text
stringlengths
10
210k
এটা বিবৃতিত  চি পি আই (এম এল)ৰ সহকাৰী সাধাৰণ সম্পাদক সুভাস দেবে কৈছে যে ৭০ৰ দশকত অসমৰ নক্সালবাদী আন্দোলনৰ গুৰি ধৰোঁতা নন্দী বিগত ডেৰ বছৰ ধৰি কৰ্কট ৰোগত ভুগি আছিল।
কিন্তু কোনো এগৰাকী পৰিবহণ বিষয়াই এই গাড়ীখনৰ পঞ্জীয়ন কৰিবলৈ সাহস কৰা নাছিল।
কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে দীপাৱলী পালন কৰিলে ৰাজ্যপালে জগদীশ মুখীয়ে৷ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত পালন কৰা হয় এই অনুষ্ঠান৷ ৰাজ্যপালৰ সৈতে দীপাৱলী উৎসৱ পালন কৰি ব্যাপক উৎসাহ পৰিলক্ষিত হয় বি এছ এফ জোৱানৰ মাজত৷
বিয়াৰ পিছত কলগাছিয়াৰ স্বামী গৃহতেই থাকে।
ফলত ধান পকাৰ আগতেই পানীৰ তলত পৰি নষ্ট হৈ আছে।
বৰ ব্যতিক্ৰমী চৰিত্রৰ মানুহ এই কালিদাস চক্ৰবৰ্তী ডাঙৰীয়া ।
ইয়াৰ বাবে আমি প্ৰায় ২০০ গৰাকী নিৰাপত্তাৰক্ষীক বিশেষভাৱে প্ৰশিক্ষণ দিছো।
উল্লেখ্য যে আজি কিছুদিন পূৰ্বে মহানগৰীত আলফা নেতাগৰাকীয়ে বঙালীবিৰোধী প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগ তুলি কোকোৰাঝাৰৰ গোঁসাইগাঁও খানাত বেংগলী টাইগাৰ ফ'ৰ্চ নামৰ এটা সংগঠনে ৰুজু কৰিছিল গোচৰ ।
Home > বি পি এফ কাৰো স্থায়ী শত্ৰু বা মিত্ৰ নহয়ঃ হাগ্ৰামা
চহৰাঞ্চলত আঁচনিখনে মাত্র ১০ শতাংশ সফলতাহে অর্জন কৰিছে৷ প্রধানমন্ত্রী আৱাস যোজনাৰ সফল ৰূপায়ণত শীর্ষত আছে উত্তৰ প্রদেশ৷ ৰাজ্যখনে প্রায় ৭০ শতাংশ গৃহ নির্মাণ কৰিবলৈ সক্ষম হৈছে৷ ২০২২ চনৰ ভিতৰত প্রতিটো পৰিয়ালক পকীঘৰ প্রদানৰ লক্ষ্য আগত ৰাখি কেন্দ্রীয় চৰকাৰে আই ডি নম্বৰ অবিহনেও কেঁচাঘৰৰ গৰাকীৰ বাবে পি এম এ ৱাইৰ গৃহ আবণ্টনৰ সিদ্ধান্ত লৈছে৷ ইফালে অসম চৰকাৰে আগন্তুক সময়ত এই আঁচনিৰ অধীনত ১ লাখ নির্মাণেৰে হিতাধিকাৰীক উপকৃত কৰাৰ কথা উল্লেখ কৰিছে৷
তেওঁ বিধেয়কখন সন্দর্ভত অসমৰ জনসাধাৰণক পুংখানুপুংখভাৱে বুজাই দিয়াৰ ব্যৱস্থা কৰিবলৈ কেন্দ্রীয় চৰকাৰক আহবান জনোৱাৰ লগতে এই সম্পর্কত আজি এক প্রস্তাৱ লোৱা বুলি প্রকাশ কৰে৷ ইফালে বিধেয়কখন গৃহীত নহ’লেও কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে ২০১৫ চনত জাৰি কৰা অধিসূচনা অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা অমুছলমানসকলে ছবছৰ ভাৰতত বাস কৰিলেই স্থায়ী নাগৰিকত্বৰ বাবে আৱেদন কৰিব পৰাৰ সুবিধা কৰি দিয়া বুলিও সদৰী কৰে কনকসেন ডেকাই৷
নিয়াৰিকৈ পাৰি থোৱা বেডশ্বিটৰ ওপৰত এটা এটাকৈ টাই, চাৰ্ট, বেল্ট দলিয়াই গ’লোঁ‌ . . যিমান পাৰোঁ‌ কৰ্তৃত্বৰ মাতষাৰ উলিয়াই মাত দিলোঁ‌ “মোৰ টাৱেলখন ক’ত?
