diff --git "a/assamese-english/valid.csv" "b/assamese-english/valid.csv" new file mode 100644--- /dev/null +++ "b/assamese-english/valid.csv" @@ -0,0 +1,117 @@ +source_url,target_url,text,summary +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%89%E0%A6%A6/,https://www.pmindia.gov.in/en/news_updates/cabinet-apprised-of-the-agreement-between-india-and-denmark-on-cooperation-in-the-field-of-science-technology-and-innovation/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত ভাৰত আৰু ডেনমাৰ্কৰ মাজত স্বাক্ষৰিত চুক্তি সম্পৰ্কে অৱগত কৰা হয়। ভাৰত আৰু ডেনমাৰ্কৰ মাজত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ২০১৮ৰ ২২ মে’ত স্বাক্ষৰিত চুক্তিখনে ইণ্ডো-ডাচ্চ বিজ্ঞান আৰু প্ৰযুক্তিগত সম্পৰ্কত এক ঐতিহাসিক মাইলৰখুঁটি হিচাপে বিবেচিত হৈছে। লাভালাভঃ এই চুক্তিখনে দ্বিপাক্ষিক সম্পর্কৰ ক্ষেত্রত এক নতুন অধ্যায়ৰ সূচনা কৰিব, কাৰণ উভয় পক্ষই এতিয়া বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে পাৰস্পৰিক স্বার্থৰ উল্লেখযোগ্য সংহতিৰ জৰিয়তে অনুপ্রাণিত হৈ পৰিপূৰক শক্তিবৃদ্ধি কৰিব। এই চুক্তিখনৰ উদ্দেশ্য হৈছে ভাৰত আৰু ডেনমাৰ্কৰ মাজত পাৰস্পৰিত স্বাৰ্থত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ লগতে উন্নয়ন তথা সহযোগিতা বৃদ্ধি কৰা। ভাৰত আৰু ডেনমাৰ্কৰ বৈজ্ঞানিক সংস্থা, শৈক্ষিক প্ৰতিষ্ঠান, গৱেষণা আৰু উন্নয়ন গৱেষণাগাৰ আৰু কোম্পানীৰ গৱেষকসকল ইয়াৰ অংশীদাৰ হ’ব পাৰিব। নবীকৰণযোগ্য শক্তি, পানী, বস্তুগত বিজ্ঞান, সুলভ স্বাস্থ্য সেৱা, চিন্থেটিক বায়’লজী, ক্ৰিয়াত্মক খাদ্য আৰু নীল অৰ্থনীতিক ইয়াৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰি এই ক্ষেত্ৰসমূহত ক্ষীপ্ৰতাৰে সহযোগিতা আগবঢ়োৱা হৈছে।","Cabinet apprised of the Agreement between India and Denmark on Cooperation in the field of Science, Technology and Innovation" +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%A7-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%A7%E0%A7%A8-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F/,https://www.pmindia.gov.in/en/news_updates/pm-to-visit-karnataka-tamil-nadu-andhra-pradesh-and-telangana-on-11th-and-12th-november/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ আৰু ১২ নৱেম্বৰ, ২০২২ত কৰ্ণাটক, তমিলনাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগাণা ভ্ৰমণ কৰিব। ১১ নৱেম্বৰৰ পুৱা প্ৰায় ৯.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ বিধান সৌধাত থকা সন্ত কবি শ্ৰী কনকা দাসা আৰু মহৰ্ষি বাল্মিকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰায় ১০.২০ বজাত তেওঁ বেংগালুৰু ৰে’লষ্টেশ্যনত ‘বন্দে ভাৰত এক্সপ্ৰেছ’ আৰু ‘ভাৰত গৌৰৱ কৃষিদৰ্শন ৰে’লগাড়ী’ৰ যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ ‘কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ত নিৰ্মাণ কৰা ‘টাৰ্মিনেল-২’ৰ উদ্বোধন কৰাৰ পিচত প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব ১০৮ ফুট উচ্চতাৰ নাদাপ্ৰভু কেম্পেগৌড়াৰ প্ৰতিমূৰ্তিটো। ইয়াৰ পিচতে প্ৰায় ১২.৩০ বজাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিয়লি প্ৰায় ৩.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ দিন্দিগুলত থকা ‘গান্ধীগ্ৰাম গ্ৰামীন প্ৰতিষ্ঠান’ৰ ‘৩৬ সংখ্যক সমাৱৰ্তন সমাৰোহ’ত ভাষণ প্ৰদান কৰিব। ১২ নৱেম্বৰৰ পুৱা প্ৰায় ১০.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত এলানি প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনা বিয়লি প্ৰায় ৩.৩০ বজাত প্ৰধানমন্ত্ৰী গৰাকী গৈ উপস্থিত হ’বগৈ তেলেংগাণাৰ ৰামাগুন্দুমত থকা ‘আৰএফচিএল’ প্ৰকল্পস্থলীত। ইয়াৰ পিচতে প্ৰায় ৪.১৫ বজাত তেওঁ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। কৰ্ণাটকৰ বেংগালুৰুত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ ‘কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ত ৫০০০কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা টাৰ্মিনেল-২ৰ শুভ উদ্বোধন কৰিব। এই ব্যৱস্থা সংযোজিত হোৱাৰ পিচত প্ৰতি বছৰে প্ৰায় ২.৫ কোটি বিমানযাত্ৰীৰ সুবিধা প্ৰদান কৰি অহা বিমানবন্দৰটোৰ সামৰ্থ্য দুগুণে বৃ্দ্ধি পাই ৫-৬ কোটি যাত্ৰীলৈ সেৱা আগবঢ়াব পৰা হ’ব। বেংগালুৰুৰ ‘ক্ৰন্তিবীৰা ছাংগোল্লী ৰায়ান্না(কএছআৰ)ৰে’লষ্টেশ্যন’ত প্ৰধানমন্ত্ৰীয়ে পতাকা জোকাৰি ‘চেন্নাই-মাইশূৰু বন্দে ভাৰত এক্সপ্ৰেছ’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰিব। এইখন হ’ব দেশৰ পঞ্চমখন আৰু দক্ষিণ ভাৰতৰ প্ৰথমখন ‘বন্দে ভাৰত’ শ্ৰেণীৰ ৰে’লগাড়ী। এইখন ৰে’লগাড়ীৰ সংযোজনে ‘ঔদ্যোগীক প্ৰাণকেন্দ্ৰ’ চেন্নাই, ‘প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ প্ৰাণকেন্দ্ৰ’ বেংগালুৰু আৰু প্ৰসিদ্ধ পৰ্যটনথলী মাইশূৰুৰ মাজৰ যোগাযোগ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। প্ৰধানমন্ত্ৰীয়ে নগৰখনৰ প্ৰতিস্থাতা নাদাপ্ৰভু কেম্পেগৌড়াৰ ৯৮টন ব্ৰঞ্জ আৰু ১২০টন ষ্টীলৰে নিৰ্মাণ কৰি উলিওৱা ১০৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিক ভাবে উন্মোচন কৰিব। ইয়াৰ পিচতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়��। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০,৫০০ কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ একাংশ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে আন একাংশৰ আধাৰশিলী স্থাপন কৰিব। ইয়াৰ ভিতৰত থকা ‘৬ লে’নযুক্ত গ্ৰীনফিল্ড ৰাইপুৰ-বিশাখাপট্টনম ইক’নমিক ক’ৰিডৰ প্ৰকল্প’ৰ অন্ধ্ৰপ্ৰদেশ খণ্ডৰ আধাৰশিলা স্থাপন কৰিব। ৩৭৫০ কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া এই অৰ্থনৈতিক কৰিডৰে চত্তিশগড় আৰু ওড়িশাৰ পৰা বিশাখাপট্টনম বন্দৰ তথা চেন্নাইৰ-কলকাতা ৰাষ্ঠ্ৰীয় ঘাইপথৰ মাজৰ যোগাযোগ ব্যৱস্থাক অধিক খৰটকীয়া কৰি তুলিব। ইফালে, বিশাখাপট্টনমত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব অ’এনজিচি-ৰ ‘ইউ ফিল্ড অনছ’ৰ ডীপ ৱাটাৰ ব্লক প্ৰকল্প’। এই প্ৰকল্পটো ২৯০০ কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰতিদিনে প্ৰায় ৩ নিযুত ঘনমিটাৰ(এমএমএছচিএমডি) পৰিমাণৰ গেছ উত্পাদনক্ষম এই ক্ষেত্ৰখন হৈছে প্ৰকল্পটোৰ আটাইতকৈ গভীৰ আৱিষ্কাৰ। প্ৰধানমন্ত্ৰীয়ে ‘গেইল’ৰ ৬.৬৫এমএমএছচিএমডি উত্পাদনক্ষম ‘শ্ৰীকুলাম অংগুল প্ৰকৃতিক গেছ পাইপলাইন প্ৰকল্প’ৰ আধাৰশিলাও স্থাপন কৰিব। ৭৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাইপলাইন প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে ২৬৫০ কোটি টকা। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰায় ৪৫০ কোটি টকা ব্যয়ৰে বিশাখাপট্টনম ৰে’ল ষ্টেশ্যনৰ পুনৰুন্নয়ন কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পটোৰ আধাৰশিলাও স্থাপন কৰিব। অত্যাধুনিক সা-সুবিধা সম্বলিত কৰি পুনৰ্বিকশিত কৰিব খোজা ৰে’লষ্টেশ্যনটোৱে প্ৰতিদিনে ৭৫,০০০ যাত্ৰীলৈ সেৱা আগবঢ়োৱাৰ সামৰ্থ্য লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘বিশাখাপট্টনম ফিছিং হাৰবাৰ’ৰ আধুনিকীকৰণ আৰু উত্তৰণ কৰিবলগীয়া প্ৰায় ১৫০ কোটি ব্যয় সাপেক্ষ প্ৰকল্প এটাৰো আধাৰশিলা স্থাপন কৰিব। তেলেংগাণাত প্ৰধানমন্ত্ৰী ৰামগুন্দুমত উপস্থিত হ’ব লগা প্ৰধানমন্ত্ৰীগৰাকীয়ে এক অনুষ্ঠানত ৰাজ্যখনত ৰূপায়িত হ’বলগীয়া ৯,৫০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ একাংশ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে আন একাংশৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত তেওঁ ২০১৬ চনৰ ৭ আগষ্টত আধাৰশিলা স্থাপন কৰা ‘ৰামাগুন্দুম সাৰ প্ৰকল্প’(আৰএফচিএল)টো আনুষ্ঠানিক ভাবে উচৰ্গা কৰিব। এই প্ৰকল্পত প্ৰতিবছৰে ১২.৭ লাখমেট্ৰিকটন পৰিমাণৰ ‘নিম-কোটেড’ ইউৰীয়া উত্পাদন কৰিব পৰা যাব। প্ৰধানমন্���্ৰীয়ে প্ৰায় ১০০০ কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা ‘ভদ্ৰাচলম ৰোড-ছাত্তুপল্লী ৰে’লপথ’ছোৱাও ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। তদুপৰি তেওঁ ‘ৰাষ্ট্ৰীয় ঘাইপথ-৭৬৫ডিজি’-ৰ মেদক-সিদ্দিপেট-এলকাথুৰ্থী খণ্ড, ‘ৰাষ্ট্ৰীয় ঘাইপথ-১৬১বিবি’-ৰ বোধন-বাছৰ-ভৈনছা শাখা আৰু ‘ৰাষ্ট্ৰীয় ঘাইপথ-৩৫৩চি’-ৰ সিৰোনচাৰ পৰা মহাদেৱপুৰ খণ্ডত ৰূপায়িত হ’বলগীয়া ২২০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেবাটাও প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। তামিলনাডুৰ গান্ধীগ্ৰামত প্ৰধানমন্ত্ৰী তামিলনাডুৰ দিন্দিগুলত থকা ‘গান্ধীগ্ৰাম গ্ৰামীন প্ৰতিষ্ঠান’ৰ ৩৬ সংখ্যক সমাৱৰ্তন সমাৰোহত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে। এই সমাৰোহত ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ২৩০০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে তেওঁলোকৰ শিক্ষান্ত উপাধিসমূহ গ্ৰহণ কৰিব।","PM to visit Karnataka, Tamil Nadu, Andhra Pradesh and Telangana on 11th and 12th November" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AE%E0%A7%8C/,https://www.pmindia.gov.in/en/news_updates/pm-pays-tributes-to-maulana-abul-kalam-azad-and-acharya-jb-kripalani-on-their-birth-anniversaries/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৌলানা আবুল কালাম আজাদ আৰু আচাৰ্য জে বি কৃপালিনীৰ জন্ম বাৰ্ষিকীত তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতীয় ইতিহাসৰ দুই পুৰোধা ব্যক্তি মৌলানা আবুল কালাম আজাদ আৰু আচাৰ্য জে বি কৃপালিনীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। ভাৰতৰ স্বাধীনতা আন্দোলন আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ অৱদানে আমাৰ দেশ নিৰ্মাণত ব্যাপক ধৰণে উপকৃত কৰিছিল।”",PM pays tributes to Maulana Abul Kalam Azad and Acharya JB Kripalani on their birth anniversaries +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%B6%E0%A6%97%E0%A7%9C%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A6%BE%E0%A6%B2-%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80/,https://www.pmindia.gov.in/en/news_updates/pm-condoles-the-passing-away-of-shri-balramji-dass-tandon-the-governor-of-chhattisgarh/,"ছত্তীশগড়ৰ ৰাজ্যপাল শ্রী বলৰামজী দাস টেণ্ডনৰ মৃত্যুত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। এক শোকবার্তাত তেওঁ কয়, “ছত্তীশগড়ৰ ৰাজ্যপাল শ্রী বলৰামজী দাস টেণ্ডনৰ বিয়োগত মই মর্মাহত হৈছো। আমি জনজীৱনত বিশেষভাৱে শ্রদ্ধাশীল এগৰাকী ব্যক্তিক হেৰুৱালো, সমাজৰ প্রতি যিগৰাকীৰ সেৱা চিৰস্মৰণীয় হৈ থাকিব। এই শোকৰ মুহূর্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। শ্রী বলৰামজী দাস টেণ্ডনে পঞ্জাৱৰ শান্তি আৰু প্রগতিৰ লক্ষ্যৰে বহু দশক ধৰি কাম কৰি গৈছে। উদ্যোগ আৰু শ্রম কল্যাণৰ সন্দৰ্ভত তেওঁৰ আবেগ আৰু অনুভূতি তীক্ষ্ণ আছিল। তেওঁৰ প্রশাসনিক অভিজ্ঞতাৰ ফলত এই ৰাজ্যখন বিশেষভাৱে উপকৃত হৈছে। জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাৰ দৰে যি সাহস তেওঁ দেখুৱাইছিল, সেয়া সদায়েই স্মৰণীয় হৈ ৰ’ব।”","PM condoles the passing away of Shri Balramji Dass Tandon, the Governor of Chhattisgarh" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BF%E0%A6%8F%E0%A6%A8%E0%A6%8F-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B9%E0%A6%BE%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-dna-technology-use-and-application-regulation-bill-2018/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত ডিএনএ প্ৰযুক্তি (ব্যৱহাৰ আৰু প্ৰয়োগ) নিয়ন্ত্ৰণ বিধেয়ক, ২০১৮ত অনুমোদন জনাইছে। সবিশেষঃ দেশত ডিএনএভিত্তিক ফৰেন্সিক প্ৰযুক্তি সম্প্ৰসাৰণ আৰু প্ৰয়োগৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি সমৰ্থন আৰু সুদৃঢ় কৰাৰ লক্ষ্যৰে “ডিএনএভিত্তিক প্ৰযুক্তি (ব্যৱহাৰ আৰু নিয়ন্ত্ৰণ) বিধেয়ক, ২০১৮” প্ৰৱৰ্তনৰ মুখ্য উদ্দেশ্য। ডিএনএভিত্তিক প্ৰযুক্তিৰ উপকাৰিতা হৈছে অপৰাধজনিত সমস্যাৰ সমাধান আৰু সন্ধানহীন লোকক চিনাক্তকৰণ, যিটো সমগ্ৰ দেশতে স্বীকৃত। বিধেয়কখনৰ জৰিয়তে ডিএনএ পৰীক্ষাগাৰৰ বাবে স্বীকৃতি আৰু নিয়ন্ত্ৰণ বাধ্যতামুলক কৰাৰ মুল কাৰণ হৈছে দেশত এনে প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু ডিএনএ পৰীক্ষাৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ লগতে আমাৰ নাগৰিকসকলৰ গোপনীয়তাৰ অধিকাৰক অপব্যৱহাৰ কৰাত সুৰক্ষা প্ৰদান কৰা। ক্ষীপ্ৰতাৰে ন্যায় প্ৰদান। দোষী সাব্যস্তৰ সংখ্যা বৃদ্ধি কৰা। এই বিধেয়কত দেশৰ যিকোনো স্থানত কোনো এজন লোক সন্ধানহীন হোৱাৰ বিপৰীতে আন এঠাইত অচিনাক্ত মৃতদেহ উদ্ধাৰ হ’লে, দুয়োটাৰে ক্ৰছ মেচিং কৰাৰ ব্যৱস্থা ৰখা হৈছে। পটভূমিঃ ফৰেন্সিকত কৰা ডিএনএ পৰীক্ষাৰ জৰিয়তে মানৱ কৰা বিভিন্ন হানি(যেনে-হত্যা, ধৰ্ষণ, মানৱ সৰবৰাহ অথবা গুৰুতৰ আঘাত) আৰু (চুৰি, ডকাইতি)ৰ দৰে অপৰাধজনিত গোচৰৰ নিষ্পত্তিত উল্লেখযোগ্য ভূমিকা পালন কৰে। ২০১৬ চনত নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ পৰিসংখ্যা অনুসৰি দেশত এনে ধৰণৰ অপৰাধৰ সংখ্যা প্ৰতি বছৰে ৩ লাখলৈ বৃদ্ধি পাইছে। পৰিতাপৰ বিষয় এই যে ইয়াৰে ন্যূনতম অংশৰ ডিএনএ পৰীক্ষা সম্পন্ন হৈছে। এনে পৰিপ্ৰেক্ষিতত এই বিধেয়কে যথেষ্ট সকাহ দিব।","Cabinet approves DNA Technology (Use and Application) Regulation Bill, 2018" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A7%87/,https://www.pmindia.gov.in/en/news_updates/pm-bows-to-swami-vivekananda-on-his-jayanti/,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম জয়ন্তীত স্বামী বিবেকানন্দক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। “জন্ম জয়ন্তীত স্বামী বিবেকানন্দক মই প্ৰণাম জনাইছো৷ ৰাষ্ট্ৰীয় যুৱ দিৱসত আজি মই আমাৰ দেশৰ যুৱ প্ৰজন্মৰ অদম্য শক্তি আৰু উৎসাহক চেল্যুট জনাইছো৷ তেওঁলোক হ’ল নতুন ভাৰতৰ নিৰ্মাতা৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷,PM bows to Swami Vivekananda on his Jayanti +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%A1-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%9F/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-the-icai-and-bahrain-institute-of-banking-and-finance-bahrain/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰতীয় চার্টার্ড একাউন্টেন্ট প্ৰতিষ্ঠান আৰু বাহৰেইন ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্সৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুমোদন জনাইছে। বাহৰেইনৰ হিচাপ-নিকাচ, আর্থিক আৰু অডিট সম্পৰ্কীয় জ্ঞান ভাণ্ডাৰক শক্তিশালী কৰাৰ লক্ষ্যৰে যৌথভাবে কাম কৰবিলৈ এই বুজবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। এই বুজাবুজি চুক্তি চর্ত অনুসৰি ভাৰতীয় চার্টার্ড একাউন্টেন্ট প্ৰতিষ্ঠান (আইচিএআই), বাহৰেইন ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্স (বিআইবিএফ) এ আৰম্ভ কৰা একাউন্টিং আৰু ফাইনেন্স সম্পৰ্কীয় পাঠ্যক্রম পর্যালোচনাৰ ক্ষেত্ৰত কাৰিকৰী সহায় আগবঢ়াব। বাহৰেইনৰ ছাত্র-ছাত্রীসকলে যাতে চার্টার্ড একাউন্টেন্ট পাঠ্যক্রমত পৰীক্ষা দি আইচিএআইৰ সদস্যপদ পাবলৈ সক্ষম হয়স সেইবিষয়ে ইয়াত পৰামৰ্শ আগবঢ়োৱা হ’ব। বাহাৰেইনৰ যোগ্য ছাত্র-ছাত্রীসকলৰ বাবে বৃত্তিমুলক পৰীক্ষা আয়োজন কৰাৰ ক্ষেত্ৰত আইচিএআয়ে সহায় কৰিব। এই বুজাবুজি চুক্তিৰ ফলত দুয়ো দেশৰ একাউন্টিং আৰু অডিট সংম্পৰ্কীয় ক্ষেত্রত এক পাৰস্পৰিক স্বার্থৰ উপযোগী কার্যকৰী সম্পর্ক গঢ়ি উঠিব বুল আশা কৰা হৈছে। উল্লেখ্য যে ভাৰতীয় সংসদত গৃহীত দ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট এক্ট, ১৯৪৯ অনুসৰি গঠন কৰা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান(আইচিএআই) হৈছে এক সাংবিধানিক নিকায়, যাৰ দ্বাৰা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেচী নিয়ন্ত্ৰিত হয়। ইফালে, প্ৰশিক্ষণ আৰু মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে ১৯৮১ চনত বাহৰেইন ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্স স্থাপন কৰা হয়।","Cabinet approves MoU between the ICAI and Bahrain Institute of Banking and Finance, Bahrain" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A6%B9%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A6%A6-%E0%A6%86%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AB%E0%A7%81%E0%A6%B2-%E0%A6%B9%E0%A6%95%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pm-condoles-the-passing-away-of-shri-mohammad-asrarul-haque/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী মহম্মদ আশ্ৰাফুল হকৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিহাৰৰ কিষাণগঞ্জ সমষ্টিৰ সাংসদ শ্ৰী মহম্মদ আশ্ৰাফুল হকৰ বিয়োগত অতিশয় দুঃখিত হৈছো। এই দুখৰ সময়ত তেওঁ পৰিয়ালৰ লগতে সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।”",PM condoles the passing away of Shri Mohammad Asrarul Haque +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%A8%E0%A6%A1%E0%A6%BF%E0%A6%8F%E0%A6%AE%E0%A6%8F%E0%A7%B0-%E0%A6%B7%E0%A6%B7%E0%A7%8D%E0%A6%A0-%E0%A6%AC%E0%A7%88%E0%A6%A0%E0%A6%95%E0%A6%A4-%E0%A6%85%E0%A6%A7%E0%A7%8D%E0%A6%AF/,https://www.pmindia.gov.in/en/news_updates/prime-minister-chairs-6th-meeting-of-ndma/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(এনডিএমএ)ৰ ষষ্ঠ বৈঠকত অধ্যক্ষতা কৰে। প্ৰধানমন্ত্ৰীয়ে এনডিএমএই দেশৰ দুৰ্যোগৰ সময়ত ফলপ্ৰসূভাৱে সম্পাদন কৰা কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁ লগতে এনডিএমএৰ অধীনত চলি থকা প্ৰকল্পসমূহৰো পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ হেতু অধিক ফলপ্ৰসূতাৰে কাম কৰাৰ বাবে বিভিন্ন অংশীদাৰসমূহৰ মাজত ভালদৰে সমন্বয় সাধনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশ্বৰ শ্ৰেষ্ঠ বিশেষজ্ঞক অনাৰ প্ৰয়োজনীয়তো গুৰুত্ব আৰোপ কৰে। বৈঠকত এনডিএমএৰ সদস্য আৰু বিষয়াবৰ্গৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী শ্ৰী অৰুণ জেটলী, কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শ্ৰী ৰাধামোহন সিঙো উপস্থিত থাকে।",Prime Minister chairs 6th meeting of NDMA +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%9B%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0%E0%A7%80-%E0%A6%AD/,https://www.pmindia.gov.in/en/news_updates/pm-visits-sindri-lays-foundation-stone-of-various-development-projects-in-jharkhand/,"ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীয়ে আজি ছিন্দৰীৰ এক অনুষ্ঠানত ভাৰত চৰকাৰ আৰু ঝাৰখণ্ড চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সেইবোৰ ভিতৰতঃ • হিন্দুস্থান উৰ্বৰক আৰু ৰসায়ন লিমিটেডৰ অধীনস্থ ছিন্দৰী সাৰ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ। • গেইলৰ ৰাঁচী চহৰ গেছ বিতৰণ প্ৰকল্প • সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ), দেওঘৰ • দেওঘৰ বিমানবন্দৰৰ উন্নয়ন • পট্ৰাটু ছুপাৰ থাৰ্মেল শক্তি প্ৰকল্প (৩x৮০০ মেগাৱাট) তেওঁ জন ঔষধি কেন্দ্ৰৰ বাবে বুজাবুজি চুক্তি বিনিময় অনুষ্ঠানতো উপস্থিত থাকে। এই উপলক্ষে এক ৰাজহুৱা সভাত সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভগৱান বিৰছা মুণ্ডৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে ঝাৰখণ্ডৰ দ্ৰুত উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে। তেওঁ কয় যে আজি আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ বাবে মুঠ ২৭,০০০ কোটি টকা ব্যয় হ’ব। এই প্ৰকল্পসমূহে ঝাৰখণ্ডৰ যুৱকসকলক যথেষ্ট সূযোগ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ চমজি লোৱাৰ সময়ত দেশৰ ১৮,০০০ গাঁৱত বিজুলী সংযোগ নাছিল। আমি সেই গাঁওবোৰত বিজুলী যোগান ধৰি তেওঁলোকৰ জীৱন উজ্বলাই তুলিবলৈ সক্ষম হৈছো। বৰ্তমান আমি দেশৰ প্ৰতি ঘৰতে বিজুলী সংযোগ প্ৰদান নিশ্চিত কৰাৰ দিশত কাম কৰি আছো। প্ৰধানমন্ত্ৰীয়ে ছিন্দৰীৰ বন্ধ অৱস্থাত থকা সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণ কৰাৰ কথাও ভাষণত দোঁহাৰে। তেওঁ কয় যে এই কাৰখানাৰ জৰিয়তে পূব ভাৰত যথেষ্ট উপকৃত হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে ঝাৰখণ্ডত এইমছ স্থাপনে ৰাজ্যখণ্ডৰ স্বাস্থ্যখণ্ডলৈ আমুল পৰিৱৰ্তন আনিব। তেওঁ লগতে কয় যে ৰাজ্যখনৰ দুখীয়া লোকসকলেও উন্নত মানৰ স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিমান যাত্ৰা সকলোৰে বাবে সুলভ আৰু সুগম কৰি তুলিছে।","PM visits Sindri, lays Foundation Stone of various development projects in Jharkhand" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%A8%E0%A6%AC%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%A4/,https://www.pmindia.gov.in/en/news_updates/pm-inaugurates-newly-constructed-transit-accommodation-for-mps-at-western-court-annexe/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীত নবনির্মিত ৱেষ্টার্ন কোর্ট এনেক্স ভৱনৰ উদ্বোধন কৰে। কামৰ সূত্রে ৰাজধানীত অহা সাংসদসকলে আগলৈ এই এনেক্স ভৱনত সাময়িকভাবে থাকিব পাৰিব। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ অধ্যক্ষ শ্রীমতী সুমিত্রা মহাজনক ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে মূলতঃ শ্রীমতী মহাজনৰ নিৰলস প্রচেষ্টাৰ ফলতে এই ভৱন নির্মাণৰ কাম সঠিক সময়ত সম্পূর্ণ হৈছে। এই প্রকল্প ৰূপায়ণৰ সবিশেষ বিষয় সন্দৰ্ভত তেওঁ অতি সজাগ আৰু সতর্ক আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে প্রকল্পটোৰ কাম নির্দিষ্ট সময় আৰু ধাৰ্য কৰা ব্যয় অনুসৰিয়েই সম্পূর্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে নির্মাণ প্রকল্পৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্রধানমন্ত্রীয়ে কয় যে নবনির্বাচিত সাংসদসকল যেতিয়া কৰ্ম সূত্রে ৰাজধানীলৈ আহে, তেতিয়া অধিকাংশ সময়েই তেওঁলোকে হোটেলত থাকি��� লগা হয়, সেইটোৱে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰে। কিন্তু প্রকৃত সমস্যা হ’ল চৰকাৰী গৃহত যিসকল প্রাক্তন সাংসদ থাকে, তেওঁলোকে নির্দিষ্ট সময়ৰ ভিতৰত ঘৰ খালী কৰিবলৈ অপাৰগ হয়। কেন্দ্রীয় চৰকাৰে ড০ বাবাচাহেব আম্বেদকাৰৰ পথ আৰু আদর্শ অনুসৰণ কৰি চলিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে ড০ আম্বেদকাৰৰ জীৱনাদর্শৰ মূলমন্ত্রই আছিল ‘সম্প্রীতিৰ সৈতে সহাৱস্থান’। সেয়েহে দেশৰ দৰিদ্রতম লোকসকলৰ বাবে কাম কৰি যোৱাটোৱেই এই চৰকাৰৰ বিশেষ নীতি। প্রধানমন্ত্রীয়ে বাবাচাহেব আম্বেদকাৰে জীৱনৰ বিয়লি সময়খিনি কটোৱা নতুন দিল্লী ২৬, আলিপুৰ ৰোডৰ গৃহটো বাবাচাহেবৰ জন্ম বার্ষিকীৰ প্রাকক্ষণত ১৩ এপ্রিল, ২০১৮ত এক স্মাৰক উদ্বোধন কৰা হ’ব বুলি ঘোষণা কৰে। ড০ আম্বেদকাৰৰ নামত যিসকল লোকে ৰাজনীতিৰ খেল খেলিছে, সেইসকলক কঠোৰ ভাষাৰে গৰিহণা দিয়ে প্রধানমন্ত্রীয়ে।",PM inaugurates newly constructed transit accommodation for MPs at Western Court Annexe +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%B9%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A6%AA%E0%A7%87-%E0%A6%AD%E0%A7%87%E0%A6%82/,https://www.pmindia.gov.in/en/news_updates/pm-addresses-book-release-event-to-mark-one-year-in-office-of-vice-president-venkaiah-naidu/,"উপ-ৰাষ্ট্ৰপতি হিচাপে ভেংকায়া নাইডুৰ কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে “মোভিং অন, মোভিং ফৰৱাৰ্ড-এ ইয়েৰ ইন অফিছ” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লগতে উপ-ৰাষ্ট্ৰপতিক গ্ৰন্থখনিৰ প্ৰথমটো কপি উপহাৰ দিয়ে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী ভেংকায়া নাইডুৰ সৈতে তেওঁ কেইবাবছৰো কাম কৰাৰ সূযোগ পাইছিল। তেওঁ কয় যে শ্ৰী নাইডুৱে সকলোতকৈ তেওঁক ন্যস্ত কৰা কাৰ্যভাৰত গুৰুত্ব প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী ভেংকায়া নাইডু ডাঙৰীয়াক যি দায়িত্বই প্ৰদান নকৰক কিয়, অতি কৰ্মদক্ষতাৰে তেওঁৰ ভূমিকা সহজ কৰি তোলে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভেংকায়া নাইডুৱে সূদীৰ্ঘ ৫০ বছৰ ৰাজহুৱা কৰ্মত জড়িত হৈ আছে-১০ বছৰ ছাত্ৰ ৰাজনীতি আৰু ৪০ বছৰ ৰাজ্যৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ৰাজনীতত আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শ্ৰী ভেংকায়া নাইডুৰ সকলো শ্ৰেণীৰ লোকক আত্মীয় কৰি লোৱা সক্ষমতা আছে আৰু তেওঁ এগৰাকী অতি নিয়মানুৱৰ্তী ব্যক্তি। তেওঁক যি দায়িত্বই প্ৰদান নকৰক কিয়, সকলোতে দূৰদৃষ্টিসম্পন্ন নেতৃত্ব প্ৰদান কৰে। তেওঁক অৰ্পণ কৰা কামৰ জৰিয়তে সম্পূৰ্ণ ন্যায় লাভ কৰাটো সুনিশ্চিত কৰিবলৈ, তেও��� সৰ্বশ্ৰেষ্ঠ বিশেষজ্ঞৰ সেৱা লয় বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে লগতে দোঁহাৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ শাসনকালত শ্ৰী ভেংকায়া নাইডুক কেবিনেটক অন্তৰ্ভূক্ত কৰা হৈছিল, তেতিয়া ভেংকায়া ডাঙৰীয়াই তেওঁক গ্ৰামোন্নয়ন দপ্তৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল। ভেংকায়া ডাঙৰীয়া অন্তৰৰ পৰা এগৰাকী কৃষক আছিল আৰু কৃষকৰ কল্যান আৰু কৃষিৰ প্ৰতি উৎসাহী আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা কাৰ্যকৰী হোৱাৰ মুলতে আছিল ভেংকায়া নাইডুৰ প্ৰচেষ্টা। যিসময়ত ৰাজনীতিৰ আলোচনা কেৱল ৰে’ল ষ্টপেজতে কেন্দ্ৰিত আছিল, সেইসময়ত নাইডু ডাঙৰীয়াই এইটো সুনিশ্চিত কৰিছিল যে নেতাসকলে পথৰ লগতে যোগাযোগৰ অন্যান্য মাধ্যমসমূহৰ বিষয়েও ভাবৱ বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে ইংৰাজী অথবা তেলেগু ভাষাত ভেংকায়া নাইডু ডাঙৰীয়াই ব্যৱহাৰ কৰা শব্দাৱলীৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইটো প্ৰশংসনীয় যে উপ-ৰাষ্ট্ৰপতি ডাঙৰীয়াই তেওঁ কাৰ্যকালৰ প্ৰথম বৰ্ষৰ সন্দৰ্ভত ৰিপোৰ্ট কাৰ্ড প্ৰস্তুত কৰিছে, য’তে তেওঁ সংসদৰ বাহিৰে-ভিতৰে কৰা কামৰ তথ্যৰে সমৃদ্ধ হৈ আছে।",PM addresses book release event to mark one year in office of Vice President Venkaiah Naidu +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A1-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%89%E0%A6%A3%E0%A7%8D%E0%A6%9F/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-the-icai-and-national-board-of-accountants-and-auditors-tanzania/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান (আইচিএআই) আৰু তাঞ্জানিয়াৰ নেচনেল বোৰ্ড অফ একাউণ্টছ এণ্ড অডিটৰছ (এনবিএএ)ৰ মাজত বৃত্তিমুলক নিয়ম-কানুন, প্রযুক্তিগত গৱেষণা, বৃত্তিমুলক উন্নয়ন প্রচেষ্টা, একাউনচেন্সিৰ প্রশিক্ষণ, অডিট ব্যৱস্থাৰ কাম-কাজ আৰু মানদণ্ডৰ ওপৰত নজৰ দিয়া, একাউন্টিঙৰ ক্ষেত্রত জ্ঞানৰ প্রসাৰ, বৃত্তিমুলক দক্ষতা তথা মেধাৰ বিকাশকে ধৰি বিভিন্ন ক্ষেত্রত পাৰস্পৰিক সহযোগিতা প্রসাৰৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়। এই বুজাবুজি চুক্তি স্বাক্ষৰ হ’লে আইচিএআইৰ সদস্য, ছাত্র-ছাত্রী আৰু তেওঁলোকৰ সংস্থা আৰু প্রতিষ্ঠানসমূহৰ মাজত পাৰস্পৰিক স্বার্থ ৰক্ষাৰ ক্ষেত্রত এক বিশেষ সম্পর্ক গঢ লৈ উঠিব। তদুপৰি, আইচিএআই সদস্যসকলে বৃত্তিমুলক অভিজ্ঞতাৰ পৰিসৰক আৰু অধিক বিকশিত কৰাৰো সুযোগ পাব। এই বুজাবুজি চুক্তিৰ গইনা লৈ আইচিএআই আৰু এনবিএএৰ মাজত এক সুদৃঢ় সম্পর্ক গঢ়ি উঠিব। উল্লেখ্য যে এই চুক্তিয়ে তাঞ্জানিয়াত ভাৰতৰ একাউণ্টেন্সিৰ শিক্ষাৰ্থীসকলৰ বাবে এক সংস্থাপনৰ বাটো মুকলি হ’ব। ইফালে, ভাৰতীয় সংসদত গৃহীত দ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট এক্ট, ১৯৪৯ অনুসৰি গঠন কৰা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান(আইচিএআই) হৈছে এক সাংবিধানিক নিকায়, যাৰ দ্বাৰা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেচী নিয়ন্ত্ৰিত হয়।","Cabinet approves MoU between the ICAI and “National Board of Accountants and Auditors, Tanzania" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%85-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%A4%E0%A7%87/,https://www.pmindia.gov.in/en/news_updates/pm-interacts-with-mudrayojana-beneficiaries-across-the-country-through-video-bridge/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশজুৰি ‘মুদ্রা যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। চৰকাৰী আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এয়া প্রধানমন্ত্রীৰ দ্বিতীয় বাৰ্তালাপ। এই যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা মত-বিনিময়ত সন্তোষ প্রকাশ কৰি প্রধানমন্ত্রীয়ে কয় যে মুদ্রা যোজনা বিভিন্ন ধৰণৰ কর্মসংস্থাপনৰ উৎস হৈ উঠিছে। তেওঁ লগতে কয় যে এই আঁচনিৰ জৰিয়তে সুদখোৰ আৰু দালালৰ জালৰ পৰা উদ্যোগীসকলে ৰেহাই পাইছে। অই আঁচনিয়ে যুৱক-যুৱতী, মহিলা আৰু নিজৰ ব্যৱসায় আৰম্ভ অথবা ইয়াৰ পৰিধি সম্প্ৰসাৰিত কৰিব খোজাসকলক নতুন সুযোগ প্ৰদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে। প্রধানমন্ত্রী মুদ্রা যোজনাৰ জৰিয়তে বৰ্তমানলৈকে ৫.৭৫ লাখ কোটি টকা মূল্যৰ ১২ কোটি ঋণ দিয়া হৈছে। ইয়াৰ জৰিয়তে ২৮ শতাংশ অর্থাৎ ৩.২৫ লাখ কোটি টকা মূল্যৰ ঋণ প্রথমবাৰ উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰা উদ্যোগীক দিয়া হৈছে। বৰ্তমানলৈকে প্রদান কৰা মুঠ ঋণ সাহায্যৰ ভিতৰত ৭৪ শতাংশই মহিলা হিতাধিকাৰী আৰু ৫৫% অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ লোক আছে। মুদ্রা যোজনাৰ হিতাধিকাৰীসকলক উদ্দেশ্যি প্রধানমন্ত্রীয়ে কয় যে এই প্ৰচেষ্টাই দুখীয়া লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। সৰু আৰু অতিক্ষুদ্র ব্যৱসায়কো এই প্ৰচেষ্টাত অন্তৰ্ভূক্ত কৰাৰ ফলত মানুহৰ আর্থ-সামাজিক দিশটো শক্তিশালী কৰাত সহায় কৰাৰ সমান্তৰালভাৱে সফলতাও আনি দিছে বুলি প্রধানমন্ত্রীয়ে কয়। আত্মসংস্থাপনৰ ওপৰত জোৰ দি প্রধানমন্ত্রীয়ে কয় যে নিজেই নিজৰ কর্মসংস্থাপনৰ ব্যৱস্থা কৰাটো অতি গৌৰৱৰ বিষয় আৰু ই পূৰ্বতে অসম্ভৱ বুলি ভবাৰ বিপৰীতে লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে। মত-বিনিময়ৰ সময়ত প্রধানমন্ত্রীয়ে কয় যে মুদ্রা যোজনা যদি কেইবা বছৰ আগতেই ৰূপায়ন কৰা হ’লেহেতেন, তেতিয়া লাখ লাখ লোকে নিজৰ ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিলেহেতেন। তদুপৰি, কামৰ সন্ধানত মানুহে আন ঠাইলৈ যাব লগা নহ’লহেতেন। প্রধানমন্ত্রীৰ সৈতে বাৰ্তালাপৰ সময়ত হিতাধিকাৰীসকলে মুদ্রা যোজনাই কিদৰে তেওঁলোক নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰা তথা আন একাংশক কর্মসংস্থাপন দিয়াত সহায় কৰিছে, সেই সন্দৰ্ভত জনায়। কর্পোৰেট বহির্ভুত, অতিক্ষুদ্র আৰু সৰু উদ্যোগীসকলক ১০ লাখ টকা ঋণ সাহায্য প্রদানৰ লক্ষ্যৰে ২০১৫ৰ ৮ এপ্রিলত প্রধানমন্ত্রী মোদীয়ে ‘মুদ্রা যোজনা’ৰ শুভাৰম্ভ কৰে। এই ঋণক পিএমএমৱাইৰ অধীনত মুদ্ৰা ঋণ হিচাপে ধৰা হয়। বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, ক্ষুদ্ৰ বিত্তীয় বেংক, সমবায় বেংক, এমএইআই আৰু এনবিএফচিয়ে এই ঋণসমূহ আগবঢ়ায়।.",PM interacts with Mudra Yojana beneficiaries across the country through video bridge +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%B6%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A8-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%A7%E0%A6%AA%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A6%95%E0%A7%8D/,https://www.pmindia.gov.in/en/news_updates/cabinet-apprised-of-the-mou-between-india-and-denmark-for-cooperation-in-the-fields-of-animal-husbandry-and-dairying/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পশুপালন আৰু দুগ্ধপামৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰে। ১৬.