text
stringlengths
10
210k
ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিলে সংগঠনটোৱে৷
ইষ্ট-ৱেষ্ট কৰিড’ৰ প্ৰকল্পৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৭-অৰ এই অংশ আজি বহু বছৰ ধৰি অতি বিধ্বস্ত ৰূপত আছে।
১৬ বছৰ পিছত আটক গোধৰাৰ মূল অভিযুক্ত [1]
লগতে অনুৰাগ পূজাৰীক এই সন্দৰ্ভত নিশ্চয়তা সন্দৰ্ভত ই-মেইলযোগে জনাবলৈও অনুৰোধ জনায়।
পৰ্যটন ক্ষেত্ৰৰ পৰা ২০১৬ চনত ভাৰত চৰকাৰৰ মুঠ আছিল ২২.৪২ মিলিয়ন ডলাৰ ইয়াৰ পৰিৱৰ্তে ২০১৭ বৰ্ষত হৈছিলগৈ ২৭.৩৬  মিলিয়ন ডলাৰ।
মঙলবাৰেও আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত ৰাজ্যজুৰি প্ৰতিবাদ।
উল্লেখযোগ্য যে এইগৰাকী উপ-আৰক্ষী অধীক্ষকে দুলীয়াজান আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত নিজকে প্রভাৱশালী আৰক্ষী বিষয়া হিচাপে প্রতিষ্ঠা কৰাৰ মানসেৰে কিছুদিন মদৰ ঘাটিকে ধৰি বিভিন্ন ক্ষেত্রত দপ৲দপাই ফুৰিছিল়, যাৰ বাবে কবিতা দাসে অভিযানত লগত লৈ যোৱা একাংশ সংবাদ মাধ্যমে অভিহিত কৰিছিল ‘লেডী সিংঘম’ হিচাপে৷
– এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ।
সেয়া আছিল ১৯৭৪চনৰ কথা।
এনেকৈয়ে দিনবোৰ গৈ থাকিল।
‘প্ৰভাতী পখিৰ গান’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া, তপন দাস, প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তী, জয়ন্ত দাস, পূৰৱী শৰ্মা, মৃদুলা বৰুৱাকে ধৰি বহুকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে।
১ জানুৱাৰীত আয়োজিত এখন সংবাদমেলত ইছৰ'ৰ মুৰব্বী কে শিৱনে 'চন্দ্ৰযান-৩' অভিযান চলোৱাৰ বিষয়ে ঘোষণা কৰে।
অসমৰ খিলঞ্জীয়া লোকৰ অসুবিধা হবলৈ নিদিও।
সজাগতা সৃষ্টিৰে চামগুৰিত এন আৰ চিৰ সভা
দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলালে দুৰ্নীতিত নিমজ্জিত প্ৰাৰ্থীৰ হৈ !
বহু মানুহে অনুভৱ নকৰে যে ডাক্তৰজনো আন সকলোৰে দৰে তেজ মঙহেৰে গঢ়া এজন মানুহ।
এই আইন ভংগ কৰা সকলৰ ২বছৰৰ পৰা ৫বছৰলৈ কাৰাবন্দী হব লগত ১০০০ ৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা হব পাৰে ।
উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত বয়নশিল্পক বিভিন্ন অনুষ্ঠানৰ মাজেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানটোৱে এক অগ্ৰণী ভূমিকা পালন কৰি অহা বুলি জনাই প্ৰতিষ্ঠানটোৰ কেন্দ্ৰ সঞ্চালক প্ৰতীক আগৰৱালাই।
জনতা ভৱনৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদানৰ দাবীত সদৌ অসম মুৰব্বী আমোলা সন্থাৰ প্ৰতিবাদ।
