text
stringlengths
0
188k
অৰুন্ধতীৰ কথামতে অনুৰাগে ইন্টাৰকমত চাহৰ অৰ্ডাৰ দিলে আৰু বিচনালৈ উঠি আহি অৰুন্ধতীৰ গাত গা লগাই বহিল৷অৰুন্ধতীয়ে টিভিটোলৈ মনোযোগেৰে চাই থকা দেখি অনুৰাগে অভিমানৰ সুৰত ক’লে –
:অৰু, আমি তেন্তে টিভি চাবলৈকে দাৰ্জিলিং আহিলোঁ?
অনুৰাগৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে আৰু অনুৰাগৰ গালত টপককৈ চুমা এটা দিলে৷তেনেতে কলিং বেলটো বাজি উঠিল—
:উহ, এই মৰকেলেপটো এতিয়াহে আহিব লাগেনে? – এইবুলি কৈ অনুৰাগ উঠি গৈ দুৱাৰখন খুলি দিলে৷হোটেল বয়টোৱে টেবুলখনত চাহ দুকাপ থৈ আঁতৰি গ’ল৷
০০০০০০০০০০০
পুৱা দুই বজাতে অনুৰাগে অৰুন্ধতীক জগাই দিলে৷সিহঁতে সূৰ্যোদয় চাবৰ বাবে টাইগাৰ হিললৈ যোৱাৰ কথা ৷পুৱা দুই-তিনি বজাৰ পৰাই মানুহৰ লাইন লাগে বোলে৷অৰুন্ধতীৰ মিঠা টোপনিৰ পৰা একেবাৰে উঠিবৰ মন নাছিলেই, উপায়বিহীন হৈ শুৱাৰ পৰা উঠিল তাই৷ অনুৰাগে ফোনত আগদিনা বুক কৰা টেক্সি ড্ৰাইভাৰৰ লগত কথা পাতিলে৷
:অৰু, সোনকালে সাজু হোৱা, টেক্সি বাহিৰত ৰৈ আছে৷
দুয়ো গৈ হোটেলৰ বাহিৰত উপস্থিত হ’ল৷বাহিৰত ষ্ট্ৰীট লাইটৰ পোহৰত টুৰিষ্টৰ সমাগম দেখা পালে অৰুন্ধতী-অনুৰাগে৷লানি লানি টেক্সি৷অনুৰাগে সিহঁতৰ টেক্সি ড্ৰাইভাৰটোলৈ আকৌ ফোন লগালে৷অলপ পিছতে টেক্সি এখন আহি অনুৰাগ-অৰুন্ধতীৰ কাষত ৰ’লহি৷দুয়ো টেক্সিত বহাৰ পিছত টাইগাৰ হিললৈ বুলি টেক্সিখন আগবাঢ়িল৷ৰাস্তাত অৰুন্ধতীয়ে নিজকে অসুস্থ অনুভৱ কৰিলে, বমি বমি ভাব এটা আহি তাইৰ ডিঙিত ৰ’লহি৷
:ৰাগ, টেক্সিখন ৰাখিব কোৱা,মোৰ বমি আহিছে
লৰালৰিকৈ অনুৰাগে ড্ৰাইভাৰক টেক্সিখন ৰখাবলৈ দি অৰুন্ধতীক ধৰি বাহিৰলৈ লৈ আহিল৷বাহিৰলৈ ওলাই সলসলকৈ বমি কৰিলে তাই৷অনুৰাগে পানীৰ বটলৰ সাফৰ খুলি পানী খাব দিলে তাইক৷তাৰপিছত টেক্সিত বহি অনুৰাগৰ কান্ধত মূৰটো থৈ ক’লে —