যেনে তেনে অনশনৰত যুৱকদ্বয়ৰ অনশন ভাঙিবলৈ তৎপৰ জিলা প্ৰশাসনে নিশাই জোৰজবৰদস্তি আৰক্ষী বাহিনী লগাই চোঁচৰাই লৈ যায় অনশনৰত যুবকদ্বয়ক | ইতিমধ্যে দুয়োজনকে
কাৰণ বিভিন্ন জাতি-জনজাতিৰ লোকেহে বেছিকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰে।
পানীৰ তলেৰে যোৱা ৰিম’ট পৰিচালিত গাড়ী আৰু হাইড্ৰ’ফোনৰ ব্যৱহাৰৰ জৰিয়তে অবৈধ প্ৰব্ৰজনকাৰীৰ ৰাস্তা সমূলি বন্ধ কৰিব পৰা যাব।
এই ঘটনাক বিভিন্ন দল-সংগঠনে একত্ৰিতভাৱে তীব্ৰ ভাষাৰে গৰিহণা জনাই মঙলবাৰে বিশ্বনাথৰ ১০ টাকৈ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰে ভুক্তভোগী চৌকত আলিক।
কেইবাটাও বিশ্ব অভিলেখৰ অধিকাৰী ৰমেশ শ্বাহক ১৫-২০ মিলিমিটাৰৰ দৈৰ্ঘ্যৰ এই চিত্ৰ নখত আঁকিবলৈ সময়ৰ প্ৰয়োজন হৈছিল সম্পূৰ্ণ ৩ দিন।
ডিজিটেল সংবাদ, নামতি: শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মহাবিদ্যালয় প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।
যদিও ভাৰতীয় দলটোৱে খেলখনত পৰাজয় বৰণ কৰে, তথাপিও শেহমুহূৰ্তলৈকে অতিথি দলটোক এক তীব্ৰ চাপৰ মাজত ৰাখিবলৈ সক্ষম হয়।
সোমাবাৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত প্ৰাক্তন শিশু বিজ্ঞানীসকলৰ মাজত অনুষ্ঠিত হয় এখনি অন্তৰংগ-আলাপ অনুষ্ঠান।
স্বামীৰ যদি যৌনৰোগ থাকে তাৰ পৰাও নাৰীয়ে এই ৰোগত আক্রান্ত হ’ব পাৰে।
ভগৱানে ইচ্ছা কৰিলে আপুনি সোনকালেই আপুনি মনে বিচৰা চাইকেলখন পাব।
কিন্তু জানি-বুজি এই ভুল কৰা নাই।
নিয়মাৱলীৰ দফা উল্লেখ নকৰাকৈ সভাপতি মণ্ডলীলৈ প্রস্তাৱ প্রেৰণ
ন্যায়ালয়ে কি ক’লে
বন বিভাগৰ চত্ৰছায়াত নাৰায়ণপুৰৰ ট্ৰামজুলিত শিল-বালিৰ অবৈধ বেহা  
ডিজিটেল সংবাদ, টংলাঃ অসমীয়া জাতি ধ্বংস হ’লে অসমত বাস কৰা হিন্দুু বাঙালীসকলো ধ্বংস হ’ব ৷ সেয়ে অসমখনক জেহাদী সমৰ্থনপুষ্ট বাংলাদেশী মুছলমানৰ অগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ হিন্দু বাঙালীসকলেও নিজৰ কৰ্তব্য পালন কৰিব লাগিব ৷ অসমত আশ্ৰয় দিয়াৰ বাবে সকলো অসমীয়াৰ প্ৰতি কৃতজ্ঞতা জনাই হিন্দু বাঙালীসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ উপৰি মাতৃভাষা অসমীয়া বুলি উল্লেখ কৰি অসমত দুৰ্গা পূজা, বিহু আদি একেলগে উদ্‌যাপন কৰিবলৈ বাঙালীসকলে আগভাগ লওঁক ৷ এই আহ্বান বিধায়ক শিলাদিত্য দেৱৰ ৷
