text
stringlengths
10
210k
কিছু যুৱকে তেতিয়াই পাকিস্তান আৰ্মী জিন্দাবাদ দি উইং কামাণ্ডাৰগৰাকীক আক্ৰমণ কৰিবলৈ খেদি গৈছিল।
“প্ৰয়োজন আছে অংগদ, কাৰণ কোনো ভাল মানুহৰ শৰীৰলৈ এই ভাইৰাছ নাহে।
“পুৱাই পুৱাই মৰতীজনীয়ে ৰঙা জেকেটতোৰ পিছত লাগি আছিল নহয়!
তেতিয়া দেউতাই অধিক প্ৰমাণ লাগে বুলি দুৰ্বৃত্তক জনাই দিছিল।
আনহাতে নাগালেণ্ডত শাসনাধিষ্ঠিত এন পি এফ-এন পি পি-জে ডি (য়ু) মৰ্চাই ৩২, নৱগঠিত এন ডি পি পি-বিজেপি মৰ্চাই ২৪, কংগ্ৰেছে ১ আৰু অন্যান্যই ২ খন আসনত অগ্ৰগতি লাভ কৰি আছে।
আজিৰ সভাখনৰ আঁত ধৰিছিল জিলা ছাত্ৰ মুক্তিৰ সভাপতি দুলাল কলিতাই।
কিন্তু মেচখন চলি থকাৰ সময়তে চানু ৰাভা হঠাৎ অসুস্থ হৈ পৰে।
অঞ্জুকপানী আৰক্ষী থানাৰ অন্তৰ্গত পাৰকুপাহাৰ, বৰলাংচু, বৰপুং আদি অঞ্চলত পিডিচিকে নামৰ বিদ্ৰোহী সংগঠনটো সক্ৰিয় হৈ কাৰ্যকলাপ চলোৱাৰ তথ্য লাভ কৰাৰ পাছতেই অসুবিধাত পৰিছে অসম আৰক্ষী।
মধ্যপ্ৰদেশৰ বিজেপি বিধায়কক গ্ৰেপ্তাৰ।
অসম চুক্তিক পৰিকল্পিতভৱে কেনেকৈ নস্যাৎ কৰিব বিচাৰিছে বি জে পিয়ে?
শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৮ টা গুলীৰে হত্যা কৰা হৈছিল আৰ্চাৰৰ ভাতৃক।
আহি থকা গুণোত্সৱৰ ক্ষেত্রত আৰু বাৰ্ষিক মূল্যায়নৰ বেলিকা এইসকল ছাত্র-ছাত্রী বঞ্চিত হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।
. . নাগপুৰত সাংবাদিকৰ মাক, ওঠৰ মহীয়া কন্যাৰ হত্যা : দোষীক চিনাক্ত কৰি শাস্তিৰ দাবী জাৰ্নেলিস্ত ফ’ৰাম অৱ আচামৰ
তেজপুৰ এখন সুন্দৰ চহৰ ক’লে, নাছিৰুদ্দিন শ্বাহে
ৰাজ্য চৰকাৰৰ পৰা ইতিমধ্যে ২০ লাখ টকা দিছে, চাকৰি এটাৰ কথা কৈছে।
প্ৰিয়জনৰ সান্নিধ্যৰ আকুলতাৰ স্থান হাজাৰটা দুঃচিন্তাই ল’বলৈ ধৰিলে।
” বিষ্ণুদাই তেতিয়া কৈছিল: “জানা বদন, এম এল এ ৰূপে ৪০০ টকা পাওঁ চৰকাৰৰ পৰা, তাৰে এশ টকা দিব লাগে পাৰ্টিক ।
এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী, তথা বাংলাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
৫০০ সেনা, আকাশত হেলিকপ্টাৰ, কোকৰাঝাৰত NDFB(S)ৰ বিৰুদ্ধে বৃহৎ অভিযান
অসমৰ প্ৰখ্যাত ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বোলছবি পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াক বাঙালী লেখক বুলি উপস্থাপন কৰিবলৈ ওলাইছে EPIC Channel নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এটা হিন্দী টিভি চেনেলে।
ইফালে, যোৱা তিনিদিনত ৰাজ্যজুৰি ৯৯জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে যদিও, ইয়াৰে ৩জন লোকে এই বিষাক্ত সুৰা সেৱন কৰা নাছিল বুলি সদৰী কৰিছে চিকিৎসকে।