০৪.২০১৮ত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে দুগ্ধ উন্নয়ন আৰু প্ৰতিষ্ঠানিক দৃঢ়তাৰ ভিত্তিত জ্ঞানৰ পৰিসৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে পশুপালন আৰু দুগ্ধপামৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ উন্নয়ন ঘটোৱা। যুটীয়া কাৰ্যসূচী গ্ৰহণ, সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা তথা প্ৰাসংগিক দিশৰ মুল্যায়ন কৰাৰ বাবে প্ৰত্যেক দেশৰ প্ৰতিনিধিক লৈ এক যুটীয়া কৰ্মী গোট গঠন কৰা হ’ব। ডাচ্চৰ সৈতে হোৱা সহযোগিতাই পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত পশুৰ ব্যৱসায়কে ধৰি ভাৰতৰ পশুৰ উৎপাদন আৰু উৎপাদশীলতা বৃদ্ধিৰ লক্ষ্যৰে পশুৰ প্ৰজনন, স্বাস্থ্য আৰু দুগ্ধপাম, খাদ্য ব্যৱস্থাপনা ইত্যাদি দিশত জ্ঞানৰ লগতে বিশেষজ্ঞৰ আদান-প্ৰদান কৰাত সুবিধা হ’ব।",Cabinet apprised of the MoU between India and Denmark for cooperation in the fields of Animal Husbandry and Dairying +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9F%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%8F%E0%A6%9B%E0%A6%8F%E0%A6%AB-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%A1%E0%A7%87%E0%A6%AE%E0%A7%80/,https://www.pmindia.gov.in/en/news_updates/pm-to-attend-annual-dgp-conference-at-bsf-academy-in-tekanpur/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ টেকানপুৰস্থিত বিএছএফ একাডেমী ৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ডিজিপি আৰু আইজিপিসকলৰ বাৰ্ষিক সন্মিলনত ভাগ ল’ব। ডিজিপি সন্মিলন হৈছে দেশৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ এক বাৰ্ষিক অনুষ্ঠান, য’ত তেওঁলোকে বিভিন্ন বিষয়ৰ সন্দৰ্ভত মত-বিনিময় কৰাৰ লগতে আলোচনা কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত অসমৰ গুৱাহাটীত, ২০১৫ চনত গুজৰাটৰ কচ্চৰ ৰণৰ ধৰডো আৰু ২০১৬ চনত হায়দৰাবাদৰ নেচনেল পুলিচ একাডেমীত অনুষ্ঠিত সন্মিলনত ভাগ লৈছিল। যোৱা বছৰৰ সন্মিলনত সীমান্তৰ সন্ত্ৰাসবাদ আৰু মৌলবাদী সংগঠনৰ কাৰ্যকলাপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে সেই সন্মিলনত নেতৃত্বৰ গুৰুত্ব, সুক্ষ্ম দক্ষতা আৰু সামূহিক প্ৰশিক্ষণৰ ওপৰত জোৰ দিছিল। তেওঁ বিশেষকৈ আৰক্ষী বাহিনীৰ বাবে প্ৰযুক্তি আৰু মানৱ সংযুক্তিৰ সন্দৰ্ভত উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ ৰাজধানী চহৰৰ বাহিৰত বাৰ্ষিক জিডিপি সন্মিলন অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে তেওঁৰ মতে এই সন্মিলন কেৱল ৰাজধানী দিল্লীত নহয়, দেশৰ বিভিন্ন স্থানত হোৱা উচিত।",PM to attend Annual DGP Conference at BSF Academy in Tekanpur +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%A8/,https://www.pmindia.gov.in/en/news_updates/former-pm-of-nepal-shri-pushpa-kamal-dahal-prachanda-calls-on-pm/,নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নেপাল কমিউনিষ্ট পাৰ্টীৰ সহকাৰী অধ্যক্ষ শ্ৰী পুষ্প কমল দাহাল ‘প্ৰচন্দ’ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত-নেপাল সম্পৰ্কৰ অগ্ৰগতিৰ সমান্তৰালভাৱে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে সস্নেহে পূৰ্বৰ বাৰ্তালাপৰ কথা দোঁহৰাৰ লগতে ভাৰত-নেপাল সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ মুল্যবান বৰঙণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। চলিত বৰ্ষত দুবাৰকৈ নেপাল ভ্ৰমণ কৰাৰ কথা সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সঘনে অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বাৰ্তালাপে ভাৰত-নেপাল সম্পৰ্কত এক জোৰদাৰ গতি লাভ কৰিছে।,"Former PM of Nepal, Shri Pushpa Kamal Dahal ‘Prachanda’ calls on PM" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%95-%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-amendment-in-the-national-council-for-teacher-education-act-1993/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটৰ বৈঠকত বুধবাৰে শিক্ষক শিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদ আইন, ১৯৯৩ৰ সংশোধন কৰাৰ বাবে ‘ শিক্ষক শিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদ (সংশোধিত) আইন, ২০১৭’ নামেৰে এখনি বিধেয়ক সংসদত উত্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। কেন্দ্র, ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলৰ দ্বাৰা পৰিচালিত যিবোৰ বিশ্ববিদ্যালয় বা প্রতিষ্ঠান এন চি টি ইৰ অনুমতি অবিহনে ২০১৭-২০১৮ শিক্ষাবর্ষলৈকে শিক্ষক শিক্ষণৰ পাঠ্যক্ৰম চলাই আছে, তেওঁলোকৰ প্রয়োজনীয় স্বীকৃতি দিয়াৰ বাবে এই সংশোধনৰ ব্যৱস্থা কৰা হৈছে। এইবোৰ প্রতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্র-ছাত্রী বা যিসকলে এতিয়াও পঢ়ি আছে, তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই স্বীকৃতি এবাৰলৈ দিয়া হ’ব। এইবোৰ প্রতিষ্ঠান বা বিশ্ববিদ্যালয়ত অধ্যয়ণৰত অথবা যিসকলে উত্তীৰ্ণ হৈছে, সেইসকল ছাত্র-ছাত্রীয়ে এই সংশোধনীৰ জৰিয়তে শিক্ষক হিচাপে চাকৰি কৰাৰ জন্য যোগ্য বুলি বিবেচিত হ’ব। এই লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে এই সংশোধনীৰ প্রস্তাৱ উত্থাপন কৰিছে। নিয়ম মতে যিবোৰ প্রতিষ্ঠানে বিএড অথবা ডিএলএডৰ দৰে শিক্ষক শিক্ষণৰ পাঠ্যক্ৰম কৰি আছে, তেওঁলোকে শিক্ষক শিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদৰ ওচৰৰ পৰা এন চি টি ই আইনৰ ১৪ নং অনুচ্ছেদ অনুযায়ী স্বীকৃতি ল’ব লাগিব। তদুপৰি, সেইবোৰ প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্রম এন চি টি ই আইনৰ ১৫ নং অনুচ্ছেদৰ অধীনস্থ হ’ব লাগিব। এন চি টি ইৰ ফালৰ পৰা সকলো কেন্দ্রীয় বিশ্ববিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয় তথা শিক্ষা আৰু প্রশিক্ষণৰ জিলা প্রতিষ্ঠানসমূহ(ডায়েট)ত এই পাঠ্যক্ৰমৰ বাবে প্রয়োজনীয় অনুমোদন ল’বলৈ জনোৱা হৈছে। ইয়াৰ সমান্তৰালভাৱে যিবোৰে ইতিমধ্যেই কোনো অনুমতি নোলোৱাকৈ পাঠ্যক্ৰম আৰম্ভ কৰিছে, সেইবোৰে ৩১ মার্চ, ২০১৭ তাৰিখৰ ভিতৰত অনুমতি বিচৰাৰ বাবে কোৱা হৈছে, যাতে তেওঁলোকে চলাই থকা বা পূৰ্বৰ পাঠ্যক্ৰমৰ ক্ষেত্রত এবাৰৰ বাবে এই অনুমতি প্ৰদান কৰা হৈছে। পটভূমিঃ উল্লেখ্য যে এন চি টি ই আইন, ১৯৯৩ খন ১৯৯৫ চনৰ ১ জুলাইৰ পৰা কার্যকৰী হৈছিল। এই আইন জম্মু-কাশ্মীৰৰ বাদে গোটেই দেশৰ ক্ষেত্ৰত প্রযোজ্য। শিক্ষক শিক্ষণ পদ্ধতিত এটা পৰিকল্পিত আৰু সমন্বিত অগ্রগতি অনাৰ বাবেই এই আইন কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰা হৈছে।","Cabinet approves amendment in the National Council for Teacher Education Act, 1993" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A7%87%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%B0-%E0%A6%B8%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%B6%E0%A7%80%E0%A6%B2-%E0%A6%9A%E0%A6%B9%E0%A7%B0%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pm-congratulates-chennai-on-citys-inclusion-in-unesco-creative-cities-network/,"ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্কত চেন্নাই চহৰো অন্তৰ্ভূক্ত হোৱাৰ বাবে চেন্নাইবাসীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয়, “নিজস্ব চহকী সাংগীতিক পৰম্পৰাৰ বাবে ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্কত চেন্নাই চহৰো অন্তৰ্ভূক্ত হোৱাত চেন্নাইবাসীক শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ চহকী সংস্কৃতিলৈ চেন্নাইৰ অমূল্য বৰঙণি আছে।”",PM congratulates Chennai on city’s inclusion in UNESCO creative Cities Network +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%9F%E0%A6%BE-%E0%A6%A6%E0%A6%B6%E0%A6%AE%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6-2/,https://www.pmindia.gov.in/en/news_updates/pm-greets-everyone-on-vijaya-dashami-2/,"‘বিজয়া দশমী’ উপলক্ষে সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই পবিত্ৰ উপলক্ষই প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সাহস, সংযম আৰু সাকাৰাত্মক উদ্দীপনা কঢ়িয়াই অনাৰো কামনা কৰে শ্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; “দেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ প্ৰতীক-পৰ্ব ‘বিজয়াদশমী’ৰ বহুত বহুত অভিনন্দন। এই পবিত্ৰ উপলক্ষই প্ৰতিগৰাকী ব্যক্তিৰ জীৱন সাহস, সংযম আৰু সাকাৰত্মক উদ্দীপনা কঢ়িয়াই আনক”।",PM greets everyone on Vijaya Dashami +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%85-%E0%A6%B8%E0%A6%82%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%B8%E0%A6%AE%E0%A6%97%E0%A7%8D%E0%A7%B0-%E0%A6%A6%E0%A7%87/,https://www.pmindia.gov.in/en/news_updates/pm-interacts-with-farmers-across-the-country-through-video-bridge/,"প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ সংযোগৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকৰ সৈতে বাৰ্তালাপ কৰে। এই উপলক্ষে ২ লাখতকৈও অধিক সামূহিক সেৱা কেন্দ্ৰ(চিএছচি) আৰু ৬০০ কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)ক ভিডিঅ’ সংযোগৰ জৰিয়তে সংযোগ কৰা হয়। এয়া হৈছে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে কৰা সপ্তমলানি বাৰ্তালাপ। ৬০০তকৈও অধিক জিলাৰ কৃষকৰ সৈতে বাৰ্তালাপ কৰি সুখী অনুভৱ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকল আমাৰ দেশৰ ‘অন্নদাতা’। তেওঁ কয় যে দেশৰ খাদ্য নিৰাপত্তাৰ সকলো কৃতিত্ব কৃষকসকলৈকে যোৱা উচিত। কৃষকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপত কৃষিজাত তথা প্ৰায়োগিক খণ্ড যেনে- জৈৱিক কৃষি-কৰ্ম, নীল বিপ্লৱ, পশুপালন, উদ্যান শস্য, ফ্লৰিকালচাৰ ইত্যাদি বিষয়বোৰ সামৰি লয়। দেশৰ কৃষকসকলৰ সামগ্ৰিক কল্যানৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী ��লোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকসকলৰ উপাৰ্জন দুগুন কৰাৰ দিশত কাম কৰি আছে আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদনৰ বাবে অধিক দাম দিয়া হ’ব। তেওঁ লগতে কয় যে এই প্ৰচেষ্টাৰ দ্বাৰা কৃষকসকলে তেওঁলোকৰ কৃষিকাৰ্যৰ সময়ত সকলো ধৰণৰ অৰ্থাৎ শস্যৰ প্ৰস্তুতিৰ পৰা বিক্ৰীলৈকে নিশ্চিতভাৱে সহায় লাভ কৰিব। তেওঁ জোৰ দি কয় যে চৰকাৰে কেঁচা সামগ্ৰীৰ ন্যূনতম মূল্য, উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত মূল্য, উৎপাদিত সামগ্ৰীৰ অপচয় ৰোধ আৰু কৃষকৰ উপাৰ্জনৰ বিকল্প পথ নিশ্চিত কৰাটো বিচাৰে। তেওঁ কয় যে কৃষকসকলে যাতে অনুভৱ কৰে “বীজৰ পৰা বজাৰ” হয় আৰু বিভিন্ন প্ৰচেষ্টাই কেনেকৈ তেওঁলোকক পৰম্পৰাগত কৃষি-কৰ্মৰ পৰা উন্নীতকৰণত সহায় কৰে, তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কৃষিখণ্ডৰ পৰিৱৰ্তনৰ কথা সদৰি কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ৪৮ মাহত এই খণ্ডটোৰ দ্ৰুতগতিত উন্নয়ন সাধন হৈছে। তেওঁ কয় যে এই সময়ছোৱাত দেশত গাখীৰ, ফল-মূল আৰু শাক-পাচলিৰ অভিলেখ সংখ্যক উৎপাদন হৈছে। বিগত চৰকাৰৰ পাঁচ বছৰৰ ১,২১,০০০ কোটিৰ তুলনাত চলিত চৰকাৰে (২০১৪-১৯) কৃষিখণ্ডত প্ৰায় দুগুন অৰ্থাৎ ২,১২,০০০কোটি টকা বাজেটত ধাৰ্য কৰিছে। একেদৰে, খাদ্য শস্যৰ উৎপাদন ২০১০-২০১৪ত ২৫৫ মিলিয়ন টনৰ তুলনাত ২০১৭-২০১৮ বৰ্ষত ২৭৯ মিলিয়ন টনতকৈ অধিক হৈছে। এই সময়ছোৱাত নীল বিপ্লৱৰ বাবে মৎস পালন পৰিমাণ ২৬% আৰু পশুপালন আৰু দুগ্ধ উৎপাদনৰ পৰিমাণ ২৪% বৃদ্ধি পাইছে। কৃষকসকলৰ সৈতে কৰা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ সামগ্ৰিক কল্যান সাধন কৰিব পৰাকৈ চৰকাৰে ভূমি স্বাস্থ্য কাৰ্ড; কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ প্ৰদান; নিমৰ প্ৰলেপযুক্ত ইউৰিয়াৰে উন্নত মানৰ সাৰ যোগান, ফচল বীমা যোজনাৰ জৰিয়তে শস্য বীমা আৰু প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনাৰ জৰিয়তে জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনাৰ অধীনত সমগ্ৰ দেশত বৰ্তমানলৈকে প্ৰায় ১০০টা জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু ২৯ লাখ হেক্টৰ ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী উপযুক্ত মুল্যত বিক্ৰী কৰিব পৰাকৈ চৰকাৰে ‘ই-নাম’ শীৰ্ষক অনলাইন বজাৰৰ আৰম্ভ কৰিছে। বিগত চাৰি বছৰত ৫৮৫খনতকৈও অধিক পাইকাৰী বজাৰ ই-নামৰ অধীনলৈ অনা হয়। ২০১৩-২০১৪ চনত মাত্ৰ ৭ লাখ হেক্টৰৰ তুলনাত চৰকাৰে বৰ্তমান প্ৰায় ২২ লাখ হেক্টৰ ভূমি জৈৱিক কৃষি কাৰ্যৰ অধীনলৈ আনিছে। চৰকাৰে উত্তৰ-পূবক জৈৱিক কৃষিৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো পৰিকল্পনা হাতত লৈছে। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৃষকসকলে কৃষক উৎপাদন গোট(এফপিঅ’) গঠনৰ জৰিয়তে সামূহিক শক্তি প্ৰদৰ্শন কৰাক লৈ সুখ অনুভৱ কৰে আৰু এফপিঅ’ই কৃষি ক্ষেত্ৰৰ ব্যয় কম কৰাৰ লগতে বজাৰো ফলপ্ৰসূভাৱে কৰিবলৈ সক্ষম হ’ব। বিগত চাৰি বছৰত ৫১৭টা কৃষক উৎপাদন গোট গঠন কৰা হৈছে আৰি কৃষকসকলৰ মাজৰ সহযোগিতাক উৎসাহ যোগাবলৈ কৃষক উৎপাদন কোম্পানীৰ আয়কৰ ৰেহাই দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত কৃষি খণ্ডৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে চৰকাৰী আঁচনিসমূহে কেনেকৈ তেওঁলোকৰ উৎপাদন বৃদ্ধিত সহায় কৰিছে, সেই সন্দৰ্ভত বহলাই কয়। হিতাধিকাৰীসকলে ভূমি স্বাস্থ্য কাৰ্ডৰ গুৰুত্বৰ সন্দৰ্ভতো আলোকপাত কৰাৰ লগতে তেওঁলোকৰ অভিজ্ঞতাৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰে।",PM interacts with farmers across the country through video bridge +https://www.pmindia.gov.in/asm/news_updates/aiib-%E0%A7%B0-%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AC/,https://www.pmindia.gov.in/en/news_updates/pms-address-at-the-opening-ceremony-of-the-third-annual-meeting-of-aiib/,"এছীয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ অধ্যক্ষ মঞ্চত উপবিষ্ট সুধীবৃন্দ, ভাৰত আৰু বিদেশৰ পৰা অহা বিশিষ্ট প্রতিনিধিবৃন্দ, উপস্থিত মোৰ আদৰৰ বন্ধুগণ, এছীয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ তৃতীয় সাধাৰণ সভা উপলক্ষে আজি মুম্বাইত এনেদৰে উপস্থিত থকাৰ সুযোগ লাভ কৰি আমি আনন্দিত। এই বেংক আৰু ইয়াৰ সদস্যসকলৰ সৈতে আমাৰ সম্পর্কক অধিক গাঢ় কৰি তোলাৰ এই ধৰণৰ এক সুযোগ লাভৰ বাবেও আমি আনন্দিত। এআইআইবি-ৰ অর্থনৈতিক কাৰ্যসূচী সূচনা হৈছিল ২০১৬-ৰ জানুৱাৰী মাহত। তিনি বছৰতকৈও কম সময়ৰ ভিতৰত ইয়াৰ বর্তমানৰ সদস্য সংখ্যা হৈছেগৈ ৮৭। বেংকৰ প্ৰাৰম্ভিক মূলধনৰ পৰিমাণ বর্তমান ১০০ বিলিয়ন মার্কিন ডলাৰ। এছিয়াত এক গুৰুত্বপূর্ণ ভূমিকা পালনৰ লক্ষ্যৰে এই বেংক এতিয়া সম্পূৰ্ণ প্রস্তুত। বন্ধুসকল, জনসাধাৰণৰ বাবে এক উন্নত ভৱিষ্যৎ নিশ্চিত কৰাৰ উদ্দেশ্যেৰে এছিয়াৰ দেশসমূহৰ সন্মিলিত প্রচেষ্টাৰ ফচল হ’ল এই এছীয় আন্তঃগাঁথনি বিনিয়োগ বেংক। উন্নয়নশীল দেশ হিচাপে আমি সকলোৱেই প্রায় একে ধৰণৰ প্ৰত্যাহ্বানৰ সমূখীন হ’ব লাগিব৷ ইয়াৰ ভিতৰত এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে সহায় সম্পদৰ চাহিদা পূৰণ। এই কথা জানি মই অতিকৈ আনন্দ���ত যে এই বছৰৰ সভাৰ মূল বিষয়বস্তু বা আলোচ্য বিষয় হৈছে ‘আন্তঃগাঁথনি ক্ষেত্ৰত বিনিয়োগ : উদ্ভাৱন আৰু সহযোগিতা’। ধাৰাবাহিক আন্তঃগাঁথনি প্রক্রিয়াৰ স্বার্থত সহ আমাৰ সকলো উন্নয়ন সহযোগীৰ সৈতে নিৰন্তৰ প্রচেষ্টা চলাই যোৱাৰ বাবে মই উন্মুখ হৈ আছো৷ শেষত, আজিৰ এই মঞ্চত কৰা আটাইবোৰ আলোচনা তথা মত-বিনিময় ফলপ্রসূ হৈ উঠিব আৰু সেই আটাইবোৰ দিশৰ পৰাই সমৃদ্ধিৰ বার্তা বহন কৰিব বুলি মই অত্যন্ত আশাবাদী৷ ধন্যবাদ।",PM’s address at the opening ceremony of the Third Annual Meeting of AIIB +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%9F%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A6%A8%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A7%B0-%E0%A6%B8%E0%A6%AE/,https://www.pmindia.gov.in/en/news_updates/pm-addresses-indian-community-in-yangon/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰৰ য়াংগনত ভাৰতীয় সমূদায়ক উদ্দেশ্যি ভাষণ আগবঢ়ায়। সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে ম্যানমাৰত বসবাস কৰা লোকসকলে দুয়ো দেশৰ মহান সতি-সন্ততিসকলৰ মাজত হাজাৰ হাজাৰ বছৰ পুৰণি সংস্কৃতি আৰু সভ্যতা, ভৌগোলিক আৰু ঐতিহাসিক, আশা-আকাংক্ষা আৰু কৃতিত্বক প্ৰতিনিধিত্ব কৰিছে। প্ৰধানমন্ত্ৰীয়ে ম্যানমাৰৰ চহকী আধ্যাত্মিক পৰম্পৰাৰ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় বংশোদ্ভৱসকল ভাৰতৰ বাবে ৰাষ্ট্ৰদূতসদৃশ। তেওঁ কয় যে যোগৰ বৈশ্বিক স্বীকৃতিও এই প্ৰবাসী লোকসকলৰে কৃতিত্ব, যিসকলে বিশ্বৰ চুকে-কোনে ইয়াক প্ৰসাৰিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, “যেতিয়া মই আপোনালোকক লগ পাওঁ, মোৰ এনে অনুভৱ হয় যে বিদেশত থকা আমাৰ লোকসকলৰ সৈতে ভাৰত চৰকাৰৰ কৰ্তৃপক্ষই যোগাযোগ কৰাটো কেতিয়াও একপক্ষীয় নহয়।” দৰিদ্ৰ, সন্ত্ৰাস, দুৰ্নীতি, সাম্প্ৰদায়িকতা আৰু জাতিভেদমুক্ত এখন ভাৰত গঢ় দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয়, “আমি আমাৰ দেশৰ সংস্কাৰ কৰিব খোজা নাই, ইয়াৰ পৰিৱৰ্তনহে আনিছোঁ”। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিছে। ভাল আন্তঃগাঁথনি মানে পথ আৰু ৰে’লকে নুবুজায়-ইয়াত সমাজৰ গুণগত পৰিৱৰ্তন আনিব পৰা আন কেতবোৰ কাৰকো আছে। তেওঁ কয় যে ভাৰত চৰকাৰে যিকোনো কঠোৰ সিদ্ধান্ত ল’বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জিএছটিয়ে সমগ্ৰ দেশতে নতুন সংস্কৃতিৰ উত্থান ঘটাইছে। তেওঁ কয় যে ভাৰতীয় সকলৰ বিশ্বাস যে ভাৰতক পৰিৱৰ্তন কৰিব পাৰি আৰু আমি আমাৰ ব্যৱস্থাত প্ৰৱেশ কৰা বেয়া দিশবোৰ নিৰ্মূল কৰিব পাৰিম। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-ম্যা���মাৰৰ লোকসকলৰ সম্পৰ্কই দুয়ো দেশৰ সম্পৰ্কক শক্তিশালী কৰি তুলিব। অনুষ্ঠানত য়াংগন প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ফিঅ’ মিন থেইনো উপস্থিত থাকে।",PM addresses Indian Community in Yangon +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A6%9A%E0%A6%BF%E0%A6%8F%E0%A6%AE%E0%A6%86%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%AA-%E0%A6%87%E0%A6%A8/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-the-icmr-and-inserm-france/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতা কেন্দ্রীয় কেবিনেটৰ বৈঠকত আজি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ(আইচিএমআৰ) আৰু ফ্রান্সৰ ইনষ্টিটিউট নেচনেল ডে লা ছান্টিট ডে লা ৰিছার্চ মেডিকেল (ইনছার্ম)ৰ মাজত ২০১৮ৰ মাৰ্চ মাহত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰে। চুক্তিখনৰ বৈশিষ্ট্যসমূহ হ’লঃ এই চুক্তিখনৰ লক্ষ্য হৈছে ভাৰত আৰু ফ্রান্সৰ মাজত চিকিৎসা, জীৱন বিজ্ঞান আৰু স্বাস্থ্য-গৱেষণাৰ দৰে দ্বিপাক্ষিক স্বার্থজড়িত নিম্নোলিখিত ক্ষেত্রসমূহত সহযোগিতা গঢ়ি তোলা। ১। মধূমেহ আৰু বিপাক সংক্রান্তীয় সমস্যা। ২। জিন সংক্রান্তীয় বিষয়ত নৈতিকতাৰ ভিত্তিত গুৰুত্ব আৰোপ। ৩। দুৰাৰোগ্য ৰোগ ৪। দ্বিপাক্ষিক আলোচনাৰ ভিত্তিত পাৰস্পৰিক স্বার্থজড়িত ক্ষেত্রত সহযোগিতা। এই বুজাবুজি চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয বৈজ্ঞানিক আৰু প্রযুক্তিগত সহযোগিতাৰ পৰিকাঠামোৰ মাজৰ পৰাই আইচিএমআৰ আৰু ইনছার্মৰ মাজত দ্বিপাক্ষিক স্বার্থজড়িত বিষয়ত কাম কৰাত সহায় কৰিব। তদুপৰি, স্বাস্থ্য গৱেষনাৰ বিশেষ কেতবোৰ ক্ষেত্রতো বৈজ্ঞানিক উৎকর্ষতা বৃদ্ধিত এই চুক্তিয়ে সহায় কৰিব।","Cabinet approves MoU between the ICMR and INSERM, France" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BF%E0%A7%B0%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80/,https://www.pmindia.gov.in/en/news_updates/pm-in-mirzapur-dedicates-bansagar-canal-project-to-the-nation/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিৰজাপুৰক বানসাগৰ নলীনাদ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে। এই প্ৰকল্পই অঞ্চলটোৰ জলসিঞ্চনৰ ক্ষেত্ৰত বৃহৎ সকাহ দিয়াৰ লগতে উত্তৰপ্ৰদেশৰ মিৰজাপুৰ আৰু এলাহাবাদ জিলাৰ কৃষকসকলক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে মিৰজাপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে ১০০টা জন ঔষধি কেন্দ্ৰ মুকলি কৰে।। তেওঁ মিৰজাপুৰ আৰু বাৰাণসী সংযোগী চুনাৰৰ বালুঘাটত গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন ৰাইজৰ বাবে উচ্চৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মিৰজাপুৰৰ যথেষ্টা সম্ভাৱনীয়তা আছে। প্ৰসংগক্ৰমে তেওঁৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰে��ৰ সৈতে মিৰজাপুৰত সৌৰ প্ৰকল্প উদ্বোধনৰ কথাও দোঁহাৰে। ভাষণ প্ৰসংগত তেওঁ যোৱা দুদিনত বিভিন্ন উন্নয়নমুলক প্ৰকল্প আৰু কামৰ উদ্বোধন অথবা কেতবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে বানসাগৰ প্ৰকল্পটোৰ বিষয়ে চাৰি দশকৰ পূৰ্বেই চিন্তা কৰা হৈছিল আৰু ১৯৭৮ চনত ইয়াৰ আধাৰশিলাও স্থাপন কৰা হৈছিল, কিন্তু প্ৰকল্পটোৰ কাম অতি লেহেমীয়া হৈছিল। তেওঁ কয় যে ২০১৪ চনৰ পাছত এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী সিঞ্চায় যোজনাৰ অধীনলৈ অনাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হয়। কৃষকসকলৰ কল্যানৰ বাবে লোৱা বিভিন্ন পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে খাৰিফ শস্যৰ এমএছপি বৃদ্ধি কৰাৰ বিষয়ে উল্লেখ কৰে। ইফালে, জন ঔষধি কেন্দ্ৰসমূহৰ জৰিয়তে দুখীয়া লোকসকলক সুলভ মূল্যত স্বাস্থ্য সেৱা আগবঢ়োৱা কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে স্বচ্ছ ভাৰত অভিযানেও ৰোগ নিয়ন্ত্ৰণত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। স্বাস্থ্য বীমা আঁচনি –আয়ুষ্মান ভাৰতৰ জৰিয়তে শীঘ্ৰে সকলোকে সামৰি ল’ব বুলি কয় প্ৰধানমন্ত্ৰী। তেওঁ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য কল্যানমুলক আঁচনিসমূহৰ সন্দৰ্ভতো ব্যাখ্যা কৰে।","PM in Mirzapur, dedicates Bansagar Canal Project to the Nation" +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AD-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A7%B0-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%A7%E0%A7%B0-%E0%A6%AB%E0%A6%BF%E0%A6%AB%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D/,https://www.pmindia.gov.in/en/news_updates/pm-meets-indian-team-that-participated-in-fifa-u-17-world-cup/,প্ৰধানমন্ত্ৰী শ্ৰী নৰন্দ্ৰ মোদীয়ে আজি অলপতে অনুষ্ঠিত ১৭ বছৰৰ অনুৰ্ধৰ ফিফা বিশ্বকাপত অংশ গ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে সাক্ষাৎ কৰে। বাৰ্তালাপৰ সময়ত খেলুৱৈসকলে ফিফা বিশ্বকাপৰ সময়ত খেলপথাৰৰ বাহিৰে-ভিতৰে তেওঁলোকে লাভ কৰা অভিজ্ঞতা তথা সুবিধাসমূহৰ কথা অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক খেলৰ ফলাফলক লৈ আশাহত নহ’বলৈ কয় আৰু এই অভিজ্ঞতাক এক শিকাৰ সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।তেওঁ কয় যে উৎসাহেৰে প্ৰতিযোগিতাত ভাগ লোৱাটোৱেই সফলতাৰ দিশে প্ৰথম খোজ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ফুটবলত ভাল ফল দেখুৱাব পাৰি।তেওঁ লগতে কয় যে ক্ৰীড়াই ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ ঘটোৱাৰ লগতে আত্মবিশ্বাস আৰু সামগ্ৰিক বিকাশতো অৰিহণা যোগায়। ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰী ৰাজ্যৱৰ্দ্ধন সিং ৰোথোড়ো উক্ত অনুষ্ঠানত উপস্থিত আ���িল।,PM meets Indian Team that participated in FIFA U-17 World Cup +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%B2%E0%A7%88-%E0%A7%B0%E0%A6%BE%E0%A6%93%E0%A6%A8%E0%A6%BE-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%82%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pms-statement-prior-to-his-departure-to-russia/,নিম্নোলিখিত বক্তব্য ৰাছিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰেছ বিবৃতিৰ লিখিত ৰূপ। “বন্ধুত্বসুলভ ৰাছিয়াবাসীক শুভেচ্ছা জনাইছো। কাইলৈ মই ছোচি ভ্ৰমণলৈ যাম আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকত মিলিত হ’ম। তেওঁৰ সৈতে হোৱা সাক্ষাতে মোক সদায় আনন্দ দিয়ে। ৰাষ্ট্রপতি পুটিনৰ সৈতে হ’বলগীয়া বৈঠকে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ গৌৰৱপূৰ্ণ ৰাজনৈতিক কৌশলগত সহযোগিতা আৰু অধিক শক্তিশালী কৰি তুলিব বুলি মোৰ বিশ্বাস।”,PM’s statement prior to his departure to Russia +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%9F%E0%A6%A6%E0%A6%BE%E0%A6%A4-%E0%A6%AE%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%B2-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A3-%E0%A6%95%E0%A6%BE%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pm-korean-president-inaugurate-mobile-manufacturing-facility-in-noida/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু কোৰিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মুন জেই-ইনে আজি নয়দাত ছেমছাং ইণ্ডিয়া ইলেক্ট্রনিক্স প্রাইভেট লিমিটেডৰ এক বৃহৎ ম’বাইল উৎপাদন কাৰখানা উদ্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতক বিশ্বৰ এক বিশেষ উৎপাদনৰ গন্তব্যস্থান ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ ভিতৰত এই কাৰখানাটোও অন্যতম। প্রায় ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলগীয়া এই ম’বাইল উৎপাদন প্রচেষ্টাই ভাৰতৰ সৈতে ছেমছাঙৰ বাণিজ্যিক সম্পর্কক শক্তিশালী কৰি তোলাৰ উপৰি দুয়ো দেশৰ বন্ধুত্বপূৰ্ণ সম্পর্কতো এক নতুন মাত্রা আনিব। প্রধানমন্ত্রীয়ে কয় যে সাধাৰণ লোকৰ জীৱনক আৰু অধিক সহজ কৰি তুলিবলৈ ডিজিটেল প্রযুক্তিয়ে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ বাবে সেৱা আগবঢ়োৱাৰ কামো অধিক স্বচ্ছ আৰু দ্রুত কৰি তোলা হৈছে। স্মার্ট ফোন, ব্রোডবেণ্ড আৰু ডাটা সংযোগৰ প্রসাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইবোৰে ভাৰতত ডিজিটেল বিপ্লৱৰ সাক্ষ্য বহন কৰিছে। এই প্রসংগত তেওঁ চৰকাৰী ই-বজাৰ (জিইএম), ডিজিটেল পদ্ধতিৰে লেনদেনৰ প্রসাৰ আৰু ‘ভীম’ এপ আৰু ‘ৰুপে’ কার্ড আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। ‘মেক ইন ইণ্ডিয়া’ আঁচনিয়ে কেৱল দেশৰ এক আর্থিক তথা অর্থনৈতিক নীতিগত উদ্যোগ বুলি ভৱাৰ লগতে ইয়াক দক্ষিণ কোৰিয়াৰ দৰে বন্ধু দেশসমূহৰ লগতে ভাৰতৰ সম্পর্কক উন্নত কৰি তোলাৰ এটি প্রচেষ্টা বুলি উল্লেখ কৰে প্রধানমন্ত্রীয়ে। নতুন ভাৰতৰ স্বচ্ছ বাণিজ্য সংস্কৃতিৰ স���যোগ গ্রহণৰ বাবে আগ্রহী দেশসমূহৰ বাবে ভাৰতে মুক্তভাৱে আমন্ত্রণ জনাই ৰাখিছে বুলি ঘোষণা কৰে শ্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয় যে ভাৰতৰ উন্নয়নশীল অর্থনীতি আৰু নতুনকৈ গঢ়ি উঠা মধ্যবিত্ত শ্রেণীৰ বিনিয়োগ সম্ভাৱনাক আৰু অধিক উজ্জ্বল কৰি তুলিছে। প্রধানমন্ত্রীয়ে ম’বাইল ফোন নির্মাণ আৰু উৎপাদনৰ ক্ষেত্রত আন্তঃৰাষ্ট্ৰীয় দিশৰ পৰা ভাৰতৰ স্থান এতিয়া দ্বিতীয় বুলি বর্ণনা কৰে। তেওঁ কয় যে মাত্র চাৰি বছৰৰ ব্যৱধানত ভাৰতত ম’বাইল ফোন উৎপাদন কাৰখানাৰ সংখ্যা ২ৰ পৰা ১২০টালৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত লাখ লাখ লোকৰ বাবে কর্মসংস্থাপনৰ সুযোগো সৃষ্টি হৈছে। প্রধানমন্ত্রীয়ে নতুন ম’বাইল উৎপাদন কাৰখানাটো স্থাপন হোৱাৰ ফলত কোৰিয়ান প্রযুক্তিৰ সৈতে ভাৰতীয় উৎপাদন তথা ছফ্‌টৱেৰ প্রযুক্তিৰ সমন্বয়ত দেশত বিশ্বমানৰ সামগ্ৰী উৎপাদন সম্ভৱ কৰি তুলিব বুলি বৰ্ণনা কৰে। ইয়াক তেওঁ দুয়ো দেশৰে মিলিত তথা শক্তিশালী দৃষ্টিভংগী বুলিও উল্লেখ কৰে।","PM, South Korean President, inaugurate mobile manufacturing facility in Noida" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%A6/,https://www.pmindia.gov.in/en/news_updates/anganwadi-workers-from-across-the-country-call-on-pm/,"প্রধানমন্ত্রীক আজি দেশৰ বিভিন্ন স্থানৰ শতাধিক অংগনৱাড়ী কর্মীৰ এটি দলে সাক্ষাৎ কৰি তেওঁলোকৰ মাহিলী পাৰিতোষিক বৃদ্ধিৰ সন্দৰ্ভত শেহতীয়াভাৱে কৰা ঘোষনাৰ বাবে তেওঁক ধন্যবাদ জনায়। অংগনৱাড়ী কর্মীসকলৰ অভিনন্দন গ্রহণ কৰি প্রধানমন্ত্রীয়ে তেওঁৰ সৈঙ্গে সাক্ষাৎ কৰাৰ বাবে দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা কর্মীসকলৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰে। প্রধানমন্ত্রীয়ে অংগনৱাড়ী কর্মীসকলৰ সৈতে কথা প্রসংগত শিশুৰ শাৰিৰীক আৰু মানসিক বিকাশত পুষ্টিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই ক্ষেত্রত অংগনৱাড়ী কর্মীসকলৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে। বর্তমান ৰূপায়ণ হৈ থকা ‘পুষ্টি মাহ’ৰ সন্দৰ্ভত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই প্রচাৰ আন্দোলনত যি গতি সঞ্চাৰিত হৈছে, সেয়া যেন স্তিমিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ। তেওঁ কয় যে পুষ্টিৰ বাবে প্রয়োজন ধাৰাবাহিক গুৰুত্ব আৰু সু-অভ্যাস গঢ়ি তোলা। এই কাম অংগনৱাড়ী কর্মীসকলে কৰিব পাৰে। যি পুষ্টিগত সহায় গ্রাহকসকলক দিয়া হৈছে, সেয়া যেন দক্ষতাৰে কামত লগোৱা হয়, তাক নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে অংগনৱাড়ী কর্মীসকলৰ পৰামর্শ আগবঢ়ায়। প্র���ানমন্ত্রীয়ে কয় যে শিশুসকলে অংগনৱাড়ী কর্মীসকলৰ কথা অধিক পৰিমাণে শুনে। সেয়েহে শিশুসকলৰ মাজত সজাগতা গঢ়ি তোলাৰ ক্ষেত্রত তেওঁলোকৰ গুৰুত্বপূর্ণ ভূমিকা আছে। অংগনৱাড়ী কেন্দ্রসমূহৰ মাজত সুস্থ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে তেওঁ উৎসাহ যোগোৱাৰ লগতে ভাল পুষ্টিগত সেৱা আৰু বিভিন্ন অংগনৱাড়ী কর্মীৰ মাজত এই ধৰণৰ প্রতিযোগিতাই অনুপ্রেৰণা যোগাব পাৰে বুলি প্রধানমন্ত্রীয়ে মত প্রকাশ কৰে। এই উপলক্ষে কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী শ্রীমতী মানেকা গান্ধীও উপস্থিত থাকে।",Anganwadi workers from across the country call on PM +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%95-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%95-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%A6/,https://www.pmindia.gov.in/en/news_updates/pm-greets-teaching-community-on-teachers-day-pays-tributes-to-former-president-dr-sarvepalli-radhakrishnan-on-his-jayanti/,"শিক্ষক দিৱস উপলক্ষে শিক্ষক সমূদায়ক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শিক্ষক দিৱসৰ এই বিশেষ মুহূৰ্তত শিক্ষক