প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মতিউৰ ৰহমান, বৰপেটা জিলা সমিতিৰ সভাপতি আজাহাৰ খান, সাধাৰণ সম্পাদকদ্বয় লতিফ আলী,হাফিজুৰ ৰহমান, সম্পাদক মকিবুল ইছলাম, বৰপেটা জিলা সমিতিৰ প্ৰাক্তন সভাপতি জাহিদুল ইছলামৰ উপৰিও যথেষ্ট সংখ্যক কৰ্মী-সমৰ্থক উপস্থিত থাকে।
ছ’চিয়েল মিডিয়াতো এতিয়া এই সন্দৰ্ভত চলিছে ব্যাপক চৰ্চা।
জুবিনৰ প্রতি সময়ৰ সকীয়নি
ক’বলৈ গ’লে কল্পনাৰ সাগৰত জাহাজৰ পাল তৰি এবাৰ ইপাৰৰপৰা সিপাৰ সাঁতুৰিও আহিলো৷
ফেচবুকত মুকলিকৈ পাকিস্তানী সেনাৰ সমৰ্থন কৰিছিল হাছেন আলীয়ে।
ৰূপক শৰ্মাক উভতি ধৰিলে প্ৰফুল্ল কুমাৰ মহন্তই।
চলিত তৃতীয় ইণ্ডিয়ান ছুপাৰ লীগত (আই এছ এল) কাইলৈ পুনেৰ ৱালেৱাদিৰ শ্রীশিৱ ছত্রপতি ক্রীড়া প্রকল্পৰ ষ্টেডিয়ামত হ’বলগীয়া মেচত ঘৰুৱা এফ চি পুনে চিটিয়ে খেলিব নর্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে৷ নর্থ ইষ্ট ইউনাইটেডে কাইলৈ চলিত ছিজনত নিজৰ চতুর্থখন মেচ খেলাৰ বিপৰীতে এফ চি পুনে চিটিয়ে লীগৰ তৃতীয়খন মেচ খেলিব৷ নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে বাহিৰত দ্বিতীয়খন মেচ খেলিব৷ যোৱাবর্ষৰ দ্বিতীয় আই এছ এলত এই ষ্টেডিয়ামত খেলা মেচত নর্থ ইষ্ট ইউনাইটেড আত্মঘাতী গ’লৰ বাবেই 1-0ত পৰাস্ত হৈছিল পুনে দলৰ বিৰুদ্ধে৷ কিন্তু দ্বিতীয় লেগৰ মেচত গুৱাহাটীত জন আব্রাহামৰ দল 3-2ত বিজয়ী হৈছিল৷ গুৱাহাটীত অনুষ্ঠিত উদ্বোধনী মেচত কেৰালা ব্লাষ্টার্ছক পৰাস্ত কৰাৰ পাছত গৃহভূমিত খেলা নিজৰ দ্বিতীয় মেচত নর্থ ইষ্ট ইউনাইটেডে হৰুৱায় এফ চি গোৱাক৷ কিন্তু বাহিৰত খেলা প্রথমখন মেচতেই দলে মুম্বাই চিটিৰ বিৰুদ্ধে প্রদর্শনৰ ধাৰাবাহিকতা ৰাখিব নোৱাৰিলে৷ কিন্তু ‘প্রফেচাৰ’ খ্যাত পর্তুগীজ প্রশিক্ষকজনে যোৱা মেচৰ ব্যর্থতাক লৈ চিন্তিত নহয়৷ ‘মই খেলুৱৈসকলক লৈ গৌৰৱান্বিত৷ যোৱা মেচত ভুল হৈছে বা সুযোগো নষ্ট কৰিছোঁ৷ কিন্তু ফুটবল এয়াই৷ মানুহে খেলা খেল৷ ৰবট বা মেচিনে খেলা নাই৷ দলৰ প্রদর্শনক লৈ মই আগবাঢ়িম৷ ফলাফলক লৈ নহয়৷’ কাইলৈৰ মেচৰ পূর্বে প্রশিক্ষক ভিংগাডাই ব্যক্ত কৰে৷ ইফালে এফ চি পুনে দলৰ কাহিনী সম্পূর্ণ ওলোটা৷ দলে ছিজনৰ প্রথম মেচ ঘৰত খেলি মুম্বাই চিটিৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ কিন্তু দ্বিতীয় মেচত এফ চি গোৱাক নিজৰ ঘৰত পৰাস্ত কৰি তিনি পইণ্ট লাভ কৰিবলৈ সক্ষম হয়৷ বাহিৰত লাভ কৰা বিজয়ে দলক কাইলৈৰ মেচৰ বাবে আত্মবিশ্বাসী কৰি তুলিছে৷
বেলট পেপাৰ হোৱাৰ বাবে এইবাৰ লেহেমীয়া হৈছে ভোট গণনা।
ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো এনেধৰণৰ চমৎকাৰী ভিডিঅ’ শ্বেয়াৰ কৰিছিল।
দুদিন ধৰি অনন্তই মুখলৈ পানী এটোপালো নিয়া নাছিল।
মন কৰিব লগীয়া যে উন্নীতকৃত এন আৰ চিৰ তালিকাক লৈ শাসক দল বিজেপি সন্তুষ্ট নহয় বুলি দলটোৰ নেতাসকলৰ মন্তব্যই স্পষ্ট কৰি আহিছে।