কোনো কোনোৱে আমাক খিলঞ্জীয়া নহয় বুলিও ক’বলৈ চেষ্টা কৰিছে।
শহুৰ-শাহু আৰু খুলশালীজনী এমাহ পাছত কিছুদিন থকাকৈ আমাৰ ভাৰাঘৰটোলৈ অহাৰ কথা।
উল্লেখযোগ্য যে উক্ত তিনিখন ৰাজ্যত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টে তেওঁলোকৰ ভৌগলিক অখণ্ডতা বিনষ্ট কৰিব বুলি শংকা কৰি জনসাধাৰণৰ মাজত  তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে।
কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি দ্বিতীয় দিনা কেইবাটাও পৰীক্ষা কেন্দ্ৰত গণিতৰ প্ৰশ্নকাকতৰ ঠাইত সমাজবিজ্ঞান আৰু অসমীয়া মাধ্যমৰ প্ৰশ্নকাকত বিতৰণ কৰাকলৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা ছেবা আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বহীনতাৰ প্ৰতিবাদত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এসপ্তাহত ২২টাকৈ নৱজাতকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ মহাবিদ্যালয়খনৰ চিকিৎসালয়ত প্রসূতি আৰু শিশু বিভাগত যোৱা তিনিমাহত ১২২টা নৱজাতকৰ মৃত্যু হোৱা ঘটনাই সচেতন ৰাইজক চিন্তিত কৰি তুলিছে৷ দুর্বল আন্তঃগাঁথনি তথা প্রয়োজনীয় আই চি ইউৰ ব্যৱস্থাৰ নাটনিৰ বাবে চিকিৎসালয়খনত নৱজাতকৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপন হৈছে৷ উল্লেখযোগ্য যে যোৱা আগষ্ট মাহত ৩৯২টা নৱজাতকক ভর্তি কৰোৱাৰ বিপৰীতে মৃত্যু হয় ৩৪টাৰ৷
জিলা সমিতিৰ তৰফৰ পৰা সমূহ নবাগত সদস্যক আদৰণি আৰু শুভেচ্ছা জনোৱা হয়৷
Home > মাণিকপুৰত চোৰাং ট্ৰাকসহ ৩গাড়ী চোৰ আটক
ৰাষ্ট্ৰসংঘৰ মহা সচিব এণ্টনিও গুটৰেজৰ দ্বাৰা আয়োজিত ভোজমেলত উপস্থিত থাকিব   প্ৰধানমন্ত্ৰী মোডী ।
শিৱসাগৰৰ আমগুৰিত সেনাৰ অভিযানত দুজন ব্যক্তিক আটক।
Home > বাগৰুম্বাৰ তালে তালে নৃত্য থাই পৰ্যটকৰ
বিজেপীৰ প্ৰাৰ্থীয়ে যদি হাতত গোহাৰী আৰু মুৰত পদুম ফুলৰ টুপি পিন্ধি পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে।
এই হাঁহি মানৱ সমাজৰ ক্ৰমবিৱৰ্তনৰ মাজেৰে আহি আহি আমাৰ জীৱনৰ অভিন্ন অংগ হৈ পৰিল।
কিন্তু সেইসকল মহাপ্রাণ ব্যত্তিুৰ ৰচনাৰাজি অসমীয়া পাঠক সমাজে আজিও শ্রদ্ধাৰে স্মৰণ কৰে৷ সেয়ে কোনো এক বঁটা সাহিত্যিক উৎকর্ষৰ একমাত্র মাপদণ্ড নিশ্চয় নহয়৷ যিসকল লেখকৰ সৃষ্টিসমূহ সর্বসাধাৰণে আঁকোৱালি লৈছে, প্রকৃতার্থত সিসকলেই স্রষ্টা হিচাপে ধন্য৷ জনসাধাৰণৰ মৰমতকৈ একোজন স্রষ্টাৰ বাবে ডাঙৰ পুৰস্কাৰ আৰু একো হ’ব নোৱাৰে৷ অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকালৈকে আমি নাচাওঁ কিয়?
