id
stringlengths 1
5
| input
stringlengths 537
2k
| target
stringlengths 21
203
| url
stringlengths 28
1.53k
|
---|---|---|---|
501 | পাঞ্জাবাৰীঃ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহিছে বৰ লুইতৰ বুকু।বিপদ সীমা চেৰাই যোৱাৰ ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি আজি অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ চলাচল কৰা নৌকা আৰু ফেৰী সেৱা অনিৰ্দিষ্টকাললৈ বন্ধৰ ঘোষণা কৰে।চৰকাৰে এনে পৰিস্থিতিত প্ৰতিবাৰেই কেৱল ফেৰী সেৱা বন্ধৰ ঘোষণা কৰিয়েই দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে।উল্লেখ্য যে প্ৰতিদিনেই গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হাজাৰ হাজাৰ যাত্ৰীয়ে ফেৰীৰে বিপদসংকূলভাৱে আহ-যাহ কৰি আহিছে।তৎসত্বেও চৰকাৰে যাত্ৰীৰ সুবিধাৰ্থে অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখনো বাছ সেৱা মুকলি কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী ৰাইজে।ইয়াৰোপৰি ৰাজ্যত অনাগত দিনত নেৰানেপেৰাকৈ বৰষুণ হৈ থাকিলে ব্ৰহ্মপুত্ৰৰ পানীয়ে মহানগৰীৰ ফাছী বজাৰ, ভৰলু, মাছখোৱাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল প্লাৱিত কৰাৰ আশংকাই দেখা দিছে।এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | বিপদ সীমাৰ ওপৰেৰে লুইত, মহানগৰীত বন্ধ ফেৰী সেৱা | https://www.newsnextone.com/feri-services-stopped-in-city/#comments |
502 | খেৰণিঃ দাউদাউকৈ জ্বলি উঠিল একুৰা জুই৷ মূহুৰ্ততে জুউৰ লেলিহান শিখাত ছাই পৰে লক্ষাধিক টকাৰ সম্পত্তি৷ সৃষ্টি হয় আতংকময় পৰিৱেশৰ৷ যি যেনেকৈ পাৰে চেষ্টা চলাই জুইৰ গতি ৰুদ্ধ কৰিবলৈ৷ মঙলবাৰে নিশা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত খেৰণি ডেইলি বজাৰত সংঘটিত এক অগ্নিকাণ্ডই এখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত কৰে৷ ডেইলী বজাৰত থকা কৃষ্ণপদ দত্ত নামৰ ব্যৱসায়ীজনৰ বিদ্যুৎ সামগ্ৰী বিক্ৰী কৰা দোকানখনত নিশা হঠাৎ দপদপকৈ জুই জ্বলি উঠাত অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয়৷ দাউদাউকৈ জ্বলি উঠা জুইত মূহুৰ্তৰ ভিতৰতে ভস্মীভূত হয় লক্ষাধিক টকাৰ সামগ্ৰী৷ অৱশেষত স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়৷ ৰাইজৰ সহযোগতে ৰক্ষা পৰে ভস্মীভূত দোকানখনৰ কাষৰ কেইবাখনো দোকান৷ বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | খেৰণিত জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী | https://www.newsnextone.com/fire-in-kheroni/#comments |
503 | জ এ.এছ.এন. প্ৰতিনিধি 13 / 2018 পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেবল সূতা-কম্বলৰ ৰাজনীতি কৰি ক্ষমতা দখল কৰি অহা বুলি ইমানদিনে তুচ্ছ-তাচ্ছিল্য কৰি অহা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ একাংশ মন্ত্ৰী-বিধায়কেও এতিয়া যে একে পথকেই গ্ৰহণ কৰিছে আজি যেন তাৰেই প্ৰমাণ পোৱা গ'ল ৰঙিয়া চহৰৰ সমীপৱৰ্তী তুলসীবাৰীৰ মাৰলিথানত।চৰকাৰী সূতা বিতৰণত ব্যাপক অনিয়মৰ অভিযোগত মাৰলিথানত ক্ষুব্ধ মহিলাসকলে আজি জলসিঞ্চন, ৰাজহ মন্ত্ৰী তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কালিতাক কিছু সময় ঘেৰাও কৰি ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে।ক্ষুব্ধ মহিলাসকলে মন্ত্ৰী কলিতাক ঘেৰাও কৰি ক্ষোভেৰে কয় যে প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে চৰকাৰী চাকৰিয়াল আৰু বিজেপি নেতা-কৰ্মীৰ পৰিয়ালেহে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।এই ক্ষেত্ৰত ভৱেশ কলিতাই মহিলাসকলক বুজোৱাৰ চেষ্টা কৰে আৰু প্ৰকৃত হিতাধিকাৰীয়ে সুবিধা পাব বুলি সৈমান কৰোৱাৰ চেষ্টা কৰি তৎমুহূৰ্ততে সেই স্থান ত্যাগ কৰে।বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী এগৰাকীয়ে এনেদৰে সূতা বিতৰ্কৰ মুখামুখি হ'বলগীয়া হোৱা কথাটোৱে বিৰোধী দলসমূহৰ মাজত ব্যাপক আলোচনাৰ খোৰাক দিছে | চৰকাৰী সূতা নোপোৱাৰ অভিযোগত ৰঙিয়াৰ মাৰলিথানত মন্ত্ৰী ভৱেশ কালিতাক ঘেৰাও | https://www.newsasn.com/node/830 |
504 | কেন্দ্ৰীয় চৰকাৰে সৰ্ব শিক্ষা কাৰ্যসূচীৰ নিয়মিত খৰচৰ বাবে অনাদায় হৈ থকা ১৩৫ কোটি টকা মোকলাই দিয়াত মেঘালয়ৰ সৰ্ব শিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলে সকাহ লাভ কৰিলে।মেঘালয়ৰ শিক্ষা মন্ত্ৰী লেকমেন ৰিম্বুই বৃহস্পতিবাৰে শ্বিলঙত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে কেন্দ্ৰীয় পুজি মুকলি কৰি দিয়াৰ পিছত "সৰ্ব শিক্ষাৰ কাৰ্যসূচীত এতিয়া সুস্থিৰতা আহিব আৰু সৰ্ব শিক্ষাৰ শিক্ষকসকলক যোৱা বছৰৰ নৱেম্বৰৰ পৰা চলিত বছৰৰ মাৰ্চলৈকে দৰমহা আদায় দিয়া হ'ব।" তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা তৎপৰতাৰ পিছত কেন্দ্ৰই ধন মুকলি কৰি দিয়ে।ৰিম্বুৱে লগতে কয় যে মঞ্জুৰী নিৰ্দেশনা অনুসৰি গোটেই ধনৰাশি ২০১৭-১৮ বৰ্ষৰ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সৰ্ব শিক্ষাৰ আঁচনিৰ অধীনত কাম কাজ ৰূপায়নৰ বাবে সাধাৰণ শিতানৰ অধীনত মুকলি কৰি দিয়া হৈছে।ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিক্ষা বিভাগৰ ইয়াৰ নিজস্ব প্ৰত্যাহ্বান আছে।ৰাজ্যখণ্ডৰ বিভিন্ন শ্ৰেণীৰ শিক্ষকসকলৰ বিষয়ে বাখ্যা আগবঢ়াই তেওঁ কয় যে বিত্তীয় সমস্যা আছে আৰু শিক্ষকসকলৰ দাবীৰ প্ৰতি চৰকাৰে দৃষ্টি দিয়াটো চৰকাৰৰ দায়িত্ব আছে।তদুপৰি, ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতিটোও লক্ষ্য ৰাখিবলগীয়া হৈছে।তেওঁ লগতে কয় যে পঞ্চম দৰমহা আয়োগৰ ৰূপায়নেই হওক বা অন্যান্য দাবীয়েই হওক শিক্ষকসকলৰ সকলো নায্য দাবী চৰকাৰে পৰীক্ষা কৰি চাব | মেঘালয়ৰ সৰ্ব শিক্ষাৰ অধীনৰ শিক্ষকসকলক সকাহ দিলে কেন্দ্ৰই | https://assam.nenow.in/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a7%9f%e0%a7%b0-%e0%a6%b8%e0%a7%b0%e0%a7%8d%e0%a6%ac-%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%be%e0%a7%b0-%e0%a6%85%e0%a6%a7%e0%a7%80/ |
505 | জনমভূমি ৰাজ্যত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পাছত আজি ৰাজ্যত এই ৰোগৰ শেহতীয়া স্থিতি প্রকাশ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সম্প্রতি ইংলেণ্ড ভ্রমণত থকা মন্ত্রীজনে আজি টুইটাৰযোগে ৰাজ্যত মাত্র ১৪০জন লোকহে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ তেওঁ দাবী কৰে যে ৰাজ্যত ক্রমাৎ জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱ হ্রাস পাই আহিছে৷ চৰকাৰীভাৱে এই ৰোগত আক্রান্তৰ চিকিৎসাৰ সকলো ব্যৱস্থা গ্রহণ কৰা বুলি সদৰী কৰি সম্প্রতি ৰাজ্যৰ ১০খন জিলাত এই ৰোগৰ প্রাদুর্ভাৱ থকাৰ তথ্য চৰকাৰে লাভ কৰিছে৷ আনহাতে সম্প্রতি ৰাজ্যৰ বিভিন্ন জিলাত মুঠ ১৪০জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ চিকিৎসাধীন লোকসকলৰ মাজৰে ১০৩জন চৰকাৰী চিকিৎসালয়ত আৰু বাকী ৩৭জন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ আনহাতে চিকিৎসাধীনসকলৰ মাজৰে ৫০জনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক আই চি ইউত চিকিৎসা প্রদান কৰি থকা হৈছে৷ তাৰে ১০জনক কৃত্রিম জীৱনদায়িনী ব্যৱস্থাৰ মাজত (ভেণ্টিলেশ্যন) ৰাখিবলগীয়া অৱস্থা হৈছে৷ লক্ষণীয়ভাৱে স্বাস্থ্যমন্ত্রী ড০ শর্মাই এই ৰোগত আক্রান্ত হোৱা বুলি সন্দেহ হোৱা ৰোগীৰ তেজ অতি শীঘ্রে পৰীক্ষা কৰিবৰ বাবে তেজৰ নমুনা সংগ্রহকে ধৰি সকলো ব্যৱস্থা তৎপৰতাৰে কৰাৰ নির্দেশ দিয়াৰ পাছত আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তসকলক সন্দেহ হোৱা সকলো লোকৰ তেজৰ নমুনা সংগ্রহকে ধৰি তেজ পৰীক্ষা অতি খৰতকীয়াকৈ কৰাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷ মন্ত্রীজনে অৱশ্যে এইপর্যন্ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছ বা এ ই এছ ৰোগত আক্রান্ত হৈ কিমান লোকে প্রাণ হেৰুৱালে তাৰ তথ্য প্রদান কৰাৰ পৰা বিৰত থাকে৷ আনহাতে আজিপর্যন্ত ৰাজ্যত ৬৮জন লোক এই ৰোগত আক্রান্ত হৈ নিহত হৈছে৷ ইফালে বেচৰকাৰী তথ্য অনুসৰি ৰাজ্যত এতিয়াও পাঁচ শতাধিক লোক এই ৰোগত আক্রান্ত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ | স্বাস্থ্য মন্ত্রীৰ মতে জাপানীজ এনকেফেলাইটিছত আক্রান্তৰ সংখ্যা ১৪০জন | https://janambhumi.in/VFhwSk1FOUVRVDA9/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A7%8D%E0%A6%AF-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%B0-%E0%A6%AE%E0%A6%A4%E0%A7%87-%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%80%E0%A6%9C-%E0%A6%8F%E0%A6%A8%E0%A6%95%E0%A7%87%E0%A6%AB%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%9F%E0%A6%BF%E0%A6%9B%E0%A6%A4-%E0%A6%86%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE-%E0%A7%A7%E0%A7%AA%E0%A7%A6%E0%A6%9C%E0%A6%A8.html |
506 | নতুন দিল্লীঃ পাকিস্তানৰ ৰাৱালপিণ্ডিত পাক সেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়।গৰাৰী চহৰৰ সমীপত সংঘটিত হয় এই বিমান দুৰ্ঘটনা।জানিব পৰা মতে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে ৫ জন সেনা জোৱান।দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত পাক সেনাই কোনো তথ্য সদৰি কৰা নাই যদিও ৰাৱালপিণ্ডিৰ মোৰা কালু গাঁৱত নিয়মিত প্ৰশিক্ষণৰ সময়তে বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি সদৰি কৰিছে।আনহাতে, বিমান দুৰ্ঘটনাত ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়।আহতসকলক বৰ্তমানে হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | পাকিস্তানত বিমান দুৰ্ঘটনা, ১৫ জনলোক নিহত | https://www.newsnextone.com/pakistan-air-crash |
507 | অসমৰ ৬টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰি জনজাতি সন্থা সমন্বয়ক সমিতিয়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া বন্ধৰ বিৰোধিতা কৰিছে সদৌ অসম মটক ছাত্ৰ সন্মিলনে।মটক ছাত্ৰ সন্মিলনৰ দ্বাৰা প্ৰকাশিত এটা সংবাদমেলক সম্বোধন কৰি ৬টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বাবে জনজাতি সন্থা সমন্বয়ক সমিতিৰ সম্পাদক আদিত্য খাখলাৰীক তীব্ৰ ভৰ্ৎসনা কৰে।সদৌ অসম মটক যুব ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিণ্টু বৰপাত্ৰ গোহায়ে কৈছে, জনজাতীয় সংগঠনৰ তথাকথিত সম্পাদকগৰাকীয়ে চৰকাৰৰ দালালৰ কাম কৰিছে।আমি এই বন্ধৰ বিৰোধিতা কৰিছোং কাৰণ ইয়ে জনজাতিৰ মৰ্যাদাৰ বাবে দাবী জনাই অহা ৬টা জনগোষ্ঠীয় সংগঠনৰ মানসিকতাত আঘাত কৰিছে।সন্মিলনৰ উপদেষ্টা মিণ্টু বৰপাত্ৰ গোহায়ে কৈছে, "৬টা গনগোষ্ঠীয়ে জানজাতীয় মৰ্যাদা পাব নে নাই তাৰ সিদ্ধান্ত ল'বলৈ আদিত্য খাখলাৰী কোন? এই তথাকথিত নেতাজনে এই সংবেদনশীল বিষয়টোৰ ওপৰত মানুহক বিভক্ত কৰিবলৈ বিচাৰিছে।" সন্মিলনৰ সভাপতি ডেভিদ হাজৰিকাই কৈছে, "বিজেপিয়ে জনজাতীয় মৰ্যাদাক লৈ ৰাজনীতি কৰিব বিচাৰিছে।২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে কৈছিল যে যদিহে তেওঁলোকৰ চৰকাৰ গঠন হয়, তেন্তে ৩ মাহৰ ভিতৰতে ৬টা জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰিব।কিন্তু তেওঁলোকে আমাক প্ৰতাৰণা কৰিছে।" তেওঁ আৰু কৈছে, "জনজাতীয় মৰ্যাদা নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিকল্প নহয়।হাজৰিকাই কৈছে যে জানুৱাৰিৰ ২৭ তাৰিখৰ পৰা ফেব্ৰুৱাৰিৰ ১০ তাৰিখলৈ তেওঁলোকে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব | জনজাতি সন্থা সমন্বয়ক সমিতিৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ বিৰোধিতা সদৌ অসম মটক যুব ছাত্ৰ সন্মিলনৰ | https://assam.nenow.in/aamycs-has-opposed-tomorrows-24-hrs-assam-bandh-called-by-coordination-committee-of-tribal-orgs/ |
508 | খেৰণিঃ কংগ্ৰেছ এৰি পৰিবৰ্তনৰ স্বাৰ্থত বিজেপিলৈ গৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ শাসনৰ গাদী দখল কৰা বিজেপিক পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাট-পথ শীঘ্ৰে উন্নয়ম কৰাৰ দাবী জনাইছে ৰাইজে৷ কাৰ্বি আংলঙৰ জিলাৰ ২০নং বৈঠালাংছ' বিধান সভা সমষ্টিৰ অন্তৰ্গত খেৰণি-লামছাখাং গড়কাপ্তানী পথত চলাচল কৰিবৰ অৱস্থা নোহোৱা হোৱাত পাহাৰীয়া জিলাৰ ৰাইজে ব্যাপক সমস্যাত পৰিছে৷ পথটো সুদীৰ্য ১২-১৩ বছৰে মেৰামতি নকৰাত বিধ্বস্ত হৈ পৰিছে৷ শিল-বালি নথকা পথটোত বোকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পথটোৰ পুখুৰীসদৃশ গাঁতসমুহে সমষ্টিটোৰ উন্নয়ণ আৰু বিকাশৰ প্ৰকৃত ছবি দাঙি ধৰে৷ পথটোত লামছাখাঙৰ পৰা মাত্ৰ ১ কিঃমিঃ দুৰত্বত থকা এটা কালভাৰ্টটো পথৰ পৰা খহি যোৱাৰ পাছতো গুৰুত্ব আৰোপ কৰা নাই চৰকাৰে৷ পথটোৰ কদৰ্যময় অৱস্থাৰ বাবে কাৰ্বি পৰিষদৰ ৭নং কপিলি আৰু ৯নং আমৰেং সমষ্টিৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী, কৃষক জীয়াতু ভুগিবলগীয়া হৈছে৷ আনহাতে ৰোগীক চিকিৎসালয়লৈ নিয়াত ব্যাপক সমস্যাত পৰে ৰাইজ৷ পথটোৰ দুৰৱস্থাৰ বাবে উন্নয়ণ আৰু বিকাশত হেঙাৰ হৈ পৰিব ধৰিছে বুলি ৰাইজে অভিযোগ কৰে৷ স্থানীয় বিধায়ক তথা পৰিষদীয় সদস্যক পথটোৰ মেৰামতিৰ বাবে দাবী জনায় ৰাইজে৷ আজি কাৰ্বি পৰিষদৰ ৭ নং কপিলি আৰু ৯ নং আমৰেং সমষ্টিৰ সাধাৰণ সদস্য পৱন কুমাৰ আৰু ৰীণা টেৰাংপিয়ে পথটো পৰিদৰ্শন কৰে৷ শীঘ্ৰে ৰাইজৰ স্বাৰ্থত জৰাজিৰ্ণ পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে দুয়োগৰাকী সদস্যই৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | খেৰণি-লামছাখাং গড়কাপ্তানী পথ নিৰ্মাণৰ দাবী | https://www.newsnextone.com/karbi-anglang-road-without-repair |
509 | প্ৰতিকী ফটো,উৎস ইন্টাৰনেট মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰু সোণাই ৰূপাই অভয়াৰণ্যৰ কাষেৰে বৈ যোৱা গাভৰু নদীৰ বালিচৰত আজি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।প্ৰাপ্ত খবৰ মতে বৃহত্তৰ মিছামাৰী অঞ্চলৰ ৰিকামাৰী গাঁৱৰ বাসিন্দা বুধুৰাম উৰাঙৰ পুত্ৰ ৰমণী উৰাং (২৪) যোৱা শনিবাৰে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দয়াল পুৰ গাঁৱত বিশেষ কামত গৈছিল।ঘৰৰ পৰা ওলাই যোৱাৰ দিনাৰ পৰাই ৰমণী উৰাং মোবাইলৰ জৰিয়তে ঘৰৰ পৰিয়াল বোৰৰ সৈতে যোগাযোগ ঠিকেই ৰাখিছিল।কিন্তু বৃহস্পতি বাৰৰ পৰা ৰমণীৰ মোবাইল যোগাযোগ বিচ্ছিন্ন হৈ পৰে।ইয়াৰ মাজতে যোৱাকালি শুক্ৰবাৰে পৰিয়াল বৰ্গলৈ আহিল দুঃ খবৰটো।ৰমণী উৰাং যিখন গাৱঁলৈ গৈছিল সেইখন গাঁৱৰ এজন লোকে ৰমণী উৰাঙ গাভৰু নদীৰ বালিচৰত মৃত অৱস্থাত পৰি থকা বুলি পৰিয়াল বৰ্গক মোবাইল যোগে খবৰ দিয়ে।খবৰ পোৱা মাত্রকে পৰিয়ালৰ লোকে ঘটনাস্থলিত উপস্থিত হয় আৰু ৰমণীৰ মৃতদেহটো উদ্ধাৰ কৰি ঘৰলৈ আনে।ইয়াৰ পাছতে পৰিয়ালৰ লোকে মিছামাৰী থানাত উক্ত ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।আৰক্ষীয়ে এজাহাৰ পোৱাৰ পাছতে পৰিয়ালৰ লোকে উদ্ধাৰ কৰা ৰমণী উৰাঙৰ মৃতদেহটো নিজৰ জিম্মাত লয় আৰু মৃতদেহটো তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।এই পৰ্যন্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কাকো আটক নকৰিলেও তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীৰ তদন্তৰ অন্ততহে ৰমণী উৰাঙৰ মৃত্যু স্বাভাৱিক নে হত্যা সেয়া পোহৰলৈ আহিব।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | মিছামাৰীৰ গাভৰু নদীৰ বালিচৰত মৃতদেহ উদ্ধাৰ | https://www.newsnextone.com/deadbody-recover-in-misamari/#comments |
510 | গুৱাহাটীঃ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি শুকুৰবাৰে আমাৰ মাজৰ পৰা অচিনা দেশলৈ গুছি গল অসমৰ দৈনিক বাতৰি কাকতৰ পিতামহ, জ্যেষ্ঠ সম্পাদক, বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীয়ে।অসমৰ সংবাদ জগতৰ নক্ষত্ৰগৰাকীয়ে শনিবাৰে পুৱা ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে৷ সংযুক্ত মুক্তি বাহিনী, অসমে অসমৰ সংবাদ জগতৰ মহীৰূহগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে৷ সংগঠনটোৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক মেজৰ অৰুণোদয় দহোটীয়াই দেওবাৰে সংবাদমাধ্যমলৈ প্ৰেৰম কৰা এক বিবৃতি যোগে বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ এগৰাকী অসম সন্তান তথা প্ৰতিথযশা সাংবাদিকৰ বিয়োগত অসমৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি বুলি কয় সংগঠনটোৱে৷ ৰাধিকা মোহন ভাগৱতীৰ আংজলি ভৰা প্ৰণাম যাচি সদ্গতি কামনা কৰে আলফাই৷ স্মৰ্তব্য যে, ১৯৩৩ চনৰ ১৯ জানুৱাৰিত জন্ম গ্ৰহণ কৰিছিল সংবাদ জগতৰ নক্ষত্ৰ ভাগৱতীযে।পঢ়া কালৰ পৰাই লিখা-মেলা কৰাৰ লগতে সমাজসেৱাৰ সৈতে জড়িত আছিল ভাগৱতী।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত আলফা স্বাধীনৰ শোক প্ৰকাশ | https://www.newsnextone.com/ulfa-condolonce-for-radhika-mohan-bhagawati/#comments |
511 | ডিব্ৰুগড়ঃ বৃহস্পতিবাৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।স্মাৰকপত্ৰখনত সংগঠনটোৰ ফালৰ পৰা অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ বি চি দাসৰ নেতৃত্বত গঠন কৰা তদন্ত কমিটিৰ প্ৰতিবেদন শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবী জনায়।লগতে সংসদৰ অধ্যক্ষজনে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ চেলৰ দ্বাৰা অনুসন্ধান কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো কিহৰ বাবে সংস্থাটোৰ দ্বাৰা এই অনুসন্ধান কৰা নহ'ল তাৰো এক স্পষ্টীকৰণ বিচাৰে।স্মাৰকপত্ৰ গ্ৰহণ কৰি অধ্যক্ষ গৰাকীয়ে কাৰ্যবাহী পৰিষদৰ অনুমতি সাপেক্ষে ২ জুলাইৰ ভিতৰত এই প্রতিবেদন ৰাজহুৱা কৰিব বুলি অৱগত কৰে আৰু চি এম ভিজিলেঞ্চ চেলক তদন্তৰ কাম অৰ্পণ কৰা হ'ব বুলি অৱগত কৰে | পৰীক্ষাৰ বিসংগতি, তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী এছএফআইৰ | https://www.newsnextone.com/print/13749 |
512 | গুৱাহাটীঃ অভিনয়ৰ জৰিয়তে দৰ্শকক আমোদ দি দি অৱশেষত অকালতে জীৱনৰ নাট সামৰিলে অভিনেতা পৰাগ শৰ্মাই।অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী বলিষ্ঠ অভিনেতাজনে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে।গুৱাহাটী নেমকেয়াৰ হাস্পতালত শুকুৰবাৰে পুৱতি নিশা ২.১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।জনপ্ৰিয় মঞ্চ অভিনেতাজনে দীৰ্ঘদিনৰপৰা জণ্ডিচ আৰু যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।বৃহস্পতিবাৰে হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ নেমকেয়াৰ হাস্পতালত।ইফালে শৰ্মাই মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰিছে ভ্ৰাম্যমান জগতখন।তেওঁৰ মৃত্যু অসমৰ ভ্ৰাম্যমাণ জগতৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ'ব।এই দুখজনক বাতৰি পোৱাৰ লগে লগে নেমকেয়াৰ হাস্পতালত ৰাতিয়েই উপস্থিত হয় নাট্যকাৰ-পৰিচালক অভিজিৎ ভট্টাচাৰ্য, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি, নজৰুল হক, ৰফিজোল আলিৰ লগতে অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰা | মঞ্চ অভিনেতা পৰাগ শৰ্মাৰ বিয়োগ | https://www.newsnextone.com/print/18574 |