~ যকৃত বা বৃক্কৰ বেমাৰৰ ফলত শৰীৰত উৎপন্ন হোৱা বা জমা হোৱা বিষাক্ত পদাৰ্থৰ প্ৰভাৱত।
বৈমানিকৰ বিচক্ষণতাত ৰক্ষা পৰিল বৃহত্তৰ অঞ্চলৰ গাঁওবাসী
কোঠাটোত আছিল প্ৰায় ১৫ৰ পৰা ২০টা নৱজাতক।
নতুন দিল্লীত চিকিৎসাধান হৈ থকা উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক সাক্ষাৎ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।
বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলত এতিয়া চোৰৰ টিঘিল ঘিলনি চলিছে।
বৃহস্পতিবাৰে সভা মহোৎসৱৰ দ্বিতীয় দিনা শিল্পী দিৱসৰ লগতে ধৰ্মীয় তথা পৰম্পৰাগত কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হয় ।
তেওঁ কয় যে, ফেচবুক, হোৱাটছআপ ব্যৱহাৰ কৰা লোকৰ সংখ্যা ৩১৩ মিলিয়ন আৰু ২০২৩ চন পৰ্যন্ত ৫০০ ৰো অধিক হ’ব বুলি ধাৰণা কৰা হৈছে।
কাৰণ বৰ্তমান সময়ত অসমত চৰকাৰী আৰু চৰকাৰৰ অধীনৰ যিমান সংখ্যক আইটিআই প্ৰতিষ্ঠান আছে সেই সমূহত থকা আসনৰ সংখ্যা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তুলনাত যথেষ্ট কম।
এই বিষয়ে চৰকাৰে তদন্ত কৰি আছে আৰু তদন্তৰ প্ৰতিবেদনৰ অন্তত সেই প্ৰতিবেদনৰ আধাৰত ৰাষ্ট্ৰ সংঘত অভিযোগ দাখিল কৰিব।
উল্লেখ্য যে বিগত কেবাদিনো ধৰি পাৰিবাৰিক কথা-বতৰাক লৈ পত্নীৰ লগতে শাহুৱেক আৰু শহুৰেকৰ সৈতে বাক-বিতণ্ডাৰ সৃষ্টি হৈ আহিছিল ছাদ্দাম হুছেইন নামৰ লোকজনৰ।
হিটলাৰে ৪০ লাখ ইহুদীক হত্যা কৰাৰ বাবে তেওঁৰ কোনো অনুশোচনা হোৱা নাছিল, কাৰণ হিটলাৰে এই হত্যাকাণ্ড সংঘটিত কৰিছিল বিশুদ্ধ জাৰ্মান জাতি গঢ়াৰ মহৎ উদ্দেশ্য সাধন কৰিবলৈ।
স্নায়ুতন্ত্র আক্রমণ কৰাৰ লগতে স্নায়ুৰ শিৰাবোৰ দুর্বল কৰি নানা জটিলতাৰ সৃষ্টি কৰে।
চৰকাৰীভাৱে ঘোষণা কৰা হৈছে যে কেৰালাৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াৰ বাবে অতিকমেও ২১হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব।
আৰু চ্চোটু,  তুমি বিয়াৰ জোগাৰত লাগা. . ”
পৰেশ-আলফা জিন্দাবাদ ধ্বনিৰে উত্তাল কাৰ্বি পাহাৰ
বানপীড়িত অসহায় লোকক এষাৰি মাত দিয়াৰ উদ্দেশ্যে তেওঁলোকে এই পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে গ্ৰুপৰ এগৰাকী সদস্যই।
বিহুৰ বতৰত অসমবাসীয়ে ৰূপালী পৰ্দাৰ গাম্ভীৰ্যপূৰ্ণ পটভূমিত এটা নতুন স্বাদেৰে অসমৰ প্ৰায়বোৰ চিত্ৰগৃহতে ছবিখন উপভোগ কৰিবলৈ পাব।
ইয়াৰ উপৰি, প্ৰাচীৰ পত্ৰিকাখনত বিষয়া-কৰ্মচাৰীসকলে লিখা মূল্যবান লিখনিসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰি প্ৰত্যেক বছৰৰ মূৰে মূৰে পুস্তিকা আকাৰে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।
এইবোৰ কথা সঁচানে?