পিছমুহূৰ্ততে তাইৰ কপাল কুঞ্চিত হৈ আহিল।
অগপ নেতৃত্বই সাক্ষাৎ কৰাৰ আগতে এই বিধেয়কৰ সপক্ষে ৰাজনাথ সিঙক বুজনি দিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
শুকুৰবাৰে দুপৰীয়া পৰম্পৰাগত ৰঙীন পোছাকেৰে হাজাৰ হাজাৰ নগা মহিলাৰ উজীৱিত লোকনৃত্যত মন চহৰৰ আকাশ বতাহ মুখৰ হৈ পৰে।
আমাৰ ওচৰ পোৱালৈ তাৰ খোজৰ বেগ আৰু বাঢ়ি গ’ল।
মই বোলো খোজ কাঢ়ি নাযাওঁ, ৰিক্সা এখন ল।
এইজনক সুধি থাকি একো লাভ নহ’ব।
২০১৭ চনৰ ৯ এপ্ৰিলত কাশ্মীৰৰ এজন যুৱকক সেনাৰ জীপৰ আগত বান্ধি নিয়াৰ ঘটনাক লৈ মে’জৰ গগৈ দেশজুৰি বিতৰ্কৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছিল।
গুৰুত্বপূৰ্ণ যে এই শিক্ষা নীতিৰ জৰিয়তে শিক্ষাৰ অধিকাৰ আইন ১৮ বছৰলৈ বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে, পীড়িত কিশোৰীগৰাকীৰ খুৰাকে অভিযোগ উত্থাপন কৰে যে, এই দুৰ্ঘটনাৰ সৈতে বিজেপি বিধায়ক কুলদীপ ছেংগ দায়ী।
উল্লেখ্য যে বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত ভোটাৰৰ মাজত বিলাবলৈ নিয়া ৰাইন’ ব্ৰেণ্ডৰ ১৫০ বটল মদ জব্দ কৰিছে বোকাখাতৰ মহকুমা প্ৰশাসনে।
যাৰ বাবে ভৰি হাত ভাগি চিকিৎসাধীন একাংশ কৰ্মচাৰীৰ চিকিৎসা কৰাৰ বাবে ধন নোহোৱাত বহুতো অসুবিধাত পৰিছে।
উত্পলক ক’লে – “তোমাৰ দেউতাৰাতকৈ মই বেছি খাব পাৰিছোঁ।
প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনৰ কথা আৰু কামৰ মাজত যে কোনো সংগতি নাই, সেই কথা এইবাৰৰ কেন্দ্রীয় বাজেটে পুনৰ প্রমাণ কৰিলে৷ অসম তথা উত্তৰ-পূর্বাঞ্চলৰ ৰাইজক আৱেগিক কৰিবলৈ এই অঞ্চলটোক লৈ বহু কথাই মোদীয়ে কয়৷ ভাষণৰ মাজত অসম তথা উত্তৰ-পূর্বাঞ্চলক আখ্যা দিয়ে অষ্টলক্ষ্মী বুলি৷ উত্তৰ-পূর্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন ৰূপেও অভিহিত কৰা হয়৷ প্রধানমন্ত্রীয়ে প্রায়ে কয় যে উত্তৰ- পূর্বাঞ্চলৰ উন্নয়ন হ’লেহে দেশৰ উন্নয়ন হোৱাটো বুজাব৷ কিন্তু কার্যক্ষেত্রত একো নাই৷ অর্থাৎ কার্যক্ষেত্রত কোনো পদক্ষেপ নলয়৷
