীন হ'ল হৈ বিশ্বৰ বৃহত্তম অৰ্থনৈতিক শক্তি আৰু ভাৰতে অৱস্থিতি গ্ৰহণ কৰিলে হয় তৃতীয় স্থানত । আনহাতে, দ্বিতীয় স্থানত থাকিল হয় আমেৰিকা যুক্তৰাষ্ট্ৰ । অৰ্থনীতিবিদ সকলৰ এই মন্তব্যক সচাঁ বুলি প্ৰমাণিত কৰি পশ্চিমীয়া দেশ সকলৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছিল এছিয়া মহাদেশৰ উত্থান । কিন্তু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, আন্তৰ্জাতিক বজাৰৰ ধুমুহাৰ মাজত ম্লান হ'বলৈ আৰম্ভ কৰিছে এছিয়াৰ অৰ্থনৈতিক অভ্যুত্থান । অৱশ্যে কেৱল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই নহয় বৰং অশান্ত আফগানিস্তান, ঋণত কোঙা হোৱা শ্ৰীলংকা আৰু পাকিস্তানেও এছিয়া মহাদেশৰ আধিপত্যত বাধা হৈ দেখা দিছে । দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱা সমগ্ৰ বিশ্বৰ বাবে আছিল আটাইতকৈ বেছি প্ৰত্যাহ্বানমূলক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূৰ্বল ৰাজনৈতিক স্থিতি, চীনৰ প্ৰৰোচনামূলক কূটনীতিৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোলকীয় উষ্ণতা আৰু পাৰমাণৱিক শক্তি ব্যৱহাৰৰ সীমাবদ্ধতা সমূহৰ ওপৰত এক বলিষ্ঠ কন্ঠৰ অভাৱ আছিল এই শতিকাৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক সমস্যা । তেনেস্থলত, স্বৈৰাচাৰী আৰু গণতান্ত্ৰিক চৰকাৰৰ মাজৰ যুজঁত হেৰাই গৈছে এছিয়াৰ সপোন ।
6f59875c996f360c15ae50fb7081d6d08103c5de65e74295806dd51c59316446
ঢেকিয়াজুলীত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজনে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক আঁকোৱালি লয়। নিহত লোকজনৰ নাম ৰাজু জেনাৰ বুলি জানিব পৰা গৈছে। শনিবাৰ অৰ্থাৎ ১ নৱেম্বৰত ৰাজু বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল। ফলত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি দুৰ্ভাগ্যজনকভাৱে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয়। আনহাতে ৰাজ্যত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ ফলত হোজাই জিলাৰ লংকাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে মৃত্যুক সাবটি লয়। উল্লেখযোগ্য যে যতীন শইকীয়া নামৰ লোকজনে ঘৰৰ সমীপত ৰৈ থকাৰ অৱস্থাতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে। এই ঘটনা লংকাৰ ২ নং পিপলপুখুৰী উদয়পুৰত সংঘটিত হয় বুলি জানিব পৰা গৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
8b90e1b1a548907714f9b8809827a41913ad1f5fc54f346090767c7af7d8f80b
সামসঙ্গীত 10 - पवित्र बाइबिल [ইণ্ডিয়ান ৰিভাইচ ভাৰচন] - (সামস 10)\nহে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?\nঅহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;\nদুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে ।\nদুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; "ঈশ্বৰে ইয়াক বিচাৰি নাপাব;" তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, "ঈশ্বৰ বুলি কোনো নাই।"\nসকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।\nতেওঁলোকে মনতে কয়, "একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ'ব।"\nতেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ; তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।\nগাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে; কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।\nতেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।\nতেওঁলোকে চাপৰি কুঁজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।\nতেওঁলোকে নিজৰ মনতে ভাৱে, "ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।"\nহে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।\nদুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে? তেওঁলোকে কিয় মনে মনে ভাৱে যে, "তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?"\nকিন্তু, হে ঈশ্বৰ, তুমি হ'লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল'ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা\nদুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।\nযিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।\nহে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;\nএই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ'ব পাৰা।
650a68050626a4f0d39ff72a81be4aa7494d2d1b08ab79c8f04949ff731ac585
নিউজ ডেস্কঃ ছাত্ৰবৃত্তিৰ ধন প্ৰৱঞ্চনাৰে হৰলুকী কৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে। ঈশান উদয় বৃত্তি আঁচনিৰ নামত কেলেংকাৰী সংঘটিত কৰা অভিযুক্ত দুজন জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে, ২০২২ চনত ছাত্ৰবৃত্তিৰ নামত আত্মসাৎ কৰা উক্ত ধন বৰ্তমান তদন্তৰ অধীনত আছে।মন কৰিবলগীয়া যে, ৭৫ শতাংশ নম্বৰৰ সৈতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক প্ৰতি বছৰে প্ৰায় ৬০,০০০ টকাৰ বৃত্তি প্ৰদান কৰা হয়। একেদৰে, কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধাভিত্তিক স্কলাৰশ্বিপ । এই দুষ্ট চক্ৰটোৱে ৰাজ্যখনৰ কিছুমান মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ'টিপি ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নামত মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ স্বাক্ষৰ জালিয়াতি কৰি আহিছে। আনহাতে, দুই অভিযুক্তই বাংগালুৰুৰ নাথগিৰি মহাবিদ্যালয়, কৰ্ণাটকৰ মাদানী মহাবিদ্যালয়, কৰ্ণাটকৰ নাৰ্চাৰী বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ নামত ধন আত্মসাৎ কৰিছে।লক্ষণীয়ভাৱে, যোৱা কেইবা বছৰ ধৰি ৰাজ্যখনত শিপা গজগজীয়া কৰা এই চক্ৰটো উৎখাত কৰিবলৈ লগতে অভিযুক্তক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে। Search for: উজনিৰ সভাপতি লাগে ৰাজ্যিক বিজেপিক; কোনে ল'ব ভৱেশ কলিতাৰ স্থান?
23efe510dfcbb07a385eecbbc1ae872236fb826a6600f1a8bba1511d1cb8f6a6
FAQ-s-on-lockdown-4-all-your-questions-answered-on-what-is-allowed-from-now-on- News18 Assam\nলকডাউন 4.0ঃ আজিৰে পৰা কি কি আৰম্ভ হ'ব আৰু কিবোৰ কথাৰ এতিয়াও উত্তৰ নাই\nUpdated:May 18, 2020, 10:48 AM IST\nঅধিক শিথিলতা আৰু ৰাজ্যসমূহক সিদ্ধান্ত লোৱাৰ কৰ্তৃত্বৰে লকডাউন চতুৰ্থ পৰ্যায় ১৮মে'ৰ পৰা ৩১মে'লৈ অব্যাহত থাকিব।\nলকডাউনৰ স্থিতি বৰ্তমান কি?\nইয়াক দুসপ্তাহৰ কাৰণে বৃদ্ধি কৰা হৈছে।\nঅৰ্থাৎ দুসপ্তাহলৈ একো সলনি নহয়?\nআৱশ্যাম্ভাৱী নহয়, বহুক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে।\nযেনে কি কি? বুজাই দিয়ক।\nৰাজ্য চৰকাৰে ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ'নৰ পৰিসীমা নিৰ্ধাৰণৰ অধিকাৰ লাভ কৰিছে।\nএই ৰঙসমূহে কি সূচায়?\nৰেড জ'ন হৈছে কোভিড-১৯পজিটিভ ৰোগীৰ সৰ্বাধিক সংখ্যা থকা লোকৰ অঞ্চল, ইয়াৰ পিছত অ'ৰেঞ্জ আৰু গ্ৰীণ জ'ন।\nযদি মই ৰেড জ'নত আছো তেনেহ'লে মোৰ দৈনন্দিন জীৱন একো সলনি নহয়, এনেকুৱা নে কি কথাটো?\nএইদৰে কোৱাটো সমীচিন নহ'ব। যদি আপুনি ৰেড জ'নৰ ক্ষেত্ৰত আছে তেনেহ'লে আপোনাৰ কাৰণেও প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ'ব। ৰেড আৰু অ'ৰেঞ্জ জ'নৰ ভিতৰত জিলা বিষয়াই কণ্টেইনমেণ্ট জ'ন আৰু বাফাৰ জ'ন নিৰ্ধাৰণ কৰাৰ অধিকাৰ লাভ কৰিব।\nকণ্টেইনমেণ্ট জ'ন? এইটো কি?\nএয়া হৈছে এনে এক নিয়ন্ত্ৰণ ক্ষেত্ৰ য'ত কোভিড-১৯ৰ পজিটিভ লোকসকলৰ সংখ্যা অধিক। কোনো এটা ক্ষেত্ৰ নিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ জিলা বিষয়াক দিয়া হৈছে। বৃহৎ পৰিসৰত সংক্ৰমণ হ'লে নগৰপালিকা ৱাৰ্ড, নগৰপালিকা ক্ষেত্ৰ, আৰক্ষী ষ্টেশ্যন ক্ষেত্ৰ, চুবৰী আদি বসতিপূৰ্ণ এলেকা য'ত সংক্ৰমিত আৰু কণ্টেক্টৰ তথ্য থাকে সেইসমূহ নিয়ন্ত্ৰণ ক্ষেত্ৰৰূপে গ্ৰহণ কৰা হয়। জিলাৰ ৰেপিড ৰেচপন্স টীমে (RRT) সেই মানুহবোৰৰ বসতিৰ সীমাৰ আধাৰত ক্ষেত্ৰ নিৰ্ধাৰণ কৰে আৰু প্ৰণালীবদ্ধভাৱে সেইসমূহ পৰিমাপ কৰা হয়।\nবাফাৰ জ'ন কি?\nবাফাৰ জ'ন হৈছে নিয়ন্ত্ৰণ ক্ষেত্ৰৰ পৰা ৫কিলোমিটাৰ পৰিসীমা (গ্ৰাম্য এলেকাত ৭কিলোমিটাৰ) পৰ্যন্ত বিয়পি থকা এলেকা।\nএই ক্ষেত্ৰত জীৱন ধাৰণ কেনেকৈ বেলেগ?\nযদি আপুনি কনটেইনমেণ্ট জ'নত আছে তেনেহ'লে আপোনাৰ জীৱন বেছি সলনি নহয়। এই এলেকাসমূহত কেৱল আৱশ্যকীয় গতিবিধিৰহে অনুমতি প্ৰদান কৰা হয়। কোনো বাহিৰা ব্যক্তিক এই এলেকাসমূহলৈ যোৱাৰ অনুমতি প্ৰদান কৰা নহয়। এই এলেকাসমূহত থকা যিকোনো ব্যক্তিয়ে বাহিৰলৈ যোৱাৰ অনুমতি লাভ নকৰে।\nমই গম পাম নে কি যে মই কোন এলেকাত আছো?\nহয়, আপোনাৰ DM / DC-এ ছচিয়েল মিডিয়া পেজত এই বিষয়ে তথ্য প্ৰদান কৰিব। আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ছচিয়েল মিডিয়া পেজ (টুইটাৰ/ফেচবুক)তো ইয়াৰ বিষয়ে বিৱৰণ থাকিব।\nমই অফিচৰ কাম আৰম্ভ কৰিম নে?\nহয়, ব্যক্তিগত কাৰ্যালয়ত কনটেইনমেইণ্ট জ'নৰ বাহিৰত থকা এলেকাত কাম কৰিব পাৰিব। ৰাজ্য চৰকাৰ আৰু জিলা মেজিষ্ট্ৰেটে নিজৰ ৰাজ্য আৰু জিলাসমূহৰ নিয়ম নিৰ্ধাৰণ কৰিব।\nঅনা অত্যাৱশ্যকীয় দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হ'বনে?\nহয়, কনটেইনমেণ্ট জ'নৰ বাহিৰত দোকান খোলাৰ অনুমতি প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰ আৰু জিলা মেজিষ্ট্ৰেটে নিজৰ ৰাজ্য আৰু জিলাৰ নিয়ম নিৰ্ধাৰণ কৰিব।\nমই টকা উলিয়াব পাৰিম নে?\nহয়, বেংক (এটিএম সহ) কেচিয়াৰ আৰু টেলৰ পৰিচালন খোলা থাকিব।\nমই নিজৰ গাড়ী বা বাইক উলিয়াব পাৰিম নে?\nএই কথা আপোনাৰ ৰাজ্যৰ চৰকাৰে নিৰ্ধাৰণ কৰিব। সম্ভাৱনা এয়াই যে যদি আপুনি কনটেইনমেণ্ট জ'নত নাই তেনেহ'লে নিজৰ গাড়ী আৰু বাইক উলিয়াব পাৰিব।\nঅ'লা-ওবাৰ বুক কৰিব পাৰিম নে?\nআপোনাৰ ৰাজ্যৰ চৰকাৰে নিৰ্ধাৰণ কৰিব। হয়তো কেব এগ্ৰীগেটৰ আৰু অনা কনটেইনমেণ্ট জ'নত কেব চলোৱাৰ অনুমতি দিয়া হ'ব।\nমই মেট্ৰ'ৰে যাত্ৰা কৰিব পাৰিম নে?\nসকলো ক্ষেত্ৰতে পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত মেট্ৰ' যাত্ৰা নিষিদ্ধ।\nমই ওচৰতে খোজ কাঢ়িবলৈ, দৌৰিবলৈ বা চাইকেল চলাবলৈ যাব পাৰো নে?\nআপোনাৰ ৰাজ্যৰ চৰকাৰ আৰু ডিএমে এই সিদ্ধান্ত ল'ব। হয়তো আপুনি বাহিৰলৈ যাব পাৰিব কিন্তু জাকৰুৱাকৈ নহয়। আপোনাৰ ঘৰৰ পৰা ওলোৱাৰ সময় সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭বজাৰ ভিতৰত হ'ব নালাগে লাগে আপুনি য'তেই নাথাকক কিয়?\nশিশুসকল পাৰ্কলৈ যাব পাৰিব নে?\nসকলো ক্ষেত্ৰত ৬৫বছৰৰ উৰ্ধৰ ব্যক্তি, বিভিন্ন ৰোগত আক্ৰান্ত লোক, গৰ্ভৱতী মহিলা আৰু ১০বছৰৰ তলৰ শিশু ঘৰতে থাকিব।\nমোৰ ঘৰুৱা সহায়কাৰী আৰু ড্ৰাইভাৰ কামলৈ আহিব পাৰিব নে?\nহয়, তেওঁলোকে অনা কনটেইনমেণ্ট জ'নত আগৰে পৰা প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছে। কিন্তু কেৱল अगर RWA -এ অনুমতি দিলেহে পাৰিব। এই সংস্থাই বাহিৰৰ লোকক প্ৰৱেশৰ অনুমতি দিয়াৰ অধিকাৰপ্ৰাপ্ত।\nমই লগ-বন্ধুসকলক সাক্ষাৎ কৰাৰ আৰু তেওঁলোকৰ সৈতে মিলা-মিছা কৰাৰ অনুমতি পামনে?\nহয়, যদিহে আপোনাৰ বন্ধুৰ RWA-এ অনুমতি প্ৰদান কৰে আৰু ইয়াৰ ওলোটা কৰিব বিচাৰিলে কেৱল কনটেইনমেণ্ট জ'নৰ বাহিৰতহে ইয়াৰ অনুমতি প্ৰদান কৰা হৈছে।\nমই এক কনটেইনমেণ্ট জ'নত থাকো। মোৰ ঔষধৰ প্ৰয়োজন হ'লে কি হ'ব?\nকেমিষ্টৰ দোকান আৰু ফাৰ্মাচী সকলো ক্ষেত্ৰত খোলা থাকিব।\nমল আৰু অকলশৰে থকা ৰেষ্টুৰেণ্ট নোখোলে নে কি?\nৰেষ্টুৰেণ্টত কেৱল হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিবলৈ অনুমতি দিয়া হৈছে।\nযদি মই মাস্ক পিন্ধা নাই তেনেহ'লে মোৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব নে কি?\nহয়, ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো অনিবাৰ্য। ৰাজ্য চৰকাৰে কঠোৰভাৱে এই নিয়ম বলৱৎ কৰিছে।\nযদি মই কোনো ৰাজহুৱা স্থানত থু পেলাও মই জৰিমনা ভৰিব লাগিব নে কি?\nহয়, ৰাজহুৱা স্থানত থু পেলোৱা কাৰ্য নিষেধ কৰা হৈছে। ৰাজ্য চৰকাৰক কঠোৰভাৱে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে।\nমই মন্দিৰ তথা ধৰ্মীয় স্থানলৈ যাব পাৰোনে?\nনহয়. সকলো ধৰ্মীয় উপাসনা থলী বন্ধ, ধৰ্মীয় গোট বনোৱাও কঠোৰভাৱে নিষিদ্ধ।\nখেল পৰিসৰ/ষ্টেডিয়ামৰ বিষয়ে কিবা ক'ব?\nস্পৰ্টছ কমপ্লেক্স আৰু ষ্টেডিয়াম খুলিব কিন্তু বিনা দৰ্শকেৰে।\nসুৰা ক্ৰয় কৰিব পাৰিম নে?\nহয়, বেছিভাগ ৰাজ্যই সুৰাৰ দোকান কনটেইনমেণ্ট জ'নৰ বাহিৰত খুলি দিছে।\nদেশৰ ভিতৰত বিমান যাত্ৰা কৰিব পাৰিম নে?\nনোৱাৰে, ৩১মে'লৈ বিমান যাত্ৰা নিষিদ্ধ।\nমই ট্ৰে'নেৰে বেলেগ ৰাজ্যলৈ যাব পাৰিম নে?\nহয় পাৰিব, আন্তঃৰাজ্যিক ট্ৰে'ন সেৱা আগৰে পৰা সীমিত পৰিসৰত খোলা হৈছে। আপুনি www.irctc.co.inত এই সন্দৰ্ভত তথ্য লাভ কৰিব পাৰে।\nমই পেট্ৰ'ল কিনিব পাৰিম নে?\nহয় পাৰিব, পেট্ৰ'ল পাম্প, এলপিজি আৰু তেল এজেন্সীসমূহে কাম কৰি যাব।\nবিয়া সমাৰোহলৈ অতিথিসকলক নিমন্ত্ৰণ কৰিব পৰা যাব নে?\nহয় পাৰিব, কিন্তু ৫০জনতকৈ অধিক অতিথি মাতিব নোৱাৰে।\nঅন্তিম সৎকাৰ কাৰ্যসূচী কৰিব পৰা যাব নে?\nপাৰিব, কিন্তু ২০জনতকৈ অধিক লোক একত্ৰিত হ'ব নোৱাৰিব।\nসকলো কেন্দ্ৰত পৰৱৰ্তী নটিচ নহা পৰ্যন্ত কোচিং চেণ্টাৰ সহ স্কুল, কলেজ আৰু শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব।\nমই অনা অত্যাৱশ্যকীয় সামগ্ৰী যেনে কাপোৰ, ই-কমাৰ্চৰ জৰিয়তে ঘৰত ডেলিভাৰী লাভ কৰিব পাৰিম নে?\nপাৰিব, কিন্তু ৰাজ্য চৰকাৰে প্ৰত্যেক ৰাজ্য আৰু ডিএমে জিলাৰ কাৰণে বিশেষ নিয়ম বনাব।\nমই চেলুন যাব পাৰিম নে? মোৰ চুলি কটোৱাৰ বাৰুকৈ প্ৰয়োজন হৈছে।\nপাৰিব, কিন্তু ৰাজ্য আৰু ডিএমে প্ৰত্যেক জিলাৰ কাৰণে বিশেষ নিয়ম প্ৰস্তুত কৰিব।\n(মূল লেখাঃগৌৰৱ চৌধুৰী)
dabd2308f9147ca77c5eea652e2861bc01ef33c55fb23fc9f24673fd8bfc539f
ভাৰতীয় দলৰ ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰে বিগত চাৰি মাহ ধৰি ভাৰতীয় দলৰ ফিল্ডিং ভাল হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে। শুকুৰবাৰে সংবাদমেলত শ্ৰীধৰে নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা শৃংখলাত ভাৰতীয় দলৰ ফিল্ডিঙৰ স্তৰ নিম্ন মানৰ হোৱা বুলি উল্লেখ কৰে। ক্ৰমাগত ভ্ৰমণ আৰু অনুশীলনৰ বাবে কমকৈ সময় লাভ কৰাৰ বাবেই ফিল্ডিং দুৰ্বল হৈছে বুলি শ্ৰীধৰে কয়। ক্ৰমাগত ভ্ৰমণৰ বিষয়ে উল্লেখ কৰিলেও বিচিচিআইৰ ব্যস্ত সূচীক ইয়াৰ বাবে জগৰীয়া কৰা নাই প্ৰশিক্ষক গৰাকীয়ে। "ভাগৰ দুৰ্বল ফিল্ডিঙৰ এটা কাৰণ হ'ব পাৰে। ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজৰ শৃংখলাৰ পৰাই ভাৰতীয় দলৰ ফিল্ডিং বেয়া হ'বলৈ আৰম্ভ কৰিছিল। এই ফিল্ডিং প্ৰদৰ্শন বিশ্বকাপত বা তাৰ পূৰ্বৰ ফিল্ডিঙৰ সৈতে তুলনা নহয়," শ্ৰীধৰে কয়। উল্লেখযোগ্য যে, নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত ভাৰতীয় দলৰ খেলুৱৈ সকলে দুৰ্বল ফিল্ডিং প্ৰদৰ্শনেৰে বহু কেইটা কেচ ড্ৰপ কৰিছিল যাৰ প্ৰভাৱ খেলৰ ফলাফলতো পৰিছিল। ভাৰতীয় দলৰ তাৰকা ফিল্ডাৰ ৰবীন্দ্ৰ জাদেজা, বিৰাট কোহলী, ৰোহিত শৰ্মায়ো আনকি কেচ এৰিছিল। ভাৰতে বিশ্বকাপৰ পাছৰে পৰা বিৰতি বিহীনভাৱে ক্ৰিকেট খেলি আহিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b236f2f93210f4e35a72f42c173c25c178429198e4d7411a34cefb89021c990c
বিজেপি-বিৰোধী জোঁট বন্ধন সম্ভৱ হ'বগৈনে? কংগ্ৰেছৰ পিছত এইবাৰ তৎপৰ এ আই ইউ ডি এফ । easterntimes\nবিজেপি-বিৰোধী জোঁট বন্ধন...\n2021 Assembly election assam\nগুৱাহাটী : ২০২১ৰ আসন্ন বিধানসভা নিৰ্বাচনক লৈ অসমত সৰু-বৰ বিভিন্ন ৰাজনৈতিক শক্তিৰ খদমদম লাগিছে।\nএইকেইটা দিনত ইটোৰ পাছত সিটো নতুন ৰাজনৈতিক দলৰো আত্মপ্ৰকাশ ঘটিছে। অন্যান্য ৰাজনৈতিক দলসমূহৰ কথা বাৰু বাদ, আছু-এজেৱাইচিপিৰ তৎপৰতাত গঠিত 'অসম জাতীয় পৰিষদ' (এজেপি) আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৎপৰতাত গঠিত 'ৰাইজৰ দল'ৰ ৰাজ্যখনত বিক্ষিপ্তভাৱে হ'লেও গণভিত্তি নথকা নহয় বুলি সৃষ্টি হোৱা ধাৰণাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই দল দুটাক একত্ৰিত কৰি বিজেপি-বিৰোধী যুঁজত নমাবলৈ শেহতীয়াকৈ তৎপৰ হৈ পৰিছে এ আই ইউ ডি এফ।\nএই উদ্দেশ্যেই দীৰ্ঘ সময় ধৰি বাহিৰত থকা দলটোৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল আহি গৃহৰাজ্যখনত উপস্থিত হৈছেহি। অলপতে এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃবৰ্গৰ মাজত এই বিষয়ত এখন বৈঠকো অনুষ্ঠিত হৈ গৈছে।\nবিজেপি-বিৰোধী শক্তিসমূহক একেলগ কৰিবৰ বাবে বিগত কিছু দিন ধৰি কংগ্ৰেছে, বিশেষকৈ দলটোৰ সভাপতি ৰিপুণ বৰাই যথেষ্ট চেষ্টা চলাইছিল যদিও এতিয়ালৈকে সেই চেষ্টাই কোনো সুফল দিয়া নাই।\nএজেপি আৰু ৰাইজৰ দলৰ গৰিষ্ঠসংখ্যক নেতা-আহ্বায়কে বিজেপিক যিমান শত্ৰু বুলি গণ্য কৰে, কংগ্ৰেছকো তাতকৈ কোনো গুণে কম নাভাবে। সেয়ে কংগ্ৰেছ থাকিলে এই নবগঠিত দল দুটা চামিল হোৱাটো নিমিলা অংক হৈয়ে আছে। আনহাতে, বিৰোধী শক্তি ঐক্যবদ্ধ নহ'লে বিজেপিক ওফৰাব পৰা নাযাব বুলি কংগ্ৰেছ বদ্ধপৰিকৰ। সেয়ে, অৱশেষত থমকি ৰোৱা যেন হৈছে যদিও কংগ্ৰেছ সাংসদ ৰিপুণ বৰাই আশা এৰি দিয়া নাই।\nকংগ্ৰেছ আৰু এ আই ইউ ডি এফে ২০২১ৰ নিৰ্বাচনত একেলগ হৈ অৱতীৰ্ণ হোৱাটো নিশ্চিত হোৱাৰ পিছত, এতিয়া শলা-পৰামৰ্শ কৰিয়েই নতুন দল দুটাক সৈমান কৰোৱাৰ দায়িত্ব লৈছে এ আই ইউ ডি এফে।\nইফালে, অসম বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়ায়ো বিভিন্ন মাধ্যমৰ লগতে টুইটাৰযোগেও বিজেপি-বিৰোধী দলসমূহক কংগ্ৰেছৰ বেনাৰত একগোট হ'বলৈ আহ্বান জনাইছে। কংগ্ৰেছৰ নেতৃত্বত বিজেপি-বিৰোধী দলসমূহ একেলগ হৈ অৱতীৰ্ণ নহ'লে অহা নিৰ্বাচনত গেৰুৱা দলটোক পৰভূত কৰা সমীচীন নহ'ব বুলিও তেওঁ উল্লেখ কৰিছে।\nআনহাতে, সম্প্ৰতি কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে বিৰোধী শক্তিসমূহ এটা দল হিচাপে এখন পতাকাৰ তলত এটাই প্ৰতীক লৈ যুঁজ দিয়াৰ কথা কৈছে। এই আহ্বান সাৰোগত হ'বলৈ হ'লে প্ৰস্তাৱিত জোঁট বন্ধনত কংগ্ৰেছ থকাৰ প্ৰশ্নই নাহে।\nএতিয়া, উত্থাপিত হৈছে কংগ্ৰেছ-বিজেপিক বাদ দি বাকী ৰাজনৈতিক শক্তিসমূহৰ একত্ৰীকৰণৰ প্ৰসংগ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ লগত ৰাজ্যখনৰ ৭০টা জনগোষ্ঠীয় সংগঠন আছে বুলি দাবী কৰিলেও ইয়াৰ অধিকাংশৰে লেখত ল'বলগীয়াকৈ গণভিত্তি থকা পৰিলক্ষিত নহয়। বেছিভাগ দলেই নামমাত্ৰ, নেতাভিত্তিক।\nইফালে, নৱগঠিত এজেপিৰ শক্তিও অকলশৰীয়াকৈ নগণ্যপ্ৰায়।\nআৰ জে ডি, এন চি পি, তৃণমূল কংগ্ৰেছ, এন পি পি আদি দলৰ অসমত একো একোখন সমিতি বা আহ্বায়ক সমিতি আছে যদিও অকলে অকলে যুঁজিব পৰাকৈ শক্তিশালী নহয়। তেনে স্থলত অসমত বিৰোধীৰ জোঁট বন্ধন বা তৃতীয় বিকল্পৰ প্ৰসংগটো বিভিন্ন ৰাজনীতিকৰ দিবাস্বপ্নত পৰিণত হ'ব নেকি?\nতাহানি '৮৫ৰ নিৰ্বাচনত, ভোট বৰ্জনৰ প্ৰতিবাদে ব্যাপক ৰূপ লোৱাৰ সময়ত, ৩০-৪০টা ভোটেৰেও এম এল এ হোৱাৰ লেখীয়াকৈ, এইবাৰো বহুধা-বিভাজনৰ ফলত মাত্ৰ কেইহাজাৰমানকৈ ভোট পায়েই কোনো কোনো লোক জনপ্ৰতিনিধি হ'ব নেকি? যদি সেয়ে হয়, তেনেহ'লে আপুনি-মই অধিকাংশ লোকে নিবিচৰা সত্ত্বেও নগণ্যসংখ্যক লোকৰ সমৰ্থনতে খেনোৱে আমাক শাসন কৰাৰ বা প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। যিটো আমাৰ গণতন্ত্ৰৰ এটা ডাঙৰ বিড়ম্বনা।
ff1691e8cc38d5006004aaefa5ab4be92a531e32e257e9e13321b17c72c5cc91
যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ'ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম। আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিলে। আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে। আপোনাৰ নিশ্বাসতে জল সমূহ স্তূপাকৃত হ'ল; বৈ যোৱা জল সমূহো স্তূপাকৃত হ'ল; সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ ভাগত গোট বান্ধিলে। আপুনি উদ্ধাৰ কৰা লোকসকলক আপোনাৰ দয়াৰে চলাই আনিছে; আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে। তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে; মোৱাবৰ সৈন্য সকল কঁপি উঠিল; কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ'ল। ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ'ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে। আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব, হে যিহোৱা, আপুনি নিবাস কৰিবলৈ যুগুত কৰা ঠাই, হে প্ৰভু, যি ধৰ্মধাম আপুনি নিজৰ হাতেৰে নিৰ্ম্মাণ কৰিলে, কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ'লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ'ল। তেতিয়া হাৰোণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল'লে; আৰু তেওঁৰ পাছে পাছে আন আন মহিলাসকলেও হাতত খঞ্জৰি লৈ, নাচি নাচি ওলাই গ'ল। তাৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক চূফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে, তেওঁলোকে চূৰ মৰুভূমিৰ মাজেৰে যাত্রা কৰি গ'ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট গ'ল, আৰু সেই ঠাইত পানী বিচাৰি নাপালে। তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে, আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে, তেওঁলোকে পান কৰিব নোৱাৰিলে; সেয়ে তেওঁলোকে সেই ঠাইৰ নাম মাৰা ৰাখিলে। তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ'ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে। তাৰ পাছত লোকসকল এলীমলৈ আহিল; সেই ঠাইত পানীৰ বাৰটা ভুমুক, আৰু সত্তৰ জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইতে পানীৰ কাষত তম্বু তৰিলে।
961d68863d77acae48efd46bf60e89cacb3886568456128deead70d97b16f247