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিনত তেওঁৰ সমাধিস্থলীলৈ গৈ কংগ্ৰেছ নেতা তথা পৰিয়ালে প্ৰাৰ্থনা জনাই সশ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
ভাৰতৰ পৰা নিৰ্বাচিত হোৱা তেওঁৱে একমাত্ৰ চিকিৎসক।
মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৰাজ্যৰ ৰেল ব্যৱস্থা উন্নীতকৰণ সন্দৰ্ভত বিজেপি সহ  বিভিন্ন দল সংগঠনে দিয়া ৮ খন স্মাৰকপত্ৰ মহা প্ৰৱন্ধকৰ হাতত অৰ্পণ কৰে।
ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা বৃহত্তৰ নাগালিম মানি লোৱা নহ’ব বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে৷কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসমৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে।
জে এম বি আৰু হৰকত-উল-জিহাদ- অল-ইছলামী নামৰ সন্ত্রাসবাদী গোট দুটাই অসমত সাম্প্রদায়িক সংঘাতৰ সৃষ্টি কৰিবলৈ গোপন মন্ত্রণা কৰা বুলি চোৰাংচোৱাই গৃহ মন্ত্র্যালয়ক জনাইছে৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্রকাশৰ লগে লগে ৰাজ্যত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ তৎপৰ হৈ পৰা বাংলাদেশী মৌলবাদী শক্তিয়ে অসমত থকা অনুগামীৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলিছে বুলিও চোৰাংচোৱাই কেন্দ্রীয় গৃহ মন্ত্র্যালয়ক অৱগত কৰিছে৷ চোৰাংচোৱাৰ প্রতিবেদনৰ পাছতেই কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে ৰাজ্য চৰকাৰক এই বিষয়ত সচেষ্ট হ’বলৈ নির্দেশ দিছে৷ ইতিপূর্বে নিয়া, চি বি আই আৰু আৰক্ষীয়ে গ্রেপ্তাৰ কৰা জেহাদী কার্যকলাপত জড়িতসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ ৰাজ্যৰ গৃহ বিভাগক কেন্দ্রই নির্দেশ দিছে৷
মংলবাৰে কোচিত অনুষ্ঠিত এখন সভাত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী কে জে আলফন্সে ‘ভাৰতত পৰ্যটন বিভাগে সুন্দৰ কাম কৰি আছে বুলি কয়৷ আৰু অধিক সংখ্যক বিদেশী পৰ্যটক ভাৰতত ফুৰিবলৈ অহাৰ চৰকাৰে আশা কৰিছে বুলিও কয় ৷
চিকিৎসালয়লৈ নিয়াৰ পথতে সন্ধিয়া মৃত্যুক আকোৱালি লয়।
তাতে কৰা জেৰাত তেওঁ বোমা দুটা সংস্থাপন কৰাৰ কথা স্বীকাৰ কৰে৷ সেই স্বীকাৰোক্তিৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে গুৱাহাটী আৰক্ষীক খবৰ দিয়াত যোৱানিশা বোমা দুটা উদ্ধাৰ কৰে৷ প্রণিধানযোগ্য যে তেওঁ যোৱা ২৭ জানুৱাৰীত আলফাৰ ম্যানমাৰস্থিত আৰাকান শিবিৰৰ পৰা নামি অহা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷ তেওঁ আলফাৰ প্রচাৰ গোটৰ নেতা অৰুণোদয় অসমৰ সৈতে আছিল৷ লক্ষণীয় যে আলফাই যোৱা গণৰাজ্য দিৱসৰ দিনাও ৰাজ্যক ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিছিল৷ ইফালে গুৱাহাটীত বোমা উদ্ধাৰৰ আগতে ছয়গাঁৱতো পাঁচটা বোমা উদ্ধাৰ কৰা হৈছিল৷
ধৃত চোৰ দুটা ক্ৰমে মথুৰাপুৰ অঞ্চলৰ মহেশ্বৰ খোদাল আৰু  বিকাশ তাঁতী বুলি চিনাক্ত হৈছে।
এই উৎসৱমূখৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিটিচি এলেকাৰ অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয় তথা শিক্ষানুষ্ঠানসমূহত চৰকাৰী বন্ধৰ ঘোষণা কৰে।
        প্ৰথমতে বনলেচ  চিকেনখিনি  সৰু  সৰুকৈ  কাটি লব।
ৰাজ্যত এফালে সংহাৰী বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিলেও আন এফালে নতুনকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ লখিমপুৰ, ধেমাজিত বান পৰিস্থিতি পূর্বতকৈ উন্নত হোৱাৰ বিপৰীতে যোৱানিশাৰ পৰা মৰিগাঁও জিলাত বৰলুইতে সংহাৰী ৰূপ লৈছে৷ নিশা ১০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা মৰিগাঁৱৰ লাহৰীঘাটত থকা এটা মথাউৰি ভঙাৰ ফলত ব্রহ্মপুত্রৰ পানীয়ে কেইবাখনো গাঁও নতুনকৈ প্লাৱিত কৰে৷
বিজেপিৰ চৰকাৰে দলিত, আদিৱাসী আৰু পাৰ্বত্য জনজাতিবোৰৰ মাটি কাঢ়ি লোৱা বুলিও অভিযোগ আনে ফাংচ’ৱে।
এখন বাছত চিকিৎসকৰ এটা দল গৈছিল ঔৰাংগবাদৰ অভিমুখে।
চেন্নাইবাসী অসমীয়া সকলৰ বাবে সুখবৰ
তদুপৰি, কি কাৰণত হিন্দুস্তান এৰোনেটিক্সক অন্ধকাৰত ৰাখি ঋণত জৰ্জৰিত আৰু দেৱলীয়া হৈ পৰা অনিল আম্বানীৰ সংস্থাক বিমান নিৰ্মাণৰ ঠিকা প্ৰদান কৰা হ'ল ?