সমূদায়ক শুভেচ্ছা জনাইছো। তৰুণ প্ৰজন্মক এক আকৃতি প্ৰদান কৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা এগৰাকী বিশিষ্ট শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তীত তেওঁলৈ প্ৰণিপাত জনাইছো।”",PM greets teaching community on Teachers’ Day; pays tributes to Former President Dr. Sarvepalli Radhakrishnan on his Jayanti +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B%E0%A6%A4-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A7%AC%E0%A7%AF-%E0%A6%95/,https://www.pmindia.gov.in/en/news_updates/pm-congratulates-weightlifter-deepak-lather-on-clinching-a-bronze-in-the-mens-69-kg-category-at-commonwealth-games/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছত ভাৰত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক বিজয়ী দীপক লাথাৰক অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমাৰ ভাৰত্তোলকসকল সুন্দৰ স্থিতিত আছে! মোৰ যুৱবন্ধু দীপক লাথাৰে পুৰুষৰ ৬৯ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছে৷ এই যুৱ তাৰকাজনলৈ অভিনন্দন আৰু ভৱিষ্যতৰ সমূহ প্ৰয়াসৰ বাবে শুভকামনা জ্ঞাপন কৰিলো৷’’ দীপক লাথাৰে কমনৱেলথ গেমছত গ’ল্ড কষ্টত অনুষ্ঠিত পুৰুষৰ ৬৯ কেজিৰ ভাৰত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰি আটাইতকৈ কম বয়সীয়া ভাৰতীয় ভাৰত্তোলক হিচাপে প্ৰসিদ্ধ হ’ল৷",PM congratulates Weightlifter Deepak Lather on clinching a bronze in the men’s 69 kg category at Commonwealth Games +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A8/,https://www.pmindia.gov.in/en/news_updates/pm-greets-people-of-nagaland-on-statehood-day/,"নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডবাসীক শুভেচ্ছা জনাইছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰতিষ্ঠা দিৱস উপলক্ষে নাগালেণ্ডবাসীক মই শুভেচ্ছা জনাইছো। এইখন ৰাজ্য অপৰিসীম প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিশ্ৰমী নাগৰিকৰে সমৃদ্ধ। মই প্ৰাৰ্থনা জনাওঁ যে অনাগত সময়ত এই ৰাজ্যখনে উন্নয়নৰ নতুন শিখৰত উপনীত হওঁক।”",PM greets people of Nagaland on Statehood Day +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%BE/,https://www.pmindia.gov.in/en/news_updates/pms-remarks-at-the-closing-session-of-the-conference-of-governors/,"ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত ৰাজ্যপালসকলৰ সন্মিলনৰ সামৰণী অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য আগবঢ়ায়। সন্মিলনৰ সময়ত ৰাজ্যপালসকলে আগবঢ়োৱা বিভিন্ন পৰামৰ্শৱলীৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত আদৰ্শ, সম্পদ আৰু দক্ষতাৰ অভাৱ নাই, কিন্তু কিছুমান ৰাজ্য তথা অঞ্চলত প্ৰশাসনৰ দুৰ্বলতাহে বিদ্যমান। যিবোৰ ঠাইত ভাল প্ৰশাসন আছে, সেইবোৰত চৰকাৰী আঁচনিসমূহ সুন্দৰভাৱে কাৰ্যকৰী হোৱাৰ লগতে দুখীয়া লোকসকল উপকৃত হৈছে। মিচন ইন্দ্ৰধনূষ আঁচনিৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয় কয় যে ৰাজ্যপালসকলে চৰকাৰৰ প্ৰচেষ্টাসমূহ সফল কৰি তোলাত ফলপ্ৰসূ ভূমিকা পালন কৰিব পাৰে। ভাৰতৰ ঐক্য আৰু সংহতিৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালসকলক এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু একতাৰ বাবে দৌৰ শীৰ্ষক প্ৰচেষ্টাসমূহৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।",PM’s remarks at the closing session of the Conference of Governors +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BE%E0%A6%9F%E0%A6%A8%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A7%B0-%E0%A6%B6%E0%A6%A4%E0%A6%AC/,https://www.pmindia.gov.in/en/news_updates/pm-addresses-centenary-celebrations-of-patna-university/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনা বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়ায়। তেওঁ কয় যে পাটনা বিশ্ববিদ্যালয় ভ্ৰমণ কৰা আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল মাজত থাকিবলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ বিষয়। প্ৰধানমন্ত্ৰীয়ে কয় “বিহাৰৰ এই ভূমিক মই প্ৰণাম জনাইছোঁ। এই বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰা বহু শিক্ষাৰ্থীয়ে দেশৰ বাবে অপৰিসীম বৰঙণি আগবঢ়াইছে।” প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই কথা নিৰীক্ষণ কৰিছে সমগ্ৰ দেশতে অসামৰিক সেৱাৰ শীৰ্ষ পদত কৰ্মৰত অধিকাংশই পাটনা বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰা। প্ৰধানমন্ত্ৰীয়ে কয়, “দিল্লীত মই বহু কেইজন বিষয়াৰ সৈতে বাৰ্তালাপ কৰিছো, তাৰ অধিকাংশই বিহাৰৰ।” প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ উন্নতিৰ দিশত কৰা কাম প্ৰশংসনীয়। কেন্দ্ৰীয় চৰকাৰে পুব ভাৰতৰ উন্নয়নত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰ “জ্ঞান” আৰু “গংগা” দুয়োটাৰে আশীষধন্য। এয়াই বিহাৰৰ সুকীয়া বৈশিষ্ট্য। তেওঁ কয় যে গতানুগতিক শিক্ষাৰ বিপৰীতে আমাৰ বিশ্ববিদ্যালয়সমূহে উদ্ভাৱনশীল শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বায়নৰ এই যুগত আমি বিশ্বৰ পৰিৱৰ্তনশীলতা আৰু প্ৰতিযোগিতামুলক ভাৱধাৰাক বুজিব লাগিব। এই ক্ষেত্ৰত ভাৰতে বিশ্বত স্থান নিগাজী কৰিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক বৰ্তমান সময়ত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ নতুনত্ব সমাধানৰ পথ বিচাৰি উলিয়াবলৈ আহ্বান জনায়। তেওঁ কয় যে তেওঁলোকে যি শিকে, সেয়া ব্যৱহাৰ কৰাৰ বাবে আৰু ষ্টাৰ্ট-আপ খণ্ডৰ জৰিয়তে সমাজৰ বাবে শিক্ষাৰ্থীসকলে যথেষ্ট কাম কৰিব পাৰে। পাটনা বিশ্ববিদ্যালয় পৰা বিমান বন্দৰ অভিমুখে ৰাওনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী, বিহাৰৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে বিহাৰৰ যাদুঘৰ পৰিদৰ্শন কৰে, য’ত ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ কৰা আছে।",PM addresses Centenary Celebrations of Patna University +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-india-and-singapore-on-cooperation-in-the-field-of-personnel-management-and-public-administration/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কৰ্মচাৰী ব্যৱস্থাপনা আৰু জন প্ৰশাসনৰ ক্ষেত্ৰত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতাৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়। মুল বৈশিষ্ট্যসমূহঃ এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে প্ৰশাসনৰ বৰ্তমানৰ ব্যৱস্থা, বিশেষকৈ কৰ্মশক্তি, কৰ্মস্থলী আৰু চাকৰি, ৰাইজৰ সেৱা প্ৰদান, মানৱ সম্পদ ব্যৱস্থাপনা, ৰাজহুৱা খণ্ডৰ সংস্কাৰ, নেতৃত্ব/প্ৰতিভা উন্নয়ন আৰু ই-প্ৰশাসন/ডিজিটেল প্ৰশাসনৰ উন্নয়ন ঘটোৱা। লাভালাভ��� এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত জন প্ৰশাসন আৰু প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত সহযোগিতামুলক পৰিকাঠামো গঢ়ি তোলাত সহায় কৰিব। ইয়াৰ লক্ষ্য হৈছে জন প্ৰশাসন, সু-প্ৰশাসন আৰু জন সেৱা সংস্কাৰ, যাৰা দ্বাৰা ব্যাপক হাৰত ৰাইজৰ প্ৰতি দায়ৱদ্ধতা সুনিশ্চিত কৰাৰ লগতে উৎকৰ্ষ সাধান কৰা। তদুপৰি, ইয়াৰ দ্বাৰা অভিনৱ পদ্ধতি অৱলম্বন কৰাৰ লক্ষ্য লোৱা হৈছে, যাতে অনলাইনৰ মাধ্যমত জনতাক সেৱা প্ৰদানেৰে জন প্ৰশাসনত উৎকৰ্ষ সাধন কৰা।",Cabinet approves MoU between India and Singapore on Cooperation in the field of Personnel Management and Public Administration +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A6%B2%E0%A6%BF-%E0%A6%95-2/,https://www.pmindia.gov.in/en/news_updates/pm-inaugurates-the-ahmedabad-shopping-festival-2019/,"দেশত ব্যৱসায় কৰাৰ বাবে এক সুচল পৰিৱেশ সৃষ্টি কৰাৰ বাবে চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছে, এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত আয়োজন কৰা আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল ২০১৯ আনুষ্ঠানিকভাৱে মুকলি কৰে। সমগ্ৰ গুজৰাটৰ পদপথৰ পোহাৰীৰ পৰা আৰম্ভ কৰি শ্বপিং মললৈ, শিল্প-কলাৰ পৰা আৰম্ভ কৰি হোটেল-ৰেষ্টুৰেণ্ট সংযোগী ব্যৱসায়, সকলো আহিছে এই ফেষ্টিভেললৈ, উদ্দেশ্য একেটাই, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ উপস্থাপন, প্ৰদৰ্শন আৰু প্ৰসাৰ। ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হেতুকেই এই ফেষ্টিভেলে বিশেষ গুৰুত্ব বহন কৰিছে। এই সন্দৰ্ভতে আয়োজন কৰা এক ৰাজহুৱা সভাতো প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ ভূয়সী প্ৰসংশা কৰি তেওঁ কয়, “সাধাৰণতে এনেধৰণৰ বিশাল সন্মিলন আমি বিদেশতহে দেখিবলৈ পাওঁ। এতিয়া ভাইব্ৰেণ্ট গুজৰাটৰ লগতে আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল এইক্ষেত্ৰত প্ৰসংশনীয় পদক্ষেপ।” প্ৰধামন্ত্ৰীয়ে লগতে কয়, “দেশত ব্যৱসায় কৰাৰ এক সুচল পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰখনে অহৰহ চেষ্টা কৰি আহিছে। বিগত ৪ টা বৰ্ষত ভালেমান পুৰণি নিয়ম কানুন সালসলনি কৰা হৈছে আৰু কেবাশ নতুন নিয়ম-নীতিৰে পৰিৱেশ সহজসাধ্য কৰি তোলা হৈছে। এনেবোৰ প্ৰয়াসৰ ফলতেই দেশত ব্যৱসায় কৰাৰ সুচলতাৰ দিশেৰে আমি ১৪২ নং ৰেংকিংৰ পৰা উত্তৰণ ঘটাই বৰ্তমান ৭৭ ত উপনীত হৈছো।” প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে প্ৰক্ৰিয়াসমূহ সৰল কৰি তোলাৰ ক্ষেত্ৰত আমি ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছো। জিএছটি আৰু অন্যান্য ৰিটাৰ্ণৰ ভিত্তিত ক্ষুদ্ৰ উদ্যোগীসকলে যাতে বেংকৰ ঋণ লাভ কৰিব পাৰে তেনে এক পৰিৱেশ গঢ়ি তোলাৰ বাবে আমি কাম কৰি আছো। ইয়াৰ বাবে আমি ইতিমধ্যেই মাত্ৰ ৫৯ মিনিটতেই এক কোটি টকা পৰ্যন্ত ঋণ মোকলাইয়ো দিছো।” আজি এই অনুষ্ঠানৰ প্ৰাকক্ষণত, প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত অনুষ্ঠিত মহাত্মা মন্দিৰ প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল বাণিজ্য মেলাও মুকলি কৰে। ইয়াৰ লগতে, ১৮ জানুৱাৰীৰ পৰা অহা ২০ জানুৱাৰীলৈ গান্ধীনগৰতে আয়োজন কৰা হৈছে ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ ৯ম সংস্কৰণ। এই বিনিয়োগ সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ উদ্যোগসমূহৰ নেতৃবৃন্দই ভাগ ল’ব। এই ছামিটৰে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।",PM inaugurates the Ahmedabad Shopping Festival-2019 +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B8%E0%A7%82%E0%A6%9A%E0%A7%80%E0%A6%A4/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-the-constitution-scheduled-tribes-order-amendment-bill-2018-for-revision-in-list-of-scheduled-tribes-of-arunachal-pradesh/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অৰুণাচলপ্ৰদেশৰ অনুসূচীত জনজাতি তালিকাৰ সংশোধনৰ বাবে ‘সাংবিধানিক (অনুসূচীত জনজাতি) নিৰ্দেশ, ১৯৫০’ৰ সংশোধন কৰি ‘সাংবিধানিক(অনুসূচীত জনজাতি) নিৰ্দেশ (সংশোধন) বিধেয়ক, ২০১৮’ নামেৰে সংসদত উত্থাপনত অনুমোদন জনাইছে৷ বিধেয়কখনৰ সন্নিৱিষ্ট তালিকাৰ ক্ৰমিক নম্বৰ ১৬ত ‘আদি’ শব্দটোৰ সৈতে একে হোৱাৰ বাবে ক্ৰমিক নম্বৰ ১ত ‘আবৰ’ শব্দটি মচি দিয়া হ’ব; ক্ৰমিক নম্বৰ ৬ত থকা ‘খামতি’ শব্দৰ পৰিৱর্তে ‘তাই খামতি’ সন্নিৱিষ্ট কৰা হ’ব; ক্ৰমিক নম্বৰ ৮ত ‘মিচমি–কামান’ (মিজু মিচমি); ‘ইডু’ (মিচমি) আৰু ‘তাৰাওঁ’ (দিগাৰু মিচমি) অন্তর্ভুক্ত কৰা হ’ব; ক্ৰমিক নম্বৰ ৯ত ‘মোম্বা’ শব্দটিৰ পৰিৱর্তে ‘মনপা’, ‘মেম্বা’, ‘ছাৰতাং’, ‘সাজোলং’ (মিজি)সকলক অন্তর্ভুক্ত কৰা হ’ব; ক্ৰমিক নম্বৰ ১০ ত অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতিসকলৰ তালিকাত ‘যি কোনো নগা জনজাতি’ৰ পৰিৱর্তে ‘নকটে’, ‘তাংছা’, ‘টুটছা’, ‘ৱাংচো’ শব্দবোৰ সন্নিৱিষ্ট কৰা হ’ব৷ এই সংশোধনীৰ উদ্দেশ্য হৈছে অনুসূচীত জনজাতিৰ তালিকাত ‘আবৰ’ শব্দটোৰ একে জাতিগোষ্ঠীৰ নাম যাতে দুবাৰ নাথাকে তাক সুনিশ্চিত কৰা৷ তদুপৰি, ‘খামতি’ নামত কোনো জনগোষ্ঠী নাই। অন্যহাতে, ‘মিচমি’’ নামত কোনো জনগোষ্ঠী নাই, সেয়েহে ‘মিচমি–কামান’, ‘ইডু’ আৰু ‘তাৰাওঁ’সকলক অন্তর���ভুক্ত কৰা হৈছে৷ যি কোনো নগা জনজাতিৰ পৰিৱর্তে তেওঁলোকৰ নামসমূহ স্পষ্টকৈ উল্লেখ কৰাটো অতি প্ৰয়োজনীয়। এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত তালিকাভূক্ত জনগোষ্ঠীৰ সদস্যসকলে অনুসূচীত জনজাতিৰ বাবে নিৰ্ধাৰিত সকলো ধৰণৰ সুযোগ–সুবিধা যেনে–মেট্ৰিকৰ পাছৰ জলপানি, ৰাষ্ট্ৰীয় প্ৰবাসী জনপানি, ৰাষ্ট্ৰীয় ফেল’শ্বিপ, উচ্চ শিক্ষা, ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি বিত্ত আৰু উন্নয়ন নিগমৰ পৰা ৰেহাই হাৰত ঋণ, এছটি/এছচি ল’ৰা–ছোৱালীৰ বাবে হোষ্টেল ইত্যাদি লাভ কৰিব৷ তদুপৰি, চৰকাৰৰ নীতিৰ ভিত্তিত চৰকাৰী চাকৰি, শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত নিৰ্ধাৰিত সুবিধাও লাভ কৰিব৷","Cabinet approves ‘The Constitution (Scheduled Tribes) Order (Amendment) Bill, 2018’ for revision in list of Scheduled Tribes of Arunachal Pradesh" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B%E0%A6%A8%E0%A7%87%E0%A6%9A%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%86/,https://www.pmindia.gov.in/en/news_updates/dr-h-wiranto-indonesias-coordinating-minister-for-political-legal-and-security-affairs-calls-on-prime-minister/,"আজি ইণ্ডোনেচিয়াৰ ৰাজনৈতিক, আইনী আৰু সুৰক্ষা পৰিক্ৰমাৰ সহযোগিতাকাৰী মন্ত্ৰী ড০ এইচ ৱিৰান্টোৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জোকো ৱিডোডোৱে ২০১৬ চনৰ ডিচেম্বৰ মাহত কৰা ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে তেওঁ ৰাষ্ট্ৰপতি জোকো ৱিডোডোক এচিয়ান দেশসমূহৰ নেতাসকলৰ লগতে এচিয়ান-ইণ্ডিয়ান কমেমৰেটিভ চামিটত আৰু লগতে এই বছৰৰ গণতন্ত্ৰ দিৱসৰ মূখ্য অতিথি হিচাপে এই মাহৰ শেষৰফালে পুনৰ আদৰিবলৈ বাট চাই আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে সাগৰীয় চুবুৰীয়া হিচাপে ভাৰত আৰু ইণ্ডোনেচিয়াৰ মাজত নীলা অৰ্থনীতিৰ উন্নয়নৰ দিশত তথা সাগৰীয় সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ বহুত সম্ভাৱনীয়তা আছে।এই প্ৰসঙ্গত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইণ্ডোনেচিয়াৰ মাজত প্ৰথমখন সুৰক্ষা বিষয়ক সভা আহ্বান কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।","Dr. H. Wiranto, Indonesia’s Coordinating Minister for Political, Legal and Security Affairs, calls on Prime Minister" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%87%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%A4%E0%A7%87%E0%A6%B2/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-india-and-israel-on-cooperation-in-the-oil-and-gas-sector/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ইজৰাইলৰ মাজত তেল আৰু গেছ খণ্ডত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনায়। এই বুজাবুজি চুক্তি শক্তি খণ্ডত ভাৰত আৰু ইজৰাইলৰ মাজৰ সম্পৰ্কৰ চালিকা শক্তি হ’ব বুলি আশা কৰা হৈছে। এই চুক্তিখনৰ ��ধীনত দুয়োখন দেশে ইখনে-সিখনত বিনিয়োগ কৰা, প্ৰযুক্তি হস্তান্তৰ কৰা, গৱেষণা আৰু উন্নয়ন, যুটীয়া অধ্যয়নৰ ব্যৱস্থা কৰা, মানৱ সম্পদৰ দক্ষতা বৃদ্ধি আৰু ষ্টাৰ্ট-আপৰ ক্ষেত্ৰত সহযোগিতা প্ৰসাৰৰ সুবিধা প্ৰদান কৰিব।",Cabinet approves MoU between India and Israel on Cooperation in the Oil and Gas Sector +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%A4-%E0%A6%94%E0%A6%B7%E0%A6%A7-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B9%E0%A7%8B%E0%A6%AE%E0%A6%BF%E0%A6%85/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-india-and-sao-tome-and-principe-for-cooperation-in-the-field-of-traditional-systems-of-medicine-and-homoeopathy/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ছাও টোমি আৰু প্ৰিন্সিপেৰ মাজত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়। ২০১৮ৰ মাৰ্চ মাহত এই চুক্তি স্বাক্ষৰ কৰা হয়। প্ৰধান প্ৰভাৱঃ এই বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ মাজত পৰম্পৰাগত পদ্ধতিৰ ঔষধৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিত সহায় কৰিব। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মিলিত সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বক অধিক বিবেচনা কৰা হ’ব। কাৰ্যকৰীকৰণৰ কৌশল আৰু লক্ষ্যসমূহঃ দুয়ো পক্ষই স্বাক্ষৰিত বুজাবুজি চুক্তিৰ প্ৰতিলিপি লাভ কৰাৰ পাছত হে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হ’ব। দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তিত উল্লেখ কৰা দিশৰ ভিত্তিতহে প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব আৰু এইখন কাৰ্যকৰী হৈ থকালৈকেহে ইয়াৰ কাম-কাজো অব্যাবহত থাকিব। পটভূমিঃ ঔষধি উদ্ভিদকে ধৰি উন্নতমানৰ পৰম্পৰাগত ঔষধৰ পদ্ধতিৰে পৰিপুষ্ট ভাৰত, যাৰ বৈশ্বিক স্বাস্থ্যখণ্ডত এক অপৰিসীম সক্ষমতা বহন কৰিছে। ভাৰতৰ আয়ুষ মন্ত্ৰালয়ে পৰম্পৰাগত ঔষধৰ পদ্ধিত যেনে-আয়ুৰ্বেদ, যোগ আৰু নেচাৰ’থেৰাপি, উনানি, সিদ্ধ, ছোৱা ৰিগপা আৰু হোমিঅ’পেথিক ব্যৱস্থাক বৈশ্বিক পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে কেতবোৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি মালয়েছিয়া, ত্ৰিনিদাদ আৰু ট’বেগ’, হাংগেৰী, বাংলাদেশ, নেপাল, মৰিচাচ, মংগোলিয়া, ইৰাণৰ সৈতে বুজাবুজু চুক্তি স্বাক্ষৰ কৰিছে। শ্ৰীলংকাৰ সৈতে চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।",Cabinet approves MoU between India and Sao Tome and Principe for Cooperation in the field of Traditional Systems of Medicine and Homoeopathy +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A6%A7%E0%A7%B0-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%A4/,https://www.pmindia.gov.in/en/news_updates/pm-condoles-the-passing-away-of-versatile-actor-shashi-kapoor/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহুমুখী প্ৰতিভাধৰ অভিনেতা শশী কাপুৰৰ ���ৃত্যুত শোক প্ৰকাশ কৰিছে। “তেওঁ অভিনয় কৰা চলচিত্ৰ আৰু নাটকসমূহত শশী কাপুৰৰ বহুমুখী প্ৰতিভাৰ উমান পোৱা যায়। তেখেতৰ উচ্চমানৰ অভিনয়ক অনাগত কেইবাটাও প্ৰজন্মই মনত ৰাখিব। তেখেতৰ মৃত্যুত মই অতি দুঃখিত। তেখেতৰ পৰিয়াল আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।",PM condoles the passing away of versatile actor Shashi Kapoor +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%95/,https://www.pmindia.gov.in/en/news_updates/ips-officer-trainees-of-2016-batch-call-on-pm/,"২০১৬ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ ১১০ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নীতি প্ৰণয়ন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মানৱীয় দৃষ্টিভংগীৰ দৰে বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্বাধীনতা আন্দোলনৰ পৰা বৰ্তমানলৈকে কৰ্তব্য পালনৰ নামত প্ৰাণ আহুতি দিয়া ৩৩,০০০তকৈ অধিক নিৰাপত্তাৰক্ষীৰ ত্যাগক প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে। মত বিনিময় অনুষ্ঠানত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভালো উপস্থিত থাকে।",IPS Officer Trainees of 2016 batch call on PM +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7/,https://www.pmindia.gov.in/en/news_updates/pm-addresses-civil-servants-on-the-occasion-of-civil-services-day/,"অসামৰিক সেৱা দিৱস উপলক্ষে অসমাৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। তেওঁ কয় যে প্ৰশংসা, মুল্যায়ন আৰু অন্তৰ্দৰ্শন কৰাৰ বাবেই এনে দিৱস পালন কৰা হয়। অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান কৰি বঁটা বিজয়ীসকলক প্ৰণোদিত আৰু অভিনন্দন জনোৱা হয় বুলি তেওঁ বৰ্ণনা কৰে। তেওঁ কয় যে এনে বঁটাসমূহে চৰকাৰৰ অগ্ৰাধিকাৰকে সূচায়। তেওঁ কয় যে অগ্ৰাধিকাৰমুলক আঁচনি যেনে-প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, দীনদয়াল উপাধ্যায় কৌশল যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ডিজিটেল পেমেণ্টৰ বাবে যিসকলক বঁটা প্ৰদান কৰা হৈছে, সেয়া নিউ ইণ্ডিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে আজি প্ৰধানমন্ত্ৰীৰ বঁটা আৰু ৰূপান্তৰশীল জিলাসমূহৰ প্ৰচেষ্টাসমূহক লৈ দুখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে। ৰূপান্তৰশীল জিলাসমূহৰ বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ১১৫খন জিলা, সংশ্লিষ্ট জিলাসমূহৰ বিকাশৰ ইঞ্জিন হ’ব পাৰে। তেওঁ উন্নয়নৰ ক্���েত্ৰত জনতাৰ অংশগ্ৰহনৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে ২০২২ চনত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব আৰু ই আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পুৰণৰ দিশে কাম কৰাৰ এক প্ৰেৰণাও হ’ব পাৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ হকে মহাকাশ প্ৰযুক্তিকে ধৰি সকলো ধৰণৰ প্ৰযুক্তি ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অসামৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকলে বিশ্বৰ উন্নত প্ৰযুক্তিসমূহৰ সৈতে সংস্পৰ্শ ৰখাটো উচিত। তেওঁ কয় যে মানুহ হিচাপে অসামৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকল অপৰিসীম ক্ষমতাৰ অধিকাৰী আৰু এই সক্ষমতাৰ ধাৰাবাহিকতা অব্যাহত থকাটো ৰাষ্ট্ৰখনৰ বাবে লাভজনক দিশ।",PM addresses Civil Servants on the occasion of Civil Services Day +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%8B%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/list-of-mousagreements-signed-during-the-state-visit-of-prime-minister-of-the-kingdom-of-cambodia-to-india/,"ক্ৰমিক নং বুজাবুজিৰ চূক্তি আৰু ইয়াৰ উদ্দেশ্যসমূহ ভাৰত আৰু কম্বোদিয়াৰ হৈ স্বাক্ষৰ কৰা ব্যক্তিৰ নাম ১ ২০১৮-২২ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময়ৰ চূক্তি। ইয়াৰ জৰিয়তে ভাৰত আৰু কম্বোদিয়াৰ মাজত বন্ধুত্ব শক্তিশালী হ’ব ভাৰতীয় পক্ষঃ ড০ মহেশ শৰ্মা, ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী (স্বাধীন) কম্বোদিয়াৰ পক্ষঃ শ্ৰী ফয়েৰুং চাকোনা, সংস্কৃতি আৰু ললিত কলা বিষয়ৰ মন্ত্ৰী, কম্বোদিয়া ২ ভাৰতীয় এক্সিম বেংক আৰু কম্বোদিয়াৰ চৰকাৰৰ মাজত ৩৬.৯২ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ ষ্টুং স্বা হাৱ জলসম্পদ প্ৰকল্পৰ পূঁজিৰ বাবে লাইন অৱ ক্ৰেডিট এগ্ৰিমেন্ট ভাৰতীয় পক্ষঃ শ্ৰীমতী প্ৰীতি চাৰণ (পূৱ), সচিৱ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় কম্বোদিয়াৰ পক্ষঃ শ্ৰী ফান ফাল্লা, আন্ডাৰ ছেক্ৰেটেৰী অৱ ষ্টেট, অৰ্থনীতি আৰু বাণিজ্য মন্ত্ৰালয়, কম্বোদিয়া ৩ দুয়োখন দেশৰ অপৰাধ নিৰ্মূলৰ বাবে অপৰাধৰ ক্ষেত্ৰত পাৰস্পৰিক আইনী সহযোগিতা চূক্তি ভাৰতীয় পক্ষঃ শ্ৰীমতী প্ৰীতি চাৰণ (পূৱ), সচিৱ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় কম্বোদিয়াৰ পক্ষঃ শ্ৰী চিয়েং লাপ্ৰেছ, ভাৰপ্ৰাপ্ত উপদেষ্টা, বহুদেশিক অপৰাধ, আভ্যন্তৰীণ মন্ত্ৰালয়, কম্বোদিয়া ৪ মানৱ সৰবৰাহ ৰোধ কৰাৰ বাবে বুজাবুজিৰ চূক্তি। এই ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে। ভাৰতীয় পক্ষঃ শ্ৰীমতী প্ৰীতি চাৰণ (পূৱ), সচিৱ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় কম্বোদিয়াৰ পক্ষঃ শ্ৰীমতী চাও বুন ইং, ৰাজ্যিক সচিৱ, আভ্যন্তৰীণ মন্ত্ৰালয় (মানৱ সৰবৰাহ), কম্বোদিয়া",List of MoUs/Agreements signed during the State Visit of Prime Minister of the Kingdom of Cambodia to India +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A6%BE-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%A8%E0%A6%BF%E0%A6%A7%E0%A6%BF%E0%A6%AC/,https://www.pmindia.gov.in/en/news_updates/pm-interacts-with-mission-gange-delegation/,"গঙ্গা নদীৰ স্বচ্ছতাৰ বাবে সজাগতে সৃষ্টি কৰিবলৈ আগবাঢ়ি ৪০ অহা জন অভিজ্ঞ পৰ্বতাৰোহীৰ এটা উদ্যমী দলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এভাৰেষ্ট শৃঙ্গ জয় কৰা প্ৰথম ভাৰতীয় মহিলা শ্ৰীমতী বাচেন্দ্ৰী পালৰ নেতৃত্বাধীন এই দলত সফলতাৰে এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰা ৮ জন সদস্য আছে। কেন্দ্ৰীয় চৰকাৰৰ ‘নমামী গঙ্গা’ৰ প্ৰচাৰৰ দ্বাৰা উৎসাহিত হৈ আৰম্ভ কৰা এই সজাগতা যাত্ৰাৰ নাম ‘গঙ্গা আভিযান’ ৰখা হৈছে। মাহযোৰাকৈ চলিবলগীয়া এই নৌকাযাত্ৰাত দলটোৱে এই নদীয়েদি হৰিদ্বাৰৰ পৰা বিজনোৰ, নৰোৰা, ফাৰুখাবাদ, কানপুৰ, এলাহবাদ, বাৰানসী আৰু বুখাৰ হৈ পাটনালৈকে যাত্ৰা কৰিব।এই নখন চহৰত দলটোৱে কিছুমান কৰ্ম-আঁচনি ৰূপায়ণৰ যোগেদি গঙ্গা নদীৰ স্বচ্ছতাৰ বিষয়ে সজাগতে সৃষ্টি কৰিবলৈ যত্ন কৰিব। দলটোৰ লগত মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ পদক্ষেপক প্ৰশংসা কৰে।গঙ্গা নদীৰ স্বচ্ছতাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও তেওঁ দোহাৰে। তেওঁ দলটোক তেওঁলোকে ভ্ৰমণ কৰিবলগীয়া আটাইকেইখন চহৰৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক সজাগতা সম্পৰ্কীয় কাম-কাজবোৰৰ লগত জড়িত কৰিবলৈ বিশেষভেৱে আহ্বান জনায়।",PM interacts with Mission Gange delegation +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%BE-%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%B2%E0%A6%BF/,https://www.pmindia.gov.in/en/news_updates/pm-condoles-loss-of-lives-due-to-accident-on-the-bandra-worli-sea-link-mumbai/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, “মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি অতিশয় দুঃখিত হৈছো। শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিলো। মই আশা কৰো যে যিসকল আহত হৈছে, তেওঁলোক যাতে সোনকালে আৰোগ্য হয়।","PM condoles loss of lives due to accident on the Bandra-Worli Sea Link, Mumbai" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A6%B9%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%AC/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-memorandum-of-cooperation-between-india-and-finland-on-environmental-cooperation/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পাৰিপাৰ্শ্বিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত আৰু ফিনলেণ্ডৰ মাজত প্ৰস্তাৱিত সহযোগিতা চুক্তিত অনুমোদন জনায়। এই চুক্তিৰ ফলত পৰিৱেশৰ সুৰক্ষা তথা প্রাকৃতিক সম্পদৰ সঠিক পৰিচালনাৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্রত দুয়োখন দেশৰ মাজত আৰু অধিক ঘনিষ্ঠ আৰু দীর্ঘম্যদী সহযোগিতা গঢ়ি উঠিব। পৰিৱেশ সংক্রান্তীয় সংশ্লিষ্ট আইনসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই সহযোগিতা গঢ়ি তোলা হ’ব। এই চুক্তি স্বাক্ষৰ কৰাৰ ফলত পৰিৱেশৰ সুৰক্ষা, সংৰক্ষণ, জলবায়ু পৰিৱর্তন আৰু বন্যপ্রাণীৰ সুৰক্ষা তথা সংৰক্ষণৰ ক্ষেত্রত অত্যাধূনিক প্রযুক্তি আৰু উন্নত পদ্ধতি লাভ কৰাটো সম্ভৱ হ’ব। এই চুক্তিয়ে সামৰি লোৱা সহযোগিতামূলক বিষয়বোৰৰ ভিতৰত–জল আৰু বায়ু প্ৰদূষণ প্রতিৰোধ আৰু প্ৰদূষণমুক্ত কৰা, আৱৰ্জনা ব্যৱস্থাপনাৰ সমান্তৰালভাৱে বিপজ্জনক পেলনীয়া সামগ্ৰী আৰু অন্যান্য পেলনীয়া সামগ্ৰীৰ পৰা শক্তি উৎপাদন প্রযুক্তি হস্তান্তৰ কৰাৰ উপৰি কার্বন নির্গমন হ্ৰাস কৰাৰ পদ্ধতি তথা প্রাকৃতিক সম্পদৰ সুস্থ পৰিচালনাৰ ক্ষেত্রতো সহযোগিতা গঢ়ি তোলাৰ কথা কোৱা হৈছে। এই চুক্তিত জলবায়ু পৰিৱর্তন; পৰিৱেশ আৰু অৰণ্য অঞ্চলৰ ওপৰত নিৰীক্ষণ তথা তথ্য ব্যৱস্থাপনা; সামুদ্রিক আৰু উপকূলৱর্তী অঞ্চলৰ সম্পদৰ সংৰক্ষণ; মহাসাগৰ আৰু সাগৰত গঢ়ি উঠা দ্বীপপুঞ্জৰ সুসংহত জল পৰিচালনা আৰু উভয় দেশৰ সহমতৰ ভিত্তিত স্থিৰ হোৱা বিষয়সমূহেও গুৰুত্ব লাভ কৰিব। উল্লেখ্য যে সমগ্ৰ বিশ্বই বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা সীমাহীন সমস্যাৰ সন্মুখীন হৈছে। এক ব্যাপক উপকূলৱৰ্তী তথা চহকী জৈৱ-বৈচিত্ৰৰে সমৃদ্ধ ভাৰত এক উদ্ভাসিত অৰ্থনীতিৰ দেশ। ইফালে, বায়ু আৰু জলপ্ৰদূষণৰ লগতে বন্যপ্ৰাণী সুৰক্ষা হৈছে ফিনলেণ্ডৰ মুখ্য সমস্যা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন দেশে অত্যাধূনিক প্ৰযুক্তি আৰু উন্নত পদ্ধতিৰে এইবোৰৰ মোকাবিলা কৰিবলৈ যুটীয়া পদক্ষেপ হাতত লৈছে।",Cabinet approves Memorandum of Cooperation between India and Finland on Environmental Cooperation +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%87%E0%A6%9F%E0%A6%BF-%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A6-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE/,https://www.pmindia.gov.in/en/news_updates/pm-greets-people-on-cheti-chand/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেটি চান্দ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পবিত্ৰ চ��টি চান্দ উপলক্ষে সিন্ধি সম্প্ৰদায়লৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। ভগবান ঝুলেলালে যেন আমাৰ সকলোকে আৰ্শীৰ্বাদ প্ৰদান কৰে আৰু অনাগত বৰ্ষটো আনন্দময় হৈ পৰে, তাকে কামনা কৰিলোঁ।”",PM greets people on Cheti Chand +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9B-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2/,https://www.pmindia.gov.in/en/news_updates/pm-greets-media-persons-on-national-press-day/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদকৰ্মীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদ মাধ্যমৰ সকলো বন্ধুবৰ্গলৈ মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ সংবাদ মাধ্যমৰ কঠোৰ পৰিশ্ৰমক, বিশেষকৈ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় আৰু বিশ্বৰ বিভিন্ন বা-বাতৰি সংগ্ৰহৰ বাবে সংবাদদাতা আৰু কেমেৰাপাৰ্ছনসকলে কৰা নেৰানেপেৰা পৰিশ্ৰমক মই প্ৰশংসা কৰিছো। বাকৰূদ্ধসকলৰ হৈ মাত মতাৰ ক্ষেত্ৰত সংবাদমাধ্যমে গ্ৰহণ কৰা ভূমিকাৰ শলাগ ল’বলগীয়া। বিগত তিনি বছৰত ‘স্বচ্চ ভাৰত অভিযান’ক সংবাদমাধ্যমে এক শক্তিশালী ৰূপ দিয়াৰ লগতে স্বচ্চতাৰ বাৰ্তা অতি ফলপ্ৰসূভাৱে সকলোৰে মাজত প্ৰচাৰ কৰি আহিছে। আজি কালি আমি দেখিছো যে বৰ্তমান ম’বাইলৰ জৰিয়তে ছ’চিয়েল মিডিয়াৰ উত্থান আৰু বিভিন্ন বা-বাতৰি পৰিৱেশন হয়। মই নিশ্চিত যে এই সুবিধাবোৰে সংবাদমাধ্যমক উপকৃত কৰিব আৰু সংবাদমাধ্যম অধিক গণতান্ত্ৰিক আৰু সহযোগিতামূলক হ’ব। এক মুক্ত সংবাদমাধ্যম এখন গতিশীল গণতন্ত্ৰৰ আধাৰশিলা। সকলো সংবাদ আৰু মতপ্ৰকাশৰ পূৰ্ণ স্বাধীনতা প্ৰদানৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিৱদ্ধ। আমাৰ সংবাদ মাধ্যমে ১২৫ কোটি ভাৰতীয়ৰ দক্ষতা, শক্তি আৰু সৃষ্টিশীলতাক যিমান পাৰি সিমান প্ৰদৰ্শন কৰক তাৰে কামনা কৰিলো।",PM greets media persons on National Press Day +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%80%E0%A6%A8%E0%A7%B0-%E0%A6%9D%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A6%A8%E0%A6%A4-%E0%A6%86%E0%A7%9F%E0%A7%8B%E0%A6%9C%E0%A6%BF%E0%A6%A4-%E0%A6%A8%E0%A7%B1%E0%A6%AE/,https://www.pmindia.gov.in/en/news_updates/pms-intervention-at-the-plenary-session-of-9th-brics-summit-xiamen-china/,"মাননীয় ৰাষ্ট্ৰপতি