দীপৰাজ চক্ৰৱৰ্তীঃ সৰুৰ পৰাই মোৰ মন-মগজুত সংগীত অথবা মনোৰঞ্জন ক্ষেত্ৰখনে ক্ৰিয়া কৰিবলৈ লৈছিল। অসমীয়া সংগীত ক্ষেত্ৰৰ কেইবাগৰাকীও সুদক্ষ তথা গণ্য-মান্য সংগীতশিল্পীৰ গীত শুনি মই নিজৰ শৈশৱ অতিবাহিত কৰিছো; আচলতে, তেওঁলোকৰ সান্নিধ্যতে এই ক্ষেত্ৰখনৰ প্ৰতি অধিক আকৰ্ষিত হৈছিলো। আৰু, যেতিয়াৰ পৰা এমিনেন্ট আৰু অসমৰ জনপ্ৰিয় কন্ঠশিল্পী পদ্মনাভ বৰদলৈক মই নিজৰ গুৰু হিচাপে পাবলৈ সক্ষম হ'লো তেতিয়াৰ পৰাই মই সংগীত ক্ষেত্ৰখনত নিজ যাত্ৰা আৰম্ভ কৰিছো। বিগত ৩ টা বৰ্ষৰ পৰাই মই এই মনোৰঞ্জন ক্ষেত্ৰখনত পেছাগত ভাৱে নিজ যাত্ৰা আৰম্ভ কৰিছিলো। দীপৰাজ চক্ৰৱৰ্তীঃ "লক-ডাউন" য়ে মনোৰঞ্জন ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছে যেনেই মোৰ অনুভৱ হয়। ঋণাত্মক প্ৰভাৱ তুলনামুলকভাৱে ধনাত্মক প্ৰভাৱতকৈ কিছু বেছি যদিও সেই সময়খিনিত বহু কেইজন নতুন নতুন প্ৰতিভাৰ নিদৰ্শন আমি পাইছিলো। ৯ মাহ ধৰি কোনো ধৰণৰ পৰিৱেশ্য কলা পৰিৱেশন কৰিবলৈ নোৱাৰাত শিল্পীসকলৰ লগতে মনোৰঞ্জন ক্ষেত্ৰখনতো অৰ্থনৈতিক ভাৱেও ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। কিন্তু এইখিনিতে এটা কথা ক'বই লাগিব যে, "লক-ডাউন" ৰ সময়ত বহু নতুন নতুন বিচাৰ, ধাৰণা আদিৰ উদয় হোৱাৰ লগতে দেখিবলৈ পোৱা গৈছিল বহুকেইখন সুন্দৰ সুন্দৰ চুটি ছবি। জনসাধাৰণে উপভোগ কৰি আচলতে আমোদো লাভ কৰিছিল এই চুটি ছবিকেইখন। গতিকে এক কথাত ক'বলৈ গ'লে যদিও কিছু ঋণাত্মক প্ৰভাৱে মনোৰঞ্জন ক্ষেত্ৰখন আগ্ৰাসনত লৈছিল তৎস্বত্বেও কিন্তু নতুন সঞ্চাৰ হৈছিল ইয়াত। প্ৰশ্নঃ সম্প্ৰতি মনোৰঞ্জন ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টা আৰু প্ৰয়াস মন কৰিবলগীয়া; তুমি এই বিষয়ত কি ক'বা? দীপৰাজ চক্ৰৱৰ্তীঃ আচলতে, সঁচাকৈ ক'বলৈ গ'লে আমাৰ দৰে নৱপ্ৰজন্মৰ সৃষ্টিক যেতিয়া জনসাধাৰণে সঁহাৰি জনায় তেতিয়া আমাৰ খুব ভাল লাগে। আমি কাৰিকৰী দিশটোৰ ফালৰ পৰা যথেষ্ট সক্ৰিয় আৰু আমি যিকোনো মহুূৰ্ততে কিবা এটা ডাঙৰ আৰ্জি ল'ব পাৰিম যদিও আমাক এই সমূহ অৰ্জনত সহায় কৰিব সুদক্ষ তথা আমাৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ গণ্য-ব্যক্তি সকলৰ আশীৰ্বাদে। আমি কোনো এটা দিশত আগবাঢ়িবলৈ হ'লে ডাঙৰ জনৰ জ্ঞান, বুদ্ধি আৰু সহায়ৰ যথেষ্ট প্ৰয়োজন হ'ব। দীপৰাজ চক্ৰৱৰ্তীঃ "ডা গ্ৰেট কামৰূপ" ৰ এজন গুৰুত্বপূৰ্ণ সদস্য ৰূপে মই শেহতীয়াকৈ "পদ্মনাভৰ কোঠাত কথা" শীৰ্ষক এক জনপ্ৰিয় অনুষ্ঠানৰ প্ৰথমটো চিজন সমাপ্ত কৰিলো। আমাৰ গোটেই টীমটোৱে আহিবলগীয়া সময়ত উক্ত অনুষ্ঠানটোৰ চিজন ২ ৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছো; লগতে আমি "ok Bye" শীৰ্ষক এখন চুটি ছবি নিৰ্মাণৰ বাবেও আগবাঢ়িছো; যাৰ পৰিচালনাৰ দায়িত্বত আছে জনপ্ৰিয় পদ্মনাভ বৰদলৈ। সমান্তৰালকৈ মই নিজাববীয়াকৈ এটি গীত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো।
82137dc9adbfa34791571e74aed5c2ec2952a5336628c173cbd0b4a905a5034e
ইন্দ্ৰা কৃ্ষ্ণমূৰ্ত্তি নূয়ী বাণিজ্যৰ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান মহিলা। তেওঁ বৰ্ত্তমান আয়ৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক'ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া।[2] ফ'ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী মহিলাৰ তালিকাত ক্ৰমাগতভাৱে স্থান পাই আহিছে।[3] ২০১৩ চনত এই তালিকাত দশম স্থান লাভ কৰে। নূয়ী য়েল কৰ্প'ৰেচনৰ এগৰাকী সদস্যা।[39] তেওঁ বিশ্ব অৰ্থনৈতিক ফ'ৰামৰ প্ৰতিষ্ঠা মণ্ডলী, আন্তঃজাতিক উদ্ধাৰকাৰী সংস্থা, অলাভকাৰী সংগঠন কেটালিষ্ট আৰু লিংকন চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছৰো সদস্যা।[40]l ইয়াৰ উপৰিও নুয়ী ইউএছ-ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰো অধ্যক্ষা।
ecca8a3a2d7bc469b8687408cc38a3c92d0708a7f9e359b71cca0b57a0e30aa2
পাল্স অক্সিমিটাৰ-Pulse oximeter ৰ উদ্দেশ্য হ'ল যে আপোনাৰ হাৰ্টে আপোনাৰ শৰীৰৰ মাধ্যমেৰে কিদৰে অক্সিজেন পাম্প কৰিছে তাক পৰীক্ষা কৰা। পাল্স অক্সিমিটাৰ- Pulse oximeter এটি সাধাৰণ ডিভাইচ যি আপোনাৰ ৰক্তত অক্সিজেনৰ পৰিমাণ পৰিমাপ কৰাত ইনফ্ৰাৰড লাইট (infrared light) ব্যৱহাৰ কৰে আৰু মাত্ৰ কিছু চেকেন্ডৰ ভিতৰতে সঠিক ফলাফল দিয়ে। প্ৰথমতে, এয়া জনা প্ৰয়োজন যে ৰক্তত অক্সিজেনৰ পৰিপূৰ্ণতা পৰিমাপ কৰাৰ প্ৰয়োজন কিয়? লোহিত ৰক্ত কোষত উপস্থিত হিমোগ্লোবিনে নিজক অক্সিজেনৰ লগত সংযুক্ত কৰে আৰু শৰীৰৰ বিভিন্ন অংশলৈ ৰক্ত বহন কৰে। ওৱৰ্ল্ড হেলথ অৰ্গানাইজেচন (WHO) Pulse Oximetry Training Manual 2011 অনুসৰি, হিমগ্লোবিনৰ প্ৰতিটো কণায়ে অক্সিজেনৰ 4 কণিকা পৰ্যন্ত বহন কৰিব পাৰে। যি ব্যক্তিৰ শৰীৰত হিমোগ্লবিনে ৰক্তত উপস্থিত অক্সিজেনৰ 4 টি কণাক আবদ্ধ কৰিব পাৰে তেওঁলোকৰ দেহত অক্সিজনৰ পৰিপূৰ্ণতা 100 শতাংশ হয়। সাধাৰণভাবে, হিমগ্লবিন অক্সিজেনৰ স্যাচুৰেছন (saturation) 95 শতাংশ বা তাৰ বেছি হোৱা উচিত। তথাপি শ্বাসকষ্ট, বুকৰ বিষ বা হাঁপানি, সিওপিডি(COPD) বা কোভিড -১৯ (Covid-19) ৰ দৰে শ্বাসকষ্টজনিত অসুস্থতায়ে ৰক্তত 94 শতাংশৰো কম সংখ্যক অক্সিজেনৰ স্যাচুৰেশন স্তৰ হ্ৰাস কৰিব পাৰে আৰু এই অৱস্থাক হাইপোক্সিমিয়া(hypoxemia) অক্সিজেনৰ এই অভাৱত যদি সময় মতে চিকিৎসা কৰা নহয় তেন্তে হাইপোক্সমিয়া advanced stage পাব পাৰে যেতিয়া শৰীৰৰ বিভিন্ন অংশ কাম কৰাৰ বাবে প্ৰয়োজনীয় অক্সিজন নাপায় আৰু এই অৱস্থাক হাইপোক্সিয়া (hypoxia) বোলা হয়। ই এটি মাৰাত্মক অৱস্থা হৈ পৰে আৰু তেতিয়া ৰোগীৰ সাধাৰণ অক্সিজেন থেৰাপিৰ লগতে ভেন্টিলেটৰ বা ECMO মেছিনৰ প্ৰয়োজন হব পাৰে। পাল্স অক্সিমিটাৰ-Pulse oximeter কেৱল Covid-19 ৰোগীৰ বাবেই নহয় অন্য কিছুমান স্বাস্থ্য ক্ষেত্ৰতো প্ৰয়োজনীয়। এই স্বাস্থ্য স্হিতিসমূহৰ ভিতৰত আছেঃ (পাল্স অক্সিমিটাৰ- Pulse oximeter কপাল আৰু নাকৰ অংশৰ বাবেও উপলব্ধ আছে। গৱেষণা পৰা জনা গৈছে যে, শৰীৰ খুব কম অক্সিজেনৰ স্যাচুৰশন ৮০ শতাংশৰো কম হলে নাক আৰু কানৰ অংশসমূহ আঙুলি বা ভৰিৰ আঙুলিৰ তুলনাত দ্ৰুতভাৱে ধৰিব পাৰে। অৱশ্যে আঙুলি বা ভৰিৰ আঙুলিৰ পৰা লোৱা ৰিডিং সঠিক হিচাবে বিবেচনা কৰা হয়) ৯৫ পৰা ১০০ শতাংশৰ মাজৰ ৰিডিং স্বাভাৱিক বুলি বিবেচিত হয়। যদি কোনো ব্যক্তিৰ দীৰ্ঘ সময়ধৰি শ্বাস প্ৰশ্বাসৰ ৰোগ হয় তেন্তে সেই ব্যক্তিৰ বাবে স্বাভাৱিক অক্সিজেনৰ স্তৰ কিছু পৰিমাণে কম হব পাৰে, বিশেষকৈ যদি ৰোগীৰ দীৰ্ঘম্যাদী হাঁপানী ৰোগ হয়। এনেধৰণৰ পৰিস্থিতিত তেওঁলোকে অক্সিজেন স্যাচুৰশন স্তৰ সম্পৰ্কে ডাক্তৰৰ লগত পৰামৰ্শ কৰি পাল্স অক্সিমিটাৰ- Pulse oximeter মেছিনবিধ নিজৰ লগত ৰখা উচিত। দ্বিতীয়তে - এই উপকৰণে কাম নকৰিব যদিহে হাতৰ আঙুলিত নেইল পেইন্ট থাকে বা আপনাৰ হাত আৰু ভৰি খুব শীতল হয়। অন্যান্য ক্ষেত্ৰত, পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter ব্যৱহাৰ কৰা খুব সহজ আৰু নিৰ্ভৰযোগ্য মেছিন যাৰ মাধ্যমেৰে ৰক্তৰ অক্সিজেনৰ স্যাচুৰশন পৰীক্ষা কৰা যায়। পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter উপকৰনবিধৰ দাম 500 টকাৰপৰা 5000 পৰ্যন্ত হব পাৰে। কিছুমান অক্সিমিটাৰ ব্লুটুথৰ (bluetooth)ৰ দৰে বৈশিষ্ট্যও আছে যি আপোনাৰ ফোনৰ লগত সংযুক্ত থাকে আৰু স্বয়ংক্ৰিয়ভাৱে কাম কৰে।
d0e63a026eaae3bba12e8e528a473917cfefbe41b54e623e33190310b15be7d0
'আমি লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ী শীৰ্ষত উপনীত কৰোৱাম, তেওঁলোকক ক্লাউডৰ দ্বাৰা দিয়া অত্যাধুনিক, প্লাগ-এণ্ড-প্লে সমাধানৰ সৈতে শক্তিশালী কৰিম।' - ক'লে মুকেশ আম্বানীয়ে। 'আমি লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ী শীৰ্ষত উপনীত কৰোৱাম, তেওঁলোকক ক্লাউডৰ দ্বাৰা দিয়া অত্যাধুনিক, প্লাগ-এণ্ড-প্লে সমাধানৰ সৈতে শক্তিশালী কৰিম।' - ক'লে মুকেশ আম্বানীয়ে। Share this: ২০২৩ চনৰ ডিচেম্বৰত সমগ্ৰ ভাৰত কভাৰেজ কৰিব Jioৰ 5G সেৱাই। আজি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত এই ঘোষণা কৰিলে অধ্যক্ষ মুকেশ আম্বানীয়ে। দীপাৱলীৰ পূৰ্বে মুকলি হ'ব JIO-5G সেৱা। ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে কয়, ৰিলায়েঞ্চে ২ লাখ কোটি বিনিয়োগ কৰিছে 5G নেটৱৰ্কত কৰিব। Jio 5G ১০ কোটিৰো অধিক ঘৰত অদ্বিতীয় ডিজিটেল অনুভৱ আৰু স্মাৰ্ট হোম ছলুশ্যনৰে জড়িত কৰিব। 'আমি লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ী শীৰ্ষত উপনীত কৰোৱাম, তেওঁলোকক ক্লাউডৰ দ্বাৰা দিয়া অত্যাধুনিক, প্লাগ-এণ্ড-প্লে সমাধানৰ সৈতে শক্তিশালী কৰিম।' - ক'লে মুকেশ আম্বানীয়ে। ইফালে, মুকেশ আম্বানীয়ে JIO আৰু Qualcommৰ মাজত অংশীদাৰিত্বৰ কথাও ঘোষণা কৰে। Qualcommৰ চিইঅ' ক্ৰিষ্টিয়ানো অমনে কয় - ভাৰতে যিদৰে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি পালন কৰিছে, Jioৰ সৈতে, আমি ডিজিটেল ভেটি শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ, যিয়ে নাগৰিকসকল আৰু ব্যৱসায়ৰ মাজৰ সফলতাক সক্ষম কৰি তুলিব। লগতে প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা নতুন ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। Stadium 974: কাটাৰত বিশ্বকাপ ফুটবল অনুষ্ঠিত হোৱা এখন আচৰিত ষ্টেডিয়াম, খেল শেষ হোৱাৰ লগে লগে ষ্টেডিয়ামো শেষ! CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
d686944a8f191ca2a32c3328be9223743c2d47da235ae68ab7d958725f1bb374
যোগাসন বা যোগ বা যোগবিদ্যা বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। হিন্দু, বৌদ্ধ[1][2][3]) আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ অনেক ঠাল-ঠেঙুলি, ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে।[4][5][6][5] ইয়াৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য হল হঠ যোগ আৰু ৰাজ যোগ। কৰ্কতৰোগ, স্কিযোফ্ৰেনীয়া, হাপানী, হৃদৰোগ আদিৰ ক্ষেত্ৰত যোগৰ সুফলতাৰ বিষয়ে বহুতো পৰীক্ষা নিৰিক্ষা কৰা হৈছে। এনে পৰিক্ষাসমূহৰ ফলাফল এতিয়াও স্পষ্টভাবে নিৰ্ণয় কৰিব পৰা হোৱা নাই।[14][15] আনহাতে কৰ্কতৰোগৰ ক্ষেত্ৰত কিছুমান পৰীক্ষাৰ পৰা জনা গৈছে যে যোগাভ্যাস কৰাৰ ফলৰ কৰ্কতৰোগ হোৱাৰ প্ৰৱণতা কমি যোৱা আৰু কৰ্কতৰোগীৰ মনস্তাত্বিকভাৱে ৰোগ নিৰাময় কৰাৰ সম্ভাবনা বৃদ্ধি হোৱাৰ সম্ভাবনা আছে।
ff33859ec11a83e09353785983b52e30dce0023446ad394d6977c3ae804c2208
তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তাকেৰিত বুঢ়ীদিহিং নৈত উটি অহা অৱস্থাত সন্দেহজনক আলফা (স্বাঃ) সদস্য এজনৰ মৃতদেহক লৈ অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। নিহত যুৱকজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই যদিও সেনা সূত্ৰই তেওঁক 'জান অসম' বুলি দাবী কৰিছে। মৃতদেহটো উদ্ধাৰ কৰা পেঙেৰী থানাই তদন্ত অব্যাহত ৰাখিছে। সেনাই উদ্ধাৰ কৰা বিস্ফোৰক। ছবি- নৰ্থ ইষ্ট নাও। নিহত যুৱকজনৰ দেহ সম্পূৰ্ণ সামৰিক পোচাক আৰু গ্ৰেনেদেৰে আবৃত হৈ আছে। সেনাৰ সৈতে মঙলবাৰে নিশা অসম-অৰুণাচল সীমান্তৰ জাগুন আৰক্ষী চকী এলেকাৰ লেখাপানীত হোৱা সংঘৰ্ষত যুৱকজন নিহত হোৱা বুলি সন্দেহ কৰা হৈছে। সেনা সূত্ৰই সংঘৰ্ষটোত দুজন আলফা সদস্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘটনাথলীৰ পৰা বহু সংখ্যক বিস্ফোৰক উদ্ধাৰ কৰা বুলি দাবী কৰিছিল। সেনা সূত্ৰই দাবী কৰা মতে লেখাপানীৰ আদৰ্শ গাঁৱত ৰূপম অসম আৰু জান অসমৰ নেতৃত্বত আলফাৰ এটা ২২ জনীয়া দলে বাহৰ পাতি থকাৰ খবৰ পাই অভিযান চলাওঁতেই দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। সেনা সূত্ৰই সংঘৰ্ষটোত টাইগাৰ অসম গুৰুতৰভাৱে আহত হোৱা বুলি দাবী কৰিছিল। সংঘৰ্ষৰ পিছতে অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
0f129b59c819d3ea4db0b245c9e9c0723e547cef0045c1cc7486422a76ccc3c1
খানাপাৰাৰ অসম প্ৰশাসনিক মহাবিদ্যালয়ত সীতাৰামনে বেংক সেৱাৰ সৈতে জড়িত বিষয়ববীয়া, বিনিয়োগকাৰী আৰু অৰ্থনীতিবিদৰে সৈতে দেশৰ আগন্তুক বাজেট সন্দৰ্ভত আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। "মই অসমৰ মন্ত্ৰী হিচাপে সুখী যে ভাৰতৰ অৰ্থনীতিৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে গুৱাহাটীত বাজেট সম্বন্ধে আলোচনা কৰিবলৈ বিত্ত মন্ত্ৰী আহিছে," মন্ত্ৰী শৰ্মাই সাংবাদিকক কয়। সীতাৰামনৰ ভ্ৰমণৰ ফলত ৬ মাৰ্চত অসমৰ বাজেট দাখিলৰ পূৰ্বে উদ্যম পোৱা বুলিও শৰ্মাই মন্তব্য কৰে। চেন্নাই, কলকাতা, মুম্বাইকে ধৰি দেশৰ পাঁচটা স্থানত অনুৰূপ মত বিনিময় অনুষ্ঠানৰ পিছত গুৱাহাটীত এই অনুষ্ঠান আয়োজন কৰা হৈছিল। বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে পৰৱৰ্তী দিনত লক্ষ্ণৌ আৰু আহমেদাবাদতো অনুৰূপ বৈঠক অনুষ্ঠিত হ'ব। কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব 'বোমা','বন্দুক'! অস্কাৰলৈ ৰাজামৌলীৰ 'আৰআৰআৰ'! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
8d16ddd027b27567df1c8f80fe4714ba6897d920bc1281c8e6f91277b530d2f6
আবতৰীয়া বানে হাহাকাৰ লগাইছে মাণিকপুৰৰ শ শ পৰিয়ালৰ লোকক (Flood in Manikpur)। ৰাস্তা-ঘাট অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে খেতি পথাৰত একাঠু বোকা হোৱাত সকলোৱে সমস্য়াৰ সন্মুখীন হৈছে । বঙাইগাঁও জিলাৰ (Flood in Bongaigaon) মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাশবাৰীত শেহতীয়া বানে বিস্তৰ ক্ষতি সাধন কৰিছে । এনিশাৰ ভিতৰতে বেকী নদীৰ (Erosion in Beki river)পানী উফন্দি উঠি ২নং বাসবাৰী গাঁৱৰ (Flood in Basbari of Manikpur) মাজেৰে যোৱা সুঁতিৰে পানী সোমাই আহি কেইবাখনো গাঁৱত ব্যাপক ক্ষতি সাধন কৰিছে । বিশেষকৈ গাঁৱৰ স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়ত বোকা পানী খচকি যাতায়ত কৰিব লগা হোৱাত ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে । খেতি পথাৰত একাঠু পলস পৰাত কৃষকে মূৰে কপালে হাত দিব লগীয়া হৈছে । একাংশ লোকৰ ঘৰ-দুৱাৰৰ ক্ষতি সাধন হৈছে । ইফালে, গৰাখহনীয়াৰ কবলত পৰি এতিয়াও বহু লোক আতংকিত হৈ আছে । আই নদীৰ (Erosion of Aai river) পৰা ওলাই অহা সুঁতি বন্ধ কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে ।
bdacdb950fc25be4cd0f87c05056164ad312e5f4ea3857ed1841c608faea0729
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ দুই বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে এগৰাকী মহিলাই এজাহাৰ দাখিল কৰে। মধ্যপ্ৰদেশৰ এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰা অনুসৰি তেওঁ ৰে'লেৰে আহি থকা সময়ত দুই গৰাকী বিধায়ক সুৰামক্ত অৱস্থাত আছিল। তাৰ পাছতেই মহিলাগৰাকীক অশ্লীল শব্দ কোৱাৰ লগতে নিৰ্যাতন চলাইছিল। ৰেৱা-হাবিবগঞ্জ ৰেৱাঞ্চল এক্সপ্ৰেছত মহিলা গৰাকী নিজ সন্তানৰ লগত আহি থকা অৱস্থাত এই সমগ্ৰ ঘটনা স্বামীক ফোন কৰি কৈছিল। মহিলাগৰাকীৰ স্বামীয়ে সহায়ৰ বাবে টুইট কৰিছিল আৰু পাছত ৰে'লৱে আৰক্ষীয়ে মহিলাগৰাকীক সহায় কৰিছিল। এগৰাকী মহিলাৰ শালীনতাত আঘাত কৰাৰ বাবে মধ্যপ্ৰদেশৰ সতনাৰ বিধায়ক সিদ্ধাৰ্থ কুশৱাহা আৰু কোটমাৰ বিধায়ক সুনীল সৰাফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। দুই অভিযুক্তই কয় যে এই অভিযোগ ভিত্তিহীন। অন্যহাতে মহিলা গৰাকীয়ে কয় যে, ৰেলেৰে আহি থকা অৱস্থাত দুয়ো তেওঁৰ সন্মুখৰ আসনত বহি আহাৰ গ্ৰহণ কৰি আছিল। তেতিয়াই প্ৰথমে মহিলা গৰাকীক স্পৰ্শ কৰাৰ চেষ্টা কৰিছিল আৰু পাছত অশালীন শব্দ ব্যৱহাৰ কৰিছিল।
93f5ba3952106c652a34bab94161fd05beef721677a6a349f0112db5bbb1c7e4
শহাপহু এবিধ শান্ত প্ৰকৃতিৰ তৃণভোজী জন্তু। আন পোহনীয়া জন্তুতকৈ ইয়াক দেৰিকৈ পোহা হৈছিল। এতিয়া ঘৰচীয়া আৰু বনৰীয়া দুয়োবিধ শহাই আছে। কিছুমান পৰীক্ষাগাৰ বিশেষকৈ ঔষধ কোম্পানীৰ পৰীক্ষাগাৰত ঔষধৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া চাবলৈ শহা ব্যৱহাৰ হয়। শহাপহুৰ মাংস পুষ্টিকৰ আৰু সহজে হজম হোৱা বিধৰ। শহাপহুৰ মাংসত সাধাৰণতে ব্যৱহাৰ কৰা মাংস যেনে ব্ৰইলাৰ , গাহৰি, ছাগলীৰ মাংসতকৈ বেছি প্ৰ'টিন থাকে। তদুপৰি চৰ্বী আৰু কল'ষ্টেৰলৰ পৰিমাণ কম হোৱা হেতুকে স্বাস্থ্য সচেতন লোকৰ বাবে উপযোগী। German angora নামৰ জাতটোৰ পৰা উচ্চ মানৰ ঊণসূতা পোৱা যায়। এই পৃষ্ঠাখন ১১ জুন, ২০২০ তাৰিখে ০৯ঃ৪২ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
309a7f6b153ff76f6f312014ecc1071bb22f48f9bb06d09cfe4ee95ae12bd1d0
ভাৰতত নিয়োজিত বাংলাদেশী উচ্চায়ুক্ত ছয়িদ মুৱাজ্জিম আলীয়ে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ বিষয়টো এটা দ্বিপাক্ষিক আলোচনাৰ বিষয়বস্তু নহয়, বৰং ই ভাৰতৰ এটা অভ্যন্তৰীণ বিষয়। এখন স্থানীয় (কলকাতা) হোটেলত অনুষ্ঠিত 'এখন ন্যূনতম বিকশিত দেশৰ পৰা বাংলাদেশৰ উত্তৰণ' বিষয়ৰ এখন আলোচনাত অংশগ্ৰহণ কৰা বাংলাদেশী উচ্চায়ুক্তগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয়। তেওঁ কয় যে ভাৰতে বাংলাদেশৰ সন্মুখত এই বিষয়ৰ ওপৰত কোনো প্ৰশ্নৰ অৱতাৰণা কৰা নাই। তেওঁ আৰু জোৰ দিয় কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ শক্তিশালী স্থিতি আৰু ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব পৰা কোনো কাম-কাজৰ বাবে বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰাটো ৰোধ কৰাৰ বাবে কৰি অহা প্ৰচেষ্টাক ভাৰত চৰকাৰে মূল্য দিছে। তেওঁ কয় যে এয়া হৈছে এটা 'গেম চেঞ্জাৰ' আৰু ভাৰতে এইটো ভালদৰে জানে।এইটোৱেই একমাত্ৰ কাৰক যিটোৱে দুয়ো দেশৰ মাজত সম্পূৰ্ণ বিশ্বাসৰ সম্পৰ্ক সম্পৰ্ক স্থাপন কৰিছে। তেওঁ আৰু কয়, যে ভাৰতক দেশখনৰ লুকইষ্ট (Look East) নীতি কৃতকাৰ্য হোৱাত সহায় কৰাৰ সিদ্ধান্তত বাংলাদেশ অটল, কাৰণ ইয়াত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ মাজেৰে সংযোগ স্থাপন কৰাটো হৈছে প্ৰধান বিষয়। "ইয়াত দুয়োখন দেশেই লাভান্বিত হ'ব। আমি আমাৰ অৰ্থনৈতিক বিকাশৰ বাবে প্ৰয়োজনীয় শক্তিৰ বাবে ভাৰতৰ বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল, ভাৰতে দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে আমাৰ ওপৰত নিৰ্ভৰশীল। বাংলাদেশৰ বিস্ময়কৰ বিকাশৰ কাহিনীয়ে ভাৰতত আৰু বিশেষকৈ দেশখনৰ (বাংলাদেশৰ) সীমান্তত অৱস্থিত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহত বিস্তাৰ কৰা ব্যাপক প্ৰভাৱৰ প্ৰসংগও টানি আনে। "আমেৰিকাৰ ক্ষেত্ৰত চীনৰ পাছতে কানাডা আৰু মেক্সিকো হৈছে দ্বিতীয় আৰু তৃতীয় বৃহৎ বাণিজ্য অংশীদাৰ। গতিকে বিশ্বৰ ১১খন দ্ৰুত অৰ্থনৈতিকভাৱে বিকাশশীল ৰাষ্ট্ৰ বাংলাদেশ ভাৰতৰ আগশাৰীৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ এখন হ'ব নোৱাৰিব কিয়?" বাংলাদেশৰ বিশেষ প্ৰতিনিধিগৰাকীয়ে যুক্তি দৰ্শায়। আলীয়ে জোৰ দি কয় যে বাংলাদেশ অৰ্থনৈতিক বিকাশ আৰু মানৱ বিকাশৰ ক্ষেত্ৰত মনোযোগী আৰু এটা সৰ্বাত্মক বিকাশৰ আদৰ্শক আগবঢ়াই নিয়াৰ বাবে দেশখনে অমৰ্ত্য সেনৰ দৰে অতি বিশিষ্ট অৰ্থনীতিবিদৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কৈছে, "আমি দেশ বিভাজনৰ টালি-টোপোলা এৰি থৈ আহি আৰু মুক্তিযুদ্ধৰ গৌৰৱময় উদ্যমেৰে ভাৰতৰ সৈতে যুক্ত হৈ একেলগে বিকাশ লাভ কৰিব বিচাৰোঁ। তেওঁ আৰু কয় যে আলোচনাৰ মাজেৰে বিবাদমান বিষয়সমূহ বাচি উলিয়াব পাৰি। উল্লেখ্য যে আলীৰ ভাষণৰ পূৰ্বে এগৰাকী তৃণমূল কংগ্ৰেছৰ মন্ত্ৰীয়ে কৈছিল যে বাংলাদেশৰ পৰৱৰ্তী নিৰ্বাচনত শ্বেইখ হাছিনাই জয়লাভ কৰিব। উল্লেখ্য যে বাংলাদেশৰ সৈতে তিস্তাৰ জল বিনিময় বিষয়টো সমাধানৰ ক্ষেত্ৰত মমতা বেনাৰ্জী এটা প্ৰতিবন্ধক হিচাপে ঠিয় দি আছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f77e2968038fd956da2879f753a6ef7f6dacce5c5e05f764e3fc791763f4f55c
পৰ্যটক সকলৰ বাবে সুখবৰ।প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা লাওখোৱা অভয়াৰণ্যৰ অন্যতম প্ৰধান পৰ্যটনস্থলী কাটাখাল আনুষ্ঠানিকভাৱে মুকলি হ'ল পৰ্যটকৰ বাবে। অভয়াৰণ্যখনৰ কাটাখালৰ লগতে দন্দুৱা বিলৰ পাৰক আকৰ্ষণীয় বনভোজস্থলী ৰূপত গঢ়ি তুলিছে বন বিভাগে। শীতৰ আগমনৰ লগে লাগে ৰাজ্যৰ অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাজ্যৰ পৰ্যটন উদ্যোগ সাজু হৈ পৰিছে পৰ্যটক সকলক আদৰিবলৈ। অসমৰ প্ৰকৃতিক সৌন্দৰ্যৰ লগতে অসমৰ বনাঞ্চল আৰু বন্যপ্ৰাণী সমূহ দেশ-বিদেশৰ পৰ্যটক সকলৰ আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু। কৰ'ণা ভাইৰাছৰ মাধমাৰে কঁকাল ভাঙি দিয়া ৰাজ্যৰ পৰ্যটন উদ্যোগটোক পুনৰ এক সবল স্থিতিলৈ ঘূৰাই অনাৰ চেষ্টাৰে পৰ্যটন উদ্যোগৰ কান্ধত কান্ধ মিলাই পূৰ্বতকৈ অধিক উৎসাহেৰে আগুৱাই আহিছে ৰাজ্যৰ বন বিভাগে। ইতিমধ্যে বন বিভাগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰ্যটক সকলৰ বাবে মুকলি কৰিছে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোন। কাজিৰঙাৰ পিছতে শনিবাৰে পহিলা নৱেম্বৰ দিনাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ'ল নগাঁও বন্যপ্ৰাণী বিভাগৰ অধীনস্থ লাওখোৱা অভয়াৰণ্য। অভয়াৰণ্যটোৰ সূতিৰপাৰ বীট অফিচৰ নিকটবৰ্তী কাটাখালক পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজাই পৰাই তুলিছে বন বিভাগে।কাটাখাল বিশেষকৈ জনাজাত আকৰ্ষণীয় বনভোজস্থলীৰ বাবে। কাটাখালৰ লগতে দন্দুৱা বিলৰ পাৰকো বনভোজস্থলী হিচাপে এইবাৰ অধিক আকৰ্ষণীয় ৰূপত গঢ়ি তুলিছে বন বিভাগে। উল্লেখযোগ্য যে যোৱা বছৰো কাটাখাল আৰু দন্দুৱা বিলৰ পাৰ হৈ পৰিছিল স্থানীয় পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী। স্থানীয় পৰ্যটকৰ সোঁত বৈছিল কাটাখাল আৰু দন্দুৱা বিলৰ পাৰলৈ। যোৱা বছৰ প্ৰথম অৱস্থাত বন বিভাগে এক মোটা অংকৰ ৰাজহো লাভ কৰিবলৈ সক্ষম হৈছিল যদিও বছৰৰ মাজ ভাগত কৰ'ণা ভাইৰাছৰ বাবে বৃহৎ লোকচনাৰ সম্মুখীন হ'বলগীয়া হৈছে বন বিভাগ। যোৱা বছৰৰ লোকচানক পাহৰি এই বছৰ পুনৰ এক নতুন উৎসাহেৰে বন বিভাগ প্ৰস্তুত হৈছে পৰ্যটক সকলক আদৰিবলৈ। দেওবাৰে অভয়াৰণ্যখনৰ মুকলি অনুষ্ঠনাত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক টি শিবকুমাৰ, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বনবিষয়া অৰুণ ভিগনেছ, নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধাৰী লগতে বিভিন্ন বনসমণ্ডলৰ বনবিষয়া সকল। You may also read!