513 | জনমভূমি ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনৰ (কা) বিৰুদ্ধে হোৱা প্রতিবাদত হিংসাত্মক ঘটনা আৰু অত্যধিক বল প্রয়োগৰ ঘটনাত ৰাষ্ট্রসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছ উদ্বিগ্ন৷ সচিব প্রধানজনৰ মুখপাত্র ষ্টিফানি ডুজাৰিকে কালি এই কথা কয়৷ নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত হোৱা প্রতিবাদৰ বিষয়ে সোধা এটা প্রশ্নৰ উত্তৰত তেওঁ কয়, 'সংযম অৱলম্বন কৰিবলৈ আমি আহবান জনাইছোঁ আৰু মত প্রকাশ, বাক প্রকাশ আৰু শান্তিপূর্ণ সমাৱেশৰ স্বাধীনতাৰ অধিকাৰক সম্পূর্ণ শ্রদ্ধা জনাবলৈ আহবান জনাইছোঁ৷' 'কা' সন্দর্ভত তেওঁ কয় যে এই প্রসংগত তেওঁ মানৱ অধিকাৰ আয়োগৰ উচচায়ুক্ত মিচেল বেচ৲লেটৰ 'অতি কঠোৰ মত'ৰ উল্লেখ কৰিব খোজে৷ বেচ৲লেটৰ মুখপাত্র জিৰেমি লৰেন্সে যোৱা সপ্তাহত জেনেভাত কৈছিল যে আইনখনে ভাৰতৰ সংবিধানত লিপিবদ্ধ সমতাৰ প্রতিশ্রুতি আৰু দেশখনৰ আন্তঃৰাষ্ট্রীয় প্রতিশ্রুতিবদ্ধতাক হেয় কৰিব যেন দেখা গৈছে৷ জুজাৰিকে লগত কয়, 'আতিশয্য বা হাৰাশাস্তিৰ সন্মুখীন হোৱা গোটবোৰক সুৰক্ষা দিয়াৰ লক্ষ্য আদৰণীয়, কিন্তু এইটো কৰা উচিত সমতা আৰু বৈষম্যহীন নীতিৰ ভিত্তিত এটা সবল ৰাষ্ট্রীয় আশ্রয়দান ব্যৱস্থাৰ যোগেদি আৰু যিটো ব্যৱস্থা হাৰাশাস্তি আৰু আন মানৱ অধিকাৰসমূহৰ পৰা সুৰক্ষাৰ প্রয়োজন হোৱা সকলো লোকৰ ক্ষেত্রত প্রযোজ্য হ'ব৷ জাতি, ধর্ম, বর্ণ, ৰাষ্ট্রীয় মূল (নেশ্যনেল অৰিজিন) বা আন নিষিদ্ধ কাৰণ বা ভিত্তি নির্বিশেষে সকলোকে সুৰক্ষা দিয়া উচিত৷ | ৰাষ্ট্রসংঘৰ সচিব প্রধান উদ্বিগ্ন | https://janambhumi.in/VFhwcmVFOVVWVDA9/en/VFhwcmVFOVVWVDA9/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A7%B0-%E0%A6%B8%E0%A6%9A%E0%A6%BF%E0%A6%AC-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%97%E0%A7%8D%E0%A6%A8.html.html |
514 | অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 পৰিবহন আইন উলংঘা কৰা সৰু-বৰ যান -বাহনে ভৰি পৰিল শিৱসাগৰৰ পৰিবহন কাৰ্য্যালয়ৰ চৌহদ 4 গুৱাহাটীৰ প্ৰতিবেদক।।২৫ জুন।।।জনজাতিকৰণৰ দাবীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে অবস্থান সোমা বাৰেধৰ্মঘট পালন কৰে।এই কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক কোচ ৰাজবংশী লোকে অংশ গ্ৰহণ কৰে।প্ৰতিবাদ কৰা সকলে জনজাতিকৰণ আমাৰ নাৰ্য দাবী, বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰক আদি শ্লো গান দিয়ে।এই কাৰ্য সূচীত সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি সুনীল বৰ্মণ, সাধাৰণ সম্পাদক হিমু ৰাজবংশী, এন চি পি ৰ সভাপতি দিজেন অধিকাৰী আদি উপস্থিত থাকে।সন্মিলনীয়ে কোচ ৰাজবংশী মহিলা সন্মিলনী আৰু কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে যৌথভাবে এই প্ৰতিবাদ সাব্যস্ত কৰে।এই কাৰ্যসুচিৰ জৰিয়তে এখন দাবী সম্বলিত স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলা উপযুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ প্ৰেৰণ কৰে | জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী সন্মিলনীৰ অৱস্থান ধৰ্মঘট | http://firstnewsreport.com/%e0%a6%9c%e0%a6%a8%e0%a6%9c%e0%a6%be%e0%a6%a4%e0%a6%bf%e0%a6%95%e0%a7%b0%e0%a6%a3%e0%a7%b0-%e0%a6%a6%e0%a6%be%e0%a6%ac%e0%a7%80%e0%a6%a4-%e0%a6%95%e0%a7%8b%e0%a6%9a-%e0%a7%b0%e0%a6%be%e0%a6%9c/ |
515 | নলবাৰীঃ নলবাৰীত জনসমুদ্ৰ৷ নলবাৰী মহাবিদ্যালয়ত কেৱল অগণন মানুহ আৰু মানুহ৷ পিছে আজি নলবাৰীত মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰি ফুটোৱা নেতাক চাবলৈ মানুহৰ ভিৰ লগা নাই৷ মানুহ আহিছে মানুহৰ বাবে কান্দিব জনা এখন হৃদয় চাবলৈ৷ মানুহৰ বাবে মানুহ হৈ জীয়াই থাকিব জনা শিল্পীগৰাকীক চাবলৈ৷ আজি দিনৰ ভাগত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু তথা অসম নক্ষত্ৰ শিল্পী জুবিন গাৰ্গে 'মিছন চাইনা' বোলছবিৰ প্ৰচাৰ চলাবলৈ নলবাৰী কলেজ বাকৰিত উপস্থিত হয়৷ বিশাল জনসমুদ্ৰৰ মাজত শিল্পী গৰাকীক আদৰণী জনায় জুবিন ফেন ক্লাৱ, নলবাৰী কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু নলবাৰীবাসীয়ে।এই অনুষ্ঠানত নলবাৰীৰ স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাৰ লগতে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক গোস্বামীয়ে শিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।শিল্পী গৰাকীয়ে নলবাৰীৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ দেখি অভিভূত হৈ পৰে।'মিছন চাইনা' বোলছবিখন সকলোৱে আদৰি লৈ উপভোগ কৰাৰ লগতে বহু নজনা কথাও দৰ্শকে চিনেমাখনৰ জৰিয়তে জানিবলৈ পাব বুলি আশা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে৷ 'অসমত যিমান কেইটা ছবিগৃহ আছে, সেইকেইটাই মিছন চাইনাৰ বাবে পৰ্যাপ্ত নহয়৷ মোৰ এইখন ছবি যদি ৰাইজে আকোঁৱালি লয়, তেন্তে ভবিষ্যতে মই অসমত আৰু ছবিগৃহ নিৰ্মান কৰাৰ প্ৰয়াস কৰিম৷'- শিল্পীগৰাকীয়ে অসমৰ ছবি আৰু ছবিগৃহৰ সম্পৰ্কত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে৷ অহা ৮ চেপ্তেম্বৰত ৰাজ্যৰ ছবিগৃহসমূহত মুক্তি পাবলগীয়া একচন-থ্ৰীলাৰ ভৰপূৰ ছবিখন চাবলৈ শিল্পীগৰাকীয়ে সকলোকে আহ্বান জনায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নলবাৰীত জুবিন গাৰ্গৰ 'মিছন চাইনা' বোলছবিৰ প্ৰচাৰত জনসমুদ্ৰ | https://www.newsnextone.com/zubeen-at-nalbari/#comments |
516 | নিজ কন্যাৰ বিয়াৰ বাবে বেংকৰ পৰা উলিওৱা ডেৰ লাখ টকা লুটিলে চিলনী চোৰে টকাৰ বেগ লৈ উধাও চোৰ৷ ভুক্তভোগীৰ সন্দেহ বেংকৰ লোক জৰিত আছে চুৰিকাণ্ডৰ লগত৷ তেজপুৰঃ তেজপুৰত দিন-দুপৰতে চোৰে লুটিলে ডেৰ লাখকৈ টকা৷ চতিয়াৰ কুসুমতলাৰ শিম্ভু বৰ্মণ নামৰ অসম আৰক্ষীৰ ১২ নং বেটেলিয়নৰ কৰ্মচাৰীজনে লগত পত্নী ইয়ানু বৰ্মণক লগত লৈ সোমবাৰে তেজপুৰৰ ষ্টেট বেঙ্কৰ পৰা নিজ কন্যাৰ বিয়াৰ বাবে টকা উলিয়াবলৈ আহিছিল ৷ তেজপুৰৰ ষ্টেট বেঙ্কৰ মুখ্য শাখাৰ পৰা শিম্ভু বৰ্মণে নিজৰ একাউন্টৰ পৰা ১ লাখ টকা উলিয়ায় আৰু এটিএমৰ পৰা উলিয়াই ৫০ হাজাৰ টকা উলিয়ায়৷ বেঙ্কৰ পৰা উলিওৱা সমুদায় ডেৰ লাখ টকা এখন বেগত লৈ বেংকৰ পৰা তললৈ নামি অহাৰ মুহুৰ্ততে ইয়ানু বৰ্মণৰ নামৰ গৰাকী মহিলাৰ হাতৰ পৰা পূৰ্বৰে পৰা তাত খাপ পিতি ৰৈ থকা চোৰে টকাৰ বেগটো কাঢ়ি লৈ উধাও হয়৷ এই ঘটনাৰ পিছতে ভুক্তভোগী মহিলা গৰাকীয়ে ষ্টেট বেঙ্কৰ প্ৰধান শাখাটোৰ প্ৰৱন্ধক জনকহে দোষাৰোপ কৰে৷ কিয়নো টকা উলিয়াই তেওঁলোক প্ৰৱন্ধকৰ কাষ চপাৰ সময়ত এটা চোৰক হেনো প্ৰৱন্ধকে মাত দিছিল আৰু নিম্ন স্বৰত কথাও পাতিছল ৷ সেয়ে ভুক্তভোগী মহিলা গৰাকীয়ে ধন লুটৰ ঘটনাৰ লগত বেংকটোৰ কোনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷ ঘটনাৰ খৱৰ দিয়াৰ পিচত আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ তেজপুৰৰ পৰা অপুৰ্ব বৰা আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | কন্যাৰ বিয়াৰ বাবে উলিওৱা ডেৰ লাখ টকা ষ্টেট বেঙ্কৰ সন্মুখৰ পৰা থপিয়াই নিলে চুৰে৷ বেঙ্কৰ কৰ্মচাৰীলৈ সন্দেহৰ আঙুলি | https://www.newsnextone.com/tezpur-loot-infront-of%20sbi |
517 | বাবুল বৰুৱা,হালোৱাটিং "নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমত এজনো অসমীয়া বিধায়ক হ'ব নোৱাৰিব।আমি ৰাজনৈতিক অধিকাৰ হেৰুৱাবলৈ গৈ আছোঁ।" আজি আমগুৰি আউনিআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এইদৰে মন্তব্য কৰে।জিলা যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি দিব্যজ্যোতি দাস আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পল্লৱ শইকীয়াৰ যুটীয়া পৰিচালনাত অনুষ্ঠিত সভাত অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰ কংগ্ৰেছ চৰকাৰতকৈও ভয়ংকৰ।বৰ্তমান চৰকাৰখনে দুখীয়াৰ কেৰাচিন তেল, চেনি বন্ধ কৰি নিজে মুনাফা লুটিছে।অসমীয়া জাতিক নিঃশেষ কৰিবৰ বাবে ব্লুপ্ৰিন্ট ৰচনা কৰি হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ বিচাৰিছে।শিৱসাগৰ জিলা কৃষক মুক্তিৰ সম্পাদক লোচন শ্যাম গোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আহোম জাতীয় গণ মঞ্চৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়া, আহোম সেনাৰ অংকুৰণ ফুকন, উজনি অসম মুছলিম উন্নয়ন পৰিষদৰ মনিৰুল ইছ্লাম বৰা, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰবীণ দাস, তাই আহোম ছাত্ৰ সন্থাৰ লিটুল বুঢ়াগোহাঁই, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যাদৱ গগৈ, টাইপাৰ হেমন্ত চাংমাই আদি বহু কেইটা সংগঠনৰ নেতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি উদাত্ত ভাষণ দিয়ে।আজিৰ সভাখনৰ আঁত ধৰিছিল জিলা ছাত্ৰ মুক্তিৰ সভাপতি দুলাল কলিতাই।বিজেপিৰ সভাপতিক অখিলৰ প্ৰত্যাহ্বান আজি আমগুৰিত অনুষ্ঠিত সভাত অখিল গগৈয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি 'বন্দে মাতৰম' আৰু 'ভাৰত মাতা কী জয়' শ্ল'গান দি কয় যে এয়া বিজেপিৰ শ্ল'গান নহয়।এয়া স্বাধীনতা আন্দোলনৰ সংগ্ৰামীৰ শ্ল'গানহে।তেওঁ বিজেপিৰ সভাপতি ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনাই কয় যে ৰঞ্জিত দাসে প্ৰতিখন সভাত কেৱল 'জয় আই অসম' ধ্বনি দিয়ক।অখিল গগৈয়ে কয় যে অসমীয়াসকলে প্ৰথমে নিজৰ সম্প্ৰদায়, তাৰ পাছত অসমীয়া আৰু শেষতহে ভাৰতীয় বুলি চিনাকি দিয়ে।আজিৰ সভাতেই অখিলে কয় যে লাচিতক লৈ ৰাজনীতি কৰা লাচিত বৰফুকন হিন্দু বীৰ নাছিল।এজন অসমীয়া বীৰ আছিল | আমগুৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী সভা | https://janambhumi.in/VFdwTmQwNVVSVDA9/%E0%A6%86%E0%A6%AE%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A6%BF%E0%A6%A4-%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A7%87%E0%A7%9F%E0%A6%95-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80-%E0%A6%B8%E0%A6%AD%E0%A6%BE.html |
518 | তেজপুৰঃ তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুৱে শনিবাৰে কয় যে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে।তেওঁৰ নামটোক লৈ হিমন্ত বিশ্বই কৰা ব্যংগ 'কুইজ', তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰে ক'লপাৰ্কৰ হিচাপ দাখিল নকৰা আৰু তেজপুৰৰ পাহাৰৰ মাটিৰ লেন-দেনৰ অভিযোগ উত্থাপন কৰিছিল।এই সন্দৰ্ভত ভানুৱে কয় যে চৰকাৰ যিহেতু বিজেপিৰ হাতত, গতিকে দুৰ্নীতিৰ অভিযোগ থাকিলে তদন্ত দিব লাগে।তেতিয়া সকলো সত্য ওলাই পৰিব।নিৰ্বাচনৰ সময়ত তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ চলোৱা হৈছে সেয়া অপপ্ৰচাৰৰ বাদে আন একো নহয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছেঃ ভানু | https://www.newsnextone.com/tezpur-vanu-propagenda |
519 | ডিজিটেল ডেস্কঃ আমেৰিকাত বাহাল থকা প্ৰব্ৰজন আইনখনক মুৰ্খৰ আইন আখ্যা দিয়া বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে প্ৰব্ৰজনকাৰীক জন্তু আখ্যা দিয়ে বৃহস্পতিবাৰে।মেধাৰ ভিত্তিতহে আমেৰিকা যুক্তৰাষ্ট্ৰত মানুহকহে ৰাষ্ট্ৰখনত স্থান দিয়া উচিত, ট্ৰাম্পে কয়।চুবুৰীয়া ৰাষ্ট্ৰ মেক্সিকোৰ লগতে নিজ ৰাষ্ট্ৰৰ কেলিফৰ্নিয়াৰ বিষয়ববীয়াৰ ওপৰত ক্ষোভ উজাৰি ট্ৰাম্পে প্ৰব্ৰজন আইনৰ শিথিলতা দুৰ কৰি আইনখন কটকটীয়া কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে।কেলিফৰ্নিয়াৰ বিষয়ববীয়াৰ সৈতে হোৱাইট হাউচত বৃহস্পতিবাৰে অনুষ্ঠিত এক ঘুৰণীয়া আলোচনাচক্ৰত প্ৰব্ৰজনৰ বিষয়টোত মন্তব্য কৰি ট্ৰাম্পে কয় যে প্ৰব্ৰজনকাৰীৰ সমস্যাটো খুবেই গম্ভীৰ।প্ৰব্ৰজনকাৰীসকল মানুহৰ শাৰীত নপৰে বুলিও কয় ট্ৰাম্পে।'আপোনালোকে নাজানে এওলোক কিমান বেয়া মানুহ, আচলতে এওলোক জন্তু', ট্ৰাম্পে কয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | অবৈধ অনুপ্ৰৱেশকাৰীসকল জন্তু | https://www.newsnextone.com/trump-says-immigrants-are-animals/#comments |
520 | অসমলৈ শুনানি ল'বলৈ পুনৰ অহাৰ প্রতিশ্রুতি ভংগ কৰি শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ বাবে সংসদীয় যুটীয়া কমিটীৰ (জে পি চি) বিৰুদ্ধে সৰৱ হৈছে কৃষক মুক্তি সংগ্রাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদকে ধৰি ৬০টা সংগঠন৷ বিজেপি নেতৃত্বাধীন চৰকাৰে জে পি চিক বিধেয়কখন উত্থাপনৰ বাবে প্রভাৱিত বা হেঁচা দিয়াৰ কথা সাংসদ চেলিমুদ্দিনে ফাদিল কৰাৰ পাছত কেন্দ্র আৰু ৰাজ্য চৰকাৰক চৰম সকীয়নি দিছে কৃষক মুক্তি সংগ্রাম সমিতি আৰু যুৱ-ছাত্র পৰিষদৰ নেতা ক্রমে অখিল গগৈ, পলাশ চাংমায়ে৷ কৃষক নেতা গগৈয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক উদ্দেশ্যি কয় যে তেওঁ এতিয়া জাতীয় নেতা হৈ থকা নাই৷ তেওঁ ইতিমধ্যে গণশত্রুত পৰিণত হৈছে৷ বিদেশৰ হিন্দুক আনি অসমত বহুৱাই ভোট বেংক সৃষ্টি কৰিব বিচাৰিছে৷ কেন্দ্রই বিধেয়কখন ক্ষমতাৰ জোৰেৰে গৃহীত কৰিলেও অসমৰ ৰাইজে কেতিয়াও মানি নলয় বুলিও তেওঁ কয়৷ ইফালে কৃষক মুক্তিকে ধৰি ৬০টা সংগঠনে কাইলৈৰ পৰা মুখ্যমন্ত্রীৰ শেহতীয়া স্থিতি কি সেই কথা জানিবলৈ বিচাৰি কাইলৈৰ পৰা পত্র প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ অসমীয়া জাতিৰ ক্ষতি হোৱা কাম নকৰাৰ প্রতিশ্রুতি দিয়া মুখ্যমন্ত্রীজনে বিধেয়কখন গৃহীত নে বাতিলৰ পক্ষত আছে, সেই কথা জানিবলৈ ৩০ অক্টোবৰৰ ভিতৰত আলোচনা বিচাৰিব৷ অগপৰ বিধায়কসকলকো উক্ত সংগঠনসমূহে লগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ | মুখ্যমন্ত্রীৰে ৩০ অক্টোবৰৰ ভিতৰত আলোচনা বিচাৰিব ৬০ টা সংগঠনে | https://janambhumi.in/VFdwVk5VOUVUVDA9/%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%B0%E0%A7%87-%E0%A7%A9%E0%A7%A6-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A7%B0-%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%B2%E0%A7%8B%E0%A6%9A%E0%A6%A8%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AC-%E0%A7%AC%E0%A7%A6-%E0%A6%9F%E0%A6%BE-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A6%A0%E0%A6%A8%E0%A7%87.html |
521 | অৱশেষত কোঁচ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আক্ৰাছুৰ দুটা গোটৰ একত্ৰীকৰণ সম্পন্ন হ'ল।আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত অনুষ্ঠিত আক্ৰাছুৰ এখন যৌথ প্ৰতিনিধি সভাৰ জৰিয়তে সংগঠনটোৰ প্ৰদীপ গোট আৰু হিতেশ গোট দুটা একত্ৰিত হৈ এখন নতুন সমিতি গঠন কৰে।উক্ত প্ৰতিনিধি সভাতে হিতেশ্বৰ বৰ্মনক উপদেষ্টা হিচাপে লৈ মুঠ ৫১ জনীয়া এখন সমিতি গঠন কৰা হয়।তাৰোপৰি অৰুণ ৰায়ক আক্ৰাছুৰ পৰৱৰ্তী দুইবছৰীয়া কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ লগতে গোকুল বৰ্মন নতুন কৈ গঠিত সমিতিখনৰ সম্পাদক ৰূপে নিৰ্বাচিত কৰে।আনহাতে নেতৃত্ব বাছনিক লৈ প্ৰতিনিধি সভা উত্তপ্ত হ'ব বুলি একাংশই সন্দেহ ব্যক্ত কৰাৰ বিপৰীতে উক্ত সভাখন কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ অনুষ্ঠিত হৈ যায় বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে দেওবাৰে ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত আক্ৰাছুৰ দ্বিবাৰ্ষিক যৌথ অধিৱেশনত সংগঠনটোৰ দুয়োটা গোট একত্ৰিত হৈ পৃথক কমতাপুৰ ৰাজ্য দাবীৰে কমতাপুৰ উদ্ধাৰৰ বাবে ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছিল | কোঁচ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আক্ৰাছুৰ নতুন সমিতি গঠন | https://assam.nenow.in/%e0%a6%86%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%9b%e0%a7%81%e0%a7%b0-%e0%a6%a8%e0%a6%a4%e0%a7%81%e0%a6%a8-%e0%a6%b8%e0%a6%ae%e0%a6%bf%e0%a6%a4%e0%a6%bf-%e0%a6%97%e0%a6%a0%e0%a6%a8/ |
522 | কোকৰাঝাৰঃ আপোনাৰ মটৰ চাইকেল হেৰাইছে নেকি? চুৰি হৈছিল নেকি আপোনাৰ মটৰচাইকেল? মটৰ চাইকেলখন ঘূৰাই পোৱাৰ আশা বাদ দিছে? ৰব, এবাৰ কোকৰাঝাৰ সদৰ থানাত খবৰ কৰকচোন।কিজানি কোকৰাঝাৰ সদৰ থানাত ৰদে বৰষুণে পৰি থাকি নষ্ট হবলৈ ধৰা ২৭ৰো অধিক মটৰচাইকেলৰ ভিতৰত আপোনাৰ মটৰচাইকেল খনো আছেই! কি ঠিক?? থাকিবওতো পাৰে।কোকৰাঝাৰৰ স্মাৰ্ট আৰক্ষীয়ে বিভিন্ন সময়ত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গৰাকীয়ে উপযুক্ত নথি প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবেই আৰু একাংশ দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেল জব্দ কৰি গোচৰ ৰজু কৰিছিল।গোচৰসমূহ শেহতীয়াভাৱে নিষ্পত্তি হৈছে।ৰদে বৰষুণে পৰি থকা মটৰচাইকেল সমূহৰ প্ৰকৃতগৰাকীয়ে এতিয়া উপযুক্ত নথি পত্ৰ দাখিল কৰি থানাৰ পৰা নিজৰ নিজৰ মটৰচাইকেল মোকলাই নিব পাৰিব।কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে প্ৰকাশ কৰা মতে, কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে সময়ে সময়ে মটৰ চাইকেলৰ গৰাকীয়ে উপযুক্ত নথি প্ৰদৰ্শন কৰিব নোৱাৰা তথা দুৰ্ঘটনাত পতিত হোৱা আৰু আন কেতবোৰ কাৰণত মটৰচাইকেলসমূহ জব্দ কৰিছিল।দুৰ্ঘটনাকে ধৰি ভিন ভিন গোচৰত বছৰ বছৰ ধৰি থানাত আৱদ্ধ হৈ থকা ২৭ৰো অধিক মটৰ চাইকেলৰ গোচৰ শেহতীয়াভাৱে নিষ্পত্তি হৈছে আৰু সেয়েহে মটৰচাইকেলৰ প্ৰকৃতগৰাকীক উপযুক্ত নথি পত্ৰ দাখিল কৰি থানাৰ পৰা নিজ নিজ মটৰ চাইকেল মোকলাই লবলৈ আহ্বান জনাইছে ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীয়ে।নিদিষ্ট সময়ৰ ভিতৰত কোকৰাঝাৰ সদৰ থানাত আৱদ্ধ হৈ থকা মটৰচাইকেলৰ প্ৰকৃতগৰাকীয়ে বৈধ নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে আইন অনুসাৰে নিলামৰ ব্যৱস্থা কৰা হ'ব বুলিও সদৰি কৰিছে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।লক্ষণীয় যে আৰক্ষীয়ে জব্দ কৰা ২৭ৰো অধিক মটৰ চাইকেলৰ ভিতৰত অধিকাংশ মটৰচাইকেলে হ'ল বাজাজ পালছাৰ | কোকৰাঝাৰত সদৰ আৰক্ষী থানাত থাকিব পাৰে আপোনাৰ চুৰি হোৱা বাইকখন | https://www.newsnextone.com/print/13089 |
523 | কৌতুক 10 জতুৱা-ঠাঁচ (ঠাঁচ মানে চৰ) - পল্লৱী কলিতা নতুনকৈ বিয়া হৈ গৈছোঁ।ভাত খাবলৈ গোটেইবোৰ একেলগে বহোঁ।ভাত নাওমান লওঁ আৰু।প্ৰথম দুদিনমান আকৌ এবাৰ ভাত খোজাৰ লাজত আধা পেটী হৈ মনে মনে শুই থাকোঁগৈ।তৃতীয় দিনলৈ নোৱাৰিলোঁ আৰু৷ খুজিলোঁ নহয় আকৌ এবাৰ ভাত।সৱৰে মুখত হাঁহি, বোলে ন-কইনাই ভাত লৈছে প্ৰথম বাৰ।ভাত খাই শেষ কৰোঁ মানে শাহুৱে জোৰ কৰি আকৌ এবাৰ দি দিয়ে- "আজি ইমান ভাল পাইছোঁ তুমি যে তৃপ্তিৰে ভাত সাজ খাইছা!" "মা আৰু নোৱাৰিম পেট ভৰি গল।" এই বুলি কৈ আছোঁ৷ কিন্তু মায়ে মৰম ঢালি আছে ঢালিয়েই আছে।মই আৰু মিচিক কে হাঁহি মাৰি কলোঁ- "ই চল পাই কুকুৰে গললৈকে জঁপিয়াই৷" হঠাৎ সৱ চুপ! মই বোলো কি হ'ল! পাছত আমাৰ এখেতে বোলে- "তুমি কিয় ইমান অসমীয়াত জোৰ দিয়া আই? নিদিবা! আমাৰ কাৰণে তুমি এনেকৈয়ে ভাল।" (বি: দ্ৰ: ঘৰত কৈ পঠিয়াইছিল বোলে মোৰ শহুৰৰ ঘৰত সাহিত্যৰ চৰ্চা খুব হয়।ময়ো চান্স এটা লৈছিলোঁ | জতুৱা-ঠাঁচ (ঠাঁচ মানে চৰ) - পল্লৱী কলিতা - ফটাঢোল | https://fotadhol.com/%e0%a6%9c%e0%a6%a4%e0%a7%81%e0%a7%b1%e0%a6%be-%e0%a6%a0%e0%a6%be%e0%a6%81%e0%a6%9a-%e0%a6%a0%e0%a6%be%e0%a6%81%e0%a6%9a-%e0%a6%ae%e0%a6%be%e0%a6%a8%e0%a7%87-%e0%a6%9a%e0%a7%b0-%e0%a6%aa%e0%a6%b2/?replytocom=7581#respond |
524 | বৰগোহাঁই 27 / 2019 ভাৰতৰ ভূমিত এলঅ'চি অতিক্ৰম কৰি প্ৰৱেশ কৰা পাকিস্তানৰ এফ-১৬ বিমান উফুৰাই দিলে ভাৰতীয় সেনাই।জম্মু-কাশ্মীৰৰ নৌছেৰা ছেক্টৰত লামভেলিৰে প্ৰৱেশ কৰিছিল পাকিস্তানৰ বায়ু সেনা বিমানখন।এলঅ'চি অতিক্ৰম কৰি ৩ কিঃমিঃ ভিতৰলৈ সোমাইছিল বিমানখন।তাৰ পাছতে ভাৰতীয় সেনাই পাকিস্তানৰ এফ-১৬ যুদ্ধ বিমানখন মাজ আকাশতে ধ্বংস কৰে।পিছে বিমানখনত থকা পাকিস্তানৰ পাইলত পেৰাছুট খুলি পলাবলৈ সক্ষম হয়।এইকথা ইতিমধ্যে প্ৰকাশ পাইছে এএনআই সংবাদ মাধ্যমত।আনহাতে, ক্ৰমাৎ যুদ্ধ দিশে আগবাঢ়িছে ভাৰত আৰু পাকিস্তান।পুলৱামা কাণ্ডৰ পোতক তুলি ভাৰতীয় বায়ুসেনাই মঙলবাৰে পুৱতি নিশা পাকিস্তানৰ অধিকৃত বালাকোটসহ অন্য দুই স্থানত থকা সন্ত্ৰাসবাদী ঘাঁটিত আক্ৰমণৰ পিছতে ক্ৰমাৎ অৱনতি ঘটিছে দুয়োখন দেশৰ সম্পৰ্ক।আনহাতে, দেশৰ চোৰাংচোৱা সন্থাই সম্ভাব্য আক্ৰমণৰ কথা ব্যক্ত কৰি সতৰ্কতা জাৰি কৰা পিছতে এতিয়া তৎপৰ হৈ পৰিছে নতুন দিল্লী।গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত দিল্লীত গুৰুত্বপূৰ্ণ বৈঠকত মিলত হৈছে।বৈঠকত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, গৃহসচিব, আইবি মুৰব্বীৰ মাজত নিৰাপত্তা দিশত গুৰুত্বপূৰ্ণ বৈঠক।আনহাতে এই বৈঠকৰ পিছত পুৰণ দিল্লীত প্ৰধানমন্ত্ৰী লগত বৈঠকত মিলিত হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল | ভাৰতীয় বায়ুসেনাৰ দ্বাৰা পাক এফ-১৬ ভূপতিত | https://www.newsasn.com/index.php/node/5323 |