:ৰাগ, গাটো খুব বেয়া লাগিছে৷
:অকনমান চকু মুদি দিয়া, ভাল পাবা৷
টেক্সিখন ধীৰে ধীৰে আগবাঢ়িল৷
যেতিয়া অনুৰাগ-অৰুন্ধতী টাইগাৰ হিলত গৈ উপস্থিত হ’ল তেতিয়া সূৰ্যোদয় চাবলৈ লোকে-লোকাৰণ্য হৈ পৰিছিল৷এই সূৰ্যোদয় চাবলৈ বোলে মানুহক ভাগ্য লাগিব৷ভাগ্য ভাল থাকিলেহে সূৰুযে মিচিকি হাঁহি মাৰি ওলাই আহে৷টাইগাৰ হিল পাওঁতে অৰুন্ধতীয়ে অলপ সুস্থ অনুভৱ কৰিলে আৰু দুয়ো টেক্সিৰ পৰা ওলাই সূৰ্যোদয় চাবৰ বাবে মানুহৰ ভীৰৰ মাজত সোমাই পৰিল৷অনুৰাগে কেমেৰাটো কান্ধত লৈ ল’লে৷লাহে লাহে সূৰুয ওলাবৰ হ’ল, মানুহৰ উৎকন্ঠা বাঢ়ি আহিল৷পিছে সকলোৰে আশাত চেচাঁপানী পৰিল যেতিয়া সকলোৱে আকাশত ডাৱৰ দেখিলে৷যি সৌন্দৰ্যৰে ৰূপৱান হৈ সূৰুয ওলাব লাগিছিল তেনেদৰে সূৰুয নোলাল, ডাৱৰৰ আঁৰত ঠেহ পাতিলে সূৰুযে৷তেনেকৈয়ে সকলোৱে ফটো তুলিলে ঠেহ লগা সূৰুযৰ,ফটো তুলিলে অনুৰাগেও৷অদূৰত দেখা গ’ল পৃথিৱীৰ ভিতৰতে তৃতীয় ওখ শৃংগ বৰফময় কাঞ্চনজংঘাৰ জিলিকনি!নিজ সৌন্দৰ্যৰে মূৰ্তমান হৈ কাঞ্চনজংঘাই যেন সকলো টুৰিষ্টক সুপ্ৰভাত জনালে৷কাঞ্চনজংঘাৰ সৌন্দৰ্যত সুৱগা চৰে যেতিয়া সূৰযৰ সোনালী পোহৰ আহি কাঞ্চনজংঘাৰ ওপৰত পৰে৷তেনে এক বিৰল দৃশ্য দেখাৰ পৰাও অৰুন্ধতী-অনুৰাগৰ লগতে তালৈ অহা সকলো লোক বঞ্চিত হৈ ৰ’ল৷অনুৰাগে কাঞ্চনজংঘাৰো ফটো উঠালে৷
টাইগাৰ হিলৰ পৰা উভতি আহি দুয়ো পুৱাৰ আহাৰৰ বাবে হোটেল এখনত সোমাল৷
ব্ৰেকফাষ্ট কৰি উঠি মিৰিক হ্ৰদলৈ বুলি টেক্সি আগবাঢ়িল৷ড্ৰাইভাৰে গাড়ীত ইংলিছ গান লগালে৷শুনি বেয়া নালাগিল অৰুন্ধতীৰ৷অকোৱা-পকোৱা মিহি ৰাষ্টা,পাহাৰৰ শোভা, মানুহৰ ঘৰ মাজে মাজে চাহবাগিচাৰ সেউজীয়া অপূৰ্ব সৌন্দৰ্যই অৰুন্ধতীক উন্মনা কৰি তুলিলে৷পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া ৰাস্তা যেন লাগিল অৰুন্ধতীৰ!