ভাষণত মোদীয়ে কয়, ‘তেওঁলোকে আমাক বিভিন্ন দুৰ্য্যোগৰ সময়ত সুৰক্ষা দি আহিছে।
উক্ত ৰাজ্যকেইখনৰ ভিতৰত ৰাজস্থান, মধ্য প্রদেশ আৰু ছট্টিশগড়ো আছে৷ ইয়াৰ যোগেদি বিজেপিয়ে এক বৃহৎ পর্যায়ৰ খেলা খেলিবলৈ আগবঢ়া বুলি কোৱা হৈছে৷ ই দেশত লোক সভা আৰু বিধানসভাৰ নির্বাচন একেলগে অনুষ্ঠিত কৰোৱাৰ সপক্ষে এক জনমত গঠনতো সহায় কৰিব বুলি আশা কৰা হৈছে৷ ইয়াৰ বাবে বিজেপিয়ে দলটো শাসনত থকা মহাৰাষ্ট্র, হাৰিয়ানা আৰু ঝাৰখণ্ডত বিধানসভাৰ কার্যকাল শেষ হোৱাৰ আগতেই নির্বাচন পাতিবলৈ আগবাঢ়ি আহিব৷
হঠাতে লামডিঙত ডেংগুত আক্ৰান্ত লোকৰ বৃদ্ধিয়ে এতিয়া আতংকময় পৰিবেশ সৃষ্টি কৰিছে ৷ লামডিঙত স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰেল নগৰীখনত বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰে তথা সময়ে সময়ে মহৰ পৰা হাত সাৰিবলৈ যাৱতীয় ধোঁৱা নিদিয়াৰো অভিযোগ উঠিছে আৰু নলা নৰ্দমাবোৰ সময় মতে পৰিষ্কাৰ নকৰাৰ ফলত লামডিঙত প্ৰতিদিনে ১০-১২ জন লোক ডেংগুত আক্ৰান্ত হৈছে ৷ ডেংগুৰ প্ৰভাৱ ৰোধ কৰিবলৈ একপ্ৰকাৰে ব্যৰ্থ হৈ পৰিছে হোজাই জিলাৰ প্ৰশাসন তথা স্বাস্থ্য বিভাগ আৰু পৌৰ সভা ৷
ভাৰতীয় বায়ু সেনাই অৱশ্যে এজনহে পাইলট সন্ধানহীন আছে আৰু আনুষ্ঠানিকভাৱে পাকিস্তানে সেই সন্দৰ্ভত ভাৰতক জনোৱা নাই বুলি সংবাদমেল যোগে ঘোষণা কৰিছে।
৭০ উৰ্ধৰ সেই বৃদ্ধাগৰাকীৰ নাম মতিনা খাতুন বুলি জানিবলৈ দিয়াৰ লগতে ঘৰ পশ্চিমবংগৰ মুছিদাবাদৰ নৱগ্ৰামৰ বুলি কয়।
যোৰহাট জিলাৰ টীয়কৰ চটাই ঘৰফলীয়াত যোৱা নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।
মাজৰাতি হাইৱে’ত বাইক ষ্টাণ্ট কৰাৰ পৰা বিৰত থকাই মংগল।
ভোলাৰামৰ আত্মা – মূল: হৰিশংকৰ পৰসাই – অনুবাদঃ হিমাংশু ভাগৱতী
ডিজিটেল সংবাদ,চামগুৰিঃ “কা” বাতিলৰ দাবীত নগাঁও জিলাৰ পুৰণিগুদামত শুকুৰবাৰে এক সাংস্কৃতিক গণ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ যুগদ্ৰষ্টা, মানৱ প্ৰেমি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম আৰু আদৰ্শৰ ভেটিত প্ৰতিস্থিত উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক, জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৬ সংখ্যক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ খন শুকুৰবাৰৰে পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে নাৰায়ণপুৰৰ মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা সমাৰোহ খনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা কেবা সহশ্ৰাধীক ভকত-বৈষ্ণৱ আহি সমবেত হৈছেহি সমাৰোহস্থলীত।
অপহৰণকাৰীয়ে ৯০ হাজাৰ টকাত বিক্ৰী কৰিছিল কিশোৰীগৰাকীক ।
কথাৰে নহয় বন্ধু কামেৰে পৰিচয় দিব লাগিব।
পদত্যাগ কৰিব লগীয়া অৰুণাচলৰ সকলৰ ভিতৰত ২জন মন্ত্ৰী আৰু ৫ জন বিধায়ক।
৩৬ ঘণ্টাৰো অধিক সময় এন্ধাৰৰ ৰজাৰ সৈতে যোৰহাটবাসী
কি যে মোহিনী বাণ মাৰিলে!
‘’মুখ্যমন্ত্ৰীয়ে নিজেই গুৰুত্ব লৈছে আৰু মাহত কমেও এবাৰ তেওঁ সংস্থাসমূহৰ সৈতে যোগাযোগ কৰে।
বৰ কষ্টেৰে দিন কটালে তাই সতিনী কেইজনী আৰু তোৰ মিছলীয়া বাপেৰটোৰ লগত।
জানিব পৰা মতে ভাস্কৰ গগৈক ভাস্কৰ গগৈ নামৰ NRL পেট্ৰল পাম্পত কৰ্মৰত যুৱকজনক শনিবাৰে তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তই বন্দুক দেখুৱাই অপহৰণ কৰি নি কাৰ্বি আংলঙৰ পাহাৰীয়া জংঘলৰ মাজত আবদ্ধ কৰি ৰাখিছিল৷ NRL পেট্ৰল পাম্পৰ মালিকৰ পৰা ৫০ লাখ টকা দাবী কৰিয়েই এই অপহৰণ কাণ্ড সংঘটিত কৰিছিল দুৰ্বৃত্তই৷
Home > কনিষ্ঠক ৰেগিং, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি ছাত্ৰক বহিস্কাৰ
কিন্তু সমস্যাটো হ’ল তেওঁ সোনকালে উঠিব নোৱাৰে, কুম্ভকৰ্ণৰ দৰে টোপনি।
ফলত লখিমপুৰ জিলাৰ লোহিত খাবলুৰ চল্লিশখন গাঁৱৰ লোকৰ যাতায়ত - যোগাযোগৰ বিচ্ছিন্ন হৈ পৰে।
ধলপুৰ পঞ্চায়তত অৰাজকতা, সভানেত্ৰীৰ ঘৰত কাৰ্যালয়ৰ কম্পিউটাৰ
বৰপেটা চহৰক আবেলি অহা এজাক প্ৰচণ্ড বতাহে কোবাই যায় ।
পিছে হাতত থকা সামান্য টকা পাঁচটাই সেয়া অনুমতি নিদিলে।
বাতৰি কাকতত নিতৌ ডাইনীৰ সন্দেহ অথবা হত্যাৰ খবৰ ।
Home > ইণ্ডোনেছিয়াত ছুনামীৰ ভয়াবহ ৰূপ, নিহত ৪ শতাধিক, সন্ধানহীন অৰ্ধ শতাধিক
