source_url
stringlengths
202
245
target_url
stringlengths
202
245
text
stringlengths
169
36.1k
summary
stringlengths
26
293
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95/
বিগত কিছুদিন ধৰি মই চৰকাৰৰ বিভিন্ন প্রকল্পৰ দ্বাৰা লাভবান হোৱা দেশৰ বিভিন্ন প্রান্তৰ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাইছো। ইয়াক মই মোৰ জীৱনৰ এক অদ্ভূত অভিজ্ঞতা বুলি ক’ব খোজো। মই সদায়েই চৰকাৰৰ বিভিন্ন প্রকল্পই সাধাৰণ লোকসকলৰ জীৱনত কেনে পৰিৱর্তন আনিছে সেই বিষয়ে তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাৱে কথা পতাৰ, চৰকাৰী ফাইলৰ বাহিৰৰ জীৱনক জানিবলৈ চেষ্টা কৰো। মানুহৰ সৈতে প্ৰত্যক্ষভাৱে কথা ক’লে সকলো বিষয়ত তেওঁলোকৰ পৰা জানিব পাৰি অতিকে আনন্দ লাগে। লগতে কাম কৰাৰ এক নতুন শক্তিও আহৰণ কৰিব পৰা যায়। আজি ডিজিটেল ইণ্ডিয়াৰ কেইবাটাও প্ৰকল্পৰ হিতাধিকাৰীসকলৰ সৈতে কথা পতাৰ সুযোগ পাইছো। মোক জনাইছে যে আজিৰ এই কার্যসূচীত মই সমগ্ৰ দেশৰ কমন চার্ভিছ চেন্টাৰসমূহৰ জৰিয়তে ৩লাখ দৰিদ্র লোকৰ সৈতে পোনপটীয়াকৈ যুক্ত হোৱাৰ সুযোগ পাইছো। এই কমন চার্ভিছ চেন্টাৰসমূহৰ সঞ্চালনকাৰী ভিএলইএছসকলেও তেওঁলোকৰ পৰা সেৱা গ্রহণকাৰী লোকসকলৰ লগতে সমগ্ৰ দেশৰ এনআইচি কেন্দ্ৰসমূহৰ জৰিয়তে ডিজিটেল ইণ্ডিয়াৰ হিতাধিকাৰীসকল আজি একত্রিত হৈছে। ১৬০০তকৈও অধিক সংস্থাই আজি এনকেএন অৰ্থাৎ নেচনেল ন’লেজ নেটৱর্কৰ জৰিয়তে সংযুক্ত হৈছে। তেওঁলোকৰ লগতে একাংশ ছাত্র, গৱেষক, বিজ্ঞানী আৰু অধ্যাপকো আমাৰ সৈতে আছে। সমগ্ৰ দেশত চৰকাৰী প্ৰকল্পৰ সাহায্যাৰ্থে যিবোৰ বিপিঅ’ স্থাপন কৰা হৈছে, সেই বিপিঅ’সমূহত কর্মৰত নবীন প্রজন্মইও আজি এই কার্যসূচীত আমাৰ সৈতে সংযুক্ত হৈ আছে। কেৱল ইমানেই নহয়, ম’বাইল ফোন নির্মাণ কাৰখানাসমূহত কর্মৰত একাংশ লোকে আজি প্রযুক্তিৰ জৰিয়তে আমাক তেওঁলোকৰ কাৰখানা দেখাব। তেওঁলোকেও আমাৰ সৈতে মত বিনিময় কৰিব। সমগ্ৰ দেশৰ লক্ষাধিক লোকে স্ব-ইচ্ছাৰে Mygovৰ সৈতে জড়িত হৈছে। মই ভাবিছো ই এক অভূতপূর্ব ঘটনা, য’ত আজি আমি অতি কমেও ৫০লাখতকৈও অধিক মানুহে একেলগে কথা পাতিম! প্রত্যেকেৰে অভিজ্ঞতা শুনা, তেওঁলোকৰ সৈতে কথা পতাৰ ই এক অসাধাৰণ সুযোগ। ডিজিটেল ইণ্ডিয়া প্রকল্প উদ্বোধনৰ সময়ত এটা সংকল্প আছিল যে দেশৰ সাধাৰণ যুৱক-যুৱতী, দুখীয়া লোক, কৃষকসকলক ডিজিটেল ইণ্ডিয়া প্ৰকল্পৰ সৈতে যুক্ত কৰাৰ লগতে তেওঁলোকক সবলীকৰণ কৰিম। একেদৰে গাওঁসমূহো এই প্ৰকল্পৰ সৈতে জড়িত হ’ব, এনে এক সংকল্প লৈ বিগত চাৰি বছৰ ধৰি ডিজিটেল সবলীকৰণৰ প্রতিটো বিষয়ৰ সন্দৰ্ভত কাম কৰা হৈছে। গাওঁসমূহক ফাইবাৰ অপটিক্সেৰ জৰিয়তে সংযোগ কৰা, কোটি কোটি মানুহক ডিজিটেল শিক্ষা প্ৰদান ককৰা কৰা, ম’বাইল ফোনৰ জৰিয়তে চৰকাৰী সেৱাক সকলোৰে ওচৰলৈ নিয়া, দেশত বৈদ্যুতিন সৰঞ্জাম নির্মাণৰ পৰিৱেশ সৃষ্টি কৰা, ষ্টার্টআপ আৰু উদ্ভাৱনক উৎসাহ যোগোৱা, বিভিন্ন স্থানত বিপিঅ’ আৰম্ভ কৰাৰ অভিযান চলোৱা; এনে অনেক প্রকল্প আজি সফলভাবে বাস্তৱায়িত হৈছে। এতিয়া আৰু পেন্সনপ্রাপক বয়স্কসকলে বহু দূৰৈত গৈ নিজৰ জীৱন প্রমাণ-পত্র জমা দিব নালাগে। তেওঁলোকে এতিয়া নিজৰ গাঁৱতে কমন চার্ভিছ চেণ্টাৰত গৈ অতি সহজে কাম কৰিব পাৰে। দেশৰ কৃষকসকলে বতৰৰ আগজাননী, ফচল আৰু মাটি সম্পর্কে নানা তথ্য অতি সহজে পাব পাৰে। ইয়াৰ সমান্তৰালভাৱে, নিজৰ ম’বাইলৰ জৰিয়তে অথবা কমন চাৰ্ভিছ চেণ্টাৰ গৈ অতি সহজে ডিজিটেল বজাৰ ‘ই-নাম’ৰ জৰিয়তে নিজৰ উৎপাদিত শস্য, শাক-পাচলি আৰু ফলমূল সমগ্ৰ দেশৰ যিকোনো বজাৰত বিক্ৰী কৰিব পাৰে। আজি গাঁৱৰ শিক্ষিত ছাত্র-ছাত্রীসকলে কেৱল স্কুল-কলেজৰ নির্দ্ধাৰিত পাঠ্যপুথিৰ জ্ঞানতে সীমাবদ্ধ নাথাকে। তেওঁলোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি ডিজিটেল গ্রন্থাগাৰত লাখ লাখ কিতাপ পঢ়িব পাৰে। এতিয়া তেওঁলোকে আৰু ছাত্রবৃত্তিৰ টকাৰ বাবে স্কুল-কলেজৰ পৰিকল্পিত পদ্ধতিৰ ওপৰত নির্ভৰশীল নহয়। তেওঁলোকৰ ছাত্রবৃত্তিৰ টকা এখন পোনপটীয়াভাৱে তেওঁলোকৰ বেংক একাউণ্টত জমা হৈ যায়। প্রযুক্তিৰ জৰিয়তে তথ্য সঞ্চাৰ বিপ্লৱৰ হাত ধৰি এইবোৰ কিছু সহজ কৰা সম্ভৱ হৈছে। আজিৰ পৰা কেইবা বছৰৰ আগলৈকে মহানগৰসমূহৰ পৰা দূৰৈত সৰু সৰু চহৰ, মফচল চহৰ আৰু গাওঁসমূহত মানুহে ভাবিব পাৰিচিল নে যে ৰে’ল ষ্টেচনত নোযোৱাকৈ, শাৰী নপতাকে, কেৱল ফোনৰ জৰিয়তে ৰে’লৰ টিকট কটা আৰু আসন সংৰক্ষণ কৰা সম্ভব! অথবা কেইবা ঘণ্টা শাৰী নপতাকৈ ৰন্ধন গেছ পোনপটীয়াকৈ ঘৰত পাব পাৰে! কৰপ্রদান, বিদ্যুৎ আৰু পানীৰ বিলৰ টকা কোনো চৰকাৰী বিভাগলৈ নোযোৱাকৈ ঘৰত বহিয়েই জমা কৰিব পৰা যায়। কিন্তু আজি সকলো কাম অতি সহজে কৰিব পৰা গৈছে। আপোনালোকৰ জীৱনৰ সৈতে জড়িত সকলো কাম এতিয়া কেৱল কেইটামান আঙুলি দূৰত, আৰু তাক মুষ্ঠিমেয় কেইজনমানৰ বাবে নহয়, সকলোৰে বাবে, দেশৰ যিকোনো নাগৰিকে ঘৰত বহিয়েই এনে সুবিধা পাব পাৰে! ইয়াৰ বাবে সমগ্ৰ দেশত কমন চাৰ্ভিছ চেণ্টাৰৰ নেটৱর্ক আৰু অধিক শক্তিশালী কৰা হৈছে। ইতিমধ্যেই প্রায় ৩ লাখ কমন চাৰ্ভিছ চেণ্টাৰ খোলা হৈছে। আজি ডিজিটেল চাৰ্ভিছ ডেলিভাৰী চেণ্টাৰৰ এই বিশাল নেটৱর্ক ভাৰতৰ ১ লাখ ৮৩ হাজাৰ গাওঁ পঞ্চায়তত বিস্তাৰিত হৈছে। এইটো অতিকে আনন্দৰ কথা যে আজি লাখ লাখ যুৱকৰ লগতে ৫২ হাজাৰ মহিলা আজি গাওঁ পৰ্যায়ৰ উদ্যোগী (ভিএলই) হিচাপে কাম কৰি আছে। এই কেন্দ্রসমূহৰ জৰিয়তে ইতিমধ্যে ১০ লাখৰো অধিক লোকক কর্মসংস্থাপন দিছে। সামগ্রিকভাবে লক্ষ্য কৰিলে এই কেন্দ্রসমূহ কেৱল সবলীকৰণেই নহয়, এইবোৰৰ জৰিয়তে শিক্ষা, উদ্যোগ আৰু কর্মসংস্থাপনো সু-নিশ্চিত হৈছে। ভাৰতত যিমান পৰিৱর্তন আহিছে সেইবোৰ আপোনালোকেই আনিছে, আৰু নিজৰ আঙুলিৰ শক্তিৰে আনিছে, এই প্রগতি, এই আস্থা, এই উন্নয়ন, সংস্কাৰ, দক্ষতা আৰু ৰূপান্তৰৰ জৰিয়তে এইবোৰ কিছু বাস্তবায়িত হৈছে। মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো। বহুত বহুত ধন্যবাদ জনাইছো। নমস্কাৰ।
ডিজিটেল ইণ্ডিয়াৰ হিতাধিকাৰীকলৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B6%E0%A6%BE-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B6%E0%A6%BE-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE/
বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশকৰ গ্লবেল হেল্থ লিডাৰ্ছ বঁটা লাভ কৰা আশা কৰ্মীসকলৰ সমগ্ৰ দলটোৰ বাবে আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে আশা কৰ্মীসকলে আগশাৰীত থাকি এক সুস্থ ভাৰত গঢ়ি তোলাৰ লক্ষ্যত আগুৱাই গৈছে। তেওঁলোকৰ নিষ্ঠা আৰু সংকল্প প্ৰশংসনীয়। বিশ্ব স্বাস্থ্য সংস্থাৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে এইদৰে; "আশা কৰ্মীৰ সমগ্ৰ দলটোক বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশকৰ গ্লবেল হেল্থ লিডাৰ্ছ বঁটা প্ৰদান কৰাত আনন্দিত হৈছোঁ। সকলো আশা কৰ্মীকে অভিনন্দন জনাইছোঁ। তেওঁলোক এক সুস্থ ভাৰত সুনিশ্চিত কৰিবলৈ আগুৱাই গৈছে। তেওঁলোকৰ নিষ্ঠা আৰু দৃঢ়তা প্ৰশংসনীয়।"
আশা কৰ্মীসকলে বিশ্ব স্বাস্থ্য সংস্থাৰ মহা নিৰ্দেশকৰ ‘গ্লবেল হেল্থ লিডাৰ্ছ’ বঁটা লাভ কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%AB/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%AB/
ছৌদি আৰৱৰ মাননীয় শক্তি মন্ত্রী, ভাৰতৰ পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী, আন্তঃৰা্ষ্ট্ৰীয় শক্তি ফ’ৰামৰ সচিবপ্ৰধান, বিশিষ্ট প্রতিনিধিবৃন্দ, উপস্থিত ভদ্ৰ পুৰুষ-মহিলাসকল, মই আপোনালোকক ভাৰতলৈ স্বাগতম জনাইছো। ষষ্ঠদশ আন্তঃৰা্ষ্ট্ৰীয় শক্তি ফ’ৰামৰ মন্ত্রী পর্যায়ৰ বৈঠকলৈ আদৰণী জনাইছো। মই ইয়াত ইমান বৃহৎ সংখ্যক তেল উৎপাদক আৰু গ্রাহক দেশৰ শক্তি মন্ত্রীসকল আৰু আন্তঃৰা্ষ্ট্ৰীয় সংগঠন তথা বিভিন্ন সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক দেখি অতিশয় আনন্দিত হৈছো। আপোনালোকে আজি ইয়াত বিশ্বজুৰি শক্তিৰ ভৱিষ্যতকৈ আলোচনাৰ বাবে সমবেত হৈছে। সমগ্র বিশ্বই বর্তমান শক্তি সৰবৰাহ আৰু ব্যয়ৰ ক্ষেত্রত এক বিৰাট পৰিবর্তনৰ সন্মুখীন হৈছে। শক্তিৰ ব্যয়ৰ হাৰ নন অ’ইচিডিৰ দেশসমূহত বৃদ্ধি পাইছে : মধ্যপ্রাচ্য, আফ্রিকা আৰু উন্নয়নশীল এছিয়া। অন্যান্য সকলো শক্তিৰ উৎসৰ তুলনাত সৌৰশক্তি অর্থনৈতিক দিশৰ পৰা বহুগুনে সুবিধাজনক হৈ পৰিছে। ইয়াৰ ফলত, সৰবৰাহ ব্যৱস্থাৰ পৰিবর্তন হৈছে। বিশ্বৰ সর্বত্রে প্রাকৃতিক গেছৰ পর্যাপ্ত প্রাপ্তিযোগ্যতা আৰু এলএনজি আৰু প্রাকৃতিক গেছৰ ক্রমৱর্ধমান ব্যৱহাৰে প্রাথমিক শক্তি ভাণ্ডাৰত অৰিহণা যোগাইছে। অতি শীঘ্রে মার্কিন যুক্তৰাষ্ট্র বিশ্বৰ বৃহত্তম তেল উৎপাদক দেশ হৈ উঠাৰ দিশে অগ্ৰসৰ হৈছে। অনাগত কেইটামান দশকৰ বাবে অতিৰিক্ত তেলৰ চাহিদাৰ এক বিৰাট অংশ তেওঁলোকে যোগান ধৰিব পাৰিব বুলি ভৱিষ্যৎ বাণী কৰা হৈছে। বিশ্বৰ অ’ইচিডিভুক্ত দেশসমূহৰ ভিতৰত প্রাথমিক শক্তি ক্ষেত্রত সর্বাধিক অৱদান হিচাপে ক্রমশঃ কয়লাৰ আকর্ষণ হ্ৰাস পাইছে। উন্নয়নশীল দেশসমূহতো একেই প্রৱণতা দেখা দিব পাৰে। বৈদ্যুতিক যানবাহনৰ প্রচলন ব্যাপকভাৱে আৰম্ভ হ’লে অহা কেইটামান দশকত পৰিৱহণ ক্ষেত্রতো এক বিৰাট পৰিৱর্তন আহিব। বিশ্ব চিঅ’পি-২১ চুক্তি অনুসৰি জলবায়ু পৰিৱর্তনৰ বিষয়ত ব্যৱস্থা গ্রহণত প্রতিশ্রুতিৱদ্ধ। পৰিবেশ-অনুকূল শক্তি আৰু শক্তি ব্যৱহাৰত দক্ষতাৰ ওপৰত জোৰ অনাগত দিনত অর্থনীতিত শক্তি ব্যৱহাৰত গুৰুত্বতাত পৰিৱর্তন আহিব। যোৱা মাহত মই এটি এজেন্সিয়ে প্রস্তুত কৰা শক্তি সংক্রান্তীয় পূর্বভাষ লাভ কৰিছিলো। এই পূর্বাভাসত কোৱা হৈছে যে অহা ২৫ বছৰত ভাৰত বিশ্বৰ শক্তি চাহিদাপ্রধান চালক হৈ উঠিব। অহা ২৫ বছৰত ভাৰতৰ শক্তি ব্যৱহাৰ বার্ষিক ৪.২ শতাংশ হাৰে বৃদ্ধি পাব। বিশ্বৰ প্রধান অর্থনীতিসমূহৰ ভিতৰত ভাৰত হৈছে আটাইতকৈ দ্রুতবিকাশশীল। এই ৰিপোর্টত আৰু জনোৱা হৈছে যে ২০৪০ চনৰ ভিতৰত প্রাকৃতিক গেছৰচাহিদা ৩ গুণ বৃদ্ধি পাবে। এছাড়া, বর্তমানেৰ ৩০ লক্ষ থেকে বৈদ্যুতিক যানবাহনৰ সংখ্যা ২০৩০ চনৰ ভিতৰত বৃদ্ধি পাই ৩২ কোটি হ’বগৈ। আমি শক্তি প্রাচুর্যৰ এক যুগত প্রৱেশ কৰিবলৈ গৈ আছো। কিন্তু বিশ্বৰ প্রায় ১২০ কোটি লোকৰ ঘৰত এতিয়াও বিদ্যুৎ নাই। আৰু বহু লোকৰে স্বচ্ছ ৰন্ধন শক্তি নাই। আমি এইটো নিশ্চিত কৰিব লাগিব যে এই পৰিস্থিতিত যেন বঞ্চিত লোকসকলৰ ক্ষতি কৰাৰ বাবে ব্যৱহাৰ কৰা নহয়। সকলো লোকক স্বচ্ছ, সুলভ, সুষম আৰু সমতাৰ ভিত্তিত শক্তিৰ যোগান নিশ্চিত কৰা প্ৰয়োজন। হাইড্রোকার্বন ক্ষেত্রত মই আমাৰ চিন্তাভাৱনা আপোনালোকৰ সৈতে বিনিময় কৰিব বিচাৰো আৰু আমাৰ শক্তি নিৰাপত্তা অর্জনত আমাৰ উদ্যোগৰ কথাও মই জনাব বিচাৰিছো। তেল আৰু প্রাকৃতিক গেছ কেৱল বাণিজ্যিক পণ্য নহয়, এইবোৰ অত্যন্ত প্রয়োজনীয় বস্তু। এইবোৰ কোনো সাধাৰণ লোকৰ ৰান্ধনিশালৰ বাবেই হওঁক অথবা বিমানৰ শক্তিয়েই হওঁক, সর্বত্রে প্রয়োজন। বিশ্বত বহুদিন ধৰি শক্তিৰ মূল্য যথেষ্ট উত্থান-পতন পৰিলক্ষিত হৈছে। আমাৰ দায়িত্বশীল শক্তি মূল্যৰ দিশত আগুৱাই যাব লাগিব, যাতে উৎপাদক আৰু গ্রাহক উভয়ৰে স্বার্থ ৰক্ষা হয়। আমাৰ তেল আৰু গেছ-এই উভয় ক্ষেত্রতে স্বচ্ছ আৰু স্থিতিস্থাপক বজাৰ ব্যৱস্থাৰ দিশতো আগুৱাই যোৱা দৰকাৰ। তেতিয়াহে আমি যথাযথভাবে মানৱ সভ্যতাৰ শক্তিৰ প্রয়োজন পুৰণ কৰিবলৈ সক্ষম হ’ম। সমগ্র বিশ্বই যদি অর্থনৈতিক বৃদ্ধি অর্জন কৰে, তেতিয়াহ’লে উৎপাদক আৰু গ্রাহকসকলৰ মাজত পাৰস্পৰিক সমর্থন-ভিত্তিক এক সম্পর্ক গঢ়ি তোলা প্রয়োজন। উৎপাদকসকলৰ স্বার্থতেই অন্যান্য অর্থনীতিৰো দ্রুত বিকাশৰ প্রয়োজন। ইয়াৰ ফলত শক্তি বজাৰে চাহিদাৰ বৃদ্ধিও নিশ্চিত কৰিব। ইতিহাসে আমাক শিকাইছে যে কৃত্রিমভাবে তেলৰ দাম নিয়ন্ত্রণ কৰা উৎপাদকসকলৰ স্বার্থ হানিকৰ। তদুপৰি, উন্নয়নশীল আৰু অতি কম উন্নত দেশসমূহৰ একেবাৰে নিম্মগামী হোৱাৰ ফলত অনর্থক সমস্যাৰ সৃষ্টি হয়। আহক, আমি এই মঞ্চ ব্যৱহাৰ কৰি ‘গ্ৰহণযোগ্য মূল্য’ নির্ধাৰণৰ বিষয়ত বিশ্বজুৰি ঐকমত গঢ়ি তোলো। ইয়াৰ ফলত উৎপাদক আৰু গ্রাহক উভয়ৰে স্বার্থ সুৰক্ষিত হ’ব। বিশ্বজুৰি অনিশ্চয়তাৰ ভিতৰত ভাৰতৰো শক্তি নিৰাপত্তাৰ প্রয়োজন আছে। ভাৰতৰ শক্তিৰ ভৱিষ্যৎ সন্দৰ্ভত মোৰ দৃষ্টিভংগী ৪টি স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।সেইবোৰ হ’ল-শক্তিৰ যোগান, শক্তিৰ দক্ষতা, শক্তিৰ বহনযোগ্যতা আৰু শক্তিৰ নিৰাপত্তা। সাধাৰণতে শক্তি আৰু হাইড্রোকার্বন ভাৰতৰ ভৱিষ্যতৰ বাবে মোৰ দৃষ্টিভংগীত বিশেষভাৱে গুৰুত্বপূর্ণ। ভাৰতৰ দৰিদ্রসকলৰ বাবে সুলভশক্তিৰ প্রয়োজন। ভাৰতৰ শক্তি ব্যৱহাৰৰ দক্ষতাৰো বিশেষ প্রয়োজন। বিশ্বৰ দেশসমূহৰ ভিতৰত এক দায়িত্বশীল সদস্য হিচাপে জলবায়ু পৰিৱর্তন, কার্বন গেছ নির্গমনৰ দৰে সমস্যাৰ বিপৰীতে যুঁজ দি এক সুষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বিষয়ত ভাৰত প্রতিশ্রুতিবদ্ধ। এই লক্ষ্য পূৰণৰ অৰ্থে এক গুৰুত্বপূর্ণ পদক্ষেপ হৈছে আন্তঃৰা্ষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ শুভাৰম্ভ কৰা। বন্ধুসকল, বর্তমান ভাৰত বিশ্বৰ ভিতৰত দ্রুত বিকাশশীল বৃহৎ অর্থনীতিৰ অন্যতম দেশ হিচাপে পৰিণত হৈছে। আইএমএফ, বিশ্ব বেংক আৰু এছিয়া উন্নয়ন বেংকে প্ৰকাশ কৰা মতে অদূৰ ভবিষ্যতে ভাৰতৰ বৃদ্ধি হাৰ ৭-৮ শতাংশলৈ উন্নীত হ’ব বুলি অনুমান কৰা হৈছে। আমাৰ চৰকাৰে উচ্চহাৰত জাতীয় আয় বৃদ্ধি, কম মুদ্রাস্ফীতিৰ হাৰ, সুনিয়ন্ত্রিত ৰাজকোষীয় ঘাটি আৰু স্থিতিশীল মুদ্রা বিনিময় ব্যৱস্থা অর্জন কৰিবলৈ সক্ষম হৈছে। বৃহত্তৰ অর্থনৈতিক ক্ষেত্রত এই স্থিতিশীলতাই দেশৰ অর্থনীতিত ব্যয় আৰু বিনিয়োগ বৃদ্ধি কৰিছে। ভাৰত জনসাখ্যিক বৈচিত্ৰৰে আশীশপুষ্ট। ইয়াৰ জনসংখ্যাৰ ভিতৰত কর্মক্ষম জনসংখ্যাৰ অনুপাত বিশ্বৰ ভিতৰতে সৰ্বাধিক। আমাৰ চৰকাৰে মেক ইন ইণ্ডিয়াৰ দৰে কার্যসূচীৰ জৰিয়তে উৎপাদন আৰু বস্ত্র শিল্প, পেট্রোকেমিকেল, ইঞ্জিনিয়াৰিং প্রভৃতি শিল্পৰ ক্ষেত্রত যুৱকসকলৰ কর্মদক্ষতা বৃদ্ধিৰ উদ্যোগ লোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত আমাৰ শক্তিৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আমি হাইড্রোকার্বনৰ অন্বেষণ আৰু লাইছেন্স নীতিৰ শুভাৰম্ভ কৰি এই ক্ষেত্রত স্বচ্ছতা আৰু প্রতিযোগিতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ বাবে আমাৰ নীতি আৰু নিয়ম-কানুন পৰিৱর্তন কৰা হৈছে। নিলামত অংশগ্রহণৰ বৈশিষ্ট্য ৰাজহ ভাগ-বতৰাৰ পদ্ধতি সলনি কৰাৰ ফলত চৰকাৰৰ হস্তক্ষেপৰ প্রয়োজনীয়তা হ্ৰাস পাইছে। বর্তমান ২ মে’ পর্যন্ত বিভিন্ন তৈল ক্ষেত্রত নিলামৰ বাবে এটি ৰাউণ্ড চলিছে। আমাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই উদ্যোগত আপোনালোকক অংশগ্রহণৰ অনুৰোধ জনাইছো। অপেন একাৰেজ এণ্ড নেচনেল ডাটা ৰিপোজেটৰীয়ে বিভিন্ন কোম্পানীক তেওঁলোকৰ আগ্রহৰ ক্ষেত্রত অংশগ্রহণত সহায় কৰিব আৰু ভাৰতীয় তৈল ক্ষেত্রত তেল অন্বেষণৰ আগ্রহ আৰু বৃদ্ধি কৰিব। তেল উদ্ধাৰ সংক্রান্তীয় বর্ধিত নীতিয়ে আপষ্ট্ৰীম ক্ষেত্ৰত অত্যাধুনিক প্রযুক্তি ব্যৱহাৰক উৎসাহিত কৰিব। আমাৰ ডাউন ষ্ট্ৰীম ক্ষেত্রত বজাৰৰ প্রৱণতা অনুযায়ী পেট্র’ল আৰু ডিজেলৰ মূল্য নির্ধাৰণ তথা অপৰিশোধিত খনিজ তেলৰ মূল্য পৰিৱর্তনৰ ওপৰত ভিত্তি কৰি সম্পূর্ণৰূপে উদাৰ কৰি তোলা হৈছে। ইন্ধনৰ খুচৰা আৰু আর্থিক লেনদেনৰ ক্ষেত্রত আমি ডিজিটেল মঞ্চৰ দিশত অগ্রসৰ হৈছো। আমাৰ চৰকাৰে আপষ্ট্ৰীম তেল উৎপাদনৰ পৰা ডাউন ষ্ট্ৰীম খুচৰা ব্যৱসায় তেল আৰু প্ৰাকৃতিক গেছৰ মূল্য শৃংখলত ব্যক্তিগত অংশগ্রহণক উৎসাহিত কৰাৰ প্ৰচেষ্টা লৈছে। আমাৰ চৰকাৰে শক্তি পৰিকল্পনাৰ ক্ষেত্রত এটি সু-সংহত দৃষ্টিভংগীত বিশ্বাস কৰে আৰু ভাৰতৰ শক্তি কার্যসূচী অন্তর্ভুক্ত, বজাৰভিত্তিক তথা জলবায়ুৰ প্রতি স্পর্শকাতৰ কৰি তোলা হৈছে। ইয়াৰ ফলত, আমাৰ বিশ্বাস, ৰাষ্ট্রসংঘৰ বহনক্ষম উন্নয়ন কার্যসূচীত শক্তি সংক্রান্তীয় তিনিটা প্রধান লক্ষ্য অর্জন কৰা সম্ভৱ হ’ব। সেইবোৰ হ’ল- ২০৩০ চনৰ ভিতৰত সকলোৰে বাবে আধুনিক শক্তিৰ যোগান; পেৰিছ চুক্তি অনুসৰি জলবায়ু পৰিৱর্তনৰ সমস্যা সমাধানৰ ক্ষীপ্ৰ প্ৰচেষ্টা; বায়ুৰ গুণমান উন্নয়নৰ ব্যৱস্থা। বন্ধুসকল, মই বিশ্বাস কৰো যে মানুহৰ মানসম্পন্ন জীৱন নিৰ্বাহত স্বচ্ছ ইন্ধনৰ যোগান বিশেষভাবে উল্লেখযোগ্য। মহিলাসকলে ইয়াৰ দ্বাৰা সৰ্বাধিক উপকৃত হয়। স্বচ্ছ ইন্ধন ব্যৱহাৰে গৃহৰ ভিতৰত প্ৰদূষণ কমোৱাৰ লগতে জৈৱ ইন্ধন আৰু ইন্ধন কাঠ সংগ্রহৰ কষ্টও লাঘৱ কৰে। ইয়াৰ ফলত, মহিলাসকলে তেওঁলোকৰ আত্মোন্নয়নৰ বাবে অধিক সময় পায় আৰু অতিৰিক্ত অর্থনৈতিক কাম-কাজত যুক্ত হ’ব পাৰে। ভাৰতত উজ্জ্বালা যোজনাৰ জৰিয়তে আমি দৰিদ্র পৰিয়ালৰ মহিলাসকলক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছো। দেশৰ ৮ কোটি দৰিদ্র পৰিয়ালত স্বচ্ছ ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য হাতত লোৱা হৈছে। দুবছৰতকৈও কম সময়তে ইয়াৰে ৩.৫ কোটি মহিলাক গেছৰ সংযোগ প্ৰদান কৰা হৈছে। আমি ২০২০ চনৰ এপ্রিল মাহৰ ভিতৰত ৬-ইউৰোৰ সমপৰিমানৰ বিএছ-৬ শ্রেণীৰ ইন্ধন ব্যৱহাৰৰ দিশে অগ্ৰসৰ হোৱাৰ প্রস্তাৱ গ্ৰহণ কৰিছো। আমাৰ তেল শোধনাগাৰসমূহৰ ব্যাপক উন্নয়নৰ প্ৰচেষ্টা লোৱা হৈছে। স্বচ্ছ ইন্ধন সৰবৰাহৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে। প্রকৃতাৰ্থত ইয়াত নতুন দিল্লীত আমি এই মাহৰ পৰাই বিএছ-৬ মানৰ ইন্ধন যোগানৰ ব্যৱস্থা কৰিছো। তদুপৰি, ইয়াৰে পুৰণি গাড়ী বাতিলৰ নীতিও গ্রহণ কৰিছো। ফলত স্বচ্ছ আৰু ইন্ধন ব্যৱহাৰৰ ক্ষেত্রত দক্ষ যানবাহনৰ প্রচলন হ’ব। আমাৰ তেল সংস্থাসমূহে শক্তি ক্ষেত্রত বৈচিত্র্য অনাৰ কৌশলৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ বিনিয়োগৰ পুনৰ মূল্যায়ন কৰিছে। আজি আমাৰ তেল কোম্পানীসমূহে বায়ু আৰু সৌৰশক্তিৰ ক্ষেত্রত তথা গেছৰ আন্তঃগাঁথনিৰ ক্ষেত্রত বিনিয়োগ কৰিছে। তদুপৰি, তেওঁলোকে বৈদ্যুতিক যানবাহন তথা বিদ্যুৎ সঞ্চয়ৰ ক্ষেত্রতো বিনিয়োগ কৰাৰ চিন্তা কৰিছে। বন্ধুসকল, এইটো সকলোৰে জ্ঞাত যে আমি চতুর্থ উদ্যোগ বিপ্লৱৰ দিশে অগ্ৰসৰ হৈছো। নতুন প্রযুক্তি ব্যৱহাৰ কৰি ভৱিষ্যতৰ উদ্যোগ পৰিচালিত হ’ব। ইণ্টাৰনেট অফ থিংছ, কৃত্রিম বুদ্ধিমত্তা, ৰবটিক্স প্রচেছ অটোমেচন, মেচিন লার্নিং, প্রেডিকটিভ এনালিটিক্স তথা থ্রিডি প্রিন্টিঙৰ দৰে অত্যাধুনিক পদ্ধতি অনাগত দিনত উদ্যোগ ক্ষেত্রত ব্যৱহৃত হ’ব। আমাৰ কোম্পানীসমূহেও অত্যাধুনিক প্রযুক্তি কামত লগাইছে। ইয়াৰ ফলত দক্ষতা আৰু নিৰাপত্তা বৃদ্ধি পাব তথা কেৱল ডাউন ষ্ট্ৰীম খুচৰা ব্যৱসায়ৰ ক্ষেত্রতে নহয়, আপ ষ্ট্ৰীম তেল উৎপাদন, সম্পদ পৰিচালন তথা দূৰ নিয়ন্ত্রিত নজৰদাৰিৰ দৰে কামৰ বাবেও ব্যয় হ্রাস কৰিব। এনে পৰিপ্রেক্ষিতত ভাৰত এই ধৰণৰ অনুষ্ঠানৰ আটাইতকৈ উপযুক্ত স্থান, য’ত ভৱিষ্যতৰ শক্তি ক্ষেত্রক লৈ আলোচনা কৰিব পৰা যায়। এই ক্ষেত্রত কিদৰে বিশ্বজুৰি পৰিৱর্তন, নীতি আৰু নতুন প্রযুক্তি, বজাৰৰ সুস্থিৰতা তথা ভৱিষ্যৎ বিনিয়োগক প্রভাৱিত কৰিব পাৰি, তাক লৈ এই ধৰণৰ মঞ্চত আলোচনা হোৱা উচিৎ। বন্ধুসকল, আন্তঃৰা্ষ্ট্ৰীয় শক্তি ফ’ৰামৰ ষষ্ঠদশ সন্মিলন(IEF-16)ৰ মূল বিষয়বস্তু হৈছে ‘বিশ্বজুৰি শক্তি নিৰাপত্তাৰ ভৱিষ্যৎ’। মই জনামতে সন্মিলনৰ আলোচ্য সূচীতে উৎপাদক-গ্রাহক সম্পর্ক, সার্বজনীন শক্তিৰ যোগান, সুলভতা, শক্তি আৰু গেছৰ ক্ষেত্রত বিনিয়োগত উৎসাহ যোগানৰ জৰিয়তে শক্তিৰ ভৱিষ্যৎ চাহিদা পূৰণৰ বিষয়সমূহো আছে। শক্তি নিৰাপত্তা বজাই ৰখা তথা নতুন আৰু পুৰণি প্রযুক্তিৰে সহাৱস্থানক লৈও ইয়াত আলোচনা হ’ব। আমাৰ সমষ্টিগত শক্তি নিৰাপত্তাৰ ভৱিষ্যতৰ বাবে এইবোৰ বিশেষভাবে প্রাসংগিক। মোৰ বিশ্বাস, এই মঞ্চত এইবোৰ বিষয়ত আলোচনা বিশ্বৰ নাগৰিকৰ স্বচ্ছ সুলভ আৰু বহনক্ষম শক্তি ব্যৱহাৰৰ সুবিধা দিয়াত আমিৰ বহুদূৰ আগুৱাই যাহ লাগিব। মই এই মন্ত্রী পর্যায়ৰ সন্মিলনৰ সফলতা কামনা কৰিলো। ধন্যবাদ।
আন্তঃৰা্ষ্ট্ৰীয় শক্তি ফ’ৰামৰ মন্ত্রীপর্যায়ৰ বৈঠকত প্রধানমন্ত্রীৰ ভাষণ (১১ এপ্রিল, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%9F%E0%A7%87%E0%A6%A1-%E0%A6%95%E0%A6%BF%E0%A6%82%E0%A6%A1%E0%A6%AE-%E0%A7%B0-%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%AD%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%9F%E0%A7%87%E0%A6%A1-%E0%A6%95%E0%A6%BF%E0%A6%82%E0%A6%A1%E0%A6%AE-%E0%A7%B0-%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%AD%E0%A6%BE/
ইউনাইটেড কিংডম-ৰ ‘ইউনিভাৰ্ছিটী অব ৰিডিং’(ইউঅআৰ) আৰু ‘ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ণ আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠান’(এনআইআৰডিএণ্ডপিআৰ)য়ে কৃষি আৰু গ্ৰামোন্নয়ণ ক্ষেত্ৰত উন্নয়ণশীল দেশসমূহৰ মাজত সহযোগিতামূলক সম্পৰ্ক স্থাপনৰ উদ্দেশ্য আগত ৰাখি স্বাক্ষৰিত কৰা এক বুজাবুজিৰ চুক্তিলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবনেটে আজি অনুমোদন জনায়। উল্লেখ্য ২০২২ চনৰ মাৰ্চ মাহত এই চুক্তিখন স্বাক্ষৰিত হৈছিল। প্ৰভাৱ: বুজাবুজিৰ এই চুক্তিখনে ‘এনআইআৰডিএণ্ডপিআৰ’ৰ বিষববীয়াসকলক বিষয়-জ্ঞান আহৰণৰ বিস্তৃত পৰিসৰ প্ৰদান কৰাৰ লগতে কৃষি, পৰিপুষ্টি আৰু গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক গঢ়ি তোলাৰ বাবে সুযোগ প্ৰদান কৰিব। দুয়োটা প্ৰতিষ্ঠানে একেলগে কৃষি-অৰ্থনীতি, গ্ৰামোন্নয়ণ, জীৱন-জীৱিকা তথা পৰিপুষ্টি অধ্যয়ন আদি বিষয়ৰ গৱেষণা-দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা গৱেষণা আৰু সামৰ্থ্য বৰ্দ্ধনৰ দৰে খণ্ডসমূহত পাৰস্পৰিক নিৰ্ভৰশীলতা বঢ়াব পাৰিব। পটভূমি: ‘এনআইআৰডিএণ্ডপিআৰ’ আৰু ‘ইউঅআৰ’-ৰ গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত শক্তি-ব্যয়ৰ মাপনৰ জৰিয়তে পৰিপুষ্টিৰ সমীক্ষাকৰণৰ মান উন্নত কৰা, নিম্ন তথা মজলীয়া আয়ৰ দেশসমূহত কৃষি-জীৱিকা আৰু মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় গৱেষণাৰ ক্ষেত্ৰত পৰিধানযোগ্য একচেলাৰেটৰিক আৰু ছেন্সৰ ভিত্তিক উপকৰণৰ ব্যৱহাৰ সৈতে জড়িত হৈ আহিছে।
ইউনাইটেড কিংডম-ৰ ‘ইউনিভাৰ্ছিটী অব ৰিডিং’(ইউঅআৰ) আৰু ‘ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ণ আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠান’(এনআইআৰডিএণ্ডপিআৰ)ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিলৈ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A6%A4-%E0%A6%97%E0%A7%8D%E0%A6%B2%E0%A6%AC%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A6%A4-%E0%A6%97%E0%A7%8D%E0%A6%B2%E0%A6%AC%E0%A7%87/
নমস্তে! কেম ছো! (আপোনালোক কেনে আছে?) মৰিছাছৰ প্ৰধানমন্ত্ৰী আদৰণীয় প্ৰবিন্দ জগন্নাথ জী, WHOৰ ডাইৰেক্টৰ জেনেৰেল ডাক্তৰ টেড্ৰোছ, গুজৰাটৰ শক্তিশালী মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, মনসুখ ভাই মাণ্ডৱিয়া জী, মহেন্দ্ৰ ভাই মুঞ্জপৰা জী, দেশ-বিদেশৰ পৰা অহা সকলো diplomats, scientists, entrepreneurs আৰু experts, দেৱী আৰু সুধীসমাজ! Global edicineৰ কেন্দ্ৰ হোৱাটো প্ৰতিজন হিন্দুস্তানীৰ বাবে গৌৰৱৰ বিষয়। আৰু আজি আমি প্ৰথম আয়ুষ ইন'ভেচন আৰু ইনভেষ্টমেণ্ট ছামিটত ভাগ লৈছো, এয়া এক শুভ আৰম্ভণি। মোৰ বিশ্বাস আছে যে আজিৰ গ্লবেল আয়ুষ ইনভেষ্টমেণ্ট এণ্ড ইন'ভেচন ছামিটে আয়ুষৰ ক্ষেত্ৰখনত বিনিয়োগ, বাণিজ্য আৰু উদ্ভাৱনৰ নতুন পথ মুকলি কৰিব। আজি যি বিদেশৰ অতিথি আহিছে আৰু যি প্ৰথমবাৰ ভাৰতৰে অন্য অংশৰ মানুহ আহিছে, তেওঁলোকক মই আহ্বান জনাওঁ যে এই মহাত্মা মন্দিৰত এটা দাণ্ডি কুটীৰ আছে। মহাত্মা গান্ধী পৰম্পৰাগত চিকিৎসাৰ প্ৰণেতা আছিল। মই বিচাৰো যে সময় উলিয়াই আপোনালোকে জৰুৰ দাণ্ডি কুটীৰৰ সাক্ষাৎ কৰক। আজি মই আৰু এটা আনন্দৰ খবৰ দিব বিচাৰিছো। ডব্লিউ এইচ অ'ৰ আমাৰ ডাইৰেক্টৰ জেনেৰেল টেড্ৰোছ মোৰ বহুত ভাল বন্ধু আৰু যেতিয়াই লগ পাইছিলো এটা কথা নিশ্চিতভাৱে কৈছিল যে চাওক মোদী জী, মই যিয়েই হওঁ, মোক সৰুৰে পৰা পঢ়াইছিল, ভাৰতৰ শিক্ষক আমাৰ ইয়াত আছিল, মোৰ জীৱনৰ মহত্বপূৰ্ণ স্তৰত ভাৰতীয় শিক্ষকসকলৰ বহুত ডাঙৰ ভূমিকা আছে আৰু মোৰ বহুত ডাঙৰ গৌৰৱ হয় ভাৰতৰ সৈতে সংযুক্ত হোৱাত। আজি যেতিয়া পুৱা মোৰ সৈতে লগ হয় তেতিয়া তেওঁ কয় যে চোৱা ভাই মই তো পাক্কা গুজৰাটী হৈ গৈছো। তেতিয়া তেওঁ মোক ক'লে যে মোৰ নাম গুজৰাটীত ৰাখি লোৱা। এতিয়া মঞ্চতো পুনৰ মোক সোঁৱৰাই আছিল যে ভাই মোৰ নাম স্থিৰ কৰিলা নে নাই কৰা। তেতিয়া মই আজি মহাত্মা গান্ধীৰ এই পৱিত্ৰ ভূমিত মোৰ এই পৰম মিত্ৰক গুজৰাটী হিচাপে তুলশীভাই, তুলশী সেই গছ যি বৰ্তমান প্ৰজন্মই তো পাহৰি আছে কিন্তু প্ৰজন্মৰ পিছত প্ৰজন্মই ভাৰতৰ ভিতৰত প্ৰতিটো ঘৰৰ সন্মুখত সেই গছ ৰোপণ কৰাটো, তাৰ পূজা কৰা, এটা পৰম্পৰা আছে। এই মহাত্মা মন্দিৰৰ পৱিত্ৰ মাটিৰ পৰা মই আপোনাক তুলশীভাই বুলি মতাত বিশেষ আনন্দ পাই আছো। মই আকৌ এবাৰ আপোনালোক দুয়োজন মহানুভৱ এই মহত্বপূৰ্ণ সমাৰোহত আমাৰ মাজলৈ আহিল, মই আপোনালোকৰ বহুত বহুত কৃতজ্ঞতা প্ৰকাশ কৰিছো। বহুত বহুত ধন্যবাদ!
গান্ধীনগৰ, গুজৰাটত গ্লবেল আয়ুষ ইনভেষ্টমেণ্ট এণ্ড ইন’ভেচন ছামিটত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A0%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%AC%E0%A7%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A0%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%AC%E0%A7%9F/
ঠাকুৰ সাংস্কৃতিক সমন্বয় পুৰস্কাৰ লাভ কৰা সকলো বিজয়ীলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছো। শ্ৰী ৰাজকুমাৰ সিংহজিত সিং, শ্ৰী ৰাম সুতাৰজী ছায়ানাটৰ সন্মান, কলাৰ সন্মান, সংস্কৃতিৰ বাবে সন্মান আৰু লগতে জ্ঞানৰো সন্মান। সংস্কৃতি যিকোনো দেশৰ বাবেই প্ৰাণবায়ুস্বৰূপ। ইয়াৰ দ্বাৰাই দেশৰ পৰিচয় আৰু অস্তিত্বই শক্তি লাভ কৰে। যিকোনো দেশৰ সন্মান আৰু সেই দেশৰ আয়ুস সংস্কৃতিৰ পৰিপক্কতা আৰু সাংস্কৃতিক শিপাৰ দৃঢ়তাৰ ভেটিতেই নিৰ্ণয় হয়। ভাৰতৰ হাতত আছে কেবা হেজাৰ বছৰৰ সাংস্কৃতিক ঐতিহ্য, এই সাংস্কৃতিক ঐতিহ্যই দশৰ পৰাধীনতা, বহিৰাষ্ট্ৰৰ আক্ৰমণ আদিৰ পিছতো আজিও সগৌৰৱে থিয় হৈ আছে, সেই সকলো পৰিতিকূল অৱস্থাৰ প্ৰত্যাহ্বানো নেওচি আজিও স্থবিৰ প্ৰবাহমান হৈ আছে। এয়া সম্ভৱ হোৱাৰ আঁৰত আছে স্বামী বিবেকানন্দজী আৰু গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৰে বহু মনীষীৰ অৱদান। ভৰতৰ সামস্কৃতিক সামৰ্থ্য এডাল বহুৰঙী মালাৰ লেখীয়া, য’ত থকা বিভিন্ন ৰঙৰ ফুলে বিভিন্ন ধৰণৰ শক্তি প্ৰদান কৰি আহিছে। ভাৰতৰ এই শক্তিকেই গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰে হৃদয়ঙ্গম কৰিব পাৰিছিলআৰু তেওঁৰ দ্বাৰা বিৰচিত ৰবীন্দ্ৰ সংগীতত এই বৈচিত্ৰতাক সামৰি ৰাখিছিল। ৰবীন্দ্ৰ সংগীতত সমগ্ৰ ভাৰতৰ বৈচিত্ৰতা সমাহিতহৈ আছে আৰু এয়া ভাষাৰ বান্ধোনেৰেও ভৰি আছে। গুৰুদেৱে লোককলা আৰু পৰম্পৰাগত নৃত্যক দেশৰ সংস্কৃতিৰ পৰিচায়ক হিচাপে গণ্য কৰিছিল। মণিপুৰী নৃত্যগুৰু নৱকুমাৰ সিং তেওঁৰ দ্বাৰা কিমান প্ৰভাৱিত আছিল সেয়া তেওঁ শান্তি নিকেতনলৈ গৈহে জানিব পাৰিছিল। আজি ঠাকুৰ সন্মানেৰে সন্মানিত শ্ৰী ৰাজকুমাৰ সিংহজিত সিং সেই সমৃদ্ধ সংস্কৃতিকেই প্ৰতিনিধিত্ব কৰে। ৰাজকুমাৰ জী মণিপুৰী নৃত্যৰ প্ৰচাৰ প্ৰসাৰৰ প্ৰতি সদায়েই সমৰ্পিত মনোভাৱেৰে কাম কৰি আহিছে। তেওঁ মণিপুৰী নৃত্য পৰম্পৰাৰ মাধ্যমেৰে সাংস্কৃতিক সদ্ভাৱনাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা পালন কৰি আহিছে। আশা কৰিছো তেওঁ অনাগত দিনবোৰতো এইক্ষেত্ৰত তেওঁৰ অৱদান আগবঢ়াই যাব। এই পুৰস্কাৰৰ বাবে তেওঁক মোৰ আন্তৰিক অবিনন্দন জনাইছো। বন্ধুসকল, গুৰুদেৱ সকলো সীমাৰে উৰ্ধ্বত আছিল। তেওঁ প্ৰকৃতি আৰু মানৱতাৰ প্ৰতি সমৰ্পিত আছিল। গুৰুদেৱে সমগ্ৰ বিশ্বকে নিজৰ ঘৰ বুলি জ্ঞান কৰিছিল, ঠিক তেনেদৰে সমগ্ৰ বিশ্বইয়ো তেওঁক সমানেই আদৰ কৰিছিল, আকোৱালি লৈছিল। আজিও আফগানী লোকসকলৰ মুখে মুখে কাবুলিৱালাৰ কাহিনী চৰ্চিত। আজিও বিশ্বৰ বিভিন্ন চহৰত তেওঁৰ নামৰ সৈতে জড়িত বহু স্মৃতি আছে, বহু প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত তেওঁৰ নামৰ আসন আছে। চাৰে তিনিবছৰ পূৰ্বে যেতিয়া মই তাজিকিস্তানলৈ গৈছিলো, তেতিয়া তাত গুৰুদেৱৰ এক প্ৰতিমা উন্মোচনৰ সুবিধা লাভ কৰিছিলো মই। বন্ধুসকল, এনে ঘটনা বহু কমেই হয় যে কোনো বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত দুখনকৈ দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকে। এয়া আছিল গুৰুদেৱ প্ৰতি আত্মিকতা, সেয়া আচিল তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা, যাৰ বাবে বিশ্বভাৰতীৰ দীক্ষান্ত সমাৰোহত মোৰ লগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাও উপস্থিত আছিল। গুৰুদেৱৰ ৰচনা আমাৰ সোণাৰ বাংলা সমগ্ৰ বাংলাদেশৰেই চিনাকি বুলিলেও ভুল কোৱা নহ’ব, সেয়া দেশখনৰ ৰাষ্ট্ৰীয় সংগীত হিচাপেও পৰিচিত। ভাৰত আৰু বাংলাদেশৰ এই সাংস্কৃতিক সমন্বয়ক ছায়ানটে আৰু অধিক শক্তিশালী কৰি তুলিছে। ছায়ানটৰ মানৱতাবাদী আৰু সাংস্কৃতিক মূল্যবোধে গুৰুদেৱৰ চিন্তাধাৰাক অভিব্যক্ত কৰে। আজি তেওঁ লাভ কৰা সন্মানৰ বাবে বহু বহু শুভেচ্ছা জনাইছো। বন্ধুসকল, গুৰুদেৱৰ কথা ওলালেই সততে মই গুৰুদেৱে গুজৰাটত অতিবাহিত কৰা দিনবোৰৰ কথা কওঁ। তেওঁৰ ভাতৃ আহমদাবাদৰ আয়ুক্ত আছিল আৰু নিজৰ ভাতৃৰ লগত থকা অৱস্থাত তেওঁ ভালেমান কবিতা ৰচনা কৰিছিল। গুৰুদেৱৰ ৰচনাই জন-গণ-মনৰ যি চিন্তাধাৰাৰ জন্ম দিয়ে, সেই চিন্তাধাৰাকেই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ স্বপ্ন দেখা চৰ্দাৰ বল্লভ ভাই পেটেলে অদিক সুদৃঢ় কৰিছে। মই অতিকৈ আনন্দিত যে এই দুয়োগৰাকী মহানায়ককে সমগ্ৰ দেশে শ্ৰদ্ধাৰে সুঁৱৰিছে। শ্ৰী ৰাম সুতাৰজী আজি গুৰুদেৱ আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শৰ মাজত এক সেঁতু স্থাপন কৰিছে। সুতাৰজীয়ে ষ্টেছ্যু অৱ ইউনিটিৰ মাধ্যমেৰে সমগ্ৰ দেশকেই গৌৰৱান্বিত কৰিছিল। ৰাষ্ট্ৰীয় একতাৰ ভাৱনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতীয় লোকসকলৰ মাজত গৌৰৱৰ ভেটি শক্তিশালী কৰা সুতাৰজীক আজি এই মুহুৰ্ত্তত বহু বহু অভিনন্দন জনাইছো। আৰু এতিয়া মই তেখেতৰ ভাষণ শুনিছো, তেখেতে ৯৩ বছৰ ডেওনা অতিক্ৰম কৰিছে, কিন্তু তেওঁৰ ভাষণৰ মূলমন্ত্ৰ এয়াই আছিল যে এতিয়াও তেওঁৰ যেন কৰিবলগীয়া কাম বহু আছে। এই কথাই দেশৰ যুৱ প্ৰজন্মক নিশ্চিতভাৱে প্ৰেৰণা দিব। বন্ধুসকল, গুৰুদেৱৰ কৃতিত্ব আৰু তেওঁৰ বাৰ্তাসমূহ সদায়েই সময়, কাল আৰু পৰিস্থিতিৰ উৰ্ধ্বত। মানৱতা ৰক্ষাৰ বাবে তেওঁ যি আগ্ৰহ প্ৰকাশ কৰি আহিছে, সেই আগ্ৰহক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আজি বিশ্বত যিধৰণৰ প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বানবোৰৰ মুখামুখি হ’বলৈ গুৰুদেৱে শিকাই যোৱা পথেৰে অগ্ৰসৰ হোৱাটো অধিক প্ৰাসঙ্গিক হৈ পৰিছে। মই গুৰুদেৱৰ এফাঁকি কবিতাৰে মোৰ ভাষণ শেষ কৰিবলৈ বিচাৰিছো – গুৰুদেৱে লিখিছিল – ”I slept and dreamt that life was joy. I awoke and saw that life was service. I acted and behold, service was joy. অৰ্থাত্, ”মই শুলো আৰু সপোন দেখিলো যে জীৱন আনন্দময় মই সাৰ পালো আৰু দেখিলো যে জীৱন এক সেৱা মই সেৱাৰ প্ৰতি ধাবিত হলো আৰু দেখিলো যে সেৱাই প্ৰকৃত আনন্দ’ আমি সকলোৱেই এই সেৱাৰ চিন্তা ধাৰা নিজৰ মাজত সমাহিত কৰি ৰাখিব লাগে, দেশৰ সংস্কৃতিক আৰু অধিক সমৃদ্ধিশালী কৰিবৰ বাবে কাম কৰি যাব লাগে, এই কামনাৰেই আপোনালোক সকলোকে ধন্যবাদ জনাইছো। এই ছেগতে ৰাষ্ট্ৰপতি মহোদয়কো ধন্যবাদ জনাইছো যে তেওঁ তেওঁৰ বহুমূলীয়া সময় উলিয়াই আজিৰ সভাৰ শোভা বৰ্ধন কৰিছে। মোৰ ভাতৃপ্ৰতীম মহেশ শৰ্মাজীকো ধন্যবাদ জনাইছো যে তেওঁৰ বিভাগে অতি বিচক্ষণতাৰে এই বঁটা প্ৰদানৰ যোগেদি দেশৰ ঐক্য-সংহতিক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বহু বহু ধন্যবাদ।
ঠাকুৰ সাংস্কৃতিক সমন্বয় বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ টাৰডেওস্থিত অট্টালিকাৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। তেওঁ পিএমএনআৰএফৰ পৰা নিহতসকলৰ পৰিয়ালৰ লোকলৈ ২ লাখৰ আৰ্থিক সাহায্যও ঘোষণা কৰে। আঘাতপ্ৰাপ্তসকলৰ প্ৰত্যেকে ৫০,০০০টকাকৈ লাভ কৰিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই কথা টুইটাৰত প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ অগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BF%E0%A6%B7%E0%A6%BE%E0%A6%A3-%E0%A6%AE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%80-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BF%E0%A6%B7%E0%A6%BE%E0%A6%A3-%E0%A6%AE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%80-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87/
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কিষাণ মণ্ডী স্থাপনৰ বাবে স্মল ফাৰ্মাৰ্ছ এগ্ৰিবিজনেছ কনছ’ৰ্টিয়ামলৈ দিল্লী দুগ্ধ আঁচনিয়ে দিল্লীৰ আলিপুৰত থকা খাছাৰা নং ৯১/১৫ ৰ ১.৬১ একৰ ভূমি লীজত দিবৰ বাবে আগবঢ়োৱা প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন আগবঢ়াইছে। উল্লেখ্য যে এই লীজ ৩০ বছৰৰ বাবে বৈধ হ’ব আৰু ১০.০৯.২০১৪ তাৰিখৰ পৰা ০৯.০৯.২০৪৪ তাৰিখলৈ এই লীজৰ ম্যাদ থাকিব। প্ৰতিমাহেকত ইয়াৰ বাবে পৰিশোধ কৰিব লাগিব ১০০ টকাকৈ, আৰু বিগত ১০.০৯.২০১৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা এই মাচুলত বছৰেকত ১০ শতাংশকৈ বৃদ্ধি সামৰি লোৱা হ’ব। লীজৰ ভাড়াসমূহ সমগ্ৰ বছৰটোৰ বাবে একেলগে পৰিশোধ কৰিব লাগিব আৰু বৰ্ষাৰম্ভতেই এই ধন পৰিশোধ কৰিব লাগিব, পৰিশোধ কৰাৰ অন্তিম থাকিখ হিচাপে গণ্য কৰা হ’ব ৩১ জানুৱাৰী। প্ৰভাৱ – এই স্মল ফাৰ্মাৰ্ছ এগ্ৰিবিজনেছ কনছৰ্টিয়ামৰ দ্বাৰা স্থাপন কৰিবলগীয়া এই কিষাণ মণ্ডীয়ে কৃষকসকলৰ লগতে দেশখনৰ উপভোক্তাসকলৰ লাভৰ বাবে দিল্লী/এনচিআৰত পাইকাৰী আৰু খুচুৰা ক্ৰেতাক ফল-মূল আৰু শাক-পাচলি প্ৰত্যক্ষভাৱে বিক্ৰী কৰিবৰ বাবে এফপিঅ’সমূহ আৰু গ্ৰোৱাৰ্ছ এছ’ছিয়েশ্যনসমূহলৈ এক অতিৰিক্ত, বিপণন চেনেল বা প্লেটফৰ্ম প্ৰদান কৰিব। কিষাণমণ্ডীৰ মুখ্য দিশসমূহ – এই প্লেটফৰ্মত কেৱল পঞ্জীভুক্ত এফপিঅ’ আৰু গ্ৰোৱাৰ্ছ এছ’ছিয়েশ্যনসমূহেহে বিক্ৰীৰ বাবে উত্পাদিত সতেজ সামগ্ৰী প্ৰদান কৰিবলৈ অনুমতি লাভ কৰিব। কোনো এজেণ্ট বা মধ্যভোগী নোহোৱাকৈ বিভিন্ন প্ৰতিষ্ঠান, সংস্থা, পাইকাৰী বিক্ৰেতা, হোটেল আৰু কেটাৰিং প্ৰতিষ্ঠান, আবাসিক কল্যাণ সমিতি আৰু সাধাৰণ গ্ৰাহকেও ইয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব। কিষাণ মণ্ডীত বিক্ৰেতা বা ক্ৰেতা কাৰো পৰাই লেনদেনৰ বাবদ কোনোধৰণৰ কমিশ্যন আদায় লোৱা নহয়, এফপিঅ’সমূহে গুডাম, শীতলীকৃত ভাণ্ডাৰ আদিৰ ব্যৱহাৰৰ বাবদ কেৱল সামান্য পৰিমাণৰ সেৱা মাচুল পৰিশোধ কৰিব। কিষাণ মণ্ডীয়ে এক ফ্ৰেন্সাইজী পদ্ধতিৰে খুচুৰা বিপনীসমূহৰ যোগেদিও প্ৰত্যক্ষ যোগানৰ দৰে সুবিধাও প্ৰদান কৰিব। দিল্লী দুগ্ধ আঁচনিৰ কিছু নিৰ্বাচিত কিয়’স্কৰ যোগেদি প্ৰথমাৱস্থাত আলু আৰু পিঁয়াজ আগবঢ়োৱা হ’ব। কিষাণ মণ্ডীত কল চেণ্টাৰৰ যোগেদি অনলাইন বিক্ৰী আৰু প্ৰত্যক্ষ বিপণন কৰাৰো সুবিধা থাকিব। পটভূমি:- স্মল ফাৰ্মাৰ্ছ এগ্ৰিবিজনেছ কনছ’ৰ্টিয়াম হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ কৃষি সমবায় আৰু কৃষক কল্যাণ বিভাগৰ নিয়ন্ত্ৰাণাধীন এক পঞ্জীকৃত ছ’চাইটি। ইয়াৰ উদ্দেশ্য আৰু কাৰ্যাৱলী হৈছে কৃষকসকলক বিনিয়োগ, প্ৰযুক্তি আৰু বজাৰৰ সৈতে সংযোগ কৰি দিয়া। এই অনুষ্ঠানটোৱে এই পৰ্যন্ত সমগ্ৰ দেশতে প্ৰায় ৬৫০ টা এনে এফপিঅ’ৰ প্ৰসাৰৰ কাম কৰি আছে, য’ত সদস্য সংখ্যা ২০১৭ চনৰ ডিচেম্বৰ মাহলৈ ৬.৬০ লাখৰো অধিক। এই অনুষ্ঠানটোৱে কৃষকসকলৰ লগতে দেশখনৰ উপভোক্তাসকলৰ লাভৰ বাবে দিল্লী/এনচিআৰত পাইকাৰী আৰু খুচুৰা ক্ৰেতাক ফল-মূল আৰু শাক-পাচলি প্ৰত্যক্ষভাৱে বিক্ৰী কৰিবৰ বাবে এফপিঅ’সমূহ আৰু গ্ৰোৱাৰ্ছ এছ’ছিয়েশ্যনসমূহৰ সৈতে কৃষক সংলক সংযোজন ঘটাবৰ বাবে এটা কিষাণ মণ্ডী স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে, যিটোৱে কৃষকৰ সামগ্ৰীসমূহৰ সঠিক বিপণন কৰাৰ লগতে উপস্থাপনৰ প্লেটফৰ্ম প্ৰদান কৰিব।
কিষাণ মণ্ডী স্থাপনৰ বাবে স্মল ফাৰ্মাৰ্ছ এগ্ৰিবিজনেছ কনছ’ৰ্টিয়ামলৈ দিল্লী দুগ্ধ আঁচনিয়ে দিল্লী, আলিপুৰত থকা ১.৬১ একৰ ভূমি লীজত প্ৰদান কৰাৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%93%E0%A7%9C%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%B2%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%80%E0%A7%B0%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95-%E0%A6%89/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%93%E0%A7%9C%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%B2%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%80%E0%A7%B0%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95-%E0%A6%89/
ভাৰত মাতা কী জয়! ওড়িশাৰ ৰাজ্যপাল অধ্যাপক গণেশলালজী, মোৰ মন্ত্রিসভাৰ সদস্য শ্রী জুৱেল অ’ৰামজী, শ্রী ধর্মেন্দ্র প্রধানজী, শ্রীমতী স্নেহাংগীনী ছুৰিয়া, সাংসদ শ্রী কিলীকেশ নাৰায়ণ সিংহদেৱৰ লগতে ইয়াত উপস্থিত মোৰ মৰমৰ ভাই-ভনীসকল, নবৱর্ষৰ এই শুভক্ষণত পুনৰবাৰ মোৰ ওড়িশালৈ অহাৰ সৌভাগ্য হ’ল। মকৰ সংক্রান্তিৰ দিনটোত ইয়ালৈ অহা আৰু উন্নয়নৰ নতুন আলোকেৰে সমৃদ্ধ হোৱাটো অতিকে গুৰুত্বপূর্ণ। এই পবিত্র উৎসৱ উপলক্ষে ওড়িশাবাসীৰ লগতে সমগ্র দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো। বন্ধুসকল, পূব ভাৰতৰ উন্নয়নৰ স্বার্থত কেন্দ্রীয় চৰকাৰে ধাৰাবাহিকভাৱে ওড়িশাৰ উন্নয়নৰ অভিযান অব্যাহত ৰাখিছে। বিগত এমাহত এয়া তৃতীয়বাৰৰ বাবে মই আপোনালোকৰ মাজলৈ আহিছো। কিছু সময়ৰ আগতে ইয়াত ১৫.৫ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ একাধিক প্রকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰাৰ মোৰ সৌভাগ্য হয়। ওড়িশাত কেন্দ্রীয় বিদ্যালয়সমূহৰ জনপ্রিয়তা ক্রমান্বয়ে বৃদ্ধি পাইছে। এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰৰ উদ্যোগত ২০১৪ চনৰ পাছত ৰাজ্যখনত কেইবাখনো নতুন কেন্দ্রীয় বিদ্যালয় স্থাপন কৰাৰ লগতে বহু বিদ্যালয়ৰ ভৱন নির্মাণৰ কাম দ্রুতগতিত অগ্ৰসৰ হৈছে। বন্ধুসকল, শিক্ষাই মানৱসম্পদৰ উন্নয়ন সাধন কৰে। এই সম্পদক উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তেহে সুযোগত পৰিণত কৰাটো সম্ভৱ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা হৈছে। আজি ছটা ৰে’ল প্রকল্পৰ উদ্বোধন কৰা হৈছে। ইয়াৰ জৰিয়তে ওড়িশাৰ আভ্যন্তৰীণ যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে দেশৰ অন্যান্য ৰাজ্যৰ যাতায়াতো সহজ হৈ পৰিব। কৃষক ভাই-ভনীসকলে নিজৰ ফচল ডাঙৰ হাট, ডাঙৰ চহৰৰ ডাঙৰ বজাৰলৈ নিয়াত সুবিধা হ’ব। যাতায়াত আৰু পৰিবহণ ব্যৱস্থা উন্নত হ’লে ইয়াত উদ্যোগৰ অনুকূল পৰিৱেশ গঢ় লৈ উঠিব। তদুপৰি, ইয়াত উদ্যোগ স্থাপন কৰিবলৈ উদ্যোপতিসকল আহিব ধৰিলে যুৱক-যুৱতীসকলৰ বাবে কর্মসংস্থাপনৰ বহুত সুযোগ সৃষ্টি হ’ব। বন্ধুসকল, ক্ষন্তেক পূৰ্বে বলাংগীৰৰ পৰা বিচ্ছুপল্লীলৈ চলিবলগীয়া নতুন ৰে’লপথৰ উদ্বোধন কৰা হয়।এই পথত নতুনকৈ চলা ৰে’লক সেউজীয়া পতাকা দেখুওৱা হয়। তাৰবাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। তদুপৰি, ঝাৰছুগুড়াৰ ‘মাল্টি-মডেল লজিষ্টিক পার্ট’ ঝাৰছুগুড়া-ভিজিনগৰম আৰু সম্বলপুৰ-আংগুল ৰে’লপথৰ বিদ্যুতীকৰণ, বাৰপল্লী-ডুগৰীপল্লী আৰু বলাংগীৰ-দেবগাঁও ৰে’লপথৰ সম্প্রসাৰণ আৰু নাগাবলী নদীৰ ওপৰত নির্মিত দলঙৰ বাবেও আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। বন্ধুসকল, যোগাযোগ ব্যৱস্থা ভাল হ’লে সকলো ক্ষেত্রতে ইয়াৰ ইতিবাচক প্রভাৱ পৰে। বিশেষকৈ পর্যটনৰ সম্ভাৱনা ব্যাপক হাৰত বৃদ্ধি পায়। ওড়িশাত স্বাভাৱিকতে সকলো ধৰণৰ পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু। ইয়াত অৰণ্য আছে, সমুদ্র তীৰো আছে। প্রকৃতিৰ ঐশ্বর্য এইখন ৰাজ্যত অপূৰ্ব। একেদৰে ঐতিহাসিক আৰু ধর্মীয় পর্যটন কেন্দ্রও আছে। সেয়েহে কেন্দ্রীয় চৰকাৰে ওড়িশাৰ বহুত মন্দিৰ, পুৰণি দুর্গ ইত্যাদিৰ সংস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ আঁচনি আৰম্ভ কৰিছে। এই প্রক্রিয়াত নীল মাধৱ আৰু সিদ্ধেশ্বৰ মন্দিৰৰ সংস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম আজি আৰম্ভ কৰা হৈছে। ইতিমধ্যে পশ্চিম সোমনাথ মন্দিৰ, ভুৱনেশ্বৰ মন্দিৰ আৰু কপিলেশ্বৰ মন্দিৰৰ সংস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম সম্পূর্ণ হোৱাত আজি সেইবোৰৰ উদ্বোধন কৰা হৈছে। যি পাৰম্পৰিক বাণিজ্যপথে ওড়িশাক মধ্য ভাৰতৰ সৈতে সংযোগ কৰে, সেই পথত বহুতো ঐতিহাসিক স্মাৰক আছে। এই স্মাৰকসমূহৰ সংস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ কামতো চৰকাৰে আগভাগ লৈছে। সেই প্রক্রিয়াত বলাংগীৰ অঞ্চলত ৰাণীপুৰ আৰু ঝৰৱালৰ স্মাৰকসমূহৰো সংস্কাৰ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে চৌষট্টি যোগিনী মন্দিৰ, লহৰাগুণী সোমেশ্বৰ, ৰাণীগুণী অথবা ইন্দ্রালী মন্দিৰৰ দৰে আমাৰ বিশ্বাসৰ স্থল আৰু ঐতিহাসিক সকলো স্থাপত্য আৰু ভাস্কর্য্যৰ সংস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ প্রক্রিয়া আৰম্ভ হৈছে। বন্ধুসকল, আজি আন এটি স্মাৰকৰ নবীকৰণৰ কাম আৰম্ভ হৈছে। কালাহাণ্ডিৰ অসুৰগড় দুর্গ আমাৰ শৌর্যৰ প্রতীক। তদুপৰি, ই এটি গুৰুত্বপূর্ণ ৰাজনৈতিক আৰু বাণিজ্যিক কেন্দ্রস্থলো। এয়া আছিল কলিংগৰ সৈতে মহাকান্তাৰাৰ সংযোগস্থল। দেশৰ ইতিহাসৰ এই সোণালী অধ্যায়ক পুনৰ জোৰা লগাবলৈ পাই মই অতিশয় আনন্দিত। ইয়াৰ মূল সেৱাসমূহৰ উন্নয়নৰ ফলত পর্যটনৰ গতি বৃদ্ধি পাব আৰু কর্মসংস্থাপনৰ সুযোগো কেইবাগুণ বৃদ্ধি পাব। বন্ধুসকল, আজি ইয়াত ছটা নতুন ডাকঘৰ পাছপোর্ট সেৱা কেন্দ্রৰ শুভাৰম্ভ কৰা হৈছে। বলাংগীৰৰ উপৰি জগৎসিংহপুৰ, কেন্দ্রপাড়া, পুৰী, ফুলবনী, বাৰগঢ়ে এই নতুন কেন্দ্রসমূহ খোলাৰ পাছত ইয়াৰ নাগৰিকসকলে পাছপোর্টৰ বাবে বহু দূৰলৈ যাব লগা নহয়। বন্ধুসকল, আজি আপোনালোক সকলোকে ওড়িশাবাসীৰ জীৱনক সহজ কৰি তোলাৰ বাবে নির্মিত আৰু নির্মীয়মান এই প্রকল্পসমূহৰ বাবে আপোনালোকক বহুত বহুত অভিনন্দন জনাইছো। আপোনালোক সকলোকে পুনৰবাৰ নববর্ষৰ শুভেচ্ছা জনাইছো। বহুত বহুত ধন্যবাদ।
ওড়িশাৰ বলাংগীৰত একাধিক উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A7%8B%E0%A6%97-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A7%8B%E0%A6%97-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় কেবিনেটে ভাৰতত বিনিয়োগ সংক্রান্তীয় পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰত আৰু ছৌদি আৰৱৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন জনাইছে। এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত ভাৰতৰ পৰিকাঠামো ক্ষেত্রত উপযুক্ত বিনিয়োগৰ বাবে ছৌদি আৰৱৰ প্রতিষ্ঠানবোৰৰ সৈতে সংযোগ গঢ়ি তোলা সম্ভৱ হৈ উঠিব। ইয়াৰ ফলত দেশত পৰিকাঠামো সংক্রান্তী বিকাশলৈ ব্যাপক গতি আহিব, কর্মসংস্থানৰ সুযোগ সৃষ্টি হ’ব, শিল্পোদ্যোগ গঢ়ি উঠিব, যিয়ে দেশৰ অর্থনৈতিক সমৃদ্ধি আৰু মুঠ জনমুৰি আয়ৰ বৃদ্ধি কৰিব।
ভাৰতত বিনিয়োগ সংক্রান্তীয় পৰিকাঠামো গঢ়ি তুলিবৰ বাবে ভাৰত আৰু ছৌদি আৰৱৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰলৈ কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A6%A8-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A6%9A%E0%A6%BF%E0%A6%AC%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A6%A8-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A6%9A%E0%A6%BF%E0%A6%AC%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0/
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুজী, ৰাজ্যিক মন্ত্ৰী এছ পি সিং বাঘেলজী, বৈঠকত অংশগ্ৰহণ কৰা সকলো ৰাজ্যৰ আইন মন্ত্ৰী, সচিব, এই গুৰুত্বপূৰ্ণ সন্মিলনত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকল ষ্টেচু অৱ ইউনিটিৰ মহিমাৰ মাজতে দেশৰ আৰু সকলো ৰাজ্যৰ আইন মন্ত্ৰী আৰু সচিবসকলৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আজি যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, চৰ্দাৰ পেটেলে জনস্বাৰ্থৰ বাবে আগবঢ়োৱা ত্যাগে, অনুপ্ৰেৰণাই আমাক সঠিক দিশত লৈ যাব আৰু আমাক লক্ষ্যলৈ লৈ যাব। বন্ধুসকল, প্ৰতিখন সমাজতে, ন্যায় ব্যৱস্থা আৰু বিভিন্ন প্ৰক্ৰিয়া আৰু পৰম্পৰা সেই সময় অনুসৰি বিকশিত হৈ আহিছে। এখন সুস্থ সমাজৰ বাবে, এক আত্মবিশ্বাসী সমাজৰ বাবে, দেশৰ বিকাশৰ বাবে এক নিৰ্ভৰযোগ্য আৰু দ্ৰুত ন্যায় ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। যেতিয়া ন্যায় প্ৰদান কৰা দেখা যায়, সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি দেশবাসীৰ আস্থা শক্তিশালী হয়। আৰু যেতিয়া ন্যায় প্ৰদান কৰা হয়, দেশৰ সাধাৰণ মানুহৰ আস্থা সমানে বৃদ্ধি পায়। সেয়েহে, দেশৰ আইন-শৃংখলা নিৰন্তৰ উন্নত কৰাৰ বাবে এনে ঘটনাঅতি গুৰুত্বপূৰ্ণ। বন্ধুসকল, ভাৰতৰ সমাজৰ উন্নয়নৰ যাত্ৰা হাজাৰ হাজাৰ বছৰ পুৰণি। সকলো প্ৰত্যাহ্বান সত্বেও, ভাৰতীয় সমাজে নিৰন্তৰ অগ্ৰগতি কৰিছে, ধাৰাবাহিকতা বজাই ৰাখিছে। আমাৰ সমাজত নৈতিকতা আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি আগ্ৰহ যথেষ্ট সমৃদ্ধ। আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটোৱেই হ'ল যে ই নিজেই আভ্যন্তৰীণ উন্নতি কৰি আছে, প্ৰগতিৰ পথত আগবাঢ়িছে। আমাৰ সমাজে অপ্ৰাসংগিক হৈ পৰা আইন, ভ্ৰষ্টাচাৰ, ৰীতি-নীতি আদি আঁতৰ কৰে। অন্যথা, আমি এইটোও দেখিছোঁ যে পৰম্পৰা যিয়েই নহওঁক, যেতিয়া ই ৰক্ষণশীল হৈ পৰে, ই সমাজৰ ওপৰত বোজা হৈ পৰে, আৰু সমাজ এই বোজাত ভাৰাক্ৰান্ত হয়। সেয়েহে, প্ৰতিটো প্ৰণালীত নিৰন্তৰ উন্নতি এক অনিবাৰ্য প্ৰয়োজনীয়তা। আপুনি নিশ্চয় শুনিছে, মই প্ৰায়ে কওঁ যে দেশৰ মানুহে চৰকাৰৰ অভাৱ অনুভৱ কৰিব নালাগে আৰু দেশৰ মানুহে চৰকাৰৰ চাঁপ অনুভৱ কৰিব নালাগে। চৰকাৰৰ যিকোনো চাপ সৃষ্টি হোৱাত অপ্ৰয়োজনীয় আইনেও যথেষ্ট ডাঙৰ ভূমিকা পালন কৰিছে। যোৱা 8 বছৰত, আমি ভাৰতৰ নাগৰিকৰ পৰা চৰকাৰৰ চাপ আঁতৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছো। আপুনি এইটোও জানে যে দেশখনে ডেৰ হাজাৰতকৈও অধিক পুৰণি আৰু অপ্ৰাসংগিক আইন বাতিল কৰিছে। এই আইনবোৰৰ বহুতো দাসত্বৰ সময়ৰ পৰাই চলি আহিছিল। উদ্ভাৱন আৰু জীৱনধাৰণৰ সহজতাৰ পথৰ পৰা আইনী বাধা আঁতৰাবলৈ ৩২ হাজাৰৰো অধিক অনুপালন হ্ৰাস কৰা হৈছে। এই পৰিৱৰ্তনবোৰ জনসাধাৰণৰ সুবিধাৰ বাবে, আৰু সেই সময়অনুসৰি অতি গুৰুত্বপূৰ্ণ। আমি জানো যে দাসত্বৰ বহুতো পুৰণি আইন এতিয়াও ৰাজ্যসমূহত বলবৎ হৈ আছে। স্বাধীনতাৰ এই অমৃত কালত দাসত্বৰ সময়ৰ পৰা চলি অহা আইনসমূহ বাতিল কৰা আৰু আজিৰ তাৰিখ অনুসৰি নতুন আইন প্ৰস্তুত কৰা প্ৰয়োজন। মই আপোনালোকক অনুৰোধ জনাইছো যে এই সন্মিলনত এনে আইন ৰদ কৰাৰ বাবে পথ প্ৰস্তুত কৰাৰ বাবে বিবেচনা কৰিব লাগিব। ইয়াৰ উপৰিও, ৰাজ্যসমূহৰ বিদ্যমান আইনসমূহৰ পুনৰীক্ষণো যথেষ্ট সহায়ক প্ৰমাণিত হ'ব। এই পৰ্যালোচনাৰ কেন্দ্ৰবিন্দু হ'ব লাগে জীৱন ধাৰণৰ সহজতা আৰু ন্যায়ৰ সহজতা। বন্ধুসকল, ন্যায়ত পলম হোৱাটো এটা বিষয় যিভাৰতৰ নাগৰিকসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমাৰ ন্যায়পালিকাই এই দিশত অতি গুৰুত্বসহকাৰে কাম কৰি আছে। এতিয়া অমৃতকালত, আমি একেলগে এই সমস্যাটো সমাধান কৰিব লাগিব। বহুতো প্ৰচেষ্টাৰ ভিতৰত, এটা বিকল্প হৈছে বৈকল্পিক বিবাদ নিষ্পত্তি, যাক ৰাজ্য চৰকাৰৰ পৰ্যায়ত প্ৰচাৰ কৰিব পাৰি। এনে ধৰণৰ প্ৰণালীয়ে দীৰ্ঘদিন ধৰি ভাৰতৰ গাওঁবোৰত কাম কৰি আহিছে। তেওঁৰ নিজা উপায় থাকিব, নিজৰ ব্যৱস্থা থাকিব কিন্তু সেয়াহৈছে চিন্তা। আমি ৰাজ্যবোৰৰ স্থানীয় পৰ্যায়ত এই প্ৰণালীটো বুজিব লাগিব, আমি ইয়াক কেনেদৰে আইনী ব্যৱস্থাৰ অংশ কৰিব পাৰোঁ, ইয়াৰ ওপৰত কাম কৰিব পাৰোঁ। মোৰ মনত আছে, যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ, আমি সন্ধিয়াৰ আদালত আৰম্ভ কৰিছিলো আৰু দেশৰ প্ৰথম সন্ধিয়াৰ আদালত তাত আৰম্ভ হৈছিল। সন্ধিয়াৰ আদালতত বেছিভাগ গোচৰ আছিল যিবোৰ সোঁতৰ ক্ষেত্ৰত বহুত কম গুৰুতৰ আছিল। গোটেই দিনটো কাম সম্পূৰ্ণ কৰাৰ পিছত মানুহে এই আদালতলৈ আহি ন্যায়িক প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিছিল। এইটোৱে তেওঁলোকৰ সময়ো ৰক্ষা কৰিছিল আৰু গোচৰটো দ্ৰুতগতিত শুনা গৈছিল। সন্ধিয়াৰ আদালতৰ বাবে, যোৱা বছৰবোৰত গুজৰাটত ৯ লাখৰো অধিক গোচৰ সমাধান কৰা হৈছে। আমি দেখিছোঁ যে লোক আদালতবোৰকো দেশত দ্ৰুত ন্যায়ৰ আন এটা মাধ্যম কৰা হৈছে। বহুতো ৰাজ্যত বহুত ভাল কাম কৰা হৈছে। লোক আদালতৰ জৰিয়তে দেশত বিগত বছৰবোৰত লাখ লাখ গোচৰ সমাধান কৰা হৈছে। এইবোৰে আদালতৰ বোজাও যথেষ্ট হ্ৰাস কৰিছে আৰু গাওঁখনত বাস কৰা লোকসকলৰ বাবে, দৰিদ্ৰ লোকসকলৰ বাবে ন্যায় পোৱাটো অতি সহজ হৈ পৰিছে। বন্ধুসকল, আপোনালোকৰ অধিক লোকৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্বও আছে। অৰ্থাৎ, আপুনি সকলোৱে আইন প্ৰণয়নৰ প্ৰক্ৰিয়াটোৰ মাজেৰে অতি ঘনিষ্ঠভাৱে যায়। উদ্দেশ্য যিমানেই ভাল নহওঁক কিয়, যদি আইনত নিজেই বিভ্ৰান্তি থাকে, স্পষ্টতাৰ অভাৱ থাকে, তেনেহ'লে সাধাৰণ নাগৰিকে ভৱিষ্যতে এক বৃহৎ ক্ষতি বহন কৰিব লাগিব। আইনৰ জটিলতা, ইয়াৰ ভাষা আৰু তাৰ বাবে, জটিলতাৰ বাবে, সাধাৰণ নাগৰিকসকলে যথেষ্ট ধন খৰচ কৰি ন্যায় পাবলৈ দৌৰিব লগা হয়। সেয়েহে, যেতিয়া আইনে সাধাৰণ মানুহৰ অৰ্থ বুজায়, ইয়াৰ প্ৰভাৱ আন কিবা হয়। সেয়েহে, কিছুমান দেশত, যেতিয়া সংসদ বা বিধানসভাত আইন প্ৰস্তুত কৰা হয়, ইয়াক দুটা ধৰণে প্ৰস্তুত কৰা হয়। এটা হ'ল আইনৰ সংজ্ঞাত কাৰিকৰী শব্দ ব্যৱহাৰ কৰি আইনখন বিতংভাৱে ব্যাখ্যা কৰা আৰু দ্বিতীয়টো হ'ল সেই ভাষাত আইন লিখা আৰু লোকভাষাত যি লিখা হৈছে, সেই ৰূপত লিখাটোৱে সেই দেশৰ সাধাৰণ মানুহক বুজি পায়, মৌলিক আইনৰ আত্মাৰ কথা মনত ৰাখি লিখিব। সেয়েহে, আইন প্ৰস্তুত কৰোঁতে, আমাৰ লক্ষ্য হ'ব লাগে যে দৰিদ্ৰতম লোকসকলেও নতুনকৈ প্ৰস্তুত কৰা আইনখন ভালদৰে বুজি পায়। কিছুমান দেশত, এনে এটা ব্যৱস্থাও আছে যে আইন প্ৰস্তুত কৰাৰ সময়ত, সেই আইন কিমান দিনলৈ কাৰ্যকৰী হ'ব সেয়া সিদ্ধান্ত লোৱা হয়। অৰ্থাৎ, এক প্ৰকাৰে, আইন প্ৰস্তুত কৰাৰ সময়ত, ইয়াৰ বয়স, ইয়াৰ ম্যাদ উকলি যোৱা তাৰিখ নিৰ্ধাৰণ কৰা হয়। এই আইন ৫ বছৰৰ বাবে, এই আইন ১০ বছৰৰ বাবে, এইটো সিদ্ধান্ত লোৱা হয়। যেতিয়া সেই তাৰিখ টো আহে, সেই আইনখন নতুন পৰিস্থিতিত পুনৰ পৰ্যালোচনা কৰা হয়। ভাৰততো আমি একেই মনোভাৱৰে আগবাঢ়িব লাগিব। ন্যায়ৰ সহজতাৰ বাবে আইনী ব্যৱস্থাত স্থানীয় ভাষাৰো এক বৃহৎ ভূমিকা আছে। মই আমাৰ ন্যায়পালিকাৰ ওচৰতো এই বিষয়টো ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছো। দেশখনেও এই দিশত বহুতো গুৰুত্বপূৰ্ণ প্ৰচেষ্টা চলাই আছে। আইনৰ ভাষা কোনো নাগৰিকৰ বাবে বাধা হ'ব নালাগে, প্ৰতিখন ৰাজ্যই ইয়াৰ বাবেও কাম কৰা উচিত। ইয়াৰ বাবে, আমাক লজিষ্টিক আৰু আন্তঃগাঁথনিৰ সমৰ্থনৰ প্ৰয়োজন হ'ব, আৰু লগতে যুৱসকলৰ বাবে মাতৃভাষাত এক শৈক্ষিক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিব লাগিব। আমি আইন সম্পৰ্কীয় পাঠ্যক্ৰমবোৰ মাতৃভাষাত থাকিবলৈ কাম কৰিব লাগিব, আমাৰ আইনবোৰ সৰল ভাষাত লিখিব লাগিব, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ গোচৰৰ ডিজিটেল পুথিভঁৰাল আৰু উচ্চতম ন্যায়ালয় স্থানীয় ভাষাত হ'ব লাগে। ই সাধাৰণ মানুহৰ আইনৰ বিষয়ে জ্ঞান বৃদ্ধি কৰিব, আৰু লগতে গধুৰ আইনী শব্দৰ ভয় হ্ৰাস কৰিব। বন্ধুসকল, যেতিয়া সমাজৰ সৈতে ন্যায় ব্যৱস্থা ৰ সম্প্ৰসাৰণ হয়, আধুনিকতা গ্ৰহণ কৰাৰ স্বাভাৱিক প্ৰৱণতা থাকে, তেতিয়া সমাজত অহা পৰিৱৰ্তনবোৰন্যায়িক ব্যৱস্থাতো দেখা যায়। প্ৰযুক্তি আজি কেনেদৰে ন্যায়িক ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, আমি ইয়াক কৰোনা যুগতো দেখিছোঁ। আজি দেশত e-Courts Mission দ্ৰুতগতিত আগবাঢ়িছে। 'ভাৰ্চুৱেল শ্ৰৱণ'ৰ দৰে ব্যৱস্থা এতিয়া আমাৰ আইনী ব্যৱস্থাৰ অংশ হৈ পৰিছে। ইয়াৰ উপৰিও, গোচৰৰ e-filing ৰো প্ৰচাৰ কৰা হৈছে। এতিয়া দেশত 5G ৰ আগমনৰ লগে লগে, এই প্ৰণালীবোৰ আৰু অধিক ত্বৰান্বিত হ'ব, আৰু ইয়াৰ ফলত বহুত ডাঙৰ পৰিৱৰ্তন অন্তৰ্নিহিত হ'ব। সেয়েহে, প্ৰতিখন ৰাজ্যই ইয়াক মনত ৰাখি ইয়াৰ প্ৰণালীবোৰ আপডেট আৰু আপগ্ৰেড কৰিব লাগিব। প্ৰযুক্তি অনুসৰি আমাৰ আইনী শিক্ষা প্ৰস্তুত কৰাটোও আমাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হ'ব লাগে। বন্ধুসকল, এক সংবেদনশীল ন্যায়িক ব্যৱস্থা এটা সক্ষম ৰাষ্ট্ৰ আৰু এক সুসংগত সমাজৰ বাবে এক অপৰিহাৰ্য চৰ্ত। সেয়েহে, মই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ যুটীয়া বৈঠকত বিচাৰাধীন বিষয়টো উত্থাপন কৰিছিলো। মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে গোচৰৰ দ্ৰুত বিচাৰৰ বাবে ৰাজ্য চৰকাৰে যি কৰিব পাৰে সেয়া কৰক। ৰাজ্য চৰকাৰবোৰেও বিচাৰাধীন সম্পৰ্কে এক সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে কাম কৰা উচিত, যাতে আমাৰ ন্যায়িক ব্যৱস্থা এক মানৱীয় আদৰ্শৰ সৈতে আগবাঢ়ি যায়। বন্ধুসকল, আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাৰ বাবে সংবিধান সৰ্বোচ্চ। এই সংবিধানৰ গৰ্ভৰ পৰা, তিনিওজনৰ জন্ম হৈছে, ন্যায়পালিকা, আইনসভা আৰু কাৰ্যবাহী। চৰকাৰ, সংসদ, আমাৰ আদালত হওঁক, এই তিনিওটা এক প্ৰকাৰে একেমাতৃৰ সন্তান, সংবিধান মাতৃ। সেয়েহে, বিভিন্ন কাৰ্যৰ মাজতো, যদি আমি সংবিধানৰ আত্মালৈ লক্ষ্য কৰোঁ, তেন্তে ইজনে সিজনৰ সৈতে প্ৰতিযোগিতা কৰাৰ বাবে বিতৰ্কৰ কোনো সুযোগ ইয়াত নাই। এগৰাকী মাতৃৰ সন্তানৰ দৰে, তিনিওজনে ভাৰত মাতৃৰ সেৱা কৰিব লাগিব, তিনিওজনে একেলগে একবিংশ শতিকাত ভাৰতক নতুন উচ্চতালৈ লৈ যাব লাগিব। মই আশা কৰোঁ যে এই সন্মিলনত অনুষ্ঠিত হ'বলগীয়া মন্থনে নিশ্চিতভাৱে দেশৰ বাবে আইনী সংস্কাৰৰ অমৃত উলিয়াই আনিব। মই আপোনালোক সকলোকে সময় উলিয়াবলৈ আৰু ষ্টেচু অফ ইউনিটি আৰু ইয়াৰ সমগ্ৰ চৌহদৰ সম্প্ৰসাৰণ আৰু বিকাশ চাবলৈ অনুৰোধ জনাইছো। দেশখন এতিয়া অতি দ্ৰুতগতিত আগবাঢ়িবলৈ সাজু। আপোনাৰ যিদায়িত্বই নহওঁক, আপুনি ইয়াক ভালদৰে সম্পাদন কৰা উচিত। এইটো আপোনাক মোৰ শুভেচ্ছা। বহুত ধন্যবাদ। টোকা – এয়া হৈছএ প্ৰধানমন্ত্ৰীৰ ভাষণৰ প্ৰায় আক্ষৰিক অনুবাদ। প্ৰধানমন্ত্ৰীয়ে ভাষণটো হিন্দীত প্ৰদান কৰিছিল।
আইন মন্ত্ৰী আৰু সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনূদিত ৰূ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AD%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%85/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AD%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%85/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ভিয়েটনামৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্য ক্ষেত্ৰত বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই চুক্তিয়ে ভাৰত আৰু ভিয়েটনামৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্য ক্ষেত্ৰত থকা দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।
ভাৰত আৰু ভিয়েটনামৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্য ক্ষেত্ৰত বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0-4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0-4/
১.ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ২১-২২ এপ্ৰিল, ২০২২ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী সন্মানীয় বৰিছ জনছনে ভাৰত ভ্ৰমণলৈ আহে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে এইটো তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ আছিল। ২. প্ৰধানমন্ত্ৰী জনছনক ২২ এপ্ৰিল, ২০২২ত ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰি আনে। প্ৰধানমন্ত্ৰী জনছনে ইয়াৰ পিছত ৰাজঘাট ভ্ৰমণ কৰি মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৩. প্ৰধানমন্ত্ৰী মোদীয়ে হায়দৰাবাদ হাউচত ভ্ৰমণকাৰী প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু জনছনৰ সন্মানাৰ্থে এক প্ৰীতিভোজৰ আয়োজন কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। ৪. দ্বিপাক্ষিক আলোচনাত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০২১ৰ মে' মাহত ভাৰ্চুৱেল সন্মিলনত আৰম্ভ কৰা ৰোডমেপ-২০৩০ ৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰত অধিক শক্তিশালী আৰু কাৰ্যমুখী সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁলোকে চলিত এফটিএ(মুক্ত বাণিজ্য চুক্তি) আলোচনা আৰু বৰ্ধিত বাণিজ্য অংশীদাৰিত্বৰ ৰূপায়ণৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু ২০২২ চনৰ অক্টোবৰৰ শেষৰ ফালে এক ব্যাপক আৰু সন্তুলিত বাণিজ্য চুক্তি সম্পাদন কৰিবলৈ সন্মত হয়। এফটিএয়ে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ পথ প্ৰশস্ত কৰিব। ৫. দুয়োগৰাকী নেতাই ভাৰত-ব্ৰিটেইনৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাক পৰিৱৰ্তন কৰিবলৈ সন্মত হয় আৰু দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সহ-উন্নয়ন আৰু সহ-উৎপাদনকে ধৰি প্ৰতিৰক্ষা সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে। দুয়োপক্ষই চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষকৈ চাইবাৰ প্ৰশাসন, চাইবাৰ প্ৰতিৰোধ আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সহযোগিতা অধিক তীব্ৰ কৰাৰ বাবে এক যুটীয়া বিবৃতি জাৰি কৰে। তেওঁলোকে সন্ত্ৰাসবাদ আৰু উগ্ৰ উগ্ৰবাদৰ ধাৰাবাহিক ভাবুকিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে সহযোগিতা কৰিবলৈও সন্মতি প্ৰকাশ কৰে। ৬. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ইণ্ডো-পেচিফিক, আফগানিস্তান, ইউএনএছচি, জি-২০ আৰু কমনৱেলথত সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে। ভাৰতে সামুদ্ৰিক সুৰক্ষা স্তম্ভৰ অধীনত ভাৰত-প্ৰশান্ত মহাসাগৰৰ উদ্যোগত যোগদান কৰা ব্ৰিটেইনক আদৰণি জনায় আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ব্যস্ততা বৃদ্ধিৰ বাবে সন্মত হয়। ৭. দুয়োগৰাকী নেতাই চলিত ইউক্ৰেইন-ৰাছিয়া সংঘাত সন্দৰ্ভতো আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্ধিত মানৱীয় সংকটৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু তাৎক্ষণিকভাৱে হিংসা বন্ধ কৰিবলৈ আৰু আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ হিচাপে পোনপটীয়া আলোচনা আৰু কূটনীতিলৈ ঘূৰি অহাৰ আহ্বান পুনৰ দোহাৰে। ৮.প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰ কোপেনহেগেন-২৬ৰ সফল আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী জনছনক অভিনন্দন জনায়। তেওঁলোকে পেৰিছ চুক্তিৰ লক্ষ্যত উপনীত হ’বলৈ আৰু গ্লাছগো জলবায়ু চুক্তি ৰূপায়ণৰ বাবে উচ্চাভিলাষী জলবায়ু পদক্ষেপৰ প্ৰতি প্ৰতিশ্ৰুতি দোহাৰে। ৯.এই ভ্ৰমণকালত ভাৰত-ব্ৰিটেইন গোলকীয় উদ্ভাৱন অংশীদাৰীত্ব আৰু গ্লোবেল চেণ্টাৰ ফৰ নিউক্লিয়াৰ এনাৰ্জি পাৰ্টনাৰশ্বিপ (জিচিএনইপি)ৰ ৰূপায়ণৰ ক্ষেত্ৰত দুটা বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। গোলকীয় উদ্ভাৱন অংশীদাৰিত্বৰ জৰিয়তে ভাৰত আৰু ব্ৰিটেইনে তৃতীয় বিশ্বৰ দেশসমূহলৈ জলবায়ু স্মাৰ্ট বহনক্ষম উদ্ভাৱনৰ স্থানান্তৰ আৰু পৰিমাণ বৃদ্ধিত সহায় কৰিবলৈ ৭৫ নিযুত ইউৰোলৈকে সহ-বিত্তীয় যোগান ধৰিবলৈ সন্মত হৈছে। ১০.দ্বিপাক্ষিক আলোচনাকালত নিম্নলিখিত ঘোষণাবোৰো কৰা হয়ঃ (১)কৌশলগত প্ৰযুক্তি আলোচনা-৫জি, এআই আদিৰ দৰে নতুন আৰু আহিবলগীয়া যোগাযোগ প্ৰযুক্তিক লৈ মন্ত্ৰী পৰ্যায়ৰ আলোচনা।(২)ইণ্টিগ্ৰেটেড ইলেক্ট্ৰিক প্ৰপালচনৰ ওপৰত সহযোগিতা–দুয়ো দেশৰ নৌসেনাৰ মাজত প্ৰযুক্তিৰ সহঃবিকাশ। ১১. প্ৰধানমন্ত্ৰী জনছনে ইয়াৰ পূৰ্বে ২১ এপ্ৰিলত গুজৰাটৰ আহমেদাবাদৰ পৰা ভাৰত ভ্ৰমণ আৰম্ভ কৰিছিল। ইয়াত তেওঁ সাবৰমতী আশ্ৰম, বদোদৰাৰ মাছৱাদ ঔদ্যোগিক ইষ্টেটৰ জেচিবি প্ৰকল্প আৰু গান্ধীনগৰৰ জিআইএফটি চিটিৰ গুজৰাট জৈৱ প্ৰযুক্তি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। ১২. প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৩চনত ভাৰতে আয়োজন কৰিবলগীয়া জি-২০ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী জনছনক ভাৰতলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী জনছনে প্ৰধানমন্ত্ৰী মোডীক ব্ৰিটেইন ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱাৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী মোডীয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰে।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ (২১-২২ এপ্ৰিল,২০২২
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%A7%E0%A7%AE-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%A7%E0%A7%AE-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ অক্টোবৰত দিনৰ প্ৰায় ১:৪৫ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানত ইন্টাৰপোলৰ ৯০ সংখ্যক সাধাৰণ সভা সম্বোধন কৰিব। ইন্টাৰপোলৰ ৯০ সংখ্যক সাধাৰণ সভাখনি ১৮ অক্টোবৰৰপৰা ২১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। এই বৈঠকত ইন্টাৰপোলৰ ১৯৫ খন সদস্য দেশৰ মন্ত্ৰী, আৰক্ষীৰ মুৰব্বী, ৰাষ্ট্ৰীয় কেন্দ্ৰীয় ব্যুৰ’ৰ (National Central Bureaus) মুৰব্বী আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰে গঠিত প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই সাধাৰণ সভা হৈছে ইন্টাৰপোলৰ সৰ্বোচ্চ পৰিচালনা কমিটি আৰু ইয়াৰ কাৰ্য্যকলাপৰ সৈতে জড়িত মূল সিদ্ধান্ত গ্ৰহণৰ বাবে বছৰত এবাৰ এই বৈঠক অনুষ্ঠিত হয়। প্ৰায় ২৫ বছৰ পিছত এইবাৰ ভাৰতত ইন্টাৰপোলৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে ১৯৯৭ ত এই বৈঠক অনুষ্ঠিত হৈছিল। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰে সংগতি ৰাখি ২০২২ ত নতুন দিল্লীত ইন্টাৰপোলৰ সাধাৰণ সভা আয়োজনৰ অৰ্থে ভাৰতে জনোৱা প্ৰস্তাৱক সাধাৰণ সভাৰ গৰিষ্ঠসংখ্যকে আদৰণি জনাইছিল। এই অনুষ্ঠানে ভাৰতৰ আইন-শৃংখলা ব্যৱস্থাৰ উত্তম পন্থাসমূহক সমগ্ৰ বিশ্বৰ সন্মুখত থূপাই প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব। ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ইন্টোৰপোলৰ অধ্যক্ষ আহমেদ নাছেৰ আল ৰাইছি আৰু মহাসচিব শ্ৰী জুৰ্গেন ষ্টক, চিবিআইৰ সঞ্চালকেও অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে ১৮ অক্টোবৰত ইন্টাৰপোলৰ ৯০ সংখ্যক সাধাৰণ সভা সম্বোধন কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ঘাইপথ-১০৫ত পঞ্জৌৰৰ পৰা নালাগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনৰ বনোৱাৰ বাবে প্ৰায় ৩১ কিলোমিটাৰ দীঘল পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰে, যাৰ ব্যয় ১৬৯০ কোটি টকা। প্ৰধানমন্ত্ৰীয়ে এইমছ, বিলাসপুৰৰ লোকাৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে নালাগড়ত ৩৫০ কোটি টকাৰ ব্যয়েৰে নিৰ্মিত হ'বলগা মেডিকেল ডিভাইচ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত বান্দলাত গভৰ্ণমেণ্ট হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজৰ উদ্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বিজয়াদশমীৰ পৱিত্ৰ উপলক্ষত সকলোকে অভিনন্দন জনায়। তেওঁ কয় যে এই পৱিত্ৰ পৰ্বই সকলোকে প্ৰতিটো বাধা অতিক্ৰম কৰি সংকল্পিত 'পঞ্চ প্ৰতিজ্ঞা'ৰ পথত আগুৱাবলৈ নতুন শক্তি প্ৰদান কৰিব। তেওঁ কয় যে বিজয়াদশমীৰ উপলক্ষত হিমাচললৈ অহাৰ সুযোগ পোৱাটো ভৱিষ্যতৰ প্ৰতিটো জয়ৰ বাবে শুভ সংকেত। প্ৰধানমন্ত্ৰীয়ে কয় যে বিলাসপুৰে স্বাস্থ্য আৰু শিক্ষাৰ দুটা উপহাৰ পালে। তেওঁ কুল্লূ দশেহৰাত ভাগ লোৱাৰ সুযোগ পোৱাত কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁ ৰাষ্ট্ৰৰ কল্যাণৰ বাবে ভগৱান ৰঘুনাথ জীক প্ৰাৰ্থনা কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৰণি সময়কো মনত পেলায় যেতিয়া তেওঁ আৰু তেওঁৰ সহযোগীয়ে কাম কৰিছিল আৰু অঞ্চলটোত আছিল। তেওঁ কয়, "মোৰ নিৰন্তৰ হিমাচল প্ৰদেশৰ বিকাশ যাত্ৰাৰ সহযাত্ৰী হোৱাৰ সৌভাগ্য হৈছে।" হিমাচল প্ৰদেশত যোৱা বছৰবিলাকত হোৱা বিকাশৰ বিষয়ে উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া জনসাধাৰণৰ মত যি সকলো বিকাশ কাৰ্যৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ। তেওঁ ৰাজ্য আৰু কেন্দ্ৰত জনসাধাৰণৰ বিশ্বাসক সুবাদ দিয়ে যি সকলো বিকাশ কাৰ্যক গতি দিছে। তেওঁ কয় যে দীৰ্ঘ সময় ধৰি এই ভাবনাই আছিল যে শিক্ষা, পথ, উদ্যোগ, হাস্পতালৰ দৰে সুবিধাৰাজি ডাঙৰ চহৰৰ বাবেহে হয়। পাহাৰীয়া অঞ্চলৰ কথা আহিলে, তালৈ প্ৰধান সুবিধাবোৰো সকলোতকৈ শেষত গৈ পাইছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত দেশৰ বিকাশত যথেষ্ট অসন্তুলন সৃষ্টি হৈছিল। তেওঁ কয় যে হিমাচল প্ৰদেশৰ মানুহে সৰু সৰু কথাৰ বাবে চণ্ডীগড় বা দিল্লীলৈ যাবলৈ বাধ্য হয়। অৱশ্যে যোৱা ৮ বছৰত, ডবল-ইঞ্জিনৰ চৰকাৰে সেয়া সকলো সলাই দিলে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি হিমাচল প্ৰদেশ আইআইটি, আইআইএম আৰু আইআইআইটিৰ দৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়েৰে সুসজ্জিত। শ্ৰী মোদীয়ে কয় যে এইমছ, বিলাসপুৰে ভাৰতত চিকিৎসা শিক্ষাৰ শীৰ্ষ স্থানত আছে, সেয়ে ই বিলাসপুৰৰ গৰিমা বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, "যোৱা আঠ বছৰত হিমাচল প্ৰদেশে বিকাশৰ নতুন উচ্চতা স্পৰ্শ কৰিছে।" প্ৰধানমন্ত্ৰীয়ে চৰকাৰত কামকাজৰ সলনি হোৱা শৈলীৰ ওপৰত আলোকপাত কৰি কয় যে এতিয়া পৰিকল্পনাৰ লোকাৰ্পণৰ স্পষ্ট সময়সীমাৰে শিলান্যাস কৰা হয়। ৰাষ্ট্ৰ নিৰ্মাণত হিমাচল প্ৰদেশৰ যোগদানৰ বিষয়ে মন্তব্য কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে 'ৰাষ্ট্ৰ ৰক্ষা'ত সদায়েই হিমাচলৰ বৃহৎ যোগদান আছে আৰু এতিয়া বিলাসপুৰত নতুন এইমছ উদ্বোধনৰ লগে লগে ই 'জীৱন ৰক্ষা'তো মহত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ প্ৰত্যাহ্বান সত্বেও সময়মতে ইয়াক সম্পূৰ্ণ কৰা বাবে স্বাস্থ্য মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া হিমাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে গৌৰৱৰ ক্ষণ, কিয়নো এয়া সেই তিনিখন ৰাজ্যৰ এখন যাক বাল্ক ড্ৰাগছ পাৰ্কৰ বাবে বাছনি কৰা হৈছে। হিমাচল প্ৰদেশো সেই চাৰিখন ৰাজ্যৰ এখন যাক মেডিকেল ডিভাইচ পাৰ্কৰ বাবে বাছনি কৰা হৈছে আৰু নালাগড় মেডিকেল ডিভাইচ পাৰ্ক ইয়াৰে অংশ। প্ৰধানমন্ত্ৰীয়ে কয়, "এয়া বীৰৰ ভূমি আৰু মই এই ভূমিৰ ঋণী।" চিকিৎসা পৰ্যটন পদক্ষেপৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচল প্ৰদেশত অসীম সুযোগ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বায়ু, পৰিৱেশ আৰু বনৌষধ ৰাজ্যৰ বাবে বহুত লাভৰ স্ৰোত হ'ব পাৰে। দুখীয়া আৰু মধ্যবিত্তৰ বাবে জীৱনৰ সুগমতা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ প্ৰয়াসৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে দূৰৈৰ ঠাইবোৰত হাস্পতাল উপলব্ধ কৰাবলৈ আৰু চিকিৎসাৰ ব্যয় কম কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে। সেয়ে আমি এইমছৰ পৰা আৰম্ভ কৰি জিলা হাস্পতাল আৰু গাঁওবিলাকত ৱেলনেছ চেণ্টাৰত ক্ৰিটিকেল কেয়াৰলৈকে অবাধ কানেক্টিভিটীৰ ওপৰত কাম কৰি আছো। আয়ুষ্মান ভাৰত যোজনাই ৰাজ্যৰ অধিকাংশ পৰিয়ালক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আছে। সমগ্ৰ দেশত ৩ কোটিতকৈ অধিক ৰোগী ইয়াৰ লাভাৰ্থী, য'ত হিমাচলৰ পৰা ১.৫ লাখ লাভাৰ্থী আছে। চৰকাৰে সমগ্ৰ দেশত ৪৫,০০০ কোটি টকাৰো অধিক খৰচ কৰিছে, যাৰ ফলত ৰোগীৰ প্ৰায় ৯০,০০০ কোটি টকাৰ ৰাহি হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মাতৃ ভগ্নী কন্যাসকলৰ সুখ, সুবিধা, সন্মান, সুৰক্ষা আৰু স্বাস্থ্য ডবল ইঞ্জিন চৰকাৰৰ বহুত ডাঙৰ প্ৰাথমিকতা। তেওঁ কয় যে সকলোৰে বাবে জীৱনৰ গৰিমা সুনিশ্চিত কৰাটো আমাৰ চৰকাৰৰ প্ৰাথমিকতা। তেওঁ মাতৃ আৰু ভগ্নীসকলৰ সবলীকৰণৰ বাবে শৌচালয় নিৰ্মাণ, বিনামূলীয়া গেছ কানেকচন, ছেনিটেৰী পেড বিতৰণ যোজনা, মাতৃ বন্দনা যোজনা আৰু ঘৰে ঘৰে পানী অভিযানৰ দৰে উপায়ৰ বিষয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় যোজনাক ভাবনা আৰু গতিৰে বলৱৎ কৰা তথা সিবিলাকৰ পৰিসৰ বিস্তাৰ কৰাত মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমৰ প্ৰশংসা কৰে। তেওঁ হৰ ঘৰ জল আৰু পেঞ্চনৰ দৰে সামাজিক সুৰক্ষা যোজনাৰ ৰূপায়ণৰ গতিৰ প্ৰশংসা কৰে। এনেকৈ, হিমাচলত বহু পৰিয়াল ৱান ৰেংক ৱান পেঞ্চনৰ দ্বাৰা বহুত উপকৃত হৈছে। তেওঁ এশ শতাংশ কৰোণা টীকাকৰণ সম্পূৰ্ণ কৰা প্ৰথম ৰাজ্য হোৱা বাবে ৰাজ্যখনৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "হিমাচল সুযোগৰ ভূমি।" তেওঁ কয় যে ৰাজ্যখনত বিদ্যুৎ উৎপাদন হয়, সাৰুৱা মাটি আছে আৰু পৰ্য্যটনৰ কাৰণে সংস্থাপনৰ অসীম সুযোগ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত ভাল কানেক্টিভিটীৰ অভাৱ আছিল যি এই সুযোগৰ সন্মুখত সবাতোকৈ ডাঙৰ বাধা হিচাপে কাম কৰিছিল। তেওঁ কয়, "২০১৪ৰ পৰা হিমাচল প্ৰদেশত গাঁৱে গাঁৱে সৰ্বোত্তম ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰদান কৰাৰ প্ৰয়াস কৰি থকা হৈছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচলৰ পথবিলাক ওখ কৰাৰ কামো চাৰিওফালে চলি আছে। তেওঁ কয়, "বৰ্তমান হিমাচলত কানেক্টিভিটীৰ কামত প্ৰায় ৫০,০০০ কোটি টকা খৰচ কৰি থকা হৈছে, যাৰ ফলত চণ্ডীগড় আৰু আম্বালাৰ পৰা বিলাসপুৰ, মণ্ডী আৰু মনালীলৈ যোৱা যাত্ৰীয়েও ইয়াৰ লাভ পাব।" প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচলৰ মানুহক অকাই পকাই যোৱা পথৰ পৰা মুক্ত কৰিবলৈ সুৰংগৰ জালো প্ৰসাৰিত কৰি থকা হৈছে। ডিজিটেল ইণ্ডিয়াত নৱীনতম বিকাশৰ বিষয়ে চৰ্চা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ডিজিটেল কানেক্টিভিটীৰ সন্দৰ্ভত হিমাচলতো অভূতপূৰ্ব কাম কৰা হৈছে। তেওঁ কয়, "যোৱা ৮ বছৰত, মেড ইন ইণ্ডিয়া মোবাইল ফোনো সস্তা হ'ল আৰু নেটৱৰ্ক গাঁৱলৈকে পোৱাই দিয়া হৈছে।" হিমাচল প্ৰদেশো উন্নত 4জি কানেক্টিভিটীৰ কাৰণে ডিজিটেল লেনদেনত দ্ৰুতগতিত আগবাঢ়ি আছে। তেওঁ কয়, "ডিজিটেল ইণ্ডিয়াৰ ফলত যদি কাৰোবাৰ সবাতোকৈ বেছি মুনাফা হৈছে তেন্তে তেওঁলোক হৈছে আপোনালোক হিমাচলৰ মানুহ।" প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত বিল পৰিশোধ, বেংকৰ কাম, প্ৰৱেশ, আবেদন আদিত ন্যূনতম সময় লাগে। দেশত 5জিৰ বিকাশত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এতিয়া দেশত প্ৰথমবাৰ, মেড ইন ইণ্ডিয়া 5জি সেৱাও আৰম্ভ হ'ল আৰু ইয়াৰ লাভ বহুত সোনকালেই হিমাচলক উপলব্ধ কৰোৱা হ'ব।" তেওঁ কয় যে ভাৰতত ড্ৰোণ নিয়ম সলনি হোৱাত পৰিবহনৰ বাবে তাৰ ব্যৱহাৰ বহুত বাঢ়ি যাব, শিক্ষা, স্বাস্থ্য, কৃষি আৰু পৰ্যটন ক্ষেত্ৰৰো ইয়াৰ ফলত বহুত লাভ হ'ব। তেওঁ ড্ৰোণ নীতি অনা প্ৰথম ৰাজ্য হোৱা বাবে হিমাচল প্ৰদেশৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ সমাপ্ত কৰি কয়, "আমি এক প্ৰকাৰৰ বিকাশৰ বাবে প্ৰয়াসৰত যাৰ ফলত প্ৰত্যেক নাগৰিকৰ সুবিধা বাঢ়িব আৰু প্ৰত্যেক নাগৰিক সমৃদ্ধিৰে সংযুক্ত হ'ব। ই এখন বিকশিত ভাৰত আৰু বিকশিত হিমাচল প্ৰদেশৰ সংকল্প প্ৰতিপন্ন কৰিব।" হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰ, হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ, সাংসদ তথা ভাজপাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জগত প্ৰকাশ নড্ডা আৰু সাংসদ তথা ভাজপাৰ প্ৰদেশ অধ্যক্ষ শ্ৰী সুৰেশ কুমাৰ কাশ্যপ এই অনুষ্ঠানত উপস্থিত আছিল। পৃষ্ঠভূমি হিমাচল প্ৰদেশত বিভিন্ন পৰিকল্পনা ৰাষ্ট্ৰীয় ঘাইপথ-১০৫ত পিঞ্জৌৰৰ পৰা নালাগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনৰ বনাবলৈ প্ৰায় ৩১ কিলোমিটাৰ দীঘল পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰে, যাৰ ব্যয় ১৬৯০ কোটি টকা। এই পথ পৰিকল্পনা আম্বালা, চণ্ডীগড়, পঞ্চকূলা আৰু সোলন/শিমলাৰ পৰা বিলাসপুৰ, মণ্ডী আৰু মনালীৰ দিশত যাবলগা যাতায়াতৰ বাবে এক প্ৰধান সম্পৰ্ক সংযোগ। চাৰি লেনৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ১৮ কিলোমিটাৰৰ অংশ হিমাচল প্ৰদেশৰ অধীনত আহে আৰু শেষ ভাগ হৰিয়ানাত পৰে। এই ঘাইপথে হিমাচল প্ৰদেশৰ ঔদ্যোগিক কেন্দ্ৰ নালাগড়-বড্ডীত উন্নত পৰিবহন সুবিধা সুনিশ্চিত কৰিব আৰু অঞ্চলটোত ঔদ্যোগিক বিকাশকো গতি দিব। ইয়াৰ ফলত ৰাজ্যখনত পৰ্যটনো লাভবান হ'ব। এইমছ বিলাসপুৰ এইমছ বিলাসপুৰ উদ্বোধনৰ মাধ্যমত দেশজুৰি স্বাস্থ্য সেৱাক শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিকোণ আৰু সংকল্পক পুনৰ প্ৰদৰ্শন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অক্টোবৰ ২০১৭ত ইয়াৰ শিলান্যাসো কৰিছিল। কেন্দ্ৰীয় স্তৰৰ যোজনা- প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ জৰিয়তে ইয়াক স্থাপন কৰা হৈছে। এইমছ বিলাসপুৰ, ১৪৭০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মিত। এই অত্যাধুনিক হাস্পতালত ১৮টা স্পেচিয়েলিটী আৰু ১৭টা ছুপাৰ স্পেচিয়েলিটী বিভাগ, ১৮টা মড্যুলাৰ অপাৰেচন থিয়েটাৰ, ৬৪খন আইচিইউ বেডসহ ৭৫০খন বিছনা আছে। এই হাস্পতাল ২৪৭ একৰত বিয়পি আছে। ই ২৪ ঘণ্টা জৰুৰীকালীন আৰু ডায়লিছিছ সুবিধা, আল্ট্ৰাছনগ্ৰাফী, চিটিস্কেন, এমআৰআই আদিৰ দৰে আধুনিক ডয়োগ্নষ্টিক মেচিন, অমৃত ফাৰ্মাচী আৰু জন ঔষধী কেন্দ্ৰ আৰু ৩০খন বিচনাযুক্ত আয়ুষ ব্লকেৰে সুসজ্জিত। হাস্পতালখনে হিমাচল প্ৰদেশৰ আদিবাসী আৰু দুৰ্গম আদিবাসী অঞ্চলত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ ডিজিটেল স্বাস্থ্য কেন্দ্ৰও স্থাপন কৰিছে। লগতে, কাজা, সলূনী আৰু কেলাংগৰ দৰে দুৰ্গম আদিবাসী আৰু অধিক উচ্চতাত থকা হিমালয়ী ক্ষেত্ৰসমূহত স্বাস্থ্য শিবিৰৰ মাধ্যমত হাস্পতালৰ দ্বাৰা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য সেৱা প্ৰদান কৰা হ'ব। এই হাস্পতালত বছৰি এমবিবিএছ ক'ৰ্ছৰ বাবে ১০০ ছাত্ৰ আৰু নাৰ্ছিং ক'ৰ্ছৰ বাবে ৬০ শিক্ষাৰ্থীক প্ৰৱেশ দিয়া হ'ব। গভৰ্ণমেণ্ট হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজ, বন্দলা প্ৰধানমন্ত্ৰীয়ে বন্দলাত গভৰ্ণমেণ্ট হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজ উদ্বোধন কৰে। ইয়াত প্ৰায় ১৪০ কোটি টকাৰ ব্যয় হ'ব। এই কলেজৰ পৰা জলবিদ্যুৎ পৰিকল্পনাৰ বাবে প্ৰশিক্ষিত কৰ্মী উপলব্ধ কৰোৱাত সহায়ক হ'ব। হিমাচল প্ৰদেশ এই ক্ষেত্ৰত অগ্ৰণী ৰাজ্যসমূহৰ এখন। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধি কৰিবলৈ আৰু জলবিদ্যুৎ ক্ষেত্ৰত সংস্থাপনৰ পৰ্যাপ্ত সুযোগ প্ৰদান কৰাত সহায়ক হ'ব। মেডিকেল ডিভাইচ পাৰ্ক, নালাগড় প্ৰধানমন্ত্ৰীয়ে নালাগড়ত প্ৰায় ৩৫০ কোটি টকা ব্যয়েৰে নিৰ্মিত হ'বলগা মেডিকেল ডিভাইচ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰে। এই মেডিকেল ডিভাইচ পাৰ্কত উদ্যোগ স্থাপন কৰিবলৈ ৮০০ কোটি টকাৰো অধিক মূল্যৰ বুজাবুজি চুক্তিত আগতেই হস্তাক্ষৰ কৰা হৈছে। এই পৰিকল্পনাৰ ফলত অঞ্চলটোত সংস্থাপনৰ সুযোগত উল্লেখযোগ্য বৃদ্ধি হ'ব।
প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ লুহনু, বিলাসপুৰত ৩৬৫০ কোটি টকাৰো অধিক ব্যয়ৰ একাধিক পৰিকল্পনাৰ শিলান্যাস আৰু লোকাৰ্পণ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%8B-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%8B-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া ৰ উদ্বোধনী অনুষ্ঠানত তেওঁৰ বাৰ্তা ভাগ বতৰা কৰে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে আজি বাংগালুৰুত এই গেমছৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ গেহলট, মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাই, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী শ্ৰী নিশিথ প্ৰমাণিক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে কয় যে বেংগালুৰু দেশৰ যুৱ উৎসাহৰ প্ৰতীক আৰু পেছাদাৰী লোকসকলৰ গৌৰৱ। তেওঁ কৈছিল যে ইয়াত ষ্টাৰ্টআপ আৰু ক্ৰীড়াৰ সঙ্গম হোৱাটো গুৰুত্বপূৰ্ণ। "বেংগালুৰুত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া আয়োজন কৰিলে এই ধুনীয়া চহৰখনৰ শক্তি বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ প্ৰত্যাহ্বানৰ মাজতে আয়োজকসকলৰ এই খেলআয়োজনৰ সংকল্পক প্ৰশংসা কৰে, যিহৈছে দৃঢ়তা আৰু আবেগৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে কয় যে এই যুৱ আবেগে ভাৰতক প্ৰতিটো ক্ষেত্ৰতে এক নতুন গতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে সফলতাৰ প্ৰথম মন্ত্ৰ হিচাপে দলগত মনোভাৱৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "আমি খেলখনৰ পৰা এই দলৰ মনোভাৱ শিকিছো। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত আপোনাৰ ইয়াৰ পোনপটীয়া অভিজ্ঞতা থাকিব। এই দলৰ মনোভাৱই আমাক জীৱনলৈ চোৱাৰ এটা নতুন উপায়ও দিয়ে। একেদৰে, ক্ৰীড়াত সফলতাৰ মুখ্য প্ৰয়োজনীয়তা, সামগ্ৰিক দৃষ্টিভংগী আৰু 100 শতাংশ সমৰ্পণ আছে। খেলপথাৰৰ পৰা শক্তি আৰু শিকাটোৱে ব্যক্তিজনক জীৱনতো আগুৱাই লৈ যায়। শ্ৰী মোদীয়ে জোৰ দি কয়, "ক্ৰীড়া হৈছে প্ৰকৃত অৰ্থত জীৱনৰ প্ৰকৃত সমৰ্থন প্ৰণালী। প্ৰধানমন্ত্ৰীয়ে আবেগ, প্ৰত্যাহ্বান, পৰাজয়ৰ পৰা শিকা, নিষ্ঠা আৰু খৰখেদাকৈ জীয়াই থকাৰ সামৰ্থ্যৰ দৰে বিভিন্ন দিশত ক্ৰীড়া আৰু জীৱনৰ মাজৰ সাদৃশ্যৰ বিষয়ে ব্যাখ্যা কৰে। "জয়ৰ পিছতো খেলৰ আত্মা খেলা আৰু পৰাজয়ৰ পৰা শিকাটো এক গুৰুত্বপূৰ্ণ কলা, যাক আমি খেলৰ ক্ষেত্ৰত শিকিম। " প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক কয় যে তেওঁলোক নতুন ভাৰতৰ যুৱ আৰু তেওঁলোক 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ' ধ্বজাবাহক। যুৱ চিন্তা আৰু মনোভাৱই আজি দেশৰ নীতিৰ আৰ্হি সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ যুৱপ্ৰজন্মই ফিটনেছক দেশৰ প্ৰগতিৰ মন্ত্ৰ কৰি তুলিছে। বহুতো পদক্ষেপে খেলবোৰক পুৰণি চিন্তাধাৰাৰ শৃংখলাৰ পৰা মুক্ত কৰি আছে। নতুন শিক্ষা নীতিত ক্ৰীড়াৰ ওপৰত গুৰুত্ব দিয়া, ক্ৰীড়াৰ বাবে আধুনিক আন্তঃগাঁথনি, স্বচ্ছ বাছনি প্ৰক্ৰিয়া বা ক্ৰীড়াত আধুনিক প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰৰ দৰে পদক্ষেপবোৰ ক্ৰমান্বয়ে নতুন ভাৰতৰ বিশেষত্ব হৈ পৰিছে; ইয়াৰ যুৱসকলৰ আশা আৰু আকাংক্ষা আৰু নতুন ভাৰতৰ সিদ্ধান্তৰ ভেটি গঢ়ি তুলিছে। "এতিয়া দেশত নতুন ক্ৰীড়া বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা হৈছে। সমৰ্পিত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। এইটো আপোনাৰ সুবিধাৰ বাবে আৰু আপোনাৰ সপোনবোৰ পূৰণ কৰাৰ বাবে।" দেশৰ ক্ৰীড়া শক্তি আৰু ৰাষ্ট্ৰৰ শক্তিৰ মাজৰ সম্পৰ্কৰ কথা দোহাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়াক্ষেত্ৰত স্বীকৃতিয়ে দেশৰ স্বীকৃতি বৃদ্ধি কৰে। তেওঁ টকিঅ' অলিম্পিক দলৰ সৈতে হোৱা সাক্ষাতৰ উজ্জ্বলতা আৰু সন্তুষ্টি আৰু খেলুৱৈসকলৰ মুখত দৃশ্যমান দেশৰ বাবে কিবা কৰাৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক এই খেলত অংশগ্ৰহণ কৰি দেশৰ হৈ খেলিবলৈ আহ্বান জনায়।
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বাৰ্ত
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%BF-%E0%A6%AC%E0%A6%A8%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%BF-%E0%A6%AC%E0%A6%A8%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%BF/
২০০১ চনৰ ভূমিকম্পত শোকাৱহভাৱে প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ জনসাধাৰণে ভূজৰ স্মৃতি বন দৰ্শন কৰা কাৰ্যত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে। গুজৰাটৰ তথ্য সম্প্ৰচাৰ বিভাগৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ "এইয়া দেখিবলৈ পাই সন্তোষ লাভ কৰিছোঁ। স্মৃতি বন হৈছে ২০০১ চনৰ ভূমিকম্পত আমি অতি দুঃখজনকভাৱে হেৰুৱাবলগা হোৱা লোকসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। ই গুজৰাটৰ মানসিক সামৰ্থও প্ৰতিফলিত কৰে। আগন্তুক মাহবোৰ কচ্ছ ভ্ৰমণৰ বাবে এক ভাল সময় হ'ব। ই হৈছে ৰণ উৎসৱৰো থলী আৰু এতিয়া ই স্মৃতি বনো।"
স্মৃতি বনে গুজৰাটৰ মানসিক সামৰ্থ প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AE%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%A4%E0%A6%BE-%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%95%E0%A7%87%E0%A6%9C%E0%A7%87-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AE%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%A4%E0%A6%BE-%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%95%E0%A7%87%E0%A6%9C%E0%A7%87-%E0%A6%AA/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেমী বিজেতা ভাৰতীয় সংগীতজ্ঞ ৰিকী কেজৰ সৈতে নিজৰ সাক্ষাতত প্ৰসন্নতা ব্যক্ত কৰিছে। ভৱিষ্যতৰ বাবে তেওঁক শুভকামনা জনাই প্রধানমন্ত্রীয়ে কয়, 'সংগীতৰ প্ৰতি আপোনাৰ অনুৰাগ তথা উৎসাহ আৰু বাঢ়ি গৈ আছে।' প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে; 'আপোনাৰ সৈতে লগ হৈ আনন্দিত হ'লো ৰিকী কেজ! সংগীতৰ প্ৰতি আপোনাৰ অনুৰাগ তথা উৎসাহ আৰু বাঢ়ি গৈ আছে। ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা।'
গ্ৰেমী বিজেতা ৰিকী কেজে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B8%E0%A6%A4-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B8%E0%A6%A4-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিবসত অভিযন্তাসকলক অভিবাদন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে জন্ম বাৰ্ষিকী উপলক্ষে ভাৰত ৰত্ন এম. বিশ্বেশ্বৰায়ালৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “অভিযন্তা দিবসত মই সকলো অভিযন্তা অভিবাদন জনাইছো আৰু ৰাষ্ট্ৰৰ উন্নয়নত তেওঁলোকৰ সৰ্বাধিক ভূমিকাক প্ৰশংসা কৰিছো। জন্ম বাৰ্ষিকী উপলক্ষে ভাৰত ৰত্ন এম. বিশ্বেশ্বৰায়ালৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ নিজই এগৰাকী আদৰ্শ অভিয়ন্তা আছিল আৰু নতুন প্ৰজন্মৰ প্ৰেৰণাৰ উৎস।”
অভিযন্তা দিবসত অভিযন্তাসকলক অভিবাদন প্ৰধানমন্ত্ৰীৰ; জন্ম বাৰ্ষিকী উপলক্ষে ভাৰত ৰত্ন এম. বিশ্বেশ্বৰায়ালৈ শ্ৰদ্ধাঞ্জলি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%95%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%95%E0%A7%81/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ জনপ্ৰিয় নেতা শ্ৰী কুলদীপ ৰাজ গুপ্তাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী কুলদীপ ৰাজ গুপ্তাই জনসাধাৰণৰ কল্যাণ আৰু সামাজিক সৱলীকৰণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: "জম্মু-কাশ্মীৰৰ বিজেপিৰ জনপ্ৰিয় নেতা কুলদীপ ৰাজ গুপ্তাৰ মৃত্যুত অত্যন্ত মৰ্মাহত। তেওঁ জনসাধাৰণৰ কল্যাণৰ লগতে সমাজৰ সবলীকৰণৰ বাবেও জীৱন উৎসৰ্গা কৰিলে। ভগৱানে তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলক এই বিপদৰ সময়ত আশীৰ্বাদ কৰক। ওম শান্তি!"
