doc_id
stringlengths
64
64
text
stringlengths
127
172k
9fcc5e2df1516d31d38e87517a1ac84145a14f1ce2c96db066970d8efb422196
দেশৰ দৰিদ্ৰ তথা অনগ্ৰসৰ জনসাধাৰণক চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সকাহ দিবলৈ ভাৰত চৰকাৰে প্ৰণয়ন কৰা অভিলাষী স্বাস্থ্য সেৱা আঁচনি 'আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা' (এ বি পি এম জে এ ৱাই) আজি মাজুলী জিলাতো আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। ঝাৰখণ্ডৰ ৰাঁচীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত আঁচনিখন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে দিনৰ ১২ বজাৰ পৰা কমলাবাৰীস্থিত মাজুলী মিলন সংঘত এক জিলাস্তৰীয় শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত টিংখং সমষ্টিৰ বিধায়ক বিমল বৰা আৰু মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই বিশিষ্ট অতিথি হিচাপে ভাগ লয়। তদুপৰি অনুষ্ঠানটোত মাজুলীৰ অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস আৰু চিন্ময় নাথসহ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ, কেইবাগৰাকী বিশিষ্ট নাগৰিক আৰু জিলাখনৰ আশাকৰ্মী আৰু অংগণবাদী কৰ্মীসকলৰ লগতে আঁচনিখনৰ ভালেসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আয়োজিত উক্ত অনুষ্ঠানত উপায়ুক্ত মিশ্ৰই মাজুলীৰ ১০ গৰাকী এ বি পি এম জে এ ৱাই হিতাধিকাৰীক ই-কাৰ্ড প্ৰদান কৰে। উল্লেখ্য যে ২০১১ চনৰ আৰ্থ-সামাজিক শ্ৰেণী জনগণনাৰ আধাৰত মাজুলী জিলাৰ ১৪,৯৪৭ টা দুখীয়া পৰিয়ালক ভাৰত চৰকাৰৰ এই অভিলাষী স্বাস্থ্য সেৱা আঁচনিখনৰ হিতাধিকাৰী হিচাপে সামৰি লোৱা হৈছে। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b37316156c063e535a503c2fd9eae053f1ceac639ac6d04713120028f1d08f28
স্থানীয় অপৰিশোধিত খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী- - বিকাশপেডিয়া\nমূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্থানীয় অপৰিশোধিত খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী-\nস্থানীয় অপৰিশোধিত খাদ্য আৰু স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে\nবেৰিবেৰি ৰোগৰ কাৰণ\nউন্নৈশ শ শতিকাৰ অন্তিমভাগত ভাৰতবৰ্ষত 'বেৰিবেৰি' নামৰ ৰোগবিধে ভয়ানক ৰূপ ধাৰণ কৰিছিল। কেৱল ভাৰতবৰ্ষই নহয়, চীন, জাপানকে আদি কৰি এছিয়াৰ তুলনামূলকভাৱে সমৃদ্ধিশালী দেশবোৰতো ৰোগবিধৰ প্ৰকোপ অভাৱনীয় হাৰত বাঢ়ি গৈছিল। 'বেৰিবেৰি'য়ে খোপনি পুতিছিল প্ৰধানকৈ 'ভাত'ক মূলখাদ্য হিচাপে ব্যৱহাৰ কৰা দেশসমূহত।\nপৰবৰ্ত্তী সময়ত বিজ্ঞানী খ্ৰিষ্টিয়ান আইজেকমেনৰ যুগান্তকাৰী গৱেষণাই প্ৰমাণ কৰিলে যে ভিটামিন B1 ৰ অভাৱত এইবিধ ৰোগে দেখা দিয়ে। ভিটামিন B1 বিধ প্ৰচুৰ পৰিমাণে থাকে খহটা শস্যদানাবোৰত। অৰ্থাৎ কোনোধৰণৰ যান্ত্ৰিক বা ৰসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পৰিশোধন নকৰা শস্য, যেনে- বুটমাহ, মগুমাহ, মাহজাতীয় অন্যান্য শস্য- ৰাজমাহ, মটৰমাহ, বিনজাতীয় শস্য আৰু চাউলত।\nঅপৰিশোধিত চাউলৰ ওপৰিভাগৰ তৰপত এইবিধ ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। ধানবনা যান্ত্ৰিক মেচিনসমূহৰ ভাৰতবৰ্ষত আগমনৰ লগে-লগে এই দেশসমূহত পৰম্পৰাগত ঢেঁকীজাতীয় সঁজুলিৰ ব্যৱহাৰ দ্ৰুতগতিত কমি গ'ল। ফলত ভাতকেই প্ৰধান খাদ্যৰূপে গ্ৰহণ কৰা দেশসমূহৰ পৰিশোধিত বা ধানবনা মেচিনত 'পলিচ' কৰি বগা কৰি পেলোৱা চাউলৰ ব্যৱহাৰ হঠাৎ বাঢ়িবলৈ আৰম্ভ কৰে। ফলত, অৱশ্যম্ভাৱী ৰূপে মানুহৰ দেহাৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন B1 ৰ অভাৱ হ'বলৈ আৰম্ভ কৰে। 'বেৰিবেৰি' ৰোগৰ প্ৰকোপৰ কাৰণ সেইবাবেই সেই সময়ত নতুনকৈ দ্ৰুত প্ৰচলন আৰম্ভ হোৱা ধানবনা কল বা মেচিন বুলি ক'লে অত্যুক্তি কৰা নহ'ব।\nস্থানীয় অপৰিশোধিত খাদ্য আৰু স্বাস্থ্যৰ উপকাৰীতা-\nএনে প্ৰেক্ষাপটত অসম আৰু অসমীয়াৰ বাবে গৌৰৱ আৰু সুখৰ কথা এয়ে যে এই পৰিঘটনাবোৰ বহুবছৰ আগেয়েই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ জনমানসত বিজ্ঞানসন্মত সুন্দৰ খাদ্য বুট-মাহৰ প্ৰচলন কৰিছিল। মহাপুৰুষজনাই দি যোৱা সংস্কৃতি, শিক্ষা আৰু আধ্যাত্মিকতাৰ ভেটিয়ে অসমীয়াক যেন কেতিয়াও দুখীয়া আৰু দূৰ্বল কৰিব নোৱাৰে। ঢেকীত খুন্দা চাউল-চিৰাৰ আজিও অসমত প্ৰচুৰ সমাদৰ আছে আৰু এয়া আমাৰ সংস্কৃতিৰো অংগ। আজিও ঢেকীত খুন্দা চিৰা আৰু দৈ(লগত কল সানি) আমাৰ ৰাতিপুৱাৰ জলপান। সঁচাই কি সুন্দৰ জলপান। কোমল চাউলৰ কথা ন'কলোৱেইবা! প্ৰ'টিন, ভিটামিন, কাৰ্ব'হাইড্ৰেট, মিনাৰেলচ, সকলোধৰণৰ পৰিপুষ্টিৰ সমাহাৰ! আধুনিক বিজ্ঞান পুনৰ যেন আমাৰ পৰম্পৰাগত খাদ্যৰ দিশেহে যেন ধাৱমান হৈছে।\nপ্ৰিয় পাঠক, ৰংচঙীয়া চিপচৰ দহটকীয়া পেকেট কিনি অজানিতে আমাৰ দেহাত অপকাৰী 'ট্ৰান্সফেট' সুমুৱাই দিয়াৰ সলনি আমি বাৰীৰে আলু এচকল সিদ্ধ কৰি অথবা পুৰি খাব নোৱাৰোঁ জানো! একেখিনি তেলকে বাৰে বাৰে ভাজি তৈয়াৰ কৰা এনে 'চিপচ'বোৰ প্ৰকৃততেই অখাদ্য। অধিক উষ্ণতাত বাৰম্বাৰ ভজা তেল অনেক ধৰণৰ হৃদৰোগৰো মূল কাৰণ। একেসময়তে কিন্তু এইকথাও মনত ৰখা উচিত হ'ব যে পাচলিজাতীয় তেলসমূহ মানুহৰ সু-স্বাস্থ্যৰ বাবে কিছুপৰিমাণে প্ৰয়োজনীয়। এই তেলবোৰ স্থানীয়ভাৱে ৰসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ নকৰাকৈ খেতি কৰা শস্যৰ পৰা নিষ্কাষন কৰি যদিহে ব্যৱহাৰ কৰিব পাৰোঁ- সু-স্বাস্থ্যৰ বাবে এয়া হ'ব মহৌষধ। বজাৰত পোৱা যিকোনো ধৰণৰ 'ৰিফাইনড তেল' বা 'ৰিফাইনড খাদ্য'তকৈ স্থানীয় ৰিফাইন নকৰা, অপৰিশোধিত কেঁচা তেল, কেঁচা খাদ্য স্বাস্থ্যৰ বাবে বহুগুণে উপকাৰী। স্বাস্থ্য বিষয়ক আধুনিক বিজ্ঞানেও এইটোকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে।\nএইখিনিতে প্ৰশ্ন হয়, ৰিফাইনড বা পৰিশোধননো তেন্তে কিয় কৰা হয়! ইয়াৰো উত্তৰ আছে। পৰিশোধন বা অত্যাধিক পৰিশোধনে খাদ্যবস্তুবোৰ বহু অধিকদিনলৈ বেয়া বা নষ্ট নোহোৱাকৈ ৰখাৰ সামৰ্থতা প্ৰদান কৰে। দোকান বা ব্যৱসায় কেন্দ্ৰত বেছি দিনলৈ নষ্ট নোহোৱাকৈ ৰক্ষা কৰাৰ ক্ষমতা বৃদ্ধি পায়। অৰ্থাৎ Shelf-Lifeৰ শ্ৰীবৃদ্ধি ঘটে। কোম্পানীবোৰে ব্যাপক হাৰত উৎপাদন কৰি বজাৰত মুকলি কৰি খুচুৰা বজাৰলৈ প্ৰেৰণ কৰা বা ৰপ্তানি কৰি নিৰ্দিষ্ট ঠাইত খাদ্যদ্ৰব্যসমূহ গৈ পোৱা আৰু গ্ৰাহকে ক্ৰয় কৰি ব্যৱহাৰ কৰালৈকে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। খাদ্যৰ প্ৰস্তুতিৰ পাছত এনে ধৰণৰ দীৰ্ঘম্যাদীত্ব প্ৰদানৰ বাবে ৰিফাইনিং বা পৰিশোধন হৈছে এক উত্তম উপায়। পৰিশোধনৰ দ্বাৰা এইবাবেই খাদ্যৰ ব্যৱসায়ৰ ক্ষেত্ৰখন যথেষ্ট সহজ হৈ পৰে আৰু লাভৰ পৰিমাণতো বৃদ্ধি হয়। দৰাচলতেই আমি ঘৰত বা গাঁৱতেই স্থানীয়ভাৱে প্ৰস্তুত কৰা ৰিফাইন নকৰা কেঁচা তেল, ঘৰতে বনোৱা আলুৰ চিপচ, ঘৰতে শুকোৱা ফল-মূল ইত্যাদি দোকানত উপলব্ধ পৰিশোধিত(Processed) খাদ্যতকৈ বহু সোনকালে নষ্ট হয়। নষ্ট হোৱাটো আমি দেখিও থাকোঁ। এই পৰিঘটনা লাহে লাহে সংগঠিত হয়। কিন্তু আমি যদি এই সমূহ নষ্ট হ'বলৈ নিদিয়াকৈ সীমিত সময়ৰ ভিতৰত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰি ল'ব পাৰোঁ, তেন্তে ৰিফাইনত বা পৰিশোধিত খাদ্য দ্ৰব্য প্ৰয়োজনীয়তাই বা ক'ত?\nসোৱাদ নহয়, মানুহক পৰিপুষ্টিৰহে প্ৰকৃতাৰ্থত প্ৰয়োজন। সোৱাদ আৰু সহজ উপলব্ধিৰ বাবে চিপচ আৰু মেগী জাতীয় খাদ্য ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আমি আমাৰ পৰম্পৰাগত জলপান, বুটমাহ ইত্যাদি ব্যৱহাৰ কৰি হৃতস্বাস্থ্য উভতাই আনি অটুট ৰাখিব পাৰোঁ। এটা সৰু উদাহৰণ দিব পাৰি। পুৱাৰ অজস্ৰ কামৰ ভৰত ঘৰৰ অকণমানি ল'ৰা-ছোৱালীক পিতৃ-মাতৃয়ে টিফিন ভৰাই দিবলৈ খাদ্য ৰান্ধিবলৈ সময় উলিয়াব নোৱাৰে, তেন্তে 'দুই মিনিটতে ৰেডী' বিজ্ঞাপনেৰে প্ৰচলিত 'মেগী' টিফিনত নিদি আগদিনাখনেই ভাবি-চিন্তি অলপ বুট-মগু-বাদাম যদি তিয়াই থয় অথবা তাৰ লগতে বাৰীৰ কল, কমলা, মৌচম্বী, লেতেকু, পনিয়ল, মধুৰী আম ইত্যাদিৰ যিকোনো এবিধৰে সৈতে দুই মিনিটৰো কম সময়ত টিফিল সাজু কৰি দিবলৈ সক্ষম হ'ব পাৰে। এনে হ'লে, ল'ৰা-ছোৱালীৰ লগতে সকলোৱে এক সুন্দৰ অভ্যাসৰ লগতে সুন্দৰ স্বাস্থ্যৰ গঠনতো প্ৰেৰণা পায়। সুন্দৰ মনে সদায়েই কৰে সুন্দৰতাৰ সন্ধান, নিৰ্মান আৰু সুন্দৰৰ আৰাধনা।\nলেখিকাঃড° নিৰ্মলা দেৱী,ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,নাগালেণ্ড(NIT, Nagaland)
43d3f5b449c678d22fcd7e38c40626df264bb2137123e46238f53385085bd2bc
ডিজিটেল ডেস্ক : দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি অতি আগ্ৰহী অসমৰ দীপশিখা হাজৰিকাই দুচকুত অযুত সপোন বান্ধি উত্তৰাখণ্ডত পৰ্বতাৰোহৰণৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল। পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত নামভৰ্তি কৰিছিল দ্বীপশিখাই। জীনৱৰ পণ হিচাপে দীপশিখাই বাছি লৈছিল পৰ্বতাৰোহণকেই। কিন্তু পৰ্বতাৰোহণেই যেন কাল হ'ল দীপশিখাৰ। হঠাৎ আহিল এটা অতি দুখৰ খবৰ। পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈ থকাৰ সময়তে হঠাৎ হোৱা হিমস্খলনৰ ফলত সন্ধানহীন হৈছিল অসম দীপশিখাৰ লগতে ৩৩ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী প্ৰশিক্ষক। হিমস্খলনৰ ঘটনা সংঘটিত হোৱাৰ ৩ দিনৰ পাছত সন্ধান ওলাল অসমৰ দীপশিখাৰ। শুকুৰবাৰেও এটা উদ্ধাৰকাৰী দলে বহুকেইটা মৃতদেহ উদ্ধাৰ কৰিছিল। শনিবাৰে উদ্ধাৰ অভিযান চলোৱাৰ পাছত সন্ধান ওলাল অসমৰ দীপশিখা হাজৰিকাৰ। ২৮ বছৰীয়া দীপশিখা হাজৰিকাই চানমাৰিস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। পৰ্বতাৰোহণ, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত আছিল দীপশিখা। অসম পৰ্বতাৰোহণ সন্থাৰো প্ৰাক্তন সদস্য আছিল দীপশিখা। যোৱা ১৪ ছেপ্টেম্বৰত দীপশিখাই ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল। দীপশিখাৰ পিতৃৰ নাম গোলাপ হাজৰিকা। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যলয়ত কৰ্মৰত। উল্লেখ্য যে ২৩ ছেপ্টেম্বৰত এই প্ৰশিক্ষণৰত দলটো হিমস্খলন সংঘটি হোৱা পৰ্বতলৈ ৰাওনা হৈছিল। ২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ গৈছিল। সুকলমে দলটোৱে শৃংগত আৰোহণ কৰি উভতাৰ পথত পুৱা প্ৰায় ৮.৪৫ বজাত এই হিমস্খলনৰ সন্মুখীন হয়। উল্লেখ্য যে ১১ অক্টোবৰলৈকে আছিল এই এডভাঞ্চ প্ৰশিক্ষণৰ কাৰ্যসূচী। বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানটো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল উদ্ধাৰকাৰী দলটোৰ। কিন্তু বহু চেষ্টাৰ অন্তত শুকুৰবাৰে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোৱে। আনহাতে শনিবাৰেও ৮ জন পৰ্বতাৰোহণ প্ৰশিক্ষণকাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দীপশিখাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ'ব। ইতিমধ্যে দীপশিখাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ উপস্থিত হৈছে উত্তৰাখণ্ডত।
691badb3071ea5468d77c0d8722288d7dcd897dbf23cbed0b47662f879ea649e
karbi-anglong-police-nabs-big-car-lifting-racket-operational-from-guwahati-tv-gautam- News18 Assam\nগুৱাহাটীত আপোনাৰো বাইক বা গাড়ীখন চুৰি হৈছে নে কি? এই প্ৰতিবেদন আপোনাৰ কাৰণেই!\nআৰক্ষীয়ে আটক কৰিছে গুৱাহাটীৰ পৰা গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত চাৰিটাকৈ কুখ্যাত গাড়ী চোৰক। কুখ্যাত গাড়ী চোৰ চাৰিটা ক্ৰমে, প্ৰশান্ত সিং, ৰাজীৱ কুমাৰ সিং, আব্দুল বাৰিক আৰু চক্ৰটোৰ মাষ্টাৰ মাইণ্ড অজয় বিশ্বাস।\nNews18 Assam । News18 Assam । June 27, 2020, 4:51 PM IST\nআপোনাৰ বাৰু হেৰাইছে নেকি কোনো বিলাসী বাহন? চোৰ হ'ল নেকি আপোনাৰ মৰমৰ ৰয়েল এণ্ডফিল্ডখন ? নিৰ্মাণকাৰ্যত থকা ডাম্পাৰখনো হেৰাইছে নেকি ? তেন্তে আপোনাৰ বাবে আমাৰ এই বাতৰি । কাৰণ গুৱাহাটী মহানগৰীত কাৰ্বি আংলং আৰক্ষীয়ে অভিযান চলাই এটা কুখ্যাত গাড়ী চুৰি চক্ৰ উৎখাত কৰাৰ লগতে জব্দ কৰিছে কেবাখনো বিলাসী বাহন, ডাম্পাৰ, মটৰ চাইকেল আদি । জালত পৰিছে ৪ টা কুখ্যাত গাড়ী চোৰ ।\nউল্লেখ্য যে কোৰোণাতংকৰ মাজতো ৰাজ্যত সক্ৰিয় গাড়ী চুৰি চক্ৰ। গুৱাহাটীত গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান। অভিযানত গুৱাহাটীৰ হেঙেৰাবাৰী অঞ্চলৰ পৰা জব্দ চাৰিখনকৈ চুৰি বিলাসী গাড়ীৰ লগতে এখন ৰয়েল এণ্ডফিল্ড মটৰ চাইকেল আৰু এখন ডাম্পাৰ।\nবিলাসী চুৰি বাহন কেইখনৰ ভিতৰত আছে দুখন হুণ্ডাই ক্ৰেটা, এখন আই 20 আৰু এখন বলে'ৰ গাড়ী। আৰক্ষীয়ে আটক কৰিছে গাড়ী চুৰি চক্ৰটোৰ সৈতে জড়িত চাৰিটাকৈ কুখ্যাত গাড়ী চোৰক। কুখ্যাত গাড়ী চোৰ চাৰিটা ক্ৰমে, প্ৰশান্ত সিং, ৰাজীৱ কুমাৰ সিং, আব্দুল বাৰিক আৰু চক্ৰটোৰ মাষ্টাৰ মাইণ্ড অজয় বিশ্বাস। গুৱাহাটীৰ প্ৰতীক্ষা চিকিৎসালয়ৰ কাষৰ এখন অতিথিশালাৰো গৰাকী ৰাজীৱ কুমাৰ সিং।\nগাড়ী চোৰকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ম'বাইল ফোনৰ লগতে চুৰি কাৰ্যত ব্যৱহৃত বহু হাথিয়াৰ আৰু ভুৱা নম্বৰ প্লেট । শুক্ৰবাৰে নিশা মানজা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান । অভিযানকাৰী আৰক্ষী দলটোক সহায় কৰিছিল গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চে।\nউল্লেখ্য যে কিছুদিন পূৰ্বে মানজা আৰক্ষী থানাত ১৮/২০২০ নম্বৰত ৰুজু হৈছিল ডাম্পাৰ চুৰিৰ এটা গোচৰ। উক্ত গোচৰৰ ভিত্তিত মানজা আৰক্ষীয়ে অনুসন্ধান কৰি গুৱাহাটীৰ হেঙেৰাবাৰীত চলাইছিল এই অভিযান।\nউক্ত অভিযানকালতে গোপনে মজুত কৰি থোৱা অৱস্থাত জব্দ কৰে চুৰি গাড়ী কেইখন । ইফালে এই বৃহৎ গাড়ী চুৰি চক্ৰটোৰ পৰা আৰু বহু চুৰি বিলাসী গাড়ী উদ্ধাৰ হোৱাৰ সম্ভৱনা প্ৰকাশ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে।
7f96b73ddc700f052746e293dbc3ed1f47b4933322d8f282a7cb7ad8e0df0b14
অসম চৰকাৰৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ মুকলি হৈছে আন এক বৃহৎ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া । ইতিমধ্যে Directorate of Health Services (DHS), Assam য়ে ইয়াৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । সৰ্বমুঠ 813 টা পদ খালী হৈছে যত 157 টা পদ (Non-Technical) আৰু 656 টা পদ (Technical) । আজি আমি 157 টা (Non-Technical) পদসমূহৰ বিষয়ে আপোনালোকক জনাম । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ। শিক্ষাগত অৰ্হতা : গ্ৰেডুৱেট (Statistics or Economics or Mathematics বিষয়ত) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
7ba287a4303a382a55c91de2f2d8948fa6769736bb09659e269903d74e6ba93b
অসমৰ নখন বিলৰ ভিতৰত চানডুবি বিল অন্যতম। লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মাত্ৰ ৪৫ কিলোমিটাৰ দূৰত্বত নামনি অসমৰ কামৰূপ জিলাৰ দক্ষিণে অসম-মেঘালয় সীমান্তত অৱস্থিত এই বিল প্ৰকৃতিৰ অনুপম সৃষ্টি। চাৰিওফালে পাহাৰেৰে আৱেষ্টিত এটা উপত্যকাত শান্ত আৰু নিৰ্জন পৰিৱেশৰ মাজত এই বিল। এই বিল অন্যতম এইবাবে যে, ইয়াৰ চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ, বিভিন্ন প্ৰজাতিৰ গছ-গছনি, জন্তু, চৰাই-চিৰিকটি, পানীত থকা জলজ উদ্ভিদ, মাছ-কাছ, বিভিন্ন বিদশী পৰিভ্ৰমী চৰাই ইত্যাদি। আধুনিক যান্ত্ৰিক সভ্যতাই ঢুকি নোপোৱা চানডুবি বহু পৰিমাণে নিৰ্মল আৰু প্ৰদুষণমুক্ত। উৎপত্তি আৰু বিৱৰ্তনঃ উৎপত্তি আৰু বিৱৰ্তন সম্পৰ্কত যথেষ্ট বিতৰ্কিত ব্যাখ্যা আৰু মন্তব্য আছে যদিও এটা কথাত প্ৰত্যেকেই একমত যে, ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পৰ ফলত চ্যুতিৰ সৃষ্টি হয় আৰু চানডুবিৰ তলি তললৈ বহি যায়। এই ভূমিকম্প ৰিখ্টাৰ স্কেলত প্ৰাবল্য আছিল ৮.৭। কিছুমানে মন্তব্য আগবঢ়ায় যে, চানডুবি বিল ১৮৯৭ চনৰ ভূমিকম্পৰ বহু হাজাৰ বছৰ আগৰপৰাই আছিল, কিন্তু ই বৰ্তমানৰ ৰূপত নাছিল। ১৮৯৭ চনৰ ভূমিকম্পৰ ফলত আজিৰ অৱস্থালৈ ৰূপান্তৰিত হৈছে। হিমালয়ৰ পাদদেশ অঞ্চলতে খাছি পাহাৰৰ বিভিন্ন নিজৰা লগ হৈ সৃষ্টি হোৱা নদী বিভিন্ন অঞ্চলত কাখ্ৰি, কাক্ৰেং, শ্ৰী(বৰ্তমান কুলচী) নামেৰে নামি আহি বৰ্তমানৰ অসম-মেঘালয়ৰ উকিয়ামৰ ওচৰত দ্ৰোণ, ঘাগাৰ লগ লাগে। তিনিওটা সৰু সৰু নৈ লগ হৈ নামনিলৈ নামি আহি বৰ্তমানৰ চানডুবি অঞ্চলেৰে বৈ গৈ কাংক্ৰি সাগৰত পৰিছে। কালক্ৰমত বিভিন্ন সময়ত হোৱা ভূ-আন্দোলনৰ ফলত বৰ্তমানে খুৱদিয়া-জুপাংবাৰীৰ ওচৰত নদীপথৰ তলি উঠি আহি নদীপথত প্ৰাচীৰৰ সৃষ্টি হৈছিল। বৰ্তমানৰ যাক ডগৰবুৰা জান বুলি জনা যায়। শ্ৰীনদীৰ পানী ওফন্দি উঠে আৰু পাহাৰৰ নামনিৰ দ' ঠাইবোৰলৈ পানী বিস্তাৰিত হৈ পৰাত এটা সৰু অশ্বখুৰা হ্ৰদলৈ ৰূপান্তৰিত হৈছিল। স্থানীয়ভাষাত ইয়াক ডুবি, ডোভা বা বিল বুলি কয়। পিচত নদীৰ গতি সলনি হৈ কুলচী নাম লৈ চম্পকনগৰ হৈ ব্ৰহ্মপুত্ৰত বিলীন হয়। শেষলৈ ১৮৯৭ চনৰ ভূমিকম্পত ডুবিৰ তলি তললৈ বহি যায় আৰু আগতকৈ উপত্যকাৰ কিছু সমান অংশ তললৈ বহি যায় বুলি ধাৰণা কৰা হয়। বৰ্তমানে দক্ষিণে খুৱদিয়া-জুপাংবাৰীৰ পৰা আৰম্ভ কৰি গোটেই লোহাৰঘাট অঞ্চল, বিশেষকৈ পশ্চিম দিশত আলিহা, ঘাগ্ৰাচুক, বাতাবাৰী, ধনীপাৰা, খামাৰ, বেবেৰীপাৰা; উত্তৰ দিশত গণকপাৰা, মাৰাভিঠা, ভেলেৰা, বগাপানী, পাঠেলীপাৰা ইত্যাদি বহু হাজাৰ হেক্টৰ মাটিকালিৰে কাংক্ৰি সাগৰ আছিল বুলি ধাৰণা কৰা হয়। চান্দ সদাগৰৰ চম্পকনগৰ, বিষহৰি বা বেংখাইতী কানি, সতী বেউলা-লখিন্দৰৰ জনশ্ৰুতি এই কাংক্ৰি সাগৰৰ লগত জড়িত। গতিকে কাংক্ৰি সাগৰৰ অৱস্থিতি নুই কৰিব নোৱাৰি। অনুমান কৰা হয়, প্ৰাগজ্যোতিষপুৰৰ প্ৰবল প্ৰতাপী ৰজা ভগদত্তৰ সময়ত কাংক্ৰি সাগৰ থকাৰ কথা কিছুমান পণ্ডিতে ক'ব খোজে। মহাভাৰতৰ যুদ্ধত ভগদত্তই জোঁৱায়েক দুৰ্যোধনৰ পক্ষত যুঁজ দি পাণ্ডৱৰ হাতত মৃত্যুবৰণ কৰাৰ কথা আমি প্ৰত্যেকে জানো। গতিকে কাংক্ৰি সাগৰ মহাভাৰতৰ যুগৰ বুলি ঠাৱৰ কৰিব পাৰি। ঐতিহাসিক প্ৰমাণৰ বাবে খনন কাৰ্যৰ প্ৰয়োজন আছে। বিস্তৃতি আৰু অৱস্থিতিঃ ৯১.২৪ ̋ পূব আৰু ২৫.৫২ ̋ উত্তৰ। ই দীঘলে প্ৰায় ৭ কিলোমিটাৰ, বহল গড় হিচাপত প্ৰায় ১ কিলোমিটাৰ। বিলটোৰ আকৃতি দেখিবলৈ এটা 'এমিবা'ৰ দৰে। মূল বিলটোক কেন্দ্ৰ কৰি ইয়াৰ বিভিন্ন প্ৰশাখা বহু দূৰলৈকে বিস্তৃত হৈ আছে। মাটিকালিঃ চানডুবিৰ শাখা-প্ৰশাখাক কেন্দ্ৰ কৰি মুঠ মাটিকালিৰ পৰিমাণ ২০০০ হেক্টৰ। উচ্চতাঃ ৭০ৰ পৰা ১৫০ মিটাৰ। গভীৰতাঃ বৰ্তমান চানডুবিৰ গড় গভীৰতা তিনি মিটাৰ; কিন্তু ই পূৰ্বৰ গভীৰতাতকৈ আধা। (ক) ভাৰতবৰ্ষত প্ৰজাতান্ত্ৰিক গণতন্ত্ৰ স্থাপন হোৱাৰ আগতে বিভিন্ন অঞ্চলত কিছুমান সৰু সৰু ৰজাই বিশেষ শ্ৰেণী বা গোটৰ মাজত শাসন চলাইছিল। অনুৰূপ কামৰূপ জিলাৰ বৰ্তমানৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত বিভিন্ন জনজাতীয় ৰজা বা প্ৰতিপত্তিশীল চৰ্দাৰৰ অধীনত শাসন চলিছিল। উদাহৰণ স্বৰূপে বগাই ৰাজ্যত বগে ৰজা, ৰাণীত কোনো জনজাতীয় নাৰীৰ শাসন চলিছিল, বৰদুৱাৰত বৰদুৱাৰৰ ৰজা ইত্যাদি। তদ্ৰুপ ৰাজাপাৰাত সোণাৰি ৰজা। এই ৰাজাপাৰাৰ সোণাৰি ৰজা প্ৰকৃততে খাছি ৰজাৰ কৰতলীয়া ৰজা আছিল। খাছিসকলে চানডুবি অঞ্চলত 'ডুবি'ৰ আশে-পাশে পাঁচটা স্থানত পাঁচটা দেৱ-দেৱীক পূজা কৰিছিল। খাছি ভাষাত পাঁচটা দেৱ-দেৱীক কোৱা হয় 'চান উব্লেই। 'চান' মানে পাঁচ, 'উব্লেই' মানে দেৱতা। সেই দেৱ-দেৱীকেইটা আছিল কাৰলং-মহাদেৱ। বৰ্তমান যিখিনি ঠাইক কলং বুলি কোৱা হয়। সেহি স্থানতে কাৰলং পূজা কৰিছিল। খুৱদিয়াৰ কেঁচাইখাইতী থান, য'ত ১৪০০ খ্ৰীষ্টাব্দলৈকে নৰবলি প্ৰথা চলিছিল। ভগৱতী গোসাঁনী-বাতাহী পাহাৰ চানডুবিৰ উত্তৰে। ঘিলাঘাট- য'ত সিন্দূৰবঢ়াক পূজা কৰা হৈছিল, এই ঘিলাঘাটৰ সিন্দূৰবঢ়া স্থানত পূজা কৰা লোকসকল ভূমিকম্পৰ পাচত বৰ্তমানৰ ঘিলাঘাটলৈ উঠি যায়। ছাগলছাৰী পাহাৰৰ বগা শিলৰ ডাইনী ডুবিৰ দক্ষিণৰ পাহাৰখনেই হৈছে ছাগলছাৰী পাহাৰ। ১৮৯৭ চনৰ ভূমিকম্পত এই স্থানবোৰৰ কিছুমান ডুব গৈছিল। গতিকে যিটো 'ডুবি'ৰ পাৰত 'চান উব্লেই'ক অৰ্থাৎ পাঁচটা দেৱতাক পূজা কৰা হৈছিল, সেই ডুবিটোৱে হ'ল পাঁচটা দেৱতাৰ বিল অৰ্থাৎ 'চান উব্লেই ডুবি"। পিচলৈ ভৈয়ামৰ জনজাতি ৰাভা-কছাৰী লোকৰ মাজত উব্লেই বাদ পৰি কেৱল চান্দডুবি হয় (তথ্যঃ শ্ৰীনলিনী ৰাভা, ৰাজাপাৰা)। (খ) কিংবদন্তি সদাগৰ চান্দ সদাগৰে পাহাৰীয়া জনজাতিসকলৰ লগত বেহা-বেপাৰৰ উদ্দেশ্যেৰে কুলচী নৈৰে উজাই আহি এই ডুবিতেই নাও বান্ধিছিল বুলি জনশ্ৰুতি আছে। চান্দ সদাগৰে নাও বন্ধা ডুবিটোৰ নাম শেষলৈ চানডুবি হ'ব পাৰে বুলি বিশ্বাস কৰে। (গ) ইংৰাজ আমোলৰ সময়ছোৱাত কোনোবা ইংৰাজ চাহাবে ভূমিকম্পত উৎপত্তি হোৱা বিলটো চাবলৈ আহি ডুব যোৱা দৃশ্য উপভোগ কৰি আপ্লুত হৈছিল। ইংৰাজ শব্দ 'চান' (বেলি) ডুব যোৱা ঠাই বুলি অভিহিত কৰিছিল। ইংৰাজ চান আৰু অসমীয়া ডুব যোৱা শব্দৰ পৰাই চানডুবি হ'ব পাৰে বুলি বিভিন্নজনে মন্তব্য আগবঢ়ায়। বিভিন্নজনৰ ভিন্ ভিন্ মত পোৱা যায় যদিও মতসমূহৰ ভিতৰত খাছি শব্দ চান উব্লেইৰ পৰা 'চান্দডুবি', শেষলৈ 'চানডুবি' বেছি গ্ৰহণযোগ্য। জলবায়ুঃ গ্ৰীষ্মকালত উচ্চতম ২৭.৫০০ ছেলছিয়াছৰ পৰা ৩৩০ ছেলছিয়াছলৈ। নিম্নতম ১৮.৪০ ছেলছিয়াছৰ পৰা ১২০ ছেলছিয়াছলৈ। প্ৰকৃতিৰ অনুপম সৃষ্টি চানডুবি বিল প্ৰথমে প্ৰাণভৰি চাই লওক। চাৰিওফালে থকা গছ-লতা, পাহাৰ, চৰাই-চিৰিকটি ইত্যাদি বিধে বিধে নিৰীক্ষণ কৰাৰ পিচত নৌকা ভ্ৰমণলৈ যাব পাৰে। স্থানীয় যুৱকে সুদক্ষ হাতেৰে চলোৱা ডিঙা নাৱত উঠি ইমুৰৰ পৰা সিমুৰলৈ যাব পাৰে। বৰশী বোৱা চখ থকাসকলে বৰশী বাব পাৰিব। হাতী যি কোনো মুহূৰ্ততে দেখিব পাৰে। ভাগ্য থাকিলে এটা হাতীৰ জাকত পঞ্চাশৰ পৰা এশটালৈ হাতী দেখাৰ সৌভাগ্য ঘটিব পাৰে। তাৰবাবে অৱশ্যে ৰাত্ৰি যাপন কৰিব লাগিব। জাকে জাকে বগলী আৰু শৰালিৰ চিত্ৰ তুলি চানডুবিৰ স্মৃতি কেমেৰাত বন্দী কৰি ল'ব পাৰিব। (ক) কুণ্ডিল মুখঃ চানডুবিৰ পৰা পূবে দহ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই কুণ্ডিলমুখ। মিৰ্জা-চানডুবি পথৰ মিৰ্জাৰ পৰা প্ৰায় আঠাইশ কিলোমিটাৰ দূৰত্বত অৱস্থিত মুদুকী চ'কৰ পৰা পূব দিশে সোমাই যোৱা ৰাস্তাৰে চাৰে চাৰি কিলোমিটাৰ অতিক্ৰম কৰিলে পোৱা যায় কুণ্ডিলমুখ। ইয়াৰ মূল বৈশিষ্ট্য হৈছে, সম্পূৰ্ণ 'বাথা' নৈখন এখন পাহাৰৰ তলত অদৃশ্য হৈ প্ৰায় ডেৰশ মিটাৰ বৈ গৈ পুনৰ দৃশ্যমান হয়। অতি উপভোগ্য ঠাই। চাৰিওফালে পাহাৰ, একা-বেঁকা ৰাস্তা। কুণ্ডিল শব্দটো 'ধুন্দুল' শব্দৰ পৰা অহা। পাতিৰাভাৰ শব্দ ধুন্দুল মানে হ'ল আলি, প্ৰাচীৰ বা ওখ মাটিৰ ঢাপৰ তলেৰে ফুটা বা বিন্ধাৰে পানী সৰকি যোৱা বা ওলাই যোৱা। এই ধুন্দুল মুখ শব্দৰ পৰাই ক্ৰমান্বয়ে শুনিবলৈ শুৱলাকৈ 'কুণ্ডিলমুখ' বুলি কোৱা হয়। এতিয়া ওচৰে-পাঁজৰে থকা স্থানীয় জনজাতীয় লোকসকলে 'ধুন্দুলমুখ' বুলি কোৱা শুনা যায়। কুণ্ডিল মুখ বাৰিষা চাবলৈ ভয়ানক। পানী বেছি হ'লে প্ৰচণ্ড চাকনৈয়া হৈ হৈ পানীবোৰ তললৈ সোমাই গৈ থাকে। শীতকালিও পৰ্যটকসকলক আশ্বৰ্য আৰু আনন্দ দিব। শিক্ষামূলক ভ্ৰমণকাৰীসকল বেছি লাভৱান হ'ব। চ'কৰ পৰা আহি থাকোঁতে পথৰ দাঁতিত থকা জনজাতীয় গাঁৱৰ বৈশিষ্ট্য, মানুহৰ জীৱনধাৰণ প্ৰক্ৰিয়া চাই যাব পাৰিব। কুণ্ডিল মুখলৈ গৈ নিশ্চয় প্ৰচুৰ আনন্দ কঢ়িয়াই আনিব। (খ) বৰনিজৰা জলপ্ৰপাতঃ চানডুবিৰ পৰা কুণ্ডিল মুখলৈ যোৱা পথেৰে প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত কুণ্ডিল মুখ নোপোৱাৰ আগতে দক্ষিণ-পূবলৈ যোৱা এটা ৰাস্তা পোৱা যায়। সৰু লুংলুঙীয়া একা-বেকাঁ পাহাৰীয়া ৰাস্তাৰে প্ৰায় ১.৩০ ঘণ্টা খোজকঢ়াৰ পিচত উপস্থিত হ'ব পাৰি বৰনিজৰা জলপ্ৰপাত (স্থানীয় গাইডৰ প্ৰয়োজন আছে)। এই জলপ্ৰপাতৰ উচ্চতা প্ৰায় ৩০ মিটাৰ। বৰনিজৰা অৰ্থাৎ সৰু নৈ, চিধাই ৩০ মিটাৰ তলত সৰি পৰে কাৰণে জলপ্ৰপাতটোৰ দৃশ্য মনোমোহা। জলপ্ৰপাত চাবলৈ যোৱাসকলে খোজকঢ়াৰ মানসিকতাৰে আগবাঢ়িব। অন্যথা জলপ্ৰপাত পোৱাৰ আগতে ওভতনি যাত্ৰা ল'ব লাগিব। চাৰিওফালে সেউজীয়াৰ মাজেৰে যাব যেতিয়া সেউজীয়া অনুভূতি লৈ ঘৰলৈ উভতিব। (গ) ঝলকাট জলপ্ৰপাতঃ চানডুবিৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দক্ষিণে ৰাজাঘুমাইৰ ওচৰত অৱস্থিত এই জলপ্ৰপাত। ইয়াৰ উচ্চতা প্ৰায় ২০ মিটাৰ। চাৰিওফালে পাহাৰেৰে পৰিৱেষ্টিত এক মনোৰম পৰিৱেশৰ মাজেৰে নামি অহা চৰাইখুৰুং নদীৰ গতিত সৃষ্টি হোৱা এই জলপ্ৰপাতে যিকোনো পৰ্যটকৰ মন শীতল কৰিব পাৰে। ৰাজাপাৰাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি অতিক্ৰম কৰাৰ পিচতহে পোৱা যায় এই ঝলকাট জলপ্ৰপাত। একা-বেঁকা আৰু লুংলুঙীয়া পাহাৰীয়া ৰাস্তাৰে একান্তমনে প্ৰকৃতিৰ স'তে আপুনি কথা পাতি গ'লে ঝলকাট জলপ্ৰপাতক আত্মীয়ভাৱে লগ ধৰিব পাৰিব। (ঘ) হাতীগড়ঃ চানডুবিৰ আটাইতকৈ ওচৰত এই হাতীগড়। চানডুবিৰ পৰা মাত্ৰ ৬ কিলোমিটাৰ। ৰাজাপাৰা পাবলৈ প্ৰায় ১০ কিলোমিটাৰ বাকী থাকোঁতে দক্ষিণলৈ সোমাই যোৱা এটা ৰাস্তা পোৱা যায়। এই ৰাস্তাৰে ১.৫ কিলোমিটাৰ ৰাস্তা সোমাই গ'লেই পোৱা যায় হাতীগড়। হাতীগড় হ'ল বনৰীয়া হাতী ধৰা গড়- হাতী ধৰা ফন্দী বা কৌশল। আনুমানিক প্ৰায় ১০০ৰ পৰা ১৫০ বছৰ আগতে এই গড় হাতী ধৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিল বুলি এজন স্থানীয় প্ৰায় আশী বছৰীয়া বৃদ্ধৰ মন্তব্য- তেওঁ জনাত তেওঁৰ আতা অৰ্থাৎ ককাকৰ দিনতহে ইয়াত হাতী ধৰিছিল বুলি কয়। পুৰণি দিনৰ বনৰীয়া হাতী ধৰাৰ কৌশল চাবলৈ বা অধ্যয়ন কৰিবলৈ চানডুবিৰ পৰা নিকটৱৰ্তী হাতীগড়লৈ যাবলৈ নাপাহৰিব। হাতীগড় চাবলৈ যাওঁতে হাতী ৰখা টং বা টঙীঘৰ পথাৰৰ দাঁতিত চাই যাব পাৰিব নাইবা তাত এবাৰ আৰোহণ কৰিব পাৰিব। (ঙ) ৰামচন্দ্ৰ আশ্ৰমঃ মিৰ্জা-চানডুবি পথত, চানডুবি পাবলৈ ১২ কিলোমিটাৰ থাকোঁতে এই আশ্ৰম পোৱা যায়। অৰ্থাৎ মিৰ্জাৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ, বাগান চ'কৰ পৰা ২.৫ কিলোমিটাৰ। চাৰিওফালে সুদৃশ্য মনোৰম চাহ বাগিচাৰ মাজত এখন ওখ জোঙা পাহাৰৰ গুৰি অঞ্চলত অৱস্থিত এই আশ্ৰম। কোনো পাহাৰ শ্ৰেণীৰ লগত ইয়াৰ সংযোগ নাই। ১৯৫৬ চনতেই সুদূৰ মধ্যপ্ৰদেশৰ জব্বলপুৰৰ পৰা অহা নাগা বাবা বীৰেন্দ্ৰপুৰীয়ে সিদ্ধি লাভৰ উদ্দেশ্যে আহি বাছি লৈছিল অসমৰ এটি দুৰ্গম অঞ্চল। ইয়াত তেওঁ কঠোৰ তপস্যা কৰাৰ পিচত সিদ্ধি লাভ কৰে আৰু আশ্ৰম প্ৰতিষ্ঠা কৰে। ৰামচন্দ্ৰ আশ্ৰমক জমাগুৰি আশ্ৰম বুলিও জনা যায়। এই আশ্ৰমৰ পাহাৰৰ নামনিত দেৱ-দেৱীসকলৰ শিলমূৰ্তি দেখিবলৈ পোৱা যায়। গণেশৰ হাতীৰ মূৰ্তি, গৰুৰ মূৰ্তি আৰু খোজৰ চিহ্ন, নাগফণা বা অনন্তনাগ ইত্যাদি প্ৰাকৃতিকভাৱে স্পষ্টৰূপত বিদ্যমান হৈ আছে। এই আশ্ৰম দৰ্শন কৰিলে পুণ্য হয় বুলি মানুহে বিশ্বাস কৰে। কোনো জাতক-জাতিকাই গন্ধৰ্ব বিবাহ কৰিব বিচাৰিলে এই আশ্ৰমৰ হোমৰ জুইৰে গন্ধৰ্ব বিবাহ কৰিব পাৰে। অনন্তনাগৰ ওচৰত পূজা এভাগ দিলে মনে বিচৰা বস্তুটো পোৱা যায়। কেৱল আশ্ৰমত প্ৰৱেশ কৰাৰ আগতে শুদ্ধচিত্তে সোমাব। দৰ্শনাৰ্থীসকলে পূজা এভাগৰ বাবে মাহ-বুট, নাৰিকল ঠালত সজাই আনিব পাৰে। (চ) কুলচীঃ মিৰ্জা-চানডুবি পথৰ মিৰ্জাৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ অতিক্ৰমি পোৱা যায় সতপুৰ চাৰিচ'ক। সতপুৰ চাৰি চ'কৰ পৰা পশ্চিমলৈ যোৱা ৰাস্তাৰে ৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত কুলচী পৰ্যটনস্থলী। এচিয়াৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ মূল্যৱান চেগুণ গছ ৰোপণ কৰিছিল ১৮৭২ চনত বৃটিছ এ. চি. এফ. বিষয়া এইলমাৰে কুলচীত। তাৰ ইতিহাস বহন কৰি এতিয়াও জীয়াই আছে প্ৰকাণ্ড চেগুণ গছবোৰ। অৱশ্যে দুষ্ট চক্ৰৰ কৱলত পৰি তাৰ মাজৰ বহু বৃটিছ ইতিহাসৰ হাতৰ পৰশ নাইকিয়া হ'ল। এতিয়াও বৃটিছে নিৰ্মাণ কৰা পৰ্যবেক্ষণ বঙলা (আই বি) পৰ্যটকসকলে দেখিবলৈ পাব। পৰ্যটকসকলে কুলচীলৈ আহিলে নিশ্চয় আনন্দ আৰু অভিজ্ঞতা অৰ্জন কৰিব। (ক) হাতীগড় ৬ কিলোমিটাৰ (খ) কুণ্ডিল মুখ ৯ কিলোমিটাৰ (গ) বৰনিজৰা জলপ্ৰপাত ১২ কিলোমিটাৰ (ঘ) ঝলকাট জলপ্ৰপাত ৮ কিলোমিটাৰ (ঙ) ৰামচন্দ্ৰ আশ্ৰম ১২ কিলোমিটাৰ (চ) কুলচী ২৯ কিলোমিটাৰ। (ক) লোক-কলা সংস্কৃতি (খ) লোক-নৃত্য (গ) লোকাচাৰ (ঘ) পৰম্পৰাগত খাদ্যাভ্যাস (ঙ) নৌকা বিহাৰ (চ) ৰাভা জনগোষ্ঠীৰ আৰ্হি গৃহস্থ (ছ) হস্তী আৰোহণ (ঝ) জল আৱাসত এখন্তেক জিৰণি। চহৰৰ যান্ত্ৰিকতাৰ পৰা এখন্তেক আঁতৰি চানডুবি উৎসৱলৈ আহি জনজাতীয় জীৱনলৈ ঘুৰি যাওক। এই উৎসৱৰ প্ৰধান উদ্দেশ্য হ'ল- লোককলা-সংস্কৃতি জীয়াই ৰখা আৰু পৰিৱেশ সংৰক্ষণ কৰা। (ক) চানডুবিত প্লাষ্টিক ব্যৱহাৰ কৰা নিষিদ্ধ। (খ) উচ্চ স্বৰৰ শব্দযন্ত্ৰ (লাউদস্পীকাৰ, মাইক, ডেকচেট ইত্যাদি) ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। (গ) পানীৰ বটল (মিনাৰেল ৱাটাৰ) লৈ আহিলেও প্লাষ্টিকৰ বটল ঘূৰি যোৱাৰ সময়ত লৈ যাব লাগিব। ওপৰত উল্লেখিত নিয়ম-নীতিসমূহ মানি নচলিলে ৫০০ টকা পৰ্যন্ত জৰিমনা ধাৰ্য কৰা হৈছে। শেষত আপোনাৰ যাত্ৰা শুভ হোৱাৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। Previous articleশ্ৰম অবিহনে জীৱিকা অৰ্জন এইচাম মানুহৰ বাবে সম্ভৱ হ'ব পাৰে নে? Please enter your comment! You have entered an incorrect email address! Save my name, email, and website in this browser for the next time I comment. Read on আলোকচিত্ৰ ক'ক' খেতি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নতুনকৈ পৰিচিতি লাভ কৰিছে যদিও খেতিবিধৰ বাণিজ্যিক সম্ভাৱনা অধিক। উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু এইখেতিৰ বাবে উপযোগী বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। নামী-দামী চকলেট তৈয়াৰ কৰিবলৈ ক'ক' ফল ব্যৱহাৰ কৰা হয়। ষ্টাফ ফটোগ্ৰাফাৰ প্ৰভাত ৰাভাৰ কেমেৰাত কেইখনমান ক'ক' গছৰ ছবি। Newspaper is your news, entertainment, music fashion website. We provide you with the latest breaking news and videos straight from the entertainment industry.