হঠাতে বতৰটো গোমা কৰি আহিল৷ অৰুন্ধতীয়ে দেখিলে টেক্সিৰ সমূখৰ আইনাত এটোপাল,দুটোপাল বৰষুণৰ পানী৷কুঁৱলীময় সেমেকা ৰাস্তাৰে টেক্সিখনে গতি ল’লে৷এখন সৰু বজাৰ দেখা পালে অৰুন্ধতীহঁতে—
:এইখন মিৰিকৰ মূল বজাৰ, Mirik is a small town of untouched natural beauty! – টেক্সি ড্ৰাইভাৰজনে ক’লে৷
তেনেই সৰু বজাৰ, এটা গলিৰে টেক্সিখন গৈ থকা যেনহে লাগিল অৰুন্ধতীৰ৷মিৰিক বজাৰ পাৰ হৈ অলপ দূৰ গৈ ড্ৰাইভাৰজনে সিহঁতক পুলিচ ষ্টেচনটো দেখুৱাই দিলে৷পুলিচ ষ্টেচনটোৰ কাষেৰে অকোৱা পকোৱা ৰাষ্টাৰে টেক্সিখন গৈ থাকিল৷ৰাষ্টাত বহুতো স্কুলৰ ল’ৰা-ছোৱালী দেখি অৰুন্ধতীৰ মনটো এনেয়ে ভাল লাগি গ’ল৷প্ৰায় দুপৰীয়া এক বজাত মিৰিক হ্ৰদ পালেগৈ৷ধুনীয়া শান্ত-সৌম্য হ্ৰদটোলৈ চাই অৰুন্ধতীহঁত অভিভূত হ’ল৷হ্ৰদৰ ইটো পাৰে এখন অৰণ্য৷হ্ৰদটোৰ মাজত এখন দীঘল ব্ৰীজ৷বটিং চিষ্টেমো আছে হ্ৰদটোত৷
:ব’লা, অলপ হ্ৰদৰ পাৰত বহোঁগৈ৷—অনুৰাগে ক’লে৷
অৰুন্ধতী আৰু অনুৰাগ গৈ হ্ৰদৰ পাৰৰ বননিতে বহি ল’লে৷হ্ৰদৰ শান্ত পানীয়ে অৰুন্ধতীৰ মনতো যেন শান্তিৰ এছাটি বা ছটিয়াই গ’ল৷
:কি ভাবি আছা? – অৰুন্ধতীৰ সোঁহাতখন নিজৰ হাতৰ মুঠিত সোমোৱাই অনুৰাগে মৰমেৰে সুধিলে৷অৰুন্ধতীয়ে পানীলৈ গভীৰভাৱে চাই ধেমালিকৈ ক’লে –
:তোমাৰ কথা৷
:তোমাৰ প্ৰেমিক তোমাৰ কাষতে আছে সোনজনী, পানীলৈ নাচাই মোলৈ চোৱা৷
অনুৰাগৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে আৰু অনুৰাগক সুধিলে—
:পৰিৱেশটো তোমাৰ কেনে লাগিছে ৰাগ?
:তুমি মোৰ কাষত থাকিলে যি কোনো পৰিবেশেই ভাল লাগে- মাছৰ বজাৰ, পাছলিৰ বজাৰ, চিনেমা হলৰ পৰা ওলাই আহোঁতে হোৱা হাই-উৰুমি সকলো পৰিবেশেই মোৰ প্ৰিয় হ’ব যদিহে তুমি মোৰ কাষত থাকা৷
: আচ্ছা! মিষ্টাৰ ৰোমান্টিক ৰাগ কোৱাছোন বাৰু,তুমি যে মোৰ কাষত ইমান ৰোমান্টিক হৈ থাকা,এনেকৈ গোটেই জীৱন ৰোমান্টিক হৈ থাকিবানে?শুনিছোঁ, সংসাৰ পুৰণি হ’লে বোলে এনেবোৰ ৰোমান্টিক বিলাস নাথাকে৷
:অৰু, আমাৰ এই মধুৰ সময়বোৰত এনেবোৰ চিন্তা মনলৈ কিয় আনা?মই বেয়া পাওঁ… অনুৰাগে মুখ ফুলালে৷অৰুন্ধতীয়ে অনুৰাগৰ নাকতে মৰম অকন কৰি ক’লে-
:হ’ব মোৰ সোণটো, ফটো উঠো ব’লা৷
অৰুন্ধতী ব্ৰীজখনৰ ফালে আগবাঢ়িল৷বহু ফটো উঠিলে দুয়োটাই৷
:বৰ ভোক লাগিছে, ব’লা হোটেল বিচাৰি যাওঁ – অনুৰাগে ক’লে৷
দুয়োজনে হোটেল এখনত দুপৰীয়াৰ ভাত সাজ খাই যাবলৈ ওলাল৷
সেইদিনা হোটেল জননী ভিলা পাওঁতে সিহঁতৰ গধূলী হ’ল৷
ৰাতি শুবৰ পৰত অনুৰাগে অৰুন্ধতীক বুকুৰ মাজলৈ চপাই আনিলে আৰু সুধিলে—
:কাইলৈ ক’ত যাম বুলি ভাবিছা?