5218f23073fd785687e2775c46c2ad1208af473de24121abb802a8a3acc306be
অসম প্ৰদেশ যুৱ কংগ্ৰেছে আজি গুৱাহাটীত জেইল ভৰো আন্দোলন কৰাৰ সময়ত যুৱ কংগ্ৰেছৰ দুই শতাধিক নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে। নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু বিনাচৰ্তে যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম, জুৱেৰ আনমকে ধৰি যুৱ কংগ্ৰেছৰ অন্যান্য সদস্যসকলক মুক্তি দিয়াৰ দাবীৰে সংগঠনটোৱে জেল ভৰো আন্দোলনৰ কাৰ্য্যসূচী লৈছিল। আন্দোলনকাৰীসকলে মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ লওঁতেই আৰক্ষীয়ে বাধা দিয়ে। অলপ পিছতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় আৰু তাৰ পিছতে দিচপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীসকলক টানি-আঁজুৰি চোঁচৰাই লৈ যায়। আটক কৰাসকলৰ ভিতৰত আছে ভাৰতীয় জাতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি দুই শতাধিক নেতা-কৰ্মী। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
3dea6213a5a3a5a30722c260799f7a0ebfeac8cf18ba4579141abf429d6b0ce6
ছাত্ৰ ছাত্ৰীৰ আন্দোলন\nএখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ বা বিক্ষোভ কৰাৰ অধিকাৰ সকলোৰে আছে। চৰকাৰৰ কোনো সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ অনুমতিসাপেক্ষে শান্তিপূৰ্ণভাৱে ৰাইজ ৰাজপথলৈ ওলাই আহিলে আৰক্ষী, প্ৰশাসনেও বাধা দিব নোৱাৰে। কিন্তু প্ৰতিবাদ কৰিবলৈ যেতিয়া সাধাৰণ ৰাইজৰ সলনি বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীক ৰাষ্টালৈ উলিয়াই অনা হয় সেয়া হৈ পৰে গণতন্ত্ৰৰ নামত প্ৰহসন।\nকোনো পিতৃ মাতৃ বা অভিভাৱকে আন্দোলন কৰিবলৈ ল'ৰা ছোৱালীক বিদ্যালয়লৈ নপঠিয়ায়। আজিৰ সময়ত চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী পঢ়ুওৱা সৰহভাগ অভিভাৱকেই সাধাৰণতে নিম্ন মধ্যবিত্ত বা একেবাৰে নিম্ন শ্ৰেণীৰ হয়। তেওঁলোকে অতি কষ্ট কৰি, ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখি বিদ্যালয়লৈ পঠিয়ায়। কিন্তু বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা তেওঁলোকক বলপূৰ্বক লৈ গৈ যেতিয়া প্ৰখৰ ৰ'দত খোজকঢ়াই প্ৰতিবাদী মিছিল বাহিৰ কৰা হয়, সেয়া হৈ পৰে গণতান্ত্ৰিক অধিকাৰৰ চৰম অপব্যৱহাৰ। কিছুদিন আগতে ওদালগুৰি জিলাত এখন বিদ্যালয়ৰ পৰা ধৰি আনি এখন গাড়ীত উঠাই আন্দোলন কৰিবলৈ নিয়া বহুতো ছাত্ৰ পথ দুৰ্ঘটনাত আহত হৈছিল। অভিভাৱকৰ বিনা অনুমতিত কিছুমান নেতাই ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পৰা আন্দোলন কৰিবলৈ নি এইদৰে ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ সংকট মাতি অনাটো কোনো প্ৰকাৰে গ্ৰহণযোগ্য হ'ব নোৱাৰে।\nশেহতীয়াকৈ অসম বিধানসভাৰ আইন ৰূপায়ন কমিটীয়ে জিলা আয়ুক্ত আৰু শিক্ষা আয়ুক্তলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশটোত কোৱা হৈছেযে এতিয়াৰ পৰা কোনো দল সংগঠনে বিদ্যালয় চলি থকা সময়ত ছাত্ৰ ছাত্ৰীক আন্দোলন কৰিবলৈ উলিয়াই নিব নোৱাৰিব। অৰ্থাৎ বিদ্যালয়ৰ সাজ পোছাক পৰিহিত কোনো ছাত্ৰ ছাত্ৰীয়ে আন্দোলনত ভাগ ল'ব নোৱাৰিব। বিধানসভাৰ আইন ৰূপায়ন কমিটীৰ সভাপতি বিধায়ক মৃণাল শইকীয়াৰ পৌৰোহিত্যত অনুস্থিত হোৱা বৈঠকত সিদ্ধান্ত লোৱা হয়যে বিদ্যালয় চলি থকা সময়ত ছাত্ৰ ছাত্ৰীক আন্দোলন কৰিবলৈ এৰি দিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু আন শিক্ষকসকলৰ বিৰুদ্ধে দৰমহা কৰ্তন আৰু চাকৰিৰ পৰা নিলম্বনৰ দৰে শাস্তিমূলক ব্যৱস্থা হাতত লোৱা হ'ব। অসম চৰকাৰৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা আয়ুক্তক বৈঠকৰ সিদ্ধান্তৰ বিষয়ে প্ৰতিখন চৰকাৰী বিদ্যালয়লৈ জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীক জোৰ জুলুমকৈ উলিয়াই অনাৰ কাৰণে হ'ব পৰা আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনকো নিৰ্দেশ দিয়া হৈছে।\nকিছুমান তথাকথিত ছাত্ৰ সংগঠনে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক ৰাজপথত অসুৰক্ষিতভাৱে আন্দোলনত প্ৰবৃত্ত কৰোৱাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ অভিভাৱক আৰু সচেতনমহলে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। এনে কাৰ্যৰ ফলত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানত ব্যাপক ক্ষতি হয়। মনকৰিবলগীয়াযে আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্থ হয় অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ দুৰৱস্থাই প্ৰতিফলিত কৰিছে। ছাত্ৰ ছাত্ৰীক পঢ়া শুনা এৰি আন্দোলন কৰিবলৈ ঘনাই ৰাজপথত থিয় কৰোৱাটো অভিভাৱকে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ৰ সলনি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাব খোজাৰ অন্যতম কাৰণ।\nচৰকাৰৰ এই পদক্ষেপক সৰ্ব-সাধাৰণ ৰাইজে আদৰণি জনাইছে যদিও বহুতো ছাত্ৰ সংগঠনে সাংগঠনিক শক্তি হেৰুওৱাৰ দুশ্চিন্তাত ভূগিছে। কিছুমান ছাত্ৰনেতাই এই কাৰ্যক গণতন্ত্ৰ বিৰোধী বুলিও মন্তব্য কৰিছে। কিন্তু এই কথাও সত্যযে, গণতন্ত্ৰৰ নামত ছাত্ৰ ছাত্ৰীৰ ওপৰত চলি থকা বিভিন্ন ছাত্ৰ সংগঠনৰ জোৰ-জুলুম কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। বিদ্যালয়ৰ পৰা ৰাষ্টালৈ উলিয়াই অনা বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো আন্দোলনৰ কাৰণটোৱেই ক'ব নোৱাৰে। সেয়েহে চৰকাৰে আইন প্ৰণয়ন কমিটিৰ এই সিদ্ধান্ত কঠোৰভাৱে বলবৎ কৰিব লাগে যাতে কোনেও ছাত্ৰ ছাত্ৰীক সহজ চিকাৰ জ্ঞান কৰি তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰে। ছাত্ৰ-ছাত্ৰীক জোৰ জুলুম কৰা ছাত্ৰনেতাৰ ওপৰতো কঠোৰ শাস্তি হ'ব লাগে।\nPosted by Dipankar at 11:30 PM\nসমগ্ৰ বিশ্ব এতিয়া ফুটবলৰ জ্বৰত কঁপিছে । ১৪ জুনৰ পৰা ৰাছিয়াত আৰম্ভ হোৱা বিশ্বকাপ ফুটবলে বিশ্বৰ ফুটবলপ্ৰেমীসকলৰ মাজত প্ৰবল আলোড়নৰ সৃষ্টি কৰিছে। ফুটবলৰ প্ৰতি মানুহৰ আকৰ্ষণে এহাতে যেনেদৰে সমগ্ৰ মানৱজাতিৰ বাবে একতা আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আনিছে, ঠিক সেইদৰে বিভিন্ন ঠাইত বিভিন্ন দলৰ সমৰ্থকৰ মাজত নানান অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈছে।\nআমাৰ চুবুৰীয়া দেশ বাংলাদেশত ইতিমধ্যে ফুটবলক কেন্দ্ৰ কৰি বিভিন্ন দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। বিশ্বৰ ২১১ খন ফুটবল খেলা দেশৰ মাজত ফুটবলত বাংলাদেশৰ স্থান ১৯৪ তম। সেয়েহে নিজদেশীয় দলৰ অনুপস্থিতিত বাংলাদেশৰ ফুটবল পাগল মানুহবোৰ বিভিন্ন দলৰ সমৰ্থক হৈ পৰিছে আৰু তেওঁলোকৰ মাজতে খণ্ডযুদ্ধ আৰম্ভ হৈছে। যোৱা বুধবাৰে ঢাকাৰ ৰাজপথত ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ সমৰ্থকসকলৰ মাজত মাৰ পিতৰ ঘটনা সংঘটিত হৈছে। সেইদৰে যোৱা সপ্তাহত বন্দৰ চহৰত লিওনেল মেছি আৰু নেইমাৰৰ সমৰ্থকসকলৰ মাজত কাজিয়া লাগিছিল। এই কাজিয়াত এজন ফুটবল সমৰ্থক আৰু তেওঁৰ পুত্ৰ বেয়াকৈ আঘাটপ্ৰাপ্ত হৈছিল। আকৌ ব্ৰাজিলৰ পতাকা এখন এটা খুঁটাত লগাবলৈ যাওঁতে বিদ্যুতপৃষ্ঠ হৈ এজন ১২ বছৰীয়া ল'ৰাৰ মৃত্যু হৈছিল। বাংলাদেশত এতিয়া বিভিন্ন ফুটবল খেলা দলৰ সমৰ্থকসকলে পতাকা জোকাৰি জোকাৰি বিভিন্ন প্ৰকাৰৰ সমদল উলিওৱাটো আৰু সাধাৰণ মানুহৰ হাৰাশাস্তি কৰাটো সাধাৰণ কথা হৈ পৰিছে।\nবিশ্বকাপ ফুটবলৰ সময়ত বিভিন্ন দেশৰ উন্মাদ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষ হোৱাটো নতুন কথা নহয়। ২০১৬ চলৰ বিশ্বকাপ ফুটবলৰ ফাইনেলত ইংলেণ্ড আৰু ফ্ৰান্সৰ সমৰ্থক সকলৰ মাজত হোৱা সংঘৰ্ষই ভয়ানক ৰূপ লৈছিল। পূৰ্বৰ অভিজ্ঞতাৰ পৰা জনা যায়যে সমৰ্থক সকলৰ মাজত বিশৃংখলতা আৰু সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি কৰাত ইংলেণ্ডৰ সমৰ্থকসকল আটাইতকৈ কুখ্যাত। তেওঁলোকৰ মাজত গুণ্ডা প্ৰবৃত্তিৰ মানুহো থাকে। এইবাৰৰ বিশ্বকাপত তেনে এক হাজাৰৰো অধিক কুখ্যাত গুণ্ডা সমৰ্থকক এইবাৰ ইংলেণ্ডৰ পৰা ৰাছিয়াত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা হৈছে। যিসকলৰ ফুটবলকেন্দ্ৰিক হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ পূৰ্বৰ উদাহৰণ আছে, তেওঁলোকক নিজ দেশৰ বিদেশ মন্ত্ৰালয়ে পাছপোৰ্ট জমা ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে যদিও কিছুসংখ্যকে এতিয়াও পাছপোৰ্ট জমা কৰা নাই। এইসকল ফুটবল সমৰ্থকে চোৰাংকৈ হ'লেও ৰাছিয়াত প্ৰৱেশ কৰিব বুলি আশংকা কৰা হৈছে।\nবিশ্বকাপ ফুটবলক ফুটবলৰ মহোত্সৱ বুলিব পৰা যায়। ফুটবলৰ ধ্ৰুপদী কলাৰ সোৱাদ ল'বলৈ ষ্টেডিয়ামলৈ অহা কোনো দৰ্শকে হুলস্থলময় পৰিৱেশৰ কামনা নকৰে। সেইদৰে খেলক খেল হিচাপে গ্ৰহণ কৰি দলবোৰৰ হৰা-জিকাক লৈ সমৰ্থকসকলৰ মাজত হোৱা সংঘৰ্ষৰ কোনো সভ্য মানুহে সমৰ্থন কৰিব নোৱাৰে। সেয়েহে কলাত্মক ফুটবলৰ সৌন্দৰ্য উপভোগ কৰাৰ আগ্ৰহী দৰ্শকৰ সুবিধাৰ বাবে উগ্ৰ আৰু গুণ্ডা প্ৰবৃত্তিৰ ফুটবল সমৰ্থকসকলক কঠোৰ হাতেৰে দমন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।\nফুটবল বিশ্বকাপৰ খেল আৰম্ভ নৌহওঁতেই বাংলাদেশত বিভিন্ন দলৰ সমৰ্থকৰ মাজত আৰম্ভ হোৱা ফুটবল কেন্দ্ৰিক উত্তেজনাই এই কথা প্ৰতিপন্ন কৰিছেযে বিশ্বৰ বহুতো দেশৰ মানুহ ভয়ংকৰ ফুটবল জ্বৰত আক্ৰান্ত হৈছে। বাংলাদেশৰ বহুত মানুহেই হয়তো নাজানে ব্ৰাজিল আৰু আৰ্জেণ্টিনা পৃথিৱীৰ কোনটো প্ৰান্তত অৱস্থিত, কিন্তু ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ পতাকা উৰুৱাই, দল দুটাৰ আৰ্হিত জাৰ্চি পিন্ধি তেওঁলোকে ৰাজপথত সমদল উলিয়াইছে। বিদেশী দলদুটাৰ সমৰ্থক সকলৰ মাজত কথাৰ কটা কটি, হতা হতিও হৈছে। ফুটবলক কেন্দ্ৰ কৰি আৰম্ভ হোৱা হিংসাত্মক কাৰ্যই কাৰো উপকাৰ নকৰে। বৰং সাধাৰণ মানুহক বিখ্যাত খেলুৱৈসকলৰ নান্দনিক খেল উপভোগ কৰাত বাধা দিয়ে। অসমত ফুটবলৰ উগ্ৰ সমৰ্থকৰ তাণ্ডৱ পৰিলক্ষিত হোৱা নাই যদিও আগন্তুক সময়ত কোনো ন্যস্ত স্বাৰ্থই ফুটবল কেন্দ্ৰিক হিংসাৰ চেলুত ৰাজ্যখনৰ পৰিস্থিতি অস্থিৰ কৰি তোলাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দিন চমু চাপি অহাৰ বাবে সাধাৰণ মানুহ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হৈ থকাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।\nPosted by Dipankar at 11:34 PM\nনাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰয়োজন আছেনে?\nনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলো জাতি জনগোষ্ঠীয়ে প্ৰতিবাদ কৰাটো অসমীয়া জাতিৰ কাৰণে অতি শুভলক্ষণ বুলিব পাৰি। সকলোৰে সমূহীয়া প্ৰতিবাদে এই কথা প্ৰতিপন্ন কৰিছেযে জাতি জনগোষ্ঠীবোৰৰ মাজত হেজাৰ প্ৰভেদ থাকিলেও বিপদৰ সময়ত সকলোৱে একগোট হয়। অসম আন্দোলনৰ সময়তো বৃহত্তৰ অসমীয়া জাতিয়ে এনে একতা প্ৰদৰ্শন কৰিছিল।\nনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পৰা সহজেও বুজিব পৰা গৈছেযে অসমীয়া মানুহে অসমত বিদেশী সংস্থাপন দিয়াৰ কাৰ্য কোনোপধ্যে মানি নলয়। স্বাধীনচেতিয়া অসমীয়া মানুহে কেতিয়াও বিদেশীৰ আগত শিৰনত কৰিব নোৱাৰে। সুজলা সুফলা শস্য শ্যামলা অসম ভূমিত বিদেশীৰ দপদপনি কেতিয়াও সহ্য কৰিব নোৱাৰে। সেয়েহে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলোৱা বুলি শুনি অসমীয়া মানুহ দলে দলে ৰাজপথলৈ ওলাই আহিছে।\nএইখিনিতে প্ৰশ্ন হয়, অসমীয়া মানুহৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে, পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা চৰকাৰ এখনে কেনেদৰে এনে এখন জাতিধ্বংসী বিধেয়কৰ সমৰ্থন কৰিব পাৰে? বিধেয়কখনত সঁচাকৈয়ে বাংলাদেশৰ পৰা ডেৰ - দুই কোটি হিন্দু বাংলাদেশীক অসমলৈ অনাৰ কিবা প্ৰস্তাৱ আছে নেকি? বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দি অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি? অসমীয়া মানুহে ভয় কৰাৰ দৰে বিধেয়কখনত থকা ব্যৱস্থাই অসমীয়া ভাষা সংস্কৃতি ধ্বংস কৰিব নেকি?\nমনকৰিবলগীয়াযে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ'লেও বিধেয়েকখনত কিনো আছে এই বিষয়ে প্ৰায়বোৰ অসমীয়া মানুহেই বিশেষ ভূ ৰখা নাই। ইণ্টৰনেটত অলপ খুচৰি জানিব পাৰিলোঁযে বিধেয়কখনত এটা কথা ষ্পষ্টকৈ লিখা আছেযে ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় উত্পীড়নৰ কবলত পৰি ভাৰতলৈ অহা সেইবোৰ দেশৰ ধৰ্মীয় সংখ্যালঘু হিন্দু, খ্ৰিষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন এই জনগোষ্ঠীকেইটাৰ মানুহে ভাৰতত সাত বছৰ থকাৰ প্ৰমাণ দিব পাৰিলে ভাৰতীয় নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব। এই সাতবছৰৰ ভিতৰত শেষৰ বছৰটোত একেৰাহে ভাৰতত থকাটো বাঞ্ছনীয়। অৰ্থাৎ চুবুৰীয়া দেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুৱে ২০১১ চনৰ পৰা ভাৰতত থকাৰ প্ৰমাণ দিব পাৰিলে ২০১৮ চনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ২০১৪ চনৰ পাছত অহা বিদেশীৰ বাবে এই ব্যৱস্থা প্ৰয়োজ্য নহয়। উল্লেখ্যযে ভাৰতৰ নাগৰিকত্ব আইন, ১৯৫৫ অনুসৰি ভাৰতত বাস কৰা যিকোনো বিদেশী নাগৰিকে বাৰ বছৰ বাস কৰাৰ পাছত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। বিধেয়কখনত অৱশ্যে বিশেষকৈ হিন্দু বাংলাদেশী অসমলৈ অনাৰ কোনো পৰিকল্পনা বিচাৰি নাপালোঁ।\nভাৰতীয় নাগৰিকত্ব আইন মতে ১৯৫১ চনৰ পাছত প্ৰৱেশ কৰা আৰু বৈধ কাগজ পত্ৰ নোহোৱাকৈ বা বৈধ কাগজ পত্ৰৰ সময়সীমা উকলি যোৱাৰ পাছতো বাস কৰা সকলোৱেই অবৈধ বিদেশী। অৱশ্যে অসমত অসম চুক্তিৰ বাবে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে প্ৰৱেশ কৰা অবৈধ বিদেশীসকলকো স্বদেশী বুলি স্বীকাৰ কৰি লোৱা হৈছে। সেয়েহে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত প্ৰৱেশ কৰা আৰু বৈধ কাগজ হাতত নথকা সকল অবৈধ বিদেশী। এই অবৈধ বিদেশীসকলক বহিষ্কাৰ কৰিবলৈ অসম চুক্তিত নিৰ্দেশ দিয়া আছে। ১৯৭১ চনৰ পাছত অহা অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰিবলৈ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলি আছে। এনে পৰিস্থিতিত ২০১৪ চনলৈ অহা কেইটামান ধৰ্মৰ মানুহক নাগৰিকত্বৰ আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অবৈধ বিদেশী হিচাপে চিনাক্ত হোৱা এচাম লোকেও নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। তেনে পৰিস্থিতিত অসম চুক্তিয়ে নিৰ্দেশ দিয়ামতে সেইসকল লোকক কোনোকালেই দেশান্তৰিত কৰিব পৰা নাযাব।\nমনকৰিবলগীয়াযে ২০১৪ আৰু ২০১৫ চনত দুখন অধিসূচনাৰ জৰিয়তে ভাৰত চৰকাৰে পাৰপত্ৰ অধিনিয়মৰ সংশোধন কৰি ইতিমধ্যে ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ অহা উল্লিখিত ছয়টা ধৰ্মৰ লোকক বৈধ কাগজ পত্ৰ নথকাৰ বাবে কাৰাৰুদ্ধ বা দেশান্তৰিত কৰিব নোৱাৰিব বুলি নিয়ম বান্ধি দিছে। এই নিয়ম অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ যোগেদি অবৈধ বিদেশী বুলি চিনাক্ত হ'লেও ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ ভাৰতত প্ৰৱেশ কৰা উপৰোক্ত ছয়টা ধৰ্মৰ মানুহক কোনোপধ্যে বহিষ্কাৰ কৰিব পৰা নাযাব। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ'লেও ২০১৪ চনলৈ অহা ছয়টা ধৰ্মৰ মানুহ ভাৰততে থাকিব পাৰিব।\nএইখিনিতে প্ৰশ্ন হয়, চৰকাৰে উপৰোক্ত ছয়টা ধৰ্মৰ মানুহৰ কাৰণে বিশেষ ব্যৱস্থাৰ প্ৰচলন কৰিব খুজিছে কিয়? ভাৰতত শৰণাৰ্থী আইন নথকাৰ বাবে চুবুৰীয়া দেশৰ পৰা বৈধ কাগজ পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰা সকলোকে অবৈধ বিদেশী বুলি গণ্য কৰা হয়। এই অবৈধ বিদেশীৰ মাজত সেইবোৰ দেশত ধৰ্মীয় উত্পীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকো যথেষ্ট সংখ্যক আছে। এওঁলোকৰ বাহিৰে বাকী মানুহবোৰে জীৱন ধাৰণৰ উন্নত মানদণ্ড বিচাৰি বা জীৱিকাৰ সন্ধানত ভাৰতলৈ আহিছে বুলি ধৰি লোৱা হৈছে। ধৰ্মীয় উত্পীড়নত বলি হৈ ভাৰতলৈ অহা লোকসকলক ৰাষ্ট্ৰসংঘৰ নিয়ম অনুসৰি আশ্ৰয় প্ৰাৰ্থী বা Asylum Seeker বুলি কোৱা হয়। ১৯৫১ চনত জেনেভাত অনুস্থিত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সন্মিলনৰ সিদ্ধান্ত অনুযায়ী ধৰ্মীয় উত্পীড়নৰ বলি হৈ নিজৰ দেশ এৰি আন দেশলৈ যোৱা লোকসকলক খেদি নপঠিয়াই আশ্ৰয়দাতা দেশখনে শৰণাৰ্থীৰ মৰ্যদা দিব লাগে। ভাৰত এই সন্মিলনৰ স্বাক্ষৰকাৰী নহয় যদিও বিশ্বৰ আন আন দেশৰ দৰে ভাৰতেও এই নিৰ্দেশনা মানি চলে। সেয়েহে ভাৰতে তিব্বত আৰু শ্ৰীলংকাৰ পৰা অহা বহুতো আশ্ৰয় প্ৰাৰ্থীক ইতিমধ্যে শৰণাৰ্থীৰ মৰ্যদা প্ৰদান কৰিছে। শৰণাৰ্থীৰ মৰ্যদা লাভ কৰিলে এই লোকসকলে প্ৰৱজন কৰা দেশখনত আৰক্ষীৰ হাৰাশাস্তি নোহোৱাকৈ বসবাস কৰাৰ অধিকাৰ লাভ কৰে। উপৰোক্ত ছয়টা ধৰ্মৰ মানুহ মূলতঃ ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা বুলি ধৰি লৈ ভাৰত চৰকাৰে ২০১৪ চনলৈ অহা সেইসকল লোকক ইতিমধ্যে শৰণাৰ্থীৰ মৰ্যদা প্ৰদান কৰিছে। ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা সাতবছৰ বা তাতকৈ বেছি সময় বাস কৰা শৰণাৰ্থীসকলক নাগৰিকত্ব লাভ কৰাৰ সুযোগ দিব খোজা হৈছে।\nউল্লেখ্যযে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কেৱল অসমৰ কাৰণে প্ৰযোজ্য নহয়, বৰং সমগ্ৰ দেশৰ বাবেই প্ৰযোজ্য। কিন্তু এই বিধেয়কৰ দ্বাৰা কেৱল অসম নেতিবাচকভাৱে প্ৰভাৱিত হ'ব বুলি প্ৰবল প্ৰচাৰ চলিছে। মনকৰিবলগীয়াযে বৰাক উপত্যকাৰ অধিকাংশ মানুহে এই বিধেয়কখনৰ সমৰ্থনত মত প্ৰকাশ কৰিছে। বৰাক উপত্যকাৰ জনগাঁথনিত হিন্দু বাঙালীৰ আধিপত্যৰ বাবেই হয়তো বাংলাদেশৰ পৰা অহা হিন্দুৰ প্ৰতি তেওঁলোকে সহমৰ্মিতা অনুভৱ কৰে। অসমত এতিয়া বৰকৈ প্ৰচাৰ চলিছেযে এই বিধেয়কখন গৃহীত হ'লে বাংলাদেশৰ পৰা ১ কোটি ৭০ লাখ হিন্দু মানুহ অসমলৈ আহিব আৰু তেওঁলোকে অসমীয়া মানুহৰ ভাষা সংস্কৃতি সকলো ধ্বংস কৰিব। কিন্তু তথ্যমতে বাংলাদেশত কেৱল ১ কোটি ২০ লাখমানহে হিন্দু মানুহ আছে। গতিকে বাংলাদেশৰ মুঠ হিন্দু জনসংখ্যাতকৈও অধিক মানুহ ঘৰ মাটি, কাম বন এৰি কেৱল অসমলৈ উঠি আহিব বুলি চলোৱা প্ৰচাৰ বহুপৰিমাণে উদ্দেশ্য প্ৰণোদিত বুলি বুজিব পৰা যায়। সেইখিনি মানুহ উঠি অহাটো কিবা প্ৰকাৰে সম্ভৱ হ'লেও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ অনুযায়ী তেওঁলোকে কোনো সুবিধা দাবী কৰিব নোৱাৰে, কাৰণ এই বিধেয়কত কেৱল ২০১৪ চনলৈ অহা ধৰ্মীয় সংখ্যালঘুক বিশেষ সুবিধা দিয়াৰ কথাহে লিখা আছে। তদুপৰি কোনো কাৰণ নোহোৱাকৈ, যুদ্ধ বিগ্ৰহ নোহোৱাকৈ ইমান বৃহৎ সংখ্যক মানুহ সীমান্ত পাৰ হৈ এখন দেশৰ পৰা আন এখন দেশলৈ গতি কৰাটো কেতিয়াও সম্ভৱ নহয়।\n১৯৮৫ চনত স্বাক্ষৰ হোৱা অসম চুক্তিত ১৯৭১ চনৰ পাছত অহা অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি দেশান্তৰিত কৰাৰ নিৰ্দেশ দিয়া আছে যদিও আজি তিনি দশকৰো অধিক কাল পাৰ হৈ যোৱাৰ পাছতো সেয়া সম্ভৱ হৈ উঠা নাই। অসমত এতিয়াও প্ৰায় ৫০ লাখ অবৈধ বিদেশী নাগৰিক আছে বুলি অনুমান কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে চিনাক্ত কৰি উলিয়ালেও ইমান সংখ্যক লোকক উচ্ছেদ কৰি দেশান্তৰিত কৰাটো আজিৰ সময়ত এক অলীক কল্পনা বুলিব পাৰি। কোনো দেশৰ এনে কাৰ্যক ৰাষ্ট্ৰসংঘকে ধৰি কোনো আন্তৰ্জাতিক মানৱাধিকাৰ সন্থাই কেতিয়াও সহ্য নকৰে। উল্লেখ্যযে বাংলাদেশৰ লগত ভাৰতৰ কোনো নাগৰিক প্ৰত্যাৰ্পন চুক্তি নাই। ইয়াৰ ফলত চিনাক্ত হোৱা বিদেশী নাগৰিকক সীমান্ত পাৰ কৰি থৈ আহিলেও বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে পুনৰ খেদি পঠিয়ায়। সেয়েহে হিন্দুৱেই হওক বা মুছলমানেই হওক, অসমত থকা কোনো অবৈধ বিদেশীকে কেৱল অসম চুক্তিৰ আধাৰত বহিষ্কাৰ কৰিব পৰাটো হয়তো কেতিয়াও সম্ভৱ হৈ নুঠিব।\nনাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে ভাৰত চৰকাৰে অন্য দেশৰ পৰা পলাই অহা সেইসকল লোকক বিশেষ সুবিধা প্ৰদান কৰিব খুজিছে, যিসকলৰ ভাৰতৰ বাহিৰে অন্য কোনো গৃহভূমি নাই। অবিভক্ত ভাৰতত বাস কৰা বুজনসংখ্যক হিন্দু, শিখ, বৌদ্ধ, জৈন আদি ধৰ্মৰ মানুহ ধৰ্মৰ আধাৰত ভাৰতৰ মূলভূমিৰ পৰা বিচ্ছেদ হোৱা পাকিস্তানত থাকি গৈছিল। কিন্তু পৰৱৰ্তী সময়ত ইছলামিক শাসন প্ৰৱৰ্তন হোৱাৰ পাছত এই লোকসকলে নানান ধৰ্মীয় নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছিল। তেওঁলোকৰ কিছু অংশ লোক প্ৰাণৰ মমতাত মূল গৃহভূমি ভাৰতলৈ ঘূৰি আহিছিল। পাকিস্তানৰ এটা অংশ বাংলাদেশ নামৰ এখন পৃথক ৰাষ্ট্ৰ হোৱাৰ পাছত ধৰ্মীয় নিৰ্ষাতনৰ বাবে বাংলাদেশৰ পৰাও ভাৰতলৈ ধৰ্মীয় সংখ্যালঘুৰ প্ৰৱজন চলি থাকিল। পশ্চিমবংগ আৰু ত্ৰিপুৰাতে মূলতঃ এই ভগনীয়াসকলে আশ্ৰয় ল'লে যদিও কিছু অংশ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকালৈও আহিল। এইসকল লোকে বৈধ ভাৱে ভাৰতত প্ৰৱেশ নকৰাৰ বাবে সদায় অবৈধ বিদেশী বুলি অভিহিত হৈ আহিছে আৰু হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। সেয়েহে মানবীয়তাৰ খাতিৰত এইসকল লোকক ভাৰতত আশ্ৰয় আৰু নাগৰিকত্ব প্ৰদান কৰাৰ দাবী বহুদিনৰ পৰা উঠি আহিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত ভাৰতীয় জনতা পাৰ্টীয়ে এই লোকসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। উল্লেখ্যযে বাংলাদেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব দিয়াৰ সপক্ষে ২০১৪ চনত কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।\nঅসমত নাগৰিকত্ব সংশোধনী বিধেয়কখনক ৰাইজে সহজভাৱে লব পৰা নাই, কাৰণ বিভিন্ন সময়ত বিভিন্ন দলৰ চৰকাৰে বাংলাদেশী বহিষ্কাৰ কৰা হ'ব বুলি অসমীয়া মানুহক আভুৱা ভাৰি আছে। অসমীয়া মানুহক এতিয়াও সপোন দেখুৱাই থকা হৈছেযে অসমত থকা হিন্দু, মুছলমান সকলো বাংলাদেশীক দেশান্তৰিত কৰা হ'ব। বিভিন্ন দল সংগঠনেও বাংলাদেশী ইছ্যুটোক ব্যৱহাৰ কৰি নিজৰ নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰি আছে। কিন্তু আজিলৈকে কোনো চৰকাৰ বা দল সংগঠনে বাংলাদেশৰ লগত এখন প্ৰত্যাৰ্পন চুক্তি সম্পাদিত কৰিবলৈ বিশেষ উদ্যোগ হাতত লোৱাটো পৰিলক্ষিত নহ'ল। সেইদৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি হ'লেও সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিবলৈ অসমত তীব্ৰ গণ আন্দোলন গঢ়ি উঠিব লাগিছিল। অসম চুক্তিৰ ছয় নম্বৰ দফাত থকা অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকবচৰ বাবেও গণ জাগৰণ দেখা পোৱা নাই।\nনাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত হ'লে অসম চুক্তি আৰু ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ ৰ ৬(ক) দফাৰ উলংঘন হ'ব। সেয়েহে অসমত এই বিধেয়ক বলবৎ কৰাত আইনগত অসুবিধাও আছে। অসম চুক্তিৰ সাংবিধানিক বৈধতাৰ ওপৰত উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে যদিও, বিচাৰৰ ৰায় নোপোৱা পৰ্যন্ত অসম চুক্তিয়েই অসমৰ মানুহে ছয়বছৰ আন্দোলন কৰি পোৱা বিদেশী বহিষ্কৰণৰ নিৰ্দেশ থকা একমাত্ৰ দলিল। গতিকে অসম চুক্তিৰ উলংঘন অসমীয়া মানুহে মানি ল'ব নোৱাৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি মানুহৰ মনত থকা আশংকা দূৰ কৰাটো আৰু অসমত নতুনকৈ কোনো অবৈধ বিদেশীক সংস্থাপিত হ'বলৈ দিয়া নহ'ব বুলি আশ্বস্ত কৰাটো চৰকাৰৰ কৰ্তব্য। মুখ্যমন্ত্ৰীৰ দ্বায়িত্বত থকা অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ পৰা অসমবাসীয়ে আশ্বাস বিচাৰিছেযে অসমে যাতে কোনো কাৰণতে বিদেশীৰ অধিক বোজা ল'বলগীয়া নহয়। বৰাক ব্ৰহ্মপুত্ৰৰ সমন্ৱয়ৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে বৰাকবাসীকো বিশ্বাসত ল'ব লাগিবযে অসমক কেতিয়াও বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ'ব।\nPosted by Dipankar at 10:16 PM\nLabels: Janambhumi, My Articles\nবিকল্প ইন্ধনৰ ৰূপত মিথানল\nআমাৰ দেশত পৰ্যাপ্ত পৰিমাণে খাৰুৱা তেল উত্পাদন নোহোৱা কাৰণে প্ৰচুৰ পৰিমাণৰ তেল আন্তৰ্জাতিক বজাৰৰ মূল্যত ক্ৰয় কৰি আমদানি কৰিবলগীয়া হয়। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ উত্থান পতনৰ সৈতে আমাৰ দেশত পেট্ৰ'লজাত সামগ্ৰীৰ দাম উঠা নমা কৰে। খাৰুৱা তেল ক্ষয়িষ্ণু প্ৰাকৃতিক সম্পদ হোৱা বাবে অদূৰ ভৱিষ্যতত খাৰুৱা তেলৰ দাম আকাশলংঘী হোৱাৰ সম্ভাৱনা আছে। তদুপৰি পেট্ৰ'লজাত সামগ্ৰীৰ ব্যৱহাৰৰ পৰা হোৱা প্ৰদূষণে সমগ্ৰ পৃথিৱীৰ পৰিৱেশ বিনষ্ট কৰিছে। সেয়েহে পেট্ৰ'লজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিকল্প ইন্ধনৰ সন্ধান সমগ্ৰ বিশ্বতে নিৰন্তৰ চলি আছে।\nযোৱা ৫ জুনত, বিশ্ব পৰিৱেশ দিৱসৰ দিনা নিতি আয়োগে ঘোষণা কৰিছেযে অচিৰেই ভাৰতে মিথানল নিৰ্ভৰশীল অৰ্থনীতিৰ পিনে গতি কৰিব, যাৰ ফলত ভাৰতৰ খাৰুৱা তেলৰ আমদানি হ্ৰাস পাব, প্ৰদূষণৰ পৰিমাণ কমিব। যোৱা বছৰ ডিছেম্বৰ মাহত কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীয়ে লোকসভাত ইন্ধন হিচাপে মিথানলৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল। নিতি আয়োগৰ অনুমান অনুসৰি মিথানলৰ ব্যৱহাৰৰ যোগেদি খাৰুৱা তেলৰ আমদানিৰ পৰিমাণ ২০%লৈ কম কৰিব পৰা যাব। মিথানল ব্যৱহাৰৰ আটাইতকৈ মনকৰিবলগীয়া কথাটো হ'ল, মিথানলৰ ব্যৱহাৰে প্ৰদূষণৰ মাত্ৰা ৪০% হ্ৰাস কৰিব।\nমিথানল হ'ল প্ৰাকৃতিক গেছ, জৈৱ সাৰ, কয়লা, জাবৰ জোঁথৰ আদিৰ পৰা উত্পাদন কৰিব পৰা এবিধ ৰাসায়নিক পদাৰ্থ, যিবিধক ইন্ধন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ইতিমধ্যে প্ৰমাণিত হৈছেযে মিথানল প্ৰায় সকলো আভ্যন্তৰিণ দহনযুক্ত ইঞ্জিনত ব্যৱহাৰ কৰিব পৰা যায় আৰু মিথানলৰ ব্যৱহাৰে বায়ুমণ্ডলত নিৰ্গত হোৱা বিষাক্ত গেছৰ পৰিমাণ বহুপৰিমাণে কম কৰে। সেইদৰে মিথানলক ৰন্ধন গেছৰ সৈতে ব্লেণ্ডিং কৰি বাছ, ট্ৰাক, ৰে'লগাড়ীৰ দৰে গধুৰ বাহন চলাবলৈও ব্যৱহাৰ কৰিব পাৰি। উল্লেখ্যযে ভাৰতীয় ৰে'ল বিভাগে বছৰি প্ৰায় তিনিশ কোটি লিটাৰ ডিজেল ব্যৱহাৰ কৰে আৰু মিথানলৰ ব্যৱহাৰৰ দ্বাৰা এই বৃহৎ পৰিমাণৰ ডিজেল সঞ্চয় কৰিব পৰা যাব। সেইদৰে জলপৰিবহন ছাব-মেৰিণ আদিতো মিথানল ব্যৱহাৰ কৰিব পৰা যাব। নিতি আয়োগৰ মতে মিথানলে আৰু কেইবছৰমানৰ ভিতৰতে সম্পূৰ্ণৰূপে ডিজেলৰ স্থান লবলৈ সক্ষম হ'ব।\nনিতি আয়োগে কৰা আন এটা চাঞ্চল্যকৰ ঘোষণা অনুসৰি ভাৰতৰ ঘৰুৱাভাৱে নিজৰ চাহিদা অনুসৰি মিথানল উত্পাদন কৰাৰ ক্ষমতা আছে আৰু মিথানলযুক্ত ইন্ধন প্ৰতিলিটাৰত মাত্ৰ ১৯ টকা দৰত গ্ৰাহকক যোগান ধৰিব পৰা যাব। অৰ্থাৎ গ্ৰাহকৰ ইন্ধনৰ খৰছ আজিৰ হিচাপত চাৰিভাগৰ এভাগলৈ হ্ৰাস পাব। ইতিমধ্যে চীন, আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, ছুইডেন আদি দেশত মিথানল ইন্ধনৰ প্ৰয়োগ বাঢ়িছে। চীনদেশৰ ১০% বাহন মিথানল চালিত হৈ পৰিছে। ভাৰততো প্ৰাৰম্ভিক পৰ্যায়ত পৰীক্ষামূলক ভাৱে ১৫% ইন্ধন মিথানলৰ লগত ব্লেণ্ডিং কৰাৰ পৰিকল্পনা কৰা হৈছে।\nআজি কেইদিনমান আগতে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিছিলযে, দেশত পেট্ৰ'লজাত সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী কাৰ্যসূচী হাতত লোৱা হ'ব। পেট্ৰ'লজাত সামগ্ৰীৰ বিকল্প হিচাপে মিথানলৰ ব্যৱহাৰ নিঃসন্দেহে এক দীৰ্ঘম্যাদী ব্যৱস্থা। অৱশ্যে, মিথানলে এতিয়াও শক্তি উত্পাদনৰ দক্ষতাত পেট্ৰ'লজাত সামগ্ৰীৰ সমকক্ষ হোৱা নাই। তদুপৰি এতিয়াও মিথানলৰ প্ৰয়োগৰ সকলো দিশ উন্মোচিত হোৱা নাই। আগন্তুক দিনত বিভিন্ন দেশত মিথানলৰ প্ৰয়োগ ক্ৰমান্বয়ে বাঢ়িব বুলি অনুমান কৰা হৈছে। ভাৰতৰ নিতি আয়োগেও এই দিশত দিশ নিৰ্ণয়কাৰী সিদ্ধান্ত ল'ব বুলি ঘোষণা কৰিছে।\nপেট্ৰ'লজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে কমাই আনি বিকল্প ইন্ধনৰ উত্পাদনত আত্মনিৰ্ভৰশীল হ'ব পাৰিলে ভাৰতীয় অৰ্থনীতিৰ গতিও ত্বৰান্বিত হ'ব। খাৰুৱা তেলৰ আমদানিত বছৰি খৰছ হোৱা প্ৰায় ৬ লাখ কোটি টকা ৰাহি কৰিব পাৰিলে দেশৰ অৰ্থনীতি অধিক সবল হৈ পৰিব। পেট্ৰ'ল আৰু ডিজেলৰ বিকল্প ইন্ধনৰ বাবে এতিয়াও বহুতো দেশত গৱেষণা চলি আছে। মিথানলেই সেই বিকল্প ইন্ধন হ'ব পাৰে। সাধাৰণ মানুহৰ বাবেও পেট্ৰ'ল ডিজেলৰ দৰে কাৰ্যক্ষম ইন্ধন চাৰিভাগৰ এভাগ মূল্যত পোৱাটো এক সপোন সাৰ্থক হোৱাতকৈ কোনো গুণে কম নহ'ব।\nPosted by Dipankar at 10:15 PM\nকৰ্ণাটকৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ শপতগ্ৰহণ অনুস্থানত এক বিৰল ঘটনা সম্পন্ন হৈছিল। দেশৰ প্ৰায় সকলোবোৰ আগশাৰীৰ ৰাজনৈতিক দলৰ নেতাই হাতত হাত ধৰি ফটো উঠি বিৰোধী ঐক্যৰ প্ৰদৰ্শন কৰিছিল। কৰ্ণাটকত কংগ্ৰেছ আৰু জে ডি এছ দলে মিলি চৰকাৰ গঠন কৰি একক সংখ্যাগৰিস্থতা লাভ কৰা ভাৰতীয় জনতা পাৰ্টীক প্ৰতিহত কৰাটোৱে দেশৰ বিৰোধী শিবিৰক উত্ফুল্লিত কৰি তুলিছে। এই সাফল্যই বিৰোধী শিবিৰত প্ৰাণৰ সঞ্চাৰ কৰিছে আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুস্থানটোত দেখা পোৱা বিৰোধী শিবিৰৰ উত্সাহ উদ্দীপনাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক ওফৰাবলৈ কিছুমান নতুন সমীকৰণ গঠন হোৱাৰ ইংগিত দিছে। ইতিমধ্যে দেশৰ প্ৰায়বোৰ ৰাজনৈতিক দলেই অনুধাৱন কৰিছেযে বিৰোধী দলসমূহে নিজৰ মতানৈক্য পাহৰি বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিলেহে ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব। মন কৰিবলগীয়াযে কৰ্ণাটকত দ্বিতীয় সৰ্ববৃহৎ দল হৈয়ো কংগ্ৰেছে মুখ্যমন্ত্ৰীত্বৰ দাবী নকৰিলে আৰু যিকোনো মূল্যৰ বিনিময়ত ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ কংগ্ৰেছযে দৃঢ়প্ৰতিজ্ঞ তাৰেই উমান দিলে।\nবৰ্তমান ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন দলৰ সহযোগত দেশৰ ২৯ খন ৰাজ্যৰ ২০ খনতে শাসনত আছে। আনহাতে যোৱা চাৰিটা বছৰত এখনৰ পাছত এখনকৈ বিভিন্ন ৰাজ্য কংগ্ৰেছৰ শাসনৰ পৰা ওলাই গৈছে। সেয়েহে কংগ্ৰেছে অকলশৰীয়াকৈ ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাহ্বান জনাব পৰা অৱস্থাত নাই। এনে পৰিস্থিতিত সকলো বিৰোধী দল একগোট আৰু সংঘবদ্ধ হৈ যুঁজিলেহে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক কিছু প্ৰত্যাহ্বান দিয়াটো সম্ভৱ হ'ব। অলপতে উত্তৰ প্ৰদেশত হোৱা উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টী একগোট হোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টী দুয়োখন আসনতে পৰাস্ত হৈছিল। তাৰ আগতে বিহাৰত লালুপ্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ দলৰ সৈতে লগ লাগি কংগ্ৰেছে মহাজোঁট গঠন কৰিছিল আৰু বিহাৰত ভাৰতীয় জনতা পাৰ্টীক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। শেহতীয়া কৰ্ণাটক নিৰ্বাচনৰ ফলাফলৰ পৰাও এই কথা ষ্পষ্ট হৈ পৰিছেযে কংগ্ৰেছ আৰু জেডিএছে আসন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'লে ভাৰতীয় জনতা পাৰ্টীৰ বাবে ইমানসংখ্যক আসন পোৱাটো সম্ভৱ নহ'লহেঁতেন।\nঅৱশ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুস্থানত বিৰোধী নেতাসকলে একেখন মঞ্চত একেলগে থিয় হৈ একতা প্ৰদৰ্শন কৰিলেও তৃণমূল পৰ্যায়ত বিভিন্ন মতাদৰ্শৰ ৰাজনৈতিক দলৰ মিত্ৰতা সহজসাধ্য নহয়। মনকৰিবলগীয়াযে প্ৰতিখন ৰাজ্যৰে ৰাজনৈতিক সমীকৰণ পৃথক। ৰাষ্ট্ৰীয় পৰ্যায়ত মিত্ৰতাৰ বাবে আগ্ৰহী দুটা দলৰ মাজত ৰাজ্যিক পৰ্যায়ত অহি নকুল সম্পৰ্কও থাকিব পাৰে। উদাহৰণ স্বৰূপে কৰ্ণাটকৰ বিৰোধীৰ মিলন সভাত সীতাৰাম য়েছুৰী আৰু মমতা বেনাৰ্জীয়ে কৰমৰ্দন কৰিলেও পশ্চিমবংগৰ নিৰ্বাচনী ৰণত বাম মৰ্চা আৰু তৃণমূল কংগ্ৰেছ একেলগ হৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱাটো আজিৰ সময়ত অসম্ভৱ যেন লাগে। সেইদৰে কৰ্ণাটকত ছোনিয়া গান্ধীৰ লগত আত্মীয়তা প্ৰদৰ্শন কৰা মমতা বেনাৰ্জীয়ে প্ৰায়েই কংগ্ৰেছ আৰু বিজেপি বিহীন তৃতীয় মৰ্চাৰ পোষকতা কৰে। একজোঁট হ'ব খোজা বিভিন্ন মতাদৰ্শৰ বিৰোধী দলৰ নেতাসমূহৰ মাজত কেৱল নৰেন্দ্ৰ মোদীক ক্ষমতাৰ পৰা প্ৰতিহত কৰাৰ বাহিৰে আনকোনো উমৈহতীয়া লক্ষ্য বা উদ্দেশ্য চকুত পৰা নাই। বিৰোধী দল একজোঁট হ'লে সেই জোঁটৰ নেতা কোন হ'ব সেয়াও এক বিবদমান বিষয়। মোদীৰ বিৰুদ্ধে এজন সৰ্বজনগ্ৰাহ্য শক্তিশালী বিৰোধী নেতাক প্ৰধানমন্ত্ৰীত্বৰ দাবীদাৰ কৰিবলৈও বিৰোধীপক্ষ সক্ষম হ'ব যেন নালাগে। এইসময়ত কংগ্ৰেছে বিৰোধী শিবিৰৰ নেতৃত্ব দিব লাগিছিল আৰু ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰিব পাৰিব লাগিছিল যদিও বিভিন্ন দলৰ কংগ্ৰেছৰ সৈতে থকা মতানৈক্যৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই। বিৰোধী পক্ষই ক্ষমতা দখল কৰিবলৈ সক্ষম হ'লেও চৰকাৰ চলোৱাতকৈ ক্ষমতাৰ বাবে অঁৰিয়াঅঁৰি হোৱাৰহে সম্ভাৱনা আছে। যিয়েই নহওক, কৰ্ণাটকত বিৰোধী পক্ষই কৰা আখৰাৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত শাসনাধিস্থ ভাৰতীয় জনতাযে তুমুল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, তাৰেই উমান পোৱা গৈছে।\nPosted by Dipankar at 10:14 PM\nপেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ মাধমাৰ\nMy Articles (184)\nNiyomiya Barta (57)
3e6bdc4b77ef3fa2a343465b34a01c8cb8f885cf142671bbdddcb3f6607b856b
বোকাখাত, উত্তম কুমাৰ শৰ্মাঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল'গান দিয়া খোদ বিজেপি চৰকাৰৰ দিনতে এতিয়া ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। পঞ্চায়ত প্ৰতিনিধিৰ প্ৰত্যক্ষ সহযোগতে পঞ্চায়ত সমূহত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি। ৰাজ্যৰ বিভিন্ন পঞ্চায়তত সংঘটিত ব্যাপক দুৰ্নীতিৰ সমান্তৰালকৈ এইবাৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তত সংঘটিত আন এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই। উল্লেখযোগ্য যে বিজেপিৰ দখলত থকা বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও একাধিক বাৰ চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছিল যদিও একাংশ উৰ্ধতম দলীয় নেতাৰ আৰ্শীবাদতে তদন্তৰ আওতালৈ অহা নাছিল কাৰ্যালয়টোৰ দুৰ্নীতিত জড়িত লোকসকল। শেহতীয়াকৈ এইবাৰ খোদ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ। অভিযোগ অনুসৰি ২০২০-২১ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ ৫,৫০,০০০ টকা ব্যয়ৰে বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢেকীয়াপথাৰ খেড়িয়া বস্তীৰ ২৬৭ নং অংগনবাড়ী কেন্দ্ৰত নিৰ্মাণ কৰা এটা চ'লাৰ চালিত পানী যোগান আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হৈছে। অসম চাহ জনজাতি ছাত্ৰ সংগঠনটোৰ অভিযোগ-বিজেপিৰ দখলত থকা পঞ্চায়তটোৰ খোদ সভানেত্ৰী গৰাকীৰ পৃষ্ঠপোষকতাতে দুৰ্নীতি তথা অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে উক্ত আঁচনিৰ কাম, লগতে আঁচনি সন্দৰ্ভত তথ্য ৰাজহুৱা নকৰাৰ অভিযোগ সংগঠনটোৰ। সংগঠনটোৱে জানিবলৈ দিয়া মতে যোৱা ৩জুন তাৰিখে উক্ত আঁচনিৰ নমুনা বিচাৰি সংগঠনটোৱে পঞ্চায়তটোৰ সভাপতি/ সম্পাদকলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল যদিও সভানেত্ৰী গৰাকীয়ে বিভিন্ন ভুৱা অজুহাত দেখুৱাই সমগ্র বিষয়টোৰ পৰা ফালৰি কটাৰ লগতে উক্ত আঁচনিৰ কোনো তথ্যই কাৰ্যালয়টোত মজুত নৰখাৰ অভিযোগ উত্থাপিত হৈছে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে। ইফালে জানিব পৰা মতে উক্ত আঁচনি ৰূপায়ন সন্দৰ্ভত পঞ্চায়টোৰ অধিকাংশ সদস্যৰ লগতে পঞ্চায়তটোৰ উপসভাপতি তথা ৱাৰ্ড সদস্যৰ উপৰিও আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীও অৱগত নহয়। স্বাভাৱিকতেই দুৰ্নীতিত পোত যোৱা পঞ্চায়তটোৰ লগতে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে শুক্ৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিকুল বতৰকো নেওচি পঞ্চায়ত কাৰ্যালয়টোৰ সন্মুখত সংগঠনটোৱে সভানেত্ৰী গৰাকীৰ লগতে বিজেপি বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও শীৰ্ঘ্ৰেই সভানেত্ৰী গৰাকীক তদন্তৰ আওতালৈ আনিবলৈ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় প্ৰশাসনক দাবী জনায়। Search for:
d8b9ac8734ade9107d19683d9d71ebe36d9c50aa4316ef48725e116c348d2d62
Luk 8 । AsmULB । STEP । তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল।\n1তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল। 2ইয়াৰ উপৰিও অশুচি আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে সাতটা ভুতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগ্দলীনী বুলি মতা সেই মৰিয়ম; 3আৰু হেৰোদ ৰজাৰ ঘৰগিৰি কূচৰ ভার্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল। এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰিছিল ▼\n▼8:3 মথি ২৭ঃ৫৫\n▼ 8:4 মথি ১৩ঃ১-২৩ ; মার্ক ৪ঃ১-২০\nসেই সময়ত বিভিন্ন চহৰৰ পৰা দলে দলে মানুহবোৰ আহি যীচুৰ ওচৰত এক গোট হৈছিল। তেতিয়া তেওঁ উপদেশ দিব ধৰোতে, এই দৃষ্টান্ত দি কলে, "এজন খেতিয়কে বীজ সিচিবলৈ গ'ল; 5তাতে বীজ সিচাৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ'ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে। 6কিছুমান শিলনিত পৰিল; তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গ'ল।\n7কিছুমান বীজ কাঁইটৰ মাজত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেচি ধৰি মাৰিলে। 8কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে।" এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে কলে- "যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।"\n9পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, "এই দৃষ্টান্তৰ অৰ্থ কি হব পাৰে?" 10তাতে তেওঁ ক'লে, "ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে।"\n11দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য। ▼\n▼8:11 ১ পি ১ঃ২৩\n12বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্ৱাস নকৰে আৰু পৰিত্ৰাণো নাপায়। । 13আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে। ▼\n▼8:13 গীত ১০৬ঃ১২,১৩\n14আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, আৰু সুখত মগ্ন হোৱাত, ▼\n▼8:14 ১ তী ৬ঃ৯,১০ ; ১ যো ২ঃ১৫-১৭\nএওঁলোকৰ একো ফল সিদ্ধ নহয়। 15কিন্তু ভাল মাটিত পৰা বীজবোৰ হ'ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ▼\n▼8:15 যিহি ১১ঃ১৯,২০\nধৈৰ্য্যৰে ফল উৎপন্ন কৰে।\n16কোনেও চাকি লগাই পাত্ৰেৰে ঢাকি নথয় বা বিচনাৰ তলত নথয়; কিন্তু ভিতৰলৈ অহা সকলে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়। 17কিয়নো যি প্ৰকাশিত নহ'ব, এনে কোনো লুকুৱাই থোৱা বস্তু নাই; আৰু যিহক জনা নহ'ব, আৰু যি অপ্ৰকাশিত হৈ থাকিব, এনে কোনো গুপুত বস্তু নাই। 18এতেকে আপোনালোকে কি দৰে শুনিছে সেয়া বিবেচনা কৰিব; কিয়নো যিয়ে শুনিছে, তেখেতক পুণৰ দিয়া হ'ব; কিন্তু যিয়ে শুনা নাই, তেখেতে যি আছে বুলি নিজে ভাবে, সেয়াও তেখেতৰ পৰা নিয়া হ'ব।"\n19সেই সময়ত ▼\n▼8:19 মথি ১২ঃ৪৬-৫০ ; মার্ক ৩ঃ৩১-৩৫\nযীচুৰ মাক আৰু ভায়েক সকল তেওঁৰ ওচৰলৈ আহিছিল; কিন্তু লোক সকলৰ কাৰণে তেওঁৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে। 20তেতিয়া তেওঁক এই সম্বাদ দিয়া হ'ল যে, "আপোনাৰ আই আৰু ভাই সকলে আপোনাক দেখা পোৱাৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।" 21কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক'লে, "যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।\n22পাছত এদিন ▼\n▼8:22 মথি ৮ঃ২৩-৩৪ ; মার্ক ৪ঃ৩৫-৪১ঃ২০\nযীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক'লে, "আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ; তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ'ল। 23কিন্তু যাওঁতে যাওঁতে, তেওঁৰ টোপনি আহিল; আৰু সেই সময়তে সৰোবৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে, তাতে ঢৌত পানী সোমাই থকাত, তেওঁলোক সঙ্কটত পৰিল।\n24তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই ক'লে "হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।" তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ'ল আৰু সকলোবোৰ শান্ত হৈ পৰিল। 25তেতিয়া যীচুৱে তেওঁলোকক ক'লে, "তোমালোকৰ বিশ্বাস ক'ত?" তেতিয়া তেওঁলোকে ভয়াতুৰ হৈ, বিস্ময় মানি ইজনে সিজনক কলে, "এওঁ নো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও এওঁৰ কথা মানে!"\n26পাছত তেওঁলোকে গালীলৰ সন্মুখত থকা গেৰাচেনীয়া সকলৰ দেশ পালেগৈ। 27তাতে যীচুৱে বামত উঠোতে, নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ'ল। সি বহু দিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল কিন্তু মৈদামবোৰতহে থাকিছিল।\n28সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল। পাছত বৰ মাতেৰে ক'ব ধৰিলে, "হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।" 29কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অশুচি আত্মাক আজ্ঞা দিছিল; কিয়নো সেই অশুচি আত্মাই মানুহ জনক বহু দিনৰ পৰা ধৰি আছিল। মানুহ জনক শিকলি আৰু বেৰিৰে বান্ধি ৰাখিছিল আৰু পহৰাও দি থকা হৈছিল; কিন্তু সি বান্ধ ছিগি, ভূতৰ দ্বাৰাই চালিত হৈ নিৰ্জন ঠাইলৈ আহি আছিল।\n30তেতিয়া যীচুৱে তাক সুধিলে, "তোৰ নাম কি?" তেতিয়া সি কলে, "বাহিনী"; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল। 31পাছত সেই ভূতহঁতক অগাধ ঠাইলৈ ▼\n▼8:31 প্ৰ ২০ঃ১-৩\nযাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে।\n32সেই সময়ত পর্ব্বতত এজাক গাহৰি চৰি আছিল। তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীচুক মিনতি কৰিলে। তেতিয়া যীচুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে। 33সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল।\n34এই ঘটনা দেখি ৰখীয়াবোৰে পলাই গৈ নগৰ আৰু গাৱেঁ-ভুয়ে সম্বাদ দিলে। 35তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে। ইয়াকে দেখি আটাইলোকে ভয় কৰিলে।\n36আৰু সেই ভূতে পোৱা লোক জনে কেনেকৈ ৰক্ষা পালে, দেখাবোৰে সেই বিষয়ে আনবোৰ লোকৰ আগত ক'লে। 37তেতিয়া গেৰাচেনীয়া সকলৰ দেশৰ চাৰিওফালে সকলো মানুহে তেওঁলোকৰ ওচৰৰ পৰা উভতি যাবলৈ যীচুক মিনতি কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল।\n38তাতে তেওঁ নাৱত উঠি, উলটি গ'ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ'ল, সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে; ▼\n▼8:38 গীত ৭৩ঃ২৭,২৮\nকিন্তু তেওঁ তাক পঠিয়াই দি কলে, 39"তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনলৈ কেনে মহৎ কৰ্ম কৰিলে, সেই বিষয়ে বৰ্ণনা কৰাগৈ।" তেতিয়া সি তাৰ পৰা গৈ, যীচুৱে তালৈ যি মহৎ কৰ্ম কৰিলে, সেই বিষয়ে গোটেই খন নগৰত ঘোষণা কৰিব ধৰিলে।\n40পাছত যীচু ঘূৰি আহোতে, লোকসমূহে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল। 41আৰু সেই ঠাইৰ ▼\n▼8:41 মথি ৯ঃ১৮-২৬ ; মার্ক ৫ঃ২১-৪৩\nনাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে; 42কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল।\n43সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ-যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল। তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ব্যয় কৰিও সুস্থ হোৱা নাছিল। 44সেইজনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ-যোৱা তেতিয়াই বন্ধ হৈ গ'ল।\n45তাতে যীচুৱে কলে, "মোক কোনে চুলে?" তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক'লে, "হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।" 46কিন্তু যীচুৱে ক'লে, "কোনোবাই মোক চুলে; কিয়নো মোৰ পৰা শক্তি ওলোৱা মই গম পালোঁ।"\n47তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব। তেতিয়া তেওঁ কঁপি কঁপি ▼\n▼8:47 যিচ ৬৬ঃ২\nআহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ'ল; সেই বিষয়ে সকলোৰ আগত কলে। 48তেতিয়া যীচুৱে তেওঁক কলে, "আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা।"\n49তেওঁ এই কথা কৈ থাকোতেই, নাম-ঘৰৰ গৰাকীৰ ঘৰৰ পৰা কোনো এজনে আহি তেওঁক ক'লে, "তোমাৰ জীয়েৰা মৰিল; গুৰুক আৰু দুখ নিদিবা।" 50কিন্তু যীচুৱে সেই কথা শুনি তেওঁক উত্তৰ দিলে, "ভয় নকৰিবা; বিশ্বাস মাথোন কৰা আৰু ▼\n▼8:50 ষো ১১ঃ২৫\nতাতেই তাই ৰক্ষা পৰিব।"\n51পাছত ঘৰলৈ আহি, পিতৰ, যোহন, যাকোব, আৰু ছোৱালীৰ মাক-দেউতাকৰ বাহিৰে, কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে। 52আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক'লে, "তোমালোকে নাকান্দিবা; তাই মৰা নাই, টোপনিতহে মাত্ৰ আছে।" 53কিন্তু তাই মৰিল বুলি তেওঁলোকে জানি তেওঁক হাঁহিলে।\n54কিন্তু তেওঁ তাইৰ হাতত ধৰি, মাতি ক'লে, "আইটি, উঠা।" 55তেতিয়াই তাইৰ প্ৰাণ উভতি আহিল আৰু তাই উঠি বহিল। তেতিয়া তাইক খাবলৈ দিবৰ বাবে যীচুৱে আদেশ দিলে। তাতে তাইৰ মাক-দেউতাকে বিস্ময় মানিলে; কিন্তু এই ঘটনাৰ কথা কাকো নকবলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে।