37e0708f2b7fa3f1a9053bf6c07e6a398f3265fd5c6f802226bd8589b2a793b3
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্র মহােৎসৱৰ পৰহি নিশা সফল সামৰণি পৰে। যােৱা ৮ ছেপ্টেম্বৰত নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা মহােৎসৱৰ উদ্বোধনী অনুষ্ঠানত শ্ৰীমন্তশংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° কন্দর্প কুমাৰ ডেকা, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র পৰিচালক হেমেন দাস, অৰূপ মান্না, চলচ্চিত্রপ্রেমী ড° পার্থসাৰথি বৰুৱা, গল্পকাৰ শিৱানন্দ কাকতীকে প্রমুখ্য কৰি কেইবাজনাে বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে। এই আয়োজন হৈছিল চিনেমালয়ৰ উদ্যোগত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহযােগত নগাঁও চহৰত, দুদিনীয়াকৈ। অনুষ্ঠানটোৰ আঁত ধৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক পার্থজিত বৰুৱাই। উল্লেখযােগ্য যে মহােৎসৱত ভাৰত, আমেৰিকা, জার্মানি, পােলেণ্ড, টাইৱান, স্পেইন, অষ্ট্রেলিয়া, কানাডা,ইংলেণ্ড, হাংগেৰী,ইন, ইটালি, বেলিজিয়ামকে ধৰি দেশ-বিদেশৰ সৰ্বমুঠ ২০০খন ছবিয়ে অংশগ্রহণ কৰে। মহােৎসৱৰ জুৰি হিচাপে উপস্থিত থাকে শ্রেষ্ঠ চলচ্চিত্র সমালােচকৰ ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত মনােজ বৰপূজাৰী, ৰাষ্ট্ৰীয় বঁটাপ্রাপক চলচ্চিত্র পৰিচালক প্রবীণ হাজৰিকা আৰু সূৰয দুৱৰা। আনহাতে জুৰিৰ বিশেষ বঁটা লাভ কৰে (উত্তৰ-পূব ভাৰত) তথ্যচিত্র শিতানত অধিৰাজ কাশ্যপৰ 'ব্র'কেন স্পেট্রে' আৰু চুটি ছবি শিতানত (ভাৰত) বিজয় কুমাৰৰ প্ৰৱে। উল্লেখযোগ্য যে অভিনেতা হিচাবে মুম্বাইত কৰ্মৰত মনোজ বৰকটকীৰ 'দাই' হৈছে পৰিচালক হিচাবে চতুৰ্থটো পদক্ষেপ। তেখেতৰ সফলতাত অসমীয়াৰ সুখ-দুখৰ পৰিয়াল আৰু পাঠক সমাজৰ ফালৰ পৰাও অভিনন্দন জনাইছো।
b4b51e2727fd22217706e5ff0ea82e6b436f6bfb84879ea6dea674ba23b2725a
ৰকি পৰ্বতমালা (ইংৰাজীঃ Rocky Mountains) হৈছে উত্তৰ আমেৰিকাত অৱস্থিত পৰ্বতশ্ৰেণীসমূহৰ ভিতৰত অন্যতম এক পৰ্বতমালা। ই ব্ৰিটিছ কলম্বিয়া,পশ্চিম কানাডাৰ পৰা নিউ মেক্সিক', দক্ষিণ-পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰ লৈকে ৩০০০ মাইল পৰ্যন্ত বিস্তৃত হৈ আছে। ৰকি পৰ্বতমালাৰ পোনপ্ৰথমে সৃষ্টি হৈছিল ৫৫-৮০মিলিয়ন বছৰ পূ্ৰ্বে লাৰামাইড অ'ৰ'জেনি (Laramide Orogeny) ৰ কালত। এই সময়ছোৱাত উত্তৰ আমেৰিকা টেক্ট'নিক প্লেট ( North American plate)ৰ তলত থকা কেইবাখনো টেক্ট'নিক প্লেটৰ স্থানান্তৰ ঘটে। ইয়াৰ ফলত পশ্চিমৰ উত্তৰ আমেৰিকাত এক পৰ্বতমালাৰ সৃষ্টি হয়। পৰৱৰ্ত্তী কালত অন্যান্য টেক্ট'নিক পৰিৱৰ্ত্তন আৰু গ্লেচিয়াৰ সমূহৰ স্খলনৰ ফলত ৰকি পৰ্বতমালাৰ বিভিন্ন শৃংগ আৰু উপত্যকাৰ গঢ় লয়। অন্তিমটো হিমযুগ (ice age)ৰ পৰা ৰকি পৰ্বতমালালৈ মানুহৰ আগমণ ঘটে আৰু স্থায়ীভাবে বসবাস কৰিবলৈ লয়। ছাৰ আলেকজেণ্ডাৰ মেকেঞ্জি ( Alexander Mackenzie) ৰ দৰে ইউৰোপিয়ান সকলৰ পিছত বিভিন্ন আমেৰিকান অভিযান যেনে লিউৱিছ আৰু ক্লাৰ্ক অভিযান ( Lewis and Clark expedition) ৰ জৰিয়তে এই পৰ্বতমালাত অৱৰোহণ কৰে। বৰ্তমান এই পৰ্বতমালাৰ সৰহ অংশই সমজুৱা উদ্যান বা সংৰক্ষিত বনাঞ্চলেৰে আবৃত। সেইবাবে ই পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণতো পৰিণত হৈছে। ভৌগোলিকভাবে ৰকি পৰ্বতমালা দক্ষিণে ব্ৰিটিছ কলম্বিয়াৰ লিয়াৰ্ড নদী (Liard river) ৰ পৰা নিউ মেক্সিক'ৰ ৰিঅ' গ্ৰেণ্ড (Rio Grande) পৰ্যন্ত বিস্তৃত হৈ আছে। এই দুই নদীৰ সিপাৰে অন্য কিছু পৰ্বত যেনে, য়ুকুন (Yukon)ৰ শ্বেলৱিন ৰেঞ্জ (Selwyn Range), আলাস্কাৰ ব্ৰুকছ ৰেঞ্জ (Brooks Range) আৰু মেক্সিক'ৰ শ্বিয়েৰা মাদ্ৰে (Sierra Madre) আদি অৱস্থিত যদিও এই পৰ্বতসমূহ ৰকি পৰ্বতমালাৰ অংশ নহয়। অৱশ্যে আমেৰিকা যুক্তৰাষ্টহৱত প্ৰচলিত সীমা অনুসৰি কুটেনাই নদী (Kootenai river) ৰ দক্ষিণে থকা পৰ্বতসমূহ ৰকি পৰ্বতমালাৰ অন্তৰ্ভুক্তবুলি ধৰা হয় কিন্তু উত্তৰে থকা পৰ্বতশ্ৰেণীক পৃথক বুলি গণ্য কৰা হয়[1]। ৰকি পৰ্বতমালাৰ পৰ্বতসমূহ প্ৰায় ৭০-৩০০ মাইল (১১০-৪৮০ কিলোমিটাৰ) পৰ্যন্ত বহল বুলি জনা যায়। ৰকি পৰ্বতমালাৰ উত্তৰ অংশৰ কেন্দ্ৰীয় উত্তৰ আমেৰিকাত উচ্চতা বৃদ্ধি পায়। এই অংশতে কলেৰেডোৰ ফ্ৰণ্ট ৰেঞ্জ (Front range) , Wyoming ৰ Wind River range, Big Horn Mountains , Absaroka-Beartooth range আৰু মণ্টানাৰ ৰকি মাউণ্টেইন ফ্ৰণ্ট (Rocky Mountain Front ) অৱস্থিত। কানাডাত আকৌ ভূগোলবিদ সকলে ৰকি পৰ্বতমালাৰ তিনিটা সমষ্টি চিনাক্ত কৰিছেঃ Continental Range, Hart Ranges আৰু Muskwa Range। এই হাৰ্ট ৰেঞ্জ আৰু মুশ্বকোৱা ৰেঞ্জে একেলগে উত্তৰ ৰকি পৰ্বতমালা (Northern Rockies) সৃষ্টি কৰিছে।
b7ddd13a21df65f6050c86222b73617a258cc5fc884a8d0bccf49f146ae91700
গৃহ চহৰ ডিব্ৰুগড়ত নৱমীৰ পূজা চালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ১৮ অক্তোবৰৰ ৰাতি কেইবাখনো পূজা স্থল ভ্ৰমণ কৰি পূজা উপভোগ কৰাৰ লগতে মুখ্য মন্ত্ৰীজনে পুৰণি দিনৰ স্মৃতি সোঁৱৰে। মুখ্য মন্ত্ৰী সোণোৱালক সংগ দিয়ে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন আৰু অন্যান্য দলীয়া কৰ্মী-সমৰ্থকে। দেৱীৰ আগত সেৱা কৰাৰ পিছত মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ পুৰণি দিনৰ কথা মনলৈ অহা বুলি জানিবলৈ দিয়ে। তেওঁ লগতে নিজৰ ৰাজনৈতিক সাফল্যৰ বাবে অসমবাসীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। এই সময়তো পূৰ্বৰ দৰেই তেওঁ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ কথা ক'বলৈ নাপাহৰে। তেওঁ লগতে কয়, ৰাজ্যৰ প্ৰতিটো পৰিয়াল,সামাজিক,অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে শক্তিশালী হ'বলৈ শক্তিৰ আৰাধ্য দেৱী মা দুৰ্গাৰ চৰণত আশীৰ্বাদ বিচাৰিছে। পূজাত ৰাইজৰ আনন্দ-উল্লাস দেখি আপ্লুত হোৱা বুলিও কয় মুখ্য মন্ত্ৰী সোণোৱালে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
50edc6fab24fd94117e1bb7d17ae1f29ec20318756eb778af7fcb835c8c68411
গৰ্ভাবস্থাৰ সময়ত Fenobarbএ মধ্যমীয়া পাৰ্শ্ব-প্ৰতিক্ৰিয়া কৰিব পাৰে। আপুনি যদি ইয়াৰ ক্ষতিকৰ প্ৰভাৱ অনুভৱ কৰে, তেন্তে এই ঔষধটো গ্ৰহণ কৰা লগে লগে বন্ধ কৰক, আৰু চিকিতসকৰ পৰামৰ্শ অবিহনে Fenobarb পুনৰাই গ্ৰহণ নকৰিব। Fenobarb গ্ৰহণ কৰাৰ পিছত স্তন্যপায়ী মহিলাসকলে গম্ভীৰ সমস্যাত ভূগিব পাৰে। গতিকে প্ৰথমে আপোনাৰ চিকিতসকৰ পৰামৰ্শ নোলোৱাকৈ এই ঔষধটো গ্ৰহণ নকৰিব, নহলে এইটো আপোনাৰ বাবে বিপদজনক হব পাৰে।
d1f48beab70bb7703cde1b58b768277266c5bc97d9d7118e106f572b375df455
লকডাউনৰ সুৰুঙা লৈ NHPC লৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক ধলপুৰত আৱদ্ধ আছুৰ।। টায়াৰ জ্বলাই প্ৰতিবাদঃ ৩০ আছু কৰ্মীক গ্ৰেপ্তাৰ।। লকডাউনৰ সুবিধা বুজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে সামগ্ৰী কঢ়িওৱা নব্বৈ চকীয়া ট্ৰাক গহপুৰ আৰু ধলপুৰত আৱদ্ধ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ কৰ্মীয়ে ঘূৰাই নিয়াৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা ৬ জুলাইত বিয়লি ৪ বজাত গহপুৰত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞাৰ নেতৃত্বত এঘণ্টা সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আৱদ্ধ কৰি ঘূৰাই নিয়াৰ দাবী জনায়। লগে লগে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হয় আৰু আৰক্ষীৰ হস্তক্ষেপত এন.এইচ.পি.চি.লৈ সামগ্ৰী কঢ়িওৱা গাড়ীখন যাবলৈ দিয়া হয়। ইপিনে, ধলপুৰত সন্ধিয়া উক্ত ট্ৰাক আৱদ্ধ কৰি আছুৰ বিষয়-ববীয়াসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰি এন.এইচ.পি.চি. অভিমুখী ট্ৰাকখন আৱদ্ধ কৰে। লখিমপুৰ জিলা ছাত্ৰসন্থাৰ উপ-সভাপতি মৃদুল দাসৰ নেতৃত্বত ধলপুৰ আঞ্চলিকৰ সভাপতি তপোবন বৰা, সম্পাদক উজ্জ্বল বৰা, নাৰায়ণপুৰ আঞ্চলিকৰ উপদেষ্টা ক্ষীৰোদ দুৱৰা, জোতিময় হাজৰিকা, নৱজ্যোতি বৰা, সভাপতি ৰাজদীপ গগৈ, শিমলুগুৰি আঞ্চলিকৰ সভাপতি জান বৰুৱা, পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ শইকীয়া আদি একাংশ কৰ্মী তথা বিষয়ববীয়াই 'অসমীয়াৰ আবেগ-অনুভূতি বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, জাতিদ্ৰোহী বিজেপি চৰকাৰ দেই দেই দেই দেই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়' আদি শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। পৰৱৰ্তী সময়ত ধলপুৰ, শিমলুগুৰি, নাৰায়ণপুৰ আৰু বিহপুৰীয়া আৰক্ষীয়ে আছুৰ ৩০ গৰাকী বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰি এঘণ্টাৰ পিছতে মুকলি কৰি দিয়ে। উল্লেখ্য, অসমৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াবহ বৃহৎ নদীবান্ধে ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ জিলাবাসীৰ জীৱন-সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে।
42ecd7c8dae0a515691dafda410c6c1bca9776a80bc28e657c4562ce9359db72
পদত্যাগী জীবন কৃষ্ণ নাথে নিজৰ বাসগৃহত অনুষ্ঠিত এক আপ্যায়ন অনুষ্ঠানত ৰঞ্জিত দাসক কিবা কৈ থকা মুহূৰ্তত। আগন্তুক পঞ্চায়ত নিৰ্বাচনকলৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচকাৱাজ পূৰ্ণগতিত চলাই থকাৰ সময়তে বিজেপিত ষড়যন্ত্ৰমূলক আৰু লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হোৱাৰ অভিযোগ তুলি আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে দলটোৰ পৰা পদত্যাগ কৰে। বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক জীৱন কৃষ্ণ নাথে আজি বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি বিৰেণ শইকীয়াৰ জৰিয়তে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীলৈও পদত্যাগ পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। 'কিন্তু বৰ্তমান দলত ষড়যন্ত্ৰমূলক আৰু লবীকেন্দ্ৰীক ৰাজনীতি হোৱা হেতুকে মই বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক পদৰ দায়িত্বৰ লগতে দলৰ সাধাৰণ সদস্য পদৰ পৰা অব্যাহতি বিচাৰি আজি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো' তেওঁ কয়। বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে পদত্যাগ কৰিব খোজা ঘটনাই বিজেপিত যে লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হৈছে সেয়া এতিয়া স্পষ্ট হৈ পাৰিছে বুলি স্থানীয় এংকাশ মহলে মত প্ৰকাশ কৰে। আনহাতে কালি সন্ধ্যা সংঘটিত আন এক ঘটনাত কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াৰ বলেৰ' বাহনত কোনো লোকে অগ্নিসংযোগ কৰি গাড়ীখন বিস্তৰ ক্ষতি সাধন কৰে। একাংশই এয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে সংঘটিত কৰে বুলি সন্দেহ কৰিছে যদিও ইয়াৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
3f713d6534e6ddb324605d747f91faa5ca83d9e6086c1a3aab9a2b114a7b94fd
বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত টিকেন্দ্ৰ নাথ দাস আৰু বিজয় চন্দ্ৰ দাস সোঁৱৰণী আন্ত ক্লাৱ "বি" ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ছাত্ৰসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰি চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
37c27e39654bd07cfc08b95ae1a954ed4156be6a4a7f0d7c97a63a01d34b6bae
ডিজিটেল সংবাদ, চৰাইদেউঃ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা হাতীৰ মৃতদেহ উদ্ধাৰ ।সোণাৰিৰ নাফুক চাহ বাগিচাৰ ৮ নং লাইনত উদ্ধাৰ হাতীটোৰ মৃতদেহ। বিদ্যুৎপৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। মন কৰিবলগীয়া যে, খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ধান খেতি প্ৰতিবছৰে অনিষ্ট কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত খেতি পথাৰৰ শস্য সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাইজে পথাৰত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি ৰাখে। এই তাঁৰত লাগিয়েই হাতীটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।
40ab63ee8e9faf30f202ee9af53a78db9d22dabb56ba6ee850feda2e378e7fd3
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ৰাষ্ট্ৰপতিয়ে ইতিপূৰ্বে নিযুক্তি দিয়া অসম সন্তান ৰঞ্জন গগৈৰ নিযুক্তিক প্ৰত্যাহ্বান জনোৱা এখন আৱেদনৰ আজি হোৱা শুনানিত দেশৰ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে অধিবক্তা আৰ পি লুথৰা আৰু সত্যবীৰ শৰ্মাই ৰঞ্জন গগৈক পৰৱৰ্তী মুখ্য ন্যায়ধীশ হিচাপে নিযুক্তিৰ বিৰোধিতা কৰি জনোৱা আবেদনক খাৰিজ কৰে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ এম খালৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ে গঠিত এখন বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ শুনানি গ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা ২ অক্তোবৰত অৱসৰ ল'ব লগীয়া বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই তেওঁৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে কেৱল ৰঞ্জন গগৈৰ নামটো চৰকাৰলৈ অনুমোদন কৰি পঠাইছিল আৰু সেইটোৰ ভিত্তিত ১০ দিনৰ ভিতৰতে ৰাষ্ট্ৰপতিয়ে গগৈক নিযুক্তি দিয়ে। এতিয়া কেৱল অহা ৩ অক্তোবৰত শপত আৰু দায়িত্ব গ্ৰহণ বাকী আছিল। কিন্তু তেনে অৱস্থাতে ৰঞ্জন গগৈয়ে ১২ জানুৱাৰীত দিয়া এখন সংবাদমেলৰ ঘটনাক লৈ অধিবক্তা আৰ পি লুথৰা আৰু অধিবক্তা সত্যবীৰ শৰ্মাই ৰঞ্জন গগৈত এই শীৰ্ষ পদটোৰ বাবে অযোগ্য বুলি দাবী কৰি তেওঁৰ নিযুক্তি বাতিল কৰিবলৈ আৱেদন জনাইছে উচ্চতম ন্যায়ালয়ত। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
6e508b261193b91b0dd32bc09192c3c7ff0549d4e2d7d64da376d4c3c5d75d9b
(Child Development & Pedagogy) 'বিকাশ' শব্দটো ইংৰাজীত 'Growth' আৰু 'Development' এই দুয়োটা শব্দৰেই প্ৰকাশ কৰা হয়। অসমীয়া ভাষাত ইয়াৰ প্ৰথমটো শব্দই "দৈহিক বৰ্ধন" আৰু দ্বিতীয়টো শব্দই 'বিকাশ' অথবা পৰিবৰ্ধনৰ অৰ্থ প্ৰকাশ কৰে। 'Growth' অথবা দৈহিক পৰিপক্কতা লাভ কৰাৰ অৰ্থহে বিকাশ ভাবে সূচায়। আনহাতে 'Development' বা দৈহিক বিকাশ তথা পৰিবৰ্ধনে ব্যক্তিৰ দৈহিক বৰ্ধনৰ ওপৰত পৰিবেশ আৰু শিক্ষা অভিজ্ঞতাই পেলোৱা ব্যাপক পৰিবৰ্তনৰ প্ৰভাৱো অন্তৰ্ভুক্ত কৰে। শিশুৰ সুস্থ বিকাশত বিভিন্ন দিশে প্ৰভাৱ বিস্তাৰ কৰে যেনে জৈৱিক, মানসিক আৰু পৰিবেশজনিত। জৈৱিক দিশক আমি শাৰীৰিক বা দৈহিক বুলিও ক'ব পাৰো। ইয়াৰ প্ৰ্ধান বৈশিষ্ট্য হৈছে শিশুৰ দৈহিক বিকাশৰ গতি সকলো সময়তে সমৰূপত দেখিবলৈ পোৱা নাযায়। বিকাশৰ কোনো কোনো পৰ্য্যায়ত এই গতি দৰ্শনীয়ভাৱে মন্থৰ আৰু আন কোনো পৰ্য্যায়ত দ্ৰুত গতিৰ হৈ উঠিব পাৰে। জন্মৰ প্ৰথম বছৰটোৱেই হৈছে ব্যক্তিৰ সৰ্বাধিক দ্ৰুতভাৱে দৈহিক বিকাশৰ সময়। কিন্তু পৰৱৰ্তী কালত ইয়াৰ দ্ৰুততা পৰিলক্ষিত নহয়। আনহাতে শিশুৰ বিকাশত মানসিক দিশটোও বিশেষভাৱে উল্লেখযোগ্য। মানসিক বিকাশ হৈছে এক ক্ৰমাগত বিকাশ প্ৰক্ৰিয়া। জন্মৰ পিছৰ পৰা ব্যক্তিৰ বয়ঃপ্ৰাপ্তিলৈকে মানসিক বিকাশৰ গতি অব্যাহত থাকে। দৈহিক বিকাশৰ বিভিন্ন পৰ্য্যায়ত মনৰ ভিন ভিন শক্তি আৰু ক্ষমতা সমূহৰ নিজস্ব ৰূপত বিকাশ সাধন হয়। আপেক্ষিকভাৱে সৰল মানসিক শক্তিসমূহ বিকাশৰ প্ৰথমাৰ্ধত আৰু জটিল শক্তিসমূহ বিকাশৰ দ্বিতীয়াৰ্ধত সক্ৰিয় হৈ উঠা দেখা যায়। ব্যক্তিৰ সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতাৰ মানদণ্ডৰ ওপৰত মানসিক বিকাশৰ গতি আৰু তাৰ গভীৰতা বিশেষভাৱে নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলৰ মতে প্ৰতিটো বিশেষ বিশেষ মানসিক শক্তি ব্যক্তিৰ সাধাৰণ বৌদ্ধিক ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত হয়। শিশুৰ বিকাশত পৰিবেশৰো যথেষ্ট ভূমিকা আছে। শিশুৱে পৰিবেশৰ লগত কৰা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। সুস্থ অনুকুল পৰিৱেশে বিকাশৰ পগতি দ্ৰুততৰ কৰে, আনহাতে ইয়াৰ অভাৱে বিকাশত বাধাৰ সৃষ্টি কৰে। শিশু বিকাশৰ ধাৰণাৰ ওপৰত জাঁ পিয়াজে, কাৰ্ল ৰোজাৰ্চ আৰু ষ্টেনলি হ'লে তেওঁলোকৰ দৃষ্টিভংগী দাঙি ধৰিছে। পিয়াজেৰ মতে শিশু এটা শৰীৰ নিৰ্ভৰশীল ব্যক্তি, যাৰ অহৰহ পৰিৱেশৰ সৈতে অভিযোজন ঘটে আৰু পৰিবেশৰ সৈতে নিজৰ মাজত সু-সামঞ্জস্য পূৰ্বৰ সম্বন্ধ স্থাপন কৰে। শিশু অতি নমনীয়, নিজকে পৰিবেশৰ সৈতে খাপখুৱাই ল'বলৈ শিকে আৰু পৰিবেশৰ প্ৰয়োজনীয়তাত পৰিবৰ্তন ঘটে। পিয়াজেৰ মতে শিশুৱে অহৰহ আৰু অবিৰাম গতিত নিজৰ দেহ আৰু মনৰ সংগঠনত সক্ৰিয়া ভূমিকা লয়। শিক্ষা হৈছে বহল অৰ্থত এক বিকাশ প্ৰক্ৰিয়া। মানুহে জন্মৰ পিছৰে পৰা শিক্ষাৰ যোগেদি এক অবিৰত আৰু ক্ৰমাগত গতিত বিকাশৰ পথত অগ্ৰসৰ হয়। শিক্ষা আৰু বিকাশে মানুহক নতুন পৰিবেশত নিজকে সমাযোজন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা দিয়ে। মানুহৰ এই বিকাশ বিৰামহীনভাৱে জীৱনৰ এক সুদীৰ্ঘ কাল অতিক্ৰম কৰে, যাক সাধাৰণভাৱে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে- শৈশৱ, বাল্যকাল, কৈশোৰ আৰু বয়ঃপ্ৰাপ্তি। অৱশ্যে এই চাৰিটা বিভিন্ন স্তৰত বিকাশৰ কাল ভাগ কৰি লোৱা হৈছে আমাৰ অধ্যয়নৰ সুবিধাৰ বাবেহে। প্ৰকৃততে সময়ৰ নিৰ্দ্দিষ্ট সীমাৰেখাৰে বিকাশৰ এই গতিক স্পষ্ট ৰূপত সীমায়িত কৰিব নোৱাৰি। মানুহৰ বিকাশ হৈছে অবিৰাম আৰু অবিচ্ছিন্নভাৱে সংঘটিত হোৱা এক গঠন প্ৰক্ৰিয়া। ব্যক্তিয়ে নিজে ধৰিব আৰু ক'ব নোৱাৰাকৈয়ে এনে প্ৰক্ৰিয়া সংঘটিত হয়। অৱশ্যে ইয়াৰ স্বৰূপ অধ্যয়নৰ যোগেদিহে শিক্ষা-নীতি গ্ৰহণ আৰু তাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তোলাটো আমাৰ বাবে সম্ভৱ হৈ উঠিব পাৰে। মানুহৰ বিকাশৰ স্তৰ আলোচনাৰ পূৰ্বে 'বিকাশ' শব্দৰ স্বৰূপ সম্বন্ধে আমাৰ স্পষ্ট ধাৰণাৰ প্ৰয়োজন। মন কৰিবলগীয়া যে 'বৃদ্ধি' আৰু 'বিকাশ'ৰ অৰ্থ একে নহয়। 'বৃদ্ধি' হৈছে কোনো বস্তুৰ দৈহিক আৰু আবয়ৱিকভাৱে ক্ৰমে বাঢ়ি যোৱা অৱস্থা। মানুহৰ দেহৰ আকাৰ-আকৃতি, ওজন-উচ্চতা আৰু দেহ-কংকালৰ ক্ৰমে বাঢ়ি যোৱা অৱস্থাই হৈছে বৃদ্ধি। আনহাতে 'বিকাশ' শব্দৰ অৰ্থ ইয়াতকৈ বহল আৰু গুণগতভাৱে অৰ্থসূচক। বিকাশ হৈছে সামগ্ৰিক বিধৰ অৱস্থা, যি মানুহৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ দিশ সামৰি লয়। ই হৈছে জীৱৰ জৈৱিক অস্তিত্বৰ ওপৰত পৰা পৰিবেশৰ অনুকূল-প্ৰতিকূল প্ৰভাৱৰ পৰিণতি। জীৱই পৰিবেশত কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। আমাৰ সহজাত জৈৱিক ক্ষমতাৰ ওপৰত পৰিবেশে পেলোৱা প্ৰভাৱৰ ফলস্বৰূপেই বিকাশ সাধিত হয়। এই বিকাশৰ গতি হৈছে এক নিৰন্তৰ, অবিচ্ছিন্ন আৰু দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। দুটা স্তৰৰ মাজত সেয়েহে বিকাশৰ তেনে কোনো স্পষ্ট ব্যৱধান টানিব পৰা নাযায়। দৈহিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক দিশত হোৱা পৰিৱৰ্তনবোৰৰ এক সমন্বয় সাধন কৰি বিকাশ সংঘটিত হয়। এই সমূহ দিশৰ বিকাশ পৃথক আৰু স্বতন্ত্ৰ বিধৰ হৈ নুঠে। বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত হৈ নুঠে। কোনো সময়ত এই গতি দ্ৰুততৰ হৈ উঠে আৰু আন কোনো সময়ত ই মন্থৰ হৈ পৰে। বিকাশৰ গতিৰ ক্ষেত্ৰত লিংগ প্ৰভেদৰ প্ৰশ্নও জড়িত হৈ থাকে। ল'ৰা আৰু ছোৱালীৰ দেহ-মানসিক বিকাশৰ গতি আৰু ইয়াৰ প্ৰকৃতি একে নহয়। ছোৱালীৰ বিকাশৰ গতি ল'ৰাতকৈ প্ৰায় ডেৰ বছৰ আগুৱাই যায়। আৱেগ-অনুভূতিৰ ক্ষেত্ৰতো এনে প্ৰভেদ পৰিলক্ষিত হয়। (Click here for Next Part) Subscribe to: Post Comments ( Atom ) facebook count=51.5K; youtube count=2.8M; twitter count=31.7K; instagram count=17.4K;
db4ee913a08e6396afc4db8a3047c8c788570f4aa01484ca96a88b8335cd2481
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শিৱসাগৰ জিলাৰ ডিমৌ চাৰিআলিত দেখা দিয়া এখন বিশেষ দুচকীয়া বাহনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বাজাজ কোম্পানিৰ ডিমৌস্থিত দুচকীয়া বাহন বিক্ৰী প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হাবুল গগৈয়ে এখন বগা ৰঙৰ পুৰণি বাজাজ স্কুটাৰত জাতীয় পতাকাৰে সজাই বাহনখনৰ ওপৰত যান-বাহনৰ চলাওঁতে ল'বলগীয়া সুৰক্ষাৰ শ্ল'গান লিখি এক অভিনৱ পদ্ধতিৰে ডিমৌ চাৰিআলিত বিভিন্নজনক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱা দেখা গৈছে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এনে ধৰণে ৰাইজক আমোদ দিবলৈ কৰা প্ৰচেষ্টাই অতি কম সময়তে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। বাহনখন চাবলৈ ডিমৌত বৰ্তমান ৰাইজৰ হেতা-ওপৰা লাগিছে। আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
45f003ca4f938acce04ac18b01e45810efccb626819474eabc91f65d3ff3f605
Download and installaunicode font (Click here to download), if your system does not support Assamese text. সুৰভি ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহগীতালম্বোদৰ ডেকানিস্তাৰিণী দেৱী বা ফাতেমা বিবিভুৰুকী বৌলাওখোলামলক গুইন্-গুইন্মিষ্টৰ ফিপ্সনপ্ৰথম দৰ্শনত ওপজা প্ৰেমবাপিৰামমাধৈমালতীজোনবিৰিআমাৰ সংসাৰযেনে চোৰ তেনে টাঙোনভোকেন্দ্ৰ বৰুৱাএৰাবাৰীকাশীবাসীধৰ্ম্মধব্জ ফয়চলা-নবিচমৈদামলোভকেহোঁকলিকেহোঁকলিমুক্তিজুৰমন ৰাইদঙীয়া (এবেগেতীয়া সাধু)মগনিয়াৰ বুঢ়া পাতমুগীশ্বন্মাৰ্জ্জাৰীবিহুমাউৰাৰছিতসাধুকথাৰ কুকিআমালৈ নেপাহৰিবকেকো ককাকন্যাজয়ন্তীনকওঁপণ্ডিত মহাশয়ভেমপুৰীয়া মৌজাদাৰমিলাৰামৰ আত্ম-জীৱনীমূলা-খোৱা বুঢ়া লম্বোদৰ ডেকা\nদেওবাৰ। ৰাতিপুৱা ৭ বজা। এখোজ-দোখোজকৈ পায়চালি কৰি লাহে লাহে ৰঘুনাথ চিৰস্তাদাৰৰ ঘৰ পালোঁগৈ। দেখোন চিৰস্তাদাৰ ডাঙৰীয়াই হৰিদেউ ফয়চলা নবিচৰে সৈতে বহি দবা খেলত নিমগন। ইমান পুৱাই তেওঁলোক খেলত বলিয়া হোৱাটো বাস্তৱতে মোৰ মনত অলপ অদ্ভুত যেন লাগিল। হৰিদেউ খেল-পগলা মই জানো; কিন্তু আমাৰ চিৰস্তাদাৰ ৰঘুনাথও যে তলে তলে সেই কাৰ্য্যত ইমানদূৰ আগবাঢ়িছে এই কথা ইয়াৰ আগেয়ে মোৰ জনা নাছিল। মই চিৰস্তাদাৰৰ চ'ৰাঘৰ সোমায়েই তেওঁলোকক ইংৰাজী মতে "গুড্মৰ্ণিং" অৰ্থাৎ সুপ্ৰভাত বুলি সভাষণ কৰিলোঁ। চিৰস্তাদাৰে সম্ভাষণ শুনি মোৰ ফালে কেৰাহিকৈ চাই এধা-মৰা মিচিকীয়া হাঁহি এটাৰ এডোখৰ মাৰি তিনি ঠেং আছে এঠেং নাই, এনে এখন মাচিয়াৰ ফালে চকু পিৰিকিয়াই দেখুৱাই মোক বহিবলৈ অনুমতি দিলে। কিন্তু সিজন খেলুৱৈৰ মোৰ ফালে মূৰ দাঙি চাবলৈকো আহৰি নহল। মই অলপ পৰ টলকা মাৰি বহি থাকি দেখিলোঁ, গতি বিষম। মাত লগালোঁ, "চিৰদ্দাৰ ডাঙৰীয়া, চিৰদ্দাৰ ডাঙৰীয়া এখন্তকমান আপোনাৰ আহৰি হবনে? মই কথা এষাৰ সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছিলোঁ।" চিৰস্তাদাৰ মূৰ নদঙাকৈয়ে উত্তৰ দিলে, "হব কওক, কি কথা?" মই কলোঁ, "দুৰ্ভগীয়া লম্বোদৰ ডেকাটোক আপোনালোকে কি কৰিবৰ দিহা কৰিছে? সি নিগমে বুৰিল নহয়। তাৰ এটা গতি নকৰিলে হব কেনেকৈ!"\nচিৰস্তাদাৰে দবা-বৰিৰ ওপৰতে পূৰাকৈ চকু ৰাখি আৰু মোৰ ফালে আদখিনীয়াকৈ মন দি উত্তৰ দিলে, "কৰিম গতি, নৌকাৰে তাক খেদি দি গজেৰে মাৰিম।" মই মিচিকীয়া হাঁহি মাৰি মাত লগালোঁ, "কি তাক নৌকাৰে খেদিব গজেৰে মাৰিব সি এনেই মৰিয়েই আছে।" ইমানখিনি বেলিৰ পিচত হৰিদেউ ফয়চলানবিচে হঠাৎ মাতি পেলালে, "কাৰ গজে তাক মাৰিব পাৰে হেঁ? মোৰ এইটো বৰি এই ঘৰত, সেইটো ঘোঁৰা সেই ঘৰত!"\nমই দেখিলোঁ এওঁলোকৰ ৰোগ বিষম। ত্ৰিদোষী বুলিলেই হয়। এওঁলোক খেলত ইমান মগন হৈ আছে যে, এওঁলোকক ধৰ্ম্মতঃ হিন্দী মাতেৰে "বেহুচ" বুলিব পাৰি। এনেস্থলত স্থান পৰিত্যাগেই নীতি, শাস্ত্ৰৰ উপদেশ। এই ভাবি মই ৰাম বিষ্ণু একোকে নুবুলি সাউৎকৰে উঠি দুৱাৰমুখ পালোঁগৈ। হঠাৎ চিৰস্তাদাৰে যেন সাৰ পালে। তেওঁ ব্যস্ত হৈ মোৰ ফালে চাই মাত লগালে, "নেযাব, আপুনি খং কৰি কলৈ যায়, আমাৰ খেলৰ অন্ত পৰিল, আৰু সৰহ বেলি নাই, বহক।" মোৰ মনত আকৌ অলপ আশাৰ সঞ্চাৰ হ'ল, আৰু আমাৰ দেশৰ বুঢ়া লোকৰ কথাষাৰও মনত পৰিল যে, "নুবুৰে মানে বাবা, নমৰে মানে চাবা।" গতিকে মই আকৌ উভতি আহি, আগৰ সৌ ত্ৰিপদী চকিক মোৰ ভৰি এখনেৰে ঢোকা দি চতুষ্পদী কৰি লৈ নিজৰ বহুমূলীয়া মূৰ হাত আদি অঙ্গ-প্ৰত্যঙ্গ কেইটাক নিৰাপদে তাৰ ওপৰত ৰাখিবৰ দিহা কৰি বহি গলোঁ। কিন্তু দুখৰ কথা কি কম, খেলমতলীয়া চিৰস্তাদাৰ নিমিষতে খেলত ভোল গল আৰু মোৰ সমাজিকৰ গৰৈমাছটোও থিতাতে জানিবা হাতৰ পৰা পিচলি পানীত পৰিল। মই মনে মনে নিশ্চয় কৰিলোঁ যে, ই কথাও কথা নহয়, এইবাৰ মই সুৰুঙা পালেই নিশ্চয় সৰকি পৰিম আৰু এওঁলোকৰ ওচৰত নেথাকোঁ। এই সঙ্কল্প কৰি থাকোঁতেই, ধৰ্ম্মেশ্বৰ পেচকাৰৰ পুতেক মৰ্ম্মেশ্বৰ ভটংকৰে তাত ওলালহি। মৰ্ম্মেশ্বৰে কলিকতাত বি-এ মহলা দি ঘৰলৈ উভতি আহিছে, আৰু বন্ধু-বান্ধৱ আদিক দেখা কৰি ফুৰিছে। মৰ্ম্মেশ্বৰক দেখি চিৰস্তাদাৰে "বোপা আহাঁ আহাঁ" কৈ মাতি বহুৱালে, আৰু কলে, "বোপা আহিলা ভালেই হল, তেখেত একৰকম অকলৈ থকাদি আছিল, তুমি তেওঁৰে সৈতে দুই-চাৰি আষাৰ কথা পাতাঁ, আমি এতিয়াই আহৰি পাম, আমাৰ হলেই ধৰাঁ।"\nমই মৰ্ম্মেশ্বৰ বোপাৰ ফালে চাই কলোঁ, "এৰা বোপাদেও, এওঁলোকৰ ওচৰলৈ দুৰ্ভগীয়া লম্বোদৰ ডেকাৰ বিষয়ে মই পৰামৰ্শ কৰিবলৈ আহিছিলোঁ; কিন্তু এওঁলোক খেলত ইমান মজি আছে যে, সি হৈ উঠাৰ আগন্তুক নাই। এওঁলোকৰ গঢ়-গতি দেখি মই গুচিয়েই যাব খুজিছিলোঁ, এনেতে কি ভাগ্য তুমি আহি ওলালা। সি যি হওক বোপা, তুমি কেতিয়া আহিলা? গা ভাল?"\nমৰ্ম্মেশ্বৰ ।- "কালি পালোঁহি। গা ভাল। আপোনাৰ গা ভাল নে?"\nমই সন্তৰ্পণে উত্তৰ দিলোঁ, "ঈশ্বৰৰ কৃপাত ভাল।"\nমৰ্ম্মেশ্বৰ ।- "কি লম্বোদৰৰ কথা কৈছিল আপুনি? কোন লম্বোদৰ? তেওঁৰ কি হল?"\nমই উত্তৰ দিলোঁ, "এ বোপা, তুমি শুনা নাই হবলা? কিনো কম, কিনো শুনিবা।"\nমৰ্ম্মেশ্বৰ ।- "কওকচোন কওক!"\n"শুনা তেন্তে" এই বুলি কবলৈ ধৰিলোঁ।\n"মাহীমেলীয়া বৰুৱাৰ ঘৰৰ ল'ৰা লম্বোদৰ ডেকাৰ নাম অৱশ্যে তুমি কলিকতালৈ যোৱাৰ আগেয়ে শুনিছিলা। তেওঁ মহা বিপাঙত পৰিছে। আজি দুমাহমানৰ আগেয়ে এটা গোচৰৰ আপীল কৰিবলৈ তেওঁ গুৱাহাটীলৈ যাবলগীয়া হৈছিল। সেই সময়ত গুৱাহাটীলৈ বেহা বেপাৰ কৰিবলৈ যোৱা নাও এখন পাই তেওঁ তাকৰীয়া খৰচতে কাৰ্য্য সিদ্ধি হব ভাবি, নাৱৰীয়াহঁতক অলপ দিম-থম বুলি বন্ধৱস্ত কৰি সেই নাৱতে গুৱাহাটীলৈ যাবলৈ বুলি উঠিল। নাওখন আহঁতগুৰি পাইছেগৈ, এনেতে বিধিৰ বিপৰীত বিধান, তেওঁৰ তিৰ্কঁপে জ্বৰ উঠিল। সেই জ্বৰেই নেৰানেপেৰাকৈ তেওঁক তিনি দিন অজ্ঞান কৰি পেলাই থৈছিল। জ্বৰটো অলপ কমিলত তেওঁ জ্ঞান পাই 'ভোক ঔ পিয়াহ ঔ' কৰিবলৈ ধৰিলে। নাৱৰীয়াহঁত বিবুদ্ধি। সিহঁতে বামুণৰ মুখত ভাত-পানী কেনেকৈ দিয়ে! সিহঁতে হাতযোৰকৈ কলে, 'ডেকাদেও, আমি শুদিৰ মানুহ; কেনেকৈ আমি ৰন্ধাভাত আপোনাৰ মুখত দিওঁ? আমি বিবুধি সাগৰত পৰিছোঁ; অথচ আপোনাৰ গাতও শকতি নাই যে আপুনি উঠি নিজে এমুঠি ভাত ৰান্ধি খায়।' নাৱৰীয়াহঁতৰ কথা শুনি লম্বোদৰে শেহাই শেহাই কলে, "ককাইহঁত! জাতটো পিছৰ কথা। সম্প্ৰতি ভাতৰ মণ্ড এটোপা মোৰ মুখত নিদিলে মোৰ প্ৰাণ যায়।' নাৱৰীয়াহঁতেও আলচ কৰি থিৰ কৰিলে যে তেওঁৰ মুখত ভাতৰ মণ্ড এটোপা দিয়াৰ কৰ্ত্তব্য নতুবা সিহঁতৰ গাত ব্ৰহ্মবধ পাতক লাগিব। ইয়াৰ পিচতো সিহঁতে তেওঁক দিনৌ একো মুঠি ভাত ৰান্ধি খুৱাই ঢোকা-ভেজা দি কোনো মতে গুৱাহাটী পোৱালেনি। গুৱাহাটী পাই লম্বোদৰে চিনাকি মানুহ এঘৰত কিছুদিন থাকি লাহে লাহে গা টঙালে, আৰু তাৰ পিচত গোচৰৰ আপীল কৰি গোচৰ জিকি ঘৰলৈ উভতি আহিল! কিন্তু উভতি আহি তেওঁৰ অথন্তৰ মিলিল। তেওঁ ঘৰ পোৱাৰ দিনচেৰেকৰ পিচতে কেনেবাকৈ ঘুনুকঘানাক বাতৰি ওলাল যে, লম্বোদৰে গুৱাহাটীলৈ যাওঁতে বাটত হীন জাতৰ হাতে ভাত খালে। সকলোৱে এই কথা শুনি চাৰিওফালে বী-বিয়াবলৈ ধৰিলত, ৰাইজে মেলত বহি লম্বোদৰৰ জাত গল বুলি তেওঁক এঘৰীয়া কৰি এৰিলে। লম্বোদৰ নিঠৰুৱা হল, তেওঁৰ মূৰত হঠাৎ আকাশী চৰগ ভাগি পৰিল আৰু তেওঁৰ বন্ধু-বান্ধৱ মিতিৰ-কুটুম কোনেও তেওঁৰ ছাঁ নমবা হল। দৈৱদুৰ্বিপাকত পৰি লম্বোদৰ ডেকা আজি খুদমগনিয়াৰ আৰু বাটৰ বলিয়া। আজিকালি তেওঁ বলিয়াৰ দৰে কিবাবিলাক বলকি বাটে বাটে টৌ টৌ কৰে ঘূৰি ফুৰে। বপুৰাৰ দশা দেখিলে চকুৰ পানী নুটুকি থাকিব নোৱাৰি। নৰিয়াত পৰি নোৱাৰা পক্ষত তেওঁ হীন জাতৰ হাতে ভাত খালে বুলি পৰাচিত হৈও জাত পাব নোৱাৰা হল নে? এনে অন্যায় ব্যৱস্থা কত দেখিছা কত শুনিছা! হিন্দু শাস্ত্ৰ হিন্দু ধৰ্ম্মৰ 'দোহাই' দি আমাৰ দেশৰ এই পণ্ডিত নাম খোৱা মূৰ্খখনে মানুহক লৈ-লৈ থৈ-থৈ কৰি মাৰিব পায় নে বাৰু, কোৱাচোন বোপা? দুৰ্ভগীয়া লম্বোদৰক উদ্ধাৰ কৰিবলৈ কিবা দিহা কৰিব লাগিব বুলি আলচ কৰিবলৈহে মই এই পুৱাই আমাৰ চিৰস্তাদাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছিলোঁ। মানুহটোক পৰাচিত-তৰাচিত কিবা এটা কৰি ভাল কৰিব পাৰি-বা-চাৰি; অন্ততঃ কৰাটো উচিত। আমাৰ আধা-খুন্দা পণ্ডিতহঁতে ব্যৱস্থা নিদিয়ে নাই, শাস্ত্ৰই দিব, ধৰ্ম্মই দিব, ঈশ্বৰে দিব, ন্যায় আৰু বিবেক বুদ্ধিয়ে দিব। তেওঁৰ মিছা বন্ধু-বান্ধৱে গোট খাই তেওঁক ধ্বংস কৰিবলৈ ধৰিছে। কিন্তু যেয়ে যিহকে কওক, আমি চেষ্টা কৰি মানুহটোক ৰক্ষা কৰিব লাগিব, নতুবা আমাক ঈশ্বৰে দণ্ডিব; এই কথা নিশ্চয়!"\nমৰ্ম্মেশ্বৰ ।- "নিশ্চয়, নিশ্চয়, এশবাৰ নিশ্চয়! এইটো By Jove! বৰ অন্যায় কথা। What the world is coming to! -I beg your pardon মোক আপুনি 'মাফিব' অৰ্থাৎ ক্ষমা কৰিব বুজিছে নে, মই ইংৰাজী ফোলোৱাটো proper মানে উচিত হোৱা নাই, এইটো slip of tongue অৰ্থাৎ জিভাৰ পিচলনি। মই কৈছিলোঁ, ইন্দ্ৰৰ শপত! সংসাৰখন কিহৰ ফালে গৈছে কব পাৰে নে? আমি প্ৰাণপনে মিষ্টৰ ডেকাক ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। নিশ্চয়, নিশ্চয়।"\nএনেতে চিৰস্তাদাৰৰ খেলৰ ওৰ পৰিল। তেওঁ "কি হৈছে" বুলি সোধাত, মই লম্বোদৰ ডেকাৰ বিষয়ে কি কৰা যাব বুলি তেওঁক সুধিলোঁ। তেওঁ কলে, "কৰিব একো নোৱাৰি। হিন্দু ধৰ্ম্মৰ মতে তেওঁৰ জাত গল, আৰু উদ্ধাৰ নাই। হীন জাতৰ ভাত খালে বামুণৰ জাত কত থাকে হেঁ?" মই উত্তৰ দিলোঁ, "যতে থকা উচিত ততে থাকে। অপাৰগ পক্ষত বামুণে বিজাতিৰ হাতে ভাত খালেও তেওঁৰ জাত নেযায়। যোৱা উচিত নহয়। হিন্দু ধৰ্ম্ম উদাৰ ধৰ্ম্ম। আপোনাসকলেহে তাৰ মৰ্ম্ম নুবুজি তাক অনুদাৰ পাতিছে।"\nখেল-পগলা ফয়চলানবিচে দেখোন এনেতে মুখ বজাই উঠিল, "নেথাকে হেঁ, জাত নেথাকে। তুমি হিন্দু ধৰ্ম্মৰ বিষয়ে একোটো নোজানা। হিন্দু ধৰ্ম্মৰ ওপৰত মতামত প্ৰকাশ কৰাটো তোমাৰ অনধিকাৰ চৰ্চ্চা।"\nমই খঙতে পকি-জকি উঠি উত্তৰ দিলোঁ, "অনধিকাৰ চৰ্চ্চা যদি কাৰবাৰ, সেইটো আপোনাৰহে। আপুনি খেলৰ বাহিৰে আন কিবা জানে বুলি মই নেজানো। আপুনি হিন্দু ধৰ্ম্মৰ সম্পৰ্কে যদি কিবা জানিলেহেঁতেন তেন্তে এনে ঠেক মনৰ কথা নকলেহেঁতেন। আপুনি জনা শাস্ত্ৰ হিন্দু শাস্ত্ৰ নহয়, সেইখন ঢেকিঠোৰা শাস্ত্ৰহে। হিন্দু শাস্ত্ৰই মানুহক খুন্দি গুড়ি কৰিবলৈ নকয়, ঢেকিঠোৰা শাস্ত্ৰইহে তেনে ব্যৱস্থা দিয়ে। এই কথা সহজ জ্ঞানেই ৰিঙিয়াই কব লাগিছে। কিন্তু চিৰস্তাদাৰ ডাঙৰীয়া আৰু ফয়চলানবিচ ডাঙৰীয়া, আপোনালোকে এই দেশত এৰাগছেই গছ হৈছে, হওক তাত আপত্তি নাই, আৰু আপোনালোকে ভোটৰকচু মূৰ্খ পণ্ডিতেৰে সৈতে গোট খাই দুখীয়া লম্বোদৰক পিঙত দিছে দিয়ক, কিন্তু ঈশ্বৰে আপোনালোকক ইয়াৰ প্ৰতিফল দিব নিশ্চয় জানিব।" এই বুলি মই একেচাবেই তাৰ পৰা উঠি গুচি আহিলোঁ।
bbefe09e7d4d4a4c5d397aef2f57f07a385a4ecc5745a34b2dcb187d29e360ef
Rosycap গ্ৰহণ কৰাৰ পিছত গৰ্ভৱতী মহিলাই বহুতো অসুবিধাৰ সমুখীন হৈছে। গতিকে চিকিতসকৰ পৰামৰ্শ অবিহনে কোনোপধ্যেই গ্ৰহণ নকৰিব। Rosycapৰ বৃক্ক ত মধ্যমীয়া পাৰ্শ্ব-প্ৰতিক্ৰিয়া হব পাৰে। আপুনি যদি ইয়াৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখা পায় তেন্তে এই ঔষধটো গ্ৰহণ কৰা লগে লগে বন্ধ কৰক। এই ঔষধটো পুনৰাই ব্যৱহাৰ কৰাৰ পূৰ্বে চিকতসকৰ পৰামৰ্শ লওক। Rosycapএ কলিজাত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। আপুনি যদি তেনেকুৱা প্ৰভাৱ অনুভৱ কৰে তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক আৰু চিকিতসকৰ পৰামৰ্শৰ পিছতহে পুনৰ আৰম্ভ কৰক। কেতবোৰ খাদ্যৰ সৈতে সেৱনৰ ফলত Rosycapয়ে প্ৰভাৱ দেখুওৱাত পলম কৰিব পাৰে। এইবিষয়ে আপোনাৰ ডাক্তৰৰ সৈতে যোগাযোগ কৰক। Rosycap লোৱাৰ সময়ত মদ্যাপন কৰাৰ আগতে আপোনাৰ ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি লওক যিহেতু ইয়ে পাৰ্শ্চক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।
1a5b5241d20c328d64dc5ee550208e2eefd462e229ca3b5b8bf05ce69358d848
আগন্তুক পৌৰ সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হোৱা প্ৰাৰ্থী সকলে আজি দাখিল কৰে মনোনয়ন পত্ৰ । বিশ্বনাথ চাৰিআলি পৌৰ সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থী সকল আজি উপস্থিত হয় বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত । বিজেপিৰ লগতে অন্যান্য দলৰ প্ৰাৰ্থী সকল দুপৰীয়া ভাগত জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে । ইফালে বিজেপি দলৰ প্ৰাৰ্থী সকলক উৎসাহিত কৰাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সহযোগ কৰে বিশ্বনাথ বিশ্বনাথৰ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ । ১২ টা ৱাৰ্ডৰ আসনক লৈ বিশ্বনাথ চাৰিআলি পৌৰ সভাত এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । ১৪৯০৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিব এইবাৰ বিশ্বনাথ চাৰিআলি পৌৰ সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থী সকলৰ ভাগ্য । Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b4f988f7f650a10034514e6e286808f70f13260bcab9142a8591e16b023a6d07
চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ - (সুপ্রকাশ তালুকদাৰ) - মুক্ত চিন্তা\nচিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ - (সুপ্রকাশ তালুকদাৰ)\nযোৱা ৬ মাৰ্চত ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত অবাঞ্ছিত ঘটনাই সমগ্ৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিবেশৰ ওপৰত ব্যাপক প্রভাৱ পেলাই থৈ গৈছে। নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতি (নিব্বাছ)য়ে সিদিনাখন এই সৰু চহৰখনত বাংলাদেশৰপৰা অবৈধভাৱে প্রবেশ কৰা হিন্দু বাঙালী লোকসকলৰ নাগৰিকত্বৰ সমৰ্থনত এক বৃহৎ সমাবেশ আৰু সমদলৰ আয়োজন কৰিছিল। সিদিনাখনৰ ঘটনাৱলীৰ সম্পূর্ণ বিৱৰণ এতিয়াও সম্পূৰ্ণকৈ জানিব পৰা হোৱা নাই। কিন্তু একাংশ সমদলকাৰীয়ে স্থানীয় 'আছু'ৰ কাৰ্যালয়ত আক্রমণ কৰে, শ্বহীদ বেদী, ড° ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবি লণ্ডভণ্ড কৰে আৰু অসমীয়া-বিদ্বেষী শ্লোগান দিয়ে। এই বাতৰি বিয়পি যোৱাৰ ফলত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। খবৰ পোৱা মতে সিদিনাখন ৰাতিয়েই হেজাৰ হেজাৰ মানুহ চিলাপথাৰৰ চাৰিওফালৰপৰা সমবেত হৈছিল চহৰখনৰ বাঙালী মানুহখিনিক আক্ৰমণ কৰাৰ বাবে। বৃহৎসংখ্যক পুলিচ আৰু নিৰাপত্তা বাহিনীৰ পহৰাৰ মাজতো দোকান আৰু বাসগৃহত অগ্নিসংযোগৰ ঘটনা সংগঠিত হয়। চাৰি-পাঁচদিন ধৰি চিলাপথাৰত দোকান আৰু বাসগৃহত অগ্নিসংযোগৰ ঘটনা ছেগা-চোৰোকাকৈ চলি থাকে। অৱশেষত সান্ধ্য আইন কঠোৰভাৱে প্রয়োগ কৰিহে এনেবোৰ ঘটনা বন্ধ কৰিব পৰা গৈছে। ধেমাজি চহৰতো বাঙালী দোকানীসকলে সন্ত্রস্ত হৈ আৰু ভয়-ভাবুকিৰ বাবে এসপ্তাহৰো অধিক কাল দোকান-পোহাৰ বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। গোলাঘাট, ৰঙিয়া, সোণাৰি আদিতো কেতবোৰ ঘটনা সংঘটিত হয়। অৱশ্যে এনে উত্তেজনা আৰু হিংসাত্মক ঘটনাবোৰ এতিয়া শাম কাটিছে। অসমীয়া, বাঙালী উভয় সম্প্রদায়ৰ শুভবুদ্ধি আৰু সাৱধানতাৰ বাবে এই পর্বত বৃহদাকাৰ হিংসাত্মক ঘটনা আৰু সংঘাত-সংঘর্ষ এৰাই চলিব পৰা গ'ল।\nনাগৰিকত্ব (সংশোধনী) বিল অসমৰ জটিল জন-গাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইয়াত নিজৰ প্ৰভাৱ আৰু সংগঠন বৃদ্ধি কৰাৰ বাবে নানান কৌশল অৱলম্বন কৰিছে। তাৰ ভিতৰত অন্যতম হ'ল বাঙালী হিন্দুসকলৰ মাজত নিজৰ ভোট বেংক সৃষ্টি কৰা। ১৯৯০ৰ দশকৰপৰা অসমত বিজেপিৰ জনসমর্থন বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বৰাক উপত্যকাৰ বাঙালী হিন্দুসকলৰ মাজতে তেওঁলোকে প্রথম খোপনি পোতে। ব্ৰহ্মপুত্র উপত্যকাতো বাঙালী আৰু হিন্দীভাষীসকলৰ মাজত বিজেপিৰ জনসমৰ্থনৰ ভেটি এটা তুলনামূলকভাৱে আগ বাঢ়ে। অৱশ্যে ২০১৪ চনৰ লোকসভা নির্বাচন আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনত অসমীয়া হিন্দুকে ধৰি সকলো হিন্দু সম্প্রদায় আৰু জনজাতিৰপৰাই তেওঁলোকে যথেষ্ট সমর্থন লাভ কৰিবলৈ সমর্থ হৈছে। যি কি নহওক, হিন্দু বাঙালীৰ মাজত পোৱা জনসমর্থনক যাতে স্থায়ী ভোট বেংকলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ বাবেই বিজেপিৰ নিয়ন্ত্ৰক আৰ এছ এছে পৰিকল্পনা আৰম্ভ কৰে। অসম আৰু পশ্চিমবংগৰ বিধানসভাৰ নির্বাচনত প্রভাৱ সৃষ্টি কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ ৭ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে দুখন জাননী জাৰি কৰে। ইয়াত যিসকল লোকে অবৈধভাৱে ভাৰতত প্রৱেশ কৰিছে অথবা প্ৰবেশৰ অনুমতিৰ ম্যাদ পাৰ হোৱাৰ পাছতো বসবাস কৰিছে তেওঁলোকক ভাৰতত বসবাসৰ অনুমতি দিয়া হয়। জাননী অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত যিসকল অমুছলমান (কার্যক্ষেত্ৰত হিন্দু) আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানী নাগৰিকে ধর্মীয় নির্যাতন অথবা নির্যাতনৰ ভয়ত ভাৰতবৰ্ষত প্রৱেশ কৰিছে তেওঁলোকৰ বাবে এই সুবিধা ঘোষণা কৰা হয়। এই সিদ্ধান্তই অসমত যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। কাৰণ ৰাজ্যখনৰ সুকীয়া বাস্তৱতা। সকলোৱে জানে যে বাংলাদেশৰপৰা প্ৰব্ৰজনৰ বিষয়টোৱে অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গভীৰ আৰু দীর্ঘস্থায়ী প্রভাৱ পেলাইছে। ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ ৰাজ্যখনত 'আছু' আৰু অসম গণ সংগ্রাম পৰিষদৰ নেতৃত্বত সংগঠিত বৃহৎ আন্দোলনৰ পটভূমিও আছিল এই সমস্যা। মন কৰিবলগীয়া যে বহিৰাগত-বিৰোধী আন্দোলন হিচাপে সূত্রপাত হোৱা আন্দোলনটোৰ দাবী আছিল ১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ। চিপিআই(এম) আৰু অন্যান্য বাঁওপন্থী শক্তিবোৰে এই দাবী যুক্তিসংগত নহয় বুলি অভিহিত কৰি তাৰ বিৰোধিতা কৰিছিল আৰু ১৯৭১ চনৰ ২৫ মাৰ্চক সময়সীমা হিচাপে চিহ্নিত কৰাৰ দাবী জনাইছিল। কাৰণটো তেনেই পোনপটীয়া - ১৯৭১ চনৰ ২৬ মাৰ্চতহে বাংলাদেশ এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠিত হয়। গতিকে তাৰ পূৰ্বৰ দায়িত্ব তেওঁলোকে বহন কৰিব বুলি ভবাটো অর্থহীন। ইন্দিৰা-মুজিব চুক্তিৰ মাজেৰেও এনে এক সময়সীমা যৌক্তিক বুলি প্রতিষ্ঠিত হয়। এনে এক নীতিগত অৱস্থান লোৱাৰ বাবেই বাঁওপন্থীসকল ব্যাপক ৰোষৰ বলি হ'ল। কেৱল চি পি আই(এম)-য়েই ৫০জন কর্মীক হেৰুৱাবলগীয়া হ'ল। এই দলটো 'বাঙালী" আৰু "মিঞাৰ দালাল" বুলি ব্যাপক অপপ্ৰচাৰৰ বলি হ'ল। অৱশ্যে প্রচণ্ড প্রতিকূলতা আৰু আক্রমণেও চি পি আই (এম) আৰু অন্যান্য বাঁওপন্থীসকলক নিজৰ অৱস্থানৰপৰা টলাব নোৱাৰিলে। অৱশেষত ১৯৮৫ চনত স্বাক্ষৰিত 'অসম চুক্তি'ত বিদেশী বহিষ্কৰণৰ সময়সীমা হিচাপে ১৯৭১ চনৰ ২৫ মার্চকে নির্ধাৰণ কৰা হ'ল। পিছে অসম চুক্তি স্বাক্ষৰিত হ'ল যদিও বিদেশী নাগৰিকৰ সমস্যাটো জীয়াই থাকিল। বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ সুযোগ সম্পূর্ণ বন্ধ কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ আন্তৰিকতাৰ অভাৱ, বিদেশী চিনাক্তকৰণ প্রক্রিয়াত ত্ৰুটি আৰু অহেতুক বিলম্বই অসমীয়া মানুহৰ মাজত উদ্বিগ্নতা, আশংকা আৰু ক্ষোভ জীয়াই ৰাখিলে। ইয়াৰ লগত যুক্ত হ'ল সমস্যাটো সম্পর্কে নিৰন্তৰ অতিৰঞ্জিত আৰু অবাস্তৱ প্ৰচাৰ। আনহাতে, বাঙালী আৰু মুছলমান, বিশেষকৈ পূর্ববংগীয় লোকসকলৰ মাজতো চলি থাকিল বিদেশী হিচাপে চিনাক্তকৰণৰ আশংকা আৰু দুঃশ্চিন্তা। বিশেষকৈ ১৯৯৭-৯৮ চনৰপৰা নির্বাচন আয়োগে প্রবর্তন কৰা 'ডি' ভোটাৰ ব্যৱস্থাই সমস্যাটো আৰু অধিক জটিল কৰি তুলিলে। কেৱল সন্দেহৰ ভিত্তিত ভোটাধিকাৰৰপৰা বঞ্চিত কৰাৰ অদ্ভূত ব্যবস্থা এতিয়াও অব্যাহত আছে। স্বাভাৱিকতে এই সন্দেহৰ কবলত পৰিছে মূলতঃ বাংলাভাষী হিন্দু আৰু পূর্ববংগীয় মূলৰ মুছলমানসকল। অসমত বিজেপি-আৰ এছ এছৰ কৰ্মতৎপৰতা বৃদ্ধি পোৱাৰ লগে লগে বিদেশী নাগৰিক সমস্যাটোৰে সাম্প্রদায়িকীকৰণ ঘটিছে। পূর্ববংগীয় মূলৰ সকলো মুছলমানকে 'বাংলাদেশী' আখ্যাৰে চিহ্নিত কৰাৰ প্রচেষ্টা চলিছে। অথচ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্রবেশ কৰি থিতাপি লোৱাসকলক ভাৰতীয় হিচাপে গণ্য কৰাৰ ব্যৱস্থা আইনত সন্নিবিষ্ট হৈছে। কিন্তু এইবোৰলৈ কেৰেপ নকৰি পূৰ্ববংগীয় মুছলমানসকলক "সন্দেহযুক্ত বাংলাদেশী" বুলি ছাপ মাৰি দিয়া আৰু অযথা হাৰাশাক্তি কৰাৰ প্রক্রিয়া এটা অবিৰত চলি আছে। আৰ এছ এছ-বিজেপিয়ে সকলো হিন্দুৱেই ভাৰতীয় আৰু পূর্ববংগীয় মুছলমানসকল বিদেশী - এই তত্ত্ব এটা প্রতিষ্ঠিত কৰাৰ বাবে ধাৰাবাহিকভাৱে সাম্প্রদায়িক প্রচাৰ এটা চলাই আছে। এই তত্ত্বৰ ভেটিতে বাংলাদেশৰপৰা অবৈধভাৱে প্রব্রজন কৰি অসমত প্রৱেশ কৰা হিন্দু আৰু মুছমলানক বেলেগ বেলেগ দৃষ্টিভংগীৰে চাবলৈ বিজেপি চৰকাৰ আৰু দলীয় নেতৃত্ব তৎপৰ হৈ পৰিছে। এই উদ্দেশ্যে ২০১৫ চনৰ ৭ ছেপ্টেম্বৰত কেন্দ্রীয় চৰকাৰে দুখন জাননী জাৰি কৰে। এই জাননীৰদ্বাৰা কোৱা হ'ল, ২০১৪ চনৰ ৩১ ডিচেম্বৰ পর্যন্ত যিসকল অমুছলমান লোক বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰপৰা তাত হোৱা ধর্মীয় নির্যাতন বা নির্যাতনৰ ভয়ত ভাৰতবৰ্ষত প্রৱেশ কৰিছে, তেওঁলোকক ভাৰতত কোনো বৈধ নথি নোহোৱাকৈ থাকিবলৈ দিয়া নহ'ব। এই নিৰ্দেশৰদ্বাৰা অসমৰ ক্ষেত্ৰত কার্যক্ষেত্ৰত বাংলাদেশৰপৰা অহা হিন্দু নাগৰিকসকলক অসমত আশ্রয় দিয়াৰ কথাটোহে ইয়াতে কোৱা হৈছে। এনে এক সিদ্ধান্তৰ ক্ষেত্ৰত অসমত ব্যাপক প্রতিক্রিয়া দেখিবলৈ পোৱা গ'ল। কাৰণটো হ'ল ইতিমধ্যে ১৯৭১ চনৰ ২৪ মার্চ পর্যন্ত পূব পাকিস্তানৰপৰা অসমত প্রৱেশ কৰা সকলো নাগৰিককে ৰাজ্যখনত আশ্রয় দিয়া হৈছে আৰু তেওঁলোকৰ বাবে নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। অসম চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণৰ পাছত ১৯৮৫ চনৰ ডিচেম্বৰত নাগৰিকত্ব আইন, ১৯৫৫ সংশোধনী কৰি ইয়াক আইনতঃ সিদ্ধ কৰা হৈছে। উল্লেখ্য যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেৱল অসমৰ বাবেহে এই বিশেষ ব্যৱস্থা (নাগৰিকত্ব আইন, ১৯৫৫-ৰ ৬(ক) ধাৰা) প্রযোজ্য। স্বাভাৱিকতে দেশৰ বাবে এনে এক গুৰু দায়িত্ব পালন কৰাৰ পাছত পুনৰাই এই জাননী কার্যকৰী কৰাৰ বাবে অসমৰ জনসাধাৰণ প্রস্তুত নহয়। অসমৰ ৰাইজৰ এই প্রতিক্রিয়ালৈ লক্ষ্য ৰাখি বিজেপি দলে এই বিষয়টোক লৈ তৰ্ক-বিতর্ক কৰাৰপৰা বিৰত থাকিল। ২০১৬ চনত অনুষ্ঠিত বিধানসভা নির্বাচনত এই বিষয়টো নির্বাচনী ইছ্যু হিচাপে বিবেচিত নহ'ল। কংগ্ৰেছৰ বিৰুদ্ধে প্রতিষ্ঠানবিৰোধী ঢৌ আছিল তীব্ৰ আৰু কংগ্ৰেছক পৰাস্ত কৰাৰ বাবে বি জে পি আৰু সহযোগী দলবোৰকে অসমৰ মানুহে বাছি ল'লে। উল্লেখযোগ্য যে বিজেপি দলে "জাতি-মাটি-ভেটি" ৰক্ষা কৰাৰ শ্লোগানেই ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল আৰু অসমীয়া মানুহক এই শ্লোগানে যথেষ্ট আকৰ্ষিত কৰিছিল। বিধানসভা নির্বাচনৰ পাছত বিজেপিয়ে পুনৰাই অমুছলমান প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব দিয়াৰ প্ৰশ্নটো সন্মুখলৈ আনিছে। কাৰণ অইন কোনো বিষয়তে বিজেপিয়ে জনসাধাৰণৰ প্রত্যাশা পূৰণ কৰিব পৰা নাই। বৰং বহুতো ক্ষেত্ৰত নিজৰ প্রতিশ্রুতি আৰু পূৰ্বৰ অঘোষিত অবস্থানৰ ঠিক বিপৰীতে কাম কৰিছে। সেয়ে জনসাধাৰণক ধৰ্মৰ ভিত্তিত বিভাজিত আৰু সমৱেত কৰাৰ পথটোকে বাৰে বাৰে ব্যৱহাৰ কৰিছে। এই লক্ষ্যৰে এইবাৰ নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬ প্রস্তুত কৰিছে। শীতকালীন অধিবেশনত উত্থাপন কৰা এই বিল বিৰোধী ৰাজনৈতিক দলবোৰৰ হেঁচাৰ বাবে ছিলেক্ট কমিটিলৈ প্ৰেৰণ কৰা হৈছে। এই সংশোধনীৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰপৰা ভাৰতলৈ অহা সকলো অমুছলমান নাগৰিকৰ বাবে ভাৰতবৰ্ষৰ নাগৰিকত্ব প্রদান কৰাৰ পথ প্রশস্ত কৰা হৈছে। ২০১৫ চনৰ ছেপ্টেম্বৰত জাৰি কৰা নির্দেশত যি সময়সীমা (২০১৪ চনৰ ৩১ ডিচেম্বৰ) আছিল, সেয়া এই সংশোধনীত অন্তৰ্ধান হৈছে। তদুপৰি ধৰ্মীয় কাৰণত নির্যাতিতৰ চৰ্তও এইবাৰ নাই। অর্থাৎ পোনপটীয়াকৈ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ প্রস্তাৱ কৰা হৈছে। সংবিধানৰ যি ধর্মনিৰপেক্ষ চৰিত্ৰ, তাৰ মৰ্মস্থলতে আঘাত কৰিছে এই সংশোধনীয়ে। কোনো ধর্মনিৰপেক্ষ দল-সংগঠন অথবা ব্যক্তিকে ইয়াক সমর্থন কৰিব নোৱাৰে। অসমত বিজেপিত বাদে অইন কোনো ৰাজনৈতিক দলে ইয়াক সমর্থন কৰা নাই, বিৰোধিতা কৰিছে। কিন্তু আৰ এছ এছ-বিজেপিয়ে ৰাজ্যখনৰ জনমতক আওকাণ কৰি নিজৰ ৰাজনৈতিক অভীপ্সা পূৰণ কৰাৰ বাবে এই বিলখনক লৈ আগুৱাবৰ বাবে বদ্ধপৰিকৰ। তেওঁলোকৰ লক্ষ্য হ'ল ভোটবেংক সৃষ্টি। অসমৰ পৰিস্থিতিত বাঙালী হিন্দু লোকসকলকে ইয়াৰ বাবে লক্ষ্য কৰি লৈছে। এইসকল লোক "ডি" ভোটাৰ সমস্যাৰদ্বাৰা যথেষ্ট হায়ৰান হৈছে। বহু লোকক বিদেশী নাগৰিক হিচাপে চিহ্নিত কৰি গোচৰ তৰা হৈছে। তদুপৰি দেশ-বিভাজনৰ সময়ত বা তাৰ পাছত পাকিস্তানত যি ধর্মীয় ভিত্তিত আতিশয্য হৈছে তাৰদ্বাৰা যিহেতু বাঙালী হিন্দু বহু লোক ক্ষতিগ্রস্ত হৈছিল, স্বাভাৱিকতে তাৰ মনস্তাত্ত্বিক প্রভাৱ এই সম্প্রদায়ৰ বহু লোকৰ মাজত আছে। এনেবোৰ কাৰকৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে নাগৰিত্ব (সংশোধনী) বিলৰ দৰে সাম্প্রদায়িকভাৱে পক্ষপাতদুষ্ট আইনগত পদক্ষেপক অস্ত্ৰ হিচাপেলৈ অসমত এই সম্প্রদায়টোৰ মাজত স্থায়ী সমর্থন-ভিত্তি সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে। কিন্তু অসমৰ দৰে জটিল জনগাঁথনিৰ ৰাজ্যত নাগৰিকত্ব (সংশোধনী) বিলে নতুন সমস্যা মাতি আনিছে। অসমীয়া আৰু জনজাতীয় জনসাধাৰণৰ বৃহত্তৰ অংশই এই বিলখনৰ প্রতিবাদ কৰিছে। আনকি এক বুজনসংখ্যক বাঙালী হিন্দু মানুহেও এই বিলখন সমর্থন কৰিব পৰা নাই। কাৰণ অসমৰ স্থায়ী বাসিন্দা এইসকল লোকে নিজৰ অভিজ্ঞতাৰপৰা দেখিছে যে দীর্ঘদিনীয়া বিবাদ আৰু অশাস্তিৰ পাছত ১৯৭১ চনৰ ২৫ মাৰ্চক বিদেশী চিনাক্তকৰণৰ সময়সীমা হিচাপে লৈ অসমত এক বহল ঐকমত্য সৃষ্টি হৈছে। এতিয়া নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬ৰ মাজেৰে আৰ এছ এছ-বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থ চৰিতাৰ্থ কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে, ইয়াৰ ফলত অসমীয়া-বাঙালীৰ মাজত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা সদ্ভাব যথেষ্ট ক্ষতিগ্রস্ত হ'ব পাৰে। পৰিণতিত অসমত সংখ্যালঘু বাঙালী মানুহৰ গণতান্ত্রিক অধিকাৰ বিপদাপন্ন কৰি বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা লাখ লাখ বাঙালী মানুহক অহেতুক অশান্তি আৰু অনিশ্চয়তাৰ মুখত পেলোৱাৰ দুৰ্ভাবনা নোহোৱা নহয়। এনে এক প্রেক্ষাপটত বিজেপিয়ে নিজৰ ৰাজনৈতিক শুদ্ধতা প্রতিপন্ন কৰিবলৈ\nনাগৰিকত্ব সংশোধনী বিলৰ সপক্ষে জনসমর্থন প্রদর্শন কৰিবলৈ তৎপৰ হৈ উঠিছে। ইয়াৰ বাবেই নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ দৰে সংগঠন আৰু সুবোধ বিশ্বাসৰ দৰে নেতা(!)ক নিজৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। চিলাপথাৰ কাণ্ড হ'ল আৰ এছ এছ-বিজেপিৰ এনে বিষময় ৰাজনীতিৰ ভয়ংকৰ প্রতিফলন। সংঘ পৰিয়ালৰ ইতিহাসত চকু ফুৰালে এই কথা বুজিবলৈ অকণো অসুবিধা নহয় যে নিজৰ ঠেক ৰাজনৈতিক স্বার্থ পূৰণ কৰিবলৈ ই যিকোনো সম্প্রদায়ক জুইৰ মুখলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰে।\nঅসমীয়া-বাঙালীৰ মাজত ক্ৰমাৎ সবল হ'ব ধৰা পাৰস্পৰিক সদ্ভাব আৰু বুজাবুজিক নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬-এ এক প্রত্যাহ্বানৰ মুখত পেলোৱা পৰিলক্ষিত হৈছে। এই কথা ভু-ৰখা সকলোৱে জানে যে ৰাজ্যখনত অসমীয়া আৰু বাঙালীৰ মাজত বিৰোধ আৰু ভুল বুজাবুজিৰ এক দীঘলীয়া ইতিহাস আছে। ব্রিটিছ চৰকাৰে ১৮৩৬-১৮৭১ চনত অসমত অসমীয়াৰ ঠাইত বাংলাক চৰকাৰী ভাষা কৰাৰ মাজেৰে এই বিৰোধৰ সূত্রপাত হয়। পৰৱৰ্তী সময়ত চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যমক কেন্দ্ৰ কৰি কেইবাবাৰো এনে বিৰোধে হিংসাত্মক ৰূপ ধাৰণ কৰে। অসম আন্দোলনৰ সময়ত বাঙালী আৰু মুছলমান জনসাধাৰণৰ ওপৰত আক্রমণ সংগঠিত হোৱাৰ ইতিহাস, ভু-ৰখা সকলোৰে জ্ঞাত। কিন্তু অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত ধীৰে ধীৰে এই বিৰোধ প্রশমিত হ'বলৈ ধৰে। অসমীয়া আৰু বাঙালীৰ মাজত পাৰস্পৰিক আস্থা আৰু আদান-প্রদান সবল হ'বলৈ ধৰে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ জনগণৰ মাজত থকা ব্যৱধানো বহু পৰিমাণে হ্রাস পাইছে। কিন্তু নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অসন্তোষ আৰু ক্ষোভৰ আলম লৈ পুনৰ উগ্র জাতীয়তাবাদী কথা-বতৰা কিছুমানে ভুমুকি মৰা দেখা গৈছে। বিশেষকৈ চিলাপথাৰ কাণ্ডৰ পাছত ইয়াৰ বাবে সমগ্র বাঙালী জাতিক দোষী সজোৱা আৰু তেওঁলোকৰ বিৰুদ্ধে উত্তেজনা বিয়পাবলৈ কেতবোৰ লোকে চেষ্টা কৰিছে।\nসংমিশ্রণ আৰু বাঙালী জাতি\nএচামে ধাৰাবাহিকভাৱে যুক্তি আগ বঢ়াইছে যে অসমলৈ অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অসমীয়া জাতিত লীণ হৈ গৈছে। কিন্তু বাঙালী বিশেষকৈ হিন্দু বাঙালীসকলে অসমীয়া ভাষা-সংস্কৃতি ক'তো গ্রহণ কৰা নাই, বৰং তেওঁলোকে এক সম্প্রসাৰণবাদী দৃষ্টিভংগীহে অনুসৰণ কৰি আহিছে। কিন্তু তেওঁলোকে ড° অমলেন্দু গুহ, হেমাংগ বিশ্বাস, কুলদাকুমাৰ ভট্টাচার্যৰ দৰে প্ৰাতঃস্মৰণীয় লোকসকলৰ অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনলৈ অমূল্য বৰঙণিক কিদৰে অস্বীকাৰ কৰিব? পৰৱৰ্তী প্রজন্মৰ পুলক বেনাৰ্জী, ডলি ঘোষ, বিভুৰঞ্জন চৌধুৰী, নন্দ বেনাৰ্জী, মৃদুল গুপ্ত, কিৰণ শংকৰ ৰায়, আনকি নৱতম প্রজন্মৰ অনিন্দিতা পাল আদিৰ অসমীয়া সংগীত-সংস্কৃতি জগতৰ ক্ষেত্ৰত ভূমিকা কোনজন অসমীয়াতকৈ কম? আন এক কথা সততে প্ৰচাৰ কৰা হয় যে বাঙালীসকলে অসমৰ ক'তো অসমীয়া মাধ্যমৰ স্কুলত পঢ়া-শুনা নকৰে। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ অজস্র গাঁৱৰ উদাহৰণ দিব পাৰি য'ত হেজাৰ হেজাৰ বাংলাভাষী ল'ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমৰ স্কুলত পঢ়া-শুনা কৰিছে। উদাহৰণস্বৰূপে ৰঙিয়া সমষ্টিৰ অন্তর্গত গোৰেশ্বৰ-মহৰিপাৰা অঞ্চলৰ বৃহৎসংখ্যক বাঙালী জনসংখ্যাৰ মাজত এখনো বাংলা মাধ্যমৰ হাইস্কুল নাই। তেনেদৰে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া মৌজাৰ পূব মালৈবাৰী, দুৰুং, কৈকাৰী আদিৰ দৰে ঘনবসতিপূর্ণ অঞ্চলবোৰত বৃহৎসংখ্যক বাঙালী মানুহ বসবাস কৰি আছে য'ত এখনো বাংলা স্কুল নাই। চহৰ অঞ্চলৰ চিত্ৰখন কিছু বেলেগ হ'লেও নিজৰ বিচাৰ-বিবেচনাৰে, স্বেচ্ছাই বাঙালী সম্প্রদায়ৰ লোকে অসমীয়া মাধ্যমৰ স্কুল স্থাপন কৰি পঢ়া-শুনা কৰাৰ উদাহৰণ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিখন জিলাৰে গ্ৰামাঞ্চলত দেখিবলৈ পোৱা যায়। অসমৰ যিসকল লোকে বিভিন্ন জনগোষ্ঠীৰ মাজত সম্প্রীতি আৰু সংহতি বৃদ্ধি কৰিব বিচাৰে তেওঁলোকে স্বেচ্ছামূলক আৰু গণতান্ত্রিক সংমিশ্রণৰ প্রক্রিয়াক অৱশ্যে উৎসাহিত কৰে। কিন্তু জোৰপূর্বক নিজৰ ভাষা জাপি দিয়াৰ বাবে প্রচেষ্টাৰ পৰিণাম যে ভাতৃঘাতী সদৃশ, অসমীয়া জাতিৰ কাণ্ডাৰীসকলে বাৰে বাবে তাৰ প্রমাণ পাইছে। ২০০১ চনৰ লোকপিয়লত অসমীয়াভাষীৰ শতাংশ লক্ষণীয়ভাৱে কমি যোৱাৰ এক গুৰুত্বপূর্ণ কাৰণ হ'ল পূর্বতে নিজকে অসমীয়া বুলি ঘোষণা কৰা বহুতো লোকে এই লোকগণনাত নিজকে অইন ভাষিক গোষ্ঠীৰ বুলি পৰিচয় দিছে। গতিকে অসমত বসবাসকাৰী অইন জনগোষ্ঠীবোৰৰ দৰে বাঙালী ভাষা-সংস্কৃতিও চর্চা কৰাৰ অধিকাৰক অস্বীকাৰ কৰাটো কোনো গণতান্ত্ৰিক আৰু দূৰদৰ্শী লোকৰ পৰিচায়ক হ'ব নোৱাৰে। গতিকে উগ্র জাতীয়তাবাদ অসমীয়া জাতিৰ বিকাশৰ পথ নহয়, ধ্বংস আৰু অৱক্ষয়ৰহে পথ । সেয়ে অসমীয়া জাতিৰ ভবিষ্যতক লৈ যিসকল সঁচাকৈ উদ্বিগ্ন উগ্ৰ জাতীয়তাবাদৰ পথ পৰিহাৰ কৰি গনতান্ত্ৰিক চিন্তা-চেতনা আৰু জনগোষ্ঠীৰ মাজত সদ্ভাব-সম্প্রীতিৰেহে নিজৰ ন্যায়সংগত সমস্যা সমাধানৰ পথ বিচাৰিব লাগিব। একে সময়তে বাঙালী সম্প্রদায়েও সন্মুখীন হোৱা এমুঠি জটিল সমস্যাৰ নিৰসনৰ বাবেও গণতান্ত্রিক চিন্তা-চেতনা আৰু ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ অসমীয়াভাষীসকলৰ সৈতে সদ্ভাব-সম্প্রীতি বৃদ্ধি কৰাৰ পৰীক্ষিত পথৰহে আশ্রয় লোৱা উচিত। কোনোধৰণৰ সংকীর্ণতাই তেওঁলোক স্বার্থ সুৰক্ষিত কৰাৰ সলনি নতুন বিপদহে মাতি আনিব। গতিকে ন্যস্ত স্বার্থৰ বাবে প্রত্যাক্রমণমূলক মানসিকতাক উচটনি দিয়াসকলৰপৰা বাঙালীসকলো সতর্ক থকা উচিত। মনত ৰখা প্রয়োজন যে উগ্র জাতীয়তাবাদ কোনো জাতিৰে আছুতীয়া সম্পদ নহয়, সকলো জাতিৰ মাজতেই ক্রিয়া কৰিব পাৰে। যিসকলে শত-সহস্র সমস্যাৰে জৰ্জৰিত অসমৰ ঠাইত এক সমৃদ্ধিশালী, বিকাশমুখী অসমৰ স্বপ্ন দেখে, তেওঁলোকে অসমৰ জনসাধাৰণৰ সকলো সম্প্রদায়ৰ মাজত ঐক্য ৰক্ষাৰ প্ৰশ্নটোক সর্বাধিক গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগিব। তাৰ বাবে ধর্মীয় ক্ষেত্ৰত ৬১.৪৭ শতাংশ হিন্দু আৰু ৩৪.২২ শতাংশ মুছলমানৰ মাজৰ ঐক্য ৰক্ষা কৰাটো খুবেই গুৰুত্বপূর্ণ। আনহাতে, ভাষিক ক্ষেত্ৰত ৰাজ্যখনত অসমীয়াভাষী প্রায় ৪৯ শতাংশ আৰু বাংলাভাষী ২৭ শতাংশ। এই দুই বৃহত্তম ভাষিক গোষ্ঠীৰ ঐক্য অবিহনে এখন শাস্তি-সম্প্ৰীতিৰ অসম কল্পনা কৰিব নোৱাৰি। কিন্তু উদ্বেগৰ কথা, বিজেপি-আৰ এছ এছৰ ভেদবাদী নীতিৰ ফলত অসমত ধর্মীয় ক্ষেত্ৰত হিন্দু আৰু মুছলমানৰ মাজত আৰু ভাষিক ক্ষেত্ৰত অসমীয়া আৰু বাঙালীৰ মাজত বিৰোধ আৰু বিভাজন তীব্রতৰ হোৱাৰ আশংকা সৃষ্টি হৈছে। সেয়ে সকলো ধর্মীয় আৰু ভাষিক গোষ্ঠীয়ে বিজেপিৰ চক্রান্ত সম্পর্কে সচেতন হৈ ঐক্যবদ্ধ হোৱাৰ বাবে আগ বাঢ়ি অহা উচিত।\nবিষয় নাগৰিকত্ব সংশৱধনী বিধেয়ক\nNo Comments : "চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ - (সুপ্রকাশ তালুকদাৰ)"
bb3a8ff5511ba20f7e557d6f0e9d897258bcb1f46fab0ee169874edcdf76edb0
শিৱসাগৰত দেওবাৰে স্বৰ্গদেউ শিৱসিংহ সাপ্তহিক বজাৰ কমিটিৰ উদ্যোগত আৰু ৰেচকিউৰ সহযোগত ভাৰত ৰত্ন তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে শিৱসাগৰৰ নামতিয়াল পথাৰত থকা শিৱসিংহ উদ্যানত দেওবাৰে পুৱা শিৱসিংহ সাপ্তাহিক বজাৰ কমিটিৰ বিষয়ববীয়া আৰু ৰেচকিউৰ কৰ্মকৰ্তা সকলে প্ৰথমতে উদ্যানখন চাফ-চিকুণ কৰে। পিছত বিষয়ববীয়া আৰু ৰেচকিউৰ কৰ্মকৰ্তা সকলে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ সোঁৱৰণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে আৰু লগতে উদ্যানখনৰ চাৰিওফালে বৃক্ষ ৰোপণ কৰে। আনহাতে এই শ্ৰদ্ধাঞ্জলি আৰু বৃক্ষ ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ভৱেন্দ্ৰ নাথ মহন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
13fc59294ef537e84ad7714126533a09ace070d2407d1ad3aa758801d230b1f4
চেন্নাইত অনুষ্ঠিত হৈ থকা বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত অব্যাহত আছে অসমৰ হতাশাজনক প্ৰদৰ্শন। ঝাৰখণ্ড, হাৰিয়ানা, তামিলনাডু আৰু বেংগলৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত সোমবাৰে অনুষ্ঠিত হোৱা আন এখন মেচত ৰাজস্থানৰ বিৰুদ্ধেও ৫৬ ৰানৰ ব্যৱধানত লজ্জাজনকভাৱে পৰাস্ত হয় অসম। প্রথমে বেট ধৰা ৰাজস্থানে নিৰ্ধাৰিত ৫০ অভাৰত সাত উইকেট হেৰুৱাই ২১৭ ৰাণ কৰে। ৰাজস্থানৰ মহেন্দৰ নৰেন্দৰ সিঙে ১০১ ৰাণৰ শতকীয় ইনিংছ খেলাৰ লগতে মাহীপল লমৰোৰে ৫৪ ৰাণৰ দৰ্শনীয় ইনিংছ খেলে। অসমৰ হৈ জিতুমণি কলিতাই দুটা, অৰূপ দাস, ৰিয়ান পৰাগ, অমিত সিনহা আৰু মৃণ্ময় দত্তই এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়। ২১৮ ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা অসমে নিজৰ বেটিং ব্যৰ্থতা অব্যাহত ৰাখি ৩৮.৪ অভাৰতেই ১৬১ ৰাণত ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে। অসমৰ হৈ অধিনায়ক অমিত সিনহাই ৫২ আৰু ৰিয়ানে পৰাগে ৪৫ ৰাণ কৰাৰ বিপৰীতে কোনো এজন বেটছমেনে ৰাজস্থানৰ বলিং আক্ৰমণক প্ৰতিহত কৰিবলৈ সামৰ্থ হোৱা দেখা নগ'ল। অসমৰ বেটিং ব্যৰ্থতাৰ মূলতে আছিল ৰাজস্থানৰ বলাৰৰ সঠিক আক্ৰমণ। ৰাজস্থানৰ টিএম উল হকে ৩ টা, ৰাহুল চাহাৰ, চন্দ্ৰপাল সিঙে দুটাকৈ আৰু ৰাজেশ বিষ্ণোই এটা উইকেট লাভ কৰে। উল্লেখ্য যে বিজয় হাজাৰে এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখনত অসমে এতিয়ালৈ ধাৰাবাহিকভাৱে পাঁচখন মেচত পৰাস্ত হৈছে। অহা ৫ অক্টোবৰত অসমে চাৰ্ভিচেজৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ'ব। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f0d664853579f1daa97a8d7b7e8d05a89cba5470682bcb499e6657dbec0e5233
ডিজিটেল ডেস্কঃ :ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপে মঙলবাৰে এক বিশেষ তথ্য দাঙি ধৰে। কোম্পানীটোৱে কয় যে, ছেপ্টেম্বৰত ভাৰতত ২৬.৮৫ লাখ একাউণ্ট নিষিদ্ধ কৰিছে। ছেপ্টেম্বৰত বন্ধ কৰা একাউণ্টৰ সংখ্যা আগষ্টত বন্ধ কৰা ২৩.২৮ লাখ একাউণ্টতকৈ ১৫ শতাংশ বেছি । এক প্ৰতিবেদনত কোম্পানীটোৱে কয় যে "১ ছেপ্টেম্বৰ, ২০২২ ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২২ ৰ ভিতৰত ২,৬৮৫,০০০ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে। ইয়াৰে ৮.৭২ লাখ একাউন্ট কোনোৱে ৰিপোৰ্ট কৰাৰ আগতে বন্ধ কৰা হৈছিল। বিগত বৰ্ষত কাৰ্যকৰী হোৱা তথ্য প্ৰযুক্তি নিয়মবোৰে বৃহৎ ডিজিটেল প্লেটফৰ্মবোৰক (৫০ লাখৰো অধিক ব্যৱহাৰকাৰীৰ ) প্ৰতি মাহে অভিযোগ কৰা প্ৰতিবেদন প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে।প্ৰাপ্ত অভিযোগৰ বিৱৰণ আৰু লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰিব লাগে কোম্পানীবোৰে। হোৱাটছএপৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, প্লেটফৰ্মে ছেপ্টেম্বৰত ৬৬৬ টা অভিযোগ লাভ কৰিছিল কিন্তু কেৱল ২৩ জনৰ বিৰুদ্ধে হে ব্যৱস্থা গ্ৰহণ কৰিছিল।
f7b5b8e138530f7dfbb3d9df0ee3e2b337b5a908af97e10681a9bb0b9bb29f2a
গুৱাহাটী : অসমৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বলিষ্ঠ কংগ্ৰেছ নেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি প্ৰয়াত নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ৰাজ্যখনৰ প্ৰতিখন জিলাত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে তেখেতৰ বলিষ্ঠ ব্যক্তিত্বক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত পুৱা ১০-৩০ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। ইয়াৰ পিছতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী, ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা, সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ বলিন কুলী, প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আবু চালেহ নাজমুদ্দিন, বিধানসভাৰ মুখ্য সচেতক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, বিধায়িকা শিখামণি বৰা, বিধায়ক খলিল উদ্দিন মজুমদাৰ, বিধায়ক আব্দুছ চুভাহান আলী সৰকাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ অন্যতম সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰয়াত নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে নাম-প্ৰসংগৰ লগতে বাইবেল, কোৰাণ আৰু গুৰু চাহিব গ্ৰন্থ পাঠ কৰি বৰেণ্য নেতা গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয়। ইয়াৰ পিছতে নাগাৰা নামৰ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সমূহ নেতৃত্বই অংশগ্ৰহণ কৰে। আনকি সভাপতি ভূপেন কুমাৰ বৰাই স্বয়ং নাগাৰা বজাই নামত ভাগ লয়।বলিষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ স্মৃতি চাৰণ কৰি দলৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰমুখ্যে নেতাসকলে প্ৰয়াত নেতা তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ বৃত্তান্ত, তেখেতৰ জীৱন-দৰ্শন আৰু অসমপ্ৰেমৰ বিষয়ে অৱলোকন কৰে। ৰাজীৱ ভৱনৰ এই কেন্দ্ৰীয় অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰায় সকল নেতাৰ উপৰি এনএছইউআই, যুৱ-কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দলৰ নেতৃত্ব আৰু বিপুল সংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে। You may also read!