জি জিনপিং, ৰাষ্ট্ৰপতি জেকব জুমা, ৰাষ্ট্ৰপতি মাইকেল টেমাৰ, ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, আৰম্ভণিতেই এই নৱম ব্ৰিকচ সন্মিলনৰ পূৰ্ণাঙ্গ অধিৱেশনৰ এনে এক অনন্য আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি ঝিনপিংক পুনৰ এবাৰ ধন্যবাদ জনাবলৈ বিচাৰিছো৷ সন্মিলনৰ সীমিত অধ্যায়ত আমাৰ মাজত যি আলোচনা তথা মত-বিনিময় হৈছে, সেয়া অত্যন্তই গঠনমূলক আছিল। এই আলোচনাই আমাৰ পাৰস্পৰিক ��ুজাবুজি আৰু সৌহাৰ্দ্যক আৰু অধিক সমৃদ্ধ কৰি তুলিছে৷ প্ৰতিষ্ঠা হোৱাৰ এটা দশকৰো অধিক কালৰ পিছত এতিয়া ব্ৰিকচে সহযোগিতাৰ এক শক্তিশালী পৰিকাঠামো গঠন কৰি উলিয়াইছে৷ ক্ৰমাৎ অনিশ্চয়তাৰ দিশে ধাৱমান বর্তমান বিশ্বৰ উন্নয়ন আৰু স্থবিৰতাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ অৱদান আগবঢ়াবলৈ আমি সৰ্বতোপ্ৰকাৰৰ প্রচেষ্টা অব্যাহত ৰাখিছো৷ আমাৰ এই সহযোগিতাৰ মূলতে হৈছে বাণিজ্য আৰু অর্থনীতি। কিন্তু আমাৰ সন্মিলিত উদ্যোগ আৰু প্রচেষ্টাই প্রযুক্তি, ঐতিহ্য, কৃষি, সংস্কৃতি, পৰিবেশ, বিদ্যুৎ শক্তি, ক্রীড়া আৰু প্রযুক্তিচালিত বিভিন্ন ক্ষেত্রৰ নানা দিশক প্ৰভাৱিত কৰিব পৰাকৈ স্পর্শ কৰি গৈছে। ব্ৰিকচ দেশসমূহত আন্তঃগাঁথনি আৰু দীৰ্ঘম্যাদী উন্নয়ণৰ বাবে বিভিন্ন উৎসক সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যেৰে ইতিমধ্যেই নিউ ডেভেলপমেন্ট বেংকে ঋণদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ইয়াৰ সমান্তৰালকৈ আমাৰ কেন্দ্ৰীয় বেংকসমূহেও আপদকালীন ধন মজুতকৰণ ব্যৱস্থাটোক সক্ৰিয় কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ এইসমূহ হৈছে প্ৰগতিৰ একো একোটা মাইলৰ খুঁটি, যাক সাৰথি কৰি আমি আমাৰ ভৱিষ্যৎটো শক্তিশালী কৰি গঢ়ি তুলিব পাৰিম৷ ভৱিষ্যৎৰ প্ৰতি লক্ষ্য ৰাখি, আমাৰ এই যাত্ৰাৰ মূল লক্ষ্য হ’ব লাগিব আমাৰ জনসাধাৰণ৷ মই আজি ইয়াত উল্লেখ কৰিবলৈ পাই নথৈ আনন্দিত হৈছো যে চীনে বিগত বৰ্ষৰ পৰাই ব্ৰিকচৰ সদস্য ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত বিনিময় ভ্ৰমণসূচীৰ কাৰ্যসূচী আৰম্ভ কৰিছে৷ তেনে আন্তঃসংযোগী কাৰ্যসূচীয়ে আমাৰ সদস্য ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাক অধিক গাঢ় কৰি তুলিব৷ মাননীয় নেতৃবৃন্দ, ৰূপান্তৰৰ লক্ষ্যৰে ভাৰতে হাতত লোৱা সুদূৰপ্রসাৰী উদ্যোগ আৰু প্রচেষ্টা সমগ্ৰ দেশবাসীৰ বাবেই এক গৌৰৱৰ বিষয়। দৰিদ্রতা নির্মূলকৰণ, স্বাস্থ্য আৰু স্বাস্থ্য ব্যৱস্থাৰ বিকাশ তথা প্ৰসাৰ, দক্ষতা বৃদ্ধি, খাদ্য নিৰাপত্তা, লিঙ্গবৈষম্য আঁতৰ কৰা, বিদ্যুৎ শক্তিৰ বিকাশ, শিক্ষাৰ প্রসাৰ আৰু উদ্ভাৱনীয় প্রচেষ্টা, এই আটাইবোৰ ক্ষেত্রতেই আমি এক নির্দিষ্ট লক্ষ্যৰ প্ৰতি ধাবিত হৈছো৷ গঙ্গা পৰিস্কাৰকৰণ, পুনর্নবীকৰণযোগ্য শক্তি, ডিজিটেল ভাৰত, স্মার্ট চিটি, সকলোৰে বাবে বাসস্থান আৰু দক্ষ ভাৰতৰ দৰে ৰাষ্ট্ৰীয় কাৰ্যসূচীসমূহ, প্ৰদূষণমুক্ত, সেউজকৰণ আৰু সৰ্বাঙ্গীন উন্নয়ন নিশ্চিত কৰাৰ ভেটিত প্ৰতিষ্ঠিত হৈছে৷ ইয়াৰ ভিতৰত সামৰি লোৱা হৈছে আমাৰ দ��শৰ ৮০০ মিলিয়ন যুৱশক্তিৰ উদ্ভাৱনীয় শক্তিকো৷ আমাৰ মহিলা সবলীকৰণ কাৰ্যসূচীসমূহ হৈছে উৎপাদনশীলতাক উদ্বুদ্ধ কৰা একো একোটা শক্তিশালী কাৰক, যিয়ে দেশৰ মহিলাসকলক দেশৰ ভেটি সবল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত ধনাত্মক ভঙ্গীমাৰে প্ৰয়োগ কৰিছে৷ আমি ইয়াৰ উপৰিও ক’লা ধন আৰু দুৰ্নীতিৰ বিৰুদ্ধেও ধাৰাবাহিকভাৱে যুঁজ দি আহিছো৷ সংশ্লিষ্ট দেশসমূহৰ জাতীয় অভিজ্ঞতাৰ ভিত্তিত ব্রিক্‌চ সদস্য ৰাষ্ট্রসমূহে নিজৰ মাজতে এক গভীৰ সহযোগিতাৰ বাতাবৰণ গঢ়ি তুলিব পাৰে যাতে ইয়াৰ পৰা আটাইকেইখন দেশেই লাভৱান হ’ব পাৰে। পাৰস্পৰিক সহযোগিতাৰ বিকাশৰ বাবে বিভিন্ন বিষয়ত আমি ইতিমধ্যেই চিন্তাচৰ্চা কৰিছো। প্রথমতে, আমাৰ বিগত বছৰৰ আলোচ্য সূচীতেই এটা ব্রিক্‌চ ৰেটিং এজেন্সি গঢ়ি তোলাৰ বাবে সন্মিলিত প্রচেষ্টাৰ ওপৰত আমি জোৰ দিছো। এনে এটা এজেন্সিৰ ৰূপায়নসাধ্যতাৰ ওপৰত এক বিশেষজ্ঞ কমিটিয়ে অধ্যয়ণ কৰি আছে। এনে এজেন্সি গঢ়ি তোলাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতৰ কৰাৰ বাবে আমি এতিয়া সংশ্লিষ্টপক্ষৰ ওচৰত আবেদন জনাম৷ দ্বিতীয়তে, আমাৰ কেন্দ্রীয় বেংকসমূহে তেওঁলোকৰ সামৰ্থ্য আৰু দক্ষতা বৃদ্ধিৰ সমান্তৰালভাৱে, আপদকালীন ধন মজুত ব্যৱস্থা আৰু আন্তৰাষ্ট্ৰীয় বিত্ত সংস্থাৰ মাজৰ পাৰস্পৰিক সহযোগিতা প্ৰসাৰৰ চেষ্টা চলাব লাগিব৷ তৃতীয়তে, আমাৰ দেশৰ উন্নয়ণৰ বাবে সুলভ, নির্ভৰযোগ্য আৰু পর্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান আৰু ইয়াৰ ব্যৱহাৰ নিতান্তই জৰুৰী। জলবায়ু অনুকূল কৰি তোলাৰ বাবে সুলভ সম্পদসমূহ আমি যথাযথভাৱে ব্যৱহাৰ কৰিব লাগিব৷ পুনর্নবীকৰণযোগ্য বিদ্যুৎৰ ব্যৱহাৰ বিভিন্ন ক্ষেত্রত খুবেই গুৰুত্বপূর্ণ। এই বিষয়টোৰ ক্ষেত্ৰত ফ্রান্সৰ সৈতে ভাৰতে ইতিমধ্যেই বিগত ২০১৫, নৱেম্বৰত সন্মিলিতভাৱে আন্তর্জাতিক সৌৰ চুক্তি (IS-য়েও। এই প্রতিষ্ঠানটোৰ পৰা আমি বিশুদ্ধ বিদ্যুৎ উৎপাদনৰ বাবে পুঁজি যোগানৰ ক্ষেত্ৰত আৰু অধিক আশা কৰিব পাৰো৷ চতুর্থতে, আমাৰ এই আটাইকেইখন দেশৰ মাজতে আছে যুৱশক্তিৰ প্রাচুৰ্য্য। আমাৰ যৌথ উদ্যোগসমূহৰ ক্ষেত্রত এই যুৱ সমাজক সাম্ভাৱ্য সকলোধৰণে আমি কামে-কাজে লগাব পাৰো। দক্ষতা বিকাশ আৰু শ্রেষ্ঠ পদ্ধতি বিনিময় কর্মসূচীৰ ক্ষেত্রত সহযোগিতা বৃদ্ধি এক মূল্যৱান কাৰক হৈ উঠিব পাৰে৷ পঞ্চমতে, বিগত বৰ্ষত অনুষ্ঠিত হোৱা গোৱা শীর্ষ সন্মিলনত স্মার্ট চিটি, নগৰায়ণ আৰু বিপদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আমাৰ চহৰবোৰৰ মাজত সহযোগিতা প্রসাৰৰ লক্ষ্যৰে চিন্তাচৰ্চা তথা বাৰ্তালাপ কৰিছিলো৷ এইক্ষেত্ৰত আমি অধিক ক্ষীপ্ৰ হোৱাৰ প্ৰয়োজনীয়তা আছে৷ ষষ্ঠতে, পৰৱৰ্তী প্ৰজন্মৰ বৈশ্বিক বিকাশ আৰু ৰূপান্তৰৰ ভেটি হৈছে প্ৰযুক্তি আৰু উদ্ভাৱনীয়তা৷ আমি দেখিছো যে প্ৰযুক্তি আৰু ডিজিটেল উৎসসমূহে দৰিদ্ৰতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী উপাদান হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনীয়তা আছে৷ উদ্ভাৱনীয়তা আৰু ডিজিটেল অৰ্থনীতিৰ ক্ষেত্ৰত এক শক্তিশালী ব্ৰিকচ সহযোগিতাই সামগ্ৰিক বিকাশ, স্বচ্ছতাৰ প্ৰসাৰ আৰু দীৰ্ঘম্যাদী উন্নয়ণৰ লক্ষ্যত উপনীত হোৱাত প্ৰভূত বৰঙণি যোগাব পাৰিব৷ ব্ৰিকচ পৰিকাঠামোৰ অধীনত এক সামূহিক পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ পোষকতা কৰো মই, য’ত সন্নিৱিষ্ট থাকিব ব্যক্তিগত খণ্ডৰ উদ্যোগশীলতাও৷ শেষত, ব্ৰিকচ দেশসমূহ আৰু আফ্ৰিকান দেশবোৰৰ মাজত দক্ষতা, স্বাস্থ্য, আন্তঃগাঁথনি, উৎপাদন আৰু যোগাযোগৰ ক্ষেত্ৰত সামৰ্থ্য উন্নয়নৰ বাবে অধিক গুৰুত্বসহকাৰে কাম কৰিবলৈ পালে ভাৰত অত্যন্ত সুখী হ’ব৷ মাননীয় নেতৃবৃন্দ, বিগত দশকটোত আমাৰ এই দেশসমূহৰ দুই প্রজন্মৰ নেতৃবৃন্দই ব্রিক্‌চ প্রতিষ্ঠাৰ কামত বিশেষ অৱদানৰ স্বাক্ষৰ ৰাখি গৈছে৷ এই কামত আমি যিদৰে বিশ্বাসযোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছো, ঠিক তেনেদৰেই প্ৰভাৱ আৰু উন্নয়ণৰ দিশবোৰো আমি সক্ৰিয় কৰি ৰাখিব লাগিব৷ অনাগত দশকটো নানা কাৰণত আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, বিশেষকৈ যিহেতু আমি স্থিতিস্থাপক, ক্ৰমাগত বিকাশ আৰু সৰ্বাঙ্গীন সমৃদ্ধিৰে এক বিশেষ পৰিৱেশ চৌদিশে বিৰাজ কৰাটো বিচাৰিছো৷ এই ৰূপান্তৰ প্রচেষ্টাৰ এক চালিকাশক্তি হিচাপে ব্রিক্‌চ নেতৃবৃন্দৰ ভুমিকা অত্যন্ত তাৎপর্যপূর্ণ। এই বিশেষ ক্ষেত্রসমূহত ব্রিক্‌চৰ এই মঞ্চৰ পৰা যদি আমি আমাৰ কাৰ্যসূচী স্থিৰ কৰি ল’ব পাৰো তেন্তে সমগ্র বিশ্বই এই সময়খিনিক স্বৰ্ণীল দশক হিচাপে চিহ্নিত কৰিব। আগন্তুক দিনত যি বজাৰ বা বিপণন মঞ্চ গঢ়ি উঠিবলৈ লৈছে, তাৰ সৈতে আমাৰ এই প্রচেষ্টা হৈ উঠিব যথেষ্ট সামঞ্জস্যপূর্ণ। এই সন্দৰ্ভত মই আমাৰ কিছু ধাৰণাৰ কথা উত্থাপন কৰিম৷ মই নিশ্চিত যে সহযোগিতাৰ এক নতুন অধ্যায় ৰচনাৰে আমাৰ এই প্ৰগতিময় যাত্ৰাত এই ধাৰণাসমূহে ব্ৰিক্চক সহায় কৰিব৷ সকলোকে ধন্যবাদ জনাই সামৰিছো৷","PM’s Intervention at the Plenary Session of 9th BRICS Summit, Xiamen, China" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%95-%E0%A6%95%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%AF%E0%A7%8D%E0%A6%AF/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-signing-of-the-tor-provide-tax-assistance-to-swaziland/,প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সভাপতিত্বত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু ছোৱাজিলেণ্ডৰ (বর্তমান ছোৱাতিনি নামে পৰিচিত) মাজত সীমাবিহীন কৰ পৰিদৰ্শক কর্মসূচীৰ অধীনত দেশখনক কৰ সম্পৰ্কীয় সহযোগিতা প্রদানত এগৰাকী ভাৰতীয় বিশেষজ্ঞৰ নিযুক্তিৰ সন্দৰ্ভত বিবেচনা কৰাক লৈ প্ৰস্তাৱিত চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। সীমাবিহীন কৰ পৰিদৰ্শক কর্মসূচীৰ অধীনত ভাৰত চৰকাৰ আৰু ছোৱাতিনি চৰকাৰৰ পাৰস্পৰিক সন্মতিৰ ভিত্তিত এগৰাকী ভাৰতীয় বিশেষজ্ঞক মনোনীত কৰা হৈছে। এই কর্মসূচীৰ অধীনত দেশখনক কৰ সাহায্য প্রদানত মনোনীত ভাৰতীয় বিশেষজ্ঞৰ নিযুক্তিৰ সৈতে জড়িত চর্তাৱলীসমূহক চূড়ান্ত ৰূপ দিয়া হ’ব। এই কর্মসূচীৰ অধীনত ভাৰতীয় বিশেষজ্ঞৰ নিযুক্তিৰ ফলত উন্নয়নশীল দেশসমূহক কৰৰ ক্ষেত্রত দক্ষতা বৃদ্ধিত ভাৰতৰ সাহায্য আৰু অধিক বৃদ্ধি পাব।,Cabinet approves Signing of the TOR provide tax assistance to Swaziland +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87-%E0%A6%9F%E0%A6%BF-%E0%A6%AC%E0%A6%BF-%E0%A6%AA%E0%A6%BF%E0%A7%B0-%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AD%E0%A7%8D/,https://www.pmindia.gov.in/en/news_updates/pms-interaction-with-itbp-excursion-groups-of-students-from-sikkim-and-ladakh/,আই টি বি পিৰ শিক্ষামূলক ভ্ৰমণত অংশ লৈ ভাৰতৰ বিভিন্ন স্থানলৈ যাবলৈ ওলোৱা ছিক্কিম আৰু লাডাখৰ দুটা দলৰ ৫৩ জন ছাত্ৰৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে। অতি ঘৰুৱাভাৱে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ছাত্ৰসকলে এখন সমৃদ্ধিশালী তথা দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ বাবে তেওঁলোকৰ আশা সম্পৰ্কে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক এই দিশত আগবাঢ়িবলৈ উৎসাহিত কৰে।তেওঁ লগতে ছাত্ৰসকলক অধিক কৰ্মক্ষম হ’বৰ বাবে শাৰীৰিক ভাৱে সবল হোৱাৰ চেষ্টা কৰিবলৈও আহ্বান জনায়। এই প্ৰসঙ্গতে যোগভ্যাসৰ প্ৰাসঙ্গিকতা সম্পৰ্কো আলোচনা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিকাৰ আগ্ৰহৰ প্ৰতি গুৰুত্ব দি কয় যে সকলো মানুহে আজীৱন শিকাৰু হৈ থাকিব লাগে। ছাত্ৰসকলে ডিজিটেল ইণ্ডিয়াৰ প্ৰতি আগ্ৰহ প্ৰকট কৰে। নগদবিহীন লেন-দেনৰ কথাও আলোচনা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনপটীয়া সুবিধা প্ৰদানৰদ্বাৰা সাধাৰণ মানুহ কেনেকৈ লাভান্বিত হৈছে তাৰ ব্যাখ্যা আগবঢ়ায়। ছাত্ৰসকলে প্ৰধানমন্ত্ৰীৰদ্বাৰা ৰচিত ‘এক্সাম ৱাৰিয়ৰ’ গ্ৰন্থখনৰ কথা উল্লেখ কৰে যি তেওঁলোকক অপ্ৰয়োজনীয় চিন্তা তথা হেঁচা নোলোৱাকৈ জীয়াই থাকিবলৈ প্ৰেৰণা দি আহিছে।,PM’s interaction with ITBP excursion groups of students from Sikkim and Ladakh +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%9A%E0%A7%8D%E0%A6%9A/,https://www.pmindia.gov.in/en/news_updates/pm-addresses-public-meeting-on-the-occasion-of-commencement-of-work-for-the-rajasthan-refinery-in-barmer-rajasthan/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বাৰ্মাৰৰ পাচ্চপাদ্ৰাত ৰাজস্থান শোধনাগাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ৰাজস্থানৰ মূখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজে আৰু পেট্ৰলিয়াম দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেইদিনমানৰ আগতে হৈ যোৱা মকৰ সংক্ৰান্তিয়ে অতি সুখৰ খবৰ কঢ়িয়াই আনিছে। এই উৎসৱমুখৰ পৰিৱেশে সমৃদ্ধিৰ বাৰ্তা বহন কৰি আনিছে আৰু এই প্ৰকল্পই ৰাজস্থানৰ বহুজনৰ জীৱনলৈ সমৃদ্ধি তথা আনন্দ কঢ়িয়াই আনিব। এয়া ‘সংকল্পৰ যোগেদি সিদ্ধি’ লাভৰ সময়। আমি ২০২২ চনত ভাৰতে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ কৰাৰ সময়ৰ লক্ষ্য আগত ৰাখি আগবাঢ়িছো। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি তথা ৰাজস্থানৰ প্ৰাক্তন মূখ্যমন্ত্ৰী ভৈৰৱ সিং শ্বেখাৱটে ৰাজস্থানৰ আধুনিকীকৰণত বিশেষ অৱদান আগবঢ়াই গৈছে।তেওঁ লগতে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী যশৱন্ত সিঙৰ আশু আৰোগ্য কামনা কৰি কয় যে দেশৰ প্ৰতি তেওঁৰ অৱদান অনন্য। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থান চৰকাৰৰ প্ৰশংসা কৰি কয় যে মূখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেই খৰাং বতৰকে ধৰি ৰাজ্যৰ বিভিন্ন সমস্যা সুকলমে সমাধা কৰাত সফল হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেনা বাহিনীৰ বাবে এটা পদ, এটা পেন্সন ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ আৰু চৰকাৰে এই দিশত কাম কৰি আছে। তেওঁ দৰিদ্ৰসকলে বেংকিঙৰ সুবিধা লাভ কৰা জন ধন যোজনাৰ কথাও উল্লেখ কৰে। ৰন্ধন গেছৰ বাবে থকা উজ্বলা যোজনা আৰু ১৮,০০০ তকৈও অধিক গাঁৱৰ বৈদ্যুতিকৰণৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মূখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেক ৰাজ্যখনৰ বিকাশৰ বাবে ভূঁয়সী প্ৰশংসা কৰে।","PM addresses public meeting on the occasion of commencement of work for the Rajasthan Refinery in Barmer, Rajasthan" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%B2%E0%A7%88-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%86%E0%A7%9F%E0%A7%81/,https://www.pmindia.gov.in/en/news_updates/pm-dedicates-all-india-institute-of-ayurveda-to-the-nation/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সৰ্বভাৰতীয় আয়ুৰ��বেদ প্ৰতিষ্ঠান দেশবাসীৰ বাবে মুকলি কৰে৷ ধনভাণ্টাৰী জয়ন্তীক আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰা সমবেত ৰাইজক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান স্থাপনৰ বাবে তেওঁ আয়ুস মন্ত্ৰালয়ক প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ ঐতিহ্য আৰু ইতিহাসক মূল্য দিব নাজানিলে কোনো দেশে প্ৰগতিৰ পথত আগুৱাব নোৱাৰে৷ ঐতিহ্য আৰু ইতিহাসক পাহৰা দেশে নিজৰ পৰিচয় হেৰুৱায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত যেতিয়া স্বাধীন হোৱা নাছিল, তেতিয়া যোগাসন আৰু আয়ুৰ্বেদৰ দৰে প্ৰাচীন পৰম্পৰাসমূহ অনাদৃত হৈ আছিল৷ এই পৰম্পৰাসমূহৰ প্ৰতি বিশ্বাস ভংগ কৰিবলৈও আনকি অপচেষ্টা চলোৱা হৈছিল৷ বিগত তিনিটা বছৰত এই পৰিৱেশ যথেষ্টখিনি সলনি হৈছে আৰু আমাৰ চহকী ঐতিহ্যৰ প্ৰতি দেশবাসীৰ আস্থা আৰু বিশ্বাস উভতি আহিছে৷ আয়ুৰ্বেদ দিৱস অথবা যোগা দিৱসৰ প্ৰতি নাগৰিকৰ সহাঁৰিয়ে এই কথা প্ৰতীয়মান কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুৰ্বেদ এক চিকিৎসা পদ্ধতিয়ে নহয়, ই জনস্বাস্থ্য আৰু পৰিৱেশ স্বাস্থ্যৰ ক্ষেত্ৰতো ফলদায়ক৷ সেইবাবেই চৰকাৰে আয়ুৰ্বেদ, যোগা আৰু আন আন আয়ুস পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ দেশৰ প্ৰতিখন জিলাতে এখনকৈ আয়ুৰ্বেদিক চিকিৎসালয় স্থাপন কৰিবলৈ চৰকাৰে পৰিকল্পনা যুগুত কৰিছে৷ বিগত তিনি বছৰত ৬৫ খনৰো অধিক আয়ুস হস্পিটালৰ উন্নয়ন সাধন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বনৌষধি আয়ৰ এক গুৰুত্বপূৰ্ণ উৎস হ’ব পাৰে আৰু ভাৰতে এই ক্ষেত্ৰত নিজৰ সক্ষমতা সম্প্ৰসাৰিত কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্যসেৱা খণ্ডত ১০০শতাংশ এফডিআই অনুমোদন জনাইছে বুলিও তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা সুলভ কৰি তোলাত চৰকাৰে মনোনিৱেশ কৰিছে৷ স্বচ্ছতাৰ ওপৰত চৰকাৰৰ গুৰুত্বক উনুকিয়াই তেওঁ কয় যে বিগত ৩বছৰত কেন্দ্ৰীয় চৰকাৰে ৫ কোটি টয়লেট নিৰ্মাণ কৰিছে৷ জনসাধাৰণৰ বাবে উন্নত মানৰ চিকিৎসা সেৱা উপলব্ধ কৰিবলৈ নতুন এইমছ স্থাপন কৰি থকা হৈছে বুলিও তেওঁ কয়৷",PM dedicates All India Institute of Ayurveda to the nation +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0-2/,https://www.pmindia.gov.in/en/news_updates/dg-itbp-presents-a-cheque-of-rs-8-5-crore-towards-prime-ministers-national-relief-fund/,ভাৰত-তীব্বত সীমান্ত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান শ্ৰী আৰ. কে. পাচনন্দাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে প্ৰধা��মন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ ৮.৫ কোটি টকাৰ চেক প্ৰদান কৰে। এই ধনখিনি আইটিবিপি জোৱানসকলৰ বৰঙণিৰ জৰিয়তে সংগ্ৰহ কৰা হয়।,"DG, ITBP presents a cheque of Rs. 8.5 crore towards Prime Minister’s National Relief Fund" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%95/,https://www.pmindia.gov.in/en/news_updates/french-minister-for-europe-and-foreign-affairs-calls-on-pm/,"ফ্রান্সৰ ফ্রান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রী শ্ৰীযুত জ্যা লা ড্ৰায়াই আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সাক্ষাৎ কৰে। তেওঁ চলিত বছৰৰ জুন মাহত প্ৰধানমন্ত্ৰীৰ ফ্রান্স ভ্ৰমণৰ পৰৱর্তী সমছোৱাত ভাৰত-ফ্রান্সৰ মাজত দ্বিপাক্ষিক সম্পর্কৰ শেহতীয়া অগ্ৰগতিৰ লগতে প্রসাৰ আৰু উন্নয়নৰ বিভিন্ন বিষয় আজি প্ৰধানমন্ত্ৰীক সাক্ষাতৰ সময়ত চমুকৈ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্রান্সৰ দ্বিপাক্ষিক সম্পর্কৰ যি উন্নয়ন সম্ভৱ হৈছে, তাৰ বাবে লা ড্ৰায়াঁৰ অৱদানৰ ভূয়সী প্রশংসা কৰে। বর্তমানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপৰি পূৰ্বতে ফ্রান্সৰ প্রতিৰক্ষা মন্ত্রী হিচাপেও এনে ভূমিকা পালন কৰিছিল বুলি প্রসংগক্ৰমে দোঁহাৰে প্রধানমন্ত্রীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-ফ্রান্সৰ কৌশলগত অংশীদাৰিত্বৰ বিষয়টো কেৱল দ্বিপাক্ষিক সম্পর্ক প্রসাৰতে সীমাবদ্ধ নহয়। ই আঞ্চলিক তথা বৈশ্বিক পৰ্যায়ৰো শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্রত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে ফ্রান্সৰ ৰাষ্ট্ৰপতি মাক্ৰক ভাৰতত আদৰণী জনোৱাৰ বাবে তেওঁ আগ্রহেৰে বাট চাই থকা বুলি লা ড্ৰায়াক অৱগত কৰে।",French Minister for Europe and Foreign Affairs calls on PM +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%A8%E0%A7%B0%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%95-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/joint-press-statement-from-the-summit-between-india-and-the-nordic-countries/,"আজি ষ্ট’কহমত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডেনমার্কৰ প্রধানমন্ত্রী লার্ছ লোক্কে ৰাছমুসেন, ফিনলেণ্ডৰ প্রধানমন্ত্রী জুহা ছিপিলা, আইলেণ্ডৰ প্রধানমন্ত্রী কাট্রিন জেকবছদোত্তিৰ, নৰৱেৰ প্রধানমন্ত্রী এৰনা ছোলবার্গ আৰু ছুইডেনৰ প্রধানমন্ত্রী ষ্টিফেন লোফেনৰ সৈতে এক সন্মিলনত মিলিত হয়। প্রধানমন্ত্রীসকলৰ আলোচনাকালত ভাৰতৰ সৈতে নৰ্ডিক দেশ অৰ্থাৎ উত্তৰ ইউৰোপ আৰু উত্তৰ আটলান্টিক দেশসমূহৰ সহযোগিতামুলক প্রচেষ্টাক আৰু অধিক সুদৃঢ় কৰি তোলাৰ সংকল্প গ্রহণ কৰা হয়। বৈশ্বিক নিৰাপত্তা, অর্থনৈতিক বিকাশ, উদ্ভাৱনী প্রচেষ্টা আৰু জলবায়ু পৰিৱর্তনৰ সমস্যাৰ দৰে কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত তেওঁলোকে মত বিনিময় কৰে। সামগ্ৰিক বিকাশ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণৰ অৰ্থে মুক্ত বাণিজ্য ব্যৱস্থাই যে একপ্ৰকাৰ অনুঘটকৰ ভূমিকা পালন কৰিব পাৰে, সেই দিশত সকলো প্রধানমন্ত্রীয়ে সহমত প্রকাশ কৰে। বৈঠকত উদ্ভাৱন আৰু ডিজিটেল পৰিৱৰ্তনৰ প্রচেষ্টাক পৰস্পৰে সংযুক্ত বিশ্ব ৰাষ্ট্রৰ এক বিশেষ চালিকাশক্তি হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ জৰিয়তে উত্তৰ ইউৰোপ আৰু উত্তৰ আটলান্টিক অঞ্চলৰ দেশসমূহৰ সৈতে ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ প্রসাৰ ঘটিব পাৰে। এই দেশসমূহে যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রৰ উদ্ভাৱনী প্রচেষ্টাত বিশেষ নেতৃত্ব প্ৰদান কৰিব পাৰে, সেই সন্দৰ্ভতো সকলোৱে একমত হয়। চৰকাৰী আৰু বেচৰকাৰি ক্ষেত্রৰ লগতে শিক্ষা ক্ষেত্রক লগত লৈ উদ্ভাৱন প্রচেষ্টাৰ কামত আগুৱাই যোৱাৰ প্রস্তাৱক বৈঠকত সমর্থন জনোৱা হয়। ভাৰতত মেধা আৰু দক্ষতাৰ কোনো অভাৱ নাই, সেয়েহে নির্দিষ্ট লক্ষ্য পূৰণত সেইবোৰ নিশ্চিতভাবেই ব্যৱহাৰ কৰিব পৰা যায়। বৈঠকত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰতে উদ্ভাৱন আৰু ডিজিটেল পদ্ধতিৰ প্রয়োগৰ বাবে গ্ৰহণ কৰা মেক ইন ইণ্ডিয়া, ষ্টার্ট আপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আৰু স্বচ্ছ ভাৰতৰ দৰে আঁচনিৰ বিশেষ প্রশংসা কৰা হয়। এই প্রসংগত স্বচ্ছ প্রযুক্তি, সামুদ্রিক সমস্যাৰ সমাধান, বন্দৰ আধুনিকীকৰণ, খাদ্য প্রস্তুতকৰণ, স্বাস্থ্য, জীৱন বিজ্ঞান আৰু কৃষি সম্পর্কীয় বিভিন্ন সমস্যাৰ সমাধানত উত্তৰ ইউৰোপ আৰু উত্তৰ আটলান্টিকৰ দেশসমূহে যে সমাধানৰ প্রচেষ্টা চলাই আছে, তাৰ কথাও উল্লেখ কৰা হয়। ভাৰত চৰকাৰৰ স্মার্ট চিটী আঁচনিত সহায় আগবঢ়োৱাৰ লক্ষ্যৰে সেই দেশসমূহে লোৱা বহনক্ষম নগৰীকৰণ প্রকল্পৰ প্ৰচেষ্টাকো বৈঠকত আদৰণী জনোৱা হয়। সন্মিলনত অংশগ্রহণকাৰী প্রধানমন্ত্রীসকলে বিশেষ জোৰ দি কয় যে ভাৰতসহ এই দেশসমূহৰ যি বিশেষ দক্ষতা আৰু ক্ষমতা আছে, তাৰ সুযোগ গ্রহণ কৰি বাণিজ্য আৰু বিনিয়োগ ব্যৱস্থাক আৰু অধিক উন্নত কৰি তুলিব পৰা যায় আৰু ইয়াৰ ফলত সংশ্লিষ্ট সকলো দেশেই লাভান্বিত হ’ব। নীতি নির্দেশিত বহুপাক্ষিক বাণিজ্য ব্যৱস্থা আৰু বিকাশ তথা সমৃদ্ধিৰ লক্ষ্যৰে অন্তর্ভুক্তিমূলক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্রচেষ্টাৰ গুৰুত্বৰ কথাও বৈঠকত আলোচনা কৰা হয়। ভাৰতসহ এই দেশসমূহে বাণিজ্যিক প্রচেষ্টাৰ ��ক বিশেষ অংগ হিচাপে বাণিজ্যিক কাম-কাজ সহজ কৰি তোলাৰ উপযোগী পৰিৱেশ সৃষ্টিৰ ওপৰত বিশেষ জোৰ দিয়া হয়। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত হিংসা আৰু সন্ত্রাস যে এটি ডাঙৰ প্ৰত্যাহ্বান সেই ক্ষেত্ৰতো সহমত প্রকাশ কৰে সকলো প্রধানমন্ত্রীয়ে। বৈশ্বিক নিৰাপত্তা, চাইবাৰ নিৰাপত্তা, মানবাধিকাৰ, গণতন্ত্র আৰু আইনৰ শাসন সম্পর্কীয় বিভিন্ন বিষয়ো তেওঁলোকে আলোচনা কৰে। পৰমাণু সৰবৰাহকাৰী গোষ্ঠীৰ সদস্যপদত ভাৰতৰ আবেদনক অংশগ্রহণকাৰী সকলো দেশেই আদৰণী জনায়। ৰাষ্ট্রসংঘৰ প্রতি সমর্থন জনাই মহাসচিবৰ সংস্কাৰমুলক প্রচেষ্টাকো সন্মতি জনায় প্ৰধানমন্ত্ৰীসকলে ২০৩০ চনৰ ভিতৰত আঁচনি ৰূপায়ণৰ ক্ষেত্রত সদস্য ৰাষ্ট্রসমূহৰ সহায়ৰ লক্ষ্যৰে এই সংস্কাৰমুলক প্রচেষ্টা যে অতি জৰুৰী, সেই বিষয়েও প্রধানমন্ত্রীসকলে সহমত পোষণ কৰে। প্রধানমন্ত্রীসকলে স্বচ্ছ শক্তি উৎপাদনৰ প্রসংগত বিশেষকৈ, নবীকৰণযোগ্য শক্তিৰ প্রসাৰত সকলো ধৰণৰ প্রচেষ্টা বহনক্ষম কৰি তোলাৰ সপক্ষে মত প্রকাশ কৰে। আনহাতে, নাৰী সবলীকৰণৰ লক্ষ্যৰে আৰু আর্থ-সামাজিক তথা ৰাজনৈতিক জীৱনত মহিলাসকলৰ পূর্ণ তথা অর্থবহ অংশগ্রহণ যে সামগ্ৰিক উন্নয়নৰ এটি পূর্বচর্ত সেই বিষয়েও বৈঠকত সহমত পোষণ কৰা হয়। প্রধানমন্ত্রীসকলে সংশ্লিষ্ট দেশসমূহৰ মাজত বলিষ্ঠ সহযোগিতাৰ বাতাবৰণ গঢ়ি তুলি উদ্ভাৱন প্রচেষ্টা, অর্থনৈতিক বিকাশ, বহনক্ষম সমাধান প্রচেষ্টা আৰু পাৰস্পৰিক লাভালাভজনিত বাণিজ্য আৰু বিনিয়োগ পৰিস্থিতিৰ উদ্ভৱ কৰাটো সম্ভব বুলি সহমত প্ৰকাশ কৰে। প্রধানমন্ত্রীসকলে শিক্ষা, সংস্কৃতি, পর্যটন আৰু শ্রম বিনিময়ৰ জৰিয়তে সংশ্লিষ্ট দেশসমূহৰ জনসাধাৰণৰ মাজত যে ঘনিষ্ঠ সম্পর্ক গঢ়ি তোলা সম্ভৱ, সেই ক্ষেত্ৰতো একমত প্ৰকাশ কৰে।",Joint Press Statement from the Summit between India and the Nordic Countries +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AD-%E0%A7%A7%E0%A7%AE-%E0%A6%9B%E0%A7%87%E0%A6%AA%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8/,https://www.pmindia.gov.in/en/news_updates/pm-to-visit-varanasi-on-september-17-and-18-2018/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ১৭ আৰু ১৮ ছেপ্টেম্বৰ, ২০১৮ত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব। ১৭ ছেপ্টেম্বৰৰ আবেলি বাৰাণসীত উপস্থিত হ’ব। তাৰপাছত প্রধানমন্ত্রীয়ে পোন-পোনে নৰউৰ গাঁৱলৈ য’ত তেওঁ ‘ৰুম টু ৰিড’ নামৰ বেচৰকাৰী সংস্থাৰ সাহায্যৰে চলা এখন প্রাথমিক বিদ্যালয়ৰ শিশুসকলৰ সৈতে মিলিত হ’ব। ইয়াৰ পাছতে তেওঁ ডিএলডব্লিউ চৌহদত প্রধানমন্ত্রীয়ে কাশী বিদ্য��পীঠৰ ছাত্র-ছাত্রীসকলৰ লগতে বিদ্যাপীঠৰ শিশুসকলক সাহায্য আগবঢ়োৱাসকলকো সাক্ষাৎ কৰিব। ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়(বিএইচইউ)ৰ এম্পিথিয়েটাৰত এক অনুষ্ঠানত ৫০০ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিবলগীয়া প্রকল্পসমূহ ভিতৰত-পুৰণা কাশীৰ বাবে এটি সু-সংহত বিদ্যুৎ উন্নয়ন প্রকল্প, বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত অটল ইনকিউবেচন চেন্টাৰ উল্লেখযোগ্য। তদুপৰি, এই বিশ্ববিদ্যালয়ত তেওঁ এটি আঞ্চলিক চকুৰোগ চিকিসাৎ কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এক জনসভাতো ভাষন আগবঢ়াব।","PM to visit Varanasi on September 17 and 18, 2018" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pm-launches-several-development-projects-in-ahmedabad-gujarat/,"প্ৰধানমন্ত্ৰীশ্রীনৰেন্দ্ৰমোদীয়েআজি আহমেদাবাদভ্ৰমণকৰে। এই ভ্ৰমণকালতে তেওঁ ভালেমান উন্নয়নমূলকপ্ৰকল্পও মুকলি কৰে। আহমেদাবাদৰভাস্ত্রালগামমেট্রোষ্টেশ্যনতপ্ৰধানমন্ত্ৰীয়ে আহমেদাবাদমেট্রোৰপ্ৰথমপর্যায়ৰযাত্রাৰশুভাৰম্ভ কৰে। তেওঁ আহমেদাবাদমেট্রোৰদ্বিতীয়পর্যায়ৰৰো আধাৰশিলা স্থাপন কৰে। এইঅনুষ্ঠানত ‘একদেশএককার্ড’ মডেলঅনুসৰিস্বয়ংক্রিয়ভাৱেযাত্রীভাড়াসংগ্ৰহৰবাবেসম্পূর্ণদেশীয়প্ৰযুক্তিৰেনির্মিতপৰিৱেশ আৰু ব্যৱহাৰৰ অনুকূল ব্যৱস্থা আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পিছতে ফ্লেগ অফ কৰি মেট্রোৰে’লৰযাত্রাশুভাৰম্ভ কৰে আৰু এই মেট্ৰ’তে ভ্ৰমণো কৰে। ইফালে আহমেদাবাদতপ্ৰধানমন্ত্ৰীয়ে ১২০০ খন বিচনাযুক্ত এক নতুনঅসামৰিক চিকিৎসালয়, এখন কেন্সাৰ হস্পিতাল, দন্ত চিকিৎসালয় আৰু চকপ চিকিৎসালয়ো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালতেই দাহোড়ৰে’লৱে ৱৰ্কশ্বপ আৰু পাটন-বিন্দিৰে’লৱে দেশবাসীৰ প্ৰতিউৎসৰ্গাকৰে। প্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোদীয়েলোথালমেৰিটাইমসংগ্ৰহালয়ৰো আধাৰশিলা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়েবিজেমেডিকেল কলেজখেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰে। তেওঁ কয়, আজিএইঐতিহাসিকদিনটোত আহমেদাবাদমেট্রোৰস্বপ্নবাস্তৱায়িত হ’ল। আহমেদাবাদৰজনসাধাৰণে এতিয়াৰে পৰা এই ৰে’লযোগে আৰামপ্ৰদআৰু পৰিৱেশ অনুকূল পৰিবহনব্যবস্থাব্যবহাৰকৰাৰসুযোগলাভ কৰিব। তেওঁ লগতে ক���, ২০১৪ চনৰ পূৰ্বেদেশতমাত্ৰআঢ়ৈশ কিলোমিটাৰপথতহেমেট্রোৰে’ল চলিছিল। এতিয়াএই পৰিমাণ বৃদ্ধি হৈ ৬৫৫ কিলোমিটাৰ হৈছেগৈ। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, দেশজুৰিমেট্রোৰে’ল আৰু অন্যান্য পৰিবহনব্যবস্থাৰসুযোগগ্ৰহণৰবাবেএকাধিককার্ডব্যৱহাৰৰ পৰিৱর্তেএখনেই কার্ডব্যৱহাৰৰলক্ষ্যৰে ‘কমনমবিলিটিকার্ড’ আৰম্ভ কৰা হৈছে। এইকাৰ্ডে ‘একদেশএককার্ড’-ৰ পৰিকল্পনাকবাস্তৱায়িত কৰিব। সম্পূর্ণদেশীয়প্ৰযুক্তিৰে প্ৰস্তুত কৰাএইকার্ডৰফলতআন্তর্জাতিকক্ষেত্রতনির্ভৰতাদূৰ হ’ল। পৃথিৱীৰভিতৰত যিকেইখন দেশতৰাজহুৱা পৰিৱহন ব্যৱস্থাত ‘একদেশএককার্ড’ ব্যবস্থা চলি আছে, সেই দেশসমূহৰ ভিতৰত এতিয়া ভাৰতেও স্থান অধিকাৰ কৰিলে। প্ৰধানমন্ত্ৰীয়েগুজৰাটৰউন্নয়ন প্ৰক্ৰিয়াত ৰাজ্যচৰকাৰআৰু কেন্দ্রীয়চৰকাৰেৰবিভিন্নউদ্যোগৰকথাওউল্লেখকৰে। এইসমূহউন্নয়নমূলকপ্ৰকল্পৰভিতৰত আছেজলসৰবৰাহব্যৱস্থা, সকলোৰেবাবে বিদ্যুৎ, আন্তঃগাঁথনিউন্নয়ন, সকলোৰে বাবে ঘৰআৰু দৰিদ্ৰ লোকৰ বাবে বিভিন্ন ধৰণৰ উদ্যোগ। প্ৰধানমন্ত্ৰীয়েৰাজ্যখনৰ বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰলোকসকলৰ বাবে গৃহীতবিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে তেওঁৰ ভাষণত। প্ৰধানমন্ত্ৰীয়েকয়, বিগতভালেমানদশকধৰিগুজৰাটতযি পৰিৱর্তনহৈছে, ইয়াৰ অন্তৰালত আছেসুসংহত পৰিকল্পনাআৰু ৰাজ্যবাসীৰকঠোৰ পৰিশ্ৰম। তেওঁ লগতে কয়, উন্নয়নবাস্তৱায়িতকৰণৰক্ষেত্রতগুজৰাটসদায়েই অনুকৰণীয় হৈ থাকিব। সমগ্ৰ গুজৰাটতেই বিভিন্ন ধৰণৰআন্তঃগাঁথনিমূলকউন্নয়নপ্ৰকল্পইৰাজ্যতব্যাপক পৰিৱর্তনআনি দিছে। প্ৰধানমন্ত্ৰীয়েকয়, যেতিয়ালোথালমেৰিটাইমহেৰিটেজকমপ্লেক্সৰকামসম্পূর্ণ হ’বতেতিয়া ই হৈ উঠিব সমগ্ৰ ৰাজ্যৰেইপর্যটনউদ্যোগৰ এক আকর্ষণীয়স্থান। ইয়াতেই প্রাচীনভাৰতৰসামুদ্রিকবাণিজ্যৰবিষয়েওজনাযাব। তেওঁ কয়, এইসংগ্ৰহালয়টোৰআন্তর্জাতিকমানো অক্ষুণ্ণ থাকিব। শ্রীনৰেন্দ্ৰমোদীয়েকয়, কেন্দ্রীয়চৰকাৰেস্বাস্থ্যসেৱাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে কয়, চৰকাৰেদেশজুৰিউন্নতস্বাস্থ্যসেৱাৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত আছে স্বাস্থ্যকেন্দ্ৰ আৰু চিকিৎসা মহাবিদ্যালয়। সমগ্ৰ গুজৰাটতেই বিশ্বমানৰ স্বাস্থ্য সেৱা উপলব্ধ কৰোৱাৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয়, ‘মেডিচিটি’ নিৰ্মাণ হ’লে ১০ হাজাৰৰোগী ইয়াৰ দ্বাৰা উপকৃত হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দূর্নীতিৰ পৰা উগ্ৰবাদলৈ যিকোনো ধৰণৰ বিপদৰ সৈতে যুঁজ দিয়াৰ বাবে চৰকাৰ দায়বদ্ধ। তেওঁজনসাধাৰণক আস্থা প্ৰদান কৰি কয়, যিসকলে দেশৰবিৰুদ্ধেকাম কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিৰোধীদলসমূহেদেশৰনিৰাপত্তাক লৈ ভোটবেংকৰ ৰাজনীতি কৰা উচিত নহয়। এনেধৰণৰকার্যকলাপেদেশৰসশস্ত্ৰবাহিনীসমূহৰ মনত উদ্যম নাইকিয়া কৰিব আৰু শত্ৰুপক্ষক শক্তিশালী কৰি তুলিব বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে।","PM launches several development projects in Ahmedabad, Gujarat" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A7%B0-%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%A4-%E0%A6%86%E0%A6%87%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%9F/,https://www.pmindia.gov.in/en/news_updates/pm-modi-israeli-pm-netanyahu-dedicate-icreate-to-the-nation/,"প্ৰধানমন্ত্ৰী মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুয়ে আজি আহমেদাবাদৰ সমীপৱৰ্তী গাঁৱত প্ৰতিষ্ঠা কৰা এটা আইক্ৰিয়েট সুবিধাসম্পন্ন কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে। আইক্ৰিয়েট হৈছে এটা স্বতন্ত্ৰ কেন্দ্ৰ, যাৰ উদ্দেশ্য হৈছে খাদ্য সুৰক্ষা, পানী, যোগাযোগ, চাইবাৰ নিৰাপত্তা, তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, শক্তি, বায়’-মেডিকেল সা-সামগ্ৰী তথা সঁজুলি ইত্যাদিৰ দৰে প্ৰধান সমস্যাৰ সমাধান দিব পৰাকৈ সৃষ্টিশীলতা, নতুনত্ব, কাৰিকৰী, প্ৰডাক্ট ডিজাইন আৰু উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰা। উন্নত মানৰ উদ্যোগী গঢ় দিব পৰাকৈ ভাৰতৰ পৰিস্থিতিতন্ত্ৰৰ উন্নয়ন সাধন কৰাটোৱেই আইক্ৰিয়েটৰ লক্ষ্য। দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰযুক্তি আৰু উদ্ভাৱনক আলোকপাত কৰা বহুতো বিপনী পৰিদৰ্শন কৰে। এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইজৰাইলৰ লোকসকলক অধিক ওচৰ চপাই অনাত নতুনত্ব উদ্ভাৱনে মুখ্য ভূমিকা পালন কৰিছে। তেওঁ কয় যে সমগ্ৰ বিশ্বই বৰ্তমান ইজৰাইলৰ প্ৰযুক্তিগত দক্ষতা আৰু সৃজনীশীলতাক অনুসৰণ কৰিছে। তেওঁ কয় ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু উদ্দীপনা সকলো আছে। বৰ্তমান এই যুৱক-যুৱতীসকলক মাথো অকনমান উৎসাহ আৰু প্ৰতিষ্ঠানগত সমৰ্থনৰ প্ৰয়োজন বুলি লগতে কয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সমগ্ৰ ব্যৱস্থাটো নতুনত্বৰ অনুকূল কৰি তোলাৰ দিশত কাম কৰি আছে, যাতে যিকোনো এজন লোকেই ধাৰণা গঢ় দিব পাৰে; এই ধাৰণাই নতুনত্বৰ গঢ় দিয়ে; আৰু এই নতুনত্বই এখন নতুন ভাৰত গঢ়াত সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সফলতাৰ বাবে প্ৰথম প্ৰয়োজন হৈছে সাহস। তেওঁ আইক্ৰিয়েট কেন্দ্ৰত উদ্ভ���ৱনীমুলক কাম-কাজত জড়িত সাহসী যুৱক-যুৱতীসকলক অভিনন্দন জ্ঞাপন কৰে। কালিদাসৰ বাণীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে ৰীতি-নীতি আৰু নতুনত্ব উদ্ভাৱনৰ মাজত থকা দ্বিধাবোধৰ সন্দৰ্ভত উল্লেখ কৰে। তেওঁ ভাৰতৰ যুৱ প্ৰজন্মক দেশে বৰ্তমান সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰা তথা কম খৰচতে সাধাৰণ লোকসকলে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পৰা অভিনৱ উদ্ভাৱন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইজৰাইলৰ মাজত খাদ্য, পানী, স্বাস্থ্য আৰু শক্তিখণ্ডৰ দৰে দিশত নতুনত্ব উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত ভাষণত উল্লেখ কৰে। তেওঁ কয় দুয়োখন দেশৰ মাজৰ এই সহযোগিতাই একবিংশ শতিকাৰ মানৱ জাতিৰ ইতিহাসত এক নতুন অধ্যায়ৰ ৰচনা কৰিছে।","PM Modi, Israeli PM Netanyahu dedicate iCreate to the nation" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A7%A7%E0%A7%A6%E0%A6%AE%E0%A6%BF%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%8F%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A6%BF%E0%A6%B7%E0%A7%8D/,https://www.pmindia.gov.in/en/news_updates/pm-congratulates-saurabh-chaudhary-on-winning-gold-in-mens-10m-air-pistol-event/,"ইণ্ডোনেছিয়াৰ জাকাৰ্টা-পালেমবাঙত অনুষ্টিত অষ্টাদশ এছিয়ান গেমছ, ২০১৮ত পুৰুষৰ ১০মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ জয় কৰা সৌৰভ চৌধাৰীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “১৬ বছৰ বয়সৰ সৌৰভ চৌধাৰীয়ে দেশৰ আশীষধন্য যুৱক-যুৱতীসকলৰ সম্ভাৱনা আৰু সাহসিকতাকে প্ৰতিফলিত কৰিছে। এইগৰাকী ব্যতিক্ৰমী তৰুণে এছিয়ান গেমছ ২০১৮ৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত দেশলৈ স্বৰ্ণ পদক আজুৰি আনিলে। তেওঁক বহুত বহুত অভিনন্দন জনাইছো।”",PM congratulates Saurabh Chaudhary on winning gold in Men’s 10m Air Pistol event +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%95%E0%A6%BE%E0%A6%B6-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-agreement-between-india-and-algeria-on-cooperation-in-the-field-of-space-sciences-technologies-and-applications/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মহাকাশ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু এপ্লিকেশ্যনছৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু আলজেৰিয়াৰ মাজত স্বাক্ষৰিত চুক্তি সম্পৰ্কে অৱগত কৰা হয়৷ ২০১৮ৰ ১৯ ছেপ্টেম্বৰত বাংগালুৰুত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল৷ এই চুক্তিয়ে উভয় দেশে পাৰস্পৰিক স্বাৰ্থজডড়িত মহাকাশ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু এপ্লিকেশ্যনছকে ধৰি পৃথিৱীৰ ৰিম’ট ছেনছিং; উপগ্ৰহ যোগাযোগ আৰু উপগ্ৰহভিত্তিক নেভিগেছন; মহাকাশ বিজ্ঞান আৰু গ্ৰহ-নক্ষত্ৰৰ অনুসন্ধান মহাকাশযা���ৰ গেছ আৰু মহাকাশ পদ্ধতি তথা গ্ৰাউণ্ড ব্যৱস্থা আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ ইত্যাদি দিশত সহযোগিতা আগবঢ়াব৷ এই চুক্তিৰ ফলত আলজেৰিয়াৰ মহাকাশ সংস্থাৰ সৈতে ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ যৌথ কর্মীগোট গঠন কৰা হ’ব৷ এই চুক্তি স্বাক্ষৰৰ ফলত ভাৰত আৰু আলজেৰিয়াৰ মাজত বৰ্হি মহাকাশৰ বিভিন্ন গৱেষণামূলক কাম-কাজৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰি তুলিব৷ উল্লেখ্য যে ভাৰত আৰু আলজেৰিয়াই মহাকাশ গবেষণাৰ ক্ষেত্রত বাণিজ্যিক কাম-কাজ আৰম্ভ কৰাৰ বাবে আলোচনাত মিলিত হৈছে। আলজেৰিয়াৰ বিষয়াসকলে গ্রাউন ষ্টেচন সৃষ্টি কৰিব বিচাৰে। ভাৰতৰ পিএছএলভিৰ সহায়ত ২০১০-১৬ চনৰ ভিতৰত আলজেৰিয়াই তিনিটা মাইক্র’ আৰু ১টা নেনো উপগ্ৰহ উৎক্ষেপণ কৰিছে৷","Cabinet approves Agreement between India and Algeria on Cooperation in the field of Space Sciences, Technologies and Applications" +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AD-%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%86%E0%A6%87%E0%A6%A8/,https://www.pmindia.gov.in/en/news_updates/pm-addresses-valedictory-session-of-national-law-day-2017/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় আইন দিৱসৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে। সংবিধানক গণতান্ত্ৰিক আৰ্হিৰ আত্মা আখ্যা দি তেওঁ কয় যে এই দিৱসটোৱে আমাক সংবিধান প্ৰণেতাসকলক স্মৰণ কৰিবলৈ সুবিধা দিয়ে। তেওঁ কয় যে সংবিধানখনে বহুবাৰ সময়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগা হৈছে আৰু প্ৰতিবাৰেই সফলতাৰে উত্তীৰ্ণ হৈছে। তেখেতৰ বক্তৃতাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাবাৰো ড০ বি আৰ আম্বেদকাৰ, ড০ সচ্চিদানন্দ সিনহা, ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে নেতাৰ উক্তিৰ কথা উল্লেখ কৰে।এই উক্তিসমূহত সংবিধান তথা প্ৰশাসনৰ বহু গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়।সংবিধানৰ আয়ুস, কাৰ্যকাৰিতা তথা ইয়াৰ সুচলতা ভাষণৰ বিষয়বস্তু আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানখন আমাৰ অভিভাৱকস্বৰূপ।আমি আমাৰ অভিভাৱকৰ আশা অনুৰূপে চলিব লাগিব।দেশৰ প্ৰয়োজনীয়তা তথা প্ৰত্যাহ্বানসমূহলৈ লক্ষ্য ৰাখি তেওঁ কয় যে প্ৰশাসনিক প্ৰতিষ্ঠানসমূহে পৰস্পৰে পৰস্পৰৰ প্ৰতি সহায় সহযোগ আগবঢ়াব লাগিব।তেওঁ কয় যে অনাগত পাঁচ বছৰত আমি আমাৰ শক্তিসমূহৰ সঠিক ব্যৱহাৰৰদ্বাৰা আমাৰ মুক্তিযুঁজাৰুসকলৰ সপোনৰ নতুন ভাৰত গঢ়ি তুলিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ সংবিধানখন সামাজিক নথি হিচাপেও ব্যাখ্যা কৰা হয়। আমাৰ দুৰ্ভাগ্য যে স্বাধীনতাৰ পিছতে ধ��া দিয়া আমাৰ দুৰ্বলতাসমূহ এতিয়াও নিৰ্মূল হোৱা নাই। তেওঁ কয় যে আত্মবিশ্বাসৰ দিশৰপৰা চাবলৈ গ’লে বৰ্তমানৰ সময়ক ভাৰতৰ সোণালী যুগ বুলিব পাৰি।তেওঁ কয় যে এই গঠনমূলক পৰিবেশক আমি নতুন ভাৰত গঢ়াৰ দিশত কামত লগাব পাৰো। জীৱনধাৰণ সুচল কৰাত গুৰুত্ব দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ কাম জনসাধাৰণক নিয়ন্ত্ৰণ কৰা নহয়, সুবিধা প্ৰদান কৰাহে। যোৱা তিনি বছৰত জীৱনধাৰণ সুচল কৰাৰ বাবে হাতত লোৱা বিভিন্ন পদক্ষেপ যেনে, ক্ষীপ্ৰ আয়কৰ ব্যৱস্থা, ক্ষীপ্ৰ পাছপোৰ্ট ব্যৱস্থা আদিৰ কথা তেওঁ উল্লেখ কৰে।তেওঁ কয় যে এই পদক্ষেপসমূহৰপৰা সমাজৰ সকলো শ্ৰেণীৰ লোকেই লাভান্বিত হৈছে।তেওঁ কয় যে প্ৰায় ১২০০ আওপুৰণি আইনৰ সংস্কাৰ সাধন কৰা হৈছে। ব্যৱসায় কৰা সহজ হোৱাৰ ফলত জীৱনধাৰণৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পৰিছে।তেওঁ কয় যে লোক আদালতসমূহৰ ফলত আদালতত বহুদিন ধৰি পৰি থকা গোচৰৰ সংখ্যা কমিছে।তেওঁ ন্যায় ব্যৱস্থাক সহজলভ্য কৰি তোলাৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে। নিৰ্বাচনৰ সময়ত সুৰক্ষা, অসামৰিক কৰ্মচাৰী আদিৰ ক্ষেত্ৰত হোৱা শকত অংকৰ খৰচৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত যোগাত্মক আলোচনাৰ তেওঁ পক্ষপাতী আৰু কেন্দ্ৰ তথা ৰাজ্যসমূহৰ নিৰ্বাচন একেলগে কৰি এই খৰচ হ্ৰাস কৰাৰ কথা চিন্তা কৰাৰ থল আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানৰ ৰাজহাড়স্বৰূপ বিষয়া, আইন আৰু ন্যায়পালিকাৰ মাজত সামঞ্জস্য থাকিব লাগে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ শুনানীৰ কথাও উল্লেখ কৰে।",PM addresses valedictory session of National Law Day – 2017 +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A7%88%E0%A6%9B%E0%A7%87-%E0%A6%95%E0%A6%BF%E0%A7%9F%E0%A6%A8/,https://www.pmindia.gov.in/en/news_updates/india-is-changing-because-indians-have-decided-to-change-pm/,"ছুৰাটত অনুষ্ঠিত নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ পেছাদাৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত প্ৰধানমন্ত্ৰীক চমকপ্ৰদ স্বাগতম জনোৱা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰ পৰিৱৰ্তন হোৱাৰ দিশত আগবাঢ়িছে কিয়নো দেশৰ জনতাই উন্নত ভাৰতৰ বাবে পৰিৱৰ্তিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ছুৰাটৰ নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ ধাৰণা আছিল এনেধৰণৰ যে একো নহ’ব অথবা একো পৰিৱৰ্তন নহ’ব৷ কিন্তু এতিয়া মানসিক স্থিতি পৰিৱৰ্তন হ��ছে আৰু এয়া পৰিলক্ষিত হৈছে৷ তেওঁ কয়, ‘‘প্ৰাৰম্ভিক পৰ্যায়ত মানুহৰ মাজত একো পৰিৱৰ্তন নহ’ব জাতীয় ধাৰণা আছিল৷ আমি প্ৰথমে সকলোৰে মানসিক স্থিতি পৰিৱৰ্তন কৰিলো- এতিয়া সকলো পৰিৱৰ্তন হ’ব পাৰে৷ ভাৰতৰ পৰিৱৰ্তন হৈছে কিয়নো ভাৰতীয়সকলে পৰিৱৰ্তন হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷’’ ভাৰতৰ শক্তিৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ হোৱাৰ পিছত কি হ’ল? আমাৰ চৰকাৰৰ সময়ত উৰিৰ ঘটনাৰ পিছত কি হ’ল? এয়াই পৰিৱৰ্তন৷ আমাৰ জোৱানসকলৰ হৃদয়ত জ্বলি থকা জুই প্ৰধানমন্ত্ৰীৰ হৃদয়তো জ্বলি আছিল৷ ছাৰ্জিকেল ষ্ট্ৰাইক তাৰেই প্ৰতিফলন৷ উৰিৰ সন্ত্ৰাসবাদীৰ আক্ৰমণে মোক শুবলৈ দিয়া নাছিল আৰু ইয়াৰ পিছত কি হ’ব আপোনালোক সকলোৱেই জানে৷ এয়াই পৰিৱৰ্তন৷’’ প্ৰধানমন্ত্ৰীয়ে কয় যে ক’লা ধনৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ অতি সাহসিক আৰু নিৰ্ণায়ক আছিল৷ বিমুদ্ৰাকৰণৰ পিছত তিনি লাখ উদ্যোগ বন্ধ হৈছিল আৰু কোনেও ভাবিব পৰা নাছিল যে ক’লা ধন নিয়ন্ত্ৰিত হ’ব, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ কয়, ‘‘ভাৰতৰ জনসাধাৰণ মানসিকতা বৰ্তমানে পৰিৱৰ্তন হৈছে আৰু ই দেশকো পৰিৱৰ্তিত কৰিব৷ এয়া মোৰ বিশ্বাস৷ দেশ আমাৰ প্ৰত্যেকতকৈ ডাঙৰ৷’’ এক লঘূ পৰিবেশত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া তেওঁৰ দিনটোৰ চতুৰ্থটো জন সন্মিলনত অংশগ্ৰহণ৷ কিন্তু তেওঁ ভাগৰি পৰা নাই আৰু জনতাহে ভাগৰি পৰিছে নেকি সোধাত জনসাধাৰণৰ বৃহদাংশই নহয় বুলি উত্তৰ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দিনটো গুজৰাট পৰিভ্ৰমণ কৰে৷ দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ছুৰাট বিমানন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণ অংশৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ ইয়াৰোপৰি তেওঁ ছুৰাটৰ ষ্টেট-অব্-দা-আৰ্ট ৰচিলাবেন সেৱন্তীলাল ভেনাছ চিকিৎসালয়ো ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীয়ে দাণ্ডীত ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰকো ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰে৷",PM Modi addresses New India Youth Conclave at Surat +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%BE%E0%A6%A6%E0%A7%8D%E0%A6%AF-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%B9%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-india-and-denmark-on-food-safety-cooperation/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুস্থিত কেবিনেট বৈঠকত ভাৰত আৰু ডেনমাৰ্কৰ মাজত ২০১৮ৰ ১৬ এপ্ৰিলত খাদ্য নিৰাপত্তা সহযোগিতাৰ দিশত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অ���ুমোদন জনায়। লাভালাভঃ এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ সম্পৰ্ক, পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাসক আৰু অধিক শক্তিশালী কৰিব। এই চুক্তিয়ে খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত দুয়ো দেশত উন্নত অনুশীলনৰ প্ৰচাৰৰ লগতে এই ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ দ্ৰুত সমাধানত বুজাবুজিক সুদৃঢ় কৰিব। এই বুজাবুজি চুক্তি নিৰাপত্তাৰ মান উন্নয়নত সহায় কৰাৰ বাবে এই ক্ষেত্রত প্রচলিত আটাইতকৈ উন্নত পদ্ধতি তথা গুৰুত্বপূর্ণ খাদ্য সামগ্ৰীৰ বাণিজ্যিক লেনদেন আৰু বৃদ্ধি কৰিব।",Cabinet approves MoU between India and Denmark on Food Safety Cooperation +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A7%80%E0%A6%B6%E0%A7%82%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0%E0%A6%A6/,https://www.pmindia.gov.in/en/news_updates/pm-launches-railway-projects-in-mysuru-inaugurates-development-works-at-shravanabelagola/,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহীশূৰ আৰু কে এচ আৰ বাঙ্গালুৰুৰ মাজত চলিবলগীয়া বৈদ্যুতিকৃত ৰে’ল লাইন দেশবাসীৰ বাবে মুকলি কৰে। মহীশূৰ ৰে’ল ষ্টেশ্যনত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ মহীশূৰ আৰু উদয়পুৰৰ মাজত চলিবলগীয়া পেলেচ কুইন হামচফৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰো যাত্ৰাৰম্ভ কৰায়। ইয়াৰ আগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাহুবলী মহামস্তকাভিষেক মহোৎসৱ, ২০১৮ উপলক্ষে শ্ৰৱণবেলাগলা ভ্ৰমণ কৰে। তেওঁ এ এচ আই যোগে বিন্ধ্যাগিৰি পাহাৰৰ নতুন খটখটী উদ্বোধন কৰে। তেওঁ বাহুবলী সাধাৰণ চিকিৎসালয়ো উদ্বোধন কৰে। শ্ৰৱণবেলাগলাত এক জনসভাক উদ্দেশ্যি তেওঁ কয় যে সাধু-সন্তসকলে সদায়ে আমাৰ সমাজলৈ যোগাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যুগৰ লগত খাপ খুৱাই পৰিৱৰ্তনক আঁকোৱালি ল’ব পৰাতেই আমাৰ সমাজৰ শক্তি নিহিত হৈ আছে। দৰিদ্ৰসকলৰ বাবে মান-সম্পন্ন আৰু সুলভ স্বাস্থ্যসেৱা আগবঢ়োৱা আমাৰ দায়িত্ব।",PM launches railway projects in Mysuru; inaugurates development works at Shravanabelagola +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%B8/,https://www.pmindia.gov.in/en/news_updates/pm-greets-bsf-personnel-on-their-raising-day-2/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ দেশৰ প্ৰতি বিএছএফৰ কষ্ট সহিষ্ণুতা আৰু অনবদ্য সেৱা উল্লেখযোগ্য। তেওঁলোকে সীমান্তত থাকি আমাক শত্ৰুৰ লগতে প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ঘটনাৰ সময়ত ৰক্ষা কৰে। সীমান্ত সুৰক্ষা বাহিনীক লৈ আমি গৌৰৱান্বিত।”",PM greets BSF personnel on their Raising Day +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%B8%E0%A6%AC%E0%A6%BE%E0%A6%A6-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%85/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-signing-of-india-russia-agreement-on-cooperation-in-combating-terrorism-and-organized-crime/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰস্তাৱিত চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হয়। অহা ২৭-২৯ নৱেম্বৰ, ২০১৭ত গৃহমন্ত্ৰীৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলৰ ৰাছিয়া ভ্ৰমণৰ সময়ত এই চুক্তি স্বাক্ষৰ কৰা হ’ব। পটভূমিঃ ভাৰত আৰু ৰাছিয়াৰ মাজত পাৰস্পৰিক স্বাৰ্থজড়িত আন্তঃৰাষ্টীয় দিশত এক দীৰ্ঘদিনীয়া ঐতিহাসিক সহযোগিতা আছে। সমগ্ৰ বিশ্বজুৰি গা-কৰি উঠা সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ পৰিপেক্ষিতত দেশসমূহে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ সহযোগিতাৰে কাম কৰাটো অতি জৰুৰী হৈ পৰিছে। এই প্ৰস্তাৱিত চুক্তিখন নিৰাপত্তা তথা অন্যান্য ভাবুকি সৃষ্টিকাৰী দিশত সহযোগিতাৰে যুঁজ দিয়াৰ বাবে ১৯৯৩ চনৰ অক্টোবৰত স্বাক্ষৰিত চুক্তিৰ বিকল্প হিচাপে গ্ৰাহ্য হ’ব। ইয়াৰ দ্বাৰা দুয়োখন দেশে সন্ত্ৰাসবাদ ৰোধৰ সৈতে জড়িত বিভিন্ন তথ্য বিনিময়, উন্নত অনুশীলনৰ ব্যৱ্স্থা কৰিব পাৰিব।",Cabinet approves signing of India – Russia Agreement on cooperation in combating terrorism and organized crime +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-fixed-term-for-chairperson-and-members-of-the-national-trust/,"প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ১৯৯৯ চনৰ অটিজম, চেৰিব্ৰেল পাল্ছি, মানসিকভাৱে বিকাৰগ্ৰস্ত তথা বহুৰোগৰদ্বাৰা আক্ৰান্ত লোকৰ আইনৰ ৪ (১) আৰু ৫ (১) শাখাক সংশোধন কৰি সেই সকল লোকৰ কল্যাণৰ বাবে থকা ৰাষ্ট্ৰীয় সংস্থাৰ সদস্য তথা অধ্যক্ষৰ কাৰ্যকাল তিনিবছৰৰ বাবে স্থায়ী কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ১৯৯৯ চনৰ ৰাষ্ট্ৰীয় সংস্থাৰ আইনৰ ৪ (১)শাখা মতে ৰাষ্ট্ৰীয় সংস্থাৰ সদস্য তথা অধ্যক্ষৰ কাৰ্যকাল তিনিবছৰৰ পিছতো অব্যাহত থাকিব পাৰে যদিহে তেওঁলোকৰ উত্তৰীধিকাৰীক যথাসময়ত নিযুক্ত কৰা নহয়।যদি অধ্যক্ষই পদত্যাক কৰে এই আইনৰ ৫ (১) শা��া মতে চৰকাৰে তেওঁৰ উত্তৰীধিকাৰী নিয়োগ নকৰালৈকে তেওঁ কাৰ্যভাৰ চম্ভালিব লাগিব। এই সুবিধাসমূহৰ বাবে বৰ্তমান একেজন অধ্যক্ষই অনিৰ্ধাৰিত সময় ধৰি কাৰ্যকাল চলাই থকা দেখা গৈছিল।প্ৰস্তাৱিত সংশোধনে এই ব্যৱস্থা নোহোৱা কৰিব বুলি আশা কৰা হৈছে।",Cabinet approves fixed term for Chairperson and Members of the National Trust +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%B8%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D/,https://www.pmindia.gov.in/en/news_updates/pm-condoles-loss-of-lives-due-to-train-accident-in-amritsar/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃতসৰত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোকপ্ৰকাশ কৰিছে। টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “অমৃতচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ বাবে অতিশয় দুঃখিত হৈছো। এই শোকাবহ ঘটনা অতি হৃদয় বিদাৰক। যিবোৰ পৰিয়ালে তেওঁলোকৰ আত্মীয়সকলক হেৰুৱালে তেওঁলোকৰ প্ৰতি মই গভীৰ সমবেদনা জনাইছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। ইতিমধ্যে বিষয়াবৰ্গক তাৎক্ষণিকভাৱে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে।”",PM Condoles loss of lives due to train accident in Amritsar +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A9-%E0%A6%86%E0%A6%97%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%A4-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3-%E0%A6%95%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pm-to-visit-gujarat-on-23rd-august/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভালছাদ জিলাৰ জুজৱা গাঁৱত আয়োজিত এক ৰাজহুৱা সভাত কেন্দ্ৰীয় চৰকাৰৰ “সকলোৰে বাবে গৃহ”ৰ সপোনেৰে ৰূপায়ণ কৰা ধ্বজাবাহী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ হিতাধিকাৰীৰ সমূহীয়া ই-গৃহপ্ৰৱেশ অনুষ্ঠানত প্ৰত্যক্ষদৰ্শী হিচাপে উপস্থিত থাকিব। গুজৰাট ৰাজ্যত ইতিমধ্যে ১ লাখতকৈ অধিক গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ৰাজ্যখনৰ ২৬ খন জিলাৰ এই গৃহসমূহৰ হিতাধিকাৰীয়ে সমূহীয়াভাৱে ই-গৃহপ্ৰৱেশ উদযাপন কৰিব। ভালছাদত দক্ষিণ গুজৰাটৰ পাঁচখন জিলা ক্ৰমে-ভালছাদ, নৱছাৰি, তাপি, ছুৰাট আৰু দাংছৰ হিতাধিকাৰীসকল সমবেত হ’ব। বাকী জিলাসমূহত সমূহীয়া গৃহপ্ৰৱেশ অনুষ্ঠানটি খণ্ড পৰ্যায়ত উদযাপন কৰা হ’ব। এই জিলাসমূহৰ হিতাধিকাৰীসকলক ভালছাদৰ মুল অনুষ্ঠানৰ সৈতে ভিডিঅ’ লিংকযোগে সংযোগ কৰা হ’ব। সৰ্বমুঠ প্ৰায় ২ লাখ লোক এই অনুষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰাৰ আশা কৰা হৈছে। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনা, মুখ্যমন্ত্ৰী গ্ৰামোদয় যোজনা আৰু ৰাষ্ট্ৰীয় গ্ৰ���মীণ জীৱিকা অভিযানকে ধৰি বিভিন্ন উন্নয়নমুলক আঁচনিৰ অধীনত একাংশ নিৰ্বাচিত হিতাধিকাৰীক প্ৰশংসা-পত্ৰ আৰু সংস্থাপন পত্ৰ বিতৰণ কৰিব। তেওঁ মহিলা বেংক কৰেছপনডেণ্টক নিযুক্তি পত্ৰ আৰু মিনি-এটিএম প্ৰদান কৰিব। ইয়াৰ পাছতে তেওঁ উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে জুনাগড়ত একাধিক উন্নয়নমুলক প্ৰকল্পৰ উদ্বোধন কৰিব। সেইবোৰৰ ভিতৰত জুনাগড়ত এখন চৰকাৰী অসামৰিক চিকিৎসালয়; জুনাগড় পৌৰ নিগমৰ ১৩টা প্ৰকল্প আৰু খোখাৰ্ডাত দুগ্ধ উৎপাদন প্ৰকল্প উল্লেখযোগ্য। তেওঁ তাতো এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰস্থিত গুজৰাট ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয়ৰো সমাৱৰ্তন অনুষ্ঠানত ভাষণ আগবঢ়াব। দিল্লীলৈ ঘুৰি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত সোমনাথ ট্ৰাষ্টৰ এখন বৈঠকতো ভাগ ল’ব।",PM to visit Gujarat on 23rd August 2018 +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AB-%E0%A6%AE%E0%A7%87%E0%A6%A4-%E0%A6%AA%E0%A6%B6%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%AE%E0%A6%AC%E0%A6%82%E0%A6%97-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9D%E0%A6%BE%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pm-to-visit-west-bengal-and-jharkhand-on-may-25/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মে’ত পশ্চিমবংগ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব। তেওঁ শান্তি নিকেতনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ভাৰত-বাংলাদেশৰ সাংস্কৃতিক সম্পৰ্কৰ প্ৰতীক হিচাপে শান্তি নিকেতনত বাংলাদেশ ভৱনো উদ্বোধন কৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা দুয়োটা অনুষ্ঠানতে উপস্থিত থাকিব। ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীয়ে ছিন্দৰীৰ এক অনুষ্ঠানত ভাৰত চৰকাৰ আৰু ঝাৰখণ্ড চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সেইবোৰ ভিতৰতঃ • হিন্দুস্থান উৰ্বৰক আৰু ৰসায়ন লিমিটেডৰ অধীনস্থ ছিন্দৰী সাৰ প্ৰকল্পৰ পুনৰুত্থান। • গেইলৰ ৰাঁচী চহৰ গেছ বিতৰণ প্ৰকল্প • সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ), দেওঘৰ • দেওঘৰ বিমানবন্দৰৰ উন্নয়ন • পট্ৰাটু ছুপাৰ থাৰ্মেল শক্তি প্ৰকল্প (৩x৮০০ মেগাৱাট) তেওঁ জন ঔষধি কেন্দ্ৰৰ বাবে বুজাবুজি চুক্তি বিনিময় অনুষ্ঠানতো উপস্থিত থাকিব। প্ৰধানমন্ত্ৰীয়ে এখন ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব। পাছত প্ৰধানমন্ত্ৰীয়ে ৰাঁচীত ঝাৰখণ্ডৰ ৰূপান্তৰশীল জিলাৰ উপায়ুক্তসকলৰ সৈতে মত বিনিময় কৰিব।",PM to Visit West Bengal and Jharkhand on May 25 +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%8B-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%87%E0%A7%9F%E0%A7%81%E0%A6%A5-%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9C%E0%A6%BE/,https://www.pmindia.gov.in/en/news_updates/pm-wishes-the-participants-of-khelo-india-youth-games/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা পুণেত আৰম্ভ হোৱা খেলো ইণ্ডিয়া ইয়ুথ ক্ৰীড়াৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাইছে৷ ‘‘আজিৰে পৰা পুণেত আৰম্ভ হোৱা খেলো ইণ্ডিয়া ইয়ুথ ক্ৰীড়াৰ অংশগ্ৰহণকাৰীসকলক মই শুভেচ্ছা জনাইছোঁ৷ এই টুৰ্ণামেণ্টখনত যাতে শ্ৰেষ্ঠতম প্ৰতিভা উদ্ভাসিত হয় আৰু আমাৰ যুৱ প্ৰজন্মই তেওঁলোকৰ ক্ৰীড়া সপোন বাস্তৱায়িত কৰাৰ প্লেটফৰ্ম এখন পায়৷ অধিক ক্ৰীড়া, উন্নত স্বাস্থ্য আৰু এখন সুস্থ ৰাষ্ট্ৰ! প্ৰখ্যাত ক্ৰীড়াবিদসকলে তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰা তথা খেলপথাৰত অধিক সময় অতিবাহিত কৰা পৰিলক্ষিত কৰি ভাল লাগিছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷",PM wishes the participants of Khelo India Youth Games +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AE%E0%A7%81/,https://www.pmindia.gov.in/en/news_updates/pm-to-inaugurate-the-dr-ambedkar-international-centre-tomorrow/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ১৫, জনপথত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ মুকলি কৰিব। লগতে তেওঁ ড০ আম্বেদকাৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰও মুকলি কৰিব। “কাইলৈ দিনৰ ১১ বজাত মই নতুন দিল্লীৰ ১৫, জনপথত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ মুকলি কৰিম। এই অনুষ্ঠান মোৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ মই এই কেন্দ্ৰৰ আধাশিলাও স্থাপন কৰিছিলো।দেশৰ ৰাজধানীৰ মাজ-মজিয়াত এয়া ড০ আম্বেদকাৰৰ প্ৰতি যোগ্য স্বীকৃতি। ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ বৌদ্ধধৰ্মী আৰু আধুনিক স্থাপত্যৰ আৰ্হিৰ সংযোগত নিৰ্মাণ কৰা হৈছে।ইয়াত সভাকক্ষ আৰু চেমিনাৰ হল আছে। ইয়াত তিনিটা অডিটৰিয়ামৰ লগতে বিস্তৃত তথা ডিজিটেল সুবিধাযুক্ত গ্ৰন্থাগাৰো আছে। কাইলৈ ড০ আম্বেদকাৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰও মুকলি কৰা হ’ব।এই প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনাৰ সুবিধা দিয়াৰ লগতে যুৱ প্ৰজন্মক গৱেষণা তথা মৌলিক চিন্তাৰ বাবে উদ্বুদ্ধ কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।",PM to inaugurate the Dr. Ambedkar International Centre tomorrow +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%87-%E0%A6%AC%E0%A6%9C%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7-%E0%A6%89/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-setting-up-of-a-special-purpose-vehicle-to-be-called-government-e-marketplace/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত নিম্নোলিখিত দিশত অনুমোদন জনোৱা হয়ঃ- ১. চৰকাৰী ই-বজাৰ নামে এটা বিশেষ উদ্দে���্য সাধক ব্যৱস্থা (জিইএমএছপিভি)গঢ়ি তোলা হ’ব, যি ৰাষ্ট্ৰীয় পৰ্য়ায়ত চৰকাৰীভাৱে ক্রয়যোগ্য পোর্টেল হিচাপে যাতে কোম্পানী আইন-২০১৩ৰ ৮ নম্বৰ ধাৰাত পঞ্জীকৃত কোম্পানীসমূহে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহক সামগ্ৰী আৰু সেৱা ক্রয়ৰ সুযোগ প্ৰদান কৰিব পাৰে। এই জিইএমএছপিভি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্রালয়/বিভাগ, কেন্দ্র আৰু ৰাজ্যৰ ৰাষ্ট্রীয়কৃত প্ৰতিষ্ঠানসমূহ, স্বায়ত্ত্বশাসিত সংস্থা আৰু স্থানীয় স্বায়ত্বশাসিত প্ৰতিষ্ঠানসমূহতো এই ই-বজাৰৰ জৰিয়তে তেওঁলোকৰ প্রয়োজনীয় সামগ্ৰী সংগ্রহ কৰিব পৰা এখন অনলাইন বজাৰ হিচাপে বিবেচিত হ’ব পাৰে, যাতে সাধাৰণভাৱে ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱা স্বচ্ছ আৰু দক্ষতাৰে উপায়েৰে লাভ কৰে। ২. ডিজিএছ এণ্ড ডি বিভাগ আঁতৰ কৰা হ’ব আৰু ইয়াৰ কাম ২০১৭ৰ ৩১ অক্টোবৰ ভিতৰত শেষ হ’ব। যদি ডিজিএছ এণ্ড ডিয়ে ২০১৭ৰ ৩১ অক্টোবৰৰ ভিতৰত আঁতৰকৰণ সম্পূৰ্ণ কৰিব নোৱাৰে, তেনেহ’লে উপযুক্ত কাৰন দেখুৱাই সেই বিভাগৰ কার্যকালৰ ম্যাদ ২০১৮ৰ ৩১ মার্চ পর্যন্ত বৃদ্ধি কৰিব পাৰিব বুলি অনুমতি দিয়া হৈছে।",Cabinet approves setting up of a Special Purpose Vehicle to be called Government e-Marketplace +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%A4%E0%A7%87%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%AC/,https://www.pmindia.gov.in/en/news_updates/pms-meeting-with-global-oil-and-gas-experts-ceos/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু বিদেশী ৰাষ্ট্ৰৰ তেল আৰু প্ৰাকৃতিক গেছ বিশেষজ্ঞসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই উপলক্ষে বৈঠকত ছৌদি আৰৱ আৰু ইউএইৰ মন্ত্ৰীবৰ্গ তথা ছৌদি এআৰএএমচিঅ’, এডিএনঅ’চি, বিপি, ৰোজনেফট, আইএইচএছ মাৰকিট, পায়’নিয়াৰ নেচাৰেল ৰিছ’ৰ্চ কোম্পানী, এমাৰ্ছন ইলেক্ট্ৰিক কোম্পানী, টেল্লুৰিয়ান, মুবাদলা ইনভেষ্টমেণ্ট কোম্পানী, শ্লামবাৰ্গাৰ লিমিটেড, উড মেকেঞ্জি, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় শক্তি অভিকৰণ(আইইএ), এনআইপিএফপি, ব্ৰুকিং ইণ্ডিয়া আৰু ভূ-গৰ্ভৰ তলে-ওপৰে কাৰ্য সম্পাদন কৰাৰ সৈতে জড়িত বিভিন্ন ভাৰতীয় কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞ উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰুণ জেটলী আৰু শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান; নিটী আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু নিটী আয়োগৰ একাংশ জ্যেষ্ঠ বিষয়াও অনুষ্ঠানত উপস্থিত থাকে। মত-বিনিময় অনুষ্ঠানত বিশ্বৰ চিইঅ’ আৰু বিশেষজ্ঞসকলে বিগত চাৰি বছৰত ভাৰতত সহজে ব্যৱসায় কৰিব পৰা পৰিৱেশ সৃষ্ট���ত, বিশেষকৈ শক্তি খণ্ডৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰশংসা কৰে। বিশেষজ্ঞসকলে উৰ্ধ্বমুখী বিনিয়োগৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰতিযোগিতামূলক বজাৰত স্থান ৫৬ৰ পৰা ৪৪ লৈ উন্নীত হোৱাৰ দিশটো বিশেষভাৱে উল্লেখ কৰে। আলোচনাত ভাৰতত তেল আৰু প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ; অন্বেষণ আৰু উৎপাদন বৃদ্ধি; সৌৰ শক্তি আৰু জৈৱ ইন্ধন সম্ভাৱনীয়তাৰ লগতে শক্তি খণ্ডৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কেতবোৰ সামূহিক পদক্ষেপৰ বিষয়ে গুৰু্ত্ব লাভ কৰে। বিশেষজ্ঞসকলে বিভিন্ন অংশীদাৰ একেলগে সমবেত হৈ নীতিগত দিশত আলোচনা কৰাৰ সূযোগ প্ৰদান কৰা এনে ধৰণৰ ব্যতিক্ৰমী আলোচনা-চক্ৰ আয়োজনৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে ভাৰত চৰকাৰৰ শলাগ লয়। শক্তি খণ্ডৰ বিশ্বৰ নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ বজাৰত ভাৰতৰ গুৰুত্বপূৰ্ণ স্থানৰ দিশটো আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে তেলৰ বজাৰখন উৎপাদনকাৰী দেশসমূহৰ দ্বাৰা চালিত; পৰিমাণ আৰু মূল্য দুয়োটাই তেল উৎপাদনকাৰী দেশসমূহে নিৰ্ধাৰণ কৰে। সেয়েহে, পৰ্যাপ্ত উৎপাদন থকা সত্ত্বেও, তৈল খণ্ডৰ বজাৰৰ এই বিশেষ বৈশিষ্ট্যৰ বাবে তেলৰ দাম বৃদ্ধি পায়। প্ৰধানমন্ত্ৰী মোদীয়ে অন্যান্য বজাৰৰ দৰে তেলৰ বজাৰতো উৎপাদনকাৰী আৰু উপভোক্তাৰ মাজত শক্তিশালী সহযোগিতাৰ পোষকতা কৰে। এইটোৱে পুনৰুত্থানৰ দিশে গতি কৰা বিশ্ব অৰ্থনীতিৰ সুস্থিৰতা অনাত সহায় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সৈতে প্ৰাসংগিক কেতবোৰ মুখ্য নীতিগত সমস্যাৰ প্ৰতি বিশেষজ্ঞসকলৰ মনোযোগ আকৰ্ষণ কৰে। প্ৰথমতে, তেওঁ খনিজাত তেলৰ মূল্য বৃদ্ধিৰ ফলত উপভোক্তা দেশসমূহে সম্পদৰ ব্যাপক সংকটকে ধৰি অন্যান্য অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথা আলোকপাত কৰে। এই শূন্যতা পুৰণ কৰাৰ ক্ষেত্ৰত তেল উৎপাদনকাৰী দেশসমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ তেল উৎপাদকাৰী দেশসমূহক নিজৰ বিনিয়োগযোগ্য ৰাহি ধনৰাশি উন্নয়নশীল দেশসমূহৰ তৈল খণ্ডৰ বাণিজ্যিক শোষণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ অনুৰোধ জনায়। দ্বিতীয়তে, অন্বেষণমূলক কাম-কাজ বৃদ্ধিৰ লগতে উন্নয়নশীল দেশসমূহত প্ৰযুক্তি আৰু পৰিসৰ বৃদ্ধি ইত্যাদি দুয়োটা ক্ষেত্ৰত সহযোগিতা কামনা কৰে। তৃতীয়তে, প্ৰধানমন্ত্ৰীয়ে গেছ বিতৰণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ কথা উল্লেখ কৰি সেইবোৰৰ ক্ষেত্ৰত সহায় কৰাৰ আহ্বান জনায়, য’ত উচ্চ চাপ আৰু উচ্চ উষ্ণতাৰ সৈতে জড়িত প্ৰযুক্তি ব্যৱহাৰ প্ৰাকৃতিক গেছৰ বাণিজ্যিক শোষণৰ বাবে প্ৰাসংগিক বুলি বিবেচনা কৰিব পৰা যায়। শেষত, প্ৰধানমন্ত্ৰীয়ে ধনাদায়ৰ চৰ্তাৱলীক পৰ্যালোচনা কৰাৰ বাবে আহ্বান জনায়, যাতে স্থানীয় মুদ্ৰাই অস্থায়ী সাহায্য পাব পাৰে। প্ৰধানমন্ত্ৰীয়ে এই খণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতিগত প্ৰচেষ্টা আৰু উন্নয়নমূলক ব্যৱস্থাৰ সন্দৰ্ভতো বৈঠকত সদৰি কৰে। তেওঁ প্ৰাকৃতিৰ গেছৰ মূল্য নিৰ্ধাৰণ আৰু বিপণনৰ উদাৰীকৰণ ব্যৱস্থাৰ আলোকপাত কৰে, য’ত গভীৰ জলস্তৰত সমস্যাৰ মোকাবিলা কৰা আৰু ইয়াৰ বাবে উচ্চ চাপ আৰু উচ্চ উষ্ণতা শোষণৰ সৈতে জড়িত প্ৰযুক্তিৰ আৱশ্যক হয়। তেওঁ মুকলি ক্ষেত্ৰফল অনুজ্ঞা নীতি, ক’ল বেড মিথেনৰ তাৎক্ষণিক মূদ্ৰীকৰণ কৰা, সৰু সৰু স্থানসমূহত তেল অন্বেষণৰ বাবে উৎসাহিত কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ভূমিকম্প সম্পৰ্কীয় সমীক্ষা কৰাৰ সন্দৰ্ভত উল্লেখ কৰে। বৰ্তমান চলিত বাণিজ্যিক শোষণ তথা ব্যৱহাৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উৎপাদনৰ সহযোগিতা সম্পৰ্কীয় চুক্তিৰ সম্প্ৰসাৰিত কৰিবলৈ বিশেষভাৱে আহ্বান জনায়।",PM’s meeting with Global Oil and Gas Experts/CEOs +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A7%AB%E0%A7%A9-%E0%A6%95%E0%A7%87%E0%A6%9C%E0%A6%BF-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8B%E0%A6%B2%E0%A6%A8/,https://www.pmindia.gov.in/en/news_updates/pm-congratulates-sanjita-chanu-on-winning-the-gold-medal-in-the-womens-53-kg-weightlifting-event/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছত ভাৰত্তোলনত সোণৰ পদক বিজয়ী কে সঞ্জিতা চানুক অভিনন্দন জ্ঞাপন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰতৰ বাবে এয়া দ্বিতীয়টো সোণ! মহিলাৰ ৫৩ কেজি ভাৰত্তোলন প্ৰতিযোগিতাত সোণৰ পদক বিজয়ী কে সঞ্জিতা চানুক অভিনন্দন জনাইছোঁ৷ এই আদৰ্শমূলক পাৰদৰ্শিতা সমগ্ৰ ৰাষ্ট্ৰই উপভোগ কৰিছে৷’’ অষ্ট্ৰেলিয়াত উদযাপিত ২০১৮ চনৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ ভাৰত্তোলক খুমুকচাম সঞ্জিতা চানুৱে দ্বিতীয়টো সোণৰ পদক লাভ কৰে৷",PM congratulates Sanjita Chanu on winning the Gold Medal in the Women’s 53 kg weightlifting event +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%A4%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0%E0%A7%87-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A7%A7%E0%A7%A9%E0%A6%9F%E0%A6%BE-%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%A4-%E0%A6%89%E0%A6%AA/,https://www.pmindia.gov.in/en/news_updates/pmindia-multilingual-website-now-available-in-13-languages/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী ৱেবছাইট https://www.pmindia.gov.in ৰ অসমীয়া আৰু মণিপুৰী সংস্কৰণৰ আজি শুভাৰম্ভ কৰা হয়। দুয়োখন ৰাজ্যৰ নাগৰিকে ক���ি অহা অনুৰোধৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা অসমীয়া আৰু মণিপুৰী ভাষাত এই ৱেবছাইট চাব পাৰিব। আজি শুভাৰম্ভ হোৱা দুয়োটা সংস্কৰণক ধৰি পিএমইণ্ডিয়া ৱেবছাইট এতিয়াৰে পৰা ইংৰাজী আৰু হিন্দীৰ উপৰি অসমীয়া, বঙালী, গুজৰাটী, কান্নাড়া, মালায়ালম, মণিপুৰী, মাৰাঠী, ওড়িয়া, পঞ্জাৱী, তামিল আৰু তেলেগুসহ মুঠ ১১টা আঞ্চলিক ভাষাত উপলব্ধ হ’ব। এই ১১টা আঞ্চলিক ভাষাৰ ৱেবছাইট নিম্নোলিখিত লিংকৰ জৰিয়তে চাব পাৰিবঃ অসমীয়া: https://www.pmindia.gov.in/asm/ বঙালী: https://www.pmindia.gov.in/bn/ গুজৰাটী: https://www.pmindia.gov.in/gu/ কান্নাড়া: https://www.pmindia.gov.in/kn/ মাৰাঠী: https://www.pmindia.gov.in/mr/ মালায়ালম: https://www.pmindia.gov.in/ml/ মণিপুৰী: https://www.pmindia.gov.in/mni/ ওড়িয়া: https://www.pmindia.gov.in/ory/ পঞ্জাৱী: https://www.pmindia.gov.in/pa/ তামিল: https://www.pmindia.gov.in/ta/ তেলেগু: https://www.pmindia.gov.in/te/ এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ লোকসকলৰ সৈতে নিজা নিজা ভাষাত যোগসূত্ৰ ৰক্ষাৰ বাবে কৰি অহা প্ৰচেষ্টাৰে এক অংশ। ইয়াৰ জৰিয়তে দেশৰ সকলো ঠাইৰ লোকে প্রধানমন্ত্রীৰ সৈতে তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ দিশত পাৰস্পৰিক যোগাযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।",PMINDIA Multilingual Website now available in 13 languages +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%A4-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0%E0%A6%A8/,https://www.pmindia.gov.in/en/news_updates/pm-lays-foundation-stone-for-india-international-convention-and-expo-centre-dwarka/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰ(আইআইচিচি)ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয় যে প্রস্তাৱিত এই কেন্দ্রটোৱে ভাৰতৰ অর্থনৈতিক প্ৰগতি, সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰিৱেশ সুৰক্ষাৰ প্রতি আমাৰ সজাগতাৰ প্রতিফলন ঘটাব। তেওঁ কয় যে এই কেন্দ্ৰটো বিশ্বমানৰ আন্তঃগাঁথনি আৰু সহজে ব্যৱসায় কৰিব পৰা সুবিধাৰ প্রতি চৰকাৰৰ দৃষ্টিভংগীৰ পৰিচায়ক হৈ উঠিব। কেন্দ্রীয় চৰকাৰে নজিৰবিহীনভাৱে জাতিৰ উন্নয়নৰ বাবে এলানি অসাধাৰণ প্রকল্প ৰূপায়ণৰ কাম আৰম্ভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। এই প্রসংগত তেওঁ দেশৰ দীর্ঘতম সূৰংগ নির্মাণ, দীর্ঘতম গেছৰ পাইপলাইন স্থাপন, বৃহত্তম ম’বাইল কাৰখনা আৰু প্রতি ঘৰত বিদ্যুৎ যোগান ধৰাৰ সদৰি কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰ কাম নতুন ভাৰতৰ দক্ষতা আৰু গতিৰ প্রতীক। প্রধানমন্ত্রীয়ে কয় যে বিশ্বৰ অধিকাংশ দেশত বৃহৎ সন্মিলন আয়োজনৰ বাবে বিস্তাৰিত ব্যৱস্থা গঢ়ি তোলা হৈছে। বহুদিন ধৰি ভাৰত�� এই ধৰণৰ বিষয়কলৈ ইমান চিন্তা-চৰ্চা কৰা হোৱা নাছিল। এতিয়া পৰিৱেশ সলনি হৈছে বুলি তেওঁ লগতে কয়। প্রধানমন্ত্রীয়ে কয় যে এখন দেশ শক্তিশালী সাংগঠনিক আৰু প্রতিষ্ঠানগত দক্ষতাৰে আগুৱাই যায়, যিবোৰৰ বাবে বহু বছৰৰ শ্রম আৰু প্ৰচেষ্টাৰ প্রয়োজন হয়। তেওঁ কয় যে এই কামৰ বাবে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ আৰু তাৎক্ষণিকভাৱে ৰূপায়ণ কৰা অতি গুৰুত্বপূর্ণ। এই প্রসংগত প্রধানমন্ত্রীয়ে একাংশ ৰাষ্ট্ৰীয়কৃত বেংক একেলগ কৰাৰ বাবে শেহতীয়াকৈ লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই বিষয়টোক লৈ প্রায় ৩০ বছৰ ধৰি চিন্তা-চৰ্চা কৰা হৈছিল যদিও ৰূপায়ণ কৰা হোৱা নাছিল। অৱশ্যে, বর্তমান চৰকাৰে ৰাষ্ট্ৰৰ স্বার্থত কঠিন সিদ্ধান্ত ল’বলৈ অলপো কুণ্ঠাবোধ নকৰে। যোৱা চাৰি বছৰত যিদৰে দেশৰ সৰ্বাংগীন উন্নয়ন হৈছে, তাৰ কাৰণে ৰাষ্ট্ৰীয় স্বার্থক সৰ্বাধিক অগ্রাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে সজোৰেৰ কয় যে জনসাধাৰণৰ স্বার্থত এই ধৰণৰ কঠিন সিদ্ধান্ত গ্রহণৰ প্রক্রিয়া অব্যাহত থাকিব। তেওঁ কয় যে প্ৰত্যাহ্বান সত্ত্বেও দেশৰ অর্থনীতি এক ভাল অৱস্থাত উপনীত হৈছে। ‘সহজে ব্যৱসায়ৰ কৰা সুযোগ’ৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে বর্তমান এই প্ৰচেষ্টাক জিলা পৰ্যায়লৈকে সম্প্রসাৰিত কৰাৰ ব্যৱস্থা লৈছে।","PM lays foundation stone for India International Convention and Expo Centre, Dwarka" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A6%9A%E0%A7%B0%E0%A7%8D%E0%A6%9A%E0%A6%BE/,https://www.pmindia.gov.in/en/news_updates/pareeksha-pe-charcha-pms-interactive-session-with-students/,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টাউনহলত ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষা সম্পৰ্কীয় এক বাৰ্তালাপত মিলিত হয়। তেওঁ নতুন দিল্লীৰ টালাকাটৰা ষ্টেডিয়ামৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ পৰা বহুকেইটা প্ৰশ্ন গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসমূহে বিভিন্ন টিভি চেনেল, ‘নৰেন্দ্ৰ মোদী এপ’ আৰু ‘মাইগভ’ মঞ্চযোগেও প্ৰশ্ন উত্থাপন কৰে। বাৰ্তালাপৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা তেওঁলোকৰ পৰিয়ালৰ বন্ধু হিচাপে টাউনহললৈ আহিছে। তেওঁ কয় যে তেওঁ বিভিন্ন মাধ্যমৰ যোগেদি দেশৰ ১০ কোটি লোকৰ সৈতে কথা পাতিছে।তেওঁৰ নিজৰ মাজৰ ছাত্ৰজনক আজিলৈকে জীয়াই ৰাখিব পৰাৰ মূল্যবোধৰ শিক্ষা দিয়াৰ বাবে নিজৰ শিক্ষাগুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।তেওঁ সকলোকে নিজৰ মাজৰ ছাত্ৰজনক সদায় জীয়াই ৰাখিবলৈ আহ্বান জনায়। প্ৰায় দুঘন্ট��য়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে আশংকা, ভয়, মনোযোগ, আনুসঙ্গিক হেঁচা, অভিভাৱকৰ উচ্চাকাঙ্ক্ষা, শিক্ষকৰ ভূমিকা আদি বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ দিয়ে।তেওঁৰ উত্তৰসমূহ সৰস তথা উদাহৰণেৰে ভৰা আছিল। পৰীক্ষাৰ হেঁচা আৰু ভয় নোহোৱা কৰি আত্মবিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ স্বামী বিবেকানন্দৰ উদ্ধৃতি দিয়ে। প্ৰাণনাশক আঘাতৰ সন্মূখীন হৈও কেৱল এঘাৰ মাহৰ পিছতেই চলিত শীতকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা কানাডাৰ স্ন’বৰ্ডাৰ মাৰ্ক মেকমৰিছৰো উদাহৰণ দিয়ে। মনোযোগৰ বিষয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘মন কী বাত’ অনুষ্ঠানত বিখ্যাত ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰে কোৱা কথা স্মৰণ কৰি কয় যে তেণ্ডুলকাৰে অতীত বা ভৱিষ্যতৰ কথা নাভাৱে আৰু এই মুহূৰ্ত্তত খেলি থকা বলটোৰ প্ৰতিহে মনোযোগ দিয়ে।প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগভ্যাসেও মনোযোগ বৃদ্ধিত সহায় কৰিব পাৰে। পৰীক্ষাৰ হেঁচাৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘প্ৰতিস্পৰ্ধা’তকৈ ‘অনুস্পৰ্ধা’ৰ প্ৰয়োজনীয়তা বেছি।আনৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাতকৈ নিজকে আগতকৈ ভাল কৰিবলৈহে যত্ন কৰিব লাগে। সকলো অভিভৱকেই নিজৰ সন্তানৰ বাবে বহু ত্যাগ স্বীকাৰ কৰে। তেওঁ অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ সফলতাক সামাজিক অৱস্থানৰ বিষয় নকৰিবলৈ আহ্বান জনায়। প্ৰতিজন শিশুৰেই কিবা নহয় কিবা এক স্বকীয় প্ৰতিভা থাকে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিজন ছাত্ৰৰ জীৱনৰ বৌদ্ধিক আৰু আৱেগিক অৱস্থাৰ কথাও উল্লেখ কৰে। সময়ৰ সদব্যৱহাৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এখন সময়সূচী বা ৰুটীনেই গোটেই বছৰটোৰ কাৰণে উপযুক্ত নহয়। এইক্ষেত্ৰত কিছু শিথিলভাৱে সময়ৰ সদব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে।",Pariksha pe Charcha – PM’s interactive session with students +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A7%87%E0%A6%9F%E0%A7%8D%E0%A7%B0-%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BE/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-indore-metro-rail-project-comprising-ring-line-bengali-square-vijay-nagar-bhawarsala-airport-patasia-bengali-square/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ব্যাপক হাৰত জন সমাগম হোৱা ইণ্ডোৰ চহৰৰ বেংগলী স্কোৱেৰ-বিজয় নগৰ-ভাৱৰছালা-বিমানবন্দৰ-পাটাছিয়া-বেংগলী স্কোৱেৰ সংযোগী ৩১.৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং লাইনসহ ইণ্ডোৰ মেট্ৰ’ ৰে’ল প্ৰকল্পত অনুমোদন জনায়। এই ৰিং লাইনটোত ৩০টা ষ্টেচন থাকিব। ব্যাপক জনসমাগম হোৱা চহৰাঞ্চলত এই প্ৰকল্পই সহজলভ্য, ��িৰ্ভৰযোগ্য, নিৰাপদ, সুৰক্ষিত আৰু মসৃণ পৰিবহণ ব্যৱস্থাৰ সুবিধা প্ৰদান কৰাৰ উপৰি দুৰ্ঘটনা, প্ৰদূষণ, ভ্ৰমণৰ সময়, ইন্ধন উপভোগ, অসামাজিক কাৰ্যকলাপ হ্ৰাস কৰাৰ লগতে নগৰৰ সম্প্ৰসাৰণত নিয়ন্ত্ৰণ আৰু বহনযোগ্য উন্নয়নৰ বাবে ভূমি ব্যৱহাৰত সহায় কৰিব। চাৰি বছৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা প্ৰকল্পটোত আনুমানিক ৭,৫০০.৮০ কোটি ব্যয় হ’ব। এই মেট্ৰ’ ৰে’ল প্ৰকল্পৰ জৰিয়তে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে ইণ্ডোৰৰ প্ৰায় ৩০ লাখ লোক উপকৃত হ’ব। এই কৰিড’ৰটো ৰে’ল ষ্টেচন আৰু বিআৰটিএছ ষ্টেচন আৰু ফিডাৰ নেটৱৰ্ক বাছ, অন্তৰ্ৱ্তী ৰাজহুৱা পৰিবহণ(আইপিটি) আৰু মটৰবিহীন পৰিবহণ(এনএমটি)কে ধৰি বিভিন্ন পৰ্যায়ৰ পৰিবহণেৰে সংযোগ কৰা হ’ব। এই প্ৰকল্পত সামগ্ৰী পৰিবহণভিত্তিক আৰু উন্নয়ন অধিকাৰৰ হস্তান্তৰ জৰিয়তে যাত্ৰীৰ ভাড়াৰ উপৰি বিজ্ঞাপনৰ সমান্তৰালভাৱে ভেল্যু কেপচাৰ ফাইনান্সিঙৰ পৰা অনা-ভাড়া ৰাজহ আহৰণ কৰিব পাৰিব। এই ৰে’ল লাইনে অঞ্চলটোৰ আবাসিক এলেকাৰ লোকসকলক নিজৰ আত্মীয়ৰ লগতে চহৰৰ কাম কৰাৰ ক্ষেত্ৰত ব্যাপকভাৱে উপকৃত কৰিব। ৰিং লাইনে ঘন বসতিপূৰ্ণ এলেকা যেনে-ৰে’ল ষ্টেচন, বিমানবন্দৰ আৰু স্মাৰ্ট চিটী এলেকাৰ লোকসকলক সংযোগ কৰিব। এই মেট্ৰ’ ৰে’লে আবাসী, যাত্ৰী, বিভিন্ন কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, দৰ্শনাৰ্থী আৰু পৰ্যটকসকলক পৰিৱেশ অনুকূল আৰু বহনক্ষম ৰাজহুৱা পৰিবহণৰ সুবিধা আগবঢ়াব। এই প্ৰকল্পৰ ৰূপায়ণৰ বাবে মধ্যপ্ৰদেশ মেট্ৰ’ ৰে’ল কোম্পানী লিমিটেড(এমপিএমআৰচিএল) শীৰ্ষক এক এছপিভি গঠন কৰা হয়। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমান হাৰত ধন বিনিয়োগ কৰাৰ লগতে আংশিক ধন এছিয়ান ডেভেলপমেণ্ট বেংক(এডিবি) আৰু নিউ ডেভেলপমেণ্ট বেংক(এনডিবি)ৰ পৰা ঋণ হিচাপে লোৱা হৈছে। ইণ্ডোৰ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ পৰামৰ্শদাতা হিচাপে মেচাৰ্চ লুই বাৰ্জাৰ এছএএছ আৰু মেচাৰ্চ জিওডাটা ইঞ্জিনিয়াৰিঙৰ সৈতে মেচাৰ্চ ডিবি ইঞ্জিনিয়াৰিং এণ্ড কনছালটিং জিএমবিএইচক দায়িত্ব দিয়া হৈছে। ইতিমধ্যে কামৰ নিবিদা আহ্বান কৰা হৈছে আৰু শীঘ্ৰে কাম আৰম্ভ হ’ব।",Cabinet approves Indore Metro Rail Project comprising Ring Line (Bengali Square – Vijay Nagar – Bhawarsala – Airport – Patasia – Bengali Square) +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%A6%E0%A7%B0%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-continuation-of-pradhan-mantri-jandhan-yojana/,"বিত্তীয় অন্তর্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযান(পিএমজেডিৱাই) ১৪.০৮.২০১৮ৰ পৰৱৰ্তী সময়তো বাহাল থাকিব। ‘প্রতিটো পৰিয়ালৰ প্রত্যেক প্রাপ্তবয়স্ক ব্যক্তিৰ বাবে একাউণ্ট’ খোলাৰ প্রতি গুৰুত্ব দিয়াৰ লগতে বর্তমানৰ অভাৰ ড্রাফটৰ সীমা ৫,০০০ টকাৰ পৰা বৃদ্ধি কৰি ১০,০০০ টকা কৰা হৈছে। ২,০০০ টকালৈকে অভাৰ ড্রাফটৰ ক্ষেত্ৰত কোনো চৰ্ত নাথাকে। অভাৰ ড্রাফটৰ সুবিধা লাভৰ বাবে বয়সৰ ঊৰ্ধসীমা সংশোধন কৰি ১৮-৬০ বছৰৰ পৰা ১৮-৬৫ বছৰ কৰা হৈছে। প্রধানমন্ত্রী জন ধন যোজনাৰ অধীনত ২৮.০৮.২০১৮ৰ পাছত যিবোৰ একাউণ্ট খোলা হৈছে, সেই একাউণ্টৰ ৰূপে কার্ড থকাসকলৰ দুর্ঘটনা বীমাৰ পৰিমাণ ১ লাখ টকাৰ পৰা বৃদ্ধি ২ লাখ টকা কৰা হৈছে। জনতাকেন্দ্রিক তথা দৰিদ্ৰ লোকসকলৰ স্বার্থ সুৰক্ষিত ৰখাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহলৈ ব্যাপক সকাহ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত ০৫.০৯.২০১৮ত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বিত্তীয় অন্তর্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযান–প্রধানমন্ত্রী জন ধন যোজনা (পিএমজেডিৱাই) বাহাল ৰখাৰ প্রস্তাৱ অনুমোদন জনোৱা হয়। ইয়াৰ দ্বাৰা যোজনাখনৰ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গৃহীত হৈছে। সেইবোৰ হ’ল- ১৪.০৮.২০১৮ৰ পাছতো বিত্তীয় অন্তৰ্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযান অভিযান (পিএমজেডিৱাই) বাহাল থাকিব। বর্তমানৰ অভাৰ ড্ৰাফটৰ ঊৰ্ধসীমা ৫,০০০ টকাৰ পৰা বৃদ্ধি কৰি ১০,০০০ টকা কৰা হৈছে। ২,০০০ টকালৈকে অভাৰ ড্রাফটৰ ক্ষেত্ৰত কোনো চৰ্ত নাথাকে। অভাৰ ড্রাফটৰ সুবিধা লাভৰ বাবে বয়সৰ ঊৰ্ধসীমা সংশোধন কৰি ১৮-৬০ বছৰৰ পৰা ১৮-৬৫ বছৰ কৰা হৈছে। প্রধানমন্ত্রী জন ধন যোজনাৰ অধীনত ২৮.০৮.২০১৮ৰ পাছত প্ৰতিটো পৰিয়ালৰ প্ৰাপ্তবয়স্কৰ বাবে যিবোৰ একাউণ্ট খোলা হৈছে, সেই একাউণ্টৰ ৰূপে কার্ড থকাসকলৰ দুর্ঘটনা বীমাৰ পৰিমাণ ১ লাখ টকাৰ পৰা বৃদ্ধি ২ লাখ টকা কৰা হৈছে। কেবিনেটে এই অভিযান বাহাল ৰখাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত দেশৰ প্রতিটো পৰিয়াল বা প্রত্যেক ব্যক্তিয়ে অতি কমেও নিজা এটা মৌলিক বেংক একাউণ্ট খোলাৰ সুবিধা পাব। একেদৰে অন্যান্য বিত্তীয় সেৱা আৰু সামাজিক সুৰক্ষাসহ ১০,০০০ টকালৈকে অভাৰ ড্ৰাফটৰ সুবিধা গ্রহণ কৰিব পাৰিব। ইয়াৰ ফলত প্রতিটো পৰিয়ালৰ সমান্তৰালভাৱে প্রত্যেক ব্যক্তিক বিত্তীয় সেৱা প্রদানেৰে মূল সুঁতিলৈ অনাৰ যিমান সম্ভৱ হ’ব, সিমানেই চৰকাৰৰ বিভিন্ন সাহায্যপ্ৰাপ্ত আঁচনিৰ সুবিধা আৰু সহজে তেওঁলোকলৈ হস্তান্তৰ কৰিব পৰা যাব। প্রধানমন্���্রী জন ধন যোজনাৰ সফলতা প্রায় ৩২.৪১ কোটি জন ধন একাউণ্ট খোলা হৈছে, য’ত ৮১,২০০ কোটিতকৈ অধিক টকা জমা হৈ আছে। জন ধন একাউণ্টৰ গ্রাহকসকলৰ ৫৩ শতাংশই মহিলা। গ্রামীণ আৰু অৰ্ধ-চহৰ এলেকাত ৫৯ শতাংশ জন ধন একাউণ্ট খোলা হৈছে। ৮৩ শতাংশতকৈ অধিক সক্রিয় জন ধন একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰা হৈছে(অসম, মেঘালয় আৰু জম্মু আৰু কাশ্মীৰক বাদ দি)। একাউণ্ট থকা গ্রাহকসকলৰ প্রায় ২৪.৪০ কোটিক ‘ৰূপে কার্ড’ প্ৰদান কৰা হৈছে। ৭.৫০ কোটিত অধিক জন ধন একাউণ্টত প্ৰত্যক্ষ লাভ হস্তান্তৰ(ডিবিটি) সেৱা আগবঢ়োৱা হৈছে। গ্ৰামাঞ্চলত ১.২৬ লাখ বেংকিং কৰেছপনডেণ্ট নিয়োগ কৰা হৈছে, যিসকলে ১,০০০ৰ পৰা ১,৫০০ পৰিয়ালৰ বাবে বেংকিং সূযোগ-সুবিধা প্ৰদান কৰিছে। যোৱা জুলাই মাহত বেংকিং কৰেছপনডেণ্টৰ জৰিয়তে ‘আধাৰকেন্দ্ৰিক পেমেণ্ট পদ্ধতি’ৰ সহায়ত প্ৰায় ১৩.১৬ কোটি লেনদেন কৰা হৈছে। প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই)ৰ অধীনত ১৩.৯৮ কোটি গ্রাহকৰ ১৯,৪৩৬গৰাকীৰ দাবী নিষ্পত্তি হৈছে। এই দাবীদাৰৰ পৰিমাণ আছিল ৩৮৮.৭২ কোটি টকা। একেদৰে, প্রধানমন্ত্রী জীৱন জ্যোতি বীমা যোজনা(পিএমজেজেবিৱাই)ৰ অধীনত ৫.৪৭ কোটি গ্রাহকৰ ১.১০ লাখ গ্ৰাহকৰ দাবী নিষ্পত্তি হৈছে। এই দাবীদাৰৰ পৰিমাণ আছিল ২,২০,৬২৮ কোটি টকা। অটল পেন্সন যোজনাৰ (এপিৱাই) গ্রাহকৰ সংখ্যা হৈছে ১.১১ কোটি জন। প্রধানমন্ত্রী জন ধন যোজনা কাৰ্যকৰী কৰাৰ বাবে এক ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ জৰিয়তে জন ধন একাউণ্ট আৰু ম’বাইল বেংকিং সেৱাৰ সৈতে আধাৰৰ সংযোগ ঘটোৱা হৈছে। এই বিশেষ ব্যৱস্থাৰ জৰিয়তে কেবল ধন সঞ্চয় হোৱা নাই, ঋণ প্রদান, সামাজিক সুৰক্ষাৰ দৰে সুবিধা আৰু সেৱা প্রদান কৰা হৈছে। ইয়াৰ লগতে ডিবিটিৰ জৰিয়তে বিভিন্ন চৰকাৰী আঁচনিৰ সুফল পোনপটীয়াকৈ দেশৰ দুখীয়া লোকসকলৰ ওচৰ পাইছে। চৰকাৰী সুযোগ-সুবিধা আৰু সেৱা প্রদানৰ ক্ষেত্রত জন ধন– আধাৰ– ম’বাইল ব্যৱস্থাই এক গুৰুত্বপূর্ণ মাধ্যম হিচাপে কাম কৰিব আৰু দেশত ডিজিটেল পদ্ধতিৰ প্রসাৰ, বিত্তীয় অন্তৰ্ভুক্তি তথা বীমাকৃত সমাজ গঢ়ি তোলাৰ গতি ত্বৰান্বিত হ’ব। উল্লেখ্য যে দেশৰ প্রতিটো পৰিয়ালৰ বাবে অতি কমেও এটা বেংক একাউণ্ট খোলাৰ লক্ষ্যৰে বিত্তীয় অন্তৰ্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযান হিচাপে প্রধানমন্ত্রী জন ধন যোজনাৰ কথা ২০১৪ চনৰ ১৫ আগষ্ট স্বাধীনতা দিৱসৰ ভাষণত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ঘোষণা কৰিছিল। সেই বছৰৰে ২৮ আগষ্টত প��রধানমন্ত্রীয়ে এই আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।",Cabinet approves continuation of Pradhan Mantri JanDhan Yojana +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%9C/,https://www.pmindia.gov.in/en/news_updates/defence-minister-of-japan-calls-on-the-pm/,জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ইটছুনৰী অনোডেৰাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বৰে পৰা জাপানৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সোঁৱৰণ কৰাৰ লগতে শেহতীয়াকৈ বিগত কেইটামান বছৰত বিশেষ কৌশলগত আৰু বৈশ্বিক সহযোগিতাৰ বৃদ্ধি তথা আৰু গভীৰ হোৱা বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্কত প্ৰতিৰক্ষা সহযোগিতা এক মুল স্তম্ভ। তেওঁ দুয়োখন দেশৰ মাজত বিভিন্ন প্ৰতিৰক্ষা বাৰ্তাক সুদৃঢ় কৰা ব্যৱস্থাক আদৰণী জনায় আৰু ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত যোগসূত্ৰ বৃদ্ধি হোৱাটো কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে দুয়ো দেশৰ মাজৰ প্ৰতিৰক্ষাৰ প্ৰযুক্তি সহযোগিতাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বিনজো আবেৰ সফল ভ্ৰমণৰ কথা দোঁহৰাৰ লগতে কয় যে চলিত বৰ্ষৰ শেষৰ ফালে তেওঁ জাপান ভ্ৰমণ কৰিব।,Defence Minister of Japan calls on the PM +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%B2%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A7%8E-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A6%A4-%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A6%BE%E0%A6%B9/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-measures-to-promote-hydro-power-sector/,"প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত জলবিদ্যুৎ খণ্ডত উৎসাহ যোগোৱাৰ ক্ষেত্ৰত বিশেষ অনুমোদন জনায়৷ ইয়াৰ ভিতৰত সৌৰশক্তি বর্হিভূত নবীকৰণযোগ্য শক্তি ক্ৰয় সম্পৰ্কীয় বিধি (আৰপিঅ’)ৰ অংশ হিচাপে বৃহৎ জলবিদ্যুৎ প্ৰকল্পক ধৰা হৈছে৷ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত আছেঃ- • ২৫ মেগাৱাটতকৈ কম বিদ্যুৎ উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্পক নবীকৰণযোগ্য শক্তিৰ উৎস হিচাপে ঘোষনা৷ • সৌৰশক্তি বর্হিভূত নবীকৰণযোগ্য শক্তি ক্ৰয় সম্পৰ্কীয় বিধিৰ অধীনত জলবিদ্যুৎ খণ্ডই এক পৃথক খণ্ড হিচাপে কাম কৰিব৷ • কেতবোৰ বিশেষ ক্ষেত্রত জলবিদ্যুৎ প্ৰকল্পসমূহক বানপানী নিয়ন্ত্ৰণৰ আর্থিক সাহায্য প্ৰদান কৰা হ’ব৷ • ২০০ মেগাৱাট জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ আন্তঃগাঁথনিৰ ক্ষেত্রত বিশেষকৈ পথ আৰু দলং নির্মাণত ডেৰ কোটি টকা আৰু ২০০ মেগাৱাটতকৈ অধিক উৎপাদন খণ্ডক ১ কোটি টকালৈকে আর্থিক সাহায্য প্ৰদান কৰা হ’ব৷ সংস্থাপন বৃদ্ধিকে ধৰি এই প্ৰকল্পসমূহৰ মুখ্য প্ৰভাৱঃ অধিকাংশ জলবিদ্যুৎ প্ৰকল্প হিমালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ এলেকাসমূহত অৱস্থিত। এই প্ৰকল্পসমূহৰ উন্নয়ন সাধন হ’লে সামাজিক, অর্থনৈতিক উন্নয়নৰ সমান্তৰালভাৱে কর্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। একেদৰে পর্যটন আৰু সৰু সৰু ব্যৱসায়ৰ জৰিয়তে পৰোক্ষ সংস্থাপনৰো পথ প্ৰশস্ত হ’ব। সৌৰ আৰু বিদ্যুৎ শক্তিক কাম লগাই ২০২২ চনৰ ভিতৰত ১৬০ জিগাৱাট ক্ষমতাসম্পন্ন বিদ্যুৎ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ পটভূমিঃ উল্লেখ্য যে ভাৰতৰ ১,৪৫,৩২০ মেগাৱাট ক্ষমতাসম্পন্ন বৃহৎ জলবিদ্যুৎ প্ৰকল্প আছে যদিও ইয়াৰে কেৱল ৪৫,৪০০ মেগাৱাটহে ব্যৱহাৰ কৰা হৈছে৷ বিগত ১০ বছৰত কেৱল ১০,০০০ মেগাৱাট উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্প সংযোগ কৰা হৈছে৷ এই প্ৰকল্পসমূহে বৰ্তমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰফলত ইয়াৰ শ্বেয়াৰো হ্ৰাস পাব ধৰিছে৷",Cabinet approves Measures to promote Hydro Power Sector +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%94%E0%A6%B7%E0%A6%A7-%E0%A6%9C%E0%A7%88%E0%A7%B1-%E0%A6%AA%E0%A6%A6%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%A5-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%B6%E0%A6%BE%E0%A6%A7/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-india-and-indonesia-on-cooperation-in-the-field-of-pharmaceutical-products-pharmaceutical-substances-biological-product-and-cosmetics-regulatory-functions/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ঔষধ, চিকিৎসাৰ ক্ষেত্রত ব্যৱহৃত অন্যান্য সঁজুলি তথা জৈৱ পদাৰ্থ আৰু প্রশাধনী সামগ্রী উৎপাদন সম্পৰ্কীয় নিয়ন্ত্রক ব্যৱস্থাক দক্ষ আৰু উন্নত কৰিবলৈ ২০১৮ৰ ২৯ মে’ত জাকার্টাত ভাৰতৰ চেন্ট্রেল ড্রাগ্‌ছ ষ্টেণ্ডার্ড কন্ট্রোল অর্গেনাইজেচন (চিডিএছচিঅ’) আৰু ইণ্ডোনেছিয়াৰ আৰু নেচনেল এজেন্সি ফৰ ড্রাগ এণ্ড ফুড কন্ট্রোল (বিপিঅ’এম)ৰ মাজত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়। এই চুক্তিয়ে নিয়ন্ত্রণমুলক কাম-কাজৰ দক্ষতা বৃদ্ধিৰ প্রচেষ্টাৰ জৰিয়তে দুয়ো দেশৰ মাজত বুজাবুজিত এক বিশেষ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ ঔষধ আৰু চিকিৎসাৰ ক্ষেত্রত ব্যৱহৃত সা-সঁজুলি ৰপ্তানিৰ ক্ষেত্ৰই ইয়াৰ ফলত বিশেষভাবে উৎসাহিত হ’ব। তদুপৰি, সংশ্লিষ্ট ক্ষেত্রত ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সহযোগিতা আৰু তথ্য বিনিময়ৰ এক বিশেষ পৰিৱেশৰো সৃষ্টি হ’ব।","Cabinet approves MoU between India and Indonesia on cooperation in the field of pharmaceutical products, pharmaceutical substances, biological product and cosmetics regulatory functions" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A7%81%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pm-interacts-with-beneficiaries-of-various-social-security-schemes-across-the-country-via-video-bridge/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিভিন্ন সামাজিক সুৰক্ষা আঁচনি হিতাধিকাৰীৰ সৈতে ভিডিঅ’ সংযোগেৰে বাৰ্তলাপ কৰে। এই বাৰ্তালাপত গুৰুত্ব লাভ কৰা চাৰিখন প্ৰধান সামাজিক সুৰক্ষা আঁচনি হ’ল ক্ৰমে- অটল বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু বয়োঃবন্দনা যোজনা। চৰকাৰী আঁচনিসমূহৰ বিভিন্ন হিতাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ এয়া অষ্টম বাৰ্তালাপ। জীৱনৰ প্ৰতিকূল পৰিস্থিতিৰ সৈতে সদায় যুঁজ দি অহা এনে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি সুখী অনুভৱ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক সুৰক্ষা আঁচনিয়ে এই লোকসকলক সবল কৰি তুলিছে। বর্তমানৰ কেন্দ্রীয় চৰকাৰৰ এনে আঁচনিসমূহে জীৱনৰ অনিশ্চয়তাৰ সৈত যুঁজ দিবলৈ মানুহক এফালে যেনেকৈ শক্তি যোগায়, আনফালে তেনেকৈয়ে পাৰিবাৰিক দিশৰ পৰা জটিল আর্থিক পৰিস্থিতি পাৰ কৰাতো তেওঁলোকক সবল কৰি তোলে। দৰিদ্র আৰু অসহায় লোকসকলৰ আর্থিক নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বৈশিষ্ট্যসমূহো বাৰ্তালাপৰ সময়ত ব্যাখ্যা কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে বেংক ব্যৱস্থাৰ সুযোগৰ পৰা বঞ্চিত লোকসকলৰ বাবে বেংকৰ দুৱাৰ আজি মুক্ত। ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগ স্থাপনৰ বাবে আগ্রহী লোকসকলৰ মূলধন সংগ্রহৰ পথো নিশ্চিত কৰা হৈছে। দৰিদ্র আৰু অসহায় লোকসকলক সামাজিক সুৰক্ষাৰ আওঁতালৈ অনা হৈছে, যাতে আর্থিক সুৰক্ষাৰ সুফল তেওঁলোকেও ভোগ কৰিব পাৰে। হিতাধিকাৰীসকলৰ সৈতে কৰা বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্রধানমন্ত্রী জন ধন যোজনাৰ অধীনত ২০১৪-২০১৭ৰ সময়ছোৱাত দেশত ২৮ কোটি নতুন বেংক একাউণ্ট খোলা হৈছে। এই সংখ্যা সমগ্র বিশ্বৰ মুঠ বেংক একাউণ্টৰ প্রায় ৫৫ শতাংশ। কেৱল ইমানেই নহয়, দেশৰ মহিলাসকলে এতিয়া আৰু অধিক বেংক একাউণ্ট খুলিবলৈ আগ্রহী হৈছে। বেংক একাউণ্টৰ সংখ্যা ২০১৪ৰ ৫৩ শতাংশৰ পৰা বৰ্তমান ৮০ শতাংশলৈ বৃদ্ধি হৈছে। সাধাৰণ লোকসকলৰ প্রতিকূল পৰিস্থিতিৰ কেইবাটাও কাহিনী শুনাৰ পাছত প্রধানমন্ত্রীয়ে কয় যে মৃত্যুৰ ঘটনাত কেৱল ক্ষতিপূৰণেই কোনো পৰিয়ালৰ দুখ দূৰ কৰিব নোৱাৰে। স���য়েহে ক্ষতিগ্রস্ত পৰিয়ালৰ অর্থনৈতিক নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সদায় চেষ্টা কৰি আহিছে। প্রধানমন্ত্রী জীবনজ্যোতি বীমা যোজনাৰ অধীনত উপকৃত লোকৰ সংখ্যা বর্তমান ৫ কোটিৰো অধিক। মাত্র ৩০০ টকা ব্যয় কৰি এই যোজনাত নাম অন্তর্ভূক্ত কৰিব পৰা যায়। দুর্ঘটনা বীমা প্রসংগত প্ৰধানমন্ত্ৰীয়ে জনায় যে ১৩ কোটিৰো অধিক লোকে প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে। এই যোজনাৰ অধীনত বছৰি মাত্র ১২ টকাৰ প্রিমিয়ামৰ বিনিময় ২ লাখ টকালৈকে দুর্ঘটনা বীমাৰ সুবিধা পোৱা যায়। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ ব্যক্তিসকলৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ কথাও প্রসংগক্ৰমে উল্লেখ কৰে। তেওঁ কয় যে বয়োঃবন্দনা যোজনাৰ অধীনত বিগত বৰ্ষত প্রায় ৩ লাখ জ্যেষ্ঠ ব্যক্তি উপকৃত হৈছে। ৬০বছৰতকৈ ঊৰ্ধ্বৰ জ্যেষ্ঠ ব্যক্তিসকল এই যোজনাৰ অধীনত ৮ শতাংশ হাৰত ১০ বছৰৰ বাবে পেন্সন লাভ কৰিব। জ্যেষ্ঠ নাগৰিকসকলৰ আয়কৰৰ ক্ষেত্রত কিছু সুবিধা দিয়াৰ বাবে কৰ ৰেহাই পৰিমাণ আঢ়ৈ লাখ টকাৰ পৰা বৃদ্ধি কৰি ৩ লাখ টকা কৰা হৈছে। জ্যেষ্ঠ তথা বৃদ্ধলোকসকলৰ কল্যাণৰ দিশত তেওঁৰ চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি কয় প্রধানমন্ত্রীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে হিতাধিকাৰীসকলৰ সৈতে কৰা মত বিনিময়ৰ সময়ত কয় যে প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনা, প্রধানমন্ত্রী জীৱনজ্যোতি বীমা যোজনা আৰু অটল পেন্সন যোজনাৰ অধীনত বিগত তিনি বছৰত ২০ কোটিৰো অধিক লোকক সামৰি লোৱা হৈছে। নাগৰিকসকলৰ কল্যাণত বিশেষকৈ দৰিদ্র, জ্যেষ্ঠ তথা অসহায় লোকসকলৰ সবলীকৰণৰ বাবে তেওঁৰ চৰকাৰে সাম্ভাব্য সকলোধৰণৰ প্রচেষ্টা হাতত লৈ যাব বুলি পুনৰ দোঁহৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে, হিতাধিকাৰীসকলেও দৰিদ্ৰ তথা অসহায় লোকসকলৰ জীৱন সলনি কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এনে আঁচনিৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।",PM interacts with beneficiaries of various social security schemes across the country via video bridge +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%AE%E0%A6%85%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%9F%E0%A6%BE-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%86/,https://www.pmindia.gov.in/en/news_updates/pm-meets-officials-from-pmo-and-spg/,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যান মাৰ্গত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়(পিএমঅ’)ৰ বিষয়া-কৰ্মচাৰী আৰু এছপিজিৰ জোৱানক সাক্ষাৎ কৰাৰ লগতে পৰস্পৰে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে। এই বাৰ্তালাপ অনুষ্ঠানত ১০০০তকৈ অধিক লোক ���পস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকে ভাল কামৰ বাবে প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতেও এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ উৎসাহ যোগায়।,PM meets officials from PMO and SPG +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%94%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%95-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AA/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-cadre-review-of-group-a-executive-cadre-of-central-industrial-security-force/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী(চিআইএছএফ)ৰ গ্ৰুপ ‘এ’ পৰ্যায়ৰ কাৰ্যবাহী কেডাৰৰ পৰ্যালোচনাত অনুমোদন জনায়। ইয়াৰ জৰিয়তে চিআইএছএফত সহকাৰী কমাণ্ডেণ্ট পদৰ পৰা অতিৰিক্ত সঞ্চালক প্ৰধানলৈকে কেইবাটাও নতুন পদ সৃষ্টি কৰা হৈছে। নতুন গাঁথনি অনুসৰি চিআইএছএফ কেডাৰৰ পূৰ্বৰ গ্ৰুপ ‘এ’ৰ ১২৫২ পদৰ পৰা ১২৭৭ টালৈ বৃদ্ধি কৰাৰ উপৰি ২টা অতিৰিক্ত সঞ্চালকপ্ৰধান, ৭টা মহাপৰিদৰ্শ, ৮টা উপপৰিদৰ্শক আৰু ৮টা কমাণ্ডেণ্ট পদ বৃদ্ধি কৰা হয়। প্ৰভাৱঃ চিআইএছএফৰ গ্রুপ ‘এ’ পদৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বাহিনীৰ ক্ষমতা আৰু দক্ষতা অধিক বৃদ্ধি পাব। সময়ানুসৰি কৰা এনে কেডাৰ পৰ্যালোচনাই সামগ্ৰিকভাবে বাহিনীটোৰ প্রশাসনিক ক্ষমতাও বৃদ্ধি কৰিব। পটভূমিঃ চিআইএছএফ আইন, ১৯৬৮ৰ ভিত্তিত গঠন হোৱা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীটোক ১৯৮৩ চনত কৰা সংশোধনৰ জৰিয়তে কেন্দ্ৰীয় সেনা বাহিনীৰ এটা বাহিনী হিচাপে ঘোষণা কৰা হয়। এই কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীক কেৱল ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অধীনস্ত সম্পত্তিৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব দিয়া হয়। এই আইনখন ১৯৮৯, ১৯৯৯ আৰু ২০০৯ চনত কৰা সংশোধন অনুসৰি কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ড তথা অন্যান্য কাম-কাজতো নিয়োগ কৰি আহিছে। ১৯৬৯ চনত ইয়াৰ কেৱল ৩টা বেটেলিয়ন আছিল। চিএপিএফৰ দৰে বেটেলিয়ন নহ’লেও বৰ্তমান সমগ্ৰ দেশৰ ৩৩৬টা ঔদ্যোগিক প্ৰতিষ্ঠান(৫৯টা বিমান বন্দৰসহ)ত চিআইএছএফে নিৰাপত্তা প্ৰদান কৰি আছে। ১৯৬৯ চনত ৩,১৯২গৰাকী জোৱানেৰে আৰম্ভ হোৱা চিআইএছএফত ৩০.