bfeb4724379b8ede6a01e59a22ae06d04bfd0736bf5313b0c9c435413783428f
হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ফেকামাৰীত দেওবাৰে পুৱা প্ৰায় ১০ বজাত উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইউ এন কলিতাই এক অভিযান চলায়। গুৱাহাটীৰ পৰা আহি জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত ফেকামাৰী বজাৰত থকা ফাৰহানা এন্টাৰপ্ৰাইজত অভিযান চলাই প্ৰায় দুই কুইণ্টল চুৰি ৰড উদ্ধাৰ কৰি দোকানৰ কৰ্মচাৰী বাবুক আটক কৰে। কিন্তু ফাৰহানা এন্টাৰপ্ৰাইজৰ স্বাত্বাধিকাৰী মাফিজুৰ ৰহমান আৰক্ষীৰ অভিযানৰ খবৰ পাই পলায়ন কৰে। ফাৰহানা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী মাফিজুৰ ৰহমান হৈছে এআইইউডিএফ দলৰ ফেকামাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক। উত্তৰ গুৱাহাটী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ইউ এন কলিতাই জানিবলৈ দিয়া মতে এম এছ ওৱেৰ কৰ্পৰেশ্যন নামৰ কোম্পানীটোৰ পৰা যোৱা ২৪ মে তাৰিখে কেইবা ট্ৰাক ভৰ্তি ৰড চুবুৰীয়া ৰাজ্য মনিপুৰলৈ প্ৰেৰণ কৰা হয়। কিন্তু ইয়াৰ পৰা এটা ৰড ভৰ্তি ট্ৰাক চালকে হাইজেক কৰি মনিপুৰৰ সলনি মানকাচৰলৈ লৈ আহে। কোম্পানীটোৱে ঘটনা সংক্ৰান্তত উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিছত আৰক্ষীয়ে ট্ৰাকখনৰ চালকসহ কেইবাজনো লোকক আটক কৰি জেৰা চলাই জেললৈ প্ৰেৰণ কৰে। জেৰাৰ অন্তত অনুসন্ধান চলাই অৱশেষত উত্তৰ গুৱাহাটীৰ আৰক্ষীৰ দল এটা উপস্থিত হয় মানকাচৰৰ ফেকামাৰী বজাৰত। বজাৰখনত থকা ফাৰহানা এণ্টাৰপ্ৰাইজৰ দোকান আৰু ঘৰৰ লগতে গুদামত তালাচী চলাই আৰক্ষীয়ে গুদামৰ পৰা প্ৰায় ২ কুইণ্টল ৰড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দোকানখনত থকা কৰ্মচাৰী বাবুক আটক কৰি উত্তৰ গুৱাহাটীলৈ লৈ যায়। উত্তৰ গুৱাহাটীৰ ৰড কোম্পানীটোৰ পৰা দীৰ্ঘদিন ধৰি এটা চিণ্ডিকেট চক্ৰই ৰড আমদানি-ৰপ্তানি কৰাৰ সময়ত ১০-১২ খন ট্ৰাকৰ পৰা এটা ট্ৰাক হাইজেক কৰি অসমৰ বিভিন্ন প্ৰান্তত এনে অসাধু ব্যৱসায়ীৰ হাতত বিক্ৰী কৰি আহিছে। প্ৰায় ১২ লাখ টকাৰ ৰড এআইইউডিএফৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকজনে ৫ লাখ টকাত ক্ৰয় কৰিছিল বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিছে। মানকাচৰত এআইইউডিএফৰ নেতাজনে এই চক্ৰটো দীৰ্ঘদিন ধৰি চলাই অহা বুলিও আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। অৱশ্যে আৰক্ষীয়ে এআইইউডিএফৰ নেতাজনক এতিয়ালৈকে আটক কৰিব পৰা নাই বাবে সাংবাদিক কেমেৰাৰ আগৰ বিশেষ একো মন্তব্য নকৰিলে। চিণ্ডিকেট চক্ৰটোৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ পিছতহে আৰু বহু চাঞ্চল্যকৰ তথ্য ফাদিল হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। Search for:
a98199f41ee3ae65a1a0eae4f6701206a406e71efada88e7c31984d424df533e
ফেছবুক(ৰূনব কাঁ) - সাহিত্য ডট অৰ্গ\nপূবৰ দগমগীয়া ৰঙাবেলিয়ে ৰক্তাভ ছটিয়াইছে যদিও তাপখিনি যথেষ্ট কোমল হৈ আছে । বিছনাৰ পৰা উঠি পোনছাটেই বাহিৰলৈ গৈ সূৰ্যপ্রনাম কৰি চাহৰ চচপেনটো গেছৰ ষ্টোভত উঠাই, দাঁতমাজা ব্রাচডালত পেষ্ট অলপ সানি বাথৰুমত সুমাও । লৰালৰিকৈ বাথৰুমৰ পৰা ওলাই আহি উতলা পানীখিনিত ৰঙাচাহৰ জোখাৰে চাহপাত দি বেচিনত দাঁত-মুখ ধো মানে চাহখিনি তৈয়াৰ হৈ যায়, গেছৰ ৰেগুলেটৰটো বন্ধ কৰি গামোচাৰে মুখ মচি লওঁ মানে চাহপাতবোৰ চচপেনৰ তলত গেদ হিছাপে পৰিছিল, মই পিয়লাত ফিকা চাহ চেকনী নোহোৱাকৈ বাকি লৈ চেনি এচামুচ মিহলাই, মোৰ লেপটপ থকা টেবুল খনলৈ আহো, ইতিমধ্যে মুখ মুচিব আহোতেই লেপটপটো পাৱাৰ অন কৰি চাৰ্জাৰেৰে বিদ্যুৎ সংযোগ কৰি, নিমকি আৰু বিস্কুটৰ টেমা দুটা টেবুলৰ কাষ চপাই থৈ গৈছিলো । চাহকাপ আনি চকিত বহোমানে "উইন্দ' চেভেন"যুক্ত লেপটপটো মোৰ ব্যবহাৰৰ বাবে তড়িৎগতিত সাজু হৈ উঠিল ।সদায় হোৱাৰ নিচিনাকৈ এইগোটেই কামখিনিয়ে মোৰ পৰা পোন্ধৰ কি বিশ মিনিটৰ বেছি সময় নল'লে । চাহত চুমুক দি, দিল্লীত থাকোতে বন্ধু এজনৰ পৰা সংগ্রহ কৰা সচ্ছিদানন্দৰ মুলমন্ত্র,লেপটপৰ মেডিয়া প্লেয়াৰত বাজিবৰ বাবে ক্লিক কৰিলোঁ, ইয়াৰ পাছতেই ততাতৈয়াকৈ, টাটা ফটন প্লাছ লেপটপৰ ইউ.এচ.বি. শ্লটত ভৰাই ইন্টাৰনেট সংযোগ কৰি, জনপ্রিয় দৈনিক বাতৰিকাকত কেইখনৰ ৱেবচাইট ব্রাউজ কৰি চকু ফুৰাঁও ।\nপুৰাপুৰি আধাঘন্টা কাকত কেইখনক দিয়াৰ পাছত ফেছবুকৰ মোৰ মানে,- ৰূনাব কাঁৰ প্রফাইলটো খুলো । বিভিন্নজনৰ লগত ভাৱৰ বিনিময় কৰো, মই ফেছবুকৰ পোক নহও যদিও, দিনটোৰ আৰম্ভনিতেই ফেছবুক লগঅন নকৰিলে মনটো ভাল নালাগে, কেতিয়াবা ভাৱ হয় মোতকৈ বয়সত তিনি বছৰে সৰু ফেছবুকৰ পিতৃ জাকাৰ্চবাৰ্গে শান্তিৰ নোঁবেল পোৱা উচিত, বিশ্বৰ আঠশ নিযুত মানুহক ফেছবুকৰ জৰিয়তে বান্ধি ৰাখিছে । ঘড়ীত চাৰেআঠবজাৰ লগে লগে ফেছবুকৰ পৰা বিৰতি এটা লৈ গা ধোবৰ বাবে গৰমপানীৰ চচপেনটো গেছৰ ষ্টোভত উঠাই, সৰুপানী চুই পুনৰ ফেছবুকৰ মজিয়ালৈ ঘুৰি আহিলোঁ । মোৰ বেৰৰ ঘড়ীটো প্রাইম টাইমতকৈ পোন্ধৰ মিনিট আৰু হাত ঘড়ীটো প্রাইম টাইমতকৈ পাঁচ মিনিট আগত চলিব পৰা কৰি ৰাখিছোঁ । প্রায় পোন্ধৰ মিনিটমানৰ পাছত গৰমপানীৰ চঁচপেনৰ পৰা অহা চিঁ-চিঁয়নিয়ে স্নান কৰিবলৈ জাননি দিলত ইন্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি ভক্তিগীতটোৰ আৱাজ বঢ়াই গা ধোবলৈ বাথৰুমত সুমালোঁ । এনেতে মবাইল বাজিল, বাথৰুমৰ পৰা আহি মবাইল ধৰো মানে মিছকল হ'ল, নাম্বাৰটো চাই অচিনাকি দেখি থৈ দিলো, মই অচিনাকি নাম্বাৰত কলবেক নকৰোঁ ।\nগা ধুই উঠিয়েই ধূপ এডাল জ্বলাই ইষ্ট দেৱতাক স্তুতি কৰিলোঁ; অফিচৰ বাবে কাপোৰ কানি পৰিধান কৰি উঠি ক'লা ৰঙৰ বেগটোত অফিচৰ মোৰ কোঠাৰ চাবিটো আছে নে নাই চাই, পেন দ্রাইভটো ভৰাই ল'লো, যোৱা সন্ধ্যা অফিচৰ পৰা আহি "ট্রেন্সজেনিক"ৰ ওপৰত ডাউনল'ড কৰা "ডকোমেন্ট"বোৰৰ আজি অফিচত প্রিন্ট লৈ পঢ়িব লাগিব, ইয়াৰ ভিত্তিত অসমীয়াত এটা প্রৱন্ধ লিখি প্রান্তিকলৈ পঠাম । অফিচৰ ঠিকনাত অহা প্রান্তিকৰ পুৰণা সংখ্যা এটা বেগৰ পৰা উলিয়াই কিতাপৰ টেবুলৰ প্রান্তিকৰ থাকটোত সজাই থৈ বেগটো জপালো । কাগজ এটুকুৰাত আজি কৰিম বুলি মনতে জুকিয়াই থোৱা কামখিনিৰ লিষ্ট এখন কৰিলোঁ । প্লাষ্টিকৰ ফল্ডিং চকিখন দুৱাৰমুখলৈ উলিয়াই জোতাযোৰ পিন্ধি, লেপটপৰ পাৱাৰ অফ কৰি, কোঠাটো বাহিৰৰ পৰা তলা মাৰি উলাওঁতে মোৰ হাতঘড়ীত আঠটা ঊনপঞ্চাশ, অৰ্থাৎ প্রাইমটাইম আঠটা চৌৰাল্লিশ হ'ল; মোৰ ভাৰাঘৰৰ পৰা বাছআস্হানলৈ খোজ কাঁঢ়োতে মোক লাগে ছয় মিনিট সময় ।\nমই আহি গোলাঘাটৰ এমেছাৰ থিয়েটাৰৰ কাষৰ চাহ মিঠাইৰ দোকান খনলৈ সুমাই যোৱাৰ লগে লগে এচকুৱা মেনেজাৰ জনে ঈঙ্গিতেৰে চাহ মিঠাই যোগাৰ ধৰা লৰা এজনক মোক দেখুৱাই দিলে । প্রকৃতিয়ে মানুহক এটা চকুতেই ইমান শক্তি দিছে যে, এখন চাহ মিঠাইৰ দোকানৰ সীমাহীন গ্রাহকক অসন্তোষ্ট নকৰাকৈ কিমান সুন্দৰকৈ পৰিচালনা কৰিছে, তেন্তে দুটা চকুৰে আমি কি কৰিব নোৱাৰো ? লৰা এজন কাষ চাপি আহি,- "কি খাব ?" বুলি সোধাত মই ক'লো,- "গৰম পুৰি আছে যদি চাহ একাপৰ সৈতে দিয়া" । লৰাজনে দিয়া চাহটোপা আৰু পুৰি খাই বাছত বহালৈকে দহ মিনিট সময় খৰছ হ'ল । মই যি কাম একে লেথাৰিয়ে নিৰ্দিষ্ট পৰিকল্পনাৰে কৰিলোঁ, সেয়া হয়তো কাৰোবাৰ বাবে, কেঁকোৰা চুলি পোনোৱাৰ নিচিনা কঠিন কাজ হ'ব পাৰে ।\nমই এতিয়া গোলাঘাটৰ এন.আৰ.এল. চাৰ্কোলত ৰৈ থকা ষ্টাৰবাছখনত প্রত্যেক দিনৰ দৰেই আহি বহিলোহি । এই গাড়ীখনেৰে টোকানি পাৰ্কহৈ ধোদৰআলিয়েদি খুমটাই পোৱালৈকে লগা ওঠৰ কিলোমিটাৰৰ পথ মই কেতিয়াও দীঘল বুলি অনুভৱ কৰা নাই । এই পথৰ দাঁতিয়ে দাঁতিয়ে দৃশ্যমান হোৱা শ্যামলা চাহ বাগান বা সোনালী পকাধান আৰু হালধীয়া সৰিয়হে হৃদয়ৰ প্রতিটো কোঠা ভৰাই নেপেলোৱা কোনো নহ'ব ।\nমোৰ কাষৰ আসনত উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনৰ শিক্ষয়িত্রী এগৰাকী বহিলহি ।\n"আপোনি আহিলে",-মই সৌজন্য প্রকাশ কৰি সুধিলোঁ ।\n"অ, তুমি কেতিয়া পালাহি ? ",- তেখেতে প্রতিউত্তৰৰ ৰূপত মোক লক্ষ্য কৰি প্রশ্ন কৰিলে । মোৰ টিঙিচকৈ খঙ উঠি গ'ল । মনত সংপৃক্ত হৈ থকা বিষয়াসুলভ অহংকাৰখিনিয়ে হাহাকাৰ কৰি উঠিল । মোৰ ভিতৰত থকা মন আৰু বিবেকৰ মাজত অন্তৰ্দণ্ড আৰম্ভ হ'ল । 'এঃ জ্যেষ্ঠজনে তুমিবোলাতনো কিহৰ আত্ম সন্মানত লাগে ? ',-বিবেকে মনক বুজনি দিয়াৰ চেষ্টা কৰিলে । 'কিয় দিল্লীৰ নিচিনা মহানগৰত সংস্কৃতিবান সকলে সৰুকো আপ আপ বুলিহে কয়',-মনে মানিবলৈ টান পালে । 'আমাৰ অসমীয়াত থকা ভাল ভাল সম্বোধনবোৰ তাত নাই নহয়',-বিবেকে অকমান সান্ত্বনা দিয়াৰ চেষ্টা চলালে । 'মই কিন্তু এই বুঢ়ীক খুড়ী বুলি মাতিম এতিয়া',-মনে বিবেকলৈ শেল এৰিলে, 'নাপায় বুঢ়ী বুলিব নাপায়, তেখেত এখন বিদ্যালয়ৰ শিক্ষয়িত্রী',- বিবেকে প্ৰতিবাদ কৰিলে ।\n"খুড়ী দহ মিনিটমান হ'ল", মই উত্তৰ দিলো; খুড়ী শব্দতো ব্যৱহাৰ নকৰা হয়ো বাক্যটো সম্পূৰ্ণ হ'ল হয়, কিন্তু মোৰ ক্রিয়াৰ প্রতিক্রিয়া আইতা শব্দটোত হ'ব লগা ধৰণৰ হ'ল, কিয় জানো তেখেতে সেহা-বেঙা কৰিলে । মইতো একো অবাইচ মতা নাই, ভাল অসমীয়া সম্বোধন এটাহে কৰিছোঁ ।\n"ঠাণ্ডাদিনত নিহালিখনৰ তলৰপৰা ওলাই অহাতো যথেষ্ট টান কাম । তাতে পুৱা লৰালৰিকৈ ডিউটিলৈ যাব লগাতো বৰ কঠিন । ইফালে নগা জলকীয়া অতি জ্বলাৰ নিচিনা, আমি খাৰখোৱাবোৰৰো এলেহুৱা বুলি ৰেকৰ্ড এটা আছে নহয় । সঁচাই চাকৰিতো দিল্লী কা লাড্ডু । চাকৰিতো নাপাওতেও ভাল নালাগিছিল এতিয়া পোৱাৰ পাছতো ভাল নালাগে । মাহৰ মোৰত দৰমহাতো পাওতে, সেইদিনাখনেই যি ভাল লাগে আৰু....",- মোৰ পাছৰ চিটত বহা মানুহজনে অনৰ্গল কাষৰজনক কৈ গ'ল । মানুহজন বোধহয় আৰক্ষীবিভাগৰ হ'ব । হয়তো বহু অপেক্ষাৰ পাছত, প্রসাদ দি দিল্লীৰ লাড্ডুটো পাইছে । বয়স চল্লিশৰ ওপৰত হ'ব যেন লাগিল ।\n'এই বুঢ়াটোৱে বৰ কেপকেপাই আছে',-এজনে ফোঁচফোঁচালে ,\n'মানুহজনে শুনিব',- আনএজনে সাৱধান কৰিলে ।\nমই সোঁফালৰ প্রথম শাৰীৰ খিৰিকীৰ কাষত বহিলো । খিৰিকীৰ কাঁচৰ আইনাখন খুলি দিলো, অকমান সতেজ অম্লজানৰ আশাত । সচৰাচৰ মই খিৰিকীৰ কাষত বহিলেও, চলন্ত গাড়ীত আইনা জপাই যাঁও, কিয়নো চালককে ধৰি, সন্মুখৰ আসনত বহা মানুহে বাহিৰলৈ পেলোৱা থু-খেকাৰ চিটিকনি বতাহৰ প্রচণ্ড গতিয়ে ভিতৰলৈ থেলি সুমুৱাই পঠাই, এইবোৰত যথেষ্ট বীজানু থাকে ।\nমই বহাৰ সোঁফালে বাহিৰত আগফালে এজন আদহীয়া মানুহে এসোপামান সৰু লৰা-ছোৱালীৰ কাপোৰ কানি লৈ বহিলহি, লগত এটা আঠ বছৰমানৰ সৰু লৰা । কাপোৰবোৰ বেছি পুৰনাও নহয় আৰু একেবাৰে নতুনো নহয় । কেঁছুওৱাৰ পৰা সাত-আঠ বছৰীয়া লৰা-ছোৱালীয়ে পিন্ধিব পৰা বিধৰ । আদহীয়া মানুহজনে তেনেধৰনৰ কাপোৰ থকা বস্তা হ'ব নেকি, তাৰ ওপৰত বহি বহি আৰু সৰু লৰাটোৱে শুদাকৈ আঁঠুৰ ওপৰত ভৰ থৈ বহি কাপোৰবোৰ বাছি বাছি ভাগ কৰিছে । ক'ৰ পৰা কাপোৰবোৰ আনিছে, চুৰি কৰা কাপোৰ নে বানাগ্রস্তলৈ সহায় আগবঢ়োৱা কোনোবা মানুহৰ দান, মই ভাৱি উলিয়াব নোৱাৰিলো । সৰু লৰাটোৱে এটা হালধীয়া চোলা নিজৰ গাত মিলাই চাইছে, কিয় চাব পাৰে ?,- হয়তো তাৰ পছন্দ হৈছে নতুবা আদহীয়া মানুহজনে বুজাই দিয়া ধৰণৰ আকাৰৰ কাপোৰ পৃথক কৰিছে ।\nচিনাতলীৰ ৰেল ক্রছিং পাৰ হোৱাৰ পাছত দুজন যাত্রী গাড়ীত উঠিল । মানুহ দুজন আতংকিত হৈ খৱৰটো বাকী সকল যাত্রীক দিলে । তেওঁলোকৰ বৰ্ননাৰ সাৰাংশ এয়ে যে,- পুৱাই ধান মৰনা মাৰি গৰুহাল ৰছিৰে সৈতে এৰাল দিবলৈ অহা ৰামেশ্বৰে উন্মুক্ত ৰেলৰ ট্রেকৰ ওপৰেৰে পাৰ হ'ব লওতেই গোলাঘাটৰ পৰা মৰিয়নি অভিমুখী পেছেন্জাৰ ৰেল খন দেখি গৰুহালে ভিৰাই লৰ দিলে, গৰুহালক বছাবলৈ ৰামেশ্বৰে দেহৰ সমস্ত জোৰ লগালে, গৰুহালৰ কিবা হ'ব লাগিলে তাৰ জীয়াই থকা বৃথা, এইবাৰ খৰাঙে শুকুৱা ধানদৰা যি দুই তিনিটাকৈ থুৰ উলাইছিল তাকো কিবা এটা পোকে ৰাতি ৰাতি খাই টকালি পেলালে, তাৰ মাজতে কাঁচি লগাব পৰা ধাননিছোৱা কাটি আনি, কিছুৰ(কিশোৰ)ৰ পৰা ধাৰলৈ অনা গৰুহালেৰে মৰনা মাৰি, সিহঁতক ঘাহঁ খাবলৈ কাষৰ ধানদাই অটোৱা নৰানি দৰালৈ আনি আছিল । কিন্তু প্রাণটাকি ফাঁহি ছিটিকা দিয়া গৰুহালৰ গলত বন্ধা এৰালডাল এৰি নিদিয়া ৰামেশ্বৰে ৰেলৰ ইঞ্জিনত মৰা প্রচণ্ড খুণ্ডাত থিতাতে নিহত হ'ল । সঁচাকৈ মৃত্যু যেতিয়া শিল্প নহয়, ইয়াক প্রকাশৰ শব্দ বিচৰাও হৈ পৰে কঠিন ।\n"এৰালডাল এৰি দিয়া হয় সি নমৰে"\n"মগজ নাই এইবোৰৰ..অশ্লীল"\nদুজন যাত্রীৰ কথোপকথন শুনি ভাড়া সংগ্রহ কৰিব অহা কণ্ডাক্টৰজনে হাঁহিলে । মই এক অবুজ কৌতুহলৰ চাকনৈয়াত চকচককৈ ঘুৰিব ধৰিলো । বাক্যবোৰ স্পষ্টভাবে কৰ্ণকুঁহৰত ধ্বনিত হোৱাৰ লগতে কণ্ডাক্টৰজনৰ হাঁহিৰ সাঁথৰটোৱে চকুত ভাঁহি আহিল,বাৰে বাৰে । সেই একেটাই হাঁহি দেখা পাইছিলো তেতিয়া, যেতিয়া গাড়ী চালকে পথৰ দাঁতিৰ বাটৰুৱাজনক ৰক্ষা কৰিবৰ নিমিত্তে গাড়ীখনেৰে ইচ্ছাকৃতভাবে ৰাস্তাৰ সোঁমাজত নিৰ্ভয়ে শুই থকা কুকুৰটোক মহতীয়াই নিছিল ।\nযথাসময়ত মই গাড়ীৰ পৰা নামি কাৰ্যালয়লৈ সুমাবলগীয়া একফাৰ্লংমান দৈৰ্ঘ্যৰ ৰাস্তাটোৰে খোঁজ ল'লো ।কাৰ্যালয়ৰ মোৰ নিজৰ টেবুলত বহি, আজি কৰিম বুলি ভৱা কামখিনি উলিয়ালোঁ । কামৰ মাজতে ডাকঘৰৰ পিয়নে দি যোৱা চিঠিখিনি খুলি চালো । অলপতে প্রকাশিত প্রৱন্ধ এটিৰ মাননিটোৰ চেক এখন । অলপ সময় চকু দুটা মুদি মুৰটো বহিথকা চকীখনত আওঁজাই দিলো । মোৰ এতিয়াতো সকলোৱে আছে, ভাল দৰমহাৰ এটি চাকৰি তাকো তুলনামুলকভাবে ভাল ঠাইত, বিজ্ঞান লেখক হিছাপেওঁ আছে এটা নাম । কিন্তু কিবা এটা যেন নাই, কি নাই ? নিজকে নিজে প্রশ্ন কৰিলো । মইতো এজন ভাল লেখক হ'ব বিছাৰিছিলোঁ, পাৰিলো জানো হ'ব, মৌলিক কিবা কিছু লিখি পঢ়ুৱৈক আপ্লুত কৰিব পাৰিলো জানো । খুব পৰিপাতিকৈ সময় খৰছ কৰো, মোৰ নাই কোনো নিচাসক্তি, নীলা-বগা ছবিয়েও চুৰ কৰিব নোৱৰা মোৰ সময় তালিকাখনে মোৰ জাতিটোক কিবা দিব পাৰিলে জানো ? কাইলৈ মোৰো যদি ৰামেশ্বৰৰ দৰে হয়, সি মৰনা মাৰি শুকাবলৈ ৰ'দত মেলি অহা সোনালী বীজখিনিৰ নিচিনা মোৰ হৃদয়ৰ অংকুৰিত নোহোৱা সৃষ্টিশীলতাৰ বেদনাৰ মৰ্মাৰ্থ কোনেনো বুজিব ?\nমোৰ এই দুঃখখিনি আজি লিখি পেলাম, কোনো প্রখ্যাত আলোচনীৰ পৃষ্ঠাত প্রকাশ কৰিব নোৱাৰিলেওঁ ফেছবুকত আপল'ড কৰিব পাৰিম । ফেছবুকৰ বন্ধুবোৰেঁওতো মোক নিশ্চয় বুজি পাব । এপাহ নিষ্পাপ ফুলৰ সুগন্ধত মালী আহ্লাদিত হ'লেও ফুলপাহ হয়তো কিছুপৰিমানে পৰিতৃপ্ত হ'ব ।\n← এখন খেল বহু স্মৃতি (উজ্জল ফুকন)\n"গোলাপৰ টেনশ্যন্" (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য) →\nশইকীয়াৰ সৰল সমীকৰণ (-মনজীৎ)
bc9b0dcaad626752f482e2ca97df77e467e4d87ffb851c8b226b2a0b30579249
নগাঁও জিলাৰ আহোম গাঁও আৰক্ষী চকীৰ অন্তৰ্গত বটদ্ৰৱাৰ সমষ্টিৰ চহৰীয়া গাঁৱত আজি বিয়লি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিৰ হুছেইন মাৰ্কেটৰ ইমৰান হুছেইনক আজি পুৱাই নুৰ উদ্দিন আৰু বাবুল নামৰ দুজন নলে-গলে লগা বন্ধুৱে ঘৰৰ পৰা মাতি আনিছিল। কিন্তু ৰহস্যজনকভাৱে সন্ধিয়া ইমৰানৰ মৃতদেহ উদ্ধাৰ হয়। আনহাতে মৃতদেহত আঘাতৰ স্পষ্ট চিন থকালৈ চাই ইমৰানক লগৰ দুই বন্ধুৱে হত্যা কৰা বুলি ইমৰানৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। অৱশ্যে কি কাৰণে ইমৰানক হত্যা কৰা হ'ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ততহে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। আনহাতে স্থানীয় একাংশ ৰাইজে নিচা জাতীয় দ্ৰব্য সেৱনক কেন্দ্ৰ কৰিয়েই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ধিং আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত চলোৱাৰ লগতে পৰিয়ালৰ উত্থাপন কৰা অভিযোগ অনুসৰি দুই বন্ধুক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
1d8b67ab843ed69284cacf5639ad3ec59b2bd2146c28ceb9570e9c9d64a528f0
সমগ্ৰ বিশ্বতে বিস্তাৰ লাভ কৰা যোগশিক্ষাক চামগুৰিবাসীৰ মাজত অধিক প্ৰসাৰ কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অগ্ৰণী যোগ প্ৰশিক্ষণ কেন্দ্ৰ 'যোগ প্ৰেৰণা, দ্য যোগা চেন্টাৰ'ত আজিৰ পৰা বিনামূলীয়াকৈ দুদিনীয়া যোগশিক্ষা অনুশীলন আৰম্ভ হৈছে। 'যোগ প্ৰেৰণা' কেন্দ্ৰৰ প্ৰতিষ্ঠতা তথা যোগ প্ৰশিক্ষক ৰেখামনি দাসে জানিবলৈ দিয়া মতে বৃহত্তৰ চামগুৰি অঞ্চলক সামৰি 'যোগ প্ৰেৰণা'ৰ উদ্যোগত চামগুৰিত অহা ২৫ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে এখন যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিচৰা ইচ্ছুক প্ৰতিযোগীৰ বাবে আজি প্ৰথম দিনাৰ অনুশীলন হৈ যায় আৰু কাইলৈ অংশগ্ৰহণকাৰি সকলক দিনজোৰাকৈ বিনামূলীয়াভাৱে যোগৰ ন ন ক্ৰীড়া কলাপৰ অনুশীলন কৰোৱা হ'ব। এই অনুশীলনৰ প্ৰতি আগ্ৰহী সকলক ৯৮৬৪৭৩৬৭২৬ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। যোগ অনুশীলনত আজিৰ কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ab197a13561b4cb43e7033d04f75eb0e43c0a12c092a02eedad779e58f73f920
এতিয়াৰে পৰা ঘৰতে বহি উপাৰ্জন কৰিব পাৰিব আপুনি। ঘৰত বহিয়েই কোটিপতি হোৱাৰ সুযোগ আছে আপোনাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াৰ বাবে আপুনি একো কৰাৰো প্ৰয়োজন নাই । যদিহে আপোনাৰ ওচৰত আছে এই বিশেষ ১ টকীয়া মুদ্ৰা তেন্তে আপুনি সহজে লাভ কৰিব পাৰে ১০ লাখ টকা ।
74ac873981cb77e034789e96585fa3d8322d7cada3e6349445db06ac5a6452c0
ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত শিশু অপহৰণৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, ২২ জানুৱাৰী তাৰিখে উৰিয়ামঘাটৰ ৰানা নগৰৰ নিবাসী নুৰ মহম্মদৰ পুত্ৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ আব্বাছ আলি(১২)য়ে স্থানীয় ডেভডিল স্কুললৈ পুৱা আহি থকা অৱস্থাত লতাপুৰ গাৱৰ ৰবৰবাগানৰ ওচৰত এখন নীলা ৰঙৰ এল্ট গাড়ীয়ে বাট ভেটি আগুচি ধৰি ছাত্ৰটিক চকুত কাপোৰ বান্ধি গাড়ীত উঠাই লৈ যায় । ইতিমধ্যে উৰিয়ামঘাট আৰক্ষীয়ে ঘটনাৰ সবিশেষ অৱগত হোৱাৰ পিছতে অপহৰকাৰীৰ কবলৰ পৰা পলায়ন কৰা ছাত্ৰ জনক লৈ চক্ৰ টোৰ বিৰোধে অভিযান অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, যোৱা ডিচেম্বৰ মাহত সোনাপুৰৰ পৰা নিৰুদেশ হোৱা ৰছিদুল আলিৰ নিৰুদেশৰ সম্পৰ্কত উৰিয়ামঘাট থানাত এটি গোচৰ পঞ্জীয়ন হৈ আছে ।ইতিমধ্যে আৰক্ষীয়ে অপহৰণকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ লগতে অপহৰণৰ লগত এটা চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
bf8828df0a072a7805a4f2a413ba206bd8337717e484447439a2027798ffed2b
বৰ্তমান সময়ত চিকিৎসাৰ ব্যয় বৃদ্ধি পাইছে। এইসমূহৰ মাজতে এনে বহুতো ঘটনা আছে য'ত ফাৰ্মা কোম্পানীসমূহে অত্যাধিক মূল্যত ঔষধ বিক্ৰী কৰি আহিছে। এইসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ঔষধৰ মূল্যৰ বাবে নিয়ামক সংস্থা নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে (NPPA) এতিয়া ৮৪ টা ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰিছে। এতিয়াৰে পৰা কোনো ফাৰ্মাচীয়ে এই ঔষধসমূহ অত্যাধিক হাৰত বিক্ৰী কৰিব নোৱাৰিব। পেৰাচিটামলৰ নতুন মূল্য নিৰ্ধাৰণ কৰা হৈছে : NPPA-য়ে মূল্য সলনি কৰা অত্যাৱশ্যকীয় ঔষধবোৰৰ ভিতৰত আছে ডায়েবেটিচ, মুৰৰ বিষ, উচ্চ ৰক্তচাপৰ চিকিৎসাত ব্যৱহৃত ঔষধ। এই পৰিৱৰ্তনৰ ফলত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰিবলৈ ব্যৱহৃত ঔষধৰ মূল্যও হ্ৰাস হ'ব। NPPA অধিসূচনা অনুসৰি, এটা পেৰাচিটামল-কেফেইন টেবলেটৰ মূল্য ২.৮৮ টকা, ৰোচুভাষ্টানিন এস্পিৰিন আৰু ক্লপিডোগ্ৰেল কেপচুলৰ মূল্য ১৩.৯১ টকা আৰু ভগ্লিবোছ এণ্ড (SR) মেটফৰ্মিন হাইড্ৰক্লৰাইড টেবলেটৰ মূল্য ১০.৪৭ টকা। এতিয়া চিপ্লা আৰু পিউৰ এণ্ড কেয়াৰ হেল্থকেয়াৰৰ দ্বাৰা বিক্ৰী কৰা এটৰভাষ্টেটিন আৰু ফেনোফিব্ৰেট টেবলেটত ১৩.৮৭ টকা ব্যয় হ'ব। এই ঔষধটো হৃদৰোগ আৰু মধুমেহৰোগত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, GST বাদ দি ভগ্লিবোছ আৰু (SR) মেটফৰ্মিন হাইড্ৰক্লৰাইডৰ টেবলেটৰ মূল্য ১০.৪৭ টকা নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে অধিসূচনাত কৈছে যে ফাৰ্মা কোম্পানীবোৰে এই মূল্যবোৰ কঠোৰভাৱে মানি চলিব লাগিব। মানি নচলিলে তেওঁলোকে সুদৰ সৈতে পুনৰুদ্ধাৰ কৰা অতিৰিক্ত মূল্য পৰিশোধ কৰিব লাগিব। মূল্য পৰিৱৰ্তনৰ পিছত GST পৃথক হৈ থাকিব, কিন্তু ঔষধ নিৰ্মাতাসকলে খুচুৰা মূল্যত চৰকাৰক GST পৰিশোধ কৰিলেহে ইয়াক পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। যদি কোনো বিক্ৰেতাই এই ঔষধবোৰ অধিক হাৰত বিক্ৰী কৰে, বিভাগীয় ব্যৱস্থা লোৱা হ'ব। উল্লেখনীয় যে দেশত ঔষধ আৰু ফৰ্মুলেচনৰ মূল্য নিৰ্ধাৰণ,সেইবোৰৰ উপলব্ধতা নিয়ন্ত্ৰণ আৰু বাহাল ৰখাৰ বাবে NPPA দায়বদ্ধ। ইয়াৰ অধীনত, যদি ঔষধ উৎপাদক এজনে অধিক মূল্য আদায় কৰে, তেনেহ'লে তেওঁৰ পৰা পুনৰুদ্ধাৰৰ পদক্ষেপ লোৱা হয়। ইয়াৰ উপৰিও, মূল্য নিয়ন্ত্ৰণ তালিকাত নথকা ঔষধবোৰ সংস্থাটোৱেও নিৰীক্ষণ কৰে। Please follow and like us: BJP নেতাৰ সৈতে উদয়পুৰৰ অভিযুক্তৰ ফটো ভাইৰেল কিন্তু প্ৰকৃত সত্য কি ? Save my name, email, and website in this browser for the next time I comment. ২১ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'লোকমন্থনঃ ২০২২'.