3644e042044bd21ef7cf62a190f94f37c37584dab2e7a86727c00640e5a0b44b
নিম্নলিখিত শৃংখলা প্ৰাচলসমূহ কেৱল প্ৰসংগৰ বাবেহে। বিশদ কাৰিকৰী প্ৰাচলসমূহ কাৰিকৰী নিৰ্দিষ্টতাসমূহৰ অধীনত থাকে। What is a DC DC Converter and what are the benefits? গুণগত মান ক্লিয়াৰেন্স, আৰু নিৰ্ভৰযোগ্য শক্তি মডিউল নিৰ্মাতা কেনেকৈ বাছি ল'ব? চীনৰ শ্ৰেষ্ঠ ডিচি-ডিচি কনভাৰ্টাৰ নিৰ্মাতাসকল, আপোনাৰ প্ৰয়োজন য'ত আপোনাৰ শক্তি পাওক!
9dcfdf8d46fb2217b29c2439768be1c006b41829463e1d24528f48516dafe7cb
সপুষ্পক উদ্ভিদে ফলৰ দ্বাৰা বীজৰ বিস্তাৰ কৰে। খোৱা ফলসমূহৰ বাবে মানুহ আৰু অন্য জীৱ-জন্তু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।[1] বিশ্বৰ বিভিন্ন প্ৰান্তত বহুল ভিত্তিক ফলৰ খেতি কৰা হয়। কিছুমান ফলৰ সাংস্কৃতিক আৰু সাংকতিক মূল্য উল্লেখনীয়।
6f9ebef39cc40d66d4c4e65c4f06e30e309a3dfaead44adfe9ed3ed1881c0654
icc-cricket-world-cup-2019-india-vs-new-zealand-semifinal-matc-what-happen-if-rain-spoils-match- News18 Assam\nযদি বৰষুণে বিঘ্নিত কৰে ভাৰত-নিউজীলেণ্ডৰ ছেমি ফাইনেল, কোনে পাব ফাইনেল?\nচিন্তাৰ কাৰণতো হ'ল, ৰিজাৰ্ভ ডে'ৰ দিনাও মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে মানচেষ্টাৰত।\nUpdated:July 8, 2019, 5:33 PM IST\nUpdated: July 8, 2019, 5:33 PM IST\nমঙলবাৰে আই চি চি ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত মুখামুখি হ'ব ভাৰত আৰু নিউজীলেণ্ড। মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন। ভাৰত আৰু নিউজীলেণ্ড প্ৰথমবাৰৰ বাবে চলিত বিশ্বকাপত মুখামুখি হ'ব, কিয়নো বৰষুণৰ বাবে বিঘ্নিত হৈছিল গ্ৰুপ পৰ্যায়ৰ মেচখন। ইয়াৰ বাবে দুয়োটা দলে লাভ কৰে ১-১ পইণ্ট। এতিয়া ছেমি ফাইনেলতো বৰষুণৰ সম্ভাৱনাই দেখা দিছে। খেলৰ দিনা বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। অৱশ্যে নক-আউট মেচৰ বাবে আই চি চিয়ে ৰাখিছে ৰিজাৰ্ভ ডে'। এনে অৱস্থাত ছেমি ফাইনেল আৰু ফাইনেল মেচৰ দিনা বৰষুণ হ'লে পৰৱৰ্তী দিনটো ৰিজাৰ্ভ হ'ব। চিন্তাৰ কাৰণতো হ'ল, ৰিজাৰ্ভ ডে'ৰ দিনাও মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে মানচেষ্টাৰত।\nএতিয়া প্ৰশ্ন হৈছে, যদি ৰিজাৰ্ভ ডে'ৰ দিনাও বৰষুণ হয় তেন্তে কি হ'ব? ভাৰত আৰু নিউজীলেণ্ডৰ মাজত কোনটো দল প্ৰৱেশ কৰিব ফাইনেলত? কিয়নো গ্ৰুপ পৰ্যায়ৰ দৰে ১-১ পইণ্ট দিলে নহ'ব। ফাইনেলৰ বাবে দুয়োটা দলৰ মাজৰ কোনো এটাৰ পক্ষে সিদ্ধান্ত হ'ব লাগিব। এনে অৱস্থাত ভাগ্য আৰু গ্ৰুপ পৰ্যায়ত ভাৰতৰ প্ৰদৰ্শনে সহায় কৰিব পাৰে। যদি বৰষুণৰ বাবে এই খেলখন অনুষ্ঠিত নহয়, তেন্তে ভাৰতে নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ কৰিব। ইয়াৰ কাৰণ হ'ল গ্ৰুপ মেচৰ পইণ্ট।\nগ্ৰুপ পৰ্যায়ত ভাৰতে ৯খন খেলৰ ভিতৰত ৭খনত জয়লাভ কৰিছে। কেৱল এখন খেলত পৰাজিত হৈছে টীম ইণ্ডিয়া। ইফালে নিউজীলেণ্ডে ৯খন খেলৰ ভিতৰত জয়লাভ কৰিছে ৫খনত। তিনিখন খেলত পৰাজিত হৈছে দলটো। ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈছিল। এনে অৱস্থাত ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সম্ভাৱনা অধিক।\nভাৰত আৰু নিউজীলেণ্ডৰ ছেমি ফাইনেলত যদি বৰষুণৰ বাবে কেইটামান অভাৰ প্ৰভাৱিত হয় তেন্তে ডাৰ্কৱৰ্থ লুইছ পদ্ধতিৰে লক্ষ্য নিৰ্ধাৰণ হ'ব।
9381516a61f474f0409e80d8f53659fe3fb57b8d2e47c8b7ee91e8762e7e0c60
পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰাৰ পাছতে স্মৃতি তৰ্পন কৰা হয় । এই কাৰ্যসূচীৰ পাছতে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । উপাচাৰ্যই ফ্লেগ অফ কৰি মুকলি কৰা শোভাযাত্ৰাটোত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী , সাংস্কৃতিক কাৰ্যক্ৰম , দেশপ্ৰেমমূলক তথা কৃষিভিত্তিক বিভিন্ন দৃশ্যপট উপস্থাপন কৰা হয় । এই শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা গৱেষকে অংশগ্ৰহণ কৰে । শোভাযাত্ৰাটোৱে বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ চৌহদ পৰিভ্ৰমণ কৰে । বিয়লি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ মুল কাৰ্যসূচী প্ৰতিষ্ঠা দিৱস বক্তৃতা অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান ( কৃষি শিক্ষা) ড° আৰ চি আগৰৱালাই পৰিৱৰ্তিত পৰিস্থিতিত কৃষি শিক্ষাৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায় । সন্ধিয়া বিশ্ববিদ্যালয়ৰ মূল ভৱনসমূহ আলোকিত কৰি তোলাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সমাপ্ত হব। দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ'ল নতুন নেতা? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f0e24baaf665cb5634f9343b09cf00d3e44e99b76e20c958b6d9b4a7b98cd9db
ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ ল'কডাউন কেনে হ'ব? তাৰ বিস্তৃত ৰূপ এটা দাঙি ধৰিলে ৰাজ্য স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। একেলেথাৰিয়ে থকা দোকানসমূহ এক তৃতীয়াংশ খোলা থাকিব। একেশাৰীত থকা দুখন দোকান বন্ধ থাকিব বন্ধ থকা দুখন দোকানৰ কাষৰ দোকান দুখন বন্ধ থাকিব। কাইলৈৰ পৰাই খুলিব পাৰিব। বজাৰৰ সন্থা আৰু দোকানী সন্থাই জিলা উপায়ুক্তৰ সৈতে সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত ল'ব। আগতে আলোচনা কৰি তাৰ পাছতহে দোকান খুলিব পাৰিব। ৰাতিপুৱা দোকান খোলাসকলে ৫ বজাৰ লগে লগে দোকান বন্ধ কৰিব লাগিব। বেলেগ বেলেগ সামগ্ৰী পোৱা দোকান হ'লে একেলেথাৰিৰে থকা প্ৰত্যেকখন দোকান খুলিব পাৰিব। একেশাৰীতে অত্যাৱশ্যকীয় সামগ্ৰী, হাৰ্ডৱেৰ বা ফাৰ্মাচী থাকিলে আটাইকেইখন একেলগে খুলিব পাৰিব। এইবিলাক দোকানৰ ক্ষেত্ৰত এক তৃতীয়াংশ নিয়ম প্ৰযোজ্য নহ'ব। অট'ৰিস্কা, টেক্সি চালকে(অলা-ওবেৰ) কাইলৈৰ পৰা নিজৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব। কিন্তু এজন ড্ৰাইভাৰ আৰু দুগৰাকী যাত্ৰীহে কঢ়িয়াব পাৰিব। দুগৰাকীতকৈ অধিক যাত্ৰী কঢ়িয়ালে আৰক্ষীয়ে ব্যৱস্থা ল'ব। গুৱাহাটীকে ধৰি অন্যান্য নগৰ চহৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। ৫০ শতাংশ শ্ৰমিক নাইবা মিস্ত্ৰীৰে সৈতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিব। আন্তঃ জিলা আৰু জিলাৰ ভিতৰত চলাচল কৰা বাছসেৱা সমূহ কাইলৈৰ পৰা আৰম্ভ হ'ব। বাছত কেৱল ৫০ শতাংশ যাত্ৰীহে নিব পাৰিব। ব্যক্তিগত বাছ চলিলেও অসম পৰিবহন নিগমৰ অধীনতহে চলিব। ব্যক্তিগত বাছৰ মালিকে অসম পৰিবহন নিগমৰ পৰা চলাচলৰ অনুমতি ল'ব লাগিব যাতে অসম পৰিবহন নিগমৰ নিৰীক্ষণত ব্যক্তিগত বাছসমূহ থাকে। ৰেড আৰু অৰেঞ্জ জ'নত গাড়ীসমূহ নচলিব। ৰেড বা অৰেঞ্জ জ'নৰ মাজৰে ৰাষ্ট্ৰীয় ঘাইপথৰে বাছসমূহ যাব পাৰিব কিন্তু ৰখাব নোৱাৰিব। ৰেড আৰু অৰেঞ্জ জ'নত কোনোধৰণৰ ষ্টপেজ নাথাকিব। কোনোধৰণৰ জন্তু যেনে গৰু গাহৰি, ছাগলী ইত্যাদি লৈ অসমত গাড়ী সোমাব নোৱাৰিব। কিন্তু অসমৰ পৰা উত্তৰ-পূৱৰ অন্য ৰাজ্যলৈ যাব পাৰিব। গাহৰি বেমাৰৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ দিছে চৰকাৰে। যিকোনো মূল্যৰ বিনিময়ত ৬৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি আৰু ১২ বছৰৰ তলৰ শিশু ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰিব। ৫ বছৰৰ তলৰ সন্তান থকা মাতৃ চৰকাৰী বা ব্যক্তিগত কাৰ্যালয়ৰ লগতে ঘৰৰ বাহিৰলৈ আহিব নোৱাৰিব।
05a9a2e60edbc69fcaefebd14f7c9dc014c9736cbc2b789abeee10a873caf3c0
এই প্ৰবন্ধটোৰ পৰিচিতি খণ্ডটো ইয়াৰ তথ্যসমূহৰ সৈতে সংগতি ৰাখি অলপ বিস্তাৰ কৰাৰ প্ৰয়োজন আছে। ৱিকিপিডিয়াৰ পৰিচিতি অংশ লিখাৰ নিয়ম অনুসৰি, এই অংশটোক এটা বিস্তৃত পৰিচিতি প্ৰদানেৰে প্ৰবন্ধটো সুন্দৰ কৰি তোলক। (আলোচনা) লক্ষ্মীনাথ ফুকনৰ জন্ম হৈছিল ১৮৯৭ চনৰ জানুৱাৰী মাহত। পিতৃৰ নাম কাৰ্তিকচন্দ্ৰ আৰু পিতামহ নাৰায়ণ বৰবৰা। পিতামহ নাৰায়ণ বৰবৰাই মণিৰাম দেৱানৰ লগত ইংৰাজ বিৰোধী আন্দোলনত যোগ দিয়া হেতুকে কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। দেৰগাঁৱৰ 'বেজবৰুৱা ব্ৰাঞ্চ হাইস্কুল'ৰপৰা ১৯১৫ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। কলিকতাৰ ৰিপন কলেজত ছমাহমান পঢ়ি দেৰগাঁৱলৈ উভতি আহে আৰু ব্ৰাঞ্চ হাইস্কুলত শিক্ষকতাৰ কাম আৰম্ভ কৰে। ব্ৰাঞ্চ হাইস্কুলৰ শিক্ষকতা পদ ত্যাগ কৰি পাছলৈ এখেতে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত শিক্ষকতা কৰিবলৈ লয়। সেই সময়তে ডিব্ৰুগড়ৰপৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা প্ৰকাশিত অসমীয়া নামৰ কাকতৰ লগত জড়িত হয়। ডেৰ বছৰ পাছত কলিকতালৈ গৈ বলমা কোম্পানীত সোমায় আৰু তাৰ পৰাই সাংবাদিকতাৰ কামত ব্ৰতী হয়। ১৯১৯-২১ কালছোৱাত কলিকতাৰ অমৃত বাজাৰ পত্ৰিকাৰ লগত থাকে। ১৯২২ চনত ৰাধানাথ চাংকাকতীয়ে ডিব্ৰুগড়ৰ পৰা উলিওৱা টাইম্চ অৱ আছাম কাকতৰ উপ-সম্পাদক পদত যোগ দিয়ে। ১৯২২-২৪-ৰ সময়চোৱাত সেই কাকতৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পাছত অসমীয়া, ফৰোৱাৰ্ড আৰু বাতৰি কাকতৰ লগত কিছুদিন জড়িত থাকি ১৯৩৮ চনত হিন্দুঃস্থান ষ্টেণ্ডাৰ্ড কাকতৰ সম্পাদক নিযুক্ত হয়। ১৯৩৯ চনত ৰাধাগোবিন্দ বৰুৱা আৰু সোমেশ্বৰ বৰুৱাৰ আমন্ত্ৰণ মতে তেতিয়াৰ ডিব্ৰুগড়ৰ সাদিনীয়া আছাম ট্ৰিবিউন কাকতৰ সম্পাদক হিচাপে যোগদান কৰে। গুৱাহাটীৰপৰা দৈনিক প্ৰকাশিত আছাম ট্ৰিবিউনৰ সম্পাদক ৰূপে ১৯৪৬ চনলৈ দায়িত্বভাৰ চম্ভালে। লক্ষ্মীনাথ ফুকনে সাংবাদিকতাৰ মাজে মাজে সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। গল্প, কবিতা আৰু এখন উপন্যাস ৰচনা কৰাৰ উপৰিও এখেত কেইগৰাকীমান ব্যক্তিৰ ওপৰত লিখা আলোচনাত্মক ৰচনাৰ সংকলন 'মহাত্মাৰপৰা ৰূপকোঁৱৰলৈ' গ্ৰন্থৰবাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
6197ad6b648f4d7380e4114adfebef76b376a02dfadce043ec5c3a6d86566707
আজিৰ খবৰ,৩১ অক্টোবৰ 2022: নুমলীগড় ৰিফাইনেৰী লিমিটেডত (এন আৰ এল) কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশনা অনুসৰি " উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে দুৰ্নীতিমুক্ত ভাৰত " শীর্ষক বিষয়বস্তুৰে সতৰ্কতা সজাগতা ২০২২ সপ্তাহ পালন কৰা হয় । এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে এন আৰ এলৰ কৰ্মচাৰী সকলক অখণ্ডতাৰ শপতবাক্য পাঠ কৰোৱাই সপ্তাহটো শুভ উদ্বোধন কৰে । তেওঁ দুৰ্নীতিৰ কু-প্ৰভাৱৰ কয় আৰু প্ৰতিৰোধমূলক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত সামূহিক অংশগ্ৰহণৰ বিষয়ে পুনৰ নিশ্চিত কৰে । শোধনাগাৰৰ চি আই এছ এফ কৰ্মচাৰীসকলকো। অখণ্ডতাৰ শপতবাক্য কৰোৱা হয় । এন আৰ এলৰ সতৰ্কতা বিভাগে তেওঁলোকৰ কৰ্মচাৰী আৰু ইয়াৰ অংশীদাৰসকলৰ বাবে সতৰ্কতা সজাগতা সপ্তাহৰ বিষয়বস্তুৰ বাবে নিৰ্দিষ্ট বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । নুমলীগড় শোধনাগাৰ আৰু শিলিগুৰি মাৰ্কেটিং টাৰ্মিনেলৰ ওচৰৰ অঞ্চলৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰচাৰ কাৰ্যকলাপ আৰম্ভ কৰা হৈছে ।
13428bf989d0f8d38ad32565a36b3aa33db155dbbb077ec07d110a3c169bea75
ক'ৰ'নাৰ ছুপাৰ স্প্ৰেডাৰ কোন? নিজৰ প্ৰশাসনে প্ৰস্তুত কৰা SOPক চৰম অৱমাননা স্বয়ং মুখ্যমন্ত্ৰীৰ!\nপ্ৰশাসনৰ নিৰ্দেশ ১৫ দিনলৈকে বন্ধ থাকিব ধৰ্মীয় প্ৰতিষ্ঠান; তেনে সময়তে জুম বান্ধি মাজুলীৰ সত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰৱেশ\nৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড-১৯ৰ ত্ৰাস। সেয়েহে এই কোভিড অতিমাৰীক ৰুধিবলৈ এফালে যদি চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। তাৰ বিপৰীতে আকৌ মাজুলীত গৈ স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা বা SOP উলংঘন কৰাৰ কথা পোহৰলৈ আহিছে।\nকালি ৰাজ্যৰ মুখ্য সচিবৰ স্বাক্ষৰ সম্বলিত এখন কোভিড সম্পৰ্কীয় নিৰ্দেশনা বা SOP প্ৰকাশ পাইছিল। য'ত স্পষ্টকৈ উল্লেখ কৰা আছিল যে 'সকলো ধৰ্মীয় প্ৰতিষ্ঠান অহা ১৫ দিনলৈ বন্ধ থাকিব। মূল পুৰোহিত বা মৌলবীয়ে নূন্যতম ধৰ্মীয় কৰ্মসমূহ সম্পন্ন কৰিব পাৰিব।'\nকিন্তু এই SOP প্ৰকাশ পোৱাৰ এদিন পাছতে অৰ্থ্যাৎ আজি স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজে এই নীতি-নিৰ্দেশনা ভংগ কৰি মাজুলীৰ তিনিখনকৈ সত্ৰত প্ৰৱেশ কৰে তথা সেৱা জনায়।\nমাজুলীৰ দক্ষিণপাট সত্ৰ, আউনীআটি সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।\nয'ত নেকি SOP ত উল্লেখ আছিল যে পুৰোহিত বা মৌলবীয়ে ধৰ্মীয় অনুষ্ঠানত নুন্যতন ৰীতি-নীতিখিনিহে পালন কৰিব পাৰিব তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰৱেশৰ লগে লগে তিনিওখন সত্ৰতে দেখা পোৱা গ'ল উৎসৱমুখৰ পৰিবেশ।'\nপ্ৰশ্ন হয়, সত্ৰসমূহ ধৰ্মীয় অনুষ্ঠানৰ অন্তৰ্ভুক্ত নহয় নেকি? বা মাজুলী অসমৰ ভিতৰত নপৰে নেকি?\nইপিনে, মুখ্যমন্ত্ৰী নিজৰ বাহনৰ পৰা নামি কিছু দূৰ সমদল কৰি যাওঁতেও কোনোধৰণৰ সামাজিক দুৰত্ব দেখিবলৈ পোৱা নগ'ল। যি সমদলত মুখ্যমন্ত্ৰীয়ে নিজে তেওঁৰ পাতি লোৱা ভাগিনসকলৰ লগত গাত হাত দি কথা পাতি যোৱাহে দেখিবলৈ পোৱা গ'ল। উক্ত সমদলত প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত আছিল। য'ত নেকি ভয়াবহ কোভিড পৰিস্থিতিত কোনো ঠাইত ১০ জনতকৈ অধিক লোকৰ উপস্থিতিত বাধা নিষেধ আছিল তথা কিবা পৰিস্থিতিত থাকিব লগীয়া হ'লেও ৬ ফুট দুৰত্ব বজাই ৰাখিব লাগে।\nইপিনে, এই ভয়াবহ কোভিড পৰিস্থিতিত কোভিডক পৰাস্ত কৰিবলৈ কোনোধৰণৰ বৃহৎ পাৰ্টী, অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্রধান আৰু ৰাজ্যৰ মুখ্য সচিবে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল।\nআনকি বিবাহ অনুষ্ঠানতো কেৱল ১০ গৰাকী লোকৰ উপস্থিতিতহে অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া হৈছে বা অন্তেষ্টিক্ৰিয়া অনুষ্ঠানতো কেৱল ১০ গৰাকী লোকৰ উপস্থিত থাকিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে।\nতেনে সময়তে মাজুলীৰ ভাগিনৰ বাসগৃহৰ এটা কোঠাত ২০ গৰাকীতকৈ অধিক লোকৰ উপস্থিতত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খাদ্য গ্ৰহণ কৰি থকাৰ সময়তো দেখা পোৱা নগ'ল কোনোধৰণৰ সামাজিক দুৰত্ব।\nইপিনে, সত্ৰ দৰ্শনৰ ফটো ছ'চিয়েল মিডিয়াতো আপলোড কৰি ৰাইজক জনাই দিলে মুখ্য মন্ত্ৰীয়ে। তেওঁ যেন বুজাই দিলে অসমৰ মুখ্য মন্ত্ৰীৰ বাবে নাই কোনো ক'ভিড প্ৰ'টকল!\nমুখ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই তীৰ্থ দৰ্শন কৰি ভগবানৰ আশিস লৈছে, সেয়া নিশ্চয়কৈ ভাল কথা। কিন্তু এই সময়খিনিত কিয়? যি সময়ত অসমত প্ৰতিদিনে গড়ে ৫০০০ ৰ অধিক লোক ক'ৰ'ণাত আক্ৰান্ত হৈ আছে। বহুলোকে প্ৰাণ হেৰুৱাই আছে। এই সময়খিনিত প্ৰটকল ভংগ কৰি মুখ্য মন্ত্ৰীয়ে ৰাইজক দেখুৱাইছে কি?\nকোনে জানে, কিজানি মুখ্য মন্ত্ৰীৰ লগতে তেওঁৰ দলটোৱেও হয় ক'ৰ'ণা চুপাৰ স্প্ৰেডাৰ!\nইতিমধ্যে, মিছিগান ইউনিভাৰ্চিটিৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে অসম তথা উত্তৰ-পূবৰ ক'ভিড পৰিস্থিতি দ্ৰুত অৱনতিৰ কথা। প্ৰতিবেদনটোৰ মতে উত্তৰ-পূব হ'বলৈ গৈ আছে ক'ৰ'ণাৰ হটস্পট।\nকিন্তু, মুখ্য মন্ত্ৰী এগৰাকীয়ে জানি বুজিও এই ভুল কৰি আছে কিয়?\nবুধবাৰেও প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত কৰিবলৈ গৈ মন্ত্ৰী পৰিষদৰ নতুন সদস্যসকলে এইদৰে কোনো শাৰিৰীক দূৰত্ব নমনাকৈ ফটো তুলিছিল আৰু ছ'চিয়েল মেডিয়াত সেই ফটো আপলোড কৰিছিল। ফটো উঠাৰ সময়ত তেওঁলোকৰ কাৰোৰে মুখত নাছিল মাস্ক।
6fc348db379baa72a97fcc0d5184a6fae2a6e68957378b67643961f3aa00d018
দুৰ্নীতিৰ দৰ্পণ সেৱা ,পঙ্কজ নাথ, চাংসাৰি, ৭ ফেব্ৰুৱাৰী : নানা জাতি উপজাতি, বিভিন্ন সম্প্ৰদায়ৰ পৱিত্ৰ মিলনভূমি অসম। ইয়াত সকলো একতাৰ দোলেৰে বান্ধ খাই আছে । বিভিন্ন গীত মাত আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাই বিশেষ মাত্ৰা প্ৰদান কৰিছে । প্ৰায় ৫০০ বছৰ আগতে আজান ফকীৰ চাহাবে অসমৰ মাটিত ভৰি দিয়েই অসমৰ থলুৱা গীত মাতৰ গভীৰতাক বুজিবলৈ চেষ্টা কৰিছিল আৰু সৃষ্টি কৰি থৈ গৈছিল জিকিৰ জাৰি। এই জিকিৰ আৰু জাৰিৰে এটি এলবাম স্বীকৃতিপ্ৰাপ্ত অনাতাঁৰ সংগীত শিল্পী মুস্তাকিন আহমেদে ৫ টা জিকিৰ বাণীবদ্ধ কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰে। দৃশ্য ও শ্ৰাব্য "জিকিৰ ই নুৰ" নামেৰে এই এলবামটো উন্মোচন কৰে অসমৰ থলুৱা গীত মাতৰ গুৰি ধৰোঁতা প্ৰভাত শৰ্মা আৰু লোকগীতৰ সম্ৰাজ্ঞী শিল্পী ধনদা পাঠকে। পাঁচোটা জিকিৰ সংগীত তথা দৃশ্যগ্ৰহণেৰে সঁজাইছে বিষ্ণু শৰ্মাই,কেমেৰাত ৰতন কোঁৱৰ, প্ৰযোজনা কৰিছে সমাজকৰ্মী তাজনুৰ আলীয়ে। গুৱাহাটীৰ Spectrum Studio ত গীতবোৰ বাণীবন্ধন তথা ভিডিও সম্পাদনা কৰা হৈছে। এই শুভ উন্মোচনী অনুষ্ঠানত জিকিৰ গীতৰ গৱেষক তথা কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পইনুৰুদ্দিন আহমেদে। এই অনুষ্ঠানটিত আত ধৰে বিশিষ্টা সাংবাদিক মন মৰমী মহন্তই।
a6a63b23b345cf835035bcdac7ab0c66c147b11151735b74185a3fa5f97df94f
নতুন দিল্লীত ১০ আগষ্টৰ পৰা হোৱা এক কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশ গ্ৰহণ কৰা হাজোৰ দুগৰাকী যুৱকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ছাব জুনিয়ৰ শাখাত হাজোৰ শ্যামল কলিতাই দুটাকৈ সোণৰ পদ লাভ কৰে। ইয়াৰ বিপৰীতে হাজোৰে আন এজন যুৱক ডেনিমৰাজ দাসে এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। হাজোৰ বহ্নিমান কাৰাটে একাডেমীৰ খেলুৱৈ দুগৰাকীক পদক আৰু মানপত্ৰ প্ৰদান কৰে সৰ্বভাৰতীয় কাৰাটে সন্থাৰ সম্পাদক প্ৰধান চিহান ভৰত শৰ্মাই। ইউনাইটেড কাৰাটে ডো সন্থা (উকা)ই নিৰ্বাচিত কৰা অসমৰ ৫৪ জনীয়া দলটোৰ অন্যতম সদস্য শ্যামল আৰু ডেনিমৰাজ দুয়ো হাজো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। মন কৰিব লগীয়া যে পূৰ্বেতেও এই দুয়োগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f1906771baaf9918fd0e4f89967f9c6ef669c59e9e32f4c95176717845059f33
শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে নেকি? - Vikaspedia\nকম বয়সীয়া লোকৰ হাৰ্ট এটেক হ'ব পাৰে নেকি?\nহাৰ্ট এটেক প্ৰতিৰোধ কি দৰে কৰিব\nহঠাৎ হাৰ্ট এটেক হ'লে কি কৰিব\nআমাৰ দেশত গ্ৰীষ্মকালৰ অন্তত শীতকালটো আহে ঈশ্বৰৰ আশীৰ্বাদৰ দৰে। গ্ৰীষ্ম, বৰ্ষাৰ উৎকট গৰম, বৰষুণ বোকা-পানীৰ মাজত দুৰ্বিষহ হৈ উঠে। শৰৎকালৰ বিভিন্ন পূজা-পাৰ্বনত মানুহৰ মন মুকলি হৈ পৰাৰ পিছত শীতকালটো যেন কেৱল উপভোগৰ সময়। এই সময়ত বজাৰলৈ আহে নানা ধৰণৰ শাক-পাচলি, টেঙা জাতীয় ফলৰ প্ৰাচুৰ্য। ফুলকবি, বন্ধাকবি, পালেং, গাজৰ, মটৰ, বীন, বিলাহী, বেঙেনা, মূলা, পিয়াজৰ নল, নতুন আলু, মিঠা আলু, আমলখি, কমলা, জলফাই ইত্যাদি। অৱশ্যে উন্নত কৃষি প্ৰযুক্তিৰ বাবে এনে ধৰণৰ শাক-পাচলি বছৰৰ প্ৰায় সকলো সময়তে পোৱা যায় যদিও বতৰৰ বস্তুৰ সোৱাদেই বেলেগ। সাধাৰণ মানুহৰ বাবে শীতকাল হৈছে আনন্দ আৰু উপভোগৰ সময়। কিন্ত আমাৰ দেশত শীতকাল বেছি দিন নাথাকে। সেয়ে ক্ষণস্থায়ী শীতৰ সকলো আনন্দ লবলৈ শৰীৰো সুস্থ থকা দৰকাৰ। অথচ এই ঋতু তেই বজাৰলৈ অহা নতুন পাচলিৰ দৰে বিভিন্ন ৰোগেও পাৰ ভাঙি আহে। শীতকালত শ্বাস নলীৰ সংক্ৰমণ বা 'ৰেচপিৰেটৰ ট্ৰেক ইনফেকচন' বেছিকৈ হয়। চৰ্দি, কাহ, টনচিলাইটিচ, ফেৰেনজাইটিচ আৰু নিউমোনিয়া শীতকালৰ প্ৰধান ৰোগ। বশস্ক আৰু শিশুৰ ক্ষেত্ৰত নিউমোনিয়া মাৰাত্মক হ'ব পাৰে। ৰোগ বিধ নহবৰ বাবে প্ৰথমৰ পৰা সতৰ্কতা অৱলম্বন কৰা উচিত। তাৰোপৰি হাঁপানি ৰোগী সকলৰো শীত কালত কষ্ট বাঢ়ে। শীত কালত এনে অসুখ-বিসুখৰ উপৰিও আন কিছুমান সমস্যাই উক দিয়ে। এনে ধৰণৰ সমস্যাৰ ভিতৰত হাই ব্লাডপ্ৰেচাৰ, হাৰ্টৰ ৰোগ আদি প্ৰধান।\nবয়স্ক বেছি সংখ্যক লোকে কম বেছি পৰিমাণে উচ্চ ৰক্ত চাপতো ভোগে। শীত কালত সাধাৰণ ভাৱেই ৰক্তচাপ বাঢ়ি যায়। নিয়মিত ঔষধ ব্যৱহাৰ কৰিও ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা নাযায়। কাৰণ এই সময়ত মানুহৰ ধমনী আৰু ৰক্ত জালিকাবোৰ ঠাণ্ডাত সংকুচিত হৈ পৰে। বয়স্ক লোকৰ ধমনীত কলেষ্ট্ৰেৰল জমা হৈ এনেয়ে সৰু হৈ থাকে। ইয়াক বোলা হয় আৰ্টেৰিও স্কে্লৰোচিচ। ৰক্তসঞ্চালন প্ৰণালীৰ সৰু ধমনী বা ৰক্ত জালিকা ঠাণ্ডাত আৰু সংকুচিত হৈ সমস্যাই দেখা দিয়ে। কাৰণ তেজ চলাচল স্বাভাৱিক ৰাখিবলৈ এই সৰু পথেৰে তেজ প্ৰবাহিত কৰিব লগীয়া হয়। স্বাভাৱিক ভাৱে শৰীৰৰ বিভিন্ন অংগলৈ ৰক্ত সৰবৰাহ প্ৰক্ৰিয়া চলাই ৰাখিবলৈ হৃদযন্ত্ৰই বেছি পৰিশ্ৰম অৰ্থাৎ পাম্প কৰিব লগীয়া হয়। যাৰ ফলত ৰক্ত চাপ বাঢ়ি যায়।\nকিডনিৰ কাম হ'লে শৰীৰৰ সমস্ত বৰ্জ্য পদাৰ্থ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া। শীত কালত আমি সাধাৰণতে পানী কমকৈ খাওঁ। আকৌ উচ্চ ৰক্ত চাপৰ বাবে কিডনিত তেজৰ চলাচল কমি যায়। আনহাতে পানী কমকৈ সেৱন কৰাৰ বাবেও কিডনিৰ কাৰ্যক্ষমতা কমি যায়। ফলত ৰেনল ফেইলৰ দেখা যায়।\nডায়েবেটিছ ৰোগী সকলে শীত কালত খোজ কঢ়াটো কমাই দিয়ে আৰু পানী কমকৈ খায়। ইয়াৰ ফলত তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়। তাৰ লগতে ৰক্তচাপ বৃদ্ধি আৰু ধমনী সংকুচিত হৈ নানা সমস্যাই দেখা দিয়ে।\nসাধাৰণতে পৰিৱেশত তাপমাত্ৰা খুব কম হোপি পৰিলেও সুস্থ মানুহৰ দেহৰ তাপ স্বাভাৱিক হৈ থাকে। কিন্ত বয়স্ক মানুহৰ বাহিৰৰ তাপমাত্ৰা কমাৰ লগে লগে দেহৰ তাপমাত্ৰাও কমিবলৈ লয়। ইয়াৰ ফলত শৰীৰৰ মাংস পেশীবোৰ টান হৈ পৰে। হৃদস্পন্দন গতি অনিয়মীয়া হয়। ইয়াৰ বাবে বহু সময়ত ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে।\nশীতকালত হাৰ্ত এটেকৰ সম্ভাৱনাও বাঢ়ে। ইস্কিমিক হাৰ্ট ডিজিজৰ চূড়ান্ত পৰ্যায়ৰ নাম হ'ল হাৰ্ট এটেক। ধমনীৰ কোনো অংশত চৰ্বি জমা হৈ সুৰুঙা ঠেক হৈ পৰাৰ ফলত তেজৰ চালচল ব্যাহত হয় আৰু হৃদযন্ত্ৰত যন্ত্ৰণা অনুভূত হয়। এই অৱস্থা বাঢ়ি গৈ চূড়ান্ত পৰ্যায়লৈ গ'লে অৰ্থাৎ ধমনী প্ৰায় বন্ধ হৈ যোৱা অৱস্থালৈ আহিলে মানুহৰ হাৰ্ট এটেকৰ সম্ভাৱনাই দেখা দিয়ে।\nশীতকালত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ নিৰ্দিষ্ট কিছুমান কাৰণ আছে। যি সকলৰ শৰীৰত ইতিমধ্যে কিছুমান 'ৰিক্স ফেক্টৰ' তৈয়াৰ হৈছে, তেনে লোকৰহে হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। 'ৰিক্স ফেক্টৰ' বুলিলে ডায়েবেটিচ, হাই ব্লাডপ্ৰেচাৰ, মেদবহুলতা, ধুমপান আৰু মানসিক চাপ আদিক বুজায়। প্ৰথমতে এই সময়ত ৰক্তচাপ সকলোৰে কিছু বাঢ়ে। যি সকল উচ্চ ৰক্তচাপৰ ৰোগী, তেওঁলোকৰ বাবে ই চিন্তাৰ কাৰণ হব পাৰে। তাৰ পিছত শ্বাস নলীৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধিৰ ফলতো হৃদৰোগী সকলৰ উশাহ-নিশাহৰ কষ্ট বাঢ়ে আৰু এইটোৱে হৃদযন্ত্ৰৰ বাবে ভয়ংকৰ হৈ উঠিব পাৰে। তাৰোপৰি শীতকালত তেজৰ অনুচক্ৰিকাৰ গোট মৰাৰ প্ৰবণতা বাঢ়ে আৰু শীতৰ বাবে তেজৰ ঘনত্বও কিছু বাঢ়ে। এই সকলোবোৰেই হৃদৰোগীৰ বাবে বিপদ সংকেত হৈ উঠিব পাৰে।\nশীতকালত নাড়ীৰ গতি অৰ্থাৎ হাৰ্ট বিট বহু বাঢ়ি যায় ফলত শৰীৰত অক্সিজেনৰ প্ৰয়োজনো বাঢ়ে। এই অক্সিজেন তেজৰ মাধ্যমেৰে হৃদযন্ত্ৰলৈ যায়। যি সকলৰ ইস্কিমিক হাৰ্ট ডিজিজ আছে তেনে লোকৰ ব্লকেজৰ বাবে যিমান খিনি তেজ স্বাভাৱিক ভাৱে হৃদযন্ত্ৰলৈ যাব লাগে তাতকৈ কমকৈ যায়। হৃদস্পন্দন বাঢ়ি গলেতেজৰ প্ৰয়োজনো বাঢ়ে। ফলত হৃদযন্ত্ৰৰ ওপৰত প্ৰচণ্ড চাপ পৰে। হৃদযন্ত্ৰৰ মাংসপেশীবোৰে কষ্ট পায়। ই যেন বহু খিনি এটা ক্ষুধাৰ্ত শিশুৰ দৰে। অতিৰিক্ত ক্ষুধাত ভুগি আছে কিন্ত খাদ্যৰ সৰবৰাহ কম। শিশুৱে যেনেদৰে কান্দে- হৃদযন্ত্ৰয়ো যন্ত্ৰণা প্ৰকাশ কৰে। এই কান্দোন বুকুত বিষৰ অনুভূতিৰে প্ৰকাশ পায়। আকৌ যেতিয়া হৃদপিণ্ডৰ মাংপেশীৰ ৰক্ত সৰবৰাহৰ চাহিদা বাঢ়ি যায় আৰু প্ৰয়োজনীয় অনুপাতে ৰক্তৰ যোগান নেপায় তেতিয়া হৃদপিণ্ডৰ গতি স্তব্ধ হৈ পৰিব পাৰ৪এ। এয়াই হাৰ্ট এটেক। কেতিয়াবা কম পৰিমাণে হৈ আকৌ হৃদযন্ত্ৰৰ সুস্থতাৰ ফাললৈ আহে আৰু কেতিয়াবা ই সম্পূৰ্ণ অচল হৈ পৰে আৰু তেতিয়াই ৰোগীৰ মৃত্যু হব পাৰে।\nপ্ৰশ্ন হব পাৰে পৰিশ্ৰম নহলেও অৰ্থাৎ হৃদযন্ত্ৰক সম্পূৰ্ণ বিশ্ৰামত ৰাখিলেও শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনাৰ ভয় থাকে নেকি? খুব ঠাণ্ডা পৰিলে, বেছিকৈ খোজকঢ়া বা পৰিশ্ৰম কৰিলে বা মানসিক উৎকণ্ঠাত ভুগিলে শীতকালত বিশেষকৈ ইস্কিমিক হাৰ্ট ডিজিজৰ প্ৰকোপ বাঢ়ি যায়। আনকি যি সকলৰ ষ্টেবল ইস্কিমিক আছে তেনে লোকেও হৃদৰোগত আক্ৰান্ত হব পাৰে। আনহাতে পৰিশ্ৰম নকৰিলেও বা হৃদযন্ত্ৰক বিশ্ৰামত ৰাখিলেও আনষ্টেবল এনেজাইনা থকা ৰোগীৰ বুকুত বিষ অনুভৱ কৰিব পাৰে। যি সকলৰ আংশিক ব্লকেজ আছে তেওঁলোকৰ তুলনাত যি সকলৰ এটা ধমনী সম্পূৰ্ণ ব্লকেজ হৈ তেজ চলাচল বন্ধ হৈ পৰে তেওঁলোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহুত বেছি।\nশীত কালৰ ৰাতিপুৱাৰ সময় খিনি অথবা সপ্তাহৰ প্ৰথম দিনটোত হৃদ ৰোগী সকল সাৱধানে থকা উচিত। কথাটো কিবা জ্যোতিষিইৰ ভৱিষ্যৎবাণী যেন শুনালেও ই এক বাস্তৱ সত্য। শীতকালৰ এই সময়ছোৱাই চাকৰি জীৱী মানুহলৈ এক ভয়ৰ সংকেত বহন কৰে। দিনত দুবাৰ হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। ৰাতিপুৱা ৬বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত। ইয়াৰ ভিতৰত সৰ্বোচ্চ সময় হ'ল ৯ বজা। এই সময়ত হৃদযন্ত্ৰ আক্ৰান্ত হোৱাৰ ঘটনা বেছিকৈ ঘটে। ইয়াৰ কাৰণ কি? ঠাণ্ডাকালি দিন ছুটি। ঠাণ্ডাৰ বাবে বিছনা এৰোতে সকলোৰে পলম হয়। কিন্ত কাম কাৰো বাবে মকি নাযায় অথবা কামৰ সময়ো নাবাঢ়ে। সাত বজাত টোপনিৰ পৰা সময়ো নাবাঢ়ে। সাত বজাত টোপনিৰ পৰা সাৰ পায়েই বেছিভাগ লোকৰ টেনচন আৰম্ভ হয়। ইমান কাম, ইমান কম সময়ৰ ভিতৰত কেনেকৈ হ'ব? এই টেনচনৰ বাবে এড্ৰিনালিন আৰু কৰ্টিজল হৰমোনৰ ক্ষৰণ বাঢ়ি যায়। লগে লগে বাঢ়ে প্লেটলেট এগ্ৰিগেচন, তেজৰ চাপ। ফলত হাৰ্ট এটেকৰ ঘটনা ঘটে। ঠিক তেনেকৈ চাকৰিজীৱী সকলৰ বাবে সোমবাৰটো টেনচনৰ দিন। আগদিনা ছুটি কটাই সোমবাৰৰ পৰা সপ্তাহৰ নানা কাজকৰ্মৰ টেনচন মনৰ মাজত সঞ্চিত হয়। ফলত ব্লাড প্ৰেচাৰ বাঢ়ে, বাঢ়ে হৃদ জনিত সমস্যা।\nশীত কালত এই ৰোগ বঢ়াৰ আন কিছুমান কাৰণো আছে। এই সময়ত শৰীৰৰ পৰা ঘাম কমকৈ ওলায়। ফলত শৰীৰৰ অতিৰিক্ত লৱণ ওলাই যাব নোৱাৰে আৰু প্ৰেচাৰ বাঢ়ে। বেছি ভাগ মানুহে ঠাণ্ডাৰ বাবে কাপোৰ কানি লৈ ঘৰতে বহি থাকিব বিচাৰে। খোজকাঢ়িব বা পৰিশ্ৰম কৰিব বনিবিচাৰে। যাৰ ফলত চুগাৰ, প্ৰেচাৰ আদি বাঢ়ি যায়। আনহাতে ঠাণ্ডা কালি বায়ুত প্ৰদূষণো বেছি হয়। ফলত শ্বাসতন্ত্ৰৰ সংক্ৰমণ হৈ শ্বাসকষ্ট হয় আৰু হৃদযন্ত্ৰৰ ওপৰত বহুতৰ্বেছি চাপ পৰে। আৰু এটা বিপদ হব পাৰে দুৱাৰ-খিৰিকী সম্পূৰ্ণ বন্ধ কৰি থোৱাৰ বাবে। ঠাণ্ডা কালি বহুতে ঘৰৰ দুৱাৰ-খিৰিকী প্ৰায়ে বন্ধ কৰি থয়। হৃদৰোগ থকা ৰোগী বন্ধ ঘৰত শোৱাটো অযুগুত। ইয়াৰ ফলত অক্সিজেন হ্ৰাস হৈ হৃদযন্ত্ৰত চাপ পৰে। ধুমপানে হৃদযন্ত্ৰৰ চাপ বৃদ্ধি কৰাত অধিক অৰিহণা যোগায়।\nভাৰত, পাকিস্তান আৰু বাংলাদেশ - এই তিনিও খন দেশ গোটেই পৃথিৱীৰ ভিতৰত হাৰ্ট এটেকৰ ক্ষেত্ৰত অগ্ৰগণ্য। এই তিনিও খন দেশতে অল্প বয়সীয়া সকলৰো হাৰ্ট এটেক বেছিকৈ হয় আৰু দুৰ্ভাগ্য জনক ভাৱে মৃত্যুৰ হাৰো বেছি। হাই কলেষ্ট্ৰৰেল থকা এশ জন ৰোগীৰ ভিতৰত অন্ততঃ পোন্ধৰ জনৰ বয়স ২০-৩০ বছৰৰ ভিতৰত। ইয়াৰ বহুতৰে তেজত ট্ৰাইগ্লিচাৰইডৰ পৰিমাণো আশংকা জনক ভাৱে অধিক। ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ হব পাৰে। বংশগত কাৰণৰ উপৰিও ক্ৰুটিপূৰ্ণ জীৱন চৰ্যা অন্যতম। হাৰ্ট এটেকৰ ঘটনা গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত বেছি হোৱাৰ কাৰণো এনে লোকৰ ক্ৰুটি পূৰ্ণ জীৱন শৈলী। গ্ৰামাঞ্চলত এনে ঘটনা শতকৰা ৪ ভাগ আৰু চহৰাঞ্চলত শতকৰা ১১-১২ ভাগ। ফাষ্ট ফুট আৰু চৰ্বি জাতীয় খাদ্যৰ প্ৰতি আসক্তি, পৰিশ্ৰম বিমুখিতা, মেদ আৰু ওজন বৃদ্ধিৰ বাবে কলেষ্ট্ৰেৰল বৃদ্ধি পোৱা আদি চহৰীয়া জীৱনৰ সাধাৰণ ছবি হৈ পৰিছে। এফালে শাৰীৰিক শ্ৰম হীনতা, অন্যফালে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক মুখৰোচক খাদ্য গ্ৰহণৰ প্ৰবণতা, এই দুটা কৰণৰ বাবে দেখা দিয়ে মেটাব্লিক ছিনড্ৰম বা ছিনড্ৰম এক্স। যাৰ ফলত শৰীৰৰ মধ্য অংশত চৰ্বি বাঢ়ি যায়। তেজত শৰ্কৰাৰ পৰিমাণো বৃদ্ধি পায়। ব্যক্তি বিশেষে চৰ্বি জাতীয় খাদ্য পদাৰ্থ বেছিকৈ খোৱাৰ লগতে ধুমপান কৰাৰো অধিক প্ৰবণতা থাকে আৰু এই বিলাক অভ্যাসে হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ কাৰক হৈ উঠে। তাৰোপৰি কমবয়সীয়া লোকৰ হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পোৱাৰ এটা কাৰণ হ'ল ষ্ট্ৰেছ। মেধাবী ছাত্ৰ-ছাত্ৰী সকল অসম্ভৱ ষ্ট্ৰেছৰ মাজত থাকে। এন ল'ৰা-ছোৱালীয়ে পড়্ঘা-শুনা শেষ কৰাৰ পিছত ভাল চাকৰি হয়তো কৰে কিন্ত এনে চাকৰি জীৱী সকল অত্যধিকি টেনচনত থাকে। শাৰীৰিক পৰিশ্ৰম নহয়, ব্যায়াম কৰাৰ সময় নাপায়, খোৱা-বোৱাত চকু নিদিয়াৰ ফলত্ হৃদ জনিত ৰোগত ভোগে। সুস্থ হৈ থাকিবলৈ হ'লে এনে ধৰণৰ জীৱন চৰ্যাৰ পৰা মুক্ত হোৱাটো অতি দৰকাৰী।\nসৰু শিশুৰ ক্ষেত্ৰত ৰিউমেটিক হাৰ্ট ডিজিজ শীত কালত ভ্যানক হৈ উঠিব পাৰে। যিহেতু ঠাণ্ডাত শিশু সকল সহজে চৰ্দি-কাহত আক্ৰান্ত হয়, সেয়ে শ্বাসনলী, হাওঁফাওঁ সংক্ৰমিত হৈ দুৰ্বল ৰিউমেটিক হাৰ্টৰ বাবে মাৰাত্মক ক্ষতিকৰ হৈ উঠিব পাৰে। তাৰোপৰি হাৰ্টৰ ভালভৰ সমস্যা থকা শিশুৰো এই সময়ত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। যি সকল শিশুৰ হাৰ্টৰ কাৰ্যক্ষমতা কম আৰু চিকিৎসাধীন অৱস্থাত থাকে এই সময়ত তেনে শিশুৰ হাৰ্ট এটেকৰ সম্ভাৱনা কিছু বেছি হয়।\nআমি সচেতন হ'লেই হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰো। এই ক্ষেত্ৰত প্ৰতিৰোধ মূলক ব্যৱস্থা হিচাপে নিম্ন লিখিত প্ৰসঙ্গবোৰ মনত ৰখা দৰকাৰ।\nখাদ্য দ্ৰব্যৰ ভিতৰত প্ৰথমেই উল্লেখ কৰিব পাৰি চিগাৰেটৰ কথা। চিগাৰেট খোৱাটো সকলো সময়তে ক্ষতিকাৰক। কিছুমানে ইয়াৰ সপক্ষে যুক্তি দি কয় যে দিনে মাত্ৰ দুটা বা তিনিটা চিগাৰেটহে খায়; তাতকৈ বেছি নহয়। কিন্ত দুটা খোৱা বা দহটা খোৱাৰ পৰিণতিৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। মাত্ৰ ক্ষতিৰ মাত্ৰাৰ বা সময়ৰহে কিছু তাৰতম্য হয়। সেয়ে দিনে দুটা খালেও হাৰ্ট এটেকৰ সম্ভাৱনা থাকি যায়।\nসমীক্ষাৰ পৰা জনা গৈছে যে, সামান্য পৰিমাণে এলেকহল খালে হৃদযন্ত্ৰ ভালে থাকে। কিন্ত এই কথাটো মূৰত সোমাই নোলোৱাটোৱে ভাল। কাৰণ দেখা যায়, যি সকলে এলকহল খায়, তেওঁলোকে প্ৰায়ে পৰিমাণৰ মাত্ৰা পাৰ হৈ যায় আৰু অপৰিমিত মদ্যপানৰ পৰিমাণ মাৰাত্মক। অৰ্থাৎ এনে লোকে নীৰৱে হাৰ্ট এটেকক আমন্ত্ৰণ জনায়।\nখাদ্যৰ ভিতৰত তেল, চৰ্বি জাতীয় খাদ্য, মাখন, চিজ, ঘিউ - যিমান দূৰ সম্ভৱ কমকৈ খোৱা ভাল। পঠাৰ মাংস খোৱা অনুচিত। প্ৰয়োজনত মুৰ্গীৰ মাংস খাব পাৰি। কিন্ত সেয়াও নিয়মিত হোৱা অনুচিত। কণী সপ্তাহত দুদিনতকৈ বেছি নহয়। মাছ খোৱাটো ভাল। প্ৰতিদিনৰ খাদ্য তালিকাত সৰু আৰু টাটকা মাছ ৰখা দৰকাৰ। কিন্ত ডাঙৰ মাছ উপকাৰী নহয়। শাক-পাচলি, ফল-মূল বেছিকৈ খোৱা ভাল। পৰিমিত প্ৰ'টিন, বিভিন্ন ধৰণৰ ভিটামিন, কাৰ্বোহাইড্ৰেট আৰু চৰ্বি জাতীয় খাদ্য-সকলো লগ লগাই খাদ্য তালিকাত সুষম আৰু ভাৰসাম্য যুক্ত হোৱা দৰকাৰ।\nতেল বা চৰ্বি জাতীয় খাদ্যৰ ভিতৰত বিশেষকৈ যি খাদ্য দ্ৰব্যত চেচুৰেটেড ফেট বেছি, সেইবোৰ কমকৈ খোৱা উচিত। তাৰ তুলনাত আনচেচুৰেটেড ফেটি এচিড আকৌ দুই ধৰণৰ হয়। মন' আনচেচুৰেটেড আৰু পলি আনচেচুৰেটেড। এই দুই ধৰণৰ ফেটি এচিডেই উপকাৰী।\nনিমখ বেছি নোখোৱা ভাল। তাৰোপৰি ফাষ্টফুট খোৱাও ভাল নহয়। কাৰণ এই ধৰণৰ খাদ্যত নিমখ আৰু তেল দুয়োটাই বেছি থাকে। বহুবিধ এনে খাদ্যত সাধাৰণ নিমখৰ সলনি মন'চডিয়াম গ্লটামেট অ'জিনামট' ব্যৱহাৰ কৰা হয়, যাৰ বাবে খাদ্যবিধ অতি সোৱাদ লগা হয়। কিন্ত এনে খাদ্য স্বাস্থ্যৰ বাবে অতি মাৰত্মক। বেছি ভাগ ফাষ্টফুড মুখৰোচক কৰাৰ বাবে লগত চচ খোৱা হয়, য'ত উচ্চমাত্ৰাত চৰ্বি থাকে।\nখোৱা-বোৱাৰ প্ৰসঙ্গৰ শেষত কব পাৰি ভাত, ৰুটি, শাক-পাচলি, ফল-মূল এইবোৰ খাদ্য বেছিকৈ খাওক। সদহজ ভাষাত সকলো খাদ্যই খাব পাৰি, কেৱল যিবোৰ খোৱা উচিত, সেইবোৰ কমকৈ খাওক। ভাৰসাম্য যুক্ত সুষম খাদ্যই শৰীৰ ৰোগমুক্ত, সুস্থ আৰু সতেজ কৰি ৰাখে।\nপৰিমিত আৰু ভাৰসাম্যযুক্ত খাদ্যই যেনেদৰে হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰে তেনেকৈ ব্যায়ামেও এনে প্ৰতিৰোধ গঢ়ি তুলিব পাৰে। প্ৰতি জন পূৰ্ণ বয়স্ক মানুহে প্ৰতিদিনে অন্ততঃ আধা ঘণ্টাকৈ ব্যায়াম কৰা উচিত। সুস্থ হৃদযন্ত্ৰৰ বাবে খোজকঢ়া, জগিং কৰা, সাতোঁৰা, চাইকেল চলোৱা উপকাৰী। অৱশ্যে যি সকলে ইতিমধ্যে কোনো হৃদৰোগত আক্ৰান্ত হৈছে, তেনেলোকে ওজন দঙা জাতীয় ব্যায়াম কৰা অনুচিত। আনকি উচ্চ ৰক্তচাপ থাকিলেও এনে ব্যায়াম কৰা উচিত নহয়।\nব্যায়ামৰ প্ৰসঙ্গত আৰু এটি কথা মনত ৰখা দৰকাৰ যে, সাতাইছ বছৰ বয়সৰ যুৱকৰ সৈতে সত্তৰ বছৰ বয়সীয়া বৃদ্ধৰ পাৰ্থক্য আছে। কেতিয়াবা ব্যায়াম নকৰা ব্যক্তি এজনে প্ৰথম আৰম্ভণিৰ কেইদিনমান সোনকালে ফোঁপাই উঠিব, কষ্ট পাব। সেয়ে প্ৰথম কেইদিন মান পাঁচ মিনিটকৈ কৰি লাহে লাহে সময় বঢ়াই যাব লাগে। আদ্গা ঘণ্টা ব্যায়াম কৰাৰ অৰ্থ এইটো নহয় যে একেৰাহে ইমান খিনি সময় ব্যায়াম কৰিব লাগিব। এজন বৃদ্ধ লোকৰ বাবে ই সম্ভৱ নহবও পাৰে। দিনটোৰ বেলেগ বেলেগ সময়ত ব্যায়াম কৰি মুঠতে আধা ঘণ্টা ব্যায়াম কৰিলেও যথেষ্ট।\nনিয়মিত কিছু বাট খোজকাঢ়ক। অৱশ্যে গতিৰ ফাললৈ লক্ষ্য ৰাখক। খুব ধীৰ গতিত খোজকাঢ়িলে ভাল নহব। বেগাই খোজকাঢ়ক। কিন্ত খোজকাঢ়ি থকা অৱস্থাত কথা কব পাৰিছেনে নাই সেইটো লক্ষ্য কৰক আৰু তেনে ধৰণৰ গতিৰে খোজকাঢ়ক। যি সকলৰ বয়স হৈছে তেওঁলোকে সাঁতোৰী অথবা চাইকেল চলোৱাৰ দৰে ব্যায়াম কৰা অনুচিত।\nএতিয়া জনা দৰকাৰ 'ৰিস্ক ফেক্টৰ' থাকিলে কি দৰে হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰি।\nডায়েবেটিচ থকা বুলি জানিলেই বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। নিয়মিত তেজ পৰীক্ষা কৰাওক। কাৰণ তেজত শৰ্কৰাৰ পৰিমাণ কিমান সেইটো সকলো সময়তে জনা দৰকাৰ। খাদ্যত কেলৰি নিয়ন্ত্ৰণ, ব্যায়াম অথবা খোজকঢ়া বজাই ৰাখক। ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিলেই নহয়, লগতে কলেষ্ট্ৰেলৰ পৰিমাণ আৰু উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণত থকা দৰকাৰ।\nহাৰ্ট এটেকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপো এটি 'ৰিস্ক ফেক্টৰ'। এই ৰোগত আজি বহু মানুহেই আক্ৰান্ত। সেয়ে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ খাওক আৰু নিয়মিত তেজৰ চাপ পৰীক্ষা কৰাওক। খাদ্যত যিমান পৰা যায় নিমখ পৰিহাৰ কৰক। কেঁচা নিমখ একেবাৰে নাখাব। তাৰোপৰি ব্লাডচুগাৰ, কলেষ্ট্ৰেৰল সম্পৰ্কে সচেতন থাকক।\nতেজত কলেষ্ট্ৰেৰেলৰ পৰিমাণ বেছি থকা সকলে খোৱা-বোৱা সম্পৰ্কে সচেতন হওক। ফেট জাতীয় খাদ্য কমকৈ খাব। পাৰিলে পৰিহাৰ কৰক। কণীৰ কুহুম, পঠাৰ মাংস আদি একেবাৰে নাখাব। প্ৰয়োজনত ডায়েবেটিচিয়ানৰ সাহায্যত খাদ্য তালিকা এখন তৈয়াৰ কৰি সেই তালিকা অনুসৰণ কৰক। চিকিৎসকৰ পৰামৰ্শ লওক।\nএই প্ৰসঙ্গত জানি থোৱা ভাল যে, ডায়েবেটিছ, ব্লাডচুপ্ৰেচাৰ কলেষ্ট্ৰেৰলৰ পৰিমাণ বেছি থকা সকলে নিয়মিত ব্যায়াম কৰা উচিত। সঠিক ব্যায়াম আৰু নিয়মিত ভাৱে খোজ কাঢ়িলে চুগাৰ, ৰক্তচাপ আৰু কেলেষ্ট্ৰেৰলৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।\nহাৰ্ট এটেক হোৱাৰ ই আন এটি কাৰণ। সেয়ে দেহৰ ওজন কমোৱা প্ৰয়োজন। চৰ্বি জাতীয় খাদ্য বন্ধ কৰক। সমীক্ষাৰ পৰা জনা গৈছে যেনে মেদ থকা লোকৰ হাৰ্টৰ সমস্যাই দেখা দিয়ে। সেয়ে মেদ যাতে বৃদ্ধি নাপায় সেইটো লক্ষ্য কৰক।\nআধুনিক জটিল জীৱনত শাৰীৰিক আৰু মানসিক দুয়োটা চাপেই থাকে। অনশ্যে এইটো ঠিক যে, মানসিক চাপৰ প্ৰভাৱ মানুহ ভেদে ভিন ভিন হয়। কোনো কোনো মানুহে কোনো কোনো সমস্যা বা জটিল পৰিস্থিতি ঠাণ্ডা মগজুৰে সহজে মুখামুখি হব পাৰে আৰু বহুতে এইটো নোৱাৰে। অলপতে উত্তেজিত হয়, মানসিক ভাৱে ভাঙি পৰে, হতাশাত ভোগে। এইবোৰেই হাৰ্ট এটেকৰ সম্ভাৱনা বঢ়াই দিয়ে। মানসিক চাপৰ কাৰণ সমূহ এৰাই চলিব নোৱাৰিলেও ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ কথা মনত ৰাখি সচেতন ভাৱে ইয়াক বেছি গুৰুত্ব নিদিয়াৰ চেষ্টা কৰিব পাৰি। আচল কথা শৰীৰ আৰু মনৰ সুস্থতা ক্ষেত্ৰ বিশেষে কঠিন হ'লেও কামটো নিজেই সহজ কৰি তুলিব পাৰে।\nহাৰ্ট এটেকৰ বিষ গেচ জনিত বিষৰ দৰে প্ৰায় একে হোৱাৰ বাবে প্ৰাৰম্ভিক অৱস্থাত কিছু দোমোজাত পৰা যায়। যি সকলৰ কেতিয়াও গেচ বা বদহজম আদি নহয় আৰু ব্লাডচুগাৰ, কলেষ্ট্ৰেৰেল, হাই ব্লাড প্ৰেচাৰ আৰু মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধিৰ দৰে 'ৰিস্ক ফেক্টৰ' থাকে, তেনে লোকে এনে ধৰণৰ বিষ হ'লে সতৰ্ক হোৱা প্ৰয়োজন। ঘৰৰ মানুহে আপদকালীন ব্যৱস্থা হিচাপে ৩২৫ এম জি এচপিৰিণ টেবলেট খুৱাই ততালিকে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। অৱশ্যে এচপিৰিণ দিতাৰ আগতে ব্লাড প্ৰেচাৰ জুখি লোৱাৰ দৰকাৰ। ৰক্তচাপ স্বাভাৱিক থাকিলেহে এচপিৰিণ দিব লাগে। বুকুত প্ৰচণ্ড বিষ হ'লে জিভাৰ তলত চৰবিট্ৰেট টেবলেট দি চিকিৎসালয়লৈ লৈ যাব লাগে। অকলশৰীয়া অৱস্থাত ৰাস্তাই ঘাটে যদি বুকুত প্ৰচণ্ড বিষ হত, তেন্তে লগে লগে বহি পৰক আৰু অইন লোকক সাহাৰ্য্যৰ বাবে মাতক। অইনৰ সহায়ত চিকিৎসালয়ত ভৰ্তি হওক। নিজে খোজকাঢ়ি যাবলৈ চেষ্টা নকৰিব।
0051356272271bf83649c7cdce811b9ce4170d1774c54200872be310095e61b5
ইষ্টাৰ্ণ জোন ইণ্ডিয়া স্কিলচ ২০২১ আঞ্চলিক প্ৰতিযোগিতাত দৃঢ় প্ৰদৰ্শনেৰে দহটা সোণ আৰু চাৰিটা ৰূপৰ পদক লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰে অসমে। বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহানে পাটনাৰ বাপুসভাঘৰত বিজয়ীসকলক সম্বৰ্ধনা জনায় আৰু তেওঁলোকৰ প্ৰত্যেককে ২১,০০০ টকাৰ নগদ পুৰস্কাৰৰ লগতে সোণৰ পদক প্ৰদান কৰে। প্ৰথম ৰানাৰ্ছ আপক ১১,০০০ টকা আৰু ৰূপৰ পদক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৫০ জন প্ৰাৰ্থীয়ে সোণৰ পদক লাভ কৰে, আনহাতে ৪৮ জনে ৰূপৰ পদক লাভ কৰে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ, ঝাৰখণ্ড, মিজোৰাম, উৰিষ্যা, ত্ৰিপুৰা আৰু পশ্চিম বংগই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আঞ্চলিক বিজয়ীসকলে ডিচেম্বৰ ২০২১-ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সেই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা সকলে অক্টোবৰ ২০২২ ত চীনৰ ছাংহাইত অনুষ্ঠিত হ'বলগীয়া বিশ্বদক্ষতা প্ৰতিযোগিতাত প্ৰৱেশ কৰিব। ২৪০ ৰো অধিক প্ৰাৰ্থীয়ে ৪২ টা বিভাগত প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছিল, যাৰ ভিতৰত আছে ৰন্ধন, ৰেষ্টুৰেণ্ট সেৱা, কনফেক্সনাৰী/পেষ্ট্ৰী কুক, বিউটি থেৰাপী, হেয়াৰড্ৰেছিং, মেকানিকেল ইঞ্জিনিয়াৰিং ডিজাইন (চিএডি), ৱেব ডিজাইন, ইলেক্ট্ৰনিক্স, আইটি ছফ্টৱেৰ সমাধান, গ্ৰাফিক ডিজাইন প্ৰযুক্তি, মোবাইল ৰবটিক্স। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
8e6cdfc93e912e147a78d8fb8e05c7180aff47e81af526c3463c86c5aa2223c0
গুৱাহাটীৰ পে'ট্ৰল পাম্পসমূহত আজিৰে পৰা নগদ ধনৰে গ্ৰাহকে ক্ৰয় কৰিব নোৱাৰিব পে'ট্ৰল অথবা ডিজেল। কেৱল এ টি এম কাৰ্ডেৰেহে ডিজেল বা পে'ট্ৰল ক্ৰয় কৰিব পাৰিব। যিহেতু নগদ ধনৰ বিনিময়ত গ্ৰাহকক ইন্ধন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পে'ট্ৰল পাম্পৰ মালিক এছ'চিয়েশ্যনে। লোকসভা নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত নগদ ধনৰ বিনিময়ত ইন্ধন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচন উপলক্ষে নগদ ধন সৰবৰাহৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ বাবে পে'ট্ৰল পাম্পৰ মালিক এছ'চিয়েশ্যনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বুধবাৰে অৰ্থাৎ ১৭ এপ্ৰিলত আৰক্ষী আৰু ফ্লাইং স্কুৱাডৰ দলে নুনমাটিৰ চূণচালিত অমৃত চন্দ্ৰ ডেকা নামৰ এজন লোকৰ পৰা ২৫.১১ লাখ টকা জব্দ কৰিছিল। মন কৰিবলগীয়া যে আৰক্ষীয়ে জব্দ কৰা এই ধনখিনি আছিল বাইহাটা চাৰিআলিৰ এটা পে'ট্ৰল ডিপোৰ। ৰঙালী বিহুৰ বাবে বেংক বন্ধ থকাত বুধবাৰে বেংকত ধন জমা দিবলৈ আহোতে আৰক্ষীয়ে টকাখিনি জব্দ কৰে। এই ঘটনাৰ পিছতে জিলা এছ'চিয়েশ্যনে নগদ ধনৰ বিনিময়ত ২৩ এপ্ৰিল পৰ্যন্ত পে'ট্ৰল বা ডিজেল গ্ৰাহকক যোগান নধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেৱল এ টি এম কাৰ্ডৰ বিনিময়তহে ইন্ধন যোগান ধৰিব বুলি এছ'চিয়েশ্যনে জানিবলৈ দিয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