ইপিনে একেখন চৰকাৰৰ একেই বন বিভাগে বানপীড়িত লাইকা-দধিয়াৰ লোকক তৰাণি যদি পেঙেৰী বনাঞ্চলত সংস্থাপন দিব পাৰে তেন্তে আমচাং খিলঞ্জীয়াৰ বাবে বাসপোযোগী কিয় হ'ব নোৱাৰে সেয়াও ৰহস্য৷ কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ বিজেপি নেতৃত্বাধীন চৰকাৰে হেতালি খেলিলে সেয়া শীঘ্ৰে স্পষ্ট কৰা উচিত বুলি ছাত্ৰ নেতা গৰাকীয়ে কয়৷
ৰাজ্যখনৰ পূব খাছি পাহাৰ জিলাৰ ৰিনজাহ আৰক্ষী থানাৰ অন্তৰ্গত নোনগ্ৰাহ অঞ্চলৰ লুম মাব্ৰহত থকা এটা গেৰেজত উক্ত অগ্নিকাণ্ডৰ ঘটনা সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
সুন্দৰ পৰিপাটী সাজ পোছাকেৰে বৰ আকৰ্ষণীয় চেহেৰা ।
চুন, অক্ষয় বাবা কা কেচ।
এক প্ৰদূষণমুক্ত পৰিৱেশ আৰু ইক’ ফ্ৰেইণ্ডলী ব্যৱস্থা গঢ়ি তুলিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰে’ল মন্ত্ৰণালয়ে।
তাৰ বাবে অসমৰ সকলো স্তৰৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে দলটোৱে।
তাৰ কেইদিনমান পিছতেই কলিকতাৰ হুগলী নদীৰ বুকুত বৃহৎ নাওঁ এখন দেখা গ’ল ।
কিন্তু ৰাজনীতিত টি-২০ ?
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড গঠন, যুদ্ববিৰত এনডিএফবি(প্ৰ)ৰ সমস্যাৰ সমাধান কৰা, প্ৰস্তাৱিত বড়োলেণ্ড বৰ্হিঃভূত অঞ্চলত বসৱাস কৰা বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা তথা কাৰ্বি আংলং আৰু ডিমা হাচাাও জিলাত বসবাস কৰা বড়ো-কছাৰী সকলক পাহাৰীয়া জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীৰে এবছুৰ সৈতে সমান্তৰালভাবে গণতান্ত্ৰিক সংগ্ৰাম কৰি অহা বড়ো জনগোষ্ঠীৰ অৰাজনৈতিক প্ৰভাৱশালী অন্যতম সামাজিক সংগঠন পিপুলছ জইন্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেন্ট চমুকৈ পিজেএচিবিএমৰ প্ৰথম বিশেষ অধিবেশনৰ দেওবাৰে সামৰণি পৰে৷
তাৰ চাৱনিটো মনত পৰিলে গোটেই শৰীৰৰে তেজবোৰ মগজুৰ দিশে গতি কৰে।
আনকি ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে জিলাখনৰ ব্যৱসায়িক ক্ষেত্ৰখনতো পৰিছে ৷
২৫ জনীয়া শিল্পীৰ দল এটাই পূৰ্ণ গতিত কাম আগবঢ়াই নিছে।
সকলো সময়তে তাইৰ কথাই মনলৈ আহি থাকে।
আত্মবিস্মিত নৰৰ জীৱন অসাৰ
লাঠী চাৰ্চ, টিয়াৰ গেছ আদিকে ধৰি গুলীচালনা কৰে আৰক্ষীয়ে।
কাছাৰৰ দিগৰখালত ৰাইজে জব্দ কৰিলে অবৈধ কয়লা ভৰ্তি ট্ৰাক