উল্লেখযোগ্য যে তদন্তকাৰী আৰক্ষীয়ে তেওঁৰ দুর্নীতিৰ সমস্ত তথ্য প্রমাণ সংগ্রহ কৰাৰ পাছতহে গ্রেপ্তাৰ কৰাৰ বাবে তেওঁক পুনৰ জেৰা কৰাৰ কোনো প্রয়োজন নাই বুলি দুর্নীতি নিবাৰকে আদালতত সদৰী কৰে৷ ইফালে আদালতে সম্প্রতি অসুস্থ হৈ পৰা প্রাক্তন আই এ এছ বিষয়াজনক সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীক নির্দেশ দিয়ে৷ বৰঠাকুৰে আদালতত জামিনৰ বাবে আৱেদন কৰিছিল যদিও আজি আদালতে তেওঁৰ আৱেদন মঞ্জুৰ নকৰে৷ ইয়াৰ সলনি তেওঁৰ জামিন আৱেদনৰ শুনানিৰ বাবে অহা ৮ আগষ্টত দিন ধার্য কৰে আদালতে৷ উল্লেখযোগ্য যে ২০১১-১৫ বর্ষলৈ সমাজ কল্যাণৰ সঞ্চালক পদত অধিষ্ঠিত আছিল দিলীপ বৰঠাকুৰ৷ বিভাগটোত সংঘটিত বিয়াগোম লুণ্ঠনৰ সময়ত তেওঁ এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ তথ্য ইতিমধ্যে তদন্তকাৰী দুর্নীতি নিবাৰক শাখাৰ হাতত পৰিছে৷ লক্ষণীয় যে পূর্বে অভিযুক্ত বৰঠাকুৰক দুর্নীতি নিবাৰকে জেৰাও কৰিছিল৷
চলচ্চিত্ৰ খনত অভিনয় কৰিছে ফণী শৰ্মা,ইভা আচাও,জ্ঞানদা কাকতি, বিনা দাস,ধৰণী চৌধুৰী আদিয়ে।
দেবেন্দ্ৰ ফড়নবিছে পুৱা প্ৰয়াত নেতা বালা থাকৰেৰ ভাষণৰ কিয়দাংশ টুইত কৰি লিখে- ‘আমাৰ বাবে প্ৰেৰণাৰ স্ৰোত সদৃশ হিন্দু হৃদয়ৰ সম্ৰাত বালা চাহেব থাকৰেক শত সহস্ৰ প্ৰণিপাত জনাইছো।
আনহাতে বোকাখাতত বহুতো যাত্ৰীবাহী সৰু-বৰ গাড়ী আহি পথৰ কাষত ৰৈ আছেহি।
ঘটনা বিৱৰনী মতে জাগুনৰপৰা জয়ৰামপুৰ অভিমুখে গৈ থকা নম্বৰ বিহীন মটৰ চাইকেলখনে এন এল ০২ কে ৫০৬৬ নম্বৰৰ ট্ৰেইলাৰ গাড়ীখনত পিছফালৰপৰা প্ৰচণ্ড জুৰেৰে খুন্দা মৰাৰ ফলত মটৰ চাইকেলখনত থকা লোক দুজন ঠাইতে নিহত হয়।
মহানগৰীত প্ৰাত: ভ্ৰমণলৈ যোৱা ব্যক্তিক মহতিয়ালে তীব্রবেগী বাহনে
মোৰ ৰুমৰ পৰা ইমান ধুনীয়া স্মেল আহিছে।
তেওঁলোক প্ৰকৃততে ডকাইত আৰু গুৱাহাটীৰ চাৰিওপিনে তেওঁলোক সিচৰতি হৈ পৰিছে।
শিলচৰ লোকসভা সমষ্টিৰ সমন্বয়ক মঞ্জুল দেৱে কলে অতীতত মনমোহন সিংৰ প্রধানমন্ত্রীত্বৰ কালত , কংগ্রেছে উন্নয়নৰ নামত দেশক লুন্ঠন কৰিছিল।
এতিয়া যাওঁ দিয়া, বৰসবাহ পাতি নমতাকৈ থাকিলেওঁ আমি আহিবলৈ লাজ নকৰোঁ।
আটকাধীন লোককেইজনৰ বিৰুদ্ধে ওদালগুৰি থানাত ভাৰতীয় দণ্ড বিধিৰ 489B/489D/489c/420 ধাৰাত 90/18 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
কোনোৱেই ক’ব নোৱাৰিব এই কথা যে জেনেৰেটৰত ডিজেল নথকা হেতুকে ম’বাইলৰ পোহৰতো অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় এইখন চিকিৎসালয়ত!