প্ৰধানমন্ত্ৰীয়ে শ্ৰী কুলদীপ ৰাজ গুপ্তাৰ মৃত্যুত শোক প্ৰকাশ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%BE-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%BE-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গান্ধী জয়ন্তীত বিভিন্ন কার্যসূচীৰ ভিতৰত অনাময় আৰু নবীকৰণযোগ্য শক্তি সম্পৰ্কীয় বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰিব। ২ অক্টোবৰ, ২০১৮ত শ্রী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি ৰাজঘাটস্থিত সমাধিত পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধা জনাব। ইয়াৰ পাছতে তেওঁ বিজয়ঘাটত প্রাক্তন প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্রীৰ জন্ম বাষির্কী উপলক্ষে তেওঁৰ সমাধিতো পুষ্পাঞ্জলি অৰ্পনেৰে শ্রদ্ধা নিবেদন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্রপতি ভৱনৰ সাংস্কৃতিক কেন্দ্রত আয়োজিত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় স্বচ্ছতা সন্মিলনৰ সামৰণী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। চাৰিদিনীয়া এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বিভিন্ন দেশৰ অনাময় বিভাগৰ মন্ত্রী আৰু অন্যান্য বিশ্বস্তৰীয় নেতৃবৃন্দই অংশ ল’ব। এই সন্মিলন উপলক্ষে আয়োজিত এক ডিজিটেল প্রদর্শনীও তেওঁ পৰিদৰ্শন কৰিব। পৰিদৰ্শনকালত ৰাষ্ট্রসংঘৰ সচিবপ্ৰধান শ্রী এণ্টনিঅ’ গুটেৰেছও প্ৰধানমন্ত্ৰীক সংগ দিব। ইফালে, মঞ্চ উপৱিষ্ট থাকিব লগা বিশিষ্ট ব্যক্তিসকলে মহাত্মা গান্ধীৰ এক স্মাৰক ডাক টিকট আৰু গান্ধীৰ আটাইতকৈ প্রিয় ভজন সংকীর্তন-‘বৈষ্ণৱ জন তো’ৰ ওপৰত আধাৰিত এটি চিডিৰো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। অনুষ্ঠান স্বচ্ছ ভাৰতৰ কেতবোৰ পুৰস্কাৰো প্রদান কৰা হ’ব। সমাবেশত প্রধানমন্ত্রীয়ে ভাষণো আগবঢ়াব। ইয়াৰ পাছত প্রধানমন্ত্রীয়ে বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্রথম অভিৱেশনৰ উদ্বোধন কৰিব। একেটা অনুষ্ঠানতে নবীকৰণযোগ্য শক্তি মন্ত্রীসকলৰ দ্বিতীয় আইঅ’আৰএ বৈঠক আৰু দ্বিতীয় বিশ্ব পুনঃবিনিয়োগ অথবা নবীকৰণযোগ্য শক্তিৰ ক্ষেত্রৰ বিনিয়োগকাৰীসকলৰ সন্মিলন আৰু প্রদর্শনীৰো শুভাৰম্ভ হ’ব। ৰাষ্ট্রসংঘৰ সচিবপ্ৰধান শ্রী এণ্টনিঅ’ গুটেৰেছো অনুষ্ঠানত উপস্থিত থাকিব। এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্রধানমন্ত্রীয়ে ভাষণো আগবঢ়াব।
২ অক্টোবৰত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাব প্ৰধানমন্ত্ৰীয়ে, অনাময় আৰু নবীকৰণযোগ্য শক্তি সম্পৰ্কীয় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
নমস্কাৰ, মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগীসকল, মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীবৰ্গ, সাংসদৰ মোৰ সহযোগী, মধ্যপ্ৰদেশৰ বিধায়কসকল, অন্য বিশিষ্ট ব্যক্তিসকল আৰু মধ্যপ্ৰদেশৰ মোৰ মৰমৰ ভাই–ভনীসকল, বৰ্তমান মধ্যপ্ৰদেশৰ প্ৰায় ৫.২৫লাখ দুখীয়া পৰিয়ালে তেওঁলোকৰ সপোনৰ ঘৰ লাভ কৰিছে৷ কেইটামান দিনতে নতুন বছৰ, বিক্ৰম সৱন্ত ২০৭৯ আৰম্ভ হ’ব৷ নৱবৰ্ষত নতুন ঘৰত প্ৰৱেশ কৰাটো নিজৰ জীৱনৰ বাবেই এক অমূল্য ক্ষণ৷ এই সুন্দৰ ক্ষণত মই আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷ বন্ধুসকল, আমাৰ দেশত একাংশ দলে দৰিদ্ৰতা দূৰ কৰাৰ বাবে বহুত শ্লোগান লগালে, কিন্তু দৰিদ্ৰ লোকসকলক শক্তিশালী কৰাৰ বাবে যিবোৰ থাকিব লাগে, সেয়া কৰিব নোৱাৰিলে৷ মোৰ বিশ্বাস যে এবাৰ যেতিয়া দৰিদ্ৰ লোকসকল সবল হয়, তেতিয়া তেওঁলোকৰ দৰিদ্ৰতাৰ সৈতে যুঁজাৰ সক্ষমতা আহে৷ এখন সৎ চৰকাৰৰ প্রচেষ্টাৰে এজন সবলীকৃত দৰিদ্ৰ মানুহৰ প্রচেষ্টা যেতিয়া যুক্ত হয়, এখন সৎ চৰকাৰৰ কামৰ সৈতে এজন সবল দৰিদ্ৰ মানুহৰ কাম যেতিয়া একেলগে মিলে, তেতিয়া দাৰিদ্ৰতাও পৰাজয় হয়। সেইবাবে কেন্দ্রৰ বিজেপি চৰকাৰেও হওক বা ৰাজ্যৰ ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্রৰে আগুৱাই যোৱা বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলৰ সবলীকৰণ কৰাৰ কাম জঁপিয়াই পৰে৷ আজিৰ এই কর্মসূচীও এই ধৰণৰ অভিযানৰে অংগ৷ প্রধানমন্ত্রী আৱাস যোজনাৰ মাধ্যমেৰে গাঁৱে গাঁৱে নিৰ্মাণ কৰা এই ৫.২৫ লাখ ঘৰ সঁচাকৈয়ে এক পৰিসংখ্যা নহয়, আজি এই ৫.২৫লাখ আৱাস দেশত সবলীকৰণ হোৱা দৰিদ্ৰ লোকসকলৰ পৰিচয় হৈ পৰিছে৷ এই ৫.২৫ লাখ ঘৰ বিজেপি চৰকাৰৰ সেৱাভাৱৰ নিদর্শন। এই ৫.২৫ লাখ ঘৰ গাঁৱৰ মহিলাসকলৰ লাখপতি কৰি তোলাৰ অভিযানৰ এক প্রতিবিম্ব। মধ্যপ্রদেশৰ দূৰ-দুৰণিৰ গাঁৱত আমাৰ জনজাতি অধ্যুষিত অঞ্চলসমূহত বসবাসকাৰী দৰিদ্র লোকসকলৰ এইসমূহ ঘৰ নিৰ্মাণ কৰা হৈছে৷ মই মধ্যপ্রদেশৰ জনগণক এই ৫.২৫ লাখ আৱাসৰ বাবে বহুত বহুত অভিনন্দন জনাইছো৷ ভাই-ভনীসকল দৰিদ্র লোকসকলৰ মুৰৰ ওপৰৰ ছাঁদ, নিজা পকী গৃহ নিৰ্মাণ কৰি দিয়াৰ এই অভিযান আজি সঁচাকৈয়ে এক চৰকাৰী প্রকল্প নহয়, এয়া আমাৰ গাঁৱৰ প্রতিজন দৰিদ্র মানুহৰ মনত আস্থা আৰু বিশ্বাস জগাই তোলাৰ দায়বদ্ধতা। এই দুখীয়া লোকসকলক দাৰিদ্ৰতাৰ পৰা বাহিৰ কৰি আনিবলৈ দাৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজাৰ হিম্মত যোগোৱাৰ এয়া প্রথমটো খোজ৷ যেতিয়া দৰিদ্র মানুহৰ মুৰৰ ওপৰত পকী ছাঁদ থাকে তেতিয়া তেওঁলোকে নিজাকৈ সম্পূর্ণ মনোযোগৰে ল’ৰা-ছোৱালীসকলৰ পঢ়া-শুনা আৰু অন্যান্য কাম লগাব পাৰে৷ যেতিয়া দুখীয়া লোকৰ নিজা ঘৰ বাৰী পায়, তেতিয়া তেওঁলোকৰ জীৱনত এক সুস্থিৰতা আহে৷ এই ভাৱনাৰ পৰাই আমাৰ চৰকাৰে পিএম আৱাস যোজনাক সর্বোচ্চ অগ্রাধিকাৰ দিছে৷ বিগত চৰকাৰে, মই অহাৰ পূৰ্বে যিসকল ক্ষমতাত আছিল, তেওঁলোকে নিজৰ কার্যকালত কেইবা লাখ আৱাস নিৰ্মাণ কৰিছিল৷ সেই স্থানত আমাৰ চৰকাৰে ইতিমধ্যে দেশৰ দৰিদ্র লোকসকলৰ প্রায় ২.৫০লাখ ঘৰ নিৰ্মাণ কৰিছে। ইয়াৰ ভিতৰত ২ কোটি ঘৰ দেশৰ গ্রামাঞ্চলত নিৰ্মাণ কৰা হৈছে৷ বিগত দুবছৰত ক’ৰোনা বিশ্ব মহামাৰীৰ বাবে আমি যিমান সমস্যাৰ সন্মুখীন নহওক কিয়, এই কামক কেতিয়া পলম হ’বলৈ দিয়া নহয়৷ মধ্যপ্রদেশতো প্রায় ৩০.৫০লাখ অনুমোদন দিয়া ঘৰৰ ভিতৰত ২৪ লাখতকৈ অধিক গৃহৰ নিৰ্মাণ ইতিমধ্যে সম্পূর্ণ হৈছে৷ এইবোৰৰ ভিতৰত মধ্যপ্রদেশৰ বৈগা, সহৰিয়া আৰু ভাৰিয়াৰ দৰে সমাজৰ দৰিদ্ৰ লোকসকল আটাইতকৈ বেচি লাভবান হৈছে, যিসকলে কেতিয়াও পকী ঘৰত থকাৰ কথা ভাৱিবও পৰা নাছিল৷ ভাই-ভনীসকল, বিজেপি চৰকাৰ য’তেই আছে তাৰ বৈশিষ্ট্য এয়াই যে চৰকাৰে মাটিৰ সৈতে যুক্ত তৃণমূল পৰ্যায়ত কাম কৰে, দুখীয়া লোকসকলৰ হিতে, তেওঁলোকৰ প্রয়োজন পুৰণৰ বাবেই দিনে-ৰাতিয়ে কাম কৰে৷ পিএম আৱাস যোজনাত আমি এফালে লক্ষ্য ৰাখিছো যাতে দৰিদ্ৰ লোকসকলে যি ঘৰ লাভ কৰিব সেইবোৰ যেন তেওঁলোকৰ জীৱনৰ অন্যান্য প্রয়োজন পুৰণৰ ক্ষেত্রতো কামত লাগে। যেনে, এই নতুন নিৰ্মাণ কৰি দিয়া ঘৰসমূহত শৌচালয় আছে, এই ঘৰসমূহত ‘সৌভাগ্য’ যোজনাৰ জৰিয়তে বিদ্যুৎ সংযোগ দিয়া হৈছে, ‘উজ্বালা’ যোজনাৰ জৰিয়তে এলইডি বাল্ব লগোৱা হৈছে, ‘উজ্জ্বালা’ যোজনাৰ জৰিয়তে বিনামূলীয়াৰৈ ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু ‘ঘৰে ঘৰে ঘৰ পানী’ যোজনাৰ জৰিয়তে প্রতিটো ঘৰত নলৰ জৰিয়তে বিশুদ্ধ পানীৰ সংযোগো সুনিশ্চিত কৰা হৈছে৷ অর্থাৎ, দৰিদ্র হিতাধিকাৰীসকলৰ এই সেৱাসমূহৰ বাবে পৃথকে চৰকাৰী কাৰ্যালয়ৰ ঘূৰি থকাৰ প্রয়োজন নহয়৷ দৰিদ্ৰ লোকসকলৰ কল্যাণাৰ্থে সেৱা কৰাৰ এই ভাৱনাই আজি প্রতিগৰাকী দেশবাসীৰ জীৱন সহজ কৰি তোলাৰ কামত লগাইছে। বন্ধুসকল, ভাৰত শক্তি উপাসনাৰ দেশ। কিছুদিনৰ পাছতে নৱৰাত্রি আৰম্ভ হ’ব৷ আমাৰ দেৱীসকলে শত্রুৰ সংহাৰ কৰে, অস্ত্রশস্ত্রৰ উপাসক আছিল৷ আমাৰ দেৱীসকল জ্ঞান, কলা আৰু সংস্কৃতিৰ প্রেৰণাস্বৰূপ। একবিংশ শতিকাৰ ভাৰতে তেওঁলোকৰ পৰাই প্রেৰণা লৈ নিজকে আৰু ইয়াৰ নাৰীশক্তিকো সবলীকৰণ কৰাৰ কামত নিয়োজিত। প্রধানমন্ত্রী আৱাস যোজনাই এই অভিযানৰ এক গুৰুত্বপূর্ণ অংগ৷ আমাৰ চৰকাৰৰ পিএম আৱাস যোজনাৰ জৰিয়তে যিমান ঘৰ নিৰ্মাণ হৈছে সেইবোৰৰ ভিতৰত প্রায় ২ কোটি ৫০ লাখ ঘৰৰ মালিকীস্বত্ত্ব মহিলাসকলকে দিয়া হৈছে। সেইদৰে এই মালিকীস্বত্ত্ব ঘৰৰ অন্যান্য আর্থিক সিদ্ধান্ততো মহিলাসকলৰ অংশীদাৰিত্বক মজবুত কৰিছে৷ এয়া নিজৰ দৰে কৰাটো এক অতুলনীয় বিষয়, মই নিশ্চিত যে এই বিষয়বোৰে এদিন বিশ্বৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ত গৱেষণাৰ বিষয় হৈ উঠিব, কেচ ষ্টাডীৰ বিষয় হৈ উঠিব৷ আমাৰ মধ্যপ্রদেশৰ বিশ্ববিদ্যালয়সমূহতো এই বিষয়ত নিশ্চিতভাৱে গৱেষণা হোৱা উচিৎ৷ ভাই-ভনীসকল, মহিলাসকলৰ সমস্যা দূৰ কৰাৰ বাবে আমি দেশৰ প্রত্যেক ঘৰত নলৰ জৰিয়তে পানী প্ৰদান কৰাৰ অভিযান চলিছে৷ বিগত আঢ়ৈ বছৰত এই প্রকল্পৰ জৰিয়তে সমগ্ৰ দেশৰ ৬ কোটিৰো অধিক পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ সংযোগ দিয়া পাইছে৷ এই প্রকল্প আৰম্ভ হোৱাৰ সময়ত মধ্যপ্রদেশত মাত্র ১৩ লাখ গ্রামীণ পৰিয়ালত নলৰ জৰিয়তে পানী লাভ কৰিছিল আৰু এতিয়া ৫০ লাখ গ্রামীণ পৰিয়ালত নলৰ জৰিয়তে পানী প্ৰদানৰ লক্ষ্য পূৰণৰ লক্ষ্যত উপনীত হৈছে৷ মধ্যপ্রদেশৰ প্রত্যেক গ্রামীণ পৰিয়ালত নলৰ জৰিয়তে পানী প্ৰদানৰ বাবে আমি দায়বদ্ধ। বন্ধুসকল, আজি মই মধ্যপ্রদেশকে ধৰি দেশৰ সেই সকল দৰিদ্ৰ পৰিয়ালক আশ্বাস দিব বিচাৰো যে আপোনালোকৰ বাবে ঘৰ নিৰ্মাণ অভিযান দ্রুতগতিত চলি আছে। এতিয়াও একাংশ লোকে পকী ঘৰ পোৱা নাই৷ কোনে পোৱা নাই এই সম্পর্কে সকলো তথ্য আমাৰ হাতত আছে। আজি মই আপোনালোকক ক’বলৈ আহিছো যে এই বছৰৰ বাজেটত সমগ্ৰ দেশত ৮০ লক্ষাধিক এনে ঘৰ নিৰ্মাণ কৰি দিয়াৰ বাবে ধন আৱণ্টৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ভিতৰত মধ্যপ্রদেশৰো লাখ লাখ পৰিয়ালে নিশ্চিতভাবে উপকৃত হ’ব৷ এতিয়ালৈকে ১ লাখ ২৫ হাজাৰ কোটি টকাতকৈ অধিক ধন এই প্রকল্পত খৰচ কৰা হৈছে৷ এই ধন দেশৰ গাঁওসমূহত ব্যয় কৰা হৈছে৷ এই ধন আৱণ্টনে গ্রামীণ আৰ্থিক ব্যৱস্থাক শক্তি যোগাইছে। যেতিয়া এখন ঘৰ নিৰ্মাণ হয় তেতিয়া ইটা, বালি, চিমেণ্ট, ঘৰ নিৰ্মাণৰ শ্রমিক–সকলো স্থানীয়ভাৱে পোৱা যায়! সেইবাবে পিএম আৱাস যোজনাই গাঁৱে গাঁৱে কর্মসংস্থাপনৰ নতুন সুযোগো গঢ়ি তুলিছে। বন্ধুসকল, আমাৰ দেশত স্বাধীনতাৰ পাছত বহু দশক ধৰি বহু চৰকাৰ আমি দেখিছো৷ কিন্তু প্রথমবাৰলৈ দেশৰ জনসাধাৰণে এনে চৰকাৰ দেখিছে যে চৰকাৰে তেওঁলোকৰ সুখ-দুখৰ লগৰী হৈ, কান্ধত কান্ধ মিলাই তেওঁলোকৰ কাষত আছে। ক’ৰোনাৰ ইমান ডাঙৰ সংকটত বিজেপি চৰকাৰে আকৈ প্রমাণ কৰিছে যে দৰিদ্র লোকসকলৰ বাবে এই চৰকাৰে কিমান সংবেদনশীলতাৰে কাম কৰে৷ দৰিদ্ৰসকলক বিনামূল্যে টিকাকৰণৰ পৰা আৰম্ভ কৰি, তেওঁলোকৰ বাবে বিনামূল্যে ৰেচন বিতৰণ–এই কর্মসূচীসমূহৰ সম্পর্কে অলপ আগতে মাননীয় শিৱৰাজ জীয়ে অত্যন্ত বিস্তাৰিতভাবে বর্ণনা কৰিছে৷ দুদিন পূৰ্বে আমি সকলোৱে মিলি ঠিক কৰিছো যে অহা ছমাহ ধৰি ‘প্রধানমন্ত্রী দৰিদ্ৰ কল্যাণ অন্ন যোজনা’ৰ সময়সীমা বৃদ্ধি কৰা হ’ব যাতে দৰিদ্ৰসকলৰ ঘৰত চৌকা জ্বলে৷ আগতে ক’ৰোনাৰ ফলচ বিশ্ববাসী জটিল সমস্যাৰ সন্মুখীন হৈছে আৰু আজি সমগ্ৰ বিশ্বৰ লোকসকলে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত প্রভাৱিত। সেইবাবেও আর্থিক ব্যৱস্থাত বহু ধৰণৰ নতুন সংকট নিৰ্মাণ হৈছে৷ সেয়েহে আমি চেষ্টা কৰিছো, ভাৰতৰ সাধাৰণ নাগৰিকসকলৰ ওপৰত আর্থিক বোজা যাতে কম কৰিব পৰা যায়, যিমানদূৰ সম্ভৱ কম কৰিব পৰাটো সুনিশ্চিত কৰা হৈছে৷ আমি আৰম্ভণিৰে পৰাই দেশৰ সাধাৰণ নাগৰিকসকলক সহায় কৰাৰ চেষ্টা কৰি আহিছো৷ ভাই-ভনীসকল, ১০০ বছৰৰ ভিতৰত অহা আটাইতকৈ ডাঙৰ বিশ্বব্যাপী মহামাৰীতে আমাৰ চৰকাৰ দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া ৰেচন যোগানৰ বাবদ ইতিমধ্যে ২ লাখ ৬০ হাজাৰ কোটি টকা খৰচ কৰিছে৷ অহা ছয় মাহত এই বাবদ আৰু ৮০ হাজাৰ কোটি টকা খৰচ কৰা হ’ব। যিসকলে পূৰ্বে জনগণৰ ৰোজগাৰক লুণ্ঠন কৰিছিল, যিসকলে পূৰ্বকে জনগণৰ ৰোজগাৰৰ টকা নিজৰ ভঁৰাল ভৰাইছিল, তেওঁলোকে আজিও এই প্রকল্প লৈ কিবা নহয় কিবাকৈ হাঁহি-ঠাট্টা কৰিছিল, বিদ্রূপ কৰিছিল, মিছা কথা কৈছিল, গুজৱ উলিয়াইছিল-এইবোৰেই চলিছিল৷ মই আজি দেশবাসীক এক তথ্য জনাব বিচাৰে৷ আপোনালোকেও এয়া যথেষ্ট মনোযোগ দি শুনিব৷ বন্ধুসকল, যেতিয়া এই মহান ব্যক্তিসকলৰ নেতৃত্বাধীন চৰকাৰ ক্ষমতাত আছিল, তেতিয়া তেওঁলোকে দৰিদ্ৰসকলৰ ৰেচন লুণ্ঠনৰ বাবে প্রায় ৪ কোটি ভুৱা মানুহৰ নাম নথিভুক্ত কৰিছিল৷ ৪ কোটি পৰিসংখ্যা বহুত ডাঙৰ হয় ভাই! ৪ কোটি এনে মানুহৰ নাম… যিসকলৰ কেতিয়াও জন্মই হোৱা নাছিল, এনে লোকৰ নাম নথিভুক্ত কৰা হৈছিল। ৪ কোটি ভুৱা নাম কাগজে-কলমে নথিভুক্ত হৈছিল। এই ৪ কোটি ভুৱা মানুহৰ নামত নিয়মীয়াকৈ ৰেচন উঠোৱা হৈছিল আৰু সেই ৰেচন চোৰাং পথেৰে বজাৰত বিক্ৰী কৰা হৈছিল আৰু সেই টকাৰে এইসকল লোকে বহু বিত্তীয় কেলেংকাৰী কৰিছিল, জালিয়াতি কৰিছিল, সেই টকা বক্ৰ পথেৰে তেওঁলোকৰ ভঁৰাল পাইছিলগৈ৷ ২০১৪চনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা আমাৰ চৰকাৰে এই ভুৱা নামবোৰ অনুসন্ধান কৰাৰ কাম আৰম্ভ কৰে আৰু তেওঁলোকৰ নাম ৰেচনৰ তালিকাৰ পৰা বাদ দিয়া হয়, যাতে প্রকৃত দৰিদ্র লোকসকলে তেওঁলোকৰ অধিকাৰ লাভ কৰিব পাৰে৷ আপোনালোকে ভাৱক, পূৰ্বতে এই দৰিদ্ৰসকলৰ মুখৰ খাদ্য কাঢ়ি নি প্ৰতিখন মাহত কিমান হাজাৰ কোটি টকা তেওঁলোকে লুণ্ঠন কৰিছিল! আমি ন্যায্য মূল্যৰ দোকানসমূহত আধুনিক মেচিন লগাই এয়াও সুনিশ্চিত কৰিছো যাতে আৰু ৰেচন চুৰি নহয়। আপোনালোক সকলোৱে হয়তো জানে যে আমি যেতিয়া এই মেচিন লগোৱাৰ অভিযান আৰম্ভ কৰিছিলো, তেতিয়া এইটোক লৈও তেওঁলোকে যথেষ্ট হাঁহি-ঠাট্টা, বিদ্রূপ কৰিছিল৷ কাৰণ, তেওঁলোকে জানিছিল যে যদি মেচিন আহে, যদি ইমান মানুহে আঙুলিৰ চাপ দি ৰেচন তুলিব লগা হয়, তেতিয়াহ’লে প্ৰকৃত সত্য বাহিৰ হ’ব আৰু সেইবোৰৰ ধৰা পৰাৰ ভয়তে তেওঁলোকে এই ধৰণৰ হাঁহি-ঠাট্টা, বিদ্রূপ তেওঁলোকে কৰিছে, গুজব উলিয়াইছে৷ এনে গুজব উলিয়াইছে যে আপোনালোক ৰেচন নিবলৈ গ’লে, বুঢ়া আঙুলৰ চাপ দিলে আঙুলিৰ জৰিয়তে শৰীৰত ক’ৰোনা আহিব। এতিয়া চাওকছোন, কি ধৰণৰ গুজব উলিয়াইছে৷ কিন্তু আমাৰ চৰকাৰে এই সকলোবোৰ জালিয়াতি বন্ধ কৰি দিছে। সেইবাবে এওঁলোক আমাৰ ওপৰত যথেষ্ট খঙত আছে৷ আপোনালোক কল্পনা কৰিব পাৰে, যদি ৰেচনৰ দোকানসমূহত এই স্বচ্ছতা নাহে, যদি সমগ্ৰ দেশত এই ৪ কোটি ভুৱা নামৰ ৰেচন কার্ড বাতিল কৰা নহ’লহেতেন, তেতিয়া হ’লে ক’ৰোনাৰ এই সংকটকালত দৰিদ্ৰ লোকসকলৰ কি অৱস্থা হ’লহেতেন? দৰিদ্ৰ লোকসকলৰ স্বার্থত সমর্পিত বিজেপি চৰকাৰে দিনে-ৰাতিয়ে দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰে৷ ভাই-ভনীসকল, আমি চেষ্টা কৰিছো যাতে স্বাধীনতাৰ অমৃতকালত অতি কমেও মৌলিক সেৱাসমূহ প্ৰতিখন হিতাধিকাৰীৰ বাবে দ্রুতগতিত প্ৰদান কৰা হওক৷ এই ধৰণৰ কামৰ ভিত্তিত, এই ধৰণৰ কামৰ শক্তিৰ ওপৰত নির্ভৰ কৰি আমি প্রকল্পসমূহৰ ১০০ শতাংশ যাতে হিতাধিকাৰীসকলে লাভ কৰে, সেই দিশত কাম কৰি আহিছো৷ গাঁৱত যি প্রকল্পত যিমান হিতাধিকাৰী আছে, যিমান প্রকল্পৰ পৰা সেৱা লাভ কৰে, তেওঁলোকৰ প্ৰতিখনৰ অধিকাৰ তেওঁলোকৰ ঘৰলৈকে পোৱা উচিৎ আৰু এই অধিকাৰ সুনিশ্চিত কৰাৰ কাম আমি কৰি আহিছো৷ ১০০ শতাংশ কাৰ্যকৰীকৰণৰ এই লক্ষ্যৰে আটাইতকৈ ডাঙৰ উপকাৰ এয়াই যে দেশৰ যিকোনো দৰিদ্ৰ লোকে এই প্রকল্পসমূহৰ আওঁতাৰ পৰা বাদ নপৰে৷ চৰকাৰ সকলোৰে কাষ পাবগৈ৷ ইয়াৰ ফলত বৈষম্যৰ সম্ভাৱনা আৰু নাথাকে, দুর্নীতিৰ সম্ভাৱনা আৰু নাথাকে৷ আজি সমাজৰ প্ৰান্তীয় লোকসকলে যেন লাভৱান হয়– তেনে নীতি লৈয়ে, তেনে মানসিকতা লৈ আমি কাম কৰি আহিছো৷ ইয়াত ‘সবকা সাথ’ আৰু ‘সবকা বিকাশ’ হ’ব। বন্ধুসকল, আমি গাঁওসমূহৰ ভূমিকাও ক্রমান্বয়ে সম্প্রসাৰণ কৰি আহিছো৷ দীর্ঘ সময় ধৰি গাঁৱৰ অৰ্থনীতি কেৱল খেতিৰ মাজতে সীমাবদ্ধ ৰখা হৈছিল৷ আমি কৃষিক, কৃষকসকলক, পশুপালকসকলক ড্রোনৰ দৰে আধুনিক প্রযুক্তি প্রদান কৰিছো আৰু প্রাকৃতিক কৃষিৰ দৰে পুৰণি ব্যৱস্থাক আৰু অধিক উৎসাহ যোগাইছো৷ লগতে, গাঁৱৰ অন্যান্য ক্ষমতাসমহকো আমি শক্তিশালী কৰি তুলিছো৷ দীর্ঘ সময় ধৰি গাঁৱৰ ঘৰসমূহ আৰু গাঁৱৰ কৃষি ভূমিত আর্থিক গতিবিধি অতি সীমিত আছিল কাৰণ, গাঁৱৰ সম্পত্তিৰ ৰেকর্ড সেইদৰে সুনিয়ন্ত্রিত আৰু সুব্যৱস্থিত নাছিল৷ সেইবাবে গাঁৱত ব্যৱসায় কৰিবলৈ, গাঁৱত উদ্যোগ আৰম্ভ কৰিবলৈ, বেংকৰ পৰা ঋণ ল’বলৈ বহু অসুবিধা হৈছিল৷ এতিয়া আমি আৰম্ভ কৰা ‘স্বামীত্ব’ যোজনাৰ জৰিয়তে গাঁৱৰ ঘৰসমূহৰ আইনী দলিল-দস্তাবেজ প্ৰস্তুত কৰা হৈছে৷ মধ্যপ্রদেশৰ সকলো জিলাৰ ৫০সহস্ৰাধিক গাঁৱত সমীক্ষা কৰা হৈছে, চৰ জমিনে সমীক্ষা কৰা হৈছে৷ ইতিমধ্যে প্রায় ৩ লাখ গাঁওবাসীক তেওঁলোকৰ সম্পত্তিৰ বিৱৰণ আৰু মানচিত্রসহ ‘সম্পত্তি কার্ড’ প্রদান কৰা হৈছে৷ এই ধৰণৰ ব্যৱস্থাৰ ফলত কৃষি আৰু বাস্তু ভূমি আৰু ঘৰলৈ যিমান বিবাদ, গোচৰ হৈছিল, সেইবোৰ হ্রাস পাব আৰু প্রয়োজন হ’লে মই আগতে যিদৰে কৈছিলো, বেংকসমূহৰ পৰা ঋণ লোৱাৰ প্রক্রিয়া বহুত সহজ হ’ব। বন্ধুসকল, মই আজি মাননীয় শিৱৰাজজীৰ নেতৃত্বাধীন চৰকাৰক আৰু এটা কামৰ বাবে অভিবাদন জনাব বিচাৰিছো৷ শস্যৰ চৰকাৰী ক্রয়ৰ ক্ষেত্ৰত মধ্যপ্রদেশে অসাধাৰণ কাম কৰিছে৷ নতুন অভিলেখ স্থাপন কৰিছে৷ দেশৰ বহুত ৰাজ্যক পিছ পেলাই দিছে। মধ্যপ্রদেশৰ কৃষকসকলৰ বেংক একাউণ্টত আজি আগৰ তুলনাত অধিক টকা জমা কৰা হৈছে৷ চৰকাৰী ক্রয় কেন্দ্রৰ সংখ্যা বৃদ্ধি পাইছে। ‘পিএম কিষাণ সন্মান নিধি’ও ক্ষুদ্র কৃষকসকলক যথেষ্ট সহায় কৰিছে। মধ্যপ্রদেশৰ প্রায় ৯০ লাখ ক্ষুদ্র কৃষকক ১৩ হাজাৰ কোটিৰো অধিক ধন তেওঁলোকৰ কৃষি আনুষংগিক সৰু সৰু ব্যয়ৰ বাবে প্রদান কৰা হৈছে৷ বন্ধুসকল, বৰ্তমান দেশে ইয়াৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে। আমাক স্বাধীনতা আনি দিয়াৰ বাবে ভাৰতমাতাৰ লাখ লাখ বীৰপুত্র আৰু বীৰাংগনাসকলে তেওঁলোকৰ জীৱন, তেওঁলোকৰ সুখ-সুবিধা আহুতি দিছিল৷ সেই আহুতিয়ে আজি আমাৰ স্বাধীন জীৱন দিছে। এই অমৃত মহোৎসৱত আমিও এই সংকল্প লৈ আগুৱাই যোৱা উচিৎ, যাতে আমি সকলোৱে ভৱিষ্যৎ প্রজন্মক কিছু দিব যাব পাৰো৷ এই সময়ত আমি যিমান কাম কৰিম, সেইবোৰ যেন ভৱিষ্যৎ প্রজন্মৰ বাবে প্রেৰণা হৈ উঠে, তেওঁলোকৰ নিজৰ কর্তব্যসমূহ মনত পেলাই দিয়াটো অতি প্রয়োজনীয়। আমি সকলোৱে মিলি এই কাম অৱশ্যেই কৰিব পাৰো আৰু মই বিচাৰো যে আজি মধ্যপ্রদেশৰ লাখ লাখ পৰিয়ালৰ সৈতে মই যেতিয়া কথা পাতো, ইমান বিপুল সংখ্যক মানুহৰ সৈতে যেতিয়া মই কথা পাতিছো, তেতিয়া মই এটা সংকল্পৰ বাবে অনুৰোধ কৰিম৷ আমি সংকল্প নোৱাৰো নে যে এইবাৰ যেতিয়া নতুন বছৰ আৰম্ভ হ’ব তাৰ দুই-চাৰি দিন পাছৰ পৰা, বা এই বছৰৰ প্রথম মাহৰ যি প্রতিপদ, সেইদিনৰ পৰা আৰম্ভ কৰি অহা বছৰৰ প্রথম মাহৰ প্রতিপদলৈ, অর্থাৎ আমাৰ হাতত ১২ মাহ বা ৩৬৫ দিন আছে, আমি সংকল্প ল’ব নোৱাৰো নে যে দেশৰ প্রতিখন জিলাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ স্মৰণত আমাৰ ভৱিষ্যৎ প্রজন্মক কিছু দি যোৱাৰ সংকল্প বাস্তবায়িত কৰাৰ বাবে কিবা এটা কৰিম? প্রতিখন জিলাত ৭৫টা ‘অমৃত সৰোবৰ’ খনন কৰিম আৰু মই বিচাৰিম যে সম্ভৱ হ’লে প্রতিখন জিলাত এই ‘অমৃত সৰোবৰ’ নতুন হওক, ডাঙৰ হওক। এইবোৰ গঢ়ি তুলিবলৈ চৰকাৰৰ ফালৰ পৰা যিমান সহায় কৰিব পাৰো কৰা হ’ব৷ যেনেকৈ ‘মনৰেগা’ৰ বাবদ যি ধন, তাৰ সহায়তো এই কাম কৰিব পৰা যায়৷ স্বাধীনতাৰ অমৃত মহোৎসৱত দেশৰ প্ৰতিখন জিলাত নতুন ৭৫খন ‘অমৃত সৰোবৰ’ নিৰ্মাণ কৰিব পাৰিলে সেয়া ভৱিষ্যৎ প্রজন্মৰ বাবে যথেষ্ট উপযোগী হ’ব। আমাৰ ধৰিত্রী মাতা ইয়াৰ ফলত যথেষ্ট উপকৃত হ’ব৷ আমাৰ ধৰিত্রী মাতাৰ তৃষ্ণা যথেষ্ট পুৰণ হ’ব৷ আমি মাৰ বুকৰ পৰা ইমান জল উলিয়াইছো যি এই ধৰিত্রী মাতাৰ বুকু শুকাই গৈছে। ধৰিত্ৰীৰ তৃষ্ণা পুৰণৰ দায়িত্বও ধৰিত্রী মাৰ সন্তানসকলেই ল’ব লাগিব। ধৰিত্রী মাৰ সন্তান ৰূপে এয়া আমাৰ কর্তব্য। ইয়াৰ ফলত প্রকৃতিৰ প্রাণো এতিয়া নতুন প্রাণশক্তিৰে সঞ্চাৰ হ’ব, এক নতুন চেতনা জাগ্ৰত হ’ব৷ ইয়াৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকল লাভৱান হ’ব৷ মহিলাসকলো লাভবান হ’ব৷ কেৱল ইমানে নহয়, এয়া জীৱৰ প্রতি দয়া প্রদর্শনৰ ডাঙৰ কাম হ’ব, পশু-পক্ষীসকলৰ জীৱনধাৰণৰ বাবে অতি সহায়ক হ’ব। অর্থাৎ, প্ৰতিখন জিলাত ৭৫ নতুন ‘অমৃত সৰোবৰ’ খনন মানৱতাৰ পক্ষে বহুত ডাঙৰ কাম, যি আমি নিশ্চিতভাৱে কৰা উচিৎ৷ মই সকলো ৰাজ্য চৰকাৰ, সকলো স্থানীয় প্রশাসনক, দেশৰ সকলো পঞ্চায়তক এই লক্ষ্যৰে কাম কৰাৰ বাবে অনুৰোধ জনাইছো৷ বন্ধুসকল, এই অমৃতকাল ভাৰতৰ উজ্জ্বল ভৱিষ্যৎ গঢ়ি তোলাৰ কাল। ভাৰতৰ উজ্জ্বল ভৱিষ্যৎ তেতিয়াহে সম্ভৱ, যেতিয়া দেশৰ দৰিদ্র পৰিয়ালসমূহৰ ভৱিষ্যৎ উন্নত হ’ব। যেনেকৈ নতুন ঘৰে আপোনালোৰ পৰিয়ালক নতুন দিশ প্ৰদান কৰিব৷ আপোনালোকে নতুন লক্ষ্যৰে আগুৱাই যোৱাৰ সামর্থ্য অৰ্জন কৰিব৷ আপোনালোকৰ সন্তানৰ মাজত শিক্ষা, দক্ষতা আৰু আত্মবিশ্বাস সঞ্চাৰ কৰিব; আপোনালোক সকলোকে, সকলো হিতাধিকাৰীক এই নতুন গৃহ প্রৱেশৰ বাবে বহুত বহুত শুভকামনা জনাইছো৷ ধন্যবাদ!
মধ্যপ্ৰদেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ হিতাধিকাৰীসকলৰ ‘গৃহ প্ৰৱেশ’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%AE%E0%A7%87%E0%A6%98%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%AE%E0%A7%87%E0%A6%98%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাবাসীক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাবাসীক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জনাইছো। এই ৰাজ্যসমূহে ভাৰতৰ উন্নয়নত জীৱন্ত অৱদান আগবঢ়াই আছে। আমি তেওঁলোকৰ নিৰন্তৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰোঁ।”
মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাবাসীক তেওঁলোকৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A7%AB%E0%A7%AD-%E0%A6%95%E0%A6%BF%E0%A6%B2%E0%A7%8B%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%87%E0%A6%AD%E0%A7%87%E0%A6%A3/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A7%AB%E0%A7%AD-%E0%A6%95%E0%A6%BF%E0%A6%B2%E0%A7%8B%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%87%E0%A6%AD%E0%A7%87%E0%A6%A3/
বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় বক্সাৰ মহম্মদ হুচামুদ্দিনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে; "মহম্মদ হুচামুদ্দিন এজন উৎকৃষ্ট বক্সাৰ যিয়ে বহুতো ক্ৰীড়া প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে। আশ্চৰ্যকৰ কৌশল আৰু প্ৰাণৱন্ত স্বভাৱৰ বাবে এই উজ্জ্বল ক্ৰীড়াবিদজনে বাৰ্মিংহামত পুৰুষৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁক অভিনন্দন। মই তেওঁক শুভকামনা জনাইছোঁ। #Cheer4India"
পুৰুষৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় বক্সাৰ মহম্মদ হুচামুদ্দিনক অভিনন্দন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%97%E0%A7%B1%E0%A6%BE%E0%A6%A8-%E0%A6%AC%E0%A7%80%E0%A7%B0%E0%A6%9B%E0%A6%BE-%E0%A6%AE%E0%A7%81%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%97%E0%A7%B1%E0%A6%BE%E0%A6%A8-%E0%A6%AC%E0%A7%80%E0%A7%B0%E0%A6%9B%E0%A6%BE-%E0%A6%AE%E0%A7%81%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE/
জনজাতীয় লোকৰ গৌৰৱোজ্জ্বল ইতিহাস, সংস্কৃতি আৰু তেওঁলোকৰ বিভিন্ন প্ৰাপ্তি ১৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈকে বিশেষভাৱে প্ৰচাৰ কৰা হ’ব প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত আজি বীৰ জনজাতীয় স্বাধীনতা সংগ্রামীসকলৰ স্মৰণত ১৫ নৱেম্বৰক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ প্রস্তাব অনুমোদিত হৈছে। দেশৰ বাবে তেওঁলোকৰ আত্মবলিদানৰ কথা অহা প্রজন্মক জনাবলৈ এই উদ্যোগ। ছাওঁতাল, তোমৰ, কোল, ভীল, খাছি, মিজো সহ বিভিন্ন আদিবাসী সম্প্রদায়ৰ আন্দোলনে ভাৰতৰ স্বাধীনতা আন্দোলনক শক্তিশালী কৰিছিল। বৃটিছ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে আদিবাসী সম্প্রদায়ৰ সাহসী লোকসকলে আন্দোলনৰ সময়ত প্রাণ বিসর্জন দিছিলে। এইসমূহ আন্দোলনে জাতীয় স্তৰত স্বাধীনতা আন্দোলনক উদ্বুদ্ধ কৰিছিল। কিন্তু আদিবাসী নায়কসকলৰ কথা আজি বেছিভাগ লোকৰেই জ্ঞাত নহয়। ২০১৬ চনত স্বাধীনতা দিৱসৰ দিনা প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত দেশত বিভিন্ন স্থানত আদিবাসী স্বাধীনতা সংগ্রামীসকলৰ সংগ্রহশালা নির্মাণৰ যি প্রস্তাব দিছিল কেন্দ্রই সেয়া অনুমোদন কৰিছে, ইয়াৰ অঙ্গ হিচাপে ১০টা সংগ্রহশালা গঢ়ি তোলা হৈছে। দেশজুৰি শ্রী বীৰছা মুণ্ডা আদিবাসী সমাজৰ মাজত ভগৱান হিচাপে পৰিচিত। তেওঁ বৃটিছ ঔপনিবেশিক শক্তিৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে যুঁজ কৰিছিল আৰু যি ‘উলগুলান’ (বিপ্লব)ৰ আহ্বান জনাইছিল তাৰ ফলত এক আন্দোলনৰ সূচনা হয়। জনজাতীয় লোকৰ গৌৰবোজ্জ্বল ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যক স্বীকৃতি দিবলৈ ভগৱান বীৰছা মুণ্ডাৰ জন্মদিন ১৫ নৱেম্বৰক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰা হ’ব। আদিবাসীসকলৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰু ভাৰতীয় শৌর্য, আতিথেয়তা তথা জাতীয় গর্বক ইয়াৰ মাধ্যমত সকলোৰে মাজত তুলি ধৰা হ’ব। বীৰছা মুণ্ডাই ৰাঁচিত শেষ নিশ্বাস ত্যাগ কৰে। শ্রী মোদীয়ে তাত উপজাতি স্বাধীনতা সংগ্রামীসকলৰ এটা সংগ্রহশালাৰ উদ্বোধন কৰিব। কেন্দ্রই স্বাধীনতা দিৱসৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ ইতিহাস, সংস্কৃতি আৰু প্ৰাপ্তিৰ কথা প্রচাৰ কৰিবলৈ ১৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈকে সপ্তাহব্যাপি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিব। ৰাজ্য চৰকাৰসমূহৰ সৈতে যৌথভাবে অনুষ্ঠানৰ পৰিকল্পনাৰ সমান্তৰালকৈ আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সাফল্য গাঁথা তুলি ধৰা হ’ব। তদুপৰি ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁলোকৰ অবদান আৰু সাংস্কৃতিক ঐতিহ্যৰ কথা সকলোকে জনোৱা হ’ব। শিক্ষা, স্বাস্থ্য, জীবিকা, পৰিকাঠামো আৰু দক্ষতা বিকাশত আদিবাসীসকলৰ বাবে কেন্দ্রৰ বিভিন্ন জনকল্যাণমূলক প্রকল্পৰ কথাও এই অনুষ্ঠানত প্রচাৰ কৰা হ’ব।
ভগৱান বীৰছা মুণ্ডাৰ জন্মদিন ১৫ নৱেম্বৰক জনজাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণাৰ সিদ্ধান্তক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%B0-%E0%A6%B8%E0%A7%8C%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%AF-%E0%A6%87%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A7%B0%E0%A6%B2%E0%A6%A4%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%B0-%E0%A6%B8%E0%A7%8C%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%AF-%E0%A6%87%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A7%B0%E0%A6%B2%E0%A6%A4%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগৰ সৌন্দৰ্য ইয়াৰ সৰলতাত বিদ্যমান। তেওঁ কয় যে যোগ ঘৰতো কৰিব পাৰি, কামৰ বিৰতিত অথবা একোটা গোটতো কৰিব পাৰি। তেওঁ আৰু উল্লেখ কৰে যোগ কৰাৰ বাবে লাগে মাথোঁ এখন যোগাসন আৰু অকণমান মুকলি ঠাই। এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “যোগৰ সৌন্দৰ্য ইয়াৰ সৰলতাত বিদ্যমান। ইয়াৰ বাবে লাগে মাথোঁ এখন যোগাসন আৰু অকণমান মুকলি ঠাই। যোগ ঘৰতো কৰিব পাৰি, কামৰ বিৰতিত অথবা একোটা গোটতো কৰিব পাৰি। মই আশাকৰো আপোনালোক সকলোৱে ইয়াক নিয়মীয়াকৈ অনুশীলন কৰিব…”
যোগৰ সৌন্দৰ্য ইয়াৰ সৰলতাত বিদ্যমান: প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%95%E0%A7%87-%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC-%E0%A6%AC%E0%A6%BF%E0%A6%B6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%95%E0%A7%87-%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC-%E0%A6%AC%E0%A6%BF%E0%A6%B6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেকে নামেৰে জনপ্ৰিয়, বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নাথৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে তেওঁৰ গীতসমূহে সকলো বয়সৰ লোকৰে আৱেগক প্ৰতিফলিত কৰিছিল বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে; "কেকে নামেৰে জনপ্ৰিয়, বিশিষ্ট গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ অকাল বিয়োগত দুখ পাইছো। তেওঁৰ গীতসমূহে সকলো বয়সৰ লোকৰে আৱেগক প্ৰতিফলিত কৰিছিল। তেওঁৰ গীতৰ জৰিয়তে আমি তেওঁক সদায়েই স্মৰণ কৰিম। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।"
কেকে নামেৰে জনপ্ৰিয়, বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নাথৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%AA%E0%A6%BE-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%89%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%8F%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%AA%E0%A6%BE-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%89%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%8F%E0%A6%A8/
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন, এনচিচি বাহিনীৰদ্বাৰা মাৰ্চ পাষ্ট আৰু লগতে এনচিচিৰ কেডেটসকলে প্ৰদৰ্শন কৰা সেনাৰ কাৰ্য্যকলাপ, স্লিটাৰিং, মাইক্ৰ'লাইট ফ্লায়িং, পেৰাছেইলিং তথা সাংস্কৃতিক কাৰ্য্যসূচী প্ৰত্যক্ষ কৰে। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীগৰাকীৰপৰা পদক আৰু বেটনো লাভ কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সময়তে উদ্ভৱ হোৱা ভিন্ন ধৰণৰ উৎসাহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ এনচিচি সংযোগক গৌৰৱেৰে স্মৰণ কৰে আৰু তেখেতক এনচিচি কেডেট হিচাপে ৰাষ্ট্ৰখনৰ প্ৰতি দায়িত্ব পালনত শক্তি প্ৰদানৰ বাবে প্ৰশিক্ষণক কৃতিত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লালা লাজপত ৰায় আৰু ফিল্ড মাৰ্শ্বাল কাৰিয়াপ্পালৈ ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি হৈছে ভাৰতৰ দুয়োজন বীৰ পুত্ৰৰ জয়ন্তী। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনে নতুন সংকল্পৰে আগবাঢ়ি থকাৰ সময়তে দেশত এনচিচিক শক্তিশালীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে কয়। ইয়াৰ বাবে, দেশখনত এক উচ্চ-স্তৰীয় পৰ্য্যালোচনা কমিটি গঠন কৰা হৈছে। যোৱা দুবছৰত দেশখনৰ সীমান্ত অঞ্চলসমূহত ১ লাখ নতুন কেডেট সাজু কৰা হৈছে বুলি তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কন্যা আৰু মহিলাসকলৰ বাবে প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহৰ দুৱাৰ মুকলিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে কয়। তেখেতে বৃহৎ সংখ্যক ছোৱালী কেডেটৰ উপস্থিতিৰ কথা উল্লেখ আৰু ইয়াক ৰাষ্ট্ৰখনৰ পৰিৱৰ্তনশীল মনোভাৱৰ প্ৰতীক বুলি অভিহিত কৰে। "দেশক আপোনাসৱৰ অৱদানৰ প্ৰয়োজন আৰু তাৰ বাবে পৰ্য্যাপ্ত সুযোগ আছে", তেখেতে ছোৱালী কেডেটসকলক এইদৰে কয়। তেখেতে কয়, এতিয়া দেশখনৰ কন্যাসকলে সৈনিক বিদ্যালয়সমূহত নামভৰ্তি কৰি আছে আৰু মহিলাসকলে সেনাবাহিনীত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। দেশখনৰ কন্যাসকলে বায়ু সেনাত যুঁজাৰু বিমান উৰুৱাই আছে। "এনে পৰিস্থিতিত, আমি অধিকসংখ্যক ছোৱালীক এনচিচিত অন্তৰ্ভুক্তকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত", তেখেতে লগতে কয়। এই শতিকাত বেছিভাগেই জন্ম গ্ৰহণ কৰা কেডেটসকলৰ ইয়ং প্ৰফাইলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনক ২০৪৭ লৈ লৈ যোৱাত তেওঁলোকৰ ভূমিকাৰ কথা উল্লেখ কৰে। "আপোনালোকৰ প্ৰচেষ্টা আৰু সংকল্প আৰু সেই সংকল্পসমূহৰ পূৰণ ভাৰতৰ সাফল্য আৰু সফলতা হ'ব", তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যুৱপ্ৰজন্ম ৰাষ্ট্ৰ প্ৰথমৰ ভাৱনাৰে আগবাঢ়িবলৈ আৰম্ভ কৰা দেশখনক বিশ্বখনৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। খেল পথাৰত ভাৰতৰ সফলতা আৰু ষ্টাৰ্টআপ ইক’স্ফেয়াৰে ইয়াৰ স্পষ্ট উদাহৰণ দাঙি ধৰিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আজিৰপৰা অহা ২৫ বছৰলৈ অমৃত কালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেডেটসকলক তেওঁলোকৰ আশা-আকাংক্ষা আৰু কাৰ্য্যকলাপক দেশখনৰ উন্নয়ন আৰু প্ৰত্যাশাৰ সৈতে একত্ৰিত কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ যুৱক-যুৱতীসকলে 'ভকেল ফৰ লোকেল' অভিযানটোত পালন কৰিবপৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে। "আজিৰ যুৱপ্ৰজন্মই কেৱল এজন ভাৰতীয়ৰ শ্ৰম আৰু ঘামেৰে সৃষ্ট সামগ্ৰীবোৰহে ব্যৱহাৰৰ সংকল্প গ্ৰহণ কৰা মাত্ৰেকে ভাৰতৰ ভাগ্য সলনি হ'ব পাৰে", বুলি তেখেতে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজি এফালে ডিজিটেল প্ৰযুক্তি আৰু তথ্যৰে সম্পৰ্কীয় সু সম্ভাৱনা আছে, আনহাতে ভুল তথ্যৰ আশংকা আছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে আমাৰ দেশৰ সাধাৰণ জনতা কোনোধৰণৰ উৰাবাতৰিৰ চিকাৰ হোৱাটোও উচিত নহয়। তেখেতে এনচিচি কেডেটসকলে ইয়াৰ বাবে এটা সজাগতা অভিযান চলোৱাৰ প্ৰস্তাৱ জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এনচিচি বা এনএছএছ থকা বিদ্যালয়/মহাবিদ্যালয়সমূহক ড্ৰাগছে স্পৰ্শ কৰিব নালাগে। তেখেতে কেডেটসকলক নিজেকে ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ আৰু একে সময়তে তেওঁলোকৰ চৌহদসমূহক ড্ৰাগছৰপৰা মুক্ত কৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। এনচিচি-এনএছএছত নথকা বন্ধুসকলকো এই বেয়া অভ্যাস ত্যাগ কৰিবলৈ সহায় কৰক বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেডেটসকলক দেশখনৰ সামূহিক প্ৰচেষ্টাক নতুন শক্তি প্ৰদানৰ বাবে কাম কৰি অহা চেল্ফ4চচাইটি পৰ্টেলৰে জড়িত হ'বলৈ কয়। উল্লেখ্য যে ৭ হাজাৰোধিক সংগঠন আৰু ২.২৫ লাখ লোক পৰ্টেলটোৰে জড়িত।
কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০তম জন্মজয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে 'লাচিত বৰফুকন – মোগলক পৰাজিত কৰা অসমৰ নায়ক' নামৰ কিতাপখনো উন্মোচন কৰে। অখ্যাত নায়কসকলক উপযুক্তভাৱে সন্মান জনোৱাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আজিৰ অনুষ্ঠানটো অসমৰ আহোম সেনাৰ বিখ্যাত সেনাপতি লাচিত বৰফুকনৰ ৪০০তম জন্মজয়ন্তীক সন্মান জনাই এয়া উদযাপন কৰা হয় যিয়ে মোগলক পৰাস্ত কৰিছিল আৰু ঔৰংজেৱৰ অধীনত মোগলসকলৰ বিস্তাৰিত উচ্চাকাংক্ষাক সফলভাৱে স্তব্ধ কৰিছিল। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বীৰ লাচিতৰ দৰে বীৰ পুত্ৰক জন্ম দিয়া অসম ভূমিৰ প্ৰতি শ্ৰদ্ধা ব্যক্ত কৰে। "আমি পৰাক্ৰমী লাচিত বৰফুকনক তেওঁৰ ৪০০তম জন্ম জয়ন্তীত প্ৰণাম জনাইছো। তেওঁ অসমৰ সংস্কৃতি সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতে লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী এনে এক সময়ত উদযাপন কৰি আছে যেতিয়া দেশখনে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰি আছে।" বীৰ লাচিতৰ কাৰ্য্যকলাপক অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ চিৰন্তন সংস্কৃতি, চিৰন্তন বীৰত্ব আৰু চিৰন্তন অস্তিত্বৰ উৎসৱ উপলক্ষে মই এই মহান পৰম্পৰাক অভিবাদন জনাইছো।" প্ৰধানমন্ত্ৰীয়ে দাসত্বৰ মানসিকতাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ইয়াৰ ঐতিহ্যক লৈ গৌৰৱ কৰিবলৈ ভাৰতীয়ৰ মনোভাৱৰ কথা দোহাৰে। ভাৰতে কেৱল ইয়াৰ সাংস্কৃতিক বৈচিত্ৰ্য উদযাপন কৰাই নহয়, ইয়াৰ ইতিহাসৰ অখ্যাত নায়ক আৰু নায়িকাসকলকো স্বীকাৰ কৰিছে। "লাচিত বৰফুকনৰ দৰে মা ভাৰতীৰ অমৰ পুত্ৰসকল অমৃত কালৰ সংকল্প পূৰণৰ অনুপ্ৰেৰণা স্বৰূপ। তেওঁলোকে আমাক আমাৰ ইতিহাসৰ পৰিচয় আৰু গৌৰৱৰ সৈতে পৰিচিত কৰে আৰু লগতে আমাক দেশবাসীৰ প্ৰতি নিজকে সমৰ্পিত কৰিবলৈ উৎসাহিত কৰে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়। "মানৱ অস্তিত্বৰ সহস্ৰ বছৰ পুৰণি ইতিহাসত", প্ৰধানমন্ত্ৰীয়ে এইবুলি মন্তব্য কৰে যে পৃথিৱীত বহুতো সভ্যতা আছিল, বহুতো অবিনশ্বৰ যেন লাগিছিল, কিন্তু সময়ৰ চকাই তেওঁলোকৰ শিৰ তল কৰিবলৈ বাধ্য কৰিছিল। অন্যান্য সভ্যতা আৰু ভাৰতৰ মাজৰ পাৰ্থক্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই আজি এনে সভ্যতাৰ অৱশিষ্টৰ ওপৰত আধাৰিত কৰি ইতিহাসৰ মূল্যাংকন কৰে, কিন্তু ইতিহাসত অপ্ৰত্যাশিত প্ৰতিকূলতাৰ সন্মুখীন হোৱা আৰু বিদেশী আক্ৰমণকাৰীৰ অকল্পনীয় সন্ত্ৰাসৰ পৰা ৰক্ষা পৰা ভাৰত এতিয়াও একে শক্তি আৰু চেতনাৰে অমৰ হৈ আছে। এইটো এই কাৰণে ঘটিছিল যে যেতিয়াই কোনো সংকটৰ সৃষ্টি হৈছিল, তেতিয়াই ইয়াৰ মোকাবিলা কৰিবলৈ কিছুমান ব্যক্তিত্বৰ আৱিৰ্ভাৱ হৈছিল। যুগে যুগে সাধু আৰু পণ্ডিতসকলে ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰিবলৈ আৱিৰ্ভাৱ হৈছে। লাচিত বৰফুকনৰ দৰে সাহসী ব্যক্তিয়ে দেখুৱাইছিল যে ধৰ্মান্ধতা আৰু সন্ত্ৰাসবাদৰ শক্তি ধ্বংস হয় আৰু ভাৰতীয় জীৱনৰ অমৰ পোহৰ চিৰন্তন হৈ থাকে, প্ৰধানমন্ত্ৰীয়ে এইবুলি মন্তব্য কৰে। অসমৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ভাৰতৰ সাংস্কৃতিক যাত্ৰাৰ মূল্যৱান ঐতিহ্যৰ অন্তৰ্গত। ই হৈছে চিন্তা আৰু আদৰ্শ, সমাজ আৰু সংস্কৃতি, আৰু বিশ্বাস আৰু পৰম্পৰাৰ এক সংমিশ্ৰণ। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অতুলনীয় সাহসিকতা সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ জনসাধাৰণে তুৰ্কী, আফগান আৰু মোগলসকলক বিভিন্ন সময়ত বিতাড়িত কৰা দেখা গৈছে। যদিও মোগলসকলে গুৱাহাটী দখল কৰিছিল তথাপিও লাচিত বৰফুকনৰ দৰে সাহসী ব্যক্তিয়েই মোগল সাম্ৰাজ্যৰ অত্যাচাৰী শাসকৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল। শৰাইঘাটত বীৰ লাচিত বৰফুকনে দেখুওৱা বীৰত্বৰ কাৰ্য কেৱল মাতৃভূমিৰ প্ৰতি অতুলনীয় প্ৰেমৰ উদাহৰণেই নহয়, বৰঞ্চ প্ৰয়োজন হ'লে প্ৰতিজন নাগৰিকক মাতৃভূমি ৰক্ষা কৰিবলৈ সাজু কৰোৱা ক্ষমতাও তেওঁৰ আছিল। "লাচিত বৰফুকনৰ সাহসিকতা আৰু নিৰ্ভীকতা হৈছে অসমৰ পৰিচয়", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। "ভাৰতৰ ইতিহাস কেৱল দাসত্বৰ বিষয়ে নহয়", প্ৰধানমন্ত্ৰীয়ে এইবুলি উল্লেখ কৰি কয়, "ভাৰতৰ ইতিহাস বিজয়ী হোৱাৰ বিষয়ে, ই অগণন মহান ব্যক্তিৰ বীৰত্বৰ বিষয়ে।" তেওঁ লগতে কয় যে ভাৰতৰ ইতিহাস হৈছে অভূতপূৰ্ব বীৰত্ব আৰু সাহসেৰে অত্যাচাৰৰ বিৰুদ্ধে থিয় দিয়াৰ কাহিনী। "দুৰ্ভাগ্যবশতঃ, স্বাধীনতাৰ পিছতো আমাক একেই ইতিহাস শিকোৱা হৈছিল যিটো দাসত্বৰ সময়ছোৱাত ষড়যন্ত্ৰ হিচাপে প্ৰতীয়মান হৈছিল। স্বাধীনতাৰ পিছত, আমাক দাস বনোৱা বিদেশীসকলৰ কাৰ্যসূচী সলনি কৰাৰ প্ৰয়োজন আছিল, অৱশ্যে সেইটো কৰা হোৱা নাছিল", তেওঁ কয়। দেশৰ প্ৰতিটো প্ৰান্তত অত্যাচাৰৰ প্ৰতি তীব্ৰ প্ৰতিৰোধৰ কাহিনীবোৰ ইচ্ছাকৃতভাৱে দমন কৰা হৈছিল। "দমনৰ দীঘলীয়া সময়ছোৱাত অত্যাচাৰৰ বিৰুদ্ধে বিজয়ৰ অগণন কাহিনী আছে। মূলসুঁতিত সেই পৰিঘটনাসমূহ সম্বলিত নকৰাৰ ভুল এতিয়া সংশোধন কৰা হৈছে, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে এই অনুষ্ঠানটো দিল্লীত অনুষ্ঠিত হোৱা অনুষ্ঠান এই পৰিৱৰ্তনৰ প্ৰতিফলন হিচাপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰীয়ে অসম চৰকাৰক তেওঁলোকৰ নায়কসকলৰ ঐতিহ্য উদযাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ নায়কসকলক সন্মান জনোৱাৰ বাবে অসমত এটা সংগ্ৰহালয় আৰু স্মাৰকৰ দৰে প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এনে পদক্ষেপে যুৱ প্ৰজন্মক ত্যাগ আৰু সাহসিকতাৰ ইতিহাস জানিবলৈ সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, "লাচিত বৰফুকনৰ জীৱনে আমাক 'ৰাষ্ট্ৰ সৰ্বপ্ৰথম'ৰ মন্ত্ৰ অনুধাৱন কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ জীৱনে আমাক আত্মাৰ ঊৰ্ধলৈ যাবলৈ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ জীৱনে আমাক শিকায় যে স্বজন-পোষণ আৰু ৰাজবংশৰ সেৱাৰ পৰিৱৰ্তে দেশখন সৰ্বোচ্চ হ'ব লাগে।" বীৰ লাচিত বৰফুকনৰ জীৱনৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয়, "কোনো ব্যক্তি বা সম্পৰ্ক ৰাষ্ট্ৰৰ ঊৰ্ধত নহয়"। ‘‘যেতিয়া এখন ৰাষ্ট্ৰই ইয়াৰ প্ৰকৃত অতীত জানে, তেতিয়াহে ই ইয়াৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰে আৰু ইয়াৰ ভৱিষ্যতৰ বাবে সঠিক দিশ তৈয়াৰ কৰিব পাৰে’’, ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় ৷ তেওঁ কয়, "আমাৰ ইতিহাসৰ অনুভূতি কেইটামান দশক আৰু শতিকাতে সীমাবদ্ধ নহয়"। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ গীতৰ শাৰীসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল বাৰে বাৰে সোঁৱৰণ কৰিহে আমি আহিবলগীয়া প্ৰজন্মক ইতিহাসৰ এক সঠিক ছবি দেখুৱাব পাৰোঁ। প্ৰধানমন্ত্ৰীয়ে ছত্ৰপতি শিৱাজী মহাৰাজৰ আৰ্হিত লাচিত বৰফুকনৰ ওপৰত এখন বিশাল থিয়েটাৰ নাটক নিৰ্মাণ কৰাৰ পৰামৰ্শ দিয়ে আৰু সেইখন দেশৰ প্ৰতিটো কোণলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। ই 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ সংকল্পক যথেষ্ট উৎসাহিত কৰিব। "আমি ভাৰতক উন্নত কৰিব লাগিব আৰু ভাৰতৰ বিকাশৰ কেন্দ্ৰ বিন্দু হিচাপে উত্তৰ-পূবক গঢ় দিব লাগিব। মই নিশ্চিত যে বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্মজয়ন্তীৰ উদ্দেশ্যই আমাৰ সংকল্পক শক্তি প্ৰদান কৰিব আৰু ৰাষ্ট্ৰই ইয়াৰ লক্ষ্যত উপনীত হ’ব ", প্ৰধানমন্ত্ৰীয়ে এইদৰে ভাষণৰ সামৰণি মাৰে। অনুষ্ঠানত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান ভৱনৰ পশ্চিম প্ৰাংগনত গ্ৰামীণ অসমক ছেট-আপৰ দৃশ্য পৰিদৰ্শন কৰে আৰু ঐতিহাসিক দৃষ্টিভংগীৰ সৈতে প্ৰদৰ্শনীখন ভ্ৰমণ কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ প্ৰতিকৃতিৰ সন্মুখত চাকি জ্বলাই পুষ্পাঞ্জলি জ্ঞাপন কৰে। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত), সাংসদ ৰঞ্জন গগৈ, শ্ৰী তপন কুমাৰ গোঁহাই আৰু অসম চৰকাৰৰ সদস্যসকল অনুষ্ঠানটোত উপস্থিত আছিল।
নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদা
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A7%A8%E0%A7%A9%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AB-%E0%A7%A8%E0%A7%AC-%E0%A6%9A%E0%A6%A8%E0%A6%B2%E0%A7%88-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A7%A8%E0%A7%A9%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AB-%E0%A7%A8%E0%A7%AC-%E0%A6%9A%E0%A6%A8%E0%A6%B2%E0%A7%88-%E0%A6%AA/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত আজি ২০২২-২৩ৰ পৰা ২০২৫-২৬ চনলৈ পঞ্চদশ বিত্ত আয়োগৰ বাকী থকা চাৰি বছৰৰ বাবে নতুন আঁচনি “উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ (পিএম-ডেভাইন)ত অনুমোদন জনাইছে৷ নতুন আঁচনি পিএম-ডেভাইন হৈছে এখন কেন্দ্ৰীয় খণ্ডৰ আঁচনি, য’ত ১০০%পূঁজি কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে (ড’নাৰ) এই আঁচনিখন ৰূপায়ণ কৰিব৷ ২০২২-২৩ৰ পৰা ২০২৫-২৬ চনলৈ (পঞ্চদশ বিত্ত আয়োগৰ বাকী থকা বছৰসমূহ) চাৰি বছৰৰৰ বাবে পিএম-ডেভাইন আঁচনিৰ বাবদ ৬,৬০০ কোটি টকা ব্যয় হ’ব। ২০২৫-২৬ চনৰ ভিতৰত পিএম-ডেভাইন প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব, যাতে এই বছৰৰ পিছত কোনো প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতা নাথাকে। ২০২৪-২৫ আৰু ২০২৫-২৬ চনৰ ভিতৰত ব্যয় অব্যাহত থাকিব যদিও অনুমোদিত পিএম-ডেভাইন প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰা হ’ব। পিএম-ডেভাইনে আন্তঃগাঁথনি নিৰ্মাণ, উদ্যোগ, সামাজিক উন্নয়ন প্ৰকল্প সমৰ্থন আৰু যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে জীৱিকাৰ কাৰ্যকলাপ সৃষ্টি কৰিব, যাৰ ফলত নিয়োগ সৃষ্টি হ’ব। ড’নাৰ মন্ত্ৰালয়ে উত্তৰ-পূব পৰিষদ বা কেন্দ্ৰীয় মন্ত্ৰালয়/এজেন্সীৰ জৰিয়তে পিএম-ডেভাইন ৰূপায়ণ কৰিব। পিএম-ডেভাইনৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ পৰ্যাপ্ত পৰিচালনা আৰু তত্ত্বাৱধান নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে সেইবোৰ বহনক্ষম হয়। সময় আৰু ব্যয়ৰ অতিৰিক্ত নিৰ্মাণৰ ক্ষতিশংকা সীমিত কৰিবলৈ চৰকাৰী প্ৰকল্পসমূহৰ ওপৰত পৰাটো অভিযান্ত্ৰিক-ক্ৰয়-নিৰ্মাণ (ইপিচি) ভিত্তিত সম্ভৱপৰ সকলো ব্যৱস্থা হাতত লোৱা হ’ব। পিএম-ডেভাইনৰ উদ্দেশ্যসমূহ হৈছেঃ ক) প্ৰধানমন্ত্ৰী গতিশক্তিৰ মনোভাৱেৰে আন্তঃগাঁথনিৰ বাবে সামগ্ৰিকভাৱে পুঁজিৰ ব্যৱস্থা কৰা; (খ) উত্তৰ-পূৰ্বাঞ্চলে অনুভৱ কৰা প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সামাজিক উন্নয়ন প্ৰকল্পসমূহক সমৰ্থন কৰা; (গ) যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে জীৱিকাৰ কাৰ্যকলাপ সক্ষম কৰা; (ঘ) বিভিন্ন খণ্ডত উন্নয়নৰ ব্যৱধান দূৰ কৰা। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ড’নাৰ মন্ত্ৰালয়ৰ আন কেতবোৰ আঁচনিও আছে। ড’নাৰ মন্ত্ৰালয়ৰ আন আঁচনিসমূহৰ অধীনত ৰূপায়ণ কৰা প্ৰকল্পৰ গড় আকাৰ মাত্ৰ প্ৰায় ১২ কোটি টকা। পিএম-ডেভাইন আঁচনিখনে আন্তঃগাঁথনি আৰু সামাজিক উন্নয়ন প্ৰকল্পসমূহক সহায় আগবঢ়াব যিবোৰ আকাৰত বৃহৎ হোৱাৰ লগতে ব্যক্তিগত প্ৰকল্প হিচাপে নহয়, অন্তিম পৰ্যায়লৈকে উন্নয়নমূলক সমাধানো প্ৰদান কৰিব। ড’নাৰ মন্ত্ৰালয় বা আন কোনো মন্ত্ৰালয়/বিভাগৰ অন্যান্য আঁচনিৰ সৈতে পিএম-ডেভাইনৰ অধীনত প্ৰকল্প সমৰ্থনৰ কোনো ধৰণৰ নকল যাতে নহয় সেয়া নিশ্চিত কৰা হ’ব। উত্তৰ-পূৰ্বাঞ্চলত (এনইআৰ) উন্নয়নৰ ব্যৱধান দূৰ কৰিবলৈ ২০২২-২৩ৰ কেন্দ্ৰীয় বাজেটত পিএম-ডেভাইন আঁচনিৰ কথা ঘোষণা কৰা হৈছিল। পিএম-ডেভাইনৰ ঘোষণাই উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে কিমান গুৰুত্ব দিছে, এয়া তাৰে অন্য এক উদাহৰণ। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে উপলব্ধ সম্পদৰ পৰিমাণৰ অতিৰিক্ত হিচাপে পিএম-ডেভাইন আঁচনি গ্ৰহণ কৰা হৈছে। ই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ বিকল্প নহয়৷ পিএম-ডেভাইনৰ অধীনত ২০২২-২৩ চনৰ বাবে অনুমোদন লাভ কৰিবলগীয়া কিছুমান প্ৰকল্প বাজেট ঘোষণাৰ অংশ যদিও, সাধাৰণ জনতাৰ বাবে যথেষ্ট আৰ্থ-সামাজিক প্ৰভাৱ বা বহনক্ষম জীৱিকাৰ সুযোগ থকা প্ৰকল্প (যেনে-সকলো প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰৰ আন্তঃগাঁথনি, চৰকাৰী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় আদিত ব্যাপক সুবিধা প্ৰদান কৰা)ৰ কথা ভৱিষ্যতে বিবেচনা কৰিব পাৰে। পিএম-ডেভাইন ঘোষণা কৰাৰ যুক্তি হ’ল যে মৌলিক নূন্যতম সেৱা (বিএমএছ)ৰ ক্ষেত্ৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰিমাপসমূহ ৰাষ্ট্ৰীয় গড় আৰু নিটী আয়োগে প্ৰস্তুত কৰা বিইআৰ জিলা বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) সূচকাংক ২০২১-২২তকৈ বহু নিম্ন, ইউএনডিপি আৰু ড’নাৰ মন্ত্ৰালয়ৰ অনুসৰি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট ব্যৱধান আছে। এই বিএমএছৰ অভাৱ আৰু উন্নয়নৰ ব্যৱধান দূৰ কৰিবলৈ পিএম-ডেভাইন নামৰ এখন নতুন আঁচনি ঘোষণা কৰা হয়।
২০২২-২৩ৰ পৰা ২০২৫-২৬ চনলৈ পঞ্চদশ বিত্ত আয়োগৰ বাকী থকা চাৰি বছৰৰ বাবে নতুন আঁচনি “উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ (পিএম-ডেভাইন)ত অনুমোদন কেবিনেট
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A6%95-%E0%A6%A1%E0%A6%BE%E0%A7%A6-%E0%A6%B8%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A6%95-%E0%A6%A1%E0%A6%BE%E0%A7%A6-%E0%A6%B8%E0%A7%81/
‘পদ্মশ্ৰী’ প্ৰাপক ডা০ সুশোভন বন্দোপাধ্যায়ৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “ড০ সুশোভন বন্দোপাধ্যায়ে মানৱীয় চেতনাৰ সৰ্বোত্কৃষ্ট ৰূপটোকে তুলি ধৰিছিল। অজস্ৰ মানুহক আৰোগ্য কৰি তোলা এগৰাকী দয়াবান আৰু বিশাল হৃদয়ৰ ব্যক্তি হিচাপে তেওঁক স্মৰণ কৰা হ’ব। ‘পদ্ম সন্মান’ প্ৰদান সমাৰোহত তেওঁৰ সৈতে হোৱা বাৰ্তালাপৰ কথা মোৰ মনলৈ আহিছে। তেওঁৰ দেহাৱসানে বাৰুকৈয়ে ব্যথিত কৰিছে। তেখেতৰ পৰিয়াল তথা প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি”।
‘পদ্মশ্ৰী’ প্ৰাপক ডা০ সুশোভন বন্দোপাধ্যায়ৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শো
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%95%E0%A7%87%E0%A6%87%E0%A6%AC%E0%A6%BE%E0%A6%96%E0%A6%A8%E0%A7%8B-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%A7%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%95%E0%A7%87%E0%A6%87%E0%A6%AC%E0%A6%BE%E0%A6%96%E0%A6%A8%E0%A7%8B-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%A7%E0%A7%81/
বিহাৰৰ কেইবাখনো জিলাত ধুমুহা আৰু বজ্ৰপাতৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে স্থানীয় প্ৰশাসনে নিষ্ঠা সহকাৰে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে: "বিহাৰৰ কেইবাখনো জিলাত ধুমুহা আৰু বজ্ৰপাতৰ ফলত কেইবাজনো লোকৰ প্ৰাণহানি হোৱা ঘটনাত অত্যন্ত মৰ্মাহত হৈছোঁ। ভগৱানে শোক সন্তপ্ত পৰিয়ালসমূহক এই অপাৰ দুখ-কষ্ট সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। ৰাজ্য চৰকাৰৰ তত্ত্বাৱধানত স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। "
বিহাৰৰ কেইবাখনো জিলাত ধুমুহা আৰু বজ্ৰপাতৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A6%B7-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A6%B7-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত আজি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ প্ৰত্যুত্তৰত ধন্যবাদ জনাই ভাষণ প্ৰদান কৰে৷ টুইটাৰৰ এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এখন চৰকাৰে ভাৰতীয়ৰ বাবে কাম কৰিব লাগে, এখন চৰকাৰে জনসাধাৰণৰ প্ৰত্যাশাক গুৰুত্ব দিব লাগে৷ ইয়াত দুৰ্নীতিৰ বাবে কোনো স্থান নাই৷ আজি বহু লোকে সংসদত ভাষণ প্ৰদান কৰিছে৷ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷ ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত প্ৰথমবাৰলৈ ভোট প্ৰদান কৰিবলৈ ব্যক্তিসকলক শুভেচ্ছা জনাইছো৷ একবিংশ শতিকাত জন্ম লাভ কৰা ব্যক্তিসকল এতিয়া ভোটাৰলৈ পৰিৱৰ্তিত হৈছে আৰু সেয়ে তেওঁলোকে ভাৰতৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ এই বিশ্বাস আৰু বীক্ষণে আমাৰ ৰাষ্ট্ৰক আগুৱাই লৈ যাব৷ আমি সেইসকল লোক নহয় যি প্ৰত্যাহ্বানৰ মুখামুখি নহয়৷ আমি প্ৰত্যাহ্বানৰ মুখামুখি হও আৰু জনসাধাৰণৰ প্ৰত্যাশা পূৰণৰ বাবে কাম কৰো৷ কংগ্ৰেছৰ আমাৰ বন্ধু সকলে দুটা পৰ্যায়কাল প্ৰত্যক্ষ কৰিছে৷ বিচি– বিফ’ৰ কংগ্ৰেছ অৰ্থাৎ কংগ্ৰেছৰ পূৰ্বে, যেতিয়া একো হোৱা নাছিল৷ এডি–আফটাৰ ডায়নেষ্টি অৰ্থাৎ পৰিয়ালতন্ত্ৰৰ পিছত– য’ত সকলো হৈছিল৷ যোৱা চাৰি বছৰত ভাৰতে উল্লেখযোগ্য বিকাশৰ মুখ দেখিবলৈ সমৰ্থ হৈছে৷ বিনিয়োগ, ষ্টীল, ষ্টাৰ্ট–আপ, দুগ্ধ আৰু কৃষি, বিমান সকলো পৰিধিতে ভাৰতৰ বিকাশ চকুত লগা বিধৰ হৈছে৷ মোদীক ঘৃণা কৰাৰ জৰিয়তে বিৰোধীয়ে ৰাষ্ট্ৰক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে৷ সেয়ে তেওঁলোকৰ নেতাই লণ্ডনলৈ গৈ সংবাদ মেলত ভাৰতৰ বিষয়ে বেয়াকৈ কৈছে৷ আপোনালোকে জানেনে তেওঁলোকৰ বাবে মোৰ অপৰাধ কি?দুখীয়া পৰিয়ালত জন্মা এজন ব্যক্তিয়ে তেওঁলোকৰ শাসনক প্ৰত্যাহ্বান জনাইছে৷ তেওঁলোকৰ ৫৫ বছৰত অনাময়ৰ ব্যাপ্তি আছিল ৩৮% আৰু আমাৰ ৫৫ মাহত ৯৮% স্পৰ্শ কৰিছে৷ তেওঁলোকৰ ৫৫ বছৰত গেছৰ সংযোগ আছিল ১২ কোটি আৰু আমাৰ ৫৫ মাহত এয়া হৈছেগৈ ১৩ কোটি৷ আমি আমাৰ পাঁচ বছৰত দ্ৰুত গতিত কাম কৰিছো৷ এবাৰ ভাবক, কংগ্ৰেছে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছিল কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছে আৰ্মীক অপমান কৰিছে, আৰ্মীৰ মুখ্যক গুণ্ডা বুলি কৈছে কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছৰ নেতাই কৈছে যে ভাৰতীয় আৰ্মীয়ে আঘাতৰ সৃষ্টি কৰিছে….কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছে নিৰ্বাচন আয়োগ আৰু ইভিএমৰ বিৰুদ্ধে প্ৰশ্ন কৰিছে কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছে ন্যায়পালিকাক নস্যাৎ কৰিছে কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছে পৰিকল্পনা আয়োগক বহুৱাৰ দল বুলি কৈছে…কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছে অনুচ্ছে ৩৫৬ৰ কেইবাৰো দুৰ্ব্যৱহাৰ কৰিছে…কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ ভাৰতৰ জনতাই দেখিছে যে সম্পূৰ্ণ বহুমতৰ এখন চৰকাৰে কেনেধৰণে কাম কৰিব পাৰে৷ তেওঁলোকে এনডিএৰ কাম দেখিছে৷ তেওঁলোকে কলকাতাত একত্ৰিত হোৱা ‘মহাভেজাল’ চৰকাৰ নিবিচাৰে৷ ২০১০ চনৰ কমনৱেলথ ক্ৰীড়াৰ সময়ত আমাৰ খেলুৱৈসকলে ভাৰতৰ বাবে পদক জিকিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ কিন্তু কংগ্ৰেছৰ বাবে কমনৱেলথ ক্ৰীড়া আছিল ব্যক্তিগত সম্পদ আহৰণৰ আহিলা৷ ইউপিএৰ ফোন বেংকিঙে বন্ধু আৰু তেওঁলোকৰ নেতাসকলৰ বাবে আচৰিত কাম কৰিছিল৷ সেই প্ৰিয়ভাজনৰ বাবেই আমাৰ বেংকিং ব্যৱস্থাই লটিঘটিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ মই এই সংসদৰ মজিয়াত ক’ব বিচাৰিছো যে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে আমাৰ সৈন্যবাহিনীক শক্তিশালী হোৱাটো নিবিচাৰে৷ তেওঁলোকে আমাৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী হোৱাটো নিবিচাৰে৷ কোন কোম্পানীৰ বলত তেওঁলোকে এনে লজ্বাজনক আচৰণ কৰিছে? ডঃ বাবাচাহেব আম্বেদকাৰ সদায়েই তেওঁৰ সময়তকৈ আগৰণুৱা আছিল৷ তেওঁ কৈছিল যে কংগ্ৰেছত যোগদান কৰাটো আত্মহত্যাৰ লেখীয়া৷ বিভিন্ন সংগঠনে প্ৰবাসৰ পৰা পুঁজি লাভ কৰিছিল৷ আমি এই প্ৰক্ৰিয়াত স্বচ্ছতা বিচৰাত বহু এনে সংস্থা বন্ধ হৈ পৰিল৷ তেনে ধন কোনো হিচাপ নোহোৱাকৈ কিয় আহিবলৈ দিয়া হৈছিল? মূল্যবৃদ্ধি আৰু কংগ্ৰেছ এটা দলৰ দৰে৷ যেতিয়াই কংগ্ৰেছ আহে তেতিয়াই মূল্যবৃদ্ধি হয়৷ এনডিএ চৰকাৰে সৰ্বদা মূল্যৰ ওপৰত নজৰ দি আছে৷ ইউপিএ চৰকাৰৰ সময়ত এলইডি বাল্বৰ মূল্য কিয় ইমান বেছি আছিল? আমাৰ চৰকাৰে জনতাৰ সুস্বাস্থ্য আৰু কল্যাণৰ বাবে সদায়েই কাম কৰি আছে৷ ষ্টেণ্ট, আঠুৰ অস্ত্ৰোপচাৰ আৰু ঔষধৰ মূল্য হ্ৰাস হৈছে৷ ইয়াৰ দ্বাৰা দৰিদ্ৰসকল উপকৃত হৈছে৷ ২০১৭ চনৰ পৰা আৰম্ভ কৰি ২০১৮ চনৰ নৱেম্বৰ মাহলৈ এই ১৫ মাহত প্ৰায় ১ কোটি ৮০ লাখ লোকে প্ৰথমবাৰলৈ ভৱিষ্য নিধিৰ টকা কৰ্তন কৰোৱাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰেও ৬৪ শতাংশৰে বয়স ২৮ বছৰতকৈ কম৷ ইয়াৰোপৰি আন এক তথ্য আমাৰ লগত আছে৷ আমাৰ দেশত ২০১৪ চনৰ মাৰ্চ মাহত প্ৰায় ৬৫ লাখ লোকে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (এনপিএছ)ত পঞ্জীয়ন কৰিছিল৷ যোৱা বছৰৰ অক্টোবৰ মাহত এই সংখ্যা বৃদ্ধি হৈ প্ৰায় ১ কোটি ২০ লাখ হৈছে৷ এয়া কি বিনা চাকৰিৰ ফলত হৈছে নেকি? আৰু এটা হিচাপ আছে৷ প্ৰতিবছৰে আয়কৰ দাখিলৰ সময়ত অনা–ঔদ্যোগিক কৰদাতাই নিজৰ আয় ঘোষণা কৰে৷ তেওঁলোকে নিজে দৰমহা নাপায় কিন্তু তেওঁলোকৰ অধীনত কাম কৰা লোকসকলক দৰমহা প্ৰদান কৰে৷ যোৱা চাৰিটা বছৰত দেশত এনেকুৱা ৬ লাখ নতুন পেছাদাৰীলোক সংযুক্ত হৈছে৷ আপোনালোকে এনেকৈ ভাবে নেকি যে এজন চিকিৎসকে নিজৰ এখন ক্লিনিক বা নাৰ্ছিং হোম খুলিছে আৰু তাত এজন ব্যক্তিকেই চাকৰি দিছে, অথবা কোনো এজন চাৰ্টাৰ্ড একাউণ্টেণ্টকেই চাকৰি দি নিজৰ কাৰ্যালয় চলাই আছে? নহয়৷ হাজাৰ কোটি টকাৰ ব্যয়েৰে ৯৯টা ওলমি থকা সিঞ্চন প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে৷ ভাৰত ইজৰাইল আৰু পেলেষ্টাইনৰো বন্ধু, ভাৰত ছৌদি আৰব আৰু ইৰাণৰো বন্ধু৷ আমাৰ বৈদেশিক নীতিয়ে ভাৰতৰ স্থিতি বিশ্বদৰবাৰত ক্ৰমে শক্তিশালী কৰি তুলিছে৷ আমি সদায়েই ভাৰতৰ জনতাৰ প্ৰত্যাশা পূৰণ কৰিম৷ মই আপোনালোকক নিশ্চিতি প্ৰদান কৰিছো যে যিসকলে দেশক লুট কৰিছে তেওঁলোকে নৰেন্দ্ৰ মোদীক ভয় কৰিবলৈ আৰম্ভ কৰিছে৷ ‘‘সূৰ্য গ’লেও ক’লৈ যাব সি ইয়াতেই থাকিব লাগিব ইয়াতেই আমাৰ উশাহত আমাৰ শিৰাত আমাৰ সংকল্পত আমাৰ নিশাত তুমি উদাস নহ’বা এতিয়া মই কোনো সূৰ্যকে অস্ত যাবলৈ নিদিও৷’’
লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ধন্যবাদসূচক ভাষণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%AE-%E0%A6%95%E0%A7%87%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9B-%E0%A6%AB%E0%A7%B0-%E0%A6%9A%E0%A6%BF%E0%A6%B2%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%AE-%E0%A6%95%E0%A7%87%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9B-%E0%A6%AB%E0%A7%B0-%E0%A6%9A%E0%A6%BF%E0%A6%B2%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A7%87/