:ক’ত যাবা? – ওলোটাই সুধিলে তাই
:ৰক গাৰ্ডেনলৈ যাম দিয়া
অৰুন্ধতীৰ অনুৰাগৰ বুকুৰ মাজত সোমাই মাকলৈ মনত পৰিল৷ঘৰৰ সৰু হোৱা বাবে বিয়াৰ আগলৈকে তাই মাকৰ লগত শুইছিল আৰু টোপনি নোযোৱালৈকে মাকে তাইক বুকুৰ উম দি শুৱাইছিল৷পুৰুষো কেতিয়াবা মাকৰ দৰেই মমতাময়ী হৈ উঠে – অৰুন্ধতীয়ে ভাবিলে৷
অনুৰাগৰ নাকৰ শব্দত তাই গম পালে অনুৰাগ টোপনি গ’ল৷তাই সন্তৰ্পনে অনুৰাগৰ বাহুবন্ধনৰ পৰা ওলাই আহিল আৰু অনুৰাগৰ মুখলৈ চালে – এটি পৱিত্ৰ শিশুৰ দৰে শুই পৰিছে অনুৰাগ৷অনুৰাগৰ কপালত চুমা এটা দি তাই টোপনি যাবলৈ চেষ্টা কৰিলে৷
পিছদিনা হোটেলতে ব্ৰেকফাষ্ট কৰি অনুৰাগহঁত ৰক-গাৰ্ডেন আৰু গংগামায়া পাৰ্ক চাবলৈ বুলি টেক্সিত বহিল৷পাহাৰীয়া অকোৱা-পকোৱা ৰাষ্টাৰে টেক্সি আগবাঢ়িল ৷অৰুন্ধতীয়ে খিৰিকীৰে দূৰৈৰ পাহাৰৰ প্ৰাকৃতিক শোভা চাই ৰ’ল৷এনে লাগিল শুকুলা ডাৱৰবোৰ যেন আকাশৰ ওপৰৰ পৰা পাহাৰলৈ নামিহে আহিছে৷পাহাৰৰ বগাখিনি ডাৱৰ নে বৰফ ধৰিব নোৱাৰিলে তাই৷ “মোহনীয়” শব্দটো যেন প্ৰতিমুহুৰ্ততে দাৰ্জিলিঙৰ আকাশ-বতাহৰ স’তে খাপ খাইহে পৰে৷অৰুন্ধতীহঁত যেতিয়া ৰক গাৰ্ডেন পালেগৈ টুৰিষ্টৰ সমাগমেৰে পৰিবেশটো গিজগিজাই আছিল৷শিলনিৰ মাজে মাজে ওপৰৰ পৰা কলকলাই বৈ অহা এটি জলপ্ৰপাত!অকোৱা-পকোৱাকৈ ওপৰলৈ উঠি যাব পৰা একোখন ব্ৰীজ৷ওপৰে-তলে মানুহেই মানুহ৷অৰুন্ধতী-অনুৰাগেও অকাই-পকাই ওপৰলৈ খোজকাঢ়ি উঠি গ’ল,বিভিন্ন প’জত ফটো উঠিলে সিহঁতে৷ৰক গাৰ্ডেনৰ প্ৰাকৃতিক শোভা সামৰি গংগামায়া পাৰ্ক চাবলৈ গ’ল অৰুন্ধতীহঁত৷গংগামায়া পাৰ্কখন বৰ দীঘল৷খোজকাঢ়ি খোজকাঢ়ি অৰুন্ধতীৰ ভাগৰ লাগিল৷বেঞ্চ এখনত বহি পৰিল তাই৷খোজকঢ়া ভাগৰ কাতি কৰি দুয়োজনে চাহ একাপ খাবৰ বাবে এখন ৰেষ্টুৰেন্টত গৈ বহিলগৈ৷অৰুন্ধতীয়ে লক্ষ্য