525 | বাঘবৰ/অভয়াপুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ ফলত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৩০ জনতকৈয়ো অধিক লোকে।বানৰ এনে বিভীষিকাৰ মাজতে আজি নামনি অসমত এটি সাত মহীয়া পানী কেচুৱাসহ দুটি শিশুৰ মৃত্যু হয়৷ প্ৰাপ্ত বাতৰি মতে, বেঁকী নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলোৱা বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বালিকুৰি ননকে গাঁৱত পানীত পৰি এটি শিশুৰ কৰুণ মৃত্যু হয়।হাইশৰ আলী নামৰ লোকজনৰ সাতমহীয়া কেচুৱা দেৱান নুৰ ইঞ্জামুল হাছান নামৰ শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।আনহতে বঙাইগাঁৱৰ অভয়াপুৰী টাপাট্টাৰীত আজি পুৱা এটি দুই বছৰীয়া কন্যা শিশুৰ পানীত পৰি মৃত্যু হয়৷ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অভয়াপুৰী সমীপৱৰ্তী টাপাট্টাৰী নিবাসী আছিৰুদ্দিন আৰু নাজমা খাতুনৰ দুই বছৰীয়া কন্যা আইশা ছিদ্দিকাই প্ৰতিৱেশী এঘৰত উমলি থাকোতে বানৰ পানীৰে পূৰ্ণ দ' খাৱৈত পৰি যায়৷ ওচৰত কোনো লোক নথকাৰ ফলত দুই বছৰীয়া কন্যা শিশুটোৰ মৃত্যু হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | কলগাছিয়া-অভয়াপুৰীত বানত দুটি শিশুৰ মৃত্যু | https://www.newsnextone.com/flood-two-child-died-lower-assam/#comments |
526 | নলবাৰীঃ নলবাৰীৰ পূৱ প্ৰান্তৰ কেন্দুকুছি গাওঁ নিবাসী শিক্ষাবিদ, বনভাগ খাটা দিহজাৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যসেৱী অবিন চন্দ্ৰ নাথৰ সোমবাৰে পৰলোকগমন হয়৷ ১৯৩৯ চনৰ ২৫ ডিচেম্বৰত কেন্দুকুছিত জন্ম গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত সমগ্ৰ পূৱ নলবাৰী অঞ্চলটোত শোকৰ ছাঁ পৰে৷ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত প্ৰয়াত নাথে সাহিত্যৰ জগতখনটো যথেষ্ট অৱদান আছে।যাৰ বাবে তেওঁক অসম সাহিত্য সভাৰ সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা আৰু প্ৰধান সম্পাদক ড০ পৰমানন্দ ৰাজবংশীয়ে তেওঁৰ গৃহত আহি ওলগনি জনাইছিল৷ মৃত্যুৰ সময়ত শিক্ষাবিদ নাথে পত্নী গিৰিবালা নাথ, দুই পুত্ৰ আৰু তিনি জীয়ৰিক ইহ সংসাৰত এৰি থৈ যায়।বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা, উপ সভাপতি বিপিন চন্দ্ৰ কলিতা, সম্পাদক নৰেন্দ্ৰ মজুমদাৰ, নলবাৰী জিলা সাহিত্য সমাজৰ সম্পাদক বিনয় মজুমদাৰ, জিলা লেখক সভাৰ সভাপতি ৰফিউল হুছেইন বৰুৱা, সম্পাদক বিজয় বৰুৱা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পূৱ শাখা ছাত্ৰ সন্থা, কেন্দুকুছি গাওঁ উন্নয়ন সমিতি, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, সাধাৰণ সম্পাদক নিতুল ডেকা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান তথা দল -সংগঠনে শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নলবাৰীৰ বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয় প্ৰতিষ্ঠাপক অবিন চন্দ্ৰ নাথৰ মৃত্যু | https://www.newsnextone.com/special-teacher-death-at-nalbari/#comments |
527 | জ ডেস্ক 26 / 2020 ৰাজ্য কঁপাই যোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰে জড়িত মুঠ ১৬গৰাকী অভিযুক্তৰ চাৰি গৰাকীক নির্দোষী ঘোষণা কৰি বাকী ১২গৰাকীক কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আদালতে সাৱ্যস্ত কৰিলে দোষী।আদালতৰ চূড়ান্ত ৰায় লাভ কৰাৰ পিছতে সাতটা বছৰে পুত্ৰহাৰা দুৰ্ভগীয়া হৰেন শইকীয়াৰ পৰিয়ালটোৰ মুখত পৰিস্ফুত হৈছিল দুখৰ মাজতো সামান্য প্ৰাপ্তি।ৰাজ্যৰ প্ৰতিজন হৃদয়ৱান লোকে দাবী কৰিছে দোষী সাৱ্যস্ত প্ৰতিটো দানৱে লাভ কৰক কঠোৰৰ পৰা কঠোৰ শাস্তি।নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰা ঝংকাৰৰ আত্মাই লাভ কৰক শান্তি, লগতে দুৰ্ভগীয়া পৰিয়ালটোৱে যাতে ন্যায় পায় তাৰে কামনা কৰিছে।২৮ফেব্ৰুৱাৰীত দোষীৰ শাস্তিৰ সন্দৰ্ভত আদালতে গ্ৰহণ কৰিব শুনানি।আদালতৰ শুনানিলৈ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰাজ্যবাসী।তাৰ মাজতে আদালতৰ ৰায়ক লৈ অসন্তোষ ব্যক্ত কৰিছে সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা,সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা,সদৌ ৰাভা ছাত্ৰ সন্থা,সদৌ অসম দেউৰী ছাত্ৰ সন্থাকে আদি কৰি মুঠ ৮টাকৈ ছাত্ৰ সংগঠনে।বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংগঠনকেইটাই যুটীয়াভাৱে আদালতৰ ৰায়ক লৈ এক সংবাদ মেল সম্বোধন কৰি ইতিমধ্যে আদালতে দোষী সাৱ্যস্ত কৰা একাংশ ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলায়।বুধবাৰৰ সংবাদ মেলত সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম হাংচেং আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰীয়ে সত্ৰ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ আদালতৰ দ্বাৰস্থ হ'ব বুলি উল্লেখ কৰে।গুৰুত্বপূৰ্ণ কথা এই যে ইতিমধ্যে ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত দোষী সাৱ্যস্ত হোৱা ১২টা অপৰাধীৰ অহা ২৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব শাস্তি।উল্লেখ যে ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাৰ অধীনতো সাব্যস্ত হৈছে দোষী।যিটো ধাৰাত শাস্তিৰ পৰিমাণ গোটেই জীৱন কাৰাদণ্ড অথবা হ'ব পাৰে ফাঁচী | আদালতে দোষী সাব্যস্ত কৰা ঝংকাৰ শইকীয়াৰ হত্যাকাৰীৰ হৈ ওকালতি সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি সাতটা সংগঠনৰ | https://www.newsasn.com/index.php/node/11101 |
528 | বৰপেটাৰোডঃ ৰাজ্যত হোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত মঙলবাৰে আবেলি বৰপেটা জিলাৰ বৰপেটাৰোডৰ সমীপৰ গান্ধাৰীপাৰাত এটি প্ৰায় ডেৰবছৰীয়া শিশুৰ মৃত্যু হয়৷ মৃত্যু হোৱা শিশুটি মুন্নাচ আলিৰ পুত্ৰ চুমেদ আলি বুলি জানিব পৰা গৈছে৷ শিশুটোৱে ঘৰৰ পিছপিনে যাওঁতে বানপানীৰ প্ৰবল সোঁতে উটুৱাই নিয়াৰ ফলতেই মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ পিছত দূৰৈত শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | গান্ধাৰীপাৰাত এটি শিশুৰ সলিল সমাধি | https://www.newsnextone.com/borpeta-gandhibari-one-child-dead-body-recover/#comments |
529 | ৰাম মন্দিৰ-বাবৰি মচজিদ গোচৰৰ শুনানী তাৰিখ ১০ জানুৱাৰী নিৰ্দ্ধাৰণ কৰিলে উচ্চতম ন্যায়লয়ে।৪ জানুৱাৰী তাৰিখটোলৈ সমগ্ৰ দেশে দৃষ্টি নিবদ্ধ কৰি ৰাখিছিল।প্ৰায় দুটা দশক জুৰি অব্যাহত থকা ৰাম মন্দিৰ ভুমি বিবাদৰ আশু সমাধানৰ বাবে উচ্চতম ন্যায়লয়লৈ আশা বাট চাই আহিছে দেশবাসীয়ে।এই বিবাদক লৈ ৰাজনৈতিক মহলত কেবা দশক ধৰি তুষ্টিকৰণ আৰু বোকা ছটিয়াৰ খেল অব্যাহত আছিল।আলোচনাৰ মাধ্যমেৰে হওক বা ৰাজনৈতিক ভাৱেই হওক বিযয়টো নিষ্পত্তিৰ বাবে বহু পদক্ষেপ লোৱা হৈছিল যদিও সেই প্ৰচেষ্টা সমুহ ব্যৰ্থ হৈছিল।পিচলৈ মাননীয় উচ্চতম ন্যায়লয়ে বিযয়টো নিষ্পত্তি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল।শুনানী দিন ধাৰ্য কৰা হৈছিল ৪ জানুৱাৰী।মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ আৰু এচ কে ক'ল দুজনীয়া খণ্ডপীঠে এই শুনানী গ্ৰহণ কৰাৰ কথা আছিল।৪ জানুৱাৰীৰ ধাৰ্য কৰা দিনটোতে প্ৰক্ৰিয়া আৰম্ভ হল যদিও, মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৱে ঘোষণা কৰিলে যে , শুনানী গ্ৰহণ কৰা হব অহা ১০ জানুৱাৰীত।দুজনীয়া খণ্ড পীঠে নহয় , তিনিজনীয়া খণ্ড পীঠেহে এই শুনানী গ্ৰহণ কৰিব।তিনিজনীয়া খণ্ডপীঠত কোন কোন ন্যায়ধীশে দায়িত্ব লাভ কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।জানুৱাৰী ৭ বা ৮ তাৰিখলৈ এই সন্ধৰ্ভত জানিব পৰা যাৱ বুলি অনুমান কৰা হৈছে।বিভিন্ন পক্ষৰ পৰা দাবী উঠিছিল যে বিযয়টোৰ দ্ৰুত মিমাংসাৰ বাবে ন্যায়লয়ে প্ৰতিদিনে শুনানী গ্ৰহণ কৰক।এই সম্পৰ্কেও শুকুৰবাৰে কোনো ধৰণৰ মন্তব্য নকৰিলে মাননীয় মুখ্য ন্যায়ধীশে।এই সম্পৰ্কে গঠন হবলগীয়া তিনিজনীয়া খণ্ডপীঠে সিদ্ধান্ত লব।পৰৱৰ্তী ১০ জানুৱাৰী বিযয়টোৱে কেনেদৰে অগ্ৰগতি লব তাৰ প্ৰতি দৃষ্টি নিবদ্ধ থাকিব সমগ্ৰ দেশবাসীৰ | প্ৰসংগ-ৰাম মন্দিৰ গোচৰ ! পুনৰ তাৰিখ | https://neindianews.com/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%b8%e0%a6%82%e0%a6%97-%e0%a7%b0%e0%a6%be%e0%a6%ae-%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a6%bf%e0%a7%b0-%e0%a6%97%e0%a7%8b%e0%a6%9a%e0%a7%b0-%e0%a6%aa%e0%a7%81/ |
530 | ৰঙিয়াঃ পৰিবৰ্তন আৰু উন্নয়নৰ শ্ল'গানেৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে আছুই৷ বাট-পথ উন্নয়নৰ দাবীত আজি ৰঙিয়াত আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ সাব্যস্ত কৰি বাট-পথ উন্নয়ণৰ দাবী জনায়৷ পশ্চিম ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া-ধমধমা সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰি থকা এই পথটোৱে বহুদিন ধৰি অঞ্চলবাসীক যমৰ যাতনা ভুগাই আহিছে৷ আনহাতে জৱাহৰ নৱোদয় বিদ্যালয়লৈ যোৱা গুৰুত্বপূৰ্ণ এই পথটোৰ দুৰ্দশাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলেও।যাতায়তৰ নামত দূৰ্ভোগ ভুগি অহা ৰাইজে পথটো নিৰ্মাণৰ বাবে গড়কাপ্তানী বিভাগক বহুবাৰ আবেদন কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসী এতিয়া অতিষ্ঠ হৈ পৰিছে।সেয়ে সোমবাৰে ৰাইজৰ সহযোগত আছুই ঘাইপথ অৱৰোধ কৰি পুনৰ পথটো নিৰ্মানৰ বাবে প্ৰতিবাদ কাৰ্যসূচী হাতত লয়৷ আজি আছুৰ প্ৰতিবাদত চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিস্থিতি উত্তাল হৈ পৰে।আনহাতে শীঘ্ৰে এই পথটো মেৰামতি নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | পথ মেৰামতিৰ দাবীত ৰঙিয়াত আছুৰ প্ৰতিবাদ | https://www.newsnextone.com/road-protest-by-assu-in-rangia |
531 | জাজৰিঃ সমগ্ৰ দেশৰ প্ৰতিখন জিলাক সামৰি অনুষ্ঠিত হোৱা নিউ ইণ্ডিয়া মন্থনৰ লক্ষ্যৰে 'সংকল্পৰ পৰা সিদ্ধি' শীৰ্ষক অনুষ্ঠান আজি নগাঁৱৰ চিলঙনীৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয়।যোৱা ১৯ আগষ্টৰ পৰা সমগ্ৰ দেশত আৰম্ভ হোৱা নিউ ইণ্ডিয়া মন্থনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে কেন্দ্ৰটোৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই।ৰাজ্যখনত ২০২২ চনৰ ভিতৰত প্ৰতিজন কৃষকৰ আয় দুগুণ বৃদ্ধি সম্পৰ্কত ড০ ডেকাই বিভাগীয়ভাৱে লোৱা ব্যৱস্থাৱলীৰ বিষয়েও বিৱৰণ দাঙি ধৰে।অনুষ্ঠানত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্রী ৰাজেন গোঁহাই উপস্থিত থাকি 'সংকল্পৰ পৰা সিদ্ধি'ৰ বাবে এক শপত বাক্য পাঠ কৰোৱাৰ লগতে প্ৰধানমন্ত্রীৰ বাৰ্তাও পাঠ কৰে।আমন্ত্রিত অতিথি হিচাবে ৰাজ্যৰ জলসম্পদ আৰু তথ্য প্ৰযুক্তি মন্ত্রী কেশৱ মহন্ত উপস্থিত থাকি ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত খাপ খোৱাকৈ আঁচনি প্ৰস্তুতিৰ বিষয়ে গুৰুত্ব দিয়াৰ ওপৰত বক্তব্য ৰাখে।অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কমলমল্ল বুজৰবৰুৱা, জিলা উপায়ুক্ত ছমচেৰ সিং, কৃষি প্ৰযুক্তি ব্যৱহাৰিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ সঞ্চালক ড০ অৰুণ কুমাৰ ত্রিপাঠী, কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰদীপ কুমাৰ দাস, নাৱাৰ্ড, লীড বেংকৰ বিষয়া, জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল উপস্থিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নগাঁৱত সংকল্পৰ পৰা সিদ্ধি শীৰ্ষক অনুষ্ঠান | https://www.newsnextone.com/jajori-sangkalpo-sidhi-programme/#comments |
532 | তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটা চকত শুকুৰবাৰে নিশা এক জুৱাৰ ঘাটি উৎখাত কৰা হয়।লগতে চাৰিজন জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।আটকাধীন জুৱাৰী চাৰি গৰাকী হৈছে চুনফু ব্ৰহ্ম, চমেন বড়ো, আব্দুল লতিব আৰু ৰিন্টু আলীক।উল্লেখ্য যে, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্ব আৰক্ষী দলে এটাই এক গোপন সুত্ৰৰ পোমখেদি বৰখাটা চকত অভিযান চলাইছিল।অভিযানকালত আৰক্ষীৰ দলটোৱে ঘাটিটোৰপৰা জুৱাৰ সামগ্ৰী, নগদধন ৩০১০ টকা, চাৰিটা মোবাইল, দুখন বাইক জব্দ কৰি থানালৈ লৈ আনে।জব্দকৃত বাইক দুখনৰ নম্বৰ এছ ০১ এ এন ৪৬২০ আৰু এ এছ ০১ টি ৫৬৩১।ইপিনে জুৱাৰী চাৰিজনৰ বিৰুদ্ধে তামুলপুৰ থানাত এটা গোচৰ ৰুজু কৰি জেলহজুতলৈ প্ৰেৰণ কৰে | তামুলপুৰত চাৰি জুৱাৰী আটক | https://www.newsnextone.com/print/18037 |
533 | নতুন দিল্লীঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী শীলা দীক্ষিতৰ শনিবাৰে দেহাৱসান ঘটে৷ হৃদ ৰোগত আক্ৰান্ত হৈ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে৷ এস্ক'ৰ্টত মুখ্যমন্ত্ৰীগৰাকীৰ হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাত আজি পুৱা দিল্লীৰ আখোলাস্থিত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ ১৯৯৮ ৰপৰা ২০১৩ লৈকে মুঠ ১৫ বছৰ ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শীলা দীক্ষিতে।১৯৩৪ চনত পঞ্জাৱত জন্মগ্ৰহণ কৰা শীলা দীক্ষিত বিগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল।২০১৪ চনত কেৰালাৰ ৰাজ্যপালৰ দায়িত্বতো আছিল বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰীগৰাকী।আনহাতে টুইটাৰ যোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সেইদৰে ১৯৮৬ পৰা ১৯৮৯ লৈকে কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শীলা দীক্ষিতে।এই খবৰে গোটেই দিল্লীতে আজিৰ শোকৰ ছাঁ বিয়পায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | শেষ নিশ্বাস ত্যাগ কৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতে | https://www.newsnextone.com/delhi-ex-cm-shila-dixil-dead |
534 | পলাশবাৰী সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা তথা অগপ চৰকাৰৰ দিনত মন্ত্ৰিত্ব লাভ কৰা যতীন মালীয়ে আজি আঞ্চলিক দলটোৰ সংগ এৰি আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, জ্যেষ্ঠ নেতা ডাঃ ভূমিধৰ বৰ্মন আৰু ৰাষ্ট্ৰীয় নেতা তথা পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদলৰ উপস্থিতিত পত্নীসহ কংগ্ৰেছত যোগ দিয়ে মালীয়ে।কংগ্ৰেছত যোগদানৰ পাছতেই প্ৰাক্তন বিধায়ক মালীয়ে অগপ নেতৃত্বৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হয়।তেওঁ কয়, 'অগপৰ এতিয়া অতি বেয়া অৱস্থা।এই দলটোত আৰু থাকিব পৰা অৱস্থা নাই।অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদ দল এতিয়া বন্ধ হৈ যোৱাৰ পথত'।ইয়াৰ উপৰি নাগৰিকত্ব বিধেয়কক লৈ মিত্ৰতা ত্যাগ কৰা অগপই পুনৰবাৰ বিজেপিৰে মিত্ৰতা কৰা প্ৰসংগতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা মালীয়ে কয়, 'অগপই লাজ মান কাটি কৰি বিজেপিৰ লগ লাগিল।আমি সেই অপমান সহি থাকিব নোৱাৰিলো'।আনহাতে অগপৰ সভাপতি অতুল বৰাকো কটাক্ষ কৰা দেখা যায় যতীন মালীয়ে।তেওঁ কয় যে সভাপতি অতুল বৰাৰ নেতৃত্বত অগপ ফেইল মাৰিছে, চাৰি-পাঁচজনক লগত লৈ দলটো এতিয়া লাজ লগা অৱস্থালৈ লৈ গৈছে।আঞ্চলিকতাবাদ ত্যাগ কৰি ৰাষ্ট্ৰীয় দল কংগ্ৰেছত যোগদান কৰা মালীয়ে কংগ্ৰেছক অসমৰ ত্ৰাণকৰ্তা আখ্যা দি ২০২১ত অসমত পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।তদুপৰি পলাশবাৰী সমষ্টিত কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাব বুলি কয় | অপমান সহিব নোৱাৰি' প্ৰাক্তন অগপ মন্ত্ৰী যতীন মালীয়ে যোগ দিলে কংগ্ৰেছত | https://assam.nenow.in/former-agp-mla-cum-minister-jatin-mali-joins-congress/ |
535 | ঢেকীয়াজুলিঃ বৰছলা বিধান সভা সমষ্টিত বিজেপি, কংগ্ৰেছ এৰি দুৰ্দিন সত্বেও অগপলৈ ঢাপলি মেলিছে ৰাষ্ট্ৰীয় দল দুটাৰ বহু নেতা-কৰ্মী৷ এই অনুযায়ী অগপৰ বৰছলা বিধান সভা সমষ্টি সমিতিৰ অন্তৰ্গত পশ্চিম বৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আজি এখন সাধাৰণ সভা আনুষ্ঠিত হয়৷ উক্ত সাধাৰণ সভাত বৰছলা সমষ্টিৰ বহু বিজেপি-কংগ্ৰেছ নেতাই অগপত যোগদান কৰে৷ সভাত উপস্থিত থাকি তেজপুৰ জিলা অগপৰ উপ-সভাপতি তথা দলটোৰ জ্যেষ্ঠ নেতা ৰাতুল নাথে অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশৰ পথ অগপই হে মুকলি কৰিব পাৰিব বুলি কয়৷ জ্যেষ্ঠ নেতাগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ দলে কোনো দলৰে সৈতে মিত্ৰতা নকৰাকৈ অকলেই যুঁজ দিব বুলি স্পষ্ট কৰে৷ এই সভাতেই বহু কেইগৰাকী আঞ্চলিক পৰ্যায়ৰ নেতাই বিজেপি আৰু কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰে৷ পশ্চিম বৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি দুৰ্গেশ্বৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন বৰগাঁও জিলা পৰিষদৰ অগপ সদস্য নোমল দৈমাৰীৰ তৎপৰতাত অনুষ্ঠিত হয়৷ সভাখনত দলটোৰ সাংগঠনিক দিশত বিশদ আলোচনা কৰাৰ লগতে আঞ্চলিকৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখনো গঠন হয়৷ তেজপুৰত মিত্ৰতা এৰি অগপই অকলেই প্ৰতিদ্বন্দিতা কৰিব বুলি অগপই আজিৰ সাধাৰণ সভাতে ঘোষণা কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | হাত-পদুম এৰি বৰছলাত হাতীত গমন বহু নেতা-কৰ্মীৰ | https://www.newsnextone.com/agp-vs-bjp-borkhola-area |
536 | ষড়ানন বৰা, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ বিভিন্ন স্থানত এতিয়া গা কৰি উঠিছে অপৰাধী চক্ৰ।চামগুৰিৰ কাঠালগুৰিত বৃহস্পতিবাৰে নিশা সংঘটিত এক ভয়ংকৰ ডকাইতি-কাণ্ডক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।চামগুৰিৰ কঠালগুৰিৰ ঝাৰুগাঁৱত মাজনিশা দুটাকৈ পৰিয়ালৰ ঘৰত এটা ডকাইতৰ দলে প্ৰৱেশ কৰি লুটিলে লক্ষাধিক টকাসহ ম'বাইলৰ লগতে বিভিন্ন সা-সম্পত্তি।প্ৰথম অৱস্থাত হাতে হাতে পিষ্টল লৈ প্ৰৱেশ কৰা প্ৰায় সাতজনীয়া ডকাইতৰ দলটোৱে এহাল দৰিদ্ৰ বৃদ্ধ দম্পতিক ঘৰৰ ভিতৰতে বান্ধি থৈ লুটি নিলে প্ৰায় তিনি হাজাৰ টকাসহ দুটাকৈ ম'বাইল ফোন।পৰৱৰ্তী সময়ত সমীপতে থকা আন এটা পৰিয়ালৰ ঘৰত ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে ঘৰখনৰে এজন বৃদ্ধক।লগতে ঘৰখনৰ এগৰাকী যুৱতীক চুলিত ধৰি টানি বহু দূৰ চোচৰাই নিয়াৰ লগতে যুৱতীগৰাকীক চলালে নিৰ্যাতন।ঘৰখনৰপৰা এহাল গৰু বিক্ৰী কৰি পোৱা ধনৰ লগতে আহত বৃদ্ধজনে পোৱা পেঞ্চনৰ টকাসহ প্ৰায় এক লক্ষাধিক টকাৰ লগতে বহুকেইপদ যাৱতীয় সা-সম্পত্তি লৈ উধাও হয় ডকাইতৰ দলটো।ইফালে পুৱা স্থানীয় ৰাইজে নিশা সংঘটিত এই ডকাইতি-কাণ্ডৰ বিষয়ে চামগুৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ডকাইতৰ দলটোৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।অৱশ্যে আহত বৃদ্ধজনৰ লগতে যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ দিহা কৰিছে স্থানীয় ৰাইজে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নগাঁৱৰ চামগুৰিত চাঞ্চল্যকৰ ডকাইতি-কাণ্ড | https://www.newsnextone.com/samaguri-decoity-two-houses |