সমস্যা জৰ্জৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ অৰ্থে সাংবাদিক সুৰক্ষা আইন প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
পতঞ্জলীৰ প্ৰবক্তা এছ কে তিজাৰাৱালাই এক টুইটযোগে অভিযোগ কৰ অনুসৰি চোৰে তেওঁৰ লগতে বাবুল সুপ্ৰিঅ’ আৰু অন্য ৯ জনৰ মোবাইল চুৰি কৰে ভিৰৰ পৰা।
ফ’ন : ৯৪৩৫০-৯০৮১১
কুম্ভকৰ্ণ নিদ্ৰাত অসম চৰকাৰ।
বিয়লি কদমনি টাইটেল মাদ্ৰাছাত এটি ছাত্ৰাবাসৰ লগতে বাটমাৰী ছোবাহী মাদ্ৰাছাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি শিক্ষক-ছাত্ৰ সমাজৰ লগত মত বিনিময় কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হেৰম্ব কুমাৰ নাথ।
১৯১৯ চনৰ ডিচেম্বৰ মাহৰ (পুহ, ১৮৪১)ত ‘চেতনা’ত প্ৰকাশ পোৱা ‘শিখ গুৰু নানক আৰু টেগ বাহাদুৰৰ কামৰূপ ভ্ৰমণ’ শীৰ্ষক লেখনীটোত বাণীকান্ত কাকতিয়ে গুৰু নানক কামৰূপলৈ ধৰ্ম প্ৰচাৰাৰ্থে অহাৰ কথা উল্লেখ কৰিছে।
ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত যি ধৰণে ৱাৰ্ড সভা পাতি তথা ৰাইজক প্ৰাধান্য দি আঁচনি প্ৰস্তুত কৰা হৈছে এনেকুৱা ঘটনা বিৰল বুলিও দোহাৰে ।
ডাইন’ছৰৰ এটা প্ৰজাতিৰ কণী উদ্ধাৰ হৈছে গুজৰাটত।
সোধে বৰ্ম্মাৰজাই ফুকনৰ কথা।
সেই সময়ত সভাস্থলীত থকা সংবাদমাধ্যমৰ কেমেৰাই বন্দী কৰিলে এই দৃশ্য-
ৰাজ্যিক কাৰাটেলৈ ডিব্রুগড় দল ঘোষণা
চৰকাৰী কর্মচাৰীৰ বাবে বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা কৰাটো বাধ্যতামূলক কৰিবলৈ আইন প্রণয়ন কৰিবলৈ আগবঢ়া ৰাজ্য চৰকাৰে এইবাৰ ব্যক্তিগত খণ্ডক নাকী লগাবলৈ তৎপৰতা গ্রহণ কৰিছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত কর্মৰত শিক্ষকৰ দৰমহাৰ নূ্যনতম নিৰিখ এইবাৰ নির্ধাৰণ কৰিব ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি টুইটাৰত টুইট কৰি এই কথা প্রকাশ কৰে৷ মন্ত্রীজনে টুইট কৰি প্রকাশ কৰে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত কর্মৰত শিক্ষকসকলক দৰমহা দিয়াৰ ক্ষেত্রত বিদ্যালয় কর্তৃপক্ষই যি বৈষম্যমূলক নীতি গ্রহণ কৰি আহিছে ইয়াক অন্ত পেলাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলক ন্যায় দিয়াৰ বাবে ৰাজ্য চৰকাৰে নতুন নীতি গ্রহণ কৰিব৷ উল্লেখযোগ্য যে ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কর্মৰত শিক্ষকসকলক বিদ্যালয়সমূহৰ কর্তৃপক্ষই প্রাপ্য দৰমহাতকৈ অতি কম দৰমহা দি অহাৰ অভিযোগ দীর্ঘদিনৰে পৰা উত্থাপিত হৈ আহিছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰৰ নূ্যনতম দৰমহাৰ নিৰিখ নির্ধাৰণৰ তৎপৰতাই শিক্ষকসকলক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে৷