অমিত শ্বাহে বিধেয়ক সম্পৰ্কে কয়- “কংগ্ৰেছৰ বাবে এই বিলখন আৱশ্যক হৈছে।
অধিকাৰীৰ বিৰুদ্ধে মহিলা গৰাকীয়ে প্ৰবঞ্চনাৰ অভিযোগ আনি দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ৪২০/৪০৬/২৯৪ ধাৰাত ১৫১৭/১৯ নম্বৰত এক গোচৰ ৰুজু কৰিছিল।
চলিত বৰ্ষত এই উৎসৱে ২৫ বছৰত পদাৰ্পণ কৰিলে ।
দৃঢ় পদক্ষেপ
আৰক্ষী কৰ্মী ইউ বি চিপাহী সজল নাথে পাথাৰকান্দি থানাত ডিউটি কৰি আছিল।
বিহাৰৰ সহদৈ বুজুৰ্গৰ হাজীপুৰত আজি পুৱতি নিশা সংঘটিত হয় এটা ভয়ংকৰ ৰে'ল দুৰ্ঘটনা৷ পুৱা ৩.৫৮ বজাত সংঘটিত দুৰ্ঘটনাটোত সীমাঞ্চল এক্সপ্ৰেছৰ ১১টা ডবা লাইনচ্যুত হয়।
শেহতীয়া ভাৱে উন্মোচিত তথ্য অনুসৰি আনুমানিক প্ৰথম শতিকাত প্ৰচলিত তিৰহুটা বা মিথিলাক্ষৰ লিপিৰ সতে বৰ্তমানৰ অসমীয়া আৰু বাংলা লিপিৰ লগত সাদৃশ্য দেখা যায়।
বিশ্বনাথত দুৰ্ঘটনাত নিহত এজন
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাছিকত শুকুৰবাৰে বন্দী হ’ল এক চাঞ্চল্যকৰ দৃশ্য।
পৰৰ্ৱতী সময়ত এই যুৱককেইজনে একলগ হৈ মুকলি কৰিছিল এই ডিজিটেল ৰেষ্টুৰাখন।
ঘৰৰ একলৌতা অমুকাই বিয়াৰ বহু বছৰৰ পাছত যেতিয়া চাকৰি সূত্ৰে ঘৰৰ পৰা দূৰৈত অকলে ভাড়াঘৰ লৈ থাকিব লগীয়া হ’ল তেতিয়াৰ পৰাই বৰ্তমান লিখিবলৈ ওলোৱা এই কাহিনীটোৰো আকাৰ দোপত দোপে বাঢ়িব ধৰিলে৷ বদলি হোৱাৰ বহুদিনলৈকে পাকঘৰ শব্দটোৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ বাবেই বিভিন্ন অজুহাত দেখুৱাই দৈনিক কৰ্মস্থানৰ পৰা জন্মস্থানলৈ অহা যোৱা কৰি আছিলোঁ যদিও গেস্ট্ৰিক, ষ্পণ্ডেলাইটিছ, বেক পেইনৰ দৰে লগত যোৱা বেমাৰ বোৰৰ লগত চিনাকী হোৱাৰ পিছত শ্ৰীমতীৰ কেটকেটনি খেচখেচনি শুনি শুনি অৱশেষত কৰ্মস্থলীতে ভাড়াঘৰ কৰি থকাৰ সিদ্ধান্ত ল’লোঁ আৰু উইকেণ্ড
ঘৰলৈ আহি ভাত ৰান্ধি খাব লগীয়া হ’ল।
অধিৱেশনৰ শেষ মুকলি সভা দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব।
আই উল ৰাইট টু উ ফৰমেলি ।
ভাষা, সংস্কৃতি, ৰীতি-নীতিৰ মিলৰ বাবে বংগ আৰু বাংলাদেশৰ মাজত যেন একতাৰ বান্ধোন সৃষ্টি হৈ আছে।
যুৱকজনৰ নাম বিক্ৰম ৰাভা।
ভাষণৰ সময় ৯৪ মিনিট।
ৰমেশ : হয় ছাৰ৷ (সোমেনক টকা উলিওৱা দেখি) সকলো ডাঙৰ ছাৰে বন্দৱস্ত কৰি দিছে৷