হিমাচলপ্ৰদেশত ভূমিস্খলন, ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত ব্যাহত…
মন কৰিবলগীয়া কথা যে অসম আন্দোলন সংগ্রামী মঞ্চই কালি অসম চুক্তি ৰূপায়ণৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন প্রত্যাহাৰ কৰাৰ দাবীত যন্তৰ মন্তৰত এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰিছিল৷ ইয়াৰ পাছতেই আজি সংগ্রামী মঞ্চই দিল্লীত জনমত গঠনৰ বাবে আয়োজন কৰে এই আলোচনা-চক্রৰ৷
অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে দিহা-পৰামৰ্শসহ প্ৰতিবেদন প্ৰস্তুতৰ বাবে গঠিত উচ্চ স্তৰীয় সমিতিৰ আগত আজি নিজৰ দৃষ্টিকোণ দাঙি ধৰিলে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে।
“অকে অকে ছৰি!
বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা অসমত একতৰফা (ex-parte) সিদ্ধান্তৰে ১৯৮৫ চনৰ পৰা বৰ্তমালৈকে প্ৰায় ৬৪ হেজাৰ লোকক বিদেশী ঘোষণা কৰা হৈছে।
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰে।
অৱশেষত ভাল খবৰঃ মুখ্যমন্ত্ৰীয়ে কৈছে- থাকিবলৈ ঘৰ পাব মুনমী-জাহ্নৱীয়ে, সাৰ্থক হ’ব নামভৰ্তিৰ সপোন…
৪০ জন প্ৰৱাসীৰ মৃত্যু।
লাহোৰৰ পৰা ৫০ কিলোমিটাৰ দুৰৰ শ্বেইখুপুৰ গাঁৱত ঘটনা এই ঘটনাৰ পিছতে অঞ্চলটোত হুৱা-দুৱা লাগে৷ ইৰফানক স্থানীয় হস্পিতালত ভৰ্তি কৰোৱা হয়৷ আৰক্ষীয়ে ইতিমধ্যে চফাকত বিবিৰ লগতে তেঁওৰ ভায়েককো আটক কৰা বুলি জানিবপৰা গৈছে৷
সহজলভ্য ধন ঘটাৰ প্ৰতি আকৃষ্ট একাংশ নতুন প্ৰজন্মক আদৰ্শৰ বাট দেখুওৱা দুই যুৱক ইতিমধ্যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ দ্বাৰা আদৰ্শ কৃষক হিচাপে ৰাজহুৱা ভাৱে সম্ববৰ্ধিত হৈছে।
ডিজিটেল সংবাদ,ওৰাংঃ আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭১ সংখ্যক জন্মজয়ন্তী।
ইয়াৰ পূৰ্বে যোৱা ১১ জুনত দীননাথৰ পৰিয়ালটোৱে আৰু গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে তেওঁক মুকলি কৰি দিয়াৰ বাবে আলফাক কাতৰ আৱেদন জনাইছিল।
এই দিনটোত ভগ্নীসকলে নিজ ভাতৃক দীৰ্ঘায়ু কামনাৰে আশীৰ্বাদ দিয়া দেখা যায়।
কিন্তু মাহৰ পিছত মাহ পৌৰসভাৰ সময় নহয় জাবৰভৰ্তি ডাষ্টবিনবোৰ পৰিষ্কাৰ কৰিবলৈ ।
সংগ্ৰামী যোদ্ধা চন্দ্ৰশেখৰ আজাদক আমিও জনালো শ্ৰদ্ধাঞ্জলি।
ভালদৰে ভজা হলে ২ কাপ পানী দি ধাকনী মাৰি দিব।