সাহিত্যিক, বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈৰ আজি পুৱা ৬ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেহাৱসান হয়।
এতিয়া কি হ’ব বিক্ৰম-প্ৰজ্ঞানৰ
উল্লেখ্য যে বিগত ২৬ এপ্ৰিল আবেলিৰে পৰা মণিপুৰৰ উখৰুলৰ চিহাই গাঁৱৰ সমীপত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে নতুনকৈ এটি ডেজিগনেটেড শিবিৰ স্থাপন কৰিছিল ।
কিনকিনীয়া বৰষুণজাকে প্লাৱন আনে।
লগতে আজিৰ অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যলয়ৰ সহ-অধীক্ষক মৃদুল কুমাৰ শৰ্মাক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ‘মেন অব দ্য য়েৰ’ বঁটা প্ৰদান কৰে।
শ্ৰেষ্ঠ পৰিচালক ৰূপে স্বীকৃতি লাভ কৰে ভাস থিয়েটাৰৰ প্ৰাঞ্জল বৰাই।
প্ৰজাসবে দল বান্ধি আহে।
অঞ্চলটোৰ মনিয়েৰী আৰু বৰাগোগৰ পুৰুষ সকলৰ সৈতে স্বচ্ছ অসম সেনাৰ  মাতৃ গোটৰ মহিলাসকলেও  ৰবিবাৰৰ দিনা নিজৰ আলি পদূলি সমূহ পৰিষ্কাৰ কৰি এনে স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰে।
ইয়াৰ লগত সংগতি ৰাখি বিলাসীপাৰা জ্যেষ্ঠ নাগৰিকসকলক লৈ আলোচনা চক্র অনুষ্ঠিত কৰি বিলাসীপাৰা মহকুমা ৰেডক্রছৰ সভাপতি ডা: কানু লাল দাসে মানুহৰ শাৰীৰিক আৰু মানসিক বেমাৰ-আজাৰ সম্পৰ্কে পৰামৰ্শমূলক বিভিন্ন দিশত আলোকপাত কৰে ।
ইপিনে, একেখন বিদ্যালয়ৰ পৰা ৰাজ্যখনৰ ভিতৰতে নৱম স্থান লাভ কৰা শ্যামলিনা পাঠকৰ কৃতিত্বতো অভিভাৱক, ছাত্র-ছাত্রী আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রীসকলৰ মাজত আনন্দৰ পৰিৱেশৰ সৃষ্টি হয়৷ শ্যামলিনাই সাধাৰণ গণিতত ৯৭, ঐচিছক গণিতত ৯৮, সাধাৰণ বিজ্ঞানত ১০০, ইংৰাজীত ৯৯, সমাজ বিজ্ঞানত ৯৮ আৰু অসমীয়াত ৯৩ নম্বৰসহ সর্বমুঠ ৫৮৫ নম্বৰ লাভ কৰে৷ ইংৰাজী, গণিত আৰু বিজ্ঞানত ব্যক্তিগত শিক্ষকৰ সহায় লৈ দৈনিক ১০-১১ ঘণ্টাকৈ অধ্যয়ন কৰিছিল শ্যামলিনাই৷
ৰাজহুৱা পৰিবহণ নাছিল যদিও ৰাষ্টাত যান-বাহন যথেষ্ট পৰিলক্ষিত হৈছিল।
প্ৰাৰম্ভিক তদন্তত সুৰা ব্যৱসায়ী জনৰ নাম ৰাজকুমাৰ বুলি জানিব পৰা গৈছে ।
তাৰ বাবে প্ৰতি দেওবাৰে পুখুৰীটোত চূণ,ফিৎকিৰি আদি প্ৰয়োগ কৰা হ'ব বুলি জানিবলৈ দিছে অসম পৰ্যটন বিভাগে।