b62b0df8aa462f831d9cb8c041c54f3efde19e8db4d03df87ff6529c4f604cba
Share this: সোমবাৰে পুৱতি নিশাৰ পৰা সন্ধানহীন হৈ থকা বৰপেটাৰোডৰ খৈৰাবাৰীৰ সঞ্জয় চন্দৰ পত্নী মণি ৰায় কৰ্মকাৰৰ মৃতদেহ উদ্ধাৰ হৈছে । বৰপেটাৰোডৰ শ্মশানৰ পুখুৰীত ডুবি মহিলা গৰাকীৰ মৃত্যু ঘটা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে লগে লগে বৰপেটাৰোডৰ অগ্নিনিৰ্বাপক বাহিনীক ঘটনাটোৰ সন্দৰ্ভত খবৰ দিয়ে । অগ্নিনিৰ্বাপক বাহিনীয়ে পুখুৰীটোত বিচাৰখোচাৰ কৰে যদিও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । পৰৱৰ্তী সময়ত এনডিআৰএফ বাহিনীক খবৰ দিয়াত কলহ ভাঙ্গাৰ শ্মশানৰ উক্ত পুখুৰীটোৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
423b74d34dfb6a5587deb21579a966919b7dae87a23d2f42d3b3650bd0605af0
আবু ধাবি, ৩ নৱেম্বৰ : আবু ধাবিত অনুষ্ঠিত হোৱা আজি আই পি এল ২০২০ৰ ৫৫নং মেচত দিল্লী কেপিটেলছে ছয় উইকেটত বিজয় সাব্যস্ত কৰে। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে বটিং কৰিবলৈ আহি ফিলিপে ১২ৰান, দেৱদত্তই পাঁচটা ৪ৰ সহায়ত ৫০ ৰান, বিৰাট কোহলীৰ ২৯ ৰান, ডেভিলিয়াৰ্ছে দুটা ছি'াৰ আৰু এটা ৪ৰ সহায়ত অপৰাজিত ৩৫ ৰান, আৰু শিৱম ডুবেৰ ১৭ৰানৰ বৰঙনিৰে ৭ উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অভাৰত ১৫২ ৰান সংগ্ৰহ কৰে। দিল্লী কেপিটেলছে ১৫৩ ৰানৰ লক্ষ্য আগত ৰাখি খেলিবলৈ আহি অপেনাৰ পৃথ্বি শ্ব মাত্ৰ ৯ ৰান কৰি আউট হয়। পিছত শেখৰ ধাৱানে ৬টা চাৰিৰ সহায়ত ৫৪ ৰান কৰি স্ক'ৰ বৃদ্ধি কৰে যদিও শ্বাহবাদ আহমেদৰ বলত আউট হয়। ৰাহানে দুৰ্দান্ত প্ৰদৰ্শনেৰে এটা ৬ আৰু পাঁচটা ৪ৰ সহায়ত ৬০ ৰান কৰে। শ্ৰেয়াছ আয়াৰে ৭ৰান, ঋষভ পেণ্ট ৮ৰান আৰু ষ্টনিছে ১০ ৰান কৰি ১৯ অভাৰত চাৰিটা উইকেট হেৰুৱা লক্ষ্যত উপনিত হৈ ৬ উইকেটত বিজয় সাব্যস্ত কৰে। এনৰিষ্ট নৰ্টজে মেন অফ দ্য মেচৰ সন্মান লাভ কৰে। উল্লেখ্য যে নৰ্টজেই চাৰি অভাৰত ৩৩ ৰান দি ৩ উইকেট লাভ কৰে।
b875ddce43de7250c7941e54a1c86e0e23316ce9c90ac4187a419ff16be2ec48
অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ ৰক্ষাৰ বাবে আগন্তুক সপ্তদশ লোকসভা নিৰ্বাচনত অসমৰ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হোৱা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই আজি মনোনয়নপত্ৰ দাখিল কৰে। আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়া কমল কুমাৰ বৈশ্যৰ ওচৰত মনোনয়ন দাখিল কৰে হাজৰিকাই। মনোনয়ন দাখিলৰ সময়ত হাজৰিকাই শতাধিক সমৰ্থকক লগত লৈ শৰাইঘাট দলঙৰ পৰা বাইক আৰু গাড়ীৰে সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। মনোনয়ন দাখিল কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত নিৰ্দলীয় প্ৰাৰ্থী হাজৰিকাই কয় যে খিলঞ্জীয়া লোকৰ কোনো দল নাই। ১৯৫১ চনৰ ভিত্তিত ভূমি, চাকৰি তথা ব্যৱসায় সংৰক্ষণৰ ক্ষেত্ৰত মাত মাতি যাব বুলি হাজৰিকাই সদৰী কৰে। 'প্ৰত্যেকটো ৰাজনৈতিক দলে খিলঞ্জীয়া লোকক ঠগিলে গতিকে মোৰ বাবে খিলঞ্জীয়া প্ৰথম'। এই মন্তব্য অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ ৰক্ষাৰ হকে কাম কৰি থকা বুলি দাবী কৰা উপমন্যু হাজৰিকাৰ। উল্লেখ্য যে 'ভোটৰ সংগ্ৰাম-প্ৰতিশ্ৰুতি নহয় ফলাফল দিয়ক' এই শ্ল'গান লৈয়ে হাজৰিকাই মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মন্তব্য কৰে। ইফালে আজিয়েই গুৱাহাটী সমষ্টিৰ আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডেও নিজৰ মনোনয়নপত্ৰ দাখিল কৰিব। আনহাতে মিত্ৰজোঁটৰ হৈ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই ১ এপ্ৰিল অৰ্থাৎ সোমবাৰেই দাখিল কৰিছিল মনোনয়ন। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
36e0c13a3b3033526088b110c9332c01a7c69883cac2c2d57f1935f8946a2128
অসমৰ এক ৰাষ্ট্ৰীয় উদ্যান\nমানস ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজীঃ Manas National Park) অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান (World Heritage site), ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল (Project Tiger Reserve), হস্তী সংৰক্ষিত বনাঞ্চল (Elephant Reserve), তথা বায়'ছফিয়েৰ ৰিজাৰ্ভ (Biosphere Reserve)। ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বৰপেটা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত। উত্তৰে মানস নদী তথা ভূটান ৰাজ্য, দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও, পশ্চিমে সোণকোষ নদীৰ পৰা পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে। এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে। মানস ৰাষ্ট্ৰীয় উদ্যান অধোক্ৰান্তীয় মণ্ডলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ জলবায়ু সেমেকা তথা ক্ৰান্তীয় ধৰণৰ। এই ৰাষ্ট্ৰীয় উদ্যান বহুতো আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী যেনে-নলগাহৰি (Pygmy Hog), সোণালী বান্দৰ (Golden Langur) আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া (পানী) ম'হ (Wild Water Buffalo)ৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানস ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে\n৯৫০ বৰ্গ কি.মি.\nনামৰ উৎসসম্পাদনা কৰক\nমানস ৰাষ্ট্ৰীয় উদ্যানৰ নামটো ৰাষ্ট্ৰীয় উদ্যান খনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ অন্যতম প্ৰধান উপনৈ মানস নৈ ৰ পৰা লোৱা হৈছে। এই নৈক আকৌ হিন্দু ধৰ্মৰ দেৱী মনসাৰ নাম অনুসৰি নামকৰণ কৰা হৈছে।\n১৯২৮ চনৰ ১ অক্টোবৰত মানসক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্য্যদা দিয়া হয়। ইয়াৰ আগতে মানসক সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল। পূৰ্বতে ইয়াক গৌৰীপুৰৰ ৰজাই চিকাৰ স্থলী হিচাপে ব্যৱহাৰ কৰাৰ কথা জনা যায়। ১৯৭৩ চনত ইয়াত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয়। ১৯৮৫ চনত ইউনেস্ক'ই মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। ১৯৯৫ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা প্ৰদান কৰা হয়।\nমানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ পাঁচখন জিলাৰ বিভিন্ন অংশ লৈ গঠিত হৈছেঃকোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু দৰং জিলা। ৰাষ্ট্ৰীয় উদ্যানখনক তিনিটা ৰেঞ্জত বিভক্ত কৰা হৈছে। পশ্চিমৰেঞ্জ পানবাৰীত, কেন্দ্ৰীয়ৰেঞ্জ বৰপেটা ৰোডৰ ওচৰৰ বাঁহবাৰীত আৰু পূবৰ ৰেঞ্জটো পাঠশালাৰ সমীপৰ ভূঞাপাৰাত অৱস্থিত।\nব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ মানস এই ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশেৰে বৈ গৈ দুখন উপনৈত বিভক্ত হৈছে- বেঁকী আৰু ভলকাডুবা। মানসৰ উপৰিও অন্য পাঁচখন উপনৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে।\nমানসৰ মুঠ মাটিকালি ৯৫০ বৰ্গ কি.মি. আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬১-১১০ মিটাৰ উচ্চতাত অৱস্থিত।\nপ্ৰাণী সমূহৰ ভিতৰত হাতী, এশিঙীয়া গঁড়, বনৰীয়া ম'হ, মিথুন (Gaur), ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধাফুটুকী বাঘ (Clouded Leopard), সোণালী মেকুৰী (Asian golden cat), টুপীমূৰীয়া বান্দৰ, সোণালী বান্দৰ, অসমীয়া বান্দৰ, লাজুকী বান্দৰ, হলৌ বান্দৰ , উদ (Smooth-coated Otter), ভালুক, ছাগলী পহু , সুগৰী পহু, দল-হৰিণা, শৰপহু, নলগাহৰি (Pygmy Hog) আদি প্ৰধানকৈ পোৱা যায়।\nপক্ষীৰ প্ৰজাতিসমূহৰ ভিতৰত Bengal Florican, Giant Hornbill, বন-কুকুৰা (Red Jungle Fowl), Bulbul, চাকৈ-চকোৱা, Kalij Pheasant, বগলী (Egret), (পেলিকান) Pelican, Fishing Eagle, Serpent Eagle, Falcon, Scarlet Minivet, Bee-Eater, Magpie Robin, Pied Hornbill, Indian Grey Hornbill, Merganser, Harrier, Osprey, Heron ইত্যাদি উল্লেখযোগ্য।\n"https://as.wikipedia.org/w/index.php?title=মানস_ৰাষ্ট্ৰীয়_উদ্যান&oldid=260015"ৰ পৰা অনা হৈছে\nLast edited on 24 January 2021, at 04:34\nআন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। এই পৃষ্ঠাটোৰ সংক্ষিপ্ত ইউ.আৰ.এল. : https://as.wikipedia.org/?curid=26688।\nএই পৃষ্ঠাখন ২৪ জানুৱাৰী, ২০২১ তাৰিখে ১০ঃ০৪ বজাত অন্তিম সংশোধন কৰা হৈছিল।
79cb703fcf8765307f714f8ea35080806a65e68d7e5d08940a95b58e7ff988e3
সদ্যহতে জুবিনক আই চি ইউত ৰখা হ'ব। ডাঃ বৰুৱাই জনোৱা মতে, শিল্পীজনৰ শাৰীৰিক অৱস্থাক সম্পূৰ্ণ নিৰীক্ষণত ৰখাৰ বাবে তেওঁক আই চি ইউত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী টাউন ক্লাবত এটা বিশেষ অনুষ্ঠানৰ মাজতে জুবিন হঠাৎ অসুস্থ হৈ পৰিছিল। অচেতন প্ৰায় হৈ মাটিত ঢলি পৰিবৰ উপক্ৰম হোৱা অৱস্থাতে কাষতে থকা অনুৰাগী আৰু বন্ধুবৰ্গই কোনোমতে নপৰাকৈ ৰাখিবলৈ সক্ষম হয় সকলো অসমীয়াৰ মৰমৰ শিল্পীজনক। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
eadcf45be9e05c406421500f044a217e1b077ca3a3857f0253dc8eebf5506c64
ৰামৰ জীৱনকথাক হিন্দুসকলে ধৰ্মনিষ্ঠাৰ আদৰ্শ হিচাপে মান্য কৰে। তেওঁক আদৰ্শ মানুহ বুলি ভবা হয়। পিতাৰ সম্মানৰক্ষাৰ্থে তেওঁ সিংহাসনৰ অধিকাৰ ত্যাগ কৰি চৈধ্য বছৰৰ বাবে বনলৈ যায়।[8] তেওঁৰ স্ত্ৰী সীতা আৰু ভাতৃ লক্ষ্মণেও তেওঁৰ বিচ্ছেদ সহ্য কৰিব নোৱাৰিব বুলিয়েই তেওঁৰ লগত যায়। তেওঁলোকে একেলগে চৈধ্য বছৰ বনত কটায়। বনবাসকালত লঙ্কাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰি নিয়ে। দীৰ্ঘ অনুসন্ধানৰ পিছত ৰামে ৰাৱণৰ বিৰাট বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰে। এই যুদ্ধত ৰাৱণ পৰাজিত হয়। ৰামে সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহে। তেতিয়া তেওঁৰ ৰাজ্যাভিষেক হয়। পিছত তেওঁ এজন সম্ৰাটত পৰিণত হয়।[8] তেওঁৰ ৰাজ্যত প্ৰজাসকলে সুখ, শান্তিত বাস কৰিছিল আৰু ৰাজ্যৰ সমৃদ্ধি আৰু ন্যায়বিচাৰ অব্যাহত আছিল। এই বাবে ৰামৰ শাসনৰ অনুসৰণত সুশাসিত ৰাজ্যক "ৰামৰাজ্য" বোলাৰ প্ৰৱণতা আৰম্ভ হয়। ৰামায়ণৰ অন্যতম বৈশিষ্ট্য হ'ল ৰামৰ সীতা-অনুসন্ধান আৰু যুদ্ধজয়ৰ ক্ষেত্ৰত ৰামৰ প্ৰতি সীতাৰ চৰম প্ৰেম আৰু সতীত্বৰ প্ৰতি গুৰুত্ব আৰোপ। ৰাৱণৰ বন্দীনী হোৱা স্বত্বেও সীতাৰ পবিত্ৰতা ৰক্ষিত হৈছিল। আনহাতে, ৰামৰ তিনি অনুজ ভাতৃ লক্ষ্মণ, শত্ৰুঘ্ন আৰু ভৰতো পবিত্ৰতা, ভ্ৰাতৃপ্ৰেম আৰু শক্তিৰ আদৰ্শ।[8] কোনো কোনো মতে তেওঁলোকো "মৰ্যাদা পুৰুষোত্তম" আৰু সপ্তম অৱতাৰৰ অংশ। ৰামৰ পবিত্ৰতাই কিষ্কিন্ধ্যাৰ বানৰ আৰু হনুমানক আকৃষ্ট কৰিছিল। এওলোকেই তেওঁক সীতা উদ্ধাৰত সহায় কৰে।[8] ৰামৰ গল্প ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত বিশেষ জনপ্ৰিয়। হিন্দু ধৰ্মত ৰাম অন্তহীন প্ৰেম,[9] সাহস, শক্তি, ভক্তি, কৰ্তব্য আৰু মূল্যবোধৰ দেৱতা। ব্যক্তিনাম হিচাপে "ৰাম" শব্দটিৰ প্ৰথম উল্লেখ পোৱা যায় ঋকবেদত (১০। ৯৩। ১৪):[10] ৰাম শব্দৰ স্ত্ৰীলিঙ্গ শব্দ হ'ল "ৰামী", ৰাত্ৰিৰ এটা বিশেষণ। বেদত দুই জন ৰামৰ উল্লেখ পোৱা যায়। প্ৰথম জন হ'ল "মাৰ্গবেয়" বা "ঔপতশ্বিনী" ৰাম আৰু দ্বিতীয় জন হ'ল "জামদগ্ন্য" ৰাম। উত্তৰ-বৈদিক যুগত তিনি জন ৰামৰ কথা জনা যায়, ৰামৰ অন্যান্য নামবোৰ হ'ল 'ৰামবিজয়' (জাভানিজ ভাষা), 'ফ্ৰেয়াহ ৰাম' (খমেৰ ভাষা), 'ফ্ৰা ৰাম' (লাও ভাষা আৰু থাই ভাষা), 'মেগাত সেৰি ৰাম' (মালয় ভাষা), 'ৰাকা বানতুগান' (মাৰানাও ভাষা) আৰু 'ৰামাৰ' (তামিল ভাষা)। ৰাম-সংক্ৰান্ত পৌৰাণিক উপাখ্যানৰ প্ৰধান উৎস ঋষি বাল্মীকি ৰচিত ৰামায়ণ মহাকাব্য। ইয়াৰ উপৰিও বিষ্ণু পুৰাণত বিষ্ণুৰ সপ্তম অৱতাৰ ৰামৰ উল্লেখ আছে। ভাগৱত পুৰাণৰ নৱম স্কন্ধৰ দশম আৰু একাদশ অধ্যায়ত ৰামৰ কাহিনী বৰ্ণিত হৈছে। ইয়াৰ উপৰিও মহাভাৰততো ৰামৰ উপাখ্যান উল্লিখিত হৈছে। দক্ষিণ-পূৱ এছিয়াৰ বিভিন্ন দেশতো ৰামায়ণৰ বিভিন্ন পাঠান্তৰ দেখা যায়। এই সকলো পাঠান্তৰত স্থানীয় ইতিহাস, লোক-কথা, ধৰ্মীয় মূল্যবোধ আৰু স্থানীয় ভাষাবোৰৰ স্বতন্ত্ৰ বৈশিষ্ট্যবিলাক ফুটি উঠিছে। ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ 'কাকাউইন ৰামায়ণ', বালি দ্বীপৰ 'ৰামকবচ', মালয়েছিয়াৰ 'হিকায়ত সেৰি ৰাম', ফিলিপাইনৰ 'মাৰাদিয়া লাৱানা' আৰু থাইলেণ্ডৰ 'ৰামকিয়েন' (বা 'ফ্ৰা ৰাম') এই জাতীয় গ্ৰন্থবোৰৰ মাজত উল্লেখযোগ্য। বেংককৰ ওয়াট ফ্ৰা কায়েউ মন্দিৰত ৰামায়ণৰ ছবি দেখা যায়। ম্যানমাৰৰ জাতীয় মহাকাব্য 'ইয়ামা জাতদাও' হ'ল ৰামায়ণৰ ব্ৰহ্মদেশীয় সংস্কৰণ। এই গ্ৰন্থত ৰামক ইয়ামা নামে অভিহিত কৰা হৈছে। কম্বোডিয়াৰ ৰেয়ামকেৰে ৰামৰ নাম ফ্ৰেয়াহ ৰাম। লাউচৰ 'ফ্ৰা লাক ফ্ৰা লাম' গ্ৰন্থত গৌতম বুদ্ধক ৰামৰ অৱতাৰ বোলা হৈছে। বৌদ্ধ ধৰ্মানুসাৰে এবাৰ বোধিসত্ত্বই শ্ৰীৰামচন্দ্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। জাতকৰ কাহিনীত সেইবাবে ৰামচন্দ্ৰৰ উল্লেখ আছে। বৌদ্ধধৰ্মত ৰামচন্দ্ৰক পৰম ধাৰ্মিক আৰু আদৰ্শ নৃপতি হিচাপে আখ্যায়িত কৰা হৈছে। শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ আদিগ্ৰন্থ বা শ্ৰী গুৰু গ্ৰন্থ চাহিবত অযোদ্ধাৰ নৃপতি পৰম ধাৰ্মিক ৰজা ৰামচন্দ্ৰৰ কাহিনী আৰু ৰামায়ণৰ যুদ্ধৰ কাহিনী বৰ্ণিত আছে।
aeb8a85ad6d40162e347a32f77e0ee2cf685a4b6b231731c0ddac799dccc33c1
ছাত্ৰৱস্থাত আব্দুল কালামৰ পৰিয়ালৰ আৰ্থিক অৱস্থা সূচল নাছিল। সেয়েহে এনে পৰিস্থিতিত তেওঁৰ শিক্ষা অব্যাহত ৰাখিবলৈ তেওঁ বাতৰি কাকত বিক্ৰী কৰিছিল। ইয়াৰ উপৰিও ১৯৫০ চনত কালামে মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজীৰ পৰা মহাকাশ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক হোৱাৰ পিছত, তেওঁ হোভাৰক্ৰাফ্ট প্ৰকল্পত কাম কৰিবলৈ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানত প্ৰৱেশ কৰে। ১৯৬২ চনত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত যোগদান কৰে আৰু কেইবাটাও উপগ্ৰহ উৎক্ষেপণ প্ৰকল্পত সফলতাৰে তেওঁৰ ভূমিকা পালন কৰে। ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামক 'পিপলছ প্ৰেচিডেণ্ট' বুলিও অভিহিত কৰা হয়। ইয়াৰ উপৰিও, কালামে ভাৰতৰ দুটা মুখ্য মহাকাশ গৱেষণা সংস্থা - প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ' ) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ সৈতে কাম কৰিছিল। লগতে, কালামক অগ্নি মিছাইল আৰু পৃথিৱী মিছাইলৰ সফল পৰীক্ষাৰ কৃতিত্ব প্ৰদান কৰা হয়। তেওঁৰ তত্বাৱধানত, ভাৰতে ১৯৯৮ চনত পোখৰণত ইয়াৰ দ্বিতীয় সফল পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। ভাৰত চৰকাৰে ড০ এ পি জে আব্দুল কালামক ভাৰত ৰত্নকে ধৰি আন কেইবাটাও সন্মান প্ৰদান কৰিছে। ভাৰত চৰকাৰে কালামক ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা প্ৰদান কৰে। ড০ আব্দুল কালাম ভাৰতৰত্ন লাভ কৰা দেশৰ তৃতীয়জন ৰাষ্ট্ৰপতি । কেতিয়া মুক্তি পাব চলমান-কেটৰিনা অভিনীত টাইগাৰ থ্ৰী ? তৃতীয় ৰজা চালর্চৰ ৰাজ অভিষেকৰ পূৰ্বে নতুনকৈ সজোৱা হ'ব ৰাজমুকুট, কি কি মূল্যবান মণি মুকুটা খচিত কৰা হয় জানেনে ? অৱশেষত আত্মসমর্পন ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্ৰীৰ, ক'ত আছিল লুকাই !! কেতিয়া মুক্তি পাব চলমান-কেটৰিনা অভিনীত টাইগাৰ থ্ৰী ? "ভইচ ২৪×৭" হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য। সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?
90554bf39450b8c7461e400c046e35617b587393525cb8aac4abb0cef6fab5a8
ডিজিটেল সংবাদ, ওদালগুৰিঃ দেশৰ লগতে হঠাৎ ৰাজ্যত বৃদ্ধি পোৱা কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে শুকুৰবাৰে দিনৰ ১১ বজাত আকস্মিকভাৱে ওদালগুৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰিহন দৈমাৰীয়ে। অসম চৰকাৰে অন্যান্ন মন্ত্ৰীসকলৰ লগতে মন্ত্ৰী ৰিহন দৈমাৰীক ওদালগুৰি আৰু বাক্সা জিলাৰ কোৰোনা সন্দৰ্ভত পৰিৱেশ পৰ্যালোচনা কৰি সময়ে সময়ে ইয়াৰ প্ৰতিবেদন ৰাজ্য চৰকাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল। মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে ওদালগুৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চাফ-চিকুনতাৰ লগতে আইছ'লেশ্যন কক্ষ পৰিদৰ্শন কৰি ভাইৰাছবিধৰ সৈতে মোকাবিলা কৰিবলৈ কেনে ধৰণৰ সাজু হৈছে সেয়া পৰ্যবেক্ষণ কৰে। লগতে মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত দেখা পোৱা বিভিন্ন ক্ষেত্ৰত সুৰঙা থকাৰ কথা উল্লেখ কৰি তাৎক্ষণিকভাৱে এইবোৰ নোহোৱা কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কয় যে, "কোৰোনা সন্দৰ্ভত হব পৰা সাম্ভাৱ্য পৰিস্থিতিত সৈতে মোকাৱিলা কৰিবলৈ ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। প্ৰথমাৱস্থাত আমাৰ ভয় আছিল বিভিন্ন বহিঃৰাজ্যৰ পৰা ওদালগুৰিলৈ অহা ২,৬৯৩ গৰাকী শ্ৰমিক তথা শিক্ষাৰ্থীৰ ওপৰত। কিন্তু তেওঁলোকক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰি নিজ গৃহতে কোৱাৰেন্টাইন কৰি ৰখা হৈছে। কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ তেনে লক্ষণ অথবা খবৰ লাভ কৰা নাই। ইফালে বিগত কিছুদিন পূৰ্বে দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ পৰা অহা কেইগৰাকীমান লোকক পৰীক্ষা কৰা হৈছিল যদিও তেওঁলোকৰ নমুনাত কোনো ধৰণৰ কোৰোনা ভাইৰাছৰ সংক্ৰমণ লাভ কৰা হোৱা নাই। বৰ্তমানলৈ ওদালগুৰি জিলাখনত তিনিটাকৈ কোৱাৰেন্টাইন কক্ষ স্থাপন কৰা হৈছে। ইয়াৰে ভিতৰত ভেৰগাওঁ মহকুমাত ৫০ খন বিচনাযুক্ত, ওদালগুৰিত ৫০খন বিচনাযুক্ত আৰু মাজবাটত ৫০খন বিচনাযুক্ত কোৱাৰেন্টাইন কক্ষ সাজু কৰি ৰখা হৈছে। লগতে অসামৰিক চিকিৎসালয় ৩০খন বিচনাযুক্ত আইছ'লেশ্যন কক্ষৰ লগতে মডেল হস্পিতাল, চাহ বাগিচাৰ চিকিৎসালয়সমূহতো ইতিমধ্যে কিছু পৰিমাণে হ'লেও আইছ'লেশ্যন কক্ষ স্থাপন কৰা হৈছে। শুকুৰবাৰে মন্ত্ৰীৰ এই ভ্ৰমণ কালত তেওঁক সংগ দিয়ে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, বিটিচি সচিব ভাস্কৰজ্যোতি মান্তা, যুটীয়া স্বাস্থ্য সঞ্চালক তৈয়বুৰ ৰহমান, ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক সুদীপ ৰঞ্জন দেয়ে। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত একাংশ চিকিৎসাৰ সৈতে জৰিত চিকিৎসালয়খনৰ কৰ্মীয়ে পৰ্যাপ্ত সুৰক্ষাৰ সামগ্ৰীৰ নোপোৱাৰ লগতে কেইৱাটাও অভিযোগ উত্থাপন কৰে।
24fa57e161f43f87cf1b384967d3f4efb2f47db3b82a1184d349dfb35755ee38
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত খজুৱা কুম্বাং গাঁৱৰ এটা নিঃস্ব পৰিয়াললৈ সোমবাৰে এককালীন অৰ্থ সাহায্য প্ৰদান বিধায়ক নৱ দলেৰ। উল্লেখ্য যে যোৱা ৩০ জুনত ডাংধৰা পঞ্চায়তৰ কৰ্মঠ ব্যক্তি চিৰ কুমাৰ পেগুৱে কৰ্তব্যৰত অৱস্থাত গহপুৰত বানত উটি গৈ অকাল মৃত্যুক সাৱটি লৈছিল। বিধায়ক দলেয়ে সোমবাৰে মহকুমাধিপতি অৰিন্দম বৰুৱা, জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , পৌৰ সভাৰ সভাপতি ৰাজীৱ দাস, ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত, মণ্ডল সভাপতি সুনীল দলে আদিৰ উপস্থিতিত প্ৰয়াত চিৰ কুমাৰ পেগুৰ পত্নী জয়ন্তী মুন্ডা কুম্বাংৰ হাতত ৰাজ্যৰ দুৰ্যোগ সাহায্য পুঁজি শিতানৰ পৰা আৱন্তন দিয়া ৪ লাখ টকাৰ চেক অৰ্পণ কৰে । ইয়াৰ পূৰ্বে বিধায়ক গৰাকীয়ে ঢকুৱাখনা জিলা যুৱ মৰ্চাৰ উদ্যোগত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অনুষ্ঠিত কৰা ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰাৰ লগতে ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত লেচেৰা মিৰি আদৰ্শ অংগনৱাদী কেন্দ্ৰ আৰু অভয়পুৰ লাচন আদৰ্শ অংগনৱাদী কেন্দ্ৰ দুটাৰ লগতে হিলৈদাৰী গাঁও আৰু দুলিয়া গাঁওত অৱস্থিত জলসিঞ্চন বিভাগৰ সৌৰশক্তি আৰু বৈদ্যুতিক প্ৰযুক্তিৰে পৰিচালিত দুটা জলসিঞ্চন প্ৰকল্পৰো শুভ উদ্ধোধন কৰে ।
cf71680e1c1fa0df016c26673b15d09980f22935eb5bed3196e10cdf83803b89
ট্ৰেক্টৰ বিতৰণ বন্ধ : কিয় এই সিদ্ধান্ত কৃষি বিভাগৰ ! Prag News : Best Assamese News Channel, Latest Assam News Live Today , North East Breaking News\nট্ৰেক্টৰ বিতৰণ বন্ধ : কিয় এই সিদ্ধান্ত কৃষি বিভাগৰ !\nগুৱাহাটী : কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ সৈতে আজি পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৃত্ৰিম মূল্যবৃদ্ধি নোহোৱাকৈ সামগ্ৰী উৎপাদন, বিক্ৰীৰ ব্যৱস্থা লোৱাৰ লগতে প্ৰধান মন্ত্ৰীৰ ফচল বীমা আঁচনি, কৃষি বিভাগৰ পদন্নোতি, খালি পদ পূৰণ সন্দৰ্ভত আলোচনা কৰে।\nঅতুল বৰাৰ নেতৃত্বত বিগত ৫ বছৰত কৃষি বিভাগত বুনিয়াদী গঠন হৈছে। শীঘ্ৰেই সাৰৰ অভাৱ দূৰ হব ৰাজ্যত। ১৮ চেপ্তেম্বৰত তেজপুৰ, লখিমপুৰলৈ সাৰ অহা আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। কলা বজাৰৰ বাবে বজাৰত সাৰৰ কৃত্ৰিম নাটনি হয়। অসমৰ মাজেৰে সাৰ ম্যানমাৰলৈ যায় বুলিও মন্তব্য মুখ্যমন্ত্ৰীয়ে।\nমুখ্যমন্ত্ৰীয়ে লগতে কয় PM কিষান নিধিৰ আসোৱাহ দূৰ হব। নবেম্বৰৰ মাহৰ ভিতৰত অভিযোগ নথকা তালিকা প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰি চৰকাৰে ১০০% বীজ ৰেহাই দিয়াৰ পদক্ষেপ লব বুলিও জানিবলৈ দিয়ে । ৰাজ্যত অচিৰেই দুটা শীতলীকৰণ ভঁৰাল মুকলি হব। ইয়াৰে এটা হোজাইত আৰু আনটো বৰাগাঁৱত হব।\nইপিনে কৃষিৰ পৰিবৰ্তে শিল বালি কঢ়িওৱাত ট্ৰেক্টৰ ব্যৱহাৰ হোৱাৰ বাবে কৃষি বিভাগৰ ট্ৰেক্টৰ বিতৰণ বন্ধ হ'ব। সেয়ে পুৰণি ব্যৱস্থাৰ সলনি কৰি তাৰ পৰিৱৰ্তে গাওঁত ফিছাৰি খন্দা হ'ব। যাৰ বাবে একোখন গাঁৱে ১০ লাখ টকালৈকে পাব।
0af6ac9da8a38168d4e62b4a335d4f4749f995fd2b6d943e37f95d517422b66f
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২২ ৰ মূল নিলাম ১২ আৰু ১৩ ফেব্ৰুৱাৰীত বেংগালুৰুত অনুষ্ঠিত হ'ব। আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে এই ঘোষণা কৰে। দুদিনীয়া মেগা নিলামৰ সময়ত ৫৯০ জন ক্ৰিকেটাৰৰ নিলামৰ বাবে দহটা ফ্ৰেঞ্চাইজিৰ মাজত হ'ব অৰ্থৰ যুঁজ । উল্লেখ্য যে এইবাৰ আই পি এলৰ ১৫ তম ছিজন হ'ব। বিশ্ব ক্ৰিকেটৰ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ নাম ইতিমধ্যে মেগা নিলামৰ তালিকাত ৰখা হৈছে। নিলামৰ বাবে পঞ্জীয়ন কৰা ৫৯০ জন খেলুৱৈৰ ভিতৰত, ২২৮ জন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱা খেলুৱৈ। আনহাতে ৩৫৫ জন আনকেপড খেলুৱৈ আৰু ৭ জন সহযোগী ৰাষ্ট্ৰৰ খেলুৱৈৰ নাম নিলাম তালিকাত অন্তৰ্ভুক্ত হৈছে। The Player Auction list is out with a total of 590 cricketers set to go under the hammer during the two-day mega auction which will take place in Bengaluru on February 12 and 13, 2022. মুঠ ৩৭০ জন ভাৰতীয় খেলুৱৈ আৰু ২২০ জন বিদেশী খেলুৱৈয়ে নিলামত অংশ ল'ব। বিদেশী খেলুৱৈৰ ভিতৰত অষ্ট্ৰেলিয়াৰ পৰা সৰ্বাধিক ৪৭ জন খেলুৱৈ থাকিব। আনহাতে ৱেষ্ট ইণ্ডিজৰ ৩৪ জন আৰু দক্ষিণ আফ্ৰিকাৰ ৩৩ জন খেলুৱৈৰ নাম নিলামত অন্তৰ্ভূক্ত কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
4ff2aac322df6af9ab7e9c13a95a62d4d2d32db7c61420af373fccdf17f2a8e1
আপুনি বুঢ়া হোৱাত পলম কৰি দিব নেকি খোজে নেকি? - Vikaspedia\nনে একেবাৰ বুঢ়া নোহোৱাকৈয়ে থাকিব খোজে?\nআমি যে বুঢ়া হওঁ আৰু মৰোঁ সেইটো এটা দৰকাৰী কথাও। অকল নতুন প্রজন্মৰ চাল-চলন, কথা-বতৰা, আচাৰ-ব্যৱহাৰ দেখি অতিষ্ঠ হৈ পৰা বাবেই আমাৰ নাটক সামৰাৰ প্রয়োজন নহয়, মানুহৰ (আৰু অন্য জীৱৰো) জীৱন শেষ হোৱাটো বিৱৰ্তনৰ ফালৰ পৰাও প্রয়োজনীয়।\nআমাৰ বয়োবৃদ্ধি আৰু মৃত্যু যে এৰাব নোৱৰা কথা সেই বিষয়ে বিৱৰ্তন বিষয়ৰ তাত্বিকসকলে এতিয়া ভালদৰে বুজি পাইছে। তেওঁলোকৰ মতে আমি বুঢ়া হোৱা আৰু মৰাৰ তিনিটা প্রধান কাৰণ আছে। সেইবোৰ হ'ল - \n(১) ভাল বস্তু বাছোতে অহা দুর্বলতাঃ এই ধাৰণাটো প্রথম আগবঢ়োৱা হৈছিল ১৯৫০ৰ দশকটোতে। এই তত্ত্ব মতে প্ৰাকৃতিক নিৰ্বাচন ডেকা মানুহৰ ক্ষেত্ৰত অধিক কার্যদক্ষ। আমাৰ দেহত কোষ বিভাজনৰ ভুল-ত্রুটি বা উৎপৰিৱৰ্তনৰ (mutations) ফলত হোৱা অনিষ্টকাৰী কোষবোৰ দেহৰ পৰা বাহিৰ কৰি দিয়া কামটোত ডেকা শৰীৰ এটা যিমান ভাল, বুঢ়া শৰীৰ এটা সিমান ভাল নহয়। তাৰ ফলত এনে কোষবোৰে বুঢ়া শৰীৰটোৰ অনিষ্ট কৰিবলৈ ধৰে।\n(২) একে দেহকোষৰে বেলেগ বেলেগ আচৰণঃ শৰীৰৰ কোষ বিভাজনৰ সময়ত উৎপন্ন হোৱা নতুন গুণবিশিষ্ট কোষ কিছুমানে কম বয়সীয়া শৰীৰটোৰ উপকাৰ কৰিলেও, বয়সীয়া শৰীৰটোত অপকাৰহে কৰে। ফলত বুঢ়া হৈ অহাৰ লগে লগে জীৱনটোৰ অৱক্ষয়ো ঘটি গৈ থাকে।\n(৩) নতুন প্রজন্মৰ প্ৰতি প্রীতিঃ জীৱবোৰৰ শৰীৰত সীমিত পৰিমাণৰ হে শক্তি থকা বাবে পুৰণা শৰীৰ এটা মেৰামত কৰি থকাতকৈ নতুন প্রজন্মৰ জননৰ ওপৰতহে অধিক গুৰুত্ব (প্রাকৃতিকভাৱে) আহি পৰে। নতুন প্রজন্মৰ ফালে সম্পদ খৰচ কৰাৰ বা জমা কৰাৰ এই প্ৰবৃত্তিৰ বাবে পুৰণি দেহবোৰ উৱলি যাবলৈ ধৰে।\nঅমৰ হোৱাৰ অসুবিধা-\nকিন্তু সকলো জানি-শুনিও আপুনি অমৰ হ'ব খোজে নেকি ?\nসেইটো পিছে বৰ সুবিধাজনক কথা বুলিব নোৱাৰি। ভালদৰে কথাবোৰ গমি-পিটি চালে আপুনি "খাবহে ' খুজিব যেন লাগে। সেইবাবে অমৰ হোৱাৰ বৰ মাগিব খুজিছে যদি অলপ সাৱধান হওক। সদায় বা সুদীর্ঘদিন জীয়াই থাকিলে আপুনি যে অকল পৰিয়াল-পৰিজন, বন্ধু-বান্ধৱবিহীন জীৱন এটাহে কটাব লাগিব সেইটো নহয়, তাৰ লগতে আপুনি বাঢ়ি অহা বয়সৰ সমস্ত অসুবিধাৰো সন্মুখীন হ'ব লাগিব। ছাল শোটোৰা-শোটোৰ দিয়া বা গালে-মুখে বয়স নামৰ অসুৰ এটাই দিয়া আঁচোৰবোৰৰ কথাতে থাকিবই, তাৰ উপৰি আপোনাৰ শৰীৰ-মনত তেতিয়া বয়সৰ লগত অহা বহুতো ৰোগেও বাহ ল'ব।\nযিমানে বয়স হ'ব, সিমানেই আপোনাক কেন্সাৰ, হাৰ্টৰ অসুখ, এলঝেইমাৰৰ ৰোগ (সেই যে কথাবোৰ পাহৰি যোৱা আৰু মানুহক চিনি নোপোৱা হোৱা ৰোগ), আৰু অন্য বয়সৰ ৰোগে পীড়া কৰিবলৈ ধৰাৰ সম্ভাৱনা বাঢ়ি গৈ থাকিব। ইতিমধ্যে আমাৰ অসংক্রম্যতা তন্ত্ৰ দুর্বল হৈ অহা বাবে নানা সংক্রমণে আমাক আক্রমণ কৰিব। কাক বাৰু তেনে এক হাজাৰ হাজাৰ বছৰীয়া জীৱন লাগে?\nকিন্তু আপুনি যদি বৰ দীঘলীয়া জীৱন এটাও পালে আৰু শেষলৈকে সি স্বাস্থ্যৱান জীৱনো হৈ থাকিল। তেনে জীৱন বহুতকে লাগিব পাৰে। বিজ্ঞানীসকলে এনে জীৱনৰ বাবে দীৰ্ঘকালজুৰি চেষ্টা চলাই আহিছিল। এতিয়া তেওঁলোকে যেন তাৰ সন্ধান পাইছে।\nএই আবিষ্কাৰৰ পিছত এতিয়া এনে লোভনীয় সম্ভাবনা দেখা গৈছে যে আমি যেন বয়সৰ লগত জড়িত সকলো ৰোগকে একেটা টিলিকতে উৰুৱাই দিব পাৰিম। আমেৰিকাৰ কেলিফৰ্নিয়াৰ নভেটোৰ বাক ইনষ্টিটিউট অৱ ৰিছাৰ্চ অন এজিঙৰ গৱেষিকা জুডিথ কেম্পিছিয়ে (Judith campisi) কৈছে - 'সেইটোৱেই সপোন আছিল। ই চিকিৎসা বিজ্ঞান চলোৱাৰ প্রক্রিয়াটোকে সলাই দিব যেন লাগি গৈছে'। এতিয়া এনে দেখা গৈছে যে হৃদপিণ্ডৰ ৰোগ, কেন্সাৰ বা পাহৰণিৰ ৰোগৰ বাবে বেলেগ বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা লোৱাৰ সলনি সোনকালেই এদিন ৰোগীয়ে একেজন মাত্র চিকিৎসকক দেখুৱাই এক সামগ্রিক চিকিৎসা ল'ব পাৰিব। আৰু চিকিৎসাই বা কিয় ল'ব লাগে, তেনে এক সামগ্রিক তন্ত্ৰৰে একেজন চিকিৎসকে মানুহজনক ৰোগে আক্রমণ কৰাৰ বিৰুদ্ধে প্রতিষেধক ব্যৱস্থাই দিব পাৰিব।\nকিন্তু এইবোৰ কথাৰ দাৰ্শনিক আৰু ব্যৱহাৰিক দিশো আছে। বয়োবৃদ্ধি কথাটো ৰোগ বুলি বিবেচনা কৰিব লাগেনে, আৰু তাক ঔষধ আৰু চিকিৎসাৰে নোহোৱা কৰি দিয়াৰ কথা ভাবিব লাগেনে? আমি যদি আমাৰ সু-স্বাস্থ্যৰ কালছোৱা বঢ়াই দিব পাৰোঁ, তেনেহ'লে আমি দীৰ্ঘদিন জীয়ায়ো থাকিম নেকি? তাৰ ফলত ব্যক্তি আৰু সমাজৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব? আৰু তেনে সু-স্বাস্থ্যৰ পিছত আমাৰ এদিন কিহৰ বাবে মৃত্যু হ'ব ? নে দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাহিৰে মৃত্যু হোৱাৰ কোনো কাৰণেই নাথাকিব?\nকোষৰ বিশেষ বৃদ্ধাৱস্থা-\nএনে অসম্ভৱ যেন লগা অমৰত্ব বা প্রায়-অমৰত্বৰ বাবে মূল চাবিকাঠী হ'ল পুৰণা, ভাগি-ছিগি যোৱা কোষবোৰক লক্ষ্য কৰি লোৱাটো। আমাৰ নতুন অংগবোৰত আগৰ বিনষ্ট হোৱা চুবুৰীয়া কোষবোৰৰ ঠাইত বিভাজিত হোৱা নতুন কোষ ভৰি থাকে। কিন্তু প্রত্যেকটো কোষ মাত্ৰ কেইবাৰমানহে বিভাজিত হয়। তাৰ পিছত সেই কোষবোৰ মৰি নগৈ এক বিশেষ বৃদ্ধাৱস্থা (Seinescence) প্রাপ্ত হ'ব পাৰে। তেতিয়া সেইবোৰ ডাঙৰ আৰু আগতকৈ চেপেটা হৈ পৰে আৰু সিহঁতৰ ভিতৰত ৰাসায়নিক পৰিৱর্তন হয়। কোষবোৰৰ বিপাকৰ সময়ত মুক্ত হোৱা প্ৰতিক্ৰিয়াশীল ৰসায়নযুক্ত মূলকৰ দ্বাৰা (Free radicals) বিনষ্ট কোষবোৰৰো সেই একে অৱস্থাই হয়। গৱেষিকা কেম্পিছিৰ মতে আমাৰ বয়স হৈ অহাৰ লগে লগে এনে বিশেষ বৃদ্ধাৱস্থাপ্রাপ্ত কোষ শৰীৰটোত গোট খাবলৈ আৰম্ভ কৰে। "আমি চোৱা প্রত্যেক অংগতে আমি এই কোষবোৰ দেখা পাইছো।"\nকেইবছৰমান আগলৈকে গৱেষকসকলে এই কোষবোৰেনো কি কাম কৰে সেই বিষয়ে বিশেষ একো জনা নাছিল। এতিয়া তেওঁলোক নিশ্চিত হৈছে যে এই কোষবোৰে আমাৰ বয়োবৃদ্ধিত বিশেষ ভূমিকা গ্রহণ কৰে।\nএই বিশেষ বৃদ্ধিাৱস্থাপ্রাপ্ত কোষবোৰ বিভাজিত হ'ব নোৱাৰে যদিও সিহঁতে কিন্তু প্ৰচুৰ পৰিমাণে প্ৰ'টিন আৰু অন্য ৰসায়ন বাহিৰ উলিয়াই দিয়ে। এইবোৰে দেহৰ নানা ঠাই ফুলাই দিয়ে। সেইটো হ'ল শৰীৰ ৰোগৰোধী তন্ত্ৰ বা অসংক্ৰম্যতা তন্ত্ৰৰ সঁহাৰি। এই কামত স্বাস্থ্যৱান কোষো বিনষ্ট হয়।\nআমাৰ বয়স হৈ অহাৰ লগে লগে এনে বিশেষ বৃদ্ধৱস্থাপ্রাপ্ত কোষৰ সংখ্যা বাঢ়ি আহে। ফলত আমাৰ শৰীৰত স্ফীতি আৰু পোৰণ হোৱাটো এক সদায় হৈ থকা বা সদায় চলি থকা ৰোগ হৈ পৰে। বয়সৰ লগত সম্বন্ধ থকা প্রায় সকলো ৰোগৰে স্ফীতি আৰু পোৰণি লগৰীয়া যদিও, এতিয়া গৱেষকসকলে এই স্ফীতি আক পোৰণৰ গ্ল'ক'মা, মাংসপেশী নষ্ট হৈ যোৱা আৰু কেটাৰেক্টৰ লগতো সম্পর্ক বিচাৰি পাইছে। আনকি এলঝেইমাৰৰ ৰোগ, পাৰ্কিনছনৰ ৰোগ, অষ্টিঅ'প'ৰ'ছিছ, আৰ্থ্ৰাইটিছ, হৃদযন্ত্র বিকল হোৱা, উচ্চ ৰক্তচাপ, কেন্সাৰ আৰু হাঁওফাও, যকৃৎ, বৃক্ক আৰু ছালৰ ৰোগৰ লগতো স্ফীতি আৰু প্রদাহৰ সম্বন্ধ, বা তাৰ মূলতে থকা বিশেষ বৃদ্ধাৱস্থাপ্রাপ্ত কোষৰ প্রভাৱ বিচাৰি পাইছে।\nসকলো অনৰ্থৰ মূল যদি এই বিশেষ বৃদ্ধাৱস্থাপ্রাপ্ত কোষবোৰেই, তেনেহ'লে আমি সিহঁতৰ পৰা নিস্তাৰ বাবে বা সিহঁতক শৰীৰৰ পৰা বাহিৰ কৰি দিব বা নষ্ট কৰি পেলাব নোৱাৰোঁ নেকি? আমেৰিকাৰ (Darren Baker) ঠিক সেই কামটো কৰিবলৈয়ে আগবাঢ়িছে। তেওঁ আৰু তেওঁৰ সহযোগীসকলে নিগনিৰ কোষবোৰ এনে ধৰণে বিশেষ কৰি বা ইঞ্জিনিয়াৰিং কৰি লৈছে যে সেই বিশেষ বৃদ্ধাস্থাপ্রাপ্ত কোষবোৰত একোটা চিনাক্তকৰণ চিন পৰিছে আৰু তাৰ ফলত সেই কোষবোৰ ধ্বংস কৰি পেলাব পৰা হৈছে। এই কামৰ কাৰণে নির্দিষ্ট কোষ ধ্বংসকাৰী ঔষধ ব্যৱহাৰ কৰা হৈছে।\nমানুহৰ বয়োবৃদ্ধিৰ গতিৰোধক-\nগৱেষক দলটোৱে সেই নিগনিবোৰক তিনি সপ্তাহ বয়সৰ পৰা সেই ঔষধবোৰ দি দেখিছে যে সিহঁতৰ পিঠিত হোৱা কুঁজ আৰু চকুৰ কেটাৰেক্ট নোহোৱাকৈ ৰাখিব পাৰি। তদুপৰি সেই নিগনিবোৰ একে বয়সৰ অন্য নিগনিৰ তুলনাত কম বয়সীয়া যেন দেখা হৈ আছিল। সিহঁতৰ শৰীৰ অধিক বলিষ্ঠ যেন দেখা গৈছিল আৰু সিহঁতৰ ছাল টনটনীয়া, আৰু শোটেৰা-শোটোৰ নিদিয়া আছিল।\nবেকাৰৰ গৱেষক গোটটোৱে আনকি এইটোও লক্ষ্য কৰিলে যে ইতিমধ্যে বয়োবৃদ্ধিৰ লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰা নিগনিৰ ক্ষেত্ৰতো এনে ঔষধ ব্যৱহাৰ কৰি ভাল ফল দেখা গৈছে।\nকিন্তু নিগনিৰ ক্ষেত্ৰত বয়োবৃদ্ধি মন্থৰ কৰি তোলাটো এটা কথা আৰু মানুহৰ ক্ষেত্রত বয়োবৃদ্ধি মন্থৰ কৰা বা একেবাৰে নোহোৱা কৰাটো আন এটা কথা। নিগনিৰ ক্ষেত্ৰত সিহঁতৰ বিশেষ বৃদ্ধাৱস্থাপ্ৰাপ্ত কোষবোৰত চিনাক্তকৰণৰ চিহ্ন দিবৰ বাবে সিহঁতক ইঞ্জিনিয়াৰিং কৰি সাল-সলনি কৰি লোৱা হৈছিল। মানুহক তেনেদৰে ইঞ্জিনিয়াৰিং কৰি ল'ব নোৱাৰি।\nতেনেহ'লে অন্য কিবা উপায়ে মানুহৰ বিশেষ বৃদ্ধাৱস্থাপ্রাপ্ত কোষবোৰ পুনৰ বিভাজনক্ষম কৰি ল'ব পৰা যায় নেকি ? সেই কামো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই।\nএতিয়ালৈকে বিজ্ঞানীসকলে এই কথাহে জানে যে বিশেষ বৃদ্ধাৱস্থা কোষবোৰ আকৌ আগৰ দৰে বিভাজনক্ষম কৰি তুলিব নোৱাৰি। কোষৰ এই বিশেষ বৃদ্ধাৱস্থা পুনৰ ঘূৰাই নিব নোৱাৰা বা অপৰিৱৰ্তনীয় অৱস্থা।\nতেনেহ'লে আমাৰ বৃদ্ধাৱস্থা ৰোধ কৰিব বা ঘূৰাই নিব পৰাৰ কোনো সম্ভাৱনা নাই নেকি? বিজ্ঞানীসকলে এতিয়া তাৰ কিছু সম্ভাৱনা দেখা পাইছে।\nসেই কথা জানিবৰ বাবে আপুনি আৰু দুসপ্তাহ ৰ'ব লাগিব। কোনো কথা নাই, বিজ্ঞানীসকলে আপোনাৰ সেই দুসপ্তাহৰ বয়োবৃদ্ধিও ঘূৰাই দিব পাৰিবই যেন লাগে।
5abe5f26235e460c06c20edf84e9ccd04f0c0be756aae0aba4de98cb54b1b53a
জাতীয় নায়কে বুকুত হাত থৈ আকৌ কেতিয়া ক'ব 'জয় আই অসম' - Asomiya Pratidin - অসমীয়া প্ৰতিদিন । Highest Circulated Assamese News Paper & News Portal\nঅসমৰ অস্তিত্ব ৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আই এম ডি টি আইনৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ কৰিছিল তেওঁ। সুদীৰ্ঘ দিনৰ অন্তত এদিন তেওঁ সেই যুঁজত জয় লাভ কৰে। তেওঁৰ এই জয়ত আনন্দত আত্মহাৰা হৈ পৰিছিল অসম আৰু অসমীয়াক প্ৰাণভৰি ভালপোৱা প্ৰতিজন লোকে।\nসদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মজিয়াৰ পৰা আৰম্ভ হৈছিল তেওঁৰ ৰাজনৈতিক যাত্ৰা। তীব্ৰ জাতীয়তাবোধৰ পৰিচয় দি আই এম ডি টিৰ দৰে ক'লা আইনৰ বিৰুদ্ধে চৰকাৰক প্ৰত্যাহ্বান জনাই সেয়া বাতিল কৰিবলৈ সমৰ্থ হোৱা নেতাজন সেয়ে সকলোৰে বাবে হৈ পৰিছিল বিশেষতকৈয়ো বিশেষ।\nযিটো দিনত উচ্চতম ন্যায়ালয়ৰ মজিয়াত ঐতিহাসিক বিজয় সাব্যস্ত কৰি অসমত ভৰি থৈছিল সেইদিনা ৰাজকীয় আদৰণি জনোৱা হৈছিল তেওঁক।\nএদিন সেই একে আদৰণি জনোৱা হৈছিল অসম আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি অসম চুক্তি ৰূপায়ণ কৰা প্ৰফুল্ল কুমাৰ মহন্তক।\nঅসমবাসীয়ে দেৱতাতুল্য জ্ঞান কৰা মহন্তই বিপুল ভোটত জয়ী দখল কৰিছিল মুখ্যমন্ত্ৰীৰ গাদী। আস! কিমান যে আশা-আকাংক্ষা বুকুত লৈ ৰাজ্যবাসীয়ে তেওঁক মুখ্যমন্ত্ৰী হ'বলৈ বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছিল। মুখ্যমন্ত্ৰীৰ গাদী দখল কৰাৰ পিছৰখিনি এতিয়া ইতিহাস।\n৫ বছৰতে তেওঁৰ প্ৰতি মোহভংগ ঘটিছিল মানুহৰ। যি ৰাইজে কংগ্ৰেছক গণশত্ৰু আখ্যা দিছিল সেই কংগ্ৰেছকে মহন্তৰ বিশ্বাসঘাটকতাত অতিষ্ঠ হৈ ৫বছৰ পিছত পুনৰ ক্ষমতাত অধিষ্ঠিত কৰাবলৈ বাধ্য হৈছিল। কেৱল সিমানেই নহয় যি ছাত্ৰ সন্থাই তেওঁক ৰজাৰ দৰে সন্মান কৰিছিল সেই ছাত্ৰ সন্থাই এদিন তেওঁৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে ৰাজপথলৈ।\nমহন্তৰ দৰেই অৱস্থা হ'বগৈ নেকি জাতীয় নায়কৰ? এনে প্ৰশ্ন যে কৰিবলগীয়া হ'ব সেয়া এদিন সকলোৰে বাবে সপোনৰো অগোচৰ আছিল। পিছে সেয়াই হ'ল। যিটো সংগঠনে এটা বিশেষ দিনত তেওঁক জাতীয় নায়ক উপাধিৰে বিভূষিত কৰিছিল সেইটো সংগঠনেই আজি তেওঁক প্ৰদান কৰে সকীয়নি।\nকেৱল সকীয়নি প্ৰদান কৰাই নহয়, জাতীয় নায়কৰ বিৰুদ্ধে আন ২৮ টা সংগঠন একত্ৰিত হৈ 'হায় হায়' ধ্বনি দি উত্তাল কৰি তোলে দিছপুৰৰ ৰাজপথ। ৬০ টা সংগঠনে ইয়াৰ কেইদিনমান পূৰ্বেই ছাত্ৰ সন্থাক অহ্বান জনাইছিল জাতীয় নায়ক উপাধি ঘূৰাই ল'বলৈ। অৱশেষত উপাধি ঘূৰাই নল'লেও জন্মলগ্নৰে পৰা অসমৰ হকে মাত মাতি অহা সংগঠনটোৱে ৰাজপথ উত্তাল কৰি আওৰালে শুনিলেই কিবা লগা সেই শ্ল'গান, 'বাংলাদেশীৰ ৰক্ষক হায় হায়....।'\nযিজন নেতাক বাংলাদেশীৰ পৰা অসমক ৰক্ষা কৰিবলৈ আইনী যুঁজত অৱতীৰ্ণ হৈ জয়লাভ কৰা বাবে এদিন আদৰি অনা হৈছিল সেই একেজন নেতাক আজি একেটা সংগঠনে বাংলাদেশীৰ ৰক্ষক আখ্যা দিয়া শুনা গৈছে। অসমৰ ৰাইজৰ বাবে ইয়াতকৈ পৰিতাপৰ কথা আৰু কি হ'ব পাৰে।\nপৰিৱৰ্তনৰ শ্ল'গানেৰে ২বছৰ পূৰ্বে দিছপুৰৰ মছনদ দখল কৰিছিল তেওঁ। ৰাইজেও অচ্ছে দিনৰ সপোন দেখুওৱাসকলৰ সৈতে লগ হৈ তেওঁ আওৰোৱা সেই শ্ল'গান শুনি মন্ত্ৰমুগ্ধ হৈ পৰে আৰু দলে-বলে ওলাই আহি পৰিৱৰ্তন হওক বুলি বুটাম টিপে ইভিএমৰ। পিছে ৰাজ্যৰ একো পৰিৱৰ্তন নহ'ল। পৰিৱৰ্তন হ'ল তেওঁ নিজেই। জাতীয়তাবাদীৰ পৰা একেকোবে হৈ পৰিল দিল্লীৰ বহতীয়া।\nঅসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কোনেও কল্পনা কৰিব পৰা নাছিল যে তেওঁ এনেকৈ সলনি হৈ পৰিব। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ অসমক নতুন ৰূপত সজাই তোলাৰ কথা কোৱা, অবৈধ বাংলাদেশীক খেদাৰ প্ৰতিশ্ৰুতি দিয়া মানুহজনে যিদিনাই সেই চকীখন দখল কৰিলে তেতিয়াই তেওঁ পাহৰি পেলালে সকলো। পাহৰি পেলালে নিজকো।\nবৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ কথা কোৱা 'জাতীয় নায়ক'জনৰ নাকৰ তলতে তেওঁৰ অধীনস্থ গণ্ডাই গণ্ডাই মন্ত্ৰী-বিধায়কে এতিয়া কেৱল কয় বিভাজনৰ কথা, ব্যস্ত থাকে সাম্প্ৰদায়িকতাৰ মন্ত্ৰৰে আনক উচটাই জোল খোৱাত। সেয়ে একালত যিটো সংগঠনৰ পৰা তেওঁ নেতা হোৱাৰ আদিপাঠ শিকিছিল সেইটো সংগঠনৰ বৰ্তমানৰ নেতা-সদস্যসকলে আজি তেওঁক ধিক্বাৰ দিবলৈ বাধ্য হৈ পৰাতো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।\nযিসময়ত চুবুৰীয়া মেঘালয়ত বিজেপি সমৰ্থিত চৰকাৰ থকা সত্বেও সেই চৰকাৰে ৰাজ্যখনৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা আইন বাতিলৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে সেই সময়ত অসমত চৰকাৰৰ নেতৃত্বত জাতীয় নায়ক থাকোতেই তেনে সিদ্ধান্ত ল'বলৈ ইমান সময় কিহৰ বুলিও তেওঁক প্ৰশ্ন কৰিছে আছুৱে। সেই প্ৰশ্নৰ উত্তৰ জাতীয় নায়কৰ পৰা মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে কিধৰণে দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁৰ ৰাজনৈতিক ভৱিষ্যত।\nইমানদিনে আছুক বাদ দি ভিন্ন দল-সংগঠনে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাম নকৰে বুলি কৈ অহা মুখ্যমন্ত্ৰীক হাতে-কামে সেয়া দেখুৱাই দিবলৈ আহ্বান জনাই আহিছিল। অৱশেষত আজি সেই একে দাবীৰে আছুৱেও ৰাজপথত নামিছে। যিঠাইত বহি মুখ্যমন্ত্ৰীজনে ইমানদিনে নীৰৱ ভূমিকা পালন কৰিছে সেই ঠাইৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰি আছুৰ বৰ্তমানৰ নেতৃত্বই তেওঁক প্ৰশ্ন কৰিছে, সকীয়াই দিছে।\nএই সকলোবোৰ হৈ যোৱাৰ পিছতো যদি তেওঁৰ সম্বিৎ ঘূৰি নাহে, বুকুত ২০০৫ চনৰ দৰে সাহস দেখুৱাই স্পষ্টকৈ কথা নকয় তেন্তে তাৰ পৰিণাম কি হ'ব সেয়া অতীত ইতিহাসে ইংগিত দিয়ে থৈছে। কিয়নো অসমৰ ৰাইজ, অসমীয়া জাতি সেই তাহানিৰে পৰা স্বাভিমানী। আজিও বুকুত স্বাভিমান লৈয়েই জীয়াই আছে অসমীয়া জাতি।\nশস্যা-শ্যামলা অসমলৈ নিজ মাতৃভূমিক পাহৰি অহা নাই কোন? বিহাৰী, বঙালী, মাৰোৱাৰী, হিন্দীভাষী সকলোৱে বিভিন্ন কাৰণত, কেতিয়াবা হয়তো বাধ্যত পৰি বা অাৰ্থ-ৰাজনৈতিক কাৰণত অসমলৈ আহি নিজ মাতৃভূমিক পাহৰি অসমকে আই হিচাপে আকোৱালি লৈছে। পিছে প্ৰকৃত খিলঞ্জীয়া অসমীয়াৰ কোনো এজনেই আজিলৈকে নিজ মাতৃভূমিক এৰি অইন ঠাইলৈ স্থায়ীভাৱে যোৱাৰ উদাহৰণ পাবলৈ নাই। তেনে এটা স্বাভিমানী জাতিৰ অৱেগক যিজনে বুজি নাপায়, উপলব্ধি কৰিব নোৱাৰে তেওঁ নিজেই নিজ কক্ষপথৰ পৰা বিচ্যুত হ'বলৈ বাধ্য।\nআমি আশা কৰিম, জাতীয় নায়কজন হেৰাই নাযাওক। এবাৰ যি উপাধি প্ৰদান কৰা হ'ল সেয়া উভতাই অনাতো হয়তো সম্ভৱ নহয়। উভতাই লোৱা বুলি ঘোষণা কৰিলেও এদিন যে সেয়া প্ৰদান কৰা হৈছিল তাক নোহোৱা কৰিব নোৱাৰি। সেয়ে সকলোৱে অধীৰ অাগ্ৰহেৰে বাট চাই আছে যে যিকোনো মূল্যৰ বিনিময়ত হ'লেও তেওঁ জাতিটোৰ পক্ষতে থিয় দি গ্ৰহণ কৰিব সঠিক সিদ্ধন্ত। দল আৰু ৰাজনীতি সকলোৰে উৰ্ধত হ'ব সেই সিদ্ধান্ত। আগৰ দৰেই তেওঁ আকৌ উদাত্ত কণ্ঠে সকলোৱে শুনাকৈ ক'ব, 'জয় আই অসম'!