আধুনিকতাৰ বতাহে অসমৰ সমাজ জীৱনত প্রবল জোকাৰণি তুলিছ়ে, মূল্যবোধৰ দ্রুত অৱক্ষয় ঘটিছে৷ চিনেমা, টিভি, ম’বাইল, ছ’চিয়েল নেটৱর্ক আদিৰ প্রভাৱে যুৱক-যুৱতীৰ দৃষ্টিভংগী সলনি কৰিছ়ে, সামাজিক বান্ধোন দ্রুততাৰে মষিমূৰ কৰিছে৷ এইবোৰৰ নেতিবাচক প্রভাৱ ইমানেই শক্তিশালী যে কেৱল ডেকা-গাভৰুৱেই নহয়়, প্রাপ্তবয়স্ক আনকি তিনিকুৰিৰ ডেওনা পাৰ হোৱা লোকো ইয়াৰ বলি হৈছে৷ চিকিৎসকৰ পৰা সাংবাদিকতালৈকে সন্মানজনক বৃত্তিৰ লগত জড়িত ব্যক্তিৰ মাজতো অপৰাধমূলক মানসিকতা বৃদ্ধি পাইছে৷ প্রাইমাৰী স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে গুৰু-শিষ্যৰ মাজত ঘটা অবাঞ্ছিত ঘটনাৰ বাতৰি সদায় প্রকাশ পাব লাগিছে৷ গুৰুৰ ওচৰত শিষ্য নিৰাপদ হ’ব নোৱৰাটো এক উদ্বেগজনক ঘটনা৷ ইয়াৰ ওলোটা ঘটনাও ঘটিছে৷ ছাত্র আৰু অধ্যাপিকাৰ মাজৰ অবৈধ সম্পর্কৰ পৰিণতিত এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্রই আত্মহত্যা কৰাৰ খবৰে সকলোকে স্তম্ভিত কৰিছিল৷ প্রেমিক-প্রেমিকাৰ মাজত প্রাক৲ বৈবাহিক সম্পর্কৰ পৰিণতিত ঘটা অমানৱীয় ঘটনা অসমত ব্যাপক হাৰত ঘটিবলৈ আৰম্ভ কৰিছে, যিবোৰ আগতে আন ৰাজ্যতহে সংঘটিত হৈছিল৷ কিছুদিনৰ আগতে গুৱাহাটীৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্রী শ্বেতা আগৰৱালাক একে মহাবিদ্যালয়ৰে প্রেমিকে ঘৰত নৃশংসভাৱে হত্যা কৰিছিল৷ আনকি ঘৰৰ আন সদস্যও এই হত্যাকাণ্ডৰ লগত জড়িত হৈ পৰিছিল৷ ইয়াৰ কাৰণ কি হ’ব পাৰে?
এনেকৈ যদি বৰষুণ দি থাকে আৰু বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে তেতিয়াহ’লে মাত্ৰ ১২ টা দিন বাকী থকা অৱস্থাত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাত অসুবিধাৰ সৃষ্টি হ’ব।
‘‍‘ত্ৰিংশদ্ যোজনবিস্তীৰ্ণং দীৰ্ঘেণ শতযোজনং।
শুক্রবাৰে জিলা উপায়ুক্ত ,বিধায়ক অমৰচাঁন্দ জৈন সহ অন্যান্য সকলে উদ্বোধন কৰে দুতলীয়া কার্যালয়টো।
Home > উচ্ছেদ বন্ধ কৰা, কৃষক মুক্তিৰ নেতাৰ মুক্তিৰ দাবীত গোৱালপাৰাত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
উল্লেখ্য যে একাংশ আৰক্ষী বিষয়াৰ ছত্ৰ-ছায়াঁতে দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাখনত এটা চক্ৰই জালনোট আৰু নকল সোণৰ এক ৰমৰমীয়া বেহা চলাই আহিছে ৷ প্ৰবঞ্চকৰ দলে সোণ আৰু টকা দিয়াৰ নামতে কৌশলেৰে বহিঃৰাজ্যৰ লোকসকলক ফোনযোগে মাতি আনি প্ৰবঞ্চনা কৰি আহিছে ৷ আৰক্ষীৰ দুৰ্বলতাৰ বাবেই সম্প্ৰতি নকল সোণৰ ব্যৱসায়ীয়ে আৰক্ষীকো আক্ৰমণ কৰিবলৈ সাহস কৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷
হা কৈ মেলি থকা মোৰ মুখ খন দেখি মানুহজনীয়ে কলে,” আপোনাৰ এটা মেক অভাৰৰ দৰকাৰ আছে।
ছোৱালী ল’ৰাতকৈ কোনো দিশে পিছ পৰি থকা নাই বুলি ক’লে বিত্তমন্ত্ৰীয়ে।
এতিয়া অফুৰন্ত ধন।
বিধেয়কখনক লৈ ৪ ঘন্টাজুৰি বাক-বিতণ্ডা হ’ব লোকসভাত।
অমৃতসৰৰ ৰেল দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