নমস্কাৰ! কাৰ্যক্ৰমত উপস্থিত দেশৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণী জী, দেশজুৰি বেলেগ বেলেগ স্থানৰ পৰা সংযুক্ত মন্ত্ৰীসভাৰ সকলো সদস্য, তেওঁলোকৰ সৈতে থকা তাৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষকৈ যাৰ বাবে আজিৰ এই দিৱস, তেনেকৈয়ে উপস্থিত মৰমৰ শিশুসকল, সকলো আদৰণীয় মুখ্যমন্ত্ৰীগণ, অন্য মহানুভৱ আৰু মৰমৰ দেশবাসীসকল! আজি মই প্ৰধানমন্ত্ৰী হিচাপে নহয়, আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে আপোনালোকৰ সৈতে কথা পাতি আছো। আজি আপোনালোক সকলো শিশুৰ মাজলৈ আহি মই বহুত শান্তি পাইছো। বন্ধুসকল, জীৱনে আমাক কেইবাবাৰো অপ্ৰত্যাশিত কেঁকুৰিলৈ আনি থিয় কৰাই দিয়ে। এনেকুৱা স্থিতি যাৰ আমি কল্পনাই কৰা নাছিলো। হাঁহি-খেলি থাকোতেই অকস্মাত আন্ধাৰে আৱৰি ধৰে, সকলো সলনি হৈ যায়। কৰোণাই বহুত মানুহৰ জীৱনলৈ, বহুত পৰিয়ালত এনেকুৱাই কিছু কৰিলে। মই জানো কৰোণাৰ কাৰণে যিসকলে আপোনজনক হেৰুৱালে, তেওঁলোকৰ জীৱনলৈ অহা এই পৰিৱৰ্তন কিমান জটিল, কিমান কঠিন। প্ৰতিটো দিনৰ সংঘৰ্ষ, পলে পলে হোৱা সংঘৰ্ষ, নতুন নতুন প্ৰত্যাহ্বান, প্ৰতিটো দিনৰ তপস্যা। আজি যিসকল শিশু আমাৰ লগত আছে, যাৰ বাবে এই কাৰ্যক্ৰম হৈ আছে, তেওঁলোকৰ কষ্টৰ কথা শব্দৰে কোৱা কঠিন। যি গুছি যায়, তেওঁলোকৰ আমাৰ ওচৰত কেৱল দুখদায়ক স্মৃতি ৰৈ যায়। কিন্তু যি ৰৈ যায়, তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বানৰ লেথেৰী লাগি যায়। এনেকুৱা প্ৰত্যাহ্বানত PM Cares for Children, আপোনালোক সকলো এনেকুৱা কৰোণা প্ৰভাৱিত শিশুৰ বিপদ কম কৰাৰ এটা সামান্য প্ৰয়াস, যাৰ মাতৃ আৰু পিতৃ, দুয়ো নাথাকিল। বন্ধুসকল, PM Cares for Children এই কথাৰো প্ৰতিফলন যে প্ৰতিজন দেশবাসী সম্পূৰ্ণ সংবেদনশীলতাৰে আপোনালোকৰ লগত আছে। মই আনন্দিত যে শিশুৰ ভাল আৰু বাধাহীন পঢ়াশুনাৰ বাবে তেওঁলোকৰ ঘৰৰ ওচৰৰে চৰকাৰী বা প্ৰাইভেট স্কুলত তেওঁলোকৰ এডমিশ্যন কৰাব পৰা গ'ল। পিএম কেয়াৰ্ছৰ জৰিয়তে এনেকুৱা শিশুৰ বহী-কিতাপ আৰু ইউনিফৰ্মৰ খৰছো বহন কৰা হ'ব। যদি কাৰোবাক প্ৰফেচনেল ক'ৰ্ছৰ বাবে, হায়াৰ এডুকেচনৰ বাবে এডুকেচন লোণ লাগে, তেন্তে পিএম কেয়াৰ্ছে তাতো সহায় কৰিব। দৈনন্দিনতাৰ আন প্ৰয়োজনসমূহৰ বাবে অন্য যোজনাবিলাকৰ মাধ্যমত তেওঁলোকৰ বাবে ৪ হাজাৰ টকা প্ৰতিমাহে ব্যৱস্থাও কৰা হৈছে। বন্ধুসকল, এনেকুৱা শিশুৱে যেতিয়া নিজৰ পঢ়া সম্পূৰ্ণ কৰিব, তেতিয়া আগলৈ ভৱিষ্যতৰ সপোনৰ বাবে আৰু পইচাৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে ১৮ বছৰৰ পৰা ২৩ বছৰলৈকে যুৱক-যুৱতীয়ে প্ৰতিমাহে stipend পাব। আৰু যেতিয়া আপুনি ২৩ বছৰীয়া হ'ব, তেতিয়া ১০ লাখ টকা একেলগে আপুনি পাব। বন্ধুসকল, এটা আৰু ডাঙৰ চিন্তা স্বাস্থ্যৰ সৈতে জড়িত আছেই। কেতিয়াবা কিবা বেমাৰ হ'লে, চিকিৎসাৰ বাবে পইচা লাগে। কিন্তু, যিকোনো শিশুৱে, তেওঁলোকৰ অভিভাৱকে তেওঁলোকৰ বাবে চিন্তিত হোৱাৰ দৰকাৰ নহয়। PM Cares for Childrenৰ মাধ্যমত আপোনালোকক আয়ুষ্মান হেল্থ কাৰ্ডো দিয়া হ'ব। এই কাৰ্ডেৰে পাঁচ লাখলৈকে চিকিৎসাৰ বিনামূলীয়া সুবিধাও আপোনালোক শিশুসকলে পাব। বন্ধুসকল, এই সকলো প্ৰয়াসৰ মাজত আমি অনুভৱ কৰো যে বহুবাৰ শিশুক ভাবনাত্মক সহযোগ আৰু মানসিক মাৰ্গদৰ্শনৰো আৱশ্যক হ'ব পাৰে। পৰিয়ালৰ জ্যেষ্ঠসকল তো আছেই, কিন্তু এটা প্ৰচেষ্টা চৰকাৰে কৰাৰ প্ৰয়াস কৰিছে। ইয়াৰ বাবে এক বিশেষ 'সংবাদ' সেৱাও আৰম্ভ কৰা হৈছে। 'সংবাদ হেল্পলাইন'ত বিশেষজ্ঞৰ পৰা শিশুসকলে মনোবৈজ্ঞানিক বিষয়ৰ ওপৰত পৰামৰ্শ ল'ব পাৰে, তেওঁলোকৰ সৈতে আলোচনা কৰিব পাৰে। বন্ধুসকল, কৰোণা বিশ্বজনীন মহামাৰীৰ আঁচোৰ সমগ্ৰ মানৱতাই সহিছে। পৃথিৱীৰ হয়তো এনেকুৱা কোনো প্ৰান্ত নাই, য'ত শতিকাৰ এই সৰ্ববৃহৎ বিপৰ্যয়ে কেতিয়াও পাহৰিব নোৱৰা আঘাত নিদিয়াকৈ আছে! আপোনালোকে যি সাহস আৰু উদ্যমেৰে এই সংকটৰ মোকাবিলা কৰিলে, সেই উদ্যমৰ বাবে মই আপোনালোক সকলোকে ছেলুট কৰিছো। দেশৰ সমবেদনা আপোনালোকৰ লগত আছে, আৰু লগতে আপোনালোকৰ সপোন সম্পূৰ্ণ কৰিবলৈ সমগ্ৰ দেশ আপোনালোকৰ লগত আছে। মই আৰু এটা কথা ক'ম, মই জানো, কোনো প্ৰয়াসে, কোনো সহযোগে, আপোনালোকৰ মাতা-পিতাৰ স্নেহৰ ঠাই ল'ব নোৱাৰে। কিন্তু, নিজৰ পিতৃ, নিজৰ মাতৃ নথকাত এই সংকটৰ সময়ত মা ভাৰতী আপোনালোক সকলো শিশুৰ সৈতে আছে। PM Cares for Childrenৰ জৰিয়তে দেশে নিজৰ এই দায়িত্ব পালন কৰাৰ চেষ্টা কৰিছে। আৰু, এই প্ৰয়াস কোনো এজন ব্যক্তি, এটা সংস্থা বা চৰকাৰৰ মাত্ৰ প্ৰয়াস নহয়। পিএম কেয়াৰ্ছত আমাৰ কোটি কোটি দেশবাসীয়ে নিজৰ পৰিশ্ৰম, নিজৰ ঘামৰ উপাৰ্জন সংযুক্ত কৰিছে। আপোনালোকে মনত পেলাওক, সেৱা আৰু ত্যাগৰ কেনেকুৱা উদাহৰণ আমাৰ সন্মুখলৈ আহিল! কোনোবাই নিজৰ সমগ্ৰ জীৱনৰ উপাৰ্জন দান কৰি দিলে, আন কোনোবাই নিজৰ সপোনৰ বাবে গোটোৱা পুঁজি ইয়াত লগাই দিলে। এই ফাণ্ডে কৰোণাকালত হাস্পতাল সাজু কৰাত, ভেণ্টিলেটৰ ক্ৰয় কৰাত, অক্সিজেন প্লাণ্ট লগোৱাত বহুত সহায় কৰিলে। ইয়াৰ ফলত কিমান যে মানুহৰ জীৱন বচাব পৰা গ'ল, কিমান যে পৰিয়ালৰ ভৱিষ্যৎ বচাব পৰা গ'ল। আৰু যি আমাক অকালতে এৰি গ'ল, আজি এই ফাণ্ড তেওঁলোকৰ শিশুৰ বাবে, আপোনালোক সকলোৰে ভৱিষ্যতৰ বাবে কামত আহিছে। বন্ধুসকল, এতিয়া আপোনালোক সকলোৱে জীৱনত এটা দীঘলীয়া যাত্ৰা কৰিব লাগিব। আপোনালোক সকলোৱে বহুত সাহসেৰে জীৱনলৈ অহা এই স্থিতিৰে মোকাবিলা কৰি আছে। আমাৰ দেশত, পৃথিৱীত যিমানেই মহান লোক হৈছে। লাগে তেওঁ আমাৰ দেশতে হওক বা বিশ্বত, তেওঁলোকে নিজৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা বেলেগ বেলেগ ধৰণৰ বিপদৰ সন্মুখীন হৈছে। কিন্তু তেওঁলোকে হাৰ মনা নাছিল, তেওঁলোক সফলতাৰ শিখৰলৈকে যায়। তেওঁলোকে পৰাজয়ক কেতিয়াও হতাশাত পৰিণত হ'বলৈ দিয়া নাই। জয়ৰ এই মন্ত্ৰই আপোনালোকক নিজৰ জীৱনত বহুত ডাঙৰ মাৰ্গদৰ্শন কৰিব, সহায় কৰিব, ইয়াক কেতিয়াও পাহৰিব নালাগে। আৰু এটা কথা আপোনালোকে সদায়েই মনত ৰাখিব লাগিব যে এতিয়া আপোনালোকৰ ওচৰত ভাল-বেয়া, ভুল-শুদ্ধ, ইয়াৰ পাৰ্থক্য ক'বলৈ আপোনালোকৰ পৰিজন আৰু শিক্ষক হে আছে। সেয়ে আপোনালোকৰ দায়িত্ব হৈছে যে তেওঁলোকৰ কথা শুনক, তেওঁলোকৰ কথা মানক। আপোনালোকৰ এজন বিশ্বস্ত বন্ধুৱে এনেকুৱা সংকটেৰে ভৰা জীৱনত যি বহুত ডাঙৰ সহায় কৰিব পাৰে সেয়া ভাল কিতাপো হ'ব পাৰে। ভাল কিতাপৰ পৰা কেৱল মনোৰঞ্জনেই নহয় বৰং আপোনালোকক মাৰ্গদৰ্শনো দিয়ে। আপোনালোকক মই আৰু এটা পৰামৰ্শ দিম। বন্ধুসকল, যেতিয়া বেমাৰ আহে তেতিয়া উপচাৰৰ দৰকাৰ তো হয়েই। কিন্তু জীৱন উপচাৰেৰে নহয় আৰোগ্যতাৰে সংযুক্ত হোৱা উচিত। শিশুৰ বাবে আজি দেশত ফিট ইণ্ডিয়া আৰু খেলো ইণ্ডিয়া অভিযান চলি আছে। আপোনালোক এই সকলো অভিযানৰ সৈতে সংযুক্ত হোৱা দৰকাৰ, সিবিলাকৰ নেতৃত্ব কৰা দৰকাৰ। কেইদিনমানৰ পিছতেই যোগ দিৱসো আহিব। আপোনালোকৰ লিখা-পঢ়াৰ লগতে যোগো আপোনালোকৰ জীৱনৰ অংগ হওক, এইটোও বহুত জৰুৰী। বন্ধুসকল, নিৰাশাৰ ডাঙৰতকৈও ডাঙৰ পৰিস্থিতিতো যদি আমি নিজৰ ওপৰত ভৰষা কৰো তেন্তে পোহৰৰ কিৰণ অৱশ্যেই দেখা যায়। আমাৰ দেশ তো নিজেই ইয়াৰ সবাতোকৈ ডাঙৰ উদাহৰণ। আমি এই সময়ত নিজৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছো। শ শ বছৰীয়া দাসত্বত, ইমান দীঘলীয়া স্বাধীনতাৰ যুঁজত আমাৰ সবাতোকৈ ডাঙৰ শক্তি কি আছিল? আমাৰ শক্তি আছিল- পৰাজয় মানি নোলোৱা আমাৰ অভ্যাস! আমাৰ শক্তি আছিল- নিজৰ নিহিত স্বাৰ্থৰ ওপৰলৈ গৈ দেশৰ বাবে, মানৱতাৰ বাবে ভবা আৰু জিয়াই থকাৰ আমাৰ সংস্কাৰ! স্বাধীনতাৰ অমৃত মহোৎসৱত আমি এই স্পিৰিটকে লৈ আগবাঢ়ি আছো। এই স্পিৰিটকে লৈ দেশে কৰোণাৰ বিৰুদ্ধে ইমান ডাঙৰ যুদ্ধত জিকিলে, আৰু পৃথিৱীৰ সন্মুখত এটা উদাহৰণ ৰাখিলে। আপোনালোকে চাওক, দুই-আঢ়ৈ বছৰ আগতে পৃথিৱীত কোনেও কৰোণা ভাইৰাছৰ বিষয়ে ভালদৰে নাজানিছিলেই। প্ৰত্যেকেই পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশৰ ফালে আশা কৰি চাই আছিল। ভাৰতৰ বিষয়ে তো ক'তো কোনেও সকাৰাত্মক কথাও ক'বলৈ সাজু নাছিল। বৰং, এনেকুৱা পৰিস্থিতিত ধ্বংসৰ যি ইতিহাস আছে, তাৰ বাবে মানুহে ভাৰতক বহুত আশংকাৰ দৃষ্টিৰে চাইছিল। কিন্তু, নকাৰাত্মকতাৰ সেই পৰিস্থিতিত ভাৰতে নিজৰ সামৰ্থ্যৰ ওপৰত ভৰষা কৰিলে। আমি নিজৰ বৈজ্ঞানিক, নিজৰ ডাক্তৰ, নিজৰ যুৱক-যুৱতীৰ ওপৰত ভৰষা কৰিলো। আৰু, আমি পৃথিৱীৰ বাবে চিন্তা নহয় বৰঞ্চ আশাৰ কিৰণ হৈ ওলালো। আমি সমস্যা নহয় বৰঞ্চ আমি সমাধান দিওঁতা হ'লো। আমি পৃথিৱীৰ বিভিন্ন দেশলৈ ঔষধ পঠিয়ালো, ভেকচিন পঠিয়ালো। নিজৰ ইমান ডাঙৰ দেশতো আমি প্ৰত্যেক নাগৰিকলৈ ভেকচিন লৈ গ'লো। আজি প্ৰায় ২০০ কোটি ভেকচিন ড'জ দেশত লগোৱা হৈ গৈছে। এই দুৰ্যোগৰ মাজতে আমি 'আত্মনিৰ্ভৰ ভাৰত'ৰ দৰে সংকল্পও আৰম্ভ কৰিলো, আৰু আজি এই সংকল্প দ্ৰুতগতিত সিদ্ধিৰ দিশত অগ্ৰসৰ হৈছে। সেয়ে, কৰোণাৰ দুষ্প্ৰভাৱৰ পৰা ওলাই আজি আমি সবাতোকৈ দ্ৰুতগতিত বৰ্ধিত বিশ্ব অৰ্থনৈতিক ব্যৱস্থাৰ মাজৰ এটা হৈ পৰিছো। বিশ্বই আমাক আজি এটা নতুন আশাৰে, নতুন ভৰষাৰে চাই আছে। বন্ধুসকল, আজি যি সময়ত আমাৰ চৰকাৰে ৮ বছৰ সম্পূৰ্ণ কৰি আছে, সেই সময়ত দেশৰ আত্মবিশ্বাস, দেশবাসীৰ নিজৰ ওপৰত ভৰষাও অভূতপূৰ্ব। ভ্ৰষ্টাচাৰ, হাজাৰ হাজাৰ কোটিৰ কেলেংকাৰী, ভাই-ভতিজাবাদ, দেশজুৰি বিয়পি থকা সন্ত্ৰাসবাদী সংগঠন, ক্ষেত্ৰীয় ভেদভাব, যি কুচক্ৰত দেশ ২০১৪ৰ আগতে আৱদ্ধ হৈ আছিল, তাৰ পৰা এতিয়া বাহিৰ ওলাই আছে। এয়া আপোনালোক সকলো শিশুৰ বাবে এই কথাৰো উদাহৰণ যে কঠিনতকৈও কঠিন দিনো পাৰ হৈ যায়। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসৰ মন্ত্ৰেৰে চলি ভাৰতে এতিয়া দ্ৰুতগতিত বিকাশ কৰি আছে। স্বচ্ছ ভাৰত মিছনেই হওক, জনধন যোজনা হওক, উজ্জ্বলা যোজনা হওক বা হৰ ঘৰ জল অভিযান, যোৱা ৮ বছৰ দুখীয়াৰ সেৱা, দুখীয়াৰ কল্যাণৰ বাবে সমৰ্পিত আছিল। পৰিয়ালৰ এজন সদস্য হিচাপে, মই এই প্ৰয়াস কৰিছো যে দুখীয়াৰ জীৱনৰ বিপদ কম হওক, তেওঁলোকৰ জীৱন সহজ হওক। দেশবাসীক যেনেদৰে য'তেই নহওক proactively তেওঁলোকৰ বাবে কিবা কৰিব পৰা যায়, কোনো নাটনি হ'বলৈ দিয়া নাই। যি প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ আগতে চৰকাৰবিলাকে চিন্তা কৰিছিল, মানুহৰো অভ্যাস নাছিল, সেই প্ৰযুক্তিৰে ব্যৱহাৰ বঢ়াই আমাৰ চৰকাৰে দুখীয়াক তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰিছে। এতিয়া দুখীয়াতকৈও দুখীয়াৰ ভৰষা আছে যে চৰকাৰৰ যোজনাৰ মুনাফা তেওঁলোকে পাব, নিৰন্তৰ পাব। এই ভৰষা বঢ়াবলৈ আমাৰ চৰকাৰে এশ শতাংশ সবলীকৰণৰ অভিযান চলাই আছে। কোনো দুখীয়া চৰকাৰী যোজনাৰ সুফল লাভৰ পৰা বাদ পৰি নাযাওক, প্ৰত্যেক দুখীয়াই তেওঁলোকৰ অধিকাৰ পাওক, এয়া আমাৰ চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতাৰ অন্যতম। যোৱা ৮ বছৰত ভাৰতে যি উচ্চতা আহৰণ কৰিছে, সেই কথা আগতে কোনেও ভাবিবই পৰা নাছিল। আজি পৃথিৱীত ভাৰতৰ মান-মৰ্যাদা বাঢ়িছে, বিশ্ব মঞ্চত আমাৰ ভাৰতৰ শক্তি বাঢ়িছে। আৰু মই আনন্দিত যে ভাৰতৰ এই যাত্ৰাৰ নেতৃত্ব যুৱ শক্তিয়েই কৰি আছে। মোৰ বিশ্বাস আছে যে আপোনালোক সকলোৱে, আমাৰ শিশুসকল, আমাৰ যুৱক-যুৱতীয়ে এই উদ্যম আৰু মানৱীয় সংবেদনশীলতাৰেই দেশ আৰু দুনিয়াক পথ দেখুৱাব। আপোনালোক সকলো এনেকৈয়ে আগবাঢ়ি থাকক। সংকল্প লৈ আগবাঢ়ক, সংকল্পত জীৱন সমৰ্পিত কৰাৰ প্ৰস্তুতি চলাওক, সপোন সাকাৰ নোহোৱালৈকে নৰওঁ। আপোনালোকে য'ত যি উচ্চতাত উপনীত হ'ব বিচাৰিব, পৃথিৱীৰ কোনো শক্তিয়ে আপোনালোকক ৰখাব নোৱাৰে। যদি আপোনালোকৰ ভিতৰত উদ্দীপনা আছে, আপোনালোকৰ ভিতৰত সংকল্প আছে আৰু সংকল্প সিদ্ধি কৰিবলৈ সামৰ্থ্য আছে তেন্তে আপোনালোকে কেতিয়াও থমকি ৰ'ব নালাগে। মই আৰম্ভণিতে কৈছিলো যে পৰিয়ালৰ এজন লোক হিচাপে আজি কথাপাতি আছো। পৰিয়ালৰ এজন লোক হিচাপে আপোনালোকক আজি মই আশীৰ্বাদ দিব বিচাৰিছো। মই নাজানো আশীৰ্বাদ দিয়াৰ মোৰ অধিকাৰ আছে নে নাই কিন্তু মই আপোনালোকৰ ভিতৰত সামৰ্থ্য দেখা পাইছো, আপোনালোক শিশুসকলৰ মাজত সামৰ্থ্য দেখা পাইছো। আৰু সেয়ে মই আশীৰ্বাদ দিছো। আপোনালোক বহুত আগবাঢ়ক। আপোনালোকক মোৰ বহুত শুভকামনা। বহুত বহুত ধন্যবাদ!
পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনিৰ জৰিয়তে মুনাফা জাৰি কৰিবলৈ দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%AA%E0%A6%BE%E0%A7%B1%E0%A6%B2%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%AA%E0%A6%BE%E0%A7%B1%E0%A6%B2%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ৰাষ্ট্ৰবাসীক দিপাৱলী উলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷ ‘‘দিপাৱলীৰ শুভেচ্ছা! এই উত্সৱে আপোনালোক সকলোৰে জীৱনলৈ সুখ, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক৷ সুখ আৰু প্ৰকাশৰ শক্তি প্ৰজ্বলিত হওক,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
দিপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীক জনালে শুভেচ্ছা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A7%87%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A7%87%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95/
(মাৰাঠী ভাষাত শুভেচ্ছা জ্ঞাপন) মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশিয়াৰী জী, মোৰ কেবিনেট সতীৰ্থ ৰামদাস আঠৱালে জী, উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ জী, মহাৰাষ্ট্ৰ চৰকাৰৰ অন্যান্য মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনভিছ জী, মোৰ সংসদ সতীৰ্থ প্ৰকাশ জাভড়েকাৰ জী, আন-আন সাংসদ, বিধায়ক, পুনেৰ মেয়ৰ মুৰুলীধৰ মোহল জী, পিম্প্ৰি চিঞ্চৱাডৰ মেয়ৰ শ্ৰীমতী মাই ধৰে জী, ইয়াত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল! সম্প্ৰতি দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰি আছে। ভাৰতৰ স্বাধীনতাত পুনেৰ এক ঐতিহাসিক অৱদান আছে। লোকমান্য তিলক, চাপেকাৰ ভ্ৰাতৃ, গোপাল গণেশ আগৰকাৰ, সেনাপতি বাপত, গোপাল কৃষ্ণ দেশমুখ, আৰজি ভাণ্ডাৰকাৰ, মহাদেৱ গোবিন্দ ৰাণাদে জী- মই এই মাটিৰ সকলো স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আজি মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে সমৰ্পিত ৰামভাউ মালগীৰ মৃত্যু বাৰ্ষিকীও। আজি মই বাবাচাহেব পুৰন্দৰে জীকো সন্মান সহকাৰে স্মৰণ কৰিছো। কিছু সময় পূৰ্বে মোৰ ছত্ৰপতি শিৱাজী মহাৰাজৰ বিশাল মূৰ্তি উদ্বোধনৰ সৌভাগ্য হৈছিল। ছত্ৰপতি শিৱাজী মহাৰাজ জীৰ এই মূৰ্তি, যি আমাৰ হৃদয়ত চিৰন্তন, যিয়ে যুৱ প্ৰজন্ম, ভৱিষ্যৎ প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ উদ্দীপনা প্ৰোথিত কৰিব। আজি পুনেৰ উন্নয়ন সম্পৰ্কীয় আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হৈছে বা এইসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে। আপোনাসৱে পূৰ্বে পুনে মেট্ৰ'ৰ আধাৰশিলা স্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা কাৰ্য্যত মই নিজকে সৌভাগ্যৱান অনুভৱ কৰো। আৰু এতিয়া আপোনাসৱে মোক এয়া উদ্বোধন কৰাৰ সুযোগ প্ৰদান কৰিছে। পূৰ্বে, আধাৰশিলা স্থাপন কৰোতে এয়া কেতিয়া উদ্বোধন কৰা হ'ব, সেয়া কোনেও নাজানিছিল। বন্ধুসকল, এই কাৰ্য্যসূচী গুৰুত্বপূৰ্ণ কিয়নো পৰিকল্পনাৰাজি যে সময়মতে সম্পূৰ্ণ কৰিব পাৰি, ই উক্ত বাৰ্তাও বহন কৰিছে। আজি মুলা-মুথা নদীক প্ৰদূষণ মুক্ত কৰিবলৈ ১১০০ কোটি টকাৰ প্ৰকল্পৰ কামো আৰম্ভ কৰা হৈছে। আজি পুনেতো ই-বাছ আছে। বেনাৰত ই-বাছৰ ডিপো উদ্বোধন কৰা হৈছে। মই ঊষা জীক এই সকলোৰে বাবে অভিনন্দন জনাইছো। আজি, পুনেয়ে আৰ কে লক্ষ্মণ জীলৈ উৎসৰ্গিত এক কলা বীথিকা সংগ্ৰহালয়ৰ ৰূপত আন এটা আশ্চৰ্য্যকৰ উপহাৰ লাভ কৰিছে। মই ঊষা জী আৰু তেওঁৰ গোটেই পৰিয়ালক অভিনন্দন জনাইছো কিয়নো মই তেওঁৰ সৈতে নিৰন্তৰভাৱে যোগাযোগ কৰি আছো। মই তেওঁৰ উৎসাহ, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক অভিনন্দন জনাইছো। তেওঁ কামটো সম্পূৰ্ণ কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰিছিল। ঊষা জী আৰু গোটেই পৰিয়ালটোলৈ মোৰ শুভেচ্ছা জনাইছো। আজি মই পুনেৰ জনসাধাৰণক এই সকলো সুবিধাৰ বাবে অভিনন্দন জনাইছো আৰু লগতে আমাৰ মেয়ৰ আৰু সমগ্ৰ টীম উভয়কে ক্ষীপ্ৰতাৰে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰে আগবাঢ়ি যোৱাৰ বাবে অভিনন্দন জনাইছো। ভ্ৰাতৃ আৰু ভগ্নীসকল, পুনে ইয়াৰ সাংস্কৃতিক, আধ্যাত্মিক আৰু দেশপ্ৰেমিক চেতনাৰ বাবে খ্যাত। আৰু একে সময়তে, পুনেয়ে শিক্ষা, গৱেষণা আৰু বিকাশ, তথ্য-প্ৰযুক্তি আৰু অট’ম’বাইলৰ ক্ষেত্ৰত নিৰন্তৰভাৱে নিজৰ পৰিচয় শক্তিশালী কৰি আহিছে। এনে পৰিস্থিতিত, আধুনিক সুবিধাৰাজি হৈছে পুনেৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা। আৰু আমাৰ চৰকাৰে পুনেৰ জনসাধাৰণৰ এই প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি অসংখ্য ক্ষেত্ৰত কাম কৰি আছে। মই ক্ষন্তেক পূৰ্বে গাৰৱেৰৰপৰা আনন্দ নগৰলৈ পুনে মেট্ৰ'ৰ জৰিয়তে ভ্ৰমণ কৰিছিলো। এই মেট্ৰ'ই পুনেত গতিশীলতা (mobility) সহজ কৰিব, প্ৰদূষণ আৰু যান-যঁটৰপৰা সকাহ দিব আৰু একে সময়তে পুনেৰ লোকসকলৰ ইজ অৱ লিভিঙৰ বৰ্ধন ঘটাব। ৫-৬ বছৰ পূৰ্বে, দেৱেন্দ্ৰ জী ইয়াৰ মুখ্যমন্ত্ৰী থাকোতে, তেওঁ এই প্ৰকল্পটোৰ বাবে মাজে-মাজে দিল্লীলৈ গৈছিল। অতি আগ্ৰহ আৰু উৎসাহেৰে তেওঁ এই প্ৰকল্পটো অনুসৰণ কৰিব। মই তেওঁৰ প্ৰচেষ্টাক প্ৰশংসা কৰিব খুজিছো। বন্ধুসকল, ক’ৰোনা মহামাৰীটোৰ মাজতো এই শাখাটো আজি সেৱাৰ বাবে সাজু। পুনে মেট্ৰ'ৰ পৰিচালনাৰ বাবে সৌৰ শক্তিও ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে। ই প্ৰতি বছৰে প্ৰায় ২৫ হাজাৰ টন কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন ৰোধ কৰিব। মই এই প্ৰকল্পটোৰ সৈতে জড়িত সকলো লোক, বিশেষকৈ সকলো শ্ৰমিকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনাসৱৰ অৱদান পুনেৰ পেছাদাৰী, ইয়াৰ শিক্ষাৰ্থীসকলৰ লগতে ইয়াৰ সাধাৰণ নাগৰিকসকলৰ বাবে যথেষ্ট সহায়ক হ'ব। বন্ধুসকল, আমাৰ দেশত কিমান ক্ষীপ্ৰতাৰে নগৰীকৰণ অব্যাহত আছে, সেয়া আপোনালোক সকলোৱে ভালদৰে জানে। ২০৩০ ৰ ভিতৰত আমাৰ নগৰীয়া জনসংখ্যাই ৬০ কোটি অতিক্ৰম কৰিব বুলি বিশ্বাস কৰা হয়। চহৰসমূহৰ বৰ্ধিত জনসংখ্যাই ইয়াৰ লগত কেৱল কেইবাটাও সুযোগেই নহয় প্ৰত্যাহ্বানো কঢ়িয়াই আনিছে। চহৰসমূহত কেৱল কিছু পৰিমাণেহে ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰিব পাৰি। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে-লগে, কিমানখন ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰিব পাৰি? আপুনি ইয়াক ক'ত নিৰ্মাণ কৰিব? আপুনি কিমানটা পথ বহল কৰিব পাৰে? আপুনি এনে ক'ত কৰিব? এনে পৰিস্থিতিত, আমাৰ ওচৰত কেৱল এটাই বিকল্প আছে- সেয়া হৈছে গণ পৰিবহণ। আমি গণ পৰিবহণৰ প্ৰণালী অধিক গঢ়ি তোলাটো আৱশ্যকীয়। সেয়েহে আজি আমাৰ চৰকাৰে গণ পৰিবহণ, বিশেষকৈ মেট্ৰ' সংযোগৰ মাধ্যমৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ২০১৪ লৈকে, দেশখনৰ কেৱল দিল্লী-এনচিআৰ অঞ্চলত মেট্ৰ'ৰ ব্যাপক সম্প্ৰসাৰণ কৰা হৈছিল। ই সেই সময়ত মাত্ৰ ১ বা ২ খন চহৰত উপলব্ধ হ'বলৈ আৰম্ভ কৰিছিল। কিন্তু আজি দেশখনৰ ২ ডজনৰো অধিক চহৰত মেট্ৰ' কাৰ্য্যক্ষম হৈ পৰিছে নতুবা শীঘ্ৰেই আৰম্ভ হ'ব। মহাৰাষ্ট্ৰৰো ইয়াত অংশ আছে। মুম্বাইয়ে হওঁক, পুনে-পিম্প্ৰি চিঞ্চৱাডেই হওঁক, থানে বা নাগপুৰেই হওঁক, আজি মহাৰাষ্ট্ৰৰ মেট্ৰ' নেটৱৰ্ক অতিশয় ক্ষীপ্ৰতাৰে সম্প্ৰসাৰিত হৈছে। আজি এই উপলক্ষে মই পুনে আৰু সম্প্ৰতি মেট্ৰ' চলি থকা প্ৰতিখন চহৰৰ লোকসকলক অনুৰোধ জনাব খুজিছো। মই সমাজৰ উচ্চ স্তৰলৈ এটা বিশেষ অনুৰোধ কৰিব খুজিছো যে আমি যিমানেই ডাঙৰ, ধনী বা প্ৰভাৱশালী নহওঁ কিয়, সমাজৰ প্ৰতিটো শ্ৰেণীয়ে মেট্ৰ' ৰে'লৰ জৰিয়তে ভ্ৰমণৰ অভ্যাস গঢ়ি তুলিব লাগে। আপুনি মেট্ৰ'ৰ জৰিয়তে যিমানেই ভ্ৰমণ কৰিব, আপুনি আপোনাৰ চহৰখনক সিমানেই সহায় কৰিব। ভ্ৰাতৃ আৰু ভগ্নীসকল, একবিংশ শতিকাৰ ভাৰতত আমি আমাৰ চহৰসমূহৰ আধুনিকীকৰণ কৰিব লাগিব আৰু সেইসমূহত নতুন সুবিধা যোগ দিব লাগিব। ভৱিষ্যতৰ ভাৰতৰ চহৰৰ কথা মনত ৰাখি, আমাৰ চৰকাৰে একেলগে কেইবাটাও প্ৰকল্পৰ কাম অব্যাহত ৰাখিছে। আমাৰ চৰকাৰে প্ৰতিখন চহৰত অধিক সংখ্যক সেউজ পৰিবহণ, বৈদ্যুতিক বাছ, বৈদ্যুতিক গাড়ী, বৈদ্যুতিক দুচকীয়া বাহন আৰু স্মাৰ্ট গতিশীলতা নিশ্চিতকৰণৰ অৰ্থে চেষ্টা কৰি আছে; জনসাধাৰণে পৰিবহণ সুবিধাৰ বাবে কেৱল এখন কাৰ্ড ব্যৱহাৰ কৰি আছে; সুবিধাটো স্মাৰ্ট কৰিবলৈ প্ৰতিখন চহৰতে সংহত কমাণ্ড এণ্ড কনট্ৰল চেন্টাৰ আছে; চাৰ্কুলাৰ অৰ্থনীতিক সুদৃঢ় কৰিবলৈ প্ৰতিখন চহৰতে আধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালী আছে; পানীৰ উৎসৰ উন্নত সংৰক্ষণৰ লগতে প্ৰতিখন চহৰতে পৰ্য্যাপ্ত পানীৰ উপলব্ধতাৰ বাবে যথোচিত আধুনিক নৰ্দমা শোধন প্ৰকল্প আছে। চৰকাৰখনে লগতে 'আৱৰ্জনাক সম্পদলৈ' (Waste to Wealth) প্ৰণালী সৃষ্টি কৰিবলৈ প্ৰতিখন চহৰতে গোবৰ্ধন প্ৰকল্প ৰূপায়ণ হোৱাটো নিশ্চিত কৰিছে; জৈৱ গেছ প্ৰকল্প থকা; প্ৰতিখন চহৰে শক্তি দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু প্ৰতিখন চহৰৰ পথসমূহ স্মাৰ্ট এলইডি বাল্বেৰে আলোকিত হোৱাটো নিশ্চিত কৰিছে। আমি এই দৃষ্টিৰে আগবাঢ়িছো। চহৰসমূহত খোৱা পানী আৰু নিষ্কাশনৰ পৰিস্থিতিৰ অগ্ৰগতি সাধনৰ বাবে, আমি অম্ৰুত মিছন (ission) ৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো। এই আইনৰ অনুপস্থিতিৰ বাবে এসময়ত অসুবিধাত পৰা মধ্যবিত্ত পৰিয়ালসমূহক সহায় কৰিবলৈ আমি আৰইআৰএ ৰ দৰে আইনো যুগুত কৰিছিলো; যিয়ে পৰিশোধ কৰা সত্বেও ঘৰ পাবলৈ বহু বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। কাগজত দিয়া প্ৰতিশ্ৰুতিসমূহ কেতিয়াও পূৰণ কৰা হোৱা নাছিল। তেওঁলোকে ঘৰৰ বাহিৰে কেৱল প্ৰতিশ্ৰুতিহে লাভ কৰিছিল। সেয়েহে, কেইবাটাও প্ৰত্যাহ্বান আছিল। এক প্ৰকাৰে, আমাৰ মধ্য-বিত্ত পৰিয়ালসমূহে, যিসকলে সমগ্ৰ জীৱনৰ সঞ্চয়ৰে এটা ঘৰ নিৰ্মাণ কৰিব বিচাৰিছিল, ঘৰটো নিৰ্মাণ হোৱাৰ পূৰ্বেই প্ৰতাৰিত হোৱা বুলি অনুভৱ কৰিছিল। এই আৰইআৰএ আইনে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে এক মহান কাম কৰি আছে, যিসকলে এটা ঘৰ নিৰ্মাণ কৰিব বিচাৰে। আমি চহৰসমূহত উন্নয়নৰ বাবে এক সুস্থ প্ৰতিযোগিতাৰো বিকাশ সাধন কৰি আছো যাতে পৰিষ্কাৰ-পৰিচ্ছন্নতা স্থানীয় সংস্থাসমূহৰ মুখ্য কেন্দ্ৰবিন্দু হৈ পৰে। নগৰ পৰিকল্পনাৰ সৈতে সম্পৰ্কীয় এই বিষয়সমূহকো এই বৰ্ষৰ বাজেটত যথেষ্ট মনোযোগ দিয়া হৈছে। ভ্ৰাতৃ আৰু ভগ্নীসকল, পুনেৰ পৰিচয় সেউজ ইন্ধনৰ কেন্দ্ৰ হিচাপেও বিকশিত কৰা হৈছে। আমি জৈৱ ইন্ধন, ইথানল, প্ৰদূষণৰপৰা পৰিত্ৰাণ পাবলৈ, খাৰুৱা তেলৰ ওপৰত বৈদেশিক নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আৰু কৃষকৰ আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। পুনেত বৃহৎ পৰিমাণে ইথানল ব্লেণ্ডিঙৰ ব্যৱস্থা স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে, এই অঞ্চলৰ আশে-পাশে থকা কুঁহিয়াৰ খেতিয়কসকলো যথেষ্ট লাভান্বিত হ'ব। আজি, পৌৰ নিগমে পুনেক পৰিষ্কাৰ আৰু সুন্দৰ কৰি তুলিবলৈ কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে। পুনেক সঘন বান পানী আৰু প্ৰদূষণৰপৰা মুক্ত কৰিবলৈ শ-শ কোটি টকাৰ এই প্ৰকল্পসমূহ অতি উপযোগী হ'ব। কেন্দ্ৰীয় চৰকাৰখনে মুলা-মুথা নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে পুনে পৌৰ নিগমক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। নদীসমূহ পুনৰুজ্জীৱিত হোৱা মাত্ৰেকে চহৰখনৰ লোকসকলেও এক বৃহৎ সকাহ, এক নতুন শক্তি লাভ কৰিব। আৰু মই চহৰসমূহত বাস কৰা লোকসকলক তাৰিখ নিৰ্ধাৰণৰ পিছত বছৰত এবাৰ নদী উৎসৱ উদযাপন কৰিবলৈ অনুৰোধ কৰিম। আমি নদীখনৰ প্ৰতি শ্ৰদ্ধাৰ অনুভূতি জাগ্ৰত কৰা উচিত, নদীখনৰ গুৰুত্ব উপলব্ধি কৰা উচিত আৰু পৰিবেশৰ দৃষ্টিকোণৰপৰা প্ৰশিক্ষণ গ্ৰহণ কৰা উচিত। তেতিয়াহে আমি আমাৰ নদীসমূহৰ গুৰুত্ব বুজি পাম। তেতিয়াহে আমি প্ৰতিটো টোপাল পানীৰ গুৰুত্ব বুজি পাম। বন্ধুসকল, যিকোনো দেশতে আধুনিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল গতি আৰু স্কেল। কিন্তু কেইবা দশক ধৰি, আমাৰ এনে ধৰণৰ ব্যৱস্থা আছিল যাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ সম্পূৰ্ণ হ'বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। এই মন্থৰ মনোভাৱে দেশখনৰ উন্নয়নকো প্ৰভাৱিত কৰি আহিছে। আজি ক্ষীপ্ৰতাৰে বিকশিত হোৱা ভাৰতত আমি গতিৰ লগতে স্কেলৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী-গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে। আমি দেখিছো যে প্ৰায়েই প্ৰকল্প ৰূপায়ণ পলম হোৱাৰ কাৰণ হৈছে বিভিন্ন বিভাগ, বিভিন্ন মন্ত্ৰালয় আৰু চৰকাৰসমূহৰ মাজত সমন্বয়ৰ অভাৱ। ফলস্বৰূপে, আনকি যেতিয়া এটা প্ৰকল্প বহু বছৰৰ পিছত সম্পূৰ্ণ হৈছিল, ই পুৰণি হৈ পৰিছিল আৰু ইয়াৰ প্ৰাসংগিকতা হেৰাই গৈছিল। প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে এই সকলো অসংগতি আঁতৰাবলৈ কাম কৰিব। যেতিয়া এক একত্ৰিত মনোযোগেৰে কাম কৰা হয় আৰু প্ৰতিজন অংশীদাৰৰ ওচৰত পৰ্য্যাপ্ত তথ্য থাকে, তেতিয়া আমাৰ প্ৰকল্পসমূহো সময়মতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা অধিক হ'ব। ফলস্বৰূপে, জনসাধাৰণৰ সমস্যা হ্ৰাস হ'ব, দেশখনৰ ধন ৰাহি হ'ব আৰু জনসাধাৰণেও সোনকালে ব্যৱস্থাসমূহ লাভ কৰিব। ভ্ৰাতৃ আৰু ভগ্নীসকল, মই আনন্দিত যে আধুনিকতাৰ লগতে পুনেৰ ইতিহাস আৰু পৰম্পৰাৰ সৈতে মহাৰাষ্ট্ৰৰ গৌৰৱক নগৰ পৰিকল্পনাত সমানেই স্থান দিয়া হৈছে। এই ভূমি সন্ত দ্ন্যানেশ্বৰ আৰু সন্ত তুকাৰামৰ দৰে অনুপ্ৰেৰণাদায়ক সাধুসকলৰ। মোৰ মাত্ৰ কেইমাহমান পূৰ্বে শ্ৰীশান্ত দ্ন্যানেশ্বৰ মহাৰাজ পালখি মাৰ্গ আৰু সন্ত তুকাৰাম মহাৰাজ পালখি মাৰ্গৰ আধাৰশিলা স্থাপনৰ সৌভাগ্য হৈছিল। ইয়াৰ ইতিহাসক গৌৰৱান্বিত কৰি আধুনিকতাৰ এই বিকাশ যাত্ৰা এনেদৰেই অব্যাহত থাকক। এই ইচ্ছাৰে পুনেৰ সকলো লোককে আকৌ এবাৰ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো! বহু-বহু ধন্যবাদ!
মহাৰাষ্ট্ৰৰ পুনেত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%AB%E0%A7%A6%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%B6-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AC-%E0%A6%89%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%AB%E0%A7%A6%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%B6-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AC-%E0%A6%89%E0%A6%AA/
দশম গৰাকী শিখ গুৰু গুৰু গোৱিন্দ সিং জীৰ ৩৫০ সংখ্যক প্ৰকাশ পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “৩৫০সংখ্যক প্ৰকাশ পৰ্ব উপলক্ষে মই পূজনীয় শ্ৰী গুৰু গোৱিন্দ সিং জীৰ প্ৰতি প্ৰণিপাত জনাইছো। তেখেত অত্যন্ত সাহসী আৰু অসাধাৰণ জ্ঞানী লোক আছিল। তেখেতৰ সাহসী কৰ্ম আৰু উত্তম চিন্তাধাৰাই প্ৰতি প্ৰজন্মকে অনুপ্ৰাণিত কৰে। শ্ৰী গুৰু গোৱিন্দ সিং জীয়ে সমতাৰ শক্তিক বিশ্বাস কৰিছিল। তেওঁ সকলো ধৰণৰ সামাজিক বৈষম্যৰ বিৰোধিতা কৰিছিল আৰু ন্যায়ৰ ভাৱনাৰ সমান্তৰালভাৱে নম্ৰতাৰ বাবে সন্মানীত হৈছিল।”
৩৫০সংখ্যক প্ৰকাশ পৰ্ব উপলক্ষে গুৰু গোৱিন্দ সিং জীক স্মৰণ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%9C%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%9C%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ, ২০১৮ত ঝাৰখণ্ডৰ ৰাঁচীত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰিব। এই আঁচনিৰ অধীনত ১০ কোটিতকৈ অধিক পৰিয়ালক প্ৰতি বছৰে ৫ লাখ টকাকৈ বীমাৰ সুবিধা প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে পিএমজেএৱাইৰ লগত সংগতি ৰাখি এক প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰী চিনাক্তকৰণ আৰু ই-কার্ড প্ৰস্তুতৰ দৰে কার্যসূচীতো অংশগ্ৰহণ কৰিব। একে অনুষ্ঠানত প্রধানমন্ত্রীয়ে চাইবাছা আৰু কোডাৰমা চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ ১০টা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্রৰো উদ্বোধন কৰিব। ছিকিমৰ গেংটকলৈ ৰাওনা হোৱাৰ পূর্বে প্ৰধানমন্ত্ৰীয়ে এক জনসভাত ভাষণ আগবঢ়াব। ২৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে প্রধানমন্ত্রীয়ে পাকয়ং বিমানবন্দৰ উদ্বোধন কৰিব, যিটোৱে ছিকিমক দেশৰ অসামৰিক বিমান পৰিবহণৰ মানচিত্রত স্থান দিব। এই বিমানবন্দৰে হিমালয়ান ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাত ব্যাপক সকাহ দিয়াৰ লগতে তাৰ পর্যটনৰো বিকাশ ঘটাব। প্রধানমন্ত্রীয়ে পাকয়ং বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত বিমানবন্দৰ আৰু টার্মিনেল ভৱনৰ বিষয়ে তেওঁক জনোৱা হ’ব। তেওঁ পাকয়ং বিমানবন্দৰ উদ্বোধনৰ লগত সংগতি ৰাখি এখন নামফলকো উন্মোচন কৰিব। তাৰপাছতে প্রধানমন্ত্রীয়ে উপস্থিত জনতাক উদ্দেশ্যি ভাষণ আগবঢ়াব।
ৰাঁচীত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা শুভাৰম্ভ, ছিকিমত পাকয়ং বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A3-%E0%A6%95%E0%A7%8B%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A3-%E0%A6%95%E0%A7%8B%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4/
ক্ৰ. নং নথিৰ বিৱৰণ ভাৰতৰ স্বাক্ষৰকাৰী কোৰিয়াৰ স্বাক্ষৰকাৰী উদ্দেশ্য ১ ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি (চিইপিএ) উন্নীত কৰাৰ বাবে দ্ৰুত সফলতাৰ যুটীয়া বিবৃতি শ্ৰী সুৰেশ প্ৰভূ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, ভাৰত কিম হিয়ুন-চোং, বাণিজ্য, উদ্যোগ আৰু শক্তি মন্ত্ৰী, দক্ষিণ কোৰিয়া ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত সুসংহত অর্থনৈতিক অংশীদাৰিত্ব চুক্তি সম্পর্কে চলিত আলোচনাৰ পথ প্রশস্ত কৰিবলৈ মিছা মাছ, শামুক আৰু প্রক্রিয়াজাত মাছ সহ অবাধ বাণিজ্যৰ গুৰুত্বপূর্ণ ক্ষেত্রসমূহৰ চিনাক্তকৰণ। ২ বাণিজ্যিক বিধানৰ সন্দৰ্ভত বুজাবুজি চুক্তি শ্ৰী সুৰেশ প্ৰভূ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, ভাৰত কিম হিয়ুন-চোং, বাণিজ্য, উদ্যোগ আৰু শক্তি মন্ত্ৰী, দক্ষিণ কোৰিয়া উদ্যোগ আৰু বাণিজ্য খণ্ডৰ সহায়ক ব্যৱস্থাপনাৰ সহযোগিতাৰ বাবে চৰকাৰী বিষয়া তথা সংশ্লিষ্ট ক্ষেত্রৰ বিশেষজ্ঞসকলক লৈ গঠিত সহযোগিতা কমিটীৰ জৰিয়তে আলাচনা আৰু তথ্য বিনিময় কৰি সামগ্ৰী ব্যৱস্থাপনা, ৰাজসাহায্য আৰু সুৰক্ষামূলক ব্যৱস্থা গঢ়ি তোলা। ৩ ভৱিষ্যতৰ কৌশল নিৰ্ধাৰক গোট সম্পৰ্কীয় বুজাবুজি চুক্তি শ্ৰী সুৰেশ প্ৰভূ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, ভাৰত আৰু ড০ হৰ্ষ বৰ্ধন, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী, ভাৰত কিম হিয়ুন-চোং, বাণিজ্য, উদ্যোগ আৰু শক্তি মন্ত্ৰী, দক্ষিণ কোৰিয়া আৰু শ্ৰীযুত ইউ য়ং মিন বিজ্ঞান আৰু আইচিটি মন্ত্ৰী, দক্ষিণ কোৰিয়া চতুর্থ উদ্যোগ বিপ্লৱৰ সুযোগ-সুবিধাসমূহ কামত লগাই বাণিজ্যিকীকৰণৰ বাবে আধুনিক প্রযুক্তিৰ মান উন্নয়নত সহযোগিতা আগবঢ়োৱা। ইয়াৰ বাবে ইণ্টাৰনেট অৱ থিংছ, কৃত্রিম বুদ্ধিমত্তা, বিগ ডাটা, স্মার্ট ফেক্টৰী, থ্রি-ডি মুদ্রণ, বৈদ্যুতিন যান-বাহন ইত্যাদি ক্ষেত্ৰক চিহ্নিত কৰা হৈছে। ৪ ২০১৮-২০২২ লৈকে সাংস্কৃতিক বিনিময় কাৰ্যসূচী শ্ৰী ৰাঘৱেন্দ্ৰ সিং, সচিব, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত শ্ৰীযুত শ্ৰীযুত শ্বিন বং কিল, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত সাংস্কৃতিক পর্যায়ত তথা দুয়ো দেশৰ জনাধাৰণৰ মাজত যোগাযোগ আৰু অধিক সুদৃঢ় কৰিবলৈ সংগীত আৰু নৃত্য, ৰংগমঞ্চ, শিল্প প্রদর্শনী, অভিলেখাগাৰ, নৃ-তত্ব, সংগ্রহালয় প্রদর্শনী আৰু গণমাধ্যম কার্যসূচীৰ ক্ষেত্রত প্রতিষ্ঠানগত সহযোগিতাৰ প্রসাৰ ঘটোৱা। ৫ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ) আৰু ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্রযুক্তি গৱেষণা পৰিষদ(এনএছটি)ৰ মাজত বিজ্ঞান আৰু প্রযুক্তিগত ক্ষেত্রত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি ড০ গিৰিশ ছাহানি, সঞ্চালক,চিএছআইআৰ ড০ ৱন কোৱাং য়ুন, ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্রযুক্তি গৱেষণা পৰিষদ(এনএছটি) বিজ্ঞান আৰু প্রযুক্তিৰ সমান্তৰালভাৱে সুলভ ব্যৱস্থাৰে পানী শোধন প্রযুক্তি, দ্রুত পৰিবহণ ব্যবস্থা, নতুন বা বিকল্প সামগ্রী, পৰম্পৰাগত ঔষুধ ইত্যাদিৰ ক্ষেত্রত সহযোগিতা গঢ়ি তোলা।. ৬ ভাৰতৰ গৱেষণ পদ্ধতি আৰু মানসম্পন্ন সংস্থা (আৰডিএছঅ’) আৰু কোৰিয়াৰ ৰে’ল পথ গৱেষণা প্ৰতিষ্ঠান(কেআৰআৰআই) শ্ৰী এম. হুছেইন, সঞ্চালক, আৰডিএছঅ’ শ্ৰীযুত না হী-ছেউং, অধ্যক্ষ, কেআৰআৰআই ৰে’ল সম্পৰ্কীয় গৱেষণা, ৰে’ল সম্পর্কীয় অভিজ্ঞতাৰ বিনিময় আৰু ৰে’ল উদ্যোগ সংস্থাসমূহৰ মান উন্নয়নৰ বাবে সহযোগিতা গঢ়ি তোলা। একেদৰে সেই সংস্থা দুটাই ভাৰতত ৰে’ল গৱেষণা আৰু মান উন্নয়ন সম্পৰ্কীয় এটি আধুনিক প্রতিষ্ঠান গঢ়ি তোলাৰ সমান্তৰালভাৱে যুটীয়া গৱেষণা প্রকল্পসমূহৰ পৰিকল্পনা ৰচনা আৰু ৰূপায়ণৰ সম্ভাৱনীয়তাৰ সন্ধান উলিয়াব। ৭ জৈৱ-প্ৰযুক্তি আুৰু জৈৱ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতামুলক বুজাবুজি চুক্তি ড০ হৰ্ষ বৰ্ধন, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী, ভাৰত শ্ৰীযুত ইউ য়ং মিন বিজ্ঞান আৰু আইচিটি মন্ত্ৰী, দক্ষিণ কোৰিয়া স্বাস্থ্য, ঔষুধ-পাতি, কৃষি-মৎস্যপালন সামগ্রী, ডিজিটেল স্বাস্থ্য সেৱা, মগজুৰ গৱেষণা আৰু পৰৱর্তী প্রজন্মৰ চিকিৎসা সঁজুলিৰ ক্ষেত্রত জৈৱ প্রযুক্তি আৰু জৈৱিক তথ্যৰ আদান-প্রদানৰ বাবে সহযোগিতা আগবঢ়োৱা। ৮ আইচিটি আৰু দূৰসংযোগৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি শ্ৰী মনোজ সিনহা,দূৰসংযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, ভাৰত শ্ৰীযুত ইউ য়ং মিন বিজ্ঞান আৰু আইচিটি মন্ত্ৰী, দক্ষিণ কোৰিয়া অত্যাধুনিক দূৰসংযোগ তথা তথ্য আৰু যোগযোগ প্রযুক্তি সেৱাৰ মান উন্নয়ন, আধুনিকীকৰণ আৰু সম্প্রসাৰণৰ সমান্তৰালভাৱে দুৰ্যোগ ব্যৱস্থাপনা, জৰুৰীকালীন পৰিস্থিতি আৰু চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্রত ৫জি, ডাৱৰ গণনা, বিগ ডাটা ইত্যাদিয়ে নৱপ্রজন্মৰ যোগাযোগ নেটৱর্কসমূহ কামত লগোৱাৰ লক্ষ্যৰে সহযোগিতা আগবঢ়োৱা। ৯ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত ভাৰত আৰু কোৰিয়াৰ মাজত বুজাবুজি চুক্তি (সমন্বয়ৰক্ষী সংস্থাঃ ভাৰতৰ এনএছআইচি আৰু কোৰিয়াৰ এছবিচিৰ মাজত) শ্ৰী ৰবীন্দ্ৰ নাথ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক, ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম(এনএছআইচ) শ্ৰীযুত লী ছাং জিক, অধ্যক্ষ, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় নিগম দুয়ো দেশৰ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ উন্নয়ন আৰু বিশ্ব বজাৰত আৰু প্রতিযোগিতামূখী কৰি তোলাৰ লক্ষ্যৰে সহযোগিতা আগবঢ়োৱা। তদুপৰি, প্রযুক্তি বিনিময় কেন্দ্র স্থাপনৰ সম্ভাৱনীয়তাৰ অনুসন্ধান কৰা। ১০ গুজৰাট চৰকাৰ আৰু কোৰিয়া বাণিজ্য প্ৰচাৰ অভিকৰণ (KOTRA)ৰ মাজত বুজাবুজি চুক্তি শ্ৰী এম, কে. দাস, প্ৰধান সচিব, গুজৰাট চৰকাৰৰ উদ্যোগ আৰু খনি বিভাগ শ্ৰীযুত কোৱান পিয়ুং-অহ, অধ্যক্ষ তথা চিইঅ’, কোৰিয়া বাণিজ্য প্ৰচাৰ অভিকৰণ চহৰাঞ্চলৰ আন্তঃগাঁথনি, খাদ্য প্রস্তুতকৰণ, কৃষিজাত উদ্যোগ, ষ্টার্ট আপ পৰিৱেশ, দক্ষতা প্রশিক্ষণ আৰু উন্নয়ন আৰু নবীকৰণযোগ্য শক্তি খণ্ডত সহযোগিতাৰ জৰিয়তে দক্ষিণ কোৰিয়াৰ উদ্যোগ সংস্থা আৰু গুজৰাট চৰকাৰৰ মাজত উদ্যোগ তথা বিনিয়োগ সম্পর্ক বৃদ্ধি কৰা। দক্ষিণ কোৰিয়াৰ সেই সংস্থাটোৰ এটা শাখা আহমেদাবাদত আৰম্ভ কৰিব আৰু উন্নয়নশীল গুজৰাট বিশ্ব সন্মিলন ২০১৯ৰ অন্যতম প্রধান অংশীদাৰ সংগঠন হ’ব। ১১ ৰাণী ছুৰিৰত্না স্মৃতিসৌধ প্ৰকল্পৰ সন্দৰ্ভত বুজাবুজি চুক্তি শ্ৰী অশ্বিনী কুমাৰ আৱাস্তি, অতিৰিক্তি মুখ্য সচিব তথা উত্তৰপ্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালক শ্ৰীযুত শ্বিন বং কিল, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত দক্ষিণ কোৰিয়াত ৰাণী ছুৰীৰত্না (ৰানী হুৰ হোয়াং-ওক)ৰ যি স্মৃতিসৌধ আছে তাৰ মান উন্নয়ন আৰু সম্প্রসাৰণত সহযোগিতা আগবঢ়োৱা। উল্লেখ্য যে খ্রীষ্টপূর্ব ৪৮ত অযোধ্যাৰ প্রবাদপ্রতীম ৰানী ছুৰীৰত্না কোৰিয়ালৈ গৈছিল আৰু তাতে তেওঁ ৰজা কিম-ছুৰোৰে বিবাহপাশত আৱদ্ধ হৈছিল। বৰ্তমানেও কোৰিয়াৰ বহু সংখ্যক লোকে এই ৰানীৰ উত্তৰাধিকাৰীৰ সৈতে তেওঁলোকৰ সম্পর্ক বিচাৰি পায়। এই স্মৃতিসৌধটোৱে ভাৰত আৰু কোৰিয়াৰ মাজত অভিন্ন সাংস্কৃতিক ঐতিহ্য আৰু সুদীর্ঘ কালৰ বন্ধুত্বপূৰ্ণ সম্পর্কৰ প্রতি শ্রদ্ধা আৰু সন্মানৰ নির্দশন হৈ উঠিব।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/নথিসমূহৰ তালিকা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এখন স্থানীয় জাপানী কাকতত এক অ’প-এড লিখিছে। শ্ৰী মোদী জাপানৰ চৰকাৰী ভ্ৰমণলৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; “ভাৰত আৰু জাপানৰ মাজত থকা প্ৰাণৱন্ত সম্পৰ্কৰ আধাৰত এক অ’প-এড লিখিছো। আমাৰ সম্পৰ্ক হৈছে শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে এক অংশীদাৰীত্ব। মই আমাৰ বিশেষ বন্ধুত্বৰ যাত্ৰাক অনুসৰণ কৰোঁ, যিয়ে ৭০ টা গৌৰৱময় বছৰ সম্পূৰ্ণ কৰে। @Yomiuri_Online” “কোভিডৰ পিছৰ বিশ্বত ভাৰত-জাপানৰ ঘনিষ্ঠ সহযোগিতা অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। আমাৰ ৰাষ্ট্ৰসমূহ গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ। একেলগে, আমি এক স্থিৰ আৰু সুৰক্ষিত ইণ্ডো-পেচিফিক অঞ্চলৰ মূল স্তম্ভ। মই সমানে আনন্দিত যে আমি বিভিন্ন বহুপাক্ষিক মঞ্চতো ঘনিষ্ঠভাৱে কাম কৰি আছো।” “গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালৰ সময়ৰ পৰাই মই জাপানী জনসাধাৰণৰ সৈতে নিয়মীয়াকৈ বাৰ্তালাপ কৰাৰ সুযোগ পাইছো৷ জাপানৰ উন্নয়নমূলক পদক্ষেপ সদায় প্ৰশংসনীয় হৈ আহিছে৷ জাপানে আন্তঃগাঁথনি, প্ৰযুক্তি, উদ্ভাৱন, ষ্টাৰ্ট-আপকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডত ভাৰতৰ সৈতে অংশীদাৰীত্ব বৰ্তাই ৰাখিছে।”
প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ প্ৰাণৱন্ত সম্পৰ্কক লৈ এক অ’প-এড লিখিছে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%A1%E0%A6%AD%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%9C-%E0%A6%86%E0%A6%9B%E0%A6%BE%E0%A6%AE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%BF-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%A1%E0%A6%AD%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%9C-%E0%A6%86%E0%A6%9B%E0%A6%BE%E0%A6%AE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%BF-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে। উপস্থিত প্ৰতিনিধিবৰ্গক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে উত্তৰ-পূৰ্বাঞ্চল অভিকেন্দৰস্বৰূপ। ‘এক্ট ইষ্ট পলিচি’ৰদ্বাৰা এচিয়ান দেশসমূহৰ মাজত বাণিজ্যিক তথা অন্যান্য দিশত সম্পৰ্ক স্থাপনৰ লগতে ব্যক্তিগত পৰ্যায়ত সম্পৰ্ক স্থাপনৰ চেষ্টা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এচিয়ান-ভাৰত সমন্বয় সন্মিলন আয়োজন কৰি এচিয়ান আৰু ভাৰতৰ মাজত থকা সম্পৰ্কৰ ২৫তম বৰ্ষপূৰ্তি উদযাপন কৰাৰ কথাও উল্লেখ কৰে।তেওঁ কয় যে এচিয়ান আৰু ভাৰতৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। এইবাৰ নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত ১০ খন এচিয়ান দেশৰ মূৰব্বীক আদৰিবলৈ পোৱাটো অতি গৌৰৱৰ কথা আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰগতিৰ সোপান ৰচিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ প্ৰগতি আৰু সামঞ্জস্যপূৰ্ণ বিকাশৰ যোগেদিহে। তেওঁ কয় যে, ইয়াৰ নাগৰিকৰ জীৱনধাৰাৰ মান উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যাৰ মূখ্য উদ্দেশ্যই হৈছে জীৱনধাৰা সহজ কৰি তোলা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাজেটত ঘোষণা কৰা ‘আয়ুস্মান ভাৰত’ আঁচনি বিশ্বৰ ভিতৰতে বৃহৎ।এই স্বাস্থ্যসেৱা আঁচনিয়ে ৪৫ ৰ পৰা ৫০ কোটি জনতাক সাঙুৰি লব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য স্বাস্থ্যসেৱা আঁচনিৰ কথাও উল্লেখ কৰে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষিকৰ্মৰ খৰচ কম কৰি আৰি উৎপাদিত সামগ্ৰীৰ উচিত দাম নিৰ্ধাৰিত কৰি কৃষকৰ আয় দুগুণ কৰাৰ দিশত কাম কৰি আছে।কৃষকৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সুলভ মূল্যত দৰিদ্ৰসকলৰ বাবে আগবঢ়োৱা আৱাসগৃহৰ কথাও উল্লেখ কৰে।উজ্বলা যোজনাৰ যোগেদি এল ই ডি বাল্বৰ বিতৰণৰ যোগেদি বহু ঘৰত বিদ্যুতৰ খৰচ কম হৈছে।ৰাষ্ট্ৰীয় বাঁহ আভিযানৰ পুনৰ্গঠনে উত্তৰ-পূৰ্বাঞ্চললৈ আনিব পৰা সুবিধাৰ কথাও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰশাসনিক সংস্কাৰৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পসমূহৰ ক্ষীপ্ৰ ৰূপায়ণত সফল হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মূদ্ৰা যোজনাৰদ্বাৰা গ্যেৰান্টীবিহীনভাৱে ন-উদ্যোগীলৈ ঋণ প্ৰদানৰ সুবিধা কৰা হৈছে। কেন্দ্ৰীয় বাজেটত এম এচ এম ই ক্ষেত্ৰৰ বাবে কৰ ৰেহাইৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লাধন আৰু দুৰ্নীতি নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ কথা পুনৰ দোহাৰে।যোৱা তিনি বছৰত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যাৰ ফলত ব্যৱসায় কৰা সহজ হৈছে।এই ক্ষেত্ৰত বিশ্ববেংকৰ প্ৰতিবেদনত ভাৰতৰ পূৰ্বৰ স্থান ১৯০ৰ বিপৰীতে ১০০ হৈছেগৈ। মহান অসমীয়া সংগীতজ্ঞ ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০২২ চনৰ ভিতৰত এখন নতুন ভাৰত গঢ়াৰ লক্ষৰে আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সাৰ্থক কৰিবৰ বাবে মাৰ বান্ধি থিয় দিবই লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱহণ আন্তঃগাঁথনিৰ বাবে ল’বলগীয়া পদক্ষেপৰ কথাও উল্লেখ কৰে। তেওঁ অসমত ব্যৱসায়ৰ বাবে সুচল পৰিৱেশ গঢ়ি তোলাৰ বাবে অসমৰ মূখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰে।
এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A4%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A4%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A6%B8/
প্ৰধানমন্ত্ৰীয়ে তীৰ্থযাত্ৰীসকলৰ মাজত উপাসনাস্থলী পৰিষ্কাৰ ৰখাৰ বাবে বৰ্ধিত মনোভাৱক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ এটা টুইট থ্ৰেডৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় য'ত মুখ্যমন্ত্ৰীয়ে ‘মন কী বাত’ কাৰ্যসূচীত আমাৰ ধৰ্মীয় বিশ্বাসৰ স্থানসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ক্ৰিয়া প্ৰকাশ কৰি তীৰ্থস্থান পৰিষ্কাৰ কৰা ভক্তসকলৰ ঘটনাৰ বৰ্ণনা কৰে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ ভক্তসকলৰ এই ভাৱনাই তীৰ্থস্থানসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে সকলোকে অনুপ্ৰাণিত কৰিব।
প্ৰধানমন্ত্ৰীয়ে তীৰ্থস্থানপৰিষ্কাৰ ৰখাৰ ভক্তসকলৰ মনোভাৱৰ প্ৰশংসা কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AF-%E0%A6%8F%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AF-%E0%A6%8F%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ এপ্ৰিল, ২০২২ৰ দিনা দিনৰ ১২ বজাত ‘ভিডিঅ’ কন্ফাৰেন্সিং’ ব্যৱস্থাৰে সাৰদাধামে অনুষ্ঠিত কৰা ‘গ্লোবেল পাটিদাৰ বিজনেছ ছামিট’(জিপিবিএছ)ৰ শুভাৰম্ভ ঘোষণা কৰিব। পাটিদাৰ সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নয়ণক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে সাৰদাধামে ‘মিছন ২০২৬’ কাৰ্যক্ৰমৰ অধীনত এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰতি দুবছৰৰ মূৰে মূৰে এই সন্মিলন অনুষ্ঠিত কৰি অহা হৈছে। ২০১৮ আৰি ২০২০ চনত প্ৰথম দুখন সন্মিলন গান্ধীনগৰত অনুষ্ঠিত কৰা হৈছিল। এইবেলি সন্মিলনখন চুৰটত অনুষ্ঠিত কৰা হ’ব। চলিত বৰ্ষৰ ‘জিপিবিএছ’-ৰ প্ৰাতিপাদ্য প্ৰসংগ হৈছে ‘আত্মনিৰ্ভৰ সম্প্ৰদায়ৰ পৰা আত্মনিৰ্ভৰ গুজৰাট আৰু ভাৰত’। সম্প্ৰদায়টোৰ মাজৰ ক্ষুদ্ৰ, মজলীয়া আৰু বৃহত্ বাণিজ্যিক প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰা, নতুন উদ্যোগীসকলক প্ৰতিপালন আৰু সহযোগিতা আগবঢ়োৱা আৰু শিক্ষিত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি নিয়োগৰ ক্ষেত্ৰত সহায় কৰাই হৈছে এই সন্মিলন মূল উদ্দেশ্য। ২৯ এপ্ৰিলৰ পৰা ১ মে’লৈ তিনিদিন ধৰি অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনত চৰকাৰৰ ঔদ্যোগীক নীতি, ‘এমএছএমই’, ‘ষ্টাৰ্ট আপ’, উদ্ভাৱন আদিৰ লগতে বিভিন্ন প্ৰসংগত বিস্তৃত আলোচনা অনুষ্ঠিত কৰা হ’ব।
২৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘গ্লোবেল পাটিদাৰ বিজনেছ ছামিট
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%AE-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%AE-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D/
প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৮ নৱেম্বৰ ২০২২ তাৰিখে আবেলি ৪:৩০ বজাত ভাৰতৰ জি-২০ প্ৰেচিডেঞ্চিৰ ল’গো, থীম আৰু ৱেবছাইট উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা নিৰ্দেশিত হৈ ভাৰতৰ বৈদেশিক নীতি বিশ্বৰ মঞ্চত নেতৃত্বৰ ভূমিকা পালন কৰিবলৈ বিকশিত হৈ আহিছে। এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, ভাৰতে ১ ডিচেম্বৰ, ২০২২ তাৰিখৰ পৰা জি-২০ প্ৰেচিডেঞ্চি গ্ৰহণ কৰিব। জি-২০ প্ৰেচিডেঞ্চিয়ে ভাৰতক আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ বিষয়ত বিশ্বব্যাপী কাৰ্যসূচীত অৱদান আগবঢ়োৱাৰ এক অনন্য সুযোগ প্ৰদান কৰে। আমাৰ জি-২০ প্ৰেচিডেঞ্চিৰ ল’গো, থীম আৰু ৱেবছাইটটোৱে ভাৰতৰ বাৰ্তা আৰু বিশ্বৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰতিফলিত কৰিব। জি-২০ হৈছে আন্তৰ্জাতিক অৰ্থনৈতিক সহযোগিতাৰ মুখ্য মঞ্চ যি বিশ্বব্যাপী জিডিপিৰ প্ৰায় ৮৫%, বিশ্বব্যাপী বাণিজ্যৰ ৭৫% তকৈ অধিক, আৰু বিশ্বৰ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ প্ৰতিনিধিত্ব কৰে। জি-২০ প্ৰেচিডেঞ্চিৰ সময়ছোৱাত, ভাৰতে সমগ্ৰ ভাৰতৰ একাধিক স্থানত ৩২টা বিভিন্ন খণ্ডত প্ৰায় ২০০খন বৈঠক অনুষ্ঠিত কৰিব। অহা বছৰ অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনখন ভাৰতৰ দ্বাৰা আয়োজিত হ'বলগীয়া সৰ্বোচ্চ প্ৰফাইল আন্তঃৰাষ্ট্ৰীয় সমাৱেশসমূহৰ ভিতৰত অন্যতম হ'ব।
প্ৰধানমন্ত্ৰীয়ে ৮ নৱেম্বৰত ভাৰতৰ জি-২০ প্ৰেচিডেঞ্চিৰ ল’গো, থীম আৰু ৱেবছাইট উন্মোচন কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%A4-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A3%E0%A6%AB%E0%A6%BF%E0%A6%B2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%A4-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A3%E0%A6%AB%E0%A6%BF%E0%A6%B2/
জয় হিন্দ। জয় হিন্দ। ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বি ডি মিশ্ৰজী, অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় যুৱ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুজী, মন্ত্ৰীসভাত মোৰ সহকৰ্মী, কেবিনেটত মোৰ সহকৰ্মী শ্ৰীযুত চোনা মীন জী, সন্মানীয় সাংসদ, বিধায়ক, মেয়ৰ, আন সকলো গণ্যমান্য ব্যক্তি আৰু অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল! অৰুণাচললৈ অহাটো মোৰ লগত বহুবাৰ ঘটিছে। যেতিয়াই মই আহো, মই এক নতুন শক্তি, নতুন উৎসাহ, নতুন উৎসাহ বহন কৰোঁ। কিন্তু মই ক'ব লাগিব যে মই বহুবাৰ অৰুণাচললৈ আহিছোঁ, হয়তো মই গণনা কৰিলেও, কিবা ভুল হ'ব, মই বহুবাৰ আহিছোঁ। কিন্তু প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ কাৰ্যসূচী দেখিছিল আৰু সেইটোও পুৱা ৯.৩০ বজাত। অৰুণাচলৰ পৰ্বতৰ পৰা মানুহৰ আগমনৰ অৰ্থ হৈছে যে ই আপোনাৰ জীৱনত উন্নয়নমূলক কামৰ গুৰুত্ব প্ৰদৰ্শন কৰে আৰু সেয়েহে আপুনি ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ কৰিবলৈ আহিছে। মোৰ আদৰৰ ভাই-ভনীসকল, অৰুণাচলৰ মানুহ, অৰুণাচলৰ মানুহৰ অন্তৰংগতা, অৰুণাচলৰ মানুহবোৰলৈ চাওঁতে, তেওঁলোকে হাঁহি থাকে, মুখখন হাঁহি থাকে। উদাসীনতা, হতাশা ই অৰুণাচলৰ মানুহৰ মুখত কেতিয়াও প্ৰতিফলিত নহয়। আৰু অনুশাসন, মই ভাবো সীমান্তত কি অনুশাসন আছে, ইয়াক মোৰ অৰুণাচলৰ প্ৰতিটো ঘৰত, প্ৰতিটো পৰিয়ালত, প্ৰতিজন ব্যক্তিৰ জীৱনত দেখা যায়। আমাৰ মুখ্যমন্ত্ৰী পেমাজীৰ নেতৃত্বত, এই দ্বৈত ইঞ্জিনৰ চৰকাৰৰ কঠোৰ পৰিশ্ৰম, উন্নয়নৰ প্ৰতি প্ৰতিশ্ৰুতি, ই অৰুণাচলক আজি এই নতুন উচ্চতালৈ লৈ গৈছে। মই পেমাজী আৰু তেওঁৰ গোটেই দলটোক অভিনন্দন জনাইছো। আপোনালোকৰ মনত নিশ্চয় আছে, আৰু এতিয়া পেমাজীয়ে লগতে উল্লেখ কৰিছে যে এই বিমানবন্দৰৰ আধাৰশিলা ২০১৯ চনৰ ফেব্ৰুৱাৰীত স্থাপন কৰা হৈছিল আৰু মই এই সুযোগ পাইছিলো। আৰু আপুনি জানেনে, আমি এক কৰ্ম সংস্কৃতি আনিছো, যাৰ আধাৰশিলা আমি স্থাপন কৰিছো, আমিও উদ্বোধন কৰিছো। লাগি থকা, ওলমি থকা, ভ্ৰমণ কৰা, সেই সময় নাইকিয়া হৈছে। কিন্তু মই অধিক কথা পাতিব বিচাৰো। ফেব্ৰুৱাৰী ২০১৯ত, মই আধাৰশিলা স্থাপন কৰিছিলো। তেতিয়া নিৰ্বাচন ২০১৯ চনৰ মে’ মাহত হোৱাৰ প্ৰস্তুতি চলি আছিল। এই সকলো ৰাজনৈতিক ভাষ্যকাৰ, যাৰ চকুত পুৰণি ধৰণৰ চশমা ওলমি আছে, এই লোকসকলে চিঞৰিবলৈ ধৰিলে, লিখিবলৈ ধৰিলে, ক'বলৈ ধৰিলে যে ইয়াতবিমানবন্দৰ-গুদাম একো হ'ব নোৱাৰে, এইবোৰ নিৰ্বাচনৰ বাবেহে মোডীয়ে ইয়াত শিলান্যাস কৰিবলৈ আহিছে। সকলোতে নিৰ্বাচনৰ ৰঙেৰে যিকোনো ভাল কাম ৰং কৰাটো এতিয়া ফেশ্বনেবল হৈ পৰিছে। আজি এই বিমানবন্দৰৰ উদ্বোধন এই সকলো লোকৰ বাবে এক উপযুক্ত প্ৰত্যুত্তৰ, তেওঁলোকৰ মুখত এটা চৰ। আৰু মই এই ৰাজনৈতিক ভাষ্যকাৰসকলক অনুৰোধ জনাইছো, মই প্ৰাৰ্থনা কৰোঁ যে এতিয়া পুৰণি চশমাবোৰ খুলি দিয়ক, এই দেশখননতুন উৎসাহ আৰু উৎসাহেৰে আৰম্ভ হৈছে, ৰাজনীতিৰ মাপকাঠিৰ সৈতে ওজন কৰা বন্ধ কৰক। যিসকল ভাষ্যকাৰে ইয়াক নিৰ্বাচনী ঘোষণা বুলি অভিহিত কৰিছিল, কিন্তু, আজি তিনি বছৰৰ ভিতৰত, তেওঁলোকে আমাৰ বিমানবন্দৰটো এই আধুনিক বিশাল ৰূপৰ দ্বাৰা আকাৰ দিয়া দেখিছে। আৰু এইটো মোৰ সৌভাগ্য যে আপোনাৰ উপস্থিতিত, লাখ লাখ লোকৰ সমূখত, সমগ্ৰ অৰুণাচল আজি অনলাইনযোগে সংযোজিত হৈ আছে, সমগ্ৰ অৰুণাচল সংযুক্ত হৈ আছে। এইটোও এটা গৌৰৱৰ বিষয়। আজি, ইয়াত কোনো নিৰ্বাচন নাই, কোনো নিৰ্বাচন আহিব নোৱাৰে। তথাপিও, এইটো ঘটি আছে কিয়নো আজি দেশত চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে দেশৰ উন্নয়ন, দেশৰ জনসাধাৰণৰ উন্নয়ন। বছৰত 365 দিন, চব্বিশ ঘণ্টা, আমি দেশৰ উন্নয়নৰ বাবে কাম কৰোঁ। আৰু আপুনি দেখিছে, এই মুহূৰ্তত মই অৰুণাচলত আছোঁ য'ত সূৰ্য উদয় হয় আৰু সন্ধিয়া য'ত সূৰ্য অস্ত যায়, মই গৈ দমনজীত অৱতৰণ কৰিম আৰু মাজতে কাশীলৈ যাম। এই কঠোৰ পৰিশ্ৰম একেটা সপোনৰে চলি আছে, আমি কঠোৰ পৰিশ্ৰম কৰি আছো – মোৰ দেশআগবাঢ়ি যোৱা উচিত। আমি নিৰ্বাচনৰ সুবিধা আৰু অসুবিধাৰ সৈতে কাম নকৰোঁ, বা নিৰ্বাচনৰ লাভালাভ প্ৰাপ্ত কৰাৰ বাবে সৰু উদ্দেশ্যৰে কাম কৰা লোক নাই। আমাৰ সপোন হৈছে কেৱল ভাৰত মাতৃ, ভাৰত, ১৩০ কোটি নাগৰিক। আজি এই বিমানবন্দৰৰ লগতে ৬০০ মেগাৱাটৰ কামেং হাইড্ৰ' প্ৰকল্পও উদ্বোধন কৰা হৈছে। এইটোও নিজেই এটা ডাঙৰ সাফল্য। উন্নয়নৰ এই উৰণ আৰু উন্নয়নৰ বাবে শক্তিৰ এই মিত্ৰতাই অৰুণাচলক এক নতুন গতিত নতুন উচ্চতালৈ লৈ যাব। এই সাফল্যৰ বাবে মই অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকলক, উত্তৰ-পূৰ্বাঞ্চলৰাজ্যৰ সকলো ভাই-ভনীক অভিনন্দন জনাইছো। স্বাধীনতাৰ পিছত, উত্তৰ-পূৰ্বাঞ্চল সম্পূৰ্ণ বেলেগ সময়ৰ সাক্ষী হৈ আহিছে। কেইবা দশক ধৰি, অঞ্চলটো অৱহেলা আৰু উদাসীনতাৰ বলি হৈ আহিছে। তেতিয়া দিল্লীত বহি থকা নীতি নিৰ্মাতাসকল কেৱল চিন্তিত আছিল যে ইয়াত কোনোমতে নিৰ্বাচনজিকিব। আপুনি জানে যে এই পৰিস্থিতি টো বহু দশক ধৰি চলিছিল। যেতিয়া অটলজীৰ চৰকাৰ গঠন কৰা হৈছিল, প্ৰথমবাৰৰ বাবে ইয়াক সলনি কৰাৰ চেষ্টা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে পৃথক মন্ত্ৰালয় সৃষ্টি কৰা এইখন প্ৰথম চৰকাৰ আছিল। কিন্তু তেওঁক অনুসৰণ কৰা চৰকাৰে সেই গতি অনুসৰণ কৰা নাছিল। তাৰ পিছত পৰিৱৰ্তনৰ নতুন যুগ ২০১৪চনৰ পিছত আৰম্ভ হৈছিল, যেতিয়া আপুনি মোক সেৱা কৰাৰ সুযোগ দিছিল। আগতে চৰকাৰে ভাবিছিল যে অৰুণাচল প্ৰদেশ ইমান দূৰত, উত্তৰ ইমান দূৰত আছে। দূৰৱৰ্তী সীমান্তত বসতি স্থাপন কৰা লোকসকলক আগতে অন্তিম খন গাওঁ বুলি গণ্য কৰা হৈছিল। কিন্তু আমাৰ চৰকাৰে তেওঁলোকক অন্তিম খন গাওঁ বুলি গণ্য কৰা নাই, শেষ প্ৰান্ত নহয়, কিন্তু দেশৰ প্ৰথম খন গাওঁ বুলি গণ্য কৰা নাই। ফলস্বৰূপে, উত্তৰ-পূবৰ উন্নয়ন দেশৰ অগ্ৰাধিকাৰ হৈ পৰিছিল। এতিয়া সংস্কৃতি হওঁক বা কৃষি, বাণিজ্য হওঁক বা সংযোগ – উত্তৰ-পূৱে সৰ্বাধিক অগ্ৰাধিকাৰ লাভ কৰে, অন্তিমটো নহয়। বাণিজ্য হওঁক বা পৰ্যটন হওঁক, টেলিকম হওঁক বা বস্ত্ৰ – উত্তৰ-পূবে সৰ্বাধিক অগ্ৰাধিকাৰ লাভ কৰে, অন্তিমটো নহয়। ড্ৰোন প্ৰযুক্তিৰ পৰা কৃষিজাত বিমানলৈকে, বিমানবন্দৰৰ পৰা বন্দৰলৈ সংযোগলৈকে – উত্তৰ-পূৱ এতিয়া দেশৰ অগ্ৰাধিকাৰ। ভাৰতৰ আটাইতকৈ দীঘল দলং হওঁক বা আটাইতকৈ দীঘল ৰেলপথ দলং হওঁক, ৰে'ল লাইন স্থাপন কৰা হওঁক বা অভিলেখ গতিত ঘাইপথ নিৰ্মাণ কৰক – উত্তৰ-পূব হৈছে দেশৰ বাবে প্ৰথম। ইয়াৰ ফলস্বৰূপে আজি উত্তৰ-পূৰ্বাঞ্চলত এক নতুন প্ৰত্যাশা আৰু সুযোগৰ যুগ আৰম্ভ হৈছে, এক নতুন যুগআৰম্ভ হৈছে। আজিৰ অনুষ্ঠানটো নতুন ভাৰতৰ এই দৃষ্টিভংগীৰ এক উৎকৃষ্ট উদাহৰণ। ডনি-পোলো বিমানবন্দৰ হৈছে অৰুণাচলৰ চতুৰ্থ কাৰ্যক্ষম বিমানবন্দৰ। স্বাধীনতাৰ পিছৰ সাত টা দশকত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মাত্ৰ নটা বিমানবন্দৰ আছিল। আনহাতে আমাৰ চৰকাৰে মাত্ৰ আঠ বছৰত সাতটা নতুন বিমানবন্দৰ নিৰ্মাণ কৰিছে। ইয়াত এনে বহুতো ক্ষেত্ৰ আছে, যিবোৰ এতিয়া স্বাধীনতাৰ 75 বছৰৰ পিছত বিমান সংযোগৰ সৈতে সংযুক্ত হৈ আছে। ইয়াৰ ফলত, এতিয়া উত্তৰ-পূৰ্বাঞ্চললৈ অহা-যোৱা কৰা বিমানৰ সংখ্যাও দুগুণতকৈও অধিক হৈছে। বন্ধুসকল,, ইটানগৰৰ এই ডনি-পোলো বিমানবন্দৰত অৰুণাচল প্ৰদেশৰ অতীত আৰু সংস্কৃতিও দেখা গৈছে। আৰু মোক কোৱা হৈছিল, পেমাজীয়ে কৈআছিল যে ডনি অৰ্থাৎ সূৰ্য আৰু পোলোক চন্দ্ৰ বুলি কোৱা হয়। আৰু মই অৰুণাচলৰ ডনি-পোলো সংস্কৃতিৰ বিকাশৰ বাবে এটা পাঠো দেখিছোঁ। পোহৰ একে, কিন্তু সূৰ্যৰ পোহৰ আৰু চন্দ্ৰৰ পাতল শীতলতা দুয়োৰে নিজা গুৰুত্ব আছে, তেওঁলোকৰ নিজা শক্তি আছে। একেদৰে, যেতিয়া আমি উন্নয়নৰ কথা কওঁ, সেয়া ডাঙৰ প্ৰকল্প হওঁক, বা দৰিদ্ৰলোকৰ ওচৰলৈ যোৱা ৰাজহুৱা কল্যাণমূলক আঁচনি হওঁক, দুয়োটা উন্নয়নৰ অপৰিহাৰ্য মাত্ৰা। আজি, দৰিদ্ৰ লোকসকলৰ সেৱাক যিমান গুৰুত্ব দিয়া হয়, ইয়াৰ সপোনবোৰক বিমানবন্দৰৰ দৰে ডাঙৰ আন্তঃগাঁথনিৰ বাবেও সিমান গুৰুত্ব দিয়া হয়। আজি, যদি বিমানবন্দৰটো নিৰ্মাণ কৰা হয়, তেন্তে সাধাৰণ মানুহে কেনেদৰে ইয়াৰ লাভালাভ লাভ কৰে তাৰ বাবে বিমান পৰিকল্পনাৰ ওপৰতো কাম কৰা হয়। বিমান সেৱা আৰম্ভ হোৱাৰ পিছত, পৰ্যটকৰ সংখ্যা কেনেদৰে বৃদ্ধি পাইছিল, ইয়াৰ সুবিধা ক্ষুদ্ৰ ব্যৱসায়ী, দোকানী, টেক্সি চালকসকলক কেনেদৰে দিব লাগে, আমি ইয়াৰ বাবে কাম কৰোঁ। বন্ধুসকল, অৰুণাচল প্ৰদেশত, আজি আটাইতকৈ দুৰ্গম উচ্চতাত সীমান্ত অঞ্চলত পথ আৰু ঘাইপথ নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাস্তা নিৰ্মাণৰ বাবে প্ৰায় ৫০ হাজাৰ কোটি টকা অধিক ব্যয় কৰিবলৈ গৈ আছে। যেতিয়া ইমান আন্তঃগাঁথনি থাকে, বহু সংখ্যক পৰ্যটকও আহিব। অৰুণাচলৰ প্ৰতিটো কোণতে প্ৰকৃতিয়ে ইমান সৌন্দৰ্য প্ৰদান কৰিছে। প্ৰতিখন গাঁৱতে পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আছে। ঘৰুৱা থকা আৰু স্থানীয় সামগ্ৰীৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ উপাৰ্জন বৃদ্ধি হ'ব পাৰে। তাৰ বাবে, গাওঁৰ পৰা গাওঁলৈ যোৱাৰ ব্যৱস্থা কৰা প্ৰয়োজন। সেয়েহে, আজি অৰুণাচলৰ ৮৫ শতাংশতকৈও অধিক গাওঁক প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক কৰা হৈছে। বন্ধুসকল, বিমানবন্দৰ নিৰ্মাণ আৰু উন্নত আন্তঃগাঁথনিৰ পিছত, অৰুণাচলত কাৰ্গো সুবিধাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ সৈতে, ইয়াত কৃষকসকলে অৰুণাচলৰ বাহিৰৰ ডাঙৰ বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী সহজে বিক্ৰী কৰিবলৈ সক্ষম হ'ব, তেওঁলোকে আজিৰ তুলনাত বহুগুণে অধিক ধন লাভ কৰিব। অৰুণাচলৰ কৃষকসকলেও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ এটা ডাঙৰ লাভালাভ লাভ কৰিছে। বন্ধুসকল, আমাৰ চৰকাৰে উত্তৰ-পূবৰ ওপৰত কেনেদৰে কাম কৰি আছে তাৰ এক উদাহৰণ হৈছে বাঁহ খেতি। বাঁহ ইয়াত জীৱনশৈলীৰ এক গুৰুত্বপূৰ্ণ অংশ। আজি সমগ্ৰ দেশ আৰু বিশ্বতে বাঁহৰ সামগ্ৰী জনপ্ৰিয় হৈ পৰিছে। কিন্তু ব্ৰিটিছ যুগৰ পৰাই বাঁহ কাটিবলৈ এনে ধৰণৰ আইনী প্ৰতিবন্ধকতা আছিল যে ই আমাৰ জনজাতীয় ভাই-ভনী, আমাৰ উত্তৰ-পূব অঞ্চলৰ লোকসকলৰ জীৱনত বাধা হৈ পৰিছিল। গতিকে আমি সেই নিয়ম সলনি কৰিলোঁ, আৰু এতিয়া আপুনি বাঁহ খেতি কৰিব পাৰে, বাঁহ কাটিব পাৰে, বাঁহ বিক্ৰী কৰিব পাৰে, বাঁহৰ মূল্য যোগ দিব পাৰে, আৰু আপুনি মুকলি বজাৰলৈ গৈ ব্যৱসায় কৰিব পাৰে। আপুনি শস্য খেতি কৰাৰ দৰে, আপুনি বাঁহো খেতি কৰিব পাৰে। ভাই-ভনীসকল, দৰিদ্ৰ লোকসকল জীৱনৰ মৌলিক চিন্তাৰ পৰা মুক্ত হোৱাৰ লগে লগে, তেওঁ নিজৰ লগতে দেশৰ উন্নয়নৰ নতুন মাত্ৰা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। সেয়েহে, আজি দৰিদ্ৰতম দৰিদ্ৰলোক অৱহেলা আৰু দুখৰ পৰা ওলাই আহিব লাগে, তেওঁলোকে এক সন্মানীয় জীৱন লাভ কৰিব লাগে, এয়াই দেশৰ অগ্ৰাধিকাৰ। আগতে কোৱা হৈছিল যে পৰ্বতবোৰত শিক্ষা আৰু আৰোগ্য সদায় এক সংকট। কিন্তু এতিয়া সুস্বাস্থ্য সুবিধাৰ লগতে আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে। প্ৰতিজন দৰিদ্ৰলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা পকী ঘৰ দিয়া হৈছে। বিশেষকৈ জনজাতীয় অঞ্চলত, কেন্দ্ৰীয় চৰকাৰে ৫০০কোটি টকা ব্যয় কৰি একলব্যয় মডেল স্কুল খুলিছে, যাতে কোনো জনজাতীয় শিশু অধ্যয়নত পিছ পৰি নাথাকে। কিবা কাৰণত হিংসাৰ পথত যোৱা যুৱক-যুৱতীসকলক এক পৃথক নীতিৰ জৰিয়তে মূলসুঁতিলৈ অনাৰ প্ৰয়াস কৰা হৈছে। তেওঁলোকৰ বাবে এটা পৃথক পুঁজি সৃষ্টি কৰা হৈছে। অৰুণাচল প্ৰদেশেও ষ্টাৰ্টআপ ইণ্ডিয়াৰ শক্তিৰ সৈতে সংযোগ কৰিবলৈ অৰুণাচল ষ্টাৰ্টআপ নীতিৰ জৰিয়তে পদক্ষেপমিলাই আছে। অৰ্থাৎ ওপৰৰ পৰা আৰম্ভ হোৱা আমাৰ উন্নয়নৰ অমৰ ধাৰাএতিয়া গাওঁৰ দৰিদ্ৰ, যুৱ-মহিলাসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ শক্তি হৈ পৰিছে। বন্ধুসকল, দেশখনে ২০১৪ চনৰ পিছত প্ৰতিখন গাওঁলৈ বিদ্যুৎ যোগান ধৰিবলৈ এটা অভিযান আৰম্ভ কৰিছিল। অৰুণাচল প্ৰদেশৰ গাওঁসমূহেও এই অভিযানৰ দ্বাৰা যথেষ্ট লাভান্বিত হৈছে। বহুতো গাওঁ আছিল য'ত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিদ্যুত উপস্থিত হৈছিল। ইয়াৰ পিছত, কেন্দ্ৰীয় চৰকাৰে সৌভাগ্য আঁচনি এখন প্ৰস্তুত কৰি প্ৰতিটো পৰিয়ালক বিদ্যুৎ সংযোগৰ সৈতে সংযোগ কৰিবলৈ এক অভিযান আৰম্ভ কৰিছিল। ইয়াত অৰুণাচলতো, হাজাৰ হাজাৰ পৰিয়াল বিনামূলীয়া বিদ্যুৎ সংযোগৰ সৈতে সংযুক্ত আছিল। আৰু যেতিয়া ইয়াত থকা ঘৰবোৰত বিদ্যুত উপস্থিত হৈছিল, কেৱল ঘৰবোৰত পোহৰবিয়পি পৰাই নহয়, ইয়াত থকা লোকসকলৰ জীৱনো আলোকিত হৈছে। ভাই-ভনীসকল, আমি অৰুণাচল প্ৰদেশৰ উন্নয়নৰ যাত্ৰা, যি গতি লাভ কৰিছে, প্ৰতিখন গাওঁলৈ, প্ৰতিটো পৰিয়াললৈ লৈ যোৱাৰ বাবে এক অভিযানত কাম কৰি আছো। আমাৰ প্ৰয়াস হৈছে সীমান্তৰ গাওঁবোৰক ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজৰ মৰ্যাদা দি শক্তিশালী কৰা। যেতিয়া সীমান্তৰ কাষৰ প্ৰতিখন গাঁৱত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব, তাৰ পৰা সমৃদ্ধি আৰম্ভ হ'ব। ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজ কাৰ্যসূচীৰ অধীনত, সীমান্তৱৰ্তী গাওঁবোৰৰ পৰা প্ৰব্ৰজন বন্ধ কৰা আৰু তাত পৰ্যটনৰ প্ৰচাৰ কৰাৰ এক পৰিকল্পনা দ্ৰুত গতিত প্ৰস্তুত কৰা হৈছে। সীমান্ত অঞ্চলৰ যুৱক-যুৱতীসকলক এনচিচিৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰৰ দ্বাৰা এটা বিশেষ অভিযান চলি আছে। প্ৰচেষ্টা টো হ'ল যে সীমান্তৰ গাওঁসমূহ, তাত থকা যুৱক-যুৱতীসকলে এনচিচিত সৰ্বাধিক অংশগ্ৰহণ কৰিব লাগে। এনচিচিত যোগদান কৰা এই গাওঁবোৰৰ ল'ৰা-ছোৱালীয়ে সেনা বিষয়াৰ পৰা প্ৰশিক্ষণ লাভ কৰিব। ই কেৱল যুৱসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত নকৰে, লগতে তেওঁলোকৰ ক্ষেত্ৰত দেশৰ প্ৰতি সেৱাৰ মনোভাৱ সৃষ্টি কৰিব আৰু অধিক বৃদ্ধি পাব। বন্ধুসকল, 'সবকা সাথ, সবকা বিকাশ'ৰ মন্ত্ৰ অনুসৰণ কৰি, দ্বৈত ইঞ্জিন চৰকাৰ অৰুণাচলৰ উন্নয়ন, জনসাধাৰণৰ জীৱন ধাৰণৰ সহজতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মই আশা কৰোঁ যে উন্নয়নৰ এই অৰুণে ইয়াত এনেদৰে তেওঁৰ পোহৰ বিয়পাই থাকিব। ভাৰত চৰকাৰৰ এই সকলো আঁচনি আগবঢ়াই নিয়াত তেওঁলোকৰ সক্ৰিয় সমৰ্থনৰ বাবে মই পেমাজী আৰু তেওঁৰ সমগ্ৰ চৰকাৰক আকৌ এবাৰ অভিনন্দন জনাইছো। আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আমাৰ মাতৃ আৰু ভগ্নীসকলকো মই অভিনন্দন জনাইছো। আপোনাক মোৰ শুভেচ্ছা, আপোনাক বহুত ধন্যবাদ!