4540b3f5c417ae6a93fe936d9298b801d3fc2ceeb0c30deff3279720bf2cc22d
কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে হ'ব লগা খেলত প্ৰথমবাৰৰ বাবে গেৰুৱা জাৰ্চি পিন্ধি ফটোৰ বাবে পজ দিলে কোন কোন ভাৰতীয় ক্ৰিকেটাৰে! 'আই চি চি বিশ্বকাপ ২০১৯'ৰ কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলখনত ভাৰতীয় দলটোৱে তেওঁলোকৰ বিকল্প জাৰ্চি পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হ'ব। শুকুৰবাৰে আনুষ্ঠানিক ভাৱে মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলী, ৰোহিত শৰ্মা, য়ুবেন্দ্ৰ চাহল, কে এল ৰাহুল, মহম্মদ চামী, জাচপ্ৰীত বুমৰাহ আদিৰ দৰে তাৰকা খেলুৱৈ সকলে নতুন জাৰ্চিটো পৰিধান কৰি ফটোৰ বাবে পজ দিয়ে। বিকল্প জাৰ্চিটো পিছপিনৰ পৰা গেৰুৱা আৰু সন্মুখভাগ নীলা ৰঙেৰে দেখা যাব। এই সন্দৰ্ভত বিশেষ খৱৰ ৰখা এক সূত্ৰই জানিব দিয়া মতে বেছিভাগ লোকে ভৱাৰ দৰে ই সেই জাৰ্চি নহয়। ই এক প্ৰকাৰ বিকল্প জাৰ্চিহে আৰু এয়া আই চি চিৰ খেলৰ নিয়মৰ আধাৰত প্ৰচলিত। শুকুৰবাৰে আই চি চি আৰু বি চি চি আই য়ে টুইটাৰ যোগে ভাৰতীয় দলৰ নতুন জাৰ্চিৰ ফটো ক্ৰিকেট প্ৰেমীসকলৰ বাবে শ্বেয়াৰ কৰে।
7cadd7703150a61c0478f863ce4d2159d7755bf9c4b23978b45fbda779485154
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ দ্বিতীয় তথা অন্তিখন খচৰা প্ৰকাশ পাব। ইয়াৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম আৰম্ভ হৈছে ওদালগুৰিত। ইয়াৰ বাবে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়, আৱৰ্ত ভৱন আৰু ব্লক কাৰ্যালয় সমূহত বংশবৃক্ষ পৰীক্ষণকে আদি কৰি অন্যান্য যাৱতীয় কাম আৰম্ভ কৰা হৈছে। অৱশ্যে উক্ত কেন্দ্ৰ সমূহত বংশবৃক্ষ পৰীক্ষণৰ বাবে উপস্থিত হোৱা লোক সকলে দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে। বিশেষকৈ সেৱা কেন্দ্ৰ সমূহত ন্যূনতম খোৱাপানীৰ ব্যৱস্থাও নথকাত ৰাইজে চৰম অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে যোৱা ৩১ ডিচেম্বৰৰ মাজনিশা ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত প্ৰায় ১.৯ কোটি লোকৰ নাম সন্নিবিষ্ট হৈ থকা প্ৰথমখন খচৰা প্ৰকাশ পাইছিল। তাৰ পাছতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ দ্বিতীয় তথা অন্তিখন খচৰা প্ৰকাশ পাব বুলি ঘোষণা কৰা হৈছিল। সেয়েহে সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো যুদ্ধকালীন ক্ষিপ্ৰতাৰে এনআৰচি উন্নীতকৰণৰ কাম আগবাঢ়িছে। নিশ্চিতভাৱে এনআৰচি উন্নীতকৰণৰ এই কাম ক্ষিপ্ৰ গতিত সম্পন্ন হ'লে অসমবাসীয়ে এক ৰক্ষাকবচ লাভ কৰিব বুলি আশা কৰা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
e1e93954de3036504ebc2f60089d3dba00b7bd5acc893ff39f6c3dd30bcacaa7
বিশ্বৰ গণিতজ্ঞসকলৰ জীৱন আৰু কৃতি যদি আমি পৰ্যালোচনা কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে তেওঁলোকৰ প্ৰতিভাৰ উন্মিলন একেবাৰে শৈশৱতে হয়। শৈশৱকালতে গাণিতিক প্ৰতিভাৰ উন্মিলন হোৱা এজন গণিতজ্ঞৰ বিষয়ে এই প্ৰৱন্ধটোত আলোচনা কৰিব খুজিছোঁ। যাৰ জীৱনগাথা জীৱনৰ কণ্টকময় পথেৰে খোজকঢ়াসকলৰ বাবে পৰম পাথেয়স্বৰূপ। ইউৰোপ মাহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত নৰৱে নামৰ এখন সৰু দেশ। এই দেশখনৰে ফিন্দো নামৰ এখন সৰু চহৰত 1802 চনৰ 5 আগষ্টত জন্মগ্ৰহণ কৰিছিল গণিত ইতিহাসৰ এজন কিংবদন্তি পুৰুষে। যিজনে মাত্ৰ সাচাইছ বছৰ বয়সতে এই পৃছিৱীৰ পৰা চিৰবিদায় লৈছিল। কিন্তু এই চমু জীৱনকালতে সেই বিষ্ময়কৰ গণিতজ্ঞজনে বিশ্বৰ গণিত জগতলৈ যি অসামান্য বৰঙণি আগবঢ়াই থৈ গৈছে, তাৰ বাবে আজিও তেখেতৰ ওচৰত বিশ্বৰ গণিত সমাজ চিৰকৃতজ্ঞ। যৌৱনকালতে পৃথিৱীৰ পৰা বিদায় লোৱা এই অমৃততেজা গণিতজ্ঞজনেই হৈছে নীলছ হেনৰিক এবেল। কিন্তু অতি দুখৰ কথা যে গোটেই জীৱন এবেলে বহন কৰিবলগা হৈছিল দুৰ্ভাগ্য আৰু দৰিদ্ৰতাৰ বোজা। এবেলৰ দেউতাক ছ'ৰেন জৰ্জ এবেল আছিল এজন অতি সুৰাসক্ত লোক। মাক এনি ম'ৰী ছাইমনছেন আছিল এগৰাকী জনপ্ৰিয় গায়িকা। সৰুৰে পৰাই এবেল আছিল অত্যন্ত মেধাৱী ছাত্ৰ। 1815 চনত ককায়েক হান্সৰ সৈতে ক্ৰিষ্টিয়ানাৰ কেথেড্ৰেল স্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰে। সেই সময়তে এবেলে বাৰ্নট মাইকেল হম্বো নামৰ এজন শিক্ষকক লগ পায়। এই শিক্ষকজনেই এবেলৰ জীৱনৰ গুৰুত্বপূৰ্ণ অৰিহনা যোগায়। তেওঁৰ পৰা পোৱা আৰ্থিক, প্ৰেৰণা আৰু উৎসাহৰ ফলতেই এবেল জাকত-জিলিকা হৈ পৰিছিল। স্কুলৰ ৰেজিষ্টাৰ বহীত হম্বোৱে এবেলক উচ্চ প্ৰশংসা কৰিছিল। তেওঁ লিখিছিল- '... সবাতোকৈ প্ৰতিভাশালী, গণিতৰ প্ৰতি আছে প্ৰবল অনুৰাগ আৰু অপৰিসীম আগ্ৰহ। জীয়াই থাকিলে এজন প্ৰসিদ্ধ গণিতজ্ঞ হ'ব।' এই স্কুলীয়া কালতেই এবেলে অয়লাৰ, নিউটন, লাগাঞ্জ আদি মহান গণিতজ্ঞসকলৰ যুগজয়ী ৰচনাৰাজি অধ্যয়ন কৰে। এইখিনিতে আমি অতি দুখেৰে লক্ষ্য কৰোঁ যে আমাৰ দেশৰ কোনো এখন স্কুলতে ছাত্ৰ-ছাত্ৰীসকলে মহান গণিতজ্ঞ আৰু স্বনামধন্য বিজ্ঞানীসকলৰ জীৱনীসমুহ পঢ়াতো দূৰৰে কথা, সেইবোৰ চুই চোৱাৰো কোনো সুযোগ নাপায়। গণিতৰ প্ৰতি আগ্ৰহী কৰি তোলাৰো কোনো ব্যৱস্থা নাই। এবেলে সদায় উচ্চ মানবিশিষ্ট ধ্ৰুপদী পুথিবোৰহে অধ্যয়ন কৰিছিল। অতি স্বল্প জীৱনকালৰ ভিতৰত নিজৰ গাণিতিক প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা এবেলে 1821 চনৰ জুলাইত প্ৰাৰম্ভিক আনুষ্ঠানিক শিক্ষাৰ পিছত অজলোৰ খ্ৰিষ্টিয়ান বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে নামভৰ্তি কৰে। কিন্তু সেই সময়তে এবেলৰ পিতৃৰ বিয়োগ হয়।ফলত এবেলৰ জীৱনলৈ দুখৰ বন্যা নামি আহে। গোটেই ঘৰৰ দায়িত্ব এবেলৰ ওপৰত পৰিল। তথাপি এবেলে পঢ়া-শুনা এৰি নিদিলে। এনে প্ৰতিকূল অৱস্থাতো তেওঁ গণিতক বিসৰ্জন দিয়া নাই। শিক্ষকসকলেও এবেলক সদায় উৎসাহ-উদ্দীপনা দি পঢ়া-শুনাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল। সেই সময়তে অসাধাৰণ গাণিতিক মেধাসম্পন্ন এবেলে পঞ্চম ঘাতৰ সমীকৰণ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছিল। পঞ্চম ঘাতৰ সমীকৰণ সমাধানৰ বাবে এটা সধাৰণ সূত্ৰ নিৰ্ণয় কৰাৰ প্ৰশ্নটোৱে কেইবা শতক ধৰি বিশ্বৰ তীক্ষ্ণধী মেধাসম্পন্ন গণিতজ্ঞসকলক বিপাঙত পেলাই ৰাখিছিল। প্ৰশ্নটো দেখাত একেবাৰে সাধাৰণ যেন লাগিলেও এবেলৰ সময়লৈকে ইয়াৰ সমাধান সম্ভৱ হৈ উঠা নাছিল। অৱশেষত এটা নতুন অভিনৱ গাণিতিক ধাৰণাৰ অৱতাৰণাৰে এবেলে প্ৰমাণ কৰি দেখুৱালে যে এনে সূত্ৰ নিৰ্ণয় কৰাটোৱেই অসম্ভৱ। এই অসম্ভৱক প্ৰমাম কৰিবলৈ যাওঁতে 'সংঘ তত্ত্ব'ৰ দৰে মৌলিক গণিতৰ এটা সৰ্বাধুনিক শাখাৰ অৱতাৰণা হ'ল। বিংশ শতিকাত এই সংঘ তত্ত্বৰ অদ্ভুত প্ৰসাৰ হয় আৰু বিজ্ঞানৰ বিভিন্ন শাখাত ইয়াৰ বহুল প্ৰয়োগ হ'বলৈ ধৰে। পঞ্চম ঘাতৰ সমীকৰণৰ সাধাৰম সমাধান নিৰ্ণয়ৰ অসম্ভৱতা 'প্ৰমাণ'ৰ বাবেই এবেলৰ নাম গণিত ইতিহাসত চিৰস্মৰণীয় হৈ ৰ'ব। হেনৰিক এবেলে তেওঁৰ এই অসম্ভৱতা প্ৰমাণটো প্ৰথমতে দেখুৱাইছিল 'গণিতৰ যুৱৰাজ'ৰূপে খ্যাত মাহান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গাউছক। কিন্তু এনে এটা কঠিন প্ৰশ্নৰ সমাধান এজন অখ্যাত গণিতজ্ঞৰ দ্বাৰা নিৰ্ণয় কৰা সম্ভৱ নহয় বুলিয়েই গাউছে তেওঁৰ প্ৰমাণটো পঢ়ি নাচালে। এবেল কিন্তু হতাশ নহ'ল। 1822 চনৰ জুনত এবেল বিশ্ববিদ্যালয়ৰ অন্তিমটো পৰীক্ষাত উত্তীৰ্ণ হয়। তেতিয়া একাগ্ৰচিত্তে গণিত অধ্যয়নেই তেওঁৰ প্ৰধান কাম হৈ পৰিল। গণিতৰ সকলো শাখাৰ খুটি-নাটি তেওঁ অধ্যয়ন কৰিবলৈ ল'লে। এবেলৰ এই গভীৰ আধ্যায়ন দেখি ক্ৰিষ্টিয়ানা বিশ্ববিদ্যালয়ৰ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ৰাছমাছেলে তেওঁৰ ইউৰোপৰ বন্ধুবৰ্গলৈ এনেদৰে লিখিছিল যে নৰৱেই এনে এজন ল'ৰাৰ জন্ম দিছে, যাৰ বিষ্ময়কৰ গাণিতিক প্ৰতিভাই সমগ্ৰ বিশ্বকে চমক লগাব। এবেলে তেওঁৰ পঞ্চম ঘাত সমীকৰণৰ বিষয়ে কৰা কামখিনিৰ বাবে চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ অৰ্থ-সাহাৰ্য্যত 1825 চনৰ ছেপ্তেম্বৰৰ শেষৰ ফালে ইউৰোপ ভ্ৰমণ কৰে। এই ইউৰোপ ভ্ৰমণৰ প্ৰধান উদ্দেশ্য আছিল ইউৰোপৰ বিভিন্ন দেশৰ আগশাৰীৰ গণিতজ্ঞসকলক সাক্ষাৎ কৰি তেওঁলোকৰ লগত মত বিনিময় কৰা। প্ৰথমতে এবেলে বাৰ্লিনলৈ যায় আৰু তাত আগষ্ট লিঅ'প'ল্ড ক্ৰেল নামৰ অভিযন্তাজনক লগ পায়। জাৰ্মানীত তেৱেঁই প্ৰথমে ৰে'লপথ বান্ধিছিল। গণিতৰ প্ৰতি আছিল তেওঁৰ অদমনীয় হেঁপাহ। দুয়োজনে লগ লাগি প্ৰকাশ কৰিলে এখন গৱেষণামূলক আলোচনী- A journal of pure and applied Mathematics। এই আলোচনীখনত এবেলে ফলনীয় বিশ্লেষণ (Functional Analysis) আৰু ফলনীয় অনুকলনৰ (Functional Integral) সম্পৰ্কে এখন অতি উচ্চ পৰ্যায়ৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰে। সেই সময়তে তেওঁ নাৰ্ডিক দেশসমূহৰ অগ্ৰণী গণিতজ্ঞ ফাৰ্ডিনাণ্ড ডেগেনক লগ পায় আৰু ডেগেনৰ পৰামৰ্শমতেই এবেলে কোপেনহেগেনলৈ যাত্ৰা কৰে। এই কোপেনহেগেনতেই এবেলে ক্ৰিষ্টিন কেম্প নামৰ এগৰাকী গাভৰুক বিবাহ কৰায়। 1828 চনত এবেলে ক্ৰিষ্টিয়ানা বিশ্ববিদ্যালয়ত গণিত বিভাগৰ অংশকালীন প্ৰবক্তা হিচাপে যোগদান কৰে। কিন্তু বিশ্ববিদ্যালয়ত স্থায়ী পদত এবেলৰ কেতিয়াও নিযুক্তি নহ'ল। সেই সময়ছোৱাত এবেলে অকল্পনীয় গতিত কাম কৰিছিল। কিন্তু 1828 চনৰ শেষৰ ফালে এবেল টান নৰিয়াত পৰিল। এবেলে নিজেই স্বীকাৰ কৰিলে যে গণিতৰ বিভিন্ন শাখাত কৰা কষ্টবোৰ শাৰীৰিক সক্ষমতাক পাৰ কৰি গৈছে। সেইবছৰৰ খ্ৰীষ্টমাছৰ সময়ত এবেল আৰু তেওঁৰ পত্নীয়ে জন্মস্থান ফিন্দো চহৰলৈ যাবলৈ মন মেলিলে। শ্লেজ গাড়ীৰে গৈ তেওঁলোক ফিন্দো পালেগৈ। বাটত যাওঁতে পোৱা অসম্ভৱ ঠাণ্ডাৰ বাবে কাঁহ আৰম্ভ হ'ল। কাঁৰ লগতে তেজ বমিও হ'ল। তিনি মাহ ধৰি বিভিন্ন চিকিৎসকৰ হতুৱাই চিকিৎসা কৰোৱাৰ পিছত কেইমাহমান সকাহ পাই তেনে অৱস্থাৰেই প্ৰায় 5 পৃষ্ঠাজোৰা এটা বিশেষ গাণিতিক প্ৰবন্ধ উদ্ভৱন কৰি পেৰিছৰ বিজ্ঞান অকাডেমীলৈ পঠিয়াই দিলে। কিন্তু আচৰিত কথা যে সেই বিখ্যাত প্ৰবন্ধটোৰ কোনো শংসূত্ৰ পোৱা নগ'ল। 1829 চনৰ জানুৱাৰীৰ মাজভাগৰ পৰা এবেলে গম পালে যে মৃত্যু তেওঁৰ নিচেই ওচৰত। 27 বছৰীয়া এবেলে তেওঁৰ বাগদত্তাৰ কথা চিন্তা কৰি সেই বিশ্ববিদ্যালয়ৰে ভূ-বিজ্ঞান বিভাগৰ অধ্যাপক তথা তেওঁৰ বন্ধু ড৹ বি এম কেলহাইজাক তেওঁৰ দায়িত্ব গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিলে। কেলহাইজা ইউৰোপীয় যাত্ৰাত এবেলৰ সংগী আছিল। এবেলৰ কথা ৰখি কেলহাইজাই ক্ৰিষ্টিনক পত্নীৰূপে স্বীকাৰ কৰিলে। বাগদত্তাৰ ভৱিষ্যতৰ দায়ীত্ব সম্পন্ন কৰি 1829 চনৰ 6 এপ্ৰিলৰ উপজি পুৱাতে গণিত জগতৰ এই বিষ্ময়কৰ গণিতজ্ঞজনে পৃথিৱীৰ পৰা চিৰবিদায় লয়। আশ্চৰ্যজনকভাৱে এবেলৰ মৃত্যুৰ দুদিন পিছত, অৰ্থাৎ 8 এপ্ৰিলৰ দিনা পেৰিছৰ পৰা খবৰ আহিল যে এবেলে নৰিয়াপাটীৰ পৰাই লিখি উলিওৱা সেই প্ৰবন্ধটো বিচাৰি পোৱা গৈছে। (যিটো হেৰাইছিল বুলি ধৰা হৈছিল) আৰু তেতিয়া যিজন গণিতজ্ঞই এই প্ৰৱন্ধটোত চকু ফুৰাইছিল, তেৱেঁই বিষ্ময়াবিভূত হৈ পৰিছিল। আৰু কৈছিল- 'প্ৰবন্ধটোত সন্নিৱিষ্ট গাণিতিক উপপাদ্যসমূহে প্ৰায় 500 বছৰলৈকে গণিতজ্ঞসকলক ব্যস্ত কৰি ৰাখিব।' সেইদিনাই, অৰ্থাৎ 8 এপ্ৰিলৰ দিনাই এবেলৰ ঘৰলৈ বাৰ্লিন বিশ্ববিদ্যালয়ৰ পৰা এখন বিশেষ পত্ৰ আহিল। পত্ৰখন কিন্তু কোনো চিঠি নাছিল। সেইখন আছিল বাৰ্লিন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক পদবীৰ এখন স্থায়ী নিযুক্তি-পত্ৰ। ইয়াকে বোলে নিয়তিৰ নিষ্ঠুৰ পৰিহাস। এবেল মৰিল সঁচা, কিন্তু গণিতৰ বুৰঞ্জীত আজিও এবেল জীয়াই আছে। 2002 চনৰ পহিলা জানুৱাৰীত এবেলৰ সোঁৱৰণত প্ৰতিষ্ঠা কৰা হয় 'নীলছ হেনৰিক এবেল পুঁজি'। এই পুঁজিৰ পৰাই প্ৰতিবছৰে গণিতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে 'নৰৱেজিয়ান অকাদেমি আৱ ছায়েঞ্চ এণ্ড লেটাছ'এ প্ৰদান কৰে 'এবেল পুৰস্কাৰ'। যিটো পুৰস্কাৰক গণিতৰ নোবেল বুলি কোৱা হয়। বৰ্তমান সময়ত এই পুৰস্কাৰৰ মূল্য 6 নিযুত নৰৱেইজিয়ান ক্ৰনাৰ, প্ৰায় 7,50,000 ইউৰো। গণিতৰ ছাত্ৰ হিছাপে নীলছ হেনৰিক এবেল নামৰ এই অমৃততেজা গণিতজ্ঞজনলৈ জনাইছোঁ সহস্ৰ প্ৰণাম। যিজনে নিজৰ তেজোময় যৌৱনক উছৰ্গা কৰি থৈ গৈছে গণিতৰ জগতখনলৈ। লেখকঃ- ধ্ৰুৱজ্যোতি শইকীয়া, শিৱসাগৰ মহাবিদ্যালয়। Save my name, email, and website in this browser for the next time I comment. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. Gonit Sora গণিত চ'ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We strive for the popularization of mathematics teaching and understanding at all levels. Gonit Sora is an initiative of a few students and is committed to bringing out well researched and written articles. The name is in Assamese and means 'gateway to mathematics'.
f3057683959a1d709f5d7b27a06df0fc3fcce9b1393b492af940a0be2ad14bf9
Published on : ডিজিটেল সংবাদ নগাঁও : "কেৱল আনুষ্ঠানিক শিক্ষাই এজন ব্যক্তিক প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰে ।আনুষ্ঠানিক শিক্ষাৰ লগতে অন্তৰৰ পৰাও এজন লোক মানৱীয় গুণৰাজিৰে সমৃদ্ধ হ'ব লাগিব।আত্মানুসন্ধানৰ জৰিয়তে নিজকে নিজে প্ৰশ্ন কৰিব লাগে যে প্ৰকৃততে মই মানুহ হৈছোঁ নে নাই ।" এই বক্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ চন্দ্ৰ সন্দিকৈৰ । নগাঁও কলেজৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে লগতে কয় যে- মানৱীয় গুণ মানুহৰ অন্তৰত অংকুৰিত হৈয়ে থাকে । ইয়াক প্ৰতিপালন কৰিব পাৰিলেহে প্ৰকৃত মানুহ হিচাপে পৰিগণিত হ'ব পাৰে। ভাষণ প্ৰসঙ্গত তেখেতে উল্লেখ কৰে যে, ২০২৩ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী হ'ব । ৪ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হ'ব। ক'লা, বিজ্ঞান, বাণিজ্য বুলি কোনো শাখা কলেজত নাথাকিব। এবছৰ পঢ়িও চাৰ্টিফিকেট লাভ কৰিব পাৰিব। লগতে দুবছৰ পঢ়ি ডিপ্লমা আৰু তিনি বা চাৰিবছৰ পঢ়ি ডিগ্ৰী লাভ কৰিব পাৰিব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিযে ছাত্ৰসমাজক সহায় কৰিব। ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ কয়, ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ত কোনো সমস্যাৰ সন্মুখীন হ'লে তেওঁলোকে আন্দোলনৰ পথ লোৱাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে পোনপটীয়াকৈ যোগাযোগ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা বিশ্ববিদ্যালয়ে মীমাংসা কৰিবলৈ সাজু থকা বুলি উল্লেখ কৰে। নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই সভাপতিত্ব কৰা আৰু ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি ৰূপক শৰ্মাই কয় যে, নগাঁও কলেজ বুলি ক'লে গৌৰৱ, প্ৰাপ্তি আৰু খ্যাতিৰ কথা আহে।কলেজখনত পঢ়াটো এটা সপোন।কলেজখনৰ লগত নিজকে জড়িত কৰিব পাৰি তেওঁ গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে।চৰকাৰৰ পদক্ষেপকো তেওঁ শলাগ লয়। সভাৰ আৰম্ভণিতে আদৰণি ভাষণত আগবঢ়াই অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে । নগাঁও কলেজত অহা বছৰৰ পৰা নতুন শিক্ষা নীতি প্ৰৱৰ্তন হব বুলি তেওঁ উল্লেখ কৰে।পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই। ড০ দত্তই কলেজ প্ৰতিষ্ঠাপকসকলক স্মৰণ কৰে। লগতে বৰ্তমানৰ অধ্যাপক-অধ্যাপিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলোকে কলেজৰ গৰিমা বৃদ্ধি কৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে নগাঁও কলেজৰ টাইম বেংকলৈ বিধায়ক ৰূপক শৰ্মাই এটা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে। নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰী তথা শিক্ষাবিদ মনিকা শইকীয়াই নগাঁও কলেজলৈ এহেজাৰৰো অধিক কিতাপৰ এটা টোপোলা আগবঢ়ায়। এই অনুষ্ঠানতে সতীৰ্থৰ পুঁজিৰে প্ৰকাশিত দৰ্শন বিভাগৰ পত্ৰিকা এখন উন্মোচিত কৰা হয় । এই সভাত উপস্থিত থাকে অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ তাৰিণীপ্ৰসাদ শৰ্মাৰ পুত্ৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ দীপক কুমাৰ শৰ্মা। তেওঁ অসমীয়া বিভাগৰ শ্ৰেষ্ঠ স্নাতক দুগৰাকী ছাত্ৰীক 'তাৰিণী প্ৰসাদ শৰ্মা স্মাৰক বঁটা-২০২২' প্ৰদান কৰে। এই অনুষ্ঠানতে এক সম্বৰ্ধনা কাৰ্যসূচী লোৱা হয়।এই অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২১ বৰ্ষৰ বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতক অলিম্পিকা বৰুৱা, ভূগোল বিজ্ঞান বিভাগৰ শ্ৰেষ্ঠ স্নাতক ত্ৰিদিপ বৰা, ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৫ম স্থান প্ৰাপ্ত প্ৰত্যুষ প্ৰতিম বৰা, ৮ম স্থান প্ৰাপ্ত চিমৰণ চুৰানা, নৱম স্থান প্ৰাপ্ত চন্দন বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে। কলেজৰ এন.এছ.এছ ৰ দ্বাৰা আয়োজিত "স্কুললৈ যাওঁ ব'লা" শীৰ্ষক গ্ৰীষ্ম প্ৰশিক্ষণ শিবিৰত স্কুলত পাঠদান কৰা আৰু টাইম বেংকৰ জৰিয়তে অকলশৰীয়া কলেজৰ পৰিয়ালক সদস্যক সেৱা আগবঢ়োৱা ছাত্ৰ-ছাত্ৰীক প্ৰশংসা পত্ৰ বিতৰণ কৰে।
99b46db7494a99a7d8c7c2bdd5056300a89fbcb082b433b62a0a153af32fdc2c
মেষ ৰাশি- আজি দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক বিবাদৰ অন্তিম দিন। আপুনি গুৰুত্বপূৰ্ণ কামবোৰ কৰি থাকিব। এইটো শিক্ষাৰ্থীসকলৰ বাবে এটা কঠিন সময়। অত্যাধিক অহংকাৰৰ দ্বাৰা আপোনাৰ ক্ষতি হ'ব পাৰে। বৃষ ৰাশি- দক্ষতা বৃদ্ধি হ'ব। পত্নীৰ পৰা সমৰ্থন থাকিব। মাটি, ভৱন ক্ৰয় কৰাৰ বাবে মূলধন বিনিয়োগ কৰিব লগীয়া হ'ব পাৰে। আপুনি চাকৰি এটাৰ সন্ধানত ভ্ৰমণ কৰিব লাগিব। আপুনি কেৱল চিন্তা কৰাই নহয় কিন্তু ইয়াক কাৰ্যকৰী কৰাও উচিত। মিথুন ৰাশি- আপোনাৰ চিন্তাধাৰা সলনি কৰক, আপুনি লাভান্বিত হ'ব। বন্ধুবৰ্গক লগ পোৱাটোৱে মন আনন্দিত কৰিব। শান্তিৰে সিদ্ধান্ত লওক আৰু খৰখেদাকৈ একো নকৰিব। কি কৰিব লাগে বা নালাগে পৰিস্থিতিৰ দোমোজাত থাকিব পাৰে আপুনি। বাহন এখন কিনিবলৈ আপোনাৰ মন স্থিৰ কৰিব। কৰ্কট ৰাশি- সময় কম কাম বেছি, সেয়েহে আপোনাৰ মনৰ সৈতে আপোনাৰ কামত জড়িত হওক, আপুনি সফলতা পাব। আকাংক্ষিত জীৱন সংগী পোৱাটো আনন্দদায়ক হ'ব। আনৰ বাবে বেয়া চিন্তা নকৰিব। আপোনাৰ আহাৰ নিয়ন্ত্ৰণ কৰক। পাকস্থলী সম্পৰ্কীয় ৰোগ সম্ভৱ। সিংহ ৰাশি- জীৱিকাৰ উৎস বৃদ্ধি হ'ব। সম্পূৰ্ণ বিনিয়োগত লাভান্বিত হ'ব। সময় অপচয় নকৰিব। আপুনি আনৰ বাবে আপোনাৰ জীৱন হেৰুৱাব পাৰে। শান্তভাৱে চিন্তা কৰক আৰু সিদ্ধান্ত লওক। কন্যা ৰাশি- আপোনাৰ প্ৰগতিৰ পথ অব্যাহত থাকিব। এই সময় বিষয়া শ্ৰেণীৰ বাবে ভাল। দান-বতৰাই মানসিক শান্তি আনিব। অত্যাধিক কামৰ বাবে প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ নহ'ব। তুলা ৰাশি- আপোনাৰ কথাই কাম ভাল কৰি তুলিব। ব্যৱসায়ত সফলতা হ'ব। খ্যাতি লাভ কৰিব। ভ্ৰমণৰ পৰা লাভান্বিত হোৱাটো সম্ভৱ। ক্ৰীড়া ক্ষেত্ৰৰ লোকসকলৰ বাবে সময় সৰ্বশ্ৰেষ্ঠ। সময়মতে কাম কৰিবলৈ শিকা উচিত। বৃশ্চিক ৰাশি- বৰ্তমান সময়ে ভাল ফলাফল বহন কৰিবলৈ গৈ আছে। আপোনাৰ বক্তব্য নিয়ন্ত্ৰণ কৰক অন্যথা কৰা কামবোৰ নষ্ট হ'ব পাৰে। অনুগ্ৰহ কৰা উপাসনা সহায়ক হ'ব। আপোনাৰ চিন্তাধাৰা সলনি নকৰিব বা আনক সলনি কৰিবলৈ চেষ্টা নকৰিব। খং নিয়ন্ত্ৰণ কৰক। ধনু ৰাশি- মূলধন বিনিয়োগৰ পৰা লাভ সম্ভৱ। ৰাজকীয় কামত জড়িত সকলৰ বাবে সময় মিশ্ৰিত ফলপ্ৰসূ হ'ব। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। সন্তানৰ বিয়াৰ বিষয়ে চিন্তা থাকিব। আপোনাৰ অধিকাৰৰ অপব্যৱহাৰ নকৰিব অন্যথা লোকচান হ'ব পাৰে। মকৰ ৰাশি- ব্যৱসায় সম্প্ৰসাৰণ পৰিকল্পনা সফল হ'ব। খাদ্য সম্পৰ্কীয় লোকসকলৰ বাবে সময় অতি ভাল। সময়মতে মূলধন বিনিয়োগ কৰক। স্বাস্থ্যৱান হৈ থাকক। শীতল হৈ থাকক। বৃথা উদ্বেগ ত্যাগ কৰক। শত্ৰু শ্ৰেণী সক্ৰিয় হ'ব। কুম্ভ ৰাশি- সহকৰ্মীসকল আপোনাৰ আচৰণত সুখী হ'ব। জীৱনত এক ভাল সময় আহি পৰিছে ইয়াৰ সুবিধা লওক। পৰিয়ালৰ সদস্যসকলৰ সৈতে এখন বৈঠক হ'ব। ইয়াক স্বতঃস্ফূৰ্তভাৱে ব্যয় কৰা হ'ব পাৰে। আপুনি সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশি- সম্পদ বৃদ্ধি হ'ব। আপোনাৰ কেৰিয়াৰৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। আধ্যাত্মিক শক্তিয়ে উপকৃত কৰিব। আত্মবিশ্বাসৰ অভাৱৰ বাবে আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে। মনত বহুতো দ্বিধা চলি থাকিব পাৰে।
5d42c006f8c5c2618f9a5b6bbf31685708ae67e5fb61619f6c30faca95fa780c
শৈশৱত ব্যায়ামৰ প্ৰভাৱ : শৈশৱত ব্যায়ামৰ প্ৰভাৱ : বৰ্তমান সমাজৰ দ্ৰুত পৰিৱৰ্তনে আমাৰ জীৱনশৈলীত অস্বাভাৱিক ধৰণে প্ৰভাৱ পেলাইছে । এই প্ৰভাৱ ল'ৰাৰ পৰা বুঢ়ালৈকে পৰিছে । সমাজৰ এই পৰিৱৰ্তনৰ বাবে মানুহৰ জীৱনলৈ স্থবিৰতাও আহিছে । এটা সময় আছিল, যি সময়ত ল'ৰা-ছোৱালীক দৌৰা-দৌৰি কৰিবলৈ, সাঁতুৰিবলৈ, গছত উঠিবলৈ, ফমূৰ্টি দলিয়াবলৈ বাধা প্ৰদানহে কৰিবলগীয়া হৈছিল । সেই সময়ৰ জীৱনশৈলী এনেধৰনৰ আছিল যে সাধাৰণ জীৱনত এইবোৰ আছিল স্বাভাৱিক ঘটনা । কিন্তু এতিয়া সমাজৰ পৰিৱৰ্তনে ল'ৰা-ছোৱালীৰ জীৱনটোত অদ্ভুত ধৰণে প্ৰভাৱ পেলাইছে । সিহঁতৰ খেলিবলৈ খেলপথাৰৰ অভাৱ, দৌৰিবলৈ ঠাইৰ অভাৱ অথবা লগৰীয়াৰ অভাৱ । দুটা কোঠাৰ মাজত সিহঁতৰ জীৱন সীমাবদ্ধ হৈ পৰিছে । সাঁতুৰিবলৈ যোৱাটো বাধ্যতামূলক হৈছে, যিটোৰ বাবে সিহঁতে সাতোঁৰাৰ আনন্দ হেৰুৱাইছে । ল'ৰা-ছোৱালীৰ জীৱনৰ এই পৰিৱৰ্তনে সিহঁতৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে । শৈশৱতে সিহঁত মধুমেহ ৰোগৰ চিকাৰ হৈছে । চিকিৎসা বিজ্ঞানে এই কথা স্বীকাৰ কৰিছে যে সমাজৰ দ্ৰুত পৰিৱৰ্তন অৱশ্যম্ভাৱী । ইয়াক কোনেও ৰুধিব নোৱাৰে । কিন্তু তাৰ মাজতেই আমি সুস্থ জীৱনৰ বাবে কিছুমান নিয়ম বান্ধি ল'ব লাগিব । যিবোৰৰ জৰিয়তে সমাজো সুস্থ হৈ থাকিব আৰু জীয়াই থকাৰ প্ৰেৰণাও পাব । ল'ৰা-ছোৱালীৰ জীৱনত ব্যায়ামৰ ভূমিকাৰ কথা চিকিৎসা বিজ্ঞানে স্বীকাৰ কৰিছে । ব্যায়ামৰ জৰিয়তে হৃৎপিণ্ডলৈ তেজৰ চলাচল বৃদ্ধি পায় । শৰীৰত হৃৎপিণ্ডৰ স্পন্দন বৃদ্ধি হয় বাবেই এই প্ৰভাৱ পৰে । ইয়াৰ ফলত উশাহ ঘন হয় আৰু হাঁওফাঁওলৈ অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায় । সেয়ে শিশুৰ গতানুগতিক কামবোৰৰ লগতে ব্যায়ামৰ ওপৰতো সৰ্বাধিক গুৰুত্ব দিয়া প্ৰয়োজন । ইয়াৰ কাৰণে শিশুক কোনো এৰ'বিকছ ক্লাছত ভৰ্তি কৰাব নালাগে । পিতৃ- মাতৃ বা পৰিয়ালৰ জ্যেষ্ঠসকলে শিশুৰ লগতে এই অভ্যাসবোৰ কৰিব পাৰে । সেইবোৰৰ ভিতৰত নাচ আৰু যিকোনো এটা খেল খেলা, জঁপিওৱা, দৌৰা, খৰকৈ খোজ কঢ়া ইত্যাদিয়েই প্ৰধান । শিশুৰ শৰীৰত ইয়াৰ প্ৰভাৱ এনেধৰণে পৰে । যেতিয়া আমি ব্যায়াম কৰো, তেতিয়া হৃদস্পন্দনৰ মাত্ৰা বৃদ্ধি পায় । ফলত হৃৎপিণ্ডলৈ বেছিকৈ তেজৰ চলাচল হয় । একেধৰণে অক্সিজেনো হৃৎপিণ্ডই সেই সময়খিনিত বেছিকৈ পায় । ইয়াৰ প্ৰভাৱ হাওঁফাওঁতো পৰে । এই ব্যায়ামে হাঁওফাঁও আৰু হৃৎপিণ্ডক সুস্থ ৰখাত সহায় কৰে । তুলনামূলকভাৱে শিশুৱে বেছি কেলৰিযুক্ত আহাৰ গ্ৰহণ কৰে । সেই কেলৰি সাধাৰণ জীৱন- যাত্ৰাত ব্যয় হোৱাটো অসম্ভৱ বাবে শৰীৰৰ ওজন বৃদ্ধি হৈ মেদবহুলতাৰ চিকাৰ হয় । শৰীৰৰ এই অপ্ৰয়োজনীয় চৰ্বি কমাবৰ বাবেও এই ব্যায়ামৰ প্ৰয়োজন । ব্যায়ামৰ জৰিয়তে কেলৰি ক্ষয় কৰিবলৈ সহজ । সাধাৰণতে শিশুৰ পেশী মজবুত কৰাৰ কোনো ব্যায়াম নাই যদিও ব্যায়ামে শৰীৰটো সুগঢ়ী কৰি তোলে । ইয়াৰ পৰা এই কথা প্ৰমাণ হৈছে যে এটা কোঠাত চকীত বহি টেলিভিছন চাই বা ম'বাইলত গেম খেলি কটোৱা শিশুতকৈ বাহিৰত খেলা-ধুলা কৰা শিশুৰ পেশী বেছি মজবুত । ব্যায়ামেই এইক্ষেত্ৰত অধিক গ্ৰহণীয় । ভৱিষ্যৎ জীৱনৰ এজন সুদক্ষ সেনা বিষয়া বা সামৰিক বিষয়া হ'বৰ কাৰণে শৈশৱৰ পৰাই হাড়ৰ গঠন মজবুত হোৱাৰ প্ৰয়োজন । এইক্ষেত্ৰত ব্যায়ামে যথেষ্ট সহায় কৰে । আমাৰ শৰীৰৰ সুস্থ হৈ থকাৰ বাবে শৰীৰৰ পৰা দূষিত বস্তু আঁতৰ কৰাৰ প্ৰয়োজন । ব্যায়ামে এইক্ষেত্ৰত সহায় কৰে । অৰ্থাৎ আমাৰ প্ৰস্ৰাৱ-পায়খানা নিয়মীয়া কৰে, যিটোৱে শৰীৰ সুস্থ ৰখাত সহায় কৰে । শৰীৰৰ পৰা টক্সিন ঘামৰ জৰিয়তে ওলাই যায় । ফলত লিভাৰ আৰু ছালৰ ওপৰত বিশেষ প্ৰভাৱ পৰে । ব্যায়ামে শৰীৰৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলায় বাবে যিকোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে । এই অধ্যয়নত এই কথাও উল্লেখ কৰিছে যে শ্বেতৰক্ত কণিকাৰ ওপৰতো ব্যায়ামে প্ৰভাৱ পেলায় বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । শৰীৰৰ সকলো অংগৰ খৰকৈ হোৱা সঞ্চালনে এণ্ড্ৰ'ফিনছ হৰম'নৰ উৎপত্তিত সহায় কৰে । ইয়াৰ প্ৰভাৱ মনৰ ওপৰত পৰে । সেয়ে মানসিকভাৱে সবল কৰে । উত্তেজনা কমে । সম্প্ৰতি এই কথাও প্ৰমাণ হৈছে যে যিসকল ব্যক্তি হতাশগ্ৰস্ততাৰ বলি হৈছে তেওঁলোকে ইয়াৰ সৈতে যুঁজিবৰ বাবে ব্যায়াম কৰাৰ প্ৰয়োজন । ব্যায়াম কৰোতে কেইবাজনো লগ হৈ কৰা হয় । সেইবাবে মিলাপ্ৰীতি বেছিকৈ হয় । আনৰ সুখ বা দুখ বুজাত এই স্বভাৱে সহায় কৰে । হাঁহি-ধেমালিৰে কৰা ব্যায়ামে শিশুক সমাজপ্ৰিয় কৰি তোলে । এটা সুস্থ মনে এটা সুস্থ শৰীৰত প্ৰভাৱ পেলায় । এই অধ্যয়নত এই কথাও প্ৰমাণ হৈছে যে যেতিয়া মন সুস্থ থাকে তেতিয়া পঢ়া-শুনা বা অন্যান্য প্ৰতিযোগিতাতো ভাল ফল দেখুৱাবলৈ সম্ভৱ হয় । এইটো নিয়মীয়াকৈ কৰা ব্যায়ামৰ জৰিয়তেহে সম্ভৱ । কিয়নো ব্যায়ামে মগজুৰ কোষ বৃদ্ধিতো সহায় কৰে । এজন বয়স্ক মানুহে শৰীৰ সুস্থ ৰখাৰ বাবে জিমলৈ অহা-যোৱা কৰিব পাৰে । এইটো শিশুৰ ক্ষেত্ৰতো কৰিব পাৰে যদিও সিহঁতৰ বাবে এনেধৰণৰ অনুশীলন আমনিদায়ক হ'ব পাৰে । এইক্ষেত্ৰত ব্যায়ামে সিহঁতলৈ নতুনত্ব কঢ়িয়াই আনে । কিয়নো, ব্যায়াম প্ৰতিদিনে বিভিন্ন পদ্ধতিৰে সালসলনি কৰিব পাৰি । Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
aa399567b43ebde2f0a0ec8776575d05507616964669e3a2483f6641a09d9589
বিশেষ প্ৰতিবেদনঃ সমগ্ৰ পৃথিৱীতে কৰ'না ভাইৰাছ বিয়পি পৰিছে যদিও সৰ্বাধিক লোকৰ মৃত্যু হৈছে ইউৰোপ মহাদেশৰ ইটালীত। দেশখনৰ চৰকাৰী সূত্ৰ অনুসৰি শনিবাৰে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয় ৬৮১ জন লোকৰ। দেওবাৰৰ দিনটোত দেশখনত মৃত্যু ঘটিছে মাত্ৰ ৫২৫ জনৰ। ১৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছত দীৰ্ঘ সময়ৰ অন্তত যোৱা দুদিনত এনেদৰে দেখিবলৈ পোৱা গৈছে আশাৰ ৰেঙণি। ভূপালঃ লকডাউন। ঘৰত খুদকণ এটিও নাইকিয়া হৈ পৰিছে। সেয়ে জোৱায়েকক লগত লৈ প্ৰয়োজনীয় দুই-এপদ বস্তু কিনিবলৈ ওলাই গৈছিল ৬৫ বছৰীয়া টিবু মেদা। লকডাউন ভংগ কৰাৰ অপৰাধত আদিবাসী এইজন বৃদ্ধক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে। দেওবাৰে এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ধৰ জিলাৰ গুজৰি নামৰ গাঁওখনত। গোৱালপাৰাঃ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কৰ'নাত আক্ৰান্ত ৩গৰাকী ৰোগীৰ স্বাস্থ্যৰ বুজ ল'বলৈ আজি দুপৰীয়া ১২ মান বজাত চিকিৎসালয়খনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। চিকিৎসালয় চৌহদত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে চিকিৎসা কালীন অৱস্থাত পাবলগীয়া সা-সুবিধাৰ তদাৰক কৰে আৰু তিনিওগৰাকী ৰোগীৰ মেডিকেল ৰিপ'ৰ্ট জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ হাতত অৰ্পণ কৰে। কুমাৰস্বামীৰ প্ৰশ্ন, "BJPৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চাকি জ্বলোৱাৰ আহ্বান নেকি?" বাংগালুৰুঃ আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি, মমবাতি জ্বলাবলৈ দেশবাসীক জনোৱা আহ্বানৰ আৰত বিজেপিৰ গোপন এজেণ্ডা আছে বুলি দাবী কৰিছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে। ইয়াৰ লগতে তেওঁ উক্ত আহ্বানৰ কি বৈজ্ঞানিক ভিত্তি আছে সেয়া স্পষ্ট কৰি দিবলৈকো এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীক দাবী জনাইছে। গুৱাহাটীঃ ভাৰতত কৰ'নাৰ হটস্পট হৈ পৰা দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতৰ স্পষ্ট প্ৰভাৱ দেখা গৈছে অসমতো। অসমত এতিয়ালৈ কৰ'না পজিটিভ ধৰা পৰা মুঠ ২৬ জন লোকৰ ২৫ জনেই নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে সম্পৰ্ক থকা। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জনোৱা মতে তবলীগৰ পৰ অহা একাংশ লোকে প্ৰশাসনক সহযোগ আগবঢ়াইছে যদিও অধিকাংশ লোকে এতিয়াও সহযোগিতা আগবঢ়োৱা নাই। গুৱাহাটীঃ মহানগৰীৰ বিলাসী অট্টালিকা স্পেনিছ গাৰ্ডেনৰ বিভিন্ন আবাসীসকলৰ ঘৰত কৰ্মৰত ৭০ গৰাকী বনকৰা মহিলাক কোৱাৰেণ্টাইন কৰিবলৈ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগ। ইয়াৰে ৩৬ গৰাকীক চিনাক্তকৰণৰ লগতে সম্পৰ্ক স্থাপন কৰি ইতিমধ্যে জিএমচিএইছলৈ নমুনা সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছে। গোৱালপাৰাঃ গোৱালপাৰা জিলাত তিনিজনকৈ লোকৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছৰে পৰা কৰ'নাতংকই বিৰাজ কৰি থকাৰ সময়ত কৰ'নাত আক্ৰান্ত হোৱাৰ সন্দেহত কোৱাৰেণ্টাইন কৰা হৈছে ৩৭ নং পূৱ গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰশ্বিদ আলমক। যোৱা ৩ এপ্ৰিলত নিশা নিজ বাসভৱনত কোৱাৰেণ্টাইন কৰা হয় বিধায়কগৰাকীক। জানিব পৰা মতে ১৬ মাৰ্চত দিল্লীৰ পৰা উভতি আহি সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰিছিল বিধায়কগৰাকীয়ে। বিশেষ প্ৰতিবেদনঃ কৰ'না ভাইৰাছে চীন আৰু ইটালীত যি কৰিব নোৱাৰিলে সেয়া কৰি দেখুৱালে ভাৰতত। যি হাৰত আমাৰ দেশৰ লগতে ৰাজ্যখনতো এই ভাইৰাছ অতি বেগেৰে বিয়পি গৈ আছে তালৈ চাই সকলোৱে অধিক সতৰ্ক হোৱাতো একান্তই প্ৰয়োজনীয় হৈ পৰিছে। পৰিতাপৰ কথা এয়ে যে ভাৰতৰ দৈনিক হাজিৰা কৰা লোকসকলৰ ওপৰত এই ভাইৰাছৰ আক্ৰমণ অধিক হোৱা দেখা গৈছে। 'ইণ্ডিয়া টুডে'ৰ ডাটা ইন্টেলিজেন্স ইউনিটে আৰম্ভণিতে ১৮০১ জন কৰ'না আক্ৰান্তৰ বিষয়ে কৰা অধ্যয়নত পোহৰলৈ আহিছে বহু উদ্বেগজনক তথ্য। এই অধ্যয়নত এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ কম বয়সৰ লোকসকল এই ভাইৰাছৰ দ্বাৰা অধিক সংক্ৰমিত হৈছে। গুৱাহাটীঃ কৰ'না আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰি থকা চিকিৎসকসকলৰ বাবে সুখবৰ। চিকিৎসাৰ সময়ছোৱাত চিকিৎসকসকলে যাতে মানসিক শক্তি লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। একং সংবাদমেলযোগে আজি এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.
c4823c185e5a26a1fa68a4085b92c6b8b0d71047aa5f6020964b972a640c7358
এই পৃষ্ঠাটো প্ৰৱন্ধৰ একত্ৰিতকৰণৰ বিষয়ে। শ্ৰেণী একত্ৰিতকৰণৰ বাবে ৱিকিপিডিয়াঃশ্ৰেণী সম্পৰ্কীয় কাৰ্যসমূহ চাওক। "ৱিকিপিডিয়াঃDA" আৰু "ৱিকিপিডিয়াঃনকল প্ৰৱন্ধ"ক ইয়ালৈ পুনঃনিৰ্দেশিত কৰা হৈছে। প্ৰতিলিপিযুক্ত প্ৰৱন্ধসমূহৰ বাবে ৱিকিপিডিয়াঃContent forking চাওক। বহুদিনধৰি সম্পাদনা নোহোৱা প্ৰৱন্ধৰ তালিকাৰ বাবে, ৱিকিপিডিয়াঃDUSTY চাওক। সংক্ষেপে এই পৃষ্ঠাখনঃ একত্ৰিতকৰা মানে দুখন বা তাতোধিক পৃষ্ঠাৰ সমল লগলগাই এখন পৃষ্ঠা কৰা। বিবাদহীন একত্ৰিতকৰণৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নাই; মাত্ৰ কামটো কৰিলেই হ'ল। যদি আপুনি একত্ৰিত কৰাটো আগৰ অৱস্থালৈ ঘুৰাই আনিব পাৰি, তেন্তে ই বিবাদসাম্ভাৱ্য একত্ৰিতকৰণ, এনে কৰাৰ আগতে আলোচনা কৰাৰ প্ৰয়োজন আছে। একত্ৰিতকৰণ আলোচনা আৰম্ভ কৰিবলৈ তলৰ নিৰ্দেশনাবোৰ চাওক। এইখন এখন তথ্য পৃষ্ঠা, ইয়াত ৱিকিপিডিয়া ব্যৱহাৰ আৰু অৰ্হতা সমন্ধীয় কিছু সমজুৱা তথ্য বৰ্ণনা কৰা হৈছে। যিহেতু ই নিজে কোনো নীতি আৰু নিৰ্দেশনা নহয়, সেয়ে অন্য ৱিকিপিডিয়া নীতি আৰু নিয়মসমূহৰ জৰিয়তে নিশ্চিত হবলৈ উপদেশ দিয়া হ'ল। যদি অন্য কোনো নীতি সম্পৰ্কীয় পৃষ্ঠাৰ লগত এই পৃষ্ঠাৰ অমিল দেখা পাইছে, তেন্তে অনুগ্ৰহ কৰি আমাক অৱগত কৰাওক। একত্ৰিতকৰণ এটা অ-স্বয়ংক্ৰিয় পদ্ধতি যাৰ দ্বাৰা দুই বা তাতোধিক পৃষ্ঠাৰ সমলবোৰ একেটা পৃষ্ঠাতে একত্ৰিত কৰা হয়। ইয়াৰ ফলত যিবোৰ পৃষ্ঠাৰ সমল প্ৰতিলিপি কৰা হৈছে, সেই উৎস পৃষ্ঠাৰ পৰা লক্ষ্য পৃষ্ঠালৈ এটা পুনঃনিৰ্দেশনাৰ সৃষ্টি হয়। তলত উল্লেখিতবোৰ প্ৰস্তাৱ কৰিবলৈ আলোচনা পদ্ধতি ব্যৱহাৰ নকৰিবঃ শ্ৰেণী একত্ৰিতকৰণঃ শ্ৰেণী একত্ৰিতকাৰী সকলে আলোচনাৰ বাবে শ্ৰেণীসমূহ চাব পাৰে, ইয়াৰ বাবে সুকীয়া সাঁচ {{cfm}} ব্যৱহাৰ কৰা হয়। ইতিহাস একত্ৰিতকৰণঃ এই পদ্ধতিৰ দ্বাৰা ইতিহাস একত্ৰিতকৰণ কৰিব নোৱাৰি। বিশদ বিৱৰণৰ বাবে ইতিহাস একত্ৰিতকৰণ চাওক। সাঁচ একত্ৰিতকৰণঃ একত্ৰিতকৰণৰ বাবে সাঁচসমূহ আলোচনাৰ বাবে সাঁচসমূহত অনুৰোধ কৰা উচিত, ইয়াৰ বাবে সুকীয়া সাঁচ {{tfm}} ব্যৱহাৰ কৰা হয়। একত্ৰিতকৰণৰ বহু কাৰণ আছেঃ নকলঃ একে পৰিসৰৰ একে বিষয়ৰ দুই বা তাতোধিক পৃষ্ঠা থাকিলে। Overlap: There are two or more pages on related subjects that have a large overlap. Wikipedia is not a dictionary; there does not need to be a separate entry for every concept. For example, "flammable" and "non-flammable" can both be explained in an article on flammability. Text: If a page is very short and is unlikely to be expanded within a reasonable amount of time, it often makes sense to merge it with a page on a broader topic. For example, parents or children of a celebrity who are otherwise unremarkable are generally covered in a section of the article on the celebrity (and can be merged there). Context: If a short article requires the background material or context from a broader article in order for readers to understand it. For example, minor characters from works of fiction are generally covered in a "List of characters in <work>" article (and can be merged there); see also Wikipedia:Notability (fiction).
34de75996d5dc7f1489e3ed164cb6904890cfaf23376248bc077d072b316eecb
এই বটটো বৰ্তমান পৰীক্ষামূলক অৱস্থাত আছে, সেয়ে কিছু ক্ষেত্ৰত ই শুদ্ধকৈ কাম নকৰিবও পাৰে। কিবা যদি ভুল দেখে, পৰিচালকক বাৰ্তা দিয়ক। এই বটে অসমীয়া ভাষা লিখোঁতে সচৰাচৰ ব্যৱহাৰ হোৱা কিছুমান ভুল শুধৰাই দিয়ে। ই কোনো বানান নুশুধৰাই। ইয়াক পৰিচালনা কৰেঃ সদস্যঃSlowPhoton।
1536c8aa81571695feff75d9e7329f1a642700f100e45efba3f96d9da530db77
priyanka-chopra-husband-nick-jonas-congratulates-diwali-shares-romantic-photos- News18 Assam\nপ্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছে জনালে দীপাৱলীৰ শুভকামনা, শ্বেয়াৰ কৰিলে ৰোমাণ্টিক ফটো\nমোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, গাঁৱত বাস কৰা ২০ লাখ লোক হ'ব লাভান্বিত\nআপোনাৰ SBIৰ একাউণ্ট আছে নেকি? জানি লওক এই নিয়ম\nনিজৰ PF ৰ টকা সুৰক্ষিত হৈ থকাটো বিচাৰে যদি সোনকালে কৰক এই কাম\nবেংকত থকা আপোনাৰ জমা টকাৰ ওপৰত চৰকাৰে ল'ব ডাঙৰ সিদ্ধান্ত! বিত্তমন্ত্ৰীয়ে দিলে সংকেত\nনিকৰ এই পোষ্টটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰায়ো দীপাৱলীৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।\nUpdated:October 29, 2019, 6:09 PM IST\nUpdated: October 29, 2019, 6:09 PM IST\nবলীউদৰ তাৰকাসকলেও ধুম-ধামেৰে পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলী উপলক্ষে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছে সকলোকে জনালে দীপাৱলীৰ শুভেচ্ছা। প্ৰিয়ং আৰু নিকে দুয়ো দুয়োৰে পৰম্পৰাক সন্মান কৰে। শেহতীয়াকৈ দীপাৱলী উপলক্ষে নিক জোনাছে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোত প্ৰিয়ংকাক শাড়ী পিন্ধি থকা দেখা গৈছে। দুয়োৰে সন্মুখত ৰখা হৈছে কেক। নিকে এই ফটোখন শ্বেয়াৰ কৰি লিখিছে - 'সকলোলৈ শুভ দীপাৱলী। আপোনালোকলৈ বহুত বহুত মৰম।'\nনিকৰ এই পোষ্টটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰায়ো দীপাৱলীৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। প্ৰিয়ংকা বৰ্তমান ভাৰতত নাথাকিলেও, বিদেশতে পালন কৰিছে ভাৰতীয় উৎসৱ। দীপাৱলী উপলক্ষে প্ৰিয়ংকাই আলোকসজ্জাৰে সজাইছে থকা ঠাইখিনি। ইয়াৰ পৰাই গম পোৱা যায় যে প্ৰিয়ংকা য'তেই থাকক, নিজৰ পৰম্পৰা আৰু উৎসৱ পালন কৰিবলৈ নাপাহৰে।
1853404af398621fc13ea1073d51db1a9a4382ba9a4229ffe3c514a04280ec3b
উক্ত অডিঅটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য। এই ভাষনত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে। তৌহীদ আৰু ইয়াৰ প্ৰকাৰ সমূহ। ভাই ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমানে দৰং জিলাৰ হিৰাপাৰাত অনুষ্ঠিত ইছলামিক চেমিনাৰত প্ৰদান কৰা এটা ভাষণ। ইয়াত তেখেতে তৌহীদৰ প্ৰকাৰ সমূহ আৰু ইয়াৰ চমু ব্যখ্যা দাঙি ধৰিছে। সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য'ত তেখেতে আহলে ছুন্নাত অল জামা'আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ'ব যেতিয়া সেইটো ছহীহ আকীদাৰ ওপৰত ভিত্তি কৰি সংঘটিত হ'ব, যদি আকীদা অশুদ্ধ হয়, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি কৰা যাৱতীয় আমল বাতিল হ'ব। ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে। এই অডিঅ ফাইল খনত চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰা হৈছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ চাৰিটা গুৰুত্বপূৰ্ণ নীতিমালা দাঙি ধৰা হৈছে।লগতে মুশ্বৰিক সকলে দাবী কৰা শ্বাফাআত আৰু তৌহীদপন্থী সকলৰ দাবী কৰা শ্বাফাআতৰ মাজত থকা পাৰ্থক্য বৰ্ণনা কৰা হৈছে।
245827c63b0752e09f970ae556b08931afb983a21f7fd366059e6df1a8aa2880
CBSEৰ ফলাফলত উজলিল অৰবিন্দ কেজৰিৱাল, স্মৃতি ইৰাণীৰ সন্তান।cbse-12th-results-arvind-kejriwal-smriti-irani-sons-shines-with-high-score- News18 Assam\nCBSEৰ ফলাফলত উজলিল অৰবিন্দ কেজৰিৱাল, স্মৃতি ইৰাণীৰ সন্তান\nকিমান সঠিক আছিল ২০১৪ ৰ লোকসভা নিৰ্বাচনৰ সমীক্ষা?\nজম্মু-কাশ্মীৰত শিলগুটি দলিওৱাৰ বাবে হৈছিল বদনাম, বৰ্তমান সকলোৱে চিনি পায় ফুটবলাৰৰূপে\nLok Sabha Exit Poll 2019: উত্তৰ প্ৰদেশত কাৰ বতাহ? মিত্ৰজোঁট নে চলিব বিজেপিৰ যাদু?\nExit Poll Results 2019 : কোনে দখল কৰিব দিল্লীৰ মছনদ? চাওক NEWS18-IPSOS সমীক্ষা\nদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ছচিয়েল মিডিয়াত আনন্দ প্ৰকাশ।\nUpdated:May 3, 2019, 10:25 PM IST\nপুত্ৰৰ সৈতে স্মৃতি ইৰাণী (টুইটাৰৰ পৰা সংগৃহীত)\nUpdated: May 3, 2019, 10:25 PM IST\nদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পুত্ৰ পুলকিটে ২০১৭চনত দশম শ্ৰেণীৰ পৰীক্ষাতো ১০ কিউমুলেটিভ গ্ৰেড পইণ্ট এভাৰেজ লাভ কৰিছিল। ইংৰাজী, অংক, বিজ্ঞান, ছচিয়েল চায়েন্স আৰু হিন্দী বিষয়ত ১০CGPA লাভ কৰিছিল কেজৰিৱাল পুত্ৰই। বৃহস্পতিবাৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত মুখ্যমন্ত্ৰী কেজৰিৱালক অধিক গৌৰৱান্বিত কৰিছে মেধাৱী পুত্ৰই। গৰ্বিত অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে পুত্ৰ পুলকিটে ৯৬.৪% নম্বৰ লাভ কৰাৰ কথা।\nঅৰবিন্দ কেজৰিৱালৰ দৰে বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীও আজি মাতৃ হিচাপে গৰ্বিত কাৰণ তেওঁৰ পুত্ৰই জোহৰেও ৯১% নম্বৰ লাভ কৰিছে।\nOk saying it out loud - proud of my son Zohr..not only did he come back withabronze medal from the World Kempo Championship also scored well in 12 th boards. Best of 4- 91% .. special yahoo for 94% in economics.. Maaf karna ,today I'm justagloating Mom🙏\n - Chowkidar Smriti Z Irani (@smritiirani) May 2, 2019\nমুখ্যমন্ত্ৰী কেজৰিৱালৰ পুত্ৰ পুলকিট ডিপিএছ-নয়দা ছেক্টৰ-৩০ৰ ছাত্ৰ। পুলকিটে দশম শ্ৰেণীৰ ফলাফলতো উন্নত প্ৰদৰ্শন কৰিছিল। দশম শ্ৰেণীৰ পৰীক্ষাত তেওঁ ১০ কিউমুলেটিভ গ্ৰেড পইণ্ট এভাৰেজ লাভ কৰিছিল। ইংৰাজী, অংক, বিজ্ঞান, ছচিয়েল চায়েন্স আৰু হিন্দী বিষয়ত ১০CGPA লাভ কৰিছিল কেজৰিৱাল পুত্ৰই।\nWith God's grace and well-wishers' blessings son has secured 96.4 percentile in CBSE Class XII. In high gratitude 🙏🏼\n - Sunita Kejriwal (@KejriwalSunita) May 2, 2019\nCBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। ফলাফল উপলব্ধ হৈছে। ফলাফল উপলব্ধ হৈছে দুটাকৈ অফিচিয়েল ৱেবছাইট cbse.nic.in আৰু cbseresults.nic.in ত। এইবাৰ সমগ্ৰ দেশত সৰ্বমুঠ ৮৩.৪% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। মুঠ ৯৮.২% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে তিৰুৱনন্তপুৰম। আনহাতে ৯২.৯৩% শতাংশ উত্তীৰ্ণৰ হাৰেৰে চেন্নাইৰ স্থান দ্বিতীয়। ইণ্টাৰনেচনেল স্কুলৰ পৰা উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ৯৫.৪৩% ।\nPHOTOS : কেদাৰনাথৰ গুহাত ধ্যান কৰি বৰফৰ মাজেৰে প্ৰধানমন্ত্ৰী মোদীৰ যাত্ৰা\nকেদাৰনাথ যাত্রা কিদৰে উপভোগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?\nCannes Film Festival 2019: ৰেড কাৰ্পেটত প্ৰিয়ংকা চোপ্ৰাৰ আকৰ্ষণীয় ৰূপ !\nExit Poll Results 2019 : NEWS18-IPSOS EXIT POLLৰ সমীক্ষাত উত্তৰ-পূবত কাৰ কিমান আসন?\nজুৰোডৰ বিস্ফোৰণ : বুদ্ধিজীৱীৰ ওপৰত আৰক্ষীৰ চকু\nবিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত সুযোগ নোপোৱা বিশ্বৰ পাঁচগৰাকী শ্ৰেষ্ঠ খেলুৱৈ!