কৰিলে—টুৰিষ্টৰ সমাগমেৰে পাৰ্কখন সজীৱ হৈ উঠিছে৷চাহ খাই অৰুন্ধতীহঁত আগবাঢ়িল৷এঠাইত নেপালী লোকনৃত্য দেখা পালে৷ অনুৰাগে লোকনৃত্যৰ ভিডিঅ’ কৰিলে৷ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি অৰুন্ধতীয়ে ফটোও উঠিলে৷পিছে পাৰ্কখন ইমানেই দীঘলীয়া আছিল যে অৰুন্ধতীহঁতে শেষ সীমা নাপালেগৈ৷আধাতে উভতি সেইদিনা গংগামায়া পাৰ্কৰ সামৰণি মাৰিলে৷পিছদিনা পুৱাই অৰুন্ধতী-অনুৰাগে “বাটাছিয়া লুপ” চাবলৈ গ’ল৷বাটাছিয়া লুপৰ মনোমোহা পৰিপাটি দৃশ্যই মোহিত কৰিলে অৰুন্ধতীক৷ইয়াত ভাৰতৰ স্বাধীনতাৰ সময়ত প্ৰাণ বিসৰ্জন দিয়া এজন গোৰ্খা সৈণিকৰ মূৰ্তি প্ৰতিস্থা কৰি থোৱা আছে৷বাটাছিয়া লুপৰ পৰা শুভ্ৰ বৰফময় কাঞ্চনজংঘাৰ দৃশ্য দেখিবলৈ পোৱা যায়৷এজন প্ৰফেশ্যনেল কেমেৰা মেনে অৰুন্ধতী-অনুৰাগক নেপালী বেশ-ভূষাৰে ফটো তুলিলে আৰু অনুৰাগৰ পৰা ঠিকনাটো লৈ ডাকযোগে ফটোকেইখন পঠিয়াই দিব বুলি ক’লে৷ “বাটাছিয়া লুপ” চাই লৰালৰিকৈ অনুৰাগ-অৰুন্ধতী নিজৰ হোটেললৈ উভতি আহিল৷
কোঠাত সোমায়েই অৰুন্ধতী কাপোৰ জপাত ব্যস্ত হৈ পৰিল৷কাপোৰ পেকিং কৰা শেষ কৰি ফ্ৰেছ হৈ অনুৰাগ-অৰুন্ধতীয়ে “জননী ভিলা”ৰ কোঠা এৰিলে আৰু হোটেলৰ ফৰ্মেলিটি খিনি শেষ কৰি দুয়ো উলাই আহিল৷বুক কৰি থোৱা টেক্সিত উঠি অনুৰাগ-অৰুন্ধতীয়ে সেইদিনা দাৰ্জিলিং এৰিলে৷ ■■
খণ্ড-৮
দাৰ্জিলিঙৰ পৰা ঘূৰি আহিয়েই অৰুন্ধতী কলেজৰ ক্লাছবোৰত ব্যস্ত হ’ব লগা হ’ল৷সেইদিনা অৰুন্ধতী কলেজলৈ যোৱাৰ পিছত অনুৰাগ কোৱাৰ্টাৰটোত অকলশৰীয়া হৈ পৰিল৷অকলশৰীয়া মুহুৰ্তকেইটা পাৰ কৰিবৰ বাবে অনুৰাগে বুকছেল্ফৰ কিতাপ খুচৰিলে৷এনেকৈ কিতাপ খুচৰি থাকোঁতে এখন ডায়েৰি অনুৰাগৰ হাতত লাগিল৷ডায়েৰি খনত কিনো আছে বুলি পাত লুটিয়ালে অনুৰাগে৷অৰুন্ধতীৰ হাতৰ আখৰ দেখি তাৰ অনুসন্ধিৎসা বাঢ়ি গ’ল৷