অৰুণাচল প্ৰদেশত গ্ৰীণফিল্ড বিমানবন্দৰ ‘ডনি পোলো’ আৰু অন্যান্য উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7-%E0%A6%9F%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%95%E0%A6%BE%E0%A6%AA-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A7%B0-%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7-%E0%A6%9F%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%95%E0%A6%BE%E0%A6%AA-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A7%B0-%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে। ভাৰতীয় ডিফাৰেন্টলি এবল্ড ক্ৰিকেট কাউন্সিলৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে; “ভাৰত আমাৰ খেলুৱৈসকলক লৈ গৌৰৱান্বিত। অন্ধ টি-২০ বিশ্বকাপ জয়ে আমাক আনন্দিত কৰিছে। আমাৰ দলটোক অভিনন্দন আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো।”
অন্ধ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ পৰীক্ষা পে চৰ্চাক লৈ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱা দেশৰ লাখ লাখ লোকৰ আগ্ৰহৰ শলাগ লয়। তেওঁ লগতে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলকো ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে এক টুইটত কয়, "চলিত বৰ্ষৰ পৰীক্ষা পে চৰ্চাক লৈ দেশবাসীৰ আগ্ৰহ অত্যন্ত ইতিবাচক। লাখ লাখ লোকে তেওঁলোকৰ মূল্যবান দিহা-পৰামৰ্শ আৰু অভিজ্ঞতা বৰ্ণনা কৰিছে। এই অনুষ্ঠানলৈ অৰিহণা আগবঢ়োৱা সকলো শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকক মই ধন্যবাদ জনাইছো। ১ এপ্ৰিলৰ অনুষ্ঠানলৈ মই আগ্ৰহেৰে অপেক্ষা কৰিছো।"
প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পে চৰ্চাক লৈ জনসাধাৰণৰ আগ্ৰহক প্ৰশংসা কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AB%E0%A6%9C%E0%A6%BF-%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE-%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AD-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%B2%E0%A7%87-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AB%E0%A6%9C%E0%A6%BF-%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE-%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AD-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%B2%E0%A7%87-%E0%A6%AA/
এক নতুন প্ৰযুক্তিগত যুগৰ সূচনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৫জি সেৱা শুভাৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণো উদ্বোধন কৰাৰ লগতে এই উপলক্ষে আইএমচিৰ এক প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰে৷ উদ্যোগটোৰ সৈতে জড়িত আগশাৰীৰ নেতাসকলে এই ঐতিহাসিক অনুষ্ঠানত তেওঁলোকৰ মতামত প্ৰকাশ কৰে৷ ৰিলায়েন্সৰ অধ্যক্ষ শ্ৰী মুকেশ আম্বানীয়ে ২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশৰ দৃষ্টিভংগীক অনুপ্ৰাণিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। তেওঁ কয় “চৰকাৰৰ প্ৰতিটো কাম আৰু নীতি, ভাৰতক সেই লক্ষ্যৰ দিশত আগুৱাই নিবলৈ নিপুণভাৱে ৰচনা কৰা হৈছে। ভাৰতৰ ৫জি যুগৰ যাত্ৰাক দ্ৰুতগতিত আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে আমাৰ প্ৰধানমন্ত্ৰীৰ দৃঢ়তাকে প্ৰমাণ কৰে৷” তেওঁ শিক্ষা, শিক্ষা আৰু জলবায়ু আদি মূল ক্ষেত্ৰসমূহত ৫জিৰ সম্ভাৱনাৰ বিষয়ে বৰ্ণনা কৰি কয়, ‘আপোনাৰ নেতৃত্বই ভাৰতৰ সন্মান, প্ৰফাইল আৰু ক্ষমতাক বিশ্বজুৰি উন্নীত কৰিছে যিটো পূৰ্বতে কেতিয়াও হোৱা নাছিল। আজিৰ দ্ৰুত পৰিৱৰ্তিত বিশ্বত উত্থানশীল ভাৰত এখনক শীৰ্ষ স্থানত উপনীত হোৱাত কোনো বাধা নাথাকিব”, এইদৰে কয় শ্ৰী আম্বানীয়ে৷ ভাৰতী এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ শ্ৰী সুনীল ভাৰতী মিট্টালে মন্তব্য কৰে যে ৫জি সেৱা শুভাৰম্ভ কৰাটো এক নতুন যুগৰ আৰম্ভণি আৰু যিহেতু ই আজাদী কা অমৃত মহোৎসৱৰ সময়তে হৈছে, সেয়ে ইয়াক আৰু অধিক বিশেষ কৰি তোলে। ‘প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত ইয়াৰ ফলত দেশত নতুন শক্তিৰ সূচনা হ’ব। আমি সৌভাগ্যৱান যে প্ৰধানমন্ত্ৰীৰ মাজত এনে এগৰাকী নেতা লুকাই আছে, যি প্ৰযুক্তি অতি সূক্ষ্মভাৱে বুজি পায় আৰু সেইটোক অতুলনীয়ভাৱে দেশৰ উন্নয়নত নিয়োগ কৰিছে”, তেওঁ লগতে কয়। শ্ৰী মিট্টালে লগতে কয় যে ইয়াৰ দ্বাৰা মানুহৰ বাবে, বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলত এক সুযোগৰ সাগৰ মুকলি হ’ব। তেওঁ গুজৰাটৰ মুখ্যমন্ত্রী দিনৰ পৰাই আন্তঃগাঁথনি আৰু প্রযুক্তিৰ ক্ষেত্ৰত প্রধানমন্ত্রীয়ে লোৱা পদক্ষেপক স্মৰণ কৰে৷ তেওঁ কয় যে মহামাৰীৰ সময়ত গাঁৱে-ভূঞে জনতাৰ সংখ্যা বৃদ্ধিৰ হোৱাৰ ফলতো দেশৰ হৃদস্পন্দন এক ছেকেণ্ডৰ বাবেও ৰৈ নাথাকিল৷ ইয়াৰ কৃতিত্ব ডিজিটেল ভিজনৰে৷ তেওঁ মেক ইন ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সাহস আৰু সাফল্যকো প্ৰশংসা কৰে।“ডিজিটেল ইণ্ডিয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্ট-আপ ইণ্ডিয়া অভিযানকো আগুৱাই লৈ যায় আৰু অতি সোনকালেই ভাৰতে ইউনিকৰ্ণ উৎপাদন আৰম্ভ কৰে”, শ্ৰী মিট্টলে লগতে কয়, “৫জিৰ আগমনৰ লগে লগে মই নিশ্চিত যে দেশখনে বিশ্বত আৰু বহুতো ইউনিকৰ্ণ যোগ কৰিব।” আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ শ্ৰী কুমাৰ মংগলম বিৰলাই ৫জিৰ আগমনক এক ৰূপান্তৰমূলক অনুষ্ঠান বুলি অভিহিত কৰি বিশ্বৰ মঞ্চত ভাৰতৰ দক্ষতাক প্ৰমাণ কৰে আৰু ভাৰতৰ বৃদ্ধিৰ ভেটি হিচাপে টেলিকম প্ৰযুক্তিৰ ভূমিকাক পুনৰবাৰ উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰজন্মৰ প্ৰজন্মলৈ ধাবিত কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগী আৰু নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে যাৰ ফলত ভাৰতে বিশ্বৰ মঞ্চত স্থান দখল কৰিছে। তদুপৰি, চলিত মহামাৰীৰ সময়ত টেলিকম উদ্যোগক সহায় কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰেৰণাদায়ক ভূমিকা আৰু উদ্যোগটোত হোৱা উল্লেখযোগ্য টেলিকম সংস্কাৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়৷ শ্ৰী বিৰলাই কয় যে ৫জি মুকলি কৰাটোৱে ভাৰতৰ বাবে এক ৰোমাঞ্চকৰ যাত্ৰাৰ আৰম্ভণি। “আগন্তুক বছৰবোৰত আমি ৫জি বিকাশ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সীমাহীন সম্ভাৱনা দেখিবলৈ পাম”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীৰ সন্মুখত দেশৰ তিনিটা প্ৰধান টেলিকম অপাৰেটৰে এটাকৈ ব্যৱহাৰ প্ৰদৰ্শন কৰি ভাৰতত ৫জি প্ৰযুক্তিৰ সম্ভাৱনাক দেখুৱায়৷ ৰিলায়েন্স জিঅ’ই মুম্বাইৰ এখন বিদ্যালয়ৰ এগৰাকী শিক্ষকক মহাৰাষ্ট্ৰ, গুজৰাট আৰু ওড়িশাৰ তিনিটা ভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ কৰে৷ ইয়াৰ দ্বাৰা ৫জিয়ে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ লৈ গৈ কেনেকৈ শিক্ষাৰ সুবিধা প্ৰদান কৰিব, তেওঁলোকৰ মাজৰ শাৰীৰিক দূৰত্বক আঁতৰাই পেলাব সেই কথা প্ৰমাণিত হ’ল৷ ইয়াৰ উপৰি পৰ্দাত অগমেণ্টেড ৰিয়েলিটি (এআৰ)ৰ শক্তি আৰু সেইটো কেনেকৈ ব্যৱহাৰ কৰি সমগ্ৰ দেশৰ শিশুসকলক, দূৰৈৰ পৰা, এআৰ ডিভাইচৰ প্ৰয়োজন নোহোৱাকৈ শিকোৱা হৈছে সেই কথাও প্ৰদৰ্শন কৰা হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্ধেৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড়স্থিত জ্ঞানজ্যোতি সাবিত্ৰীবাই ফুলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত গুজৰাটৰ গান্ধীনগৰৰ ৰপদা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সংযোগ স্থাপন কৰে। ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ময়ুৰভঞ্জস্থিত এছএলএছ মেম’ৰিয়েল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে। মুম্বাই বিকেচিস্থিত ধীৰুভাই আম্বানি ইণ্টাৰনেচনলে স্কুলৰ শ্ৰী অভিমন্যু বসুয়েও ৫জি প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ উৎসাহ লক্ষ্য কৰে। লেখক আমিষ ত্ৰিপাঠীয়ে এই সন্দৰ্ভত অৱগত কৰে৷ ভোডাফোন আইডিয়াই পৰীক্ষামূলকভাৱে মঞ্চত সুৰংগটোৰ ডিজিটেল টুইন নিৰ্মাণৰ জৰিয়তে দিল্লী মেট্ৰ’ৰ নিৰ্মাণৰত এটা সুৰংগত শ্ৰমিকৰ সুৰক্ষাৰ কথা প্ৰদৰ্শন কৰা হয়। ডিজিটেল টুইনে দূৰৱৰ্তী স্থানৰ পৰা শ্ৰমিকসকলক প্ৰকৃত সময়ত সুৰক্ষা সতৰ্কবাণী প্ৰদান কৰাত সহায় কৰিব। ভিআৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি প্ৰকৃত সময়ত কাম নিৰীক্ষণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মঞ্চৰ পৰা পোনপটীয়া ডেমো লয়৷ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী বিনয় ছাক্সেনাৰ উপস্থিতিত নতুন দিল্লীৰ দিল্লী মেট্ৰ’ সুৰংগ দ্বাৰকাৰ কৰ্মী শ্ৰী ৰিংকু কুমাৰৰ সৈতে প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱহাৰিক অভিজ্ঞতা আৰু শিক্ষণ বক্ৰৰ বিষয়ে সোধা-পোছা কৰে। তেওঁ কয় যে সুৰক্ষাৰ প্ৰতি শ্ৰমিকৰ আস্থা হৈছে নতুন গতিধাৰাৰ আটাইতকৈ ডাঙৰ অৱদান। তেওঁ ভাৰতৰ শ্ৰমিকসকলক দেশৰ বিকাশত আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে। এয়াৰটেলে কৰা প্ৰদৰ্শনত উত্তৰ প্ৰদেশৰ ডাংকাউৰৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰ্চুৱেল ৰিয়েলিটি আৰু অগমেণ্টেড ৰিয়েলিটিৰ সহায়ত সৌৰজগতৰ বিষয়ে জানিবলৈ এক সজীৱ আৰু নিমজ্জিত শিক্ষা অভিজ্ঞতাৰ সাক্ষী হৈ ৰয়৷ খুশী নামৰ এগৰাকী ছাত্ৰীক হ’ল’গ্ৰামৰ জৰিয়তে মঞ্চত আবিৰ্ভাৱ কৰি প্ৰধানমন্ত্ৰীৰ সৈতে শিক্ষণৰ অভিজ্ঞতা ব্যক্ত কৰে। বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনচন চেণ্টাৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিয়ানাথে সংযোগ স্থাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ভিআৰ শিক্ষাৰ অভিজ্ঞতাই তেওঁলোকক ধাৰণাসমূহ ব্যাপকভাৱে বুজিবলৈ সহায় কৰিছে নে বুলি প্ৰশ্ন কৰে৷ ছাত্ৰীগৰাকীয়ে কয় যে এই অভিজ্ঞতাৰ পিছত তেওঁ নতুন নতুন কথা শিকাৰ প্ৰতি বহুত অধিক আগ্ৰহী হৈছে৷ এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ এই সন্মিলন বিশ্বজনীন যদিও ইয়াৰ প্ৰতিক্ৰিয়া আৰু নিৰ্দেশনা স্থানীয়৷ তেওঁ কয় যে একবিংশ শতিকাৰ দ্ৰুত উন্নয়নশীল ভাৰতৰ বাবে আজি এক বিশেষ দিন। ‘আজি ১৩০ কোটি ভাৰতীয়ই দেশৰ পৰা আৰু দেশৰ টেলিকম উদ্যোগৰ পৰা ৫জি ৰূপত এক সুন্দৰ উপহাৰ লাভ কৰিছে। ৫জিয়ে দেশৰ এক নতুন যুগৰ দুৱাৰত টোকৰ মাৰিলে৷ “৫জি হৈছে সুযোগৰ অসীম আকাশৰ আৰম্ভণি। ইয়াৰ বাবে মই প্ৰতিজন ভাৰতীয়ক অভিনন্দন জনাইছো’, তেওঁ লগতে কয়। তেওঁ সন্তুষ্টিৰে লক্ষ্য কৰে যে ৫জিৰ এই শুভাৰম্ভণি আৰু প্ৰযুক্তিৰ সমাহাৰত গ্ৰামাঞ্চল আৰু শ্ৰমিকসকল সমানেই অংশীদাৰ। ৫জি শুভাৰম্ভণিৰ এটা বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়” নতুন ভাৰত কেৱল প্ৰযুক্তিৰ গ্ৰাহক হৈ নাথাকিব, বৰঞ্চ সেই প্ৰযুক্তিৰ বিকাশ আৰু কাৰ্যকৰীকৰণত ভাৰতে সক্ৰিয় ভূমিকা পালন কৰিব। ভৱিষ্যতৰ বেতাঁৰ প্ৰযুক্তিৰ ডিজাইন আৰু ইয়াৰ সৈতে জড়িত উৎপাদনত ভাৰতে ডাঙৰ ভূমিকা পালন কৰিব৷’ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত ২জি, ৩জি আৰু ৪জি প্ৰযুক্তিৰ বাবে অন্য দেশৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ৫জিৰ জৰিয়তে ভাৰতে সৃষ্টি কৰিছে এক নতুন ইতিহাস। “৫জিৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে টেলিকম প্ৰযুক্তিৰ ক্ষেত্ৰত এক আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ কৰিছে”, তেওঁ কয়৷ ডিজিটেল ইণ্ডিয়াৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে একাংশ লোকে ভাবে যে এয়া কেৱল চৰকাৰী আঁচনিহে। ‘কিন্তু ডিজিটেল ইণ্ডিয়া কেৱল এটা নাম নহয়, ই দেশৰ উন্নয়নৰ বাবে এক বৃহৎ দৃষ্টিভংগী। জনসাধাৰণৰ বাবে কাম কৰা, জনসাধাৰণৰ সৈতে সংযোগ কৰি কাম কৰা সেই প্ৰযুক্তিটো সাধাৰণ জনতাৰ মাজলৈ অনাটোৱেই এই দৃষ্টিভংগীৰ লক্ষ্য।” ডিজিটেল ইণ্ডিয়াৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বিৱৰি কয় যে “আমি ৪টা স্তম্ভৰ ওপৰত, একেলগে চাৰিটা দিশত গুৰুত্ব দিছো। প্ৰথনতে ডিভাইচৰ দাম, দ্বিতীয়তে ডিজিটেল সংযোগ, তৃতীয়তে ডাটাৰ খৰচ, চতুৰ্থতে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে 'ডিজিটেল প্ৰথম' ধাৰণা৷ প্রথম স্তম্ভ সন্দর্ভত প্রধানমন্ত্রীয়ে কয় যে আত্মনিৰ্ভৰতাৰ জৰিয়তেহে যন্ত্ৰৰ কম ব্যয় সাধন কৰিব পৰা যাব৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ দোঁহাৰে যে ৮ বছৰ আগলৈকে ভাৰতত মাত্ৰ দুটা মোবাইল মেনুফেকচাৰিং ইউনিট আছিল। “এই সংখ্যা এতিয়া ২০০লৈ বৃদ্ধি পাইছে”, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে যে ২০১৪ চনত শূন্য মোবাইল ফোন ৰপ্তানিৰ পৰা আজি আমি হাজাৰ হাজাৰ কোটি মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰা দেশত পৰিণত হৈছো। “স্বাভাৱিকভাৱে এই সকলোবোৰ প্ৰচেষ্টাই যন্ত্ৰটোৰ ব্যয়ৰ ওপৰত প্ৰভাৱ পেলাইছে। এতিয়া আমি কম ব্যয়তে অধিক বৈশিষ্ট্যযুক্ত মোবাইল লাভ কৰিবলৈ লৈছো”, তেওঁ লগতে কয়। ডিজিটেল সংযোগৰ দ্বিতীয় স্তম্ভ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনত ইণ্টাৰনেট ব্যৱহাৰকাৰী ৬কোটিৰ পৰা ৮০ কোটিলৈ বৃদ্ধি পাইছে।২০১৪ চনত ১০০ খনতকৈও কম পঞ্চায়তৰ পৰা এতিয়া ১.৭ লাখ পঞ্চায়ত অপ্টিকেল ফাইবাৰেৰে সংযোগ কৰা হৈছে। “যেনেকৈ চৰকাৰে বিদ্যুৎ যোগানৰ বাবে দুৱাৰে দুৱাৰে অভিযান আৰম্ভ কৰিছিল, হৰ ঘৰ জল অভিযানৰ জৰিয়তে সকলোকে বিশুদ্ধ পানী যোগান ধৰাৰ মিছনত কাম কৰিছিল আৰু উজ্জ্বলা আঁচনিৰ জৰিয়তে আটাইতকৈ দৰিদ্ৰ লোকসকলৰ ভিতৰত গেছ চিলিণ্ডাৰ যোগান ধৰিছিল, আমাৰ চৰকাৰে সকলোৰে বাবে ইণ্টাৰনেটৰ লক্ষ্যৰ ওপৰত একে ধৰণে কাম কৰি আছে”, তেওঁ কয়। তৃতীয় স্তম্ভ, ডাটাৰ খৰচ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যোগটোক বহুতো উদ্গনি যোগোৱা হৈছিল আৰু ৪জিৰ দৰে প্ৰযুক্তিয়ে নীতিগত সমৰ্থন লাভ কৰিছিল। ইয়াৰ ফলত তথ্যৰ মূল্য কমি আহিল আৰু দেশত ডাটা বিপ্লৱৰ সূচনা হ’ল। এই তিনিটা স্তম্ভই সকলোতে ইয়াৰ বহুগুণক প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰা বুলিও তেওঁ কয়। চতুৰ্থ স্তম্ভ অৰ্থাৎ ‘ডিজিটেল প্ৰথম’ ধাৰণাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা মনত পেলাই যেতিয়া অভিজাত শ্ৰেণীৰ মুষ্টিমেয় লোকে দুখীয়ালোকসকলে ডিজিটেলৰ অৰ্থ কি বুজি পাব বুলি প্ৰশ্ন উত্থাপন কৰিছিল আৰু তেওঁলোকৰ সম্ভাৱনাক লৈ সন্দেহ কৰিছিল, প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দেশৰ সাধাৰণ মানুহৰ বুদ্ধি, প্ৰজ্ঞা আৰু অনুসন্ধিৎসু মনৰ ওপৰত সদায় বিশ্বাস ৰাখিছিল। তেওঁ কয় যে তেওঁ সদায় দেশৰ দুখীয়া লোকসকলক নতুন প্ৰযুক্তি গ্ৰহণ কৰিবলৈ সাজু হৈ থকা বুলি বিবেচনা কৰে। ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰেই আগভাগ লৈ ডিজিটেল পেমেণ্টৰ পথ সহজ কৰি তুলিলে। ‘চৰকাৰে নিজেই এপটোৰ জৰিয়তে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদানৰ প্ৰচাৰ কৰিছিল। কৃষকৰ কথাই হওক বা ক্ষুদ্ৰ দোকানীৰ কথাই হওক, আমি এপটোৰ জৰিয়তে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ উপায় দিছো”, শ্ৰী মোদীয়ে লগতে কয়। তেওঁ মহামাৰীৰ সময়ত ডিবিটি, শিক্ষা, টিকাকৰণ আৰু স্বাস্থ্য সেৱা আৰু ঘৰৰ পৰা কাম কৰি থকা নিৰৱচ্ছিন্ন অব্যাহত থকাৰ কথা কয় যেতিয়া বহু দেশে এই সেৱাসমূহ চলাই ৰখাত অসুবিধা পাইছিল। ডিজিটেল ইণ্ডিয়াই এটা মঞ্চ দিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগী, স্থানীয় শিল্পী, শিপিনীসকলে এতিয়া সকলোতে বজাৰ কৰিব পাৰিব। শ্ৰী মোদীয়ে লগতে কয়, “আজি আপুনি স্থানীয় বজাৰ বা শাক-পাচলিৰ বজাৰলৈ গৈ চাওক, এজন সৰু পদ পথৰ দোকানীয়েও নগদ ধনেৰে নহয়, ‘ইউপিআই’ৰ জৰিয়তে লেনদেন কৰিবলৈ আপোনাক ক’ব।” “এইটোৱে দেখুৱাইছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “যেতিয়া এটা সুবিধা উপলব্ধ হয়, তেতিয়া চিন্তাও সাহসী হৈ পৰে”। প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া চৰকাৰে স্বচ্ছ উদ্দেশ্যৰে কাম কৰে তেতিয়া নাগৰিকৰ উদ্দেশ্যৰো পৰিৱৰ্তন ঘটে। “এইটোৱেই হৈছে ২জি আৰু ৫জিৰ উদ্দেশ্যৰ মূল পাৰ্থক্য”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ভিতৰতে ভাৰতত ডাটাৰ খৰচ সৰ্বনিম্ন৷ প্ৰতি জিবিত ৩০০ টকাৰ পৰা প্ৰায় ১০ টকালৈ হ্ৰাস পাইছে। চৰকাৰৰ গ্ৰাহককেন্দ্ৰিক প্ৰচেষ্টা সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত ডাটাৰ খৰচ যথেষ্ট কম হৈয়েই আছে৷ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয়, “এইটো এটা বেলেগ কথা যিটোক লৈ আমি ৰাজহুৱা কৰা নাছিলো আৰু ডাঙৰ ডাঙৰ বিজ্ঞাপন প্ৰকাশ কৰা নাছিলো। আমি দেশৰ জনসাধাৰণৰ সুবিধা আৰু সহজ জীৱন-যাপন কেনেদৰে বৃদ্ধি পায় তাক লৈ গুৰুত্ব দিলো।” “প্ৰথম তিনিটা ঔদ্যোগিক বিপ্লৱৰ পৰা ভাৰত হয়তো লাভৱান হোৱা নাছিল, কিন্তু মই নিশ্চিত যে ভাৰতে চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সম্পূৰ্ণ লাভৱান হ’ব আৰু প্ৰকৃততে ইয়াৰ নেতৃত্ব দিব”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে জনায় যে ৫জি প্ৰযুক্তিৰ ব্যৱহাৰ ক্ষিপ্ৰ ইণ্টাৰনেটৰ ব্যৱহাৰতে সীমাবদ্ধ নাথাকে, বৰঞ্চ ইয়াৰ জীৱন সলনি কৰাৰ ক্ষমতা আছে। তেওঁ কয় যে আমি জীৱনকালত প্ৰযুক্তিৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হোৱা দেখিবলৈ পাম। শ্ৰী মোদীয়ে দূৰসংযোগ উদ্যোগ সংস্থাৰ নেতাসকলক দেশৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পৰিদৰ্শন কৰি এই নতুন প্ৰযুক্তিৰ প্ৰতিটো দিশ মুকলি কৰিবলৈ আহ্বান জনায়। তেওঁ বৈদ্যুতিক সামগ্ৰী উৎপাদনৰ বাবে স্পেয়াৰ পাৰ্টছ প্ৰস্তুত কৰিবলৈ এমএছএমইৰ বাবে এক কৰ্মক্ষম পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিবলৈও আহ্বান জনায়। “দেশত বিপ্লৱ আনিবলৈ ৫জি প্ৰযুক্তিৰ ব্যৱহাৰ কৰা উচিত”, তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে নতুনকৈ মুকলি কৰা ড্ৰোন নীতিৰ পিছত সম্ভৱ হোৱা ড্ৰোন প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে বহু কৃষকে ড্ৰোন উৰুৱাবলৈ শিকি পথাৰত কীটনাশক দ্ৰব্য স্প্ৰে কৰিবলৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে সকলোকে আশ্বাস দিয়ে যে ভৱিষ্যতৰ ভাৰতে আগন্তুক প্ৰযুক্তি খণ্ডত বিশ্বক পথ প্ৰদৰ্শন কৰিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতক বিশ্বৰ নেতা হিচাপে গঢ়ি তুলিব। এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেৱুসিংহ চৌহান, , ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ শ্ৰী মুকেশ আম্বানী, ভাৰতী এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ শ্ৰীযুত সুনীল মিট্টাল, আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ শ্ৰীযুত কুমাৰ মংগলম বিৰলা, দূৰসংযোগ বিভাগৰ সচিব শ্ৰী কে ৰাজাৰামন উপস্থিত থাকে৷
৫জি সেৱা শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AE%E0%A7%80%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%B7%E0%A7%8D%E0%A6%A0-%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81-%E0%A6%AE%E0%A6%BF%E0%A6%89/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AE%E0%A7%80%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%B7%E0%A7%8D%E0%A6%A0-%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81-%E0%A6%AE%E0%A6%BF%E0%A6%89/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেমীত শ্ৰেষ্ঠ শিশু মিউজিক এলবামৰ বঁটা লাভৰ বাবে ফাল্গুনী শ্বাহক অভিনন্দন জনাইছে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "গ্ৰেমীত শ্ৰেষ্ঠ শিশু মিউজিক এলবামৰ বঁটা লাভৰ বাবে ফাল্গুনী শ্বাহক অভিনন্দন জনাইছো। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰাজিৰ বাবে শুভকামনা জনালো।"
গ্ৰেমীত শ্ৰেষ্ঠ শিশু মিউজিক এলবামৰ বঁটা লাভৰ বাবে ফাল্গুনী শ্বাহক অভিনন্দন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%AA%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%AA%E0%A6%BE/
কাৰ্যক্ৰমত উপস্থিত থকা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমান ৰাজনাথ সিং জী, এনচিচি-ৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল গুৰবীৰ পাল সিং জী, ইয়াত উপস্থিত থকা মহানুভৱসকল, বিষয়াবৰ্গ, গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা কলাকাৰ, এনএছএছ আৰু এনচিচি-ৰ সতীৰ্থ বন্ধুসকল! এই সময়ত দেশে স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছে। আৰু যেতিয়া এখন যুৱ দেশে, এই ধৰণৰ কোনো ঐতিহাসিক উপলক্ষৰ সাক্ষী হোৱাৰ সুযোগ পায়, তেতিয়া সেই উপলক্ষত অনুষ্ঠিত হোৱা উত্সৱৰ ক্ষেত্ৰত এক ভিন্ন প্ৰকাৰৰ উত্সাহ দেখিবলৈ পোৱা যায়। এই উত্সসাহকে এতিয়া ‘কাৰিয়াপ্পা গ্ৰাউণ্ড’তো দেখিবলৈ পোৱা গৈছে। এই উত্সাহকে মই এতিয়া ‘কাৰিয়াপ্পা গ্ৰাউণ্ড’ত প্ৰত্যক্ষ কৰিছো। এয়া ভাৰতৰ সেই যুৱ-শক্তিৰ দৰ্শন, যিয়ে আমাৰ সংকল্পসমূহক পূৰ্ণতা প্ৰদান কৰিব, যিয়ে ২০৪৭ চনত যেতিয়া দেশে স্বাধীনতাৰ এশটা বছৰ পূৰ্ণ কৰিবগৈ, তেতিয়া ২০৪৭ চনৰ ভব্য ভাৰতৰ নিৰ্মাণ কৰিবগৈ। মোৰ ভাল লাগে যে ময়ো এটা সময়ত আপোনালোকৰ দৰেই এনচিচি-ৰ কেডেট আছিলো। যি সৌভাগ্য আপোনালোকে লাভ কৰিছে ময়ো সেয়া লাভ কৰিছিলো। মই এনচিচি-ত যি প্ৰশিক্ষণ লাভ কৰিছিলো, আজি দেশৰ প্ৰতি নিজৰ দায়িত্ব নিৰ্বহণ কৰিবলৈ যাওতে মই সেই সংস্কাৰৰ পৰা, সেই প্ৰশিক্ষণৰ পৰা লাভ কৰা শিকনীৰ অসীম শক্তি লাভ কৰিছো বুলি অনুভৱ কৰো। অলপ সময়ৰ আগতে মাত্ৰ মই এনচিচি-ৰ ‘এলুমনি কাৰ্ডো’ লাভ কৰিছিলো। আজি দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে সেই সম্পৰ্কৰেও মই আপোনালোকৰ সতীৰ্থ বন্ধু হও, আপোনালোকৰ সম্পৰ্কীয় হও। মই এনচিচি-ৰ সকলো পদাধিকাৰী, আৰু সকলো সতীৰ্থ কেডেটক এই সুযোগতে ‘চেল্যুট’ কৰিছো। আজি যিসকল কেডেট-য়ে পুৰস্কাৰ লাভ কৰিছে, তেওঁলোককো মই আন্তৰিক শুভকামনা জনাইছো। আজি মহান স্বাধীনতা সেনানী, পঞ্জাৱ কেশৰী লালা লাজপট ৰায় জীৰ জয়ন্তীও হয়। আজিয়েই ‘ফিল্ড মাৰ্ছাল’ কাৰিয়াপ্পাৰো জন্ম জয়ন্তী। ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেশৰ এই বীৰ সন্তানসকলক মই আদৰৰে প্ৰণিপাত জনাইছো। বন্ধুসকল, আজি যেতিয়া দেশে নতুন সংকল্প গ্ৰহণ কৰি আগবাঢ়িবলৈ ধৰিছে, সেই সময়ত এনচিচি-ক শক্তিশালী কৰাৰ বাবেও আমি প্ৰয়াস অব্যাহত ৰাখিছো। ইয়াৰ বাবে দেশত এখন উচ্চ পৰ্যায়ৰ পুনৰীক্ষণ সমিতি গঠন কৰা হৈছে। যোৱা দুটা বছৰত আমি দেশৰ সীমান্তবৰ্তি ক্ষেত্ৰত ১ লাখ নতুন কেডেট গঢ়ি তুলিছো। মোৰ ভাল লাগিছে যে এনচিচি কেডেট-ৰ প্ৰশিক্ষণত ‘ছিমুলেশ্যন’ৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰো বাঢ়িবলৈ ধৰিছে। শিক্ষা পদ্ধতিক এনচিচি-ৰে জড়িত কৰাৰ বাবেও দেশে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সম্পূৰ্ণ ৰূপে ‘ছেলফ ফাইনেন্সিং স্কীম’ৰ ৰূপত ১ লাখ কেডেট-ৰ বিস্তাৰ দেশৰ কলেজসমূহত কৰাৰ ব্যৱস্থা কৰা হৈছে। ১ লাখ কেডেট-ক লৈ এই প্ৰয়াস এতিয়া স্কুলসমূহতো আৰম্ভ কৰা হৈছে। নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ আধাৰত দেশৰ ৯০খন বিশ্ববিদ্যালয়ে এনচিচি-ক ‘ইলেক্টিভ ছাবজেক্ট’ হিচাপেও আৰম্ভ কৰিছে। মই আজি ইয়াত বিশাল সংখ্যাৰে ছোৱালী কেডেট-কো দেখিবলৈ পাইছো। এয়া দেশত সলনি হোৱা মানসিকতাৰো প্ৰতীক। দেশক আজি আপোনালোকৰ বিশেষ যোগদানৰ প্ৰয়োজন হৈছে। দেশত এতিয়া আপোনালোকৰ বাবে অপাৰ সুযোগ সাজু হৈ আছে। এতিয়া দেশৰ ছোৱালীসকলে সৈনিক স্কুলসূহত নামভৰ্তি কৰি আছে। সেনাত মহিলাসকলেও বহুত গুৰুত্বপূৰ্ণ কাৰ্যভাৰ লাভ কৰিবলৈ লৈছে। সেনাবাহিনীত মহিলাকলে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। ‘এয়াৰফৰ্চ’ত দেশৰ ছোৱালীহঁতে ‘ফাইটাৰ প্লেন’ উৰাবলৈ লৈছে। এনে পৰিস্থিতিত এনচিচি-তো যথা সম্ভৱ অধিক হাৰত ছোৱালীহঁতক জড়িত কৰাটো আমাৰ প্ৰয়াস হোৱা উচিত। যিখিনি ছোৱালীয়ে নিজে নিজেই এনচিচি-ত জড়িত হয়হি, তেওঁলোক ইয়াৰ বাবে এক প্ৰেৰণা হ’ব পাৰে। বন্ধুসকল, দেশৰ প্ৰসিদ্ধ কবি মাখনলাল চতুৰ্বেদীৰ কবিতা আৰু সেই কবিতাৰ পংক্তিত তেওঁ কৈছে- ভূখণ্ড বছা, আকাশ ঔঢ়, নয়নোদক লে, মোদক প্ৰহাৰ, ব্ৰহ্মাণ্ড হথেলী পৰ উচ্চল, আপনে জীৱন ধন কো নিহাৰ। এই পংক্তিত, সামৰ্থ্যৰ পৰাকাষ্ঠাৰ বৰ্ণনা কৰা হৈছে। শক্তি এনেকুৱা হওক যে ভূখণ্ডক সামৰিব পৰা যায়, আকাশক আৱৰিব পাৰি, ব্ৰহ্মাণ্ডক দুহাতৰে উচালিব পৰা যায়। সামৰ্থ্য এনে হওক যে কঠিন পৰিস্থিতিকো হাঁহি হাঁহি, সাহসেৰে মোকাবিলা কৰিব পাৰি। আজি আই ভাৰতীয়ে ভাৰতৰ যুৱ-প্ৰজন্মৰ প্ৰতি এই আহ্বানকে জনাইছে। ভূখণ্ড বছা, আকাশ ঔঢ়, নয়নোদক লে, মোদক প্ৰহাৰ, ব্ৰহ্মাণ্ড হথেলী পৰ উচ্চল, আপনে জীৱন ধন কো নিহাৰ। অনাগত ২৫টা বছৰ অমৃতকাল, দেশভক্তিৰ জোৱাৰৰ বছৰ। আৰু আজি প্ৰত্যাহ্বান এই কথাৰ নহয় যে পৃথিৱীত এই কথা কোনোবাই স্বীকাৰ কৰিবনে নাই। আজি গুৰুত্বপূৰ্ণ হৈ উঠিছে এইটো কথাহে যি সময়ত পৃথিৱীয়ে ইমান ভৰসাৰে ভাৰতলৈ চাই ৰৈছে, ইমান প্ৰত্যাশাৰে চাই ৰৈছে, তেতিয়াতো ভাৰতে নিজৰ প্ৰয়াসত কোনো পৰিস্থিতিতে দুৰ্বল হ’ব নোৱাৰিব। আজি স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ত ভাৰতে যি সংকল্প গ্ৰহণ কৰিছে, যিসমূহ অভিযানৰ শুভাৰম্ভ কৰিছে, সেইসমূহে নতুন নতুন উদ্দীপনা পাই থাকক, এইক্ষেত্ৰত বহুত ডাঙৰ দায়িত্ব দেশৰ কোটি কোটি ন-জোৱানৰ কান্ধত অৰ্পিত হৈছে। আজি এই মুহূৰ্তত যিমানবোৰ যুৱক-যুৱতী এনচিচি-ত আছে, এনএছএছ-ত আছে ইয়াৰ সৰহ সংখ্যকেই এইটো শতিকাত জন্ম হোৱা। আপোনালোকেই ভাৰতক ২০৪৭ চন পৰ্যন্ত মান-সন্মান-সম্ভ্ৰম সহকাৰে আগুৱাই লৈ যাব লাগিব। সেয়ে আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ সংকল্প, সেইসমূহ সংকল্পৰ সিদ্ধি, ভাৰতৰ সিদ্ধি হ’বগৈ, ভাৰতৰ সাফল্য হ’বগৈ। ৰাষ্ট্ৰভক্তিতকৈ উচ্চ আৰু কোনো ভক্তি নাই, ৰাষ্ট্ৰ হিততকৈ মহান আৰু কোনো হিত নাই। দেশক সৰ্বোপৰি বুলি স্বীকাৰ কৰি, আপোনালোকে যিয়েই কৰিব, সেয়াই দেশৰ বিকাশত সহযোগিতা আগবঢ়াব। আজি আমাৰ যুৱ-প্ৰজন্মই ভাৰতক ষ্টাৰ্টআপৰ পৃথিৱীখনৰ শীৰ্ষৰ তিনিটা স্থানত উপনীত কৰাইছেগৈ। ক’ৰোনাৰ এই সংকটকালত যিমান সংখ্যক ‘ইউনিকৰ্ণ’য়ে স্বীকৃতি লাভ কৰিছে, সেয়াই ভাৰতৰ যুৱ-প্ৰজন্মৰ সামৰ্থ্যকে প্ৰতীয়মান কৰিছে। আপোনালোকে ভাবিব পাৰেনে যে ৫০টাৰো অধিক ‘ইউনিকৰ্ণ’ ক’ৰোনাৰ কালতে থন ধৰি উঠিছে। আৰু আপোনালোকেতো জানেই, একো একোটা ইউনিকৰ্ণৰ পুঁজি চাৰে সাত হাজাৰ কোটিৰো অধিক হয়। এই ক্ষমতা, এই সামৰ্থ্যই ডাঙৰ বিশ্বাসৰ সৃষ্টি কৰে। আৰু জানেনে, এইক্ষেত্ৰত ডাঙৰ কথাটো কি? এই ষ্টাৰ্ট আপসমূহ দেশৰ কোনোবা নহয় কোনোবা আৱশ্যকীয়তা পূৰণ কৰাৰ বাবে স্থাপিত হৈছে। কোনোবাই যদি কৃষিক্ষেত্ৰত নতুনকৈ কিবা কৰিছে, কোনোবাই আকৌ যোগান-শৃংখল উন্নত কৰাৰ ক্ষেত্ৰত নতুনৰ সংযোজন ঘটাইছে। কোনোবাই হয়তো শিক্ষাৰ জগতখনলৈ পৰিৱৰ্তনৰ সূচনা কৰাৰ প্ৰয়াস কৰিছে। ইয়াত দেশৰ বাবে কিবা নহয় কিবা কৰাৰ আগ্ৰহ, কিবা সম্পন্ন কৰাৰ আগ্ৰহ পৰিলক্ষিত হয়। বন্ধুসকল, যিখন দেশৰ যুৱ-প্ৰজন্মই ‘ৰাষ্ট্ৰ প্ৰথম’ ভাৱনাৰে আগবাঢ়িবলৈ ধৰে, তেওঁলোকক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। আজি খেলৰ পৃথিৱীখনত ভাৰতে যি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে সেয়াও ইয়াৰে এক ডাঙৰ উদাহৰণ। খেলুৱৈসকলৰ প্ৰতিভা, খেলুৱৈসকলৰ সংকল্প, এই সকলো কথাৰ নিজা গুৰুত্বতো আছেই, খেলুৱৈসকলৰ পৰিশ্ৰমৰো বহুত গুৰুত্ব আছে, পিচে এতিয়া তেওঁলোকৰ হৰা-জিকাৰ সৈতে ১৩০কোটি দেশবাসী জড়িত হৈ পৰে। ভাৰতৰ যুৱ-প্ৰজন্মই যি প্ৰতিযোগিতাতেই অংশগ্ৰহণ নকৰক কিয়, দেশ তেওঁৰ সৈতে সংপৃক্ত হৈ পৰে। খেলুৱৈসকলৰ মনতো এই ভাৱনাই প্ৰবল হৈ উঠে যে মই পুৰস্কাৰৰ বাবে নহয় বৰঞ্চ নিজৰ দেশৰ বাবেহে খেলিছো। এই ভাৱনৰেই প্ৰতিটো ক্ষেত্ৰত ভাৰতৰ যুৱ-প্ৰজন্ম, দেশৰ আগন্তক প্ৰজন্ম আগবাঢ়িব লাগিব। বন্ধুসকল, ক’ৰোনাৰ এই সময়ত সমগ্ৰ পৃথিৱীকে আমি ভাৰতীয়সকলে অনুশাসন, আমি ভাৰতীয়ই সামাজিক শক্তিৰ পৰিচয় দিছিলো। জনতা সান্ধ্য আইনৰ সময়ত যেতিয়া সমগ্ৰ দেশেই ক’ৰোনাৰে যুঁজাৰ বাবে একত্ৰিত হৈছিল, তাকে দেখি সমগ্ৰ বিশ্ব আশ্চৰ্যচকিত হৈ উঠিছিল। কিছুমান মানুহে আমাৰ সমাজক হেয় জ্ঞান কৰিব খোজে, পিচে এই সমাজেই দেখুৱাই দিলে যে যেতিয়া প্ৰসংগ দেশৰ হয়, তেতিয়া তাতোতকৈ আগত আৰু একো হ’ব নোৱাৰে। যেতিয়া শুদ্ধ দিক-দৰ্শন লাভ কৰা যায়, শুদ্ধ নিদৰ্শন লাভ কৰা যায়, তেনে পৰিস্থিতিত আমাৰ দেশে কিমানযে কৰি দেখুৱাব পাৰে, এয়া তাৰেই এক উদাহৰণ। আপোনালোক এনচিচি আৰু এনএছএছ-ৰ যুৱক-যুৱতীবৃন্দইয়ো ক’ৰোনাৰ এই সংকতত নিজৰ সেৱা ভাৱৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। এতিয়া আপোনালোকৰ এয়াই দায়িত্ব যে আপোনালোকে এনচিচি-ত যিখিনি শিকিছে, সেয়া ‘ইউনিফৰ্ম’ পিন্ধাৰ সময়তে কেৱল কৰিব লাগিব এনে নহয়, বৰং সেয়া আপোনালোকৰ সমগ্ৰ জীৱনতে প্ৰযোজ্য হ’ব পৰাকৈ অব্যাহত ৰাখিব লাগিব। আপোনালোকে এয়াও ভাবিব লাগিব যে এগৰাকী কেডেটৰ ৰূপত যিখিনি শিকিলে, সেয়া সমাজৰ উপকাৰৰ বাবে কেনেকৈ প্ৰয়োগ কৰা হয়, ইয়াৰ দ্বাৰা সমাজ কেনেকৈ উপকৃত হ’ব পাৰে। ধৰক আপোনালোক যদি কোনোবা গাঁৱত থাকে, তেন্তে সেইখন গাঁৱৰ কোনোবা শিক্ষাৰ্থীয়ে যদি আধাতে বিদ্যালয় এৰিবলগীয়া হৈছে, তেন্তে তেওঁনো দৰাচলতে কিয় এই কাম কৰিবলগীয়া হ’ল, তেওঁৰ সমস্যাটোনো কি আদি কথাৰ ওৰ উলিয়াই শিক্ষাৰ্থীগৰাকীক পুনৰ বিদ্যালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ দৰে কামবোৰ কৰিব লাগিব। তেতিয়াহে এনচিচি-ত শিকিৱা ভাৱনাক আপোনালোকে আগবঢ়াই নিব পাৰিব। আপোনালোকে ‘স্বচ্ছতা অভিযান’ক আগবঢ়াই নিয়াৰ বাবেও নিজৰ গাঁও, চুবুৰী, চহৰ-পাৰাত বেলেগ বেলেগ ‘টীম’ গঠন কৰিব পাৰে। কাৰণ আপোনালোকে ইয়াত নেতৃত্ব প্ৰদানৰ শিক্ষা আহৰণ কৰিছে, এতিয়া সমাজত তাৰ সদ্ব্যৱহাৰ কৰিব লাগিব। যিধৰণে আপোনালোকে সামুদ্ৰিক উপকূলৰ পৰিষ্কৰণৰ বাবে ‘পুনীত সাগৰ অভিযান’ চলাইছিল, ইয়াৰ বাবে বহুত প্ৰশংসিত হৈছিল, সেয়া এনচিচি-ৰ কাৰ্যকালৰ পিচতো অব্যাহত ৰখা উচিত। আজি কালি দেশত ‘কেট্ছ দা ৰেইন’ শীৰ্ষক এক জন আন্দোলন চলি আছে। বৰষুণৰ পানী আমি কেনেকৈ সংৰক্ষিত কৰিব পাৰিম, আমাৰ খাল-বিলসমূহৰ দৰে জলাশয়সমূহ কেনেকৈ পৰিষ্কাৰকৈ ৰাখিম এইবোৰ প্ৰসংগতো আপোনালোকে জনসাধাৰণক জাগৃত কৰিব পাৰে। বন্ধুসকল, স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়ে দেশৰ সৰ্ব-সাধৰণ জনতাক এনে প্ৰবৃত্তিৰে সংযোজিত কৰিছিল, যাৰ ফলত ৰাইজৰ জীৱন-জীৱিকাও চলিছিল, লগতে দেশভক্তিৰ আন্দোলনেও গতি লাভ কৰিব পাৰিছিল। কোনোবাই যদি সুতা কাটিছিল, কোনোবাই আকৌ শিক্ষা প্ৰদানত ব্ৰতী হৈ আছিল, কোনোবাই গো-পালনৰে জড়িত হৈ কাম কৰি গৈছিল, কোনোবাই স্বচ্ছতাৰ কামত নিজকে জড়িত কৰিছিল। এই সকলো বিষয়কে গান্ধীজীয়ে স্বাধীনতা আন্দোলনৰে জড়িত কৰিছিল। এইদৰেই স্বাধীনতাৰ অমৃতকালত, আজিৰ পৰা আগন্তুক ২৫টা বছৰত আমি সকলোৱে, আপোনালোকে নিজৰ প্ৰবৃত্তিসমূহক, নিজৰ কাৰ্যসমূহক দেশৰ বিকাশৰ সৈতে, দেশৰ আশা-আকাংক্ষাৰ সৈতে সংযোজিত কৰিব লাগিব। আজি দেশে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সংকল্প গ্ৰহণ কৰি আগবাঢ়িব খুজিছে। আপোনালোক সকলো যুৱক-যুৱতীয়ে ‘ভোকেল ফৰ লোকেল’-ৰ অভিযানত বহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে। যদি ভাৰতৰ যুৱ-প্ৰজন্মই দৃঢ় সংকল্প গ্ৰহণ কৰে যে যিবোৰ বস্তুৰ উত্পাদনত কোনো ভাৰতীয়ৰ পৰিশ্ৰম বিজড়িত হৈ আছে, কোনো ভাৰতীয়ৰ ঘাম ব’বলগীয়া হৈছে, আমি তেনে সামগ্ৰীৰহে ব্যৱহাৰ কৰিম, তেন্তে ভাৰতৰ ভাগ্য দ্ৰুত গতিৰে ত্বৰান্বিত হ’ব পাৰে। ‘ভোকেল ফৰ লোকেলৰ মন্ত্ৰ পোনপতীয়া ভাবে দেশৰ যুৱ-প্ৰজন্মৰে সম্পৰ্কীত হৈ আহিছে। যেতিয়া মানুহে স্থানীয় উত্পাদিত সা-সামগ্ৰীহে কিনিবলৈ ল’ব, তেতিয়া স্থানীয় উত্পাদনৰ পৰিমাণতো বাঢ়িবই, সেইসমূহ সামগ্ৰীৰ মানো উন্নত হ’বলৈ ধৰিব। যেতিয়া থলুৱা সামগ্ৰীৰ উত্পাদন বাঢ়িব, তেতিয়া ইয়াৰ সুবাদতে স্থানীয় পৰ্যায়তে কৰ্ম সংস্থাপনৰ ন ন সম্ভাৱনাৰ সৃষ্টি হ’ব। বন্ধুসকল, এই সময় প্ৰযুক্তি আৰু উদ্ভাৱনশীলতাৰ সময়। এই সময় ডিজিটেল ক্ৰান্তিৰ সময়। এইটো যুগৰ যদি কোনোবা নায়ক হয়, তেন্তে সেয়া হৈছে আপোনালোক মোৰ যুৱ-বন্ধুসকল। সেয়ে পৰিৱৰ্তনৰ এই যাত্ৰাত কেডেট হিচাপে আপোনালোকৰ কান্ধত বহুতো দায়িত্ব অৰ্পিত হৈছে। আপোনালোকে এই আন্দোলনত ভাৰতক নেতৃত্ববহনকাৰী হিচাপে গঢ়ি তোলাৰ বাবে দেশত নিজৰ নেতৃত্ব দিব লাগিব আৰু লগতে ইয়াৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীনো হ’ব লাগিব। আজি এফালে যদি ডিজিটেল প্ৰযুক্তি আৰু তথ্যৰে বিজড়িত ক্ষেত্ৰৰ সুন্দৰ সম্ভাৱনা আছে, তেন্তে আনফালে আকৌ ভুৱা তথ্যই সৃষ্টি কৰিব পৰা সংকটৰ দুৰ্ভাৱনাও আছে। আমাৰ দেশৰ সাধাৰণ জনতা যাতে কোনো অপপ্ৰচাৰৰ বলি হ’ব লগা নহয় এই কথা নিশ্চিত কৰাটোও নিতান্তই আৱশ্যক। এনচিচি কেডেটসকলে এই ক্ষেত্ৰত এক সজাগতা অভিযান চলাব পাৰে। আৰু এটা প্ৰত্যাহ্বান আজিৰ যুৱ সমাজৰ সন্মুখত আছে, সেয়া হৈছে ‘ভাৰ্চুৱেল’ আৰু ‘ৰীয়েল লাইফ’ত বিঘ্নিত হোৱা সামঞ্জস্য! এনচিচি-য়ে নিজৰ কেডেটসকলৰ বাবে এই সামঞ্জস্যৰ প্ৰশিক্ষণ পদ্ধতি তৈয়াৰ কৰিব পাৰে, যি আন মানুহৰ বাবেও সহায়কাৰী হয়গৈ। বন্ধুসকল, আৰু এটা প্ৰসংগ মই আপোনালোকৰ আগত উথ্থাপন কৰিব বিচাৰিছো। প্ৰসংগটো হৈছে ড্ৰাগছৰ, নিছাসক্তিৰ। নিছাসক্তিয়ে আমাৰ যুৱ-প্ৰজন্মৰ কিমান সৰ্বনাশ কৰিছে, সেই কথা আপোনালোকে ভালকৈয়ে জানে। যিসমূহ স্কুল-কলেজত এনচিচি আছে, এনএছএছ আছে তাতনো বাৰু ড্ৰাগছ পাবগৈ কেনেকৈ পাৰে? আপোনালোক কেডেট হিচাপে নিজে মুক্ত থকাৰ লগতে আপোনালোকৰ চৌহদসমূহকো ড্ৰাগছৰ পৰা মুক্ত ৰাখক। আপোনালোকৰ বন্ধুসকল, যিসকল এনচিচি-এনএছএছ-ত নাই, তেওঁলোককো এই বেয়া অভ্যাস পৰিত্যাগ কৰাৰ ক্ষেত্ৰত সহায় কৰক। বন্ধুসকল, দেশৰ এনেধৰণৰ সামূহিক প্ৰয়াসক নতুন উদ্দীপনা প্ৰদান কৰাৰ বাবে কিছু বছৰ আগতে এটা প’ৰ্টেলো আৰম্ভ কৰা হৈছিল। প’ৰ্টেলটো হৈছে Self4Society portal. এইটো প’ৰ্টেলত বেলেগ বেলেগ ব্যক্তি, বেলেগ বেলেগ প্ৰতিষ্ঠান, বেলেগ বেলেগ সংগঠন অহাৰ বাবে যি সমাজ সেৱা সম্ভৱ হয় সেই কাৰ্যত ই সহযোগিতা আগবঢ়ায়। বিশেষকৈ ভাৰতৰ তথ্যপ্ৰযুক্তি আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত বহুত ভাল কাম কৰিছে। আজিৰ তাৰিখত ইয়াৰে ৭ হাজাৰৰো অধিক সংগঠন আৰু সমাজ সেৱাত ব্ৰতী হৈ থকা ২.২৫ লাখৰো অধিক লোক জড়িত হৈছে। এনচিচি-এনএছএছ-ৰ লাখ লাখ যুৱক-যুৱতীও এই প’ৰ্টেলৰে জড়িত হোৱা উচিত। ভাই-ভনীসকল, আমি এহাতে এনচিচি কেডেটৰ সংখ্যা বৃদ্ধি কৰিব লাগে, আনহাতে আকৌ কেডেট ‘স্পিৰিট’কো আগবঢ়াই নিব লাগে। এই ‘স্পিৰিট’ক প্ৰতিজন ব্যক্তিৰ কাষলৈ লৈ যাব লাগে, গাঁৱে গাঁৱে ইয়াক গুঞ্জৰিত কৰিব লাগে, এয়া আমাৰ প্ৰতিজনৰে দায়িত্ব। আৰু মই ভাবো, এই ক্ষেত্ৰত এনচিচি-ৰ প্ৰাক্তন সদস্যসকলে বহুত ডাঙৰ ভূমিকা পালন কৰিব লাগিব। ‘এনচিচি এলুমনি এছোচিয়েশ্যন’-য়ে এই কামত সেঁতু, এক নেটৱৰ্কৰ ভূমিকা পালন কৰিব। মই যিহেতু এই সংগঠনৰ সদস্য সেয়ে দেশ-বিদেশত থকা মোৰ সকলো ‘এলুমনি’ বন্ধুকো আহ্বান জনাইছো যাতে সকলোৱে এই ক্ষেত্ৰত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰে। কিয়নো ‘ওৱান্ছ এ কেডেট, অলৱেজ এ কেডেট’! আমি য’তেই নাথাকো কিয়, যি ক্ষেত্ৰতে নাথাকো কিয়, আমাৰ অনুভৱ দেশ আৰু নতুন প্ৰজন্মৰ বহুত কামত আহিব পাৰে। আমাৰ অনুভৱ এটা সংগঠনৰ ৰূপত এনচিচি-কো আগতকৈ উন্নত কৰাৰ মাধ্যম হৈ উঠিব পাৰে। ইয়াৰ পৰা এনচিচি-ৰ ‘স্পিৰিট’ আৰু কৰ্তব্যৰ ভাৱনা সমাজত বিস্তাৰিত হ’ব। মোৰ সম্পূৰ্ণ ভৰসা আছে যে ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত আমাৰ এই প্ৰয়াস নতুন ভাৰত নিৰ্মাণৰ উদ্দীপণা হ’ব, আৰু এনচিচি-ৰ কেডেট-য়ে ইয়াত বহুত ডাঙৰ ভূমিকা পালন কৰিব। এই বিশ্বাসৰে, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ! ভাৰত মাতা কী, জয়! ভাৰত মাতা কী, জয়! ভাৰত মাতা কী, জয়! বন্দে মাতৰম্, বন্দে মাতৰম্!
নতুন দিল্লীৰ ‘কাৰিয়াপ্পা গ্ৰাউণ্ড’ত অনুষ্ঠিত এনচিচি-ৰ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A3-%E0%A6%87%E0%A6%95%E0%A6%A8%E0%A6%AE%E0%A6%BF%E0%A6%95-%E0%A6%AB%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A7%A8%E0%A7%A6%E0%A7%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A3-%E0%A6%87%E0%A6%95%E0%A6%A8%E0%A6%AE%E0%A6%BF%E0%A6%95-%E0%A6%AB%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A7%A8%E0%A7%A6%E0%A7%A8/
সন্মানীয় অতিথি, নমস্কাৰ! মই সুখী যে ভ্লাদিভষ্টকত অনুষ্ঠিত হোৱা সপ্তম ইষ্টাৰ্ণ ইকনমিক ফ’ৰামত মই আপোনাৰ সৈতে প্ৰায় সংযোগ স্থাপন কৰাৰ সুযোগ পাইছো। এই মাহত ভ্লাদিভষ্টকত ভাৰতৰ কনচুলেট স্থাপনৰ ৩০ তম বাৰ্ষিকী উদযাপন কৰা হৈছে। ভাৰত এই চহৰখনত কনচুলেট খোলা প্ৰথম দেশ আছিল। আৰু তেতিয়াৰ পৰা, চহৰখন আমাৰ সম্পৰ্কৰ বহুতো মাইলৰ খুঁটিৰ সাক্ষী হৈ আহিছে। বন্ধুসকল, ২০১৫ চনত স্থাপিত এই মঞ্চখন আজি ৰাছিয়াৰ সুদূৰ প্ৰাচ্যৰ উন্নয়নত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক মুখ্য গোলকীয় মঞ্চ হৈ পৰিছে। ইয়াৰ বাবে মই ৰাষ্ট্ৰপতি পুটিনৰ দৃষ্টিভংগীক প্ৰশংসা কৰোঁ আৰু তেওঁক অভিনন্দন জনাইছো। ২০১৯ চনত, মই এই মঞ্চত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলো। সেই সময়ত, আমি ভাৰতৰ “এক্ট ফাৰ-ইষ্ট” নীতি ঘোষণা কৰিছিলো। আৰু ইয়াৰ ফলস্বৰূপে, ৰাছিয়াৰ সুদূৰ প্ৰাচ্যৰ সৈতে ভাৰতৰ সহযোগিতা বিভিন্ন ক্ষেত্ৰত বৃদ্ধি পাইছে। আজি এই নীতি ভাৰত আৰু ৰাছিয়াৰ “বিশেষ আৰু সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব”ৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। বন্ধুসকল, আমি আন্তৰ্জাতিক উত্তৰ-দক্ষিণ কৰিডৰ, চেন্নাই-ভ্লাদিভষ্টক সামুদ্ৰিক কৰিডৰ বা উত্তৰ সাগৰীয় পথৰ কথা কওঁ, ভৱিষ্যতে আমাৰ সম্পৰ্কৰ বিকাশত সংযোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰতে আৰ্কটিক বিষয়ত ৰাছিয়াৰ সৈতে ইয়াৰ অংশীদাৰীত্ব শক্তিশালী কৰিবলৈ আগ্ৰহী। শক্তিৰ ক্ষেত্ৰতসহযোগিতাৰ যথেষ্ট সম্ভাৱনাআছে। শক্তিৰ লগতে ভাৰতে ফাৰ্মা আৰু হীৰাৰ ক্ষেত্ৰত ৰাছিয়াৰ সুদূৰ প্ৰাচ্যতো গুৰুত্বপূৰ্ণ বিনিয়োগ কৰিছে। কোকিং কয়লাৰ যোগানৰ জৰিয়তে ৰাছিয়া ভাৰতীয় ইস্পাত উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ব পাৰে। প্ৰতিভাৰ গতিশীলতাৰ ক্ষেত্ৰতো আমাৰ ভাল সহযোগিতা থাকিব পাৰে। ভাৰতীয় প্ৰতিভায়ে বিশ্বৰ বহুতো উন্নত অঞ্চলৰ বিকাশত অৰিহণা যোগাইছে। মই বিশ্বাস কৰোঁ যে ভাৰতীয়সকলৰ প্ৰতিভা আৰু পেছাদাৰীত্বই ৰাছিয়াৰ সুদূৰ প্ৰাচ্যত দ্ৰুত বিকাশ আনিব পাৰে। বন্ধুসকল, ভাৰতৰ প্ৰাচীন মতবাদ “বসুদৈৱ কুটুম্বকম”এ আমাক পৃথিৱীখনক এটা পৰিয়াল হিচাপে চাবলৈ শিকাইছে। আজিৰ বিশ্বায়নৰ পৃথিৱীত, পৃথিৱীৰ এটা অংশৰ ঘটনাই সমগ্ৰ বিশ্বৰ ওপৰত প্ৰভাৱ পেলায়। ইউক্ৰেইন সংঘৰ্ষ আৰু কোভিড মহামাৰীয়ে বিশ্বব্যাপী যোগান শৃংখলাৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। খাদ্যশস্য, সাৰ আৰু ইন্ধনৰ অভাৱ উন্নয়নশীল দেশবোৰৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়। ইউক্ৰেইন সংঘৰ্ষৰ আৰম্ভণিৰ পৰাই আমি কূটনীতি আৰু আলোচনাৰ পথ লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিআহিছো। আমি এই সংঘৰ্ষৰ সমাপ্তিৰ বাবে সকলো শান্তিপূৰ্ণ প্ৰচেষ্টাক সমৰ্থন জনাইছো। এই ক্ষেত্ৰত, খাদ্যশস্য আৰু সাৰৰ সুৰক্ষিত ৰপ্তানি সম্পৰ্কীয় শেহতীয়া চুক্তিকো আমি আদৰণি জনাইছো। মই আকৌ এবাৰ ৰাষ্ট্ৰপতি পুটিনক ধন্যবাদ জনাইছো যে তেওঁ মোক এই মঞ্চত ভাষণ দিয়াৰ সুযোগ দিছে। আৰু এই মঞ্চত উপস্থিত থকা সকলো অংশগ্ৰহণকাৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। বহু বহু ধন্যবাদ! অস্বীকাৰোক্তি: এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ আনুমানিক অনুবাদ। মূল ভাষণ হিন্দীত প্ৰদান কৰা হৈছিল।
ইষ্টাৰ্ণ ইকনমিক ফ’ৰাম ২০২২ৰ পূৰ্ণাংগ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A7%B0-%E0%A6%86%E0%A6%9F%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BF%E0%A6%A4-%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%81%E0%A6%B6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A7%B0-%E0%A6%86%E0%A6%9F%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BF%E0%A6%A4-%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%81%E0%A6%B6/
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজকোটৰ আটকোটত নৱনিৰ্মিত মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি হাস্পতাল পৰিদৰ্শন কৰে। চিকিৎসালয়খনি শ্ৰী পেটেল সেৱা সমাজে পৰিচালনা কৰিছে। ই অঞ্চলটোৰ জনসাধাৰণলৈ উচ্চ-মানৰ চিকিৎসা সঁজুলি উপলব্ধকৰণৰ লগতে বিশ্ব-মানৰ স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়াব। এই কাৰ্য্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পুৰুষোত্তম ৰূপালা, ডঃ মনসুখ মাণ্ডবিয়া, ডঃ মহেন্দ্ৰ মুঞ্জাপাৰা, সাংসদ, গুজৰাট চৰকাৰৰ মন্ত্ৰী আৰু সন্ত সমাজৰ সদস্যসকলকে প্ৰমুখ্য কৰি গন্যমান্য লোকসকল উপস্থিত থাকে। সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ উদ্বোধনত সন্তোষ ব্যক্ত কৰে। তেখেতে কয়, এই চিকিৎসালয়খন সৌৰাষ্ট্ৰৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে স্থাপন কৰা হৈছে। এই চিকিৎসালয়খন জনসাধাৰণৰ জীৱনৰ অগ্ৰগতি সাধনৰ প্ৰয়াসৰ ক্ষেত্ৰত চৰকাৰী ও ব্যক্তিগত খণ্ডৰ মাজৰ সমন্বয়ৰ উদাহৰণ। এনডিএ চৰকাৰখনৰ ৮ বছৰ সফলতাৰে সম্পন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতক ৰাষ্ট্ৰখনিৰ সেৱাৰ সুযোগ প্ৰদানৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে মাতৃভূমিক ৮ বছৰীয়া সেৱাৰ প্ৰাকক্ষণত তেখেত গুজৰাটৰ ভূমিত থকাটো সাৰ্থক হৈছে। তেখেতে গুজৰাটৰ জনসাধাৰণক দেশখনক সেৱাৰ সুযোগ আৰু ‘সংস্কাৰ’ প্ৰদানৰ বাবে প্ৰণাম জনায়। তেখেতে কয় যে এই সেৱা আমাৰ সংস্কৃতি, আমাৰ মাটিৰ সংস্কৃতি আৰু বাপু আৰু পেটেলৰ সংস্কৃতিত বিদ্যমান। তেখেতে কয় যে যোৱা ৮ বছৰত দেশবাসীক বিব্ৰত কৰা কোনো অন্যায় কাৰ্য্য সংঘটিত হোৱা নাই৷ এই বছৰকেইটাত দুখীয়াৰ সেৱা, ‘সুশাসন’ আৰু ‘গৰীব কল্যাণ’ ত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। তেখেতে কয় যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াসৰ মন্ত্ৰই ৰাষ্ট্ৰখনৰ উন্নয়নত উদ্দীপনা যোগাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পূজ্য বাপু আৰু চৰ্দাৰ পেটেলে দৰিদ্ৰ, দলিত, বঞ্চিত, জনজাতীয়, মহিলা আদিৰ সবলীকৰণৰ সপোন দেখিছিল। তেওঁলোকে স্বচ্ছতা আৰু সবলতা ৰাষ্ট্ৰীয় সচেতনতাৰ অংশ হোৱা এখনি ভাৰতৰ কামনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাপুৱে স্বদেশী সমাধানৰে অৰ্থনীতি সুদৃঢ় হোৱা এখনি ভাৰত গঢ়ি তুলিব বিচাৰিছিল। তেখেতে অৱগত কৰে যে এতিয়া ৩ কোটিৰো অধিক পৰিয়ালে এটা পকী ঘৰ লাভ কৰিছে, ১০ কোটিৰো অধিক পৰিয়াল মুকলিত মলত্যাগৰপৰা মুক্ত হৈছে, ৯ কোটিৰো অধিক ভগ্নী পাকঘৰত ধোঁৱাৰপৰা মুক্ত হৈছে আৰু ২.৫ কোটিৰো অধিক পৰিয়ালে বিদ্যুৎ সংযোগ, ৬ কোটিৰো অধিক পৰিয়ালে খোৱাপানীৰ সংযোগ লাভ কৰিছে আৰু ৫০ কোটিৰো অধিক হিতাধিকাৰীয়ে বিনামূলীয়াকৈ ৫ লাখ টকা পৰ্য্যন্ত স্বাস্থ্য ক’ভাৰেজ লাভ কৰিছে। তেখেতে কয়, এয়া কেৱল সংখ্যাই নহয়, বৰঞ্চ দৰিদ্ৰসকলৰ মৰ্য্যাদা নিশ্চিতকৰণ আৰু ৰাষ্ট্ৰখনৰ সেৱাৰ প্ৰতি আমাৰ সমৰ্পণৰ প্ৰমাণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ১০০ বছৰৰ ভিতৰত এটা মহামাৰীৰ সময়তো তেওঁলোকে দৰিদ্ৰসকলে তেওঁলোকৰ জীৱন যাত্ৰাত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাটো নিশ্চিত কৰিছে। জন ধন বেংক একাউন্টত ধন জমা কৰা হৈছে, দৰিদ্ৰ লোকক বিনামূলীয়াকৈ চিলিণ্ডাৰ যোগান ধৰা হৈছে আৰু সকলোলৈকে বিনামূলীয়াকৈ টেষ্টিং আৰু ভেকচিন আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এতিয়া যুদ্ধ চলি থকাৰ সময়তো আমি জনসাধাৰণৰ জীৱনযাত্ৰা সহজতৰকৰণৰ প্ৰয়াস কৰিছো। তেখেতে কয় যে তেখেতৰ চৰকাৰে আঁচনিসমূহৰ সংপৃক্তিকৰণৰ অৰ্থে অভিযান আৰম্ভ কৰিছে। সকলোৱে প্ৰাপ্য লাভ কৰা মাত্ৰেকে বৈষম্য আৰু দুৰ্নীতিৰ কোনো সুযোগ নাথাকে বুলিও তেখেতে গুৰুত্ব আৰোপ কৰে। তেখেতে কয়, এই প্ৰচেষ্টাই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন সহজ কৰি তুলিব। গুজৰাটী ভাষাত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পেটেল সমাজখনক জনসেৱাৰ মহান কামৰ বাবে প্ৰশংসা কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০০১ ত গুজৰাটৰ জনসাধাৰণে তেখেতক সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰোতে মাত্ৰ ৯ খন চিকিৎসা মহাবিদ্যালয় আছিল, এতিয়া গুজৰাটত ৩০ খন চিকিৎসা মহাবিদ্যালয় আছে। ‘গুজৰাটৰ লগতে দেশখনৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় চোৱাৰ মোৰ ইচ্ছা আছে। আমি নিয়ম সলনি কৰিছো আৰু এতিয়া মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাতৃভাষাত অধ্যয়ন কৰিব পাৰিব’, তেখেতে কয়। উদ্যোগৰ প্ৰসংগত শ্ৰী মোদীয়ে কয়, পূৰ্বে কেৱল বদোদৰাৰপৰা ভাপীলৈকেহে উদ্যোগ দেখা গৈছিল, বিপৰীতে এতিয়া গুজৰাটৰ সকলোতে উদ্যোগ দেখা যায়। ঘাইপথ বহল হৈছে আৰু এমএছএমইসমূহ গুজৰাটৰ এক বৃহৎ শক্তি হিচাপে পৰিগণিত হৈছে। ফাৰ্মাচিউটিকেল উদ্যোগৰো উত্থান ঘটিছে। সৌৰাষ্ট্ৰৰ জনসাধাৰণৰ সাহসী চৰিত্ৰই ইয়াৰ পৰিচয় বুলি তেখেতে কয়। ব্যক্তিগত অভিমত প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতে দৰিদ্ৰতা কি, সেয়া বুজি পায় আৰু পৰিয়ালৰ মহিলাসকলে অসুস্থ হৈয়ো কেনেকৈ কাম কৰি থাকে আৰু পৰিয়ালটোক অসুবিধা প্ৰদান নকৰাৰ মানসেৰে চিকিৎসা গ্ৰহণৰপৰা বিৰত থকাৰ কথা বুজি পায়। “আজি আপোনাসৱৰ দিল্লীত এজন সন্তান আছে যিয়ে সকলো মাতৃয়েই চিকিৎসা লাভ কৰাটো নিশ্চিত কৰিছে। সেইবাবেই পিএমজেএৱাই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে”, তেখেতে কয়। একেদৰে সুলভ মূল্যৰ ঔষধৰ বাবে জন ঔষধি কেন্দ্ৰ আছে আৰু সকলোৰে সুস্বাস্থ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণি মাৰে।
ৰাজকোটৰ আটকোটস্থিত মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি হাস্পতাল পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A7%A6%E0%A7%A7-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A7%A6%E0%A7%A7-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%A4/
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ! আজি 'মন কী বাত'ৰ আন এটা খণ্ডৰ জৰিয়তে আমি একত্ৰিত হৈছো। এইটো ২০২২ চনৰ প্ৰথমটো 'মন কী বাত'। আজি আমি পুনৰ এনে এক আলোচনা আগবঢ়াবলৈ বিচাৰিছো যিবোৰ আমাৰ দেশ আৰু দেশবাসীৰ ইতিবাচক প্ৰেৰণা আৰু সামূহিক প্ৰচেষ্টাৰ সৈতে সম্পৰ্কিত। আজি আমাৰ শ্ৰদ্ধেয় বাপু মহাত্মা গান্ধীজীৰ মৃত্যু বাৰ্ষিকীও। ৩০ জানুৱাৰীৰ আজিৰ দিনটোৱে আমাক বাপুৰ শিক্ষাৰ কথা মনত পেলাই দিয়ে। মাত্ৰ কেইদিনমান পূৰ্বে, আমি গণতন্ত্ৰ দিৱসো উদযাপন কৰিছিলো। দিল্লীৰ ৰাজপথত আমি দেখা দেশৰ বীৰত্ব আৰু শক্তিৰ আভাসে সকলোকে গৌৰৱ আৰু উৎসাহেৰে ভৰাই তুলিছে। আপোনালোকে নিশ্চিতভাৱে দেখা এটা পৰিৱৰ্তন এতিয়া ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী ৩০ জানুৱাৰী অৰ্থাৎ গান্ধীজীৰ মৃত্যু বাৰ্ষিকীলৈকে চলিব। ইণ্ডিয়া গেটত নেতাজীৰ এটা ডিজিটেল মূৰ্তিও স্থাপন কৰা হৈছে। দেশখনে যিধৰণে এই বস্তুটোক আদৰণি জনাইছিল, দেশৰ প্ৰতিটো কোণৰ পৰা উদ্ভৱ হোৱা আনন্দৰ ঢৌ, প্ৰতিজন দেশবাসীয়ে যি ধৰণৰ আৱেগ প্ৰকাশ কৰিছিল সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰো। বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখনে এই প্ৰচেষ্টাৰ জৰিয়তে ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ পুনৰ প্ৰতিষ্ঠা কৰি আছে। আমি দেখিছিলো যে ইণ্ডিয়া গেটৰ ওচৰত থকা 'অমৰ জোৱান জ্যোতি' আৰু ওচৰৰ 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ৰ অগ্নি সন্মিলিত কৰা হৈছিল। এই আৱেগিক অনুষ্ঠানত, বহুতো দেশবাসী আৰু শ্বহীদ পৰিয়ালৰ চকুত চকুপানী আছিল। 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ত স্বাধীনতাৰ পিছৰে পৰা দেশৰ সকলো শ্বহীদৰ নাম লিপিবদ্ধ কৰা হৈছে। মোলৈ কিছুমান প্ৰাক্তন সেনা জোৱানে লিখিছে যে – "শ্বহীদসকলৰ স্মৃতিৰ সন্মুখত জ্বলি থকা 'অমৰ জোৱান জ্যোতি' শ্বহীদসকলৰ অমৰত্বৰ প্ৰতীক"। সঁচাকৈয়ে, 'অমৰ জোৱান জ্যোতি'ৰ দৰে, আমাৰ শ্বহীদসকল, তেওঁলোকৰ অনুপ্ৰেৰণা আৰু তেওঁলোকৰ অৱদানো অমৰ। মই আপোনালোক সকলোকে ক'ম, যেতিয়াই আপোনালোকে সুযোগ পায়, আপুনি 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক' দৰ্শন কৰিব। আপোনাৰ পৰিয়াল আৰু সন্তানকো লৈ যাওক। ইয়াত আপুনি এক পৃথক শক্তি আৰু অনুপ্ৰেৰণা অনুভৱ কৰিব। বন্ধুসকল, অমৃত মহোৎসৱৰ এই অনুষ্ঠানবোৰৰ মাজতে দেশত বহুতো গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰা হৈছিল। এটা হ'ল প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু বঁটা। এই বঁটাবোৰ শিশুসকলক দিয়া গৈছিল যিয়ে কম বয়সতে সাহসী আৰু অনুপ্ৰেৰণাদায়ক কাম কৰিছিল। আমি সকলোৱে আমাৰ ঘৰত এই শিশুসকলৰ বিষয়ে ক'ব লাগিব। এইবোৰে আমাৰ শিশুসকলক অনুপ্ৰাণিত কৰিব আৰু তেওঁলোকৰ অন্তৰত দেশলৈ সুনাম অনাৰ উৎসাহ প্ৰদান কৰিব। দেশত পদ্ম সন্মানৰ নামো ঘোষণা কৰা হৈছে। পদ্ম বঁটা বিজয়ীসকলৰ ভিতৰত বহুতো নাম আছে যাৰ বিষয়ে খুব কম লোকেই জানে। এইসকল হৈছে আমাৰ দেশৰ অখ্যাত নায়ক, যিসকলে সাধাৰণ পৰিস্থিতিত অসাধাৰণ কাম কৰিছে। উদাহৰণ স্বৰূপে, উত্তৰাখণ্ডৰ বাসন্তী দেৱীজীক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। বাসন্তী দেৱীয়ে সংগ্ৰামৰ মাজত গোটেই জীৱন অতিবাহিত কৰিছিল। তেওঁৰ স্বামীৰ কম বয়সতে মৃত্যু হৈছিল আৰু তেওঁ এখন আশ্ৰমত থাকিবলৈ আৰম্ভ কৰিছিল। ইয়াতে থাকি তেওঁ নদী এখন বচাবলৈ সংগ্ৰাম কৰিছিল আৰু পৰিৱেশলৈ এক অসাধাৰণ অৱদান আগবঢ়াইছিল। তেওঁ মহিলাৰ সৱলীকৰণৰ বাবেও বহুতো কাম কৰিছে। একেদৰে, মণিপুৰৰ ৭৭ বছৰীয়া লৰেম্বাম বিনো দেৱীয়ে কেইবা দশক ধৰি মণিপুৰৰ লিবা বস্ত্ৰৰ কলা সংৰক্ষণ কৰি আহিছে। তেওঁক পদ্মশ্ৰী বঁটাও প্ৰদান কৰা হৈছে। মধ্য প্ৰদেশৰ অৰ্জুন সিঙে বাইগা জনজাতীয় নৃত্যৰ কলাক স্বীকৃতি দিয়াৰ বাবে পদ্ম বঁটা লাভ কৰিছে। পদ্ম বঁটা লাভ কৰা আন এজন ব্যক্তি হৈছে শ্ৰীযুত আমাই মহালিঙ্গ নায়ক। তেওঁ এজন কৃষক আৰু কৰ্ণাটকৰ বাসিন্দা। কিছুমান মানুহে তেওঁক সুৰংগ মানুহ বুলিও কয়। তেওঁলোকে কৃষিৰ ক্ষেত্ৰত এনে ধৰণৰ উদ্ভাৱন কৰিছে, যিকোনো লোকে দেখি আচৰিত হ'ব। ক্ষুদ্ৰ কৃষকসকলে তেওঁলোকৰ প্ৰচেষ্টাৰ পৰা যথেষ্ট লাভান্বিত হৈছে। আৰু বহুতো অখ্যাত নায়ক আছে যাক দেশে তেওঁলোকৰ অৱদানৰ বাবে সন্মানিত কৰা হৈছে। তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। আমি জীৱনত তেওঁলোকৰ পৰা বহুত শিকিম। মোৰ মৰমৰ দেশবাসীসকল, অমৃত মহোৎসৱত, আপোনালোক সকলো সহকৰ্মীয়ে মোলৈ বহুতো চিঠি আৰু বাৰ্তা প্ৰেৰণ কৰে, বহুতো পৰামৰ্শও দিছে। এই শৃংখলাটোত এনে এক এটা ঘটিছে যিটো মোৰ বাবে পাহৰিব নোৱাৰা। এক কোটিতকৈও অধিক শিশুৱে তেওঁলোকৰ 'মন কী বাত' পোষ্ট কাৰ্ডৰ জৰিয়তে মোলৈ লিখিছে। এই এক কোটি পোষ্ট কাৰ্ড দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, সেইবোৰ বিদেশৰ পৰাও আহিছে। মই এই পোষ্ট কাৰ্ডবোৰৰ অধিকাংশ পঢ়িবলৈ সময় লোৱাৰ চেষ্টা কৰিছো। এই পোষ্টকাৰ্ডবোৰত দেশৰ ভৱিষ্যতৰ বাবে আমাৰ নতুন প্ৰজন্মৰ চিন্তাধাৰা কিমান বহল আৰু কিমান ডাঙৰ তাৰ আভাস আছে। মই 'মন কী বাত'ৰ শ্ৰোতাসকলৰ বাবে কিছুমান পোষ্টকাৰ্ড উলিয়াই লৈছো যিবোৰ মই আপোনালোকৰ সৈতে ভাগ বতৰা কৰিব বিচাৰো। এনেকুৱা এখন হৈছে অসমৰ গুৱাহাটীৰ ৰিধিমা স্বাৰ্গিয়াৰীৰ এখন পোষ্ট কাৰ্ড। ৰিদ্ধিমা এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰু লিখিছে যে স্বাধীনতাৰ ১০০ তম বৰ্ষত, তেওঁ এনে এখন ভাৰত চাব বিচাৰে যি হৈছে বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ দেশ, সন্ত্ৰাসবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত, ১০০ শতাংশ শিক্ষিত দেশৰ ভিতৰত শূন্য দুৰ্ঘটনা আৰু বহনক্ষম প্ৰযুক্তিৰ সৈতে খাদ্য সুৰক্ষাৰ বাবে সক্ষম। ৰিদ্ধিমা, আমাৰ ছোৱালীবোৰে যি ভাবে, সেই সপোনবোৰ পূৰণ হয়। যেতিয়া সকলোৰে প্ৰচেষ্টা একত্ৰিত হয়, আপোনাৰ যুৱ প্ৰজন্মই ইয়াক এক লক্ষ্য কৰি তুলিব, তেতিয়া নিশ্চিতভাৱে এনে ভাৰতৰ সৃষ্টি হ’ব। মই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ পৰা নব্যা বাৰ্মাৰ পৰাও এখন পোষ্ট কাৰ্ডো পাইছো। নব্যাই লিখিছে যে তেওঁৰ সপোন হৈছে ২০৪৭ চনত এনে এখন ভাৰতৰ বাবে য'ত সকলোৰে মৰ্যাদাপূৰ্ণ জীৱন থাকিব লাগে, য'ত কৃষকসকল সমৃদ্ধ হয় আৰু কোনো দুৰ্নীতি নহয়। নব্যা, দেশৰ বাবে আপোনাৰ সপোন অতি প্ৰশংসনীয়। দেশখন এই দিশত দ্ৰুতগতিত আগবাঢ়িছে। আপুনি দুৰ্নীতিমুক্ত ভাৰতৰ কথা কৈছিল। দুৰ্নীতিয়ে দেশখনক উঁইৰ দৰে খালী কৰি পেলাইছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ২০৪৭ লৈ কিয় অপেক্ষা কৰিব লাগে? আজিৰ যুৱ প্ৰজন্মৰ দেশবাসীয়ে একেলগে এই কাম কৰিব লাগিব, আৰু ইয়াৰ বাবে আমি আমাৰ কৰ্তব্যক অগ্ৰাধিকাৰ দিয়াটো অতি গুৰুত্বপূৰ্ণ। য'ত কৰ্তব্য কৰাৰ অনুভৱ হয়। কৰ্তব্য সৰ্বোপৰি। আনকি তাত দুৰ্নীতিও পোখা মেলিব নোৱাৰে। বন্ধুসকল, মোৰ সন্মুখত আন এখন পোষ্টকাৰ্ড হৈছে চেন্নাইৰ মহম্মদ ইব্ৰাহিমৰ। ইব্ৰাহিমে ২০৪৭ চনত ভাৰতক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক মুখ্য শক্তি হিচাপে চাব বিচাৰে। তেওঁলোকে বিচাৰে যে চন্দ্ৰত ভাৰতৰ নিজা গৱেষণা আধাৰ থাকক, আৰু মংগল গ্ৰহত, ভাৰতে মানৱ জনসংখ্যা ৰক্ষাৰ কাম আৰম্ভ কৰা উচিত। একে সময়তে, ইব্ৰাহিমে পৃথিৱীক প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ডাঙৰ ভূমিকাও প্ৰত্যক্ষ কৰিছে। ইব্ৰাহিম, আপোনাৰ দৰে যুৱক থকা এখন দেশৰ বাবে একো অসম্ভৱ নহয়। বন্ধুসকল, মোৰ সন্মুখত আন এখন চিঠি আছে। ভাৱনা, মধ্য প্ৰদেশৰ ৰাইচেনৰ সৰস্বতী বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰী। প্ৰথমে, মই ভাৱনাক ক'ম যে আপুনি আপোনাৰ পোষ্টকাৰ্ডখন ত্ৰিৰংগাৰে সজোৱাৰ ধৰণটো মোৰ ভাল লাগিছিল। ভাৱনাই বিপ্লৱী শিৰিষ কুমাৰৰ বিষয়ে লিখিছে। বন্ধুসকল, মই গোৱাৰ পৰা লৰেঞ্চিঅ’ পেৰেৰাৰ এখন পোষ্টকাৰ্ডো পাইছো। তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। তেওঁৰ পত্ৰখনৰ বিষয়বস্তু হৈছে – স্বাধীনতাৰ অখ্যাত নায়কসকল। মই আপোনালোকক হিন্দীত কৈছো। তেওঁ লিখিছে: "ভিকাজী কামা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত এগৰাকী সাহসী মহিলা আছিল। তেওঁ কন্যাসকলক শক্তিশালী কৰিবলৈ দেশ আৰু বিদেশত বহুতো অভিযান আৰম্ভ কৰিছিল। অনেক প্ৰদৰ্শনী আৰম্ভ হৈছিল। অৱশ্যে, ভিকাজী কামা স্বাধীনতা আন্দোলনৰ আটাইতকৈ শক্তিশালী মহিলাসকলৰ মাজৰ এগৰাকী আছিল। ১৯০৭ চনত তেওঁ জাৰ্মানীত ত্ৰিৰংগা উত্তোলন কৰে। এই ত্ৰিৰংগা ডিজাইন কৰাত তেওঁক সমৰ্থন কৰা ব্যক্তিজন আছিল শ্ৰী শ্যামজী কৃষ্ণ বৰ্মা। শ্ৰী শ্যামজী কৃষ্ণ বৰ্মাজীৰ ১৯৩০ চনত জেনেভাত মৃত্যু হয়। তেওঁৰ শেষ ইচ্ছা আছিল যে ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁৰ চিতাভস্ম ভাৰতলৈ অনা উচিত। অৱশ্যে, ১৯৪৭ চনত স্বাধীনতাৰ দ্বিতীয় দিনা তেওঁৰ চিতাভস্ম ভাৰতলৈ ঘূৰাই অনা উচিত আছিল, কিন্তু এই কাম নহ’ল। সম্ভৱতঃ ঈশ্বৰে এই কাৰ্য্য কৰিবলৈ ইচ্ছুক হ'ব আৰু মইও এই কাৰ্য্যৰ সৌভাগ্য লাভ কৰিলো। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়া ২০০৩ চনত তেওঁৰ চিতাভস্ম ভাৰতলৈ অনা হৈছিল। শ্যামজী কৃষ্ণ বাৰ্মাজীৰ জন্মস্থান কচ্ছৰ মাণ্ডৱীত তেওঁৰ স্মৃতিত এটা স্মাৰকো নিৰ্মাণ কৰা হৈছে। বন্ধুসকল, ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ উত্তেজনা কেৱল আমাৰ দেশতে নহয়। মই ভাৰতৰ বন্ধুত্বপূৰ্ণ দেশ ক্ৰৱেশ্বিয়াৰ পৰা ৭৫ খন পোষ্টকাৰ্ডো পাইছো। ক্ৰৱেশ্বিয়াৰ জাগ্ৰেবৰ স্কুল অৱ এপ্লাইড আৰ্টছ এণ্ড ডিজাইনৰ শিক্ষাৰ্থীসকলে এই ৭৫ খন কাৰ্ড ভাৰতৰ জনসাধাৰণলৈ প্ৰেৰণ কৰিছে আৰু অমৃত মহোৎসৱক অভিনন্দন জনাইছে। আপোনালোক সকলো দেশবাসীৰ হৈ মই ক্ৰৱেশ্বিয়া আৰু ইয়াৰ লোকসকলক ধন্যবাদ জনাইছো। মোৰ মৰমৰ দেশবাসীসকল, ভাৰত হৈছে শিক্ষা আৰু জ্ঞানৰ দেশ। আমি শিক্ষাক কিতাপৰ জ্ঞানত সীমাবদ্ধ নকৰো, কিন্তু ইয়াক জীৱনৰ এক সামগ্ৰিক অভিজ্ঞতা হিচাপে দেখিছো। আমাৰ দেশৰ মহান ব্যক্তিত্বসকলশিক্ষাৰ সৈতেগভীৰভাৱে জড়িত হৈ আছে। যদিও পণ্ডিত মদন মোহন মালব্যজীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, মহাত্মা গান্ধীয়ে গুজৰাট বিদ্যাপীঠ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুজৰাটৰ আনন্দত এখন অতি মধুৰ ঠাই আছে – বল্লভ বিদ্যানগৰ। চৰ্দাৰ পেটেলৰ আহ্বানত তেওঁৰ দুই সহকৰ্মী ভাই কাকা আৰু ভিখা ভাইয়ে তাত যুৱসকলৰ বাবে শিক্ষা কেন্দ্ৰ স্থাপন কৰিছিল। একেদৰে, পশ্চিমবংগত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতন প্ৰতিষ্ঠা কৰিছিল। মহাৰাজা গায়কোৱাড়ো শিক্ষাৰ অন্যতম শক্তিশালী সমৰ্থক আছিল। তেওঁ কেইবাখনো শিক্ষানুষ্ঠান নিৰ্মাণ কৰে আৰু ড০ আম্বেকাৰ আৰু শ্ৰী অৰবিন্দকে ধৰি বহুতো ব্যক্তিত্বক উচ্চ শিক্ষা গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰে। এনে গণ্যমান্য ব্যক্তিসকলৰ তালিকাৰ এটা নাম হৈছে ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং জী। ৰাজা মহেন্দ্ৰ প্ৰতাপ সিংজীয়ে এখন কাৰিকৰী বিদ্যালয় স্থাপন কৰিবলৈ তেওঁৰ ঘৰটো প্ৰদান কৰিছিল। তেওঁ আলিগড় আৰু মথুৰাত শিক্ষা কেন্দ্ৰ নিৰ্মাণৰ বাবে যথেষ্ট আৰ্থিক সহায় প্ৰদান কৰিছিল। কিছু সময় আগতে মই আলিগড়ত তেওঁৰ নামত এখন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য লাভ কৰিছিলো। মই সুখী যে আজিও ভাৰতত শিক্ষাৰ পোহৰ জনসাধাৰণৰ মাজত অনাৰ একেই জীৱন্ত মনোভাৱ অব্যাহত আছে। আপুনি জানেনে এই অনুভৱটোৰ আটাইতকৈ ধুনীয়া কথাটো কি? অৰ্থাৎ শিক্ষাসম্পৰ্কীয় এই সজাগতা সমাজৰ প্ৰতিটো স্তৰত দৃশ্যমান। তামিলনাডুৰ তিৰুপুৰ জিলাৰ উদুমালপেট খণ্ডত বাস কৰা তায়াম্মালজীৰ উদাহৰণ অতি অনুপ্ৰেৰণাদায়ক। তায়াম্মালজীৰ নিজৰ কোনো ভূমি নাই। বহু বছৰ ধৰি, তেওঁৰ পৰিয়ালে নাৰিকল পানী বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। আৰ্থিক পৰিস্থিতি ভাল নহ'ব পাৰে, কিন্তু তায়াম্মালজীয়ে তেওঁৰ পুত্ৰ আৰু জীয়েকক শিকোৱাৰ বাবে কোনো ধৰণৰ চেষ্টা এৰি দিয়া নাছিল। তেওঁৰ সন্তানে চিন্নাবীৰামপট্টি পঞ্চায়ত ইউনিয়ন মধ্য বিদ্যালয়ত অধ্যয়ন কৰিছিল। এনেকুৱাই এদিন বিদ্যালয়ত অভিভাৱকৰ সৈতে হোৱা বৈঠকত শ্ৰেণীকোঠা আৰু বিদ্যালয়ৰ অৱস্থা উন্নত কৰিব লাগে, বিদ্যালয়ৰ আন্তঃগাঁথনি সংশোধন কৰিব লাগে বুলি আলোচনা কৰা হৈছিল। তায়াম্মালজীও সেই সভাত আছিল। তেওঁ সকলো শুনিছিল। এই সভাত, এই কামবোৰৰ বাবে ধনৰ অভাৱৰ ওপৰত পুনৰ আলোচনা বন্ধ হৈ পৰিছিল। তাৰ পিছত, তায়াম্মালজীয়ে কি কৰিলে কোনেও কল্পনা কৰিব নোৱাৰিলে। নাৰিকল পানী বিক্ৰী কৰি কিছু মূলধন সংগ্ৰহ কৰা তায়াম্মালজীয়ে বিদ্যালয়খনলৈ এক লাখ টকা দান কৰিছিল। দৰাচলতে, এনে কৰিবলৈ এক ডাঙৰ হৃদয়, সেৱাৰ অনুভূতিৰ প্ৰয়োজন। তায়াম্মালজীয়ে কয় যে বৰ্তমান যিখন বিদ্যালয়ত আছে তাত অষ্টম শ্ৰেণীলৈকে অধ্যয়ন চলি আছে। এতিয়া যেতিয়া বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত হ'ব, তেতিয়া অধ্যয়ন ইয়াত উচ্চতৰ মাধ্যমিকলৈ আৰম্ভ হ'ব। এইটো আমাৰ দেশৰ শিক্ষাৰ বিষয়ে একেই অনুভূতি যাৰ বিষয়ে মই কথা পাতি আছিলো। মই আইআইটি বিএইচইউৰ এজন প্ৰাক্তন ছাত্ৰৰ একে ধৰণৰ অনুদানৰ বিষয়েও জানিব পাৰিছো। বিএইচইউৰ প্ৰাক্তন ছাত্ৰ জয় চৌধুৰীজীয়ে বিএইচইউ ফাউণ্ডেচনলৈ প্ৰায় ৭.৫ কোটি টকা অৰ্থাৎ এক মিলিয়ন ডলাৰ দান কৰিছিল। বন্ধুসকল, আমাৰ দেশৰ বিভিন্ন ক্ষেত্ৰৰ বহুতো লোক আছে, যিসকলে আনক সহায় কৰি সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰি আছে। মই অত্যন্ত সুখী যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ আমাৰ বিভিন্ন আইআইটিত এনে ধৰণৰ প্ৰচেষ্টা নিৰন্তৰভাৱে দেখা গৈছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহতো এনে ধৰণৰ অনুপ্ৰেৰণাদায়ক উদাহৰণৰ কোনো অভাৱ নাই। এনে ধৰণৰ প্ৰচেষ্টা অধিক বৃদ্ধি কৰাৰ বাবে, যোৱা বছৰ ছেপ্তেম্বৰৰ পৰা দেশত বিদ্যাঞ্জলি অভিযানো আৰম্ভ হৈছে। ইয়াৰ লক্ষ্য হৈছে ব্যক্তিগত সংগঠন, চি.এছ.আৰ. আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণেৰে সমগ্ৰ দেশৰ বিদ্যালয়সমূহত শিক্ষাৰ মানদণ্ড উন্নত কৰা। বিদ্যাঞ্জলীয়ে সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু মালিকীস্বত্বৰ মনোভাৱ কঢ়িয়াই নিছে। আপোনাৰ বিদ্যালয়, মহাবিদ্যালয়ৰ সৈতে নিৰন্তৰ সংযোজিত হৈ থকা, আপোনাৰ সামৰ্থ্যত কিবা অৰিহণা যোগোৱা টো কেৱল সন্তুষ্টি আৰু আনন্দৰ অভিজ্ঞতাৰ দ্বাৰা হে জনা যায়। মোৰ মৰমৰ দেশবাসীসকল, প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু প্ৰতিটো জীৱৰ প্ৰতি সহানুভূতি, এয়াও আমাৰ সংস্কৃতি আৰু এক সহজাত প্ৰকৃতি। শেহতীয়াকৈ মধ্য প্ৰদেশৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভত এজনী বাঘিনীয়ে বিশ্বক বিদায় জনোৱাৰ সময়ত আমাৰ এই ৰীতি-নীতিবোৰৰ আভাস দেখা গৈছিল। এই বাঘিনীজনীক মানুহে কলাৰ যুক্ত বাঘিনী বুলি কৈছিল। বন বিভাগে ইয়াক টি-১৫ নাম দিছিল। এই বাঘিনীৰ মৃত্যুৱে মানুহক ইমান আৱেগিক কৰি তুলিছিল যেন তেওঁলোকৰ কোনোবাই নিজৰ পৃথিৱী এৰি গৈছে। মানুহে বাঘিনীটোৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল, সম্পূৰ্ণ সন্মান আৰু মৰমেৰে বিদায় দিছিল। আপোনালোকে নিশ্চয় এই ছবিবোৰ সামাজিক মাধ্যমত দেখিছে। প্ৰকৃতি আৰু জন্তুৰ প্ৰতি আমাক ভাৰতীয়সকলৰ এই প্ৰেম সমগ্ৰ বিশ্বতে যথেষ্ট প্ৰশংসা কৰা হৈছিল। কলাৰযুক্ত বাঘিনীজনীয়ে তাইৰ জীৱনকালত ২৯ টা পোৱালী জন্ম দিছিল আৰু সেইবোৰ প্ৰতিপালন কৰি ২৫ টা ডাঙৰ কৰিছিল। আমি টি-১৫ৰ এই জীৱনটোও উদযাপিত কৰিছিলো আৰু যেতিয়া তাই এই পৃথিৱী এৰিছিল, এয়াও এক আৱেগিক বিদায় আছিল। এইটো ভাৰতৰ জনসাধাৰণৰ গুণ। আমি প্ৰতিটো জীৱৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰো। আমি এইবাৰ গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত একে ধৰণৰ দৃশ্য দেখিবলৈ পাইছিলো। এই পেৰেডত, ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ চাৰ্জাৰ ঘোঁৰা বিৰাটে তেওঁৰ অন্তিম পেৰেডত অংশগ্ৰহণ কৰিছিল। বিৰাট ঘোঁৰাটো, ২০০৩ চনত ৰাষ্ট্ৰপতি ভৱনলৈ আহিছিল আৰু গণতন্ত্ৰ দিৱসত প্ৰতিবাৰেই কমাণ্ডেণ্ট চাৰ্জাৰ হিচাপে পেৰেডৰ নেতৃত্ব দিছিল। আনকি যেতিয়া এজন বিদেশী ৰাষ্ট্ৰপ্ৰধানক ৰাষ্ট্ৰপতি ভৱনলৈ আদৰণি জনোৱা হৈছিল, তেতিয়াও এই ঘোঁৰাটোৱে এই ভূমিকা পালন কৰিছিল। এই বছৰ, সেনা দিৱসত, বিৰাটক সেনা প্ৰধানে চি.ও.এ.এছ. প্ৰশংসা কাৰ্ডো প্ৰদান কৰিছিল। বিৰাটৰ বিশাল সেৱাৰ কথা বিবেচনা কৰি, অৱসৰৰ পিছত তেওঁক স-সন্মানে বিদায় দিয়া হৈছিল। মোৰ মৰমৰ দেশবাসীসকল, যেতিয়া আন্তৰিক প্ৰচেষ্টা এক হয়, যদি কাম ভাল হয়, ইয়াৰ ফলাফলো ভাল হয়। ইয়াৰ এক উত্তম উদাহৰণ অসমৰ পৰা আহিছে। আপুনি অসমৰ নাম লোৱাৰ লগে লগে, চাহ বাগিচা আৰু তাত থকা বহুতো ৰাষ্ট্ৰীয় উদ্যানৰ কথা মনলৈ আহে। একে সময়তে, এটা শিঙৰ গঁড়ৰ ছবিও আমাৰ মনলৈ আহে। আপোনালোক সকলোৱে জানে যে এক শিঙৰ গঁড় সদায়েই অসমৰ সংস্কৃতিৰ অংশ হৈ আহিছে। ভাৰত ৰত্ন ভূপেন হাজৰিকাজীৰ এই গীতটো প্ৰতিখন কাণত প্ৰতিধ্বনিত হ'ব ৷ বন্ধুসকল, এই গানটোৰ অৰ্থ কি সেয়া অতিশয় সুসংগত। গীতটোত কোৱা হৈছে, "কাজিৰঙাৰ সেউজীয়া পৰিবেশ, হাতী আৰু বাঘৰ বাসস্থান, পৃথিৱীয়ে এটা শিঙৰ গঁড় চাওক, চৰাইবোৰৰ সুমধুৰ চিঞৰ-বাখৰ শুনক।" গঁড়ৰ ছবি অসমৰ বিশ্ববিখ্যাত হস্ততাঁতত বোৱা মুগা আৰু এড়ী পোছাকতো দেখা যায়। অসমৰ সংস্কৃতিৰ ইমান ডাঙৰ গৌৰৱ গঁড়বোৰেও সংকটৰ সন্মুখীন হ'বলগীয়া হৈছিল। ২০১৩ চনত, চোৰাং ব্যৱসায়ীসকলে ৩৭ টা গঁড় হত্যা কৰিছিল আৰু ২০১৪ চনত ৩২ টা গঁড় হত্যা কৰিছিল। এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ যোৱা সাত বছৰত অসম চৰকাৰৰ বিশেষ প্ৰচেষ্টাৰে গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছিল। ২২ ছেপ্টেম্বৰত বিশ্ব গঁড় দিৱস উপলক্ষে চোৰাং ব্যৱসায়ীসকলৰ পৰা জব্দ কৰা ২,৪০০ত কৈও অধিক শিং জ্বলাই দিয়া হয়। এয়া চোৰাং ব্যৱসায়ীসকলৰ বাবে এটা শক্তিশালী বাৰ্তা আছিল। এনে প্ৰচেষ্টাৰ ফলস্বৰূপে, অসমত গঁড়ৰ চোৰাং চিকাৰ এতিয়া নিৰন্তৰে হ্ৰাস পাই আহিছে। যদিও ২০১৩ চনত ৩৭ টা গঁড় হত্যা কৰা হৈছিল, ২০২০ চনত গঁড়ৰ চোৰাং চিকাৰৰ দুটা ঘটনা সংঘটিত হৈছে আৰু ২০২১ চনত মাত্ৰ ১ টা। গঁড়ক ৰক্ষা কৰা অসমৰ জনসাধাৰণৰ সংকল্পক মই প্ৰশংসা কৰো। বন্ধুসকল, ভাৰতীয় সংস্কৃতিৰ বিবিধ ৰং আৰু আধ্যাত্মিক শক্তিয়ে সদায় সমগ্ৰ বিশ্বৰ লোকসকলক আকৰ্ষিত কৰি আহিছে। যদি মই আপোনাক কওঁ যে আমেৰিকা যুক্তৰাজ্য, কানাডা, ডুবাই, ছিংগাপুৰ, পশ্চিম ইউৰোপ আৰু জাপানত ভাৰতীয় সংস্কৃতি অতি জনপ্ৰিয়, তেন্তে এইটো আপোনাৰ বাবে অতি সচৰাচৰ যেন লাগিব, আপুনি আচৰিত নহ'ব। কিন্তু, যদি মই কওঁ যে লেটিন আমেৰিকা আৰু দক্ষিণ আমেৰিকাতো ভাৰতীয় সংস্কৃতিৰ এক ডাঙৰ আকৰ্ষণ আছে, তেন্তে, আপুনি নিশ্চিতভাৱে এবাৰ চিন্তাত পৰিব। মেক্সিকোত খাদীৰ প্ৰচাৰ কৰা ই হওঁক বা ব্ৰাজিলত ভাৰতীয় পৰম্পৰাক জনপ্ৰিয় কৰাৰ প্ৰয়াস হওঁক, 'মন কী বাত'ত, আমি এই বিষয়বোৰ আগতে আলোচনা কৰিছো। আজি মই আপোনাক আৰ্জেণ্টিনাত উদ্ভাসিত হোৱা ভাৰতীয় সংস্কৃতিৰ পৰম্পৰাৰ বিষয়ে ক'ম। আৰ্জেণ্টিনাত আমাৰ সংস্কৃতিক বহুতে ভাল পাইছে। ২০১৮ চনত, মই আৰ্জেণ্টিনা ভ্ৰমণৰ সময়ত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলো – 'শান্তিৰ বাবে যোগ'। আৰ্জেণ্টিনাত ইয়াত এটা প্ৰতিষ্ঠান আছে – হস্তিনাপুৰ ফাউণ্ডেচন। আপুনি শুনি আচৰিত হৈছে, আৰ্জেণ্টিনা ক'ত, আৰু তাতো হস্তিনাপুৰ ফাউণ্ডেচন। ফাউণ্ডেচনত আৰ্জেণ্টিনাত ভাৰতীয় বৈদিক পৰম্পৰাৰ প্ৰসাৰত জড়িত হৈ আছে। ইয়াক ৪০ বছৰ পূৰ্বে প্ৰফেচাৰ এডা এলব্ৰেচ্ট নামৰ এগৰাকী মেডামে প্ৰতিষ্ঠা কৰিছিল। আজি, অধ্যাপক এদা এলব্ৰেখ্টৰ বয়স ৯০ বছৰ হ'ব। ভাৰতৰ সৈতে তেওঁৰ সম্পৰ্ক কেনেকৈ হ’ল সেয়াও অতি আকৰ্ষণীয়। যেতিয়া তেওঁৰ বয়স ১৮ বছৰ আছিল, তেতিয়া তেওঁৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় সংস্কৃতিৰ শক্তিৰ সৈতে পৰিচয় হৈছিল। তেওঁ ভাৰততো যথেষ্ট সময় অতিবাহিত কৰিছিল। ভাগৱত গীতা আৰু উপনিষদবোৰৰ গভীৰতালৈ গৈছিল। আজি, হস্তিনাপুৰ ফাউণ্ডেচনৰ ৪০,০০০ ৰো অধিক সদস্য আছে আৰু আৰ্জেণ্টিনা আৰু অন্যান্য লেটিন আমেৰিকাৰ দেশবোৰত ইয়াৰ প্ৰায় ৩০ টা শাখা আছে। হস্তিনাপুৰ ফাউণ্ডেচনে স্পেনিছ ভাষাত ১০০ তকৈও অধিক বৈদিক আৰু দাৰ্শনিক গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁলোকৰ আশ্ৰমো বৰ আকৰ্ষণীয়। আশ্ৰমত বাৰটা মন্দিৰ নিৰ্মাণ কৰা হৈছে, য'ত দেৱতাৰ মূৰ্তি আছে। এই সকলোবোৰৰ কেন্দ্ৰত এটা মন্দিৰ আছে যিটো অদ্বৈতবাদী ধ্যানৰ বাবে নিৰ্মাণ কৰা হৈছে। বন্ধুসকল, এনে ধৰণৰ শ শ উদাহৰণে দেখুৱাইছে যে আমাৰ সংস্কৃতি কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও এক মূল্যৱান ঐতিহ্য। গোটেই পৃথিৱীৰ মানুহে এয়া জানিব বিচাৰে, বুজিব বিচাৰে, জীয়াব বিচাৰে। আমি আমাৰ সাংস্কৃতিক ঐতিহ্যক সম্পূৰ্ণ দায়িত্বৰে আমাৰ নিজৰ জীৱনৰ অংশ কৰি সকলো লোকৰ কাষ চাপিবলৈ চেষ্টা কৰা উচিত। মোৰ মৰমৰ দেশবাসীসকল, মই এতিয়া আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, বিশেষকৈ মোৰ যুৱ বন্ধুসকলক। এতিয়া ভাবক, আপোনালোকে একেলগে কিমানটা পুশ্ব-আপ কৰিব পাৰে। মই আপোনালোকক যি ক'বলৈ ওলাইছো সেয়া নিশ্চিতভাৱে আপোনালোকক আচৰিত কৰি তুলিব। মণিপুৰৰ ২৪ বছৰীয়া থুনাওজাম নিৰঞ্জয় সিঙে এক মিনিটত ১০৯ টা পুশ্ব-আপৰ অভিলেখ গঢ়িছে। নিৰঞ্জয় সিঙৰ বাবে ৰেকৰ্ড ভংগ কৰাটো নতুন কথা নহয়, আনকি তাৰ আগতে, তেওঁ, আনকি আগতে, এক মিনিটত এটা হাতেৰে সৰ্বাধিক নাকল পুশ্ব-আপৰ অভিলেখ গঢ়িছিল। মই নিশ্চিত যে আপোনালোক নিৰঞ্জয় সিঙৰ দ্বাৰা অনুপ্ৰাণিত হ'ব আৰু শাৰীৰিক সুস্থতাক আপোনালোকৰ জীৱনৰ এটা অংশ কৰি তুলিব। বন্ধুসকল, আজি মই আপোনালোকৰ সৈতে লাডাখৰ বিষয়ে এটা তথ্য ভাগ বতৰা কৰিব বিচাৰো যাৰ বিষয়ে জানি আপোনালোক গৌৰৱান্বিত হ'ব। লাডাখত সোনকালেই এটা সুন্দৰ মুকলি সংশ্লেষিত ট্ৰেক আৰু এষ্ট্ৰো টাৰ্ফ ফুটবল ষ্টেডিয়াম মুকলি হ’ব। ষ্টেডিয়ামখন ১০,০০০ ফুটতকৈও অধিক উচ্চতাত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ নিৰ্মাণ শীঘ্ৰেই সম্পূৰ্ণ হ'ব। এয়া লাডাখৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম হ'ব য'ত ৩০,০০০ দৰ্শকে একেলগে বহিব পাৰিব। লাডাখৰ এই আধুনিক ফুটবল ষ্টেডিয়ামত এটা ৮-লেনৰ সংশ্লেষিত ট্ৰেকো থাকিব। ইয়াৰ উপৰিও, এহেজাৰ বিচনা থকা হোষ্টেলো থাকিব। আপুনি এইটো জানি ভাল পাব যে এই ষ্টেডিয়ামটো ফুটবলৰ সৰ্ববৃহৎ সংস্থা ফিফাৰ দ্বাৰা অনুমোদিত কৰা হৈছে। যেতিয়াই ক্ৰীড়াৰ ইমান ডাঙৰ আন্তঃগাঁথনি সাজু হয়, ই দেশৰ যুৱপ্ৰজন্মৰ বাবে সৰ্বশ্ৰেষ্ঠ সুযোগ আনি দিয়ে। একে সময়তে, য'ত এই ব্যৱস্থাটো সংঘটিত হয়, সমগ্ৰ দেশৰ লোকসকল আহে আৰু যায়, পৰ্যটনৰ প্ৰচাৰ হয় আৰু বহুতো নিযুক্তিৰ সুযোগ সৃষ্টি হয়। ষ্টেডিয়ামখনে আমাৰ লাডাখৰ বহুতো যুৱক-যুৱতীক উপকৃত কৰিব। মোৰ মৰমৰ দেশবাসীসকল, এইবাৰ 'মন কী বাত'ত আমি বহুতো বিষয়ত কথা পাতিছিলো। আৰু এটা বিষয় আছে, যিটো এই সময়ত সকলোৰে মনত আছে আৰু সেয়া হৈছে ক’ৰোনা। ভাৰতে যথেষ্ট সফলতাৰে ক’ৰোনাৰ নতুন ঢৌৰ বিৰুদ্ধে যুঁজ দি আছে, এইটোও গৌৰৱৰ বিষয় যে এতিয়ালৈকে প্ৰায় ৪.৫ কোটি শিশুৱে ক’ৰোনা ভেকছিনৰ পালি গ্ৰহণ কৰিছে। ইয়াৰ অৰ্থ হৈছে যে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ প্ৰায় ৬০% যুৱক-যুৱতীয়ে তিনিৰ পৰা চাৰি সপ্তাহৰ ভিতৰত টীকাকৰণ কৰাইছে। ই কেৱল আমাৰ যুৱক-যুৱতীসকলক সুৰক্ষা প্ৰদান কৰাই নহয় কিন্তু তেওঁলোকক পঢ়া শুনা অব্যাহত ৰখাত সহায় কৰিব। আন এটা ভাল কথা হ'ল যে ২০ দিনৰ ভিতৰত, এক কোটি লোকেও সাৱধানতাৰ পালি গ্ৰহণ কৰিছে। আমাৰ দেশৰ ভেকছিনৰ ওপৰত দেশবাসীৰ এই বিশ্বাস আমাৰ এক ডাঙৰ শক্তি। এতিয়া, ক’ৰোনা সংক্ৰমণৰ ঘটনাও হ্ৰাস হোৱা আৰম্ভ হৈছে – ই এক অতি ইতিবাচক লক্ষণ। জনসাধাৰণ সুৰক্ষিত থাকক, দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ গতিত থাকক – এয়া প্ৰতিজন দেশবাসীৰ ইচ্ছা। আৰু আপোনালোকে জানেনে, 'মন কী বাত'ত, মই কিছুমান কথা নোকোৱাকৈ থাকিব নোৱাৰো, যেনে, আমি 'পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান' পাহৰিব নালাগিব, আমি এবাৰ ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে অভিযান ত্বৰান্বিত কৰিব লাগিব, ‘লোকেলৰ বাবে ভ’কেল’ আমাৰ দায়িত্ব, আমি আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ বাবে জড়িত হ'ব লাগিব। কেৱল আমাৰ সকলোৰে প্ৰচেষ্টাৰ দ্বাৰাহে দেশখন উন্নয়নৰ নতুন শিখৰত উপনীত হ'ব। এই ইচ্ছাৰে, মই আপোনালোকক বিদায় জনাইছো। আপোনালোকক অশেষ ধন্যবাদ|