635308884a84ef72fb919e6006eb0d28c91f55f9374f8f23a1db243da00884be
এন আৰ চিৰ চূড়ান্ত খচৰা আজি প্ৰকাশ হোৱাৰ পিছৰ পৰাই এজন জনপ্ৰতিনিধিলৈ উপৰ্য্যুপৰি আহি আছে সংবাদ মাধ্যমৰ ফোন। ফোনত প্ৰশ্ন- 'আপোনাৰ নাম এন আৰ চিত নাই বুলি শুনিছো, সঁচা নেকি?' এই একেটা প্ৰশ্নৰ বাবে আজি ফোন কৰি হাইৰান কৰি দিছে জনপ্ৰতিনিধিজনক। এইজন জনপ্ৰতিনিধি হ'ল মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। ৰমাকান্ত দেউৰীৰ নাম খচৰাত নাই বুলি আজি এটা খবৰ বিয়পি পৰাৰ পিছতে এই পৰিস্থিতিটোৰ মুখামুখি হৈ আছে বিধায়কজন। বিধায়কজনলৈ এই সন্দৰ্ভত আজি ইমান ফোন আহিছে যে তেওঁ বা তেওঁৰ ব্যক্তিগত সহায়কে ফোন ধৰিয়েই 'আপুনি বাৰু এন আৰ চিত ছাৰৰ নাম থকা নথকাৰ কথা সুধিবলৈ ফোন কৰিছে নেকি?' বুলি ফোন কৰোতাজনক ওলোটাই প্ৰশ্ন কৰে। বিধায়কজনৰ ব্যক্তিগত সহায়কজনে আজি এইদৰে উপৰ্য্যুপৰি ফোন অহাৰ কথা কয়। নৰ্থ-ইষ্ট নাওক জনায় যে বিধায়কজনৰ নাম খচৰাত আছে। নাম নাই বুলি এটা ভুৱা প্ৰচাৰহে চলিছিল। উল্লেখযোগ্য যে আজি পুৱা ১০ বজাত বহু প্ৰত্যাশিত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপ চূড়ান্ত আৰু একত্ৰীকৃত (প্ৰথম আৰু দ্বিতীয় খচৰা) খচৰা প্ৰকাশ কৰা হয়। সৰ্বমুঠ ৩ কোটি ২৯ লাখ ৯১ হাজাৰ ৩৮৪জন লোকৰ আৱেদন চালি-জাৰি চাই ইয়াৰে ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭জন লোকৰ নাম পূৰ্ণাংগ খচৰাত অন্তৰ্ভুক্ত কৰিছে এন আৰ চি কৰ্তৃপক্ষই। আনহাতে, খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০ লাখ ৭ হাজাৰ ৭০৭জনৰ নাম। এই বাদ পৰাসকলৰ ভিতৰত ২ লাখ ৪৮ হাজাৰ ডি-ভোটাৰ আছে বুলি জানিব পৰা গৈছে। মোদীৰ "পৰম মিত্ৰ" হোৱাৰ বাবেই আম্বানীৰ ৰিলায়েন্সে নিৰ্মাণ কৰিব পাৰে নেকি Private Zoo? কিয় খং উঠিছে ছাকিৰাৰ? আইনী প্ৰক্ৰিয়াৰে যুঁজ দিবলৈ সাজু পপ ছুপাৰষ্টাৰগৰাকী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ffcd66862fa04b33ff5da3a0abd8198b0d82d923f56c54a856b5f7e2cfe6d517
[19] আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।[20] কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক। হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে। দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়। [12] যদি আপোনালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়ে আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে আপোনালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিব।[13] তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।[14] সকলো জাতিতকৈ আপোনালোকে অধিকগুণে আশীৰ্ব্বাদ পাব আৰু আপোনালোকৰ মাজত কোনো পুৰুষেই সন্তানহীন নহ'ব বা মহিলা সকলো বন্ধ্যা নহ'ব। ল'ৰা সন্তান সকল আৰু জাকৰ পশুবোৰৰ পোৱালি নোহোৱাকৈ নাথাকিব।[15] যিহোৱাই আপোনালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ আপোনালোকে দেখিলে, সেইবোৰ তেওঁ আপোনালোকৰ ওপৰত নিদিব, কিন্তু আপোনালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব। কিন্তু চোৱা, মই নগৰৰ ঘা বান্ধি চিকিৎস্যা কৰিম, তেওঁলোকক সুস্থ কৰিম আৰু তেওঁলোকলৈ প্ৰচুৰ পৰিমানে কুশল, শান্তি আৰু সত্যতা আনিম। [1] পাছত যিহোৱাই মোচি আৰু হাৰোণক ক'লে,[2] "তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক কোৱা যে, 'সকলো ভূ-চৰ পশুবোৰৰ মাজত এইবোৰ জন্তু তোমালোকে খাব পাৰিবা।[3] পশুবোৰৰ মাজত যি কোনো জন্তুৰ খুৰা সম্পুৰ্ণৰূপে দুফাল আৰু ঘাঁহ পাগুলে তাক তোমালোকে খাব পাৰিবা[4] তথাপি ঘাঁহ পাগুলা বা খুৰা দুফাল হোৱাবোৰৰ মাজত তোমালোকে কোনোমতে খাব নলগীয়া পশু এইবোৰ; উট, কিয়নো সি ঘাঁহ পাগুলে হয়, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি। [20] হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা।[21] সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা।[22] কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ, আৰু তেওঁলোকৰ সৰ্ব্বশৰীৰলৈ সুস্বাস্থ্যস্বৰূপ। [7] তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ'বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।[8] ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
db57af10a579b11598c6faf2d99a904636866cc32ef3b1e5b028c6e173a35fa9
পঞ্চভূতত বিলীন হ'ল ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসমৰ বীৰ জোৱান বিপুল বৰাৰ নশ্বৰ দেহ। শিৱসাগৰৰ দিখৌমুখৰ ধনেখোৱা গাঁৱত এক শোকাকুল পৰিৱেশৰ মাজত শুকুৰবাৰে সন্ধিয়া বীৰ জোৱান বৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অন্তিম যাত্ৰাত গায়ন-বায়নেৰে এক বৃহৎ সমদল কৰি বিএছএফ জোৱানজনৰ নশ্বৰ দেহ লৈ যোৱা হয়। তেওঁৰ ঘৰৰ সমীপতে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। ২১জাঁই টোপ ধ্বনিৰে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে বীৰ জোৱানগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। বীৰ জোৱান বিপুল বৰাৰ নশ্বৰ দেহৰ শেষকৃত্য সমাপন কৰাৰ পূৰ্বে জোৱানজনক শেষবাৰৰ বাবে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জনায়। মুখ্য মন্ত্ৰীৰ হৈ বিধায়ক কুশল দুৱৰীয়ে মৃতদেহত পুষ্পাঞ্জলি অৰ্পন কৰে। মন্ত্ৰী তপন গগৈয়ো উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনায়। যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু কংগ্ৰেছ নেত্ৰী অংকিতা দত্তইও বাৰ শ্বহীদগৰাকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখযোগ্য যে পঞ্চাশ বছৰীয়া বিপুল বৰা বৃহস্পতিবাৰে ছত্তীশগড়ৰ কানকেৰ জিলাত নক্সালৰ আক্ৰমণত শ্বহীদ হোৱা চাৰিজন বিএছএফ জোৱানৰ মাজৰে এজন আছিল। শ্বহীদ বৰাই তেওঁৰ মৃত্যুৰ সময়ত পত্নী আৰু দুটি সন্তানক এৰি থৈ গৈছে। তেওঁৰ পুত্ৰই শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তেওঁৰ কন্যাগৰাকী এখন ব্যক্তিগত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছে। লাচিতলৈ সন্মান, নে অপমান? খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
f2dc8219671ec891edce41cdb9bcfbb7359bb9b562a38892efdef0799624c602
কেৱল মহৰ দ্বাৰাই নহয়, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমণ হয় ডেংগু! ক'ত ধৰা পৰিল।first-sexually-transmitted-dengue-case-confirmed-spain- News18 Assam\nকেৱল মহৰ দ্বাৰাই নহয়, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমণ হয় ডেংগু! ক'ত ধৰা পৰিল\nUpdated:November 11, 2019, 1:24 PM IST\nযৌন সম্পৰ্কৰ ফলত এগৰাকী ৪১ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছে ডেংগু\nLast Updated: November 11, 2019, 1:24 PM IST\nকেৱল মহৰ দ্বাৰাই নহয়, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হয় মৰাত্মক ডেংগু। যৌন সম্পৰ্কৰ ফলত এগৰাকী ৪১ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছে ডেংগু। প্ৰথমবাৰলৈ এনে ধৰণৰ ঘটনা পোহৰলৈ আহিছে স্পেইনত। স্পেইনৰ হেল্থ অ'থৰিটীয়ে নিশ্চিত কৰিছে এই তথ্য।\nকেইদিনমান পূৰ্বে এগৰাকী মহিলাই কিউবা ভ্ৰমণৰ সময়তে আক্ৰান্ত হৈছিল ডেংগুত। পিছত মহিলাগৰাকীৰ সৈতে মাদ্ৰিদৰ ৪১ বছৰীয়া এজন ব্যক্তিয়ে যৌন সম্পৰ্ক স্থাপন কৰে। যোৱা ছেপ্টেম্বৰ মাহত ব্যক্তিজনৰ দেহত চিকিৎসকে ধৰা পেলাই ডেংগু। কিন্তু লোকজনৰ দেহত ডেংগুৰ বিজাণু কিদৰে আহিল, তাকলৈ যথেষ্ট সমস্যাত পৰে চিকিত্সক। কাৰণ ডেংগু সংক্ৰমণ হ'ব পৰা কোনো স্পৰ্শকাতৰ ঠাইলৈ যোৱা নাছিল ব্যক্তিজন।\nযিগৰাকী ডেংগু ৰোগত আক্ৰান্ত মহিলাৰ সৈতে লোকজনে যৌন সম্পৰ্ক স্থাপন কৰিছিল, সেই মহিলাগৰাকীৰ সৈতে ৰোগৰ লক্ষণ বোৰ একেই আছিল ব্যক্তিজনৰ। পিছত চিকিৎসকে শুক্ৰাণু পৰীক্ষা কৰাত মহিলাগৰাকীৰ সৈতে একেই ভাইৰাছ ধৰা পেলাই ব্যক্তিজনৰ শৰীৰত। তেতিয়াই চিকিৎসক নিশ্চিত হয় যে, মহিলাগৰাকীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ ফলতেই ডেংগুত আক্ৰান্ত হয় ব্যক্তিজন।
dd6c985cb4aeaace6c07c3af7f621e33ebf4e7b19b772206e2e9be91cb695bc0
বিশ্ব জুনিয়ৰ এথলেটিকছত ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে স্বৰ্ণ জয় কৰি ভাৰতক গৌৰৱিত কৰা হিমা দাসে সাত সাগৰ তেৰ নদীৰ সিপাৰে থকাৰ সময়তো আৰু সফলতাৰ শিখৰত উপনীত হোৱাৰ সময়তো অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাখনক পাহৰি নগ'ল। বৰং কথাৰ মাজতে সাংবাদিকক চনাকি দিলে কান্ধত লৈ থকা গামোচাখনৰ। স্বৰ্ণপদক জয় কৰাৰ ঠিক পিছতে সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত হিমাই ভাৰতীয় এথলেটিকছ ফেডাৰেইশ্যনৰ লগতে বহুতকে ধন্যবাদ দিয়ে। তেওঁ নিজৰ ব্যক্তিগত প্ৰশিক্ষকদ্বয় ক্ৰমে নিপন দাস আৰু নৱজিত মালাকাৰৰ লগতে দলীয়া প্ৰশিক্ষককেইজনৰ প্ৰতিও কৃতজ্ঞতা জনায়। আনহাতে হিমাই স্বৰ্ণ জয় কৰাৰ পিছতে দেখা গৈছিল তেওঁক ভাৰতীয় দলটোৰ এজন কৰ্মকৰ্তাই ৰাষ্ট্ৰীয় পতাকাখন আগুৱাই দিয়াৰ লগতে পিন্ধাই দিছিল অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা এখনো। পতাকা আৰু গামোচা ডিঙিত লৈ উৎফুল্ল হৈ থকা হিমাৰ কাষ চাপি আহিছিল বিদেশী সাংবাদিক। হিমাই মুখত হাঁহি আৰু অন্তৰত গৰ্ব লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি থকাৰ মাজতে সাংবাদিকগৰাকীক হিমাই ডিঙিত লৈ থকা গামোচাখনৰ বিষয়ে সোধা দেখা গ'ল। হিমাই হাঁহি মুখে গামোচাখন তেওঁৰ সমাজৰ পৰম্পৰাগত বস্ত্ৰ বুলি চিনাকি কৰি দিয়ে। সাত সাগৰ তেৰ নদীৰ সিপাৰে থকাৰ সময়তো আৰু গৌৰৱৰ শিখৰত উপনীত হোৱাৰ মুহূৰ্ততো নিজৰ অসমীয়াত্বৰ প্ৰতি সমানে সজাগ হৈ থকা হিমাৰ এই গুণক শলাগ লৈছে প্ৰতিজন অসমীয়াই। কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব 'বোমা','বন্দুক'! অস্কাৰলৈ ৰাজামৌলীৰ 'আৰআৰআৰ'! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
54a66c8ead5c564e469cb1344d16a6b334797123cec7f955f1535d1f37531107
Megapen ৰ গৰ্ভৱতী মহিলাৰ ওপৰত থকা প্ৰভাবৰ বিষয়ে জনা নযায় কাৰণ এইটোৰ ওপৰত এতিয়ালৈকে গৱেষনা কৰা হোৱা নাই। স্তন্যপায়ী মহিলাৰ ক্ষেত্ৰত Megapenৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ বিষয়ে জনা নাযায়। কাৰণ এইটো বিষয়ৰ ওপৰত গৱেষনা কৰা হোৱা নাই। Megapen গ্ৰহণ কৰাৰ পিছত বৃক্ক ত প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে। আপুনি আপোনাৰ দেহত যদি কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখা পায় তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক। কেৱল আপোনাৰ চিকিতসকে পৰামৰ্শ দিলেহে পুনৰ আৰম্ভ কৰিব। Megapenৰ দ্বাৰা কলিজা প্ৰভাবিত হব পাৰে। আপুনি যদি এইবিধ ঔষধৰ ক্ষতিকৰ প্ৰভাৱ অনুভৱ কৰে, তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক। চিকিতসকৰ পৰামৰ্শৰ পিছতহে আপুনি ইয়াক পুনৰাই গ্ৰহণ কৰা উচিত। Megapenৰ হৃদয়ত মৃদু পাৰ্শ্ব-প্ৰতিক্ৰিয়া থাকিব পাৰে। বেছিভাগ মানুহেই [হৃদয় ত কেতিয়াও একো প্ৰভাৱ পৰা নেদেখিব। Megapenৰ সৈতে মদ্যপানৰ প্ৰভাৱৰ বিষয়ে একো কোৱাটো এতিয়া কঠিন। কিয়নো এইবিষয়ে এতিয়ালৈ একো গৱেষণা হোৱা নাই।
a5d58af0317df2c93615e2a8e6b0358690b04e10dd7f112991c04ad33a5b47da
২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনত কাইলৈৰ পৰা ড্ৰাই ডে' ঘোষণা কৰিছে। কাইলৈ অৰ্থাৎ ২১ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা পৰা ২৩ এপ্ৰিলৰ বিয়লি ৫ বজালৈকে জিলাখনত বন্ধ থাকিব সুৰাৰ প্ৰচলন। উক্ত সময়ছোৱাত জিলাখনৰ সকলো ধৰণৰ সুৰাৰ বিপনী বন্ধ থকাৰ লগতে গোপনে চলোৱা সুৰা ব্যৱসায়ৰ ওপৰতো কঠোৰ দৃষ্টি ৰখা হ'ব। অহা ২৩ এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া ৰাজ্যৰ ৪টা লোকসভা সমষ্টিৰ ভিতৰত গুৱাহাটী সমষ্টি অন্যতম। ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মহানগৰ প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰা বুলি আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে। উল্লেখযোগ্য যে যোৱা ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবেও ১৬'ৰ পৰা ১৮ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা কৰা হৈছিল। মহানগৰ জিলাৰ গাতে লাগি থকা নগাঁও আৰু মঙলদৈ সমষ্টি দুটাত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখিয়ে উক্ত দিন দুটাত গুৱাহাটীত সুৰাৰ প্ৰচলন বন্ধ ৰখা হৈছিল। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
cafc684129c118406b99eb975d34f3092706a6c00d706f2183736eb345ca8b1e
ৰোহিত যদি আঘাতপ্ৰাপ্ত তেন্তে ষ্টেডিয়ামত কি কৰি আছে? কাৰ এই বিস্ফোৰক মন্তব্য! - Olympia Sports\nHomeNewsৰোহিত যদি আঘাতপ্ৰাপ্ত তেন্তে ষ্টেডিয়ামত কি কৰি আছে? কাৰ এই বিস্ফোৰক মন্তব্য!\nৰোহিত যদি আঘাতপ্ৰাপ্ত তেন্তে ষ্টেডিয়ামত কি কৰি আছে? কাৰ এই বিস্ফোৰক মন্তব্য!\nঅষ্ট্ৰেলিয়া অভিমুখী ভাৰতীয় দলত আঘাতৰ সমস্যাৰ বাবে স্থান লাভ নকৰা ৰোহিত শৰ্মাক লৈ আজিও অব্যাহত আছে চর্চা। আঘাতৰ সমস্যাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ হৈ কেইবাখনো মেচত ভাগ লোৱা নাই তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।\nইপিনে, আঘাতৰ সমস্যাৰ দোহাই দি বি চি চি আইৰ নিৰ্বাচকমণ্ডলীয়েও তেওঁৰ নাম অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত নকৰিলে। কিন্তু মুম্বাই ইণ্ডিয়ানছৰ দলীয় কৰ্তৃপক্ষই কৰা এটা টুইটক লৈ আজিও অব্যাহত আছে চর্চা।\nটুইটটোত ৰোহিতৰ অনুশীলনৰ ফটো দেখুওৱাৰ লগতে শীঘ্ৰেই দললৈ প্ৰত্যাৱৰ্তনৰো ইংগিত দিয়া দেখা পোৱা গৈছিল। ইয়াৰ লগে লগে বহুতে প্ৰশ্ন উত্থাপন কৰিছে যদি অনুশীলন কৰিব পৰাকৈ ৰোহিত সুস্থই, তেন্তে তেওঁক দললৈ নিৰ্বাচিত কৰা ন'হল কিয়?\nভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰেও এই লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ বি চি চি আইক ৰোহিতৰ আঘাত সম্পৰ্কে স্পষ্টকৈ বিবৃতি দিবলৈ আহ্বান জনাইছে।\nসুনীল গাভাস্কাৰৰ পিছত এইবাৰ আন এগৰাকী প্ৰাক্তন খেলুৱৈ বীৰেন্দ্ৰ সেৱাগেও একেই দাবী উত্থাপন কৰি কৈছে যে মুম্বাই ইণ্ডিয়ানছ দলে ৰোহিতৰ আঘাত সম্পৰ্কে বিবৃতি আগবঢ়োৱা উচিত। তেওঁ তাৰ লগতে প্ৰশ্ন কৰে যে ৰোহিত শৰ্মা যদি আঘাতপ্ৰাপ্তই হয়, তেন্তে তেওঁ ষ্টেডিয়ামত কি কৰি আছে। ক্ৰিকবাজ নামৰ ৱেবচাইটটোৰে হোৱা কথাবাৰ্তাত এইদৰে উল্লেখ কৰে এসময়ৰ বিস্ফোৰক বেটছমেনজনে।\nPrevious articleপ্লে অফৰ লক্ষ্যৰে হায়দৰাবাদৰ সমুখত আজি আৰ চি বি\nNext articleকোন হ'ব পৰবৰ্তী ICC অধ্যক্ষ? BCCI য়ে কাক দিব সমৰ্থন?
da6ca2860ab151da11f93244b3d5cca0dc64bfd803c734d8a27de3f55cf0b982
জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু কমল চৌধুৰী আটাই কেইজনৰে এটা ডাঙৰ হাবিয়াস আছিল কথাছবি উলিওৱা। তেওঁলোকে আটাই কেইজনে সেই সময়ত নতুনকৈ প্রচলিত কথাছবি মাধ্যমৰ প্ৰচুৰ প্রতিশ্রুতি দেখিবলৈ পাইছিল। কিন্তু, ধনৰ অভাৱত জ্যোতিপ্ৰসাদৰ বাদে আন কেইজনে সেই দিশত বিশেষ একো কৰিব পৰা নাছিল। কমল চৌধুৰী কিন্তু এটা আশা লৈ হাত সাৱটি বহি থকা লোক নাছিল। তেঁও কলিকতাৰ ৰেডিঅ'ৰ কাম লোৱাৰ আগতেই গুৱাহাটীত 'ইষ্টার্ণ মুভিজ' নামে এটা বিধিৱদ্ধ কোম্পানি খুলি তাৰ অংশীদাৰ বিচাৰি ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। প্রথমে তেওঁ নিৰোদ ৰায়ৰ লগ লাগি 'ট্ৰপিকেল ফিল্ম অৱ ইণ্ডিয়া' নাম দি তথ্যচিত্র কৰিবলৈ লয়। অসমৰ মুগা পাটৰ বিষয়ে এখন তথ্যচিত্ৰ কৰাৰ পাচত উপাৰ্জনৰ অভাৱত সেই প্রচেষ্টা স্থগিত ৰাখে। কলিকতাত নাটিকা বাণীৱদ্ধ কৰিবলৈ আহি ফণী শৰ্মা আৰু শিৱ ভট্টাচাৰ্য্য দুয়ো তেওঁৰ লগত 'ইষ্টার্ণ মুভিজ'ৰ কামত লাগিবলৈ সন্মত হয়। তেজপুৰ পোৱাৰ পাচত কিন্তু ফণী শৰ্মা আৰু শিৱ ভট্টাচাৰ্যই স্বকীয় ভাবে 'চিত্ৰাৱলী পিকচাৰ্ছ' নাম দি আন এটা কোম্পানিহে খুলি তাৰ কামত লাগিল। নিৰুৎসাহ নহৈ কমল চৌধুৰীয়ে বঙালী কথাছবি কৰাৰ কথা ভাবিলে কিন্তু তেঁওৰ বিশ্বস্ত বন্ধু নিৰোদ ৰায়ে অসমীয়া কথাছবি কৰাৰ ওপৰতহে জোৰ দিলে। ১৯৪৬ চনত কলিকতাৰ সংঘৰ্ষৰ পৰা নিজৰ প্রাণ বচাই অসমলৈ উভটি আহি কমল চৌধুৰীয়ে পুনৰ ইষ্টার্ণ মুভিজৰ কাম আৰম্ভ কৰিলে। তেওঁ কলিকতাৰ অনাতাঁৰ কেন্দ্ৰৰ চাকৰি ইস্তাফা দি দুগুণ উৎসাহেৰে তেওঁৰ অসমীয়া কথাছবি উলিয়াবলৈ থকা সপোন দিঠকত পৰিণত কৰাত লাগিল। বহু বাধা বিঘিনি আৰু বহু ব্যর্থতাৰ পাচত তেঁওৰ বোলছবি পৰিচালনা কৰাৰ আশা পৰিপূর্ণ হয় 'বদন বৰফুকন' কথাছবি নির্মাণেৰে। ১৯৪৭ চনৰ প্রথম ব'হাগৰ দিনা তেওঁ প্রযোজনা কৰা কথাছবি 'বদন বৰফুকন' মুক্তি লাভ কৰে। কথাছবিখন বৰ সফল নহ'ল। ইষ্টার্ণ মুভিজ অকালতে মৰহি গ'ল আৰু কমল চৌধুৰী সর্বশ্রান্ত হ'ল। সর্বশ্রান্ত হলেও কমল চৌধুৰী মানুহজন মৰহি নগ'ল। চাকৰিৰ উপার্জন হেৰুৱাই বিশেষ অনাটনত পৰিলেও দুঃসাহসিক কমল চৌধুৰীৰ শিল্পী সত্বা জাগি উঠিল আৰু নিজৰ সৃষ্টিৰ বাবে নতুন নতুন ক্ষেত্র উলিয়াবলৈ ধৰিলে। ১৯৪৮ চনত মুক্তি লাভ কৰা 'পাৰঘাট' কথাছবিৰ গীততো কমল চৌধুৰীয়ে কণ্ঠ দান কৰে বিশেষকৈ কমল চৌধুৰী আৰু মলয়া দাসে সেই কথাছবিত গোৱা 'পুৱাৰে মলয়া মনে জুৰণীয়া' (কথা আৰু সুৰঃ পুৰুষোত্তম দাস) গীতটো অতিশয় জনপ্রিয় হৈছিল। সেই সময়ত কমল চৌধুৰীয়ে সুৰ দিয়া এটা জনপ্রিয় গীত আছিল, 'সপোন সুৰভিৰ দেশতে' (কথাঃ মহেশ চন্দ্র দেৱ গোস্বামী; সুৰঃ কমল চৌধুৰী; শিল্পীঃ দিলীপ শৰ্মা) এই গীতটো। শিশু ৰমেন বৰুৱাৰ অতিশয় প্রিয় আছিল। সৰুৰে পৰাই গান গোৱাটো ৰমেনৰ বিশেষ আনন্দ আছিল। ৰমেনৰ দৰে উৎসাহী গায়ক মই খুব কম দেখিছোঁ। গান গাবলৈ ৰমেনক খাতিৰ কৰিব নালাগে। লতাশিল স্কুলত বা অ'ত ত'ত ৰমেনক কোনোবাই গীত গাবলৈ ক'লেই ৰমেনে আপোন উলাহেৰে আৰম্ভ কৰিছিল সপোন সুৰভিৰ দেশতেই তুমি আৰু মই দুজনেই ৰচিম কাৰেঙৰ সোণালী'। কথাছবিত কমল চৌধুৰীয়ে কৰা অভিনয়ৰ তালিকাখনও দীঘল। বদন বৰফুকনত (১৯৪৭ চন) সৎৰাম, মনিৰাম দেৱানৰ (১৯৬৩ চন) হৰনাথ দাৰোগা, মন প্রজাপতিৰ (১৯৭৯ চন) চাৰ্কাচৰ মালিক আদি ভিন ভিন চৰিত্ৰৰ স্মৰণীয় অভিনয়ৰ উপৰিও নিমিলা অংক (১৯৫৫ চন), পাৰঘাট (১৯৪৮ চন), প্রতিধ্বনি (১৯৬৪ চন), মুকুতা (১৯৭০ চন), বিভ্রাট (১৯৭২ চন), উপগ্রহ (১৯৭২ চন), মৰম (১৯৭৮ চন) আদি কেবাখনও কথাছবিত তেওঁ অভিনয় কৰিছিল। 'বদন বৰফুকনৰ পাচত তেঁও 'ভাইটি' (১৯৭২ চন) কথাছবিৰ পৰিচালক হৈছিল। কথাছবিৰ জগতত তেঁওৰ শেষ প্রচেষ্টা আছিল অসম সাহিত্য সভাৰ সৌজন্যত পৰিচালনা কৰা 'অমৰ লক্ষ্মীনাথ' তথ্যচিত্রখন। কমল চৌধুৰীৰ আন এটা প্রিয় ৰাপ আছিল ফটো তোলাত। এই বিষয়ে ভূপেন দাদাৰ মতকে ইয়াত দিলোঁ; "কমলদাৰ আৰু এটা কামত মই ভোল গৈছিলোঁ। তেওঁ ফটোগ্রাফী বৰ ভাল পাইছিল। গুৱাহাটীৰ বৰপেটীয়া পাৰাৰ ডেকা নিৰোদ ৰায়ৰ (যাক আমি বাগুদা বুলি মাতিছিলো) সৈতে মহা বন্ধুত্ব আছিল কমলদাৰ। সমগ্ৰ ভাৰতৰ ফটোগ্রাফাৰ সমাজত তেতিয়া নিৰোদ ৰায় (গৌহাটি)ৰ বৰ নাম। বাগুদা আৰু কমলদাৰ চেষ্টাত গুৱাহাটীত 'অল আচাম চেলন অৱ ফটোগ্রাফী'ৰ পাতনি মেলা হয়। তেতিয়াই আমি গুৱাহাটীৰ প্রদর্শনীবোৰত ভাৰতৰ আৰু বিশ্বৰ বিখ্যাত ফটোগ্রাফাৰসকলৰ আর্ট ফটোগ্রাফীৰ নিদর্শন দেখিবলৈ পাওঁ। কমলদাই ফটোগ্রাফীক আর্ট হিচাবে বৰ সন্মান কৰিছিল।" (ভূপেন হাজৰিকা) এইটো উল্লেখযোগ্য যে বিশ্ববিখ্যাত ফৰাচী পৰিচালক 'ৰেনোৱাৰ দি ৰিভাৰ' বোলা কলিকতাত নির্মাণ কৰা কথাছবিতে কমল চৌধুৰীয়ে সহযোগী ফটোগ্রাফাৰৰ কাম কৰিছিল। কলেজীয়া শিক্ষা নাপালেও কমল চৌধুৰীয়ে সুন্দৰ অসমীয়া লিখিব পাৰিছিল, ইংৰাজী ভাষাতও তেঁওৰ ভাল হাত আছিল। তদুপৰি তেওঁ বঙালী আৰু হিন্দীও ভালদৰে কব পাৰিছিল। লিখক ৰূপে তেওঁ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত নৱযুগত চিন্থহৰণ হাজৰিকা নাম লৈ বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়ত ৰসপুর্ণ লিখনী প্ৰকাশ কৰিছিল। তেওঁ কাকতে পত্রে লিখা প্ৰৱন্ধৰ সংকলন 'হাঁহি কান্দোনৰ মেলা'ই তেঁওৰ বৈচিত্রপূর্ণ জীৱনৰ সাক্ষী। তেওঁ প্রকাশ কৰা আন পুথি হল : তেঁওৰ গীতৰ সংকলন গীতাৱলী', 'চিত্র জগতৰ বিচিত্র কথা'। পৈণত মনৰ এই শিল্পী গৰাকীয়ে স্বৰ্গী হোৱাৰ আগেয়ে এটা অতি আদর্শনীয় কাম কৰি থৈ যায়। সেইটো হৈছে তেওঁ নিজে গোৱা বহুতো গীতৰ প্ৰাসংগিক সমিধানৰ সৈতে গীতবোৰ বিচক্ষণ ভাবে ৰেকৰ্ডৰ পৰা টেপত বাণীৱদ্ধ কৰি নিজৰ ল'ৰা ছোৱালীৰ হাতত গটাই যোৱা কাৰ্য্য। এই দূৰদশীপূর্ণ কাৰ্য্য নথকা হ'লে কুৰি শতিকাৰ গীতৰ সংকলন বা ইতিহাস অসম্পূর্ণ হ'লহেঁতেন। ভৱিষ্যতৰ প্রতি সজাগ দৃষ্টি ৰখা এই দুৰদশী শিল্পী গৰাকীক ভৱিষ্যতে পাহৰা অসম্ভৱ। "এই জনা শিল্পীৰ জীৱনত গায়ক, গীতিকাৰ, চিত্রনির্মাতা, খেলুৱৈ, পৰিচালক, সংগীত পৰিচালক, সুলেখক, অভিনেতা, সাংবাদিক আদি অনেক গুণৰ সমাবেশ ঘটিছিল। জীৱনৰ বিচিত্র অভিজ্ঞতাৰে পুষ্ট সহজে ওলাব নোৱাৰা এক লৌহ মনৰ গৰাকী আছিল কমল চৌধুৰী, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ফণী শৰ্মা, প্রমথেশ বৰুৱা, ৰোহিণী কুমাৰ বৰুৱা আদি শিল্পীসকলৰ সান্নিধ্যৰে সমুজ্জল এক বিচিত্র অভিজ্ঞতাৰ লিপিৱদ্ধ ইতিহাস।" (নিত্যা দত্ত, ভিন্নমুখ ভিন্নগীত, গ্রন্থপীঠ, গুৱাহাটী, ১৯৮৮ চন)
320e257e20b87bf61afc1c9229be3f52639b14f24f0cea47c7a0f54e2c91b56d
দেশৰ বিভিন্ন প্ৰান্তত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰসাৰিত হোৱাৰ সময়তে ওড়িশাত ঘোষণা কৰা হৈছে এসপ্তাহৰ বাবে ল'ক ডাউনৰ। ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ভুৱনেশ্বৰত ঘোষণা কৰিছে এই ল'ক ডাউনৰ কথা। প্ৰথম পৰ্যায়ত মাৰ্চৰ ২২ তাৰিখৰ পুৱা ৭ বজাৰ পৰা অহা ২৯ মাৰ্চৰ নিশা ৯ বজালৈকে এই ল'ক ডাউন কাৰ্যকৰী হ'ব। এইটো পৰ্যায়ত ৰাজ্যখনৰ খোধৰা, কটক, গঞ্জন, কেন্দ্ৰপাৰা, আঙ্গুল আদি জিলাৰ লগতে পুৰী, ৰৌৰকেলা, চম্বলপুৰ, ঝাৰচুগুডা, বালাসূৰ, জয়পুৰ আৰু ভদ্ৰাক আদি চহৰত এই ল'ক ডাউন কাৰ্যকৰী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে। অৱেশ্য জৰুৰীকালীন সেৱা যেনে চিকিৎসাস খাদ্য সামগ্ৰীৰ দোকান, ৰেষ্টোৰেণ্ট (কেৱল হোম ডেলিভাৰীৰ বাবে), পাচলি, মাংস, গাখীৰ/ব্ৰেড আৰু বেকাৰী আদি ব্যৱাসিয়ক প্ৰতিষ্ঠান খোলা থাকিব। আনহাতে ৰে'লৱে, বাছ ষ্টেণ্ড, বিমান বন্দৰ আদি ৰাজহুৱা পৰিবহনো চলি থাকিব বুলি জানিবলৈ দিছে পাটনায়কে। 'আপুনি যদি বাহিৰলৈ যাব খোজে তেনে কেৱল খাদ্য সামগ্ৰী, পানী, ঔষধ ক্ৰয় কৰিবলৈ অথবা চিকিৎসালয়লৈ যাব পাৰিব।' মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। উল্লেখ্য যে ওড়িশাত বৰ্তমান ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ প্ৰথমটো পৰ্যায়ত আছে। দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ'ল নতুন নেতা? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
8da470b620eca7acdd2e7a611cf2c6775a26ff3b111a9b4ce40d3e906f9b3978
Gembaxৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ক্ষতিকৰ প্ৰভাব থাকিব পাৰে। আপোনাৰ যদি এনেকুৱা অনুভৱ হৈছে, তেন্তে Gembax নাখাব আৰু আপোনাৰ চিকিতসকৰ পৰামৰ্শ লওক। Gembax গ্ৰহণ কৰাৰ পিছত স্তন্যপায়ী মহিলাসকলে গম্ভীৰ সমস্যাত ভূগিব পাৰে। গতিকে প্ৰথমে আপোনাৰ চিকিতসকৰ পৰামৰ্শ নোলোৱাকৈ এই ঔষধটো গ্ৰহণ নকৰিব, নহলে এইটো আপোনাৰ বাবে বিপদজনক হব পাৰে। Gembaxৰ বৃক্কত মৃদু পাৰ্শ্ব-প্ৰতিক্ৰিয়া থাকিব পাৰে। বেছিভাগ মানুহেই বৃক্ক ত কেতিয়াও একো প্ৰভাৱ পৰা নেদেখিব। Gembaxৰ হৃদয়ত মৃদু পাৰ্শ্ব-প্ৰতিক্ৰিয়া থাকিব পাৰে। বেছিভাগ মানুহেই [হৃদয় ত কেতিয়াও একো প্ৰভাৱ পৰা নেদেখিব। Gembax য়ে প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত কেতোৰ খাদ্যৰ সেৱনে সময়ৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপুনি এইবিষয়ে ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি লোৱা উচিত।
fafccc1c37687dfc48ff815ecf05e6bef4b59726bd61fe1ab794ea703b1cf504
পৌৰাণিক যুগত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। তাৰ পাছত ই লাহে লাহে কামৰূপ নামেৰে জনাজাত হয়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিবলৈ লোৱাৰে পৰা কামৰূপ ৰাজ্য সকলোৰে মাজত অসম নামেৰে পৰিচিত হ'বলৈ ধৰে। অতি প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল। বৰ্তমান গুৱাহাটীয়েই তাহানিৰ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চা কৰা নগৰ। গুৱাহাটীৰ পূবফালে শচিত্ৰাচল পাহাৰত থকা নৱগ্ৰহ মন্দিৰে এতিয়াও প্ৰমাণ কৰে যে এই ঠাইত এসময়ত জ্যোতিষ চৰ্চা কৰা হৈছিল। এই মন্দিৰত নটা গ্ৰহৰ বিগ্ৰহক নিত্যপূজা কৰাৰ ৰীতি আজিও চলি আছে। এই পৃষ্ঠাখন ১৬ জানুৱাৰী, ২০২১ তাৰিখে ১৬ঃ৪৪ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
c3e864987b01f1dacf31e9b833a6d988d2c074b1f1acaa5d29ea09c9981c4312
মানুহৰ ভুলৰ বাবেই অসমত হাতী-মানুহৰ ক্ৰমবৰ্ধিত সংঘাতে গুৰুতৰ ৰূপ লৈছে। লোকালয়ত হাতীৰ অনুপ্ৰৱেশকে ধৰি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ খবৰ এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে। কালি নিশাও ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। খবৰ মতে ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ ৪ নং বনগাওঁ দাদগিৰিত কালি ৫-৬ টা হাতীৰ এটা পাল প্ৰৱেশ কৰে আৰু গাওঁবাসীয়ে সিহঁতক পুনৰ হাবিলৈ খেদি পঠিয়াবৰ চেষ্টা কৰোঁতেই লংকেশ্বৰ বসুমতাৰে নামৰ এজন লোকক হাতীকেইটাই আক্ৰমণ কৰি ঠাইতে হত্যা কৰে। ইয়াৰ পাছতে হাতীৰ পালটো ভূটানৰ অৰণ্য অঞ্চললৈ গুচি যায়। কৃষি কৰ্ম কৰি পৰিয়াল চলোৱা বসুমতাৰীয়ে চাৰিটা সন্তান আৰু তেওঁৰ পত্নীক ইহসংসাৰত এৰি থৈ যায়। গাওঁবাসীয়ে ঘটনাটোৰ বলি হোৱা পৰিয়ালটোক উপযুক্ত সাহায্য দিবলৈ বন বিভাগ, বিটিচি প্ৰশাসন আৰু অসম চৰকাৰক দাবী জনায়। উল্লেখযোগ্য যে ভাৰত-ভূটান সীমান্তত থকা গভীৰ বনাঞ্চল মানুহে কাটি শেষ কৰাৰ পৰিণতিত হাতীৰ খাদ্যৰ নাটনিয়ে দেখা দিছে। এই বাবেই হাতীৰ পাল সঘনে জনবসতিৰ দিশত আহিবলৈ ধৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
402ce59316fdc48dffdf38d7d6b199e702e02c6f4de7dda08d8b51405e9eb2c1
উল্লেখযোগ্য যে গাঁওখনৰ ৰামচন্দ্ৰ ভড়ালী আৰু মাইনা ভড়ালীৰ কন্যা লক্ষীমিয়ে জীৱনৰ কেৱল ৬ টা বছৰ অতিক্ৰম কৰাৰ সময়তে লিভাৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে। ইতিমধ্যে কণমানি কন্যা শিশু গৰাকীৰ পিতৃ-মাতৃয়ে যোৰহাট আৰু মাজুলীত চিকিৎসা কৰাইছে। কিন্তু দৰিদ্ৰ পিতৃ-মাতৃয়ে নিজৰ সকলো বিক্ৰী কৰি শিশুটিক চিকিৎসা কৰোৱা পিছত বৰ্তমান অসহায় পৰিছে। আনহাতে বৰ্তমান অসহায় হৈ পৰা পিতৃ-মাতৃক শেহতীয়াকৈ চিকিৎসকে শিশুটিৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ কোৱাত দৰিদ্ৰ পিতৃ-মাতৃৰ ওপৰত সৰগ ভাগি পৰাৰ দৰে হৈছে। যিহেতু চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পিতৃ-মাতৃৰ সামৰ্থ নাই। নিজৰ কণমানি কন্যা শিশু গৰাকীক মুখৰ আগত লৈ চাই থকাৰ বাহিৰে আন একো উপায় নাইকিয়া হৈছে। সেয়ে অনাকাংক্ষিত দুঃস্বপ্নময় ভবিষ্যতৰ দিশলৈ গতি কৰা কন্যাৰ জীৱন ৰক্ষা কৰিবলৈ কোনো সুহৃদয়ৱান লোকক সহায় কৰিবৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনাইছে। আৰু এই ক্ষেত্ৰত সহায় কৰিব বিচৰা লোকে মাতৃ মাইনা ভড়ালীৰ ৮০১১০৮৯৬৩৪ নম্বৰত যোগাযোগ কৰিব পাৰিব। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
6d2c20f5673007385fef86bb24fd43cd65483b1dd33ebcea3f771190efe53e84
মানকাচৰ : আৰক্ষী-বিএছএফৰ গুলীকো কেৰেপ নকৰে গৰু সৰবৰাহকাৰীয়ে। কিছুদিন পূৰ্বে বিএছএফৰ গুলীত এজন গৰু সৰবৰাহকাৰী নিহত হোৱাৰ পিছতো মানকাচৰত অব্যাহত আছে গৰুৰ সৰবৰাহ। মানকাচৰত পুনৰ দুদিনত আৰক্ষী আৰু বিএছএফৰ অভিযানত জব্দ ১১ টাকৈ পশুধন। কিছুদিন পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত এজন গৰু সৰবৰাহকাৰী নিহত হোৱাৰ পিছতো মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ সৰবৰাহ। বিগত দুটা দিনত আৰক্ষী আৰু বিএছএফে পৃথকে পৃথকে অভিযান চলাই ১১ টাকৈ পশুধন জব্দ কৰিবলৈ সক্ষম হৈছে। বুধবাৰে পুৱতি নিশা মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ চাটিভূই অঞ্চলৰ পৰা কালাপানী আৰক্ষীয়ে অভিযান চলাই তিনিটা গৰু জব্দ কৰে। আৰক্ষীক দেখা পাই গৰু সৰবৰাহকাৰী দলটো পলায়ন কৰে যদিও আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি খোৱাৰাত জমা কৰে। ইফালে মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ছালাপাৰা বিএছএফ কেম্পৰ জোৱান সকলে অভিযান চলাই ৮ টা পশুধন জব্দ কৰি সুখচৰ আৰক্ষীৰ হাতত চমজাই দিয়ে। বিএছএফে জব্দ কৰা ৮ টা পশুধনৰ ভিতৰত ৪ টা গৰু আৰু ৪ টা ম'হ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ দীপচৰত কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাহৰ ঢেকীৰ সহযোগত বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা অৱস্থাত বিএছএফে বাধা প্ৰদান কৰাত গৰু সৰবৰাহকাৰী চক্ৰটো বিএছএফক আক্ৰমণ কৰিছিল। ফলত বিএছএফে গুলী চালনা কৰাত এজন গৰু সৰবৰাহকাৰী নিহত হৈছিল। এই ঘটনাৰ পিছত জিলাখনত গৰুৰ সৰবৰাহ বন্ধ হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও আজিও জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে বাংলাদেশলৈ গৰুৰ সৰবৰাহ অব্যাহত আছে। বিভিন্ন সময়ত সুযোগ গ্ৰহণ কৰি নিশাৰ ভাগত গৰু সৰবৰাহকাৰীয়ে বাহৰ ঢেকীৰে গৰু কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
b51f72075b9c8cbd4149f588671017de85f444096dff34e82e440f4c07104770
গোঁসাইগাঁৱৰ কচুগাঁওত ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ থিতাতে নিহত হয় দুই শিশু। চোতালত মৰাপাটৰ খৰিৰ মাজত খেলি থকা অৱস্থাত সংঘটিত হয় অগ্নিকাণ্ড। কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ কচুগাঁৱত মঙলাবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত দুটি শিশু অগ্নিদগ্ধ হৈ থিতাতে নিহত হয়। জানিব পৰা মতে পুৱাৰ ভাগত শিশু দুটি ঘৰৰ চোতালত থকা মৰাপাটৰ খৰিৰ মাজত লুকা-ভাকু খেলি আছিল। শিশু দুটি মৰাপাটৰ খৰিৰ মাজত লুকাই থকা অৱস্থাত মৰাপাটৰ খৰিত হঠাৎ জুইৰ সূত্ৰপাত হয়। জুইৰ সূত্ৰপাত হোৱাৰ সময়ত ঘৰত কোনো লোকে উপস্থিত নাছিল। মৰাপাটৰ জুয়ে ভয়াবহ অগ্নিকাণ্ডৰ ৰূপ ধাৰণ কৰাত শিশু দুটি চিঞৰ-বাখৰ আৰম্ভ কৰে। শিশু দুটিৰ চিঞৰ শুনি কিছু নিলগত থকা কেইজনমান লোক দৌৰি আহি জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও ইতিমধ্যে শিশু দুটি অগ্নিদগ্ধ হৈ নিহত হয়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। অগ্নিদগ্ধ হৈ নিহত হোৱা শিশু দুটি অমিন্দ্ৰ কিস্কুৰ চাৰি বছৰীয়া কন্যা আৰ্চিনা কিস্কু আৰু সোম দেমব্ৰমৰ পাঁচ বছৰীয়া পুত্ৰ মনিৰাম হেমব্ৰম। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
de943dd621015534dc4eed63398621b8ace009e597408094daaefe56bd19b1e6
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য'ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। বসন্ত ৰোগ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ। অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক 'আই' বোলা হয়। শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে 'বসন্ত' বুলি কোৱা হয়। এই ৰোগ তিনি প্ৰকাৰৰ। বৰ আই (Small Pox), সৰু আই (Measles)। এই তিনিবিধৰ ভিতৰৰ আটাইতকৈ মাৰাত্মক বৰ আই বৰ্তমান পৃথিবীৰ পৰা বিলুপ্ত। আন দুবিধ আইৰ দ্বাৰাও সমাজৰ অনেক ক্ষতি, কামৰ সময়ৰ লোকচান আৰু আনকি জীৱন হানিও ঘটি আছে। ভেৰিঅ'লা ভাইৰাচে সৃষ্টি কৰা এই ৰোগে এটা সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু ৩৫ শতাংশলৈকে ৰোগীৰ মৃত্যু ঘটিছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ একানপতিয়া প্ৰচেষ্টাত বিশ্বজুৰি এই ৰোগৰ ছিটা কেইবাদশকজুৰি প্ৰদান কৰা হয়। ১৯৭৯ চনত এই ৰোগ নিৰ্মূল হোৱা বুলি ঘোষণা কৰা হয় আৰু ১৯৮০ চনৰ পৰা ছিটাকৰণ বন্ধ কৰা হয়। ভেৰিঅ'লা মেজৰ আৰু ভেৰিঅ'লা মাইনৰ নামৰ দুই ভাইৰাচে ৰোগৰ উৎপত্তি কৰিছিল। ভেৰিঅ'লা লেটিন শব্দ, যাৰ অৰ্থ হ'ল ফোঁহা বা দাগ হোৱা। হয়, ৰোগাক্ৰান্ত ব্যক্তিৰ সৰ্ব শৰীৰত এক বিশেষ ধৰণৰ ফোঁহা উঠিছিল আৰু শুকালে স্পষ্ট দাগ ঘাইকৈ মুখত ৰৈ গৈছিল। ৰোগী ব্যক্তিৰ সান্নিধ্যত আহিলে ৰোগ বিয়পিছিল ঘাইকৈ থুই, খেকাৰ, লেলাৱতি, শেঙুন, ছালৰ তেজ-পূঁজ আদিৰ দ্বাৰা ড্ৰপলেট সংক্ৰমণৰ যোগেদি। শৰীৰত ৰোগৰ বীজাণুৱে প্ৰৱেশ কৰাৰ পৰা ৰোগৰ লক্ষণসমূহ ফুটি উঠালৈকে এই সময়ছোৱাক ইনকুবেচন পিৰিয়ড বোলে। বৰ আইৰ ক্ষেত্ৰত এই সময় ৭ৰ পৰা ১৭দিনলৈ হয়। এই সময়ছোৱাত ৰোগ অইনলৈ নিবিয়পে। কিন্তু ছালত ফোঁহা ওলোৱাৰ পৰা ছালৰ অন্তিমটো শুকান নিকৰি সৰি পৰালৈকে ৰোগী আনক সংক্ৰমণ কৰিব পৰাকৈ বিপদজনক হৈ থাকে। পোনতে চৰ্দি, পানী-লগা, মূৰৰ বিষ, জ্বৰৰে আৰম্ভ হৈ গাৰ ছালত পানীজলা উঠিবলৈ ধৰে। ১৫-২০দিনৰ মূৰত ছালৰ ফোঁহা শুকাবলৈ ধৰে। বৰ আইৰ সংক্ৰমণৰ ফলত বহুলোকে দৃষ্টি হেৰুৱাই অন্ধ হৈছিল। নিউমনিয়া বা এনকেফেলাইটিচ হৈ মৃত্যুবৰণ কৰিছিল। ভেৰিঅ'লা ভাইৰাচে কৰা বৰ আইয়ে বিশ্বত সময়ে সময়ে মহামাৰীৰ সৃষ্টি কৰিছিল। ১৭০০ চনত আমেৰিকাত হোৱা মহামাৰীৰ কথা বিভিন্ন ঠাইত লিপিবদ্ধ হৈ আছে। ১৭৯৬ চনত এডৱাৰ্ড জেনাৰ নামৰ ব্ৰিটিছ চিকিৎসক এজনৰ প্ৰচেষ্টাত এই ৰোগৰ ছিটা উদ্ভাৱন হয়। ছিটাৰ আৱিষ্কাৰৰ ফলত এক আমূল পৰিবৰ্তনৰ সূচনা হয়। ছিটা লোৱা লোকে কমেও ৫বছৰলৈ সুৰক্ষা পায় আৰু কেনেবাকৈ ৰোগাক্ৰান্ত হ'লেও অসুখ গুৰুতৰ নহয়। আমেৰিকাত১৯৪৯ চনৰ পিছত এজনো ব্যক্তিৰ বৰ আই নোহোৱাত ১৯৭২ চনত আমেৰিকা চৰকাৰে ছিটা লগোৱাও বন্ধ কৰি দিয়ে। বৰ আইৰ অন্তিমটো ঘটনা ধৰা পৰিছিল আফ্ৰিকা মহাদেশৰ চ'মালিয়াত ১৯৭৭ চনত। ১৯৮০ চনত বিশ্বস্বাস্থ্য সংস্থাই বিশ্বৰ পৰা বৰ আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে। গবেষণাৰ বাবে বৰ আইৰ ভেৰিঅ'লা ভাইৰাচ আমেৰিকা আৰু ৰাচিয়াৰ লেবৰেটৰীত এতিয়াও সংৰক্ষিত কৰি থোৱা আছে। যি কোনো বতৰতে বা পৰিবেশতে এইবিধ ভাইৰাচ সুঁচৰিব পাৰে। ইয়াক বায়লজিকেল ৱেপন বা জৈবিক যুদ্ধাস্ত্ৰ বুলিব পাৰি। ভেৰিচেলা ভাইৰাচে সৃষ্টি কৰা এই ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপ্ত। খজুৱতি আৰু ছালত পানী জলা বন্ধা এই ৰোগ সাধাৰণতে কম বয়সীয়া লোকৰ হয় যদিও যি কোনো বয়সৰ লোক ৰোগাক্ৰান্ত হ'ব পাৰে। আজিকালি মাজু আইৰ ছিটাৰ বহুল প্ৰয়োগৰ ফলত ৰোগৰ তীব্ৰতা হ্ৰাস পাবলৈ ধৰিছে। এই ৰোগ কৰা ভেৰিচেলা জষ্টাৰ ভাইৰাচেই ডাঙৰ মানুহৰ দেহাত হাৰপিজ জষ্টাৰ ৰোগ কৰে। ইও বৰ আইৰ নিচিনা এবিধ অতি সংক্ৰামক ৰোগ। সৰু আই ৰোগত ভোগা ৰোগীৰ ছালৰ পানীৰ স্পৰ্শত আহিলে নাইবা ৰোগীৰ হাঁচি, থুই, খেকাৰৰ ড্ৰপলেট সংক্ৰমণৰ মাধ্যমেৰে ৰোগ বিয়পে। জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, খজুৱতিৰ উপৰিও ছালৰ ভিন্ন ভিন্ন আকাৰৰ পানীজলা ৭। ১০ বা বেচি দিনলৈ থাকে। পানীজলা ব্যক্তিভেদে কম বেছিকৈ ওলায়। সাধাৰণতে শুকালে দাগ নাথাকে। অৱশ্যে খজুৱতিৰ ফলত ঘাঁত বেক্টেৰিয়াৰ সংক্ৰমণ হলে কথা সুকীয়া। ৰোগ চিনাক্তকৰণ লক্ষণসমূহৰ পৰাই কৰিব পাৰি। উন্নত চিকিৎসা কেন্দ্ৰত ছালৰ লেবৰেটৰী পৰীক্ষাৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়। বৰ আই আৰু মাজু আইৰ ফোঁহা (Rash) বিলাকৰ পাৰ্থক্য হ'লঃ বৰ আইৰ ফোঁহা সাধাৰণ আৰম্ভণিতে মুখমণ্ডল, বাহু আৰু হাতত ওলোৱাৰ পিছতহে শৰীৰৰ অন্য অংশত ওলায়। হাতৰ আৰু ভৰিৰ তলুৱাত বৰ আইহে দেখা দিয়ে। বৰ আই মুখৰ ভিতৰৰ কোমল ছাল (Mucus membrane) আৰু যৌনাংগৰ কোমল অংশত ওলাব পাৰে। বৰ আইৰ ফোঁহাৰ তুলনাত মাজু আইৰ ফোঁহা অগভীৰ। দুটা ছিটা ৪ৰ পৰা ৮সপ্তাহৰ ব্যৱধানত সাধাৰণতে দিয়া হয়। ছিটা ল'লে হয় সুৰক্ষিত, নহয় ৰোগাক্ৰান্ত হ'লেও লক্ষণসমূহ গুৰুতৰ নহয়। ৰোগীক অইনৰ পৰা আঁতৰাই পৰিষ্কাৰ পৰিচ্ছন্ন পৰিবেশত ৰাখিব লাগে। পাতল কপাহী কাপোৰ পিন্ধা ভাল। ৰোগীক দৈনিক মহা নিমপাত সিজোৱা পানীৰে গা ধুবলৈ পৰামৰ্শ দিয়া হয়। কোমল চাবনো ব্যৱহাৰ কৰাত বাধা নাথাকে। খজুৱতি কমাবলৈ এলাৰ্জিৰ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে খাব পাৰি। চেকেণ্ডেৰী বেক্টেৰিয়াৰ সংক্ৰমণ দেখিলে কেতিয়াবা এণ্টিবায়টিকৰ প্ৰয়োজন হ'ব পাৰে। খাদ্য - সহজে হজম হোৱা খাদ্য, শাক-পাচলি, ফল-মূল আদি ৰোগীক দিয়াৰ পৰামৰ্শ দিয়া হয়। ই হ'ল ৰুবিঅ'লা নামৰ ভাইৰাচে কৰা এবিধ সংক্ৰামক ৰোগ। এংলো অসমীয়া অভিধানত এবিধ সামান্য পৰিমাণৰ আই বুলি "মিজ'লচ্"ক উল্লেখ কৰা হৈছে। একেই ড্ৰপলেট সংক্ৰমণৰ যোগেদি ৰোগ বিয়পে। সাধাৰণতে ই এবিধ বাল্যকালত হোৱা ৰোগ। ছিটাৰ ব্যৱহাৰৰ ফলত এইৰোগৰ প্ৰাদূৰ্ভাৱ কমিব বুলি আশা কৰা হৈছে। দৰিদ্ৰ লোকৰ অনেক সন্তান এই ভাইৰাচজনিত ৰোগৰ ফলত আজিও নিউমোনিয়াহৈ মৃত্যুমুখত পৰে। ঘাইকৈ যদি লগত শিশুটিৰ ভিটামিন-এৰো অভাৱ থাকে। অসুখ হ'লে কাঁহ, জ্বৰ, চৰ্দি, খজুৱতি, চকু ৰঙা পৰা, চকুৱে পোহৰ সহ্য কৰিব নোৱৰা হোৱা, শৰীৰৰ বেথা আৰু ছালত মিহি চেপেতা বা সামান্য উঠা ৰঙচুৱা ক্ষুদ্ৰ ফোঁহা ওলোৱা আদি লক্ষণে দেখা দিয়ে। 'কপলিক স্পট' নামৰ মুখৰ ভিতৰৰ দেখা দিয়া বগা দাগ সাধাৰণতে ৰোগ চিনাক্ত কৰাত সহায়ক হয়। উন্নত চিকিৎসা কেন্দ্ৰত ৰোগীৰ শৰীৰত ভাইৰাচ চিনাক্তকৰণ কৰিব পাৰি। চিকিৎসা লক্ষণ অনুযায়ী কৰা হয়। দুৰ্বল স্বাস্থ্যৰ শিশুৰ ব্ৰংকাইটিচ, নিউমনিয়া, এনকেফেলাইটিচ, অ'টাইটিচ মিডিয়া (কাণৰ সংক্ৰমণ) আদি জটিলতাই দেখা দিয়াৰ সম্ভাৱনা থাকে। প্ৰতি হাজাৰ ৰোগীৰ ভিতৰত এজন শিশুৰ এনকেফেলাইটিচ হোৱা দেখা যায়। কিছু সম্ভাব্য শিশুক ৰোগাক্ৰান্ত হোৱাৰ আগতে ইমিউন'গ্লবিন দি সুৰক্ষা দিব পাৰি। উন্নয়নশীল দেশসমূহত শিশুক ৬ মাহত আৰু ৯ মাহত মিজলছৰ প্ৰতিৰোধক ছিটা দিয়াৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাই দিছে।
7ea2704dfeffa91da43432da7e284100a8f923a8523f20e0d09c577c3483576c
যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন আগশাৰীৰ ইউনিভাৰ্চিটিত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে, সেই সময়তে ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত কিছু বন্দুক-বাৰুদ দেখা গৈছে য'ত লগতে লিখা হৈছে যে এই অবৈধ মাৰণাস্ত্ৰবোৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছে । দৰাচলতে শেহতীয়াকৈ জামিয়া মিলিয়া ইউনিভাৰ্চিটিত হোৱা 'কা' বিৰোধী আন্দোলনক মষিমূৰ কৰিবলৈ পুলিচ বাহিনী ইউনিভাৰ্চিটিখনৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত জঁপিয়াই পৰিছিল আৰু ইয়াৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত বিভিন্নজনে গৰিহণা দিছিল । ইয়াৰ পাছতেই উপৰোক্ত ফটোখন ভাইৰেল হৈ পৰিছিল কাৰণ পুলিচ তালাচীৰ যুক্তিযুক্ততা আছে বুলি কোৱা সকলে এই ফটোখন বহুল ভাৱে শ্বেয়াৰ কৰিছিল । উল্লেখযোগ্য যে জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ ওপৰত বিভিন্নজনে বিভিন্ন সময়ত প্ৰশ্ন তুলি আহিছিল । কিন্তু সঁচাকৈ এই ইউনিভাৰ্চিটিখনৰ হোষ্টেলৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছিল নেকি? সত্য কি? জানোঁ আহক । প্ৰথমতে আমি এই বিশেষ ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু ডন নামৰ পাকিস্তানৰ পৰা প্ৰকাশিত ইংৰাজী নিউজ পেপাৰ এখনৰ এটা বাতৰি দেখা পালোঁ । বাতৰিটোৰ শিৰোনামা আছিল 'মাশাল হত্যাৰ পাছত মাৰ্ডান ইউনিভাৰ্চিটি পুনৰ আৰম্ভ, হোষ্টেল চাৰ্ছ কৰোঁতে মাৰণাস্ত্ৰ উদ্ধাৰ' । এই ৰিপোৰ্টটো যোৱা মে' ২২, ২০১৭ তাৰিখে প্ৰকাশ হৈছিল । ৰিপোৰ্টটোৰ মতে পাকিস্তানৰ মাৰ্ডান নামৰ ঠাইখনত থকা আব্দুল ৱালী খান ইউনিভাৰ্চিটিৰ পৰা এক পুলিচ চাৰ্ছত উক্ত মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছিল । মাছাল খান নামৰ এজন ইউনিভাৰ্চিটি ছাত্ৰৰ হত্যাৰ পাছত উক্ত চাৰ্ছটো কৰা হৈছিল । সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক । একেখন ফটো ৯২ নিউজ নামৰ এটা পাকিস্তানী নিউজ চেনেলৰ ৰিপৰ্টতও প্ৰকাশ পাইছিল । সবিশেষৰ বাবে ইয়াত চাওক । উল্লেখযোগ্য যে উক্ত ফটোখন ভাৰতৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ এইখন পাকিস্তানৰ ফটো বুলি সৰ্বপ্ৰথমে ফেক্ট ক্ৰেছচেণ্ড মালায়লামত ফেক্ট চেক কৰা হৈছিল । এই ৰিপোৰ্টটো পঢ়ক ইয়াত । ইয়াৰ উপৰিয়ো আমি মূলসুঁতিৰ বিভিন্ন নিউজ গোষ্ঠীৰ ৱেবছাইটত এই বিষয়ে চাৰ্ছ কৰিছিলোঁ কিন্তু ক'তো জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা বাতৰি দেখা নাপালোঁ । ভাইৰেল ফটোখনৰ ভাৰতৰ 'কা' বিৰোধী আন্দোলন বা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ এইখন পাকিস্তানৰ এক ইউনিভাৰ্চিটিৰ ফটো । জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । ফিনলেণ্ডত 'সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে' কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে নেকি? শ্বাহীন বাগৰ ফটোশ্বপ কৰা ছবি ব্যৱহাৰ কৰি মিছাকৈ প্ৰতিবাদকাৰীয়ে টকা লৈ ধৰ্ণাত অংশ লৈছে বুলি প্ৰচাৰ কৰা হৈছে! ফিনলেণ্ডত 'সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে' কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে নেকি? এইখন মণিপুৰৰ উখৰুলৰ এখন ফুটবল ফিল্ডৰ ফটো নহয়! Save my name, email, and website in this browser for the next time I comment. Sri Lanka on High Alert as Air Quality deteriorates with Intensifying Monsoons! Has Climate Change affected the distribution of Peacocks in Sri Lanka? Find out the facts. Zombie Virus & Impacts of Climate Change on Re-Emergence of Viruses! Categories Select Category Altered (16) Business (1) Communal (5) Coronavirus (72) Covid-19 (6) Disaster (1) Economy (11) Environment (1) Explainer (4) False (350) False Headline (5) Health (1) International (72) Medical (44) Misleading (17) Missing Context (14) National (5) Partly-False (20) Political (73) Politics (5) Religious (1) Satire (4) Science (2) Security (1) Social (216) Sports (1) Technology (1) Telecom (1) Uncategorized (2) Wildlife (8)