537 | অসমৰ সৰ্বসাধাৰণ জনগণ আৰু সকলো জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬-ৰ তীব্ৰ বিৰোধিতা কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদেও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক কোনোপধ্যে গ্ৰহণ কৰিব পৰা নাযায় বুলি স্থিতি স্পষ্ট কৰিছে।অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি দলটোৱে অসমৰ প্ৰতিখন জিলাতে ইতিমধ্যে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে।এই কাৰ্যসূচীৰ অংশ হিচাপে দলটোৱে আজি ৰঙিয়া চহৰত গণস্বাক্ষৰ অভিযান আৰম্ভ কৰে।অগপৰ ৰঙিয়া জিলা সমিতিৰ উদ্যোগত ইতিহাস বিজড়িত ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সন্মুখত আয়োজিত এই গণস্বাক্ষৰ অভিযানৰ পূৰ্বে এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ প্ৰতিবাদী সভাত ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই ভাষণ দি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা নীতিৰ পৰিপন্থী৷এই বিধেয়কখনে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাৰ মূল পৰিকাঠামোটোকে কুঠাৰাঘাত কৰিব ৷ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰি হিন্দু বাংলাদেশীসকলক দেশৰ মাটিলৈ আদৰণি জনাব বিচৰা কাৰ্য চূড়ান্ত সৰ্বনাশী ৷ তদুপৰি এই বিধেয়কখন আইনত পৰিণত হ'লে ১৯৮৫ চনত স্বাক্ষৰিত ঐতিহাসিক অসম চুক্তিখনো অৰ্থহীন হৈ পৰিব।যি অসম চুক্তি ৮৫৫ জন পাহুৱাল ডেকাৰ তেজৰ বিনিময়ত ৰাজ্যবাসীয়ে লাভ কৰিছিল, সেই অসম চুক্তি অসাৰ হৈ পৰিলে তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা আন কি হ'ব পাৰে বুলি ডেকাই প্ৰশ্ন কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'ব লাগিলে অসমীয়াসকল সংখ্যালঘুত পৰিণত হ'ব বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে এই বিধেয়কখনে অসমৰ সমাজ জীৱন তচনচ কৰি পেলাব ৷ অসমৰ অৱস্থা ত্ৰিপুৰাৰ লেখিয়া হ'ব ৷ ঘৰৰ মাটিতে অসমীয়া ভগনীয়াত পৰিণত হ'ব৷ সৰ্বানন্দ সোণোৱাল চৰকাৰক জাতিৰ স্বাৰ্থত সবল স্থিতি গ্ৰহণ কৰিবলৈ ডেকাই আহ্বান জনায় ৷ ডেকাই সমগ্ৰ বিষয়টোত নৰেন্দ্ৰ মোডী চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে।আজিৰ এই কাৰ্যসূচীত অগপৰ কেন্দ্ৰীয় সমিতি সম্পাদক ধ্ৰুৱ শৰ্মা, ৰঙিয়া জিলা সমিতিৰ উপদেষ্টা পৰমেশ্বৰ বুজৰবৰুৱা, ৰঙিয়া নগৰ সমিতিৰ উপদেষ্টা আব্দুল জব্বৰ, সভাপতি পংকজ লহকৰ, অসম যুৱ পৰিষয়দৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰবাল বুজৰবৰুৱা, ৰঙিয়া সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক লীলাধৰ শালৈ, সম্পাদক পংকজ কলিতা, ৰঙিয়া ব্লক সমিতিৰ সম্পাদক দ্বীপেশ দাসকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে | নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত ৰঙিয়াত অগপৰ গণস্বাক্ষৰ অভিযান | https://janambhumi.in/VFdwRmVVMXFSVDA9/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A7%87%E0%A6%AF%E0%A6%BC%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A4-%E0%A7%B0%E0%A6%99%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%85%E0%A6%97%E0%A6%AA%E0%A7%B0-%E0%A6%97%E0%A6%A3%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%B0-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8.html |
538 | বিজেপি বিধায়ক শিলাদিত্য দেবে এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি চলোৱা প্ৰচাৰৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিধায়কজনক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু মুকুট ডেকাই আজি এন ই নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে একাংশ ৰাজনৈতিক নেতাই এন আৰ চিক লৈ ষড়যন্ত্ৰ কৰিবলৈ এতিয়াও এৰা নাই।সংগঠনটোৰ মতে যদি চৰকাৰে শিলাদিত্য দেবক গ্ৰেপ্তাৰ নকৰে তেন্তে বিজেপি-আৰ এছে এছে তেওঁৰ জৰিয়তেই এন আৰ চিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে বুলি ভাবিবলৈ তেওঁলোক বাধ্য হ'ব।সংগঠনটোৱে লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাৰ শান্তিপূৰ্ণ প্ৰকাশে আৰ এছ এছ-বিজেপিৰ চক্ৰান্ত বিফল কৰিলে।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰতি অসমৰ ৰাইজৰ শান্তিপূৰ্ণ অথচ উৎসাহজনক সঁহাৰিৰ বাবে সংগঠনটোৱে অসমৰ সমূহ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।এন আৰ চি প্ৰসংগত আছু আৰু ২৮ টা জনজাতীয় সংগঠনৰ আহ্বান নাগৰিকপঞ্জীৰ প্ৰথম খচৰা প্ৰকাশৰ পৰৱৰ্তী কামখিনি দুগুণ উদ্যমেৰে জাতীয় দায়িত্ব হিচাপে গণ্য কৰি এখন শুদ্ধ নাগৰিকপঞ্জী অসমৰ ৰাইজলৈ আগবঢ়াবলৈ প্ৰক্ৰিয়াটোৰ লগত জড়িত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিষয়া-কৰ্মচাৰী সকলৰ প্ৰতি আহ্বান জনাইছে আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে।সংগঠনসমূহৰ হৈ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে এন ই নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে প্ৰ-পত্ৰ পূৰণৰ পৰা আৰম্ভ কৰি খচৰা চোৱালৈকে অসমৰ ৰাইজে জনোৱা শান্তিপূৰ্ণ সঁহাৰিয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰতি থকা অসমৰ ৰাইজৰ আস্থা প্ৰমাণ কৰিলে।বিবৃতিটোত লগতে কোৱা হয় এখন সম্পূৰ্ণ বাংলাদেশী নাম মুক্ত শুদ্ধ নাগৰিকপঞ্জী সম্পন্ন নোহোৱালৈকে অসমৰ জনসাধাৰণ সজাগ আৰু সচেতন হৈ থাকিব লাগিব।সংগঠনকেইটাই নাগৰিকপঞ্জী উন্নীতকৰণৰ লগত জড়িত বিষয়া-কৰ্মচাৰী সকলকো দিনে-নিশাই কাৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে | উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰক : কৃষক মুক্তি সংগ্ৰাম সমিতি | https://assam.nenow.in/%e0%a6%89%e0%a6%9a%e0%a7%8d%e0%a6%9a%e0%a6%a4%e0%a6%ae-%e0%a6%a8%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a7%9f%e0%a6%be%e0%a6%b2%e0%a7%9f%e0%a6%95-%e0%a6%85%e0%a7%b1%e0%a6%ae%e0%a6%be%e0%a6%a8%e0%a6%a8%e0%a6%be/ |
539 | হোজাইঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ন'মাটী মৌজাৰ মৌজাদাৰক আজি মৌজাদাৰ পদৰ পৰা নিলম্বন কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে মৌজাটোত৷ হোজাইৰ উপায়ুক্তই এক নিৰ্দেশযোগে মৌজাদাৰৰ দায়িত্বৰ পৰা নিলম্বন কৰে মৌজাদাৰ হৰেন বৰাক৷ হোজাইৰ উপায়ুক্ত এচ লক্ষ্মননৰ এইচ জে এল এল ১-৯৯-১৯২নং পত্ৰৰ নিৰ্দেশমৰ্মে নমাটী মৌজাৰ মৌজাদাৰ হৰেন বৰাক চৰকাৰী ৰাজহৰ বিত্তীয় খেলিমেলিৰ অভিযোগত তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰে৷ মৌজাদাৰগৰাকীক নিলম্বন কৰাৰ পিছত উপায়ুক্তগৰাকীয়ে নমাটি মৌজাৰ সমস্ত দায়িত্ব ডবকা ৰাজহ চক্ৰ বিষয়াক অৰ্পণ কৰে৷ উল্লেখ্য যে ন'মাটি মৌজাৰ মৌজাদাৰ হৰেন বৰাই দীৰ্ঘদিনৰ পৰা জালিয়াতিৰে চৰকাৰী ৰাজহ আত্মসাৎ কৰাৰ অবিযোগ উত্থাপন হৈ আহিছিল৷ চৰকাৰী নিৰিখতকৈও অত্যাধিক খাজনা সাধাৰন ৰাইজৰ পৰা দাবী ধমকিৰে আদায় কৰাৰ লগতে মৌজাখনত উঠিৰজা বহিৰজা হৈ পৰিছিল বুলি চৰ্চা হৈছিল৷ হোজাইৰ প্ৰাক্তন মহকুমাধিপতিক গঞা ৰাইজে কেইবাবাৰো মৌজাদাৰগৰাকীৰ বিৰুদ্ধে অভিযোগ দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল৷ হোজাইৰ উপায়ুক্তই তদন্তমৰ্মে এই দুৰ্নীতিগ্ৰস্থ মৌজাদাৰ গৰাকীক নিলম্বন কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ৰাজহ ফাকি, মৌজাদাৰক নিলম্বন | https://www.newsnextone.com/mouzadar-suspend-doaka-hojai |
540 | বৰপথাৰঃ অসমীয়াৰ গুৰু, নাট্যকাৰ, গীতিকাৰ, অসমীয়া জাতিৰ পথ প্ৰদৰ্শক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ৷ এইজনা মহান পুৰুষে অসমৰ সমাজ জীৱনত বিভিন্ন কাৰ্যৱালীৰে এখন সুন্দৰ অসমীয়া সমাজ গঢ়ি থৈ গৈছে৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষজনাৰ ৫৬৯তম জন্ম জয়ন্তী ৰাজ্যৰ বিভিন্ন ঠাইত ভক্তপ্ৰাণ ৰাইজে পালন কৰাৰ লগতে অহা ২৯, ৩০ চেপ্তেম্বৰ আৰু ১ অক্টোবৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে টেঙানী গলাই নামঘৰত আয়োজন কৰিবলৈ লোৱা হৈছে৷ তিনিওদিনৰ সকলোবিলাক কাৰ্যসূচীতে উদ্যাপন সমিতিয়ে সকলো ৰাইজৰ সহায়-সহযোগীতা কামনা কৰিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | টেঙানীত শংকৰদেৱৰ ৫৬৯ তম জন্মোৎসৱ পালন | https://www.newsnextone.com/sankardev-jayanti-in-tengani |
541 | ডিজিটেল ডেস্কঃ বৰ্তমানৰ অভিভাৱকৰ মুৰৰ কামোৰণি হৈ পৰিছে ফাষ্ট ফুড৷ খাদ্যাভাস বেয়া কৰি পেলোৱা ফাষ্টফুডৰ বাবে এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে ফাষ্টফুড সংক্ৰান্তত এক গুৰুত্বপুৰ্ণ সিদ্ধান্ত লৈছে চৰকাৰে।বিদ্যালয়সমুহত নিষিদ্ধ কৰা হৈছে এই খাদ্য৷ অৱেশ্য মহাৰাষ্ট্ৰৰ বিদ্যালয়ৰ কেন্টিনতহে নিষিদ্ধ কৰা হৈছে ফাষ্ট ফুড৷ দুবছৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দিয়া এই নিৰ্দেশৰ আধাৰত মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্দেশ দিছে বিদ্যালয়সমুহত৷ যিবোৰ খাদ্যত অতিৰিক্ত পৰিমানৰ চৰ্বি থাকে সেই খাদ্যসমুহ বন্ধ কৰাৰ নিৰ্দেশ দিছে বিদ্যালয়ৰ কেন্টিনসমুহত৷ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিষয়টোৰ ওপৰত চোকা দৃষ্টি দিবলৈ নিৰ্দেশ দিছে চৰকাৰে৷ ফাষ্টফুডৰ সলনি ৰুটি, কেঁচা শাক-পাচলি, পায়সৰ দৰে পুষ্টিকৰ খাদ্য ৰাখিবলৈ নিৰ্দেশ দিছে কেন্টিনসমুহক৷ আনহাতে মহাৰাষ্ট্ৰ চৰকাৰৰ এই নিৰ্দেশক আদৰণি জনাইছে বিশেষজ্ঞসকলে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | বিদ্যালয়ত নিষিদ্ধ ফাষ্ট ফুড | https://www.newsnextone.com/fastfood-banned-in-government-school-canteens-by-maharashtra-government/#comments |
542 | গুৱাহাটীঃ ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে।১৫ মে'ত ছেবাই ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।ছেবাই জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ বছৰৰ দৰে এইবাৰো দিনৰ ৯ বজাত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল।ফলাফল ঘোষণা কৰাৰ বাবে ছেবা কৰ্তৃপক্ষই ১০ টা বিশেষ ৱেবছাইটৰ ব্যৱহাৰ কৰিব বুলি ইতিমধ্যে কিছুদিনৰ পূৰ্বে ঘোষণা কৰিছিল।আনহাতে পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে এছএমএছৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল।আনহাতে ছেবা কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ফলাফল ঘোষণা দিনা দিনৰ ১১ বজাত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।উল্লেখ যে এইবাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছৰ পৰীক্ষাত মুঠ ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।শনিবাৰে ছেবা ব'ৰ্ডৰ সভাত ঘোষণা কৰা হৈছে পৰীক্ষাৰ ফলাফলৰ নিৰ্দিষ্ট দিনটো।আনহাতে এই বর্ষৰ ছেবাই পূৰ্বৰ বছৰসমূহৰ দৰে ফলাফল ঘোষণাত যাতে কোনো ভুল ৰৈ নাযায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | মেট্ৰিকৰ ফলাফল ১৫ মে'ৰ ৯ বজাত হ'ব ঘোষণা | https://www.newsnextone.com/tb-hlsc-result-seba-15-may/#comments |
543 | আকাশৰ উদ্যোগত বিশ্বনাথত চাৰ্লচ ডাৰউইনৰ তথ্যচিত্ৰ প্ৰদৰ্শন ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি নৱেম্বৰ ২৫, ২০১৯ 0 ৭৬ বিশ্ববিখ্যাত প্ৰকৃতিবিদ চাৰ্লচ ডাৰউইনৰ সৃষ্টি 'দ্যা অৰিজিন অৱ স্পেচিছ' নামৰ সৰ্বকালৰ শ্ৰেষ্ঠ কিতাপখন ১৮৫৯ চনৰ ২৪ নৱেম্বৰত প্ৰকাশ হৈছিল।ডাৰউনে ইংৰাজী ভাষাত লিখা ৫০২ পৃষ্ঠাৰ বিজ্ঞানৰ ক্ষেত্ৰখনত জাগৰণৰ সৃষ্টি কৰা কিতাপখনৰ প্ৰকাশৰ দিনটোৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিস্থিত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰত তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বিজ্ঞান আৰু গণিতৰ খেল জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিশু বিজ্ঞানী সকলৰ মাজত অনুষ্ঠিত কৰা হয়।আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে ডাৰউইন তত্ত্বৰ লগতে কিতাপখনৰ বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীক অৱগত কৰে।প্ৰীতি বৰুৱা, সুনয়ন বৰকাকতি আৰু প্ৰিয়াংশু কাশ্যপে শিশু বিজ্ঞানী সকলৰ মাজত অনুষ্ঠিত কৰা বিজ্ঞান আৰু গণিতৰ খেলসমূহ পৰিচালনা কৰে।আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ তথ্যচিত্ৰ প্ৰদৰ্শনৰ দৰে অগতানুগতিক কাৰ্যসূচী সমূহে সমাজত বৈজ্ঞানিক সংস্কৃতিৰ সৃষ্টি কৰাত অৰিহণা যোগাব বুলি অভিভাৱকসকলে সাংবাদিকৰ আগত মত ব্যক্ত কৰে | আকাশৰ উদ্যোগত বিশ্বনাথত চাৰ্লচ ডাৰউইনৰ তথ্যচিত্ৰ প্ৰদৰ্শন - ভাল খবৰ | https://bhalkhabar.com/%e0%a6%86%e0%a6%95%e0%a6%be%e0%a6%b6%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a7%8b%e0%a6%97%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%a8%e0%a6%be%e0%a6%a5%e0%a6%a4/ |
544 | চাবুৱাঃ বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত ৰাজ্যৰ ২৬ খন জিলা ৷ ২৬০০ খন গাঁৱৰ প্ৰায় ২৯ লাখ মানুহ এই বানত সৰ্ব্বশ্ৰান্ত হৈছে৷ মৃত্যু ঘটিছে ৫০ জন লোকৰ৷ তথাপি গা লৰা নাই ৰাজ্য চৰকাৰৰ৷ আহৰি নাই ভুক্তভুগীৰ খবৰ লবলৈ৷ নিজৰ হেঁপাহৰ ঘৰ খন এৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তই লাভ কৰা নাই পৰ্যাপ্ত চৰকাৰী সাহায্য ৷ দুৰ্দশাগ্ৰস্থ লোকসকলক সকাহৰ বাট দেখুৱাই দিয়াৰ হকে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় জিলা সমিতিয়ে বানাক্ৰান্তক সাহায্য প্ৰদান কৰে।সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ সভাপতি নবুল ভৰালী আৰু কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দ্বীপৰঞ্জন দুৱৰাৰ নেতৃত্বত যোৱা দলটোৱে ডিব্ৰুগড় জিলাৰ লেজাই মৌজা অন্তৰ্গত ইটাখুলী গাঁও, লেজাই বাম গাঁও, কলাখোৱা অাৰু দিহিং থান গাঁৱৰ বানাত্রুান্তৰ মাজত ৬ কুইন্টল চাউল , ৩ কুইন্টল আলু, তিনি বেগ নিমখ, ২০০ লিটাৰ পানী, বিস্কুট আদিৰ লগতে বিভিন্ন সামগ্ৰী বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰে।আনফালে চৰকাৰৰ পৰা পৰ্যাপ্ত পৰিমাণৰ সাহায্য নপোৱাৰ অভিযোগ তুলি চৰকাৰৰ ওপৰত ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | বানাক্ৰান্তক সাহায্য প্ৰদান ছাত্ৰ সংগঠনৰ | https://www.newsnextone.com/relief-from-youth-union-dibrugarh/#comments |
545 | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা৷ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনাই মানৱতাক লজ্জানত কৰিছে৷ ধৰ্ষণ প্ৰতিৰোধৰ বাবে চৰকাৰে নতুন নতুন আইন প্ৰৱৰ্তন কৰিছে যদিও ৰোধ হোৱা নাই এনে অমানুষিক ঘটনাৰ৷ সমগ্ৰ দেশত ধৰ্ষণৰ কাণ্ডই তোলপাৰ লগাই থকা সময়তে এইবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপিত হ'ল খোদ আৰক্ষীৰ বিৰুদ্ধে৷ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত হয় ধৰ্ষণৰ অভিযোগ৷ জানিব পৰা মতে, এগৰাকী মহিলা কনিষ্টবলৰ কন্যাক ধৰ্ষণ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে৷ ২৩ বছৰীয়া নিৰ্যাতিতা যুৱতীগৰাকীয়ে লিখিত অভিযোগত উল্লেখ কৰা অনুসৰি ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহৰ ভিতৰত তেওঁৰ ওপৰত কেইবাৰো যৌন নিৰ্যাতন চলাই আহিছে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে৷ চাকৰি দিয়াৰ প্ৰলোভন দি আৰক্ষী আয়ুক্তই যুৱতীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰা বুলি যুৱতীগৰাকীয়ে থানাত অভিযোগ দাখিল কৰে৷ যুৱতীগৰাকীৰ অভিযোগৰ পিছতে অভিযুক উপ আৰক্ষী অধীক্ষক গৰাকীক কৰ্মৰ পৰা সাময়িক নিলম্বন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷ | চাকৰিৰ প্ৰলোভন দি যুৱতীক ধৰ্ষণ আৰক্ষী আয়ুক্তৰ, ফেব্ৰুৱাৰীৰ পৰা ধৰ্ষণৰ বলি হৈ অহাৰ অভিযোগ | https://www.newsnextone.com/print/14088 |
546 | নলবাৰীঃ অহা ৩ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৪ সংখ্যক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰি অহা গ্ৰন্থ মেলা খন ৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব।উক্ত গ্ৰন্থ মেলাত মুকলি মঞ্চত কবিতা আবৃত্তি, ভেশচন, কুইজ, স্মৃতি শক্তি, আকস্মিক বক্তৃতা, তৰ্ক, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কবি সন্মিলন, গ্ৰন্থ উন্মোচনী সভা, দিহা নাম, থিয় নাম, জেষ্ঠ নাগৰিকৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব।তদুপৰি গ্ৰন্থ মেলাত শিক্ষকৰ এঘন্টা, সাংবাদিকৰ এঘন্টা, ৰাজনীতিকৰ এঘন্টা, চিকিৎসকৰ এঘন্টা, অধিবক্তাৰ এঘন্টা, অভিযন্তাৰ এঘন্টা আৰু আৰক্ষীৰ এঘন্টা বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।অনুষ্ঠানত হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নগেন ডেকা, ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় মনোজ কুমাৰ চৌধুৰী, পংকজ বৰ্মন, গ্ৰন্থ মেলাৰ তত্বাৱধায়ক সুভাষ দেৱনাথ, আহ্বায়ক দিলজিৎ বৰ্মন, সদস্য ধনেশ্বৰ ডেকা, প্ৰণৱ শৰ্মা, ভবেশ ভট্টাচাৰ্য, ৰিজুমণি হালৈয়ে সৰ্বস্তৰৰ বৌদ্ধিক তথা সচেতন ৰাইজৰ সহযোগ কামনা কৰিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নলবাৰীৰ ৮৪ সংখ্যক ৰাস মহোৎসৱত গ্ৰন্থ মেলাৰ বিশাল প্ৰস্তুতি | https://www.newsnextone.com/rash-book-fare-in-nalbari |
547 | হয়।শিশু দিৱসৰ কাৰ্যসূচীত বিশিষ্ট শিক্ষাবিদ উলুবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সৰ্বশিক্ষাৰ খণ্ড সমল বিষয়া পংকজ দেৱৰয়ে উপস্থিত থাকি শিক্ষাৰ উদ্দেশ্যে হ'ব লাগে মানুহ গঢ়াৰ, প্ৰকৃত প্ৰতিভা চিনাক্ত কৰাৰ বাবে বুলি কয়।বিদ্যালয় হৈছে উৎকৃষ্ট মঞ্চ।"প্ৰথম এডুকেচন ফাউণ্ডেছন" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগ স্থানীয় ৫খনকৈ প্ৰাথমিক বিদ্যালয়ক সামৰি উদযাপন কৰা শিশু দিৱসৰ দিনটোত পণ্ডিত নেহেৰুৰ ফটোত পুষ্পাঞ্জলি জ্ঞাপন কৰে ছাত্ৰ-ছাত্ৰী, শিক্ষকে৷ পতিয়া পুখুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বদন কেওঁটে আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয়খনৰ সহঃ শিক্ষক জ্যোতিৰ্ময় বৰাৰ তত্বাৱধানত প্ৰকাশ কৰি উলিওৱা "অকণিৰ ফুলনী" নামৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শিক্ষাবিদ পংকজ দেৱ ৰয়ে৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত শিক্ষক ডম্বৰুধৰ শইকীয়া, স্থানীয় অৱসৰ প্ৰপ্ত শিক্ষক নবীন চন্দ্ৰ নাথ, সংবাদসেৱী দুষ্মন্ত শৰ্মাৰ লগতে অন্যান্য বিদ্যালয় কেইখনৰ প্ৰধান শিক্ষক শশধৰ নাথ, শৰৎ কেওঁট, সোণালী দেৱী উপস্থিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | পতিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন | https://www.newsnextone.com/children-day-special-at-sonitpur-ass/#comments |
548 | গোৰেশ্বৰঃ বাগছা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ পৰা গ্ৰাহকৰ অজ্ঞাতে বিপিএফ নেতাই ধন উলিয়াই নিয়াত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।জানিবলৈ পোৱা মতে আজি ৫নং গোৰেশ্বৰ গেৰুৱাৰ আইনুদ্দিন আলী নামৰ এজন লোকে অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ পৰা নিজৰ জমা ধন উলিয়াবলৈ আহে৷ কিন্তু লোকজনে টকা উলিয়াবলৈ যোৱাত বেংক কৰ্তৃপক্ষই তেওঁৰ একাউণ্টত ধন নাই বুলি কয়৷ তেওঁ বেংক কৰ্মচাৰীক একাউণ্টৰ জমা ধন সন্দৰ্ভত জানিব বিচৰাত বেংক কৰ্তৃপক্ষই সদুত্তৰ নিদিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত স্থানীয় কেইবাটাও ছাত্ৰ সংগঠনে ৰাইজৰ সহযোগত বেংক কৰ্মচাৰীয়ে বিপিএফ নেতাৰে মিলি বেংকৰ পৰা অবৈধভাৱে ধন উলিয়াই নিয়া বুলি জানিব পাৰে৷ স্থানীয় সংগঠনকেইটাৰ প্ৰচেষ্টাত গোৰেশ্বৰৰ ভোগপুৰ গাঁৱৰ ৰুবুল আলী আৰু শিমিলা গাঁৱৰ লিতুল আলীয়ে ধন আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ আহে।সংগঠনকেইটাই জনোৱা মতে দুয়োজন যুৱক বিপিএফ দলৰ স্থানীয় নেতা৷ ঘটনা সন্দৰ্ভত বেংক কৰ্মচাৰীৰ পৰা বুজ ল'বলৈ যোৱা ৩টাকৈ সংগঠনক বেংক কৰ্মচাৰী অৰুণ দাসে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তোলে।সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, মুছলিম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু আক্ৰাছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে বেংক কৰ্মচাৰীজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | আনৰ জমা ধনেৰে চলিছে গোৰেশ্বৰৰ বিপিএফ নেতা | https://www.newsnextone.com/bpf-leader-withdraw-others-deposit/#comments |