কেম্পবেল চাহাবৰ বঙলাটো আকৌ বৰপেটাৰ মৰা নদীৰ পাৰত।
শুদ্ধ এটাও নহয় বুলি লিখি পাছদিনা ঘুৰাই দিলো কাগজখন।
তাৰ বাবে কৃষক মুক্তি সংগ্রাম সমিতি সাজু থকা বুলি সংবাদ মেলত ঘোষণা কৰে।
চতিয়াৰ বিধায়কগৰাকীয়ে যদি তেওঁ পদত্যাগ কৰিলে ‘কা’ বাতিল হয়, তেন্তে সেয়া কৰিবলৈ সাজু আছে বুলিও কৈছিল।
দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
” তেৱোঁ পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ লগতে বিষয়টোৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী কৰে।
পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ মধুপুৰৰ এই সত্ৰ খনতে মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ আপোন আছিল৷ সত্ৰ খনত বহু ভকতৰ সমাধি আছে বুলিও কোৱা হয়।
অনুষ্ঠানত অংশ লৈ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা ঢকুৱাখনা মহকুমাৰ আৰক্ষী বিষয়া মোহন লাল মীনাই ইচ্ছা, চেষ্টা আৰু নিষ্ঠাক মূলমন্ত্ৰ হিচাপে লৈ আগবাঢ়িলে ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব পাৰে বুলি মন্তব্য কৰে।
যোৱা ৮ দিনেই ৰাইজে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছিল।
ইয়াৰ উপৰি আই আই টি, গুৱাহাটীৰ সঞ্চালক পেফছ'ৰ গৌতম বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিষয়া ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক সঞ্জয় কুমাৰ সিং আদি সমল ব্যক্তিসকল উপস্থিত থাকিব ।
অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য ৫ টকাকৈ কমিল [1]
এডাল বাঁহৰ লাঠিৰে মৰিয়াই হত্যা পত্নীক।
প্ৰকাণ্ড চেহেৰাৰ বাবে ৰাজাৰ এক সুকীয়া পৰিচয় গঢ় লৈ উঠিছিল।
বিবাহ বাহৰত মাংগলিক কাৰ্যৰ সলনি আৰক্ষীৰ সদলবল উপস্থিতিয়ে একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে আৰু পিছত দৰাপক্ষই কইনা অবিহনেই স্বগৃহলৈ উভতি যায় ।
ইয়াৰ পিছতেই আৰম্ভ হয় সদৌ অসম ভিত্তিত একক আৰু দ্বৈত শাখাৰ ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগীতা।
বৰ্তমান ছিৰিয়াৰ ২১ নিযুত জনসংখ্যাৰ অৰ্ধেকৰো বেছি আছে বিদেশত তথা আভ্যন্তৰীণ বাস্তুচ্যুত হৈ অনাই-বনাই।
উক্ত ঘটনাত শ্ৰীনিবাসৰ সহকৰ্মী এগৰাকীও আহত হৈছিল।
. . জাগিছে অসম, জাগক আপুনি [1]
এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ সম্পৰ্কত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাৰ অহা ২ জুলাইত পৰৱৰ্তী শুনানি আছে।
মাকৈ খেতিৰ মাজত উদ্ধাৰ হ’ল বিপুল পৰিমাণৰ বানসাহায্য সামগ্ৰী
বৃদ্ধ পিতৃগৰাকীয়ে পুত্ৰ অহাৰ খবৰ পাই আনন্দৰ চকুলো টুকে।
তাৰ পিছত বন বিভাগে খয়েৰ খিনি জব্দ কৰে ।