“এইবোৰচোন অৰুৱে লিখা কবিতা!মোৰ অৰুৱে তেন্তে কবিতাও লিখে!মোকটো তাই কোনোদিন কবিতা লিখে বুলি কোৱা নাই!!”—অনুৰাগৰ অভিমান হ’ল৷অভিমানী মনটোৰেই সি কবিতাবোৰ পঢ়ি গ’ল —
“বন্ধু,
তোমাৰ পৰা মোলৈ
এটা দীঘলীয়া বাট
স্মৃতিভ্ৰংশ মানুহৰ দৰে
তুমি পাহৰিলা
মোৰ ঠিকনা…”
“অৰুৰ জীৱনত কোনোবা ক্লজফ্ৰেণ্ড আছিল যি অৰুৰ জীৱনৰ পৰা আঁতৰি গ’ল – কবিতাটোৱে সেইটোৱে কৈছে বোধহয়”—অনুৰাগে ভাবিলে ৷
“পুৰণি চিনাকী বিষাদ
কোন সূদুৰৰ পৰা ভাঁহি অহা
বাঁহীৰ কৰুণ সুৰ যেন
বিষাদে বিষাদক আবৰা…”
“অৰুৰ মনত কিবা দুখ আছে কবিতাটোৱে সেইটোকে কৈছে নেকি!মোৰ লগত দুখ শ্বেয়াৰ নকৰে নহয়!!”—অনুৰাগে এইবাৰ অভিমানত নিজৰ মাজতে মুখ ফুলালে৷
“বুকুত জীপাল হৈ উঠে
সেউজীয়া নিয়ৰ তিতা ঘাঁহনি এডৰা..
কবিতাৰ শাৰী গুণগুণাই গুণগুণাই
এটোপাল গানৰ চকুলোৰে মই
সান্নিধ্যৰ উশাহ বিচাৰি….”
“আপোনজনৰ সান্নিধ্য বিচৰা বিষাদৰ কবিতাচোন এইয়া !!”—অনুৰাগে ভাবিলে৷
তাৰপিছত “তুমি” নামৰ এটা কবিতাত অনুৰাগৰ চকু থৰ হৈ গ’ল—
“তুমি
এপাহ ৰঙা গোলাপ
ধুমুহা-বৰষুণৰ এছাটি বতাহ
তুমি গান
চিনাকি-আপোন গান
তুমি
পুৱাৰ নিয়ৰকণা
বৰ্ণনাতীত তুমি
তুমি সাৰথি ভঙা-গঢ়াৰ
তুমি বন্ধু বুজা-নুবুজাৰ
জীৱন-মৰণে উশাহে নিশাহে
মাথোঁ তুমি,তুমি আৰু তুমি”
কবিতাটো পঢ়ি অনুৰাগৰ উশাহটো চুটি হৈ যোৱা যেন লাগিল৷অৰুৰ কোনোবা ভালপোৱা আছিল৷অৰুৰ যদি তেনে এটা অতীতেই আছিল তাই মোক কিয় আজিলৈকে কোৱা নাই!!অনুৰাগৰ কান্দিবৰ মন গ’ল৷ “নাই আৰু পঢ়িব নোৱাৰি”—ডায়েৰিখন জপাই থ’লে অনুৰাগে৷
কলেজৰ পৰা আহি অনুৰাগৰ মুখত ফুটি উঠা বিবৰ্ণ চেহেৰাই অৰুন্ধতীক চিন্তাত পেলালে৷
:তোমাৰ কিবা হৈছে নেকি ৰাগ?গা ভাল নাই নেকি?