51ec1f99be02b80cebad0d43b856ce8aeded25203c0f09c124537ee478aa54f7
১৮৮৬ চনত মহাৰজা চন্দ্ৰপ্ৰকাশৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ সুৰচন্দ্ৰ সিংহই তেওঁৰ উত্তৰাধিকাৰী গ্ৰহণ কৰে। সিংহাসনত বহা নতুন ৰজাৰ শিৰৰ মুকুট হস্তক্ষেপ কৰিবৰ বাবে আগৰ দৰেই এইবাৰো সিংহাসনত বহাৰ ক্ষমতা ৰখা কোনো কোঁৱৰৰ দ্বাৰা অভিসন্ধি ৰচা হ'ল। প্ৰথম তিনিটা প্ৰচেষ্টাক দমন কৰাৰ পিছত ১৮৯০ চনত পুনৰ চতুৰ্থ বাৰৰ বাবে ৰজাৰ দুই ভাতৃ টিকেন্দ্ৰজিৎ আৰু কূলচন্দ্ৰ সিংহৰ দ্বাৰা ৰাজমহল আক্ৰমণ কৰিলত, উপায়ন্তৰ সুৰচন্দ্ৰ সিংহই সিংহাসন এৰিবলৈ বাধ্য হয় আৰু সিংহাসন এৰি শিলচৰলৈ পলায়ন কৰে। ইংৰাজে যুৱৰাজ কূলচন্দ্ৰ সিংহক ৰজা হিচাপে পুনৰ মান্যতা প্ৰদান আৰু টিকেন্দ্ৰজিৎক পৰিয়াল কেন্দ্ৰীক খৰিয়ালৰ মূল দোষী হিচাপে শাস্তি প্ৰদানৰ বাবে মণিপুৰলৈ ইংৰাজ সৈন্য বাহিনী পঠিয়াবলৈ আগবাঢ়ে।[3] ১৮৯১ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ব্ৰিটিছ প্ৰধান লৰ্ড লেন্সডাউনে যুৱৰাজ কূলচন্দ্ৰ সিংহক ৰজা পাতিবলৈ আৰু টিকেন্দ্ৰজিৎক কৰায়ত্ব কৰিবলৈ অসমৰ মুখ্য আয়ুক্ত জে. ডব্লিউ কুইণ্টনক আদেশ দিয়ে। কুইণ্টনে ১৮৯১ চনৰ ২২ মাৰ্চ তাৰিখে লগত ৪০০ সৈন্য লৈ মণিপুৰ অভিমুখে আগবাঢ়ে। তেওঁলোকে টিকেন্দ্ৰজিৎক ব্ৰিটিছ প্ৰধানৰ আদেশ অনুসৰি কৰায়ত্ব কৰাৰ বাবে সমৰ্পন কৰিবলৈ ৰজা কূলচন্দ্ৰ সিংহক আবেদন কৰে। পৰিণতিত দুয়োপক্ষৰ মাজত যুদ্ধ হয় আৰু এই যুদ্ধত কুইণ্টন সহ পাঁচ ব্ৰিটিছ বিষয়াৰ মৃত্যু হয়। ১৮৯১ চনৰ ৩১ মাৰ্চ তাৰিখে ব্ৰিটিছ চৰকাৰে মেজৰ জেনেৰেল এইসৰ তত্ত্বাৱধানত কহিমাৰ পৰা আৰু কৰ্ণেল আৰ এইস এফৰ তত্ত্বাৱধানত শিলচৰৰ পৰা তথা ব্ৰিগেডিয়েৰৰ তত্ত্বাৱধানত তমুৰ পৰা সৈন্যবাহিনীৰ তিনিটা গোট মণিপুৰৰ বিৰুদ্ধে প্ৰেৰণ কৰে। এই যুদ্ধত টিকেন্দ্ৰজিতে মণিপুৰী সৈন্যক নেতৃত্ব দিছিল। ১৮৯১ চনৰ ২৭ এপ্ৰিলৰ দিনা ব্ৰিটিছ সৈন্যই কংলা পেলেচ অধিগ্ৰহণ কৰিবলৈ সক্ষম হয়। অৱশেষত ব্ৰিটিছ সৈন্যই মণিপুৰী সৈন্য দলক পৰাস্ত কৰে তথা সুৰচন্দ্ৰক দ্বিতীয় বাৰৰ বাবে সিংহাসনত বহাবলৈ সক্ষম হয় আৰু ২৩ মে তাৰিখে টিকেন্দ্ৰজিৎক ক্ৰয়ত্ব কৰে।
5f08e3ed527ca138d62c1877df4c8028051d0a9dcfe805515b51db2c33407a9f
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ পাছতেই সমগ্ৰ বিশ্ব জুৰি সৃষ্টি হৈছিল এক নৈতিক মতানক্যৰ । ৰাছিয়াক অৰ্থনৈতিক ভাৱে কোনো দেশেই প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে সহায় নকৰাৰ চৰ্চা চলাৰ পাছতেই ইউৰোপত দেখা গৈছিল শক্তি সংকট । ৰাছিয়াই ৰপ্তানি কৰা প্ৰাকৃতিক গেছ আৰু বৈদ্যুতিক শক্তিৰ পৰিমাণৰ ক্ষেত্ৰত অহা সীমাবদ্ধতাৰ পাছত সংকটত ভূগিছিল ইউৰোপে । তেনেস্থলত কিন্তু ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা ইন্ধনৰ পৰিমাণ বিগত এপ্ৰিল মাহৰ পৰা ৫০ শতাংশ বৃদ্ধি হে পাইছিল । ভাৰতৰ এই আমদানিৰ বাবে বহু ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় দল সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰাক লৈ ভাষ্য প্ৰদান কৰিছিল কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিঙে । এই সন্দৰ্ভত হৰদীপ সিঙে দিয়া মন্তব্য অনুসৰি, দেশৰ নাগৰিকক প্ৰয়োজনীয় শক্তি যোগান ধৰাটো চৰকাৰৰ নৈতিক কৰ্তব্য । ঠিক যিদৰে ভাৰতে আন কোনো দেশক ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় নকৰিবলৈ অনুৰোধ জনোৱা নাই তেনেদৰেই ভাৰতেও আন কোনোবা ৰাষ্ট্ৰৰ অনুৰোধত বিৰত নাথাকে ৰাছিয়াৰ পৰা ইন্ধন আমদানি কৰাত ।
943c1e319be4363deed4214b1b9159c2ce20f36d3a7bfc749ec4869631781d23
পেগাচাছ ম'বাইল ফোন স্পাইৱেৰ : ই কেনেদৰে কাম কৰে : প্ৰায় প্ৰতিজন ব্যক্তিয়েই অসমীয়া সমাজ জীৱনত সৰুৰে পৰা এটা নৈতিক বাক্য শুনি আহিছে যে 'ঘৰখনেই শিক্ষাৰ কঠিয়াতলি'। এই বাক্যশাৰীক সাৰোগত কৰিয়েই বহুজনে নিজা ঘৰখন নিকা তথা সাৰুৱা কৰি ৰখাৰ প্ৰতি যত্নবান হৈছে, যাৰ ফল তেওঁলোকে লাভ কৰাৰ সমান্তৰালভাৱে সমাজ তথা দেশেও লাভ কৰিছে কিছুমান অমূল্য সম্পদ। এই সম্পদসমূহ কিন্তু কেতিয়াও নীতি-আদৰ্শৰ প্ৰতিকূলে যোৱা নাই, বৰঞ্চ সমাজ আৰু দেশৰ অনুকূলে থাকি সঠিক দিশত সকলোকে আগবঢ়াই নিয়াৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি নিজকে আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আমি কেতিয়াবা ভাবি চাইছো নে যে 'আমাৰ ঘৰখনত তেনে এটা পৰিৱেশ আছে নে য'ত আমাৰ সন্তানে নীতি-আদৰ্শৰ মাজেৰে ডাঙৰ হোৱাৰ সুযোগ পাব পাৰে'? কেতিয়াবা সিহঁতে পিতৃ-মাতৃকেই সিহঁতৰ 'ৰ'ল মডেল' বুলি গণ্য কৰিব পাৰে'?প্ৰসঙ্গ প্ৰতিজন অভিভাৱকৰ বাবে তেওঁলোকৰ সন্তানসকলেই হৈছে আটাইতকৈ ডাঙৰ সম্পদ। সাধাৰণতে, আমি সদায়েই চেষ্টা কৰো আমাৰ সন্তানে সকলো সা-সুবিধা যাতে বিচৰা মতেই পায়। সিহঁতৰ বিচৰাবিলাকৰ প্ৰতি বিশেষভাৱে তেতিয়াৰ পৰাই আমি যত্নপৰ হওঁ, যেতিয়াৰ পৰা সিহঁতে সিহঁতৰ প্ৰয়োজনীয়তাবিলাক আমাক বুজাই দিবলৈ সক্ষম হয়। মুখত অস্ফুতঃ শব্দ নিগৰাৰ সময়তো সেই মাতৰ অৰ্থ আমি নিজেই বিচাৰি উলিওৱাৰ প্ৰয়াস কৰো। সেই অৰ্থৰ আব্দাৰতেই আমি সিহঁতৰ হাতত তুলি দিওঁ আমাৰ হেঁপাহৰ দিয়াবিলাক। লাহে লাহে সিহঁত ডাঙৰ হয়, আৰু ক্ৰমাৎ দীঘলীয়া হয় সিহঁতৰ বিচৰাবিলাকৰ তালিকাখন। সেই ক্ৰমত আমাৰ মাজতো এটা অভ্যাসে গঢ় লৈ উঠে। সেয়া হৈছে সন্তানৰ তাগিদা পুৰোৱাৰ এক অবিৰত মানসিকতা। আমাৰ অভিভাৱকসকলৰ মাজত গঢ় লোৱা এই মানসিকতা আমাৰ সন্তানৰ বাবে কিমান মঙ্গলজনক সেয়া হয়তো আমি এবাৰো ভাবি নাচাওঁ। এটা সীমালৈকে আমাৰ সেই আচৰণ বা সন্তানৰ সেই আব্দাৰ পূৰণ কৰাটো সঠিক হিচাপেই পৰিগণিত হ'ব পাৰে। কিন্তু তাৰ পাছৰ পৰ্যায়ত সেই অভ্যাসে অভিভাৱক আৰু সন্তানৰ মাজত এক ব্যৱধান আনি দিয়ে। সেই ব্যৱধান সৃষ্টিৰ মূলতেই হৈছে সৰুৰে পৰা সিহঁতৰ বিচৰাবিলাক বিনা বাক্য ব্যয়েই পুৰণ কৰি অহাৰ আমাৰ এক অভ্যাস। সন্তানে বিচৰা সকলো বস্তুৱেই আমি সিহঁতক দিয়াটো কিমান সমীচিন? মৰমৰ তাগিদাত সৰুৰে পৰা সিহঁতক 'না' নোকোৱাৰ যি এক অভ্যাসে আমাৰ মাজত গঢ় লয়, সেই একেই অভ্যাস সিহঁতৰ মাজতো গঢ়ি উঠে যে 'আমি বিচৰা কোনো ক্ষেত্ৰতেই মা-দেউতাই কেতিয়াও 'না' নকয়'। আমি সিহঁতৰ মাজত ৰুচিশীল মানসিকতা গঢ়াৰ ক্ষেত্ৰত কিমান সচেতন? সন্তানে ভাল-বেয়া সকলো আচৰণেই কৰে। ভাল আচৰণৰ বাবে সিহঁতক উৎসাহিত কৰাৰ লগে লগেই বেয়া কিবা দেখিলেও অকণো পলম নকৰাকৈ সিহঁতক তাৰ পৰা বাৰণ কৰা বা সেই সম্পৰ্কে সিহঁতক যথোচিত শিক্ষা দিয়াৰ ক্ষেত্ৰত আমি কিমান সতৰ্ক?চকলেট, চিপচ আৰু বন্দুক আৰম্ভণি হয় আমাৰ সন্তানে সৰুতে বিচৰা 'মৰ্টন, চকলেট আৰু চিপচ'ৰ পৰাই। সু-স্বাদু হোৱাৰ বাবেই সিহঁতৰ এনে বস্তুবিলাকৰ প্ৰতি এক সাংঘাতিক দুৰ্বলতা থাকে। ঘৰলৈ অহা আলহীজনেও ঘৰৰ কণমানিবোৰৰ বাবে হেঁপাহেৰে লৈ অহা বস্তুবিধ সাধাৰণতে এইকেইবিধৰ ভিতৰতেই কোনোবা এবিধ হয়। এটি কণমানিক প্ৰকৃততে এনেধৰণৰ বস্তুবিলাকে কিমান উপকৃত কৰে? এনে এটা চিন্তা আমি সাধাৰণতে নকৰো। এটা সময়ত এই বস্তুবিলাকৰ প্ৰতি সিহঁতৰ আকীৰ্ণতা ইমানেই বৃদ্ধি পায় যে সিহঁত 'আসক্ত'ৰ শাৰীলৈ পৰ্যবেশিত হৈ পৰে। আমি ডাঙৰসকলেও এই বিষয়টোক খুউব সাধাৰণভাৱে লওঁ আৰু সৰু ল'ৰা-ছোৱালীয়ে ভাল পোৱা বস্তু বুলি কেৱল এই কেইবিধ বস্তুকেই গণ্য কৰিবলৈ ধৰে। কেতিয়াও ভাবি নাচাওঁ যে এনেকৈ যদি সকলোৱে সিহঁতক 'মৰ্টন, চকলেট আৰু চিপচ' দিয়ে, তেন্তে সিহঁতৰ নিশ্চয়কৈ দাঁত বেয়া হ'ব আৰু যকৃতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেয়া কেইজন জ্যেষ্ঠই বিবেচনা কৰে? খেলা-ধূলাৰ সামগ্ৰী বুলিয়েই আমি সিহঁতৰ হাতত তুলি দিয়া পুতলা বন্দুক আদিয়ে সিহঁতৰ মানসিকতাত সাংঘাতিক ধৰণেৰে ক্ৰিয়া কৰে। বন্দুকেৰে মানুহক আঘাত কৰিব পৰা আৰু হত্যা কৰিব পৰাৰ প্ৰাৰম্ভিক শিক্ষাটো এই কণমানি বয়সত আমিয়েই অসাৱধানবশতঃ সিহঁতৰ বিবেকত ভৰাই দিওঁ। লগতে এটা বিষয়ক একেবাৰে সাধাৰণভাৱে গ্ৰহণ কৰো যে 'আজিকালিৰ ল'ৰা-ছোৱালীয়ে এইবোৰেই খেলি ভাল পায়।' শাৰীৰিক সমস্যাৰ ওপৰিও আন এটা ডাঙৰ সমস্যাও সকলোৰে অলক্ষিতে ইয়াৰ সমানেই গা কৰি উঠে। 'মৰ্টন, চকলেট আৰু চিপচ'ৰ স্তৰ অতিক্ৰমী সন্তান ডাঙৰ হৈ অহাৰ পিছৰ সময়চোৱা হৈছে অভিভাৱকৰ বাবে আটাইতকৈ কঠিন প্ৰত্যাহবানৰ সময়। বয়ঃসন্ধিৰ এই সময়চোৱাত সিহঁতৰ মাজত পুৰণি এটা প্ৰবৃত্তিয়ে সিহঁতৰ লগ নেৰে, সেয়া হৈছে মৰ্টন, চকলেট, চিপচ আৰু অন্যান্য খেলা-ধূলাৰ বস্তু (পুতলা মৰণাস্ত্ৰ আদি) বিচৰাৰ সেই মানসিকতা য'ত সিহঁতে কেতিয়াও 'না' শুনি পোৱা নাছিল। বৰঞ্চ 'মা-দেউতা' ঘৰলৈ ওভতি আহোতে অথবা আপোনজন ফুৰিবলৈ আহোতে নিবিচৰাকৈয়ে লৈ অহা 'চকলেট আৰু চিপচ'ৰ সেই দৃশ্যবোৰে সিহঁতৰ বিবেকত সেই সময়তো অহৰহ ক্ৰিয়া কৰি থাকে। ফলত সিহঁতৰ মানসিকতাত বয়ঃসন্ধিৰ সময়ছোৱাতো নিত্য নব্য ফৰমাইছে ঠাই পায়। এনে সময়তেই সিহঁতৰ কিছুমান অদ্ভ2ত দাবীৰ সন্মুখীন হ'বলগীয়া হয় পিতৃ-মাতৃসকল, যিবিলাক কিন্তু 'চকলেট আৰু চিপচ'ৰ দৰে ইমান সহজে মানি ল'ব পৰা বিধৰ নহয়। এনে দাবীসমূহ শুনি সেই সময়ত হয়তো পিতৃ-মাতৃসকল বিবুধিত পৰে। কণমানি বুলি ভাবি থকা সন্তানটোৱে নিজৰ বয়স বঢ়াৰ এক আচহুৱা ইংগিত দিয়ে। 'চকলেট আৰু চিপচ' বিচৰা কণমানিটোৱে একে কোবেই মোবাইল ফোন, বাইক আদিৰ ফৰমাইছ দিবলৈ আৰম্ভ কৰে। অন্যথা এটা আকোঁৰগোজ মনোভাৱেৰে সিহঁতে সেই দাবীক লৈ নানান অপকৰ্ম কৰিবলৈকো কুণ্ঠাবোধ নকৰা হয়। বহু সময়ত নিজৰে অনিষ্ট কৰি নতুবা আত্মহত্যাৰ দৰে ভাবুকি প্ৰদান কৰি হ'লেও বিচৰা বস্তুবিধ অভিভাৱকৰ পৰা আদায় কৰাৰ নিকৃষ্ট প্ৰচেষ্টা চলায়।জিয়া পাখিৰ দৰে চুটি চুটি চোলা কিছুমান কাপোৰে কণমানিবোৰক বৰ মৰমলগা কৰি তোলে। পিতৃ-মাতৃয়ে নিজৰ সন্তানক পুতলাৰ ৰূপতেই কল্পনা কৰে আৰু সন্তানৰ মানসিকতাতো সেই প্ৰতিচ্ছবিকেই ৰোপন কৰে। ইয়াৰে ফলশ্ৰুতিতেই তাহানিৰ পৰী-ৰাজকুমাৰৰ কোমল মনৰ ধাৰণাসমূহ লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিছে। নিজৰ সন্তানক বাৰ্বী সদৃশ কৰি তোলাৰ মানসিকতাৰে কিনি অনা পোছাকযোৰে প্ৰকৃততে সেই কণমানিবোৰক পৰী বা ৰাজকুমাৰৰ সেই সৰল পৃথিৱীখনৰ পৰা হাজাৰ যোজন আঁতৰলৈ বেলেগ এখন অতি কৃত্ৰিম বিশ্বলৈ লৈ যায়। সেই বিশ্ব অৱশ্যেই যান্ত্ৰিকতাৰ প্ৰভাৱত গঢ় লোৱা এখন নতুন বিশ্ব, য'ত সৰলতা অৰ্থহীন হৈ পৰে। কোমল মনবিলাকে তাতেই বিচাৰিবলৈ বাধ্য হয় সিহঁতৰ খেলাৰ সংগী তথা খেলাৰ বিষয়। লাহে লাহে সেই পুতলা সংগীৰ পোছাকযোৰকেই সিহঁতে নিজৰ শৰীৰত কল্পনা কৰিবলৈ আৰম্ভ কৰে। এটা সময়ত সেয়া সিহঁতৰ দাবী হৈ পৰি 'চকলেট আৰু চিপচ'ৰ দৰেই। বজাৰত উপলব্ধ পুতলা কিনাও আজি এক ডাঙৰ সমস্যা। অতি পৰিতাপৰ বিষয় যে পুতলা এটিক আকৰ্ষণীয় কৰি তোলাৰ বাবে কোম্পানীসমূহে নগ্নতাৰ আশ্ৰয় ল'বলৈ আৰম্ভ কৰিছে যাৰ প্ৰভাৱ কণমানিহঁতৰ ওপৰত পৰাৰ আগতেই দুৰ্ভাগ্যজনকভাৱে অভিভাৱকসকলৰ ওপৰত পৰিছে। ইয়াৰ ফলশ্ৰুতিতেই আজিকালি দেখা যায় যে পিতৃ-মাতৃসকলে নিজৰ কণমানি সন্তানক তেনে ধৰণৰেই কিছুমান পোছাক পিন্ধায়, যি পোছাক সিহঁতৰ শৰীৰ ঢাকি ৰাখিব পৰাকৈ পৰ্যাপ্ত নহয়। কেতিয়াও ভাবি নাচায় যে তেনে এযোৰ পোছাক সিহঁতৰ বাবে আনি দিয়াটো সমীচিন হয় নে? কেতিয়াবা আমি ভাবি চাইছো নে যে আমাৰ মৰমৰ সন্তানটোৱে পৰিধান কৰিবলগীয়া সাজ-পোছাক সম্পৰ্কে আমি কিমান সচেতন? সৰু হৈ থকাৰ অচিলাৰে নিজৰ সন্তানক এনেধৰণৰ (আপত্তিজনক) সাজপাৰ দিবলৈ কুণ্ঠাবোধ নকৰা পিতৃ-মাতৃসকল এটা সময়লৈকে এই বিষয়টো সম্পৰ্কে একেবাৰে উদাসীন হৈ থাকে। সন্তান ডাঙৰ হৈ আহে যদিও অভ্যাসগতভাৱে পোছাক-পৰিচ্ছদৰ বেলিকা সচেতন হোৱাৰ কিবা থল সিহঁতে বিচাৰি নাপায়। সিহঁতৰ ভাৱধাৰা এনে হৈ পৰে যে তেনে পোছাক যৌৱনপ্ৰাপ্ত হোৱাৰ পিছতো আপত্তিজনক নহয় যিহেতু সেই ধৰণৰ পোছাক সিহঁতে সৰুৰে পৰাই পৰিধান কৰি আহিছে। এই সময়ত যদি পিতৃ-মাতৃসকলে সিহঁতক বাৰণ কৰিবলৈ যায়, সেয়া এক বিতৰ্কৰ বিষয় হৈ পৰে। বিষয়টোৱে এনে পৰ্যায় পাইগৈ যে অভিভাৱকে নিজৰ সন্তানৰ আঁকোৰগোজ স্থিতিৰ আগত সমৰ্পণ কৰাৰ বাদে আন কোনো পথ নাথাকে। অস্ফুতঃ মাতৰ মাজত ডাঙৰে গুজি দিয়া অশ্লীল শিশুহঁতৰ প্ৰথম মাত ফুটাৰ সময়ছোৱা খুবেই ভাল লগা হয়। মনত পৰে আমাৰ পৰিয়ালৰে পোৱালি এটাৰ কথা, এই ব'হাগতে তাৰ বিয়া। সি প্ৰথম কথা ক'বলৈ আৰম্ভ কৰোতে তাৰ মুখত শুনি ভাল লগা এটা বাক্য আছিল 'মালবোদ তল তালে মানু তটত অয়'! এনে কথা অস্বাভাৱিকো নহয় আৰু এনেধৰণৰ অভিজ্ঞতা হয়তো প্ৰায় প্ৰতিজন মানুহৰেই আছে। কিন্তু এই সময়চোৱাই হৈছে কণমানিবোৰৰ বাবে এক সাংঘাতিক সময়, যিটো সময়ত সিহঁতক বহুতে শুনিবলৈ ভাল লাগে কাৰণেই বহুত অশ্লীল শব্দ শিকায় আৰু সিহঁতেও তাক সহজেই আয়ত্ব কৰে। সিহঁতৰ মুখত ফুটি উঠা অস্ফুতঃ অশ্লীল শব্দবিলাক শুনি যেতিয়া বাকীসকলে হাঁহিৰ খলকনি তোলে, তেতিয়া কিন্তু সেই কণমানিবোৰৰ উৎসাহ দুগুণে বৃদ্ধি পায়। লাহে লাহে এয়া সিহঁতৰ অভ্যাসলৈ পৰিণত হয়। জ্যেষ্ঠজনৰ এনে আচৰণৰ প্ৰভাৱ এই কণমানি সন্তানবোৰৰ ওপৰত কিমান বেয়াকৈ পৰিব পাৰে তাক সাধাৰণভাৱে বহুজনে চিন্তাই নকৰে। কিন্তু যেতিয়াই কোনো আলহী বা অচিনাকি মানুহৰ আগত সেই কণমানিটোৱে তেনে শব্দবিলাক হঠাৎ কৈ পেলায়, তেতিয়াই সৃষ্টি হয় এনে এক লজ্জাজনক পৰিস্থিতিৰ যাৰ উমান হয়তো কোনোৱে পাব নোৱাৰে। ক'ত লুকাম, ক'ত পলাম অৱস্থাটোত তেতিয়া কিন্তু ঘৰখনৰ পৰিৱেশ আৰু নম্ৰতাৰে আনৰ লগত বাৰ্তালাপ কৰে সেয়াই হৈছে শিশুহঁতৰ ভাষিক সংস্কাৰৰ আদিপাঠ। ভাষিক সৌজন্যতাৰ ক্ষেত্ৰত সেয়েহে আমাৰ যথেষ্ট কৰণীয় আছে যাৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্মৰ ব্যক্তিত্ব বহু পৰিমাণে নিৰ্ভৰ কৰে।সংস্কাৰ কেনেকৈ আহিব? সততা, নিষ্ঠা আৰু অনুশাসনৰ এটা পৰিৱেশৰ দ্বাৰাহে আমাৰ সন্তানসমূহক এই বিকাৰগ্ৰসস্ততাৰ পৰা মুক্ত কৰি ৰখা সম্ভৱ। তাৰ কাৰণে প্ৰয়োজন অভিভাৱকৰ আচাৰ-ব্যৱহাৰৰ মাজত দেখা পাব। তেনে এটা পৰিৱেশ সৃষ্টিৰ পাছৰ পৰ্যায়ত আমি নিজকে প্ৰশ্ন কৰা উচিত যে সন্তানে বিচৰা প্ৰতিটো বস্তুৱেই সিহঁতৰ বাবে প্ৰয়োজনীয় হয় নে? আমি জনা উচিত যে সিহঁতক এটা বস্তুৰ প্ৰয়োজনীয়তা কিমান, সেয়া সন্তানতকৈ সিহঁতৰ অভিভাৱকে বেছি ভালকৈ জানে। যদিহে তেনে এটা বস্তুৰ প্ৰয়োজনীয়তা সন্তানৰ আছে বুলি অভিভাৱকে অনুভৱ কৰে, তেতিয়াহে অভিভাৱকে সেয়া সিহঁতক দিয়া উচিত। অন্যথা, বস্তুবিধ দিব নোৱাৰাৰ কাৰণ অথবা সেই বস্তুটোৰ অপকাৰিতা সম্পৰ্কে সন্তানক ভালদৰে বুজাই দিয়া উচিত। কিন্তু কোনো কাৰণতেই সিহঁতক সেই বস্তু দিব নালাগে যাৰ সিহঁতক কোনো প্ৰয়োজনা নাই নতুবা যি বস্তুৰ দ্বাৰা সিহঁতৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে, সেয়া লাগে 'চকলেট-চিপচ' হওঁক বা বেলেগ কিবা। পিতৃ-মাতৃৰ এনেধৰণৰ মৃদু অথচ দৃঢ় অনুশাসনে লাহে লাহে সিহঁতৰ মাজত গঢ়ি তুলিব ভাল-বেয়া বুজি পোৱাৰ মানসিকতা। ফলস্বৰূপে সিহঁতে এইটোও বুজিব পাৰিব যে 'যদিহে প্ৰয়োজনীয় নহয়, মোৰ মা-দেউতাই বিচাৰিলেই কিবা এটা দি নিদিয়ে।' ইয়াৰ লগে লগে সিহঁতে সিহঁতৰ দাবীসমূহৰ ন্যাৰ্যতা সম্পৰ্কেও বুজিব পাৰিব আৰু বাস্তৱ জীৱনৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ সুযোগ পাব। এনে ধাৰণাৰে লালিত-পালিত হোৱা সন্তান এটায়ে আচহুৱা দাবী কৰাৰ মানসিকতাৰ পৰা মুক্ত হৈ থকাৰ এটা সুযোগ লাভ কৰিব। পোছাক-পৰিচ্ছদৰ ক্ষেত্ৰতো অভিভাৱকৰ যথেষ্ট কৰণীয় আছে। পোছাক-পৰিচ্ছদ প্ৰকৃততে কেনে হোৱা উচিত তাৰ আভাস আমি সিহঁতক সৰুৰে পৰাই দিয়া উচিত, যাতে সিহঁতে স্বতঃস্ফুৰ্তভাৱে মাৰ্জিত পোছাকৰ সংজ্ঞা বুজিব পাৰে। মাৰ্জিত পোছাক-পৰিচ্ছদো যে আমাৰ, বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাৰ এক অভিন্ন অংগ সেয়া যাতে সিহঁতে সহজেই অনুধাৱন কৰিব পাৰে, তাৰ প্ৰতি আমি যথেষ্ট সতৰ্ক হোৱা প্ৰয়োজন। কাৰণ, পশ্চিমীয়া সংস্কৃতি আৰু আভিজাত্যৰ ধামখুমীয়াত আমি যিমানেই উটি-ভাঁহি নাযাওঁ কিয়, আমাৰ সমাজ জীৱনৰ যি শালীনতাবোধ তাৰ তুলনা কেতিয়াও বিশ্বৰ অন্য সমাজৰ মাজত বিচাৰি পোৱা সম্ভৱ নহয়। কিন্তু পৰিতাপৰ বিষয় এয়ে যে আমাৰ মাজৰে বহু গুণী জ্ঞানী লোকে আজি এনে কথাত আপত্তি দৰ্শায় যে পৃথিৱীখন বহুত আগবাঢ়ি গ'ল, এতিয়া আৰু সেই পুৰণি ৰীতি-নীতি অপ্ৰাসংগিক। তেওঁলোকে হয়তো বহু সময়ত পাহৰি পেলায় যে পৰম্পৰাগত বহু ৰীতি-নীতিয়েহে আমাৰ সমাজখনৰ গৰিমা অটুত ৰাখি এক সুস্থ বাতাবৰণ বৰ্তাই ৰাখিছে। টি চাৰ্ট বা জিন্স পিন্ধাটো আপত্তিজনক নহয়। আপত্তিজনক তেতিয়া হয়, যেতিয়া পোছাক পিন্ধাৰ নামত ল'ৰা-ছোৱালী অৰ্ধনগ্ন হয় নতুবা নতুন কাপোৰ এযোৰকে ফালি-কাটি চিৰাচিৰ কৰি পিন্ধে। আপত্তিজনক তেতিয়া হয়, যেতিয়া কিম্ভূত-কিমাকাৰ চেহেৰাৰে, চুলিৰ অদ্ভ2ত ডিজাইনেৰে নিজকে ব্যতিক্ৰম সজোৱাৰ বিকৃত প্ৰচেষ্টা কৰে। সিহঁতৰ এনে অস্বাভাৱিকতাৰ আঁৰত কিন্তু আমি অভিভাৱকসকলহে। কাৰণ, আমি সিহঁতক সৰুৰে পৰা সু-ৰুচিশীলতাৰ শিক্ষা দিয়াৰ কোনো প্ৰয়াস কৰা নাই। সিহঁতৰ অস্বাভাৱিক আচৰণ বা সাজ-সজ্জা সম্পৰ্কে কোনোদিনেই সিহঁতক প্ৰশ্ন কৰা নাই আৰু এই সম্পৰ্কে সংবেদনশীল হোৱাৰ জোখাৰে সিহঁতক কোনো শিক্ষা দিয়া নাই। সিহঁতে প্ৰথম যিদিনা আচহুৱা বেশভূষাৰে ঘৰলৈ আহে, সেইদিনায়ে আমি সিহঁতক সেই সম্পৰ্কে প্ৰশ্ন কৰি তাৰ বেয়া দিশবিলাক ভালদৰে বুজাই দিয়া উচিত। সিহঁতৰ জীৱনৰ এনে প্ৰথম ভুলবোৰক আমি সদায়েই 'প্ৰথম ভুল' বুলি গণ্য কৰাটোৱেই সিহঁতৰ জীৱনত সেই ভুলৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনীয়তাক বৃদ্ধি কৰে। সিহঁতৰ মাজত শালীনতাবোধ জাগ্ৰত কৰাৰ বাবে মাৰ্জিত সাজ-সজ্জা তথা এক পৰিস্ফুট ব্যক্তিত্ব যে অতি প্ৰয়োজন সেয়া সিহঁতৰ বিবেকত সৰুৰে পৰাই সোমোৱাই দিয়াৰ এক অবিৰাম প্ৰচেষ্টা আমাৰ মাজত থকা উচিত। এনে সচেতনতাই সিহঁতৰ মানসিকতাক বহুৱালি আৰু বিকৃততাৰ পৰা নিলগাই ৰখাত সহায় কৰিব। কথোপকথনৰ বেলিকা আমি কিমান সচেতন সেয়া আমাৰ সন্তানসকলৰ কথা-বতৰাতেই প্ৰকাশ পায়। সাৰ্বজনীন স্থান হওঁক বা নিজৰ ঘৰখন, আমি আমাৰ কথা বতৰা আৰু আচৰণৰ প্ৰতি কিমান যত্নপৰ হ'ব পাৰিছো, তাৰ বহিঃপ্ৰকাশ ঘটে যেতিয়া আমাৰ সন্তানে কথা ক'বলৈ আৰম্ভ কৰে। ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে কথা বতৰাত প্ৰকাশ পোৱা মাৰ্জিত আচৰণ আৰু নম্ৰতাই এজন ব্যক্তিৰ ব্যক্তিত্বক প্ৰতিফলিত কৰে। সেয়েহে, আমাৰ সন্তানবোৰৰ লালন-পালনৰ বেলিকা এই ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰা জৰুৰী যাতে সিহঁতে কোনো কাৰণতেই ভাষাৰ গৰিমা পাহৰি নাযায় আৰু ঘৰখনৰ সমান্তৰালকৈ ৰাজহুৱা স্থানটো নিজৰ ব্যক্তিত্বৰ উজ্জ্বল দিশটোক দাঙি ধৰাৰ ক্ষেত্ৰত সচেতন হয়।সংকল্প বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ সংকল্প লওঁ। সাধাৰণতে আমাৰ জন্মদিন আৰু নৱবৰ্ষৰ দিনটোকেই আমি কোনো সংকল্প লোৱাৰ বাবে নিৰ্ধাৰিত কৰি লওঁ। অসমীয়াৰ বাপতি সাহোন এই ব'হাগ বিহুতেই আমি সকলোৱে এটা সংকল্প ল'ব নোৱাৰো নে? আমি কিয় সংকল্প নলওঁ যে আমাৰ প্ৰত্যেকৰে ঘৰখন একোখন আদৰ্শ ঘৰ হওঁক? কিয় আমি দৃঢ়তাৰে আমাৰ ঘৰখনক আমাৰ সন্তানসকলৰ উজ্জ্বল ভৱিষ্যতৰ অৰ্থে এটি সংস্কাৰপূৰ্ণ কাৰখানা কৰি তোলাত যত্নপৰ নহওঁ? কিয় আমি প্ৰতিজন অভিভাৱকে নিজকে নিকা আচৰণ তথা ব্যক্তিত্বৰে পৰিশোধিত নকৰো যাৰ দ্বাৰা আমাৰ সন্তানসকলৰ মাজত সৎ আৰু নিকা ভাৱমূৰ্তিৰ সঞ্চাৰ কৰা সম্ভৱ? আহক আমি সকলোৱে আমাৰ সন্তানসকলক এনে এখন ক্ষেত্ৰ প্ৰদান কৰো, য'ত আমাৰ সন্তানসকলে লাভ কৰিব সংস্কাৰমুখী এক পৰিৱেশ। Please enter your comment! You have entered an incorrect email address! Save my name, email, and website in this browser for the next time I comment. Please wait while flipbook is loading. For more related info, FAQs and issues please refer to DearFlip WordPress Flipbook Plugin Help documentation. Please wait while flipbook is loading. For more related info, FAQs and issues please refer to DearFlip WordPress Flipbook Plugin Help documentation.
bda4db2e907d8b7ebcacf52691c0c3a2a9dca900941b9547effc0616b396db99
আমি বিশ্বাস কৰোঁ যে বিশ্বাস হৈছে সকলো। সেয়েহে, আমি সকলো লেনদেন আৰু গ্ৰাহকৰ তথ্য গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে সৰ্বোচ্চ মানদণ্ড অনুসৰণ কৰোঁ। অনুগ্ৰহ কৰি আমাৰ ডাটা/তথ্য সংগ্ৰহ আৰু ভাগ বতৰা কৰাৰ পদ্ধতিবোৰৰ বিষয়ে জানিবলৈ তলত পঢ়ক। গুৰুত্বপূৰ্ণ টোকাঃ আমাৰ গোপনীয়তাৰ নীতি যিকোনো সময়তে ব্যৱস্থাপনাৰ বিবেচনাত জাননী অবিহনে সলনি হ'ব পাৰে। সময়ে সময়ে এই আঁচনিখন পুনৰীক্ষণ কৰি আপুনি যিকোনো পৰিৱৰ্তনৰ বিষয়ে অৱগত হোৱাটো নিশ্চিত কৰিব। এই ৱেবছাইটটো দৰ্শন কৰি, আপুনি আমাৰ গোপনীয়তাৰ নীতিৰ চৰ্তাৱলী আৰু নিয়মাৱলীৰ দ্বাৰা আবদ্ধ হ'বলৈ সন্মত হৈছে। যদি আপুনি সন্মত নহয় অনুগ্ৰহ কৰি আমাৰ ৱেবছাইট ব্যৱহাৰ বা প্ৰৱেশ নকৰিব। আমাৰ ৱেবছাইট ব্যৱহাৰ কৰি, আপুনি এই গোপনীয়তাৰ নীতি অনুসৰি আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ আৰু প্ৰকাশ কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই গোপনীয়তাৰ নীতিটো ব্যৱহাৰৰ চৰ্তাৱলীত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সাপেক্ষে। ব্যক্তিগত ভাৱে চিনাক্ত কৰিব পৰা তথ্য আৰু অন্যান্য তথ্য সংগ্ৰহঃ যেতিয়া আপুনি আমাৰ ৱেবছাইট ব্যৱহাৰ কৰে, আমি আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ আৰু সংৰক্ষণ কৰোঁ যিটো আপুনি সময়ে সময়ে প্ৰদান কৰে। আপোনাৰ এক সুৰক্ষিত, দক্ষ, মসৃণ আৰু অনুকূলিত অভিজ্ঞতা নিশ্চিত কৰিবলৈ আমি এনে কৰো। ই আমাক আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা সেৱা আৰু সুবিধা প্ৰদান কৰিবলৈ আৰু আপোনাৰ অভিজ্ঞতা সুৰক্ষিত আৰু সহজ কৰিবলৈ আমাৰ ৱেবছাইট অনুকূলিত কৰিবলৈ অনুমতি দিয়ে। এই প্ৰক্ৰিয়াত, আমি আপোনাৰ পৰা ব্যক্তিগত তথ্য সংগ্ৰহ কৰোঁ যাক আমি এই উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে প্ৰয়োজনীয় বুলি বিবেচনা কৰোঁ। সাধাৰণতে, আপুনি আমাক আপুনি কোন বুলি নকোৱাকৈ বা আপোনাৰ বিষয়ে কোনো ব্যক্তিগত তথ্য প্ৰকাশ নকৰাকৈ ৱেবছাইটটো ব্ৰাউজ কৰিব পাৰে। আপুনি আমাক আপোনাৰ ব্যক্তিগত তথ্য দিয়াৰ পিছত, আপুনি আমাৰ বাবে বেনামী নহয়। য'ত সম্ভৱ হয়, আমি কোনবোৰ ক্ষেত্ৰ পূৰণ কৰিব লাগিব আৰু কোনবোৰ বৈকল্পিক সেয়া সূচিত কৰোঁ। ৱেবছাইটত কোনো নিৰ্দিষ্ট সেৱা বা সুবিধা ব্যৱহাৰ নকৰিবলৈ বাছনি কৰি তথ্য প্ৰদান নকৰাৰ বিকল্প আপোনাৰ সদায়ে থাকে। আমি আমাৰ ৱেবছাইটত আপোনাৰ আচৰণৰ ওপৰত আধাৰিত কৰি আপোনাৰ বিষয়ে কিছুমান তথ্য স্বয়ংক্ৰিয় ভাৱে ট্ৰেক কৰিব পাৰোঁ। আমি আমাৰ ব্যৱহাৰকাৰীসকলৰ জনগাঁথনি, আগ্ৰহ আৰু আচৰণৰ ওপৰত আভ্যন্তৰীণ গৱেষণা কৰিবলৈ এই তথ্য ব্যৱহাৰ কৰোঁ যাতে আমাৰ ব্যৱহাৰকাৰীসকলক ভালদৰে বুজিব, সুৰক্ষিত কৰিব আৰু সেৱা কৰিব পাৰে। এই তথ্যবোৰ এক মুঠ ভিত্তিত সংকলিত আৰু বিশ্লেষণ কৰা হয়। আমি ৱেবছাইটৰ কিছুমান পৃষ্ঠাত ডাটা সংগ্ৰহ ডিভাইচ যেনে "কুকিজ" ব্যৱহাৰ কৰোঁ যাতে আমাৰ ৱেব পৃষ্ঠাৰ প্ৰবাহ বিশ্লেষণ কৰাত, প্ৰচাৰৰ কাৰ্যকাৰিতা জোখাত সহায় কৰে, আৰু বিশ্বাস আৰু সুৰক্ষা বৃদ্ধি কৰে। "কুকিজ" হৈছে আপোনাৰ ব্ৰাউজাৰত ৰখা সৰু ফাইল যি আমাক আমাৰ সেৱা প্ৰদান কৰাত সহায় কৰে। ইয়াৰ উপৰিও, আপুনি তৃতীয় পক্ষৰ দ্বাৰা স্থাপন কৰা ৱেবছাইটৰ কিছুমান পৃষ্ঠাত "কুকিজ" বা অন্যান্য একে ধৰণৰ আহিলাৰ সন্মুখীন হ'ব পাৰে। আমি তৃতীয় পক্ষৰ দ্বাৰা কুকিজৰ ব্যৱহাৰ নিয়ন্ত্ৰণ নকৰোঁ। যদি আপুনি ৱেবছাইটত ক্ৰয় কৰিব বিচাৰে, আমি আপোনাৰ ক্ৰয় আচৰণৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ। instrument details and tracking information from cheques or money orders. যদি আপুনি আমাৰ সৈতে লেনদেন কৰে, আমি কিছুমান অতিৰিক্ত তথ্য সংগ্ৰহ কৰোঁ, যেনে বিলিং ঠিকনা, ক্ৰেডিট / ডেবিট কাৰ্ড নম্বৰ আৰু ক্ৰেডিট / ডেবিট কাৰ্ডৰ ম্যাদ উকলি যোৱা তাৰিখ আৰু/ বা অন্যান্য পৰিশোধ সঁজুলিৰ বিৱৰণ আৰু চেক বা মানি অৰ্ডাৰৰ পৰা তথ্য ট্ৰেক কৰা। যদি আপুনি আমালৈ ব্যক্তিগত চিঠিপত্ৰ প্ৰেৰণ কৰে, যেনে ইমেইল বা পত্ৰ, বা যদি আন ব্যৱহাৰকাৰী বা তৃতীয় পক্ষই আপোনাৰ কাৰ্যকলাপ বা ৱেবছাইটত পোষ্ট কৰাৰ বিষয়ে আমালৈ চিঠিপত্ৰ প্ৰেৰণ কৰে, আমি এনে তথ্য আপোনাৰ বাবে নিৰ্দিষ্ট ফাইল এখনত সংগ্ৰহ কৰিব পাৰোঁ। যদি আপুনি আমাক আপোনাৰ সম্পৰ্কবোৰ প্ৰাপ্ত কৰিবলৈ অনুমতি দিয়ে, ই আপোনাক বহুতো সামাজিক সুবিধা প্ৰদান কৰিবলৈ সক্ষম কৰে যেনে আপোনাৰ বাছনি কৰা সামগ্ৰী আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভাগ বতৰা কৰা, আপোনাৰ বন্ধুবৰ্গক আমাৰ এপ্পটো চেষ্টা কৰিবলৈ আমন্ত্ৰণ জনোৱা, আপোনাৰ বন্ধুবৰ্গলৈ ৰেফাৰেল লিংক প্ৰেৰণ কৰা ইত্যাদি। এই তথ্য আমাৰ চাৰ্ভাৰত সংৰক্ষণ কৰা হ'ব আৰু আপোনাৰ ফোনৰ পৰা সমকালীকৰণ কৰা হ'ব। এটা "কুকি" হৈছে ৱেব ব্ৰাউজাৰত ৱেব চাৰ্ভাৰে সঞ্চিত কৰা এক সৰু তথ্য, সেয়েহে ইয়াক সেই ব্ৰাউজাৰৰ পৰা পুনৰ প্ৰৱেশ কৰিব পাৰি। ব্ৰাউজাৰক এজন প্ৰদত্ত ব্যৱহাৰকাৰীৰ বাবে নিৰ্দিষ্ট তথ্য মনত ৰাখিবলৈ সক্ষম কৰাৰ বাবে কুকিজ উপযোগী। আমি আপোনাৰ কম্পিউটাৰৰ হাৰ্ড ড্ৰাইভত স্থায়ী আৰু অস্থায়ী দুয়োটা কুকি ৰাখোঁ। কুকিবোৰত আপোনাৰ ব্যক্তিগতভাৱে চিনাক্ত কৰিব পৰা কোনো তথ্য নাই। আমি আমাৰ অন্যান্য কৰ্পৰেট সংস্থা আৰু সহযোগী সকলৰ সৈতে ব্যক্তিগত তথ্য ভাগ বতৰা কৰিব পাৰোঁ। আপুনি স্পষ্টভাৱে অপ্ট-আউট নকৰিলে এনে ভাগ-বতৰাৰ ফলস্বৰূপে এই প্ৰতিষ্ঠান আৰু সহযোগীসকলে আপোনাক বজাৰ কৰিব পাৰে। আমি ব্যক্তিগত তথ্য প্ৰকাশ কৰিব পাৰোঁ যদি আইনৰ দ্বাৰা বা সৎ বিশ্বাসেৰে এনে প্ৰকাশ কৰাটো আদেশ, আদালতৰ আদেশ বা অন্যান্য আইনী প্ৰক্ৰিয়াৰ প্ৰতি সঁহাৰি দিয়াৰ বাবে যুক্তিসঙ্গত ভাৱে প্ৰয়োজনীয়। আমি ব্যক্তিগত তথ্য আইন প্ৰৱৰ্তনকাৰী কাৰ্যালয়, তৃতীয় পক্ষৰ অধিকাৰৰ মালিক বা আনসকলক এই সৎ বিশ্বাসত প্ৰকাশ কৰিব পাৰোঁ যে এনে প্ৰকাশ যুক্তিসঙ্গত ভাৱে প্ৰয়োজনীয়ঃ আমাৰ চৰ্তাৱলী বা গোপনীয়তা নীতি বলবৎ কৰা; বিজ্ঞাপন, পোষ্টিং বা অন্যান্য সমল তৃতীয় পক্ষৰ অধিকাৰ উলংঘন কৰে বুলি কৰা দাবীৰ সঁহাৰি দিয়ক; বা আমাৰ ব্যৱহাৰকাৰী বা সাধাৰণ ৰাইজৰ অধিকাৰ, সম্পত্তি বা ব্যক্তিগত সুৰক্ষা সুৰক্ষিত কৰিব। আমি আৰু আমাৰ সহযোগীসকলে আপোনাৰ ব্যক্তিগত তথ্য আন এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে ভাগ বতৰা/বিক্ৰী কৰিম যদি আমি (বা আমাৰ সম্পত্তি) সেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ সৈতে একত্ৰিত হোৱাৰ পৰিকল্পনা কৰোঁ, বা পুনৰ-সংগঠন, একত্ৰীকৰণ, ব্যৱসায়ৰ পুনৰ্গঠন ৰ খাপ খুৱাওঁ। এনে লেনদেন হ'লে আপোনাৰ ব্যক্তিগত তথ্যৰ সন্দৰ্ভত আন ব্যৱসায়িক সংস্থাই (বা নতুন সংযুক্ত সত্তা) এই গোপনীয়তা নীতি অনুসৰণ কৰিব লাগিব। আমাৰ ৱেবছাইটটোৱে আপোনাৰ বিষয়ে ব্যক্তিগতভাৱে চিনাক্ত কৰিব পৰা তথ্য সংগ্ৰহ কৰিব পৰা আন ৱেবছাইটৰ সৈতে লিংক কৰে। ERClens.com গোপনীয়তা অনুশীলন বা সেই সংযোজিত ৱেবছাইটবোৰৰ সমলৰ বাবে দায়বদ্ধ নহয়। আমাৰ ৱেবছাইটত আমাৰ নিয়ন্ত্ৰনাধীন তথ্যৰ যিকোনো লোকচান, অপব্যৱহাৰ আৰু পৰিৱৰ্তন পৰিহাৰ কৰাৰ বাবে কঠোৰ সুৰক্ষা ব্যৱস্থা আছে। যেতিয়াই আপুনি আপোনাৰ একাউণ্টৰ তথ্য সলনি বা প্ৰৱেশ কৰে, আমি এক সুৰক্ষিত চাৰ্ভাৰৰ ব্যৱহাৰ আগবঢ়াওঁ। আপোনাৰ তথ্য আমাৰ দখলত থকাৰ পিছত আমি কঠোৰ সুৰক্ষা নিৰ্দেশনা পালন কৰোঁ, ইয়াক অনুমোদিত প্ৰৱেশাধিকাৰ পৰা সুৰক্ষিত কৰোঁ। আমি সকলো ব্যৱহাৰকাৰীক আমাৰ অংশীদাৰসকলৰ হৈ, আৰু সাধাৰণতে আমাৰ পৰা, একাউণ্ট এটা স্থাপন কৰাৰ পিছত আমাৰ পৰা অপ্ৰয়োজনীয় (প্ৰচাৰ মূলক, বিপণন সম্পৰ্কীয়) যোগাযোগ প্ৰাপ্ত কৰাৰ সুযোগ প্ৰদান কৰোঁ। যদি আপুনি সকলো ERClens.com তালিকা আৰু নিউজ লেটাৰৰ পৰা আপোনাৰ সম্পৰ্ক তথ্য আঁতৰাব বিচাৰে, অনুগ্ৰহ কৰি আনচাবস্ক্ৰাইব দৰ্শন কৰক। ৱেবছাইটটো ব্যৱহাৰ কৰি আৰু/ বা আপোনাৰ তথ্য প্ৰদান কৰি, আপুনি আমাৰ গোপনীয়তা নীতি অনুসৰি ৱেবছাইটত প্ৰকাশ কৰা তথ্য সংগ্ৰহ আৰু ব্যৱহাৰত সন্মতি প্ৰদান কৰিছে, যাৰ ভিতৰত আছে কিন্তু এই গোপনীয়তা নীতি অনুসৰি আপোনাৰ তথ্য ভাগ বতৰা কৰাৰ বাবে আপোনাৰ সন্মতিত সীমাবদ্ধ নহয়। যদি আমি আমাৰ গোপনীয়তা নীতি সলনি কৰাৰ সিদ্ধান্ত লওঁ, আমি সেই পৰিৱৰ্তনবোৰ এই পৃষ্ঠাত পোষ্ট কৰিম যাতে আমি কি তথ্য সংগ্ৰহ কৰোঁ, আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰোঁ, আৰু কি পৰিস্থিতিত আমি ইয়াক প্ৰকাশ কৰোঁ সেই বিষয়ে আপুনি সদায়ে অৱগত থাকে। ১. অৱস্থান - আপোনাৰ স্থানৰ অভিজ্ঞতা উন্নত কৰিবলৈ আৰু আপোনাৰ অৱস্থান অনুসৰি আপোনাক ব্যক্তিগত কৃত সমল দেখুৱাওক। (আপোনাৰ এলেকাত সামগ্ৰীৰ উপলব্ধতা পৰীক্ষা কৰাৰ পৰা আপোনাৰ ওচৰত উপলব্ধ ডেলিভাৰী বিকল্পলৈকে)। ১. অৱস্থান - আপোনাৰ স্থানৰ অভিজ্ঞতা উন্নত কৰিবলৈ আৰু আপোনাৰ অৱস্থান অনুসৰি আপোনাক ব্যক্তিগত কৃত সমল দেখুৱাওক। (আপোনাৰ এলেকাত সামগ্ৰীৰ উপলব্ধতা পৰীক্ষা কৰাৰ পৰা আপোনাৰ ওচৰত উপলব্ধ ডেলিভাৰী বিকল্পলৈকে)। ১. অৱস্থান - আপোনাৰ স্থানৰ অভিজ্ঞতা উন্নত কৰিবলৈ আৰু আপোনাৰ অৱস্থান অনুসৰি আপোনাক ব্যক্তিগত কৃত সমল দেখুৱাওক। (আপোনাৰ এলেকাত সামগ্ৰীৰ উপলব্ধতা পৰীক্ষা কৰাৰ পৰা আপোনাৰ ওচৰত উপলব্ধ ডেলিভাৰী বিকল্পলৈকে)। ১. অৱস্থান - আপোনাৰ স্থানৰ অভিজ্ঞতা উন্নত কৰিবলৈ আৰু আপোনাৰ অৱস্থান অনুসৰি আপোনাক ব্যক্তিগত কৃত সমল দেখুৱাওক। (আপোনাৰ এলেকাত সামগ্ৰীৰ উপলব্ধতা পৰীক্ষা কৰাৰ পৰা আপোনাৰ ওচৰত উপলব্ধ ডেলিভাৰী বিকল্পলৈকে)। যদি এই গোপনীয়তা নীতি সম্পৰ্কে কোনো প্ৰশ্ন আছে, আপুনি তলৰ তথ্য ব্যৱহাৰ কৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে।
2d6b600c3772e61fda7ee3ce541581c6861a805b904da58f7304d747a83b6b44
ভাৰত আৰু পাকিস্তানৰ মাজত বিগত কেইবামাহো ধৰি অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে এটা ভাল খবৰ। পাকিস্তানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান কিৰ্গিস্তানলৈ যোৱাৰ বাবে নিজৰ এয়াৰস্পেচ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী মোদী ১৩ আৰু ১৪ জুনত এছ চি অ' বৈঠকত অংশগ্ৰহণৰ বাবে ৰাওনা হ'ব। জানিব পৰা মতে, ভাৰত চৰকাৰে মোদীৰ বিমান পাকিস্তানৰ এয়াৰস্পেচেৰে যোৱাৰ বাবে অনুমতি বিচাৰিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে সোমবাৰে ভাৰত চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি এই অনুমতি প্ৰদান কৰে। এছ চি অ' বৈঠকত উপস্থিত থাকিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানো। প্ৰধানমন্ত্ৰী মোদী আৰু ইমৰাণ খানৰ মাজত সাক্ষাৎ হোৱাৰো সম্ভাৱনা আছে। উল্লেখযোগ্য যে বালাকোটত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছৰে পৰা পাকিস্তানে ২৬ ফেব্ৰুৱাৰীত নিজৰ এয়াৰস্পেচ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। পিছত কেৱল দুটা পথ খুলি দিয়া হৈছিল। এই দুয়োটা পথ দক্ষিণ পাকিস্তানৰ ওপৰেৰে গৈছে। প্ৰধানমন্ত্ৰী মোদীৰ বিমান পাকিস্তানৰ এয়াৰস্পেচেৰে পাৰ হৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে। আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছতে ভাৰত চৰকাৰক এই সন্দৰ্ভত অৱগত কৰাব পাকিস্তানে। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
35005d89f33c52dc3af169e57f2083405e12a8acd637fa3e6b2cee60565fb456
ৰাজ্যত পুনৰ বোৱাৰী হত্যা । প্ৰথম খবৰ\nHome/ অসম/ৰাজ্যত পুনৰ বোৱাৰী হত্যা\nৰাজ্যত পুনৰ বোৱাৰী হত্যা\nপ্রথম খবৰ, লামডিংঃ ৰাজ্যত সঘনে বৃদ্ধি পাব ধৰিছে অপৰাধজনিত ঘটনা । পুনঃ বোৱাৰীক নিৰ্যাতন তথা হত্যাৰ ঘটনা । এইবাৰ ৰে'লনগৰী লামডিঙত হত্যাৰ বলি হ'ল এগৰাকী বোৱাৰী। পূৱ লামডিঙৰ ননকে বস্তিত মাৰপিট কৰি হত্যাৰ বলি হ'ল এগৰাকী বোৱাৰী।\nজানিব পৰা মতে, ২ বছৰ পূৰ্বে চিনুবালা দাসৰ সেই অঞ্চলৰে মাধৱ দাসৰ লগত প্ৰেমবিবাহপাশত আবদ্ধ হৈছিল । ৮ মাহ পূৰ্বে দুয়োৰে সংসাৰত এই কণমানিটো আহিছিল । কিন্তু যোৱাকালি হঠাতে বোৱাৰী গৰাকীৰ মৃত্যুকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।\nবোৱাৰী গৰাকীৰ পৰিয়ালবৰ্গৰ অভিযোগ মতে স্বামী পৰিয়ালে বিয়াৰ পিছৰে পৰা অকথ্য নিৰ্যাতন চলাইছিল আৰু যোৱাকালিও বহুত মাৰধৰ কৰি বিহপান কৰোৱাই হত্যা কৰাৰ অভিযোগ আনিছে । লামডিঙ থানাত ২৫৭/১৭ নং এটি গোচৰ ৰুজু হৈছে। যাৰ ফলত লামডিং আৰক্ষীয় সন্দেহৰ ভিক্তিত স্বামী মাধৱ দাস আৰু শাহুৱেক দিপালী দাসক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ।\nচিচিবৰগাঁৱত পথৰ ওপৰত বাগৰিছে পানী, বান পৰিস্থিতি অধিক শোচনীয়\nস্বামী যোগানন্দ গিৰি মহাবিদ্যালয়, শক্তি আশ্ৰমৰ "নৱাগত আদৰণি সভা" উদ্যাপন\n৫৪ সংখ্য এ টি পি এ শ্বিল্ডঃ ভূলুন্ঠিত বি এছ এফ জলন্ধৰ, চেমিত অসম পুলিচ ব্লুজ\nনিকা পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতি আশাবাদী বিধায়িকা আঙুৰলতা, দুৰ্নীতিৰ তথ্য দিলে নগদ পুৰস্কাৰ!\nশিৱসাগৰত চি পি আইৰ গণ বিক্ষোভঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী\nবৰদিনৰ উপহাৰ! ৰে'লযাত্ৰীক নিয়ন্ত্ৰণ কৰিব বাউন্সাৰে!
296edfb2ea293a7a0e8fe11ec6453e4f8411e0e75f208efe32d83b2e0c6c62dc
দেশত ক'ৰোনা সংক্ৰমণৰ ঘটনা বন্ধ হোৱা নাই, বিপৰীতে দিনে দিনে আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে। ভাৰতত বিগত ২৪ ঘণ্টাত ২.৫ লাখতকৈও অধিক কৰোনা সংক্ৰমণৰ ঘটনা আৰু ১৫০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশত যোৱা ২৪ ঘণ্টাত ২,৫৯,১৭০ টা নতুন আক্ৰান্তৰ ঘটনা আৰু ১৭৬১ জনৰ মৃত্যু হোৱাৰ বাতৰি দিছে। নতুন ঘটনা অহাৰ পিছত মঙলবাৰে সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১,০২,৬৪৮জনলৈ বৃদ্ধি হয়। বৰ্তমান ভাৰতত ২০,৩১,৯৭৭ জন সক্ৰিয় ক'ৰোনা আক্ৰান্ত ৰোগী আছে। বিগত ২৪ ঘণ্টাত ১,৫৪,৭৬১ জন লোক আৰোগ্য হয়। দেশত কৰোনাৰ ফলত মৃত্যুৰ সংখ্যা এতিয়ালৈকে ১,৮০, ৫৩০ ত উপনীত হৈছে। Mohfwৰ মতে, এতিয়ালৈকে দেশত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,৫৩,২১,০৮৯। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
01a2a30b7ab6e391dc15afec2e86809de9ba83743717a3c0acd456658e67b7b9
টংলা বড়োলেণ্ড ছহিদ সোঁৱৰণি বেডমিন্টন প্ৰতিযোগিতা সমিতিৰ উদ্যোগত আৰু এবছুৰ টংলা গোটৰ সহযোগত ওদালগুৰিৰ টংলাৰ চমুৱাপাৰা প্ৰাথমিক বিদ্যালয় চৌহদত দুদিন ধৰি চলিবলগীয়া সদৌ অসম নন্ ৰেংকিং বেডমিন্টন প্ৰতিযোগিতা-২০১৭' খন শনিবাৰে সন্ধিয়া মুকলি কৰা হয়। ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে ওদালগুৰিৰ জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই। ইয়াৰ আগেয়ে বড়োলেণ্ড জনজাতি সৰক্ষা মঞ্চ আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে বড়ো আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত বিজয়ীয়ে নগদ ২০,০০০ টকা আৰু ৰাণাৰ্চ আপে ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। তদুপৰি, নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণ পত্ৰও দিয়া হ'ব। পুৰুষৰ দ্বৈত শাখাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত প্ৰতিযোগীয়ে অংশগ্ৰহণৰ বাবে দেখুওৱা ব্যাপক সঁহাৰিয়ে আয়োজকক উৎসাহিত কৰি তুলিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
03c5c7835fd811f6d0b172183c347d9eb75b0864b95dd8ec831fc102e1bdebec
দেৱালী দিনাই কেবিনেটত ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত -\nHomeআঞ্চলিকদেৱালী দিনাই কেবিনেটত ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত\nদেৱালী দিনাই কেবিনেটত ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত\nগুৱাহাটী : আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু যোগেন মহনে। এপিএছইৰ সলনি এতিয়াৰ পৰা মুখ্য সচিবৰ নেতৃত্বাধীন এক কমিটিয়ে স্বাস্থ্য বিভাগৰ সঞ্চালক, যুটীয়া সঞ্চালক আদিক নিযুক্তি দিব বুলি কেবিনেটত সিদ্ধান্গ গ্ৰহণ কৰে।\nকেবিনেটত লোৱা সিদ্ধান্তসমূহক লৈ মন্ত্ৰী যোগেন মোহনে কয়, "ৰাজহ বিভাগত বিগত সময়ত ভূমি আবণ্টন লাভ কৰা ২ লাখ লোকে ম্যাদি পত্তাৰ বাবে আৱেদন কৰিব পাৰিব। পূৰ্বে আবণ্টন ৩ বছৰৰ পাছত হে ম্যাদি পতা দিয়াৰ নিয়ম আছিল।" ইয়াৰ উপৰি মিছন বসুন্ধৰা আঁচনিৰ পৰ্টেলত ১ লাখ ৬৮২ খন আৱেদন কৰিছে। ৰাজ্যত ২০০ খন ৰাজহ আদালতৰ দ্বাৰা কাম চলি আছে। একচনীয়া মাটিৰ ক্ষেত্ৰতো মিছন বসুন্ধৰা যোগেদি ৰাইজ উপকৃত হ'ব। ট্ৰাইবেল বেল্টৰ ভূমিৰ বাবে জিলা উপায়ুক্তই ছেল্ফ পাৰ্মিচন দিব পাৰিব বুলি উল্লেখ কৰে।\nইপিনে মন্ত্ৰী কেশৱ মহন্তই কয়, "নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীসকলক এককালীন সাহাৰ্য্য ১৫ হেজাৰ টকাকৈ দিয়া হ'ব। কমিটীয়ে স্থায়ীভাৱে নিয়োগ কৰা নামঘৰীয়া আৰু পূজাৰী হ'ব লাগিব। ৫ বছৰ এই বৃত্তিত নিয়োজিত হ'ব লাগিব। লগতে নূন্যতম বয়স ৪০ বছৰ হ'ব লাগিব।" প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ বাবে ফুড চিকউটিৰ স্কীমৰ দ্ধাৰা ৰেচন প্ৰদান কৰিব। এখনকৈ কাৰ্ড তেওঁলোকক দিয়া হ'ব। চাহ শ্ৰমিকসকললৈ মেডিকেলৰ কোটা হিচাপে মেডিকেল পঢ়িবলৈ ২৪ জন ছাত্ৰই সুবিধা পাব। ইয়াৰে ব্ৰহ্মপুত্ৰত উপত্যকাত ১৮ জন আৰু বৰাক উপত্যকাত ৬ জন ছাত্ৰ।\nঅহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ এসপ্তাহৰ কাৰ্যসূচীৰে ভেকচিনৰ বাবে ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী আৰু মুখ্য সচিৱ আৰু মন্ত্ৰী, বিধায়কৰ লগতে বিষয়াসকলে এটা এটা ভোটকেন্দ্ৰেত ৰাইজে ভেকচিন লাভ কৰিছে নাই খবৰ ল'ব।\nমাইক্ৰফাইনেঞ্চৰ ঋণৰ আঁচনিৰ ধন বেংকৰ লগত লেনদেন কৰি থকা সকললৈ নৱেম্বৰৰ ২৮,২৯ আৰু ৩০ তাৰিখে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হ'ব। ৯ খন জিলাত প্ৰথমে চেক বিতৰণ কৰা হ'ব। প্ৰতিমাহে ৮-৯ খনকৈ জিলাত ১১ লাখ মহিলাক এই আঁচনী প্ৰদান কৰা হ'ব। (শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, মাজুলী, ডিমা হাচাও, ৱেষ্ট কাৰ্বি আংলং)\nPrevious articleপ্ৰথম দৃষ্টিতেই প্ৰেম! ৭১ বছৰীয়া বৃ্দ্ধাক বিয়া কৰালে ১৮ বছৰীয়া যুৱকে\nNext articleসুৰাপান কৰি মৃত্যুমুখত পৰিল ৮ জনকৈ লোক! ক'ত?