ইয়াৰ পাছতেই মুখ্য মন্ত্ৰীৰ আহ্বান মৰ্মে জনতা ভৱনলৈ আহি পুনৰ দায়িত্ব গ্ৰহণ কৰে অগপৰ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে।
কাৰণ এলেহুৱা মানুহৰ কোনো অস্তিত্বই নাই৷–এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ ২৭ ডিচেম্বৰৰ পৰা চাৰি দিনীয়া বর্ণাঢ্য কার্যসূচীৰে ওদালগুৰি জিলাৰ শৈক্ষিক নগৰী টংলাৰ সতীশ চন্দ্র ৰাভা সমন্বয় ক্ষেত্রত অনুষ্ঠিত নিখিল ৰাভা সাহিত্য সভাৰ ৩৪ সংখ্যক কেন্দ্রীয় অধিৱেশনৰ আজি অন্তিমখন মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাভা ভাষা মাধ্যম দাবী, এহাজাৰ ৰাভা ভাষাৰ শিক্ষক নিযুক্তিকে ধৰি জাতীয় সমস্যা সমাধানৰ বাবে ৰাভা জাতীয় সংগঠনসমূহৰ সৈতে শীঘ্রে অসম চৰকাৰে আলোচনাত মিলিত হ’ব বুলি প্রতিশ্রুতি দিয়ে৷
⇒উত্তৰঃ-কেইমাহ মানৰ পূৰ্বে গুজৰাটলৈ যাওঁতে কৃষকসকলৰ লগতে কথা পাতোঁতে কৈছিল, গুজৰাট মডেল নহয়৷ কৃষকৰ মাটি, পানী, জংঘল সকলোবোৰ চৰকাৰে হস্তক্ষেপ কৰি লোৱা মডেলহে৷ এইবোৰ সকলোৱেই দেখি আহিছে৷
মণিপুৰী বিদ্ৰোহী সংগঠন ইউনাইটেদ নেচনেল লিবাৰেইশ্যন ফ্ৰণ্টৰ অধ্যক্ষ ৰাজকুমাৰ মেগেন ওৰফে চানা ইয়াইমাক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্ত আকাশৰ তললৈ.
সেয়াও বিচাৰ কৰিব আইনে।
সত্ৰীয়া শিল্পকলাৰ চৰ্চা কমি অহাৰ সময়তেই ভৱানীপুৰৰ সত্ৰীয়া সাংস্কৃতিক দিশৰ লগত জড়িত গোপাল আতা সাহিত্য-সাংস্কৃতিক গোষ্ঠীয়ে লৈ আহিছে এক আশাৰ বতৰা।
এই মৃত্যুৰ আঁত ধৰি এইবাৰ আমেৰিকাক ধমক দিছে ইৰানৰ প্ৰধান নেতা আয়াতুল্লা আলি খামেইনিয়ে।
তেওঁ পূৰ্বতে কেইবাখনো সামৰিক হাস্পাতলত কাম কৰিছিল আৰু তেওঁৰ স্বামী ব্ৰিগেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) আছাদুল্লাহ মহম্মদ হুছেইন চাদ সেনাৰ এগৰাকী চিকিৎসক আছিল।
আনহাতে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাৰদা কেলেংকাৰীত অসমৰ এজন বিজেপি মন্ত্ৰী জড়িত থকা বুলি ৰাজহুৱাকৈ মন্তব্য কৰাৰ সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে।
বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত মঙলবাৰে নিশা ড্ৰাগছসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
তেতিয়া সময় প্ৰায় ৰাতি ৯:৩০, ওপৰত কোৱাৰ নিচিনাকৈ “ছ’ কলড” ৰেগিং চলাই আছে ছিনিয়ৰ সকলে মোৰ ওপৰত।
আবেলি ৪ বজাত সম্পূৰ্ণ হ’ব বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া।
নিৰীক্ষণ কৰা হৈছে স্পৰ্শকাতৰ অঞ্চলসমূহ।