d6fb50e8cbe12db4b75e3f86bab592484de132f83d7e403d48685cdeb6711b5a
প্ৰেমিকাক লগ কৰিব আঁহোতেই পৰিয়াল বৰ্গই মৰিয়াই মৰিয়াই হত্যা কৰিলে যুৱকক দেশত প্ৰতিদিনেই বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। ইয়াৰ মাজতে ফিৰোজাবাদৰ পৰা এক ভয়ংকৰ নৃশংস হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছে। চিচিবৰগাঁও চাৰিআলিৰ সমীপৰ গেলুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । শিলভৰ্তি এখন ট্ৰেক্টৰ পথৰ পৰা বাগৰি পৰি হেঁচা মাৰি ধৰে চালকজনক ।
7d191f361a7f857238ea2cad42ec00531258a160ec3f229b3ecb8284b5f4e149
কৰ'নাই জুৰুলা কৰা অসমত বিধান সভাৰ নিৰ্বাচনো সমাগত। গতিকে কৰ'নাৰ আতঙ্কৰ মাজতে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে ৰাজনৈতিক কুচকাৱাজো আৰম্ভ হৈছে ৰাজনৈতিক দল বোৰৰ মাজত। শাসক বিজেপিৰ জন সম্পৰ্ক অভিযানৰ সমান্তৰালকৈ এইবাৰ ডিজিটেল প্ৰচাৰৰ বাবে টঙালি বান্ধিছে মিত্ৰ দল অসম গণ পৰিষদে। তাৰেই উদ্দেশ্যে দলটোৰ আমবাৰীত থকা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় এক গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে আই টি চেল গঠনৰ সিদ্ধান্ত এই বৈঠকতে গ্ৰহণ কৰা হয়। প্ৰতিটো আই টি চেলৰ দায়িত্বত থাকিব দলৰ কেন্দ্ৰীয় সমিতিৰ একোজন নেতা। MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
9d834616dfddf9e337dfb978be5d4a0077f66b14aa17ebf0fb9b1bf2ec85e641
# ১৯৪৭ চনৰ এই দিনটোতে [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। এই সমিতিখনৰ অধ্যক্ষ আছিল ড০ড॰ ভীমৰাও আম্বেদকাৰ।আম্বেদকাৰ। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চুড়ান্তচূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। # ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত [[কাজী নজৰুল ইছলাম]]ৰ মৃত্যু হৈছিল। # ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল। # ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ'ল পঞ্চম উপগ্ৰহ।
2001b23dae21a7c7cd154b5d8526d97467d9a78b852129bb0a8060ad10c444ab
বিশ্ব পৰিৱেশ দিৱস প্ৰত্যেক বছৰে ৫ জুন তাৰিখে পালন কৰা হয়। গোটেই পৃথিৱীৰ প্ৰায় ১০০ তকৈ অধিক দেশে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। এই দিৱসটো ১৯৭৩ চনত UNEP য়ে আৰম্ভ কৰিছিল আৰু এতিয়ালৈ পালন কৰি অহা হৈছে। এই দিৱসটো উদ্যাপন কৰাৰ মুখ্য উদ্দেশ্য হ'ল পৰিৱেশৰ বিষয়ে সজাগতা বৃদ্ধি কৰা । পৰিৱেশ মানে কিঃ বৈজ্ঞানিক ভাৱে কোৱা হয় যে আমাৰ চাৰিওকাষে সকলো বস্তু মিলি পৰিৱেশ গঠন হয়। সকলো জীৱ-জড় বস্তুৱে আমাৰ পৰিৱেশ গঠন কৰে। জীৱৰ ভিতৰত গছ-গছনি, জীৱ-জন্তু, অণুজীৱ আদি পৰে আৰু জড় বস্তুৰ ভিতৰত বতাহ, পানী, মাটি আদি পৰে। পৰিৱেশ বিপদত কিয়ঃ প্ৰচুৰ পৰিমাণে হোৱা প্ৰদূষণৰ বাবে আজি পৰিৱেশ বিপদত পৰিছে। পৰিৱেশৰ মুখ্য অংশসমূহ যেনেঃ স্থলমণ্ডল, জল- মণ্ডল, বায়ুমণ্ডল, জীৱমণ্ডল আদি সকলো প্ৰদূষণৰ কবলত পৰিছে। প্ৰদূষণৰ মাত্ৰা বাঢ়ি অহা অৱস্থাই পৰিৱেশ বিনষ্ট কৰি পেলাইছে। প্ৰদূষণৰ কিছুমান কাৰণ প্ৰাকৃতিক যেনেঃ coআগ্নেয়গিৰি উদ্গীৰণ, বনজুই আদি। প্ৰদূষণৰ আন কিছুমান কাৰণ মানৱসৃষ্ট, যেনেঃ উদ্যোগৰ পৰা ওলোৱা লেতেৰা পানী, গাড়ীৰ ধোঁৱা আদি। পৰিৱেশৰ খৰতকীয়া ধ্বংসৰ কাৰণ হৈছে মানুহে সৃষ্টি কৰা প্ৰদূষণ অৰ্থাৎ কৃত্ৰিম প্ৰদূষণ। প্ৰদূষণৰ মূখ্য প্ৰকাৰকেইটা হ'ল : বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণ। পৰিৱেশ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ কিয়ঃ পৰিৱেশ হৈছে এই পৃথিৱীত আমাৰ অস্তিত্ব বজাই ৰখাৰ একমাত্র সঁজুলি। পৰিৱেশে আমাক প্ৰতিপালন কৰে, আমাক জীয়াই থকাত সহায় কৰে। আমি বায়ু, পানী আৰু মাটিৰ অবিহনে জীয়াই থকাৰ কল্পনাও কৰিব নোৱাৰোঁ। জীৱিত উপাদান যেনে : গছ-গছনি, জন্তু আদিও জীয়াই থকাৰ আহিলা। গছে আমাৰ চাৰিওকাশৰ বায়ু শোষণ কৰে। আমি গছ-গছনি আৰু জন্তুৰ পৰা খাদ্য পাঁও। পৰিৱেশৰ সকলো উপাদানে ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক এখন জালৰ দৰে ; এই জালখন ঠিক মতে চলি থকাটো জৰুৰী । যদি জাল খনৰ এটা উপাদান ধ্বংস হয়, তেতিয়া গোটেই জালখনে ধ্বংস হ'ব। সেয়েহে আমি পৰিৱেশ সংৰক্ষণ কৰিব লাগে আৰু সেইবিলাক কাম বৰ্জন কৰিব লাগে যিবিলাকৰ কাৰণে পৰিৱেশ ধ্বংস হ'ব পাৰে। বিশ্ব পৰিৱেশ দিৱসত আমি কি কৰোঃ বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্য হ'ল- পৰিৱেশৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে সজাগতা বিয়পোৱা। প্ৰতি বছৰে বেলেগ বেলেগ বিষয়ত এই দিৱস পালন কৰা হয়। ২০২১ চনত এই দিৱস পালন কৰা বিষয় হ'ল 'পৰিস্থিতিতন্ত্ৰ পুনঃ প্রতিষ্ঠা'। উক্ত বিষয়টোৱে বাঢ়ি অহা গছ-গছনি, চহৰ সেউজীয়া কৰণ, নদী চাফা কৰা, উপকূল চাফা কৰা আদি কাৰ্যপন্থা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । এই বছৰ বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠানটোৰ আঁত ধৰিছে পাকিস্তানে। ২০২০ চনত বিশ্ব পৰিৱেশ দিৱসৰ বিষয় আছিল ' জৈৱ-বৈচিত্ৰ উদ্যাপন ' আৰু ইয়াৰ আঁত ধৰিছিল কল'ম্বিয়া আৰু জাৰ্মানীয়ে। জৈৱ-বৈচিত্ৰই জল-স্থলৰ সকলো প্ৰাণীকে জীয়াই থকাত সহায় কৰে। মানুহৰ স্বাস্থ্যৰ প্ৰতিটো দিশ ইয়াৰ লগত জড়িত হৈ আছে। ইয়ে আমাক শুদ্ধ বায়ু, পানী, খাদ্যৰ উৎস দিয়ে। সেয়েহে উক্ত দিনটোত সকলোৱে সৰু-সৰু কিছু পদক্ষেপ লব পাৰে, যাৰ দ্বাৰা আমাৰ ভৱিষ্যৎ সুন্দৰ হ'ব । বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ গছ-গছনি ৰোপন আৰু চৌ-কাশ পৰিষ্কাৰ কৰণ, এই সৰু প্ৰচেষ্টাসমূহৰ দ্বাৰা পৰিৱেশৰ ওপৰত এটা প্ৰভাৱ পেলাব পাৰি। আমাৰ পৰিৱেশৰ এই অৱস্থাৰ উন্নতিৰ বাবে চৰকাৰ আৰু সংগঠনসমূহ আগবাঢ়ি আহিব লাগে আৰু একেলগে এই সমস্যাসমূহৰ বিৰুদ্ধে যুঁজ দি আমাৰ পৰিৱেশ ৰক্ষা কৰিব লাগিব। শেহতীয়া জাননী (Notice)
10f06b7dcca14dbe0f4bb61130c9260149f9ba1ffb1c9b0c2b8012f90ea74cad
হিচাপবিদ্যাঃ ব্যৱসায়ৰ তথ্যপাতিসমূহ প্ৰকাশ কৰাৰ কিছুমান মাধ্যম থাকিলেও হিচাপবিদ্যাকে মুখ্য প্ৰচলিত নিয়ম হিচাপে স্বীকৃতি দিয়া হয়। ইয়াক ব্যৱসায়ৰ ভাষা হিচাপে গণ্য কৰে। হিচাপবিদ্যাক কলা আৰু বিজ্ঞান দুয়োটাকে আখ্যা দিয়া হয়। আধুনিক অসমীয়া শব্দকোষ ইংৰাজীঃ Adhunik Asamiya Sabdakosh সুমন্ত চলিহাৰ দ্বাৰা সংকলিত অসমীয়া ভাষাৰ অভিধান। ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয় ১৯৯১ চনত। প্ৰকাশ কৰে বাণী মন্দিৰৰ হৈ সূৰ্যকান্ত হাজৰিকায়। শব্দ (অভিধান) দ্য এলকেমিষ্ট (উপন্যাস) মা (ৰুছ উপন্যাস) গীতাঞ্জলি (কাব্যগ্ৰন্থ) হেৰী পটাৰ (চৰিত্ৰ) একাত্ম মানৱবাদ (দীন দয়াল উপাধ্যায়) দেশ অনুসৰি বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰৰ .. © as.google-info.org 2020 । This website uses cookies. Cookies remember you so we can give you a better online experience.
851eb1fd645e1c498e7907e71d2c5ef998d735850b42d7c16efc42dae20a4b7e
"কোৰচ ৰজাৰ প্ৰথম বছৰত, কোৰচ ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে এটা আজ্ঞা জাৰি কৰিছিলঃ 'বলিদানৰ বাবে গৃহটো নিৰ্ম্মাণ কৰা হওঁক। তাৰ দেৱালবোৰৰ ওখ আৰু বহল ষাঠি হাত, তিনি শাৰী ডাঙৰ শিল আৰু এশাৰী নতুন কাঠৰ সৈতে নিৰ্ম্মাণ কৰা হওক। এই নিৰ্ম্মাণ কাৰ্যত ৰজাৰ গৃহৰ পৰা ব্যয় কৰা হওক। ঈশ্বৰৰ সেই গৃহৰ কাৰ্য তোমালোকে এৰি দিয়া। ঈশ্বৰৰ গৃহ অধ্যক্ষ আৰু যিহূদীৰ বৃদ্ধসকলে সেই ঠাইতে নিৰ্ম্মাণ কৰক। যিসকল যিহূদী বৃদ্ধলোকে ঈশ্বৰৰ সেই গৃহ নিৰ্ম্মাণ কৰি আছে তেওঁলোকৰ বাবে এই সকলো কৰিবলৈ মই তোমালোকক আজ্ঞা দিছোঁঃ সেই লোকসকলৰ কাৰ্য বন্ধ নহবৰ বাবে নদীৰ সিপাৰৰ ৰাজকৰৰ পৰা ৰজাৰ ধনেৰে তেওঁলোকক হাজিৰা দিয়া হওক। স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে হোম-বলি দিবলৈ যিৰূচালেমৰ পুৰোহিতসকলে আদেশ দিয়া অনুসাৰে প্রতিদিনে ক্ষতি নকৰাকৈ যি যি প্রয়োজনীয় বস্তু যেনে, দমৰা, মতা মেৰ বা মেৰ-ছাগ পোৱালি, ঘেঁহু, লোণ, দ্রাসাৰস, বা তেল, এইসকলো বস্তু তেওঁলোকক দিয়া হওক। স্ৱৰ্গৰ ঈশ্ৱৰলৈ দান দিবলৈ আৰু ৰজা আৰু তেওঁৰ পুত্রসকলৰ কাৰণে তেওঁলোকে প্রাৰ্থনা কৰিবলৈ তোমালোকে এই দৰে কৰা। মই আজ্ঞা কৰিছোঁ, যে, যি কোনোৱে এই আজ্ঞা লঙ্ঘন কৰিব, তাৰ ঘৰৰ চালৰ এডাল কাঠ উলিয়াই আনি তেওঁক তাত আৰি থোৱা হ'ব আৰু সেই দোষৰ বাবে তেওঁৰ ঘৰ জাবৰৰ দ'ম কৰা হ'ব। তাৰ পাছত ৰজা দাৰিয়াবচে দিয়া আদেশ অনুসাৰে তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে। সেয়ে হগ্গয় আৰু জখৰিয়া ভাববাদীৰ ভাববাণীৰ নিৰ্দেশ অনুযায়ী যিহূদাৰ বৃদ্ধসকলে নিৰ্ম্মাণ কাৰ্য কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ আৰু কোৰচ, দাৰিয়াবচ, আৰু পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্ম্মাণ কৰিলে। ৰজা দাৰিয়াবচৰ ৰাজত্বৰ ষষ্ঠ বছৰৰ, অদৰ মাহৰ (মাৰ্চ মাহৰ পূৰ্ণিমাৰ পৰা এপ্রিল মাহৰ পূৰ্ণিমালৈকে) তৃতীয় দিনা এই গৃহ সম্পূৰ্ণ হ'ল। ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ইস্ৰায়েলৰ লোক, পুৰোহিত, লেবীয়া আৰু বন্দীত্বৰ পৰা অহা লোকসকলে ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ঈশ্ৱৰলৈ উৎসৰ্গা কৰিলে। ঈশ্বৰৰ গৃহ উৎসৰ্গ কৰোঁতে এশ দমৰা, এশ মতা মেৰ-ছাগ, আৰু চাৰিশ মেৰ-ছাগ পোৱালি, তেওঁলোকে দান দিলে। ইস্রায়েলত থকা প্রতিটো জাতিৰ বাবে এটা আৰু সকলো ইস্রায়েল লোকসকলৰ বাবে পাপাৰ্থক বলিস্বৰূপে বাৰটা মতা ছাগলীও দান কৰিলে। মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে। পুৰোহিত আৰু লেবীয়াসকলে নিজকে শুচি কৰিলে আৰু যি সকল বন্দীত্বৰ পৰা আহিছিল, তেওঁলোক সকলোৰে বাবে নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিলে। বন্দীত্বৰ পৰা অহা ইস্ৰায়েলৰ লোকসকল, যিসকলে দেশৰ অশুচি লোকসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিলে আৰু ইস্রায়েলৰ ঈশ্ৱৰ যিহোৱাৰ উদ্দেশ্যে হৰ্ষধ্ৱনি কৰিলে, তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ মাংসৰ কিছু অংশ ভোজন কৰিলে। তেওঁলোকে সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব আনন্দেৰে পালন কৰিলে। কিয়নো যিহোৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে, আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অচুৰৰ মন তেওঁলোকলৈ ঘূৰালে।
74f1261c2d91fd138e7c96443d410e62b1ce0a2e5fb12aa3aa6461d8d90ee4ef
News in Assamese, Jorhat Thief : যোৰহাট আৰক্ষীৰ জালত পৰিছে চুৰি কাণ্ডৰে অধিক আত্মবিশ্বাসী হৈ পৰা দুচকীয়া বাহন চোৰৰ দলৰ অন্যতম সদস্য চেনিজানৰ প্ৰাণদীপ কলিতা । News in Assamese, Jorhat Thief : যোৰহাট আৰক্ষীৰ জালত পৰিছে চুৰি কাণ্ডৰে অধিক আত্মবিশ্বাসী হৈ পৰা দুচকীয়া বাহন চোৰৰ দলৰ অন্যতম সদস্য চেনিজানৰ প্ৰাণদীপ কলিতা । Share this: বিগত কিছুদিনত যোৰহাট (Jorhat) নগৰ অঞ্চলত দুচকীয়া বাহন চুৰি কৰি যোৰহাট আৰক্ষীক বাৰুকৈয়ে জ্বলাকলা খুৱাই আহিছিল চোৰৰ দলে । কেৱল অক্টোবৰ মাহতে যোৰহাট নগৰ অঞ্চলৰ পৰা চুৰি হৈছিল কুৰিখনতকৈ অধিক বাইক । কিন্তু বেছিকৈ আত্মবিশ্বাসী হৈ পৰা চোৰৰ দলক (Bike Thief) এইবাৰ হাতেলোটে চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । দুচকীয়া বাহন চুৰিৰে চোৰৰ দলে শেহতীয়াকৈ একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিবলৈ গৈছিল যোৰহাট নগৰত । কিন্তু আৰক্ষীৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হৈ পৰা এটা চোৰৰ দলৰ চৰ্দাৰক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট সদৰ থানাৰ আৰক্ষী । আৰক্ষীৰ জালত পৰিছে ((Bike Thief Arrested) চুৰি কাণ্ডৰে অধিক আত্মবিশ্বাসী হৈ পৰা দুচকীয়া বাহন চোৰৰ দলৰ অন্যতম সদস্য প্ৰাণদীপ কলিতা । যোৰহাটৰ জেবি কলেজৰ ছাত্ৰ আৱাসৰ পৰা বাইক চুৰি কৰি লৈ যোৱা অৱস্থাত যোৰহাট আৰক্ষীৰ জালত পৰে প্ৰাণদীপ । আৰক্ষীৰ জেৰাৰ পিছত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মুঠ ৫ খনকৈ বাইক উদ্ধাৰ (Stolen bike Recovered) কৰিবলৈ সক্ষম হৈছে । ধৃত প্ৰাণদীপ কলিতাৰ ঘৰ যোৰহাটৰ চেনিজান মাউট গাৱত । বহু দিন ধৰি যোৰহাট আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ আছিল বাইক চোৰ প্ৰাণদীপ ।যোৰহাটৰ বিভিন্ন প্ৰান্তত সংঘটিত বাইক চুৰিৰ বহু ঘটনাৰ লগতে জড়িত থকাৰ কথা প্ৰাণদীপে স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে । আৰক্ষীয়ে এই চোৰৰ দলটোৰ সন্ধানত অধিক অনুসন্ধান অব্যাহত ৰাখিছে । Horoscope Today : ৩ ডিচেম্বৰৰ ৰাশিফল, কেনে যাব আপোনাৰ আজিৰ দিনটো? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
9efed97ed533c37311f6cbc909a382012043ef778a10bb9eb3380de471ad49dd
শ্বাহৰুখ খানে (Shah Rukh Khan)বলীউডৰ ৩০ বছৰীয়া যাত্ৰাত তেওঁৰ তাৰকাময় অভিনয়েৰে দৰ্শকক আকৰ্ষণ কৰাৰ বাহিৰেও বহু বক্স অফিচ অভিলেখ ভংগ কৰিছিল, যাৰ বিষয়ে আমি আজি ক'ম। শ্বাহৰুখ খান (Shah Rukh Khan), যাক 'বলিউডৰ বাদশ্বাহ' বুলি কোৱা হয়, আজি তেওঁ ভাৰতীয় চিনেমা আৰু মনোৰঞ্জন উদ্যোগত ৩০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৯২ চনৰ ২৫ জুনত শ্বাহৰুখ খানৰ প্ৰথমখন ছবি 'দীৱানা' মুক্তি লাভ কৰে। যদিও এই ছবিখনত ঋষি কাপুৰ মূল চৰিত্ৰত আছিল, কিন্তু আটাইতকৈ চৰ্চিত হৈছিল নতুনকৈ আত্মপ্ৰকাশ অভিনেতা শ্বাহৰুখ খান। প্ৰথমখন ছবিতেই তেওঁ দৰ্শকৰ হৃদয়ত প্ৰবেশ কৰিছিল একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল। টিভিৰ পৰা বলীউডলৈ যাত্ৰা কৰা শ্বাহৰুখ আজিৰ দিনত এই উদ্যোগৰ অন্যতম শীৰ্ষ অভিনেতা। 'বাজিগৰ', 'ডৰ'ৰ দৰে ব্লকবাষ্টাৰ ছবিৰে তেওঁ নিজকে প্ৰমাণ কৰিলে আৰু তাৰ পিছত কোনো অভিনেতাই আৰু তেওঁক বাধা দিব নোৱাৰিলে। অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?
d6cdf9b9a0caef6261975edd434f688765e22f90714b65a907f92c691d2ff6a0
আজি তদানিন্তন লোকসভাৰ অধ্যক্ষ তথা প্ৰবীণ সাম্যবাদী নেতা সোমনাথ চেটাৰ্জীৰ দেহাৱসান হৈছে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে আজি পুৱা প্ৰায় ৮-১৫ বজাত চেটাৰ্জীৰ মৃত্যু হয়। মৃত্যুৰ সময় তেওঁৰ বয়স হৈছিল ৮৯ বছৰ। উল্লেখ্য যে বৃক্কৰ অসুখত ভোগা প্ৰবীণ ৰাজনৈতিক নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত তেওঁক জীৱন-সমৰ্থিত ব্যৱস্থাৰ মাজত ৰখা হৈছিল। ১৯২৯ চনত পৰাধীন ভাৰতত তেজপুৰত সোমনাথ চেটাৰ্জীৰ জন্ম হৈছিল। বিগত ৪ দশক জুৰি সোমনাথ চেটাৰ্জী ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰিয় হৈ আছিল। ২০০৪ৰ পৰা ২০০৯লৈকে চেটাৰ্জী ত্ৰয়োদশ লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। পশ্চিম বংগৰ বোলপুৰ, যাদবপুৰ আৰু বৰ্ধমানৰ পৰা চেটাৰ্জী ১০ বাৰ বিজয়ী হৈছিল। ১৯৭১ চনত তেওঁ লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল। জীৱনত মাত্ৰ এবাৰ তেওঁ নিৰ্বাচনত পৰাস্ত হৈছিল, সেয়া আছিল ১৯৮৪ চনত বৰ্তমানৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ হাতত। সোমনাথ চেটাৰ্জীক পৰাজিত কৰি মমতা বেনাৰ্জী ২৯ বছৰ বয়সত আটাইতকৈ কম বয়সীয়া সাংসদ হিচাপে পৰিগণিত হৈছিল। ১৯৬৮ চনত তেওঁ চিপিআই (এম)ত যোগদান কৰিছিল। পিছত ২০০৮ চনত তেওঁক ভাৰত-আমেৰিকা আণৱিক চুক্তিক লৈ হোৱা ইউপিএ চৰকাৰ আৰু চিপিএমৰ মতানৈক্যৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
899f1cf999354bc5d2043ad33b654ea31d13b7fd06ca313de1e26b4c398ba677
হায়দৰাবাদী বিৰিয়ানীৰ প্লেটতো তালিবানী ত্ৰাস! -\nHomeৰাষ্ট্ৰীয়হায়দৰাবাদী বিৰিয়ানীৰ প্লেটতো তালিবানী ত্ৰাস!\nকিন্তু তালিবানৰ বাবে কেনেকৈ ব্যয়বহুল হ'ব বিৰিয়ানী? ইয়াৰ কাৰণ হৈছে আফগানিস্তানৰ পৰা শুকান ফল আৰু মচলাৰ আমদানিৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰতিবন্ধকতা। জনপ্ৰিয় হায়দৰাবাদী বিৰিয়ানী প্ৰস্তুত কৰা হয় শুকান ফল আৰু বিভিন্ন ধৰণৰ মচলাৰে। এই শুকান ফলৰ ৮৫ শতাংশই ভাৰতে আমদানি কৰে যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা। কিন্তু শেহতীয়াকৈ তালিবানে পাকিস্তানৰ মাজেৰে কাৰ্গো বিমানৰ চলাচল বন্ধ কৰি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইয়াৰ ফলত ভাৰতত বিক্ৰী হোৱা শুকান ফলৰ মূল্য বৃদ্ধি পাইছে। শুকান ফলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত, হায়দৰাবাদী বিৰিয়ানীৰ দাম অতি সোনকালেই বৃদ্ধি হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।\nইয়াৰ পূৰ্বে ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনে (এফআইইঅ') আফগানিস্তানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে অনাগত দিনবোৰত শুকান ফলৰ মূল্যক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। 'আমি আফগানিস্তানৰ উন্নয়নৰ ওপৰত নজৰ ৰাখিছোঁ। তাৰ পৰা আমদানি কৰা সামগ্ৰী পাকিস্তানৰ মাজেৰে আহে। এই মুহূৰ্তত তালিবানে পাকিস্তানলৈ কাৰ্গোৰ চলাচল বন্ধ কৰি দিছে, সেয়েহে আমদানি প্ৰায় বন্ধ হৈ গৈছে।' ফেডাৰেচন অব ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচনৰ সঞ্চালকপ্ৰধান (ডিজি) ডঃ অজয় চাহাই ইণ্ডিয়া টুডেক কয়। তেওঁ কয়, 'যদি বাণিজ্য পুনৰ আৰম্ভ নহয়, তেন্তে বৰ্তমানৰ শুকান ফলৰ ষ্টকৰ মূল্য বৃদ্ধি হ'ব আৰু ব্যৱসায়ীসকলে যোগানৰ বিকল্প উৎসও বিচাৰিব লাগিব।'\nPrevious article৩১ আগষ্টৰ ভিতৰত আফগান ভূমি ত্যাগৰ নিৰ্দেশ, কি প্ৰতিক্ৰিয়া আমেৰিকাৰ?\nNext articleএয়াৰপ'ৰ্টত ছলমানক বাধা : কি হ'ল চিআইএছএফৰ জোৱানৰ?
21e31dd846b3f6f4354d19445c14c408f7a695c85edf80d611dc394e9723d35e
ভাৰতীয় সভ্যতা সংস্কৃতিত নৈৰ গুৰুত্ব অসীম । এই নৈৰ বুকুতেই লালিত পালিত হৈ আমাৰ সভ্যতাই বিশ্ব দৰবাৰত উজ্জ্বলি উঠিবলৈ সক্ষম হৈছিল। এই নৈবোৰৰ পাৰৰ পৰাই আধুনিক সমাজ একোখনে জন্ম লাভ কৰিছিল। সেইকাৰণেই এই নৈ সমূহ আমাৰ সভ্যতাৰ তথা আধুনিক সমাজ এখনৰ অভিন্ন অংগ । কিন্ত্ত সমাজৰ বিৱৰ্ত্তনৰ লগে লগে নৈ-পৰীয়া জীৱনে নৈৰ সীমাবদ্ধতা ভাঙি গঢ়ি তুলিলে ধৰিত্ৰীৰ বুকুত অসংখ্য নগৰ চহৰ । সলনি হ'ল মানুহৰ জীৱনশৈলী ।\nসেইদৰে আমেৰিকাৰ বিদ্যুৎ উৎপাদন কৰে মুলত কয়লা বা গেছ জাতীয় উৎসৰ যোগেদি আৰু উৎপাদন হয় প্ৰায় ৭.৫ লাখ মেগাৱাট আৰু নিউক্লেয়ৰ উৎসৰ পৰা প্ৰায় ১ লাখ মেগাৱাট । হাইড্ৰ' প্ৰজেক্টৰ পৰা উৎপাদিত হয় প্ৰায় ৮০ হেজাৰ মেগাৱাট বিদ্যুৎ । তাৰ তুলনাত ভাৰতৰ বিলদ্যুৎ উৎপাদনৰ মুল উৎস সমুহ হ'ল- কয়লা বা গেছ জাতীয় ইন্ধনৰ পৰা প্ৰায় ১.৫ লাখ মেগাৱাট, নিউক্লিয়াৰ প্ৰজেক্টৰ পৰা ৬ হাজাৰ মেগাৱাট আৰু জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় ৪০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হয়। কিন্ত্ত আমাক চীন বা আমেৰিকা আদি দেশৰ লগত ফেৰ মাৰিব পৰা হ'বলৈ হ'লে বিদ্যুৎ উৎপাদন খৰতকীয়াকৈ বঢ়াব লাগিব ।\nবান্ধ হোৱা মানেই বান্ধ হ'ব লগা ঠাইৰ পৰা হয়তো উচ্ছেদ হ'ব সেই ঠাই খনত যুগ যুগ ধৰি বসবাস কৰি অহা এক বৃহৎ সংখ্যক বাসিন্দা। তাৰোপৰি হয়তো পৰিবেশৰ ওপৰতো বিভিন্ন ধৰনে বিৰুপ প্ৰভাব পেলাব । কিন্ত্ত সেই বুলিয়েই জানো পৃথিৱীৰ অনান্য ঠাইত বান্ধ বনোৱা নাই । অকল আমেৰিকাতে সৰু বৰ আদি কৰি বিভিন্ন প্ৰকাৰৰ প্ৰায় ৫০০০০ ৰৰো ওপৰৰ বান্ধ আছে । আনকি ৫০ টাৰো বেছি বৃহৎ বান্ধ পৃথিৱীৰ বিভিন্ন ঠাইত বৰ্ত্তমান উপলব্ধ তাৰোপৰি আন প্ৰায় ৩০ টাৰো ওপৰৰ বৃহৎ বান্ধ নিৰ্মিয়মান অৱস্থাত আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত।\nতাৰোপৰি উল্লেখযোগ্য কথাটো হ'ল নতুনকৈ নিৰ্মাণ কাৰ্য্য চলি থকা বান্ধবোৰৰ আকৌবেছি ভাগেই হ'ল চীন দেশৰ । এইটো নোহোৱা নহয় যে এনেকুৱা বান্ধ বোৰৰ পৰা বিপদৰ আশংকা নথকা নহয়, কিন্ত্ত বিজ্ঞান তথা প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সাম্ভাব্য বিপদৰ আশংকা সমূহক নিৰ্মূল কৰাৰ প্ৰযুক্তিও প্ৰয়োগ কৰা হয় । নদীবান্ধ এটা হ'ব লগা ঠাই দোখৰৰ পুংখানোপূংখ ভাৱে পৰীক্ষা কৰা হয় তাৰোপৰি বান্ধটো কেনেকুৱা হোৱা উচিত কিমান পানী ধৰি থোৱাৰ ক্ষমতা হ'ব কেনেকৈ ধৰি থোৱা হব, ভুমিকম্প হ'লে কেনেকুৱা প্ৰভাৱ পৰিব আদিকে ধৰি সকলো কথাই বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন ধৰণেৰে পৰীক্ষা কৰি চোৱা হয় তাৰ পাচতহে নিৰ্ম্মাণ কাৰ্য্যৰ অনুমতি দিয়া হয়। এইবোৰ কৰোতে আকৌ আন্তৰ্জাতিক মান নিৰুপিত পদ্ধতিহে প্ৰয়োগ কৰা হয় । গতিকে সকলো চালি যাৰি চোৱাৰ পাছত দেখা যায় নিৰ্ম্মাণ হ'ব লগা যিকোনো বান্ধেই যথেষ্ট পৰিমানে নিৰাপদ বুলিয়েই কব পাৰি ।\nবান্ধতো যেনিবা হ'লেই সুৰক্ষিত, কিন্ত্ত বান্ধটো হোৱাৰ লগে লগে বান্ধটো ধৰি ৰাখিব লগা পানী খিনিৰ পৰা জলাধাৰটোৰ জৈৱ বিচিত্ৰ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব ? সেইটোও অতি গভীৰ ভাৱে চাব লগা বিষয়। কিন্ত্ত গোটেই বিলাক কাম বৈজ্ঞানিক ভিত্তিত কৰিব পৰা যায় । কিন্ত্ত কেৱল ৰাজনৈতিক পাকচক্ৰত আচল কথা বিলাকত গুৰুত্ব নিদি ৰাজনৈতিক লাভা-লাভৰ চিন্তাত থাকিলে আমাৰ দৰে দুখীয়া দেশ এখনৰ উন্নতি কেনেকৈ হ'ব। ব্যক্তিগত ভাৱে এজন কাৰিকৰী লোক হিচাবে দেখো আমি কৰা প্ৰত্যেকটো কামৰেই বিশেষভাৱে পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পাছতহে সেইটো প্ৰৱৰ্ত্তনেই কঁওক নিৰ্মাণেই কঁওক কৰিবলৈ আগবঢ়া হ'য় ।\nতেলশোধনাগাৰেই কঁওক বা আন পেট্ৰ'কেমিকেল উদ্যোগবোৰ কাৰ্য্যগতভাবে একো একোটা বোমা সদৃশ বস্তু কিন্ত্ত এইবোৰ নিৰ্মাণ কৰাৰ আগতে ডিজাইনৰ পৰা আৰম্ভ কৰি নিৰ্মাণ কাৰ্য্যলৈ কেবাটাও ভাগত পুংখানুপুংখ ভাৱে চোৱাৰ পাছতহে তাক উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় । সেইকাৰণেই এইবোৰ প্ৰকল্পৰ পৰা হ'ব পৰা বিপদৰ সম্ভাৱনা একেবাৰে কম। তেনেকৈয়ে এই বান্ধ আদিকে ধৰি জলবিদ্যুৎ প্ৰকল্প বিলাকৰো বিভিন্ন প্ৰকাৰেৰে অনুসন্ধান পৰীক্ষা নিৰিক্ষা চলাইহে প্ৰকল্প এটা বনাবলৈ সেউজ সংকেত দিয়া হয়।\nলগতে জানো এই প্ৰকল্পৰ উৎপাদন কাৰ্য্যত বিলম্ব ঘটাই ৰাইজক বিদ্যুৎ সংকটৰ পৰা মুক্ত হোৱাত বাধা দি থকা নাই ? এইটো কেৱল এটা সৰু উদাহৰণহে, আৰু এইয়া কেৱল বি জে পি য়েহে কৰে এনে নহয়। এই এনেকুৱা ৰাজনীতি কংগ্ৰেছকে ধৰি সকলোবোৰ ৰাজনৈতিক দলেই কৰি আহিছে । এনেকুৱাবিলাক কথাই হয়তো এই ৰাইজৰ বিশেষ ভাৱে লাভৱান নকৰে , কেৱল লাভৱান কৰিব ক্ষুদ্ৰ ৰাজনৈতিক আশা আকাংক্ষ্যাক এই দল তথা ইয়াৰ নেতা পালি নেতাসমূহৰ। উপকাৰিতা বা অপকাৰিতাৰ সঁচা মান নিৰূপিত হঁওক। দেশ তথা ৰাইজ সঁচা অৰ্থত লাভৱান হঁওক। গতিকে ক্ষুদ্ৰ ৰাজনৈতিক লাভা লাভৰ চিন্তাৰ পৰা বাহিৰলৈ আহি চৰকাৰ আৰু বিৰোধীৰ অৱস্থান গ্ৰহন কৰা দল সংগঠনে দেশৰ কাৰণে ভাল হোৱা কাম কৰাত জোৰ দিব লাগে । আশাকৰো বিৰোধিতা কেৱল ক্ষমতা দখলৰে আহিলা নহওঁক।\nলেখক দক্ষিণ আফ্ৰিকাত চা'চল টেকলনজি নামৰ সংস্থাত কৰ্মৰত অভিযন্তা।
5559df4d8b54440317429a4d57fd9534baa874321530180379e6b69771eefc38