549 | নলবাৰীঃ উত্তৰ পূৱ ভাৰতৰ অন্যতম মহোৎসৱ নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলি ৮৪ সংখ্যক ৰাস মহোৎসৱৰ আজি আনুষ্ঠানিক ভাবে লাইখুঁটা স্থাপন কৰা হয়।উদযাপন সমিতিৰ সভাপতি তথা নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় মনোজ কুমাৰ চৌধুৰী, পংকজ বৰ্মনৰ উপস্থিতিত শিক্ষাবিদ, সমাজকৰ্মী, হৰিমন্দিৰ সমিতিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহ সদস্য সৰ্বেশ্বৰ দাসে লাইখুঁটা স্থাপন কৰে।শিক্ষাবিদ গৰাকীয়ে লাইখুটা স্থাপন কৰি আগন্তুক ৰাস মহোৎসৱত জিলাখনৰ সৰ্বস্তৰৰ ৰাইজৰ সহাঁৰি কামনা কৰাৰ লগতে সুন্দৰ ভাবে পৰিচালনা কৰাৰো আশা প্ৰকাশ কৰে।অনুষ্ঠানত ৰভা বিভাগৰ তত্বাবোধায়ক কৈলাশ মেধি, হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতা সহ বহু সংখ্যক লোক উপস্থিত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নলবাৰীৰ ৮৪ সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন | https://www.newsnextone.com/nalbari-rash-starting/#comments |
550 | ভাস্কৰজ্যোতি মেধি, নগাঁও আজি দুপৰীয়া নগাঁও চহৰৰ সমীপৱৰ্তী ম'হখুলিত ৰূপহী-গটঙা গড়কাপ্তানী পথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন ছাত্ৰৰ মৃত্যু হয়।মেজিক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাহুল বৰা আৰু ভাৰ্গৱ বৰা নামৰ দুজন ছাত্ৰই আজি দুপৰীয়া নগাঁও চহৰৰ পৰা গৃহাভিমুখে এখন স্কুটীৰে (এ এছ ০২ চি ৯৪২৭) ঘৰলৈ বুলি গৈ থকা অৱস্থাত এখন তীব্ৰ বেগী মেজিকে (এ এছ ১২ এ চি ০৪৬৫) দুয়োকে মহতিয়াই নিয়ে।ফলত ৰাহুল বৰা নামৰ ছাত্ৰজন থিতাতে নিহত হয় আৰু তেওঁৰ সহপাঠী ভাৰ্গৱ বৰা নামৰ ছাত্ৰজন অতি গুৰুতৰভাৱে আহত হয়।পাছত অতি সংকটজনক অৱস্থাত ভাৰ্গৱক চিকিত্সালয়লৈ নিয়া হয় যদিও চিকিত্সায়ললৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়।দুৰ্ঘটনাটোত নিহত ছাত্ৰ দুজনৰ ঘৰ নগাঁও জিলাৰ ৰূপহীৰ গটঙাত বুলি জানিব পৰা গৈছে।নিহত ৰাহুল বৰা নগাঁও চহৰৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্র।আনহাতে ভাৰ্গৱ বৰা নৱৰূপ জাতীয় বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ।মেধাৱী ছাত্ৰ দুগৰাকীৰ মৃত্যুত সমগ্ৰ নগাঁৱতে এতিয়া শোকৰ ছাঁ পৰিছে | নগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা, দুজন ছাত্ৰৰ মৃত্যু | https://janambhumi.in/VFdwTmVVNXFhejA9/%E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A7%B1%E0%A6%A4-%E0%A6%AD%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B1%E0%A6%B9-%E0%A6%AA%E0%A6%A5-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A6%9F%E0%A6%A8%E0%A6%BE,-%E0%A6%A6%E0%A7%81%E0%A6%9C%E0%A6%A8-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81.html |
551 | ায়৷ আঠখন গাঁও পঞ্চায়তৰ একমাত্ৰ আৰক্ষী চকী খনৰ নতুন গৃহ উদ্বোধনৰ সময়ত ধেমাজি জিলা পৰিষদৰ তদানীন্তন সভাপতি প্ৰয়াত নগেন্দ্ৰনাথ চুতীয়া আৰু ধেমাজি জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি মৃদুপৱন চুতীয়াই উদ্বোধক তথা উত্তৰ অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক এছ এন সিঙক স্মাৰক পত্ৰ প্ৰেৰণ কৰি চকীখনক থানালৈ উন্নীত কৰাৰ দাবী জনায়।চিচিবৰগাঁও আৰক্ষী চকীৰ পূৰ্বৰ নামফলক সলনি কৰি চিচিবৰগাঁও আৰক্ষী থানা বুলি ২০১৩ বৰ্ষত লিখা হৈছিল যদিও বৰ্তমানেও ৰহস্যজনক ভাবে চিচিবৰগাঁও আৰক্ষী চকী থানা উন্নীত নহল।আনহাতে জিলাখনত আন আন চকী জোনাই, চিলাপথাৰ, গেৰুকামুখ, গোগামুখ, চিমেন চাপৰি, চেঙাজান আদি থানালৈ উন্নীত হ'ল কিন্তু বাদ পৰি ৰ'ল চিচিবৰগাঁও আৰক্ষী চকী৷ বিজেপি চৰকাৰে ধেমাজি জিলাৰ চিচিবৰগাঁওৰ আৰক্ষী চকীক থানালৈ উন্নীত কৰিবনে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | চিচিবৰগাঁও আৰক্ষী চকীক থানালৈ উন্নীত কৰাৰ দাবী | https://www.newsnextone.com/cicibargaon-public-demand-ps |
552 | সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নী নগৰৰ দাঁতিতে লাগি থকা কাটনী জিলা পৰিষদৰ অন্তৰ্গত ৬০ নং বাগিচা গাঁও পঞ্চায়টোৰ বিশেষকৈ ৪ নম্বৰ ৱাৰ্ডত দিঘদিনিয় অৰাজকতা তথা লোন্ঠন ৰাজত অতিষ্ঠ হৈ স্থানীয় ৰাইজে মঙলবাৰে দিনৰ ভাগত পঞ্চায়ত কায্যলয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাইজৰ অভিযোগ দিৰ্ঘদিন ধৰি পঞ্চায়টোত সঘনাই অনিয়ম তথা ভ্ৰষ্টাচাৰ চলি আছে৷ আনপিনে ৪ নং ৱাৰ্ডৰ নৱনিযুক্ত ৱাৰ্ডত মেম্বাৰ গৰাকীয়ে পঞ্চায়টোৰ এ পি মেম্বাৰ কাউঞ্চিলৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ উথাপন কৰে তেওঁলোকে ৱাৰ্ড মেম্বাৰ গৰাকীক পঞ্চায়ত কাৰ্যলয়ত কোনো ধৰণৰ ৰাইজৰ বাবে আৱন্তিত আঁচনি তথা ৰাজহুৱা সমস্যাৰ বিষয়ে আলাপ আলোচনা কৰাত সহযোগ নকৰাৰ৷ আনহাতে উপস্থিত ৰাইজে সংবাদ মাধ্যমৰ কেমেৰাৰ আগত আন এটা অভিযোগ কৰে পঞ্চায়ত কাৰ্যলয়ত সঘনাই উপস্থিত নাথাকে কায্যলয় কৰ্মী৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | মৰিয়নীত পঞ্চায়তত চলি থকা একনায়কত্ববাদী ৰাজ বন্ধ কৰাৰ দাবী ৰাইজৰ | https://www.newsnextone.com/mariyani-protest-villege-people/#comments |
553 | অৱশেষত আগন্তুক পঞ্চায়ত নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতাত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম গণ পৰিষদ দলে।আজি অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাধাৰণ পৰিষদৰ সভাত দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত অগপই বিজেপিৰে মিত্ৰতা কৰি ৰাজ্যত মিত্ৰজোঁট চৰকাৰ গঠন কৰিছিল যদিও পৰৱৰ্তী সময়ত বিজেপি চৰকাৰৰ কেতবোৰ জনবিৰোধী নীতিয়ে দলটোক শলঠেকত পেলাইছিল।বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিজেপি আৰু অগপৰ মাজত কিছু মতানৈক্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।ইয়াৰ মাজতে আজিৰ সভাই সাধাৰণ পৰিষদৰ পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি 'আঞ্চলিকতাবাদী ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে' এককভাৱে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয়।অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই কথা সদৰী কৰে।জিলা সমিতি সমুহৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সাধাৰণ সভাই 'প্ৰয়োজন সাপেক্ষে বিভিন্ন দল-সংগঠনৰ লগত আলোচনা কৰি সঠিক ৰণকৌশল তৈয়াৰৰ বাবে সমষ্টি সমিতি আৰু জিলা সমিতিসমূহক সৰ্বসন্মতিক্ৰমে কৰ্তৃত্ব প্ৰদান কৰে।' এইক্ষেত্ৰত সমষ্টি সমিতিয়ে প্ৰাৰ্থী বাছনি কৰিব আৰু সেই প্ৰাৰ্থী তালিকা জিলা সমিতিয়ে অনুমোদন জনাই কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।তদুপৰি সভাৰ মাজতে সাংবাদিকৰ আগত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপই চৰকাৰৰ ভিতৰে বাহিৰে প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে জাতীয় দল-সংগঠনৰে বৈঠকত বহিব।আনহাতে, এন আৰ চি প্ৰসংগত প্ৰতীক হাজেলাই লোৱা স্থিতিৰ প্ৰতি অগপই পূৰ্ণ সমৰ্থন আগবঢ়ায়।আজিৰ এই সভাতে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক কৃষ্ণ কান্ত বৈশ্যৰ লগতে চাহ জনগোষ্ঠীৰ তিনিজনকৈ কংগ্ৰেছ নেতা ক্ৰমে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰাফেল কুজুৰ, মজদুৰ কংগ্ৰেছৰ দুই অন্যতম সম্পাদক বিক্ৰম এক্কা আৰু ভিমছেন কুজুৰে অগপত যোগদান কৰে | শেষ সিদ্ধান্ত; মিত্ৰতা নহয় অকলেই পঞ্চায়ত নিৰ্বাচনত নামিব অগপ | https://assam.nenow.in/assam-panchayat-election-agp-wont-form-alliance/ |
554 | নতুন দিল্লীঃ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাই৷ লস্কৰৰ শ্লীপাৰ চেলে প্ৰধামমন্ত্ৰী মোডীক হত্যা কৰাৰ সক্ৰিয় হৈ পৰিছে৷ এই চাঞ্চল্যকৰ তথ্য চোৱাংচোৱা সংস্থাসমূহৰ৷ চোৰাংচোৱা শেহতাীয়া প্ৰতিবেদনৰ মতে ভাৰতৰ ম'ষ্ট ৱান্টেড তথা ভাৰতৰ ২৬-১১ৰ মুম্বাই আক্ৰমণৰ মূল পৰিকল্পনাকাৰী হাফিজ ছৈয়ীদে পাকিস্তানত বহি প্ৰধানমন্ত্ৰী মোডীৰ গতি-বিধি নিৰীক্ষণ কৰি আছে৷ চোৰাংচোৱাৰ এই প্ৰতিবেদনৰ পাছতেই নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে৷ মন কৰিবলগীয়া যে এইজন হাফিজ ছৈয়ীদেই মুম্বাইত সন্ত্ৰাসবাদীৰ জড়িয়তে ত্ৰাস চলাই ১৬৪ জন নিৰীহক হত্যা কৰিছিল৷ আন্তঃৰাষ্ট্ৰীয় হেঁচাত পাকিস্তানে হাফিজ ছৈয়ীদক গৃহবন্দী কৰি ৰাখিছিল যদিও আদালতে তেওঁক মুকলি কৰি দিবলৈ আদেশ দিছিল৷ ৰাষ্ট্ৰসংঘতো হাফিজক সন্ত্ৰাসবাদীৰ তালিকাভুক্ত কৰিবৰ বাৰে ভাৰত আৰু আমেৰিকাই প্ৰস্তাৱ দিছিল যদিও চীনে ভেটো প্ৰয়োগ কৰি এই প্ৰস্তাৱ নাকচ কৰিছিল৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ষড়যন্ত্ৰ লস্কৰৰ | https://www.newsnextone.com/nodi-conspiracy-intellegence/#comments |
555 | ডিজিটেল ডেস্কঃ চিগাৰেটৰ আসক্তিত ডুবিছে দেশৰ ছয় লাখতকৈও অধিক শিশু।এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে আমেৰিকান কেন্সাৰ ছ'চাইটি আৰু আমেৰিকাস্থিত ভাইটেল ষ্ট্ৰেটেজি নামৰ সংস্থাৰ ধঁপাত সংক্ৰান্ত যুটীয়া প্ৰতিবেদনত।চলিত সপ্তাহত প্ৰকাশ পোৱা প্ৰতিবেদনখনৰ মতে শেহতীয়া বছৰকেইটাত ধঁপাতৰ ব্যৱহাৰ কম হোৱা স্বত্বেও দেশত ১০ ৰপৰা ১৪ বছৰ বয়সৰ শিশু চিগাৰেট সেৱন কৰিবলৈ লৈছে।প্ৰতিবছৰে ভাৰতত ৯ লাখৰ অধিক লোক ধঁপাতজাতীয় দ্ৰব্য সেৱনৰ কাৰণে ৰোগাক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।ভাৰতত ১০ কোটিৰো অধিক বয়স্ক লোকে চিগাৰেট সেৱন কৰে।উল্লেখ্য যে প্রতিবছৰে ৯৩২,৬০০ গৰাকী ভাৰতীয় মানুহৰ কৰ্কট ৰোগাক্ৰান্ত হয় আৰু ১৭৮৮৭ জনৰ সপ্তাহত মৃত্যু ঘটে।১০৩ মিলিয়ন প্রাপ্তবয়স্ক লোকে প্রতিদিনে ধূমপান কৰে।ভাৰতত ধূমপানৰ নামত আৰ্থিক ব্যয় হয় ১৮১৮৬৯১ মিলিয়ন ধনৰাশি।ইয়াৰ ভিতৰত চিকিৎসালয়ৰ খৰচ, মৃত্যুৰ আগৰ অসুস্থতা আৰু বিভিন্ন পৰোক্ষ খৰচ উভয়ে অন্তৰ্ভুক্ত হৈ আছে।যদিও ভাৰতৰ ধূমপানমুক্ত কৰিব বিচৰা হৈছে তথাপি দেশত ৪২৯,৫০০ ল'ৰা আৰু ১৯৫,৫০০ ছোৱালীয়ে ধুমপান কৰে।মহিলাৰ তুলনাত পুৰুষৰ এইক্ষেত্ৰত প্ৰৱণতা অধিক দেখা যায়।পৰিসংখ্যৰ ফালৰ পৰা চালে এই বৃদ্ধি ৯০ লাখৰ পৰা ১৩০ লাখ হৈছেগৈ।অন্যহাতে ধঁপাত সেৱন কৰা ১৭ কোটি ১০ লাখ লোকৰ ধঁপাত সেৱন কৰাৰ ফলত মুখ আৰু গলৰ কৰ্কট ৰোগে দেখা দিয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | চিগাৰেটৰ আসক্তিত ডুবিছে দেশৰ ৬.২৫ লাখ শিশু, বছৰি ব্যয় হয় ১,৮১৮,৬৯১ মিলিয়ন টকা | https://www.newsnextone.com/cigarate-india/#comments |
556 | ডিজিটেল ডেস্কঃ গৰুক ঘোষণা কৰা হ'ব পাৰে দেশৰ ৰাষ্ট্ৰীয় পশু ৰূপে৷ গৰুক দেশৰ ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰ চৰকাৰলৈ এই পৰামৰ্শ আগবঢ়াইছে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷ আনকি গো হত্যাৰ আইন সংশোধন কৰি গো-হত্যাকাৰীক আজীৱন কাৰাদণ্ড দিবলৈও পৰামৰ্শ আগবঢ়াইছে ন্যায়ালয়খনে৷ ৰাজ্যখনৰ এটা গোশালাত কেইবাটাও গৰুৰ মৃত্যুৰ এক গোচৰৰ বিচাৰত এই কথা উল্লেখ কৰিছে ন্যায়ালয়খনে৷ বিগত কেইবামাহৰ পৰা কেইবাখনো ৰাজ্যত কচাইখানাৰ ওপৰত নিষেধাজ্ঞা আৰু গোৰক্ষকৰ হিংসাৰ বিষয়টো সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি কৰিছে৷ তদুপৰি দেশৰ ভিতৰত গো হত্যাৰ বাবে বিক্ৰী আৰু কিনা বিষয়টোত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল৷ আনহাতে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰি কেৰালাত কেইদিনমা পূৰ্বে যুৱ কংগ্ৰেছে গো-মাংসৰ উৎসৱ অনুষ্ঠিত কৰিছিল৷ আনহাতে সোমবাৰে এই সিদ্ধান্তক অসংবিধানিক আখ্যা দিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | গৰু হ'ব পাৰে ৰাষ্ট্ৰীয় পশু | https://www.newsnextone.com/make-cow-national-animal-rajasthan-high-court |
557 | কাকপথাৰঃ তিনিচুকীয়া জিলা মীন বিভাগৰ সৌজন্যত আৰু বৰআলি উন্নয়ন সমিতিৰ তত্বাবধানত ২০১৭-১৮ বৰ্ষৰ গ্ৰাম্য আন্ত:গাঁথনি উন্নয়ন শিতানৰ অধীনত বৰআলি গাঁৱত প্ৰথম পৰ্যায়ত ২ হেক্টৰ মাটিত নতুন পুখুৰী (ৰাজহুৱা) খননৰ কাম শনিবাৰে আনুস্থানিকভাৱে শুভাৰম্ভ কৰা হয়।তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিংৰ উপস্থিতিত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই পুখুৰী খননৰ কামৰ শুভাৰম্ভ কৰে।এই শুভাৰম্ভ অনুস্থানৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুস্থিত হৈ যায়।সভাত তিনিচুকীয়া জিলা মীন বিষয়া উৎপল বড়া, মীন বিষয়া প্ৰাঞ্জল কুমাৰ দাস, বি জে পি যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সদস্য সুৰজিত মৰাণ, বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, শদিয়া জিলা যুৱ মৰ্চাৰ সভাপতি তীৰ্থৰাজ নেওগকে ধৰি বহুকেইগৰাকী বিষয়া, নেতা, কৰ্মচাৰী উপস্থিত থাকে।সভাত ঐতিহ্যমণ্ডিত বৰআলি গাঁওখনক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা থকাৰ কথা উপস্থিত বিভাগীয় বিষয়া আৰু নেতৃবৃন্দই নিজ নিজ ভাষণত ব্যক্ত কৰে।আনকি মীন উৎপাদনৰ জৰিয়তে গাঁওবাসীয়ে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি বিশেষভাৱে লাভৱান হ'ব পাৰিব বুলি মীন বিষয়াসকলে মত ব্যক্ত কৰে।শুভাৰম্ভ অনুস্থানটোৰ সামগ্ৰীকভাৱে পৰিচালনা কৰে বলিন হাতীবৰুৱাই।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | বিধায়ক বলিন চেতিয়াই আৰম্ভ কৰিলে পুখুৰী খননৰ কাম | https://www.newsnextone.com/kakopather-pukhuri-balin |
558 | উচচতম ন্যায়ালয়ৰ তদাৰকত ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ তন্ন তন্ন নিৰীক্ষণৰ পাছতো মৰিগাঁৱত ৩৯টা বিদেশী পৰিয়ালৰ প্রায় ২০০ সদস্যৰ নাম ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) সম্পূর্ণ খচৰাত সন্নিৱিষ্ট হোৱাত আশ্চর্য প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই৷ মৰিগাঁৱত এন আৰ চিত নাম সোমাব নলগীয়া তিনিটা শ্রেণীৰ লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ পাছত সম্পূর্ণ খচৰাত তেনে শ্রেণীৰ আৰু অধিক লোকৰ নাম সোমোৱাৰ শংকা ঘনীভূত হৈছে৷ যাৰ বাবে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৰাজ্যিক সমন্বয়কক পুংখানুপুংখভাৱে নিৰীক্ষণ কৰাৰ দাবী জনাইছে৷ মৰিগাঁৱত সন্দেহযুক্ত ভোটাৰ, বিদেশী বুলি ন্যায়াধিকৰণে ঘোষণা কৰা, আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা লোকৰ লগতে পৰিয়ালৰ সদস্যৰ নাম খচৰাত অন্তর্ভুক্ত হোৱাৰ পাছত আছুৰ সাধাৰণ সম্পাদক গগৈয়ে কয় যে চূড়ান্ত এন আৰ চিত এজনো বিদেশীৰ নাম সোমাব নোৱাৰিব৷ সেয়েহে সন্দেহজনক লোকৰ ক্ষেত্রত তন্ন তন্নকৈ পৰীক্ষা কৰা উচিত৷ মৰিগাঁৱৰ ঘটনাৰ পাছত এখন নিখুঁত এন আৰ চি প্রস্তুত কৰাৰ ক্ষেত্রত বিষয়া, কর্মচাৰীৰ দায়িত্ব আৰু বাঢ়িল৷ আছুৰ নেতাজনে প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিদেশীমুক্ত এন আৰ চি প্রস্তুতৰ ক্ষেত্রত গুৰুত্বপূর্ণ পর্যায়ত প্রক্রিয়াটো আহি পাইছে৷ সেয়েহে ভৱিষ্যতে যাতে বিদেশী, সন্দেহজনক ভোটাৰৰ নাম থকা এন আৰ চি বুলি কোনোৱে ক'ব নোৱাৰে তাৰ বাবে তন্ন তন্ন নিৰীক্ষণৰ প্রয়োজন৷ আছুৰ নেতাজনে কয় যে কোনো সন্দেহজনক লোকৰ নাম থাকিলে আপত্তি জনোৱাৰ বাবে যি ব্যৱস্থা ৰখা হৈছে তাৰ সুযোগ ৰাইজে গ্রহণ কৰিব লাগে৷ কোনো লোকৰ নাম অন্তর্ভুক্তিৰ ক্ষেত্রত সন্দেহ থাকিলে আপত্তি দর্শাব লাগে৷ আপত্তি দশোর্ৱাৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হ'লে আছুৱে সহযোগ কৰিব৷ তেওঁ কয় যে অসম চুক্তিৰ পাছত এখন বিদেশীৰ নামমুক্ত এন আৰ চি প্রস্তুতৰ সুবিধা পোৱা গৈছে৷ এই সুযোগ প্রতিজন অসমীয়া মানুহকে গ্রহণ কৰিবলৈ তেওঁ আহবান জনায়৷ বিদেশীমুক্ত এন আৰ চি প্রস্তুত হ'লেহে অসম আন্দোলনৰ শ্বহীদৰ আত্মবলিদান আৰু নির্যাতিতৰ ত্যাগক সন্মান জনোৱা হ'ব বুলিও আছুৰ সাধাৰণ সম্পাদকজনে কয়৷ | আপত্তি দশোর্ৱাৰ সুযোগ ল'বলৈ ৰাইজলৈ আহবান | https://janambhumi.in/VFdwTk0wOVVSVDA9/%E0%A6%86%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%A6%E0%A6%B6%E0%A7%8B%E0%A6%B0%E0%A7%8D%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A7%81%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%B2%E2%80%99%E0%A6%AC%E0%A6%B2%E0%A7%88-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A6%B2%E0%A7%88-%E0%A6%86%E0%A6%B9%E0%A6%AC%E0%A6%BE%E0%A6%A8.html |
559 | ন বছৰৰ পহিলা দিনাই গুৱাহাটীত সাংবাদিকৰ সৈতে মত বিনিময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিধি সন্দৰ্ভত কেন্দ্ৰক অসম চৰকাৰে পৰামৰ্শ দাখিল কৰিছে, প্ৰতিবাদৰ মাজতে নতুন বছৰৰ প্ৰথম দিনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা।গুৱাহাটীস্থিত সাংবাদিকসকলৰ সৈতে হোৱা এক কথা-বাৰ্তাত সোণোৱালে এই আশ্বাস দি পুনৰ দোহাৰে যে কা-ক লৈ অসমবাসী শংকিত হোৱাৰ কাৰণ নাই।ভাৰতীয় সংসদে পাছ কৰা আইনখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে যদিও এতিয়াও ইয়াৰ বিধিসমূহ নিৰ্ধাৰণ কৰা হোৱা নাই।"কা-ক লৈ শংকিত হোৱাৰ কাৰণ নাই।কা এক ৰাষ্ট্ৰীয় আইন।আমি অসমৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ," সোণোৱালে কয়।কেন্দ্ৰক কা-ৰ বিধি সন্দৰ্ভত ৰাজ্য চৰকাৰে কি কি পৰামৰ্শ প্ৰদান কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে তেওঁৰ চৰকাৰেহে "নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে" বুলি দাবী কৰি সোণোৱালে সাংবিধানিক ৰক্ষাকৱচৰ প্ৰসংগ উল্লেখ কৰে।"অসমৰ আগৰ কোনো চৰকাৰেই খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ বিষয়টো গ্ৰহণ কৰা নাই," সোণোৱালে কয়।"অসম চুক্তিৰ ৬নং দফা ৰূপায়ণক লৈ আমাৰ চৰকাৰে ইতিমধ্যে এক সমিতি গঠন কৰিছে।আমি তেওঁলোকৰ প্ৰতিবেদনৰ অপেক্ষাত আছো।" নিজকে "ভূমিপুত্ৰ" বুলি দাবী কৰি সোণোৱালে কয় যে আইনখনক লৈ কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে গুজৱ বিয়পাইছে।"কা-ক লৈ থলুৱা লোকক শংকিত কৰিবলৈ গুজৱ আৰু অনুপ্ৰৱেশকাৰীৰ কিছু ভুৱা সংখ্যাৰ প্ৰচাৰ চলাই থকা হৈছে," তেওঁ কয়।পূৰ্বৰ আঞ্চলিক ৰাজনীতি এৰি বিজেপিত যোগ দিয়া সন্দৰ্ভত তেওঁক কৰি অহা সমালোচনাৰ প্ৰত্যুত্তৰত সোণোৱালে কয় যে এতিয়াও তেওঁৰ "আঞ্চলিক আৱেগ" আছে।"মই মোৰ আঞ্চলিক আৱেগক বলি নিদিওঁ।যদিও শেহতীয়াকৈ একাংশ মানুহে আমাক বিশ্বাসঘাতকৰূপে অংকিত কৰিছে," তেওঁ কয় | কেন্দ্ৰক CAA বিধিক লৈ পৰামৰ্শ দিছে অসম চৰকাৰে, ৰাইজ শংকিত হ'ব নালাগে | https://assam.nenow.in/assam-submitted-recommendation-to-centre-on-framing-caa-rules-sonowal/ |
560 | তেজপুৰঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তেজপুৰৰ শিল্পী, সাহিত্যিক, কবি আৰু অধিবক্তাসকল।সাংস্কৃতিক নগৰি তেজপুৰত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাত-প'ষ্টাৰ লৈ শুকুৰবাৰে বিভিন্ন শ্ল"গানৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।ভিডিঅ"টো চাওকঃ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল শিল্পী-সাহিত্যিক-অধিবক্তা | https://www.newsnextone.com/tezpur-protest-11-1/#comments |