৩০.০১.২০২২ তাৰিখে ‘মন কী বাত’ৰ ৮৫ তম খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AF-%E0%A6%87%E0%A6%95%E0%A6%A8%E0%A6%AE%E0%A6%BF%E0%A6%95-%E0%A6%9F%E0%A6%BE%E0%A6%87%E0%A6%AE%E0%A7%8D%E0%A6%9B-%E0%A6%97%E0%A7%8D%E0%A6%B2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AF-%E0%A6%87%E0%A6%95%E0%A6%A8%E0%A6%AE%E0%A6%BF%E0%A6%95-%E0%A6%9F%E0%A6%BE%E0%A6%87%E0%A6%AE%E0%A7%8D%E0%A6%9B-%E0%A6%97%E0%A7%8D%E0%A6%B2/
শ্রী বিনীত জৈন, ভাৰত আৰু বিদেশৰ পৰা অহা বিশিষ্ট অতিথিবৃন্দ, আপোনালোক সকলোকে সুপ্ৰভাত জনাইছো৷ গ্ল’বেল বিজিনেছ ছামিটত পুনৰ উপস্থিত থাকিবলৈ পাই মই আনন্দিত হৈছো৷ প্ৰথমে এটি ব্যবসায়িক সন্মিলনৰ মূল সুৰ হিচাপে ‘সামাজিক’ শব্দটি ব্যৱহাৰৰ বাবে মই আপোনালোক ধন্যবাদ জনাইছো৷ তদুপৰি, আপোনালোক এই বৈঠকৰ মূল সুৰৰ দ্বিতীয় শব্দ হিচাপে ‘বহনক্ষম উন্নয়ন’ক বাছি লোৱাৰ লগতে কিদৰে উন্নয়নক বহনক্ষম কৰি তোলাৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পৰা যায়, তাক লৈ আপোনালোকে আলোচনা কৰাৰ বাবে মই অতিশয় আনন্দিত৷ আনহাতে, বৈঠকৰ মূল সুৰৰ তৃতীয় শব্দ হিচাপে যেতিয়া আপোনালোকে ‘কর্মক্ষমতাৰ পৰিধি বৃদ্ধি’ৰ কথা কয়, তেতিয়া মোৰ দৃঢ় বিশ্বাস হয় যে আপোনালোকে প্ৰকৃততে ভাৰতৰ বাবে সমস্যা সমাধানৰ সন্দৰ্ভত চিন্তা কৰিছে৷ বন্ধুসকল, ২০১৩ বৰ্ষৰ দ্বিতীয়ার্ধৰ পৰা ২০১৪ বৰ্ষৰ প্ৰথমাৰ্ধলৈকে দেশে যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেয়া আপোনালোকতকৈ ভালদৰে অধিক কোনে জানে! ব্যাপক হাৰৰ মুদ্রাস্ফীতিয়ে দেশৰ প্ৰতিটো পৰিয়ালক ক্ষতি কৰিছিল। চলিত একাউণ্টত ক্ৰমৱর্ধমান ঘাটি তথা উচ্চহাৰত ৰাজহ ঘাটিৰ ফলত দেশৰ ব্যাপক পৰ্যায়ত অর্থনীতিৰ স্থিতিশীলতা আঘাত কৰাৰ উপক্ৰম হৈছিল৷ এই সকলো সূচকে এক অন্ধকাৰাচ্ছন্ন ভৱিষ্যতৰ ইংগিত বহন কৰিছিল৷ সমগ্ৰ দেশ সম্পূর্ণ পংগুত্ব নীতিৰ সন্মুখীন হৈছিল৷ ইয়াৰ ফলত আমাৰ অর্থনীতি য’ত উপনীতি হ’ব লাগিছিল, সেয়া হোৱা নাছিল৷ আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীৰ পাঁচখন বিধ্বস্ত অৰ্থনীতিৰ দেশৰ সদস্যসকলে অর্থনৈতিক স্বাস্থ্য বিষয়ত উদ্বিগ্ন হৈছিল৷ সর্বত্ৰ এনেধৰণৰ আত্মসমর্পণৰ ধাৰণা গঢ় লৈ উঠিছিল৷ বন্ধুসকল, এনে এক পটভূমিত আমাৰ চৰকাৰে দেশৰ জনসাধাৰণৰ সেৱা কৰাৰ ব্ৰত লৈ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আজি দেশৰ পৰিস্থিতিত সুস্পষ্ট পৰিৱর্তন পৰিলক্ষিত হৈছে৷ ২০১৪ চনৰ পাছত হতাশাৰ স্থানত এক নতুন আশা জাগি উঠিছে৷ প্ৰতিবন্ধকতাৰ স্থানত আশা জাগিছে৷ আৰু বিভিন্ন সমস্যাৰ পৰিৱর্তে আহিছে নির্দিষ্ট প্ৰচেষ্টা৷ ২০১৪ চনৰ পৰা ভাৰত প্রায়বোৰ আন্তঃৰাষ্ট্ৰীয় সূচকাংকতে গুৰুত্বপূর্ণ ধৰণে উন্নতি ঘটিছে৷ ইয়াৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে ভাৰতত পৰিৱর্তন সম্ভৱ হৈছে আৰু ভাৰত সম্পৰ্কে বিশ্বৰ ধাৰণাৰো পৰিৱর্তন আহিছে৷ মই জানো, একাংশ লোক আছে যিসকলে এই দ্রুত উন্নয়ন পছন্দ নকৰে৷ তেওঁলোকৰ বক্তব্য হৈছে বিভিন্ন সূচকত ভাৰতৰ অৱস্থানৰ উন্নতি আহিলে কাগজে–কলমে উন্নতিৰ কথা কয়, কিন্তু বাস্তৱত একো পৰিৱর্তন নহয়৷ মই ভাবো এয়া সত্যৰ অপলাপ৷ বিভিন্ন সূচকত ভাৰতৰ অৱস্থানক সাধাৰণতে উন্নতিৰ বিলম্বিত সংকেত হিচাপে ধৰা হয়৷ পৰিৱর্তন প্ৰথম বাস্তৱত হয় আৰু কিছু সময়ৰ পাছতহে সূচকৰ অৱস্থানত তাৰ প্ৰতিফলন ঘটে৷ ‘সহজে ব্যৱসায় কৰিব পৰা সুবিধা’ৰ সূচকৰ কথাই ধৰা হয়, তেতিয়াহ’লে এই ক্ষেত্ৰত আমাৰ অৱস্থান বিগত চাৰি বছৰত বিশ্বৰ সূচকৰ ১৪২ৰ পৰা উন্নতি হৈ ৭৭ পাইছে, যিটো এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হৈছে৷ কিন্তু সূচকত এই পৰিৱর্তনৰ পূৰ্বেই, বাস্তৱত পৰিবর্তন সংঘটিত হৈছে৷ বর্তমান ব্যৱসায় আৰম্ভ কৰাৰ বাবে দ্রুতগতিত নির্মাণ কার্যৰ অনুমতি দিয়া। তদুপৰি, বিদ্যুৎ সংযোগ আৰু অন্যান্য ক্ষেত্রত অনুমোদনো দ্রুতগতিত সম্ভৱ হৈছে৷ ইফালে, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আইন মানি চলাৰ সুবিধা পূৰ্বৰ তুলনাত বহুত বৃদ্ধি হৈছে৷ বর্তমান ৪০ লাখ টকাৰ লেনদেনলৈকে কোনো ব্যৱসায়ৰ বাবে জিএছটিত নথিভুক্ত কৰাৰ প্ৰয়োজন নাই৷ বর্তমান ৪০ লাখ টকাৰ লেনদেনলৈকে কোনো ব্যৱসায়ীয়ে আয়কৰ দিব নালাগে৷ বর্তমানে ১.৫ কোটি টকাৰ লেনদেনত যি কোনো ব্যৱসায় ‘কম্পোজিট স্কিম’ৰ বাবে যোগ্যতা অর্জন কৰাৰ লগতে অতি সামান্য কৰ প্ৰদান কৰিবলগীয়া হয়৷ একেদৰে, বিশ্বজুৰি পর্যটনত প্ৰতিযোগিতাৰ সূচকৰ ক্ষেত্রত ভাৰতৰ অৱস্থান ২০১৩চনৰ ৬৫ৰ পৰা ২০১৭ত ৪০ হৈছে৷ ভাৰতত বিদেশী পর্যটক আগমনেৰ সংখ্যা প্রায় ৪৫ শতাংশ বাঢ়িছে। অনুমোদিত হোটেলৰ সংখ্যাও প্রায় ৫০ শতাংশ বৃদ্ধি পাইছে৷ পর্যটন খণ্ডৰ পৰা বৈদেশিক মুদ্রা উপার্জনৰ পৰিমাণো ২০১৩–১৭ৰ ভিতৰত ৫০ শতাংশ বৃদ্ধি পাইছে৷ একেদৰে, বিশ্বব্যাপী উদ্ভাৱন সূচকতো ভাৰতৰ অৱস্থান ২০১৪ চনৰ ৭৬ৰ পৰা ২০১৮ চনত ৫৭ হৈছে৷ উদ্ভাৱনৰ ক্ষেত্রত অগ্ৰগতি তথা ইয়াৰ মাধ্যমত প্ৰতীয়মান হৈছে৷ সংস্কৃতি ক্ষেত্রতো উন্নয়ন পৰিলক্ষিত হৈছে৷ দেশত পেটেণ্ট আৰু ট্রেডমার্কেৰ বাবে আবেদনৰ সংখ্যাও বহুপৰিমানে বৃদ্ধি পাইছে। বন্ধুসকল, এইবোৰ পৰিৱর্তন আহিলে এক নতুন শৈলীৰ প্ৰশাসনৰ বাবেই সম্ভৱ হৈছে আৰু এইবোৰ বিভিন্ন ধৰণে দৃশ্যমান হৈছে৷ ২০১৪ চনৰ পৰা পৰিৱর্তনৰ এক আকর্ষণীয় নমুনা মই আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো৷ আমি বিভিন্ন ধৰণ প্ৰতিযোগিতা দেখিছো৷ চৰকাৰৰ বিভিন্ন মত্ৰালয়ৰ মাজত প্ৰতিযোগিতা৷ ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা৷ উন্নয়নৰ বাবে প্ৰতিযোগিতা৷ লক্ষ্য অর্জনৰ বাবে প্ৰতিযোগিতা৷ বৰ্তমান ভাৰতে প্ৰথমে ১০০ শতাংশ পৰিচ্ছন্নতাৰ লক্ষ্য অর্জন কৰিব নে ১০০ শতাংশ বিদ্যুতিকীকৰণৰ লক্ষ্য অর্জন কৰিব, তাক লৈ প্ৰতিযোগিতা৷ প্ৰথমে সকলো গাওঁ আৰু ঘাইপথৰ সৈতে সংযোগ স্থাপিত হব নে সকলো পৰিয়ালে গেছৰ সংযোগ প্ৰদান কৰিব, সেই বিষয়ে প্ৰতিযোগিতা। কোন ৰাজ্যই ক’ত বেছি বিনিয়োগ আকর্ষণ কৰিব তাক লৈ প্ৰতিযোগিতা। কোন ৰাজ্যই দৰিদ্ৰ জনসাধাৰণৰ বাবে দ্রুতগতিত কিমান বেছি গৃহ নির্মাণ কৰিব তাক লৈ প্ৰতিযোগিতা। কোনখন উন্নয়নকামী জিলাই দ্রুতগতিত উন্নতিৰ লক্ষ্যৰে আগুৱাই যাব তাক লৈ প্ৰতিযোগিতা। ২০১৪ চনৰ পূৰ্বে আমি বেলেগ ধৰণৰ প্ৰতিযোগিতাৰ কথা শুনিছিলো। সেই প্ৰতিযোগিতা আছিল মন্ত্ৰালয়ৰ মাজত প্ৰতিযোগিতা। ব্যক্তিৰ মাজত প্ৰতিযোগিতা। দুর্নীতিক লৈ প্ৰতিযোগিতা। কামত বিলম্বক লৈ প্ৰতিযোগিতা। কোনে সৰ্বাধিক দুর্নীতি কৰিব পাৰে, তাক লৈ প্ৰতিযোগিতা। কোনে দ্রুতগতিত দুর্নীতিৰ সৈতে জড়িত হ’ব পাৰে, তাক লৈ প্ৰতিযোগিতা। কোনে অভিনৱ পদ্ধতিৰে দুর্নীতি কৰিব পাৰে, তাক লৈ প্ৰতিযোগিতা। কোনে কয়লা অথবা স্পেকট্রামৰ নিলামৰ পৰা ধন আহৰণ কৰিব পাৰে, তাক লৈ প্ৰতিযোগিতা। কমনৱেল্‌থ গেম্‌ছৰ পৰা বেছি টকা পোৱা যাবনে প্ৰতিৰক্ষা চুক্তিৰ পৰা বেছি ধন আহৰণ কৰিব পাৰিব, তাক লৈ প্ৰতিযোগিতা। আমি এইবোৰ দেখিছো আৰু এইটোও জানো, এই ধৰণৰ প্ৰতিযোগিতাত কোন কোন জড়িত আছিল৷ মই ধৰণৰ প্ৰতিযোগিতা পছন্দ কৰিছো, সেয়া স্থিৰ কৰাৰ ভাৰ আপোনালোকৰ হাতত এৰি দিব বিচাৰিছো৷ বন্ধুসকল, দশকৰ পাছত দশক ধৰি এনে কথা কোৱা হৈছিল যে কিবা এটা কাম ভাৰতত কৰাটো একেবাৰেই অসম্ভৱ৷ ২০১৪ চনৰ পৰা আজিলৈকে আমাৰ দেশে যি উন্নতি কৰিছে, তাৰ পৰা মোৰ দৃঢ় বিশ্বাস হয় যে ১৩০ কোটি ভাৰতীয়ৰ এই দেশত অসম্ভৱ বুলি একোৱেই নাই৷ অসম্ভৱ সম্ভৱ হৈ পৰিল৷ এইটো কোৱা হৈছিল যে ভাৰতক পৰিস্কাৰ–পৰিচ্ছন্ন কৰি তোলাটো অসম্ভৱ, কিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভব কৰি তুলিলে৷ এইটো কোৱা হৈছিল যে ভাৰতত দুর্নীতিমুক্ত চৰকাৰ চলাোৱাটো অসম্ভৱ। কিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷ এইটো কোৱা হৈছিল যে মানুহক তেওঁলোকৰ ন্যায্য দাবী দিয়াৰ প্ৰক্রিয়াৰ ক্ষেত্ৰৰ পৰা দুর্নীতি দূৰ কৰাও অসম্ভৱ। কিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷ দৰিদ্ৰ জনতাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ অসম্ভৱ বুলি এসময়ত ভবা হৈছিল। কিকিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷ এইটো কোৱা হৈছিল যে নীতি নির্ধাৰণৰ ক্ষেত্রত নিজস্ব ক্ষমতা প্ৰয়োগ তথা বেমেজালি দূৰ কৰা প্রায় অসম্ভৱ। কিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷ এইটো কোৱা হৈছিল যে ভাৰতত অর্থনৈতিক সংস্কাৰ সাধন কৰাটো অসম্ভৱ। কিন্তু জনতাই সেয়াও সম্ভৱ কৰিলে৷ এইটো কোৱা হৈছিল যে চৰকাৰে একেলগে অৰ্থনৈতিক বিকাশ আৰু দৰিদ্ৰ জনতাৰ পক্ষে থাকিব নোৱাৰে। কিন্তু জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷ মোক এইটোও কৈছিল যে এনে এক ধাৰণা আছে, উন্নয়নশীল অর্থনীতি মুদ্রাস্ফীতিৰ সমস্যাক বাদ দি কোনো দিন দীর্ঘ সময়ৰ বাবে উচ্চ হাৰত অর্থনৈতিক বিকাশ নিশ্চিত কৰিব নোৱাৰে৷ ১৯৯১ চনৰ পাছত অর্থাৎ, উদাৰীকৰণৰ পৰৱর্তী সময়ত আমাদৰ দেশত প্রায় সকলো চৰকাৰে এই সমস্যাৰ সন্মুখীন হৈছে– যাক বিশেষজ্ঞসকলে কৈছে, হস্ৰম্যাদী অর্থনৈতিক বৃদ্ধিৰ ‘অতি তাপবিশিষ্ট’৷ ইয়াৰ ফলত, আমি কেতিয়াবা সুষম তথা উচ্চহাৰত অর্থনৈতিক বৃদ্ধি নিশ্চিত কৰিব নোৱাৰো৷ আপোনালোকৰ হয়তো মনত আছে যে ১৯৯১–৯৬ লৈকে আমাৰ চৰকাৰ চলি থকা সময়ত অর্থনৈতিক বৃদ্ধিৰ গড় হাৰ আছিল ৫ শতাংশ। একেসময়তে মুদ্রাস্ফীতিৰ হাৰ ১০ শতাংশতকৈও অধিক আছিল৷ ২০০৯–১৪, অর্থাৎ, আমাৰ চৰকাৰ গঠনৰ পূৰ্বে দেশত অর্থনৈতিক বৃদ্ধিৰ গড় হাৰ আছিল ৬.৫ শতাংশ। কিন্তু গড় মুদ্রাস্ফীতিৰ হাৰ দহকৰ ঘৰ অতিক্ৰম কৰিছিল৷ বন্ধুসকল, ২০১৪–১৯ লৈকে দেশত অর্থনৈতিক বৃদ্ধিৰ গড় হাৰ হৈছে ৭.৪ শতাংশ আৰু মুদ্রাস্ফীতিৰ গড় হাৰ ৪.৫ শতাংশতকৈও কম৷ ভাৰতীয় অর্থনীতিৰ উদাৰীকৰণ পর্বৰ পাছত এয়াই হৈছে অর্থনৈতিক বৃদ্ধিৰ গড় হাৰৰ সর্বোচ্চ মান তথা যি কোনো চৰকাৰৰ আমোলত মুদ্রাস্ফীতিৰ সর্বনিম্ন হাৰ। এই সকলো পৰিৱর্তন তথা সংস্কাৰৰ ফলত আমাৰ অর্থনীতি এক নতুন ৰূপান্তৰৰ পথত আগুৱাই গৈছে। ভাৰতীয় অর্থনীতিয়ে ইয়াৰ আর্থিক সম্পদ প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে৷ এতিয়া আৰু ভাৰতৰ অর্থনীতিত বিনিয়োগৰ বাবে বেংকৰ ঋণৰ ওপৰত নির্ভৰশীল নহয়। উদাহৰণস্বৰূপে পুঁজি বজাৰৰ পৰা অর্থ সংগ্ৰহৰ কথা ক’ব পাৰি। ২০১১–১২ৰপৰা ২০১৩–১৪এই সময়ছোৱাত, অর্থাৎ, বর্তমান চৰকাৰৰ তিনি বছৰ পূৰ্বে, ইক্যুইটিৰ জৰিয়তে সংগৃহীত ধনৰ পৰিমাণ আছিল বছৰি প্রায় ১৪,০০০ কোটি টকা। বিগত চাৰি বছৰত ইয়াৰ জৰিয়তে সংগৃহীত ধনৰ পৰিমাণ হৈছে বছৰি ৪৩,০০০ কোটি টকা। এই পৰিমাণ পূৰ্বতকৈ তিনিগুণৰো অধিক৷ ২০১১–১৪ লৈকে ‘বিকল্প বিনিয়োগ পুঁজি’ৰ জৰিয়তে যি ধন বজাৰৰ পৰা সংগৃহীত হৈছে, তাৰ পৰিমাণ আছিল ৪,০০০ কোটি টকাতকৈও কম। আমাৰ চৰকাৰৰ অর্থনীতিত পুঁজি সংগ্ৰহৰ নতুন এই উৎস গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। এতিয়া আপোনালোকে তাৰ সুফল দেখিবলৈ পাইছে৷ ২০১৪–১৮ লৈকে চাৰি বছৰত ‘বিকল্প বিনিয়োগ পুঁজি’ৰ জৰিয়তে আমাৰ দেশত মুঠ সংগৃহীত ধনৰ পৰিমাণ হৈছে ৮১,০০০ কোটি টকা। যি প্রায় পূৰ্বৰ ২০ গুণৰ সমান৷ একেদৰে, আমি যদি কর্পোৰেট বণ্ডৰ প্রাইভেট প্লেছমেণ্টৰ কথা ভাবো, তেতিয়া হ’লে দেখিব ২০১১–১৪ চনৰ ভিতৰত এই শিতানত সংগৃহীত ধনৰ গড় পৰিমাণ আছিল প্রায় ৩ লাখ কোটি টকা, অর্থাৎ, প্রায় ৪,০০০ কোটি ডলাৰৰ সমান৷ বর্তমান এই ক্ষেত্রত বিগত চাৰি বছৰত সংগৃহীত ধনৰ গড় পৰিমাণ ৫ লাখ ২৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে, যি প্রায় ৭,৫০০ কোটি ডলাৰৰ সমান। এই ক্ষেত্রত পূৰ্বৰ তুলনাত প্রায় ৫০ শতাংশ বৃদ্ধি হৈছে। এই সকলোবোৰে ভাৰতীয় অর্থনীতিৰ ক্ষেত্রত আস্থাৰ পৰিৱেশকে সূচাইছে৷ বর্তমান কেৱল এই আস্থাৰ পৰিৱেশ যে আভ্যন্তৰীণ বিনিয়োগকাৰীসকলৰ ক্ষেত্রতে দেখা গৈছে তেনে নহয়, বৈদেশিক বিনিয়োগকাৰীসকলৰ ক্ষেত্রতো এই আস্থা পৰিলক্ষিত হৈছে৷ ভাৰতৰ ওপৰত আস্থাৰ এই পৰিবেশ অব্যাহত আছে। আগতে কেৱল নির্বাচনৰ পূৰ্বে এই প্ৰৱণতা দেখা গৈছিল৷ বিগত চাৰি বছৰত আমাৰ দেশত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগেৰ পৰিমাণ আছিল ২০১৪ চনৰ পূৰ্বৰ সাত বছৰৰ সমান। এই সকলোবোৰ অর্জন কৰিবলৈ ভাৰতক পৰিৱৰ্তনৰ বাবে সংস্কাৰৰ প্ৰয়োজন৷ দেউলীয়া বিধি, জিএছটি, ৰিয়েল এষ্টেট আইনৰ দৰে কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপৰ ফলত আমাৰ দেশত উচ্চ হাৰত অর্থনৈতিক বৃদ্ধিৰ এক জোৰদাৰ ভেঁটি গঢ়ি উঠিছে৷ চাৰি বছৰৰ পূৰ্বে কোনে বিশ্বাস কৰিছিল যে ঋণ লওঁতা ব্যক্তি বা সংস্থা প্রায় ৩ লাখ কোটি টকা (প্রায় ৪,০০০ কোটি ডলাৰ) আর্থিক ঋণদাতাৰ পৰা ঘুৰাই পাব৷ দেউলীয়া বিধিৰ প্ৰত্যক্ষ প্ৰভাৱৰ ফলতে এই ঘটনা ঘটিছে৷ ইয়াৰ ফলত আৰু দক্ষতাৰে আর্থিক সহায়সম্পদ বিভিন্ন একাউণ্টত বিতৰণ কৰাৰ সুবিধা হ’ব৷ আমি যেতিয়া অর্থনীতিৰ পাইপলাইনৰ কামৰ দিশত দৃষ্টি দিছো, তেতিয়া মনত ৰাখিব লাগিব, বছৰৰ পাছত বছৰ ধৰি এই কামটো উপেক্ষিত হৈ আছে। সেয়েহে, আমি ‘লাহে লাহে যাব, কাম কৰি আছে’ৰ দৰে সাৱধানতা সূচক বোর্ড নলগোৱাৰ সিদ্ধান্ত লৈছো৷ আমাৰ দেশৰ সমাজৰ বৃহত্তৰ অংশৰ কল্যাণৰ লক্ষ্যৰে আমি এই সংস্কাৰমূলক কামবোৰ বাকী নৰখাকৈ চলাই নিছো৷ বন্ধুসকল, ভাৰত ১৩০ কোটি জনতাৰ আশাৰ দেশ তথা এই দেশৰ উন্নয়নৰ বাবে কেৱল মাত্ৰ এটি দৃষ্টিভংগী কেতিয়াও সম্ভৱ নহয়৷ নতুন ভাৰতৰ বাবে আমাৰ দৃষ্টিভংগী সমাজৰ সকলো শ্রেণীৰ লোকৰ বাবে সেই জাতি, ধর্ম, ভাষা আৰু শ্রেণী নিৰপেক্ষভাৱে স্থিৰ হৈছে৷ আমি এক নতুন ভাৰত সৃষ্টিৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছো, যি ১৩০ কোটি লোকৰ আশা–আকাংক্ষা আৰু সপোন পূৰণ কৰিব৷ নতুন ভাৰতৰ বাবে আমাৰ দৃষ্টিভংগীত এফালে যেনেকৈ ভৱিষ্যতৰ কথা আছে, আনফালে অতীতৰ সমস্যা সমাধানৰ কথাও আছে৷ সেয়েহে আজি ভাৰতে দ্রুততম ৰে’ল নির্মাণ কৰাৰ সমান্তৰালভাৱে ভাৰতৰ সকলো উন্মুক্ত লেভেল ক্ৰছিঙো নাইকিয়া কৰা হৈছে৷ আজি ভাৰতে দ্রুতগতিত আইআইটি আৰু এইম্‌ছ নির্মাণ কৰাৰ সমান্তৰালভাৱে দেশৰ সকলো বিদ্যালয়ত শৌচাগাৰ নির্মাণৰ ব্যৱস্থাও কৰিছে৷ আজি ভাৰতে ১০০খন স্মার্ট চহৰ গঢ়ি তোলাৰ প্ৰচেষ্টা লোৱাৰ সমান্তৰালভাৱে দেশেৰ ১০০খন উন্নয়নকামী জিলাৰ দ্রুত উন্নয়ন কৰাৰ উদ্যোগো নিশ্চিত কৰিছে৷ আজি ভাৰতে বিদ্যুতৰ ৰপ্তানিকাৰক হৈ উঠাৰ সমান্তৰালভাৱে স্বাধীনতাৰ পাছৰ পৰা অন্ধকাৰত থকা কোটি কোটি পৰিয়ালৰ প্ৰত্যেককে বিদ্যুৎ সংযোগ প্ৰদানৰো উদ্যোগ লৈছে৷ আজি ভাৰতে মংগল গ্ৰহলৈ মহাকাশ যান পঠোৱাৰ কথা ভবাৰ লগতে প্ৰত্যেক নাগৰিকৰ যাতে নিজা ছাঁদ থাকে তাৰ ব্যৱস্থাও কৰিছে৷ আজি ভাৰতে বিশ্বৰ দ্রুততম বৃদ্ধিশীল অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ সমান্তৰালভাৱে সৰ্বাধিক হাৰত দাৰিদ্র্য দূৰীকৰণৰো প্ৰচেষ্টা লৈছে৷ বন্ধুসকল, আমি বর্তমান ‘এ’, ‘বি’, ‘চি’ মানসিকতাৰ পৰা আঁতৰি আহিছো৷ ‘এ’ হ’ল আতঁৰি চলা, ‘বি’ হৈছে কবৰ দিয়া আৰু ‘চি’ হৈছে বিভ্রান্ত কৰা৷ কোনো ইছ্যুকে এৰি নিদি আমি সেই ইছ্যুৰ সৈতে মোকাবিলা কৰিছো৷ কোনো বিষয়ক কবৰ নিদিয়াকৈ, আমি তাক বাহিৰ কৰিছো আৰু মানুহক জনাইছো৷ আৰু সমগ্ৰ ব্যৱস্থাতে বিভ্রান্তিৰ সৃষ্টি নকৰি আমি দেখিছো এই সকলোবোৰৰে সমাধান সম্ভৱ। এই কামে আমাৰ বুকুত আস্থা যোগাইছে। সামাজিক ক্ষেত্রত আৰু সদর্থক ব্যৱস্থা গ্ৰহণত অনুপ্রাণিত কৰিছে৷ আমি প্ৰতি বছৰে ৬,০০০ কোটি টকা নগদ সুবিধা প্ৰদান কৰি ক্ষুদ্ৰ আৰু প্রান্তিক শ্রেণীৰ ১২ কোটি কৃষকৰ কাষত পোৱাৱলৈ প্ৰচেষ্টা লৈছো৷ ইয়াৰ ফলত অহা ১০ বছৰত আমাৰ কৃষকসকলক ৭.৫ লাখ কোটি টকা (বা ১০,০০০ কোটি ডলাৰ) প্ৰদান কৰা হ’ব৷ আমাৰ অসংগঠিত ক্ষেত্রত কোটি কোটি শ্ৰমিকৰ বাবে আমি এটি পেন্সন ব্যৱস্থা আৰম্ভ কৰিছো৷ আমাৰ এই চৰকাৰৰ বিকাশৰ ইঞ্জিনটো দুটি সমান্তৰাল লাইনত আগুৱাই গৈছে। ইয়াৰ ভিতৰত এটি সমস্ত বঞ্চিত মানুহৰ বাবে সামাজিক আন্তঃগাঁথনি দিয়াৰ কাম কৰিছে৷ আৰু অন্য সকলোৰে বাবে বিশেষকৈ, ভৱিষ্যৎ প্ৰজন্মৰ সপোন পূৰণৰ বাবে বস্তুগত পৰিকাঠামো নির্মাণৰ কাম কৰিছো। অতীতত যি হৈছিল, তাত আমাৰ কোনো হাত নাছিল, কিন্তু ভৱিষ্যতে যি ঘটিব তাত সম্পূৰ্ণ আমাৰ হাত থাকিব। মই প্রায়ে কও যে অতীতত আমি শিল্প বিপ্লৱ কৰিব নোৱাৰিলো। কিন্তু এইটো অত্যন্ত গৌৰৱৰ বিষয় যে ভাৰতৰ চতুর্থ প্ৰজন্মই শিল্প বিপ্লৱৰ ক্ষেত্রত এক সক্রিয় ভূমিকা গ্ৰহণ কৰিছে৷ এই ক্ষেত্রত আমাৰ অৱদানৰ মাত্রাই বিশ্বক আচৰিত কৰিব৷ মোৰ দৃঢ় বিশ্বাস যে প্ৰথম তিনিটা পর্যায়ৰ শিল্প বিপ্লৱত ভাৰতে ইমান বেছি কৰিব নোৱাৰিলেও এই সময়ত ভাৰত যে কেৱল চতুর্থ পর্যায়ৰ শিল্প বিপ্লৱৰ দিশত গতি কৰিছে সিমানেই নহয়, তাৰ চালকৰ ভূমিকাও পালন কৰিছে৷ উদ্ভাৱন আৰু প্ৰযুক্তি এই অগ্ৰণী উদ্যোগৰ ভেঁটি হিচাপে কাম কৰিব৷ ডিজিটেল ইণ্ডিয়া, ষ্টার্ট–আপ ইণ্ডিয়া, মেক–ইন–ইণ্ডিয়া আৰু ইনোভেট ইণ্ডিয়াৰ দৰে আমাৰ প্ৰচেষ্টাৱলীৰ ফলত সুফল পোৱা গৈছে৷ আপোনালোকে জানে যে ২০১৩–১৪ৰ ভিতৰত য’ত আমাৰ দেশত প্রায় ৪,০০০ পেটেণ্ট দিয়া হৈছিল ২০১৭–১৮ৰ ভিতৰত এই পেটেণ্টৰ সংখ্যা বৃদ্ধি পাই ১৩,০০০ অতিক্ৰম কৰিছে৷ এই বৃদ্ধি হাৰ তিনিগুণ হৈছে৷ একেদৰে, আপোনালোকে জানে যে আমাৰ দেশত ট্রেডমার্ক পঞ্জীয়নৰ সংখ্যা ২০১৩–১৪ৰ ৬৮,০০০ৰ পৰা ২০১৬–১৭ বৃদ্ধি পাই ২.৫ লাখ হৈছে৷ এই বৃদ্ধিৰ হাৰ প্রায় চাৰিগুণ হৈছে৷ আপোনালোকে হয়তো শুনি সুখী হ’ব যে ভাৰতত আজি যি হাৰত ষ্টার্ট–আপ নথিভুক্ত হৈছে, তাৰ ৪৪ শতাংশ দ্বিতীয় অথবা তৃতীয় স্তৰৰ চহৰৰ পৰা আহিছে৷ সমগ্ৰ দেশত শ শ ‘অটল টিংকাৰিং লেব’ কাম আৰম্ভ কৰিছে আৰু উদ্ভাৱনৰ এক পৰিৱেশক লালনপালন কৰা হৈছে৷ আমাৰ ছাত্ৰ–ছাত্রীসকলে যাতে ভৱিষ্যতৰ উদ্ভাৱক হৈ উঠিব পাৰে,, এই আঁচনিয়ে তাৰ ভেঁটি স্থাপন কৰিব৷ মই এই কথা জানি অতি আচৰিত হৈছো যে চাপুড়ত জনগোষ্ঠীৰ এগৰাকী কিশোৰীৱে কম্পিউটাৰৰ মাউচ লৈ খেলা কৰিছে আৰু ডিজিটেল ইণ্ডিয়া কর্মসূচীত অতি সংম্পৃক্ত হৈ পৰিছে৷ একেদৰে, এইটো দেখি মোৰ খুব ভাল লাগিছে যে আমাৰ গাঁৱৰ যুৱকসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে ৱাইফাই তথা ডিজিটেল যন্ত্ৰপাতি ব্যৱহাৰ কৰিছে৷ আমাৰ দেশৰ ধনী আৰু দুখীয়া লোকসকলৰ মাজত প্ৰভেদ নাইকিয়া কৰিছে প্ৰযুক্তিয়ে৷ এই সকলো কাহিনীয়ে ভাৰতৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিছে৷ বন্ধুসকল, জনসাধাৰণৰ সহায় আৰু অংশীদাৰিত্বত ২০১৪ চনৰ পাছৰ পৰা ভাৰতে দ্রুতগতিত অগ্ৰগতি লাভ কৰিছে৷ জন–অংশীদাৰিত্বক বাদ দি এই কাম একেবাৰেই অসম্ভৱ৷ এই সকলো অভিজ্ঞতাই মোৰ মনত এই আস্থা যোগাই যে আমাৰ দেশৰ নাগৰিক সকলৰ বাবে আগুৱাই যোৱাৰ সমৃদ্ধ হোৱালৈকে সুযোগ দিব পৰা যায়৷ আমি ভাৰতক ১০ ট্রিলিয়ন ডলাৰ অর্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে আশাৰে বাট চাই আছো৷ আমি ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম দেশ হিচাপে গঢ়ি তোলাৰ বাবে অপেক্ষা কৰিছো৷ আমি ভাৰতক অগণিত ষ্টার্ট–আপৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে আগ্ৰহী৷ আমি সমগ্ৰ বিশ্বত নবীকৰণযোগ্য শক্তিৰ উৎসৰ দিশত অগ্ৰগতিৰ ক্ষেত্রত নেতৃত্বদানেৰ বাবে অপেক্ষা কৰিছো৷ আমি আমাৰ জনসাধাৰণক শক্তি নিৰাপত্তা দিব বিচাৰো৷ আমি আমাৰ আমদানি–নির্ভৰশীলতা হ্ৰাস কৰিব বিচাৰো৷ আমি বিদ্যুৎচালিত যানবাহন তথা বিদ্যুৎ সংৰক্ষণ যন্ত্ৰ নির্মাণৰ ক্ষেত্রত বিশ্বৰ প্ৰথম স্থান দখল কৰিব বিচাৰো৷ মনত এই সকলো ইচ্ছা লৈ আমি নতুন ভাৰতৰ সপোনৰ বাবে নিজকে উৎসর্গা কৰিছো৷ ধন্যবাদ৷ আপোনালোকক বহুত বহুত ধন্যবাদ৷
দ্য ইকন’মিক টাইম্ছ – গ্ল’বেল বিজিনেছ ছামিটত প্ৰধানমন্ত্রীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A7%B0/
ৰাষ্ট্রপতি ভৱনত আয়োজিত ৰাজ্যপালসকলৰ সন্মিলনৰ আৰম্ভণী অনুষ্ঠানত আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভাষণ আগবঢ়ায়। সংবিধানৰ মর্যাদা আৰু পবিত্রতাক ৰক্ষা কৰাৰ কামত ৰাজ্যপালসকল সংকল্পৱদ্ধ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সমাজৰ পৰিৱর্তন নিশ্চিত কৰাৰ ক্ষেত্রত এক অনুঘটকৰ ভূমিকা পালন কৰিব পাৰে বুলি কয়। অহা ২০২২ চনৰ ভিতৰত এখন ‘নতুন ভাৰত’ গঢ়ি তোলাৰ লক্ষ্যৰ প্রসংগত প্রধানমন্ত্রীয়ে কয় যে এই লক্ষ্য পুৰণৰ কামটো যদি এক জন-আন্দোলন ৰূপে গঢ়ি তুলিব পৰা যায় তেতিয়াহ’লে নতুন ভাৰতৰ অভ্যুত্থান হোৱাটো নিশ্চিত। ‘নতুন ভাৰত’ গঢ়াৰ লক্ষ্যৰে শিক্ষক আৰু ছাত্র-ছাত্রীসকলৰ সৈতে বিশদ ভাৱে আলোচনা কৰাৰ বাবে তেওঁ বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকলক পৰামৰ্শ আগবঢ়ায়। কেন্দ্রীয় চৰকাৰ শেহতীয়াভাৱে আয়োজন কৰা হেকাথনৰ উদাহৰণ দি প্রধানমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়সমূহক একো একোটা উদ্ভাৱন কেন্দ্র ৰূপে নিজেই গঢ়ি তোলা উচিৎ। হেকাথনত ছাত্র-ছাত্রীসকলে যিবোৰ সমস্যাৰ মোকাবিলাৰ অৰ্থে প্রযুক্তিগত সমাধানৰ প্রস্তাব আগবঢ়াইছিল ভাষণ প্ৰংসগত সেই বিষয়ো উত্থাপন কৰে প্রধানমন্ত্রীয়ে। তেওঁৰ মতে প্রত্যেক ৰাজ্যৰ নৱ প্ৰজন্ম আৰু যুৱক-যুৱতীসকলে একো একোটা বিশেষ খেলৰ প্ৰতি নিজকে দক্ষ কৰে তোলা উচিৎ। স্বচ্ছতাৰ অভিযানত নেতৃত্ব দিয়াৰ বাবে তেওঁ ৰাজ্যপালসলক উৎসাহ যোগায়। প্রধানমন্ত্রীয়ে কয় যে ২০১৯ চনত মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম বার্ষিকী উদযাপিত হ’ব। তেওঁ আছিল আমাৰ প্রেৰণাৰ এক উৎস। তেওঁৰ সপোন সফল কৰি তুলিবলৈ আমি মুকলি ঠাইত মলত্যাগমুক্ত এক ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আহিছো। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিভিন্ন উৎসৱ আৰু বর্ষপূর্তিৰ অনুষ্ঠান পালন পৰিৱর্তনৰ লক্ষ্যৰে আমাৰ শক্তি আৰু সাহস যোগায়। ‘মুদ্রা’ যোজনাৰ আওঁতায় দলিত, আদিবাসী আৰু মহিলাসকলৰ ঋণ সাহাৰ্য মঞ্জুৰ কৰাৰ কামত বেংকসমূহে যাতে উৎসাহিত হয়, সেই ক্ষেত্ৰতো বিশেষ উদ্যোগ ল’বলৈ ৰাজ্যপালসকলক প্ৰধানমন্ত্ৰীয়ে পৰামর্শ আগবঢ়ায়। অহা ২৬ নৱেম্বৰত সংবিধান দিবস আৰু ৬ ডিচেম্বৰত আম্বেদকাৰৰ মহাপৰিনির্বাণ দিবস–এই সময়ছোৱাৰ ভিতৰত সেই বিশেষ বিশেষ শ্রেণীৰ মানুহে যাতে ঋণ সাহাৰ্যৰ সুযোগ পাব পাৰে, সেয়াও নিশ্চিত কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। সৌৰ শক্তি, প্রত্যক্ষ লাভ হস্তান্তৰ আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত কেৰাচিনমুক্ত কৰাৰ কার্যসূচী সফল কৰি তুলিবলৈ বিভিন্ন কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকলক অনুপ্রাণিত কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে কেন্দ্রীয় শাসিত অঞ্চলসমূহে যাতে দ্রুত গতিত এই কামত সাফল্য লাভ কৰে, সেয়া নিশ্চিত কৰা সকলোৰেই কর্তব্য।
ৰাজ্যপালসকলৰ সন্মিলনৰ আৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্য
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%A8/
কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সতীৰ্থ সহযোগী শ্ৰী অমিত শ্বাহ জী, উপস্থিত মহানুভৱসকল, বিভিন্ন দেশৰ পৰা অহা প্ৰতিনিধিসকল, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তদন্তকাৰী সংস্থা তথা সুৰক্ষা বাহিনীসমূহৰ সদস্য আৰু মোৰ প্ৰিয় মিত্ৰগণ! মই সন্ত্ৰাসবাদৰ বিত্তীয় পৃষ্ঠপোষকতা প্ৰতিৰোধ সম্পৰ্কীয় তৃতীয় মন্ত্ৰী পৰ্যায়ৰ সন্মিলনলৈ আপোনালোক আটাইকে স্বাগত জনাইছো। বন্ধুসকল, এইখন সন্মিলন যে ভাৰতত অনুষ্ঠিত হৈছে সেইটো নিতান্তই গুৰুত্বপূৰ্ণ কথা। বিশ্বই যেতিয়া আতংকবাদৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰাদান কৰা নাছিল আমাৰ দেশে তাৰো আগৰে পৰাই সন্ত্ৰাসৰ ভয়াবহতাৰ সন্মুখীন হ’বলৈ বাধ্য হৈছিল। বহু দশক ধৰি আতংকবাদে ভাৰতত বিভিন্ন নাম আৰু প্ৰকাৰৰে আঘাত হানি আহিছিল। আমি বহু হাজাৰ অমূল্য জীৱন হেৰুৱাবলগীয়া হৈছে যদিও আমি নিৰ্ভীক ভাবে সন্ত্ৰাসবাদৰে যুঁজি আহিছো। প্ৰতিনিধিসকলে এনে এখন দেশৰ মানুহৰ সৈতে কথা-বতৰা হোৱাৰ সুযোগ লাভ কৰিব, যিয়ে সম্পূৰ্ণ দৃঢ়তাৰে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰি আহিছে। আমি একোটা আক্ৰমণকো বহুবোৰ আক্ৰমণৰ দৰে গণ্য কৰো। এজন লোকৰ মৃত্যুকো বহুজনৰ মৃত্যু বুলি গণ্য কৰো। সেয়ে যি পৰ্যন্ত সন্ত্ৰাসবাদী ঘটনাৰ অন্ত নপৰিব, আমি শান্তিৰে বহি নাথাকিম। বন্ধুসকল, এই এখন খুবেই গুৰুত্বপূৰ্ণ সন্মিলন। এইখন সন্মিলনক কেৱল মন্ত্ৰীসকলৰ সন্মিলন বুলি চোৱা উচিত নহ’ব, কিয়নো এই সন্মিলনত এনেবোৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব, যি সমগ্ৰ মানৱ জাতিকে প্ৰভাৱিত কৰে। সন্ত্ৰাসবাদৰ দীৰ্ঘদিনীয়া দুষ্প্ৰভাৱ, বিশেষকৈ দুখীয়া আৰু স্থানীয় অৰ্থব্যৱস্থাৰ বাবে খুবেই কুফলদায়ক হৈ উঠে। সেয়া লাগিলে পৰ্যটনেই হওক কিম্বা বেপাৰ-বাণিজ্যই হওক, য’ত নিৰন্তৰ বিপদৰ আশংকাই বিৰাজ কৰে, তেনে ঠাইলৈ কোনো ব্যক্তিয়েই যাব নিবিচাৰে, কাৰণ মানুহৰ জীৱন-জীৱিকাৰ সমল নোহোৱা হৈ পৰে। সেয়ে আতংকবাদক পৃষ্ঠপোষকতা কৰাসকলৰ মূলোচ্ছোদ কৰাতো নিতান্তই প্ৰয়োজন। বন্ধুসকল, সাম্প্ৰতিক পৃথিৱীলৈ চকু দিলে দেখা যায় যে পৃথৱীক এতিয়া আৰু সন্ত্ৰাসবাদৰ আতংক সন্দৰ্ভত সকীয়াই দিয়াৰ আৱশ্যকতা নাই। অৱশ্যে, বহুবোৰ স্থানত এতিয়াও আতংকবাদক লৈ ভুল ধাৰণা বৰ্তী আহিছে। বেলেগ বেলেগ ঠাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে প্ৰতিক্ৰীয়াও যে বেলেগ বেলেগ সেই কথা কোৱাৰো চাগৈ আৱশ্যকতা নাই। সন্ত্ৰাবাদীসকলৰ বিৰুদ্ধে প্ৰকাশিত হোৱা প্ৰতিক্ৰিয়াৰ তীব্ৰতাও বেলেগ বেলগ হোৱাৰো আৱশ্যক নহয়। সকলো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধেই একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ খুবেই প্ৰয়োজনীয়তা আছে। ইয়াৰ বাহিৰেও, কেতিয়াবা কেতিয়াবা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৱলী বন্ধ কৰাৰ বাবে সন্ত্ৰাসবাদৰ সমৰ্থনত পৰোক্ষ ভাবে যক্তিও প্ৰদৰ্শন কৰা হয়। এই বিশ্ব-সংকটৰ মোকাবিলা কৰাৰ বাবে জোৰা-টাপলি মৰা বিধৰ ব্যৱস্থা গ্ৰহণৰ প্ৰৱণতাৰ ঠাইত ঐকবদ্ধ আৰু সন্ত্ৰাসবাদক কেতিয়াও সহ্য নকৰাৰ ভাৱনাৰ জোৰতহে সন্ত্ৰাসবাদক পৰাস্ত কৰিব পৰা যাব। বন্ধুসকল, সন্ত্ৰাসবাদীৰে যুদ্ধ কৰা আৰু সন্ত্ৰাসবাদৰে যুদ্ধ কৰা, এই দুয়োটাই বেলেগ বেলেগ ধৰণৰ কথা। সন্ত্ৰাসবাদকতো অস্ত্ৰৰ সহায়ত নিৰস্ত্ৰ কৰিব পাৰি। সুনিয়োজিত পদক্ষেপ গ্ৰহণৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ততকালীনভাবে পদক্ষেপ গ্ৰহণ কৰাটো হৈছে এক অভিযান-প্ৰক্ৰিয়া। সন্ত্ৰাসবাদী হৈছে একোজন ব্যক্তি। কিন্তু সংগঠন হৈছে ব্যক্তি আৰু সংগঠনৰ প্ৰণালী। সন্ত্ৰাসবাদক সমূলে বিনাশ কৰাৰ বাবে বৃহত্ আৰু সক্ৰিয় পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন হয়। আমি যদি বিচাৰো যে আমাৰ নাগৰিকসকল সুৰক্ষিত থাকক, তেতিয়া আমি সন্ত্ৰাসক আমাৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰালৈকে অপেক্ষা কৰিব নোৱাৰো। আমি সন্ত্ৰাসবাদীসকলক পিচে পিচে খেদি যাব লাগিব, সিহঁতক সমৰ্থন আগবঢ়াওতাসকলৰ নেটৱৰ্কবোৰকো ধ্বংস কৰি পোলাব লাগিব, আৰু সিহঁতৰ ধন-উত্সৰ ওপৰতো প্ৰহাৰ কৰিব লাগিব। বন্ধুসকল, সকলোৱে ভালকৈয়ে জানে যে সন্ত্ৰাসবাদী সংগঠনবোৰলৈ অনেক উত্সৰ পৰা ধনৰ প্ৰবাহ বয়। এটা প্ৰবাহতো হৈছে কিছুমান দেশৰ পৰা পোৱা সমৰ্থন। কিছুমান দেশে বিদেশ নীতিৰে অংশৰ ৰূপতে সন্ত্ৰাসবাদৰ সমৰ্থন কৰি আহিছে। সেইবোৰ দেশে সন্ত্ৰাসবাদীক ৰাজনৈতিক, বিচাৰধাৰাত্মক আৰু বিত্তীয় সহযোগিতাও আগবঢ়ায়। আন্তঃৰাষ্ট্ৰীয় সংগঠনে এই কথা ভবা উচিত নহয় যে নিয়মিত যুদ্ধ নোহোৱা মানেই কিন্তু শান্তি নহয়। ছদ্ম-যুদ্ধও বিপজ্জনক আৰু হিংসাত্মক হয়। সন্ত্ৰাসবাদৰ সমৰ্থন কৰা দেশবোৰ দণ্ডিত কৰা উচিত। এনেবোৰ সংগঠন আৰু ব্যক্তি, যিসকলে সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিৰ সৃষ্টি কৰাৰ চেষ্টা চলায়, সেইবোৰকো বিধ্বস্ত কৰিব লাগিব। এনেবোৰ কথা-কাণ্ডৰ ক্ষেত্ৰত কোনো ‘কিন্তু-পৰন্তু’ৰ অৱকাশ থকা উচিত নহয়। সন্ত্ৰাসবাদৰ সকলোবোৰ গুপ্ত আৰু সন্মুখত ওলাই কাম কৰা সংগঠনসমূহৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একজোঁট হোৱাৰ আৱশ্যকতা আছে। বন্ধুসকল, সন্ত্ৰাসবাদক বিত্তীয় সহযোগিতা আগবঢ়োৱাটোও এক ধৰণৰ সংগঠিত অপৰাধেই হয়। সংগঠিত অপৰাধক ভিন্ন ৰূপত প্ৰত্যক্ষ কৰা উচিত নহয়। এইধৰণৰ কথা-কাণ্ডৰ সম্বন্ধ প্ৰায়েই সন্ত্ৰাসবাদী সংগঠনৰে হোৱা দেখা যায়। অস্ত্ৰ-শস্ত্ৰ, নিচাযুক্ত দ্ৰব্য আৰু অবৈধ বেহাৰে সংগৃহিত ধন সন্ত্ৰাসবাদী কাৰ্যকলাপত ব্যৱহাৰ কৰা হয়। এইটো পক্ষই ল’জিষ্টিক্স আৰু প্ৰচাৰ-মাধ্যমৰ প্ৰসংগতো পৃষ্ঠপোষকতা আগবঢ়ায়। সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ কৰাৰ সংগঠিত অপৰাধৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী হৈ উঠে। দেখা যায় যে কেতিয়াবা কেতিয়াবা ধনৰ লেন-দেন আৰু বিত্তীয় অপৰাধৰ দৰে গতিবিধিসমূহেও সন্ত্ৰাসবাদক ধনৰ যোগান ধৰে। এই যুঁজৰ বাবে সমগ্ৰ বিশ্বৰে সহযোগিতাৰ প্ৰয়োজন। বন্ধুসকল, এনে জটিল পৰিৱেশত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিত্তীয় কাৰ্যব্যৱস্থাৰ কৰ্মবাহিনী, বিত্তীয় অনুসন্ধানকাৰী গোট, আৰু ‘এগমণ্টছ গ্ৰুপ’ অবৈধ ধনৰ প্ৰসাৰণ প্ৰতিৰোধ কৰা, অবৈধ পুঁজিৰ প্ৰবহণৰ প্ৰতিৰোধ কৰা, চিনাক্তকৰণ, আৰু আইনী ব্যৱস্থা গ্ৰহণৰ ক্ৰমত সহযোগিতা বঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, সম্প্ৰতি সন্ত্ৰাসবাদৰ চাল-চৰিত্ৰ সলনি হ’বলৈ ধৰিছে। দ্ৰুতগতিত বিকশিত হোৱা প্ৰযুক্তিৰ প্ৰত্যাহ্বানো আছে, আৰু সমাধানো আছে। সন্ত্ৰাসবাদৰ বাবে ধন সংগ্ৰহ কৰা আৰু সন্ত্ৰাসবাদী ভৰ্তি কৰোৱাৰ বাবে নতুন নতুন প্ৰযুক্তিসমূহৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। ‘ডাৰ্ক নোট’, নিজাববীয়াকৈ বলবত্ কৰা মুদ্ৰা আৰু হঠাতে থন্ ধৰি উঠা প্ৰযুক্তিৰ প্ৰত্যাহ্বানো আছে। নতুন বিত্তীয় প্ৰযুক্তিসমূহৰ উমৈহতীয়া বুজাবুজিৰো আৱশ্যকতা আছে। এনেবোৰ প্ৰয়াসত ব্যক্তিগত খণ্ডসমহকো চামিল কৰাৰ জৰুৰী প্ৰয়োজন আছে। উমৈহতীয়া বুজাবুজিৰ পৰা প্ৰতিৰোধৰ ক্ষেত্ৰত এক উমৈহতীয়া প্ৰণালী, সন্তুলন আৰু নিয়ামকো যুগুতাই উলিয়াব পাৰি। কিন্তু আমি সদায়ে এটা কথাৰ পৰা সাৱধানে থাকিব লাগিব। ইয়াৰ উত্তৰ প্ৰযুক্তিক দোষাৰোপ কৰাই নহয়। ইয়াৰ পৰিৱৰ্তে সন্ত্ৰাসবাদক অনুসৰণ, অনুসন্ধান কৰা আৰু চম্ভালি লোৱাৰ বাবে প্ৰযুক্তিৰ সদ্ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা উচিত। বন্ধুসকল, আজি সহযোগিতা কেৱল ভৌতিক বিশ্বৰ বাবেই জৰুৰী নহয়, বৰং ‘ভাৰ্চুৱেল’ বিশ্বৰ বাবেও সমানেই জৰুৰী হৈ উঠিছে। ‘চাইবাৰ সন্ত্ৰাসবাদ’ আৰু অনলাইন মৌলবাদৰ বিস্তাৰৰ বাবে আন্তঃগাঁথনিৰ ব্যৱহাৰ হৈ আহিছে। কিছুসংখ্যক দূৰ-দূৰণিৰ এলেকা আৰু ‘অনলাইন সংসাধন’ৰে অস্ত্ৰ সঞ্চালনৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। যোগাযোগ, এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰা, ‘ল’জিষ্টিক্স’সহ বিভিন্ন দেশত এই শৃংখলাৰ বিভিন্ন ভাগবোৰে স্থান গ্ৰহণ কৰি আহিছে। প্ৰতিখন দেশে নিজে ঢুকি পোৱা ভাগবোৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকে এনে কৰা উচিত। বন্ধুসকল, বিভিন্ন দেশত তেওঁলোকৰ নিজা আইনী সিদ্ধান্ত, প্ৰক্ৰিয়া আৰু কৰ্ম-পদ্ধতি আছে। সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ হাতত নিজা প্ৰণালীৰে কাম কৰাৰ অধিকাৰ থাকে। অৱশ্যে, আমি এই কথাৰ বাবে সাৱধান হব লাগিব যে বিভিন্ন প্ৰণালীৰ দূৰ্প্ৰয়োগ কৰাৰ সুযোগ সন্ত্ৰাসবাদীয়ে যাতে নাপায়। ইয়াক চৰকাৰসমূহৰ মাজত স্থাপিত গভীৰ সহযোগ আৰু বুজাবুজিৰ জৰিয়তে ৰুধিব পৰা যায়। সংযুক্ত অভিযান, তদন্তকাৰী সংস্থাৰ মাজৰ সমন্বয় আৰু প্ৰত্যাৰ্পণৰে সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজাত সহযোগিতা লাভ কৰিব পৰা যাব। যিয়েই মৌলবাদক সমৰ্থন কৰে, সেইসকলক কোনো এখন দেশেই আশ্ৰয় দিয়া উচিত নহয়। বন্ধুসকল, বিগত কেইটামান বছৰত সুৰক্ষাৰ বিভিন্ন দিশৰে জড়িত প্ৰসংগত বহুকেইখন সন্মিলন ভাৰতত অনুষ্ঠিত হৈ গৈছে। ভাৰতে নতুন দিল্লীত ইণ্টাৰপোলৰ সাধাৰণ সভাৰ আয়োজন কৰিছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী সমিতিৰ এক বিশেষ অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল। এই ‘ন মানী ফৰ টেৰ’ৰ’ সন্মিলনত ভাৰতে সন্ত্ৰাসৰ বিত্তীয় পৃষ্ঠপোষকতাৰ বিৰুদ্ধে বিশ্বক গতিশীল কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। আমাৰ ইচ্ছা আছে যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধখনক আন এক পৰ্যায়লৈ লৈ যোৱাৰ বাবে সমগ্ৰ বিশ্বকে লগত লৈ আহিছো। বন্ধুসকল, মই আগন্তুক দিনবোৰত হ’বলগীয়া আলোচনাৰ সফলতাৰ বাবে সকলো অংশগ্ৰহণকাৰীলৈকে শুভকামনা জ্ঞাপন কৰিছো। মই সম্পূৰ্ণ ভাবেই আশ্বস্ত হৈছো যে আপোনালোকে সন্ত্ৰাসৰ বিত্তীয় পোষণৰ সকলো দিশকে বিধ্বস্ত কৰাত বিশেষ সহায় কৰিব। ধন্যবাদ! বহুত বহুত ধন্যবাদ!
নতুন দিল্লীত অনুষ্ঠিত ‘ন’ মানী ফৰ টেৰ’ৰ’ শীৰ্ষক সন্ত্ৰাসবাদৰ বিত্তীয় পৃষ্ঠপোষকতা প্ৰতিৰোধ সম্পৰ্কীয় তৃতীয় মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰে। এই অনুষ্ঠানৰ পৰা তেওঁ সমগ্ৰ দেশৰ গাঁও পঞ্চায়তসমূহক সম্বোধন কৰে। তেওঁ ছাম্বা জিলাৰ পল্লী পঞ্চায়ত ভ্ৰমণ কৰে আৰু প্ৰায় ২০,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। তেওঁ অমৃত সৰোবৰ প্ৰকল্পও উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, ড০ জিতেন্দ্ৰ সিং আৰু শ্ৰী কপিল মৰেশ্বৰ পাটিল আদি। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ উন্নয়নমূলক যাত্ৰাত আজি এক গুৰুত্বপূৰ্ণ দিন। তেওঁ জম্মু-কাশ্মীৰৰ লোকসকলক তেওঁলোকৰ উৎসাহৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ বাবে তেওঁ ৰাজ্যখনৰ সমস্যাসমূহ উপলব্ধি কৰে। "আজি ইয়াত ৰাজ্যখনৰ যোগাযোগ আৰু বিদ্যুৎ খণ্ডৰ সৈতে জড়িত প্ৰায় ২০ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিবলৈ এই প্ৰকল্পসমূহৰ কাম দ্ৰুত গতিত চলি আছে। এই প্ৰকল্পসমূহে জম্মু-কাশ্মীৰৰ বৃহৎ সংখ্যক যুৱক-যুৱতীক সংস্থাপনৰ সুযোগ প্ৰদান কৰিব।", প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জম্মু-কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰৰ সকলো আঁচনি ৰূপায়ণ কৰা হৈছে আৰু সেইবোৰৰ পৰা ইয়াৰ জনসাধাৰণ উপকৃত হৈছে। গাওঁৰ লোকসকল এলপিজি, শৌচালয়, বিদ্যুৎ, ভূমি অধিকাৰ আৰু পানী সংযোগ আঁচনিৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী। মনকৰিবলগীয়া যে, মঞ্চত উপবিষ্ট হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ইউএইৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। তেওঁ কয় যে কাশ্মীৰ উপত্যকাত উন্নয়নৰ এক নতুন কাহিনী লিখা হৈছে আৰু বহুতো ব্যক্তিগত বিনিয়োগকাৰী এই অঞ্চলটোৰ প্ৰতি আগ্ৰহী। স্বাধীনতাৰ ৭ দশক ধৰি, জম্মু আৰু কাশ্মীৰত মাত্ৰ ১৭হাজাৰ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ হৈছিল। কিন্তু এতিয়া ই প্ৰায় ৩৮,০০০ কোটি টকা স্পৰ্শ কৰিছে। পৰ্যটনৰ বিকাশো পুনৰ এবাৰ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে তিনি সপ্তাহৰ ভিতৰত প্ৰতিষ্ঠা কৰা ৫০০ কিলোৱাটৰ সৌৰ প্ৰকল্পৰ উদাহৰণ দি কয় যে জম্মু-কাশ্মীৰত এতিয়া কাম কৰাৰ প্ৰণালী সলনি হৈছে। ইয়াৰ পূৰ্বে দিল্লীৰ পৰা এটা ফাইল জম্মু-কাশ্মীৰ আহি পাবলৈও ২-৩ সপ্তাহৰ প্ৰয়োজন হৈছিল। তেওঁ কয় যে পল্লী পঞ্চায়তৰ সকলো পৰিয়ালে সৌৰ শক্তি লাভ কৰাটো গ্ৰাম উৰ্জা স্বৰাজৰ এক সঠিক উদাহৰণ আৰু কাম কৰাৰ পৰিৱৰ্তিত শৈলীয়ে জম্মু আৰু কাশ্মীৰক নতুন উচ্চতালৈ লৈ যাব। প্ৰধানমন্ত্ৰীয়ে জম্মুৰ যুৱক-যুৱতীসকলক আশ্বাস দি কয়, "বন্ধুসকল, মোৰ কথা বিশ্বাস কৰক, আপোনালোকে আপোনালোকৰ পিতৃ-মাতৃ আৰু ককা-আইতাই সন্মুখীন হোৱা অসুবিধাবোৰ ভৱিষ্যতলৈ সন্মুখীন হ'ব নালাগে। মই ইয়াৰ ব্যৱস্থা কৰিম আৰু আপোনাক সেই বিষয়ে আশ্বাস দিবলৈ আহিছোঁ।" শ্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মঞ্চৰ ওপৰত ভাৰতৰ নেতৃত্বৰ কথা উল্লেখ কৰে আৰু প্ৰথম কাৰ্বন নিৰপেক্ষ পঞ্চায়ত হোৱাৰ দিশত পল্লী পঞ্চায়তে আগবঢ়োৱা পদক্ষেপৰ বাবে গৌৰৱ প্ৰকাশ কৰে। "পল্লী পঞ্চায়তে দেশৰ প্ৰথমখন কাৰ্বন নিৰপেক্ষ পঞ্চায়ত হোৱাৰ দিশত আগবাঢ়িছে। আজি মই দেশৰ গাওঁ পঞ্চায়তসমূহৰ জনপ্ৰতিনিধিসকলৰ সৈতে পল্লী গাঁৱৰ পৰাই বাৰ্তালাপ কৰাৰ সুযোগ পাইছো। এই বৃহৎ সাফল্য আৰু উন্নয়নমূলক কামৰ বাবে জম্মু-কাশ্মীৰক বহুত বহুত অভিনন্দন জনাইছো"। তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰাটোৱে এক বৃহৎ পৰিৱৰ্তনক চিহ্নিত কৰে। তেওঁ গভীৰ সন্তুষ্টি আৰু গৌৰৱ প্ৰকাশ কৰে যে গণতন্ত্ৰই জম্মু-কাশ্মীৰৰ তৃণমূল পৰ্যায়কো স্পৰ্শ কৰিছে। ‘গণতন্ত্ৰই হওঁক বা উন্নয়নৰ সংকল্পই হওঁক, আজি জম্মু-কাশ্মীৰে এক নতুন উদাহৰণ উপস্থাপন কৰিছে। যোৱা ২-৩ বছৰত জম্মু-কাশ্মীৰত উন্নয়নে নতুন মাত্ৰা লাভ কৰিছে"। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। মনকৰিবলগীয়া যে, প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত তিনিস্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থা যেনে; গাঁও পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু ডিডিচিৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। জম্মু-কাশ্মীৰক দেশৰ উন্নয়নমূলক যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰত ১৭৫ খনতকৈও অধিক কেন্দ্ৰীয় আইন প্ৰযোজ্য হৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে অঞ্চলটোৰ মহিলা, দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণী। 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ক লৈ তেওঁৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দৃষ্টিভংগীয়ে সংযোগ আৰু দূৰত্ব দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নয়নত পঞ্চায়তৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "স্বাধীনতাৰ এই 'অমৃত কাল' ভাৰতৰ সোণালী সময় হ'বলৈ গৈ আছে। সবকা প্ৰয়াসৰ উপলব্ধিৰ দ্বাৰা এয়া সম্ভৱ হৈ উঠিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৩ চনৰ ১৫ আগষ্টৰ ভিতৰত প্ৰতিখন জিলাত ৭৫ টা সৰোবৰ থাকিব। এই সৰোবৰসমূহ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ নামেৰে নামাকৰণ কৰা হ’ব আৰু ইয়াৰ চৌদিশে শাৰী শাৰী গছ থাকিব। শ্ৰী মোদীয়ে গাওঁ পঞ্চায়তসমূহৰ স্বচ্ছতা আৰু সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়েও বৰ্ণনা কৰে। ই-গ্ৰাম স্বৰাজৰ দৰে পদক্ষেপে গাওঁ পঞ্চায়তসমূহৰ লেনদেনক অধিক স্বচ্ছ কৰিব। উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে ৩১০০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ কৰা বানিহাল কাজিগাণ্ড ৰোড টানেল উদ্বোধন কৰে। ৮.৪৫ কিলোমিটাৰ দীঘল সুৰংগটোৱে বানিহাল আৰু কাজিগাণ্ডৰ মাজৰ পথৰ দূৰত্ব ১৬ কিলোমিটাৰ হ্ৰাস কৰিব, আৰু যাত্ৰাৰ সময় প্ৰায় ডেৰ ঘণ্টা হ্ৰাস কৰিব। ই হৈছে এক টুইন টিউব টানেল। মেৰামতি আৰু জৰুৰীকালীন স্থানান্তৰৰ বাবে ইয়াৰ প্ৰতি ৫০০ মিটাৰত এটা ক্ৰছ পেচেজৰদ্বাৰা টুইন টিউববোৰ আন্তঃসংযোগ কৰা হয়। এই সুৰংগটোৱে জম্মু-কাশ্মীৰৰ মাজত সংযোগ স্থাপন কৰাত সহায় কৰিব, আৰু দুয়োটা অঞ্চলক ওচৰলৈ অনাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ৭৫০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ তিনিটা পথ, ৰাটল আৰু কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৮৫০ মেগাৱাটৰ ৰাটল জলবিদ্যুৎ প্ৰকল্পটো কিষ্টৱাৰ জিলাৰ চেনাব নদীত প্ৰায় ৫৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। একেদৰে, ৫৪০ মেগাৱাটৰ কুৱাৰ জলবিদ্যুৎ প্ৰকল্পটো কিস্তৱাৰ জিলাৰ চেনাব নদীত ৪৫০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। দুয়োটা প্ৰকল্পই অঞ্চলটোৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব। জম্মু-কাশ্মীৰৰ জন ঔষধ কেন্দ্ৰসমূহৰ প্ৰসাৰতা অধিক সম্প্ৰসাৰিত কৰাৰ বাবে আৰু সুলভ মূল্যত উন্নত মানৰ জেনেৰিক ঔষধ উপলব্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ১০০টা কেন্দ্ৰ কাৰ্যকৰী আৰু ৰাষ্ট্ৰৰ বাবে সমৰ্পিত কৰিছে। এই কেন্দ্ৰসমূহ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ দূৰৱৰ্তী স্থানত অৱস্থিত। তেওঁ পল্লীত ৫০০ কিলোৱাটৰ সৌৰ শক্তি প্ৰকল্পও উদ্বোধন কৰে। এয়া হ’ব কাৰ্বন নিৰপেক্ষ দেশৰ প্ৰথমখন পঞ্চায়ত। জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণ নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে অমৃত সৰোবৰ নামৰ এক নতুন কাৰ্যসূচীৰো সূচনা কৰে। ইয়াৰ উদ্দেশ্য হৈছে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে দেশৰ প্ৰতিখন জিলাত ৭৫ টা জলাশয়ৰ বিকাশ আৰু পুনৰুজ্জীৱিত কৰা।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B9%E0%A6%BF%E0%A6%9A%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B9%E0%A6%BF%E0%A6%9A%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ছিটিভেনী ৰাবুকাক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়; "ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ছিটিভেনী ৰাবুকাকঅভিনন্দন জনাইছো। ভাৰত আৰু ফিজিৰ মাজত ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে মই একেলগে কাম কৰিবলৈ আগ্ৰহী।"
ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ছিটিভেনি ৰাবুকাক প্ৰধানমন্ত্ৰীৰ অভিনন্দ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A1%E0%A7%A6-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A1%E0%A7%A6-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দিল্লীত ড০ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ প্ৰগতিত তেওঁ উল্লেখনীয় অৱদান আগবঢ়াইছে। আজিৰ এই ক্ষণ দেশৰ বাবে তেওঁৰ সপোন পূৰণ কৰাৰ দিন।”
প্ৰধানমন্ত্ৰীয়ে ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%B6%E0%A6%B8%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%B6%E0%A6%B8%E0%A6%95/
নমস্কাৰ! কাৰ্যক্ৰমত আমাৰ সৈতে দেশৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা উপস্থিত থকা সন্মানীয় মুখ্যমন্ত্ৰীসকল, লেফটেনেণ্ট গৱৰ্ণৰসকল, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী, সকলো সতীৰ্থ, ৰাজ্যসমূহৰ মন্ত্ৰীসকল, বিভিন্ন মন্ত্ৰালয়ৰ সচিবসকল আৰু বহুসংখ্যক জিলাৰ জিলাধিকাৰী, কালেক্টৰ-কমিশ্যনাৰ, মহানুভৱসকল, আইসকল আৰু সজ্জনসকল! জীৱনত আমি প্ৰায়েই দেখিবলৈ পাও যে মানুহে নিজৰ আকাংক্ষা পূৰণৰ বাবে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰে আৰু কিছু মাত্ৰাত সেইবোৰ পূৰণো কৰে। কিন্তু যেতিয়া আনৰ আকাংক্ষাসমূহো নিজৰ আকাংক্ষা হৈ উঠে, যেতিয়া আনৰ সপোনবোৰ পূৰণ কৰাটো নিজৰ সফলতাৰ মাপক হৈ উঠে, আৰু তেতিয়াই সেয়াই কৰ্তব্য পথৰ ইতিহাস ৰচনা কৰে। আজি আমি দেশৰ ‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট’, ‘আকাংক্ষী জিলা’সমূহত এই ইতিহাসেই ৰচনা হোৱা দেখিবলৈ পাইছো। মোৰ মনত আছে, ২০১৮ চনত এই অভিযানৰ শুভাৰম্ভ হৈছিল, তেতিয়া মই কৈছিলো যে যিবোৰ অঞ্চল দশকৰ পিচত দশক ধৰি বিকাশৰ পৰা বঞ্চিত হৈ আছে, সেইবোৰ অঞ্চলৰ ৰাইজক সেৱা কৰাৰ সুযোগ, এয়া নিজে নিজেই এক সৌভাগ্য হয়। মোৰ আজি ভাল লাগিছে যে আজি যেতিয়া দেশে নিজৰ স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে, তেতিয়া আপোনালোকে এই অভিযানৰ অনেক উপলব্ধিৰ সৈতে আজি ইয়াত উপস্থিত হৈছেহি। মই আপোনালোক আটাইকে আপোনালোকৰ সাফল্যৰ বাবে অভিনন্দন জনাইছো, আপোনালোকক নতুন লক্ষ্যৰ বাবে শুভকামনা জনাইছো। মই মুখ্যমন্ত্ৰী আৰু ৰজ্যসমূহকো বিশেষ ভাবে অভিনন্দন জ্ঞাপন কৰিছো, তেওঁলোকে, মই দেখিছো যে অনেক জিলাত কৰ্মোদ্যমী আৰু বৰ তেজস্বি যুৱ-বিষয়াক নিয়োজিত কৰিছে, এয়া দৰাচলতেই এক শুদ্ধ ৰণনীতি। সেইদৰে য’ত পদখালী আছিল সেইবোৰত মকৰল কৰাতো অগ্ৰাধিকাৰ দিছে। তৃতীয়তে, মই দেখিছো তেওঁলোকে কাৰ্যকালকো স্থিৰে ৰাখিছে। অৰ্থাত্ এক প্ৰকাৰে ‘আকাংক্ষী জিলা’সমূহত কৰ্মোদ্যমী নেতৃত্ব, কৰ্মোদ্যমী গোটক কাৰ্যভাৰ অৰ্পণ কৰাৰ কাম মুখ্যমন্ত্ৰীসকলে কৰিছে। আজি শনিবাৰ, সাধাৰণতে ছুটী উদযাপনৰ মন হয়, তত্স্বত্বেও কিন্তু সকলো আদৰণীয় মুখ্যমন্ত্ৰীয়ে সময় উলিয়াই ইয়াত আমাৰ সৈতে সমবেত হৈছেহি। আপোনালোক সকলোৱেও ছুটীৰ কথা একাষৰীয়া কৰি আজিৰ এই কৰ্যক্ৰমত উপস্থিত হৈছেহি। এই কথাই টআকাংক্ষী জিলাটসমূহৰ প্ৰতি ৰাজ্যসমূহে, মুখ্যমন্ত্ৰীসকলে কিমান গুৰুত্ব প্ৰদান কৰিছে সেই কথাকে প্ৰতীয়মান কৰে। ৰাজ্যসমূহত যিবোৰ জিলা এইদৰে পিচ পৰি ৰৈছে, সেইবোৰক আন জিলাসমূহৰ সমান পৰ্যায়লৈ অনাৰ বাবে কিমান দৃঢ় সংকল্প গ্ৰহণ কৰিছে, এয়া এই কথাৰেই প্ৰমাণ বুলিব পাৰি। বন্ধুসকল, আমি দেখিছো যে এফালে বাজেট বাঢ়ি আছে, আঁচনি যুগুতাই থকা হৈছে, তথ্য-পাতিত আৰ্থিক বিকাশো হৈ থকা বুলিয়েই দেখিবলৈ পোৱা গৈছে, কিন্তু, তাৰ মাজতো স্বাধীনতাৰ ৭৫টা বছৰ উকলি যোৱাৰ পিচতো, ইমান দীঘল যাত্ৰাৰ পিচতো দেশত এনে কিছুসংখ্যক জিলা পিচ পৰিয়েই ৰৈ গৈছে। সময় যোৱাৰ লগে লগে এইবোৰ জিলাক ‘পিচপৰা জিলা’ৰ ‘টেগ’ লগাই দিয়া হৈছিল। এফালে দেশৰ শ শ জিলাই প্ৰগতি কৰিছে, আনফালে এই ‘পিচপৰা জিলা’সমূহ দিনে দিনে আৰু পিচ পৰি গৈ থাকিছিল। সমগ্ৰ দেশৰ প্ৰগতিৰ তথ্যাৱলীকো এইসমূহ জিলাই অৱনমিত কৰি ৰাখিছিল। সমগ্ৰ ৰূপত যেতিয়া পৰিৱৰ্তন নাহে, তেতিয়া যিসমূহ জিলাই ভাল প্ৰদৰ্শন কৰি আছে, সেইবোৰৰ মজতো নিৰাশাৰ আবিৰ্ভাৱ হয় আৰু সেয়ে দেশে এই ‘পিচপৰি ৰোৱা জিলা’সমূহৰ ‘হেণ্ড ডুয়িং’-ত বিশেষ গুৰুত্ব দিবলৈ ধৰিলে। আজি ‘আকাংক্ষী জিলা’সমূহেই দেশ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমূহৰ পৰিসমাপ্তি ঘটাইছে। আপোনালোক আটাইৰে প্ৰয়াসৰে, ‘আকাংক্ষী জিলা’সমূহে আজি ‘গতিৰোধক হোৱা’ৰ পৰিৱৰ্তে ‘গতিবৰ্দ্ধক’ হিচাপেহে ভূমিকা পালন কৰিবলৈ ধৰিছে। যিসমূহ জিলা আগতে দ্ৰুতগতিৰে প্ৰগতি কৰি থকা বুলি গণ্য কৰা হৈছিল, আজিকালি কিন্তু বহু সূচকাংকত এইসমূহ ‘আকাংক্ষী জিলা’ই সেইসমূহ জিলাতকৈয়ো অধিক উন্নত ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি ইয়াত ইমানবোৰ মাননীয় মুখ্যমন্ত্ৰী সমবেত হৈছেহি। তেওঁলোকেও মানিব যে তেওঁলোকৰ ৰাজ্যসমূহৰ ‘আকাংক্ষী জিলা’সমূহে অসম্ভৱক সম্ভৱ কৰি তুলিছে। বন্ধুসকল, ‘আকাংক্ষী জিলা’সমূহত বিকাশৰ এই অভিযানে আমাৰ দায়বদ্ধতাক বহু দিশৰ পৰা সম্প্ৰসাৰিত আৰু ‘ৰীডিজাইজন’ কৰিছে। আমাৰ সংবিধানৰ যি চিন্তন আৰু সংবিধানৰ যি ‘স্পিৰিট’ আছিল, তাক মূৰ্ত কৰি তুলিব লাগিব। ইয়াৰ বুনিয়াদ হৈছে কেন্দ্ৰ-ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ ‘টীম-ৱৰ্ক’। ইয়াৰ পৰিচিতি হৈছে- ‘ফেডাৰেল ষ্ট্ৰাকশ্যাৰ’ত সহযোগিতা বৃদ্ধিৰ সংস্কৃতি। আৰু সকলোতকৈ গুৰত্বপূৰ্ণ কথাটো হৈছে, যিমানেই বেছি ‘জন-অংশীদাৰিত্ব’, যিমানেই ‘পাৰদৰ্শী নিৰীক্ষণ’ৰ ব্যৱস্থা সিমানেই উন্নত পৰিণাম। বন্ধুসকল, ‘আকাংক্ষী জিলা’সমূহত বিকাশৰ বাবে প্ৰশাসন আৰু জনতাৰ মাজত প্ৰত্যক্ষ সংযোগ, এক আৱেগিক সম্পৰ্ক স্থাপন কৰাটো বহুত প্ৰয়োজন। এফালেদি ‘গভাৰ্ণেন্স’ৰ ‘টপ টু বটম’ আৰু ‘বটম টু টপ’-ৰ প্ৰবাহ। আৰু এই অভিযানৰ গুৰুত্বপূৰ্ণ উপাদান হৈছে- ‘প্ৰযুক্তি আৰু উদ্ভাৱনশীলতা’! যেনেদৰে আমি এতিয়াৰ ‘প্ৰেজেণ্টেশ্যন’সমূহতো দেখিছো, যিসমূহ জিলাই প্ৰযুক্তিৰ যিমানেই অধিক ব্যৱহাৰ কৰিছে, ‘গৱৰ্ণেন্স’ আৰু ‘ডেলিভাৰী’ৰ যিমান নতুন পন্থা উদ্ভাৱন কৰিছে, সেইসমূহ জিলাই সিমানেই উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি দেশৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা ‘আকাংক্ষী জিলা’সমূহৰ কিমান যে সাফল্য-গাঁথা আমাৰ সন্মুখত দাঙি ধৰা হৈছে। মই দেখিছিলো, আজি মই পাঁচখন জিলাৰ অধিকাৰীৰে কথা পতাৰ সুযোগ পাইছো। কিন্তু বাকী যিসকল ইয়াত আছে, মোৰ সন্মুখত শ শ অধিকাৰী উপৱিষ্ট হৈছে। তেওঁলোক প্ৰত্যেকৰে হাতত কিবা নহয় কিবা সাফল্য-গাঁথা আছেই নিশ্চয়। এতিয়া চাওকচোন আমাৰ সন্মুখত অসমৰ দৰং জিলা, বিহাৰৰ শেখপুৰা, তেলেংগানাৰ ভদ্ৰাদ্ৰী কোঠাগুডমৰ উদাহৰণ আছে। এইসমূহ জিলাই চাই থাকোতেই শিশুসকলৰ অপুষ্টিৰ হাৰ বহু পৰিমাণে কম কৰিবলৈ সক্ষম হৈছে। পূৰ্বোত্তৰত অসমৰ গোৱালপাৰা আৰু মণিপুৰৰ চন্দেল জিলাই পশুৰ টীকাকৰণৰ হাৰ চাৰিটা বছৰত ২০%ৰ পৰা ৮৫%লৈ আগবঢ়াই নিছে। বিহাৰৰ জুমই আৰু বেগুসৰাইৰ দৰে জিলাৰ ৩০% জনসংখ্যাই দিনটোত এবাল্টী পানীহে যেনতেনে পাবলৈ সক্ষম হৈছিল, তাত এতিয়া ৯০% জনসংখ্যাই বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে। কিমান যে দুখীয়া, কিমান যে মহিলা, কিমান যে শিশু, বৃদ্ধৰ জীৱনলৈ সন্তোষজনক পৰিৱৰ্তন আহিছে কল্পনা কৰকচোন। এয়া কেৱল তথ্যই নহয়, প্ৰতিটো তথ্যৰ সৈতে কিমান যে জীৱন জড়িত হৈ আছে। এই তথ্যৰ সৈতে আপোনালোকৰ দৰে কৰ্মোদ্যমী সতীৰ্থৰ কিমান যে ‘মেন-আৱাৰ’ জড়িত হৈ আছে, ‘মেন-পাৱাৰ’ জড়িত হৈ আছে, ইয়াৰ নেপথ্যত আপোনালোক আটাইৰে তপ-তপস্যা আৰু ঘাম মিহলি হৈ আছে। মই বুজি পাও, এই পৰিৱৰ্তন, এই অনুভৱ আপোনালোকৰ সমগ্ৰ জীৱনৰেই পুঁজি। বন্ধুসকল, ‘আকাংক্ষী জিলা’সমূহত দেশে যি সফলতা লাভ কৰিছে, তাৰ এটা ডাঙৰ কাৰণ মই যদি কও সেয়া হৈছে ‘কনভাৰ্জেন্স’ আৰু এতিয়া কৰ্ণাটকৰ আমাৰ অধিকাৰীয়ে কৈছে যে ‘ছিল’ছ’-ৰ পৰা কেনেকৈ মুক্ত হ’ব পাৰি। সকলো সংসাধন একেই আছে, চৰকাৰী ‘মেচিনাৰী’ও একেই আছে, বিষয়া-বৰ্গও একেই আছে, কিন্তু পৰিণাম সম্পূৰ্ণ পৃথক। যিকোনো এখন জিলাক যেতিয়া এটা ‘ইউনিট’ হিচাপে, এটা নিকাই হিচাপে দেখা যায়, যেতিয়া জিলাৰ ভৱিষ্যত্ক সন্মুখত ৰাখি কাম কৰা যায়, তেতিয়া বিষয়া-বৰ্গই নিজৰ কামৰ বিশালতা হৃদয়ংগম কৰিব পাৰে। বিষয়া-বৰ্গৰো নিজৰ ভূমিকাৰ গুৰুত্ব অনুভূত হয়, এক ধৰণৰ ‘পাৰপাছ অব লাইফ’ অনুভূত হয়। তেওঁলোকৰ চকুৰ সন্মুখত যি পৰিৱৰ্তন আহিবলৈ ধৰে আৰু যি পৰিণাম প্ৰত্যক্ষ কৰিব পাৰে, তেওঁলোকৰ জিলাৰ ৰাইজৰ জীৱনলৈ যি পৰিৱৰ্তন আহে, বিষয়াবৰ্গই, প্ৰশাসনৰে জড়িত লোকসকলে সন্তুষ্টি লাভ কৰিব পাৰে। আৰু এই সন্তুষ্টি কল্পনাৰো অগোচৰ হয়, যাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। এয়া মই নিজেই প্ৰত্যক্ষ কৰি আহিছো। যেতিয়া ক’ৰোনা নাছিল তেতিয়া মই নিয়ম কৰিছিলো যে যেতিয়া কোনোবা এখন ৰাজ্যলৈ গৈছিলো, তেতিয়া সেই ৰাজ্যৰ ‘আকাংক্ষী জিলা’ৰ বিষয়াসকলক মাতি পঠাইছিলো, সেইসকল বিষয়াৰ সৈতে মুকলিকৈ কথা-বতৰা পাতিছিলো, চৰ্চা কৰিছিলো। তেওঁলোকৰে কৰা আলোচনাৰ পিচত মোৰ অনুভৱ হৈছিল যে ‘আকাংক্ষী জিলা’সমূহত যি কাম কৰা হৈছে, তাত কাম কৰাৰ সন্তুষ্টিয়ে এক ভিন্ন ধৰণৰ ভাৱনাৰ জন্ম দিয়ে। যেতিয়া কোনো চৰকাৰী কাম এক জীৱন্ত লক্ষ্য হৈ উঠে, যেতিয়া কোনো চৰকাৰী ‘মেচিনাৰী’ এক ‘জীৱন্ত মাপক’ হৈ উঠে, ‘টীম স্পিৰিট’ৰে পৰিপূৰ্ণ হৈ উঠে, ‘টীম’য়ে এক ‘কালশ্যাৰ’ক লৈ আগবাঢ়ে, তেতিয়া পৰিণাম সেইধৰণেই আহে, যেনেকৈ আমি ‘আকাংক্ষী জিলা’সমূহত দেখিবলৈ পাইছো। পৰস্পৰে পৰস্পৰক সহযোগিতা কৰি, ইখনে সিখনৰ পৰা ‘বেষ্ট প্ৰেক্টিচেজ চেয়াৰ’ কৰি, ইখনে সিখনৰ পৰা শিকি-বুজি, পৰস্পৰে পৰস্পৰক শিকাই বুজাই, যি কাৰ্যশৈলী বিকশিত কৰিছে, সেয়া ‘গুড গভাৰ্নেন্স’ৰ বহুত ডাঙৰ পুঁজি হৈ উঠিছে। বন্ধুসকল, ‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্টছ’- ‘আকাংক্ষী জিলা’ত যি কাম হৈছে, সেয়া বিশ্বৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ বাবেও অধ্যয়ণৰ বিষয়। বিগত ৪টা বছৰত দেশৰ প্ৰায় প্ৰতিখন ‘আকাংক্ষী জিলা’ত ‘জন-ধন একাউণ্ট’ত ৪ৰ পৰা ৫গুণৰ বৃদ্ধি হৈছে। প্ৰায় প্ৰতিটো পৰিয়ালেই শৌচালয় লাভ কৰিছে, প্ৰতিখন গাঁও পৰ্যন্ত বিজুলী সংযোগ হৈছে। আৰু বিজুলী কেৱল দুখীয়াৰ ঘৰলৈকে গৈ পোৱা নাই, বৰং মানুহৰ জীৱনলৈকো উৰ্জা প্ৰবাহিত হৈছে, দেশৰ ব্যৱস্থাৰ ওপৰত এইবোৰ অঞ্চলৰ ৰাইজৰ ভৰসা বাঢ়িবলৈ লৈছে। বন্ধুসকল, আমি এইসমূহ প্ৰয়াসৰ পৰা বহুত শিকবলগীয়া আছে। এখন জিলাই আন এখন জিলাৰ সফলতাসমূহৰ পৰা শিকিবলগীয়া আছে, আন এখন জিলাই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমীক্ষা কৰিবলগীয়া আছে। মধ্য প্ৰদেশৰ ছতৰপুৰ জিলাত কেনেকৈ ৪টা বছৰৰ ভিতৰত গৰ্ভৱতী মহিলাক প্ৰথম তিনিমাহত কৰা পঞ্জীয়ণৰ হাৰ ৩৭%ৰ পৰা বঢ়াই ৯৭%লৈ লৈ যোৱা হ’ল। অৰুণাচলৰ নামচাইত, হাৰিয়াণাৰ মেৱাত আৰু ত্ৰিপুৰাৰ ধলাইত ‘ইনষ্টিটিউশ্যনেল ডেলিভাৰী’ ৪০-৪৫%ৰ পৰা বৃদ্ধি কৰি ৯০% পৰ্যন্ত পোৱাবগৈ পাৰিছে। কৰ্ণাটকৰ ৰায়চুৰত, নিয়মিত অতিৰিক্ত পুষ্টি লাভ কৰা গৰ্ভৱতী মহিলাৰ সংখ্যা ৭০%ৰ পৰা কেনেকৈ ৯৭%লৈ বাঢ়িছে! হিমাচল প্ৰদেশৰ চম্বাত গাঁও পঞ্চায়ত পৰ্যায়ত ‘কমন ছাৰ্ভিচ চেণ্টাৰ’ৰ ‘কভাৰেজ’ ৬৭%ৰ পৰা কেনেকৈ ৯৭%লৈ বৃদ্ধি পাইছে! অথবা, ৫০%তকৈয়ো কম শিশুৰ টীকাকৰণ হোৱা চত্তিশগড়ৰ সুকমাত এতিয়া টীকাকৰণৰ হাৰ কেনেকৈ ৯০%লৈ বৃদ্ধি পাইছে। এইসমূহ সাফল্য-গাঁথাত সমগ্ৰ দেশৰ প্ৰশাসনৰ বাবে অনেক নতুন নতুন কথা শিকিবলৈতো আছেই, অনেক নতুন নতুন দৃষ্টান্তও আছে। বন্ধুসকল, আপোনালোকেতো দেখিছে যে ‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট’সমূহত যিসকল ব্যক্তি থাকে, তেওঁলোকৰ আগবাঢ়ি যোৱাৰ প্ৰতি যিধৰণৰ আগ্ৰহ থাকে, কিমানযে আকাংক্ষা থাকে। এইসমূহ জিলাৰ ৰাইজে জীৱনৰ বহু দীঘলীয়া সময় অভাৱত, অনেক সমস্যাৰ মাজেৰে পাৰ কৰে। প্ৰতিটো সৰু সৰু বস্তুৰ বাবেই তেওঁলোকে কষ্ট কৰিবলগীয়া হয়, সংঘৰ্ষ কৰিবলগীয়া হয়। তেওঁলোকে জীৱনত ইমানেই অন্ধকাৰ দেখে যে তেওঁলোকে এই অন্ধকাৰৰ পৰা বাহিৰলৈ আহিবলৈ ব্যকুল হৈ থকা দেখা যায়। সেয়ে এইসকল লোকে সাহস দেখুৱাবলৈ সাজু হৈ ৰয়, ‘ৰিস্ক’ উঠাবলৈ সাজু থাকে আৰু যেতিয়াই সুযোগ পাই, তাৰ সম্পূৰ্ণ লাভ উঠোৱাৰ প্ৰয়াস কৰে। ‘আকাংক্ষী জিলা’সমূহত যিসকল লোক থাকে, যি সমাজ থাকে, আমি তেওঁলোকৰ সামৰ্থ্য কিমান সেয়া অনুভৱ কৰিব পাৰিব লাগিব, তাৰে পৰিচিত হ’ব পাৰিব লাগিব। আৰু মই ভাবো, ইয়াৰো বহুত প্ৰভাৱ ‘আকাংক্ষী জিলা’সমূহত হৈ থকা কাম-কাজত প্ৰত্যক্ষ কৰিব পাৰি। এইসমূহ অঞ্চলৰ জনতাইয়ো আপোনালোকৰ সৈতে আহি কাম কৰেহি। বিকাশৰ প্ৰতি থকা আগ্ৰহে, একেলগে আগবঢ়াৰ বাবে পথ নিৰ্মাণ কৰি দিয়ে। আৰু যেতিয়া জনতাই সংকল্প গ্ৰহণ কৰি পেলাই, শাসন-প্ৰশাসনে সংকল্প গ্ৰহণ কৰি পেলাই, তেতিয়ানো বাৰু কোনোবাই কেনেকৈ পিচুৱাই যাব পাৰে। তাৰপিচততো আগলৈকে যাব লাগিব, আগবাঢ়িয়েই যাব লাগিব। আৰু আজি ইয়াকে ‘আকাংক্ষী জিলা’ৰ লোকসকলে কৰি আছে। বন্ধুসকল, যোৱা বছৰৰ অক্টোবৰ মাহত মোৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে জনতাক সেৱা কৰাৰ ২০বছৰৰো অধিক সময় হৈ গ’ল। তাৰ আগতেও মই কেবা দশক ধৰি দেশৰ ভিন ভিন প্ৰান্তৰ প্ৰশাসনৰ কাম, কাম কৰাৰ পন্থাসমূহ বহুত কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলো। মই ভাবো নিৰ্ণয় প্ৰক্ৰিয়াত যি ‘সুৰুঙা’ আছে তাতকৈ অধিক লোকচান হয় ৰূপায়ণত থকা ‘সুৰুঙা’ৰ পৰা, এই লোকচান অতি ভয়ংকৰ হয়। আৰু ‘আকাংক্ষী জিলা’সমূহে ইয়াকে সাব্যস্ত কৰিছে যে ৰূপায়ণত থকা ‘সুৰুঙা’ বন্ধ হ’লে, সমাধানৰ ‘অপ্টিমাম ইউটিলাইজেশ্যন’ হয়। সুৰুঙা যেতিয়া বন্ধ হয় তেতিয়া ১+১, ২ নহয়, সুৰুঙা যতিয়া বন্ধ হয় তেতিয়া ১ আৰু ১, ১১হৈ পৰে। এই সামৰ্থ্য, এই সামূহিক শক্তি, আজি ‘আকাংক্ষী জিলা’সমূহত দেখিবলৈ পাইছো। আমাৰ ‘আকাংক্ষী জিলা’সমূহে ইয়াক প্ৰত্যক্ষ কৰাইছে যে যদি আমি ‘গুড গভাৰ্নেন্স’ৰ মৌলিক সিদ্ধান্তক অুসৰণ কৰো, তেন্তে কম সংসাধনৰেও বহুত ডাঙৰ পৰিণাম লাভ কৰিব পৰা যায়। আৰু এই অভিযানত যি ধৰণৰ ‘এপ্ৰোচ’ৰ সৈতে কাম কৰা হৈছে, সেয়া দৰাচলতেই অভুতপূৰ্ব। ‘আকাংক্ষী জিলা’ত দেশৰ প্ৰথম ‘এপ্ৰোচ’ হ’ল- এইসমূহ জিলাৰ মূলভূত সমস্যাসমূহ চিনাক্ত কৰাত বিশেষ ভাবে কাম কৰা। ইয়াৰ বাবে মানুহক ইয়াৰ সমস্যাৱলীৰ বিষয়ে প্ৰত্যক্ষভাবে সোধা হৈছে, ইয়াৰে জড়িত কৰা হৈছে। আমাৰ দ্বিতীয়টো ‘এপ্ৰোচ’ আছিল- ‘আকাংক্ষী জিলা’সমূহৰ অনুভৱৰ আধাৰত আমি কাৰ্যশৈলীত নিৰন্তৰ সংস্কাৰ কৰিছিলো। আমি কামৰ পন্থা এনেকৈ যুগুতাইছিলো, য’ত ‘মিজাৰেবল ইণ্ডিকেটৰ্ছ’-ৰ নিৰ্বাচন সম্ভৱ হয়, যাৰ দ্বাৰা জিলাসমূহৰ বৰ্তমান স্থিতিৰ সমীক্ষাৰ লগতে প্ৰদেশ আৰু দেশৰ সকলোতকৈ উন্নত স্থিতিৰে ইয়াৰ তুলনা সম্ভৱ হয়, যত কাৰ্যক্ৰমৰ ‘ৰিয়েলটাইম মনিটৰিং’ কৰিব পৰা যায়, য’ত আন জিলাসমূহৰ সৈতে ‘হেল্ডী কম্পিটিশ্যন’ কৰিব পৰা যায়, আৰু ‘বেষ্ট প্ৰেক্টিচেজ’-ক ‘ৰিপ্লিকেট’ কৰাৰ উত্সাহ উত্পন্ন হয়, প্ৰয়াস আৰম্ভ হয়। এই অভিযানৰ কালত তৃতীয়টো ‘এপ্ৰোচ’ আছিল যে আমি এনে ‘গভাৰ্ণেন্স’ সংস্কাৰ কৰিছিলো যাৰ দ্বাৰা জিলাসমূহত এক প্ৰভাৱী ‘টীম’ সাজু কৰাত সহায়ক হয়। যেনে, ‘নীতি আয়োগ’ৰ ‘প্ৰেজেটেশ্যন’ত অলপতে এই কথা কোৱা হৈছে যে বিষয়াবৰ্গৰ ‘ষ্টেবল টেনিউৰ’-ৰ নীতিক উন্নত পন্থাৰে বলবত্ কৰাতো সুফলদায়ক হৈ উঠিছিল। আৰু ইয়াৰ বাবে মই মুখ্যমন্ত্ৰীসকলক অভিনন্দন জনাইছো। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক আটায়ে এই অভিজ্ঞতা লাভ কৰিছে। মই এই কথা এইবাবেই দোহাৰিছো যাতে মানুহে গম পাই যে ‘গুড গভাৰ্ণেন্স’ৰ প্ৰভাৱনো কেনে হয়। যেতিয়া আমি ‘এম্ফেছিছ অন বেছিক্স’-ৰ মন্ত্ৰ সাৰোগত কৰো, তেতিয়া তাৰ পৰিণামো পোৱা যায়। আৰু আজি মই ইয়াত আৰু এটা বস্তু সংযোজিত কৰিব বিচাৰিছো আপোনালোক আটাইৰে প্ৰয়াস হোৱা উচিত যে ‘ফিল্ড ভিজিট’ৰ বাবে ‘ইন্সপেক্শ্যন’ আৰু ‘নাইট হল্ট’ৰ বাবে বিস্তৃত ‘গাইডলাইন্স’ও তৈয়াৰ কৰা উচিত, এটা ‘মডেল’ বিকিশিত কৰা হওক। আপোনালোকে দেখিব, আপোনালোক আটাইৰে ইয়াৰ পৰা কিমান লাভ হ’ব। বন্ধুসকল, ‘আকাংক্ষী জিলা’সমূহে লাভ কৰা সাফল্যসমূহ দেখি দেশে এতিয়া নিজৰ লক্ষ্য আৰু অধিক বিস্তাৰিত কৰিছে। সম্প্ৰতি চলি থকা ‘স্বাধীনতাৰ অমৃতকাল’ত দেশৰ লক্ষ্য হ’ল সেৱা আৰু সা-সুবিধাসমূহৰ এশ শতাংশ ‘ছেচুৰেশ্যন’! অৰ্থাত্, আমি এই পৰ্যন্ত যিসমূহ সাফল্য অৰ্জন কৰিছো, তাৰো আগলৈ আমি এক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিব লাগিব। আৰু অধিক বিস্তাৰিত ভাবে কাম কৰিব লাগিব। আমাৰ জিলাসমূহৰ প্ৰতিখন গাঁও পৰ্যন্ত পথৰ সংযোগ কেনেকৈ কৰা হয়, সকলো লোকৰ হতলৈ ‘আয়ুষ্মান ভাৰত’ৰ ‘কাৰ্ড’ কেনেকৈ প্ৰেৰণৰ দিহা কৰা হয়, ‘বেংক একাউণ্ট’ৰ ব্যৱস্থা কেনেকৈ কৰা হয়, যিকোনো দুখীয়া পৰিয়াল যাতে ‘উজ্জ্বলা গেছ’ৰ সংযোগ নোপোৱাকৈ থাকি যাব নোৱাৰে, প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে যাতে চৰকাৰৰ বীমা আঁচনিৰ লাভ আদায় কৰিব পাৰে, পেন্সন আৰু আৱাসৰ দৰে সা-সুবিধাসমূহৰ সুফল লাভ কৰিব পাৰে, এয়া প্ৰতিখন জিলাৰ বাবে সময়-নিৰ্দ্ধাৰিত লক্ষ্যৰ ৰূপত হোৱা উচিত। এইদৰেই প্ৰতিখন জিলাই আগন্তুক দুটা বছৰৰ বাবে নিজৰ এক ‘ভিজন’ নিৰ্দ্ধাৰিত কৰা উচিত। আপোনালোকে এনে যিকোনো দহোটা কাম ঠিক কৰি ল’ব পাৰে, যিকেইটা কাম আগন্তুক ৩টা মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব, আৰু তাৰ দ্বাৰা সৰ্ব সাধাৰণ জনতাৰ জীৱনত স্বাচ্ছন্দ্যৰ হাৰ বৃদ্ধি পায়। এইদৰে, কোনো ৫টা কাৰ্যক্ৰম ঠিক কৰি লওক যিকেইটা কাৰ্যক্ৰম ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ সৈতে সংগতি ৰাখি সম্পূৰ্ণ কৰিব পাৰি। এই কাম এই ঐতিহাসিক কালখণ্ডত আপোনালোকৰ, আপোনালোকৰ জিলাসমূহৰ, জিলাৰ লোকসকলৰ ঐতিহাসিক অভিজ্ঞতা হৈ উঠা উচিত। যেনেকৈ দেশে ‘আকাংক্ষী জিলাসমূহ’ক আগবঢ়াই নিয়াৰ বাবে কাম কৰি আছে, সেইদৰেই জিলাত ‘ব্লক পৰ্যায়’ত নিজাববীয়াকৈ প্ৰাথমিকতা আৰু লক্ষ্য নিৰ্দ্ধাৰিত কৰি ল’ব পাৰে। আপোনালোকে যি জিলাৰে দায়িত্ব লাভ নকৰক কিয়, সেই সেই জিলাৰ আটাইতকৈ ইতিবাচক দিশসমূহকো নিশ্চিত ভাবে বিচাৰি উলিয়াওক, সেইসমূহৰে জড়িত হৈ পৰক। এই ধৰণৰ ইতিবাচক দিশৰ মাজতেই জিলাসমূহৰ সম্ভৱনা লুকাই থাকে। আপোনালোকে দেখিছে, ‘এখন জিলা, এটি সামগ্ৰী’-ৰ ধাৰণা জিলাসমূহৰ ইতিবাচকতাৰ ওপৰতে আধাৰিত। আপোনালোকৰ বাবে এয়া এক ‘মিছন’ হোৱা উচিত যে নিজ নিজ জিলাসমূহক ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰিচিতি দিব লাগিব। অৰ্থাত্, ‘ভোকেল ফৰ লোকেল’ৰ মন্ত্ৰ আপোনালোকে নিজ নিজ জিলাসমূহতো বলবত্ কৰক। ইয়াৰ বাবে আপোনালোকে জিলাৰ পাৰম্পৰিক উত্পাদনক, পৰিচিতিক, দক্ষতাক চিনাক্ত কৰিব লাগিব আৰু প্ৰমূল্য-শৃংখ্লকো শক্তিশালী কৰি তুলিব লাগিব। ‘ডিজিটেল ইণ্ডিয়া’ৰ ৰূপত দেশ এক ‘ছাইলেণ্ট ৰিভলিউশ্যন’ৰ সাক্ষী হৈ আহিছে। আমাৰ যিকোনো এখন জিলাই ইয়াৰ পৰা পিচ থকা উচিত নহ’ব। ‘ডিজিটেল’ আন্তঃগাঁথনি আমাৰ প্ৰতিখন গাঁও পৰ্যন্ত উপলব্ধ হওক, সেৱা আৰু সা-সুবিধাসমূহ ঘৰৰ দুৱাৰমুখ পৰ্যন্ত উপলব্ধ হোৱাৰ মাধ্যম হিচাপে পৰিগণিত হওক, এয়া খুবেই জৰুৰী। ‘নীতি আয়োগ’ৰ প্ৰতিবেদনত যিসমূহ জিলাৰ প্ৰগতি আশা কৰাতকৈ কম হোৱা বুলি উল্লেখ কৰা হৈছে, সেই সমূহৰ জিলা দণ্ডাধীশসকলে, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ববাহী বিষয়াসকলে বিশেষ ভাবে প্ৰয়াস কৰিব লাগিব। মই ‘নীতি আয়োগ’কো ক’ব বিচাৰিম যে আপোনালোকে এনে এটা ‘মেকানিজম’ তৈয়াৰ কৰক য’ত সকলো জিলাৰ দণ্ডাধীশৰ মাজত নিয়মীয়া মতবিনিময় চলি থাকিব পাৰে। প্ৰতিখন জিলাই পৰস্পৰে পৰস্পৰৰ ‘বেষ্ট প্ৰেক্টিচেজ’ক নিজৰ জিলাত বলবত্ কৰিব পাৰে। কেন্দ্ৰৰ সকলো মন্ত্ৰালয়েও সেইসমূহ প্ৰত্যাহ্বানক নথিভুক্ত কৰাৰ দিহা কৰক, যিবোৰ বেলেগ বেলেগ জিলাত দেখিবলৈ পোৱা গৈছে। এয়াও চাওক যে এইক্ষেত্ৰত ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লান’ৰ পৰা কেনেকৈ সহযোগিতা আদায় কৰিব পাৰি। বন্ধুসকল, আজিৰ এই কাৰ্যক্ৰমত মই আৰু এটা প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছো, এটা নতুন লক্ষ্যও দিব খুজিছো। এই প্ৰত্যাহ্বান দেশৰ ২২খন ৰাজ্যৰ ১৪২খন জিলাৰ বাবে। এইসমূহ জিলা উন্নয়ণৰ দৌৰত পিচ পৰি থকা নহয়। এইসমূহ জিলা ‘আকংক্ষী জিলা’ৰ তালিকাত অন্তৰ্ভুক্তও নহয়। এইসমূহ জিলা বহুখিনি আগবাঢ়ি গৈছে। পিচে অনেক ‘পেৰামিটাৰ’ত আগবাঢ়ি য়োৱাৰ পিচতো কিন্তু এক বা একাধিক ‘পেৰামিটাৰ’ত এইসমূহ পিচ পৰি থাকিবলগীয়া হৈছে। আৰু সেইবাবেই মই মন্ত্ৰালয়সমূহক এনেবোৰ জিলা বিচাৰি উলিওৱাৰ বাবে আহ্বান জনাইছিলো। কোনোবাই ১০খন, কোনোবাই চাৰিখন, কোনোবাই ছখন বিচাৰি উলিয়ালে, ঠিক আছে, এতিয়া ইমানখিনি আহিছে। ধৰক, এনে এখন জিলা যি বাকী সকলোতে খুব ভাল প্ৰদৰ্শন কৰিছে, কিন্তু ‘অপুষ্টি’ৰ ক্ষেত্ৰত সমস্যাত পৰিছে। একেদৰে, আন কোনোবাখন জিলাৰ আকৌ বাকী সকলো সূচকাংক ঠিক আছে যদিও ‘শিক্ষাৰ ক্ষেত্ৰ’ত পিচ পৰি ৰৈছে। চৰকাৰৰ বেলেগ বেলেগ মন্ত্ৰালয়সমূহে, বেলেগ বেলেগ বিভাগসমূহে এনে ১৪২খন জিলাৰ এখন তালিকা তৈয়াৰ কৰিছে। যি এটা দুটা পেৰামিটাৰত এই ১৪২খন জিলা পিচপৰি আছে, এতিয়া সেইবোৰতো আমি সেই ‘কালেক্টিভ এপ্ৰোচ’ৰে কাম কৰিব লাগিব, যেনেকৈ আমি ‘আকাংক্ষী জিলা’সমূহত কৰিছো। এয়া সকলো চৰকাৰৰ বাবে, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, যিবোৰ চৰকাৰী ‘মেচিনাৰী’ আছে, সেইসমূহৰ বাবেও একোটা নতুন সুযোগ, নতুন প্ৰত্যাহ্বানেই হয়। এই প্ৰত্যাহ্বানক এতিয়া আমি সকলোৱে মিলি সম্পূৰ্ণ কৰিব লাগিব। ইয়াত আমাৰ মুখ্যমন্ত্ৰী সতীৰ্থসকলৰ সহযোগিতা সদায়ে পাই থকা হৈছে, আগলৈকো এই সহযোগিতা অব্যাহত থাকিব বুলি মোৰ বিশ্বাস আছে। বন্ধুসকল, এতিয়া ক’ৰোনাৰ সময়ো চলি আছে। ক’ৰোনাক লৈ সাজু হোৱা, তাৰ প্ৰবন্ধন, আৰু ক’ৰোনাৰ মাজতো বিকাশৰ গতিবেগ অক্ষুন্ন ৰখা, ইয়াতো সকলো জিলাৰ বহুত ডাঙৰ ভূমিকা আছে। এইসমূহ জিলাত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহক অনুধাৱন কৰিও এতিয়াৰে পৰা কাম কৰা উচিত। বন্ধুসকল, আমাৰ ঋষিসকলে কৈছিল- জল বিন্দু নিপাতেন ক্ৰমশঃ পূৰ্যতে ঘটঃ। অৰ্থাত্, বিন্দু বিন্দু পানীৰেই কলহ একোটা পূৰ্ণ হয়। সেয়ে, ‘আকাংক্ষী জিলা’সমূহত কৰা আপোনালোকৰ এটা এটা প্ৰয়াসে আপোনালোকৰ জিলাসমূহক বিকাশৰ নতুন উচ্চতালৈ লৈ যাব। ইয়াত যিসকল অসামৰিক সেৱাৰ সতীৰ্থ সংযোজিত হৈছে, তেওঁলোকক মই আৰু এটা কথা মনত পেলাবলৈ ক’ম। আপোনালোকে সেই দিনটো মনত পেলাবচোন, যিটো দিন আপোনালোকৰ এই সেৱাত প্ৰথমটো দিন আছিল। আপোনালোকে দেশৰ বাবে কিমানযে কৰিব বিচাৰিছিল, কিমানযে উত্সাহপূৰ্ণ আছিল সেই দিনটো, কিমানযে সেৱা ভাবেৰে পূৰ্ণ আছিল! আজিও সেই উত্সাহৰ সৈতে আপোনালোকে আকৌ এবাৰ আগবাঢ়িব লাগিব। স্বাধীনতাৰ এই ‘অমৃতকাল’ত, কৰাৰ বাবে, পোৱাৰ বাবে বহুত খিনি বাকী আছে। প্ৰতিখন ‘আকাংক্ষী জিলা’ৰ বিকাশে দেশৰ সপোন পূৰণ কৰিব। স্বাধীনতাৰ এশবছৰ পূৰ্ণ হোৱাৰ মুহূৰ্তত নতুন ভাৰতৰ যি সপোন আমি দেখিছো, সেয়া পূৰ্ণ হোৱাৰ পথ আমাৰ এইসমূহ জিলা আৰু গাঁওসমূহ হৈয়ে পাৰ যাব। মোৰ সম্পূৰ্ণ ভৰসা আছে যে আপোনালোকে নিজ নিজ প্ৰয়াসৰ ক্ষেত্ৰত কোনোধৰণৰ ত্ৰুতি নাৰাখিব। দেশে যেতিয়া নিজৰ সপোন পূৰ্ণ কৰিবগৈ, তেতিয়া তাৰ সোণালী অধ্যায়ত এক ডাঙৰ ভূমিকা আপোনালোক সকলো সতীৰ্থৰো থাকিব। এই বিশ্বাসৰেই, মই সকলো মুখ্যমন্ত্ৰীকে ধন্যবাদ জনাই, আপোনালোক ন-জোৱান বন্ধুৱে জীৱনত কৰা পৰিশ্ৰম, আৰু তাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো, ধন্যবাদ জনাইছো। সন্মুখত ২৬ জানুৱাৰী আছে, সেই কামৰো ‘প্ৰেছাৰ’ আছে, জিলাধিপতিসকলৰ অধিক ‘প্ৰেছাৰ’ থাকে। ক’ৰোনাৰ বিগত দুটা বছৰ আপোনালোক যুদ্ধক্ষেত্ৰৰ অগ্ৰণী যোদ্ধাসকলৰ অন্যতম আছিল। আৰু ইয়াৰ মাজতো শনিবাৰৰ দিনটোত আপোনালোকৰ সকলোৰে সৈতে অকণমান বহি মই আপোনালোকক কষ্টকে দিছো, কিন্তু তাৰ পিচতো যি উত্সাহ আৰু উদ্দীপণাৰে আজি আপোনালোক সংযোজিত হ’লহি, এয়া মোৰ বাবে নিতান্তই আনন্দৰ কথা। মই আপোনালোক আটাইকে ধন্যবাদ জনাইছো। বহুত বহুত শুভকামনা জ্ঞাপন কৰি সামৰিলো!