:নাই,একো হোৱা নাই – অনুৰাগে বৰ কষ্টৰে কথাকেইটা ক’লে৷
:মিছা কথা নক’বা৷মোৰ আৰু তোমাক চিনি পাবলৈ অকনো বাকী নাই ৰাগ৷তোমাৰ সঁচাই কিবা হৈছে৷কোৱা ৰাগ,কি হৈছে তোমাৰ?
অনুৰাগে তললৈ মূৰটো কৰি অলপদেৰি মনে মনে থাকিল তাৰপিছত অৰুন্ধতীৰ ডায়েৰিখন আনি অৰুন্ধতীৰ হাতত দিলে৷
:আজি তোমাৰ কবিতা পঢ়িলোঁ৷তুমিটো কবিতা লিখা বুলিও মোক কোনোদিন কোৱা নাই!!-অনুৰাগে অভিমানেৰে কৈ উঠিল৷অৰুন্ধতীয়ে এইবাৰহে উৰহী গছৰ ওৰ ধৰিব পাৰিলে৷অৰুন্ধতীৰ হাঁহি উঠিল যদিও অনুৰাগৰ চিৰিয়াছ মুখখন দেখি হাঁহিটো সামৰি থ’লে তাই৷
:ৰাগ, কবিতা লিখোঁ বুলি তোমাক কবলৈ সময়েই বা কেতিয়া পাইছোঁ৷আৰু ডায়েৰিত লিখা এইবোৰ যে কবিতাও নহয়,মোৰ মাথোঁ অনুভৱৰ টুকুৰা৷তোমাক ক’ব লাগিব বুলিও কোনোদিন মনলৈ অহাই নাই৷আৰু ৰাগ,এইখন মোৰ পুৰণি ডায়েৰি,বিয়াৰ আগৰ৷
:বুজিছোঁ…অৰু,তুমি কাৰোবাক ভাল পাইছিলা?ডায়েৰিত “তুমি” নামৰ কবিতা এটা পঢ়িলোঁ!
অনুৰাগৰ কথা শুনি অৰুন্ধতীৰ হাঁহিমেই নে কান্দিম তেনে লাগিল৷তাই মৰমেৰে অনুৰাগক ক’লে—
:ৰাগ,তুমিয়েই মোৰ প্ৰিয়তম,মোৰ প্ৰেম মাথো তোমাৰ বাবে৷কাৰোবাক হয়তো ভাল লাগিছিল কেতিয়াবা কিন্তু সেইয়া প্ৰেম নাছিল৷ “তুমি” কবিতাটো মই কোনো বিশেষজনক লৈ লিখা নাছিলোঁ ৰাগ৷ “তুমি” শব্দটো মোৰ বাবে মাথোঁ এটি চিম্বলহে সেইয়া ফুলো হ’ব পাৰে,শিলগুটিও হ’ব পাৰে, আকাশ হ’ব পাৰে, প্ৰেৰণা হ’ব পাৰে, প্ৰেমৰ অনুভৱো হ’ব পাৰে….
:তোমাৰ কোনোবা ক্লজফ্ৰেণ্ড আছিল?বন্ধু নামৰ কবিতাটো যে লিখিছা!! – অনুৰাগে জেৰা কৰি গ’ল৷
:আছিল ৰাগ, এজনী মোৰ খুউব ভাল বান্ধৱী আছিল৷তাই মোক এদিন ভুল বুজি আঁতৰি গ’ল৷মনত বৰ দুখ পাইছিলোঁ,ক’ম বাৰু তোমাক বেলেগ এদিন৷
:আৰু যে আৰু এটা কবিতাত লিখিছা – সান্নিধ্যৰ উশাহ বিচাৰি….