561 | ডিজিটেল ডেস্কঃ অৱশেষত ১৯৯৭ চনৰ মিচ ৱৰ্ল্ড খিতাপ অৰ্জনকাৰী ডায়েনা হেডনৰ ওচৰত ক্ষমা খুজিলে ত্ৰিপুৰাৰ মুখমন্ত্ৰী বিপ্লৱ দেৱে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ডায়েনাৰ ওচৰত ক্ষমা বিচাৰি কয়, 'মই ত্ৰিপুৰাৰ হস্ত উদ্যোগৰ বিষয়ে কব বিচাৰিছিলো৷ তাৰ মাজতে ডায়েনাৰ বিষয়ে কোৱা গ'ল৷ যদি মোৰ এনে কাৰ্যৰ কাৰণে কোনোৱাই দুখ পাইছে অথৱা অপমানবোধ কৰিছে, তেন্তে মই তাৰ বাবে ক্ষমা বিচাৰিছো৷ মই মহিলাসকলক মাতৃ জ্ঞান কৰোঁ৷' উল্লেখ্য যে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব দেৱে ডায়েনাৰ সৌন্দৰ্য্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কৈছিল- 'আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যিয়ে অংশগ্ৰহণ কৰে, তেৱে জয়ী হয়৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো সৌন্দৰ্য্যশালী৷' ডায়েনা হেডনৰ মিছ ৱৰ্ল্ড অথৱা মিছ ইউনিভাৰ্চ জয়ী হ'ব পৰা কি সৌন্দৰ্য্য আছে বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল-' ভাৰতীয় সুন্দৰীক লক্ষ্মী, সৰস্বতীৰ দৰে লগা উচিত৷ ডায়েনা হেডন মিচ ৱৰ্ল্ড খিতাপৰ যোগ্য নাছিল৷' বিপ্লব দেৱে ঐশ্বৰ্য্য ৰায়হে প্ৰকৃত মিছ ৱৰ্ল্ড খিতাপৰ যোগ্য বুলিও কৈ মন্তব্য কৰিছিল- 'ঐশ্বৰ্য্য প্ৰকৃত মিচ ৱৰ্ল্ড৷ তেওঁ সম্পূৰ্ণ ভাৰতীয় সুন্দৰীৰ দৰে মিচ ৱৰ্ল্ড খিতাপ জয় কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছে৷' বিপ্লৱ দেৱৰ এনে বিতৰ্কিত মন্তব্যৰ পিছতে ডায়েনা হডেন আৰু তেওঁৰ অনুৰাকীসকল ক্ষোভিত হৈ পৰে৷ ডায়েনাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত প্ৰতিৰ্কয়া প্ৰকাশ কৰি কয়, 'মোৰ দেহৰ ৰঙ ক'লা হোৱা বাবেই বহুতে মোৰ যোগ্যতাক লৈ সন্দেহ কৰে৷ কিন্তু মই ভাৱো তেওঁলোকে মোক লৈ গৌৰৱ কৰিবও পাৰে৷ মই এগৰাকী ভাৰতীয়৷ আৰু ভাৰতীয় হিচাপেই মই খিতাপ অৰ্জন কৰিছিলো৷ এয়া ভাৰতীয়ৰ বাবেও গৌৰৱৰ বিষয়৷ | ডায়েনা হেডনৰ মিছ ৱৰ্ল্ড খিতাপ অৰ্জনৰ যোগ্যতা নাই বুলি কৈ ক্ষমা বিচাৰিলে বিপ্লৱ দেৱে | https://www.newsnextone.com/print/12475 |
562 | গুৱাহাটীঃ আজি বিশ্ব মে' দিৱস৷ শ্ৰমিকৰ অধিকাৰৰ দাবীত প্ৰতিবছৰে পহিলা মে'ৰ দিনটো পালন কৰা হয় বিশ্ব শ্ৰমিক দিৱস হিচাপে৷ মে' দিৱস উপলক্ষে এটা দিনৰ বাবে শ্ৰমিক সকলে নিজৰ অধিকাৰৰ দাবীত কামৰ পৰা বিৰত থাকি বিভিন্ন কাৰ্যসূচী পালন কৰা দেখিবলৈ পোৱা যায়৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন অঞ্চলত আজি মে' দিৱস পালন কৰা দেখিবলৈ পোৱা যায়৷ মঙলবাৰে মে' দিৱস উপলক্ষে মহানগৰীত বাইক ৰেলী, সমদল, বাহনত উঠি বিভিন্ন শ্ল'গান দি নিজন অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয়৷ শ্ৰমিক দিৱসৰ নাম লৈ মহানগৰীত হিংসাত্মক ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে৷ মহানগৰীত শ্ৰমিক দিৱস উপলক্ষে চিটিবাছ তথা অন্যান্য যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ থাকে যদিও তাৰ মাজতে কিছুসংখ্যক সুবিধাবাদী চালকে অইন বাহনৰ চলাচল বন্ধ থকাৰ সুবিধা লৈ চলাচল কৰা দেখা যায়৷ ইফালে মে' দিৱসৰ দিনা কিছুসংখ্যক বাহনে যাত্ৰীৰ পৰা দুগুণ ভাড়া আদায় কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে৷ আনহাতে মহানগৰীৰ বাছস্থান সমূহত যাত্ৰীয়ে ভিৰ কৰি থকা দেখিবলৈ পোৱা যায়৷ শ্ৰমিক দিৱসৰ দিনা যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ ৰখাৰ দাবীত মহানগৰীত একাংশ যুৱকে বাহনত আক্ৰমণ কৰা বুলিও জানিব পৰা গৈছে৷ জানিব পৰা মতে, মে' দিৱসৰ দিনাখনেই মহানগৰীৰ নাৰেংগীত বাহনৰ চলাচল বন্ধ ৰখাৰ দাবীত যুৱকৰ এটা দলে চলন্ত বাহন ৰখাই কেইবাখনো বাহনৰ ক্ষতিসাধন কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক মাৰধৰ কৰা বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | মহানগৰীত শ্ৰমিক দিৱস পালন, বাহনত আক্ৰমণ | https://www.newsnextone.com/may-divas-in-guwahati/#comments |
563 | জাজৰিঃ জাজৰিৰ নিকটবৰ্তী মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মীপ্ৰসাদ দেৱগোস্বামীলৈ ২০১৬-১৭ বৰ্ষৰ এছিয়া শান্তি উৎকৰ্ষ বঁটা (এছিয়া পেচিফিক এক্সেলেঞ্চ এৱাৰ্ড) আগবঢ়োৱা হৈছে।বন্যপ্ৰাণী সংৰক্ষন, জনসজাগতা বৃদ্ধি, জাতি-ধৰ্ম-বৰ্ণ-জনগোষ্ঠীৰ মাজত শান্তি আৰু সাংস্কৃতিক ঐক্য স্থাপনৰ দিশত নগাঁও আৰু মৰিগাঁও জিলাত অধ্যক্ষ গৰাকীয়ে তিনিদশক ধৰি একাগ্ৰতাৰে কাম কৰি আহিছে।এই কামৰ স্বীকৃতি স্বৰূপে ভাৰতৰ শান্তি আৰু সংহতি নাগৰিক সংস্থা আৰু ভাৰত নেপাল নাগৰিক মঞ্চ শান্তি আৰু উন্নয়ন নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ যুটীয়া উদ্যোগত এই বঁটা যোৱা ১৬ জুনত কাঠমাণ্ডুত আয়োজিত ইণ্ডো-নেপাল ফ্ৰেণ্ডশ্চিপ এণ্ড ইকনমিক ক'পৰেশ্চনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনে অধ্যক্ষ গোস্বামীক এই বঁটাৰ বাবে বাচনি কৰে।বঁটা গ্ৰহণৰ বাবে কাঠমাণ্ডুত অনুষ্ঠিত সন্মিলনলৈ আমন্ত্রন জনাইছিল যদিও গোস্বামী যাব নোৱাৰাত যোৱা ৩০ জুনত ভাৰত-নেপাল মৈত্রী সংঘৰ প্ৰতিনিধি পশ্চিম শিলপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অধ্যক্ষ গৰাকীৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাবে বঁটা প্ৰদান কৰে।এই বঁটাত আছে আন্ত:ৰাষ্ট্ৰীয় এটা ট্ৰফি, মানপত্র, নগদ ধন আৰু কিতাপৰ টোপোলা।এই বঁটা পোৱাৰ বাবে অধ্যক্ষ গৰাকীক আছু, যুৱ ছাত্র পৰিষদ, জাজৰি প্ৰেছ ক্লাৱে আন্তৰিক অভিনন্দন জনাইছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | লক্ষ্মীপ্ৰসাদ দেৱগোস্বামীলৈ এছিয়া শান্তি উৎকৰ্ষ বঁটা | https://www.newsnextone.com/asia-pacific-excelency-award-to-lakshmi-prashad/#comments |
564 | ঢেকীয়াজুলিঃ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত আজিৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমৰণ অনশন আৰম্ভ কৰিছে৷ ৰাজ্যখনত বসবাস কৰি অহা আদিবাসী জনগোষ্ঠীৰ লোকসকলক চৰকাৰে জনজাতিকৰণৰ মৰ্য্যদা দিয়াৰ আশ্বাস দিছিল নিৰ্বাচনৰ পূৰ্বে৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত আজিৰে পৰা সংগঠনটোৱে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷ শীঘ্ৰে আদিবাসী জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা নিদিলে ইয়াৰ দ্বাৰা সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হ'ব বুলিও সকীয়াই দিয়ে সংগঠনটোৱে৷ জনজাতিকৰণৰ দাবীক ন্যায্য দাবী আখ্যা দি আদিবাসীসকলক জনজাতিকৰণৰ মৰ্য্যদা নিদিয়া পৰ্য্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৰ সভাপতি ষ্টিফেন লাক্ৰাই৷ আছাই আজিৰে পৰা ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মূখত জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত আমৰন অনশন কাৰ্যসূচী আৰম্ভ কৰিছে৷ উল্লেখ্য যে আছাই জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত দীৰ্ঘদিনৰ পৰা সংগ্ৰাম অব্যাহত আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | জনজাতিকৰণ, আছাৰ আমৰণ অনশন | https://www.newsnextone.com/aaasu-hunger-strike/#comments |
565 | পুনেঃ শনিবাৰে পুৱতি নিশা পুনেৰ কণ্ডৱা অঞ্চলত পাৰ্কিং স্থানৰ এখন দেৱাল খহি পৰাত অতি কমেও ১৭ জন লোক নিহত হয়।নিহতসকলৰ ভিতৰত চাৰিটা শিশুও আছে।উদ্ধাৰ কাৰ্য এতিয়াও অব্যহত আছে আৰু গুৰুতৰভাৱে আহত তিনিজন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।ভগ্নাৱশেষৰ তলত আৰু অধিক লোক সোমাই থকাৰ সন্দেহ কৰা হৈছে।নিশা প্ৰায় ১ঃ৩০ বজাত দেৱালখন খহি পৰে।নিহতসকল শ্ৰমিক আছিল বুলি দানিব পৰা হৈছে।অঞ্চলটোত বৃহৎ নিৰ্মাণকাৰ্য চলাই থকা হৈছে আৰু এই কামত বিশেষকৈ বিহাৰ আৰু পশ্চিম বংগৰ শ্ৰমিকে তাত কাম কৰি আছে।এনডিআৰএফে ভগ্নাৱশেষৰ তলৰপৰা ১৯ জন লোকক এতিয়ালৈকে ওলিয়ায় আনিছে আৰু তাৰে তিনিজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | পুনেত দেৱাল খহি ১৭ জনৰ মৃত্যু | https://www.newsnextone.com/pune-wall-collapse-17-killed1/#comments |
566 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন : বজালীৰ ভৱানীপুৰ , পাঠশালা অাদি বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি অাজিও অপৰিৱৰ্তিত হৈ অাছে।ভৱানীপুৰ অঞ্চলৰ নকূছী , মাধপুৰ , কহৰাপথাৰ , কুৰোবাহা , মাজগাওঁ অাদিৰ লগতে পাঠশালা , নিত্যানন্দ অাদি ন ন অঞ্চললৈ বান প্লাবিত হৈছে।ইতিমধ্যে কেইবাটাও গড়কাপ্তানী পথৰ ওপৰেৰে পহুমাৰা অাৰু পল্লা নৈৰ পানী বাগৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।ইপিনে বজালী মহকুমাৰ অতি ব্যস্ত বামাখাটা কেন্দুগুৰি গড়্কাপ্তানী পথৰ পহুমাৰা নৈৰ ওপৰত অৱস্থিত পকী দলংখনৰ এটা মূৰ পহুমাৰা নৈৰ পানীয়ে খহাই লৈ গৈছে।যাৰ ফলত স্থানীয় ৰাইজ শংকিত হৈ পৰাৰ লগতে চৰকাৰক এই ক্ষেত্ৰত এক তাৎক্ষণিক পদক্ষেপ গ্ৰহন কৰিবলৈ অাহ্বান জনাইছে | আজিও অপৰিবৰ্তিত বজালীৰ বান পৰিস্থিতি | https://www.newsasn.com/index.php/node/8165 |
567 | লখিমপুৰৰপৰা জিয়াউল আলীঃ লখিমপুৰ লালুক থানাৰ আৰক্ষীৰ নাকৰ তলতেই দীৰ্ঘকালে চলিছে নকল সোণৰ দুই নম্বৰী বেহা।গোপন সূত্ৰৰ পম খেদি শনিবাৰে লখিমপুৰৰ নাওবৈচাত আৰক্ষীৰ অভিযানত আটক হ'ল দুই নকল সোণ বেপাৰী।ধৃত নকল সোণ ব্যৱসায়ীকেইটা হৈছে বঙালমৰাৰ ২নং সোণাপুৰৰ ৰাজিবুল আলি আৰু ছামাচুল হক।সোণ ক্ৰয় কৰিবলৈ অহা কোচবিহাৰৰ উত্তম কুমাৰ ঘোষ আৰু মিঠু দাসকো আটক কৰিছে নাওবৈচা আৰক্ষীয়ে।সোণ ক্ৰয় কৰিবলৈ অহা উত্তম ঘোষ আৰু মিঠু দাসৰপৰা উদ্ধাৰ কৰিছে নগদ 20 হাজাৰ টকা।ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।আৰক্ষীয়ে সঠিক তদন্ত অব্যাহত ৰাখিলে অধিক নকল সোণৰ বেপাৰীক আটক কৰাৰ সম্ভাৱনা আছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | লখিমপুৰত বৰ্তমানো অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা | https://www.newsnextone.com/lakhimpur-fake-gold-arrested |
568 | ডিজিটেল ডেস্কঃ ভাৰতীয় টেনিছ দলৰ হৈ খেলিব অসম কন্যাই৷ গোৱাত অনুষ্ঠিত হোৱা যোৱা ৭৯ সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ প্ৰতিযোগীতাত উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যাই ভাৰতীয় মহিলা টেবুল টেনিছ দলত স্থান লাভ কৰা বিষয়টো ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বববে ভাল খবৰ৷ ২০১৮ বৰ্ষৰ ১৪-১৮ ফেব্ৰুৱাৰিত চেক গণৰাজ্যত অনুষ্ঠিত হ'বলগীয়া আই টি টি এফ প্ৰিমিয়াৰ জুনিয়ৰ আৰু কেডেট অ'পেনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব তৃষাই।২০১৭ চনত বিশ্ব জুনিয়ৰ চাৰ্কিটতৰ ভাৰতীয় দলক নেতৃত্ব দিয়াৰ লগতে শিলিগুৰি আৰু মুম্বাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ শাখাত তৃষাই সগৌৰৱেৰে শ্ৰেষ্ঠত্ব আজুৰি আনিবলৈ সক্ষম হৈছিল।পশ্চিম বংগৰ প্ৰথম ৰেংকিঙৰ খেলুৱৈ প্ৰাপ্তি সেনক দুৰ্গাপুৰত হোৱা জুনিয়ৰ আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ছোৱালীৰ ছিংগলছ শাখাত তৃষাই পৰাজিত কৰি অন্য অভিলেখ গঢ়ে।অসম টেবুল টেনিছৰ সম্পাদক ত্ৰিদিৱ দুৱৰাই তৃষাই স্থান লাভ কৰা বুলি বুধবাৰে জানিবলৈ দিয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ভাৰতীয় টেবুল টেনিছ দলত অসম কন্যা, চেক গণৰাজ্য অভিমুখে তৃষা | https://www.newsnextone.com/assam-girl-trisa-in-india-table-tennis-ass/#comments |
569 | ভ্ৰুণ হত্যা বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, যৌতুক প্ৰথা বন্ধ কৰক শ্ল'গানেৰে ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰা খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া আজমল উইমেন কলেজত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।কাৰ্যসূচী অনুযায়ী পুৱা ১০ বজাত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে খাৰুপেটীয়া নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰে এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিয়ায়।শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰী সকলে ভ্ৰুণ হত্যা বন্ধ কৰক, ছোৱালীক পণ্য দ্ৰব্য হিচাপে ব্যৱহাৰ নকৰিব, বাল্য বিবাহ বন্ধ কৰক, যৌতুক প্ৰথা বন্ধ কৰক আদি শ্ল'গানেৰে নগৰখন পৰিভ্ৰমণ কৰে।শোভাযাত্ৰাটোৰ নেতৃত্ব দিয়ে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা জাহিদা বেগমে।পাছত দিনৰ ১ বজাত অনুষ্ঠিত হোৱা মুকলি সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে কলেজখনৰ অধ্যক্ষা ৰেচমা ইয়াছমিনে।ইয়াৰ পাছত ছাত্ৰী সকলে বিহু নৃত্য, ঝুমুৰ নৃত্য, নেপানী নৃত্য আদি আকৰ্ষণীয়ভাৱে পৰিৱেশন কৰে।ছাত্ৰীসকলে বাল্য বিবাহৰ আধাৰত কৰুণ কাহিনীৰে প্ৰদৰ্শন কৰা নাটকে উপস্থিত সকলক আবেগিক কৰি তোলে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা খাৰুপেটীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক জাকিৰ হুছেইন আহমেদ আৰু অধ্যাপক হবিবুৰ ৰহমান, অধ্যাপিকা নুৰ নাহাৰ বেগম, ছাত্ৰ আবু ছালেহ ইমাৰণ আৰু ছাত্ৰী সূৰ্য ভানুয়ে ভাষণ দিয়ে।আনুষ্ঠানটিৰ আগ ধৰে আজমল কলেজৰ উপাধ্যক্ষ ৰবিউল ইছলামে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | খাৰুপেটীয়াত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন | https://www.newsnextone.com/kharupetia-girl-child-day/#comments |
570 | ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি নলবাৰী জিলাৰ আল্লিয়াত মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।দুপৰীয়া ১২.৩০ বজাত আল্লিয়া হৰিমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বাবে হেলিকপ্তাৰেৰে উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী।সভাত তৰুণ গগৈৰ লগত উপস্থিত থাকে প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ লগতে মণ্ডল কংগ্ৰেছৰ ভালেকেইগৰাকী নেতা-কৰ্মী।নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তৰুণ গগৈয়ে বিজেপি আৰু নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰে।মোদীয়ে প্ৰধান মন্ত্ৰী হৈ অসম আৰু দেশৰ জনসাধাৰণক পাঁচ বছৰে মিছা কথা কলে বুলি কটাক্ষ কৰাৰ লগতে কিমানজন নিবনুৱাক তেওঁ সংস্থাপন দিলে আৰু ক'লা ধন ঘুৰাই আনিলেনে বুলিও গগৈ প্ৰশ্ন কৰে।আল্লিয়াত কংগ্ৰেছ সমৰ্থকৰ মাজত তৰুণ গগৈ।আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি বিজেপিয়ে বাংলাদেশী খেদিব নোৱাৰি এতিয়া নতুনকৈ আনিবহে চেষ্টা কৰিছে বুলি মন্তব্য কৰে।কংগ্ৰেছ দলে ৰাহুল গান্ধীক প্ৰধান মন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ প্ৰসংগত গগৈয়ে ৰাহুল গান্ধীয়ে কথা দিলে কথা ৰাখিব জানে সেই বাবে তেওঁ প্রধান মন্ত্ৰী হোৱাৰ যোগ্য বুলি কয়।তদুপৰি স্বাধীনতাৰ পৰা ভাৰত আৰু অসমৰ নিৰ্মাণত কংগ্ৰেছ দলৰ যিমান অৱদান আছে তাৰ তুলনাত বিজেপিৰ অবদান একো নাই বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।সভাত ভাষণ প্ৰদাণ কৰি প্ৰবীণ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনে মঙলদৈ সমষ্টিৰ ৰাইজে এইবাৰ ভুৱনেশ্বৰ কলিতাক ভোট দি জয় যুক্ত কৰাব বুলি কয়।সভাত প্ৰায় পাঁচ সহস্ৰাধিক কংগ্ৰেছৰ দলীয় নেতা-কৰ্মী উপস্থিত থাকে।জেষ্ঠ কংগ্ৰেছ নেতাসকলক ওচৰৰ পৰা পাই উৎফুল্লিত হৈ পৰে কংগ্ৰেছৰ সমৰ্থকসকল।নিৰ্বাচন ২০১৯ | আল্লিয়াত ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ | https://assam.nenow.in/ex-chief-minister-of-assam-tarun-gogoi-campaign-at-allia-nalbari/ |
571 | বনৰীয়া জীৱ-জন্তু সুৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অপেনিং বেটছমেন তথা এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় ৰেংকৰ ৰোহিত শৰ্মাই পুনৰ দেখুৱালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন।মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক গৰাকীয়ে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি অহা ৱৰ্ল্ড ৱাইড ফাণ্ড(ডব্লিউ ডব্লিউ এফ) আৰু অই নামৰ সংগঠন দুটালৈ ২৫ লাখ টকাৰ আৰ্থিক বৰঙণি আগবঢ়াইছে।উল্লেখযোগ্য যে, ৰোহিত শৰ্মা ২০১৫ চনৰ পৰা বিশ্বৰ লুপ্তপ্ৰায় বণ্যপ্ৰাণী সমূহৰ সুৰক্ষা তথা সংৰক্ষণৰ হকে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে।ক্ৰিকেটাৰ গৰাকীয়ে ভাৰত তথা আফ্ৰিকাত হৈ থকা গঁড় হত্যা ৰোধ কৰা আৰু সেই সমূহক সুৰক্ষা প্ৰদান কৰাৰ বাবে বিভিন্ন উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ চলিত বছৰৰ আৰম্ভণিতে এটা গঁড়ৰ পোৱালিৰ নাম নিজৰ কন্যা চামেইৰাৰ নামতো নামকৰণ কৰা পৰিলক্ষিত হৈছিল।ইফালে বিশ্ব গঁড় দিৱস উপলক্ষে যোৱা ২২ ছেপ্তেম্বৰত ৰোহিত শৰ্মাই নিজৰ টুইটাৰ যোগে এই আপুৰুগীয়া জন্তুবিধৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবে তেওঁৰ অনুৰাগী সকলক সহায়-সহযোগ কৰিবলৈও আহ্বান জনাইছিল।ইয়াৰ উপৰি চলিত বছৰৰ কাজিৰঙাত বানপানীৰ ফলত উদ্যানখনৰ জীৱ-জন্তুৱে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ কিছুমান ফটো ছ'চিয়েল মিডিয়া যোগে ভাইৰেল হোৱাৰ পাছতে বণ্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ টুইটাৰ যোগে অসমৰ জনসাধাৰণক সাৱধানে যান-বাহন চলোৱাৰ বাবে আহ্বান জনাইছিল।উল্লেখ্য যে চোৰাং চিকাৰীৰ পৰা গঁড় সমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ বেটখনৰ পাছফালে এটা গঁড়ৰ ষ্টিকাৰো লগাই লৈছে | বণ্যপ্ৰাণী সংৰক্ষণৰ বাবে ২৫ লাখ টকাৰ বৰঙণি ক্ৰিকেটৰ 'হিটমেন' ৰোহিত শৰ্মাৰ | https://assam.nenow.in/cricketer-rohit-sharma-donates-rupees-25-lakh-for-wildlife-protection/ |
572 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই অসম আৰক্ষী দিৱস উপলক্ষে শিৱসাগৰ জিলা আৰক্ষী বিভাগে আয়োজন কৰা এক মিনি মাৰাথনৰ দেওবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলাখনৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই।আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপস্থিতিত জয়সাগৰ পুখুৰী পাৰৰ পৰা আৰম্ভ হোৱা এই মিনি মাৰাথনত আৰক্ষী বিষয়া-জোৱানৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।উপায়ুক্ত গৰাকীয়ে এনেধৰণৰ কাৰ্যসূচী আয়োজনে ৰাইজৰ মাজত সুস্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে।খেলুৱৈ সকলৰ লগতে সাধাৰণ ৰাইজেও স্বাস্থ্য সুস্থ আৰু সবল ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।উপায়ুক্ত গৰাকীয়ে জিলাখনত মাহটোজোৰা চলি থকা পোষণ অভিযানৰ কথা উল্লেখ কৰি সকলো অংশগ্ৰহণকাৰীক পুষ্টিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।পুষ্টিহীনতা আৰু ইয়াৰ কুপ্ৰভাৱৰ পৰা জিলাখনক মুক্ত কৰাৰ ক্ষেত্ৰত সকলোৱে সমূহীয়া দায়িত্ব পালন কৰিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে দোহাৰে।অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিং, জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱী, জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায় আৰু উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত উপস্থিত থাকে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিছে | শিৱসাগৰত উপায়ুক্তই কৰিলে মিনি মাৰাথনৰ শুভাৰম্ভ | https://www.newsasn.com/node/9598 |
573 | পতঞ্জলীৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক প্ৰশাসনে গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল ১০অক্টোবৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বিৰুপ মন্তব্য কৰা বাবা ৰামদেৱৰ শিষ্য যোগ নিৰীক্ষক সতীনাথ বাৰালক গ্ৰেপ্তাৰৰ দাবীত এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে ছিপাঝাৰৰ দুনী আঞ্চলিক ছাত্ৰসন্থা আৰু মঙলদৈ মহকুমা ছাত্ৰ সন্থাই।।সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহনেৰে খটৰা মন্দিৰ প্ৰাংগনৰ পৰা দিপীলালৈ শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তেঁওলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিক্ষোভৰ অন্তত পাথৰিঘাট ৰাজহচক্ৰৰ চক্ৰবিষয়াৰ হাতত এখন স্মাৰক প্ৰত্ৰও প্ৰদান কৰে প্ৰতিবাদী দলটোৱে৷ উল্লেখ্যোগ্য যে ছিপাঝাৰৰ ভেৰুৱাত পতঞ্জলি যোগপীঠ হৰিদ্বাৰৰ তত্বাৱধানত পাচঁদিনীয়া বিনামুলীয়া যোগ শিৱিৰ ২৪ ছেপ্তেম্বৰৰ পৰা অনুস্থিত হৈছিল ৷ যত উপস্থিত আছিল বাবা ৰামদেৱৰ নিৰ্দেশমৰ্মে সমল ব্যক্তি হিচাবে হৰিদ্বাৰৰ পৰা অহা উত্তৰ পূৱ ভাৰতৰ যোগ নিৰীক্ষক সতীনাথ আৰু এই অনুস্থানৰ শেষৰ দিনাৰ কাৰ্যসূচীত সতীনাথে শংকৰদেৱৰ ওপৰত বিৰ্তকিত মন্তব্য আগবঢ়াইছিল৷ ৰঞ্জন শইকীয়া,দৰং আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | সতীনাথক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল | https://www.newsnextone.com/satinath-baral-mangaldai |