০৬.২০১৭ লৈকে সৰ্বমুঠ ১,৪৯,০৮৮গৰাকী জোৱান নিযুক্তিৰে শক্তিশালী বাহিনীত পৰিণত হৈছে। চিআইএছএফৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। এই বাহিনীৰ মুৰব্বী হৈছে সঞ্চালকপ্ৰধান, যিগৰাকীয়ে প্ৰথমে কেডাৰ হিচাপে কাৰ্যনিবাহ কৰিছিল।",Cabinet approves Cadre review of Group ‘A’ Executive Cadre of Central Industrial Security Force +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8-%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%85%E0%A6%9F%E0%A6%B2-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%80/,https://www.pmindia.gov.in/en/news_updates/pm-releases-commemorative-coin-in-honour-of-bharat-ratna-shri-atal-bihari-vajpayee/,"প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রাক্তন প্ৰধানমন্ত্রী ভাৰতৰত্ন শ্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান জনাই এটি স্মাৰক মুদ্ৰা মুকলি কৰে৷ অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে শ্রী বাজপেয়ী আমাৰ মাজত যে নাই, সেয়া আমাপ মনে আজিও বিশ্বাস কৰিব পৰা নাই৷ বিশেষ ব্যক্তিত্বসম্পন্ন ব্যক্তিজনক সমাজৰ সকলো শ্রেণীৰ লোকে শ্ৰদ্ধা কৰিছিল বুলিও তেওঁ লগতে কয়৷ প্ৰধানমন্ত্রীয়ে কয় যে বহু বছৰ ধৰি শ্রী বাজপেয়ীৰ কন্ঠস্বৰ জনগণৰ কন্ঠস্বৰ আছিল। বক্তা হিচাপে তেওঁ অপ্ৰতিদ্বন্দ্বী আছিল৷প্ৰধানমন্ত্রীয়ে কয় যে শ্রী বাজপেয়ী দেশৰ অন্যতম সংগঠক আছিল। ৰাজনৈতিক জীৱনৰ এক দীঘলীয়া সময় বাজপেয়ী বিৰোধী আসনত বহিছিল৷ তৎসত্ত্বেও সদায় তেওঁ দেশৰ স্বার্থত মাত মাতিছিল বুলিও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে শ্রী বাজপেয়ী সদায় গণতন্ত্ৰক প্রাধান্য দিব বিচাৰিছিল৷ শ্রী বাজপেয়ী সদায়ে সকলোৰে অনুপ্রেৰণা হৈ থাকিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশা ব্যক্ত কৰে৷",PM releases commemorative coin in honour of Bharat Ratna Shri Atal Bihari Vajpayee +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE-%E0%A6%95%E0%A7%B0-%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%B1%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-increasing-of-government-ownership-in-gst-network-and-change-in-the-existing-structure-with-transitional-plan/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত সামগ্ৰী আৰু সেৱা কৰ নেটৱৰ্কৰ চৰকাৰী মালিকীস্বত্ত্ব বৃদ্ধি আৰু পূৰ্বৰ পৰিৱৰ্তনশীল আঁচনিৰ কাঠামোৰ সাল-সলনিত অনুমোদন জনোৱা হৈছে। ইয়াৰ অধীনত নিম্নোলিখিত সাল-সলনি ঘটোৱা হ’ব- জিএছটিএনৰ যি ৫১ শতাংশ ইকুইটি বে-চৰকাৰী প্রতিষ্ঠানৰ হাতত আছে, সেয়া কেন্দ্র আৰু ৰাজ্য চৰকাৰে সমানভাবে আহৰণ কৰিব। জিএছটিএন বোর্ডক বিভিন্ন বে-চৰকাৰী কোম্পানীৰ মালিকানাধীন ইকুইটিসমূহ আহৰণৰ প্রক্রিয়া আৰম্ভ কৰাৰো অনুমোদন জনোৱা হৈছে। পুনৰ গঠিত জিএছটিএনত ১০০ শতাংশ ইকুইটিৰ কেন্দ্রীয় চৰকাৰৰ ৫০ শতাংশ আৰু ৰাজ্য চৰকাৰসমূহৰ ৫০ শতাংশ ইকুইটি মালিকীস্বত্ত্ব থাকিব। জিএছটিএন বোর্ডৰ পুনৰ গঠনৰ বাবে কেন্দ্রীয় চৰকাৰৰ তিনিজন সঞ্চালক আৰু ৰাজ্যসমূহৰ তিনিজন সঞ্চালক নিয়োগ কৰা হ’ব। বাকী তিনিজন নিৰপেক্ষ সঞ্চালকক জিএছটিএন বোর্ডৰ ফালৰ পৰা নিয়োগ কৰা হ’ব। এই বোর্ডত এজন অধ্যক্ষ আৰু এজন মুখ্য কার্যবাহী সঞ্চালক থাকিব। এই বোর্ডৰ মুঠ সঞ্চালকৰ সংখ্যা ১১।",Cabinet approves increasing of Government ownership in GST Network and change in the existing structure with transitional plan +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9%E0%A7%A6-%E0%A6%9B%E0%A7%87%E0%A6%AA%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%AD%E0%A7%8D/,https://www.pmindia.gov.in/en/news_updates/pm-to-visit-gujarat-on-september-30-2018/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ছেপ্টেম্বৰ, ২০১৮ত গুজৰাট ভ্ৰমণ কৰিব। এই উপলক্ষে আনন্দত প্ৰধানমন্ত্ৰীয়ে আমূলৰ আল্ট্ৰা মডাৰ্ণ চকলেট প্লাণ্টকে ধৰি আধূনিক খাদ্য প্ৰস্তুতকৰণ ব্যৱস্থাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আনন্দ কৃষি বিশ্ববিদ্যালয়ত খাদ্য প্ৰস্তুতকৰণৰ অধ্যাধূনিক ইনকিউবেচন চেণ্টাৰ আৰু মুঝকুৱা গাঁৱত এক সৌৰ সমবায় সমিতি উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে আনন্দ আৰু খাটৰাজত আমূলৰ সামগ্ৰী প্ৰস্তুতকৰণৰ সম্প্ৰসাৰণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ এক জনসভাতো ভাষণ আগবঢ়াব। তাৰপাছতে প্ৰধানমন্ত্ৰীয়ে অনজাৰ অভিমূখে ৰাওনা হ’ব। তাত তেওঁ মুন্দ্ৰা এলএনজি টাৰ্মিনেল, অনজাৰ-মুন্দ্ৰা পাইপলাইল প্ৰকল্প আৰু পালাপুৰ-পলী-বাৰ্মেৰ পাইপলাইন ইত্যাদি প্ৰকল্পসমূহ উদ্বোধন কৰিব। তাতো তেওঁ এক সভাত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী ৰাজকোটত উপস্থিত হ’ব। ৰাজকোটত তেওঁ মহাত্মা গান্ধী সংগ্ৰহালয় উদ্বোধন কৰিব। এই সংগ্ৰহালয়টো ৰাজকোটৰ আলফ্ৰেড হাইস্কুল স্থাপন কৰা হৈছে, যিখন বিদ্যালয় মহাত্মা গান্ধীৰ গঠনমূলক দিনসমূহৰ অন্যতম অংগ আছিল। এই সংগ্ৰহালয়টিয়ে গান্ধীয়ান সংস্কৃতি, মূল্যবোধ আৰু দৰ্শনৰ সজাগতা বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে ৬২৪টা গৃহৰ এক ৰাজহুৱা গৃহ প্ৰকল্পৰ শুভাৰম্ভণি উপলক্ষে এক নামফলকো উন্মোচন কৰিব। তেওঁ ২৪০টা হিতাধিকাৰী পৰিয়ালৰ ই-গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নতুন দিল্লীৰ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধী সংগ্ৰহালয় পৰিদৰ্শন কৰিব।","PM to visit Gujarat on September 30, 2018" +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AA%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-setting-up-of-national-nutrition-mission/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকত ২০১৭-১৮ বৰ্ষৰ পৰা তিনি বছৰৰ বাবে ৯০৪৬.১৭ কোটি টকা ধাৰ্যৰে ৰাষ্ট্ৰীয় পুষ্টি অভিযান আৰম্ভ কৰিবলৈ অনুমোদন জনায়। বৈশিষ্ট্যসমূহঃ ১. এনএনএমে এক শীৰ্ষ সংস্থা হিচাপে মন্ত্ৰালয়ৰ অন্তৰ্গত সক���ো পুষ্টিজনিত বিষয়ৰ নিৰীক্ষণ, পৰামৰ্শ, লক্ষ্য নিৰ্ধাৰণ আৰু তত্বাৱধান কৰিব। ২. এই প্ৰস্তাৱত সন্নিৱিষ্ট বিষয়বোৰ হৈছেঃ অপুষ্টিজনিত দিশবোৰ মোকাবিলা কৰাত বৰঙণি যোগোৱা আঁচনিসমূহৰ মেপিং কৰা। এক অতি শক্তিশালী সন্মিলিত প্ৰক্ৰিয়াৰ প্ৰৱৰ্তন কৰা। আইচিটিভিত্তিক সময়সাপেক্ষ নিৰীক্ষণ পদ্ধতি। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক লক্ষ্যত উপনীত হোৱাত প্ৰোৎসাহিত কৰা। তথ্য-প্ৰযুক্তি নিৰ্ভৰ সঁজুলি ব্যৱহাৰৰ বাবে অংগনৱাড়ী কৰ্মীসকলক প্ৰোৎসাহিত কৰা। অংগনৱাড়ী কৰ্মীসকলে ব্যৱহাৰ কৰা পঞ্জীয়ন বহীৰ বিলুপ্তিকৰণ। অংগনৱাড়ী কেন্দ্ৰৰ শিশুসকলৰ উচ্চতাৰ জোখ লোৱা ব্যৱস্থাৰ প্ৰৱৰ্তন। সামাজিক হিচাপ-নিকাচ। পুষ্টি সম্পদ কেন্দ্ৰ স্থাপনৰ জৰিয়তে বিভিন্ন কাম-কাজত জনসাধাৰণক জড়িত কৰিবলৈ জন আন্দোলন গঢ়ি তোলা। মুখ্য প্ৰভাৱঃ এই আঁচনিৰ লক্ষ্য হৈছে পুষ্টিহীনতা, এনিমিয়া আৰু কম ওজনৰ শিশু জন্ম হোৱা ইত্যাদি সমস্যাবোৰ হ্ৰাস কৰা। এই আঁচনিয়ে উন্নত নিৰীক্ষণ, সময়ানুৱৰ্তী সতৰ্কতা ইত্যাদিৰ মাজত যোগসূত্ৰ ৰক্ষা কৰাৰ লগতে নিৰ্দিষ্ট লক্ষ্য উপনীত হোৱাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক মন্ত্ৰালয়ৰ জৰিয়তে প্ৰোৎসাহিত কৰিব। লাভলাভ আৰু পৰিসৰঃ এই আঁচনিৰ দ্বাৰা ১০ কোটিতকৈ অধিক লোক উপকৃত হ’ব। সকলো ৰাজ্য আৰু জিলাক সামৰিব লগা এই আঁচনিৰ অধীনত ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰথম পৰ্যায়ত ৩১৫খন জিলা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ২৩৫খন জিলা আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত বাকী থকা জিলাসমূহ সামৰি লোৱা হ’ব। বিত্তীয় অনুমোদনঃ ২০১৭-১৮ বৰ্ষৰ পৰা তিনিবছৰৰ বাবে ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ বাবে ৯০৪৬.১৭ কোটি টকা ধাৰ্য কৰা হৈছে। এই পুঁজি চৰকাৰী বাজেটীয় সমৰ্থন(৫০%) আৰু ৫০% ধন আইবিআৰডি অথবা অন্যান্য এমডিবিৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব। চৰকাৰী বাজেটীয় সমৰ্থন কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত ৬০:৪০ যদিও উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ান ৰাজ্যসমূহৰ বাবে ৯০:১০ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো পুঁজি কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। তিনি বছৰত এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিবলগীয়া পুঁজিৰ পৰিমাণ হৈছে ২৮৪৯.৫৪ কোটি টকা। কাৰ্যকৰীকৰণৰ কৌশল আৰু লক্ষ্যঃ তৃণমুল পৰ্যায়ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই আঁচনি বলবৎ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিৰীক্ষণ কৰা হ’ব। ২০১৭-১৮ পৰা ২০১৯-২০২০ লৈ ৰাষ্ট্ৰীয় পুষ্টি অভিযান তিনিটা পৰ্যায়��� কাৰ্যকৰী কৰা হ’ব। ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ লক্ষ্য হৈছে মুজুৰা লগা(সঠিকভাৱে বিকাশ নোহোৱা), পুষ্টিহীনতাত ভোগা, এনিমিয়া(শিশু, মহিলা আৰু কিশোৰী) আৰু প্ৰতি বছৰে ২%, ২%, ৩% আৰু ২% কৈ কম ওজনৰ শিশুৰ জন্ম ইত্যাদি সমস্যাবোৰ হ্ৰাস কৰা। প্ৰতি বছৰে মুজুৰা লগা(সঠিকভাৱে বিকাশ নোহোৱা) সমস্যাৰ যদি অতি কমেও ২%কৈ হ্ৰাস পায়, তেন্তে বৰ্তমানৰ ৩৮.৪%(NFHS-4)ৰ বিপৰীতে ২০২২ত এই হাৰ ২৫% লৈ হ্ৰাস কৰিব পৰা যাব। (Mission 25 by 2022). পটভূমিঃ প্ৰত্যক্ষ বা পৰোক্ষভাৱে শিশু(০-৬ বছৰ), গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পুষ্টিজনিত দিশৰ সৈতে জড়িত কেইবাখনো আঁচনি আছে। তৎসত্বেও দেশ অপুষ্টি আৰু ইয়াৰ লগত জড়িত সমস্যা অতি ভয়াবহ। সেই আঁচনিবোৰ সন্মিলিতভাৱে উপযুক্ত ৰূপত নিৰীক্ষণ নকৰাৰ পৰিপ্ৰেক্ষিতত ভাল ফল পাবলৈ সক্ষম হোৱা নাই। সেয়েহে ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ জৰিয়তে সময়সাপেক্ষ নিৰীক্ষণ সম্ভৱ হোৱাকৈ সকলো বিভাগৰ মাজত সন্মিলিত ভাৱে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।",Cabinet approves setting up of National Nutrition Mission +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B6%E0%A7%8C%E0%A6%9A%E0%A6%BE%E0%A6%B2%E0%A7%9F-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7/,https://www.pmindia.gov.in/en/news_updates/pms-message-on-world-toilet-day-2/,"তলত বিশ্ব শৌচালয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য আগবঢ়োৱা হ’ল। “সমগ্ৰ দেশতে স্বচ্ছতা আৰু অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে আমাৰ যি প্ৰতিশ্ৰুতি, আজি বিশ্ব শৌচালয় দিৱস উপলক্ষে তাক পুনৰ দোহাৰিছো। আমি ভাৰতত যোৱা চাৰি বছৰত যি তীব্ৰ গতিত অনাময় ব্যৱস্থা উন্নত হৈছে, তাক লৈ গৌৰৱান্বিত। স্বচ্ছ ভাৰত তথা উন্নত অনাময় ব্যৱস্থা সুনিশ্চিত কৰাতো এক গণ আন্দোলনত পৰিণত হৈছে। মূলতঃ মহিলা আৰু যুৱ প্ৰজন্মক ধৰি মুঠ ১৩০ কোটী ভাৰতীয়ই এই আন্দোলনৰ গুৰি ধৰিছে।স্বচ্ছ ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ দেহেকেহে লগা সকলোকে মই অভিনন্দন জনাইছো।”",PM’s message on World Toilet Day +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%A3-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF%E0%A6%95/,https://www.pmindia.gov.in/en/news_updates/pm-condoles-loss-of-lives-in-the-earth-quake-in-iran-and-iraq/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ আৰু ইৰাকত হোৱা ভূমিকম্পত পতিত হৈ নিহত হোৱা ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। “ইৰাণ আৰু ইৰাকত হোৱা ভূমিকম্পত পতিত হৈ নিহত হোৱা ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত নিৰাময় কামনা কৰিছো,” প্ৰধানমন���ত্ৰীগৰাকীয়ে কয়।",PM condoles loss of lives in the earthquake in Iran and Iraq +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%B9%E0%A6%A8%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%AE-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A8%E0%A7%B0-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AF%E0%A7%B0%E0%A7%87/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-national-monitoring-framework-on-sustainable-development-goals/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকত দেশত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এক উচ্চ পর্যায়ৰ পৰিচালনা সমিতি গঠনত অনুমোদন জনায়, যিখন সমিতিয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰে-অন্তৰে উন্নয়নমূলক কাম-কাজৰ পর্যালোচনা কৰিব। ভাৰতৰ মুখ্য পৰিসংখ্যাবিদৰ নেতৃত্বত গঠন হ’বলগীয়া এই উচ্চ পর্যায়ৰ পৰিচালনা সমিতিত পৰিসংখ্যা মন্ত্ৰালয়ৰ সচিবৰ লগতে নীতি আয়োগৰো সদস্য থাকিব। কেইবাগৰাকী আমন্ত্রিত ব্যক্তিৰ উপৰি সংশ্লিষ্ট অন্যান্য মন্ত্ৰালয়ৰ সচিবো এই সমিতিৰ সদস্য হ’ব আৰু সময়ে সময়ে তেওঁলোকে বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পর্যালোচনা কৰিব। ইয়াৰ লক্ষ্য হৈছেঃ- ক) উন্নয়নৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰি তাৰ বিপৰীতে কার্যকৰী পৰিকল্পনা গ্ৰহণ আৰু প্ৰচলিত ৰাষ্ট্ৰীয় নীতিসমূহৰ অধীনত ইয়াৰ পর্যালোচনা কৰা। খ) ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতি পর্যালোচনা কৰা। গ) পৰিসংখ্যাৰ ওপৰ নির্ভৰ কৰি পৰিসংখ্যা মন্ত্ৰালয়ক ৰাষ্ট্ৰীয় প্ৰতিবেদন দাখিল কৰা। এই প্ৰতিবেদনত কামৰ উন্নয়ন, বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় স্তৰত প্ৰদান কৰা। ঘ) তথ্য মন্ত্ৰালয় আৰু বিভাগসমূহে নিয়মীয়াকৈ তথ্য যোগান ধৰিব লাগিব। ঙ) কার্যকৰী পর্যালোচনাৰ বাবে উন্নত পর্যায়ৰ তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব। প্ৰভাৱসমূহঃ ক) ইয়াৰ ফলত উন্নয়নৰ অর্থনৈতিক, সামাজিক আৰু পৰিৱেশগত দিশত খতিয়ান লোৱা হ’ব। ‘সবকা সাথ, সবকা বিকাশ’ৰ ওপৰত ভিত্তি কৰি দাৰিদ্ৰতাৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন পন্থা-পদ্ধতি নির্ণয় কৰা হ’ব। খ) অর্থনীতিৰ বহনক্ষম উন্নয়নৰ বাবে ১৭টা লক্ষ্য আৰু ১৬৯টা দিশ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত জীৱনযাত্রাৰ বিভিন্ন অসমতা দূৰ কৰি সকলোৰে বাবে ব্যাপক সুযোগ সৃষ্টি কৰাৰ লগতে প্ৰাকৃতিক সম্পদ আৰু পৰিস্থিতিতন্ত্ৰত বহনক্ষম ব্যৱস্থাপনা কৰা হ’ব। গ) ৰাষ্ট্ৰীয় পৰ্যায়ত বহনক্ষম উন্নয়নৰ ফলাফলভিত্তিক নিৰীক্ষণ আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে ৰাষ্ট্ৰীয় সুচকাংক পৰিকাঠামোয়ে (এনআইএফে) সহায় কৰিব৷ ৰাষ্ট্ৰীয় সুচকাংক পৰিকাঠ��মোৰ কাৰ্যকৰীকৰণৰ বাবে কোনো ধৰণৰ প্ৰত্যক্ষ ধন ব্যয় নহয়৷ অৱশ্যে, সংশ্লিষ্ট মন্ত্ৰালয়ে বহনক্ষম উন্নয়নৰ সূচকসমূহ নিৰীক্ষণৰ বেলিকা পুনৰ্যোজিত কৰাৰ লগতে এইবোৰ শক্তিশালী কৰিব লাগিব৷ এই বহনক্ষম উন্নয়নৰ লক্ষ্যৰে কামৰ ফলত দেশৰ জনসাধাৰণৰ জীৱন ধৰণাৰ মানদণ্ডৰ সামগ্রিক পৰিৱর্তন আহিব আৰু সমগ্ৰ দেশৰ জনসাধাৰণ ইয়াৰ দ্বাৰা লাভান্বিত হ’ব৷ উল্লখ্য যে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ২০০০ চনত অনুষ্ঠিত সহস্ৰাব্দ সন্মিলনত ৬ টা এনে উন্নয়নমূলক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, যিবোৰক ‘সহস্ৰাব্দ উন্নয়নমূলক লক্ষ্য’ হিচাপে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ ভিত্তিতে ২০০০-২০১৫ চনৰ ভিতৰত সকলো দেশে এইসমূহ লক্ষ্যত উপনীত হোৱাৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰি আহিছে৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭০সংখ্যক অধিৱেশনত পৰৱৰ্তী ১৫ বছৰৰ বাবে ১৭টা এনে বহনক্ষম উন্নয়নমূলক লক্ষ্য গ্ৰহণ কৰি ২০১৬ৰ ১ জানুৱাৰীৰ পৰা এই লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো দেশে বিভিন্ন পন্থা অৱলম্বন কৰিছে৷",Cabinet approves National Monitoring Framework on Sustainable Development Goals +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%9F-%E0%A6%95%E0%A6%BE%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%87%E0%A6%B2/,https://www.pmindia.gov.in/en/news_updates/pms-gift-to-myanmar-state-counsellor-daw-aung-san-suu-kyi/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰৰ ষ্টেট কাউন্সেলৰ ডাও আং ছান ছ্যু কীক তেওঁ ১৯৮৬ চনৰ মে’ মাহত ছিমলাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজত ফেল’শ্বিপৰ যি গৱেষণাৰ প্ৰস্তাৱ দাখিল কৰিছিল, তাৰ এক বিশেষ প্ৰতিলিপি উপহাৰ হিচাপে আগবঢ়ায়। এই গৱেষণা প্ৰস্তাৱৰ বিষয় আছিল-“ঔপনিবেশিক শাসনকালত বার্মিজ তথা ভাৰতীয় বৌদ্ধিক পৰম্পৰাৰ বিকাশ : এক তুলনামূলক সমীক্ষা’।”",PM’s gift to Myanmar State Counsellor Daw Aung San Suu Kyi +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%97%E0%A6%A4%E0%A6%BF-%E0%A6%AE%E0%A7%9F%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A7%B0-%E0%A7%A9-%E0%A7%AD%E0%A7%A6-%E0%A6%8F%E0%A6%95%E0%A7%B0-%E0%A6%AD%E0%A7%82%E0%A6%AE/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-monetization-of-3-70-acres-of-land-at-pragati-maidan-by-itjpo/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰগতি ময়দায়ৰ ৩.৭০ একৰ ভূমিৰ আধূনিকীকৰণৰ বাবে ভাৰতীয় বাণিজ্যি প্রসাৰ সংস্থা(আইটিপিঅ’)ক দীর্ঘম্যাদীৰ ভিত্তিত ৯৯ বছৰলৈ লীজত দিয়াৰ লগতে এক স্বচ্ছ প্রতিযোগিতামূলক নিবিদা প্রক্রিয়াৰে ব্যক্তিগত খণ্ডকে ধৰি তৃতীয় পক্ষৰ দ্বাৰা হোটেল নিৰ্মাণ আৰু চলোৱাৰ ক্ষেত্ৰত অনুমোদন জনায়। প্রগতি ময়দানৰ পুনৰ উন্নয়ন প্রকল্পৰ এয়া প্রথম পর��যায়, যাৰদ্বাৰা সু-সংহত প্রর্দশনী তথা সন্মিলন কেন্দ্র সম্পৰ্কীয় এই প্রকল্পটি অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্রীয় কেবিনেট কমিটী ২০১৭ৰ জানুৱাৰী মাহত অনুমোদন জনয়া। সেই সময়ত প্রকল্পৰ বাবে ২,২৫৪ কোটি টকা ধাৰ্য কৰা হৈছিল। প্রকল্পৰ অধীনত এটি অত্যাধুনিক শিল্প প্রদর্শনী তথা সন্মিলন কেন্দ্র গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছিল, য’ত ৭ হাজাৰ লোকৰ বাবে আসনৰ সুবিধা আছে। তদুপৰি বেছমেণ্ট এলেকাত ৪,৮০০ গাড়ী পার্কিঙৰ ব্যৱস্হা থাকিব। প্রগতি ময়দানৰ সমীপৱৰ্তী এলেকাত যান জঁট হ্ৰাসৰ ব্যৱস্থাতো এই প্রকল্পই সহায় কৰিব। এই ভূমিৰ আধুনিকীকৰণৰ ফলত যি পুঁজি গঠন হ’ব, সেয়া প্রদর্শনী তথা সন্মিলন কেন্দ্র নির্মাণত ব্যয় কৰা হ’ব। শীর্ষ পর্যায়ৰ বৈঠক আয়োজনৰ সমান্তৰালভাৱে বাণিজ্য প্রসাৰৰ বাবেও প্রদর্শনী তথা অনুষ্ঠানস্থলীক কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ স্বার্থত ব্যৱহাৰ কৰা হ’ব। প্রকল্প নির্মাণ আৰু যান জঁট সমস্যাৰ সমাধানৰ কাম পূৰ্ণগতিত আগবাঢ়িছে। ভাৰতীয় বাণিজ্য প্রসাৰ সংস্থাই জনোৱা মতে সমগ্র প্রকল্পৰ নির্মাণকাৰ্য ২০১৯ৰ ছেপ্টেম্বৰত শেষ হ’ব। এই প্রকল্প ভাৰতীয় বাণিজ্য আৰু উদ্যোগৰ বাবে লাভজনক হোৱাৰ লগতে ভাৰতৰ বৈদেশিক বাণিজ্য বৃদ্ধিত সহায় কৰিব।",Cabinet approves monetization of 3.70 acres of land at Pragati Maidan by ITJPO +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%82%E0%A6%AA%E0%A6%BE%E0%A6%B2-%E0%A6%AE%E0%A7%87%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%B2-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE%E0%A6%B2/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-enhancement-of-age-of-superannuation-of-general-duty-medical-officers-specialist-grade-doctors-and-teaching-medical-faculty-working-in-bhopal-memorial-hospital-and-research-centre-b/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত স্বাস্থ্য গৱেষণা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে কেন্দ্ৰীয় স্বাস্থ্য সেৱাৰ চিকিৎসক আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য চিকিৎসালয়/প্ৰতিষ্ঠানত কৰ্মৰত চিকিৎসকৰ সম হাৰত ভূপাল মেম’ৰিয়েল চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত কৰ্মৰত চিকিৎসা বিষয়া, বিশেষজ্ঞ চিকিৎসক তথা মেডিকেল ফেকাল্টিৰ অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনায়। চলিত বৰ্যৰ জানুৱাৰীত এক জাননীযোগে কেন্দ্রীয় স্বাস্থ্য সেৱাৰ সৈত জড়িত সাধাৰণ কর্তব্যৰত চিকিৎসা বিষয়া, শিক্ষাদানৰ সৈতে জড়িত বিশেষজ্ঞ চিকিৎসক আৰু অন্যান্য সংশ্লিষ্ট কর্মচাৰীৰ অৱসৰৰ বয়স ৬৫ বছৰলৈ উন্নীত কৰা হয় হয়। চৰকাৰ এই সিদ্ধান্তই বিএমএইচআৰচিত ফেকাল্টি তথা বিশেষজ্ঞ চিকিৎসকৰ নাটনিৰ সমস্যা সমাধান হোৱাৰ লগতে ভূপাল গেছ কাণ্ডৰ পীড়িতৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সুবিধা হ’ব।","Cabinet approves enhancement of age of superannuation of General Duty Medical Officers, Specialist Grade doctors and Teaching Medical Faculty working in Bhopal Memorial Hospital and Research Centre, Bhopal" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A6%BE-%E0%A6%86%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-india-and-suriname-for-cooperation-in-the-field-of-electoral-management-and-administration/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুস্থিত কেবিনেট বৈঠকত নিৰ্বাচন পদ্ধতিৰ প্ৰতিষ্ঠানগত আৰু কাৰিকৰী দিশৰ জ্ঞান আৰু অভিজ্ঞতাৰ বিনিময়; তথ্যৰ বিনিময়ত সমৰ্থন, প্ৰতিষ্ঠানিক সামৰ্থ্য আৰু দক্ষতা বিকাশ, ব্যক্তিসকলৰ প্ৰশিক্ষণ, নিয়মীয়া আলোচনা ইত্যাদি নিৰ্বাচনী ব্যৱস্থাপনা আৰু প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছুৰিনামৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়। এই বুজাবুজি চুক্তিয়ে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা, ছুৰিনামৰ নিৰ্বাচনী ব্যৱস্থাপনা আৰু প্ৰশাসনৰ ক্ষেত্ৰত কাৰিকৰী সহায়/সক্ষমতা গঢ়ি তোলাত উদ্গনি যোগাব।",Cabinet approves MoU between India and Suriname for cooperation in the field of electoral management and administration +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6-%E0%A6%9B%E0%A7%87%E0%A6%AA%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%A4/,https://www.pmindia.gov.in/en/news_updates/pm-to-lay-foundation-stone-for-india-international-convention-and-expo-centre-dwarka-on-september-20/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দ্বাৰকাত ২০ ছেপ্টেম্বৰ, ২০১৮ত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে। ২৫, দ্বাৰকাত স্থাপন হ’বলগীয়া বিশ্বমানৰ অত্যাধূনিক প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰটোত বিত্তীয়, আতিথ্য আৰু খুচুৰা সেৱাৰ দৰে সুবিধা উপলব্ধ হ’ব। এই প্ৰকল্পটোৰ আনুমানিক ব্যয় ২৫,৭০০ কোটি টকা। ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ঔদ্যোগিক নীতি আৰু প্ৰচাৰ বিভাগৰ অধীনস্থ ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ সীমিতৰ দ্বাৰা এই প্ৰকল্পটোৰ কাম-কাজ ৰূপায়ণ কৰা হ’ব।","PM to lay foundation stone for India International Convention and Expo Centre, Dwarka on September 20" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE-%E0%A6%95%E0%A7%B0-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%AC%E0%A6%B8/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-the-establishment-of-the-national-anti-profiteering-authority-under-gst/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেট বৈঠকত একক সামগ্ৰী ���ৰু সেৱা কৰ(জিএছটি) ব্যৱস্থাৰ অধীনত এক ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণ(এনএএ)ৰ অধ্যক্ষ তথা কাৰিকৰী সদস্যৰ বাবে পদ সৃষ্টিত অনুমোদন জনায়। কালি বহু সংখ্যক অত্যাৱশ্যকীয় সামগ্ৰীৰ জিএছটিৰ হাৰ উল্লেখনীয়ভাৱে হ্রাস কৰাৰ সিদ্ধান্তৰ পৰিপ্রেক্ষিতত এই প্ৰাধিকৰণ গঠন কৰা হ’ব। ইয়াৰ ফলত, বিভিন্ন সামগ্ৰী আৰু সেৱাৰ জিএছটি হাৰ কমাৰ সুবিধা যাতে সাধাৰণ গ্রাহকসকলে পাব পাৰে আৰু সংশ্লিষ্ট সামগ্ৰীৰ দাম কমে, তাক নিশ্চিত কৰিবলৈ এই শীর্ষ সংস্থা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰত চৰকাৰৰ সচিব পর্যায়ৰ এজন জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত গঠন হ’বলগীয়া এই প্ৰাধিকৰণত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ চাৰিজন ব্যক্তি কাৰিকৰী সদস্য হিচাপে থাকিব। জিএছটিৰ হাৰ হ্রাসৰ ফলত বিভিন্ন সামগ্ৰী আৰু সেৱাৰ দাম হ্ৰাসৰ সুবিধা যাতে গ্রাহকসকলে লাভ কৰে, সেই লক্ষ্যৰে সম্ভাৱ্য সকলো ধৰণৰ পদক্ষেপ ল’বলৈ চৰকাৰ যে বদ্ধপৰিকৰ সেইটোকে ইয়াৰ দ্বাৰা স্পষ্ট হৈছে। উল্লেখ্য যে ২০১৭ৰ ১৪ নৱেম্বৰৰ মাজৰাতিৰ পৰা ১৭৮টি সামগ্ৰীৰ জিএছটি হাৰ ২৮শতাংশৰ পৰা হ্ৰাস কৰি ১৮ শতাংশ কৰা হৈছে। বৰ্তমান কেৱল ৫০টা সামগ্ৰীতহে ২৮ শতাংশ হাৰত জিএছটি বাহাল থাকিব। একেদৰে বৃহৎ সংখ্যক সামগ্ৰীৰ জিএছটি ১৮ শতাংশৰ পৰা কমায় ১২ শতাংশ আৰু কেতবোৰ সামগ্ৰীৰ আৰু হ্ৰাস কৰি সম্পূর্ণ কৰমুক্ত কৰা হৈছে। জিএছটি আইনত যি মুনাফা বিৰোধীতাৰ পদক্ষেপৰ কথা কোৱা হৈছে তাত সকলো ধৰণৰ সামগ্ৰীৰ ওপৰত জিএছটিৰ কম হাৰ আৰু ইনপুট টেক্স ক্রেডিটৰ সম্পূর্ণ সুবিধা যাতে গ্রাহকসকলে উপভোগ কৰে, তাৰবাবে এটি প্রতিষ্ঠানগত ব্যৱস্থা গঢ়ি তোলাৰ কথা আছে। এই প্রতিষ্ঠানগত ব্যৱস্থাত ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণ হৈছে এটি স্থায়ী কমিটী আৰু প্রত্যেক ৰাজ্যৰ বাবে এক পর্যালোচনা কমিটীও গঠন কৰা হৈছে। তদুপৰি, কেন্দ্রীয় সীমা শুল্ক তথা আভ্যন্তৰীণ শুল্ক পৰিষদৰ সুৰক্ষা সংক্রান্তীয় সঞ্চালকালয় (Directorate General of Safeguards) আছে। যদি কোনো গ্রাহকে ভাৱে যে কোনো সামগ্ৰী আৰু সেৱাৰ ওপৰত জিএছটি কমোৱাৰ সুবিধা তেওঁলোকে পোৱা নাই, সেইক্ষেত্রত সংশ্লিষ্ট ৰাজ্যৰ পর্যালোচনা কমিটীৰ ওচৰত তেওঁ লিখিতভাবে আবেদন দিব পাৰিব। তেতিয়া সর্বভাৰতীয় ক্ষেত্রত কোনো বহুল প্রচলিত সামগ্ৰীৰ ওপৰত মুনাফা সংক্রান্তীয় ঘটনাৰ বাবে গ্রাহকসকলে তাৎক্ষণিকভাৱে স্থায়ী কমিটীৰ ওচৰত আবেদন দাখিল কৰিব পাৰিব। স্থায়ী কমিটীয়��� এই সকলো আবেদনৰ প্রাথমিক বিবেচনাৰ পাছত বিস্তৃত তদন্তৰ বাবে সুৰক্ষা সংক্রান্তীয় সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব। এই সংস্থাৰ তদন্তৰ পাছত তেওঁলোকৰ প্রতিবেদন ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণক দিব। ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণে যদি মুনাফা বিৰোধী পদক্ষেপ গ্রহণ কৰাটো প্রয়োজন বুলি ভাবে, তেন্তে সংশ্লিষ্ট সৰবৰাহকাৰী বা ব্যবসায়ীসকলে সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ অথবা সামগ্ৰী বা সেৱাৰ বর্ধিত দাম সুদসহ গ্রাহকক ঘুৰাই দিয়াৰ নির্দেশ দিব পাৰে। যিবোৰ ক্ষেত্রত বে-আইনি মুনাফা গ্রাহকসকলে দেখা নাপায়, সেইবোৰৰ ক্ষেত্রত গ্রাহক কল্যাণ পুঁজি সেই ধন জমা ৰাখিবলৈ নির্দেশ দিব পাৰে। কোনো বিশেষ ক্ষেত্রত মুনাফা বিৰোধী প্ৰাধিকৰণে দোষী ব্যৱসায়িক সংস্থাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু জিএছটিৰ অধীনত সংশ্লিষ্ট সংস্থাৰ পঞ্জীয়নো বাতিল কৰিব পাৰিব। ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণ গঠনৰ ফলত গ্রাহকসকলৰ আস্থা বৃদ্ধি পোৱাৰ লগতে সাম্প্রতিক সময়ত জিএছটিৰ হাৰ হ্ৰাসৰ সুবিধা আৰু সাধাৰণতে জিএছটি ৰূপায়ণৰ সুবিধাসমূহে যাতে তেওঁলোকে পায়, সেয়া সুনিশ্চিত হ’ব।",Cabinet approves the establishment of the National Anti-profiteering Authority under GST +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A8%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%9F%E0%A6%BF%E0%A6%89%E0%A6%9F-%E0%A6%85%E0%A7%B1-%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%A1/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-the-icai-and-the-institute-of-certified-public-accountants-of-kenya/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজি ইনষ্টিটিউট অৱ চার্টার্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া(আইচিএআই) আৰু কেনিয়াৰ ইনষ্টিটিউট অৱ চার্টিফাইড পাবলিক একাউণ্টেণ্টছ(আইচিপিএকে)ৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। এই বুজাবুজি চুক্তি স্বাক্ষৰ হ’লে দুয়োখন দেশৰ প্রতিষ্ঠানৰ মাজত যৌথ গৱেষণা, কাম-কাজ সম্পাদনত গুণগত মানদণ্ড বজায় ৰাখা, দক্ষতা আৰু সক্ষমতা বৃদ্ধি, শিক্ষানবিচ একাউণ্টেন্ট বিনিময় কার্যসূচীসহ ধাৰাবাহিকভাবে বৃত্তিগত মান উন্নয়ন সম্পৰ্কীয় পাঠ্যক্ৰম ৰচনা, কর্মশালা আৰু সন্মিলন আয়োজনৰ ক্ষেত্রত পাৰস্পৰিক সহযোগিতা গঢ় তোলা সম্ভৱ হ’ব। সবিশেষঃ বুজাবুজি চুক্তি স্বাক্ষৰিত হ’লে (১)ভাৰতৰ আইচিএআই আৰু কেনিয়াৰ আইচিপিএকেৰ কর্মীসকলে জ্ঞান আৰু অভিজ্ঞতা বিনিময় কৰিব পাৰিব। (২)জ্ঞান সমৃদ্ধকৰণত যুটীয়া কার্যসূচী গ্রহণ কৰা সম্ভৱ হ’ব। (৩) দুয়োটা ���্রতিষ্ঠানে তেওঁলোকৰ শিক্ষানবিচ একাউণ্টেন্টো বিনিময় কৰিব পাৰিব। উল্লেখ্য যে ভাৰত হৈছে কেনিয়া ষষ্ঠ বৃহৎ বাণিজ্য সহযোগী হোৱাৰ উপৰি দেশখনলৈ ভাৰতৰ পৰা সৰ্বাধিক ৰপ্তানি হয় বুলি আফ্ৰিকান দেশৰ প্ৰতিবেদনত প্ৰকাশ। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ বজাৰতো কেনিয়াৰ সামগ্ৰী উপলব্ধ কৰোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আফ্ৰিকাৰ দেশসমূহৰ ভিতৰত শীৰ্ষ অৰ্থনীতিৰ দেশ কেনিয়াই ভাৰতত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্টসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত কেনিয়াত ভাৰতীয় চার্টার্ড একাউণ্টেন্টসকলৰ বাবে বৃত্তিমূলক সুযোগ-সুবিধা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।",Cabinet approves MoU between the ICAI and the Institute of Certified Public Accountants of Kenya +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AB%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A6%AA%E0%A6%BE%E0%A6%87%E0%A6%A8%E0%A6%9B%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-2/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-agreement-between-india-and-philippines-on-co-operation-and-mutual-assistance-in-customs-matters/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু ফিলিপাইনছৰ মাজত কাষ্টমছজনিত বিষয়ত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত চুক্তিত অনুমোদন জনোৱা হয়। এই চুক্তিৰ অধীনত কাষ্টম্‌ছৰ লগত জড়িত অপৰাধৰ তদন্ত আৰু অনুসন্ধানৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত প্রয়োজনীয় আৰু প্রাসংগিক তথ্যৰ আদান-প্রদানৰ সমান্তৰালভাবে এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্রতো সহায় কৰিব। চুক্তিখনে দুয়োখন দেশৰ মাজত সক্ষমতাৰে সামগ্ৰী অনা-নিয়াৰ জৰিয়তে বাণিজ্যৰ দিশতো এক সুগম পৰিবেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। এই চুক্তিখনে ৰাষ্ট্ৰীয় আইনী প্ৰয়োজনীয়তাৰ পুৰণ কৰাৰ লগতে দুয়ো দেশৰ অভাৱ পুৰণ কৰিব। পটভূমিঃ উল্লেখ্য যে ভাৰত আৰু ফিলিপাইনছৰ কাষ্টমছ বিভাগৰ মাজত আইনী পৰিকাঠামোজনিত তথ্য আৰু বুদ্ধিমত্তাৰ বিনিময় কৰাৰ ক্ষেত্ৰত এই চুক্তিয়ে সহায় কৰিব। ই দুয়ো দেশৰ মাজত বৈধ বাণিজ্য চলোৱাৰ ক্ষেত্ৰত কাষ্টমছ আইন, কাষ্টমছজনিত অপৰাধৰ ৰোধ আৰু তদন্ত উপযুক্তভাৱে হোৱাত সহায় কৰিব।",Cabinet approves agreement between India and Philippines on co-operation and mutual assistance in customs matters +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A7%A9%E0%A7%A9%E0%A7%A6%E0%A7%A6%E0%A7%A6-%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%BF-%E0%A6%9F%E0%A6%95%E0%A6%BE-%E0%A6%AE%E0%A7%82%E0%A6%B2/,https://www.pmindia.gov.in/en/news_updates/pm-unveils-development-projects-worth-rs-33000-crores-for-bihar/,"বিহাৰৰ আন্তঃগাঁথনি, যোগাযোগ, শক্তি নিৰাপত্তা আৰু স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন���ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাউনীত প্রায় ৩৩,০০০ কোটি টকা মূল্যৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ বিহাৰৰ ৰাজ্যপাল লালজি টেণ্ডন, মুখ্যমন্ত্রী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্রী সুশীল মোদী আৰু কেন্দ্রীয় খাদ্য আৰু উপভোক্তা পৰিক্ৰমা মন্ত্রী ৰামবিলাস পাছোৱানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে৷ প্ৰকল্পসমূহ উদ্বোধনৰ পাছত প্ৰধানমন্ত্রীয়ে এখনি জনসভাত ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্রীয়ে বুটাম টিপি ডিজিটেল পদ্ধতিৰে পাটনা মেট্র’ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ নির্মাণ ব্যয় হ’ব ১৩,৩৬৫ কোটি টকা৷ এই প্ৰকল্পৰ দুটা কৰিড’ৰ থাকিব৷ প্ৰথমটো দানাপুৰৰৰ পৰা মিঠাপুৰ আৰু আনটো হ’ব পাটনা ৰেল’ষ্টেচনৰ পৰা নতুন আইএছবিটিলৈকে৷ দুয়োটা প্ৰকল্পৰ কাম অহা পাঁচ বছৰৰ ভিতৰত সম্পূর্ণ হ’ব৷ এই প্ৰকল্প বাস্তবায়িত হ’লে, পাটনা আৰু ইয়াৰ সমীপৱৰ্তী এলেকাৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হ’ব৷ প্ৰধানমন্ত্রীয়ে একেটা অনুষ্ঠানতে জগদীশপুৰ-বাৰাণসী প্রাকৃতিক গেছ পাইপলাইনৰ অন্তর্গত ফুলপুৰৰ পৰা পাটনা পর্যন্ত অংশৰো উদ্বোধন কৰে৷ এই উফলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে ২০১৫ চনৰ জুলাই মাহত তেঁৱেই এই প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল৷ তেওঁ লগতে কয় এইটো হৈছে এনে প্ৰকল্প যাৰ আধাৰশিলা তেওঁ কৰিছিল আৰু উদ্বোধনো তেঁৱেই কৰিছে৷ তেওঁ কয়, “এই প্ৰকল্পৰ ফলত পাটনাৰ বিভিন্ন এলেকাত গেছৰ যোগানৰ সমান্তৰালভাৱে বাৰাউনী সাৰ কাৰখানা আৰু স্থানীয় অন্যান্য কাৰখানাত গেছৰ যোগান ধৰাটো সুনিশ্চিত হ’ব৷” গেছভিত্তিক এই প্ৰকল্পৰ ফলত অঞ্চলটোৰ লোকসকলৰ কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ এই অঞ্চলৰ ওপৰত অগ্রাধিকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “পূব ভাৰত আৰু বিহাৰৰ সৰ্বাংগীন উন্নয়নৰ বিষয়টো সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ।” প্ৰধানমন্ত্রী উর্জা গঙ্গা প্ৰকল্পৰ অধীনত বাৰাণসী, ভুৱনেশ্বৰ, কটক, পাটনা, ৰাঁচী আৰু জামছেদপুৰক গেছ পাইপলাইনৰ জৰিয়তে সংযোগ কৰা হৈছে৷ পাটনাত প্ৰধানমন্ত্রীয়ে পাটনা চহৰ গেছ বিতৰণ প্ৰকল্পৰো শুভাৰম্ভ কৰে৷ ইয়াৰ জৰিয়তে পাটনা চহৰ আৰু সমীপৱৰ্তী এলেকাত গেছৰ যোগান ধৰা হ’ব৷ এই প্ৰকল্পসমূহৰ জৰিয়তে বিশেষকৈ, পাটনা আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত শক্তিৰ যোগান সুনিশ্চিত হ’ব৷ দৰিদ্ৰ লোকসকলৰ জীৱনযাত্রাৰ মান উন্নয়নৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “এনডিএ চৰকাৰৰ দ্বিমুখী উন্নয়নমূলক আঁচনিৰ ভিতৰত আন্তঃগাঁথনি উন্নয়ন আৰু সমাজৰ প্রান্তীয় লোকসকলৰ জীৱনযাত্রাৰ মান উন্নয়ন অন্যতম, যিসকলে বিগত ৭০ বছৰ ধৰি ন্যূনতম সা-সুবিধাৰ বাবে যুঁজ কৰি আহিছে৷” বিহাৰত স্বাস্থ্য সেৱা ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰি প্ৰধানমন্ত্রীয়ে কয় যে ৰাজ্যখনত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্রত আজি দিনটো ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব৷ চাপ্ৰা আৰু পুর্নিয়াত নতুন চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলা হ’ব৷ গয়া আৰু ভগলপুৰৰ চিকিৎসা মহাবিদ্যালয়সমূহো আৰু অধিক উন্নীত কৰা হ’ব৷ তেওঁ লগতে কয় যে পাটনাত এইম্ছ স্থাপন কৰা হৈছে। মানুহৰ চাহিদা পূৰণৰ বাবে ৰাজ্যখনত আৰু এখন এইম্ছ স্থাপন কৰা হ’ব৷ প্ৰধানমন্ত্রীয়ে পাটনাত নদী বিকাশ প্ৰকল্পৰ প্ৰথম পর্যায়ৰ কাম উদ্বোধন কৰে৷ তেওঁ ৯৬.৫৪ কিলোমিটাৰ দীর্ঘ কৰমালিচক নিষ্কাষণ ব্যৱস্থাৰো আধাৰশিলা স্থাপন কৰে৷ এই নিষ্কাষণ ব্যৱস্থাৰ অধীনত বাঢ়, ছুলতানগঞ্জ আৰু নওগাছিয়াত প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে৷ বিহাৰৰ বিভিন্ন স্থানত ২২টা আমৰুট প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ পুলৱামাত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পৰিপ্রেক্ষিতত দেশজুৰি শোক, দুঃখ আৰু ক্রোধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “আপোনালোকৰ ভিতৰত যি জুই জ্বলিছে, সেই জুই মইও অনুভৱ কৰিছো৷” পুলৱামাৰ বিস্ফোৰণত শ্বহীদ হোৱা বিহাৰৰ পাটনাৰ কনিষ্টবল সঞ্জয় কুমাৰ সিনহা আৰু ভগলপুৰৰ শ্বহীদ ৰতন কুমাৰ ঠাকুৰৰ প্ৰতি প্ৰধানমন্ত্রী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্রীয়ে ৯ মিলিয়ন মেট্ৰিক টন ক্ষমতাসম্পন্ন বাৰাউনী শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷ তদুপৰি, দুর্গাপুৰৰ পৰা মুজফ্ফৰপুৰ আৰু পাটনালৈকে পাৰাদ্বীপ-হলদিয়া-দুর্গাপুৰ এলপিজি পাইপলাইন সম্প্ৰসাৰণ প্ৰকল্পৰো তেওঁ আধাৰশিলা স্থাপন কৰে৷ বাৰাউনী শোধনাগাৰেৰ এটিএফ পানীশোধন প্ৰকল্পৰো আধাৰশিলা কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই সকলো প্ৰকল্প বাস্তবায়িত হ’লে পাটনাকে ধৰি সমগ্ৰ এলেকাত ইন্ধনৰ চাহিদা পূৰণ কৰাটো সম্ভৱ হ’ব৷ প্ৰধানমন্ত্রীয়ে বাৰাউনীৰ এম’নিয়া-ইউৰিয়া সাৰ কমপ্লেক্সৰো আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পৰ দ্বাৰা বিহাৰত সাৰৰ উৎপাদন বৃদ্ধি পাব৷ প্ৰধানমন্ত্রীয়ে বাৰাউনী-কুমেদপুৰ, মুজফ্ফৰপুৰ-ৰক্সৌল, ফাতুহা-ইছলামপুৰ, বিহাৰ ছৰীফ-দ��নিয়াৱান ৰে’ললাইনৰ বিদ্যুতীকৰণ প্ৰকল্পৰো শুভাৰম্ভ কৰে৷ অনুষ্ঠানত ৰাঁচী-পাটনা বাতানুকূল সাপ্তাহিক এক্সপ্রেছ ৰে’লখনৰো শুভাৰম্ভ কৰে৷ বাৰাউনীৰ পাছত প্ৰধানমন্ত্রীয়ে ঝাড়খণ্ড অভিমুখে ৰাওনা হয়৷ তাত তেওঁ হাজাৰিবাগ আৰু ৰাঁচী ভ্ৰমণ কৰিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে হাজাৰিবাগ, ডুমকা আৰু পালামুত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ তেওঁ লগতে অন্যান্য একাধিক প্ৰকল্পৰো শুভাৰম্ভ কৰিব৷","PM unveils development projects worth Rs.33,000 crores for Bihar" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A7%87%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%AD/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-establishment-and-operationalisation-of-permanent-campuses-of-the-iisers-at-tirupati-and-berhampur/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত তিৰুপতি (অন্ধ্ৰপ্ৰদেশ) আৰু বেৰহামপুৰ(ওড়িশা)ত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (আইআইএছইআৰ)ৰ দুটা নতুন স্থায়ী চৌহদ স্থাপন আৰু কাৰ্যকৰীকৰণত অনুমোদন জনায়। ইয়াৰ বাবে আনুমানিক ৩০৭৪.১২ কোটি (২৩৬৬.৪৮ কোটি স্থায়ী ব্যয় আৰু ৭০৭.৬৪ কোটি অস্থায়ী ব্যয়) টকা ব্যয় ধাৰ্য কৰা হৈছে। দুয়োটা প্ৰতিষ্ঠানৰ বাবে দুটা পঞ্জীয়কৰ পদ সৃষ্টি কৰা হ’ব আৰু তেওঁলোকে সপ্তম দৰমহা আয়োগৰ চতুৰ্দশ দফা অনুসৰি দৰমহাৰ লগতে অন্যান্য সুবিধাসমূহ পাব বুলি কেবিনেটে অনুমোদন জনায়। প্ৰতিষ্ঠান মুলধন অস্থায়ী ব্যয় সৰ্বমুঠ আইআইএছইআৰ তিৰুপতি ১১৩৭.১৬ ৩৫৪.১৮ ১৪৯১.৩৪ আইআইএছইআৰ বেৰহামপুৰ ১২২৯.৩২ ৩৫৪.৪৬ ১৫৮২.৭৮ সৰ্বমুঠ ২৩৬৬.৪৮ ৭০৭.৬৪ ৩০৭৪.১২ প্রতিষ্ঠান দুটি প্রতিষ্ঠাৰ বাবে মুঠ ব্যয়ৰ পৰিমাণ হ’ব ৩,০৭৪.১২ কোটি টকা। ইয়াৰে ২৩৬৬.৪৮ কোটি টকা নির্মাণ ব্যয়। প্রত্যেকটো প্রতিষ্ঠানত ১.১৭ লাখ বর্গমিটাৰ মাটিকালি থাকিব আৰু সৰ্বমুঠ ১,৮৫৫গৰাকী ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰাৰ ব্যৱস্থা থাকিব। ২০২১ৰ ডিচেম্বৰৰ ভিতৰত এই প্রতিষ্ঠান দুটিৰ নির্মাণ সম্পূ্ৰ্ণ কৰা হ’ব। আইআইএছইআৰসমূহত উচ্চমানৰ স্নাতক আৰু স্নাতকোত্তৰ পর্যায়ৰ অধ্যয়ন, পিএইচডি/ইণ্টিগ্রেটেড পিএইচডি’ৰ ব্যৱস্থা থাকিব। ছাত্র-ছাত্রীসকলে বিজ্ঞানৰ নতুন বিষয়ত এই প্ৰতিষ্ঠান গৱেষণা কৰিব পাৰিব। ইয়াৰ বাবে বিশেষজ্ঞ শিক্ষকক ইয়াত নিয়োগ কৰা হ’ব। ইয়াৰ ফলত ভাৰতত এক জ্ঞানভিত্তিক অর্থনীতি গঢ়ি উঠাৰ লগতে দেশৰ বাবে বিজ্ঞান-শিক্ষিত কর্মচাৰীৰ এক সুদৃঢ় ভেঁটি গঢ় দিব পৰা যাব। ২০১৫ চনৰ বাজেটৰ ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে তিৰুপতি আৰু বেৰহামপুৰত দুখন আইআইএছইআৰ স্থাপনৰ কথা ঘোষণা কৰিছিল। বৰ্তমান দুয়োটা প্ৰতিষ্ঠানেই অস্থায়ী চৌহদত চলি আছে।",Cabinet approves establishment and operationalisation of permanent campuses of the IISERs at Tirupati and Berhampur +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A7%B0%E0%A6%AE%E0%A6%9C%E0%A6%BE%E0%A6%A8-%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AD%E0%A6%A3/,https://www.pmindia.gov.in/en/news_updates/pm-greets-people-on-the-beginning-of-holy-month-of-ramzan/,"পবিত্ৰ ৰমজান মাহৰ আৰম্ভণী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে ৰমজানৰ শুভেচ্ছা জনাইছো। পয়গম্বৰ মহম্মদ চাহাবৰ ধৰ্মীয় চিন্তাধাৰাক আমি মনত ৰাখিব লাগিব, যিগৰাকীয়ে সংহতি, দয়া আৰু দানৰ মহত্বক আলোকপাত কৰিছিল। এইবোৰেই পবিত্ৰ ৰমজান মাহৰ মুল কথা।”",PM greets people on the beginning of holy month of Ramzan +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%9B%E0%A6%8F%E0%A6%AB%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8/,https://www.pmindia.gov.in/en/news_updates/pm-greets-cisf-personnel-on-the-raising-day-of-cisf/,"কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(চিআইএছএফ)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিআইএছএফৰ জোৱানসকলক শুভেচ্ছা জনায়। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ জোৱানসকলক শুভেচ্ছা জনাইছো। চিআইএছএফে ব্যতিক্ৰমী ৰূপত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তা পূৰণ কৰিছে, যিবোৰে ভাৰতৰ পূনৰুত্থানৰ সমান্তৰালভাৱে দেশ নিৰ্মাণত অৰিহনা যোগাইছে।”",PM greets CISF personnel on the Raising Day of CISF +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A7%81%E0%A6%82%E0%A6%97%E0%A6%AD%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%BE-%E0%A6%A4%E0%A7%80%E0%A6%96%E0%A6%BE-%E0%A6%89%E0%A7%8E%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%A8-%E0%A6%B2%E0%A6%BF/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-implementation-of-ccea-decision-on-closure-of-tungabhadra-steel-products-limited/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত স্থায়ী সম্পদৰ নিষ্পত্তি কৰি তুংগভদ্ৰা তীখা উৎপাদন লিমিটেড(টিএছপিএল) বন্ধ কৰাৰ সন্দৰ্ভত চিচিইএ লোৱা সিদ্ধান্ত কাৰ্যকৰীকৰণত অনুমোদন জনোৱা হয়। ইয়াৰ ফলত, টিএছপিএলৰ হিচাপৰ বাধ্যবাধকতাৰ অন্ত পৰাৰ পাছত কোম্পানীৰ পঞ্জীয়ন তালিকাৰ পৰাও প্ৰতিষ্ঠানটোক বাদ দিয়া হয়। উল্লেখ্য যে ২০১৫ৰ ডিচেম্বৰত কৰ্মচাৰী/ শ্ৰমিক তথা ঋণদাতাসকলৰ সকলো পাবলগীয়া ধন আদায় দিয়াৰ পাছত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে কোম্পানীটো বন্ধৰ সিদ্ধান্তত অনুমোদন জনায়। কেবিনেটে ২০,০০০ বৰ্গ মিটাৰ ভূমিত অৱস্থিত এই এমএমএইচ প্লাণ্টটো কৰ্ণাটক চৰকাৰক হস্তান্তৰ কৰাৰ বাবেও অনুমোদন জনায়। কেবিনেটে লগতে হছপেটত থকা ৮২.৩৭ একৰ ভূমি কৰ্ণাটক চৰকাৰক কৰ্ণাটক ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ বাবে ব্যৱহাৰৰ অৰ্থে বিক্ৰী কৰিবলৈ অনুমোদন জনায়। কৰ্ণাটক চৰকাৰক প্ৰতি একৰ ভূমিত ৬৬ লাখ টকাৰ দৰত ভূমিখিনি বিক্ৰী কৰা হয়।",Cabinet approves implementation of CCEA decision on closure of Tungabhadra Steel Products Limited +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A7%B0-%E0%A7%AF%E0%A7%A6-%E0%A6%A4%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%A7/,https://www.pmindia.gov.in/en/news_updates/pm-addresses-inaugural-session-of-90th-annual-general-meeting-of-ficci/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিক্কিৰ ৯০ তম বাৰ্ষিক সাধাৰণ সভাৰ আৰম্ভণি অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ ১৯২৭ চনত ফিক্কিৰ প্ৰতিষ্ঠাৰ কথা মনত পেলাই কয়, কেনেকৈ তেতিয়াৰ বৃটিছ চৰকাৰে গঠন কৰা ছাইমন কমিশ্যনৰ বিৰুদ্ধে ভাৰতীয় উদ্যোগসমূহ একত্ৰিত হৈছিল। তেওঁ কয় যে ভাৰতীয় উদ্যোগসমূহে দেশৰ স্বাৰ্থত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতেও একত্ৰিত হৈ কাম কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে একে পৰিস্থিতি আজিও আহি পৰিছে য’ত দেশৰ মানুহে দেশৰ প্ৰতি নিজৰ দায়িত্ব পালনৰ স্বাৰ্থত অতি আশাৰে আগবাঢ়ি আহিছে আৰু ভিতৰুৱা সমস্যা যেনে ক’লাধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ লৈছে।তেওঁ কয় যে ৰাজনৈতিক দল আৰু ঔদ্যোগিক সংস্থাসমূহে দেশৰ জনতাৰ আৱেগ অনুভূতিক বুজিবলৈ যত্ন কৰি সেই অনুপাতে কাম কৰিব লাগে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ পিছত আমি বহুত পালো, কিন্তু লগতে বহুত প্ৰত্যাহ্বানৰো সৃষ্টি হ’ল।দুখীয়াসকলে ব্যৱস্থাৰ সৈতে সদায় যুঁজি থাকিব লগা হৈছে। ৰন্ধন গেছৰ সংযোগেই হওক বা বেংকৰ খাটা খোলাৰ ক্ষেত্ৰতেই হওক, বৃত্তি লাভৰ ক্ষেত্ৰতেই হওক বা পেন্সনৰ ক্ষেত্ৰতেই হওক কেন্দ্ৰীয় চৰকাৰে অসুবিধাসমূহ নোহোৱা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে আৰু স্বচ্ছ তথা সজাগ-সচেতন ব্যৱস্থা প্ৰতিষ্ঠাত মনোযোগ দিছে।তেওঁ কয় যে জন-ধন যোজনাই ভাৰতত জীয়াই থকা সহজ কৰি তুলিছে।তেওঁ লগতে উজ্জ্বলা যোজনা, স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচালয় নিৰ্মাণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে তেওঁ নিজেই দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈ আহিছে আৰু দেশত দৰিদ্ৰৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ ভালকৈয়ে অৱগত।তেঁও ন-উদ্যোগীক ঋণৰ সুবিধা দিয়া মূদ্ৰা যোজনাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বেংকিং ব্যৱস্থা শক্তিশালী কৰিবলৈ প্ৰচে��্টা হাতত লৈছে। তেওঁ কয় যে চৰকাৰে খাটা থকা লোকসকলৰ ধন সুৰক্ষিত ৰখাৰ বাবে সকলো ব্যৱস্থা হাতত লৈছে। তেওঁ কয় যে ফিক্কিৰ দৰে অনুষ্ঠানে এনেধৰণৰ বিষয়ৰ ওপৰত সজাগতা বৃদ্ধিৰ পদক্ষেপ লোৱা উচিত। তেওঁ কয় যে জি এছ টিক অধিক প্ৰভাৱশালী কৰি তোলাৰ ক্ষেত্ৰতো ফিক্কিয়ে দায়িত্ব লোৱা উচিত। তেওঁ কয় যে ব্যৱস্থা যিমানেই আনুষ্ঠানিক হ’ব সিমানেই দৰিদ্ৰসকল লাভান্বিত হ’ব। বেংকসমূহে ঋণ প্ৰদানৰ বাবে সুবিধা পাব। তেওঁ কয় যে ফিক্কিয়ে ক্ষূদ্ৰ ব্যৱসায়ীসকলৰ মাজত সজাগতা বৃদ্ধিৰ পদক্ষেপ ল’ব বুলি তেওঁ আশাবাদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইউৰিয়া, বস্ত্ৰশিল্প, অসামৰিক বিমান আৰু স্বাস্থ্য খণ্ডত নীতি সাল-সলনিৰ সিদ্ধান্ত লোৱা হৈছে যাৰ ফলত দেশৰ দৰিদ্ৰসকল লাভান্বিত হ’ব। তেওঁ লগতে সুৰক্ষা, নিৰ্মাণ খণ্ড, খাদ্য প্ৰক্ৰিয়াকৰণ আদি ক্ষেত্ৰত অনা সংস্কাৰৰ কথাও উল্লেখ কৰে। ব্যৱসায় কৰাৰ সুচলতাৰ ক্ষেত্ৰত ভাৰতে ১৪২ স্থানৰ পৰা ১০০ নং স্থানলৈ উন্নীত হোৱা কথাটোও তেওঁ উল্লেখ কৰে। দেশৰ অৰ্থনৈতিক উন্নতিক সূচোৱা আন আন বিষয়সমূহৰ কথা উল্লেখ কৰি কয় যে চৰকাৰে নিয়োগৰ সুবিধা সৃষ্টিৰ ক্ষেত্ৰতো মনোযোগ দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণ, ষ্টাৰ্ট আপ, আৰ্টিফিচিয়েল ইন্টেলিজেন্স, সৌৰ শক্তি, স্বাস্থ্যসেৱা আদি ক্ষেত্ৰৰ উন্নয়নত ফিক্কিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে আৰু লঘূ, ক্ষূদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব পাৰে।",PM addresses inaugural session of 90th Annual General Meeting of FICCI +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AF-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6/,https://www.pmindia.gov.in/en/news_updates/pm-to-visit-arunachal-pradesh-and-uttar-pradesh-on-19th-november/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰ, ২০২২ ত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ ডনি প’ল’ বিমানবন্দৰ উদ্বোধন কৰিব আৰু ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ পিছতেই তেখেত উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’বগৈ, তাত তেখেতে দিনৰ প্ৰায় ২ বজাত ‘কাশী-তামিল সংগম’ উদ্বোধন কৰিব। অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীনফিল্ড বিমানবন্দৰ – ‘ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ’ ৰ উদ্বোধন কৰিব। বিমানবন্দৰৰ নামটোৱে অৰুণাচল প্ৰদেশৰ পৰম্পৰা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য তথা সূৰ্য্য (‘ডনি’) আৰু চন্দ্ৰ (‘প’ল’’) ৰ প্ৰতি যুগে-যুগে অব্যাহত শ্ৰদ্ধাকে প্ৰতিফলিত কৰিছে। অৰুণাচল প্ৰদেশৰ প্ৰথম গ্ৰীনফিল্ড বিমানবন্দৰটোক ৬৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৬৯০ একৰৰো অধিক এলেকাত স্থাপন কৰা হৈছে। ২৩০০ মিটাৰ ৰানৱে’ৰ সৈতে এই বিমানবন্দৰটো সকলো বতৰতে উৰণ-অৱতৰণৰ বাবে উপযোগী হৈ উঠিব। বিমানবন্দৰৰ টাৰ্মিনেলটোক এটা আধুনিক ভৱন হিচাপে গঢ়ি তোলা হৈছে যিয়ে শক্তি সক্ষমতা, নবীকৰণযোগ্য শক্তি আৰু সম্পদৰ পুনঃব্যৱহাৰক প্ৰোৎসাহিত কৰিছে। ইটানগৰত এই নতুন বিমানবন্দৰৰ স্থাপনে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনেই নহয়, বৰঞ্চ বাণিজ্য আৰু পৰ্যটনৰ বিকাশতো অনুঘটক হিচাপে কাম কৰিব, যাৰ ফলশ্ৰুতিত অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ’ব। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্পও ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ৮৪৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৮০ কিলোমিটাৰৰো অধিক অঞ্চলত পৰিবেষ্টিত এই প্ৰকল্পটোৱে অৰুণাচল প্ৰদেশক অতিৰিক্ত শক্তিসম্পন্ন ৰাজ্য হিচাপে পৰিগণিত কৰিব তথা গ্ৰিডৰ সুস্থিৰতা আৰু সংহতিৰ ক্ষেত্ৰত নেশ্যনেল গ্ৰিডকো উপকৃত কৰিব। এই প্ৰকল্পই সেউজ শক্তিৰ অভিযোজনাৰ বৰ্ধনৰ অৰ্থে দেশখনৰ অংগীকাৰ পৰিপূৰণৰ ক্ষেত্ৰত এক বৃহৎ অৰিহণা যোগাব। বাৰাণসীত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰে অগ্ৰসৰ হৈ চৰকাৰখনে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ ৰ উদ্দীপনাক প্ৰোৎসাহিতকৰণৰ ক্ষেত্ৰত অন্যতম অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এই দৃষ্টিক প্ৰতিফলিত কৰা আন এটি পদক্ষেপ হিচাপে কাশী (বাৰাণসী) ত ‘কাশী-তামিল সংগম’ নামেৰে এমাহজোৰা কাৰ্য্যক্ৰমৰ আয়োজন কৰা হৈছে আৰু ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ উদ্বোধন কৰিব। এই কাৰ্য্যক্ৰমৰ উদ্দেশ্য হৈছে দেশখনৰ দুখন গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষাপীঠ তামিলনাডু আৰু কাশীৰ মাজত যুগে-যুগে প্ৰবাহমান সংযোগক উদযাপন, পুনৰ সুদৃঢ় আৰু পুনৰ আৱিষ্কাৰ কৰা। এই কাৰ্য্যক্ৰমৰ লক্ষ্য হৈছে উভয় স্থানৰ পণ্ডিত, ছাত্ৰ, দাৰ্শনিক, ব্যৱসায়ী, শিপিনী, শিল্পী আদিকে ধৰি সকলো শ্ৰেণীৰ লোকক একত্ৰিতকৰণেৰে স্বকীয় জ্ঞান, সংস্কৃতি আৰু উত্তম পদ্ধতিৰ ভাগ-বতৰা আৰু পৰস্পৰে-পৰস্পৰৰপৰা শিকাৰ এটি সুযোগ প্ৰশস্ত কৰা। এই উপলক্ষে তামিলনাডুৰ ২৫০০ ৰোধিক প্ৰতিনিধিয়ে কাশী ভ্ৰমণ কৰিব। তেওঁলোকে আলোচনা চক্ৰ, ক্ষেত্ৰ ভ্ৰমণ আদিত অংশগ্ৰহণেৰে একে ধৰণৰ ব্যৱসায়, পেছা আৰু আগ্ৰহৰ স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিব। কাশীত হস্ততাঁত, হস্তশিল্প, অ’ডিঅ’পিৰ সামগ্ৰী, কিতাপ, তথ্যচিত্ৰ, খাদ্য, কলা, ইতিহাস, পৰ্যটনস্থলী আদিৰ এমাহজোৰা প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ভাৰতীয় জ্ঞান ব্যৱস্থাৰ সম্পদক আধুনিক জ্ঞান ব্যৱস্থাৰে একত্ৰিতকৰণৰ ক্ষেত্ৰত এনইপি, ২০২০ য়ে আৰোপ কৰা গুৰুত্বৰ সৈতে এই প্ৰচেষ্টাৰ সামঞ্জস্য আছে। এই কাৰ্য্যক্ৰমত আইআইটি, মাদ্ৰাজ আৰু বিএইচইউ য়ে ৰূপায়ণকাৰী সংস্থাৰ ভূমিকা পালন কৰিছে।",PM to visit Arunachal Pradesh and Uttar Pradesh on 19th November +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%A6/,https://www.pmindia.gov.in/en/news_updates/pm-visits-ananda-temple-bagan/,"প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীয়ে আজি ম্যানমাৰৰ বাগানত অৱস্থিত আনন্দ মন্দিৰ পৰিদর্শন কৰে। দ্বাদশ শতিকাতে এই বৌদ্ধ মন্দিৰটো নির্মাণ কৰা হৈছিল। বাগান অঞ্চলৰ এইটো হৈছে দ্বিতীয় বৃহত্তম মন্দিৰ। ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগে এই মন্দিৰটোৰ ভাস্কর্যৰ ৰাসায়নিক ব্যৱস্থাৰে সংৰক্ষণৰ দায়িত্ব গ্রহণ কৰিছে। যোৱা বছৰৰ ভূমিকম্পৰ পাছত মন্দিৰটো যি ক্ষতি হৈছিল, তাৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কামো বর্তমান কৰি থকা হৈছে। মন্দিৰটোৰ পুনৰ র্নিমাণ কাৰ্যৰ এটি ফটো প্রদর্শনী আজি প্ৰধানমন্ত্ৰীক দেখুওৱা হয়। তেওঁ মন্দিৰত প্রার্থনা জনোৱাৰ লগতে মন্দিৰটোত চাৰিওফালে পৰিক্রমাও কৰে। ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগৰ প্রতিনিধিসকলে পুনৰ নিৰ্মাণ প্রক্রিয়াৰ খুঁটিনাটিসমূহৰ সন্দৰ্ভত প্রধানমন্ত্রীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰটোৰ দৰ্শনাৰ্থীৰ স্বাক্ষৰ বহীত স্বাক্ষৰ কৰাৰ লগতে আনন্দ মন্দিৰৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ চিন স্বৰূপে এখনি ফলকো মুকলি কৰে। ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগে এছিয়াৰ বিভিন্ন দেশৰ একাধিক বৃহৎ বৃহৎ সংস্কাৰ আৰু সংৰক্ষণৰ কামত জড়িত হৈছে। ম্যানমাৰৰ আনন্দ মন্দিৰৰ উপৰি আফগানিস্তানৰ বামিয়ান বুদ্ধজ, কম্বোডিয়াৰ আংকাৰ ভাট, কম্বোডিয়াই তা প্রহম মন্দিৰ, লাওছৰ ভাট ফোউ মন্দিৰ আৰু ভিয়েটনামৰ মাই চন মন্দিৰৰ বিভিন্ন সংস্কাৰমুলক প্রচেষ্টাৰ সৈতে জড়িত হৈ আছে ভাৰতীয় প্ৰত��নতাত্ত্বিক বিভাগ।","PM visits Ananda Temple, Bagan" +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A7%8B%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A6%A3/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-mou-between-india-and-korea-on-trade-remedy-cooperation/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু কোৰিয়াৰ মাজত বাণিজ্যিক প্ৰতিকাৰ সহযোগিতাৰ ক্ষেত্ৰত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে। এই বুজাবুজি চুক্তিখন কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ২০১৮ৰ জুলাইত স্বাক্ষৰ কৰা হৈছিল। এই বুজাবুজি চুক্তিখনে দুয়ো দেশৰ মাজত বাণিজ্যিক প্ৰতিকাৰ, বিশেষকৈ সামগ্ৰী উঠোৱা-নমোৱা সমস্যা, ৰাজসাহায্য আৰু অন্যান্য প্ৰাসংগিক সমস্যা তথা সুৰক্ষাজনিত সমস্যা সমাধানত সহযোগিতা বৃদ্ধি কৰিব, যিটোৱে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কতো উৎসাহ যোগাব।",Cabinet approves MoU between India and Korea on Trade Remedy Cooperation +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AB%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF/,https://www.pmindia.gov.in/en/news_updates/visit-of-president-of-islamic-republic-of-afghanistan-to-india/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণক্ৰমে ১৯ ছেপ্টেম্বৰ, ২০১৮ত আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ভাৰত ভ্ৰমণলৈ আহে। এই উপলক্ষে দুয়োগৰাকী নেতাই ভাৰত-আফগানিস্তানৰ বহুমুখী কৌশলগত অংশীদাৰিত্বৰ অগ্রগতিৰ ইতিবাচকভাবে মূল্যায়ণ আৰু পর্যালোচনা কৰে। ভাৰত-আফগানিস্তানৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০০ কোটি মার্কিন ডলাৰ অতিক্রম কৰাক লৈ দুয়োজনে সন্তোষ প্রকাশ কৰে। দুয়োগৰাকী নেতাই যোৱা ১২-১৫ ছেপ্টেম্বৰত মুম্বাইত ভাৰত-আফগানিস্তান বাণিজ্য আৰু বিনিয়োগ প্রদর্শনী সফলতাৰ সামৰণী মৰাৰ বাবে প্ৰশংসা কৰাৰ লগতে চাবহাৰ বন্দৰ আৰু বিমানপথেৰে সামগ্ৰী সৰবৰাহ ব্যৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। আফগানিস্তানত আন্তঃগাঁথনি উন্নয়ন, মানৱ সম্পদ উন্নয়ন আৰু অন্যান্য উন্নয়নমূলক কামতো দুয়োখন দেশে একেলগে কাম কৰাৰ দিশত সন্মতি প্ৰকাশ কৰে। ৰাষ্ট্রপতি ঘানিয়ে আফগানিস্তানত শান্তি আৰু সম্প্রীতি বজাই ৰখা আৰু সন্ত্রাস আৰু চৰমপন্থা দমনৰ বাবে তেওঁৰ চৰকাৰে কেনেধৰণৰ প্ৰচেষ্টা গ্রহণ কৰিছে, সেইবিষয়ে প্রধানমন্ত্রীকে চমুকৈ অৱগত কৰে। ভাৰতে এনে আফগান-নেতৃত্বাধীন, আফগানচালিত আৰু আফগান নিয়ন্ত্রিত শান্তি আৰু সমন্বয়ৰ প্রক্রিয়াক সমর্থন কৰিব, যি আফগানিস্তানক এক ঐক্যবদ্ধ, শান্তিময়, সার্বজনীন আৰু গণতান্ত্রিক দেশ হোৱাত আৰু এখন অর্থনৈতিকভাবে স্বচ্ছল দেশ হিচাপে আত্মপ্রকাশ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াব বুলি দোঁহাৰে প্রধানমন্ত্রী মোদীয়ে। আফগানিস্তান চৰকাৰৰ বিভিন্ন প্রচেষ্টাৰ প্ৰতি ভাৰতৰ অবিচল সমর্থনৰ ওপৰত প্রধানমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে। আফগানিস্তানৰ নিৰাপত্তা আৰু সার্বভৌমত্বকো ভাৰতে সমানেই সমর্থন কৰে। আফগানিস্তানত সন্ত্রাসবাদী আক্ৰমণ আৰু হিংসাত্মক ঘটনাৰ গৰিহণা দি প্রধানমন্ত্রীয়ে কয় য়ে ইযাৰ ফলত বহু মূল্যবান মানৱজীৱন শেষ হৈ হৈছে। তেওঁ আফগানিস্তানৰ জনতা আৰু প্রতিৰক্ষা বাহিনীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে কৰা যুঁজৰ প্রতি সমভাৱনা ব্যক্ত কৰে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত দুয়ো দেশৰ মাজত সমন্বয় স্থাপন আৰু পৰামর্শ গ্রহণৰ কার্যসূচীক লৈ সন্তোষ প্রকাশ কৰি দুয়ো পক্ষই এই সহযোগিতাক সুদৃঢ় কৰিবলৈ সন্মত হোৱাৰ উপৰি সমৃদ্ধি, শান্তি, সুস্থিৰতা আৰু প্রগতিৰ বাবে আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় পর্যায়তো অংশীদাৰ হিচাপে আৰু অধিক ঘনিষ্ঠভাবে কাম কৰিবলৈও দুয়োগৰাকী নেতাই সহমত প্রকাশ কৰে।",Visit of President of Islamic Republic of Afghanistan to India +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%B8%E0%A7%8D%E0%A6%AC-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-continuation-of-rastriya-yuva-sashaktikaran-karyakram-scheme-for-the-period-2017-18-to-2019-2020/,"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ইএফচিৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰীয় যুৱ স্ব-শক্তিকৰণ কাৰ্যক্ৰম আঁচনিৰ বাবে ১,১৬০ টকা ব্যয় ধাৰ্য কৰি ২০১৭-১৮ৰ পৰা ২০১৯-২০২০লৈকে চলাই নিবলৈ অনুমোদন জনায়। দ্বাদশ পঞ্চবার্ষিকী পৰিকল্পনা কালত কেন্দ্রীয় বিত্ত মন্ত্ৰালয় আৰু নিটী আয়োগেৰ সৈতে আলোচনাৰ ভিত্তিত ৰাষ্ট্রীয় যুৱ স্ব-শক্তিকৰণ কার্যক্রমৰ অধীনত আন ৮টা প্রকল্ক গ্রহণ কৰা হৈছে। ইয়াৰ ফলত সকলো প্রকল্প ৰূপায়ণত আৰু অধিক সমন্বয় স্থাপন হ’ব আৰু সেইবোৰ ৰূপায়ণ হ’ব। এনেদৰে লাভ কৰা সম্পদৰ সদ ব্যৱহাৰ কৰি অধিক ভাল ফল পোৱা যাব। এই প্রকল্পসমূহৰ জৰিয়তে ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলে বিশেষভাবে উপকৃত হ’ব। তদুপৰি, ১০-১৯ বছৰ বয়সৰ বয়ঃসন্ধিকালীন কন্যানসকলো লাভবান হ’ব। ৰাষ্ট্রীয় যুৱ স্বশক্তিকৰণ কার্যক্রমৰ অধীনত যি ৮টা প্রকল্পক অন্তর্ভুক্ত কৰা হৈছে সেইবোৰ হৈছে- নেহৰু যুৱ কেন্দ্র সংগঠন, নেচনেল য়ুথ ক’ৰ, কিশোৰ আৰু বয়ঃসন্ধিকালীন ল’ৰা-ছোৱালীসকলৰ উন���নয়নত ৰাষ্ট্ৰীয় কর্মসূচী, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, যুৱ আৱাস, স্কাউটিং আৰু গাইডিং সংগঠনৰ সহায়তা, ৰাষ্ট্ৰীয় শৃংখলা প্রকল্প আৰু যুৱক-যুৱতীসকলৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতাৰ বিকাশমূলক ৰাষ্ট্ৰীয় কর্মসূচী।",Cabinet approves continuation of Rastriya Yuva Sashaktikaran Karyakram Scheme for the Period 2017-18 to 2019-2020 +https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A7%87%E0%A6%B2-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%89%E0%A7%8E%E0%A6%AA%E0%A6%BE/,https://www.pmindia.gov.in/en/news_updates/cabinet-approves-productivity-linked-bonus-for-railway-employees/,"প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ২০১৭-১৮ বর্ষৰ বাবে ৰে’ল কর্মীচাৰীক ৭৮ দিনৰ দৰমহাৰ সমপৰিমাণ উৎপাদনশীলতাভিত্তিক বোনাচ প্রদানৰ সিদ্ধান্তত অনুমোদন জনায়। সকলো নন-গেজেটেড ৰে’লকর্মীয়ে(আৰপিএফ/আৰপিএছএফ বাদ দি) এই বোনাচ লাভ কৰিব। এই সিদ্ধান্তৰ ফলত ৰে’ল বিভাগৰ প্ৰায় ১১.৯১ লাখ কৰ্মচাৰী উপকৃত হ’ব। ইয়াৰ বাবে ৰে’ল বিভাগৰ ২০৪৪.৩১ কোটি টকা ব্যয় হ’ব। মাহিলী ৭,০০০ টকা দৰমহা লাভ কৰা কর্মীসকলে এই বোনাচ পাব। একোগৰাকী কর্মীয়ে সর্বাধিক ১৭,৯৫১ টকা লাভ কৰিব। উৎপাদনশীলতাভিত্তিক বোনাচে সমগ্ৰ দেশৰ নন-গেডেটেড ৰে’লকর্মীক সামৰি ল’ব। দশেৰা/পূজা বন্ধৰ সময়ত প্রতি বছৰে এই বোনাচ প্ৰদান কৰা হয়। এই বছৰৰ উৎসৱৰ বন্ধৰ পূৰ্বেই এই সিদ্ধান্ত কার্যকৰী হ’ব। ইয়াৰ ফলত ৰে’লকর্মীসকলে কাম-কাজত উৎসাহী হোৱাৰ লগতে ৰে’লৰ কামৰ সর্বাংগীন উন্নতি ঘটিব বুলি আশা কৰা হৈছে। ভাৰত চৰকাৰৰ বিভাগসমূহৰ ভিতৰত ৰে’ল হৈছে প্রথম বিভাগ যি ১৯৭৯-৮০ বর্ষত উৎপাদনশীলতা-ভিত্তিক বোনাচৰ ধাৰণা আৰম্ভ কৰিছিল। সেই সময়ত অৱশ্যে দেশৰ অর্থনীতিত আন্তঃগাঁথনিমূলক কামৰ বাবে ৰে’লকর্মীৰ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি ‘বোনাচ প্ৰদান আইন-১৯৬৫’ৰ ভিত্তিত এই ব্যৱস্থা হাতত লোৱা হৈছে।",Cabinet approves Productivity Linked Bonus for Railway Employees +https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%9F%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BE%E0%A6%9C-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3-%E0%A6%95%E0%A7%B0/,https://www.pmindia.gov.in/en/news_updates/pm-to-visit-kumbh-at-prayagraj-tomorrow/,"কাইলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজৰ কুম্ভ ভ্ৰমণ কৰিব। কুম্ভত কাইলৈ খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত স্বচ্ছ কুম্ভ স্বচ্ছ আভাৰ শীৰ্ষক এক অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে চাফাই কৰ্মচাৰী, স্বচ্ছাগ্ৰহী, আৰক্ষীৰ লোক আৰু নাৱিকসকলক স্বচ্ছ কুম্ভ স্বচ্ছ আভাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰিব। এই অনুষ্ঠানতে প্ৰধা���মন্ত্ৰীয়ে স্বচ্ছ সেৱা সন্মান লাভালাভ পেকেজৰো ঘোষণা কৰিব। এই পেকেজ ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে উপস্থিত ৰাইজক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ ত্ৰিৱেণী সংগমত স্নানো কৰিব। প্ৰয়াগৰাজত ছাফাই কৰ্মীসকলৰ সৈতে মত-বিনিময়ো কৰিব প্ৰধানমন্ত্ৰীয়ে। উল্লেখ্য যে এইবছৰ প্ৰয়াগৰাজত আয়োজন কৰা এই বিশাল আয়োজনত পৰিচ্ছন্নতা আৰু স্বচ্ছ ভাৰত অভিযানৰ ওপৰত বিশেষভাৱে নজৰ ৰখা হৈছে। এক স্বচ্ছ কুম্ভ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা লোকসকলক এই স্বচ্ছ কুম্ভ স্বচ্ছ আভাৰ বঁটা প্ৰদানেৰে সন্মান প্ৰদান কৰা হ’ব।",PM to visit Kumbh at Prayagraj Tomorrow