:উস ৰাম!তোমাক এতিয়া সৱ কবিতাৰে ব্যাখ্যা দিব লাগিব দেখিছোঁ …সান্নিধ্যৰ উশাহ বিচাৰি মানে মই তোমাকে বিচাৰি আছিলোঁ কিন্তু তুমি মোৰ কাষত তেতিয়া নাছিলা… হ’বনে?
অনুৰাগৰ মুখলৈ উজ্জ্বলতা ঘূৰি অহা দেখি অৰুন্ধতীয়ে স্বস্তিৰ নিশ্বাস এৰিলে৷
:ৰাগ, এটা কথা কওঁ..আমাৰ সম্বন্ধৰ ভেটিটোৱেই হ’ল – প্ৰেম,বিশ্বাস আৰু বুজাবুজি..তুমি মোক সম্পূৰ্ণৰূপে বিশ্বাস কৰিব লাগিব ৰাগ৷তুমি জানানে–সন্দেহ আৰু অভিমানে সম্বন্ধৰ ভেটিলৈ শিথিলতা আনে৷
:অৰু,মোৰ সোণজনী৷মই সাহিত্যৰ মানুহ নহয়৷যি বুজি পাওঁ চিধাচিধিকৈয়েই বুজি পাওঁ৷আজিৰ পৰা মই তোমাৰ পৰা কেতিয়াও তোমাৰ কবিতাৰ ব্যাখ্যা নিবিচাৰোঁ৷এইয়া কাণত ধৰিছোঁ চোৱা৷বহুত আঘাত দিলোঁ তোমাক৷মোক ক্ষমা কৰিবা৷—অনুৰাগে কাণদুখনত ধৰিয়েই ক’লে৷
হঠাতে অৰুন্ধতীৰ জোৰকৈ হাঁহি উঠি গ’ল৷হাঁহি হাঁহি তাই ডায়েৰিখনৰ পাত এখিলা মেলি ল’লে আৰু অনুৰাগক কাষলৈ মাতিলে৷অনুৰাগে অৰুন্ধতীৰ কোলাত মূৰটো থ’লে আৰু ক’লে-
:কি পঢ়ি শুনাবা,শুনুৱা
:“তুমি”ৰ বিষয়ে পঢ়ি শুনাম,শুনা—
“নাজানো,বন্ধুৰ দৰে তুমিচোন মোৰ নিচেই কাষত আহি থিয় হোৱা৷এই যে তুমি, “তুমি” বাৰু কোন?তুমি নিসংগতা,তুমি কবিতা অথবা তুমিয়েই মই?তুমি অশৰীৰি সত্তা যাৰ লগত মোৰ খুবেই অন্তৰংগতা৷তুমি মোৰ গাৰ ছাঁটোৰ দৰে৷তুমিয়েই জীৱন৷
মনটো যেতিয়া দুখেৰে ভৰি পৰে তুমি নিটোল কবিতাৰ দৰে মোৰ আগত থিয় হোৱা৷জীৱনৰ কথা ভাবিলে তুমি মোৰ কাষত থাকা,প্ৰেমত পৰিলে তুমি মোৰ বুকুৰ মাজত সুহুৰি বজাই ঘূৰি ফুৰা৷ তুমি অশৰীৰি মোৰ আজীৱন আত্মীয়৷মোৰ যিদিনা মৃত্যু হ’ব তুমিও সেইদিনা মোৰ লগতে মাটিত শুই পৰিবা৷আত্মাৰ স’তে তুমি মিলি পৰিবা৷তুমি মোৰ বাবে ঈশ্বৰৰ উপহাৰ”
কথাখিনি পঢ়ি অৰুন্ধতীয়ে অনুৰাগলৈ চালে৷অনুৰাগ তেতিয়া টোপনিত…..