574 | নলবাৰীঃ ধনবল আৰু জনবলৰ হাৱা লাগিছে এজন ব্যৱসায়ীৰ গাত৷ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মুখ্যমন্ত্ৰীৰ পদধূলি পাই বাঢ়িছে অহংকাৰ৷ নলবাৰী জিলাৰ পাইকাৰকুছিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত 'প্ৰণিতা ৰেষ্টুৰেন্ট' নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নামনি অসমলৈ স্থলপথেৰে গ'লে প্ৰায়েই চাহ খাবলৈ সোমায়৷ সেই সুযোগতে মুখ্যমন্ত্ৰীৰ প্ৰিয়ভাজন হৈ পৰা বিলাসী ৰেষ্টুৰেন্টখনৰ মালিক নৃপেন দাসৰ মইমতালি চলে এতিয়া গ্ৰাহক তথা সাধাৰণ মানুহৰ ওপৰত৷ তেনে এক ঘটনা সংঘটিত হল মঙলবাৰেও৷ মঙলবাৰে দিনৰ ভাগত প্ৰণিতা ৰেষ্টুৰেন্টৰ সন্মুখত চানক্য বৰ্মন নামৰ টেম্প চালকজনে নিজৰ টেম্প' ভানখন অগা-দেৱা কৰোঁতে প্ৰণিতা ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী নৃপেন দাসৰ চাৰিচকীয়া বাহনখনত সামান্য খুন্দা লাগে৷ ইয়াৰ পাছতে খৰ্গহস্ত হৈ নৃপেন দাসে টেম্প' চালক চাণক্য বৰ্মনক কাঠেৰে প্ৰহাৰ কৰাৰ অভিযোগ তুলি উত্তেজিত ৰাইজে নিশা হোটেলখনৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইয়াৰ আগতেও স্থানীয় ৰাইজে নৃপেন দাস আৰু তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে গ্ৰাহক আৰু স্থানীয় ৰাইজক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰে যদিও মুখ্যমন্ত্ৰীৰ আশীৰ্বাদপুষ্ট ব্যৱসায়ীজনৰ বিৰুদ্ধে কোনেও মুখ খোলাৰ সাহস কৰিব নোৱাৰিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ আনহাতে নিশা সংঘটিত হোৱা ঘটনাৰ পাছত ৰাইজৰ উগ্ৰমুৰ্ত্তি দেখি শেষত নৃপেন দাসে ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | গৰম চাহৰ দৰে গৰম হৈছে মুখ্যমন্ত্ৰীৰ খাচ প্ৰণিতাৰ মালিক | https://www.newsnextone.com/poeple-protest-against-businessman-nalbari/#comments |
575 | কাজলগাঁও: চিৰাং জিলাৰ ছাপাগুৰিত শনিবাৰে আবেলি কে'বাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, শিক্ষাবিদ, বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ উপস্থিতিত অসম সাহিত্য সভাৰ 'চিন্তন বৈঠক' অনুষ্ঠিত হয় ৷ চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত চিন্তন বৈঠকত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ লগতে ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | কাজলগাৱঁত চিন্তন বৈঠক সম্পন্ন | https://www.newsnextone.com/Kajolgaon-news |
576 | নগাঁও/আমগুৰিঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ দৌল মন্দিৰ পথত পথ দুৰ্ঘটনাত সংঘটিত হৈ দুজন লোক গুৰুতৰ ভাবে আহত হয়।দৌল মন্দিৰ চাৰিআলিত এএছ-০২ এ-৮১৮৮ নম্বৰৰ মাৰুতি চুজুকিৰ সৈতে বিপৰীত দিশৰ পৰা অহা নম্বৰ প্লেট বিহীন এখন গ্লেমাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ লাগে৷ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত গুৰুতৰভাবে আহত বাইক আৰোহীক স্থানীয় বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে।আহত দুই বাইক আৰোহী শিলপুখুৰী গাঁৱৰ আব্দুৰ ৰহমানৰ পুত্ৰ হাবিজুৰ ৰহমান (১৯) আৰু আব্দুল হুছেইনৰ পুত্ৰ জিয়াৰুল আহমেদ (২০) বুলি জানিব পৰা গৈছে।আনহাতে, শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙত সংঘটিত হয় পথ দু্ৰ্ঘটনা।এই দুৰ্ঘটনাৰ ফলত ঠিতাতে নিহত হৈছে হানিফ নামৰ এজন লোক।আমগুৰি নগৰৰ পৰা তীব্ৰ বেগী আহি থকা নম্বৰৰ ডাম্পাৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা চাইকেল অৰোহীজনক খুন্দা মৰাৰ ফলত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়।আমগুৰি নগৰত বাস লোকজনৰ ঘৰ বিহাৰৰ মুজ্জাফৰপুৰত বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে, অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোত অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্যৰ বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'বলৈ পালে বুলি প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নগাঁও-আমগুৰিত পথ দুৰ্ঘটনা, নিহত-১, আহত-২ | https://www.newsnextone.com/nagaon-amguri-road-accident-1-died |
577 | বঢ়মপুৰঃ ঘৰৰ পৰা ওলাই গৈ যোৱা ১১ দিনে ঘৰলৈ উভতি অহা নাই এগৰাকী কিশোৰী৷ ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে ঘৰলৈ উভতি নহাৰ লগতে পৰিয়ালে শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাত হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে৷ কিশোৰী নিৰুদ্দেশৰ এই ঘটনাই তীব্ৰ চাঞ্চলৰো সৃষ্টি কৰিছে নগাঁও জিলাৰ চামগুৰিত।চামগুৰিৰ কনুৱামাৰিৰ ১৫ বছৰীয়া কিশোৰীগৰাকী নিৰুদ্দেশ হৈ থকাত আশাংকৰ মাজত দিন অতিবাহিত কৰিছে পৰিয়ালটোৱে।এঘাৰ দিন পূৰ্বেই নিজ ভাতৃক বিদ্যালয়ৰ পৰা আনিবলৈ ঘৰৰ পৰা ওলাই গৈ পাপিয়া চেটাৰ্জী নামৰ কিশোৰীগৰাকী আজি পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই পৰিয়ালৰ লোকে।কিশোৰীগৰাকীক অপহৰণ কৰি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।ঘটনা সংক্ৰান্তত আৰক্ষী থানাতো পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও চামগুৰি আৰু মোৱামাৰি আৰক্ষীৰ অনুসন্ধানৰ পিছতো কিশোৰীগৰাকীৰ কোনো শুংসুত্ৰ নোপোৱাত এতিয়া চৰম হতাশাত দিন পাৰ কৰিছে কিশোৰীগৰাকীৰ অভিভাৱক।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ভাতৃক স্কুলৰ পৰা আনিবলৈ গৈ ১১ দিনে উভতি নাহিল ১৫বছৰীয়া পাপিয়া | https://www.newsnextone.com/missing-papiya-samaguri-assam/#comments |
578 | জোনাইঃ জোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰিস্থিত বাথৌ মহাসভাৰ উদ্যোগত আজি ৪২ সংখ্যক মাইনাও পূজা আয়োজন কৰা হয়৷ বড়ো সকলৰ বাবে মাইনাও হৈছে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ বেদী৷ আজি বাথৌ মহাসভাই বাথৌ মন্দিৰত লক্ষ্মী দেৱীক আদৰি আনি মাইনাও বেদীত স্থাপন কৰে৷ পুৱা ৬ বজাত চিমেন বাথৌ মহাসভাৰ সভাপতি ৰামেশ্বৰ ৰামছিয়াৰীয়ে পতকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছত চিমেন নদীত পূজা অৰ্চনা কৰি লক্ষ্মী আইক আদৰি মাইনাও বেদীত স্থাপন কৰা হয়।ইয়াৰ পিছত বাথৌ মন্দিৰত এক ধৰ্মীয় সভা অনুষ্ঠিত কৰা হয় লগতে ধৰ্মীয় নীতি নিয়ম অনুসৰি সমস্ত জীৱকুলৰ কুশল কামনাৰ্থে স্থানীয় ৬৫ খন গাঁৱত লখিমী বিতৰণ কৰে আৰু সন্ধিয়া ৫০১ গছি বন্তি প্ৰজ্বলন কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | জোনাই চিমেন চাপৰিৰ বাথৌ মন্দিৰত লখিমী আদৰাৰ প্ৰস্তুতি | https://www.newsnextone.com/bodo-mainao-puja-jonai/#comments |
579 | মহানগৰীৰ কুমাৰপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত হোৱা শ্যাম সুন্দৰ শৰ্মা(৫০) নামৰ কৰ্মচাৰীজনৰ অৱশেষত মৃত্যু হয়।বৰ্তমান গুৱাহাটীৰ কুমাৰপাৰাৰ নিৱাসী লোকজনৰ প্ৰকৃত ঘৰ ৰাজস্থানত।কৰ্মচাৰীজনক সংকটজনক অৱস্থাত প্ৰথমে প্ৰেৰণ কৰা হৈছিল মাৰোৱাৰী মেটাৰনিটী হাস্পাতাললৈ।তাৰ পাছত শৰ্মাক উন্নত চিকিৎসাৰ বাবে মহানগৰীৰ ছয়মাইলস্থিত জিএনআৰচিলৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে কৰ্মচাৰীজনৰ মৃত্যু হয়।সন্ধিয়া প্ৰায় ৭:৩০ বজাত শৰ্মাৰ মৃত্যু হয়।জানিব পৰা মতে বাইকত অহা দুজনীয়া দুৰ্বৃত্তই দোকানত বহি থকা অৱস্থাতে শৰ্মাক গুলিয়াই থৈ যায়।গুলি চালনাৰ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন দুই দুৰ্বৃত্তই পলায়ন কৰে।ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ভৰলু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।গুলিচালনাৰ ঘটনাক লৈ কুমাৰপাৰাত চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে।বৰ্তমানলৈকে কি কাৰণত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীজনক গুলিয়ালে সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত আছে | মহানগৰীৰ গুলি চালনাৰ ঘটনাত গুৰুতৰভাৱে আহত ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ মৃত্যু | https://assam.nenow.in/the-man-seriously-injured-in-firing-at-kumarpara-died/ |
580 | আজাৰাঃ মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় ফণীন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া আৰু স্বৰ্গীয় চন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ সোৱৰণী আন্তঃক্লাৱ ফুটবল লীগৰ চুড়ান্ত ফাইনেল খেলত আজাৰা বয়জ ক্লাৱ আৰু সন্মিলীত তিনিআলী সংঘৰ মাজত অনুষ্ঠিত হয়।উত্তেজনাপূৰ্ণ খেল খনত নিৰ্ধাৰিত সময়ত দুয়ো দলে দুটাকৈ গল দিয়াত খেলখন অমীমাংসীত ভাৱে সমাপ্ত হয়।পিছত ট্ৰাইবেকাৰৰ জৰিয়তে আজাৰা বয়জ ক্লাৱে সন্মিলিত তিনিআলী সংঘক ৪-২ গলৰ ব্যৱধানত পৰাভূত কৰি বিজয়ী সন্মান লাভ কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | আজাৰা বয়জ ক্লাৱ চূড়ান্ত বিজয়ী | https://www.newsnextone.com/football-competition-azara |
581 | পুনৰ পল্টনবজাৰস্থিত গুৱাহাটী ৰেলৱে ষ্টেচনত ৰেল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ সোণ।ৰেলৱে আৰক্ষীয়ে কালি নিশা অভিযান চলাই চাৰিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে।জানিব পৰা মতে আৰক্ষীয়ে তিনিগৰাকী ধৃত মহিলা ক্ৰমে লালতাণ্ডিকা, লালমাংমাবি, লালসিংলবি আৰু ছেইলাহমুনি নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে ৰেলৱে আৰক্ষীয়ে অভিযান চলাই সেই ধৃতকেইজনৰ পৰা প্ৰায় ১৯ কেজি সোণ জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত আইজলৰ পৰা হাওৰালৈ সৰবৰাহৰ সময়ত নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছত উঠিবলৈ লওঁতে আৰক্ষীয়ে তিনিগৰাকী মহিলা আৰু এগৰাকী মিজোৰামৰ যুৱকক আটক কৰিবলৈ সক্ষম হয়।আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই সোণখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা বুলি জানিব পৰা গৈছে।বৰ্তমান সময়ত আৰক্ষীয়ে মিজোৰামৰ ধৃত তিনি মহিলা আৰু যুৱকজনক জেৰা অব্যাহত ৰাখিছে।যোৱা দেওবাৰেও ৰেলৱে আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা ১.৬০ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।এনেদৰেই কোনো দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধুলি দি বিভিন্নধৰণৰ মুল্যবান সামগ্ৰী অবৈধ ভাৱে সৰবৰাহ কৰি আহিছে যদিও ৰেল আৰক্ষীয়ে তাৰ মাজৰে বহুতকে আটক কৰিবলৈ সক্ষম হৈছে | গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ প্ৰায় ১৯ কেজি ওজনৰ সোণ | https://assam.nenow.in/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80-%e0%a7%b0%e0%a7%87%e0%a6%b2%e0%a7%b1%e0%a7%87-%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a7%87%e0%a6%9a%e0%a6%a8%e0%a6%a4-%e0%a6%9c/ |
582 | গুৱাহাটীঃ বাৰিষাৰ বাবে অহা ১৫ জুনৰপৰা পৰ্যটকৰ বাবে বন্ধ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান।এই কথা জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই।উল্লেখ্য যে, যোৱাবর্ষৰ ১০ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰ।২০১৮-১৯ বর্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৬৫৮ গৰাকীৰ বিদেশী আৰু ৪২,৩২৯ গৰাকীৰ দেশীয় পৰ্যটকে দর্শন কৰিছিল।ৰাষ্ট্ৰীয় উদ্যানখনে এই বর্ষত ৰাজহ সংগ্ৰহ কৰিছিল মুঠ ৮১,৩০,৮৩০ টকা।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ১৫ জুনৰপৰা বন্ধ... মানস ৰাষ্ট্ৰীয় উদ্যান | https://www.newsnextone.com/ghy-manas-national-park/#comments |
583 | তিনিশ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস মৰিগাঁওঃ আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে চলি থকা তীব্ৰ অভিযানৰ মাজতে সোমবাৰে মিকিৰভেটা থানাৰ অন্তৰ্গত নিজ কপাহেৰা আৰু পলাহগুৰিত মৰিগাঁও আবকাৰী বিভাগ আৰু মিকিৰভেটা আৰক্ষীয়ে চলোৱা এক অতৰ্কিত অভিযানত তিনিশ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয়।মৰিগাঁও জিলা আবকাৰী বিষয়া মুছাৰব হুছেইন, মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম আৰু মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিতাভ শেনচোৱাৰ নেতৃত্বত চুলাই মদৰ বিৰুদ্ধে চলা অভিযান কালত নিজ কপাহেৰা আৰু পলাহগুৰিৰপৰা ৩০০ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ লালী গুড়সহ প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয়।স্থানীয় ৰাইজ আৰু সচেতন নাগৰিকে সহযোগিতা আগবঢ়োৱা জিলা প্ৰশাসনৰ এই অভিযানৰ মাজতে কেইদিন মান পূৰ্বে অভিযান চলোৱা বৰমানিপুৰ আৰু গা-সজুৱাটো পুনৰ অভিযানকাৰী দলটোৱে অভিযান চলায়।অভিযান কালত দলটোৱে পূৰ্বে প্ৰস্তুত কৰা চুলাই মদৰ ঘাটিসমূহ পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | মৰিগাঁৱৰ কপাহেৰাত চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান আবকাৰী বিভাগ আৰু আৰক্ষীৰ | https://www.newsnextone.com/marigaon-sulai-destroyed/#comments |
584 | ডিজিটেল ডেস্কঃ অৱশেষত সাগৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱা পৱনহংসৰ হেলিকপ্তাৰৰ ৩ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়৷ বৰ্তমানেওঁ ৪গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই।হেলিকপ্তাৰৰ কেইবাটাও অংশ উদ্ধাৰ কৰাৰ লগতে তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়।শনিবাৰে পুৱাৰে পৰা অন্তৰ্ধান হৈ থকা হেলিকপ্তাৰখন উৰি গৈ থকা অৱস্থাত অাকাশত যান্ত্ৰিক বিজুটি ঘটি সাগৰত পৰাৰ সন্দেহ কৰা হৈছে।ভগ্নাৱশেষ পবনহংস হেলিকপ্তাৰৰ হয় নে নহয় সেয়া অনুসন্ধান কৰা থকা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, শনিবাৰে পুৱাই মুম্বাইৰ আকাশৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈছিলএখন হেলিকপ্তাৰৰ৷ পৱনহংসৰ হেলিকপ্তাৰখনত ৫ জন যাত্ৰী আৰু ২জন পাইলট আছিল।প্ৰতিজন যাত্ৰীয়ে আছিল অএনজিচিৰ কৰ্মচাৰী।সাগৰ পৃষ্ঠৰ তলৰ পৰা তেল নিৰ্গত কৰা তৈল ৰিগত ১০.৩০ বজাত অৱতৰণ কৰাৰ কথা আছিল পৱনহংসৰ হেলিকপ্তাৰখন৷ নিৰ্দিষ্ট সময় অতিক্ৰম কৰাৰ পিছতো হেলিকপ্তাৰখন অৱতৰণ নকৰাত চিন্তিত হৈ পৰে কৰ্তৃপক্ষ।উল্লেখ্য, পুৱা জুহু বিমানবন্দৰৰ পৰা হেলিকপ্তাৰখন উৰা মাৰে।হেলিকপ্তাৰত ৩ ঘন্টা ১০ মিনিটৰ ইন্ধন আছিল৷ সূত্ৰ মতে পুৱা ১০.৩০ বজাত হেলিকপ্তাৰখনৰ সৈতে শেষ যোগাযোগ কৰা সম্ভৱ হয়৷ ইফালে কি কাৰনত এই দুৰ্ঘটনা সংঘটিত হ'ল সেয়া তদন্ত কৰা হৈছে৷ এই ঘটনা সন্দৰ্ভত নৌ বাহিনী কোনো বিবৃতি প্ৰকাশ কৰা নাই৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ৩ যাত্ৰী, ভগ্নাৱশেষ সহ সাগৰত উদ্ধাৰ হ'ল পৱনহংসৰ হেলিকপ্তাৰ | https://www.newsnextone.com/recover-helicopter-mumbai/#comments |
585 | ডিজিটেল ডেস্ক ।নগাঁওঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন জগতত বলিষ্ঠ আৰু সফল পদক্ষেপ দি, প্ৰতিভাৰ নিদৰ্শন তুলি ধৰি অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হোৱা "সৰ্বভাৰতীয় গ্লেমন মিচ প্ৰতিযোগিতাৰ" মিচ কেটৱক সুষমা কোঁৱৰক আজি ফাৰেউ নিউজৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়।উক্ত সম্বৰ্ধনা অনুষ্ঠানত ফাৰেউ নিউজৰ সভাপতি বাদল মুনি, ফাৰেউ নিউজৰ উপদেষ্টা প্ৰভাত দাৰফাং, সদৌ তিৱা ছাত্র সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং, তিৱা ভাষা শিক্ষক তিলক লালুং আৰু ফাৰেউ নিউজৰ সম্পাদক অজয় হোকাই উপস্থিত থাকে।ফাৰেউ নিউজৰ তৰফৰ পৰা সুষমা কোঁৱৰক এখনি ফালি আৰু এখন অভিনন্দন পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতত অধিক উত্তৰণৰ বাবে উদগনি যোগায়।নগাঁও জিলাৰ, ৰহাৰ ৰূপহীতলি গাঁওৰ সুষমা কোঁৱৰে, যোৱা ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত "সৰ্বভাৰতীয় গ্লেমন মিচ প্ৰতিযোগিতাত"ত অংশগ্ৰহণ কৰি "শ্ৰেষ্ঠ কেটৱক প্ৰতিযোগিৰ" খিতাপ অৰ্জন কৰিছিল।ভাৰতৰ ২৫ খন ৰাজ্যৰ প্ৰায় মুঠ ১০০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগীতা খনত সফলতাৰ মুকুট পিন্ধা সুষমা কোঁৱৰ হ'ল, ৰহাৰ ৰূপহীতলিৰ জুনু কোঁৱৰ আৰু পবিত্ৰ কোঁৱৰৰ জীয়ৰী।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ফাৰেউ নিউজ"ৰ তৰফৰ সুষমা কোঁৱৰক সম্বৰ্ধনা | https://www.newsnextone.com/miss_glammon_catwalk_sushma_konwar |
586 | ডিজিটেল ডেস্কঃ ভয়াৱহ বিস্ফোৰণত কপিল পাকিস্তান৷ পৱিত্ৰ ইদৰ সময়তে আজি সংঘটিত হ'ল এই বিস্ফোৰণ৷ পাকিস্তান আৰু আফগানিস্তানৰ সীমামুৰীয়া কুৰম প্ৰদেশৰ ৰাজধানী পেৰেছিনাৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ সংঘটিত হয়৷ ইদৰ ইফটাৰৰ বাবেই অঞ্চলটোৰ আকবৰ খান বজাৰত সমাবেত হৈছিল বহু লোক৷ প্ৰথম বিস্ফোৰণতো সংঘটিত হোৱাৰ অলপ পিছতেই সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণ৷ এই শক্তিশালী বিস্ফোৰণত ২৬গৰাকী লোক নিহত হোৱাৰ উপৰিও আহত হৈছে শতাধিক৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰথম বিস্ফোৰণতো হোৱাৰ খবৰ গম পোৱাৰ পিছতেই উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ পঠিওৱা হয়৷ তেতিয়াই দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয়৷ আহত লোকৰ বহুতৰ অৱস্থা সংকটজনক৷ সমগ্ৰ অঞ্চলত নিছিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে উক্ত বিস্ফোৰণৰ ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে কয় যে কোনো মুছলিমেই এনে ভয়ানক কাৰ্যৰ বিষয়ে ভাবিব নোৱাৰে৷ চলিত বৰ্ষৰ জানুৱাৰীত উক্ত অঞ্চলত প্ৰথম বাৰৰ বাবে তালিবানে এনে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল৷ বৰ্তমানলৈ কোনো সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ উক্ত অঞ্চলটোত মূলতঃ চিয়া সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰি আহিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | পাকিস্তানত ঈদৰ পূৰ্বে বিস্ফোৰণ, নিহত ২৬ | https://www.newsnextone.com/twin-blasts-in-pakistan/#comments |
587 | চাংসাৰিত স্থাপন হ'বলগীয়া এইমছৰ ভূমিত দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় চৰৰকাৰৰ এটি পৰ্যবেক্ষকৰ দল।কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদনৰ নেতৃত্বত উচ্চ পদস্থ বিষয়াৰ দলটোৱে কামৰূপৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ প্ৰস্তাৱিত ভূমিত আহি উপস্থিত হয়।উল্লেখযোগ্য যে ২০১৭ চনৰ ২৬ মে'ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আধাৰশিলা স্থাপন কৰাৰ প্ৰায় ডেৰ বছৰ পাছত কালি কেন্দ্ৰীয় দলটো কামৰ বুজ ল'বলৈ আহি উপস্থিত হয়।কেন্দ্ৰীয় দলটো আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে কামৰূপ জিলা (গ্ৰাম্য)ৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক লগত লৈ দলটোৱে এইমছৰ ভূমিত উপস্থিত হৈ গোটেই কামকাজ পৰ্যবেক্ষণ কৰে।কেন্দ্ৰীয় সচিব গৰাকীয়ে এইমছৰ নিৰ্মাণৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াসকলৰ লগতো আলোচনাত মিলিত হৈ নিৰ্মাণৰ কাম খৰতকীয়া কৰি তোলাৰ নিৰ্দেশ দিয়ে।বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন বাজেটতে অসমত এইমছ স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছিল।অৱশ্যে নিৰ্মাণৰ স্থানক লৈ সৃষ্টি হোৱাৰ বিতৰ্কৰ অৱসান ঘটাই চাংসাৰিতে প্ৰস্তাৱিত এইমছ স্থাপনৰ সিদ্ধান্তৰ লগতে ৰাজ্য চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসনে উত্তৰ গুৱাহাটী ৰাহজ চক্ৰৰ চাংসাৰিৰ জালাহ গাঁৱৰ ৫৭১ বিঘা মাটিতে এইমছ স্থাপনৰ স্থান চূড়ান্ত কৰে।অসমত এইমছৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১১২০ কোটি টকাৰ আৱন্টন দিয়ে।কিন্তু অসম চৰকাৰে এইমছ নিৰ্মাণৰ কাম লেহেমীয়া কৰাৰ অভিযোগ উঠাৰ পাছত উক্ত ভূমিত কামকাজ আৰম্ভ কৰা পৰিলক্ষিত হয়।দেওবাৰে পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰীয় দলৰ ভ্ৰমণৰ পাছৰে পৰা এতিয়া জিলা প্ৰশাসনে কামকাজ খৰতকীয়া কৰি তোলাৰ তৎপৰতা প্ৰদৰ্শন কৰিছে | চাংসাৰিৰ এইমছৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে কেন্দ্ৰীয় দলে | https://assam.nenow.in/central-team-visited-site-of-aiims-at-changchari/ |
588 | ধনশিৰিঃ বিদ্ৰোহী সংগঠন এন এছ চি এনে অসমৰ লোকৰ পৰা সংগ্ৰহ কৰিছে গুণ্ডা টেক্স৷ নাগালেণ্ড চৰকাৰৰ ৰচিদত অসমীয়াই দিব লগা হৈছে ৭০০ৰ পৰা ২০০০ পৰ্যন্ত টকা৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত ন-খুতি, দুৰ্গাপুৰ, চুঙাজান এম ভি, নাওঘাট অঞ্চলত নগা উগ্ৰপন্থী এন এছ চি এনে নাগালেণ্ড চৰকাৰৰ নামত সংগ্ৰহ কৰিছে গুণ্ডা টেক্স৷ অসমৰ অট' চালককে ধৰি বিভিন্ন যান-বাহনৰ চালক তথা মালিকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ একাংশ লোকে অভিযোগ উত্থাপন কৰে।অসমীয়া যুৱকসকলৰ পৰা নগা দূৰ্বৃত্তই এখন বাহনৰ পৰা ৭০০ টকাৰ পৰা ২০০০ টকালৈকে গুণ্ডা টেক্স লৈছে বুলি জানিৱ পৰা গৈছে।আনহাতে শতাধিক অট' চালকে বিজেপি চৰকাৰৰ সংখ্যালঘু সংস্থাপন আচঁনিৰ জৰিয়তে এই অট' ক্ৰয় কৰি অ'টো চলাই জীৱন নিৰ্বাহ কৰিছে যদিও শেহতীয়া ভাৱে নগা উগ্ৰপন্থীয়ে ভাবুকীৰে ধন সংগ্ৰহ কৰাত বিমোৰত পৰিছে অ'টো চালক সকল।অসম-নাগালেণ্ড সীমান্তৰ নিৰাপত্তা বাহিনীয়ে সকলো দেখি-শুনি নিৰৱতা অৱলম্বন কৰাত প্ৰতিবাদ কৰিবলৈ সাহস গোটাব পৰা নাই বুলি একাংশ অ'টোচালকে জানিবলৈ দিয়ে৷ নগা উগ্ৰপন্থীয়ে ৰছিদ দি অসমীয়া অট' চালকৰ পৰা কৰ সংগ্ৰহ কৰা কাৰ্যত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | অসমীয়াৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ নাগা সংগঠনৰ | https://www.newsnextone.com/nscn-collect-money-from-assamese-youth-golaghat/#comments |
589 | কাকপথাৰঃ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনৰ দিনাই সমগ্ৰ অসমতে যুৱ-ছাত্ৰ পৰিষদে ক'লা পতাকা উত্তোলনেৰে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কাকপথাৰতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কাকপথাৰ আঞ্চলিক সমিতিয়ে কাকপথাৰ বজাৰৰ সন্মুখত ক'লা পতাকা উত্তোলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ আঞ্চলিক সমিতিৰ অৰ্ধশতাধিক কৰ্মীয়ে "নৰেন্দ্ৰ মোডী হুছিয়াৰ", "হিন্দু নাগৰিকত্ব বিধেয়ক বাতিল কৰক", "বিজেপি চৰকাৰ গ' বেক", সৰ্বানন্দ গ'বেক" ইত্যাদি শ্ল'গানেৰে কঁপাই তোলে৷ ক'লা পতাকা উত্তোলনেৰে প্ৰতিবাদ কৰি নৰেন্দ্ৰ মোডীক সকিয়াই দিয়ে যে কোনো কাৰণতে জাতি ধ্বংসী বিধেয়ক অসমৰ ৰাইজে গ্ৰহণ নকৰে৷ প্ৰথমে অসমৰ খিলঞ্জিয়াৰ সমস্যা সমূহ সমাধান কৰিবলৈ আহ্বান জনায় চৰকাৰক৷ অসম কেতিয়াও বিদেশীৰ চৰনিয়া পথাৰ হবলৈ দিব নোৱাৰো বুলি প্ৰতিবাদকাৰী উল্লেখ কৰে৷ প্ৰতিবাদত অ জা য ছা প ৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি সোনমণি চলিহা, কৃষক মুক্তি সংগ্ৰাম সমিতি কাকপথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা উদিপ্ত বড়া৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | কাকপথাৰত ক'লা পতাকা উত্তোলনেৰে প্ৰতিবাদ | https://www.newsnextone.com/kakopothar-black-flag |
590 | য়ে কয়, বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিব৷ মই প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ আৰু দলৰ সকলো কৰ্মীক শুভেচ্ছা যাচিছো ফলাফলৰ বাবে৷ নাগালেণ্ড, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বাবে ঐতিহাসিক দিন৷ ভাৰতীয় ৰাজনীতিৰ বাবে প্ৰযোজনীয় দিন৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ আৰু দলৰ সকলো কৰ্মীক শুভেচ্ছা যাচিছোঃযোগী | https://www.newsnextone.com/react-yogi |
591 | বিহগুৰিঃ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে আৰ্থিক সাহায্য আগবঢ়ায় ৰাজ্যৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে৷ শোণিতপুৰ জিলাৰ বিহগুৰিৰ অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ৰেঙণি যুৱ সংঘই প্ৰতিবছৰৰ দৰে এইবাৰো দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য তথা সম্বৰ্ধনা জনায়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বৰডুবিয়াৰ কৃষ্ণা দাস, নামপিঠাখোৱাৰ পাৰ্থ প্ৰতিম বৰা, মলয়া গাঁৱৰ বিকাশ কোচ আৰু বালিখুতিৰ মহেন্দ্ৰ নাথক আৰ্থিক সাহায্য প্ৰদান কৰে।ৰেঙণি যুৱ সংঘৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কাৰ্য্যক সমাজ সেৱক দিলীপ বৰা, নিৰোজ নাথৰ লগতে বিহগুৰি অঞ্চলৰ সচেতন মহল আৰু ৰাইজে শলাগ লয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | দৰিদ্ৰ ছাত্ৰক সাহায্য প্ৰদান ৰেঙণি যুৱ সংঘৰ | https://www.newsnextone.com/student-felicitation-bihaguri-poor/#comments |
592 | িটেল সংবাদ, টংলা, ১৯ আগষ্ট:- সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন আৰু বিধান সভাৰ সাধাৰণ নিৰ্বাচনকৰ প্ৰাক্মূহুৰ্তত কংগ্ৰেছ দলত আৰম্ভ হোৱা দল ত্যাগৰ ঢৌ অব্যাহত আছে ৷ কংগ্ৰেছ দলৰ জেষ্ঠ তথা বলিষ্ঠ নেতা ভূৱনেশ্বৰ শইকীয়া, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়ুছ কুজুৰ আদিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ পিছত জিলা পৰ্যায়তো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ ওদালগুৰি জিলাও ইয়াৰ ব্যতিক্ৰম নহয় ৷ কালি অসম প্ৰদেশ কংগ্ৰেছ দলৰ ওদালগুৰি জিলা কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰবিৰাম বড়োয়ে পদবীৰ লগতে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহত লোৱাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাৰ জিলা সাধাৰণ সম্পাদিকা, ওদালগুৰি জিলা মজদুৰ কংগ্ৰেছৰ উপ সভানেত্ৰী তথা ভেৰগাঁও ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাৰ্বতী কুৰ্মীয়েও আজি সকলো পদবীৰ পৰা পদত্যাগ কৰাৰ উপৰি কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লোৱা বুলি সংবাদ মাধ্যমক জনাইছে ৷ ২০১১ চনৰ পৰা কংগ্ৰেছ দলক সেৱা আগবঢ়াই অহা পাৰ্বতী কুৰ্মীয়ে দলটোৰ মাজত দেখা দিয়া খাম-খেয়ালি আৰু আশানুৰূপ ভাল ফলাফল দেখা নোপোৱাৰ বাবে দলত্যাগ কৰা বুলি উল্লেখ কৰিছে ৷কংগ্ৰেছ দলত আদিবাসী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মহিলা নেত্ৰীগৰাকীৰ দলত্যাগে সমাগত নিৰ্বাচনত দলটোক যথেষ্ট ক্ষতি কৰিব বুলি সচেতন মহলে আশংকা কৰিছে ৷ | অসম প্ৰদেশ কংগ্ৰেছ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পাৰ্বতী কুৰ্মীৰ পদত্যাগ | https://janambhumi.in/VFhwTk1rMXFZejA9/en/VFhwTk1rMXFZejA9/%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%95%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9B-%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE-%E0%A6%AE%E0%A7%B0%E0%A7%8D%E0%A6%9A%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%BF%E0%A6%95%E0%A6%BE-%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%A4%E0%A7%80-%E0%A6%95%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A6%A6%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%97.html.html |
593 | বৰনৰ্দ্দীঃ ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগ, দ্যা গ্ৰীণ গ্লোৱ, নলবাৰীৰ লগতে ইক' ক্লাব, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ, নলবাৰীৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় আই ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে 'আমাৰ প্ৰজাতিসমূহৰ সংৰক্ষণ' শীৰ্ষক বিষয়বস্তুৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ এক তৰুন সজাগতামূলক সভা অনুষ্ঠিত হয়।প্ৰায় ৮০ গৰাকী ছাত্ৰীৰ উপস্থিত থকা সভাখনত বিষয় বস্তু "প্ৰজাতি সমূহৰ সংৰক্ষণ"ৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি বিশিষ্ট প্ৰকৃতিপ্ৰেমী ৰাজেশ দত্ত বৰুৱাই কয় যে জৈৱ বৈচিত্ৰ্য অবিহনে এতিয়া পাৰিপাৰ্শ্বিকতা বিনষ্ট হ'ব ধৰিছে৷ যাৰ ফলত পৰিৱেশ তন্ত্ৰ বিনষ্ট হৈছে, যিটো গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা কাৰণ।সেয়েহে আমি সকলো প্ৰজাতিৰে সংৰক্ষণ কৰিব লাগে।ইয়াৰোপৰি বৰুৱাই কাৰ্বন পদচিহ্ন বা ওপৰতো ৰাইজক সজাগ হ'বলৈ আহ্বান জনায়।সমল ব্যক্তি হিচাবে উপস্থিত থাকি প্ৰকৃতিপ্ৰেমী আছিয়া আহমেদে হেৰাই যোৱা বা বিলুপ্ত হ'বলৈ ধৰা প্ৰজাতিসমূহ যেনে শগুণ, মৌমাখি, বিভিন্ন ধৰণৰ চৰাইৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি তেওঁ এই সকলোবোৰ পৰিৱেশতন্ত্ৰৰ অবিচ্ছেদ্য অংগ বুলি প্ৰকাশ কৰে।প্ৰকৃতিপ্ৰেমী বিশ্বজিৎ শৰ্মাই সমূহ শিক্ষাৰ্থীক পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বাবে হাতে কামে লাগিবৰ বাবে আহ্বান জনায়।সভাৰ শেষত শিক্ষাবিদ চামনুৰ আলীয়ে এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলৰ শলাগ লয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নলবাৰীৰত প্ৰজাতি সংৰক্ষণৰ সজাগতামূলক সভা সম্পন্ন | https://www.newsnextone.com/bornarddi-conservation |
594 | বিলাসীপাৰাঃ বিলাসীপাৰা জিলা আমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আঃ ওহাব মণ্ডলৰ সভাপতিত্বত নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিঁয়াজবাৰী হাইস্কুল খেল পথাৰত বুধবাৰে দিনৰ ২ বজাত প্ৰায় দুই হাজাৰৰ অধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এই মুকলি সভা।উক্ত সভাত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ, আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, আমছুৰ সহ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, আমছুৰ প্ৰাক্তন উপ-সভাপতি দ্বয় জহিৰুল হক আৰু মনোৱাৰ হুছেইন আৰু অনান্য কাৰ্যকৰ্তা সকল।সমূহ বিষয়ববীয়া সকলোক সম্বৰ্ধনা জনাই আমছু জিন্দাবাদ ধ্বনিৰে সভাখনৰ আৰম্ভ হয়।বৰ্তমান ৰাজ্যৰ চৌদিশে চলি থকা ৰাজনৈতিক পৰিস্থিতি আৰু সংখ্যালঘু ৰাইজৰ শেহতীয়া এন আৰ চিৰ সমস্যা আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কে আলোচনা আগবঢ়ায়।সভা খনৰ মুখ্য বক্তা তথা আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে ভাষণত কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ হিন্দু আৰু মুছলমানৰ মাজত বিভাজন কৰিব বিচাৰিছে সেইটো কেতিয়াও বাস্তৱায়িত কৰিবলৈ নিদিয়ে আমছুয়ে।সাম্প্ৰদায়িক হিংসা আমছুয়ে নকৰে আৰু ধুবুৰী জিলাত বাস কৰা সকলো ধৰ্মাৱলম্বীৰ লোকৰ মাজত সহায় সহযোগিতা আগবঢ়াই লোৱাত আমছুয়ে ভূমিকা পালন কৰি আহিছে।সমূহ বক্তাৰ ভাষণৰ অন্তত সকলোৱে মিলি সংগঠনৰ নিয়ম-নীতিৰ প্ৰতিজ্ঞা পাঠৰ পিছত সামৰণি পৰে উক্ত মুকলি সভাৰ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | আমছুৰ জিলা সমিতিৰ উদ্যোগত ২৫ তম বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা | https://www.newsnextone.com/amsu-meeting-in-bilashipara/#comments |
595 | হেমন্ত কলিতা, নলবাৰীঃ আইটিএফ টাং-চু-দু স্পোৰ্টছ এছোচিয়েচন, অসমৰ উদ্যোগত গুৱাহাটীৰ বেলতলাত দেওবাৰে ৰাজ্যিক পৰ্যায়ৰ আন্তঃস্কুল টাং-চু-দু(ল'ৰা-ছোৱালী) সমৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।উক্ত খেলখনত নলবাৰী জিলা টাংচু-দু এছোচিয়েচনৰপৰা এঘাৰজনীয়া এটা দলে অংশগ্ৰহণ কৰে।নলবাৰীৰ দলটোৱে দুটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।সোণৰ পদক লাভ কৰে চাহিল কুমাৰ ঠাকুৰ, ইনতাদুল হুছেইনে আৰু ৰূপৰ পদক লাভ কৰে ৰিচান তাহিৰ, আৰমান হক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে দ্বীপজ্যোতি ডেকাই।উক্ত খেলখনত নলবাৰী জিলা দলটোৰ প্ৰশিক্ষক হিচাপে গৈছিল আজহাৰুল আমিন, গুৱাহাটীৰ বিচাৰক হিচাপে উপস্থিত থাকে এনচি ৰাও আৰু মুখ্য কাৰিকৰি প্ৰশিক্ষক দেৱজিত গগৈয়ে খেলখন সফলৰূপে চলাই নিয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ৰাজ্যিক পৰ্যায়ৰ টাং-চু-দু প্ৰতিযোগিতাত নলবাৰী দলৰ সাফল্য | https://www.newsnextone.com/nalbari-tang-su-do-achievement/#comments |
596 | নগাঁওঃ নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ধিং খৰ্গেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এখন আইন সাক্ষৰতা সভা অনুষ্ঠিত হয়।নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে সঞ্চালনা কৰি ভাষণ প্ৰসংগত তেওঁ কয়-- সাম্প্ৰতিক পৰিস্থিতিত আইনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।সকলোৱে আইন কিছু পৰিমানে জনা প্ৰয়োজন।প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আইন সাহায্য লাভ কৰাৰ বাবেই এনেধৰণৰ সভা অনুষ্ঠিত কৰা হৈছে।আনহাতে এই সভাতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি সমল ব্যক্তি তথা অধিবক্তা শ্বাহনাজ চুলতানাই যানবাহন আইন আৰু অধিবক্তা ৰূপালী গোস্বামীয়ে শিশু-শ্ৰমিক নিৱাৰণ আইনৰ ওপৰত মত প্ৰকাশ কৰে।সভাত বিদ্যালয়খনৰ অধ্যক্ষ, কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।আনহাতে, এই সভাৰ পিছতেই নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকাৰ লগতে সমল ব্যক্তিসকলে স্বৰ্ণকন্যা হিমা দাসৰ ধিং ৰ কান্ধুলিমাৰীৰ বাসগৃহত উপস্থিত হৈ 'অৰ্জুন বঁটা' লাভ কৰাৰ বাবে মাতৃসহ পৰিয়ালবৰ্গক অভিনন্দন জ্ঞাপন কৰে । আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ধিঙত আইন সাক্ষৰতা সভা সম্পন্ন | https://www.newsnextone.com/literacy%20_mission_in_nagaon |
597 | জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি পথাৰত শুকুৰবাৰে সংঘটিত হোৱা এক ভূমিকেন্দ্ৰিক বিবাদৰ ফলত এজন বৃদ্ধ গুৰুতৰভাৱে আহত হয়।প্ৰাপ্ত আভিযোগ মতে, আব্দুল ছালাম, ইজাজুল হক, মজিবুৰ ৰহমান আৰু চান্দিৰ উদ্দিন নামৰ চাৰিজন লোকে চাদিকুল ইছলাম নামৰ লোকজনৰ ভূমিত দহ বছৰ ধৰি বেদখল কৰি ঘৰ সাজি আছে৷ উক্ত ভূমিত এখন জেওৰা দিয়াক লৈ দুই দলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।কাজিয়াত চাদিকুল ইছলামৰ বৃদ্ধ পিতৃ নুৰুল ইছলামক আব্দুল ছালাম, ইজাজুল হক, মজিবুৰ ৰহমান আৰু চান্দিৰ উদ্দিনে মাৰপিট কৰাৰ উপৰি মূৰত যাঠিৰে আঘাত কৰে।পাছত আহত বৃদ্ধগৰাকীক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ঘটনা সংক্ৰান্তত চাদিকুল ইছলামে বটদ্ৰৱা আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | কদমনি পথাৰত ভূমিকেন্দ্ৰিক সংঘাতত গুৰুতৰভাৱে আহত বৃদ্ধ | https://www.newsnextone.com/nagaon-land-despute-injured1/#comments |
598 | যদিহে এনএচচিএন-আইএম আৰু কেন্দ্ৰৰ মাজত স্বাক্ষৰিত হোৱা নগা চুক্তিৰ ফলত মণিপুৰৰ ভৌগলিক অখণ্ডতাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা হয় তেন্তে মই আৰু মোৰ লগতে বহুতো বিধায়কে পদত্যাগ কৰিবলৈ বাধ্য হ'ম'।এই কথা কয় মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে।সোমবাৰে মণিপুৰৰ মুখ্য মন্ত্ৰী সিঙ আৰু বিধায়কৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নগা চুক্তিৰ উপৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে।মণিপুৰ বিধানসভাক নগা শান্তি চুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাই মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, "মণিপুৰৰ ইতিহাস, ইয়াৰ জনগাঁথনি আৰু ঐতিহাসিক পৃষ্ঠভূমিলৈ চাই ইয়াৰ সুৰক্ষা তথা অখণ্ডতা ৰক্ষা কৰাটো অতিকে গুৰুত্বপূৰ্ণ হৈ পৰিছে।আমি নগা শান্তি চুক্তিৰ এক শান্তিপূৰ্ণ সমাধান বিচাৰো, নগা শান্তি চুক্তিৰ ফলত যদিহে মণিপুৰত বিয়োগাত্মক প্ৰভাৱ পৰে তেন্তে ৰাজ্যৰ জনসাধাৰণক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব।যদিহে আমাৰ কথা গুৰুত্বসহকাৰে লোৱা নহয় তেন্তে আমি ৰাজহুৱাভাৱে পদত্যাগ কৰিবলৈ বাধ্য হম'।উল্লেখ্য যে, মণিপুৰত বিজেপিৰ নেতৃত্বত ৰাজ্য চৰকাৰ পৰিচালিত হৈ আছে যদিও মুখ্য মন্ত্ৰী বীৰেন সিঙ নেতৃ্ত্বাধীন চৰকাৰখনে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বহুকেইটা সিদ্ধান্তৰ মুকলিকৈ বিৰোধিতা কৰি ৰাজনৈতিক ক্ষেত্ৰত নিজৰ শক্তিশালী স্থিতি প্ৰদৰ্শন কৰিছে।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত চলি থকা নগা শান্তি চুক্তিৰ বিৰুদ্ধে এনেদৰে মুকলি বিদ্ৰোহে কেন্দ্ৰৰ বিজেপি নেতৃ্ত্বক শলঠেকত পেলোৱা পৰিলক্ষিত হৈছে।মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ স্পষ্ট স্থিতিয়ে পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব | কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ | https://assam.nenow.in/%e0%a6%a8%e0%a6%97%e0%a6%be-%e0%a6%9a%e0%a7%81%e0%a6%95%e0%a7%8d%e0%a6%a4%e0%a6%bf-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%b0%e0%a7%8d%e0%a6%ad%e0%a6%a4-%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d/ |
599 | জ এ.এছ.এন. প্ৰতিনিধি 12 / 2019 অসম ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ একবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনখনি আজি বঙাইগাঁও চহৰৰ ৰাধাকৃষ্ণ ঠাকুৰবাৰী মন্দিৰত অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে পতাকা উত্তোলনেৰে অধিৱেশনখনিৰ শুভাৰম্ভ কৰে সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ ভাগৱতীয়ে৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাত সভাপতিত্ব কৰে প্ৰদীপ কুমাৰ ভাগৱতীয়ে৷ সভাত ভাষণ প্ৰদান কৰি নিৰ্দিষ্ট বক্তা জিতেন্দ্ৰ চন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে কয় যে আনুষ্ঠানিক শিক্ষাই মানুহ এজনক পূৰ্ণৰূপে গঢ়ি তুলিব নোৱাৰে৷ সেইখিনিতেই ধৰ্মৰ প্ৰয়োজন আহি পৰে৷ ধৰ্মৰ শিক্ষাই মানুহক পূৰ্ণতা প্ৰদান কৰে৷ বেদ, পুৰাণ আদিত মানৱ জীৱনৰ মূল্যবোধ, সুস্থ আৰু সভ্য জীৱন যাপনৰ প্ৰক্ৰিয়াকে শিক্ষা দিয়া হয় বুলিও তেওঁ কয়৷ এই অধিৱেশনতেই আগন্তুক ২০১৯-২১ বৰ্ষৰ বাবে প্ৰদীপ কুমাৰ ভাগৱতীক সভাপতি, ৰত্নেশ্বৰ শৰ্মাক সম্পাদক আৰু মদন শৰ্মাক কোষাধ্যক্ষ হিচাপে লৈ বঙাইগাঁও আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সমিতিখন গঠন কৰা হয়৷ | ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ একবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন | https://www.newsasn.com/index.php/node/4297 |
600 | নলবাৰীঃ নলবাৰী জিলাৰ এতিহ্যমণ্ডিত গোপাল মহা প্ৰভূৰ ৬২ তম মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বৃহস্পতিবাৰে নাট্যকাৰ শ্যমান্ত কুমাৰ বৈশ্যই মহোৎসৱৰ কাৰ্যালয় উদ্ধোধন কৰে।কাৰ্যালয় উদ্ধোধনত অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰমোদ তালুকদাৰ, কালিন্দ্ৰ তালুকদাৰ, ৰবিন তালুকদাৰ, সত্যৰাম তালুকদাৰ, ৬২ তম সভা মহোসৎৱ উদযাপন সমিতিৰ সভাপতি তৰুন ডেকা, সম্পাদক হিতেশ হালৈ, পুলক বৰ্মন উপস্থিত থাকে।অহা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শ্ৰী শ্ৰী বাল গোপাল মহাপ্ৰভূৰ ৬২ তম সভা মহোৎসৱ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | গোপাল মহা প্ৰভূৰ মহোৎসৱ উদযাপনৰ প্ৰস্তুতি | https://www.newsnextone.com/gopal-moha-prabhu-divas |