বিষ্ণুৰাম মেধি (জন্মঃ ১৮৮৮ - মৃত্যুঃ ১৯৮১) হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। তেওঁ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা আছিল। ১৯৫৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ১৯৬৪ চনৰ ৪ এপ্ৰিল লৈকে তেওঁ মাদ্ৰাছ ৰাজ্য (বৰ্তমান তামিলনাডু)ৰ ৰাজ্যপালৰ পদত আছিল। ১৯১৪ চনত বিষ্ণুৰাম মেধিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইন পৰীক্ষা পাছ কৰে। ১৯১৫ চনত গুৱাহাটীত তেওঁ ওকালতি আৰম্ভ কৰে। ১৯৩১ চনত কলিকতা উচ্চ ন্যায়ালয়ত উকীল হিচাপে নামভৰ্তি কৰে। তেৱেঁই আছিল অসমৰ প্ৰথম শ্ৰেণীৰ এজন উকীল। সেই সময়ত মানুহে তেওঁক বাঘ উকীল আখ্যা দিছিল। ১৯৩৮ চনত বিষ্ণুৰাম মেধি গুৱাহাটী লোকেলব'ৰ্ড চেয়াৰমেন পদলৈ নিৰ্বাচিত হয়। তেৱেঁই হৈছে প্ৰথম গুৱাহাটী লোকেলব'ৰ্ডৰ কংগ্ৰেছী চেয়াৰমেন। তেওঁৰ নিৰ্দেশ মতেই লোকেলব'ৰ্ডৰ কাৰ্যালয়ত জাতীয় পতাকা প্ৰথম উত্তোলন কৰা হৈছিল। ১৯৪৬ চনত বিষ্ণুৰাম মেধি হাজো বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল। সেইবাৰ তেওঁক গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বিত্ত আৰু ৰাজহ মন্ত্ৰীৰ পদত নিযুক্তি দিয়া হয়। ১৯৫০ চনলৈকে তেওঁ সেই পদত কাৰ্য্যনিৰ্বাহ কৰি আছিল। তেওঁ ৰাজহ মন্ত্ৰী হৈ থকা সময়ছোৱাত জনজাতীয় লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠন কৰা ট্ৰাইবেল বেল্টত যাতে অনুপ্ৰৱেশ ঘটিব নোৱেৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিছিল। মাদ্ৰাজ (বৰ্তমানৰ তামিল নাডু) ৰাজ্যপালৰ পদ লাভ কৰি ডিচেম্বৰত বিষ্ণুৰাম মেধিয়ে ১৯৫৭ চনৰ ২৮ ডিচেম্বৰত অসমৰ নেতৃত্বভাৰ এৰে। ১৯৫৮ চনৰ আঠ জানুৱাৰীত তেওঁ অসমৰ পৰা মাদ্ৰাজলৈ বুলি ৰাওনা হয়। ১৯৫৮ চনৰ ২৪ জানুৱাৰী তাৰিখে সেই সময়ৰ ৰাষ্ট্ৰপতি ডাঃ ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। তেৱেঁই হৈছে অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল পদ পাওঁতা। ১৯৬৪ চনৰ ৪ এপ্ৰিলত তেওঁ ৰাজ্যপালৰ পদৰ পৰা অৱসৰ গ্ৰহন কৰে। তাৰ পাছত তেওঁ নিজ ৰাজ্যলৈ ঘূৰি আহে। মাদ্ৰাজৰ পৰা উলটি আহি বিষ্ণুৰাম মেধি পুনৰ অসমৰ ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহত হাজো সমষ্টিৰ পৰা অসম বিধান সভালৈ তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। ১৯৭২ চনৰ ১৫ মাৰ্চলৈকে তেওঁ হাজো সমষ্টিৰ বিধায়ক ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। আইন পৰীক্ষা পাছ কৰাৰ পিছত, বিষ্ণুৰাম মেধিয়ে উত্তৰ গুৱাহাটীৰ জীৱন চন্দ্ৰ চৌধুৰীৰ জীয়েক নিৰ্মলা মেধিৰ লগত বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ সময়ত নিৰ্মলা মেধিৰ বয়স মাত্ৰ এঘাৰ বছৰহে আছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। স্বাধীনতা আন্দোলন, জেল, সামাজিক কাম আৰু কংগ্ৰেছৰ সংগঠনত আত্মনিয়োগ কৰিবলগীয়া হোৱাত তেওঁ প্ৰায়ে পত্নীৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিল।
5eca9b9cee4d726fbbf7099c8f5ac47815104e97f58197ea424ae87243fada9a
ৰাজ্যত দিনক দিনে নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ সময়তে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ ফানেং ঘাটত এজন অসৎ চৰিত্ৰৰ যুৱকৰ কবলৰ পৰা কথমপি এগৰাকী কিশোৰী ৰক্ষা পৰে। অভিযুক্ত যুৱকজনক লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত জাগুন ৫ মাইলৰ পাটকাই গেটৰ সমীপৱৰ্তী এলেকাত থকা ৰাজ মাহাতু (১৮) বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে, একেখন গাঁৱৰে প্ৰকাশ মাহাতু নামৰ এজন ব্যক্তিৰ ঘৰত ভাড়ালে থকা যুৱকজনে আজি পুৱা প্ৰায় ৭ মান বজাত নিচা জাতীয় দ্ৰব্য সেৱন কৰি উদয়পুৰৰ পৰা ফানেং ঘাটলৈ যোৱাৰ পথত নিৰ্জন এলেকাত এগৰাকী ১২ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ কিশোৰীক আগুচি ধৰি ধৰ্ষণৰ অপচেষ্টা চলায়। অৱশ্যে যুৱকজনৰ পৈশাষিক আচৰনৰ বলি হৈ কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰি চৌদিশ উত্তাল কৰি তোলাত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ লম্পট ৰাজ মাহাতুক আটক কৰি উত্তম মধ্যম শোধাই লেখাপানী থানাত চমজাই দিয়ে। পিছত পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত লেখাপানী আৰক্ষীয়ে লম্পট ৰাজ মাহাতুক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ধৰ্ষণকাণ্ডক লৈ শেষতীয়াকৈ ৰাজ্যৰ চৌদিশ উত্তাল হৈ থকাৰ সময়তে পুনৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক পৈশাষিক কাণ্ডৰ চেষ্টা চলোৱাটো স্থানীয় সচেতন মহলে একেমুখে ধিক্কাৰ দিয়াৰ লগতে লম্পট ৰাজ মাহাতুৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
8037a9ccf730e4efe0107d7dbb72e9f1b9c50670cc183440586fa9f8cf28b270
প্ৰত্যাহ্বানে আপোনাক বাধা দিব নোৱাৰিব। প্ৰেম বৰ্তাই ৰখাটো আপোনাৰ বাবে এক প্ৰত্যাহ্বান হব। আপুনি এয়া উপভোগ কৰিব আৰু সফল হবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিব। আপুনি সম-মৰ্যাদাৰ ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিব। ছাত্ৰ-ছাত্ৰীসকলে এলাহ অনুভৱ কৰিব। আপুনি সময়ত আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব কিন্তু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
660391a50b911b16aa786c700bd290672667398a7f84a6375a48b2c3caf90951
মহাৰাণী অহল্যাবাই হলকাৰ (৩১ মে ১৭২৫ - ১৩ আগষ্ট ১৭৯৫)[1] ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল। ৰাজমাতা অহল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চৌণ্ডিত জন্মগ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ ৰাজধানী ইন্দোৰৰ দক্ষিণে নৰ্মদা নদীৰ পাৰৰ মহেশ্বৰত স্থাপন কৰিছিল। ১৭৫৪ চনত কুমহেৰৰ যুদ্ধত অহল্যাবাইয়ৰ স্বামী খান্দেৰাও হলকাৰ নিহত হয়। ১২ বছৰ পিছত তেওঁৰ শহুৰ মল্লাৰ ৰাও হলকাৰৰো মৃত্যু হয়। তাৰ এবছৰ পিছত তেওঁ মালৱা ৰাজ্যৰ ৰাণী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ আক্ৰমণকাৰীৰ আগ্ৰাসন আৰু লুটপাটৰ পৰা ৰাজ্য ৰক্ষাৰ চেষ্টা কৰিছিল। তেওঁ ব্যক্তিগতভাবে যুদ্ধত সেনাবাহিনীক নেতৃত্ব দিছিল। তেওঁ তুকোজিৰাও হলকাৰক সেনাপ্ৰধান হিচাপে নিযুক্তি দিছিল। ৰাণী অহল্যাবাই এগৰাকী মহান আৰু অগ্ৰণী মন্দিৰ নিৰ্মাতা আছিল। তেওঁ গোটেই ভাৰতত শত শত মন্দিৰ আৰু ধৰ্মশালা নিৰ্মান কৰাইছিল। ১৭২৫ চনৰ ২৫ মে তাৰিখে অহল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চৌণ্ডিত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ মানকোজিৰাও শিন্দে গাঁৱৰ পাটিল আছিল। সেই সময়ত ছোৱালী সকলে বিদ্যালয়লৈ নগৈছিল, কিন্তু অহল্যাবাইৰ দেউতাকে তেওঁক পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছিল। মল্লাৰ ৰাও হলকাৰ মাৰাঠা পেশৱা বালাজী বাজি ৰাওৰ সেৱাত নিয়োজিত এজন সেনাপতি আৰু মালৱা অঞ্চলৰ শাসক আছিল। তেওঁ এবাৰ পুনেলৈ যোৱাৰ পথত গ্ৰাম চৌণ্ডিত ৰৈছিল। ইয়াত তেওঁ আঠ বছৰ বয়সীয়া অহল্যাবাইক গাঁৱৰ মন্দিৰৰ সেৱাত নিযুক্ত হোৱা দেখা পাইছিল। তেওঁৰ ভক্তি আৰু চৰিত্ৰৰ মহিমা অনুধাৱন কৰি তেওঁ অহল্যাক তেওঁৰ পুত্ৰ খান্দেৰাও (১৭২৩-১৭৫৪)ৰ পুত্ৰবধু হিচাপে হলকাৰলৈ লৈ এনে। ১৭৩৩ চনত তেওঁৰ খান্দেৰাও হলকৰাৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ ১৭৪৫ চনত তেওঁলোকৰ পুত্ৰ পুত্ৰ মালেৰাও আৰু ১৭৪৮ চনত কন্যা মুক্তাবাঈৰ জন্ম হয়। মালেৰাও মানসিকভাবে অসুস্থ আছিলে আৰু ১৭৬৭ চনত অসুস্থতাৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিছিল। অহল্যাবাইয়ে তেওঁৰ কন্যাৰ বিবাহ এগৰাকী সাহসী কিন্তু দৰিদ্ৰ পৰিয়ালৰ যশবন্তৰাও লগত অনুষ্ঠিত কৰি সমাজৰ আৰু এটি ঐতিহ্য ভংগ কৰিছিল। যশবন্তৰাওয়ে ডকাইত সকলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।
e9329d256626d6dc17cb8217c03159ccb9985a579b2b877d82bc31840be0efda
গুৱাহাটী : ৰাজ্যজুৰি মাঘ বিহু উপলক্ষে উখল মাখল পৰিৱেশ। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় ভোগৰ বিহু ভোগালী, ইয়াৰ অনা এটা নাম মাঘ বিহু। মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা মেজিৰ তলত সকলোৱে একেলগে তৃপ্তিৰে এসাঁজ খাই পুৱাৰ ভাগত অপায় অমংগল দূৰ কৰা আৰু মানৱ জাতিৰ মংগল কামনাৰে মেজিত অগ্নি সংযোগ কৰে। মেজিত অগ্নি সংযোগ কৰি মেজিৰ জুইৰ তাপ লৈ সকলোৱে মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পিছতে মেজিৰ বাকৰিত অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ খেল-ধেমালি। পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলোৱাৰ পিছতে অনুষ্ঠিত কৰা হয় কণী যুঁজ, কড়ি খেল, টেকেলি ভঙাকে আদি কৰি বিভিন্ন ধৰণৰ খেল। অৱশ্যে ক'ভিডৰ বাবে এইবাৰ ৰাইজৰ মাজত আনন্দ উল্লাখ কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হয় যদিও ভোগৰ এই উৎসৱত সকলোৱে মিলি একেলগে ভোগ কৰে দৈ, চিৰাৰ লগতে বিভিন্ন ধৰণৰ পিঠা পনা। গ্ৰামাঞ্চল সমূহৰ লগতে কংক্ৰীতৰ মহানগৰী গুৱাহাটীতো মাঘ বিহুকলৈ গুৱাহাটীবাসীৰ মাজত দেখিবলৈ পোৱা যায় ব্যাপক উৎসাহ। গণেশগুৰিত গণেশ উদ্যানত আয়োজন কৰা মাঘ বিহুৰ বিশেষ অনুষ্ঠানত পুৱাৰ ভাগতে দেখিবলৈ পোৱা যায় ৰাইজৰ ভিৰ। গণেশগুৰি অঞ্চলৰ ৰাইজে গণেশ উদ্যানত নিৰ্মাণ কৰা মেজি আৰু ভেলা ঘৰ পুৱাৰ ভাগত অগ্নি সংযোগ কৰি ৰাইজে অগ্নি দেৱতাক সেৱা জনাই সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই থকা ক'ভিড মহামাৰী যতে মেজিৰ জুইত জ্বলি বিনষ্ট হয় ইয়াৰে কামনা কৰে। You may also read!
43da9ee19f86efa52f389113a4d9b478de83df35bea664f81f195105827b61f5
ইন্দ্ৰেশ্বৰ শৰ্মা - অসমীয়া ৱিকিপিডিয়া\n১০ জানুৱাৰী ১৯৩০\nগৰিয়াহাবি, যোৰহাট জিলা, অসম (বৰ্তমান লহপহীয়া, যোৰহাট জিলা)\nভাটখাণ্ডে সংগীত মহাবিদ্যালয়\nসংগীতজ্ঞ, বেহেলাবাদক, সংগীত পৰিচালক\nগোপাল চন্দ্ৰ শৰ্মা (পিতৃ)\nচন্দ্ৰপ্ৰভা দেৱী (মাতৃ)\nশিল্পী বঁটা, ২০০৯\nইন্দ্ৰেশ্বৰ শৰ্মা (১০ জানুৱাৰী ১৯৩০ - ৯ জুন ২০২০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক আছিল। তেওঁ লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া। তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। ইয়াৰ লগতে তেওঁ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি 'সন্ধ্যাৰাগ' আৰু 'ইতিহাস'ৰ সংগীত পৰিচালক আছিল। সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তয়ে ৰচনা কৰা অসম সাহিত্য সভাৰ আদৰণি গীত 'চিৰ চেনেহী মোৰ ভাষা জননী'ৰ স্বৰলিপি ইন্দ্ৰেশ্বৰ শৰ্মায়ে সৃষ্টি কৰিছিল।\n১৯৩০ চনৰ ১০ জানুৱাৰী তাৰিখে যোৰহাট জিলাৰ গৰিয়াহাবিত ইন্দ্ৰেশ্বৰ শৰ্মাৰ জন্ম হয়। বৰ্তমান এই অঞ্চল যোৰহাটৰ লহপহীয়াত অৱস্থিত। তেওঁৰ পিতৃ গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃ চন্দ্ৰপ্ৰভা দেৱী। গোপাল চন্দ্ৰ শৰ্মা যোৰহাট সংগীত বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। শৈশৱৰ পৰায়ে তেওঁৰ সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল। সেয়ে আনুষ্ঠানিক শিক্ষা শেষ কৰি ১৯৪৭ চনত যোৰহাট সংগীত বিদ্যালয়ত যোগদান কৰে। ১৯৫২ চনত তেওঁ অসম চৰকাৰৰ পৰা 'মৰিচ কলেজ অফ হিন্দুন্থানী মিউজিক' আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ত বেহেলা শিক্ষাৰ বাবে ৬০ টকীয়া জলপানি লাভ কৰিছিল। তেওঁ ১৯৫৬-৫৭ চনৰ ভিতৰত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে তেওঁ বাদ্য বিশাৰদ স্বীকৃতি লাভ কৰা প্ৰথম অসমীয়া। সেইসময়ত তেওঁ বিখ্যাত তবলা ওস্তাদ মুন্না খানৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল। তেওঁ লক্ষ্ণৌত শিক্ষা গ্ৰহণ কৰি থাকোঁতে 'জনমভূমি'ৰ সংবাদদাতা ৰূপেও সেৱা আগবঢ়াইছিল।\nলক্ষ্ণৌৰ পৰা শিক্ষা লাভ কৰি ইন্দ্ৰেশ্বৰ শৰ্মায়ে অসমলৈ ঘূৰি আহে। তেওঁ ১৯৫৮ চনত সংগীত শিক্ষা সমাপ্ত কৰি অসম কলেজ অফ মিউজিক, গুৱাহাটীত সংগীত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ১৯৫৯ চনত তিতাবৰৰ জনতা কলেজত সংগীত শিক্ষক ৰূপে যোগদান কৰে। তাৰপিছত ১৯৬২ চনত তেওঁ যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৮৯ চনৰ ফেব্ৰুৱাৰী মাহত তাৰ পৰা অৱসৰ গ্ৰহণ কৰে।\nতেওঁ সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰ ১৯৬৯ চনৰ পৰা বেহেলাৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। ১৯৭২ চনত তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেওঁ এসময়ত বাদ্যশিল্পী হিচাপে পণ্ডিত পট্টবৰ্ধন, চিন্ময় লাহৰী, এ কান্নান, শ্ৰীকান্ত বাকৰে, ড॰ ভূপেন হাজৰিকাকে আদি কৰি ভিন্ন জনৰ সংগ দিছিল। ১৯৯৫ আৰু ১৯৯৬ চনত সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰই দিল্লীত আয়োজন কৰা সৰ্বভাৰতীয় সংগীত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে ইন্দ্ৰেশ্বৰ শৰ্মায়ে আমন্ত্ৰণ লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি 'সন্ধ্যাৰাগ' আৰু 'ইতিহাস'ৰ সংগীত পৰিচালক আছিল।\nইন্দ্ৰেশ্বৰ শৰ্মায়ে অসম সাহিত্য সভাৰ প্ৰতীক সংগীত 'চিৰ চেনেহী মোৰ ভাষা জননী'ৰ স্বৰলিপি সৃষ্টি কৰিছিল। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ বিশেষ তথ্যচিত্ৰত সংগীত পৰিচালনা কৰিছিল। তেওঁ কেইবাটাও দেশ-প্ৰেমমূলক গীত ৰচনা কৰিছিল। আকাশবাণী যোৰহাট কেন্দ্ৰ স্থাপনকালত প্ৰচাৰ হোৱা প্ৰথম গীত তেওঁ পৰিচালনা কৰিছিল। ইয়াৰ লগতে যোৰহাটৰ ২০০ বছৰীয়া জয়ন্তীত প্ৰচাৰিত গীতটি তেওঁ পৰিচালনা কৰিছিল।\nতেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওপৰত পাঁচখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ কেইবাখনো বাতৰি-কাকতত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল। তেওঁ মৃত্যুৰ আগলৈকে ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুতৰ দায়িত্ব পালন কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ উত্তৰবহী পৰীক্ষকৰ দায়িত্ব পালন কৰি আছিল।\nতেওঁৰ কৰ্মৰাজিৰ বাবে ১৯৯৪ আৰু ১৯৯৭ চনত সাংস্কৃতিক সঞ্চালকালয়ে তেওঁক সন্মানিত কৰিছিল। অসম চৰকাৰৰ তৰফৰ পৰা ১৯৯৬ চনত তেওঁক শিল্পী পেঞ্চন আগবঢ়োৱা হয়। ১৯৯৭ চনত তেওঁক 'সংগীতপ্ৰাণ' উপাধি প্ৰদান কৰা হয়। ২০০৩ চনত গুৱাহাটীৰ জিতেন্দ্ৰ নাথ সংগীত মহাবিদ্যালয়ে 'সংগীতাচাৰ্য' উপাধিৰে সন্মানিত কৰে। ২০০৯ চনত অসম চৰকাৰে সংগীত ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে 'শিল্পী বঁটা' প্ৰদান কৰে। ২০১৪ চনত তেওঁ তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান চাতকে আগবঢ়াই অহা "চাতক" সন্মান লাভ কৰিছিল। যোৰহাট সংগীত শিল্পী সন্থাই প্ৰকাশ কৰা 'সংগীতপ্ৰাণ' শীৰ্ষক এখন গ্ৰন্থৰ জৰিয়তে বিগত ২০১৯ বৰ্ষৰ ২৯ ডিচেম্বৰত তেওঁক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হৈছিল।\nইন্দ্ৰেশ্বৰ শৰ্মাই পত্নী অমিয়া দেৱী। তেওঁলোকৰ এজন পুত্ৰ আশিস শৰ্মা আৰু দুগৰাকী কন্যা আছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে অনবৰতে থকা অন্যতম বাদ্যশিল্পী কমল কটকী আৰু কণ্ঠশিল্পী আশা শৰ্মা কটকী ইন্দ্ৰেশ্বৰ শৰ্মাৰ জী-জোঁৱাই। তেওঁলোক যোৰহাটৰ নেহৰুপাৰ্কত বসবাস কৰিছিল।\n২০২০ চনৰ ৯ জুন তাৰিখে যোৰহাটৰ নেহৰুপাৰ্কত অৱস্থিত নিজা বাসস্থানত ৯০ বছৰ বয়সত ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যু হয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশক্ৰমে ৰাজ্যিক মৰ্যাদাৰে তৰাজান শ্মশানত সম্পন্ন কৰা হয়।\n↑ "সংগীতাচাৰ্য শিল্পীপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ". https://pragnews.com/as/সংগীতাচাৰ্য-শিল্পীপ্ৰাণ/আঞ্চলিক/.\n↑ 2.0 2.1 2.2 2.3 2.4 2.5 janambhumi.in (10 June 2020). "সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ পৰলোক". Janambhumi. https://janambhumi.in/VGxSQk1FMTZSVDA9/%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A3-%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%B6%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%B2%E0%A7%8B%E0%A6%95.html। আহৰণ কৰা হৈছেঃ 10 June 2020.\n↑ 3.0 3.1 3.2 3.3 3.4 3.5 নিয়মীয়া বাৰ্তা (10 June 2020). "সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ দেহাৱসান". নিয়মীয়া বাৰ্তা.\n↑ "অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰ সমূহ". https://directorculture.assam.gov.in/as/portlets/পুৰস্কাৰ-সমূহ.\n↑ "আজিৰ ভাল খবৰবোৰ". https://www.xukhdukh.com/2014/08/GOODNEWS_24.html?m=1.\n"https://as.wikipedia.org/w/index.php?title=ইন্দ্ৰেশ্বৰ_শৰ্মা&oldid=317559"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ২৫ মাৰ্চ, ২০২২ তাৰিখে ১৫ঃ১০ বজাত অন্তিম সংশোধন কৰা হৈছিল।
f31e32894bd24ff16a70a9e62ee3d260de0fbfdc3ef6a4c2e1b7496bf194824d
Russia bans entry to 200 US citizens ৰাছিয়াই এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ভাতৃ-ভগ্নীৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। শুকুৰবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত এই তথ্য প্ৰদান সদৰী কৰিছে। বিডেনৰ ভগ্নী আৰু ৰাজনৈতিক ৰণনীতিবিদ ভেলেৰী বিডেন অ'ৱেনছ আৰু তেওঁৰ ভাতৃ জেমছ ব্ৰায়ান বিডেন আৰু ফ্ৰান্সিছ উইলিয়াম বিডেন নিষিদ্ধ কৰা ২০০ জন আমেৰিকানৰ ভিতৰত আছে। বিবৃতিটোত কোৱা হৈছে যে ২০০ জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক যাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হৈছে তেওঁলোকে ৰাছিয়া ভ্ৰমণ কৰিব নোৱাৰিব। ৰাছিয়াই হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিন জিন-পিয়েৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। কৰিন হোৱাইট হাউচৰ প্ৰেছ সচিব হিচাপে সেৱা আগবঢ়োৱা প্ৰথম কৃষ্ণাংগ ব্যক্তি। ৰাছিয়াই আঠ মাহ ধৰি ইউক্ৰেইনত বিশেষ সামৰিক অভিযান চলাই আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৪ ফেব্ৰুৱাৰীত অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰশক্তিয়ে মস্কোৰ বিৰুদ্ধে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাছিয়াইও বিভিন্ন সময়ত পশ্চিমীয়া ব্যক্তি আৰু সংগঠনসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ধাৰাবাহিকতা অব্যাহত ৰাখি ৰাছিয়াই নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b91a9b881659d4cebd48524e730f77e767ca1e56e5a1d459242e2db98a1e16f2
যোৱা ৩০ জুলাইত অসমত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যত অসমৰ নেতাসকল জাঙুৰ খাই উঠাৰ পিছত এইবাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীক পশ্চিমবংগ কংগ্ৰেছৰ মুৰব্বী অধীৰ ৰঞ্জন চৌধুৰীয়ে 'প্ৰতাৰক' বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী পদৰ বাবে লালায়িত হোৱাৰ অভিযোগ কৰে। ৰাষ্ট্ৰীয় বাতৰিকাকত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত বৃহস্পতিবাৰে চৌধুৰীৰ উদ্ধৃতি দি কোৱা হৈছে যে মমতাই এটা যুক্তৰাষ্ট্ৰীয় মৰ্চা গঠনৰ ধাৰণা লৈ 'সংযুক্ত বিৰোধী'ক সন্মিলিত কৰাৰ প্ৰচেষ্টাৰে মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে। তেওঁ বিভিন্ন দলসমূহৰ নেতাসকলক মমতাক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। মমতা বেনাৰ্জীয়ে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ এদিন পিছতে তেওঁ এই মন্তব্য কৰিছে। তেওঁ লগতে মমতা বেনাৰ্জীয়ে ২০০৫ চনত বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সংসদত সভা স্থগিত প্ৰস্তাৱ আনি এই বিষয়ত তেওঁৰ স্থিতি স্পষ্ট কৰাৰ যি দাবী জনাইছিল সেই কথা সোঁৱৰাই দিয়ে। মমতা বেনাৰ্জীয়ে পূৰ্বতে কৈছিল যে তেওঁ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাৎ কৰি এন আৰ চিৰ সম্পৰ্কত "ইয়াত ৪০ লাখ লোকক অন্তৰ্ভুক্ত নকৰা তথা প্ৰকৃত নাগৰিকক বাদ দিয়াৰ" বিষয়ে তেওঁলোকৰ সৈতে আলোচনা কৰিছিল। অসমৰ ৰাজনৈতিক দল তথা সংগঠনসমূহে বিগত দুদিন ধৰি এন আৰ চিৰ গোটেই বিষয়টো "ৰাজনীতিকৰণ" কৰাৰ প্ৰচেষ্টা চলোৱাৰ বাবে মমতাক গৰিহনা দিছে আৰু "এন আৰ চি হিন্দু বা মুছলমানৰ বিৰুদ্ধে বুলি কোৱাটো অযুক্তিকৰ" বুলি তেওঁৰ সমালোচনাক নস্যাৎ কৰিছে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
8acf94d8ab60bcee03ec7b299863594522df218119cc1dbfab39c45ab10daacc
অভিনেত্ৰীগৰাকীৰ এই ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ফটোত বিভিন্নজনে কৰিছে বিভিন্ন ধৰণৰ মন্তব্য। মলাইকা আৰোৰাৰ এই নতুন ফটো ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে একাংশই সমালোচনা কৰিছিল অভিনেত্ৰাগৰাকীক। কিন্তু একাংশ মলাইকাৰ অনুৰাগীয়ে এই ক্ষেত্ৰত মলাইকাৰ হৈ যুক্তি দিয়াও দেখা গৈছে। মলাইকা আৰোৰা খান প্ৰায়ে বিতৰ্কিত আৱৰ্তত থাকে। নানা ধৰণৰ ফটো বা ভিডিও শ্বেয়াৰ কৰি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে অভিনেত্ৰীগৰাকীয়ে।
8c02547823d9623f0254e38fe1bade0dee3c5564e4131129e5364424ebebcba2
মুছলিম বিশ্বত ঈদ-উল-আযহা ও ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনোৱাৰ বাবে অন্যান্য আৰু বহু শুভেচ্ছা বাক্য আছে। ঈদ-উল-ফিতৰত নবী মহম্মদ সাহাবী সকলৰ সৈতে সাক্ষাৎকাৰৰ সময়ত এজনে আনজনক কৈছিল, "তাকাব্বাল্লাহু মিন্না ওয়া মিনকুম" (আল্লাহ আমাৰ ও আপোনালোকৰ পক্ষৰ পৰা কবুল কৰক)। মুছলিম বিশ্ব ব্যাপি ঈদ শুভেচ্ছা বিনিময়ত বহু বৈচিত্ৰ্য বিদ্যমান।
96c2a9765b369d2445af8f5188de90e2fffd5eb29e1bb5aafed63c682c5dd09b
আজি ত্ৰিপুৰা চৰকাৰে বিমান ইন্ধনৰ ওপৰত থকা ভেট ২শতাংশ কৰ্তন কৰিছে। ফলত পূৰ্বৰ ১৮শতাংশ ((VAT)) ভেটৰ পৰিৱৰ্তে এতিয়াৰে পৰা ১৬ শতাংশ ভেট বলৱৎ হ'ব। ঘাইকৈ বিমান পৰিবহণ কোম্পানীসমূহে আগৰতলাত পৰিবহণ সেৱা চলোৱাত উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ত্ৰিপুৰাৰ উপ মুখ্য মন্ত্ৰী জিষ্ণু দেব বৰ্মাই কৈছে যে কেবিনেটত ভেট আইন-২০০৪ৰ সংশোধন কৰি বিমান ইন্ধনৰ কৰ ১৬ শতাংশ কৰা হৈছে। ইয়াৰ ফলত ৰাজ্য চৰকাৰে বছৰি ১.২০ কোটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হ'ব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে পশ্চিম বংগ চৰকাৰে যোৱা ৩ বছৰৰ পৰাই বাগদোগ্ৰা বিমান বন্দৰত বিমান ইন্ধনৰ কৰ হ্ৰাস কৰাৰ উদাহৰণ দি আগৰতলালৈ অহা বিমানটো অতি কমেও ৫ শতাংশ কৰ হ্ৰাস কৰাৰ বাবে দাবী জনাই আহিছিল বিৰোধী কংগ্ৰেছ আৰু বিজেপি দলে। বৰ্তমান অধিকাংশ বিমান বাগদোগ্ৰালৈ যায় আৰু প্ৰতি দিন তাত ২৫খনৰো অধিক বিমানে অৱতৰণ কৰে। ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি বীৰজিত সিনহাই যুক্তি দৰ্শাইছে যে বাগদোগ্ৰা বিমান বন্দৰলৈ যাত্ৰী ভাড়া যথেষ্ট হ্ৰাস হোৱাৰ ফলত উত্তৰ বংগ, ছিকিম আৰু আনকি নেপালতো পৰ্যটন উদ্যোগটো শক্তিশালী হৈছে। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b542cb0765aa02f7f3d87d44c7a71fdd269ed7dce98ee76f6658228cebf20eb9
বন মাফিয়াৰ দৌৰাত্ম্য! বনকৰ্মীক প্ৰাণে মৰাৰ ভাবুকি দি কাঢ়ি নিলে বাহনসহ চোৰাং কাঠ\nকৃষ্ণাই , July 19, 2020 7:14 am\nগোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি । শেহতীয়াকৈ জিলা খনৰ কৃষ্ণাইত এদল চোৰাং কাঠ ব্যৱসায়ীয়ে বনকৰ্মীক প্ৰাণে মৰাৰ ভাবুকি দি বাহন সহ চোৰাং কাঠ লৈ উধাও হোৱা ঘটনাই জিলা খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।\nশূন্য সহনশীলতা যেন এতিয়া ফুটুকাৰ ফেন! চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনিত যেন কম্পমান বিয়াগোম গোৱালপাৰাৰ বন বিভাগ ।\nঅৱশ্যে জিলাবাসীৰ বাবে এয়া কোনো নতুন অভিজ্ঞতাৰ কথা নহয় ।\nজিলা বন বিষয়াৰ জ্ঞাতসাৰে বিগত কেইবাবছৰৰ পৰা এনে দৰে বন ধ্বংসৰ অভিযান চলি থকা আৰু শকত কমিচনৰ অংকত বন বিভাগ নিমাত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।\nশেহতীয়া তথ্য মতে কৃষ্ণাই মধ্যাঞ্চলিক বন বিষয়া শিৱানী পেগুৱে এক গোপন সুত্ৰৰ পম খেদি কৃ্ষ্ণাইৰ শালপাৰত অভিযান চলাই এক বৃহৎ পৰিমানৰ চোৰাং কাঠ সহ এখন গাড়ী জব্দ কৰে ।\nজব্দ কৰা কাঠ সহ গাড়ী খন কাৰ্যালয়লৈ আনি থকা অৱস্থাত খোদ বন বিভাগৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দি চোৰাং কাঠৰ বাহন লৈ চোৰাং কাঠ ব্যৱসায়ী উধাও হয় ।\nএদিন পূৰ্বে কৃষ্ণাই বন বিভাগে কৰায়ত্ত কৰিছিল চোৰাং কাঠসহ এখন বাহন।\nবাহন খনত উঠি দুজন বনকৰ্মীয়ে বনাঞ্চলিক কাৰ্যালয়লৈ নি থকাৰ সময়তে কৃষ্ণাই নৈৰ দলঙৰ কাষত কাঠ ব্যৱসায়ী আৰু বাহনৰ চালকে বনকৰ্মী দুজনক মাৰপিট কৰি বাহন দুৰ্ঘটনাগ্ৰস্ত কৰি দুয়োকে হত্যা ভাবুকি দি গাড়ীৰ নমাই দিয়ে।\nকাঠ ব্যৱসায়ীৰ দলটোৱে চোৰাং কাঠ সহ বাহনখন লৈ কৃষ্ণাইৰ ভেল্টাৰঘাৰৰ ফালেৰে মেঘালয় অভিমুখে পলায়ন কৰে।\nইয়াৰ পাছতে বনাঞ্চলিক বিষয়া শিৱানী পেগুয়ে কৃষ্ণাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।\nএজাহাৰৰ ভিত্তিত পলায়ন কৰা বাহনখন আৰু কাঠখিনি কৃষ্ণাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও কাঠ ব্যৱসায়ী আৰু চালকক ৰহস্যজনকভাৱে এতিয়াও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।\nএই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে কাঠ ব্যৱসায়ীৰ দপদপনিৰ কথা পোহৰলৈ আহিছে।\nএই ক্ষেত্ৰত জিলা বনবিভাগ আৰু আৰক্ষী প্ৰশাসনে পৰৰ্ৱতী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব!