b0e706de740cc4c6c21f917a41cedfd9924bc267fd22fbe0f383510279bfcb9e
মানৱ যন্ত্ৰ (কল্প বিজ্ঞান ভিত্তিক গল্প)- (জ্যোৎস্না ৰাজখোৱা শৰ্মা) - সাহিত্য ডট অৰ্গ\nমানৱ যন্ত্ৰ (কল্প বিজ্ঞান ভিত্তিক গল্প)- (জ্যোৎস্না ৰাজখোৱা শৰ্মা)\n:জিউ অ' জিউ!\nজিউ অ' জিউ!!\nকাৰোবাৰ মাতত ডলি সাৰ পাই উঠিল। ডলিক আইতাকৰ বাহিৰেতো কোনেও জিউ বুলি নেমাতে। কিন্তু আইতাক ঢুকোৱাতো পঞ্চাছ বছৰৰো ওপৰ হ'ল! ডলী বিচনাতে বহিল। বিচনাখনৰ সিটো মূৰে চানি শুই আছে। তাৰ নাকৰ কৰ্কশ শব্দই তাইৰ কৰ্ণপটত আঘাত কৰিছে। তাক জগাই কিবা ক'বলৈয়ো সি আজি একচেঞ্জ অফাৰ পাই তাৰ হৃদয়খন সলাই আহিছিলগৈ। আগৰ হৃদয়খন অলপ ভাগিছিল যদিও, তাইৰ লগত এডজাষ্ট কৰি চলি আছিল। কিন্তু আজি হৃদয়খন সলাই অহাৰ পিছত তাই তাক পৰ্যবেক্ষনত ৰাখিছে। কেনেকুৱা হৃদয় এখন আনিলে বা!! যিমানেই যান্ত্ৰিক নহওক কিয় সিহঁত মানুহেইতো!!\nচানিৰ নাকৰ শব্দই ডলীক অতিষ্ঠ কৰি তুলিলে। তাই বিচনাখনৰ পৰা নামি লাহে লাহে কন্ট্ৰ'ল ৰূমৰ ফালে গ'ল। ৰিম'টৰ সহায়ত লাহে লাহে তাৰ নাকৰ শব্দটো কন্ট্ৰ'ল কৰিলে। তাই তাৰ নাকৰ কৰ্কশ শব্দটো আইতাকে সৰুতে তাইক শুৱাওতে গোৱা" আমাৰে মইনা শুৱ এ এ............" নিচুকনি গীতটোৰ সুৰলৈ ৰূপান্তৰ কৰিলে।\nডলী বিচনাখনত আকৌ বহি ল'লে। বেৰত জিলিকি উঠিল তাইৰ ৰুটীনখনৰ মতে জিৰাবলৈ আৰু এঘণ্টা আছে। তাই পিঠিত থকা অক্সিজেনৰ বটলটো সন্মুখলৈ আনি চালে। আৰু অলপ আছে। জিৰোৱা হোৱাৰ পিছত সলালেও হ'ব। চানিৰ নাকৰ শব্দটো গীতৰ সুৰলৈ ৰূপান্তৰিত হোৱাৰ পিছত ডলী যেন অতীতলৈ ঘূৰি গ'ল। তাইৰ এই জীৱন সহ্য নোহোৱা হৈ গৈছে। এই যান্ত্ৰিক জীৱন!!\nকিমান ভাল আছিল সেই দিনবোৰ!! সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া! আইতাক মনিমালাই তাইক বাৰু কম মৰম কৰিছিলনে! কিমান কথা যে পাতিছিল! মাকতকৈ তাই আইতাকৰ লগতেই বেছি ভাল পাইছিল। কেৰিয়াৰক বেছি প্ৰাধান্য দিয়া মাকৰ সেই শব্দবোৰ মনলৈ আহিলে এতিয়াও তাইৰ ব্ৰেইনৰ চাৰ্জ কমি যায়। হাঁহি এয়াৰ মেচিনটোত কৈ যায় কাৰোবাক" আমি উইকএণ্ডত লগ পাওঁ। হৈ যায় হৈ যায়! চব!!"\nআই অ' দেহি তাইৰ যে গোলো-মোলো আইতাকজনী! ডলী আচৰিত হৈ গ'ল। ক'ৰ পৰা আহিল এই 'আই অ' দেহি' শব্দটো? নাই তাইৰ আৰু চাৰ্জ কৰি জানিবৰ মন যোৱা নাই। আছিল চাগৈ ষ্ট'ৰ হৈ মেমৰী'ত! তাইৰ দেহৰ মেচিনৰ কৃপাত অৰিজিনেল পাৰ্টছবোৰ সলাব লগা হোৱা নাই। হয়তো তাইৰ পূৰ্বপুৰুষৰ জিনবোৰ ষ্ট্ৰং আছিল!!\nচকুৰ আগত আকৌ আইতাকজনীহে ভাঁহি আহিলঃ বুজিছা জিউ, মই যে এতিয়া ইমান শান্ত, পঢ়ি থাকোতে এনেকুৱা নাছিলোতো!\nডলীক আইতাকে বহুত দিন কৈছে। মাক বা তাই ৰিডিং ৰূমতে ষ্টাডি কৰাৰ দৰে আইতাকহঁতে ঘৰৰ ভিতৰতে ষ্টাডি কৰাৰ সুবিধা পোৱা নাছিল। কিতাপ-বহী নামৰ কিবা আছিল আৰু সেইবোৰ লৈ এঠাইতে বহুতো মানুহে পঢ়িছিল। আইতাক যে ইমান আবেগিক হৈ পৰিছিল। "লগৰ বোৰ লগৰ বোৰ" কৈ ফ্ৰেইণ্ডছ্ বোৰৰ কথা কৈ থাকোঁতে ডলীৰো ভাল লাগি গৈছিল। আইতাক বিৰাট ৰোমান্তিক আছিল। মনে মনে কবিতা লিখি বহীৰ পাতবোৰ শেষ কৰিছিল। লগৰ ছোৱালীৰ লগত চাইকেল নামৰ এবিধ যন্ত্ৰত উঠি খুউব ঘূৰি ফুৰিছিল। আইতাকৰ মুখত শুনি আইতাকৰ বান্ধৱীবোৰৰ নামবোৰ তাইৰ মেম'ৰীত ষ্ট'ৰ হৈ থাকি গ'ল - দিপীকা, জ্যোৎস্না, ৰূপান্বিতা, ভাৰতী, মাইনু, মমতা, মঞ্জুলা, জোনালী, ৰূপালী! কি যে অদ্ভূত নামবোৰ আছিল!!\nডলীয়ে চানিলৈ চালে। শোৱাৰ আগতে তাৰ ব্ৰেইনত চাৰি ঘণ্টা জিৰোৱাৰ এলাৰ্ম এডজাষ্ট কৰি থৈছিল। সেই হিচাবত আৰু দুঘণ্টা। শোৱাৰ পৰা উঠিয়ে ৰেচন প্ৰক্ৰিয়াৰ বাবে পাইপ ফিট কৰি ফ্ৰেছ হৈ ল'ব দিনটোলৈ। ষ্ট'ৰ ৰূমৰ ছেলফত থকা ব্ৰেকফাষ্টৰ টেমাটোৰ পৰা এটা টেবলেট খাই চিধা লেব'ৰটৰীত সোমাবগৈ। কি যে মানুহটো!! কি লাগে আৰু সিহঁতক! সিহঁতে মৃত্যু জয় কৰিছে। মানুহ নামৰ জীৱটোৰ প্ৰতিটো অংগৰে নিখুঁতভাৱে মেৰামতি কৰি কৰি সিহঁতে আইতাকৰ মুখত শুনা সাধু কথাৰ অসুৰ বোৰে ভগৱান নামৰ অতি কিবা এটাৰ পৰা বিচৰা "অমৰত্ব" সিহঁতে লাভ কৰিছে।\nসময় হিচাপে তাইৰ আজি এশ পঞ্চাছ বছৰ আঠ মাহ এক সপ্তাহ পাঁচ দিন তেইশ ঘণ্টা পঞ্চলিছ মিনিট আৰু পচপন্ন ছেকেণ্ড। বেছিদিন তাই এই মানৱ যন্ত্ৰটো কঢ়িয়াই নুফুৰে। মাত্ৰ এক আলোকবৰ্ষ! তাই নিজেহে কথাটো ভাবি থৈছে।\nতাই আইতাকৰ লগত থাকোঁতে আজিৰ দৰে খোৱা টেবলেটৰ ব্যৱস্থা নাছিল। আইতাকৰ লগত ভাত, ৰুটী আদি বস্তুবোৰ খাইছিল। খোৱাৰ টেষ্টটো মেম'ৰীত ৰৈ গৈছে। আজিকালি সেইবোৰ নাই। প্ৰয়োজনীয় সকলো উপাদান মিলাই দেহৰ বাবে লগা পৰিপুষ্টিৰ টেবলেট বনাই টেমা বোৰত সংৰক্ষণ কৰি ৰখা হৈছে। যাক যেতিয়া প্ৰয়োজন এটা এটা ল'লেই হৈ গ'ল।\nএদিনৰ কথা যে মনত পৰিলে ডলীৰ হাঁহি নামৰ অনুভূতিটোৱে হৃদয় খনত খুন্দা মাৰি ধৰেহি। সেইদিনা ককাকে সৰু সৰু এটা জীৱ আনিছিল। আইতাকে "এই সৰু মাছ বোৰ কিয় আনা? মই বাচিব নোৱাৰোঁ দেই! তুমি খাবলৈ ভাল পোৱা বাবেই এনেকৈ সদায় নানিবাচোন।... আৰু সৰিয়হ বতা দি? হে প্ৰভু! কাৰেণ্ট নাই মিক্সিটো চলাবলৈ! পটাত পিচি মই তোমাক চৰ্চৰি খুৱাব নোৱাৰো দেই!"\nতাৰ পিছৰখিনি ডলীৰ মেম'ৰীৰ পৰা ডিলিট হৈ গ'ল।\nঅতীতৰ আৱেষ্টনীত সোমাই থাকোঁতেই ডলীৰ নিৰ্দ্ধাৰিত ৰেষ্টৰ সময়খিনি পাৰ হৈ গ'ল ডলীয়ে গমেই নেপালে। তাই পাহৰিয়ে থাকিল তাইৰ অক্সিজেনৰ বটলটো যে সলাবৰ হৈ আছিল। তাই চানিক মাতিব ধৰিও নেমাতিলে। এতিয়া তাক মাতিও লাভ নাই। সি নিৰ্দিষ্ট সময়ৰ আগতে উঠিব নোৱাৰে। তাইৰ আবেগ নামৰ অনুভূতিটোৱে হৃদয়খন কঁপাই তুলিলে আৰু চকু নামৰ অংগটোৰে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। তাই অলপ আঁতৰত থকা টেবুলখনৰ ওপৰৰ পৰা অক্সিজেনৰ বটলটো আনিবলৈয়ো শক্তি নোহোৱা হ'ল। আইতাকৰ মুখত শুনা অতি কিবা শক্তি থকা সেই ভগৱানৰ কথা মনলৈ আহিল। তাই মুখৰে বিৰবিৰালে - "হে ভগৱান"!\nনিৰ্দিষ্ট সময়ত চানি শোৱাৰ পৰা উঠিল। কাষত ডলীক শুই থকা অৱস্থাত দেখি আচৰিত ভাৱ জাগি উঠিল। ডলীৰটো এইখিনি সময় বেলেগ কামত নিৰ্দিষ্ট কৰি থোৱা আছিল। আগদিনা সি এখন বেলেগ হৃদয় সলাই আনিছিল। হৃদয়খনত ডলীৰ আইতাকৰ এটা পাৰ্ট ইনষ্টল কৰি আনিছিল, যিটো পাৰ্টত ডলী সোমাই আছিল। সি জানিছিল ভালপোৱা অনুভূতিটো ডলীৰ আইতাকৰ লগত বেছি সাঙোৰ খাই আছিল। সি তাইক ভাল পোৱা অনুভূতিটোতকৈয়ো বিচাৰিছিল ডলীৰ হৃদয়খনত অকল তাৰ অনুভূতিৰে সম্পূৰ্ণ হৈ থাকক! সি শোৱাৰ সময়ত প্ৰেকটিছ কৰিছিল আইতাকে ডলীক মতা মাতটোৰে "জিউ"!\nচানি ডলীৰ কাষ চাপি আহি পালচ্ চাই চিঞৰি উঠিল "অহ্ ন'!!!"\nবিষাদ নামৰ অনুভূতিটোৱে হৃদয়খন চানিৰ তোলপাৰ কৰি দিলে। প্ৰথমতে শ্ল' মোচনত আৰু তাৰ পিচত ফাষ্ট ফাষ্ট ফাষ্ট ......\nএটাও জীৱ নথকা ঘৰখনত চানি অনন্ত সময়লৈকে নেথাকে! চানিয়ে সিদ্ধান্ত লৈ পেলালে মুহূৰ্ততে। সি ডলীৰ ইনভেলিদ ব'ডীটো লৈ লেব'ৰটৰীত সোমালগৈ। সি আকৌ নতুন গৱেষণা আৰম্ভ কৰিব। ডলীক তাক ঘূৰাই লাগে। "জিউ মই তোমাক বিচাৰোঁ। তুমি অবিহনে মই জিৰ'! মই তোমাক ঘূৰাই আনিম নহ'লে মই শেষ হৈ যাম। অনন্ত জীৱন মই কেনেকৈ কটাম?"\nচানিয়ে চকুদুটা মুদি যেন কাৰোবাক কিবা ক'বলৈ বিচাৰিলে। অসহায় চানিয়ে যেন কাৰোবাৰ সহায় বিচাৰিলে। সেয়াই নেকি বাৰু ডলীৰ আইতাক মনিমালাৰ "হে ভগৱান"!\nহয়তো হ'ব পাৰে। আজি চানিয়েও যেন সহায় বিচাৰিলে "হে ভগৱান, মোক সহায় কৰা।"\n← কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ- (মেঘালী দিহিঙীয়া)\nসাহিত্য চৰ্চা- (দীপাঙ্ক বৰা) →\nমাজনিশাৰ আঁচনি (প্ৰতিম প্ৰতাপ বৰুৱা)
c41577371809e0633160afcd37860614d186aa0dbbaf9640232643889e0f0153
ডিজিটেল ডেস্কঃ আকৰ্ষণীয় হৈ পৰিছে ছাউথাম্পটনত চলি থকা চতুৰ্থখন টেষ্ট। খেলখনৰ আজি তৃতীয় দিনা দ্বিতীয় ইনিংছত ২৩৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে ঘৰুৱা দল ইংলেণ্ডে। কালিৰ ৪ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ৬ ৰানৰ পৰা খেল আৰম্ভ কৰি আজি জ'ছ বাটলাৰৰ ৬৯ আৰু অধিনায়ক জো ৰুটৰ ৪৮ ৰানৰ সহায়ত ইংলেণ্ডে ৮ উইকেট হেৰুৱাই ৯১.৫ অভাৰত ২৬০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ ছামীয়ে ৩টা, ইশান্ত শৰ্মাই ২টা আৰু যশপ্ৰীত বুমৰাহ, আৰ অশ্বিন প্ৰত্যেকে এটাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে ইংলেণ্ডৰ প্ৰথম ইনিংছৰ ২৪৬ ৰানৰ পিছত শ্বেতেশ্বৰ পূজাৰাৰ শতকৰ সহায়ত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ২৭৩ ৰান।
dd5b7d59e6f5fe384976d7ed437e61325d5e0bbe26b3c84d0fa190ebce9a8df1
শৈক্ষিক গোট, জ্ঞানম, কামৰূপৰ তৰফৰপৰা কোভিড-১৯ অতিমাৰীত আমাৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তি সকলৰ আত্মাৰ চিৰশান্তি আৰু আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ব্যক্তিসকলৰ আশু-আৰোগ্য কামনা কৰিলোঁ। দুমহীয়া ই- আলোচনী 'জ্ঞানম'ৰ - এবছৰীয়া এক স্মৰণীয় যাত্ৰা .................। আমাৰ এই যাত্ৰা পথৰ সংগী, শুভাকাঙ্ক্ষী সকললৈ যাচিছোঁ সশ্ৰদ্ধ প্ৰণিপাত । আপোনালোক অবিহনে জ্ঞানমৰ যাত্ৰা স্থবিৰ। আহক, এবাৰ উভতি চাওঁ ......... ২০২০ চনৰ ১৬ আগষ্ট তাৰিখটোলৈ । এই বিশেষ দিনটোতে 'জ্ঞানমে' দিছিল নিজ যাত্ৰাৰ প্ৰথম খোঁজ। কোভিড-১৯ অতিমাৰীৰ সংক্ৰমণৰ এক সংকটপূৰ্ণ পৰিস্থিতিৰ সময়তে কামৰূপ জিলাৰ এচাম উদ্যমী শিক্ষকৰ মাজত বৈদ্যুতিন মাধ্যমত দুপৰীয়া ১২ঃ০০ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ অনুষ্ঠিত হৈছিল এখনি আলোচনা সভা । উদ্দেশ্যঃ কামৰূপ জিলাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজৰ সৃষ্টিশীলতা তথা বৌদ্ধিক চিন্তাধাৰাৰ বিকাশ আৰু শৈক্ষিক ক্ষেত্ৰখনত কিছু ধনাত্মক চিন্তাৰ অৰিহণা যোগোৱা । সিদ্ধান্ত হৈছিল- দুমহীয়া ই-আলোচনী এখন প্ৰকাশ কৰাৰ । কথামতে কাম, লগে-লগে শিক্ষক সকলৰ মাজত দায়িত্বসমূহ ভগাই লৈ ৫ ছেপ্তেম্বৰ, ২০২০ তাৰিখে 'শিক্ষক দিৱস'ৰ দিনা দুমহীয়া ই- আলোচনী 'জ্ঞানম্'ৰ শুভ উন্মোচনৰ পৰিকল্পনা যুগুত কৰা হয়। আলোচনামৰ্মে নাম ৰখা হ'ল 'জ্ঞানম্' । এক স্বকীয় পৰিচয় দিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তুত কৰা হয় এটি সুন্দৰ অর্থবহ প্ৰতীক। লগে লগে আৰম্ভ হয় লেখা বিচাৰি জাননী/বিজ্ঞাপন প্ৰচাৰ আদি যাৱতীয় প্ৰস্তুতি। ২ ছেপ্তেম্বৰ, ২০২০ঃ শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ পূৰ্ণতাৰ দিন : শ্ৰদ্ধাৰ মুখ্য উপদেষ্টাদ্বয় - শ্ৰীঅপূৰ্ব ঠাকুৰীয়া, ( জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়ক, সমগ্ৰ শিক্ষা কামৰূপ ), শ্ৰীমাধৱ চন্দ্ৰ ডেকা, (বিদ্যালয়সমূহৰ পৰিদৰ্শক, কামৰূপ ); শ্ৰদ্ধাৰ উপদেষ্টাত্ৰয়- শ্ৰীপৰেশ বৈশ্য,( অৱসৰপ্ৰাপ্ত অধ্যক্ষ, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ); ড° গণেশ্বৰ চহৰীয়া, (অৱসৰপ্ৰাপ্ত অধ্যক্ষ, হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়); শ্ৰীৰজত চন্দ্ৰ ভৰালী, (প্ৰধান শিক্ষক, হাজো বালিকা মজলীয়া বিদ্যালয়) আৰু সন্মানীয় সদস্য সকলৰ লগত আয়োজিত সাধাৰণ সভাত জন্ম লাভ কৰে 'শৈক্ষিক গোট, জ্ঞানম', কামৰূপে। উক্ত সভাত সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত শৈক্ষিক গোট, জ্ঞানম, কামৰূপে দুমহীয়া ই- আলোচনী 'জ্ঞানম্'ৰ প্ৰকাশৰ সিদ্ধান্ত লয় । ৫ ছেপ্তেম্বৰ, ২০২০ : এটি স্মৰণীয় দিন । সেইদিনা কামৰূপ জিলাৰ উপায়ুক্ত সন্মানীয় শ্ৰীযুত কৈলাশ কাৰ্ত্তিক এন মহোদয়ে উন্মোচন কৰে প্ৰথম সংখ্যা 'জ্ঞানম'। এইদৰে শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশ কৰা এই 'জ্ঞানম' দুমহীয়া ই-আলোচনীখন হ'ল কামৰূপ জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ পৰা প্ৰকাশ হোৱা প্ৰথমখন বৈদ্যুতিন আলোচনী। ১০ অক্টোবৰ, ২০২০ঃ কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ৰ অনুমোদনমৰ্মে সমগ্ৰ শিক্ষা, কামৰূপৰ উদ্যোগত আৰু জিলা মিছন সমন্বয়ক শ্ৰীযুত অপূৰ্ব ঠাকুৰীয়া মহোদয়ৰ নেতৃত্বত শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ সদস্যসকলে সৃষ্টিশীল চিন্তাৰে উপায়ুক্ত কাৰ্যালয় (পুৰণি কাৰ্যালয়) ৰ বেৰত প্ৰস্তুত কৰা 'শিকণ কোণ (Learning Corner)উন্মোচন কৰে কামৰূপ জিলাৰ শ্ৰদ্ধাৰ উপায়ুক্ত শ্ৰীযুত কৈলাশ কাৰ্ত্তিক এন মহোদয়ে। ১৪ নৱেম্বৰ ২০২০ঃ শনিবাৰে উত্তৰ-গুৱাহাটীৰ অভয়পুৰস্থিত 'শিশুগ্ৰাম'ৰ অনাথ-আশ্ৰমত শিশু দিৱস উদযাপন কৰা হয়, তথা শৈক্ষিক গোট 'জ্ঞানম', কামৰূপৰ উদ্যোগত আৰু সমগ্র শিক্ষা কামৰূপৰ সহযোগিতাত প্ৰকাশ পোৱা 'জ্ঞানম' ই-আলোচনীখনিৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাটিৰ উন্মোচনৰ বাবে এখনি সভাৰ আয়োজন কৰা হয়। উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে আউনীআতি সত্ৰৰ বৈষ্ণৱ গুৰু অতুল চন্দ্ৰ ভূঞা ডাঙৰীয়া প্ৰমুখ্যে আই.আই.টি., গুৱাহাটীৰ প্ৰবক্তা তথা 'Help to Help' গ্রুপৰ সদস্য ড° ভূপেন ডেকা ছাৰ; 'শিশুগ্ৰাম'ৰ তত্বাৱধায়িকা পূৰবী বৰঠাকুৰ শৰ্মা বাইদেউ; Help to Help গ্রুপৰ সভাপতি নীলকান্ত নাথ ডাঙৰীয়া ; আই.আই.টি., গুৱাহাটীৰ প্ৰবক্তা ড° শ্ৰীনিবাস কৃষ্ণস্বামী ছাৰ আদি । উক্ত অনুষ্ঠানত কোভিড পৰিস্থিতিত শিশু সকলক বৌদ্ধিক দিশে আগুৱাই লৈ যাবলৈ আগবাঢ়ি অহা শৈক্ষিক গোট 'জ্ঞানম'ৰ প্ৰশংসা কৰি বিভিন্ন সু-পৰামৰ্শৰে আমাক উপকৃত কৰে বিশিষ্ট ব্যক্তিসকলে । সেই অনুষ্ঠানত শিশুসকলৰ মাজত বেগ, কিতাপ, টুপী, মাস্ক আদি বিতৰণ কৰা হয়। মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়া মহাশয়ে শিশুসকলৰ শিক্ষা, স্বাস্থ্য, তথা সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ ওপৰত দুআষাৰ কয় । শিশুসকলক অভিভাৱকে সময় দিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে । তেখেতে এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰাৰ ওপৰত জোৰ দিয়ে । এইক্ষেত্ৰত 'জ্ঞানমে' সদায় উদাৰ দৃষ্টিকোণেৰে আগবাঢ়ি যাব বুলি তেওঁ উনুকিয়ায় । তাৰপিছতে ড° গণেশ্বৰ চহৰীয়া মহাশয়ে বৰ গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰি কয় যে, "মোক যিখিনি লাগে, তোমাৰ যিখিনি থাকে, সেয়া যদি সীমাৰ ভিতৰত থাকে ; পৃথিৱীত কেতিয়াও অশান্তি নহয়।" ৯ জানুৱাৰী-২০২১ তাৰিখ, শনিবাৰঃ 'জ্ঞানম' ই-আলোচনীৰ তৃতীয় সংখ্যাটি উন্মোচন কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াই। আলোচনী উন্মোচন অনুষ্ঠানৰ প্ৰাক্ মুহূৰ্তত কামৰূপ জিলাৰ শিক্ষকসকলৰ মাজত 'অসমীয়া ভাষাৰ কালিকা' শীৰ্ষক এখন শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰা হয়। জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মাননীয়া ভাৰতী কলিতা বাইদেৱে অসমীয়া ভাষাৰ বৰ্ণাশুদ্ধিৰ বিষয়ে অনুষ্ঠিত কৰ্মশালাখনি উন্মোচন কৰি অনুষ্ঠানটিৰ সফলতা কামনা কৰে। কৰ্মশালাখনিৰ সমল ব্যক্তি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা, বিশিষ্ট ভাষাবিদ, বিভিন্ন বঁটাৰে বিভূষিত ড° উপেন ৰাভা হাকাচাম ডাঙৰীয়াই খুব ৰসাল আৰম্ভণিৰে 'শিক্ষা' শব্দৰ পৰাই তেওঁ ভাষাৰ আলোচনা আৰম্ভ কৰে। তেওঁ কয় যে ব্ৰিটিছসকলে অসমীয়া ভাষাক কালিকা থকা অৰ্থাৎ এটি স্বতন্ত্ৰ ভাষা ৰূপে স্বীকৃতি দিব বিচৰা নাছিল, অসমীয়া ভাষাক বাংলাৰ অপভ্রংশ বুলিহে ক'ব বিচাৰিছিল। সেইসময়ত আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে কেইগৰাকীমান অসমৰ সু-সন্তানে বহুত কষ্টৰ বিনিময়ত ভাষাটোক স্বীকৃতি দিয়াইছিল । অসমীয়া ভাষাৰ বহুত শব্দ সংস্কৃতৰপৰা ধাৰ কৰা । তেওঁ উল্লেখ কৰে যে, আমি অসমীয়াৰ লগত ইংৰাজী শব্দ মিহলাই কোৱাতো যিদৰে ভুল, তেনেদৰে অসমীয়াৰ লগত সংস্কৃত মিহলি কৰাও দোষ। তেওঁ কয় যে এটা অঞ্চলৰ ভাষাৰপৰা আনটো অঞ্চলৰ ভাষা বিভিন্ন কাৰণত ভিন্ন হয় । সেয়ে আমি যি অঞ্চলত বাস কৰোঁ, তাৰ ভাষা বুজি সেই অনুসৰিহে ছাত্ৰ-ছাত্ৰীসকলক বুজাব লাগে। যিকোনো এটা শব্দক ভুল বুলি ক'ব গ'লে তাৰ লগত আমি কোৱা অন্য শব্দও ভুল প্ৰমাণিত হ'ব পাৰে । ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ভাষা ভুল বুলি নকৈ তেওঁলোকৰটোও ৰাখি মান্যভাষাটো শিকাই দিবলৈ চেষ্টা কৰিব লাগে। অনুষ্ঠানত উপস্থিত থকা অভিনেতা চম্পক শৰ্মা ডাঙৰীয়াই কয় যে, শিক্ষকসকলৰ কৰণীয় বহুত আছে, কিয়নো শিক্ষকসকলৰ ওপৰতে দেশৰ ভৱিষ্যত প্ৰজন্ম নিৰ্ভৰ কৰে। শিক্ষক এগৰাকী অকল জ্ঞানী হ'লেই নহ'ব , ছাত্ৰ-ছাত্ৰীসকলক বুজাব পৰা কলাৰো অধিকাৰী হোৱাটো দৰকাৰ। ১৩ মাৰ্চ , ২০২১ তাৰিখ শনিবাৰঃ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত আওহতীয়া পাহাৰীয়া, দুৰ্গম, অসম মেঘালয় সীমান্তৱৰ্তী গড়ভাঙ্গা অঞ্চল, গুৱাহাটীৰ পৰা মাত্ৰ ১৬ কি.মি. দূৰত্বত অৱস্থিত, অথচ সাধাৰণ যোগাযোগৰ পৰা সম্পূৰ্ণ বিছিন্ন গড়ভাঙ্গা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত 'সামূহিক উৎসৱ' পালন উপলক্ষে আয়োজিত এক বাৰে-বৰণীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সন্মানীয় প্ৰধান সচিব তথা সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালক বি.কল্যাণ চক্ৰৱৰ্তী মহোদয়ে 'জ্ঞানম'ৰ ৪ৰ্থ সংখ্যাটো উন্মোচন কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন. ডাঙৰীয়া । জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা মিছন সমন্বয়ক অপূৰ্ব ঠাকুৰীয়া মহোদয়, সমগ্ৰ শিক্ষা, অসমৰ ৰাজ্যিক আঁচনি বিষয়া ড° চুমি বৰঠাকুৰ, ৰাজ্যিক প্ৰালোচক ৰমেন দাস,ৰাজ্যিক হিচাপ নিৰীক্ষক অশোক দাস, শিক্ষাবিদ পৰেশ বৈশ্য আৰু ড.গণেশ্বৰ চহৰীয়া ,ৰাণী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া লাচিত বসুমতাৰী, সমগ্ৰ শিক্ষা,কামৰূপৰ জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকল, শৈক্ষিক গোট, জ্ঞানম কামৰূপৰ সদস্য সকল তথা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক এম.মনিৰমন ডাঙৰীয়া প্ৰমুখ্যে গড়ভাঙ্গা অঞ্চলৰ শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰে । ১০ মে,২০২১, সোমবাৰঃ ই-আলোচনী জ্ঞানমৰ ৫ম সংখ্যাটি Virtual Meet যোগে উন্মোচন কৰে কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° মাধুৰ্যমণ্ডিত বৰুৱা দেৱে । উন্মোচকৰ বক্তব্যত তেখেতে আশা প্ৰকাশ কৰে, জ্ঞানম্ অকল কামৰূপ বা অসমতে সীমাবদ্ধ নাথাকি ভাৰতবৰ্ষ তথা বিশ্বৰ চুকে-কোণে সম্প্ৰসাৰিত হওক। ৫ জুন,২০২১ ৰবিবাৰঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী ৫ গৰাকীক ই-প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । সন্ধিয়া ৬.১৫ বজাৰ পৰা 'বনাঞ্চল পৰিস্থিতিতন্ত্ৰত বাঘ সংৰক্ষণৰ আৱশ্যকতা' শীৰ্ষক এখনি 'অনলাইন কৰ্মশালা' অনুষ্ঠিত কৰা হয় । সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড° অবিশেক হৰিহৰ , (বিজ্ঞানী, পেন্থেৰা, ইউ.এচ.এ. )আৰু ড° দীপাংকৰ লহকৰ,(পৰিচালক, বাঘ অধ্যয়ন আৰু সংৰক্ষণ বিভাগ, আৰণ্যক) । ১৪,১৫ আৰু ১৬ জুন,২০২১ : বৰ্তমান কোভিড-১৯ সৃষ্ট পৰিৱেশৰ মাজত বিদ্যালয়বোৰ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ - ছাত্ৰীসকলৰ মনৰ বতৰা লোৱাৰ সমান্তৰালকৈ কিবা এটা শিকোৱাৰ উদ্দেশ্যে শৈক্ষিক গোট, জ্ঞানম কামৰূপৰ উদ্যোগত তথা সমগ্র শিক্ষা কামৰূপৰ সহযোগত গ্ৰীষ্মকালীন তিনিদিনীয়া অনলাইন কৰ্মশালা অনুষ্ঠিত কৰা হয় । বিষয়ঃ হস্তকলা,ধেমালিৰ মাজেৰে বিজ্ঞান আৰু ভাষাত উচ্চাৰণৰ শুদ্ধতা। ১ম দিন - ১৪ জুন,২০২১ঃ বিষয় : হস্তকলা। গধূলি ৫ বজাত Google meet ৰ জৰিয়তে অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাবে আমন্ত্ৰণ জনোৱা হৈছিল ৰাণুমা ৰাভা,( সহ-শিক্ষয়িত্ৰী, উপৰদানী উচ্চ মাধ্যমিক বিদ্যালয় ,ৰাণী), সুৰভি দাস,(শিক্ষয়িত্ৰী,কস্তুৰবা গান্ধী বালিকা বিদ্যালয়,গৰৈমাৰী, ছয়গাঁও) আৰু সংগীতা কাকতি, (মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, কমলপুৰ) । এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাখন উদ্ধোধন কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা মিছন সমন্বয়ক শ্ৰীঅপূৰ্ব ঠাকুৰীয়া দেৱে এই কৰ্মশালাবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ কিবা এটা শিকাৰ সুন্দৰ মঞ্চ বুলি অভিহিত কৰি তেখেতৰ উদ্বোধনী ভাষণেৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে । কৰ্মশালাৰ সমল ব্যক্তি ৰাণুমা ৰাভাই বৰ্তমান সময়ত যে মানুহৰ আটাইতকৈ জৰুৰী সামগ্ৰী মাস্ক , তাক সুন্দৰকৈ কোৱাৰ লগতে অতি সহজ পদ্ধতিত বিভিন্ন মাস্ক কেনেকৈ বনাব পাৰি শিকাই অংশগ্ৰহণকাৰী সকলৰ মন আকৰ্ষণ কৰে । সুৰভি দাস আৰু সংগীতা কাকতিয়ে পেলনীয়া সামগ্ৰীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযোগী বিভিন্ন লাগতিয়াল বস্তু তৈয়াৰ কৰিবলৈ শিকায় । ২য় দিন- ১৫ জুন,২০২১ -বিষয়- 'ধেমালিৰ মাজেৰে বিজ্ঞান' । ড° বিভূতি ৰঞ্জন ভট্টাচাৰ্য, (গৱেষক, দিল্লী বিশ্ববিদ্যালয় ),পল্লৱী পাঠক, (বিজ্ঞান শিক্ষয়িত্ৰী, শিঙিমাৰী পুখুৰীপাৰ,মধ্য ইংৰাজী বিদ্যালয়, ছয়গাওঁ) ; তীৰ্থ মণি ডেকা,( সহঃ শিক্ষক, পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়, কমলপুৰ) আদি সমল ব্যক্তিসকলে দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ মাহাত্ম্য সম্বন্ধে বিভিন্ন আমোদজনক কথাৰে ছাত্ৰ-ছাত্ৰীসকলক আপ্লুত কৰে । ৩য় দিন-১৬ জুন,২০২১ : ভাষাৰ উচ্চাৰণত শুদ্ধতাঃ উক্ত দিনা সমল ব্যক্তি পূবালী শইকীয়া দাস, (খোপনিকুছি প্ৰাথমিক বিদ্যালয়, হাজো); নয়নমণি দাস,( ১২৯৩ নং কাৰিগাওঁ প্ৰাথমিক বিদ্যালয়, চমৰীয়া); সুকন্যা ভৰদ্বাজ, (উপৰদানী হাইস্কুল, ৰাণী); কৃষ্ণা সোণোৱাল, (তাঁতিবামা আঞ্চলিক হাইস্কুল, ৰাণী); ৰূপাঞ্জলী দাস, (কালিপ্ৰসাদ দাস হাইস্কুল, ৰামপুৰ); মনবিনী দাস, (ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়, ছয়গাঁও) আদি সমল ব্যক্তি সকলে ক্ৰমে অসমীয়া, ইংৰাজী, হিন্দী ভাষাৰ শুদ্ধ উচ্চাৰণ তথা সততে হৈ থকা কিছু ভুল ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰে । কৰ্মশালাখনৰ যোগেদি সকলো ছাত্ৰ-ছাত্ৰী উপকৃত হোৱা বুলি জানিব পৰা যায়। ২০ জুন, ২০২১ : বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথি উপলক্ষে অনলাইনযোগে ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰথম তিনি গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক ই-চাৰ্টিফিকেট প্ৰদান কৰা হয়। জ্ঞানম্ৰ ১ম বৰ্ষৰ শেষ সংখ্যা ৬ষ্ঠ সংখ্যা প্ৰকাশৰ পথত। অহা ১০ জুলাই,২০২১ ত বৈদ্যুতিন মাধ্যমেৰে শুভ উন্মোচনৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । অনলাইন যোগে সম্পাদনা কৰা, অলংকৰণ, প্ৰকাশৰ বাবে লেখা সমূহ নিৰ্বাচন, ৱেবছাইটত উপলব্ধকৰণ , পিডিএফ সংস্কৰণ আদি কাৰ্যসমূহ সমাপন কৰাৰ ক্ষেত্ৰত সুচাৰুৰূপে নিজৰ নিজৰ দায়িত্ব পালন কৰা সমূহ সন্মানীয় সদস্য আৰু শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা আৰু উপদেষ্টামণ্ডলীৰ সু-দিহা-পৰামৰ্শেৰে যথা সময়ত প্ৰকাশৰ কাৰণে সাজু কৰি তোলাৰ বাবে সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ । আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ........। আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য। ফুলপাহি নাথ, দুমহীয়া ই-আলোচনী,'জ্ঞানম্' । শেহতীয়া জাননী (Notice)
d73f8d88dbf1017349ec69f44da4b5a60b1b4651c97a063f12621deb2c84e9b3
icc-cricket-world-cup-2019-rohit-sharma-press-conference-ms-dhoni-india-australia-match- News18 Assam\n'বলিদান' গ্ল'ভছ পিন্ধিবনে নাই ধোনীয়ে? কি ক'লে ৰোহিত শৰ্মাই?\nঅষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে হ'বলগীয়া খেলতহে গম পোৱা যাব ধোনীয়ে এই বেজযুক্ত গ্ল'ভছ পিন্ধিবনে নাই।\nUpdated:June 9, 2019, 10:53 AM IST\nদক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ প্ৰথমখন খেলত এম এছ ধোনীয়ে 'বলিদান' গ্ল'ভছ পিন্ধাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ICC-এ ধোনীৰ উক্ত গ্ল'ভছ আঁতৰোৱাৰ বাবে BCCIক অনুৰোধ জনোৱাৰ বিপৰীতে বহুসংখ্যক অনুৰাগী থিয় দিছে ধোনীৰ পক্ষত। এই সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ সহঃ অধিনায়ক ৰোহিত শৰ্মাই কয় যে এই বিষয়ে মই একো নাজানো, গতিকে কোনো মন্তব্য কৰিব নিবিচাৰো। ৰোহিতে কয় যে ধোনী দলৰ অধিনায়ক নহয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে হ'বলগীয়া খেলতহে গম পোৱা যাব ধোনীয়ে এই বেজযুক্ত গ্ল'ভছ পিন্ধিবনে নাই।\nউল্লেখযোগ্য যে চলিত বিশ্বকাপৰ প্ৰথমখন খেলত ধোনীয়ে পিন্ধিছিল সেনাৰ প্ৰতীক চিহ্ন থকা গ্ল'ভছ। ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে আই চি চিয়ে আপত্তি দৰ্শাই ধোনীৰ গ্ল'ভছৰ পৰা এই প্ৰতীক চিহ্ন আঁতৰাবলৈ অনুৰোধ জনাইছিল। বহু অনুৰাগীয়ে ধোনীক সমৰ্থন জনাই ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। এতিয়া আজিৰ খেলখনত ধোনীয়ে এই বেজযুক্ত গ্ল'ভছ ব্যৱহাৰ কৰিবনে নাই সেয়া লক্ষণীয় হ'ব। আজি অ'ভেলত অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেল।
0cd25ca1c0dea45a23a12a1e93b31818bd6457234e0ed6d6722d677df766ae54
1. তাৰ পাছত যিহোৱাই মোচিক কলে, 2. "তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া। 4. তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে তাকে কৰিলে, আৰু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সেইদৰেই কাৰ্য কৰি ছাউনিৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে। 5. যিহোৱাই মোচিক পুনৰায় ক'লে, 6. "তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, যেতিয়া কোনো এজন পুৰুষে হওঁক বা স্ত্ৰীয়েই হওঁক, যদি কোনোবাই মানুহে মানুহক কৰা পাপৰ দৰে কোনো পাপ কৰি যিহোৱাৰ অহিতে অপৰাধ কৰে, সেই জন ব্যক্তি দোষী হয়। 7. তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব। 8. আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিব লগীয়া, সেই জন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়শ্চিত্তৰ মতা মেৰটোৰ দ্বাৰাই তাক প্ৰায়শ্চিত্ত কৰা হ'ব, তেওঁৰ সেই দোষৰ বাবে যিহোৱাৰ উদ্দেশ্যে কৰিব লগা ক্ষতিপূৰণ পুৰোহিতে পাব। 9. আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিত জনৰ হ'ব। 11. যিহোৱাই মোচিক আকৌ কলে, 12. "তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, 'ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ'ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে; 13. অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ'ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰাত নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই, 14. আৰু নিজ পত্নী অশুচি হ'লে, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ'ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ'ব পাৰে। 15. তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য। 16. তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব। 17. আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব। 18. পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ'ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল'ব। 19. আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব, তেওঁ তাইক ক'ব লাগিব বোলে, "কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ'ব। 21. এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, 'তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব; 23. পুৰোহিতে জনে এইবোৰ শাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁ ধুই পেলাব লাগিব। 24. তাৰ পাছত পুৰোহিতে সেই শাও জন্মাওতা তিতা পানী তাইক পান কৰাব; তাতে সেই শাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ'ব। 25. পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব। 26. আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব; তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব। 27. আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম কৰি অশুচি হৈছে, তেন্তে সেই পানী খুউৱাৰ পাছত সেই শাও জন্মাওতা পানী তাইৰ পেটত সোমাই তিতা হ'ব। তাইৰ পেট উখহিব আৰু কৰঙন শুকাই যাব। আৰু তাই নিজ লোকসকলৰ মাজত শাওৰ বিষয় হ'ব। 28. কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ'ব আৰু গৰ্ভধাৰণ কৰিব। 29. এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি। 30. যেতিয়া কোনো মানুহৰ মন অন্তৰ্জ্বালাযুক্ত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি অন্তৰ্জ্বালাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব। 1. যিহোৱাই মোচিক ক'লে, 2. "তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, 'কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব, 3. তেতিয়া তেওঁ দ্ৰাক্ষাৰস আৰু সুৰাপানৰ পৰা নিজকে আতৰত ৰাখিব লাগিব। তেওঁ দ্ৰাক্ষাৰসৰ চিৰ্কা বা সুৰাৰ চিৰ্কা পান নকৰিব আৰু দ্ৰাক্ষাফলৰ পৰা চেপি উলিওৱা নতুন ৰসকো পান নকৰিব, বা কেঁচা কি শুকান দ্ৰাক্ষাফলো নাখাব। 4. তেওঁ মোৰ উদ্দেশ্যে পৃথকে থকা সকলো কালত, গুটিৰ পৰা বাকলিলৈকে দ্ৰাক্ষাফলৰে যুগুত কৰা কোনো বস্তু ভোজন নকৰিব। 5. আৰু ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব; যিহোৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয়মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব। 6. তেওঁ যেতিয়ালৈকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৱৰ ওচৰলৈ নাযাব। 7. তেওঁৰ পিতৃৰ বা মাতৃৰ, ককায়েকৰ বা ভনীয়েকৰ মৃত্যুৰ সময়ত, তেওঁ তেওঁলোকৰ কাৰণে নিজকে অশুচি নকৰিব, কিয়নো তেওঁৰ মূৰৰ দীঘল চুলি দেখি, তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে যে পৃথকে আছে সেই বিষয়ে সকলোৱে জানিব। 8. তেওঁ পৃথকে হৈ থকা সকলো কালত, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হৈ থাকিব। 9. আৰু যদি কোনো এজন মানুহৰ অকস্মাৎ তেওঁৰ ওচৰত মৃত্যু হয়, তেতিয়া তেওঁ তেওঁৰ নিজ পৃথকে থকাৰ চিন অশুচি কৰে। তেতিয়া তেওঁ শুচি হোৱা দিনা, নিজৰ মূৰ ক্ষুৰাব। সেয়া সপ্তম দিনাই তেওঁ নিজ মূৰৰ চুলি ক্ষুৰাব লাগিব। 10. অষ্টম দিনা তেওঁ দুটা কপৌ, বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব। 11. তেতিয়া পুৰোহিতে তাৰে এটা পাপাৰ্থক বলিস্বৰূপে, আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। তেতিয়া তেওঁ মৰা শৱৰ ওচৰত থকাৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; আৰু সেই দিনাই তেওঁ নিজকে পুনৰ পবিত্ৰ কৰিব। 12. তেওঁ নিজকে পুনৰায় যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকিব লাগিব। তেওঁ দোষাৰ্থক বলিস্বৰূপে এটা এবছৰীয়া মেৰ-ছাগ পোৱালি আনিব। কিয়নো তেওঁ পূৰ্বতে নিজকে অশুচি কৰালে সেই কাৰণে তেওঁ পূৰ্বতে নিজকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ'ব। 13. নাচৰীয়া লোক হৈ পৃথকে থকাৰ কাল পূৰ হলে, তেওঁ পালন কৰিব লগা বিধি এনে- তেওঁক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ অনা হ'ব। 14. তেওঁ নিজে অনা উপহাৰ যিহোৱালৈ দান কৰিব। তেওঁ হোম বলিৰ কাৰণে গাত কোনো দাগ নথকা এটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি আৰু পাপাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এটা নিঘূণ মতা মেৰ-ছাগ দান কৰিব লাগিব; 15. আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুড়িৰ বিন্ধা থকা পিঠা কেইটামান, আৰু খমীৰ নিদিয়া তেল ঢলা পাতল চকলীয়া পিঠা কেইটামান, আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব। 16. তাতে পুৰোহিতে এই সকলো বস্তু যিহোৱাৰ আগলৈ আনিব। তেতিয়া তেওঁৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰিব। 17. খমীৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগটো যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব আৰু তাৰ পাছত পুৰোহিতে তাৰ লগৰ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব। 18. পাছত নাচৰীয়া লোকজনে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত নিজে পৃথক হৈ থকাৰ চিন অৰ্থাৎ তেওঁৰ মূৰৰ দীঘল চুলি ক্ষুৰাই, সেই মূৰৰ চুলি লৈ, মঙ্গলাৰ্থক বলিৰ তলত থকা অগ্নিত পেলাই দিব। 19. আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক ক্ষুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলিয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব। 20. আৰু পুৰোহিতে সেই সকলোকে দোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ সাক্ষাতে তেওঁৰ সন্মুখত দান কৰিব; দোলনীয় আমঠু আৰু উত্তোলনীয় পাছ-পিৰাই সৈতে সেয়ে পুৰোহিতৰ অৰ্থে পবিত্ৰ হ'ব। তাৰ পাছত নাচৰীয়া লোকজনে দ্ৰাক্ষাৰস পান কৰিব পাৰিব। 22. পাছত যিহোৱাই পুনৰায় মোচিক ক'লে, "তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, 23. 'তোমালোকে ইস্ৰায়েলৰ সন্তানসকলক এইদৰে আশীৰ্ব্বাদ কৰিবা। তোমালোকে তেওঁলোকক এইদৰে ক'বাঃ 24. যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক। 25. যিহোৱাই তেওঁৰ নিজ পোহৰৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্রতি দয়ালু হওঁক। 8. হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ, মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁঃ 9. "মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে? ধুলিয়ে জানো তোমাৰ প্ৰশংসা নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব? 11. শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা, 12. যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম। 1. ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক। 2. যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে। 3. সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে। 22. পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল। লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে। 25. তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে। 30. তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে। 31. তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হ'ব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব। 32. তেওঁ এই কথা স্পষ্টভাৱে ক'লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে। 34. পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি ক'লে, "কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক। 35. কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব। 36. কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ? 37. কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?
198b80ecf8742b546e696dff678a1391f46767cfa67b27385ec600262e900e99
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত 'শংকৰদেৱ উদ্যান ধ্বংস কৰা কাৰ্য'ৰ প্ৰতিবাদত মানৱ শৃংখল কাৰ্যসূচী সাব্যস্ত কৰে স্থানীয় ৰাইজে। শতাধিক ডেকা-জেষ্ঠ নাগৰিকে হাতে হাতে প্লে'কাৰ্ড লৈ এই মানব-শৃংখল কাৰ্যসূচীত উপস্থিত থাকে। শঙ্কৰদেৱ উদ্যানৰ এটা অংশ অধিগ্ৰহণ কৰা নচলিব, শঙ্কৰদেৱ উদ্যান ধ্বংস কৰা কাৰ্য বন্ধ কৰক, শঙ্কৰদেৱ উদ্যানত গছ-গছনি কটা নচলিব, শঙ্কৰদেৱ আৰু আজান-পীৰ উদ্যানৰ উন্নয়নৰ ব্যৱস্থা কৰক আৰু শঙ্কৰদেৱ পাৰ্কৰ ভিতৰত প্ৰস্তাবিত নিৰ্মাণ কাৰ্য্য বন্ধ কৰক দাবী উত্থাপন কৰে এই প্ৰতিবাদকাৰীসকলে। মানৱ শৃংখল কাৰ্যসূচীতেই প্ৰতিবাদকাৰী সকলে জানিব দিয়ে যে- উদ্যানৰ মাটিত কৰা অধিগ্ৰহণ তথা প্ৰস্তাবিত নিৰ্মাণ কাৰ্য অতি সোনকালে বাতিল কৰাৰ দাবী জনাই ইতিমধ্যে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, স্হানীয় বিধায়ক, জিলা উপায়ুক্ত, জিএমডিএ ৰ মূখ্য কাৰ্যবাহী বিষয়া, সংশ্লিষ্ট PWD(Road)ৰ অভিযন্তা, বন বিভাগৰ ডিএফঅ'লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। শেষত উদ্যোক্তা সকলৰ পক্ষৰ পৰা 'নাগৰিক সন্ময়ণৰক্ষী সমিতিৰ'(Citizen Co-ordination committee) সভাপতি খনিন্দ্ৰ লাল শৰ্মাই এই কাৰ্যসূচীত উপস্হিত থকা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু দাবী সমূহ মানি নোলোৱা পৰ্য্যন্ত এই আন্দোলন চলাই ৰখাত সকলোৰে সহযোগিতা কামনা কৰে।
734619fe6030e4b6d71a2a6e45b72704517015e368d768e4dabf7f59911b4e8c
আজি শিলচৰ-নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ৰেলত ৪ গৰাকীকৈ শিশুক আজমেৰলৈ নি থকা অৱস্থাত ৰেইলখনত কৰ্মৰত টিটিয়ে উদ্ধাৰ কৰে। এই ঘটনাই অসমত যে দিনে দিনে শিশু সৰবৰাহকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে তাৰেই এক প্ৰমাণ। লক্ষণীয় যে এই শিশুকেইজনক এজন অচিনাক্ত সৰবৰাহকাৰীয়ে ভিক্ষা খোজাৰ অৰ্থে আজমেৰলৈ নি থকা হৈছিল। মন কৰিব লগীয়া যে ৰেইলখনৰ একেটা দবাত গৈ থকা অমিত কুমাৰ নামৰ ব্যক্তিজনে সন্দেহ কৰি টিটিক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত শিশুকেইজনক টিটিয়ে সোধপোচ কৰাত প্ৰকৃত তথ্য পোহৰলৈ আহে। মৌচম সিং নামৰ টিটিগৰাকীয়ে টোনলা জংচনত ৰেইলখন ৰখাইলৈ ৰেল আৰক্ষী বিভাগক অৱগত কৰে। পিছত ৰেল আৰক্ষীয়ে শিশুকেইজনক টোনলা আৰক্ষী থানালৈ লৈ যায়। সূত্ৰ পৰা পোৱা তথ্য অনুসৰি উদ্ধাৰ হোৱা শিশুকেইটিক হোজাই জিলাৰ বুলি জানিব পৰা গৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
73261709f2253aca73a4656d4ff97d91b8bd840d7ca531f6dbeab8e1b23f2068
কাৰ্বি জনগোষ্ঠীৰ লোকসকল অসমৰ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা অন্যতম আদিম অধিবাসী। আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং জিলা নামেৰে নামকৰণ কৰা হৈছে। কাৰ্বিসকল বিভিন্ন জিলাত সিঁচৰিত হৈ আছে যদিও কাৰ্বি আংলং মিকিৰ পাহাৰতে সংখ্যা গৰিষ্ঠ কাৰ্বি লোক থুপ খাই থকাতো ঐতিহাসিক প্ৰমাণ থকাত, এই জিলা কাৰ্বিসকলৰ স্বায়ত্ত্ব শাসিত জিলা হিচাবে পৰিগণিত হয়। অৱশ্যে ইয়াৰ বাবে কাৰ্বি সকলে সংগঠিত ৰূপত যুঁজ দিব লগা হৈছিল। ১৯৫২ চনৰ আগলৈকে সংযুক্ত মিকিৰ পাহাৰ জিলা নামেৰে নগাঁও জিলাৰ লগত সংযুক্ত আছিল। ইয়াৰ এটা অংশ শিৱসাগৰ জিলা আৰু খাচীয়া জয়ন্তীয়া জিলাৰ সৈতেও সংলগ্ন আছিল। বৰ্তমান কাবি আংলং জিলাখনেই কাৰ্বিসকলৰ মূল কৰ্মস্থলী। কাৰ্বিসকলৰ কৃষ্ট আৰু জীৱন দৰ্শনত খাছী ছিনটেং দৰ্শনৰ উপৰিও ভাৰতীয় হিন্দু দৰ্শনৰ প্ৰবাহ বিদ্যামান। 'ছাবিন আলুন'(কাৰ্বি ৰামায়ণ), 'হাঈ'মু আলুন', বনগীত, সাধুকথা, ফকৰা-যোজনা আদি বিভিন্ন লোক সাহিত্যৰ সমলেৰে পোত খাই থকা কাৰ্বি সমাজখন সমগ্ৰ অসমৰ মাটিৰ সৈতে মিলি থকাতো এক অমূল্য সম্পদ। কাৰ্বি সকলৰ বাসস্থান হ'ল অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, চীন, বাংলাদেশ, আৰু থাইলেণ্ড। কাৰ্বিসকল অসমৰ অতি প্ৰাচীন জাতি। এওঁলোকক মিকিৰ বুলিও কোৱা হয়। অসমৰ উত্তৰ-পূব সীমান্তৰ পৰ্বতমালাৰ কোনোবা এটা, যাক কাৰ্বিসকলৰ আদি পুৰুষসকলে 'নং পিলাৰ' বুলিছিল- সেই নং পিলাৰ পাহাৰৰ পৰাই তেওঁলোকৰ উপৰিপুৰুষসকল অসমলৈ আহিছিল বুলি কাৰ্বিসকলে বিশ্বাস কৰে। তেওঁলোকে অসমত প্ৰথমে ডিমাপুৰৰ পৰা আৰম্ভ কৰি ডিফুলৈকে এই অঞ্চলৰ এটা পাহাৰত বসবাস বুলি সেইসময়ৰ ঘটনাৰ পৰা অনুমান কৰিব পাৰি। কছাৰী ৰজাৰ ৰাজ্যৰ ভিতৰত এই কাৰ্বি বা মিকিৰসকল থকা পাহাৰখন পৰিছিল বাবে কছাৰি ৰজাই তেওঁলোকক দাস হিচাপে ব্যৱহাৰ কৰাৰ উপৰি নানান অত্যাচাৰ কৰিছিল। অসমত আহোমৰ শাসন হোৱাৰ পাছৰ পৰাহে কাৰ্বিসকল ভৈয়ামলৈ নামি আহে আৰু কালক্ৰমত আন আন জাতিসমূহৰ মাজত সোমাই পৰে। সাধাৰণতে একোটা জাতিৰ নাম অনুসৰি তেওঁলোকৰ ভাষাটো নামাকৰণ কৰা হয়।ঠিক তেনেদৰে কাৰ্বিসকলে ব্যৱহাৰ কৰা ভাষাটো তেওঁলোকৰ জাতিটোৰ নাম অনুসৰি কাৰ্বি ভাষা বুলি কোৱা হয়। কাৰ্বি ভাষাটো চীন তিব্বতীয় মহাগোটৰ তিব্বত বৰ্মাৰ কুকি চীন গোটৰ এটা ভাষা। কাৰ্বি ভাষাৰ বিভিন্ন উপভাষা বিভিন্ন ঠাইত দেখা যায় যদিও মূলত দুটা উপভাষা দেখা যায়। সেয়া হল কাৰ্বি আৰু ডিমৰীয়া কাৰ্বি। ডিমৰীয়া ৰাজ্য প্ৰাচীন কালৰে পৰা ৰাজনৈতিক, সামাজিক আৰু ভৌগোলিক ভাৱে পৃথক হোৱাৰ কাৰণে ডিমৰীয়া কাৰ্বি উপভাষাটো কিছু পৃথক হোৱা দেখা যায়।কাৰ্বি ভাষাৰ নিজা লিপি নাই। তেওঁলোকৰ বিভিন্ন গীত-মাত,সাধুকথা,ফকৰা-যোজনা আদি অসমীয়া লিপিতেই ব্যৱহৃত।তেওঁলোকে নিজৰ মাজত হোৱা কথা-বতৰাত অৰ্থাৎ ঘৰুৱা জীৱনত কাৰ্বি ভাষা ব্যৱহাৰ কৰে কিন্তু শিক্ষা-দীক্ষা,ব্যৱসায়-বাণিজ্য বা অন্যান্য কাৰ্য্যত অসমীয়া ভাষা ব্যৱহাৰ কৰে। এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। কাৰ্বিসকল মূলত অসমৰ কাৰ্বি আংলং জিলাত সংখ্যা গৰিষ্ঠতা দেখা যায়। কাৰ্বি আংলং জিলাৰ বাদেও অসমৰ কামৰূপ (ম), মৰিগাঁও, নগাঁও, শোণিতপুৰ, গোলাঘাট, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ আদি জিলাত এওঁলোকৰ বসতি দেখা যায়। অসমৰ বাদেও অৰুণাচল, মেঘালয় আৰু নগালেণ্ডটো কাৰ্বি সকলৰ বসতি আছে। ভাৰত বৰ্ষৰ বাদেও বাংলা দেশ আৰু ম্যানমাৰত কাৰ্বি মানুহৰ উপস্থিতিৰ উমান পোৱা যায়। ভৌগোলিক ভাবে প্ৰায় ৯১ পূৱৰ পৰা ৯৪ পূৱ দ্ৰাঘিমাংশ আৰু ২৪ উত্তৰৰ পৰা ২৭ উত্তৰ অক্ষাংশৰ মাজত বিস্তাৰিত দেখা যায়। এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। কাৰ্বি লোকসকলৰ প্ৰধান আহাৰ হৈছে ভাত। কুকুৰা চৰাই,গাহৰি,ছাগলী আদিৰ মঙহ কাৰ্বি লোকসকলৰ প্ৰিয় খাদ্য। এড়ীপলুৰ লেটা,শুকান মাছ আৰু শুকতি আদিও খাদ্য হিচাপে ব্যৱহাৰ কৰে। পূজা-পাৰ্বন আদিত হৰ(মদ) নিতান্তই প্ৰয়োজনীয় আৰু সন্মনীয়। কাৰ্বি সকলে হেম্ফু দেৱতাক তেওঁলোকৰ পৰম আৰাধ্য দেৱতা হিচাপে গণ্য কৰে। হেম্ফু দেৱতাৰ বাহিৰেও আন দুগৰাকী দেৱ-দেৱী হৈছে মুক্ৰাং আৰু ৰাছিনজা। ৰাছিনজা হেম্ফুৰ ভনীয়েক তথা শক্তি অধিষ্ঠাত্ৰী দেৱী আৰু শান্তি প্ৰদায়িনী মাতৃ। কাৰ্বি সমাজত পালিত বিভিন্নধৰণৰ পূজাৰ ভিতৰত ৰংবোৰ , আৰনাম কেথে বা চ'জুন আৰু ৱলকেতেৰ পূজা প্ৰধান। এয়া হৈছে এক কৃষিভিত্তিক সমূহীয়া পূজা। জুম খেতিৰ আগমুহূৰ্তত এই পূজা কৰা হয়। অপায়-অমংগল , বেমাৰ আজাৰ, দুৰ্ভিক্ষৰ সময়তো গাৱৰ 'হাবে' বা গাঁওবুঢ়াৰ তত্তাৱধানত ৰাজহুৱাভাৱে এই পূজা কৰা হয়। ৰংকেৰ পূজা মূলতে দুবিধ। পিৰ্দা ৰংকেৰ আৰু ৰাতিৰ বা আজ ৰংকেৰ। ইয়াৰ বাহিৰেও অঞ্চল ভেদে আন কেবা প্ৰকাৰৰ ৰংকেৰ পূজা পালন কৰা হয়। ৰংকেৰ পূজাৰ ভিতৰুৱা এবিধ উল্লেখযোগ্য ৰংকেৰ হৈছে ৰেক্পি বা দেংজা ৰংকেৰ। য'ত অতিজত নৰবলি দিয়া হৈছিল। গৰু-ম'হ পালক সকলে পোহনীয়া জন্তু বোৰ অপায়-অমংগলৰ পৰা বচাবলৈ 'ছকং' ৰংকেৰ পালন কৰে। আজ' ৰংকেৰ পূজা ৰাতি পতা হয়। 'পিদা' ৰংকেৰ গাঁৱৰ পৰা দূৰত পতা হয়, য'ত তিৰোতাৰ প্ৰৱেশ নিষিদ্ধ। ই হৈছে কাৰ্বিসকলৰ ব্যক্তিগত পূজা। এই পূজাৰ মূল দেৱতা হৈছে 'বাৰিথে'(ইন্দ্ৰ), আৰপি(ৰুদ্ৰ), আৰু বীৰনে(অগ্নি)। এই পূজা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। পূজাত গাহৰি আৰু কুকুৰা চৰাই বলি দিয়া হয়। পূজাৰ অন্তত বিশেষ বিশেষ ব্যক্তি সকলক সসন্মানে মদ আৰু মাংস আগবঢ়োৱা হয়। কাৰ্বিসকলে এড়ি মুগা পুহি তাৰ পৰা সূতা উলিয়াই আৰু কপাহৰ পৰা সূতা উলিয়াই নিজেই কাপোৰ তৈয়াৰ কৰিছিল।তেওঁলোকে তাঁতশাল 'পে থেৰাং'খনৰ সাঁ-সঁজুলিবোৰ যোগেদি প্ৰয়োজনীয় সাজ পোচাক তৈয়াৰ কৰি উলিয়াই। কাৰ্বি লোকসকলে মেখেলাখনক 'পিনী' বুলি কয়। কাৰ্বি নাৰীসকলৰ মাজত 'মাৰবং হমক্ৰি আপিনী'ৰ আদৰ বেছি। পিনীখন আটকৈ ৰাখিবৰ কাৰণে কঁকালত 'ৱামকক' নামৰ এক ডেৰ আঙুল বহলৰ ফিতা বন্ধা হয়। দেখাত সৰু হ'লেও এই ৱামকক কাপোৰত বিভিন্ন ফুলৰ চানেকি পোৱা যায়। তেওঁলোকে 'জী পীবা' নামৰ এখন প্ৰায় এক ডেৰ হাত প্ৰস্থ আৰু আঠ সাত দৈৰ্ঘ্যৰ কলা সূতাৰ দীঘেৰে বোৱা এখন কাপোৰ সকলোৱে ব্যৱহাৰ কৰে-কেচুঁৱাক বোকাচাত বান্ধি ল'বৰ বাবে,গাভৰু আৰু মহিলাই বুকুত বান্ধি ল'বৰ বাবে,চমাংকান অসমীয়া 'দহা' আৰু 'নিমছ ফেৰুং' নাচত ছোৱালীয়ে মুখঢকা আৱৰণ হিচাপে আৰু নৃতকৰ অস্থি কঢ়িয়াই নিয়াত এই পীবা ব্যৱহাৰ কৰা হয়।কাৰ্বি নাৰীসকলে পৰিধান কৰা অন্যান্য উল্লেখযোগ্য সাজ-পাৰ হ'ল- পে-ছাৰপী, খন-জাৰী, পে-ছেলেং, দুকফিৰ্ছ' ইত্যাদি। আনহাতে, কাৰবি পুৰুষে পৰিধান কৰা ৰিকং (চুৰিয়া), আৰু চই-(চোলা) আৰু পাগুৰি লোকসকলৰ অন্যতম নিদৰ্শন। বিচিত্ৰ ৰঙৰ কাপোৰ পিন্ধি ভাল পোৱাৰ দৰে কাৰবি নাৰীয়ে ডিঙিত লেক (মণি), কাণত ন'থেংপি (কাণ থুৰিয়া), হাতত ৰয় (খাৰু) আৰু আঙুলিত আৰনান (আঙঠি) পিন্ধা দেখা যায়। [5]। চেংপি (ডাঙৰ ঢোল): এই ঢোলটো ষোল্ল-ওঠৰ ইঞ্চি মান দীঘল,দহ-বাৰ ইঞ্চিমান ব্যাসৰ কাঠৰ খোলাৰে চেংটো তৈয়াৰ কৰা হয়। ঢোলটো এফালে সৰু,এফালে ডাঙৰ। ঢোলটো কোবানিখন গৰু চালৰ আৰু তালিকন ছাগলী ছালৰ। কোবনি-তালিক কাৰ্বিত'আবং-তালি' বোলি কোৱা হয়। দাংদ (এমুখীয়া ঢোল): এই ঢোলটো ঢুলিয়াই কঁকালত বান্ধি লৈ বিহুৰ সময়ত 'চেংবে'ৰ সৈতে বজায়। এই ঢোলটো দুখন হাতত দুডাল মাৰিলৈ বজোৱা হয়। কিথি কাৰহি আচেংঃ গাঁৱত কোনো লোকৰ মৃত্য হ'লে একেদিনা ভিতৰত ঢোলকাটি, ঢোল খুলি,তাত চামাৰা-বৰতি লগাই মৃতকৰ চোতালত যিটো ঢোল বজাই নাচিবলগীয়া হয়, সেই ঢোলটোৱে হৈছে 'কিথি কাৰহি আচেং'। আহন আপংছী (বৰবাঁহী): আহন আপংছী মানে হ'ল বৰবাঁহী। এই বাঁহীত আঠটাকৈ ফুটা থাকে। কৃষি দেৱতাৰ পূজা 'ৰেত আৰ্ণাম','আমৈ মৈ কিকান', দেহাল পূজা,বাঁহ নৃত্য( ক্লক্ ক্লক্ চৰ'কিকান),ডেকা চাঙত মেল বহা দিনখন,কোনোবা গৃহস্থৰ মাংগলীক অনুষ্ঠানত এই বাঁহী বজোৱা হয়[উদ্ধৃতিৰ প্ৰয়োজন]। তুৰয়িত (বাঁহী): 'তুৰিয়া' মানে হ'ল ওঁঠেৰে বজোৱা বাঁহী। এই বাঁহীটো প্ৰধানকৈ গৰখীয়াসকলে বজায় কাৰণে ইয়াক গৰখীয়া বাঁহী বুলিও জনা যায়। এই বাঁহৰ বাঁহীটোত মাত্ৰ দুটা ফুটা থাকে। এই বাঁহী বন দেৱতাৰ পূজা 'ইংলং আৰ্ণাম'টি পাতাৰ পাছতহে 'তুৰিয়িত'টো বজাব পাৰে। বৰকালি আহনমুৰীতঃ কালিটোত মাইকী হাঁহৰ পাখিত ধানৰ নাৰদি বজোৱা হয়। দ'মাহী,দেওশাল'আৰ্ণাম কিপন',গাভৰু সকলে দেহাল পূজাৰ সময়ত পিঠাগুৰি খুন্দোতে,ডেকা চাঙৰ বৰ খুঁটা 'নুমপেটো' আনোতে বজোৱা হয়। পাছত এই কলিটো সসন্মানে বাংঠেৰ ঘৰত ৰখা হয়। মুৰীতয'ৰাঃ এই কলিটোত ভালেমান যোৰা থাকে কাৰণ ইয়াক 'মুৰীতয'ৰা' বোলি কোৱা হব। মুৰীতয'ৰাটো দেহাল পূজা আৰু দ'মাহীত ব্যৱহাৰ কৰা নহয়। এই দুটি অনুষ্ঠানৰ বাহিৰে অন্যান্য অনুষ্ঠানত মুৰীতয'ৰা বজোৱা হয়। মুৰীতজাংকেক্ (পেঁপা): এই পেঁপাটো বন বাঁহৰ আগলিৰে বনোৱা হয়। ইয়াক হাদাৰী খেলোতে,খৰি-খেৰ কাটিবলৈ যাওঁতে,গৰু চৰাওতে বজোৱা হয়। পামপ্ৰপঃ ই এটা বাঁহৰ চুঙাৰ বাদ্য। ইয়াক 'আমৈ মৈ কিকান'ত বজায়। হাৰ্লিং (তাল): কাৰ্বি সমাজত তালৰ ব্যৱহাৰ নাই যদিও বাঘ মাৰি পতা অনুষ্ঠানত 'টিকে কিকান'ত তাল ব্যৱহাৰ কৰা হয়। ডিমৰীয়া কাৰ্বি লোক সাকল অনুষ্ঠানপ্ৰিয় সংগীতময় জনগোষ্ঠী। এই লোক সকলে প্ৰায় সকলোবোৰ লোকানুষ্ঠানত লোকবাদ্য বা লোকনৃত্য প্ৰদৰ্শন কৰে। আনকি মৃত এগৰাকীৰ শ'ৰ কাষতো 'অচেপী' এজনীয়ে বিননি বা সুৰতুলি কান্দৰ নিয়ম আছে। কাৰ্বি সমাজৰ সৰহখিনি অনুষ্ঠানেই কৃষিৰ লগত জড়িত। ডিমৰীয়া কাৰ্বি নৃত্যক কিকান বুলি কোৱা হয়[উদ্ধৃতিৰ প্ৰয়োজন]। ডিমৰীয়া কাৰ্বি লোক সকলে বিহু তিনিটা নিজস্ব পৰম্পৰাৰে পালন কৰি আহিছে। বৰবিহু'দ'মাহীপে'ত তেওঁলোকে প্ৰতি ঘৰ মানুহৰ চোতালত গৈ চোতাল গীত 'খল আলুন'ৰ উপৰিও 'দ'মাহী আলুন' গায় আৰু নৃত্য কৰে। চোতালত নাচোতে 'কাৰ্লেক কিকান'(কেৰ্কেটুৱা নৃত্য),'ফুউক কি-এ কিকান'(কল গছ নৃত্য),'টিক চৰং কিনেপ কিকান'(বাঘে গৰু ধৰা নৃত্য), 'ৱ'পাচিৰছু কিকান"(কুকুৰা যুঁজৰ নৃত্য),'চং-নক্ কিকান'(ঢোল তৰোৱাল নৃত্য) আদি[উদ্ধৃতিৰ প্ৰয়োজন]। ৩) আমৈ মৈ কিকান। ছোৱালী এজনীক ঘৰৰ বোৱাৰী কৰিবলৈ হলে কাৰ্বি সামাজিক প্ৰথানুযায়ী তিনিবাৰ কন্যা পক্ষৰ ঘৰলৈ মাননি সহ দৰা পক্ষৰ পৰা যাব লাগে। ১) দৰা ঘৰীয়াৰ গৃহিনীৰ লগত দুই বা তিনিজনী বিবাহিতা মহিলা লগত লৈ কন্যা ঘৰলৈ মদ এবটললৈ আলহী স্বৰূপে উপস্থিত হৈ কণ্যা ঘৰৰ গৃহিণীৰ সৈতে নানা বিষয়ত কথোপকথন কৰোঁতে ছোৱালীজনীক বোৱাৰী হিচাপে পাবলৈ থকাৰ ইচ্ছা কথা ব্যক্ত কৰে। এই প্ৰক্ৰিয়াক 'নেংপি-নেংছ'কাচিংকি' অৰ্থাৎ বিয়নী মেল বুলি কোৱা হয়। ২) বিয়নী মেলত সন্মতিৰ ইঙ্গিত পোৱা পিছত এইবাৰ সঠিক উত্তৰ পাবলৈ প্ৰযোজনীয় মাননি হৰবং লগত লৈ মোমাইৰ ঘৰ উপস্থিত হৈ পুনৰ কথা-বতৰা হয়। ইয়াক 'কেপাতিনি'(নিশ্চয়তা নিৰ্দ্ধাৰণ)বুলা হয়। তৃতীয় বাৰত হৰবং লৈ মোমাই ঘৰলৈ গৈ বিবাহৰ দিন-বাৰ নিৰ্দ্ধাৰণ কৰা হয়। এইদৰে যথাক্ৰমে তিনিটা দফা কাম সমাধা হোৱা পাছত এটা শুভ দিন নিৰ্ধাৰণ কৰি কন্যা ঘৰলৈ দৰা পক্ষৰ লোক বিয়া বৰযাত্ৰী হৈ যায়। কন্যা ঘৰত ৰাতি মোমাই থকা নিয়মে হৰবং আৰু মদ অপৰ্ন কৰাৰ লগে লগে বিবাহ প্ৰক্ৰিয়া আৰম্ভ হয়। সমূহ ৰাইজৰ উপস্থিতিত দৰা-কইনা উভয় পক্ষৰ মাজত প্ৰশ্নোত্তৰ প্ৰদান কৰা পদ্ধতিত কথোপকথন হয়। এই পদ্ধতি পাছত মোমাই পক্ষই তেওঁলোকক অৰ্পণ কৰা মাননি হৰবংটো হাতত লৈ ইষ্ট দেৱতা প্ৰমুখ্যে আন দেৱ-দেৱতাৰ আশিস বিচাৰি কিছুমান শ্লোক মাতা হয়। বিয়াত দৰা-কইনা উভয় পক্ষৰ মাজত বিয়া-গীতৰ যোগেদি পৰস্পৰৰ উদ্দেশ্য আৰু মতামতৰ বিনিময় কৰা হয়। বিয়া দিনা ৰাতি সকলো নিয়ম যথাযথ সমাধা কৰি পিছৰ দিনাও কৰণীয়া কামবোৰ শেষ কৰি যথা সময়ত কন্যাজনী লৈ দৰা পক্ষৰ বিয়া-যাত্ৰীয়ে স্ব-গৃহাভিমুখে যাত্ৰা কৰে। বিয়া যাত্ৰীয়ে দৰা ঘৰত উপস্থিত হোৱা পাছত বিবাহৰ বিবাহ কাৰ্য্য দ্বিতীয় পৰ্যায়ৰ নীতি-নিয়ম পালন কৰা হয়। কাৰ্বি সমাজৰ অপৰিহাৰ্য্য সন্মান হৈছে হৰবং (লাও পানী) ইয়াৰ অবিহনে কাৰ্বি সমাজৰ বিবাহ-সবাহৰ এখন সম্পন্ন হ'ব নোবাৰে। সাধাৰণ পৰ্যায়'কান ফ্লাফ্লাং, উচ্চ পৰ্যায়'হাৰ্ণে'[উদ্ধৃতিৰ প্ৰয়োজন]। ↑ অসম অভিধান; শান্তনু কৌশিক বৰুৱা (২০০১). কাৰ্বি জনগোষ্ঠী. প্ৰকাশক গুৱাহাটীঃ বনলতা. ↑ অসম অভিধান; শান্তনু কৌশিক বৰুৱা (২০০১). কাৰ্বি জনগোষ্ঠী. প্ৰকাশক গুৱাহাটীঃ বনলতা. ↑ কাৰবি কৃষ্টিৰ উৎস, লিখকঃ? কাৰ্বি (মিকিৰ) তিৱা (লালুং) বৰ্মন (কাছাৰ) অদৃশ্য শ্ৰেণীসমূহঃ এই পৃষ্ঠাখন ০৬ ডিচেম্বৰ, ২০২০ তাৰিখে ২২ঃ৪৫ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
d2b872bfb0503bb26193f054181d39c3a808fb37c160919f22d1ce0c84ae01fb
প্ৰয়াত বাপ্পি লাহিড়ীতকৈও বেছি সোণ পিন্ধি এইজন ব্যক্তিয়ে। কোৰোণা মহামাৰীৰ সময়ত পৰিধান কৰিছিল সোণৰ মাস্ক। বহুতেই তেওঁক কাণপুৰৰ বাপ্পি লাহিড়ী বুলি কয়। কিন্তু সাধাৰণ জনতাই তেওঁক গুগল গ'ল্ডেন বাবা বুলিয়ে চিনি পায়। চাৰি কিলোগ্ৰাম সোণ সকলো সময়তে থাকে তেওঁৰ শৰীৰত। ভৰিত বেছিভাগ সময়ত থাকে ৰূপৰ জোতা। কাণপুৰৰ কাকাদেৱ মন্দিৰত থাকে তেওঁ। অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?
d1480e4c08176073c794b1fdd1bffeb9c1ef048f22badc84575f9ff7c964e8aa
নৱবৰ্ষৰ প্ৰথম দিনটোতে লাডাখৰ গালোৱান ভেলীত চীনৰ ৰাষ্ট্ৰীয় পতাকা!\nনৱবৰ্ষৰ প্ৰথম দিনটোতে লাডাখৰ গালোৱান ভেলীত চীনৰ ৰাষ্ট্ৰীয় পতাকা! ভাইৰেল ভিডিঅ'কলৈ প্ৰতিক্ৰিয়া\nJanuary 3, 2022 3:20 pm\nঅৰুণাচলৰ বহু অঞ্চল নিজৰ বুলি দাবী কৰি চীনে সেই ঠাই সমূহৰ নতুনকৈ নামকৰণ কৰাৰ বিষয়টোকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ চীনৰ আন এক দুষ্কাৰ্যৰ কথা পোহৰলৈ আহিছে।\nনতুন বছৰৰ প্ৰথম দিনটোতে চীনে লাডাখৰ গালোৱান ভেলীত চীনৰ পতাকা প্ৰদৰ্শন কৰি অঞ্চলটো নিজৰ বুলি দাবী কৰে।\nইতিমধ্যে গালোৱান ভেলীত চীনৰ পতাকা প্ৰদৰ্শনৰ ভিডিঅ' চীনা চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন সংবাদ মাধ্যমে ভাইৰলেল কৰিছে।\nচীনৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছে এই ঘটনা সন্দৰ্ভত এনেদৰে টুইট কৰিছে, "সীমান্তৰ ওচৰৰ গালোৱান উপত্যকাত পিএলএৰ সৈন্যসকলে ১ জানুৱাৰী, ২০২২ তাৰিখে চীনা লোকসকললৈ নতুন বছৰৰ শুভেচ্ছা প্ৰেৰণ কৰে।"\nচীনৰ চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিনিধি শেন শিৱেই টুইট কৰিছে - ২০২২ চনৰ নৱবৰ্ষৰ দিনা গালোৱান উপত্যকাত চীনৰ ৰাষ্ট্ৰীয় পতাকা উৰুওৱা হয়।\nচীনে লাডাখৰ গালোৱান ভেলীত নিজ দেশৰ পতাকা প্ৰদৰ্শন কৰাৰ বিষয়টোকলৈ ভাৰতৰ বিৰোধী দলসমূহে তাব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গালোৱানত চীনা "অনুপ্ৰৱেশ" সন্দৰ্ভত "নীৰৱতা ভংগ" কৰিবলৈ কৈছে।\nদেওবাৰে তেওঁ টুইটযোগে লিখিছিল, " মোডীজী, নীৰৱতা ভংগ কৰক।" চীনে অৰুণাচল প্ৰদেশৰ ১৫ টা ঠাইৰ "নাম সলনি" কৰাৰ কেইদিনমান পিছত সীমান্তত সংঘটিত এনে ধৰণৰ ঘটনাই মোদী নেতৃত্বাধীন চৰকাৰ খনকো শলঠেকত পেলোৱা পৰিলক্ষিত হৈছে।\nনৰেন্দ্ৰ মোডীৰ চৰকাৰকলৈ ৰাহুল গান্ধীয়ে তেওঁৰ টুইটত এনেদৰে কৈছে - "মাত্ৰ কেইদিনমান আগতে আমি ১৯৭১ চনত ভাৰতৰ গৌৰৱময় বিজয়ৰ কথা মনত পেলাই আছিলো। দেশৰ নিৰাপত্তা আৰু বিজয়ৰ বাবে, জ্ঞানী আৰু শক্তিশালী সিদ্ধান্তৰ প্ৰয়োজন। ফোঁপোলা শব্দবোৰে জিকিব নোৱাৰে।"\nলাডাখত আগ্ৰাসন চলোৱাক কেন্দ্ৰ কৰি ভাৰতৰ সৈতে চীনৰ সংঘাত চলি আছে।\n২০২০ বৰ্ষৰ ১৫ জুনত লাডাখৰ গালোৱান ভেলীত ভাৰতীয় সেনাৰ সৈতে চীনৰ সেনাৰ ভয়ংকৰ সংঘৰ্ষ হৈছিল।\nউক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ গৰাকী বীৰ সৈনিক শ্বহীদ হৈছিল। চীনে প্ৰথমাৱস্থাত সংঘৰ্ষত চীনৰ কোনো সেনা নিহত হোৱাৰ কথা অস্বীকাৰ কৰি আহিছিল যদিও পিছত চাৰি জন চীনা সেনা নিহত হোৱাৰ কথা স্বীকাৰ কৰিছিল।\nচীনৰ চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত সংঘর্ষত পিএলএৰ সৈনিক চেন হংজুন,চেন জিয়াগ্রং,জিয়াও চিয়ুৱান আৰু ৱাং জুৰান নিহত হৈছিল।\nগালোৱান ভেলীত নিহত চীনৰ জোৱান কেইজনক চীনৰ চৰকাৰে মৰণোত্তৰ ভাবে সন্মানিত কৰাৰ কথাও চৰকাৰী সূত্ৰটোৱে প্ৰকাশ কৰিছিল।