বিভিন্ন জিলাৰ দণ্ডাধীশসকলৰ সৈতে হোৱা কথোপকথনৰ পিচত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সমৰণি মন্তব্যৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%97%E0%A7%8C%E0%A7%B0%E0%A7%B1-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%97%E0%A7%8C%E0%A7%B0%E0%A7%B1-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE/
মোৰ প্ৰিয় দেশবাসী, জনজাতি গৌৰৱ দিৱস উপলক্ষে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি সমগ্ৰ দেশে ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী সন্মান আৰু শ্ৰদ্ধা সহকাৰে উদযাপন কৰিছে। দেশৰ মহান পুত্ৰ মহান বিপ্লৱী ভগৱান বীৰছা মুণ্ডাক প্ৰণাম জনাইছো। ১৫ নৱেম্বৰৰ এই দিনটো ভাৰতৰ জনজাতীয় পৰম্পৰাৰ গৌৰৱোজ্জল দিন। ১৫ নৱেম্বৰৰ দিনটোক জনজাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণা কৰাৰ সুযোগ পোৱাটো মোৰ চৰকাৰৰ এক বিশেষ সুবিধা হিচাপে মই গণ্য কৰিছো। বন্ধুসকল, ভগৱান বীৰছা মুণ্ডা কেৱল আমাৰ ৰাজনৈতিক স্বাধীনতাৰ মহানায়ক নাছিল। তেওঁ আমাৰ আধ্যাত্মিক, সাংস্কৃতিক শক্তিৰ পৰিচালকো আছিল৷ আজি স্বাধীনতাৰ ‘পাঁচ পণ’ৰ শক্তিৰে ভগৱান বীৰছা মুণ্ডাকে ধৰি কোটি কোটি জনজাতীয় বীৰৰ সপোন পূৰণৰ দিশত আগবাঢ়িছে৷ জনজাতি গৌৰৱ দিৱসৰ জৰিয়তে দেশৰ জনজাতীয় ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু জনজাতীয় সমাজৰ উন্নয়ন সংকল্প এই শক্তিৰ এটা অংশ। বন্ধুসকল, ভাৰতৰ জনজাতীয় সমাজে ব্ৰিটিছ আৰু বিদেশী শাসকসকলক তেওঁলোকৰ সামৰ্থ্য কি সেয়া দেখুৱাই দিছিল। সন্থালত তিলকা মাঞ্জীৰ নেতৃত্বত যুঁজ দিয়া ‘ডামিন সংগ্ৰাম’ক লৈ আমি গৌৰৱান্বিত। বুধু ভগতৰ নেতৃত্বত চলা ‘লৰকা আন্দোলন’ক লৈ আমি গৌৰৱান্বিত। ‘সিধু কানহু ক্ৰান্তি’ক লৈ আমি গৌৰৱান্বিত। ‘তানা ভগত আন্দোলন’ক লৈ আমি গৌৰৱান্বিত। বেগড়া ভীল আন্দোলনক লৈ আমি গৌৰৱান্বিত, নাইকদা আন্দোলন, সন্ত যোৰিয়া পৰমেশ্বৰ আৰু ৰূপ সিং নায়কক লৈ আমি গৌৰৱান্বিত। দহোদৰ লিমডীত ইংৰাজক ধূলি চেলেকাই দিয়া জনজাতীয় বীৰ সকলক লৈ আমি গৌৰৱ কৰো, মংগড়ৰ প্ৰতিপত্তি বৃদ্ধি কৰা গোবিন্দ গুৰু জীক লৈ আমি গৌৰৱান্বিত। আল্লুৰি সীতা ৰাজুৰ নেতৃত্বত চলি থকা ৰামপা আন্দোলনক লৈ আমি গৌৰৱান্বিত। এনে আন্দোলনে এই ভাৰতৰ ভূমিখণ্ডক অধিক পবিত্ৰ কৰি তুলিলে, জনজাতীয় বীৰৰ কিমান বলিদানে ভাৰত মাতৃক ৰক্ষা কৰিলে। মোৰ সৌভাগ্য যে যোৱা বছৰৰ আজিৰ দিনটোতে ৰাঁচীৰ বীৰছা মুণ্ডা সংগ্ৰহালয় দেশৰ বাবে উচৰ্গা কৰাৰ সুযোগ পাইছিলোঁ। আজি ভাৰতে দেশৰ বিভিন্ন অঞ্চলত জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ বাবে উৎসৰ্গিত এনে বহুতো সংগ্ৰহালয় নিৰ্মাণ কৰি আছে। বন্ধুসকল, বিগত আঠ বছৰত আমাৰ জনজাতীয় ভাই-ভনীসকল দেশৰ প্ৰতিটো প্ৰচেষ্টা আৰু পৰিকল্পনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। জন ধনৰ পৰা গোবৰ ধনলৈ, বন ধন বিকাশ কেন্দ্ৰৰ পৰা বন ধন আত্মসহায়ক গোটলৈ, স্বচ্ছ ভাৰত মিছনৰ পৰা জল জীৱন মিছনলৈ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা উজ্জ্বলা গেছ সংযোগলৈ, মাতৃত্ব বন্দনা যোজনাৰ পৰা ৰাষ্ট্ৰীয় পুষ্টি অভিযানলৈ, গ্ৰাম্য পথৰ পৰা আঁচনি মোবাইল সংযোগলৈ, একলব্য বিদ্যালয়ৰ পৰা জনজাতীয় বিশ্ববিদ্যালয়লৈকে, বাঁহৰ সৈতে জড়িত দশক দশক পুৰণি আইনখন প্ৰায় ৯০ টা বনজ উৎপাদনৰ ওপৰত এমএছপিলৈ সলনি কৰাৰ পৰা, ছিকেল চেল ৰক্তহীনতা প্ৰতিৰোধৰ পৰা জনজাতীয় গৱেষণা প্ৰতিষ্ঠানলৈ, ক’ৰোনাৰ বিনামূলীয়া ভেকচিনৰ পৰা মিচন ইন্দ্ৰধনূষ, যিবোৰে বহু মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰে, ইত্যাদি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহে দেশৰ কোটি কোটি জনজাতীয় পৰিয়ালৰ জীৱন সহজ কৰি তুলিছে, তেওঁলোকে দেশত হৈ থকা উন্নয়নৰ সুবিধা পাইছে। বন্ধুসকল, জনজাতীয় সমাজতো সাহস আছে, প্ৰকৃতিৰ সৈতে একাত্মতা আৰু অন্তৰ্ভুক্তি আছে। এই ভৱিষ্যৎ ঐতিহ্যৰ পৰা শিক্ষা লৈ ভাৰতে নিজৰ ভৱিষ্যত গঢ় দিব লাগিব। মই নিশ্চিত, জনজাতি গৌৰৱ দিৱস আমাৰ বাবে এই দিশত এক সুযোগ হৈ পৰিব, মাধ্যম হৈ পৰিব। এই সংকল্পৰে মই পুনৰবাৰ ভগৱান বীৰছা মুণ্ডা আৰু কোটি কোটি জনজাতীয় বীৰ-বীৰাংগনাৰ চৰণত প্ৰণাম জনাইছো। বহুত বহুত ধন্যবাদ!
জনজাতীয় গৌৰৱ দিৱসত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F%E0%A6%95%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F%E0%A6%95%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4/
কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীৰ সৈতে বাৰ্তালাপ কৰিলো। উদ্বাৰ আৰু সাহায্য অভিযানৰ বাবে সাম্ভাব্য সকলো সহায় আগবঢ়োৱা হৈছে। মই বান পীড়িত অঞ্চলৰ লোকসকলৰ নিৰাপত্তা আৰু কল্যানৰ হকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”
কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4-%E0%A6%9A%E0%A7%8B%E0%A7%B0%E0%A6%BE%E0%A6%82-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B6%E0%A7%82%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4-%E0%A6%9A%E0%A7%8B%E0%A7%B0%E0%A6%BE%E0%A6%82-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B6%E0%A7%82%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ত চোৰাং চিকাৰ শূন্যৰ ঘটনাক লৈ অসমত গঁড় সংৰক্ষণৰ অৰ্থে ৰাজ্যবাসীৰ প্ৰয়াসক প্ৰশংসা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে; “এয়া বৰ ভাল খবৰ! গঁড় সুৰক্ষাৰ নিদৰ্শন দাঙি ধৰা আৰু অতিশয় সক্ৰিয় প্ৰচেষ্টা গ্ৰহণ কৰা অসমৰ জনসাধাৰণক অভিনন্দন জনালো।”
২০২২ ত চোৰাং চিকাৰ শূন্যৰ ঘটনাক লৈ অসমৰ ৰাইজৰ গঁড় সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA-3/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA-3/
উত্তৰ প্ৰদেশৰ জালাউনৰ অ’ৰাই তহচিলৰ কৈথেৰী গাঁৱত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধিও আছিল। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বুণ্ডেলখণ্ড অঞ্চলৰ কঠোৰ পৰিশ্ৰম, শৌৰ্য্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ গৌৰৱময় পৰম্পৰাক স্মৰণ কৰে। তেওঁ কয় যে “যি ভূমিত অগণন যোদ্ধাৰ জন্ম হৈছিল, য’ত ভাৰতৰ প্ৰতি ভক্তি তেজেৰে বৈ যায়, স্থানীয় পুত্ৰ-কন্যাৰ পাৰদৰ্শিতা আৰু কঠোৰ পৰিশ্ৰমে সদায় দেশৰ নাম উজ্জ্বল কৰি তুলিছে।” নতুন এক্সপ্ৰেছৱেই যি পাৰ্থক্য আনিব সেই বিষয়ে কথা পাতি প্ৰধানমন্ত্ৰীয়ে কয় যে “চিত্ৰকুটৰ পৰা দিল্লীলৈ দূৰত্ব বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেই ৩-৪ ঘণ্টা হ্ৰাস কৰিছে, কিন্তু ইয়াৰ সুবিধা ইয়াতকৈ বহু বেছি। এই এক্সপ্ৰেছৱেই ইয়াত কেৱল বাহনসমূহক গতি প্ৰদান কৰাই নহয়, ই সমগ্ৰ বুণ্ডেলখণ্ডৰ ঔদ্যোগিক অগ্ৰগতি ত্বৰান্বিত কৰিব।” প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এনে মহান আন্তঃগাঁথনি আৰু সুবিধাসমূহ দেশসমূহৰ বৃহৎ চহৰ আৰু নিৰ্বাচিত অঞ্চলসমূহত সীমাবদ্ধ হৈ থকা দিনবোৰ গ’ল৷ এতিয়া , সবকা সাথ সবকা বিকাশৰ মনোভাৱত আনকি দুৰ্গম আৰু অৱহেলিত অঞ্চলতো অভূতপূৰ্ব সংযোগৰ সাক্ষী হৈছে। তেওঁ আৰু কয় যে এক্সপ্ৰেছৱেৰ বাবে অঞ্চলটোত উন্নয়ন, কৰ্মসংস্থাপন আৰু আত্মসংস্থাপনৰ বহু সুযোগ দেখা যাব। তেওঁ কয় যে উত্তৰ প্ৰদেশৰ সংযোগ প্ৰকল্পই বহু অঞ্চলক সংযোগ কৰি আছে যিবোৰ পূৰ্বতে আওকাণ কৰা হৈছিল। উদাহৰণস্বৰূপে, বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে সাতখন জিলাৰ মাজেৰে পাৰ হৈ যায়, যথা- চিত্ৰকুট, বান্দা, মহোবা, হামিৰপুৰ, জালাউন, ঔৰাইয়া আৰু ইটাৱা। একেদৰে অন্যান্য এক্সপ্ৰেছৱেই ৰাজ্যখনৰ প্ৰতিটো কোণ-কোণ সংযোগ কৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যে, “উত্তৰ প্ৰদেশৰ প্ৰতিটো চুক নতুন সপোন আৰু নতুন সংকল্প লৈ আগবাঢ়ি যাবলৈ সাজু হৈছে”। ডাবল ইঞ্জিন চৰকাৰে সেই দিশত নৱীকৃতভাৱে কাম কৰি আছে বুলিও তেওঁ কয়৷ ৰাজ্যত বিমান সংযোগ উন্নত কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়াগৰাজত নতুন বিমানবন্দৰ টাৰ্মিনেল আহিল। কুশিনাগৰে নতুন বিমানবন্দৰ পালে, নয়দাত নতুন বিমানবন্দৰৰ বাবে কাম চলি আছে আৰু আৰু বহু চহৰক বিমান যাত্ৰাৰ সুবিধাৰে সংযুক্ত কৰা হৈছে। ইয়াৰ ফলত পৰ্যটন আৰু অন্যান্য উন্নয়নৰ সুযোগসমূহহে গতি লাভ কৰিব বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক অঞ্চলটোৰ বহু দুৰ্গক কেন্দ্ৰ কৰি এটা পৰ্যটন বৰ্তনী গঢ়ি তুলিবলৈ কয়। তেওঁ লগতে মুখ্যমন্ত্ৰীক দুৰ্গ সম্পৰ্কীয় অনুষ্ঠান আৰু প্ৰতিযোগিতা আয়োজন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যিখন উত্তৰ প্ৰদেশত সৰ্যু খাল প্ৰকল্প সম্পূৰ্ণ হ’বলৈ ৪০ বছৰ সময় লাগিছিল, য’ত গোৰখপুৰ সাৰ উদ্যোগ ৩০ বছৰ ধৰি বন্ধ আছিল, অৰ্জুন বান্ধ প্ৰকল্প সম্পূৰ্ণ হ’বলৈ ১২ বছৰ সময় লাগিছিল, আমেথি ৰাইফল ফেক্টৰী মাত্ৰ এটা নেম ব’ৰ্ড লৈ পৰি আছিল, ইউ পিত য’ত ৰায়ে বাৰেলী ৰে’ল কোচ ফেক্টৰী কেৱল ক’চবোৰক ৰং কৰিহে চলাই আছিল, সেই উত্তৰ প্ৰদেশত এতিয়া আন্তঃগাঁথনিৰ কাম ইমানেই তীব্ৰগতিৰে সম্পন্ন কৰা হৈছে যে ই আনকি উন্নত ৰাজ্যসমূহকো চেৰ পেলাইছে। সমগ্ৰ দেশতে সলনি হৈ আছে উত্তৰ প্ৰদেশৰ পৰিচয়। শ্ৰী মোদীয়ে গতি সলনিৰ বিষয়ে মন্তব্য কৰি কয় যে ৰে’লপথৰ দুগুণকৰণ বছৰি ৫০ কিলোমিটাৰৰ পৰা ২০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। একেদৰে উত্তৰ প্ৰদেশৰ কমন চাৰ্ভিচ চেণ্টাৰৰ সংখ্যা ২০১৪ চনত ১১ হাজাৰৰ পৰা ১ লাখ ৩০ হাজাৰ কমন চাৰ্ভিচ চেণ্টাৰলৈ বৃদ্ধি পাইছে, আজি। ইউ পিৰ ১২ খন মেডিকেল কলেজৰ পৰা আজি ৩৫ খন মেডিকেল কলেজ আছে আৰু আৰু ১৪ খনৰ কাম চলি আছে বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে আজি দেশখনে যি উন্নয়নৰ ধাৰাত আগবাঢ়িছে, তাৰ মূলতে দুটা দিশ আছে। এটা উদ্দেশ্য আৰু আনটো হ’ল শিষ্টাচাৰ (ইৰাদা আৰু মৰিয়াদা)। আমি কেৱল দেশৰ বৰ্তমানৰ বাবে নতুন সা-সুবিধা সৃষ্টি কৰাই নহয় দেশৰ ভৱিষ্যৎ গঢ়ি তুলিছো। উত্তৰ প্ৰদেশত সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহে ‘মৰ্যাদা’, সময়সীমাৰ সীমা সম্পূৰ্ণৰূপে সন্মান কৰে বুলিও তেওঁ কয়। বাবা বিশ্বনাথ ধাম, গোৰখপুৰ এইমছ, দিল্লী-মীৰুট এক্সপ্ৰেছৱে আৰু বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ সুবিধাসমূহৰ উন্নীতকৰণ আৰু সংস্কাৰৰ দৰে প্ৰকল্পসমূহ ইয়াৰ উদাহৰণ কিয়নো বৰ্তমানৰ চৰকাৰখনেই এই প্ৰকল্পসমূহৰ ভেটি স্থাপন কৰিছিল আৰু জাতিটোৰ বাবে উৎসৰ্গা কৰিছিল। সময়ৰ আগতেই প্ৰকল্পসমূহ ডেলিভাৰী কৰি আমি মানুহৰ আদেশ আৰু তেওঁলোকৰ আস্থাক সন্মান জনাইছো বুলিও তেওঁ কয়। তেওঁ ৰাইজক আগন্তুক স্বাধীনতা দিৱসৰ আগত বহু অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান জনায়। আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰি অহা এমাহত নতুন সংকল্পৰ পৰিৱেশ সৃষ্টি কৰা উচিত বুলিও তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সিদ্ধান্ত গ্ৰহণ আৰু নীতি গ্ৰহণৰ আঁৰৰ বৃহত্তৰ চিন্তাধাৰা দেশৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰাৰ বাবে হ’ব লাগে। যিবোৰে দেশৰ ক্ষতি কৰে, দেশৰ উন্নয়নত প্ৰভাৱ পেলায়, সেইবোৰ সকলো আঁতৰাই ৰাখিব লাগিব। তেওঁ কয় যে ‘অমৃত কাল’ এটা বিৰল সুযোগ আৰু দেশৰ উন্নয়ন নিশ্চিত কৰাৰ বাবে আমি এই সুযোগ এৰি দিয়া উচিত নহয়। প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশত বিনামূলীয়া সামগ্ৰী বিতৰণ কৰি ভোট বিচৰা সংস্কৃতিৰ বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেওঁ সকীয়াই দিয়ে যে এই সংস্কৃতি দেশৰ উন্নয়নৰ বাবে অতি বিপজ্জনক। এই সংস্কৃতিৰ (‘ৰেৱৰি’ সংস্কৃতি) লৈ দেশৰ মানুহে অতি সাৱধান হ’ব লাগিব। ফ্ৰীবিজ সংস্কৃতি থকাসকলে আপোনাৰ বাবে কেতিয়াও নতুন এক্সপ্ৰেছৱে, নতুন বিমানবন্দৰ বা প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ নকৰে। ফ্ৰীবিজ সংস্কৃতিৰ ৰাইজে অনুভৱ কৰে যে তেওঁলোকে সাধাৰণ মানুহক ফ্ৰীবিজ বিতৰণ কৰি ভোট কিনিব পাৰিব। তেওঁ এই চিন্তাধাৰাক সামূহিকভাৱে পৰাস্ত কৰি দেশৰ ৰাজনীতিৰ পৰা ফ্ৰীবিজ সংস্কৃতি আঁতৰাই পেলাবলৈ আহ্বান জনায়। তেওঁ কয় যে এতিয়া চৰকাৰে এই ‘ৰেৱৰী’ সংস্কৃতিৰ পৰা আঁতৰত পুকা ঘৰ, ৰে’লপথ, পথ আৰু আন্তঃগাঁথনি, জলসিঞ্চন, বিদ্যুৎ প্ৰকল্প আদি সুবিধা প্ৰদানৰ কঠিন প্ৰকল্পত কাম কৰি আছে। “ডাবল ইঞ্জিন চৰকাৰে ফ্ৰীবিজৰ চৰ্টকাট গ্ৰহণ কৰা নাই আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ডেলিভাৰী কৰা নাই”, তেওঁ কয়। বহনক্ষম উন্নয়নৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিদৰে উন্নয়ন আওকাণ কৰা আৰু সৰু চহৰসমূহত উপনীত হোৱাৰ লগে লগে ই সামাজিক ন্যায়ৰ বাস্তৱায়নৰ দিশত আগুৱাই লৈ যায়। আধুনিক আন্তঃগাঁথনি বহু আওকাণ কৰা ইষ্টাৰ ইণ্ডিয়া আৰু বুণ্ডেলখণ্ডত উপনীত হোৱাৰ লগে লগে এইটো সামাজিক ন্যায়ৰ সমান। নিজৰ যত্ন ল’বলৈ এৰি দিয়া পিছপৰা জিলাসমূহে এতিয়া উন্নয়নৰ সাক্ষী হৈ উঠিছে, এয়াও সামাজিক ন্যায়৷ দৰিদ্ৰ লোকৰ বাবে শৌচাগাৰ, গাঁওসমূহক পথ আৰু টেপৰ পানীৰে সংযোগ কৰাটোও সামাজিক ন্যায় বুলিও তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে, বুণ্ডেলখণ্ডৰ আন এক প্ৰত্যাহ্বানৰ উন্নতিৰ বাবে চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আছে। তেওঁ বিশদভাৱে কয় যে চৰকাৰে প্ৰতিটো ঘৰলৈ পাইপেৰে পানী যোগান ধৰাৰ বাবে জল জীৱন মিছনৰ কাম কৰি আছে। বুণ্ডেলখণ্ড নদীৰ পানী স্থানীয় ৰাইজৰ সৰ্বাধিক সংখ্যালৈ লৈ যোৱাৰ প্ৰচেষ্টা হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাতৌলি বান্ধ, ভৱানী বান্ধ, মাঝগাঁও-চিলি স্প্ৰিংকলাৰ জলসিঞ্চন প্ৰকল্পৰ তালিকাভুক্ত কৰে। কেন-বেটৱা লিংক প্ৰকল্পই অঞ্চলটোৰ লোকসকলৰ জীৱন সলনি কৰিব বুলিও তেওঁ কয়। প্রধানমন্ত্রীয়ে প্রতিখন জিলাত ৭৫ জন অমৃত সৰুৱেৰৰ প্রচাৰ অভিযানত বুণ্ডেলখণ্ডৰ জনসাধাৰণৰ অৱদানৰ বাবে পুনৰ অনুৰোধ জনায়৷ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়া অভিযানৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খেলনা উদ্যোগৰ সফলতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে চৰকাৰ, শিপিনী, উদ্যোগ আৰু নাগৰিকৰ প্ৰচেষ্টাৰ বাবে খেলনা আমদানিত তীব্ৰ কৰ্তন কৰা হৈছে। ইয়াৰ দ্বাৰা দৰিদ্ৰ, বঞ্চিত, পিছপৰা, আদিবাসী, দলিত আৰু মহিলাসকল উপকৃত হ’ব বুলি তেওঁ আঙুলিয়াই দিয়ে। ক্ৰীড়াৰ ক্ষেত্ৰত বুণ্ডেলখণ্ডৰ অৱদানৰ ওপৰতো আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে সৰ্বোচ্চ ক্ৰীড়া সন্মান স্থানীয় পুত্ৰ মেজৰ ধ্যানচান্দৰ নামেৰে নামাকৰণ কৰা হৈছে। ২০ বছৰৰ তলৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ল’ৰেল কঢ়িয়াই অনা অঞ্চলটোৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ শৈলী সিঙৰ কথাও তেওঁ উল্লেখ কৰে। বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে সমগ্ৰ দেশতে সংযোগ বৃদ্ধিৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈছে, যাৰ এটা মূল বৈশিষ্ট্য হৈছে পথ আন্তঃগাঁথনিৰ উন্নতিৰ দিশত কাম কৰা। ইয়াৰ দিশত এক উল্লেখযোগ্য প্ৰচেষ্টা আছিল প্ৰধানমন্ত্ৰীয়ে ২৯ ফেব্ৰুৱাৰী, ২০২০ত বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা।এক্সপ্ৰেছৱেৰ কাম ২৮ মাহৰ ভিতৰত সম্পূৰ্ণ হৈছে, যিটো নিউ ইণ্ডিয়াৰ কৰ্ম সংস্কৃতিৰ এক ইংগিত য’ত প্ৰকল্পসমূহ সময়মতে ডেলিভাৰী কৰা হয়। উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণৰ তত্বাৱধানত প্ৰায় ১৪,৮৫০ কোটি টকা ব্যয় সাপেক্ষে ২৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত এই এক্সপ্ৰেছৱে’ নিৰ্মাণ কৰা হৈছে আৰু পিছত ইয়াক ছটা লেনলৈও সম্প্ৰসাৰণ কৰিব পাৰিব। ই চিত্ৰকুট জিলাৰ ভাৰতকুপৰ ওচৰৰ গোণ্ডা গাঁৱৰ ৩৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইটাৱা জিলাৰ কুড্ৰাইল গাঁৱৰ ওচৰলৈকে বিস্তৃত হৈ আছে, য’ত ই আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ৰ সৈতে একত্ৰিত হয়। ই সাতখন জিলাৰ মাজেৰে পাৰ হৈ যায়, যথা- চিত্ৰকুট, বান্দা, মহোবা, হামিৰপুৰ, জালাউন, ঔৰাইয়া আৰু ইটাৱা। অঞ্চলটোত সংযোগ উন্নত কৰাৰ সমান্তৰালভাৱে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো এক বৃহৎ সহায় আগবঢ়াব, যাৰ ফলত স্থানীয় লোকসকলৰ বাবে হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি হ’ব। এক্সপ্ৰেছৱেৰ কাষতে বান্দা আৰু জালাউন জিলাত ঔদ্যোগিক কৰিডৰ সৃষ্টিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ পৰিদৰ্শন কৰে আৰু বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A6%97%E0%A7%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A6%97%E0%A7%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত ছত্তিশগড়ৰ দক্ষিণাঞ্চলীয় তিনিখন জিলা বিজাপুৰ, দান্তেৱাড়া আৰু সুকমাৰ পৰা কেন্দ্রীয় সংৰক্ষিত পুলিচ বাহিনীত (চিআৰপিএফ) কনষ্টেবল পদত ৪০০জন স্থানীয় আদিবাসী যুৱকৰ নিয়োগৰ বাবে ন্যূনতম শিক্ষাগত যোগ্যতাত ৰেহাই দি দশম শ্রেণীৰ পৰিৱর্তে অষ্টম শ্রেণী পর্যন্ত কৰাৰ বিষয়ে গৃহ মন্ত্রালয়ৰ প্রস্তাৱটো অনুমোদিত হৈছে। স্থানীয় সংবাদপত্রসমূহত বিজ্ঞাপন প্রকাশৰ সমান্তৰালকৈ, সেই জিলাৰ প্রত্যন্ত ঠাইত এই নিয়োগ সম্পর্কে ব্যাপক প্রচাৰৰ যাৱতীয় পদক্ষেপ গ্রহণ কৰা হ'ব। তাৰ লগতে, চিআৰপিএফ কনষ্টেবল পদত নৱনিযুক্তসকলক প্রশিক্ষণৰ প্রাথমিক পর্বত প্রথা অনুসৰি শিক্ষাৰ ব্যৱস্থা কৰিব। ছত্তিশগড়ৰ এই তিনিখন জিলাৰ প্রত্যন্ত ঠাইৰ ৪০০জন আদিবাসী যুৱকৰ কর্মসংস্থানৰ সুযোগ হ'ব। তদুপৰি, গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা নিয়োগৰ ক্ষেত্রত দৈহিক মাপকাঠিত প্রয়োজনীয় ৰেহাই দিয়া হ'ব। চিআৰপিএফ হৈছে কেন্দ্রীয় সশস্ত্র পুলিচ বাহিনীসমূহৰ ভিতৰত এটা। এই বাহিনী আইন-শৃঙ্খলা বজাই ৰখা, হিংসাত্মক ঘটনা দমন আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ কামত যুক্ত। সম্প্রতি চিআৰপিএফৰ ফালৰ পৰা ছত্তিশগড়ত পিছপৰা ঠাইবিলাকৰ ৪০০জন স্থানীয় আদিবাসী যুৱকক কনষ্টেবল (জেনেৰেল ডিউটি) পদত নিয়োগৰ পৰামৰ্শ দিয়া হয়। কনষ্টেবল পদত স্থানীয় আদিবাসী যুৱকক নিয়োগ কৰাৰ পাছত চিআৰপিএফে তেওঁলোকক দশম শ্রেণী পর্যন্ত শিক্ষাৰ সুযোগ কৰি দিব। ইয়াৰ পাছত, দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ হ'লেই তেওঁলোকক স্থায়ীভাৱে সেই পদত নিয়োগ কৰা হ'ব। পঠন-পাঠনৰ বাবে এই যুৱকসকলক প্রবেচন পিৰিয়ডত প্রয়োজনীয় শিক্ষাৰ উপকৰণ, কিতাপপত্র আৰু কোচিং দিয়া হ'ব। প্রয়োজনত প্রবেচন পিৰিয়ডৰ মিয়াদ বঢ়োৱাও হ'ব পাৰে, যাতে তেওঁলোকে দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ সুযোগ পায়। দশম শ্রেণীৰ পৰীক্ষা দিয়াৰ বাবে এই যুৱকসকলৰ কেন্দ্র/ৰাজ্য চৰকাৰে স্বীকৃত উন্মুক্ত শিক্ষা প্রতিষ্ঠানবিলাকত নাম নথিভুক্ত কৰা হ'ব। উল্লেখ কৰিব পাৰি যে ২০১৬-১৭ত ছত্তিশগড়ৰ ৪খন জিলা বিজাপুৰ, দান্তেৱাড়া, নাৰায়ণপুৰ আৰু সুকমাৰ পৰা তপশিলি আদিবাসী যুৱকসকলক নিয়োগ কৰি চিআৰপিএফে বস্তাৰীয় বেটেলিয়ন গঢ়ি তোলে। কিন্তু, ন্যূনতম শিক্ষাগত যোগ্যতা দশম শ্রেণী উত্তীর্ণ প্রার্থীৰ সংখ্যা যথেষ্ট নথকাত এই ৪খন জিলাৰ প্রত্যন্ত অঞ্চলৰ স্থানীয় যুৱকসকলক লৈ এই বাহিনী গঠনৰ পৰিকল্পনাত প্রত্যাশিত ফল পোৱা নাই।
ছত্তিশগড়ত বিজাপুৰ, দান্তেৱাড়া আৰু সুকমা জিলাৰ প্রত্যন্ত ঠাইৰ পৰা কেন্দ্রীয় সংৰক্ষিত পুলিচ বাহিনীত (চিআৰপিএফ) কনষ্টেবল পদত স্থানীয় আদিবাসী যুৱকৰ নিয়োগৰ ক্ষেত্রত শিক্ষাগত যোগ্যতাত ৰেহাই দিয়াৰ প্রস্তাৱলৈ মন্ত্রীসভাৰ সঁহাৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃত ব্যাকৰণবিদ অধ্যাপক ভগীৰথ প্ৰসাদ ত্ৰিপাঠীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁক ৱাগীশ শাস্ত্ৰী বুলি জনা যায়। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "অধ্যাপক ভগীৰথ প্ৰসাদ ত্ৰিপাঠী(ৱাগীশ শাস্ত্ৰী)য়ে আধুনিক বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি সংস্কৃত ভাষাক যুৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰি তোলাত অতুলনীয় অৱদান আগবঢ়াইছিল। তেওঁ অত্যন্ত জ্ঞানী আৰু অধ্যয়নশীল ব্যক্তি আছিল। তেওঁৰ মৃত্যুত ব্যথিত হৈছো। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।"
প্ৰধানমন্ত্ৰীয়ে সংস্কৃত ব্যাকৰণবিদ, অধ্যাপক ভগীৰথ প্ৰসাদ ত্ৰিপাঠীৰ মৃত্যুত শোক প্ৰকাশ কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%87%E0%A6%AE%E0%A6%9B%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%B0-%E0%A6%89/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%87%E0%A6%AE%E0%A6%9B%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%B0-%E0%A6%89/
মন্ত্রী পৰিষদৰ মোৰ সহকৰ্মী শ্ৰী জে.পি. নড্ডা ডাঙৰীয়া, অশ্বিন চৌধুৰী ডাঙৰীয়া, অনুপ্রিয়া পেটেল আৰু মঞ্চত উপবিষ্ট ৰণদীপ গুলেৰিয়া ডাঙৰীয়া ,শ্রী আই এছ ঝা, ড০ ৰাজেশ শর্মা আৰু অন্যান্যসকল। দিল্লীবাসীৰ বাবে, দিল্লীলৈ অহাকলৰ বাবে আৰু আপোনালোক সকলোৰে বাবে এই দিনটো চিকিৎসা ক্ষেত্রত সঁচাকৈয়ে উল্লেখনীয়। মই সুখী যে আমাৰ দৰিদ্র, সাধাৰণ মানুহ, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তসকলৰ তেওঁলোকৰ জীৱনৰ সমস্যাসমূহ দূৰ কৰিবলৈ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰাৰ বাবে কিছুমান বিশেষ স্তম্ভ স্থাপন কৰিবলৈ সমৰ্থ হৈছো। মাত্র কেইঘন্টামান পূৰ্বে প্রায় 1700 কোটি টকা ব্যয়সাপেক্ষ এটি প্রকল্প আৰম্ভ কৰা হৈছে। ফলস্বৰূপে, দিল্লীৰ দুখন গুৰুত্বপূর্ণ হাস্পতাল ক্ৰমে এআইএমএস আৰু ছফদৰজংত 1800-ৰো অধিক বিছনাৰ নতুন ক্ষমতা সংযোজন কৰা হৈছে। বন্ধুসকল, এইমছৰ ওপৰত চাপ বৃদ্ধিৰ বিষয়টো বিবেচনা কৰিয়েই দিল্লীত ইয়াৰ সমস্ত কেম্পাছৰ ক্ষমতা বৃদ্ধি কৰা হৈছে। আজি, 300 কোটিৰো অধিক ধন ব্য়য় কৰি নিৰ্মাণ কৰা এনেধৰণৰ ৰাষ্ট্ৰীয় সংস্থাৰ বাবেও এটা স্থাপন কৰা হৈছে। এই কেন্দ্র 200 বিছনাযুক্ত হ’ব। পৰৱর্তী 1.5 – 2 বছৰত এই প্রচেষ্টা সম্পন্ন কৰা হ’ব। জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্রচুৰ সুযোগ থাকিব। এটি বয়স্ক, বিজ্ঞান গবেষণা কেন্দ্রও থাকিব, য’ত বার্ধক্য বৃদ্ধিৰ সমস্যা সমাধানেৰ বাবে গবেষণা কৰা হ’ব পাৰে। লগতে ছফদৰজং হস্পিতালত 1300 কোটি টকা খৰছ কৰি হস্পিতালৰ সুবিধাৰ আধুনিকীকৰণৰ বাবেও কাম কৰা হৈছে। ইয়াৰ অধীনত, এটি জৰুৰী ব্লকৰ এটি বিশেষ ধৰণৰ ব্লকৰ সেৱা দেশবাসীলৈ উৎসর্গা কৰা হৈছে। ছফদৰজং হস্পিতাল দেশৰ সকলোতকৈ বৃহৎ জৰুৰী চিকিৎসাৰ হস্পিতাল হৈ উঠিব, আৰু মাত্র 500 খন বিছনাযুক্ত নতুন চিকিৎসাৰ জৰুৰী চিকিৎসা ব্যবস্থাও আছে। বন্ধুসকল, আজি 5 টা প্রকল্পৰ ভিতৰত এটি পাৱাৰ গ্রিড ৰিলাক্সেশন হাউছো আছে। এটা ৰাজহুৱা খণ্ডৰ আৰু সমাজৰ প্রতি তেওঁলোকৰ দায়িত্বৰ উদাহৰণসমূহৰ এটা। এয়া কেৱল ৰোগীসকলৰ নহয় বৰং তেওঁলোকৰ যত্নৰ বাবেও মহান কাম। বন্ধুসকল, জীবন ৰক্ষাৰ বাবে সময়মতে চিকিৎসা লাভ কৰাটোৱে এটি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিন্তু এইক্ষেত্ৰত দিল্লীৰ যান–জঁট এটি বাধা হৈ আহিছে। ইয়াৰ পূৰ্বে আন এটি ডাঙৰ সমস্যা আছিল, বিশেষকৈ বিভিন্ন কেন্দ্রৰ মাজত ৰোগী আৰু চিকিৎসকৰ আন্দোলন আৰু এইমছৰ চৌহদ। এই সমস্যাসমূহো এইমছৰ প্রধান ভৱন আৰু জয়প্রকাশ নাৰায়ণ ট্রমা চেন্টাৰৰ মাজত সমাধান কৰা হৈছে। আমি এক কিলোমিটাৰ দৈৰ্ঘ্যৰ ভূগর্ভস্থ সুৰংগৰ উদ্বোধনৰ সুযোগ পাইছো। এই সুৰংগ ৰোগী, তেওঁলোকৰ আত্মীয়স্বজন, ডাক্তৰ আৰু প্রয়োজনীয় ঔষধ আৰু সৰঞ্জামৰ সমস্যা মুক্ত আন্দোলন নিশ্চিত কৰে। বন্ধুসকল, ভাৰতত আমাৰ সুবিশাল আৰু উন্নয়নশীল দেশৰ বাবে সূলভ মূল্যৰ, অ্যাক্সেসযোগ্য, নিৰাপদ আৰু আধুনিক স্বাস্থ্যসেৱা স্থাপনৰ বাবে আমাৰ ওপৰত জৰুৰী দায়িত্ব সম্পর্কে আপোনালোকে ভালদৰে অৱগত। যোৱা চাৰি বছৰে জনস্বাস্থ্যৰ বাবে এটি নতুন নির্দেশনা দিয়া হৈছে। কেন্দ্রীয় চৰকাৰৰ প্রত্যেক নীতিৰ হস্তক্ষেপৰ লক্ষ্য হৈছে দৰিদ্র আৰু মধ্যবিত্তসকলৰ বাবে ভাল মানৰ, অ্যাক্সেসযোগ্য আৰু সূলভ মূল্যৰ স্বাস্থ্য সেৱা প্রদান কৰা। ৰাজ্য চৰকাৰৰ সৈতে কেন্দ্রীয় চৰকাৰে সমগ্ৰ দেশতে স্বাস্থ্যসেৱাৰ সুবিধা সম্পর্কে এক আধুনিক পৰিকাঠামো তৈয়াৰ কৰিছে। কেন্দ্রীয় চৰকাৰৰ নিৰলস প্রচেষ্টাই হস্পিতালসমূহৰ মাজত প্রাতিষ্ঠানিক বিতৰণ সংখ্যা বৃদ্ধি কৰিছে। মাতৃত্বকালীন হাৰ আৰু শিশুমৃত্যুৰ হাৰ গর্ভবতী মাতৃ আৰু শিশুসকলৰ স্বাস্থ্যৰ নিয়মিত পর্যবেক্ষণ আৰু টিকা দিৱসত 5 টা নতুন ভেকচিন যোগ কৰাৰ কাৰণে যথেষ্ট হ্রাস পাইছে। চৰকাৰ বৃহৎ চহৰসমূহৰ মাজত আৰু চৌপাশৰ স্বাস্থ্যৰ পৰিকাঠামোকে শক্তিশালী কৰিবলৈ আৰু টিয়াৰ ২ আৰু টিয়াৰ 3 চহৰত একে ধৰণৰ সুবিধা প্রদান কৰাতো নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে। এই বাবে, চৰকাৰে দুটি বিস্তৃত স্তৰত কাম কৰিছে। প্রথমটো, বিদ্যমান হস্পিতালসমূহ আৰু সুবিধাসমূহৰ সৈতে জড়িত হৈছে। দ্বিতীয়টো, দেশৰ দুৰ্গম অঞ্চলত স্বাস্থ্যসেৱাৰ সুবিধা বিতৰণ কৰা হৈছে। বন্ধুসকল, যোৱা 4 বছৰে অনুমোদিত এইমছৰ সংখ্যা স্বাধীনতাৰ শেষ 70 বছৰৰ ভিতৰত অনুমোদন দিয়াতকৈ অধিক। ত্রয়োদশ নতুন এইমছ অনুমোদন কৰা হৈছে আৰু ইয়াৰ আঠখনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ উপৰিও, 15 খন মেডিকেল কলেজৰ ছুপাৰ–স্পেচিয়েল হস্পিতাল নির্মাণ কৰা হৈছে। বন্ধুসকল, এটি স্বাস্থ্যসেৱা ব্যৱস্থা নতুন ভাৰতত উন্নীত কৰা হৈচে য’ত হস্পিতালসমূহ সূলভ মূল্যৰ হ’ব আৰু যথাযথ সুবিধাৰ লগতে পর্যাপ্ত আৰু ডাক্তার তথা বিছনা সংখ্যা আৰু অধিক হব। এই লক্ষ্য আগত ৰাখিয়েই মেডিকেল শিক্ষাত নতুন সুযোগ সৃষ্টি কৰা হৈছে। আমাৰ চৰকাৰে 58 খন জিলাত মেডিকেল কলেজ হস্পিতাল উন্নীত কৰিবলৈ কাম কৰিছে। এই বছৰৰ বাজেটত, চৰকাৰে ২4 খন নতুন কলেজ প্রতিষ্ঠাৰ সিদ্ধান্ত লৈছে। চৰকাৰে তিনিখন লোকসভা আসনৰ বাবে অন্তত এখনকৈ মেডিকেল কলেজ স্থাপনৰ চেষ্টা কৰিছে। যোৱা চাৰি বছৰত, স্নাতকোত্তৰ বা স্নাতকোত্তৰ চিকিত্সাৰ প্রায় ২5 হাজাৰ নতুন জাতীয় সদস্য দেশব্যাপি যোগ হৈছে। ভর্তি প্রক্রিয়া আৰু স্বচ্ছ হৈ পৰিছে। বন্ধুসকল, এই চৰকাৰৰ দৃষ্টি কেৱল হস্পিতাল, অসুস্থতা আৰু ঔষধ বা আধুনিক সুবিধাসমূহতে সীমাৱদ্ধ নহয়। দেশৰ প্রতিজন মানুহৰ চিকিত্সা নিশ্চিত কৰিবলৈ আৰু মানুহৰ অসুস্থতা সৃষ্টিকাৰী কাৰণসমূহ কমাবলৈ, একেই উদ্দেশ্য আগত ৰাখি এটি জাতীয় স্বাস্থ্য নীতি প্রণয়ন কৰা হৈছে। আমাৰ চৰকাৰৰ স্বাস্থ্য মন্ত্রণালয়ৰ আধিকাৰীসকলৰ কাষৰ পৰা স্বাস্থ্যসেৱাৰ ব্যবস্থাও কৰিবলৈ চেষ্টা কৰা হৈছে। গ্ৰামোন্নয়ন মন্ত্রণালয় স্বাস্থ্যেৰ তত্ত্বাবধানত এই দৃষ্টিভংগীৰ সৈতে যুক্ত। অনাময় আৰু খোৱা পানী মন্ত্রণালয়কো ইয়াৰ সৈতে সংযুক্ত কৰা হৈছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্রণালয়ো ইয়াৰ সৈতে যুক্ত হৈছে। লগতে আমাৰ ঐতিহ্যগত স্বাস্থ্য পৰিসেৱাসমূহে আয়ুস মন্ত্রণালয়ৰ পৰা সমর্থন পাইছে। অসুস্থতা আৰু দাৰিদ্ৰতাৰ মাজৰ সম্পৰ্কৰ বাবে চৰকাৰৰ পৰিকল্পনাসমূহ প্রণয়ন কৰা হৈছে। সেইবোৰ বাস্তবায়ন কৰাৰ বাবে অনেক প্রচেষ্টা চলিছে। দাৰিদ্ৰতাৰ প্রধান কাৰণ হৈছে ৰোগ। মুঠৰ ওপৰত, ৰোগ প্রতিৰোধত দাৰিদ্ৰতা হ্রাসৰ লগতে এই দিশটো নিৰবিচ্ছিন্নভাৱে প্রচেষ্টা চলোৱা হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত টয়লেট নির্মাণ, মিছন ইডডৌনউছৰ অধীনত দুৰ্গম অঞ্চলত টিকাদান, পুষ্টি সংক্রান্তীয় জাতীয় অভিযাম আৰু Ayushman ভাৰতৰ দৰে অলেখ উচ্চাকাংক্ষী প্রকল্প দৰিদ্ৰ ৰোগীসকলৰ বাবে হাতত লোৱা হৈছে। প্রিভেন্টিভ বা এফডেবেল হেল্থ কেয়াৰৰ কাম সম্পর্কে দেশবাসীয়ে ইয়াৰ আগতে জনাই নাছিল। নেশ্যনেল হেল্থ প্রটেকশ্যন স্কিম বা আয়ুস্মান ভাৰত এই দিশত এটি গুৰুত্বপূর্ণ লিংক। এই পৰিকল্পনাত, প্রায় 1.5 লাখ স্বাস্থ্য আৰু কল্যাণ কেন্দ্র স্থাপনৰ কাম চলিছে, যেনে প্রতিটো প্রধান পঞ্চায়তত চলিছে। ভবিষ্যতে এই ৰোগসমূহ চিনাক্তকৰণৰ বাবে এই কেন্দ্রসমূহে পৰীক্ষাৰ আৰু চিকিত্সাৰ বাবে আধুনিক সুযোগ প্রদান কৰিব। চহৰ আৰু গাঁৱৰ বাসিন্দা ইয়াৰ পৰা উপকৃত হ’ব। গুৰুতৰ অসুস্থতাৰ ক্ষেত্রত দৰিদ্রতা আৰু নিম্ন মধ্যবিত্তক 5 লাখ টকা পর্যন্ত বিনামূল্যে চিকিত্সা প্রদানর কাম চলিছে। আমি এই প্রকল্পৰ সৈতে সর্বাধিক সম্ভাব্য ৰাজ্যের লিঙ্ক কৰিবলৈ প্রচেষ্টা চলাইছো। প্রাইভেট হস্পিতালসমূহৰ সৈতে আলোচনা চলিছে। বিস্তৃতভাবে ক’বলৈ হ’লে, বিভিন্ন স্টেকহোল্ডাৰ বিভিন্ন বিষয়ে সম্মত হৈছে আৰু অতি শীঘ্রে আমি বিশ্বৰ বৃহত্তম স্বাস্থ্য বীমা স্কিমৰ সৈতে আগবাঢ়িম। বন্ধুসকল, এই প্রকল্প কেৱলমাত্র দৰিদ্রসকলক জীৱন দিয়াৰ বাবেই নহয়, বৰং এটি নতুন বিপ্লব আৰম্ভ কৰাৰ বাবে যিয়ে মেডিকেল খণ্ডত অভূতপূর্ব সুযোগ সৃষ্টি কৰিব। এই স্কিমৰ কাৰণে, দেশৰ গ্রামাঞ্চল আৰু সৰু চহৰসমূহৰ সমীপৰ হস্পিতালসমূহৰ ভবিষ্যতে এটি বিশাল নেটৱর্ক সৃষ্টি হ’ব। নতুন হাস্পতালত বৃহৎ নেটৱর্কৰ বাবে এক স্বাভাৱিক প্রাকৃতিক কাৰণ যিহেতু অন্য কোনো চিকিৎসাৰ ব্যয়ভাৰ বহন কৰিব, তেতিয়া ৰোগীসকলে হস্পিতালত ভর্তি হ’ব। ইয়াৰ আগতে তেওঁলোকে অসুস্থ হ’লেও হস্পিতাললৈ যওৱাৰ পৰা বিৰত থাকে। হস্পিতাল আৰু ডাক্তৰসকলেও তেওঁলোকৰ সেৱ প্রদানৰ বাবে আগবাঢ়ি আহিব, কাৰণ তেওঁলোকে ফিজ পোৱাতো নিশ্চিত হ’ব। এটি উপায়, এটি ছিস্টেম উন্নয়নশীল যি আমাৰ মানৱ সম্পদ উন্নয়ন, চিকিৎসা খণ্ড, অবকাঠামো উন্নয়ন আৰু স্বাস্থ্য সচেতন সমাজৰ চর্তাবলীৰ সৈতে এটি নতুন যুগত প্রৱেশ কৰিবলৈ সাজু হৈছে। এই খণ্ডত কর্মসংস্থানৰ সুযোগ অবশ্যই বৃদ্ধি পাব। আমি সকলোৱে জানো যে একাধিক কর্মী এজন ডাক্তাৰৰ সৈতে যুক্ত। বহুতেই চাকৰ পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। হয়, মই বিশ্বাস কৰো যে বৃহৎ চহৰসমূহত আধুনিক চিকিৎসা সুবিধা প্রদানৰ বাধ্য–বাধকতা কমি যাব। মানুহে সহজেই ঘৰৰ সমীপতে এই সুবিধা পাব। বন্ধুসকল, এই মাহৰ আৰম্ভণিৰ ফালে, যোৱা চাৰি বছৰৰ সুবিধাবঞ্চিত স্বাস্থ্যসেবা স্কিম পৰা সাধাৰণ মানুহ কিমান উপকৃত হৈছে সেয়া জনাৰ বাবে আমি ব্যক্তিগতভাবে সমগ্ৰ দেশৰ লাভৱান্বিতসকলৰ সৈতে যোগাযোগ কৰিছিলো। আমাৰ অনুমান অনুযায়ী, প্রায় 30-40 লাখ মানুহে আমাৰ সৈতে প্রায় 3 লাখ কেন্দ্ৰৰ মাধ্যমেৰে অংশগ্ৰহণ কৰে। এটি বিষয় আলোচনাৰ পৰা স্পষ্ট হৈছিল যে নিম্ন মধ্যবিত্তৰ মেডিকেল বিল আৰু দৰিদ্র ৰাইজৰ বিলুপ্তি ঘটিছে। বন্ধুসকল, আপোনালোক এই কাৰণে ভল কাৰণ আপোনালোক সচেতন। প্রায় 1100 টি প্রয়োজনীয় ঔষধ চৰকাৰী মূল্য নিয়ন্ত্রণ ব্যবস্থাৰ আওতালৈ অনা হৈছে। এই পৰায়লসমূহৰ বাবে প্রায় দহ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। এই স্কিমৰ পৰা আৰু অধিক সঞ্চয় কৰিছে এক বছৰত 10 হাজাৰ কোটি টাকা আৰু সমগ্ৰ দেশত 3,600 জন–ঔষধ কেন্দ্র খোলা হৈছে। এই কেন্দ্রসমূহত, 700 তকৈও অধিক ঔষধ আৰু ছার্জাৰীৰ 150 ৰো অধিক সৰঞ্জাম কম দামত পোৱা যায়। অমৃত ষ্টৰসমূহত 50% কম খৰচৰ ঔষধৰ প্রায় 75-80 লক্ষ ৰোগীয়ে সুবিধা গ্রহণ কৰিছে। ইয়াৰ উপৰিও, দেশৰ গৰিষ্ঠ আৰু মধ্যম বর্গই প্রায় 5,500 কোটি টকা সংৰক্ষণ কৰা নাছিল। তাৰ মূল্য 1/3 হয়, সেয়া হ্ৰাস পাইছে। ইয়াৰ লগতে, জিএসটি প্ৰণয়নৰ পিছত বিভিন্ন ঔষধৰ দাম কমি গৈছে আৰু ৰাইজে ইয়াৰ পৰা থেকে প্রচুৰ পৰিমাণে উপকাৰ লাভ কৰিছে। দেশৰ প্রায় প্রতিখন জিলাত ডায়োলেছিছ চেণ্টাৰ স্থাপন কৰা হৈছে। ইয়াত দৰিদ্ৰসকলক বিনামূল্যে ডায়োলেছিছৰ সুবিধা প্রদান কৰা হৈছে। এই পর্যন্ত, 2.5 লাখ ৰোগীয়ে এই সুবিধা গ্রহণ কৰিছে। আগতে, বিনামূল্যে ডায়োলেছিছ সুবিধাৰ বাবে দৰিদ্ৰসকলে শ শ কিলোমিটাৰ ভ্রমণ কৰিব লাগিছল। এতিয়া তেওঁলোকে নিজ জিলাতে এই সুবিধা লাভ কৰিছে। যিহেতু সেইসকলৰ বাবে ইমান দূৰত্ব ভ্রমণ কৰা কঠিন আছিল, সেয়ে তেওঁলোকক নিকটস্থিত হস্পিতালসমূহতে ডায়োলেছিছ কৰিবলৈ বিপুল পৰিমাণৰ অর্থ ব্যয় কৰিবলগীয়া হৈছিল। এতিয়া এই ডায়োলেছিছৰ সুবিধাই প্রায় 1500-২000 টকা ৰাহি কৰিব। এই আঁচনিৰ অধীনত প্রায় ২5 লাখ বিনামূলীয়া ডায়োলেছিছ শাখা ইতিমধ্যেই পৰিচালিত হৈছে। ইয়াৰ লগতে, যোগ–ব্যায়াম এটি প্রতিৰক্ষামূলক স্বাস্থ্য পৰিচর্যা প্রক্রিয়া হিসাপে তাৰ পৰিচয় প্রতিষ্ঠিত হৈছে। ইয়াৰ আগত মানুহে যোগক উপহাস কৰিছিল, কিন্তু এতিয়া যোগব্যায়াম সমগ্র পৃথিৱীতে নিজৰ বাবে এটি স্থান তৈয়াৰ কৰিছে। যদিও আমি দাবী কৰিব নোৱাৰো যে যোগব্যায়ামে এজন যোগীকে এজন যোগী ৰূপে পৰিণত কৰিব পাৰে কিন্তু ই যে অসুস্থ হোৱাৰ পৰা ৰক্ষা কৰে সেয়া নিশ্চিত। আজি, যোগব্যায়াম বিশ্বৰ এটি গণ আন্দোলনত পৰিণত হৈছে। আমি দেখিছো যে দিনদিয়েক পূৰ্বে আন্তর্জাতিক যোগ দিৱস পালন কৰা হৈছিল। ময়ো পিছত কৈছিলো, আনকি এইমছতো যোগব্যায়াম সম্পর্কে অনেক সচেতনতা দেখা গৈছে। আমাৰ সকলো ডাক্তৰ বন্ধুৱে যোগ কৰিছে। আমি আনন্দিত হৈছিলো! বন্ধুসকল, এয়া প্রতিজন নাগৰিককে স্বাস্থ্যসেৱা প্রদানৰ লক্ষ্য, চৰকাৰৰ লক্ষ্য কিন্তু এনেকৈ সম্ভৱ নহয় যদিহে আপোনালোকে আৰু মেডিকেল খণ্ডৰ সহযোগিতা আৰু সমর্থন পোৱা নগলহেতেন। যিহেতু দেশে এক নতুন ভাৰত নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে, স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলেও কিছু সিদ্ধান্ত ল’ব লাগিব। যদিও মই এজন ডাক্তৰ বা এজন মেডিকেল পেছাৰ ব্যক্তি নহয়, তথাপিও মই ২0২২ চনত এই লক্ষ্য অর্জন কৰিব পাৰিম যেতিয়া নেকি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব। এই পৰিৱেশ তৈয়াৰ কৰা প্রয়োজন। চৰকাৰে ২0২৫ চনৰ ভিতৰত ভাৰতক টিবি–মুক্ত কৰাৰ বাবে কাম কৰিছে। প্রতি মাহে টিবি ৰোগীসকলৰ প্রতি 500 টকাৰ আর্থিক সহায় প্রদান কৰা হব, তেওঁলোকৰ স্বাস্থ্যৰ বিষয়টো মনত ৰাখিব লাগিব। বন্ধুসকল, ২030 চনৰ ভিতৰত অন্য দেশসমূহে নিজকে টিবি মুক্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। সেয়ে য’ত সম্ভব আমাৰ সংকল্প পূৰণ কৰিব লাগিব। বিশ্বই ২030 চনৰ ভিতৰত টিবি–মুক্ত হ’ব বিচাৰে কিন্তু ২0২৫ চনৰ ভিতৰত আমি এই লক্ষ্য অর্জন কৰিব বিচাৰো। সমগ্র বিশ্বই ভাৰতক দেখিছে আৰু ভাবিছে যে যদি তেওঁলোকেও এই লক্ষ্য পূৰণ কৰিব পাৰিলেহেতন। দেশৰ চিকিৎসা ক্ষেত্রক লৈ মই সম্পূর্ণ বিশ্বাস কৰো যে এটি পূর্ণ প্রতিজ্ঞাৰ সৈতে এই চেলেঞ্জত কাম কৰিব আৰু দেশৰ নাম উজলাব। এই প্রেক্ষাপটত মাতৃৰ মৃত্যুহাৰ আৰু শিশু মৃত্যুৰ হাৰো গুৰুত্বপূর্ণ বিষয়। আমি যিদৰে কৈছো, যোৱা ৪ বছৰে দেশে এই ক্ষেত্ৰত ব্যাপক অগ্রগতি অর্জন কৰিছে কিন্ত মাতৃ আৰু শিশু মৃত্যুৰ হাৰ হ্রাস কৰাৰ বাবে আমি সকলোৱে আৰু অধিক প্রচেষ্টা কৰিব লাগিব। একেদৰে, প্রধানমন্ত্রীৰ সুৰক্ষিত মাতৃত্ব অধিদপ্তৰ, প্রধানমন্ত্রীৰ মাতুয়ানন্দন পৰিকল্পনা আৰু জাতীয় পুষ্টি অভিযানৰ অধীনত কাম চলিছে। এই অভিযান জীৱনৰ অভিযান হিচাপে কাম কৰা উচিত। যিমানদূৰ সম্ভব পছন্দৰে ফলাফল পাবলৈ এটি গণ আন্দোলনৰ সৈতে সর্বাধিক মানুহক ইয়াৰ সৈতে যুক্ত কৰা উচিত। আমি এই বিশ্বাস লৈয়ে আগুৱাই যাব লাগিব। বন্ধুসকল, সততা আৰু স্বচ্ছতাৰ পৰিবেশৰ প্রসাৰৰ কাৰণে, জাতি গঠনত ইয়াৰ অবদানৰ বাবে আৰু অনেক লোক আগুৱাই আহিছে। জনগণে এতিয়া বিশ্বাস কৰে যে তেওঁলোকৰ কৰৰ প্রতিটো পইছা দেশৰ কল্যাণত ব্যবহৃত হৈছে। সমাজৰ প্রতিটো পর্যায়তে আমি এই বিশ্বাসৰ ফলাফল দেখিবলৈ পাইছো। আপুনি হয়তো মন কৰিব পাৰিব যে যেতিয়াই আমি আমাৰ দেশৰ জনগণক অনুৰোধ কৰিছিলো লালকিল্লাৰ পৰা যিসকলে ৰন্ধনগেছৰ ৰাজসাহায্য এৰি দিব পাৰে সেইসকলে যেন এৰি দিয়ে, আমি 1 কোটি ২5 লাখ পৰিয়ালৰ পৰা এই ধৰণৰ এক মহান প্রতিক্রিয়া পাইছো যিসকলে সাহায্য এৰি দিছে। অন্যথাই, এয়া বিশ্বাস কৰা হয় যে আমাৰ দেশত মানুহে কোনো সাহায্য এৰি দিবলৈ অনিচ্ছুক। এয় এক প্রাকৃতিক আচৰণ। যদি আপুনি ফ্লাইটত ভ্রমণ কৰে আৰু আপোনাৰ কাষৰ আসন খালী থাকে আৰু ফ্লাইট উৰিবলৈ লয়, তেতিয়া আপুনি মোবাইল ফোন, কিতাপ ইত্যাদি থবলৈ সেই আসন ব্যবহাৰ কৰিব পাৰে। আৰু যেতিয়াই তাত যাত্ৰী উঠে তেতিয়াও আপোনাৰ মনটোৱে সেয়া এৰি দিবলৈ ইতস্ততবোধ কৰে। এই মানসিকতাৰ সৈতে ২৫ কোটি পৰিয়াল আছে আৰু তাৰ ভিতৰত 1 কোটি 25 লাখ পৰিয়ালে এটা আহ্বানতে ৰন্ধন গেছৰ সাহায্য এৰি দিছে। মই পৰিষ্কাৰকৈ দেশৰ শক্তি আৰু মেজাজ দেখিব পাৰিছো। মই আপোনাসবৰ সৈতে আৰু এটি কথ শ্বেয়াৰ কৰিব বিচাৰো আপোনালোকে জানে ছিনিয়ৰ চিটিজেনসকলে টিকটত ৰেহাই লাভ কৰে। অনুৰূপভাবে, কেইদিনমান আগতে, মই এটি ঘোষণা কৰাৰ কথা চিন্তা কৰিছিলো কিন্তু ৰেল কর্তৃপক্ষই এয়া অন্তর্ভুক্ত কৰিছিল – "ছিনিয়ৰ নাগৰকসকলে তেওঁলোকৰ ৰেহাই এৰি দিবলৈ ইচ্ছুক"। আপোনালোকে জানি আচৰিত হ’ব যে, ৰেলৱে ৰিজার্ভেশ্যম ফর্মৰ মাধ্যমেৰে প্রায় 42 লাখ ছিনিয়ৰ নাগৰিক যাত্রীয়ে যোৱা ৮–৯ মাহত তেওঁলোকৰ ৰেহাই এৰি দিছে। এয়া আমাৰ দেশৰ শক্তি। এয়া দেশৰ পৰিৱেশ। এবাৰ মই আমাৰ দেশৰ ডাক্তৰসকলক আবেদন জানাইছিলো যে তেওঁলোকে দৰিদ্ৰ গর্ভৱতী মহিলাসকলক সাহায্য কৰাৰ বাবে প্রত্যেক মাহৰ 9 তাৰিখে আগুৱাই আহিব। তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব। মই আনন্দিত যে হাজাৰ হাজাৰ ডাক্তৰ আগুৱাই আহিছে। তেওঁলোকে তেওঁলোকৰ হস্পিতালৰ বাহিৰত এখন বর্ড আৰিছে আৰু গর্ভৱতী মহিলাসকলক প্রতি মাহৰ 9 তাৰিখে বিনামূল্যে সেৱা প্রদান কৰা হয় বুলি লিখি দিছে আৰু এনেকৈ কোটি কোটি মহিলা ইয়াৰ পৰা উপকৃত হৈছে। দেশৰ এই প্ৰত্যহ্বানসমূহৰ সন্মুখীন হোৱাৰ বাবে আমি আমাৰ ডাক্তৰসকল আৰু আগুৱাই অহাতো বিচাৰো কাৰণ আমি সকলোৱে একেলগে আগুৱাই যাব পাৰো। প্রধানমন্ত্রীৰ সুরক্ষিত মাতৃত্ব অভিযানৰ অধীনত 1 কোটি ২5 লাখ গর্ভৱতী নাৰীৰ চিকিতসা কৰা হৈছে। মই এই সহায়ৰ বাবে সকলো ডাক্তর আৰু মেডিকেল কৰ্মীসকলক প্রশংসা কৰিব বিচাৰো। মই এই কামক আগুৱাই নিব বিচাৰো। গ্রামীণ স্বৰাজ অভিযানতো এই অভিব্যক্তি ব্যবহাৰ কৰা হৈছে। আমি এটি অনুষ্ঠান আৰম্ভ কৰিছিলো। কিছু কথা টেলিভিশনত 24 ঘন্টাৰ বাবে দেখুওৱা নহয় বা বাতৰিকাকতৰ শিৰোনাম কৰা নহয়। আমি এটি গ্রাম স্বৰাজ আবাসনৰ আয়োজন কৰিছো। আমি নির্দিষ্ট নিয়মৰ ভিত্তিত 17 খন গাঁও নির্বাচন কৰিছো আৰু 7 টা কাম নিৰ্ধাৰণ কৰিছিলো। এই গাঁওকেইখনত 7 টা কাম 100% পূৰণ কৰিতে লাগিব। কর্মসমূহৰ মাজৰ এটা হৈছে ছিটা প্ৰদান। ইয়াৰ অৰ্থ এয়া যে দেশৰ বিভিন্ন স্থানত স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধিৰ লগে লগে বিভিন্ন খণ্ডৰ মানুহ জড়িত হৈছে। এয়া প্রশংসনীয়। এয়া আপোনালোকৰ সহযোগিতাৰ কাৰণে সম্ভব হৈছে যে আজি ছিটা প্ৰদানৰ হাৰ 6% বৃদ্ধি পাইছে। 6% খুব কম যেন লাগিব পাৰে কিন্তু এয়া আগতে 1% নাছিল, আপোনাসবৰ প্রতিশ্রুতিৰ কাৰণে, দেশে আজি 100% ইমিউনাইজেশনৰ লক্ষ্য অর্জনৰ দিশে অগ্ৰসৰ হৈছে। দেশৰ প্রত্যেক গর্ভৱতী মহিলা আৰু শিশুক ইমিউনাইজেশনৰ প্ৰতিজ্ঞাই সুস্থ পৰিয়ালৰ সৃষ্টি কৰি নতুন ভাৰত গঠনত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। বন্ধুসকল, এখন সুস্থ সমাজ এটি সুস্থ পৰিয়ালৰ দ্বাৰা সৃষ্টি হয় আৰু সুস্থ সমাজৰ দ্বাৰা তৈয়াৰ হয় এটি সুস্থ জাতি। আমি সকলোৱে আৰু বিশেষভাবে আপোনালোকেই দেশক সুস্থ ৰখাৰ বাবে দায়ী। সেয়ে, ৰাষ্ট্রপতিয়ে ৰাষ্ট্র ভৱন নির্মাণৰ বাবে আপোনালোকক গুৰুত্বপূৰ্ণ আখ্যা দিছে। আহক, চৰকাৰৰ সৈতে একেলগে সংযুক্ত হও। 'सर्वेभवन्तुसुखिनःसर्वेसन्तुनिरामयाःसर्वेभद्राणिपश्यन्तु।माकश्चित्दुःखभाग्भवेत्॥' এই বিশ্ব আৰু ইয়াৰ জনগণক ৰোগ মুক্ত কৰি আমি এখন নতুন ভাৰত নির্মাণৰ দিশে অগ্রসৰ হ’ব লাগিব। মই দিল্লী আৰু সমগ্ৰ দেশতে এনে সুবিধাসমূহ আগবঢ়োৱাৰ বাবে বিভাগটোক অভিনন্দন জনাইছো। তেওঁলোকে এক নির্দিষ্ট সময়সীমাৰ ভিতৰত এই সমস্ত কাম সম্পন্ন কৰিবলৈ সর্বাত্মক প্রচেষ্ট চলাইছে। এয়া ইয়াৰ কাৰণে হৈছে কিয়নো মই তেওঁলোকক তেনে কামহে হাতত ল’বলৈ অনুৰোধ জনাইছিলো যিটো তেওঁলোকে কৰিব পাৰে। সংসদত এনে এটা সময় আছিল যেতিয়া ৰেল বাজেটৰ সময়ত সংসদৰ পৱিত্ৰ মজিয়াত প্ৰতিশ্ৰুতি দিয়া হৈছিল। মই লক্ষ্য কৰিছিলো যে যোৱা 30, 40, 50 বছৰত প্রায় 1500 টা ঘোষণা কেৱল ৰেল খণ্ডতেই ঘোষণা কৰা হৈছিল। মই যেতিয়া এইবোৰ বিষয়ক লৈ প্রশ্ন তুলিছিলো, সেয়া নথিপত্ৰতো নাছিল, বাস্তৱ হোৱাৰ পূৰ্বেই সকলো পাহৰণিৰ গৰ্ভত ডুব গৈছিল। আমি সেই পথৰ পৰা বিচ্যুত হ’ব বিচৰা নাছিলো। আমি আমাৰ সফলতাৰ কথা জাহিৰ কৰিবলৈ ইয়ালৈ অহা নাই, কিন্তু ইয়াৰ ৰূপান্তৰৰ বাবে আমাৰ যি সংকল্প সেই সংকল্পক বাস্তৱ ৰূপ দিবলৈ আপোনালোকৰ সহযোগিতা আৰু অংশগ্ৰহণ বিচাৰিছো। আপোনালোকৰ সহযোগিতাত দেশৰ প্ৰত্যাশা আৰু আকাংক্ষা পূৰণৰ বাবে মই মোৰ যাত্ৰা আৰম্ভ কৰিছো। বন্ধুসকল, মই বিশ্বাস কৰো যে আপোনালোকেও মোক সহযোগিতা আগবঢ়াব। অশেষ ধন্যবাদ!
এইমছত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE-%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3-%E0%A6%9C%E0%A7%87%E0%A6%9F%E0%A6%B2%E0%A7%80-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%95-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE-%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3-%E0%A6%9C%E0%A7%87%E0%A6%9F%E0%A6%B2%E0%A7%80-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%95-2/
নমস্কাৰ! আজিৰ দিনটো মোৰ বাবে অপূৰণীয় ক্ষতি আৰু অসহণীয় বেদনাৰ দিন। মোৰ ঘনিষ্ঠ বন্ধু আৰু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী শ্বিনজো আবে এতিয়া আৰু আমাৰ মাজত নাই। আবে জী মোৰ বন্ধুতো আছিলেই, তেওঁ ভাৰতৰো সিমানেই বিশ্বস্ত বন্ধু আছিল। তেওঁৰ কাৰ্যকালত ভাৰত-জাপানৰ যি ৰাজনৈতিক সম্বন্ধ আছিল সেই সম্বন্ধই এক উচ্চ শিখৰতো লাভ কৰিছিলেই, আমি দুয়োখন দেশৰ উমৈহতীয়া ঐতিহ্যৰে জড়িত সম্পৰ্ককো বহুদূৰ আগুৱাই নিছিলো। আজি ভাৰতৰ বিকাশে যি গতি লাভ কৰিছে, জাপানৰ সহযোগিতাৰে আমাৰ দেশত যিবোৰ কাৰ্য সম্পাদিত হৈ আছে, ইয়াৰ জৰিয়তে শ্বিনজো আবে জী ভাৰতৰ জন-মনত বছৰ বছৰ ধৰি স্মৰণীয় হৈ ৰ’ব। মই আকৌ এবাৰ বেদনাৰ্দ্ৰ মনৰে মোৰ বন্ধুলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো। বন্ধুসকল, আজিৰ যে এই আয়োজনটো মোৰ আৰু এগৰাকী বন্ধু অৰুণ জেটলীৰ নামত উত্সৰ্গিত। বিগত দিনৰ কথা স্মৰণ কৰো যদি তেওঁৰ বহু কথাই, তেওঁৰ সৈতে বিজড়িত বহুত স্মৃতি স্বাভাৱিক ভাবেই মনলৈ আহে, আৰু ইয়াত বহুবোৰ তেওঁৰ পুৰণি বন্ধু দেখিবলৈ পাইছো। তেওঁৰ বাগ্মীতাই আমাৰ সকলোকে সন্মোহিত কৰি ৰাখিছিল আৰু তেওঁৰ ‘ৱান লাইনাৰ’বোৰ বহু সময়লৈকে বতাহত গুঞ্জৰিত হৈ ৰৈছিল। তেওঁৰ ব্যক্তিত্ব বিবিধতাৰে ভৰা আছিল, আৰু তেওঁৰ স্বভাৱ ‘সৰ্বমিত্ৰ’ ধৰণৰ আছিল। ইয়াত যিমনখিনি লোকক দেখিছো, প্ৰতিগৰাকীয়েই হয়তো বেলেগ বেলেগ জগতৰ লোক, কিন্তু সকলোৱেই অৰুণৰ বন্ধু আছিল। এয়াই অৰুণৰ ‘সৰ্বমিত্ৰ’ স্বভাৱটোৰ বিশেষত্বকে প্ৰকাশিত কৰে, তেওঁৰ ব্যক্তিত্বৰ এই গুণটোক সকলোৱেই আজিও মনত পেলাই আৰু সকলোৱেই অৰুণৰ অভাৱ অনুভৱ কৰে। মই অৰুণ জেটলী জীক মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। বন্ধুসকল, অৰুণ জীৰ স্মৃতিত অনুষ্ঠিত এই বক্তৃতাৰ যি বিষয় ৰখা হৈছে: “গ্ৰ’থ থ্ৰু ইনক্লুছিভিটী, ইনক্লুছিভিটী থ্ৰু গ্ৰ’থ”, সেয়া চৰকাৰৰ উন্নয়ণী নীতিৰো মূলমন্ত্ৰ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে মই থৰ্মন জীৰ ওচৰত বিশেষ ভাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। মই কেবাবাৰো তেখেতৰ বক্তৃতা শুনিছো, তেওঁৰ বিষয়ে পঢ়িও থাকো। তেখেতৰ কথাত, তেখেতৰ অধ্যয়নত, তেওঁ কেৱল ভৰতহে যে কয় তেনে নহয়, পৃথিৱীৰ অন্য দেশসমূহলৈকো যেতিয়া যায়, তেতিয়াও বহুত গৱেষণা কৰে, স্থানীয় বিষয়সমূহৰে গঢ়ি তোলা ঘনিষ্ঠতা তেখেতে প্ৰতিটো বৌদ্ধিক চিন্তাত, তেওঁৰ দৰ্শনত খুউব ভালকৈ সংপৃক্ত কৰেযে সেই কথাও আমি সকলোৱে অনুভৱ কৰিছো। খুউৱ ধুনীয়াকৈ তেখেতে গোলকীয় পৰিস্থিতিৰ পৰা আমাৰ দেশৰ শিশুসকললৈকে আমাক লৈ আনিছে। তেখেতে আমাৰ বাবে সময় উলিওৱাৰ বাবে মই কৃতজ্ঞতা প্ৰকাশ কৰিছো। বন্ধুসকল, যিটো বিযয়ত এই আলোচনা কৰি থকা হৈছে, যিটো বিষয়য়ক লৈ আজি ‘অৰুণ জেটলী স্মাৰক বক্তৃতা’ আৰম্ভ হৈছে, মই যদি ইয়াক সৰল ভাষাত কওঁ তেন্তে, এক প্ৰকাৰে এইটো বিষয় মোৰ চিধা চিধি ভাষাত মই কব লাগিব, ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’। কিন্তু ইয়াৰ সৈতেই, এই বক্তৃতাৰ বিষয়বস্তুৱে আজিৰ নীতি-নিৰ্দ্ধাৰকসকলৰ সন্মুখলৈ অহা প্ৰত্যাহ্বান আৰু খোকোজাসমূহকো সামৰি লয়। মই আপোনালোকক এটা প্ৰশ্ন কৰিব খুজিছো। ‘ইনক্লুছিভিটী’ বা ‘সমাবেশন’ অবিহণে বাৰু শুদ্ধ ‘গ্ৰ’থ’ অৰ্থাত্ ‘সংবৰ্দ্ধন’ সম্ভৱ হয়নে? আপোনালোকে নিজকে নিজে সোধকচোন! ‘সংবৰ্দ্ধন’ অবিহনে বাৰু ‘সমাবেশন’ৰ কথা ভাবিবও পৰা যায় নে? চৰকাৰৰ মূৰব্বী হিচাপে মই ২০ বছৰৰো অধিক সময় ধৰি কাম কৰাৰ সুযোগ লাভ কৰিছো আৰু মই অৰ্জন কৰা অভিজ্ঞতাৰ সাৰ হৈছে– ‘সমাবেশন’ অবিহণে প্ৰকৃত ‘সংবৰ্দ্ধন’ সম্ভৱেই নহয়। আৰু ‘সংবৰ্দ্ধন’ নোহোৱাকৈ ‘সমাবেশন’ৰ লক্ষ্যও পূৰণ কৰিব পৰা নাযায়। সেয়ে, আমি ‘সমাবেশন’ৰ জৰিয়তে ‘সংবৰ্দ্ধন’ৰ পথ নিৰ্মাণ কৰিছো, সকলোকে সমাৱেশিত কৰাৰ প্ৰয়াস কৰিছো। বিগত ৮টা বছৰত ভাৰতে ‘সমাবেশন’ৰ বাবে যি গতিবেগৰে কাম কৰি আছে, যি মাত্ৰাত কাম কৰি আছে তেনে উদাহৰণ আপোনালোকে সমগ্ৰ পৃথিৱীতে কেতিয়াও বিচাৰি নেপাব। বিগত ৮টা বছৰত ভাৰততে ৯ কোটিৰো অধিক মহিলাক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে। এই সংখ্যা দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, নিউজীলেণ্ডৰ সমগ্ৰ জনসংখ্যকো যদি একলগে ধৰা হয়, তেন্তে তাতোকৈয়ো অধিক হ’ব। অৰ্থাত্ আপোনালোকে মাত্ৰালৈ লক্ষ্য কৰকচোন, বিগত আঠটা বছৰত ভাৰতে ১০ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰি দুখীয়া-নিচলাসকলক প্ৰদান কৰিছে। থৰ্মান জীয়ে এই কথাটো বৰ গুৰুত্ব সহকাৰে উল্লেখ কৰিছে। এই সংখ্যা দক্ষিণ কোৰিয়াৰ মুঠ জনসংখ্যাৰ দুগুণতকৈয়ো অধিক। বিগত আঠোটা বছৰত ভাৰতে ৪৫ কোটি ‘জনধন বেংক একাউণ্ট’ খুলিছে। এই সংখ্যা জাপান, জাৰ্মানী, ব্ৰিটেইন, ইটালী, মেক্সিকোৰ মুঠ জনসংখ্যাৰ প্ৰায় সমান। যোৱা আঠোটা বছৰত ভাৰতে দুখীয়া-নিচলাৰ বাবে ৩ কোটি পকীঘৰ নিৰ্মাণ কৰি প্ৰদান কৰিছে। আৰু মোৰ মনত আছে এবাৰ আপোনাৰ মন্ত্ৰী পৰিষদৰ সতীৰ্থ ঈশ্বৰণৰে মোৰ কথা-বতৰা চলি আছিল, ছিংগাপুৰৰ মন্ত্ৰী তেওঁ, যেতিয়া মই তেওঁক এইবোৰৰ তথ্য দাঙি ধৰিছিলো, হয় এইবোৰৰে, তেতিয়া ঈশ্বৰণে মোক কৈছিল তেন্তে আপুনিতো প্ৰতি মাহতে একোখন নতুন ছিংগাপুৰ নিৰ্মাণ কৰিব লাগে। মই আপোনালোকক ‘গ্ৰ’থ থ্ৰু ইনক্লুছিভিটী, ইনক্লুছিভিটী থ্ৰু গ্ৰথ’-ৰ এটা উদাহৰণ দিব বিচাৰিছো। ভাৰতত কিছু বছৰৰ আগতে আমি ‘আয়ুষ্মান ভাৰত যোজনা’ আৰম্ভ কৰিছিলো। যিখন আঁচনিৰ কথা থৰ্মান জাঙৰীয়াই কৰিছে আৰু আগন্তুক মুখ্য খণ্ডসমূহতো তেওঁ স্বাস্থ্য খণ্ডৰ আলোচনা কৰিব। এইখন আঁচনিৰ সুবাদত ৫০ কোটিৰো অধিক দুখীয়া লোকে ভাল ভাল হাস্পটালত আৰু ভাৰতৰ যিকোনো ঠাইতে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সাৰ নিশ্চিতি লাভ কৰিছে। ৫০ কোটি লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা। বিগত চাৰিটা বছৰত ‘আয়ুষ্মান ভাৰত’ৰ সুবাদত দেশৰ চাৰে তিনি কোটিৰো অধিক লোকে বিনামূলীয়া চিকিত্সাৰ সুযোগ লাভ কৰিছে। আমি এই আঁচনিখনত ‘সমাবেশন’ত অধিক গুৰুত্ব আৰোপ কৰিছো, দুখীয়াৰো দুখীয়াসকলক, সমাজৰ অন্তিম সীমাত অৱস্থান কৰা সকলৰো আৰোগ্যৰ ব্যৱস্থা ভালৰো ভাল হাস্পটালত সম্ভৱ হোৱাটোত গুৰুত্ব দিছিলো, আৰু সময়ত দেখা গ’ল যে ইয়াৰ দ্বাৰা ‘সংবৰ্দ্ধন’ৰ পথো মুকলি হ’বলৈ লৈছে। আগতে যিসকল বাহিৰতে থাকি গৈছিল, সেইসকল এতিয়া বিকাশৰ মূলসুঁতিৰে সংযোজিত হ’বলৈ ধৰিছে, সেয়ে চাহিদাও বাঢ়িছে আৰু ‘সংবৰ্দ্ধন’ৰ বাবে সুযোগৰ পৰিসৰো বাঢ়িবলৈ ধৰিছে। ভাৰতৰ এক-তৃতীয়াংশ জনসংখ্যা উন্নত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত আছিল, তেওঁলোকে এতিয়া চিকিত্সাৰ সুবিধা লাভ কৰিছে, ইয়াৰ পোণপতীয়া প্ৰভাৱ এয়ে হৈছে যে, স্বাস্থ্যসেৱাৰ সা-সুবিধাসমূহকো এই হিচাপত সামৰ্থ্যবান কৰি তুলিবলগীয়া হৈছে। ‘আয়ুষ্মান ভাৰত আঁচনি’য়ে কেনেকৈ সমগ্ৰ স্বাস্থ্যসেৱা খণ্ডটোকে ৰূপান্তৰিত কৰিলে সেই কথা মই আপোনালোকক জনাব খুজিছো। ২০১৪ চনৰ আগতে আমাৰ দেশৰ হাৰ আছিল, গড়, ১০ বছৰত প্ৰায় ৫০খন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াৰ বিপৰীতে ভাৰতত যোৱা ৭-৮ বছৰত আগৰ তুলনাত ৪ গুণৰো অধিক, অৰ্থাত্ প্ৰায় ২০৯খন চিকিত্সা মহাবিদ্যালয় নতুনকৈ স্থাপিত হৈছে। ক’ত ৫০খন আৰু ক’ত ২০৯খন, আপোনালোকে কল্পনা কৰকচোন। আৰু ১০টা বছৰত এই সংখ্যা আৰু অধিক উন্নত হ’বগৈ, এই সংখ্যা ৪০০ পৰ্যন্ত হ’বগৈ। ভাৰতত বিগত ৭-৮ বছৰত চিকিত্সা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ আসনৰ সংখ্যা ৭৫শতাংশ হাৰে বৃদ্ধি পাইছে। ভাৰতত এতিয়া চিকিত্সা বিজ্ঞানৰ বাৰ্ষিক আসন বৃদ্ধিৰ সংখ্যা প্ৰায় দুগুণ হৈছেগৈ। অৰ্থাত্ দেশে এতিয়া আগতকৈ অধিক সংখ্যাত চিকিত্সক লাভ কৰিবলৈ লৈছে, সেইদৰে আধুনিক চিকিত্সা আন্তঃগাঁথনিও নিৰ্মাণ হ’বলৈ ধৰিছে। ‘সমাবেশন’ৰ লক্ষ্যৰে অনা এক আঁচনিৰ ‘সংবৰ্দ্ধন’ৰ ক্ষেত্ৰতো পৰা প্ৰভাৱ ইমানেই বেছি যে সেয়া আমাৰ ভালকৈয়ে দৃষ্টিগোচৰ হয়। আমি সেয়া অংকিত কৰিব পাৰো। আৰু মইতো এনে বহু সংখ্যক আঁচনি তালিকা দাঙি ধৰিবও পাৰো। ভাৰতৰ ‘ডিজিটেল ইণ্ডিয়া অভিযান’য়ে; যিটো অভিযানৰ উল্লেখ থৰ্মান জীয়েও কৰিছে; প্ৰায় ৫ লাখ ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’ই গাঁৱত বসতি কৰা দুখীয়া-নিচলা পৰ্যন্ত ইণ্টাৰনেটৰ সামৰ্থ্য উপলব্ধ কৰাইছে। ভাৰতৰ ‘ভীম-ইউপিআই’-য়ে কোটি কোটি দুখীয়া লোকক ‘ডিজিটেল লেন-দেন’ৰ সুবিধাৰে জড়িত কৰিছে। ভাৰতৰ ‘স্বনিধি যোজনা’ই পথৰ দাঁতিত কিম্বা অলিয়ে-গলিয়ে গৈ বেহা কৰা বেপাৰী-পোহাৰী বন্ধু-বান্ধৱীসকলক বেংকিং ব্যৱস্থাৰে জড়িত হোৱাৰ সুযোগ দিছে। বেংকৰ মেনেজাৰৰ ঘৰলৈ সদাই এই সকল বেপাৰী-পোহাৰীয়ে মাল-বস্তু বিকিবলৈ হয়তো যায়, কিন্তু তেওঁলোকৰ বাবে সেই মেনেজাৰে কাম কৰা বেংকত ঠাই নাছিল। সৌ সিদিনালৈকে এনেকুৱাই অৱস্থা আছিল। কিন্তু আজি সেই পৰিস্থিতিৰ সলনি হৈছে। আজি আমি এইসকলকো বেংকৰে সংযোজিত কৰিছো। সেইদৰেই ভাৰতে আৰু এটা ডাঙৰ কাম কৰিছে। পৃথিৱী জুৰি এই কামক লৈ চৰ্চা চলিছে, অ্থশাস্ত্ৰীসকলে এই বিষয়ে লিখা-মেলাও কৰিছে, ডাঙৰ ডাঙৰ সংস্থাসমূহে ইয়াৰ ‘ৰেটিং’ও কৰিবলৈ ধৰিছে। ভাৰতে গ্ৰহণ কৰা এইটো পদক্ষেপ হৈছে ‘আকাংক্ষী জিলা কাৰ্যক্ৰম’। এই কাৰ্যকৰ্মৰে দেশৰ ১০০ৰো অধিক জিলাত বসবাস কৰা কোটি কোটি সতীৰ্থৰ জীৱনধাৰাক উন্নত কৰাৰ প্ৰয়াস কৰি থকা হৈছে। ভাৰতৰ অন্য জিলাসমূহৰ তুলনাত উন্নয়ণৰ দৃষ্টিকোণৰে পিচ পৰি ৰোৱা এইসমূহ আকাংক্ষী জিলাৰ সমস্যাৱলী সমাধানৰ আমি প্ৰয়াস কৰি আছো। এইসমূহ জিলাক সংশ্লিষ্ট ৰাজ্যসমূহৰ শীৰ্ষত থকা জিলাৰ সমকক্ষ কৰি তোলাৰ প্ৰয়াস কৰি থকা হৈছে। পৰৱৰ্তী পৰ্যায়ত এইসমূহ জিলাক ৰাষ্ট্ৰীয় মানৰ সমকক্ষ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰখাৰো দিহা কৰা হৈছে। বন্ধুসকল, ইয়াৰ ইমান ডাঙৰ প্ৰভাৱ পৰিছিল, আৰু একপ্ৰকাৰে এই ১০০খন জিলাৰ ‘সমাবেশন’ হৈ আছে উন্নয়ণৰ পৃথিৱীখনত। ভাৰতৰ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ আৰু এয়া বহু ডাঙৰ ‘পেৰাডাইম শ্বিফ্ট’ আৰু শিক্ষাৰ ওপৰতো থৰ্মান জীয়ে তেখেতৰ ভাষণত বহুত গুৰুত্ব প্ৰদান কৰিছে, ভাৰতৰ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ত মাতৃভাষাত পঢ়োৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। যি সকলে ইংৰাজী নাজানে, যি সকল বাহিৰতে ৰৈ যাবলগীয়া হৈছে, তেওঁলোকে এতিয়া মাতৃভাষাত পঢ়ি আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। ভাৰতৰ ‘উড়ান যোজন’ৰ জৰিয়তে আমি দেশৰ বহুবোৰ বিমান পথ জীৱন্ত কৰি তুলিছো; নতুন বিমান বন্দৰৰ নিৰ্মাণ কৰা হৈছে, দূৰ-দূৰণিৰ ২ টায়াৰ, ৩ টায়াৰ মহানগৰীলৈকো আমি আগবাঢ়ি গৈছো। আৰু ‘উড়ান যোজনা’ই ‘ফিক্স এমাউণ্ট’-ত বিমান যাত্ৰা সম্ভৱ কৰাৰ এক পৰিকল্পনাও তৈয়াৰ কৰি উলিয়াইছে। অলপ আগতে থৰ্মান জীয়ে এটা কথা উল্লেখ কৰিছিল, যিটো মই গুজৰাটত থাকোতে খুউব গুৰুত্ব দি কৰিছিলো, সেইটো হৈছে ‘জল জীৱন মিছন’। দেশৰ প্ৰতিটো ঘৰলৈ নল-সংযোগী ব্যৱস্থাৰে পানীৰ যোগান সম্ভৱ কৰা। ‘নলৰে জল’ আৰু সেয়াই কেৱল পানীৰে যোগান নধৰে, সেয়াই তেওঁলোকৰ সময়ো বচায়, সমস্যাৰ পৰাও মুক্তি দিয়ে। এই সকলো দৃষ্টিকোণৰ এই অভিযান বহুত ডাঙৰ সামাজিক জীৱন আৰু যিসকলে ল’ৰা-ছোৱালীহঁতৰ পুষ্টিৰ প্ৰসংগত অধ্যয়ন কৰিছে তেওঁলোকে জানে যে ল’ৰা-ছোৱালীহঁতৰ পুষ্টিৰ বাবেও পানীৰ মহত্ব কিমান। বিশুদ্ধ খোৱা পানী স্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয়, আৰু আমাৰ ‘নলৰে জল অভিযানে’ সেই সমস্যাৰো সমাধান আগবঢ়াব। মাত্ৰ তিনিটা বছৰতে এই মিছনে ৬ কোটিৰো অধিক ঘৰলৈ পানীৰ সংযোগ দিবলৈ সক্ষম হৈছে। ভাৰতত থুলমূলকৈ হিচাপ কৰিলে ২৫ৰ পৰা ২৭ কোটি ঘৰ আছে, ইয়াৰে ৬ কোটি ঘৰে ইতিমধ্যে পানীৰ যোগান লাভ কৰিছে। এয়া ‘ইনক্লুছিভনেছ’, আজি দেশৰ সাধাৰণ জনতাৰ জীৱন সহজ কৰি তুলিছে, তেওঁলোকক আগবাঢ়ি যোৱাৰ সাহস দি আহিছে। আৰু যিকোনো দেশৰে বিকাশত ইয়াৰ কিমান মহত্ব থাকিব, এয়া আপোনালোক অৰ্থনীতিৰ জগতখনৰ লোকসকলে খুউব ভালকৈয়ে বুজি পায়। মই আপোনালোকক আৰু এটা উদাহৰণ দিছো। আপোনালোকেও জানে আৰু এয়াতো ময়ো দেখিছো যে ৰাষ্ট্ৰসংঘতো ইয়াৰ আলোচনা হৈ থাকে। ‘এছডিজি’-তো উন্নয়ণৰ লক্ষ্যৰ প্ৰসংগত আলোচনা হয় আৰু সেয়ানো কি পৃথিৱীত বহু দশক ধৰি অনেক দেশে সম্পত্তিৰ অধিকাৰ, এইটো প্ৰসংগক বহুত ডাঙৰ সমস্যা কৰি তুলিছে। আৰু যেতিয়াই সম্পত্তিৰ অধিকাৰৰ কথা কোৱা হয়, তেতিয়াই দেখা যায় যে যিজন ব্যক্তি অন্তিম পৰ্যায়ত থাকে তেঁৱেই আটাইতকৈ ‘ভালনাৰেবল’ হ’ব লগা হয়। তেওঁৰ হাতত কোনো নথী-পত্ৰ নাথাকে। সকলোতকৈ অধিক সমস্যাৰ সন্মুখীনতো তেওঁৱেই হ’ব লগা হয়। কিন্তু আপোনালোকে জানি সুখী হ’ব যে ভাৰতে এই দিশত যি দ্ৰুততাৰে গতি কৰিবলৈ লৈছে সেয়া নিতান্তই অভূতপূৰ্ব বুলি চিহ্নিত হৈছে। আৰু মই ভাবো পৃথিৱীৰ শিক্ষাবিদ, পৃথিৱীৰ অৰ্থনীতিবিদসকলে এইটো বিষয়ত অধ্যয়ণ কৰিব আৰু ‘স্বামিত্ব যোজনা’ৰ জৰিয়তে দেশৰ গ্ৰামীণ এলেকাসমূহৰ ঘৰ আৰু অট্টালিকাসমূহ জৰীপৰ কাম বিশাল পৰিসৰত চলি থকা কথাটো পৃথিৱীৰ সন্মুখত দাঙি ধৰিব। এই পৰ্যন্ত ভাৰতৰ ডেৰ লাখ গাঁৱত এই কাম ‘ড্ৰোন’ৰ সহায়ত সম্পন্ন কৰা হৈছে। ‘ড্ৰোন’ৰ জৰিয়তে জৰীপ কৰা হয় আৰু প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা হয় আৰু গোটেই গাঁওখনেই সেই স্থানত উপস্থিত থাকে আৰু তেতিয়াই এই সকলোবোৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। আৰু ডেৰলাখৰো অধিক গাঁৱত এইধৰণে জৰীপৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে। আৰু ৩৭ হাজাৰ বৰ্গ কিলোমিটাৰ ভূমিৰ জৰীপৰ কামো সম্পূৰ্ণ কৰি তোলা হৈছে, অৰ্থাত্ সেই ঘৰসমূহৰে সংযোজিত হৈ থকা মাটিৰ গৰাকী আৰু ৮০ লাখৰো অধিক লোকৰ বাবে ‘সম্পত্তি পত্ৰ’ প্ৰস্তুত কৰি তোলা হৈছে আৰু এয়া সা-সম্পত্তিৰ গৰাকীসকলৰ সহমতিৰে সম্পূৰ্ণ কৰা হৈছে। তেওঁলোকৰ লগত আলোচনা-বিলোচনা কৰা হয়, তেওঁলোকৰ কাষৰ-পাজৰৰ লোকসকলৰ সৈতে আলোচনা-বিলোচনা কৰা হয়, এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত সম্পন্ন কৰা এই প্ৰক্ৰিয়াৰ সুবাদত গাঁৱৰ ৰাইজে বেংকৰ পৰা ঋণ লোৱাত সুবিধা হ’ব, তেওঁলোকৰ মাটি-বাৰীসমূহ এতিয়া আইনী-বিবাদৰ পৰা মুক্ত হ’ব পাৰিব। বন্ধুসকল, আজি ভাৰতে ‘বাধ্যত পৰি সংস্কাৰ কৰা’ৰ পৰিৱৰ্তে ‘প্ৰত্যয়ৰে সংস্কাৰ সাধন’ৰে আগন্তুক ২৫ টা বছৰৰ বাবে পথ-পৰিকল্পনা যুগুতাই উলিয়াইছে। স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ সময়ত দেশ ক’ত থাকিবগৈ তাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি আমি আজি পথ-পৰিকল্পনা যুগুতাই আগবাঢ়িছো। বহু দশকৰ আগতে দেশে এনে পৰিস্থিতও প্ৰত্যক্ষ কৰিছিল, যেতিয়া বিশেষ পৰিস্থিতিত বাধ্যত পৰি যেতিয়া কোনো সংস্কাৰ সাধন কৰা হৈছিল, তেতিয়া সেই সংস্কাৰৰ প্ৰতিষ্ঠানিকীকৰণ হোৱাৰ সম্ভাৱনা কম হয়। যেতিয়াই সেই বিশেষ পৰিস্থিতি সলনি হয়, তেতিয়াই সেই সংস্কাৰকো পাহৰি যোৱা হয়। সংস্কাৰৰ যিমানেই প্ৰয়োজন, সিমানেই প্ৰয়োজনীয়তা থাকে ইয়াৰ বাবে অনুকূল পৰিৱেশৰ, ইয়াৰ বাবে প্ৰয়োজনীয় অনুপ্ৰেৰণাৰো। আগতে ভাৰতত বৃহত্ সংস্কাৰ তেতিয়াহে হৈছিল যেতিয়া আগৰ চৰকাৰসমূহৰ হাতত আৰু কোনো বিকল্প পথ বাকী থকাগৈ নাছিল। আমি সংস্কাৰক ‘নেচেচেৰী ইভিল’ৰ ৰূপত নহয়, বৰং একধৰণৰ ‘উইন উইন চইচ’ৰ ৰূপতহে গ্ৰহণ কৰিছো। য’ত ৰাষ্ট্ৰ হিতো থাকে আৰু জন হিতো। সেয়ে বিগত ৮ বছৰত আমি যিখিনি সংস্কাৰ সাধন কৰিছো, সেইবোৰে নতুন সংস্কাৰৰ বাবে পথ প্ৰশস্তহে কৰিছে। অৰুণ জী আজি য’তেই নাথাকক কিয়, তেওঁ নিশ্চয় সন্তুষ্ট হ’ব যে তেওঁ যি মিছনৰ অংশীদাৰ হৈছিল, তাৰ সুফল আজি দেশে লাভ কৰিছে। ‘জিএছটি’য়েই হওক কিম্বা ‘আইবিচি’-য়েই হওক, এইবোৰক লৈ বছৰ বছৰ চৰ্চা চলিছিল, আজি এইবোৰৰ সফলতা আমাৰ সন্মুখত দেখিবলৈ পাইছো। কোম্পানী আইনক ‘ডিক্ৰিমিলাইজ’ কৰাই হওক বা ‘ক’ৰ্পোৰেট কৰ’ক ‘কম্পিটিটিভ’ কৰাই হওক; মহাকাশ, কয়লা খনন আৰু আনৱিক খণ্ডৰ মুক্তকৰণেই হওক, এনে অনেক সংস্কাৰ আজি ২১ শতিকাৰ ভাৰতৰ বাস্তৱ। বন্ধুসকল, আমাৰ নীতি ৰাইজৰ আশা-আকাংক্ষাৰ আধাৰত প্ৰণিত। আমি যিমান পাৰি অধিক সংখ্যক লোকৰ কথা শুনো, তেওঁলোকৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ আকাংক্ষা বুজাৰ প্ৰয়াস কৰো। সেয়ে আমি ‘পিলিচী’ক ‘পপুলিষ্ট ইম্পালছেছ’ৰ হেঁচাত পৰিবলৈ দিয়া নাই। মানুহৰ আশা-আকংক্ষাৰ আনুসাৰে সিদ্ধান্ত গ্ৰহণ কৰা আৰু ‘পপুলিজম’ৰ সন্মুখত অস্ত্ৰ পেলাই দিয়াৰ মাজৰ পাৰ্থক্য কি, সেই কথা ক’ভিডৰ সময়ত হিন্দুস্তানে দেখিছে, আৰু কেৱল দেখাই নহয় পৃথিৱীকো দেখুৱাই দিছে। ডাঙৰ ডাঙৰ অৰ্থনীতিবিদসকলে মহামাৰীৰ সময়ত কি কি যে কথাবোৰ কৈছিল। যেতিয়া মহামাৰীৰ প্ৰদুৰ্ভাৱ ঘটিছিল সমগ্ৰ পৃথিৱীতে ডাঙৰ ডাঙৰ ‘বেইল আউট পেকেজ’-ৰ বাবে, ‘ডিমাণ্ড ড্ৰিভেন ৰিক’ভাৰী’ৰ বাবে, এক ‘পপুলিষ্ট ইম্পালছ’ আছিল। আমাৰ ওপৰতো ছাপ আছিল, আৰু আমাক লৈ আলোচনাও কৰা হৈছিল। ‘এওঁলোকে একোৱেই কৰা নাই’, ‘কি কৰিছে একোৱেই গম পোৱা নাই’, ‘নাজানো আৰু কি কৰি আছে এওঁলোকে’- আমাক লৈ এনেধৰণৰ কথাবতৰাৰ ধুম উঠিছিল। ‘মানুহে এনে কৰাটো বিচাৰিছে’, ‘বিশেষজ্ঞসকলে, বিদ্বানসকলে এনে কৰাটো বিচাৰিছে’ আদি ধৰণৰ কথা-বতৰাও কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু ভাৰতে এনে হেঁচাত সেওঁ মনা নাছিল, ভাৰতে এক অন্য ধৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰি, খুব সাৱধানতাৰে, শান্ত চিত্তে আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমি ‘জনতা সৰ্বোপৰি’ দৃষ্টিভংগীৰে দুখীয়া-নিচলাৰ সুৰক্ষা নিশ্চিত কৰিছিলো, মহিলা, খেতিয়ক, ‘এমএছএমই’সমূহৰ ওপৰত ধ্যান দিছিলো। আমি পৃথিৱীয়ে কৰাবোৰৰ পৰা বেলেগ ধৰণে কামবোৰ এই কাৰণেই কৰিব পাৰিলো কিয়নো আমি জনতাৰ আশা-আকাংক্ষা অৰ্থাত্ জনতা কি বিচাৰিছে, তেওঁলোকৰ চিন্তানো কি, এইবোৰৰ অনুভৱ আমাৰ আছিল। সেয়ে ভাৰতৰ ‘ৰিক’ভাৰী’ আৰু পৃথিৱীৰ অন্যপ্ৰান্তৰ ‘ৰিক’ভাৰী’ৰ মাজত বৃহত্ ব্যৱধান আমি দেখিবলৈ পাইছো। বন্ধুসকল, মই সদায়ে ‘ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক শাসন’ৰ পোষকতা কৰি আহিছো। আমাৰ চৰকাৰে এনে ডেৰ হাজৰ আইন বাতিল কৰিছে, যিবোৰে মানুহৰ জীৱনত অনাৱশ্যক ভাবেই দখল দি আহিছিল। আৰু মোৰ মনত আছে ২০১৩ চনত মোক যেতিয়া জনতা পাৰ্টীয়ে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰিছিল, ২০১৪ চনৰ নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকাৰ সময়তে দিল্লীৰ বাণিজ্যিক জগতখনে আয়োজন কৰা এক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল, আৰু সেয়া অলপ গৰম অবহাৱা আছিল। ‘প্ৰধানমন্ত্ৰী হ’লে কি কৰিম’, ‘কি নকৰিম’, ‘কি আইন যুগুতাম’, এনে ধৰণৰ বিভিন্ন প্ৰশ্নৰে ব্যতিবস্ত কৰা ধৰণৰ পৰিৱেশ। নিৰ্বাচনৰ দিন সমীপত, সেয়ে অৱধাৰিত ভাবেই এক ধৰণৰ ছাপযুক্ত অৱস্থাতেই থাকিবলগীয়া হয় প্ৰৰ্থী, মোৰো অৱস্থা তেনেকুৱাই। মই ক’লো “আপোনালোকে আইন যুগুতোৱাৰ কথা কৈছে, মইতো আপোনালোকক কথা দিব বিচাৰিছো যে মই প্ৰতি দিনে এখনকৈ আইন বাতিলহে কৰিম, নতুন আইন অনাৰ গ্যৰাণ্টী নিদিও, কিন্তু আইন যে বাতিল কৰিম সেয়া খাটাং”। আৰু কাৰ্যকালৰ প্ৰথম ৫টা বছৰত ডেৰ হাজাৰ আইন বিলুপ্ত কৰাৰ কাম কৰিলো বন্ধুসকল, যিবোৰ জনসাধাৰণৰ ওপৰত বোজাৰ দৰে হৈ পৰিছিল। বন্ধুসকল, আপোনালোকে জানিবলৈ পালে চাগৈ আনন্দিত হ’ব, আমাৰ চৰকাৰে ৩০ হাজাৰৰো অধিক; অৰ্থাত্, সংখ্যা শুনিয়েই চাগৈ আপোনালোক আচৰিত হৈ উঠিব; এৰা ৩০ হাজাৰৰো অধিক ‘অনুপালন বিধি’ আঁতৰাই দিয়া হৈছে, যিয়ে ‘স্বাচ্ছন্দ্যৰে বাণিজ্য কৰা’ৰ আৰু ‘স্বচ্ছন্দ্যপূৰ্ণ জীৱন কটোৱা’ৰ বাটত বাধাৰ সৃষ্টি কৰি আহিছিল। ৩০,০০০ ‘অনুপালনীয় বিধি’ অন্ত পেলোৱাতো, জনতা জনাৰ্দ্দনৰ ওপৰত কিমান অভূতপূৰ্ব বিশ্বাসৰ যুগ আহিল, তাৰ পৰিণতি হ’ল, আমি অনুপালনৰ হাজাৰ সমস্যাৰ পৰা জনতাক মুক্ত কৰাৰ প্ৰয়াস কৰিছো। আৰু মই লালকিল্লাৰ পৰা কৈছিলো যে মই বিচাৰো, চৰকাৰক মানুহৰ জীৱনৰ পৰা যিমান পাৰি আঁতৰাই ৰাখিব লাগে। মানুহৰ জীৱনত চৰকাৰৰ প্ৰভাৱ যিমান পাৰি কম হওক, কিন্তু যাৰ চৰকাৰক আৱশ্যক হ’ব তেওঁলোকে যাতে চৰকাৰৰ অভাৱ অনুভৱ কৰিব লগা নহয়, এই দুটা বিষয়ক হৃদয়ংগম কৰিয়েই আমি আগবঢ়াৰ প্ৰয়াস কৰিছো। আজি মই আপোনালোকক এই কথা জনাবলৈ পাই আনন্দিত হৈছো যে ‘ন্যূনতম চৰকাৰ’-ৰ দৃষ্টিভংগীয়ে সৰ্বাধিক লাভ আৰু সুফল দিবলৈ সক্ষমো হৈছে। আমি বহুত দ্ৰুতগতিৰে আমাৰ সামৰ্থ্য বিস্তাৰিত কৰি আহিছো আৰু ইয়াৰ পৰিণতি আপোনালোকৰ সন্মুখত বিদ্যমান। ক’ভিডৰ প্ৰতিষেধকৰ উদাহৰণটোকেই লওকচোন। আমাৰ দেশৰ ব্যক্তিগত খণ্ডৰ সংস্থাই খুবেই ভাল কাম কৰিছে। কিন্তু তেওঁলোকৰ নেপথ্যত ‘পাৰ্টনাৰ ইন প্ৰগ্ৰেছ’ৰ ভূমিকাত চৰকাৰৰ সম্পূৰ্ণ শক্তিৰে থিয় দি আছিল। ‘ভাইৰাছ আইছ’লেশ্যন’ৰ পৰা ‘দ্ৰুত পৰীক্ষণ’ পৰ্যন্ত, ‘পুঁজি’ৰ পৰা ‘দ্ৰুত ৰূপায়ণ’ পৰ্যন্ত, যিকেইটা প্ৰতিষ্ঠানে প্ৰতিষেধক প্ৰস্তুত কৰি আছিল, তেওঁলোকলৈ চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আছিল। আৰু এটা উদাহৰণ হৈছে আমাৰ ‘মহাকাশ প্ৰেক্ষাপট’টোৰ। আজি ভাৰত সমগ্ৰ পৃথিৱীৰ ভিতৰতে সকলোতকৈ বিশ্বস্ত আৰু অত্যাধুনিক মহাকাশ সেৱা যোগনীয়াৰসকলৰ অন্যতম। এই ক্ষেত্ৰতো আমাৰ ব্যক্তিগত খণ্ডৰ প্ৰেক্ষাপটটোৱে খুবেই প্ৰশংসনীয় কাম কৰি আছে। কিন্তু তেওঁলোকৰ নেপথ্যতো ‘পাৰ্টনাৰ ইন প্ৰগ্ৰেছ’ৰ ভূমিকাত চৰকাৰ সম্পূৰ্ণ শক্তিৰে থিয় দি আছে; যিয়ে তেওঁলোকক প্ৰতিটো সুবিধা আৰু প্ৰয়োজনীয় তথ্য-পাতি উপলব্ধ কৰাত সহায় আগবঢ়াই আহিছে। যেতিয়া আমি ভাৰতৰ ‘ডিজিটেল পেমেণ্ট ইক’ছীষ্টেম’ৰ উদাহৰণ গ্ৰহণ কৰো, তেতিয়া আমাৰ দেশত ‘ফিনটেক’ৰ সৈতেই ‘ডিজিটেল পেমেণ্ট’ৰে জড়িত বহুকেইটা বৃহত সংস্থা আছে। কিন্তু, ইয়াতো দেখা যায় যে ইয়াৰ পিচতো ‘জেম ত্ৰিনিটী’, ‘ৰুপে’, ‘ইউপিআই’ আৰু ‘ছাপৰ্টিভ পলিচী’ৰ শক্তিশালী আধাৰ মজুত আছে। ইয়াত মই মাত্ৰ কেইটামান উদাহৰণহে দাঙি ধৰিছো। কিন্তু মই ইয়াক পৃথিৱীৰ বাবে এক গৱেষণাৰ বিষয় বুলি গণ্য কৰো। বৌদ্ধিক বিশ্বক গভীৰলৈ যোৱাৰ বাবে জোৰ দিব খোজো, পৃথিৱীৰ অ্থনীতিবিদসকলক আমন্ত্ৰিত কৰিব খোজো, আহকচোন ইয়াক পুংখাপুংখকৈ চাওকহিচোন। এই বিশাল দেশখনত অনেক, বিবিধ আৱশ্যকতা নিশ্চয় আছে; কিন্তু এই সকলোবোৰৰ মাজতো আমি কি দৰে আগবাঢ়ি আছো। একপ্ৰকাৰে চাবলৈ গ’লেতো এতিয়া কেৱল ব্যক্তিগত খণ্ড বা চৰকাৰী খণ্ডৰ ধৰণৰ ‘এক্সট্ৰিম মডেল’ৰ কথাবোৰ পুৰণি হৈ পৰিছে। এতিয়া সময় হৈছে যে চৰকাৰে ব্যক্তিগত খণ্ডক ‘পাৰ্টনাৰ ইন প্ৰগ্ৰেছ’ হিচাপে গণ্য কৰি তেওঁলোকক উত্সাহিত কৰিব লাগে, আৰু আমি এই দিশতে আগবাঢ়ি আছো। বন্ধুসকল, সকলোকে লগত লৈ আগবাঢ়ি যোৱা, দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ ওপৰত ভৰসা কৰাৰ মানসিকতা গ্ৰহণ কৰাৰ বাবেই আজি ভাৰতত ‘সংবৰ্দ্ধন’ৰ বাবে উত্সাহ দেখিবলৈ পোৱা গৈছে। আজি আমাৰ ৰপ্টানীৰ পৰিসৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। সেৱা খণ্ডয়ো দ্ৰুতগতিৰে উন্নয়ণৰ দিশত আগবাঢ়িছে। ‘পিএলআই আঁচনি’ৰ প্ৰভাৱ উত্পাদনী খণ্ডত দেখিবলৈ পোৱা গৈছে। মোবাইল ফোনকে ধৰি সমগ্ৰ ‘ইলেক্ট্ৰনিক মেনুফেক্সাৰিং খণ্ড’ৰ পৰিসৰ বহু গুণে বৃদ্ধি পাইছে। মই এই ক’ৰোনাকালত পুতলা সন্দৰ্ভত শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছিলো বুলি জানিলে আপোনালোকে চাগৈ আচৰিতেই হ’ব। খেলনাৰ কথা পতা দেখি বহুতে আকৌ আশ্চৰ্যই প্ৰকাশ কৰিছিল, বোলে এইজন প্ৰধানমন্ত্ৰীয়ে দেখোন কেতিয়াবা যদি ঝাড়ুৰ কথা কয়, কেতিয়াবা স্বচ্ছতাৰ, কেতিয়াবা শৌচাগাৰ, এতিয়া আক’ পুতলাৰ কথা ক’বলৈ ধৰিছে। ইমান দিনে যিহেতু ডাঙৰ ডাঙৰ বিষয়বোৰৰ কথা শুনি শুনি এওঁলোকৰ আকৌ মই কোৱা এইবোৰ সৰু সৰু কথা ভালেই লগা নাছিল। কেৱল পুতলাৰ ওপৰত মই ধ্যান দিছো, খেলনা সজা ব্যক্তিসকলৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিছো। প্ৰযুক্তিৰ ওপৰত ধ্যান দিছো, উদ্ভাৱনৰ ওপৰত ধ্যান দিছো, বিত্তীয় খণ্ডৰ প্ৰতি ধ্যান দিছো, এতিয়াতো দুটা বছৰ সম্পূৰ্ণ হোৱাই নাই, মোৰ দেশবাসীয়ে গৰ্ব কৰিব, পুতলাৰ আমদানী ইমান কম সময়তে ইমানকৈ কমিবলৈ ধৰিছে, নহ’লেতো আমাৰ ঘৰে ঘৰে বিদেশী খেলনাৰ সমাহাৰ হৈ আহিছিল। ইমানেই আমদানী কমিছে, কেৱল সেয়াই নহয়, ইমানদিনে আমাৰ দেশলৈ হোৱা পুতলাৰ পৰিমাণতকৈ এতিয়া আকৌ আমাৰ পুতলাৰ ৰপ্টানী বেছিকৈহে হ’বলৈ ধৰিছে। অ্ৰ্থাত্ কিমান ডাঙৰ সম্ভাৱনা এটা সদ্ব্যৱহাৰ নকৰাকৈয়ে থাকি গৈছিল। আপুনি কোৱাৰ দৰে পৰ্যটন, মই আপোনাৰ সৈতে সহমত প্ৰকাশ কৰিছো, ভাৰতৰ পৰ্যটন সম্ভাৱনা ইমানেই অপাৰ যে; পিচে কি হ’ব, আমি একেটা স্থনতে আবদ্ধ হৈ ৰৈছিলো। হিন্দুস্তানক পূৰ্ণ ৰূপত বিশ্বৰ সন্মুখলৈ নিয়াৰ ক্ষেত্ৰত; কিয় জানো আমাৰ মানসিকতাৰেই কিবা কম আছিল নেকি নাজানো। মইতো বিদেশৰ পৰা অহা অতিথিসকলক হিন্দুস্তানৰ কোনোবা নহয় কোনোবা স্থানলৈ নিয়াৰ বাবে আগ্ৰহ কৰো, কিজানি আমাৰ পৰ্যটনৰ কিবা লাভ হয়েই। এইবাৰ আমি ‘যোগ’ৰ কাৰ্যক্ৰম দেশৰ ৭৫টা স্থানত অনুষ্ঠিত কৰিছিলো। ইয়াৰ জৰিয়তে আমি দেখুৱাব খুজিছিলো যে এনেকুৱা পৰ্যটনথলীও আমাৰ দেশত আছে। পৰ্যটনৰ সম্ভাৱনা, এৰা আপোনালোকে ঠিকেই কৈছে, সমগ্ৰ বিশ্বৰ বাবেই আকৰ্ষণৰ বহুত ডাঙৰ কেন্দ্ৰ হৈ উঠিব পাৰে ভাৰত। বন্ধুসকল, আমাৰ ‘ডিজিটেল অৰ্থনীতি’ও দ্ৰুতগতিত আগবাঢ়ি যাবলৈ ধৰিছে। ‘ফিজিকেল’ আৰু ‘ডিজিটেল’ আন্তঃগাঁথনিত অভিলেখ পৰিমাণৰ বিনিয়োগ সম্ভৱ হৈছে। অৰ্থাত্ আমাৰ ‘গ্ৰ’থ-ইঞ্জিন’ৰে জড়িত সকলো খণ্ডই আজি সম্পূৰ্ণ সামৰ্থ্যৰে চলি আছে। বন্ধুসকল, ‘স্বাধীনতাৰ অমৃত কাল’-য়ে ভাৰতৰ বাবে নতুন নতুন অগণন সুযোগৰ সম্ভাৰ লৈ আহিছে। আমাৰ সংকল্প দৃঢ়, আমাৰ আগ্ৰহ অটল। মোৰ বিশ্বাস আমি আমাৰ সংকল্প সিদ্ধ কৰিব পাৰিম; ২১ শতিকাত সেই উচ্চতাত আৰোহণ কৰিমগৈ, যি উচ্চতাত আৰোহণৰ সামৰ্থ্য ভাৰতৰ আছে। আৰু থৰ্মান জীয়ে কেতবোৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিছে, মই ভাবো প্ৰত্যাহ্বান নিশ্চয় আছে, কিন্তু যদি প্ৰত্যাহ্বান আছে তেন্তে ১৩০ কোটি সমাধানোতো আছে, এয়া মোৰ বিশ্বাস আৰু সেই বিশ্বাসকে লৈ প্ৰত্যাহ্বানকে প্ৰত্যাহ্বান জনাই আগুৱাই য়োৱাৰ সংকল্প লৈ চলি আছো, আৰু সেয়ে আমি ‘সমাবেশন’ৰ পথ গ্ৰহণ কৰিছো আৰু সেই পথেৰে ‘সংবৰ্দ্ধন’কো পোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছো। পুনৰবাৰ অৰুণ জেটলী জীক স্মৰণ কৰি, মই মোৰ ভাষণৰ সামৰণি মাৰিছো। থৰ্মান জীক বিশেষভাবে ধন্যবাদ জনাইছো। আপোনালোক সকলোকে হৃদয়ৰে বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ!
প্ৰথম ‘অৰুণ জেটলী স্মাৰক বক্তৃতা’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%B2%E0%A6%BE%E0%A6%AC%E0%A7%87%E0%A6%A8-%E0%A6%AD%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4-%E0%A6%B6%E0%A7%8B%E0%A6%95-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%B2%E0%A6%BE%E0%A6%AC%E0%A7%87%E0%A6%A8-%E0%A6%AD%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4-%E0%A6%B6%E0%A7%8B%E0%A6%95-%E0%A6%AA/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত শিক্ষাবিদ তথা সমাজকৰ্মী শ্ৰীমতী ইলাবেন ভাটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে যুৱসকলৰ মাজত মহিলা সৱলীকৰণ, সমাজ সেৱা আৰু শিক্ষাৰ প্ৰচাৰৰ দিশত কৰা প্ৰচেষ্টাৰ কথা স্মৰণ কৰে। তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়: “ઇલાબેન ભટ્ટના અવસાનથી દુઃખ થયું. મહિલા સશક્તિકરણ, સમાજ સેવા અને યુવાનોમાં શિક્ષણને આગળ વધારવા માટેના પ્રયાસો માટે તેઓને દીર્ઘકાળ સુધી યાદ રાખવામાં આવશે. તેમના પરિવારજનો તથા પ્રશંસકો પ્રત્યે સંવેદના. ૐ શાંતિ…॥“
ইলাবেন ভাটৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9F-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A6%A5%E0%A6%A8-%E0%A7%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9F-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A6%A5%E0%A6%A8-%E0%A7%A8/
দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা ৰাতি আঠ, চাৰে আঠ বজাতো দেশৰ উন্নতিৰ বাবে মোৰ দেশৰ যুৱপ্ৰজন্ম ইমান ডাঙৰ যজ্ঞত সন্মিলিত হৈছে, মোৰ দেশ পৰিৱৰ্তন হৈছে, আগবাঢ়িছে৷ দেশৰ বিভিন্ন কেন্দ্ৰত উপস্থিত মোৰ যুৱপ্ৰজন্মৰ বন্ধুসকলক শুভকামনা জনাইছোঁ৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন, ইয়াৰ আয়োজনৰ বাবে মানৱ সংসাধন বিকাশ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱেদকাৰ আৰু তেওঁৰ দলক মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ৷ স্মাৰ্ট ইণ্ডিয়াৰ স্মাৰ্ট উদ্ভাৱকসকলৰ মাজলৈ অহাটো মোৰ বাবে সদায়েই সুখপ্ৰদ অভিজ্ঞতা৷ বিভিন্ন সমস্যাক প্ৰযুক্তিৰ জৰিয়তে সমাধান সন্ধান কৰাৰ যি প্ৰয়াস আপোনালোকে কৰি আছে, সেয়া অৱশ্যেই প্ৰশংসনীয়৷ বিগত কেইটামান ঘণ্টাজুৰি আপোনালোকে যি অভিযানত সংবদ্ধ হৈ আছে, কিন্তু মই মোৰ সন্মুখৰ স্ক্ৰীণত দেখা পাইছোঁ, আপোনালোকৰ উৎসাহ, উদ্দীপনা, এনেকুৱা লাগিছে যেন আপোনালোকৰ ভাগৰ লগা নাই৷ এনেকুৱা লাগিছে আপোনালোকক দেখি মোৰো ভাগৰ নাইকীয়া হৈ গৈছে৷ আজিৰ প্ৰজন্ম যেতিয়া ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এইদৰে প্ৰয়াসত সংবদ্ধ হয়, তেতিয়া নিউ ইণ্ডিয়াৰ উদ্দেশ্য আৰু অধিক দৃঢ় হৈ পৰে৷ বন্ধুসকল, মই যোৱাবাৰৰো স্মাৰ্ট ইণ্ডিয়া হেকাথনত উপস্থিত আছিলোঁ৷ যেতিয়া মোক সোধা হ’ল যে আপুনি পুনৰ কেতিয়াকৈ আহিব, তেতিয়া মই ক’লো, যে কি নহয়, মই নিশ্চয় এই যুৱপ্ৰজন্মৰ সৈতে লগ হ’বলৈ বিচাৰিম, আপোলালোকৰ সৈতে লগ হ’ম, আপোনালোকৰ কথা শুনিম, আপোনালোকৰ পৰা কিব শিকিবলৈ প্ৰসায় কৰিম৷ যদি কোনোবাই ভাবি লয় যে তেওঁ সৰ্বজ্ঞানী, তেওঁ সকলো জানে, তেতিয়া মই ভাবোঁ যে ইয়াতকৈ ডাঙৰ ক্ৰুটি একো হ’ব নোৱাৰে৷ যদি কোনো চৰকাৰেও এয়া ভাবি লয় যে মনত বায়ু পূৰ্ণ কৰি মই বহি যাম, যি কৰিবলগীয়া আছে, চৰকাৰেহে কৰিব, চৰকাৰে অকনে নিজৰ দমত কৰিব, যদি চৰকাৰেও এয়া ভাবি লয় যে তেনেহ’লে মই ভাবোঁ যে এয়া চৰকাৰৰ আটাইতকৈ ডাঙৰ ভুল৷ আৰু সেইবাবে মই গুৰুত্ব প্ৰদান কৰোঁ অংশগ্ৰহণৰ ওপৰত, অংশগ্ৰহণ শাসনৰ ওপৰত৷ পৃথিৱীৰ যিকোনো প্ৰত্যাহ্বান এই দেশৰ ডেৰশ কোটি জনসাধাৰণৰ ইচ্ছাশক্তি আৰু শ্ৰমশক্তিতকৈ কেতিয়াও ডাঙৰ নহয়৷ য’ত ৬৫ শতাংশ জনসংখ্যাৰ বয়স ৩৫ বৰ্ষতকৈ কম হয়, য’ত ভৌগোলিক ভিন্নতা ব্যাপকতা ইমান বিশাল, সেই দেশৰ লোকে মনত বল বান্ধিলে কোনো লক্ষ্যই অসম্ভৱ নহয়৷ মই বিশেষকৈ যুৱপ্ৰজন্মৰ কথা ক’লে আপোনালোক সকলোৰে মাজত যি উৎসাহ, যি উদ্দীপনা মই নিউ ইণ্ডিয়াৰ বাবে দেখোঁ, সেয়াই মোৰ নিজৰ বিশ্বাস কেইবাগুণো বৃদ্ধি কৰে৷ হয়, আমি ২১ শতিকাত ভাৰতক সেই স্থানত উপনীত কৰিব পাৰিম, যাৰ বাবে হিন্দুস্তান অধিকাৰী হয়৷ এয়াই এক ডাঙৰ কাৰণ যাৰ বাবে মই যুৱ পেছাদাৰী, যুৱ চিইঅ’, যুৱ বিজ্ঞানী, যুৱ বুদ্ধিজীৱিসকলৰ সৈতে সাক্ষাৎ কৰাৰ কোনো অৱকাশেই পৰিত্যাগ নকৰোঁ৷ আপোনাৰ এই উৎসাহ, এই শক্তিয়েই নিউ ইণ্ডিয়াক বাস্তৱায়িত কৰাৰ সকলোতকৈ ডাঙৰ চালন শক্তি হয়৷ কিন্তু এয়াও এক প্ৰশ্ন যে নিউ ইণ্ডিয়াৰ এই পৰিৱৰ্তন কেৱল কিছু সীমিত প্ৰয়াসৰ দ্বাৰাহে সম্ভৱ নেকি? উত্তৰ হ’ব-নহয়৷ ইয়াৰ বাবে আৱশ্যক সমস্যাসমূহৰ গুৰিলৈ গৈ সমাধানৰ বাবে আউট-অব-বক্স নতুন নতুন প্ৰয়াস, নতুন নতুন পথ সন্ধান কৰাটো৷ আমাৰ চৰকাৰৰ এই প্ৰয়াসেই আমাক স্মাৰ্ট ইণ্ডিয়া হেকাথন পদক্ষেপলৈ লৈ আনিছে৷ মোক কোৱা হৈছে যে বিগত হেকাথনত যি প্ৰায় ৬০টা প্ৰকল্প চুড়ান্ত হৈছিল, তাৰে আধা সম্পূৰ্ণ হ’ব আৰু বাকীসমূহ অনাগত দুই-তিনিটা মাহত সম্পূৰ্ণ হৈ যাব৷ মই সুখী যে বিগত বৰ্ষত য’ত ৪০ হাজাৰতকৈ অধিক যুৱপ্ৰজন্মই ইয়াত অংশগ্ৰহণ কৰিছিল, এই বৰ্ষত এই সংখ্য বাঢ়ি গৈ ১ লাখতকৈ অধিক হৈ পৰিছে৷ এইটো বৰ্ষত কেন্দ্ৰ চৰকাৰে ২৭টা মন্ত্ৰালয়ৰ সৈতে ৰাজ্য চৰকাৰো এই হেকাথনৰ অংশ হৈছে৷ মোক কোৱা হৈছে যে হেকাথনত ছফটৱেৰ সংস্কৰণ সৈতে অনাগত কেইটামান মাহত হাৰ্ডৱেৰ সংস্কৰণো সংযোজিত কৰা হ’ব৷ এই প্ৰয়াসৰ বাবে আপোনালোক সকলো যুৱপ্ৰজন্ম আৰু বিভিন্ন মন্ত্ৰালয় তথা ৰাজ্যসমূহৰ চৰকাৰক অলেখ অভিনন্দন জ্ঞাপন কৰিছোঁ৷ মোক কোৱা হৈছে যে এইবাৰ বান ব্যৱস্থাপনা আৰু বনজুই সম্পৰ্কীয় বহুতো প্ৰত্যাহ্বানৰ সমাধান সন্ধান কৰা হ’ব৷ মোৰ বিশ্বাস যে প্ৰযুক্তিৰ দ্বাৰা পৰিৱৰ্তনৰ যি পথত আমি খোজ দিছোঁ সি আমাক নিশ্চয় লক্ষ্যত উপনীত কৰাব৷ বন্ধুসকল, In the era where knowledge is power, innovation is the driver of অৰ্থাৎ জ্ঞান আমাৰ বাবে শক্তিৰ দৰে কাম কৰে, কিন্তু সেই জ্ঞানক বিস্তাৰ কৰিবলৈ আমি যিমানেই উদ্ভাৱনমূলক হ’ম, সিমানেই দেশৰ বিকাশ অধিক হ’ব৷ যেতিয়া আমি উদ্ভাৱনৰ কথা কওঁ, এয়া কেৱল এক শব্দ নহয়৷ উদ্ভাৱন এক অনুষ্ঠান নহয় যে কিবা প্ৰতিযোগিতা হ’ল, বিচাৰক আহিল, পুৰস্কাৰ বিতৰণ হ’ল আৰু পিছত উদযাপন কৰাৰ পিছত নিজৰ নিজৰ ঘৰলৈ গুচি যোৱা হ’ল৷ উদ্ভাৱন এনে এক প্ৰক্ৰিয়া যি নিৰৱচ্ছিন্নভাৱে প্ৰবাহিত হয়৷ আপোনালোকে তেতিয়াহে উদ্ভাৱন কৰিব পাৰিব যেতিয়া আপোনালোকে সমস্যাসমূহ বুজি পাব, প্ৰশ্ন কৰিব, নতুন ধাৰণা সন্মুখত ৰাখিব আৰু পিছত সেই ধাৰণাসমূহ বাস্তৱায়িত কৰাৰ বাবে যথেষ্ট প্ৰয়াস কৰিব৷ সেইবাবে মই কওঁ- আই ত্ৰিপল পি (IPPP) ইয়াত আপোনালোক যিমানেই সংবদ্ধ হ’ব, আই ত্ৰিপল পি অৰ্থাৎ Innovate, Patent, Produce and Prosper৷ এয়া চাৰিটা জখলা য’ত বগাই আমাৰ দেশৰ বিকাশ অধিক ক্ষীপ্ৰতাৰে হ’ব পাৰে৷ যিমানেই আমি উদ্ভাৱন কৰিম, যিমান সোনকালে আমি সেই উদ্ভাৱনৰ পেটেণ্ট কৰিম, সেই উৎপাদনৰ পথ সহজ কৰিম, যিমান সোনকালে সেয়া আমি জনসাধাৰণৰ কাষলৈ লৈ যাম, সিমানেই উন্নতিও হ’ব৷ সেইবাবে আমাৰ চৰকাৰে নিৰন্তৰ উদ্ভাৱনসমূহক উৎসাহ প্ৰদান কৰে৷ অটল উদ্ভাৱন মিছন, এ আই এম- rosperity- সমৃদ্ধিৰো গতি বৃদ্ধি হয়৷ কিন্তু বন্ধুসকল, ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন জড়িত হৈ আছে৷ আচলতে, উদ্ভাৱন কাৰ বাবে? এয়া স্বয়ং আমাৰ বাবেনে, আমাৰ দেশৰ বাবেনে অথবা আমাৰ দেশৰ দাৰিদ্ৰ বন্ধুসকলৰ বাবে৷ নিজৰ আৱশ্যকতা পূৰণ কৰাৰ বাবে অথবা দেশৰ আৱশ্যকতা পূৰণ কৰাৰ বাবে? মই মোৰ যুৱপ্ৰজন্মৰ বন্ধুসকলৰ সন্মুখত এই প্ৰশ্ন স্বজ্ঞানে কৰিছোঁ৷ আন্তঃৰাষ্ট্ৰীয় গেজেটৰ ভিতৰত, আলোচনীৰ ভিতৰত, বৈজ্ঞানিক প্ৰযুক্তিৰ পৃথিৱীত আমাৰ পেপাৰ প্ৰকাশিত হ’ব কিন্তু সন্তোষ তেতিয়াহে পাম যেতিয়া মোৰ কোনো উদ্ভাৱন দেশৰ সহায়ক হয়, আৰু সেইবাবে এই বিষয়ে আমি চিন্তা কৰিব লাগে যে এনেকুৱা কি উদ্ভাৱন হ’ব যি দেশৰ কামত আহে৷ এই দেশৰ সমস্যা সমাধান কৰে৷ এই দেশত মাল্টিপল হেকাথনো এটা পদক্ষেপ হ’ব পাৰে৷ যেনে স্বাস্থ্য-হেকাথন, আইন-হেকাথন, স্থাপত্য-হেকাথন, কৃষি-হেকাথন আৰু গ্ৰামীণ-হেকাথন আদি এনেকুৱা আমি প্ৰস্তুত কৰিব পাৰোঁ৷ আমাৰ দেশত ভিন্নভাৱে চিন্তা কৰা, উদ্ভাৱনৰ কথা চিন্তা কৰা, কৃষি, স্থাপত্য হওক, চিকিৎসক হওক, আইনজ্ঞ হওক, ইয়াৰ আৱশ্যকতা আছে৷ মোৰ বিশ্বাস যে এই হেকাথনে নতুন প্ৰতিভাকো প্লেটফৰ্ম প্ৰদান কৰাৰ এক মাধ্যম হ’ব পাৰে৷ ইয়াৰ জৰিয়তে ৰাজহুৱা পৰিবহণৰ সৈতে সংবদ্ধ, অনাময় আৰু জল ব্যৱস্থাপনাৰ সৈতে সংবদ্ধ, স্বচ্ছতাৰ সৈতে সংবদ্ধ, নতুন উদ্ভাৱনকো আমি সন্মুখলৈ লৈ আনিব পাৰিম৷ ইয়াৰ দ্বাৰা দেশৰ জনসাধাৰণৰ ৰোজগাৰীৰ প্ৰত্যাহ্বান কম হ’ব, তেওঁলোকৰ জীৱন সহজ হ’ব৷ ইয়াৰ উপৰিও আপোনাৰ উদ্ভাৱনে দেশক সেৱা প্ৰদান কৰিব৷ যিদৰে মোক কোৱা হৈছে যে আপোনালোক সকলোৱে এই হেকাথনত উচ্চ ৰিজ’লিউচনৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰিছে; ইয়াৰ ওপৰতো কাম কৰি আছে৷ এতিয়া ইয়াৰ সৈতে জড়িত যিকোনো উদ্ভাৱন দেশৰ বাবে বহুত ডাঙৰ সেৱা হ’ব৷ আপোনালোকে জানি আচৰিত হ’ব ড্ৰোণৰ দ্বাৰা লোৱা আলোকচিত্ৰৰ জৰিয়তে কিদৰে আমাৰ চৰকাৰে যোজনাসমূহৰ নিৰীক্ষণৰ দ্বাৰা গুৰুত্ব প্ৰদান কৰি আছে৷ আজি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অন্তৰ্গত যি বাসগৃহ নিৰ্মাণ কৰা হৈছে, প্ৰধানমন্ত্ৰী জলসিঞ্চন যোজনাৰ অন্তৰ্গত যি আধৰুৱা যোজনা সম্পূৰ্ণ কৰা হৈছে, মনৰেগাৰ অন্তৰ্গত যি কাৰ্য কৰা হৈছে, সেইসমূহৰ জিঅ’-টেগিং আৰু মেপিঙতো ইয়াৰ ডাঙৰ ভূমিকা আছে৷ যোৱা মাহৰ কথা, যেতিয়া প্ৰগতিৰ বৈঠক আমি ড্ৰোণৰ মাধ্যমত লাইভ সমীক্ষা কৰিছিলোঁ যে কেদাৰ ঘাটিত নিৰ্মাণৰ কাম কিমান সম্পূৰ্ণ হৈছে৷ অৱশ্যে তাত বৰফ পৰি আছিল, প্ৰযুক্তিগত সংযোগত কিছু কষ্ট হৈছিল কিন্তু এখন চিত্ৰ আমাৰ সন্মুখত প্ৰস্তুত হ’ল৷ মই দিল্লীত বহি তাৰ সম্পূণ নিৰীক্ষণ কৰিলো৷ এতিয়া আপোনালোকে কিবা উদ্ভাৱন কৰিলে এনেকুৱা সামগ্ৰীৰ ব্যৱহাৰ অতি সামান্য কথা হৈ পৰিব৷ মই যিসকল যুৱপ্ৰজন্মৰ বন্ধুক প্ৰগতিৰ বৈঠকৰ বিষয়ে ক’ব পৰা নাছিলো, তেওঁলোকক মই ক’ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে নিৰীক্ষণৰ এই আধুনিক ব্যৱস্থা উন্নীত কৰিছে৷ ইয়াত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আমি বহোঁ, ৰাজ্যৰ সম্বন্ধীয় বিষয়াসকল আমাৰ সৈতে সংবদ্ধ হয় আৰু যোজনাসমূহৰ বাস্তৱিক সময়ৰ নিৰীক্ষণ কৰা হয়৷ যোজনা সম্পূৰ্ণ হোৱাত কিয় পলম হৈছে, কি সমস্যা হৈছে, কিমান কাম হৈছে, কিমান আধৰুৱা হৈছে, এই সকলোবোৰ আমাৰ সন্মুখত হয়৷ বন্ধুসকল, পৰিৱৰ্তিত সময়ত এতিয়া যিকোনো দেশৰ আৰ্থিক প্ৰগতি তেওঁলোকৰ উদ্ভাৱনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে৷ আমাৰ দেশত সামগ্ৰীৰ অভাৱ নাই, সংসাধনৰ অভাৱ নাই, সামৰ্থ আৰু যুৱপ্ৰজন্মও অধিক৷ মোৰ এটা আগ্ৰহ নিশ্চয় আছে৷ যিমান সপোন আপোনালোকে দেখিব বিচাৰে সেয়া চাওক, কিন্তু সেয়া বাস্তৱায়িত কৰাৰ পদক্ষেপ নিশ্চয় গ্ৰহণ কৰক৷ কোনো সপোনকে মৰহিবলৈ নিদিব৷ যেতিয়া সপোন পূৰণ কৰাৰ উৎসাহ প্ৰবল হ’ব তেতিয়া লক্ষ্য প্ৰাপ্তিও হ’ব৷ মনত ৰাখক, মই যি প্ৰজন্মৰ হয়, আপোনালোক যি প্ৰজন্মৰ হয়, আমি সেইসকল যিয়ে স্বতন্ত্ৰতাৰ আন্দোলন কৰাৰ অৱকাশ নাপালো, জে’লত জীৱন অতিবাহিত কৰাৰ সুযোগ নাপালো, নিজৰ যৌৱন দেশৰ বাবে দিবলৈ সুযোগ নাপালো, দেশৰ বাবে মৰিবলৈ সুযোগ নাপালো, কিন্তু আমি সকলোৱে এই দেশত জীৱন-যাপন কৰিবলৈ সৌভাগ্য প্ৰাপ্ত কৰিছোঁ৷ মৰিবলৈ সুযোগ যদি পোৱা নাই, জীয়াবলৈ সুযোগ পাইছোঁ৷ দাৰিদ্ৰ, সাধাৰণ ব্যক্তিৰ জীৱনৰ বাবে জীয়াবলৈ সুযোগ পাইছোঁ৷ আৰু সেইবাবে নিজৰ প্ৰতিভা, নিজৰ সামৰ্থ দেশক প্ৰদান কৰক৷ দেশৰ বাবে প্ৰযুক্তিৰ উন্নত ব্যৱহাৰ কিদৰে হ’ব পাৰে, ইয়াৰ বাবে অহৰহ চিন্তা কৰক, প্ৰয়াস কৰি থাকক৷ বন্ধুসকল, মই দেখিছোঁ যে যেতিয়া আপোনালোক পুৱাৰে পৰা বহি আছে আৰু কাইলৈ ৰাতিলৈ বহিব, ৩৬ ঘণ্টা বহু অধিক৷ মই আজি আপোনালোকৰ অভিজ্ঞতা শুনিবলৈ বিচাৰিম৷ আপোনালোকে এই অৱসাদৰ পৰা মুক্তি পাবলৈ কিছু প্ৰাণায়াম কৰিব য’ত গভীৰ উশাহো লওক অথবা হাত-ভৰি ওপৰলৈ উঠাই যোগৰ স্বাদ লওক৷ যাতে মানসিক প্ৰশান্তিৰ জৰিয়তে ক্ষীপ্ৰ গতিত নতুন নতুন চিন্তা কৰিব পাৰে আৰু আপোনালোকে যিটো কাম কৰি আছে সেই কামৰ ছীডিঙো মই আপোনালোকৰ মাজত কৰি আছোঁ৷ সকলোতকৈ পূৰ্বত মই যি আপোনালোকৰ মাজলৈ আহিছোঁ, মই বিচাৰিম যে আপোনালোকৰ তৰফৰ পৰা অভিজ্ঞতাসমূহ শুনো৷ মোক কোৱা হৈছিল যে বোধহয় প্ৰথমে পানীপথৰ যুৱসমাজৰ সৈতে মই কথা পাতিবলৈ সুযোগ পাম-
স্মাৰ্ট ইণ্ডিয়া হেকাথন-২০১৮ৰ গ্ৰেণ্ড ফাইনেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%95-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%A8%E0%A6%B6%E0%A7%80%E0%A6%B2-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%95-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%A8%E0%A6%B6%E0%A7%80%E0%A6%B2-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%A4/
কেন্দ্ৰীয় কেবিনেটে আজি ভাৰতীয় যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে এক আকৰ্ষণীয় নিযুক্তি আঁচনিৰ প্ৰতি অনুমোদন জনাইছে। আঁচনিখনক অগ্নিপথ বুলি কোৱা হৈছে আৰু এই আঁচনিৰ অধীনত বাছনি কৰা যুৱকসকলক অগ্নিবীৰ বুলি অভিহিত কৰা হ’ব। অগ্নিপথে দেশপ্ৰেমী আৰু অনুপ্ৰেৰিত যুৱক-যুৱতীসকলক চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিব। অগ্নিপথ আঁচনিখন সশস্ত্ৰ বাহিনীত এক যুৱ প্ৰ'ফাইল সক্ষম কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ই সমাজৰ যুৱ প্ৰতিভাক আকৰ্ষিত কৰি ইউনিফৰ্ম পৰিধান কৰিবলৈ আগ্ৰহী হোৱা যুৱসকলক এক সুযোগ প্ৰদান কৰিব যি সমসাময়িক প্ৰযুক্তিগত প্ৰৱণতাৰ সৈতে অধিক সুসংগত আৰু সমাজলৈ দক্ষ, শৃংখলাবদ্ধ আৰু অনুপ্ৰেৰিত জনশক্তিৰ সৃষ্টি আনিব। সশস্ত্ৰ বাহিনীৰ ক্ষেত্ৰত, ই সশস্ত্ৰ বাহিনীৰ যুৱ প্ৰ'ফাইল বৃদ্ধি কৰিব আৰু 'উৎসাহ' আৰু 'উদ্দীপনা'ৰ সতেজ অৱকাশ প্ৰদান কৰিব আৰু একে সময়তে অধিক প্ৰযুক্তি সমৃদ্ধ সশস্ত্ৰ বাহিনীৰ দিশত এক পৰিৱৰ্তনশীল পৰিৱৰ্তন আনিব – যিটো সঁচাকৈয়ে সময়ৰ প্ৰয়োজন হৈ পৰিছে। এই আঁচনিখন ৰূপায়ণৰ দ্বাৰা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ গড় বয়সৰ প্ৰ'ফাইল প্ৰায় ৪-৫ বছৰ হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। আত্ম-নিয়মানুৱৰ্তিতা, অধ্যৱসায় আৰু মনোযোগৰ গভীৰ বুজাবুজিৰ সৈতে উচ্চ অনুপ্ৰাণিত যুৱক-যুৱতীসকলক সঞ্চাৰিত কৰি দেশ যথেষ্ট লাভান্বিত হ'ব যি পৰ্যাপ্ত ভাৱে দক্ষ হ'ব আৰু অন্যান্য ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ সক্ষম হ’ব। ইয়াৰ ভিতৰত আছে দেশপ্ৰেম, দলীয় মনোভাৱ বৃদ্ধি, শাৰীৰিক সুস্থতা বৃদ্ধি, দেশৰ প্ৰতি অন্তৰ্নিহিত আনুগত্য আৰু বাহ্যিক ভাবুকি, আভ্যন্তৰীণ ভাবুকি আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা বৃদ্ধি কৰাৰ বাবে প্ৰশিক্ষিত কৰ্মচাৰীৰ উপলব্ধতা। ই হ’ল তিনিওটা সেৱাৰ মানৱ সম্পদ নীতিত এক নতুন যুগৰ সূচনা কৰিবলৈ চৰকাৰে প্ৰৱৰ্তন কৰা এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা নীতি সংস্কাৰ। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱা আঁচনিখনে ইয়াৰ পিছত তিনিটা সেৱাৰ বাবে নামভৰ্তিৰ ব্যৱস্থাপনা কৰিব। অগ্নিবীৰৰ সুবিধাসমূহ তিনিটা সেৱাত প্ৰযোজ্য বিপদাশংকা আৰু কঠিন ভাট্টাৰ সৈতে অগ্নিবীৰসকলক এক আকৰ্ষণীয় অনুকূলিত মাহিলী পেকেজ দিয়া হ'ব। চাৰি বছৰৰ যোগদানৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত, অগ্নিবীৰসকলক এককালীন 'সেৱানিধি' পেকেজ পৰিশোধ কৰা হ'ব য'ত তেওঁলোকৰ অৱদান অন্তৰ্ভুক্ত থাকিব ৷ ইয়াৰ অন্তৰ্ভুক্ত আছে ইয়াৰ ওপৰত সংগ্ৰহ কৰা সূত আৰু তলত উল্লেখ কৰা সূতসহ যি তেওঁলোকৰ অৱদানৰ সমান: বৰ্ষ অনুকূলিত পেকেজ (মাহিলী) হাতত (৭০%) অগ্নিবীৰ কৰ্পাছ পুঁজিলৈ অৱদাৰ (৩০%) ভাৰত চৰকাৰে প্ৰদান কৰা কৰ্পাছ পুঁজিলৈ অৱদান সকলো পৰিমাণ টকাত আছে (মাহিলী অৱদান) ১ম বছৰ ৩০০০০ ২১০০০ ৯০০০ ৯০০০ ২য় বছৰ ৩৩০০০ ২৩১০০ ৯৯০০ ৯৯০০ ৩য় বছৰ ৩৬৫০০ ২৫৫৮০ ১০৯৫০ ১০৯৫০ ৪ৰ্থ বছৰ ৪০০০০ ২৮০০০ ১২০০০ ১২০০০ চাৰি বছৰৰ পিছত অগ্নিবীৰ কৰ্পাছ পুঁজিত মুঠ অৱদান টকা ৫.০২ লাখ টকা ৫.০২ লাখ ৪ বছৰৰ পিছত প্ৰস্থান সেৱানিধি পেকেজ হিচাপে ১১.৭১ লাখ টকা (লগতে, প্ৰযোজ্য সূতৰ হাৰ অনুসৰি ওপৰোক্ত পৰিমাণৰ ওপৰত জমা হোৱা সূতো পৰিশোধ কৰা হ'ব) ‘সেৱানিধি'ক আয়কৰৰ পৰা ৰেহাই দিয়া হ'ব। গ্ৰেচুইটি আৰু পেঞ্চনৰ সুবিধা নাথাকিব। অগ্নিবীৰসকলক ভাৰতীয় সশস্ত্ৰ বাহিনীত তেওঁলোকৰ যোগদানৰ ম্যাদৰ বাবে ৪৮ লাখ টকাৰ অ-অৱদানকাৰী জীৱন বীমাৰ সুবিধা প্ৰদান কৰা হ'ব। দেশ সেৱাৰ এই সময়ছোৱাত অগ্নিবীৰসকলক বিভিন্ন সামৰিক দক্ষতা আৰু অভিজ্ঞতা, অনুশাসন, শাৰীৰিক সুস্থতা, নেতৃত্বৰ গুণাগুণ, সাহস আৰু দেশপ্ৰেমৰ অনুভূতি প্ৰদান কৰা হ'ব। চাৰি বছৰৰ এই কাৰ্যকালৰ পিছত, অগ্নিবীৰসকলক নাগৰিক সমাজত অন্তৰ্ভুক্ত কৰা হ'ব য'ত তেওঁলোকে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত যথেষ্ট অৱদান আগবঢ়াব পাৰিব। প্ৰত্যেক অগ্নিবীৰে লাভ কৰা দক্ষতাক তেওঁলোকৰ বায়’ডাটাৰ অংশ হিচাপে প্ৰমাণপত্ৰত স্বীকৃতি দিয়া হ'ব। অগ্নিবীৰসকলে তেওঁলোকৰ যৌৱনৰ প্ৰাথমিক অৱস্থাত চাৰি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত, পেছাদাৰী আৰু ব্যক্তিগতভাৱেও নিজৰ উন্নত সংস্কৰণ লাভ কৰাৰ উপলব্ধিৰ সৈতে অধিক পৰিপক্ক আৰু স্ব-শৃংখলাবদ্ধ হৈ উঠিব। অগ্নিবীৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছত সাধাৰণ জীৱনত তেওঁলোকৰ প্ৰগতিৰ বাবে মুকলি হ'ব পৰা পথ আৰু সুযোগবোৰ নিশ্চিতভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক বৃহৎ অৱদান হিচাপে বিবেচিত হ’ব। তদুপৰি, প্ৰায় ১১.৭১ লাখ টকাৰ সেৱানিধিয়ে অগ্নিবীৰসকলক আৰ্থিক চাপ অবিহনে তেওঁলোকৰ ভৱিষ্যতৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰিব যি সাধাৰণতে সমাজৰ আৰ্থিকভাৱে বঞ্চিতস্তৰৰ যুৱ সকলৰ ক্ষেত্ৰত হয়। নিয়মীয়া কেডাৰ হিচাপে সশস্ত্ৰ বাহিনীত নামভৰ্তিৰ বাবে বাছনি কৰা ব্যক্তিসকলে নিম্নতম ১৫ বছৰৰ অধিক সময়ৰ বাবে সেৱা আগবঢ়াব লাগিব আৰু ভাৰতীয় সেনাত কনিষ্ঠ কমিচনড বিষয়া/অন্যান্য পদবীৰ সেৱাৰ বিদ্যমান চৰ্তাৱলী আৰু নিয়মাৱলী তথা ভাৰতীয় নৌ সেনা আৰু ভাৰতীয় বায়ু সেনাত নামভৰ্তি কৰা অযুঁজাৰুসকলৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব যি সময়ে সময়ে সংশোধিত কৰা হ’ব ৷ এই আঁচনিৰ জৰিয়তে সশস্ত্ৰ বাহিনীত যুৱ আৰু অভিজ্ঞ কৰ্মচাৰীৰ মাজত এক সুন্দৰ ভাৰসাম্য নিশ্চিত হৈ অধিক যুৱ আৰু কাৰিকৰীভাৱে দক্ষ যুদ্ধ যুঁজাৰু শক্তি বৃদ্ধি হ'ব। সুবিধাসমূহ • সশস্ত্ৰ বাহিনীৰ নিযুক্তি নীতিৰ এক পৰিৱৰ্তনশীল সংস্কাৰ। • যুৱপ্ৰজন্মৰ বাবে দেশৰ সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ এক অনন্য সুযোগ। • সশস্ত্ৰ বাহিনীৰ প্ৰ'ফাইল যৌৱনদ্বীপ্ত আৰু গতিশীল হ'ব। • অগ্নিবীৰসকলৰ বাবে আকৰ্ষণীয় বিত্তীয় পেকেজ। • অগ্নিবীৰসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহত প্ৰশিক্ষণ প্ৰদান কৰা আৰু তেওঁলোকৰ দক্ষতা আৰু অৰ্হতা বৃদ্ধি কৰাৰ সুযোগ। • নাগৰিক সমাজত সামৰিক নীতিৰ সৈতে সুশৃংখল আৰু দক্ষ যুৱক-যুৱতীৰ উপলব্ধতা। • সাধাৰণ জীৱনলৈ উভতি অহা আৰু যুৱসকলৰ বাবে আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিব পৰা লোকসকলৰ বাবে পৰ্যাপ্ত পুনৰ-নিযুক্তিৰ সুযোগ। নিয়ম আৰু চৰ্তাৱলীসমূহ অগ্নিপথ আঁচনিৰ অধীনত তেওঁলোকক চাৰি বছৰৰ বাবে সংশ্লিষ্ট সেৱা আইনৰ অধীনত সেনাবাহিনীত নামভৰ্তি কৰা হ'ব। তেওঁলোকে সশস্ত্ৰ বাহিনীত এক সুকীয়া স্থান অধিকাৰ কৰিব যি আন যিকোনো বিদ্যমান পদবীতকৈ পৃথক হ’ব। সময়ে সময়ে সশস্ত্ৰবাহিনীৰ দ্বাৰা জাৰী কৰা সাংগাঠনিক প্ৰয়োজনীয়তা আৰু নীতিৰ ওপৰত ভিত্তি কৰি চাৰি বছৰৰ সেৱা সম্পূৰ্ণ হোৱাৰ পিছত অগ্নিবীৰসকলক সশস্ত্ৰবাহিনীত স্থায়ী নামভৰ্তিৰ বাবে আবেদন কৰাৰ সুযোগ প্ৰদান কৰা হ'ব। এই আবেদনবোৰ তেওঁলোকৰ চাৰি বছৰীয়া যোগদানৰ সময়ছোৱাত প্ৰদৰ্শনসহ বস্তুনিষ্ঠ চৰ্তৰ ওপৰত আধাৰিত কৰি কেন্দ্ৰীভূতভাৱে বিবেচনা কৰা হ'ব আৰু অগ্নিবীৰৰ প্ৰতিটো নিৰ্দিষ্ট গোটৰ ২৫% লৈকে সশস্ত্ৰবাহিনীৰ নিয়মীয়া কেডাৰত নামভৰ্তি কৰা হ'ব। বিতং নিৰ্দেশনা পৃথকে জাৰী কৰা হ'ব। এই বাছনি সশস্ত্ৰ বাহিনীৰ একচেটিয়া অধিকাৰ ক্ষেত্ৰৰ ভিতৰত হ'ব। তিনিওটা সেৱাৰ বাবে এক অনলাইন কেন্দ্ৰীভূত প্ৰণালীৰ জৰিয়তে নামভৰ্তি কৰা হ'ব আৰু আনবোৰৰ ভিতৰত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা পৰিকাঠামোৰ দৰে স্বীকৃত কাৰিকৰী প্ৰতিষ্ঠানৰ পৰা বিশেষ ৰেলী আৰু কেম্পাছ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা হ'ব। নামভৰ্তি 'সৰ্বভাৰতীয় সৰ্বশ্ৰেণী'ৰ আধাৰত হ'ব আৰু ১৭.৫ ৰ পৰা ২১ বছৰৰ ভিতৰত যোগ্য বয়স হ'ব। অগ্নিবীৰে সংশ্লিষ্ট শ্ৰেণী/ব্যৱসায়ৰ বাবে প্ৰযোজ্য অনুসৰি সশস্ত্ৰবাহিনীত নামভৰ্তিৰ বাবে নিৰ্ধাৰিত চিকিৎসা যোগ্যতাৰ চৰ্তাৱলী পূৰণ কৰিব। অগ্নিবীৰসকলৰ বাবে শিক্ষাগত অৰ্হতা বিভিন্ন শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰচলিত হৈ থাকিব। {উদাহৰণ স্বৰূপে: সাধাৰণ কৰ্তব্য (জিডি) সৈনিকত প্ৰৱেশৰ বাবে, শিক্ষাগত অৰ্হতা হৈছে দশম শ্ৰেণী)।
এক পৰিৱৰ্তনশীল সংস্কাৰত, কেবিনেটে সশস্ত্ৰ বাহিনীত যুৱ নিযুক্তিৰ বাবে ‘অগ্নিপথ’ আঁচনি মুকলি কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%B2-%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A7%81%E0%A6%A4-%E0%A6%B8%E0%A6%B2%E0%A6%BF%E0%A6%B2-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A6%BF-%E0%A6%98%E0%A6%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%B2-%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A7%81%E0%A6%A4-%E0%A6%B8%E0%A6%B2%E0%A6%BF%E0%A6%B2-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A6%BF-%E0%A6%98%E0%A6%9F/
তামিল নাডুৰ কুড্ডালোৰত সলিল সমাধি ঘটি যুৱকে মৃত্যু সাৱটি লোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধনমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কোৱা হৈছে; “তামিল নাডুৰ কোড্ডালোৰত পানীত ডুবি যুৱকৰ মৃত্যু হোৱা ঘটনাই মোক ব্যথিত কৰিছে। দুখৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো: প্ৰধানমন্ত্ৰী”
তামিল নাডুত সলিল সমাধি ঘটা যুৱকৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শো
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9F%E0%A6%BF%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9F%E0%A6%BF%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু টিউনিছিয়াৰ মাজত ন্যায়িক ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনোৱা হয়। শেহতীয়া বছৰ কেইটাত ভাৰত আৰু টিউনিছিয়াৰ মাজত সামাজিক, সাংস্কৃতিক আৰু বাণিজ্যিক সম্পর্ক ইতিবাচক দিশত আগবাঢ়িছে। ন্যায়িক ক্ষেত্ৰত সহযোগিতাৰ বাবে চুক্তি স্বাক্ষৰে দুয়ো দেশৰ সু-সম্পর্ক আৰু আগবঢ়াই নিয়াৰ লগতে বিচাৰ সংক্রান্তীয় সংস্কাৰৰ ক্ষেত্রতো নতুন দিশৰ সংযোজন ঘটিব।
ভাৰত আৰু টিউনিছিয়াৰ মাজত ন্যায়িক ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%9B%E0%A6%BF%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%9B%E0%A6%BF%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰ, ২০২১ত ইটালীৰ ৰোমত আয়োজিত জি ২০ শিখৰ সন্মিলনৰ পটভূমিত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মহামহিম লী ছিয়েন লুঙৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰে। মহামাৰীৰ পিছত দুয়োজন ৰাজনেতাৰ এইখন প্ৰথম বৈঠক আছিল। দুয়োজন ৰাজনেতাই জলবায়ু পৰিবৰ্তনৰে মোকাবিলা কৰিবলৈ বৈশ্বিক প্ৰয়াস আৰু অহা চিঅ'পি২৬ৰ ওপৰত আলোচনা কৰে। তেওঁলোকে দ্ৰুতগতিত টীকাকৰণ কৰাৰ প্ৰয়াস আৰু গুৰুত্বপূৰ্ণ ঔষধৰ যোগান সুনিশ্চিত কৰাৰ মাধ্যমত কোভিড–১৯ মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে অব্যাহত প্ৰয়াসৰ বিষয়েও আলোচনা কৰে। এই সন্দৰ্ভত, প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় লহৰৰ সময়ত ভাৰতক কোভিড সহায় প্ৰদান কৰা বাবে ছিংগাপুৰৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী লীয়ে ভাৰতত দ্ৰুত টীকাকৰণ অভিযানৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। দুয়োজন ৰাজনেতাই দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক উন্নত কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰে। য'ত দুয়োখন দেশৰ মাজত অহাযোৱাক শীঘ্ৰে সহজ কৰি তোলা বিষয়টোও অন্তৰ্ভুক্ত আছে।
প্ৰধানমন্ত্ৰীৰ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%80%E0%A6%AA%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%80%E0%A6%AA%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F/
দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু মালদ্বীপৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মাজত ০২ আগষ্টত যি বুজাবুজি চুক্তি স্বাক্ষৰিত হয়, সেয়া মাননীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অনুমোদিত হৈছে। এই বুজাবুজি চুক্তি বাস্তৱায়নৰ জৰিয়তে ভাৰত আৰু মালদ্বীপ দুয়োখন দেশে ইখনে সিখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীৰ দ্বাৰা লাভান্বিত হ’ব আৰু ই দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰস্তুতি, সঁহাৰি আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰবোৰ শক্তিশালী কৰাত সহায় কৰিব। বুজাবুজি চুক্তিৰ মুখ্য বৈশিষ্ট্যসমূহঃ এই বুজাবুজি চুক্তিৰ ফলত কোনো এখন দেশত বৃহৎ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হ’লে জৰুৰীকালীন সাহায্য, সঁহাৰি, মানৱীয় সহায়ৰ ক্ষেত্ৰত আনখন দেশে সহায় আগবঢ়াব। দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰয়োজনীয় পৰিকল্পনা কৰা আৰু দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক সহায়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে উভয় দেশে তথ্যৰ আদান-প্ৰদান কৰিব। ইয়াৰোপৰি দূৰ সঞ্চাৰ ব্যৱস্থাপনাৰ জৰিয়তে কৃত্ৰিম উপগ্ৰহৰ পৰা লাভ কৰা তথ্য উভয় দেশে আদান-প্ৰদান কৰিব। উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ, সতৰ্ক বাৰ্তা, জাহাজ চলাচলৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য আদান-প্ৰদানত উভয় পক্ষই ইখনে সিখনক সহায় কৰিব। দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এই বুজাবুজি চুক্তি সহায়ক হ’ব। বুজাবুজি চুক্তি অনুসৰি দীৰ্ঘম্যাদী প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগত সাধাৰণ মানুহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভূত সমস্যাৰ সমাধানত গৱেষণাধৰ্মী বিভিন্ন কামত উভয়পক্ষই ইখনে সিখনক সহযোগিতা আগবঢ়াব। ইয়াৰোপৰি, মহাসাগৰীয় বিপৰ্যয়ৰ ফলত সমুদ্ৰ উপকূলত যি ক্ষয়-ক্ষতি হয়, সেই সংক্ৰান্তীয় তথ্যও আদান-প্ৰদান কৰা হ’ব। ভাৰতীয় কৃত্ৰিম উপগ্ৰহসমূহৰ জলবায়ু সংক্ৰান্তীয় তথ্য বতৰৰ পূৰ্বাভাসত কিদৰে ব্যৱহাৰ কৰা হ’ব, সেই সংক্ৰান্তীয় প্ৰশিক্ষণ সংশ্লিষ্ট বিষয়াসকলক প্ৰদান কৰা হ’ব। উভয় দেশৰ বিভিন্ন ভৌগোলিক অৱস্থানত দুৰ্যোগ ব্যৱস্থাপনাৰ মোকাবিলা সংক্ৰান্তীয় বাৰ্ষিক আখৰা কৰা হ’ব।
ভাৰত আৰু মালদ্বীপৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতা সম্বন্ধীয় বুজাবুজি চুক্তিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%87-%E0%A7%B0-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%87-%E0%A7%B0-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বীজৰ তেলৰ (পাম অইল) বাবে এক নতুন মিছনৰ আৰম্ভণিক মঞ্জুৰী দিয়া হৈছে, যাৰ নাম হৈছে ৰাষ্ট্ৰীয় খাদ্য তেল- পাম অইল মিছন (এনএমইঅ'-অ'পি)। ই কেন্দ্ৰৰ দ্বাৰা পৰিকল্পিত এটা নতুন যোজনা আৰু ইয়াৰ ফ'কাছ উত্তৰ-পূৰ্বাঞ্চল তথা আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ। খাদ্য তেলৰ নিৰ্ভৰতা বৃহৎ পৰিমাণৰ আমদানিৰ ওপৰত চলি আছে, সেয়ে এইটো আৱশ্যকীয় যে দেশতে খাদ্য তেলৰ উৎপাদনত গতি আনিব লাগে। ইয়াৰ বাবে পাম অইলৰ কৃষি ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধি কৰা দৰকাৰ। এই যোজনাৰ বাবে ১১,০৪০ কোটি টকাৰ বিত্তীয় ব্যয় নিৰ্ধাৰণ কৰা হৈছে, যাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৮,৮৪৪ কোটি টকা বহন কৰিব। ইয়াত ২,১৯৬ কোটি টকা ৰাজ্যসমূহে বহন কৰিব লাগিব। ইয়াত আয়তকৈ অধিক ব্যয় হোৱাৰ স্থিতিত উক্ত ঘাটিৰ পূৰণ কৰাৰো ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। এই যোজনাৰ জৰিয়তে, প্ৰস্তাৱ কৰা হৈছে যে ২০২৫-২৬ চনলৈকে পাম অইলৰ কৃষি ক্ষেত্ৰ ৬.৫ লাখ হেক্টৰ বৃদ্ধি কৰা হ'ব আৰু এনেকৈ ১০ লাখ হেক্টৰ কৃষি ক্ষেত্ৰৰ লক্ষ্য পূৰণ কৰা হ'ব। আশা কৰা হৈছে যে কেচা পাম অইল (চিপিঅ')ৰ উৎপাদন ২০২৫-২৬লৈকে ১১.২০ লাখ টন আৰু ২০২৯-৩০লৈকে ২৮ লাখ টন পৰ্যন্ত হ'বগৈ। এই যোজনাৰ ফলত পাম অইলৰ কৃষকৰ যথেষ্ট লাভ হ'ব, পুঁজি বিনিয়োগ বৃদ্ধি পাব, কৰ্ম সংস্থাপন সৃষ্টি হ'ব, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা কম হ'ব আৰু কৃষকৰ উপাৰ্জনো বৃদ্ধি পাব। ১৯৯১-৯২ বৰ্ষৰ পৰা ভাৰত চৰকাৰে তৈলবীজ আৰু পাম অইলৰ উৎপাদন বৃদ্ধি কৰাৰ অনেক প্ৰয়াস কৰিছিল। ২০১৪-১৫ বৰ্ষত ২৭৫ লাখ টন তৈলবীজৰ উৎপাদন হৈছিল, যি ২০২০-২১ বৰ্ষত বৃদ্ধি পাই ৩৬৫.৬৫ লাখ টন হয়গৈ। পাম অইলৰ উৎপাদনৰ ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ বৰ্ষত ইণ্ডিয়ান ইনষ্টিটিউট অফ অইল পাম ৰিছাৰ্চ (আইআইঅ'পিআৰ)য়ে পাম অইলৰ খেতিৰ বাবে এটা বিশ্লেষণ কৰিছিল। তেওঁলোকে প্ৰায় ২১ লাখ হেক্টৰত পাম অইলৰ খেতিৰ বিষয়ে নিজৰ চিন্তা ব্যক্ত কৰিছিল। এইদৰে অইল পামৰ গছ ৰোপন কৰাৰ অপাৰ ক্ষমতা মজুত আছে, যাৰ আধাৰত কেচা পামৰ তেলৰ উৎপাদনো বৃদ্ধি কৰিব পৰা যায়। বৰ্তমান পাম অইলৰ খেতিৰ জৰিয়তে কেৱল ৩.৭০ লাখ হেক্টৰৰ কৃষি ক্ষেত্ৰহে আছে। অন্য তৈলবীজৰ তুলনাত প্ৰতি হেক্টৰৰ হিচাপত পাম অইলৰ উৎপাদন প্ৰতি হেক্টৰত ১০ৰ পৰা ৪৬গুণ অধিক হয়। তদুপৰি, এক হেক্টৰৰ ফচলৰ পৰা প্ৰায় চাৰি টন তেল ওলায়। এনেদৰে, ইয়াৰ খেতিত যথেষ্ট সম্ভাৱনা আছে। ওপৰোক্ত বিষয়ৰ ওপৰত মনোযোগ দিয়াৰ লগতে এই তথ্যও চোৱা হয় যে আজিও প্ৰায় ৯৮% কেচা পাম অইল আমদানি কৰা হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যাতে দেশত পাম অইলৰ খেতিৰ ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধি কৰিব লাগে। প্ৰস্তাৱিত যোজনাত বৰ্তমানৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন-তেল পাম কাৰ্যক্ৰমক অন্তৰ্ভুক্ত কৰা হ'ব। এই যোজনাত দুটা প্ৰধান ক্ষেত্ৰৰ ওপৰত বিশেষ মনোযোগ দিয়া হৈছে। পাম অইলৰ কৃষকে সতেজ ফলৰ থোপা (এফএফবি) প্ৰস্তুত কৰে, যাৰ বীজৰ পৰা তেল উদ্যোগে তেল উলিয়ায়। এই সময়ত এই এফএফবিৰ দাম চিপিঅ'ৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ উত্থান-পতনৰ আধাৰত নিৰ্ধাৰণ হয়। প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই এফএফবিৰ দামৰ বাবে কৃষকক আশ্বাস দিছে। ইয়াক ব্যৱহাৰিক মূল্য (ভিপি) বোলা হ'ব, অৰ্থাৎ কৃষকৰ কোনো হানি হ'বলৈ দিয়া নহয়। ইয়াৰ জৰিয়তে চিপিঅ'ৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ উত্থান-পতনৰ পৰা কৃষকৰ হিতক ৰক্ষা কৰা হ'ব। এই ব্যৱহাৰিক মূল্য যোৱা পাঁচ বছৰত বাৰ্ষিক গড় চিপিঅ' দামৰ আধাৰত হ'ব তথা পাইকাৰী মূল্য সূচকাংকত দিয়া পাম অইলৰ পৰিসংখ্যাই ১৪.৩%ৰ ব্যৱস্থা কৰা হ'ব। অৰ্থাৎ ব্যৱহাৰিক মূল্য এই দুয়োটা মিলাই নিৰ্ধাৰিত হ'ব। ইয়াক নিৰ্ধাৰণ কৰাৰ আৰম্ভণি ১ নৱেম্বৰৰ পৰা হ'ব আৰু অহা বছৰৰ ৩১ অক্টোবৰ পৰ্যন্ত জাৰি থাকিব, যাক 'পাম অইল বৰ্ষ' বোলা হয়। এই আশ্বাসত ভাৰতৰ পামৰ খেতি কৰা কৃষকৰ মাজত বিশ্বাস সৃষ্টি হ'ব আৰু তেওঁলোকে কৃষি ক্ষেত্ৰ বৃদ্ধি কৰিব। এনেদৰে পাম অইলৰ উৎপাদনো বৃদ্ধি পাব। ফৰ্মুলা মূল্য (এফপি)ও নিৰ্ধাৰিত কৰা হ'ব, যাৰ জৰিয়তে ক্ৰেতা-বিক্ৰেতাই আগতীয়াকৈ দামৰ ওপৰত সন্মত হ'ব। ই মাহৰ আধাৰত চিপিঅ'ৰ ১৪.৩% হ'ব। যদি আৱশ্যক হয় তেন্তে ব্যৱহাৰিক মূল্য বা ফৰ্মুলা মূল্যৰ আধাৰত আয়-ব্যয়ৰ মূল্যৰ পাৰ্থক্য পূৰণ কৰিব পৰা যাব, যাতে কৃষকৰ লোকচান নহয়। এই ধনৰাশি ডিবিটিৰ ৰূপত পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ পঠিয়াই দিয়া হ'ব। কৃষকক ব্যৱহাৰিক পাৰ্থক্য পূৰণৰ ৰূপত আশ্বাস দিয়া হৈছে। উদ্যোগে চিপিঅ' দামৰ ১৪.৩%ৰ যোগান ধৰিব, যি ১৫.৩%লৈকে বৃদ্ধি পাব পাৰে। যোজনাত এই ব্যৱস্থাও কৰা হৈছে যে এক নিশ্চিত সময়ৰ পিছত নিয়ম-কানুন নিজেনিজে সমাপ্ত হৈ যাব। ইয়াৰ তাৰিখ ১ নৱেম্বৰ, ২০৩৭লৈকে কৰা হৈছে। উত্তৰ-পূব আৰু আন্দামানত এই ক্ষেত্ৰত দ্ৰুততা আনিবলৈ কেন্দ্ৰীয় চৰকাৰে চিপিঅ'ৰ দুই শতাংশ লগ্নি অতিৰিক্ত ৰূপত বহন কৰিব, যাতে ইয়াৰ কৃষকে দেশৰ অন্যান্য ঠাইৰ কৃষকৰ সৈতে সমানে আয় কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত পদ্ধতি প্ৰয়োগ কৰা ৰাজ্যসমূহে যোজনাত উল্লিখিত ব্যৱহাৰিক পাৰ্থক্য আহৰণৰ সুবিধা পাব। ইয়াৰ বাবে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত চহী কৰিব লাগিব। যোজনাৰ আন এটা প্ৰধান পদক্ষেপ হৈছে, বিভিন্ন ধৰণৰ ভূমিকা আৰু কাৰ্যকলাপত দ্ৰুততা অনা। পামৰ খেতিৰ বাবে সহায়ৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি কৰা হৈছে। আগতে প্ৰতি হেক্টৰত ১২ হাজাৰ টকা দিয়া হৈছিল, যাক বৃদ্ধি কৰি প্ৰতি হেক্টৰত ২৯ হাজাৰ টকা কৰা হৈছে। ইয়াৰ উপৰিও, তত্বাৱধান আৰু ফচলৰ সময়তো সহায় বৃদ্ধি কৰা হৈছে। পুৰণি বাগিছা আকৌ আৰম্ভ কৰিবলৈ প্ৰতিজোপা গছৰ হিচাপে ২৫০ টকাৰ বিশেষ সহায় দিয়া হৈছে, অৰ্থাৎ এজোপা গছ ৰোপন কৰিলে ২৫০ টকা পাব। দেশত বৃক্ষ ৰোপনৰ মান-সন্মান দূৰ কৰিবলৈ, বীজ উৎপাদন কৰা বাগিছাক সাহায্য দিয়া হ'ব। ইয়াৰ জৰিয়তে ভাৰতৰ অন্য ঠাইত ১৫ হেক্টৰৰ বাবে ৮০ লাখ টকালৈকে সাহায্য দিয়া হ'ব, য'ত উত্তৰ-পূৰ্বাঞ্চল তথা আন্দামান অঞ্চলত এই সাহায্যৰ ধনৰাশি ১৫ হেক্টৰত এক কোটি টকা নিৰ্দ্ধাৰিত কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতৰ বাকী অংশত বীজৰ বাগিছাৰ বাবে ৪০ লাখ টকা আৰু উত্তৰ-পূব তথা আন্দামান অঞ্চলৰ বাবে ৫০ লাখ টকা ধাৰ্য কৰা হৈছে। উত্তৰ-পূব আৰু আন্দামানক বিশেষ সাহায্যৰো ব্যৱস্থা আছে, যাৰ জৰিয়তে পাহাৰত খলপীয়া অৰ্ধ চন্দ্ৰাকাৰ খেতি, বায়'-ফেন্সিং আৰু মাটিক কৃষিৰ উপযোগী কৰাৰ লগতে একত্ৰিত কৃষকৰ বাবে বন্দোৱস্তি কৰা হৈছে। উত্তৰ-পূবৰ ৰাজ্য আৰু আন্দামানৰ বাবে উদ্যোগসমূহক পুঁজি সাহায্য সন্দৰ্ভত পাঁচ মেট্ৰিক টন প্ৰতি ঘণ্টা হিচাপে পাঁচ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। ইয়াত এই কথাও লক্ষ্য কৰা হ'ব যে অমূক সময়ত কিমান কাম হ'ল আৰু সেই হিচাপত ক্ষমতা বঢ়োৱাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে। এই পদক্ষেপৰ ফলত এই ক্ষেত্ৰসমূহৰ প্ৰতি উদ্যোগ আকৰ্ষিত হ'ব।
কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল মিছন-পাম অইলৰ ৰূপায়ণক মঞ্জুৰী দিয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A7%B1%E0%A6%AE%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A7%B1%E0%A6%AE%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম নৱমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে আৰু সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰে৷ এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “দেশবাসীক ৰাম নৱমী উপলক্ষে বহুত শুভকামনা জনাইছো৷ ভগৱান শ্ৰীৰামৰ কৃপাত সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক, তাকে কামনা কৰিলো৷ জয় শ্ৰীৰাম!”
ৰাম নৱমী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%9E%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%9E%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ ১০৯ কিলোগ্ৰাম ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক বিজয়ী লাভপ্ৰীত সিঙক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "পুৰুষৰ ১০৯ কিলোগ্ৰাম ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰতিভাশালী লাভপ্ৰীত সিঙক অভিনন্দন জনাইছোঁ। তৰুণ আৰু প্ৰাণৱন্ত লাভপ্ৰীতে তেওঁৰ শান্ত স্বভাৱ আৰু ক্ৰীড়াৰ প্ৰতি থকা নিষ্ঠাৰ বাবে সকলোৰে মন জয় কৰিছে। ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে তেওঁক শুভকামনা জনাইছোঁ।"
কমনৱেলথ গেমছ ২০২২ ত ব্ৰঞ্জৰ পদক বিজয়ী লাভপ্ৰীত সিঙক অভিনন্দন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-50/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-50/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী মাৰ্ক ৰুটৰ সৈতে ফোনত বাৰ্তালাপ কৰে। দুয়োজন নেতাই ভাৰত-নেডাৰলেণ্ডছ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে, য’ত পানীৰ ওপৰত ৰণনীতিগত বন্ধুত্ব, কৃষিৰ প্ৰধান ক্ষেত্ৰত সহযোগিতা, উচ্চ প্ৰযুক্তি আৰু উদীয়মান ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনা আদি অন্তৰ্ভুক্ত আছে। দুয়োজন নেতাই ভাৰত-ইউৰোপীয় সংঘৰ সম্পৰ্ক আৰু ক্ষেত্ৰীয় তথা বিশ্বজনীন বিষয়ৰ ওপৰত ভাবৰ আদান-প্ৰদান কৰে, য’ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় ক্ষেত্ৰত সমান দৃষ্টিভংগী আৰু সহযোগিতা অন্তৰ্ভুক্ত আছে। নিয়মীয়া উচ্চ স্তৰীয় যাত্ৰা আৰু পাৰস্পৰিক বাৰ্তালাপৰ লগতে, শেহতীয়া বছৰবিলাকত ভাৰত-নেডাৰলেণ্ডছৰ সম্পৰ্ক আৰু গভীৰ হৈছে। দুয়োজন প্ৰধানমন্ত্ৰীৰ মাজত ০৯ এপ্ৰিল ২০২১ত ভাৰ্চুৱেল পদ্ধতিত শীৰ্ষ বৈঠকৰ আয়োজন কৰা হৈছিল আৰু তেতিয়াৰে পৰা দুয়োজন ৰাজনেতাৰ মাজত নিয়মীয়াকৈ বাৰ্তালাপ হৈ আছে। ভাৰ্চুৱেল শীৰ্ষ বৈঠকৰ সময়ত নেডাৰলেণ্ডছৰ সৈতে ‘পানীৰ ওপৰত ৰণনীতিগত বন্ধুত্ব’ৰ আৰম্ভণি হৈছিল। এই বছৰ, ভাৰত আৰু নেডাৰলেণ্ডছে যৌথভাৱে ৰাজনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰৰ উৎসৱ পালন কৰিছে। এই বিশেষ অভিজ্ঞতা ৪-৭ এপ্ৰিল ২০২২লৈকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নেডাৰলেণ্ডছৰ আনুষ্ঠানিক যাত্ৰাৰে পালন কৰা হৈছিল।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী মাৰ্ক ৰুটৰ সৈতে ফোনত কথা পাতে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9F%E0%A7%87%E0%A7%B0%E0%A6%BF-teri-%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%B9%E0%A6%A8%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%AE-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9F%E0%A7%87%E0%A7%B0%E0%A6%BF-teri-%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%B9%E0%A6%A8%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%AE-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8/
একবিংশ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত আপোনালোকৰ সৈতে সমবেত হ’বলৈ পাই মই আনন্দিত হৈছো। মোৰ কাৰ্য্যকালৰ সমগ্ৰ ২০ বছৰত, প্ৰথমে গুজৰাটত আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিবেশ আৰু বহনক্ষম উন্নয়ন মোৰ বাবে গুৰুত্বপূৰ্ণ প্ৰসংগ হৈ আহিছে। বন্ধুসকল, আমি শুনিছো, মানুহে আমাৰ গ্ৰহটোক ভংগুৰ (fragile) বুলি কয়। কিন্তু এইটো গ্ৰহ ভংগুৰ নহয়। এয়া আমি। আমি ভংগুৰ। গ্ৰহটোৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি আমাৰ অংগীকাৰসমূহো ভংগুৰ হৈ আহিছে। ১৯৭২ ৰ ষ্টকহম সন্মিলনৰপৰা যোৱা ৫০ বছৰত বহু কথা কোৱা হৈছে। খুব কম কাম কৰা হৈছে। কিন্তু ভাৰতত, আমি এই আলোচনা আগুৱাই নিছো। দৰিদ্ৰলোকৰ বাবে ন্যায্য শক্তিৰ প্ৰৱেশাধিকাৰ আমাৰ পৰিবেশ নীতিৰ এক আধাৰশিলা হৈ আছে। উজ্জ্বলা যোজনাৰ জৰিয়তে, ৯০ নিযুতৰো অধিক পৰিয়ালক স্বচ্ছ ৰন্ধন ইন্ধনৰ সুবিধা প্ৰদান কৰা হৈছে। পিএম-কেইউএছইউএম আঁচনিখনৰ অধীনত, আমি কৃষকসকললৈ নৱীকৰণযোগ্য শক্তি লৈ গৈছো। আমি কৃষকসকলক সৌৰ পেনেল স্থাপন, ইয়াক ব্যৱহাৰ আৰু গ্ৰীডক অতিৰিক্ত শক্তি বিক্ৰী কৰিবলৈ উৎসাহিত কৰিছো। একত্ৰিত সৌৰ পাম্পৰ লগতে বিদ্যমান পাম্পসমূহ সৌৰকৰণৰ প্ৰচেষ্টা বৃদ্ধি কৰা হৈছে। ”ৰাসায়নিক সাৰ-মুক্ত প্ৰাকৃতিক কৃষি” ৰ ওপৰত গুৰুত্ব প্ৰদানে বহনক্ষমতা আৰু সমতাৰ প্ৰোৎসাহনতো সহায় কৰিব। বন্ধুসকল, আমাৰ এলইডি বাল্ব বিতৰণ আঁচনি সাত বছৰ ধৰি চলি আছে। ই প্ৰতি বছৰে ২২০ বিলিয়নৰোধিক ইউনিট বিদ্যুৎ আৰু ১৮০ বিলিয়ন টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন সঞ্চয়ত সহায় কৰিছে। আমি ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছন স্থাপনৰ কথা ঘোষণা কৰিছো। ইয়াৰ উদ্দেশ্য হৈছে সেউজীয়া হাইড্ৰজেনত প্ৰৱেশ কৰা, যি হৈছে আমাৰ ভৱিষ্যতক শক্তি প্ৰদানৰ বাবে এক আকৰ্ষণীয় প্ৰযুক্তি। মই টেৰিৰ দৰে শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক সেউজ হাইড্ৰজেনৰ সম্ভাৱনা উপলব্ধি কৰিবলৈ মাপযোগ্য সমাধান সূত্ৰ নিৰূপণৰ অৰ্থে উৎসাহিত কৰিছো। বন্ধুসকল, ভাৰত এখন বৃহৎ-বৈচিত্ৰ্যপূৰ্ণ দেশ। বিশ্বখনৰ ২.৪% ভূমি এলেকাৰে, ভাৰতে বিশ্বখনৰ প্ৰায় ৮% প্ৰজাতি ধাৰণ কৰিছে। এই পৰিস্থিতিতন্ত্ৰক সুৰক্ষিত কৰাটো আমাৰ কৰ্তব্য। আমি আমাৰ সুৰক্ষিত এলেকা নেটৱৰ্ক সুদৃঢ় কৰি আছো। আই.ইউ.চি.এন.য়ে আমাৰ প্ৰচেষ্টাক স্বীকৃতি দিছে। হাৰিয়ানাৰ আৰাৱলী জৈৱবৈচিত্ৰ্য উদ্যানক জৈৱ বৈচিত্ৰ্যৰ ফলপ্ৰসূ সংৰক্ষণৰ বাবে অ’.ই.চি.এম. স্থান হিচাপে ঘোষণা কৰা হৈছে। মই আনন্দিতও যে ভাৰতৰ আৰু দুই আৰ্দ্ৰভূমিয়ে শেহতীয়াভাৱে ৰামচাৰ স্থান হিচাপে স্বীকৃতি লাভ কৰিছে। ভাৰতত এতিয়া ১ মিলিয়ন হেক্টৰৰোধিক বিস্তীৰ্ণ ৪৯ খন ৰামচাৰ স্থান আছে। পতিত ভূমি পুনৰুদ্ধাৰ কৰাটো আমাৰ অন্যতম মুখ্য ক্ষেত্ৰ। ২০১৫ ৰপৰা, আমি ১১.৫ নিযুত হেক্টৰৰোধিক পুনৰুদ্ধাৰ কৰিছো। আমি বন প্ৰত্যাহ্বান (Bonn Challenge) ৰ অধীনত ভূমি অৱক্ষয় নিৰপেক্ষতাৰ ৰাষ্ট্ৰীয় অংগীকাৰত উপনীত হোৱাৰ পথত অগ্ৰসৰ হৈছো। আমি ইউ.এন.এফ. চি.চি.চি. ৰ অধীনত কৰা আমাৰ সকলো অংগীকাৰ পৰিপূৰণত দৃঢ়ভাৱে বিশ্বাসী। গ্লাছগোত অনুষ্ঠিত চিঅ’পি-২৬ ৰ সময়তো আমি আমাৰ উচ্চাকাংক্ষা ব্যক্ত কৰিছো। বন্ধুসকল, মই দৃঢ়ভাৱে বিশ্বাস কৰো আৰু মই নিশ্চিত, পৰিবেশৰ স্থিৰতা কেৱল জলবায়ু ন্যায়ৰ জৰিয়তেহে লাভ কৰিবপৰা কথাটোত আপুনি সন্মত হ’ব। অহা বিশ বছৰত ভাৰতৰ জনসাধাৰণৰ শক্তিৰ প্ৰয়োজনীয়তা প্ৰায় দুগুণ হোৱাৰ সম্ভাৱনা আছে। এই শক্তিক অস্বীকাৰে লাখ-লাখ লোকৰ জীৱনক অস্বীকাৰ কৰিব। সফল জলবায়ু ক্ৰিয়াৰ বাবেও পৰ্য্যাপ্ত বিত্ত যোগান প্ৰয়োজনীয়। ইয়াৰ বাবে, উন্নত দেশসমূহে বিত্ত আৰু প্ৰযুক্তি স্থানান্তৰৰ ক্ষেত্ৰত তেওঁলোকৰ অংগীকাৰ পূৰণ কৰাটো প্ৰয়োজনীয়। বন্ধুসকল, বহনক্ষমতাৰ অৰ্থে গোলকীয় কমন্সৰ বাবে সমন্বিত পদক্ষেপৰ প্ৰয়োজন। আমাৰ প্ৰচেষ্টাই এই পাৰস্পৰিক-নিৰ্ভৰশীলতাক স্বীকৃতি প্ৰদান কৰিছে। আন্তৰ্জাতিক সৌৰ মিত্ৰতাৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে ”এক সূৰ্য্য, এক বিশ্ব, এক গ্ৰীড”। আমি সকলো সময়তে সকলো ঠাইতে বিশ্ব-ব্যাপী গ্ৰীডৰপৰা স্বচ্ছ শক্তিৰ উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে কাম কৰিব লাগিব। এয়া হৈছে ”সমগ্ৰ বিশ্ব” দৃষ্টিভংগী যাৰ বাবে ভাৰতৰ মূল্যবোধে থিয় দিছে। বন্ধুসকল, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (C.D.R.I.) ৰ লক্ষ্য হৈছে প্ৰাকৃতিক দুৰ্য্যোগৰ সঘন সম্ভাৱনা থকা অঞ্চলসমূহত শক্তিশালী আন্তঃগাঁথনি নিৰ্মাণ কৰা। চিঅ’পি-২৬ ত, আমি ‘প্ৰাণোচ্ছল দ্বীপ ৰাজ্যসমূহৰ বাবে আন্তঃগাঁথনি” শীৰ্ষক এটি প্ৰচেষ্টাৰো শুভাৰম্ভ কৰো। দ্বীপ উন্নয়নশীল ৰাজ্যসমূহ আটাইতকৈ অসুৰক্ষিত আৰু সেয়েহে জৰুৰী সুৰক্ষাৰ প্ৰয়োজন। বন্ধুসকল, এই দুটা পদক্ষেপত, আমি এতিয়া লাইফক যোগ দিওঁ- পৰিবেশৰ বাবে লাইফষ্টাইল (LIfestyle For Environment)। লাইফ হৈছে আমাৰ গ্ৰহটো উন্নতকৰণৰ বাবে জীৱনশৈলী বাছনি কৰা সম্পৰ্কে। লাইফ হ’ব সমগ্ৰ বিশ্বখনৰ একে-মনোভাৱাপন্ন লোকসকলৰ এক মিত্ৰজোঁট যিয়ে বহনক্ষম জীৱনশৈলীক প্ৰোৎসাহিত কৰিব। মই ইয়াক ৩পি বুলি কওঁ- প্ৰ’ প্লেনেট পিপল। প্ৰ’ প্লেনেট পিপল (৩-পি) ৰ এই বৈশ্বিক আন্দোলন হৈছে লাইফৰ বাবে মিত্ৰজোঁট। এই তিনি গোলকীয় মিত্ৰজোঁটে গোলকীয় কমন্সৰ অগ্ৰগতি সাধনৰ বাবে আমাৰ পৰিবেশ প্ৰচেষ্টাৰ ত্ৰিমূৰ্তি গঠন কৰিব। বন্ধুসকল, আমাৰ পৰম্পৰা আৰু সংস্কৃতি হৈছে মোৰ অনুপ্ৰেৰণাৰ উৎস। ২০২১ ত, মই মানুহ আৰু গ্ৰহটোৰ স্বাস্থ্য কেনেদৰে আন্তঃ-সংযোগিত, সেই সম্পৰ্কে কৈছিলো। ভাৰতীয়সকলে সদায়েই প্ৰকৃতিৰ সৈতে সহবাস কৰিছে। আমাৰ সংস্কৃতি, ৰীতি-নীতি, দৈনন্দিন প্ৰথা আৰু অসংখ্য কৃষি ভিত্তিক উৎসৱে প্ৰকৃতিৰ সৈতে আমাৰ শক্তিশালী সম্পৰ্ককে প্ৰদৰ্শন কৰে। হ্ৰাস (Reduce), পুনৰ ব্যৱহাৰ (reuse), পুনৰ্ব্যৱহাৰ (recycle), পুনৰুদ্ধাৰ (recover), পুনৰ-ডিজাইন (re-design) আৰু পুনৰ-নিৰ্মাণ (re-manufacture) ভাৰতৰ সাংস্কৃতিক নীতিৰ অংশ হৈ আহিছে। ভাৰতে জলবায়ু স্থিতিস্থাপক নীতি আৰু অনুশীলনৰ বাবে কাম কৰি যাব যিদৰে আমি সদায়েই কৰি আহিছো। এই কথাৰে আৰু সেই গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিৰেই, মই টেৰি আৰু এই সন্মিলনত সমগ্ৰ বিশ্বৰ সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জনাইছো। ধন্যবাদ! বহু-বহু ধন্যবাদ!