abc6be1f42cc2b61cd15579ce1afbd41675ec3d92bb46b731f1a95599d15af11
ফটা প্ৰেম - Page5- ফটাঢোল\nJanuary 1, 2021 ফটা প্ৰেম\t12 Comments\nহৃদয়ৰ আধালেখা দস্তাবেজ-বাগ্মিতা ৰাজখোৱা বৰকাকতি\nচাদৰৰ আঁচলত লাগি ফুৰা প্ৰেমৰ বতাহজাকে মোৰ মেট্ৰিকৰ উত্তৰবহীৰ চিয়াঁহীবোৰ শুকুৱাই ইমানেই পাতল কৰি দিলে যে পৰীক্ষকে কি লিখিলোঁ জুপি জুপিও চাগে ধৰিব নোৱাৰিলে। সেয়ে ফলাফল আশা কৰাতকৈ বহুত বেয়া হ'ল। এইবাৰ যি হ'ল হ'ল আৰু হায়াৰ চেকেণ্ডাৰীত ভাল ৰিজাল্ট এটা কৰিবই লাগিব বুলি মোক সেই সময়ৰ নগাঁৱৰ খুব নাম থকা এখন জুনিয়ৰ কলেজত নাম লগাই দিলে। মা-দেউতাৰ সপোন বুকুত বান্ধি ষোল্ল বছৰ বয়সতে ঘৰৰপৰা বহু আঁতৰত হোষ্টেলত থাকি নতুন উদ্যমেৰে পঢ়িম বুলি ঢাপলি মেলিলোঁ। সেয়া আছিল উচ্চতৰ মাধ্যমিক প্ৰথম\nDecember 1, 2020 ফটা প্ৰেম\t2 Comments\nব্ৰেক আপ কে বাদ-সোণটো ৰঞ্জন বৰুৱা\nমোৰ বিশ্বাস, তই এই পোষ্টটো পঢ়িবিয়েই। তোৰ দৰে তাজা তাজা ব্ৰেকআপৰপৰা হোৱা মনোকষ্টৰপৰা উদ্ধাৰ পাবলৈ ককবকাই থকা বন্ধুবোৰে সকাহ পাওক বুলি আজিকালি মই ফ্ৰী এডভাইজ দিওঁ। প্ৰেমৰ সাগৰত সাঁতুৰি থকাকেইদিন না মোৰ ফোন ধৰিবলৈ, না মেছেজৰ ৰিপ্লাই দিবলৈ তোৰ সময় আছিল। আজিকালি পিচে তোৰ ক্লিক্ ৰেস্পঞ্চ পুনৰ ঘূৰি অহা যেন লাগিছে। ভাল কথা, এইটো ভাল লক্ষণ। এতিয়া সেই কথাবোৰত গুৰুত্ব দে, যিবোৰত সেই তেতিয়া দিবলৈ সময় পোৱা নাছিলি। আজিকালি কিজানি পুৰণি চিনেমা আৰু পুৰণি গানক খুব সময় দিছ? মোৰ মতে,\nহেজাৰ বুজনিৰ পিছতো একমাত্ৰ ছোৱালীজনীৰ জেদৰ ওচৰত বাপেকে অৱশেষত হাৰ মানিবলৈ বাধ্য হ'ল। অৱশ্যে তাইক বুজাইয়ো কোনো লাভ নাই। সৰুৰেপৰা আলাসৰ লাৰু কৰি ডাঙৰ-দীঘল কৰা বন্দনাৰ জেদী স্বভাৱটো মাক-বাপেকে ভালদৰেই উপলব্ধি কৰিব পাৰে। লাগ বুলিলেই সকলো বস্তু নিমিষতে তাইৰ হাতত তুলি দি "সকলো বস্তু বিচাৰিলেই পাব পাৰি" ধৰণৰ যোগাত্মক ধাৰণা এটা তাইৰ মনত গঢ় দি তোলাত অৱশ্যে মাক-বাপেকৰ গাতো দোষ নথকা নহয়। চহৰীয়া দম্পতীৰ সকলো সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী হিচাপে তাই বিচৰাবোৰ যেন তেওঁলোকৰ বাবে তেনেই নগণ্য আছিল। পিছে এইবাৰ তাই\nDecember 1, 2020 ফটা প্ৰেম\t7 Comments\nপ্ৰথম প্ৰেমৰ জুইকুৰা-নয়নজ্যোতি বৰঠাকুৰ\n২০০২ চন, তেতিয়া এইচ এচ ছেকেণ্ড ইয়েৰত। সেইদিনটো আজিও মনত আছে, আবেলিৰ সময় ৩ বাজি গৈছে। যৌৱনৰ চাকনৈয়াত উটি-ভাঁহি ফুৰাৰ সময়। হাতত ক্ৰিকেট বেটখন লৈ খেলপথাৰলৈ বুলি যাবলৈ ৰাস্তাত আগৰেপৰা ৰখাই থোৱা চাইকেলখনত উঠিছোঁ, দেখিলোঁ খুড়াৰ ছোৱালী ৰিবলী বাইদেউৰ লগত এজনী ধুনীয়া ছোৱালী, হালধীয়া চুৰিদাৰ পিন্ধি হাঁহি হাঁহি ৰাস্তাটোৰ সিটো ফালৰপৰা আহি আছে। চাইকেলখনত উঠিবলৈ লৈ থমকি ৰ'লোঁ, কিবা এটা পাহৰাৰ ভাও ধৰি নামি দি এনেই পেণ্টটোকে ঠিক কৰাৰ দৰে কৰিলোঁ। যিমানেই ওচৰ চাপি আহিছে মোৰ বুকুখনত এক অজান শিহৰণ\nDecember 1, 2020 ফটা প্ৰেম\t15 Comments\nপ্ৰথম প্ৰেমৰ বিলাই-অৰ্চন শৰ্মা\nএখন গণ্য-মান্য ব্যক্তিৰ সভাত এজন ব্যক্তিয়ে এটা প্ৰশ্ন উত্থাপন কৰিলে, "মানুহ কেতিয়া প্ৰেমত পৰে?" প্ৰশ্নটো শুনি সকলো গভীৰ সমস্যাত পৰিল, আজিলৈকে কোনেও ভবা নাছিল মানুহ কিয় প্ৰেমত পৰে! বিভিন্নজনে বিভিন্ন ব্যাখ্যা আগবঢ়ালে, বহুতৰ মাজত তৰ্ক বিতৰ্কও চলিল, লাহে লাহে তৰ্ক বিৰ্তক গৈ মাৰ-পিটৰ ৰূপ ল'লে, বহুলোক গুৰুতৰ ভাৱে আহত হ'ল, দুই এজন বৃদ্ধ ব্যক্তি স্বৰ্গগামীও হ'ল, যেতিয়া তিনিঘণ্টা চলা কাজিয়াৰ শেষত সকলো ফোঁপাই জোপাই বহি পৰিল, তেতিয়া এজন যুৱকে ক'লে, : ৰাইজ, মই আপোনালোকৰ যোগ্যৰ নহওঁ যদিও আপোনালোকৰ সন্মতি হ'লে\nফটা প্ৰেম-ৰিকুমণি বৰুৱা ফুকন\nপ্ৰেম কি যে এক মায়া লগা শব্দ। সকলোৱে এবাৰ হ'লেও প্ৰেমত পৰিছে নে কি কয়? কোনোবা এবাৰ, কোনো আকৌ দুবাৰ, কোনোবা আকৌ বহুবাৰ। কোনোৱে কয় প্ৰেম হৈ যায়, কৰা নাযায়। বাৰু সেইবোৰ বাদ প্ৰেমৰ বিশ্লেষণ এতিয়া নকৰোঁ। আমুকী পিচে সৰুতে প্ৰেমত পৰিলোঁ, তেওঁৰ খোজ, ৰোমাঞ্চ, এক্সন, ব্যক্তিত্ব, ডায়লগ উফঃ! এতিয়াও আছে, ক'বহে নোৱাৰিলোঁ।প্ৰেমৰ প্ৰ'পজেলবোৰ পাওঁ, কিন্তু..... নিমিলে। তেতিয়া মই কলেজত। দূৰসম্পৰ্কীয় জেঠাইৰ ছোৱালীৰ বিয়া, নোযোৱাকৈ পাৰিনে? মামা মাহী, জেঠাই, মামী সকলো ওলাইছে, মাৰ লগত ময়ো, বিয়া নামনিত। জোৰোণৰ আগদিনাই আমি\nমোৰ বিদিশা নাম্বাৰ ৱান-সুচিত্ৰা দেৱী\nবিদিশাৰ চুলিকোছা কেঁকোৰা। তাইৰ চিন্তা ধাৰাও যে ভাজঁ লগা হ'ব মই জনা নাছিলোঁ। কোমলতাৰে ভৰি থকা মুখখন দেখি ধৰিবই নোৱাৰি তাই যে মহা সন্দেহবাদী ছোৱালী। তাইৰ লগত সম্পৰ্ক হোৱাৰ পিছত মোৰ লগৰ ছোৱালীৰ লগত ভালদৰে কথা পতা বহু দূৰৰে কথা তাইৰ আটাইতকৈ ভাল বান্ধৱীজনীৰ লগতো যদি মই দুষাৰ ভালদৰে কথা পাতোঁ তাতো তাইৰ লেঠা লাগে। কেতিয়াবা ভাবোঁ তাইৰ বান্ধৱীজনীক কৈ দিওঁ নেকি মই ছোৱালীৰ লগত কথা পাতিলেই জগৰ লাগে বুলি। পিচে বহু কথা ভাবি নকওঁ। এই পাঁচ মাহতেই তাই মোক\nDecember 1, 2020 ফটা প্ৰেম\tOne comment\nতাৰ-মোৰ কথাবোৰ-মিৰাণ্ডা কাকতি\nএকেখন কলেজৰে ক্লাছমেট আছিলোঁ আমি। জধলা, সি যেন পঢ়াৰপৰা গাৰ্লফ্ৰেণ্ড বনোৱালৈ উদাসীন টাইপ! কলেজখনত মাথো আড্ডা চলিছিল তাৰ, সৰু ডাঙৰ সকলোৰে লগত। পিছে মোৰ চকুৰ কূটাডাল আছিল সি! 'ওৱক' টাইপ ফিলিঙো আহিছিল দেখা পালে তাক। নতুনকৈ কলেজত ভৰ্তি হোৱা মোৰ ভাইটোৰো ভাল বন্ধু হৈ পৰিছিল সি। ঘূৰা-ফুৰা, আড্ডা মৰা এইবোৰত সি মোৰ ভাইটিক লৈ যোৱা কৰিছিল সি। সেইটো কাৰণত তাক দেখিলেই মোৰ অবাইচ মাত ওলোৱা আৰম্ভ কৰিছিল। অকাটৰ পৰা আৰম্ভ কৰি চৰ মৰালৈকে কাৰ্য সম্পন্ন কৰিছিলোঁ মই। সি ওলোটাই একো\nফেচবুকত একাউণ্ট এটা খুলিয়েই প্ৰথম তেওঁক চাৰ্চ কৰিলে নিৰ্মালিয়ে। আছেনে বাৰু তেওঁৰো এটা ফেচবুক একাউণ্ট। পাঁচবছৰৰ আগৰ মানুহজন একে হৈয়ে আছে নে বিয়া বাৰু কৰাই বেলেগ হৈ গ'ল! কথাষাৰ ভাবিয়েই দুখ লাগি গ'ল তাইৰ। তাইলৈ যে ৰোৱাৰ কথা আছিল তেওঁ। পাঁচবছৰৰ আগতে প্ৰথম কথা হৈছিল তেওঁৰ লগত। : আপোনাৰ গল্প নীলাকাশত পঢ়িছোঁ। খুব ভাল লাগে মোৰ। 'সপোনৰ এনিশা' পঢ়ি খুব ভাল লাগিল। নকিয়াৰ 1110 মডেলৰ মোবাইল ফোনটোত কথাখিনি টাইপ কৰি আকৌ মচি পেলাইছিল নিৰ্মালিয়ে। ন টকাৰ মেছেজ পেক ভৰাই লৈছে\nতাইক নিজৰ কৰিম বুলিয়েই মই ক'লা চুলিকেইডালৰ দুডালমান সোণালী কৰিলোঁ। ভাল লংপেণ্টটো ব্লেডেৰে কাটি আঁঠুত দুটা ফুটা কৰিলোঁ। মুঠতে যি কৰিব লাগিলেও কৰিম, মাত্ৰ তাই মোক চাওক। আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাৰে তাই সদায় যায়। ময়ো তাইক চাবলৈকে সেইখিনি সময়ত ৰাস্তাত ৰৈ থাকোঁ। মায়ে গালি পাৰে, "ক'লৈ গ'লি তই? আহ আহ। এইখিনি সময়ত তই সদায় কিয় ৰাস্তালৈ যাৱ?" মাও যে আৰু! পাৰিলে যেন চাদৰৰ আঁচলত মোক বান্ধিহে ৰাখিব। মই মাৰ খুব মৰমৰ। গালিও পাৰে, কিন্তু মনে মনে ভাৱে মই এতিয়াও ফুলকুমলীয়া,
ce506228124c9474fb10621e535e39dc8d34d0edbd0c157124493c39f48801c2
ত্ৰিপুৰাত বিজেপি-আইপিএফটি মিত্ৰজোঁটে একক সংখ্যগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ প্ৰস্তুতি চলোৱাৰ সময়তে মিত্ৰজোঁটৰ মাজত মতান্তৰ ঘটাৰ সম্ভৱনা দেখা দিছে। বিজেপিৰ জনজাতীয় সহযোগী দল আইপিএফটি (ইণ্ডিজেনাওছ পীপলছ ফ্ৰন্ট) য়ে দাবী কৰিছে যে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীগৰাকী এগৰাকী জনজাতীয় লোক হোৱা উচিত। ত্ৰিপুৰা বিজেপিৰ মুৰব্বী বিপ্লৱ দেৱক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰায় নিশ্চিত কৰি বিজেপিয়ে তেওঁৰ সমষ্টি আগৰতলাৰ বনমালীপুৰত সমৰ্থকৰ সৈতে বিজয় উৎসৱ উদযাপন কৰি থকাৰ মাজতে এই দাবী উত্থাপিত হৈছে। আইপিএফটিৰ সভাপতি এন চি দেৱ বাৰ্মাই ইয়াৰ সহযোগী বিজেপিৰ অজানিতে প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সভাত এগৰাকী জনজাতীয় মুখ্যমন্ত্ৰীৰ দাবী উত্থাপন কৰিছে। জানিব পৰা মতে দেৱ বাৰ্মাই কৈছে যে নিৰ্বাচনী ফলাফলত বিজেপি-আইপিএফটি মিত্ৰজোঁটে লাভ কৰা নিৰংকুশ সংখ্যাগৰিষ্ঠতা জনজাতীয় ভোটৰ অবিহনে সম্ভৱ নহ'লহেঁতেন। তেওঁ মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা এগৰাকী জনজাতীয় প্ৰাৰ্থীক দিয়া উচিত বুলি দাবী কৰিছে। স্বাভাৱিকতে বিধায়িনী দলৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হোৱাটো এটা পৰম্পৰা। বিপ্লৱ দেৱ সম্পৰ্কত অৱশ্যে নেতাগৰাকীয়ে কোনো মন্তৱ্য দিবলৈ অস্বীকাৰ কৰে। আনহাতে, কোন গৰাকী জনজাতীয় নেতাক মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব লাগে সেই বিষয়েও দেৱ বাৰ্মাই কোনোধৰণৰ ইংগিত দাঙি ধৰা নাই। তেওঁ মাথোঁ কয় যে আলোচনাৰ পিছতে সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বিজেপিৰ ত্ৰিপুৰাৰ দায়িত্বত থকা নেতা সুনীল দেওধৰে দেৱ বাৰ্মাৰ এনে বক্তৱ্য সম্পৰ্কে অজ্ঞাত বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ফলাফল ঘোষণা কৰাৰ পিছতে দেৱ বাৰ্মাই ব্যক্ত কৰিছিল যে আইপিএফটিয়ে এখন সুকীয়া জনজাতীয় ৰাজ্য বা "তিপ্ৰালেণ্ড"ৰ দাবীটো অব্যাহত ৰাখিব। কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
9154af308abb481bbd052b39782d0bd0f4b69a5c8429174750b497d2a5864fda
ভূত আৰু বাঢ়ণী - ৱিকিউৎস\nভূত আৰু বাঢ়ণী\nশাঁখিনা আৰু শাঁখিনী→\n1896ভূত আৰু বাঢ়ণীলক্ষ্মীনাথ বেজবৰুৱা\nককা।-"বাপুকণ ঔ! ওচৰ চাপি আহ, সাধুকথা শুনহি। আজি দেখি ৰং পাইছো যে তই মাৰৰ হাক-বচন শুনি সোণামুৱা ল'ৰা হৈছ।"\nনাতি।-"কোৱা ককাদেউতা কোৱা।"\nএক বামুণ আছিল। সংসাৰত বামুণৰ এজনী ঘৈণীয়েকত বাজে আৰু আপোন বুলিবলৈ কোনো নাছিল; খুজি মাগি কোনোমতে তেওঁ পেট প্ৰবৰ্ত্তাইছিল আৰু প্ৰায় দুভাগ লঘোনে থাকিব লগাত পৰিছিল। তাৰ উপৰি ঘৈণীজনাও বৰ ডাকু তিৰোতা আছিল। কেতিয়াবা বামুণ শুদা হাতে ঘৰলৈ উভতিলে তিতা মাত-কথাৰে বামুণীয়ে বামুণীৰ তৎ এৰুৱাই দিছিল।\nএদিন গধূলি বামুণ শুদাহাতে ঘৰলৈ উভতিব লগাত পৰিল। তাৰ আগদিনাও গিৰিয়েক ঘৈণীয়েক দুয়ো লঘোনে আছিল। সেইদৰে গিৰিয়েক শুদা হাতে ঘৰলৈ ওভতা দেখি বামুণীয়ে উগ্ৰমূৰ্ত্তি ধৰি বামুণক মাৰিবলৈ বাঢ়নী এটাৰ লৈ খেদি আহিল। বামুণে গতি বেয়া দেখি ৰজাৰ নগৰৰ ফালে লৰ ধৰিলে। বামুণীয়ে খঙত একো নেপাই, ওচৰত থকা আঁহতগছ এজোপাতে বাঢ়নীৰে কোব ধৰিলেহি। দৈবক্ৰমে সেই গছজোপাত বাঢ়নীৰে কোবোৱা দেখি ভূতে ভাবিলে বামুণীয়ে মোকেহে বাঢ়নীৰে মাৰিবলৈ আহিছে, ইয়াকে ভাবি ভূতে ভয় খাই তাৰপৰা পলাই ৰজাৰ নগৰ ওলালগৈ।\nএদিন বামুণ ৰজাৰ নগৰত বজাৰত ফুৰোঁতে ভূতে তেওঁক দেখা পাই আঁতৰকৈ মাতি নি সুধিলে, "তুমি সেই বাঢ়নী দেখি পলাই অহা বামুণ নোহোৱা নে?" বামুণে আচৰিত হৈ ক'লে, "হওঁ!তুমি নো কোন?" ভূতে ক'লে, "সেই দিনা তোমাৰ ঘৈণীয়েৰাই বাঢ়নী লৈ তোমাক মাৰিবলৈ অহাত তুমিতো পলাই সাৰিলা; তাৰ পিছত তেওঁ খঙত একো নেপাই মই থকা আঁহত গছজোপাতে বাঢ়নীৰে কোব ধৰিলেহি; মোকো মাৰে বুলি ভয়ত মই পলাই আহি এইখিনি পাইছোঁহি। এতিয়া তোমাৰে মোৰে একে দশা, সেইদেখি তোমাৰ মই অলপ উপকাৰ কৰিব খোজোঁ। মই এই নগৰৰ মন্ত্ৰীৰ জীয়েকক ধৰিমগৈ; মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাব, অনেক বেজ-গিয়ানী লগা, কোনোমতেই মই নেৰোঁ; কিন্তু তুমি কোনোমতে সেই ঠাইত হাজিৰ হ'লেই এৰি গুচি যাম। তেতিয়া মন্ত্ৰীয়ে তোমাক অনেক ধন-সম্পত্তি দিব, তাৰে তুমি সুখেৰে খাই লৈ থাকিব পাৰিবা। তাৰ পিছত মই ৰজাৰ জীয়েকক ধৰিমগৈ; কিন্তু তুমি তালৈ কেতিয়াও নেযাবা; গ'লেই তোমাক মাৰিম। কাৰণ মই ৰজাৰ জীয়েকক ভাল পাওঁ।"\nবামুণৰ লগত ভূতৰ এইদৰে কথা-বতৰা হোৱাৰ পিছদিনা সকলোৱে দেখিলে, মন্ত্ৰীৰ জীয়েকক ভূতে পাই বলিয়া কৰিছে। মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাইছে, অনেক বেজ-জ্ঞানী লগাইছে তথাপি কোনোমতে জীয়েক ভাল হোৱা নাই। শেষত মন্ত্ৰীয়ে কৈ দিলে যে, যেয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ আধা সম্পত্তিৰে সৈতে জীয়েকক বিয়া দিব। তাৰ পিছদিনা ৰাতিপুৱা বামুণে সন্ন্যাসীৰ বেশ ধৰি মন্ত্ৰীৰ পদূলি-মূৰত টহল দিবলৈ ধৰিলে। এটা লগুৱাই তাকে দেখি মন্ত্ৰীৰ আগত কোৱাত, মন্ত্ৰীয়ে বামুণক ভিতৰলৈ লৈ যাবলৈ ক'লে। বামুণ, মন্ত্ৰীৰ আগত থিয় হোৱাত মন্ত্ৰীয়ে বামুণক, জীয়েকক ভূতে পোৱাৰ কথা ক'লে আৰু ভাল কৰিব পাৰিব নে নোৱাৰে বুলি সুধিলে। বামুনে মনে মনে হাঁহি "বাৰু এবাৰ চাওঁচোন" বুলি ক'লে। এই কথাত মন্ত্ৰীয়ে বামুণক জীয়েক থকা খোটালিলৈ লৈ গ'ল আৰু তেওঁলোকে তাত সোমোৱা মাত্ৰকে "ঔ নাহিবি ঐ! মই যাওঁ ঐ!" বুলিয়েই মন্ত্ৰিৰ জীয়েক মাটিত পৰি গ'ল। তাৰ পিছত তেওঁ সুস্থ হৈ আগৰ দৰে সকলোৰে লগত কথা-বতৰা হ'বলৈ ধৰিলে। মন্ত্ৰীয়ে দেখি বামুণৰ ওপৰত বৰ সন্তুষ্ট হ'ল আৰু পূৰ্ব্বৰ কথামতে বামুণৰ ল'ৰাৰ লগত জীয়েকক বিয়া দিলে।\nসিফালে সেই দিনাই ভূতে মন্ত্ৰীৰ জীয়েকক এৰি ৰজাৰ জীয়েকক ধৰিলেগৈ। ৰজাৰ ঘৰত হুলস্থুল লাগি পৰিল। কত বেজ লগাইছে, কত দৰব-জাতি খুৱাইছে, তথাপি কোনোমতেই একো হোৱা নাই। শেহত ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে, যেয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ অৰ্দ্ধৰাজ্য দি জীয়েকক বিয়া দিব। এই জাননী পাই আশাত কত মানুহ গ'ল, কত আহিল ৰজাৰ ঘৰলৈ, কিন্তু কোনোৱে ৰজাৰ জীয়েকক ভাল কৰিব নোৱাৰিলে। অন্তত মন্ত্ৰীৰ জীয়েকক ভূতে পোৱাৰ আৰু তেওঁৰ জোঁৱায়েকে ভাল কৰাৰ কথা শুনি ৰজাই বামুণক মাতি পঠালে। আগৰ কথালৈ মনত পেলাই বামুণ কোনোমতেই নেযায়, ৰজায়ো নেৰে। নোযোৱা দেখি শেহত ৰজাৰ খং উঠি কৈ পঠালে যে সি নাহিলে তাক কটাম। কি কৰিব বামুণ নিৰুপায়; গ'লেও মাৰে ভূতে, নগলেও কাটে ৰজাই; দুয়ো পিনে মৰণ। শেহত বামুণে যোৱাকে ঠিক কৰিলে। বামুণ গৈ যেই ৰজাৰ জীয়েকক ওচৰত ওলালগৈ, তেতিয়াই ভূতে গৰ্জ্জি উঠিল, আৰু ক'লে, "কি মই হাক দিয়াতো তই আকৌ আহিছ?" তেতিয়া বামুণে ক'লে, "নহয়, মই সেই কাৰণে অহা নাই, আন কথা এটাৰ নিমিত্তেহে আহিছোঁ, তোমাৰ কাণে কাণে হে কব পাৰিম।" ভূতে "বাৰু কি কথা ক" বোলাত বামুণে ৰজাৰ জীয়েকৰ কাণৰ ওচৰত ফুচফুচাই কবলৈ ধৰিলে-"সেই আগৰ মোৰ তিৰুতাজনীয়ে মই ইয়াত থকা গম পাই বাঢ়নীটোৰ লৈ খেদি আহিছে! মই পলাই আহিছোঁ! তোমাক তাই মাৰে বুলিহে লৰি কবলৈ আহিছিলোঁ!" এই কথাত ভূতে বিচূৰ্ত্তি খাই "ইয়ালৈকে আহিছে নে? কোনখিনি পাইছেহি" বুলি সুধিলে। বামুণে "মই বাটত দেখি আহিছিলোঁ; এতিয়া পদূলি সোমাব পায়।" এই বুলি কোৱা মাত্ৰকে ৰজাৰ জীয়েকক ভূতে এৰি ভিৰাই ধৰি লৰ মাৰিলে, আৰু তাৰ পিছত ৰজাৰ জীয়েকো ভাল হ'ল। ৰজাই পূৰ্ব্বৰ প্ৰতিজ্ঞামতে বামুণক আধা ৰাজ্য যৌতুক দি তেওঁৰে সৈতে জীয়েকক বিয়া দিলে। ইয়াৰ পিছত বামুণে সুখেৰে খাই-বৈ দিন কটাবলৈ ধৰিলে।\n"https://as.wikisource.org/w/index.php?title=ভূত_আৰু_বাঢ়ণী&oldid=6154"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ৯ আগষ্ট ২০১৪ তাৰিখে ২৩ঃ৩৬ বজাত সলনি কৰা হৈছিল।
c0fb8b8ffc5f031c4bc3ac2df65e3be4631747f7a698ceffbebd1cb55aee531f
'ন অসমীয়াৰ সংগ ল'বলৈ প্ৰদ্যুৎ বৰদলৈ নগাঁও গৈছে।খিলঞ্জীয়া ৰাইজে বৰদলৈক মাৰ্ঘেৰিটাৰ পৰা বিদায় দিলে।' এই কটাক্ষ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ। লোকসভা নিৰ্বাচনক লৈ মাৰ্ঘেৰিটা সমষ্টিত ৰণকৌশল প্ৰস্ততৰ উদ্দেশ্যে আজি মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত বিজেপিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি বিধায়ক ভাস্কৰ শৰ্মাই এইদৰে তীৰ্ষক মন্তব্যৰে কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰে। লগতে বিধায়কগৰাকীয়ে মাৰ্ঘেৰিটা সম্প্ৰতি কংগ্ৰেছ অভিভাৱক শূন্য হ'ল। আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত বিজেপিৰ সভাত আজি তিনিশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
0d48b5c519a04699979a4dcf1c0341e74d9cf246059f71660d7701423c9d102d
অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সলনি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিলে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ পৰামৰ্শ সম্বলিত প্ৰতিবেদন। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিয়ে মঙ্গলবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্য মন্ত্ৰীৰ হাতত দাখিল কৰিলে এই প্ৰতিবেদন। তাৎপয্যপূৰ্ণভাৱে বন্ধ খামত দাখিল কৰা হ'ল ১৭০ পৃষ্ঠাতকৈয়ো অধিক এই প্ৰতিবেদন। এই প্ৰতিবেদন লৈ মঙলবাৰে দিল্লীলৈ ৰাওনা হ'ল মুখ্য মন্ত্ৰী সোণোৱাল। প্ৰতিবেদন দাখিল কৰাৰ সময়ত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সকলো কেবিনেট মন্ত্ৰী। সেই পৰামৰ্শৱলীয়ে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি আশা প্ৰকাশ কৰে বিপ্লৱ শৰ্মাই। প্ৰতিবেদনখন ফলপ্ৰসূ হৈ উঠাৰ ক্ষেত্ৰত কেন্দ্ৰই বিহিত ব্যৱস্থা ল'ব বুলিও মন্তব্য কৰে শৰ্মাই। ইপিনে, অতি কৌশলী স্থিতি গ্ৰহণ কৰি আজি মুখ্য মন্ত্ৰীক প্ৰতিবেদন দাখিল কৰাৰ সময়ত উপস্থিত নাথাকিল সদৌ অসম ছাত্ৰ সন্থাৰ এজনো প্ৰতিনিধি। এই উচ্চস্তৰীয় সমিতিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সদস্য হিচাপে আছিল তথা উচ্চস্তৰীয় সমিতিৰ অধিকসংখ্যক বৈঠকতে উপস্থিত থাকি নিজৰ নিজৰ পৰামৰ্শ আগবঢ়াইছিল তিনিওজন ছাত্ৰ নেতাই। তাৰ পাছত আজিৰ অন্তিত সময়ছোৱাত তেওঁলোক তিনিজনৰ অনুপস্থিতিয়ে জনসাধাৰণৰ মনত বাৰুকৈয়ে প্ৰশ্নৰ উদয় কৰাইছে বা কিছুসংখ্যকে ইয়াক কৌশলী স্থিতি বুলি উল্লেখ কৰিছে। ইপিনে এই সন্দৰ্ভত আছুৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে প্ৰতিবেদনখন গ্ৰহণ নকৰা বাবে তথা তেওঁলোকে কা ৰ বিৰোধিতা কৰাৰ বাবেই মুখ্য মন্ত্ৰীক প্ৰতিবেদনখন দয়াৰ সময়ত উপস্থিত নাথাকিল। অস্কাৰলৈ ৰাজামৌলীৰ 'আৰআৰআৰ'! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? অধিকৃত মাৰিঅ'পোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই; ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
a78f0f2d23f2322c962831503dfc0298d19daed7a97dab913ae68c666cd282e6
নিউজ ডেস্ক : সোমবাৰে অসম-মিজোৰাম সীমান্ত সংঘটিত অগ্নিগৰ্ভ পৰিস্থিতিৰ সময়ত তাত নিয়োজিত থকা সত্ত্বেও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত বিফল হোৱা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF) যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগীয়া হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ আগষ্টত কেন্দ্ৰীয় চৰকাৰে বিবাদমান অসম-মিজোৰাম সীমান্তত শান্তি বৰ্তাই ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনী মোতায়েন কৰিছিল। সীমান্তৰ মিজোৰামৰ অংশত CRPF মোতায়েন কৰাৰ বিপৰীতে অসমৰ লাইলাপুৰত সশস্ত্ৰ সীমা বল (SSB) মোতায়েন কৰা হৈছিল। মিজোৰামৰ তথ্য আৰু জন সংযোগ মন্ত্ৰী লালৰুৱাটকিমাই অভিযোগ কৰে যে পৰিস্থিতি অৱনতি ঘটা সত্ত্বেও কোনো এটা অৰ্ধ সামৰিক বাহিনীয়ে অসম আৰক্ষী আৰু অসমৰ সাধাৰণ লোকক মিজোৰামৰ ভূমিত প্ৰৱেশ কৰাত বাধা প্ৰদান নকৰিলে। 'CRPF বাহিনীয়ে অসম আৰক্ষীক মিজোৰামৰ ভূমিত প্ৰৱেশ কৰাত বাধা দিয়া হ'লে এই ৰক্তপাত ৰোধ কৰিব পৰা গ'ল হয়,' তেওঁ কয়। মিজোৰামৰ ছেৰলুই সমষ্টিৰ বিধায়ক গৰাকীয়ে CRPF -এ অসম আৰক্ষীক মিজোৰামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া বুলি অভিযোগ কৰে। ইয়াৰ পিছতে অসম আৰক্ষীয়ে মিজোৰামৰ ভাইৰেংটেত বাহৰ পাতি সাধাৰণ মিজো লোকক আক্ৰমণ কৰে বুলি তেওঁ কয়। ভাইৰেংটেৰ গাঁও পৰিষদৰ সভাপতি গৰাকীয়েও CRPF-ক উক্ত সংঘৰ্ষৰ বাবে দোষাৰোপ কৰে। অসম আৰক্ষীয়ে CRPF কেম্প পাৰ কৰি আহি মিজোৰামৰ ভূমিত প্ৰৱেশ কৰাৰ পিছতো CRPF-এ তেওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে নীৰৱ দৰ্শকৰ ভূমিকা লয় বুলি তেওঁ অভিযোগ কৰে। শেহতীয়াকৈ, কেন্দ্ৰই মিজোৰাম চৰকাৰক CRPF কেম্পটো বৰ্তমান মিজোৰাম আৰক্ষীয়ে বাহৰ পাতি থকা ভাইকেংটেৰ সমীপৰ স্থানলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। অসম চৰকাৰৰ মতে মিজোৰামৰ কোলাচিব জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে অসমৰ বিষয়াৰ সৈতে আলোচনা কৰি থকাৰ সময়তে মিজো আৰক্ষীয়ে অসম আৰক্ষী আৰু অসমৰ সাধাৰণ লোকৰ ওপৰতম গুলীচালনা কৰে। প্ৰায় ৪৭ মিনিট ধৰি চলা উক্ত গুলীচালনাত অসম আৰক্ষীৰ ৫ গৰাকী জোৱানৰ মৃত্যু হোৱাৰ ওপৰি ৫০ জনতকৈ অধিক আৰক্ষীৰ লোক আহত হয়। Search for:
e5e3ebb73c30ef1cc97cde43506ee8694a90bce642329796ed78a0966ef44204
Russia releases 108 captive Ukrainian women ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সৰ্ববৃহৎ বন্দী বিনিময় চুক্তি কাৰ্যকৰী হৈছে। যাৰ অধীনত দুয়োপক্ষই ২১৮ জন বন্দীক মুকলি কৰি দিছে। ইয়াৰ ভিতৰত ইউক্ৰেইনৰ ১০৮ গৰাকী মহিলা আছে। ইউক্ৰেইনে সোমবাৰে ঘোষণা কৰিছে যে ৰাছিয়াই ইয়াৰ ১০৮ গৰাকী মহিলা বন্দীক মুক্তি দিছে। তেওঁলোকৰ বেছিভাগেই সামৰিক কৰ্মী। ৰাছিয়াই বন্দী বিনিময়ৰ বিষয়ে কৈছে যে মুক্তি প্ৰাপ্ত সকলো বন্দীয়েই মহিলা। ফটোঃ সংগৃহীত। ইউক্ৰেইনৰ বিষয়াসকলে কয় যে মাৰিঅ'পোলৰ এজভষ্টাল ষ্টীলৱৰ্কছৰ পৰা আটক কৰা ৩৭ গৰাকী মহিলা বন্দী মুক্ত বন্দীসকলৰ ভিতৰত আছে। ফটোঃ সংগৃহীত। আনহাতে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ইউক্ৰেইনে ১১০ জন বন্দীক মুক্তি দিছে। ইয়াৰ ভিতৰত ৮০ জন অসামৰিক জাহাজৰ ক্ৰু সদস্য আৰু ৩০ জন সৈনিক। যুদ্ধৰ আৰম্ভণিৰ পিছৰে পৰাই এই নাগৰিকসকলক ইউক্ৰেইনৰ দ্বাৰা আটক কৰা হৈছিল। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।