টেৰি (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%82%E0%A7%B0-%E0%A6%AE%E0%A6%A0%E0%A7%B0-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%82%E0%A7%B0-%E0%A6%AE%E0%A6%A0%E0%A7%B0-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D/
এল্লৰিগু নমস্কাৰম। सुत्तूरु संस्थानवु शिक्षण, सामाजिक सेवे, अन्नदा-सोहक्के, प्रख्याति पडेदिरुव, विश्व प्रसिद्ध संस्थेया-गिदे, ई क्षेत्रक्के, आगमि-सिरु-वुदक्के, ननगे अतीव संतोष-वागिदे। শ্ৰদ্ধেয় শ্ৰী শিৱৰাত্ৰি দেশিকেন্দ্ৰ মহাস্বামী জী, শ্ৰী সিদ্ধেশ্বৰ মহাস্বামী জী, শ্ৰী সিদ্দালিংগা মহাস্বামী জী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সংগী প্ৰহ্লাদ জোশী জী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, আৰু সুত্তূৰ মঠৰ সৈতে জড়িত আপোনালোক সকলো শ্ৰদ্ধালুগণ! আৰু বিশাল সংখ্যাত ইয়াত আশীৰ্বাদ দিবলৈ অহা পূজ্য সন্তগণ! মই মৈসূৰৰ অধিস্থাত্ৰী দেৱী মাতা চামুণ্ডেশ্বৰীক প্ৰণাম জনাইছো। এয়া মাৰেই কৃপা যে আজি মোৰ মৈসূৰলৈ অহাৰ সৌভাগ্য হ'ল, মৈসূৰৰ বিকাশৰ বাবে কেইবাটাও ডাঙৰ কামৰ লোকাৰ্পণৰো সুযোগ পালো। আৰু এতিয়া, মই ইয়াত আপোনালোক সকলো সন্তৰ মাজত এই পূণ্য কাৰ্যক্ৰমলৈ আহি নিজকে বহুত ধন্য অনুভৱ কৰিছো। আৰু ইয়াৰ পৰা মই মা চামুণ্ডেশ্বৰীৰ চৰণলৈ যাম, তেওঁৰো আশীৰ্বাদ ল'ম। এই আধ্যাত্মিক অৱসৰত মই শ্ৰী সুত্তূৰু মঠৰ সন্তগণ, আচাৰ্যসকল আৰু মনীষিসকলক, এই মঠৰ মহান পৰম্পৰা, তেওঁলোকৰ প্ৰয়াসক নমন কৰিছো। বিশেষকৈ মই আদি সদগুৰু শিৱৰাত্ৰি শিৱযোগী মহাস্বামী জীক প্ৰণাম কৰিছো, যি এই আধ্যাত্মিক বটবৃক্ষৰ বীজ ৰোপণ কৰিছিল। জ্ঞান আৰু আধ্যাত্মৰ সেই মহান পৰম্পৰা আজি সুত্তূৰু মঠৰ বৰ্তমান মঠাধীশ পৰম পূজ্য শ্ৰী শিৱৰাত্ৰি দেশিকেন্দ্ৰ মহাস্বামী জীৰ আগত বহুত দ্ৰুতগতিত ফলি-ফুলি আছে। শ্ৰী মন্ত্ৰ মহৰ্ষি জীৰ দ্বাৰা আৰম্ভ কৰা পাঠশালাই শ্ৰী ৰাজেন্দ্ৰ মহাস্বামী জীৰ মাৰ্গদৰ্শনত ইমান বিশাল প্ৰকল্প ল'লে। ভাৰতীয় সংস্কৃতি আৰু সংস্কৃত শিক্ষাৰ বাবে এই পাঠশালাৰ নতুন ভৱনৰ লোকাৰ্পণো আজি হৈছে। মোৰ বিশ্বাস যে নিজৰ এই আধুনিক আৰু ভব্য স্বৰূপত এই সংস্থানে ভৱিষ্যৎ নিৰ্মাণৰ নিজৰ সংকল্প অধিক বিস্তাৰিত কৰিব। মই এই অভিনৱ প্ৰয়াসৰ বাবে আপোনালোক সকলোকে মূৰ দোঁৱাই অভিনন্দন জনাইছো, বহুত বহুত শুভকামনাও জনাইছো। বন্ধুসকল, আজি মই শ্ৰী সিদ্ধেশ্বৰ স্বামী জীৰ দ্বাৰা নাৰদ ভক্তি সূত্ৰ, শিৱ সূত্ৰ আৰু পতঞ্জলি যোগ সূত্ৰৰ ওপৰত তেওঁৰ ভাষ্যৰ লোকাৰ্পণৰো সুযোগ পাইছো। পূজ্য শ্ৰী সিদ্ধেশ্বৰ স্বামী জীয়ে ভাৰতৰ সেই প্ৰাচীন ঋষি পৰম্পৰাৰ প্ৰতিনিধিত্ব কৰি আছে, যাক শাস্ত্ৰত শ্ৰুত পৰম্পৰা বুলি কোৱা হৈছে। শ্ৰুত পৰম্পৰা অৰ্থাৎ যাক শুনি ল'লে তাক মস্তিষ্ক আৰু হৃদয়ত ধাৰণ কৰি ল'লে। বিশ্ব যোগ দিৱস উপলক্ষে পতঞ্জলি যোগ সূত্ৰৰ ভাষ্য, নাৰদ ভক্তি সূত্ৰ আৰু শিৱসূত্ৰৰ জৰিয়তে ভক্তিযোগ আৰু জ্ঞানযোগক সহজ-সুলভ কৰি তোলাৰ এই প্ৰয়াস, ইয়াৰ লাভ কেৱল ভাৰতে নহয় বৰং সমগ্ৰ বিশ্বই পাব। আৰু আজি আপোনালোক সকলোৰে মাজত মই আছো, সেয়ে মই কৰ্ণাটকৰ বিদ্বান লোকসকলক প্ৰাৰ্থনা জনাম যে পৃথিৱীত সমাজ বিজ্ঞানৰ ওপৰত যি লিখা হৈছে, যোৱা চাৰি-পাঁচ শতাব্দীত, যদি সেয়া অধ্যয়ন কৰো তেন্তে এই বিষয়ত জনা লোকে এই কথাত উপনীত হ'ব যে নাৰদ সূত্ৰ তাতোকৈ পুৰণি আৰু সমাজ বিজ্ঞানৰ এটা বহুত ডাঙৰ উৎকৃষ্ট সম্পদ আমাৰ ওচৰত আছে। পৃথিৱীৰ বাবে আৱশ্যকীয় যে ইয়াক এবাৰ অধ্যয়ন কৰক। যি পশ্চিমৰ বিচাৰসমূহ জানে, তেওঁ কেতিয়াও নাৰদ সূত্ৰৰ মাধ্যমেৰে পৃথিৱীক চোৱাৰ, সমাজৰ ব্যৱস্থাক চোৱাৰ, মানৱীয় প্ৰমূল্যক চোৱাৰ, অদ্ভূত গ্ৰন্থ এই নাৰদ সূত্ৰ আৰু তাক আজি আধুনিক পৰিভাষাত পৰিভাষিত কৰিছে। সমাজৰ বহুত ডাঙৰ সেৱা কৰিছে তেওঁ। বন্ধুসকল, আমাৰ শাস্ত্ৰত কোৱা হৈছে যে জ্ঞানৰ সমান পৱিত্ৰ একো নাই আৰু জ্ঞানৰ কোনো বিকল্পও নাই। আৰু সেয়ে আমাৰ ঋষিসকলে, মনীষিসকলে ভাৰতক সেই চেতনাৰ সৈতে গঢ়িলে- যি জ্ঞানৰ দ্বাৰা অনুপ্ৰাণিত, বিজ্ঞানৰ দ্বাৰা বিভূষিত। যি বোধৰ পৰা বাঢ়ে, আৰু শোধৰ দ্বাৰা শক্তিশালী হয়। যুগ সলনি হ'ল, সময় সলনি হ'ল, ভাৰত সময়ৰ বহু ধুমুহাৰ সন্মুখীনো হ'ল। কিন্তু, যেতিয়া ভাৰতৰ চেতনা ক্ষীণ হ'ল, তেতিয়া দেশৰ প্ৰতিটো কোণত সন্তসকলে, ঋষিসকলে, মুনিসকলে, আচাৰ্যসকলে, ভগৱন্তসকলে সমগ্ৰ ভাৰতক মথি দেশৰ আত্মাক পুনৰ্জীৱিত কৰি তোলে। উত্তৰত মোৰ কাশীৰ পৰা আৰম্ভ কৰি ইয়াৰে ওচৰত নঞ্জনগুড দক্ষিণ কাশীলৈকে, মন্দিৰ আৰু মঠবিলাকৰ শক্তিশালী সংস্থাসমূহে দাসত্বৰ দীৰ্ঘ কালখণ্ডতো ভাৰতৰ জ্ঞানক প্ৰদীপ্ত কৰি ৰাখিলে। মৈসুৰত শ্ৰী সুত্তূৰু মঠ, তুমকুৰুত শ্ৰী সিদ্ধগংগা মঠ, চিত্ৰদুৰ্গত শ্ৰী সিৰিগেৰে মঠ, শ্ৰী মুৰুগু-ৰাজেন্দ্ৰ মঠ! চিকমগলূৰত শ্ৰী ৰম্ভাপুৰী মঠ, হুবলীত শ্ৰী মূৰুসাৱীৰা মঠ, বীদৰত বাসৱকল্যাণ মঠ! কেৱল দক্ষিণ ভাৰততে এনে কিমান মঠৰ কেন্দ্ৰ আছে, যি অসংখ্য বিধান, অনন্ত বিদ্যা কেইবাশতিকা ধৰি সিঁচি আহিছে। বন্ধুসকল, সত্যৰ অস্তিত্ব সম্পদৰ ওপৰত নহয়, সেৱা আৰু ত্যাগৰ ওপৰত টিকি থাকে। শ্ৰী সুত্তূৰু মঠ আৰু জেএছএছ মহাবিদ্যা পীঠ ইয়াৰ ডাঙৰ উদাহৰণ। শ্ৰী শিৱৰাত্ৰি ৰাজেন্দ্ৰ মহাস্বামী জীয়ে যেতিয়া সমাজসেৱাৰ সংকল্প লৈ বিনামূলীয়া হোষ্টেল খুলিছিল, তেতিয়া তেওঁৰ ওচৰত কি সম্পদ আছিল? ভাৰাৰ অট্টালিকা আছিল, ৰেছন আদিৰ ব্যৱস্থাৰ বাবেও আৱশ্যকীয় পইচা নাছিল। আৰু মই শুনিছিলো যে এবাৰ পইচাৰ অভাৱত হোষ্টেলৰ বস্তুৰ ছাপ্লাই বন্ধ হৈ যোৱাত স্বামীজীয়ে "লিংগম কৰডিগে"ও বেচিবলগা হৈছিল। অৰ্থাৎ, তেওঁ সেৱাৰ সংকল্পক আস্থাতকৈও ওপৰত ৰাখিছিল। কেইবাদশকৰ আগৰ সেই ত্যাগ আজি সিদ্ধিৰ ৰূপত আমাৰ সন্মুখত আছে। আজি জেএছএছ মহাবিদ্যা পীঠৰ দেশত ৩০০তকৈ অধিক ইনষ্টিটিউট আৰু দুখন ইউনিভাৰছিটী দেশ-বিদেশত চলি আছে। এই সংস্থান কেৱল ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ব্ৰেণ্ড এম্বেছেডৰেই নহয়, বৰং ছাইঞ্চ, আৰ্টছ আৰু কমাৰ্চতো সিমানেই যোগদান দি আছে। সুত্তূৰু মঠে দুখীয়া শিশুৰ, আদিবাসী সমাজৰ আৰু আমাৰ গাঁৱৰ যি সেৱা কৰি আছে, সেয়াও এক উদাহৰণ। বন্ধুসকল, কৰ্ণাটক, দক্ষিণ ভাৰত আৰু ভাৰতৰ কথাই হওক, শিক্ষা, সাম্য আৰু সেৱাৰ দৰে বিষয় হওক, তেতিয়া এয়া বিমৰ্ষ ভগৱান বাসৱেশ্বৰৰ আশীৰ্বাদত আৰু বিস্তৃত হৈ যায়। ভগৱান বাসৱেশ্বৰ জীয়ে আমাৰ সমাজক যি শক্তি দিছিল, তেওঁ গণতন্ত্ৰ, শিক্ষা আৰু সমতাৰ যি আদৰ্শ স্থাপন কৰিছিল, সি আজিও ভাৰতৰ বুনিয়াদত আছে। মোৰ এবাৰ লণ্ডনত ভগৱান বাসৱেশ্বৰ জীৰ প্ৰতিমা লোকাৰ্পণ কৰাৰ সৌভাগ্য হৈছিল আৰু সেই সময়ত মই কৈছিলো যে এফালে মেগ্না কাৰ্টা ৰাখক আৰু আনফালে ভগৱান বিশ্বেশ্বৰৰ বচন ৰাখক, আপুনি গম পাব যে মেগ্না কাৰ্টাৰ আগতে কিমান শতিকাৰ আগতে মোৰ দেশত সমাজৰ প্ৰতি চোৱাৰ দৃষ্টিকোণ কি আছিল, সেয়া দেখা পাব। বন্ধুসকল, সেই আদৰ্শৰ ওপৰতে চলি শ্ৰী সিদ্ধগংগা মঠে আজি দেৰশতকৈ অধিক ইনষ্টিটিউট চলাই আছে, সমাজত শিক্ষা আৰু আধ্যাত্মৰ প্ৰসাৰ কৰি আছে আৰু মোক কোৱা হৈছে যে সিদ্ধগংগা মঠৰ স্কুলসমূহত এই সময়ত প্ৰায় দহ হাজাৰ বিদ্যাৰ্থীয়ে জ্ঞান অৰ্জন কৰি আছে। ভগৱান বাসৱেশ্বৰৰ এই প্ৰেৰণা, নিস্বাৰ্থ সেৱাৰ এই নিষ্ঠা, এয়াই আমাৰ ভাৰতৰ বুনিয়াদ। যিমান শক্তিশালী এই বুনিয়াদ হ'ব, সিমানেই শক্তিশালী আমাৰ দেশ হ'ব। বন্ধুসকল, আজি যি সময়ত আমি দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পালন কৰি আছো, সেই সময়ত স্বাধীনতাৰ অমৃত কালৰ এই কালখণ্ড 'সকলোৰে প্ৰয়াস'ৰ উত্তম সময়। আমাৰ ঋষিসকলে সহকাৰ, সহযোগ আৰু সকলোৰে প্ৰয়াসৰ এই সংকল্পক 'সহনাৱৱতু সহনৌভুনক্তু। সহ বীৰ্য কৰৱাৱহে'ৰ দৰে বেদ ঋচাৰ ৰূপত আমাক দিছে। আজি সময় হৈছে, আমি হাজাৰ হাজাৰ বছৰৰ সেই আধ্যাত্মিক অনুভৱক সাকাৰ কৰো। আজি সময় হৈছে যে আমি দাসত্বৰ শ শ বছৰত দেখা সপোন সাকাৰ কৰো। ইয়াৰ বাবে আমি নিজৰ প্ৰয়াসক আৰু গতি দিব লাগিব। আমি নিজৰ প্ৰয়াসক ৰাষ্ট্ৰৰ সংকল্পৰে সংযুক্ত কৰিব লাগিব। বন্ধুসকল, শিক্ষাৰ ক্ষেত্ৰত আজি 'ৰাষ্ট্ৰীয় শিক্ষা নীতি'ৰ উদাহৰণ আমাৰ সন্মুখত আছে। শিক্ষা আমাৰ ভাৰতৰ বাবে সহজ স্বভাৱ। এই সহজতাৰেই আমাৰ নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ সুযোগ পোৱা উচিত। ইয়াৰ বাবে স্থানীয় ভাষাত পঢ়াৰ বিকল্প দি থকা হৈছে। কন্নড়, তামিল, তেলেগুৰ সমান্তৰালকৈ সংস্কৃতৰ দৰে ভাষাসমূহকো প্ৰমোট কৰি থকা হৈছে। আমাৰ সকলো মঠ আৰু ধৰ্মীয় সংস্থান এই কামত শতিকা ধৰি লাগি আছে। মৈসুৰতো এনেকুৱা ঠাই, য'ৰ পৰা দেশৰ একমাত্ৰ সংস্কৃত দৈনিক কাকত সুধৰ্মা আজিও প্ৰকাশিত হৈ আছে। এতিয়া দেশেও আপোনাৰ এই প্ৰয়াসত সহযোগ দি আছে, ইয়াৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস কৰি আছে। এনেকৈয়ে, স্বাস্থ্য আৰু আৰোগ্যৰ দিশত ভাৰতৰ প্ৰয়াসত আজি আয়ুৰ্বেদ আৰু যোগে সমগ্ৰ পৃথিৱীত নতুন পৰিচয় লাভ কৰিছে। আমাৰ প্ৰয়াস হৈছে যে দেশৰ এজনো নাগৰিক নিজৰ এই ঐতিহ্যৰ পৰা অনভিজ্ঞ আৰু বঞ্চিত নহওক। এই অভিযান সম্পূৰ্ণ কৰিবলৈ আমাৰ আধ্যাত্মিক সংস্থানসমূহৰ যোগদান বহুত মহত্বপূৰ্ণ। এনেকৈয়ে, কন্যাসকলৰ পঢ়া-শুনাৰ বাবে, জল-সংৰক্ষণৰ বাবে, পৰিৱেশৰ বাবে, আৰু স্বচ্চ ভাৰতৰ বাবেও আমি সকলো লগ হৈ আগুৱাব লাগিব। আৰু এটা মহত্বপূৰ্ণ সংকল্প প্ৰাকৃতিক খেতিৰো আছে। আমাৰ অন্ন যিমান শুদ্ধ হ'ব, আমাৰ জীৱনো সিমান শুদ্ধ, আৰু অন্ন শুদ্ধ যদি মনো শুদ্ধ, সিমানেই স্বাস্থ্য আৰু পৱিত্ৰ হ'ব। মই বিচাৰিম যে এই দিশতো আমাৰ সকলো মঠ আৰু ধৰ্মীয় সংস্থানে আগুৱাই আহি মানুহক সজাগ কৰক। আমাৰ এই ভাৰত মাতা, আমাৰ এই ধৰিত্ৰী আই, তেওঁলোকক আমি কেমিকেলৰ পৰা মুক্ত কৰো। ইয়াৰ বাবে আমি যিমানেই কৰিম, এয়া মাৰ আশীৰ্বাদ শতিকাৰ পাছত শতিকা ধৰি আমাৰ কামত আহিব। বন্ধুসকল, যি কামত সন্তসকলৰ প্ৰয়াস সংযুক্ত হয়, সেই কামত আধ্যাত্মিক চেতনা আৰু ঐশ্বৰিক আশীৰ্বাদো সংযুক্ত হয়। মোৰ বিশ্বাস, আপোনালোক সকলো সন্তৰ আশীৰ্বাদ নিৰন্তৰ দেশে পাই থাকিব। আমি একেলগ হৈ নতুন ভাৰতৰ সপোন সম্পূৰ্ণ কৰিম। আৰু আজি মোৰ বাবে বহুত সৌভাগ্যৰ পল। পূজ্য সন্তসকলে যেনেদৰে মোৰ বাবে নিজৰ ভাবনা প্ৰকাশ কৰিলে, মই জানো, যিখিনি মোৰ বাবে কোৱা হৈছে এতিয়াও মই তাত গৈ পাবলৈ বহুত কিবা কৰিবলৈ বাকী আছে। কিন্তু মোৰ এই কথাত বিশ্বাস আছে যে এই সন্তসকলৰ আশীৰ্বাদ, আমাৰ মহান সাংস্কৃতিক ঐতিহ্য আৰু আপোনালোক সকলো সন্তৰ মোৰ ওপৰত যি আশা, আপোনালোকেও মোক গঢ়ি থাকিব, আপোনালোকেই মোক দিশ দি থাকিব আৰু মই আপোনালোকৰ দিশ-নিৰ্দেশেৰে, সন্তসকলৰ মাৰ্গদৰ্শনত, মহান ঐতিহ্যৰ প্ৰেৰণাৰে সেই কামবিলাক সম্পূৰ্ণ কৰিব পাৰো, এনেকুৱা আশীৰ্বাদ আপোনালোকে মোক দিয়ক যাতে মোৰ কামত কোনো হীন-দেঢ়ি থাকি নাযায় আৰু আপোনালোকৰ আশা আধৰুৱা হৈ নৰয়। মোৰ এই ভাবনাকে ব্যক্ত কৰি মই আপোনালোক সকলোৰে মাজলৈ অহাৰ সুযোগ পালো, মই জীৱন ধন্য হোৱা যেন অনুভৱ কৰিছো। মই আকৌ এবাৰ আপোনালোকৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। য়েল্লাৰিগু নমস্কাৰ।
শ্ৰী সুত্তূৰ মঠৰ এটা কাৰ্যক্ৰমত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%AC/
মই ২০২২ চনৰ ১৪-১৬ নৱেম্বৰ তাৰিখলৈ ইণ্ডোনেছিয়াৰ বালি ভ্ৰমণ কৰিম আৰু ইণ্ডোনেছিয়াৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক জি-২০ নেতা সন্মিলনত অংশগ্ৰহণ কৰিম। বালি সন্মিলনৰ সময়ত মই বিশ্বব্যাপী বিকাশ, খাদ্য আৰু শক্তি সুৰক্ষা, পৰিৱেশ, স্বাস্থ্য আৰু ডিজিটেল পৰিৱৰ্তনৰ দৰে বিশ্বব্যাপী উদ্বেগৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত অন্যান্য জি-২০ নেতাসকলৰ সৈতে বিস্তৃত আলোচনা কৰিম। জি-২০ সন্মিলনৰ সময়ত মই আন কেইবাখনো অংশগ্ৰহণকাৰী দেশৰ নেতাসকলক সাক্ষাৎ কৰিম আৰু তেওঁলোকৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিম। মই ১৫ নৱেম্বৰ, ২০২২ তাৰিখে আদৰ্শন ত বালিত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰিবলৈ আশাবাদী। আমাৰ দেশ আৰু নাগৰিকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে বালি সন্মিলনৰ সামৰণি অনুষ্ঠানত জি-২০ ৰ সভাপতিত্ব ভাৰতক হস্তান্তৰ কৰিব। ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰিব। মই অহা বছৰ জি-২০ সন্মিলনলৈ জি-২০ সদস্য আৰু অন্যান্য আমন্ত্ৰণকাৰীসকলকো মোৰ ব্যক্তিগত আমন্ত্ৰণ জনাইম। জি-২০ সন্মিলনত মোৰ আলোচনাৰ সময়ত মই ভাৰতৰ সাফল্য আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সামূহিক ভাৱে মোকাবিলা কৰাৰ বাবে আমাৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিম। ভাৰতৰ জি-২০ ৰাষ্ট্ৰপতিত্ব “বসুধৈৱ কুটুম্বকম” বা “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত” বিষয়বস্তুৰ ওপৰত আধাৰিত হ’ব, যিয়ে সকলোৰে বাবে সমান বিকাশ আৰু অংশীদাৰী ভৱিষ্যতৰ বাৰ্তা উল্লেখ কৰিব।
জি-২০ নেতা সন্মিলনৰ বাবে বালি ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ বাবে মিয়াঁ মহম্মদ শ্বেহবাজ শ্বৰীফক অভিনন্দন জনায়৷ শ্রী মোদীয়ে কয় যে সন্ত্রাসমুক্ত অঞ্চল গঢ়ি তুলি ভাৰতে শান্তিপূর্ণ আৰু সুস্থিৰতা বজাই ৰখাৰ প্ৰতি আগ্রহী, যাতে দুয়োখন দেশে উন্নয়নমূলক প্ৰত্যাহ্বানসমূহত আৰু অধিক গুৰুত্ব দিব পাৰে। এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ বাবে মিয়াঁ মহম্মদ শ্বেহবাজ শ্বৰীফক অভিনন্দন জনাইছো। সন্ত্রাসমুক্ত অঞ্চল গঢ়ি তোলাত ভাৰতে শান্তিপূর্ণ আৰু সুস্থিৰতা বজাই ৰখাৰ প্ৰতি আগ্রহী, যাতে দুয়োখন দেশে উন্নয়নমূলক প্ৰত্যাহ্বানসমূহত আৰু অধিক গুৰুত্ব দিয়াৰ লগতে আমাৰ জনসাধাৰণৰ কল্যাণ আৰু সমৃদ্ধি সুনিশ্চিত কৰিব পৰা যায়।”
পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ বাবে মিয়াঁ মহম্মদ শ্বেহবাজ শ্বৰীফক অভিনন্দন প্রধানমন্ত্রীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%A9-%E0%A6%85%E0%A6%95%E0%A7%8D-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%A9-%E0%A6%85%E0%A6%95%E0%A7%8D-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ অক্টোবৰত হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব। উনাত প্ৰধানমন্ত্ৰীয়ে উনা হিমাচল ৰে'ল ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। ইয়াৰ পিছতে এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আইআইআইটি উনা দেশবাসীলৈ উৎসৰ্গা কৰিব আৰু উনাত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে চম্বাত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)-৩ ৰ শুভাৰম্ভ কৰিব। উনাত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ বিভিন্ন নতুন পদক্ষেপৰ জৰিয়তে দেশখনে বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। এনে এক গুৰুত্বপূৰ্ণ খণ্ড হৈছে ফাৰ্মাচিউটিকেল আৰু এই খণ্ডত আত্মনিৰ্ভৰতা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উনা জিলাৰ হাৰোলীত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব, যিটো ১৯০০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। উদ্যানখনে এপিআই আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব। ই প্ৰায় ১০,০০০ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত কৰিব আৰু ২০,০০০ৰো অধিক লোকক নিযুক্তি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ই অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপকো উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইআইটি) উনা, দেশবাসীলৈ উৎসৰ্গা কৰিব। ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। বৰ্তমান ৫৩০ত কৈও অধিক শিক্ষাৰ্থীয়ে এই প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছে। প্ৰধানমন্ত্ৰীয়ে নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। অম্ব আন্দাউৰাৰ পৰা নতুন দিল্লীলৈ চলিবলগীয়া এয়া হ'ব দেশত আৰম্ভ হোৱা চতুৰ্থখন বন্দে ভাৰত ৰেল আৰু পূৰ্বৰ ৰেলবোৰৰ তুলনাত এক উন্নত সংস্কৰণ, যথেষ্ট পাতল আৰু কম সময়ৰ ভিতৰত উচ্চ গতিত উপনীত হ'বলৈ সক্ষম হোৱা ৰেল। ই মাত্ৰ ৫২ ছেকেণ্ডতে ১০০ কিমি/ঘণ্টাত গতি কৰে। ৰেলখনৰ প্ৰৱৰ্তনে অঞ্চলটোত পৰ্যটন বৃদ্ধিত সহায় কৰিব আৰু ভ্ৰমণৰ এক আৰামদায়ক আৰু দ্ৰুত পদ্ধতি প্ৰদান কৰিব। চম্বাত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷ এটা হ’ল- ৪৮ মেগাৱাটৰ চাঞ্জু-৩ জল-বৈদ্যুতিক প্ৰকল্প আৰু আনটো ৩০ মেগাৱাটৰ দেওথাল চাঞ্জু জল-বৈদ্যুতিক প্ৰকল্প। এই দুয়োটা প্ৰকল্পই বছৰি ২৭০ নিযুত ইউনিটতকৈও অধিক বিদ্যুৎ উৎপাদন কৰিব আৰু হিমাচল প্ৰদেশে এই প্ৰকল্পসমূহৰ পৰা বাৰ্ষিক প্ৰায় ১১০ কোটি টকাৰ ৰাজহ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰায় ৩১২৫ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)-৩ ৰ শুভাৰম্ভ কৰিব। ৰাজ্যখনৰ ১৫ টা সীমান্ত আৰু দূৰৱৰ্তী খণ্ডত ৪৪০ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে এই পৰ্যায়ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৪২০ কোটিৰো অধিক টকা মঞ্জুৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ১৩ অক্টোবৰত হিমাচল প্ৰদেশৰ উনা আৰু চম্বা ভ্ৰমণ কৰিব
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6-5/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6-5/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লাল কিলাত অনুষ্ঠিত পোহৰ আৰু শব্দ প্ৰদৰ্শনীৰ কিছুমান দৃশ্য শ্বেয়াৰ কৰিছে। সংস্কৃতি আৰু পৰ্যটন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষান ৰেড্ডীৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "লাল কিলা ভ্ৰমণ কৰিবলৈ এটা সংযোজিত কাৰণ! আমাৰ ইতিহাস আৰু ঐতিহ্যক স্মৰণ কৰিবলৈ এক তথ্যসমৃদ্ধ আৰু আধুনিক উপায়।"
প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ লাল কিলাত পোহৰ আৰু শব্দ প্ৰদৰ্শনীৰ প্ৰশংসা কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A6%A4%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE%E0%A6%96%E0%A6%A8-%E0%A6%B9%E0%A7%B0-%E0%A6%98/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A6%A4%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE%E0%A6%96%E0%A6%A8-%E0%A6%B9%E0%A7%B0-%E0%A6%98/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভিতৰতে প্ৰথমখন হৰ ঘৰ জল প্ৰমাণিত জিলা হোৱাৰ বাবে মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰিছে। জল শক্তিৰ কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শেখাৱতৰ টুইটৰ প্রত্যুত্তৰত প্রধানমন্ত্রীয়ে কয় যে, “এই উল্লেখযোগ্য সাফল্যৰ বাবে বুঢ়ানপুৰৰ মোৰ ভগ্নী আৰু ভাতৃসকললৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। জনসাধাৰণৰ মাজত সামূহিক মনোভাৱ আৰু শিৱৰাজ সিং চৌহান জীৰ অধীনত জে জে এম দল আৰু সাংসদ চৰকাৰৰ মিছন মোড প্ৰচেষ্টা অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন।”
দেশৰ ভিতৰতে প্ৰথমখন ‘হৰ ঘৰ জল’ প্ৰমাণিত জিলা হোৱাৰ বাবে মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নাগৰিক সকলক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%8B%E0%A6%AA%E0%A7%87%E0%A6%A8%E0%A6%B9%E0%A7%87%E0%A6%97%E0%A7%87%E0%A6%A8%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%8B%E0%A6%AA%E0%A7%87%E0%A6%A8%E0%A6%B9%E0%A7%87%E0%A6%97%E0%A7%87%E0%A6%A8%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম মেট ফ্ৰেডৰিকছেনৰ সৈতে কোপেনহেগেনৰ বেলা চেন্টাৰত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰে মত-বিনিময় কৰে। শিক্ষাৰ্থী, গৱেষক, পেছাদাৰী আৰু ব্যৱসায়ীলৈকে ডেনমাৰ্কত ভাৰতীয় সমাজখনৰ ১০০০ ৰোধিক সদস্যই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনৰ ভাৰতীয়সকলৰ প্ৰতি থকা আন্তৰিকতা আৰু সন্মানৰ মনোভাৱৰ শলাগ লয় আৰু উভয় দেশে সেউজ বিকাশৰ বাবে উদ্ভাৱনীমূলক সমাধান সূত্ৰ নিৰ্ণয়ৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে বুলি গুৰুত্ব আৰোপ কৰে। তেখেতে ডেনমাৰ্কত ভাৰতীয় সমাজখনে পালন কৰা ইতিবাচক ভূমিকাক প্ৰশংসা কৰে। তেখেতে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে আৰু ভাৰত-ডেনমাৰ্কৰ অধিক সহযোগিতাৰ বাবে আহ্বান জনায়।
কোপেনহেগেনত ভাৰতীয় সমাজখনৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%B2%E0%A7%B0-%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%B2%E0%A7%B0-%E0%A6%95/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰীৰ সকলৰ বাবে স্ব-বিত্তায়ন গৃহ আঁচনিৰ অধীনত ৩৯৩০টা আবণ্টিত গৃহৰ বাবে এপাৰ্টমেণ্ট নিৰ্মাণ কৰিবলৈ চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদক ভূমি আবণ্টনত অনুমোদন জনোৱা হয়৷ br চণ্ডীগড় প্ৰশাসনৰ কর্মচাৰীসকলৰ বাবে ‘স্ব-বিত্তায়ন গৃহ নির্মাণ প্ৰকল্প’ শীৰ্ষত এক আঁচনি স্থানীয় প্ৰশাসনে অনুমোদন জনায়৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়শাসিত অঞ্চলৰ কৰ্মচাৰীসকলৰ বাবে ৩৯৩০টা এপাৰ্টমেণ্ট নির্মাণ কৰিব পৰাকৈ ৭৩.৩ একৰ ভূমি নির্দিষ্ট কৰা হয়। এই ৭৩.৩ একৰ ভূমিৰ ভিতৰত ১১.৮ একৰ ভূমি ইতিমধ্যে চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদৰ অধীনলৈ আহিছে৷ কেবিনেটত উত্থাপিত প্ৰস্তাৱ মৰ্মে বাকী ৬১.৫ একৰ চৰকাৰী ভূমি চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদক দিয়া হ’ব৷ br এই গৃহ নিৰ্মাণ আঁচনি ৰূপায়ণৰ বাবে চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদক সমন্বয়ৰক্ষী এজেন্সিৰ দায়িত্ব অৰ্পন কৰা হৈছে। চণ্ডীগড় প্ৰশাসনৰ কৰ্মচাৰীসকলৰ গৃহ নির্মাণৰ বাবে ৯৯ বছৰৰ লিজৰ ভিত্তিত সেই ভূমি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। এই আঁচনি ৰূপায়ণ হ’লে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ব্যাপক কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব৷ এই আঁচনিৰ অধীনত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৮১১গৰাকী কৰ্মচাৰীয়ে আবেদন কৰিছিল যদিও পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত ইয়াৰে ৩৯৩০গৰাকীকহে উপযুক্ত বুলি বিবেচিত কৰা হয়৷ br
কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰীৰ সকলৰ বাবে স্ব-বিত্তায়ন গৃহ আঁচনিৰ অধীনত ৩৯৩০টা আবণ্টিত গৃহৰ বাবে এপাৰ্টমেণ্ট নিৰ্মাণ কৰিবলৈ চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদক ভূমি আবণ্টনত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু চিলিৰ মাজত দিব্যাংগতাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰকৰাৰ বাবে অনুমোদন জনাইছে। দ্বিপাক্ষিক বুজাবুজি চুক্তিয়ে বিকলাঙ্গতাৰ ক্ষেত্ৰত এক যৌথ পদক্ষেপৰ জৰিয়তে ভাৰত চৰকাৰ আৰু চিলি চৰকাৰৰ প্ৰতিবন্ধী ব্যক্তিৰ সশক্তিকৰণ বিভাগৰ মাজত সহযোগিতাক উৎসাহিত কৰিব। ই ভাৰত আৰু চিলিৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিব। দিব্যাংগতাৰ ক্ষেত্ৰত, বিশেষকৈ নিম্নলিখিত ক্ষেত্ৰসমূহত সহযোগিতাৰ আকাংক্ষা ব্যক্ত কৰি দেশসমূহৰ মাজত এক যুটীয়া অভিপ্ৰায় পত্ৰ স্বাক্ষৰিত হয়: (ক) অক্ষমতা সম্পৰ্কীয় প্ৰদান কৰা নীতি আৰু সেৱাৰ তথ্য ভাগ বতৰা কৰা। (খ) তথ্য আৰু জ্ঞানৰ আদান-প্ৰদান। (গ) সহায়ক ডিভাইচ প্ৰযুক্তিত সহযোগিতা। (ঘ) দিব্যাংগতাৰ ক্ষেত্ৰত পাৰস্পৰিক আগ্ৰহৰ প্ৰকল্পৰ বিকাশ। (ঙ) আগতীয়াকৈ চিনাক্তকৰণ আৰু দিব্যাংগতা প্ৰতিৰোধ। (চ) বিশেষজ্ঞ, শিক্ষাবিদ আৰু অন্যান্য প্ৰশাসনিক কৰ্মচাৰীৰ আদান-প্ৰদান। এই বুজাবুজি চুক্তিয়ে ইয়াৰ অধীনত কাৰ্যকলাপৰ বাবে ব্যয় সামৰিবলৈ পুঁজিৰ ব্যৱস্থা প্ৰদান কৰে। পুঁজি আৰু সম্পদৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি এনে কাৰ্যকলাপৰ বাবে ব্যয় দুয়োখন চৰকাৰে কেছ টু কেছ আধাৰত পাৰস্পৰিকভাৱে নিৰ্ণয় কৰিব। যুটীয়া কাৰ্যকলাপৰ বাবে আন্তৰ্জাতিক ভ্ৰমণ/বাসস্থানৰ ব্যয় অতিথি দেশে বহন কৰিব আনহাতে সভা অনুষ্ঠিত কৰাৰ ব্যয় আয়োজক দেশে বহন কৰিব। ভাৰত-চিলিৰ সম্পৰ্ক বিভিন্ন বিষয়ত মতৰ সাদৃশ্যৰ ওপৰত আধাৰিত কৰি সৌহাৰ্দ্যপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ। ২০১৯-২০ বৰ্ষত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ ৭০ তম বছৰ পূৰ্ণ হৈছে। ২০০৫ আৰু ২০০৯ চনত চিলিৰ মাননীয় ৰাষ্ট্ৰপতিৰ দুটা ভ্ৰমণকে ধৰি দুয়োখন দেশৰ পৰা কেইবাটাও উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ সৈতে বিগত বছৰবোৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হৈছে।
কেন্দ্ৰীয় কেবিনেটে দিব্যাংগতাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু চিলিৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰকৰিবলৈ অনুমোদন জনাইছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A6%BF%E0%A6%82-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A6%BF%E0%A6%82-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8/
নেটৱৰ্ক ১৮ গ্ৰুপৰ মুখ্য সম্পাদক ৰাহুল যোশী জী, নেটৱৰ্ক ১৮-ৰ সাংবাদিকসকল, সংবাদ মাধ্যমটোৰ পৰিচালনাৰে জড়িত ব্যক্তিসকল, এই সন্মিলনত অংশ গ্ৰহণ কৰা মহানুভৱসকল, নেটৱৰ্ক ১৮-ৰ দৰ্শকবৃন্দৰ লগতে মোৰ প্ৰিয় সতীৰ্থসকল, মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে নৱ নিৰ্মিত ৰাষ্ট্ৰীয় সমৰ স্মাৰকটো দেশৰ নামত উচৰ্গা কৰাৰ মোৰ সৌভাগ্য হৈছিল, আৰু কি সংযোগ চাওকচোন, ইয়াৰ ঠিক পিচতে ৰাইজিং ইণ্ডিয়া শীৰ্ষ সন্মিলনত মই এনে এটা বিষয়ত ভাষণ দিয়াৰ বাবে আমন্ত্ৰণ পাইছো, যিটো বিষয় মোৰ হৃদয় অতিকে ওচৰৰ বুলি অনুভৱ কৰি আহিছো। মই নেটৱৰ্ক ১৮-ক ‘বিয়ণ্ড পলিটিক্সঃ ডিফাইনিং নেশ্যনেল পায়’ৰিটীজ’ শীৰ্ষক বিষয়বস্তু নিৰ্বাচিত কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিব খুজিছো। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখনত, ৰাষ্ট্ৰ নিৰ্মাণৰ গতি-গোত্ৰ কি হ’ব, ৰাষ্ট্ৰ হিচাপে আমাৰ প্ৰাথমিকতা কি হ’ব, এনেবোৰ প্ৰসংগত নিৰন্তৰ চৰ্চা, আলোচনা অতিকে আৱশ্যক। এতিয়া মই যেতিয়া সাংবাদিক বন্ধুসকলৰ মাজত উপস্থিত আছো, সেয়ে এই আলোচনা আগবঢ়াই নিয়াৰ বাবে মই আপোনালোকে ভাল পোৱা ধৰণটোকে গ্ৰহণ কৰিম বুলি ভাবিছো। অৰ্থাত প্ৰথমে কি আছিল আৰু এতিয়া কি হৈছে, তাৰ বিশ্লেষণৰ জৰিয়তে আলোচনা আগবঢ়াই নিব খুজিছো। ইয়াৰ দ্বাৰা নিশ্চয় আগতেনো প্ৰাথমিকতা কি আছিল আৰু এতিয়ানো কি, সেই কথা আপোনালোকৰ বাবেও পৰিষ্কাৰ হৈ পৰিব। সেইদৰে ৰাজনীতিৰ পৰা আঁতৰি গৈ ৰাষ্ট্ৰনীতিক প্ৰাথমিকতা প্ৰদান কৰিব খুজিলেনো কেনে ধৰণৰ পৰিণাম লাভ কৰিব পৰা যায় সেই কথাৰো উমান পাব পাৰা যাব। বন্ধুসকল, ২০১৪চনৰ আগতে দেশৰ পৰিস্থিতি এনে আছিল যে যিবোৰৰ শ্ৰীবৃদ্ধি হ’ব লাগিছিল, সেইবোৰ টুটিছিল আৰু টুটিবলগীয়াবোৰ নদন-বদন হৈ উঠিছিল। উদাহৰণ স্বৰূপে বয়-বস্তুৰ দাম বৃদ্ধিৰ প্ৰসংগকটোকে লোৱা যাওক। বস্তু-বাহানিৰ দৰ নিয়ন্ত্ৰিত হৈ থাকিব লাগে বুলি আমি সকলোৱে জানো। পিছে বাস্তৱ সত্যটো কি আছিল! আগৰ চৰকাৰ দিনত নিত্য-ব্যৱহাৰ্য বয়-বস্তুৰ দামে আকাশ চুইছিলগৈ। দৰবৃদ্ধিয়ে দৈত্যৰ দৰে মুখ মেলি ৰৈছিল। আপোনালোক আটাইৰে, বিশেষকৈ নিউজৰুমৰ প্ৰডিউচাৰসকলৰ খুউব ভালকৈয়ে মনত আছে চাগৈ, ‘দৰ-বৃদ্ধিৰ দৈত্যই জীয়াতু ভোগাইছে ৰাইজক’-শীৰ্ষক শিৰোণামৰে কিমান দিন যে বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছিল তেতিয়া! বন্ধুসকল, ‘মুদ্ৰাস্ফীতিৰ হাৰে ১০ শতাংশৰ ঘৰো অতিক্ৰম কৰিলে’ বুলি আপোনালোকে তেতিয়া উপৰ্যুপৰি বাতৰি পৰিবেশন কৰিবলগীয়াত পৰিছিল। পিছে এতিয়া আমাৰ চৰকাৰ দিনত মুদ্ৰাস্ফীতিৰ দৰ কমি গৈ ২-৪ শতাংশৰ আশে-পাশে স্থিৰে ৰৈছেগৈ। এই পাৰ্থক্য তেতিয়া উপলব্ধ কৰিব পৰা যায় যেতিয়া, ৰাজনীতিৰ পৰা উৰ্ধ্বলৈ গৈ ৰাষ্ট্ৰনীতিক প্ৰাথমিকতা প্ৰদান কৰা হয়। বন্ধুসকল, একে দশাই আয়কৰৰ ক্ষেত্ৰতো ঘটিছিল। মধ্যবিত্তসকলে ৰেহাই বিচাৰি সদায়ে আহ্বান জনাই আহিছিল যদিও, ৰেহাইৰ নামত তেওঁলোকে একোৱেই পোৱা নাছিল। আমাৰ চৰকাৰে আয়কৰৰ ৰেহাই সীমা প্ৰথমে আঢ়ৈ লাখ কৰিছিল। পিচত এই পৰিমাণ ৫ লাখ পৰ্যন্ত ১০ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰাৰ পদক্ষেপ গ্ৰহণৰ পিচত এইবাৰতো ৫ লাখ টকা পৰ্যন্ত আয় কৰাসকলক কৰ ৰেহাই দিয়াৰে সিদ্ধান্ত লোৱা হ’ল। বন্ধুসকল, এতিয়া জিডিপি গ্ৰ’থ-ৰ কথা যদি আলোচনা কৰা যায়, তেন্তে আগৰ চৰকাৰ আৰু এতিয়াৰ চৰকাৰৰ প্ৰাথমিকতাৰ পাৰ্থক্য আৰু অধিক স্পষ্টকৈ অনুভৱ কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানে যে অটল জীৰ চৰকাৰে ইউপিএ-চৰকাৰক ৮ শতাংশ বিকাশ দৰৰ অৰ্থ-ব্যৱস্থা এটা দি থৈ গৈছল। পিছে, ২০১৩-১৪ বৰ্ষত যেতিয়া ইউপিএ-ৰ বিদায় নিশ্চিত হৈছিল, তেতিয়া বিকাশৰ হাৰ প্ৰায় ৫ শতাংশলৈ অৱনমিত হৈছিল। ২০১৪ চনত আকৌ এবাৰলৈ আমি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিলো। আজিৰ তাৰিখত আমি আকৌ এবাৰলৈ জিডিপি গ্ৰ’থ-ৰ হাৰ ৭-৮ৰ ভিতৰলৈ উন্নীত কৰিবলৈ সক্ষম হৈছো। তেওঁলোকে বাঢ়িবলগীয়াখিনিক কমাই থৈ গৈছিল, আৰু আমি কমি যোৱাখিনিক পুণৰ বঢ়োৱাৰ ব্যৱস্থা কৰিছো। এয়াই আমাৰ প্ৰাথমিকতা। বন্ধুসকল, বিশ্ব-প্ৰেক্ষাপটত ভাৰতৰ অৱস্থিতিৰ ক্ষেত্ৰতো একে অৱস্থাই আছিল। ইমানদিনে আমি পঢ়ি আহিছিলো বোলে, একৈশ শতিকা ভাৰতৰ শতিকা হ’ব। পিছে ইউপিএ-চৰকাৰ দিনত কি হ’ল? ২০১৩চন পৰ্যন্ত ভাৰতক পৃথিৱীৰ ‘ফ্ৰেজাইল-৫’ দেশৰ অন্যতম কৰি পেলাইছিল। পিছে আজিৰ চৰকাৰৰ দৃঢ় সংকল্প আৰু এশ পঁচিশ কোটি দেশবাসীৰ পৰিশ্ৰমৰ সুবাদত আকৌ এবাৰলৈ ভাৰত আজি আটাইতকৈ দ্ৰুতগতিৰে আগবঢ়া গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তিধৰ দেশ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে। ‘ইজ অব ডুয়িং বিজনেছ’-ৰ স্থানৰ ক্ষেত্ৰতো আগৰখন চৰকাৰে দেশৰ নাম ডুবুৱাৰ সকলো ব্যৱস্থাই কৰি থৈ গৈছিল। কংগ্ৰেছ-সংস্কৃতিৰ পৰিণতি হিচাপেই ২০১৩চনত ১৩২ সংখ্যক স্থানত থকা আমাৰ দেশৰ স্থান ২০১৪ চনত ১৪২লৈ অৱনমিত হৈছিল। সেইসময়ত দেশৰ ব্যৱসায়-বাণিজ্যৰ অৱস্থা কি কৰি পেলাইছিল, এবাৰ মনত পেলাওকচোন। এই ৰেংকিং-ৰ শুধৰণি ঘটাই দেশৰ স্থান ৭৭সংখ্যক স্থানলৈ অনাৰ কাম আমাৰ চৰকাৰে কৰি দেখুৱালে। আপোনালোকে চাগৈ জানিছেই যে কালি মাত্ৰ আমাৰ চৰকাৰে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ শুভাৰম্ভ কৰিছে। দেশৰ প্ৰায় ১২ কোটি কৃষক পৰিয়াল এই নিধিৰ দ্বাৰা উপকৃত হ’ব। বন্ধুসকল, যোৱাখন চৰকাৰৰ দিনত ‘ইজ অব ডুয়িং বিজনেছ’-ৰ ক্ষেত্ৰত দেশৰ স্থানৰ অৱনমন হোৱাৰ মূলতে আছিল ভ্ৰষ্টাচাৰ। কাৰণ এইখিনি সময়ত ভ্ৰষ্টাচাৰে আকাশ চোৱাৰ উপক্ৰম ঘটিছিল। স্পেকট্ৰামৰ পৰা ছাবমেৰিণলৈ, কয়লাৰ পৰা চিডব্লিউজিলৈ, কোনো এটা বস্তুয়েই ভ্ৰষ্টাচাৰৰ পৰা আঁতৰি থাকিব পৰা নাছিল। সেই সময়ত দেশৰ প্ৰতিটো সংস্থা, সেয়া লাগিলে উচ্চতম ন্যায়ালয়েই হওক অথবা চিএজি-য়েই হওক কিম্বা সংবাদ মাধ্যমেই হওক, সকলোতে কেৱল চৰকাৰী বিভাগৰ দুৰ্নীতিৰ ফাইলহে মুকলি কৰা হৈছিল। আজি আকৌ পৰিস্থিতি এনে হৈছে যে বিপক্ষৰ আমাৰ বন্ধুসকলে ছদ্মবেশী অভিযোগকাৰীৰ হতুৱাই আদালতত আমাৰ বিৰুদ্ধে গোচৰ দিয়াৰ কচৰত্ কৰাইছে যদিও প্ৰায় সকলো সময়তে তেওঁলোকে আদালতৰ ধমক খাবলগীয়াত পৰিছে আৰু ইয়াৰ বিপৰীতে চৰকাৰে বুটলিছে প্ৰশংসা। চৰকাৰী সংস্কাৰৰ ক্ষেত্ৰত এই পৰিৱৰ্তন আমাৰ চৰকাৰৰ কাৰ্যকালত সম্ভৱ হৈছে। ভাই-ভনীসকল, ৰাজনীতিৰ পৰা আমাৰ চৰকাৰৰ প্ৰাথমিকতাসমূহ কেনেকৈ পৃথক, কেনেকৈ আমি এখন আঁচনিৰ সৈতে আন এখন আঁচনি সংলগ্ন কৰি আগবঢ়াৰ প্ৰয়াস কৰিছো আৰু তাৰ ফলত সামগ্ৰিকভাবে সম্পূৰ্ণ ব্যৱস্থাটোৱেই কেনেকৈ মসৃণ আৰু স্বচ্ছ হৈ উঠিছে, সেই কথা মই কেইটামান উদাহৰণেৰে বিস্তাৰিতভাবে আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো। আপোনোলোকৰ চাগৈ মনত আছে, আজিৰ পৰা চাৰিবছৰ আগতে আমি যেতিয়া ‘জন-ধন যোজনা’ৰ শুভাৰম্ভ কৰিছিলো, তেতিয়া এই আঁচনিখনক লৈ মুখৰোচক কথা-বতৰাৰ জোৱাৰ তোলা হৈছিল। কিছুমান লোকে কৈছিল বোলে দুখীয়াৰ বেংক একাউণ্ট খুলি দি আমিনো কি ইমান ডাঙৰ কামটো কৰিলো। কিছুমানেতো ইমানলৈকে ক’লে যে যাৰ এমুঠি খাবলৈকে নাই, তেওঁলোকে বেংকত একাউণ্ট খুলিনো কিডাল কৰিব। এনেকুৱা মানসিকতাৰ পৰিণতিতে স্বাধীনতাৰ ইমানকেইটা বছৰৰ পিচতো দেশৰ আধাতকৈয়ো বেছি লোকৰ বেংক একাউণ্ট নথকাকৈয়ে দিন পাৰ হৈছিল। এতিয়া আমাৰ চৰকাৰৰ প্ৰয়াসত দেশৰ ৩ কোটিতকৈয়ো অধিক লোকৰ বেংক খাটা খোলা হৈছে। বন্ধুসকল, জনধন একাউণ্ট খোলাৰ পিচত আমি তেওঁলোকক আধাৰ নম্বৰৰে সংযুক্ত কৰাৰ ব্যৱস্থা কৰিছো, ততোধিক এই একাউণ্টক মোবাইল নম্বৰেৰেও সংযুক্ত কৰা হৈছে। ইফালে আমি দেশত জন-ধন একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছো, সিফালে যিবিলাক চৰকাৰী যোজনাৰ জৰিয়তে হিতাধিকাৰীসকললৈ ধনৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল, সেইবোৰ যোজনাকো ইয়াৰ সৈতে সংযু্ক্ত কৰাৰ দিহা কৰা হৈছে। আগতে ইয়াৰ বাবে নগদ ধন দিয়াৰ ব্যৱস্থা আছিল। আৰু এই লেন-দেন কোনোনে কৰিছিল সেই কথা চাগৈ আপোনালোকক নকলেও হ’ব, নহয় জানো! বন্ধুসকল, আমি এখন এখনকৈ আঁচনিসমূহ জন-ধন একাউণ্টৰে সংযুক্ত কৰাৰ ব্যৱস্থা কৰিলো। আজিৰ তাৰিখত পৰিস্থিতি এনে হৈছেগৈ যে চৰকাৰৰ চাৰে চাৰিশতকৈয়ো অধিক আঁচনিৰ ধন পোণপটীয়াকৈ হিতাধিকাৰীসকলৰ একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ ব্যৱস্থা হৈছে । আমাৰ চৰকাৰৰ দিনত প্ৰায় ৬ লাখ কোটি টকা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হৈছে। আৰু আজি মই গৰ্বৰে ক’ব পাৰো যে আগৰ চৰকাৰ দিনৰ দৰে ১০০ৰ কেৱল ১৫ পইচা নহয়, সম্পূৰ্ণ ১০০পইচাই হিতাধিকাৰীসকলে লাভ কৰিছে। চৰকাৰৰ এই প্ৰভাৱ ভ্ৰষ্টাচাৰৰ ওপৰত কিমান পৰে, ইয়াকো আপোনালোকক অৱগত কৰাৰ প্ৰয়োজন আছে। বন্ধুসকল, জন-ধন একাউণ্ট, আধাৰ আৰু মোবাইলৰ সংযোগ বাধ্যতামূলক কৰাৰ ফলত কাগজে-পত্ৰই ইমান দিনে চলি অহা ভুৱা হিতাধিকাৰীৰ হাজাৰ-বিজাৰ নাম সন্মুখলৈ আহিবলৈ ধৰিছে। আপোনালোকৰ চেনেলতো যদি এনে ৫০ জন ব্যক্তি জড়িত হৈ পৰে, যাৰ নামত প্ৰতি মাহে দৰ্মহা আদায় দি থকা হৈছে যদিও বাস্তৱত এই ৫0জন ব্যক্তিৰ অস্তিত্বই নাথাকে, তেন্তে কি অৱস্থা হ’ব, এবাৰ ভৱকচোন। এই ক্ষেত্ৰত ‘এইচ আৰ’ বিভাগৰ কাৰ্যবাহীসকলে ক’ব বোলে আমাৰ ইয়াত এনেকুৱা হ’বই নোৱাৰে, কিন্তু আগৰখন চৰকাৰৰ দিনৰ তালিকাত এজন-দুজন নহয়, ৮কোটি এনে ভুৱা ব্যক্তিৰ নাম সন্নিৱিষ্ট আছিল, যিসকলৰ নামত চৰকাৰী আঁচনিৰ ধন আৱন্তিত হৈ আহিছিল। বন্ধুসকল, বৰ্তমান চৰকাৰৰ এই প্ৰয়াসৰ ফলত ৰাজকোষৰ ১ লাখ ১০ হাজাৰ কোটি টকা ভুৱা ব্যক্তিৰ হাতলৈ যোৱাৰ পৰা বচাব পৰা গৈছে। আৰু মই যেতিয়া কৈছো ১লাখ ১০ হাজাৰ কোটি টকা বচাব পৰা গৈছে মানে, ইমান দিনে এই বিশাল পৰিমাণৰ ধন ৰাশিতো কাৰোবাৰ জেপলৈকে গৈ আছিল! বছৰ বছৰ ধৰি এই পইচা মধ্যভোগীৰ হাতলৈ গৈ আছিল, অথচ এইসকল ব্যক্তিসকল কেতিয়াও এই পইচাৰ হকদাৰেই নাছিল। এতিয়া আমাৰ চৰকাৰে এইবোৰৰ সকলো সুৰুঙাকে বন্ধ কৰি পেলাবলৈ সক্ষম হৈছে। বন্ধুসকল, বেংক একাউণ্ট, ডাটা আৰু টেকনলজী এতিয়া পৃথিৱীৰ সকলোতকৈ বৃহত জনকল্যাণমূলক আঁচনিৰ শক্তিশালী বুনিয়াদ হিচাপে পৰিগণিত হৈছে। আজিৰ তাৰিখত ‘আয়ুষ্মান ভাৰত’ৰ দৰে আঁচনিৰ জৰিয়তে প্ৰায় ৫০ লাখ দৰিদ্ৰ লোকলৈ ৫লাখ টকা পৰ্যন্ত চিকিত্সা ব্যয় পৰিশোধৰ যি ব্যৱস্থা কৰা হৈছে, এই প্ৰক্ৰিয়াতো কোনো ধৰণৰ সুৰুঙাৰ অৱকাশ নথকাতো নিশ্চিত কৰা হৈছে। চিকিত্সা ব্যয়ৰ সমুদায় পইচা চিধা-চিধিকৈ হাস্পটালৰ একাউণ্টত জমা কৰাৰ দিহা কৰা হৈছে। যাৰ সৈতে হিতাধিকাৰীসকল আধাৰ নম্বৰৰে সংযোজিত হৈ থাকে আৰু এই ক্ৰমাংক ২০১৫চনৰ নিৰ্বাচন উপলক্ষে প্ৰকাশ কৰা ‘আৰ্থ-সামাজিক সমীক্ষা’ৰ আধাৰত সম্পন্ন কৰা হৈছে। প্ৰায় সকলোখিনি জনকল্যাণমূলক আঁচনিৰ ক্ষেত্ৰতে এই প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছে, যাৰ ফলত প্ৰবঞ্চনা-প্ৰতাৰণাৰ সকলো সুৰুঙাৰে মুদা মৰিবলৈ ধৰিছে। প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে, ধৰক পশু খাদ্য ক্ৰয় কৰা, বীজ কিনা, কীটনাশক কিনা আদিৰ বাবে চৰকাৰে বছৰ দিনৰ বাবে প্ৰায় ৭৫ হাজাৰ কোটি টকা পোণপটীয়া ভাবে কৃষকৰ একাউণ্টলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এই আঁচনিৰ ক্ষেত্ৰতো সুৰুঙাৰ অৱকাশ নাই। এতিয়া ভাৱকচোন কোনোবাই যদি পশু খাদ্য কেলেংকাৰী কৰিব খোজে তেন্তে কেনেকৈ কৰিব! কিয়নো, এতিয়াতো মোবাইললৈ চিধা-চিধি মেছেজ আহি যায়। কেঁচা-পকা বিলৰ সকলো কাৰচাজি মোডীয়ে শেষ কৰি দিলে। সেয়ে এতিয়া মোক সকলোৱে পানী পি পি মোক গালি দি থকা হৈছে। ভাই-ভনীসকল, মই যিসকলৰ লুটাৰ পথ বন্ধ কৰিছো, তেওঁলোকে আজিকালি মোৰ প্ৰতি যি ‘স্নেহ’ প্ৰদৰ্শন কৰিবলৈ লৈছে, সেয়া নুসুধিবই আৰু। একেখন মঞ্চতে সকলো একেলগ হৈ ইমান গালি বৰ্ষণ কৰিলে যে ইমান গালি চাগৈ আজিলৈকে আন কাকো, কোনেও পাৰি পোৱা নাই। বন্ধুসকল, এওঁলোকৰ বাবে মোডীক গালি দিয়াটো প্ৰথমিকতা, মোৰ বাবে দেশৰ সত্ কৰদাতাসকলৰ পৰিশ্ৰম, তেওঁলোকে চৰকাৰ প্ৰতি আগবঢ়োৱা ধনৰ প্ৰতিটো পইচাৰ সদ্ব্যৱহাৰ কৰাটো হ’ল প্ৰাথমিকতা। আমাৰ ইয়াত জনতাৰ পইচা কেনেকৈ ইমানদিনে হৰলুকি কৰা হৈছিল সেই কথাতো আপোনালোকেও জানে। এনেদৰে যদি পা-পইচাৰ আধানাৰ্জী নহ’লহেতেন তেন্তে শ শ আঁচনি দশক দশক ধৰি আধা-দুখৰীয়া হৈ থাকিবলগীয়া নহ’লহেতেন। সেয়ে আমাৰ চৰকাৰে পৰিকল্পনাৰ ৰূপায়ণৰ বিলম্বক কোনো অপৰাধতকৈ কম বুলি গণ্য নকৰে। মই আপোনালোকক মাত্ৰ ২-৩টা উদাহৰণ দিব খুজিছো। আগৰ দশকবোৰত কেনেকৈ কামবোৰ কৰা হৈছিল আৰু এই কামৰ প্ৰভাৱ সৰ্ব-সাধাৰণৰ, কৰদাতাসকলৰ ওপৰত পৰিছিল এবাৰ বিশ্লেষণ কৰি চাও আহকচোন। বন্ধুসকল, উত্তৰ প্ৰদেশত ‘বাণসাগৰ’ নামৰ এটা জলসিঞ্চন প্ৰকল্প আছে। প্ৰকল্পটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল প্ৰায় ৪ দশক আগতে। সেইসময়ত প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছিল ৩০০কোটি। পিছে, দীৰ্ঘ সময় ধৰি প্ৰকল্পটোৰ কাম স্থবিৰ হৈ থাকিল। ২০১৪ চনত আমাৰ চৰকাৰ অহাৰ পিচত প্ৰকল্পটোৰ কাম পুণৰ আৰম্ভ কৰা হ’ল। পিছে তেতিয়ালৈ এই প্ৰকল্পৰ নিৰ্মাণ ব্যয়ৰ পৰিমাণ হলগৈ ৩০০০ কোটি টকা। এনেকুৱা নহয় যে তেতিয়াৰ চৰকাৰক কোনোবাই কাম কৰাত বাধা আৰোপ কৰিছিল অথবা এই কামৰ বাবে কাৰোবাৰ অসুবিধা হৈছিল। ৩০০ কোটি টকাৰ যোগাৰ নোহোৱাৰো কথা নাছিল। দৰাচলতে, সময়ৰ কাম সময়ত কৰাৰ আগ্ৰহ নথকাৰ বাবেহে তেতিয়া কামবোৰ এনেদৰে ওলমি ৰৈছিল। যেন, কামত দেৰি হ’লে হওক, আমাৰ কি আহে যায়—মনোভাৱবোৰ ঠিক এনেকুৱাই আছিল। আৰু এটা বান্ধ প্ৰকল্প আছিল ঝাৰখণ্ডত। ‘মণ্ডল বান্ধ প্ৰকল্প’। সুদীৰ্ঘ চাৰি দশক ধৰি এইটো প্ৰকল্পৰ কামো পৰি ৰৈছিল। আৰম্ভণী কালত ৩০কোটি টকাত সম্পূৰ্ণ কৰিব খোজা প্ৰকল্পটো পিচত প্ৰায় ২৪০০কোটি টকাত সম্পূৰ্ণ কৰা হ’ল। অৰ্থাত প্ৰকল্পটোৰ কাম ওলোমাই ৰখাৰ বাবেই মূৰকত দেশৰ কৰদাতাই ৮০গুণ অধিক টকাৰ বোজা ল’বলগীয়া হ’ল। ভাই-ভনীসকল, আপোনালোকে ভ্ৰষ্টাচাৰ-কেলেংকাৰীৰ কথা শুনিলেই সচেষ্ট হৈ উঠে। এইটো নিশ্চয় ভাল কথা। পিছে দেশত এনেধৰণৰ হাজাৰ-বিজাৰ প্ৰকল্পৰ নিৰ্মাণত হোৱা বিলম্বৰ বাবেই যে ৰাজকোষৰ, সত্ কৰদাতাৰ কোটি কোটি টকাৰ শৰাধ হৈ থাকিবলগীয়া হৈছিল, তাৰ খবৰ বাৰু কোনোবাই ৰাখিছেনে? এই পইচাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আমৰ চৰকাৰৰ প্ৰাথমিকতা। আৰু সেয়ে চৰকাৰী ব্যৱস্থাত অব্যাহত থকা দুষ্কৃতি আঁতৰোৱাৰ বাবে মই চৰকাৰৰ প্ৰথম দিনটোৰ পৰাই প্ৰয়াস অব্যাহত ৰাখিছো। মই প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবসকলক লৈ আলোচনা কৰিছো, ৰাজ্যসমূহৰ বিভাগীয় মন্ত্ৰীসকলকলৈ চৰ্চা কৰিছো, বোলো লাগিলে যিয়েই কৰিব লগা নহওক কিয়, মুঠতে এটা কথা নিশ্চিত কৰিবই লাগিব, প্ৰকল্পৰ নিৰ্মাণত হোৱা বিলম্বৰ বাবে জনতাৰ পইচাৰ শৰাধ হোৱাতো বন্ধ কৰিবই লাগিব। বন্ধুসকল, মই নিজেই ১২ লাখ কোটি টকাৰো অধিক পৰিমাণৰ পুৰণি প্ৰকল্পৰ সমীক্ষা কৰিছো। সমীক্ষা কৰা প্ৰকল্পসমূহৰ সৰহখিনিয়েই পূব আৰু উত্তৰ-পূব ভাৰতৰ। এয়াও আমাৰ চৰকাৰৰ প্ৰাথমিকতাৰ এক বহুত ডাঙৰ অংশ আছিল। পূব ভাৰতক দেশৰ বিকাশৰ ‘গ্ৰ’থ-ইঞ্জিন’ হিচাপে গঢ়ি তোলাতো, ‘সকলোৰে সৈতে সকলোৰে বিকাশ’ নিশ্চিত কৰাৰ বাবে আমি গ্ৰহণ কৰা ‘ভিজন’ৰ গুৰুত্বপূৰ্ণ অংগ বুলিয়ে দোহাৰি আহিছো। পূব আৰু উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যলৈ কেনেকৈ বহু দশকৰ পিচত প্ৰথমবাৰৰ বাবে ৰে’লপথ সম্প্ৰসাৰিত হৈছে, প্ৰথমবাৰৰ বাবে বিমানবন্দৰ নিৰ্মিত হৈছে অথবা প্ৰথমবাৰৰ বাবে বিজুলি বাঁতিৰ সংযোগ স্থাপন হৈছে, এই সন্দৰ্ভত আপোনালোকে অনেকবাৰ প্ৰতিবেদন যুগুতাবলগীয়া হোৱা নাই জানো! বন্ধুসকল, দেশৰ বঞ্চিত-উপেক্ষিত শ্ৰেণীৰ লোকসকলৰ সকলো দুশ্চিন্তা, সকলো হতাশা আঁতৰোৱাৰ লগতে তেওঁলোকক সমাজৰ আনসকলৰ সৈতে একেলগে আগবঢ়াই নিয়াৰ বাবে আমি সকলো প্ৰয়াস অব্যাহত ৰাখিছো। সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ পৰিয়ালৰ বাবে ১০ শতাংশৰ আৰক্ষণ হওক কিম্বা শ্ৰমিকৰ বাবে ঐতিহাসিক পেন্সন যোজনাই হওক, পিচপৰা সম্প্ৰদায়ৰ বাবে কল্যাণ-বিকাশ পৰিষদ গঠনৰ সিদ্ধান্তই হওক, অথবা দেশৰ কোটে কোটি মাছমৰীয়াৰ বাবে পৃথক বিভাগ স্থাপন কাই হওক, ‘আমি সকলোৰে সৈতে সকলোৰে বিকাশ’ৰ মন্ত্ৰ আওৰাই অগ্ৰসৰ হোৱাত মনোনিৱেশ কৰিছো। দেশৰ সকলো ব্যক্তি, সকলো শ্ৰেণী, সকলো কোণলৈকে বিকাশ আৰু বিশ্বাসৰ কিৰণ সম্প্ৰসাৰিত কৰাৰ আমাৰ প্ৰাথমিকতাই নতুন ভাৰতৰ আত্মবিশ্বাসৰ কাৰণ হৈ থিয় দিছে। এই আত্মবিশ্বাসৰ বাবে মই আপোনালোকে অতিকে ভাল পোৱা আৰু এটা বিষয় সন্দৰ্ভত আলোচনা কৰিব খুজিছো। বিষয়টো হৈছে কৰ্ম সংস্থাপন। মোক জানিবলৈ দিয়া হৈছে যে ‘নেটৱৰ্ক ১৮’-ত ২০১৪ চনৰ পিচত এই পৰ্যন্ত এজনো ব্যক্তি নতুনকৈ মকৰল কৰা হোৱা নাই। ৰাহুল জী, এই কথা সঁচা নহয় জানো! বাৰু বাৰু, ঠিক আছে। মই কথাৰ কথাটোহে ক’ব খুজিছো। ভাই-ভনীসকল, অকণমান ভাৱকচোন, পৃথিৱীৰ সকলোতকৈ দ্ৰুতগতিত আগবঢ়া অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱা ভাৰতত বাৰু আজিৰ তাৰিখত এটাও কৰ্ম সংস্থানৰ সৃষ্টি হোৱা নাই বুলি কোৱাটো সত্য বুলি মানি ল’ব পৰা কথানে? এটাও কৰ্ম-সংস্থান সৃষ্টি নকৰাকৈয়ে ভাৰতে এয়া সম্ভৱ কৰিব পাৰিছেনে বাৰু? দেশত বিদেশী বিনিয়োগৰ পৰিমাণ সৰ্বকালৰ সৰ্বাধিক হোৱাৰ মুহূৰ্তত বাৰু কৰ্ম সংস্থানৰ সৃষ্টি হোৱা নাই বুলি ভবা কথাটো সত্য বুলি ভাবিব পাৰিনে? আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত ভাৰতে সকলোতকৈ দ্ৰুততাৰে দাৰিদ্ৰ দূৰীকৰণৰ সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি তথ্য দাঙি ধৰাৰ মুহূৰ্তত কৰ্মসংস্থানৰ দিহা নকাৰাকৈ দাৰিদ্ৰ দূৰীকৰণ হ’ব পাৰেনে বাৰু! অকণমান ভাৱকচোন, আজিৰ তাৰিখত দেশত আগৰ তুলনাত বহু গুণ অধিক দ্ৰুততাৰে স্থলপথ, ৰে’লপথ নিৰ্মাণৰ কাম চলি থকা মুহূৰ্তত বাৰু কৰ্ম সংস্থানৰ সৃষ্টি হোৱা নাই বুলি উঠা অভিযোগ মানি ল’ব পাৰিনে! দুখীয়া-দৰিদ্ৰৰ বাবে ঘৰ নিৰ্মাণৰ পৰা নতুন দলং, নতুন বান্ধ, নতুন বিমানবন্দৰৰ দৰে আন্তঃগাঁথনি নিৰ্মাণৰ দৰে প্ৰকল্পৰ কাম অভিলেখ পৰিমাণে চলি থকা মুহূৰ্তত এই কথা কিমান যুক্তি সংগত হ’ব, এবাৰ ভাবি চাওকচোন। পৰ্যটন ক্ষেত্ৰত বিনিয়োগ বাঢ়ি আছে। তেন্তে এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ কৰ্মসংস্থনৰ ব্যৱস্থাই হোৱা নাই নেকি? আপোনালোকে আপোনালোকৰ আশে-পাশে ডাক্টৰ, ইঞ্জিনিয়াৰ, চাৰ্টাৰ্ড একাউটেণ্টৰ দৰে পেশাৰ লোকসকল আগবাঢ়ি যোৱা দেখিছে। আয়কৰ বিভাগৰ তথ্য মতে যোৱা চাৰিটা বিত্তীয় বৰ্ষত দেশৰ ব্যৱস্থাত ৬লাখ পেছাদাৰী ব্যক্তি নতুনকৈ জড়িত হৈছে। এইসকল পেছাদাৰী ব্যক্তিক কাম চলাবলৈ কিছুসংখ্যক সহায়ক কৰ্মচাৰী নিতান্তই প্ৰয়োজন হয়। সেয়ে আমি ন দি ক’ব পাৰো যে এইসকল পেছাদাৰী ব্যক্তিয়ে এইখিনি সময়ত বহু লক্ষ ব্যক্তিক কৰ্ম সংস্থানৰ দিহা কৰি দিছে। এয়াই নহয়, আমাৰ বাট-পথত চেকুৰী থকা গাড়ী-মটৰবোৰেও আন এখন প্ৰতিচ্ছবি দাঙি ধৰে। কোনে জানো কৈছিল বোলে, আপোনালোকৰ ‘ফিল্মচিটী, নয়ডা’ত আগতে আধাৰো অধিক ঠাই খালী হৈ পৰি থাকিছিল। এতিয়া সেইবোৰ ঠাইত গাড়ী-মটৰ পাৰ্কিং কৰাৰে ঠাই নথকা হৈছে। কথাটো হ’ল, যোৱা পাঁচোটা বছৰত দেশৰ পৰিবহণ খণ্ডত লক্ষণীয়ভাবে উন্নতি ঘটিছে। কেৱল বাণিজ্যিক যান-বাহণৰেই যদি কথা কোৱা যায়, তেন্তে যোৱাটো বছৰতে ভাৰতত প্ৰায় চাৰে ৭লাখ গাড়ী বিক্ৰী হৈছে। তেন্তে চাকৰি-বাকৰি নিদিয়াকৈয়ে ইমানসোপা গাড়ী বিক্ৰী হোৱাটো সম্ভৱনে বাৰু! এই প্ৰসংগত মুদ্ৰা যোজনাৰ কথাকো উল্লেখ কৰিব পাৰি। সংবাদ-মাধ্যমত বহুবাৰ মন উদ্বেলিত কৰিব পৰা বাতৰি পৰিৱেশিত হোৱা পঢ়িবলৈ পাইছো। আনকি মই নিজেও বহুকেইগৰাকী ব্যক্তিক লগ পাইছো, মুদ্ৰা যোজনাই আগবঢ়োৱা সুযোগ গ্ৰহণ কৰি যাৰ জীৱনৰ গতিয়েই সলনি হৈ পৰিছে। এওঁলোক বহুতেই নিজৰ লগতে আন বহুতৰ জীৱন-নিৰ্বাহৰ ব্যৱস্থা কৰি দিবলৈও সক্ষম হৈছে। বন্ধুসকল, এই যোজনাৰ জৰিয়তে ১৫ কোটিৰো অধিক উদ্যমীলৈ ৭ লাখ কোটিৰো অধিক টকাৰ ঋণ আগবঢ়োৱা হৈছে। আপোনালোকে হয়তো জানিবলৈ পায় আচৰিত হ’ব যে ইয়াৰে ৪ কোটি যুৱ উদ্যমীয়ে এই প্ৰথমবাৰৰ বাবে বেংকৰ ঋণ লাভৰ অভিজ্ঞতা অৰ্জন কৰিছে। ইমান বিশাল সংখ্যক ক্ষুদ্ৰ উদ্যোগীক ঋণ দিয়া হৈছে, অথচ ইয়াৰ পৰা কৰ্ম সংস্থানৰ ব্যৱস্থা হোৱা নাই বুলি কোৱা কথাটো বাৰু মানি ল’ব পাৰিনে! বন্ধুসকল, ইপিএফঅ’-ৰ পৰাও কৰ্মসংস্থান সন্দৰ্ভত এক বিস্তৃত তথ্য অৱগত হ’ব পাৰি। এই তথ্য মতে কোটি কোটি কৰ্মচাৰীৰ পইচা কাটি থকা হৈছে। কৰ্মচাৰীসকলৰ অংশৰ ধন জমা হৈ আছে। কেৱল হাজাৰ-১০হাজাৰৰ সমীক্ষা কৰি তথ্য দাঙি ধৰা হোৱা নাই। ২০১৭ৰ নৱেম্বৰ মাহৰ পৰা ২০১৮ৰ মাজৰ সময়চোৱাৰ প্ৰতিটো মাহতে প্ৰায় ৫লাখ হৈছিল। সেইদৰে ইএছআইচি-ৰেও প্ৰতি মাহে ১০-১১ লাখ অৰিহণা আগবঢ়াওতা জড়িত হোৱাৰ তথ্য উপলব্ধ হৈছে। আমি যদি এই পৰিমাণৰ ৫০শতাংশও ইপিএফঅ’-ৰ তথ্যত থকা বুলি ধৰি লও, তেতিয়াও কিন্তু প্ৰতি মাহে ১০লাখ লোক নতুনকৈ জড়িত হোৱাৰ তথ্য পোৱা যায়। অৰ্থাত প্ৰতি বছৰে ১কোটি ২০লাখ। বন্ধুসকল, যোৱা ৪টা বছৰত বিদেশী পৰ্যটকৰ সংখ্যা প্ৰায় ৪৫ শতাংশ হাৰে বদ্ধি পাইছে। পৰ্যটনৰ জৰিয়তে হোৱা বিদেশী মুদ্ৰাৰ আয়ৰ পৰিমাণ যোৱা ৪টা বছৰত ৫০ শতাংশ হাৰে বৃদ্ধি পাইছে। ইমানেই নহয়, ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ আয়ৰ পৰিমাণো অভিলেখ পৰিমানে বৃদ্ধি পাইছে। যোৱাটো বৰ্ষত ১০কোটিৰো অধিক লোকে বিমান-যাত্ৰা কৰিছে। তেন্তে এইবোৰৰ জৰিয়তে কৰ্মসংস্থানৰ সৃষ্টি হোৱা নাইনে? এই তথ্যৰ পৰা এটা কথা স্পষ্ট হয় যে, দেশৰ প্ৰতিটো ক্ষেত্ৰতে কৰ্মসংস্থানৰ সৃষ্টি হোৱাৰ লগতে বহুলোকে চাকৰিয়ো লাভ কৰিছে। বহুতে মোডীৰ কথা মানি ল’ব নুখুজিব পাৰে। কিন্তু এটা কথাটো মানিব লাগিব যে, পশ্চিমবংগ চৰকাৰে যোৱাটো বৰ্ষত ৮ লাখ কৰ্ম সংস্থনৰ সৃষ্টি কৰিছে। আৰু ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ৬৮ লাখ লোকক নিয়োজিত কৰিছিল। কৰ্ণাটক চৰকাৰে কোৱা মতে, তেওঁলোকে যোৱা পাঁচোটা বছৰত ৫৩ লাখ লোকক চকৰি প্ৰদান কৰিছে। তেন্তে পশ্চিম বংগ আৰু কৰ্ণাটকত কৰ্মসংস্থানৰ সৃষ্টি হৈছে, অথচ ভাৰতৰ আন ৰাজ্যত হোৱা নাই, এই কথা বাৰু মানি ল’ব পৰা বিধৰনে? বন্ধুসকল, কৰ্মসংস্থান সন্দৰ্ভত এতিয়াও বহুখিনি কৰিবলীয়া আছে বুলি মই ভাবো। পিছে যি দিশত, আৰু যিটো বেগেৰে আমি আগবাঢ়িবলৈ সক্ষম হৈছো, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে, আমি চাকৰিৰ ক্ষেত্ৰত সমগ্ৰ পৃথিৱীৰ ভিতৰতে এক উদাহৰণ হৈ উজলি উঠিবলৈ সক্ষম হ’ম। বন্ধুসকল, এই নতুন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত, শক্তিৱন্ত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ, আপোনালোক সকলোৰে বিশেষ ভূমিকা আছে। চৰকাৰী ব্যৱস্থাত থকা ত্ৰুতি-বিচ্যুতিসমূহ উদঙাই দেখুওৱাত আপোনালোকৰ স্বাভাৱিক অধিকাৰ আছে, পিছে দেশত সাকৰাত্মক পৰিৱেশটোক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ গুৰু দায়িত্ব আছে। মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ আপোনালোকে আপোনালোকৰ এই দায়িত্ব সম্পূৰ্ণ সততাৰে পালন কৰিছে। সমাজ আৰু ব্যৱস্থাৱলীৰ সংস্কাৰৰ বাবে আপোনালোকে সম্পূৰ্ণ সততাৰে জন সচেতনতা সৃষ্টিৰ দায়িত্ব পালন কৰিছে। নতুন ভাৰতৰ উথ্থানৰ বেলিকা আপোনালোকৰ এই ভূমিকা আৰু শক্তিৱন্ত আৰু মজবুত হ’ব বুলি মই বিশ্বাস কৰো। সামৰণিত এই বিশাল সমাৰোহৰ আয়োজন কৰাৰ লগতে মোক এই সমাৰোহলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। ধন্যবাদ।
‘ৰাইজিং ইণ্ডিয়া শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%95-%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%95-%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%AA/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে লক্ষ্ণৌত ২০-২১ নৱেম্বৰত পুলিচৰ মহানির্দেশক/ইন্সপেক্টৰ জেনেৰেলসকলৰ ৫৬তম সন্মিলনত যোগ দিয়ে। সন্মিলনত বিভিন্ন ৰাজ্য/কেন্দ্রশাসিত অঞ্চলৰ ৬২জন পুলিচ মহানির্দেশক/ইন্সপেক্টৰ জেনেৰেলৰ উপৰিও কেন্দ্রীয় সশস্ত্র পুলিচ বাহিনীসমূহৰ মহানির্দেশকসকল উপস্থিত আছিল। দেশৰ বিভিন্ন প্রান্তৰ পৰা চোৰাংচোৱা সংস্থা ইন্টেলিজেন্স ব্যুৰ’ৰ ৪০০জনৰো অধিক বিষয়াই ভার্চ্যুৱেল পদ্ধতিত সন্মিলনত অংশ গ্ৰহণ কৰে। আলোচনাসভাত যোগ দি প্রধানমন্ত্রীয়ে বিভিন্ন বিষয়ত গুৰুত্বপূর্ণ প্রস্তাব দিয়ে। সন্মিলন আৰম্ভ হোৱাৰ পূর্বে পুলিচৰ মহানির্দেশকসকলক লৈ একাধিক ক'ৰ গ্রুপ গঠন কৰা হয়। গ্রুপৰ সদস্যসকলে কঠিন সংস্কাৰ, সন্ত্রাসবাদ, চৰম উগ্রপন্থা, চাইবাৰ অপৰাধ, মাদক চোৰাং ব্যৱসায়, স্বেচ্ছাসেৱী সংগঠনসমূহৰ বাবে বিদেশী তহবিল, দ্রোণ ব্যৱহাৰ, সীমান্তৱৰ্তী গাঁওবিলাকৰ মানোন্নয়নৰ দৰে একাধিক গুৰুত্বপূর্ণ জাতীয় নিৰাপত্তাৰ বিষয় সন্দৰ্ভত আলোচনা কৰে। আজি সন্মিলনৰ সমাপ্তি অধিবেশনত ভাষণ দি প্রধানমন্ত্রীয়ে পুলিচ সম্পর্কিত যাৱতীয় ঘটনাৰ বিশ্লেষণ আৰু কেছ ষ্টাডি বা ঘটনাৰ তদন্ত সম্পর্কিত বিভিন্ন দিশ পুঙ্খানুপুঙ্খভাৱে পর্যালোচনাৰ পৰামর্শ দিয়ে। এইবাৰৰ সন্মিলন হাইব্রিড পদ্ধতিত আয়োজনৰ প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ ফলত পুলিচৰ বিভিন্ন পদাধিকাৰীসকলৰ মাজত তথ্যৰ আদান-প্রাদন অধিক সহজ হয়। তেওঁ পুলিচৰ অভ্যন্তৰীণ কামকাজ সম্পাদনত প্রযুক্তি উদ্ভাবনৰ প্রস্তাব দি কয় যে ইয়াৰ ফলত সমগ্ৰ দেশত পুলিচ বাহিনী লাভবান হ'ব। একেবাৰে তৃণমূল স্তৰত পুলিচ বাহিনীৰ চাহিদা পূৰাবৰ বাবে ভৱিষ্যৎ প্রযুক্তি গ্রহণত কেন্দ্রীয় গৃহ মন্ত্রীৰ নেতৃত্বত উচ্চস্তৰীয় পুলিচ প্রযুক্তি মিছন আৰম্ভ কৰাৰ প্রস্তাব দিয়ে প্রধানমন্ত্রীয়ে। সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত প্রযুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কোউইন, জেম আৰু ইউপিআইৰ উদাহৰণ দিয়ে। সাধাৰণ মানুহৰ প্রতি পুলিচৰ দৃষ্টিভঙ্গীত ইতিবাচক পৰিবর্তন অহাত তেওঁ প্রশংসা কৰে। ২০১৪’ত স্মার্ট পুলিচি কনচেপ্ট কার্যকৰী কৰিবলৈ যি উদ্যোগ গ্ৰহণ কৰা হৈছিল, তাৰ ওপৰত গুৰুত্ব দি শ্রী মোদীয়ে পুলিচ বাহিনীত নিৰন্তৰ পৰিবর্তন আৰু বাহিনীৰ প্রাতিষ্ঠানিকীকৰণৰ বাবে ভৱিষ্যৎ ৰূপৰেখা প্রণয়নৰ আহ্বান জনায়। পুলিচ বাহিনীক দৈনন্দিন কামাকাজ পৰিচালনাত যিবোৰ অভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হয়, তাৰ মোকাবিলাত প্রধানমন্ত্রীয়ে হেকাথনৰ মাধ্যমত কাৰিকৰী সমাধানসূত্র বিচাৰি উলিওৱাৰ বাবে উচ্চ শিক্ষিত যুৱক-যুৱতীসকলক কামত লগোৱাৰ পৰামর্শ দিয়ে। এই উপলক্ষে প্রধানমন্ত্রীয়ে চোৰাংচোৱা সংস্থা ইন্টেলিজেন্স ব্যুৰ’ৰ কেইবাজনো কর্মীক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ পুলিচ পদক দি সন্মানিত কৰে। এই প্রথম প্রধানমন্ত্রীৰ নির্দেশানুযায়ী বিভিন্ন ৰাজ্যৰ আইপিএছ বিষয়াসকলে সমসাময়িক নিৰাপত্তা সংক্রান্তীয় বিষয়ত নিজৰ ৰচিত নিবন্ধ জমা কৰে। ইয়াৰ আগতে কেন্দ্রীয় গৃহ মন্ত্রীয়ে যোৱা ১৯ নৱেম্বৰত সন্মিলনৰ উদ্বোধন কৰি দেশৰ শ্ৰেষ্ঠ তিনিখন পুলিচ থানাক ট্রফি দি সন্মানিত কৰে। সন্মিলনৰ সকলো আলোচনাসভাত যোগ দি গৃহ মন্ত্রীয়ে গুৰুত্বপূর্ণ প্রস্তাৱ আৰু অভিমত দাখিল কৰে।
পুলিচৰ মহানির্দেশক/ইন্সপেক্টৰ জেনেৰেলসকলৰ সন্মিলন ২০২১ত প্রধানমন্ত্র
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%A6%E0%A6%BF%E0%A7%B1/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%A6%E0%A6%BF%E0%A7%B1/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে, যাৰ ফলত ১৯৯৮ চনত সফলভাৱে পোখৰাণৰ পৰীক্ষা সম্ভৱ হৈছিল। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: "আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত আমি আমাৰ প্ৰতিভাশালী বিজ্ঞানীসকল আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো, যাৰ বদান্যতাতে ১৯৯৮ চনত সফলভাৱে পোখৰাণৰ পৰীক্ষা সম্ভৱ হৈছিল। আমি গৌৰৱেৰে অটলজীৰ দৃষ্টান্তমূলক নেতৃত্বক স্মৰণ কৰোঁ, যিয়ে অসামান্য ৰাজনৈতিক সাহস আৰু নেতৃত্বৰ পৰিচয় দিছিল। "
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত ভাৰতীয় বিজ্ঞানীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; দেশবাসীক #स्वतंत्रतादिवसৰ শুভেচ্ছা জনাইছো। জয় হিন্দ! "देशवासियों को #स्वतंत्रतादिवस की हार्दिक शुभकामनाएं। जय हिंद! এই বিশেষ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো। জয় হিন্দ!"
প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত জনসাধাৰণক শুভেচ্ছা জনাইছে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A6%E0%A6%BE%E0%A6%A4%E0%A7%8B-%E0%A6%9B%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A6%E0%A6%BE%E0%A6%A4%E0%A7%8B-%E0%A6%9B%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনাইছে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে; "মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক অভিনন্দন। মই ভাৰত-মালয়েছিয়া সংবৰ্ধিত ৰণনীতিগত বুজাবুজিক অধিক শক্তিশালী কৰিবলৈ একত্ৰিতভাৱে কাম কৰাৰ প্ৰতি আশাবাদী।"
প্ৰধানমন্ত্ৰীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনায
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%86%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%86%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4/
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু আৰ্মেনিয়াৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্ক থকা দুয়োখন দেশৰ মাজত উপযুক্ত তথ্যৰ আদান-প্ৰদানৰো সুবিধা হ’ব। ভৱিষ্যতে এই বুজাবুজিৰ চুক্তিয়ে এনে এক ব্যৱস্থা স্থাপনত সহায় কৰিব যাৰ ফলত ভাৰত আৰু আৰ্মেনিয়া দুয়োখন দেশেই দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সদা প্ৰস্তুত হৈ থাকিব পাৰিব।
ভাৰত আৰু আৰ্মেনিয়াৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁৰ উৎকৃষ্ট নেতৃত্ব আৰু সমাজ কল্যাণত আৰোপিত শক্তিয়ে বহু প্ৰজন্ম ধৰি মানুহক প্ৰেৰণা দি আছে। প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়; "মই ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ উৎকৃষ্ট নেতৃত্ব আৰু সমাজ কল্যাণত আৰোপিত শক্তিয়ে বহু প্ৰজন্ম ধৰি মানুহক প্ৰেৰণা দি আছে। যেতিয়া সত্য আৰু ন্যায়ৰ মূল্যৰ বাবে থিয় দিয়াৰ কথা আহিল, তেতিয়া তেওঁ সদায় আগত আছিল। আমি তেওঁৰ দৃষ্টিক সম্পূৰ্ণ কৰিবলৈ সংকল্পবদ্ধ।"
প্ৰধানমন্ত্ৰীয়ে ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধা জনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%82%E0%A6%B6-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A7%B0%E0%A6%AC%E0%A7%8D%E0%A6%AC%E0%A7%80-%E0%A6%86/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%82%E0%A6%B6-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A7%B0%E0%A6%AC%E0%A7%8D%E0%A6%AC%E0%A7%80-%E0%A6%86/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জানুৱাৰী, ২০১৯ত ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ নৱম সংস্কৰণ উদ্বোধন কৰিব৷ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ নৱম সংস্কৰণত একাংশ ৰাষ্ট্ৰৰ মুৰব্বী, বিশ্ব উদ্যোগৰ নেতৃবৰ্গ আৰু বিশিষ্ট চিন্তাবিদ উপস্থিত থাকিব৷ ‘ভাইব্ৰেণ্ট গুজৰাট’ সন্মিলনৰ অংগ হিচাপে একাধিক ধ্বজাবাহী অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই সন্মিলনত জ্ঞানৰ বিনিময়ৰ ক্ষেত্রত আৰু অধিক বৈচিত্র্যপূৰ্ণ কৰি তোলা, অংশগ্রহণকাৰীসকলৰ মাজত যোগাযোগ আৰু অধিক সুদৃঢ় কৰি তোলাৰ দৰে কেতবোৰ নতুন বিষয়ক লৈ আলোচনা হ’ব৷ গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে কাৰ্যনিবাহ কৰি থকা সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ‘ভাইব্ৰেণ্ট গুজৰাট’ৰ আৰম্ভ কৰিছিল। ২০০৩ চনত আৰম্ভ হোৱাৰ পাছৰ পৰা এই সন্মিলন ভাৰতৰ সকলো ৰাজ্যৰ অংশগ্রহণৰ সমান্তৰালভাৱে ৰাজ্যসমূহত বিনিয়োগৰ প্রসাৰত বিশ্বজুৰি যোগসূত্র স্থাপনৰ এক উপযুক্ত মঞ্চত পৰিণত হৈছে। সন্মিলনত বিশ্ব আর্থ-সামাজিক উন্নয়নৰ লগতে জ্ঞানৰ বিনিময়ৰ ক্ষেত্রত আৰু অধিক বৈচিত্র্যপূৰ্ণ কৰি তোলা আৰু ফলপ্ৰসূ অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ ২০১৭ৰ জানুৱাৰীত অষ্টম ‘ভাইব্ৰেণ্ট গুজৰাট’ বিশ্ব সন্মিলন অনুষ্ঠিত হৈছিল। সেই কাৰ্যসূচীত শতাধিক দেশৰ ২৫,০০০তকৈও অধিক প্রতিনিধিয়ে সন্মিলনত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত আছিল চাৰিগৰাকী ৰাষ্ট্র প্রধান, নোবেল বঁটা বিজয়ী, বিশ্বৰ অগ্রণী উদ্যোগপতি তথা চিন্তাবিদ৷ ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০১৯ৰ আলোকপাত– ভাৰতত বিজ্ঞান, প্ৰযুক্তি, ইঞ্জিনিয়াৰিং আৰু গণিত (এছিটিইএম)ক লৈ শিক্ষা তথা গৱেষণাৰ সুযোগ–সুবিধাৰ বাবে ঘুৰণীয়া মেজমেল এই মেজমেলত বিশিষ্ট শিক্ষাবিদ আৰু নীতি-প্রণেতাসকলে ‘বিজ্ঞান, প্রযুক্তি, ইঞ্জিনিয়াৰিং আৰু গণিত(এছিটিইএম)’ৰ ক্ষেত্রসমূহৰ ভৱিষ্যৎ কাৰ্যপৰিকল্পনা প্রণয়নৰ দিশত আলোচনাত মিলিত হ’ব৷ ভৱিষ্যৎ প্ৰযুক্তি তথা মহাকাশ গৱেষণাৰ বিষয়ক লৈ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে৷ বিজ্ঞান, প্রযুক্তি, ইঞ্জিনিয়াৰিং আৰু গণিত(এছটিইএম)ক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা–চক্ৰৰ আয়োজন কৰা ভাইব্ৰেণ্ট গুজৰাট বিশ্ব বাণিজ্য প্ৰদৰ্শনী এই ধ্বজাবাহী অনুষ্ঠানত ২,০০,০০০ বর্গমিটাৰ এলেকা জুৰি প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছে। ২৫টা উদ্যোগ ক্ষেত্রৰ প্রদর্শনীৰ জৰিয়তে তেওঁলোকৰ সামগ্রী তুলি ধৰা হৈছে৷ বন্দৰকেন্দ্রিক উন্নয়ন আৰু ৰণকৌশল প্ৰস্তুতক লৈ আয়োজিত আলোচনা–চক্ৰত ভাৰতক এছিয়াৰ সামগ্ৰী পৰিবহণৰ হাব হিচাপে গঢ়ি তোলাৰ বিভিন্ন দিশক লৈ আলোচনা কৰা হয়৷ ‘মেক ইন ইণ্ডিয়া’ৰ সন্দৰ্ভত আলোচনা–চক্ৰ ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ সফলতাসমূহ তুলি ধৰিবলৈ আলোচনা-চক্ৰৰ আয়োজন কৰা হৈছে। এই আঁচনিৰ সফলতা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ গ্ৰহণ কৰা পদক্ষেপসমূহক লৈও আলোচনা কৰা হ’ব৷ প্রতিৰক্ষা আৰু বিমান খণ্ডৰ সৈতে জড়িত উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সা-সুবিধাক লৈ আলোচনা প্রতিৰক্ষা আৰু বিমান খণ্ডৰ সৈতে জড়িত উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সা-সুবিধাক লৈ আয়োজিত আলোচনাৰ উদ্দেশ্য হৈছে গুজৰাট তথা ভাৰতত প্রতিৰক্ষা আৰু বিমান পৰিচালনাৰ ক্ষেত্রত যি সুযোগ-সুবিধা আছে সেই বিষয়ে সন্মিলনত অংশগ্রহণকাৰীসকলক অৱগত কৰা৷ গতিশীলতাভিত্তিক চহৰ অঞ্চলৰ উন্নয়ন আধুনিক প্রযুক্তি, গাড়ী পার্কিঙৰ সু-ব্যৱস্থা, বিদ্যুৎচালিত যানবাহন আৰু বিগ ডেটাৰ সমন্বয়ত চহৰ অঞ্চলৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়ন তথা দ্রুতগতিৰ যানবাহনক লৈ আলোচনা কৰা৷ নতুন ভাৰতৰ বাবে বহনক্ষম প্রযুক্তিভিত্তিক কৃষি-কৰ্ম৷ বস্ত্ৰ সন্মিলন–নতুন ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে বস্ত্র ক্ষেত্রৰ সম্ভাৱনাৰ সন্ধান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ অধীনত বস্ত্র সন্মিলন-নতুন ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে বস্ত্র ক্ষেত্রৰ সম্ভাৱনাসমূহ বিচাৰি উলিওৱা৷ ইয়াত উদ্যোগৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী, নীতি প্ৰণেতা আৰু চিন্তাবিদে ভাৰতৰ বস্ত্ৰখণ্ডৰ উন্নয়নৰ দিশত বিভিন্ন বক্তব্য আগবঢ়োৱাৰ লগতে আলোচনাত মিলিত হ’ব৷
একাংশ ৰাষ্ট্ৰৰ মুৰব্বী আৰু বিশ্ব ব্যৱসায়িক নেতৃবৰ্গৰ উপস্থিতিত কাইলৈ ভাইব্ৰেণ্ট গুজৰাটৰ নৱম সংস্কৰণ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AD%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AD%E0%A6%BE/
ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো।”
জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত সকলো বীৰ যোদ্ধাক তেওঁলোকৰ সাহস আৰু সৰ্বোচ্চ ত্যাগৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "কাৰ্গিল বিজয় দিৱস হৈছে মা ভাৰতীৰ সন্মান আৰু গৌৰৱৰ প্ৰতীক। এই উপলক্ষে মাতৃভূমিৰ প্ৰতিৰক্ষাত উৎকৃষ্ট সেৱা আগবঢ়োৱা দেশৰ সকলো বীৰ পুত্ৰক মই অভিবাদন জনাইছো। জয় হিন্দ!"
প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A7%A6-%E0%A6%9C%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A7%B0-%E0%A6%B9%E0%A7%81%E0%A6%9B%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%9C%E0%A7%9F%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A7%A6-%E0%A6%9C%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A7%B0-%E0%A6%B9%E0%A7%81%E0%A6%9B%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%9C%E0%A7%9F%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ জাকিৰ হুছেইনৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। “ড০ জাকিৰ হুছেইনৰ জন্মজয়ন্তীত ভাৰতে তেখেতক স্মৰণ কৰিছে। ভাৰতৰ স্বাধীনতা যুদ্ধত তেখেতৰ অৱদান উল্লেখনীয়। তেওঁ নিজকে এজন বিদ্বান আৰু শিক্ষাবিদৰূপেও পৰিচয় দিবলৈ সক্ষম হৈছিল,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
ড০ জাকিৰ হুছেইনৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি